Assamese: Indian Revised Version - Assamese

Updated ? hours ago # views See on DCS

ৰোমীয়া

১ অধ্যায় 1

মঙ্গলাচৰণ আৰু আভাস

1 মই পৌল যীচু খ্ৰীষ্টৰ এজন দাস আৰু ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে পৃথক হোৱা আমন্ত্ৰিত পাঁচনি 2 যি শুভবাৰ্তাৰ বিষয়ে ঈশ্বৰে পূৰ্বতে তেওঁৰ ভাববাদী সকলৰ যোগেদি পবিত্ৰ বিধানত প্ৰতিজ্ঞা কৰিছিল 3 সেয়ে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বিষয়ৰ শুভবাৰ্তা যি জনে মানৱ ৰূপে দায়ুদৰ বংশত জন্মিছিল৷ 4 তেওঁ পবিত্ৰ আত্মাৰ শক্তিৰ যোগেদি ঈশ্বৰৰ পুত্ৰৰূপে ঘোষণা কৰা হৈ পবিত্ৰতাৰ দ্বাৰা মৃত্যুৰ পৰা পুনৰুত্থিত হল তেৱেঁই আমাৰ প্ৰভু যীচু খ্ৰীষ্ট৷ 5 তেওঁৰেই দ্বাৰাই আমি তেওঁৰ নামৰ কাৰণে সকলো জাতিৰ মাজত বিশ্বাস ৰূপ আজ্ঞাধীনতাৰ অৰ্থে অনুগ্ৰহ আৰু পাঁচনি পদ পালোঁ 6 সেই জাতিবোৰৰ মাজত আপোনালোকো যীচু খ্ৰীষ্টৰ আমন্ত্ৰিত লোক৷ 7 ৰোমত থকা ঈশ্ৱৰৰ যি প্ৰিয় লোক আৰু তেওঁক বিশ্ৱাস কৰা সেই পবিত্ৰ লোক সকল আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা অাপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক 8 প্ৰথমতে যীচু খ্ৰীষ্টৰ যোগেদি অাপোনালোক সকলোৰে বিষয়ে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ কাৰণ গোটেই জগতত অাপোনালোকৰ বিশ্বাস প্ৰচাৰিত হল৷ 9 কিয়নো ঈশ্ৱৰ মোৰ সাক্ষ্য যি জনক মই নিজ আত্মাৰে সৈতে তেওঁৰ পুত্ৰৰ শুভবার্তাৰ সেৱা কৰোঁ আৰু সেই জনৰ ওচৰত মই নিৰন্তৰে আপোনালোকৰ নাম উল্লেখ কৰি 10 মোৰ প্ৰাৰ্থনা কালত সদায় অনুৰোধ কৰোঁ আৰু শেষত মই যেন কোনো প্ৰকাৰে ঈশ্ৱৰৰ ইচ্ছাৰ দ্ৱাৰাই আপোনালোকৰ ওচৰত আহিবলৈ সফল হওঁ৷ 11 কিয়নো মই আপোনালোকক চাবলৈ অতিশয় হাবিয়াহ কৰি আছোঁ যাতে মই আপোনালোকক কোনো আত্মিক বৰৰ ভাগী কৰিব পাৰোঁ আৰু তাতে আপোনালোকেও যেন সুস্থিৰ থাকিব পাৰে৷ 12 আপোনালোকৰ আৰু মোৰ উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ মাজত নিজেও আশ্বাস পাবলৈ মই ইচ্ছা কৰিছোঁ 13 হে ভাই সকল মই নিবিচাৰো যে আপোনালোকে এই কথা নজনাকৈ থাকক মই বাৰে বাৰে আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছিলোঁ৷ যেনেকৈ মই আৰু অনাইহুদী লোক সকলে ফল পাইছোঁ তেনেকৈ আপোনালোকেও পাওক কিন্তু এতিয়ালৈকে বাধা পাই আছোঁ৷ 14 গ্ৰীক বিদেশী জ্ঞানী আৰু অজ্ঞানী এই সকলোৰে ওচৰত মই ধৰুৱা হৈ আছো৷ 15 এই হেতুকে ৰোমত থকা যি আপোনালোক অাপোনালোকৰ আগতো মই সাধ্য অনুসাৰে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছো 16 কিয়নো শুভবাৰ্তাত মই লাজ নাপাও কাৰণ প্ৰথমে ইহুদী পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেক জনলৈ এয়া পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি 17 কিয়নো ইয়াত ঈশ্বৰৰ ধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈ আছে এই বিষয়ে লিখাও আছে ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীৱ 18 যি সকলে অধাৰ্মিকতাৰ দ্বাৰাই সত্যক নিবাৰণ কৰে ঈশ্ৱৰৰ ক্ৰোধ সেই অধর্মি আৰু ভক্তিহীন লোক সকললৈ স্ৱর্গৰ পৰা প্ৰকট হয় 19 কাৰণ ঈশ্বৰৰ বিষয়ে যি জানিব পৰা যায় সেয়ে প্ৰকাশিত হৈ আছে৷ কিয়নো ঈশ্বৰে সেই বিষয়ে সিহঁতক শিক্ষিত কৰিলে 20 কিয়নো ঈশ্ৱৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য হৈ স্পষ্টকৈ দেখা গৈছে যাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকৰ একো নজনাৰ কাৰণ নাথাকে 21 কিয়নো ঈশ্বৰৰ বিষয়ে জানিও তেওঁক ঈশ্বৰ বুলি তেওঁলোকে স্তুতি বা ধন্যবাদো নকৰিলে কিন্তু নিজৰ তৰ্কবিতৰ্কত অজ্ঞানী হল আৰু তেওঁলোকৰ অবোধ হৃদয় অন্ধকাৰময় হল 22 নিজক জ্ঞানী দাবীদাৰ কৰি তেওঁলোক মূৰ্খ হল 23 আৰু ক্ষয়শীল মানুহ চৰাই চাৰিঠেঙীয়া জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে তেওঁলোকে চিৰস্থায়ী ঈশ্বৰৰ মহিমাক সলনাসলনি কৰিলে 24 এই কাৰণে তেওঁলোকৰ শৰীৰক অমৰ্য্যদা কৰিবলৈ ঈশ্বৰে তেওঁলোকৰ হৃদয়ৰ অভিলাষেৰে তেওঁলোকক অশুচিতালৈ শোধাই দিলে 25 তেওঁলোকে ঈশ্বৰৰ সত্যতাক মিছাৰ সৈতে সালসলনি কৰি সৃষ্টিকৰ্ত্তাৰ সলনি সৃষ্ট বস্তুবোৰৰ আৰাধনা আৰু সেৱা কৰিলে সেই জন সৃষ্টিকৰ্ত্তা চিৰকাল ধন্য আমেন 26 এই কাৰণে ঈশ্বৰে তেওঁলোকক অনাদৰযুক্ত কামাভিলাষলৈ শোধাই দিলে কিয়নো তেওঁলোকৰ স্ত্ৰী লোক সকলে স্বাভাৱিক সঙ্গ এৰি স্বভাৱৰ বিপৰীত সঙ্গ কৰিলে 27 সেইদৰে পুৰুষ সকলেও স্বাভাৱিক স্ত্ৰী সঙ্গ এৰি পৰস্পৰে কামাগ্নিৰে দগ্ধ হৈ পুৰুষে সৈতে পুৰুষে লাজৰ কৰ্ম সাধন কৰি নিজকে নিজলৈ ভ্ৰান্তিৰ উচিত প্ৰতিফল আনিলে 28 তেওঁলোকে ঈশ্ৱৰৰ অৱগত হবলৈ নিবিচাৰিলে সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷ 29 তেওঁলোক সকলো অধাৰ্মিকতা দুষ্টতা লোভ আৰু ঈর্ষাৰে ভৰি থকা৷ তেওঁলোক নৰবধী বিবাদ ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ 30 তেওঁলোক পৰচর্চা পৰনিন্দা কৰোঁতা ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ হিংসাত্মক উদ্ধত অহংকাৰী কুকল্পনা জন্মোৱা পিতৃমাতৃক নমনা লোক৷ 31 তেওঁলোক অজ্ঞানী অনির্ভৰযোগ্য স্নেহহীন আৰু নিৰ্দয় লোক৷ 32 আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য ঈশ্বৰৰ এই বিচাৰ জানিও তেওঁলোকে সেইদৰে আচৰণ কৰে কেৱল সেয়ে নহয় কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে

১ অধ্যায় 2

২ অধ্যায়

ইহুদী আদি কৰি মনুষ্য মাত্ৰেই পাপ অৱস্থা

1 হে লোকৰ সোধবিচাৰ কৰা মানুহ এই কাৰণে অাপোনালোকক ক্ষমা কৰা নহব কিয়নো যি কথাত আপোনালোকে লোকৰ সোধবিচাৰ কৰে সেই কথাতে নিজক দোষী কৰি আছে কাৰণ লোকৰ বিচাৰ কৰা যি আপোনালোক আপোনালোকে নিজেও সেই একে আচৰণ কৰি আছে 2 আৰু এনে আচৰণ কৰা সকলৰ বিৰুদ্ধে ঈশ্বৰৰ দণ্ডাজ্ঞা যে সত্যৰ দৰে হয় ইয়াক আমি জানো 3 কিন্তু বিবেচনা কৰকচোন আপোনালোক যি সকলে এনে আচৰণ কৰা সকলৰ বিচাৰ কৰি আছে তাতে নিজেও একে কৰ্ম কৰি ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পৰা সাৰিম বুলি ভাবিছে নে 4 নে আপুনি তেওঁৰ অনুগ্ৰহ ধৈৰ্য্য আৰু চিৰসহিষ্ণুতাৰূপ ধন হেয়জ্ঞান কৰিছে যি ঈশ্বৰৰ অনুগ্ৰহে আপোনাক মন পালটন কৰাৰ পথত লৈ যায় সেই বিষয়ে আপুনি নাজানে নে 5 কিন্তু আপোনাৰ কঠিনতা আৰু খেদহীন হৃদয়ে ন্যায়ৱান ঈশ্বৰৰ সোধবিচাৰ প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ নিজৰ বাবে ক্ৰোধ সাঁচিছে 6 তেওঁ প্ৰতিজনক নিজ নিজ কৰ্ম অনুসাৰে প্ৰতিফল দিব 7 যি সকলে সৎকৰ্ম্মত ধৈৰ্য্য ধৰি মহিমা সন্মান আৰু অক্ষয়তা বিচাৰে তেওঁলোকক অনন্ত জীৱন দিব৷ 8 কিন্তু বিৰোধী লোক সকললৈ আৰু সত্যক অমান্য কৰি অধাৰ্মিকতাক মান্য কৰা সকললৈ ক্ৰোধ আৰু কোপ হব 9 তাতে সকলো মানুহৰ প্ৰাণৰ প্ৰথমতে ইহুদী পাছত গ্ৰীকলোকৰো তেনে কুকৰ্ম্ম সাধন কৰা সকলোৰে ক্লেশ আৰু সঙ্কট ঘটিব৷ 10 কিন্তু প্ৰথমে ইহুদী পাছত গ্ৰীক লোকলৈ সৎকৰ্ম্ম সাধন কৰা সকলো লোকলৈ গৌৰৱ মৰ্য্যদা আৰু শান্তি হব 11 কিয়নো ঈশ্বৰৰ সৈতে কোনো পক্ষপাত নাই৷ 12 সেয়েহে বিধান নাজানি যি সকলে পাপ কৰিলে সেই সকলোৰে বিধান অবিহনে বিনাশ হব আৰু একেদৰে যি সকলে বিধান জানিও পাপ কৰিলে তেওঁলোকৰ বিধানৰ দ্ৱাৰাই সোধবিচাৰ হব 13 কিয়নো ঈশ্বৰৰ আগত বিধান শুনা সকল ধার্মিক নহয় কিন্তু বিধান পালন কৰা সকলহে ধাৰ্মিক বুলি প্ৰমাণিত হব 14 কাৰণ যেতিয়া বিধানহীন অনাইহুদী সকলে স্বভাৱতে বিধানৰ কৰ্ম কৰে তেতিয়া সেই বিধানহীন সকলৰ বিধান তেওঁলোকেই হয় 15 এনেদৰে তেওঁলোকে বিধানৰ যি প্ৰয়োজনীয় কৰ্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে আৰু তেওঁলোকৰ বিবেকেও সেই বিষয়ে সাক্ষ্য দি তেওঁলোকৰ মনৰ ভাৱেৰে নিজকে হয়তো অভিযুক্ত বা সমর্থন কৰে 16 আৰু যি দিনা মোৰ শুভবাৰ্তাৰ দৰে ঈশ্বৰে খ্ৰীষ্ট যীচুৰ দ্বাৰাই লোক সকলৰ গুপুত বিষয়ৰ সোধবিচাৰ কৰিব সেই দিনা এনে ঘটিব৷ 17 আপুনি যদি নিজকে ইহুদী বুলি কয় তেনেহলে বিধানত নিৰ্ভৰ কৰক আৰু ঈশ্বৰত আনন্দেৰে গৌৰৱ কৰক 18 আৰু বিধানৰ পৰা শিক্ষা পোৱাত তেওঁৰ ইচ্ছা জানক আৰু সেই বিষয়ে পৃথক হলে সেইবোৰক পৰীক্ষা কৰক 19 নিজকে অন্ধ সকলৰ পথদৰ্শক বুলি বিশ্ৱাস কৰি আন্ধাৰত থকা সকললৈ পোহৰ হওক 20 অজ্ঞানক জ্ঞান দিওঁতা শিশু সকলৰ গুৰু আৰু বিধানত থকা সকলো জ্ঞান আৰু সত্যতাৰ বিষয়ে আপুনি জানক৷ 21 তেন্তে হে লোকক শিক্ষা দিওঁতা অাপুনি নিজকে শিক্ষা নিদিয়ে নে হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন আপুনি চুৰ নকৰে নে 22 হে ব্যভিচাৰ নকৰিবলৈ কোৱা জন আপুনি ব্যভিচাৰ নকৰে নে হে মূৰ্তিপূজাবোৰক ঘিণ কৰা জন মন্দিৰবোৰৰ পৰা আপুনি লুট নকৰে নে 23 হে বিধানত গৌৰৱ কৰা জন আপুনি বিধান উলঙ্ঘন কৰি ঈশ্বৰৰ অসন্মান নকৰে নে 24 কিয়নো ঈশ্বৰৰ নাম তোমালোকৰ কাৰণেই অনাইহুদী সকলৰ মাজত নিন্দিত হৈছে ঠিক এনেদৰে লিখাও আছে৷ 25 কাৰণ আপুনি যদি বিধান পালন কৰে তেন্তে প্ৰকৃততে আপোনাৰ চুন্নতৰ লাভ হয় কিন্তু আপুনি যদি বিধানউলঙ্ঘনকাৰী হয় তেন্তে আপুনি চুন্নৎ নোহোৱাৰ সমান হল 26 এতেকে চুন্নৎ নোহোৱা জনে যদি বিধানৰ বিধিবোৰ পালন কৰে তেন্তে অচুন্নৎ জনো চুন্নৎ বুলি গণিত নহব নে 27 আৰু বিধানপালনকাৰী স্বাভাৱিক অচুন্নৎ জনে চুন্নৎ হয়ো বিধান উলঙ্ঘন কৰা যি আপুনি অাপোনাৰ সোধবিচাৰ শাস্ত্ৰ অনুসাৰে তেওঁ নকৰিব নে 28 কিয়নো মাত্ৰ বাহ্যিকভাৱে ইহুদী হলেই প্ৰকৃত ইহুদী হব নোৱাৰি আৰু মাংসত কৰা যি বাহিৰৰ চুন্নৎ সেই জনো চুন্নৎ নহয় 29 কিন্তু যি জন ভিতৰে ইহুদী তেওঁহে ইহুদী হয় আৰু আখৰেৰে নহয় কিন্তু আত্মাৰে হৃদয়ৰ যি চুন্নৎ সেয়েহে চুন্নৎ তেওঁৰ প্ৰশংসা মানুহৰ পৰা নহয় কিন্তু ঈশ্বৰৰ পৰাহে হয়

