ইব্ৰী
‘ইব্রীসকলৰ প্রতি পত্র’ৰ পাতনি
‘ইব্রীসকলৰ প্রতি পত্র’ পুস্তকখন এখন উৎসাহজনক পত্র। ইয়াত ‘পুৰণি নিয়ম’ত প্রকাশ কৰা ভবিষ্যত বাণীসমূহ প্রভু যীচুৱে কেনেকৈ সমাধান কৰিলে, সেই বিষয়ে প্রকাশ কৰিছে। এই পুস্তকখন উপদেশ সদৃশ লিখা হৈছে। ইব্রী পুস্তকখনত পুৰণি নিয়মৰ প্রায় 60 তকৈ অধিক ভাববাণী অতি স্পষ্টভাৱে প্রভু যীচুৱে সমাধা কৰা আৰু ইহুদী পুৰোহিতসকলৰ কৰণীয় কাৰ্য উল্লেখ কৰা হৈছে। সেই বাবেই এই পুস্তকখন ইহুদী খ্রীষ্টিয়ান সকলৰ বাবে উৎসাহজনক পুস্তক বুলি কোৱা হয়। প্রভু যীচুৱে কেনেকৈ ‘পুৰণি নিয়মৰ’ বিধি সমাধা কৰিলে, আৰু এতিয়া পুৰোহিতসকলে যে কেতিয়াও বলি উৎসৰ্গ কৰিব নালাগিব, এই বিষয়ে এই পত্ৰত উল্লেখ কৰা হৈছে। প্রভু যীচুৱে যে সকলো পাপৰ বাবে প্ৰায়চিত্তৰ বলিস্ৱৰূপ, আৰু ইয়াক যে একেবাৰতেই প্রকাশ কৰা হ’ল, সেই বিষয়েও উল্লেখ আছে। এই পত্রখনে বৰ্ত্তমানৰ খ্রীষ্টিয়ান সকলক, প্রভু যীচুক অনুসৰণ কৰি ঈশ্ৱৰত বিশ্ৱাস কৰিবলৈ আৰু আনকি তেওঁত বিশ্ৱাস ৰাখিবলৈ উৎসাহীত কৰিছে (12:2)।
এই পুস্তকখন কোনে লিখিছে, সেই বিষয়ে কোনেও সঠিক নাজানে, কিন্তু শাস্ত্রজ্ঞ্যসকলে কয় যে, সম্ভৱতঃ তেওঁলোক পাঁচনি পৌল, লূক নাইবা বাৰ্নবা। এই পুস্তকখন কেতিয়া লিখা হৈছিল, সেই বিষয়েও সঠিক জনা নাযায়। কিন্তু অনেকে ক’ব খোজে যে, প্রভু যীচু খ্রীষ্টৰ জন্মৰ প্রায় 70 বছৰৰ পিছত ইয়াক লিখা হৈছিল। 70 খ্রীষ্টাব্দত যিৰূচালেম ধ্ৱংস কৰা হৈছিল, কিন্তু এই পত্রখনৰ লিখকে কয় যে, তেতিয়ালৈকে যিৰূচালেম ধ্ৱংস কৰা হোৱা নাছিল। ৰোম নগৰত (13:24) ইব্রী পুস্তকখন লিখা হৈছিল, আৰু বোধহয় কেইবাখনো মণ্ডলীৰ মাজত ইয়াক প্রচাৰ কৰা হৈছিল।
চমু বিৱৰণঃ লিখকে দেখুৱাই যে, প্রভু যীচু ভাববাদী আৰু দূতসকলতকৈ শ্রেষ্ঠ (1:1-4:13)। এইদৰে তেওঁ দেখুৱাইছে যে, প্রভু যীচু যিৰূচালেমত থকা ঈশ্ৱৰৰ মন্দিৰৰ পৰিচৰ্যা কৰা পুৰোহিতসকলতকৈ শ্রেষ্ঠ (4:14-7:28)। আনকি ঈশ্ৱৰে মোচিৰ দ্ৱাৰাই তেওঁৰ লোকসকলৰ লগত কৰা বিধিৰ ‘পুৰণি নিয়ম’তকৈ প্রভু যীচুৰ পৰিচৰ্যা শ্রেষ্ঠ (8:1-10:31)। এই সকলোৰ পিছত, প্রভু যীচু সকলোতকৈ যে, শ্রেষ্ঠ এই বিষয়ে লিখকে কেইবাটাও ব্যৱহাৰিক পৰামৰ্শ বৰ্ণনা কৰিছে (10:32-13:17)। অৱশেষত লিখকে কিছুমান উৎসাহজনক বাক্যৰে আৰু সম্ভাষণেৰে এই পত্রখনিৰ সামৰণি মাৰিছে (13:18-25)।Chapter 1
১ অধ্যায়
যীচু স্বৰ্গৰ দূত সকলতকৈ মহান
1 পূৰ্বকালত ঈশ্বৰে ভাৱবাদী সকলৰ মাধ্যমেদি বহু বাৰ নানাভাৱে আমাৰ পূর্বপুৰুষ সকলৰ সৈতে কথা পাতিছিল 2 কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা কলে ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হবলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি সমগ্ৰ জগত খনো সৃষ্টি কৰিলে 3 সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত মহিমাময় ঈশ্বৰৰ সোঁ হাতে ওখ সিংহাসনত বহিল 4 ঈশ্বৰে তেওঁৰ পুত্রক যি নাম দিলে সেই নাম যেনেকৈ স্বৰ্গৰ দূত সকলৰ নামতকৈ অধিক উত্তম তেনেকৈ তেওঁ স্বর্গৰ দূত সকলৰ তুলনাত অনেক মহান হৈ উঠিল 5 কাৰণ ঈশ্বৰে কেতিয়াবা সেই স্বর্গৰ দূত সকলৰ মাজত কোনো এজনক কৈছিল নেকি যে আকৌ তেওঁ কেতিয়াবা তেওঁলোকক কৈছিল নেকি যে 6 পুণৰ ঈশ্বৰে যেতিয়া সেই প্রথমে জন্মা জনক জগতলৈ আনিলে তেতিয়া তেওঁ কলে ঈশ্বৰৰ সমস্ত দূত সকলে তেওঁৰ আৰাধনা কৰক 7 স্বর্গৰ দূত সকলৰ বিষয়ে ঈশ্বৰে কৈছে তেওঁ নিজৰ দূত সকলক বায়ুৰূপে আৰু নিজৰ 8 কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে কলে হে ঈশ্বৰ তোমাৰ সিংহাসন চিৰকাল স্থায়ী তোমাৰ ৰাজ্যৰ শাসন ন্যায়ৰ শাসন 9 তুমি ধাৰ্মিকতাক প্ৰেম কৰিলা আৰু দুৰাচাৰীক ঘিণ কৰিলা এই কাৰণে ঈশ্বৰে তোমাৰ ঈশ্বৰে তোমাৰ সঙ্গী সকলতকৈ তোমাক অধিক আনন্দৰূপ তেল সানি অভিষিক্ত কৰিলে 10 হে প্ৰভু তুমি আদিতে এই জগতৰ ভিত্তিমূল স্থাপন কৰিলা আকাশমণ্ডলো তোমাৰ হাতৰ কৰ্ম৷ 11 সেইবোৰ ধ্বংস হৈ যাব কিন্তু তুমি নিত্য সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব 12 তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা কাপোৰৰ দৰে সেইবোৰ সলোৱা হব কিন্তু তুমি হলে সদায় একে আছা আৰু তোমাৰ বছৰবোৰৰ কেতিয়াও শেষ নহব 13 কিন্তু ঈশ্বৰে স্বর্গৰ দূত সকলৰ মাজৰ কোনো জনক কেতিয়াবা এই কথা কৈছে নে যে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰিপীৰা 14 সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয় তেওঁলোকক পৰিত্রাণ পাবলগীয়াসকলক পৰিচর্যা কৰিবলৈ পঠোৱা হল
Chapter 2
২ অধ্যায়
পাপৰ উদ্ধাৰৰ বিষয়ে সতর্ক কৰা
1 এই কাৰণে আমি যি শুনিছো তাত পুনৰ অধিককৈ মনোযোগ দিয়া উচিত যাতে আমি ঘাটলৈ চাপি আহি পুনৰ ঘাটৰ পৰা কোনো প্ৰকাৰে দূৰলৈ ভটিয়াই নাযাওঁ 2 কিয়নো যি বাক্য স্বর্গৰ দূত সকলৰ দ্বাৰাই কোৱা হৈছিল সেই বাক্য সত্য বুলি প্রমাণিত হল পাপআচৰণ কৰা আৰু ঈশ্বৰৰ আদেশ অমান্য কৰা প্রত্যেকেই ন্যায়ৰ শাস্তি যোগ্যৰূপে পালে 3 তেনেহলে এনে এক মহৎ পৰিত্ৰাণ অগ্রাহ্য কৰিলে আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ এই উদ্ধাৰৰ কথা প্ৰথমে প্ৰভুৰ দ্বাৰাই ঘোষণা কৰা হৈছিল আৰু যি সকলে শুনিলে তেওঁলোকে আমাৰ ওচৰত সেই উদ্ধাৰৰ সত্যতা প্রমাণ কৰিলে 4 ঈশ্বৰে নানা চিন অদ্ভুত লক্ষণ অনেক পৰাক্ৰম কাৰ্য আৰু নিজৰ ইচ্ছা অনুসাৰে পবিত্ৰ আত্মাৰ নানা বৰদানৰ দ্বাৰা এই বিষয়ে সাক্ষ্য প্রদান কৰিলে 5 আমি যি ভাবী জগতৰ বিষয়ে কথা কৈছোঁ সেই বিষয় ঈশ্বৰে স্বর্গৰ দূত সকলৰ অধীনত ৰখা নাই 6 কিন্তু ইয়াৰ পৰিৱর্তে কোনো এজনে কোনো এঠাইত এই সাক্ষ্য দি কৈছে মানুহনো কি তুমি যে তেওঁক সোঁৱৰণ কৰা অথবা মানুহৰ পুত্ৰই বা কি তুমি যে তেওঁলৈ দৃষ্টি কৰা 7 তুমি স্বর্গৰ দূত সকলতকৈ মানুহক অলপহে সৰু কৰিলা কিন্তু তুমি তেওঁকেই মহিমা আৰু সন্মানৰ মুকুটেৰে বিভূষিত কৰিলা 8 আৰু সকলো বস্তু তুমি তেওঁৰ ভৰিৰ তলত ৰাখিলা 9 তথাপি আমি যীচুক দেখিছোঁ যি জনক স্বর্গৰ দূত সকলতকৈ অলপহে সৰু কৰা হল তেওঁ দুখভোগ কৰি মৃত্যুবৰণ কৰাৰ কাৰণে তেওঁক মহিমা আৰু সন্মানৰ ৰাজমুকুট পিন্ধোৱা হল সেয়েহে ঈশ্বৰৰ অনুগ্রহত প্রত্যেক মানুহৰ বাবে যীচুৱে মৃত্যুৰ আস্বাদ ললে 10 সকলো ঈশ্বৰৰ কাৰণে আৰু সকলো তেওঁৰ যোগেদি হল সেই বাবে অনেক সন্তানক ঈশ্বৰে গৌৰৱৰ ভাগী কৰাৰ উদ্দেশ্যেৰে দুখভোগৰ মাজেদি পৰিত্ৰাণৰ আদিকৰ্তাই সঠিক কাৰ্যটো সিদ্ধ কৰিলে এইটোৱে আছিল ঈশ্বৰৰ বাবে উপযুক্ত কার্য 11 যি জনে পবিত্ৰ কৰে আৰু যি সকলক পবিত্ৰ কৰা হয় সেই সকলোৱে একে জন ঈশ্বৰৰ পৰিয়ালৰ লোক সেই কাৰণে যি জনে পবিত্র কৰে সেই যীচুৱে লোক সকলক ভাই বুলি মাতিবলৈ তেওঁ লাজ নাপায় 12 যীচুৱে কৈছে মোৰ ভাই সকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ 13 তেওঁ আকৌ কৈছে তেওঁ আকৌ ইয়াকো কৈছে চোৱা এয়া মই আৰু মোৰ সন্তান সকল ঈশ্বৰে 14 ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ সেয়েহে যীচুৱে নিজেও সেই সন্তান সকলৰ দৰে এই উভয়ৰ সহভাগী হল যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই চয়তানক শক্তিহীন কৰিব পাৰে আৰু 15 মৃত্যুৰ ভয়ত যি সকলে গোটেই জীৱন দাসত্বত কটাইছিল তেওঁলোকক মুক্ত কৰি মিলন সাধন কৰিব পাৰে 16 বাস্তৱিক এই কথা সত্য যে যীচুৱে স্বর্গৰ দূত সকলক সহায় কৰা নাই কিন্তু তাৰ পৰিৱর্তে অব্ৰাহামৰ বংশধৰ সকলকহে সহায় কৰিছে 17 সেই বাবেই যীচু সকলো দিশৰ পৰা তেওঁৰ ভাই সকলৰ দৰে হোৱাৰ প্রয়োজন আছিল যাতে ঈশ্বৰৰ সাক্ষাতে তেওঁ এজন দয়ালু আৰু বিশ্বাসযোগ্য মহাপুৰোহিত হব পাৰে আৰু মানুহে পাপৰ পৰা ক্ষমা পাব পাৰে 18 কিয়নো যীচুৱে নিজে পৰীক্ষা আৰু দুখভোগৰ মাজেদি গৈছিল সেই বাবে যি সকল লোক পৰীক্ষাৰ সন্মুখীন হয় তেওঁলোকক তেওঁ সহায় কৰিব পাৰে
Chapter 3
৩ অধ্যায়
যীচু মোচিতকৈ মহান
1 এই কাৰণে হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাই সকল আপোনালোকে যীচুলৈ মনোযোগ কৰক তেওঁ আমি স্বীকাৰ কৰা পাঁচনি আৰু সেই মহাপুৰোহিত 2 ঈশ্বৰৰ পৰিয়ালৰ সমস্ত লোক সকলৰ প্রতি মোচি যেনেকৈ বিশ্বাসী আছিল তেনেকৈ যীচু নিজেও তেওঁক নিযুক্ত কৰা ঈশ্বৰৰ প্রতি বিশ্বাসী আছিল 3 কোনো লোকে যেতিয়া গৃহ নির্মাণ কৰে তেতিয়া গৃহতকৈ গৃহ নির্মাতাৰ মৰ্যদা যেনেকৈ অধিক হয় সেইদৰে ঈশ্বৰে যীচুক মোচিতকৈ অধিক গৌৰৱৰ যোগ্যপাত্রৰূপে গণিত কৰিলে 4 কাৰণ প্ৰত্যেক গৃহ কোনো জনৰ দ্বাৰাই নির্মাণ কৰা হয় কিন্তু যি জনে সকলোকে নির্মাণ কৰিলে তেওঁ ঈশ্বৰ 5 মোচি সঁচাকৈয়ে ঈশ্বৰৰ সমস্ত গৃহৰ সেৱকৰূপে বিশ্বাসযোগ্য আছিল ভৱিষ্যতত যি যি কোৱা হব সেই সকলোৰে সম্বন্ধে মোচিয়ে সাক্ষ্য দি আছিল 6 কিন্তু পুত্র হিচাপে খ্রীষ্ট হৈছে ঈশ্বৰৰ সেই গৃহৰ বিশ্বাসযোগ্য যদিহে আমি আমাৰ নিশ্চিত আশাৰ সম্পর্কে সাহস আৰু গর্ব দৃঢ়কৈ ধৰি ৰাখো তেনেহলে ঈশ্বৰৰ গৃহত আমি সকলোৱে বিশ্বাসী হওঁ 7 এই কাৰণে পবিত্ৰ আত্মাই যেনেকৈ কৈছে আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা 8 তেনেহলে তোমালোকৰ হৃদয়বোৰ কঠিন নকৰিবা যেনেকৈ ইস্রায়েলীয়া সকলে বিদ্রোহৰ দিনত কৰিছিল মৰুপ্রান্তত সেই সময়ত পৰীক্ষা কৰাৰ দৰে নকৰিবা 9 তাত তোমালোকৰ ওপৰপুৰুষ সকলে চল্লিশ বছৰ ধৰি মোৰ কার্যবোৰ দেখিছিল তথাপি তেওঁলোকে মোক পৰীক্ষা কৰাৰ দ্বাৰাই বিদ্রোহ কৰিছিল 10 গতিকে মই এই জাতিত বিৰক্ত হলো মই কলো এওঁলোক সদায় ভ্ৰান্ত হৃদয়ৰ লোক তেওঁলোকে মোৰ পথ নাজানিলে 11 তাতে মই ক্রুদ্ধ হৈ এই শপত খালোঁ এওঁলোক মোৰ বিশ্ৰামত কেতিয়াও সোমাবলৈ নাপাব 12 ভাই সকল আপোনালোকে সতর্কতাৰে চলিব যাতে কেনেবাকৈ জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ আপোনালোকৰ মাজত কোনো এজন বিশ্বাসীৰে দুষ্ট হৃদয় নহয় 13 যি সময়লৈকে আজি বোলা সময় আছে সেই সময়লৈ অাপোনালোকে প্রতিদিনে এজনে আন জনক উৎসাহ দিয়ক তাতে আপোনালোকৰ কোনো এজনৰ হৃদয় পাপৰ ছলনাত পৰি কঠিন নহওক 14 আৰম্ভণীতে খ্রীষ্টত আমাৰ যি বিশ্বাস আছিল যদি শেষলৈকে আমি সেই বিশ্বাসত নিশ্চিত হৈ থাকো তেনেহলে আমি খ্ৰীষ্টৰ সহভাগী 15 এই বিষয়ে ইয়াকে কোৱা হৈছে আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা তেনেহলে তোমালোকৰ হৃদয় কঠিন নকৰিবা 16 কোনে ঈশ্বৰৰ মাত শুনাৰ পাছতো তেওঁৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল তেওঁলোক সেই সকল লোকেই নহয় নে যি সকলক মোচিয়ে মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ আহিছিল 17 ঈশ্বৰে চল্লিশ বছৰ ধৰি কাৰ ওপৰত ক্রুদ্ধ আছিল সেই লোক সকলৰ ওপৰতে নহয় নে যি সকলে পাপ কৰিছিল আৰু যি সকলৰ মৃতদেহ মৰুপ্রান্তত পৰি আছিল 18 ঈশ্বৰে কাৰ বিৰুদ্ধে শপত খাই কৈছিল এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব যি সকল অবাধ্য তেওঁলোকৰ বিৰুদ্ধে নহয় নে 19 ইয়াতে আমি দেখো যে বিশ্বাস নকৰা বাবেই তেওঁলোক সোমাব নোৱাৰিলে
Chapter 4
৪ অধ্যায়
ঈশ্বৰৰ লোক সকলৰ বাবে বিশ্রাম
1 এতেকে আমি সতর্ক হব লাগে যাতে অাপোনালোকৰ মাজৰ কোনো ব্যক্তিকে ঈশ্বৰৰ বিশ্রামত সোমোৱাৰ যি প্ৰতিজ্ঞা সেই প্রতিজ্ঞাত যেন অযোগ্য দেখা নাযায় 2 ইস্রায়েলী লোক সকলৰ আগত যেনেকৈ ঈশ্বৰৰ বিশ্রামৰ বিষয়ে শুভ সংবাদ ঘোষণা কৰা হৈছিল তেনেকৈ আমাৰ আগতো কৰা হৈছে কিন্তু সেই শুভ সংবাদৰ শিক্ষা শুনিও তেওঁলোকৰ কোনো লাভ নহল কাৰণ তেওঁলোকে সেইবোৰ শুনি বিশ্বাসেৰে গ্রহণ নকৰিলে 3 এতিয়া আমি যি সকলে বিশ্বাস কৰিছোঁ সেই লোকসকলেহে সেই বিশ্ৰামত প্রৱেশ কৰিবলৈ পাম যি দৰে কোৱা হৈছে মই ক্রুদ্ধ হৈ শপত খালোঁ এওঁলোকে মোৰ বিশ্ৰামত 4 কিয়নো এঠাইত সপ্তম দিনৰ বিষয়ে ঈশ্বৰে কৈছিল ঈশ্বৰে সপ্তম দিনা তেওঁৰ সকলো কৰ্মৰ পৰা বিশ্ৰাম কৰিলে 5 পুনৰায় তেওঁ কৈছে এওঁলোক মোৰ বিশ্ৰামত সোমাবলৈ নাপাব 6 এতেকে কিছুমান লোকৰ প্রৱেশৰ বাবে এতিয়াও ঈশ্বৰৰ বিশ্রাম আছুতীয়াকৈ ৰখা আছে আৰু ঈশ্বৰৰ বিশ্রামৰ শুভ সংবাদ যি ইস্রায়েলী লোক সকলে প্রথমে শুনিছিল তেওঁলোকৰ অবাধ্যতাৰ কাৰণে তেওঁলোকে ঈশ্বৰৰ বিশ্রামত প্রৱেশ কৰিব নোৱাৰিলে 7 তেতিয়া ঈশ্বৰে পুণৰ এটা দিন স্থিৰ কৰিলে আৰু সেই দিনৰ বিষয়ে তেওঁ কলে আজি বহুত দিনৰ পাছত ৰজা দায়ুদৰ যোগেদি তেওঁ এই দিনৰ বিষয়ে পুনৰায় কৈছিল আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা 8 কিয়নো যিহোচুৱাই তেওঁলোকক ঈশ্বৰৰ বিশ্ৰামত লৈ যাব পৰা হলে ঈশ্বৰে পাছত আন এটা দিনৰ আজি বোলা কথাটো নকলেহেঁতেন 9 এতেকে ঈশ্বৰৰ লোকৰ কাৰণে সেই সপ্তম দিনৰ বিশ্ৰামবাৰৰ বিশ্ৰাম সংৰক্ষিত আছে 10 কিয়নো যেনেকৈ ঈশ্বৰে তেওঁৰ কৰ্ম শেষ কৰি বিশ্রাম কৰিছিল তেনেকৈ যি কোনোৱে ঈশ্বৰৰ বিশ্ৰামত প্রৱেশ কৰে তেৱোঁ নিজৰ কৰ্মৰ পৰা বিশ্ৰাম পায় 11 সেই কাৰণে আহক আমি সেই বিশ্ৰামত সোমাবলৈ যত্ন কৰোঁহক আমি কোনেও যেন সেই অবাধ্য ইস্রায়েলীয় লোক সকলৰ দৰে অবিশ্বাসৰ পুৰণি আর্হি অনুসৰণ কৰি পতিত নহম 12 কিয়নো ঈশ্বৰৰ বাক্য জীৱনময় কাৰ্যসাধক আৰু আটাই দুধৰীয়া তৰোৱালতকৈও চোকা এই বাক্য প্ৰাণ আৰু আত্মা গাঠি আৰু মজ্জা এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা মনৰ ভাৱনা আৰু অভিপ্ৰায়কো বিচাৰ কৰোঁতা 13 সৃষ্টিৰ একো বস্তুৱেই ঈশ্বৰৰ দৃষ্টিৰ অগোচৰ নহয় তেওঁৰ চকুৰ আগত সকলোৱেই উদং আৰু মুকলি৷ তেওঁৰ ওচৰত আমি অৱশ্যেই হিচাব দিব লাগিব 14 স্বর্গবোৰৰ মাজেদি যোৱা আমাৰ এজন মহান মহাপুৰোহিত আছে তেওঁ ঈশ্বৰৰ পুত্র যীচু গতিকে আহক আমি আমাৰ বিশ্বাস দৃঢ়কৈ ধৰি ৰাখোহঁক 15 কিয়নো আমাৰ মহাপুৰোহিত এনেকুৱা নহয় যে তেওঁ আমাৰ দূৰ্বলতাত আমাৰ লগত দুখ উপলব্ধি কৰিব নোৱাৰে কাৰণ তেওঁ পাপ নকৰাকৈয়ে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছিল 16 এতেকে সাহসিকতাৰ সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ
Chapter 5
৫ অধ্যায়
হাৰোণতকৈ যীচুৰ মহত্ব
1 প্ৰতিজন ইহুদী মহাপুৰোহিতক লোক সকলৰ মাজৰ পৰা মনোনীত কৰা হয় লোক সকলৰ পক্ষ হৈ ঈশ্বৰ বিষয়ক সেৱা কার্যৰ বাবে তেওঁক নিযুক্ত কৰা হয় যাতে তেওঁ মানুহৰ পাপৰ কাৰণে উপহাৰ আৰু বলিদান উৎসৰ্গ কৰে 2 মানুহৰ অজ্ঞতা আৰু ভ্রান্ত অৱস্থাত মহাপুৰোহিত জনে তেওঁলোকৰ প্রতি সহানুভুতিশীল হব পাৰে যিহেতু তেৱোঁ আন লোক সকলৰ দৰে নিজৰ দুর্বলতাৰ দ্বাৰা বেষ্টিত 3 যেনেকৈ আন লোক সকলৰ পাপৰ কাৰণে তেওঁ বলি উৎসর্গ কৰে তেনেকৈ নিজে দুর্বল হোৱা কাৰণে নিজৰ কাৰণেও তেওঁ সেই বলি উৎসর্গ কৰা আৱশ্যক 4 মহাপুৰোহিত হোৱা সন্মানৰ বিষয় আৰু কোনেও এই সন্মান নিজে লব নোৱাৰে কিন্তু ঈশ্বৰে যি জনক আমন্ত্রণ কৰে তেৱেঁই সেই সন্মান পায় যি দৰে হাৰোণক এই কার্যত আমন্ত্রণ কৰা হৈছিল 5 সেইদৰে খ্ৰীষ্টেও মহাপুৰোহিত হৈ নিজে মহিমা লবলৈ নিজকে মনোনীত নকৰিলে কিন্তু ঈশ্বৰেই তেওঁক কলে তুমি মোৰ পুত্ৰ 6 সেইদৰে আন এঠাইত কৈছে তুমি চিৰকালৰ কাৰণে ৰীতি অনুসাৰে হোৱা এজন পুৰোহিত 7 যীচু যেতিয়া এই জগতত নিজ শৰীৰত বাস কৰিছিল যি জনে তেওঁক মৃত্যুৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে সেই ঈশ্বৰৰ ওচৰত চকুলোৰে সৈতে অতিশয় ক্ৰন্দন কৰি অনুৰোধ আৰু প্রার্থনা কৰিছিল ঈশ্বৰৰ প্রতি থকা ঈশ্বৰীয় ভয়ৰ কাৰণে ঈশ্বৰে তেওঁৰ প্রার্থনা শুনিলে 8 যীচু ঈশ্বৰৰ পুত্ৰ হোৱা সত্ত্বেও দুখভোগ কৰিছিল আৰু তাৰ মাজেদিয়েই তেওঁ বাধ্যতাৰ শিক্ষা পালে 9 এইভাৱে যীচুৱে মহাপুৰোহিতৰূপে পূর্ণ সিদ্ধতা লাভ কৰিলে আৰু সেয়ে তেওঁৰ বাধ্য হোৱা সকলোৰে কাৰণে তেওঁ অনন্ত পৰিত্ৰাণৰ উৎস হল 10 আৰু মল্কিচেদকৰ ৰীতি অনুসাৰে হোৱা মহাপুৰোহিত বুলি ঈশ্বৰৰ দ্বাৰাই অভিহিত হল 11 যীচুৰ বিষয়ে আমাৰ অনেক কথা কবলৈ আছে কিন্তু আপোনালোকৰ কাণ গধুৰ হোৱা বাবে সেই বিষয় বুজাবলৈ টান 12 ইমান দিনে আপোনালোক শিক্ষক হৈ উঠিব লাগিছিল কিন্তু তাৰ পৰিৱর্তে এতিয়াও কোনোৱে যেন পুনৰাই আপোনালোকক ঈশ্বৰৰ বচন সমূহৰ আদিকথাৰূপ বৰ্ণমালা শিকায় আপোনালোকৰ এনে প্ৰয়োজন হৈ পৰিছে আপোনালোক এনেকুৱা মানুহ হল যে টান আহাৰ নহয় গাখীৰহে আপোনালোকৰ প্ৰয়োজন হৈ আছে 13 কিয়নো যাৰ ভোজন মাথোন গাখীৰ তেওঁতো এতিয়াও শিশু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত সেই ব্যক্তিৰ কোনো অভিজ্ঞতা নাই 14 কিন্তু টান আহাৰ হলে সম্পূৰ্ণ বয়সপ্রাপ্ত সকলৰ বাবেহে অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ কঠিন শিক্ষাবোৰ বুজি অভ্যাস কৰে তেওঁলোকে ভুল আৰু শুদ্ধ বিচাৰ কৰাত নিপুণ হৈ ভালবেয়া নিৰ্ণয় কৰিবলৈ শিকিছে
Chapter 6
৬ অধ্যায়
1 এতেকে খ্ৰীষ্টৰ বিষয়ে আমি যি প্রাথমিক শিক্ষা পালোঁ তাক পাছ পেলাই আহক আমি পৰিপূর্ণতাৰ ফালে আগবাঢ়ি যাওঁ পুনৰায় যেন আমি মৃত কৰ্মৰ পৰা মনপালটন আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস 2 নানাবিধ বাপ্তিস্ম আৰু হাত দিয়াৰ বিষয়ে শিক্ষা মৃত লোকৰ পুনৰুত্থান আৰু স্থায়ী অনন্ত দণ্ডৰ বিষয়ে নতুনকৈ ভিত্তিমূল স্থাপন নকৰোঁ 3 অৱশ্যে ঈশ্বৰে অনুমতি দিলে আমি তাকেই কৰিম 4 কিয়নো যি সকলে এবাৰ পোহৰ প্রাপ্ত হৈছে তেওঁলোকেই স্বৰ্গীয় দানৰ আস্বাদ পালে আৰু পবিত্ৰ আত্মাৰ সহভাগী হল৷ 5 কিন্তু যি সকলে ঈশ্বৰৰ মঙ্গলময় বাক্যৰ আস্বাদ পালে ভাবী যুগৰ নানা পৰাক্ৰমৰ বিষয়ে জানিলে 6 আৰু তাৰ পাছত যদি তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে গৈ ভ্ৰষ্ট হয় তেনেহলে তেওঁলোকক পুনৰ মনপালটন কৰা অসাধ্য কাৰণ তেওঁলোকে নিজৰ অর্থে ঈশ্বৰৰ পুত্ৰক পুণৰ ক্ৰুচত দিলে আৰু প্ৰকাশ্যৰূপে মানুহৰ আগত তেওঁক নিন্দাৰ পাত্ৰ কৰিলে 7 যি মাটিয়ে তাৰ ওপৰত ঘনে ঘনে পৰা বৰষুণ শুহি লয় আৰু সেই মাটি চহাই কাম কৰা সকলৰ কাৰণে সেই মাটিয়ে প্রয়োজনীয় শাকপাচলি আদি উৎপন্ন কৰে সেই মাটিয়ে ঈশ্বৰৰ আশীৰ্বাদ পায় 8 কিন্তু সেই মাটিয়ে যদি কাঁইট গছ আৰু পুলি কাঁইট উৎপন্ন কৰে তেনেহলে ই অকামিলা হৈ যায় আৰু সেই মাটি অভিশপ্ত হবলৈ গৈ আছে তাৰ শেষগতি জ্বলন 9 প্ৰিয় বন্ধু সকল যদিও আমি এইবোৰ কথা কৈছোঁ তথাপি অাপোনালোকৰ বিষয়ে হলে আমাৰ এনে দৃঢ় বিশ্বাস আছে যে আপোনালোকৰ অৱস্থা ইয়াতকৈয়ো ভাল আৰু আপোনালোকে যি কৰি আছে সেয়া পৰিত্রাণ লাভৰে পদক্ষেপ 10 কিয়নো ঈশ্বৰ এনে অধাৰ্মিক বিচাৰক নহয় যে আপোনালোকৰ পৰিশ্রম আৰু তেওঁৰ নামৰ বাবে পবিত্ৰ লোক সকলৰ প্রতি আপোনালোকে যি সেৱা যত্ন কৰিলে আৰু এতিয়াও একে সেৱা যত্ন কৰি প্রেম দেখুৱাই আছে ঈশ্বৰে এইবোৰ কেতিয়াও নাপাহৰে 11 আমি বিচাৰো আপোনালোক প্রত্যেক জনে যেন শেষ পর্যন্ত একেই ধৰণৰ আগ্রহ দেখুওৱা লোক হয় তাতে আপোনালোকে সম্পূর্ণকৈ নিশ্চিত হব যে আপোনালোকৰ আশা পূর্ণ হব 12 আপোনালোক এলেহুৱা হোৱাটো আমি নিবিচাৰোঁ আমি বিচাৰো যি সকলে বিশ্বাস আৰু ধৈর্যৰ দ্বাৰাই ঈশ্বৰৰ প্ৰতিজ্ঞা সমূহ লাভ কৰে আপোনালোক তেওঁলোকৰ অনুকাৰী হওক 13 ঈশ্বৰে যেতিয়া অব্ৰাহামলৈ এটি প্ৰতিজ্ঞা কৰিছিল তেতিয়া ঈশ্বৰতকৈ মহান কোনো নথকাত তেওঁ নিজৰ নামেৰেই শপত খাইছিল 14 তেওঁ কৈছিল মই অৱশ্যেই তোমাক আশীৰ্বাদ কৰিম আৰু অতিশয়ৰূপে তোমাৰ বংশও বৃদ্ধি কৰিম 15 তাতে অব্রাহামে ধৈর্যেৰে অপেক্ষা কৰিলে আৰু পাছত তেওঁ সেই প্ৰতিজ্ঞাৰ ফল পালে 16 মানুহে নিজতকৈ মহান কোনো ব্যক্তিৰ নামেৰেহে শপত খায় শপতৰ দ্বাৰা নিজৰ প্রতিজ্ঞা ৰক্ষাৰ নিশ্চয়তা দান কৰিলে তেওঁলোকৰ সকলো বিবাদৰ অৱসান হয় 17 সেইদৰে ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰী সকলক শপতৰ মাধ্যমেদি নিশ্চয়তা দি অধিক স্পষ্টৰূপে দেখুৱাব বিচাৰিলে যে তেওঁৰ সেই উদ্দেশ্য অপৰিবর্তনীয় 18 ঈশ্বৰে এই কার্য দুটা অপৰিবর্তনীয় বিষয়ৰ দ্বাৰাই কৰিছিল যি বিষয়ত ঈশ্বৰে মিছাকোৱা অসাধ্য আমি যি সকলে ঈশ্বৰৰ ওচৰত আশ্রয় বিচাৰি পলাই আহিলোঁ আমি আমাৰ আগত থকা আশাক যেন দৃঢ়তাৰে ধৰিবলৈ প্রচুৰ উৎসাহ পাওঁ তাৰ কাৰণে ইয়াকে কৰিলোঁ 19 আমাৰ যি আশা আছে সেই আশা আমাৰ প্ৰাণৰ লঙ্গৰ স্বৰূপ সেয়ে নিশ্চিত আৰু দৃঢ় সেই আশাই আঁৰকাপোৰৰ ভিতৰ ফালে মন্দিৰৰ মহা পবিত্র স্থানত আমাক প্রৱেশ কৰায় 20 যীচু যি জন মল্কিচেদকৰ ৰীতি অনুযায়ী চিৰকালৰ বাবে মহাপুৰোহিত হল তেওঁ আমাৰ কাৰণে অগ্রগামী হৈ সেই ঠাইত প্রৱেশ কৰিলে
Chapter 7
৭ অধ্যায়
যীচুৰ পৌৰোহিত্য সৰ্ব্বশ্ৰেষ্ঠ, সিদ্ধ, চিৰস্থায়ী
