Assamese: Assamese Unlocked Literal Bible

Updated ? hours ago # views See on DCS

গণনাপুস্তক অৰ্থাৎ মোচিয়ে লিখা চতুৰ্থ পুস্তক।

Chapter 1

ইস্ৰায়েলৰ জনগোষ্ঠীসকলক গণনা কৰা।

1 পাছত মিচৰ দেশৰ পৰা লোকসকল ওলাই যোৱাৰ দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ প্ৰথম দিনা, চীনয় মৰুভূমিত সাক্ষাৎ কৰা তম্বুত যিহোৱাই মোচিক কলে, 2 “তোমালোকে গোষ্ঠী অনুসাৰে আৰু পিতৃ বংশমতে নামৰ সংখ্যা অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই মণ্ডলীৰ অৰ্থাৎ প্ৰত্যেক নাম অনুসাৰে গণনা কৰা। 3 বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া যিমান পুৰুষ ইস্ৰায়েলৰ মাজত যুদ্ধলৈ যাব পৰা অৱস্থাত আছে, তেওঁলোকৰ সৈন্যদল অনুসাৰে তুমি আৰু হাৰোণে তেওঁলোকক গণনা কৰা।

4 আৰু প্ৰত্যেক জনগোষ্ঠীৰ এজন এজন লোক, নিজ নিজ পিতৃবংশৰ প্রধান লোক, তেওঁলোকৰ নিজ নিজ জনগোষ্ঠীৰ বিষয়া হিচাবে তোমালোকৰ লগত সহায় কৰোঁতা হ’ব লাগিব। সেই প্রত্যেকজন বিষয়াই নিজ নিজ জনগোষ্ঠীৰ অনুসাৰে যুদ্ধ কৰিবলৈ নেতৃত্ৱ দিব। 5 যি সকল লোকে তোমালোকক সহায় কৰিবলৈ আহিব, সেই সহায় কৰোতা লোকসকলৰ নামবোৰ হ’ল:

     ৰূবেণ জনগোষ্ঠীৰ পৰা চদেয়ূৰৰ পুত্ৰ ইলীচূৰ। 6 চিমিয়োন জনগোষ্ঠীৰ পৰা চূৰীচদ্দয়ৰ পুত্ৰ চল্মীয়েল।

7 যিহূদা জনগোষ্ঠীৰ পৰা অম্মীনাদবৰ পুত্ৰ নহচোন।

     8 ইচাখৰ জনগোষ্ঠীৰ পৰা চূৱাৰৰ পুত্ৰ নথনেল।

     9 জবূলূন জনগোষ্ঠীৰ পৰা হেলোনৰ পুত্ৰ ইলীয়াব।

     10 যোচেফৰ সন্তানসকলৰ মাজত ইফ্ৰয়িম জনগোষ্ঠীৰ পৰা অম্মীহূদৰ পুত্ৰ ইলীচামা, আৰু আন এজন হ’ল, মনচি জনগোষ্ঠীৰ পৰা পদাচূৰৰ পুত্ৰ গম্লীয়েল।

     11 বিন্যামীন জনগোষ্ঠীৰ পৰা গিদিয়োনীৰ পুত্ৰ অবীদান।

     12 দান জনগোষ্ঠীৰ পৰা অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ।

     13 আচেৰ জনগোষ্ঠীৰ পৰা অক্ৰণৰ পুত্ৰ পগীয়েল।

     14 গাদ জনগোষ্ঠীৰ পৰা দুৱেলৰ পুত্ৰ ইলিয়াচফ।

     15 নপ্তালী জনগোষ্ঠীৰ পৰা ঐননৰ পুত্ৰ অহীৰা।

16 এইসকল লোকেই মণ্ডলীৰ আমন্ত্ৰিত লোক আছিল। তেওঁলোক নিজ নিজ পিতৃ-বংশৰ অধ্যক্ষ আৰু ইস্ৰায়েলৰ গোষ্ঠীসকলৰ প্রধান লোক।

17 তেতিয়া মোচি আৰু হাৰোণে নামেৰে উল্লেখ কৰা সেই লোকসকলক লগত ল’লে, 18 আৰু তেওঁলোকৰ সৈতে দ্বিতীয় মাহৰ প্ৰথম দিনাই গোটেই মণ্ডলীক গোটালে। তেতিয়া মণ্ডলীৰ লোকসকলে নিজ নিজ গোষ্ঠী অনুসাৰে আৰু পিতৃ-বংশমতে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া লোকসকলৰ নাম আৰু তেওঁলোকৰ সংখ্যা অনুসাৰে সকলোৰে বংশাৱলী নামাকৰণ কৰিলে। 19 এইদৰে মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে চীনয় মৰুভূমিত তেওঁলোকৰ গণনা কৰিলে।

20 গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যাবৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, ইস্ৰায়েলৰ জেষ্ঠ পুত্ৰ ৰূবেণৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। 21 ৰূবেণ জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ছয়চল্লিশ হাজাৰ পাঁচশ জন আছিল।

22 গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, চিমিয়োনৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। 23 চিমিয়োনৰ সেই জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ঊনষাঠি হাজাৰ তিনিশ জন লোক আছিল।

24 গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে গাদৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। 25 গাদৰ জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ পঞ্চাশ জন লোক আছিল।

26 গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, যিহূদাৰ পুত্রসকলৰ পৰা জন্ম হোৱা লোকসকলক গণনা কৰা হ’ল। 27 যিহূদা জনগোষ্ঠীৰ গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল চৌসত্তৰ হাজাৰ ছশ জন লোক।

28 গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, ইচাখৰৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। 29 ইচাখৰৰ জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল চৌৱন্ন হাজাৰ চাৰিশ জন।

30 গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, জুবুলূনৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। 31 জুবুলূন জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল সাতাৱন হাজাৰ চাৰিশ জন।

32 গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, যোচেফৰ সন্তানসকলৰ মাজৰ ইফ্ৰয়িমৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। 33 ইফ্ৰয়িম জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল চল্লিশ হাজাৰ পাঁচ শ জন।

34 গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে মনচিৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। 35 মনচি জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল বত্ৰিশ হাজাৰ দুশ জন।

36 গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম মূৰৰ সংখ্যা অনুসাৰে, বিন্যামীনৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। 37 বিন্যামীনৰ জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল পঁয়ত্ৰিশ হাজাৰ চাৰিশ জন।

38 গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, দানৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। 39 দান জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল বাষষ্ঠী হাজাৰ সাত শ জন।

40 গোষ্ঠী অনুসাৰে, পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, আচেৰৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। 41 আচেৰ জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল একচল্লিশ হাজাৰ পাঁচশ জন।

42 গোষ্ঠী অনুসাৰে পিতৃ-বংশমতে, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ নাম আৰু মূৰৰ সংখ্যা অনুসাৰে, নপ্তালীৰ পুত্রসকলৰ পৰা উৎপন্ন হোৱা লোকসকলক গণনা কৰা হ’ল। 43 নপ্তালি জনগোষ্ঠীৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল তেপন্ন হাজাৰ চাৰিশ জন।

44 মোচি আৰু হাৰোণে এই আটাই লোকসকলক গণনা কৰিলে আৰু তেওঁলোকৰ সৈতে ইস্ৰায়েলৰ সেই বাৰ জন অধ্যক্ষকো গণনা কৰিলে যিসকল ইস্রায়েলৰ জনগোষ্ঠীৰ নেতৃত্ৱত আছিল। 45 নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ সন্তানসকলক, অৰ্থাৎ বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া, যুদ্ধলৈ যোৱাৰ যোগ্য এনে লোকক, ইস্ৰায়েলৰ মাজৰ সকলো লোককে এইদৰে গণনা কৰা হ’ল। 46 গণনা কৰা সেই লোকসকলৰ সংখ্যা আছিল ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ জন।

47 কিন্তু নিজ পিতৃ-বংশ অনুসাৰে উৎপন্ন হোৱা সেই লেবীয়াসকলক গণনা কৰা নহ’ল। 48 কিয়নো যিহোৱাই মোচিক কৈছিল, 49 ‘তুমি লেবী জনগোষ্ঠীক সৰ্বমুঠ ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোকক গণনা বা অন্তৰ্ভুক্ত নকৰিবা।’

50 কিন্তু বিধানৰ নিয়ম চন্দুক থকা আবাস, তাৰ সকলো বস্তু আৰু তাৰ সম্পৰ্কীয় সকলোৰে ওপৰত লেবীয়াসকলক যত্ন লবলৈ নিযুক্ত কৰিবা। তেওঁলোকে নিয়ম চন্দুকৰ আবাস আৰু তাৰ আটাই বস্তুৰ ভাৰ বৈ নিব লাগিব। তেওঁলোকে তাৰ পৰিচৰ্যা কৰি আবাসৰ চাৰিওফালে তম্বু তৰি থাকিব লাগিব।

51 আৰু যেতিয়া নিয়ম চন্দুকৰ আবাসখন আন ঠাইলৈ নিব লগা হয়, তেতিয়া লেবীয়াসকলেহে তাক খণ্ড-বিখণ্ডকৈ খুলিব। পাছত নিয়ম চন্দুকৰ আবাসখন স্থাপন কৰাৰ সময়ত তেওঁলোকেই তাক সাজিব। আৰু যি লোক সেই আবাসৰ ওচৰলৈ আহিব, তেওঁৰ প্ৰাণদণ্ড হ’ব। 52 ইস্ৰায়েলৰ সন্তানসকলে নিজ নিজ সৈন্যদল অনুসাৰে নিজ নিজ ছাউনিৰ পতাকাৰ গুৰিত, তম্বু তৰিব লাগিব।

53 কিন্তু ইস্ৰায়েলৰ লোকসকলৰ ওপৰত মোৰ ক্ৰোধ নহ’বলৈ, নিয়ম চন্দুক থকা সেই আবাসৰ চাৰিওফালে লেবীয়াসকলে তম্বু তৰি থাকিব লাগিব। নিয়ম চন্দুক থকা আবাসখন লেবীয়াসকলৰ জিম্মাত থাকিব।” 54 ইস্ৰায়েলৰ সন্তানসকলে সেইদৰে এই সকলোকে কৰিলে। যিহোৱাই মোচিৰ দ্ৱাৰাই দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে আটাই কাৰ্য কৰিলে।

Chapter 2

ইস্ৰায়েলৰ সন্তানসকলে ছাউনি পতা আৰু প্ৰস্থান কৰা ক্ৰম।

1 যিহোৱাই পুনৰায় মোচি আৰু হাৰোণক কলে, 2 “ইস্ৰায়েলৰ সন্তানসকলে তেওঁলোকৰ নিজ নিজ সৈন্য দলৰ পিতৃ-বংশৰ নিচানৰ পতাকাৰ গুৰিৰ চৰিওফালে তম্বু তৰি থাকিব লাগিব। তেওঁলোকৰ তম্বু সাক্ষাৎ কৰা তম্বুলৈ মুখ কৰি থাকিব লাগিব।

3 যিহূদাৰ ছাউনিৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে, পূৱদিশে থকা সাক্ষাৎ কৰা তম্বুৰ ফালে অৰ্থাৎ সূৰ্য্য উদয় হোৱা দিশে তম্বু তৰি যিহূদাৰ পতাকাৰ চাৰিওফালে থাকিব লাগিব। অম্মীনাদবৰ পুত্ৰ নহচোন যিহূদাৰ সন্তানসকলৰ অধ্যক্ষ হ’ব। 4 তেওঁৰ সৈন্যসমূহৰ গণিত লোক আছিল চৌসত্তৰ হাজাৰ ছশ জন।

5 তেওঁলোকৰ কাষত ইচাখৰ জনগোষ্ঠীয়ে তম্বু তৰি থাকিব লাগিব। চূৱাৰৰ পুত্ৰ নথনেলে ইচাখৰৰ সন্তানসকলৰ অধ্যক্ষ হ’ব। 6 তেওঁৰ সৈন্যসমূহৰ গণিত লোক আছিল চৌৱন্ন হাজাৰ চাৰিশ জন।

7 তেওঁলোকৰ কাষত জবূলূনৰ জনগোষ্ঠীয়ে ছাউনি পাতিব লাগিব। হেলোনৰ পুত্ৰ ইলীয়াব জবূলূনৰ সন্তানসকলৰ অধ্যক্ষ হ’ব। 8 তেওঁৰ সৈন্যসমূহৰ গণিত লোক আছিল সাতাৱন হাজাৰ চাৰিশ জন।

9 যিহূদাৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ ছয়াশী হাজাৰ চাৰিশ জন। প্ৰথমে তেওঁলোকে ছাউনিৰ পৰা প্ৰস্থান কৰিব।

10 দক্ষিণ দিশে থকা সৈন্যদলবোৰে ৰূবেণৰ ছাউনিৰ পতাকাৰ চাৰিওফালে থাকিব। চদেয়ূৰৰ পুত্ৰ ইলীচূৰ ৰূবেণৰ সন্তানসকলৰ অধ্যক্ষ হ’ব। 11 তেওঁৰ সৈন্যসমূহৰ গণিত লোক আছিল ছয়চল্লিশ হাজাৰ পাঁচশ জন।

12 তেওঁলোকৰ কাষত চিমিয়োনৰ জনগোষ্ঠীয়ে তম্বু তৰি থাকিব। চুৰিচদ্দয়ৰ পুত্ৰ চলূমীয়েল চিমিয়োনৰ সন্তানসকলৰ অধ্যক্ষ হ’ব। 13 তেওঁৰ সৈন্যসমূহৰ গণিত লোক আছিল ঊনষাঠি হাজাৰ তিনিশ জন।

14 তেওঁলোকৰ কাষত গাদৰ জনগোষ্ঠী থাকিব। ৰূৱেলৰ পুত্ৰ ইলীয়াচফ গাদৰ সন্তানসকলৰ অধ্যক্ষ হ’ব। 15 তেওঁৰ সৈন্যসমূহৰ গণিত লোক আছিল পঞ্চল্লিশ হাজাৰ ছশ পঞ্চাশ জন।

16 ৰূবেণৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ একাৱন্ন হাজাৰ চাৰিশ পঞ্চাশ জন। তেওঁলোকে দ্বিতীয় হৈ ছাউনিৰ পৰা প্ৰস্থান কৰিব।

17 তেওঁলোকৰ সৈন্যদলৰ পাছত ছাউনিবোৰৰ মাজত লেবীয়াসকলৰ ছাউনি ৰাখি, সাক্ষাৎ কৰা তম্বু নিয়া হ’ব; প্ৰতিজনে যি দৰে তম্বু তৰে, সেই দৰে নিজ নিজ শ্ৰেণীত থাকি, নিজ নিজ পতাকাৰ কাষে কাষে প্ৰস্থান কৰিব।

18 সাক্ষাৎ কৰা তম্বুৰ পশ্চিম দিশে, নিজ নিজ সৈন্যদল অনুসাৰে, ইফ্ৰয়িমৰ জনগোষ্ঠীয়ে ছাউনি পাতি থাকিব। অম্মীহূদৰ পুত্ৰ ইলীচামা ইফ্ৰয়িমৰ সন্তানসকলৰ অধ্যক্ষ হ’ব। 19 তেওঁৰ সৈন্যসমূহৰ গণিত লোক আছিল চল্লিশ হাজাৰ পাঁচ শ জন।

20 তেওঁলোকৰ কাষত মনচিৰ জনগোষ্ঠী থাকিব। পদাচূৰৰ পুত্ৰ গম্লীয়েল মনচিৰ সন্তানসকলৰ অধ্যক্ষ হ’ব। 21 তেওঁৰ সৈন্যসমূহৰ গণিত লোক আছিল বত্ৰিশ হাজাৰ দুশ জন।

22 তেওঁলোকৰ পাছত আহিব বিন্যামীনৰ জনগোষ্ঠী। গিদিয়োনীৰ পুত্ৰ অবীদান বিন্যামীনৰ সন্তানসকলৰ অধ্যক্ষ হ’ব। 23 তেওঁৰ সৈন্যসমূহৰ গণিত লোক আছিল পঁয়ত্ৰিশ হাজাৰ চাৰিশ জন।

24 ইফ্ৰয়িমৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ আঠ হাজাৰ এশ জন। তেওঁলোকে তৃতীয় হৈ প্ৰস্থান কৰিব।

25 সাক্ষাৎ কৰা তম্বুৰ উত্তৰ দিশে দানৰ সৈন্যদলে তেওঁলোকৰ পতাকাৰ চাৰিওফালে ছাউনি পাতিব। অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ দানৰ সন্তানসকলৰ অধ্যক্ষ হ’ব। 26 তেওঁৰ সৈন্যসমূহৰ গণিত লোক আছিল বাষষ্ঠী হাজাৰ সাতশ জন।

27 তেওঁলোকৰ কাষতে আচেৰৰ জনগোষ্ঠীয়ে তম্বু তৰি থাকিব। আক্ৰনৰ পুত্ৰ পগীয়েল আচেৰৰ সন্তানসকলৰ অধ্যক্ষ হ’ব; 28 তেওঁৰ সৈন্যসমূহৰ গণিত লোক আছিল একচল্লিশ হাজাৰ পাঁচ শ জন।

29 তেওঁলোকৰ পাছত আহিব নপ্তালী ফৈদ। ঐননৰ পুত্ৰ অহীৰা নপ্তালীৰ সন্তানসকলৰ অধ্যক্ষ হ’ব; 30 তেওঁৰ সৈন্যসমূহৰ গণিত লোক আছিল তেপন্ন হাজাৰ চাৰিশ জন।

31 দানৰ ছাউনিৰ গণিত লোক সৰ্ব্বমুঠ আছিল একলাখ সাতাৱন্ন হাজাৰ ছশ জন। তেওঁলোকে ছাউনিৰ পৰা নিজ নিজ পতাকা লৈ, শেষত প্ৰস্থান কৰিব।”

32 ইস্ৰায়েলৰ সন্তানসকলৰ পিতৃ-বংশৰ সৰ্ব্বমুঠ ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ জন সৈন্যদল অনুসাৰে ছাউনিবোৰৰ গণিত লোক আছিল। 33 কিন্তু যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে, লেবীয়াসকলক ইস্ৰায়েলৰ সন্তানসকলৰ মাজত গণনা কৰা নহ’ল।

34 যিহোৱাই মোচিৰ দ্ৱাৰা দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলে সেই সকলো কাৰ্য কৰিলে। তেওঁলোকে নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে নিজ নিজ পতাকাৰ গুৰিত তম্বু তৰিলে আৰু সেই দৰেই প্ৰস্থান কৰিলে।

Chapter 3

লেবীয়াসকলক গণনা কৰা, তম্বুৰ সকলো বস্তু তেওঁলোকক গতাই দিয়া আৰু প্ৰথমে জন্ম পোৱা সকলক মোকলোৱা।

1 এয়েই হৈছে হাৰোণ আৰু মোচিৰ বংশধৰৰ জীৱনী, যি কালত চীনয় পৰ্ব্বতত যিহোৱাই মোচিক কথা কৈছিল। 2 হাৰোণৰ পুত্ৰসকলৰ মাজত প্ৰথমে জন্ম পোৱা জনৰ নাম নাদব, তাৰ পাছত অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ।

3 পুৰোহিতৰ কৰ্ম্ম কৰিবলৈ যিসকলক তেওঁ নিযুক্ত কৰিছিল, সেই অভিষিক্ত পুৰোহিত হাৰোণৰ পুত্ৰসকলৰ নাম এয়ে। 4 কিন্তু নাদব আৰু অবীহূৱে চীনয় পৰ্ব্বতৰ মৰুপ্রান্তত যিহোৱাৰ আগলৈ অগ্রহণীয় সাধাৰণ জুই নিওঁতে যিহোৱাৰ আগতে প্ৰাণ ত্যাগ কৰিলে। নাদব আৰু অবীহূৰ কোনো সন্তান নাছিল, এই হেতুকে, ইলিয়াজৰ আৰু ঈথামৰে নিজ পিতৃ হাৰোণৰ সৈতে পুৰোহিতৰ কৰ্ম্ম কৰিলে।

5 আৰু যিহোৱাই মোচিক কথা কৈছিল। তেওঁ কৈছিল, 6 “হাৰোণ পুৰোহিতৰ পৰিচৰ্য্যাত সহায় কৰিবলৈ, তুমি লেবীৰ জনগোষ্ঠীক তেওঁৰ সন্মুখলৈ আনা।

7 আবাসৰ পৰিচৰ্যা কৰি, সাক্ষাৎ কৰা তম্বুৰ আগত হৰোণৰ আৰু গোটেই ইস্রায়েলৰ হৈ যি যি কৰিব লগীয়া, তাক তেওঁলোকে সম্পন্ন কৰিব লাগিব। 8 আবাসৰ কাৰ্য্য কৰি সাক্ষাৎ কৰা তম্বুৰ আটাই বস্তুৰ বাবে যি যি যত্ন ল’ব লগীয়া আৰু ইস্ৰায়েলৰ সন্তানসকলৰ যি যি কৰিব লগীয়া, তাত তেওঁলোকে সহায় কৰিব লাগিব।

9 আৰু তুমি লেবীয়াসকলক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিবা। ইস্ৰায়েলৰ সন্তানসকলৰ পৰিচর্য্যাত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে তেওঁলোকক তেওঁলৈ দিয়া হ’ল। 10 তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক পুৰোহিত ৰূপে নিযুক্ত কৰিবা, কিন্তু আন বংশৰ যিকোনো লোক ওচৰলৈ আহিলে তেওঁৰ প্ৰাণদণ্ড হ’ব।”

11 আৰু যিহোৱাই মোচিক কথা কৈছিল। তেওঁ কৈছিল, 12 “চোৱা, মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক ল’লো। ইস্ৰায়েলৰ সন্তানসকলৰ মাজত গৰ্ভভেদ কৰি অহা প্ৰথমে জন্ম পোৱা সকলৰ সলনি লবলৈ মই ইয়াকে কৰিলো। এই হেতুকে লেবীয়াসকল মোৰেই হ’ব। 13 কিয়নো সকলো প্ৰথমে জন্ম পোৱা সকল মোৰেই। যিদিনা মিচৰ দেশত সকলো প্ৰথমে জন্ম পোৱা সকলক ধংশ কৰিছিলো, সেই দিনাই মানুহৰ পৰা জীৱ-জন্তুলৈকে ইস্ৰায়েলৰ আটাই প্ৰথমে জন্ম পোৱা সকলক মোৰ অৰ্থে পবিত্ৰ কৰিলোঁ। এতেকে সেই সকলো মোৰেই হ’ব। মই যিহোৱা।”

14 পাছে চীনয় মৰুপ্রান্তত যিহোৱাই মোচিক কৈছিল। তেওঁ কৈছিল, 15 “তুমি নিজ নিজ পিতৃ-বংশ আৰু গোষ্ঠী অনুসাৰে লেবীৰ সন্তানসকলক গণনা কৰা। এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষক গণনা কৰিবা।” 16 তাতে মোচিয়ে যেনেকৈ যিহোৱাৰ পৰা আজ্ঞা পালে, তেনেকৈ যিহোৱাৰ বাক্যৰ দৰেই তেওঁলোকক গণনা কৰিলে।

17 লেবীৰ পুত্ৰসকলৰ নাম আছিল গেৰ্চোন, কহাৎ আৰু মৰাৰী। 18 আৰু নিজ নিজ বংশ অনুসাৰে গেৰ্চোনৰ পুতেক সকলৰ নাম লিবনী আৰু চিমিয়ী আছিল। 19 আৰু নিজ নিজ বংশ অনুসাৰে কহাতৰ পুতেক সকলৰ নাম অম্ৰম, যিচহৰ, হিব্ৰোণ আৰু উজ্জীয়েল। 20 আৰু নিজ নিজ বংশ অনুসাৰে মৰাৰীৰ পুতেক সকলৰ নাম মহলী আৰু মূচী। নিজ নিজ পিতৃ-বংশ অনুসাৰে এই সকলেই লেবীয়াসকলৰ বংশ।

21 গেৰ্চোনৰ পৰা লিবনীয়া সকলৰ বংশ আৰু চিমীয়ীয়া সকলৰ বংশ উৎপন্ন হ’ল। এওঁলোকেই হ‘ল গেৰ্চোনীয়া সকলৰ বংশ। 22 এওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষকে গণনা কৰা হ’ল, এওঁলোকৰ গণিত লোক সাত হাজাৰ পাঁচশ জন আছিল। 23 গেৰ্চোনীয়া সকলৰ দুই বংশই আবাসৰ পশ্চিম দিশে তম্বু তৰি থাকিব।

24 আৰু লায়েলৰ পুত্ৰ ইলিয়াচফ গেৰ্চোনীয়া সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব। 25 গেৰ্চোনৰ পৰিয়ালে আবাসৰ আৱৰণৰ ভিতৰত থকা সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰ্দ্দাৰ যত্ন ল’ব। পৰ্দা তম্বু, তাৰ আৱৰণ আৰু প্রবেশ দুৱাৰৰ পৰ্দাবোৰৰ যত্ন ল’ব। 26 আবাসৰ আৰু যজ্ঞ-বেদিৰ চাৰিওফালে থকা চোতালৰ আঁৰ কাপোৰবোৰ আৰু তাৰ দুৱাৰৰ পৰ্দ্দাবোৰৰ যত্ন ল’ব। তাৰ আটাই কামৰ ৰছী, সাক্ষাৎ কৰা তম্বুৰ এই সকলো বস্তু তেওঁলোকৰ জিম্মাত থাকিব।

27 আৰু কহাতৰ পৰা অম্ৰীময়া সকলৰ বংশ, যিচহৰীয়া সকলৰ বংশ, হিব্ৰোণীয়া সকলৰ বংশ আৰু উজ্জীয়েলীয়া সকলৰ বংশ উৎপন্ন হ’ল; এই সকলো কহাতীয়া সকলৰ গোষ্ঠী। 28 এওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ সংখ্যা আঠ হাজাৰ ছশ জন, পবিত্ৰস্থানৰ যি যি কৰিবলগীয়া, তাক এওঁলোকেই কৰিব। 29 কহাতৰ সন্তান সকলৰ বংশবোৰে আবাসৰ দক্ষিণফালে তম্বু কৰি থাকিব।

30 আৰু উজ্জীয়েলৰ পুত্ৰ ইলিচাফন কহাতীয়া গোষ্ঠী সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব। 31 আৰু চন্দুক, মেজ, দীপাধাৰ বেদিবোৰ, পবিত্ৰস্থানৰ পৰিচৰ্য্যা কৰা আটাই বস্তুবোৰ যত্ন ল’ব। আৰু আঁৰ কৰি ৰখা বস্ত্ৰ এইবোৰ তেওঁলোকৰ জিম্মাত থাকিব আৰু তাৰ সম্পৰ্কীয় সকলো কাৰ্য্য তেওঁলোকে কৰিব। 32 আৰু হাৰোণ পুৰোহিতৰ পুত্ৰ ইলিয়াজৰ লেবীয়া সকলৰ অধ্যক্ষৰো অধ্যক্ষ হ’ব। যিসকলৰ জিম্মাত পবিত্ৰস্থান থাকিব, তেওঁলোকৰ ওপৰত তেওঁ নিযুক্ত হ’ব।

33 আৰু মৰাৰীৰ পৰা মহলীয়া সকলৰ বংশ আৰু মুচীয়া সকলৰ বংশ উৎপন্ন হ’ল। এওঁলোকেই মৰাৰীয়া সকলৰ গোষ্ঠী। 34 এওঁলোকৰ এমাহ আৰু তাতকৈ অধিক বয়সীয়া আটাই পুৰুষৰ সংখ্যা ছয় হাজাৰ দুশ জন। 35 অবীহয়িলৰ পুত্ৰ চুৰীয়েল মৰাৰীৰ গোষ্ঠী সকলৰ পিতৃ-বংশৰ অধ্যক্ষ হ’ব। তেওঁলোকে আবাসৰ উত্তৰফালে কাষত তম্বু তৰি থাকিব।

36 আৰু আবাসৰ তক্তা, তাৰ ডাং, তাৰ খুটা, তাৰ চুঙী আৰু তাৰ সকলো বস্তু মৰাৰীৰ সন্তান সকলৰ জিম্মাত থাকিব আৰু তাৰ সম্পৰ্কীয় আটাই কাৰ্য্য তেওঁলোকে কৰিব, 37 লগত চোতালৰ চাৰিওফালে থকা খুটাবোৰ আৰু সেইবোৰৰ চুঙী, খুটি আৰু ৰছী তেওঁলোকৰ জিম্মাত থাকিব।

38 পাছে মোচি, হাৰোণ আৰু তেওঁৰ পুত্রসকলে পূৱফালে আবাসৰ আগত, সূৰ্য্য উদয় হোৱা ফালে, সাক্ষাৎ কৰা তম্বুৰ আগত তম্বু তৰি থাকিব। ইস্ৰায়েলৰ সন্তান সকলৰ পবিত্ৰ স্থানৰ বিষয়ে যি কৰিব লগীয়া, তাৰ কাৰ্য্য তেওঁলোকৰ জিম্মাত থাকিব। বিদেশী যি কোনো লোক তাৰ ওচৰ চাপিলে তেওঁৰ প্ৰাণদণ্ড হ’ব। 39 মোচি আৰু হাৰোণে যিহোৱাৰ আজ্ঞাৰ দৰে নিজ নিজ বংশ অনুসাৰে যি লেবীয়া সকলক গণনা কৰিলে, লেবীয়া সকলৰ সেই গণিত লোক, এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষৰ সংখ্যা সৰ্ব্বমুঠ বাইচ হাজাৰ।

40 পাছে যিহোৱাই মোচিক ক’লে, “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ, এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া প্ৰথমে জন্ম পোৱা সকলো পুৰুষক গণনা কৰা আৰু তেওঁলোকৰ নামৰ তালিকা কৰা। 41 আৰু মোৰ অৰ্থে, তুমি ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা আটাই মানুহৰ সলনি লেবীয়া সকলক গ্রহণ কৰা। ময়েই যিহোৱা। আৰু ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জগা আটাই পশুৰ সলনি লেবীয়া সকলৰ পশুবোৰ গ্ৰহণ কৰা।”

42 মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ প্ৰথমে জন্মা আটাই লোকসকলক গণনা কৰিলে। 43 তেওঁলোকৰ এমহীয়া আৰু তাতকৈ অধিক বয়সীয়া প্ৰথমে জন্মা সকলো পুৰুষৰ নামে সৈতে তেওঁ গণনা কৰিলে। তেওঁৰ গণনাত সংখ্যা বাইশ হাজাৰ দুশ ত্ৰেসত্তৰ জন হ’ল।

44 পাছে যিহোৱাই মোচিক কথা ক’লে। তেওঁ ক’লে, 45 “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা আটাই লোকৰ সলনি লেবীয়া সকলক লোৱা। আৰু তেওঁলোকৰ পশুবোৰৰ সলনি লেবীয়া সকলৰ পশুবোৰ লোৱা। লেবীয়া সকল মোৰেই হ’ব। ময়েই যিহোৱা।

46 তেওঁলোকক মোকলাবৰ বাবে, ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্ম পোৱা সকলৰ মাজত লেবীয়া সকলৰ সংখ্যাতকৈ বঢ়া যি দুশ ত্ৰেসত্তৰ জন লোক আছে, 47 তুমি তেওঁলোকৰ সলনি এজন এজনৰ সলনি পাঁচ পাঁচ চেকল ল’বা; বিশ গেৰাই এক চেকল হয়। 48 আৰু সেই সংখ্যাতকৈ বঢ়া লোকসকলক যি ধনেৰে মোকলোৱা হ’ব, সেই ধন হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক দিবা।”

49 তেতিয়া লেবীয়া সকলৰ যোগেদি মোক লোৱা লোক সকলৰ বাহিৰে যি লোক বাঢ়ি আছিল, তেওঁলোকক মোকলোৱা ধন মোচিয়ে সংগ্রহ কৰিলে। 50 তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্ম পোৱা লোকসকলৰ পৰা পবিত্ৰস্থানৰ চেকল অনুসাৰে সেই ধন এক হাজাৰ তিনিশ পঁয়ষষ্ঠি চেকল সংগ্রহ কৰিলে। 51 পাছত যিহোৱাৰ বাক্য অনুসাৰে মোচিয়ে সকলো কৰিলে, যিহোৱাই যিদৰে মোচিক আজ্ঞা দিছিল, মোচিয়ে সেই মোকলোৱা ধন হাৰোণক আৰু তেওঁৰ পুত্ৰসকলক দিলে।

Chapter 4

লেবীয়াসকলৰ পুৰুষে কৰা কাৰ্য্য আৰু সেই কাৰ্য্য কৰা পুৰুষসকলৰ গণনা।

1 পাছত যিহোৱাই মোচি আৰু হাৰোণক কথা কৈছিল। তেওঁ ক’লে, 2 “তোমালোকে লেবীৰ সন্তানসকলৰ মাজত নিজ নিজ বংশ আৰু পিতৃ-বংশ অনুসাৰে কহাতৰ সন্তানসকলৰ লোকপিয়ল গণনা কৰিবলৈ পৰিচালনা কৰা। 3 ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান পুৰুষ সাক্ষাৎ কৰা তেওঁলোকৰ লেখ লোৱা। তম্বুৰ কাৰ্য্য কৰিবলৈ কৰ্ম্মচাৰীবোৰৰ শ্ৰেণীত, এই লোকসকল অন্তৰ্ভুক্ত হ’ব লাগিব। 4 মোৰ বাবে সংৰক্ষিত কৰি ৰখা অতিশয় পবিত্ৰ বস্তুৰ বিষয়ে কহাতীয়াসকলে সাক্ষাৎ কৰা তম্বুৰ কাম কৰিব লাগিব।

5 যেতিয়া ছাউনি উঠিব লগা হ’ব, তেতিয়া হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তম্বুৰ ভিতৰত সোমাই, আঁৰ কৰি ৰখা প্ৰভেদক বস্ত্ৰ নমাই তাৰে সাক্ষ্য-ফলিৰ চন্দুক ঢাকিব। 6 তেওঁলোকে তাৰ ওপৰত তহচৰ ছালৰ এক আৱৰণ দিব। তেওঁলোকে তাৰ ওপৰত সম্পূৰ্ণ নীল বৰণীয়া এখন বস্ত্ৰ মেলি দিব। তেওঁলোকে তাক বৈ নিবলৈ তাত কানমাৰি সুমুৱাব।

7 আৰু তেওঁলোকে দৰ্শন পিঠাৰ মেজৰ ওপৰত এখন নীল বৰণীয়া কাপোৰ পাৰিব। তাৰ ওপৰত তেওঁলোকে থাল, পিয়লা, বাটি, আৰু পেয় নৈবেদ্য দ্ৰাক্ষাৰসৰ পাত্ৰ থব। আৰু নিত্য পিঠা সদায় তাৰ ওপৰত ৰাখিব। 8 সেইবোৰৰ ওপৰত তেওঁলোকে ৰঙা বৰণীয়া কাপোৰ এখন মেলি দিব আৰু তহচৰ ছালৰ এক আৱৰণেৰে তাক ঢাকিব। আৰু তেওঁলোকে তাক কঢ়িয়াই লৈ যাবলৈ তাত কানমাৰি সুমুৱাই দিব।

9 আৰু এখন নীল বৰণীয়া কাপোৰ লৈ, দীপাধাৰ, তাৰ প্ৰদীপ, শলাকানি-কটা, এঙেৰুৱা ধৰা আৰু তাৰ পৰিচৰ্য্যা কৰা গোটেই তেলৰ পাত্ৰ ঢাকিব। 10 তাক আৰু তাৰ সকলো সঁজুলি তহচৰ ছালৰ এক আৱৰণেৰে মেৰাই লৈ এখন বৈ নিয়া যতনৰ ওপৰত থ’ব। 11 পাছত তেওঁলোকে সোণৰ বেদিৰ ওপৰত নীল বৰণীয়া কাপোৰ পাৰি দিব। তহচৰ ছালৰ এক আৱৰণেৰে তাক ঢাকিব আৰু পাছত বৈ নিয়া কানমাৰি সুমুৱাই দিব।

12 তেওঁলোকে পবিত্ৰস্থানত পৰিচৰ্য্যা কৰিব লগা সকলো সা-সৰঞ্জাম লৈ, নীল বৰণীয়া কাপোৰেৰে মেৰাব। আৰু তেওঁলোকে তহচৰ ছালৰ এক আৱৰণেৰে ঢাকি, তাক বৈ নিয়া যতনৰ ওপৰত ৰাখিব। 13 আৰু যজ্ঞ বেদিৰ পৰা ছাই উলিয়াই পেলাই দি, তাৰ ওপৰত এখন বেঙেনা বৰণীয়া কাপোৰ পাৰিব। 14 আৰু তাৰ ওপৰত তাৰ পৰিচৰ্য্যা কৰিব লগা আটাই সঁজুলি আদি বেদিৰ সকলো পাত্ৰ ৰাখিব। তেওঁলোকে অৰ্থাৎ আঙঠা-ধৰা, ত্ৰিশূল, ছাই উলিয়াওঁৱা হেতা, তেজ ছটিওৱা পাত্ৰ, পাছে তেওঁবিলাকে তাৰ ওপৰত তহচৰ ছালৰ এক আৱৰণ দি, কানমাৰি সুমুৱাই দি তাক ঢাকি ৰাখিব।

15 ছাউনি উঠিব যাব লগা সময়ত, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে পবিত্ৰস্থান আৰু ইয়াৰ সকলো বস্তু ঢকাৰ পাছত, কহাতৰ সন্তানসকলে তাক বৈ নিবলৈ আহিব লাগিব। কিন্তু তেওঁলোকে যদি পবিত্ৰ বস্তুবোৰ স্পৰ্শ কৰে, তেনেহলে তেওঁলোক মৰিব লাগিব। এইবোৰেই কহাতৰ সন্তানসকলৰ সাক্ষাৎ কৰা তম্বুৰ বস্তুবোৰ বৈ নিয়া কাম আছিল। 16 আৰু প্ৰদীপৰ অৰ্থে তেল, সুগন্ধি ধূপ, নিত্য ভক্ষ্য নৈবেদ্য, অভিষেকাৰ্থক তেল, হাৰোণ পুৰোহিতৰ পুত্ৰ ইলিয়াজৰৰ জিম্মাত থাকিব। গোটেই আবাস আৰু তাত থকা সকলো পবিত্ৰস্থান আৰু তাৰ সকলো বস্তু তেওঁৰ জিম্মাত থাকিব।

17 পাছে যিহোৱাই মোচি আৰু হাৰোণক কথা কৈছিল। তেওঁ ক’লে, 18 “তোমালোকে লেবীয়াসকলৰ মাজৰ পৰা কহাতীয়া গোষ্ঠীৰ বংশক উচ্ছন্ন হ’বলৈ নিদিবা। 19 তেওঁলোকক সুৰক্ষিত কৰি ৰাখিবা, এইবোৰ কৰাৰ দ্বাৰাই তেওঁলোক নমৰিব, কিন্তু জীয়াই থাকিব। যেতিয়া তেওঁলোকে অতি পবিত্ৰস্থানৰ ওচৰ চাপে, 20 তেতিয়া কিন্তু তেওঁলোকে মৰা নপৰিবৰ বাবে পবিত্ৰ বস্তুবোৰ খন্তেকৰ বাবে চাবলৈ পবিত্রস্থানৰ ভিতৰলৈ নাহিব। হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে ভিতৰত সোমাই কহাতীয়াসকলৰ প্ৰতিজনক নিজ নিজ কৰিব লগীয়া কামত আৰু নিযুক্ত কৰিব।”

21 যিহোৱাই মোচিক পুনৰ কথা ক’লে। তেওঁ ক’লে, 22 “তুমি পিতৃ-বংশ আৰু বংশানুসাৰে গেৰ্চোনৰ সন্তান সকলৰো লোকপিয়ল পৰিচালনা কৰিবা। 23 ত্ৰিশ বছৰ বয়সৰে পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য্য কৰিবলৈ কৰ্ম্মকাৰীসকলৰ শ্ৰেণীত সোমায়, তেওঁলোকক গণনা কৰা।

24 পৰিচৰ্যা আৰু ভাৰ বৈ লৈ যোৱাই গেৰ্চোনীয়া গোষ্ঠীসকলৰ কাম আছিল। 25 তেওঁলোকে আবাসৰ কাপোৰবোৰ সাক্ষাৎ কৰা তম্বু, তাৰ আৱৰণ, তাৰ ওপৰত থকা তহচৰ ছালৰ আৱৰণ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰ্দ্দা এই সকলো বৈ লৈ যাব লাগিব। 26 আবাসৰ আৰু যজ্ঞ-বেদিৰ চাৰিওফালে থকা চোতালৰ আঁৰ কাপোৰবোৰ আৰু তাৰ দুৱাৰৰ পৰ্দ্দা, সেইবোৰৰ ৰছী আৰু তাৰ কাম কৰা আটাই হাতিয়াৰ, এইবোৰ তেওঁলোকে বব আৰু এইবোৰৰ সম্পৰ্কীয় যি যি কাম কৰিব লগা হ’ব, তাকো কৰিব লাগিব।

27 গেৰ্চোনৰ সন্তানসকলৰ সকলো ভাৰ বোৱা কাৰ্য্য, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ আজ্ঞা অনুসাৰে হ’ব। ভাৰ বোৱা আটাই বস্তু তোমালোকে তেওঁলোকৰ জিম্মালৈ দিবা। 28 গেৰ্চোনৰ সন্তানসকলৰ গোষ্ঠীসকলে সাক্ষাৎ কৰা তম্বুৰ কৰিব লগা কাম এয়ে। আৰু তেওঁলোকে কৰিব লগা কাম হাৰোণৰ পুত্ৰ ঈথামৰৰ জিম্মাত থাকিব।

29 পাছত নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে মৰাৰীৰ সন্তানসকলকো তুমি গণনা কৰা, 30 ত্ৰিশ বছৰ বয়সৰে পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য্য কৰিবলৈ কৰ্ম্মকাৰীসকলৰ শ্ৰেণীত সোমায়, তেওঁলোকক গণনা কৰা।

31 আৰু সাক্ষাৎ কৰা তম্বুৰ তেওঁলোকৰ সকলো কাৰ্য্য অনুসাৰে তেওঁলোকৰ জিম্মাত থকা তেওঁলোকে বৈ নিব লগা বস্তু এই - আবাসৰ তক্তা, তাৰ ডাং, খুটা, চুঙী, 32 আৰু চোতালৰ চাৰিওফালে থকা খুটা, সেইবোৰৰ চুঙী, খুটি, ৰছী আৰু তাৰ আটাই কাৰ্য্যৰ হাতিয়াৰ; তোমালোকে নাম ধৰি ধৰি, তেওঁলোকে বৈ নিব লগা সকলো বস্তু তেওঁলোকক গতাই দিবা।

33 মৰাৰীৰ সন্তানসকলৰ গোষ্ঠীসকলে তেওঁলোকৰ সকলো কাৰ্য্য অনুসাৰে সাক্ষাৎ কৰিব লগা তম্বুৰ কৰিব লগা কাৰ্য্য এয়ে। তেওঁলোকৰ কাৰ্য্য হাৰোণ পুৰোহিতৰ পুত্ৰ ঈথামৰৰ জিম্মাত থাকিব।

34 পাছত মোচি, হাৰোণ আৰু মণ্ডলীৰ অধ্যক্ষসকলে কহাতৰ সন্তানসকলৰ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰিলে। 35 তেওঁলোকৰ মাজৰ পৰা ত্ৰিশ বছৰ বয়সৰে পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য্য কৰিবলৈ কৰ্ম্মকাৰীসকলৰ শ্ৰেণীত সোমাল, তেওঁলোকক গণনা কৰিলে। 36 তেতিয়া তেওঁলোকৰ গোষ্ঠী অনুসাৰে তেওঁলোকৰ গণিত লোক দুই হাজাৰ সাতশ পঞ্চাশ জন হ’ল।

