Assamese: Translation Academy

Updated ? hours ago # views See on DCS

Introduction to translationAcademy

translationAcademy ৰ পৰিচয়

This page answers the question: translationAcademy কি?

translationAcademyলৈ স্বাগতম

“translationAcademy” ৰ উদ্দেশ্য হ’ল, যিকোনো লোককে, যিকোনো অৱস্থানতে, নিজকে সৰঞ্জামিত কৰি তুলা যাতে তেওঁলোকে তেওঁলোকৰ নিজৰ ভাষালৈ বাইবেল সংক্ৰান্তিয় বিষয়বস্তুৰ উচ্চ- গুণমানৰ অনুবাদ কৰিবলৈ সক্ষম হয়। translationAcademyৰ অতি নমনীয়ভাৱে পৰিকল্পিত। ইয়াক এটা ব্যৱস্থাগত, উচ্চ-স্তৰীয় পদ্ধতিত প্ৰয়োগ কৰিব পাৰি বা ইয়াক সাময়িকভাৱে শিকাৰ উদ্দেশ্যেৰও ব্যৱহাৰ কৰিব পাৰি (বা দুয়োধৰণেৰে, প্ৰয়োজন অনুসৰি)। গঠনত ই মডুলাৰ হয়।

translationAcademyত তলত উল্লেখিত বিভাগসমূহ অন্তঃভূক্ত:

Next we recommend you learn about:


বাইবেলখন আমি কিয় অনুবাদ কৰো

This page answers the question: বাইবেলখন আমি কিয় অনুবাদ কৰিব লাগে?

In order to understand this topic, it would be good to read:

translationAcademyৰ উদ্দেশ্য হ’ল আপোনাক এজন বাইবেল অনুবাদক ৰূপে প্ৰশিক্ষিত কৰা।আপোনাৰ নিজৰ লোকসকলক যীশুৰ শিষ্যৰূপে গঢ়ি তুলিবলৈ ঈশ্বৰৰ কথাসমূহ আপোনাৰ ভাষালৈ অনুবাদ কৰাটো এটা গুৰুত্বপূৰ্ণ কাম। আপুনি এই কামৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হব লাগিব, আপোনাৰ দায়িত্বক গুৰুত্বপূৰ্ণভাৱে লওক, আৰু প্ৰাৰ্থনা কৰক যাতে ঈশ্বৰে আপোনাক সহায় কৰে।

ঈশ্বৰে আমাৰ লগত বাইবেলত কথা পাতিছে। তেওঁ বাইবেলৰ লিখকসকলক তেওঁৰ কথাসমূহ হিব্ৰো, আৰামাইক আৰু গ্ৰীকভাষাত লিখিবৰ বাবে অনুপ্ৰাণিত কৰিছিল। খ্ৰীষ্টপূৰ্ব 1400ৰ পৰা খ্ৰীষ্টাব্দ 100লৈকে প্ৰায় 40জন বিভিন্ন লিখকে লিখিছে। এই নথিসমূহ মধ্যপ্ৰাচ্য, উত্তৰ আফ্ৰিকা আৰু ইউৰোপত লিখিত। এই ভাষাসমূহত তেওঁৰ কথসমূহ সঞ্চিত কৰি, ঈশ্বৰে সেইসময়ৰ আৰু সেই স্থানসমূহৰ লোকসকলে সেই বুজি পোৱাটো নিশ্চিত কৰিছিল।

আজি, আপোনাৰ দেশৰ লোকসকলে হিব্ৰো, আৰামাইক আৰু গ্ৰীক ভাষা বুজি নাপায়। কিন্তু ঈশ্বৰৰ কথাসমূহ তেওঁলোকৰ নিজৰ ভাষালৈ অনুবাদ কৰিলে তেওঁলোলে সেইয়া বুজি পাবলৈ সক্ষম হব।

কাৰোবাৰ “মাতৃ ভাষা” বা “হৃদয়ৰ ভাষা” মানে সেই ভাষাটো যিটো তেওঁলোকে শৈশৱকালত প্ৰথমবাৰৰ বাবে কয় আৰু যিটো তেওঁলোকে ঘৰত ব্যৱহাৰ কৰে। এইটো সেই ভাষাটো যিটোত তেওঁলোক অত্যন্ত সহজ অনুভৱ কৰে আৰু তেওঁলোকৰ গভীৰ চিন্তাসমূহ ব্যক্ত কৰিবৰ বাবে ব্যৱহাৰ কৰে। আমি বিচাৰো প্ৰত্যেকলোকে ঈশ্বৰৰ কথাসমূহ তেওঁলোকৰ হৃদয়ৰ ভাষাৰে পঢ়িবলৈ সক্ষম হয়।

প্ৰতিটো ভাষাই গুৰুত্বপূৰ্ণ আৰু মূল্যবান। ক্ষুদ্ৰ ভাষাসমূহো সিমানেই গুৰুত্বপূৰ্ণ যিমান আপোনাৰ দেশত ৰাষ্ট্ৰীয় ভাষাটো হয়, আৰু সেইবোৰেও সিমান ভালদৰেই অৰ্থ অভিব্যক্ত কৰিব পাৰে। কোনোলোকেই তেওঁলোকৰ ভাষাটোত কথা কবলৈ লাজ পাব নালাগে। কেতিয়াবা, অল্পসাংখ্যিক গোটত থকাসকলে নিজৰ ভাষাত কথা কবলৈ লাজ অনুভৱ কৰে আৰু তেওঁলোকৰ দেশৰ অধিকসংখ্যক লোকৰ আগত ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকে। কিন্তু ৰাষ্ট্ৰীয় ভাষাসমূহৰ তুলনাত স্বাভাৱিকভাৱে স্থানীয় ভাষাসমূহতকৈ অধিক গুৰুত্বপূৰ্ণ, অধিক প্ৰতিষ্ঠিত, বা অধিক শিক্ষিত একো নাই। প্ৰতিটো ভাষাৰ অৰ্থৰ তাৰতম্য আৰু ৰহণ আছে যিবোৰ অনন্য। আমি সেই ভাষাই ব্যৱহাৰ কৰিব লাগে য’ত আমি সৰ্বাধিক সহজ অনুভৱ কৰি আৰু যাৰ সহায়ত আনৰ লগত আমি শ্ৰেষ্ঠভাৱে যোগাযোগ কৰিব পাৰো।

  • কৃতিত্ব: টড প্ৰাইচৰ "বাইবেল অনুবাদ তত্ত্ব আৰু অনুশীলন " পিএইচ.ডিCC BY-SA 4.0*

unfoldingWord প্ৰজেক্ট

This page answers the question: unfoldingWord প্ৰজেক্টটো কি?

