অসমীয়া: Assamese Unlocked Literal Bible

Updated ? hours ago # views See on DCS

২ তীম.

Chapter 1

1 মই পৌল, খ্ৰীষ্ট যীচুত থকা জীৱনৰ প্ৰতিজ্ঞা অনুসৰি, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত পাঁচনি; 2 প্ৰিয় পুত্ৰ তীমথিয়ৰ সমীপলৈ: পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক।

3 মই ঈশ্ৱৰক ধন্যবাদ দিওঁ, যি জন ঈশ্বৰক মই শুচি বিবেকেৰে [ 1 ] মোৰ পূর্ব-পুৰুষ সকলৰ দিনৰে পৰা আৰাধনা কৰোঁ; সেই জনৰ ওচৰত নিতৌ দিনে-ৰতিয়ে প্রার্থনা কৰাৰ সময়ত তোমাক সোঁৱৰণ কৰোঁ, 4 তোমাৰ চকুলো আনন্দেৰে পূৰ হোৱা চাবলৈ মই অতিশয় হাবিয়াহ কৰি আছোঁ। 5 যি বিশ্বাস প্ৰথমে তোমাৰ বুঢ়ী মা লোয়ী আৰু তোমাৰ মাতৃ উনীকীৰ অন্তৰত বাস কৰিছিল, বোধ কৰোঁ তেনে অকপট বিশ্ৱাস তোমাৰ অন্তৰতো বাস কৰিছে বুলি মই সুনিশ্চিত৷

6 এই কাৰণে মই তোমাক সোঁৱৰাইছো যে, মোৰ হাত তোমাৰ ওপৰত দিয়াৰ দ্বাৰাই ঈশ্ৱৰৰ যি বৰদান তোমাক দিয়া হ’ল, তাক পুনৰ জাগ্ৰত কৰা৷ 7 কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, [ 2 ] প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে।

8 এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অর্থে বন্দীয়াৰ হোৱা যি মই পৌল, মোৰো বিষয়ে তুমি লজ্জিত নহবা কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে, শুভবার্তাৰ কাৰণে মোৰে সৈতে ক্লেশ ভোগ কৰা, 9 কাৰণ তেৱেঁই আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণো কৰিলে, সেয়ে আমাৰ কর্মৰ দৰে নহয় কিন্তু তেওঁৰ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰদৰেহে কৰিলে; যি অনুগ্ৰহ অনাদি কালৰ পূৰ্বে খ্ৰীষ্ট যীচুত আমাক দিয়া আছিল; 10 কিন্তু এতিয়া আমাৰ ত্ৰাণকর্ত্তা খ্ৰীষ্ট যীচুৰ আবির্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ'ল; যি জনে মৃত্যুক বিনাশ কৰি, [ 3 ] শুভবার্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে; 11 সেই শুভবার্তাৰ কাৰণে মোক ঘোষণাকাৰী, পাঁচনি আৰু শিক্ষক হিচাপে নিযুক্ত কৰিলে।

12 এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে গতাই দিলোঁ, [ 4 ] তাতে তেওঁ যে সেই দিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ। 13 মোৰ যি যি কথা শুনিলা তাক নিৰাময় বাক্যৰ আর্হি হিচাপে লৈ খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাস আৰু প্ৰেমত ধাৰণ কৰা। 14 যি উত্তম দান তোমাক গতাই দিয়া হৈছে, সেই দান আমাত নিবাস কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পহৰা দি ৰাখিবা।

15 ফুগিল্ল আৰু হর্মগিনি আদি কৰি এচিয়াত থকা সকলোৱেই মোৰ পৰা বিমূখ হল৷ এই বিষয়ে তুমি জানি আছা। 16 অনীচিমৰ ঘৰৰ লোক সকলক প্ৰভুৱে দয়া কৰক, কিয়নো তেওঁ বাৰে বাৰে মোৰ প্ৰাণ জুৰাইছিল আৰু মই বন্দীশালৰ শিকলিত থাকিলেও লাজ নাপাইছিল; 17 বৰং ৰোম নগৰত থাকোঁতে, তেওঁ অতি কষ্টেৰে মোক বিচাৰি পাইছিল - 18 তেওঁ যাতে সেইদিনা (প্ৰভু অহাৰ দিনত) প্ৰভুৰ পৰা দয়া পায়, প্ৰভুৱে এনে অনুগ্ৰহ কৰক, আৰু ইফিচতো তেওঁ কিমান সেৱা শুশ্ৰূষা কৰিছিল সেই বিষয়েও তুমি ভালকৈ জনা৷


