Assamese: Translation Academy

Updated ? hours ago # views See on DCS

Process Manual

1. Getting Started

প্ৰক্ৰিয়া হাতপুথিৰ পৰিচয়

This page answers the question: প্ৰক্ৰিয়া হাতপুথি নো কি?

In order to understand this topic, it would be good to read:

আদৰণি

বাইবেল অনুবাদলৈ আপোনাক আদৰণি! আমি আনন্দিত যে আপুনি ঈশ্বৰৰ বাক্য আপোনাৰ লোকসকলৰ ভাষাত অনুবাদ কৰিবলৈ ইচ্ছা কৰিছে, যদিও ই বাইবেলৰ কাহিনী বা শাস্ত্ৰৰ পুস্তকসমূহ অনুবাদ কৰাৰ মাধ্যমেদি হয়। এই প্ৰক্ৰিয়া হাতপুথিয়ে খোজে খোজে অনুবাদ দলক এই প্ৰকল্প আৰম্ভৰ পৰা শেষলৈ কি কৰিব লাগে তাক নিৰ্দ্দেশনা দি সহায় কৰিব। এই নিৰ্দেশনাই প্ৰাৰম্ভিক বিন্যাসৰ পৰা অনুবাদিত আৰু পৰীক্ষণ বিষয়বস্ত্তৰ অন্তিম প্ৰকাশকৰণলৈকে দলক সহায় কৰিব।

আৰম্ভ হৈছে

অনুবাদ এক অত্যন্ত জটিল কাৰ্য যি প্ৰতিশ্ৰুতি, সংগঠন আৰু পৰিকল্পনাৰ প্ৰয়োজন হয়। এটা সম্পূৰ্ণ, পৰীক্ষিত, বিতৰণ আৰু অনুবাদৰ ব্যৱহাৰকৰণৰ বাবে এটা ধাৰণাৰ পৰা এটা অনুবাদলৈ নিবলৈ অনেক প্ৰয়োজনীয় পদক্ষেপ আছে। এই প্ৰক্ৰিয়া হাতপুথিত থকা তথ্যই আপোনাক অনুবাদ প্ৰক্ৰিয়াৰ প্ৰয়োজনীয় সকলো পদক্ষেপ জানিবলৈ সহায় কৰিব।

বাইবেল অনুবাদৰ বাবে বহু কৌশলৰ প্ৰয়োজন, সেয়েহে আপুনি চিন্তা কৰিবলগীয়া বিষয়বোৰৰ ভিতৰত প্ৰথমে চিন্তা কৰিবলগীয়া বিষয়টি হৈছে এটি দল নিৰ্বাচন কৰা যিয়ে এই কাম কৰিব পাৰে।


2. Setting Up a Translation Team

এটা অনুবাদৰ দল গঠন কৰা

This page answers the question: মই এটা অনুবাদৰ দল কেনেকৈ গঠন কৰিম?

In order to understand this topic, it would be good to read:

এটা দল বাচি লোৱা

আপুনি যেনেকৈ এটা অনুবাদ আৰু পৰীক্ষণ দল নিৰ্বাচন কৰিবলৈ আৰম্ভ কৰে, তেতিয়া বিভিন্ন ধৰণৰ মানুহ আৰু ভুমিকাৰ প্ৰয়োজন হ’ব। প্ৰত্যেক দলৰ বাবে নিৰ্দিষ্ট অৰ্হতাবোৰৰও প্ৰয়োজন আছে।

অনুবাদৰ সিদ্ধান্তবোৰ

অনুবাদক দলে বহু সিদ্ধান্তবোৰ লোৱাৰ প্ৰয়োজন হব: সেইবোৰৰ বহুতো প্ৰকল্পৰ আৰম্ভণিতে লোৱাৰ প্ৰয়োজন হব। অৰ্ন্তভুক্ত কৰাবোৰ তলত উল্লেখ কৰা হল।

অনুবাদ কমিটিয়ে এইসকলো সিদ্ধান্ত লোৱাৰ পাছত অনুবাদৰ লগত জড়িত সকলোৱে পঢ়িব পৰাকৈ এখন নথিত সেইবোৰ লিখি দিয়া ভাল। ই সকলোকে একেই ধৰণে অনুবাদৰ সিধান্ত লোৱাত সহায় কৰিব আৰু এই বিষয় বিলাকৰ সম্পৰ্কে আৰু যুক্তি এৰি যাব।

অনুবাদ দল নিৰ্বাচন কৰাৰ পিছত তেওঁলোকক অনুবাদ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰাৰ সময় হব। .