In order to understand this topic, it would be good to read:

unfoldingWord প্ৰজেক্টটো বিদ্যমান কাৰণ আমি প্ৰতিটো ভাষাত বাইবেলৰ অপ্ৰতিবন্ধিত বিষয়বস্তু চাব বিচাৰো।

যিশুৱে তেওঁৰ শিষ্যসকলক প্ৰতিটো জনগোষ্ঠীৰ লোকক নিজৰ শিষ্য কৰিবৰ বাবে আদেশ দিছিল:

"যীশু তেওঁলোকৰ ওচৰলৈ আহিল আৰু তেওঁলোকক ক’লে ‘স্বৰ্গত আৰু পৃথিৱীৰ সকলো অধিকাৰ মোক দিয়া হৈছে। সেয়েহে যোৱা আৰু সকলো দেশতে শিষ্য বনোৱা। তেওঁলোকক পিতাৰ নামত, পুত্ৰৰ নামত আৰু পবিত্ৰ আত্মাৰ নামত বেপ্তিষ্ট কৰা। তেওঁলোকক সেই সকলো পালন কৰিবৰ বাবে শিকোৱা যাৰ বাবে মই তোমালোকক আজ্ঞা দিছো। আৰু চোৱা, মই সদায় তোমালোকৰ লগত আছো, পৃথিৱীৰ অন্তলৈকে।.'" (মেথিও 28:18-20 ULT)

আমাৰ প্ৰতিজ্ঞা আছে যে প্ৰতিটো ভাষাৰ লোকেই স্বৰ্গত থাকিব:

"এইসমূহ ঘটনাৰ পিছত মই দেখিলো আৰু মনত ৰাখিলো, তাত এটা বিশাল ভীৰ আছিল, যাক কোনেও সংখ্যাৰেহিচাপ কৰিব পৰা নাছিল, সকলো ৰাষ্ট্ৰৰ, জনজাতিৰ, আৰু ভাষাৰ লোক সিংহাসনৰ সন্মূখত আৰু ভেড়াটোৰ সন্মূখত ঠিয় হৈ আছিল। " (আপ্তবাক্য 7:9 ULT)

ঈশ্বৰৰ শব্দসমূহ এজনলোকে হৃদয়ৰ ভাষাৰে বুজি পোৱাটো অতি গুৰুত্বপূৰ্ণ:

"সেয়ে আস্থা আহে শ্ৰৱণৰ পৰা আৰু খ্ৰীষ্টৰ শব্দসমূহ শ্ৰৱণৰ পৰা।" (ৰোমানচ 10:17 ULT)

আমি সেইয়া কিদৰে কৰো?

প্ৰতিটো ভাষাত বাইবেলৰ অপ্ৰতিবন্ধিত বিষয়বস্তু ৰ লক্ষ্যত আমি কিদৰে উপনীত হব পাৰো?

আমি কি কৰো?

