Assamese: Indian Revised Version - Assamese

Updated ? hours ago # views See on DCS

ইয়োব

গ্রন্থ ৰচয়িতা

প্রকৃততে কোনেও নাজানে ইয়োবৰ পুস্তকৰ লিখক কোন। কোনো লিখকৰ পৰিচয় জনা নাযায়। সম্ভবত একাধিক লিখক আছিল। এইটো সম্ভব যে বাইবেলৰ সকলোবোৰ পুস্তকতকৈ ইয়োব প্রাচীনতম পুস্তক। ইয়োব আছিল এজন সৎ আৰু ধার্মিক মানুহ, যিজনে অসহনীয় এক ঘটনা ভোগ কৰিছিল আৰু তেওঁ আৰু তেওঁৰ বন্ধুসকলে জানিবলৈ চেষ্টা কৰে যে, কিয় এনে বিপর্যয় মানুহৰ জীৱনত ঘটে। এই পুস্তকৰ মূল ব্যক্তিত্ববোৰৰ ভিতৰত আছে, ইয়োব, তৈমনীয়া ইলীফজ, চপহীয়া বিলদাদ, নামাথীয়া চোফৰ আৰু বুজীয়া ইলীহু।

লিখাৰ স্থান আৰু সময়

অজ্ঞাত।

এই পুস্তকৰ বেছি ভাগ লক্ষণে দেখুৱাই যে, ই বহু পাছত লিখা, হয়তো ই নির্বাসিত সময়ত বা তাৰ পাছত আৰু ইয়াৰে ইলীহু অধ্যায়টো ইয়াতকৈও পাছত লিখা।

প্রাপক

প্রাচীন ইহুদিলোকসকল আৰু বাইবেলৰ ভবিষ্যত পাঠকসকল। এইটোও বিশ্বাস কৰা হয় যে, ইয়োব পুস্তকৰ মূল পাঠকসকল আছিল দাসত্বত থকা ইস্রায়েলৰ সন্তানসকল; এই কথাও বিশ্বাস কৰে যে, মোচিযে তেওঁলোকক সান্ত্বনা দিবলৈ বিচাৰিছিল, কাৰণ তেওঁলোক মিচৰৰ দাসত্বৰ অধীনত আছিল।

উদ্দেশ্য

“ইয়োবৰ পুস্তকে” আমাক নিম্নলিখিত বিষয় সমূহ বুজিবলৈ সহায় কৰে: চয়তানে আর্থিক আৰু শাৰীৰিক ধ্বংস আনিবলৈ কেতিয়াও নোৱাৰে, কিন্তু চয়তানে কি কৰিব পাৰে বা নোৱাৰে, তাৰ ওপৰত ঈশ্বৰৰ ক্ষমতা আছে। এই জগতত সকলো দুখভোগৰ আৰত থকা “কিয়”ৰ অর্থ বুজি পোৱা ক্ষমতা মানুহৰ সমর্থৰ বাহিৰত। দুষ্টই কেৱল তেওঁলোকৰ কর্মহে গ্রহন কৰিব পাৰে। দুখভোগে হয়তো কেতিয়াবা আমাৰ জীৱনটো শুদ্ধিকৰণ কৰিবলৈ, পৰীক্ষা কৰিবলৈ, শিক্ষা আৰু আত্মাত শক্তিশালী হ’বলৈ অনুমতি দিয়ে।

মূল বিষয়

কষ্টৰ মাজেদি আশীর্বাদ।

প্রান্তৰেখা 1. ভূমিকা আৰু চয়তানৰ আক্রমণ – 1:1-2:13 2. ইয়োবৰ তিনি বন্ধুৰ সৈতে তেওঁৰ দুখভোগ সম্পর্কে আলোচনা চাকৰিৰ তিন বন্ধুৰ সঙ্গে তাৰ কষ্টৰ কথা আলোচনা – 3:1-31:40 3. ইলীহুৰ ঈশ্বৰৰ সততা ঘোষণা – 32:1-37:24 4. ইয়োবৰ প্রতি ঈশ্বৰৰ সার্বভৌম প্রকাশ – 38:1-41:34 5. ঈশ্বৰে ইয়োবক পুনৰুদ্ধাৰ কৰা – 42:1-17

Chapter 1

1 অধ্যায়

ইয়োবৰ সাধুতা আৰু তেওঁৰ উন্নতি

1 উচ দেশত ইয়োব নামেৰে এজন ব্যক্তি আছিল। সেই ব্যক্তি সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থকা লোক আছিল। 2 তেওঁৰ সাত জন পুতেক আৰু তিনি জনী জীয়েক আছিল। 3 তেওঁৰ সাত হাজাৰ মেৰ-ছাগ [1] আৰু ছাগলী, তিনি হাজাৰ উট, পাঁচ শ হাল বলদ, পাঁচ শ গাধী, আৰু অতি অধিক দাস-দাসী আছিল; এই কাৰণে সেই পুৰুষ পূব দেশৰ লোকসকলৰ মাজত সকলোতকৈ মহান আছিল।

4 তেওঁৰ পুতেকসকলে যিদিনা যাৰ ঘৰত পাল পৰে, সেইদিনা তাৰ ঘৰলৈ যায় আৰু ভোজ খায়, লগতে মানুহ পঠাই তেওঁলোকৰ তিনি জনী ভনীয়েককো তেওঁলোকৰ সৈতে ভোজন-পান কৰিবলৈ নিমন্ত্ৰণ কৰে। 5 পাছত তেওঁলোকৰ ভোজনৰ দিন উকলি গ’লে, ইয়োবে মানুহ পঠিয়াই তেওঁলোকক পবিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁলোকৰ সকলোৰে সংখ্যা অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, “কিজানি মোৰ ল’ৰাহতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে”! সেয়ে ইয়োবে সদায় এইদৰে কৰে।

ইয়োবৰ প্ৰথম পৰীক্ষা

6 এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হোৱাত, তেওঁলোকৰ লগত চয়তানো উপস্থিত হ’ল। 7 তাতে যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰিলোঁ, আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।” 8 তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি মোৰ দাস ইয়োবলৈ মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই।” 9 তেতিয়া চয়তানে উত্তৰ দি যিহোৱাক ক’লে, “ইয়োবে জানো লাভ নোপোৱাকৈ ঈশ্বৰলৈ ভয় ৰাখিছে? 10 আপুনি তেওঁৰ চাৰিওফালে, আৰু তেওঁৰ ঘৰৰ লগতে সৰ্ব্বস্বৰ চাৰিওফালে জানো বেৰা দি ৰখা নাই? আপুনি তেওঁৰ হাতৰ কাৰ্যবোৰ আশীৰ্ব্বাদযুক্ত কৰিছে আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি পাইছে। 11 কিন্তু আপুনি এবাৰ হাত মেলি তেওঁৰ সৰ্ব্বস্ব স্পৰ্শ কৰক; তেতিয়া অৱশ্যেই তেওঁ আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।” 12 তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁৰ সৰ্ব্বস্বৰ ওপৰত তোমাৰ ক্ষমতা আছে; কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা।” তাৰ পাছত চয়তান যিহোৱাৰ ওচৰৰ পৰা ওলাই গ’ল।

13 এদিন ইয়োবৰ পুতেক-জীয়েকসকলে বৰককায়েকৰ ঘৰত ভোজন আৰু দ্ৰাক্ষাৰস পান কৰি আছিল। 14 তেতিয়া ইয়োবৰ ওচৰলৈ এজন বাৰ্তাবাহক আহিল আৰু তেওঁক ক’লে, “গৰুবোৰে হাল বাই আছিল আৰু গাধীবোৰ সেইবোৰৰ ওচৰতে চৰি আছিল; 15 এনেতে চিবায়ীয়াহঁতে আক্ৰমণ কৰি সেই সকলোকে লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাসবোৰক বধ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।” 16 এইদৰে সি কৈ থাকোতেই আন এজনে আহি ক’লে, “আকাশৰ পৰা ঈশ্বৰৰ অগ্নি পৰি, দাসে সৈতে মেৰ-ছাগৰ জাকক দগ্ধ কৰিলে আৰু সেইবোৰক গ্ৰাহ কৰিলে। আপোনাক খবৰ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।” 17 সি কৈ থাকোঁতে আকৌ আন এজনে আহি ক’লে, “কলদীয়াহঁতে তিনিটা দলত ভাগ হৈ আহি আমাৰ উটবোৰক আক্ৰমণ কৰিলে আৰু সেইবোৰক লৈ গ’ল। এনে কি, সিহঁতে তৰোৱালৰ ধাৰেৰে দাস সকলক বধ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। 18 এইদৰে সি কৈ থাকোতেই আকৌ আন এজনে আহি ক’লে, “আপোনাৰ পুতেক-জীয়েক সকলে আপোনাৰ ডাঙৰ ককায়েকৰ ঘৰত ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰি আছিল; 19 এনেতে চাওক, মৰুপ্ৰান্তৰ দিশৰ পৰা বৰ ধুমুহা আহি ঘৰটোৰ চাৰিওফালে লাগিল আৰু ঘৰটো ভাঙি ডেকাসকলৰ ওপৰতে পৰাত, তেওঁলোকে তাতে প্ৰাণত্যাগ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ। 20 তেতিয়া ইয়োব উঠিল আৰু নিজৰ চোলা ফালিলে। পাছত মুৰ খুৰাই, মাটিত পৰি প্ৰণিপাত কৰি ক’লে, 21 “মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ’ল। যিহোৱাৰ নাম ধন্য হওক।” 22 এইদৰে এই সকলো ঘটিল, কিন্তু ইয়োবে পাপ নকৰিলে, আৰু মূৰ্খতাপূৰ্ণভাবে ঈশ্বৰক দোষাৰোপ নকৰিলে।


1:3 [1] মেৰ-ছাগ মেৰ-ছাগ

Chapter 2

2 অধ্যায়

ইয়োবৰ দ্বিতীয় পৰীক্ষা। তেওঁৰ বন্ধুসকলৰ আগমণ।

1 আকৌ এদিন ঈশ্বৰৰ সন্তান সকলে যিহোৱাৰ সম্মুখত থিয় হ’বলৈ উপস্থিত হ’ল, তেতিয়া তেওঁলোকৰ মাজত চয়তানো যিহোৱাৰ আগত থিয় হ’বলৈ উপস্থিত হ’ল। 2 তেতিয়া যিহোৱাই চয়তানক সুধিলে, “তুমি ক’ৰ পৰা আহিলা?” চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “মই পৃথিৱী ভ্ৰমণ কৰি আহিলোঁ আৰু তাৰ মাজত ইফালে সিফালে ফুৰি আহিলোঁ।

3 তেতিয়া যিহোৱাই চয়তানক সুধিলে, “মোৰ দাস ইয়োবলৈ তুমি মন কৰা নাই নে? কিয়নো তেওঁৰ নিচিনা সিদ্ধ, সৰল, ঈশ্বৰলৈ ভয় ৰাখোঁতা, আৰু দুষ্টতাৰ পৰা আঁতৰি থাকোঁতা লোক পৃথিৱীত কোনো নাই; যদিও তুমি অকাৰণে তেওঁৰ সৰ্ব্বনাশ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মোৰ প্ৰবৃত্তি জন্মালা, তথাপি তেওঁ এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি আছে।” 4 তেতিয়া চয়তানে যিহোৱাক উত্তৰ দি ক’লে, “ছালৰ অৰ্থে ছাল, এনে কি প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব পাৰে। 5 কিন্তু আপুনি পুনৰ এবাৰ হাত মেলি তেওঁৰ অস্থি আৰু মাংস স্পৰ্শ কৰক; তেতিয়া তেওঁ অৱশ্যে আপোনাৰ সাক্ষাততে আপোনাক বিদায় দিব।” 6 তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁ তোমাৰ হাতত আছে; কেৱল তেওঁৰ প্ৰাণৰ বিষয়ে সাৱধান হবা।”

7 তাৰ পাছত চয়তান যিহোৱাৰ সন্মুখৰ পৰা ওলাই গ’ল আৰু ইয়োবক আঘাত কৰিলে, তেতিয়া তেওঁৰ মূৰৰ তালুৰ পৰা ভৰিৰ তলুৱালৈকে বিষ খহু উৎপন্ন হ’ল। 8 ফলত তেওঁ ছাঁইৰ মাজত বহি পৰিল আৰু এডোখৰ খোলা লৈ নিজৰ গা চুঁচিবলৈ ধৰিলে। 9 পাছত তেওঁৰ তিৰোতাই তেওঁক ক’লে, “আপুনি এতিয়াও নিজৰ সিদ্ধতা ৰক্ষা কৰি থাকিব নে? ঈশ্বৰক বিদায় দিয়ক আৰু প্ৰাণত্যাগ কৰক।” 10 তেতিয়া তেওঁ তাইক ক’লে, “এজনী অজ্ঞানী তিৰোতাৰ দৰে তুমি কথা কৈছা। আমি ঈশ্বৰৰ পৰা মঙ্গলহে গ্ৰহণ কৰিম নে, অমঙ্গলকো জানো গ্ৰহণ নকৰিম?” এই সকলো বিষয়ত ইয়োবে নিজ ওঁঠেৰে পাপ নকৰিলে।

11 পাছত এইদৰে ইয়োবলৈ ঘটা আপদবোৰৰ কথা তেওঁৰ তিনি জন বন্ধুৰ কাণত পৰিল। তেওঁলোক হ’ল, তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদ আৰু নামাথীয়া চোফৰ; তেওঁলোকে এক পৰামৰ্শ হৈ নিজ নিজ ঠাইৰ পৰা আহি তেওঁৰ লগত শোক, আৰু তেওঁক শান্তনা দিবৰ বাবে তেওঁৰ ওচৰলৈ আহিবলৈ সিদ্ধান্ত কৰিলে। 12 পাছত তেওঁলোকে দূৰৈৰ পৰা চকু তুলি চাই, তেওঁক দেখি চিনিব নোৱাৰিলে। তেতিয়া তেওঁলোকে বৰকৈ চিঞঁৰি কান্দিবলৈ ধৰিলে, আৰু নিজ নিজ চোলা ফালি, মূৰৰ ওপৰলৈ বুলি শূন্যত ধুলি ছটিয়ালে; 13 আৰু তেওঁলোকে সাত দিন সাত ৰাতি তেওঁৰ লগত মাটিতে বহি থাকিল, তেওঁক কোনেও কথা এষাৰকে নকলে; কাৰণ তেওঁলোকে তেওঁৰ দুখ অতি অধিক দেখিছিল।

Chapter 3

3 অধ্যায়

ইয়োবৰ বিলাপ।

1 পাছত ইয়োবে মুখ মেলি তেওঁৰ জন্ম-দিনক শাও দিলে।

     2 ইয়োবে মাত লগাই ক’লে,

     3 যিদিনত মোৰ জন্ম হৈছিল, সেই দিন বিনষ্ট হওক,

     আৰু পুত্ৰ-সন্তান গৰ্ভত স্থিতি হ’ল বুলি কোৱা ৰাতি বিনষ্ট হওক।

     4 সেইদিন অন্ধকাৰময় হওক;

     ঈশ্বৰে ওপৰৰ পৰা তললৈ দৃষ্টি নকৰক,

     আৰু তাৰ ওপৰত পোহৰ প্ৰকাশিত নহওক;

     5 অন্ধকাৰ আৰু মৃত্যুচ্ছায়াই তাক নিজৰ বুলি গ্ৰহণ কৰক;

     মেঘে তাক ঢাকি ধৰক;

     দিনক আন্ধাৰকৰোঁতা সকলোৱে তাৰ ভয় জন্মাওক।

     6 সেই ৰাতিক ঘোৰ অন্ধকাৰে ধৰক।

     বছৰৰ দিনবোৰৰ মাজত সি আনন্দ নকৰক,

     আৰু মাহৰ লেখতো নপৰক।

     7 চোৱা, সেই ৰাতি অসাৰ্থক হওক,

     তাত কোনো আনন্দ-ধ্বনি নহওক।

     8 দিনক শাও দিওঁতাবোৰে তাক শাও দিয়ক;

     বাহুক উচটাবলৈ নিপুণ লোকসকলে তাক শাও দিয়ক।

     9 সেইদিনৰ প্রভাতীয় তৰা যেন অন্ধকাৰ হৈ যায়।

     সেই ৰাতিয়ে যেন প্ৰভাতৰ কাৰণে অপেক্ষা কৰে, কিন্তু সেই প্ৰভাত যেন কোনো দিন নাহে।

     সেইদিনে যেন সূৰ্যৰ প্ৰথম ৰশ্মি কেতিয়াও নেদেখক।

     10 কিয়নো সি মোৰ মাতৃৰ গৰ্ভৰ দুৱাৰ বন্ধ নকৰিলে,

     আৰু মোৰ চকুৰ পৰা ক্লেশ ঢাকি নথলে।

     11 মই কিয় গৰ্ভতে নমৰিলোঁ?

     উদৰৰ পৰা বাহিৰ হোৱামাত্ৰে মই কিয় প্ৰাণত্যাগ নকৰিলোঁ?

     12 কোলাই মোক কিয় ল’লে?

     আৰু মই পিয়াহ খাবলৈ স্তনে বা মোক কিয় গ্ৰহণ কৰিলে?

     13 কিয়নো সেয়ে নোহোৱা হ’লে, মই শুই শান্তি পালোহেঁতেন,

     সেয়ে নোহোৱা হ’লে, মই নিদ্ৰিত হলোঁহেঁতেন আৰু শান্তি পালোহেঁতেন।

     14 তেতিয়া যিসকলে নিজৰ কাৰণে ধ্বংস-স্থান নিৰ্ম্মাণ কৰিছিল,

     এনে ৰজাসকলৰ আৰু পৃথিৱীৰ মন্ত্ৰীসকলৰ লগত,

     15 অথবা সোণ থকা সেই ৰাজপুত্ৰ সকলৰ সৈতে থাকিব পাৰিলেহেঁতেন,

     আৰু যিসকলে নিজ নিজ ঘৰ ৰূপেৰে পৰিপূৰ্ণ কৰিছিল, এনে লোকসকলৰ লগত থাকি মই বিশ্ৰাম পালোঁহেঁতেন,

     16 বা গুপ্ত গৰ্ভস্ৰাবৰ দৰে মই একো নহলোঁহেঁতেন,

     পোহৰ দেখিবলৈ নোপোৱা সন্তানৰ দৰে হলোঁহেঁতেন।

     17 সেই ঠাইত দুষ্টবোৰে আৰু উপদ্ৰৱ নকৰে;

     ভাগৰুৱাই তাত জিৰণি পায়।

     18 তাত বন্দীয়াৰসকলেও একেলগে নিৰাপদে থাকে;

     ক্রীতদাস সকলে কাৰ্যাধ্যক্ষ সকলৰ ডাবি-হুমকি আৰু নুশুনে।

     19 তাত সৰু কি বৰ সকলো একে;

     আৰু বন্দী তেওঁৰ গৰাকীৰ পৰা মুক্ত হয়।

     20 দুৰ্ভগীয়াক কিয় পোহৰ দিয়া যায়?

     মনত বিষাদ পোৱাসকলক কিয় জীয়াই থাকিবলৈ দিয়া হয়?

     21 তেওঁলোকে মৃত্যুলৈ অপেক্ষা কৰে, কিন্তু সেয়ে নাহে,

     আৰু গুপ্ত ধনতকৈয়ো তাক বৰকৈ বিচাৰে।

     22 কিয় পোহৰে তেওঁলোকক অধিক উল্লাস দিয়ে,

     কিয় মৈদাম বিচাৰি পালে তেওঁলোকে আনন্দ কৰে?

     23 যাৰ পথ গুপ্ত থাকে, আৰু ঈশ্বৰে যাৰ চাৰিওফালে বেৰা দিয়ে,

     এনে মানুহক কিয় পোহৰ দিয়া হয়?

     24 কিয়নো মই খাবলৈ নৌপাওঁতেই মোৰ হুমুনিয়াহ আহে,

     আৰু মোৰ কেঁকনি পানীৰ ধাৰৰ দৰে ওলাই থাকে।

     25 কিয়নো মই যিহকে ভয় কৰোঁ, সেয়ে মোলৈ ঘটে,

     আৰু যিহলৈ আশঙ্কা কৰোঁ, সেয়ে মোলৈ আহে।

     26 মোৰ সুখ নাই, শান্তি নাই, বিশ্ৰামো নাই,

     কিন্তু দুখহে আহি থাকে।”

Chapter 4

4 অধ্যায়

ইলীফজৰ প্ৰথম বক্তৃতা।

1 তেতিয়া তৈমনীয়া ইলীফজে উত্তৰ কৰি ক’লে,

     2 কোনোৱে তোমাৰ লগত কথা ক’বলৈ আগবাঢ়িলে, তুমি বেজাৰ পাবা নে?

     কিন্তু কথা নোকোৱাকৈ কোনে থাকিব পাৰে?

     3 চোৱা, তুমি অনেকক শিক্ষা দিছিলা,

     দুৰ্ব্বল হাতক সবল কৰিছিলা;

     4 তোমাৰ বাক্যই উজুটি খাই পৰিব খোজালোককো ধৰি ৰাখিছিল,

     আৰু তুমি দুৰ্ব্বল আঁঠুক সবল কৰি ৰাখিছিলা।

     5 কিন্তু এতিয়া তোমালৈ এনে হোৱাত তুমি বেজাৰ পাইছা,

     আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা।

     6 ঈশ্বৰৰ প্ৰতি থকা ভয়েই জানো তোমাৰ বিশ্বাসভূমি নহয়?

     আৰু তোমাৰ আচৰণৰ সিদ্ধতাত জানো তোমাৰ আশা নাই?

     7 ভাবি চোৱাচোন, নিৰ্দ্দোষী হৈ কোনে কেতিয়া বিনষ্ট হৈছিল?

     আৰু সৰল আচৰণ কৰা সকলৰ ক’ত সংহাৰ হৈছিল?

     8 মই দেখাত হ’লে, যিসকলে অধৰ্মৰ খেতি কৰে,

     আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়;

     9 ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই সিহঁত বিনষ্ট হয়,

     আৰু তেওঁৰ কোপৰূপ প্ৰশ্বাসৰ দ্বাৰাই সংহাৰ হয়।

     10 সিংহৰ গৰ্জ্জন আৰু মৃগৰাজৰ গোঁজৰণি বন্ধ কৰা হয়,

     আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়।

     11 আহাৰৰ অভাৱত পশুৰাজে প্ৰাণত্যাগ কৰে;

     সিংহিনীৰ পোৱালিবোৰ ঠান-বান হয়।

     12 এটা কথা মোলৈ গুপ্তৰূপে আহিল;

     মোৰ কাণত তাৰ ফুচফুচনি পৰিল।

     13 ৰাতি সপোন দেখোতে যেতিয়া ভাবনা আহে,

     যেতিয়া সকলো মানুহ ঘোৰ নিদ্ৰা যায়,

     14 তেতিয়া মোলৈ ভয় আৰু কম্পন আহিল;

     সেয়ে মোৰ হাড়বোৰ জোকাৰ খুৱালে।

     15 যেতিয়া মোৰ আগেদি এক ছাঁ পাৰ হৈ গ’ল;

     তেতিয়া মোৰ গাৰ নোমবোৰ সিয়ৰি উঠিল।

     16 সেয়ে ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ;

     এটা মূৰ্ত্তি মোৰ চকুৰ আগত আছিল;

     মই মৃদুস্বৰ আৰু এটা বাণী শুনিলোঁ।

     17 “ঈশ্বৰৰ সাক্ষাতে মৰ্ত্য জানো ধাৰ্মিক হ’ব পাৰে?

     বা নিজ সৃষ্টিকৰ্ত্তাৰ সাক্ষাতে মনুষ্য জানো শুচি হ’ব পাৰে?

     18 চোৱা, ঈশ্বৰে নিজৰ দাসবোৰকো বিশ্বাস নকৰে,

     নিজ দূতবোৰৰো ক্রুটিৰ দোষ ধৰে;

     19 তেনেহলে যিসকলে মাটিৰ ঘৰত বাস কৰে,

     যিসকলৰ উৎপত্তি ধূলিত, যিসকল পোকৰ সম্মুখত চুৰ্ণীকৃত হয়,

     সেই সকলক তেওঁ আৰু কিমান অধিক ক্রুটিৰ দোষ ধৰিব!

     20 প্ৰভাত আৰু সন্ধিয়া কালৰ মাজত সিহঁতক গুড়ি কৰা যায়;

     সিহঁত কোনোৱে মন নিদিয়াকৈ চিৰকাললৈকে বিনষ্ট হৈ যায়।

     21 সিহঁতৰ অন্তৰিক তম্বু-জৰী জানো সোলোকোৱা নাযায়?

     সিহঁত মৰে, এনে কি অজ্ঞান অৱস্থাতেই সিহঁত মৰে।”

Chapter 5

5 অধ্যায়

1 “এতিয়া মাতাচোন, কোনোবাই তোমাক উত্তৰ দিব নে?

     আৰু পবিত্ৰলোকৰ মাজত তুমি কালৈ মুখ কৰিবা?

     2 কিয়নো মনৰ বেজাৰে অজ্ঞানক বধ কৰে,

     আৰু অসুয়াই নিৰ্ব্বোধক হত্যা কৰে।

     3 মই নিজে অজ্ঞানক শিপা ধৰা দেখিলোঁ,

     কিন্তু মই তৎক্ষণাৎ তাৰ বাসস্থানক শাও দিলোঁ।

     4 তাৰ সন্তান সকলক ৰক্ষা কৰিবলৈ কোনো নাথাকিল,

     আৰু সিহঁতক ৰাজদুৱাৰত গুড়ি কৰা হল;

     সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল।

     5 ক্ষুধাতুৰ লোকে তাৰ শস্য খাই পেলালে,

     কাঁইটৰ মাজত যি শস্য গজিছিল, সেয়া তৃষ্ণাতুৰ লোকে খাইছিল,

     তেওঁলোকৰ যি আছিল, লোভী লোকসকলে সকলো লৈ গৈছিল।

     6 কিয়নো অমঙ্গল ধুলিৰ পৰা উৎপন্ন নহয়,

     আৰু মাটিৰ পৰা ক্লেশ নগজে;

     7 কিন্তু জুইৰ ফিৰিঙটি যেনেকৈ ওপৰলৈ উড়ে,

     তেনেকৈ মানুহ দুখৰ কাৰণে জন্মে।

     8 কিন্তু মই হোৱা হ’লে ঈশ্বৰলৈ ঘূৰি গলোঁহেতেন,

     আৰু মোৰ গোচৰ ঈশ্বৰৰ আগত উপস্থিত কৰিলোঁহেতেন।

     9 অনুসন্ধান কৰিব নোৱাৰা মহৎ কৰ্মও তেওঁ কৰে;

     অসংখ্য অদ্ভুত কাৰ্যও তেওঁ কৰে;

     10 তেওঁ পৃথিৱীৰ ওপৰত বৃষ্টি বৰষায়,

     আৰু পথাৰৰ ওপৰত জল বোৱাই দিয়ে;

     11 তেওঁ নীহলোকক ওখ কৰে,

     আৰু শোকাতুৰ লোকসকল সৌভাগ্যলৈ উন্নত হয়।

     12 তেওঁ ধূৰ্তবোৰৰ কল্পনা ব্যৰ্থ কৰে;

     তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে।

     13 তেওঁ জ্ঞানীলোকক সিহঁতৰ নিজৰ চতুৰতাত ধৰে;

     তাতে কুটিলমনবোৰৰ কল্পনা নিস্ফল হৈ পৰে।

     14 সিহঁতে দিনতেই আন্ধাৰক লগ পায়,

     ৰাতিৰ নিচিনাকৈ দিন-দুপৰতে খপিয়াই ফুৰে।

     15 কিন্তু তেওঁ সিহঁতৰ মুখৰূপ তৰোৱালৰ পৰা,

     আৰু পৰাক্ৰমী হাতৰ পৰা দৰিদ্ৰক উদ্ধাৰ কৰে।

     16 এইদৰে দীনহীনে আশা পায়,

     আৰু অধৰ্মই নিজৰ মুখ বন্ধ কৰে।

     17 চোৱা, যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য;

     এই কাৰণে তুমি সৰ্ব্বশক্তিমান জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা।

     18 কিয়নো তেওঁ ঘা লগায়, আৰু তাক বান্ধে;

     তেওঁ আঘাত কৰে, আৰু নিজ হাতেৰে তাক সুস্থ কৰে।

     19 তেওঁ ছয় সঙ্কটৰ পৰা তোমাক উদ্ধাৰ কৰিব;

     এনে কি, সাত সঙ্কটতো অমঙ্গলে তোমাক স্পৰ্শ কৰিব নোৱাৰিব।

     20 তেওঁ আকালত মৃত্যুৰ পৰা তোমাক মুক্ত কৰিব,

     আৰু যুদ্ধত তৰোৱালৰ মুখৰ পৰা উদ্ধাৰ কৰিব।

     21 তুমি জিভাস্বৰূপ চাবুকৰ কোবৰ পৰা লুকাই থাকিবা;

     আৰু বিনাশ আহিলে তুমি তাৰ পৰা ভয় নাপাবা।

     22 বিনাশ আৰু দুৰ্ভিক্ষক দেখা পালে তুমি হাঁহিবা,

     আৰু বনৰীয়া জন্তুৰ পৰা তুমি ভয় নাপাবা।

     23 কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হ’ব,

     আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব।

     24 তাতে তোমাৰ তম্বু যে কুশলে আছে, সেই বিষয়ে তুমি জানিবলৈ পাবা,

     আৰু তোমাৰ নিবাসৰ ঠাইত তুমি বুজ ল’লে, আশাত বঞ্চিত নহবা।

     25 তোমাৰ সন্তান-সন্ততি যে অধিক হ’ব,

     আৰু তোমাৰ বংশ যে পৃথিবীত তৃণৰ দৰে বাঢ়িব,

     সেই বিষয়েও তুমি জানিবলৈ পাবা।

     26 ডাঙৰি যেনেকৈ উচিত সময়ত লৈ যোৱা হয়,

     তেনেকৈ তোমাকো সম্পূৰ্ণ আয়ুসত মৈদামলৈ নিয়া হ’ব।

     27 চোৱা, এয়া আমাৰ কথা, আমি বিবেচনা কৰি ইয়াকে নিশ্চয় পালোঁ;

     ইয়াকে তুমি শুনা, আৰু তুমি নিজৰ ভালৰ অৰ্থে তাক গ্ৰহণ কৰা।”

Chapter 6

6 অধ্যায়

ইয়োবৰ উত্তৰ

1 তেতিয়া ইয়োবে উত্তৰ দি ক’লে,

     2 “অস, মোৰ মনৰ বেজাৰ জুখিব পৰা হ’লে,

     আৰু তাৰ লগতে এফালে মোৰ ক্লেশকো দিব পৰা হ’লে, কেনে ভাল আছিল।

     3 কিয়নো সেয়ে হোৱা হ’লে, ই সমুদ্ৰৰ বালিতকৈয়ো গধুৰ হ’লহেঁতেন;

     এই হেতুকে মোৰ বাক্য অবিবেচনাযুক্ত।

     4 কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল,

     মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে;

     ঈশ্বৰীয় ত্ৰাস সৈন্য সমূহে মোৰ বিৰুদ্ধে বেহু পাতিছে।

     5 বনৰীয়া গাধই ঘাঁহ পালে জানো চিঞৰে?