1:3 [ 1 ] পাঁ ২৩:১ ; ২ কৰি ১:১২ ;ইব্ৰী ১৩:১৮৷
1:7 [ 2 ] লূক ২৪:৪৯ ; পাঁ ১:৮ ; ৰো ৮:১৫
1:10 [ 3 ] যো ৫:২৫-২৯ ; ১১:২৫ ; ১ কৰি ১৫:৫৫ ; ইব্ৰী ২:১৪,১৫
1:12 [ 4 ] ১ পি ৪:১৯৷

১ অধ্যায় 2

1 এতেকে হে মোৰ পুত্ৰ, খ্ৰীষ্ট যীচুত থকা যি অনুগ্ৰহ, তাৰ দ্ৱাৰাই তুমি বলৱান হোৱা। [ 1 ] 2 আৰু অনেক সাক্ষীৰ আগত মোৰ পৰা যি যি শুনিলা, সেই সকলো কথা অন্য লোকক শিকাবলৈ, বিশ্বাসী আৰু নিপুণ লোক সকলক সমর্পন কৰা।

3 খ্ৰীষ্ট যীচুৰ এজন উত্তম সৈনিকৰ দৰে তুমি মোৰে সৈতে ক্লেশ সহন কৰা। 4 কোনো এজন লোক সৈনিকৰ কামত থাকোতে জীৱিকাৰ অর্থে অন্য কোনো ব্যবসায়ত নিজকে আৱদ্ধ হবলৈ নিদিয়ে কিন্তু যি জনে তেওঁক এই পদ দিলে, তেওঁকহে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। 5 একেদৰে কোনো এজন খেলুৱৈয়ে যদিও জিকিবলৈ যত্ন কৰে, তথাপি তেওঁ যদি বিধান অনুসাৰে পালন নকৰে, তেন্তে তেওঁক মুকুটেৰে বিভূষিত কৰা নহয়।

6 পৰিশ্ৰমী খেতিয়কে প্ৰথমেই তেওঁৰ শষ্যৰ ভাগ ভোগ কৰিব লাগে৷ 7 মই যি যি কলোঁ সেই বিষয়ে বিবেচনা কৰা, কিয়নো প্ৰভুৱে সকলো বিষয় বুজিবলৈ তোমাক জ্ঞান দিব।

8 মোৰ শুভবার্তাৰ দৰে, মৃত লোকৰ মাজৰ পৰা তোলা, দায়ুদৰ বংশৰ যীচু খ্ৰীষ্টক সোঁৱৰণ কৰা৷ 9 সেই শুভবার্তাৰ সম্বন্ধে মই শিকলিৰ বন্ধনত থাকি দুষ্কর্মীৰ দৰে ক্লেশ ভোগ কৰিছোঁ। কিন্তু ঈশ্বৰৰ সেই বাক্যত হ'লে শিকলিৰ বন্ধন নাই। 10 এই কাৰণে যি সকলক মনোনীত কৰা হ'ল অর্থাৎ তেওঁলোকেও অনন্ত গৌৰৱেৰে সৈতে যেন খ্ৰীষ্ট যীচুত থকা পৰিত্ৰাণ লাভ কৰিব পাৰে, তাৰ কাৰণে মই এই সকলোবোৰকে সহন কৰিছোঁ।

11 এই কথা বিশ্বাসযোগ্য:

