Assamese: Indian Revised Version - Assamese

Updated ? hours ago # views See on DCS

গালা

‘গালাতীয়া পত্র’ৰ পাতনি

‘গালাতীয়া পত্র’ খন পাঁচনি পৌলে লিখিছিল (1:1)। যীচু খ্রীষ্টৰ জন্মৰ পাছত প্রায় 48 পৰা 57 বছৰৰ ভিতৰত গালাতীয়াত থকা মণ্ডলীবোৰলৈ পৌলে এই পত্র লিখিছিল। গালাতীয়া লোকসকল সম্ভৱত ৰোম প্রদেশৰ গালাতীয়াত বাস কৰিছিল। পৌলে পত্র লিখাৰ সময়ত, তেওঁ ক’ত আছিল, সেই বিষয়ত পণ্ডিত সকল সঠিক নহয়; কিন্তু সম্ভৱত ‘ইফিচ’ আৰু ‘কৰিন্থ’ এই দুখন নগৰতে তেওঁ আছিল।

পৌলে খ্ৰীষ্টৰ অনুসৰণকাৰী সকলক সম্বোধন কৰি, গালাতীয়াৰ মণ্ডলী সমূহত থকা ইহুদী আৰু অনা ইহুদী উভয় ব্যক্তিলৈ উদ্দেশ্য কৰি লিখিছিল। তেওঁ বিশেষকৈ ভুল শিক্ষাৰ সন্মুখীন হোৱাৰ বিষয়ে লিখিছিল। বিশেষকৈ চুন্নৎৰ বিষয়ে পুৰণি নিয়মত যি উল্লেখিত আছে, সেই শিক্ষাই খ্রীষ্টীয়ান সকলক যে ইহুদীৰ বিধান অনুসৰণ কৰিবলৈ নকয়, সেই বিষয়ে উল্লেখ কৰিছে। খ্রীষ্টীয়ান সকলৰ ভিতৰত কিছু সংখ্যক দল আছে যাক যিহূদা নিবাসী বুলি কয়, তেওঁলোকে অনা-ইহুদী খ্রীষ্টীয়ান লোক সকলে চুন্নৎ কৰাটো বিচাৰিছিল, আৰু পৌলৰ পাঁচনিবাবৰ ক্ষমতাৰ বিষয়েও প্রশ্ন কৰিছিল। পৌলে নিজৰ কিছুমান কাহিনী কৈ তেওঁৰ পাঁচনি বাবৰ প্রতিৰক্ষা কৰে (1:11, 2:14)। একমাত্ৰ যীচু খ্রীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই যে, পৰিত্রাণ পোৱা যায়, সেই বিষয়ে ব্যখ্যা কৰি শুভবাৰ্ত্তাক সুৰক্ষিত কৰে (2:16); আৰু এয়া যে, মানুহে কৰিব নোৱাৰে কিন্তু ঈশ্বৰে দেখুওৱা দয়াৰহে পৰিণাম, এই বিষয়ে উল্লেখ কৰে।

tচমু বিৱৰণঃ পৌলে গালাতীয়াৰ মণ্ডলীবোৰলৈ সম্ভাষণ জনায় তেওঁৰ পত্র আৰম্ভ কৰিছে (1:1-5)। পৌলে নিজৰ পটভূমিৰ পৰা কিছুমান কথা ব্যখ্যা কৰি নিজৰ শিক্ষা দিয়াৰ অধিকাৰ সুৰক্ষিত কৰিছে। তেওঁ বিধানৰ দ্বাৰা জীৱন যাপন কৰিবলৈ চেষ্টা কৰা, আৰু এয়া যে কাৰ্যকৰী নহ’ল, সেই বিষয়ে দেখুৱাইছে (1:6, 2:21)। পৰবৰ্তী বিষয় হৈছে, বিধানৰ নিয়ম বাখ্যা আৰু পৰিত্রাণৰ অনুগ্রহ (3-4)। তাৰ পাছত তেওঁ ভাল খ্রীষ্টীয় জীৱনৰ কাৰণে কিছুমান সাধাৰণ নিৰ্দেশ দিছে (5-6:10)। পৌলে শুভেচ্ছা জনায় আৰু ঈশ্বৰৰ দ্বাৰাই পৰিৱৰ্তন হোৱা নতুন জীৱন যে বাহিৰা নিয়ম নীতিতকৈ যেনে চুন্নৎ কৰাতকৈ বহু বেছি গুৰুত্বপূৰ্ণ, সেয়ে এই বিষয় মনত ৰাখিবলৈ অনুৰোধ কৰি তেওঁৰ পত্র সমাপ্ত কৰে (6:11-18)।