     বা গৰুৱে দানা পালে জানো হেম্বেলিয়াই?

     6 যিহৰ সোৱাদ নাই, তাক জানো লোণ নিদিয়াকৈ খোৱা যায়?

     বা কণীৰ বগা বিজলুৱা অংশত জানো আস্বাদ আছে?

     7 মোৰ প্ৰাণে যি যি চুবলৈ অসন্মত,

     সেইবোৰেই মোৰ ঘিণলগীয়া আহাৰস্বৰূপ হ’ল।

     8 অস! মোৰ নিবেদন সফল হোৱা হ’লে,

     আৰু ঈশ্বৰে মোৰ বাঞ্ছনীয়খিনি দিয়া হ’লে, কেনে ভাল আছিল।

     9 অস! ঈশ্বৰে অনুগ্ৰহ কৰি মোক গুড়ি কৰা হ’লে,

     তেওঁ হাত মেলি মোক কাটি পেলোৱা হ’লে, কেনে ভাল আছিল।

     10 সেয়ে হোৱা হ’লেও মই শান্ত্বনা পালোহেঁতেন,

     এনে কি, মই নিদাৰুণ যান্ত্ৰণাতো উল্লাস কৰিলোহেঁতেন;

     কিয়নো মই পবিত্ৰ জনাৰ বাক্য অস্বীকাৰ কৰা নাই।

     11 মোৰ বলনো কি, মই যে অপেক্ষা কৰিম?

     আৰু মোৰ শেষগতি নো কি, মই যে সহি থাকিম?

     12 মোৰ বল জানো শিলৰ বল?

     বা মোৰ মাংস জানো পিতলৰ?

     13 মই একেবাৰেই উপায়হীন নহওঁ নে?

     আৰু বুদ্ধি-কৌশল মোৰ পৰা সমুলি দূৰ কৰা নহ’ল নে?

     14 নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে;

     সেয়ে নহ’লে কিজানি তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব।

     15 মোৰ ভাইসকল পৰ্ব্বতৰ জুৰিৰ নিচিনা বিশ্বাসঘাতক;

     বৈ শুকাই যোৱা জুৰিৰ নিচিনা অবিশ্বাসী।

     16 সেইবোৰ বৰফৰ কাৰণে ঘোলা হৈ পৰে,

     আৰু হিম সেইবোৰত লীন হৈ যায়;

     17 কিন্তু শীতকাল হোৱামাত্ৰে সেইবোৰ লুপ্ত হয়,

     আৰু গ্রীষ্মকালত নিজ ঠাইৰ পৰা নাইকিয়া হয়।

     18 সেইবোৰৰ কাষে কাষে যোৱা ভ্রমনকৰীদলবোৰে বাট এৰি যায়,

     আৰু মৰুপ্ৰান্তত গৈ সোমাই বিনষ্ট হয়।

     19 তেমাৰ ভ্রমনকাৰীদলবোৰে সেইবোৰক বিচাৰে,

     আৰু চিবাৰ যাত্ৰীসমূহে সেইবোৰলৈ অপেক্ষা কৰে;

     20 কিন্তু তেওঁলোক আশাত বঞ্চিত হয়,

     তেওঁলোক সেই ঠাইলৈ গৈ হতাশ হয়।

     21 কিয়নো এতিয়া তোমালোক একো নোহোৱা;

     তোমালোকে আপদ দেখি ভয় পাইছা।

     22 মই জানো তোমালোকক কৈছিলোঁ যে, মোক কিছু দিয়া;

     তোমালোকৰ সম্পত্তিৰ পৰা মোক উপহাৰ দিয়া?

     23 বা শত্ৰুৰ হাতৰ পৰা মোক ৰক্ষা কৰা,

     নাইবা অত্যাচাৰীহঁতৰ হাতৰ পৰা মোক মুক্ত কৰা?

     24 মোক শিক্ষা দিয়া, তাতে মই নিমাতে থাকিম;

     আৰু মোৰ ভুল কি, সেই বিষয়ে মোক বুজায় দিয়া।

     25 ন্যায় বাক্য কেনে বেদনাদায়ক!

     কিন্তু তোমালোকৰ তৰ্ক-বিতৰ্কত কি দোষ প্ৰকাশিত হয়?

     26 তুমি কি বায়ুতুল্য কথাৰে নিৰাশজনক আচৰণ কৰিবা,

     নে তুমি মোক বাক্যৰে অবহেলা কৰাৰ পৰিকল্পনা কৰিছা?

     27 তোমালোকে দেখোন পিতৃহীনৰেই চিঠি খেলালাহেঁতেন,

     আৰু নিজ বন্ধুকো বেপাৰৰ বস্তু কৰিলাহেঁতেন।

     28 এতিয়া তোমালোকে অনুগ্ৰহ কৰি মোলৈ চোৱা;

     কিয়নো মই নিশ্চয়ে তোমালোকৰ আগত মিছা কথা নকওঁ।

     29 মই মিনতি কৰোঁ, তোমালোকে পুনৰায় আৰম্ভ কৰা, কোনো অন্যায় নহওঁক;

     আকৌ কওঁ, পুনৰায় আৰম্ভ কৰা, মোৰ ধাৰ্মিকতা এতিয়াও থিৰে আছে।

     30 মোৰ জিভাত জানো অন্যায় আছে?

     মোৰ জিভাই জানো চাকি চায় মন্দ বিষয়ৰ আস্বাদ বুজিব নোৱাৰে?

Chapter 7

7 অধ্যায়

1 পৃথিৱী জানো মানুহৰ ৰণ-ভুমি নহয়?

     তাৰ দিনবোৰ জানো বেচ খাই বন কৰা লোকৰ দিনৰ নিচিনা নহয়?

     2 সন্ধিয়াৰ ছাঁলৈ হাবিয়াহ কৰা বন্দীৰ নিচিনাকৈ,

     আৰু নিজ বেচৰ বাবে অপেক্ষা কৰা চাকৰৰ নিচিনাকৈ,

     3 অসাৰ মাহ কেইটা অধিকাৰ স্বৰূপে মোক ভোগ কৰোঁৱা হৈছে,

     আৰু ক্লেশৰ ৰাতি কেইটা মোলৈ নিৰূপিত আছে।

     4 শোওঁতে মই কওঁ, মই কেতিয়া উঠিম?

     ৰাতি বৰ দীঘল; মই প্ৰভাতলৈকে চটফট কৰি আমনি পাওঁ।

     5 পোক আৰু মাটিৰ দলিয়েই মোৰ গা ঢকা বস্ত্ৰস্বৰূপ;

     মোৰ গাৰ ঘাঁবোৰ শুকনিমুৱা হয় আৰু পুনৰ পকে আৰু নতুন হয়।

     6 মোৰ আয়ুস তাঁতীৰ হাতৰ মাকোতকৈয়ো বেগী,

     আৰু বিনা আশাৰে ঢুকায় যায়।

     7 তুমি ভাবি চোৱা, মোৰ প্ৰাণ নিশ্বাসমাত্ৰ;

     মোৰ চকুৱে মঙ্গল আৰু দেখিবলৈ নাপাব।

     8 মোক দৰ্শন কৰোঁতাৰ চকুৱে মোক পুনৰ নেদেখিব।

     তুমি নিজ চকুৰে মোক চাবা, কিন্তু মই নাইকিয়া হম।

     9 মেঘ যেনেকৈ কমি কমি নাইকিয়া হয়,

     সেইদৰে চিয়োললৈ নামি যোৱা লোক নুঠিব।

     10 তেওঁ নিজৰ ঘৰলৈ পুনৰ উলটি নাহিব,

     আৰু তাৰ নিবাসৰ ঠায়ে তাক পুনৰ চিনি নাপাব।

     11 এই হেতুকে মই মুখ জপাই নাথাকিম;

     মই মনৰ সন্তাপত কথা কম আৰু হৃদয়ৰ বেজাৰত দুখৰ কথা কৈ থাকিম;

     12 তুমি যে মোৰ ওপৰত পৰীয়া ৰাখা,

     মই জানো সাগৰ, বা সাগৰৰ বৃহৎ জন্তু?

     13 মই যেতিয়া কওঁ, যে, ‘মোৰ বিচনাই মোক শান্তনা কৰিব,

     মোৰ শয্যাই মোক দুখ-সহন কৰিবলৈ সহায় কৰিব’,

     14 তেতিয়া তুমি নানা সপোনেৰে মোক ভয় লগোৱা,

     আৰু দৰ্শনেৰে মোক ত্ৰাসযুক্ত কৰা;

     15 তেতিয়া মোৰ প্ৰাণে উশাহ লোৱা বন্ধ কৰি দিবলৈ বাঞ্ছা কৰে,

     আৰু মোৰ এই হাড় কেইডালতকৈ মৃত্যুকে ইচ্ছা কৰে।

     16 জীৱনক মোৰ ঘিণ লাগিছে, মই সদায় জীয়াই থাকিব নোখোজোঁ;

     জীৱনৰ অৰ্থহীন দিনকেইটা মোক অকলশৰে থাকিবলৈ দিয়া।

     17 মানুহনো কি, তুমি যে তালৈ লক্ষ্য কৰা,

     আৰু তাত যে তুমি মন দিয়া,

     18 তুমি যে প্ৰতিটো ৰাতিপুৱা তাৰ বুজ-বিচাৰ লোৱা,

     আৰু নিমিষে নিমিষে তাক পৰীক্ষা কৰা, সি নো কি?

     19 তুমিনো মোৰ পৰা চকু নাতৰোৱাকৈ কিমান কাল থাকিবা?

     বা মই সেপ ঢোকা পৰ মানো মোক নেৰিবা নে?

     20 হে মনুষ্যলৈ চকু দিওঁতা জনা, যদি মই পাপ কৰিলোঁ,

     তেন্তে মোৰ কাৰ্যৰ দ্বাৰাই তোমাৰ কি হানি হ’ল?

     কিয় তুমি মোক লক্ষ্যৰূপে গঢ়িলা, কিয়নো মই তোমালৈ বোজাস্বৰূপ হৈছোঁ?

     21 তুমি মোৰ পাপ কিয় ক্ষমা নকৰা?

     আৰু মোৰ অপৰাধ তুমি কিয় দূৰ নকৰা?

     কিয়নো মই এতিয়া ধুলিতে শয়ন কৰিছোঁ; ইয়াতে তুমি মোক ভালকৈ বিচাৰিবা, কিন্তু মই ইয়াত বিদ্যমান হৈ নাথাকিম।”

Chapter 8

8 অধ্যায়

বিল্দাদৰ প্ৰথম বক্তৃতা

1 তেতিয়া চুহীয়া বিল্দাদে উত্তৰ দিলে আৰু ক’লে,

     2 তুমি নো কিমান সময় এনেবোৰ কথা কৈ থাকিবা?

     তোমাৰ মুখৰ বাক্য কিমান সময়লৈ প্ৰচণ্ড বায়ুস্বৰূপ হ’ব?

     3 ঈশ্বৰে জানো বিচাৰ বিকৃত কৰে?

     সৰ্ব্বশক্তিমান জনাই জানো ন্যায়ৰ বিকৃত কাৰ্য কৰে?

     4 তোমাৰ সন্তান সকলে তেওঁৰ বিৰুদ্ধে পাপ কৰিলে।

     আমি এইটো জানো যে, তেওঁলোকক নিজৰ অধৰ্মৰ ফল ভোগ কৰিবলৈ তেওঁ এৰি দিলে,

     5 তথাপি তুমি যদি যত্নেৰে ঈশ্বৰক বিচাৰা,

     আৰু সৰ্ব্বশক্তিমান জনাৰ আগত নিবেদন কৰা,

     6 তুমি যদি নিৰ্ম্মল আৰু সৰল হোৱা,

     তেন্তে তেওঁ অৱশ্যে এতিয়াও তোমাৰ কাৰণে কাৰ্য কৰিব,

     আৰু তোমাৰ ধৰ্মনিবাস পুনৰায় কুশলযুক্ত কৰিব;

     7 আৰু যদি তোমাৰ পূৰ্বৰ অৱস্থা সামান্য আছিল,

     তথাপি তোমাৰ শেষ অৱস্থা অতিশয় ঐশ্বৰ্য্যশালী হ’ব।

     8 কিয়নো পূৰ্বকালৰ লোকৰ কথা বিচাৰ কৰি চোৱা,

     আৰু তেওঁলোকৰ পিতৃসকলে মিমাংসা কৰি নিশ্চয় কৰা কথাত মনোযোগ দিয়া;

     9 কিয়নো আমি কালিৰ লোক, একোকে নাজানো;

     কাৰণ পৃথিবীত আমাৰ দিন কেইটা ছাঁস্বৰূপ।

     10 তেওঁলোকেই তোমাক শিক্ষা দি নক’ব নে?

     আৰু তেওঁলোকৰ অন্তৰৰ পৰা বাক্য নুলিয়াব নে?

     11 জলাশয় নোহোৱাকৈ জানো প্যাপিৰাচ [1] বাঢ়িব পাৰে?

     কুঁহিলা জানো পানী নোহোৱাকৈ বাঢ়ে?

     12 সি জকমকাই উঠি আহোঁতে, কাটিবৰ সময় নৌ হওঁতেই,

     আনবোৰ তৃণতকৈ আগেয়ে শুকাই যায়।

     13 ঈশ্বৰক পাহৰা সকলোৰে তেনেকুৱা গতি হয়,

     আৰু অধৰ্মি জনৰ আশা সেইদৰে নষ্ট হয়।

     14 তাৰ ভাৰসা উচ্ছন্ন হয়,

     আৰু তাৰ আশ্ৰয় মকৰাৰ জালস্বৰূপ হয়।

     15 সি নিজৰ ঘৰত আউজিব, কিন্তু সেয়ে থিৰে নৰব;

     সি খামোচ মাৰি ধৰিব, কিন্তু সেয়ে নাথাকিব।

     16 যি লতা সূৰ্যৰ আগত ৰসাল হয়,

     যাৰ ঠালবোৰ বাৰীত বিয়পি যায়,

     17 যাৰ শিপাবোৰে শিলৰ দ’মত মেৰাই ধৰে,

     যি লতাই শিলৰ ভিতৰলৈকে দেখিবলৈ পায়,

     18 কিন্তু সেই ব্যক্তিক নিজ ঠাইৰ পৰা উঘালি পেলোৱা হ’লে,

     সেই ঠায়ে অস্বীকাৰ কৰিব আৰু ক’ব, ‘মই তোমাক কেতিয়াও দিখা নাই’।

     19 চোৱা, তেনেলোকৰ ব্যৱহাৰৰ এয়ে আমোদ;

     পাছত সেই ঠাইৰ পৰাই আন গছবোৰ উৎপন্ন হ’ব।

     20 চোৱা, ঈশ্বৰে সিদ্ধলোকক দলিয়াই নেপেলাব,

     আৰু দুৰাচাৰীহঁতৰ হাতত নধৰিব।

     21 তেওঁ যি কালত তোমাৰ মুখ হাঁহিৰে,

     আৰু তোমাৰ ওঁঠ আনন্দ-ধ্বনিৰে পুৰ কৰিব,

     22 সেই কালত তোমাক ঘিণ কৰোঁতাবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধোৱা হ’ব;

     আৰু দুষ্টবোৰৰ তম্বু নাথাকিব।”


8:11 [1] প্যাপিৰাচ মিচৰদেশীয় নল-খাগৰি জাতীয় উদ্ভিদ

Chapter 9

9 অধ্যায়

ইয়োবৰ উত্তৰ

1 তেতিয়া ইয়োবে পুনৰ উত্তৰ দিলে আৰু ক’লে,

     2 “মই নিশ্চয়ে জানো, সেই কথা স্বৰূপ;

     কিন্তু এজন ব্যক্তি কেনেকৈ ঈশ্বৰৰ সৈতে ধাৰ্মিক হ’ব পাৰে?

     3 যদি তেওঁ ঈশ্বৰৰ সৈতে বাদানুবাদ কৰিব খোজে,

     তেন্তে তেওঁক হাজাৰ কথাৰ মাজৰ এটিৰো উত্তৰ দিব নোৱাৰিব।

     4 ঈশ্বৰৰ অন্তৰত জ্ঞান আছে, আৰু শক্তিত তেওঁ পৰাক্ৰমী;

     তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে?

     5 তেওঁ পৰ্ব্বতবোৰ স্থানান্তৰ কৰে;

     আৰু তেওঁ সেইবোৰক নিজ ক্ৰোধত লুটিয়াই পেলাওঁতে সেইবোৰে একো গম নাপায়।

     6 তেওঁ পৃথিবীক জোকাৰি নিজ ঠাইৰ পৰা লৰায়;

     তাৰ স্তম্ভবোৰ থৰথৰকৈ কঁপে।

     7 এইজনা সেই একে ঈশ্বৰ, যি জনাই ক’লে সূৰ্য উদয় নহয়;

     আৰু তেওঁ তৰাবোৰ বন্ধ কৰি মোহৰ মাৰে।

     8 তেওঁ অকলেই আকাশ-মণ্ডলক বিস্তাৰিত কৰে,

     আৰু ঢৌবোৰৰ ওপৰেদি অহা-যোৱা কৰে।

     9 তেওঁ সপ্তৰ্ষি, মৃগশীৰ্ষ, কৃত্তিকা,

     আৰু দক্ষিণদিশে থকা নক্ষত্ৰ-ৰাশিৰ সৃষ্টিকৰ্ত্তা।

     10 অনুসদ্ধান পাব নোৱাৰা মহৎ কৰ্ম তেওঁ কৰে;

     অসংখ্য অদ্ভুত কাৰ্যও তেৱেঁই কৰে।

     11 চোৱা, তেওঁ মোৰ ওচৰেদি যায়, কিন্তু মই নেদেখোঁ;

     তেওঁ মোৰ সম্মুখেদি গমন কৰে, তথাপি মই তেওঁক অনুভৱ নকৰোঁ।

     12 চোৱা, তেওঁ ধৰি নিলে তেওঁক কোনে নিবাৰণ কৰিব পাৰে?

     তুমি কি কৰিছা বুলি তেওঁক কোনে কব পাৰে?

     13 ঈশ্বৰে নিজৰ ক্ৰোধ উঠাই নলয়;

     এনে কি ৰাহবক সহায় কৰোঁতাবোৰো তেওঁৰ সন্মুখত নত হয়।

     14 মই কেনেকৈ তেওঁক উত্তৰ দিম?

     তেওঁক কাৰণ দেখুৱাবলৈ মই নো কেনেকৈ কথা বাচি লম?

     15 মই যদি ধাৰ্মিকো হওঁ, তথাপি তেওঁক মই উত্তৰ দিব নোৱাৰোঁ;

     মোৰ অভিযোক্তাৰ দয়াৰ বাবে মই মাথোন নিবেদনহে কৰিব পাৰোঁ।

     16 যদিও মই মাতো আৰু তেওঁ মোক উত্তৰ দিয়ে;

     তথাপি তেওঁ যে মোৰ মিনতিলৈ কাণ পাতিব, মোৰ এনে বিশ্বাস নজন্মে।

     17 তেওঁ মোক প্ৰবল ধুমুহাৰে ভাঙিব,

     আৰু অকাৰণে মোক বাৰে বাৰে ক্ষতবিক্ষতহে কৰিব।

     18 তেওঁ মোক উশাহকে ল’ব নিদিব,

     কিন্তু মোক তিতাৰেহে পৰিপূৰ্ণ কৰিব।

     19 পৰাক্ৰমীৰ বলৰ কথাত হলে, তেওঁ কয়,

         চোৱা, মই আছোঁ,

     আৰু যদি বিচাৰৰ কথাত কয়,

     কোনে মোৰ নিমিত্তে দিন নিৰূপণ কৰিব?

     20 মই ধাৰ্মিক হলেও মোৰ মুখে মোক দোষী কৰিব;

     মই সিদ্ধ হলেও তেওঁ মোক অপৰাধী পাতিব।

     21 মই সিদ্ধ, মই নিজ প্ৰাণক নামনি ইয়াকে কওঁ;

     জীৱনত মোৰ ঘিণ লাগিছে।

     22 সকলো বিষয়তে একে, সেই দেখি মই কওঁ,

     তেওঁ সিদ্ধ আৰু দুৰ্জন এই দুয়োকো সংহাৰ কৰে।

     23 আপদৰূপ চাবুকে যদি মানুহক অকস্মাতে মাৰি পেলায়,

     তেন্তে তেওঁ নিৰ্দ্দোষীবিলাকৰ নিৰাশা দেখি হাঁহিব।

     24 পৃথিৱী দুৰ্জনৰ হাতত শোধাই দিয়া হয়;

     তেওঁ তাৰ বিচাৰকৰ্ত্তাবিলাকৰ মুখ ঢাকে;

     যদি তেওঁ নহয়, তেন্তে তাকনো কোনে কৰে?

     25 মোৰ দিন কেইটা ডাকৱালাতকৈয়ো বেগী;

     একো মঙ্গল নেদেখাকৈ সেইবোৰ বেগাই যায়।

     26 সেইবোৰ বেগী নাৱৰ দৰে চলি যায়,

     বা আহাৰৰ ওপৰত চোঁ মৰা ঈগল পক্ষী নিচিনাকৈ উৰি যায়।

     27 যদিও মই কওঁ যে, মোৰ দুখৰ কথা পাহৰি যাম,

     আৰু ম্লানমুখ দূৰ কৰি প্ৰসন্ন হম,

     28 তথাপি তুমি মোক নিৰ্দ্দোষী জ্ঞান নকৰিবা বুলি জানি,

     মোৰ সকলো যাতনাত মই জিকাৰ খাই উঠো।

     29 মই দোষী হবই লাগিব;

     তেতিয়া হ’লে কিয় মই অনৰ্থক পৰিশ্ৰম কৰোঁ?

     30 যদি মই হিমৰ পানীত গা ধোওঁ,

     আৰু খাৰেৰে হাত চাফা কৰোঁ,

     31 তথাপি তুমি মোক খালত জুবুৰিয়াবা,

     আৰু মোৰ নিজৰ বস্ত্ৰয়ো মোক ঘিণ কৰিব।

     32 কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয় যে,

     মই তেওঁক উত্তৰ দিম, বা দুয়ো একে-লগে বিচাৰস্থানলৈ যাম।

     33 আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা

     এনেকুৱা মধ্যস্থ কোনো নাই।

     34 তেওঁ মোৰ ওপৰৰ পৰা বিচাৰৰ দণ্ডডাল আঁতৰাওক,

     আৰু তেওঁৰ ভয়ানকতাই মোক ভয় নলগাওক;

     35 তেতিয়া মই কথা কম, তেওঁক ভয় নকৰিম;

     কিয়নো মই নিজে তেনেকুৱা নহওঁ।

Chapter 10

10 অধ্যায়

1 মোৰ জীৱনত মোৰ প্ৰাণৰ আমনি লাগিছে;

     মই মুক্তকণ্ঠে মোৰ দুখৰ কথা কম;

     মই হৃদয়ৰ বেজাৰত কথা কম।

     2 মই ঈশ্বৰক কম, ‘তুমি মোক দোষী নকৰিবা;

     মোৰ লগত তোমাৰ কি গোচৰ আছে, সেয়া মোক বুজায় দিয়া।

     3 তুমি উপদ্ৰৱ কৰিবলৈ,তোমাৰ হাতৰ কাৰ্য তুচ্ছ কৰিবলৈ,

     আৰু দুষ্টবোৰৰ মন্ত্ৰণাত প্ৰসন্ন হবলৈ তুমি জানো ভাল দেখিছা?

     4 তোমাৰ চকু জানো চৰ্ম্ম-চকু?

     আৰু তোমাৰ দৃষ্টি জানো মানুহৰ দৃষ্টিৰ নিচিনা?

     5 তোমাৰ আয়ুস জানো মানুহৰ আয়ুসৰ তুল্য?

     বা তোমাৰ বছৰবোৰ জানো মানুহৰ দিন কেইটাৰ দৰে?

     6 তুমি যে মোৰ অপৰাধ অনুসদ্ধান কৰিছা,

     আৰু মোৰ পাপৰ বুজ-বিচাৰ লৈছা,

     7 মই যে দুষ্ট নহওঁ,

     আৰু তোমাৰ হাতৰ পৰা যে উদ্ধাৰ কৰোঁতা মোৰ কোনো নাই, ইয়াক তুমি জানানে?

     8 তোমাৰ হাতে মোক গঠন আৰু নিৰ্ম্মাণ কৰিলে,

     মোৰ সৰ্ব্বাঙ্গ সংলগ্ন কৰিলে; তথাপি তুমি মোক বিনষ্ট কৰিছা।

     9 সোঁৱৰণ কৰা, মাটিৰ পাত্ৰৰ দৰে মোক গঢ়িলা;

     পাছত আকৌ মোক ধুলিলৈ নিবা নে?

     10 তুমি গাখীৰৰ দৰে মোক ঢলা নাই নে?

     আৰু তুমি মোক পনীৰৰ দৰে ঘন দৈ গাখীৰ কৰা নাই নে?

     11 তুমি মোক মাংস আৰু ছালেৰে ঢাকিলা;

     হাড় আৰু সিৰেৰে মোক বলা।

     12 তুমি অনুগ্ৰহ কৰি মোক জীৱন দান কৰিলা;

     তোমাৰ তত্ত্বধাৰণত মোৰ আত্মা প্ৰতিপালিত হৈছে।

     13 তথাপি মই জানিছোঁ, তোমাৰ এই ভাব আছিল-

     তুমি এই সকলোকে নিজৰ মনত গোপনে ৰাখিছিলা যে,

     14 মই পাপ কৰিলে তুমি মোক চিনি ৰাখিবা,

     আৰু মোৰ অপৰাধ ক্ষমা নকৰিবা;

     15 মই দুষ্ট হলে, মোক সন্তাপ হ’ব,

     ধাৰ্মিক হলেও মই অপৰাধেৰে পৰিপূৰ্ণ হৈ, নিজৰ ক্লেশ দেখি মূৰ তুলিব নোৱাৰিম;

     16 মূৰ তুলিলে, তুমি সিংহৰ নিচিনাকৈ মোক মৃগয়া কৰিবা,

     আৰু মোৰ অহিতে বাৰে বাৰে বিস্ময়জনক পৰাক্ৰম দেখুৱাবা;

     17 তুমি মোৰ অহিতে নতুন নতুন সাক্ষী আনিবা, মোৰ অহিতে তোমাৰ ক্রোধ বঢ়াবা,

     আৰু মোৰ লগত নতুন নতুন সৈন্য লৈ যুদ্ধ কৰিব।

     18 তেন্তে কিয় তুমি মোক গৰ্ভৰ পৰা বাহিৰ কৰিলা?

     নকৰা হলে মই মৰিলেহেঁতেন আৰু কোনো চকুৱে মোক নেদেখিলেহেঁতেন।

     19 মই নোহোৱাৰ নিচিনা হলোঁহেঁতেন,

     আৰু গৰ্ভৰ পৰাই মোক মৈদামলৈ নিলেহেঁতেন।

     20 মোৰ দিন কেইটা তাকৰ নহয়নে? তেন্তে ক্ষান্ত হোৱা।

     মই অকলশৰীয়া, অলপমান শান্তনা পাবলৈ মোক এৰি দিয়া;

     21 য’ৰ পৰা মই উলটি নাহিম,

     সেয়া অন্ধকাৰ আৰু মৃত্যুচ্ছায়াৰ দেশ,

     22 সেইদেশ মাজনিশাৰ নিচিনা ঘোৰ অন্ধকাৰ,

     সেই দেশ মৃত্যুচ্ছায়াৰ দেশ, তাত একো সুশৃংখল ৰূপত নাই;

     তাত পোহৰেই অন্ধকাৰৰ নিচিনা’।”

Chapter 11

11 অধ্যায়

চোফৰৰ প্ৰথম বক্তৃতা

1 তাতে নামাথীয়া চোফৰে উত্তৰ দিলে আৰু ক’লে,

     2 ইমান অধিক কথাৰ নো উত্তৰ দিয়া নাযায় নে?