  • বিষয়বস্তু - আমি মুক্ত আৰু অপ্ৰতিবদ্ধিত বাইবেলৰ বিষয়বস্তু তৈয়াৰ কৰো আৰু অনুবাদৰ বাবে উপলব্ধ কৰো।উত্‍স আৰু অনুবাদসমূহৰ এক সম্পূৰ্ণ তালিকাৰ বাবে http://ufw.io/content/ চাওক। এইয়া হ’ল কিছুমান নমুনা:
    • মুক্ত বাইবেল কাহিনী - এক কালানুক্ৰমিক সূক্ষ্ম-বাইবেল য’ত বাইবেল 50টা মূল কাহিনী অন্তঃভুক্ত আছে, সৃষ্টিৰ পৰা প্ৰকাশলৈকে, প্ৰচাৰ আৰু শিষ্যত্বৰ বাবে, মুদ্ৰিত, অডিঅ’ আৰু ভিডিঅ’ ৰূপত ( http://ufw.io/stories/ চাওক)।
    • বাইবেল - ঈশ্বৰৰ একমাত্ৰ প্ৰেৰিত, যোগ্য, পৰ্য্যাপ্ত আৰু কৰ্তৃত্বপূৰ্ণ কথাৰ অপ্ৰতিবন্ধিত অনুবাদ, প্ৰয়োগ আৰু বিতৰণৰ বাবে এক মুক্ত লাইচেঞ্চৰ অধীনত উপলব্ধ কৰা ( http://ufw.io/bible/ চাওক)।
    • translationNotes - অনুবাদকৰ বাবে ভাষিক, সাংস্কৃতিক আৰু বাখ্যাত্মক সহায়। সেইবোৰ মুক্ত বাইবেল কাহিনী আৰু বাইবেলৰ বাবে বিদ্যমান (http://ufw.io/tn/ চাওক)।
    • translationQuestions - অনুবাদক আৰু নিৰীক্ষকে তেওঁলোকে কৰা অনুবাদ সঠিকভাৱে বুজি পাব পৰা হৈছে সেইয়া নিশ্চিত কৰিবৰ বাবে সহায় বিচাৰিব পৰা প্ৰতিটো পাঠৰ বাবে প্ৰশ্ন। মুক্ত বাইবেল কাহিনী আৰু বাইবেলৰ বাবে বিদ্যমান (http://ufw.io/tq/ চাওক)।
    • translationWords - বাইবেল সংক্ৰান্তিয় কিছুমান গুৰুত্বপূৰ্ণ শব্দৰ তালিকা, যিসমূহ চমু বাখ্যা, সম্পৰ্কীয় প্ৰসংগ, আৰু অনুবাদ সাহায্যৰে সৈতে উপলব্ধ থাকে। মুক্ত বাইবেল কাহিনী আৰু বাইবেলৰ বাবে ব্যৱহাৰযোগ্য (see http://ufw.io/tw/ চাওক)।
  • টুলসমূহ - আমি অনুবাদ, নিৰীক্ষণ আৰু বিতৰণ টুল সৃষ্টি কৰো যিবোৰ বিনামূলীয়া আৰু মুক্ত-লাইচেঞ্চযুক্ত। টুলসমূহৰ এক সম্পূৰ্ণ তালিকাৰ বাবে http://ufw.io/tools/ চাওক। এইয়া হ’ল কিছুমান নমুনা:
    • Door43 - এটা অনলাইন অনুবাদ প্লেটফৰ্ম য’ত লোকসকলে অনুবাদ আৰু নিৰীক্ষণ কৰাত সহযোগ কৰিব পাৰে, লগতে unfoldingWord ৰ বাবে বিষয়বস্তু পৰিচালনা পদ্ধতিও। (see https://door43.org/ চাওক)।
    • translationStudio - এটা মোবাইল এপ্প আৰু এটা ডেস্কটপ এপ্প য’ত অনুবাদকসকলে অফলাইন অনুবাদ কৰিব পাৰে (see http://ufw.io/ts/ চাওক)।
    • translationKeyboard - এটা ৱেব আৰু মোবাইল এপ্প যি ব্যৱহাৰকাৰীসকলক কীবোৰ্ড নথকা ভাষাসমূহত কাষ্টম কীবোৰ্ড সৃষ্টি কৰিবলৈ আৰু ব্যৱহাৰ কৰিবলৈ সহায় কৰে।(http://ufw.io/tk/ চাওক)।
    • unfoldingWord এপ্প - এটা মোবাইল এপ্প য’ত অনুবাদকাৰীসকলে বিতৰণ কৰিব পাৰে (http://ufw.io/uw/ চাওক)।
    • translationCore - এটা প্ৰগ্ৰাম যি বাইবেল অনুবাদসমূহক ব্যাপকভাৱে নিৰীক্ষণ কৰিবলৈ সক্ষম কৰে ( চাওক)।
  • প্ৰশিক্ষণ - মাতৃভাষাৰ অনুবাদ টীমসমূহক প্ৰশিক্ষণ দিবৰ বাবে আমি সম্পদ সৃষ্টি কৰো। translationAcademy (এই সম্পদ) হ’ল আমাৰ প্ৰাথমিক প্ৰশিক্ষণ টুল। আমাৰ ওচৰত অডিঅ’ ৰেকৰ্ডিং আৰু প্ৰশিক্ষণ সম্পদো আছে। প্ৰশিক্ষণ উপাদানাৰ এক সম্পূৰ্ণ তালিকাৰ বাবে http://ufw.io/training/ চাওক।

আস্থাৰ উক্তি

This page answers the question: আমি কি বিশ্বাস কৰো?

In order to understand this topic, it would be good to read:

এই নথিপত্ৰৰ কাৰ্য্যকৰি সংস্কৰণ http://ufw.io/faith/ত পোৱা যাব।

নিম্নোক্ত আস্থাৰ উক্তিটো unfoldingWord, Nicene Creed, আৰুAthanasian Creed; আৰু লগতে Lausanne Covenantৰ সকলো সদস্য সংগঠন আৰু অনুদানকাৰীৰ দ্বাৰা সদস্যতাপ্ৰাপ্ত।

আমি বিশ্বাস কৰো যে খ্ৰীষ্ট ধৰ্মীয় বিশ্বাসক অপৰিহাৰ্য্য বিশ্বাস আৰু প্ৰান্তিক বিশ্বাস ৰূপে বিভক্ত কৰিব পাৰি আৰু কৰিব লাগে (ৰোমানচ14)।

অপৰিহাৰ্য্য বিশ্বাস

অপৰিহাৰ্য্য বিশ্বাসসমূহ হ’ল যি যীশু খ্ৰীষ্টৰ অনুসৰণকাৰীক সংজ্ঞায়িত কৰে আৰু যিসমূহ কেতিয়াও আপোচ বা উপেক্ষা কৰিব নোৱাৰি।

