Assamese: OBS Translation Notes

Updated ? hours ago # views See on DCS Draft Material

01-01

পাতনি

এইয়া হৈছে, “সকলো বিষয়ৰ আৰম্ভণী,” যেতিয়া ঈশ্বৰৰ বাদে আন কোনো বিষয় বা বস্তুৰ আবিৰ্ভাৱ হোৱা নাছিল৷

সৃষ্টি কৰিলে

সৃষ্টি সমূহ শূণ্যৰ পৰা কৰা হৈছে, এই কথা কবলৈ ইয়াত ব্যৱহাৰ কৰা হৈছে।

বিশ্বব্ৰমাণ্ড

ইয়াত ঈশ্বৰে সৃষ্টি কৰা পৃথিবী আৰু স্বৰ্গত, দৃশ্য বা অদৃশ্য সকলো বস্তুৰ অন্তৰ্ভুক্ত হৈছে।

পৃথিৱী

“পৃথিৱী” শব্দটোৱে মানুহে বসতি কৰা গোটেই পৃথিবী খনক বুজাইছে৷

আন্ধাৰ

এইটো সম্পূৰ্ণৰূপে আন্ধকাৰময় আছিল৷ তাত পোহৰ অলপো নাছিল, যিহেতু ঈশ্বৰে সেই সময়লৈকে পোহৰ সৃষ্টি কৰা নাছিল৷

শূন্য

ঈশ্বৰে সেই সময়লৈকে একো সৃষ্টি কৰা নাছিল, মাত্ৰ গোটেই পৃথিবী খন পানীৰে আৱৰি ৰাখিছিল৷

কোনো বস্তু গঠন কৰা হোৱা নাছিল

তাত কোনো ধৰণৰ বিশেষ বস্তুৰ উপস্থিতি নাছিল – চাৰিও ফালে কেৱল পানী আৱৰি আছিল৷

ঈশ্বৰৰ আত্মা

ঈশ্বৰৰ আত্মা, যাক পবিত্ৰ আত্মা বুলিও কোৱা হয়, তেওঁ আৰম্ভণীৰে পৰা উপস্থিত আছিল আৰু পৃথিবীৰ ওপৰত মুকলি ভাৱে ঘুৰি-ফুৰিছিল যাতে যি সৃষ্টি কৰিব লগা আছে তাৰ পৰিকল্পনা কৰিব পাৰে৷

বাক্য সমূহৰ অনুবাদ

  • [[rc://*/tw/dict/bible/kt/god]]
  • [[rc://*/tw/dict/bible/kt/holyspirit]]

01-02

ঈশ্বৰে কলে

ঈশ্বৰে মাত্ৰ মুখৰ বাক্যৰ দ্বাৰাই পোহৰ সৃষ্টি কৰিলে৷

তাতে হওঁক

এইটো এটা আজ্ঞা যাৰ দ্বাৰাই তাৎক্ষণিকভাৱে কাৰ্যকাৰী হল কিয়নো ইয়াক ঈশ্বৰে কৈছিল৷ আৰু অধিক সৰল অৰ্থৎ কবলৈ গলে এই বাক্যশাৰী নিশ্চিত ভাৱে কাৰ্যকাৰী হব৷ আপুনি ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰে, “ঈশ্বৰে কলে, ‘তাত পোহৰ হওঁক’৷”

পোহৰ

এইটো এক বিশেষ ধৰণৰ পোহৰ ঈশ্বৰে সৃষ্টি কৰিছিল- সেই সময়লৈকে সূৰ্য্য সৃষ্টি কৰা হোৱা নাছিল৷

উত্তম আছিল

এই বাক্যশাৰী সৃষ্টিৰ কাহিনীটিত বহু বাৰ উল্লেখ কৰা হৈছে আৰু সৃষ্টিৰ প্ৰতিটো স্তৰতে কোৱা হৈছিল যে ঈশ্বৰ সন্তোষ্ট হৈছিল আৰু তেওঁৰ পৰিকল্পনা আৰু উদ্দেশ্য সিদ্ধ হৈছিল৷

সৃষ্টি

এই বাক্যৰ দ্বাৰাই সৃষ্টিৰ ছয়টা দিনৰ কথা উল্লেখ কৰা হৈছে য’ত আজিৰ সকলো বিষয়ক সৃষ্টি কৰা হৈছিল৷