     বহু কথা কোৱা মানুহক জানো নিৰ্দ্দোষী কৰা হ’ব?

     3 তোমাৰ বলকনিয়ে জানো মানুহক নিমাত কৰিব?

     তুমি নিন্দা কৰিলে, কোনেও তোমাক লাজ নিদিব নে?

     4 কিয়নো তুমি কৈছা, “মোৰ মত ঠিক,

     আৰু মই তোমাৰ দৃষ্টিতে শুচি।”

     5 কিন্তু অস, ঈশ্বৰে অনুগ্ৰহ কৰি কথা কোৱা হলে,

     আৰু তোমাৰ বিৰুদ্ধে নিজ মুখ মেলিলে;

     6 জ্ঞানৰ নিগূঢ় বিষয় প্ৰকাশ কৰিলে,

     ঈশ্বৰৰ বুদ্ধি-কৌশল যে অনেক প্ৰকাৰ, সেই বিষয়ে তেওঁ তোমাক জনোৱা হলে, কেনে ভাল আছিল!

     এই হেতুকে তুমি জানিবা যে, ঈশ্বৰে তোমাৰ অপৰাধৰ অধিক ভাগ এৰি পেলাইছে।

     7 তুমি অনুসন্ধান কৰি ঈশ্বৰৰ তত্ত্ব পাব পাৰা নে?

     তুমি সৰ্ব্বশক্তিমান জনাৰ সম্পূৰ্ণ তত্ত্ব লাভ কৰিব পাৰা নে?

     8 সেয়ে আকশ-মণ্ডলৰ নিচিনা ওখ; তুমি কি কৰিব পাৰা?

     সেয়ে চিয়োলতকৈ অগাধ; তুমি কি জানিব পাৰা?

     9 তাৰ পৰিমাণ পৃথিবীতকৈয়ো দীঘল,

     আৰু সমুদ্ৰতকৈয়ো বহল।

     10 তেওঁ যদি পোনে পোনে আহে আৰু কোনোবা এজনক যদি আটক কৰি থয়, আৰু বিচাৰ-সভা পাতে,

     তেন্তে কোনে তেওঁক নিবাৰণ কৰিব পাৰে?

     11 কিয়নো তেওঁ দুষ্ট লোকক জানে,

     আৰু মনযোগ নিদিলেও তেওঁ অধৰ্ম দেখে।

     12 কিন্তু অসাৰ মানুহ জ্ঞনশূন্য,

     এনে কি, মনুষ্য জন্মৰে পৰা বনৰীয়া গাধৰ পোৱালিস্বৰূপ।

     13 তুমি যদি নিজৰ মন শুদ্ধ কৰা,

     আৰু তেওঁৰ ফাললৈ হাত মেলা,

     14 কিন্তু হাতত অধৰ্ম থাকিলে, তাক দূৰ কৰা,

     আৰু দুষ্টতাক নিজ তম্বুত থাকিব নিদিবা;

     15 তেন্তে তুমি অৱশ্যে নিষ্কলঙ্ক মুখ তুলিব পাৰিবা;

     এনে কি, সুস্থিৰে থাকিবা, ভয় নাপাবা,

     16 কিয়নো তোমাৰ দুখ তুমি পাহৰি যাবা,

     ইয়াক বৈ গৈ নাইকিয়া হোৱা পানীৰ নিচিনা মনতে লাগিব।

     17 তোমাৰ জীৱন দুপৰীয়াতকৈ নিৰ্ম্মল হ’ব,

     আৰু আন্ধাৰ হলেও, সেয়ে প্ৰভাতৰ নিচিনা হ’ব।

     18 আশা থকা কাৰণে তুমি সাহিয়াল হবা;

     আৰু চাৰিওফালে বুজ-বিচাৰ লৈ নিশ্চিন্তমনে বিশ্ৰাম কৰিবা।

     19 তুমি শোওঁতে কোনেও তোমাক ভয় নেদেখুৱাব;

     বৰং অনেকে তোমাৰ আগত নিবেদন কৰিব।

     20 কিন্তু দুষ্টবোৰৰ চকু নিস্তেজ হ’ব,

     সিহঁতৰ আশ্ৰয় নষ্ট হব, আৰু প্ৰাণত্যাগেই সিহঁতৰ আশা হ’ব।

Chapter 12

12 অধ্যায়

ইয়োবৰ উত্তৰ।

1 পাছত ইয়োবে পুনৰায় উত্তৰ দিলে আৰু ক’লে,

     2 “হয় হয়, তোমালোকহে মানুহ;

     মৰিলে জ্ঞান তোমালোকৰ লগতে যাব।

     3 কিন্তু তোমালোকৰ নিচিনা মোৰো বুদ্ধি আছে;

     তোমালোকতকৈ মই নিকৃষ্ট নহওঁ;

     এনেবোৰ কথা কোনে নাজানে?

     4 ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি উত্তৰ পোৱা যি মই, ময়েই বন্ধুৰ হাঁহিয়াতৰ পাত্ৰ হৈছোঁ;

     ধাৰ্মিক সিদ্ধ পুৰুষ জন হাঁহিয়াতৰ পাত্ৰ হৈছে।

     5 নিৰাপদে থকা লোকৰ মনত বিপদ অপমানৰ বিষয়;

     পিছল খাই পৰিব লগীয়াবোৰলৈ সেয়ে বাট চায় থাকে।

     6 ডকাইতবোৰৰ তম্বু কুশলে থাকে;

     যাৰ হাতত ঈশ্বৰে অধিক ধন সম্পত্তি শোধাই দিছে,

     ঈশ্বৰৰ বিৰক্ত জন্মোৱা এনেবোৰ লোক নিৰ্ব্বিঘ্নে থাকে।

     7 কিন্তু পশুবোৰক সোধাচোন, সেইবোৰে তোমাক কি দিব;

     আৰু আকাশৰ পক্ষীবোৰক সোধা, সেইবোৰেও তোমাক কৈ দিব।

     8 নাইবা পৃথিবীকো সোধাচোন, সিও তোমাক শিক্ষা দিব;

     আৰু সমুদ্ৰৰ মাছবোৰেও তোমাক কব।

     9 পশুবোৰে এইবোৰ বিষয় নাজানে যে,

     যিহোৱাৰ হাতে এইবোৰ কৰিছে - সিহঁতক জীৱন দিছে -

     10 যিহোৱাৰ হাততেই সকলো জীৱজন্তুৰ প্ৰাণ,

     আৰু সমুদায় মনুষ্য জাতিৰ জীৱাত্মা আছে।

     11 জিভাই যেনেকৈ আহাৰৰ আস্বাদ পায়,

     তেনেকৈ কাণে জানো কথাৰ পৰীক্ষা নকৰে?

     12 বৃদ্ধ লোকসকলৰ সৈতে জ্ঞান আছে,

     দীৰ্ঘ আয়ুসত বুদ্ধি থাকে।

     13 জ্ঞান আৰু পৰাক্ৰম তেওঁৰ তাতহে আছে;

     পৰামৰ্শ আৰু বুদ্ধি তেওঁৰহে।

     14 চোৱা, তেওঁ ভাঙি পেলালে পুনৰায় তাক সজা নাজায়;

     তেওঁ মানুহক বন্ধ কৰিলে তাক মুকলি কৰা নাযায়।

     15 চোৱা, তেওঁ জল সমূহক আটক কৰে, তাতে সেইবোৰ শুকাই যায়;

     আকৌ সেইবোৰক উলিয়াই দিয়ে, তাতে সেইবোৰে পৃথিবীখন লণ্ডভণ্ড কৰে।

     16 পৰাক্ৰম আৰু বুদ্ধি-কৌশল তেওঁৰ তাতহে;

     প্ৰবঞ্চক আৰু প্ৰবঞ্চিত লোক সেই দুয়ো তেওঁৰহে।

     17 তেওঁ মন্ত্ৰী সকলক সৰ্ব্বস্বহীন কৰি লৈ যায়,

     আৰু বিচাৰকৰ্ত্তা সকলক হতবুদ্ধি কৰে।

     18 তেওঁ ৰজা সকলৰ ক্ষমতা গুচায়,

     আৰু তেওঁলোকৰ ককালত ডোল লগায়।

     19 তেওঁ পুৰোহিত সকলক সৰ্ব্বস্বহীন কৰি লৈ যায়,

     আৰু পৰাক্ৰমী সকলক বিনষ্ট কৰে।

     20 তেওঁ বিশ্বাসী সকলৰ বাক-শক্তি দূৰ কৰে,

     আৰু বৃদ্ধ সকলৰ বিবেচনা-শক্তি কাঢ়ি নিয়ে।

     21 তেওঁ ডাঙৰীয়া সকলৰ ওপৰত অপমান বৰষায়,

     আৰু বলৱন্ত সকলৰ ককালৰ বান্ধোন ঢিলা কৰে।

     22 তেওঁ আন্ধৰৰ পৰা নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰে,

     আৰু মৃত্যুচ্ছায়াকো পোহৰলৈ আনে।

     23 তেওঁ জাতি সমূহক উন্নতিপ্ৰাপ্ত কৰে, আৰু বিনষ্টও কৰে;

     তেওঁ জাতি সমূহক বিস্তাৰিত কৰে, আৰু লৈয়ো যায়।

     24 তেওঁ পৃথিবীৰ লোক-সমাজৰ মুখ্যসকলৰ বুদ্ধি দূৰ কৰে,

     আৰু পথ নোহোৱা অৰণ্যৰ মাজেদি তেওঁলোকক ভ্ৰমণ কৰায়।

     25 তেওঁলোকে পোহৰ নাপাই আন্ধাৰৰ মাজত খপিয়াই ফুৰে;

     তেওঁ তেওঁলোকক মতলীয়াৰ নিচিনাকৈ ঢলংপলং কৰি ফুৰায়।

Chapter 13

13 অধ্যায়

1 চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে,

     আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ।

     2 তোমালোকে যি জানা, ময়ো তাক জানো;

     মই তোমালোকতকৈ নিকৃষ্ট নহওঁ।

     3 কিয়নো মই সৰ্ব্বশক্তিমান জনাকহে কথা কম,

     আৰু মই ঈশ্বৰৰ লগতহে বাদ-বিচাৰ কৰিব খুজিছোঁ।

     4 কিন্তু তোমালোক হলে মিছা কথা সাজোঁতা,

     আৰু তোমালোক সকলোৱেই অকামিলা বেজ।

     5 অস, তোমালোক একেবাৰে নিমাত হৈ থকা হ’লে, কেনে ভাল আছিল!

     সেয়ে তোমালোকৰ পক্ষে জ্ঞানৰ কাৰ্য বুলি গণিত হলহেঁতেন।

     6 এতিয়া মোৰ তিৰস্কাৰ শুনা,

     আৰু মোৰ মুখৰ অনুযোগ-বাক্যলৈ কাণ পাতা।

     7 তোমালোকে ঈশ্বৰৰ পক্ষ হৈ অন্যায়ৰ কথা ক’বা নে?

     আৰু তেওঁৰ পক্ষ হৈ প্ৰবঞ্চনা-বাক্য বুলিবা নে?

     8 তোমালোকে তেওঁৰেই পক্ষপাত কৰিবা নে?

     তোমালোকে ঈশ্বৰৰেই পক্ষ হৈ প্ৰতিবাদ কৰিবা নে?

     9 তেওঁ বিচাৰি বিচাৰি তোমালোকৰ তত্ত্ব উলিয়ালে তোমালোকৰ মঙ্গল হ’ব নে?

     বা মানুহক ফাঁকি দিয়াৰ দৰে জানো তোমালোকে তেওঁক ফাঁকি দিব পাৰিবা?

     10 তোমালোকে যদি গুপুতে পক্ষপাতিত্ব কৰা,

     তেন্তে তেওঁ অৱশ্যে তোমালোকক দণ্ড দিব।

     11 তেওঁৰ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিব নে?

     তেওঁৰ ভয়ানকতাত জানো তোমালোকে ভয় নকৰিবা?

     12 তোমালোকৰ সোঁৱৰণীয় বাক্য ভস্মস্বৰূপ দৃষ্টান্ত মাথোন,

     তোমালোকৰ প্রতিৰোধ ধুলিৰ গড়স্বৰূপ।

     13 তোমালোকে মনে মনে থাকা, মোকেই কথা ক’বলৈ এৰি দিয়া;

     মোলৈ যি ঘটে, ঘটক।

     14 মই কিয় মোৰ মাংস দাঁতত লৈ থাকিম?

     মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম।

     15 চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম;

     তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম।

     16 এয়ে মোৰ মুক্তিৰ কাৰণ হ’ব,

     মই এজন অধাৰ্মিক লোকৰ দৰে তেওঁৰ আগত থিয় হ’ব নোৱাৰিম।

     17 মনোযোগ কৰি মোৰ কথা শুনা;

     মোৰ বাক্য তোমালোকৰ কাণত সোমাওক।

     18 চোৱা, মোৰ গোচৰ মই ঠিকঠাক কৰি থৈছোঁ;

     মই যে নিৰ্দ্দোষী হওঁ, তাক মই জানো।

     19 মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে?

     যদি আছে, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম।

     20 হে ঈশ্বৰ, তুমি কেৱল দুটা কাৰ্য মোলৈ কৰিবা;

     তাতে মই তোমাৰ সম্মুখৰ পৰা নিজকে নুলুকুৱাম।

     21 মোৰ ওপৰৰ পৰা তোমাৰ অত্যাচাৰী হাত আঁতৰাই নিবা,

     আৰু তোমাৰ ভয়ানকতাৰে মোক ভয় নুখুৱাবা।

     22 তেতিয়া তুমি মোক মাতিবা, মই উত্তৰ দিম,

     বা মই কম, তুমি উত্তৰ দিবা।

     23 মোৰ অপৰাধ আৰু পাপ কিমান?

     মোৰ অধৰ্ম আৰু পাপ মোক জনোৱা।

     24 কিয় তোমাৰ মুখ মোৰ পৰা লুকুৱাইছা,

     আৰু মোক তোমাৰ শত্ৰু যেন জ্ঞান কৰিছা?

     25 উৰুৱাই নিয়া পাতক তুমি জানো তাড়ণা কৰিবা?

     আৰু শুকান ঘুলাক জানো খেদি যাবা?

     26 কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখি থৈছা,

     আৰু মোক যৌবন-কালৰ অপৰাধৰ উত্তৰাধিকৰী কৰিছা।

     27 তুমি মোৰ ভৰি কুন্দত বান্ধি ৰাখিছা,

     মোৰ সকলো পথৰ চিন ৰাখিছা,

     আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আঁক টানিছা,

     28 সেয়ে মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা,

     আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ হলোঁ।

Chapter 14

14 অধ্যায়

1 তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য,

     তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ।

     2 তেওঁ ফুলৰ দৰে ফুলে, আৰু জঁয় পৰে;

     তেওঁ ছাঁৰ দৰে অলপ সময়ৰ বাবে থাকে আৰু নাইকিয়া হয়, স্থিৰ হৈ নাথাকে;

     3 এনে লোকলৈ তুমি চকু মেলি চাইছা?

     আৰু মোক তোমাৰ লগত বিচাৰস্থানলৈ লৈ গৈছা?

     4 অশুচিৰ পৰা শুচি কোনে উলিয়াব পাৰে?

     কোনেও নোৱাৰে।

     5 তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হ’ল,

     তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা,

     আৰু তেওঁ পাৰ হ’ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা;

     6 ভাড়াতীয়লোকৰ দৰে তেওঁ নিজৰ দিন পূৰ্ণ নকৰালৈকে,

     তেওঁ জিৰণী পাবলৈ তুমি তেওঁৰ পৰা চকু আঁতৰাই নিয়া।

     7 কিয়নো গছৰ আশা আছে,

     তাক কাটিলেও সি আকৌ পোখা মেলে,

     আৰু তাৰ কোমল গজালিৰ অভাৱ নহয়।

     8 যদি মাটিত তাৰ শিপা বুঢ়া হয়,

     আৰু ভুমিত তাৰ মূঢ়াতো মৰে,

     9 তথাপি পানীৰ গোন্ধ পালে তাৰ গজালি ওলায়,

     আৰু নতুনকৈ ৰোৱা গছপুলিৰ দৰে ডাল-পাত মেলে।

     10 কিন্তু মানুহ মৰে আৰু ক্ষয় পায়;

     মনুষ্যই প্ৰাণত্যাগ কৰিলে, পুনৰ ক’ত থাকিব?

     11 যেনেকৈ জলাহৰ পানী ঢুকাই যায়,

     আৰু নৈৰ পানী শুকাই সম্পূৰ্ণৰূপে নাইকিয়া হয়,

     12 তেনেকৈ মানুহ মৰিলে পুনৰ নুঠে,

     আকাশ-মণ্ডল লুপ্ত নহয়মানে তেওঁলোকে সাৰ নাপায়,

     আৰু তেওঁলোকক নিদ্ৰাৰ পৰা জগোৱা নহয়।

     13 অস, তুমি মোক চিয়োলত লুকুৱাই থোৱা হ’লে,

     তোমাৰ ক্ৰোধ মাৰ নাযোৱালৈকে মোক গুপ্তকৈ ৰখা হলে,

     তুমি মোৰ কাৰণে এটা সময় নিৰূপণ কৰি, মোক সোঁৱৰণ কৰা হ’লে, কেনে ভাল আছিল!

     14 যদি কোনো মানুহ মৰে, তেনেহলে তেওঁ কি পুনৰায় জীব নে?

     যদি জীয়ে, তেনেহলে মোৰ মুক্তিৰ দিন নহালৈকে,

     মই মোৰ ক্লান্তিৰ সময়খিনি বাট চায় থাকিম।

     15 তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম;

     তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্মলৈ হাবিয়াহ কৰিবা।

     16 কিন্তু এতিয়া তুমি মোৰ ভৰিৰ খোজকো হিচাব কৰিছা;

     তুমি মোৰ পাপলৈ জানো চকু দি থকা নাই?

     17 মোৰ অধৰ্ম থৈলাত বন্ধ কৰি মোহৰ মৰা হৈছে,

     আৰু তুমি মোৰ অপৰাধ মোনাত ভৰাই বান্ধি থৈছা।

     18 কিন্তু পৰ্ব্বতো পৰি যায় আৰু নাইকিয়া হয়;

     আনকি বৃহৎ শিলকো নিজ ঠাইৰ পৰা আতৰোৱা হয়।

     19 পানীয়ে শিলবোৰকো ক্ষয় নিয়ায়,

     তাৰ ধল উঠি আহি পৃথিবীৰ মাটি খহাই লৈ যায়;

     সেইদৰে তুমি মানুহৰ আশাকো ভাঙি দিয়া।

     20 তুমি তেওঁক একেবাৰে মৰমান্তিক আঘাত কৰাত, তেওঁ লোকান্তৰলৈ যায়।

     তুমি তেওঁৰ মুখ বিকৃত কৰি তেওঁক পঠাই দিয়া।

     21 তেওঁৰ পুতেকবোৰ মৰ্য্যদাৱন্ত হলেও, তেওঁ সেই বিষয়ে নাজানে;

     আনকি সিহঁতৰ অৱস্থা হীন হলেও, তেওঁ তাৰ বিষয়ে গম নাপায়।

     22 কিন্তু তেওঁৰ নিজ শৰীৰে বেদনা পায়,

     আৰু তেওঁৰ অন্তৰত থকা হৃদয়ে শোক কৰে।”

Chapter 15

15 অধ্যায়

ইলীফজৰ দ্বিতীয় বক্তৃতা

1 তেতিয়া তৈমনীয়া ইলীফজে পুনৰ উত্তৰ দি ক’লে,

     2 জ্ঞানৱানে জানো অনৰ্থক জ্ঞানেৰে উত্তৰ দিয়ে,

     বা পূবৰ বায়ুৰে জানো উদৰ পূৰ কৰে?

     3 সি জানো নিস্ফল কথাৰে যুক্তি দেখুৱায়,

     বা অনুপকাৰী বাক্যৰে বাদানুবাদ কৰে? তুমি হ’লে এই সকলোকে কৰিছা,

     4 এনে কি, তুমি ঈশ্বৰ ভয়কো ত্যাগ কৰিছা,

     আৰু ঈশ্বৰৰ সাক্ষাতে ভক্তিও কম কৰিছা।

     5 কিয়নো তোমাৰ মুখেই তোমাৰ অপৰাধ প্ৰকাশ কৰিছে,

     আৰু তুমি ধূৰ্তবোৰৰ জিভা মনোনীত কৰিছা।

     6 তোমাৰ মুখেই তোমাক দোষী কৰিছে, মই কৰা নাই;

     তোমাৰ ওঁঠেই তোমাৰ অহিতে সাক্ষ্য দিছে।

     7 মনুষ্য জাতিৰ মাজত তুমি প্ৰথমে জন্ম পোৱা নে?

     আৰু পৰ্ব্বতবোৰৰ পূৰ্বেই জানো তোমাৰ জন্ম হৈছিল?

     8 তুমি ঈশ্বৰৰ সভাত মন্ত্ৰণা শুনিছিলা নে?

     আৰু তোমাৰ নিজৰ কাৰণে জ্ঞান ৰাখি থৈছা নে?

     9 তুমি নো আমি নজনা কথা কি জানা?

     তুমিনো আমি নুবুজা কথা কি বুজিছা?

     10 আমাৰ মাজত বেছি বয়সীয়া আৰু পকা চুলিয়াও আছে;

     তেওঁলোক তোমাৰ পিতৃতকৈয়ো অতি বৃদ্ধ।

     11 ঈশ্বৰৰ শান্তনা-বাক্যবোৰ তোমাৰ জ্ঞানত অতি ক্ষুদ্ৰ নে?

     আৰু তোমাৰ লগত কৰা মৃদু আলাপ ক্ষুদ্ৰ জ্ঞান কৰিছা নে?

     12 তুমি যে ঈশ্বৰৰ বিৰুদ্ধে জ্বলি উঠিছা,

     আৰু এনে কথা মুখৰ পৰা উলিয়াইছা,

     13 তোমাৰ মনক নো কিহে এনেকৈ বিপথলৈ নিয়ে?

     আৰু তোমাৰ চকু নো কিয় ইমানকৈ তিৰবিৰাইছে?

     14 মৰ্ত্ত্য নো কি যে, তেওঁ শুচি হ’ব পাৰে?

     তিৰোতাৰ পৰা জন্মা মনুষ্যই বা কি, তেওঁ যে ধাৰ্মিক হ’ব পাৰে?

     15 চোৱা, তেওঁ নিজৰ পবিত্ৰবিলাকতো বিশ্বাস নকৰে,

     এনে কি, আকাশ-মণ্ডল তেওঁৰ দৃষ্টিত নিৰ্ম্মল নহয়।

     16 তেনেহলে কেনেকৈ ঘৃণনীয় আৰু দুর্নীতিগ্ৰস্ত,

     জলৰ দৰে অপৰাধ পান কৰোঁতাই কিমান কম পৰিমানে শুচি হ’ব পাৰে।

     17 মই তোমাক দেখিছোঁ, মোৰ কথা শুনা;

     মই যি দেখিলোঁ, সেয়া প্ৰকাশ কৰিলোঁ;

     18 যিসকলৰ হাতত দেশ শোধাই দিয়া হৈছিল,

     আৰু যিসকলৰ মাজত কোনো বিদেশী ঘূৰি ফুৰা নাছিল,

     19 জ্ঞানী সকলে তেওঁলোকৰ এনেকুৱা পিতৃসকলৰ পৰা শুনি,

     গুপুতে নাৰাখি এই কথা কয়,

     20 দুষ্টই নিজৰ জীৱনৰ সকলো দিনত ক্লেশ পায়,

     অত্যাচাৰী জনে নিজৰ নিৰূপিত বছৰ কেইটা অসুখেৰে কটায়।

     21 ভয়ৰ শব্দ তাৰ কাণত থাকে;

     সম্পদৰ কালতো বিনাশকে তাক আক্ৰমণ কৰে।

     22 সি কেতিয়াও নাভাবে, সি যে আন্ধাৰৰ পৰা উলটি আহিব,

     তৰোৱালে তালৈ বাট চাই আছে।

     23 সি আহাৰৰ নিমিত্তে ভ্ৰমন কৰি কয়, ‘ক’ত আছে?’

     সি জানে যে, আন্ধৰৰ দিন তাৰ ওচৰত উপস্থিত আছে।

     24 ক্লেশ আৰু মনৰ তাপে তাক ভয় দেখুৱায়;

     যুদ্ধৰ কাৰণে সাজু হোৱা ৰজাৰ দৰে, সেই দুটাই তাক পৰাজয় কৰে।

     25 কাৰণ সি ঈশ্বৰৰ বিৰুদ্ধে হাত মেলিলে,

     আৰু সৰ্ব্বশক্তিমান জনাৰ বিৰুদ্ধে গৰ্ব্ব–আচৰণ কৰিলে।

     26 এইদৰে পাপীলোক ঈশ্বৰৰ বিৰুদ্ধে অনমনীয় হয়,

     সি ঢালৰ ডাঠ ভাগ দেখুৱাই তেওঁৰ বিৰুদ্ধে লৰ মাৰে।

     27 এইটো সত্য যে, সি চৰ্বিৰে নিজৰ মুখ নোদোকা কৰিলে,

     আৰু নিজৰ তপিনা তৰপে তৰপে চৰ্বিযুক্ত কৰিলে;

     28 আৰু সি জনশূণ্য নগৰত বাস কৰিলে;

     য’ত কোনো মানুহে বাস নকৰে,

     শিলৰ দ’ম হবলগীয়া এনে ঘৰত বসতি কৰিলে।

     29 সি ধনী নহব, আৰু তাৰ সম্পত্তি নাথাকিব;

     সিহঁতৰ শস্য ফলৰ ভৰত মাটিলৈ দোঁ নাখাব।

     30 সি আন্ধাৰৰ পৰা সাৰিব নোৱাৰিব;

     অগ্নি-শিখা ই তাৰ ডালবোৰ শুকুৱাব,

     আৰু সি তেওঁৰ মুখৰ ফুঁতে উড়ি যাব।

     31 সি ভ্ৰান্ত হৈ অসাৰতাত বিশ্বাস নকৰক;

     কিয়নো অসাৰতাই তাৰ বেচ হ’ব।

     32 তাৰ দিন নৌ হওঁতেই সেয়ে তালৈ সিদ্ধ হ’ব,

     আৰু তাৰ খেজুৰৰ পাত কেঁচাই নাথাকিব।

     33 সি দ্ৰাক্ষালতাৰ নিচিনাকৈ নিজৰ আপইতা গুটি সৰাব,

     আৰু জিতগছৰ দৰে নিজৰ ফুল সৰাই পেলাব।

     34 কিয়নো অধৰ্মিবোৰৰ সমাজ বন্ধ্যা হ’ব,

     আৰু ভেঁটি খুৱাবোৰৰ তম্বু অগ্নিয়ে গ্রাস কৰিব।

     35 সিহঁতে অনিষ্টক গৰ্ভধাৰণ কৰি ক্লেশ প্ৰসৱ কৰে;

     সিহঁতৰ পেটে প্ৰতাৰণা উৎপন্ন কৰে।”

Chapter 16

16 অধ্যায়

ইয়োবৰ উত্তৰ

1 তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,

     2 মই এইৰূপ অনেক কথা শুনিলো;

     তোমালোক সকলোৱেই দুখদায়ক শান্ত্বনাকাৰী।

     3 বায়ুতুল্য কথাৰ জানো কেতিয়াবা শেষ হয়?

     বা উত্তৰ দিবলৈ তোমাক জানো উদগাইছে?

     4 ময়ো তোমালোকৰ দৰে উত্তৰ দিব পাৰোঁ;

     মোৰ প্ৰাণৰ সলনি যদি তোমালোকৰ প্ৰাণ হলেহেঁতেন,

     তেনেহলে মইও তোমালোকৰ অহিতে কথা সাজিব পাৰিলোহেঁতেন,

     আৰু তোমালোকক বিদ্রূপ কৰি মূৰ জোকাৰিব পাৰিলোহেঁতেন।

     5 অস্ মই মুখেৰেহে তোমালোকক সবল কৰিলোহেঁতেন,

     আৰু মোৰ ওঠৰ শান্ত্বনাত তোমালোকৰ দুখৰ উপশমহে হলহেঁতেন।

     6 মই কথা কলেও মোৰ ক্লেশৰ উপশম নহয়,

     আৰু নিমাতে থাকিলে কি মোৰ দুখ গুচিব?

