Ephesians
Ephesians 1
Ephesians 1:1-2
এই পুস্তকখন ইফিচত থকা ইফিচীয়া মণ্ডলীৰ সভ্যসকললৈ পৌলে লিখা পত্ৰ।
ঈশ্বৰৰ ইচ্ছাৰে
"ঈশ্বৰৰ দ্বাৰা মনোনীত কৰা হৈছে" নাইবা "ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা হৈছে।"
ঈশ্বৰৰ বাবে পৃথক কৰা হ'ল
"নৈতিকভাবে নিৰ্দোষী" নাইবা " পবিত্ৰীকৃত হোৱা" নাইবা "পবিত্ৰ জনা।" বিকল্প অনুবাদ: "সাধু সন্তসকল।"
তোমালোকলৈ অনুগ্ৰহ হওক
এই তোমালোক শব্দটোৱে ইফিচীয়াৰ সকলো বিশ্বাসীসকলক বুজাইছে।
তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক
এইটো হৈছে পৌলে ব্যৱহাৰ কৰা সম্ভাষণ আৰু আশীৰ্ব্বাদ, প্ৰায়েই তেওঁৰ পত্ৰবিলাকত ব্যৱহাৰ কৰা হৈছে।
Ephesians 1:3-4
সেই ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচু খীষ্টৰ পিতৃ মহিমান্বিত হওক,
এইটো এই সক্ৰিয় শাব্দিক ৰূপত কৰিব পাৰি। "আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ আৰু ঈশ্বৰৰ মহিমা কৰোহঁক।" (সক্ৰিয়তা নাইবা নিস্ত্ৰিয়তা চাওক)
তেওঁ যিজনাই আমাক আশীৰ্ব্বাদ কৰিলে
" কিয়নো ঈশ্বৰে আমাক আশীৰ্ব্বাদ কৰিলে।"
আমাক আশীৰ্ব্বাদ কৰিলে
এইটো ইফিচীয়াত পৌল আৰু বিশ্বাসীসকলক বুজোৱা এটা অন্তৰ্ভুক্তি সৰ্বনাম. (অন্তৰ্ভুক্ততা চাওক)
সকলো আত্মিক আশীৰ্ব্বাদ
"ঈশ্বৰৰ আত্মাৰ পৰা অহা সকলো আত্মিত আশীৰ্ব্বাদ।"
যাতে আমি পবিত্ৰ আৰু নিৰ্দোষী হব পাৰো
আমি যে ঈশ্বৰত ঈশ্বৰীয় হব পাৰো তাৰ দুটা স্বভাৱ পৌলে উল্লেখ কৰিছে। (ঘনিষ্ঠতা চাওক)
Ephesians 1:5-6
ঈশ্বৰে আমাক পুৰ্ব্বতে তোলনীয়া পুত্ৰবাবৰ অৰ্থে মনোনীত কৰিলে
" ঈশ্বৰে আগতীয়াকৈ আমাক তোলনীয়া পুত্ৰব বাবৰ অৰ্থে থিৰাং কৰিলে"
আমাক পুৰ্ব্বতে মনোনীত কৰা
"ঈশ্বৰে আগতেই পৰিকল্পনা কৰিলে।"
আমাক পুৰ্ব্বতে মনোনীত কৰা
পৌলে তেওঁৰ আমাক বুলি ব্যৱহাৰ কৰা শব্দত, নিজকে, ইফিচীয়া মণ্ডলীক, আৰু সকলো বিশ্বাসীক অন্তৰ্ভুক্ত কৰিছে (অন্তৰ্ভুক্ততা চাওক)
তোলনীয়া পুত্ৰবাবৰ বাবে
"তোলনীয়া" শব্দই এইটো বুজাইছে যে ঈশ্বৰীয় পৰিয়ালত ঠাই দিয়া হওক।
যীচু খ্ৰীষ্টৰ যোগেদি
ঈশ্বৰে বিশ্বাসীসকলক যীচুখ্ৰীষ্ট কাৰ্য্যৰ যোগেদি তেওঁৰ পৰিয়াললৈ আনিলে।
তেওঁ এইটো কৰিলে... তেওঁ সন্তোষ্ট হ'ল... তেওঁ ইচ্ছা কৰিলে... তেওঁৰ মহিমান্বিত অনুগ্ৰহ
ইয়াত "তেওঁ" আৰু "তেওঁৰ" শব্দই ঈশ্বৰক বুজাইছে।
তেওঁ অতি মৰমৰ জনা
"ঈশ্বৰৰ অতি মৰমৰ জনা"এইটোৱে যীচু খ্ৰীষ্টক বুজাইছে।
Ephesians 1:7-8
তেওঁৰ অতি প্ৰিয়জনা
" ঈশ্বৰত অতি প্ৰিয়জনা, যীচু খ্ৰীষ্ট"
আমাৰ মুক্তি আছে
" আমি বুলি কওঁতে সকলো বিশ্বাসীকে বুজাইছে" (অন্তৰ্ভুক্ততা চাওক)
তেওঁৰ অনুগ্ৰহ ৰূপ ধন
"ঈশ্বৰৰ অনুগ্ৰহৰ মহানতা" নাইবা " ঈশ্বৰৰৰ অনুগ্ৰহৰ প্ৰাচুৰ্য্যতা"
সকলোবিধ জ্ঞান আৰু বিবেকত
ঈশ্বৰে বিশ্বাসীবিলাকক মহান জ্ঞান আৰু বোধগম্যতা দিছে। বিকল্প অনুবাদ: "অতিশয় জ্ঞান আৰু বোধগম্যতা দিছে।"
Ephesians 1:9-10
নিগুঢ় তত্ত্বৰ গুপুত সত্য
"তেওঁৰ গুপুত পৰিকল্পনা"
তেওঁ ইচ্ছা সাধন অনুসাৰে
"যিদৰে তেওঁ সন্তোষ্ট হ'ল" (UDB)
সময় যেতিয়া পৰিপুৰ্ণ হ'ল
"যেতিয়া এই সকলোবোৰ ঘটিব"
তেওঁৰ সেই পৰিকল্পনাৰ সম্পুৰ্ণতাৰ বাবে
"কিয়নো তেওঁৰ পৰিকল্পনা সম্পুৰ্ণ হবগৈ"
তেওঁৰ পৰিকল্পনা, তেওঁ ইচ্ছা
"ঈশ্বৰৰ পৰিকল্পনা, ঈশ্বৰৰ ইচ্ছা"
খ্ৰীষ্টৰ অধীন
" খ্ৰীষ্টৰ শাসনৰ অধীন কৰা"
Ephesians 1:11-12
আমাক মনোনীত কৰা হ'ল
"আমাক ঈশ্বৰৰ উত্তৰাধিকাৰী কৰা হ'ল" নাইবা " আমাক ঈশ্বৰৰ উত্তৰাধিকাৰ গ্ৰহণ কৰিবলৈ মনোনীত কৰা হ'ল"
আমাক মনোনীত কৰা হ'ল... আমি যিসকল প্ৰথম আছিলো
এই "আমি" শব্দটোৱে পৌলক, খ্ৰীষ্টত থকা তেওঁৰ সহ যিহুদী ভাইসকলক বুজাইছে কিন্তু পৰজাতীয় (অনা যিহুদী) বিশ্বাসীসকলক বুজোৱা নাই (বৰ্হিভুতকৰণ চাওক)
সেই জনাৰ পৰিকল্পনা
" ঈশ্বৰৰ পৰিকল্পনা"
তেওঁৰ ইচ্ছাৰ উদ্দেশ্য
" ঈশ্বৰৰ ইচ্ছাৰ উদ্দেশ্য"
আমি যিসকল প্ৰথম আছিলো
পৌলে একেৰাহে তেওঁ আমি শব্দ ব্যৱহাৰৰ পৰা পৰাজাতি (অনা যিহুদী) সকলক বৰ্হিভুত কৰিছে।
Ephesians 1:13-14
এইটো আছিল খ্ৰীষ্টৰ দ্বাৰা তোমালোকেও সত্যতাৰ বাক্য শুনিলা
বিকল্প অনুবাদ: "এইটো হৈছে খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই তোমালোকে শুনিলা যে তোমালোকে তেওঁৰ দ্বাৰা ৰক্ষা পালা"
খ্ৰীষ্টৰ দ্বাৰা তোমালোকৰ পৰিত্ৰাণৰ শুভবাৰ্ত্তা
"খ্ৰীষ্টই হৈছে আমাৰ পৰিত্ৰাণ শুভবাৰ্ত্তা"
যি জনাত তোমালোকেও বিশ্বাস কৰিলা
" আৰু তোমালোকেও খ্ৰীষ্টত বিশ্বাস কৰিলা"
পবিত্ৰ আত্মাৰে মোহৰ মৰা হলা যি দৰে এখন পত্ৰত মম গলাই কোনে পত্ৰখন পঠাইছে তাৰ প্ৰতিনিধিস্বৰূপে এটা চিহ্নৰ সাঁচ দিয়ে, ঈশ্বৰে আমাৰ পৰিত্ৰাণটো তেওঁৰ পবিত্ৰ আত্মাৰ মোহৰ মাৰি দিছে যাতে তেওঁৰ মালিকানাধীন তাক বুজাই। (প্ৰকাশভঙ্গী চাওক)
সেই আত্মা হৈছে নিশ্চয়তা
" সেই পবিত্ৰ আত্মা হৈছে আমাৰ অঙ্গীকাৰ।" ঈশ্বৰে আমাক সঠিক সময়ত অনন্তজীৱনৰ উপহাৰ স্বৰূপে পবিত্ৰ আত্মা অঙ্গীকাৰ ৰূপে দিছে।