  • আমি বিশ্বাস কৰো যে বাইবেল হ’ল একমাত্ৰ প্ৰেৰণাদায়ী, অন্তৰ্নিহিত, পৰ্য্যাপ্ত, ঈশ্বৰৰ কৰ্তৃতমূলক শব্দ (1 থিচলনীয়ান 2:13; 2 টিমথী 3:16-17).
  • আমি বিশ্বাস কৰো যে ঈশ্বৰ এজনেই, বাহ্যিকভাৱে তিনি পুৰুষত বিদ্যমান: ঈশ্বৰ পিতা, যীশু খ্ৰীষ্ট পুত্ৰ, আৰু পবিত্ৰ আত্মা (মেথিও 28:19; জন 10:30)।
  • আমি বিশ্বাস কৰো যীশু খ্ৰীষ্টৰ দেৱত্বত (জন 1:1-4; ফিলিপিয়ানচ 2:5-11; 2 পিটাৰ 1:1)।
  • আমি বিশ্বাস কৰো যীশু খ্ৰীষ্টৰ মানৱতাত, তেওঁৰ কুমাৰীত্বৰ জন্মত, তেওঁৰ পাপহীন জীৱন, তেওঁৰ অলৌকিকতাত, ৰক্তপাতৰ দ্বাৰা হোৱাৰ তেওঁৰ বিচিত্ৰ আৰু প্ৰায়শ্চিত্ত মৃত্যু, তেওঁৰ শাৰীৰিক পুনঃউত্থান আৰু পিতাৰ সোঁহাতেৰে তেওঁৰ স্বৰ্গাৰোহণত (মেথিও1:18,25; 1 কৰ্ণিথিয়ানচ 15:1-8; হিব্ৰিউজ 4:15; এক্টচ 1:9-11; এক্টচ 2:22-24).
  • আমি বিশ্বাস কৰো যে প্ৰতিজন ব্যক্তিয়েই স্বাভাৱিকভাৱে পাপী আৰু সেয়ে অনন্ত নৰকৰ যোগ্য হয় (ৰোমানচ 3:23; ইচায়াহ 64:6-7)।
  • আমি বিশ্বাস কৰো যে পাপৰ পৰা মুক্তি পোৱাটো ভগৱানৰ এটা উপহাৰ, যিটো যীশু খ্ৰীষ্টৰ বলিদানপূৰ্ণ মৃত্যু আৰু পুনঃউত্থানৰ মাধ্যমেৰে প্ৰদান কৰা হৈছে যাক বিশ্বাসৰ মাজেৰে অনুগ্ৰহৰ মাধ্যমেৰে প্ৰাপ্ত কৰিব পাৰি, কামেৰে নহয় (জন 3:16; জন 14:6; এফেচিয়ান 2:8-9, টিটাচ 3:3-7).
  • আমি বিশ্বাস কৰো যে সঁচা বিশ্বাস সদায় পবিত্ৰ আত্মাৰ দ্বাৰা অনুতাপ আৰু পুনঃজনমৰ লগত থাকে (জেমচ 2:14-26; জন 16:5-16; ৰোমানচ 8:9).
  • আমি বিশ্বাস কৰো পবিত্ৰ আত্মাৰ বৰ্তমানৰ মন্ত্ৰালয়ত, যাৰ দ্বাৰা যীশু খ্ৰীষ্টৰ অনুগামীসকল এক আধ্যাত্মিক জীৱন যাপন কৰিবলৈ সক্ষম হয় (জন 14:15-26; এফেচিয়ানচ 2:10; গালাটিয়ানচ 5:16-18).
  • আমি সকলো ৰাষ্ট্ৰ আৰু ভাষা আৰু লোকৰ গোটকে অন্তঃভূক্ত কৰি, ভগৱান যীশু খ্ৰীষ্টৰ সকলো বিশ্বাসীৰ আধ্যাত্মিক ঐক্যক বিশ্বাস কৰো (ফিলিপিয়ানচ 2:1-4; এফেচিয়ানচ 1:22-23; 1 কৰ্ণিথিয়ানচ 12:12,27).
  • আমি যীশু খ্ৰীষ্টৰ ব্যক্তিগত আৰু শাৰীৰিক পুনাঃগমণত বিশ্বাস কৰো (মেথিও 24:30; এক্টচ 1:10-11).
  • আমি উদ্ধাৰ হোৱা আৰু হেৰুৱা দুয়োটাৰে পুনঃউত্থানত বিশ্বাস কৰো; উদ্ধাৰ নোহোৱাখিনি অনন্ত নৰকত অভিশাপীত হৈ পুনঃউত্থাপিত হব আৰু উদ্ধাৰ হোৱাখিনি ঈশ্বৰৰ লগত স্বৰ্গত অনন্ত আশীৰ্বাদত পুনঃউত্থাপিত হব। (হিব্ৰিউজ 9:27-28; মেথিও 16:27; জন 14:1-3; মেথিও 25:31-46).

প্ৰান্তীয় বিশ্বাস

প্ৰান্তীয় বিশ্বাস হ’ল বাকী সকলো যি পবিত্ৰশাস্ত্ৰত আছে কিন্তু যাক যীশু খ্ৰীষ্টৰ অনুগামীসকল অসন্মত হব পাৰে (যেনে বেপ্টিজিম, ঈশ্বৰৰ নৈশ আহাৰ, আনন্দোলাস, ইত্যাদি)। এই বিষয়সমূহত আমি অসন্মত হব বাবে সন্মত ভাৱে বাচি লব পাৰো আৰু প্ৰত্যেক লোকৰ গোটক এটা সাধাৰণ লক্ষ্যৰ প্ৰতি একেলগে আগ বাঢ়িবৰ বাবে চাপ দিও (মেথিও 28:18-20)।


অনুবাদ নিৰ্দেশাৱলী

This page answers the question: কিসমূহ নীতিৰ দ্বাৰা আমি অনুবাদ কৰো?

In order to understand this topic, it would be good to read:

এই নথিপত্ৰৰ কাৰ্য্যকৰি সংস্কৰণ http://ufw.io/guidelines/ ত পোৱা যাব।

অনুবাদ কৰিবৰ বাবে প্ৰয়োগ হোৱা নীতি আৰু পদ্ধতি সমূহৰ ওপৰত নিম্নোক্ত উক্তিটো unfoldingWord, Nicene Creed, আৰুAthanasian Creed; আৰু লগতে Lausanne Covenantৰ সকলো সদস্য সংগঠন আৰু অনুদানকাৰীৰ দ্বাৰা সদস্যতাপ্ৰাপ্ত।