     7 কিন্তু তেওঁ এতিয়া মোক ক্লান্ত কৰিলে;

     তুমি মোৰ গোটেই পৰিয়াল উচ্ছন্ন কৰিলা।

     8 তুমি মোৰ শৰীৰ শীৰ্ণ কৰিলা, সেয়ে মোৰ বিৰুদ্ধে সাক্ষী হৈছে;

     মোৰ শৰীৰৰ দীনতাই মোৰ বিৰুদ্ধে উঠিছে,

     আৰু এয়ে মোৰ অহিতে উঠি মোৰ সাক্ষাতে প্ৰমাণ দিছে।

     9 তেওঁ ক্ৰোধত মোক বিদাৰিলে, আৰু তাড়নাও কৰিলে;

     তেওঁ মোলৈ দাঁত কৰচিলে;

     মোক চকুৰপানীয়ে পৃথক কৰে, মোৰ শত্রুৱে মোলৈ দৃঢ়ভাবে চাই থাকে;

     10 লোকে মোৰ বিৰুদ্ধে মুখ মেলে;

     সিহঁতে ধিক্কাৰ দি মোৰ গালত চৰ মাৰে;

     সিহঁতে মোৰ অহিতে গোট খায়।

     11 ঈশ্বৰে মোক অধৰ্মিৰ হাতত সমৰ্পণ কৰিলে,

     আৰু দুষ্টবোৰৰ হাতত পেলাই দিলে।

     12 মই শান্তিৰে আছিলোঁ আৰু তেওঁ মোক ভাঙি পৃথক কৰিলে,

     এনে কি, মোৰ ডিঙিত ধৰি মোক থেকেচিলে;

     আৰু মোক নিজৰ কাঁড় মৰাৰ নিচান পাতিলে।

     13 তেওঁৰ ধনুৰ্দ্ধৰবোৰে মোক আগুৰি ধৰে;

     ঈশ্বৰে মোৰ বৃক্ক বিদাৰিলে আৰু মোক অতিৰিক্ত নকৰিলে,

     তেওঁ মোৰ পিত্ত মাটিত ঢালি দিলে।

     14 তেওঁ মোৰ প্ৰাচীৰৰ যোগেদি বাৰে বাৰে ভাঙে;

     তেওঁ বীৰৰ নিচিনাকৈ মোৰ বিৰুদ্ধে লৰি আহে।

     15 মই ছালৰ ওপৰত চট কাপোৰ সিয়াই ললোঁ,

     আৰু ধুলিৰে মোৰ শিং লেটিপেটি কৰিলোঁ।

     16 যদিও মোৰ হাতত অত্যাচাৰ নাই,

     আৰু মোৰ প্ৰাৰ্থনাও পবিত্ৰ,

     17 তথাপি কান্দোতে কান্দোতে মোৰ মুখ বিকৃত হ’ল,

     আৰু মৃত্যুচ্ছায়া মোৰ চকুৰ পিৰঠিৰ ওপৰত আছে।

     18 হে পৃথিৱী, তুমি মোৰ তেজ নাঢাকিবা,

     আৰু মোৰ কাতৰোক্তিয়ে জিৰাবলৈ ঠাই নাপাওক।

     19 চোৱা, এতিয়াও মোৰ সাক্ষী স্বৰ্গত আছে,

     আৰু মোৰ পক্ষে প্ৰমাণ দিওঁতা জনা উচ্চস্থানত আছে।

     20 মোৰ চকুৱে যেতিয়া ঈশ্বৰৰ কাৰণে অশ্রু বিসৰ্জন কৰে,

     তেতিয়া মোৰ বন্ধুবোৰেই মোক নিন্দা কৰে;

     21 যেনেদৰে এজন মানুহে নিজ চুবুৰীয়াৰ সৈতে কৰে,

     তেনেদৰে মই কওঁ সাক্ষ্যৰ বাবে এই মানুহে ঈশ্বৰৰ সৈতে তৰ্ক কৰে!

     22 কিয়নো মাত্র কেইবছৰৰ ভিতৰতে মই সেই ঠাইলৈ যাম,

     যি ঠাইৰ পৰা মই পুনৰ উভতি আহিব নোৱাৰিম।

Chapter 17

17 অধ্যায়

1 মোৰ উশাহ বিকৃত হৈছে, মোৰ দিনৰ অন্ত পৰিছে;

     মোলৈ মৈদাম যুগুত আছে।

     2 নিশ্চয়ে ঠাট্টা কৰোঁতাবোৰ মোৰ ওচৰত আছে,

     আৰু সিহঁতে দিয়া বিৰক্তিবোৰ মোৰ চকুৰ আগত আছে।

     3 বিনয় কৰোঁ, তুমি মোৰ নিৰ্দ্দোষীতা প্ৰকাশ কৰাৰ এটা চিন থোৱা;

     নিজৰ আগত নিজেই মোৰ জামিন হোৱা;

     আন কোনেও মোৰ জামিন হ’বলৈ স্বীকাৰ কৰিব?

     4 কিয়নো তুমি এওঁলোকৰ চিত্ত জ্ঞানৰ পৰা আঁৰ কৰিছা;

     এই হেতুকে তুমি এওঁলোকক মোক জয় কৰিবলৈ নিদিবা।

     5 যিকোনোৱে নিজ বন্ধুক লুটদ্ৰব্য স্বৰূপে সমৰ্পণ কৰে,

     তেনে বন্ধুৰ সন্তানবোৰৰ চকু অন্ধ হ’ব।

     6 তেওঁ মোক লোকসকলৰ আগত দৃষ্টান্ত কৰিলে;

     যাৰ মুখত লোকে থু পেলায়, মই তেনে মানুহ হ’লো।

     7 মনৰ বেজাৰত মোৰ চকু নিস্তেজ হ’ল,

     আৰু মোৰ সকলো অঙ্গ-প্ৰত্যঙ্গ ছাঁৰ তুল্য হ’ল।

     8 ইয়াতে সৰল আচৰণ কৰোঁতাবোৰে আচৰিত মানিব,

     আৰু অধৰ্মিৰ বিৰুদ্ধে নিৰ্দ্দোষী জঁকি উঠিব।

     9 তথাপি ধাৰ্মিকে নিজ পথত চলি থাকিব;

     যাৰ হাত শুচি, তাৰ বল ক্ৰমে ক্ৰমে বাঢ়ি থাকিব।

     10 কিন্তু আহাঁ, তোমালোক সকলোৱে পুনৰায় আৰম্ভ কৰা;

     আৰু মই তোমালোকৰ মাজত কাকো জ্ঞানী নাপাওঁ।

     11 মোৰ দিন কেইটা গ’ল, মোৰ অভিপ্ৰায় শেষ হৈছে,

     এনে কি মোৰ হৃদয়ৰ শুভেচ্ছা জনোৱা হ’ল।

     12 সেই মানুহবোৰ বিদ্ৰূপকাৰী, সিহঁতে ৰাতিক দিনলৈ ৰূপান্তৰিত কৰে,

     পোহৰ আহিলে সিহঁতে কয়, অন্ধকাৰ ওচৰ চাপি আহিছে।

     13 যদি চিয়োলেই মোৰ ঘৰ হ’ব বুলি মই অপেক্ষা কৰিছোঁ,

     যদি আন্ধাৰত মোৰ শয্যা পাৰিছোঁ,

     14 যদি মই গাতক মোৰ পিতৃ,

     আৰু পোকক, তুমি মোৰ মাতৃ আৰু ভনী বুলি কৈছা,

     15 তেনেহ’লে মোৰ আশা ক’ত?

     আৰু মোৰ আশাক নো কোনে দেখা পাব?

     16 আশাৰ সৈতে নামি গৈ মই চিয়োলৰ দুৱাৰমুখ পাম

     কেতিয়া ধূলিত গৈ জিৰণী পাম?”

Chapter 18

18 অধ্যায়

বিল্দদৰ দ্বিতীয় বক্তৃতা।

1 তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে,

     2 তোমালোকেনো কিমান কাল কথা বিচাৰি থাকিবা?

     তোমালোকে বুজি চাব লাগে; তাৰ পাছত আমি কথা ক’ব পাৰোঁ।

     3 আমি নো কেলেই পশুতুল্য গণিত হৈছোঁ?

     আৰু তোমালোকৰ দৃ্ষ্টিত আমি নো কেলেই অশুচি হৈছোঁ?

     4 ক্ৰোধত নিজকে বিদৰোৱা যি তুমি,

     তোমাৰ নিমিত্তে জানো পৃথিৱী ত্যাগ কৰা হ’ব,

     বা তোমাৰ নিমিত্তে বৃহৎ শিলক নিজ ঠাইৰ পৰা আঁতৰোৱা যাব?

     5 নিশ্চয় দুষ্টৰ দীপ্তি নুমাই যাব,

     আৰু তাৰ অগ্নিশিখাই পোহৰ নিদিব।

     6 তাৰ তম্বুত পোহৰেই আন্ধাৰ হ’ব,

     আৰু তাৰ ওপৰত ওলোমাই থোৱা চাকি নুমাই যাব।

     7 তাৰ খোজৰ শক্তি কম হৈ যাব,

     আৰু সি নিজৰ পৰামৰ্শতে নিজে পৰিব।

     8 কিয়নো নিজৰ ভৰিয়েই তাক জালৰ মাজত পেলাই দিয়ে,

     আৰু সি পাশৰ ওপৰেদি ফুৰে।

     9 কুন্দাই তাৰ ভৰিৰ গোৰোহাত ধৰিব,

     আৰু সি ফান্দত ধৰা পৰিব।

     10 তাৰ নিমিত্তে মাটিত খোৰোচা লুকুৱাই পতা আছে,

     আৰু তাৰ নিমিত্তে বাটত ফাচ পতা আছে।

     11 কেইওফালৰ পৰা নানা ত্ৰাসে তাক ভয় লগাব,

     আৰু খোজে খোজে তাক খেদি যাব।

     12 ভোকত তাৰ বল কমি যাব,

     আৰু বিপদে তাৰ পতনলৈ বাট চাই থাকিব।

     13 মৃত্যুৰ জেষ্ঠ পুত্ৰই তাৰ সৰ্ব্বাঙ্গ গ্ৰাস কৰিব,

     আৰু তাৰ শৰীৰৰ অঙ্গ-প্ৰতঙ্গবোৰ খাই পেলাব,

     14 যি তম্বুতেই সি আশ্ৰয় লব, সেই তম্বুৰেই পৰা তাক তুলি নিয়া হ’ব;

     ত্ৰাসবোৰৰ ৰজাৰ ওচৰলৈ তাক নিয়া হ’ব।

     15 তাৰ অসম্পৰ্কীয়বোৰে তাৰ তম্বুত বাস কৰিব;

     তাৰ বসতিৰ ঠাইত গন্ধক সিঁচা হ’ব।

     16 তলত তাৰ শিপাবোৰ শুকাব,

     আৰু ওপৰত তাৰ ডাল কটা যাব।

     17 পৃথিবীৰ পৰা তাৰ সোঁৱৰণ লুপ্ত হ’ব,

     আৰু গাৱেঁ-ভূঁয়ে কোনেও তাৰ নাম নলব।

     18 তাক পোহৰৰ পৰা আন্ধাৰলৈ দূৰ কৰি দিয়া হ’ব,

     আৰু সংসাৰৰ পৰা খেদাই দিয়া যাব।

     19 স্বজাতীয়বোৰৰ মাজত তাৰ পো নাতি নাথাকিব,

     তাৰ বসতিৰ কোনো ঠাইত কোনো অৱশিষ্ট নাথাকিব।

     20 তাৰ দুৰ্দ্দিন দেখি পশ্চিমত থকা লোক সকলে বিস্ময় মানিব,

     আৰু পূবত থকাবোৰে চিঞৰি উঠিব।

     21 নিশ্চয়ে অধৰ্মিৰ বাসস্থান এনেকুৱা হ’ব,

     আৰু ঈশ্বৰক নজনা লোকৰ ঠাই এনেকুৱা।”

Chapter 19

19 অধ্যায়

ইয়োবৰ উত্তৰ

1 তেতিয়া ইয়োবে পুনৰ উত্তৰ কৰি ক’লে,

     2 তোমালোকে নো কিমান কাললৈ মোৰ মনত ক্লেশ দিবা,

     আৰু বাক্যেৰে মোক গুড়ি কৰিবা?

     3 তোমালোকে এই দহবাৰ মোক অপমান কৰিলা;

     তোমালোকে যে মোলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰিছা, ইয়াতে তোমালোকে লাজ নোপোৱা।

     4 বাস্তৱিকতে মই যদি ভূল কৰিলোঁ,

     তেন্তে মোৰ সেই ভূল মোৰ লগতে আছে।

     5 যদি বাস্তৱিকতে তোমালোকে মোৰ ওপৰত গৰ্ব্ব কৰা,

     আৰু মোৰ বিৰুদ্ধে মোৰ অপমানৰ প্ৰমাণ কৰা,

     6 তেন্তে তোমালোকে জানিবা যে, ঈশ্বৰেহে মোৰ অন্যায় কৰিছে,

     আৰু তেওঁ নিজৰ জালেৰেই মোক মেৰাই ধৰিছে।

     7 চোৱা, মই অন্যায়ৰ কাৰণে চিঞৰোঁ, কিন্তু কোনেও নুশুনে;

     মই উপকাৰ পাবলৈ কাতৰোক্তি কৰোঁ, কিন্তু সোধ বিচাৰ নাই।

     8 মই পাৰ হ’ব নোৱাৰাকৈ তেওঁ মোৰ বাটত জেওৰা দিছে,

     আৰু মোৰ পথ আন্ধাৰ কৰিছে।

     9 তেওঁ মোৰ গৌৰৱস্বৰূপ বস্ত্ৰ সোলোকাই দিলে,

     আৰু মোৰ মুৰৰ কিৰীটি দূৰ কৰিলে।

     10 তেওঁ মোক চাৰিওফালে ভাঙি-ছিঙি পেলোৱাত, মই বিনষ্ট হ’লো;

     তেওঁ মোৰ আশাকো গছৰ দৰে উঘালি পেলালে,

     11 তেওঁ মোৰ বিৰুদ্ধে নিজ ক্ৰোধ জ্বলালে;

     আৰু তেওঁ মোক তেওঁৰ শত্রুবোৰৰ মাজৰ এজন বুলি জ্ঞান কৰিছে।

     12 তেওঁৰ সৈন্যবোৰে একেলগে আহি মোৰ বিৰুদ্ধে গড় বান্ধিছে,

     আৰু মোৰ তম্বুৰ চাৰিওফালে ছাউনি পাতিছে।

     13 তেওঁ মোৰ ভাই-ককাইবোৰক মোৰ পৰা দূৰ কৰিলে,

     আৰু মোৰ চিনাকি লোক সকল মোলৈ একেবাৰে অচিনাকি হ’ল।

     14 মোৰ জ্ঞাতি-কুটুম্ববোৰ আঁতৰ হৈছে,

     আৰু মোৰ প্ৰণয়ৰ বন্ধুবোৰে মোক পাহৰিলে।

     15 মোৰ ঘৰৰ বন্দী আৰু মোৰ বেটীবোৰেও, মোক অচিনাকি যেন জ্ঞান কৰে;

     মই সিহঁতৰ দৃষ্টিত বিদেশী হৈছোঁ।

     16 মোৰ বন্দীক মই মাতিলে, সি উত্তৰ নিদিয়ে;

     মই নিজ মুখেৰে তাৰ আগত বিনয় কৰিব লগীয়া হৈছোঁ।

     17 মোৰ তিৰোতাৰ আগত মোৰ নিশ্বাস,

     আৰু মোৰ সহোদৰৰ আগত মোৰ গাৰ গোন্ধ ঘিণলগীয়া হৈছে।

     18 শিশুবোৰেও মোক তুচ্ছ জ্ঞান কৰে;

     মই উঠিব খুজিলে, সিহঁতে মোৰ অহিতে কথা কয়।

     19 মোৰ বিশ্বাসী বন্ধুবোৰে মোক ঘিণ কৰে,

     মোৰ প্ৰিয় পাত্ৰসকল মোৰ পৰা বিমুখ হ’ল।

     20 মই হাড়ে-ছালে লাগিলোঁ;

     মই কেৱল দাঁতৰ ছালখিনিৰে সৈতে সাৰিলোঁ।

     21 হে মোৰ বন্ধু সকল, তোমালোকেই মোক কৃপা কৰা, মোক কৃপা কৰা;

     কিয়নো ঈশ্বৰৰ হাতে মোক স্পৰ্শ কৰিলে।

     22 ঈশ্বৰৰ নিচিনাকৈ তোমালোকেও মোক কিয় তাড়না কৰিছা?

     আৰু মোৰ মঙহত তোমালোকৰ কিয় হেপাহ পলোৱা নাই?

     23 অস্ মোৰ কথাবোৰ লিখা হোৱা হ’লে,

     অস্, সেইবোৰ পুথিত লিখি থোৱা হ’লে,

     24 অস্, সেইবোৰ লোহাৰ কলম আৰু সীহৰ সৈতে

     সেইবোৰ চিৰকালৰ বাবে শিলত লিখা!

     25 কিন্তু মই হ’লে জানো, মোৰ মুক্তিদাতা জীয়াই আছে,

     শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব।

     26 আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত,

     মই শৰীৰবিহীন হৈ ঈশ্বৰক দৰ্শন কৰিম।

     27 মই নিজেই তেওঁক দেখা পাম,

     আনৰ চকুৱে নহয়, মোৰ নিজৰ চকুৱেই তেওঁক দেখিব।

     হাবিয়াহ কৰোঁতে কৰোঁতে মোৰ অন্তৰত হৃদয় ক্ষীণ হৈ গৈছে।

     28 যদি তুমি কোৱা, ‘আমি তাক কেনেকৈ তাড়না কৰিম

     কিয়নো মূল বিষয় তাৰ ওচৰত পোৱা যায়,’

     29 তেনেহলে তোমালোকে তৰোৱাললৈ ভয় কৰা;

     কিয়নো ক্রোধে তৰোৱালৰ দণ্ড আনে,

     গতিকে তোমালোকে জানিব লাগে যে, ন্যায় বিচাৰ এটা আছে।”

Chapter 20

20 অধ্যায়

চোফৰৰ দ্বিতীয় বক্তৃতা।

1 তেতিয়া নামাথীয়া চোফৰে পুনৰায় উত্তৰ কৰি ক’লে,

     2 মোৰ ভাৱনাই উত্তৰ দিবলৈ মোক উদগাইছে,

     কাৰণ এইবোৰে মোক অন্তৰক অধৈৰ্য কৰিছে।

     3 মোক লাজ দিয়া উপদেশ মই শুনিলোঁ,

     তথাপি মোৰ বুদ্ধিদায়ক আত্মাই মোক উত্তৰ যোগাইছে।

     4 কেতিয়াৰ পৰা ঈশ্বৰে পৃথিৱীত মনুষ্যক স্থাপন কৰিছিল,

     কালৰ আৰম্ভণিৰ সেই ৰহস্য তুমি নাজানা,

     5 দুষ্টবোৰৰ জয়-ধ্বনি যে অলপদিনীয়া,

     আৰু অধাৰ্মিকৰ আনন্দ যে খন্তেকীয়া, ইয়াক তুমি নাজানা নে?

     6 যদি দুষ্টলোকৰ মাহাত্ম্যই আকাশ পায়গৈ,

     আৰু তাৰ মুৰ মেঘত লাগে,

     7 তথাপি সি নিজ বিষ্ঠাৰ দৰে চিৰকাললৈকে নষ্ট হ’ব,

     যিবিলাকে তাক দেখিছিল, তেওঁবিলাকে সুধিব, সি ক’ত আছে?

     8 সি সপোনৰ দৰে উড়ি যাব, তাক পুনৰ পোৱা নাযাব;

     এনে কি, ৰাতিকালৰ দৰ্শনৰ দৰে সি লুপ্ত হ’ব।

     9 যি চকুৱে তাক দেখিছিল, সেই চকুৱে তাক পুনৰ নেদেখিব;

     তাৰ নিবাসৰ ঠায়ে তাক পুনৰ দেখা নাপাব।

     10 তাৰ সন্তানবোৰে দৰিদ্ৰসকলৰ পৰা অনুগ্ৰহ বিচাৰিব,

     আৰু তাৰ নিজ হাতে তাৰ ধন-সম্পত্তি ওভোটাই দিব।

     11 তাৰ অস্থিবোৰ ডেকা কালৰ শক্তিৰ পৰিপূৰ্ণ,

     কিন্তু ইয়ো তাৰ লগত ধূলিত শুব।

     12 যদিও দুষ্টতা তাৰ মুখত সোৱাদ লাগে,

     যদিও সি জিভাৰ তলত তাক লুকুৱাই ৰাখে,

     13 যদিও সি তাতে ধৰি ৰাখে আৰু এৰি দিব নিবিচাৰে,

     কিন্তু তাৰ মুখৰ ভিতৰতে তাক ৰাখি থয়,

     14 তথাপি তাৰ আহাৰ পেট পাই বিকৃত হয়,

     সেয়ে তাৰ ভিতৰত কালসৰ্পৰ বিষস্বৰূপ হৈ পৰে।

     15 সি ধন-সম্পত্তি গ্ৰাস কৰে, আৰু তাক পুনৰাই বতিঁয়াই পেলাব;

     ঈশ্বৰে তাৰ পেটৰ পৰা তাক উলিয়াই পেলাব।

     16 সি কালসৰ্পৰ বিষ চুহিব;

     বিশাল সাপৰ জিভাই তাক বধ কৰিব।

     17 সি নদীবোৰ দেখা নাপাব,

     মৌ আৰু দৈ গাখীৰ বৈ যোৱা সুঁতিবোৰ নেদেখিব।

     18 সি নিজ পৰিশ্ৰমৰ ফল ওভোটাই দিব, গ্ৰাস নকৰিব;

     সি লাভ পোৱা নিজ সম্পত্তি অনুসাৰে উল্লাস নকৰিব।

     19 সি দৰিদ্ৰবোৰক উপদ্ৰৱ আৰু ত্যাগ কৰিলে;

     এই হেতুকে যি ঘৰ কাঢ়ি ল’লে, সেই ঘৰ সি সাজি উলিয়াব নোৱাৰিব।

     20 তাৰ পেট কেতিয়াও তৃপ্ত নহয়;

     এই হেতুকে সি নিজৰ মৰমৰ বস্তুৰ মাজৰ একোকে ৰক্ষা কৰিব নোৱাৰিব।

     21 সি গ্ৰাস নকৰা একোৱেই বাকী নাই;

     এই কাৰণে তাৰ মঙ্গল চিৰকলীয়া নহ’ব।

     22 তাৰ বস্তু-বাহানি জোৰাওকৈ থকা সময়তো সি ঠেকত পৰিব;

     দুখত পৰা প্ৰতিজনৰ হাতে তাক আক্ৰমণ কৰিব।

     23 সি নিজ পেট ভৰাবলৈ ধৰোঁতেই, ঈশ্বৰে তাৰ ওপৰত ক্ৰোধাগ্নি পেলাব,

     আৰু সি খাই থাকোঁতেই তাৰ ওপৰত তাক বৰষাব।

     24 সি লোহাৰ অস্ত্ৰৰ পৰা পলাই যাব;

     কিন্তু পিতলৰ ধনুবাণে তাক সৰকাই পেলাব।

     25 সি বাণ টানিলে, সেয়ে তাৰ গাৰ পৰা ওলাই আহে;

     এনে কি, তাৰ তিৰবিৰোৱা আগ, তাৰ পিত্তৰ পৰা বাহিৰ হয়;

     তাতে মৰণৰ ভয়ে তাক আক্ৰমণ কৰে।

     26 তাৰ সঞ্চিত বস্তুৰ অৰ্থে ঘোৰ আন্ধাৰ ৰাখি থোৱা হৈছে,

     মানুহে নধৰা জুয়ে তাক গ্ৰাস কৰিব;

     সেয়ে তাৰ তম্বুত থকা অৱশিষ্ট বস্তু ভষ্ম কৰিব।

     27 আকাশ-মণ্ডলে তাৰ অপৰাধ প্ৰকাশ কৰিব,

     আৰু পৃথিৱী তাৰ বিৰুদ্ধে উঠিব।

     28 তাৰ ঘৰৰ সম্পত্তি উড়ি যাব;

     ঈশ্বৰৰ ক্ৰোধৰ দিনা তাক ধল পানীয়ে উটুৱাই নিব।

     29 দুষ্ট মানুহে ঈশ্বৰৰ পৰা পাবলগীয়া ভাগ এয়ে,

     আৰু এয়ে ঈশ্বৰে নিৰূপণ কৰা তাৰ অধিকাৰ।

Chapter 21

21 অধ্যায়

ইয়োবৰ উত্তৰ।

1 তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে,

     2 তোমালোকে মন দি মোৰ কথা শুনা;

     আৰু এয়ে তোমালোকৰ শান্ত্বনা হওক।

     3 অলপ সহন কৰা, ময়ো কওঁ;

     মই কোৱাৰ পাছতো তুমি বিদ্ৰূপ কৰি থাকা।

     4 মই লোকৰ নামত অভিযোগ কৰিম নে?

     মই কিয় অসহিষ্ণু নহম?

     5 তোমালোকে মোলৈ চাইছা আৰু আচৰিত মানিছা,

     আৰু নিজৰ মুখত হাত দিছা।

     6 যেতিয়া মই মোৰ কষ্টৰ বিষয়ে ভাবো,

     তেতিয়া মই বিহ্বল হওঁ, আৰু ত্ৰাসতে মোৰ শৰীৰ কঁপে।

     7 দুষ্টবোৰ কিয় জীয়াই থাকে?

     কিয় বৃদ্ধ হয়, আৰু ক্ষমতাশালীও হয়?

     8 সিহঁতৰ বংশ সিহঁতৰ সন্মুখত সিহঁতৰ লগত থাকে;

     সিহঁতৰ সন্তান-সন্ততিবোৰ সিহঁতৰ চকুৰ আগত থিৰে থাকে।

     9 সিহঁতৰ ঘৰবোৰ ভয় নোপোৱাকৈ শান্তিৰে থাকে,

     আৰু সিহঁতৰ ওপৰত ঈশ্বৰৰ দণ্ডৰ আঘাতো নপৰে।

     10 সিহঁতৰ ষাঁড় গৰুবোৰে সংগম কৰিলে সেয়ে নিষ্ফল নহয়;

     সিহঁতৰ গাই জগে, বিনচ নকৰে।

     11 সিহঁতে নিজ নিজ শিশুবোৰক মেৰৰ জাকৰ দৰে বাহিৰলৈ উলিয়াই দিয়ে;

     আৰু সিহঁতৰ সন্তানবোৰে নাচ-গান কৰে।

     12 সিহঁতে খঞ্জৰী আৰু বীণা বজাই গান গায়,

     আৰু বাঁহীৰ শব্দত উল্লাস কৰে।

     13 সিহঁতে সুখেৰে নিজ নিজ দিন কটায়;

     পাছত এক নিমিষতে চিয়োললৈ নামি যায়।

     14 তথাপি সিহঁতে ঈশ্বৰক কয়, “তুমি আমাৰ পৰা দূৰ হোৱা;

     কিয়নো আমি তোমাৰ পথ জানিব নোখোজোঁ।

     15 সৰ্ব্বশক্তিমান জনানো কোন যে, আমি তেওঁৰ সেৱা কৰিম?

     আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰিলেই আমাৰ বা কি লাভ হ’ব?

     16 চোৱা, সিহঁতৰ মঙ্গল সিহঁতৰ হাতৰ দ্বাৰাই নহয়;

     দুষ্টবোৰৰ মন্ত্ৰণা মোৰ পৰা দূৰ হওঁক।

     17 দুষ্টবোৰৰ প্ৰদীপ নো কিমানবাৰ নুমুউৱা হয়?

     কিমানবাৰ নো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে?

     কিমানবাৰ নো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে?

     18 কিমানবাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা,

     আৰু ধুমুহাই উড়াই নিয়া ঘুলাৰ নিচিনা হয়?

     19 তোমালোকে কোৱা, “ঈশ্বৰে তাৰ সন্তানবোৰলৈ তাৰ অধৰ্ম সাঁচি থয়”।

     সেয়ে ভোগ কৰিবৰ কাৰণে তেওঁ তাকেই প্ৰতিফল দিয়ক।

     20 তাৰ নিজ চকুৱেই তাৰ সৰ্ব্বনাশ চাওক, আৰু

     সৰ্ব্বশক্তিমান জনাৰ ক্ৰোধ সিয়েই পান কৰক।

     21 কিয়নো, তাৰ মাহ কেইটা ওৰ পৰিলে হ’ল,

     সি মৰাৰ পাছত, তাৰ ভাবি-বংশৰ লগত তাৰ কি সম্পৰ্ক?

     22 যি জনাই উৰ্দ্ধবাসীসকলৰো বিচাৰ কৰে,

     এনে জনা ঈশ্বৰকেই কোনোবাই জ্ঞান শিক্ষা দিব পাৰে নে?

     23 সকলোৱে ভাবে শান্তিৰে আৰু নিশ্চিন্তে থাকিম,

     কোনোৱে সম্পূৰ্ণ বলত মৰে।

     24 তাৰ গাখীৰৰ পাত্ৰবোৰ গাখীৰেৰে পৰিপূৰ্ণ,

     আৰু তাৰ হাড়বোৰৰ মগজু ৰসযুক্ত।

     25 আন কোনোৱে মনত তিতা লাগি মৰে;

     সি কেতিয়াও মঙ্গলৰ আস্বাদ নাপায়।

     26 সিহঁত দুয়ো একেলগে ধুলিত শোৱে,

     আৰু পোকে সিহঁত দুয়োকো ঢাকে।

     27 চোৱা, মই তোমালোকৰ মনৰ ভাব জানিছোঁ;

     আৰু মোৰ বিৰুদ্ধে অন্যায়কৈ যিবোৰ মন্ত্ৰণা কৰিছা, সেইবোৰকো মই জানিছোঁ।

     28 কিয়নো তোমালোকে কৈছা, “সেই ডাঙৰীয়াৰ ঘৰ ক’ত?

     আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক’ত?

     29 তোমালোকে পথিকবিলাকক সোধা নাই নে?

     30 দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়,

     এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে?

     31 তাৰ আচৰণৰ কথা তাৰ মুখৰ আগত কোনে ক’ব?

     আৰু তাৰ কৰ্মৰ প্ৰতিফল তাক কোনে দিব?

     32 তথাপি তাক মৈদামলৈ নিয়া হ’ব,

     আৰু লোকে তাৰ মৈদামত পৰ দি থাকিব।

     33 আৰু উপত্যকাৰ চপৰাবোৰ তালৈ লঘু যেন বোধ হব;

     যেনেকৈ তাৰ আগেয়ে অলেখ মানুহ গৈছিল, তেনেকৈ তাৰ পাছতো সকলো মানুহ যাব।

     34 তেন্তে তোমালোকে কেনে অনৰ্থক শান্ত্বনা দিছা!