37 মোচিৰ যোগেদি দিয়া যিহোৱাৰ আজ্ঞা মতে যিসকলক মোচি আৰু হাৰোণে গণনা কৰিলে, সাক্ষাৎ কৰা তম্বুৰ কাম কৰা, কহাতীয়া গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল।

38 গেৰ্চোনৰ সন্তানসকলৰ মাজত, যিসকলক নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰা হ’ল, 39 ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাম কৰিবলৈ কৰ্ম্মকাৰীসকলৰ শ্ৰেণীত সোমাল, 40 নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে তেওঁলোকৰ মাজৰ সেই গণিত লোক দুই হাজাৰ ছশ ত্ৰিশ জন হ’ল।

41 যিহোৱাই আজ্ঞা কৰাৰ দৰে মোচি আৰু হাৰোণে যিসকলক গণনা কৰিলে, সাক্ষাৎ কৰা তম্বুৰ কাৰ্য্য কৰা গেৰ্চোনৰ গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল।

42 আৰু মৰাৰীৰ সন্তানসকলৰ গোষ্ঠীসকলৰ মাজত যিসকলক নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰা হ’ল, 43 ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য্য কৰিবলৈ কৰ্ম্মকাৰীসকলৰ শ্ৰেণীত সোমাল, 44 নিজ নিজ গোষ্ঠী অনুসাৰে তেওঁসকলৰ মাজৰ সেই গণিত লোক তিনি হাজাৰ দুশ জন হ’ল।

45 মোচিৰ যোগেদি যিহোৱাই আজ্ঞা কৰাৰ দৰে মোচি আৰু হাৰোণে যিসকলক গণনা কৰিলে, মৰাৰীৰ সন্তানসকলৰ গোষ্ঠীসকলৰ সেই গণিত লোক এইসকল।

46 নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে, মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ অধ্যক্ষ সকলে গণনা কৰা, লেবীয়া লোকসকলৰ যিমান লোকক গণনা কৰা হ’ল, 47 ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক দাস্যকৰ্ম্ম কৰিবলৈ, সাক্ষাৎ কৰা তম্বুৰ ভাৰ বোৱা কাম কৰিবলৈ সোমাল, 48 তেওঁলোকৰ মাজৰ সেই গণিত লোক আঠ হাজাৰ পাঁচশ আশী জন হ’ল।

49 কি কি কামত আৰু কি কি ভাৰত কিমান মানুহ লাগিব, তাক যিহোৱাৰ আজ্ঞাৰ দৰে মোচিৰ যোগেদি গণনা কৰা হ’ল। এইদৰে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই তেওঁলোক তেওঁৰ যোগেদি গণিত হ’ল।

Chapter 5

কুষ্ঠ আদি ৰোগীকে বাহিৰ কৰা। পৰপুৰুষে সৈতে ব্যভিচাৰ কৰা মহিলা, অন্তৰ্জ্বালা আদি বিষয়ৰ বিধি।

1 তাৰ পাছত যিহোৱাই মোচিক কলে, 2 “তুমি প্ৰতিজন কুষ্ঠৰোগীক, আৰু গাৰ ঘাৰ পৰা কিবা বৈ থকা প্ৰতিজন ৰোগীক, আৰু মৰা শ চুই অশুচি হোৱা প্ৰতিজন লোককে ছাউনিৰ পৰা বাহিৰ কৰিবলৈ, ইস্ৰায়েলৰ সন্তানসকলক আজ্ঞা দিয়া। 3 তোমালোকে পুৰুষহে হওঁক বা স্ত্ৰীয়ে হওঁক, দুয়োকো ছাউনিৰ পৰা বাহিৰ কৰিব লাগিব। তেওঁলোকে যেন কোনো প্রকাৰে ছাউনিবোৰ অশুচি নকৰে সেই বাবে তেওঁলোকক বাহিৰ কৰা, কিয়নো মই তাত বাস কৰোঁ।” 4 তেতিয়া ইস্রায়েলৰ সন্তানসকলে তাকে কৰিলে, আৰু যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সেইদৰেই কাৰ্য্য কৰি ছাউনিৰ পৰা তেওঁলোকক বাহিৰ কৰি দিলে।

5 যিহোৱাই মোচিক পুনৰায় ক’লে, 6 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, যেতিয়া কোনো এজন পুৰুষে হওঁক বা স্ত্ৰীয়েই হওঁক, যদি কোনোবাই মানুহে মানুহক কৰা পাপৰ দৰে কোনো পাপ কৰি যিহোৱাৰ অহিতে অপৰাধ কৰে, সেই জন ব্যক্তি দোষী হয়। 7 তেতিয়া সেই পুৰুষ বা স্ত্ৰীয়ে নিজে কৰা সেই পাপ স্বীকাৰ কৰিব লাগিব, আৰু যি দোষ কৰিছিল সেই পাপৰ মূল্য সম্পূৰ্ণৰূপে তাৰ ক্ষতিপূৰণ কৰিব লাগিব; আৰু পাঁচ ভাগৰ এভাগ বেচিকৈ দিব লাগিব। তেওঁ যাৰ অহিতে দোষ কৰিলে, সেই জন লোকক দিব লাগিব।

8 আৰু যাক দোষৰ বাবে ক্ষতিপূৰণ কৰিব লগীয়া, সেই জন লোকৰ যদি এনে কোনো ওচৰ সম্বন্ধীয়া লোক নাথাকে, তেন্তে যি প্ৰায়শ্চিত্তৰ মতা মেৰটোৰ দ্বাৰাই তাক প্ৰায়শ্চিত্ত কৰা হ’ব, তেওঁৰ সেই দোষৰ বাবে যিহোৱাৰ উদ্দেশ্যে কৰিব লগা ক্ষতিপূৰণ পুৰোহিতে পাব। 9 আৰু ইস্ৰায়েলৰ সন্তানসকলে তেওঁলোকৰ পবিত্ৰ বস্তুৰ মাজৰ যিমান উত্তোলনীয় উপহাৰ মোৰ উদ্দেশ্যে পুৰোহিতৰ গুৰিলৈ আনিব, সেই সকলো সেই পুৰোহিত জনৰ হ’ব। 10 প্ৰতিজনৰ পবিত্ৰীকৃত বস্তু তেওঁৰেই হ’ব। যিকোনো বস্তু যেতিয়া কোনো এজন লোকে পুৰোহিতক দিব, তাকো তেওঁৰেই হ’ব।”

11 যিহোৱাই মোচিক আকৌ কলে, 12 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘ধৰি লোৱা কোনো এজন লোকৰ পত্নীয়ে যদি অবাটে গ’ল আৰু তেওঁৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে;

13 অৰ্থাৎ আন এজন পুৰুষে তাইৰে সৈতে শয়ন কৰিলে; সেই ক্ষেত্রত তাই অশুচি হ’ল; যদিও তাইৰ গিৰীয়েকে নেদেখাকৈ বা নজনাকৈ বা যদিও তাইৰ সেই কৰ্ম ধৰাত নপৰিল বা তাইৰ অহিতে সাক্ষী কোনো নাই, 14 আৰু নিজ পত্নী অশুচি হ’ল, এই বুলি তাইৰ প্রতি গিৰীয়েকৰ অন্তৰ্জ্বালাযুক্ত মন হ’ব পাৰে, নাইবা নিজ পত্নী অশুচি নহলেও, মিছাতে তাইৰ প্রতি তেওঁৰ অন্তৰ্জ্বালাযুক্ত মন হ’ব পাৰে।

15 তেতিয়া এই বোৰ ক্ষেত্রত সেই পুৰুষ জনে নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ আনিব। তেওঁ তাইৰ কাৰণে তাইৰ উপহাৰ, অৰ্থাৎ ঐফাৰ দহ ভাগৰ এভাগ যৱৰ আটাগুড়ি আনিব। কিন্তু তেওঁ তাৰ ওপৰত তেল নাঢালিব, আৰু কুন্দুৰু নিদিব; কিয়নো সেয়ে অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য, অপৰাধ সোঁৱৰণ কৰাওঁতা স্মৰণাৰ্থক ভক্ষ্য নৈবেদ্য।

16 তেতিয়া পুৰোহিতে সেই মহিলাক আনি যিহোৱাৰ আগত উপস্থিত কৰিব। 17 আৰু পুৰোহিতে মাটিৰ পাত্ৰত পবিত্ৰ জল ৰাখি, আবাসৰ মজিয়াৰ কিছু ধূলি লৈ, সেই জলত দিব।

18 পুৰোহিতে সেই মহিলা গৰাকীক যিহোৱাৰ আগত উপস্থিত কৰিব আৰু তাইৰ মূৰৰ চুলি মুকলি কৰিব। আৰু সেই স্মৰণাৰ্থক নৈবেদ্য, অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য তাইৰ হাতত থ’ব, আৰু শাও জন্মাওতা সেই তিতা পানী পুৰোহিতে নিজৰ হাতত ল’ব। 19 আৰু পুৰোহিতে সেই মহিলাক শপত খোৱাব লাগিব, তেওঁ তাইক কব লগগিব বোলে, “কোনো পুৰুষে যদি তোমাৰে সৈতে শয়ন কৰা নাই, আৰু তুমি নিজ স্বামীৰ অধীন হৈ অবাটে যোৱা নাই, তেতিয়াহলে শাও জন্মাওতা এই তিতা পানী তোমালৈ নিষ্ফল হ’ব।

20 কিন্তু তুমি যদি নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হ’লা, আৰু তোমাৰ স্বামীৰ বাহিৰে আন কোনো পুৰুষে যদি তোমাৰ লগত শয়ন কৰিলে....” 21 এইবোৰ কথা কৈ পুৰোহিতে শাও জন্মাওতা শপতেৰে সেই মহিলাক শপত খোৱাব, “....তেন্তে যিহোৱাই তোমাৰ কৰঙন শুকুৱাই আৰু তোমাৰ পেট উখহাই তোমাৰ লোকসকলৰ মাজত তোমাক শাও আৰু শপতৰ বিষয় কৰিব; 22 আৰু এই শাও জন্মাওতা পানী তোমাৰ পেট উখহাবলৈ আৰু কৰঙন শুকুৱাবলৈ তোমাৰ পেটত সোমাব।” তেতিয়া সেই মহিলাই উত্তৰ দিব, “হয়, যদি মই দোষী, তেনেহলে এনেই হওঁক।”

23 পুৰোহিতে জনে এইবোৰ শাও এখনি পুথিত লিখিব আৰু তাৰ পাছত তাক সেই তিতা পানীত তেওঁ ধুই পেলাব লাগিব।

24 তাৰ পাছত পুৰোহিতে সেই শাও জন্মাওতা তিতা পানী তাইক পান কৰাব; তাতে সেই শাও জন্মাওতা তিতা পানী তাইৰ পেটত সোমাই তিতা হ’ব। 25 পুৰোহিতে সেই মহিলাৰ হাতৰ পৰা সেই অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য নিজ হাতত লৈ যিহোৱাৰ সাক্ষাতে দোলাই যজ্ঞ-বেদিৰ ওচৰলৈ আনিব লাগিব। 26 আৰু পুৰোহিতে সেই ভক্ষ্য নৈবেদ্যৰ এমুঠি লৈ, তাৰ স্মৰণাৰ্থক অংশস্বৰূপে যজ্ঞ-বেদিৰ ওপৰত দগ্ধ কৰিব; তার পাছত তেওঁ সেই মহিলাক সেই পানী পান কৰাব।

27 আৰু তাই যদি নিজ স্বামীৰ বিৰুদ্ধে কুকৰ্ম্ম কৰি অশুচি হৈছে, তেন্তে সেই পানী খুউৱাৰ পাছত সেই শাও জন্মাওতা পানী তাইৰ পেটতসোমাই তিতা হ’ব। তাইৰ পেট উখহিব আৰু কৰঙন শুকাই যাব। আৰু তাই নিজ লোকসকলৰ মাজত শাওৰ বিষয় হ’ব। 28 কিন্তু যদি সেই মহিলা অশুচি নহৈ, শুচি আছে, তেন্তে তাই শাওৰ পৰা মুক্ত হ’ব আৰু গৰ্ভধাৰণ কৰিব।

29 এয়ে অন্তৰ্জ্বালাযুক্ত বিধি; যেতিয়া কোনো মহিলাই নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হয়, তাইৰ বাবেই এই বিধি। 30 যেতিয়া কোনো মানুহৰ মন অন্তৰ্জ্বালাযুক্ত হৈ, তেওঁ নিজৰ পত্নীৰ প্রতি অন্তৰ্জ্বালাৰে জ্বলে, সেই সময়ত তেওঁ নিজ পত্নীক যিহোৱাৰ আগত উপস্থিত কৰিব, আৰু পুৰোহিতে তাইৰ বিষয়ে এই সকলো বিধি পালন কৰিব।

31 তেতিয়া নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ অনাৰ কাৰণে সেই পুৰুষ অপৰাধৰ পৰা মুক্ত হ’ব, আৰু সেই তিৰোতাই নিজ অপৰাধৰ ফল ভোগ কৰিব।

Chapter 6

নাচৰীয়া লোকৰ, আৰু আশীৰ্ব্বাদৰ বিধি।

1 যিহোৱাই মোচিক কলে, 2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘কোনো পুৰুষ বা স্ত্ৰীয়ে যেতিয়া যিহোৱাৰ উদ্দেশ্যে বিশেষ নাচৰীয়া ব্ৰত ধৰিবৰ অৰ্থে পৃথকে থাকিব, 3 তেতিয়া তেওঁ দ্ৰাক্ষাৰস আৰু সুৰাপানৰ পৰা নিজকে আতৰত ৰাখিব লাগিব। তেওঁ দ্ৰাক্ষাৰসৰ চিৰ্কা বা সুৰাৰ চিৰ্কা পান নকৰিব আৰু দ্ৰাক্ষাফলৰ পৰা চেপি উলিওৱা নতুন ৰসকো পান নকৰিব, বা কেঁচা কি শুকান দ্ৰাক্ষাফলো নাখাব। 4 তেওঁ মোৰ উদ্দেশ্যে পৃথকে থকা সকলো কালত, গুটিৰ পৰা বাকলিলৈকে দ্ৰাক্ষাফলৰে যুগুত কৰা কোনো বস্তু ভোজন নকৰিব।

5 আৰু ব্ৰত ধৰি পৃথকে থকা সকলো কালত তেওঁৰ মূৰত ক্ষুৰ নলগাব; যিহোৱাৰ উদ্দেশ্যে বেলেগে থকা দিনৰ সংখ্যা পূৰ নহয়মানে তেওঁ নিজৰ মূৰৰ চুলি বাঢ়িবলৈ দিব।

6 তেওঁ যেতিয়ালৈকে যিহোৱাৰ উদ্দেশ্যে পৃথকে থাকে, তেতিয়ালৈকে কোনো মৰা শৱৰ ওচৰলৈ নাযাব। 7 তেওঁৰ পিতৃৰ বা মাতৃৰ, ককায়েকৰ বা ভনীয়েকৰ মৃত্যুৰ সময়ত, তেওঁ তেওঁলোকৰ কাৰণে নিজকে অশুচি নকৰিব, কিয়নো তেওঁৰ মূৰৰ দীঘল চুলি দেখি, তেওঁ নিজ ঈশ্বৰৰ উদ্দেশ্যে যে পৃথকে আছে সেই বিষয়ে সকলোৱে জানিব। 8 তেওঁ পৃথকে হৈ থকা সকলো কালত, যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হৈ থাকিব।

9 আৰু যদি কোনো এজন মানুহৰ অকস্মাৎ তেওঁৰ ওচৰত মৃত্যু হয়, তেতিয়া তেওঁ তেওঁৰ নিজ পৃথকে থকাৰ চিন অশুচি কৰে। তেতিয়া তেওঁ শুচি হোৱা দিনা, নিজৰ মূৰ ক্ষুৰাব। সেয়া সপ্তম দিনাই তেওঁ নিজ মূৰৰ চুলি ক্ষুৰাব লাগিব।

10 অষ্টম দিনা তেওঁ দুটা কপৌ, বা দুটা পাৰ পোৱালি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব লাগিব। 11 তেতিয়া পুৰোহিতে তাৰে এটা পাপৰ্থক বলিস্বৰূপে, আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিব। তেতিয়া তেওঁ মৰা শৱৰ ওচৰত থকাৰ পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব; আৰু সেই দিনাই তেওঁ নিজকে পুনৰ পবিত্ৰ কৰিব।

12 তেওঁ নিজকে পুনৰায় যিহোৱাৰ উদ্দেশ্যে পৃথকে থাকিব লাগিব। তেওঁ দোষাৰ্থক বলিস্বৰূপে এটা এবছৰীয়া ভেড়া পোৱালি আনিব। কিয়নো তেওঁ পূৰ্ব্বে নিজকে অশুচি কৰালে সেই কাৰণে তেওঁ পূৰ্ব্বে নিজকে যিহোৱাৰ উদ্দেশ্যে পৃথকে থকা দিনবোৰ গণ্য নহ’ব।

13 নাচৰীয়া লোক হৈ পৃথকে থকাৰ কাল পূৰ হলে, তেওঁ পালন কৰিব লগা বিধি এনে- তেওঁক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ অনা হ’ব। 14 তেওঁ নিজে অনা উপহাৰ যিহোৱালৈ দান কৰিব। তেওঁ হোম বলিৰ কাৰণে গাত কোনো দাগ নথকা এটা এবছৰীয়া মতা ভেড়া পোৱালি আৰু পাপাৰ্থক বলিৰ কাৰণে গাত দাগ নথকা এজনী এবছৰীয়া নিঘূণ চেঁউৰী ভেড়া পোৱালি, আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে গাত দাগ নথকা এটা নিঘূণ মতা ভেড়া দান কৰিব লাগিব; 15 আৰু সেই জন্তুবোৰৰ সৈতে একেৰাহি খমিৰ নিদিয়া পিঠা অৰ্থাৎ তেল মিহলোৱা মিহি আটাগুড়িৰ বিন্ধা থকা পিঠা কেইটামান, আৰু খমীৰ নিদিয়া তেল ঢলা পাতল চাকলিয়া পিঠা কেইটামান, আৰু তাৰ লগত ভক্ষ্য আৰু পেয় নৈবেদ্য উপহাৰৰ সৈতে এই সকলো উপহাৰ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ আনিব।

16 তাতে পুৰোহিতে এই সকলো বস্তু যিহোৱাৰ আগলৈ আনিব। তেতিয়া তেওঁৰ পাপাৰ্থক বলি আৰু হোম বলি উৎসৰ্গ কৰিব। 17 খমীৰ নিদিয়া পিঠাৰ খৰাহিটোৰে সৈতে মঙ্গলাৰ্থক বলিৰ ভেড়াটো যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব আৰু তাৰ পাছত পুৰোহিতে তাৰ লগৰ ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্যও উৎসৰ্গ কৰিব।

18 পাছত নাচৰীয়া লোকজনে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত নিজে পৃথক হৈ থকাৰ চিন অৰ্থাৎ তেওঁৰ মূৰৰ দীঘল চুলি ক্ষুৰাই, সেই মূৰৰ চুলি লৈ, মঙ্গলাৰ্থক বলিৰ তলত থকা অগ্নিত পেলাই দিব।

19 আৰু নাচৰীয়া লোকজনে পৃথকে থকাৰ যি চিন, তাক ক্ষুৰুৱাৰ পাছত, পুৰোহিতে পানীত সিজোৱা মেৰৰ আগ-পিৰাটো, আৰু খৰাহিৰ পৰা খমীৰ নিদিয়া বিন্ধা থকা পিঠা এটা, আৰু খমীৰ নিদিয়া পাতল চাকলীয়া পিঠা এটা লৈ, নাচৰীয়া লোকজনৰ হাতত দিব। 20 আৰু পুৰোহিতে সেই সকলোকে দোলনীয় নৈবেদ্যস্বৰূপে যিহোৱাৰ সাক্ষাতে তেওঁৰ সন্মুখত দান কৰিব; দোলনীয় আমঠু আৰু উত্তোলনীয় পাছ-পিৰাই সৈতে সেয়ে পুৰোহিতৰ অৰ্থে পবিত্ৰ হ’ব। তাৰ পাছত নাচৰীয়া লোকজনে দ্ৰাক্ষাৰস পান কৰিব পাৰিব।

21 নাচৰীয়া ব্ৰত ধৰোতা মানুহৰ আৰু পৃথকে থকাৰ কাৰণে যিহোৱাক দিব লগা তাৰ উপহাৰৰ এয়ে বিধি। ইয়াৰ বাহিৰে তেওঁ নিজৰ শক্তি অনুসাৰে দিবলৈ আগ কৰে, তাকো দিব পাৰে; তেওঁ যি ব্ৰত ধৰে, সেই ব্ৰত অনুসাৰে তেওঁ নিজে পৃথকে থকা বিধি পালন কৰিব লাগে’।”

22 পাছত যিহোৱাই পুনৰায় মোচিক কলে, “তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক কোৱা, 23 ‘তোমালোকে ইস্ৰায়েলৰ সন্তানসকলক এইদৰে আশীৰ্ব্বাদ কৰিবা। তোমালোকে তেওঁলোকক এইদৰে ক’বা,

24 “যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰি ৰাখক।

25 যিহোৱাই তেওঁৰ নিজ পোহৰৰে তোমালোকক উজ্জ্বল কৰি ৰাখক আৰু তোমালোকৰ প্রতি দয়ালু হোঁক।

26 যিহোৱাই তোমালৈ দৃষ্টি কৰক আৰু তোমাক শান্তি দান কৰক’।” 27 এইদৰে তেওঁলোকে ইস্ৰায়েলৰ সন্তানসকলৰ ওপৰত মোৰ নাম স্থাপন কৰিব। তেতিয়া মই তেওঁলোকক আশীৰ্ব্বাদ কৰিম।

Chapter 7

ইস্ৰায়েলৰ অধ্যক্ষসকলে দিয়া উপহাৰ।

1 পাছত যি দিনা মোচিয়ে আবাস স্থাপন কৰি সমপন্ন কৰিলে, তেতিয়া তেওঁ সেই আবাস আৰু তাৰ সকলো বস্তু যিহোৱাৰ বাবে অভিষেক আৰু পবিত্ৰ কৰিলে। তেওঁ যজ্ঞ-বেদি আৰু তাৰ সকলো বস্তু, সকলোকে সঁজুলি অভিষেক আৰু পবিত্ৰ কৰিলে। 2 সেই দিনা ইস্ৰায়েলৰ অধ্যক্ষসকল, তেওঁলোকৰ পিতৃ-বংশৰ মুখিয়ালসকলে নিজ নিজ উপহাৰ দান কৰিলে। তেওঁলোক জনগোষ্ঠীবোৰৰ অধ্যক্ষ আছিল। তেওঁলোক যুদ্ধৰ বাবে গণিত লোকসকলৰ ওপৰত নিযুক্ত হৈছিল। 3 তেওঁলোকে যিহোৱাৰ সন্মুখত তেওঁৰ উদ্দেশ্যে নিজ নিজ উপহাৰ স্বৰূপে ঢাকনি থকা ছখন গাড়ী আৰু বাৰটা ষাড়-গৰু আনিলে। তেওঁলোকে দুজন দুজন অধ্যক্ষলৈ এখন এখন গাড়ী, আৰু প্ৰতিজনৰ কাৰণে এটা এটা ষাড়-গৰু আনি আবাসৰ আগত উপস্থিত কৰিলে।

4 তেতিয়া যিহোৱাই মোচিক কলে, 5 “সাক্ষাৎ কৰা তম্বুৰ কামত ব্যৱহাৰ কৰাৰ কাৰণে, তুমি তেওঁলোকৰ পৰা উপহাৰবোৰ লোৱা। তুমি সেই সকলোকে লেবীয়াসকলক দিবা, অৰ্থাৎ তেওঁলোকৰ প্রতিজনকে নিজ নিজ কাৰ্য্য অনুসাৰে দিবা।”

6 পাছত মোচিয়ে সেই সকলো গাড়ী আৰু ষাড়-গৰুবোৰ লৈ লেবীয়াসকলক দিলে। 7 গেৰ্চোনৰ সন্তানসকলক তেওঁলোকৰ কাৰ্য্যৰ প্রয়োজন অনুসাৰে দুখন গাড়ী আৰু চাৰিটা ষাড়-গৰু দিলে। 8 তেওঁ মৰাৰীৰ সন্তানসকলক চাৰিখন গাড়ী আৰু আঠটা ষাড়-গৰু হাৰোণ পুৰোহিতৰ পুত্ৰ ঈথামৰৰ দায়িত্ৱত দিলে। তেওঁলোকৰ কাৰ্য্যৰ প্রয়োজন অনুসাৰে মোচিয়ে এনে কৰিলে।

9 কিন্তু কহাতৰ সন্তানসকলক মোচিয়ে একোকে নিদিলে, কিয়নো পবিত্ৰস্থানৰ বস্তুবোৰৰ ভাৰ হে তেওঁলোকৰ ওপৰত আছিল আৰু তেওঁলোকৰ প্রয়োজনীয়া বস্তুবোৰ তেওঁলোকে কান্ধতকৈ ভাৰ বব লগীয়া।

10 মোচিয়ে যজ্ঞ-বেদি অভিষেক কৰা দিনা, অধ্যক্ষসকলে তাৰ প্ৰতিষ্ঠাৰ অৰ্থে উপহাৰ আনিলে আৰু নিজ নিজ উপহাৰ যজ্ঞ-বেদিৰ আগত উপস্থিত কৰিলে। 11 তেতিয়া যিহোৱাই মোচিক কলে, “প্রতিজন অধ্যক্ষে এদিন এদিন যজ্ঞ-বেদিৰ প্ৰতিষ্ঠাৰ অৰ্থে নিজ নিজ উপহাৰ আনিব লাগিব।”

12 তেতিয়া প্ৰথম দিনা যিহূদা জনগোষ্ঠীৰ অম্মীনাদবৰ পুত্ৰ নহচোনে নিজৰ উপহাৰ আনিলে। 13 তেওঁৰ উপহাৰ পবিত্ৰ স্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। 14 তেওঁ ধূপেৰে পূৰ হোৱা দহ চেকল জোখ সোণৰ এটা পিয়লাও দান কৰিছিল।

15 নহচোনে হোমৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া দিছিল। 16 তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা এবছৰীয়া মতা ছাগলী পোৱালি দিছিল। 17 আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচোটা এবছৰীয়া মতা মেৰ পোৱালি দিছিল। এয়ে অম্মীনাদবৰ পুত্ৰ নহচোনৰ উপহাৰ।

18 দ্বিতীয় দিনা, ইচাখৰৰ অধ্যক্ষ চুৱাৰৰ পুত্ৰ নথনেলে উপহাৰ আনিলে। 19 তেওঁ অনা উপহাৰ পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকলজোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল।

20 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও দান কৰিছিল। 21 নথনেলে হোমৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। 22 তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আনিছিল। 23 মঙ্গলাৰ্থক বলিৰ কাৰণে তেওঁ দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চুৱাৰৰ পুত্ৰ নথনেলৰ উপহাৰ।

24 তৃতীয় দিনা, জবূলূনৰ সন্তানসকলৰ অধ্যক্ষ হেলোনৰ পুত্ৰ ইলীয়াবে উপহাৰ আনিলে। 25 তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিলে। এই দুই পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; 26 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।

27 তেওঁ হোমৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। 28 পাপাৰ্থক বলিৰ কাৰণে তেওঁ এটা মতা ছাগলী আনিছিল; 29 আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে তেওঁ দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল হেলোনৰ পুত্ৰ ইলীয়াবৰ উপহাৰ।

30 চতুৰ্থ দিনা, ৰূবেণৰ সন্তানসকলৰ অধ্যক্ষ চদেয়ূৰৰ পুত্ৰ ইলীচূৰে উপহাৰ আনিলে। 31 তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; 32 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।

33 তেওঁ হোমৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; 34 আৰু পাপাৰ্থক বলিৰ বাবে এটা মতা ছাগলী আনিছিল। 35 ইলীচূৰে মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চদেয়ূৰৰ পুত্ৰ ইলীচূৰৰ উপহাৰ।

36 পঞ্চম দিনা চিমিয়োনৰ সন্তানসকলৰ অধ্যক্ষ চূৰীচদ্দয়ৰ পুত্ৰ চলূমীয়েলে উপহাৰ আনিলে। 37 তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; 38 আৰু ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল; 39 তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; 40 আৰু পাপাৰ্থক বলিৰ বাবে এটা মতা ছাগলী। 41 তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল চূৰীচদ্দয়ৰ পুত্ৰ চলূমীয়েলৰ উপহাৰ।

42 ষষ্ঠ দিনা, গাদৰ সন্তানসকলৰ অধ্যক্ষ দুৱেলৰ পুত্ৰ ইলিয়াচফে উপহাৰ আনিলে। 43 তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; 44 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ এটা সোণৰ পিয়লাও আনিছিল।

45 তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। 46 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী; 47 তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল দূৱেলৰ পুত্ৰ ইলিয়াচফৰ উপহাৰ।

48 সপ্তম দিনা, ইফ্ৰয়িমৰ সন্তানসকলৰ অধ্যক্ষ অম্মীহূদৰ পুত্ৰ ইলীচামাই উপহাৰ আনিলে। 49 তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; 50 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সসোণৰ এটা পিয়লাও আনিছিল। 51 তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। 52 তেওঁ পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী আনিছিল; 53 আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল অম্মীহূদৰ পুত্ৰ ইলিচামাৰ উপহাৰ।

54 অষ্টম দিনা, মনচিৰ সন্তানসকলৰ অধ্যক্ষ পদাচূৰৰ পুত্ৰ গম্লীয়েলে উপহাৰ আনিলে। 55 তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। 56 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল। 57 তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; 58 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী। 59 তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা , পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল পদাচূৰৰ পুত্ৰ গম্লীয়েলৰ উপহাৰ।

60 নৱম দিনা, বিন্যামীনৰ সন্তানসকলৰ অধ্যক্ষ গিদিয়োনীৰ পুত্ৰ অবীদানে উপহাৰ আনিলে। 61 তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চোকল জোখৰ ৰূপৰ এটা বাটি আনিছিল। এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল; 62 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চোকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।

63 হোম বলিৰ অৰ্থে তেওঁ এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া 64 আৰু এটা এবচৰীয়া মেৰ পোৱালি আনিছিল আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী; 65 তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল গিদিয়োনীয়া পুত্ৰ অবীদানৰ উপহাৰ।

66 দশম দিনা, দানৰ সন্তানসকলৰ অধ্যক্ষ অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰে উপহাৰ আনিলে। 67 তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ এখন ৰূপৰ থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। 68 তেওঁধূপেৰে পূৰ হোৱা দহ চোকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।

69 তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; 70 আৰু পাপৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী; 71 তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰৰ উপহাৰ।

72 একাদশ দিনা, আচেৰৰ সন্তানসকলৰ অধ্যক্ষ অক্ৰণৰ পুত্ৰ পগীয়েলে উপহাৰ আনিলে। 73 তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰূপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। 74 তেওঁধূপেৰে পূৰ হৈ থকা দহ চেকল জোখ সোণৰ এটা পিয়লাও আনিছিল।

75 তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; 76 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী। 77 তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল অক্ৰণৰ পুত্ৰ পগীয়েলৰ উপহাৰ।

78 দ্বাদশ দিনা, নপ্তালীৰ সন্তানসকলৰ অধ্যক্ষ ঐননৰ পুত্ৰ অহীৰাই উপহাৰ আনিলে। 79 তেওঁ উপহাৰ হিচাপে পবিত্ৰস্থানৰ চেকল অনুসাৰে এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ এখন থাল, আৰু সত্তৰ চেকল জোখৰ ৰবপৰ এটা বাটি আনিছিল; এই দুটা পাত্ৰ ভৈক্ষ্য নৈবেদ্যৰ অৰ্থে তেল মিহলোৱা মিহি আটাগুড়িৰে ভৰা আছিল। 80 তেওঁ ধূপেৰে পূৰ হৈ থকা দহ চেকল জোখৰ সোণৰ এটা পিয়লাও আনিছিল।

81 তেওঁ হোম বলিৰ অৰ্থে এটা দমৰা ষাড়-গৰু, এটা মতা ভেড়া আৰু এটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল; 82 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগলী। 83 তেওঁ মঙ্গলাৰ্থক বলিৰ কাৰণে দুটা ষাড়-গৰু, পাঁচটা মতা ভেড়া, পাঁচটা মতা ছাগলী আৰু পাঁচটা এবছৰীয়া মতা মেৰ পোৱালি আনিছিল। এয়ে আছিল ঐননৰ পুত্ৰ অহীৰাৰ উপহাৰ।

84 মোচিয়ে যজ্ঞ-বেদি অভিষেক কৰা দিনা, তাৰ প্ৰতিষ্ঠাৰ অৰ্থে, এই সকলোবোৰ উপহাৰ ইস্ৰায়েলৰ অধ্যক্ষসকলৰ দ্বাৰাই দিয়া হ’ল; তেওঁলোকে ৰূপৰ বাৰখন থাল, ৰূপৰ বাৰটা বাটি আৰু সোণৰ বাৰটা পিয়লা দান কৰিছিল। 85 তাৰে প্ৰতিখন থাল এশ ত্ৰিশ চেকল জোখৰ ৰূপৰ আৰু প্ৰত্যেক বাটি সত্তৰ চেকল জোখৰ ৰূপৰ আছিল; সৰ্ব্বমুঠ এই সকলো পাত্ৰৰ ৰূপ পবিত্ৰস্থানৰ চেকল অনুসাৰে দুই হাজাৰ চাৰিশ চেকল আছিল; 86 প্ৰত্যেকখন ধূপেৰে পূৰ হোৱা সোণৰ বাৰটা পিয়লা পবিত্ৰস্থানৰ চেকল অনুসাৰে দহ চেকল জোখৰ সোণৰ আছিল; আটাই কেইটা পিয়লাৰ সোণ সৰ্ব্বমুঠ এশ বিশ চেকল আছিল।

87 তেওঁলোকে হোম বলিৰ অৰ্থে সৰ্ব্বমুঠ বাৰটা দমৰা ষাড়-গৰু, বাৰটা মতা ভেড়া, বাৰটা এবছৰীয়া মতা মেৰ পোৱালি, আৰু এইবোৰৰ সৈতে ভক্ষ্য নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণে বাৰটা মতা ছাগলী দান কৰিছিল। 88 তেওঁলোকৰ পোহনীয়া জন্তুৰ জাকৰ পৰা তেওঁলোকে মঙ্গলাৰ্থক বলিৰ কাৰণে সৰ্ব্বমুঠ চব্বিশটা ষাড়-গৰু, ষাঠিটা মতা ভেড়া, ষাঠিটা মতা ছাগলী আৰু ষাঠিটা এবছৰীয়া মতা মেৰ পোৱালি দান কৰিছিল। যজ্ঞ-বেদি অভিষেক কৰাৰ পাছত, তাৰ প্ৰতিষ্ঠা কৰাৰ উপহাৰ এইবোৰ।

89 পাছত যেতিয়া মোচিয়ে যিহোৱাৰ সৈতে কথা-বতৰা কৰিবলৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ সোমাল, তেতিয়া তেওঁ ঈশ্বৰৰ বাক্যৰ শব্দ সেই সাক্ষ্য-ফলিৰ চন্দুকৰ ওপৰত থকা পাপাবৰণৰ পৰা, কৰূব দুটাৰ মাজৰ পৰা তেওঁক কোৱা শুনিলে। এইদৰে তেওঁ মোচিক কথা ক’লে।

Chapter 8

লেবীয়াসকলক উৎসৰ্গ কৰা।

1 যিহোৱাই মোচিক ক’লে, 2 “তুমি হাৰোণক কোৱা বোলে, ‘যেতিয়া তুমি প্ৰদীপবোৰ জ্বলাবা, তেতিয়া সেই সাতোটা প্ৰদীপ দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ ৰাখিবা’।”

3 তেতিয়া হাৰোণে সেইদৰে কৰিলে। মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ তেওঁ প্ৰদীপবোৰ জ্বলালে। 4 সেই দীপাধাৰ এইদৰে সজা হৈছিল: দীপাধাৰটো তলৰ পৰা ওপৰলৈ সোণৰে পিটাই সজা হৈছিল আৰু তাৰ ওপৰটো ফুলৰ আকৃতিত সজা হৈছিল; যিহোৱাই মোচিক এইদৰেই দীপাধাৰটো সাজিবলৈ কৈছিল।

5 যিহোৱাই মোচিক পুনৰায় ক’লে, 6 “তুমি ইস্ৰায়েলৰ সন্তানসকলৰ মাজৰ পৰা লেবীয়াসকলক লৈ, তেওঁলোকক শুচি কৰা।

7 তেওঁলোকক শুচি কৰিবলৈ, তেওঁলোকলৈ এই কাম কৰা; তেওঁলোকৰ ওপৰত পাপ নাশক জল ছটিওৱা, আৰু তেওঁলোকৰ প্রতিজনে নিজ গোটেই গাৰ চুলি ক্ষুৰাই আৰু কাপোৰ ধুই নিজকে শুচি কৰক। 8 তাৰ পাছত তেওঁলোকে এটা দমৰা ষাড়-গৰু আৰু তেল মিহলোৱা মিহি আটাগুড়িৰে যুগুত কৰক তাৰ ভক্ষ্য নৈবেদ্য আনক; আৰু পাপাৰ্থক বলিৰ কাৰণে আৰু এটা দমৰা গৰু লওঁক।

9 তুমি লেবীয়াসকলক সাক্ষাৎ কৰা তন্বুৰ আগত উপস্থিত কৰাবা, আৰু ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই মণ্ডলীক একত্রিত কৰাবা। 10 তাৰ পাছত লেবীয়াসকলক মোৰ আগত উপস্থিত কৰাবা। ইস্ৰায়েলৰ সন্তানসকলে লেবীয়াসকলৰ গাত হাত দিব লাগিব। 11 ইস্ৰায়েলৰ সন্তানসকলৰ পক্ষে হাৰোণে মোৰ আগত লেবীয়াসকলক উৎসৰ্গ কৰিব যাতে তেওঁলোক মোৰ সেৱাৰ কাৰ্য্যত নিযুক্ত হ’ব।

12 পাছত লেবীয়াসকলে সেই দুটা দমৰা ষাড়-গৰুৰ মূৰত হাত দিব; আৰু তুমি লেবীয়াসকলক প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা দমৰা ষাড়-গৰু পাপাৰ্থক বলিস্বৰূপে আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিবা। 13 এইদৰে তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ আগত লেবীয়াসকলক উপস্থিত কৰাবা আৰু তেওঁলোকক মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।

14 এইদৰে তুমি ইস্ৰায়েলৰ সন্তানসকলৰ মাজৰ পৰা লেবীয়াসকলক পৃথক কৰিবা; আৰু লেবীয়াসকল মোৰেই হ’ব। 15 তাৰ পাছত লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুৰ কাৰ্য্য কৰিবলৈ সেই ঠাইত সোমাব । এইদৰে তুমি তেওঁলোকক শুচি কৰিবা আৰু মোলৈ তেওঁলোকক উৎসৰ্গ কৰিবা।

16 তুমি ইয়াকে কৰিবা কিয়নো তেওঁলোকক সম্পূৰ্ণৰূপে ইস্ৰায়েলৰ সন্তানসকলৰ মাজৰ পৰা মোক দিয়া হ’ল। তেওঁলোকে ইস্ৰায়েলৰ সন্তানসকলৰ মাজৰ গৰ্ভ ভেদ কৰি সকলো প্ৰথমে জন্মাসকলৰ সলনি তেওঁলোকক মোৰ কাৰণে গ্ৰহণ কৰিলোঁ। 17 কাৰণ মানুহেই হওঁক বা পশুৱেই হওঁক, ইস্ৰায়েলৰ মাজত প্ৰথমে জন্মা সকলো মোৰেই; যিদিনা মই মিচৰ দেশৰ পৰা প্ৰথমে জন্মা সকলোকে মাৰিলোঁ, সেই দিনা মোৰ কাৰণে তেওঁলোকক পবিত্ৰ কৰিছিলোঁ।।

18 এই কাৰণে ইস্ৰায়েলৰ সন্তানসকলৰ প্ৰথমে জন্মা সকলো সন্তানসকলৰ সলনি মই লেবীয়াসকলক গ্ৰহণ কৰিলোঁ। 19 আৰু সাক্ষাৎ কৰা তম্বুত ইস্ৰায়েলৰ সন্তানসকলে কৰিবলগীয়া কাৰ্য্য কৰিবলৈ আৰু ইস্ৰায়েলৰ সন্তানসকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ইস্ৰায়েলৰ সন্তানসকলৰ মাজৰ পৰা লেবীয়াসকলক, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দানস্বৰূপে দিলোঁ; যাতে ইস্ৰায়েলৰ সন্তানসকলে পবিত্ৰস্থানৰ ওচৰ চাপিলে ইস্ৰায়েলৰ সন্তানসকলৰ মাজত কোনো আপদ নঘটিব।”

20 মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই মণ্ডলীয়ে লেবীয়াসকললৈ এই দৰে কৰিলে। যিহোৱাই লেবীয়াসকলৰ বিষয়ে মোচিক দিয়া সকলো আদেশ অনুসাৰেই, ইস্ৰায়েলৰ সন্তানসকলে তেওঁলোকলৈ এই কাৰ্য কৰিলে। 21 লেবীয়াসকলে নিজ নিজ কাপোৰ ধুই নিজকে পাপৰ পৰা মুক্ত কৰিলে; আৰু হাৰোণে তেওঁলোকক যিহোৱাৰ উৎসৰ্গ কৰিলে, আৰু তেওঁলোকক শুচি কৰিবৰ অৰ্থে তেওঁলোকক প্ৰায়শ্চিত্ত কৰিলে।

22 তেতিয়াৰে পৰা লেবীয়াসকলে হাৰোণৰ আগত আৰু তেওঁৰ পুত্ৰসকলৰ আগত সাক্ষাৎ কৰা তম্বুত নিজ নিজ কাৰ্য্য কৰিবলৈ সোমাল। লেবীয়াসকলৰ বিষয়ে যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰেই তেওঁলোকে সেইদৰেই তেওঁলোকলৈ কাৰ্য্য কৰিলে।

23 পাছত যিহোৱাই পুনৰায় মোচিক কলে, 24 “লেবীয়াসকলৰ বিষয়ে এই নিয়ম - পঁচিশ বছৰ বয়সৰে পৰা লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুত কাম কৰিবলৈ কৰ্ম্মকাৰীসকলৰ শ্ৰেণীত সোমাব।

25 আৰু পঞ্চাশ বছৰ বয়স হ’লে, সেই কৰ্ম্মকাৰীসকলৰ শ্ৰেণীৰ পৰা ওলাব আৰু সেই কাম বন্ধ কৰিব। 26 তেওঁলোকে সাক্ষাৎ কৰা তম্বুত বস্তুৰ বুজ-বিচাৰ লৈ নিজৰ ভাইসকলৰ সহায় কৰোঁতা হ’ব কিন্তু দাস্যকৰ্ম্ম আৰু নকৰিব। লেবীয়াসকলে কৰিবলগীয়া কাৰ্য্যৰ বিষয়ে তুমি তেওঁলোকলৈ এইদৰে কৰিবা।

