১কৰিন্থীয়া
‘প্রথম কৰিন্থীয়া পত্র’ৰ পাতনি
যীচু খ্রীষ্টৰ জন্মৰ প্রায় 55 বছৰৰ পাছত পাচনি পৌলে ‘প্রথম কৰিন্থীয়া পত্র’খন লিখিছিল (1:1)। তেওঁ কৰিন্থীয়া মণ্ডলীলৈ লিখা দুখন পত্রৰ ভিতৰত এইখন প্রথম পত্র। মাকিদনিয়াৰ পৰা কৰিন্থীয়া পৰিদৰ্শন কৰিবলৈ সঙ্কল্প লোৱাৰ পূৰ্ব্বে ইফিচীয়াত থকাৰ সময়ত সম্ভৱত তেওঁ এই পত্রখন লিখিছিল (16:5-9)।
মণ্ডলীত হোৱা অমঙ্গলজনক কাৰ্য, যেনে- বাদ-বিবাদ আৰু ব্যভিচাৰী কাৰ্যৰ বিষয়ে মণ্ডলীৰ কিছুমান সদস্যৰ পৰা পৌলে সম্বাদ পাইছিল, সেয়ে তেওঁ এই পত্রত সেই বিষয়ে উল্লেখ কৰিছে। ব্যভিচাৰী কাৰ্যৰ কাৰণে কৰিন্থীয়া নগৰ জনাজাত আছিল, সেয়ে এই সমস্যাৰ বিষয়ে মণ্ডলী সন্মুখিন হোৱাটো আচৰিত জনক নাছিল। প্রথম কৰিন্থীয়া 13 অধ্যায়টো বিশেষভাৱে প্রেমৰ বিষয়ে জনাজাত।
চমু বিৱৰণঃ পৌলে কৰিন্থীয়াৰ লোকসকলক সম্ভাষণ জনোৱা আৰু তেওঁলোকৰ বাবে ঈশ্বৰক ধন্যবাদ দিয়া (1:1-9)। তাৰ পাছত তেওঁ কৰিন্থীয়া মণ্ডলীত হোৱা বিভাজনৰ সম্বাদ পাই সেই বিষয়ে উল্লেখ কৰিছে (1:10, 4:21)। পৰবৰ্তী বিষয় হ’ল ব্যভিচাৰী কাৰ্য আৰু ইজনে সিজনক ন্যায়ালয়লৈ লৈ যোৱা (5-6)। ইয়াৰ পাছত তেওঁ বিবাহ, মূৰ্তিৰ আগত বলিদান দিয়া, সমজোৱা উপাসনা, আত্মিক বৰ আৰু পূনৰুত্থানৰ বিষয়ে নিৰ্দেশ দিছে (7-15)। সৰ্ব্বশেষত তেওঁ কিছুমান ব্যৱহাৰিক আৰু ব্যক্তিগত বিষয় লিখি সামৰণী মাৰিছে (16)।Chapter 1
১ অধ্যায়
মঙ্গলাচৰণ
1 মই পৌল ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা আমন্ত্রিত খ্ৰীষ্ট যীচুৰ পাঁচনি আৰু আমাৰ ভাই চোন্থিনি 2 এই পত্র কৰিন্থত থকা ঈশ্বৰৰ যি মণ্ডলী খ্রীষ্ট যীচুৱে পবিত্র কৰি যি সকলক পবিত্র লোক হবলৈ আমন্ত্রণ কৰিলে তেখেতসকলৰ আৰু সকলো ঠাইতে যি সকল লোকে আমাৰ অর্থাৎ তেখেতসকলৰ আৰু আমাৰো প্ৰভু খ্রীষ্ট যীচুৰ নামত প্রার্থনা কৰে সেই সকলোৰে সমীপলৈ 3 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক 4 খ্রীষ্ট যীচুত ঈশ্বৰে যি অনুগ্রহ আপোনালোকক দান কৰিলে তাৰ কাৰণে মই সদায় মোৰ ঈশ্বৰক ধন্যবাদ দিওঁ 5 আপোনালোক খ্রীষ্ট যীচুত সকলো বিষয়ত তেওঁৰ সৈতে সকলো বাক্যত আৰু জ্ঞানত উপচি পৰিছে 6 তেওঁ আপোনালোকক উপচাই দিছে আৰু এইদৰেই আপোনালোকৰ মাজত খ্রীষ্ট সম্পর্কীয় সাক্ষ্য সত্যৰূপে প্রমাণিত হৈ আছে 7 সেই কাৰণে আপোনালোকৰ আত্মিক বৰৰ কোনো অভাৱ নাই আৰু আমাৰ প্রভু যীচু খ্রীষ্ট প্রকাশিত হোৱা দিনলৈ আপোনালোকে আগ্রহেৰে অপেক্ষা কৰি আছে 8 তেওঁ আপোনালোকক শেষলৈকে বলৱন্ত কৰিব যাতে আমাৰ প্রভু যীচু খ্রীষ্টৰ সেইদিন পর্যন্ত আপোনালোক নির্দোষী হৈ থাকিব 9 ঈশ্বৰ বিশ্বাসযোগ্য তেৱেঁই আপোনালোকক তেওঁৰ পুত্র আমাৰ প্রভু যীচু খ্রীষ্টৰ সহভাগিতা লাভৰ কাৰণে আমন্ত্রণ কৰিছে 10 কিন্তু মোৰ প্রিয় ভাইসকল আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে আৰু আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয় 11 মোৰ ভাইসকল মই ক্লোয়ীৰ ঘৰৰ লোক সকলৰ পৰা শুনিবলৈ পাইছো যে আপোনালোকৰ মাজত নানা বাকবিতণ্ডা হৈ আছে 12 এতিয়া মই এই কথা কবলৈ বিচাৰিছোঁ যে আপোনালোক প্রতিজনে কয় মই পৌলৰ দলৰ অথবা মই আপল্লোৰ দলৰ নাইবা মই কৈফাৰ বা মই খ্রীষ্টৰ দলৰ 13 তেনেহলে এইদৰে খ্রীষ্টক ভাগ কৰা হৈছে নেকি পৌলক জানো আপোনালোকৰ কাৰণে ক্রুচত দিয়া হৈছিল আপোনালোকে জানো পৌলৰ নামেৰে বাপ্তিস্ম লৈছিল 14 মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ যে ক্রীষ্প আৰু গায়ৰ বাহিৰে আপোনালোকৰ আন কোনো এজনকো মই বাপ্তিস্ম দিয়া নাই 15 গতিকে কোনেও কব নোৱাৰিব যে আপোনালোকে মোৰ নামেৰে বাপ্তিস্ম লৈছে 16 অৱশ্যে হয় ষ্টিফেনৰ পৰিবাৰৰ লোক সকলকো মই বাপ্তিস্ম দিছোঁ এওঁলোকৰ বাহিৰে আন কোনো এজনক বাপ্তিস্ম দিছোঁ বুলি মোৰ মনত নপৰে 17 কিয়নো খ্রীষ্টই মোক বাপ্তিস্ম দিবৰ কাৰণে নহয় কিন্তু শুভবার্তা প্রচাৰ কৰিবৰ কাৰণেহে পঠাইছে খ্রীষ্টৰ ক্রুচৰ পৰাক্রম যেন বিফল নহয় সেয়ে তেওঁ মোক এই শুভবার্তা মানুহৰ জ্ঞানেৰেও প্রচাৰ কৰিবলৈ পঠোৱা নাই 18 বিনাশৰ পথত চলা লোক সকললৈ ক্রুচৰ শিক্ষা মূর্খতা কিন্তু ঈশ্বৰে পৰিত্রাণ কৰা যি আমি আমালৈ ই ঈশ্বৰৰ শক্তিস্বৰূপ 19 কাৰণ এইদৰে লিখা আছে মই জ্ঞানী সকলৰ জ্ঞান নষ্ট কৰিম 20 জ্ঞানী লোক কত পণ্ডিত লোকেই বা কত এই জগতৰ তার্কিক লোক বা কত ঈশ্বৰে জানো জগতৰ জ্ঞানক মূর্খতালৈ পৰিণত কৰা নাই 21 সেয়ে ঈশ্বৰৰ নিজ জ্ঞানত যেতিয়া জানিলে যে জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নাজানিলে তেতিয়া প্রচাৰৰ মূর্খতাক যি সকলে বিশ্বাস কৰে সেই সকলক ৰক্ষা কৰাত ঈশ্বৰ সন্তুষ্ট হল 22 ইহুদী সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে আৰু গ্রীক সকলে প্রজ্ঞাৰ অন্বেষণ কৰে 23 কিন্তু আমি হলে ক্রুচত হত হোৱা খ্রীষ্টৰ সম্বন্ধেহে প্রচাৰ কৰোঁ ইহুদী লোক সকললৈ এই কথা এক বিঘিনি স্বৰূপ আৰু গ্রীক সকলৰ ওচৰত মূর্খতা স্বৰূপ 24 কিন্তু ইহুদী লোকেই হওক বা গ্রীক লোকেই হওক ঈশ্বৰে যি সকলক আমন্ত্রণ কৰিছে সেই সকলো আমন্ত্রিত লোকৰ বাবে খ্রীষ্ট ঈশ্বৰৰ শক্তি আৰু জ্ঞান 25 কাৰণ ঈশ্বৰৰ যি মূর্খতা সেয়া মানুহৰ জ্ঞানতকৈ অধিক জ্ঞানসম্পন্ন আৰু ঈশ্বৰৰ যি দুর্বলতা সেয়া মানুহৰ শক্তিতকৈ অধিক শক্তিশালী 26 হে ভাইসকল ঈশ্বৰে যে আপোনালোকক আহ্বান কৰিছে সেই বিষয়ে অলপ ভাৱি চাওক মানুহৰ বিচাৰত আপোনালোক বহুতেই জ্ঞানী আছিল এনে নহয় ক্ষমতাসম্পন্ন ব্যক্তিও যে আছিল এনে নহয় নাইবা অনেকে যে অভিজাত বংশত জন্মিছিল তেনেও নহয় 27 কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূর্খবোৰক মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বলবোৰক মনোনীত কৰিলে 28 জগতত যি তুচ্ছ আৰু ঘৃণিত যাৰ কোনো মূল্যই নাই সেই সকলক ঈশ্বৰে মনোনীত কৰিলে যাতে জগতৰ মূল্যৱান সকলক তেওঁ মূল্যহীন কৰিব পাৰে 29 ঈশ্বৰে এই কাম কৰিলে যাতে কোনো মানুহে তেওঁৰ ওচৰত অহংকাৰ কৰিব নোৱাৰে 30 কাৰণ ঈশ্বৰৰ কার্যৰ দ্বাৰাই আপোনালোক এতিয়া খ্রীষ্ট যীচুৰ লগত যুক্ত হল খ্রীষ্টই হৈছে আমাৰ বাবে ঈশ্বৰে দিয়া জ্ঞান তেৱেঁই আমাৰ জীৱনৰ ধাৰ্মিকতা পবিত্রতা আৰু মুক্তি 31 সেয়েহে শাস্ত্রত লিখা আছে যি জনে গর্ব কৰে তেওঁ প্রভুতেই গর্ব কৰক
Chapter 2
২ অধ্যায়
1 হে প্রিয় ভাইসকল যেতিয়া মই আপোনালোকৰ ওচৰলৈ গৈ ঈশ্বৰৰ নিগূঢ়তত্ত্ব প্রচাৰ কৰিছিলোঁ তেতিয়া মই শুৱলা বক্তৃতাৰে বা জ্ঞানৰ উত্তমতাৰে প্রচাৰ কৰা নাছিলোঁ 2 কিয়নো মই সিদ্ধান্ত লৈছিলোঁ যে আপোনালোকৰ মাজত থকাৰ সময়ত কেৱল যীচু খ্রীষ্ট আৰু তেওঁৰ ক্রুচীয় মৃত্যুৰ বাহিৰে আন একোৱেই নজনাম 3 মই আপোনালোকৰ ওচৰত দূৰ্বলতাৰে সৈতে ভয়ত অতিশয় কঁপি আছিলোঁ 4 তাতে মোৰ কথা আৰু মোৰ প্রচাৰত কোনো জ্ঞানযুক্ত মনোমোহা ভাষা নাছিল কিন্তু সেইবোৰত আত্মাৰ শক্তিৰ প্রমাণ আছিল 5 যাতে আপোনালোকৰ বিশ্বাস মানুহৰ জ্ঞানত নির্ভৰশীল নহৈ ঈশ্বৰৰ শক্তিত নির্ভৰশীল হয় 6 তথাপি যি সকল লোক পৰিপক্ক সেই লোক সকলৰ মাজত অৱশ্যে আমি জ্ঞানৰ কথা কওঁ সেই জ্ঞান এই পার্থিৱ জগতৰ নহয় নাইবা এই যুগৰ বিনাশৰ পাত্ৰ শাসনকৰ্তা সকলৰ জ্ঞান নহয় 7 কিন্তু আমি নিগূঢ়তত্ত্বত ঈশ্বৰৰ জ্ঞানৰ কথা কওঁ এই জ্ঞান গুপ্ত আছিল আৰু ঈশ্বৰে এই বিষয়ে আমাৰ গৌৰৱৰ অর্থে যুগবোৰৰ পূৰ্বেই স্থিৰ কৰিছিল 8 এই যুগৰ শাসনকৰ্তা সকলৰ কোনেও সেই জ্ঞানৰ বিষয়ে জনা নাছিল কিয়নো জনা হলে তেওঁলোকে মহিমাপূর্ণ প্ৰভুক ক্ৰুচত নিদিলেহেঁতেন 9 কিন্তু এইদৰে লিখা আছে চকুৱে যি যি নেদেখিলে কাণে যি যি নুশুনিলে মনেও যি নাভাবিলে সেই সকলো ঈশ্বৰক যি সকলে প্ৰেম কৰে 10 কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই সেইবোৰ আমাৰ আগত প্ৰকাশ কৰিলে কাৰণ আত্মাই সকলো বিষয়ৰ অনুসন্ধান কৰে এনে কি ঈশ্বৰৰ নিগূঢ়তত্ত্বৰো অনুসন্ধান কৰে 11 কোনো এজনৰ মনৰ কথা তেওঁত থকা আত্মাৰ বাহিৰে আন কোনে জানিব পাৰে সেইদৰে ঈশ্বৰৰ গভীৰ বিষয়বোৰো ঈশ্বৰৰ আত্মাত বাহিৰে আন কোনেও নাজানে 12 আমি জগতৰ আত্মা পোৱা নাই কিন্তু ঈশ্বৰৰ পৰা তেওঁৰ আত্মাহে পালোঁ যাতে ঈশ্বৰে অনুগ্ৰহেৰে আমাক যি সকলো দান কৰিলে সেইবোৰ যেন বুজি পাওঁ 13 আমি সেই দানবোৰৰ বিষয়ে কওঁতে মনুষ্যৰ জ্ঞানৰ পৰা শিক্ষা পাই নকওঁ কিন্তু আত্মাৰ পৰা শিক্ষা পাইহে কওঁ আত্মিক বিষয় বুজাবলৈ আত্মিক জ্ঞানেৰে কওঁ 14 কিন্তু যি সকলৰ ভিতৰত ঈশ্বৰৰ আত্মা নাই তেওঁলোকে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে কিয়নো তেওঁৰ মানত সেইবোৰ মূৰ্খতা তেওঁ সেই কথাৰ তত্বও পাব নোৱাৰে কিয়নো সেই বিষয়বোৰ মাত্র আত্মিকৰূপেহে বিচাৰ কৰা হয় 15 কিন্তু আত্মিক ব্যক্তি জনে সকলো বিষয়কে বিচাৰ কৰে তেওঁ আন কাৰো বিচাৰৰ অধীন নহয় 16 কিয়নো প্রভুৰ মন কোনে বুজি পাব পাৰে যে তেওঁ প্ৰভুক নির্দেশ দিব পাৰে কিন্তু খ্ৰীষ্টৰ মন আমাৰ অন্তৰত আছে