Chapter 1

১ অধ্যায়

1 মই পৌল এজন পাঁচনি এই পাঁচনি পদ কোনো মানুহৰ পৰা বা মানুহৰ দ্বাৰাই মই পোৱা নাই কিন্তু যীচু খ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰ যি জনে যীচুক মৃত লোকৰ মাজৰ পৰা তুলিছিল তেওঁলোকৰ দ্বাৰাই মই পাঁচনি নিযুক্ত হলো 2 মই আৰু মোৰ সহবর্ত্তী যি সকলো ভাই আছে আমাৰ সকলোৰে পৰা এই পত্র গালাতীয়াৰ মণ্ডলীবোৰৰ সমীপলৈ 3 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক 4 তেওঁ আমাৰ পাপ সমূহৰ কাৰণে নিজকে উছর্গা কৰিলে যাতে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে তেওঁ আমাক বৰ্ত্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে 5 সেই পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক আমেন 6 খ্ৰীষ্টৰ অনুগ্ৰহত যি জনে আপোনালোকক আমন্ত্ৰণ কৰিলে আপোনালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্তালৈ ঘূৰি গৈছে দেখি মই আচৰিত মানিছো 7 আচলতে কোনো অন্য শুভবাৰ্তা নাই কিন্তু কিছুমান লোক আছে যি সকলে আপোনালোকক বিভ্রান্ত কৰে আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিকৃত কৰিবলৈ বিচাৰে 8 কিন্তু আমি আপোনালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ তাৰ বাহিৰে আন শুভবাৰ্তা আমিয়েই হওক বা স্বৰ্গৰ দূতেই হওক কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে তেনেহলে তেওঁ অভিশপ্ত হওক 9 আমি আগেয়ে যেনেকৈ কৈছিলোঁ এতিয়া মই পুনৰ কৈছোঁ আপোনালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিলে তাৰ বাহিৰে আন শুভবাৰ্তা কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে তেনেহলে তেওঁ অভিশপ্ত হওক 10 মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্রশংসা বিচাৰিছোঁ অথবা মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ তেনেহলে মই খ্ৰীষ্টৰ দাস নহওঁ 11 ভাই সকল মই আপোনালোকক জনাবলৈ বিচাৰো যে মই যি শুভবাৰ্তা প্রচাৰ কৰিছোঁ সেয়া কোনো মানুহৰ মত অনুসাৰে নহয় 12 কাৰণ মই মানুহৰ পৰা তাক পোৱা নাই আৰু মোক শিকোৱাও নাই কিন্তু যীচু খ্ৰীষ্টই নিজে এই বিষয়ে মোৰ আগত প্রকাশ কৰিলে 13 আপোনালোকেতো শুনিছে যে ইহুদী ধর্ম পালন কৰাৰ সময়ত মই কি ভাৱে জীৱনযাপন কৰিছিলোঁ কেনে নির্মমভাৱে ঈশ্বৰৰ মণ্ডলীৰ ওপৰত অধিক পৰিমাণে তাড়না কৰি তাক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিলোঁ 14 ইহুদী ধর্ম চর্চ্চাত মোৰ সমসাময়িক আনসকলতকৈ মই অনেক আগবাঢ়ি গৈছিলোঁ পূর্বপুৰুষ সকলৰ পৰম্পৰাগত ৰীতিনীতি পালনত মই যথেষ্ট উৎসাহী আছিলোঁ 15 কিন্তু ঈশ্বৰে মোক মাতৃগৰ্ভৰে পৰা বাছি ললে আৰু তেওঁৰ অনুগ্ৰহেৰে মোক আমন্ত্ৰণ কৰিলে 16 মই যেন অনাইহুদী সকলৰ আগত তেওঁৰ পুত্ৰৰ বিষয়ে শুভবাৰ্তা প্ৰচাৰ কৰোঁ সেয়ে ঈশ্বৰে যেতিয়া নিজ পুত্ৰক মোৰ জীৱনত প্ৰকাশ কৰিবলৈ সন্তুষ্ট হৈছিল তেতিয়া মই ক্ষণিকৰ বাবেও কোনো মানুহৰ মাংস আৰু তেজেৰে সৈতে কোনো পৰামৰ্শ নকৰিলোঁ 17 এনে কি মোতকৈ আগেয়ে হোৱা পাঁচনি সকলক লগ পাবলৈ যিৰূচালেমলৈও নগলো কিন্তু মই আৰব দেশলৈ গৈছিলোঁ আৰু পাছত পুনৰ দম্মেচকলৈ উলটি আহিলোঁ 18 ইয়াৰ তিনি বছৰৰ পাছত মই কৈফাৰে সৈতে চিনা পৰিচয় হবলৈ যিৰূচালেমলৈ গলো আৰু তেওঁৰ লগত পোন্ধৰ দিন থাকিলোঁ 19 তাত প্রভুৰ ভায়েক যাকোবৰ বাহিৰে আন কোনো পাঁচনি পদ পোৱা লোকক মই দেখা নাপালোঁ 20 চাওক ঈশ্বৰৰ দৃষ্টিত মই আপোনালোকৰ ওচৰত এই যি সকলো কথা লিখিছোঁ সেইবোৰ মিছা নহয় 21 তাৰ পাছত মই চিৰিয়া আৰু কিলিকিয়াৰ শাসনাধীন অঞ্চলবোৰলৈ গলো 22 তেতিয়াও খ্ৰীষ্টত আশ্ৰয় লোৱা যিহুদীয়াৰ মণ্ডলীবোৰৰ সৈতে মোৰ ব্যক্তিগত সাক্ষাতপৰিচয় হোৱা নাছিল 23 কিন্তু তেওঁলোকে কেৱল শুনিবলৈ পাইছিল যি জনে পূৰ্বতে আমাক তাড়না কৰিছিল যিবোৰ তেওঁ পূৰ্বে ধ্বংস কৰিবলৈ বিচাৰিছিল এতিয়া তেওঁ সেই বিশ্বাসৰ বাণী প্রচাৰ কৰিছে 24 আৰু তেওঁলোকে মোৰ বাবে ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে

Chapter 2

২ অধ্যায়

পাঁচনি সকলে পৌলক গ্রহণ কৰা

1 চৌদ্ধ বছৰ পাৰ হল মই বার্ণব্বাৰ সৈতে যিৰূচালেমলৈ পুনৰ গৈছিলোঁ লগত তীতকো লৈছিলোঁ 2 ঈশ্বৰৰ পৰা পোৱা প্ৰকাশিত আজ্ঞা অনুসাৰে মই তালৈ গৈছিলোঁ যি শুভবার্তা মই অনাইহুদী সকলৰ মাজত প্রচাৰ কৰি থাকো তাকে তেওঁলোকৰ আগত বাখ্যা কৰিলোঁ কিন্তু সেই ঠাইৰ গণ্যমান্য নেতা সকলৰ ওচৰত মই সকলোবোৰ গোপনে কলো মই বিচাৰিছিলোঁ তেওঁলোকে যেন বুজিব পাৰে যে মই বৃথাই দৌৰি থকা নাই বা বৃথাই দৌৰিলোঁ বুলি যেন নাভাবে 3 মোৰ সঙ্গী তীতক গ্রীক মানুহ হোৱা সত্বেও তেওঁক চুন্নৎ কৰিবলৈ বাধ্য নকৰিলে 4 গুপ্তচৰৰ দৰে পঠোৱা কেইজনমান ভণ্ড খ্রীষ্টিয়ান ভাইৰ কাৰণে এনে হল খ্ৰীষ্ট যীচুৰ বিশ্বাসী হিচাপে আমাৰ যি স্বাধীনতা আছে তাত দোষ উলিয়াবলৈ তেওঁলোক গোপনে সোমাইছিল যাতে আমাক ইহুদী ৰীতিনীতিৰ দাস কৰিব পাৰে 5 কিন্তু শুভবার্তাৰ সত্য যেন আপোনালোকৰ লগত থাকে সেয়ে এক মুহূর্তৰ কাৰণেও সেই ভণ্ড বিশ্বাসী ভাই সকলৰ বশ্যতা স্বীকাৰ কৰি তেওঁলোকৰ বশৱর্তী নহলো 6 মণ্ডলীত যি সকল মান্যৱন্ত বুলি খ্যাত তেওঁলোকে হলে মোক একোকে নজনালে তেওঁলোক কি প্রকাৰৰ লোক আছিল তাতে মোৰ একো প্রয়োজন নাই ঈশ্বৰে মানুহৰ সমাদৃত বিষয়বোৰ গ্ৰহন নকৰে 7 এই মান্যৱন্ত লোক সকলে দেখিলে যে ঈশ্বৰে মোক অচুন্নৎ সকলৰ ওচৰত শুভবার্তা প্রচাৰৰ দায়িত্ব দিছে যেনেকৈ চুন্নৎ হোৱা সকলৰ ওচৰত শুভবার্তা প্রচাৰৰ দায়িত্ব ভাৰ পিতৰৰ ওপৰত দিছিল 8 কিয়নো চুন্নৎ হোৱা সকলৰ প্ৰতি যি ঈশ্বৰে পিতৰৰ হৈ পাঁচনি পদৰ কার্য সাধন কৰিছে তেওঁ অনাইহুদী সকলৰ কাৰণে মোৰ হৈয়ো একে পাঁচনি পদৰ কাৰ্য সাধন কৰিছে 9 যেতিয়া মান্য হিচাপে খ্যাত নেতা যাকোব কৈফা আৰু যোহনে বুজি পালে যে মই ঈশ্বৰৰ পৰা বিশেষ অনুগ্ৰহ পাইছোঁ তেতিয়া মোক আৰু বাৰ্ণব্বাক কৰমর্দন কৰি তেওঁলোকৰ সহভাগিতাত গ্রহণ কৰিলে তেওঁলোক ৰাজী হল যে আমি অনাইহুদী সকলৰ ওচৰলৈ যাম আৰু তেওঁলোক চুন্নৎ হোৱা সকলৰ ওচৰলৈ যাব 10 তেওঁলোকৰ কেৱল মাত্র এটা অনুৰোধ আছিল যে আমি যেন দৰিদ্র সকলৰ কথা মনত ৰাখো অৱশ্যে এই কার্য কৰিবলৈ মোৰো ইচ্ছা আছিল 11 কৈফা যেতিয়া আন্তিয়খিয়ালৈ আহিল তেতিয়া মই তেওঁৰ সন্মুখতে তেওঁক সাৱধান কৰিলোঁ কাৰণ তেওঁ ভুল কৰিছিল 12 কিয়নো যাকোবৰ ওচৰৰ পৰা কেইজনমান ইহুদী লোক আহিছিল আৰু তেওঁলোক অহাৰ আগেয়ে কৈফাই অনাইহুদী সকলৰ সৈতে খোৱাবোৱা কৰি আছিল কিন্তু যেতিয়া তেওঁলোক আহিল তেতিয়া চুন্নৎ হোৱা লোক সকললৈ ভয় কৰি কৈফাই অনাইহুদী সকলৰ সঙ্গ এৰি নিজক পৃথকে ৰাখিছিল 13 অন্যান্য বিশ্বাসী ইহুদী সকলেও কৈফাৰ লগত এই কপট আচৰণত যোগ দিছিল এনে কি বাৰ্ণব্বাও তেওঁলোকৰ কপটতাৰ দ্বাৰা প্রভাৱিত হৈছিল 14 কিন্তু মই যেতিয়া দেখিলোঁ যে তেওঁলোক শুভবার্তাৰ সত্যতা অনুসাৰে সৰল পথত চলা নাই তেতিয়া মই কৈফাক সকলোৰে সন্মুখত কলো আপুনি এজন ইহুদী হৈয়ো যদি ইহুদী সকলৰ দৰে আচৰণ নকৰি অনাইহুদী সকলৰ দৰে আচৰণ কৰে তেনেহলে যি সকল অনাইহুদী তেওঁলোকক ইহুদী সকলৰ দৰে জীৱনধাৰণ কৰিবলৈ জোৰ কৰিছে কিয় 15 আমি জন্মসূত্রে ইহুদী অনাইহুদী পাপী নহয় 16 তথাপি আমি জানো যে কোনেও বিধানৰ কর্মেৰে নহয় কিন্তু অকল যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাইহে ধাৰ্মিক বুলি গণিত হয় সেই কাৰণে আমিও খ্রীষ্ট যীচুৰ ওপৰত বিশ্বাস কৰিছোঁ যেন আমিও বিধানৰ কৰ্মেৰে নহয় কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হওঁ কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহেই ধাৰ্মিক বুলি গণিত নহব 17 কিন্তু আমি ইহুদী সকলে খ্ৰীষ্টত ধাৰ্মিক ৰূপে ঈশ্বৰৰ গ্রহণীয় হবলৈ গৈ যদি নিজে পাপী হৈ পৰো তেনেহলে তাৰ অর্থ এয়ে নেকি যে খ্ৰীষ্ট পাপৰ সেৱক কেতিয়াও নহয় 18 কিয়নো মই যিহকে ভাঙিলোঁ তাকে যদি মই আকৌ সাজোঁ তেনেহলে মই নিজকে নিজে অপৰাধী বুলি প্রমাণ কৰোঁ 19 মইতো বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশ্যে মৰিলোঁ যাতে ঈশ্বৰৰ উদ্দেশ্যে জীয়াই থাকিব পাৰোঁ 20 মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হলো মই জীয়াই আছোঁ বুলিলেও সেয়ে এতিয়া মই নহয় খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে মোৰ শৰীৰত যি জীৱন এতিয়া আছে ঈশ্বৰৰ পুত্ৰত কৰা বিশ্বাসতহে মই সেই জীৱনযাপন কৰিছোঁ তেওঁ মোক প্ৰেম কৰিলে আৰু মোৰ কাৰণে নিজকে সমৰ্পণ কৰিলে 21 ঈশ্বৰৰ এই অনুগ্ৰহ মই ব্যৰ্থ নকৰোঁ কিয়নো বিধান পালনৰ দ্বাৰাই যদি ধাৰ্মিকতা হয় তেনেহলে খ্ৰীষ্ট অকাৰণে মৰিল