  1. সঠিক — মূল পাঠৰ অৰ্থৰ সলনি নকৰাকৈ, পৰিৱৰ্তন নকৰাকৈ, বা সংযোগ নকৰাকৈ, সঠিকভাৱে অনুবাদ কৰা। অনুবাদিত বিষয়বস্তুসমূহ মূল পাঠৰ অৰ্থৰ যথাসম্ভৱ সঠিকৰূপে বিশ্বাস্যনীয়ভাৱে যোগাযোগ কৰা উচিত যিদৰে মূল শ্ৰোতাসকলে ইয়াক বুজি পায়।([সঠিক অনুবাদ সৃষ্টি কৰক]চাওক(../../translate/guidelines-faithful/01.md))
  2. স্পষ্ট — বুজি পোৱাৰ সৰ্বাধিক স্তৰ প্ৰাপ্ত কৰিবৰ বাবে যি প্ৰয়োজনীয় ভাষা গাঠনিৰ প্ৰয়োজন সেইয়া ব্যৱহাৰ কৰক। ইয়াত, মূল অৰ্থক যিমান পাৰে স্পষ্টভাৱে প্ৰকাশ কৰিবৰ বাবে এটা পাঠৰ গঠনৰ পুনঃবিন্যাস আৰু প্ৰয়োজন সাপেক্ষে বেছি বা কম শব্দৰ প্ৰয়োগো অন্তঃভূক্ত।(স্পষ্ট অনুবাদ সৃষ্টি কৰক চাওক)
  3. স্বাভাৱিক —ভাষাৰ এনে ৰূপ ব্যৱ্হাৰ কৰক যি কাৰ্য্যকৰী হয় আৰু যি সংশ্লিষ্ট প্ৰসংগ সন্দৰ্ভত আপোনাৰ ভাষাক প্ৰতিফলিত কৰে। (স্বাভাৱিক অনুবাদ সৃষ্টি কৰকচাওক)
  4. বিশ্বাসযোগ্য — আপোনাৰ অনুবাদত কোনো কূটনৈতিক, সাংগঠনিক, আদৰ্শগত, সাংস্কৃতিক, বা ধৰ্মীয় পক্ষপাত এৰাই চলক। প্ৰকৃত বাইবেলৰ ভাষাসমূহৰ শব্দভাণ্ডাৰৰ প্ৰতি বিশ্বাসযোগ্য মূল পদসমূহৰ ব্যৱহাৰ কৰক। ঈশ্বৰ পিতা আৰু ঈশ্বৰ পুত্ৰৰ মাজৰ সম্পৰ্কক বৰ্ণনা কৰা সাধাৰণ ভাষিক শব্দসমূহৰ সমান্তৰাল শব্দৰ প্ৰয়োগ কৰক। এইসমূহ, প্ৰয়োজন সাপেক্ষে, পাদটীকা বা অন্য সম্পূৰক উত্‍সত স্পষ্টীকৰণ কৰিব পাৰি।(বিশ্বাসযোগ্য অনুবাদ সৃষ্টি কৰক চাওক)
  5. অনুমোদনমূলক — বাইবেল সংক্ৰান্তিয় বিষয়বস্তুৰ অনুবাদৰ বাবে সৰ্বোচ্চ কৰ্তৃপক্ষ ৰূপে মূল ভাষাৰ বাইবেলৰ পাঠক ব্যৱহাৰ কৰক। স্পষ্টিকৰণ আৰু মধ্যস্থতাকাৰী উত্‍স পাঠৰূপে অন্য ভাষাৰ নিৰ্ভৰযোগ্য বাইবেলৰ বিষয়বস্তুও ব্যৱ্হাৰ কৰিব পাৰি (অনুমোদনমূলক অনুবাদ সৃষ্টি কৰক চাওক)
  6. ঐতিহাসিক — ঐতিহাসিক ঘটনা আৰু তথ্যসমূহ সঠিকভাৱে প্ৰকাশ কৰক, মূল বিষয়বস্তুৰ প্ৰকৃত প্ৰাপ্তকৰ সৈতে একে প্ৰসংগ আৰু সংস্কৃতি নথকা লোকসকলক বাৰ্তাটো প্ৰদান কৰিবৰ বাবে প্ৰয়োজন সাপেক্ষে অতিৰিক্ত তথ্য প্ৰদান কৰক। (ঐতিহাসিক অনুবাদ সৃষ্টি কৰক চাওক)
  7. সম — অনুভূতিৰ আৰু দৃষ্টিকোণৰ অভিব্যক্তিকে অন্তঃভূক্ত কৰি উত্‍সৰ পাঠৰ সৈতে সম অভিপ্ৰায়েৰে প্ৰকাশ কৰক। যথসম্ভৱভাৱে, বাখ্যা, কবিতা, উপদেশ আৰু ভৱিষ্যতবাণী আদিকে ধৰি মূল পাঠত বিভিন্ন ধৰণৰ সাহিত্যক বৰ্তাই ৰাখক, সেইবোৰক আপোনাৰ ভাষাত প্ৰয়োগ হোৱাৰ দৰে একে ধৰণেৰে প্ৰতিনিধিত্ব কৰক। ( সম অনুবাদ সৃষ্টি কৰক চাওক)

অনুবাদৰ গুণমানৰ চিনাক্ত কৰণ আৰু পৰিচালনা

অনুবাদৰ গুণমাণে সাধাৰণতে অনুবাদটোৰ মূল অৰ্থৰ প্ৰতি বিশ্বস্ততাক বুজায়, আৰু সংগ্ৰাহক ভাষাৰ বক্তাৰ বাবে অনুবাদটো বুজিপোৱাৰ যোগ্যতা আৰু কাৰ্য্যকৰিতাক বুজায়। আমি পৰামৰ্শিত কৰা কৌশলটোত ভাষিক সম্প্ৰদায়ৰ সৈতে অনুবাদৰ গঠন আৰু যোগাযোগমূলক গুণমানৰ নিৰীক্ষণ আৰু সেই জনগোষ্ঠীৰ গীৰ্জাৰ লগত অনুবাদৰ বিশ্বাসযোগ্যতাৰ নিৰীক্ষণ অন্তঃভূক্ত আছে।

অনুবাদ প্ৰকল্পৰ ভাষা আৰু প্ৰসংগৰ ভিত্তিত জড়িত থকা নিৰ্দ্দিষ্ট পদক্ষেপসমূহ উল্লেখনীয়ভাৱে সলনি হব পাৰে। সাধাৰণতে, আমি ভাষিক সম্প্ৰদায়ৰ বক্তাৰ দ্বাৰা আৰু লগতে ভাষিক গোষ্ঠীৰ গীৰ্জাৰ নেতৃবৃন্দৰ দ্বাৰা পৰ্য্যালোচিত অনুবাদক ভাল বুলি বিবেচনা কৰো যাতে ই:

  1. সঠিক, স্পষ্ট, স্বাভাৱিক আৰু সম — মূল অৰ্থৰ উদ্দেশ্যৰ প্ৰতি বিশ্বাসযোগ্য, সেই জনগোষ্ঠীৰ লোকৰ গীৰ্জাৰ দ্বাৰা নিৰ্ধাৰিত আৰু বিশ্বব্যাপী থকা আৰু ঐতিহাসিক গীৰ্জাৰ সমান্তৰাল আৰু ফলস্বৰূপে:
  2. গীৰ্জাৰ দ্বাৰা নিশ্চিত - গীৰ্জাৰ দ্বাৰা অনুমোদিত আৰু ব্যৱহৃত। ( গীৰ্জা- অনুমোদিত অনুবাদ সৃষ্টি কৰক চাওক))