1 এই মল্কিচেদক চালেমৰ ৰজা আৰু সৰ্ব্বোপৰি ঈশ্বৰৰ পুৰোহিত আছিল অব্রাহামে যেতিয়া ৰজা সকলক পৰাস্ত কৰি উলটি আহিছিল তেতিয়া তেওঁৰ লগত অব্ৰাহামৰ সাক্ষাৎ হল আৰু মল্কিচেদকে অব্রাহামক আশীর্বাদ কৰিলে 2 অব্ৰাহামে যি সকলো অধিকাৰ কৰিছিল তাৰ পৰা দহ ভাগৰ এভাগ তেওঁক দিছিল মল্কিচেদকৰ নামৰ অর্থ হৈছে ধাৰ্মিকতাৰ ৰজা আৰু তেওঁ চালেমৰ ৰজা অৰ্থাৎ শান্তিৰাজ 3 মল্কিচেদকৰ পিতৃ মাতৃ বা তেওঁৰ পূর্বপুৰুষৰ কোনো বংশতালিকা নাছিল তেওঁৰ আৰম্ভণ আৰু শেষ জীৱনৰ কোনো নথিপত্র নাই ঈশ্বৰৰ পুত্রৰ দৰে তেওঁ হৈছে চিৰকালৰ পুৰোহিত 4 এতিয়া বিবেচনা কৰি চাওক এই মল্কিচেদক কিমান মহান পুৰুষ আছিল যি জনক আমাৰ আদিপিতৃ অব্ৰাহামে যুদ্ধত লুট কৰা উত্তম বস্তুৰ দহ ভাগৰ এভাগ দিছিল 5 লেবীৰ সন্তান সকলৰ মাজৰ যি সকলে পুৰোহিত বাব পালে তেওঁলোকে নিজৰ ভাই ইস্রায়েলীয় সন্তান সকলৰ পৰা বিধান অনুসাৰে দশমাংশ গ্রহণ কৰাৰ আদেশ পালে যদিও তেওঁলোক উভয়েই অব্রাহামৰ বংশধৰ 6 কিন্তু মল্কিচেদক যি জন লেবীৰ বংশধৰ নোহোৱাতো তেওঁ অব্ৰাহামৰ পৰা দশম ভাগ লৈছিল আৰু যি জনৰ ওচৰত ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল সেই অব্রাহামক তেওঁ আশীৰ্বাদো কৰিছিল 7 এই বিষয়ত কোনো সন্দেহ নাই যে সৰু লোকেই সকলো সময়ত ডাঙৰৰ পৰা আশীৰ্বাদ লাভ কৰে 8 এফালে দেখা যায় যি সকলে দশম ভাগ পায় তেওঁলোক মৃত্যুৰ অধীন মানুহ কিন্তু আনফালে যি জনে অব্রাহামৰ পৰা দহ ভাগৰ এভাগ পালে তেওঁ জীয়াই আছে বুলি সাক্ষ্য পোৱা হৈছে 9 পুণৰ ইয়াক এনেকৈয়ো কব পাৰি যে লেবীয়ে দহ ভাগৰ এভাগ পাইছিল আৰু তেওঁ নিজেও অব্ৰাহামৰ যোগেদি দহ ভাগৰ এভাগ দিলে 10 কিয়নো মল্কিচেদকৰ সৈতে যেতিয়া অব্রাহামৰ সাক্ষাৎ হৈছিল তেতিয়া লেবী তেওঁৰ পূর্বপুৰুষ আব্রাহামৰ শৰীৰৰ ভিতৰত আছিল 11 লেবীয়া পৌৰহিত্যৰ অধীনত লোক সকলে বিধান পালে এতেকে সেই লেবীয়া পুৰোহিতৰ কার্যৰ দ্বাৰাই যদি পূৰ্ণতা লাভ কৰিব পাৰি তেনেহলে আন এজন পুৰোহিতৰ প্রয়োজন নহলহেঁতেন যি জন প্রথম লেবীয়া পুৰোহিত হাৰোণৰ ৰীতিৰ নিচিনা নহয় কিন্তু মল্কিচেদকৰ ৰীতিৰ নিচিনা আছিল 12 যেতিয়া পুৰোহিতৰ সলনি হয় তেতিয়া বিধানো সলনি হোৱা আৱশ্যক 13 যি জনৰ বিষয়ে এই সকলো কথা কোৱা হৈছে তেওঁতো অন্য এক ফৈদৰ সেই ফৈদৰ পৰা কোনেও কেতিয়াও বেদীৰ কৰ্ম কৰা নাই 14 কাৰণ ই সুস্পষ্ট যে আমাৰ প্ৰভু যিহূদা ফৈদৰ পৰা আহিছে আৰু এই বংশৰ বিষয়ে পুৰোহিত হোৱাৰ বিষয়ে মোচিয়ে কেতিয়াও একো কোৱা নাই 15 এইবোৰ বিষয় অধিক পৰিস্কাৰ হৈ যায় যেতিয়া মল্কিচেদকৰদৰে আন এজন পুৰোহিতৰ উৎপন্ন হল 16 এই নতুন পুৰোহিত জন মানৱীয় ৰীতিনীতি আৰু বিধান অনুযায়ী পুৰোহিত হোৱা নাই কিন্তু তেওঁ এক ধ্বংসহীন জীৱনৰ শক্তিৰ যোগেদি তেনে হল 17 কিয়নো শাস্ত্রই তেওঁৰ বিষয়ে এই সাক্ষ্য দিছে তুমি চিৰকালৰ বাবে মল্কিচেদকৰ ৰীতি অনুসাৰে পুৰোহিত হৈছা 18 পুৰণি বিধান দূৰ কৰা হল কাৰণ ই দুর্বল আৰু নিষ্ফল হৈ পৰিছিল 19 কিয়নো মোচিৰ বিধানে একোকে সিদ্ধ কৰিব নোৱাৰিলে এতিয়া আমাৰ ওচৰত এক উত্তমতাৰ আশা আছে আৰু সেই আশাৰ মাজেদি আমি ঈশ্বৰৰ ওচৰ চাপি যাওঁ 20 এই উত্তমতাৰ আশা ঈশ্বৰে এক শপত নোলোৱাকৈ হোৱা নাছিল কিন্তু আন সকল পুৰোহিত হোৱাৰ সময়ত হলে ঈশ্বৰে কোনো শপত লোৱা নাছিল 21 ঈশ্বৰে যীচুক মহাপুৰোহিত কৰাৰ সময়ত এক শপত খালে প্রভুৱে শপত খালে আৰু তেওঁ এই বিষয়ত নিজৰ 22 এই শপতৰ দ্বাৰাই যীচু উত্তমতাৰ এক বিধানৰ জামিনদাৰী হল 23 লেবী সকলৰ অনেকেই এজনৰ পাছত আন জন পুৰোহিত হল আৰু মৃত্যু হোৱাৰ কাৰণে কোনো এজনে অনন্তকাল পৰিচর্যা কৰি যাব নোৱাৰিলে 24 কিন্তু যীচু চিৰকাল জীৱিত আছে বাবে তেওঁৰ পুৰোহিত পদো চিৰস্থায়ী 25 সেয়েহে যি সকলে যীচুৰ মাধ্যমেদি ঈশ্বৰৰ কাষ চাপে তেওঁলোকক যীচুৱে সম্পূর্ণকৈ ৰক্ষা কৰিব পাৰে কাৰণ তেওঁলোকৰ বাবে ঈশ্বৰৰ ওচৰত নিবেদন কৰিবলৈ যীচু সদায় জীয়াই আছে 26 এনেকুৱা নিষ্পাপ শুদ্ধ পবিত্ৰ পাপী সকলৰ পৰা পৃথক হোৱা এজন মহাপুৰোহিত আমাৰ বাবে প্রয়োজন আছিল আকাশমণ্ডলৰ উর্দ্ধতো তেওঁক তুলি নিয়া হৈছিল 27 আন মহাপুৰোহিত সকলৰ নিচিনাকৈ প্রতিদিনে প্রথমে নিজৰ আৰু তাৰ পাছত লোক সকলৰ পাপৰ কাৰণে বলি উৎসর্গ কৰাৰ তেওঁৰ কোনো প্রয়োজন নাই কাৰণ তেওঁ নিজকে বলিৰূপে উৎসর্গ কৰাৰ দ্বাৰাই এই কাম সকলোৰে কাৰণে এবাৰেই সাধন কৰিলে 28 কিয়নো বিধান অনুসাৰে যি মহাপুৰোহিত সকলক নিযুক্ত কৰা হয় তেওঁলোক দুৰ্বল মানুহ কিন্তু বিধানৰ পাছত ঈশ্বৰৰ শপত বাক্যৰ দ্বাৰা যি জনক মহাপুৰোহিতৰূপে নিযুক্তি দিয়া হল তেওঁ চিৰকালৰ অৰ্থে সিদ্ধ ঈশ্বৰৰ পুত্ৰ
Chapter 8
৮ অধ্যায়
যীচু আমাৰ মহা-পুৰোহিত
1 এতিয়া আমি যি বিষয়ে কবলৈ লৈছোঁ তাৰ সাৰ কথা হৈছে আমাৰ এজন মহাপুৰোহিত আছে যি জন স্বৰ্গত মহিমাময় সিংহাসনৰ সোঁফালে বহিল ৷ 2 তেওঁ মহাপবিত্ৰ স্থানত প্ৰকৃত উপাসনা তম্বুৰ সেৱক হৈছে৷ সেই তম্বু কোনো মৰ্ত্ত্যৰ দ্বাৰা স্থাপন কৰা নহয় কিন্তু প্ৰভুৰ দ্বাৰা স্থাপিত হৈছে৷ 3 প্ৰত্যেক মহাপুৰোহিতক বলি আৰু উপহাৰ উৎসৰ্গ কৰিবলৈ নিযুক্ত কৰা হয়৷ এতেকে এই মহাপুৰোহিত সকলেও কিবা বস্তু উৎসৰ্গ কৰিব লাগে 4 কিন্তু খ্ৰীষ্ট যদি জগতত থাকিলহেঁতেন তেওঁ এজন পুৰোহিত হব নোৱাৰিলেহেঁতেন কিয়নো আগৰ বিধান অনুসাৰে উপহাৰ আদি উৎসৰ্গ কৰিবলৈ পুৰোহিত আছে 5 পুৰোহিত সকলৰ এই কাম স্বৰ্গীয় কামৰ এক নমুনা আৰু ছাঁয়া মাথোন৷ কিয়নো মোচিয়ে যেতিয়া সেই উপাসনা তম্বুটো নিৰ্ম্মাণ কৰিবলৈ লৈছিল তেতিয়া তেওঁক ঈশ্বৰে এই বুলি সতৰ্ক কৰি দিছিল চাবা পাহাৰৰ ওপৰত তোমাক যি নমুনা দেখুওৱা হল ঠিক সেইদৰে নিৰ্ম্মাণ কৰিবা 6 কিন্তু এতিয়া খ্ৰীষ্টক যি কার্যত নিয়োগ কৰা হৈছে সেয়া সেই মহাপুৰোহিত সকলতকৈয়ো অধিক গুণে উত্তম৷ কাৰণ তেওঁ এক উত্তম বিধানৰ মধ্যস্থ হৈছে যি বিধান আগতকৈ অধিক গুণে শ্ৰেষ্ঠ৷ এই বিধান শ্ৰেষ্ঠ বিষয়ৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত স্থাপিত হৈছে৷ 7 কিয়নো সেই প্ৰথম বিধান নিৰ্দোষী হোৱা হলে দ্বিতীয়টোৰ কোনো প্ৰয়োজন নহলহেঁতেন 8 কিন্তু ঈশ্বৰে লোক সকলৰ মাজত দোষক্ৰুটি দেখাত কলে প্ৰভুৱে কৈছে চোৱা সময় আহিছে মই ইস্ৰায়েলৰ আৰু যিহূদাৰ লোক সকলৰ সৈতে এটা নতুন নিয়ম সম্পন্ন কৰিম 9 যি সময়ত মই মিচৰ দেশৰ পৰা তেওঁলোকৰ ওপৰপুৰুষ সকলক হাতত ধৰি উলিয়াই আনিছিলো সেই সময়ত তেওঁলোকৰ কাৰণে যি বিধান দিছিলোঁ এই নতুন বিধান সেই বিধান অনুসাৰে নহব৷ তেওঁলোকে মোৰ সেই বিধানত নচলিল বাবে মই পুনৰ তেওঁলোকলৈ মনোযোগ নিদিলোঁ৷ প্ৰভুৱে এই কথা কৈছে৷ 10 প্ৰভুৱে পুনৰ কৈছে সেই সময়ৰ পাছত ইস্ৰায়েলবংশৰ কাৰণে মই এই নিয়ম স্থাপন কৰিম তেওঁলোকৰ চিত্তত মোৰ বিধান দিম আৰু তেওঁলোকৰ হৃদয়ত তাক লিখিম মই তেওঁলোকৰ ঈশ্বৰ হম আৰু তেওঁলোক মোৰ লোক হব 11 প্ৰভুক জানা এই বুলি নিজৰ প্ৰতিবেশীক আৰু নিজ নিজ ভায়েকক কোনো লোকে পুনৰ শিক্ষা নিদিব৷ কাৰণ সৰুৰ পৰা বৰলৈকে সকলোৱে মোক জানিব৷ 12 মই তেওঁলোকৰ প্ৰতি দয়া দেখুৱাই অধাৰ্মিকতাৰ কাৰ্যবোৰ ক্ষমা কৰিম 13 ঈশ্বৰে এই নিয়মক নতুন বুলি কৈ প্ৰথমটোক পুৰণি কৰিলে অৰ্থাৎ অপ্ৰচলিত কৰিলে কিন্তু যিটো পুৰণি সেয়া জীৰ্ণপ্ৰায় বুলি ঘোষণা কৰিলে আৰু ই শীঘ্ৰেই অদৃশ্য হবলৈ উদ্যত হৈ আছে৷