Chapter 3

৩ অধ্যায়

বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পোৱা যায়

1 হে অবুজ গালাতীয়া লোক কাৰ চকুৱে আপোনালোকক মুগ্ধ কৰি পেলাইছে আপোনালোকৰ চকুৰ আগতেই যীচু খ্ৰীষ্ট ক্ৰুচত হত হোৱা বুলি জানো মই স্পষ্টভাৱে বর্ণনা কৰা নাছিলো 2 মই কেৱল এই বিষয়ে আপোনালোকৰ পৰা জানিব বিচাৰো যে আপোনালোকে কি বিধানৰ কার্যৰ দ্বাৰাই আত্মা পালে নেকি নে বার্তা শুনি বিশ্বাস কৰাৰ দ্বাৰাই পালে 3 আপোনালোক ইমানেই অবুজ নে আত্মাৰে আৰম্ভ কৰি এতিয়া মাংসিক আচৰণত কিয় সমাপ্ত কৰিবলৈ গৈ আছে 4 আপোনালোকে বৃথাই ইমান দুখভোগ কৰিলে যদিহে সঁচা অৰ্থত সেই দুখভোগৰ কোনো অর্থই নাথাকে 5 গতিকে কওকচোন যি জনে আপোনালোকক আত্মা দান কৰে আৰু আপোনালোকৰ মাজত পৰাক্ৰম কাৰ্য সাধন কৰে তেওঁ বিধানৰ কৰ্মৰ দ্বাৰাই কৰে নে বার্তা শুনি বিশ্বাসৰ দ্বাৰাই কৰে 6 যেনেকৈ অব্ৰাহামে ঈশ্বৰক বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসেই তেওঁৰ পক্ষে ধাৰ্মিকতাৰ স্বীকৃতি দিলে 7 তেনেদৰে আপোনালোকেও এই কথা জানক যে যি সকলে বিশ্বাস কৰে তেওঁলোকেই অব্ৰাহামৰ সন্তান 8 ধৰ্মশাস্ত্ৰৰ বচনত এই বিষয়ে পূর্বেই লিখা আছিল যে ঈশ্বৰে অনাইহুদী সকলক বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত কৰে অব্রাহামৰ ওচৰত এই শুভবার্তা আগেয়ে ঘোষণা কৰা হৈছিল সকলো জাতিয়ে তোমাৰ মাধ্যমত আশীৰ্বাদ প্রাপ্ত হব 9 সেয়েহে অব্রাহাম বিশ্বাসী হোৱাত যেনেকৈ আশীর্বাদ পাইছিল তেনেকৈ বিশ্বাসী সকলো অব্ৰাহামে সৈতে আশীৰ্বাদ প্ৰাপ্ত হয় 10 কিয়নো যিমান মানুহে বিধানশাস্ত্ৰৰ কৰ্মৰ ওপৰত নির্ভৰ কৰে সেই সকলোৱেই শাপগ্ৰস্ত কিয়নো শাস্ত্রত লিখা আছে বিধানত যি সকলো লিখা আছে তাৰ সকলো কথা যি জনে পালন নকৰে তেওঁ শাপগ্রস্ত 11 এতিয়া এইটো সুস্পষ্ট যে বিধানৰ দ্বাৰাই ঈশ্বৰৰ দৃষ্টিত কোনো ধাৰ্মিক বুলি গণিত নহয় কাৰণ ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব 12 বিধানৰ লগত বিশ্বাসৰ সম্বন্ধ নাই কিন্তু যি জনে বিধানৰ সকলো কথা পালন কৰে তেওঁ বিধানৰ মাজতে জীৱিত থাকিব 13 খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে কাৰণ তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হল কিয়নো লিখা আছে যি জনক কাঠক্ৰুচতত অৰাঁ হয় তেওঁ শাপগ্ৰস্ত 14 খ্রীষ্টই নিজৰ ওপৰত এই অভিশাপ লোৱাৰ এয়ে উদ্দেশ্য আছিল যে যি আশীর্বাদ অব্ৰাহামে লাভ কৰিছিল সেই আশীর্বাদ খ্রীষ্ট যীচুৰ দ্বাৰাই অনাইহুদী সকলেও যেন লাভ কৰিব পাৰে আৰু বিশ্বাসৰ দ্বাৰাই আমি যেন প্ৰতিজ্ঞা কৰা সেই আত্মা ঈশ্বৰৰ পৰা পাব পাৰোঁ 15 ভাই সকল মই এজন মানুহৰ দৰে কৈছোঁ মানুহৰ মাজত এবাৰ যেতিয়া এখন নিয়মপত্র থিৰ কৰা হয় সেই নিয়মপত্ৰ কোনেও বাতিল কৰিব