3. Translating

অনুবাদ আৰম্ভ হোৱাৰ পূৰ্ব্বে প্ৰশিক্ষণ

This page answers the question: আৰম্ভ কৰাৰ আগতে মই অনুবাদৰ বিষয়ে কি জনাটো উচিত?

In order to understand this topic, it would be good to read:

অনুবাদৰ পূৰ্ব্বে কি জানিব লাগে

এইটো পৰামৰ্শ দিয়া হৈছে যে আপুনি অনুবাদ কৰা সময়ত সঘনাই অনুবাদ মেনুৱেলৰ পৰামৰ্শ লওঁক। অনুবাদ আৰম্ভ কৰা আগতে, আমি পৰামৰ্শ দিওঁ যে আপুনি অনুবাদ মেনুৱেলৰ জৰিয়তে কাম আৰম্ভ কৰক যেতিয়ালৈকে আপুনি আক্ষৰীক অনুবাদ আৰু অৰ্থ-আধাৰিত অনুবাদৰ মাজৰ প্ৰাৰ্থক্য নাজানে। অনুবাদ মেনুৱেলৰ অধিকাংশ এক “মাত্ৰ সময়ত” শিকাৰ সম্বল হিচাপে ব্যৱহাৰ কৰিব পাৰি।

অনুবাদ প্ৰকল্প আৰম্ভ কৰাৰ আগতে অনুবাদ দলৰ সকলোৱে কিছুমান গুৰুত্বপূৰ্ণ বিষয়বোৰ শিকা উচিত।

কিছুমান গুৰুত্বপূৰ্ণ বিষয়বোৰ আপুনি আৰম্ভ কৰিবলৈ যাওঁতে অৰ্ন্তভুক্ত হব:

আপুনি যেতিয়া এটা অনুবাদৰ দল গঠন কৰে আৰু আপোনাৰ অনুবাদৰ এটা প্ৰথম খচৰা প্ৰস্ত্তত কৰিব বিচাৰে, তেতিয়া অনুবাদস্টুডিয় ব্যৱহাৰ কৰক। আমি পৰামৰ্শ দিওঁ যে আপুনি এই অনুবাদ প্ৰক্ৰিয়া অনুসৰণ কৰক।


এখন অনুবাদ মঞ্চ বাচি লোৱা

This page answers the question: অনুবাদৰ বাবে মই কি উপকৰণ ব্যৱহাৰ কৰিব পাৰো?

In order to understand this topic, it would be good to read:

পৰামৰ্শ দিয়া মঞ্চ

Door43 অনলাইন সম্প্ৰদায়ত বাইবেল অনুবাদৰ খচৰা যুগুত কৰাৰ প্ৰস্তাৱিত মঞ্চ হৈছে অধিক তথ্যৰ বাবে অনুবাদস্টুডিয় (http://ufw.io/ts/). The recommended platform for checking Bible translations is translationCore (http://ufw.io/tc/). You may set up translationStudio on Android, Windows, Mac, or Linux devices (see Setting up translationStudio । আপুনি Windows, Mac, বা Linux ডিভাইসত অনুবাদবোৰ অৰ্ন্তভূক্ত কৰিব পৰে। এই মঞ্চবোৰ ডাউনলড আৰু ব্যৱহাৰৰ বাবে বিনামূল্য। তেওঁলোকে USFM আকাৰত বাইবেল পুস্তকৰ আমদানি আৰু ৰপ্তানি কৰে।

বিকল্পসমূহ

যদি অনুবাদ স্টুডিয় ব্যৱহাৰ কৰা আপোনাৰ দলৰ বাবে এটা বিকল্প নহয়, তেনেহলে আপুনি অন্যান্য অনলাইন বা অফলাইন উপকৰণ ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে। অনুগ্ৰহ কৰি মন কৰক: আপুনি যদি অনুবাদস্টুডিয় ব্যৱহাৰ নকৰে, কিন্ত্ত বাইবেল অনুবাদৰ অন্য ছফটৱেৰ ব্যৱহাৰ কৰিব বিচাৰে, তেনেহলে আপোনাৰ দাযিত্ব হ’ব যে আপোনাৰ অনূদিত বিষয়বস্তু USFM আকাৰত হয় (চাওক ফাইল ফৰমেট আৰু তথ্যৰ বাবে)।


অনুবাদষ্টুডিঅৰ স্থাপন

This page answers the question: অনুবাদষ্টুডিঅ মই কেনেকৈ স্থাপন কৰিম?