আমাৰ সেই মালিকানাধীন সম্পত্তিৰ মুক্তি
ঈশ্বৰে আমাক তেওঁৰ নিজৰ লোক হবলৈ কিনি পেলালে। বিকল্প অনুবাদ: "সেইটো হৈছে যে ঈশ্বৰে আমাক ক্ষমা কৰিলে আৰু আমাক তেওঁৰ নিজৰ লোক হবলৈ গ্ৰহণ কৰিলে।"
Ephesians 1:15-16
এইটোৰ কাৰণে
"কিয়নো এইটোৰ কাৰণে"
সেই সকলোৰ বাবে তোমালোকৰ প্ৰেম তেওঁলৈ পৃথক কৰা হ'ল
সকলো বিশ্বাসীলৈ খ্ৰীষ্টত তোমালোকৰ প্ৰেম। বিকল্প অনুবাদ: " খ্ৰীষ্টত থকা সকলো সাধু সন্তসকললৈ তোমালোকৰ প্ৰেম"
মই ঈশ্বৰক ধন্যবাদ দিবলৈ এৰা নাছিলো
এইটোক এক হয়াৰ্থক বাক্যৰূপত অনুবাদ কৰিব পাৰি এইদৰে, "মই একেৰাহে ঈশ্বৰক ধন্যবাদ দি আছিলো"। (নঞাঁৰ্থক ৰূপৰ প্ৰকাশভঙ্গী চাওক)
Ephesians 1:17-18
এক জ্ঞানদায়ক আত্মা আৰু তেওঁৰ জ্ঞানৰ প্ৰকাশ
"তেওঁ প্ৰকাশিত ৰহস্য বুজি পাবলৈ পোৱা আত্মিক জ্ঞান"
যাতে তোমালোকৰ অন্তৰৰ চিত্ত
চকু উজ্জীৱিত হওক "তোমালোকৰ অন্তৰৰ দৃষ্টি" এইটো ইয়াকে বুজাই যে কোনো এজনৰ বোধগম্যতাৰ সামৰ্থতা । বিকল্প অনুবাদ: " যাতে তোমালোকে বোধগম্য হোৱা আৰু উজ্জীৱিত হোৱা" (বাক্যংশ চাওক)
আমাৰ নিমন্ত্ৰণৰ আত্মপ্ৰত্যয়
"আমাৰ নিমন্ত্ৰণৰ আশা"
তেওঁৰ উত্তৰাধিকাৰ প্ৰতাৰূপ ধন
"তেওঁৰ উত্তৰাধিকাৰৰ প্ৰতাপান্বিত মহিমা" নাইবা "তেওঁৰ উত্তৰাধিকাৰৰ প্ৰাচুৰ্য্যতা"
তেওঁৰ বাবে যিসকলক পৃথক কৰা হল
" সেই সাধু সন্তসকলত।" নৈতিকভাবে নিৰ্দোষী, পবিত্ৰীকৃত কৰা আৰু পবিত্ৰ সকল ইয়াত অন্তৰ্ভুক্ত কৰাৰ ধাৰণা আছে।
Ephesians 1:19-21
তেওঁৰ পৰাক্ৰমৰ অতিৰিক্ত মাহাত্ম্য কি
সকলো পৰাক্ৰমতকৈ ঈশ্বৰৰ পৰাক্ৰম অতি সুউচ্চ
তেওঁৰ পৰাক্ৰমৰ কাৰ্য্যকাৰী শক্তি
" তেওঁ সেই মহান শক্তি আমাত আমাৰ বাবে কাৰ্য্যকৰী হয়"
তেওঁ সোঁ ফালে বহিল
" ঈশ্বৰৰ সোঁ হাতে খ্ৰীষ্ট বহিল।" এই ঠাইখন হৈছে আটাইতকৈ সন্মানীয় সুউচ্চ ঠাই। (বাক্যাংশ চাওক)
এই যুগত
" এই সময়ত"
আহিব লগীয়া সময়ত
"ভবিষ্যতে"
সকলো শাসনৰ উৰ্ধত, আধিপত্য, ক্ষমতা, প্ৰভুত্ত্ব
এইবোৰ হৈছে স্বৰ্গদূত আৰু দুষ্ট আত্মা এই দুয়োটাক বুজোৱা অলৌকিকতাৰ পদবীৰ বেলেগ বেলেগ শব্দ। বিকল্প অনুবাদ: "এই সকলো প্ৰকাৰৰ অলৌকিকতাৰ অতি উৰ্ধত"
Ephesians 1:22-23
ঈশ্বৰে বশীভুত কৰিলে
" ঈশ্বৰে ৰাখিলে" (UDB) নাইবা "ঈশঅবৰে স্থাপন কৰিলে"
সকলোবোৰ খ্ৰীষ্টৰ ভৰিৰ তল কৰিলে
এইটোৱে খ্ৰীষ্টৰ প্ৰভুত্ব, ক্ষমতা, আৰু পৰাক্ৰম প্ৰতিনিধিত্ব কৰে। বিকল্প অনুবাদ: "সকলোবোৰ খ্ৰীষ্টৰ অধীন কৰিলে" (বৈশিষ্ট্য চাওক)
তেওঁক মুৰ কৰিলে...মানুহৰ শৰীৰৰ দৰে যিটো তেওঁৰ শৰীৰ, মুৰটোৱে ইয়াৰ শৰীৰৰ লগত জড়িত সকলোকে শাসন কৰে, সেয়ে খ্ৰীষ্টও মণ্ডলীৰ মুৰ স্বৰূপ। (প্ৰকাশভঙ্গী চাওক)
মণ্ডলীত এই মুৰেই সকলো বস্তুৰ চলাওঁতা
"মুৰ" শব্দই নেতাক বুজাইছে নাইবা দায়িত্ব পোৱাজনক বুজাইছে। বিকল্প অনুবাদ: "মণ্ডলীত সকলোবস্তুৰ শাসনকৰ্তাজনা"
যিটো তেওঁৰ শৰীৰ
মণ্ডলীখনক প্ৰায়ে খ্ৰীষ্টৰ শৰীৰ বুলি বজোৱা হয়।
সকলো প্ৰকাৰে তেওঁৰ সেই পৰিপুৰ্ণতা তেওঁতেই পৰিপুৰ্ণ হয়
খ্ৰীষ্টই তেওঁৰ জীৱনেৰে সৈতে পৰাক্ৰমেৰে সকলোবোৰ পৰিপুৰ্ণ কৰে। বিকল্প অনুবাদ: "খ্ৰীষ্টই তেওঁৰ জীৱনেৰে পৰাক্ৰমেৰে যিদৰে সকলো কে জীৱন দিয়ে আৰু সকলোবোৰ ধাৰণ কৰে সেইদৰে তেওঁ সকলোবোৰ পৰিপুৰ্ণ কৰে।"
Ephesians 2
Ephesians 2:1-3
আৰু তোমালোকে তোমালোকৰ পাপ আৰু অপৰাধবোৰত মৰি আছিলা
যিদৰে এজন মৃতব্যক্তিয়ে যেনেদৰে শাৰীৰিক বাবে কোনো প্ৰত্যুত্তৰ দিব নোৱাৰে সেই একেদৰে পাপময় ব্যক্তি এজনে ঈশ্বৰক বাধ্যতাৰে চলিবলৈ কেনেকৈ অসমৰ্থ সেইটো ই দেখুৱাই। (প্ৰকাশভঙ্গী চাওক)
তোমালোকৰ অপৰাধ আৰু তোমালোকৰ পাপবোৰত
এই বাক্যাংশটোৱে দেখুৱাই যে ঈশ্বৰক নীতিৰ বাধ্যতাৰ ক্ষেত্ৰত মানুহবিলাক কিমান বেয়া (ঘনিষ্ঠতা চাওক)
তোমালোকে এসময়ত চলিছিলা
“ তোমালোক এসময়ত সেইদৰে জীয়াই আছিলা।“ এইটোৱে দেখুৱাই যে মানুহবিলাকে কেনেদৰে জীয়াই থাকে। (বাক্যাংশ চাওক)
এই জগতৰ নিয়ম অনুসাৰে
পাচনি জনে “জগত” বুলি ব্যৱহাৰ কৰাত স্বাৰ্থপৰ আচৰণ আৰু এই জগতত জীয়াই থকা মানুহবিলাকৰ ভ্ৰষ্টাচাৰী মুল্যবোধক বুজাইছে। বিকল্প অনুবাদ: “এই জগত খনত জীয়াই থকা মানুহবিলাকৰ মুল্যবোধ অনুসাৰে” নাইবা “ এই বৰ্তমান সংসাৰৰ ৰীতি নীতি অনুসাৰে”
আকাশৰ ক্ষমতাযুক্ত অধিপতিৰ
এইটো দুষ্টআত্মা নাইবা চয়তানক বুজাইছে।
সেইজনাৰ আত্মা যাৰ
“সেইজনাৰ আত্মা” এই শব্দটোৱেও দুষ্ট আত্মা নাইবা চয়তানক বুজাইছে।
আমাৰ মাংসিক কু
অভিলাষৰ ইচ্ছা, মনৰ আৰু মাংসিক ইচ্ছা পুৰ কৰিছিলো এই শব্দকেইটা “মাংসিক” আৰু “মন” শব্দকেইটা গোটেই শৰীৰৰ সংযুক্ততা হিচাপে ব্যৱহাৰ কৰা হৈছে। (সংযুক্ততা চাওক)
Ephesians 2:4-7
ঈশ্বৰ দয়াধনত ধনৱান
“ঈশ্বৰ দয়াত প্ৰচুৰ” নাইবা “ঈশ্বৰ আমাৰ প্ৰতি অতি দয়ালু”
তেওঁৰ মহান প্ৰেমৰ বাবেই তেওঁ আমাক প্ৰেম কৰিলে
“আমাৰ বাবে তেওঁৰ মহান প্ৰেম থকাত” নাইবা “তেওঁ আমাক অতিশয় পৰিমাণে প্ৰেম কৰা কাৰণে”