আনুবাদ কৰিব লগীয়া শব্দ সমূহ

  • [[rc://*/tw/dict/bible/kt/god]]
  • [[rc://*/tw/dict/bible/kt/good]]

01-03

দ্বিতীয় দিন

ঈশ্বৰৰ সৃষ্টিৰ কৰ্ম নিয়মানূৱৰ্তি, উদ্দেশ্যপূৰ্ণ আৰু সুশৃংখল আছিল৷ প্ৰতিদিনৰ সৃষ্টিয়ে পিছৰ দিনৰ সৃষ্টিৰ লগত সংগঠিত আৰু নিৰ্ভশীল আছিল৷

ঈশ্বৰে কলে

ঈশ্বৰৰ মূখৰ বাক্যৰ দ্বাৰাই আজ্ঞা কৰি আকাশমণ্ডল সৃষ্টি কৰিছিল৷

সৃষ্টি কৰিলে

ঈশ্বৰে শূন্যৰ পৰা আকাশমণ্ডল সৃষ্টি কৰিলে৷

আকাশ

এই শব্দই পৃথিবীৰ ওপৰৰ আটাই অংশকে বুজাই, অৰ্থাৎ আমি উশাহ লোৱা বতাহ আৰু স্বৰ্গৰ কথাও কোৱা হৈছে৷

অনুবাদৰ শব্দ সমূহ

  • [[rc://*/tw/dict/bible/kt/god]]

01-04

তৃতীয় দিনা

ইয়াৰ পিছত শৃংখলা অনুসৰি ঈশ্বৰে পৃথিবীৰ ওপৰত জীৱ থাকিব পৰাকৈ পৃথিবী খনক প্ৰস্তুত কৰিলে৷

ঈশ্বৰে কলে

ঈশ্বৰে মূখৰ আজ্ঞাৰ দ্বাৰাই শুকান ভূমি সৃষ্টি কৰিলে৷

পৃথিৱী

এই শব্দৰ দ্বাৰাই মাটিক বুজোৱা হৈছে, যাৰ দ্বাৰাই শুকাণ ভূমি সৃষ্টি কৰা হৈছে৷

সৃষ্টি কৰা হৈছে

এই শব্দৰ ব্যৱহাৰ কৰাৰ দ্বাৰাই বুজাব বিচৰা হৈছে যে শূণ্য পৰা কোনো বস্তু বা বিষয় সৃষ্টি কৰা হৈছে৷

অনুবাদৰ শব্দ সমূহ

  • [[rc://*/tw/dict/bible/kt/god]]
  • [[rc://*/tw/dict/bible/kt/good]]

01-05

ঈশ্বৰে কলে

ঈশ্বৰে আজ্ঞা কৰাৰ দ্বাৰাই সকলো উদ্ভিদ সৃষ্টি কৰিলে৷

ভূমি উৎপন্ন হওক

এইয়া এটা আজ্ঞা আছিল, কাৰণ ইয়াক ঈশ্বৰে কৈছিল আৰু সেয়ে তাৎক্ষনিকভাৱে কাৰ্যকাৰী হৈছিল৷

সকলো বিধৰ

সকলো বিধৰ মছলাৰ তৃণ, গছ আৰু বন৷

সৃষ্টি কৰিলে

এই শব্দৰ ব্যৱহাৰ কৰাৰ দ্বাৰাই শূণ্য পৰা যে এই সকলো সৃষ্টি কৰা হৈছে তাক বুজোৱা হৈছে৷

ভাল আছিল

এই বাক্যশাৰী সৃষ্টিৰ কাহিনীটোত বাৰে বাৰে উল্লেখ কৰা দেখা যায়, আৰু ইয়াৰ দ্বাৰাই ঈশ্বৰে তেওঁৰ সৃষ্টিৰ প্ৰতিটো স্তৰতে যে সন্তোষ্ট আৰু তেওঁৰ পৰিকল্পনা কাৰ্যকাৰী হবলৈ গৈ আছে তাক বুজাব বিচৰা হৈছে৷

অনুবদাৰ শব্দ সমূহ

  • [[rc://*/tw/dict/bible/kt/god]]
  • [[rc://*/tw/dict/bible/kt/good]]