In order to understand this topic, it would be good to read:

মোবাইলৰ বাবে tS সংস্থাপন

অনুবাদস্টুডিঅ মোবাইল (এন্ড্ৰইড) সংস্কৰণৰ [গুগল প্লে স্টৰত] উপলব্ধ (https://play.google.com/store/apps/details?id=com.translationstudio.androidapp ) বা http://ufw.io/ts/ পোনপটিয়াকৈ ডাউনলোড মাধ্যমৰ জৰিয়তে উপলব্ধ হয়। যদি আপুনি প্লে স্টৰ পৰা সংস্থাপন কৰে, তেনেহলে নতুন সংস্কৰণ উপলব্ধ হ’লে আপোনাক প্লে স্টৰৰ দ্বাৰা জনোৱা হব। মনত ৰাখিব আপুনি ইন্টাৰনেট ব্যৱহাৰ নকৰিলেও আনৰ সৈতে অনুবাদস্টুডিঅ শেয়াৰ কৰিবৰ বাবে আন সঁজুলি সংস্থাপনৰ ফাইল (apk)ক কপি কৰিব পাৰে।

ডেস্কটপৰ বাবে tS সংস্থাপন

ডেস্কটপ বা লেপটপ কম্পিউটাৰ (Windows, Mac, or Linux) ৰ বাবে অনুবাদস্টুডিঅৰ নতুন সংস্কৰণ http://ufw.io/ts/ উপলব্ধ হয়। প্ৰগ্ৰাম সংস্থাপন কৰিবলৈ “(ডেস্কটপ)” বিভাগত অনুসন্ধান কৰক আৰু নতুনকৈ মুকলাই দিয়া বিষয়বস্ত্তক ডাউনলোড কৰক। উল্লেখ্য যে ইন্টাৰনেট নকৰিও আনৰ সৈতে অনুবাদস্টুডিঅ শেয়াৰ কৰিবৰ বাবে আপুনি আন কম্পিউটাৰত সংস্থাপিত ফাইলটো কপি কৰিব পাৰে।

tS ৰ ব্যৱহাৰ

এবাৰ সংস্থাপন হোৱাৰ পিছত, অনুবাদস্টুডিঅৰ দুয়োটা সংস্কৰণক এইদৰে কাম কৰিবলৈ নক্সা প্ৰস্তুত কৰা হৈছে। আপোনাক অনুবাদস্টুডিঅ ব্যৱহাৰ কৰিবলৈ ইন্টাৰনেটত সংযোগৰ প্ৰয়োজন নাই ! প্ৰথম বাৰ অনুবাদস্টুডিঅ ব্যৱহাৰ কৰাৰ সময়্ত, ছফটৱেৰে আপোনাক আন স্ক্ৰীনলৈ লৈ যাব যত আপুনি বিশ্বাসৰ বিৱৰণ, অনুবাদৰ নিৰ্দেশনাৱলী, আৰু মুকলি অনুজ্ঞাপত্ৰ স্বাক্ষৰ কৰিব লাগিব।

ইয়াৰ আগতে ব্যৱহাৰ স্ক্ৰীনৰ পিছত, ছফটৱেৰে আপোনাক হোম স্ক্ৰীনলৈ লৈ যাব য’ত আপুনি নতুন এক প্ৰকল্প প্ৰস্তুত কৰিব পাৰে। আপুনি প্ৰকল্পৰ এটা নাম (সাধাৰণতে বাইবেলৰ এক পুস্তক) দিব লাগিব, প্ৰকল্পৰ প্ৰকাৰ (সাধাৰণতে বাইবেল বা খোলা বাইবেলৰ কাহিনীবোৰ) চিনাক্ত কৰিব লাগিব, আৰু লক্ষ্য ভাষা চিনাক্ত কৰিব লাগিব। এবাৰ আপোনাৰ প্ৰকল্প প্ৰস্তুত হৈ গলে আপুনি অনুবাদ আৰম্ভ কৰিব পাৰে। সুনিশ্চিত কৰক যে ভাল অনুবাদৰ সিদ্ধান্তক বুজিবলৈ আৰু জানিবলৈ অনুবাদস্টুডিঅত নিৰ্মিত অনুবাদৰ সহায় আৰু কেনেকৈ ব্যৱহাৰ কৰিব তাক জানি লওঁক । ই আপোনাক পাঠৰ উৎস আৰু ভালদৰে বুজিবলৈ আৰু অনুবাদ কৰিবলৈ সহায় কৰিব। মন কৰিব যে আপোনাৰ কাম স্বয়ংক্ৰিয়ভাবে সংৰক্ষিত হয়। আপুনি বিভিন্ন বিৰতিত নিজৰ কামৰ বেকআপ, শেয়াৰ বা আপলোড কৰিব পাৰে(এই কাৰ্যলৈ যাবৰ বাবে মেনু ব্যৱহাৰ কৰক।) কেনেকৈ অনুবাদ আৰম্ভ কৰিব তাক জানিবলৈ চাওকঅনুবাদ সংক্ষিপ্ত বিৱৰণ আৰু এক প্ৰথম খচৰা প্ৰস্তুত কৰক