আমি যেতিয়া আমাৰ অপৰাধত মৰি আছিলোঁ, তেওঁ আমাক নতুন জীৱনলৈ আনিলে
এইটোৱে দেখুৱাই কেনেকৈ এজন পাপী ব্যক্তিয়ে যেতিয়ালৈকে তেওঁ নতুন আত্মিক জীৱন নাপায় ঈশ্বৰৰ বাধ্য হব নোৱাৰে যিদৰে এজন মৃত ব্যক্তিয়ে যেনেকৈ মৃতবিলাকৰ মাজৰ পৰা জীয়াই নুঠালৈকে শাৰীৰিকভাবে প্ৰত্যুত্তৰ কৰিবলৈ অসমৰ্থ (প্ৰকাশভঙ্গী চাওক)
তেওঁ আমাক খ্ৰীষ্টৰ সৈতে নতুন জীৱনলে আনিলে
ঈশ্বৰে আমাক খ্ৰীষ্টত নতুন জীৱন দিলে।
অনুগ্ৰহৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা
“ঈশ্বৰৰ আমাৰ প্ৰতি থকা তেওঁৰ মহান দয়াৰ কাৰণে আমাক উদ্ধাৰ কৰিলে”
অনাগত যুগত
“ভবিষ্যতে"
Ephesians 2:8-10
কিয়নো অনুগ্ৰহৰ দ্বাৰা বিশ্বাসৰ যোগেদি তোমালোকে পৰিত্ৰাণ পালা
কাৰণটো হৈছে আমাৰ প্ৰতি ঈশ্বৰৰ কৃপালুভাব, যদি আমি যীচুত সৰলতাৰে ভাৰসা কৰো সোধবিচাৰৰ পৰা তেওঁ আমাক উদ্ধাৰ কৰাটো সম্ভব কৰি পেলায়।
আৰু এইটোৱে কৰা নাছিল
“এই” শব্দটোৱে পিছলৈ উনুকিয়াই, সেইটো হৈছে “অনুগ্ৰহক বিশ্বাস কৰাৰ দ্বাৰা তোমালোকে পৰিত্ৰাণ পালা”
আমাৰ পৰা আহিছে
“আমাক” এই সৰ্ব্বনাম পদটো পৌল আৰু ইফিচত থকা সকলো বিশ্বাসীকে বুজাইছে। (অন্তৰ্ভুক্ততা চাওক)
কৰ্ম্মৰ পৰা নহয়
“এই পৰিত্ৰাণটো আমাৰ কৰ্ম্মৰ পৰা অহা নাই”
খ্ৰীষ্ট যীচুত সৃষ্ট আমি তেওঁৰ সহকৰ্ম্মী
“ঈশ্বৰৰ সৃষ্টিৰ ফলাফল স্বৰূপে ঈশ্বৰে আমাক খ্ৰীষ্ট যীচুত সহযোগ কৰিবলৈ আমাক এক নতুন মানুহ সৃষ্টি কৰিলে। “আমাক” এই সৰ্ব্বনাম পদটো পৌল আৰু ইফিচত থকা সকলো বিশ্বাসীকে বুজাইছে। (অন্তৰ্ভুক্ততা চাওক)”
তাতে চলা
“তাতে জীয়াই থাকা” নাইবা “অনুগমণ কৰা”
Ephesians 2:11-12
মাংস সম্বন্ধে পৰাজাতি
যিবিলাক মানুহ জন্মসুত্ৰে যিহুদী নহয়।
অচুন্নত বিধৰ্ম্মী
অনা যিহুদীবিলাক শিশুবিলাকৰ দৰে চুন্নত কৰা নহয় আৰু সেয়ে তেওঁবিলাকক ঈশ্বৰ হীন বুলি বিবেচনা কৰা হয়।
সেই চুন্নত
যিহুদী মানুহবিলাকৰ বাবে এইটো আন এটা শব্দ কাৰণ ল’ৰা শিশুবিলাকক জন্মৰ আঠ দিনৰ দিনাখন চুন্নত কৰোওৱা হয়।
খ্ৰীষ্টৰ পৰা পৃথক
“অবিশ্বাসীসকল”
বিদেশী ৰূপ
“বাদ পৰা ৰূপ” নাইবা “তাত অন্তৰ্ভুক্ত নাছিল”
ইস্ৰায়েলৰ নাগৰিকত্ত্ব
“ইস্ৰায়েলীয়া মানুহ” নাইবা “ইস্ৰায়েলৰ সমাজ”
অঙ্গীকাৰযুক্ত নিয়মৰ অসম্পৰ্কীয়
“ঈশ্বৰৰ অঙ্গীকাৰযুক্ত নিয়ম তোমালোকে নাজানা”।
Ephesians 2:13-16
কিন্তু এতিয়া খ্ৰীষ্ট যীচুত আছা
পৌলে ইফিচীয়া বিশ্বাসীসকলৰ আগত খ্ৰীষ্টক বিশ্বাস কৰাৰ আগত আৰু খ্ৰীষ্ট বিশ্বাস কৰাৰ পাছত পৌলে এক যোগ্যতাপুৰ্ণ দিন দিছে
তোমালোক এসময়ত ঈশ্বৰৰ পৰা অতি দুৰত আছিলা এতিয়া তোমালোকক ঈশ্বৰৰ ওচৰলৈ অনা হ’ল
বিশ্বাসীসকলৰ পাপৰ কাৰণে, তেওঁলোক ঈশ্বৰৰ পৰা দুৰত আছিল। যিয়েই নহওক, এতিয়া যীচুৱে তেওঁৰ তেজৰ যোগেদি তেওঁলোকক ঈশ্বৰৰ ওচৰলৈ আনিলে।
তেওঁ আমাৰ শান্তি
“যীচুৱে তেওঁ শান্তি আমাক দিয়ে”
তেওঁ শৰীৰৰ দ্বাৰা
“ক্ৰুচত তেওঁৰ মৃত্যুৰ দ্বাৰা”
প্ৰভেদক দেৱাল
“ঘিণাৰ দেৱাল” নাইবা “কু ইচ্ছা”
আমাৰ পৰস্পৰক বিভেদ কৰিছিল
“আমাক” শব্দই পৌল আৰু ইফিচীয়া সকলক বুজাইছে যিটো পৰজাতি বিশ্বাসীসকলৰ পৰা যিহুদীবিশ্বাসীসকলক পৃথক কৰিছিল. (অন্তৰ্ভুক্ততা চাওক)
তেওঁ আজ্ঞাসমুহৰূপ আৰু বিধান লুপ্ত কৰিলে
যীচুৰ তেজে মোচিৰ বিধান পুৰ্ণ কৰিলে যাতে যিহুদী আৰু পৰজাতি একেলগে একেলগে বাস কৰিব পাৰে।
উভয় পক্ষৰ মানুহক মিল কৰালে
“যিহুদী আৰু পৰজাতিক দুয়োকে একেলগে মিল কৰালে”
তেওঁলোকৰ মাজত থকা বিৰোধভাব মাৰি পেলালে
যিহুদী আৰু পৰজাতিৰ এি পৰস্পৰৰ মাজত থকা বিৰোধভাবৰ কাৰণটো যীচুৱে নাইকিয়া কৰিলে। সেইটো হৈছে তেওঁলোকে আৰু মোচিৰ বিধানৰ অধীনত জীয়াই থকাৰ প্ৰয়োজন নাই।
Ephesians 2:17-18
শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে
“শুভবাৰ্ত্তা ঘোষণা কৰিলে” নাইবা “ শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে”
সেই শুভবাৰ্ত্তা আৰু তেওঁৰ শান্তি
“সেই শান্তিৰ শুভবাৰ্ত্তা”
যিবিলাক দুৰত আছিল
এইটো পৰজাতিসকলক নাইবা অযিহুদীবিলাকক বুজাইছে।
যিবিলাক ওচৰ
এইটো যিহুদীবিলাকক বুজাইছে।
কিয়নো যীচুৰ যোগেদি আমি দুয়োৱে প্ৰবেশ কৰিবলৈ পালোঁ
“আমি দুয়ো” এই শব্দই পৌল, আৰু বিশ্বাস কৰা যিহুদী আৰু অনা যিহুদীবিলাকক বুজাইছে
এক আত্মাক প্ৰবেশ কৰিবলৈ পালোঁ
এক আত্মাৰ বা ক্ষমতাৰ দ্বাৰা সকলো বিশ্বাসীক পিতৃ ঈশ্বৰৰ উপস্থিতিত সোমাবলৈ অধিকাৰ দিয়া হ’ল।
Ephesians 2:19-22
তোমালোক পৰজাতিবিলাক অতিথি আৰু প্ৰবাসী নোহোৱা, কিন্তু তাৰ পৰিৱৰ্তে ঈশ্বৰৰ বাবে পৃথক কৰি থোৱা সকলৰ লগত সহবাসী, যিসকল ঈশ্বৰৰ পৰিয়াল স্বৰূপ সদস্যৰ পৰিয়ালস্বৰূপ হৈছা
এইটো হৈছে পৰজাতিসকলে আগত আৰু পাছত বিশ্বাসী হোৱাৰ আত্মিক অবস্থা বৰ্ণনা কৰিছে সেই একেদৰেই নাগৰিক নোহোৱা অৱস্থাৰ পৰা এখন দেশৰ নাগৰিক হোৱা কথা। (প্ৰকাশভঙ্গী চাওক)
অতিথি নোহোৱা
“বহিৰাগত নহয়”
আৰু প্ৰবাসী
“আৰু অনা নাগৰিক নহয়”
এইবোৰ ভিত্তিমুলৰ ওপৰত স্থাপন কৰা হৈছে...