     তোমালোকৰ উত্তৰবোৰ কেৱল মিছাহে।”

Chapter 22

22 অধ্যায়

ইলীফজৰ তৃতীয় বক্তৃতা।

1 তেতিয়া তৈমনীয়া ইলীফজে পুনৰায় উত্তৰ কৰি ক’লে,

     2 মানুহ জানো ঈশ্বৰৰ উপকাৰী হব পাৰে?

     বাস্তৱিক জ্ঞানী মানুহ নিজৰেইহে উপকাৰী হয়।

     3 তুমি ধাৰ্মিক হলে সৰ্ব্বশক্তিমান জনাৰ কিবা হিত হব নে?

     তুমি সিদ্ধ আচৰণ কৰিলে তেওঁৰ কি লাভ হব?

     4 তেওঁলৈ তোমাৰ কি ভয়, তাৰ কাৰণেহে তেওঁ জানো তোমাক অনুযোগ কৰে?

     তাৰ নিমিত্তেহে জানো তেওঁ তোমাৰ লগত বিচাৰত সোমাব?

     5 তোমাৰ দুষ্টতা অধিক নহয় নে?

     তোমাৰ অপৰাধ অসীম নহয় নে?

     6 কিয়নো তুমি অকাৰণতে নিজ ভাইৰ পৰা বন্ধক ল’লা,

     আৰু বস্ত্ৰহীনৰ পৰাও বস্ত্ৰ কাঢ়ি ল’লা।

     7 তুমি তৃষ্ণাতুৰ লোকক পানী নিদিলা,

     আৰু ক্ষুধাতুৰ লোকৰ আহাৰ আটক কৰিলা।

     8 কিন্তু দেশখন পৰাক্ৰমী জনাৰেই আছিল;

     আৰু মৰ্য্যদাৱান জনাই তাত বাস কৰিছিল।

     9 তুমি বিধৱাসকলক শুদা হাতে বিদায় দিলা;

     আৰু পিতৃহীনসকলৰ বাহু ভঙা হ’ল।

     10 এই হেতুকে তোমাৰ চাৰিওফালে ফান্দ আছে;

     আৰু আকস্মিক ত্ৰাসে তোমাক বিহ্বল কৰিছে।

     11 তুমি আন্ধাৰ দেখা নাই নে?

     তোমাক তল নিওঁতা ঢল-পানী জানো দেখা নোপোৱা?

     12 ঈশ্বৰ নিচেই ওখত থকা স্বৰ্গত নাই নে?

     সকলোতকৈ ওপৰত থকা তৰাবোৰ চোৱা, সেইবোৰ কিমান ওখত আছে?

     13 তুমি কৈছা, “ঈশ্বৰে কি জানে?

     ঘন মেঘৰ মাজেদি তেওঁ জানো বিচাৰ কৰিব পাৰে?

     14 ঘন মেঘে আঁৰ কৰি ধৰাত, তেওঁ দেখিবলৈ নাপায়,

     কেৱল আকাশ-মণ্ডল ফুৰি থাকে।”

     15 তুমি পুৰণি পথকে ধৰি থাকিবা নে,

     যি পথেৰে দুৰ্জনবোৰে খোজকাঢ়ে -

     16 সিহঁতক অকালতে ধৰি নিয়া হৈছিল;

     আৰু সিহঁতৰ ভিত্তিমূল বান-পানীয়ে উটাই নিছিল।

     17 সেই সময়ত সিহঁতে ঈশ্বৰক কৈছিল, “আমাৰ পৰা দূৰ হোৱা;”

     আৰু “সৰ্ব্বশক্তিমান জনাই আমাৰ অৰ্থে কি কৰিব পাৰে?”

     18 তথাপি তেওঁ সিহঁতৰ ঘৰবোৰ উত্তম উত্তম দ্ৰব্যেৰে পৰিপূৰ্ণ কৰিছিল;

     কিন্তু দুষ্টবোৰৰ আলচ মোৰ পৰা দূৰত থাকে।

     19 তাকে দেখি ধাৰ্মিকসকলে আনন্দ কৰে;

     আৰু নিৰ্দ্দোষী লোকে সিহঁতক খেঁজেলিয়াই,

     20 আৰু কয়, “আমাৰ বিৰুদ্ধে উঠাবোৰ নিশ্চয়ে বিনষ্ট হল;

     আৰু সিহঁতৰ প্ৰচুৰ সম্পত্তি অগ্নিয়ে গ্রাস কৰিলে।”

     21 এতিয়া তুমি তেৱেঁ সৈতে পৰিচয় কৰি শাস্তি লাভ কৰা;

     তাকে কৰিলে তোমাৰ মঙ্গল হব।

     22 তেওঁৰ মুখৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা,

     আৰু তেওঁৰ বাক্যবোৰ তোমাৰ হৃদয়ত ৰাখা।

     23 যদি তুমি সৰ্ব্বশক্তিমান জনালৈ ঘূৰা, আৰু তোমাৰ তম্বুৰ পৰা অধৰ্ম দূৰ কৰা,

     তেন্তে তুমি পুনৰায় উন্নতি লাভ কৰিবা।

     24 তোমাৰ বহুমূল্য ধন ধূলিত ৰাখা,

     আৰু ওফীৰৰ সোণ জুৰিৰ শিলবোৰৰ মাজত পেলোৱা;

     25 তাতে সৰ্ব্বশক্তিমান জনা তোমাৰ বহুমূল্য ধন হ’ব,

     আৰু তেওঁ তোমাৰ উজ্জ্বল ৰূপস্বৰূপ হব।

     26 কিয়নো তেতিয়া তুমি সৰ্ব্বশক্তিমান জনাত আনন্দ কৰিবা,

     আৰু ঈশ্বৰলৈ মুখ তুলিবা।

     27 তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে তেওঁ শুনিব;

     তাতে তেওঁ তোমাৰ সঙ্কল্প সিদ্ধ কৰিব।

     28 তুমি কোনো বিষয় মনত স্থিৰ কৰিলে,

     সেয়ে তোমালৈ সিদ্ধ হ’ব;

     আৰু তোমাৰ পথত পোহৰ পৰিব।

     29 বিপদৰ কালত তুমি কবা, উন্নতি হব;

     আৰু অধোমুখক তেওঁ নিস্তাৰ কৰিব।

     30 তেওঁ নিৰ্দ্দোষী নোহোৱা জনকো উদ্ধাৰ কৰিব;

     এনে কি, সি তোমাৰ হাতৰ যোগেদি পবিত্ৰতাৰ উদ্ধাৰ পাব।”

Chapter 23

23 অধ্যায়

ইয়োবৰ উত্তৰ।

1 তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে,

     2 এতিয়াও মোৰ কাতৰোক্তি বিৰুদ্ধী;

     মোৰ কেঁকনিতকৈয়ো মই খোৱা কোব গুৰুতৰ।

     3 অস, মই তেওঁক ক’ত পাম, তাক জনা হলে,

     আৰু তেওঁৰ তালৈ যাব পৰা হলে, কেনে ভাল আছিল।

     4 তেতিয়া মোৰ গোচৰ তেওঁৰ আগত মই জনালোহেঁতেন,

     আৰু মোৰ মুখ নানা যুক্তিৰে পূৰ্ণ কৰিলোহেঁতেন;

     5 তেওঁ যি যি বাক্যৰ দ্বাৰাই মোক উত্তৰ দিব, তাক মই জানিলোঁহেঁতেন,

     আৰু তেওঁ মোলৈ কি কি কব, তাকো বুজিলোহেঁতেন।

     6 তেওঁ মহাপৰাক্রমেৰে মোৰ লগত বিৰোধ কৰিলেহেঁতেন নে?

     নকৰিলেহেঁতেন, কিন্তু তেওঁ মোলৈ মনোযোগহে কৰিলেহেঁতেন।

     7 তেতিয়া সেই ঠাইত সৰল লোকে তেওঁৰ লগত বাদানুবাদ কৰিব পাৰিলেহেঁতেন;

     তাতে মোৰ বিচাৰকে মোক ন্যায় দিব পাৰিলেহেঁতেন।

     8 চোৱা, মই পূব ফাললৈ যাওঁ, কিন্তু তেওঁ তাত নাই;

     আৰু পশ্চিম ফাললৈ যাওঁ, তাতো তেওঁক দেখা নাপাওঁ।

     9 তেওঁ কাৰ্য কৰা সময়ত মই উত্তৰ ফাললৈ যাওঁ, কিন্তু মই তেওঁক দেখা নাপাওঁ;

     তেওঁ দক্ষিণ ফালে নিজকে লুকুৱায়, কিন্তু মই তেওঁক নেদেখোঁ।

     10 কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে;

     তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন।

     11 মই তেওঁৰ ভৰিৰ খোজত ভৰি দি দি আহিছোঁ;

     এফলীয়া নোহোৱাকৈ মই তেওঁৰ পথত চলিছোঁ।

     12 তেওঁৰ মুখৰ আজ্ঞাৰ পৰা মই আঁতৰি যোৱা নাই;

     তেওঁৰ মুখৰ বাক্য মোৰ আৱশ্যকীয় আহাৰতকৈয়ো বহুমূল্য জ্ঞান কৰিলোঁ।

     13 কিন্তু তেওঁ এক মনৰ লোক, তেওঁক কোনে ঘুৰাব পাৰে?

     তেওঁৰ যি ইচ্ছা, তাকেই তেওঁ কৰে।

     14 মোলৈ যি নিৰূপিত, নিশ্চয়ে তাক তেওঁ সিদ্ধ কৰিব;

     আৰু এনে অনেক কথা তেওঁৰ মনত আছে।

     15 এই নিমিত্তে মই তেওঁৰ সাক্ষাতে ব্যাকুল হওঁ।

     মই বিবেচনা কৰিলে তেওঁৰ পৰা ভয় পাওঁ।

     16 কিয়নো ঈশ্বৰেই মোৰ মন ভগ্ন কৰিলে,

     আৰু সৰ্ব্বশক্তিমান জনাই মোক ব্যাকুল কৰিলে;

     17 কাৰণ মই আন্ধাৰৰ কাৰণে ব্যাকুল নহওঁ,

     আৰু ঘোৰ অন্ধকাৰে ঢকা মোৰ মুখৰ কাৰণে মই বিহ্বল নহওঁ।

Chapter 24

24 অধ্যায়

1 সৰ্ব্বশক্তিমান জনাৰ দ্বাৰাই কিয় সময় নিৰূপিত নহয়? তেওঁক জনালোকে কিয় তেওঁৰ দিন দেখিবলৈ নাপায়? 2 কোনো কোনোৱে মাটিৰ সীমাৰ চিন লৰায়, আৰু মেৰৰ জাকক বলেৰে লৈ চৰায়। 3 সিহঁতে পিতৃহীনবিলাকৰ গাধ খেদি লৈ যায়, আৰু বিধৱাৰ গৰু বন্ধক লয়। 4 সিহঁতে দৰিদ্ৰবিলাকক বাটৰ পৰা খেদি দিয়ে, আৰু দেশৰ দুখীয়াবিলাক একেবাৰে লুকাই থাকিব লগীয়া হয়। 5 চোৱা, কোনোৱে অৰণ্যত থকা বনৰীয়া গাধৰ নিচিনাকৈ, নিজৰ আহাৰ যত্নেৰে বিচাৰা কামলৈ ওলাই যায়; অৰণ্যে সিহঁতৰ সন্তানসকলৰ নিমিত্তে সিহঁতক আহাৰ দিয়ে। 6 সিহঁতে খাবৰ নিমিত্তে পথাৰত পহুৰ যোগ্য শস্য কাটে; আৰু দুৰ্জনৰ শেষতীয়া দ্ৰাক্ষাগুটি চপায়। 7 সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ৰাতি কটায়, আৰু জাৰত গাত লবলৈ সিহঁতৰ একো নাই। 8 সিহঁতে পৰ্ব্বতৰ বৰষুণত তিতে,

     আৰু আশ্ৰয় নথকাত বৰ বৰ শিলত আঁকোৱাল মাৰি ধৰে।

     9 কোনোৱে পিতৃহীন কেঁচুৱাক মাকৰ বুকুৰ পৰা কাঢ়ি লয়,

     আৰু দুখীয়াৰ পৰা বন্ধক লয়।

     10 তাতে সিহঁতে বস্ত্ৰৰ অভাৱত উদং গাৰে ফুৰে,

     আৰু ভোকতে থাকি ডাঙৰি কঢ়িয়ায়।

     11 সিহঁতে সেই দুষ্টবোৰৰ বেৰৰ ওচৰত তেল পেৰে,

     আৰু দ্ৰাক্ষাশালত দ্ৰাক্ষাগুটি গচকি পিয়াহত আতুৰ হৈ থাকে।

     12 জনপূৰ্ণ নগৰৰ মাজত লোকবিলাকে কেঁকাই,

     আৰু সাংঘাতিকৰূপে আঘাত পোৱালোকৰ প্ৰাণে চিঞৰে;

     তথাপি ঈশ্বৰে এই অন্যায়লৈ মন নিদিয়ে।

     13 আৰু কোনোৱে পোহৰৰ বিদ্ৰোহী হয়,

     তাৰ আওভাও নাজানে,

     আৰু তাৰ পথতো নচলে।

     14 নৰবধীয়ে দোকমোকালিতে উঠে;

     সি দুখী-দৰিদ্ৰক মাৰি পেলাই;

     আৰু ৰাতি সি চোৰৰ নিচিনা হয়।

     15 কাৰো চকুৱে মোক নেদেখিব, এইবুলি পৰস্ত্ৰীগামীৰ চকুৱে সন্ধিয়া কাললৈ বাট চাই থাকে;

     সি কয়, ‘কোনোৱে চকুৰে মোক দেখা নাই”।

     সি নিজৰ মুখ ঢাকি ৰাখে।

     16 কোনো কোনোৱে আন্ধাৰত ঘৰবোৰত সিন্ধি দিয়ে;

     সিহঁতে দিনত দুৱাৰ বন্ধ কৰি সোমাই থাকে;

     পোহৰ কি, সিহঁতে নাজানে।

     17 কিয়নো সিহঁত সকলোৰে নিমিত্তে প্ৰভাত মৃত্যুচ্ছায়াস্বৰূপ;

     কাৰণ সিহঁতে মৃত্যুচ্ছায়াৰ ভয়ানক কথা জানে।

     18 এনে লোক পানীৰ সোঁতত বেগেৰে উটি যায়;

     সিহঁতৰ আধিপত্যৰ ভাগ দেশত অভিশপ্ত হয়;

     সিহঁতে দ্ৰাক্ষাবাৰীৰ বাটৰ ফাললৈ মুখ নুঘূৰায়।

     19 অনাবৃষ্টি আৰু জহে যেনেকৈ হিমৰ পানী শুকুৱাই নিয়ে,

     তেনেকৈ চিয়োলে পাপীবোৰক গ্ৰাস কৰে।

     20 যিজনে সন্তান নোপজোৱা বাঁজী তিৰোতাক লুটে,

     আৰু বিধবালৈ কোনো অনুগ্ৰহ নকৰে,

     21 এনে লোকক মাতৃ-গৰ্ভেও পাহৰে,

     পোকে তাক সন্তোষেৰে খায়;

     কোনেও তাক সোঁৱৰণ নকৰে;

     এইদৰে অধাৰ্মিকতা গছৰ নিচিনাকৈ ভাগি যায়।

     22 তেওঁ নিজ পৰাক্ৰমৰ দ্বাৰাই বলৱন্তসকলৰ আয়ুস দীঘল কৰে;

     এনেকুৱা লোকে নিজীম বুলি নিৰাশ হৈয়ো শয্যাৰ পৰা উঠে।

     23 তেওঁ সিহঁতক নিৰ্ভয়ে থাকিবলৈ দিয়াত, সিহঁত অতি শান্তিৰে থাকে;

     আৰু তেওঁৰ চকু সিহঁতৰ পথৰ ওপৰত থাকে।

     24 সিহঁতৰ উন্নতি হয়, আকৌ অলপতে নাইকিয়া হয়;

     এনে কি, সিহঁতক নত কৰি, আন সকলোৰ দৰে নিয়া হয়,

     আৰু ধানৰ থোকৰ দৰে কটা হয়।

     25 এনেকুৱা যদি নহয়, তেন্তে কোনে মোক মিছলীয়া বুলি প্ৰমাণ কৰিব?

     আৰু কোনে মোৰ বাক্য অসাৰ্থক বুলি ক’ব?”

Chapter 25

25 অধ্যায়

বিল্দদৰ তৃতীয় বক্তৃতা।

1 তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে,

     2 প্ৰভুত্ব আৰু ভয়ানকতা তেওঁৰ লগত আছে;

     তেওঁ নিজৰ উচ্ছস্থানবোৰত শান্তি ৰাখে।

     3 তেওঁৰ বাহিনীসকলৰ সংখ্যা আছে নে?

     আৰু তেওঁৰ দীপ্তি কাৰ ওপৰত প্ৰকাশিত নহয়?

     4 তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ’ব পাৰে?

     আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে?

     5 চোৱা, তেওঁৰ আগত চন্দ্ৰও দীপ্তিমান নহয়,

     আৰু তৰাবোৰো নিৰ্ম্মল নহয়।

     6 তেনেহলে পোকৰূপ মনুষ্য কিমান কম পৰিমাণে শুচি হয়!

     আৰু কীট স্বৰূপ মনুষ্য-সন্তান কিমান কম পৰিমাণে পবিত্ৰ হয়!

Chapter 26

26 অধ্যায়

ইয়োবৰ উত্তৰ।

1 তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে,

     2 “তুমি দুৰ্ব্বলক বৰ সহায় কৰিলা!

     আৰু বল নথকা বাহুক বৰ নিস্তাৰ কৰিলা!

     3 আৰু জ্ঞানহীনক বৰ পৰামৰ্শ দিলা!

     আৰু মূল কথা বৰ ভালকৈ বুজালা!

     4 তুমি নো কাৰ আগত কথা কলা?

     কাৰ নিশ্বাস নো তোমাৰ মুখৰ পৰা ওলাল?”

     5 বিল্দদে উত্তৰ কৰি ক’লে, “যি সকল সম্প্রতি মৃত, অবহেলিত, উদ্বিগ্ন,

     যিসকলে জল সমূহৰ তলত নিবাস কৰে ---

     6 তেওঁৰ আগত চিয়োল অনাবৃত,

     আৰু বিনাশৰ ঠাইৰ ঢাকনি নাই।

     7 তেওঁ শূন্যৰ ওপৰত উত্তৰৰ আকাশ বিস্তৰ কৰে,

     আৰু পৃথিবীক শূন্যত ওলোমাই থয়।

     8 তেওঁ নিজৰ ঘন মেঘত জল বন্ধ কৰে;

     তথাপি জলৰ ভৰত মেঘ নাফাটে।

     9 তেওঁ পূৰ্ণিমাৰ চন্দ্রৰ মূখ ঢাকি দিয়ে,

     আৰু তাৰ ওপৰত তেওঁৰ মেঘ বিস্তাৰ কৰে।

     10 যি ঠাইত আন্ধাৰ আৰু পোহৰ লগ লাগিছে,

     সেই ঠাইকে তেওঁ সীমা কৰি সমুদ্ৰৰ ওপৰত চক্ৰাকাৰ ৰেখা আঁকে,

     11 তেওঁৰ ধমকিত আকাশ-মণ্ডলৰ স্তম্ভবোৰ কঁপে,

     আৰু বিচুৰ্ত্তি হয়,

     12 তেওঁ নিজৰ পৰাক্ৰমেৰে সাগৰকো আস্ফালন কৰায়,

     আৰু নিজ বুদ্ধিৰে ৰাহবক ডোখৰ ডোখৰ কৰে।

     13 তেওঁৰ আত্মাৰ দ্ধাৰাই আকাশ-মণ্ডল বিভুষিত হয়;

     আৰু তেওঁৰ হাতে পলাই যোৱা নাগটোক খুচি মাৰিলে।

     14 চোৱা, এইবোৰ তেওঁৰ কাৰ্যবোৰৰ কণিকা মাথোন,

     আৰু আমি তেওঁৰ বিষয়ে কেনে সৰু ফুচফুচনি শুনিছো!

     কিন্তু তেওঁৰ পৰাক্ৰমৰ গৰ্জ্জন কোনে বুজিব পাৰে?

Chapter 27

27 অধ্যায়

ইয়োবৰ শেষ বক্তৃতা।

1 পাছত ইয়োবে পুনৰায় কথা উত্থাপন কৰি ক’লে,

     2 যি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে,

     যি সৰ্ব্বশক্তিমান জনাই মোৰ প্ৰাণত তিতা লগালে,

     সেই জীৱন্ত ঈশ্বৰৰ নামেৰে শপত খাই কৈছোঁ,

     3 কিয়নো এতিয়াও নিশ্বাস-প্ৰশ্বাস মোত সম্পূৰ্ণৰূপে আছে,

     আৰু মোৰ নাকত ঈশ্বৰে দিয়া প্ৰাণ-বায়ু আছে;

     4 মোৰ ওঁঠে অধৰ্ম কথা কেতিয়াও নকয়,

     আৰু মোৰ জিভাই ভাণ্ডনা কথা প্ৰকাশ নকৰে।

     5 মই যে তোমালোকৰ কথা স্বৰূপ বুলি স্বীকাৰ কৰিম,

     এনে কথা মোৰ পৰা দূৰ হওক।

     মই নমৰোমানে মোৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম।

     6 মোৰ ধাৰ্মিকতা মই ধৰি ৰাখিম, এৰি নিদিম;

     মোৰ আয়ুসৰ দিনলৈকো মোৰ অন্তৰে মোক নোদোষে।

     7 মোৰ শত্ৰূ দুৰ্জনৰ দৰে হওক,

     আৰু মোৰ বিৰুদ্ধে উঠা জন অধৰ্মি দৰে হওক।

     8 কিয়নো, যেতিয়া অধৰ্মিৰ প্ৰাণ ঈশ্বৰে হৰণ কৰি নিব,

     তেতিয়া সি ধন লাভ কৰিলেও তাৰ কি আশা থাকিব?

     9 তাৰ সঙ্কট ঘটিলে,

     ঈশ্বৰে কাতৰোক্তি শুনিব নে?

     10 সি জানো সৰ্ব্বশক্তিমান জনাত আনন্দ পায়?

     বা সদায় ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰে?

     11 ঈশ্বৰে কেনেকৈ ব্যৱহাৰ কৰে,

     সেই বিষয়ে মই তোমালোকক শিক্ষা দিওঁ,

     আৰু সৰ্ব্বশক্তিমানৰ কাৰ্য-প্ৰণালী মই লুকুৱাই নাৰাখোঁ।

     12 চোৱা, তোমালোক সকলোৱেই দেখিলা;

     তেন্তে তোমালোকে কিয় এনে সম্পূৰ্ণ অসাৰ কথা কোৱা?

     13 দুৰ্জন লোকে ঈশ্বৰৰ পৰা যি ভাগ পায়,

     আৰু অত্যাচাৰীবোৰে যি অংশ সৰ্ব্বশক্তিমান জনাৰ পৰা ভোগ কৰে, সেয়ে এই,

     14 তাৰ পো-নাতি বাঢ়িলে তৰোৱালৰ নিমিত্তেহে বাঢ়ে,

     আৰু তাৰ সন্তান-সন্ততিয়ে পেট ভৰাই খাবলৈ নাপায়।

     15 তাৰ অৱশিষ্টবোৰক মহামাৰীৰ দ্ধাৰাই পুতি থুৱা যাব,

     আৰু তাৰ বিধৱাবিলাকে বিলাপ নকৰিব।

     16 যদি সি ধুলিৰ নিচিনাকৈ ৰূপ দ’মায়,

     আৰু পিন্ধা কাপোৰকো বোকাৰ দৰে সৰহকৈ যুগুত কৰে,

     17 তেন্তে যুগুত কৰক, কিন্তু ধাৰ্মিক লোকেহে পিন্ধিব,

     আৰু নিৰ্দ্দোষী লোকে সেই ৰূপ ভাগ বাঁটি ল’ব।

     18 সি নিজৰ ঘৰ পোকৰ দৰে সাজে,

     আৰু খেতি-ৰখীয়া টঙিৰ দৰে নিৰ্ম্মাণ কৰে।

     19 সি ধনী হৈ শুব, কিন্তু তাক মৈদাম দিয়া নাযাব;

     সি চকু মেলামাত্ৰকে নাইকিয়া হয়।

     20 নানা ত্ৰাসে তাক ঢল পানীৰ দৰে আক্ৰণ কৰে।

     ৰাতি ধুমুহাই অকস্মাতে তাক উড়ুৱাই নিয়ে।

     21 পূবৰ বতাহে তাক তুলি নি স্থানান্তৰ কৰে,

     আৰু নিজ ঠাইৰ পৰা তাক দূৰৈত পেলাই দিয়ে।

     22 কিয়নো ঈশ্বৰে দয়া নকৰি তালৈ কাঁড় মাৰি থাকিব,

     সি তেওঁৰ ভয়ত পলাই ফুৰিব।

     23 লোকে তাক দেখি হাত-তালি দিব,

     আৰু ছি ছি কৰি তাৰ ঠাইৰ তাক খেদি দিব।

Chapter 28

28 অধ্যায়

1 নিশ্চয়ে ৰূপৰ আকৰ আছে আৰু যি সোণ খপা যায়;

     সেই সোণৰ ঠাইও আছে।

     2 লোহা মাটিৰ পৰা উলিওৱা হয়,

     আৰু শিল গলাই তাম উলিয়ায়।

     3 মানুহে অন্ধকাৰ শেষ কৰে,

     নিচেই তলিলৈকে খান্দে,

     আন্ধাৰ আৰু মৃত্যুচ্ছায়াৰ শিল বিচাৰি উলিয়ায়।

     4 সিহঁতে আকৰ খান্দি গৈ মানুহ থকা ঠাইৰ পৰা দূৰৈ হয়,

     আৰু ওপৰত ফুৰা লোকে সিহঁতৰ গম নাপায়;

     সিহঁতে মানুহৰ পৰা দুৰৈত ওলমি জুলি থাকে।

     5 যি পৃথিবীৰ পৰা শস্য উৎপন্ন হয়,

     তাৰ তল ভাগ জুইৰ দ্বাৰাই লণ্ডভণ্ড কৰাৰ নিচিনা।

     6 তাৰ শিলবোৰ নীলকান্ত বাখৰ থকা ঠাই,

     আৰু গুড়ি সোণ তাত আছিল।

     7 সেই পথ হিংসক পক্ষীয়ে নাজানে,

     আৰু শেনৰ চকুৱেও তাক নেদেখে।

     8 গৰ্ব্বী হিংসুক জন্তুবোৰে তাত খোজ দিয়া নাই,

     আৰু সিংহও সেই ফালেদি যোৱা নাই।

     9 মানুহে অতি টান শিলত হাত দিয়ে;

     সি পৰ্ব্বতবোৰ মূলে সৈতে লুটিয়াই পেলায়।

     10 সি শিলৰ মাজে মাজে নলা কাটে,

     আৰু তাৰ চকুৱে সকলো বিধৰ বহুমূল্য বস্তু দেখা পায়।

     11 সি জুৰিবোৰ পানী এটোপাও সৰকিব নোৱাৰাকৈ ভেটে,

     আৰু গুপুতে থকা বস্তু পোহৰলৈ উলিয়ায়।

     12 কিন্তু জ্ঞান ক’ত পোৱা যায়?

     আৰু সুবিবেচনাৰ ঠাই বা ক’ত?

     13 মনুষ্যই তাৰ মূল্য নাজানে,

     আৰু জীৱিতসকলৰ দেশত তাক পোৱা নাযায়।

     14 অগাধ জলে কয়, এইটি মোত নাই,

     আৰু সাগৰে কয়, মোৰ ইয়াতো নাই।

     15 শুদ্ধ সোণ দিওঁ তাক পোৱা নাযায়,

     আৰু তাৰ বেচ বুলি ৰূপকো জুখি দিব নোৱাৰি।

     16 ওফীৰৰ সুবৰ্ণ আৰু বহুমূল্য বৈদূৰ্য্য,

     আৰু নীলকান্ত বাখৰও জোখত তাৰ সমান নহয়।

     17 সোণ আৰু আৰ্চি তাৰ তুল্য হ’ব নোৱাৰে,

     আৰু তাৰ সলনি শুদ্ধ সোণৰ অলঙ্কাৰবোৰকো দিব নোৱাৰি।

     18 তাৰ আগত পোৱাল আৰু স্ফটিকৰো নাম লব নোৱাৰি,

     এনে কি, পদ্মৰাগ বাখৰত্কৈয়ো জ্ঞানৰ মূল্য অধিক।

     19 কুচ দেশীয় গোমেদক বাখৰও তাৰ তুল্য নহয়,

     আৰু জোখত শুদ্ধ সোণো তাৰ সমান নহয়।

     20 তেন্তে জ্ঞান ক’ৰ পৰা আহে?

     আৰু সুবিবেচনাৰ ঠাই বা ক’ত?