অনুবাদস্টুডিঅৰ ব্যৱহাৰ কৰা পদ্ধতিৰ বিষয়ে অধিক জানিবলৈ, অনুগ্ৰহ কৰি বিৱৰণ-টোকা চাওক

tS ব্যৱহাৰৰ পাছত

  1. নিশ্চিত কৰক যে আপোনাৰ এটা অনুবাদৰ দল আছে যি আপোনাক পৰীক্ষা কৰাত সহায় কৰিব পাৰে (চাওক পৰীক্ষণ আৰম্ভ হোৱাৰ আগতে প্ৰশিক্ষণ চাওক).
  2. যি কোনো সময়ত, আপুনি আপোনাৰ কাম Door43 ৰ থ্ৰি-ডট মেনুত ক্লিক কৰি আপলো়ড/এক্সপৰ্ট নিৰ্বাচন কৰিব পাৰে। আপোনাৰ Door43 ৰ এটা ব্যৱহাৰকাৰী নাম প্ৰস্তুত কৰিব লাগিব।
  3. এবাৰ আপলোড কৰা হ’লে, Door43 আপোনাক ব্যৱহাৰকাৰী নামৰ এক ভঁৰালত আপোনাৰ কামবোৰ থাকিব আৰু তাত নিজৰ কামৰ ব্যৱহাৰ কৰিব পাৰিব (চাওক ছপাকৰণ)।

অনুবাদৰ পুনৰনিৰীক্ষণ

This page answers the question: অনুবাদৰ বাবে কি প্ৰক্ৰিয়াৰে খোলাশব্দ ভাল বুলি মত প্ৰকাশ কৰা হয়?

In order to understand this topic, it would be good to read:

OL অনুবাদ প্ৰক্ৰিয়া

"আন ভাষাবোৰৰ" বাবে (OLs, গেটৱে ভাষাৰ বাহিৰে আন ভাষাসমূহৰ) বাবে, যি বিশ্বৰ অধিকাংশ ভাষা, নিম্নলিখিত অনুবাদৰ প্ৰক্ৰিয়া যি খোলা শব্দ অনুবাদ সাধন আৰু উপকৰণৰ সৈতে ভাল বুলি মত প্ৰকাশ আৰু সমৰ্থন কৰে।

এটা অনুবাদৰ সমিতি গঠন কৰাৰ পাছত আৰু অনুবাদৰ নীতিসমূহত অনুবাদকৰ প্ৰশিক্ষণ আৰু অনুবাদস্টুডিয় কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, আমি পৰামৰ্শ দিব বিচাৰো যে আপুনি এই প্ৰক্ৰিয়া অনুসৰণ কৰে:

  1. অনুবাদস্টুডিঅৰ ব্যৱহাৰ কৰি, খোলা বাইবেলৰ কাহিনীৰ অনুবাদ (OBS) পৰা এক কাহিনীৰ অনুবাদ প্ৰথম খচৰা বনাওক। ২.এগৰাকী সহযোগীৰ সৈতে আপোনাৰ অনুবাদ দলৰ অনুবাদ পৰীক্ষা কৰক।
  2. [পূৰ্ণ অনুবাদ দলৰ] সৈতে অনুবাদ পৰিক্ষা কৰক(../../checking/team-oral-chunk-check/01.md)।
  3. অনুবাদৰ টোকাসমূহ আৰু অনুবাদৰ শব্দবোৰৰ ব্যৱহাৰ কৰি অনুবাদ পৰিক্ষা কৰক।
  4. ভাষাৰ সম্প্ৰদায়ৰ সৈতে অনুবাদ পৰীক্ষা কৰক।
  5. ভাষা সম্প্ৰদায়ৰ পালকৰ সৈতে অনুবাদ পৰীক্ষা কৰক।
  6. মণ্ডলী নেতাসকলৰ গোটৰ সৈতে অনুবাদৰ পৰীক্ষা কৰক।
  7. প্ৰকাশ Door43, মুদ্ৰণ, আৰু অডিঅ, ইচ্ছামতে অনুবাদ কৰক।