নোৱাৰে আৰু তাত একো যোগ দিবও নোৱাৰে 16 ঈশ্বৰে অব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞাবোৰ কৰিছিল ইয়াত বহু বচনত বংশবোৰলৈ বুলি অনেকৰ বিষয়ে কোৱা নাই কিন্তু কেৱল এজনকহে তোমাৰ বংশলৈ বুলি কলে সেই বংশ খ্রীষ্ট 17 এতিয়া মই ইয়াকে কওঁ পূৰ্বতে ঈশ্বৰৰ দ্বাৰাই নিয়মৰ চুক্তি থিৰ কৰা হল আৰু তাৰ চাৰি শ ত্রিশ বছৰৰ পাছত বিধান আহিল তাতে পূর্বৰ সেই নিয়মৰ চুক্তি প্ৰতিজ্ঞাৰ কৰাৰ দ্বাৰা বাতিল হৈ নাযায় 18 উত্তৰাধিকাৰ যদি বিধান পালনৰ জৰিয়তে প্রাপ্ত হয় তেনেহলে সেয়া পুনৰ প্ৰতিজ্ঞাৰ ওপৰত নির্ভৰশীল হব নোৱাৰে কিন্তু ঈশ্বৰে বিনামূল্যে এই উত্তৰাধিকাৰ এক প্ৰতিজ্ঞাৰ যোগেদি অব্ৰাহামক দিলে 19 তেনেহলে ঈশ্বৰে বিধান কিয় দিলে বিধান লঙ্ঘন কৰাৰ দ্বাৰা অপৰাধ বুজিবলৈ বিধান দিয়া হৈছিল যি জনৰ ওচৰত ঈশ্বৰে প্রতিজ্ঞা কৰিছিল অব্রাহামৰ সেই বংশ নহালৈকে তাতে বর্তি থাকিবলৈ বিধান দিয়া হৈছিল স্বর্গৰ দূত সকলৰ যোগেদি এজন মধ্যস্থকাৰীৰ দ্বাৰাই এই বিধান নিৰূপিত কৰা হৈছিল 20 এতিয়া এজন মধ্যস্থকাৰীৰ উপস্থিতিয়ে ইয়াকে বুজায় যে তাত এজনতকৈ অধিক লোক আছে কিন্তু ঈশ্বৰ হলে এজনহে 21 তেনেহলে বিধান ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিৰুদ্ধে নেকি নিশ্চয় এনে নহয় যদি জীৱন দিব পৰা এনে এক বিধান থাকিলহেঁতেন তেনেহলে ধাৰ্মিকতা সঁচাকৈ সেই বিধান পালন কৰাৰ দ্বাৰাই হলহেতেন 22 কিন্তু ধৰ্মশাস্ত্ৰৰ বচনে সকলোকে পাপৰ অধীনত ৰাখিলে সেই বাবেই যীচু খ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই আমাক উদ্ধাৰ কৰিবলৈ ঈশ্বৰৰ সেই প্রতিজ্ঞা যেন যি সকলে বিশ্বাস কৰে তেওঁলোক সেই প্রতিজ্ঞাৰ অধিকাৰী হয় 23 খ্রীষ্টত এই বিশ্বাস অহাৰ আগেয়ে যেতিয়ালৈকে ঈশ্বৰে আমাৰ ওচৰত বিশ্বাসৰ সেই কথা প্রকাশ নকৰিলে আমি বিধানৰ অধীনত বন্দী আৰু ৰক্ষিত আছিলোঁ 24 এইদৰে খ্রীষ্ট নহালৈকে বিধান আমাৰ কঠোৰ অভিভাৱক হল যাতে বিশ্বাসৰ দ্বাৰাই আমি ধাৰ্মিক বুলি গণিত হব পাৰোঁ 25 কিন্তু এতিয়া যিহেতু বিশ্বাস আমাৰ মাজত আহিল আমি পুনৰ কঠোৰ অভিভাৱকৰ অধীন নহওঁ 26 কিয়নো খ্ৰীষ্ট যীচুত কৰা বিশ্বাসৰ দ্বাৰাই আপোনালোক সকলো ঈশ্বৰৰ সন্তান হৈছে 27 কাৰণ আপোনালোক যি সকলে খ্ৰীষ্টত বাপ্তিস্ম লৈছে তেওঁলোক সকলোৱেই নিজক খ্ৰীষ্টৰে ঢাকিলে 28 এতিয়া খ্রীষ্ট যীচুত যি সকল আছে তেওঁলোকৰ মাজত ইহুদী কি গ্ৰীক দাস কি স্বাধীনৰ কোনো পার্থক্য নাই পুৰুষ বা স্ত্রীৰ মাজত কোনো ভেদাভেদ নাই কিয়নো খ্ৰীষ্ট যীচুত আপোনালোক সকলোৱেই এক 29 আপোনালোক যদি খ্ৰীষ্টৰ হয় তেনেহলে আপোনালোক অব্ৰাহামৰ বংশধৰও হৈছে আৰু অব্রাহামৰ ওচৰত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল আপোনালোক তাৰ উত্তৰাধিকাৰীও হৈছে