Chapter 9
৯ অধ্যায়
পুৰণি ব্যৱস্থা অনুযায়ী উপাসনা
1 সেই প্ৰথম ব্যৱস্থাত এই জগতত সেৱা উপাসনা কৰিবলৈ নানা বিধান দিয়া হৈছিল আৰু উপাসনাৰ বাবে এটি মহাপবিত্ৰ স্থান আছিল৷ 2 সেই অনুসাৰে এটা তম্বু নির্ম্মাণ কৰা হৈছিল আৰু তাৰ ভিতৰত এটা কোঠালি যুগুত কৰিছিল৷ সেই তম্বুৰ প্ৰথম অংশক পবিত্ৰ স্থান বোলা হয় তাতে দীপাধাৰ মেজ আৰু ঈশ্বৰলৈ উৎসৰ্গ কৰা বিশেষ পিঠা থাকে 3 আৰু দ্বিতীয় আঁৰকাপোৰৰ পাছফালে আন এটা অংশ আছিল সেই অংশক মহাপবিত্ৰ স্থান বোলা হৈছিল৷ 4 এই অংশত ধুপ জ্বলোৱাৰ কাৰণে সোণৰ বেদী অাৰু ব্যৱস্থাৰ নিয়মচন্দুক আছিল ইয়াৰ চাৰিওফালে সোণৰ পতা মৰা আছিল আৰু তাৰ ভিতৰত আছিল মান্না থকা সোণৰ ঘট হাৰোণৰ লাখুটি যত কুঁহি ওলাইছিল আৰু বিধান থকা দুখন শিলৰ ফলি 5 সেই চন্দুকৰ ওপৰত প্ৰতাপৰ দুটা সোণৰ কৰূব আছিল সিহঁতৰ পাখিবোৰে সেই চন্দুকৰ ঢাকনিৰ ওপৰত ছাঁ দি ৰাখিছিল৷ এই সকলোৰ বিষয়ে আমি এতিয়া ভাঙি পাতি কবলৈ নোৱাৰিম 6 এইদৰে সেইবোৰ নিৰ্ম্মিত হোৱাত পুৰোহিত সকলে উপাসনাৰ কাৰ্য সিদ্ধ কৰিবলৈ প্ৰথম কোঁঠালিত সদায় সোমায় 7 কিন্তু দ্বিতীয়টোত হলে কেৱল মহাপুৰোহিতে অকলে বছেৰেকত এবাৰ সোমায় তেওঁ নিজৰ পাপৰ কাৰণে আৰু মানুহবোৰে নাজানি কৰা পাপৰ কাৰণে উৎসৰ্গ কৰা পশুৰ তেজ নোলোৱাকৈ নোসোমায় 8 ইয়াতে পবিত্ৰ আত্মাই জনাইছে যে যিমান দিন এই প্ৰথম উপাসনাৰ তম্বু থাকিব সিমান দিনলৈ সেই মহাপবিত্ৰ স্থানত সোমোৱা প্ৰৱেশৰ পথ খোলা নহব 9 ই আজিৰ কাৰণে এটা দৃষ্টান্ত স্বৰূপ উৎসৰ্গিত বলি আৰু উপহাৰে উপাসনাকাৰীৰ বিবেকক সম্পূৰ্ণ ৰূপে নিখুঁত কৰিব পৰা নাই৷ 10 এইবোৰ কেৱল আহাৰ পানীয় আৰু নানা বিধ বাহ্যিক শুচিতাৰ স্নান এই সকলো নতুন আদেশ নহালৈকে মাংসিক ধর্মবিধি মাত্ৰ৷ 11 ভৱিষ্যত মঙ্গলৰ মহাপুৰোহিত স্বৰূপে খ্ৰীষ্ট আহিল তেওঁ অধিক মহত্ত্ব আৰু অধিক সিদ্ধতাৰ তম্বুৱেদি আহিল এই তম্বু মানুহৰ হাতেৰে বনোৱা নহয় এই জগতৰ কোনো বস্তুৱেদিও নহয়৷ 12 ছাগলীৰ আৰু দামুৰিৰ তেজ উৎসৰ্গ কৰাৰ গুণে নহয় কিন্তু তেওঁ নিজৰ তেজৰ গুণে খ্ৰীষ্ট একেবাৰতে সকলোৰে কাৰণে অতি পবিত্ৰ স্থানত সোমাই আমাৰ বাবে অনন্তকাল স্থায়ী মুক্তি উপাৰ্জন কৰিলে 13 ছাগলী বা ষাড়ৰ তেজ আৰু চেঁউৰীৰ ভস্ম উৎসৰ্গ কৰা এইবোৰ অশুচি মানুহৰ ওপৰত চতিয়াই তেওঁলোকৰ শৰীৰৰ পবিত্ৰ কৰে৷ 14 তেনেহলে যি জনে অনন্ত আত্মাৰে ঈশ্বৰৰ উদ্দেশ্যে নিৰ্দোষী বলি স্বৰূপে নিজকে উৎসর্গ কৰিলে সেই খ্ৰীষ্টৰ তেজে আমাৰ বিবেকক মৃত কর্মৰ পৰা কিমান অধিক গুণে পবিত্ৰ কৰিব যাতে আমি জীৱনময় ঈশ্বৰৰ সেৱা কৰিব পাৰোঁ৷ 15 সেই কাৰণে খ্ৰীষ্টে নতুন নিয়মৰ মধ্যস্থ হল৷ যাতে ঈশ্বৰে যি সকলক আমন্ত্ৰণ কৰি অনন্ত কালৰ অধিকাৰ দিয়াৰ প্ৰতিজ্ঞা কৰিছিল তেওঁলোকে যেন অধিকাৰ পায় কাৰণ প্ৰথম বিধান চলি থকাৰ সময়ত তেওঁলোকে যি পাপ কৰিলে সেই পাপৰ পৰা তেওঁলোকক মুক্তি দিবলৈ খ্ৰীষ্টই আপোন প্ৰাণ দিলে৷ 16 কোনোবাই নিয়মপত্ৰ কৰি গলে যি জনে নিয়মপত্ৰ কৰে তেওঁৰ মৃত্যুৰ প্ৰমাণ পোৱা আৱশ্যক 17 মৃত্যু ঘটিলেহে নিয়মপত্ৰ কাৰ্যকৰী হয় কাৰণ নিয়মপত্র কৰা জন জীয়াই থকালৈকে সেই নিয়মপত্ৰ কাৰ্যকৰী নহয়৷ 18 ঠিক সেইদৰে সেই প্ৰথম বিধান তেজ উৎসৰ্গ নকৰাকৈ স্থাপন নহল 19 সকলো লোকৰ ওচৰত বিধানৰ প্ৰতিটো আদেশ ঘোষণা কৰাৰ পাছত মোচিয়ে উৎসৰ্গ কৰা দামুৰি আৰু ছাগলীৰ তেজ লৈ তাৰ লগত পানী মিহলাই উজ্বল ৰঙা বৰণীয়া মেষৰ নোম আৰু এচোব বনেৰে সৈতে বিধান পুস্তক আৰু সকলো মানুহৰ ওপৰত চতিয়াই দিছিল৷ 20 তেতিয়া তেওঁ কৈছিল ঈশ্বৰে তোমালোকৰ উদ্দেশ্যে দিয়া যি বিধানৰ আজ্ঞা এয়ে সেই নিয়মৰ উৎসৰ্গিত তেজ 21 উপাসনা তম্বু আৰু সেৱা কাৰ্যত ব্যৱহৃত সকলো পাত্ৰৰ ওপৰত মোচিয়ে সেইদৰে উৎসৰ্গিত বলিৰ তেজ ছটিয়াই দিছিল৷ 22 বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে শুচি কৰা হয় তেজ উলিওৱা নহলে পাপমোচন নহয় 23 এতেকে যি স্বৰ্গীয় বিষয়ৰ নকল মাত্ৰ সেইবোৰ এই উপায়েৰে শুচি কৰা হোৱা আৱশ্যক কিন্তু আচল যি স্বৰ্গীয় বিষয় সেয়ে ইয়াতকৈ শ্ৰেষ্ঠ বলিদানৰ দ্বাৰাই শুচি কৰা হোৱা আৱশ্যক 24 কিয়নো প্ৰকৃতিৰ প্ৰতিৰূপ মাত্ৰ যি হাতে কৰা পবিত্ৰ স্থান সেয়া সত্যৰ নকলহে মাত্র খ্ৰীষ্ট সেই ঠাইত নোসোমাল কিন্তু সম্প্ৰতি আমাৰ কাৰণে তেওঁ ঈশ্বৰৰ সাক্ষাতে উপস্থিত হবলৈ স্বৰ্গতহে সোমাল 25 কিন্তু মহাপুৰোহিতে যেনেকৈ পৰৰ তেজ লৈ বছৰে বছেৰে পবিত্ৰ স্থানত সোমায় তেনেকৈ তেওঁ বাৰে বাৰে নিজকে উৎসৰ্গ কৰিবলৈ যে সোমাল এনে নহয় 26 সেয়ে হোৱা হলে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখভোগ কৰিব লাগিলহেঁতেন কিন্তু এতিয়া তেওঁ আত্মবলিদানৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হল 27 আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সোধবিচাৰ মানুহৰ কাৰণে নিৰূপিত আছে 28 তেনেকৈ খ্ৰীষ্টও অনেকৰ পাপৰ ভাৰ ববৰ কাৰণে এবাৰ উৎসৰ্গিত হল আৰু দ্বিতীয় বাৰ হলে পাপৰ ববলৈ নহয় কিন্তু তেওঁলৈ অপেক্ষা কৰি থকা সকলক তেওঁ পৰিত্ৰাণৰ অৰ্থে দৰ্শন দিব
Chapter 10
১০ অধ্যায়
নতুন নিয়ম অনুসাৰে যজ্ঞৰ উৎকৃষ্টতা
1 কিয়নো বিধান ভাবি মঙ্গলৰ ছায়া বিশিষ্ট হৈ বিধান সেইবোৰ বিষয়ৰ প্ৰকৃত ৰূপ নহয়৷ সেয়েহে যি সকল পুৰোহিতে ঈশ্বৰৰ উপাসনা কৰিবলৈ আহে তেওঁলোকে বছৰ বছৰ একে ৰূপে বাৰে বাৰে বলিদান কৰে কিন্তু বিধানে সেইবোৰৰ দ্বাৰাই চাপি যোৱা সকলক কেতিয়াও সিদ্ধ কৰিব নোৱাৰে 2 পৰা হলে উৎসৰ্গ কৰা স্থগিত হলহেতেন নহয় নে কিয়নো আৰাধনাকাৰী সকল এবাৰ শুচিকৃত হোৱা হলে তেওঁলোকৰ কোনো পাপ বিবেক পুনৰ নাথাকিলেহেতেন 3 কিন্তু সেই সকলোবোৰৰ দ্বাৰাই বছৰে বছৰে পাপহে সোঁৱৰণ কৰা হৈছে 4 কিয়নো পাপ গুচাবলৈ উৎসৰ্গিত বলি ষাড় আৰু ছাগলীৰ তেজৰ সাধ্য নাই৷ 5 এই হেতুকে খ্ৰীষ্টে জগতত সোমোৱা কালত কয় তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা কিন্তু মোৰ বাবে শৰীৰ যুগুত কৰিলা 6 হোমত আৰু পাপাৰ্থক বলিদান উৎসৰ্গ কৰাত তুমি সন্তুষ্ট নহলা 7 তেতিয়া মই কলোঁ চোৱা মই আহিলোঁ পুস্তকত মোৰ বিষয়ে যেনেদৰে লিখা আছে হে ঈশ্বৰ মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ 8 তেওঁ পূৰ্বৰ বিৱৰণ অনুসৰি কয় বলিদান নৈবেদ্য হোম আৰু পাপাৰ্থক বলিদানলৈ তুমি ইচ্ছা নকৰিলা আৰু সেইবোৰত