ঈশ্বৰৰ পৰিয়ালটোক পৌলে এটি ঘৰৰ লগত তুলনা কৰিছে। খ্ৰীষ্ট চুকৰ শিল, পাচনিসকলক ভিত্তিমুল আৰু বিশ্বাসীসকল তাৰ গঠন স্বৰূপ হৈছে। (প্ৰকাশভঙ্গী চাওক)
তেওঁৰ পৰিয়ালৰ গোটেই ঘৰটোৱেই একেলগে গঁঠা হৈ আৰু প্ৰভুৰ বাবে এক মন্দিৰ হবলৈ বৃদ্ধি পাইছে
পৌলে খ্ৰীষ্টৰ পৰিয়ালটোক এটি ঘৰ সজাৰ লগত তুলনা কৰিছে যিদৰে ঘৰ সাজোঁতাই শিলবোৰ ইটোৰ লগত সিটো গাঁঠি ঘৰ সাজি তোলে, সেইদৰে খ্ৰীষ্টই আমাক সকলোকে একেলগে গাঁঠে।
য’ত তোমালোকেও আত্মাত একেলগে গঁঠা হৈ ঈশ্বৰৰ এক আবাস হৈ উঠিছা
যেনেকৈ পৃথিবীত মানুহৰ বাবে এটি ঘৰ নিবাসস্থান হয় সেইদৰে বিশ্বাসীবিলাকেও আত্মাত একেলগে গঁঠা হৈ এক স্থান হৈ উঠে য’ত ঈশ্বৰে স্থায়ীভাবে আত্মাত নিবাস কৰে তাৰ বৰ্ণনা কৰিছে।
Ephesians 3
Ephesians 3:1-2
এইটোৰ কাৰণে
“তোমালোকলৈ ঈশ্বৰৰ অনুগ্ৰহ থকাৰ কাৰণে।”
তোমালোকৰ কাৰণে তেওঁ ঈশ্বৰৰ অনুগ্ৰহ পৰিচালনা কৰাৰ বৰ দান মোক দিয়া হ’ল
ঈশ্বৰে তেওঁৰ অনুগ্ৰহ তোমালোকক পৰিচালনা কৰিবলৈ দিলে।
Ephesians 3:3-5
সেই প্ৰকাশিতকৰণ অনুসাৰে মোক জনোৱা হল
“যে ঈশ্বৰে এক প্ৰকাশিত কথা মোক জানিবলে দিলে” নাইবা “ঈশ্বৰে মোলৈ প্ৰকাশ কৰিলে”
অলপ আগতে মই এক গুপুত সত্য কথাৰ বিষয়ে লিখিছিলোঁ
যি সত্যৰ বিষয়ে আগতে জনা নাছিল সেই বিষয়ে চমুকৈ আগতেই মই তোমালোকলৈ লিখিছিলোঁ।
যেতিয়া তুমি এই বিষয়ে পঢ়িবা
“এইটো” এই শব্দই পৌলে ইফিচীয়াসকলক জনোৱা গুপুত সত্যতাটোক বুজাইছে।
তোমালোকে বুজিবলৈ সমৰ্থৱান হবা
“তোমালোক বোধগম্যতাত সমৰ্থৱান হবা” নাইবা “তোমালোকে উপলব্ধি কৰিব পাৰিবা”
খ্ৰীষ্টৰ বিষয়ে মোৰ যি অন্তৰ্দৃষ্টি
“আগতে নজনা এই সত্যতাৰ মোৰ বোধগম্যতা”
যিটো মনুষ্যজাতিৰ আন লোকসকলৰ আগত জনোৱা নাছিল
“আগৰ কালৰ মানুহবিলাকৰ আগত জনোৱা নাছিল”
কিন্তু এতিয়া যিটো প্ৰকাশ কৰি হ’ল
“কিন্তু এতিয়া এইটো দেখুউৱা হ’ল” নাইবা “কিন্তু এতিয়া এইটো জনাই দিয়া হ’ল”
Ephesians 3:6-7
পৰজাতিবিলাক শুভবাৰ্ত্তাৰ দ্বাৰাই খ্ৰীষ্টত কৰা প্ৰতিজ্ঞা অনুসাৰে সহাধিকাৰী আৰু শৰীৰৰ সহভাগী আৰু প্ৰতিজ্ঞাবোৰৰ সহভাগী
এই উল্লেখিত বাক্যই হৈছে গুপুত সত্য যিটো পৌলে তেওঁলৈ আৰু পাঁচনিবিলাকলৈ প্ৰকাশিত হোৱা বুলি উনুকিয়াইছে।
শৰীৰৰ সহভাগী
খ্ৰীষ্টত বিশ্বাসীবিলাকক শাৰীৰিকভাবে বৰ্ণনা কৰিবলৈ পৌলে একেৰাহে এই যুক্তি কৈ আছে।
কিয়নো এইটোৰ বাবেই মই এজন পৰিচাৰক হ’লো
“মই এতিয়া এই শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ পৰিচাৰক হ’লো”
Ephesians 3:8-9
ঈশ্বৰৰ প্ৰতি যিসকলক পৃথক কৰা হল সেই সকলৰ মাজত মই একেবাৰে যদিও নগণ্য মোলৈ এই উপহাৰ দিয়া হল
“যদিও ঈশ্বৰৰ সকলো মানুহতকৈ মই একেবাৰে নগণ্য আছিলোঁ, ঈশ্বৰে মোক এই অনুগ্ৰহশীল উপহাৰ দিলে”
আৰু ঈশ্বৰৰ আঁচনি কি প্ৰত্যেককে সেই বিষয়ে উজ্জীৱিত কৰিবলৈ
“আৰু সকলো মানুহকে ঈশ্বৰৰ আঁচনিৰ বিষয়ে সজাগ কৰিবলৈ।”
ঈশ্বৰৰ দ্বাৰা, যিজনে সকলো সৃষ্টি কৰিলে অতীত কালৰ পুৰ্ব্বৰে পৰা গুপ্ত হৈ থকা সত্য
“যেতিয়া ঈশ্বৰে সকলো সৃষ্ট কৰিছিল তেওঁ বহুদিনৰ আগৰে পৰা কিবা এটা গুপুত কৰি থৈছিল।”
Ephesians 3:10-11
ঈশ্বৰৰ সেই জটিল জ্ঞানৰ কথা মণ্ডলীৰ যোগেদি অধিপতিবিলাকক ক্ষমতাপ্ৰাপ্তবিলাকক সেই স্বৰ্গীয় ঠাইবোৰত জনাই দিয়া হব
“ ঈশ্বৰৰ সেই জটিল জ্ঞানৰ কথা মণ্ডলীৰ যোগেদি স্বৰ্গীয় ঠাইবোৰত সেই অধিপতিবিলাকক আৰু ক্ষমতাপ্ৰাপ্তবিলাকক জনাই দিয়া হব”
সেই অনন্তকলীয়া আচনিৰ যোগেদি
“সেই অনন্তকলীয়া আঁচনি ৰাখি” নাইবা “সেই অনন্তকলীয়া আঁচনিত সঙ্গতি ৰাখি”
যে তেওঁ ইচ্ছা কৰিলে
“যে তেওঁ সম্পন্ন কৰিলে” নাইবা “যে তেওঁ সম্পুৰ্ণকৈ সিদ্ধ কৰিলে”
Ephesians 3:12-13
আত্ম
প্ৰত্যয়েৰে প্ৰবেশ “ঈশ্বৰৰ উপস্থিতিলৈ আত্ম প্ৰত্যেয়েৰে প্ৰবেশ কৰা” নাইবা “আত্ম প্ৰত্যয়েৰে ঈশ্বৰৰ উপস্থিতিলৈ প্ৰবেশ কৰাৰ স্বতন্ত্ৰ্যতা” (বৰ্হিভুক্ততা আৰু অন্তৰ্ভুক্ততা চাওক)
তেওঁক আমাৰ বিশ্বাসৰ কাৰণে
“খ্ৰীষ্টত থকা আমাৰ বিশ্বাসৰ কাৰণে”
সেই কাৰণে মই তোমালোকক নিৰাশ নহবলৈ কৈছোঁ
“সেই কাৰণে মই তোমালোকক সাহস নেহেৰুৱাবলৈ কৈছোঁ।”
Ephesians 3:14-16
কিয়নো এইটোৰ কাৰণে
“কাৰণ ঈশ্বৰে তোমালোকৰ বাবে এই সকলো কৰিলে”(অন্তৰ্ভুক্ততা আৰু বৰ্হিভুক্ততা চাওক)
মই সেই পিতৃৰ আগত আঠু লওঁ
“মই সেই পিতৃৰ আগত আঠু লৈ প্ৰাৰ্থনা কৰোঁ” নাইবা “ মই নম্ৰতাৰে পিতৃৰ আগত প্ৰাৰ্থনা কৰোঁ”
যে তেওঁ তোমালোকক মঞ্জুৰ কৰক
“যে তেওঁ তোমালোকক দিব”
Ephesians 3:17-19
বিশ্বাসৰ যোগেদি হৃদয়ত
“যোগেদি” এই ধাৰণাটো হৈছে বাহক বা উপায়, ই দেখুৱাই যে ঈশ্বৰে বিশ্বাসীসকলক দিয়া উপহাৰৰ দ্বাৰাই খ্ৰীষ্ট তেওঁলোকৰ হৃদয়ত নিবাস কৰে।
যে তোমালোকে তেওঁৰ প্ৰেমত শিপা ধৰি আৰু মুল পতাওক
পৌলে এইটো তুলনা কৰিছে যে গছৰ শিপাৰ দৰে তেওঁলোকৰ বিশ্বাস গভীৰকৈ শিপাই যাওক নাইবা এটি ঘৰ এক মজবুত ভেটিৰ ওপৰত স্থাপিত হওক। বিকল্প অনুবাদ: “তোমালোক মজবুতকৈ শিপাই যোৱা এজোপা গছৰ নিচিনা হোৱা আৰু এটা অট্টালিকা এক শিলৰ ওপৰত স্থাপিত হোৱাৰ দৰে হোৱা” (প্ৰকাশভঙ্গী চাওক)