Chapter 4

৪ অধ্যায়

1 কিন্তু মই কওঁ উত্তৰাধিকাৰী শিশুহৈ থকালৈকে সৰ্ব্বস্বৰ গৰাকী হলেও তাতে তেওঁ আৰু দাসৰ মাজত একো প্ৰভেদ নাথাকে 2 কিন্তু পিতৃৰ নিৰূপিত সময়লৈকে তেওঁ ন্যায় ৰক্ষক আৰু তত্বাৱধায়ক সকলৰ অধীনত থাকে 3 এনেকৈ আমি যেতিয়া শিশু অৱস্থাত আছিলোঁ আমিও তেনেকৈ পৰৰ মৌলিক সৰ্বশ্ৰেষ্ঠ বিশ্ব জগতৰ বিধিৰ অধীনত দাস আছিলোঁ 4 কিন্তু যেতিয়া কাল সম্পূৰ্ণ হল তেতিয়া ঈশ্বৰে তেওঁৰ নিজ পুত্ৰক পঠাই দিলে যি জন মহিলাৰ পৰা জন্ম পোৱা আৰু ব্যৱস্থা বিধানৰ অধীনত জন্ম হোৱা 5 তেওঁ যাতে বিধানৰ অধীনত থকা সকলোকে মুক্ত কৰিব পাৰে তাতে আমি সকলোৱে যেন তেওঁৰ সন্তান ৰূপে স্বীকৃত হওঁ৷ 6 কাৰণ অাপোনালোক আটায়ে ঈশ্বৰৰ সন্তান ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠায় দিলে সেই আত্মাই আব্বা পিতৃ এই বুলি মাতে 7 এই কাৰণে আপুনি পুনৰ আগৰ দৰে দাস নহয় কিন্তু সন্তান হৈছে যিহেতু সন্তান হৈছে সেয়েহে ঈশ্বৰৰ দ্বাৰাই উত্তৰাধিকাৰীও হৈছে৷ 8 পূৰ্বতে আপোনালোকে যেতিয়া ঈশ্বৰক জনা নাছিল তেতিয়া যিবোৰ স্বাভাৱিকৰূপে ঈশ্বৰ নহয় সেইবোৰৰ সেৱাকৰ্ম কৰিছিল 9 কিন্তু এতিয়া আপোনালোকে ঈশ্বৰৰ পৰিচয় পালে ইয়াৰ উপৰি ঈশ্বৰৰ দ্বাৰাই পৰিচিত হল এনে স্থলত কেনেকৈ পুনৰ সেই দূৰ্বল আৰু দীনহীন জগতৰ প্ৰাথমিক বিধিলৈ উলটি যাব কেনেকৈ পুনৰ সেই বিধিবোৰৰ সেৱাকৰ্ম কৰিব পাৰিব 10 আপোনালোকে বিশেষ বিশেষ দিন মাহ ঋতু আৰু বছৰ এইবোৰ পালন কৰি আছে 11 আপোনালোকৰ কাৰণে মোৰ ভয় হয় জানোচা মই যি পৰিশ্ৰম কৰিলোঁ সেয়ে কিজানিবা কেনেবাকৈ ব্যর্থ হয় 12 হে ভাই সকল বিনয় কৰি কৈছোঁ অাপোনালোক মোৰ নিচিনা হওক কিয়নো ময়ো আপোনালোকৰ নিচিনা হৈছো আপোনালোকে মোৰ একো অন্যায় কৰা নাছিল 13 মোৰ শৰীৰৰ দূৰ্ব্বলতাৰ কাৰণে মই যে প্ৰথম বাৰ আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিলোঁ সেই বিষয়ে আপোনালোকে জানে 14 মোৰ মাংসত আপোনালোকৰ যি পৰীক্ষা হৈছিল সেই বিষয়ত আপোনালোকে হেয়জ্ঞান আৰু ঘৃণাবোধ কৰা নাছিল বৰং ঈশ্বৰৰ এজন দূত এনে কি খ্ৰীষ্ট যীচুৰ নিচিনাকৈ মোক গ্ৰহন কৰিছিল 15 এতিয়া আপোনালোকৰ সেই আনন্দ কত কিয়নো আপোনালোকৰ পক্ষে মই সাক্ষ্য দিছিলোঁ যে সাধ্য হোৱা হলে আপোনালোকে নিজ নিজ চকুকো কাঢ়ি মোক দিলেহেঁতেন 16 এতিয়া আপোনালোকক সত্য কথা কোৱা বাবে মই আপোনালোকৰ ওচৰত শত্ৰু হলোঁ নে 