Chapter 3
৩ অধ্যায়
প্রচাৰক সকল; ঈশ্বৰৰ পৰিচাৰক
1 প্রিয় ভাইসকল মই আত্মিক লোকক কোৱাৰ দৰে আপোনালোকক কব পৰা নাই বৰং খ্রীষ্টত আপোনালোক শিশু হোৱা বাবে আপোনালোকক মাংসিক লোকক কোৱাৰ দৰে কলো 2 মই আপোনালোকক টান আহাৰ নুখুৱাই গাখীৰ খুৱাইছিলোঁ কিয়নো তেতিয়া আপোনালোকে খাব নোৱাৰিছিল এনে কি এতিয়াও নোৱাৰে 3 কাৰণ আপোনালোক এতিয়াও মাংসিক হৈ আছে কিয়নো আপোনালোকৰ মাজত ঈৰ্ষা আৰু বিবাদ থকাত আপোনালোক জানো মাংসিক নহয় জগতৰ সাধাৰণ মানুহৰ দৰেই আচাৰব্যৱহাৰ নকৰে নে 4 কিয়নো কোনোৱে মই পৌলৰ লোক আৰু আন কোনোৱে মই আপল্লোৰ লোক এইদৰে আপোনালোকে জাগতিক মানুহৰ দৰেই ব্যৱহাৰ কৰা নাই নে 5 তেনেহলে আপল্লো কোন বা পৌল কোন এওঁলোক মাথোন ঈশ্বৰৰ পৰিচৰ্যাকাৰী এওঁলোকৰ যোগেদি আপোনালোক বিশ্বাসী হল প্ৰভুৱে প্ৰতিজনকে নিজ নিজ কার্যবোৰ দিলে 6 মই ৰুলো আপল্লোৱে পানী দিলে কিন্তু ঈশ্বৰেহে বঢ়ালে 7 এতেকে ৰোওঁতা জন একো নহয় আৰু পানী দিওঁতা জনো একো নহয় কিন্তু ঈশ্বৰ যি জনে বৃদ্ধি কৰে তেৱেঁই সকলো 8 যি জনে ৰুৱে আৰু যি জনে পানী দিয়ে দুয়ো এক তেওঁলোক প্ৰতিজনে নিজৰ কৰ্ম অনুসাৰে নিজৰ পুৰস্কাৰ পাব 9 কিয়নো আমি পৰস্পৰে ঈশ্বৰৰ সহকৰ্মী আপোনালোক ঈশ্বৰৰ শস্যক্ষেত্ৰ ঈশ্বৰে সজা গৃহস্বৰূপ 10 ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হল তাৰ দ্বাৰাই দক্ষ ঘৰসাজোঁতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিলোঁ আৰু তাৰ ওপৰত আনে সাজে কিন্তু কেনেকৈ তেওঁ তাৰ ওপৰত সাজিছে সেই বিষয়ত প্রত্যেকেই যেন সাৱধান হয় 11 কিয়নো যি ভিত্তি আগেয়ে স্থাপন কৰা হল তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে যীচু খ্রীষ্টই হৈছে সেই ভিত্তিমূল 12 এই ভিত্তিমূলৰ ওপৰত যদি সোণ ৰূপ মূল্যবান ৰত্ন কাঠ খেৰ বা নৰাৰে কোনোৱে সাজে 13 তেনেহলে তেওঁৰ কর্ম প্রকাশিত হব কিয়নো সেই দিনৰ পোহৰে তাক প্রকাশ কৰিব কাৰণ সেইদিন অগ্নি প্ৰকাশিত হব তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা অগ্নিয়ে নিজেই তাক পৰীক্ষা কৰিব 14 তাৰ ওপৰত সজা কোনো জনৰ কৰ্ম যদি ৰয় তেনেহলে তেওঁ পুৰস্কাৰ পাব 15 আৰু কোনো জনৰ সজা কৰ্ম যদি পোৰে তেনেহলে তেওঁৰ হানি হব অৱশ্যে তেওঁ নিজে উদ্ধাৰ পাব যদিও তেওঁৰ অৱস্থা এনে লোকৰ দৰে হব যি জনে অগ্নিৰ মাজেদি পাৰ হৈ ৰক্ষা পাব 16 আপোনালোক যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা যে আপোনালোকত নিবাস কৰে ইয়াক আপোনালোকে নাজানে নে 17 কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে তেনেহলে ঈশ্বৰে তেওঁকো নষ্ট কৰিব কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ আৰু আপোনালোকো তেনে মন্দিৰ 18 কোনেও নিজকে নিজে নুভুলাওক আপোনালোকৰ মাজৰ কোনোৱে যদি এই যুগৰ কথাত নিজকে জ্ঞানী বুলি ভাবে তেনেহলে তেওঁ জ্ঞানী হবলৈ মূৰ্খ হওক 19 কাৰণ ঈশ্বৰৰ দৃষ্টিত এই জগতৰ জ্ঞান মূৰ্খতাস্বৰূপ কিয়নো লিখা আছে 20 পুনৰায় জ্ঞানী সকলৰ ভাবনা অসাৰ বুলি প্ৰভুৱে জানে 21 এতেকে কোনেও যেন মানুহক লৈ গর্ব নকৰে কিয়নো সকলো আপোনালোকৰেই 22 পৌল আপল্লো বা কৈফাই হওক নাইবা এই জগত জীৱন বা মৃত্যুয়েই হওক বৰ্তমান বা ভবিষ্যতৰ সকলো বিষয় এই সকলো আপোনালোকৰ 23 আপোনালোক খ্ৰীষ্টৰ আৰু খ্ৰীষ্ট ঈশ্বৰৰ
Chapter 4
৪ অধ্যায়
যীচু খ্রীষ্টৰ পাঁচনি সকল
1 লোক সকলৰ মাজত আমাৰ পৰিচয় এয়ে হওক যে আমি খ্রীষ্টৰ সেৱক আৰু ঈশ্বৰৰ নিগূঢ় তত্ত্বৰূপ ধনৰ তত্বাৱধায়ক 2 কিন্তু তত্বাৱধায়ক জন যেন বিশ্বাসযোগ্য হয় মানুহে এনে গুণ বিচাৰে 3 মোৰ বিষয়ে আপোনালোকৰ দ্বাৰা বা আন কোনো মানুহৰ বিচাৰ সভাৰ দ্বাৰা যে মোৰ বিচাৰ হয় ই মোৰ বাবে অতি সামান্য কথা কিয়নো মই মোৰ নিজৰেই বিচাৰ নকৰোঁ 4 কিয়নো মই মোৰ নিজৰ বিৰুদ্ধে থকা একো অভিযোগৰ বিষয়ে নাজানো কিন্তু তাৰ অর্থ এয়ে নহয় যে মই নির্দোষী বুলি প্ৰমাণিত কাৰণ যি জনে মোৰ সোধবিচাৰ কৰে তেওঁ প্রভু 5 এতেকে আপোনালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব 6 প্রিয় ভাইসকল আপোনালোকৰ কাৰণে মই মোৰ নিজৰ আৰু আপল্লোৰ উদাহৰণ দি এই সকলো কথা কলো যাতে আপোনালোকে আমাৰ পৰা এই শিক্ষা পাই যে শাস্ত্রত যি যি লিখা আছে তাক অতিক্রম কৰি যাব নালাগে আপোনালোকৰ কোনেও যেন এজনৰ পক্ষ হৈ আন জনৰ বিপক্ষে গর্ব নকৰে 7 কিয়নো আপুনি যে আন লোক সকলতকৈ বিশিষ্ট সেয়া কোনে দেখা পায় ঈশ্বৰৰ পৰা যি দান হিচাপে পোৱা নাই তেনে কি বস্তুৱেই বা আপোনাৰ আছে আপুনি যেতিয়া দান হিচাপে পাই তেতিয়া দান যেন পোৱা নাই এনে দ্বিধাবোধ কৰি অহংকাৰ কিয় কৰে 8 আপোনালোকৰ যি প্রয়োজন সেই সকলো পাই আপোনালোক এতিয়া পূর্ণ হৈ আছে এতিয়া আপোনালোক ধনৱন্ত হৈছে আমাক বাদ দিয়েই আপোনালোকে ৰাজত্ব পাইছে অৱশ্যে আপোনালোকে ৰাজত্ব পালে ভালেই হয় তেনেহলে আপোনালোকৰ সৈতে আমিও ৰাজত্ব পাম 9 কাৰণ মোৰ ধাৰণা হয় পাঁচনি সকল যি আমি ঈশ্বৰে আমাক বধ কৰিবলৈ নিয়া লোক সকলৰ দৰে সমদলত শেষৰ শাৰীত প্রদর্শন কৰি ৰাখিছে সেয়েহে আমি জগতৰ স্বৰ্গৰ দূতৰ আৰু মনুষ্যৰ আগত এক প্ৰদৰ্শনীৰ পাত্ৰ হৈছোঁ 10 আমি খ্ৰীষ্টৰ অৰ্থে মূৰ্খ হৈছো কিন্তু আপোনালোক খ্রীষ্টত জ্ঞানৱন্ত হৈছে আমি দূৰ্বল কিন্তু আপোনালোক বলৱন্ত আপোনালোক মান্যৱন্ত কিন্তু আমি অনাদৃত 11 এই সময়লৈকে আমি ভোক আৰু পিয়াহত কষ্ট পাইছো পিন্ধনত আমাৰ জীর্ণ বস্ত্ৰ আমাক নিষ্ঠুৰভাৱে আঘাত কৰা হৈছে আমি গৃহহীন 12 আমি নিজ হাতেৰে কাম কৰি কঠোৰ পৰিশ্রম কৰিছোঁ লোকে যেতিয়া আমাক নিন্দা কৰে আমি আশীৰ্বাদ কৰিছোঁ যেতিয়া তাড়না কৰে আমি সহন কৰিছোঁ 13 কোনোৱে নিন্দা কৰিলে বিনম্রতাৰে কথা পাঁতো এতিয়ালৈকে আমি যেন জগতৰ আৱর্জনা আৰু আটাইতকৈ মলিয়ন বস্তুস্বৰূপ হৈ আছোঁ 14 মই আপোনালোকলৈ যে এইবোৰ কথা লিখি লাজ দিছোঁ এনে নহয় কিন্তু মোৰ প্ৰিয় সন্তান বুলি চেতনাহে দিছোঁ 15 কিয়নো খ্ৰীষ্টত যদিও আপোনালোকৰ দহ হাজাৰ গুৰু থাকিব পাৰে কিন্তু পিতৃ অনেক নাই কাৰণ খ্রীষ্ট যীচুত শুভবাৰ্তাৰ দ্বাৰা ময়েই আপোনালোকৰ পিতৃ স্বৰূপ হলো 16 এতেকে বিনয় কৰোঁ আপোনালোক মোৰ অনুকাৰী হওক 17 এই অভিপ্রায়েৰে মই তীমথিয়ক আপোনালোকৰ ওচৰলৈ পঠিয়াইছোঁ তেওঁ প্ৰভুত মোৰ প্রিয় আৰু বিশ্বাসযোগ্য পুত্ৰ তেওঁ আপোনালোকক খ্রীষ্টত মোৰ পন্থাবোৰৰ বিষয়ে সোঁৱৰাই দিব মই এইবোৰ শিক্ষা সকলো ঠাইত আৰু সকলো মণ্ডলীতে দি থাকোঁ 18 মই আপোনালোকৰ ওচৰলৈ নাই যোৱা বাবে কোনো কোনো অহংকাৰী হৈ উঠিছে 19 কিন্তু প্ৰভুৰ ইচ্ছা হলে মই আপোনালোকৰ ওচৰলৈ সোনকালে যাম তেতিয়া যি সকল অহংকাৰী হৈ উঠিছে তেওঁলোকৰ কথা নহয় কিন্তু তেওঁলোকৰ পৰাক্ৰম জানিব বিচাৰিম 20 কিয়নো ঈশ্বৰৰ ৰাজ্য কথাত নহয় পৰাক্ৰমতহে হয় 21 আপোনালোকৰ কি ইচ্ছা মই লাঠি লৈ আপোনালোকৰ ওচৰলৈ যামনে নে প্ৰেমেৰে আৰু মৃদুতাৰ আত্মাৰে যাম
Chapter 5
৫ অধ্যায়
মণ্ডলীত নৈতিক সমস্যা
1 আমি শুনিছোঁ যে আপোনালোকৰ মাজত ব্যভিচাৰ আছে যি ব্যভিচাৰী কার্য অনাইহুদী সকলৰ মাজতো নাই এনে কি শুনিবলৈ পাইছোঁ আপোনালোকৰ মাজৰ এজনে নিজৰ পিতৃৰ ভার্য্যাকে ৰাখিছে 2 তথাপি আপোনালোকে নিজৰ বিষয়ে অহংকাৰহে কৰি আছে ইয়াৰ পৰিৱর্তে আপোনালোকে জানো শোক কৰা উচিত নাছিল এনে কৰ্ম যি জন ব্যক্তিয়ে কৰিছে তেওঁক যেন আপোনালোকৰ মাজৰ পৰা বাহিৰ কৰি দিয়া হয় 3 শৰীৰেৰে অনুপস্থিত থাকিলেও আত্মাত মই আপোনালোকৰ লগত আছোঁ যি ব্যক্তিয়ে এনে প্রকাৰৰ কার্য কৰিছে উপস্থিত থকাৰ দৰে মই তেওঁৰ বিষয়ে বিচাৰ কৰিলোঁ 4 আপোনালোকে যেতিয়া আমাৰ প্ৰভু যীচুৰ নামেৰে একত্রিত হয় মোৰ আত্মাও আমাৰ প্রভু যীচুৰ শক্তিত সেই ঠাইত থকাত মই এই মানুহৰ বিচাৰ কৰিলোঁ 5 তেনেকুৱা মানুহক মাংসৰ বিনাশৰ অৰ্থে চয়তানৰ হাতত শোধাই দিয়া উচিত যাতে প্ৰভু যীচুৰ দিনা তেওঁৰ আত্মাই পৰিত্ৰাণ পায় 6 আপোনালোকে অহংকাৰ কৰা ভাল নহয় অলপ খমিৰে যে সনা পিঠাগুড়িৰ গোটেই লদা ফুলাই ইয়াক আপোনালোকে নাজানে নে 7 নিজকে শুচি কৰি পুৰণি খমিৰ দূৰ কৰি পেলাওক যাতে আপোনালোক সনা পিঠাগুড়িৰ নতুন লদা হব পাৰে কাৰণ আপোনালোকতো এতিয়া খমিৰ নোহোৱা পিঠাৰ দৰে পুৰণি খমিৰ দূৰ কৰক কাৰণ আমাৰ নিস্তাৰপৰ্বৰ মেষ পোৱালিৰূপে যি জনক বলিদান কৰা হল তেওঁ খ্রীষ্ট 8 এতেকে আহক আমি পুৰণি খমিৰৰ পিঠাৰ দৰে পাপ স্বভাৱ আৰু দুষ্টতাৰে নহয় কিন্তু খমিৰবিহীন পিঠাৰ দৰে সৰলতা আৰু সত্যতাৰ পৰ্ব পালন কৰোঁহক 9 মই মোৰ পত্রত লিখিছিলোঁ যে আপোনালোকে যেন ব্যভিচাৰী মানুহৰে সৈতে আলাপব্যৱহাৰ নকৰে 10 কিন্তু সেই বুলিয়েই যে এই জগতৰ ব্যভিচাৰী লোভী প্রৱঞ্চক বা মূৰ্তিপূজক লোক সকলৰ সৈতে একেবাৰে আলাপব্যৱহাৰ কৰিব নালাগে এনে নহয় কাৰণ সেয়ে হলে আপোনালোক জগতৰে বাহিৰ হব লগা হব 11 মই এতিয়া আপোনালোকলৈ লিখিছোঁ যে খ্রীষ্টত বিশ্বাসী বুলি পৰিচিত কোনো ভাই যদি ব্যভিচাৰী লুভীয়া মূৰ্তিপূজক নিন্দক মতলীয়া প্রৱঞ্চক হয় তেনেহলে তেওঁৰে সৈতে আলাপব্যৱহাৰ এনে কি খোৱা বোৱাও নকৰিব 12 কাৰণ মণ্ডলীৰ বাহিৰৰ মানুহৰ বিচাৰ কৰিবলৈ মোৰ কি দৰকাৰ মণ্ডলীৰ ভিতৰৰ মানুহৰ বিচাৰ জানো আপোনালোকে নকৰে 13 কিন্তু বাহিৰৰ মানুহৰ বিচাৰ ঈশ্বৰেহে কৰে