এই খোজক খোলা বাইবেলৰ কাহিনীৰ সকলো কাহিনীৰ সৈতে পুণৰাবৃত্তি কৰক, যেতিয়ালৈকে সকলো পঞ্চাচ সমাপ্ত নকৰে।

খোলা বাইবেলৰ কাহিনী শেষ হোৱাৰ পাছত, নিজৰ বাইবেলৰ অনুবাদ আৰম্ভ কৰিবলৈ যথেষ্ট দক্ষতা আৰু অভিজ্ঞতা অৰ্জন কৰিব। আমি উপদেশ দিওঁ যে আপুনি এনে এক পুস্তকৰ পৰা আৰম্ভ কৰক যাৰ কঠিন স্তৰ ২আছে। পূণৰ এই প্ৰক্ৰিয়া পালন কৰক:

  1. অনুবাদস্টুডিঅ ব্যৱহাৰ কৰি বাইবেল পুস্তকৰ অনুবাদ ৰ প্ৰথম খচৰা প্ৰস্তত কৰক।
  2. এগৰাকী সহযোগীৰ সৈতে আপোনাৰ অনুবাদ পৰীক্ষা কৰক।
  3. [পূৰ্ণ অনুবাদ দলৰ] সৈতে অনুবাদ পৰীক্ষা কৰক(../../checking/team-oral-chunk-check/01.md)।
  4. অনুবাদৰ টোকা আৰু অনুবাদৰ শব্দৰ সঁজুলিৰ ভিতৰত অনুবাদকেন্দ্ৰৰব্যৱহাৰ কৰি অনুবাদ পৰীক্ষা কৰক।
  5. ভাষাৰ সম্প্ৰদায়ৰ সৈতে অনুবাদ পৰীক্ষা কৰক।
  6. মণ্ডলী নেতাসকলৰ গোটৰ সৈতে অনুবাদৰ পৰীক্ষা কৰক।
  7. অনুবাদক অনুবাদকেন্দ্ৰৰ, সংৰখিত উপকৰণৰ প্ৰয়োগ কৰি মূল ভাষাৰ সৈতে সংৰখিত কৰক।

  8. মণ্ডলী নেতাসকলৰ গোটৰ সৈতে অনুবাদৰ পৰিক্ষা কৰক।

  9. প্ৰকাশ Door43, মুদ্ৰণ, আৰু অডিঅ, ইচ্ছামতে অনুবাদ কৰক।

বাইবেলৰ সকলো পুস্তকৰ সৈতে এই পদক্ষেপসমূহ পুনৰাবৃত্তি কৰক।

অনুবাদ দলৰ পৰা কোনোৱে বনোৱা আচঁনিৰ Door43 উপৰত বজায় ৰখা, ভুলবোৰ শুদ্ধ কৰিবলৈ সম্পাদন আৰু মণ্ডলী সম্প্ৰদায়ৰ পৰা পৰামৰ্শ লৈ ইয়াক শুদ্ধ কৰক, অনুবাদসমূহ সহজতে যিমান ইচ্ছা ডাউনলোড আৰু পূৰ্ণমুদ্ৰণ কৰিব পাৰি।

Next we recommend you learn about:


4. Checking

পৰীক্ষাকৰণ আৰম্ভ হোৱাৰ পূৰ্ব্বে প্ৰশিক্ষণ

This page answers the question: মই আৰম্ভ কৰা আগতে পৰীক্ষাকৰণ সম্পৰ্কে কি জনা উচিত?