১ অধ্যায় 3

৩ অধ্যায়

1 তেনেহলে ইহুদী সকলৰ এনে কি সুবিধা আছে যি অন্য লোকৰ নাই চুন্নতৰেই বা মূল্য কি 2 সকলো ফালৰ পৰা ইহুদী সকলৰ বহুতো সুবিধা আছে তাৰ মাজৰ গুৰুত্ৱপূর্ণ বিষয়টো হল ঈশ্ৱৰে তেওঁৰ শিক্ষা প্ৰথমে ইহুদী সকলকেই দিছিল৷ 3 কাৰণ কোনো কোনো ইহুদী সকলে যদি অবিশ্বাস কৰে তেতিয়া কি হব তেওঁলোকৰ অবিশ্বাসে ঈশ্বৰৰ বিশ্বাস যোগ্যতা বিফল কৰিব নে 4 কোনো প্ৰকাৰে এনে নহব৷ সকলো মানুহ মিছলীয়া হলেও ঈশ্বৰক সত্য বুলি মনা হওক এই বিষয়ে লিখাও আছে তুমি যেন নিজৰ কথাত ধাৰ্মিক বুলি প্ৰমাণিত হবা আৰু সকলো বিচাৰত জয়ী হবা 5 কিন্তু আমাৰ অধাৰ্মিকতাই যদি ঈশ্বৰৰ ধাৰ্মিকতা প্ৰকাশ কৰে তেন্তে আমি কি কম ক্ৰোধ সফলকাৰী ঈশ্বৰ অধাৰ্মিক নে মই সাধাৰণ মানুহৰ যুক্তিৰে কৈছো৷ 6 এনে যেন কেতিয়াও নহওক৷ কিয়নো তেতিয়া ঈশ্বৰে কেনেকৈ জগতৰ সোধবিচাৰ কৰিব 7 কিন্তু মোৰ মিছাৰ দ্বাৰাই যদি ঈশ্বৰৰ সত্যতা তেওঁৰ মহিমাৰ অৰ্থে উপচি পৰে তেম্তে আকৌ পাপী বুলি এতিয়াও মোৰ কিয় সোধবিচাৰ কৰা হয় 8 ভালৰ অৰ্থে কুকৰ্ম্ম কৰোহঁক এই কথাষাৰ আমি কৈছোঁ বুলি যেনেকৈ কোনো লোকে আনৰ আগত আমাৰ নিন্দা কৰি কয় তেনেকৈ আমিও কিয় নকওঁ এনে কথা কোৱা সকলৰ ন্যায় দণ্ডাজ্ঞাৰ যোগ্য 9 তেন্তে কি আমি আনতকৈ উত্তম নে কোনো মতে নহওঁ কিয়নো আমি আগেয়ে দুয়ো ইহুদী আৰু গ্ৰীক সকলক এই দায় দিলোঁ যে তেওঁলোক সকলোৱেই পাপৰ অধিন৷ 10 এই বিষয়ে লিখাও আছে ধাৰ্মিক কোনো নাই এজনো নাই৷ 11 বিবেচক কোনো নাই৷ ঈশ্বৰক বিচৰাও কোনো নাই৷ 12 সকলো অপথে গল একেবাৰে অকৰ্মন্য হল সদাচৰণকাৰী কোনো নাই এজনো নাই 13 সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা৷ সিহঁতে জিভাৰে প্ৰতাৰণা কৰে৷ ৷ 14 সিহঁতৰ মুখ অভিশাপ আৰু কটুবাক্যৰে পৰিপূৰ্ণ৷ 15 সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী৷ 16 সিহঁতৰ সকলো পথত বিনাশ আৰু দুৰ্দ্দশা হয়৷ 17 সিহঁতে শান্তিৰ পথ নাজানিলে৷ 18 সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই৷ 19 আমি জানো যে বিধানে যি যি কয় বিধানৰ অধিনত থকা লোক সকলকহে কয় যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হয়৷ 20 কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহ তেওঁৰ আগত ধাৰ্মিক বুলি প্ৰমাণিত নহব কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে 21 কিন্তু এতিয়া যি বিষয়ত বিধানশাস্ত্ৰ আৰু ভাববাদী সকলে সাক্ষ্য দিলে ঈশ্বৰে এনে বিষয়ত ধাৰ্মিকতা বিনাবিধানে প্ৰকাশিত কৰিছে 22 ঈশ্বৰৰ সেই ধাৰ্মিকতা যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া হয় কিয়নো ঈশ্ৱৰত কোনো প্ৰভেদ নাই৷ 23 কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হল 24 কিন্তু খ্ৰীষ্ট যীচুত যি মুক্তি তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি প্ৰমাণিত হল 25 কাৰণ ঈশ্বৰে যীচু খ্ৰীষ্টক তেওঁৰ তেজৰ দ্ৱাৰাই বিশ্ৱাসৰ প্ৰতিকাৰ স্ৱৰূপে তেওঁৰ ধৈৰ্য্যগুণত পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে নিজ ধাৰ্মিকতা দেখুৱাবলৈ তেওঁ যীচু খ্ৰীষ্টক দান কৰিলে৷ 26 তেওঁ পুত্ৰ যীচুক দান কৰি আজিও দেখুৱাই যে তেওঁ ন্যায়ৱান৷ ঈশ্বৰে এই কাৰ্য কৰিছে যাতে তেওঁৰ ন্যায়পৰায়ণতা থাকে আৰু যদি কোনোৱে যীচুত বিশ্বাস কৰে তেৱোঁ যেন ধাৰ্মিক ৰূপে প্ৰমাণিত হয়৷ 27 তেনেহলে আত্মশ্লাঘা কত তাক দূৰ কৰা হল কেনেকুৱা বিধানেৰে কৰ্মবোৰৰ দ্বাৰাই নে নহয় বিশ্বাসৰ বিধানেৰেহে 28 এতেকে আমি সিদ্ধান্ত কৰিছোঁ যে বিধানৰ কৰ্মৰ দ্বাৰা নহয় বিশ্বাসেৰেহে মানুহ ধাৰ্মিক বুলি প্ৰমাণিত হয়৷ 29 ঈশ্বৰ অকল ইহুদী সকলৰ ঈশ্বৰ নে তেওঁ অনাইহুদী সকলৰো ঈশ্ৱৰ নহয় জনো অৱশ্যে অনাইহুদী সকলৰো ঈশ্বৰ হয়৷ 30 প্ৰকৃততে ঈশ্ৱৰ যদি এজন চুন্নৎ হোৱা সকলক বিশ্বাসৰ কাৰণে আৰু অচুন্নৎ সকলক বিশ্বাসৰ দ্বাৰাইহে ধাৰ্মিক বুলি প্ৰমাণিত কৰিব 31 তেন্তে আমি বিশ্বাসৰ দ্বাৰাই বিধান লুপ্ত কৰিছোঁ নে এনে যেন কেতিয়াও নহওক ইয়াৰ পৰিৱর্তে অামি বিধান স্থিৰহে কৰিছোঁ

১ অধ্যায় 4

৪ অধ্যায়

অব্ৰাহামৰ বৃত্তান্ত

1

 

তেন্তে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ উপৰি-পুৰুষ যি অব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি ক’ম? 2 কিয়নো অব্ৰাহামে যদি কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হৈছিল তেন্তে গৌৰৱ কৰাৰ কাৰণ তেওঁৰ আছিল কিন্তু ঈশ্বৰৰ আগত সেই গৌৰৱ কৰাৰ কোনো কাৰণ নাছিল 3 কাৰণ ধৰ্মশাস্ত্ৰই কি কৈছে অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হল 4 কৰ্মকাৰীৰ বেচ অনুগ্ৰহৰ পৰা বুলি গণিত নহয় কিন্তু সেয়া পাবলগীয়া বুলিহে গণিত হয় 5 কিন্তু যি জন কৰ্মকাৰী নহয় কিন্তু অধাৰ্মিক সকলক ধাৰ্মিক বুলি গণিত কৰা জনক বিশ্বাস কৰে তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে প্ৰমাণিত হয় 6 এইদৰে দায়ুদেও কৈছিল সেই ব্যক্তি ধন্য যি ব্যক্তিৰ ধাৰ্মিকতা ঈশ্বৰে গণনা কৰে কিন্তু তেওঁৰ কৰ্মৰ দ্বাৰা নহয় 7 এই বিষয়ে কোৱা আছে বোলে যি সকলৰ অধৰ্ম ক্ষমা কৰা হল আৰু যি সকলৰ পাপ ঢকা হল তেওঁলোক ধন্য 8 যি মানুহৰ অৰ্থে প্ৰভুৱে পাপ গণনা নকৰিব তেওঁ ধন্য 9 তেন্তে সেই ধন্যবাদ কেৱল চুন্নৎ হোৱা সকললৈ নে নে কেৱল অচুন্নৎ সকললৈ হয় কিয়নো আমি কওঁ অব্ৰাহামৰ বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হল 10 তেন্তে কি ধৰণে গণিত হল তেওঁ চুন্নৎ হোৱা অৱস্থাত নে চুন্নৎ নোহোৱা অৱস্থাত চুন্নৎ হোৱা অৱস্থাত নহয় কিন্তু চুন্নৎ নোহোৱা অৱস্থাতহে গণিত হল 11 চুন্নৎ নোহোৱা অৱস্থাত অব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই যি ধাৰ্মিকতা আছিল তাৰ ছাব স্বৰূপে তেওঁ সেই চুন্নতৰূপ চিন পাইছিল যাতে চুন্নৎ নোহোৱা অৱস্থাত বিশ্বাস কৰা সকলোৰে তেওঁ পিতৃ হয় আৰু ধাৰ্মিকতা যেন তেওঁলোকলৈ গণিত হয় 12 আৰু যাতে তেওঁ কেৱল চুন্নৎ হোৱা সকলৰ পিতৃ নহয় কিন্তু আমাৰ পিতৃ অব্ৰাহামৰ অচুন্নৎ অৱস্থাত যি বিশ্ৱাস আছিল সেই লোক সকলেও যদি অব্ৰাহামৰ বিশ্ৱাসৰ পথত চলে তেন্তে তেওঁলোকো অব্ৰাহামৰ সন্তান৷ 13 কিয়নো সেই প্ৰতিজ্ঞা অব্ৰাহাম বা তেওঁৰ বংশলৈ কৰা হৈছিল যে তেওঁ জগতৰ উত্তৰাধিকাৰী হব সেয়ে বিধানৰ দ্বাৰাই নহয় কিন্তু তেওঁৰ বিশ্বাসৰ ধাৰ্মিকতাৰ দ্বাৰাইহে হৈছিল৷ 14 কিয়নো বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱা সকল যদি উত্তৰাধিকাৰী হয় তেন্তে বিশ্বাস ব্যৰ্থ হল আৰু সেই প্ৰতিজ্ঞাও বিফল হল 15 কিয়নো বিধানে ক্ৰোধ সাধন কৰায় কিন্তু যত বিধান নাই তাত উলঙ্ঘনো নাই 16 এই কাৰণে বংশবোৰৰ সেই প্ৰতিজ্ঞাৰ নিশ্চিত উত্তৰাধিকাৰী হবলৈ তেওঁলোকৰ উত্তৰাধীকাৰ বিশ্ৱাসৰ দ্ৱাৰাই অনুগ্ৰহেৰেহে হব লাগিব আৰু কেৱল বংশবোৰৰ বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱা সকলেই নহয় কিন্তু অব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক হোৱা সকলেও সেই প্ৰতিজ্ঞাৰ অন্তর্ভুক্ত হব যি অব্ৰাহাম আমাৰ সকলোৰে পিতৃ 17 আৰু যিদৰে লিখা আছে মই তোমাক অনেক জাতিৰ আদিপিতৃ পাতিলো৷ আব্ৰাহামে ঈশ্ৱৰত বিশ্ৱাস ৰাখি তেওঁৰ সাক্ষাতে আছিল কিয়নো তেওঁ বিশ্ৱাস কৰা ঈশ্ৱৰে মৃত লোকক জীৱন দান কৰে আৰু জড়ক জীৱলৈ সম্বোধন কৰে৷ 18 আৰু তোমাৰ বংশ এইদৰে হব এই বাক্য অনুসাৰে অনেক জাতিৰ পিতৃ হবলৈ আশা নোহোৱাতো তেওঁ ঈশ্ৱৰত আশা ৰাখি বিশ্বাস কৰিলে 19 আৰু বিশ্বাসত দুৰ্ব্বল নহৈ নিজৰ প্ৰায় এশ বছৰ বয়সৰ শৰীৰক আৰু চাৰাৰ গর্ভক মৰাৰ নিচিনা অৱস্থাৰূপে মন কৰিছিল যদিও 20 ঈশ্বৰৰ প্ৰতিজ্ঞাত সংশয় কৰি অবিশ্বাস কৰা নাছিল কিন্তু ঈশ্ৱৰে যি প্ৰতিজ্ঞা কৰিছিল সেই মহিমাময় প্ৰতিজ্ঞাৰ বাবে ঈশ্বৰক ধন্যবাদ দি বিশ্বাসত বলৱান হল 21 ঈশ্ৱৰে তেওঁক যি প্ৰতিজ্ঞা কৰিছিল সেই প্ৰতীজ্ঞা সম্পূর্ণভাৱে সিদ্ধ কৰিব পাৰে বুলি তেওঁ জানিছিল৷ 22 এই কাৰণে সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হল 23 তেওঁলৈ গণিত হল বুলি যে কেৱল তেওঁৰ উপকাৰৰ বিষয়ে লিখা হল এনে নহয় 24 কিন্তু আমাৰ বাবেও লিখা হল আৰু আমাৰ প্ৰভু যীচুক মৃত লোকৰ মাজৰ পৰা তোলা জনক বিশ্বাস কৰা যি আমি আমালৈকো গণিত হব 25 সেই যীচু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হল