01-06

চতূৰ্থ দিনা

ঈশ্বৰৰ শৃংখলাবদ্ধ সৃষ্টিৰ পিছৰ দিনটো৷

ঈশ্বৰে কলে

ঈশ্বৰে সূৰ্য্য, চন্দ্ৰ, আৰু তৰা সমূহ মূখৰ বাক্যৰ আজ্ঞাৰ দ্বাৰাই সৃষ্টি কৰিলে৷

পোহৰ

আকাশত জিলিকি থকা এটা বস্তু যিয়ে পৃথিবীক পোহৰ দিয়ে৷

দিন আৰু ৰাতি, ঋতু আৰু বছৰ সমূহ

সময়ক পৃথক কৰিবৰ বাবে ঈশ্বৰে এটা বেলেগ পোহৰ সৃষ্টি কৰিলে, আৰু ইয়াক সময়ৰ অন্তলৈকে পুনৰাবৃত্তি কৰি থাকিবৰ বাবে স্থাপন কৰিলে৷

সৃষ্টি কৰিলে

এই শব্দটো ব্যৱহাৰ কৰাৰ দ্বাৰাই শূণ্যৰ পৰা কোনো এটা বস্তু সৃষ্টি কৰা বুজাব বিচাৰিছে৷

অনুবাদৰ শব্দ সমূহ

  • [[rc://*/tw/dict/bible/kt/god]]
  • [[rc://*/tw/dict/bible/kt/good]]

01-07

পঞ্চম দিন

ঈশ্বৰে আগৰ চাৰি দিনৰ সৃষ্টিৰ পিছৰ বিষয় সমূহ পঞ্চম দিনা সৃষ্টি কৰি আগবাঢ়ি গৈ থাকিল৷

ঈশ্বৰে কলে

ঈশ্বৰে আকাশৰ চৰাই আৰু পানীৰ জীৱ সমূহ মূখৰ আজ্ঞাৰ দ্বাৰাই সৃষ্টি কৰিলে৷

সকলোবোৰ সাঁতুৰিব পাৰিছিল

ঈশ্বৰে কেৱল মাছ সৃষ্টি কৰিলে এনে নহয় কিন্তু পানীত থকা সকলো বিলাক জীৱকে সৃষ্টি কৰিলে৷ সেই সকলোবিলাক জীয়াই আছে কিয়নো ঈশ্বৰে সেই সমূহ সৃষ্টি কৰিবলৈ সিদ্ধান্ত কৰিলে৷

সকলোবিধ চৰাই

ঈশ্বৰে কেৱল এক ধৰণৰ চৰাই নিৰ্মাণ কৰা নাই, কিন্তু সকলো প্ৰকাৰ, আকাৰ, আৰু ৰংৰ চৰাই সৃষ্টি কৰিলে৷

এইয়া সুন্দৰ

গোটেই সৃষ্টিৰ কাহিনীটোত এই বাক্যশাৰী উল্লেখ থকা দেখা যায় আৰু ইয়াৰ দ্বাৰাই ঈশ্বৰে তেওঁৰ পৰিকল্পনা অনুসৰি সকলোবিলাক যে সৃষ্টি হৈছে তাক বুজাইছে৷

সেইবোৰক আশীৰ্ব্বাদ কৰিলে

ঈশ্বৰে তেওঁৰ ইচ্ছাক বাক্যৰে প্ৰকাশ কৰিছে যেন সেইবোৰ বৃদ্ধি হয় আৰু যাতে পৃথিবীত আনন্দেৰে থাকিব পাৰে৷

অনুবাদৰ শব্দ সমূহ

  • [[rc://*/tw/dict/bible/kt/god]]
  • [[rc://*/tw/dict/bible/kt/good]]
  • [[rc://*/tw/dict/bible/kt/bless]]

01-08

ষষ্ঠ দিন

ক্ৰম অনুসৰি সৃষ্টিৰ দিন সমূহৰ পিছৰ দিনটোৰ কাৰ্যৱলী

ঈশ্বৰে কলে

জীৱ-জন্ত সমূহ ঈশ্বৰৰ বাক্যৰ দ্বাৰাই সৃষ্টি কৰা হল৷

সকলো ধৰণৰ

ইয়ে বিভিন্নতাক বুজাইছে, পাছে সকলোবিলাক শৃংখলা বদ্ধভাৱে কৰা হৈছে৷

মাটিৰ জন্তু

আকাশত আৰু সাগৰত বাস কৰা জীৱ সমূহৰ বাহিৰে মাটিত বাস কৰা সকলোবিলাক জন্তু৷

ঘৰচীয়া জন্তু

সেই সকলো জীৱ-জন্তু যিবিলাকে মানুহৰ লগত শান্তিৰে বাস কৰে বা ঘৰচীয়া জীৱ-জন্তু সমূহ৷