In order to understand this topic, it would be good to read:

পৰীক্ষকৰণৰ পূৰ্ব্বে

এইটো উপদেশ দিয়া হয় যে যেতিয়া আপুনি অনুবাদৰ পৰিক্ষা কৰে তেতিয়া আপুনি সাধাৰণতে পৰীক্ষণ মেনুৱেলৰ পৰা পৰামৰ্শ লওঁক। পৰিক্ষা আৰম্ভ কৰাৰ আগতে, আমি পৰামৰ্শ দিও যে আপুনি পৰীক্ষণ মেনুৱেলৰ মাধ্যমেদি নিজৰ কাম আৰম্ভ কৰক যেতিয়ালৈকে আপুনি এইটো নুবুজিব যে প্ৰত্যেক পৰীক্ষণৰ বাবে কি প্ৰয়োজন আছে। যেতিয়াই আপুনি পৰীক্ষণ প্ৰক্ৰিয়াৰ মাধ্যমেদি কাম কৰে, আপুনি পৰীক্ষণ মেনুৱেলৰ পৰা বাৰে বাৰে পৰামৰ্শ লোৱা উচিত।

পৰীক্ষাকৰণ আৰম্ভ কৰাৰ আগতে কিছুমান তথ্য অনুবাদ দলে জনা উচিত:


অনুবাদকেন্দ্ৰ গঠন কৰা®

This page answers the question: মই কেনেকৈ অনুবাদকেন্দ্ৰ গঠন কৰিম?

In order to understand this topic, it would be good to read:

অনুবাদকেন্দ্ৰ কেনেকৈ পাব®

অনুবাদকেন্দ্ৰ® হৈছে এটা খোলা উৎস আৰু বাইবেল অনুবাদৰ বাবে খোলা অনুজ্ঞাপত্ৰ প্ৰাপ্ত চফটৱেৰ প্ৰগ্ৰাম। এইটো সম্পূৰ্ণভাৱে বিনামূল্যে ব্যৱহাৰ কৰা হয়। ডেক্সটপ বা লেপটপ কম্পিউটাৰৰ (Windows, Mac, or Linux) বাবে অনুবাদকেন্দ্ৰৰ শেহতীয়া সংস্কৰণটি ৰ পৰা পোৱা যায়। প্ৰগ্ৰামটি সংস্থাপন কৰিবলৈ, শেহতীয়া মুক্তি পোৱা সংস্কৰণটি লাভ কৰিবলৈ “ডাউনলোডত” ক্লিক কৰক। মনত ৰাখিব যে আপুনি ইন্টাৰনেট ব্যৱহাৰ নকৰাকৈ আনৰ সৈতে অনুবাদকেন্দ্ৰ শেয়াৰ কৰিবৰ বাবে আন কম্পিউটাৰৰ পৰা ফাইলও কপি কৰিব পাৰে।

কেনেকৈ অনুবাদকেন্দ্ৰ সংস্থাপন কৰিব®

নথিভুক্তকৰণৰ বাবে কেনেকৈ অনুবাদকেন্দ্ৰ ব্যৱহাৰ কৰা হয়, অনুগ্ৰহ কৰি ত চাওক। তলত এটি বিৱৰণ-টোকা দিয়া হ’ল।

লগ ইন কৰক

আৰম্ভ কৰিবলৈ, আপোনাক এটি ব্যৱহাৰকাৰী নাম দি লগ ইন কৰিব লাগিব। আপোনাৰ অনুবাদ যদি Door43 হয়, তেন্তে আপোনাৰ Door43 ব্যৱহাৰকাৰী নাম ব্যৱহাৰ কৰক। আপুনি যদি ইন্টাৰনেট ব্যৱহাৰ কৰিব নিবিচাৰে, তেনেহলে যি কোনো নাম কৰিব খোজে, বা আপুনি বাস্তৱ বা ছদ্মনাম ব্যৱহাৰ সন্নিবিষ্ট কৰিব পাৰে।

এটা প্ৰকল্প বাচনি কৰক

যদি আপুনি আপোনাৰ Door43 ব্যৱহাৰকাৰীৰ নাম দি লগইন কৰিছে, তেনেহলে অনুবাদকেন্দ্ৰই জানিব যে কোনবিলাক অনুবাদ আপোনাৰ হয় আৰু সেইবোৰক অনুবাদকেন্দ্ৰত ডাউনলো়ড কৰিবলৈ উপলব্ধ কৰাব। আপুনি যি অনুবাদ প্ৰকল্প পৰীক্ষা কৰিব বিচাৰে তাক Door43ৰ আপোনাৰ প্ৰকল্পৰ তালিকাৰ পৰা নিৰ্বাচন কৰিব পাৰে। আপুনি ইতিমধ্যে ইন্টাৰনেট ব্যৱহাৰ নকৰিও আপোনাৰ কম্পিউটাৰত সংৰক্ষিত অনুবাদ লোড কৰিব পৰে।

এটা উপকৰণ বাচি লওক

অনুবাদকেন্দ্ৰত বৰ্তমানে তিনিটা পৰীক্ষণ উপকৰণ আছে:

প্ৰতিটো উপকৰণ ব্যৱহাৰ বাবে নিৰ্দ্দেশনাৱলী ওপৰৰ উপকৰণ নামৰ ওপৰত ক্লিক কৰিলে পোৱা যাব।

অনুবাদকেন্দ্ৰ ব্যৱহাৰ কৰাৰ পাছত®

যি কোনো সময়ত আপুনি আপোনাৰ কাম Door43 by returning to the project list and clicking on the three-dot menu next to the project that you want to upload and choosing "Upload to Door43". You can also save your project to a file on your computer. Once uploaded, Door43 will keep your work in a repository under your user name and you can access your work there (see Publishing) ত আপলোড কৰিব পাৰে।


5. Publishing

প্ৰকাশকৰণৰ পৰিচয়

This page answers the question: প্ৰকাশকৰণ নো কি?

In order to understand this topic, it would be good to read:

প্ৰকাশকৰণৰ অৱলোকণ

যেতিয়া এবাৰ কোনো কাম Door43ত আপলোড কৰা হয়, তেতিয়া ই আপোনাৰ ব্যৱহাৰীক একাউন্টত আপোনা-আপুনি ভাবে অনলাইলত উপলব্ধ হয়। ইয়াক স্ব-প্ৰকাশকৰণ বুলি কোৱা হয়। আপোনাৰ প্ৰকল্পৰ এটা ৱেব সংস্কৰণ আপোনাৰ বাবে http://door43.org/u/username/projectname ত পোৱা যাব (য’ত ব্যৱহাৰ-কৰোতাৰ নাম আপোনাৰ-ব্যৱহাৰিক নাম হব আৰু প্ৰকল্পৰ-নাম আপোনাৰ অনুবাদৰ-প্ৰকল্পৰ নাম হব)। অনুবাদস্টুডিয় আৰু অনুবাদকেন্দ্ৰ উভয়ে আপুনি আপলড কৰোতে আপোনাক সঠিক লিংক প্ৰদান কৰিব। ইয়াৰ উপৰিও আপুনি ত সকলো কামবোৰ খুলি চাব পাৰে।

আপোনাৰ Door43 প্ৰকল্পৰ পৃষ্ঠাৰ পৰা আপুনি পাৰে:

  • আপোনাৰ প্ৰকল্পৰ ৱেব সংস্কৰণ ডিফল্ট বিন্যাসৰ লগত চাওক।
  • আপোনাৰ প্ৰকল্পৰ নথি ডাউনলোড কৰক (এটা PDF ৰ দৰে)
  • আপোনাৰ প্ৰকল্পৰ বাবে উৎস ফাইলৰ লিংক (USFM or Markdown) প্ৰাপ্ত কৰক
  • নিজৰ প্ৰকল্পৰ বিষয়ে আনৰ সৈতে কথা পাতক
  • আপোনাৰ প্ৰকল্পৰ সম্পাদনা আৰু উন্নত্বকৰণক অব্যাহত ৰাখক আৰু সকলো পৰিৱৰ্তনৰ ওপৰত দৃষ্টি ৰাখক

আপোনাৰ প্ৰকল্প আনক অধিক ভাবে বিতৰণ কৰাৰ বাবে, চাওক বিতৰণ


6. Distributing

বিতৰণৰ পৰিচয়

This page answers the question: মই কেনেকৈ বিষয়বস্তু বিতৰণ কৰিব পাৰো?

In order to understand this topic, it would be good to read:

বিতৰণৰ অৱলোকন

বাইবেলৰ বিষয়বস্তু মূল্যহীন হয় যেতিয়ালৈকে ইয়াক বিতৰণ আৰু ব্যৱহাৰ কৰা নহয়। Door43 অনুবাদ আৰু প্ৰকাশকৰণৰ মঞ্চ ব্যৱহাৰ কৰাৰ এটা লাভালাভ হৈছে যে ই বিষয়বস্ত্ত বিতৰণ কৰাৰ বাবে বহুসংখ্যক, সৰল উপায়বোৰ প্ৰদান কৰে। Door43 ৰত:

  • আপুনি নি্ৰাপদে আপোনাৰ অনুবাদ সংৰক্ষণ কৰিব পাৰে।
  • মানুহে আপোনাৰ অনুবাদ চাব পাৰে
  • মানুহে আপোনাৰ অনুবাদ উন্নত্বকৰণৰ বাবে মন্তব্য আৰু পৰামৰ্শবোৰ প্ৰদান কৰিব পাৰে।
  • মানুহে আপোনাৰ অনুবাদ পঢ়িব, প্ৰতিলিপি লবলৈ, আৰু বিলাবলৈ ডাউনলোড কৰিব পাৰে।