সন্তুষ্টও নহলা যদিও এইবোৰ বলিদান বিধান অনুসৰি উৎসৰ্গ কৰা হয়৷ 9 তাৰ পাছত কলে চোৱা মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ তেওঁ দ্বিতীয়টো স্থাপিত কৰিবৰ কাৰণে প্ৰথমটো আতৰাই পেলালে 10 সেইদৰে দ্বিতীয়টো স্থাপিত হোৱাৰ যোগেদি ঈশ্বৰৰ ইচ্ছাৰে আমি যীচু খ্ৰীষ্টৰ শৰীৰ বলিদান স্বৰূপে একেবাৰে উৎসৰ্গ হোৱাৰ দ্বাৰাই সকলো পবিত্ৰীকৃত হলোঁ 11 প্ৰতিজন পুৰোহিতে থিয় হৈ দিনে দিনে সেৱা কাৰ্য কৰি যি প্ৰকাৰৰ বলিদানে কেতিয়াও পাপ গুচাব নোৱাৰে সেই একে প্ৰকাৰৰ বলিদান বাৰে বাৰে উৎসৰ্গ কৰি থাকে 12 কিন্তু খ্ৰীষ্টে হলে সকলো সময়ৰ বাবে একমাত্ৰ পাপাৰ্থক বলিদান উৎসৰ্গ কৰিলে আৰু ঈশ্বৰৰ সোঁফালে বহিল৷ 13 তেতিয়াৰে পৰা তেওঁ শত্ৰু সকলক তেওঁৰ ভৰিপীৰা নকৰা পৰ্যন্ত অপেক্ষা কৰি আছে 14 কাৰণ তেওঁ পবিত্ৰ কৰা সকলক একমাত্ৰ উৎসৰ্গিত নৈবেদ্যৰ দ্বাৰাই সদাকালৰ অৰ্থে সিদ্ধ কৰিলে 15 ইয়াৰ উপৰি পবিত্ৰ আত্মায়ো আমাক সাক্ষ্য দিছে সেয়েহে প্ৰথমে তেওঁ কৈছে 16 সেই দিনৰ পাছত প্ৰভুৱে কৈছে তেওঁলোকৰ সৈতে মই এই নিয়ম কৰিম৷ মই তেওঁলোকৰ হৃদয়ত মোৰ বিধান গাঠি দিম 17 এই কথা কোৱাৰ পাছত তেওঁ পুনৰ 18 সেয়েহে এবাৰ যেতিয়া সেই সকলো পাপমোচন কৰা হল এনে স্থলত পাপৰ বাবে পুনৰ বলিদান উৎসৰ্গ কৰাৰ কোনো প্ৰয়োজন নাই 19 এতেকে হে ভাই সকল সেই মহাপবিত্ৰ স্থানত প্ৰৱেশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আমাৰ আছে৷ যীচুৰ তেজৰ গুণত আমি নিৰ্ভিকতাৰ সৈতে সেই ঠাইত প্ৰৱেশ কৰিব পাৰোঁ৷ 20 তেওঁ আমাৰ কাৰণে সেই আঁৰকাপোৰৰ মাজেদি এটা পথ মুকলি কৰিলে অৰ্থাৎ তেওঁৰ শৰীৰৰ যোগেদি আমাৰ বাবে সেই পথে মুকলি কৰি দিলে সেই পথ নতুন আৰু জীৱনময়৷ 21 আৰু আমাৰ কাৰণে ঈশ্বৰৰ গৃহৰ ওপৰত নিযুক্ত এজন মহান পুৰোহিত থকাত 22 সেয়েহে আহক আমাৰ হৃদয় কুবিবেকৰ পৰা নিৰ্মল কৰা হোৱাত সত্য হৃদয়ৰ সহিত সম্পূৰ্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁহক 23 এতিয়া আহক আমাৰ শৰীৰো শুদ্ধ পানীৰে ধুউৱা হোৱাত আমি স্বীকাৰ কৰা আশাক অবিশ্বাস নকৰি দৃঢ় ৰূপে ধৰি ৰাখোহঁক কিয়নো যি জনে প্ৰতিজ্ঞা কৰিলে তেওঁ বিশ্বাসযোগ্য 24 সেয়েহে প্ৰেমত আৰু সৎকৰ্মত উদগণি দিবলৈ পৰস্পৰে গভীৰ ভাবে চিন্তা কৰি চাওঁ আহক 25 কোনো কোনো জনৰ দস্তুৰ মতে আমি গোট হৈ সমৱেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ আহক কিয়নো দিন যিমান ওচৰ হৈ আহিছে সিমানে অধিককৈ পৰস্পৰে পৰস্পৰক উদগাওঁহক 26 যদি সত্যৰ তত্ত্বজ্ঞান পোৱাৰ পাছত আমি জানি শুনি পাপআচৰণ কৰোঁ তেনেহলে পাপৰ কাৰণে বলিদান কৰা পুনৰ বাকী নাথাকে 27 কেৱল সোধবিচাৰৰ এক ৰকম ভয়ংকৰ অপেক্ষা আৰু ঈশ্বৰৰ বিপক্ষ সকলক গ্ৰাস কৰিবলৈ উদ্যত হৈ থকা অনন্ত জুই ৰৈ থাকিব 28 যি কোনোৱে মোচিৰ বিধান অৱহেলা কৰে তেওঁ দুই বা তিনি সাক্ষীৰ প্ৰমাণেৰে নিৰ্দয়ভাবে মৰিব লগা হয় 29 তেনেহলে ঈশ্বৰৰ পুত্ৰক যি জনে ভৰিৰ তলত গছকে আৰু নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁ পবিত্ৰীকৃত হৈছিল সেই তেজক যি জনে অশুচি কৰে আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে সেই জন আপোনালোকৰ বিবেচনা অনুসৰি তেওঁ তাতকৈ কিমান দুৰ্ঘোৰ দণ্ডৰ যোগ্যপাত্ৰ বুলি গণিত হব 30 কিয়নো আমি জানো তেওঁ কৈছে প্ৰতিশোধ লোৱা মোৰ কৰ্ম মইহে প্ৰতিফল দিম আৰু কৈছে প্ৰভুৱে নিজৰ লোক সকলৰ সোধবিচাৰ কৰিব৷ 31 সেয়েহে জীৱনময় ঈশ্বৰৰ হাতত পৰা অতি ভয়ংকৰ কথা 32 সেই পূৰ্বকালৰ দিনবোৰ সোঁৱৰণ কৰক আপোনালোকে পোহৰ পোৱাৰ পাছত যিবোৰ দুখ আৰু কষ্ট ভোগ কৰিব লগা হৈছিল তথাপি আপোনালোক স্থিৰ আছিল৷ 33 কেতিয়াবা লোক সকলে আপোনালোকক প্ৰকাশ্যে নিন্দা কৰিছিল আৰু বহু মানুহৰ সন্মুখত আপোনালোক নিৰ্যাতিত হৈছিল৷ কেতিয়াবা অন্য লোকৰ ওপৰত আপোনালোকৰ দৰে নিৰ্যাতন হোৱা দেখি আপোনালোকেও সেই লোক সকলক সহায় কৰিছিল৷ 34 যি সকল কাৰাগাৰত বন্দী আছিল আপোনালোক তেওঁলোকৰ সহানুভুতিশীল কৰিছিল আপোনালোকৰ কোনো বস্তু কোনোবাই বাজেয়াপ্ত কৰিলেও আপোনালোকে আনন্দ কৰিছে কাৰণ আপোনালোকে জানিব পাৰিছে যে এইবোৰ বস্তুতকৈ উৎকৃষ্ট আৰু চিৰস্থায়ী এটা সম্পদ আপোনালোকৰ বাবে আছে৷ 35 এতেকে আপোনালোকে আত্মবিশ্বাস নেহেৰুৱাব এই আত্মবিশ্বাসে আপোনালোকক মহাপুৰষ্কাৰ আনি দিব৷ 36 কিয়নো আপোনালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পায় তাৰ বাবে আপোনালোকৰ সহনশীলতাৰ প্ৰয়োজন আছে 37 কিয়নো অলপতে আহিব লগা জন আহিব ধৰিছে পলম নকৰিব 38 কিন্তু মোৰ ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব আৰু যদি হুঁহকি যায় তেনেহলে মোৰ প্ৰাণ সেই জনত সন্তুষ্ট নহব 39 যিবোৰে সৰ্ব্বনাশলৈ হুঁহকি যায় আমি তেওঁলোকৰ মাজৰ নহওঁ কিন্তু যি সকলে নিজৰ প্ৰাণ লাভ কৰিবৰ বাবে বিশ্বাস কৰিলে আমি সেই সকলৰ মাজৰহে হৈছোঁ
Chapter 11
১১ অধ্যায়
বিশ্বাসৰ মহাত্ম্য বিশ্বাসৰ বীৰ সকলৰ তালিকা
1 বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি 2 কিয়নো তাতেই বিশ্বাসৰ দ্বাৰা আমাৰ বৃদ্ধ পুৰুষ সকলে সাক্ষ্য পাইছিল 3 বিশ্বাসৰ দ্বাৰাই আমি বুজিলো যে এই জগত খন ঈশ্বৰৰ বাক্যৰ যোগেদি স্থাপন কৰা হল তাতে দৃশ্যবস্তুবোৰ যে প্ৰকাশিত বস্তুবোৰৰ পৰা উৎপন্ন কৰা হল এনে নহয় 4 বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কয়িনতকৈয়ো উত্তম বলিদান উৎসৰ্গ কৰিলে আৰু তাৰ দ্বাৰায়ে তেওঁ যে ধাৰ্মিক ইয়াৰে সাক্ষ্য পালে৷ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈয়ো এতিয়ালৈকে কথা কৈ আছে 5 বিশ্বাসৰ গুণে হনোকে মৃত্যু নেদেখিবৰ কাৰণে তেওঁক লোকান্তৰলৈ নিয়া হল তাতে তেওঁক পোৱা নগল কিয়নো ঈশ্বৰে তেওঁক লোকান্তৰলৈ নিলে কাৰণ লোকান্তৰলৈ নিয়াৰ পূৰ্বেই তেওঁ যে ঈশ্বৰক সন্তুষ্ট কৰিলে ইয়াৰ সাক্ষ্য পালে 6 কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয় ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে 7 বিশ্বাসৰ গুণে নোহে ভাবি বিষয়ত আদেশ পাই ভয়তে নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে আৰু তাৰ দ্বাৰাই জগতক দোষী কৰি নিজে বিশ্বাসমূলক ধাৰ্মিকতাৰ অধিকাৰী হল 8 অব্ৰাহামে বিশ্বাস গুণে যি দেশলৈ তেওঁক আহ্বান কৰিছিল উত্তৰাধিকাৰ গ্ৰহন কৰিবৰ বাবে সেই দেশলৈ তেওঁ বাধ্য হৈ গল কিন্তু কলৈ যাব লাগে সেই বিষয়ে নাজানিও ওলাই গৈছিল 9 এইদৰে বিশ্বাসৰ দ্বাৰাই তেওঁ বিদেশীৰ দৰে প্ৰতিজ্ঞাৰ দেশত প্ৰবাসী হৈ থাকিল৷ সেই একে প্ৰতিজ্ঞাৰ সহধিকাৰী ইচহাক আৰু যাকোবৰ সহিত তম্বুত বাস কৰিছিল 10 কিয়নো যি নগৰৰ প্ৰতিস্থাপক আৰু নিৰ্ম্মাণকৰ্ত্তা ঈশ্বৰ সেই ভিত্তিমূল থকা নগৰ বাবে তেওঁ অপেক্ষা কৰি আছিল 11 বিশ্বাসৰ যোগেদি অব্ৰাহাম আৰু