     21 এইটো সকলো প্ৰাণীৰ চকুৰ পৰা গুপ্ত,

     আৰু আকাশৰ পক্ষীৰ পৰাও অদৃশ্য।

     22 বিনাশ আৰু মৃত্যুৱে কয়,

     আমি নিজ কাণে সেই বিষয়ে ঘুনুক-ঘানাককৈহে শুনিছোঁ।

     23 তাৰ পথ ঈশ্বৰেহে জানে,

     আৰু তাৰ ঠাই তেওঁৰহে জনা আছে।

     24 কিয়নো তেওঁ পৃথিবীৰ অন্তলৈকে দেখে, আৰু

     আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে তেওঁৰ চকু যায়।

     25 তেওঁ যেতিয়া বায়ুৰ গুৰুত্ব নিৰূপণ কৰিলে,

     যেতিয়া পৰিমান অনুসাৰে জল সমূহ জুখি জুখি দিলে,

     26 যেতিয়া তেওঁ বৃষ্টিৰ নিয়ম নিৰূপণ কৰিলে,

     আৰু মিঘ-গৰ্জ্জনৰ সৈতে ওলোৱা বিজুলীৰ পথ স্থিৰ কৰিলে,

     27 তেতিয়া তেওঁ জ্ঞানক দেখিলে, আৰু প্ৰকাশ কৰিলে,

     তেওঁ তাক স্থাপন কৰিলে, আৰু তাৰ তদন্তও কৰিলে;

     28 আৰু তেওঁ মনুষ্যক কলে,

     চোৱা, প্ৰভুলৈ ভয় ৰখাই জ্ঞান,

     আৰু কুকৰ্ম ত্যাগ কৰাই সুবিবেচনা।

Chapter 29

29 অধ্যায়

1 পাছত ইয়োবে আকৌ কথা উত্থাপন কৰিলে আৰু ক’লে,

     2 অস, আগৰ মাহ কেইটাত,

     যি কালত মোৰ ওপৰত ঈশ্বৰে দৃষ্টি ৰাখিছিল,

     3 যি কালত মোৰ মূৰৰ ওপৰত তেওঁৰ প্ৰদীপ জ্বলি আছিল,

     আৰু মই তেওঁৰ পোহৰৰ বলত অন্ধকাৰৰ মাজতো ফুৰিছিলোঁ,

     সেই কালত মই যেনেকৈ আছিলোঁ,

     4 যি কালত ঈশ্বৰৰ বন্ধুতাই মোৰ তম্বু ৰাখিছিল,

     5 সেই কালত সৰ্ব্বশক্তিমান জনা মোৰ লগত থাকিছিল,

     আৰু মোৰ পো-জীবিলাক মোৰ চাৰিওফালে আছিল,

     6 যি কালত মই গাখীৰৰ ওপৰতহে খোজ কাঢ়িছিলোঁ,

     আৰু শিলে মোন নিমিত্তে তেলৰ সোঁত বোৱাইছিল;

     মোৰ সেই পূৰ্ণ যৌৱনৰ কালত মই যেনেকৈ আছিলোঁ, তেনেকৈ এতিয়াও মই থকা হলে, কেনে ভাল আছিল!

     7 যেতিয়া মই নগৰলৈ গৈ ৰাজদুৱাৰত উপস্থিত হৈছিলোঁ,

     চকত মোৰ আসন যুগুত কৰিছিলোঁ,

     8 তেতিয়া ডেকাসকলে মোক দেখি লুকাইছিল,

     আৰু বৃদ্ধসকল উঠি থিয় হৈছিল;

     9 প্ৰধান লোকসকলে কথা কবলৈ এৰি,

     নিজ নিজ মোখত হাত দিছিল;

     10 ডাঙৰীয়াবিলাকে তালুত জিভা লগাই মনে মনে আছিল।

     11 কিয়নো লোকে কাণেৰে শুনি মোক ধন্য বুলিছিল,

     আৰু চকুৰে দেখি মোৰ পক্ষে সাক্ষ্য দিছিল।

     12 কাৰণ কাতৰোক্তি কৰা দৰিদ্ৰক মই উদ্ধাৰ কৰিছিলোঁ,

     আৰু সহায় নথকা পিতৃহীনক মই ৰক্ষা কৰিছিলোঁ।

     13 বিনষ্ট হবলগীয়া মানুহৰ আশীৰ্ব্বাদ মোৰ ওপৰত পৰিছিল;

     মই বাঁৰী তিৰোতাৰ মন উল্লাসিত কৰিছিলোঁ।

     14 মই ধাৰ্মিকতাক পিদ্ধিছিলোঁ, আৰু ধাৰ্মিকতাই মোক পিন্ধিছিল,

     আৰু মোৰ ন্যায়পৰায়ণতা গুণ মোৰ দমা চোলা আৰু পাগুৰিস্বৰূপ আছিল।

     15 মই অন্ধৰ চকু আছিলোঁ;

     আৰু খোৰাৰ ভৰি আছিলোঁ।

     16 মই দৰিদ্ৰবিলাকৰ পিতৃ আছিলোঁ।

     আৰু মই চিনি নোপোৱা মানুহৰো বিচাৰ লৈছিলোঁ।

     17 মই দুৰাচাৰী লোকৰ জামু দাঁত ভাঙিছিলোঁ,

     আৰু তাৰ চিকাৰ তাৰ দাঁতৰ মাজৰ পৰা উলিয়াইছিলো।

     18 তেতিয়া মই ভাবিছিলোঁ যে, মই নিজ বাঁহত মৰিম,

     মোৰ দিন বালিৰ দৰে অসংখ্য হব;

     19 আৰু পানী সোমাবলৈ মোৰ শিপা মুকলি হৈ থাকিব,

     আৰু নিয়ৰ মোৰ ডালত ওৰে ৰাতি পৰি লাগি থাকিব;

     20 মোৰ নাম-মৰ্য্যদাও মোত সতেজ হৈ থকিব,

     আৰু মোৰ ধনু মোৰ হাতত সদায় নতুনে থাকিব।

     21 লোকবিলাকে মোলৈ কাণ পাতি বাট চাইছিল,

     আৰু পৰামৰ্শ শুনিবলৈ নিমাত হৈ থাকিছিল।

     22 মোৰ কথাৰ শেষত সিবিলাকৰ কোনেও উত্তৰ নকৰিছিল;

     মোৰ বাক্য সিবিলাকৰ ওপৰত নিয়ৰৰ দৰে পৰিছিল।

     23 বৰষুণলৈ অপেক্ষা কৰাৰ দৰে সিবিলাকে মোলৈকো অপেক্ষা কৰিছিল,

     আৰু শেষতীয়া বৰষুণলৈ মুখ মেলাৰ দৰে সিবিলাকে মুখ মেলিছিল।

     24 সিবিলাক নিৰাশ হলে মই সিবিলাকলৈ মিচিকিয়াই হাঁহিছিলোঁ,

     আৰু সিবিলোকে মোৰ মুখৰ দীপ্তি নোগুচালে।

     25 মই সিবিলাকৰ নিমিত্তে পথ মনোনীত কৰি প্ৰধান হৈ বহিছিলো,

     আৰু সৈন্যদলৰ মাজত ৰজাৰ দৰে থাকিছিলোঁ,

     আৰু শোকাতুৰৰ মাজত শান্ত্বনাকাৰীৰ দৰে আছিলোঁ।

Chapter 30

30 অধ্যায়

1 কিন্তু এতিয়া যিবিলাকৰ বাপেকহঁতক, মোৰ মেৰৰ জাক ৰখা কুকুৰৰ লগতো থবলৈ মই হেয়জ্ঞান কৰিছিলোঁ,

     মোতকৈ কম বয়সীয়া সেই মানুহবিলাকে মোক হাঁহে।

     2 যিবিলাকৰ শক্তি নষ্ট হল,

     এনে লোকৰ হাতৰ বলত নো মোৰ কি উপকাৰ হব?

     3 সিহঁত অন্নৰ অভাৱত ভোকত ক্ষীণ হয়;

     সিহঁতে বহু কালৰ পৰা উচ্ছন্ন আৰু ধ্বংস হোৱা মৰুভূমি কামুৰি খায়।

     4 আৰু জোপোহাৰ কাষত সিহঁতে মল্লু শাক ছিঙে,

     আৰু ৰোতম গছৰ মূল সিহঁতৰ খোৱা বস্তু।

     5 সিহঁতক মানুহৰ মাজৰ পৰা খেদি দিয়া হয়;

     চোৰৰ পাছে পাছে চিঞৰাৰ দৰে লোকে সিহঁতৰ পাছতো চিঞৰে।

     6 সিহঁতে উপত্যকাৰ ভয়ানক ঠাইত থাকিব লগা হয়,

     মাটিৰ গাতত আৰু শিলৰ মাজত বাস কৰিব লগা হয়।

     7 সিহঁতে জোপোহা গছবোৰৰ মাজত গাধৰ দৰে চিঞৰে,

     আৰু কাঁইট গছৰ তলত গোট খায়।

         8 সিহঁত মূৰ্খৰ সন্তান, এনে কি নীহ মানুহৰ সন্ততি;

     সিহঁতক দেশৰ মাজৰ পৰা কোবাই খেদি দিয়া হল।

     9 এতিয়া মই সিহঁতৰ গানৰ বিষয় হৈছোঁ,

     এনে কি সিহঁতৰ গল্পৰ বিষয়ো হৈছোঁ।

     10 সিহঁতে মোক ঘিণ কৰে, আৰু মোৰ পৰা আতৰত থাকে,

     আৰু মোৰ আগত থু পেলাবলৈ ভয় নকৰে।

     11 কিয়নো ঈশ্বৰে তেওঁৰ ধনুৰ জোঁৰ এৰি দিলে আৰু মোক দুখ দিলে;

     সেই কাৰণে সিহঁতে মোৰ আগত নিজ নিজ মুখৰ লাগাম পেলাই দিয়ে।

     12 মোৰ সোঁফালে নীহ লোকবিলাক উঠে;

     সিহঁতে মোৰ ভৰি ঠেলি ঠেলি দিয়ে,

     আৰু মোৰ বিৰুদ্ধ নিজ নিজ বিনাশক গড় নৰে।

     13 সিহঁতে মোৰ বাট বন্ধ কৰি পেলায়;

     নি:সহায় লোকেও মোৰ বিনাশৰ চেষ্টা কৰে।

     14 গড় ভাঙি উলিওৱা বহল বাটেদি যেনেকৈ শত্ৰু আহে,

     সিহঁতেও তেনেকৈ আহে;

     সেই ভঙাইদি সোমাই সিহঁতে মোক আক্ৰমণ কৰে।

     15 নানা ত্ৰাসে মোক ধৰিছে;

     বতাহৰ দৰে মোৰ মান-মৰ্য্যদা সেইবোৰে উড়ুৱাই নিছে;

     আৰু মোৰ মঙ্গল মেঘৰ নিচিনাকৈ নাইকিয়া হৈছে।

     16 সম্প্ৰতি মোৰ অন্তৰত মোৰ হৃদয় মুখত দ্ৰৱীভূত হৈছে,

     আৰু মোৰ ক্লেশৰ দিনে মোক ধৰিছে।

     17 ৰাতি হাড়বোৰ মোৰ গাৰ পৰা সুলকি পৰা যেন লাগে,

     আৰু যিবোৰে মোক কামোৰে, সেইবোৰে টোপনি নাযায়।

     18 ৰোগ প্ৰবল হোৱাত মোৰ বস্ত্ৰ কুৰূপ হৈছে;

     সেয়ে মোৰ গাৰ চোলাৰ ডিঙিৰ নিচিনাকৈ মোত আট খাই ধৰিছে।

     19 ঈশ্বৰে মোক বোকাত পেলাই দিছে,

     মই ধুলি আৰু ছাঁই যেন হৈছোঁ।

     20 মই তোমাৰ আগত কাতৰোক্তি কৰোঁ,

     কিন্তু তুমি মোক উত্তৰ নিদিয়া; মই থিয় হৈ থাকোঁ,

     কিন্তু তুমি মোলৈ চাই থাকা মাথোন।

     21 তুমি মোলৈ নিৰ্দ্দয় হৈ উঠিছা,

     আৰু তুমি তোমাৰ হাতৰ বলেৰে মোক তাড়না কৰিছা,

     22 তুমি মোক বতাহত তুলি দি ফুৰাইছা,

     আৰু ধুমুহাত মোক লীন নিয়াইছা।

     23 কিয়নো মই জানো,যে, তুমি মোক মৃত্যুলৈ নিছা,

     আৰু সকলো জীয়া লোকৰ নিৰূপিত ঘৰলৈ মোক লৈ গৈছা।

     24 তথাপি পৰিবলৈ ধৰোঁতে কোনে নো হাত নেমেলে?

     আৰু আপদত থকা স্তলত ৰক্ষা পাবৰ নিমিত্তে কোনে নিচিঞৰে?

     25 দুৰ্গতিত পৰা লোকৰ নিমিত্তে মই ক্ৰন্দন নকৰিছিলোঁ নে?

     আৰু দীনহীনৰ নিমিত্তে মনত দুখ নাপাইছিলোঁ নে?

     26 মই মঙ্গললৈ বাট চাওঁতে চাওঁতে অমঙ্গলহে ঘটিল,

     আৰু পোহৰলৈ অপেক্ষা কৰোঁতে কৰোঁতে আন্ধাৰহে হল।

     27 মোৰ অন্তৰ খতি নোহোৱাকৈ পুৰিছে;

     দুখৰ দিনসমুহ মোৰ ওচৰত উপস্থিত হৈছে।

     28 মই বিনা ৰ’দে ক’লা হৈ ফুৰিছো,

     আৰু সমাজৰ মাজত থিয় হৈ সহায় পাবলৈ মিনতি কৰিছোঁ।

     29 মই শিয়ালবোৰৰ ভাই,

     আৰু উট পক্ষীৰ বন্ধু হলোঁ।

     30 মোৰ গাৰ ছাল ক’লা হৈ এৰাই পৰিছে,

     আৰু তাপত মোৰ হাড়বোৰত পোৰণি ধৰিছে।

     31 সেই দেখি মোৰ বীণাৰ মাত শোকৰ শব্দত পৰিণত হৈছে,

     আৰু মোৰ বাঁহীৰ স্বৰ সলনি হৈ ক্ৰন্দনকাৰীসকলৰ মাত হৈছে।

Chapter 31

31 অধ্যায়

1 মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ;

     তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হলোঁ?

     2 কিয়নো উৰ্দ্ধবাসী ঈশ্বৰে দিয়া ভাগ কি?

     আৰু ওপৰত থকা সৰ্ব্বশক্তিমান জনাৰ পৰা পোৱা অংশ কি?

     3 সেয়ে জানো অধৰ্মিবোৰৰ নিমিত্তে আপদ,

     আৰু কুকৰ্মীবোৰৰ নিমিত্তে দুৰ্গতি নহয়?

     4 তেন্তে তেওঁ মোৰ কোনো পথ নেদেখে নে?

     আৰু মোৰ আটাই খোজ তেওঁ গণনা নকৰে নে?

     5 মই যদি মিছাত চলিলোঁ,

     আৰু মোৰ ভৰি প্ৰবঞ্চনা পথলৈ লৰ ধৰিলে,

     6 (ঈশ্বৰে মোৰ সিদ্ধতা জানিবৰ নিমিত্তে,

     মোক ঠিক তৰ্জুত জোখক;)

     7 মই যদি অবাটে খোজ চলালোঁ,

     মোৰ মন যদি চকুৰ পাছে পাছে চলিল,

     আৰু মোৰ হাত দুখনত যদি কোনো দাগ লাগি আছে,

     8 তেন্তে মই সিচিলে অন্যে খাওক, এনে কি, মোৰ পথাৰত গজা শস্যবোৰো উঘলা হওক।

     9 মই যদি পৰৰ তিৰোতাত মোহ গলোঁ,

     আৰু চুবুৰীয়াৰ দুৱাৰৰ গুৰিত যদি মই লুকাই থাকিলোঁ,

     10 তেন্তে মোৰ তিৰোতাই অন্যৰ নিমিত্তে জাঁত ঘুৰাওক,

     আৰু অন্য লোকে তাইক ভোগ কৰক।

     11 কিয়নো সেয়ে গৰ্হিত কাৰ্য,

     আৰু বিচাৰকৰ্ত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ;

     12 কাৰণ সেয়ে বিনাশৰ গাতলৈকে দহি থকা অগ্নি;

     সেয়ে মোৰ সৰ্ব্বস্ব বিনষ্ট কৰিলেহেঁতেন।

     13 মোৰ বন্ধী কি বেটীয়ে মোৰ আগত অভিযোগ কৰিলত,

     মই যদি সিহঁতৰ বিচাৰলৈ হেয়জ্ঞান কৰিলোঁ,

     14 তেন্তে ঈশ্বৰ উঠিলে মই কি কৰিম?

     আৰু তেওঁ বুজ-বিচাৰ ললে, মই তেওঁক কি উত্তৰ দিম?

     15 মোক গৰ্ভত নিৰ্ম্মাণ কৰা জনাই জানো তাকো নিৰ্ম্মাণ কৰা নাই?

     আৰু এনে জনাই জানো আমাক গৰ্ভত গঠন কৰা নাই?

     16 মই যদি দুখীয়া লোকক সিহঁতৰ ইচ্ছা পূৰ কৰিবলৈ নিবাৰণ কৰিলোঁ,

     আৰু বিধৱাৰ চকু জলকা লগালোঁ,

     17 যদি বা মোৰ খোৱা মুঠি অকলেই খালো,

     আৰু পিতৃহীন ল’ৰাই তাৰ অলপো খাবলৈ নাপালে,

     18 (এনে নহয়, মোৰ ডেকা কালৰ পৰা এনেকুৱা লৰাই বাপেকৰ লগত থকাৰ দৰে মোৰ লগত ডাঙৰ-দীঘল হয়,

     আৰু মই মাতৃৰ গৰ্ভত থকাৰে পৰা বিধৱাৰ পথদৰ্শক;)

     19 যদি মই কোনোক বস্ত্ৰৰ অভাৱত মৰিব লগা দেখিলোঁ,

     বা দুখীয়াক গাত লবলৈ কাপোৰ নাইকিয়া দেখিলোঁ,

     20 তাৰ ককালে যদি মোক আশীৰ্ব্বাদ নকৰালে,

     আৰু মোৰ মেৰৰ নোমৰ পৰা সি ফল নাপালে,

     21 আৰু নগৰৰ দুৱাৰত মোৰ ফলিয়া মানুহ দেখি,

     যদি মই পিতৃহীনৰ অহিতে হাত ডাঙিলোঁ,

     22 তেন্তে মোৰ বাবিচনীৰ হাড়ৰ পৰা মোৰ কান্ধ খহি পৰক,

     আৰু মোৰ বাহু হাড়ডালৰ পৰা ভাগি পৰক।

     23 কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলোঁ,

     আৰু মই তেওঁৰ মহত্ত্বৰ কাৰণে সেইৰূপ কৰ্ম কৰিব নোৱাৰিলোঁ,

     24 মই যদি সুবৰ্ণক মোৰ বিশ্বাস-ভূমি কৰিলোঁ,

     আৰু “তুমি মোৰ আশ্ৰয়” এনে কথা যদি শুদ্ধ সোণক কলোঁ,

     25 মোৰ সম্পত্তি অধিক বুলি যদি আনন্দ কৰিলোঁ,

     আৰু নিজ হাতেৰে অনেক লাভ পাইছোঁ, বুলি যদি মই উল্লাস কৰিলোঁ,

     26 মই সুৰ্য্যক দীপ্তি দিয়া,

     বা চন্দ্ৰক উজ্জ্বলৰূপে আকাশত গমন কৰা দেখি,

     27 যদি মোৰ মন গুপুতে মোহ গল,

     আৰু সেই দুয়োৰো উদ্দেশ্যে মোৰ মুখে হাতত চুমা খালে,

     28 তেন্তে ইও, বিচাৰকত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ হলহেঁতেন;

     কিয়নো সেয়ে হোৱা হলে মই উৰ্দ্ধবাসী ঈশ্বৰৰ আগত অস্বীকাৰ কৰিলোহেঁতেন।

     29 মোক ঘিণাওঁতাৰ আপদত মই যদি আনন্দ কৰিলোঁ,

     আৰু সি দুৰ্দ্দশাত পৰা দেখি মই উল্লাস হলোঁ,

     30 (এনে নহয়, তাক মৰাবলৈ শাও দিয়াৰ দ্বাৰা

     মোৰ মুখকো পাপ কৰিবলৈ মই দিয়া নাই;)

     31 তেওঁ দিয়া মাংস খাই তৃপ্ত নোহোৱা কোন আছে?

     এই বুলি মোৰ তম্বুৰ মানুহবোৰে যদি কোৱা নাই,

     32 (বিদেশীয়ে বাটত ৰাতি কটোৱা নাই,

     কিন্তু মই পৰ্থিকৰ অৰ্থে দুৱাৰ মেলি থৈছিলোঁ,)

     33 মই অনেক লোক সমূহক ভয় কৰাৰ,

     আৰু প্ৰধান প্ৰধান বংশৰ ঘৃণা আশঙ্কা কৰাৰ কাৰণে মনে মনে থাকি দুৱাৰৰ বাহিৰলৈ নগৈ,

     34 নিজ হিয়াত মোৰ অধৰ্ম লুকুৱাই ৰাখি,

     যদি মই আদমৰ নিচিনাকৈ মোৰ অপৰাধ ঢাকি থলোঁ,-

     35 অস, মোৰ কথা শুনিবলৈ এজন থকা হলে কেনে ভাল আছিল!

     চোৱা, এইয়া মোৰ চহিৰ চিন, সৰ্ব্বশক্তিমান জনাই মোক উত্তৰ দিয়ক;

     অস, মোৰ প্ৰতিবাদীয়ে লিখা দোষৰ পত্ৰ মোৰ ইয়াত থকা হলে, কেনে ভাল আছিল!

     36 অৱশ্যে মই তাক মোৰ কান্ধত বলোহেঁতেন,

     আৰু ৰাজমুকুট বুলি মোৰ মূৰত পিন্ধিলোহেঁতেন,

     37 তেওঁৰ আগত মোৰ খোজৰ সংখ্যা দনালোহেঁতেন,

     আৰু ৰাজকোঁৱৰৰ দৰে তেওঁৰ ওচৰলৈ গলোহেঁতেন।

     38 মোৰ মাটিয়ে যদি মোৰ অহিতে চিঞঁৰ মাৰে,

     আৰু তাৰ আটাই সিৰলুবোতে যদি কান্দে,

     39 মই যদি ধন নিদিয়াকৈ সেই মাটিৰ ফল ভোগ কৰিলোঁ,

     বা তাৰ গৰাকীবিলাকৰ প্ৰাণ হানি কৰিলোঁ,

     40 তেন্তে মোৰ ঘেহুঁৰ সলনি কাঁইট,

     আৰু যৱৰ সলনি বন গজক।

ইয়োবৰ বাক্য সমাপ্ত।

Chapter 32

32 অধ্যায়

ইলীহুৰ প্ৰথম বক্তৃতা।

1 ইয়োবে নিজৰ দৃষ্টিত নিজকে ধাৰ্মিক বুলি মনাত, সেই তিনিজনে তেওঁক উত্তৰ দিবলৈ এৰিলে। 2 এতিয়া ৰামৰ গোষ্ঠীৰ বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৰ ক্ৰোধ জ্বলি উঠিল; ইয়োবে ঈশ্বৰক ধাৰ্মিক নাপাতি নিজকে পতাত্হে তেওঁৰ ওপৰত ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।

3 আৰু বন্ধু তিনি জনে ইয়োবক উত্তৰ দিব নোৱাৰিও তেওঁক দোষী কৰাত, তেওঁলাকলৈকো ইলীহুৰ ক্ৰোধ জ্বলি উঠিল। 4 তেওঁবিলাক ইলীহুত্কৈ বয়সত ডাঙৰ দেখি, ইলীহুৱে ইয়োবক কথা কবলৈ বাট চাইছিল। 5 পাছে সেই তিনিজন লোকৰ মুখত উত্তৰ নোহোৱা দেখি, ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।

6 তাতে বূজীয়া বৰখেলৰ পুত্ৰ ইলীহুৱে উত্তৰ কৰি কলে,

     মই ডেকা, তোমালোক বুঢ়া;

     এই নিমিত্তে, মই তোমালোকৰ আগত মোৰ মত জনাবলৈ, ভয় কৰি কোঁচ খাই আছিলোঁ।

     7 মই মনতে কৈছিলোঁ, বহুদিনিয়া লোকেই কওক,

     আৰু অধিক বয়সীয়া লোকেই জ্ঞান শিক্ষা দিয়ক।

     8 কিন্তু মনুষ্যৰ অন্তৰত আত্মা আছে,

     সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসে সিহঁতক বিবেচনা কৰে।

     9 বৰ বৰ লোক যে জ্ঞানী, এনে নহয়;

     আৰু বৃদ্ধবিলাকেই যে বিচাৰ বুজে, সিও নহয়।

     10 এই হেতুকে মই কওঁ, মোলৈ কাণ পাতা;

     মইও মোৰ মত প্ৰকাশ কৰোঁ।

     11 চোৱা, যেতিয়ালৈকে তোমালোকে কথা বিচাৰিছিলা,

     তেতিয়ালৈকে মই তোমালোকৰ বাক্যলৈ বাট চাইছিলোঁ,

     তোমালোকৰ হেতুবাদলৈ কাণ পাতিছিলোঁ।

     12 মই তোমালোকলৈ মন দি আছিলোঁ,

     কিন্তু চোৱা, ইয়োবক ঘটুৱাব পৰা,

     বা তেওঁৰ উত্তৰ কাটিব পৰা, তোমালোকৰ মাজত কোনো নাছিল।

     13 সাৱধান, তোমালোকে নকবা যে,

     “তেওঁত আমি জ্ঞান পালোঁ;

     তেওঁক পৰাজয় কৰা ঈশ্বৰৰহে সাধ্য, মানুহৰ অসাধ্য;”

     14 কিয়নো তেওঁ মোৰ অহিতে কথা কোৱা নাই;

     আৰু মইও তোমালোকৰ কথাৰে তেওঁক উত্তৰ নিদিম।

     15 তোমালোকে তধা লাগিল, উত্তৰ নিদিয়ে আৰু;

     তেওঁবিলাকৰ কবলৈকে কথা নাইকিয়া হল।

     16 মই আৰু কিয় বাট চাম? তেওঁবিলাকে কথা নকয়;

     তেওঁবিলাকে ঠৰ লাগি ৰল, উত্তৰ নিদিয়ে আৰু।

     17 মইও নিজৰ পক্ষে উত্তৰ দিম;

     মইও নিজৰ মন জনাম।

     18 কিয়নো মই কথাৰে পৰিপূৰ্ণ,

     মোৰ অন্তৰত থকা আত্মাই মোক বল কৰিছে।

     19 চোৱা, মোৰ পেট বন্ধ কৰি থোৱা দ্ৰাক্ষা ৰসৰ নিচিনা।

     সেয়ে নতুন ৰসৰ মোটৰ দৰে ফাটি যাওঁ যাওঁ হৈছে।

     20 মই উপশম পাবৰ নিমিত্তে কথা কম;

     মই মুখ মেলি উত্তৰ কৰিম।

     21 মই কাৰো মুখলৈ নাচাম,

     আৰু মই কাকো খুচামোদ নকৰিম।

     22 কিয়নো মই খুচামোদ কৰিব নাজানো;

     কৰিলে, মোৰ সৃষ্টিকৰ্ত্তাই শীঘ্ৰে মোক ইহলোকৰ পৰা লৈ যাব।

Chapter 33

33 অধ্যায়

1 যি হওক, হে ইয়োব, মিনতি কৰোঁ, মোৰ কথা শুনা,

     আৰু মোৰ সকলো বাক্যলৈ কাণ পাতা।

     2 চোৱা, মই এতিয়া মুখ মেলিলোঁ;

     মোৰ মুখত থকা জিভাই কথা কৈছে।

     3 মোৰ বাক্যই মোৰ মনৰ সৰলতা প্ৰকাশ কৰিব,

     মোৰ ওঁঠে যি জানে, তাক অকপটভাবে কব।

     4 ঈশ্বৰৰ আত্মাইহে মোক নিৰ্ম্মাণ কৰিলে,

     আৰু সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসেহে মোক জীৱন দিছে।

     5 তুমি যদি পাৰা, তেন্তে মোক উত্তৰ দিয়া;

     মোৰ আগত কথা কোৱা, উঠি থিয় হোৱ।

     6 চোৱা, ঈশ্বৰৰ দৃষ্টিত মইও তোমাৰ নিচিনা;

     মইও মৃত্তিকাৰে নিৰ্ম্মিত হৈছোঁ।

     7 চোৱা, মোৰ ভয়ানকতাই তোমাক ভয় নলগাব,

     আৰু মোৰ কথাৰ ভাৰো তোমালৈ গধুৰ নহব।

     8 বাস্তৱিক তুমি মোৰ কাণে শুনাকৈ কথা কলা;

     তুমি কথা কোৱা মই শুনিলোঁ।

     9 তুমি কলা, “মই শুচি, মই নিৰপৰাধী,

     মই নিষ্কলঙ্ক, মোত কোনো দোষ নাই।

     10 চোৱা, তেওঁ মোৰ অহিতে ছিদ্ৰ বিচাৰে,

     তেওঁ মোক শত্রু যেন জ্ঞান কৰে;

     11 তেওঁ মোৰ ভৰি কুন্দাত বন্ধ কৰিছে;

     তেওঁ মোৰ সকলো পথত চকু দিয়ে।

     12 চোৱা, মই তোমাক উত্তৰ দিওঁ,

     এই বিষয়ত তোমাৰ কথা ন্যায় নহয়; কিয়নো মনুষ্যত্কৈ ঈশ্বৰ মহান।

     13 তুমি তেওঁৰে সৈতে কিয় বিবাদ কৰিছা?