মাটিত চুঁচৰি যোৱা

ইয়াৰ ভিতৰত সাপ, পোক পৰুৱা ইত্যাদি হব৷

বনৰীয়া

যিবিলাক জীৱ-জন্তু সাধাৰণতে মানুহৰ মাজত বা মানুহৰ লগত শান্তিৰে নথাকে বা হিংসু জন্তু সমূহ৷

এইয়া অতি সুন্দৰ

গোটই সৃষ্টিৰ কাহিনীটোতে এই বাক্যশাৰী উল্লেখ থকা দেখা যায় আৰু ইয়াৰ দ্বাৰাই ঈশ্বৰে তেওঁৰ পৰিকল্পনা অনুসৰি সকলোবিলাক যে সৃষ্টি হৈছে তাক বুজাইছে৷

অনুবাদৰ শব্দ সমূহ

  • [[rc://*/tw/dict/bible/kt/god]]
  • [[rc://*/tw/dict/bible/kt/good]]

01-09

আহা আমি

ইয়াৰ দ্বাৰাই বুজিব পাৰি যে ঈশ্বৰে মানুহক এক বিশেষ ধৰণে আৰু এক বিশেষ উদ্দেশ্য সৃষ্টি কৰিব বিচাৰিছিল৷ আপুনি ইয়াক “আমি নিৰ্মাণ কৰিম,” এনে ধৰণে অনুবাদ কৰিব পাৰে৷

আমাক...আমাৰ...আমাক

বাইবেলে আমাক এজন ঈশ্বৰ থকা বুলি শিক্ষা দিয়ে, কিন্তু পুৰণি নিয়মত ঈশ্বৰৰ শব্দটো বহু বচন, আৰু ঈশ্বৰে নিজকে কথা কোৱাৰ সময়তো বহু বচন ব্যৱহাৰ কৰিছিল৷ কিছুমানে ইয়াৰ অৰ্থ ঈশ্বৰে ৰাজকীয় ভাৱে কথা কোৱা বা পিতৃয়ে পুত্ৰ আৰু পবিত্ৰ আত্মাৰ উদ্দেশ্য কথা কোৱা বুলি কব বিচাৰে৷

আমাৰ প্ৰতিমূৰ্তিৰে

প্ৰতিমূৰ্তি হৈছে কোনো এজন লোকৰ শৰীৰ বাহিৰ ভাগ অংশ৷ ঈশ্বৰে মানুহ এনে দৰে নিৰ্মাণ কৰিলে যে আমি ঈশ্বৰৰ কোনো উত্তম বিষয় বা প্ৰতিছ্ববিৰ প্ৰতিফলন কৰো৷

আহা আমি

মানুহে ঈশ্বৰৰ কিছু চৰিত্ৰ প্ৰকাশ কৰে, কিন্তু তেওঁৰ সকলো চৰিত্ৰ প্ৰকাশ নকৰে৷ এই অংশটো অনুবাদ কৰোতে এনে শব্দৰ ব্যৱহাৰ হব লাগে যিয়ে মানুহক ঈশ্বৰৰ লগত মিল থকাটো বুজাব, কিন্তু ঈশ্বৰৰ দৰে একে অৰ্থত নুবুজায়৷

ক্ষমতা

ঈশ্বৰে মানুহক পৃথিবী আৰু ইয়াৰ জীৱ-জন্তু সমূহক নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰাৰ ক্ষমতা দিলে৷

অনুবাদৰ শব্দ সমূহ

  • [[rc://*/tw/dict/bible/kt/god]]

01-10

কিছু মাটি ললে

ঈশ্বৰে মাটিৰ পৰা, বা শুকান মাটিৰ পৰা মানুহ সৃষ্টি কৰিলে৷ এই শব্দটো পৃথিবীৰ বাবে ব্যৱহাৰ কৰা সাধাৰণ শব্দৰ পৰা পৃথক হব লাগে৷