১ অধ্যায় 5

অধ্যায় ৫

1 এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে 2 তেওঁৰ যোগেদি আমি বিশ্বাসৰ দ্বাৰাই ভিতৰত সোমাবলৈ পাওঁ ইয়াতে আমি অনুগ্ৰহ পাই স্থিৰেও আছোঁ৷ ইয়াতে আমি আনন্দ কৰোঁ এই ভাৰসালৈয়ে এদিন ঈশ্বৰৰ মহিমাৰ অংশীদাৰ হম 3 অকল সেয়ে নহয় কিন্তু আমাৰ নানা দুখ কষ্টৰ মাজতো আমি উল্লাস কৰোঁ৷ কিয়নো আমি জানো যে এই সকলো দুখকষ্টই আমাক ধৈর্যৰ পথত আগবঢ়াই লৈ যায়৷ 4 ধৈৰ্য্যই বক্তিত্ব গঠন কৰে আৰু ব্যক্তিত্বই আশা জন্মায় ৷ 5 সেই আশাই লাজত নেপেলায় কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে 6 কিয়নো ইতিপূৰ্ব্বে যেতিয়া আমি দুৰ্ব্বল আছিলো তেতিয়া খ্ৰীষ্টে উপযুক্ত সময়ত ঈশ্বৰক ভক্তি নকৰা সকলৰ কাৰণে আপোন প্ৰাণ দিলে 7 ধাৰ্মিক লোকৰ কাৰণে কোনো এজনে প্ৰাণ নিদিয়ে সৎলোকৰ কাৰণে প্ৰাণ দিবলৈকো অৱশ্যে কোনো জনৰ সাহস থাকিব পাৰে 8 কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে কাৰণ ইতিপূৰ্ব্বে যেতিয়া আমি পাপী আছিলো তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে 9 এতেকে এতিয়া খ্ৰীষ্টৰ তেজেৰে ধাৰ্মিক বুলি গণিত হোৱাত কিমান অধিক গুণে আমি তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম 10 কিয়নো যেতিয়া শত্ৰু আছিলো তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ যোগেদি যদি আমি ঈশ্বৰে সৈতে মিলন হলোঁ তেন্তে সেই মিলনৰ যোগেদি আমি কিমান অধিক গুণে তেওঁৰ জীৱনৰ দ্বাৰাই পৰিত্ৰাণ পাম 11 অকল সেয়ে নহয় যি জনৰ যোগেদি আমি ঈশ্বৰে সৈতে এতিয়া মিলন হব পাৰিলো সেই জন প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰত আমি উল্লাসো কৰি আছো 12 এতেকে যেনেকৈ এজন মানুহৰ যোগেদি পাপ জগতলৈ আহিল সেইদৰে পাপৰ যোগেদি মৃত্যুও আহিল আৰু সকলোৱে পাপ কৰাত সেই মৃত্যু সকলো মানুহৰ মাজত বিয়পি গল৷ 13 কিয়নো বিধান দিয়ালৈকে জগতত পাপ আছিল কিন্তু যত বিধান নাই তাত পাপকো গণনা কৰা নাযায় 14 তথাপি যি সকলে আদমৰ আজ্ঞালঙ্ঘনৰ দৰে পাপ কৰা নাই আদমৰ পৰা মোচিলৈকে তেওঁলোকৰ ওপৰতো মৃত্যুৱে ৰাজত্ব কৰিছিল সেই আদম আহিব লগীয়া জনৰ প্ৰতিৰূপ আছিল 15 কিন্তু অপৰাধ যেনেকুৱা অনুগ্ৰহৰ বৰ তেনে ধৰণৰ নহয়৷ কিয়নো এজনৰ অপৰাধৰ বাবে যদি অনেকৰ মৃত্যু হল তেন্তে কিমান অধিক ঈশ্বৰৰ অনুগ্ৰহ আৰু এজন মানুহৰ অনুগ্ৰহৰ দ্বাৰাই অহা দান সেয়ে যীচু খ্ৰীষ্টত অনেকলৈ উপচি পৰিল 16 পাপ কৰা এজনৰ দ্বাৰাই যেনে হল অনুগ্ৰহৰ দান তেনে নহয় কিয়নো এজনৰ পৰাই দণ্ডৰ ৰায় দিয়া হল কিন্তু অনেক অপৰাধৰ পাছতো ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হল 17 কাৰণ এজনৰ অপৰাধত যদি এজনৰ দ্বাৰাই মৃত্যুৱে ৰাজত্ব পালে তেন্তে যি সকলে অনুগ্ৰহ আৰু ধাৰ্মিকতাৰ দানত উপচয় হয় তেওঁলোকে অধিক গুণে এজনৰ দ্বাৰাই জীৱনত ৰাজত্ব পাব সেই জন যীচু খ্ৰীষ্ট 18 এতেকে যেনেকৈ এটা অপৰাধৰ যোগেদি সকলো মানুহলৈ দণ্ডৰ আদেশ দিয়া হল তেনেকৈ ধাৰ্মিকতাৰ এটা কাৰ্যৰ যোগেদি সকলো মানুহৰ বাবে জীৱনৰ ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হল 19 কিয়নো এজন মানুহৰ আজ্ঞালঙ্ঘনৰ যোগেদি যেনেকৈ অনেকক পাপী বুলি গণিত কৰা হল তেনেকৈ এজনৰ আজ্ঞা পালনৰ যোগেদি অনেকক ধাৰ্মিক কৰা হব 20 ইয়াৰ বাহিৰেও অপৰাধ অধিক হবলৈ বিধান সোমাই আহিল কিন্তু যি ঠাইত পাপ অধিক হল সেই ঠাইত অনুগ্ৰহ একেবাৰে উপচি পৰিল 21 সেই কাৰণে যেনেকৈ মৃত্যুত পাপে ৰাজত্ব পালে তেনেকৈ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি অনন্ত জীৱনৰ অৰ্থে অনুগ্ৰহে ধাৰ্মিকতাৰ ৰাজত্ব পায়৷

১ অধ্যায় 6

৬ অধ্যায়

বিশ্বাসৰ ফল ধৰ্ম্মাচৰণ

1 তেনেহলে আমি কি কম অনুগ্ৰহ অধিক হবলৈ পাপ কৰি থাকিম নে 2 এনে নহওক পাপৰ সম্বন্ধে মৰা যি আমি আমি তাত পুণৰ কেনেকৈ জীয়াই থাকিম 3 নতুবা আমি যিমান লোক খ্ৰীষ্ট যীচুৰ উদ্দেশ্যে বাপ্তাইজিত হলো সকলোৱে যে তেওঁৰ মৃত্যুৰ উদ্দেশ্যেহে বাপ্তাইজিত হলো ইয়াক আপোনালোকে নাজানা নে কি 4 এতেকে পিতৃৰ মহিমাৰ যোগে যেনেকৈ খ্ৰীষ্টক মৃত সকলৰ মাজৰ পৰা তোলা হল তেনেকৈ আমিও যেন জীৱনৰ নতুনতাত চলোঁ এই কাৰণে বাপ্তিস্মৰ যোগেদি আমি তেওঁৰ সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হলোঁ 5 কিয়নো তেওঁৰ মৃত্যুৰ সাদৃশ্যেৰে আমি যদি সংযুক্ত হলোঁ তেন্তে উত্থানৰ সাদৃশ্যেৰেও সংযুক্ত হম৷ 6 আমি যেন পুণৰ পাপৰ সেৱক নহওঁ এই কাৰণে এই পাপময় শৰীৰ বিনষ্ট হবৰ বাবে আমাৰ পুৰণি পুৰুষক তেওঁৰ সৈতে ক্ৰুচত দিয়া হল ইয়াক আমি জানো 7 কিয়নো যি জন মৰিল তেওঁ পাপৰ পৰা মুক্ত হৈ ধাৰ্মিক বুলি গণিত হল 8 কিন্তু আমি যদি খ্ৰীষ্টে সৈতে মৰিলোঁ তেন্তে তেওঁৰ সৈতে যে জীৱনৰো ভাগী হম সেই বিষয়ে আমি বিশ্বাস কৰোঁ৷ 9 কিয়নো মৃত লোকৰ মাজৰ পৰা তোলা যি খ্ৰীষ্ট তেওঁ পুণৰ কেতিয়াও নমৰে আৰু মৃত্যুৱে যে তেওঁৰ ওপৰত পুণৰ প্ৰভুত্ব কৰিব নোৱাৰে ইয়াকো আমি জানো 10 কাৰণ তেওঁ যি মৃত্যু ভোগ কৰিলে সেয়া পাপৰ উদ্দেশ্যে এবাৰেই ভোগ কৰিলে কিন্তু তেওঁ যি জীৱন ভোগ কৰিছে সেই জীৱন ঈশ্বৰৰ উদ্দেশ্যে ভোগ কৰিছে 11 সেইদৰে আপোনালোকেও নিজক পাপৰ উদ্দেশ্যে মৰা বুলি গণ্য কৰক কিন্তু ঈশ্বৰৰ উদ্দেশ্যে খ্ৰীষ্ট যীচুত জীয়া বুলি গণ্য কৰক 12 এতেকে আপোনালোকে শৰীৰৰ অভিলাষৰ বশীভূত হবলৈ আপোনালোকৰ মৰ্ত্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিব৷ 13 নিজ নিজ অঙ্গপ্ৰত্যঙ্গবোৰক অধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিব কিন্তু নিজকে ঈশ্বৰলৈ সমর্পণ কৰক মৃত লোকৰ মাজৰ পৰা জীৱিত ৰূপে আৰু নিজ নিজ অঙ্গপ্ৰত্যঙ্গবোৰ ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰক 14 কিয়নো আপোনালোকৰ ওপৰত পাপক প্ৰভুত্ব কৰিবলৈ নিদিব কাৰণ আপোনালোক বিধানৰ অধিন নহয় কিন্তু অনুগ্ৰহৰহে অধিন হৈ আছে 15 তেন্তে কি আমি বিধানৰ অধিন নহয়কিন্তু অনুগ্ৰহৰ অধিন হোৱাৰ কাৰণে পাপ কৰিম নে এনে নহওক 16 মৃত্যুৰ কাৰণে পাপ নাইবা ধাৰ্মিকতাৰ কাৰণে আজ্ঞা পালন এই উভয়ৰ মাজত যাৰ ওচৰত আপোনালোকে নিজক আজ্ঞাপালনৰ অৰ্থে দাস স্বৰূপে সমৰ্পণ কৰে সেইটোৰ আজ্ঞা পালন কৰি যে তাৰ দাস হয় ইয়াক আপোনালোকে নাজানে নে 17 কাৰণ আগেয়ে আপোনালোক পাপৰ দাস আছিল কিন্তু এতিয়া যি আদৰ্শৰ শিক্ষালৈ সমৰ্পিত হল আৰু অন্তৰেৰে সৈতে সেই বিষয় মানিবলৈ যে আপোনালোক আজ্ঞাধীন হল তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ হওক 18 আপোনালোকক পাপৰ পৰা মুক্ত কৰা হল এতিয়া আপোনালোক ধাৰ্মিকতাৰ দাস 19 আপোনালোকৰ মাংসৰ দুৰ্ব্বলতাৰ কাৰণে মই মানুহৰ দৰে কৈছোঁ৷ কিয়নো আপোনালোকে যেনেকৈ পুৰ্বতে অধৰ্মৰ কাৰণে নিজ নিজ অঙ্গপ্ৰত্যঙ্গবোৰক অশুচিতা আৰু অধৰ্ম অধীনত সমৰ্পণ কৰিছিল তেনেকৈ এতিয়া পবিত্ৰতা লাভৰ কাৰণে নিজ নিজ অঙ্গপ্ৰত্যঙ্গবোৰক দাস স্বৰূপে ধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰক 20 কাৰণ যেতিয়া আপোনালোক পাপৰ দাস আছিল তেতিয়া ধাৰ্মিকতাৰ সম্বন্ধে স্বাধীন আছিল 21 তেন্তে যি যি বিষয়ত এতিয়া আপোনালোকে লাজ পাই আছে তেতিয়া সেইবোৰত আপোনালোকৰ ফল কি আছিল কিয়নো সেইবোৰৰ পৰিণাম আছিল মৃত্যু 22 কিন্তু এতিয়া আপোনালোক পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হোৱাত আপোনালোকে পবিত্ৰতা লাভৰ ফল পাইছে আৰু ইয়াৰ পৰিণাম অনন্ত জীৱন 23 কিয়নো পাপৰ বেচ মৃত্যু কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন

১ অধ্যায় 7

৭ অধ্যায়

যীচুৰ যোগে ব্যৱস্থাৰ পৰা মুক্তি পোৱা যায়৷

1 হে ভাই সকল মানুহ যিমান কাল জীয়াই থাকে সিমান কাললৈহে যে বিধানে তাৰ ওপৰত প্ৰভুত্ব কৰে ইয়াক আপোনালোকে নাজানে নেকি যি সকলে বিধান জানে মই সেই বিধান জনা সকলক কৈছোঁ 2 কাৰণ সধৱা স্ত্ৰী জীয়াই থকা স্বামীৰে সৈতে বিধানেৰে বন্ধা কিন্তু স্বামীৰ মৃত্যু হলে তেওঁৰ স্বামীৰ বিধানৰ পৰা মুক্ত হয় 3 এতেকে তেওঁৰ স্বামী জীৱিত থাকোতেই যদি তেওঁ আন পুৰুষৰ সৈতে সহবাস কৰে তেতিয়া তেওঁক ব্যভিচাৰীণী বোলা যায়৷ কিন্তু স্বামীৰ মৃত্যু হলে তেওঁ বিধানৰ পৰা মুক্ত হয় পাছত আন পুৰুষৰ হলেও তেওঁ ব্যাভিচাৰীণী নহয় 4 সেইদৰে হে মোৰ ভাই সকল আমি যেন ঈশ্বৰলৈ ফল উৎপন্ন কৰোঁ এই কাৰণে আপোনালোকো আন এজনৰ অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা উত্থিত কৰোঁতা জনৰ হবলৈ খ্ৰীষ্টৰ শৰীৰৰ যোগেদি বিধানৰ সম্বন্ধে মৃত হল 5 কিয়নো যেতিয়া আমি মাংসৰ বশত আছিলো তেতিয়া মৃত্যুলৈ ফল উৎপন্ন কৰিবলৈ বিধানৰ যোগেদি হোৱা পাপৰ অভিলাষবোৰৰ বাবে আমাৰ অঙ্গপ্ৰত্যঙ্গবোৰে নিজ নিজ কাৰ্য সাধন কৰিলে 6 কিন্তু এতিয়া আমি বিধানৰ পৰা মুক্ত হলো যিহতে বন্ধ আছিলো তাৰ সম্বন্ধে আমি মৃত হলো৷ গতিকে এতিয়া আমি আখৰৰ লিখনিৰ প্ৰাচীনতাৰে নহয় কিন্তু আত্মাৰ নতুনতাৰে সেৱাকৰ্ম কৰোঁ 7 তেন্তে আমি কি কম বিধানেই পাপ নে এনে নহওক কিন্তু পাপনো কি সেই মই বিষয়ে আগতে নাজানিছিলোঁ কেৱল বিধানৰ যোগেদিহে জানিবলৈ পালো৷ কিয়নো তুমি লোভ নকৰিবা বিধানে ইয়াক নোকোৱা হলে লোভ নো কি সেই বিষয়ে নাজানিলোহেঁতেন৷ 8 কিন্তু পাপে ছল পাই সেই আজ্ঞাৰ যোগেদি মোৰ অন্তৰত লোভ আদি সকলো অভিলাষ সাধন কৰিলে কিয়নো বিধান অবিহনে পাপ মৃত 9 পুৰ্বতে বিধান অবিহনে মই জীয়াই আছিলো কিন্তু পাছত সেই আজ্ঞা অহাত পাপ পুনৰায় জীয়াই উঠিল আৰু মই মৰিলোঁ 10 দেখা গল যে জীৱনৰ কাৰণে দিয়া যি আজ্ঞা সেই আজ্ঞা মোৰ বাবে মৃত্যুজনক হল৷ 11 কিয়নো পাপে ছল পাই সেই আজ্ঞাৰ যোগেদি মোক ভুলায় আৰু তাৰ দ্বাৰাই ই মোক বধ কৰিলে 12 এই কাৰণে বিধান পবিত্ৰ আজ্ঞাও পবিত্ৰ ন্যায়পৰায়ণ আৰু উত্তম 13 তেন্তে যি উত্তম সেয়ে মোলৈ মৃত্যুজনক হল নে এনে নহওক কিন্তু যি উত্তম তাৰ দ্বাৰাই পাপে মোৰ জীৱনত মৃত্যু সাধন কৰাৰ যোগেদি সেয়ে পাপ বুলি প্ৰকাশ পায় আৰু আজ্ঞাৰ দ্বাৰাই পাপ যেন অতিশয় পাপ পুৰ্ণ হয় এই কাৰণে পাপহে মোৰ বাবে মৃত্যুজনক হল 14 কিয়নো বিধান যে আত্মিক সেই বিষয়ে আমি জানো কিন্তু মই হলে মাংসিক৷ মই পাপৰ অধিনলৈ বিক্ৰীত হলো 15 কাৰণ মই যি সাধন কৰোঁ সেই বিষয়ে মই আচলতে নাজানো৷ কিয়নো মোৰ ইচ্ছা অনুসাৰে আচৰণ নকৰোঁ কিন্তু যিহকে ঘিণাও তাকেই কৰোঁ 16 কিন্তু মোৰ ইচ্ছাৰ দৰে যদি নকৰোঁ তেন্তে বিধান যে উত্তম ইয়াক স্বীকাৰ কৰোঁ 17 কিন্তু এতিয়া মই নহয় মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে 18 কিয়নো মই জানো যে মোৰ জীৱনত অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে৷ ইচ্ছা কৰিবলৈ মই সমৰ্থ কিন্তু উত্তমতা সাধন কৰিবলৈ হলে নোৱাঁৰো 19 কিয়নো যি উত্তমতালৈ ইচ্ছা হয় তাক নকৰো কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই তাকেই কৰোঁ 20 কিন্তু মোৰ ইচ্ছাৰ দৰে যদি মই নকৰো তেন্তে মই নহয় মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে 21 এতেকে বিচাৰি পাইছোঁ যে যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয় তেতিয়া মন্দ মোৰ ওচৰত থাকে এনে এক ধাৰণা মোৰ হৈছে 22 কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ 23 কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অঙ্গপ্ৰত্যঙ্গবোৰত থকা পাপৰ বিধানৰ অধিনত মোক বন্দী কৰা এনে আন এক ধাৰণা মোৰ অঙ্গপ্ৰত্যঙ্গ বোৰত দেখোঁ 24 হায় হায় মই কেনে দুৰ্ভগীয়া মানুহ এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব 25 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ এতেকে এহাতে মই আপোন মনেৰে ঈশ্বৰৰ বিধানৰ কিন্তু আনহাতে মাংসেৰে পাপৰ বিধানৰ সেৱাকৰ্ম্ম কৰোঁ

১ অধ্যায় 8

৮ অধ্যায়

ঐশ্বৰিক অনুগ্ৰহ পোৱা লোকৰ সৌভাগ্য

1 এই কাৰণে এতিয়া খ্ৰীষ্ট যীচুত থকা সকলৰ কোনো দণ্ডাজ্ঞা নাই 2 কিয়নো খ্ৰীষ্ট যীচুত মোৰ জীৱনক আত্মাৰ বিধানত পাপ আৰু মৃত্যুৰ বিধানৰ পৰা মুক্ত কৰিলে 3 বিধান মাংসৰ কাৰণে দুৰ্ব্বল হোৱাত যি কৰিব নোৱাৰিলে সেয়েহে ঈশ্বৰে নিজৰ পুত্ৰক পাপৰ অৰ্থে উৎসৰ্গিত হবলৈ পাপময় মাংসৰ সাদৃশ্যেৰে পঠিয়ালে আৰু মাংসত পাপৰ দণ্ডাজ্ঞা দিলে৷ 4 তেওঁ সেইটোৱে কৰিলে যাতে আমাৰ জীৱনত যেন বিধানৰ বিধান সিদ্ধ কৰা হয় সেয়েহে আমি মাংসিকৰ দৰে নহয় কিন্তু আত্মা অনুসাৰে চলোঁ আহক৷ 5 কিয়নো মাংস অনুসাৰে জীয়াই থকা সকলে মাংসিক বিষয় ভাবে কিন্তু আত্মা অনুসাৰে জীয়াই থকা সকলে আত্মিক বিষয় ভাবে 6 কাৰণ মাংসৰ ভাব হল মৃত্যু কিন্তু আত্মাৰ ভাব হৈছে জীৱন আৰু শান্তি 7 কিয়নো মাংসৰ ভাব ঈশ্বৰলৈ শত্ৰুতা কাৰণ সেয়ে ঈশ্বৰৰ বিধানৰ বশীভূত নহয় আৰু হবও নোৱাৰে৷ 8 যি সকলে মাংসৰ বশত আছে তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে 9 যিয়েই নহওক আপোনালোক মাংসৰ বশত নহয় কিন্তু আত্মাৰ বশতহে আছে আৰু সেয়াই যদি সত্য হয় তেন্তে ঈশ্বৰৰ আত্মা আপোনালোকৰ অন্তৰত বাস কৰে কিন্তু যি জনত খ্ৰীষ্টৰ আত্মা নাই তেওঁ খ্ৰীষ্টৰ নহয় 10 যদি খ্ৰীষ্ট আপোনালোকৰ জীৱনত থাকে তেন্তে পাপৰ কাৰণে এই শৰীৰ মৰা কিন্তু ধাৰ্মিকতাৰ বাবে আত্মাই জীৱন 11 যি জনে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তুলিলে তেওঁৰ আত্মা যদি আপোনালোকৰ জীৱনত থাকে তেনেহলে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তোলা জনে আপোনালোকত নিবাস কৰা তেওঁৰ আত্মাৰ যোগেদি আপোনালোকৰ মৰ্ত্ত্য দেহকো জীয়াব 12 এতেকে হে ভাই সকল আমি মাংসৰ বশত জীৱন যাপন কৰিবলৈ মাংসৰ ধৰুৱা নহওঁ 13 কাৰণ আপোনালোকে যদি মাংসৰ বশত জীৱন যাপন কৰে তেন্তে আপোনালোক যেনে হলেও মৰিব কিন্তু আত্মাৰ দ্বাৰাই যদি শৰীৰৰ কৰ্মবোৰ বধ কৰা হয় তেনেহলে আপোনালোক জীৱ 14 কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰা চালিত হয় সেই সকলোৱে ঈশ্বৰৰ সন্তান 15 সেয়েহে আপোনালোকে ভয় কৰিবলৈ পুনৰায় দাসত্বৰ আত্মা পাইছে এনে নহয় কিন্তু যি আত্মাৰ দ্বাৰা আমি আব্বা পিতৃ বুলি মাতোঁ এনে তোলনীয়া পুত্ৰৰ আত্মা পালে 16 আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে সাক্ষ্য দিয়ে 17 আমি যদি সন্তান হওঁ তেন্তে উত্তৰাধিকাৰীও হওঁ খ্ৰীষ্টে সৈতে মহিমান্বিত হবলৈ যদিহে আমি তেৱেঁ সৈতে দুখভোগ কৰোঁ তেনেহলে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতেও উত্তৰাধিকাৰী হওঁ 18 কিয়নো আমাৰ বাবে যি প্ৰতাপ প্ৰকাশিত হব তাৰে সৈতে বৰ্ত্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ মই কোনো বিষয় যোগ্য নহয় বুলি গণ্য কৰোঁ 19 কাৰণ ঈশ্বৰৰ সন্তান সকল প্ৰকাশিত হোৱালৈ সৃষ্টিৰ আশাই বাট চাই আছে 20 কাৰণ সৃষ্টি খন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হল এনে নহয় কিন্তু বশকৰ্ত্তাৰ কাৰণেহে হল সেয়ে এই আশাৰে হল যে 21 সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তান সকলৰ প্ৰতাপ মূলক মুক্তি পাব 22 কিয়নো এতিয়াও গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছে ইয়াক আমি জানো 23 অকল সেয়ে নহয় আত্মাৰ প্ৰথম ফল পোৱা যি আমি আমিও তোলনীয়া পুত্ৰৰ বাবলৈ বাট চাই আমাৰ শৰীৰৰ মুক্তিৰ অপেক্ষাৰে অন্তৰত কেঁকাই আছো 24 কিয়নো আমি আশাৰেহে পৰিত্ৰাণ পালোঁ কিন্তু দেখাত যি আশা সেয়েই আশা নহয় কাৰণ যিহক দেখা যায় তালৈ কোনে আশা কৰে 25 কিন্তু আমি যিহক দেখা নাই তালৈ যদি আশা কৰোঁ তেন্তে ধৈৰ্য্যেৰেহে তালৈ বাট চাই থাকোঁ 26 সেই একেদৰে আত্মায়ো আমাৰ দুৰ্ব্বলতাত উপকাৰ কৰে৷ কাৰণ উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে সেই বিষয়ে আমি নাজানো কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্ব্বচনীয় কেঁকনিৰে নিবেদন কৰে 27 আত্মাৰ ভাব কি সেই বিষয়ে অন্তৰ্য্যামী ঈশ্বৰে জানে কাৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি তেওঁ পবিত্ৰ লোকৰ বাবে নিবেদন কৰে 28 আমি জানো যে যি সকলে ঈশ্বৰক প্ৰেম কৰে সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে 29 কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাই সকলৰ মাজত প্ৰথমে জন্মা হয় এই কাৰণে ঈশ্বৰে যি সকলক আগেয়ে জানিলে তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হবলৈ আগেয়ে নিৰূপণো কৰিলে 30 আৰু যি সকলক আগেয়ে নিৰূপণ কৰিলে তেওঁলোকক আমন্ত্ৰণো কৰিলে৷ যি সকলক আমন্ত্ৰণ কৰিলে তেওঁলোকক ধাৰ্মিক বুলি গণিত কৰিলে আৰু যি সকলক ধাৰ্মিক বুলি গণিত কৰিলে তেওঁলোকক মহিমান্বিতো কৰিলে 31 তেতিয়াহলে এইবোৰ কথাত আমি কি কম যদি ঈশ্বৰ আমাৰ সপক্ষ হয় তেন্তে আমাৰ বিপক্ষ কোন হব পাৰে 32 যি জনে নিজৰ পুত্ৰকো মৰম নকৰি আমাৰ আটাইৰে কাৰণে তেওঁক শোধাই দিলে সেই জনে আমাক অনুগ্ৰহ কৰি তেওঁৰ সৈতে সকলো নিদিব নে 33 ঈশ্বৰৰ মনোনীত সকলৰ বিৰুদ্ধে কোনে অপবাদ দিব ঈশ্বৰেহে ধাৰ্মিক বুলি গণিত কৰোঁতা 34 দণ্ডাজ্ঞা দিওঁতা নো কোন যি জন মৰিল এনে কি মৃত লোকৰ মাজৰ পৰা তোলাও হল সেই জন খ্ৰীষ্ট যীচু তেওঁ ঈশ্বৰৰ সোঁফালে থাকি আমাৰ কাৰণে নিবেদনো কৰি আছে 35 খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে ক্লেশ বা সঙ্কট তাড়না বা আকাল বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল এইবোৰে পাৰে নে 36 এই বিষয়ে লিখাও আছে আমি তোমাৰ কাৰণে ওৰে দিনটো হত হব লাগিছোঁ৷ কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হলোঁ 37 তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত 38 কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে তাৰ পৰা মৃত্যু বা জীৱন স্বৰ্গৰ দূত বা শাসনকৰ্তা বৰ্ত্তমান বা ভবিষ্যত বিষয় বা পৰাক্ৰম 39 ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে

১ অধ্যায় 9

৯ অধ্যায়

ইস্ৰায়েলৰ পতনত ঈশ্বৰৰ দোষ নাই

1 মই খ্ৰীষ্টৰ অধিনত সত্য কওঁ মিছা নকওঁ আৰু মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধিনত মোৰ পক্ষে সাক্ষ্য দিছে যে 2 মোৰ হৃদয়ত অতি দুখ আৰু নিৰন্তৰ যাতনা হৈছে 3 কিয়নো যি সকল শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয় মোৰ সেই ভাই সকলৰ কাৰণে মই নিজেই খ্ৰীষ্টৰ পৰা শাপগ্ৰস্ত হবলৈ ইচ্ছা কৰিব পাৰিলোঁহেঁতেন 4 তেওঁলোক ইস্ৰায়েলীয়া৷ তেওঁলোক তোলনীয়া পুত্ৰ ঐশ্বৰ্য নানা ধৰ্ম্মনিয়ম বিধানশাস্ত্ৰ আৰাধনা আৰু প্ৰতিজ্ঞা সমূহ তেওঁলোকৰ হয়৷ 5 ওপৰপুৰুষ সকলো তেওঁলোকৰেই আৰু শৰীৰৰ সম্বন্ধে খ্ৰীষ্টও তেওঁলোকৰ পৰাই হল৷ যি জন সৰ্ব্বোপৰি সেই ঈশ্বৰ যুগে যুগে ধন্য আমেন 6 কিন্তু ঈশ্বৰৰ বাক্য যে বিফল হৈ পৰিল এনে নহয় কিয়নো ইস্ৰায়েলৰ পৰা হোৱা সকলোৱে যে ইস্ৰায়েল এনে নহয়৷ 7 তেওঁলোক অব্ৰাহামৰ বংশ হোৱাত সকলো যে তেওঁৰ সন্তান সেয়াও নহয় কিন্তু ইচহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হব৷ 8 এই শাস্ত্ৰীয় বচনৰ অৰ্থ হল শৰীৰৰ যি সন্তান তেওঁলোক ঈশ্বৰৰ সন্তান নহয় কিন্তু প্ৰতিজ্ঞাৰ যি সন্তান তেওঁলোকহে বংশ বুলি গণিত হয়৷ 9 কিয়নো প্ৰতিজ্ঞাৰ বাক্য এই এনেকুৱা সময়ত মই আহিম তেতিয়া চাৰাৰ এটি পুত্ৰ হব 10 অকল সেয়ে নহয় কিন্তু ৰিবেকাও এজনৰ পৰা আমাৰ পিতৃ ইচহাকৰ পৰা গৰ্ভৱতী হোৱাত 11 সন্তান নৌ ওপজোঁতেই আৰু ভাল বা বেয়া একো নকৰোতেই কৰ্মৰ কাৰণে নহয় কিন্তু আমন্ত্ৰণকাৰীৰ ইচ্ছাৰ কাৰণে ঈশ্বৰৰ মনোনীতৰ দৰে হোৱা অভিপ্ৰায়ত থিৰে থাকিবলৈ 12 তেওঁক কোৱা গৈছিল বোলে বৰটোৱে সৰুটোৰ সেৱাকৰ্ম্ম কৰিব 13 এই বিষয়ে লিখাও আছে মই যাকোবক প্ৰেম কৰিলোঁ কিন্তু এচৌক ঘিণ কৰিলোঁ 14 তেন্তে আমি কি কম ঈশ্বৰত অধাৰ্মিকতা আছে নে এনে নহওক 15 কিয়নো তেওঁ মোচিক কৈছিল মই যি জনক দয়া কৰোঁ তেওঁকেই দয়া কৰিম আৰু যি জনক কৃপা কৰোঁ তেওঁকেই কৃপা কৰিম 16 এতেকে এয়ে ইচ্ছা কৰা বা দৌৰ মৰা জনৰ পৰা নহয় কিন্তু দয়াকাৰী ঈশ্বৰৰ পৰাহে হয় 17 কিয়নো ধৰ্মশাস্ত্ৰই ফৰৌণকো কৈছে তোমাত মোৰ পৰাক্ৰম যেন দেখুৱাম তাৰ বাবে আৰু গোটেই জগতত মোৰ নাম প্ৰচাৰিত হবৰ বাবে মই তোমাক তুলিলোঁ 18 এতেকে যি জনৰ বাবে তেওঁৰ ইচ্ছা হয় তেওঁকেই তেওঁ দয়া কৰে আৰু যি জনৰ বাবে তেওঁৰ ইচ্ছা হয় তেওঁকেই তেওঁ কঠিন কৰে 19 তেতিয়া আপুনি মোক কব বোলে তেনেহলে তেওঁ আকৌ দোষ ধৰে কিয় কিয়নো তেওঁৰ ইচ্ছাৰ প্ৰতিৰোধ কোনে কৰিলে 20 হে অবাধ্য লোক ঈশ্বৰক প্ৰত্যুত্তৰ কৰা তুমি নো কোন নিৰ্ম্মিত বস্তুৱে তুমি মোক এনেকুৱা কিয় কৰিলা বুলি নিৰ্ম্মাণকৰ্ত্তাক কব নে 21 একে লদা মাটিৰে সমাদৰলৈ এটা অনাদৰলৈ এটা এনে দুবিধ পাত্ৰ বনাবলৈ মাটিৰ ওপৰত কুমাৰৰ ক্ষমতা নাই নে 22 ঈশ্বৰে নিজ ক্ৰোধ দেখুৱাবৰ বাবে আৰু পৰাক্ৰম জনাবৰ ইচ্ছাৰে যদি বিনাশৰ কাৰণে যুগুত হোৱা ক্ৰোধৰ পাত্ৰ সকলক অধিক চিৰসহিষ্ণুতাৰে সহন কৰিলে 23 আৰু যি সকলক প্ৰতাপৰ কাৰণে তেওঁ আগেয়ে প্ৰস্তুত কৰিলে সেই অনুগ্ৰহৰ পাত্ৰবোৰত নিজ প্ৰতাপৰূপ ধনৰ বিষয় জনোৱাৰ অভিপ্ৰায়েৰে দয়াও সাধন কৰিলে 24 তেওঁ আমাক তেনেকুৱা দয়াৰ পাত্ৰ বুলি কেৱল ইহুদী সকলৰ মাজৰ পৰা নহয় কিন্তু অনাইহুদী সকলৰ মাজৰ পৰাও আমন্ত্ৰণ কৰিলে 25 সেইদৰে তেওঁ হোচেয়াৰ পুস্তকতো কৈছে যি লোক মোৰ নহয় তেওঁক মোৰ লোক বুলি আৰু অপ্ৰিয় জনীক প্ৰেমৰ বুলি মাতিম 26 আৰু তোমালোক মোৰ লোক নোহোৱা এই কথা যি ঠাইত তেওঁলোকক কোৱা হৈছিল তাত তেওঁলোক জীৱনময় ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হব 27 কিন্তু ইস্ৰায়েলৰ বিষয়ে যিচয়াই এই কথা ঘোষণা কৰে ইস্ৰায়েলৰ সন্তান সকলৰ সংখ্যা যদিও সমূদ্ৰৰ বালিৰ নিচিনা হয় তথাপি অৱশিষ্ট ভাগেহে পৰিত্ৰাণ পাব৷ 28 কিয়নো প্ৰভুৱে তেওঁৰ বাক্য সংক্ষিপ্ত আৰু সমাপ্ত কৰি পৃথিৱীত সিদ্ধ কৰিব 29 এই বিষয়ে যিচয়া আগেয়ে কৈছিল বাহিনী সমূহৰ প্ৰভুৱে আমাৰ বাবে সঁচ নৰখা হলে আমি চদোমৰ নিচিনা হলোঁহেঁতেন আৰু ঘমোৰা নগৰৰ তুল্য হলোঁহেঁতেন 30 তেন্তে আমি কি কম অনাইহুদী সকলে ধাৰ্মিকতালৈ কার্য নকৰিও ধাৰ্মিকতা পালে 31 কিন্তু ইস্ৰায়েল লোকে ধাৰ্মিকতাৰ বিধানলৈ কার্য কৰিও সেই বিধান নাপালে 32 কি কাৰণে কিয়নো তেওঁলোকে বিশ্বাসৰ দ্বাৰাই নহয় কৰ্মৰ দ্বাৰাইহে পোৱা যায় বুলি কার্য কৰিলে উজুটি খুউৱা শিলত তেওঁলোকে উজুটি খালে 33 এই বিষয়ে লিখাও আছে চোৱা মই চিয়োনত উজুটি খুউৱা শিল অৰ্থাৎ বিঘ্ন জনক শিল থম তেওঁত বিশ্বাস কৰা জন লাজত নপৰিব

১ অধ্যায় 10

১০ অধ্যায়

1 হে ভাই সকল তেওঁলোকৰ বাবে মোৰ হৃদয়ৰ বাঞ্ছা আৰু ঈশ্বৰৰ আগত জনোৱা প্ৰাৰ্থনা এই যে তেওঁলোকে যেন পৰিত্ৰাণ পায় 2 ঈশ্বৰলৈ তেওঁলোকৰ আগ্ৰহ আছে বুলি মই তেওঁলোকৰ পক্ষে সাক্ষ্য দিছোঁ কিন্তু সেই আগ্ৰহ জ্ঞান অনুসাৰে নহয় 3 কাৰণ তেওঁলোকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি নিজৰ ধাৰ্মিকতা স্থাপন কৰিবলৈ বিচাৰি ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহল 4 কিয়নো ধাৰ্মিকতাৰ কাৰণে বিশ্বাস কৰা প্ৰত্যেক জনৰ বাবে খ্ৰীষ্ট হল বিধানৰ সম্পূৰ্ণতা৷ 5 কাৰণ মোচিয়ে লিখিছে যে যি মানুহে ব্যৱস্থামূলক ধাৰ্মিকতা পালন কৰে তেওঁহে এই ধাৰ্মিকতাৰ দ্বাৰাই জীৱ 6 কিন্তু বিশ্বাসমূলক ধাৰ্মিকতাই এইদৰে কয় তুমি নিজ হৃদয়ত নকবা যে স্বৰ্গলৈ কোন উঠিব অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ 7 বা অগাধ ঠাইলৈ কোন নামিব অৰ্থাৎ মৃত লোকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ৷ 8 কিন্তু ই কি কয় সেই বাক্য তোমাৰ ওচৰত তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে৷ 9 কিয়নো আপুনি যদি নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰে আৰু ঈশ্বৰে যে তেওঁক মৃত লোকৰ মাজৰ পৰা তুলিলে ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰে তেনেহলে পৰিত্ৰাণ পাব 10 কাৰণ ধাৰ্মিকতাৰ কাৰণে হৃদয়েৰে বিশ্বাস কৰা হয় আৰু পৰিত্ৰাণৰ কাৰণে মুখেৰে স্বীকাৰ কৰা হয় 11 কিয়নো ধৰ্মশাস্ত্ৰৰ বচনে কৈছে যি কোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ লাজত নপৰিব 12 কাৰণ ইহুদী বা গ্ৰীক ইয়াৰ মাজত একো প্ৰভেদ নাই কিয়নো সকলোৰে একমাত্ৰ প্ৰভু আছে যিমান মানুহে তেওঁক বিশ্বাস কৰে তেওঁলোকৰ বাবে তেওঁ ধনৱান৷ 13 কাৰণ যি কোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব 14 এতেকে যি জনক তেওঁলোকে বিশ্বাস কৰা নাই সেই জনৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব আৰু যি জনৰ বিষয়ে শুনা নাই তেওঁত নো কেনেকৈ বিশ্বাস কৰিব আৰু ঘোষণাকাৰী নহলে কেনেকৈ শুনিব 15 আৰু পঠোৱা নহলে কোনে ঘোষণা কৰিব এই বিষয়ে লিখাও আছে মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ 16 কিন্তু সকলোৱে যে শুভবাৰ্তা মানি ললে এনে নহয় কাৰণ যিচয়ায়ো কৈছে হে প্ৰভু আমি কোৱা বাৰ্ত্তা কোনে বিশ্বাস কৰিলে 17 এতেকে শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয় 18 কিন্তু মই কওঁ তেওঁলোকে জানো শুনিবলৈ পোৱা নাই অৱশ্যে পালে৷ তেওঁলোকৰ স্বৰ গোটেই পৃথিৱীলৈ 19 তদুপৰি মই কওঁ ইস্ৰায়েলৰ লোকে জানো জানিবলৈ পোৱা নাই প্ৰথমতে মোচিয়ে কৈছে নগণ্য জাতিৰ দ্বাৰাই তোমালোকৰ ঈৰ্ষা জন্মাম৷ নিৰ্ব্বোধ জাতিৰ দ্বাৰাই তোমালোকৰ খং তোলাম৷ 20 আৰু যিচয়ায়ো অতি সাহস কৰি কৈছে যি সকলে মোক নিবিচাৰিলে তেওঁলোকে মোক পালে৷ যি বিলাকে মোৰ বিষয়ে নুসুধিলে তেওঁলোকৰ আগত মই প্ৰকাশিত হলোঁ৷ 21 কিন্তু ইস্ৰায়েলৰ লোকৰ বিষয়ে তেওঁ কৈছে আজ্ঞা নমনা আৰু আপত্তি কৰা লোকলৈ মই ওৰে দিনটো হাত মেলিলোঁ৷