Chapter 6
৬ অধ্যায়
বিবাদ আৰু ব্যভিচাৰবিষয়ক কথা
1 আপোনালোকৰ মাজত কাৰোবাৰ যদি কোনো এজন ভাইৰ বিৰুদ্ধে কোনো অভিযোগ কৰাৰ কাৰণ থাকে তেনেহলে তেওঁ কোন সাহসত ঈশ্বৰৰ পবিত্ৰ লোকৰ ওচৰলৈ নাযায় এজন অবিশ্বাসী বিচাৰকৰ অর্থাৎ অধাৰ্মিক লোকৰ কাষলৈ গৈ বিচাৰৰ সমাধান বিচাৰে 2 আপোনালোকে জানো নাজানে যে ঈশ্বৰৰ পবিত্ৰ লোক সকলেই জগতৰ সোধবিচাৰ কৰিব যেতিয়া আপোনালোকেই জগতৰ বিচাৰ কৰিব তেনেহলে এতিয়া আপোনালোকে জানো অতি সামান্য বিষয়বোৰ বিচাৰ কৰিব নোৱাৰে 3 আপোনালোকে নাজানে নেকি যে আমি স্বৰ্গৰ দূত সমূহৰো বিচাৰ কৰিম যদি সেয়ে হয় তেনেহলেতো এই জীৱন সম্পৰ্কীয় বিষয়বোৰ অতি সাধাৰণ কথা 4 এতেকে আপোনালোকৰ দ্বাৰায়েই যদি দৈনিক জীৱন সম্পৰ্কীয় বিষয়বোৰৰ সোধবিচাৰ কৰা হয় তেনেহলে যি সকল মণ্ডলীৰ লোক নহয় এনে লোকক আপোনালোকে কিয় বিচাৰকৰ আসনত বহুৱাই 5 আপোনালোকক লাজ দিবৰ কাৰণে মই এই কথা কৈছোঁ আপোনালোকৰ মাজত সঁচাই এনে কোনো জ্ঞানৱান লোক এজনো নাই নেকি যি জনে ভাই ভনী সকলৰ মাজত বিবাদ হলে সেইবোৰ সোধবিচাৰ কৰি নিস্পত্তিৰ বাবে ঠাৱৰ কৰিব পাৰে 6 কিন্তু তাৰ সলনি এনেকুৱা হয় যে এজন বিশ্বাসী ভায়ে আন বিশ্বাসী ভাইৰ বিৰুদ্ধে আদালতলৈ যায় গোচৰ দিয়ে তাকো অবিশ্বাসী সকলৰ আগত 7 আপোনালোকে যদি এইদৰে ইজনে সিজনৰ বিৰুদ্ধে গোচৰ দি থাকে তেনেহলে এটাই প্রমাণ হব যে আপোনালোক পৰাজিত হৈ আছে তাতকৈ বৰঞ্চ অন্যায় সহন নকৰে কিয় নিজৰো হানি হবলৈ কিয় নিদিয়ে 8 কিন্তু তাৰ সলনি আপোনালোকে নিজেই অন্যায় কৰি আছে আৰু আন লোকক ঠগাই আছে আৰু তেওঁলোক আপোনালোকৰ নিজৰেই ভাইভনী 9 যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহব সেই বিষয়ে আপোনালোকে নাজানে নেকি আপোনালোক ভ্ৰান্ত নহব যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী অধৰ্মি মূৰ্তিপূজক পৰস্ত্ৰীগামী পুৰুষ বেশ্যা পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয় 10 যি সকল চোৰ লুভীয়া মতলীয়া পৰনিন্দাকাৰক আৰু প্রৱঞ্চক তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহব 11 আপোনালোকো কোনো কোনো তেনেকুৱা লোক আছিল কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হল পবিত্ৰীকৃত হল আৰু ধাৰ্মিক বুলি গণিত হল 12 মোলৈ সকলো বিধান সন্মত কিন্তু সকলোৱেই হিতজনক নহয় সকলো কৰিবলৈ মোৰ অধিকাৰঅৰ্থাৎ মোলৈ সকলো অবাধ আছে কিন্তু একোৰে মই দাস নহম 13 পেটৰ কাৰণেই আহাৰ আহাৰৰ কাৰণেও পেট কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয় প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে 14 ঈশ্বৰে নিজৰ শক্তিৰে প্ৰভুক তুলিলে আৰু আমাকো তুলিব 15 আপোনালোকৰ শৰীৰ যে খ্ৰীষ্টৰ অঙ্গপ্ৰত্যঙ্গ ইয়াক আপোনালোকে নাজানে নে তেনেহলে খ্ৰীষ্টৰ অঙ্গপ্ৰত্যঙ্গবোৰ লৈ বেশ্যাৰ দেহৰ সৈতে যুক্ত কৰিব নে এনে নহওক 16 যি জন বেশ্যাত আসক্ত লোক তেওঁ তাইৰে সৈতে এক দেহ হয় ইয়াক আপোনালোকে নাজানে নেকি কিয়নো শাস্ত্রত আছে তেওঁলোক দুয়ো এক দেহ হব 17 কিন্তু যি জন প্ৰভুত আসক্ত লোক তেওঁ তেৱেঁ সৈতে এক আত্মা হয় 18 ব্যভিচাৰৰ পৰা পলাওক মানুহে যি পাপ কার্য কৰে সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰত কৰে কিন্তু যি কোনোৱে যৌনপাপ কৰে তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধেই পাপ কৰে 19 আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে ইয়াক আপোনালোকে নাজানে নে কি আপোনালোক এতিয়া নিজৰ নহয় 20 কিয়নো আপোনালোক মুক্তিৰ অর্থে মূল্য দি কিনা হৈছে এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক
Chapter 7
৭ অধ্যায়
বিবাহ বিষয়ক বিধান
1 এতিয়া আপোনালোকে মোলৈ যি বিষয়ে লিখিছিল সেই বিষয়ে উত্তৰ দিওঁ এজন পুৰুষে বিয়া নকৰাই ভাল 2 কিন্তু নানান ব্যভিচাৰ কার্যত পৰীক্ষিত নহবলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতি গৰাকী মহিলাৰ নিজা স্বামী হওক 3 শৰীৰৰ অধিকাৰ হিচাপে স্বামীয়ে ভাৰ্যাক আৰু সেইদৰে ভাৰ্য্যায়ো স্বামীক তেওঁৰ পাবলগীয়া দিয়ক 4 ভাৰ্য্যাৰ নিজৰ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই স্বামীৰহে আছে সেইদৰে স্বামীৰো নিজ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই ভাৰ্যাৰহে আছে 5 আপোনালোকে ইজনে সিজনক শৰীৰৰ মিলনত বঞ্চিত নকৰিব কেৱল প্ৰাৰ্থনা কৰাৰ বাবে দুয়োৱে এক পৰামৰ্শ হৈ অলপ সময়ৰ কাৰণে পৃথকে থাকিব পাৰে পাছত পুনৰ একেলগে মিলিত হব যাতে ইন্দ্রিয়ৰ আত্মসংযমৰ অভাৱত চয়তানে আপোনালোকক পৰীক্ষাত নেপেলায় 6 মই এই সকলো কথা আপোনালোকক আজ্ঞাৰ দিয়াৰ দৰে যে কৈছোঁ এনে নহয় কিন্তু অনুমতিহে মাথোন দিছোঁ 7 মোৰ ইচ্ছা সকলোৱেই যেন মোৰ নিচিনা হয় কিন্তু প্রত্যেকে ঈশ্বৰৰ পৰা ভিন্ন ভিন্ন বৰ দান পাইছে এজনে এক প্ৰকাৰে আন জনে আন প্ৰকাৰে 8 অবিবাহিত আৰু বিধৱা সকলক মই কওঁ তেওঁলোকে মোৰ নিচিনাকৈ যদি থাকিব পাৰে তেনেহলে ভাল 9 কিন্তু ইন্দ্ৰিয়দমন কৰিব নোৱাৰিলে বিয়া হোৱা উচিত কিয়নো কামাগ্নিত জ্বলাতকৈ বিয়া কৰোঁৱাই ভাল 10 এতিয়া বিবাহিত লোক সকলক মই এই আজ্ঞা দিওঁ অৱশ্যে মই নহয় এই আজ্ঞা প্ৰভুৰেই কোনো ভাৰ্যাই যেন স্বামীক পৰিত্যাগ নকৰে 11 কিন্তু যদি তেওঁ স্বামীক এৰি গুছি যায় তেনেহলে তেওঁ বিয়া নকৰাকৈ থকা উচিত অথবা তেওঁ যেন স্বামীৰ সৈতে মিলন হওক আৰু স্বামীয়েও নিজ ভাৰ্যাক পৰিত্যাগ নকৰক 12 এতিয়া আন সকলোলৈকে অৱশ্যে প্ৰভুৱে নহয় কিন্তু মইহে কওঁ যদি কোনো ভাইৰ খ্ৰীষ্টত অবিশ্বাসী ভাৰ্যা থাকে আৰু তেওঁ যদি স্বামীৰ সৈতে থাকিবলৈ সন্মত হয় তেনেহলে স্বামীয়ে তেওঁক পৰিত্যাগ নকৰক 13 আকৌ কোনো মহিলাৰ যদি অবিশ্বাসী স্বামী থাকে আৰু সেই স্বামী যদি তেওঁৰ সৈতে থাকিবলৈ সন্মত হয় তেনেহলে তেওঁ যেন সেই স্বামীক পৰিত্যাগ নকৰে 14 কিয়নো বিশ্বাসী ভার্যাৰ যোগেদিয়ে সেই অবিশ্বাসী স্বামীয়ে আৰু বিশ্বাসী স্বামীৰ যোগেদিয়ে সেই বিশ্বাস নকৰা ভাৰ্যাই পবিত্রতা লাভ কৰে এনে নহলে আপোনালোকৰ সন্তানবোৰ অশুচি হলহেঁতেন কিন্তু এতিয়া সিহঁত পবিত্ৰ সন্তান 15 তথাপি অবিশ্বাসী সঙ্গীজনে বিশ্বাসীজনক যদি এৰি গুছি যাব বিচাৰে তেনেহলে তেওঁ যাওঁক এনে কথাত ভাই বা ভনী গৰাকী তেওঁলোকৰ প্রতিজ্ঞাৰ বাধ্যবাধকতাৰ কাৰণে দাসত্বত নাথাকিব ঈশ্বৰে আমাক শান্তিৰে থাকিবৰ কাৰণে আমন্ত্ৰণ কৰিছে 16 হে বিশ্বাসী ভার্যা তোমাৰ স্বামীক তুমি পৰিত্ৰাণ কৰাব পাৰিবা নে সেই কথা তুমি কেনেকৈ জানা হে বিশ্বাসী স্বামী তোমাৰ ভার্যাক তুমিও পৰিত্ৰাণ কৰাব পাৰিবা নে সেই কথা তুমি কেনেকৈ জানা 17 প্ৰভুৱে যাক যেনে দায়িত্ব দিছে আৰু ঈশ্বৰে যাক যিহলৈ আমন্ত্ৰণ কৰিছে প্রতিজনে সেই অনুসাৰেই জীৱনযাপন কৰক সকলো মণ্ডলীতে মই এই নিয়ম কৰিছোঁ 18 কোনোবা চুন্নৎ হোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি তেওঁ চুন্নৎ হোৱাতে থাকক কোনোবা চুন্নৎ নোহোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি তেওঁৰ চুন্নৎ হোৱাৰ প্রয়োজন নাই 19 চুন্নৎ হওক বা নহওক সেইটো গুৰুত্বপূর্ণ বিষয় নহয় কিন্তু ঈশ্বৰৰ আজ্ঞা পালন কৰাই হল গুৰুত্বপূৰ্ণ কথা 20 ঈশ্বৰে যাক যি অৱস্থাতে আমন্ত্ৰণ কৰিছে তেওঁ সেই অৱস্থাতে থাকক 21 যেতিয়া ঈশ্বৰে আপোনাক আমন্ত্রণ কৰিছিল তেতিয়া আপুনি দাস আছিল নেকি ইয়াকে লৈ একো চিন্তা নকৰিব অৱশ্যে যদি মুক্ত হোৱাৰ সুযোগ পায় তেনেহলে সেই সুযোগ গ্রহণ কৰক 22 দাস অৱস্থাত যি জনক প্রভুৱে আমন্ত্রণ কৰিলে তেওঁ প্রভুৰ মুক্ত লোক সেইদৰে যি জনক মুক্ত অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰণ কৰিলে তেওঁ খ্ৰীষ্টৰ দাস 23 মূল্য দি আপোনালোকক মুক্তিৰ অৰ্থে কিনা হৈছে সেয়ে মানুহৰ দাস নহব 24 হে ভাইসকল আমি প্ৰতিজন যি অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰিত হলোঁ সেই অৱস্থাতে আমি ঈশ্বৰে সৈতে থাকোঁহক 25 যি সকলৰ বিয়া হোৱা নাই তেখেতসকলৰ বিষয়ে মই প্রভুৰ পৰা কোনো আজ্ঞা পোৱা নাই তথাপি এই বিষয়ত এজন বিশ্বাসযোগ্য লোক হিচাপে প্রভুৰ দয়াত মই নিজস্ব মত প্রকাশ কৰিছোঁ 26 