Chapter 9

চীনয় অৰণ্যত নিস্তাৰ-পৰ্ব্ব পালন কৰা। যাত্ৰা কৰা নিয়ম।

1 ইস্ৰায়েল লোক মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত, দ্বিতীয় বছৰৰ প্ৰথম মাহত, চীনয় মৰুভূমিত যিহোৱাই মোচিক ক’লে, তেওঁ ক’লে, 2 “ইস্ৰায়েলৰ সন্তানসকলে নিৰূপিত সময়ত নিস্তাৰ-পৰ্ব্ব পালন কৰিব লাগে। 3 এই মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত নিৰূপিত সময়ত তোমালোকে তাক বছৰি পালন কৰিবা। আৰু এই সমন্ধে ইয়াৰ নিয়ম-নীতি অনুসৰণ কৰা আৰু সকলো আজ্ঞাবোৰ পালন কৰি ইয়াক তোমালোকে ধৰি ৰাখিবা।”

4 তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ আজ্ঞা দিলে। 5 তেতিয়া তেওঁলোকে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত চীনয় মৰুভূমিত নিস্তাৰ-পৰ্ব্ব পালন কৰিলে। যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই, ইস্ৰায়েলৰ সন্তানসকলে সেই সকলোকে কৰিলে।

6 কিন্তু কিছুমান লোকে মানুহৰ শৱ চুই অশুচি হোৱা হেতুকে সেই দিনা নিস্তাৰ-পৰ্ব্ব পালন কৰিব নোৱাৰিলে। সেইবাবে তেওঁলোকে সেই দিনা মোচি আৰু হাৰোণৰ গুৰিলৈ গ’ল। 7 সেই লোকসকলে তেওঁক ক’লে, “আমি মানুহৰ শৱ চুই অশুচি হলোঁ; ইস্ৰায়েলৰ সন্তানসকলৰ মাজত নিৰূপিত সময়ত যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰিবলৈ আমি কিয় বঞ্চিত হ’ম?” 8 তাতে মোচিয়ে তেওঁলোকক ক’লে, “তোমালোক অলপ ৰ’বা; তোমালোকৰ বিষয়ে যিহোৱাই কি আজ্ঞা দিয়ে, তাক শুনো।”

9 পাছত যিহোৱাই মোচিক ক’লে, তেওঁ ক’লে 10 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ক’বা, ‘তোমালোকৰ মাজত নাইবা তোমালোকৰ ভাবি-বংশৰ মাজত যদি কোনোৱে শৱ চুই অশুচি হয়, বা দূৰ বাটত পথিক হৈ থাকে, তথাপিও তেওঁ যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব পালন কৰিব লাগিব’।

11 দ্বিতীয় মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত তেওঁলোকে তাক পালন কৰিব। তেওঁলোকে খমীৰ নিদিয়া পিঠা আৰু তিতা শাকেৰে নিস্তাৰ-পৰ্বৰ বলি খাব। 12 ৰাতিপুৱালৈ তাৰ একোকে অৱশিষ্ট নাৰাখিব আৰু কোনো হাড় নাভাঙিব; তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ সকলো বিধি অনুসাৰে তাক পালন কৰিব।

13 কিন্তু যিকোনোৱে শুচি হৈ থাকে আৰু পথিকো নহয়, কিন্তু তেওঁ যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ হেলা কৰে, তেন্তে সেই মানুহ নিজ লোকসকলৰ মাজত পৰা উচ্ছন্ন কৰা হ’ব। কাৰণ, নিৰূপিত সময়ত যিহোৱাৰ উদ্দেশ্যে উপহাৰ নিদিয়াত, তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব লাগিব। 14 আৰু কোনো বিদেশী লোকে তোমালোকৰ মাজত প্ৰবাসী হৈ থাকি যিহোৱাৰ উদ্দেশ্যে যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিব খোজে, তেন্তে তেওঁ নিস্তাৰ-পৰ্ব্বৰ বিধিমতে আৰু তাৰ শাসন-প্ৰণালী অনুসাৰে তাক পালন কৰিব; স্বদেশত জন্মা, দুয়োৰো বাবে তোমালোকৰ একেটাই বিধি হ’ব।”

15 আৰু যিদিনা আবাস স্থাপন কৰা হ’ল, সেই দিনা মেঘে সেই আবাস, সেই সাক্ষ্য-ফলি থকা তম্বু ঢাকি ধৰিলে, আৰু সন্ধ্যাবেলাৰ পৰা ৰাতিপুৱালৈকে সেই আবাসৰ ওপৰত তাক জুই যেন দেখা গৈছিল। 16 এইদৰে সদায় আছিল। মেঘে তাক ঢাকিছিল আৰু ৰাতি জুইৰ নিচিনা দেখা গৈছিল। 17 পাছে তম্বুৰ ওপৰৰ পৰা সেই মেঘ ওপৰলৈ নিয়া হ’লে, ইস্ৰায়েলৰ সন্তানসকলে যাত্ৰা কৰে। আৰু সেই মেঘ যি ঠাইত ৰখে, ইস্ৰায়েলৰ সন্তানসকলেও সেই ঠাইতে ছাউনি পাতি থাকে।

18 যিহোৱা আজ্ঞা অনুসাৰেই ইস্ৰায়েলৰ সন্তানসকলে যাত্ৰা কৰে আৰু তেওঁৰ আজ্ঞাৰ দৰেই ছাউনি পাতি থাকে; সেই মেঘ যেতিয়ালৈকে আবাসৰ ওপৰত থাকে, তেতিয়ালৈকে তেওঁলোক ছাউনিত থাকে। 19 আৰু সেই মেঘে যেতিয়া আবাসৰ ওপৰত বহুদিন ধৰি থাকে, তেতিয়া ইস্ৰায়েলৰ সন্তানসকলেও যাত্ৰা নকৰি, যিহোৱাৰ উদ্দেশ্যে যি কৰিব লগীয়া, তাকে কৰে।

20 আৰু সেই মেঘ কোনো কোনো সময়ত আবাসৰ ওপৰত অলপ দিন থাকে। তেনে স্থলত যিহোৱাৰ আজ্ঞা মতে তেওঁলোকে ছাউনিত থাকে আৰু যিহোৱাৰ আজ্ঞামতে যাত্ৰাও কৰে। 21 আৰু কোনো কোনো সময়ত মেঘ সন্ধ্যাপৰৰ পৰা ৰাতিপুৱালৈকে থাকে। আৰু ৰাতিপুৱা ওপৰলৈ নিয়া হ’লে, তেওঁলোকে যাত্ৰা কৰে। দিনত কি ৰাতিয়েই হওক, মেঘ ওপৰলৈ নিয়া হ’লেই তেওঁলোকে যাত্ৰা কৰে।

22 দুদিন বা এমাহ, নাইবা এবছৰ হওক, যিমান দিন আবাসৰ ওপৰত মেঘে ৰখি থাকে ইস্ৰায়েলৰ সন্তানসকলেও সিমান দিন যাত্ৰা নকৰি ছাউনিত থাকে। কিন্তু তাক ওপৰলৈ নিয়া হ’লেই, তেওঁলোকে যাত্ৰা কৰে। 23 যিহোৱাৰ আজ্ঞামতেই তেওঁলোকে ছাউনিত থাকে আৰু যিহোৱাৰ আজ্ঞা মতেই যাত্ৰাও কৰে; এইদৰে, মোচিৰ যোগেদি দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে কৰিব লগীয়া কাৰ্য্য কৰে।

Chapter 10

ৰূপৰ দুটা তূৰীৰ বিষয়। চীনয় অৰণ্যৰ পৰা ইস্ৰায়েলৰ সন্তানসকলৰ প্ৰস্থান।

1 পাছত যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে, 2 “তুমি ৰূপৰ দুটা তূৰী সাজা। সেই ৰূপক পিতাই গঢ়াবা। লোকসকলক মাতিবলৈ আৰু ছাউনিবোৰ উঠি যাবৰ বাবে তুমি তাক ব্যৱহাৰ কৰিবা।

3 সেই দুটা তূৰী বজালে, গোটেই লোকসকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত তোমাৰ গুৰিত গোট খাব। 4 কিন্তু এটা তূৰী বজালে, অধ্যক্ষসকল ইস্ৰায়েলৰ সন্তানসকলৰ গোষ্ঠীসকলৰ মূল মানুহ তোমাৰ গুৰিত গোট খাব। 5 আৰু তোমালোকে ৰণত বজোৱাৰ দৰে তূৰী বজালে, পূৱফালে থকা ছাউনিবোৰ উঠি যাব।

6 আৰু দ্বিতীয়বাৰ ৰণত বজোৱাৰ দৰে তূৰী বজালে, দক্ষিণফালে থকা ছাউনিবোৰ উঠি যাব। এইক্ৰমে তেওঁবিলাকে উঠি যাবলৈ ৰণৰ দৰে তূৰী বজাব লাগিব। 7 লোকসকল গোট খাবৰ হলেও, তোমালোকে তূৰী বজাবা, কিন্তু ৰণত বজোৱাৰ দৰে নবজাবা। 8 হাৰোণৰ পুত্ৰ পুৰোহিত সকলে সেই দুটা তূৰী বজাব। তোমালোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিৰ কাৰণে তোমালোকে তাক ৰাখিবা।

9 আৰু যি সময়ত তোমালোকে তোমালোকৰ দেশত উপদ্ৰপ কৰোঁতা শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাবা, সেই সময়ত সেই দুটা তূৰী ৰণত বজোৱাৰ দৰে বজাবা। তেতিয়া মই, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক সোঁৱৰণ কৰিব আৰু তোমালোকক তোমালোকৰ শত্ৰুবোৰৰ পৰা নিস্তাৰ পাবা।

10 আৰু আমোদৰ দিনতো, পৰ্ব্বৰ দিনত আৰু মাহৰ আৰম্ভণত, তোমালোকৰ হোম-বলিৰ আৰু মঙ্গলাৰ্থক বলিৰ কাষত তোমালোকে সেই তূৰী বজাবা; তাতে সেয়ে তোমালোকৰ ঈশ্বৰৰ সাক্ষাতে তোমালোকৰ সোঁৱৰণৰ উপায় হ’ব। মই তোমালোকৰ ঈশ্বৰ যিহোৱা।”

11 পাছত দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ বিশ দিনৰ দিনা সেই মেঘ সাক্ষ্য-ফলি থকা আবাসৰ ওপৰৰ পৰা নিয়া হ’ল। 12 তাতে, ইস্ৰায়েলৰ সন্তানসকলে যাত্ৰা কৰাৰ নিয়ম অনুসাৰে চীনয় অৰণ্যৰ পৰা প্ৰস্থান কৰিলে; পাছত সেই মেঘ পাৰণ মৰুভুমিত ৰ’ল। 13 মোচিৰ যোগেদি যিহোৱাই আজ্ঞা দিয়াৰ দৰে, তেওঁলোকে এই প্ৰথম বাৰ যাত্ৰা কৰিলে।

14 প্ৰথমে যিহূদাৰ সন্তানসকলৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্য দল অনুসাৰে প্ৰস্থান কৰিলে। আৰু অম্মীনাদবৰ পুত্ৰ নহচোন তেওঁলোকৰ সেনাপতি আছিল। 15 আৰু চূৱাৰৰ পুত্ৰ নথনেলে ইচাখৰ ফৈদৰ সেনাপতি আছিল। 16 আৰু হেলোনৰ পুত্ৰ ইলীয়াব জবুলূন ফৈদৰ সেনাপতি আছিল।

17 পাছে আবাস ভঙা হ’ল, আৰু গেৰ্চোনৰ সন্তানসকলে আৰু মৰাৰীৰ সন্তানসকলে সেই আবাস ভাৰ বৈ প্ৰস্থান কৰিলে। 18 তাৰ পাছত ৰূবেণৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে প্ৰস্থান কৰিলে। আৰু চদেয়ূৰৰ পুত্ৰ ইলীচূৰ তেওঁলোকৰ সেনাপতি আছিল। 19 আৰু চৰীচদ্দয়ৰ পুত্ৰ চলূমীয়েল চিমিয়োন ফৈদৰ সেনাপতি আছিল। 20 আৰু দূৱেলৰ পুত্ৰ ইলিয়াচফ গাদ ফৈদৰ সেনাপতি আছিল।

21 পাছে পবিত্ৰস্থানৰ বস্তু ভাৰ বওঁতা কহাতীয়া লোকসকলে প্ৰস্থান কৰিলে। আৰু তেওঁলোকে গৈ নৌ পাওঁতেই, আনলোকসকলে আবাস স্থাপন কৰিলে। 22 পাছে ইফ্ৰয়িমৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে প্ৰস্থান কৰিলে; আৰু অম্মীহূদৰ পুত্ৰ ইলীচামা তেওঁলোকৰ সেনাপতি আছিল। 23 আৰু পদাচূৰৰ পুত্ৰ গম্লীয়েল মনচি ফৈদৰ সেনাপতি আছিল। 24 আৰু গিদিয়োনীৰ পুত্ৰ অবীদান বিন্যামীন ফৈদৰ সেনাপতি আছিল।

25 পাছে সকলো ছাউনিৰ পাছত, নিজ নিজ সৈন্যদল অনুসাৰে দানৰ সন্তানসকলৰ ছাউনিৰদপতাকাৰ অধীনে থকা লোকসকলে প্ৰস্থান কৰিলে; আৰু অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ তেওঁলোকৰ সেনাপতি আছিল। 26 আৰু অক্ৰণৰ পুত্ৰ পগীয়েল আচেৰ ফৈদৰ সেনাপতি আছিল। 27 আৰু ঐননৰ পুত্ৰ অহীৰা নপ্তালী ফৈদৰ সেনাপতি আছিল। 28 প্ৰস্থান কৰা সময়ত ইস্ৰায়েলৰ সন্তানসকলে নিজ নিজ সৈন্যদল অনুসাৰে এইদৰে প্ৰস্থান কৰিলে।

29 পাছে মোচিয়ে তেওঁৰ শহুৰেক মিদিয়ন দেশৰ ৰূৱেলৰ পুত্ৰ হোবকক ক’লে, “যিহোৱাই আমাক যি দেশ দিম বুলি কৈছে, আমি সেই দেশলৈ যাত্ৰা কৰিছোঁ। যিহোৱাই ক’লে, ‘এই দেশ মই তোমাক দিম’। তুমিও আমাৰ লগত ব’লা, তাতে আমি তোমাৰ মঙ্গল কৰিম; কিয়নো যিহোৱাই ইস্ৰায়েলৰ মঙ্গল কৰিবলৈ প্রতিজ্ঞা কৰিছে।” 30 কিন্তু হোবাবে মোচিক ক’লে, “মই তোমাৰ লগত নাযাওঁ। মই নিজ দেশৰ জ্ঞাতিসকলৰ ওচৰলৈ যাম।”

31 মোচিয়ে আকৌ ক’লে, “মিনতি কৰিছোঁ, তুমি আমাক নেৰিবা; কিয়নো মৰুভুমিত মাজত কোন ঠাইত আমাৰ ছাউনি স্থাপন কৰিব লগা হ’ব, তাক তুমি জানা। এই কাৰণে তুমি আমাৰ চকুস্বৰূপ হ’বা। 32 আৰু যদি তুমি আমাৰ লগত যোৱা, তেনেহলে, যিহোৱাই আমাৰ যি মঙ্গল কৰিব, আমি তোমাকো সেই মঙ্গল ভোগ কৰাম।”

33 পাছত তেওঁলোকে যিহোৱাৰ পৰ্ব্বতৰ পৰা তিনদিনৰ বাট প্ৰস্থান কৰিলে; আৰু যিহোৱাৰ নিয়ম-চন্দুক তেওঁলোকৰ কাৰণে বিশ্ৰামৰ ঠাই বিচাৰি বিচাৰি তিন দিনৰ বাট তেওঁলোকৰ আগে আগে গ’ল। 34 আৰু ছাউনি ভাঙি প্ৰস্থান কৰা সময়ত যিহোৱাৰ মেঘ দিনত তেওঁলোকৰ ওপৰত থাকিছিল।

35 আৰু চন্দুক যোৱা সময়ত মোচিয়ে কয়, “হে যিহোৱা উঠা, তোমাৰ শত্ৰুবোৰ ছিন্ন ভিন্ন হওঁক আৰু তোমাক ঘিণ কৰোঁতাসকল তোমাৰ আগৰ পৰা পলাই যাওঁক।” 36 আৰু যেতিয়াই নিযম-পুস্তকটি ৰৈ যায়, তেতিয়া মোচিয়ে কয়, “হে যিহোৱা তুমি ইস্ৰায়েলৰ হাজাৰ হাজাৰ গোষ্ঠীৰ ওচৰলৈ উলটি আহা।”

Chapter 11

তবিয়েৰাত আৰু কিব্ৰোৎ-হত্তাবাত কৰা লোকসকলৰ বলকনি।

1 পাছত লোকসকলে, যিহোৱাৰ কাণত পৰাকৈ বাটৰ দুখৰ কাৰণে বকা লোকৰ নিচিনাকৈ আচৰণ কৰিলে, তাকে শুনি যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; তাতে তেওঁলোকৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধাগ্নি জ্বলি উঠি, ছাউনিৰ শেষ ভাগত লোকসকলক গ্ৰাস কৰিবলৈ ধৰিলে। 2 এই কাৰণে লোকসকলে মোচিৰ গুৰিত কাতৰোক্তি কৰিলে; তাতে মোচিয়ে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰাত সেই অগ্নি নুমাল। 3 তেতিয়া সেই ঠাইৰ নাম তবিয়েৰা [দাহ] ৰখা হ’ল; কিয়নো যিহোৱাৰ অগ্নিয়ে তেওঁলোকৰ বিৰুদ্ধে দাহ কৰিছিল।

4 তাৰ পাছত, তেওঁলোকৰ মাজত থকা মিশ্ৰিত লোকসকলে খঁকুৱা স্বভাৱ কৰিবলৈ ধৰিলে আৰু ইস্ৰায়েলৰ সন্তানসকলে পুনৰায় কান্দি কান্দি ক’লে, “আমাক মঙহ খাবলৈ কোনে দিব? 5 আমি মিচৰ দেশত বিনামূল্যে যি যি মাছ খাইছিলোঁ আৰু তিয়হ, খৰমূজা; পৰু, পিঁয়াজ আৰু নহৰুলৈ মনত পৰে। 6 আৰু এতিয়া আমাৰ প্ৰাণ শুকাল; আমাৰ আগত এই মান্নাৰ বাহিৰে আৰু একোৱেই নাই।

7 সেই মান্না ধনীয়া গুটিৰ নিচিনা আৰু তাৰ বৰণ গুগগুলুৰ বৰণৰ নিচিনা আছিল। 8 লোকসকলে ইফালে সিফালে ফুৰি তাক চপায় আৰু জাঁতত পিহি বা খপবলি খুন্দি গুড়ি কৰি টৌত সিজায় আৰু তাৰ দ্বাৰাই পিঠা বনায়; তাৰ আস্বাদ তেলেৰে যুগুত কৰা সুস্বাদু আহাৰৰ আস্বাদৰ নিচিনা আছিল।

9 ৰাতি ছাউনিৰ ওপৰত নিয়ৰ পৰা সময়ত, নিয়ৰৰ লগত সেই মান্না পৰি থাকে। 10 পাছে মোচিয়ে লোকসকলৰ গোষ্ঠী অনুসাৰে নিজ নিজ তম্বুৰ দুৱাৰৰ ওচৰত প্ৰতিজনে কান্দি থকা শুনিলে। তেতিয়া যিহোৱাৰ ক্ৰোধ অতিশয়ৰূপে জ্বলি উঠিল, আৰু মোচিয়েও অসন্তোষ পালে।

11 পাছে মোচিয়ে যিহোৱাক জনালে, “তুমি কি কাৰণে তোমাৰ দাসক ইমান ক্লেশ দিছা? কি কাৰণে বা মই তোমাৰ দৃষ্টিত অনুগ্ৰহ পোৱা নাই? তুমি এই সকলো লোকৰ ভাৰ মোৰ ওপৰত দিছা? 12 মই জানো এই সকলো লোকক গৰ্ভধাৰণ কৰিলোঁ, বা এই সকলো লোকক প্ৰসৱ কৰিলোঁ, যে তুমি এওঁলোকৰ পূৰ্ব্বপুৰুষসকলৰ আগত যি দেশ দিবলৈ অঙ্গীকাৰ কৰিছিলা, সেই দেশলৈ গাখীৰ খোৱা কেঁচুৱাক পালন কৰোঁতা বাপেকৰ দৰে তেওঁলোকক বুকুত বান্ধি নিবলৈ মোক আজ্ঞা দিছা?

13 এই সকলো লোকক দিবৰ বাবে মই ক’ত মাংস পাম? কিয়নো এওঁলোক সকলোৱে মোৰ গুৰিত কান্দি কৈছে, ‘আমাক মাংস দিয়া আমি খাওঁ।’ 14 এই আটাই লোকৰ ভাৰ মই অকলেই বব নোৱাৰোঁ; কিয়নো সেয়ে মোৰ শক্তিতকৈয়ো গধুৰ। 15 তুমি যদি মোলৈ এনে ব্যৱহাৰ কৰা, তেন্তে মই বিনয় কৰিছোঁ, মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে এতিয়া মোক একেবাৰে মাৰা আৰু মোৰ দুৰ্গতি মোক দেখিবলৈ নিদিবা।

16 তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি লোকসকলৰ মাজত যিসকলক বৃদ্ধ আৰু লোকসকলৰ অধ্যক্ষ বুলি জানা, ইস্ৰায়েলৰ এনে সত্তৰ জন বৃদ্ধ লোকক চপাই সাক্ষাৎ কৰি তম্বুৰ দুৱাৰলৈ আনা; তেওঁলোকে তোমাৰ লগত সেই ঠাইত থিয় হওঁক। 17 পাছত মই সেই ঠাইলৈ নামি আহি তোমাৰে সৈতে কথা হ’ম আৰু তোমাত যি আত্মা আছে, তাৰ কিছু লৈ তেওঁলোকত ৰাখিম; তাতে, তুমি যেন অকলেই লোকসকলৰ ভাৰ নোবোৱা, এইবাবে তেওঁলোকে তোমাৰ লগত লোকসকলৰ ভাৰ বব।

18 আৰু তুমি লোকসকলক কোৱা, ‘তোমালোকে কালিৰ বাবে নিজক পবিত্ৰ কৰা; যিহোৱা যে আহিব নিজকে যুগুত কৰা। তেতিয়া তোমালোকে মাংস খাবলৈ পাবা; কিয়নো তোমালোকে কান্দি কান্দি কৈছিলা, “আমাক মাংস খাবলৈ কোনে দিব? কিয়নো মিচৰ দেশত আমাৰ ভাল আছিল।” এই হেতুকে যিহোৱাই তোমালোকক মাংস দিব; আৰু তোমালোকে খাবলৈ পাবা। 19 তোমালোকে এদিন বা দুদিন, বা পাঁচ দিন, বা দহ দিন, বা বিশ দিন যে তাক খাবা এনে নহয়; 20 সম্পুৰ্ণ এমাহলৈকে খাবা, যেতিয়ালৈকে সেয়ে তোমালোকৰ নাকেদি নোলায় আৰু ঘিণ লগা নহয়, তেতিয়ালৈকে তাক খাবা, কিয়নো তোমালোকে তোমালোকৰ মাজত থকা যিহোৱাক অগাহ্য কৰি তেওঁৰ আগত কান্দি কান্দি এই কথা কৈছিলা যে “আমি কিয় মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিলোঁ?”

21 তেতিয়া মোচিয়ে ক’লে, যি লোকসকলৰ মাজত আছোঁ, তেওঁলোক ছয় লাখ পদাতিক; তথাপি তুমি কৈছা, ‘সম্পুৰ্ণ এমাহ খাবৰ বাবেই মই তেওঁলোকক মঙহ দিম।’ 22 তেওঁলোকক আটাই মেৰ, ছাগ আৰু গৰুৰ জাক মাৰিব লাগে নে? নাইবা তেওঁলোকক অঁটাকৈ সাগৰৰ আটাই মাছ গোটাব লাগে নে? 23 তেতিয়া যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ হাত জানো চুটি হ’ল? তোমাৰ আগত মোৰ বাক্য সিদ্ধ হ’ব নে নহ’ব, তাক তুমি এতিয়া দেখিবলৈ পাবা।”

24 তেতিয়া মোচিয়ে বাহিৰলৈ গৈ, যিহোৱাৰ বাক্য লোকসকলক ক’লে, আৰু তেওঁলোকৰ বৃদ্ধ লোকৰ মাজৰ সত্তৰ জনক গোটাই তম্বুৰ চাৰিওফালে থিয় কৰিলে। 25 তাতে যিহোৱাই মেঘত নামি তেওঁক কথা ক’লে আৰু যি আত্মা মোচিত আছিল, তাৰ কিছু লৈ, সেই সত্তৰজন বৃদ্ধ লোকত ৰাখিলে। তাতে সেই আত্মা তেওঁলোকত থকাত, তেওঁলোকে ভাববাণী প্ৰচাৰ কৰিলে; কিন্তু তাৰ পাছত আৰু নকৰিলে।

26 কিন্তু দুজন মানুহ ছাউনিত থাকিল, এজনৰ নাম ইল্দদ, আন জনৰ নাম মেদদ। এই দুজনতো আত্মা থাকিল। তেওঁলোকৰ নাম বহীত নাম লিখা লোকসকলৰ মাজত আছিল হয়, কিন্তু ওলাই তম্বুৰ ওচৰলৈ যোৱা নাছিল। যিয়েই নহওঁক লাগে, কিন্তু তেওঁলোকে ছাউনিত ভাববাণী প্ৰচাৰ কৰিবলৈ ধৰিলে। 27 তাতে এজন ডেকা মানুহে লৰি গৈ মোচিক ক’লে, “ইল্দদ আৰু মেদদে ছাউনিত ভাববাণী প্ৰচাৰ কৰিছে।”

28 তেতিয়া মোচিৰ পৰিচাৰক, তেওঁৰ মনোনীত লোক নূনৰ পুত্ৰ যিহোচুৱাই উত্তৰ দি ক’লে, “হে মোৰ প্ৰভূ মোচি, তেওঁলোকক নিষেধ কৰক।” 29 তাতে মোচিয়ে তেওঁ ক’লে, “তুমি মোৰ পক্ষ হৈ ঈৰ্ষা কৰিছা নে? যিহোৱাৰ আটাইলোক লোক ভাববাদী হোৱা হ’লে, আৰু যিহোৱাই তেওঁলোকৰ ওপৰত নিজ আত্মা থাকিবলৈ দিয়া হ’লে, মই কেনে সন্তোষ পালোঁহেঁতেন।” 30 পাছত মোচি আৰু ইস্ৰায়েলৰ বৃদ্ধসকল ছাউনিলৈ গ’ল।

31 পাছত যিহোৱাৰ ওচৰৰ পৰা বায়ু ওলাই সমুদ্ৰৰ পৰা ইমান বটা চৰাই আনি ছাউনিৰ ওপৰত পেলালে, যে, ছাউনিৰ চাৰিওফালে ইকাষে-সিকাষে এদিনৰ বাটলৈকে, সেইবোৰ দুহাত ওখ হৈ মাটিৰ ওপৰত পৰিল। 32 তাতে তেওঁলোকে সেই ওৰে দিন ওৰে ৰাতি আৰু পিছদিনাও গোটেই দিন উঠি সেই বটা চৰাইবোৰ গোটালে। তেওঁলোকৰ মাজত যেয়ে সকলোতকৈ তাকৰকৈ গোটালে, তাৰো দহ হোমৰ আছিল। পাছত তেওঁলোকৰ ছাউনিৰ চাৰিওফালে নিজৰ বাবে, তাক শুকাবলৈ মেলি দিলে।

33 কিন্তু তেওঁলোকে দুই দাঁতৰ মাজত মঙহ কামোৰ মাৰি ধৰোঁতেই, চোবোৱাৰ আগেয়ে লোকসকললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল। তাতে যিহোৱাই লোকসকলক অতিশয় মহামাৰীৰ দ্বাৰাই আঘাত কৰিলে। 34 আৰু সেই ঠাইৰ নাম কিব্ৰোৎ-হত্তাবা [খঁকুৱা স্বভাৱ কৰাসকলৰ মৈদাম] ৰখা হ’ল; কিয়নো সেই ঠাইত তেওঁলোকে খঁকুৱা স্বভাৱ কৰাবোৰক মৈদাম দিলে। 35 পাছত লোকসকলে কিব্ৰোৎ-হত্তাবাৰ পৰা হচেৰোতলৈ যাত্ৰা কৰি সেই ঠাইতে থাকিল।

Chapter 12

হাৰোণ আৰু মিৰিয়মে মোচিৰ অহিতে দোষ কৰা; আৰু তাৰ দণ্ড।

1 মোচিয়ে কুচ দেশীয় যি জনীক বিয়া কৰিছিল, সেই গৰাকীৰ বিষয়ে মিৰিয়ম আৰু হাৰোণে মোচিৰ অহিতে কথা কলে; কাৰণ তেওঁ এজনী কুচীয়া মহিলাৰ সৈতে বিয়া পাতিছিল। 2 তেওঁলোকে ক’লে, “যিহোৱাই জানো কেৱল মোচিৰ যোগেদি কথা কয়? আমাৰ যোগেদি নকয় জানো?” আৰু যিহোৱাই সেই কথা শুনিলে। 3 পৃথিৱীত থকা লোকসকলৰ মাজত মোচি সকলোতকৈ অতিশয় নম্ৰ লোক আছিল।

4 পাছে যিহোৱাই পোনে পোনেই মোচি, হাৰোণ আৰু মিৰিয়মক ক’লে, “তোমালোক তিনিওজন বাহিৰ হৈ সাক্ষাৎ কৰা তম্বুৰ গুৰিলৈ আহাঁ।” তাতে তেওঁলোক তিনিওজন ওলাই গ’ল। 5 তেতিয়া যিহোৱাই মেঘ-স্তম্ভত নামি আহি, তম্বুৰ দুৱাৰ মুখত স্থিতি হৈ, হাৰোণ আৰু মিৰিয়মক মাতিলে। তেতিয়া তেওঁলোক দুয়ো আগ বাঢ়ি গ’ল।

6 যিহোৱাই ক’লে, “এতিয়া তোমালোকে মোৰ বাক্য শুনা।

     তোমালোকৰ মাজত যদি মোৰ কোনো ভাববাদী হয়,

         তেন্তে মই যিহোৱাই তেওঁৰ আগত কোনো দৰ্শনৰ দ্বাৰাই নিজকে চিনাকি দিম,

         নাইবা সপোনত তেওঁৰ লগত কথা হ’ম। 7 মোৰ দাস মোচি তেনে নহয়।

তেওঁ মোৰ ঘৰৰ আটাই লোকৰ মাজত বিশ্বাসী। 8 তেওঁৰে সৈতে মই নিগূঢ় বাক্যৰ দ্বাৰাই কথা নহওঁ, কিন্তু মুখা-মুখি হৈ, স্পষ্টকৈ কথা হওঁ।

আৰু তেওঁ মোৰ (যিহোৱাৰ) আকাৰ দেখে।

এই হেতুকে মোৰ দাস মোচিৰ অহিতে কথা ক’বলৈ তোমালোকে কিয় ভয় নকৰিলা?”

9 তাতে তেওঁলোকলৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ প্ৰস্থান কৰিলে। 10 পাছে তম্বুৰ ওপৰৰ পৰা মেঘ গুচিলত, চোৱা, মিৰিয়মৰ গাত হিমৰ দৰে কুষ্ঠৰোগ হ’ল - তেতিয়া হাৰোণে মিৰিয়মৰ ফাললৈ মুখ ঘূৰাই চাই তেওঁক কুষ্ঠৰোগ হোৱাতো তেওঁ দেখিলে।

11 তেতিয়া হাৰোণে মোচিক ক’লে, “হায় হায় মোৰ প্ৰভূ, আমি মুৰ্খৰ দৰে কাৰ্য্য কৰি যি পাপ কৰিলোঁ, বিনয় কৰিছোঁ, সেই পাপৰ ফল আমাক ভোগ কৰিবলৈ নিদিয়ক। 12 মাকৰ গৰ্ভৰ পৰা ওলোৱা কালত যাৰ মাংস আধা নষ্ট, এনে মৰা গৰ্ভফলৰ দৰে এওঁক হ’বলৈ নিদিয়ক।”

13 তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “হে ঈশ্বৰ, বিনয় কৰিছোঁ, এওঁক সুস্থ কৰা।” 14 পাছত যিহোৱাই মোচিক কলে,“তেওঁৰ বাপেকে তেওঁৰ মুখত যদি কেৱল থুই পেলালেহেঁতেন, তেনেহলে তেওঁৰ জানো সাত দিনলৈকে লাজ কৰি নাথাকিলহেঁতেন? এই হেতুকে তেওঁ সাত দিন ছাউনিৰ বাহিৰে বন্ধ হৈ থাওঁক, পাছত তেওঁক পুনৰায় ভিতৰলৈ আনিবা।” 15 তেতিয়া মিৰিয়মক সাদিন ছাউনিৰ বাহিৰত বন্ধ কৰি ৰখা হ’ল; যেতিয়ালৈকে মিৰিয়মক ভিতৰলৈ অনা নহ’ল, তেতিয়ালৈকে লোকসকলে যাত্ৰা নকৰিলে। 16 পাছে লোকসকলে হচেৰোতৰ পৰা যাত্ৰা কৰি, পাৰণ মৰুভূমি ছাউনি পাতিলে।

Chapter 13

কনান দেশ চাবলৈ চোৰাং-চোৱা পঠোৱা; উভটি আহি কুসম্বাদ দিয়া।

1 তেতিয়া যিহোৱাই মোচিক ক’লে, 2 “মই ইস্ৰায়েল সন্তানসকলক যি দেশ দিম, সেই কনান দেশ গুপুতে চাবলৈ তুমি কেইজন মান মানুহ পঠোৱা। তোমালোকে তেওঁলোকৰ নিজ নিজ পিতৃ-বংশৰ প্রত্যেকখন জনগোষ্ঠীৰ পৰা এজন এজন অধ্যক্ষক পঠোৱা।”

3 তেতিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে মোচিয়ে পাৰণ মৰুভূমিৰ পৰা তেওঁলোকক পঠিয়ালে। তেওঁলোক সকলোৱে ইস্ৰায়েলৰ সন্তানসকলৰ মূল মানুহ আছিল। 4 তেওঁলোকৰ নাম এই এই; ৰূবেণ ফৈদৰ মাজৰ জক্কূৰৰ পুত্ৰ চম্মুৱা।

5 চিমিয়োন ফৈদৰ মাজৰ হোৰীৰ পুত্ৰ চাফট। 6 যিহূদা ফৈদৰ মাজৰ যিফুন্নিৰ পুত্ৰ কালেব। 7 ইচাখৰ ফৈদৰ মাজৰ যোচেফৰ পুত্ৰ যিগাল। 8 ইফ্ৰায়িম ফৈদৰ মাজৰ নূনৰ পুত্ৰ হোচেয়া।

9 বিন্যামীন ফৈদৰ মাজৰ ৰাফূৰ পুত্ৰ পল্টী। 10 জবূলূন ফৈদৰ মাজৰ চোদীৰ পুত্ৰ গদ্দীয়েল। 11 যোচেফ ফৈদৰ অৰ্থাৎ মনচি ফৈদৰ মাজৰ চুচীৰ পুত্ৰ গদ্দী। 12 দান ফৈদৰ মাজৰ গমল্লীৰ পুত্ৰ অম্মীয়েল।

13 আচেৰ ফৈদৰ মাজৰ মীখায়েলৰ পুত্ৰ চখূৰ। 14 নপ্তালী ফৈদৰ মাজৰ বফচীৰ পুত্ৰ নহ্বী। 15 গাদ ফৈদৰ মাজৰ মাখীৰ পুত্ৰ গূৱেল। 16 এই এই নামৰ লোকসকল মোচিয়ে গুপুতে দেশ চাবলৈ পঠিয়ালে। মোচিয়ে নুনৰ পুত্ৰ হোচেয়াৰ নাম যিহোচুৱা ৰাখিলে।

17 কনান দেশ চাবলৈ পঠোৱা সময়ত মোচিয়ে তেওঁলোকক ক’লে, “তোমালোক এই দক্ষিণ অঞ্চলেদি গৈ পৰ্ব্বতত উঠাগৈ। 18 আৰু সেই দেশ কেনেকুৱা আৰু তাত বাস কৰা লোকসকল বলী নে নিৰ্ব্বলী আৰু তাকৰ নে সৰহ। 19 আৰু তেওঁলোক যি দেশত বাস কৰিছে, সেই দেশ কেনেকুৱা, ভাল নে বেয়া আৰু যি যি নগৰত তেওঁলোকে বাস কৰিছে, সেইবোৰ নগৰ কেনেধৰণৰ, মুকলি নে গড়েৰে আবৃত হোৱা? 20 আৰু সিহঁতৰ মাটি কেনেকুৱা, সাৰোৱা নে অসাৰোৱা, তাৰ মাজত গছ-গছনি আছে নে নাই, এই সকলোকে তোমালোকে চাবা। তোমালোকে সাহিয়াল হোৱা আৰু সেই দেশৰ কোনো কোনো ফল লগত আনিবা।” তেতিয়া প্ৰথমে পকা দ্ৰাক্ষাফলৰ সময় আছিল।

21 তাতে তেওঁলোকে উঠি গৈ, ছিন মৰুভূমিৰ পৰা ৰহোবলৈ, হমাতৰ প্ৰৱেশস্থানলৈকে দেশখন গুপুতে চালে। 22 তেওঁলোক দক্ষিম অঞ্চলেদি গৈ, হিব্ৰোণলৈকে উঠিল, সেই ঠাইতে অহামন, চেচয় আৰু তল্ময়, এই তিনিজন অনাক’ৰ সন্তান আছিল। মিচৰ দেশত থকা চোৱন নগৰ স্থাপন কৰাৰ সাত বছৰৰ আগেয়ে হিব্ৰোণ স্থাপন কৰা হ’ল।

23 পাছে তেওঁলোকে ইষ্কোল উপত্যকালৈ আহি সেই ঠাইতে এথোপা দ্ৰাক্ষাফল থকা দ্ৰাক্ষলতাৰ এটা ডাল কাটি, কানমাৰি লগাই দুজনে সাঙ্গী কৰি ল’লে আৰু কিছুমান ডালিম আৰু ডিমৰু ফলো লগত ললে। 24 ইস্ৰায়েলৰ সন্তানসকলে সেই ঠাইতে সেই দ্ৰাক্ষাৰ থোপা কাটিলে দেখি, সেই ঠাইৰ নাম ইষ্কোল উপত্যকা ৰখা হ’ল।

25 চল্লিশ দিনৰ পাছত, তেওঁলোকে দেশ চাই উলটি আহিল। 26 পাছে তেওঁলোকে পাৰণ মৰুভূমিৰ কাদেচলৈ, মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই মণ্ডলীৰ গুৰিলৈ আহি, তেওঁলোকক আৰু গোটেই সমাজক সম্বাদ দিলে আৰু সেই দেশৰ ফল তেওঁলোকক দেখুৱালে।

27 আৰু তেওঁলোকে মোচিক ক’লে, “আপুনি যি দেশলৈ আমাক পঠাইছিল, আমি সেই দেশলৈ গৈছিলোঁ। সঁচাকৈ সেই দেশ গাখীৰ আৰু মৌজোল বৈ থকা দেশ। চাওঁক এইয়া তাৰ ফল। 28 সেই দেশত থকা লোকসকল বলী আৰু নগৰবোৰ গড়েৰে আবৃত আৰু অতি ডাঙৰ। আৰু সেই ঠাইতে আমি অনাকীয়া সন্তানসকলকো দেখিলোঁ। 29 দক্ষিণ অঞ্চলত অমালেকে বাস কৰিছে। আৰু পৰ্ব্বতত হিত্তীয়া, যিবূচীয়া, আৰু ইমোৰীয়া লোকসকলে বাস কৰিছে। সমুদ্ৰৰ দাঁতিত আৰু যৰ্দ্দনৰ পাৰত কনানীয়া লোকসকলে বাস কৰিছে।”

30 পাছত কালেবে মোচিৰ আগত লোকসকলক শান্ত কৰিবৰ অৰ্থে ক’লে, “আহা, আমি একেবাৰে উঠি গৈ, তাক অধিকাৰ কৰোঁ; কিয়নো তাক জয় কৰিবলৈ অৱশ্যে আমাৰ অধিক শক্তি আছে।” 31 কিন্তু যি লোকসকল তেওঁৰ লগত গৈছিল, তেওঁলোকে ক’লে, “আমি সেই লোকসকলৰ বিৰুদ্ধে উঠি যাব নোৱাৰোঁ, কিয়নো আমাতকৈ সিহঁত বলী।”

32 এইদৰে, তেওঁলোকে যি দেশ চাবলৈ গৈছিল, ইস্ৰায়েলৰ সন্তানসকলৰ আগত সেই দেশ দুৰ্যশ কৰি ক’লে, “আমি যি দেশৰ মাজেদি চাই চাই গৈছিলোঁ; সেই দেশ নিজৰ নিবাসীসকলক গ্ৰাস কৰোঁতা দেশ। আৰু তাৰ মাজত আমি যিমান মানুহ দেখিলোঁ, তেওঁলোক অতি ওখ ওখ লোক। 33 আৰু তাৰ নাফিল বংশ অনাকৰ সন্তান নাফিলসকলক দেখি, আমাৰ মানত আমি ফৰিঙৰ নিচিনা হ’লো; আৰু সিহঁতৰ দৃষ্টিতো তেনেকুৱাই আছিলোঁ।”

Chapter 14

ইস্ৰায়েলৰ সন্তানসকলে বিদ্ৰোহ-আচৰণ কৰা আৰু তাৰ দণ্ড।

1 পাছত গোটেই সমাজে বৰকৈ ক্রন্দন কৰিলে; সেই ৰাতি তেওঁলোকে সকলোৱে চকুলো টুকিলে। 2 আৰু ইস্ৰায়েলৰ সন্তানসকলৰ সকলোৱে মোচি আৰু হাৰোণৰ অহিতে নিন্দা কৰিবলৈ ধৰিলে। আৰু গোটেই সমাজে তেওঁলোকৰ আগতে ক’লে, “হায় হায়, আমি এই মৰুভূমিত মৰাতকৈ মিচৰ দেশতেই মৰা হ’লে কেনে ভাল আছিল! 3 যিহোৱাই আমাক তৰোৱালৰ আগত পেলাবলৈ আৰু আমাৰ পত্নীসকল আৰু আমাৰ কনমানি সকলক লুট কৰাবলৈ এই দেশলৈ আমাক কিয় আনিছে? মিচৰ দেশলৈ উলটি যোৱা জানো আমাৰ পক্ষে ভাল নহয়?”