চাৰায়ো অতিৰিক্ত বয়সত বংশ উৎপাদনৰ শক্তি পালে কিয়নো তেওঁ প্ৰতিজ্ঞা কৰা জনক বিশ্বাসীযোগ্য বুলি জ্ঞান কৰিছিল 12 এই হেতুকে এজনৰ পৰা সেই মৃত্যু তুল্য জনৰ পৰাই লেখত আকাশৰ তৰাবোৰৰ সমান আৰু সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্য লোকৰ জন্ম হল 13 সেই সকলো বিশ্বাসত মৰিল তেওঁলোকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী তাক স্বীকাৰ কৰিছিল 14 কিয়নো যি সকল লোকে এনেকুৱা কথা কলে তেওঁলোকে যে নিজ দেশৰ বাবে সচেষ্ট আছিল এয়া স্পষ্ট 15 তেওঁলোকে যি দেশৰ পৰা ওলাই আহিছিল তালৈ মন কৰা হলে অৱশ্যে উলটি যাবলৈ সুসময় পালেহেঁতেন 16 কিন্তু এতিয়া তেওঁলোকে তাতকৈ এটি উত্তম স্বৰ্গীয় দেশলৈ আকাংক্ষা কৰে এই হেতুকে ঈশ্বৰে তেওঁলোকৰ ঈশ্বৰ বুলি প্ৰখ্যাত হবলৈ লাজ নাপায় কিয়নো তেওঁলোকৰ কাৰণে তেওঁ এখন নগৰ যুগুত কৰিলে 17 অব্ৰাহামে বিশ্বাসৰ দ্বাৰাই পৰীক্ষিত হোৱা সময়ত ইচহাকক উৎসৰ্গ কৰিলে৷ হয় তেওঁ সেই প্ৰতিজ্ঞা গ্ৰহন কৰি নিজৰ একমাত্ৰ পুত্ৰক উৎসৰ্গ কৰিলে 18 যি জনৰ বিষয়ে কৈছিল ইচহাকৰ জৰিয়তে তোমাৰ বংশধৰ সকলক দেখা পাবা৷ 19 কাৰণ ঈশ্বৰে যে মৃত লোকৰ মাজৰ পৰাও তুলিব পাৰে ইয়াকে অব্ৰাহামে দৃঢ় বিশ্বাস কৰিছিল আৰু তাৰ পৰা দৃষ্টান্ত স্বৰূপে তেওঁক পুনৰায় পালেও 20 বিশ্বাসৰ দ্বাৰাই ইচহাকে ভবিষ্যত বিষয়ৰ কথাত যাকোব আৰু এচৌক আশীৰ্বাদ কৰিলে 21 বিশ্বাসৰ দ্বাৰাই যাকোবে মৰণকালত যোচেফৰ পুত্ৰ দুজনৰ প্ৰতিজনক আশীৰ্বাদ কৰিলে আৰু নিজৰ লাখুটিৰ মূৰত ভৰ দি আৰাধনাও কৰিলে 22 বিশ্বাসৰ দ্বাৰাই যোচেফে অন্তিম কালত মিচৰ দেশৰ পৰা ইস্ৰায়েলৰ সন্তান সকলক ওলাই যোৱাৰ বিষয়ে উল্লেখ কৰিলে আৰু নিজৰ অস্থিৰ বিষয়ে আজ্ঞা দিলে 23 এইটো আছিল বিশ্বাসৰ দ্বাৰাই মোচি জন্মৰ পাছত যেতিয়া তিনি মাহলৈ মাকবাপেকৰ দ্বাৰাই লুকুৱাই থোৱা হৈছিল কিয়নো তেওঁলোকে দেখিছিল যে লৰা জন অতি সুন্দৰ তেওঁলোকে ৰজাৰ আজ্ঞালৈকো ভয় নকৰিলে 24 বিশ্বাসৰ দ্বাৰাই মোচি বয়সত বৃদ্ধি পায় বাঢ়িবলৈ ধৰিলে আৰু ফৰৌণৰ জীয়েকৰ পুত্ৰ বুলি প্ৰখ্যাত হবলৈ অস্বীকাৰ কৰিলে 25 কিয়নো তেওঁ পাপৰ অলপদিনীয়া সুখভোগ কৰাতকৈ ঈশ্বৰৰ লোকৰ লগত দুখভোগ কৰাকে মনোনীত কৰিলে 26 আৰু মিচৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহা ধন জ্ঞান কৰিলে কিয়নো তেওঁ পুৰস্কাৰদানলৈ দৃষ্টি কৰিছিল 27 বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি মিচৰ দেশ ত্যাগ কৰিলে কিয়নো অদৃশ্য জনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল 28 আৰু প্ৰথমে জন্ম পোৱা সকলৰ সংহাৰকৰ্ত্তাই তেওঁলোকক স্পৰ্শ নকৰিবৰ কাৰণে তেওঁ বিশ্বাসৰ গুণে নিস্তাৰপৰ্ব পালন আৰু উৎসৰ্গিত বলিৰ তেজ লগোৱা কাৰ্য কৰিলে 29 বিশ্বাসৰ দ্বাৰাই তেওঁলোকে শুকান মাটিয়েদি যোৱাৰ দৰে লোহিত সাগৰৰ মাজেদি যাত্ৰা কৰিলে কিন্তু মিচৰ দেশৰ লোক সকলে আহিবলৈ চেষ্টা কৰোঁতে তেওঁলোকক গ্ৰাস কৰা হল 30 বিশ্বাসৰ দ্বাৰাই সাত দিন যিৰীহোৰ গড় প্ৰদক্ষিণ কৰোঁতে সেই গড় খহি পৰিল 31 বিশ্বাসৰ দ্বাৰাই ৰাহাব বেশ্যাই চোৰাংচোৱা সকলক শান্তিৰে আলহীৰূপে গ্ৰহন কৰোঁতে অবাধ্য সকলৰ লগত তেওঁ বিনষ্ট নহল 32 আৰু অধিক কি কম গিদিয়োন বাৰাক চিমচোন যিপ্তহ দায়ুদ চমূৱেল আৰু ভাৱবাদী সকল এই সকলোৰে বৃত্তান্ত কবলৈ গলে সময় নোজোৰে 33 তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নানা ৰাজ্য পৰাজয় কৰিলে ধাৰ্মিকতাৰ কৰ্ম কৰিলে প্ৰতিজ্ঞাৰ ফল পালে সিংহবোৰৰ মুখ বন্ধ কৰিলে অগ্নিৰ তাপ নুমুৱালে 34 তৰোৱালৰ মুখৰ পৰা হাত সাৰিলে দূৰ্বলতাৰ পৰাও বলৱন্ত হল যুদ্ধত পৰাক্ৰমী হল অন্য জাতিৰ সৈন্যবোৰক হৰুৱালে 35 তিৰোতা সকলে নিজ নিজ মৃত লোকক পুনৰুত্থানৰ দ্বাৰাই পুনৰায় পালে আৰু আন লোক সকলে শ্ৰেষ্ঠ পুনৰুত্থানৰ ভাগী হবৰ কাৰণে মুক্তি অগ্ৰাহ্য কৰি যন্ত্ৰণাযন্ত্ৰত প্ৰহাৰৰ দ্বাৰাই হত হল 36 আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোব বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে 37 তেওঁলোকক শিল দলিয়াই মৰা হল কৰতেৰে ফলা হল তেওঁলোক নানা ধৰণৰ পৰীক্ষাৰে পৰীক্ষিত হল তেওঁলোকক তৰোৱালেৰে বধ কৰা হল তেওঁলোকে দীনহীন আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্তহৈ মেষ আৰু ছাগলীৰ ছাল পিন্ধি ফুৰিছিল 38 এই জগত তেওঁলোকৰ যোগ্য নাছিল তেওঁলোক নিৰ্জন ঠাইত পৰ্বতত গুহাত আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল 39 এই সকলোৱে বিশ্বাসৰ দ্বাৰাই সাক্ষ্য পালেও প্ৰতিজ্ঞাৰ ফল নাপালে 40 কিয়নো ঈশ্বৰে আমাৰ কাৰণে কোনো শ্ৰেষ্ঠ বিষয় যুগুত কৰি ৰাখিলে সেয়েহে আমাৰ অবিহনে তেওঁলোকক সিদ্ধ হবলৈ নিদিলে
Chapter 12
১২ অধ্যায়
বীৰত্ব আৰু ধৈৰ্য আদি অৱলম্বন কৰিবলৈ আশ্বাসবাক্য
1 এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি আহক আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক 2 আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি ক্ৰুচ যন্ত্ৰণা সহন কৰি ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল 3 এতেকে আপোনালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নহব এই কাৰণে যি জনে নিজৰ বিৰুদ্ধে কৰা পাপী সকলৰ এনে প্ৰতিবাদ সহন কৰিছিল তেওঁলৈ মনোযোগ কৰোঁ আহক 4 আপোনালোকে পাপৰ লগত যুদ্ধ কৰি এতিয়াও তেজ বোৱালৈকে প্ৰতিৰোধ কৰা নাই 5 আৰু স্মৰণাতীত যি আশ্বাসৰ বাণীয়ে পুত্ৰ বুলি আপোনালোকৰ লগত কথাবাৰ্ত্তা কৰিছে সেয়ে কয় হে মোৰ পুত্ৰ প্ৰভুৰ শাসন হেয়জ্ঞান নকৰিবা আৰু তেওঁৰ পৰা অনুযোগ পালে ক্লান্ত নহবা 6 কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে তেওঁক শাসন কৰে আৰু তেওঁ গ্ৰহন কৰা প্ৰতিজন পুত্ৰক শাস্তি দিয়ে এই কথা আপোনালোকে পাহৰিলে 7 আপোনালোকে যি সহন কৰি আছে সেয়ে আপোনালোকৰ শৃঙ্খলাৰ অৰ্থে ঈশ্বৰে পুত্ৰ সকলৰ প্ৰতি যেনেকৈ তেনেকৈ আপোনালোকৰ প্ৰতিও ব্যৱহাৰ কৰি আছে কিয়নো পিতৃয়ে শাসন নকৰা এনে কোন পুত্ৰ আছে 8 কিন্তু সকলোৱে যি শাসনৰ সহভাগী হল সেই শাসনৰ ভাগী যদি আপোনালোক নহয় তেনেহলে আপোনালোক জাৰজহে পুত্ৰ নহয় 9 ইয়াৰ বাহিৰেও আমাৰ যি মাংসিক পিতৃ সকল আছিল তেওঁলোকে আমাক শাসন কৰিছিল আৰু আমি তেওঁলোকক সমাদৰ কৰিছিলোঁ পাছত তাতকৈ যি জন আত্মা সমূহৰ পিতৃ তেওঁৰ বশীভূত হৈ জীৱন ধাৰণ নকৰিম নে 10 তেওঁলোকে হলে যেনেকৈ উচিত দেখিছিল তেনেকৈ অলপ দিনৰ কাৰণে শাসন কৰিছিল কিন্তু তেওঁ হলে আমাৰ হিতৰ কাৰণে আমাক তেওঁৰ পবিত্ৰতাৰ ভাগী কৰিবৰ কাৰণে শাসন কৰে 11 সকলো শাসন উপস্থিত হোৱাৰ সময়ত আনন্দৰ বিষয় নহয় কিন্তু দুখৰ বিষয় যেন দেখা যায় তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা লোক