সেয়ে মোৰ ভাব হয় বর্তমান এই সঙ্কটময় সময়ৰ কাৰণে এজন ব্যক্তিৰ পক্ষে তেওঁ যেনে আছে তেনে থকাই ভাল 27 আপুনি ভাৰ্যাৰ সৈতে প্রতিজ্ঞাৰ দ্বাৰা বিবাহ বন্ধনত আছে নেকি তেনেহলে মুক্ত হবলৈ চেষ্টা নকৰিব আপুনি ভাৰ্য্যাৰ পৰা মুক্ত হৈ আছে নেকি অর্থাৎ অবিবাহিত নেকি তেনেহলে ভাৰ্যা পাবলৈ চেষ্টা নকৰিব 28 কিন্তু আপুনি যদি বিয়াও কৰাইছে তাত আপোনাৰ কোনো পাপ নহয় কোনো কুমাৰীয়ে যদি বিয়া কৰাই তেনেহলে তেৱোঁ পাপ নকৰে কিন্তু যি সকলে বিয়া কৰাই তেখেতসকলে জীৱনত নানা ধৰণৰ সমস্যাত পৰিব লাগিব মই এই সকলোৰে পৰা আপোনালোকক ৰেহাই দিব বিচাৰোঁ 29 কিন্তু হে ভাইসকল মই ইয়াকে কওঁ সময় কম এতিয়াৰ পৰা যি সকলৰ ভাৰ্যা আছে তেখেতসকলে এনেভাৱে চলক যেন তেখেতসকলৰ ভাৰ্যা নাই 30 যি সকলে ক্রন্দন কৰিছে তেখেতসকলে এনেভাৱে চলক যেন ক্রন্দন কৰা নাই যি সকলে আনন্দ কৰিছে তেখেতসকলে এনেভাৱে চলক যেন আনন্দ কৰা নাই যি সকলে কোনো বস্তু ক্রয় কৰিছে তেখেতসকলে এনেভাৱে চলক যেন তেখেতসকলৰ নিজৰ একো নাই 31 যি সকল লোক জগতৰ বিষয় সমূহত জড়িত তেখেতসকলে যেন সম্পূর্ণভাৱে তাত আসক্ত নহয় কাৰণ এই জগতৰ ধাৰা লুপ্ত হব ধৰিছে 32 মই বিচাৰো আপোনালোকে যেন চিন্তাভাৱনাৰ পৰা মুক্ত হৈ থাকিব পাৰে অবিবাহিত জনে প্ৰভুৰ বিষয়বোৰ ভাৱে তেখেতে চিন্তা কৰে কেনেকৈ তেখেতে প্রভুক সন্তুষ্ট কৰিব 33 কিন্তু বিবাহিত পুৰুষে জগতৰ বিষয়বোৰ ভাৱে তেখেতে চিন্তা কৰে কেনেকৈ ভাৰ্যাক সন্তুষ্ট কৰিব 34 তেখেতে ঈশ্বৰ আৰু ভার্যা দুয়ো দিশত ভাগ হয় সেইদৰে এগৰাকী অবিবাহিতা বা কুমাৰী মহিলাই প্রভুৰ বিষয়ে চিন্তা কৰে যাতে তেখেত দেহ আৰু আত্মাত পবিত্র হয় কিন্তু বিবাহিতা মহিলাই জগতৰ বিষয়বোৰ ভাৱে তেখেতে চিন্তা কৰে কেনেকৈ স্বামীক সন্তুষ্ট কৰিব 35 মই আপোনালোকৰ হিতৰ অর্থেই এই কথা কৈছোঁ আপোনালোকৰ ওপৰত কোনো বিধিৰ বোজা জাপি দিবলৈ নহয় কিন্তু আপোনালোকে যেন শিষ্ট আচৰণ কৰে আৰু মনোযোগেৰে প্ৰভুত আসক্ত হৈ থাকে 36 তথাপি যদি কোনো মানুহৰ বোধ হয় যে তেখেতৰ কুমাৰী বাগ্দান কৰা জনীৰ প্রতি ন্যায় আচৰণ কৰা নাই যদি তেখেতৰ বিয়াৰ বয়স পাৰ হৈ গৈছে আৰু যদি তেখেতৰ বিয়া হোৱাৰ অতি প্ৰয়োজন বোধ হয় তেনেহলে তেখেতে নিজৰ ইচ্ছামতে সেই কুমাৰীক বিয়া কৰক তাত পাপ নহয় 37 কিন্তু যদি তেখেতে বিয়া নকৰাবলৈ মনতে সিদ্ধান্ত লয় তেনেহলেও তেখেতৰ ওপৰত কোনো চাপ নাই৷ তেখেত নিজৰ ইচ্ছাক নিয়ন্ত্রণ কৰিব পাৰে আৰু তেখেতে যদি সেই কুমাৰীক কুমাৰীভাৱে ৰাখিব বিচাৰে তেনেহলে তেখেতে ঠিক কার্যই কৰে 38 এতেকে যি জনে তেখেতৰ বাগ্দান কৰা কুমাৰীক বিয়া কৰায় তেখেতে ঠিক কার্যই কৰে আৰু বিয়া নকৰা জনেও তাতকৈ ভাল কৰ্ম কৰে 39 স্বামী যিমান দিন জীয়াই থাকে সিমান দিনলৈকে ভাৰ্যা তেখেতৰ বন্ধনত আবদ্ধ থাকে কিন্তু স্বামীৰ মৃত্যু হলে তেখেত মুক্ত তেতিয়া যাকে ইচ্ছা কৰে সেই জনলৈকে বিয়া হব পাৰে অৱশ্যে সেই লোক যেন প্রভুত বিশ্বাসকাৰী হয় 40 কিন্তু মোৰ বিবেচনাত তাই যেনেকৈ আছে যদি তেনেকৈয়ে থাকে তেনেহলে পুনৰ অধিক সুখী হব মই ভাৱো যে মোৰ সৈতে ঈশ্বৰৰ আত্মা আছে
Chapter 8
৮ অধ্যায়
দেৱতাৰ প্ৰসাদ সম্বন্ধে
1 এইবাৰ মই দেৱতাৰ মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদৰ বিষয়ে কৈছোঁ আমি জানো যে আমাৰ সকলোৰে জ্ঞান আছে জ্ঞানে অহংকাৰ জন্মায় কিন্তু প্ৰেমে গঢ় দিয়ে 2 যদি কোনোৱে কিবা বিষয়ত সকলো জানো বুলি ভাৱে তেনেহলে যিৰূপে জনা উচিত সেইভাৱে এতিয়াও নাজানে 3 কিন্তু কোনোৱে যদি ঈশ্বৰক প্ৰেম কৰে তেনেহলে ঈশ্বৰে সেই জনক জানে 4 মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদৰ খোৱাৰ বিষয়ে কওঁ আমি জানো যে জগত খনত মূৰ্তি বুলি প্ৰকৃততে একোৱে নাই আৰু এজন ঈশ্বৰৰ বাহিৰে আন ঈশ্বৰ নাই 5 কিয়নো স্বর্গতে হওক বা পৃথিৱীতে হওক দেৱদেৱী বুলি কোৱা বহুতো দেৱতা আৰু বহুতো প্রভু থাকিলেও 6 কিন্তু আমাৰ কাৰণে একমাত্র এজন পিতৃ ঈশ্বৰ আছে তেওঁৰ পৰাই সকলোবোৰ সৃষ্টি কৰা হৈছে আৰু আমি তেওঁৰ কাৰণেই জীয়াই আছোঁ আমাৰ প্রভুও মাত্র এজন তেওঁ যীচু খ্রীষ্ট তেওঁৰ দ্বাৰাই সকলো সৃষ্ট হল আৰু আমিও জীয়াই আছোঁ 7 কিন্তু সকলোৰে এনে জ্ঞান সঁচাকৈ নাই কিয়নো কোনো লোকৰ পূৰ্বৰ মূৰ্তিপূজাৰ অভ্যাস এতিয়ালৈকে থকাত সেই লোকসকলে মূৰ্তিলৈ উৎসর্গ কৰা খোৱা বস্তু এতিয়াও প্ৰসাদ বুলি খায় তাতে এনে লোকৰ বিবেক দূৰ্বল হোৱা বাবে নিজকে অশুচি অনুভৱ কৰে 8 খোৱা বস্তুৰ দ্বাৰা আমি ঈশ্বৰৰ আগত গ্রহণযোগ্য নহওঁ আমি নাখালেও আমাৰ ক্ষতি নহয় বা খালেও আমাৰ লাভ নহয় 9 কিন্তু সাৱধান যি সকল বিশ্বাসত দুর্বল আপোনালোকৰ এই স্বাধীনতা সেই লোক সকললৈ যেন উজুটি খুউৱা মূঢ়াস্বৰূপ নহয় 10 আপোনাৰ জ্ঞান আছে কিন্তু যি জনৰ বিবেক দুর্বল সেই জনে যদি আপোনাক দেৱতাৰ মন্দিৰত বহি প্ৰসাদ খোৱা দেখা পায় তেনেহলে সেই লোক জনে জানো মূৰ্তিলৈ উৎসর্গ কৰা খোৱা বস্তু খাবলৈ উৎসাহিত নহব 11 এইদৰে আপোনাৰ জ্ঞানৰ দ্বাৰা সেই দুর্বল বিবেকৰ ভাই বা ভনী যাৰ কাৰণে খ্ৰীষ্ট মৰিল তেখেতসকল বিনষ্ট হয় 12 আপোনালোকে আপোনালোকৰ ভাইভনী সকলৰ বিৰুদ্ধে এইদৰে পাপ কৰি তেখেতসকলৰ দূৰ্বল বিবেকত আঘাত কৰিলে আপোনালোকে খ্ৰীষ্টৰ বিৰুদ্ধে পাপ কৰা হয় 13 এতেকে খোৱা বস্তুৱে যদি মোৰ ভাইভনীৰ বাবে বিঘিনি স্বৰূপ হয় তেনেহলে ভাইভনীৰ পাপৰ কাৰণ নহবলৈ মই পুনৰ কেতিয়াও মঙহ নাখাওঁ
Chapter 9
৯ অধ্যায়
1 মই স্বাধীন নহয় নে মই পাঁচনি নহয় নে আমাৰ প্ৰভু যীচুক মই জানো দেখা নাই প্ৰভুত কৰা মোৰ কৰ্মৰ ফল আপোনালোকেই জানো নহয় 2 মই অানলোকলৈ পাঁচনি নহলেও একমাত্ৰ আপোনালোকেই মোক পাঁচনি পদ পোৱা লোক বুলি মানে কিয়নো প্ৰভুত মই যে এজন পাঁচনি তাৰ মোহৰ আপোনালোকেই৷ 3 আমাৰ সোধবিচাৰ কৰা সকলৰ বাবে তেখেতসকলৰ ওচৰত আমাৰ উত্তৰ এয়ে 4 আমাৰ জানো ভোজন আৰু পান কৰাৰ ক্ষমতা নাই 5 অন্যান্য পাঁচনি আৰু প্ৰভুৰ নিজৰ ভায়েকসকলৰ লগতে কৈফায়ো যেনেকৈ কৰে তেনেকৈ আমাৰ জানো কোনো বিশ্বাসীক ভাৰ্যা হিচাপে লগত লৈ যাবলৈ ক্ষমতা নাই 6 বার্ণব্বা আৰু ময়েই কেৱল জীৱিকা নির্ব্বাহ কৰিবৰ কাৰণে কাৰ্য কৰিব লাগে নেকি 7 কোন সৈনিকে নিজৰ খৰছত সৈন্য দলত থাকে যি জনে দ্ৰাক্ষাবাৰী পাতে তেখেতে কি তাৰ ফল নাখায় এনে কোন আছে যি জনে পশুৰ জাকক প্ৰতিপালন কৰে কিন্তু সেই পশুৰ গাখীৰ পান নকৰে 8 মই মানুহৰ বিচাৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি জানো এই কথা কৈছোঁ কিন্তু ঈশ্বৰৰ বিধানে জানো এই সকলো কথা নকয় 9 কাৰণ মোচিৰ বিধানশাস্ত্ৰত লিখা আছে আপোনালোকে মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিব ঈশ্বৰে মাত্র গৰুৰ কথা ভাবি এই কথা কৈছে নে 10 কিন্তু এনে নহয় আমাৰ কথা ভাৱিয়েই এই সকলো কথা কৈছে নহয় নে শাস্ত্ৰত আমাৰ কাৰণেই এই সকলো লিখা হৈছে কাৰণ যি জনে হাল বায় সেই জনে শস্য পোৱাৰ আশা কৰিয়েই হাল বায় আৰু যি জনে মৰণা মাৰে সেই জনে শস্যৰ পৰা খাদ্য পাবলৈ মৰণা মাৰে৷ 11 আমি আপোনালোকৰ কাৰণে আত্মিক কঠিয়া সিচিঁ যদি আপোনালোকৰ পৰা মাংসিক শস্য দাওঁ তেনেহলে সেয়া জানো অধিক বেচি পোৱা হয় 12 যদি আপোনালোকৰ ওপৰত এই ক্ষমতা আনে দাবী কৰে তেনেহলে আমাৰ তাতকৈয়ো অধিক দাবী নাথাকিব নে আমি আপোনালোকৰ ওপৰত এই অধিকাৰ কৰিব বিচৰা নাই কিন্তু খ্ৰীষ্টৰ শুভবার্তাত কোনো বাধা নজন্মিবৰ বাবে আমি সকলো সহন কৰিছোঁ৷ 13 আপোনালোকে জানে নে যি সকলে পবিত্ৰ মন্দিৰত সেৱা কৰে তেওঁলোকে খোৱা বস্তু মন্দিৰৰ পৰা পায় আৰু যি সকলে নিতৌ বেদীৰ ওপৰত নৈবেদ্য উৎসৰ্গ কৰে তেওঁলোকে তাৰ ভাগ পায়৷ 14 এইদৰে শুভবাৰ্তা প্ৰচাৰক সকলৰ কাৰণেও ঈশ্বৰে নিয়ম কৰিলে যে তেওঁলোকৰ জীৱিকা সেই শুভবাৰ্তাৰ পৰাই হব 15 কিন্তু মই আপোনালোকলৈ এই অধিকাৰ প্ৰয়োগ কৰা নাই আপোনালোকৰ পৰা তেনেধৰণৰ সহায় পাবলৈও লিখা নাই৷ এই বিষয়ত মই গর্ব কৰোঁ৷ কিয়নো কোনো লোকৰ দ্বাৰাই অৱহেলিত হোৱাতকৈ মই মৰাই ভাল 16 কাৰণ মই শুভবাৰ্তা প্ৰচাৰ কৰিলেও তাৰ বাবে গর্ব কৰা নাই কাৰণ শুভবার্তা প্ৰচাৰ কৰা মোৰ কর্তব্য আৰু যদি মই শুভবার্তা প্ৰচাৰ নকৰোঁ তেতিয়াহলে এইটো মোৰ কাৰণে অতি সন্তাপৰ বিষয় হব৷ 17 কিয়নো মই যদি নিজৰ ইচ্ছাৰে প্ৰচাৰ কৰোঁ তেনেহলে মোৰ পুৰস্কাৰ আছে৷ তথাপি মোৰ ওপৰত দিয়া সেই তত্বাৱধায়কৰ দায়িত্ব ভাৰ আছে বাবেই মই কৰোঁ৷ 18 তাতে মই কি পুৰস্কাৰ পাম যেতিয়া আমি শুভবাৰ্তা প্ৰচাৰ কৰোঁ তেতিয়া এই শুভবাৰ্তা মই বিনামূলীয়াকৈ প্ৰচাৰ কৰোঁ৷ এনেদৰে প্ৰচাৰ কৰাৰ কাৰণে আমাৰ যি বেতন পোৱাৰ ক্ষমতা আছে তাক আমি ব্যৱহাৰ কৰা নাই৷ 19 যদিও মই সকলোৰে পৰা স্বাধীন হওঁ তথাপি মই নিজকে সকলোৰে দাস কৰিলোঁ যেন তাতে মই অনেকক খ্ৰীষ্টৰ কাৰণে জয় কৰিব