"আমি যদি তেওঁৰ সৈতে মৰিলোঁ, তেন্তে তেওঁৰে সৈতে জীৱনৰো ভাগী হম।

12 আমি যদি সহন কৰোঁ, তেন্তে তেৱে সৈতে ৰাজত্বও কৰিম৷

আমি যদি তেওঁক অস্বীকাৰ কৰোঁ, তেন্তে তেৱো আমাক অস্বীকাৰ কৰিব৷ [ 2 ]

13 আমি অবিশ্বাসী হলেও, তেওঁ বিশ্বাসী হৈ থাকে,

কিয়নো তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে।" [ 3 ]

14 তুমি এই সকলো কথা তেখেত সকলক সোঁৱৰাই থাকিবা আৰু বাগযুদ্ধ নকৰিবলৈ প্ৰভুৰ সাক্ষাতে তেখেত সকলক দৃঢ় আজ্ঞা কৰা, কিয়নো বাগযুদ্ধবোৰে একো লাভ নজন্মাই কিন্তু শুনা লোক সকলক নাশ কৰে। 15 তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কর্মী আৰু সত্যৰ বাক্য শুদ্ধকৈ কোৱাত নিপুন [ 4 ] হবলৈ ঈশ্বৰৰ অনুমোদন পাবৰ বাবে যত্ন কৰা।

16 কিন্তু নিন্দাযুক্ত কথাবোৰৰ পৰা পৃথক হোৱা, কিয়নো এইবোৰে অধিকৰূপে ঈশ্ৱৰক অবিশ্ৱাস কৰিবলৈহে বাট দেখুৱাই৷ 17 এনে কথাবোৰ বিয়পি পৰে আৰু গেলা 'ঘাৰ'দৰে নষ্ট কৰি বিস্তাৰ লাভ কৰে, এনে লোকবোৰৰ ভিতৰতে হুমিনায় আৰু ফিলীত আছে, 18 তেওঁলোক সত্য পথৰ পৰা ভ্ৰষ্ট হোৱা৷ তেওঁলোকে পুনৰুত্থান হৈ যোৱা বুলি প্ৰচাৰ কৰি কিছুমান লোকৰ বিশ্বাস বিনষ্ট কৰিছে।

19 তথাপি ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে, বোলে- "প্ৰভুৱে তেওঁৰ লোক সকলক জানে," [ 5 ] আৰু "যি কোনোৱে প্ৰভুৰ নাম লয়, তেওঁ অধার্মিকতাৰ পৰা দূৰ হওক।" [ 6 ] 20 কিয়নো ডাঙৰ ঘৰত কেৱল সোণ ৰূপৰ পাত্ৰহে থাকে, এনে নহয়, কাঠৰ আৰু মাটিৰ পাত্ৰও থাকে৷ তাৰে কিছুমান সমাদৰৰ কাৰণে আৰু কিছুমান অনাদৰৰ কাৰণে। 21 এতেকে কোনোৱে যদি এইবোৰৰ পৰা নিজকে শুচি কৰি ৰাখে তেন্তে তেওঁ সমাদৰৰ পাত্ৰ, পবিত্ৰীকৃত, প্ৰভুৰ কার্যৰ বাবে উপযোগী আৰু সকলো সৎকর্মৰ বাবে প্ৰস্তুত থাকিব।

22 কিন্তু তুমি যৌৱন কালৰ অভিলাষৰ [ 7 ] পৰা পলোৱা আৰু ধাৰ্মিকতা, বিশ্বাস, প্ৰেম, শান্তি আৰু নিৰ্মল মনেৰে প্ৰভুলৈ প্ৰার্থনা কৰা লোক সকলৰ সৈতে এক হৈ সেইবোৰক অনুসৰণ কৰা৷ 23 কিন্তু মূঢ় আৰু অশিষ্ট বাদ-বিচাৰবোৰ অস্ৱীকাৰ কৰা, কিয়নো এইবোৰ বিষয়ে বিৰোধৰ জন্ম দিয়ে বুলি জানা৷