     কিয়নো তেওঁ নিজৰ কাৰ্যবোৰৰ এটিৰো নেদেখুৱায়।

     14 তথাপি ঈশ্বৰে এক প্ৰকাৰে কথা কয়, এনে কি, দুই প্ৰকাৰেও কথা কয়;

     কিন্তু মানুহে তালৈ মন নিদিয়ে।

     15 যেতিয়া মানুহবিলাক ঘোৰ নিদ্ৰাত মগ্ন হৈ শয্যাত পৰি টোপনি যায়,

     তেতিয়া তেওঁ সপোনত ৰাতিৰ দৰ্শনত কথা কয়।

     16 এই দৰে, মানুহক কু-কাৰ্যৰ পৰা এৰুৱাবৰ নিমিত্তে,

     মানুহৰ পৰা অহংকাৰ গুপ্ত ৰাখিবৰ নিমিত্তে,

     17 গাৰ পৰা তাৰ জীৱাত্মা ৰক্ষা কৰিবৰ নিমিত্তে,

     আৰু অস্ত্ৰৰ দ্ধাৰাই বিনষ্ট নোহোৱাকৈ তাৰ প্ৰাণ ৰাখিবৰ নিমিত্তে,

     18 তেওঁ সেই সময়ত মানুহৰ কাণ মুকলি কৰি দিয়ে,

     আৰু সিবিলাকক দিয়া শিক্ষা মোহৰ মাৰে।

     19 সি নিজ শয্যাত বেদনাৰ দ্বাৰাই শাস্তি পায়,

     আৰু তাৰ হাড়বোৰৰ মাজত যেন সদায় যুদ্ধ লাগিছে, এনে শাস্তি ভোগ কৰে,

     20 তাতে তাৰ প্ৰাণে আহাৰ ঘিণ কৰে,

     আৰু সুস্বাদু খাদ্যলৈ তাৰ জীৱাত্মাৰ অৰুচি জন্মে।

     21 তাৰ মাংস ক্ষয় পায় অদৃশ্য হয়,

     আৰু আগেয়ে নেদেখা হাড়বোৰ জক্জককৈ ওলাই পৰে;

     22 এনে কি, তাৰ জীৱাত্ম গাতৰ ওচৰ চাপে,

     আৰু তাৰ প্ৰাণে সংহাৰকবোৰৰ গুৰি পায়।

     23 মানুহক যথাৰ্থ পথ দেখুৱাবৰ নিমিত্তে,

     তাৰ পক্ষে যদি হাজাৰৰ ভিতৰত এজন দুত মধ্যস্থ থাকে,

     24 তেন্তে তেওঁ তালৈ কৃপা কৰি কব,

     “গাতলৈ যোৱাৰ পৰা তাক মুক্ত কৰা, মই প্ৰায়শ্চিত্ত পালোঁ।

     25 তাৰ গা লৰাত্কৈয়ো চিকণ হব;

     সি পুনৰ্ব্বাৰ যৌৱনকাল পাব।

     26 সি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে, তেওঁ তালৈ প্ৰসন্ন হব;

     তাতে সি তেওঁৰ মুখ আনন্দেৰে দেখিব,

     আৰু তেওঁ মানুহক তাৰ ধাৰ্মিকতা ওলোটাই দিব।

     27 সি মানুহৰ আগত গীত গাই কব,

     “আমি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ;

     তথাপি মই তাৰ উচিত ফল পোৱা নাই।

     28 গাতলৈ যোৱাৰ পৰা তেওঁ মোৰ জীৱাত্মা মুক্ত কৰিলে,

     আৰু মোৰ প্ৰাণ পোহৰত আনন্দিত হব।”

     29 চোৱা, মানুহক জীৱন স্বৰূপ পোহৰেৰে আলোকিত কৰিবৰ নিমিত্তে,

     তাৰ প্ৰাণ বিনাশক গাতৰ পৰা ওলোটাই আনিবলৈ,

     30 ঈশ্বৰে মনুষ্যে সৈতে এই সকলো ব্যৱহাৰ দুবাৰ,

     এনে কি, তিনি বাৰ কৰে।

     31 হে ইয়োব, মন দিয়া, মোৰ কথা শুনা;

     মনে মনে থাকা, ময়েই কওঁ।

     32 যদি তোমাৰ কিবা কব লগা আছে, তেন্তে মোক উত্তৰ দিয়া;

     কোৱা, কিয়নো মই তোমাক নিৰ্দোষী কৰিবলৈ বাঞ্ছা কৰোঁ।

     33 যদি নাইহে, তেন্তে মোলৈ কাণ পাতি, মনে মনে থাকা; মই তোমাক জ্ঞান শিক্ষা দিওঁ।

Chapter 34

34 অধ্যায়

ইলীহুৰ দ্বিতীয় বক্তৃতা।

1 পাছে ইলীহুৱে আৰু উত্তৰ কৰি কলে,

     2 হে জ্ঞানী লোকবিলাক, মোৰ কথা শুনা;

     হে বিজ্ঞলোকবিলাক, মোলৈ কাণ পাতা।

     3 কিয়নো জীবাই যেনেকৈ আহাৰৰ আস্বাদ লয়,

     তেনেকৈ কাণে কথাৰ পৰীক্ষা কৰে।

     4 আহাঁ, যি ন্যায়, তাক আমি বাচি লওঁহঁক;

     যি ভাল, তাক আমাৰ মাজত নিশ্চয় কৰোঁহক।

     5 কিয়নো ইয়োবে কৈছিল, যে,মই ধাৰ্মিক,

     তথাপি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে;

     6 মই ন্যায়ৱান হলেও, মিছলীয়া বুলি গণিত হৈছোঁ,

     বিনাদোষে মোৰ গাত চিকিৎসা কৰিব নোৱাৰা ঘা লাগিছে।

     7 পানী পি তৃপ্ত হোৱাৰ দৰে বিদ্ৰূপ কৰি তৃপ্ত হোৱা,

     8 দুৰাচাৰীবোৰৰ লগত ফুৰা,

     আৰু দুষ্টৰ সঙ্গী হোৱা, ইয়োবৰ নিচিনা কোন আছে?

     9 কিয়নো তেওঁ কৈছিল, “ঈশ্বৰৰ লগত প্ৰণয় ৰাখিলে,

     মানুহৰ একো লাভ নহয়।”

     10 এতেকে হে বিজ্ঞ লোকবিলাক মোলৈ কাণ পাতা;

     ঈশ্বৰে যে কুকৰ্ম কৰিব, আৰু সৰ্ব্বশক্তিমান জনাই যে অন্যায় কৰিব, এইয়ে তেওঁৰ পৰা দুৰা থাকক।

     11 কিয়নো তেওঁ মানুহৰ কৰ্মৰ দৰে তাক ফল দিয়ে,

     আৰু যাৰ যেনে আচৰণ, তাৰ তেনে দশা ঘটাই।

     12 বাস্তৱিক ঈশ্বৰে কুকৰ্ম নকৰে।

     সৰ্ব্বশক্তিমান জনাই ন্যায়ৰ বিপৰীত নকৰে।

     13 তেওঁক পৃথিবীৰ ওপৰত ক্ষমতা কোনে দিলে?

     আৰু গোটেইখন জগত কোনে স্থাপন কৰিলে?

     14 যদি তেওঁ নিজেই নিজতেই মন দি থাকে,

     যদি নিজে দিয়া আত্মা আৰু নিশ্বাস নিজলৈ চপাই নিয়ে,

     15 তেন্তে সকলো মৰ্ত্ত্য একেবাৰে মৰি যাব,

     আৰু মনুষ্য পুনৰায় ধুলি লীন হৈ যাব।

     16 যদি তোমাৰ বিবেচনা থাকে,

     তেন্তে এই কথা শুনা, আৰু মোৰ বাক্যলৈ কাণ পাতা।

     17 ন্যায় ঘিণ কৰোঁতাজনে জানো শাসন কৰিব পাৰে?

     তুমি ধাৰ্মিক আৰু পৰাক্ৰমী জনাক জানো দোষী কৰিব পাৰা?

     18 ৰজাক জানো “তুমি অধম,” এই বুলি কব পাৰি?

     আৰু সম্ভ্ৰান্ত লোকবিলাকক, “তোমালোকে দুষ্ট,” এই বুলি জানো কব পাৰি?

     19 তেন্তে, যি জনাই অধ্যক্ষসকলক মুখলৈ নাচায়,

     আৰু দৰিদ্ৰতকৈ ধনীকো উত্তম বুলি জ্ঞান নকৰে, এনে জনাক কিমান কম পৰিমাণে তাক কব পাৰি!

     কিয়নো সকলোৱেই তেওঁৰ হাতেৰে কৰা বস্তু।

     20 সিবিলাক নিমিষতে, এনে কি মাজ নিশাতেই মৰে;

     লোকবিলাকে কঁপি কঁপি পৰলোকলৈ গমণ কৰে,

     আৰু পৰাক্ৰমী বিলাকক বিনাহাতে কাঢ়ি নিয়া হয়।

     21 কিয়নো তেওঁ মানুহৰ কথাত চকু দিয়ে,

     আৰু তাৰ সকলো গতি দেখে।

     22 য’ত দুৰাচাৰীবোৰ লুকাই থাকিব পাৰে,

     এনেকুৱা অন্ধকাৰ কি মৃত্যুছায়া নাই।

     23 যি স্থলত মনুষ্য বিচাৰৰ অৰ্থে ঈশ্বৰৰ ওচৰলৈ যাব,

     এনে স্থলত তেওঁ তাৰ বিষয়ে বৰ চিন্তা কৰিব লগীয়া হয়।

     24 তেওঁ অনুসন্ধান নকৰি পৰাক্ৰমীবিলাকক খণ্ড খণ্ড কৰি,

     আৰু তেওঁবিলাকৰ ঠাইত আন লোকক স্থাপন কৰে।

     25 এই হেতুকে তেওঁ তেওঁবিলাকৰ কাৰ্যবোৰ জানে,

     আৰু ৰাতিতে সকলো লুটিয়াই পেলায়,

     তাতে তেওঁবিলাক চুৰ্ণীকৃত হয়।

     26 তেওঁ সকলোৰে দেখাতে তেওঁবিলাকক দুৰ্জন বুলি প্ৰহাৰ কৰে;

     27 কিয়নো তেওঁবিলাকে তেওঁ পাছে পাছে যাবলৈ এৰি,

     আৰু তেওঁৰ এটি পথকো নামানি,

     28 দৰিদ্ৰৰ কাতৰোক্তি তাৰ আগত উপস্থিত কৰে,

     আৰু দুখিত বিলাকৰ কাতৰোক্তি তেওঁৰ কাণত পেলায়।

     29 তেওঁ শাস্তি দিলে কোনে তেওঁক দোষ দিব পাৰে?

     30 অধৰ্মি লোকে যেন ৰাজত্ত্ব নকৰে;

     আৰু প্ৰজাবিলাকক ফান্দত পেলাবলৈ যেন কোনো নাথাকে,

     এই নিমিত্তে, জাতিৰ পৰাই হওক, বা মানুহৰ পৰাই হওক,

     তেওঁ মুখ ঢাকিলে কোনে তেওঁৰ দৰ্শন পাব পাৰে?

     31 “মই শাস্তি ভোগ কৰিলোঁ, মই আৰু অধৰ্ম আচৰণ নকৰোঁ;”

     32 যি নেদেখোঁ, তাক মোক দেখুৱাই দিয়া;

     যদি মই অন্যায় কৰিলোঁ, তেন্তে মই আৰু নকৰোঁ, “এই বুলি ঈশ্বৰৰ আগত কোৱা উচিত নে?

     33 ঈশ্বৰে দিয়া প্ৰতিফল তোমাৰ ইচ্ছাৰ দৰে হয়নে যে, তুমি তাক অগ্ৰাহ্য কৰিলা?

     কিয়নো মনোনীত কৰা কাৰ্য তোমাৰ হে, মোৰ নহয়; এই হেতুকে তুমি যি জানা, তাক কোৱা।

     34 বুদ্ধিমান লোকে মোক কব, এনে কি, মোৰ কথা শুনা প্ৰত্যেক জ্ঞানৱানে কব,

     35 “ইয়োবে জ্ঞানশূন্য কথা কৈছে, আৰু তেওঁৰ বাক্য বিবেচনাযুক্ত।”

     36 ইয়োবে দুষ্টলোকৰ দৰে উত্তৰ দিয়াৰ কাৰণে তেওঁৰ পৰীক্ষা শেষলৈকে হলেই ভাল।

     37 কিয়নো তেওঁ নিজৰ পাপত বিদ্ৰোহ লগ লগাইছে, তেওঁ আমাৰ মাজত হাত-তালি দিছে,

     আৰু ঈশ্বৰৰ বিৰুদ্ধে অনেক কথা কৈছে।

Chapter 35

35 অধ্যায়

ইলীহুৰ তৃতীয় বক্তৃতা।

1 পাছত ইলীহুৱে আৰু উত্তৰ কৰি কলে,

     2 “মোৰ কি উপকাৰ?

     বা মই পাপ কৰা লাভতকৈ মোৰ কি অধিক লাভ?

     3 এই বুলি যে তুমি কৈছা, ইয়াক তুমি ন্যায় বুলি ভাবিছা নে?

     বা ঈশ্বৰৰ ধাৰ্মিকতাকৈ মোৰ ধাৰ্মিকতা অধিক,

     এই বুলি কৈছানে?

     4 মই তোমাক আৰু তোমাৰ লগৰ তোমাৰ বন্ধুবিলাককো উত্তৰ দিওঁ,

     5 তুমি চকু তুলি আকাশৰ ফাললৈ চোৱা,

     তোমাতকৈ ওখত থকা গগণ-মণ্ডললৈ নিৰীক্ষণ কৰা।

     6 তুমি পাপ কৰিলে, তেওঁৰ কি হানি কৰিব পাৰা?

     আৰু তোমাৰ অপৰাধ অধিক হলে তুমি তেওঁ কি কৰিবা?

     7 তুমি ধাৰ্মিক হলে, তেওঁক কি দিব পাৰা?

     বা তেওঁ তোমাৰ হাতৰ পৰা কি গ্ৰহণ কৰিব?

     8 তোমাৰ দুষ্টতাই তোমাৰ নিচিনা মানুহৰহে হানি কৰিব পাৰে,

     আৰু তোমাৰ ধাৰ্মিকতা মনুষ্য সন্তানৰহে উপকাৰী হব পাৰে।

     9 অধিক উপদ্ৰৱ পোৱাত লোকবিলাকে কাতৰোক্তি কৰে,

     আৰু বলৱান বিলাকৰ বাহুৰ কাৰণে উপকাৰ পাবলৈ চিঞঁৰে।

     10 যি জনাই ৰাতি গীত গোৱাই,

     11 যি জনাই পৃথিবীৰ পশুবোৰতকৈ আমাক বেছিকৈ শিক্ষা দিছে,

     আৰু যি জনাই আমাক আকাশৰ চৰাই-চিৰিকটিতকৈ বেছি জ্ঞানী কৰিছে মোৰ সেই সৃষ্টিকৰ্ত্তা ঈশ্বৰ ক’ত? এই বুলি সিবিলাকৰ কোনেও নকয়।

     12 তেতিয়া সিবিলাকে দুষ্টবোৰৰ অহঙ্কাৰৰ কাৰণে কাতৰোক্তি কৰে,

     কিন্তু তেওঁ উত্তৰ নিদিয়ে।

     13 বাস্তৱিক ঈশ্বৰে অসাৰ কথা নুশুনে,

     আৰু সৰ্ব্বশক্তিমান জনাই তাক নাচাবও।

     14 তেন্তে তুমি তেওঁক নেদেখো বুলি কলে, তেওঁ জানো শুনিব,

     তোমাৰ গোচৰ তেওঁৰ আগত আছে, তুমি তেওঁলৈ বাট চাই থাকিবা।

     15 কিন্তু তেওঁ তেওঁৰ কোপত শাস্তি নিদিয়ে,

     আৰু তেওঁ অপৰাধলৈ বৰকৈ মন নিদিয়ে;

     16 এই নিমিত্তে ইয়োবে অসাৰ কথা কবলৈ মুখ মেলিছে,

     অনেক জ্ঞানশূন্য কথা কৈছে।

Chapter 36

36 অধ্যায়

ইলীহুৰ শেষ বক্তৃতা।

1 ইলীহুৱে আৰু কথা কলে,

     2 আৰু অলপমান ধৈৰ্য ধৰা, মই তোমাক বুজাওঁ,

     কিয়নো ঈশ্বৰৰ পক্ষে মোৰ আৰু কথা আছে;

     3 মই দুৰৈৰ পৰা মোৰ জ্ঞান সংগ্ৰহ কৰিম,

     আৰু মই মোৰ সৃষ্টিকৰ্তাৰ ধাৰ্মিকতা-গুণৰ বৰ্ণনা কৰিম।

     4 কিয়নো মোৰ কথা নিশ্চয়ে মিছা নহয়;

     জ্ঞানত সিদ্ধজন তোমাৰ লগতে আছে।

     5 চোৱা, ঈশ্বৰ পৰাক্ৰমী, তথাপি তেওঁ কাকো হেয়জ্ঞান নকৰে;

     তেওঁ বুদ্ধিৰ বলতো পৰাক্ৰমী।

     6 তেওঁ দুষ্টৰ প্ৰাণ ৰক্ষা নকৰে,

     কিন্তু দুখীয়াবিলাকৰ পক্ষে ন্যায় বিচাৰ কৰে।

     7 তেওঁ ধাৰ্মিকলোকৰ পৰা চকু নুঘুৰাই;

     কিন্তু সিংহাসনত বহা ৰজাবিলাকৰ লগত,

     তেওঁ সৰ্ব্বতিকাললৈকে তেওঁবিলাকক বহুৱাই,

     তাত তেওঁবিলাকৰ উন্নতি হয়।

     8 আৰু যদি তেওঁবিলাকক শিকলিৰে বন্ধা হয়,

     আৰু তেওঁবিলাক দুখৰ লেজুত বান্ধ খায়,

     9 তেন্তে তেওঁ তেওঁবিলাকক তেওঁবিলাকৰ কৰ্ম আৰু অপৰাধ দেখুৱাই,

     তেওঁবিলাকে যে অহংকাৰ কৰিলে, তাক তেওঁবিলাকক জনায়।

     10 শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁ তেওঁবিলাকৰ কাণ মুকলি কৰে,

     আৰু অধৰ্ম-পথৰ পৰা ঘুৰিবলৈ তেওঁবিলাকক আজ্ঞা দিয়ে।

     11 যদি তেওঁবিলাকে তেওঁৰ কথা শুনে, আৰু তেওঁৰ সেৱা কৰে,

     তেন্তে তেওঁবিলাকে তেওঁবিলাকৰ দিন সুখে সম্পদে নিয়ায়,

     আৰু তেওঁবিলাকৰ বছৰ কেইটা সন্তোষেৰে কটায়।

     12 কিন্তু যদি তেওঁবিলাকে নুশুনে তেন্তে অস্ত্ৰাঘাতত বিনষ্ট হয়,

     আৰু জ্ঞানৰ অভাৱত প্ৰাণত্যাগ কৰে।

     13 অধৰ্মচিত্তীয়াবোৰে ক্ৰোধ সাঁচি থয়;

     ঈশ্বৰে সিহঁতক বান্ধিলেও সিহঁতে কাতৰোক্তি নকৰে।

     14 সিহঁত ডেকা কালতে মৰে,

     আৰু ভ্ৰষ্টাচাৰীবোৰৰ মাজত সিহঁতৰ প্রাণ নষ্ট হয়।

     15 তেওঁ দুৰ্গতিত পৰা জনক তাৰ দুৰ্গতিৰ দ্বাৰাই উদ্ধাৰ কৰে,

     আৰু উপদ্ৰৱৰ দ্বাৰাই তেওঁবিলাকৰ কাণ মুকলি কৰে।

     16 তেওঁ তোমাক সঙ্কটৰ মুখৰ পৰা, ক্লেশ নোহোৱা বহল ঠাইলৈ উলিয়াই আনিছে;

     আৰু তোমাৰ মেজ অতি তেলীয়া আহাৰেৰে সজোৱা হব;

     17 কিন্তু তুমি দুষ্টৰ বিচাৰেৰে পৰিপূৰ্ণ হলে,

     তোমাক বিচাৰ আৰু ন্যায় দণ্ডই ধৰিব।

     18 সাৱধান, ক্ৰোধে তোমাক নিন্দা পথলৈ নিনিয়ক,

     আৰু মুক্তিৰ অধিক মূল্যই তোমাক অবাটে লৈ নাযাওক।

     19 তোমাৰ ধন, আৰু শক্তি সমস্ত বল,

     তুমি দুখত নপৰিবলৈ জানো যথেষ্ট হব?

     20 যি ৰাতিত লোকবিলাকক নিজ নিজ ঠাইত উচ্ছন্ন কৰা হয়,

     এনে ৰাতিলৈ তুমি বাঞ্ছা নকৰিবা।

     21 সাৱধান, তুমি অধৰ্মলৈ মুখ নকৰিবা;

     কিয়নো তুমি দুখ ভোগতকৈ তাকেই মনোনীত কৰিছা।

     22 চোৱা, ঈশ্বৰে নিজ পৰাক্ৰমত মহৎ কাৰ্য কৰে;

     তেওঁৰ নিচিনা শিক্ষা দিওঁতা কোন আছে?

     23 কোনে তেওঁৰ নিমিত্তে তেওঁৰ পথ নিৰূপণ কৰিলে?

     বা তুমি অন্যায় কৰিলা, এই বুলি তেওঁক কোনে কব পাৰে?

     24 ঈশ্বৰৰ যি কাৰ্যৰ বিষয়ে মানুহে গানৰ দ্বাৰাই কীৰ্ত্তন কৰিলে,

     তুমি সেই কাৰ্যৰ মহিমাৰ প্ৰশংসা কৰিবলৈ মনত ৰাখিবা।

     25 সকলো মানুহে তাক নিৰীক্ষণ কৰে;

     মৰ্ত্ত্যই দূৰৈৰ পৰা তালৈ দৃষ্টি কৰে।

     26 চোৱা, ঈশ্বৰ মহান, আৰু আমাৰ জ্ঞানৰ অগম্য;

     তেওঁৰ বছৰৰ সংখ্যাৰ অনুসন্ধান কৰা অসাধ্য।

     27 কিয়নো তেওঁ জনৰ কণিকাবোৰ আকৰ্ষণ কৰে;

     সেইবোৰেই তেওঁৰ ভাপৰ পৰা জৰি জৰি পৰে;

     28 সেইবোৰক আকাশে বৰষায়,

     মানুহৰ ওপৰত অধিককৈ টোপে টোপে পেলায়।

     29 বাস্তৱিক তেওঁৰ মেঘৰ বিস্তাৰণ,

     আৰু তেওঁৰ তম্বুৰূপ মেঘৰ গৰ্জ্জন কোনে বুজিব পাৰে?

     30 চোৱা, তেওঁ নিজৰ চাৰিওফালে নিজৰ পোহৰ বিস্তাৰ কৰে;

     আৰু তেওঁ সাগৰৰ তলি ঢাকে।

     31 কিয়নো তেওঁ এইবোৰৰ দ্বাৰাই লোকবিলাকক শাসন কৰে,

     আৰু প্ৰচুৰ পৰিমাণে খোৱা বস্তু দান কৰে।

     32 তেওঁ বিজুলীৰে নিজৰ অঞ্জলি ভৰায়,

     লক্ষ্যত লাগিবলৈ তেওঁ তাক আজ্ঞা দিয়ে।

     33 তাৰ মহা শব্দই তেওঁৰ বিষয়ে সম্বাদ দিয়ে,

     পশুবোৰকো তেওঁৰ আগমণৰ কথা জনায়।

Chapter 37

37 অধ্যায়

1 ইয়াতো মোৰ হৃদয় কঁপিছে,

     আৰু বুকু ঢপ ঢপ কৰিছে।

     2 শুনা, শুনা, সেইয়া তেওঁৰ গৰ্জ্জনৰ ধ্বনি,

     সেয়া তেওঁৰ মুখৰ পৰা ওলোৱা শব্দ।

     3 সেয়া তেওঁ আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে পঠাই,

     আৰু পৃথিবীৰ অন্তলৈকে তেওঁ বিজুলী মাৰে।

     4 তাৰ পাছত গাজনি মাৰে,

     তেওঁ নিজৰ মহৎ শব্দেৰে গৰ্জ্জন কৰে;

     যেতিয়া তেওঁৰ মাত শুনা যায়, তেতিয়াই তেওঁ সেইবোৰক নথমায়।

     5 ঈশ্বৰে নিজ মাতেৰে আচৰিতৰূপে গৰ্জ্জন কৰে;

     তেওঁ আমাৰ বোধৰ অগম্য মহৎ কাৰ্যবোৰ কৰে।

     6 কিয়নো তেওঁ হিমক কয়, ‘তুমি পৃথিবীত পৰা’,

     সেইদৰে তেওঁ বৰষুণক বৰষিবলৈ কয়,

     ‘তীব্ৰৰূপ ধৰি বৰষুণ বৰ্ষা’।

     7 তেওঁ স্ৰজা সকলো মানুহে তেওঁৰ কাৰ্যপ্ৰণালী জানিবৰ বাবে

     তেওঁ প্ৰত্যেক মানুহৰ হাত বন্ধ কৰে।

     8 তেতিয়া জন্তুবোৰ চোঙত সোমায়;

     আৰু নিজ নিজ বাসস্থানত থাকে।

     9 দক্ষিণৰ কোঁঠালিৰ পৰা ধুমুহা আহে,

     আৰু উত্তৰৰ পৰা জাৰ উপস্থিত হয়।

     10 ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই বৰফ হয়,

     আৰু বহল জল সমূহ ঠেক হৈ যায়।

     11 এনে কি, তেওঁ ঘন মেঘত পানী জমা হ’ব দিয়ে,

     তেওঁ নিজৰ বিজুলী থকা মেঘ বিস্তাৰ কৰে।

     12 গোটেই ভু-মণ্ডলত সেইবোৰে যেন তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে,

     এই কাৰণে সেইবোৰে তেওঁৰ পৰিচালনৰ দ্বাৰাই ঘুৰি ফুৰে।

     13 তেওঁ এইবোৰ হ’বলৈ সৃষ্টি কৰে, সেয়া শাস্তিৰ বাবেই হওক, বা নিজ পৃথিবীৰ বাবেই হওক,

     নাইবা বিশ্বস্ততাৰ বাবেই হওক, তেওঁ তাক হ’ব দিয়ে।

     14 হে ইয়োব, তুমি ইয়ালৈ কাণ পাতা;

     থিৰে থাকি ঈশ্বৰৰ আচৰিত কৰ্ম বিবেচনা কৰা।

     15 ঈশ্বৰে কেনেকৈ মেঘক নিয়ন্ত্রণ কৰে,

     আৰু কেনেকৈ নিজে বিজুলী প্ৰকাশিত কৰে, তাক তুমি জানানে?

     16 কেনেকৈ আকাশত মেঘ ভাহি থাকে,

     ঈশ্বৰৰ বিস্ময়কৰ কাৰ্যপ্ৰণালীবোৰ তুমি জানানে, জ্ঞানত কোন নিখুত জানানে?

     17 যেতিয়া দক্ষিণ বায়ুৰ দ্বাৰাই পৃথিৱী নিস্তব্ধ হয়,

     তেতিয়া বস্ত্ৰ কেনেকৈ গৰম যেন বোধ হয় তুমি জানানে?

     18 তুমি জানো সাঁচত ঢলা দৰ্পণৰ দৰে

     দৃঢ় আকাশ-মণ্ডলক তেওঁৰ লগত বিস্তাৰ কৰিব পাৰা?

     19 আমি তেওঁক কি ক’ম, সেয়া আমাক জনোৱা;

     কিয়নো আমাৰ যুক্তিৰ উদ্দেশ্যে আমি একো উলিয়াব পৰা নাই, কাৰণ আমাৰ মন অন্ধকাৰত আচ্ছন্ন।

     20 মই কথা কওঁ বুলি তেওঁৰ আগত জনোৱা হব নে?

     বা কাল গ্ৰাসত পৰিবলৈ কোনোবাই জানো ইচ্ছা কৰিব?

     21 সম্প্ৰতি মানুহে আকাশত মহা-তেজস্বী জ্যোতি দেখা নাপায়;

     কিন্তু বতাহ চলিলে আকাশ নিৰ্ম্মল হয়।

     22 উত্তৰৰ পৰা সুৱৰ্ণময় জ্যোতি আহে;

     ঈশ্বৰত ভয়ানক প্ৰভাৱ আছে।

     23 সৰ্ব্বশক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য,

     তেওঁ পৰাক্ৰমত মহান;

     তেওঁ ন্যায় বিচাৰ আৰু ধাৰ্মিকতাৰ বিপৰীত কোনো ৰূপে নকৰে।

     24 এই কাৰণে মানুহে তেওঁলৈ ভয় ৰাখে;

     কিন্তু যিসকল লোকে নিজৰ মনতে জ্ঞানী বুলি ভাবে, তেনেলোকলৈ তেওঁ মনোযোগ নিদিয়ে।

Chapter 38

38 অধ্যায়

যিহোৱাই ইয়োবক দিয়া প্ৰথম উত্তৰ।

1 তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ কৰি ক’লে,

     2 “যিজনে এই জ্ঞানশূন্য বাক্যেৰে ঈশ্বৰৰ মন্ত্ৰণা আন্ধাৰ কৰিছে, এইটো কোন?

     3 তুমি এতিয়া বীৰৰ দৰে কঁকাল বান্ধা;

     কিয়নো মই তোমাক সোঁধো, তুমি মোক কোৱা।

     4 যি সময়ত মই পৃথিবীৰ মূল স্থাপন কৰিলোঁ, তেতিয়া তুমি ক’ত আছিলা?

     যদি তোমাৰ বোধ আছে, তেন্তে কোৱা।

     5 কোনে তাৰ পৰিমাণ নিৰূপণ কৰিলে?

     বা কোনে তাৰ ওপৰত পৰিমাণ-জৰী পাৰিলে? যদি জানা তেন্তে কোৱা।

     6 সেই কালত তাৰ মুলবোৰ কিহৰ ওপৰত বহুওৱা হল?