সেই সকলো ঈশ্বৰৰ বাবে পৃথক কৰা হল
এইটোৰ অৰ্থ হৈছে সকলো বিশ্বাসী। এইটোক “সাধু সন্তসকল” বুলি অনুবাদ কৰিব পাৰি।
যাতে তোমালোকে খ্ৰীষ্টৰ প্ৰেমৰ অত্যধিক মহানতা জানিবা পাৰা
“যাতে তোমালোকে খ্ৰীষ্টৰ প্ৰেম জানিব পাৰা যিটো আমি আমাৰ অভিজ্ঞতাৰ দ্বাৰা জনাৰ অতি উৰ্দ্ধত”
Ephesians 3:20-21
এতিয়া তেওঁলৈ
“এতিয়া ঈশ্বৰলৈ”
সকলোবোৰ অতি, অতিৰিক্ত উৰ্ধত
আমি খুজিব পৰা নাইবা কল্পনা কৰিব পৰাতকৈ ঈশ্বৰে অতি অধিক কৰিব পাৰে।
যে আমি খুজিব বা ভাবিব পৰা
“আমি” শব্দই পৌল আৰু তেওঁ দৰ্শকসকলক অন্তৰ্ভুক্ত কৰিছে।
Ephesians 4
Ephesians 4:1-3
এতেকে প্ৰভু বন্দীয়াৰ যি মই
“কাৰণ তেওঁক প্ৰভুক পৰিচৰ্য্যা কৰিম বুলি বাচনি কৰিছে সেয়ে তেওঁ বন্দীশালত থকা কোনো এজনৰ নিচিনা”
মই এই মিনতি কৰোঁ যে তোমালোকে নিজৰ আমন্ত্ৰণৰ যোগ্য আচৰণ কৰা
“মই তোমালোকক এই উদগণি দিওঁ যে তোমালোকৰ নিমন্ত্ৰণৰ সঠিক আচৰণ আচৰণেৰে আচৰণ কৰা” এই গোটেই পদকেইটাত “তোমালোক” শব্দই ইফিচত থকা সকলো বিশ্বাসীকে বুজাইছে। (তোমালোক ৰূপটো চাওক)
মহান নম্ৰতাৰে আৰু মৃদুতাৰে আৰু ধৈৰ্য্যেৰে পৰস্পৰে পৰস্পৰক প্ৰেমেৰ গ্ৰহন কৰা
“তোমালোকে নম্ৰ হবলৈ, মৃদু হবলৈ, ধৈৰ্য্য ধৰিবলৈ আৰু প্ৰেমত ইজনে সিজনক গ্ৰহণ কৰিবলৈ শিকা”
শান্তিৰ বন্ধনত আত্মাৰে ঐক্যতা ৰক্ষা কৰা
“আত্মাৰ একতা ৰক্ষা কৰিবৰ কাৰণে একেলগে বাস কৰিবলৈ বিচৰা”
Ephesians 4:4-6
এক শৰীৰ
ঈশ্বৰৰ পৰিয়ালত সকলো বিশ্বাসীবিলাক মানুহৰ শৰীৰৰ নিচিনা বিভিন্ন অঙ্গ প্ৰত্যঙ্গ (প্ৰকাশভঙ্গী চাওক)
এক আত্মা
এক পবিত্ৰ আত্মাহে আছে
এক আমন্ত্ৰণত আমন্ত্ৰিত
“বিশেষকৈ মনোনীত জনা” নাইবা “একত্ৰলৈ নিযুক্ত কৰা হ’ল”
এক আত্মবিশ্বাসৰ আশা
“এক নিশ্চিত আশা”
সকলোৰে পিতৃ... আৰু সকলোতে
“সকলোৰে পিতৃ... সকলোৰে ওপৰত... সকলোৰে যোগেদি... সকলোতে
Ephesians 4:7-8
আমাক প্ৰতিজনকে
এই “আমাক” শব্দটোৱে পৌল আৰু ইফিচত থকা সকলোবিশ্বাসীকে বুজাইছে। (অন্তৰ্ভুক্ততা চাওক)
আমাৰ প্ৰতিজনকে এক দান দিয়া হল
“প্ৰতিজন বিশ্বাসীকে একোটা দান দিয়া হল” নাইবা “ঈশ্বৰে আমাৰ প্ৰতিজনকে একোটাকৈ উপহাৰ দিলে” (সক্ৰিয়তা আৰু নিস্ক্ৰিয়তা চাওক)
যেতিয়া তেওঁ উৰ্ধলৈ উঠিল
“যেতিয়া খ্ৰীষ্টই স্বৰ্গলৈ উঠিল” এই “তেওঁ” শব্দই ১১ পদলৈকে খ্ৰীষ্টক বুজাইছে।
Ephesians 4:9-10
তেওঁ আৰোহন হল
“তেওঁ উঠি গ’ল”
তেওঁ তললৈও নামিছিল
“তেওঁ তললৈয়ো নামি গৈছিল” নাইবা “তেওঁ তললৈ নামি আহিছিল”
পৃথিবীৰ গভীৰতালৈ
“এই পৃথিবীৰ, একেবাৰে তলভাগৰ অঞ্চল” নাইবা “এই পৃথিবীৰ একেবাৰে তলৰ অংশ”
তেওঁ সকলো বস্তু পুৰ কৰিব পাৰে
“তেওঁ সকলোবোৰ সম্পুৰ্ণৰূপে পুৰ কৰিব পাৰে” নাইবা “তেওঁৰ সৈতে সকলোবোৰ পুৰ হব পাৰে”।
Ephesians 4:11-13
খ্ৰীষ্টই এই ধৰণৰ উপহাৰ দিয়ে
“খ্ৰীষ্টই মণ্ডলীলৈ এই ধৰণৰ উপহাৰ দিয়ে” (বৰ্হিভুক্ততা আৰু অন্তৰ্ভুক্তত চাওক)
যিসকলক ঈশ্বৰৰ বাবে পৃথক কৰা হল
এইটোৱে সকলো বিশ্বাসীক বুজাইছে।
কৰ্ম্মৰ পৰিচৰ্য্যা
“আনক পৰিচৰ্য্যা কৰা”
খ্ৰীষ্টৰ শৰীৰ গঢ়ি তুলিবৰ কাৰণে
এই প্ৰকাশভঙ্গীয়ে মানুহৰ শৰীৰত আত্মিকতাৰে অনুশীলন কৰি শক্তিমান হৈ বৃদ্ধি পাই যাবলৈ ই তুলনা কৰিছে। (প্ৰকাশভঙ্গী চাওক)
বিশ্বাসৰ ঐক্যতা পাওক
“বিশ্বাসত সমানে বলৱান হোৱা”
সম্পুৰ্ণকৈ পৰিপক্ক হোৱা
“পৰিপক্ক বিশ্বাসী হোৱা”
Ephesians 4:14-16
এইটো এনে যে আমি কৰা উচিত
“তেতিয়া আমি কৰিম”
শিশুৰ দৰে হোৱা
এজন বিশ্বাসী যিয়ে আত্মিকভাবে বৃদ্ধি পোৱা নাই যাৰ জীৱনত একেবাৰে কম অভিজ্ঞতা হৈছে এইটো তাৰ লগত তুলনা কৰিছে। (প্ৰকাশভঙ্গী চাওক)
সকলোবিধ শিক্ষাৰূপ বতাহত ঢলংপলং কৰোৱা আৰু উৰুৱাই নিয়া
এই প্ৰকাশভঙ্গীয়ে এই তুলনা কৰিছে যে এজন বিশ্বাসী যি পৰিপক্ক হোৱা নাই আৰু ভুৱা শিক্ষা শুনে তেওঁ পানীত বতাহে বেলেগ বেলেগ দিশত উৰুৱাই নিয়া নাঁৱৰ নিচিনা। (প্ৰকাশভঙ্গী চাওক)
মানুহৰ ঠগত ধুৰ্ত্ততাৰে ভ্ৰান্তিৰ কুকল্পনাৰ দ্বাৰা
“প্ৰলোভনকাৰী মানুহ যিয়ে বিশ্বাসীসকলক ধুৰ্ত্ততাৰ মিছাৰে ভ্ৰান্ত কৰে”
বৰং আমি কম
“তাৰ পৰিৱৰ্তে আমি কম”
তেওঁলৈ যিজনা মুৰস্বৰূপ... শৰীৰ বৃদ্ধিত
মানুহৰ শৰীৰ বৃদ্ধিত ব্যৱহাৰ কৰা এইটো এটা প্ৰকাশভঙ্গী কেনেকৈ খ্ৰীষ্টই মুৰস্বৰূপে থাকি বিশ্বাসীসকলক মিলাপ্ৰীতিৰে একেলগে কাৰ্য্য কৰি শৰীৰৰ অংগবোৰ স্বাস্থ্যৱান কৰে তাৰ বৰ্ণনা কৰে। (প্ৰকাশভঙ্গী চাওক)
প্ৰেমত প্ৰতিজনক গঢ়ি তোলা
“সেয়ে বিশ্বাসীসকলে প্ৰেমেৰে প্ৰতিজনকে পৰস্পৰে সহায় কৰিব পাৰে”
Ephesians 4:17-19
এতেকে মই ইয়াকে কৈছো, আৰু প্ৰভুত তোমালোকক এই উদগণি দিছো
“সেই কাৰণে মই তোমালোকক বলৱানৰূপে এই উদগণি দিছোঁ”
পৰজাতিসকলে তেওঁলোকৰ মনৰ অসাৰতাৰে যেনেকৈ চালচলন কৰে
“পৰজাতিবিলাকৰ নিচিনা তেওঁলোকৰ মুল্যহীন চিন্তাধাৰাৰে তোমালোকে জীয়াই নাথাকিবা”