24 প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে কিন্তু সকলোকে মৃদুশীল, শিক্ষা দিয়াত নিপুন আৰু অপকাৰত সহনীয় হৈ, 25 বিৰোধ কৰাবোৰক মৃদুভাবে শিক্ষা দিব লাগে৷ তেতিয়া সেইটো সত্যৰ তত্ব জ্ঞানৰ অর্থে ঈশ্বৰে তেওঁলোকক মন-পালটনৰ বৰ দিব 26 আৰু চয়তানৰ ইচ্ছা সাধনৰ অর্থে তাৰ ফান্দত বন্দী হৈ থাকিলেও তেওঁলোকে চেতনা পাব।


2:1 [ 1 ] যিহো ১:৭ ; ইফি ৬:১০৷
2:12 [ 2 ] মথি ১০:৩২,৩৩ ; মার্ক ৮:৫৮৷
2:13 [ 3 ] গণ ২৩:১৯ ; তীত ১:২
2:15 [ 4 ] মথি ১৩:৫২ ; লূক ১২:৪২
2:19 [ 5 ] গণ ১৬:৫ ; নহূ ১:৭ ; যো ১০:১৪৷
2:19 [ 6 ] গণ ১৬:২১ ; যি ৫২:১১৷
2:22 [ 7 ] ১ পি ২:১১৷

২ অধ্যায় 3

1 কিন্তু ইয়াকে জানিবা যে, শেষ কালত ভয়ঙ্কৰ সময় উপস্থিত হব। 2 কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰীতি কৰোঁতা, ধন-লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ, 3 স্নেহহীন, বুজনি নমনা, অপবাদক, ইন্দ্ৰিয় দমন নকৰা, উগ্ৰ, সাধুক ঘিণাওঁতা, 4 বিশ্বাসঘাতক, আঁকোৰগোজ, মদগৰ্বী, ঈশ্বৰ প্ৰিয়তকৈ বৰং সুখ প্ৰিয় হব৷

5 তেওঁলোকে ধাৰ্মিকতাৰ আকাৰ ধাৰণ কৰিব, কিন্তু তাৰ শক্তি অস্বীকাৰ কৰিব। এনে লোক সকলৰ পৰা তুমি আতৰি থাকিবা। 6 কিয়নো তেওঁলোকৰ কিছুমান মানুহে, ছলেৰে পৰৰ ঘৰত সোমাই, নির্ব্বুদ্ধি তিৰোতা সকলক মোহিত কৰি বন্দীনীৰ তুল্য কৰিলে আৰু পাপত ভাৰাক্ৰান্ত কৰি নানাবিধ অভিলাষেৰে চালিত কৰিলে৷ 7 এই তিৰোতা সকলে সদায় নতুন শিক্ষা পাবলৈ চেষ্টা কৰে, কিন্তু সত্যৰ তত্ব জ্ঞান পাবলৈ হলে কেতিয়াও সমর্থ নহয়৷

8 যেনেকৈ যান্নি আৰু যামব্ৰিয়ে মোচিৰ বিৰোধীতা কৰিছিল, [ 1 ] তেনেকৈ এই মিছা শিক্ষক সকলেও সত্যতাৰ প্ৰতিৰোধ কৰিছিল৷ তেখেত সকল মন ভ্ৰষ্ট আৰু বিশ্বাসৰ সম্বন্ধে অপ্ৰমাণিক৷। 9 কিন্তু তেখেত সকলে অধিক আগবাঢ়িব নোৱাৰিব, কিয়নো সেই দুজনৰ দৰে, তেখেত সকলৰো মূর্খতা [ 2 ] সকলোৰে আগত প্ৰকাশিত হব।

10 কিন্তু তুমি মোৰ শিক্ষা, আচাৰ-ব্যৱহাৰ, অভিপ্ৰায়, বিশ্বাস, চিৰসহিষ্ণুতা, প্ৰেম, ধৈর্য্য, 11 তাড়না আৰু দুখভোগ, সেই সকলোৰে অনুগামী হলা আৰু আন্তিয়খিয়া, ইকনিয়, আৰু লুস্ত্ৰাত মোলৈ কি ঘটনা ঘটিছিল, তাকো জানা৷ মই এনে ধৰণৰ তাড়না সহন কৰিছোঁ যে, সেইবোৰ তাড়নাৰ পৰাও মোক ঈশ্ৱৰে উদ্ধাৰ কৰিলে৷ [ 3 ] 12 আৰু যি সকলে বাস্তবিকতে খ্ৰীষ্ট যীচুত ভক্তিভাবে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰে, এনে লোক সকলে তাড়না পাব। [ 4 ] 13 কিন্তু দুষ্ট আৰু প্ৰবঞ্চক সকলে আন লোকক বিপথে লৈ যোৱাত আৰু নিজেও ভ্ৰান্ত হৈ অধিকৰূপে মন্দ হৈ যাব।