আমি এইয়া অনুমোদিত কৰো যাতে অনুবাদ কাৰ্য্য হয়:

  1. সহযোগী — য’ত সম্ভৱ হয়, আপোনাৰ ভাষাত কথা কোৱা অন্য বিশ্বাসীসকলৰ লগত কাম কৰক, যাতে অনুবাদিত বিষয়বস্তুক অনুবাদ, নিৰীক্ষণ আৰু বিতৰণ কৰিব পাৰে, এইয়া সুনিশ্চিত কৰে যে এইয়া সৰ্বোচ্চ গুণমাণৰ আৰু অধিকতকৈও অধিক লোকৰ বাবে উপলব্ধিত। (সহযোগী অনুবাদ সৃষ্টি কৰক চাওক))
  2. চলন্ত — অনুবাদ কাৰ্য্য কেতিয়া সম্পূৰ্ণভাৱে সমাপ্ত নহয়। ভাষাৰ দক্ষতা থকা সকলক যেতিয়াই তেওঁলোকে লক্ষ্য কৰে যে কথাখিনি অধিক উন্নতভাৱে প্ৰকাশ কৰিব পাৰি, তেনে কৰিবৰ বাবে উত্‍সাহিত কৰক। অনুবাদত হোৱা কোনো বিসংগতি যেতিয়াই ধৰা পৰে লগে লগে শুদ্ধ কৰিব লাগে। লগতে, অনুবাদসমূহৰ সময়ে সময়ে পৰ্য্যালোচনা কৰিবৰ বাবে উত্‍সাহিত কৰিব লাগে, যাতে যেতিয়া কোনো সংশোধন বা নতুন অনুবাদৰ প্ৰয়োজন হ’লে সেইয়া কৰিব পাৰি। আমি পৰামৰ্শ দিও যে এই চলন্ত কামৰ তত্ত্বাৱধানৰ বাবে প্ৰতিটো ভাষিক গোষ্ঠিয়ে এটা অনুবাদ সমিতি গঠন কৰিব লাগে। unfoldingWordৰ অনলাইন টুল ব্যৱহাৰ কৰি, অনুবাদৰ বাবে এই পৰিৱৰ্তনসমূহ শীঘ্ৰে আৰু সহজেই কৰিব পাৰে।(চলন্ত অনুবাদ সৃষ্টি কৰক চাওক))।

মুক্ত লাইচেঞ্চ

This page answers the question: unfoldingWordৰ বিষয়বস্তুৰ সৈতে ব্যৱহাৰকাৰীয়ে কি স্বাধীনতা লাভ কৰে?

In order to understand this topic, it would be good to read:

স্বাধীনতাৰ বাবে এক লাইচেঞ্চ

প্ৰতিটো ভাষাত অপ্ৰতিবদ্ধিত বাইবেল সংক্ৰান্তিয় বিষয় বস্তু প্ৰাপ্ত কৰিবৰ বাবেৰ বাবে , এখন লাইচেঞ্চৰ প্ৰয়োজন যি বিশ্বব্যাপী গীৰ্জাক “অপ্ৰতিবদ্ধিত” প্ৰবেশ প্ৰদান কৰে। আমি বিশ্বাস কৰো যেতিয়া গীৰ্জাই অপ্ৰতিবন্ধিত প্ৰবেশাধিকাৰ লাভ কৰিব তেতিয়া এই আন্দোলন অৰোধ্য হৈ পৰিব।ক্ৰিয়েটিভ কমন এট্ৰিবিউচন- শ্বেয়াৰএলাইক 4.0 ইণ্টাৰনেচনেল লাইচেঞ্চয়ে বাইবেল সংক্ৰান্তীয় বিষয়বস্তুৰ অনুবাদ আৰু বিতৰণৰ সকলো প্ৰয়োজনীয় অধিকাৰ প্ৰদান কৰে আৰু নিশ্চিত কৰে যে বিষয়বস্তুখিনি মুক্ত হৈ থাকে। কেৱল মাত্ৰ য’ত অন্যভাৱে উল্লেখ থাকে, আমাৰ সকলো বিষয় বস্তুৰ লাইচেঞ্চ হ’ল CC BY-SA.

ক্ৰিয়েটিভ কমন এট্ৰিবিউচন- শ্বেয়াৰএলাইক 4.0 ইণ্টাৰনেচনেল (CC BY-SA 4.0)

এইয়া licenseৰমানৱ-পাঠন যোগ্য সাৰাংশ হয় (আৰু বিকল্প নহয়)।

আপুনি মুক্তভাৱে কৰিব পাৰে:

  • শ্বেয়াৰ — যিকোনো মাধ্যম বা ফৰ্মেটত উপাদানৰ কপি আৰু বিতৰণ
  • অভিযোজন — উপাদানৰ ৰিমিক্স, ৰূপান্তৰ, আৰু পুনঃনিৰ্মাণ

যিকোনো উদ্দেশ্যৰ বাবে, ব্যৱসায়িকভাৱেও।

লাইচেঞ্চ প্ৰদান কৰোতাই এই স্বাধীনতা প্ৰত্যাহাৰ কৰিব নোৱাৰে যেতিয়ালৈকে আপুনি লাইচেঞ্চৰ চৰ্তসমূহ মানি চলে।

নিম্নোক্ত চৰ্তসমূহৰ অধীনত:

  • কৃতিত্ব — আপুনি নিশ্চিতভাৱে উচিত কৃতিত্ব প্ৰদান কৰিব লাগিব, লাইচেঞ্চলৈ এটা লিংক প্ৰদান কৰিব আৰু যদি কোনো সালসলনি কৰে সেইয়া জনাব। আপুনি সেইয়া যিকোনো যুক্তিযুক্ত মাধ্যমেৰে কৰিব পাৰে, কিন্তু এনেদৰে নহয় যি লাইচেঞ্চ প্ৰদান কৰোতাই আপোনাক বা আপোনাৰ প্ৰযোগক অনুমোদন কৰাটো প্ৰদৰ্শন কৰে।
  • শ্বেয়াৰএলাইক — যদি আপুনি উপাদানৰ ৰিমিক্স, ৰূপান্তৰ বা নিৰ্মাণ কৰে, আপুনি আপোনাৰ অৱদানক মূল লাইচেঞ্চৰ অধীনতেই বিতৰণ কৰিব লাগিব।

কোনো অতিৰিক্ত প্ৰতিবন্ধকতা নাই — আপুনি কোনো আইনী চৰ্ত বা প্ৰযুক্তিগত পৰিমাণ প্ৰয়োগ নকৰিব যি অন্যসকলক লাইচেঞ্চে অনুমতি প্ৰদান কৰা কোনো কাৰ্য্য কৰাৰ পৰা আইনীভাৱে বাধা প্ৰদান কৰে।

সূচনাসমূহ :

আপুনি সাৰ্বজনিক ডমেইনত বা য’ত আপোনাৰ প্ৰয়োগ এটা প্ৰযোজ্য ব্যতিক্ৰম বা সীমাবদ্ধতাৰে অনুমতি প্ৰাপ্ত তাত আপুনি বিষয়বস্তুৰ উপাদানৰ বাবে লাইচেঞ্চৰ পালন কৰাৰ আৱশ্যকতা নাই।

কোনো ৱাৰেণ্টী প্ৰদান কৰা নাই। লাইচেঞ্চে আপোনাক আপুনি ব্যৱহাৰ কৰিব বিচৰা সকলো অধিকাৰ প্ৰদান নকৰিবও পাৰে। উদাহৰণস্বৰূপে, অন্য অধিকাৰ যেনে প্ৰচাৰ, গোপনীয়তা বা নৈতিক অধিকাৰসমূহে আপুনি কিদৰে উপাদানসমূহ ব্যৱহাৰ কৰিব তাক সীমিত কৰিব পাৰে।

ব্যুত্‍পন্ন কামৰ বাবে পৰামৰ্শিত বিশিষ্ট উক্তি: “মূল কাৰ্য্য Door43 ৱৰ্ল্ড মিচন কমিউনিটৰ দ্বাৰা সৃষ্ট, http://door43.org/ত উপলব্ধ আৰু ক্ৰিয়েটিভ কমন এট্ৰিবিউচন- শ্বেয়াৰএলাইক 4.0 ইণ্টাৰনেচনেল লাইচেঞ্চৰ অধীনত প্ৰকাশিত (http://creativecommons.org/licenses/by-sa/4.0/)। এই কামখিনি মূল কামৰ পৰা পৰিৱৰ্তিত, আৰু মূল লিখকে এই কামক অনুমোদন নকৰে।”

Door43 অৱদানকাৰীৰ কৃতিত্ব

যেতিয়া Door43লৈ কোনো সম্পদ আমদানি কৰা হয়,অধীনস্থ অপেন লাইচেঞ্চৰ দ্বাৰা নিৰ্দ্দিষ্টকৃত ৰূপত, মূল কামক নিশ্চিতভাৱে কৃতিত্ব প্ৰদান কৰিব লাগিব। উদাহৰণস্বৰূপে, মুক্ত বাইবেল কাহিনীত ব্যৱহাৰ কৰা চিত্ৰৰ কৃতিত্ব স্পষ্টভাৱে প্ৰজেক্টৰ মূল পৃষ্ঠা.

Door43ৰ প্ৰজেক্টৰ অৱদানকাৰীসকলে সন্মতি প্ৰদান কৰে যে প্ৰতিটো পৃষ্ঠাৰ পুনঃনিৰীক্ষণৰ ইতিহাসত স্বয়ংক্ৰিয়ভাৱে হোৱা কৃতিত্ব তেওঁলোকৰ কামৰ বাবে পৰ্য্যাপ্ত কৃতিত্ব। তাৰ মানে, Door43ৰ প্ৰতিজন অৱদানকাৰীক“Door43 ৱৰ্ল্ড মিচন কমিউনিটি”ত তালিকাভুক্ত কৰিব পাৰে বা তেনেধৰণৰ প্ৰভাৱগত কোনো কাৰ্য্য কৰিব পাৰে। প্ৰতিজন অৱদানকাৰীৰ অৱদান সেই কামৰ ইতিহাসৰ পুনঃনিৰীক্ষণত সংৰক্ষিত।

উত্‍স পাঠ

উত্‍স পাঠসমূহ কেৱল তেতিয়া ব্যৱহাৰ কৰিব পাৰি যেতিয়া সেইবোৰৰ নিম্নোলিখিত কোনো এটা লাইচেঞ্চ থাকে:

অধিক তথ্যৰ বাবে কপিৰাইট, লাইচেঞ্চিং আৰু উ‍ত্‍স পাঠ চাওক।


গেটৱে লেংগুৱেজ ষ্ট্ৰেটেজি

This page answers the question: প্ৰতিটো ভাষা কিদৰে পাব পাৰি?