আকৃতি দিলে

ইয়াৰ দ্বাৰাই ঈশ্বৰে নিজ হাতে মানুহ সৃষ্টি কৰা কথাটো বুজাব বিচাৰিছে৷ সৃষ্টিৰ বাবে যাতে বেলেগ শব্দ ব্যৱহাৰ কৰা হয় তালৈ লক্ষ্য ৰাখিব লাগে৷ মন কৰিব লগীয়া বিষয় এই যে ঈশ্বৰৰ এই সৃষ্টি আন সৃষ্টিসমূহতকৈ বেলেগ কাৰণ বাকি সৃষ্টি মূখৰ আজ্ঞাৰ দ্বাৰাই সৃষ্টি হৈছিল৷

এজন মানুহ

এই সময়লৈকে কেৱল পুৰুষক সৃষ্টি কৰা হৈছিল, মহিলাক বেলেগ পদ্ধতিৰে পিছত সৃষ্টি কৰিছিল৷

নিশ্বাস দি জীৱন দিলে

ইয়াৰ দ্বাৰাই ঈশ্বৰে অতি অন্তৰঙ্গ ভাৱে আদমক জীৱন দিয়া কথাটো বুজাইছে, আৰু এজন মানুহে কেনে দৰে উশাহ বাহিৰ কৰে তাৰ লগত তুলনা কৰিছে৷

জীৱন

ইয়াৰ দ্বাৰাই ঈশ্বৰে মানুহক শাৰীৰিক আৰু আত্মিক দুয়োটা জীৱনেই দান কৰা বুজাইছে৷

আদম

আদমৰ নামটো “মানুহ”ৰ বাবে পুৰণি নিয়মৰ শব্দৰ সৈতে আৰু "ধূলি" ৰ বাবে শব্দ যাৰ দ্বাৰাই তেওঁ গঠিত একে অৰ্থ আছে।

বাগিছা

এনে এটুকুৰা স্থান য’ত বিভিন্ন ধৰণৰ গছ-গছনি ৰোপন কৰা হয় আৰু ইয়াৰ উদ্দেশ্য হৈছে ফল উৎপন্ন কৰা বা সৌন্দৰ্য্য বৃদ্ধি কৰা৷

ইয়াৰ চোৱা-চিতা কৰা

বাগিছা খনি চোৱা-চিতা, অৰ্থাৎ চাফ-চিকুন, পনী দিয়া, গুটি সিঁচা ইত্যাদি কাৰ্য কৰি বাগিছা খন সংৰক্ষণ কৰি ৰখা৷

অনুবাদৰ শব্দ সমূহ

  • [[rc://*/tw/dict/bible/kt/god]]
  • [[rc://*/tw/dict/bible/kt/life]]
  • [[rc://*/tw/dict/bible/other/adam]]

01-11

মাজ ভাগত

বাগিছা খনৰ মাজ ভাগত, অৰ্থাৎ বাগিছাৰ গুৰুত্বপূৰ্ণ স্থানৰ থকা গছ দুজোপাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷

বাগিছা

এনে এটা স্থান য’ত ফল উৎপন্ন কৰিবলৈ বা সৌন্দৰ্য্য বৃদ্ধিৰ বাবে গছ ৰোপন কৰা হৈছে৷

জীৱন বৃক্ষ

এই গছৰ ফল যি জনে খাব তেওঁ কেতিয়াও নমৰিব৷

ভাল-বেয়া জ্ঞান দিওঁতা গছ

এই গছৰ ফল খোৱাৰ দ্বাৰাই এজন ব্যক্তিয়ে ভাল বেয়া জ্ঞান লাভ কৰিব পাৰিব৷

জ্ঞান

ব্যক্তিগত অভিজ্ঞতাৰ দ্বাৰাই জনা বা বুজাৰ অভিজ্ঞতা৷

ভাল আৰু বেয়া

বেয়া হৈছে ভালৰ বিপৰীত৷ যি দৰে, “ভাল” হৈছে ঈশ্বৰৰ সন্তোষজনক, “বেয়া” হৈছে সেই সকলোবিলাক কাৰ্ম যিয়ে ঈশ্বৰক সন্তোষ্ট নকৰে৷

মৃত্যু

ইয়াৰ দ্বাৰাই তেওঁ শাৰীৰিক আৰু আত্মিক দুয়ো ধৰণে মৃত্যু হয়৷

অনুবাদৰ শব্দ সমূহ

  • [[rc://*/tw/dict/bible/kt/god]]
  • [[rc://*/tw/dict/bible/kt/life]]
  • [[rc://*/tw/dict/bible/kt/good]]
  • [[rc://*/tw/dict/bible/kt/evil]]
  • [[rc://*/tw/dict/bible/other/adam]]
  • [[rc://*/tw/dict/bible/other/death]]