14 কিন্তু তুমি যি যি শিকিলা আৰু দৃঢ়তাৰে যি বিশ্বাস পালা, সেই শিক্ষাতে স্থিৰে থাকা, কিয়নো কোন ব্যক্তিৰ পৰা সেই শিক্ষা পালা, তাক তুমি জানা। 15 আৰু যি পবিত্ৰ বিধান শাস্ত্ৰই খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণৰ অর্থে তোমাক জ্ঞানী কৰিব পাৰে, তাকো তুমি শিশু কালৰে পৰা জানা।

16 সকলো ধৰ্মশাস্ত্র ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত (অনুপ্রাণিত হোৱা) আৰু শিক্ষাৰ বাবে, অনুযোগৰ বাবে, শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক [ 5 ] ; 17 যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকর্মৰ কাৰণে সুসজ্জিত হব পাৰে৷


3:8 [ 1 ] যা ৭:২২
3:9 [ 2 ] যা ৮:১৮,১৯; ৯:১১
3:11 [ 3 ] গীত ৩৪:১৯
3:12 [ 4 ] মথি ১০:১৬-২২; যো ১৫:২০
3:16 [ 5 ] ৰো ১৫:৪

৩ অধ্যায় 4

1 মই ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুৰ দৃষ্টিত, যিজন জীৱিত আৰু মৃত লোকৰ ভাবী বিচাৰকর্ত্তা, [ 1 ] তেওঁৰ আবির্ভাৱ আৰু ৰাজ্যৰ শপত দি, মই তোমাক এই দৃঢ় আজ্ঞা দিওঁ - 2 তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো উৎসাহী হোৱা; সম্পূর্ণ চিৰসহিষ্ণুতা আৰু উপদেশেৰে অনুযোগ কৰা, ডবিওৱা আৰু উদগোৱা।

3 কিয়নো লোক সমুহে নিৰাময় শিক্ষা সহিব নিবিচৰা, এনে সময় আহিব। তেতিয়া তেখেত সকলৰ খজুওৱা কাণে শুনিব বিচৰা শিক্ষা শুনিবলৈ, নিজ নিজ অভিলাষ অনুসাৰে নিজৰ চৌপাশে দ'মে দ'মে শিক্ষক কৰি ল’ব। 4 তেনেকুৱা লোকবোৰে সত্যৰ পৰা কাণ ঘূৰাই, পৌৰাণিক কথালৈ মনোযোগ দিব। 5 কিন্তু তুমি, সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবার্তা প্ৰচাৰকৰ কার্য কৰা, তোমাৰ পৰিচর্যা কর্ম সম্পূর্ণ কৰা।

6 কিয়নো সম্প্ৰতি মই নৈবেদ্য স্বৰূপে ঢলা হৈছোঁ, আৰু মোৰ প্ৰাণ-নৌকা মেলিবৰ সময় উপস্থিত হৈছে। 7 মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলো, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, [ 2 ] বিশ্বাস ৰাখিলোঁ। 8 মোৰ বাবে যি ধাৰ্মিকতাৰূপ কিৰীটি সাঁচি ৰখা হৈছে, [ 3 ] সেই কিৰীটি ধার্মিক বিচাৰকর্তা প্ৰভুৰ দ্ৱাৰা সেইদিনা মোক দিয়া হব; আৰু অকল মোকে নহয়, কিন্তু তেওঁৰ আবির্ভাৱক প্ৰেম কৰা সকলোকে দিব।