17 সেই লোক সকল আপোনালোকৰ প্ৰতি আগ্ৰহী কিন্তু কোনো ভাল উদ্দেশ্যৰ বাবে আগ্ৰহী নহয়৷ তেওঁলোকে আপোনালোকক মোৰ কাষৰ পৰা অাতৰাই অানিবলৈ বিচাৰে যাতে আপোনালোকে তেওঁলোকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে৷ 18 অৱশ্যে আগ্ৰহ দেখুওৱা ভাল যদিহে সৎ উদ্দেশ্যেৰে তাক কৰা হয়৷ অকল মই আপোনালোকৰ তাত উপস্থিত থাকোতে যে ভাল এনে নহয় কিন্তু সকলো সময়তে থকা ভাল 19 হে মোৰ প্ৰিয় সন্তান সকল আপোনালোকৰ কাৰণে পুনৰ এবাৰ প্ৰসৱ যন্ত্ৰণা ভোগ কৰিছোঁ যেতিয়ালৈকে আপোনালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয় তেতিয়ালৈকে ভোগ কৰি আছোঁ৷ 20 এতিয়া আপোনালোকৰ ওচৰত যাবৰ বাবে মোৰ মন গৈ আছে আৰু তাত বেলেগ ভাবে এই সকলো কথা আপোনালোকৰ লগত আলোচনা কৰিব পাৰিলোঁ হয়৷ আপোনালোকৰ বাবে মই বিবুদ্ধিত পৰি আছোঁ 21 হে বিধানশাস্ত্ৰৰ অধীন হব খোজা সকল মোক কওকচোন আপোনালোকৰ মাজৰ কোনে বিধানৰ কথা শুনিবলৈ নিবিচাৰে 22 কিয়নো লিখা আছে যে অব্ৰাহামৰ দুজন পুত্ৰ আছিল দাসীৰ গৰ্ভত ওপজা এজন স্বাধীন জনীৰ গৰ্ভত ওপজা এজন 23 কিন্তু দাসীৰ যি জন সি মাংস অনুসাৰে জন্মিছিল কিন্তু স্বাধীন জনীৰ যি জন সেই জন প্ৰতিজ্ঞাৰ গুণেহে জন্মিছিল 24 এইবোৰ কথাৰ এটা আন প্ৰকাৰ ভাবাৰ্থ আছে কিয়নো এই দুজনীয়েই দুই বিধান নিয়ম হৈছে এক নিয়ম চিনয় পৰ্বতৰ পৰা দাসত্বৰূপ অৱস্থাত প্ৰসৱ কৰোঁতা সেয়ে হৈছে হাগাৰ৷ 25 কিয়নো আৰব দেশত হাগাৰ শব্দৰ অৰ্থ চীনয় পৰ্বত আৰু বৰ্তমান যিৰূচালেমকো বুজায় কিয়নো নিজ সন্তানৰ সৈতে এতিয়াও বন্দী অৱস্থাত আছে 26 কিন্তু উৰ্দ্ধলোকত থকা যিৰূচালেম স্বাধীন তেওঁ হৈছে আমাৰ মাতৃ 27 কিয়নো লিখা আছে হে প্ৰসৱ নকৰা বন্ধ্যা আনন্দ কৰা তোমালোকৰ মাজৰ যি গৰাকীয়ে সন্তান প্ৰসৱ কৰা নাই বৰ মাতেৰে উল্লাস আৰু হৰ্ষনাদ কৰা কিয়নো স্বামী থকা জনীতকৈ অনাথিনী জনীৰ সন্তান অধিক হব 28 এতিয়া হে ভাই সকল ইচহাকৰ দৰে আমিও প্ৰতিজ্ঞাৰ সন্তান হৈছোঁ৷ 29 কিন্তু তেতিয়া যেনেকৈ মাংস অনুসাৰে জন্ম পোৱা জনে আত্মা অনুসাৰে জন্ম পোৱা জনক তাড়না কৰিছিল তেনেকৈ এতিয়াও হৈ আছে 30 কিন্তু ধৰ্মশাস্ত্ৰৰ বচনে কি কয় দাসী আৰু তাইৰ পুতেকক খেদি দিয়া কিয়নো স্বাধীন জনীৰ পুতেকৰ সৈতে দাসীৰ পুতেকে উত্তৰাধিকাৰী নাপাব 31 এতেকে হে ভাই সকল আমি দাসীৰ সন্তান নহওঁ সেই স্বাধীন গৰাকীৰহে সন্তান হওঁ