01-12

ভাল নহয়

সৃষ্টিৰ সকলোবিলাক বস্তুৰ ভিতৰত প্ৰথম বাৰৰ বাবে কোনো বেয়া বস্তু দেখিবলৈ পোৱা গৈছে৷ ইয়াৰ অৰ্থ হৈছে, “এতিয়াও ভাল হোৱা নাই” কিয়নো ঈশ্বৰে এতিয়াও মানুহ নিৰ্মাণ সম্পূৰ্ণ কৰা নাই৷

অকলশৰীয়া

আদমে এক মাত্ৰ মানুহ, যাৰ আন কোনো দ্বিতীয় এজন ব্যক্তিৰ লগত সম্পৰ্ক কৰাৰ আশা নাছিল, আৰু বংশ বৃদ্ধি কৰাৰো কোনো সম্ভাৱনা নাছিল৷

আদমৰ সহায়ক

ঈশ্বৰে দিয়া দায়িত্ব সম্পূৰ্ণ কৰিবলৈ আদমৰ সঙ্গী হিচাপে বিবেচিত হবৰ বাবে সেই সময়লৈকে কোনো উপযুক্ত সঙ্গী নাছিল৷ কোনো এটা জীৱ-জন্তুৱে সেই কাৰ্য কৰিব নোৱাৰিব৷

অনুবাদৰ শব্দ সমূহ

  • [[rc://*/tw/dict/bible/kt/god]]
  • [[rc://*/tw/dict/bible/kt/good]]
  • [[rc://*/tw/dict/bible/other/adam]]

01-13

এক গভীৰ টোপনি

এই টোপনি সাধাৰণ টোপনিতকৈ গভীৰ আছিল৷

আদমৰ এটা কামিহাড় ললে আৰু নিৰ্মাণ কৰিলে

ইয়াত যিটো ব্যাকৰণ ব্যৱহাৰ কৰা হৈছে ইয়াৰ দ্বাৰাই অতি আন্তৰিকতাৰে ঈশ্বৰে সেই কামিহাড়ৰ পৰা মহিলা নিৰ্মাণ কৰা দেখা যায়৷

এগৰাকী মহিলা

তাই প্ৰথম মহিলা আছিল, মানুহৰ মাজৰ প্ৰথম তিৰোতা যাক সেই সময়লৈকে অভাৱ অনুভৱ কৰা হৈছিল৷

তাইক তেওঁৰ কাষলৈ অনা হল

ঈশ্বৰে ব্যক্তিগতভাৱে তেওঁলোকক পৰিচয় কৰায়৷ তেওঁ আদমৰ আগত সেই মহিলাক আনিলে, যেন তেওঁৰ কাৰণে এক বিশেষ উপহাৰ আনিছে৷

অনুবাদৰ শব্দ সমূহ

  • [[rc://*/tw/dict/bible/kt/god]]
  • [[rc://*/tw/dict/bible/other/adam]]

01-14

অৱশেষত!

আদমৰ উৎসাহে ইয়াকে বুজায় যে তেওঁ এনে এগৰাকী সঙ্গীনিৰ অপেক্ষাত আছিল৷

মোৰ দৰে

সেই তিৰোতা আদমৰ দৰেই আছিল, কিন্তু তাৰ মাজতো তেওঁলোকৰ বহু কিছু গুৰুত্বপূৰ্ণ প্ৰাৰ্থক্য আছিল৷

মহিলা

এই শব্দটিয়ে মহিলা মানুহক বুজায়

মানুহৰ পৰা সৃষ্টি কৰা হৈছে

মহিলাক আদমৰ শৰীৰৰ পৰা প্ৰত্যক্ষ ভাৱে নিৰ্মাণ কৰা হৈছে

এজন মানুহে ত্যাগ কৰে

এই বাক্যশাৰীয়ে ভবিষ্যতে হব লগা পৰিস্থিতিৰ ঈংগিত বহন কৰিছে৷ আদম আৰু হৱাৰ কোনো পিতৃ-মাতৃ নাছিল, কিন্তু আন লোক সকলৰ হব৷