4 পাছত তেওঁলোকে ইজনে সিজনক ক’লে, “আহাঁ, আমি কোনো এজনক প্ৰধান কৰি লৈ মিচৰ দেশলৈ উলটি যাওঁ ব’লা। 5 তেতিয়া মোচি আৰু হাৰোণে ইস্ৰায়েলৰ সন্তানসকলৰ সমাজৰ, আৰু তেওঁলোকৰ গোটেই গোট খোৱা সমাজৰ আগত উবুৰি হৈ পৰিল।

6 দেশ গুপুতে চাই অহাসকলৰ মাজত নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেবে নিজ নিজ কাপোৰ ফালিলে। 7 ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই সমাজক ক’লে, “আমি যি দেশ চাবলৈ দেশৰ মাজেদি গৈছিলোঁ সেয়ে যাৰ পাৰ নাই উত্তম দেশ। 8 যিহোৱাই যদি আমাত সন্তোষ পায়, তেন্তে তেওঁ আমাক সেই দেশলৈ নিব, গাখীৰ আৰু মৌজোল বোৱা সেই দেশ আমাক দিব।

9 কেৱল তোমালোকে কোনো ধৰণৰ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ নকৰিবা, সেই দেশৰ লোকসকললৈ ভয়ো নকৰিবা। কিয়নো তেওঁলোক আমাৰ ভক্ষ্যনস্বৰূপ। সিহঁতৰ আশ্ৰয় সিহঁতৰ পৰা গুচিল, কাৰণ যিহোৱা আমাৰ সঙ্গত আছে; তেওঁলোকলৈ ভয় নকৰিবা।” 10 কিন্তু গোটেই সমাজে তেওঁলোকক শিল দলিয়াই বধ কৰিবলৈ ক’লে, তাতে সাক্ষাৎ কৰা তম্বুত যিহোৱাৰ প্ৰতাপ ইস্ৰায়েলৰ সন্তানসকলৰ আগত প্ৰকাশিত হ’ল।

11 পাছত যিহোৱাই মোচিক ক’লে, “এই লোকসকলে কিমান দিন মোক হেয়জ্ঞান কৰিব? আৰু তেওঁলোকৰ মাজত মই দেখুউৱা আটাইবোৰ চিন দেখিওঁ, তেওঁলোকে কিমান কাল মোত অবিশ্বাস কৰি থাকিব? 12 মই মহামাৰীৰ দ্বাৰাই তেওঁলোকক আঘাত কৰিম আৰু তেওঁলোকৰ আধিপত্য গুচাম আৰু তেওঁলোকতকৈ তোমাকেই ডাঙৰ আৰু বলৱান জাতি কৰিম।”

13 মোচিয়ে যিহোৱাক ক’লে, “তেনে কৰিলে, মিচৰীয়াসকলে তাক শুনিবলৈ পাব; কিয়নো সিহঁতৰেই মাজৰ পৰা তুমি নিজ শক্তিৰ দ্বাৰাই এই লোকসকলক উলিয়াই আনিলা। 14 আৰু তেওঁলোকে এই দেশ নিবাসীসকলকো সম্বাদ দিব। তেওঁলোকে শুনিছে, যে, তুমি যিহোৱা এই লোকসকলৰ মাজত আছা, তুমি যিহোৱাই সন্মুখা-সন্মুখিকৈ তেওঁলোকক দৰ্শন দি থাকা, তোমাৰ মেঘ তেওঁলোকৰ ওপৰত আছে আৰু তুমি দিনত মেঘ-স্তম্ভ আৰু ৰাতি অগ্নি স্তম্ভত তেওঁলোকৰ আগে আগে যোৱা।

15 এতিয়া যদি তুমি এই লোকসকলক এজনক মৰাৰ দৰে মাৰা, তেন্তে এই যি আন জাতিসকলে তোমাৰ যশস্যাৰ কথা শুনিছে, সিহঁতে ক’ব, 16 ‘যিহোৱাই এই লোকসকলক যি দেশ দিবলৈ শপত কৰিছিল, সেই দেশলৈ তেওঁলোকক নিবলৈ তেওঁ অসমৰ্থ হ’ল, এই কাৰণে অৰণ্যত তেওঁলোকক মাৰিলে।

17 এতিয়া মই এই নিবেদন কৰোঁ, যে, যিহোৱা ক্ৰোধত ধীৰ আৰু দয়াতো মহান, অপৰাধ আৰু আজ্ঞা-লঙ্ঘন ক্ষমা কৰোঁতা, তথাপি তেওঁ অৱশ্যে দোষীক নিৰ্দ্দোষী নকৰে আৰু তৃতীয় চতুৰ্থ পুৰুষলৈকে সন্তানসকলক পিতৃসকলৰ অপৰাধৰ প্ৰতিফল দিওঁতা, 18 তুমি এই কথা কোৱামতে প্ৰভূৰ মহৎ প্ৰভাৱ দেখা যাওঁক। 19 বিনয় কৰোঁ, তুমি মিচৰ দেশৰ পৰা এতিয়ালৈকে এই লোকসকলক যেনেকৈ ক্ষমা কৰি আহিছা, তেনেকৈ তোমাৰ মহৎ কৃপাৰ দৰে তেওঁলোকৰ এই অপৰাধ ক্ষমা কৰা।”

20 তেতিয়া যিহোৱাই ক’লে, “তোমাৰ বাক্যমতে মই তেওঁলোকক ক্ষমা কৰিলোঁ। 21 তথাপি মই যদি সঁচাকৈ জীৱন্ত ঈশ্বৰ হওঁ আৰু গোটেই পৃথিৱী যদি যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হয়, 22 তেন্তে তেওঁলোকৰ মাজত যিমান লোকে মোৰ প্ৰতাপ আৰু মিচৰত ও মৰুভূমিত দেখুউৱা মোৰ চিন দেখিও, এই দহবাৰ মোক পৰীক্ষা কৰিছে আৰু মোৰ বাক্যলৈ কাণ নকৰা হৈছে।

23 তেওঁলোকৰ পূৰ্ব্বপুৰুষ সকলক মই যি দেশ দিবলৈ শপত কৰিছিলোঁ, তেওঁলোকৰ কোনেও সেই দেশ দেখিবলৈ নাপাব, মোক হেয়জ্ঞান কৰা সকলৰ কোনেও তাক দেখা নাপাব, 24 কিন্তু মোৰ দাস কালেবৰ মন বেলেগ, তেওঁ সম্পূৰ্ণকৈ মোৰ আজ্ঞামতে চলিলে; এতেকে কেৱল তেওঁ যি দেশত সোমাল, সেই দেশৰ ভিতৰলৈ মই তেওঁক নিম আৰু তেওঁৰ বংশই তাক অধিকাৰ কৰিব। 25 অমালেকীয়া আৰু কনানীয়া লোকসকলে উপত্যকাত বাস কৰিছে; কাইলৈ তোমালোকে মুখ ঘূৰাই চুফ সাগৰৰ বাটেদি মৰুভূমিলৈ যাবা।”

26 পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে। তেওঁ ক’লে, 27 “মোৰ বিৰুদ্ধে নিন্দা কৰি থকা এই দুষ্ট সমাজৰ ভাৰ মই কিমান কাল সহিম? ইস্ৰায়েলৰ সন্তান সকলে মোৰ বিৰুদ্ধে যি যি বকিছিল, তাক মই শুনিলোঁ।

28 তুমি তেওঁলোকক কোৱা, যিহোৱাই এই কথা কৈছে, ‘মোৰ জীৱনৰ শপত’, ‘তোমালোকে মোৰ কাণত যি ক’লা, অৱশ্যে মই তোমালোকলৈ তাক কৰিমঃ 29 তোমালোকৰ সম্পূৰ্ণ সংখ্যা অনুসাৰে গণিত হোৱা বিশ বছৰ আৰু তাতকৈয়ো অধিক বয়সীয়া তোমালোকৰ যি সকলো লোকে মোৰ অহিতে বকিছিল, তোমালোকৰ সেই সকলোৰ শৱ এই মৰুভূমিত পতিত হ’ব। 30 মই তোমালোকক যি দেশত বাস কৰাবলৈ শপত কৰিছিলোঁ, সেই দেশত তোমালোকে সোমাবলৈ নাপাবা; কেৱল যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱা সোমাব।

31 কিন্তু তোমালোকে নিজৰ যি ল’ৰা-ছোৱালীবোৰৰ বিষয়ে লুটদ্ৰব্য হ’ব বুলি কৈছিলা, মই তেওঁলোকক তাত সোমোৱাম; আৰু তোমালোকে যি দেশ অগাহ্য কৰিলা, তেওঁলোকে তাৰ পৰিচয় পাব। 32 কিন্তু তোমালোকৰ বিষয়ে হ’লে, তোমালোকৰ শৱ এই মৰুভূমিত পতিত হ’ব। 33 আৰু তোমালোকৰ সন্তানসকলে চল্লিশ বছৰ এই মৰুভূমিত ভ্ৰমি ফুৰি, মৰুভূমিত তোমালোকৰ শৱৰ সংখ্যা পূৰ নহয়মানলৈকে তোমালোকৰ ব্যভিচাৰৰ ফল সিহঁতে ভোগ কৰিব। 34 তোমালোকে যি চল্লিশ দিন দেশ চাই ফুৰিছিলা সেই দিনৰ লেখ অনুসাৰে চল্লিশ বছৰ অৰ্থাৎ এক এক বছৰ তোমালোকে নিজ নিজ অপৰাধৰ ফল ভোগ কৰিবা; আৰু মোৰ বিপক্ষতা কেনে তাক জানিবলৈ পাবা। 35 মই যিহোৱাই ইয়াক ক’লোঁ। মোৰ বিপৰীতে গোট খোৱা এই গোটেই দুষ্ট সমাজলৈ মই ইয়াক অৱশ্যে কৰিম; এই অৰণ্যত তেওঁলোক নিচেইকৈ বিনষ্ট হ’ব, এই ঠাইতে তেওঁলোক মৰিব’।”

36 পাছত দেশ চাবলৈ মোচিয়ে পঠোৱা যি লোকসকলে উলটি আহি সেই দেশৰ কুযশ কৰি তেওঁৰ অহিতে গোটেই সমাজক বকাইছিল, 37 দেশৰ কুযশ কৰা সেই লোকসকল যিহোৱাৰ আগত মহামাৰীৰ দ্বাৰাই মৰিল। 38 দেশ চাবলৈ যোৱা সেই লোকসমূহৰ মাজত কেৱল নুনৰ পুত্ৰ যিহোচূৱা আৰু যিফুন্নিৰ পুত্ৰ কালেব জীয়াই থাকিল।

39 মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক সেই সকলো কথা যেতিয়া জনালে, লোকসকলে অতিশয় শোক কৰিলে। 40 পাছত তেওঁলোকে ৰাতিপুৱাতে ওলাই পৰ্ব্বতৰ টিঙলৈ উঠিবলৈ উদ্যত হৈ ক’লে, “চোৱা, এইয়া আমি আছোঁ, যিহোৱাই যি ঠাইৰ বিষয়ে প্ৰতিজ্ঞা কৰিছিল, আমি সেই ঠাইলৈ যাওঁ; কিয়নো আমি পাপ কৰিলোঁ।”

41 তাতে মোচিয়ে ক’লে, এতিয়া যিহোৱাৰ আজ্ঞা কিয় লঙ্ঘন কৰিছা? তোমালোকৰ সেই কাৰ্য্য সাম্ফল নহ’ব। 42 তোমালোকে উঠি নাযাবা, কাৰণ যিহোৱা তোমালোকৰ মাজত নাই; গ’লে শত্ৰুৰ আগত পৰাজয় হ’বা। 43 কিয়নো অমালেকীয়া আৰু কনানীয়া লোকসকল সেই ঠাইত তোমালোকৰ আগত আছে আৰু তোমালোক তৰোৱালৰ ধাৰত পতিত হ’বা। তোমালোক যিহোৱাৰ পাছত চলিবলৈ বিমুখ হোৱাত যিহোৱা তোমালোকৰ লগত নাথাকিব।”

44 তথাপি তেওঁলোকে কুসাহ কৰি, পৰ্ব্বতৰ টিঙলৈ উঠি গ’ল; কিন্তু যিহোৱাৰ নিয়ম-চন্দুক আৰু মোচি ছাউনিৰ পৰা নগ’ল। 45 তেতিয়া সেই পৰ্ব্বতত থকা অমালেকীয়া আৰু কনানীয়া লোকসকল নামি আহি তেওঁলোকৰ কিছুমানক বধ কৰিলে, আৰু হৰ্মালৈকে তেওঁলোকক আঘাত কৰি কৰি খেদিলে।

Chapter 15

ভক্ষ্য নৈবেদ্য আদি বিষয়ৰ বিধি। বিশ্ৰাম-বাৰ লঙ্ঘন কৰা লোকৰ প্ৰাণদণ্ড।

1 পাছে যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে, 2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘মই তোমালোকক যি দেশ দিম, তোমালোকে বসতি কৰিব লগা সেই দেশত সোমোৱাৰ পাছত, 3 যেতিয়া তোমালোকে প্ৰতিজ্ঞা-সিদ্ধিৰ অৰ্থে বা নিজ ইচ্ছাৰে এনেই দিবৰ অৰ্থে নাইবা তোমালোকৰ পৰ্ব্বৰ দিনত, গৰু, কি মেৰ, কি ভেড়াৰ জাকৰ পৰা আনি যিহোৱাক সুঘ্ৰাণ দিবৰ কাৰণে, হোম-বলি বা মঙ্গলাৰ্থক বলি আদি অগ্নিকৃত উপহাৰ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা,

4 তেতিয়া যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰা লোকে হোম-বলি আৰু আন বলিৰ অৰ্থে দিয়া প্ৰত্যেক মেৰে সৈতে, হীনৰ চাৰিভাগৰ এভাগ এভাগ তেল মিহলোৱা মিহি আটাগুড়িৰ দহ ভাগৰ এভাগ ভক্ষ্য নৈবেদ্য আনিব। 5 আৰু তুমি হীনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰসৰ পেয় নৈবেদ্য যুগুত কৰিবা।

6 বা এটা মতা মেৰে সৈতে, তুমি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে, হীনৰ তিনি ভাগৰ এভাগ তেল মিহলোৱা মিহি আটাগুড়ি দহ ভাগৰ দুভাগেৰে ভক্ষ্য নৈবেদ্য যুগুত কৰিবা। 7 আৰু পেয় নৈবেদ্যৰ বাবে হীনৰ তিনি ভাগৰ এভাগ দ্ৰাক্ষাৰস উৎসৰ্গ কৰিবা।

8 আৰু যিহোৱাৰ অৰ্থে প্ৰতিজ্ঞা সিদ্ধ কৰিবলৈ, বা মঙ্গলাৰ্থক বলিৰ অৰ্থে যেতিয়া তুমি হোম বলি বা আন বলিস্বৰূপে দমৰা গৰু উৎসৰ্গ কৰিবা, 9 তেতিয়া সেই দমৰাই সৈতে, হীনৰ আধা ভাগ তেল মিহলোৱা দহ ভাগৰ তিনি ভাগ মিহি আটাগুড়িৰ ভক্ষ্য নৈবেদ্য অনা হ’ব। 10 আৰু পেয় নৈবেদ্যৰ অৰ্থে হীনৰ আধা ভাগ দ্ৰাক্ষাৰস আনিবা; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।

11 প্ৰত্যেক দমৰা নাইবা প্ৰত্যেক মতা মেৰ, বা প্ৰত্যেক মতা মেৰ পোৱালি; বা প্ৰত্যেক ভেড়া পোৱালিৰ কাৰণে এইদৰে কৰিব লাগিব। 12 তোমালোকে যিমান পশু উৎসৰ্গ কৰিবা, সেইবোৰৰ সংখ্যা অনুসাৰে প্ৰত্যেক পশুলৈ এইদৰে কৰিবা। 13 স্বদেশীয় লোকসকলে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবৰ সময়ত, তেওঁলোক আটায়ে এই নিয়মৰ দৰে সেই সকলো যুগুত কৰিব।

14 আৰু তোমালোকৰ লগত প্ৰবাস কৰা কোনো বিদেশী লোকে, নাইবা তোমালোকৰ মাজত পুৰুষানুক্ৰমে বাস কৰা কোনো লোকে যদি যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিবৰ অৰ্থে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিব খোজে, তেন্তে তোমালোকে যেনেকৈ কৰা, তেৱোঁ তেনেকৈ কৰিব। 15 সমাজৰ কাৰণে হ’লে, তোমালোক আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী লোক, উভয়ৰে একেটা বিধি হ’ব: এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰ স্থায়ী বিধি। যিহোৱাৰ আগত তোমালোক যেনে, বিদেশীও তেনে। 16 তোমালোকৰ আৰু তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশী, উভয়েৰে একে বিধি আৰু একে শাসন প্ৰণালী হ’ব’।”

17 পাছে যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে, 18 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘মই তোমালোকক যি দেশলৈ লৈ আহিছোঁ, সেই দেশত সোমোৱাৰ পাছত, 19 তোমালোকে সেই দেশৰ অন্ন ভোজন কৰা কালত, যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় নৈবেদ্য উৎসৰ্গ কৰিবা।

20 তোমালোকে প্ৰথমে উৎপন্ন হোৱা শস্যৰ খৰচীয়া আটাৰ এটা পিঠা উত্তোলনীয় নৈবেদ্যস্বৰূপে উৎসৰ্গ কৰিবা; মৰণা মৰা খোলাৰ উত্তোলনীয় নৈবেদ্যৰ নিচিনাকৈ এয়াকো উৎসৰ্গ কৰিবা। 21 তোমালোকে পুৰুষানুক্ৰমে প্ৰথমে উৎপন্ন হোৱা শস্যৰ নিজ নিজ খৰচীয়া আটাৰ কিছু উত্তোলনীয় নৈবেদ্যস্বৰূপে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।

22 আৰু মোচিক যিহোৱাই কোৱা এই সকলো আজ্ঞা, তোমালোক ইস্রায়েলৰ সন্তানসকলে পালন কৰা নাছিলা, যদিওবা পালন নকৰিবলৈ তোমালোকৰ কোনো উদ্দেশ্য নাছিল, 23 অৰ্থাৎ যিহোৱাই যি দিনা তোমালোকক আজ্ঞা দিছিল, সেই দিনাৰ পৰা তোমালোকৰ পুৰুষানুক্ৰমে তেওঁ মোচিৰ দ্বাৰাই যি যি আজ্ঞা কৰিছিল, সেই সকলোকে যেতিয়া তোমালোকে ভূলক্ৰমে পালন নকৰা। 24 তেতিয়া সেয়ে যদি সমাজে নজনাকৈ ভূলক্ৰমে কৰা হয়, তেন্তে গোটেই সমাজে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোমৰ কাৰণে এটা দমৰা আৰু নিয়মমতে তাৰ ভক্ষ্য ও পেয় নৈবেদ্য আৰু পাপাৰ্থক বলিৰ কাৰণেএটা মতা ভেড়া উৎসৰ্গ কৰিব।

25 আৰু পুৰোহিতে ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই প্ৰায়শ্চিত্ত কৰিব; তাতে তেওঁলোকক ক্ষমা কৰা হ’ব। কিয়নো তাক ভূলক্ৰমে কৰা হ’ল আৰু তেওঁলোকে সেই ভূলৰ কাৰণে যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ উপহাৰ, তেওঁলোকৰ অগ্নিকৃত উপহাৰ আনিলে আৰু যিহোৱাৰ উদ্দেশ্যে তেওঁলোকৰ পাপাৰ্থক বলিও আনিলে। 26 এইদৰে ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই সমাজক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশীক ক্ষমা কৰা হ’ব; কিয়নো সকলো লোকৰ সম্পৰ্কে সেই কাৰ্য্য ভূলক্ৰমে কৰা হ’ল।

27 আৰু যদি কোনো মানুহে ভূলক্ৰমে পাপ কৰে, তেন্তে, সি পাপাৰ্থক বলিস্বৰূপে এজনী এবছৰীয়া ভেড়া উৎসৰ্গ কৰিব লাগিব। 28 আৰু যিহোৱাৰ সাক্ষাতে সেই লোকে ভূলক্ৰমে পাপ কৰাত, সেই ভূল কৰা লোকক প্ৰায়শ্চিত্ত কৰিবলৈ পুৰোহিতে তেওঁৰ বাবে প্ৰায়শ্চিত্ত কাৰ্য্য কৰিব; তাতে তেওঁক ক্ষমা কৰা হ’ব। 29 ইস্ৰায়েলৰ সন্তানসকলৰ স্বজাতীয় বা তেওঁলোকৰ মাজত প্ৰাবস কৰা বিদেশী হওঁক উভয়ৰে বাবে, ভূলক্ৰমে কোনো কাৰ্য্য কৰা লোকৰ অৰ্থে একেটা বিধি হ’ব।

30 কিন্তু স্বদেশীয় কি বিদেশীয় যি লোকে কৰোঁ বুলি পাপ কৰিব, তেওঁ যিহোৱাক অপমান কৰা হ’ব; সেই লোকক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব। 31 কিয়নো তেওঁ যিহোৱাৰ বাক্য হেয়জ্ঞান কৰিলে আৰু তেওঁৰ আজ্ঞা লঙ্ঘন কৰিলে; অৱশ্যে সেই মানুহক উচ্ছন্ন কৰা হ’ব আৰু তাৰ দোষ তাৰ গাতে থাকিব’।”

32 আৰু ইস্ৰায়েলৰ সন্তানসকল যেতিয়া মৰুভূমিত আছিল, তেতিয়া তেওঁলোকে বিশ্ৰাম দিনত এজনক খৰি বুটলা পালে। 33 আৰু যিসকলে তেওঁক খৰি বুটলা পাইছিল, তেওঁলোকে মোচি, হাৰোণ আৰু গোটেই সমাজৰ আগলৈ তেওঁক আনিলে। 34 আৰু তেওঁলোকে তেওঁক বন্ধ কৰি ৰাখিলে; কিয়নো তেওঁলৈ কি কৰা উচিত, সেয়ে ঠিককৈ প্ৰকাশিত হোৱা নাছিল।

35 পাছত যিহোৱাই মোচিক ক’লে, “সেই মানুহৰ প্ৰাণদণ্ড অৱশ্যে হ’ব লাগে; গোটেই সমাজে তাক ছাউনিৰ বাহিৰলৈ নি শিল দলিয়াই বধ কৰিব। 36 তেতিয়া, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, গোটেই সমজে তেওঁক ছাউনিৰ বাহিৰলৈ লৈ গৈ, তেওঁ মৰাকৈ, তেওঁলৈ শিল দলিয়ালে।

37 পাছত যিহোৱাই আকৌ মোচিক ক’লে। তেওঁ ক’লে 38 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া; তেওঁলোকে পুৰুষানুক্ৰমে নিজ নিজ কাপোৰৰ চুকত আৰিবলৈ সূতাৰ থোপা সাজক আৰু নিজ নিজ কাপোৰৰ চুকত লগাব লগীয়া থোপাত নীল বৰণীয়া ফিতা লগাওঁক। 39 তোমালোকে যেন সেই থোপা দেখি, যিহোৱাৰ আজ্ঞাবোৰ সোঁৱৰণ কৰি পালন কৰা আৰু নিজৰ যি মন আৰু চকুৰ পাছত চলি তোমালোকে ব্যভিচাৰী হৈছিলা, সেই মন আৰু চকুৰ পাছত যেন আৰু নচলা।

40 কিন্তু মোৰ সকলো আজ্ঞা সোঁৱৰি পালন কৰি, নিজ ঈশ্বৰৰ উদ্দেশ্যে যেন পবিত্ৰ হোৱা, এই কাৰণে তোমালোকলৈ সেই থোপা হ’ব। 41 তোমালোকৰ ঈশ্বৰ যিহোৱা হ’বৰ কাৰণে, যি জনাই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলে, ময়েই তোমালোকৰ সেই ঈশ্বৰ যিহোৱা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা।”

Chapter 16

কোৰহৰ চক্ৰান্ত।

1 পাছত লেবীৰ পৰিনাতি, কহাতৰ নাতিয়েক, যিচহৰৰ পুতেক কোৰহ আৰু ৰূবেনৰ সন্তানসকলৰ মাজৰ, ইলিয়াবৰ পুতেক দাথন আৰু অবীৰাম আৰু পেলতৰ পুতেক ওনে, এওঁলোকে কিছুমান লোকক গোটাই ল’লে। 2 ইস্ৰায়েলৰ সন্তানসকলৰ মাজৰ দুশ পঞ্চাশজন মণ্ডলীৰ অধ্যক্ষ আৰু সমাজ ভূক্ত নাম জ্বলা লোকক লগত লৈ, মোচিৰ বিৰুদ্ধে উঠিল। 3 তেওঁলোকে মোচি আৰু হাৰোণৰ বিৰুদ্ধে গোট খাই তেওঁলোকক ক’লে, “তোমালোকে তোমালোকৰ পদ বৰ বুলি মানিছা। কিয়নো গোটেই সমাজৰ প্ৰতিজনেই পবিত্ৰ আৰু যিহোৱা তেওঁলোকৰ মাজত আছে; তেন্তে তোমালোকে কিয় যিহোৱাৰ সমাজৰ ওপৰত নিজকে ওখ কৰিছা?”

4 যেতিয়া মোচিয়ে সেই কথা শুনিলে, তেওঁ উবুৰি হৈ পৰিল। 5 আৰু তেওঁ কোৰহক আৰু তেওঁৰ গোটেই দলটোক ক’লে, “যিহোৱাৰ লোক কোন আৰু কোন পবিত্ৰ, যিহোৱাই তাক ৰাতিপুৱাই জনাব আৰু তাক নিজৰ ওচৰ চপাব; তেওঁ যিজনক মনোনীত কৰিব, তেওঁকেই নিজৰ ওচৰ চপাব।

6 হে কোৰহ আৰু তোমাৰ গোটেই দল, এই কাম কৰা; ধূপাধাৰ লোৱা 7 তোমালোকে আঙঠা-ধৰালৈ, তাত জুই দি কাইলৈ যিহোৱাৰ আগত তাৰ ওপৰত ধূপ দিবা। তাতে যিহোৱাই তেওঁক মনোনীত কৰিব, সেইজনেই পবিত্ৰ হ’ব। হে লেবীয়া সন্তানসকল, তোমালোকে নিজকে বৰ বুলি মানিছা।

8 পাছত মোচিয়ে কোৰহক ক’লে, হে লেবীৰ সন্তানসকল, মোৰ কথা শুনা: 9 ইস্ৰায়েলৰ ঈশ্বৰে যে তোমালোকক ইস্ৰায়েলৰ সমাজৰ পৰা পৃথক কৰি, যিহোৱাৰ আবাসৰ দাস্যকৰ্ম্ম কৰিবলৈ আৰু মণ্ডলীৰ আগত থিয় হৈ তাৰ পৰিচৰ্য্যা কৰিবলৈ নিজৰ ওচৰ চপাই ৰাখিছে, ই জানো তোমালোকৰ মানত সৰু কথা? 10 তেওঁ তোমাক, আৰু তোমাৰে সৈতে তোমাৰ ভাই লেবীৰ সন্তানসকলক নিজৰ ওচৰ চপাই ৰাখিছে, তথাপি তোমালোকে পুৰোহিতৰ বাবলৈকো চেষ্টা কৰিছা নে! 11 সেইবাবে তুমি আৰু তোমাৰ গোটেই দলে যিহোৱাৰ বিৰুদ্ধে গোট খাইছা। গতিকে কিয় তোমালোকে হাৰোণৰ বিৰুদ্ধে আপত্তি কৰিছা, যিজনে যিহোৱাক মানি চলে?”

12 তেতিয়া মোচিয়ে ইলিয়াবৰ পুতেক দাথনক আৰু অবিৰামক মাতিবলৈ মানুহ পঠালে, কিন্তু তেওঁলোকে ক’লে, আমি নাযাওঁ। 13 তুমি আমাক মৰুভূমিত মাৰিবলৈ দুগ্ধমধু বোৱা দেশৰ পৰা আনিছা, এয়ে জানো সৰু কথা? তুমি সদায় আমাৰ ওপৰত অধিকাৰ কৰি থাকিবানে? 14 কেৱল এয়ে নহয়, তুমি আমাক দুগ্ধ মধু বোৱা দেশলৈ নিয়া নাই আৰু শস্যৰ খেতি ও দ্ৰাক্ষাবাৰীৰো অধিকাৰ দিয়া নাই। তুমি এই লোকসকলক অন্ধ কৰিবা নে? আমি নাযাওঁ।

15 তাতে মোচিয়ে অতিশয় ক্ৰুদ্ধ হৈ যিহোৱাক জনালে, বোলে, “এওঁলোকৰ উপহাৰ গ্ৰহণ নকৰিবা; মই এওঁলোকৰ পৰা এটা গাধও লোৱা নাই, আৰু এওঁলোকৰ এজনকো দুখ দিয়া নাই।” 16 পাছত মোচিয়ে কোৰহক ক’লে, “তুমি আৰু তোমাৰ গোটেই দল কাইলৈ হাৰোণে সৈতে যিহোৱাৰ আগত উপস্থিত হ’বা। 17 তোমালোকে প্ৰতিজনে আঙঠা-ধৰালৈ তাৰ ওপৰত ধূপ দি, নিজ নিজ আঙঠা-ধৰা যিহোৱাৰ আগত লৈ আনিবা। দুশ পঞ্চাশ আঙঠা-ধৰাই আগ কৰিবা; তুমি আৰু হাৰোনেও নিজ নিজ আঙঠা-ধৰা ল’বা।”

18 পাছত তেওঁলোক প্ৰতিজনে নিজ নিজ আঙঠা-ধৰা লৈ, তাৰ ওপৰত জুই ৰাখি, ধূপ দি, মোচি আৰু হাৰোণৰ লগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থিয় হ’ল। 19 আৰু কোৰহে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ ওচৰত তেওঁলোকৰ অহিতে গোটেই সমাজকে গোট খুৱালে; তেতিয়া যিহোৱাৰ প্ৰতাপ গোটেই সমাজলৈ প্ৰকাশিত হ’ল।

20 পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে, 21 “তোমালোক এই সমাজৰ মাজৰ পৰা বেলেগ হোৱা, মই এক নিমিষতে এওঁলোকক সংহাৰ কৰোঁ।” 22 তেতিয়া তেওঁলোকে উবুৰি হৈ পৰি ক’লে, “হে ঈশ্বৰ, এজনে পাপ কৰাত তোমাৰ কুপ জানো গোটেই সমাজৰ ওপৰত হ’ব লাগে?”

23 তেতিয়া যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে, 24 “তুমি সমাজক কোৱা, ‘তোমালোক কোৰহ, দাথন আৰু অবীৰামৰ বসতিৰ ঠাইৰ চাৰিওফালৰ পৰা গুচি যোৱা’।”

25 তেতিয়া মোচি উঠি দাথন আৰু অবীৰামৰ ওচৰলৈ গ’ল; আৰু ইস্ৰায়েলৰ বৃদ্ধসকলে তেওঁৰ পাছে পাছে গ’ল। 26 তেওঁ সমাজক ক’লে, “বিনয় কৰোঁ, তোমালোকে এই দুষ্ট লোকসকলৰ তম্বুৰ ওচৰৰ পৰা আঁতৰি যোৱা, আৰু এওঁলোকৰ একো বস্তু নুচুবা; নহ’লে এওঁলোকৰ পাপ সমূহত বিনষ্ট হ’বা।” 27 তেতিয়া তেওঁলোকে কোৰহ, দাথন আৰু অবীৰামৰ বসতিৰ ঠাইৰ চাৰিওফালৰ পৰা আঁতৰি গ’ল, কিন্তু দাথন আৰু অবীৰাম ওলাই নিজ নিজ ল’ৰা-তিৰোতাই সৈতে নিজ নিজ দুৱাৰ-মুখত থিয় হ’ল।

28 পাছত মোচিয়ে কলে, এই সকলো কাৰ্য্য কৰিবলৈ মোক যে, যিহোৱাই পঠালে, তাক ইয়াৰ দ্বাৰাই জানিবলৈ পাবা। কিয়নো মই নিজ ইচ্ছাৰে তাক কৰা নাই। 29 আন লোকসমূহ যি মৰণেৰে মৰে, এই মানুহ যদি তেনে মৰণেৰে মৰে বা লোসমূহলৈ যেনে আপদ ঘটে, এই লোকসমূহলৈকো যদি তেনে আপদ ঘটে, তেন্তে যিহোৱাই মোক পঠোৱা নাই। 30 কিন্তু যিহোৱাই যদি নতুন কাৰ্য্য কৰে, আৰু যদি পৃথিৱীয়ে নিজ মুখ মেলি ইহঁতক, আৰু ইহঁতৰ সকলোকে গ্ৰাস কৰে, আৰু ইহঁত জীয়াই জীয়াই চিয়োললৈ নামি যায়, তেন্তে এওঁলোকে যে যিহোৱাক হেয়জ্ঞান কৰিলে, তাক তোমালোকে জানিবলৈ পাবা। 31 পাছত মোচিয়ে এইবোৰ কথা কৈ শেষ কৰা মাত্ৰকে, তেওঁলোকৰ তলত থকা মাটি ফাটিল, 32 আৰু পৃথিৱীয়ে নিজ মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালবোৰক আৰু কোৰহৰ আটাই লোকক আৰু তেওঁলোকৰ সৰ্ব্বস্ব গ্ৰাস কৰিলে।

33 এইদৰে তেওঁলোক আৰু তেওঁলোকৰ লগৰ সকলোৱেই জীয়াই জীয়াই চিয়োললৈ নামি গ’ল; আৰু পৃথিৱী তেওঁলোকৰ ওপৰত জাপ খাই পৰিলত, তেওঁলোক সমাজৰ মাজৰ পৰা লুপ্ত হ’ল। 34 তেওঁলোকৰ চাৰিওফালে থকা গোটেই ইস্ৰায়েলে তেওঁলোকৰ চিঞৰ শুনি পলাল। কিয়নো তেওঁলোকে আৱেগিক হৈ কৈছিল, “পৃথিৱীয়ে কিজানি আমাকো গ্ৰাস কৰিব!” 35 তেতিয়া যিহোৱাৰ পৰা অগ্নি ওলাই ধূপ উৎসৰ্গ কৰা সেই দুশ পঞ্চাশ জনক গ্ৰাস কৰিলে।

36 আকৌ যিহোৱাই মোচিক ক’লে, 37 “তুমি হাৰোণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক অগ্নিয়ে গ্ৰাস কৰা ঠাইৰ পৰা এই সকলো আঙঠা ধৰা তুলি নিবলৈ আৰু তাৰ জুই দূৰৈত সিচৰিত কৰি পেলাই দিবলৈ কোৱা; কিয়নো সেইবোৰ আঙঠা ধৰা পবিত্ৰ। 38 নিজৰ প্ৰাণৰ বিৰুদ্ধে পাপ কৰা সেই লোকসকলৰ আঙঠা ধৰাবোৰ পিতাই যজ্ঞ-বেদি ঢাকিবৰ বাবে লোকসকলে পতা কৰক; কিয়নো তেওঁলোকে সেইবোৰ যিহোৱাৰ আগত উৎসৰ্গ কৰিলে; এইহেতুকে সেইবোৰ পবিত্ৰ; আৰু সেইবোৰ ইস্ৰায়েলৰ সন্তানসকললৈ চিন হ’ব। 39 তাতে সেই গ্ৰাসিত লোকসকলে উৎসৰ্গ কৰা পিতলৰ আঙঠা ধৰাবোৰ ইলিয়াজৰ পুৰোহিতে নিলে, 40 আৰু মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে, ইস্ৰায়েলৰ সন্তানসকলৰ সোঁৱৰণৰ অৰ্থে, অৰ্থাৎ হাৰোণৰ বংশৰ বাহিৰে আন বংশৰ কোনো মানুহ যেন যিহোৱাৰ আগত ধূপ উৎসৰ্গ কৰিবৰ নিম্তেত ওচৰ নাচাপে আৰু কোৰহৰ ও তাৰ দলৰ দৰে নহয়, এই কাৰণে সেইবোৰ পিতাই যজ্ঞ-বেদিৰ ঢাকনিৰ অৰ্থে পতা কৰা হ’ল।

41 তথাপি পাছদিনা ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই সমাজে মোচি আৰু হাৰোণৰ বিৰুদ্ধে বকি ক’লে, “তোমালোকেই যিহোৱাৰ প্ৰজাসকলক বধ কৰিলা।” 42 তেতিয়া মোচি আৰু হাৰোণৰ বিৰুদ্ধে গোট খালত, তেওঁলোকে সাক্ষাৎ কৰা তম্বুলৈ মুখ ঘূৰাই দেখিলে, যে, মেঘে তাক ঢাকিছে আৰু যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হৈছে। 43 তেতিয়া মোচি আৰু হাৰোণ সাক্ষাৎ কৰা তম্বুৰ আগলৈ গ’ল।

44 তেতিয়া যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে, 45 “তোমালোকে এই সমাজৰ মাজৰ পৰা আঁতৰি যোৱা, মই এক মিনিষতে এওঁলোকক সংহাৰ কৰোঁ।” তেতিয়া তেওঁলোক উবুৰি হৈ পৰিল। 46 মোচিয়ে হাৰোণক ক’লে, “তোমাৰ আঙঠা ধৰা লোৱা আৰু যজ্ঞ-বেদিৰ ওপৰৰ পৰা জুই লৈ তাত ধূপ দি, শীঘ্ৰে সমাজৰ গুৰিলৈ লৈ যোৱা আৰু তেওঁলোকক প্ৰায়শ্চিত্ত কৰা; কিয়নো যিহোৱাৰ আগৰ পৰা ক্ৰোধ বাহিৰ হোৱাত মহামাৰী আৰম্ভ হ’ল।

47 গতিকে হাৰোণে মোচিৰ আজ্ঞা অনুসাৰে আঙঠা ধৰা লৈ, সমাজৰ মাজলৈ লৰি গ’ল। তেতিয়া চোৱা, তেওঁলোকৰ মাজত মহামাৰী আৰম্ভ হৈছে, তেতিয়া তেওঁ ধূপ দি লোকসকলক প্ৰায়শ্চিত্ত কৰিলে। 48 আৰু মৰা ও জীয়া লোকসকলৰ মাজত তেওঁ থিয় হোৱাত, মহামাৰী নিবাৰণ হ’ল।

49 যিসকল লোক কোৰহৰ দোষত মৰিছিল, সেইসকলৰ বাহিৰে চৌদ্ধ হাজাৰ সাত শ লোক এই মহামাৰীত মৰিল। 50 মহামাৰী নিবাৰণ হোৱাৰ পাছত, হাৰোণ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ মোচিৰ গুৰিলৈ উলটি আহিল।

Chapter 17

হাৰোণৰ পৌৰহিত্যৰ প্ৰমাণ দেখুউৱা।

1 যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে, 2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কথা কোৱা। তেওঁলোকৰ পিতৃ-বংশৰ অধ্যক্ষসকলৰ পৰা এক এক পিতৃ-বংশৰ কাৰণে এডাল এডাল লাখুটি, এইদৰে বাৰডাল লাখুটি লোৱা আৰু প্ৰত্যেকৰ লাখুটিত তেওঁৰ নাম লিখা।

3 আৰু লেবীৰ লাখুটিত হাৰোণৰ নাম লিখা। কিয়নো তেওঁলোকৰ প্ৰত্যেক পিতৃ-বংশৰ মুখ্যলোকৰ বাবে এডাল এডাল লাখুটি হ’ব। 4 আৰু সাক্ষাৎ কৰা তম্বুত যি ঠাইত মই তোমালোকেৰে সৈতে সাক্ষাৎ হওঁ, সেই ঠাইতে সাক্ষ্য-ফলিৰ চন্দুকৰ আগত সেই সকলোকে থবা। 5 পাছত মোৰ মনোনীত লোকৰ লাখুটিত কলি ধৰিব। তাতে ইস্ৰায়েলৰ সন্তানসকলে তোমালোকৰ বিৰুদ্ধে বকা বকনি মোৰ ওচৰৰ পৰা মই দূৰ কৰিম।

6 পাছত মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক এই সকলো কথা ক’লে। তেওঁলোকৰ অধ্যক্ষসকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-বংশৰ বাবে এডাল এডাল লাখুটি, এইদৰে বাৰডাল লাখুটি তেওঁক দিলে। আৰু হাৰোণৰ লাখুটি তেওঁলোকৰ লাখুটিবোৰৰ মাজত আছিল। 7 তাতে মোচিয়ে সেই সকলো লাখুটি লৈ, সাক্ষ্য-ফলি থকা তম্বুত যিহোৱাৰ আগত থ’লে।

8 আৰু পাছদিনা মোচিয়ে সাক্ষ্য-ফলি থকা তম্বুত সোমাই দেখিলে, যে, লেবী বংশৰ নিমিত্তে লোৱা হাৰোণৰ লাখুটিত কুঁহি ওলাই কলি ধৰি ফুলিল, আৰু বাদামৰ পকা গুটি লাগিল। 9 তেতিয়া মোচিয়ে যিহোৱাৰ সন্মূখৰ পৰা সেই সকলো লাখুটি উলিয়াই ইস্ৰায়েলৰ সন্তানবিলাকৰ আগলৈ আনিলে, আৰু তেওঁবিলাক প্ৰতিজনে চাই চাই নিজ নিজ লাখুটি ললে। 10 পাছে যিহোৱাই মোচিক কলে, এই বিদ্ৰোহ আচৰণ কৰা সন্তানসকলৰ বিৰুদ্ধে চিন থাকিবৰ কাৰণে তুমি হাৰোণৰ লাখুটিডাল পুনৰায় সাক্ষ্য-ফলিৰ চম্দুকৰ আগত ৰাখা; তাতে, তেওঁলোক নমৰিবৰ বাবে, মোৰ বিৰুদ্ধে হোৱা তেওঁলোকৰ বকনি নাইকিয়া কৰিবা। 11 তেতিয়া মোচিয়ে সেইদৰেই কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ কাৰ্য্য কৰিলে।

12 পাছে ইস্ৰায়েলৰ সন্তানসকলে মোচিক কলে, চাওঁক, আমি মৰিলোঁ, আমি বিনষ্ট হলোঁ, আমি সকলোৱেই বিনষ্ট হলোঁ। 13 যি কোনো লোক ওচৰ চাপে, যি কোনো লোক যিহোৱাৰ আবাসৰ ওচৰ চাপে, তেৱেই মৰা পৰে, আমি সকলোৱেই মৰা পৰিম নেকি?