Chapter 5

৫ অধ্যায়

1 খ্ৰীষ্টে আমাক স্বাধীন কৰিছে যাতে আমি স্বাধীন ভাবে থাকিব পাৰোঁ এতেকে সুস্থিৰ হওক পুনৰ দাসত্বৰূপ যুৱলিৰ বন্ধনত নপৰিব 2 চাওক মই পৌলে আপোনালোকক কৈ আছোঁ যদি আপোনালোকে চুন্নৎ কৰা যোগেদি পুনৰ বিধিবোৰলৈ ঘুৰি যায় তেনেহলে খ্ৰীষ্টত আপোনালোকৰ একো লাভ নহব 3 পুনৰ মই সকলো মানুহক সাক্ষ্য দি কওঁ যে আপোনালোকে যদি চুন্নৎ হবলৈ বিচাৰি আছে তেতিয়াহলে প্ৰতিজনে বিধান পালন কৰিব লাগিব 4 পূৰ্বতে অাপোনালোক খ্ৰীষ্টৰ পৰা বিচ্ছিন্ন হৈ আছিল আপোনালোক সকলোৱে বিধানৰ দ্বাৰাই ধাৰ্মিক হবলৈ বিচাৰিছিল এইদৰে আপোনালোক অনুগ্ৰহৰ পৰা খহি পৰিছিল৷ 5 কিয়নো আমি আত্মাৰ যোগেদি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিকতাৰ আশা লৈ বাট চাই আছোঁ 6 কিয়নো খ্ৰীষ্ট যীচুত চুন্নৎ আৰু অচুন্নতৰ একো সাৰ্থকতা নাই কিন্তু ইয়াৰ পৰিৱৰ্তে প্ৰেমৰ যোগেদি একমাত্ৰ বিশ্বাসে কাৰ্য সাধন কৰে 7 আপোনালোকে ভালদৰে দৌৰিছিল পাছত কোনে আপোনালোকক সত্যক নামানিবলৈ বাধা জন্মালে 8 যি জনে আপোনালোকক প্ৰৰোচনা কৰিছে সেই জন আপোনালোকক আহ্বান কৰা জনৰ পৰা অহা নহয় 9 অলপ খমিৰে সনা পিঠাগুড়িৰ আটাইখিনিকে ফুলায় 10 আপোনালোকে যে আন কোনো বিষয় নাভাবে এই বিষয়ে প্ৰভুত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে কিন্তু যি জনে আপোনালোকক অস্থিৰ কৰে সেই জনে নিজ দণ্ড ভোগ কৰিব তেওঁ যি কোনোৱে নহওক 11 হে ভাই সকল মই যদি চুন্নৎ হোৱা বিধান ৰাজহুৱা ভাবে প্ৰচাৰ কৰোঁ তেনেহলে মই কিয় এতিয়াও নির্যাতন ভোগ কৰি আছোঁ কিন্তু চুন্নতৰ প্ৰয়োজন সমন্ধে যদি এতিয়াও কওঁ তেতিয়া হলে ক্ৰুচৰ বিঘিনি লুপ্ত হলহেঁতেন 12 যি সকলে আপোনালোকক ভুল ধাৰণা দি আছে তেওঁলোকে নিজে আগুৱাই যাওঁক আৰু নিজে নিজৰ অণ্ডকোষো ছেদন কৰক 13 হে ভাই সকল আপোনালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হল৷ আপোনালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পুৰ কৰিবৰ কাৰণে নহওক কিন্তু প্ৰেমৰ যোগেদি এজনে আন জনৰ সেৱাকৰ্ম কৰক 14 কিয়নো সকলো বিধান সিদ্ধ হৈ এটা আজ্ঞাতে স্থিৰ আছে সেইটো হল তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷ 15 কিন্তু আপোনালোকে যদি পৰস্পৰৰ মাজত খোৱাকামোৰা কৰি থাকে তেনেহলে সাৱধান হব যাতে আপোনালোকে এইদৰে ইজনে সিজনৰ অনিষ্ট সাধন নকৰে৷ 16 কিন্তু মই কওঁ আপোনালোকে আত্মাৰে চলক তাতে কোনোমতে আপোনালোকৰ মাংসৰ অভিলাষ পুৰ নকৰিব 17 কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে কাৰণ আপোনালোকে যি কৰিবলৈ ইচ্ছা কৰে তাক যেন আপোনালোকে নকৰে তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধাবিৰুদ্ধী 18 কিন্তু আপোনালোকে যদি আত্মাৰ দ্বাৰাই চালিত হয় তেনেহলে আপোনালোক বিধানৰ অধীন নহয় 19 এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান৷ সেয়ে ব্যভিচাৰ অশুচি কাৰ্য লম্পট আচৰণ 20 মূৰ্তিপূজা মায়াকৰ্ম্ম নানা বিধ শত্ৰুতা বিবাদ ঈৰ্ষা খংৰাগ বিৰোধ বিভেদ নানামত অসূয়া মত্ততা 21 হিংসুক মতলীয়া মতলীয়া হৈ হাইকাজিয়া কৰা আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ তেনেকৈ এতিয়াও কৈছোঁ যি সকলে এনে আচৰণ কৰে তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব 22 কিন্তু আত্মাৰ ফল হল প্ৰেম আনন্দ শান্তি চিৰসহিষ্ণুতা দয়া মঙ্গলভাৱ বিশ্বাস 23 মৃদুভাব ইন্দ্ৰিয়দমন৷ এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই 24 আৰু যি সকল খ্ৰীষ্ট যীচুৰ তেওঁলোকে মাংসিক অভিলাষেৰে সৈতে কুভাৱনা আৰু আসক্তিক ক্ৰুচত দিলে৷ 25 আমি যদি আত্মাৰে জীয়াই থাকো তেনেহলে আত্মাৰে চলোহঁক 26 সেয়েহে আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনক হিংসা কৰি অনৰ্থক অহংকাৰ নকৰোঁহক

Chapter 6

৬ অধ্যায়

1 হে ভাই সকল কোনো মানুহ যদি কোনো অপৰাধত পৰে তেনেহলে আত্মিক যি আপোনালোক আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হব৷ 2 আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক 3 কিয়নো কোনোৱে একো নহৈয়ো যদি নিজকে বৰ মানে তেনেহলে তেওঁ নিজকে প্ৰতাৰণা কৰে 4 প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব 5 কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ বব 6 যি জনে বাক্যৰ শিক্ষা পায় তেওঁ শিক্ষকৰ সৈতে সকলো ভাল বস্তুৰ ভাগ দিয়ক 7 আপোনালোক ভ্ৰান্ত নহব ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব 8 কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে তেওঁ মাংসৰ পৰা ক্ষয়ৰূপ শস্য দাব কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব 9 আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ কিয়নো আমি ক্লান্ত নহলে উচিত সময়ত দাবলৈ পাম 10 এই হেতুকে আহক সুযোগ পালে সকলোৰে বাবে বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক 11 চাওক মই নিজ হাতেৰে কিমান দিঘলীয়া চিঠি আপোনালোকলৈ লিখিলোঁ 12 যিসকল লোকে মাংসিক ৰূপে ভাল প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে সেই সকলেহে আপোনালোকক চুন্নৎ হবলৈ বাধ্য কৰাই কিন্তু তেওঁলোকে খ্ৰীষ্টৰ ক্ৰুচৰ অৰ্থে তাড়না নাপাবৰ কাৰণেহে ইয়াকে কৰে 13 কিয়নো চুন্নৎ হোৱা সকলে নিজেও বিধান পালন নকৰে আপোনালোকৰ মাংসত তেওঁলোকে যেন গৌৰৱ কৰিব পাৰে এই কাৰণে আপোনালোক চুন্নৎ হোৱাতো তেওঁলোকে ইচ্ছা কৰে 14 কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্ৰুচত হত হলোঁ 15 কিয়নো চুন্নতো একো নহয় অচুন্নতো একো নহয় কিন্তু নতুন সৃষ্টিহে গুৰুত্বপূৰ্ণ 16 যিমান মানুহ এই সূত্ৰ অনুসাৰে চলিব তেওঁলোকৰ ওপৰত শান্তি আৰু দয়া থাকক আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ ওপৰতো থাকক৷ 17 এতিয়াৰ পৰা কোনেও মোক অসুবিধা নিদিয়ক কিয়নো মই নিজ শৰীৰত যীচুৰ নানা চিন লৈ ফুৰি আছোঁ 18 ভাই সকল আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক আমেন