এক হব

স্বামী ভাৰ্যাৰ মাজত এক গভীৰ সম্বন্ধই গঢ়লৈ উঠিব আৰু আন সকলো সম্বন্ধতকৈ সেই সম্বন্ধ গভীৰ হব৷

অনুবাদৰ শব্দ সমূহ

  • [[rc://*/tw/dict/bible/other/adam]]

01-15

ঈশ্বৰে সৃষ্টি কৰিলে

ঈশ্বৰে পুৰুষ আৰু মহিলাক এক বিশেষ ধৰণে নিৰ্মাণ কৰিলে৷

তেওঁৰ নিজৰ প্ৰতিমূৰ্তিৰে

প্ৰতিমূৰ্তি হৈছে কোনো এজন ব্যক্তিৰ লগত মিল থকা শৰীৰৰ বৰ্হি ভাগ৷ ঈশ্বৰে মানুহ এনে ধৰণে নিৰ্মাণ কৰিলে যে তেওঁলোক ঈশ্বৰৰ কিছু চৰিত্ৰ বা স্বাভাৱ প্ৰকাশ কৰিবলৈ সামৰ্থ হয়, কিন্তু তেওঁৰ সমান নহয়৷

অতি উত্তম

“ই উত্তম আছিল” এই বাক্যাংশ আগৰ দিনবোৰৰ মন্তব্যতকৈ অধিক গভীৰ অৰ্থ আছিল৷ “অতি উত্তম” বাক্যাংশ সৃষ্টিৰ সকলো বিষয়ক সামৰি লৈছে৷ অৰ্থাৎ সকলো বিলাক ঈশ্বৰে বিচৰা ধৰণে হল৷

সৃষ্টি

ঈশ্বৰে ছয় দিনৰ সময়চোৱাত সৃষ্টি কৰা সেই সকলো বস্তু বা বিষয় স্থাপন কৰিলে।

অনুবাদৰ শব্দ সমূহ

  • [[rc://*/tw/dict/bible/kt/god]]
  • [[rc://*/tw/dict/bible/kt/bless]]
  • [[rc://*/tw/dict/bible/kt/good]]

01-16

সপ্তম দিন

সৃষ্টিৰ ছয় দিনৰ পিছৰ দিনটো৷

তেওঁৰ কাৰ্য সম্পূৰ্ণ কৰিলে

নিৰ্দিষ্টভাবে, ঈশ্বৰে সৃষ্টিৰ সকলো কাৰ্য সম্পূৰ্ণ কৰিলে৷ তেওঁ এতিয়াও আন কাৰ্য সমূহ কৰি আছে৷

ঈশ্বৰে জিৰণী ললে

ঈশ্বৰে “জিৰণী” ললে, ইয়াৰ অৰ্থ হৈছে তেওঁ সৃষ্টি কাৰ্য সামৰিলে কিয়নো এইয়া সম্পূৰ্ণ হল৷ ঈশ্বৰ ভাগৰি পৰা নাছিল, বা কাৰ্য কৰিবলৈ সক্ষম নোহোৱা নহয়৷

সপ্তম দিনক আশীৰ্ব্বাদ কৰিলে

সেই সপ্তম দিন আৰু আহিব লগা সপ্তম দিন সমূহৰ বাবে ঈশ্বৰৰ হাতত এক বিশেষ পৰিকল্পনা আছিল৷

ইয়াক পবিত্ৰ কৰিলে

ইয়াৰ অৰ্থ, ঈশ্বৰে বিশেষ দিন হিচাপে “পৃথক কৰি ৰাখিলে”৷ এই দিনতোক সপ্তাহৰ আন ছয়দিনৰ দৰে ব্যৱহাৰ কৰিব নালাগে৷

বিশ্ব ব্ৰূমাণ্ড

ইয়াৰ অৰ্থ হৈছে স্বৰ্গ, পৃথিবী আৰু চকুৰে দেখা বা নেদেখা ঈশ্বৰৰ সেই সকলো সৃষ্টি৷

বাইবেল কাহিনীৰ পৰা লোৱা হৈছে

ইয়াৰ উদাহৰণ সমূহ বাইবেল অনুবাদৰ পৰা সামান্য পৃথক হব পাৰে৷

অনুবাদৰ শব্দ সমূহ

  • [[rc://*/tw/dict/bible/kt/god]]
  • [[rc://*/tw/dict/bible/kt/bless]]
  • [[rc://*/tw/dict/bible/kt/holy]]