     বা কোনে তাৰ চুকৰ শিল স্থাপন কৰিলে?

     7 যেতিয়া প্ৰভাতীয় তৰাবোৰে একেলগে গান কৰিছিল,

     তেতিয়া ঈশ্বৰৰ সন্তান সকলে জয়ধ্বনি কৰিছিল নে?

     8 গৰ্ভৰ পৰা বাহিৰ হোৱাৰ দৰে সমুদ্ৰ যেতিয়া বাহিৰ হৈছিল,

     তেতিয়া কোনে দুৱাৰৰ সৈতে সমুদ্ৰক নীৰৱ কৰিছিল?

     9 যেতিয়া মই মেঘক তাৰ বস্ত্ৰস্বৰূপে নিৰ্মান কৰিছিলোঁ,

     আৰু ঘোৰ অন্ধকাৰক, তাক মেৰিওৱা পটী স্বৰূপ কৰিছিলোঁ,

     10 আৰু যেতিয়া মই তাৰ বাবে বিধি নিৰূপণ কৰিছিলোঁ,

     ডাং আৰু দুৱাৰ লগাই কৈছিলো-

     11 ‘তুমি ইয়ালৈকে আহিব পাৰা, ইয়াতকৈ বেছি নহয়;

     ইয়াতে তোমাৰ গৰ্ব্বী ঢৌবোৰ মাৰ যাব।’

     12 তুমি চিৰকাল আছা নে, তোমাৰ জীৱনৰ দিন আৰম্ভণিৰ পৰা আছে নে, তুমি প্ৰভাতক আজ্ঞা দিছিলা নে?

     আৰু অৰুণক তাৰ উদয় স্থান জনাইছিলা নে?

     13 সেইদৰে পৃথিবীৰ চাৰিও চুক ধৰিছিলা নে,

     তাৰ পৰা দুষ্টবোৰক জোকাৰি পেলাইছিলা নে?

     14 ছাব মৰা মাটিৰ দৰে পৃথিবীৰ ৰূপ পৰিৱৰ্ত্তন হয়,

     আৰু সকলো বস্তু এখন চিত্ৰ-বিচিত্ৰ বস্ত্ৰৰ দৰে প্ৰকাশ পায়।

     15 আৰু দুষ্টবোৰৰ পৰা পোহৰ আতৰোৱা হয়,

     আৰু সিহঁতৰ উৰ্ধবাহু ভগ্ন হয়।

     16 তুমি জানো সমুদ্ৰৰ উৎপন্ন ঠাইলৈ গৈছিলা?

     বা অগাধ জলৰ গুপ্তস্থানত জানো ফুৰিছিলা?

     17 মৃত্যুপুৰীৰ দুৱাৰ তোমালৈ অনাবৃত আছিল নে?

     বা মৃত্যুছায়াৰ দুৱাৰ দেখিছিলা নে?

     18 তুমি পৃথিবীৰ প্ৰস্থৰ বুজ পালা নে?

     এই সকলো যদি জানা, তেন্তে কোৱা।

     19 পোহৰ থকা ঠাইলৈ যোৱা বাট ক’ত-

     সেইদৰে আন্ধাৰৰ ঠাইয়ে বা ক’ত?

     20 যি ঠাইৰ পৰা পোহৰ আৰু আন্ধাৰ আহে, সেই ঠাইলৈ তুমি তাক উভতাই নিব পাৰিবা নে,

     বা তুমি জানা নে, কিদৰে সেই ঠাইৰ পৰা আহে?

     21 তুমি যেতিয়া জন্মিছিলা, নিশ্চিন্তভাবে জানিছিলা!

     আৰু তোমাৰ দিনৰ সংখ্যা অধিক!

     22 যত হিম সঞ্চয় কৰা হয়, সেই ভঁৰালত তুমি প্ৰবেশ কৰিছা নে,

     তুমি সেই শিলাবৃষ্টিৰ ভঁৰাল দেখিছিলা নে?

     23 এই বস্তুবোৰ মই সঙ্কট সময়ৰ বাবে,

     ৰণ বা যুদ্ধ দিনৰ বাবে ধৰি ৰাখো;

     24 কি নিয়মেৰে বিজুলীৰ পোহৰ ভাগবতৰা হয়,

     বা কি নিয়মেৰে পূবৰ বায়ু পৃথিবীত বিয়পি পৰে?

     25 প্লাৱন সৃষ্টিকাৰী বৰষুণৰ বাবে কোনে পানী বোৱাই নিয়া নলা তৈয়াৰ কৰিলে,

     বা কোনে বিজুলী-ঢেৰেকনিৰ বাবে পথ প্ৰস্তুত কৰিলে,

     26 বৰষুণ নোহোৱা কাৰণে যি ঠাইত কোনো ব্যক্তি নাথাকে,

     আৰু য’ত এজনো মানুহ নাই, সেই পৰিত্যক্তভূমি,

     27 সেই অনুৰ্বৰ মাটি আৰু জনশূণ্য অঞ্চলৰ উদ্দেশ্যে,

     কোনে কোমল ঘাঁহ গজাই তোলে?

     28 বৰষুণৰ জানো পিতৃ আছে?

     নিয়ৰৰ বিন্দুসমুহ জানো কোনোবাই প্ৰসৱ কৰিলে?

     29 কাৰ গৰ্ভৰ পৰা বৰফ বাহিৰ হ’ল?

     কোনে আকাশত বগা তুষাৰপাত জন্ম দিলে?

     30 জল সমূহ নিজে গোট খায় আৰু শিলৰ নিচিনা হয়,

     পৃষ্ঠতলৰ গভীৰত সি হিমলৈ ৰূপান্তৰিত হয়।

     31 তুমি জানো কৃত্তিকা নক্ষত্ৰৰ হাৰ গাঁথিব পাৰা?

     বা মৃগশীৰ্ষ নক্ষত্ৰৰ বান্ধ জানো সোলোকাব পাৰা?

     32 আৰু ৰাশিবোৰক জানো নিজ নিজ ঋতুত উলিয়াব পাৰা?

     বা তুমি সপ্তশীৰ্ষক জানো তাৰ অনুচৰ বোৰে সৈতে বাট দেখুৱাই নিব পাৰা?

     33 তুমি আকাশ-মণ্ডলৰ নিয়মবোৰ জানা নে?

     পৃথিবীৰ ওপৰত তুমি সেইবোৰৰ অধিকাৰ স্থাপন কৰিব পাৰা নে?

     34 ঢল পানীৰে তোমাক ঢাকিবৰ বাবে

     তুমি মেঘলৈকে তোমাৰ মাত নিয়াব পাৰা নে?

     35 তুমি বিজুলীবোৰক যা বুলি পঠাব পাৰা নে?

     সেইবোৰে জানো তোমাক ক’ব নে, ‘এইয়া আমি’?

     36 ঘন মেঘক কোনে জ্ঞান দিলে?

     পপীয়া তৰা কোনে বুদ্ধি দিলে?

     37 এনে দক্ষতা কাৰ আছে, যিয়ে মেঘ সমূহক গণনা কৰিব পাৰে?

     কোনে আকাশৰ পৰা বৰষুণ বৰ্ষাব পাৰে?

     38 যেতিয়া ধুলিবোৰ গৈ গোট খায়,

     আৰু চপৰাবোৰ টানকৈ লগ লাগে, সেই সময়ত কোনে আকাশৰ জলৰ মোটবোৰ বাকি দিয়ে?

     39 তুমি সিংহিনীৰ নিমিত্তে মৃগয়া কৰিবা নে?

     বা তাইৰ সৰু পোৱালিক সন্তুষ্ট হোৱাকৈ খাবলৈ দিবা নে?

     40 যেতিয়া ডেকা সিংহবোৰে নিজ নিজ চোঙত চোপ লৈ থাকে,

     আৰু আঁৰত খাপ দি থাকে তেতিয়া তুমি সেইবোৰৰ হেপাঁহ পলুৱাব পাৰা নে?

     41 যেতিয়া ঢোঁৰা-কাউৰীৰ পোৱালি বোৰে ঈশ্বৰৰ গুৰিত চিঞঁৰে,

     আৰু আহাৰৰ অভাৱত ফুৰে তেতিয়া সেইবোৰৰ বাবে কোনে আহাৰ যোগায়?

Chapter 39

39 অধ্যায়

1 তুমি জানো পৰ্ব্বতৰ বনৰীয়া ছাগলীবোৰৰ জগা কাল জানা?

     হৰিণীয়ে পোৱালি কেতিয়া জগায়, তাক জানো তুমি ঠিককৈ ক’ব পাৰা?

     2 সিহঁতে কেইমাহ গৰ্ভধাৰণ কৰে, তাক তুমি নিৰ্ণয় কৰিব পাৰা নে?

     বা সিহঁতে জগোৱা সময় তুমি জানা নে?

     3 সিহঁতে আঠু পাৰিহে গৰ্ভৰ পৰা পোৱালি উলিয়ায়,

     আৰু তেতিয়াই নিজৰ বেদনা জোকাৰি পেলায়।

     4 সিহঁতৰ পোৱালিবোৰ অৰণ্যতে শক্তিশালী আৰু ডাঙৰ-দীঘল হয়;

     সিহঁতৰ বাহিৰলৈ ওলাই যায় আৰু পুনৰ ওচৰলৈ উভটি নাহে।

     5 বনৰীয়া গাধক কোনে স্বাধীন কৰি এৰি দিলে?

     কোনে বনৰীয়া গাধৰ বান্ধ সোলোকালে?

     6 মই অৰণ্যক তাৰ ঘৰ কৰিলোঁ,

     আৰু লোণা ভুমিক তাৰ নিবাসৰ ঠাই কৰিলোঁ।

     7 সি নগৰৰ কোলাহল হেয়জ্ঞান কৰে;

     চলাওঁতাৰ ডাবি-হুকি শুনিবলৈ নাপায়।

     8 চাৰণভুমিৰ দৰে সি পৰ্ব্বতমালাত ঘূৰি ফুৰে;

     সি খাবৰ বাবে সকলো বিধৰ কেঁচা বৰণীয়া বন বিচাৰি ফুৰে।

     9 মেঠনে তোমাৰ তলত খাটিবলৈ মান্তি হব নে?

     তোমাৰ দানা পাত্ৰৰ ওচৰত থাকিব নে?

     10 তুমি জোঁট-জৰী লগাই মেঠনক সীৰলুত ৰাখিব পাৰা নে?

     সি তোমাৰ পাছে পাছে উপত্যকাত মৈ টানিব নে?

     11 তাৰ বল অধিক হোৱাৰ কাৰণে তুমি তাক বিশ্বাস কৰিবা নে?

     তোমাৰ কাম তাক গটাই দিবা নে?

     12 সি তোমাৰ খেতিৰ শস্য ঘৰলৈ আনিব বুলি,

     তোমাৰ খলাত ধান চপাব বুলি, তুমি তাত প্ৰত্যয় কৰিব পাৰা নে?

     13 উট চৰাইৰ ডেউকাই উল্লাস কৰে,

     কিন্তু তাইৰ ডেউকা আৰু পাখি মৰমীয়াল নে?

     14 তাই মাটিত নিজৰ কণী পাৰি এৰি থৈ যায়,

     আৰু ধুলিত উম পাবলৈ দিয়ে।

     15 কোনোবাই তাক ভৰিৰে ভাঙি পেলাব বুলি,

     বা বনৰীয়া জন্তুৱে তাক গচকিব বুলি তাইৰ তালৈ মনত নপৰে।

     16 পৰৰ পোৱালিৰ নিচিনাকৈ তাই নিজৰ পোৱালিবোৰলৈ নিৰ্দ্দয় ব্যৱহাৰ কৰে,

     আৰু কণী পৰা বিফল হলেও তাই মনত দুখ নাপায়।

     17 কিয়নো ঈশ্বৰে তাইক জ্ঞানহীন কৰিলে,

     আৰু তাইক বুদ্ধিৰ ভাগ নিদিলে।

     18 কিন্তু যেতিয়া তাই ডেউকা কোবাই কোবাই লৰ মাৰে,

     তেতিয়া তাই ঘোঁৰাত উঠা জনকো হেয়জ্ঞান কৰে।

     19 ঘোঁৰাক জানো তুমি বল দিলা?

     লৰি থকা কেশৰেৰে তাৰ ডিঙি জানো তুমি ভুষিত কৰিলা?

     20 তাক ফৰিঙৰ দৰে জপিওৱা জানো তুমি কৰিলা?

     তাৰ নাকৰ ফোৰোহনিৰ শব্দ অতি ভয়ানক।

     21 সি উপত্যকাত ভৰি মাৰে, আৰু নিজৰ বলত উল্লাস কৰে,

     সি অস্ত্ৰ–শস্ত্ৰেৰে সু-সজ্জিত হোৱা সৈন্যৰ সন্মূখলৈ ওলায় যায়।

     22 সি ভয়ক হাঁহে, আৰু আতংকিত নহয়;

     সি তৰোৱালৰ মুখ পৰা উলতি নাহে।

     23 তূণে তাৰ বিৰুদ্ধে পাৰ্শ্বদেশত শব্দ কৰে;

     চিকমিকীয়া বৰছা আৰু যাঠিয়ে তাৰ ওপৰত শব্দ কৰে।

     24 সি ক্ৰোধত ভয়ানক মুৰ্ত্তি ধৰি মাটি গ্ৰাস কৰে;

     শিঙা-ধ্বনি শুনিলে, সি থিয় হৈ থিৰে নাথাকে।

     25 শিঙাধ্বনি যেতিয়া শুনে সি হিঁ হিঁ শব্দ কৰে;

     সি দুৰৈৰ পৰা যুদ্ধৰ গোন্ধ পায়,

     সি সেনাপতিসকলৰ গৰ্জ্জন আৰু সিংহনাদ শুনে।

     26 তোমাৰ বুদ্ধিৰেই জানো শেনে ওপৰলৈ উড়া মাৰে,

     আৰু তাতে সি জানো দক্ষিণ ফাললৈ নিজৰ ডেউকা মেলে?

     27 ঈগল পক্ষীয়ে জানো তোমাৰ আজ্ঞাত ওপৰলৈ উঠে,

     আৰু অতি ওখ ঠাইত বাহ সাজে?

     28 সি শিলত বাস কৰে, তাতেই তাৰ বাহ;

     সি থিয় পৰ্ব্বতৰ টিঙত আৰু দুৰ্গম ঠাইত থাকে।

     29 সেই ঠাইৰে পৰা সি আহাৰ মনে;

     তাৰ চকুৱে দুৰৈৰ পৰা তাক দেখে।

     30 তাৰ পোৱালিবোৰে তেজ পিয়ে;

     য’তে বধ কৰা শৱ থাকে, ত’তে সিও থাকে।”

Chapter 40

40 অধ্যায়

1 যিহোৱাই ইয়োবক আৰু উত্তৰ কৰি ক’লে,

     2 দোষ ধৰোঁতাই জানো সৰ্ব্বশক্তিমান জনাৰ লগত বিবাদ কৰিব?

     ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক।

3 তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক’লে,

     4 “চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম?

     মই মোৰ মুখত হাত দিওঁ।

     5 মই এবেলি ক’লোঁ, আৰু উত্তৰ নিদিওঁ;

     এনে কি, দুবেলি ক’লো, কিন্তু পুনৰায় নকওঁ।”

যিহোৱাই দিয়া দ্বিতীয় উত্তৰ।

6 তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ দি ক’লে,

     7 “তুমি বীৰৰ দৰে কঁকাল বান্ধা;

     মই তোমাক সোধোঁ, তুমি মোক কোৱা।

     8 মই ন্যায় বিৰুদ্ধ বুলি তুমি সঁচাই ক’বা নে?

     বা নিজকে ধাৰ্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবা নে?

     9 তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে?

     তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা?

     10 তেনেহলে তুমি প্ৰতাপ আৰু মহিমাৰে বিভুষিত হোৱা,

     প্ৰভাব আৰু গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা;

     11 তুমি নিজ ক্ৰোধৰূপ বৃষ্টি বৰষোৱা,

     প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নত কৰা।

     12 প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নীহ অৱস্থালৈ পেলোৱা,

     দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা;

     13 সিহঁতক একেবাৰে ধুলিৰে ঢাকি থোৱা,

     সিহঁতৰ মুখ গুপুত ঠাইত বান্ধি ৰাখা।

     14 তেতিয়া তোমাৰ সোঁ হাতে তোমাক ৰক্ষা কৰিব বুলি

     মইও তোমাৰ বিষয়ে স্বীকাৰ কৰিম।

     15 ই তোমাৰ লগত বহেমোৎ নামেৰে যি জন্তু স্ৰজিলোঁ, তাক চোৱা;

     সি গৰুৰ দৰে ঘাঁহহে খায়।

     16 চোৱা, তাৰ বল তাৰ কঁকালত আছে,

     তাৰ শক্তি তাৰ পেটৰ পেশীত আছে।

     17 সি নিজৰ নেজ এৰচ গছৰ ডালৰ দৰে লৰায়;

     তাৰ তপিনাৰ পেশীবোৰ জালৰ দৰে গঁথা।

     18 তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা,

     তাৰ অস্থিবোৰ লোহাৰ ডাং সদৃশ।

     19 ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান;

     যিজনা সৃষ্টিকৰ্ত্তাই তাক সৃষ্টি কৰিলে, একমাত্র সেইজনা ঈশ্বৰেহে তাক পৰাভূত কৰিব পাৰিব।

     20 পৰ্ব্বতবোৰে তাৰ বাবে আহাৰ উৎপন্ন কৰে;

     তাতে আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে।

     21 সি পদুমনিৰ তলত শোৱে,

     নলনি আৰু পিটনিৰ আঁৰত সি আশ্রয় লয়।

     22 পদুম গছবোৰে তাক ছাঁ দি ধৰে;

     নদীৰ বাইচি গছবোৰ তাৰ চাৰিওফালে থাকে।

     23 চোৱা, নৈ বাঢ়ি বাগৰি গলেও সি ত্ৰাস নাপায়;

     যৰ্দ্দন ওফন্দি তাৰ মুখৰ ওচৰ পালেও, সি নিশ্চিন্ত হৈ থাকে।

     24 সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে?

     কোনো ফান্দ লগাই তাৰ নাক জানো বিন্ধিব পাৰে?

Chapter 41

41 অধ্যায়

1 তুমি জানো বৰশীৰে লিবিয়াথন জন্তুক তুলিব পাৰা?

     বা ৰচিৰে তাৰ জিভা বান্ধিব পাৰা?

     2 তুমি তাৰ নাকত নাকী লগাব পাৰা নে?

     বা বৰশীৰে তাৰ কেৱাৰি বিন্ধাব পাৰা নে?

     3 সি জানো তোমাৰ আগত বৰকৈ কাবৌ কাকুতি কৰিব?

     বা তোমাক জানো কোমল কথা ক’ব?

     4 তুমি তাক চিৰকাললৈকে তোমাৰ দাস কৰি ল’বৰ কাৰণে,

     সি তোমাৰ লগত কোনো চুক্তি কৰিব নে?

     5 চৰাই এটিৰ লগত ওমলাৰ দৰে তুমি তাৰ লগতো উমলিবা নে?

     বা তোমাৰ দাসীবোৰৰ বাবে তুমি তাক বান্ধি ৰাখিবা নে?

     6 মাছমৰীয়াহঁতে তাক বেচা-কিনা কৰিব নে?

     সিহঁতে মুদৈবিলাকৰ মাজত তাক জানো ভাগ বাঁটি দিব?

     7 তুমি জানো তাৰ ছাল শেলেৰে,

     বা তাৰ মূৰ মাছ খোচা কোলেৰে জানো পুৰ কৰিব পাৰিবা?

     8 তাৰ গাত হাত দি চাবাচোন;

     হাত দিলে, সেই যুঁজক সুঁৱৰি আকৌ তেনে নকৰিবা।

     9 চোৱা, তাক ধৰিবলৈ আশা কৰা বৃথা?

     তাক দেখিলেই মানুহ পৰি নাযাব নে?

     10 এনে হিংস্র লিবিয়াথনক জোকাব পৰা সাহিয়াল কোনো নাই;

     তেনেহলে মোৰ আগত থিয় হ’ব পৰা কোন আছে?

     11 আগেয়ে কোনে মোক কিবা দিছিল, যাৰবাবে মই যে কিবা ওভতাই দিম?

     আকাশ-মণ্ডলৰ তলত থকা সকলো মোৰেই।

     12 মই লিবিথিয়ানৰ ভৰিৰ বিষয়ে নকোৱাকৈ মনে মনে নাথাকোঁ,

     নাইবা তাৰ মহাবল আৰু গাৰ সুন্দৰ গঠনৰ বিষয়ে মই নোকোৱাকৈ নাথাকোঁ।

     13 তাৰ ওপৰৰ আচ্ছাদন কোনে গুচাব পাৰে?

     কোনে তাৰ শক্তিশালী বৰ্মৰ মাজলৈ কোনে সোমাব পাৰে?

     14 তাৰ মুখৰ দুৱাৰ দুখলপা কোনে মেলিব পাৰে?

     তাৰ দাঁতৰ চাৰিওফালে ভয় থাকে।

     15 তাৰ পিঠিভাগ ঢালৰ শাৰীৰে গঢ়া;

     সেইবোৰ মোহৰ মৰাৰ দৰে দৃঢ়ৰূপে লগোৱা আছে।

     16 সেইবোৰ এটাৰ লগত আনটো এনেদৰে লগলাগি আছে,

     তাৰ ভিতৰলৈ বায়ুও সোমাব নোৱাৰে।

     17 সেইবোৰ ইটোৱে সিটোৰ লগত সংযুক্ত;

     একেলগে সংলগ্ন, সেইবোৰক পৃথক কৰিব নোৱাৰি।

     18 তাৰ হাঁচিয়ে দীপ্তি প্ৰকাশ কৰে;

     তাৰ চকু অৰুণৰ পিৰঠিৰ নিচিনা।

     19 তাৰ মুখৰ পৰা জ্বলি থকা জোঁৰ বাহিৰ হয়;

     জুইৰ ফিৰিঙটি ওলায়।

     20 উতলি থকা কেটলিৰ পৰা গৰম ভাপ ওলোৱাৰ দৰে,

     তাৰ নাকৰ পৰা ধোঁৱা ওলাই।

     21 তাৰ নিশ্বাসে এঙাৰ জ্বলায়,

     তাৰ মুখৰ পৰা অগ্নি শিখা বাহিৰ হয়।

     22 তাৰ ডিঙিত বল থাকে,

     আৰু ত্ৰাসে তাৰ আগত নাচি থাকে।

     23 তাৰ গাৰ ওলমি থকা ভাগ ডাঠকৈ লগা,

     সেয়ে তাৰ গাত আট খাই ধৰা, লৰাব নোৱাৰি।

     24 তাৰ কলিজা শিলৰ নিচিনা টান, (সি ভয়হীন);

     এনে কি, জাত শিলৰ তল চলাৰ নিচিনা টান।

     25 যেতিয়া সি নিজে থিয় হয়, তেতিয়া বলৱানসকলেও ভয় পায়,

     আৰু ত্ৰাসৰ কাৰণে বিতত হয়।

     26 যদি কোনোবাই তৰোৱালেৰে তাক আঘাত কৰে, তেতিয়াও তাৰ একো নহব,

     বা তালৈ যাঠী, কাঁড়, বা শেল মাৰিলে সকলো মিছা হব।

     27 সি লোহাক খেৰৰ নিচিনা দেখে,

     আৰু পিতলক পচা কাঠ যেন জ্ঞান কৰে।

     28 ধনুৰ কাঁড়ে তাক খেদাব নোৱাৰে;

     ফিঙ্গাৰ শিলবোৰো তাৰ আগত তুঁহৰ দৰেহে হয়।

     29 সি গদাক ঘুলা যেন মানে,

     আৰু সশব্দে ঘূৰি ঘূৰি অহা বৰছাৰ শব্দত সি হাঁহে,

     30 তাৰ তল ভাগ ঘেৰ থকা খোলাৰ নিচিনা;

     সি বোকাৰ ওপৰেদি যাওঁতে মৰণা মৰা যন্ত্ৰ যেন হয়।

     31 সি অগাধ জলক, উতলোৱা কেৰাহিৰ পানী যেন কৰে,

     আৰু সমুদ্ৰক সুগন্ধি তেল যেন কৰে।

     32 সি নিজৰ পাছফালে থকা বাট চিকমিকীয়া কৰে,

     আৰু অগাধ জলক তাৰ পকাচুলীয়া যেন বোধ হয়।

     33 ভয়হীন ৰূপে স্ৰজন কৰা,

     তাৰ তুল্য কোনো জন্তুৱেই পৃথিবীত নাই।

     34 সি সকলো উচ্চ পদাৰ্থলৈ চাই থাকে;

     সি সকলো অহংকাৰী প্ৰাণীৰ ওপৰত ৰজা।

Chapter 42

42 অধ্যায়

ইয়োবে নম্ৰ হোৱাত দুগুণ উন্নতি লাভ কৰে।

1 তেতিয়া ইয়োবে যিহোৱাক উত্তৰ দি ক’লে,

     2 “মই জানো যে, তুমি সকলো কৰিব পাৰা;

     কোনো সঙ্কল্প তোমাৰ অসাধ্য নহয়।

     3 তুমি মোক কোৱা, ‘কোনে বিনা জ্ঞানেৰে ঈশ্বৰৰ মন্ত্ৰণা গুপ্ত ৰাখিব পাৰে?

     সেইদৰে মই নুবুজা, মই নজনা, মোৰ বোধৰ অগম্য অতি আচৰিত কথা মই ক’লোঁ।

     4 মিনতি কৰোঁ; শুনা, মই কথা কওঁ, মই তোমাক সোধোঁ, তুমি মোক কোৱা।

     5 পূৰ্বেত তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলো, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলোঁ।

     6 এই হেতুকে মই নিজকে ঘিণাইছোঁ, ধুলি আৰু ছাঁইত বহি মই খেদ কৰিছোঁ।”

7 যিহোৱাই ইয়োবক কথা কোৱাৰ পাছত, তেওঁ তৈমনীয়া ইলীফজক ক’লে, “তোমালৈ আৰু তোমাৰ দুজন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ মোৰ দাস ইয়োবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই। 8 এই হেতুকে তোমালোকে সাতোটা ভতৰা, আৰু সাঁতোটা মতা মেৰ-ছাগ লৈ, মোৰ দাস ইয়োবৰ ওচৰলৈ গৈ নিজৰ বাবে হোমবলি উৎসৰ্গ কৰা; তাতে মোৰ দাস ইয়োবে তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব। কাৰণ তোমালোকৰ অজ্ঞানতাৰ দৰে মই যাতে তোমালোকক প্ৰতিফল নিদিয়াকৈ থাকিব পাৰিম, তাৰবাবে তেওঁকহে গ্ৰহণ কৰিম; কিয়নো তোমালোকে মোৰ দাস ইয়োবে কোৱাৰ দৰে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।” 9 তেতিয়া তৈমনীয়া ইলীফজ, চুহীয়া বিল্দাদদ, আৰু নামাথীয়া চোফৰ গ’ল আৰু যিহোৱাই তেওঁলোকক আজ্ঞা দিয়াৰ দৰে তেওঁলোকে যেতিয়া কৰিলে; তেতিয়া যিহোৱাই ইয়োবক গ্ৰহণ কৰিলে।

10 যেতিয়া ইয়োবে তেওঁৰ বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁৰ দুৰ্দশাৰ পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে। 11 পাছত তেওঁৰ ভায়েক-ককায়েক আৰু বায়েক-ভনীয়েকসকল, আৰু তেওঁ আগৰ চিনাকি লোকসকল ইয়োবৰ ওচৰলৈ আহি তেওঁৰ ঘৰত তেওঁৰেই সৈতে ভোজন কৰিলে, আৰু তেওঁৰ বাবে দুখ প্ৰকাশ কৰিলে, আৰু যিহোৱাই তেওঁলৈ ঘটোৱা সকলো আপদৰ বিষয়ে তেওঁক শান্ত্বনা দিলে, আৰু প্ৰতিজনে তেওঁক এডোখৰ এডোখৰ ৰূপ, আৰু একোটা সোণৰ আঙুঠি দিলে। 12 এইদৰে যিহোৱাই ইয়োবৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক আশীৰ্ব্বাদযুক্ত কৰিলে; তাতে তেওঁৰ চৈধ্যহাজাৰ মেৰ-ছাগ আৰু ছাগলী, ছয় হাজাৰ উট, এক হাজাৰ হাল বলধ, আৰু এক হাজাৰ গাধী হ’ল। 13 তেওঁৰ সাতোটা পুতেক, আৰু তিনি জনী জীয়েকো হ’ল। 14 তেওঁৰ বৰ জনীৰ নাম যিমীমা, দ্বিতীয় জনীৰ নাম কচীয়া, আৰু তৃতীয় জনীৰ নাম কেৰণ-হপ্পূক ৰাখিলে। 15 ইয়োবৰ জীয়েক কেইজনীৰ নিচিনা সুন্দৰী যুৱতী গোটেই দেশত পোৱা নগ’ল, আৰু বাপেকে তেওঁলোকৰ ভায়েক-ককায়েকসকলৰ লগত তেওঁলোককো উত্তৰাধিকাৰ দিলে। 16 ইয়াৰ পাছত ইয়োবে এশ চল্লিশ বছৰ জীয়াই থাকি নিজৰ পো-নাতি আদি চাৰি পুৰুষলৈকে দেখিলে। 17 এইদৰে ইয়োবে বৃদ্ধ হৈ সম্পূৰ্ণ আয়ুস পাই প্ৰাণ ত্যাগ কৰিলে।