পাৰোঁ৷ 20 ইহুদী সকলক জয় কৰিবৰ কাৰণে ইহুদী সকলৰ ওচৰত ইহুদীৰ নিচিনা হলো৷ যদিও মই বিধান নামানো কিন্তু নিজে বিধানৰ অধীন হোৱা সকলক জয় কৰিবলৈ বিধানৰ অধীন হোৱা জনৰ নিচিনা হলো৷ 21 বিধানৰ বাহিৰত যি সকল আছে তেখেতসকলক জয় কৰিবলৈ মই বিধানহীন হৈ থকা লোকৰ দৰে হলোঁ৷ যদিও মই নিজে ঈশ্বৰৰ বিধানৰ বাহিৰত নহওঁ কিন্তু খ্ৰীষ্টৰ বিধানৰ অধীনত থাকোঁ৷ 22 দূৰ্বল সকলক পাবলৈ তেখেতসকলৰ ওচৰত দূৰ্বল সকলৰ দৰে দূৰ্বল হলোঁ যাতে তেখেতসকলক ৰক্ষা কৰিব পাৰোঁ৷ 23 মই যি যি কৰোঁ সেই সকলোকেই শুভবাৰ্তাৰ কাৰণে অৰ্থাৎ আশীৰ্বাদৰ সহভাগী হবলৈহে কৰোঁ 24 আপোনালোকে নাজানা নে দৌৰ প্ৰতিযোগিতাত অনেকে দৌৰ মাৰে কিন্তু এজনেহে বঁটা পায় সেয়ে এনেকৈ দৌৰক যাতে পুৰস্কাৰ পাব পাৰে৷ 25 ক্রীড়াবিদসকলে যি অভ্যাস কৰে সেয়া খেলত জিকিবলৈ কৰে আৰু তেখেতসকলে সকলোভাৱে ইন্দ্ৰিয়দমন কৰে এইবোৰ তেখেতসকলে বিনাশী কিৰীটি পাবলৈ কৰে কিন্তু আমি হলে অবিনাশী কিৰীটি পাবলৈ ইয়াকে কৰোঁ 26 এতেকে মই এক লক্ষ্য কৰি দৌৰ মাৰোঁ কিন্তু লক্ষ্য নকৰাকৈ নহয় মুষ্টিযুদ্ধ কৰোঁ কিন্তু বায়ুত ঘোচা মৰাৰ দৰে নামাৰোঁ 27 কিন্তু লোকৰ আগত ঘোষণা কৰি শেষত নিজে যেন ঈশ্বৰৰ দৃষ্টিত অগ্ৰাহ্য নহওঁ এই কাৰণে মই নিজ শৰীৰকো আঘাত কৰি নিয়ন্ত্রণত ৰাখিছোঁ
Chapter 10
১০ অধ্যায়
সাৱধানতা আৰু ভাতৃ-প্ৰেম আদি
1 হে প্ৰিয় ভাইসকল আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে আমাৰ পূৰ্বপুৰুষ সকল মেঘৰ তলত আছিল আৰু সকলোৱেই সাগৰৰ মাজেদি পাৰ হৈছিল৷ 2 মোচিত সকলোৱে মেঘ আৰু সাগৰত বাপ্তাইজিত হল৷ 3 তেওঁলোক সকলোৱেই একে আত্মিক আহাৰ ভোজন কৰিছিল 4 আৰু সকলোৱেই একে আত্মিক জল পান কৰিছিল৷ কিয়নো যি আত্মিক শিল তেওঁলোকৰ লগত গৈছিল সেই শিলেই খ্ৰীষ্ট 5 তথাপি তেওঁলোকৰ অধিক ভাগ লোকৰ ওপৰত ঈশ্বৰ সন্তুষ্ট নহল কিয়নো তাৰ প্ৰমাণ এই যে তেওঁলোকক মৰুপ্ৰান্তত নিপাত কৰা হল 6 এই সকলো ঘটনা আমাৰ বাবে এক আর্হি স্বৰূপ হল সেয়েহে তেওঁলোকে যেনেকৈ কামনা কৰিছিল তেনেকৈ আমিও যেন মন্দ বিষয়ৰ কামনা নকৰোঁ৷ 7 তেওঁলোকৰ মাজৰ কিছুমানে যেনেকৈ মূৰ্তিপূজক হৈছিল আপোনালোক তেনে নহব সেই বিষয়ে এনেদৰে লিখা আছে মানুহবোৰে ভোজনপান কৰিবলৈ বহিল আৰু পাছত যৌন কামনাৰে নাচিবলৈ উঠিল 8 তেওঁলোকৰ কিছুমানে যেনেকৈ যৌনপাপ কৰাত একেদিনাই তেইশ হাজাৰ মানুহ মৰা পৰিল তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহক 9 তেওঁলোকৰ কিছুমানে যেনেকৈ ঈশ্বৰক পৰীক্ষা কৰাত সাপৰ দ্বাৰাই বিনষ্ট হল তেনেকৈ আমি যেন প্ৰভুক পৰীক্ষা নকৰোঁ 10 তেওঁলোকৰ কিছুমান লোকে অভিযোগ কৰি ধ্বংসকাৰী স্বর্গৰ দূতৰ কবলত মৃত্যু হল আপোনালোক তেনেকৈ অভিযোগ নকৰিব৷ 11 তেওঁলোকলৈ আৰ্হি স্বৰূপে এইবোৰ ঘটিছিল আৰু শেষৰ যুগৰ মানুহ যি আমি আমাক চেতনা দিবলৈ এইবোৰ লিখা আছে 12 এই কাৰণে যি কোনোৱে স্থিৰ আছোঁ বুলি ভাবে তেওঁ নপৰিবৰ বাবে সাৱধান হওক 13 যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই কিন্তু ঈশ্বৰ বিশ্বাসযোগ্য তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব কিন্তু আপোনালোকে যেন সহিব পাৰিব তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব 14 এই কাৰণে হে মোৰ প্ৰিয় ভাইসকল সকলো প্ৰকাৰৰ মূৰ্তিক উপাসনা কৰাৰ পৰা দূৰৈত থাকক৷ 15 মই আপোনালোকক বুদ্ধিমান যেন ভাবি কওঁ আপোনালোকে নিজে মোৰ কথা বিবেচনা কৰি চাব৷ 16 আমি যি আশীৰ্বাদৰ পানপাত্ৰক আশীৰ্বাদ কৰোঁ সেয়ে খ্ৰীষ্টৰ তেজৰ সহভাগিতা নহয় নে আৰু যি পিঠা ভাঙো সেয়ে খ্ৰীষ্টই দান কৰা শৰীৰৰ সহভাগিতা নহয় নে 17 কিয়নো অনেক যি আমি সকলোৱেই এক পিঠাত অংশ গ্ৰহণ কৰাৰ যোগেদি আমি অনেক লোক হলেও এক শৰীৰৰ ভাগী হলোঁ৷ 18 ইস্ৰায়েল জাতিৰ কথা চিন্তা কৰক৷ যি লোকে উৎসৰ্গ কৰা বলিৰ মাংস খায় তেওঁলোক বেদীৰ সহভাগী নহয় নে 19 তেনেহলে মই কি কথা কৈছোঁ দেৱতালৈ উৎসৰ্গ কৰা প্ৰসাদৰ কোনো তাৎপর্য আছে নে বা মূৰ্তিবোৰৰ কোনো বাস্তবতা আছে 20 তেনে নহয় কিন্তু অনাইহুদী লোকে যি যি বলিদান কৰে তাক ঈশ্বৰৰ উদ্দেশ্যে নহয় ভূত পিশাচৰ উদ্দেশ্যেহে কৰে ইয়াকেহে কৈছোঁ আৰু আপোনালোক ভূত পিশাচৰ সহভাগী হোৱা মোৰ ইচ্ছা নাই 21 আপোনালোকে প্ৰভুৰ পানপাত্ৰ আৰু ভূত পিশাচৰ পানপাত্ৰ এই উভয়ত পান কৰিব নোৱাৰে প্ৰভুৰ মেজ আৰু ভূত পিশাচৰ মেজ এই উভয়ৰে ভাগীও হব নোৱাৰে 22 নতুবা আমি প্ৰভুৰ ঈৰ্ষা জন্মাব খুজিছোঁ নে কি আমি জানো তেওঁতকৈ বলৱন্ত 23 সকলো বিধান সন্মত কিন্তু সকলোৱেই হিতজনক নহয় সকলো অবাধ কিন্তু সকলোৱেই বৃদ্ধি নকৰে 24 প্ৰতিজনে নিজৰ হিত নিবিচাৰি পৰৰ হিত বিচাৰক 25 যি কোনো মাংস বজাৰত বেচে দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধিনুপুচি বিচাৰ নকৰাকৈ সেইবোৰ ভোজন কৰিব 26 কিয়নো জগত আৰু তাৰ পৰিপূৰ্ণতা প্ৰভুৰেই 27 খ্ৰীষ্টক অবিশ্বাস কৰা সকলৰ কোনোৱে আপোনালোকক নিমন্ত্ৰণ কৰিলে আপোনালোক যদি যাবলৈ সন্মত হয় তেনেহলে দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধিনুপুচি বিচাৰ নকৰাকৈ যি কোনো বস্তু আপোনালোকৰ আগত থোৱা হয় সেই বস্তুকে ভোজন কৰিব 28 কিন্তু কোনোৱে যদি আপোনালোকক এয়ে বলি দিয়া আহাৰ হয় বুলি কয় তেনেহলে সেই কথা জনোৱা জনৰ কাৰণে আৰু দোষাদোষ জ্ঞানৰ কাৰণে সেই দ্ৰব্য ভোজন নকৰিব 29 দোষাদোষ জ্ঞান বুলি যে কৈছোঁ সেয়ে আপোনাৰ নহয় আনৰহে কিয়নো মোৰ স্বাধীনতা অন্যৰ দোষাদোষ জ্ঞানৰ দ্বাৰাই কিয় সোধবিচাৰ কৰা হয় 30 মই যদি কৃতজ্ঞতাৰে ভোজন কৰোঁ তেনেহলে যি বস্তুৰ কাৰণে ধন্যবাদ কৰোঁ তাৰ কাৰণে মই নিন্দিত হওঁ কিয় 31 এতেকে আপোনালোকে ভোজনপান আদি যি যি কৰ্ম কৰে সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিব 32 তেনেকৈ আপোনালোকো ইহুদী কি গ্ৰীক বা ঈশ্বৰৰ মণ্ডলীৰ কাৰোৱে বিঘিনি জনক নহয় 33 কিন্তু অনেকে পৰিত্ৰাণ পাবলৈ মই নিজৰ হিত নিবিচাৰি আনৰ হিত বিচাৰি সকলো বিষয়তে সকলোকে সন্তুষ্ট কৰোঁ৷ তাতে সকলোৱে পৰিত্ৰাণ পায়৷
Chapter 11
১১ অধ্যায়
ঈশ্বৰৰ আৰাধনা বিষয়ক কথা
1 মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী আপোনালোকো তেনেকৈ মোৰ অনুকাৰী হওক 2 আপোনালোকে সকলো বিষয়তে যে মোক সোঁৱৰণ কৰিছে আৰু মই দিয়া বিধিবোৰ পালন কৰি আছে তাৰ কাৰণে মই আপোনালোকৰ প্ৰশংসা কৰিছোঁ 3 কিন্তু খ্ৰীষ্ট যে প্ৰত্যেক পুৰুষৰ মূৰ স্বৰূপ আৰু পুৰুষ মহিলাৰ মূৰ স্বৰূপ আৰু ঈশ্বৰ খ্ৰীষ্টৰ মূৰ স্বৰূপ ইয়াক যেন আপোনালোকে জানে এই মোৰ ইচ্ছা 4 যি কোনো পুৰুষে মূৰ ঢাকি প্ৰাৰ্থনা কৰে বা ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে তেওঁ নিজৰ মূৰক অমৰ্য্যাদা কৰে 5 কিন্তু যি কোনো মহিলাই উদং মূৰে প্ৰাৰ্থনা কৰে বা ভাবোক্তি প্ৰচাৰ কৰে তেওঁ নিজৰ মূৰ অমৰ্য্যাদা কৰে কিয়নো তেওঁ মূৰ খুৰাই দিয়াৰ নিচিনা হয় 6 কাৰণ মহিলাই যদি ওৰণি নলয় তেনেহলে চুলিও কটা যাওঁক কিন্তু চুলি কটা বা মূৰ খুৰুৱা যদি লাজৰ কথা হয় তেনেহলে তেওঁ ওৰণি লওঁক 7 কিয়নো পুৰুষ ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গৌৰৱ স্বৰূপ হোৱা বাবে ওৰণি লোৱা তেওঁৰ উচিত নহয় কিন্তু মহিলা হলে পুৰুষৰহে গৌৰৱ 8 কিয়নো পুৰুষ মহিলাৰ পৰা নহয় কিন্তু মহিলাহে পুৰুষৰ পৰা হল 9 মহিলাৰ কাৰণে পুৰুষ নহয় পুৰুষৰ কাৰণেহে মহিলাক স্ৰজা হৈছিল 10 সেয়েহে স্বৰ্গৰ দূত সকলৰ কাৰণে মহিলা সকলে নিজৰ মূৰত ক্ষমতাৰ চিন ৰখা কৰ্তব্য 11 তথাপি যি কি নহওক প্ৰভুত মহিলা অবিহনে পুৰুষ স্বাধীন নহয় পুৰুষৰ অবিহনে মহিলাও স্বাধীন নহয়৷ 12 কিয়নো যেনেকৈ পুৰুষৰ পৰা মহিলা আহিল৷ তেনেকৈ পুৰুষো মহিলাৰ দ্বাৰাই আহিল কিন্তু সকলোৱে ঈশ্বৰৰ পৰাহে আহিল 13 আপোনালোকে মনতে বিচাৰ কৰি চাওক মহিলাই উদং মূৰেৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা উচিত নে 14 প্ৰকৃতিয়ে নিজেও আপোনালোকক নিশিকায় নে যে পুৰুষৰ দীঘল চুলি হোৱা তেওঁলৈ অনাদৰজনক 15 কিন্তু মহিলাৰ দীঘল চুলি হোৱাই তেওঁলৈ গৌৰৱজনক কিয়নো সেই দীঘল চুলি ওৰণিৰ অৰ্থে দিয়া হল 16 কিন্তু কোনোৱে যদি বাদবিবাদলৈ মন কৰে তেনেহলে ঈশ্বৰৰ মণ্ডলীবোৰৰ আৰু আমাৰো এনে কোনো দস্তুৰ নাই 17 এই আদেশৰ লগতে পুনৰ এটা কথা কওঁ এই কথাত মই প্ৰশংসা নকৰোঁ সেই কথা হল এই যে আপোনালোকে ভাললৈ নহয় বেয়ালৈহে গোট খায় 18 কাৰণ প্ৰথমে যেতিয়া আপোনালোক মণ্ডলীত গোট খায় তেতিয়া আপোনালোকৰ মাজত ভিন ভিন দল হয় ইয়াকে মই শুনিছোঁ আৰু কিছু কিছু বিশ্বাসো কৰিছোঁ 19 কিয়নো আপোনালোকৰ মাজৰ পৰীক্ষাসিদ্ধ প্ৰকৃত মানুহবোৰ প্ৰকাশিত হবলৈ আপোনালোকৰ মাজত নানা মতো হব লাগে 20 তাতে আপোনালোক যেতিয়া একে ঠাইতে গোট খায় তেতিয়া প্ৰভুৰ ভোজ ভোজন কৰা নহয় 21 কিয়নো