In order to understand this topic, it would be good to read:

  • এই নথিপত্ৰৰ কাৰ্য্যকৰি সংস্কৰণ http://ufw.io/gl/.ত পোৱা যাব।*

বাখ্যা

গেটৱে লেংগুৱেজ ষ্ট্ৰেটেজিৰ উদ্দেশ্য হ’ল সেই 100% লোকৰ গোটসমূহক সুসজ্জিত কৰা যি বিশ্বব্যাপী থকা চাৰ্চসমূহক বাইবেল সংক্ৰান্তিয় বিষয়বস্তুৰে সমৃদ্ধ কৰে, যিসমূহ কপিৰাইট বিধি নিষেধৰ পৰা মুক্ত হয় আৰু এনে এটা ভাষাত উপলব্ধ থাকে যিটো তেওঁলোকে ভালদৰে বুজি পায়(ব্যাপকভাৱে যোগাযোগৰ ভাষা)লগতে অপ্ৰতিবন্ধিত অনুবাদৰ প্ৰশিক্ষন আৰু সৰঞ্জামসমূহ প্ৰদান কৰা যি তেওঁলোকক তেওঁলোকে সম্পূৰ্ণভাৱে বুজি পোৱা এটা ভাষালৈ(তেওঁলোকৰ নিজৰ ভাষা) অনুবাদ কৰিবলৈ তেওঁলোকক সক্ষম কৰে। এটা “গেটৱে লেংগুৱেজ” হ’ল এটা ভাষা যি ব্যাপাকভাৱে যোগাযোগৰ ভাষা, যাৰ জৰিয়তে সেই ভাষাত কথা কোৱা আন-ভাষাৰ লোকসকলে বিষয়বস্তুত প্ৰবেশ পাব পাৰে আৰু তেওঁলোকৰ নিজৰ ভাষাত তাক অনুবাদ কৰিব পাৰে।

বিশ্ব স্তৰত “গেটৱে লেংগুৱেজ” ভাষাৰ সৰ্বনিম্ন সংখ্যাত আছে, যাৰ মাধ্যমেৰে দ্বিভাষিক বক্তাসকলৰ দ্বাৰা অনুবাদৰ মাধ্যমেৰে বিষয়বস্তুসমূহ অন্য প্ৰতিটো ভাষাত প্ৰদান কৰিব পাৰি। উদাহৰণস্বৰূপে, ফ্ৰেংকোফোন আফ্ৰিকাৰ সংখ্যালঘূ ভাষাসমূহৰ বাবে ফ্ৰাঞ্চ ভাষা হ’ল এটা গেটৱে লেংগুৱেজ, য’ত ফ্ৰাঞ্চ ভাষাত উপলব্ধ বিষয়বস্তুসমূহ দ্বিভাষিক বক্তাসকলে ফ্ৰাঞ্চৰ পৰা তেওঁলোকৰ নিজৰ ভাষালৈ অনুবাদ কৰিব পাৰে।

ৰাষ্ট্ৰীয় স্তৰত, কোনো এখন প্ৰদত্ত দেশৰ গেটৱে লেংগুৱেজসমূহ হ’ল বিষয়বস্তু উপলব্ধ কৰিবৰ বাবে দেশৰ প্ৰত্যেক অল্পসংখ্যক ভাষাৰ মূল নিবাসী(প্ৰব্ৰজন কৰি স্থিত হোৱা নহয়)ৰ দ্বিভাষিক বক্তাসকলৰ বাবে আৱশ্যকীয় ব্যাপকভাৱে যোগাযোগৰ বাবে ব্যৱহৃত সকলোতকৈ কম ভাষাসমূহ। উদাহৰণস্বৰূপে, উত্তৰ কোৰিয়াৰ বাবে গেটৱে লেংগুৱেজ হ’ল ইংৰাজী, উল্লেখনীয় যে উত্তৰ কোৰিয়াৰ স্থানীয় লোকৰ গোটৰ সকলোবোৰক ইংৰাজীৰ পৰা তেওঁলোকৰ ভাষালৈ বিষয়বস্তু অনুবাদ কৰি পাব পাৰে।

প্ৰভাৱ

এই মডেলটোৰ দুটা প্ৰাথমিক প্ৰভাৱ আছে: প্ৰথমটো, ই সকলোভাষাৰ বিষয়বস্তুকে তেওঁলোকৰ নিজৰ ভাষালৈ “পুল” কৰিবলৈ অনুমতি দিয়ে আৰু বিশ্বৰ সকলো ভাষা(এটা গেটৱে লেংগুৱেজ)ৰ বাবে সুলভ ভাষাত “পুচ” কৰাত সহায় কৰে। দ্বিতীয়তে, ই অনুবাদৰ পৰিমাণক সীমিত কৰে যিহেতু অনুবাদ কেৱল গেটৱে লেংগুৱেজলৈহে কৰিব লগা হয়। অন্য সকলো ভাষাত কেৱল বাইবেল সংক্ৰান্তিয়া বিষয়বস্তুকহে অনুবাদ কৰিব পাৰে, যিহেতু কোনো ভাষাই অনুবাদৰ সাহায্য বুজি পাবৰ বাবে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল নহব।

Next we recommend you learn about:


উত্তৰ বিছৰা

This page answers the question: মই মোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ ক’ত বিচাৰিব পাৰো?

In order to understand this topic, it would be good to read:

উত্তৰ কিদৰে পাব পাৰো

প্ৰশ্নৰ উত্তৰ সমূহ বিচাৰিবৰ বাবে বহুতো সম্পদ উপলব্ধ আছে:

  • translationAcademy - এই প্ৰশিক্ষণ নিৰ্দেশিকাখন http://ufw.io/ta ত বহুতো তথ্য উপলব্ধ আছে আৰু অনেক সম্ভেদ অন্তঃভূক্ত:
  • পৰিচয় – উন্মোচিত শব্দৰ প্ৰকল্পৰ প্ৰজেক্টৰ পৰিচয়
  • শিথিল ৰেখাচিত্ৰ ঘৰ - দল ৪৩ গোটত যোগদান কৰক, "#helpdesk" চেনেলত আপোনাৰ প্ৰশ্নসমূহ পোষ্ট কৰক আৰু আপোনাৰ প্ৰশ্নসমূহৰ বাস্তৱ-সময়ৰ উত্তৰ প্ৰাপ্ত (http://ufw.io/team43ত চাইন আপ কৰক)
  • CCBT আলোচনা ফৰাম - প্ৰযুক্তিগত, কৌশলগত, অনুবাদ আৰু নিৰীক্ষণ সমস্যাসমূহৰ বিষয়ে প্ৰশ্ন সুধিবলৈ আৰু উত্তৰ প্ৰাপ্ত কৰাৰ স্থান, https://forum.ccbt.bible/
  • হেল্প ডেস্ক- আপোনাৰ প্ৰশ্নসমূহ ই-মেইল কৰকhelp@door43.org