১ অধ্যায় 11

১১ অধ্যায়

পতিত ইস্ৰায়েলে শেষত পৰিত্ৰাণ পাব

1 তেনেহলে মই কওঁ ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলে নে এনে নহওক কিয়নো ময়ো অব্ৰাহামৰ বংশৰ বিন্যামীন ফৈদৰ এজন ইস্ৰায়েলীয়া 2 ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই নতুবা এলিয়াৰ বিৱৰণত শাস্ত্ৰই কি কৈছে সেই বিষয়ে আপোনালোকে নাজানে নে তেওঁ ইস্ৰায়েলৰ লোকৰ বিৰুদ্ধে ঈশ্বৰৰ আগত কিদৰে নিবেদন কৰিছিল তেওঁ কৈছিল 3 হে প্ৰভু লোক সকলে তোমাৰ ভাববাদী সকলক বধ কৰিলে তোমাৰ বেদিবোৰ খান্দি পেলালে আৰু এতিয়া মইহে অৱশিষ্ট আছো মোৰো প্ৰাণ তেওঁলোকে বিচাৰি আছে 4 কিন্তু উত্তৰত ঈশ্বৰে তেওঁক কি কয় বাল দেৱতাৰ আগত আঁঠু নোলোৱাকৈ থকা এনে সাত হাজাৰ মানুহ মই নিজলৈ অৱশিষ্ট ৰাখিলোঁ 5 এইদৰে বৰ্ত্তমান কালতো অনুগ্ৰহেৰে মনোনীত কৰা অৱশিষ্ট লোক আছে 6 কিন্তু সেয়ে যদি অনুগ্ৰহেৰে হয় তেন্তে কৰ্মেৰে নহয় অন্যথা সেই অনুগ্ৰহ অনুগ্ৰহ হৈ নাথাকে 7 তেন্তে কি ইস্ৰায়েলে যি বিচাৰিছে সেই পোৱা নাই কিন্তু মনোনীত লোকেহে তাক পালে অৱশিষ্ট সকলক কঠিন কৰা হল 8 এই বিষয়ে এইদৰে লিখাও আছে ঈশ্বৰে সিঁহতক মূৰ্চ্ছাজনক আত্মা আৰু যাতে নেদেখিব এনে চকু আৰু যাতে নুশুনিব এনে কাণ দিলে আজিলৈকে তেওঁলোক সেইদৰেই আছে 9 আৰু দায়ুদেও কৈছে সিঁহতৰ ভোজনৰ মেজ সিহঁতলৈ ফান্দ আৰু কুন্দা বিঘিনি আৰু প্ৰতিফলস্বৰূপ হওক 10 সিহঁতে নেদেখিবলৈ সিহঁতৰ চকু অন্ধকাৰময় হওক৷ আৰু আপুনি সিহঁতৰ পিঠি সদায় কুঁজী কৰক 11 তেন্তে মই কওঁ তেওঁলোকে পৰিবলৈ উজুটি খালে নে এনে নহওক কিন্তু তেওঁলোকৰ অন্তৰ্জ্বালা জন্মাবলৈ তেওঁলোকৰ অপৰাধৰ দ্বাৰাই অনাইহুদী সকলৰ পৰিত্ৰাণ হল 12 পাছত তেওঁলোকৰ অপৰাধেই যদি জগতৰ ধন আৰু তেওঁলোকৰ হানিয়েই যদি অনাইহুদী সকলৰ ধন হয় তেনেহলে তেওঁলোকৰ পৰিপূৰ্ণতা তাতকৈ কিমান অধিক হব 13 এতিয়া অনাইহুদী লোক যি আপোনালোক আপোনালোকক মই কৈছোঁ যেতিয়ালৈকে মই অনাইহুদী সকলৰ নিযুক্ত পাঁচনি হৈ আছো মোৰ সেই পৰিচৰ্যা পদৰ গৌৰৱ কৰিছোঁ 14 কিজানি কোনোমতে মোৰ স্বজাতীয় সকলৰ অন্তৰ্জ্বালা জন্মাই তেওঁলোকৰ কিছুমানৰ পৰিত্ৰাণ কৰাব পাৰোঁ 15 কিয়নো তেওঁলোকক ত্যাগ কৰাই যদি জগতৰ মিলন হয় তেন্তে তেওঁলোকক গ্ৰহন কৰাই মৃত সকলৰ জীৱন লাভৰ বাহিৰে আন কি হব পাৰে 16 যদি সনা পিঠাগুৰিৰ প্ৰথম ভাগ পবিত্ৰ তেন্তে গোটেই লদাই পবিত্ৰ আৰু যদি শিপা পবিত্ৰ তেন্তে ডালবোৰো পবিত্ৰ 17 কিন্তু কেতবোৰ ডাল যদি ভাঙি পেলোৱা হল আৰু আপুনি বনৰীয়া জলফাই গছ হৈয়ো যদি সেইবোৰৰ মাজত কলম স্বৰূপে লগোৱা হল আৰু আপুনি জলফাইৰ শিপাৰ ৰসৰ সহভাগী হল 18 তেন্তে ডালবোৰৰ বিৰুদ্ধে দৰ্প নকৰিব যদিও দৰ্প কৰে তথাপি আপুনি যে শিপাক ভৰণপোষণ দি আছে এনে নহয় কিন্তু শিপাইহে আপোনাক ভৰণপোষণ দি আছে৷ 19 ইয়াতে আপুনি কব মোক কলম স্বৰূপে লগাবলৈহে ডালবোৰ ভাঙি পেলোৱা হল 20 সচাঁ তেওঁলোকৰ অবিশ্বাসৰ কাৰণে সেইবোৰ ভাঙি পেলোৱা হল আপুনি হলে বিশ্বাসৰ দ্বাৰাই স্থিৰ হৈ আছে উচ্চমনা নহব বৰং ভয় কৰক৷ 21 কাৰণ যদি ঈশ্বৰে স্বাভাৱিক ডালবোৰক মৰম নকৰিলে তেন্তে আপোনাকো মৰম নকৰিব 22 এতেকে ঈশ্বৰৰ মধুৰ আৰু তীক্ষ্ণ ভাব চাওক৷ এফালে যি সকল ইহুদী পৰিল তেওঁলোকৰ বাবে হৈছে তীক্ষ্ণ ভাব আনফালে আপোনালোকৰ বাবে হৈছে ঈশ্বৰৰ মধুৰ ভাব৷ যদি আপুনি সেই মধুৰ ভাবত থাকে তেতিয়াহে নহলে আপুনিও কটা যাব 23 যদি সেইবোৰ অবিশ্বাসত নাথাকে তেনেহলে সেইবোৰকো কলম স্বৰূপে লগোৱা হব কিয়নো সেইবোৰক পুনৰ কলম স্বৰূপে লগাবলৈ ঈশ্বৰ সক্ষম 24 কাৰণ স্বাভাৱিক বনৰীয়া জলফাই গছৰ পৰা কটা যোৱা যি আপুনি আপুনি যদি স্বভাৱৰ বিপৰীতে উত্তম জলফাই গছত কলম স্বৰূপে লগোৱা হল তেন্তে স্বাভাৱিক ডাল যি সেইবোৰ সেই ইহুদী সকল কিমান অধিক নিঃসন্দেহে নিজৰ জলফাই গছত কলম স্বৰূপে লগোৱা হব 25 কিয়নো হে ভাই সকল আপোনালোকে যেন নিজকে জ্ঞানৱন্ত বুলি নামানে এই কাৰণে যেতিয়ালৈকে অনাইহুদী লোকৰ পৰিপূৰ্ণতা নহয় তেতিয়ালৈকে কিছু পৰিমাণে ইস্ৰায়েলী লোকৰ যে কঠিনতা জন্মিল এই নিগূঢ়তত্ত্ব আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই 26 এইদৰে সকলো ইস্ৰায়েলী লোকে পৰিত্ৰাণ পাব এই বিষয়ে লিখাও আছে চিয়োনৰ পৰা উদ্ধাৰকৰ্ত্তা আহিব তেওঁ যাকোবৰ বংশৰ পৰা ভক্তিলঙ্ঘন দূৰ কৰিব 27 আৰু এয়েই তেওঁলোকে সৈতে মোৰ নিয়ম হব তেতিয়া মই তেওঁলোকৰ পাপ গুচাম৷ 28 এফালে তেওঁলোক শুভবাৰ্তাৰ সম্বন্ধে আপোনালোকৰ কাৰণে শত্ৰু কিন্তু আনফালে ঈশ্বৰৰ মনোনীতৰ সম্বন্ধে তেওঁলোক ওপৰপুৰুষ সকলৰ কাৰণে প্ৰিয়পাত্ৰ 29 কিয়নো ঈশ্বৰৰ অনুগ্ৰহৰ বৰ আৰু আমন্ত্ৰণ অপৰিৱৰ্তনীয় 30 কাৰণ যেনেকৈ আপোনালোকে আগেয়ে ঈশ্বৰৰ অবাধ্য আছিল কিন্তু এতিয়া তেওঁলোকৰ অবাধ্যতাৰ কাৰণে দয়া পালে 31 তেনেকৈ এতিয়া এই ইহুদী সকলেও যেন আপোনালোকৰ দয়া প্ৰাপ্তিৰ কাৰণে দয়া পায় তাৰ বাবে তেওঁলোক এতিয়া অবাধ্য হল 32 কিয়নো ঈশ্বৰে সকলোকে দয়া কৰিবৰ বাবে সকলোকে অবাধ্যতাত বন্ধ কৰিলে 33 ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য 34 কিয়নো প্ৰভুৰ মন কোনে জানিলে আৰু তেওঁৰ মন্ত্ৰণাকাৰীয়ে বা কোন হল 35 নতুবা কোনে ঈশ্বৰলৈ আগেয়ে দিলে যে তাৰ বাবে তেওঁক প্ৰতিদান কৰিব লাগে 36 কিয়নো সকলো বস্তু তেওঁৰ পৰা তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণেই হয় তেওঁৰেই মহিমা চিৰকাল হওক আমেন

১ অধ্যায় 12

১২ অধ্যায়

ধৰ্ম্মাচৰণ কৰাৰ বিষয়ে নানা বিধান

1 এতেকে হে ভাই সকল ঈশ্বৰৰ সকলো কৰুণাৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয় জীৱিত আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা 2 আপোনালোক জগতৰ অনুৰূপ নহব কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক কোনটো উত্তম গ্ৰহণীয় আৰু সিদ্ধ কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷ 3 কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক 4 কাৰণ আমাৰ এই শৰীৰত যেনেকৈ অনেক অঙ্গপ্ৰত্যঙ্গ আছে অথচ সেই সকলো অঙ্গপ্ৰত্যঙ্গৰ একে ৰূপৰ কাৰ্য নহয় 5 তেনেকৈ আমিও অনেক হৈ খ্ৰীষ্টত এক দেহ হওঁ আৰু প্ৰতিজনে পৰস্পৰ অঙ্গপ্ৰত্যঙ্গ হৈ আছো 6 কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷ সেই বৰ যদি ভাববাণী হয় তেন্তে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷ 7 যদি পৰিচৰ্যাৰ বৰ হয় তেন্তে পৰিচৰ্যাতে থাকোহক বা শিক্ষা দিওঁতাই শিক্ষা দিয়া কাৰ্যত থাকোহক৷ 8 উদগাওঁতাই উদগোৱা কাৰ্যত থাকক দান দিওঁতাই দানশীলতাৰে দান কৰক শাসন কৰা জনে যত্নেৰে শাসন কৰক দয়া কৰা জনে হৰ্ষিত মনেৰে দয়া কৰক 9 প্ৰেম অকল্পিত হওক যি মন্দ তাক ঘিণ কৰক যি উত্তম তাত আসক্ত হওক৷ 10 ভ্ৰাতৃপ্ৰেমত পৰস্পৰ স্নেহশীল হওক আৰু সমাদৰ কৰা কথাত ইজনে সিজনতকৈ আগ হওক৷ 11 যত্নত এলেহুৱা নহব আত্মাত উৎসাহী হওক প্ৰভুৰ সেৱাকৰ্ম কৰক৷ 12 আশাত আনন্দ কৰক ক্লেশত সহনীয় হওক প্ৰাৰ্থনাত লাগি থাকক 13 পবিত্ৰ লোক সকলৰ অভাৱ দূৰ কৰা কথাত তেওঁলোকৰ সহভাগী হওক অতিথিসেৱাত আসক্ত হওক 14 যি সকলে আপোনালোকক তাড়না কৰে তেওঁলোকক আশীৰ্বাদ কৰক শাও নিদি আশীৰ্বাদ কৰক 15 যি সকলে আনন্দ কৰে তেওঁলোকে সৈতে আনন্দ কৰক যি সকলে ক্ৰন্দন কৰে তেওঁলোকে সৈতে ক্ৰন্দন কৰক 16 আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক বৰ বৰ বিষয়বোৰ চিন্তা নকৰি সামান্য লোকৰ দৰে চলক৷ নিজৰ নিজৰ মানত জ্ঞানী নহব 17 অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিব৷ সকলো মানুহে দেখাত যি উত্তম সেই উত্তমলৈ চিন্তা কৰক৷ 18 যদি হব পাৰে তেনেহলে আপোনালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে শান্তিৰে থাকক 19 হে প্ৰিয় সকল আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থব কিয়নো এনেদৰে লিখা আছে প্ৰভুৱে কৈছে প্ৰতিকাৰ কৰা মোৰ কৰ্ম মইহে প্ৰতিফল দিম 20 কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে তেন্তে তেওঁক ভোজন কৰোঁৱা যদি তেওঁৰ পিয়াহ লাগে তেন্তে জল পান কৰোঁৱা 21 কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ ভাল কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক

১ অধ্যায় 13

১৩ অধ্যায়

ৰজা আৰু মনুষ্য-সমাজৰ প্ৰতি কৰ্ত্তব্য

1 প্ৰত্যেক ব্যক্তিয়ে ক্ষমতা পোৱা সকলৰ বশীভূত হওক কিয়নো ঈশ্বৰৰ পৰা নাহিলে কোনোৱে কতৃত্ব নাপায় আৰু যি যি আছে সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত 2 এতেকে যি জনে সেই ক্ষমতাৰ প্ৰতিৰোধ কৰে তেওঁ ঈশ্বৰৰ আজ্ঞাৰ প্ৰতিৰোধ কৰে আৰু যি সকলে প্ৰতিৰোধ কৰে তেওঁলোকে নিজেই নিজলৈ দণ্ডাজ্ঞা মাতি আনে 3 কিয়নো শাসনকৰ্ত্তা সকল ভাল কৰ্মলৈ নহয় কিন্তু কুকৰ্মলৈহে ভয়ৰ কাৰণ হয় আপুনি ক্ষমতালৈ নিৰ্ভয়ে থাকিব খোজা নে তেনেহলে ভাল কৰ্ম কৰক তেতিয়াহে প্ৰশংসা পাব 4 কিয়নো আপোনাৰ ভালৰ কাৰণে তেওঁ ঈশ্বৰৰ পৰিচাৰক হৈছে কিন্তু আপুনি যদি কুকৰ্ম কৰে তেনেহলে ভয় কৰিব কিয়নো তেওঁ তৰোৱাল বৃথা ধৰিছে এনে নহয় কাৰণ তেওঁ ঈশ্বৰৰ পৰিচাৰক দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে তেওঁ প্ৰতিফল দিওঁতা 5 এই কাৰণে বশীভূত হওক অকল ক্ৰোধৰ ভয়ত নহয় বিবেকৰ কাৰণেও ঈশ্বৰৰ বশীভূত হব লাগে 6 আৰু এই কাৰণে আপোনালোকে দিবলগীয়া কৰ আদায় দিয়ক কিয়নো তেওঁলোক ঈশ্বৰৰ সেৱক হৈ সেই কৰ্মতেই লাগি থাকে 7 যাৰ যি পাব লগীয়া তেওঁ তাক দিয়ক কৰ দিবলগীয়াক কৰ দিয়ক মাচুল দিবলগীয়াক মাচুল দিয়ক ভয় কৰিব লগা জনক ভয় কৰক সন্মান কৰিবলগীয়া জনক সন্মান কৰক 8 পৰস্পৰে প্ৰেম কৰাৰ বাহিৰে আন কোনো কথাত আপোনালোক কাৰো ধৰুৱা নহব কিয়নো যি জনে আন লোকক প্ৰেম কৰে তেওঁ বিধানকো সিদ্ধ কৰিলে 9 কিয়নো ব্যাভিচাৰ নকৰিবা নৰবধ নকৰিবা চুৰ নকৰিবা লোভ নকৰিবা আদি কৰি আন কোনো আজ্ঞাও যদি আছে তেন্তে এই কথাতে এইবোৰো পোৱা যায় তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা৷ 10 প্ৰেমে চুবুৰীয়াৰ অনিষ্ট সাধন নকৰে এই কাৰণে প্ৰেমেৰে বিধান পালন কৰা হয় 11 এই কাৰণে আপোনালোকে এই কাল জানে যে এতিয়াই টোপনিৰ পৰা সাৰ পাবৰ সময় হল কিয়নো প্ৰথমে যেতিয়া আমি বিশ্বাস কৰিলোঁ তেতিয়াতকৈ এতিয়া পৰিত্ৰাণ আমাৰ ওচৰ হল 12 ৰাতিৰ অধিক ভাগ গল দিন ওচৰ চাপিল এই কাৰণে আহক আন্ধাৰৰ কৰ্ম এৰি থৈ পোহৰৰ সাজ পিন্ধোহঁক 13 ৰঙ্গৰস মত্ততা লম্পটআচৰণ কামাভিলাষ বিবাদ আৰু ঈৰ্ষা এইবোৰ ত্যাগ কৰি দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোহঁক 14 কিন্তু আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ সেই নৈতিক চৰিত্ৰ স্বীকাৰ কৰক আৰু অভিলাষ পূৰ্ণ কৰিবৰ বাবে নিজ নিজ মাংসৰ অৰ্থে একো আয়োজন নকৰিব

১ অধ্যায় 14

১৪ অধ্যায়

বিশ্বাসত দুৰ্ব্বল ভাই সকলৰ প্ৰতি কৰ্ত্তব্য

1 যি জন বিশ্বাসত দুৰ্বল তেওঁক আপোনালোকে গ্ৰহণ কৰক কিন্তু বিভিন্ন মত বিবাদ বা সোধবিচাৰ কৰিবৰ অৰ্থে নহয় 2 কোনো এজনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে কিন্তু আনহাতে যি জন দুৰ্বল তেওঁ কেৱল শাকপাচলিহে খায় 3 যি জন লোকে সকলো খায় তেওঁ নোখোৱা জনক হেয়জ্ঞান নকৰক আৰু যি জনে নাখায় তেওঁ খোৱা জনৰ বিচাৰ নকৰক কিয়নো ঈশ্বৰে তেওঁক গ্ৰহণ কৰিলে 4 অাপুনি লোকৰ দাসৰ যে বিচাৰ কৰিছে অাপুনি নো কোন তেওঁ নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে কিন্তু তেওঁক থিৰ কৰা যাব কিয়নো প্ৰভুৱে তেওঁক থিৰ কৰিব পাৰে 5 কোনো এজনে যদি এটা দিনক আন দিনতকৈ অধিক মান্য কৰে আনহাতে কোনোৱে সকলো দিনকে সমানে মান্য কৰে কিন্তু প্ৰতিজনে নিজ নিজ মন বিশ্ৱাসত দৃঢ় কৰি ৰাখক 6 যি জনে বিশেষ দিন মানে তেওঁ প্ৰভুৰ উদ্দেশ্যে সেই দিন মানক যি জনে খায় তেওঁ প্ৰভুৰ উদ্দেশ্যে খাওক কিয়নো তেওঁ ঈশ্বৰৰ ধন্যবাদ কৰে৷ যি জনে নাখায় তেৱোঁ প্ৰভুৰ উদ্দেশ্যে নাখাওঁক আৰু ঈশ্বৰৰ ধন্যবাদ কৰক 7 কিয়নো আমাৰ কোনেও নিজৰ কাৰণে নিজীয়ে আৰু কোনেও নিজৰ কাৰণে নমৰেও 8 কিয়নো যদি আমি জীওঁ তেন্তে প্ৰভুৰ উদ্দেশ্যে জীওঁ আৰু যদি মৰোঁ তেন্তে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ এই কাৰণে যদিও জীওঁ বা মৰোঁ আমি প্ৰভুৰেই হৈ আছো 9 কিয়নো মৃত্যু হোৱা সকলৰ আৰু জীৱিত সকলৰ প্ৰভু হবলৈ খ্ৰীষ্ট মৰিল আৰু জীয়াই উঠিল 10 কিন্তু আপুনি কিয় নিজৰ ভায়েৰাৰ সোধবিচাৰ কৰিছে আপোনাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰিছে কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হম 11 কাৰণ এনেকৈ লিখা আছে প্ৰভুৱে কৈছে মোৰ জীৱনৰে শপত প্ৰভুৱে যে কৈছে সকলোৱে মোৰ আগত আঁঠু লব আৰু প্ৰত্যেক জিভাই ঈশ্বৰৰ গৌৰৱ কৰিব 12 এনেদৰে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব লাগিব 13 এইকাৰণে আমি কেতিয়াও পৰস্পৰৰ সোধবিচাৰ নকৰিম কিন্তু ইয়াৰ পৰিৱর্তে আপোনালোকে এই বিচাৰ কৰক কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান্দ পাতি নাৰাখে 14 স্বভাৱতে কোনো বস্তু যে অশুচি নহয় ইয়াক মই জানো আৰু প্ৰভু যীচুত দৃঢ় বিশ্বাস কৰোঁ কিন্তু যি জনে যি বস্তু অশুচি বুলি জ্ঞান কৰে তেওঁলৈ সেই বস্তু অশুচি হয় 15 কিয়নো আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই যদি আপোনাৰ ভাই দুঃখিত হয় তেন্তে আপুনি প্ৰেম আচৰণ কৰা নহল যি জনৰ কাৰণে খ্ৰীষ্ট মৰিল সেই জনক আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই বিনষ্ট নকৰিব 16 এতেকে আপোনালোকৰ ভাল কর্মবোৰ আন লোকৰ ঠাট্টা নিন্দাৰ কাৰণ হবলৈ নিদিব 17 কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয় কিন্তু ধাৰ্মিকতা শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ 18 কাৰণ এই বিষয়ত যি জনে খ্ৰীষ্টৰ সেৱাকৰ্ম কৰে তেওঁ ঈশ্বৰৰ গ্ৰহণকাৰী আৰু ব্যক্তি সকলৰ আগতো পৰীক্ষা সিদ্ধ 19 এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে সেইবোৰহে অনুসৰণ কৰোঁ আহক 20 খোৱা বস্তুৰ কাৰণে ঈশ্বৰৰ কৰ্ম বিনষ্ট নকৰিব সকলো বস্তু শুচি তথাপি যি মানুহে যি ভোজন কৰিলে তেওঁলৈ বিঘিনি জন্মে সেইটোৱেই তেওঁলৈ মন্দ 21 মঙহ খোৱা বা দ্ৰাক্ষাৰস পান কৰা বা আন যি কাৰ্যৰ দ্বাৰাই আপোনাৰ ভায়েৰাই দোষী হয় সেইবোৰ নকৰাই উচিত 22 আপোনাৰ যি নির্দিষ্ট বিশ্বাসবোৰ আছে সেইবোৰ আপোনাৰ আৰু ঈশ্বৰৰ মাজত ৰাখক যি জনে যি বিষয়ক যোগ্য জ্ঞান কৰে সেই বিষয়ত নিজৰ বিচাৰ নকৰা জন ধন্য 23 কিন্তু সংশয় কৰা জনে যদি খায় তেন্তে তেওঁক দোষী কৰা হল কিয়নো সেয়ে বিশ্বাসমূলক নহয় আৰু যি যি বিশ্বাসমূলক নহয় সেই সকলোৱেই পাপ

১ অধ্যায় 15

১৫ অধ্যায়

1 কিন্তু বলৱন্ত যি আমি আমি নিজক সন্তুষ্ট নকৰি দুৰ্বল লোক সকলৰ দুৰ্ব্বলতাৰূপ ভাৰ বোৱা উচিত 2 আমাৰ প্ৰতিজনে নিজ চুবুৰীয়াক ধৰ্ম্মত বৃদ্ধি কৰিবলৈ তেওঁৰ ভাললৈ চাই তেওঁক সন্তুষ্ট কৰক 3 কিয়নো খ্ৰীষ্টয়ো নিজকে নিজে সন্তুষ্ট নকৰিলে কিন্তু যেনেদৰে লিখা আছে বোলে তোমাক নিন্দা কৰা সকলৰ নিন্দাও মোৰ ওপৰত পৰিল ঠিক সেইদৰে হল 4 কিয়নো আগেয়ে যিবোৰ কথা লিখা হৈছিল সেইবোৰ আমি ধৈৰ্য্যেৰে আৰু শাস্ত্ৰৰ শান্ত্বনাৰে ভাৰসা পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল 5 এতিয়া যি জন ধৈৰ্য্য আৰু শান্ত্বনাৰ ঈশ্বৰ তেওঁ আপোনালোকক খ্ৰীষ্ট যীচুৰ মত অনুসাৰে এক মন হবলৈ সাহায্য প্ৰদান কৰক 6 এইদৰে আপোনালোকে এক মনেৰে আৰু একস্বৰেৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰশংসা কৰক৷ 7 এতেকে ঈশ্বৰৰ মহিমাৰ অৰ্থে যেনেকৈ খ্ৰীষ্টে আপোনালোকক গ্ৰহণ কৰিলে তেনেকৈ আপোনালোকেও ইজনে সিজনক গ্ৰহণ কৰক 8 কিয়নো মই কওঁ ওপৰ পুৰুষ সকলক দিয়া প্ৰতিজ্ঞাবোৰ নিশ্চিত কৰিবলৈ আৰু ঈশ্বৰৰ সত্যতাৰ পক্ষে খ্ৰীষ্টক চুন্নৎ হোৱা সকলৰ পৰিচাৰক কৰা হল 9 আৰু অনাইহুদী লোকেও ঈশ্বৰৰ দয়াৰ অৰ্থে তেওঁক গৌৰৱান্বিত কৰিবলৈ এই বিষয়ে এনে ধৰণে লিখাও আছে এই কাৰণে মই অনাইহুদী সকলৰ মাজত তোমাৰ স্তুতি কৰিম আৰু তোমাৰ নামেৰে গীতো গাম 10 আকৌ কৈছে হে অনাইহুদী সকল তেওঁলোকৰ সৈতে আনন্দ কৰা 11 আকৌ প্ৰভুৰ প্ৰশংসা কৰা হে সকলো অনাইহুদী আৰু সকলোৱে তেওঁৰ প্ৰশংসা কৰক 12 আকৌ যিচয়ায়ো কৈছে যিচয়ৰ পৰা এনে এটি গজালিx xo xt যিচয়ৰ বংশৰ কোনো এজন লোক৷x ওলাব যি জনে অনাইহুদী সকলৰ ওপৰত শাসন কৰিবলৈ উঠিব আৰু তেওঁত অনাইহুদী লোক সকলে ভাৰসা কৰিব 13 এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক 14 হে মোৰ ভাই সকল আপোনালোকৰ বিষয়ে মোৰ নিজৰো এই দৃঢ় বিশ্বাস আছে যে আপোনালোক সকলোৱে জ্ঞানত আৰু পৰস্পৰক চেতনা দিবলৈ সমৰ্থ হৈ মঙ্গলভাৱত পৰিপূৰ্ণ হৈ আছে 15 কিয়নো ঈশ্বৰে মোক দিয়া এই অনুগ্ৰহৰ কাৰণে আপোনালোকক পুনৰ সোঁৱৰাবলৈ কিছু মান বিষয়ত বেছি সাহসেৰে লিখিলোঁ৷ 16 অনাইহুদী সকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত নৈবেদ্য স্বৰূপে পৰম গ্ৰহণীয় হয় এই আশয়েৰে মই অনাইহুদী সকলৰ বাবে খ্ৰীষ্ট যীচুৰ সেৱকৰূপে ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্য্যা কৰিবলৈ পালোঁ৷ 17 এতেকে ঈশ্বৰ সম্বন্ধীয় কাৰ্যৰ বিষয়ে খ্ৰীষ্ট যীচুত মোৰ শ্লাঘা আছে 18 কিয়নো মই যে কোনো কাম কৰিছোঁ এনে কথা মই কোৱা নাই৷ মোৰ বাক্য আৰু কাৰ্যৰ দ্বাৰা অনাইহুদী সকলক ঈশ্বৰৰ বাধ্য কৰিবৰ বাবে খ্ৰীষ্টই মোৰ যোগেদি যি কৰিছে ইয়াৰ বাহিৰে আন একো কথা কবলৈ সাহস নকৰো৷ 19 তেওঁ আচৰিত চিন আৰু আলৌকিক কার্য আৰু পবিত্ৰ আত্মাৰ শক্তিৰ দ্ৱাৰাই এই সকলো সাধন কৰিলে তাতে মই যিৰূচালেমৰ পৰা ইল্লুৰিয়ালৈকে আৰু ইয়াৰ চাৰিওফালে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিব পাৰিলো৷ 20 এইদৰে যত খ্ৰীষ্টৰ নাম কেতিয়াও প্ৰচাৰ কৰা হোৱা নাই সেই ঠাইত খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰাই মোৰ লক্ষ্য৷ অন্য লোকে স্থাপন কৰা মূলৰ ওপৰত সাজিবলৈ মই নিবিচাৰিলো৷ 21 যেনেকৈ লিখা আছে বোলে যি সকলৰ আগত তেওঁৰ বিষয়ে সম্বাদ দিয়া নাই তেওঁলোকে দেখিব আৰু যি সকলে শুনা নাই তেওঁলোকে বুজিব৷ 22 এই কাৰণে মই আপোনালোকৰ ওচৰলৈ যাবৰ বাবে অনেক বাৰ বাধা পালোঁ 23 কিন্তু এতিয়া এইবোৰ অঞ্চলত মোৰ কাৰ্য কৰিবলৈ ঠাই নাই আৰু বহু বছৰ ধৰি আপোনালোকৰ ওচৰত যাবলৈ ইচ্ছা কৰিছিলোঁ৷ 24 যেতিয়া মই স্পেন দেশলৈ যাত্ৰা কৰিম মই আশা কৰোঁ যে মই আপোনালোকক দেখা পাম আৰু তেতিয়া আপোনালোকৰ কথাত কিছু সময় তৃপ্ত হৈ পাছত আপোনালোকৰ দ্ৱাৰাই তালৈ আগবঢ়াই থোৱা হম৷ 25 কিন্তু মই এতিয়া পবিত্ৰ লোকৰ পৰিচৰ্য্যাৰ অৰ্থে যিৰূচালেমলৈ যাওঁ 26 কিয়নো মাকিদনিয়া আৰু আখায়া দেশীয় লোক সকলে যিৰূচালেমত থকা পবিত্ৰ লোক সকলৰ মাজৰ দৰিদ্ৰ সকলৰ অৰ্থে কিছু দান কৰিবলৈ ভাল দেখিলে 27 হয় তেওঁলোকে সেই বিষয়ে সন্তোষজনক দেখিলে আৰু প্ৰকৃততে তেওঁলোকে যিৰূচালেমত থকা পবিত্ৰ লোক সকলৰ ধৰুৱাও আছিল৷ কিয়নো অনাইহুদী সকল যদি অপার্থিৱ বিষয়ত তেওঁলোকৰ সহভাগী হল তেন্তে পার্থিৱ বিষয়তো তেওঁলোকৰ শুশ্ৰূষা কৰিবলৈ ধৰুৱা হল 28 এতেকে মই যেতিয়া সেই কাৰ্য সমাপ্ত কৰিম অৰ্থাৎ সেই দান ৰূপ ফল প্ৰমাণসিদ্ধ কৰি তেওঁলোকক শোধাই দিয়াৰ পাছত মই স্পেইন দেশৰ যাত্ৰাত থাকোতে অাপোনালোকৰ ওচৰলৈ যাম 29 আৰু মই জানো যে আপোনালোকৰ ওচৰলৈ যাওঁতে খ্ৰীষ্টৰ আশীৰ্বাদৰ পৰিপূৰ্ণতাৰে যাম 30 হে ভাই সকল মই অনুৰোধ কৰোঁ প্ৰভু যীচু খ্ৰীষ্টৰ নামৰ দ্বাৰাই আৰু পবিত্ৰ আত্মাৰ প্ৰেমৰ দ্বাৰাই আপোনালোকে মোৰ অৰ্থে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰক আৰু মোৰে সৈতে প্ৰাণপণে যত্ন কৰক 31 যাতে যিহুদীয়াত থকা আজ্ঞা নমনা সকলৰ পৰা মই যেন ৰক্ষা পাওঁ আৰু যিৰূচালেমলৈ মোৰ যি পৰিচৰ্যা সেয়ে পবিত্ৰ লোক সকলৰ আগত যেন গ্ৰহণীয় হয়৷ 32 আৰু ঈশ্বৰৰ ইচ্ছাৰে আপোনালোকৰ ওচৰলৈ আনন্দেৰে গৈ আপোনালোকৰ সৈতে যেন মোৰ প্ৰাণ জুৰাব পাৰিম৷ 33 শান্তিৰ আকৰ ঈশ্বৰ আপোনালোক সকলোৰে লগত থাকক আমেন

১ অধ্যায় 16

১৬ অধ্যায়

1 মই আপোনালোকক নিবেদন কৰিছোঁ যে কিংক্ৰিয়া নগৰৰ মণ্ডলীৰ পৰিচাৰিকা ফৈবি নামেৰে আমাৰ ভনীক 2 আপোনালোকে পবিত্ৰ লোক সকলৰ যোগ্যমতে প্ৰভুত তেওঁক গ্ৰহণ কৰিব আৰু আপোনালোকৰ পৰা যদি কোনো ধৰণৰ সাহায্য বিচাৰে তেনেহলে সাহায্য কৰিব কিয়নো তেওঁ অনেক লোকৰ সহায় আৰু মোৰ নিজৰো উপকাৰ কৰিছিল 3 খ্ৰীষ্ট যীচুত মোৰ সহকাৰী হোৱা প্ৰিষ্কা আৰু আক্কিলাক মঙ্গলবাদ দিব 4 তেওঁলোকে মোৰ প্ৰাণৰ কাৰণে নিজৰ প্ৰাণ দিবলৈ সাজু আছিল মই তেওঁলোকক ধন্যবাদ দিওঁ আৰু কেৱল মই নহয় অনাইহুদী সকলৰ আটাই মণ্ডলী সকলো লোকে তেওঁলোকক ধন্যবাদ দিছে 5 আৰু তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীকো আপোনালোকে মঙ্গলবাদ দিব খ্ৰীষ্টৰ উদ্দেশ্যে হোৱা এচিয়া দেশৰ প্ৰথম ফল মোৰ যি প্ৰিয় ইপেনিত তেওঁকো মঙ্গলবাদ দিব 6 যি মৰিয়মে আপোনালোকৰ কাৰণে বহু পৰিশ্ৰম কৰিলে তেওঁক মঙ্গলবাদ দিব 7 মোৰ জ্ঞাতি আৰু লগৰ বন্দীয়াৰ আৰু পাঁচনি সকলৰ মাজত প্ৰসিদ্ধ হোৱা মোতকৈয়ো আগেয়ে খ্ৰীষ্টত আশ্ৰয় লোৱা যি আন্দ্ৰনিক আৰু যুনিয় তেওঁলোকক মঙ্গলবাদ দিব 8 প্ৰভুত মোৰ প্ৰিয় আমপ্লিয়াতক মঙ্গলবাদ দিব 9 খ্ৰীষ্টত আমাৰ সহকাৰী উৰ্ব্বাণক আৰু মোৰ প্ৰিয় স্তাখুক মঙ্গলবাদ দিব 10 খ্ৰীষ্টত পৰীক্ষাসিদ্ধ আপিল্লিক মঙ্গলবাদ দিব আৰিষ্টবুলৰ পৰিয়ালক মঙ্গলবাদ দিব 11 মোৰ জ্ঞাতি হেৰুদিয়োনক মঙ্গলবাদ দিব নাৰ্কিচহঁতৰ যি সকল প্ৰভুত আছে তেওঁলোকক মঙ্গলবাদ দিব 12 প্ৰভুত পৰিশ্ৰমকাৰিণী ত্ৰুফেনা আৰু ত্ৰুফোচাক মঙ্গলবাদ দিব যি প্ৰিয় পৰ্চীয়ে প্ৰভুত বহু পৰিশ্ৰম কৰিলে তেওঁক মঙ্গলবাদ দিব 13 প্ৰভুত মনোনীত ৰূফক আৰু মোৰ মাতৃস্বৰূপা তেওঁৰ মাকক মঙ্গলবাদ দিব 14 অচুঙ্কৃত ফ্লিগোন হৰ্ম্মা পাত্ৰোবা হৰ্ম্মি আৰু এওঁলোকৰ লগৰ ভাই সকলক মঙ্গলবাদ দিব 15 ফিললগ যুলিয়া নীৰিয় আৰু তেওঁৰ ভনীয়েক আৰু ওলুম্প এওঁলোকক আৰু এওঁলোকৰ লগত থকা সকলো পবিত্ৰ লোককো মঙ্গলবাদ দিব 16 আপোনালোকে পৰস্পৰে পবিত্ৰ চুমাৰে মঙ্গলবাদ কৰিব খ্ৰীষ্টৰ সকলো মণ্ডলীয়ে আপোনালোকক মঙ্গলবাদ কৰিছে 17 হে ভাই সকল মই আপোনালোকক মিনতি কৰোঁ যে যি সকলে দল দল হৈ গোট সৃষ্টি কৰি পাপক প্ৰৰোচিত কৰে তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখিব৷ আপোনালোকে যি সত্যৰ শিক্ষা পালে তেওঁলোক সেই শিক্ষাৰ বিপৰীত এনেকুৱা লোকৰ পৰা আপোনালোক দূৰত থাকিব৷ 18 কিয়নো তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ সেৱাকৰ্ম নকৰি নিজ নিজ পেটৰ সেৱাকৰ্ম কৰে আৰু মধুৰ বাক্য আৰু সুন্দৰ কথাৰে নির্দোষী লোকৰ মন ভুলায় 19 কিয়নো আপোনালোকৰ আজ্ঞাধীনতাৰ কথা সকলো ঠাইতে বিয়পি পৰিছে সেয়েহে মই আপোনালোকৰ কথাত আনন্দ কৰোঁ কিন্তু আপোনালোক উত্তম বিষয়ত জ্ঞানী আৰু মন্দ বিষয়ত যেন শুদ্ধ হয় এয়ে মোৰ বাঞ্ছা 20 আৰু শান্তিৰ আকৰ ঈশ্বৰে অতি সোনকালে চয়তানক আপোনালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ লগত থাকক 21 মোৰ সহকাৰী তীমথিয় আৰু স্বজাতীয় লুকিয়া যাচোন আৰু চোচিপাত্ৰ এওঁলোকে আপোনালোকক মঙ্গলবাদ কৰিছে 22 আৰু এই পত্ৰ লিখক যি মই তৰ্ত্তিয়ই প্ৰভুত আপোনালোকক মঙ্গলবাদ কৰিছোঁ 23 মোৰ আৰু গোটেই মণ্ডলীৰ আলহী শুশ্ৰূষা কৰোঁতা গায়ে আপোনালোকক মঙ্গলবাদ কৰিছে এই নগৰৰ ভৰালী ইৰাস্তচে আৰু ক্বাৰ্ত্ত ভায়ে তোমালোকক মঙ্গলবাদ কৰচে 24 - কিছুমান পুৰণি অনুলিপিত এইদৰে লিখা আছে: ২৪ পদ-আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোক সকললৈ হওক৷

25 এতিয়া যীচু খ্ৰীষ্টৰ বিষয়ে যি শুভবাৰ্তা মই প্ৰচাৰ কৰিলো সেই শুভবাৰ্তাৰ মাধ্যমত আপোনালোকক স্থিৰ ৰাখিবলৈ ঈশ্বৰৰ ক্ষমতা আছে৷ অনাদি কালৰে পৰা ঈশ্বৰে তেওঁৰ ৰহস্য গোপনে ৰাখিছিল কিন্তু এতিয়া শুভবাৰ্তাৰ মাধ্যমত সেয়া প্ৰকাশ পালে আৰু সেইদৰেই মই প্ৰচাৰো কৰিলো৷ 26 সম্প্ৰতি অনাদি ঈশ্বৰৰ আজ্ঞাৰ দৰে ভাববাদী সকলে লিখা শাস্ত্ৰৰ দ্বাৰাই এতিয়া প্ৰকাশিত হল আৰু আজ্ঞাধীনতাৰ কাৰণে সকলো অনাইহুদী লোকৰ আগত জনোৱা হল৷ 27 যি একমাত্ৰ প্ৰজ্ঞাৱান ঈশ্বৰ যীচু খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰেই মহিমা চিৰকাল হওক আমেন