চিন্তাধাৰাত অন্ধকাৰ হল, তেওঁলোকৰ অজ্ঞানতাৰে আৰু তেওঁলোকৰ হৃদয়ৰ কঠিনতাৰে ঈশ্বৰীয় জীৱনৰ ভাগী নহ’ল
“তেওঁলোকে ঈশ্বৰীয় জীৱনৰ অভিজ্ঞতা নাপালে কাৰণ তেওঁলোক মন অন্ধকাৰ হ’ল আৰু তেওঁলোক হৃদয় কঠিন”
চিন্তাধাৰাত অন্ধকাৰ হল
তেওঁলোকে ভাবিব নোৱাৰে বা স্পষ্টকৈ যুক্তি দৰ্শাব নোৱাৰে।
ঈশ্বৰীয় জীৱনৰ পৰা বিচ্ছেদ হল
ঈশ্বৰীয় জীৱন ধাৰণৰ পৰা পৃথক হল।
তেওঁলোকত থকা অজ্ঞতাৰ দ্বাৰা
“কাৰণ তেওঁলোকৰ ঈশ্বৰীয় জীৱন নাই”
তেওঁলোকৰ হৃদয়ৰ কঠিনতাৰ দ্বাৰা
তেওঁলোকে ঈশ্বৰৰ কথা শুনিবলৈ আৰু তেওঁৰ শিক্ষাৰ অনুগামী হবলৈ অস্বীকাৰ কৰিছিল।
তেওঁলোকে সকলো প্ৰকাৰৰ অতি লোভৰ, লম্পট আচৰণৰ দ্বাৰা কলুষিত কাৰ্য্যৰ প্ৰতি নিজকে শোধাই দিলে
তেওঁলোকৰ লেতেৰা আচৰণ আৰু তেওঁলোকে আকাংক্ষা কৰা সকলো প্ৰকাৰৰ অত্যধিক সুখভোগৰ প্ৰতি তেওঁলোকৰ জীৱনবোৰ শোধাই দিলে।
Ephesians 4:20-22
কিন্তু তোমালোকে হলে খ্ৰীষ্টৰ বিষয়ে সেইদৰে শিকা নাই
“খ্ৰীষ্টক অনুগমণ কৰিবলৈ তোমালোকে এইদৰে শিকা নাই”
যদি তোমালোকে তেওঁৰ বিষয়ে শুনিলা আৰু তেওঁৰ বিষয়ে শিকিলা, সেইটো হৈছে যীচুৰ বিষয়ে সেই সত্যতা
“যিহেতু তোমালোকে যীচুৰ বিষয়ে শুনিলা আৰু তেওঁৰ দ্বাৰা সত্যতাৰ শিক্ষা পালা”
তোমালোকে সেই পুৰণি পুৰুষক সোলোকাই পেলোৱা
যিটো তোমালোকৰ পুৰণি আচৰণ, যিটো প্ৰবঞ্চনাৰ কু অভিলাষৰ দৰে নষ্ট হৈ গৈছে “তোমালোকে তোমালোকৰ সাধাৰণ যেন লগা সেই পুৰণি আচৰণ এৰি পেলোৱা, যি কু অভিলাষে তোমালোকক দিনে অতি বেয়াৰ ফালে লৈ গৈ আছে।”
তোমালোকে তোমালোকৰ পুৰণি পুৰুষক সোলাকাই পেলোৱা
যিদৰে কাপোৰ খুলি পেলোৱা হয় আৰু সেইবোৰক দলিয়াই পেলোৱা হয় তোমালোকে নিজে সকলো পাপময় আচৰণ এৰি পেলাৱা। AT: “তোমালোকে তোমালোকৰ আচৰণ সলনি কৰা” (প্ৰকাশভঙ্গী চাওক)
যে যিটো তোমালোকৰ পুৰণি আচৰণ অনুসৰি হৈছে
“আচৰণ যিটো তোমাৰ পুৰণি স্বভাৱৰ লগত সহমত” নাইবা “আচৰণ যিটো তোমাৰ পুৰণি স্বকীয়তাৰ লগত সহমত”
যিটো প্ৰবঞ্চনাৰ কুঅভিলাষ অনুসৰি নষ্ট হৈ গৈছে
“যিটো মাংসিক অভিলাষৰ কাৰণে একেৰাহে বেয়াৰ পৰা বেয়াৰ ফালে গৈ আছে”
Ephesians 4:23-24
তোমালোক নতুন হব পাৰা
“তোমালোক সলনি হব পাৰা” নাইবা “ তোমালোক পৰিৱৰ্তন হব পাৰা”
যাতে তোমালোকে নতুন পুৰুষক পিন্ধিব পাৰা
এইটোৱে দেখুৱাই যে এজন অবিশ্বাসীয়ে নতুন ব্যক্তি হৈ পৰে যেতিয়া ঈশ্বৰৰ শক্তিৰে এজন বিশ্বাসী হৈ পৰে, যিদৰে এজন ব্যক্তিয়ে নতুন কাপোৰ পিন্ধে আৰু সম্পুৰ্ণৰূপে বেলেগ দেখা যায়। ( প্ৰকাশভঙ্গী চাওক)
Ephesians 4:25-27
মিছা এৰি পেলোৱা
“তুমি মিছা কথা কোৱা বন্ধ কৰা”
প্ৰতিজনে চুবুৰীয়াৰ লগত সত্য আলাপ কৰা
“বিশ্বাসীসকলে তেওঁলোকৰ চুবুৰীয়াৰ লগত সত্য আলাপ কৰিব লাগে”
আমি পৰস্পৰে প্ৰত্যেকৰে সদস্যসমুহ
“আমি সকলোৱে ঈশ্বৰৰ পৰিয়ালৰ সদস্যসমুহ” # খং ৰাগ কৰা, কিন্তু পাপ নকৰিবা “তোমালোকে খং কৰিব পাৰা, কিন্তু পাপ নকৰিবা”
তোমাৰ ক্ৰোধ থাকোতেই বেলি ডুবিব নিদিবা
“ৰাতি নৌ হওঁতেই তোমালোকৰ ক্ৰোধ এৰি পেলোৱা”
Ephesians 4:28-30
তোমালোকৰ মুখৰ পৰা কোনো কু
কথা নোলাওক “তোমালোকৰ মুখৰ পৰা কোনো অশ্ৰাব্য ভাষা নোলাওক” নাইবা “তোমালোকৰ মুখৰ পৰা কোনো লেতেৰা কথা কথা নোলাওক”
তাৰ পৰিৱৰ্তে আনক গঢ়ি তুলিবলৈ কথা ওলাওক
“তাৰ পৰিৱৰ্তে উপযোগী গ্ৰহণীয় কথা ওলাওক, নাইবা আন বিশ্বাসীসকলক সামৰ্থ যোগাবলৈ কথা ওলাওক”
যি সকলে কথা শুনে তেওঁলোকে যেন অনুগ্ৰহ পায়
“এইদৰে যিসকলে শুনে তেওঁলোকক তুমি অনুগ্ৰহ দিব পাৰা”
ঈশ্বৰৰ পবিত্ৰ আত্মাক দুখ নিদিবা
“তোমাৰ বেয়া কথাৰ দ্বাৰা ঈশ্বৰৰ পবিত্ৰ আত্মাক দুখিত নকৰিবা”
যাৰ দ্বাৰা তোমালোকক মোহৰ মৰা হল
“কিয়নো তেওঁ তোমালোকক মোহৰ মাৰিলে”
Ephesians 4:31-32
সকলো তিক্ততা
“ঈশ্বৰে তোমালোকৰ সকলো বিৰোধ ভাব আতৰাই পেলাওক” নাইবা “ঈশ্বৰে সকলো ঘৃণাভাব আতৰাই পেলাওক”
ক্ৰোধ আৰু খং
“ক্ৰোধ আৰু খং” একেলগে খং উঠাৰ এক বিশাল জোৰ প্ৰকাশ কৰে। AT: “অনিয়ন্ত্ৰিত খং (ঘনিষ্ঠতা চাওক)
আটাহ পাৰা আৰু ঠাট্টাকৰা
“ঠাট্টা কৰাৰ” লগত “চিঞঁৰ মাৰা” একেলগ কৰিলে ঠাট্টা কৰাৰ ক্ৰুৰতা প্ৰকাশ পায় AT: “আৰু টান মৌখিক কথা” (ঘনিষ্টতা চাওক)
আৰু পৰস্পৰে দয়ালু হোৱা, কোমল মনৰ লোক
“তাৰ পৰিৱৰ্তে তোমালোকে ইজনে সিজনৰ প্ৰতি দয়ালু হোৱা, মৰমীয়াল” নাইবা “তাৰ পৰিৱৰ্তে তোমালোক ইজনে সিজনৰ প্ৰতি দয়ালু হোৱা, সহানুভুতি হোৱা”
Ephesians 5
Ephesians 5:1-2
এতেকে ঈশ্বৰৰ অনুকাৰী হোৱা
“এতেকে তোমালোক ঈশ্বৰৰ অনুকাৰী হব লাগে”
ঈশ্বৰৰ প্ৰিয় সন্তানবোৰৰ দৰে
যিহেতু আমি ঈশ্বৰৰ সন্তান আমি তেওঁৰ অনুকাৰী হোৱাটো তেওঁ বিচাৰে
প্ৰেমত জীয়াই থাকা
“এক প্ৰেমময় জীৱন ধাৰণ কৰা”
ঈশ্বৰৰ প্ৰতি সন্তোষজনক উচৰ্গিত আৰু এক বলিদান
“ঈশ্বৰৰ প্ৰতি এক সুগন্ধি উপহাৰ আৰু বলিদানস্বৰূপ” নাইবা “এক মধুৰ সুগন্ধি উপহাৰ আৰু ঈশ্বৰৰ প্ৰতি বলিদান”