9 মোৰ ওচৰলৈ সোনকালে আহিবলৈ তুমি যত্ন কৰা; 10 কিয়নো দীমাই এই বর্তমান সংসাৰৰ প্ৰেমত পৰি, [ 4 ] মোক ত্যাগ কৰি থিচলনীকীলৈ গ'ল; ক্ৰীষ্কেন্ত গালাতীয়ালৈ আৰু তীত দালমাতিয়ালৈ গ'ল।

11 এক মাত্ৰ লূকহে মোৰ লগত আছে। তুমি মার্কক লগত লৈ আহিবা; কিয়নো পৰিচর্যা কর্মত তেওঁ মোৰ বাবে উপকাৰী । 12 তুখিকক ইফিচলৈ পঠালো। 13 ত্ৰোৱা নগৰত মই যি বৰ চোলাটো কার্পৰ হাতত এৰি আহিলো, তুমি আহোতে সেই চোলাটো আৰু পুস্তকবোৰ, বিশেষকৈ ছালত লেখা পুস্তক আৰু সামগ্ৰীবোৰ লৈ আহিবা।

14 আলেকজেন্দাৰ কঁহাৰে মোৰ অপকাৰ কৰিলে; তেওঁৰ কর্ম অনুসাৰে প্ৰভুৱে তেওঁক প্ৰতিফল দিব। 15 তেওঁলৈ তুমিও সাৱধান হবা; কিয়নো তেওঁ অতিশয়ৰূপে আমাৰ বাক্যৰ প্ৰতিৰোধ কৰিছিল। 16 মই প্ৰথমবাৰ নিজৰ পক্ষে উত্তৰ দিয়াৰ সময়ত, কোনেও মোৰ ফলীয়া হৈ উপস্থিত নহল; সকলোৱে মোক ত্যাগ কৰিলে; এয়ে তেওঁলোকলৈ গনিত নহওক।

17 কিন্তু মোৰ দ্বাৰাই যেন ঘোষণা কার্য সিদ্ধ হয় আৰু সকলো অনা-ইহুদী লোকে যেন শুনিবলৈ পায়, এই কাৰণে প্ৰভুৱে মোৰ ওচৰত থিয় হৈ [ 5 ] মোক বলৱান কৰিলে; তাতে মই সিংহৰ মুখৰ পৰা উদ্ধাৰ পালোঁ। [ 6 ] 18 প্ৰভুৱে মোক সকলো দুষ্কর্মৰ পৰা উদ্ধাৰ কৰিব [ 7 ] আৰু তেওঁৰ স্বৰ্গীয় ৰাজ্যৰ অর্থে ৰক্ষা কৰিব; তেওঁৰ মহিমা চিৰকাল হওক। আমেন।

19 তুমি প্ৰিষ্কা, আক্কিলাক আৰু অনীচিমৰ ঘৰ লোক সকলক মঙ্গলবাদ দিবা। 20 ইৰাস্তচ কৰিন্থত থাকিল, কিন্তু ত্ৰফিম নৰিয়া পৰাত মই তেওঁক মিলীতত থৈ আহিলো। 21 তুমি জাৰ-কালিৰ আগেয়ে আহিবলৈ যত্ন কৰিবা। উবুল, পূদেন্ত, লীন, ক্লৌদিয়া ভনী আৰু সকলো ভাইয়ে তোমাক মঙ্গলবাদ কৰিছে।

22 প্ৰভু তোমাৰ আত্মাৰ লগত থাকক। তোমালোকৰ লগত অনুগ্ৰহ থাকক। আমেন৷


4:1 [ 1 ] মথি ২৫:৩১; যো ৫:২২-২৯
4:7 [ 2 ] পাঁ ২০:২৪; ১ কৰি ৯:২৪-২৭
4:8 [ 3 ] প্ৰ ২:১০;
4:10 [ 4 ] ১ যো ২:১৫
4:17 [ 5 ] মথি ১০:১৮-২০; পাঁ ২৩:১১
4:17 [ 6 ] ২ পি ২:৯
4:18 [ 7 ] গীত ১২১:৭