মুকলি অনুজ্ঞাপত্ৰ

বিষয়বস্তু বিতৰণ ব্যৱস্হাৰ সকলোতকৈ ডাঙৰ কাৰক হৈছে মুকলি অনুজ্ঞাপত্ৰ যিয়ে Door43 সকলো প্ৰকাৰৰ বিষয়বস্তুৰ বাবে ব্যৱহাৰ কৰিবলৈ সক্ষমতা প্ৰদান কৰে। এই অনুজ্ঞাপত্ৰই সকলোকে তেওঁলোকৰ প্ৰয়োজনীয় স্বাধীনতা প্ৰদান কৰে:

  • বিলোৱা — যিকোনো মাধ্যম বা আকাৰত বিষয়বস্ত্তৰ প্ৰতিলিপি আৰু পুনৰ বিতৰণ কৰা
  • উপযোগী — সংমিশ্ৰণ, ৰুপান্তৰকৰণ, আৰু উপাদানৰ ওপৰত নিৰ্মাণকৰণ

খৰচ নোহোৱাকৈ, কোনো উদ্দেশ্যত, এনেকি বাণিজ্যিক ভাৱেও। "বিনামূল্যে আপুনি লাভ কৰিছে; বিনামূল্যে দিয়ক।" (মথি ১০:৮)

অনলাইন আৰু অফলাইন দুয়োটাতে আপোনাৰ অনুবাদসমূহ বিলোৱা উপায়, চাওক বিষয়বস্তু বিলোৱা


কেনেকৈ বিষয়বস্তু ভগাই দিব পাৰি

This page answers the question: মই কেনেকৈ বিষয়বস্তু ভগাই দিম?

In order to understand this topic, it would be good to read:

tS আৰু tC পৰা বিষয়বস্তু ভগুৱা হৈছে।

অনুবাদস্টুডিঅত থকা বিষয়বস্তু শেয়াৰ কৰাটো সহজ। অফলাইন শেয়াৰিঙৰ বাবে, tS মেনুৰ পৰা বেকআপ বৈশিষ্ট ব্যৱহাৰ কৰক। অনলাইন শেয়াৰিঙৰ বাবে tS মেনুৰ পৰা আপলোড বৈশিষ্ট ব্যৱহাৰ কৰক। অনুবাদৰ মূল প্ৰকল্পৰ পৃষ্ঠাৰ তিনি-ডট মেনু ব্যৱহাৰ কৰক। অফলাইন শেয়াৰিঙৰ বাবে USFM বা CSV ৰপ্তানি কৰক। অনলাইন শেয়াৰিঙৰ বাবে বা Door43 আপলোড কৰক।

Door43 ৰ বিষয় বস্তু শেয়াৰিং কৰা হৈছে।

যদি আপুনি অনুবাদস্টুডিঅ বা অনুবাদকেন্দ্ৰৰ পৰা নিজৰ কাম আপলোড কৰে, তেতিয়া ই নিজে নিজে Door43 ত অনলাইনত দেখা পাব। আপোনাৰ আপলোড কৰা সকলো বস্তু আপোনাৰ উপভোক্তাৰ একাউন্টৰ তলত দেখা দিব। উদাহৰণ স্বৰুপে উপভোক্তাৰ নাম test_user হয়, তেতিয়া আপোনাৰ সকলো কাম ত পাব পাৰে। আপুনি নিজৰ আপলোড কৰা প্ৰকল্পৰ লিংক প্ৰদান কৰি অনলাইনত আনৰ সৈতে আপোনাৰ কাম শেয়াৰ কৰিব পাৰে।

অফলাইনৰ বিষয়বস্তু শেয়াৰ কৰা

ইয়াৰ উপৰিও আপুনি Door43 ৰ আপোনাৰ প্ৰকল্পৰ পৃষ্ঠাৰ পৰা নথি সৃষ্টি আৰু ডাউনলোড কৰিব পাৰে। এবাৰ আপুনি ডাউনলোড কৰাৰ পিছত আপুনি সেইবোৰ আনক শেয়াৰ কৰিব পাৰে, যদি আপুনি বিচাৰে, য’ত মুদ্ৰণ আৰু কাগজৰ কপি বিতৰণ কৰা অৰ্ন্তভুক্ত হয়। .