Ephesians 5:3-4
যিহেতু তোমালোকক ঈশ্বৰৰ বাবে পৃথক কৰা হ’ল, যৌন অনৈতিকতা বা যিকোনো অশুচিতা বা লম্পটতা লোভ তোমালোকৰ মাজত থকা উচিত নহয়
“ঈশ্বৰৰ মানুহবিলাকৰ মাজত যৌন অনৈতিকতা বা যিকোনো অশুচিতা বা লম্পটতাৰ লোভ পোৱাটো অনুমিত নহয়”
যৌন অনৈতিকতা
“যৌনতা পাপ” নাইবা “অনৈতিক যৌন কাৰ্য্য”
যিকোনো অশুচিতা
“যিকোনো নৈতিক অশুচিতা”
লম্পটতা লোভ
“আনৰ যি আছে তালৈ আকাক্ংক্ষা কৰা”
তোমালোকৰ মাজত নিৰ্দ্দেশনীয় নহয়
“তোমালোকৰ মাজত উল্লেখ কৰা অনুচিত” নাইবা “তোমালোকৰ মাজত পোৱাটো উচিত নহয়”
যিসকলক ঈশ্বৰৰ বাবে পৃথক কৰা হ’ল তেওঁলোকৰ বাবে সঠিক
“তোমালোকৰ আচৰণ ঈশ্বৰৰ পবিত্ৰ লোকসকলৰ দৰে সদায়ে সঠিক হোৱা দৰকাৰ”
অনৈতিকতা, মুৰ্খতাৰ কথা
বতৰা নাইবা লেতেৰা কৌতুক, যিবোৰ সঠিক নহয় কিন্তু ধন্যবাদ হওক “তোমালোকৰ আলাপ ধন্যবাদযুক্ত হওক, মুৰ্খতাৰ আলাপ বা লেতেৰা কৌতুকৰ দৰে নহওক”
Ephesians 5:5-7
অনৰ্থক বাক্যৰ দ্বাৰাই তোমালোকক ভুলাবলৈ কাকো নিদিবা
“ভুৱা যুক্তিতৰ্কৰে তোমালোকক ভুলাবলৈ কাকো নিদিবা” নাইবা “অৰ্থহীন কথাৰে তোমালোকক ভুলাবলৈ কাকো নিদিবা”
এই বিলাকৰ কাৰণে অবাধ্যতাৰ সন্তানবিলাকৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ আহি আছে
“যেতিয়া তেওঁলোকে এইবোৰ কাৰ্য্য কৰে এই অবাধ্যতাৰ সন্তানবিলাকৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ আহে”
সেয়ে তেওঁলোকৰ লগত অংশীদাৰ নহ’বা
“তেওঁলোকৰ লগত তোমালোকে এই কু আচৰণৰ লগত সংযুক্ত নিশ্চয়কৈ নহ’বা” (স্পষ্টতা আৰু অস্পষ্টতা চাওক)
Ephesians 5:8-12
কিয়নো এসময়ত তোমালোক আন্ধাৰ আছিলা
যিদৰে মানুহবিলাকে আন্ধাৰত দেখা নাপায়, সেইদৰে পাপত জীয়াই থকা মানুহৰ আত্মিক বোধগম্যতাৰ অভাৱ। (প্ৰকাশভঙ্গী চাওক)
কিন্তু এতিয়া তোমালোক প্ৰভুত পোহৰ হলা
যিদৰে মানুহবিলাকে পোহৰত দেখা পায়, যিয়ে ধাৰ্ম্মিকতাত জীয়াই থাকে তেওঁ আত্মিকবাবে বোধগম্য হয়। (প্ৰকাশভঙ্গী চাওক)
কাৰণ পোহৰৰ ফলবিলাকে হৈছে সকলো উত্তমতা, ধাৰ্ম্মিকতা, আৰু সত্যতা
এজন বিশ্বাসীৰ পৰা অহা কৰ্ম্মবোৰ (উত্তমতা, ধাৰম্মিকতা, আৰু সত্যতা) হৈছে এজোপা স্বাস্থ্যৱান গছে উৎপন্ন কৰা ফল( প্ৰকাশভঙ্গী চাওক)
অন্ধকাৰৰ ফলহীন কৰ্ম্মবোৰৰ লগত কোনো অংশ নাই
“পাপ বা অবিশ্বাসীবিলাকৰ ফলহীন কৰ্ম্মৰ লগত জড়িত নহ’বা”।
অন্ধকাৰৰ ফলহীন কৰ্ম্মবিলাক
আত্মিকতাৰ অন্ধকাৰত জীয়াই থকা কোনো এজনৰ কৰ্ম্মবোৰ হৈছে ৰাতি গুপুতে যিয়ে কু কৰ্ম্মবোৰ কৰে এনে মানুহৰ নিচিনা। (প্ৰকাশভঙ্গী চাওক)
কিন্তু সেইবোৰক প্ৰকাশ কৰিবা
“কিন্তু সেইবোৰ ভুল বুলি দেখুৱাবা”
Ephesians 5:13-14
সকলোবোৰ পোহৰৰ দ্বাৰা প্ৰকাশ কৰা হয়
এই ভৌতিক জগতখনত পোহৰৰ দ্বাৰা যিদৰে সকলোবোৰ প্ৰকাশ কৰা হয়, সেইদৰে আত্মিক জগতখনত খ্ৰীষ্টৰ পোহৰে অবিশ্বাসীবিলাকৰ আত্মিক কু কৰ্ম্মবিলাকৰ আত্মিক জগতখনত প্ৰকাশ কৰে।(প্ৰকাশভঙ্গী চাওক)
উঠা, হে শুই থকাজন, আৰু মৃতবিলাকৰ মাজৰ পৰা উঠা
যিজন ব্যক্তি মৰি আছে তেওঁ প্ৰত্যুত্তৰ দিবলৈ যিদৰে জীয়াই উঠিব লাগে সেইদৰে এজন অবিশ্বাসী আত্মিকভাবে শুই থকাৰ পৰা উঠি অহা দৰকাৰ। (প্ৰকাশভঙ্গী চাওক)
খ্ৰীষ্টে তোমাক পোহৰ দিব
আচলতে আন্ধাৰত গুপুতে থকাবোৰ যিদৰে পোহৰত প্ৰকাশিত হয়, অবিশ্বাসীবিলাকক পাপক্ষমাৰ দান আৰু নতুন জীৱন বুজিবলৈ খ্ৰীষ্টই সমৰ্থৱান কৰি পেলাই।(প্ৰকাশভঙ্গী চাওক)
Ephesians 5:15-17
এতেকে কিদৰে চলা সাৱদান হবা, অজ্ঞানীৰ দৰে নহয় কিন্তু জ্ঞানীৰ দৰে
“এতেকে অজ্ঞানীৰ দৰে জীৱন ধাৰণ কৰাতকৈ জ্ঞানীৰ দৰে চলাত সাৱধান হোৱা” অজ্ঞানী মানুহে পাপ বিৰুদ্ধে নিজকে সুৰক্ষা নকৰে। যিয়েই নহওক জ্ঞানী মানুহে পাপ চিনি পায় আৰু তাৰ পলায়
সময় কিনি লোৱা
“সময় জ্ঞানীৰূপে ব্যৱহাৰ কৰিবা।” আমি পাপত জীয়াই থাকিবলৈ থিৰাং কৰিব পাৰো যিটো হৈছে অজ্ঞানীৰূপে আমাৰ সময় ব্যৱহাৰ কৰাৰে দৰে একে। নাইবা প্ৰভুৱে আমাক যি কৰাটো বিচাৰিছে তাক কৰা আৰু আমাৰ সময় জ্ঞানীৰূপে ব্যৱহাৰ কৰিব পাৰো।
কাৰণ এই কাল মন্দ
এই “সময়” শব্দটো হৈছে আমি যি সময়ত জীয়াই আছো তাক বুজাইছে।(বাক্যালঙ্কাৰ চাওক)
Ephesians 5:18-21
আৰু দ্ৰাক্ষাৰসেৰে মতলীয়া নহবা
“আৰু তুমি সুৰা পান কৰি তাৰে মতলীয়া নহবা’’
তাৰ পৰিৱৰ্তে পবিত্ৰ আত্মাৰে পৰিপুৰ্ণ হোৱা
“তাৰ পৰিৱৰ্তে তুমি পবিত্ৰ আত্মাৰে পৰিপুৰ্ণ হোৱা”
গীত আৰু ভক্তিগীত আৰু আত্মিক গানেৰে
“ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ সকলো প্ৰকাৰৰ গীতেৰে”
সদায়ে ধন্যবাদ কৰি থাকা
“সদায় ধন্যবাদ কৰা”
তুমি নিজকে সমৰ্পণ কৰা
“নম্ৰতাৰে নিজকে সমৰ্পণ কৰা”
Ephesians 5:22-24
তেওঁ শৰীৰৰ পৰিত্ৰাতা
“খ্ৰীষ্টই হৈছে বিশ্বাসীবিলাকৰ শৰীৰৰ পৰিত্ৰাতা” নাইবা “খ্ৰীষ্টই হৈছে সকলোবিশ্বাসীৰ শৰীৰৰ পৰিত্ৰাতা” (স্পষ্টতা আৰু সৰলতা চাওক)
সেইদৰে ভাৰ্য্যাবিলাকেও সকলোবিষয়তে স্বামীবিলাকৰ বশীভুত হোৱা