Chapter 18

লেবীয়াসকলে কৰিবলগীয়া কাৰ্য্য, আৰু পাবলগীয়া ভাগ।

1 যিহোৱাই হাৰোণক কলে, “তুমি আৰু তোমাৰে সৈতে তোমাৰ পিতৃ-বংশই পবিত্ৰস্থানত হোৱা অপৰাধৰ ভাৰ ববা। আৰু তুমিও তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে পুৰোহিত পদত হোৱা অপৰাধৰ ভাৰ ববা। 2 আৰু তোমাৰ ভাই লেবী ফৈদ, অৰ্থাৎ তোমাৰ পিতৃ ফৈদক লগত আনিবা; তেওঁলোকে তোমাৰ লগ লৈ, তোমাৰ পৰিচৰ্য্যা কৰিব লাগে, কিন্তু তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে সাক্ষ্য-ফলি থকা তম্বুৰ আগত থাকিবা।

3 আৰু তেওঁলোকে তোমাৰ আৰু গোটেই তম্বুৰ কৰিব লগীয়া কাৰ্য্য কৰিব। কিন্তু তেওঁলোক আৰু তোমালোক নমৰিবৰ বাবে, তেওঁলোক পবিত্ৰস্থানৰ বস্তুৰ আৰু যজ্ঞ-বেদিৰ ওচৰলৈ নাযাব। 4 তেওঁলোকে তোমাৰ লগ লৈ সাক্ষাৎ কৰা তম্বুৰ আটাই দাস্যকৰ্ম্মৰ সম্বন্ধে যি কৰিব লাগে, অৰ্থাৎ কৰিব লগীয়া তম্বুৰ সেই কাৰ্য্য কৰিব আৰু আন বংশৰ কোনো মানুহ তোমালোকৰ ওচৰ নাচাপিব। 5 ইস্ৰায়েলৰ সন্তানসকললৈ মোৰ যেন আৰু ক্ৰোধ নহয়, এই কাৰণে তোমালোকে পবিত্ৰস্থানৰ আৰু যজ্ঞ-বেদিৰ কৰিব লগীয়া কাৰ্য্য কৰিবা।

6 আৰু চোৱা, মই ময়েই তোমালোকৰ ভাই লেবীয়াসকলক ইস্ৰায়েলৰ সন্তানসকলৰ মাজৰ পৰা গ্ৰহণ কৰিলোঁ। সাক্ষাৎ কৰা তম্বুৰ দাস্যকৰ্ম্ম কৰিবৰ অৰ্থে, যিহোৱাৰ উদ্দেশ্যে তেওঁলোকক তোমালোকলৈ দান দিয়া হ’ল। 7 এই হেতুকে তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে যজ্ঞ-বেদি সম্বন্ধীয় সকলো বিষয়ত আৰু প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ সকলো বিষযত নিজ নিজ পুৰোহিত পদৰ কৰিবলগীয়া কাৰ্য্য কৰিবা, তোমালোকে নিজেই দাস্যকৰ্ম্ম সকলো কাম সমাধা কৰিবা, মই দান স্বৰূপেই পুৰোহিত পদৰ কাৰ্য্য তোমালোকক দিলোঁ। কিন্তু আন বংশৰ যি কোনো লোক ওচৰ চাপিলে, তেওঁৰ প্ৰাণদণ্ড হ’ব।

8 পাছে যিহোৱাই হাৰোণক ক’লে, চোৱা, মোৰ উত্তোলনীয় নৈবেদ্য অৰ্থাৎ ইস্ৰায়েলৰ সন্তানসকলৰ সকলো পবিত্ৰীকৃত বস্তুৰ মাজৰ পৰা অনা মোৰ উত্তোলনীয় নৈবেদ্যবোৰ পৰিচালনা কৰিবলৈ দিলোঁ। মই তোমাক আৰু তোমাৰ পুত্ৰসকলক এক অংশ স্বৰূপে সেই সকলোকে তোমালোকক দিলোঁ তোমালোকে সেইবোৰ পাবলৈ চিৰস্থায়ী বিধি হ’ব। 9 অগ্নিত নিদিয়াকৈ ৰখা অতি পবিত্ৰ বস্তুৰ মাজৰ এই আটাইবোৰ তোমাৰ হ’ব। মোৰ উদ্দেশ্যে অনা তেওঁলোকৰ প্ৰত্যেক ভক্ষ্য নৈবেদ্য, প্ৰত্যেক পাপৰ্থক বলি আৰু প্ৰত্যেক দোষাৰ্থক বলি, এই সকলো অতি পবিত্র উপহাৰ তোমাৰ আৰু তোমাৰ পুত্ৰসকলৰ বাবে হ’ব।

10 সেইবোৰ মোৰ বাবে সংৰক্ষিত অতি পবিত্ৰ বস্তু, তোমালোকে এইবোৰ নিশ্চয় খাবা। প্ৰতিজন পুৰুষে সেইবোৰ নিশ্চয় খাব লাগিব। সেইবোৰ মোৰ বাবে সংৰক্ষিত তোমাৰ পক্ষে পবিত্ৰ হ’ব। 11 আৰু এইবোৰ তোমাৰ হ’ব: অৰ্থাৎ ইস্ৰায়েলৰ সন্তানসকলে দান দিয়া সকলো উত্তোলনীয় নৈবেদ্য আৰু তেওঁলোকৰ সকলো দোলনীয় নৈবেদ্য; চিৰ কালৰ অধিকাৰৰ অৰ্থে মই তোমাৰ আৰু তোমাৰে সৈতে তোমাৰ পো-জীসকলক সেইবোৰ দিলোঁ; তোমাৰ বংশৰ সকলো শুচি লোকে সেইবোৰ ভোজন কৰিব পাৰিব।

12 তেওঁলোকে সকলো উত্তম তেল, উত্তম দ্ৰাক্ষা ৰস আৰু শস্য আদিৰ যি যি আগভাগ যিহোৱাৰ উদ্দেশ্যে দিব, সেইবোৰ মই তোমাক দিলোঁ। 13 তেওঁলোকৰ ভূমিত উৎপন্ন হোৱা ফল আদিৰ প্ৰথমে পকা যি ভাগ তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে আনিব, সেয়ো তোমাৰেই হ’ব। তোমাৰ বংশৰ সকলো শুচিলোকে তাক ভোজন কৰিব পাৰিব।

14 ইস্ৰায়েলৰ মাজত বৰ্জ্জিত কৰি দিয়া সকলো বস্তু তোমাৰেই হ’ব। 15 মানুহেই হওঁক বা পশুৱেই হওঁক, সকলো প্ৰাণীৰ মাজত গৰ্ভভেদ কৰি প্ৰথমে ওলোৱা যিবোৰক তেওঁলোকে যিহোৱাৰ অৰ্থে আগদান কৰিব, সেই সকলো তোমাৰেই হ’ব। কিন্তু মানুহৰ প্ৰথমে জন্মাক তুমি অৱশ্যে মুকলাই দিবা, আৰু অশুচি পশুৰ প্ৰথমে জন্মাকো তুমি মুকলাই দিবা। 16 সেইবোৰৰ মাজৰ এমাহ বয়সৰে পৰা মুকলাই দিব লগা প্ৰতিজনক পবিত্ৰস্থানৰ চেকল অনুসাৰে, তুমি নিৰূপণ কৰাৰ দৰে পাঁচ চেকল ৰূপলৈ মুকলাই দিবা; সেয়ে বিশ গেৰাই এক চেকল হয়।

17 কিন্তু গৰুৰ বা ভেড়াৰ বা ছাগলীৰ প্ৰথমে জন্মাক তুমি মুকলাই নিদিবা। সেইবোৰ পবিত্ৰ আৰু মোৰ উদ্দেশ্যে পৃথকে ৰখা হ’ল। তুমি যজ্ঞ-বেদিৰ ওপৰত সেইবোৰৰ তেজ ছটিয়াবা আৰু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰৰ কাৰণে সেইবোৰৰ তেল দগ্ধ কৰিবা। 18 সেইবোৰৰ মঙহ তোমাৰ হ’ব; দোলনীয় নৈবেদ্যৰ অৰ্থে দিয়া আমঠু আৰু সোঁ পাছ পিৰাটো যেনেকৈ তোমাৰ হয়, তেনেকৈ সেইবোৰৰ মঙহো তোমাৰ হ’ব।

19 ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা পবিত্ৰ বস্তুৰ মাজৰ আটাই উত্তোলনীয় নৈবেদ্য তোমাক আৰু তোমাৰে সৈতে তোমাৰ পো-জীসকলক চিৰ কালৰ অধিকাৰৰ অৰ্থে দিলোঁ; তোমাৰ আৰু তোমাৰ সৈতে তোমাৰ বংশৰ পক্ষে এয়ে যিহোৱাৰ সাক্ষাতে লোণৰ চিৰস্থায়ী নিয়মৰ চিন হ’ব। 20 পাছত যিহোৱাই হাৰোণক ক’লে, “ইস্রায়েলৰ সন্তানসকলৰ মাটিত তোমাৰ কোনো অধিকাৰ নাথাকিব, আৰু তেওঁলোকৰ মাজত তুমি কোনো ভাগ নাপাবা; ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তোমাৰ ভাগ আৰু উত্তৰাধীককাৰ ময়েই।

21 আৰু চোৱা, লেবীৰ সন্তানসকলে কৰা দাস্যকৰ্মৰ, সাক্ষাৎ কৰা তম্বুৰ কাৰ্য্যৰ বেচ স্বৰূপে মই তেওঁলোকৰ উত্তৰাধীকাৰৰ অৰ্থে ইস্ৰায়েলৰ মাজৰ আটাই দশম ভাগ দিলোঁ। 22 আৰু ইস্ৰায়েলৰ সন্তানসকলে পাপ বৈ যেন নমৰে এই কাৰণে এতিয়াৰ পৰা তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ ওচৰ চাপিব নালাগে। 23 কিন্তু লেবীয়াসকলেই সাক্ষাৎ কৰা তম্বুৰ দাস্যকৰ্ম্ম কৰিব, আৰু তেওঁলোকে সেই বিষয়ে কোনো পাপৰ ভাৰ বব; এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি; আৰু ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোকে কোনো অধিকাৰ নাপাব। 24 কিয়নো ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে যি দশম ভাগ উৎসৰ্গ কৰিব, তাকে মই লেবীয়াসকলৰ উত্তৰাধীকাৰ স্ৱৰুপে দিলোঁ; এই কাৰণে মই তেওঁলোকক ক’লোঁ, ‘ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোকে কোনো অধিকাৰ নাপাব’।”

25 পাছত যিহোৱাই মোচিক কলে, 26 “তুমি লেবীয়াসকলক এই আজ্ঞা দি কোৱা, ‘তোমালোকক উত্তৰাধীকাৰৰ অৰ্থে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা যি দশম ভাগ যিহোৱাই দিলে, তাক যেতিয়া তোমালোকে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা গ্ৰহণ কৰিবা, তেতিয়া তোমালোকে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে সেই দশম ভাগৰো দশম ভাগ উৎসৰ্গ কৰিবা। 27 তোমালোকে সেই উপহাৰ মৰণা মৰা ঠাইৰ শস্য আৰু কুণ্ড পূৰ কৰা দ্ৰাক্ষাৰস যেন বুলি তোমালোকৰ পক্ষে গণিত হ’ব।

28 তোমালোকে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা যি দশম ভাগ গ্ৰহণ কৰিবা, তাৰ পৰা তোমালোকেও এইদৰে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ উৎসৰ্গ কৰিবা; তাৰ পৰা যিহোৱাৰ উদ্দেশ্যে দিয়া সেই উত্তোলনীয় উপহাৰ তোমালোকে হাৰোণ পুৰোহিতক দিবা। 29 যিহোৱাই পাব লগা এই সকলো উত্তোলনীয় উপহাৰ তোমালোকে লোৱা দানৰ পৰাই উৎসৰ্গ কৰিবা, অৰ্থাৎ তাৰ সকলো উত্তম ভাগৰ পৰা পবিত্ৰীকৃত ভাগ উৎসৰ্গ কৰিবা’।

30 এই হেতুকে তুমি তেওঁলোকক কোৱা, ‘তোমালোকে যেতিয়া তাৰ পৰা উত্তম ভাগ উত্তোলনীয় উপহাৰ স্বৰূপে উৎসৰ্গ কৰিবা, তেতিয়া সেয়ে লেবীয়াসকলৰ পক্ষে মৰণা মৰা ঠাইত মৰা শস্য আৰু কুণ্ডৰ পৰা উলিওৱা দ্ৰাক্ষাৰস যেন গণিত হ’ব। 31 তোমালোকে আৰু তোমালোকৰ পৰিয়ালসকলে যি কোনো ঠাইত তাক ভোজন কৰিব পাৰিবা, কিয়নো সেয়ে সাক্ষাৎ কৰা তম্বুত কৰা তোমালোকৰ কাৰ্য্যৰ কাৰণে তোমালোকৰ বেচ স্বৰূপ হ’ব। 32 আৰু তাৰ পৰা তাৰ উত্তম ভাগ উত্তোলনীয় উপহাৰস্বৰূপে উৎসৰ্গ কৰিলে, তাৰ কাৰণে পাপৰ ভাৰ নববা, আৰু নিজৰ মৃত্যু নহবলৈ সেই বিষয়ে ইস্ৰায়েলৰ সন্তানসকলৰ পবিত্ৰ বস্তু অপবিত্ৰ নকৰিবা’।”

Chapter 19

অশুচিতা-নাশক জলৰ বিধি।

1 পাছত যিহোৱাই মোচি আৰু হাৰোণক কলে, 2 “যিহোৱাই আজ্ঞা দিয়া ব্যৱস্থাৰ বিধি এই: ইস্ৰায়োলৰ সন্তানসকলক, নিখুঁত, নিঘুণ আৰু যুৱলি মোলোৱা ৰাঙলী চেঁউৰি গৰু এজনী তোমাৰ গুৰিলৈ আনিবলৈ আজ্ঞা দিয়া। 3 পাছত তোমালোকে তাইক ইলিয়াজৰ পুৰোহিতক দিবা; আৰু তেওঁ তাইক ছাউনিৰ বাহিৰলৈ নিব, আৰু তেওঁৰ সাক্ষাতে কোনো এজন লোকে তাইক বধ কৰিব। 4 তেতিয়া ইলিয়াজৰ পুৰোহিতে নিজ আঙুলিৰে তাৰ কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ আগলৈ সাত বাৰ ছটিয়াব; 5 তেওঁৰ সাক্ষাতে সেই গৰুজনীক আন এজন পুৰোহিতে দগ্ধ কৰিব; তাইৰ গোবৰে সৈতে তাইৰ ছাল, মঙহ, তেজ দগ্ধ কৰিব। 6 সেই পুৰোহিতে এডোখৰ এৰচ কাঠ, একোঁচা এচোৰ বন আৰু অলপ ৰঙা নোম লৈ, গৰুজনীক পোৰা জুইৰ মাজত পেলাই দিব।

7 তাৰ পাছত পুৰোহিতজনে নিজ কাপোৰ আৰু গা ধুব। তাৰ পাছত তেওঁ ছাউনিত সোমাব পাৰিব; কিন্তু পুৰোহিতজনে সন্ধ্যালৈকে অশুচি হৈ থাকিব। 8 আৰু যিজনে গৰুজনীক পুৰিব, তেওঁ পানীত নিজ কাপোৰ আৰু গা ধুব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।

9 পাছত কোনো এজন শুচি লোকে সেই গৰুজনীৰ ছাই গোটাই, ছাউনিৰ বাহিৰত কোনো পৰিস্কাৰ ঠাইত ৰাখিব। তাক ইস্ৰায়েলৰ সন্তানসকলৰ মণ্ডলীৰ কাৰণে অশুচিতা-নাশক জলৰ কাৰণে ৰখা যাব কিয়নো সেই বলি পাপাৰ্থক বলি স্ৱৰুপে দান কৰা হৈছিল। 10 আৰু যি জন লোকে গৰুজনীৰ ছাই গোটাব, তেৱোঁ নিজৰ কাপোৰ ধুব, আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। এয়ে ইস্ৰায়েলৰ সন্তানসকলৰ আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশীসকলৰো পালন কৰিবলগা চিৰস্থায়ী বিধি।

11 যি কোনো লোকে যেতিয়া মৰা মানুহৰ শৱ চুব, তেওঁ সাত দিন অশুচি হৈ থাকিব। 12 তেওঁ তৃতীয় দিনা আৰু সপ্তমদিনা নিজকে শুচি কৰিব, তাৰ পাছত শুচি হ’ব। কিন্তু তেওঁ যদি তৃতীয় দিনা আৰু সপ্তম দিনা নিজকে শুচি নকৰে, তেন্তে তেওঁ শুচি নহ’ব। 13 যি কোনোৱে মৰা মানুহৰ শৱ চুই নিজকে শুচি নকৰিব, তেওঁ যিহোৱাৰ আবাস অশুচি কৰিব; সেই লোকজনক ইস্ৰায়েলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব, কিয়নো তেওঁৰ ওপৰত অশুচিতা নাশক জল নছটিওৱাত তেওঁ অশুচি হ’ল আৰু তেওঁৰ অশুচিতা তেওৰ লগতে থাকিব।

14 যেতিয়া কোনো এজন লোকৰ তম্বুৰ ভিতৰত মৃত্যু হ’ব তেতিয়া এনে নিয়ম হ’ব- সেই তম্বুৰ ভিতৰত সোমোৱা সকলো লোক আৰু তম্বুৰ ভিতৰত থকা সকলো মানুহ সাত দিন অশুচি হৈ থাকিব। 15 আৰু ৰছীৰে বন্ধা ঢাকনি নথকা সকলো মুকলি পাত্ৰ অশুচি হ’ব। 16 আৰু যি কোনো লোকে মুকলি ঠাইত তৰোৱালত হত হোৱা বা এনেই মৰা লোকৰ শৱ, নাইবা নৰা মানুহৰ হাড়, বা মৈদাম চুব- তেওঁ সাত দিন অশুচি হৈ থাকিব।

17 আৰু সেই অশুচি মানুহৰ কাৰণে পাপাৰ্থক বলিৰ সেই পোৰা ছাইৰ কিছু পাত্ৰত ৰাখি, তাৰ ওপৰত ভুমুকৰ পানী দিয়া যাব। 18 আৰু কোনো শুচি লোক এজনে একোঁচা এচোব বন লৈ, সেই পানীত জুবুৰীয়াই, সেই তম্বুৰ ওপৰত, আৰু তাত থকা সকলো বস্তুৰ আৰু আটাই প্ৰাণীৰ ওপৰত আৰু হাড়, বা হত হোৱা বা এনেই মৰা লোকৰ শৱ, নাইবা মাদাম স্পৰ্শ কৰা সেই মানুহজনৰ ওপৰতো তাক ছটিয়াব। 19 সেই শুচি লোকজনে তৃতীয় দিনা আৰু সপ্তম দিনা সেই অশুচি লোকজনৰ ওপৰত সেই জল ছটিয়াব। পাছত সপ্তম দিনা সেই অশুচি লোকজনে নিজকে শুচি কৰিব; তেওঁ নিজৰ কাপোৰ ধুব আৰু পানীত গা ধুব। পাছত সন্ধ্যা সময়ত তেওঁ শুচি হ’ব।

20 কিন্তু যি জন লোকে অশুচি হৈয়ো নিজকে শুচি নকৰিব, সেই লোকজনক সমাজৰ পৰা উচ্ছন্ন কৰা হ’ব, কিয়নো তেওঁ যিহোৱাৰ পবিত্ৰস্থান অশুচি কৰিলে; তেওঁৰ ওপৰত অশুচিতা-নাশক জল ছটিওৱা নহ’ল; আৰু তেওঁ অশুচি হৈ থাকিল। 21 এয়ে তেওঁলোকে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি হ’ব। আৰু যি জনে অশুচিতা-নাশক জল ছটিয়াব, তেওঁ নিজৰ কাপোৰ ধুব; আৰু যি জনে সেই অশুচিতা-নাশক জল চুব তেৱোঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব। 22 আৰু সেই অশুচি লোকে যি কিছু চুব, সেয়ে অশুচি হ’ব; আৰু যি লোকে তাক চুব, তেৱোঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।

Chapter 20

মিৰিয়মৰ মৃত্যু। শিলৰ পৰা পানী উলিওৱা। ইদোমৰ মাজেদি যাব নিদিয়া। হাৰোণৰ মৃত্যু।

1 পাছত ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই মণ্ডলীয়ে প্ৰথম মাহত ছিন অৰণ্য পালে। তেওঁলোকে কাদেচত থাকিল, সেই ঠাইতে মিৰিয়মৰ মৃত্যু হ’ল আৰু তাতে তেওঁক মৈদাম দিয়া হ’ল।

2 সেই ঠাইত মণ্ডলীৰ কাৰণে পানী নথকাত, লোকসকলে মোচি আৰু হাৰোণৰ অহিতে গোট খালে। 3 তেওঁলোকে মোচিৰে সৈতে বিবাদ কৰি ক’লে, “যিহোৱাৰ আগত আমাৰ ভাইসকলৰ মৃত্যু হোৱাৰ সময়ত আমাৰো মৃত্যু হোৱা হেতেন কেনে ভাল আছিল!

4 আমি আৰু আমাৰ পশুবোৰ মৰিবৰ কাৰণে যিহোৱাৰ সমাজক কেলেই তোমালোকে এই মৰুভূমিলৈ আনিলা? 5 এই কুচ্ছিত ঠাইলৈ আনিবৰ বাবে আমাক কেলেই মিচৰৰ পৰা উলিয়াই আনিলা? এয়ে শস্য বা ডিমৰু, বা দ্ৰাক্ষা, বা ডালিমৰ ঠাই নহয় আৰু খাবলৈকো পানী নাই।

6 পাছত মোচি আৰু হাৰোণে সমাজৰ আগৰ পৰা সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ গৈ উবুৰি হৈ পৰিল। তাতে যিহোৱাৰ প্ৰতাপ তেওঁলোকৰ আগত প্ৰকাশিত হ’ল।

7 আৰু যিহোৱাই মোচিক ক’লে, 8 “তুমি লাখুটিডাল লোৱা, আৰু তুমি আৰু তোমাৰ ককায় হাৰোণে সমাজক গোটাই লোৱা। শিলটোৱে পানী উলিয়াই বৈ যাবৰ বাবে, তোমালোকে তেওঁলোকৰ চকুৰ আগতেই শিলটোক আজ্ঞা কৰা। এইদৰে তুমি তেওঁলোকৰ বাবে শিলটোৰ পৰা পানী উলিয়াই সমাজক আৰু তেওঁলোকৰ পশুবোৰকো খুৱাবা।” 9 তেতিয়া মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁৰ আগত পৰা লাখুটি ল’লে।

10 তাৰ পাছত মোচি ও হাৰোণে শিলটোৰ আগত সমাজক গোটাই ল’লে, তেওঁ তেওঁলোকক ক’লে, “হে বিদ্ৰোহীহঁত, শুন তহঁতৰ কাৰণে আমি এই শিলৰ পৰা পানী উলিয়াম নে?” 11 এই বুলি মোচিয়ে হাত দাঙি, সেই লাখুটিৰে শিলটোত দুবাৰ কোব মাৰিলে; তেতিয়া অধিক পানী ওলাল আৰু সমাজে আৰু তেওঁলোকৰ পশুবোৰেও পানী খালে।

12 তেতিয়া যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “তোমালোকে ইস্ৰায়েলৰ সন্তানসকলৰ আগত মোক পবিত্ৰ কৰিবলৈ মোত দৃঢ়ৰূপে বিশ্বাস নকৰিলা; এই হেতুকে মই এই সমাজক দিয়া দেশত তোমালোকে তেওঁলোকক নুসুমুৱাবা। 13 সেই ঠাইৰ নাম মিৰীবা [ বিবাদ ] ৰাখিলে; কিয়নো ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাৰে সৈতে বিবাদ কৰিলে; আৰু তেওঁ তেওঁলোকৰ মাজত পবিত্ৰ হ’ল।

14 পাছত মোচিয়ে কাদেচৰ পৰা ইদোমৰ ৰজাৰ গুৰিলৈ দূত পঠাই ক’লে, তোমাৰ ভায়েৰা ইস্ৰায়েলৰ এই কথা কৈছে: “আমালৈ যি সকলো দুখ ঘটিল, তাক তুমি জানি আছা। 15 আমাৰ পূৰ্ব্বপুৰুষসকল মিচৰলৈ নামি গৈছিল, সেই মিচৰতে আমি অনেক দিন বাস কৰি আছিলোঁ। আৰু মিচৰীসকলে আমালৈ আৰু আমাৰ পূৰ্ব্বপুৰুষসকললৈ কু-ব্যৱহাৰ কৰিলে। 16 তেতিয়া আমি যিহোৱাৰ আগত কাতৰোক্তি কৰোতে, তেওঁ আমাৰ বাক্যলৈ কাণ দিলে, তেওঁ দূত পঠাই মিচৰৰ পৰা আমাক উলিয়াই আনিলে। আৰু এতিয়া চোৱা, আমি তোমাৰ দেশৰ সীমাত থকা কাদচ নগৰত আছোঁ।

17 বিনয় কৰোঁ, তোমাৰ দেশৰ মাজেদি আমাক যাবলৈ দিয়া। আমি শস্য ক্ষেত্ৰ বা দ্ৰাক্ষা-ক্ষেত্ৰেদি নাযাওঁ আৰু নাদৰ পানীও পান নকৰোঁ, কেৱল ৰাজবাটেদি যাম। তেতিয়ালৈকে তোমাৰ দেশৰ সীমা পাৰ নহওঁমানে, সোঁহাতে কি বাওঁহাতে নুঘূৰিম।

18 তাতে ইদোমৰ ৰজাই তেওঁক উত্তৰ দি ক’লে, “তুমি মোৰ দেশৰ মাজেদি যাব নোৱাৰা; গ’লে মই তৰোৱাল লৈ তোমাৰ বিৰুদ্ধে ওলাম।” 19 তেতিয়া ইস্ৰায়েলৰ সন্তানসকলে তেওঁক ক’লে, “আমি কেৱল ৰাজবাটেদি যাম, যদি মই আৰু মাৰ পশুবোৰে তোমাৰ পানী খায়, তেন্তে মই তাৰ মূল্য দিম; মোক আন একোকে নালাগে, কেৱল মোক খোজ কাঢ়ি যাব দিয়া।

20 কিন্তু তেওঁ উত্তৰ দি ক’লে, “তুমি ইয়াৰ মাজেৰে যাবলৈ নোৱৰিবা।” পাছত ইদোমৰ ৰজাই অনেক সৈন্যক লগত লৈ বাহুবল দেখুৱাই তেওঁৰ বিৰুদ্ধে ওলাল। 21 এইদৰে ইদোমৰ ৰজাই ইস্ৰায়েলক নিজ অঞ্চলৰ মাজেদি যাবলৈ অনুমতি দিবলৈ অমান্তি হ’ল। সেইবাবেই ইস্ৰায়েল তেওঁৰ পৰা ঘুৰি আন বাটেদি গ’ল।

22 তাৰ পাছত ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই সমাজে কাদেচৰ পৰা যাত্ৰা কৰি হোৰ পৰ্ব্বত পালেগৈ। 23 তেতিয়া ইদোম দেশৰ সীমাৰ ওপৰত থকা হোৰ পৰ্ব্বতত যিহোৱাই মোচি আৰু হাৰোণক কথা ক’লে, 24 “হাৰোণক নিজ লোকসকলৰ লগলৈ নিয়া হ’ব; কিয়নো মই ইস্ৰায়েলৰ সন্তানসকলক দিয়া দেশত তেওঁ সোমাব নোৱাৰিব। কাৰণ মিৰীবা জলৰ ওচৰত তোমালোক দুয়োই মোৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা।

25 তুমি হাৰোণক আৰু তেওঁৰ পুত্ৰ ইলিয়াজৰক হোৰ পৰ্ব্বতলৈ লৈ যোৱা। 26 আৰু হাৰোণৰ বস্ত্ৰ সোলোকাই তেওঁৰ পুত্ৰ ইলিয়াজৰক পিন্ধোৱা। হাৰোণক নিজ লোকসকলৰ লগত নিয়া হ’ব, আৰু তেওঁ সেই ঠাইতে মৰিব।

27 তেতিয়া মোচিয়ে যিহোৱাৰ আজ্ঞা অনুসাৰে কৰিলে। তেওঁলোকে গোটেই সমাজৰ আগতে হোৰ পৰ্ব্বতলৈ উঠি গ’ল। 28 আৰু মোচিয়ে হাৰোণৰ বস্ত্ৰ সোলোকাই তেওঁৰ পুত্ৰ ইলিয়াজৰক পিন্ধালে। আৰু হাৰোণ সেই পৰ্ব্বতৰ টিঙত থকা ঠাইতে মৰিল। পাছে মোচি আৰু ইলিয়াজৰ পৰ্ব্বতৰ পৰা নামি আহিল। 29 যেতিয়া গোটেই সমাজে হাৰোণৰ মৃত্যু হোৱা দেখিলে, তেতিয়া ইস্ৰায়েলৰ গোটেই বংশই হাৰোণৰ কাৰণে ত্ৰিশ দিনলৈকে ক্ৰন্দন কৰিলে।

Chapter 21

লোকসকলক সাপে দংশা। চীহোন আৰু ওগক পৰাজয় কৰা।

1 পাছে দক্ষিণ অঞ্চলত থকা অৰাদৰ কনানীয়া ৰজাই অথাৰীমৰ বাটেদি ইস্ৰায়েল আহিছে বুলি শুনি, তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকৰে কিছুমান লোকক বন্দী কৰি নি ৰাখিলে। 2 তেতিয়া ইস্ৰায়েলে যিহোৱাৰ আগত অঙ্গীকাৰ কৰি ক’লে, “আপুনি যদি এই লোকসকলক আমাৰ হাতত সমৰ্পণ কৰে, তেন্তে আমি তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিম।” 3 তেতিয়া যিহোৱাই ইস্ৰায়েলৰ বাক্যলৈ কাণ দিলে, সেই কনানীয়াসকলক সমৰ্পণ কৰিলে। তেতিয়া লোকসকলে তেওঁলোকক আৰু তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিলে। সেই ঠাইৰ নাম হৰ্মা ৰখা হ’ল।

4 পাছত তেওঁলোকে ইদোম দেশ ঘূৰিবৰ অৰ্থে, চোফ সাগৰৰ বাটেদি হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰিলে। আৰু বাটৰ কাৰণে লোকসকলৰ মন অতিশয় অধৈৰ্য্য হ’ল। 5 আৰু লোকসকলে ঈশ্বৰ ও মোচিৰ বিৰুদ্ধে ক’বলৈ ধৰিলে: বোলে, “মৰুভূমিত মৰিবলৈ তোমালোকে মিচৰৰ পৰা আমাক কেলেই উলিয়াই আনিলা?” কিয়নো আহাৰো নাই পানীও নাই আৰু আমাৰ মনে এই সামান্য আহাৰ ঘিণ কৰিছে।

6 তেতিয়া যিহোৱাই লোকসকলৰ মাজলৈ বিষাক্ত সাপ পঠিয়ালে আৰু সেইবোৰে দংশিবলৈ ধৰাত ইস্ৰায়েলৰ মাজত অনেক লোক মৰিল। 7 লোকসকলে মোচিৰ গুৰিলৈ আহি ক’লে, “আমি গুপ্ত পাপ কৰিলোঁ, কাৰণ আমি যিহোৱা আৰু তোমাৰ বিৰুদ্ধে কথা কলোঁ। আমাৰ ওচৰৰ পৰা যিহোৱাই সাপবোৰ দূৰ কৰিবৰ বাবে, তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰা।” তেতিয়া মোচিয়ে লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিলে।

8 যিহোৱাই মোচিক ক’লে, “তুমি এটা বিষাক্ত সাপ সাজি এডাল খুটিৰ ওপৰত নিচানস্বৰূপে তুলি ৰাখিবা। তেতিয়া সাপে দংশা যিকোনো লোকে যদি তালৈ চায়, সেইজন জীব। 9 তেতিয়া মোচিয়ে পিতলৰ এটা সাপ বনাই নিচানস্বৰূপে এডাল খুটিত তুলি ৰাখিলে। যেতিয়া সাপে কোনো মানুহক দংশিলে, তেতিয়া তেওঁ সেই পিতলৰ সাপলৈ দৃষ্টি কৰি জীলে।

10 তেতিয়া ইস্ৰায়েলৰ সন্তানসকলে যাত্ৰা কৰি এবোতত ছাউনি পাতিলে। 11 আৰু এবোতৰ পৰা যাত্ৰা কৰি সূৰ্য্য ওলোৱা দিশে মোৱাবৰ সন্মুখে থকা মৰুভূমিৰ ইয়ে-অবাৰীমত ছাউনি পাতিলে।

12 তাৰ পৰা যাত্ৰা কৰি জেৰদ উপত্যকাত ছাউনি পাতিলে। 13 আৰু তাৰ পৰা যাত্ৰা কৰি ইমোৰীয়াসকলৰ সীমাৰ পৰা ওলোৱা, মৰুভূমিত থকা অৰ্ণোনৰ অন্য পাৰে ছাউনি পাতিল, কিয়নো মোৱাবৰ আৰু ইমোৰীয়াসকলৰ মাজত থকা অৰ্ণোন মোৱাবৰ সীমা আছিল।

14 এই হেতুকে যিহোৱাৰ যুদ্ধ-পুস্তকত কোৱা হৈছে, বোলে,

     “..........চুফাত বাহেবক,

     অৰ্ণোনৰ উপত্যকাবোৰক,

     15 আৰু আৰ নামেৰে লোকালয়লৈ

     মুখ কৰা আৰু মোৱাবৰ সীমাত লগা

     চাৱলীয়া উপত্যকাবোৰ তেওঁ জয় কৰিলে।

16 তাৰ পৰা তেওঁলোকে বেৰলৈ, অৰ্থাৎ যি নাদৰ বিষয়ে যিহোৱাই মোচিক কৈছিল, তুমি লোকসকলক গোটোৱা, মই তেওঁলোকক পানী দিম। সেই নাদলৈ যাত্ৰা কৰিলে।”

17 সেই কালত ইস্ৰায়েলে এই গীত গান কৰিলে:

     হে নাদ উঠলি উঠা; তোমালোকে ইয়াৰ উদ্দেশ্যে গান কৰা।

     18 এয়ে অধ্যক্ষ সকলে খনা নাদ,

     লোকসকলৰ প্ৰধানসকলে ৰাজ-দণ্ডেৰে

     আৰু নিজ নিজ লাখুটিৰে এয়াক খনন কৰিলে।”

পাছে তেওঁবিলাকে অৰণ্যৰ পৰা মত্তানালৈ।

19 মত্তানাৰ পৰা নহলীয়েললৈ, নহলীয়েলৰ পৰা বামোতলৈ, 20 আৰু বামোতৰ পৰা উপত্যকাইদি মোৱাবৰ দেশলৈ। সেয়ে যিচীমোনৰ ফাললৈ মুখ কৰি থকা পিচগা পৰ্ব্বতৰ টিঙলৈ গ’ল।

21 পাছে ইস্ৰায়েলে ইমোৰীয়াসকলৰ ৰজা চীহোনৰ গুৰিলৈ দূতৰ দ্বাৰাই এই কথা কৈ পঠালে বোলে, 22 “তুমি নিজ দেশৰ মাজেদি মোক যাবলৈ দিয়া; আমি শস্যক্ষেত্ৰত বা দ্ৰাক্ষা-ক্ষেত্ৰত নোসোমাও আৰু নাদৰ পানীও নাখাওঁ। তোমাৰ সীমা পাৰ নহওঁমানে ৰাজবাটে গৈ থাকিম।” 23 তথাপি চীহোনৰ ৰজাই নিজ অঞ্চলৰ মাজেদি ইস্ৰায়েলক যাবলৈ নিদিলে। কিন্তু চীহোনে নিজৰ সকলো প্ৰজাক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে মৰুভূমিলৈ ওলাল আৰু যহচলৈ গৈ ইস্ৰায়েলে সৈতে যুদ্ধ কৰিলে।

24 তাতে ইস্ৰায়েলে তৰোৱালৰ ধাৰত তেওঁক আঘাত কৰি, অৰ্ণোনৰ পৰা যব্বোকলৈকে অম্মোনৰ সন্তানসকলৰ সীমালৈকে তেওঁৰ দেশ অধিকাৰ কৰিলে; কাৰণ অম্মোনৰ সন্তানসকলৰ সীমা গড়েৰে দৃঢ় আছিল। 25 এইদৰে ইস্ৰায়েলে সেই সকলো নগৰ হাত কৰি ললে; আৰু ইস্ৰায়েলে ইমোৰীয়াসকলৰ আটাই নগৰত, হিচবোনত আৰু তাৰ সকলো উপত্যকাবোৰত বাস কৰিবলৈ ধৰিলে। 26 কিয়নো হিচবোন ইমোৰীয়াহঁতৰ ৰজা চীহোনৰ নগৰ আছিল; সেই চীহোনে মোৱাবৰ আগৰ ৰজাৰ অহিতে যুদ্ধ কৰি তেওঁৰ হাতৰ পৰা অৰ্ণোনলৈকে তেওঁৰ আটাই দেশ লৈছিল।

27 এই কাৰণে কবি সকলে কয়,

     “তোমালোক হিচবোনলৈ আহা,

     চীহোনৰ নগৰ সজা আৰু দৃঢ় কৰা হওঁক।

     28 কিয়নো হিচবোনৰ পৰা অগ্নি-শিখা ওলাই,

     চীহোনৰ পৰা শিখাই,

     মোৱাবৰ আৰ লগৰ গ্ৰাস কৰিলে,

     আৰু অৰ্ণোনৰ ওখ ঠাইবোৰৰ প্ৰভূসকলক গ্ৰাস কৰিলে।

     29 হে মোৱাব!, তোমাৰ সন্তাপ হ’ল,

     আৰু হে কমোচৰ প্ৰজা, তুমি বিনষ্ট হ’লা;

     সি নিজৰ পুতেকসকলক পলাবলৈ,

     আৰু নিজৰ জীয়েকসকলক বন্দী অৱস্থাত পৰিবলৈ এৰি দিলে,

     ইমোৰীয়াসকলক ৰজা চীহোনৰ হাতত সমৰ্পণ কৰিলে।

     30 আৰু আমি তেওঁলোকলৈ বাণ মাৰিলোঁ; দীবোনলৈকে হিচবোন বিনষ্ট হ’ল।

     মেদবালৈ বিস্তৃত

     নোফহলৈকে আমি সকলোকে ধ্বংস কৰিলোঁ।

31 এইদৰে ইস্ৰায়েলে ইমোৰীয়াসকলৰ দেশত বাস কৰিবলৈ ধৰিলে। 32 মোচিয়ে যাজেৰক গুপুতে চাবলৈ মানুহ পঠালে। তাৰ পাছত লোকসকলে তাৰ সকলো উপনগৰ হাত কৰি লৈ, তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে।

33 তেতিয়া তেওঁলোক ঘূৰি বাচানৰ বাটেদি উঠি গ’ল। তেওঁলোকৰ বিৰুদ্ধে ইদ্ৰেয়ীত যুদ্ধ কৰিবলৈ বাচানৰ ৰজা ওগ আৰু তেওঁৰ সকলো প্ৰজাসকল ওলাল। 34 তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি তেওঁলৈ ভয় নকৰিবা; কিয়নো মই তেওঁক, তেওঁৰ আটাই প্ৰজাক আৰু তেওঁৰ দেশকো তোমাৰ হাতত শোধাই দিলোঁ। তুমি হিচবোনত থকা ইমোৰীয়া ৰজা চীহোনলৈ যেনে কৰিলা, তেওঁলৈকো তেনে কৰিবা।” 35 গতিকে তেওঁলোকৰ তেওঁৰ কোনো শেষ নথকাকৈ, তেওঁক, তেওঁৰ পুতেকসকলক আৰু তেওঁৰ আটাই প্ৰজাক মাৰি, তেওঁৰ দেশ অধিকাৰ কৰি ল’লে।

Chapter 22

পাছে ইস্ৰায়েলৰ সন্তানসকলে যাত্ৰা কৰি, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ পূব পাৰত মোৱাবৰ সমথলত ছাউনি পাতিলে। বালাক আৰু বিলিয়মৰ বিৱৰণ।

1 যৰ্দ্দন নদীৰ পৰা আনফালে যিৰীহোৰ ওচৰত থকা মোৱাবৰ সমথলত ছাউনি নপতালৈকে ইশ্রায়েলৰ সন্তানসকলে যাত্রা কৰি আছিল।

2 তেতিয়া আটাই ইস্ৰায়েলে ইমোৰীয়াসকললৈ কৰা আটাইকে চিপ্পোৰৰ পুত্ৰ বালাকে দেখি আছিল। 3 আৰু মোৱাবে লোকসকলৰ কাৰণে অতিশয় ভয়ত আছিল, কিয়নো তেওঁলোক অধিক আছিল; আৰু মোৱাব ইস্ৰায়েলৰ সন্তানসকলৰ কাৰণে অতিশয় ব্যাকুল হ’ল। 4 মোৱাবৰ ৰজাই মিদিয়নৰ বৃদ্ধ লোক সকলক ক’লে, “গৰুৱে পথাৰৰ কোমল ঘাঁহ চেলেকাদি, এই লোকসমূহে আমাৰ চাৰিওঁফালে থকা সকলোকে খাই শেষ কৰিব।” সেই কালত চিপ্পোৰৰ পুত্ৰ বালাক মোৱাবৰ ৰজা আছিল।

5 তেওঁ বিয়োৰৰ পুত্ৰ বিলিয়মক মাতিবলৈ, তেওঁৰ স্ব-জাতীয় লোকসকলৰ দেশলৈ ফৰাৎ নদীৰ পাৰত থকা পথোৰ নগৰলৈ দূত পঠাই তেওঁক ক’লে, “চোৱা, মিচৰৰ পৰা এক জাতি ওলাই আহিছে। চোৱা, তেওঁলোকে পৃথিৱীখন ঢকাৰ দৰে ঢাকি এই মূহূর্ত্তত আমাৰ সন্মূখতে আছে। 6 মই নিবেদন কৰোঁ, আপুনি আহি মোৰ কাৰণে সেই জাতিক শাও দিয়ক, কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত। কিজানি তেওঁলোকক জয় কৰি দেশৰ পৰা খেদিবলৈ মোৰ সাধ্য হ’ব। কিয়নো মই জানো, আপুনি যিজনক আশীৰ্ব্বাদ কৰে, তেওঁ আশীৰ্ব্বাদ পায়, আৰু যিজনক শাও দিয়ে, তেওঁ শাও পায়।

7 পাছে মোৱাবৰ বৃদ্ধসকলে আৰু মিদিয়নৰ বৃদ্ধসকলে মঙ্গল চোৱাৰ বেচ হাতত লৈ প্ৰস্থান কৰিলে। আৰু তেওঁলোকে বিলিয়মৰ ওচৰ পাই বালাকৰ কথাবোৰ তেওঁক ক’লে। 8 তাতে তেওঁ তেওঁলোকক উত্তৰ দিলে, “তোমালোক আজি ৰাতি এই ঠাইতে থাকা। যিহোৱাই মোক যিহকে ক’ব, সেই দৰেই মই তোমালোকক উত্তৰ দিম।” গতিকে মোৱাবৰ অধ্যক্ষসকল বিলিয়মৰ লগতে সেই ৰাতিটো থাকিল।

9 ঈশ্বৰে বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক’লে, “তোমাৰ লগত থকা এই লোকসকল কোন? 10 বিলিয়মে ঈশ্বৰক উত্তৰ দি ক’লে, “মোৱাবৰ ৰজা চিপ্পোৰৰ পুত্ৰ বালাকে মোৰ ওচৰলৈ তেওঁলোকক কৈ পঠিয়াইছে। তেওঁ কৈছে, 11 ‘চোৱা, মিচৰৰ পৰা ওলাই অহা জাতিয়ে পৃথিৱী ঢকা দি মোৰ ঠাই ঢাকি ধৰিছে। এতিয়া তুমি আহি মোৰ কাৰণে তেওঁলোকক শাও দিয়া। কিজানি মই যুদ্ধ কৰি তেওঁলোকক খেদিব পাৰিম’।”

12 তেতিয়া ঈশ্বৰে বিলিয়মক ক’লে, “তুমি তেওঁলোকৰ লগত নাযাবা। তুমি সেই জাতিক শাও নিদিবা; কিয়নো তেওঁলোক আশীৰ্ব্বাদ পোৱা লোক। 13 পাছত বিলিয়মে ৰাতিপুৱাতে উঠি বালাকৰ অধ্যক্ষসকলক ক’লে, “তোমালোকে নিজ দেশলৈ গুচি যোৱা; কিয়নো যিহোৱাই তোমালোকৰ লগত মোক যাবলৈ অনুমতি নিদিলে।” 14 তাতে মোৱাবৰ অধ্যক্ষসকলে উঠি বালাকৰ গুৰিলৈ আহিল। তেওঁলোকে ক’লে, “আমাৰ লগত আহিবলৈ বিলিয়ম অসন্মত হ’ল।”