ভোজন কৰোঁতে প্ৰতিজনে আনৰ আগেয়ে নিজৰ নিজৰ ভোজহে গ্ৰহণ কৰে তাতে কোনো জনৰ ভোক থাকে কোনো জন মতলীয়া হয় 22 তেনেহলে ভোজনপান কৰিবলৈ আপোনালোকৰ নিজ নিজ ঘৰ সঁচাকৈ নাই নে নাইবা ঈশ্বৰৰ মণ্ডলীক হেয়জ্ঞান কৰি দীনহীন সকলক লাজ দিয়ে নে মই আপোনালোকক কি কম এই কথাত আপোনালোকক প্ৰশংসা কৰিম নে আপোনালোকক প্ৰশংসা নকৰোঁ 23 কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই আপোনালোকক দিলোঁ সেয়ে এই প্ৰভু যীচুক যি ৰাতি শত্ৰুৰ হাতত শোধাই দিয়া হৈছিল 24 সেই ৰাতিয়েই তেওঁ পিঠা লৈ ধন্যবাদ কৰি ভাঙি কলে তোমালোকৰ কাৰণে এই মোৰ শৰীৰ এই শৰীৰ তোমালোকৰ বাবে ভঙা হব মোক সুঁৱৰিবৰ অৰ্থে তোমালোকে ইয়াকে কৰিবা 25 এইদৰে ভোজনৰ পাছত তেওঁ পানপাত্ৰকো লৈ কলে এই পানপাত্ৰ মই দান কৰা মোৰ তেজৰ দ্বাৰাই হোৱা নতুন নিয়ম তোমালোকে যিমান বাৰ ইয়াক পান কৰা সিমান বাৰ মোক সুঁৱৰিবৰ অৰ্থে ইয়াকে কৰিবা 26 কিয়নো আপোনালোকে যিমান বাৰ এই পিঠা খায় আৰু এই পাত্ৰত পান কৰে প্ৰভু নহালৈকে সিমান বাৰ আপোনালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰি আছে 27 এতেকে যি কোনোৱে অযোগ্যৰূপে প্ৰভুৰ সেই পিঠা খায় বা সেই পাত্ৰত পান কৰে তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী হব 28 কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰাৰ পাছত সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পান কৰক 29 কিয়নো যি কোনোৱে সেই শৰীৰ বিবেচনা নকৰি সন্দেহ কৰে আৰু ভোজনপান কৰে তেওঁ নিজ দণ্ড ভোজনপান কৰে 30 এই কাৰণে আপোনালোকৰ মাজত বহুত মানুহ দুৰ্বলী আৰু ৰুগীয়া আৰু বহুত মানুহ নিদ্ৰিত হল 31 কিন্তু আমি নিজৰ বিচাৰ নিজে সত্যৰূপত কৰা হলে আমাৰ বাবে দণ্ডাজ্ঞা নহলহেঁতেন 32 কিন্তু আমি যাতে জগতৰে সৈতে দণ্ড নাপাম এই কাৰণে আমাৰ সোধবিচাৰ হোৱাত প্ৰভুৰ পৰা শাস্তি পাইছোঁ 33 এতেকে হে মোৰ ভাইসকল আপোনালোকে যেতিয়া ভোজনপান কৰিবলৈ গোট খায় তেতিয়া ইজনে সিজনলৈ বাট চাই থাকিব 34 আৰু আপোনালোকৰ গোট খোৱাটো যেন দণ্ডৰ কাৰণ নহয় এই কাৰণে কোনো জনৰ যদি ভোক লাগে তেনেহলে তেওঁ ঘৰতে খাই আহক অৱশিষ্ট কথাবোৰৰ বিষয়ে মই যেতিয়া যাম তেতিয়া নিৰ্দেশনা দিম
Chapter 12
১২ অধ্যায়
পবিত্ৰ আত্মাৰ নানা বিধ বৰ প্ৰদান
1 হে ভাইসকল আত্মিক বৰৰ বিষয়ে আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই 2 আপোনালোকে জানে যেতিয়া আপোনালোক মূৰ্তিপূজক আছিল তেতিয়া নিৰ্ব্বাক মূৰ্তিবোৰৰ ওচৰলৈ গৈছিল আৰু সেইবোৰে আপোনালোকক চালিত কৰিছিল 3 এই কাৰণে মই আপোনালোকক জনাইছোঁ যে ঈশ্বৰৰ আত্মাৰে কথা কওঁতা কোনেও যীচু শাপগ্ৰস্থ বুলি নকয় আৰু পবিত্ৰ আত্মাৰ দ্বাৰাই নহলে কোনেও যীচু প্ৰভু বুলিব নোৱাৰে 4 নানা প্ৰকাৰ আত্মিক বৰ আছে কিন্তু আত্মা এক 5 আৰু পৰিচৰ্যা অনেক বিধ কিন্তু প্ৰভু এক 6 কৰ্মসাধক গুণো অনেক বিধ কিন্তু ঈশ্বৰ এক তেওঁ সকলোতে সকলো কৰ্মৰ সাধনকৰ্তা 7 কিন্তু হিতৰ কাৰণে প্ৰতিজনকে আত্মাপ্ৰকাশক গুণ দিয়া হৈছে 8 তাতে আত্মাৰ দ্বাৰাই এজনক বুদ্ধিৰ কথা একে আত্মাৰ ইচ্ছা অনুসাৰে আন জনক জ্ঞানৰ কথা 9 একে আত্মাৰে আন জনক বিশ্বাস দিয়া হৈছে সেই একে আত্মাৰ দ্বাৰাই কোনোক সুস্থ কৰিব পৰা বৰ 10 আন কোনো জনক পৰাক্ৰম কাৰ্য সাধন কৰিবলৈ আন কোনোক ভাববাণী কবৰ আন কোনোক আত্মাবোৰ বিচাৰ কৰিবৰ আন কোনোক নানা বিধ ভাষা কবৰ আৰু আন কোনোক নানা ভাষাৰ অৰ্থ প্ৰকাশ কৰিবলৈ বৰ দিয়া হৈছে 11 কিন্তু সেই একমাত্ৰ আত্মাই যাকে যি বৰ দিবলৈ মন কৰে সেইদৰে তেওঁক ভাগবাঁটি দি সকলোকে সাধন কৰিছে 12 কিয়নো যেনেকৈ শৰীৰ এক আৰু তাৰ অঙ্গপ্ৰত্যঙ্গ অনেক কিন্তু সেই শৰীৰৰ সকলো অঙ্গপ্ৰত্যঙ্গ অনেক হলেও এক শৰীৰ হয় তেনেকৈ খ্ৰীষ্টও এক 13 কাৰণ আমি ইহুদী হওঁ বা গ্ৰীক হওঁ দাস হওঁ বা স্বাধীন হওঁ সকলোৱেই এক শৰীৰ হবলৈ এক আত্মাত বাপ্তিস্ম গ্ৰহন কৰিলোঁ আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালোঁ 14 কিয়নো শৰীৰ এক অঙ্গ নহয় কিন্তু অনেক 15 ভৰিয়ে যদি কয় মই হাত নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ তেনেহলে সি সেই কাৰণে শৰীৰৰ অংশ নহয় এনে নহয় 16 আৰু কাণেও যদি কয় মই চকু নোহোৱা কাৰণে শৰীৰৰ অংশ নহওঁ তেনেহলে সি সেই কাৰণে যে শৰীৰৰ অংশ নহয় এনে নহয় 17 গোটেই শৰীৰেই চকু হোৱা হলে শ্ৰৱণ কত হলহেঁতেন আৰু গোটেইটো কাণ হোৱা হলে ঘ্ৰাণ কত হলহেঁতেন 18 কিন্তু এতিয়া ঈশ্বৰে নিজ ইচ্ছামতে অঙ্গপ্ৰত্যঙ্গবোৰক এনে কি সেইবোৰৰ প্ৰত্যেকক শৰীৰত লগাই দিলে 19 নতুবা আটাইবোৰ অঙ্গপ্ৰত্যঙ্গ এক অঙ্গ হোৱা হলে তেনেহলে শৰীৰ কত হলহেঁতেন 20 কিন্তু এতিয়া অনেক অঙ্গপ্ৰত্যঙ্গ হলেও শৰীৰ এক 21 আৰু তোমাত মোৰ প্ৰয়োজন নাই বুলি চকুৱে হাতক কব নোৱাৰে বা তোমালোকত মোৰ প্ৰয়োজন নাই বুলি মূৰে ভৰি দুখনক কব নোৱাৰে 22 কওক ছাৰি শৰীৰৰ যি যি অঙ্গ আন অঙ্গতকৈ দুৰ্বল বোধ হয় সেই সকলো অঙ্গপ্ৰত্যঙ্গও প্ৰয়োজনীয়হে হয় 23 শৰীৰৰ যি যি অঙ্গ আনতকৈ অনাদৰণীয় জ্ঞান কৰোঁ সেইবোৰক অধিক আদৰেৰে ভূষিত কৰোঁ 24 আৰু আমাৰ শৰীৰৰ কুৰূপ অঙ্গবোৰেও অধিক শোভা পায় কিন্তু আমাৰ সুৰূপ অঙ্গবোৰৰ একো প্ৰয়োজন নাই 25 কিন্তু শৰীৰত যেন বিভেদ নহয় বৰং অঙ্গপ্ৰত্যঙ্গবোৰে পৰস্পৰে হিত চিন্তা কৰে এই কাৰণে ঈশ্বৰে অনাদৰণীয়টোক অধিক আদৰণীয় কৰি শৰীৰ সংগঠিত কৰিলে 26 তাতে এক অঙ্গই দুখ পালে তাৰে সৈতে সকলো অঙ্গপ্ৰত্যঙ্গই দুখ পায় আৰু এক অঙ্গই মৰ্যদা পালে তাৰে সৈতে সকলো অঙ্গপ্ৰত্যঙ্গই আনন্দ কৰে 27 আপোনালোক খ্ৰীষ্টৰ শৰীৰ আৰু একো একোজনেই এক এক অঙ্গ স্বৰূপ 28 আৰু ঈশ্বৰে মণ্ডলীত প্ৰথমে পাঁচনি সকলক দ্বিতীয়তে ভাববাদী সকলক তৃতীয়তে উপদেশক সকলক স্থাপন কৰিলে তাৰ পাছত পৰাক্ৰম কাৰ্য কৰোতাসকলক তাৰ পাছত সুস্থ কৰিব পৰা বৰ থকাসকলক উপকাৰক সকলক শাসনপদ পোৱা সকলক আৰু নানা ভাষা কওতা সকলক নিযুক্ত কৰিলে 29 সকলোৱেই পাঁচনি নে সকলোৱেই ভাববাদী নে সকলোৱেই উপদেশক নে সকলোৱেই পৰাক্ৰম কাৰ্য কৰোঁতা নে 30 সকলোৱেই সুস্থ কৰিব পৰা বৰ পাইছে নে সকলোৱেই পৰভাষা কয় নে সকলোৱেই অৰ্থ বুজাই দিয়ে নে 31 কিন্তু উত্তম উত্তম বৰলৈ হাবিয়াহ কৰক তথাপি তাতকৈয়ো এক উত্তম পথ মই আপোনালোকক দেখুৱাওঁ
Chapter 13
১৩ অধ্যায়
প্ৰেমৰ উৎকৃষ্টতা
1 যদিও মই মানুহৰ বা স্বৰ্গ দূতৰ ভাষাৰে কথা কওঁ তথাপি মোৰ প্ৰেম নাথাকিলে মই কেৱল বাজি থকা কাঁহ বা বাদ্য কৰি থকা তালস্বৰূপ হৈছোঁ 2 যদি মই ভাববাণী কোৱা বৰ পাওঁ সকলো নিগূঢ়তত্ব আৰু সকলো বিদ্যা জানো আৰু পৰ্বত আতৰাব পৰা মোৰ যদি এনে বিশ্বাসো থাকে তথাপি মোৰ প্ৰেম নাথাকিলে মই একো নহওঁ 3 আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হবলৈ মোৰ শৰীৰকো শোধাই দিওঁ তথাপি মোৰ প্ৰেম নাথাকিলে তাত মোৰ একো লাভ নাই 4 প্ৰেম সহনশীল আৰু স্নেহশীল প্ৰেমে হিংসা নকৰে বা গৰ্ব নকৰে ই অহংকাৰী 5 বা অশিষ্টাচাৰী নহয় ই নিজৰ লাভ নিবিচাৰে সহজে কুপিত নহয় আৰু ই আন লোকে কৰা অন্যায়ৰ হিচাব নলয়৷ 6 ই অধাৰ্মিকতাত আনন্দ নকৰে কিন্তু সত্যতাত আনন্দ কৰে 7 প্ৰেমে সকলোকে আকোৱালি লয় সকলোকে বিশ্বাস কৰে সকলোতে আশা কৰে আৰু সকলোকে সহ্য কৰে 8 প্ৰেম কেতিয়াও লুপ্ত নহব কিন্তু ভাববাণী হলে লোপ হব পৰভাষা হলে আতৰি যাব জ্ঞান হলে লুপ্ত হব 9 কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাবোক্তিও খণ্ডমাত্ৰ 10 কিন্তু সম্পূৰ্ণতা উপস্থিত হলে সেই খণ্ডবোৰ লুপ্ত হব 11 যেতিয়া মই শিশু আছিলোঁ তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ শিশুৰ দৰে ভাবিছিলোঁ শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ৷ যেতিয়া বয়স পালোঁ তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰি পেলালোঁ 12 কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে অস্পষ্টকৈ দেখিছোঁ কিন্তু তেতিয়া মূখামূখিকৈ দেখিম এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ কিন্তু তেতিয়া মই যেনেকৈ সম্পূৰ্ণকৈ জনা হলোঁ তেনেকৈ সম্পূৰ্ণ ৰূপত জানিব পাৰিম 13 কিন্তু এতিয়া তিনিটা বিষয় আছে বিশ্বাস আশা প্ৰেম এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ
Chapter 14
১৪ অধ্যায়
আত্মিক দানৰ বিষয়