সকলক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে 12 এই কাৰণে আপোনালোকে ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰক 13 আৰু খোৰাই যেন বিপথগামী নহয় কিন্তু সুস্থ হওক আৰু নিজৰ নিজৰ ভৰিত থিয় হৈ বাট পোন কৰক 14 সকলোৰে সহিত শান্তি অনুসৰণ কৰক আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব সেই পবিত্ৰতাকো খেদি যাওঁক 15 পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয় বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায় 16 বা এসাঁজ আহাৰৰ কাৰণে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ তেওঁৰ নিচিনা কোনো অধাৰ্মিক বা কোনো ব্যভিচাৰী হয় তালৈ সাৱধানে দৃষ্টি ৰাখিব 17 কিয়নো আপোনালোকে জানে যে এচৌৱে পাছত সেই আশীৰ্বাদৰ অধিকাৰী হবৰ বাবে ইচ্ছা কৰিলে আৰু চকুলোৰে সযত্নে বিচাৰিলতো অগ্ৰাহ্য হল কাৰণ তেওঁ মনপালটন কৰিবলৈ ঠাই নাপালে 18 কিয়নো যেতিয়ালৈ অহা নাই স্পৰ্শনীয় আৰু অগ্নিৰে প্ৰজ্বলিত পৰ্বত আন্ধাৰ ধুমুহা 19 বতাহ তুৰীৰ ধ্বনি আৰু বাক্যৰ শব্দ তেতিয়ালৈ সেই মাত শুনা লোক সকলে এই প্ৰাৰ্থনা কৰিলে যে তেওঁলোকক যেন পুনৰ কোনো বাক্য কোৱা নহয় 20 কিয়নো কোনো পশুৱেও যদি সেই পৰ্বত স্পৰ্শ কৰে তেনেহলে তাক শিল দলিয়াই মৰা হব এই আজ্ঞা তেওঁলোকে সহিব নোৱাৰিলে 21 আৰু সেই দৰ্শন এনে ভয়ঙ্কৰ যে মোচিয়ে কৈছিল মই বৰ ভয় পাই কঁপি আছোঁ 22 কিন্তু চিয়োন পৰ্বত জীৱনময় ঈশ্বৰৰ নগৰ স্বৰ্গীয় যিৰূচালেম আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণকীৰ্তন কৰে৷ 23 স্বৰ্গত নাম লিখা প্ৰথমে জন্ম পোৱা সকলৰ মহাসভা আৰু মণ্ডলী সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ সিদ্ধ হোৱা ধাৰ্মিক লোক সকলৰ আত্মা সমূহ 24 নতুন নিয়মৰ মধ্যস্থ যীচু আৰু হেবলতকৈ অতি উত্তম কথা কওঁতা জনৰ চতিয়াই দিয়া তেজ এই সকলোৰ ওচৰলৈ অাপোনালোক আহিল 25 সাৱধান বাক্য কওঁতা জনক আপোনালোকে অগ্ৰাহ্য নকৰিব কিয়নো যি জনে পৃথিৱীত আদেশ দিছিল সেই জনক অগ্ৰাহ্য কৰা সকলেই যদি নাসাৰিল তেনেহলে যি জনে স্বৰ্গৰ পৰাই আদেশ দিলে তেওঁৰ কৰা বিমুখ হলে আমি যে নাসাৰিম এই কথা কিমান অধিক গুণে নিশ্চয় 26 তেতিয়া তেওঁৰ ধ্বনিয়ে জগত লৰাইছিল কিন্তু এতিয়া তেওঁ প্ৰতিজ্ঞা কৰি কৈছে যে পুনৰ এবাৰ কেৱল মই জগত লৰাম এনে নহয় আকাশকো লৰাম 27 ইয়াতে পুনৰ এবাৰ এই শব্দই অলৰ বস্তুবোৰ থাকিবৰ কাৰণে নিৰ্ম্মিত বস্তুৰ দৰে লৰোৱা বস্তুবোৰ দূৰ কৰা বুজাইছে 28 যিহেতু আমি অলৰ ৰাজ্যৰ অধিকাৰী হলো সেয়েহে আহক প্ৰশংসা আৰু ভক্তিপূৰ্ণ ভয়েৰে সৈতে গ্ৰহণযোগ্যভাবে ঈশ্বৰৰ কৃতজ্ঞতা স্বীকাৰ আৰু আৰাধনা কৰোঁহক 29 কিয়নো আমাৰ ঈশ্বৰ গ্ৰাসকাৰী অগ্নিস্বৰূপ
Chapter 13
১৩ অধ্যায়
নানা ধৰ্মবিধি আৰু শেষ কথা
1 ভাতৃপ্ৰেম চলি থাকক 2 আপোনালোকে অতিথি সেৱা নাপাহৰিব কিয়নো তাৰ দ্বাৰাই কোনো কোনোৱে নাজনাকৈয়ে স্বৰ্গৰ দূত সকলকেই শুশ্ৰূষা কৰিলে 3 বন্দীয়াৰ সকলক লগৰ বন্দীয়াৰ যেন গণ্য কৰি তেওঁলোকক সোঁৱৰণ কৰক নিজেও শৰীৰত জীয়াই থকা বুলি জ্ঞান কৰি অত্যাচাৰ পোৱা সকলক সোঁৱৰণ কৰক 4 সকলোৰে মাজত বিবাহ আদৰণীয় আৰু তাৰ শয্যা শুচি হওক কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামী সকলৰ সোধবিচাৰ ঈশ্বৰে কৰিব 5 আপোনালোকৰ আচাৰব্যৱহাৰ নিৰ্ল্লোভী হওক অৰ্থাৎ ধন সম্পত্তিক প্ৰেম কৰা নহওক আপোনালোকৰ যি আছে তাতে আপোনালোক সন্তুষ্ট হৈ থাকক কিয়নো তেৱেঁ কৈছে মই তোমাক কেতিয়াও নেৰিম কেতিয়াও ত্যাগ নকৰিম 6 এতেকে আমি সাহসেৰে কব পাৰোঁ যে প্ৰভু মোৰ সহায়কৰ্তা মই ভয় নকৰিম মানুহে মোক কি কৰিব 7 আপোনালোকৰ যি নায়ক সকলে আপোনালোকক ঈশ্বৰৰ বাক্য কৈ গল তেওঁলোকক সোঁৱৰণ কৰক আৰু তেওঁলোকৰ জীৱন আচৰণৰ শেষগতি চাইচিন্তি তেওঁলোকৰ বিশ্বাসৰ অনুকাৰী হওক 8 যীচু খ্ৰীষ্ট কালি আজি আৰু চিৰকাললৈকে সেই একে হৈ আছে 9 আপোনালোক নানা বিধ নতুন শিক্ষাৰ দ্বাৰাই বিপথে চালিত নহব কিয়নো সেই আহাৰ ব্যৱহাৰ কৰা সকলৰ হিতজনক নহল সেই আহাৰৰ দ্বাৰাই নহয় অনুগ্ৰহৰ দ্বাৰাইহে হৃদয় স্থিৰ কৰা ভাল৷ 10 যি বেদীত ভোজন কৰিবলৈ তম্বুত আৰাধনা কৰা সকলৰ ক্ষমতা নাই এনে এটি বেদি আমাৰ আছে 11 কিয়নো যি যি প্ৰাণীৰ তেজ পাপৰ বলিদান স্বৰূপে মহাপুৰোহিতৰ দ্বাৰাই পবিত্ৰ স্থানৰ ভিতৰলৈ উৎসৰ্গ কৰিবৰ বাবে নিয়া হয় সেইবোৰৰ শৰীৰ চাউনিৰ বাহিৰে পোৰা যায় 12 এই কাৰণে যীচুৱেও তেওঁৰ নিজৰ তেজৰ দ্বাৰাই লোক সকলক পবিত্ৰ কৰিবলৈ নগৰৰ দুৱাৰৰ বাহিৰত মৃত্যুভোগ কৰিলে 13 এতেকে আহক তেওঁৰ নিন্দাৰূপ ভাৰ বৈ ছাউনিৰ বাহিৰে তেওঁৰ ওচৰলৈ আমি যাওঁহক 14 কিয়নো ইয়াত আমাৰ কোনো চিৰস্থায়ী নগৰ নাই কিন্তু আমি সেই আহিবলগীয়া নগৰ চাই আছোঁ 15 এতেকে আহক আমি তেওঁৰেই দ্বাৰাই সদায় ঈশ্বৰৰ উদ্দেশ্যে স্তৱৰূপ যজ্ঞ তেওঁৰ নাম স্বীকাৰকাৰী ওঁঠৰ ফল উৎসৰ্গ কৰোঁহক 16 কিন্তু উপকাৰ আৰু সহভাগিতাৰ কাৰ্য নাপাহৰিব কিয়নো এনে যজ্ঞত ঈশ্বৰ সন্তুষ্ট হয় 17 আপোনালোকে আপোনালোকৰ নায়ক সকলক মান্য কৰি তেওঁলোকৰ বশীভূত হওক কিয়নো হিচাপ দিব লগা লোক সকলৰ দৰে তেওঁলোকে আপোনালোকৰ প্ৰাণৰ কাৰণে প্ৰহৰী কাৰ্য কৰিছে এতেকে তেওঁলোকে যেন সেই কৰ্ম আৰ্ত্তস্বৰেৰে নকৰি আনন্দেৰে কৰিব পাৰিব তাৰ কাৰণে তেওঁলোকৰ বশীভূত হওক কিয়নো আৰ্ত্তস্বৰেৰে কৰিলে আপোনালোকৰ একো হিত নহব 18 আপোনালোকে আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব কিয়নো আমিও আমাৰ সৎ বিবেক আৰু সকলো বিষয়তে সদাচৰণ কৰিবলৈ ইচ্ছা কৰি আছোঁ আৰু ইয়াক আমি দৃঢ় প্ৰত্যয় কৰোঁ 19 কিন্তু মোক যেন পুনৰ অাপোনালোকৰ বাবে সোনকালে দিয়া হয় এই কাৰণে প্ৰাৰ্থনা কৰিবলৈ মই অাপোনালোকক অধিক মিনতি কৰিছোঁ 20 এতিয়া শান্তিৰ ঈশ্বৰে যি জন অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেষবোৰৰ মহান ৰক্ষক আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা পুনৰায় আনিলে তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে অাপোনালোকক সকলো সদবিষয়ত সিদ্ধ কৰক 21 তেওঁৰ দৃষ্টিত যি উত্তম আৰু সন্তোষজনক সেয়া তেওঁ যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাত কাৰ্য কৰক তেওঁৰ মহিমা চিৰকাল হওক আমেন 22 হে ভাই সকল মই আপোনালোকক উৎসাহিত কৰোঁ আপোনালোকে এই উদগণিৰ বাক্য সহন কৰিব কিয়নো মই সংক্ষেপে আপোনালোকৰ বাবে লিখিলোঁ 23 আমাৰ ভাই তীমথিয়ক জেলৰ পৰা মুকলি কৰা হৈছে ইয়াকে জানিবা তেওঁ সোনকালে আহিলে তেৱেঁ সৈতে মই আপোনালোকক দেখা কৰিবলৈ যাম 24 আপোনালোকে আপোনালোকৰ নায়ক সকলক আৰু সকলো পবিত্ৰ লোকক মঙ্গলবাদ দিব ইটালী দেশৰ লোক সকলে আপোনালোকক মঙ্গলবাদ কৰিছে 25 আপোনালোক সকলোৰে লগত অনুগ্ৰহ থাকক আমেন