15 বালাকে তেওঁলোকতকৈ অর্থাৎ প্রথম দলটিতকৈ অধিক আৰু অতিশয় সম্ভ্ৰান্ত আন অধ্যক্ষসকলক পঠিয়ালে। 16 তেওঁলোকে বিলিয়মৰ ওচৰলৈ গৈ তেওঁক ক’লে, “চিপ্পোৰৰ পুত্ৰ বালাকে এই কথা কৈছে, ‘মই নিবেদন কৰোঁ, মোৰ ওচৰলৈ আহিবলৈ আপোনাক একোৱে বাধা নিদিয়ক। 17 কিয়নো মই আপোনাক অতিশয়ৰূপে সন্মানিত কৰিম আৰু যি যি আজ্ঞা দিব, তাকে কৰিম; এই হেতুকে বিনয় কৰোঁ। আপুনি আহি মোৰ কাৰণে এই জাতিক শাও দিয়ক।

18 তেতিয়া বিলিয়মে বালাকৰ দাসসকলক উত্তৰ দিলে, “যদিও বালাকে ৰূপ আৰু সোণেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই ক্ষুদ্ৰ কি মহৎ কাৰ্য্য কৰিবলৈ নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ। 19 এতিয়া নিবেদন কৰোঁ, তোমালোকো এই ঠাইতে আজি ৰাতিটো থাকা, যিহোৱাই মোক আৰু যি ক’ব, তাক মই জানিম।” 20 পাছত ঈশ্বৰে ৰাতি বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক’লে, “যিহেতু সেই লোকসকলে তোমাক মাতিবলৈ আহিছে, তুমি উঠি তেওঁলোকৰ লগত যোৱা; কিন্তু মই তোমাক যিহকে ক’ম, তাকেহে তুমি কৰিবা।”

21 বিলিয়মে ৰাতিপুৱাতে উঠি নিজৰ গাধ সজাই তাত উঠি মোৱাবৰ অধ্যক্ষসকলৰ লগত প্ৰস্থান কৰিলে। 22 পাছত তেওঁ যোৱাতে ঈশ্বৰৰ ক্ৰোধ জ্বলি উঠিল। আৰু যিহোৱাৰ দূত তেওঁৰ বিৰুদ্ধকাৰী হৈ বাটৰ মাজত থিয় হ’ল। তেতিয়া তেওঁ নিজৰ গাধত উঠি নিজৰ দুজন দাসেৰে সৈতে গৈছিল। 23 তেতিয়া সেই গাধজনীয়ে খোলা তৰোৱাল ধৰা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা দেখিলে। এই হেতুকে গাধজনীয়ে বাট এৰি পথাৰৰ ফাললৈ গ’ল। বিলিয়মে গাধজনীক বাটলৈ আনিবৰ কাৰণে তাইক কোবালে।

24 তেতিয়া যিহোৱাৰ দূত দুইফালে গড় থকা দ্ৰাক্ষাবাৰীৰ ঠেক বাটত থিয় হ’ল। 25 গাধজনীয়ে যিহোৱাৰ দূতক আকৌ দেখি গড়ত গা ঘঁহাই যাওঁতে, বিলিয়মৰ ভৰি গড়ত ঘহা খালে; তেতিয়া তেওঁ আকৌ তাইক কোবালে।

26 যিহোৱাৰ দূত আৰু অলপমান আগলৈ গৈ, সোঁফালে কি বাওঁফালে ঘূৰিবলৈ ঠাই নোহোৱা এনে এক চেপ ঠাইত থিয় হ’ল। 27 তেতিয়া গাধজনীয়ে যিহোৱাৰ দূতক দেখি বিলিয়মেৰে সৈতে আঁঠুকাঢ়ি পৰিল, বিলিয়াম খঙত জ্বলি উঠিল আৰু তেওঁ গাধজনীক লাখুটিৰে কোবাবলৈ ধৰিলে।

28 তেতিয়া যিহোৱাই গাধক কথা ক’বলৈ শক্তি দিলে। গাধজনীয়ে বিলিয়মক ক’লে, মই তোমাক কি কৰিলোঁ যে, তুমি এই তিনিবাৰ মোক কোবালা?” 29 বিলিয়মে গাধজনীক ক’লে, “তই মোক অমান্য কৰিছ; মোৰ হাতত তৰোৱাল থকা হ’লে বৰ ভাল আছিল; সেয়ে হোৱা হ’লে মই এতিয়াই তোক বধ কৰিলোঁহেঁতেন।” 30 গাধজনীয়ে বিলিয়মক ক’লে, “যাৰ ওপৰত তুমি আজিলৈকে তোমাৰ সমস্ত জীৱন উঠি আহিছা, মই জানো সেই গাধজনী নহওঁ? মই জানো কেতিয়াবা তোমালৈ এনে ব্যৱহাৰ কৰিছিলোঁ?“ বিলিয়মে ক’লে, “নাই কৰা।”

31 তেতিয়া যিহোৱাই বিলিয়মৰ চকু মুকলি কৰিলে, খোলা তৰোৱাল হাতত লোৱা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা তেওঁ দেখিলে; তেতিয়াই তেওঁ মূৰ দোঁৱাই উবুৰি হৈ পৰিল। 32 তেতিয়া যিহোৱাৰ দূতে তেওঁক ক’লে, “তুমি সেই তিনিবাৰ নিজৰ গাধজনীক কিয় মাৰিলা? চোৱা, মই তোমাৰ বিৰুদ্ধকাৰী হৈ ওলাইছোঁ, কিয়নো মোৰ সাক্ষাতে তুমি অপথে গৈছা। 33 আৰু গাধজনীয়ে মোক দেখি এই তিনিবাৰ মোৰ সন্মুখৰ পৰা ঘূৰিছিল। তাই মোৰ সন্মূখৰ পৰা নুঘূৰা হ’লে মই নিশ্চয়ে তোমাক বধ কৰিলোঁহেঁতেন, কিন্তু তাইক জীয়াই ৰাখিলোঁহেঁতেন।”

34 বিলিয়মে যিহোৱাৰ দূতক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো আপুনি যে মোৰ বিৰুদ্ধে বাটত থিয় হৈ আছে, তাক মই নাজানিলোঁ। কিন্তু এতিয়া যদি ইয়াত আপোনাৰ বেজাৰ হৈছে, তেন্তে মই উলটি যাওঁ।” 35 তেতিয়া যিহোৱাৰ দূতে বিলিয়মক ক’লে, “সেই লোকসকলেৰে সৈতে যোৱা। কিন্তু মই যি কথা তোমাক ক’ম, কেৱল তাকেহে ক’বা।” আৰু বিলিয়ম বালাকৰ অধ্যক্ষসকলেৰে সৈতে গ’ল।

36 পাছে বিলিয়ম অহাৰ বাতৰি শুনি, বালাকে তেওঁক আগবঢ়াই নিবলৈ দেশৰ সীমাৰ দাঁতিত অৰ্ণোনৰ সীমাত থকা মোৱাবৰ নগৰলৈ গ’ল। 37 পাছত বালাকে বিলিয়মক ক’লে, “মই আপোনাক মাতিবলৈ জানো অতি যত্নেৰে মানুহ পঠোৱা নাছিলো? আপুনি মোৰ ওচৰলৈ কিয় নহাকৈ আছিল? আপোনাক সন্মানিত কৰিবলৈ মই জানো নিচেই অসমৰ্থ?”

38 তাতে বিলিয়মে বালাকক ক’লে, “এইয়া চোৱা, মই তোমাৰ ওচৰলৈ আহিছোঁ। তথাপি এতিয়াও কোনো কথা ক’বলৈ জানো মোৰ ক্ষমতা আছে? ঈশ্বৰে মোৰ মুখত যি বাক্য দিব, তাকেহে মই ক’ম।” 39 বিলিয়মে বালাকৰ লগত আহি কিৰিয়ৎ-হুচোৎ পালেহি। 40 আৰু বালাকে গৰু আৰু মেৰ বলিদান কৰি, বিলিয়ম আৰু তেওঁৰ লগৰ অধ্যক্ষসকললৈ মাংস পঠিয়ালে।

41 পাছে ৰাতিপুৱাতে বালাকে বিলিয়মক বালৰ ওখ ঠাইবোৰলৈ লৈ গ’ল। তাৰ পৰা তেওঁ ইশ্রায়েলীয়া সকলৰ মাথোন এফালহে দেখা পালে।

Chapter 23

1 তাতে বিলিয়মে বালাকক ক’লে, “তুমি এই ঠাইত মোৰ কাৰণে সাতোটা যজ্ঞ-বেদি নিৰ্ম্মান কৰোঁৱা আৰু এই ঠাইতে মোৰ বাবে সাতোটা ভতৰা আৰু সাতোটা মতা মেৰ আয়োজন কৰা।” 2 বালাকে বিলিয়মৰ কথাৰ দৰেই কৰিলে। তেতিয়া বালাক আৰু বিলিয়মে প্রত্যেকটা যজ্ঞ-বেদিত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে। 3 তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি তোমাৰ হোম বলিৰ ওচৰত থিয় হোৱা, মই যাওঁ। কিজানি যিহোৱাই মোৰে সৈতে সাক্ষাৎ কৰিব। সেয়ে হলে তেওঁ মোক যিহকে দেখুৱাই, তাকেই মই তোমাক ক’ম।” পাছে তেওঁ গছ-গছনি নথকা এনে এখন ওখ ঠাইলৈ গ’ল।

4 তেতিয়া ঈশ্বৰে বিলিয়মেৰে সৈতে সাক্ষাৎ কৰিলত, বিলিয়মে তেওঁ ক’লে,“মই সাতোটা যজ্ঞ-বেদি যুগুত কৰিলোঁ আৰু প্ৰত্যেকটি যজ্ঞ-বেদিত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলোঁ।” 5 তেতিয়া যিহোৱাই বিলিয়মৰ মুখত এক বাক্য দি তেওঁক ক’লে, “তুমি বালাকৰ ওচৰলৈ উলটি গৈ তেওঁক এই কথা কোৱা।” 6 তেতিয়া বিলিয়ম বালাকৰ ওচৰলৈ উলটি গ’ল, চোৱা, সেই সময়ত মোৱাবৰ অধ্যক্ষসকলেৰে সৈতে বালাক নিজৰ হোম বলিৰ ওচৰত থিয় হৈ আছিল।

7 তেতিয়া বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে,

     “বালাকে অৰামৰ পৰা মোক অনালে,

         মোৱাবৰ ৰজাই পূবফালৰ পৰ্ব্বতৰ পৰা মোক অনালে।

     ‘আহাঁ, মোৰ কাৰণে যাকোবক শাও দিয়া,’ তেওঁ ক’লে।

         আহাঁ, ইস্ৰায়েলক ধিক্কাৰ দিয়া।’

     8 কিন্তু ঈশ্বৰে শাও নিদিয়া লোকক মই কেনেকৈ শাও দিম?

         আৰু যিহোৱাই ধিক্কাৰ নিদিয়া লোকক মই কেনেকৈ ধিক্কাৰ দিম?

     9 কিয়নো মই শিলবোৰৰ টিঙৰ পৰা সেইজনক দেখা পাইছোঁ;

         আৰু পৰ্ব্বতৰ পৰা সেইজনক দেখিছোঁ।

চোৱা, তেওঁলোক অকলে বাস কৰা লোক

         জাতিসকলৰ মাজত তেওঁলোক গণিত নহয়।

     10 যাকোবৰ ধূলি কোনে লেখ কৰিব পাৰে?

         বা ইস্ৰায়েলৰ চাৰি ভাগৰ এভাগকে কোনে গণিব পাৰে?

     ধাৰ্ম্মিকৰ মৃত্যুৰ নিচিনা মোৰ মৃত্যু হওঁক,

         আৰু তেওঁৰ শেষ গতিৰ নিচিনা মোৰ শেষগতি হওঁক।

11 তেতিয়া বালাকে বিলিয়মক ক’লে, “আপুনি মোলৈ এইয়া কি কৰিলে? মোৰ শত্ৰুবোৰক শাও দিবলৈ মই আপোনাক অনালোঁ; আপুনি সিহঁতক সকলো ভাৱে আশীৰ্ব্বাদহে কৰিলে।” 12 তেতিয়া বিলিয়ামে উত্তৰ দি ক’লে, “যিহোৱাই মোৰ মুখত যি কথা দিব, সাৱধান হৈ মই তাকে নক’ম নে?”

13 পাছত বালাকে তেওঁক ক’লে, “মই বিনয় কৰোঁ, আপুনি যি ঠাইৰ পৰা তেওঁলোকক দেখিবলৈ পাব, এনেকুৱা আন ঠাইলৈ মোৰ লগত আহক। আপুনি তেওঁলোকৰ সকলোকে দেখা পোৱা নাই, কেৱল এফালহে দেখিবলৈ পাইছে, সেই ঠাইৰ পৰা মোৰ কাৰণে তেওঁলোকক শাও দিব। 14 তেতিয়া বালাকে তেওঁক চোফীম পথাৰৰ মাজলৈ পিচগাৰ টিঙলৈ লৈ গ’ল; সেই ঠাইতে তেওঁ সাতোটা যজ্ঞ-বেদি নিৰ্ম্মান কৰিলে আৰু প্ৰত্যেক যজ্ঞ-বদিত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে। 15 পাছে তেওঁ বালাকক ক’লে, “তুমি এই ঠাইতে তোমাৰ হোম-বলিৰ ওচৰত থিয় হৈ থাকা; মই হ’লে, সৌ তাত ঈশ্বৰৰ সাক্ষাৎ কৰোঁগৈ।”

16 পাছে যিহোৱাই বিলিয়মেৰে সৈতে সাক্ষাৎ কৰি, তেওঁৰ মুখত এক বাক্য দি তেওঁক ক’লে, “তুমি বালাকৰ ওচৰলৈ উলটি গৈ তেওঁক এই কথা কোৱা।” 17 তাতে বিলিয়ম তেওঁৰ ওচৰলৈ আহিল; সেই সময়ত মোৱাবৰ অধ্যক্ষসকলেৰে সৈতে বালাক নিজৰ হোম-বলিৰ গুৰিত থিয় হৈ আছিল। তেতিয়া বালাকে তেওঁক সুধিলে, যিহোৱাই কি কলে? 18 বিলিয়মে নিজৰ ভৱিষ্যৎ বাণী পদ্যৰূপে গাই ক’লে, তেওঁ ক’লে,

     “হে বালাক, উঠি শুনা,

         হে চিপ্পোৰৰ পুত্ৰ, মোৰ কথালৈ কাণ কৰা।

     19 ঈশ্বৰ মনুষ্য নহয়, যে তেওঁ মিছা কথা ক’ব,

         তেওঁ মানুহৰ সন্তানো নহয়, যে তেওঁ মন ঘূৰাব।

     তেওঁ কৈ জানো সিদ্ধ নকৰিব?

         তেওঁ বাক্য কৈ জানো সাম্ফল নকৰিব?

     20 চোৱা, মই আশীৰ্ব্বাদ কৰিবলৈ আজ্ঞা পালোঁ।

         তেওঁ আশীৰ্ব্বাদ কৰিলে; মই তাৰ অন্যথা কৰিব নোৱাৰোঁ।

     21 তেওঁ যাকোবত অধৰ্ম্ম দেখা নাই,

         বা ইস্ৰায়েলৰ মাজত দুষ্টতা দেখা নাই;

     নিজ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থাকে,

         আৰু তেওঁবিলাকৰ মাজত ৰজাৰ জয়ধ্বনি আছে।

     22 ঈশ্বৰে মিচৰ দেশৰ পৰা তেওঁলোকক আনিছে।

         তেওঁৰ বল মেঠনৰ বলৰ নিচিনা।

     23 নিশ্চয়ে যাকোবৰ মাজত লক্ষণ চোৱা দস্তুৰ নাই,

         ইস্ৰায়েলৰ মাজত মঙ্গল চোৱা কাৰ্য্য নাই।

     এতিয়া যাকোব আৰু ইস্ৰায়েলৰ বিষয়ে কোৱা যাব,

         ‘চোৱা ঈশ্বৰে কেনে কাৰ্য্য কৰিলে!’

     24 চোৱা, সেই লোকসমূহ সিংহীৰ দৰে উঠিছে,

         সিংহৰ দৰে নিজৰ গা দাঙিছে;

         তেওঁ ধৰা পশু নাখায়মানে নুশুব,

         আৰু বধ কৰা লোকৰ তেজ পান নকৰেমানে শয়ন নকৰিব।”

25 তেতিয়া বালাকে বিলিয়মক ক’লে,“আপুনি তেওঁলোকক সমূলি শাৱো নিদিব আৰু সমূলি আশীৰ্ব্বাদো নকৰিব।” 26 তেতিয়া বিলিয়মে উত্তৰ দি বালাকক ক’লে, “যিহোৱাই মোক যি যি ক’ব, মই তাকেই কৰিম, এইবুলি জানো মই তোমাক কোৱা নাছিলো? 27 তথাপি বালাকে বিলিয়মক ক’লে, “বিনয় কৰি কওঁ, আহক, মই আপোনাক আন ঠাইলৈ লৈ যাওঁ। সেই ঠাইতে মোৰ কাৰণে আপুনি তেওঁলোকক শাও দিবলৈ কিজানি ঈশ্বৰ সন্তোষ্ট হ’ব পাৰে।”

28 গতিকে বালাকে যিচীমোনৰ ফাললৈ মুখ কৰা পিয়োৰৰ টিঙলৈ বিলিয়মক লৈ গ’ল। 29 বিলিয়মে বালাকক ক’লে, “এই ঠাইত মোৰ বাবে সাতোটা যজ্ঞ-বেদি নিৰ্ম্মান কৰোঁৱা আৰু ইয়াতো মোৰ বাবে সাতোটা ভতৰা আৰু সাতোটা মতা মেৰ আয়োজন কৰা।” 30 তেতিয়া বালাকে বিলিয়মৰ বাক্য অনুসাৰে কাৰ্য্য কৰি, প্ৰত্যেক যজ্ঞ-বেদিতে এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে।

Chapter 24

1 যেতিয়া বিলিয়ামে দেখিলে যে ইস্ৰায়েলক আশীৰ্ব্বাদ কৰাত ঈশ্বৰ তুষ্ট হৈছে, ইয়াকে দেখি বিলিয়মে আগৰ দৰে লক্ষণ চাবৰ নিমিত্তে নগ’ল। বৰং, মৰুভূমিৰ ফাললৈহে মুখ কৰিলে।

2 বিলিয়মে নিজৰ চকু তুলি ফৈদ অনুসাৰে বাস কৰা ইস্ৰায়েলক ছাউনি পাতি থকা দেখিলে আৰু ঈশ্বৰৰ আত্মা তেওঁত স্থিতি হ’ল। 3 তেতিয়া তেওঁ এই ভৱিষ্যৎ বাণী পাই নিজৰ পদ্যৰূপে গাই গাই ক’লে,

     বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু সম্পূর্ণ মেলা আছিল,

         সেই পুৰুষে কৈছে,

     4 যি জনে ঈশ্বৰৰ বাক্য শুনে,

         যি জনে সৰ্ব্বশক্তিমানক দৰ্শন পায়,

     তেওঁ মাটিত পৰি চকু মেলি কৈছে,

5 হে যাকোব, তোমাৰ তম্বুবোৰ কেনে সুন্দৰ!

         হে ইস্ৰায়েল, তোমাৰ আবাসবোৰ কেনে মনোহৰ!

     6 সেইবোৰ উপত্যকাৰ নিচিনা বিস্তৃত,

         আৰু নদীৰ পাৰত থকা বাৰীবোৰৰ সদৃশ,

         যিহোৱাই ৰোৱা অগৰু গছৰ নিচিনা,

         আৰু পানীৰ ওচৰত থকা এৰচ গছৰ তুল্য।

     7 তেওঁৰ কলহৰ পৰা পানী উথালি খাই পৰিছে;

         তেওঁৰ গুটি অনেক পানীৰ কাষত সিঁচা হ’ব,

     তেওঁৰ ৰজা অগাগতকৈয়ো ওখ হ’ব,

         তেওঁৰ ৰাজ্যৰ উন্নতি হ’ব।

     8 ঈশ্বৰে মিচৰৰ পৰা তেওঁক উলিয়াই আনিছে;

     তেওঁৰ বল মেঠনৰ বলৰ নিচিনা।

         তেওঁ নিজৰ বিৰুদ্ধী জাতিবোৰক গ্ৰাস কৰিব,

         আৰু সিহঁতৰ হাড় গুড়ি কৰিব,

         আৰু নিজৰ বাণৰ দ্বাৰাই সিহঁতক সৰকাই পেলাব।

     9 তেওঁ সিংহৰ দৰে পৰি শুলে,

         সিংহীৰ দৰে শয়ন কৰিলে; কোনে তেওঁক জগাব?

     তোমাক আশীৰ্ব্বাদ দিওঁতা প্ৰতিজন আশীৰ্ব্বাদপ্ৰাপ্ত হওক,

         আৰু তোমাক শাও দিওঁতা প্ৰতিজন অভিশপ্ত হওক।

10 তেতিয়া বিলিয়মলৈ বালাকৰ ক্ৰোধ জ্বলি উঠিলত, তেওঁ নিজৰ হাতত চাপৰ মাৰিলে। আৰু বালাকে বিলিয়মক ক’লে, “মোৰ শত্ৰুবোৰক শাও দিবলৈ মই তোমাক অনালোঁ, কিন্তু চোৱা, তিনিবাৰ তুমি সকলো প্ৰকাৰে তেওঁলোকক আশীৰ্ব্বাদহে কৰিলা। 11 এই হেতুকে মোক এতিয়াই এৰা আৰু নিজ ঘৰলৈ গুচি যোৱা। মই তোমাক অতিশয় সন্মানিত কৰিম বুলি কৈছিলোঁ, কিন্তু চোৱা, যিহোৱাই তোমাক সন্মানিত হোৱাৰ পৰা আতঁৰাই ৰাখিলে।”

12 তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি পঠিওৱা দূতসকলৰ আগত মই কোৱা নাছিলো নে, যে, 13 ‘যদি বালাকে সোণ আৰু ৰূপেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই নিজ ইচ্ছাৰে ভাল বা বেয়া কাৰ্য্য কৰিবলৈ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ; যিহোৱাই যিহকে ক’ব, মই তাকেই ক’ম।’ 14 এতিয়া চোৱা, মই এই স্ব-জাতীয় লোকসকলৰ ওচৰলৈ যাওঁ। আহা, এই জাতিয়ে পাছত তোমাৰ প্ৰজাসকলক কি কৰিব, তাক মই তোমাক জনাওঁ।”

15 বিলিয়ামে নিজৰ পদ্য গাই ক’লে,

     বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে,

         যাৰ চকু মেলা আছিল, সেই পুৰুষে কৈছে।

     16 এয়েই এজনৰ ভাৱবাণী যি জনে ঈশ্বৰৰ বাক্য শুনে,

     আৰু সৰ্ব্বোপৰি জনাৰ তত্ব জানে,

     যি জনে সৰ্ব্বশক্তিমানক দৰ্শন পায়,

     সেই জনে মাটিত পৰি চকু মেলি কৈছে।

     17 মই তেওঁক দেখিছোঁ, কিন্তু বৰ্ত্তমানে নাই;

     তেওঁক দৰ্শন পাইছোঁ, কিন্তু তেওঁৰ ওচৰত থকা নাই।

     যাকোবৰ মাজৰ পৰা এটা তৰা উদয় হ’ব,

     ইস্ৰায়েলৰ মাজৰ পৰা এক ৰাজ-দণ্ড উঠিব;

     সেয়ে মোৱাবৰ দীৰ্ঘ-প্ৰস্থ গুড়ি কৰিব,

     আৰু হুৰামূৰা কৰা গোটেই বংশক সংহাৰ কৰিব।

     18 তেওঁৰ শত্ৰু ইদোম এক আধিপত্য হ’ব,

     তেওঁৰ শত্ৰু চেয়ীৰেই এক আধিপত্য হ’ব;

     তেতিয়া ইস্ৰায়েলে বীৰৰ কাৰ্য্য কৰিব।

     19 যাকোবৰ পৰা উৎপন্ন হোৱা এজনে ৰাজত্ব কৰিব,

     আৰু নগৰৰ অৱশিষ্ট লোকসকলক বিনষ্ট কৰিব।

20 তেতিয়া বিলিয়মে অমালেকলৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ভৱিষ্যৎ বাণী গাবলৈ ধৰিলে। তেওঁ ক’লে,

     “এই অমালেক জাতিবিলাকৰ মাজত প্ৰথম;

     কিন্তু তাৰ শেষ-দশা সৰ্ব্বনাশ।”

21 তেতিয়া বিলিয়মে কেনীয়া সকললৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ক’লে,

     “তোমাৰ নিবাস অতি দৃঢ়,

     আৰু তোমাৰ বাহ শিলত পতা।

     22 তথাপি কেনীয়ালোক বিনষ্ট হ’ব,

     শেষত অচূৰে তোমাক বন্দী কৰি লৈ যাব।

23 তেতিয়া বিলিয়ামে নিজৰ শেষ পদ্যটি গাই গ’ল। তেওঁ ক’লে,

     হায় হায়! যেতিয়া ঈশ্বৰে ইয়াক কৰিব, তেতিয়া কোন জীয়াই থাকিব পাৰিব?

     24 আৰু কিত্তীমৰ তীৰৰ পৰা জাহাজবোৰ আহিব;

     সেইবোৰে অচূৰক ক্লেশ দিব, আৰু এবৰকো ক্লেশ দিব,

     কিন্তু তেওঁলোকৰো আৰু তাৰো বিনাশ ঘটিব।

25 তেতিয়া বিলিয়ামে উঠি গুচি গ’ল। তেওঁ নিজৰ ঘৰলৈ উলটি আহিল আৰু বালাকো নিজৰ বাটে গুচি গ’ল।

Chapter 25

ইস্ৰায়েলৰ সন্তানসকলৰ দেৱপূজা আৰু ব্যভিচাৰ।

1 পাছে ইস্ৰায়েলে চিটীমত বাস কৰাত, লোকসকলে মোৱাবৰ জীয়ৰীসকলেৰে সৈতে ব্যভিচাৰ কৰিবলৈ ধৰিলে, 2 কিয়নো সেই জীয়ৰীসকলে তেওঁলোকক নিজ দেৱতাৰ বলিদান দিয়াবলৈ মাতিলত, লোকসকলে ভোজন কৰি সিহঁতৰ দেৱতাৰ আগত প্ৰণিপাত কৰিলে। 3 ইস্ৰায়েল পিয়োৰৰ বাল দেৱতাত আসক্ত হোৱাত, ইস্ৰায়েলৰ অহিতে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল।

4 যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ ইস্ৰায়েলৰ পৰা গুচিবৰ বাবে, তুমি লোকসকলৰ আটাই মূল মানুহক নি, যিহোৱাৰ উদ্দেশ্যে সূৰ্য্যৰ সন্মুখত তেওঁলোকক আঁৰি থোৱা।” 5 তেতিয়া মোচিয়ে ইস্ৰায়েলৰ বিচাৰকৰ্ত্তাসকলক ক’লে, “তোমালোক প্ৰতিজনে পিয়োৰৰ বাল দেৱতাত আসক্ত হোৱা নিজ লোকসকলক বধ কৰা।

6 পাছে ইস্ৰায়েলৰ সন্তানসকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ক্ৰন্দন কৰি থাকোঁতে, মোচিৰ আৰু গোটেই সমাজৰ সাক্ষাতে ইস্ৰায়েলৰ সন্তানসকলৰ মাজৰ এজন পুৰুষে নিজ জ্ঞাতিসকলৰ গুৰিলৈ এজনী মিদিয়নীয়া মহিলাক আনিলে। 7 তাকে দেখি, হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে সমাজৰ মাজৰ পৰা উঠি হাতত বৰচা ল’লে।

8 সেই ইস্ৰায়েলীয়া পুৰুষৰ পাছে পাছে খেদি গৈ, কোঁঠালিত সোমাই সেই দুই জনক, সেই ইস্ৰায়েলীয়া পুৰুষক আৰু সেই মহিলাগৰাকিৰ পেটত খুচি মাৰিলে। তাতে ইস্ৰায়েলৰ সন্তানসকলৰ মাজৰ পৰা মহামাৰী স্থগিত হ’ল। 9 আৰু যিসকল মহামাৰীত মৰিল, তেওঁলোক চব্বিশ হাজাৰ লোক আছিল।

10 যিহোৱাই মোচিক কৈছিল আৰু ক’লে, 11 হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পিনহচে ইস্ৰায়েলৰ মাজত মোৰ অন্তৰ্জ্বালাৰে জ্বলি উঠি ইস্ৰায়েলৰ সন্তানসকলৰ পৰা মোৰ ক্ৰোধ ঘূৰুৱাত মই নিজ অন্তৰ্জ্বালাৰে ইস্ৰায়েলৰ সন্তানসকলক বিনষ্ট নকৰিলোঁ।

12 এই হেতুকে তুমি এই কথা কোৱা, ‘যিহোৱাই কৈছে, “চোৱা, মই পিনহচক শান্তিদায়ক নিয়মটিৰ প্ৰতিজ্ঞা সিদ্ধ কৰোঁ; 13 সেয়ে তেওঁৰ পক্ষে আৰু তেওঁৰ ভাবি-বংশৰ পক্ষেও চিৰস্থায়ী পুৰোহিত পদৰ নিয়ম হ’ব; কিয়নো তেওঁ নিজ ঈশ্বৰৰ পক্ষে অন্তৰ্জালাৰে জ্বলিছিল আৰু ইস্ৰায়েলৰ সন্তানসকলক প্ৰায়শ্চিত্ত কৰিলে।”

14 হত হোৱা যি ইস্ৰায়েলীয়া পুৰুষক সেই মিদিয়নীয়া তিৰোতাৰ লগত বধ কৰা হৈছিল, তেওঁৰ নাম চালূৰ পুতেক জিম্ৰী, তেওঁ চিমিয়োনীয়াসকলৰ পিতৃ-বংশৰ এজন অধ্যক্ষ আছিল। 15 আৰু সেই হত হোৱা মিদিয়নীয়া মহিলাগৰাকিৰ নাম চূৰৰ জীয়েক কজ্বী, চূৰ মিদিয়নৰ মাজত পিতৃ-বংশৰ লোকসকলৰ মূল মানুহ আছিল।

16 গতিকে যিহোৱাই মোচিক কৈছিল আৰু ক’লে, 17 “তুমি মিদিয়নীয়া লোকসকললৈ শত্ৰুতা আচৰণ কৰি সিহঁতক প্ৰহাৰ কৰা। 18 কিয়নো পিয়োৰ দেৱতাৰ বিষয়ে আৰু সেই পিয়োৰৰ কাৰণে মহামাৰীৰ দিনা হত হোৱা তেওঁলোকৰ নিজ জাতিৰ কজ্বী নামেৰে মিদিয়নীয়া অধ্যক্ষৰ জীয়েকৰ বিষয়েও তেওঁলোকে তোমালোকক প্ৰতাৰণা কৰি ছলেৰে তোমালোকলৈ শত্ৰুতা আচৰণ কৰিলে।

Chapter 26

ইস্ৰায়েলৰ সন্তানসকলক দ্বিতীয়বাৰ গণনা কৰা।

1 এই মহামাৰীৰ পাছত যিহোৱাই মোচি আৰু হাৰোণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক ক’লে, 2 “তোমালোকে ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই মণ্ডলীৰ মাজত নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ কাৰণে ৰণলৈ যাব পৰা অৱস্থাত থকা বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া যিমান লোক আছে, তেওঁলোকক গণনা কৰা।”

3 তেতিয়া মোচি আৰু ইলিয়াজৰ পুৰোহিতে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত লোকসকলক ক’লে, 4 “মোচিক, আৰু মিচৰ দেশৰ পৰা ওলাই অহা ইস্ৰায়েলৰ সন্তানসকলক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া লোকক গণনা কৰা।”

5 ৰূবেণ ইস্ৰায়েলৰ জ্যেষ্ঠ পুত্ৰ আছিল। তেওঁৰ পুত্র হনোকৰ পৰা হনোকীয়া গোষ্ঠী, পল্লূৰ পৰা পল্লূইয়া গোষ্ঠী, 6 হিষ্ৰোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী, কৰ্ম্মীয়াৰ পৰা কৰ্ম্মীয়া গোষ্ঠী। 7 এই সকলোৱেই ৰূবেণৰ গোষ্ঠী; তেওঁলোকৰ মাজৰ গণিত লোক তিয়াল্লিশ হাজাৰ সাতশ ত্ৰিশজন আছিল।

8 আৰু পল্লূৰ সন্তান ইলীয়াব আছিল; ইলীয়াবৰ সন্তানসকল নমূৱেল, দাথন, আৰু অবীয়াম আছিল। 9 কোৰহৰ দলে যেতিয়া যিহোৱাৰ বিৰুদ্ধে বিবাদ কৰিছিল, তেতিয়া মোচি আৰু হাৰোণৰ অহিতে বিবাদ কৰা মণ্ডলীভূক্ত লোক সেই দাথন আৰু অবীৰামেই আছিল।

10 সেই সময়ত পৃথিৱীয়ে মুখ মেলি তেওঁলোকক আৰু কোৰহকো গ্ৰাস কৰিলে, আৰু তেওঁৰ পাছত চলোতাসকলোৰে মৃত্যু হ’ল; সেই সময়ত অগ্নিয়ে দুশ পঞ্চাশ জনক পুৰি ভষ্ম কৰিলে, আৰু তেওঁলোকেই দৃষ্টন্তস্বৰূপ হ’ল। 11 কিন্তু কোৰহৰ সন্তানসকলৰ হ’লে মৃত্যু হোৱা নাছিল।

12 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল চিমিয়োনৰ সন্তান:

     নমূৱেলৰ পৰা নমূৱেলীয়া গোষ্ঠী,

     যাখীনৰ পৰা যাখীনীয়া গোষ্ঠী,

     যামীনৰ পৰা যামীনীয়া গোষ্ঠী,

     যাখীনৰ পৰা যাখীনীয়া গোষ্ঠী,

     13 জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী,

     চৌলৰ পৰা চৌলীয়া গোষ্ঠী। 14 চিমিয়োনীয়া গোষ্ঠীবোৰৰ বাইশ হাজাৰ দুশজন লোক আছিল।

15 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল গাদৰ সন্তান:

     চফোনৰ পৰা চফোনীয়া গোষ্ঠী,

     হগ্গীয়াৰ পৰা হগ্গীয়া গোষ্ঠী,

     চূনীৰ পৰা চূনীয়া গোষ্ঠী,

     16 অজনী পৰা অজনীয়া গোষ্ঠী,

     এৰীৰ পৰা এৰীয়া গোষ্ঠী,

     17 অৰোদৰ পৰা অৰোদীয়া গোষ্ঠী,

     অৰেলাৰ পৰা অৰেলীয়া গোষ্ঠী। 18 গাদৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চল্লিশ হাজাৰ পাঁচ শ লোক আছিল।

19 যিহূদাৰ পুত্র এৰ আৰু ওনন আছিল; এই দুজন লোকৰ কনান দেশতেই মৃত্যু হৈছিল। 20 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল যিহূদাৰ সন্তান:

     চেলাৰ পৰা চেলানীয়া গোষ্ঠী,

     পেৰচৰ পৰা পেৰচীয়া গোষ্ঠী,

     জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী। 21 পেৰচৰ সন্তান এইসকল:

     হিষ্ৰোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী,

     হামূলৰ পৰা হামূলীয়া গোষ্ঠী। 22 যিহূদাৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ছয়সত্তৰ হাজাৰ পাঁচ শ লোক আছিল।

23 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল ইচাখৰৰ সন্তান:

     তোলাৰ পৰা তোলাইয়া গোষ্ঠী,

     পুব্বাৰ পৰা পুনীয়া গোষ্ঠী,

     24 যাচূবৰ পৰা যাচূবীয়া গোষ্ঠী,

     চিম্ৰোণৰ পৰা চিম্ৰোণীয়া গোষ্ঠী। 25 ইচাখৰৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চৌষষ্ঠী হাজাৰ তিনিশ লোক আছিল।

26 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল জবূলূনৰ সন্তান:

     চেৰদৰ পৰা চেৰদীয়া গোষ্ঠী,

     এলোনৰ পৰা এলোনীয়া গোষ্ঠী,

     যহলেলৰ পৰা যহলেলীয়া গোষ্ঠী। 27 জবূলূনৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ষাঠী হাজাৰ পাঁচশ লোক আছিল।

28 নিজ নিজ গোষ্ঠী অনুসাৰে যোচেফৰ পুত্ৰ মনচি আৰু ইফ্ৰয়িম আছিল। 29 মনচিৰ সন্তান এইসকল:

     মাখীৰৰ পৰা মাখীৰীয়া গোষ্ঠী (মাখীৰৰ গিলিয়দৰ পিতৃ আছিল),

     সেই গিলিয়দৰ পৰা গিলিয়দীয়া গোষ্ঠী।

30 গিলিয়দৰ সন্তান এইসকল:

     ঈয়েজৰৰ পৰা ঈয়েজৰীয়া গোষ্ঠী,

     হেলকৰ পৰা হেলকীয়া গোষ্ঠী

     31 অস্ৰীয়েলৰ পৰা অস্ৰীয়েলীয়া গোষ্ঠী,

     চেখমৰ পৰা চেখমীয়া গোষ্ঠী,

     32 চমীদাৰ পৰা চমীদাইয়া গোষ্ঠী,

     আৰু হেফৰৰ পৰা হেফৰীয়া গোষ্ঠী।

33 সেই হেফৰৰ পুত্র চলফাদৰ কোনো পুত্ৰ সন্তান নাছিল, কেৱল জীয়েক আছিল। সেই চলফাদৰ জীয়েকসকলৰ নাম মহলা, নোৱা, হগ্লা, মিল্কা, আৰু তিৰ্চা আছিল। 34 এইসকলেই মনচিৰ গোষ্ঠী আছিল যাৰ লোকসকলৰ সংখ্যা বাৱন্ন হাজাৰ সাত শ জন লোক আছিল।

35 নিজ নিজ গোষ্ঠী অনুসৰি এই লোকসকল ইফ্ৰয়িমৰ সন্তান:

     চুথেলহৰ পৰা চুথেলহীয়া গোষ্ঠী,

     বেখৰৰ পৰা বেখৰীয়া গোষ্ঠী,

     তহনৰ পৰা তহনীয়া গোষ্ঠী, 36 আৰু চুথেলহৰ সন্তানসকল এই, এৰণৰ পৰা এৰণীয়া গোষ্ঠী। 37 ইফ্ৰয়িমৰ সন্তানসকলৰ এই গোষ্ঠীবোৰৰ বত্ৰিশ হাজাৰ পাঁচ শ লোক আছিল। নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকলেই যোচেফৰ সন্তান।

38 নিজ নিজ গোষ্ঠী অনুসাৰে বিন্যামীনৰ সন্তান এই লোকসকল:

     বেলাৰ পৰা বেলাইয়া গোষ্ঠী,

     অচবেলৰ পৰা অচবেলীয়া গোষ্ঠী,

     অহীৰামৰ পৰা অহীৰামীয়া গোষ্ঠী,

     39 চুফুফমৰ পৰা চুফমীয়া গোষ্ঠী,

     হূফমৰ পৰা হূফমীয়া গোষ্ঠী।

40 আৰু বেলাৰ সন্তান অৰ্দ আৰু নামন আছিল; অৰ্দৰ পৰা অৰ্দীয়া গোষ্ঠী আৰু নামনৰ পৰা নামনীয়া গোষ্ঠী। 41 নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই বিন্যামীনৰ সন্তান; তেওঁলোকৰ সংখ্যা পঞ্চল্লিশ হাজাৰ ছশ জন লোক আছিল।

42 নিজ নিজ গোষ্ঠী অনুসাৰে দানৰ সন্তান এই লোকসকল: চূহমৰ পৰা চুহমীয়া গোষ্ঠী। নিজ নিজ গোষ্ঠী অনুসাৰে এওঁলোকেই দানৰ গোষ্ঠী। 43 চূহমীয়াৰ আটাই গোষ্ঠীৰ সংখ্যা চৌষষ্ঠী হাজাৰ চাৰিশ জন লোক আছিল।

44 নিজ নিজ গোষ্ঠী অনুসাৰে আচেৰৰ সন্তান এই লোকসকল:

     যিম্নাৰ পৰা যিম্নীয়া গোষ্ঠী,

     যিচবিৰ পৰা যিচবিয়া গোষ্ঠী,

     বৰীয়াৰ পৰা বৰীয়াইয়া গোষ্ঠী।

45 বৰীয়াৰ সন্তান এই লোকসকল:

     হেবৰৰ পৰা হেবৰীয়া গোষ্ঠী,

     মল্কীয়েলৰ পৰা মল্কীয়েলীয়া গোষ্ঠী।

46 আচেৰৰ জীয়েকৰ নাম চেৰহ আছিল। 47 আচেৰৰ এই গোষ্ঠীবোৰৰ সন্তানসকলৰ সংখ্যা ত্ৰেপন্ন হাজাৰ চাৰিশ জন লোক আছিল।

48 নিজ নিজ গোষ্ঠী অনুসাৰে নপ্তালীৰ সন্তান এই লোকসকল:

     যহচিয়েলৰ পৰা যহচিয়েলীয়া গোষ্ঠী,

     গূণীৰ পৰা গূণীয়া গোষ্ঠী,

     49 যেচৰৰ পৰা যেচৰীয়া গোষ্ঠী,

     চিল্লেমৰ পৰা চিল্লেমীয়া গোষ্ঠী।

50 নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল নপ্তালীৰ গোষ্ঠী; তেওঁলোকৰ গণিত লোক পঞ্চল্লিশ হাজাৰ চাৰিশ জন আছিল।

51 ইস্ৰায়েলৰ সন্তানসকলৰ মাজত গণনা কৰা লোকসকলৰ সংখ্যা ছয় লাখ এক হাজাৰ সাতশ ত্ৰিশ জন আছিল।

52 পাছত যিহোৱাই মোচিক ক’লে, 53 “নামৰ সংখ্যা অনুসাৰে উত্তৰাধীকাৰৰ অৰ্থে এই লোকসকলৰ মাজত দেশ ভাগ কৰা হ’ব।

54 অধিককে থকা লোকসকলৰ গোষ্ঠীক অধিককৈ উত্তৰাধীকাৰ দিবা, আৰু কমকৈ থকা লোকসকলৰ গোষ্ঠীক কমকৈ দিবা; প্রতিজন পৰিয়ালৰ যিমান গণিত লোক, তাক সেই হিচাপে তাৰ উত্তৰাধীকাৰ দিবা। 55 কিন্তু চিঠি খেলৰ দ্ৱাৰাই দেশ ভাগ কৰা হ’ব; নিজ নিজ পিতৃ বংশৰ নাম অনুসাৰে তেওঁলোকে উত্তৰাধীকাৰ পাব। 56 লোক অধিক বা কমে হওঁক, চিঠি খেলৰ দ্বাৰাইহে তেওঁলোকৰ উত্তৰাধীকাৰ তেওঁলোকৰ মাজত ভাগ বাঁটি দিয়া হ’ব।”

57 নিজ নিজ গোষ্ঠী অনুসাৰে লেবী জনগোষ্ঠীৰ মাজত গণিত লোক এই সকল:

     গেৰ্চোনৰ পৰা গেৰ্চোনীয়া গোষ্ঠী,

     কহাতৰ পৰা কহাতীয়া গোষ্ঠী,

     মৰাৰীৰ পৰা মৰাৰীয়া গোষ্ঠী।

58 লেবীয়া গোষ্ঠী এই লোকসকল:

     লিবনীয়া গোষ্ঠী,

     হিব্ৰোণীয়া গোষ্ঠী মহলীয়া গোষ্ঠী,

     মূচীয়া গোষ্ঠী

     আৰু কোৰহীয়া গোষ্ঠী।

59 অম্ৰমৰ সন্তান কহাত আছিল; অম্ৰমৰ ভাৰ্য্যাৰ নাম যোকেবদ; তেওঁ লেবীৰ জীয়েক; তেওঁৰ মাকে তেওঁক লেবীসকললৈ মিচৰ দেশত জন্মালে; তেওঁ অম্ৰমলৈ হাৰোণ, মোচি আৰু তেওঁলোকৰ বায়েক মিৰিয়মক জন্মালে।

60 হাৰোণলৈ নাদব, অবীহূ, ইলিয়াজৰ আৰু ঈথামৰ জন্মিল।

61 কিন্তু নাদব আৰু অবীহূয়ে যিহোৱাৰ সাক্ষাতে সাধাৰণ জুই উৎসৰ্গ কৰোতে তেওঁলোকৰ মৃত্যু হ’ল। 62 তেওঁলোকৰ মাজত এমাহ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া পুৰুষসকলৰ সংখ্যা তেইশ হাজাৰ জন হ’ল আছিল। কিয়নো, ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোকক কোনো উত্তৰাধীকাৰ নিদিয়াৰ কাৰণে, ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোক গণিত নহ’ল।

63 এই সকল লোকক মোচি আৰু পুৰোহিত ইলিয়াজৰৰ দ্বাৰাই গণনা কৰা হ’ল; তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ইস্ৰায়েলৰ সন্তানসকলক গণনা কৰিলে। 64 কিন্তু চীনয় মৰুপ্রান্তত ইস্ৰায়েলৰ সন্তানসকলক গণনা কৰা মোচি আৰু হাৰোণ পুৰোহিতৰ দ্বাৰাই যি লোকসকলক গণনা কৰা হৈছিল, তেওঁলোকৰ এজনো এই লোকসকলৰ মাজত নাছিল।

65 কাৰণ যিহোৱাই তেওঁলোকৰ বিষয়ে কৈছিল যে তেওঁলোকে নিশ্চয়ে মৰুপ্রান্তত মৰিব। এই হেতুকে তেওঁলোকৰ মাজত যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱাৰ বাহিৰে এজনো অৱশিষ্ট নাথাকিল।

Chapter 27

চলফাদৰ জীয়েকসকলক উত্তৰাধীকাৰ দিয়া, আৰু সেই বিষয়ৰ বিধি। মোচিৰ পদত যিহোচূৱাক নিযুক্ত কৰা।

1 পাছত যোচেফৰ পুত্ৰ মনচিৰ গোষ্ঠীৰ মাজৰ মনচিৰ বৃদ্ধ পৰিনাতি, মাখীৰৰ পৰিনাতি, গিলিয়দৰ নাতি হেফৰৰ পুত্র চলফাদৰ জীয়েক যি মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা, তেওঁলোক মোচিৰ ওচৰলৈ আহিল।

2 তেওঁলোকে মোচি, পুৰোহিত ইলিয়াজৰ, অধ্যক্ষসকল আৰু গোটেই মণ্ডলীৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ সন্মুখত থিয় হৈ এই কথা ক’লে বোলে,

3 “আমাৰ পিতৃৰ মৰুপ্রান্তত মৃত্যু হ’ল; তেওঁ কোৰহৰ দলৰ মাজত, যিহোৱাৰ বিৰুদ্ধে আলচ পতাসকলৰ দলৰ মাজত নাছিল, তেওঁৰ নিজ পাপতেহে মৃত্যু হৈছিল; অৰ্থাৎ তেওঁৰ নিজ পাপৰ কাৰণেই তেওঁৰ মৃত্যু হৈছিল।

4 আমাৰ পিতৃৰ পুত্ৰ সন্তান নথকাত তেওঁৰ গোষ্ঠীৰ মাজৰ পৰা তেওঁৰ নাম কিয় লোপ পাব? আমাৰ পিতৃ বংশৰ ভাইসকলৰ মাজত আমাকো আমাৰ উত্তৰাধীকাৰ দিয়ক।” 5 তেতিয়া মোচিয়ে সেই বিষয়ে যিহোৱাৰ আগত তেওঁলোকৰ কথা ক’লে।

6 তেতিয়া যিহোৱাই মোচিক কলে, 7 “চলফাদৰ জীয়েকসকলে ঠিকেই কৈছে। তুমি তেওঁলোকৰ পিতৃ বংশৰ ভাইসকলৰ মাজত অৱশ্যে তেওঁলোকক উত্তৰাধীকাৰ দিবা আৰু তেওঁলোকৰ পিতৃৰ উত্তৰাধীকাৰ তেওঁলোকে যেন পাই সেই বিষয়ে নিশ্চিত কৰিবা। 8 আৰু ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘কোনো এজন লোকৰ যদি মৃত্যু হয় আৰু তেওঁৰ যদি কোনো পুত্ৰ নাথাকে তেতিয়া তোমালোকে তেওঁৰ উত্তৰাধীকাৰ তেওঁৰ জীয়েকক গতাই দিবা।

9 যদি তেওঁৰ জীয়েক নাথাকে, তেন্তে তেওঁৰ ভায়েক-ককায়েকক তেওঁৰ উত্তৰাধীকাৰ দিবা। 10 যদি তেওঁৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তেওঁৰ পিতৃৰ ভাইসকলক তেওঁৰ উত্তৰাধীকাৰ দিবা। 11 যদি তেওৰ পিতৃৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তাৰ গোষ্ঠীৰ মাজৰ আটাইতকৈ ওচৰৰ সম্বন্ধীয়া লোক জনক তেওঁৰ উত্তৰাধীকাৰ দিবা; আৰু তেওঁ তাক নিজ অধিকাৰ কৰিব। মোচিলৈ কোৱা যিহোৱাৰ আজ্ঞাৰ দৰে এয়ে ইস্ৰায়েলৰ সন্তানসকলৰ স্বত্ববিষয়ক বিধি হ’ব’।”

12 যিহোৱাই মোচিক পুনৰায় কলে, “তুমি অবাৰীম পৰ্ব্বতত উঠি, যি দেশ মই ইস্ৰায়েলৰ সন্তানসকলক দিলোঁ, তাক চোৱা। 13 তাক দেখাৰ পাছত তোমাৰ ভাই হাৰোণৰ নিচিনাকৈ তোমাকো নিজ লোকসকলৰ ওচৰলৈ নিয়া হ’ব। 14 কিয়নো ছিন মৰুপ্রান্তত মণ্ডলীৰ বিবাদত, শিলৰ পৰা জল বৈ যোৱা সময়ত তোমালোকে লোকসকলৰ আগত মোক পবিত্ৰৰূপে মান্য কৰিবলৈ দিয়া আজ্ঞা উলঙ্ঘন কৰিলা।(সেই জল ছিন অৰণ্যৰ কাদেচত থকা মিৰীবাৰ জল)।

15 তেতিয়া মোচিয়ে যিহোৱাক ক’লে, 16 “হে যিহোৱা, আপুনি সকলোৰে শৰীৰত থকা আত্মাৰ ঈশ্বৰ, আপুনি মণ্ডলীৰ ওপৰত এজন লোকক নিযুক্ত কৰক, যি জন লোকে 17 ইস্ৰায়েলৰ সন্তানসকলৰ আগত অহা-যোৱা কৰিব পাৰে আৰু তেওঁলোকক বাহিৰলৈ-ভিতৰলৈ নিব পাৰে যাতে যিহোৱাৰ মণ্ডলী ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনা নহয়।” 18 তেতিয়া যিহোৱাই মোচিক কলে, মোৰ আত্মাই বাস কৰা নুনৰ পুত্ৰ যিহোচূৱাক লৈ তেওঁৰ মূৰত হাত দিয়া, 19 আৰু ইলিয়াজৰ পুৰোহিত আৰু গোটেই মণ্ডলীৰ আগত তেওঁক উপস্থিত কৰি তেওঁলোকৰ আগতে তেওঁলোকক আগবঢ়াই নিবলৈ তেওঁক আদেশ দিয়া।

20 ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই মণ্ডলীয়ে তেওঁৰ আজ্ঞা মানিবৰ কাৰণে তেওঁক নিজ সন্মানৰ ভাগী কৰা। 21 তেওঁ পুৰোহিত ইলিয়াজৰ সন্মুখত থিয় হ’ব, আৰু ইলিয়াজৰে তেওঁৰ কাৰণে ঊৰীমৰ বিচাৰৰ দ্বাৰাই যিহোৱাক সুধিব, তেতিয়া তেওঁ আৰু তেওঁৰ লগত ইস্ৰায়েলৰ সকলো সন্তানসকলে, গোটেই মণ্ডলীয়ে সৈতে ইলিয়াজৰৰ আজ্ঞাতে বাহিৰলৈ-ভিতৰলৈ অহা-যোৱা কৰিব।” 22 পাছত মোচিয়ে যিহোৱাই দিয়া আজ্ঞাৰ দৰেই কাৰ্য্য কৰিলে; তেওঁ যিহোচূৱাক নি, গোটেই মণ্ডলীৰ আগত উপস্থিত কৰিলে। 23 তেওঁ তেওঁৰ মূৰত হাত দি, মোচিৰ দ্বাৰাই কোওৱা যিহোৱাৰ বাক্য অনুসাৰে তেওঁক আদেশ দিলে।

Chapter 28

নিৰূপিত সময়ত দিব লগা বলিদান-বিষয়ক বিধি।

1 পাছে যিহোৱাই মোচিক ক’লে, 2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক আজ্ঞা দিয়া আৰু কোৱা, ‘তেওঁবিলাকে যেন মোৰ উপহাৰ আৰু মোৰ সুঘ্ৰাণাৰ্থক মোৰ ভক্ষ্যস্বৰূপ মোৰ অগ্নিকৃত উপহাৰ নিজ নিজ নিয়মিত সময়ত মোৰ অৰ্থে উৎসৰ্গ কৰে, তাৰ বাবে তোমালোক সজাগে থাকিবা।

3 এই হেতুকে তুমি ইয়াকো তেওঁলোকক কোৱা, যে, “তোমালোকে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব লগা অগ্নিকৃত উপহাৰ এই, প্ৰতিদিনে নিত্য হোমৰ অৰ্থে দুটা এবছৰীয়া নিৰ্ঘূণ মতা মেৰ পোৱালি ল’বা। 4 এটা মেৰ পোৱালি ৰাতিপুৱা উৎসৰ্গ কৰিবা আৰু আনটো মেৰ পোৱালি সন্ধ্যা পৰত উৎসৰ্গ কৰিবা। 5 আৰু ভক্ষ্য নৈবেদ্যৰ কাৰণে হীনৰ চাৰিভাগৰ এভাগ খুন্দি উলিওৱা তেল মিহলোৱা ঐফাৰ দহ ভাগৰ এভাগ মিহি আটাগুড়ি ল’বা।

6 এয়ে নিত্য হোম; যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণাৰ্থক অগ্নিকৃত উপহাৰস্বৰূপে চীনয় পৰ্ব্বতত এই আজ্ঞাই নিৰূপিত হৈছিল। 7 আৰু তাৰ প্ৰথম মেৰ পোৱালিৰ কাৰণে হীনৰ চাৰি ভাগৰ এভাগ তাৰ পেয় নৈবেদ্য হ’ব; তুমি পবিত্ৰস্থানত যিহোৱাৰ উদ্দেশ্যে পেয় নৈবেদ্যস্বৰূপে ৰাগীয়াল ৰস ঢালি দিবা। 8 আৰু দ্বিতীয় মেৰ পোৱালিটো সন্ধ্যা পৰত উৎসৰ্গ কৰিবা; ৰাতিপুৱা দিয়া ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্যৰ দৰে তাকো যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণাৰ্থক অগ্নিকৃত উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা।

9 আৰু বিশ্ৰাম-দিনত দুটা এবছৰীয়া নিৰ্ঘূণ মতা মেৰ পোৱালি, আৰু তেল মিহলোৱা ঐফাৰ দহ ভাগৰ দুভাগ ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্য উৎসৰ্গ কৰিবা;। 10 নিত্য হোম আৰু পেয় নৈবেদ্যৰ বাহিৰেও প্ৰতি বিশ্ৰাম-বাৰে এই হোম হ’ব।

11 আৰু প্ৰত্যেক মাহৰ আৰম্ভণিতে তোমালোকে যিহোৱাৰ উদ্দেশ্যে হোমৰ বাবে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা নিৰ্ঘূণ মতা মেৰ পোৱালি, এই সকলোকে উৎসৰ্গ কৰিবা। 12 আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে ঐফাৰ দহ ভাগৰ তিনি ভাগ, তেল মিহলোৱা মিহি আটাগুড়ি, আৰু মতা মেৰটোৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে দহ ভাগৰ দুভাগ, তেল মিহলোৱা মিহি আটাগুড়ি, 13 আৰু প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে ভক্ষ্য নৈবেদ্যস্বৰূপে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি উৎসৰ্গ কৰিবা; সেয়ে সুঘ্ৰাণাৰ্থক হোম-বলি, যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ।

14 আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে হীনৰ আধা ভাগ, আৰু মতা মেৰটোৰ কাৰণে হীনৰ তিনি ভাগৰ এভাগ আৰু প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে হীনৰ চাৰিভাগৰ এভাগ দ্ৰাক্ষাৰস সেইবোৰৰ পেয় নৈবেদ্য হ’ব; এয়ে বছৰৰ প্ৰত্যেক মাহত কৰিব লগীয়া মাহেকীয়া হোম। 15 আৰু যিহোৱাৰ উদ্দেশ্যে পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগ উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ পেয় নৈবেদ্যৰ বাহিৰেও ইয়াক কৰিব লাগিব।

16 পাছে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনা যিহোৱাৰ নিস্তাৰ পৰ্ব্ব হ’ব। 17 আৰু সেই মাহৰ পঞ্চদশ দিনা উৎসৱ হ’ব, সাত দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিব লাগিব। 18 প্ৰথম দিনা পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম্ম নকৰিবা।

19 কিন্তু যিহোৱাৰ উদ্দেশ্যে হোম-বলিৰ অৰ্থে অগ্নিকৃত উপহাৰস্বৰূপে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; সেইবোৰ নিৰ্ঘূণ পশু হ’ব। 20 আৰু প্ৰত্যেক দমৰা গৰুৰ কাৰণে দহ ভাগৰ তিনিভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ। 21 আৰু মেৰ পোৱালি সাতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব। 22 আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগ উৎসৰ্গ কৰিবা।

23 নিত্য হোমৰ অৰ্থে ৰাতিপুৱাৰ যি হোম-বলি, তাৰ বাহিৰেও এই সকলোকে উৎসৰ্গ কৰিবা। 24 এই নিয়ম অনুসাৰে তোমালোকে সাত দিনলৈকে প্ৰতি দিনে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে ভক্ষ্যস্বৰূপ অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবা; নিত্য হোম আৰু তাৰ পেয় নৈবেদ্যৰ বাহিৰেও ইয়াক উৎসৰ্গ কৰিবা। 25 আৰু সপ্তম দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো ব্যৱসায় কৰ্ম্ম নকৰিবা।

26 যি দিনা তোমালোকে সাত সপ্তাহৰ অন্তত হোৱা পৰ্ব্বত যিহোৱালৈ কোনো নতুন ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰা, প্ৰথমে পকা ফল দিয়া সেই দিনা তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা কোনো ব্যৱসায় কৰ্ম্ম নকৰিবা। 27 কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলিস্বৰূপে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি 28 আৰু প্রত্যেক দমৰা গৰুৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ।

29 আৰু মেৰ পোৱালি সাতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা। 30 আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ এটা মতা ছাগ উৎসৰ্গ কৰিবা। 31 নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে আৰু এইবোৰৰ পেয় নৈবেদ্য উৎসৰ্গ কৰিবা; এই সকলো নিৰ্ঘূণ পশু হ’ব লাগিব।

Chapter 29

1 আৰু সপ্তম মাহত, মাহৰ প্ৰথম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকৰ কোনো দৈনন্দিন ব্যৱসায় কৰ্ম্ম নকৰিবা। সেই দিনা তোমালকৰ তূৰী বজোৱা দিন হ’ব।

2 সেই দিনা তোমালোকে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলিস্বৰূপে এটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা নিৰ্ঘূণ এবছৰীয়া মতা মেৰ পোৱালি ৰাখিবা।

3 আৰু সেই দমৰা গৰুটোৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ, 4 আৰু মেৰ পোৱালিৰ সাতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা। 5 আৰু তোমালোকক প্ৰায়শ্চিত্ত কৰিবলৈ পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগ উৎসৰ্গ কৰিবা।

6 নতুন জোনৰ হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য, নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও, সেইবোৰৰ বিধিমতে তোমালোকে সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে সেই সকলোকে উৎসৰ্গ কৰিবা।

7 সেই সপ্তম মাহৰ দশম দিনা যিহোৱাৰ সন্মানৰ অৰ্থে তোমালোকৰ পবিত্ৰ সভা হ’ব; সেই দিনা তোমালোকে নিজ নিজ প্ৰাণক দুখ দিবা আৰু কোনো কাৰ্য্য নকৰিবা। 8 কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে হোম-বলি স্বৰূপে এটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ নিৰ্ঘূণ পশু হ’ব লাগিব।

9 আৰু দমৰা গৰুটোৰ কাৰণে দহ ভাগৰ তিনি ভাগ, মতা মেৰটোৰ কাৰণে দহ ভাগৰ দুভাগ, 10 আৰু মেৰ পোৱালি সাতোটাৰ প্ৰত্যেক পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব। 11 আৰু পাপাৰ্থক বলিস্বৰূপে এটা মতা ছাগ উৎসৰ্গ কৰিবা। প্ৰায়শ্চিত্তৰ পাপাৰ্থক বলিৰ, নিত্য হোম বলিৰ, তাৰ ভক্ষ্য নৈবেদ্যৰ আৰু সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও, এই সকলোকে উৎসৰ্গ কৰিবা।

12 আৰু সপ্তম মাহৰ পঞ্চদশ দিনা যিহোৱাৰ সন্মানৰ উদ্দেশ্যে তোমালোকৰ পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায় কৰ্ম্ম নকৰিবা আৰু তোমালোকে সাত দিনলৈকে যিহোৱাৰ উদ্দেশ্যে উৎসৱ পালন কৰিবা। 13 আৰু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰস্বৰূপে হোম-বলিৰ কাৰণে তেৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌদ্ধটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ প্রত্যেকটিয়েই নিৰ্ঘূণ পশু হ’ব লাগিব।

14 আৰু দমৰা গৰু তেৰটাৰ প্ৰত্যেক গৰুৰ কাৰণে দহ ভাগৰ তিনি ভাগ আৰু মতা মেৰ দুটাৰ প্ৰত্যেক মেৰৰ কাৰণে দহ ভাগৰ দুভাগ, 15 আৰু মতা মেৰ পোৱালি চৌদ্ধটাৰ প্ৰত্যেক মেৰ পোৱালিৰ কাৰণে দহ ভাগৰ এভাগ, তেল মিহলোৱা মিহি আটাগুড়ি সেইবোৰৰ ভক্ষ্য নৈবেদ্য হ’ব। 16 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগ উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।

17 আৰু পবিত্র সভাৰ দ্বিতীয় দিনা বাৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌদ্ধটা এবছৰীয়া নিৰ্ঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা; আৰু সেইবোৰ প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব। 18 আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব; আৰু পাপাৰ্থক বলিৰ নিমিত্তে এটা মতা ছাগ আজ্ঞা দিয়াৰ দৰেই উৎসৰ্গ কৰিবা। 19 নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও সেইবোৰৰ পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।

20 আৰু পবিত্র সভাৰ তৃতীয় দিনা এঘাৰটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌদ্ধটা এবছৰীয়া নির্ঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা, আৰু সেইবোৰ নিৰ্ঘূণ পশু হ’ব লাগিব। 21 আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব। 22 আৰু পাপাৰ্থক বলিৰ অৰ্থে এটা মতা ছাগ, উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।

23 আৰু পবিত্র সভাৰ চতুৰ্থ দিনা দহোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌদ্ধটা এবছৰীয়া নিৰ্ঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব। 24 আৰু দমৰা গৰুৰ, মেৰৰ, আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব। 25 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগ উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।

26 আৰু পঞ্চম দিনা নটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌদ্ধটা এবছৰীয়া নিৰ্ঘূণ মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা, আৰু প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব। 27 আৰু দমৰা গৰুৰ, মেৰৰ, মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধি অনুসাৰে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব; 28 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগ উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।

29 আৰু পবিত্র সভাৰ ষষ্ঠ দিনা আঠোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌদ্ধটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব। 30 আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব। 31 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগ উৎসৰ্গ কৰিবা। নিত্য হোম-বলি আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।

32 আৰু সপ্তম দিনা সাতোটা দমৰা গৰু, দুটা মতা মেৰ আৰু চৌদ্ধটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব। 33 আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব। 34 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগ উৎসৰ্গ কৰিবা। নিত্য হোম বলি আৰু তাৰ ভক্ষ্য নৈবেদ্য ও তাৰ পেয় নৈবেদ্যবোৰৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।

35 অষ্টম দিনা তোমালোকৰ আৰু এখন ধৰ্মীয় সভা হ’ব। সেইদিনা তোমালোকে কোনো দৈনন্দিন ব্যৱসায়ৰ কৰ্ম্ম নকৰিবা। 36 কিন্তু যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰ স্বৰূপে হোম বলিৰ কাৰণে এটা দমৰা গৰু এটা মতা মেৰ আৰু সাতোটা এবছৰীয়া মতা মেৰ পোৱালি উৎসৰ্গ কৰিবা আৰু প্রত্যেকটি নিৰ্ঘূণ পশু হ’ব লাগিব।

37 আৰু দমৰা গৰুৰ, মেৰৰ আৰু মেৰ পোৱালিৰ সংখ্যা অনুসাৰে বিধিমতে সেইবোৰৰ ভক্ষ্য আৰু পেয় নৈবেদ্য হ’ব। 38 আৰু পাপাৰ্থক বলিৰ কাৰণে এটা মতা ছাগ উৎসৰ্গ কৰিবা। নিত্য হোম আৰু তাৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ বাহিৰেও তোমালোকে এই সকলোকে উৎসৰ্গ কৰিবা।

39 সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া আৰু ইচ্ছামতে এনেই দিয়া তোমালোকৰ উপহাৰৰ বাহিৰে, তোমালোকৰ ভক্ষ্য ও পেয় নৈবেদ্যৰ কাৰণে আৰু তোমালোকৰ মঙ্গলাৰ্থক বলিৰ কাৰণে এইবোৰ তোমালোকৰ নিজৰ নিৰূপিত পৰ্ব্ববোৰত যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।” 40 মোচিয়ে যিহোৱাৰ পৰা পোৱা সকলো আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলক এই সকলো কথা ক’লে।

Chapter 30

সঙ্কল্প আৰু ব্ৰত-বিষয়ক বিধি।

1 পাছত মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলৰ জনগোষ্ঠিৰ মূল লোকসকলক ক’লে। তেওঁ ক’লে, “যিহোৱাই এই আজ্ঞাই দিছে। 2 কোনো পুৰুষে যদি যিহোৱাৰ উদ্দেশ্যে সঙ্কল্প কৰে বা ব্ৰত-বন্ধনেৰে নিজ প্ৰাণ বন্ধ কৰিবলৈ শপত কৰে, তেন্তে তেওঁ নিজৰ বাক্য ব্যৰ্থ নকৰি, নিজৰ মুখৰ পৰা ওলোৱা আটাই বাক্য সিদ্ধ কৰিব লাগিব।

3 আৰু কোনো মহিলাই যদি জীয়াৰী কালত পিতৃৰ ঘৰত থাকোঁতে যিহোৱাৰ উদ্দেশ্যে কোনো সঙ্কল্প কৰে বা ব্ৰত-বন্ধনেৰে নিজকে বন্ধ কৰে 4 আৰু তাইৰ পিতৃয়ে যদি, তাই সঙ্কল্প কৰা, বা ব্ৰত-বন্ধনেৰে তাই নিজকে বন্ধ কৰা কথা শুনিও, তাইক একো নকৈ মনে মনে থাকে, তেন্তে তাইৰ সকলো সঙ্কল্প সিদ্ধ কৰিব লাগিব আৰু বন্ধনেৰে তাই নিজকে বন্ধ কৰে, তাকো সিদ্ধ কৰিব লাগিব।

5 কিন্তু শুনা দিনা যদি তাইৰ পিতৃয়ে তাইক নিষেধ কৰে, তেন্তে তাইৰ সঙ্কল্প বা যি বন্ধনেৰে তাই নিজকে বন্ধ কৰিলে, সেই আটাই কথা সিদ্ধ কৰিব নালাগিব; আৰু তাইৰ পিতৃয়ে নিষেদ কৰা হেতুকে যিহোৱাই তাইক ক্ষমা দিব।

6 আৰু তাই সঙ্কল্পৰ অধীন থকা বা অবিবেচনাৰূপে মুখৰ পৰা ওলোৱা বাক্যেৰে নিজকে বন্ধ কৰা কালত, যদি তাইক বিয়া দিয়া হয়, 7 আৰু তাইৰ স্বামীয়ে তাক শুনিও, শুনা দিনা তাইক একো নকৈ মনে মনে থাকে, তেন্তে তাইৰ সঙ্কল্পবোৰ সিদ্ধ কৰিব লাগিব বা যি যি বন্ধনেৰে তাই নিজকে বন্ধ কৰিলে, তাকো সিদ্ধ কৰিব লাগিব। 8 কিন্তু শুনা দিনা যদি তাইৰ স্বামীয়ে তাইক নিষেধ কৰে, তেন্তে তাই যি সঙ্কল্পৰ অধীন আৰু অবিবেচনাৰূপে নিজৰ মুখৰ পৰা ওলোৱা যি বাক্যৰ দ্বাৰাই তাই নিজকে বন্ধ কৰিলে, স্বামীয়ে তাক ব্যৰ্থ কৰিব আৰু যিহোৱাই তাইক ক্ষমা দিব।

9 কিন্তু বাঁৰী বা স্বামীয়ে ত্যাগ কৰা মহিলাই সঙ্কল্প আদি বন্ধনেৰে নিজকে বন্ধ কৰা সকলো কথা সিদ্ধ কৰিব লাগিব। 10 আৰু তেওঁ যদি স্বামীৰ ঘৰত থাকোঁতে সঙ্কল্প কৰে বা শপত কৰি নিজকে ব্ৰত বন্ধনেৰে বন্ধ কৰে, 11 আৰু তাইৰ স্বামীয়ে তাক শুনি তাইক একো নকৈ যদি মনে মনে থাকে, তাইক নিষেধ নকৰে, তেন্তে তাইৰ সকলো সঙ্কল্প সিদ্ধ কৰিব লাগিব। আৰু তাই যি বন্ধনেৰে নিজকে বন্ধ কৰিলে, তাকো সিদ্ধ কৰিব লাগিব।

12 কিন্তু শুনা দিনা তাইৰ স্বামীয়ে যদি সেই সকলোকে কোনো ৰূপে ব্যৰ্থ কৰে, তেন্তে তাইৰ সঙ্কল্প আৰু তাইৰ ব্ৰত-বন্ধনৰ বিষয়ে তাইৰ মুখৰ পৰা যি বাক্য ওলাইছিল, তাকো সিদ্ধ কৰিব নালাগিব। তাইৰ স্বামীয়ে তাক ব্যৰ্থ কৰিলে আৰু যিহোৱাই তাইক ক্ষমা দিব।

13 মহিলাৰ প্ৰত্যেক সঙ্কল্প আৰু নিজকে দুখ দিবলৈ নিজকে বন্ধ কৰা শপত তাইৰ স্বামীয়ে সিদ্ধও কৰিব পাৰে, তাইৰ স্বামীয়ে তাক ব্যৰ্থও কৰিব পাৰে। 14 কিন্তু তাইৰ স্বামীয়ে যদি কেইবা দিনলৈকে তাইক একো নকৈ সকলোভাৱে মনে মনে থাকে, তেন্তে তাইৰ সকলো সঙ্কল্প আৰু নিজকে বন্ধ কৰা সকলো কথা সিদ্ধ কৰিব লগীয়া কৰে। কিয়নো শুনা দিনা একো নকৈ মনে মনে থকাত, সি তাক সিদ্ধ কৰিব লগীয়া কৰিলে।

15 কিন্তু তাক শুনাৰ পাছত যদি কোনোৰূপে সি তাক ব্যৰ্থ কৰে, তেন্তে স্বামীয়ে তাইৰ অপৰাধৰ ফল ভোগ কৰিব। 16 স্বামী আৰু ভাৰ্য্যাৰ বিষয়ে, পিতৃয়ে আৰু যৌৱন কালত তেওঁৰ ঘৰত থকা জীয়েকৰ বিষয়ে যিহোৱাই মোচিক আজ্ঞা দিয়া বিধি এইবোৰ।

Chapter 31

মিদিয়নীয়াসকলৰ পৰাজয় আৰু বিনাশ।

1 পাছত যিহোৱাই মোচিক ক’লে, 2 “তুমি ইস্ৰায়েলৰ সন্তানসকলৰ কাৰণে মিদিয়নীসকলৰ প্ৰতিকাৰ সাধা; তেনে কৰি উঠি তোমাৰ মৃত্যু হ’ব আৰু নিজ লোকসকলৰ মাজত তোমাক নিয়া হ’ব।”

3 তেতিয়া মোচিয়ে লোকসকলক ক’লে, “যিহোৱাৰ কাৰণে মিদিয়নৰ প্ৰতিকাৰ সাধিবলৈ, মিদিয়নৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিবৰ কাৰণে তোমালোকৰ মাজৰ কিছুমান লোকক যুদ্ধলৈ সুসজ্জিত কৰা। 4 তোমালোকে ইস্ৰায়েলৰ প্রত্যেকখন জনগোষ্ঠীৰ পৰা এক এক হাজাৰ লোকক যুদ্ধলৈ পঠাবা।” 5 তেতিয়া ইস্ৰায়েলৰ প্রত্যেক গোষ্ঠী অনুসাৰে এক এক হাজাৰ লোকক যুদ্ধৰ বাবে যুগুত কৰা হ’ল। এইদৰে যুদ্ধলৈ সুসজ্জিত হোৱা বাৰ হাজাৰ জন লোকক উলিওৱা হ’ল।

6 তাৰ পাছত মোচিয়ে, প্ৰত্যেকখন জনগোষ্ঠীৰ পৰা এক এক হাজাৰ লোকৰ সৈতে পুৰোহিত ইলিয়াজৰৰ পুত্ৰ পীনহচক যুদ্ধলৈ পঠিয়ালে; পবিত্ৰস্থানৰ বস্তু, ৰণ বাদ্যৰ অৰ্থে কালি সেই পীনহচৰ হাতত আছিল। 7 মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে মিদিয়নৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকৰ সকলো পুৰুষকে বধ কৰিলে। 8 আৰু তেওঁলোকে আন আন হত লোকৰ লগত মিদিয়নৰ ৰজাসকলক, অৰ্থাৎ ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবা, এই মিদিয়নীয়া পাঁচজন ৰজাক বধ কৰিলে; আৰু বিয়োৰৰ পুত্র বিলিয়মকো তেওঁলোকে তৰোৱালেৰে বধ কৰিলে।

9 ইস্ৰায়েলৰ সৈন্যসকলে মিদিয়নৰ সকলো মহিলা, তেওঁলোকৰ ল’ৰা-ছোৱালী বন্দী কৰি লৈ গ’ল, আৰু তেওঁলোকৰ গৰু, ভেড়াৰ জাক আদি সকলো সম্পত্তি লুটি লৈ গ’ল। 10 তেওঁলোকে যি যি ঠাইত বাস কৰিছিল, তেওঁলোকৰ সেই সকলো নগৰ আৰু তেওঁলোকৰ আটাই ছাউনিবোৰ জ্ৱলাই দিলে।

11 তেওঁলোকে লুট-দ্রব্য আৰু বনদীবোৰক আৰু তাৰে সৈতে সকলো পশুৰ জাকবোৰ লগত ল’লে। 12 তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পাৰৰ মোৱাবৰ সমথলত থকা ছাউনিলৈ, মোচি, পুৰোহিত ইলিয়াজৰ আৰু ইস্ৰায়েলৰ সন্তানসকলৰ গোটেই মণ্ডলীৰ গুৰিলৈ, সেই বন্দী কৰি নিয়া লোকবোৰ, যুদ্ধত ধৰা পশুবোৰ, আৰু লুটি লোৱা সম্পত্তিবোৰ আনিলে।

13 তেতিয়া মোচি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ আটাই অধ্যক্ষসকলে তেওঁলোকক সাক্ষাৎ কৰিবলৈ ছাউনিৰ বাহিৰলৈ ওলাই গ’ল। 14 তেতিয়া যুদ্ধৰ পৰা উভটি অহা সহস্ৰপতি আৰু শতপতি, এই সেনাপতিসকলৰ ওপৰত মোচিৰ খং উঠিল। 15 মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে মহিলাসকলক জীয়াই ৰাখিছা নেকি?

16 চোৱা, বিলিয়মৰ পৰামৰ্শত তেওঁলোকে পিয়োৰ দেৱতাৰ কথাত ইস্ৰায়েলৰ সন্তানসকলক যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰাইছিল; সেই কাৰণেই যিহোৱাৰ মণ্ডলীত মহামাৰী হৈ আছিল। 17 এতিয়া এই হেতুকে, তোমালোকে শিশুবোৰৰ মাজৰ আটাই ল’ৰাবোৰক বধ কৰা, আৰু পুৰুষৰে সৈতে শয়ন কৰা সকলো মহিলাক বধ কৰা।

18 কিন্তু ছোৱালীসকলৰ মাজৰ যিবোৰে পুৰুষৰে সৈতে কেতিয়াও শয়ন কৰা নাই, তেওঁলোকক তোমালোকে নিজৰ কাৰণে ৰাখা। 19 তোমালোকে সাত দিনলৈকে ছাউনিৰ বাহিৰত ছাউনি পাতি থাকা; তোমালোকৰ যিমান লোকে বধ কৰিছা বা হত হোৱা লোকককো চুইছা, তোমালোকৰ সেই সকলোৱে আৰু বন্দী কৰি অনা লোকসকলক তৃতীয় আৰু সপ্তম দিনা শুচি কৰা। 20 আৰু সকলো কাপোৰ, ছালেৰে সজা বা ভেড়াৰ নোমেৰে যুগুত কৰা বা কাঠেৰে সজা আটাই বস্তুৰ বিষয়ে তোমালোকে নিজৰ কাৰণে শুচি কৰা।”

21 পাছত পুৰোহিত ইলিয়াজৰে ৰণলৈ যোৱা লোকসকলক ক’লে, “যিহোৱাই মোচিক দিয়া ব্যৱস্থাৰ এয়াও এক বিধি বোলে: 22 কেৱল সোণ, ৰূপ, পিতল, লোহা, বগীতাম, 23 আৰু সীহ আদি যিবোৰ বস্তু জুইত নুপুৰে, সেই সকলোকে জুইৰ মাজেদি নিবা, তেতিয়া সেয়া শুচি হ’ব। তাৰ পাছত তোমালোকে তাক অশুচিতা-নাশক জলৰ দ্বাৰাই শুচি কৰিব লাগিব; কিন্তু যি যি বস্তু জুইত পুৰে, তাক প্রথমে তোমালোকে সেই পানীৰে শুচি কৰিবা। 24 আৰু সপ্তম দিনা তোমালোকে নিজ নিজ কাপোৰ ধোবা, তেতিয়া তোমালোক শুচি হ’বা; তাৰ পাছত তোমালোকে ছাউনিত সোমাব পাৰিবা।”

25 যিহোৱাই পুনৰায় মোচিক ক’লে, 26 “তুমি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ পিতৃ-বংশৰ অধ্যক্ষসকলে, মানুহ বা পশু যুদ্ধত ধৰা সেই আটাই লুট-দ্রব্যৰ লেখ লোৱা; 27 আৰু সেইবোৰ দুভাগ কৰি, এভাগ ৰণলৈ যোৱা লোকসকল আৰু এভাগ গোটেই মণ্ডলীৰ মাজত ভাগ কৰি দিয়া;

28 আৰু যুদ্ধলৈ যোৱা লোকসকলৰ পৰা মানুহ, গৰু, গাধ, আৰু ভেড়া বা ছাগলীৰ পাঁচ শ পাঁচ শ প্ৰাণীৰ মাজৰ এটা এটা প্ৰাণী যিহোৱাৰ কাৰণে কৰস্ৱৰুপে লোৱা; 29 তেওঁলোকৰ আধা ভাগৰ পৰা তাক লৈ, যিহোৱাৰ উত্তোলনীয় উপহাৰস্বৰুপে পুৰোহিত ইলিয়াজৰক দিয়া।

30 আৰু ইস্ৰায়েলৰ সন্তানসকলৰ আধা ভাগৰ পৰা মানুহ, গৰু, গাধ আৰু ভেড়াৰ জাক আদি আটাই প্ৰাণীৰেই পঞ্চাশটা পঞ্চাশটাৰ মাজৰ পৰা এটা লৈ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়াসকলক দিয়া।” 31 তেতিয়া মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে মোচি আৰু পুৰোহিত ইলিয়াজৰে সেই কাৰ্য্য কৰিলে।

32 ৰণুৱাসকলে লুটি অনা সম্পত্তিৰ বাহিৰে ধৰি অনা প্ৰাণীৰ সংখ্যা এইদৰে: ছয় লাখ পঁয়সত্তৰ হাজাৰ ভেড়া 33 বাসত্তৰ হাজাৰ ষাড়-গৰু, 34 এষষ্ঠী হাজাৰ গাধ, 35 আৰু কেতিয়াও পুৰুষে সৈতে শয়ন নকৰা ছোৱালীৰ সংখ্যা সৰ্ব্বমুঠ বত্ৰিশ হাজাৰ আছিল।

36 যুদ্ধলৈ যোৱা সৈন্যসকলৰ আধা ভাগ প্ৰাণীৰ সংখ্যা তিনি লাখ সাতত্ৰিশ হাজাৰ পাঁচ শ ভেড়া; 37 সেই ভেড়াবোৰৰ পৰা লোৱা যিহোৱাৰ কৰ ছশ পঁয়সত্তৰটা। 38 ষাড়-গৰু ছয়ত্ৰিশ হাজাৰ; সেইবোৰৰ মাজৰ পৰা লোৱা যিহোৱাৰ কৰ বাসত্তৰটা।

39 গাধবোৰৰ সংখ্যা ত্ৰিশ হাজাৰ পাঁচশ আছিল আৰু সেইবোৰৰ মাজৰ পৰা লোৱা যিহোৱাৰ কৰ এষষ্ঠীটা। 40 মানুহৰ সংখ্যা ষোল্ল হাজাৰ গৰাকী মহিলা আৰু তেওঁলোকৰ পৰা লোৱা যিহোৱাৰ কৰ বত্ৰিশটা। 41 তাৰ পাছত মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে , সেই কৰ তেওঁ যিহোৱাৰ উত্তোলনীয় উপহাৰ স্বৰূপে পুৰোহিত ইলিয়াজৰক দিলে।

42 আৰু যুদ্ধলৈ যোৱা লোকসকলৰ ভাগৰ পৰা যি আধা ভাগ মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলৰ কাৰণে ৰাখিলে- 43 মণ্ডলীৰ সেই আধা ভাগৰ সংখ্যা তিনি লাখ সাতত্ৰিশ হাজাৰ পাঁচশ ভেড়া, 44 ছয়ত্ৰিশ হাজাৰ ষাড়-গৰু, 45 ত্ৰিশ হাজাৰ পাঁচশটা গাধ 46 আৰু কেতিয়াও পুৰুষৰ সৈতে শয়ন নকৰা ষোল্ল হাজাৰ মহিলা আছিল।

47 ইস্ৰায়েলৰ সন্তানসকলৰ পৰা সেই আধা ভাগৰ পৰা মানুহ আৰু পশুৰ পঞ্চাশটা পঞ্চাশটাৰ মাজৰ এটা এটা লৈ মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়াসকলক দিলে।

48 তাৰ পাছত সহস্ৰপতি আৰু শতপতি, সৈন্যসমূহৰ হাজাৰ হাজাৰৰ ওপৰত সেই সেনাপতিসকল মোচিৰ ওচৰলৈ আহিল। 49 তেওঁলোকে তেওঁক কলে, “আপোনাৰ এই দাসসকলে নিজৰ নিজৰ অধীনে থকা সৈন্যবোৰৰ লেখ ল’লে আৰু আমাৰ মাজৰ এজনো হেৰোৱা নাই।

50 এই হেতুকে আমি প্ৰতিজনে যি সোণৰ অলঙ্কাৰ, অৰ্থাৎ নেপুৰ, খাৰু, আঙঠি, কুণ্ডল, হাৰ, এইবোৰ যি পাইছোঁ, তাক আমি যিহোৱাৰ আগলৈ, নিজৰ নিজৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ উপহাৰ স্বৰুপে আনিলোঁ।” 51 তেতিয়া মোচি আৰু পুৰোহিত ইলিয়াজৰে তেওঁলোকৰ পৰা সেই সোণ, অৰ্থাৎ শিল্পকাৰে বনোৱা সেই সকলো অলঙ্কাৰবোৰ ল’লে।

52 সহস্ৰপতি আৰু শতপতিসকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা উত্তোলনীয় উপহাৰৰ সেই সোণ ষোল্ল হাজাৰ সাতশ পঞ্চাশ চেকল আছিল; 53 কিয়নো সৈন্যসকলৰ প্ৰতিজনে নিজৰ কাৰণে লুটদ্ৰব্য আনিছিল। 54 পাছত মোচি আৰু পুৰোহিত ইলিয়াজৰে সহস্ৰপতি আৰু শতপতি, এই সেনাপতিসকলৰ পৰা সেই সোণ লৈ, যিহোৱাৰ আগত ইস্ৰায়েলৰ সন্তানসকলৰ স্মৰণাৰ্থক চিন হ’বলৈ, তাক সাক্ষাৎ কৰা তম্বুত ৰাখিলে।

Chapter 32

যৰ্দ্দনৰ সিপাৰৰ দেশ ভাগ বাঁটি দিয়া।

1 ৰূবেণৰ সন্তানসকলৰ আৰু গাদৰ সন্তানসকলৰ অতিশয় অধিক পশুৰ জাক আছিল; এই কাৰণে তেওঁলোকে যেতিয়া যাজেৰ আৰু গিলিয়দ দেশখন দেখিলে, তেওঁলোকে তেওঁলোকৰ পশুবোৰৰ কাৰণে সেই ঠাই ভাল দেখিলে। 2 সেই কাৰণে গাদৰ আৰু ৰূবেণৰ সন্তানসকলে আহি মোচিক, পুৰোহিত ইলিয়াজৰক আৰু মণ্ডলীৰ অধ্যক্ষসকলক ক’লে, 3 অটাৰোৎ, দীবোন, যাজেৰ, নিম্ৰা, হিচবোন, ইলিয়ালি, চিবাম, নবো আৰু বিয়োন,

4 এই যি যি দেশ যিহোৱাই ইস্ৰায়েলৰ মণ্ডলীৰ আগত পৰাজয় কৰিলে, এয়ে পশুবোৰৰ বাবে যোগ্য ঠাই; আৰু আমি, আপোনাৰ যি দাসকল, আমাৰ অধিক পশুৰ জাক আছে।” 5 তেওঁলোকে আকৌ ক’লে, “আমি যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেতিয়াহলে উত্তৰাধীকাৰৰ অৰ্থে আপোনাৰ এই দাসসকলক এই দেশ দান কৰক। আমাক যৰ্দ্দন পাৰ কৰি নিনিব।”

6 তেতিয়া মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তানসকলক ক’লে, “তোমালোকৰ ভাইসকলে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত তোমালোকে এই ঠাইত বাস কৰিবা নে? 7 যিহোৱাই ইস্ৰায়েলৰ সন্তানসকলক দিয়া দেশলৈ তেওঁলোকে পাৰ হৈ নাযাবলৈ তেওঁলোকৰ মন কেলেই নিৰুৎসাহ কৰিছা?