1 আপোনালোকে প্ৰেমৰ পাছে পাছে যাওঁক আৰু আত্মিক বৰবোৰলৈ একান্ত মনেৰে হাবিয়াহ কৰক বিশেষকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবৰ হাবিয়াহ কৰক 2 কিয়নো যি জনে বিশেষ ভাষা পৰভাষা কোৱাৰ ক্ষমতা পাইছে তেওঁ কোনো মানুহৰ সতে নহয় ঈশ্বৰৰ সতেহে কথা কয় কাৰণ তেওঁ কি কথা কয় কোনেও নুবুজে কিন্তু তেওঁ আত্মাৰ দ্বাৰাই নিগূঢ়তত্ববোৰৰ বিষয়ে কয় 3 কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে তেওঁ মানুহবোৰক আত্মিকতাত বৃদ্ধি কৰিবলৈ আৰু আশ্বাস আৰু সান্ত্বনা দিবলৈ কথা কয় 4 যি জনৰ পৰভাষা কবলৈ ক্ষমতা আছে তেওঁ নিজকে আত্মিকতাত বৃদ্ধি কৰে কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে তেওঁ মণ্ডলীক বৃদ্ধি তোলে 5 আপোনালোক সকলোৱে যেন পৰভাষা কয় এই মোৰ ইচ্ছা কিন্তু তাতকৈ ভাবোক্তি যেন প্ৰচাৰ কৰে ইয়ালৈ মোৰ বৰ ইচ্ছা পৰভাষা কোৱা জনে যদি মণ্ডলীয়ে আত্মিকতাত বৃদ্ধি পাবলৈ অৰ্থ নুবুজায় তেনেহলে এনে জনতকৈ ভাবোক্তি প্ৰচাৰ কৰা জন শ্ৰেষ্ঠ 6 এতিয়া হে প্ৰিয় ভাইসকল মই আপোনালোকৰ ওচৰলৈ গৈ যদি পৰভাষা কওঁ কিন্তু আপোনালোকৰ ওচৰত প্ৰকাশিত বাক্য বা ভাববাণী বা কোনো শিক্ষা বিষয়ে যদি নকওঁ তেনেহলে আপোনালোকৰ কিবা লাভ হবনে 7 শব্দ কৰা নিষ্প্ৰাণ বস্তুৰ মাজতো বাঁহী হওক বা বীণা হওক শুৱলা স্বৰ সৃষ্টি কৰি স্পষ্টকৈ শুৱলা ধ্বনিত যদি নাবাজে তেনেহলে বাঁহীৰে বা বীণাৰে কি সুৰ বজোৱা হয় সেই বিষয়ে কেনেকৈ জনা যাব 8 কাৰণ ৰণশিঙাৰ মাত যদি অস্পষ্ট হয় তেনেহলে যুদ্ধলৈ কোনে নিজকে সজাব 9 ঠিক সেইদৰে আপোনালোকেও যদি সহজে বুজিব পৰা কথা জিভাৰে নকয় তেনেহলে যি কোৱা হয় সেই বিষয়ে কেনেকৈ জানিব কিয়নো এইবোৰ কথা আপোনালোকে বতাহত কোৱাৰ নিচিনা হব 10 জগতত বহু প্ৰকাৰৰ ভাষা আছে তথাপি তাৰ অৰ্থ নোহোৱা ভাষা এটাও নাই 11 কিন্তু মই যদি সেই ভাষাৰ অৰ্থ নুবুজোঁ তেনেহলে যি জনে কয় তেওঁৰ বাবে মই বিদেশীৰ নিচিনা হম আৰু সেই কোৱা জনো মোৰ বাবে বিদেশীৰ নিচিনা হব 12 এতেকে লোকৰ ক্ষেত্ৰতো ঠিক তেনে ধৰণৰেই আপোনালোকে আত্মাৰ বিবিধ বৰলৈ হাবিয়াহ কৰিছে যেতিয়া মণ্ডলীৰ আত্মিক বৃদ্ধিৰ বাবে উপচি পৰিবলৈ উৎসাহী হওক 13 এই কাৰণে যি জনে পৰভাষা কয় তেওঁ যেন অৰ্থও বুজাই দিব পাৰে তাৰ কাৰণে প্ৰাৰ্থনা কৰক 14 কিয়নো পৰভাষাৰে যদি প্ৰাৰ্থনা কৰোঁ তেনেহলে মোৰ আত্মাই প্ৰার্থনা কৰে কিন্তু মোৰ হৃদয় ফলহীন হয় 15 তেনেহলে মই কি কৰা উচিত মই আত্মাৰে প্ৰাৰ্থনা কৰিম আৰু মনৰেও প্ৰার্থনা কৰিম মই আত্মাৰে গীত গাম আৰু মনেৰেও গীত গাম 16 নতুবা আপুনি যদি আত্মাৰে ঈশ্বৰৰ প্ৰশংসা কৰিছে কিন্তু যি সকলে শুনিবলৈ দর্শক হিচাপে তালৈ আহে তেওঁ যদি বুজি নাপাই তেনেহলে কেনেকৈ আপোনাৰ সেই ধন্যবাদত আমেন কব কাৰণ আপুনি কি কৈছে তেওঁলোকে বুজি নাপালে 17 কিয়নো আপুনি হলে বহুত ভালকৈ ধন্যবাদ কৰিছে কিন্তু অন্য লোক সকলক আত্মিক ভাবে গঢ়ি তোলা নহল 18 মই যে আপোনালোকতকৈ বেছি পৰভাষা কওঁ তাৰ কাৰণে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ 19 তথাপি মণ্ডলীত পৰভাষাৰে দহ হাজাৰ কথা কোৱাতকৈ মানুহক শিক্ষা দিবলৈ বুজি পোৱাকৈ বুদ্ধিৰে পাঁচটা কথা কোৱা ভাল বুলি ভাবোঁ 20 হে প্ৰিয় ভাইসকল আপোনালোক বিবেচনাত শিশুৰ দৰে নহব কিন্তু মন্দ বিষয়ত শিশু সকলৰ দৰে হৈ চিন্তা আৰু বিবেচনাত বয়সস্থ লোকৰ দৰে হওক 21 বিধানশাস্ত্ৰত লিখা আছে প্ৰভুৱে কৈছে পৰভাষা কোৱা লোকৰ দ্বাৰাই আৰু বিদেশী সকলৰ ওঁঠৰ দ্বাৰাই মই এই লোকক কথা কম কিন্তু তাক কৰিলেও তেওঁলোকে মোৰ কথা নুশুনিব 22 এই কাৰণে বেলেগ বেলেগ ভাষাৰে কথা কোৱা বিশ্বাস কৰা সকলৰ কাৰণে নহয় অবিশ্বাসী সকলৰ কাৰণে চিন হয় কিন্তু ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰা বিশ্বাস নকৰা সকলৰ কাৰণে নহয় বিশ্বাস কৰা সকলৰ বাবেহে হয় 23 এতেকে গোটেই মণ্ডলীয়ে যেতিয়া একগোট হয় আৰু আটাইলোকে যদি পৰভাষা কৈ থাকে তেতিয়া সাধাৰণ বা কোনো অবিশ্বাসী মানুহ সেই স্থানত প্ৰৱেশ কৰিলে তেওঁলোকে আপোনালোকক বলীয়া বুলি নকব নে 24 সকলোৱে যদি ভাবোক্তি প্ৰচাৰ কৰে আৰু অবিশ্বাসী সাধাৰণ কোনো এজন মানুহ যদি সেই স্থানলৈ আহে তেনেহলে সেই ভাববাণী শুনি তেওঁ নিজৰ পাপৰ বিষয়ে সচেতন আৰু ভাববাণীৰ দ্বাৰাই তেওঁ বিচাৰ প্ৰাপ্ত হয় 25 এইদৰে শুনা লোক জনৰ হৃদয়ৰ কোনো গুপ্তকথা প্ৰকাশ পায়৷ তাতে তেওঁ মাটিত উবুৰি হৈ পৰি সঁচাকৈ আপোনালোকৰ মাজত ঈশ্বৰ আছে এই বুলি ঈশ্বৰৰ আৰাধনা কৰিব 26 এতেকে হে প্ৰিয় ভাইসকল আপোনালোকে কি কৰিব যেতিয়া আপোনালোক এঠাইত গোট খায় তেতিয়া কোনো জনে গীত কোনো জনে উপদেশ কোনো জনে প্ৰকাশিত বাক্য কোনো জনে পৰভাষা কোনো জনে তাৰ অৰ্থ ভাঙণি কৰি কথা কব কিন্তু এই সকলো যেন মণ্ডলী বৃদ্ধি কৰিবলৈ কৰা হয় 27 কোনোৱে যদি পৰভাষা কয় তেনেহলে দুজন বা তাতকৈ অধিক হলেও তিনি জনে পাল অনুক্ৰমে কওক আৰু এজনে অৰ্থ বুজাই দিয়ক 28 কিন্তু অৰ্থ বুজাই দিওঁতা যদি কোনো নাই তেনেহলে তেওঁ মণ্ডলীত নিজম দি থাকি কেৱল নিজৰ আৰু ঈশ্বৰৰ উদ্দেশ্যে কথা কওক 29 আৰু ভাববাদী দুই বা তিনি জনে কথা কওক আন সকলে বিবেচনা কৰি চাওক 30 কিন্তু উপাসনাত বহি থকা সকলৰ কোনো জনৰ আগত কিবা কথা প্ৰকাশিত হলে প্ৰথম জন নিজম দি থাকক 31 কিয়নো অাপোনালোক সকলোৱেই এজন এজনকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰি আন এজনক শিকাওক আৰু সকলোকে উদগাওক৷ 32 কিয়নো ভাববাদী সকলৰ আত্মা ভাববাদী সকলৰ বশত থাকে 33 কিয়নো ঈশ্বৰে কেতিয়াও বিশৃংখল সৃষ্টি নকৰে কিন্তু তেওঁ শান্তি দিওঁতা ঈশ্বৰ হয় যেনেকৈ পবিত্ৰ লোক সকলৰ মণ্ডলীত 34 তেনেকৈ আপোনালোকৰ মণ্ডলী সমূহতো মহিলা সকল নিজম দি থাকক কিয়নো কথা কবলৈ তেওঁলোকক অনুমতি দিয়া নাযায় কিন্তু তেওঁলোকে নিবেদন কৰি থাকক বিধানশাস্ত্ৰয়েও সেইদৰেই কয় 35 কিন্তু তেওঁলোকে যদি কিবা সুধি শিক্ষা পাব খোজে তেনেহলে ঘৰতে নিজ নিজ স্বামীক সোধক কিয়নো মণ্ডলীত মহিলা মানুহে কথা কোৱা লাজৰ বিষয় 36 নতুবা ঈশ্বৰৰ বাক্য আপোনালোকৰ মাজৰ পৰা ওলাইছিল নে বা অকল আপোনালোকৰ ওচৰলৈহে আহিছিল নে 37 কোনোৱে যদি নিজকে নিজে ভাববাদী বা আত্মিক বুলি মানে তেনেহলে মই আপোনালোকলৈ যিবোৰ কথা লিখিছোঁ সেইবোৰ ঈশ্বৰৰ আদেশ বুলি তেওঁ জানক 38 কিন্তু কোনোৱে যদি নাজানে তেনেহলে তেওঁ নাজানক 39 এই কাৰণে হে মোৰ ভাইসকল ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবলৈ হাবিয়াহ কৰক আৰু পৰভাষা কবলৈ নিষেধ নকৰিব 40 কিন্তু সকলো কৰ্ম সুন্দৰকৈ আৰু শালিনতা বজাই ৰাখি কৰা হওক
Chapter 15
১৫ অধ্যায়
পুনৰুত্থানৰ বিষয়
1 হে প্ৰিয় ভাই সকল যি শুভবাৰ্তা মই আপোনালোকৰ আগত প্ৰচাৰ কৰিলোঁ সেয়া আপোনালোকক জনাইছোঁ সেইবোৰ আপোনালোকে গ্ৰহণ কৰিলে আৰু তাতে থিৰেও আছে 2 আৰু যি বাক্যৰ দ্বাৰাই মই আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ সেয়া যদি আপোনালোকে ধৰি আছে তেনেহলে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছে নতুবা আপোনালোকে বৃথাই বিশ্বাস কৰিলে 3 কিয়নো মই যি শিক্ষা পালোঁ তাৰে এই প্ৰধান শিক্ষা আপোনালোকক দিলোঁ যে ধৰ্মশাস্ত্ৰৰ বচন অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰিল 4 আৰু তেওঁক মৈদাম দিয়া হল আৰু ধৰ্মশাস্ত্ৰৰ বচন অনুসাৰে তৃতীয় দিনা পুনৰুত্থিত হল 5 আৰু তেওঁ কৈফাক দেখা দিলে পাছত সেই বাৰ জনক 6 আৰু তাৰ পাছত পাঁচশতকৈ অধিক ভাইসকলক একে সময়তে দেখা দিলে তেওঁলোকৰ অধিক ভাগ এতিয়ালৈকে আছে কিন্তু কোনো কোনো নিদ্ৰিত হল 7 পাছত যাকোবক আৰু তাৰ পাছত পাঁচনি সকলৰ আগত তেওঁ দেখা দিলে 8 সকলোৰে শেষত অকালত জন্মাৰ নিচিনা যি মই মোকো দেখা দিলে 9 কিয়নো পাঁচনি সকলৰ মাজত মই সকলোতকৈ সৰু এনে কি পাঁচনি নাম পাবৰো যোগ্য নহওঁ কাৰণ মই ঈশ্বৰৰ মণ্ডলীক তাড়না কৰিছিলোঁ 10 তথাপি মই যি হৈছোঁ ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ সেয়ে ব্যৰ্থ নহল কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ অকল ময়েই যে কৰিলোঁ এনে নহয় ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে 11 এতেকে মই বা তেওঁলোক যেয়ে হওক আমি সেইদৰে ঘোষণা কৰিলোঁ আৰু আপোনালোকে সেইদৰে বিশ্বাস কৰিলে 12 কিন্তু খ্ৰীষ্টক যে মৃতবোৰৰ মাজৰ পৰা তোলা হল ইয়াক যদি ঘোষণা কৰা হয় তেনেহলে মৃতবোৰৰ পুনৰুত্থান নাই বুলি আপোনালোকৰ কোনো কোনো লোকে কেনেকৈ কয় 13 যদি মৃতবোৰৰ পুনৰুত্থান নাই তেনেহলে খ্ৰীষ্টকো তোলা নহল 14 আৰু খ্ৰীষ্টক যদি তোলা নহল তেনেহলে আমাৰ ঘোষণা বৃথা আপোনালোকৰ বিশ্বাসো বৃথা 15 আৰু আমি ঈশ্বৰৰ মিছা সাক্ষী দিছোঁ বুলি ওলাই পৰিম কাৰণ আমি ঈশ্বৰৰ বিষয়ে এই সাক্ষ্য দিলোঁ যে তেওঁ খ্ৰীষ্টক তুলিলে 16 কিয়নো যদি মৃতবোৰক তোলা নহয় তেনেহলে খ্ৰীষ্টকো তোলা নহল 17 আৰু যদি খ্ৰীষ্টক তোলা নহল তেনেহলে অাপোনালোকৰ বিশ্বাস অসাৰ্থক আপোনালোক এতিয়াও নিজ নিজ পাপতেই আছে 18 তেনেহলে খ্ৰীষ্টৰ আশ্ৰয়ত নিদ্ৰিত হোৱা সকলো বিনষ্ট হৈছে 19 খ্ৰীষ্টত আমাৰ যি আশা সেয়ে যদি অকল এই জীৱনৰ আয়ুস কাললৈ হয় তেনেহলে আমি সকলো মানুহতকৈ অধিক দয়া নপোৱাকৈ আছোঁ 20 কিন্তু এতিয়া খ্ৰীষ্ট নিদ্ৰিত লোকৰ মাজৰ পৰা উত্থিত হল তেৱেঁই মৃত লোক সকলৰ মাজত প্ৰথম ফল৷ 21 কিয়নো মৃত্যু মনুষ্যৰ দ্বাৰাই হোৱাত মৃতবোৰৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰাই হল 22 কাৰণ আদমত যেনেকৈ সকলো মৰে তেনেকৈ খ্ৰীষ্টত সকলোৱে জীৱন পাব 23 কিন্তু প্ৰতিজনে নিজ নিজ শ্ৰেণীত জীৱন পাব প্ৰথম ফল খ্ৰীষ্ট খ্ৰীষ্টত যি সকল মনোনীত তেওঁৰ আগমণত সেই মৃত লোক সকলেই উঠিব 24 ইয়াৰ পাছত শেষ হব কিয়নো তেওঁ সকলো শাসনকৰ্তাৰ ক্ষমতা আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শোধাই দিব 25 কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব 26 শেষ শত্ৰু যি মৃত্যু তাকো ধ্বংস কৰা হব 27 কিয়নো তেওঁ সকলোকে বশীভূত কৰি তেওঁৰ ভৰিৰ তলত থলে কিন্তু সকলোৱে বশীভূত হব বুলি যেতিয়া তেওঁ কয় তেতিয়া যি জনে সকলোকে তেওঁৰ বশীভূত কৰিলে তেওঁ যে সেইবোৰৰ পৰা বাহিৰ এয়ে প্ৰকাশিত হয় 28 আৰু সকলোৱেই খ্ৰীষ্টৰ বশীভূত হলে পুত্ৰ নিজে পিতৃ ঈশ্বৰৰ অধীন হব৷ যেন ঈশ্বৰ যি জনে তেওঁক সকলোৰে ওপৰত অধিকাৰ কৰিবলৈ দিছে তেৱেঁই সৰ্বেসৰ্বা হয়৷ 29 আৰু মৃতবোৰৰ কাৰণে বাপ্তিস্ম গ্ৰহন কৰা লোকে কি কৰিব যদি মৃতবোৰক সমুলি তোলা নহয় তেনেহলে তেওঁলোকৰ কাৰণে সেই লোক কিয় বাপ্তাইজিত হয় 30 আৰু আমিও বা কিয় প্ৰতি মূহুৰ্তত সঙ্কটত পৰো 31 হে প্রিয় ভাইসকল আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত আপোনালোকৰ বিষয়ে মোৰ যি গর্ব আছে তাৰ দোহাই দি কৈছোঁ প্ৰতি দিনেই মই মৃত্যু হব ধৰিছোঁ 32 মই যদি মানুহৰ দৰেহে ইফিচত বনৰীয়া জন্তুৰে সৈতে যুদ্ধ কৰিলোঁ তেনেহলে মোৰ কি লাভ হল মৃতবোৰক যদি তোলা নহয় তেনেহলে আহক আমি ভোজনপান কৰোঁহক কিয়নো কালিলৈ আমি মৰিম 33 আপোনালোক ভ্ৰান্ত নহব কুসঙ্গই সৎ আচৰণক নষ্ট কৰে 34 ধাৰ্মিকভাৱে সচেতন হওক৷ পাপ নকৰিব কিয়নো ঈশ্বৰৰ কথাত কোনো কোনো জনৰ যোগ্য জ্ঞান নাই আপোনালোকে লাজ পাবলৈ মই এই কথা কৈছোঁ 35 কিন্তু কিছুমানে কয় মৃতবোৰ কেনেকৈ পুনৰুত্থিত হব আৰু কেনেকুৱা শৰীৰৰ সৈতে তেওঁলোক আহিব 36 হে নিৰ্ব্বোধ তুমি যি বীজ ৰোপণ কৰিছা সি নমৰা পৰ্যন্ত নগজে 37 আৰু পাছত যি ডাল ওলাব সেয়া তুমি ৰোৱা নাই৷ গোম হওক বা আন কোনো ধানেই হওক তুমি গুটি মাথোন ৰোপণ কৰিছা 38 কিন্তু ঈশ্বৰে নিজ ইচ্ছাৰে তাক গা দিয়ে আৰু প্ৰত্যেক গুটিক নিজ নিজ গা দিয়ে 39 সকলো মঙহ একে ৰূপ মঙহ নহয় কিন্তু মানুহ বা পশুৰ হওক চৰাই বা মাছৰেই হওক বেলেগ বেলেগ আকৃতিৰ মঙহ আছে 40 এইদৰে স্বৰ্গীয় শৰীৰ আছে পাৰ্থিৱ শৰীৰো আছে কিন্তু স্বৰ্গীয় শৰীৰৰবোৰৰ কান্তি প্ৰভাৱ এক প্ৰকাৰ আৰু পাৰ্থিৱ শৰীৰৰবোৰৰ কান্তি প্ৰভাৱএক প্ৰকাৰ 41 সূৰ্যৰ গৌৰৱ এক প্ৰকাৰৰ উজ্বল চন্দ্ৰৰ গৌৰৱ আন এক ধৰণৰ নক্ষত্ৰবোৰৰো গৌৰৱ অন্য ধৰণৰ আকৌ তৰাবোৰৰ ক্ষেত্ৰতো এটা তৰাতকৈ আনটো তৰাৰ উজ্বল ভিন্ন হয় 42 সেইদৰে মৃতবোৰৰ পুনৰুত্থানো একে যিহক ৰোৱা যায় সেয়ে ক্ষয়ৰ পাত্ৰ যিহক তোলা হয় সেয়ে অক্ষয়তাৰ পাত্ৰ 43 যিহক ৰোৱা যায় সেয়ে অনাদৰৰ পাত্ৰ যিহক তোলা হয় সেয়ে গৌৰৱৰ পাত্ৰ যিহক ৰোৱা যায় সেয়ে দুৰ্বলতাৰ পাত্ৰ যিহক তোলা হয় সেয়ে প্ৰভাৱৰ শক্তি 44 যিহক ৰোৱা যায় সেয়ে স্বাভাৱিক দেহ যিহক তোলা হয় সেয়ে আত্মিক শৰীৰ যদি দৈহিক শৰীৰ আছে তেনেহলে আত্মিক শৰীৰো আছে 45 এইদৰে লিখাও আছে প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হল কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা হল 46 তথাপি আত্মিক যি সেয়ে প্ৰথম নহয় কিন্তু স্বাভাৱিক যি সেয়েহে প্ৰথম যি আত্মিক সেয়ে পাছত হল 47 প্ৰথম মানুহ পৃথিৱীৰ ধূলিৰ পৰা হোৱা মৃন্ময় কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা 48 সেই মৃন্ময় জন যেনে আছিল মৃন্ময়বোৰো তেনে আৰু সেই স্বৰ্গীয় লোকসকলো স্বর্গীয় লোকৰ দৰে৷ 49 আৰু আমি যেনেকৈ সেই মৃন্ময় জনৰ প্ৰতিমূৰ্তি ধাৰণ কৰিলোঁ তেনেকৈ সেই স্বৰ্গীয় জনৰ প্ৰতিমূৰ্তিও ধাৰণ কৰিম 50 কিন্তু হে ভাইসকল আপোনালোকক কওঁ মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হব নোৱাৰে আৰু ক্ষয়শীল অক্ষয়তাৰ অধিকাৰী হব নোৱাৰে 51 চাওক মই আপোনালোকক এটি নিগূঢ়তত্ব কওঁ আমি সকলোৱেই নিদ্ৰিত নহম কিন্তু চকুৰ পচাৰতে ৰূপান্তৰিত হম 52 এক মুহুৰ্ততে যেতিয়া শেষ তূৰী বাজিব তেতিয়া চকুৰ পলকতে সেয়া ঘটিব৷ তুৰি যেতিয়া বাজিব তেতিয়া মৃত লোক সকল অক্ষয়ণীয় হৈ উত্থিত হব আৰু আমি সকলোৱেই ৰূপান্তৰিত হম 53 কিয়নো এই ক্ষয়শীল দেহাই অক্ষয়তাৰ বস্ত্ৰ পিন্ধিব আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব 54 পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব তেতিয়া এই যি কথা লিখা আছে বোলে জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হল সেয়ে সিদ্ধ হব 55 হে মৃত্যু তোমাৰ জয় কত হে মৃত্যু তোমাৰ হুল কত 56 মৃত্যুৰ হুল পাপ আৰু পাপৰ শক্তি বিধান৷ 57 কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰিলে 58 এতেকে হে মোৰ প্ৰিয় ভাইসকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়ক৷ আপোনালোকে জানে যে ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়
Chapter 16
১৬ অধ্যায়
দান তোলাৰ বিধান; পত্ৰৰ উপসংহাৰ
1 পবিত্ৰ লোক সকলৰ কাৰণে দান তোলাৰ বিষয়ে হলে মই গালাতীয়াৰ মণ্ডলী সমূহক যেনেকৈ আদেশ দিলোঁ তেনেকৈ আপোনালোকেও কৰিব 2 সপ্তাহৰ প্ৰথম দিনা আপোনালোকৰ উপার্জনৰ পৰা প্ৰতিজনে নিজ নিজ আয় অনুসাৰে সাঁচি ৰাখিব৷ মই যেতিয়া আপোনালোকৰ ওচৰত উপস্থিত হম তেতিয়া যেন দান তোলা নহয়৷ 3 এই কাৰণে মই যেতিয়া উপস্থিত হম তেতিয়া আপোনালোকে যি সকলক যোগ্য বুলি বিবেচনা কৰে তেওঁলোকৰ হাতত সেই দান যিৰূচালেমলৈ দি পঠাব৷ আমি লিখি দিয়া এখন পত্ৰ তেওঁলোকে প্ৰমাণ স্বৰূপে লৈ যাব৷ 4 যদি ময়ো যাওঁ তেনেহলে তেওঁলোকো মোৰ লগতে যাব 5 কিন্তু যেতিয়া আমি মাকিদনিয়া হৈ মাকিদনিয়াৰ মাজেদি যাত্ৰা কৰিম তেতিয়া মই আপোনালোকৰ ওচৰলৈ আহিম 6 আপোনালোকৰ লগত কিজানি কিছুদিন থাকিম হয়তো জাৰকালো আপোনালোকৰ লগত কটাম পাছত মই যাবলগীয়া ঠাইলৈ যাবৰ বাবে আপোনালোকেই মোক যোৱাৰ ব্যৱস্থা কৰি দিব পাৰিব৷ 7 এতিয়া মই যাত্ৰা পথত আপোনালোকৰ সৈতে সাক্ষাৎ কৰিবলৈ বিচৰা নাই কাৰণ প্ৰভুৰ ইচ্ছা হলে আপোনালোকৰ লগত কিছুদিন থাকিবলৈ মই আশা কৰি আছোঁ 8 কিন্তু পঞ্চাশদিনীয়া পৰ্বলৈকে মই ইফিচত থাকিম 9 কিয়নো কাৰ্যসাধক এখন বহল দুৱাৰ মোৰ বাবে মুকলি হৈছে আৰু তাত বিৰোধী বহুত আছে 10 এতিয়া যদি আপোনালোকৰ ওচৰত তীমথিয় উপস্থিত হয় তেনেহলে তেওঁ যাতে আপোনালোকৰ তাত নিৰ্ভয়ে থাকে কিয়নো তেওঁ মোৰ দৰেই প্ৰভুৰ কাৰ্য কৰে কোনেও যেন তেওঁক হেয়জ্ঞান নকৰে৷ 11 কিন্তু তেওঁ যেন মোৰ ওচৰলৈ আহে এই কাৰণে আপোনালোকে তেওঁক কুশলে আগবঢ়ায় থব কিয়নো তেওঁক ভাই সকলৰ সৈতে অহালৈ মই বাট চাই আছোঁ 12 এতিয়া আপল্লো ভাইৰ প্ৰসংগত কওঁ আমি তেওঁক দৃঢ়তাৰে সকলো প্ৰকাৰৰে ভাই সকলৰ সৈতে আপোনালোকৰ ওচৰলৈ যাবৰ বাবে মই তেওঁক বহুত মিনতি কৰিলোঁ কিন্তু এতিয়া যাবলৈ তেওঁ ঠিৰাং কৰা নাই তথাপি যেতিয়া সুযোগ পাব তেতিয়া তেওঁ আপোনালোকৰ ওচৰলৈ যাব 13 আপোনালোক সজাগ হৈ থাকক বিশ্বাসত সুস্থিৰ হোৱা পুৰুষসকলৰ দৰে শক্তিমন্ত হওক 14 আপোনালোকৰ সকলো কৰ্ম প্ৰেমেৰে কৰা হওক 15 হে ভাই সকল মই আপোনালোকক এই মিনতি কৰিছোঁ স্তিফানাৰ পৰিয়াল যি আখায়া দেশৰ প্ৰথম ফলস্বৰূপ আৰু তেওঁলোকে যে পবিত্ৰ লোকৰ পৰিচৰ্যা কৰিবলৈ স্বইচ্ছাৰে ভাৰ ললে সেই বিষয়ে আপোনালোকে জানে 16 আপোনালোকে এনেকুৱা লোকৰ কাৰ্যত সাহায্য আৰু পৰিশ্ৰম কৰা সকলৰ বশীভূত হওক 17 আমি সকলো আনন্দিত হৈছো কাৰণ স্তিফান ফৰ্ত্তূনাত আৰু আখায়িক ইয়ালৈ আহোতে আপোনালোক নথকা বাবে মোৰ যি অভাৱ আছিল সেই অভাৱ তেওঁলোকে সম্পূৰ্ণ কৰিলে 18 কাৰণ তেওঁলোকে আপোনালোকৰ নিচিনাকৈ মোৰ আত্মা জুৰালে এতেকে আপোনালোকে এনে লোকৰ চিনাকি দিবলৈ নাপাহৰিব 19 এচিয়া দেশৰ মণ্ডলী সমূহে আপোনালোকক শুভেচ্ছা জনাইছে৷ আক্কিলা প্ৰিষ্কা আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীয়ে আপোনালোকক প্ৰভুত শুভেচ্ছা জনাইছে৷ 20 সকলো ভাইসকলে আপোনালোকক শুভেচ্ছা জনাইছে৷ আপোনালোকেও পৰস্পৰে ইজনে সিজনক পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব৷ 21 মই পৌলে নিজ হাতেৰে এই শুভেচ্ছা বাণী লিখি পঠালোঁ৷ 22 কোনোৱে যদি প্ৰভুক প্ৰেম নকৰে তেওঁ শাপগ্ৰস্ত হওক আমাৰ প্ৰভু আহক৷ 23 প্ৰভু যীচুৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক 24 খ্ৰীষ্ট যীচুত মোৰ প্ৰেম আপোনালোক সকলোৰে লগত থাকক আমেন