8 যি কালত মই তোমালোকৰ পিতৃসকলক দেশ চাবৰ কাৰণে কাদেচ-বৰ্ণেয়াৰ পৰা পঠিয়াইছিলোঁ সেই কালত তেওঁলোকেও সেইদৰে কৰিছিল। 9 কিয়নো তেওঁলোকে ইষ্কোল উপত্যকালৈকে গৈ দেশ চাই, যিহোৱাই দিয়া সেই দেশত নোসোমাবলৈ ইস্ৰায়েলৰ সন্তানসকলৰ মন নিৰোৎসাহ কৰিছিল।

10 এই কাৰণে সেই দিনা যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ শপত কৰি, এই কথা কৈছিল, 11 ‘মই অব্ৰাহাম, ইচহাক আৰু যাকোবক যি দেশ দিম বুলি শপত কৰিছিলোঁ, মিচৰৰ পৰা অহা লোকসকলৰ মাজত বিশ বছৰ আৰু তাতোতকৈ অধিক বয়সীয়া কোনো এজন লোকেও সেই দেশ দেখিবলৈ নাপাব, কিয়নো তেওঁবিলাকে মোৰ পথত সম্পূৰ্ণৰূপে নচলিলে; 12 কেৱল কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেৱ আৰু নুনৰ পুত্ৰ যিহোচূৱাই সেই দেশ দেখিব, কাৰণ তেওঁলোকে যিহোৱাৰ পথত সম্পূৰ্ণৰূপে চলিলে’।

13 এইদৰে ইস্ৰায়েললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠাত, যিহোৱাৰ দৃষ্টিত কু কৰ্ম্ম কৰা আটাই বংশৰ শেষ নোহোৱালৈকে, তেওঁ চল্লিশ বছৰ ধৰি তেওঁলোকক অৰণ্যত ভ্ৰমণ কৰালে। 14 এতিয়া চোৱা, ইস্ৰায়েলৰ বিৰূদ্ধে যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ আৰু বঢ়াবলৈ, পাপী লোকসকলৰ নিচিনা তোমালোকে তোমালোকৰ পিতৃসকলৰ ঠাইত উঠিছা। 15 কিয়নো, তোমালোকে যদি এইদৰে তেওঁৰ পাছৰ পৰা বিমুখ হোৱা, তেনেহলে তেওঁ পুনৰায় ইস্ৰায়েলক অৰণ্যত ত্যাগ কৰিব; তেতিয়া তোমালোকে এই সকলো লোকক বিনষ্ট কৰাবা।”

16 তেতিয়া তেওঁলোকে মোচিৰ ওচৰলৈ আহি ক’লে, আমি এই ঠাইত নিজ পশুবোৰৰ কাৰণে গঁঢ়াল সাজিম, আৰু আমাৰ পৰিয়ালবোৰৰ কাৰণে নগৰবোৰ নিৰ্ম্মান কৰিম; 17 আৰু আমি ইস্ৰায়েলৰ সন্তানসকলক নিজ ঠাইলৈ নিনিয়া মানে আমি নিজে ৰণলৈ সাজো হৈ, তেওঁলোকৰ আগে আগে যাম; কেৱল আমাৰ পৰিয়ালবোৰ দেশ নিবাসীসকলৰ ভয়ত গঢ়েৰে আবৃত নগৰবোৰত বাস কৰিব।

18 ইস্ৰায়েলৰ সন্তানসকলৰ প্ৰতিজনে নিজ নিজ উত্তৰাধীকাৰৰ ভাগ নোপোৱালৈ আমি নিজ নিজ ঘৰলৈ উভটি নাহিম। 19 আমি যৰ্দ্দনৰ সিপাৰে থকা সেই দেশৰ উত্তৰাধীকাৰৰ ভাগ তেওঁলোকৰ সৈতে নলওঁ, কিয়নো পূৱ দিশে যৰ্দ্দনৰ এইপাৰে আমি উত্তৰাধীকাৰৰ ভাগ পালোঁ।”

20 তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে কোৱা এই কাৰ্য্য যদি কৰা, তোমালোকে যদি সুসজ্জিত হৈ যিহোৱাৰ সাক্ষাতে যুদ্ধলৈ যাব নিজকে সাজু কৰা, 21 তেতিয়া তোমালোকৰ প্রতিজন যুদ্ধলৈ সাজু হোৱা লোকে যিহোৱাৰ সাক্ষাতে যৰ্দ্দন পাৰ হৈ যাব লাগিব যেতিয়ালৈ তেওঁ নিজ শত্ৰুবোৰক নিজৰ আগৰ পৰা দূৰ নকৰে 22 আৰু তেওঁৰ আগত যেতিয়ালৈ দেশ বশীভূত নহয়। তাৰ পাছত তোমালোক উভটি আহিব পাৰিবা। যিহোৱাৰ দৃষ্টিত আৰু ইস্ৰায়েলৰ দৃষ্টিত তোমালোক নিৰ্দ্দোষী হ’বা, আৰু যিহোৱাৰ সাক্ষাতে এই দেশ তোমালোকৰ উত্তৰাধীকাৰ হ’ব।

23 কিন্তু যদি তোমালোকে সেই দৰে নকৰা, তেন্তে চোৱা, তোমালোকে যিহোৱাৰ অহিতে পাপ কৰিবা, আৰু তোমালোকৰ পাপে যে তোমালোকক বিচাৰি ওলিয়াব, সেই বিষয়ে নিশ্চয় জানিবা। 24 তোমালোকে নিজ নিজ পৰিয়ালৰ কাৰণে নগৰ, আৰু ভেড়া আৰু ছাগলীৰ জাকৰ কাৰণে গঢ়াল সাজা; আৰু তোমালোকৰ মুখৰ পৰা ওলোৱা বাক্যৰ দৰেই সেই কাৰ্য্য কৰা।” 25 তেতিয়া গাদৰ আৰু ৰূবেণৰ সন্তানসকলে মোচিক ক’লে, “আমাৰ প্ৰভুৱে যি আজ্ঞা কৰিলে, আপোনাৰ এই দাসসকলে সেইদৰেই কৰিব। 26 আমাৰ ল’ৰা-ছোৱালী, আমাৰ পত্নীসকল আৰু ভেড়া, ছাগলী গৰু আদিৰ আটাই পশুৰ জাকবোৰ এই ঠাইৰ গিলিয়দৰ নগৰবোৰত থাকিব। 27 কিন্তু আমাৰ প্ৰভুৰ কথাৰ দৰে, আপোনাৰ এই দাসসকলৰ সকলোৱে সাজু হৈ যুদ্ধ কৰিবৰ কাৰণে যিহোৱাৰ সাক্ষাতে পাৰ হৈ যাব।”

28 তেতিয়া মোচিয়ে তেওঁলোকৰ বিষয়ে পুৰোহিত ইলিয়াজৰক, নূনৰ পুত্ৰ যিহোচূৱাক আৰু ইস্ৰায়েলৰ সন্তানসকলৰ সকলো পিতৃ-বংশৰ অধ্যক্ষসকলক উপদেশ দিলে। 29 মোচিয়ে তেওঁলোকক ক’লে, “গাদৰ আৰু ৰূবেণৰ সন্তানসকলৰ প্ৰতিজনে যুদ্ধলৈ সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে তোমালোকৰ লগত যদি যৰ্দ্দন পাৰ হৈ যায়, তেন্তে দেশ তোমালোকৰ আগত বশীভূত হ’লে, তোমালোকে অধিকাৰ কৰিবৰ অৰ্থে তেওঁলোকক এই গিলিয়দ দেশ দিবা। 30 কিন্তু যদি তেওঁলোক সুসজ্জিত হৈ, তোমালোকৰ লগত পাৰ নহয়, তেন্তে তেওঁলোকে তোমালোকৰ মাজত কনান দেশত উত্তৰাধীকাৰ পাব।”

31 তেতিয়া গাদৰ আৰু ৰূবেণৰ সন্তানসকলে উত্তৰ দিলে, “যিহোৱাই আপোনাৰ এই দাসসকলক যি আজ্ঞা কৰিছে, আমি সেইদৰেই কৰিম। 32 আমি সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে পাৰ হৈ কনান দেশত সোমাম, কিন্তু আমাৰ উত্তৰাধীকাৰ যৰ্দ্দনৰ ইপাৰত আমাৰ স্বত্ব থাকিব।”

33 পাছত মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তানসকলক, আৰু যোচেফৰ পুত্ৰ মনচিৰ আধা জনগোষ্ঠীক ইমোৰীয়াসকলৰ ৰজা চীহোনৰ ৰাজ্য আৰু বাচানৰ ৰজা ওগৰ ৰাজ্য দিলে। আৰু নিজ নিজ অঞ্চলে সৈতে নগৰ থকা দেশবোৰ, এইদৰে চাৰিওফালে থকা দেশৰ আটাই নগৰবোৰ দিলে।

34 গাদৰ সন্তানসকলে দীবোন, অটাৰোৎ, অৰোয়েৰ, 35 অটাৰোৎ-চোফন, যাজেৰ, যগ্বেহা, 36 বৈৎ-নিম্ৰা আৰু বৈৎ-হাৰণ, গড়েৰে আবৃত এই নগৰবোৰ পুনৰায় নিৰ্ম্মান কৰিলে আৰু ভেড়াবোৰ জাকৰ কাৰণে গঢ়ালবোৰ সাজিলে।

37 আৰু ৰূবেণৰ সন্তানসকলে হিচবোন, ইলিয়ালি, কিৰিয়াথয়িম, 38 নবো, আৰু বাল-মিয়োন, (পাছলৈ এই নামবোৰ সলনি কৰা হ’ল) আৰু চিবমাও পুনৰায় নিৰ্ম্মান কৰিলে; তেওঁলোকে পুনৰায় নিৰ্ম্মান কৰা নগৰৰ নাম নতুনকৈ দিলে। 39 আৰু মনচিৰ পুত্ৰ মাখীৰৰ সন্তানসকলে গিলিয়দলৈ গৈ, তাক হাত কৰি ল’লে, আৰু তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে।

40 পাছত মোচিয়ে মনচিৰ পুত্ৰ মাখীৰক গিলিয়দ দেশ দিলে; তেওঁৰ লোকসকলে তাৰ মাজত বাস কৰিলে। 41 আৰু মনচিৰ সন্তান যায়ীৰে গৈ, তেওঁলোকৰ সৰু গাঁওবোৰ হাত কৰি ল’লে, আৰু সেইবোৰৰ নাম হব্বোৎ-যায়ীৰ [অৰ্থাৎ যায়ীৰৰ গাওঁ] ৰাখিলে। 42 আৰু নোবহে গৈ, কনাৎ নগৰ আৰু তাৰ গাওঁবোৰ হাত কৰি ল’লে, আৰু নিজৰ নামৰ দৰেই তাৰো নাম নোবহ ৰাখিলে।

Chapter 33

ইস্ৰায়েলৰ সন্তানবিলাকে বাটে বাটে থাকি ৰাওনা হোৱা ঠাইবোৰৰ তালিকা।

1 ইস্ৰায়েলৰ সন্তানসকলে মোচি আৰু হাৰোণৰ অধীনত নিজ সৈন্যদল অনুসাৰে মিচৰ দেশৰ পৰা ওলাই আহোঁতে, তেওঁলোকে যি যি যাত্ৰা কৰিছিল, সেই সকলো যাত্ৰাৰ বিৱৰণ এই। 2 মোচিয়ে যিহোৱাৰ আজ্ঞামতেই তেওঁলোকৰ সকলো যাত্ৰা অনুসাৰে তেওঁলোকে থাকি ৰাওনা হোৱা ঠাইৰ তালিকা লিখিলে। তেওঁলোকে থাকি ৰাওনা হোৱা ঠাই অনুসাৰে তেওঁলোকৰ এই এই যাত্ৰা।

3 প্ৰথম মাহত, প্ৰথম মাহৰ পঞ্চদশ দিনা ইস্ৰায়েলৰ সন্তানসকলে ৰামিচেচৰ পৰা যাত্ৰা কৰি নিস্তাৰ-পৰ্ব্বৰ পাছদিনা আটাই মিচৰীয়া লোকৰ সাক্ষাতে যিহোৱাৰ পৰাক্ৰমী বাহুৰে ওলাই গ’ল। 4 তেতিয়া মিচৰীয়াসকলে, যিহোৱাই তেওঁলোকৰ মাজত বধ কৰা তেওঁলোকৰ প্ৰথমে ওপজাবোৰৰ মৰা শৱ পুতি আছিল, আৰু যিহোৱাই তেওঁলোকৰ দেৱতাবোৰকো দণ্ড দিছিল।

5 ৰামিচেচৰ পৰা যাত্ৰা কৰি, ইস্ৰায়েলৰ সন্তানসকলে চুক্কোতত ছাউনি পাতিলে। 6 আৰু চুক্কোতৰ পৰা যাত্ৰা কৰি, মৰুভূমিৰ দাঁতিত থকা এথমত ছাউনি পাতিলে। 7 আৰু এথমৰ পৰা যাত্ৰা কৰি, বাল-চফোনৰ আগত থকা পীহহীৰোতলৈ ঘূৰি আহি মিগ্দোলৰ সন্মুখত ছাউনি পাতিলে।

8 তেতিয়া হহীৰোতৰ সন্মুখৰ পৰা যাত্ৰা কৰি, সমুদ্ৰৰ মাজেদি গৈ মৰুভূমিত সোমাল আৰু এথন অৰণ্যত তিন দিনৰ বাট যাত্ৰা কৰি, মাৰাত ছাউনি পাতিলে। 9 আৰু মাৰাৰ পৰা যাত্ৰা কৰি, এলীম পালে; এলীমত বাৰটা জলৰ ভূমূক আৰু ষাঠী জোপা খাজুৰ গছ আছিল; তেওঁলোকে সেই ঠাইত ছাউনি পাতিলে। 10 পাছত এলীমৰ পৰা যাত্ৰা কৰি, চুফ সাগৰৰ ওচৰত ছাউনি পাতিলে।

11 আৰু চুফ সাগৰৰ পৰা যাত্ৰা কৰি, ছিন অৰণ্যত ছাউনি পাতিলে। 12 পাছত ছিন মৰুভূমিৰ পৰা যাত্ৰা কৰি দফকাত ছাউনি পাতিলে। 13 আৰু দফকাৰ পৰা যাত্ৰা কৰি, আলূচত ছাউনি পাতিলে। 14 আৰু আলূচৰ পৰা যাত্ৰা কৰি, ৰফীদীমত ছাউনি পাতিলে; সেই ঠাইত লোকসকলৰ খাবলৈ পানী নাছিল।

15 পাছত তেওঁলোকে ৰফীদীমৰ পৰা যাত্ৰা কৰি, চীনয় মৰুভূমিত ছাউনি পাতিলে। 16 আৰু চীনয় মৰুভূমিৰ পৰা যাত্ৰা কৰি, কিব্ৰোৎহত্তাবাত ছাউনি পাতিলে। 17 আৰু কিব্ৰোৎহত্তাবাৰ পৰা যাত্ৰা কৰি, হচেৰোতত ছাউনি পাতিলে। 18 আৰু হচেৰোতৰ পৰা যাত্ৰা কৰি, ৰিৎমাত ছাউনি পাতিলে।

19 আৰু ৰিৎমাৰ পৰা যাত্ৰা কৰি, ৰিম্মোন-পেৰচত ছাউনি পাতিলে। 20 আৰু ৰিম্মোন-পেৰেচৰ পৰা যাত্ৰা কৰি, লিবনাত ছাউনি পাতিলে। 21 আৰু লিবনাৰ পৰা যাত্ৰা কৰি, ৰিচ্ছাত ছাউনি পাতিলে। 22 আৰু ৰিচ্ছাৰ পৰা যাত্ৰা কৰি, কহেলাথাত ছাউনি পাতিলে।

23 আৰু কহেলাথাৰ পৰা যাত্ৰা কৰি, চেফৰ পৰ্ব্বতত ছাউনি পাতিলে। 24 পাছত তেওঁলোকে চেফৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, হৰাদাত ছাউনি পাতিলে। 25 আৰু হৰাদাৰ পৰা যাত্ৰা কৰি, মখেলোতত ছাউনি পাতিলে। 26 আৰু মখেলোতৰ পৰা যাত্ৰা কৰি, তহতত ছাউনি পাতিলে।

27 আৰু তহতৰ পৰা যাত্ৰা কৰি, তেৰহত ছাউনি পাতিলে। 28 আৰু তেৰহৰ পৰা যাত্ৰা কৰি, মিৎকাত ছাউনি পাতিলে। 29 আৰু মিৎকাৰ পৰা যাত্ৰা কৰি, হতমোনাত ছাউনি পাতিলে। 30 আৰু হচমোনাৰ পৰা যাত্ৰা কৰি, মোচেৰোতত ছাউনি পাতিলে।

31 আৰু মোচেৰোতৰ পৰা যাত্ৰা কৰি, বনেই-যাকনত ছাউনি পাতিলে। 32 আৰু বনেই-যাকনৰ পৰা যাত্ৰা কৰি, হোৰহগ্গিদগদত ছাউনি পাতিলে। 33 আৰু হোৰহগ্গিদগদৰ পৰা যাত্ৰা কৰি, যটবাথাত ছাউনি পাতিলে। 34 আৰু যটবাথাৰ পৰা যাত্ৰা কৰি, অব্ৰোণাত ছাউনি পাতিলে।

35 আৰু অব্ৰোণাৰ পৰা যাত্ৰা কৰি, ইচিয়োন-গেবৰত ছাউনি পাতিলে। 36 আৰু ইচিয়োন-গেবৰৰ পৰা যাত্ৰা কৰি, ছিন মৰুভূমিত থকা কাদেচত ছাউনি পাতিলে। 37 আৰু কাদেচৰ পৰা যাত্ৰা কৰি, ইদোম দেশৰ কাষত থকা হোৰ পৰ্ব্বতত ছাউনি পাতিলে।

38 এই সময়ত হাৰোণ পুৰোহিত যিহোৱাৰ আজ্ঞা অনুসাৰে হোৰ পৰ্ব্বতত উঠি, মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তানসকল ওলাই অহাৰ চল্লিশ বছৰৰ পঞ্চম মাহৰ প্ৰথম দিনা সেই ঠাইতে মৰিল। 39 হোৰ পৰ্ব্বতত হাৰোণ মৰা সময়ত, তেওঁৰ এশ তেইশ বছৰ বয়স হৈছিল।

40 আৰু কনানৰ দক্ষিণ মৰুভূমিত থকা অৰাদৰ কনানীয়া ৰজাই ইস্ৰায়েলৰ সন্তানসকল অহা সম্বাদ পালে।

41 পাছত তেওঁলোকে হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰি, চল্মোনাত ছাউনি পাতিলে। 42 আৰু চল্মোনাৰ পৰা যাত্ৰা কৰি, পুনোনত ছাউনি পাতিলে। 43 আৰু পুনোনৰ পৰা যাত্ৰা কৰি, ওবোতত ছাউনি পাতিলে।

44 আৰু ওবোতৰ পৰা যাত্ৰা কৰি, মোৱাবৰ সীমাৰ ওচৰত থকা ইয়ে-অবাৰীমত ছাউনি পাতিলে। 45 আৰু ইয়ীমৰ পৰা যাত্ৰা কৰি, দীবোন-গাদত ছাউনি পাতিলে। 46 আৰু দীবোন-গাদৰ পৰা যাত্ৰা কৰি, অল্মোনদিব্লাথয়িমত ছাউনি পাতিলে।

47 আৰু অল্মোনদিব্লাথয়িমৰ পৰা যাত্ৰা কৰি, নবোৰ সন্মুখত থকা অবাৰীম পৰ্ব্বতৰ মাজত ছাউনি পাতিলে। 48 আৰু অবাৰীম পৰ্ব্বতবোৰৰ পৰা যাত্ৰা কৰি, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত ছাউনি পাতিলে। 49 আৰু তেওঁলোকে যৰ্দ্দনৰ ওচৰত বৈৎ-যিচীমোতৰ পৰা আবেল-চিটীমলৈকে মোৱাবৰ সমথলত ছাউনি পাতিলে।

50 তেতিয়া যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাৰব সমথলত যিহোৱাই মোচিক ক’লে, 51 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘তোমালোকে যেতিয়া যৰ্দ্দন পাৰহৈ কনান দেশত সোমাবা, 52 তেতিয়া তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা। আৰু তেওঁলোকৰ সকলো নক্সা কটা শিলবোৰ আৰু আটাই সাচত ঢলা প্ৰতিমাবোৰ নষ্ট কৰিবা আৰু তেওঁলোকৰ আটাই ওখ ঠাইবোৰ উচ্ছন্ন কৰিবা।

53 আৰু তোমালোকে সেই দেশ অধিকাৰ কৰি, তাৰ মাজত বাস কৰিবা; কিয়নো মই আধিপত্যৰ অৰ্থে সেই দেশ তোমালোকক দিলোঁ। 54 আৰু তোমালোকে চিঠি-খেলেৰে নিজ নিজ গোষ্ঠী অনুসাৰে দেশ অধিকাৰ কৰি ল’বা; অধিকক অধিক আধিপত্য আৰু তাকৰক কম আধিপত্য দিবা; আৰু যাৰ ভাগ যি ঠাইত পৰে, তাৰ ভাগ সেই ঠাইতে হ’ব; তোমালোকে নিজ নিজ পিতৃ-ফৈদ অনুসাৰে তাক অধিকাৰ কৰি ল’বা।

55 কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসীসকলক দূৰ নকৰা, তেন্তে তোমালোকে যিসকলক অৱশিষ্ট ৰাখিবা, তেওঁলোকেই তোমালোকৰ চকুত কাঁইট আৰু তোমালোকৰ গাৰ কাষত হুলস্বৰূপ হ’ব আৰু তোমালোকে নিবাস কৰা সেই দেশত তেওঁলোকে তোমালোকক ক্লেশ দিব। 56 আৰু মই তেওঁলোকলৈ যি কৰিবৰ মন কৰিছোঁ, তাক তোমালোকলৈ কৰিম।

Chapter 34

কনান দেশৰ সীমা আৰু দেশ ভাগ কৰি দিয়া লোকৰ তালিকা।

1 পাছত যিহোৱাই মোচিক ক’লে, 2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক এই আজ্ঞা দিয়া, তেওঁলোকক এই কথা কোৱা, ‘যেতিয়া তোমালোক কনান দেশত সোমাবা,(তোমালোকে অধিকাৰৰ অৰ্থে পাব লগা দেশ এই, চাৰিসীমা অনুসাৰে এয়ে কনান দেশ), 3 তেতিয়া ইদোমৰ কাষত থকা ছিন মৰুভূমিৰ পৰা তোমালোকৰ দক্ষিণ অঞ্চল হ’ব; তোমালোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰৰ অন্তৰ পৰা পূৱফালে হ’ব।

4 আৰু তোমালোকৰ সীমা পৰ্ব্বত পাৰ হৈ যোৱা অক্ৰব্বীম নামেৰে ঠাইৰ দক্ষিণে ঘূৰি ছিনলৈকে যাব আৰু কাদেচ-বৰ্ণেয়াৰ দক্ষিণফালে ওলাব আৰু হচৰ-অদ্দৰ ওলাই অশ্মোনলৈকে যাব। 5 পাছত এই সীমা অশ্মোনৰ পৰা মিচৰ জুৰিলৈ ঘূৰি আহিব আৰু সমুদ্ৰতত এই সীমা শেষ হ’ব।

6 আৰু তোমালোকৰ পশ্চিম সীমা হ’লে, মহাসাগৰ আৰু তাৰ অঞ্চল; এয়ে তোমালোকৰ পশ্চিম সীমা হ’ব।

7 আৰু তোমালোকৰ উত্তৰ সীমা এই; তোমালোকে মহাসাগৰ পৰা হোৰ পৰ্ব্বত লক্ষ্য কৰিবা। 8 পাছত হোৰ পৰ্ব্বতৰ পৰা হমাতৰ প্ৰৱেশস্থানলৈকে ঠিক কৰিবা আৰু তাৰ পৰা সেই সীমা ওলাই চাদদ পাব। 9 আৰু সেই সীমা বাহিৰ হৈ জিফ্ৰোণলৈ যাব আৰু হচৰ-ঐননত তাৰ শেষ হ’ব। এয়ে তোমালোকৰ উত্তৰ সীমা হ’ব।

10 আৰু তোমালোকে হচৰ-ঐননৰ পৰা চফামলৈকে তোমালোকৰ পূৱ সীমা ঠিক কৰিবা। 11 পাছে সেই সীমা চফামৰ পৰা ঐনৰ পূৱফাল হৈ ৰিব্লালৈ নামি যাব; সেয়ে আৰু নামি কিন্নেৰৎ সাগৰৰ পূৱ চুকত লাগিব। 12 পাছত সেই সীমা যৰ্দ্দনলৈ নামি লৱণ-সমুদ্ৰত তাৰ শেষ হ’ব। সেই চাৰিফালৰ সীমা অনুসাৰেই তোমালোকৰ দেশ হ’ব’।”

13 পুনৰায় মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক এই আজ্ঞা কৰিলে, “যি দেশ তোমালোকে চিঠি-খেলেৰে অধিকাৰ কৰিবা, যি দেশ যিহোৱাই ন-ফৈদ আধা ফৈদক দিবলৈ আজ্ঞা কৰিছে, সেয়ে এই দেশ। 14 কিয়নো নিজ নিজ পিতৃ-বংশ অনুসাৰে ৰূবেণৰ সন্তানসকলৰ ফৈদ আৰু নিজ নিজ পিতৃ-বংশ অনুসাৰে গাদৰ সন্তানসকলৰ ফৈদ আৰু মনচিৰ আধা ফৈদে নিজ নিজ আধিপত্য ল’লে। 15 যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পূৱ পাৰত সূৰ্য্য ওলোৱা ফালে সেই আঢ়ৈ ফৈদে নিজ নিজ আধিপত্য ল’লে।”

16 পাছে যিহোৱাই মোচিক ক’লে, 17 “যিসকলে দেশ ভাগ কৰি তোমালোকক দিব, তেওঁলোকৰ নাম এই, ইলিয়াজৰ পুৰোহিত আৰু নুনৰ পুত্ৰ যিহোচূৱা। 18 আৰু আধিপত্যৰ অৰ্থে দেশ ভাগ কৰিবলৈ প্ৰত্যেক ফৈদৰ এজন এজন অধ্যক্ষ ল’বা।

19 সেই লোকসকলৰ নাম এই:

         যিহূদা ফৈদৰ যিফুন্নিৰ পুত্ৰ কালেব।

     20 আৰু চিমিয়োনৰ সন্তানসকলৰ ফৈদৰ অম্মীহূদৰ পুত্ৰ চমূৱেল।

21 আৰু বিন্যামীন ফৈদৰ কিশ্লোনৰ পুত্ৰ ইলীদদ।

     22 আৰু দানৰ সন্তানবিলাকৰ ফৈদৰ অধ্যক্ষ যগ্লীৰ পুত্ৰ বুক্লী।

     23 আৰু যোচেফৰ পুত্ৰসকলৰ মাজত মনচিৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ এপোদৰ পুত্ৰ হন্নীয়েল।

     24 আৰু ইফ্ৰয়ীমৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ চিপ্তনৰ পুত্ৰ কেমূৱেল।

     25 আৰু জবূলূনৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ পৰ্ণাকৰ পুত্ৰ ইলিচাফন।

     26 আৰু ইচাখৰৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ অজ্জনৰ পুত্ৰ পল্টীয়েল।

     27 আৰু আচেৰৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ চলোমীৰ পুত্ৰ অহীহূদ।

     28 আৰু নপ্তালীৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ অম্মীহূদৰ পুত্ৰ পদহেল।

29 কনান দেশত ইস্ৰায়েলৰ সন্তানসকলৰ কাৰণে আধিপত্য ভাগ কৰি দিবলৈ যিহোৱাই এই সকলো লোকক আজ্ঞা কৰিলে।|

Chapter 35

লেবীয়াসকলৰ নগৰ আৰু আশ্ৰয়-নগৰ নিৰূপণ।

1 পাছে যিহোৱাই মোৱাবৰ সমথলত যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোচিক ক’লে, 2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক তেওঁলোকৰ স্বত্ব থকা আধিপত্যৰ পৰা কেইখনমান নগৰ, বাস কৰিবৰ কাৰণে লেবীয়াসকলক দিবলৈ আৰু সেই নগৰে সৈতে তাৰ চাৰিওফালে থকা চৰণী ঠাই তেওঁলোকক দিবলৈ আজ্ঞা দিয়া।

3 তেতিয়া, তেওঁলোকে নিবাস কৰিবৰ কাৰণে সেই সকলো নগৰ হ’ব আৰু সেই নগৰৰ চৰণী ঠাই তেওঁলোকৰ গৰু, মেৰ, ভেড়া আদি পশু চৰাবৰ বাবে হ’ব। 4 আৰু তোমালোকে যি যি নগৰ লেবীয়াসকলক দিবা, তাৰ চৰণী ঠাই নগৰৰ চাৰিওফালে গড়ৰ বাহিৰে এক হাজাৰ হাতলৈকে হ’ব।

5 আৰু তোমালোকে নগৰৰ বাহিৰে, পূৱদিশে দুই হাজাৰ হাত আৰু দক্ষিণ দিশে দুই হাজাৰ হাত, পশ্চিম দিশে দুই হাজাৰ হাত আৰু উত্তৰ দিশে দুই হাজাৰ হাত জুখি দিবা; তাৰ মাজ ঠাইত নগৰ থাকিব; এয়ে তেওঁলোকৰ নগৰৰ চৰণী ঠাই হ’ব।

6 তোমালোকে যি যি নগৰ লেবীয়াসকলক দিবা, সেইবোৰ নগৰৰ মাজত, মানুহ বধী পলাবৰ কাৰণে ছখন আশ্ৰয় নগৰ হ’ব লাগিব; আৰু তাৰ বাহিৰেও বিয়াল্লিশখন নগৰ তোমালোকে তেওঁলোকক দিবা। 7 তোমালোকে সৰ্ব্বমুঠ আঠচল্লিশখন নগৰ আৰু তাৰ চৰণী ঠায়ে সৈতে দিবা।

8 আৰু ইস্ৰায়েলৰ সন্তানসকলৰ আধিপত্যৰ পৰা যি যি নগৰ দিবা, সেইবোৰ নগৰৰ বিষয়ে হ’লে, তোমালোকে অধিকাৰ কৰা অধিক, কমৰ পৰা কম ল’বা; এইদৰে প্ৰত্যেক ফৈদে নিজে পোৱা নিজ আধিপত্য অনুসাৰে, নিজ নিজ নগৰবোৰৰ পৰা কেইখনমান নগৰ লেবীয়াসকলক দিবা।”

9 পাছে যিহোৱাই মোচিক ক’লে, 10 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, ‘তোমালোকে যেতিয়া যৰ্দ্দন পাৰ হৈ কনান দেশত সোমাবা, 11 তেতিয়া অজ্ঞানত কোনো লোকৰ প্ৰাণ হানি কৰা কোনো নৰ-বধী পলাই যাবলৈ, তোমালোকে তোমালোকৰ কাৰণে কেইখনমান নগৰ আশ্ৰয়-নগৰ নিৰূপণ কৰিবা।

12 আৰু মানুহ বধীটো বিচাৰৰ অৰ্থে সমাজৰ আগলৈ নৌ আহোঁতেই যেন নমৰে, এই কাৰণে সেই নগৰ প্ৰতিকাৰ সাধকৰ হাতৰ পৰা তোমালোক ৰক্ষা পোৱা আশ্ৰয়স্থান হ’ব। 13 আৰু যি যি নগৰ তোমালোকে দিবা, সেইবোৰৰ মাজৰ তোমালোকৰ ছখন আশ্ৰয়নগৰ হ’ব।

14 তোমালোকে তাৰ মাজৰ তিনিখন নগৰ যৰ্দ্দনৰ পূৱ পাৰত আৰু আন তিনিখন কনান দেশত দিবা। সেইবোৰ আশ্ৰয়-নগৰ হ’ব। 15 যিকোনোৱে অজ্ঞানত মানুহক বধ কৰে, সি যেন সেই ঠাইলৈ পলাব পাৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তানসকললৈ, বিদেশীলৈ আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা লোকলৈ সেই ছখন নগৰ আশ্ৰয়-স্থান হ’ব।

16 কিন্তু যদি সি লোহাৰ অস্ত্ৰেৰে তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; তেনে মানুহবধীৰ অবশ্যে প্ৰাণদণ্ড হ’ব। 17 নাইবা যিহেৰে মানুহ মাৰিব পাৰে, সি হাতত এনে শিল লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; অৱশ্যে তেনে মানুহ বধীৰ প্ৰাণদণ্ড হ’ব। 18 নাইবা যিহৰ দ্বাৰাই মৰিব পাৰে, এনে কাঠৰ বস্তু লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; অৱশ্যে তেনে মানুহ বধীৰ প্ৰাণদণ্ড হ’ব।

19 ৰক্তপাতৰ প্ৰতিকাৰসাধকে নিজে তেনে মানুহ বধীক বধ কৰিব পাৰিব; সি তাক লগ পালেই বধ কৰিব পাৰিব। 20 আৰু যদি সি হিংসা কৰি তাক আঘাত কৰে, বা খাপ দি থাকি তাৰ ওপৰলৈ কিবা বস্তু দলি মাৰে আৰু সি যদি তাতে মৰে, 21 নাইবা শত্ৰুভাব কৰি তাক হাতেৰে মৰাকৈ মাৰে, তেন্তে, যিজনে তাক মাৰে, অৱশ্যে তাৰ প্ৰাণদণ্ড হ’ব; সি মানুহ বধী; ৰক্তপাতৰ প্ৰতিকাৰসাধকে তেনে মানুহ বধীক লগ পালেই তাক বধ কৰিব পাৰিব।

22 কিন্তু যদি শত্ৰুভাব নকৰাকৈ অকস্মাতে তাক আঘাত কৰে, বা খাপ দি নথকাকৈ তাৰ গালৈ কিবা দলি মাৰে, 23 বা যিহৰ দ্বাৰাই মৰিব পাৰে, এনে শিল তাৰ ওপৰত তাক নেদেখাকৈ পেলায় আৰু তাতে সি মৰে, তথাপি সি তাৰ শত্ৰু বা অনিষ্টকাৰী নহ’ব।

24 তেতিয়া সমাজে সেই প্ৰহাৰকৰ আৰু ৰক্তপাতৰ প্ৰতিকাৰ সাধকৰ মাজত এই শাসন অনুসাৰে বিচাৰ কৰিব। 25 আৰু সমাজে ৰক্তপাতৰ প্ৰতিকাৰ সাধকৰ হাতৰ পৰা সেই মানুহ বধীক উদ্ধাৰ কৰিব; আৰু সি যি ঠাইলৈ পলাইছিল, নিজৰ সেই আশ্ৰয় নগৰলৈ সমাজে তাক পুনৰায় পঠাই দিব; আৰু পবিত্ৰ তেলেৰে অভিষিক্ত হোৱা প্ৰধান পুৰোহিতৰ মৃত্যু নহয়মানলৈকে সি সেই নগৰতে থাকিব।

26 কিন্তু এই মানুহ বধী যদি কোনো সময়ত পলাই যোৱা আশ্ৰয় নগৰৰ সীমাৰ বাহিৰ হয়, 27 আৰু ৰক্তপাতৰ প্ৰতিকাৰ সাধকে আশ্ৰয় নগৰৰ সীমাৰ বাহিৰে তাক পাই যদি বধ কৰে, তেন্তে সি ৰক্তপাতৰ দোষী নহ’ব। 28 কিয়নো প্ৰধান পুৰোহিতৰ মৃত্যু নোহোৱালৈকে সি নিজৰ আশ্ৰয় নগৰত থাকিব লাগিছিল; কিন্তু প্ৰধান পুৰোহিতৰ মৃত্যুৰ পাছত সেই মানুহ বধী নিজ আধিপত্যৰ দেশলৈ উলটি যাব পাৰিব।

29 আৰু তোমালোকৰ পুৰুষানুক্ৰমে, তোমালোকে নিবাস কৰা সকলো ঠাইতে এয়ে তোমালোকৰ বিচাৰৰ বিধি হ’ব। 30 যি মানুহে কোনো লোকক বধ কৰে, সেই মানুহ বধীক সাক্ষীৰ মুখেই বধ কৰা হ’ব; কিন্তু এজন সাক্ষীৰ কথা কোনো লোকৰ বিৰুদ্ধে প্ৰাণদণ্ডৰ বাবে গ্ৰাহ্য নহ’ব।

31 আৰু প্ৰাণদণ্ডৰ যোগ্য মানুহ বধীৰ প্ৰাণৰ বাবে তোমালোকে কোনো প্ৰায়শ্চিত্ত নল’বা; কিন্তু তাৰ প্ৰাণদণ্ড অৱশ্যে হ’ব। 32 আৰু যি মানুহ আশ্ৰয় নগৰলৈ পলাই গ’ল, সেই মানুহ পুৰোহিত নৌ মৰোঁতেই দেশত বাস কৰিবলৈ উলটি আহিবৰ বাবে প্ৰায়শ্চিত্ত নল’বা।

33 এইদৰে, তোমালোকে থকা দেশ অশুচি নকৰিবা; কিয়নো তেজে দেশ অশুচি কৰে আৰু তাত যি ৰক্তপাত কৰা হয় তাৰ কাৰণে ৰক্তপাতৰ বিনে দেশৰ প্ৰায়শ্চিত্ত হ’ব নোৱাৰে। 34 এই হেতুকে, তোমালোকে নিবাস কৰা যি দেশৰ মাজত মই বাস কৰোঁ, সেই দেশ তোমালোকে অশুচি নকৰিবা; কিয়নো মই যিহোৱাই ইস্ৰায়েলৰ মাজত বাস কৰোঁ’।”

Chapter 36

উত্তৰাধিকাৰিণীৰ বিষয়ে দিয়া বিধি।

1 পাছে যোচেফৰ সন্তানসকলৰ গোষ্ঠীবোৰৰ মাজৰ মনচিৰ নাতিয়েক মাখীৰৰ পুত্ৰ গিলিয়দৰ গোষ্ঠীৰ পিতৃ-বংশৰ মূল ব্যক্তিসকলে মোচিৰ আৰু ইস্ৰায়েলৰ সন্তানসকলৰ পিতৃ-বংশৰ মূল ব্যক্তি যি অধ্যক্ষসকল, 2 তেওঁলোকৰ ওচৰলৈ আহি এই কথা ক’লে, “ইস্ৰায়েলৰ সন্তানসকলক আধিপত্যৰ অৰ্থে এই দেশ চিঠি খেলাই দিবলৈ, যিহোৱাই মোৰ প্ৰভূক আজ্ঞা কৰিলে আৰু আমাৰ ভাই চলফাদৰ আধিপত্য তেওঁৰ জীয়েকসকলক দিবলৈ মোৰ প্ৰভূৱে যিহোৱাৰ পৰা আজ্ঞা পালে।

3 কিন্তু ইস্ৰায়েলৰ সন্তানসকলৰ আন ফৈদৰ কোনো লোকেৰে সৈতে যদি তেওঁলোক বিয়া হয় তেন্তে আমাৰ পিতৃৰ আধিপত্যৰ পৰা তেওঁলোকৰ অধিকাৰ কটা যাব আৰু তেওঁলোক যি জনগোষ্ঠীৰ হ’ব, সেই জনগোষ্ঠীৰ উত্তৰাধীকাৰৰ লগত তাক যোগ কৰা হ’ব; এইদৰে তেওঁক আমাৰ উত্তৰাধীকাৰৰ ভাগৰ পৰা কটা যাব। 4 আৰু যেতিয়া ইস্ৰায়েলৰ সন্তানসকলকৰ যোবেল বছৰ হ’ব, তেতিয়া তেওঁলোক যি জনগোষ্ঠীৰ হ’ব, সেই জনগোষ্ঠীৰ উত্তৰাধীকাৰৰ লগত তেওঁলোকৰ উত্তৰাধীকাৰ যোগ কৰা হ’ব; এইদৰে আমাৰ পিতৃৰ জনগোষ্ঠীৰ ভাগৰ পৰা তেওঁলোকৰ উত্তৰাধীকাৰ কটা যাব।”

5 তাতে মোচিয়ে যিহোৱাৰ বাক্য অনুসাৰে ইস্ৰায়েলৰ সন্তানসকলক এই আজ্ঞা কৰিলে, “যোচেফৰ সন্তানসকলৰ ফৈদে ঠিক কৈছে। 6 যিহোৱাই চলফাদৰ জীয়েকসকলৰ বিষয়ে এই আজ্ঞা কৰিছে, ‘তেওঁলোকে যাক ভাল পায়, তাৰে সৈতে বিয়া হ’ব পাৰিব কিন্তু কেৱল নিজৰ পিতৃফৈদৰ কোনো গোষ্ঠীৰ মাজতহে বিয়া হ’ব পাৰিব।’

7 এইদৰে ইস্ৰায়েলৰ সন্তানসকলৰ কোনো আধিপত্য এক ফৈদৰ পৰা আন ফৈদলৈ নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তানসকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-ফৈদৰ আধিপত্যতে থাকিব লাগিব।

8 আৰু ইস্ৰায়েলৰ সন্তানসকলে প্ৰতিজনে যেন নিজ নিজ পিতৃৰ আধিপত্য ভোগ কৰে, এই কাৰণে ইস্ৰায়েলৰ সন্তানসকলৰ কোনো ফৈদৰ মাজত আধিপত্য পোৱা প্ৰতিজনী জীয়েক নিজ পিতৃ-ফৈদৰ গোষ্ঠীৰ মাজৰ কোনো পুৰুষে সৈতে বিয়া হ’ব লাগিব। 9 তেতিয়া এক ফৈদৰ পৰা আন ফৈদলৈ কোনো আধিপত্য নাযাব; কিয়নো ইস্ৰায়েলৰ সন্তানসকলৰ প্ৰত্যেক ফৈদ নিজ নিজ আধিপত্যতে থাকিব লাগিব।”

10 চলফাদৰ জীয়েকসকলে মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে কাৰ্য্য কৰিলে। 11 কিয়নো মহলা, তিৰ্চা হগ্লা, মিল্কা আৰু নোৱা, চলফাদৰ এই জীয়েক কেইজনীয়ে নিজৰ বৰ বাপেক কি দদায়েকৰ পুতেকসকলৰ সৈতে বিয়া হ’ল। 12 যোচেফৰ পুত্ৰ মনচিৰ সন্তানসকলৰ গোষ্ঠীৰ মাজত সিহঁতৰ বিয়া হোৱাত, তেওঁলোকৰ আধিপত্য, তেওঁলোকৰ পিতৃ-গোষ্ঠীৰ ফৈদতেই থাকিল।

13 যিহোৱাই যিৰীহোৰ সন্মূখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত মোচিৰ দ্বাৰাই ইস্ৰায়েলৰ সন্তানসকলক এই সকলো আজ্ঞা আৰু শাসন-প্ৰণালী দিলে।