“সেই একেদৰে ভাৰ্য্যাবিলাকেও সকলো ক্ষেত্ৰতে তেওঁলোকৰ স্বামীবিলাকৰ অধীনত থাকা” (স্পষ্টতা আৰু সৰলতা চাওক)
Ephesians 5:25-27
তোমাৰ ভাৰ্য্যাক প্ৰেম কৰা
“প্ৰেম” হৈছে নিস্বাৰ্থ, পৰিচৰ্য্যা কৰা নাইবা প্ৰেম দান কৰা।
নিজকে তাইৰ বাবে দান কৰিলে, যাতে তেওঁ তাইক পবিত্ৰ কৰিব পাৰে কাৰণ তেওঁ আমাক শুদ্ধ কৰিলে
ইয়াত দিয়া শব্দ কেইটা “নিজকে” আৰু “তেওঁ” খ্ৰীষ্টক বুজাইছে য’ত “তাইক” আৰু “আমাক” মণ্ডলীক বুজাইছে( নাইবা মণ্ডলীত সকলো বিশ্বাসীসকলক বুজাইছে)
তেওঁ নিজকে শোধাই দিলে
“খ্ৰীষ্টে তাইৰ বাবে সকলোকে বলিদান কৰিলে”
তেওঁ আমাক বাক্যৰ দ্বাৰা পানীৰে ধুই পেলালে
সাম্ভাব্য অৰ্থবোৰ হৈছে ১)পৌলে এইটো বুজাইছে যে ঈশ্বৰৰ বাক্যৰ দ্বাৰা আৰু বাপ্তিস্মৰ যোগেদি তেওঁ আমাক পৰিষ্কাৰ কৰিলে নাইবা ২)পৌলে কৈছে যে ঈশ্বৰে আমাক ঈশ্বৰৰ বাক্যৰ দ্বাৰা আত্মিকভাবে পৰিষ্কাৰ কৰিলে যিদৰে আমি আমাৰ শৰীৰটো পানীৰে ধুই পেলোৱা হয়। (প্ৰকাশভঙ্গী চাওক)
যে তেওঁ নিজকে মণ্ডলী উপস্থাপন কৰিব পাৰে
“যে খ্ৰীষ্টই নিজকে মণ্ডলী উপস্থাপন কৰিব পাৰে”
কোনো দাগ নথকা বা খুট নথকা
সেই একেটা ধাৰণাকে খ্ৰীষ্টই মণ্ডলী সিদ্ধ কৰিব সেই কথাত জোৰ দি দুইধৰণে ব্যৱহাৰ কৰা হৈছে।(ঘনিষ্ঠতা চাওক)
Ephesians 5:28-30
তেওঁলোকৰ নিজৰ শৰীৰৰ দৰে
“যিদৰে তেওঁলোক নিজৰ শৰীৰক প্ৰেম কৰে” (অস্পষ্টতা আৰু সৰলতা চাওক)
তাৰ পৰিৱৰ্তে তেওঁ চোৱাচিতা কৰে
“তাৰ পৰিৱৰ্তে তেওঁ ভৰণ পোষণ কৰে” নাইবা “তাৰ পৰিৱৰ্তে তেওঁ বিচাৰ লয়”
আমি তেওঁ শৰীৰৰ সদস্যসমুহ
এই “আমি” শব্দই পৌল আৰু সকলো বিশ্বাসীকে বুজাইছে। (অন্তৰ্ভুক্ততা চাওক)
আমি তেওঁৰ শৰীৰৰ সদস্যসমুহ
সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “আমি বিশ্বাসীসকলৰ শৰীৰৰ সদস্যসমুহ”(অব্যক্ত প্ৰকাশভঙ্গীৰ ক্ষেত্ৰত) নাইবা ২)বিশ্বাসীসকলে খ্ৰীষ্টৰ শৰীৰ গঠন হবলৈ একেলগে গঁঠা হৈ যায় যিদৰে মানুহৰ শৰীৰ এটাৰ অংগ প্ৰত্যংগবোৰ একেলগে গাঁঠি এজন ব্যক্তিৰ ৰূপ দিয়ে। (প্ৰকাশভঙ্গী চাওক)
Ephesians 5:31-33
এইটোৰ কাৰণে
“এই কাৰণে”
তেওঁ নিজক প্ৰেম কৰাৰ দৰে তেওঁৰ নিজৰ ভাৰ্য্যাক প্ৰেম কৰক
এই “তেওঁ” আৰু “তেওঁ নিজকে” শব্দকেইটাই যি বিবাহীত সেই পুৰুষ বিশ্বাসীক বুজাইছে।
ভাৰ্য্যাই স্বামীক আদৰ কৰক
“ভাৰ্য্যাই স্বামীক আদৰ কৰা উচিত” নাইবা “ভাৰ্য্যাই তেওঁ স্বামীক ভয় ভক্তি কৰা উচিত।”
Ephesians 6
Ephesians 6:1-3
হে সন্তানবিলাক, প্ৰভুত তোমালোকে পিতৃ
মাতৃৰ বাধ্য হোৱা পৌলে সন্তাসবিলাকক সিহঁতৰ শাৰীৰিক পিতৃ মাতৃৰ বাধ্য হোৱা কথাটো বুজাইছে।
যাতে তোমালোকৰ মঙ্গল হয়, আৰু তোমালোকে এই জগতত দীৰ্ঘ
জীৱি হব পাৰা এই সৰ্ব্বনাম “তুমি” পদটোৱে ইস্ৰায়েলৰ সন্তানবিলাকক বুজাইছে যাক মোচিয়ে কৈছিল। AT: “যাতে তোমালোকৰ উন্নতি হয় আৰু এই পৃথিবীত তোমালোক দীৰ্ঘকাল জীয়াই থাকিব পাৰা।”
Ephesians 6:4
আৰু, হে পিতৃসকল, তোমালোকে তোমালোকৰ সন্তানবিলাকক খং উঠাবলৈ কেচকেচাই নাথাকিবা
“হে পিতৃসকল তোমালোকৰ সন্তানবিলাকক খং উঠাবলৈ এনে কাম নকৰিবা” নাইবা “ হে পিতৃসকল তোমালোকে সন্তানবিলাকৰ খং উঠাৰ কাৰণ নহবা।”
সিহঁতক অনুশাসন আৰু প্ৰভুৰ নিৰ্দেশনাত ডাঙৰ
দীঘল কৰা “সিহঁতক প্ৰভুৰ শিক্ষা আৰু প্ৰশিক্ষণত তুলি তালি ডাঙৰ দীঘল কৰা।”
Ephesians 6:5-8
হে চাকৰবিলাক, তোমালোক বাধ্য হোৱা
“তোমালোক চাকৰবিলাক বাধ্য হোৱা উচিত”
খ্ৰীষ্টলৈ থকা... আৰু কম্পনেৰে, অন্তৰৰ সৰলতাৰে
যিদৰে তোমালোকে খ্ৰীষ্টৰ বাধ্যতাত আছা, আৰু নম্ৰতাৰ ভয়েৰে।
গভীৰ সন্মানেৰে আৰু কম্পনেৰে
কোনোবা এজনৰ মালিকৰ প্ৰতি সন্মান দেখুৱাবলৈ এই দুটা একে শাব্দিক উপায়। (ঘনিষ্ঠতা চাওক)
যেতিয়া তেওঁলোকে তোমালোকক চাই থাকে তেতিয়া তেওঁলোকক সন্তোষ লগাবলৈ নহয়
“আনকি যেতিয়া তোমালোকৰ মালিকবিলাকে তোমালোকক চাই নাথাকে, তেতিয়াও খ্ৰীষ্টৰ বাবে কাৰ্য্য কৰাৰ দৰে সদায়ে সেইদৰে কৰা”
খ্ৰীষ্টই নিজেই চাকৰৰ দৰে
তোমালোকৰ পাৰ্থিব মালিকজনাক খ্ৰীষ্ট বুলি ভাবি তোমালোকৰ পাৰ্থিব মালিকৰ পৰিচৰ্য্যা কৰা।
আৰু প্ৰভুৰ বাবেহে কাৰ্য্য কৰিছো বুলি ভাবি মানুহৰ বাবে আনন্দেৰে কাৰ্য্য কৰা
“যিহেতু প্ৰভুৰ বাবে কাৰ্য্য কৰিছা সেয়ে মানুহৰ বাবে আনন্দেৰে কাৰ্য্য কৰা”
এইটো মনত ৰাখক যে প্ৰতিজনে যি যি উত্তম কৰ্ম্ম কৰে, তেওঁ প্ৰভুৰ পৰা তাৰ প্ৰতিদান পাব
“এইটো মনত ৰাখক যে এজন ব্যক্তিয়ে যি যি উত্তম কৰ্ম্ম কৰে তেওঁ প্ৰভুৰ দ্বাৰা তাৰ পুৰস্কাৰ পাব”
Ephesians 6:9
তোমাৰ চাকৰৰ প্ৰতি কোনো ভয় নেদেখুৱাকৈ, একে কাৰ্য্য কৰা
“যি দৰে খ্ৰীষ্টে তেওঁলোকক ব্যৱহাৰ কৰাৰ দৰে তোমাৰ চাকৰবিলাক ভয় নেদেখুৱাকৈ আচৰণ কৰা”
এইটো জ্ঞাত হওক যেযজন স্বৰ্গত আছে তেওঁ সিহঁতৰ আৰু তোমাৰ দুয়োৰো মালিক
“কাৰণ তুমি জানা যে খ্ৰীষ্ট হৈছে চাকৰ আৰু সিহঁতৰ মালিক হৈছে খ্ৰীষ্ট।”
আৰু তেওঁত কোনো পক্ষপাতিতা নাই
“আৰু তেওঁৰ কোনো পক্ষপাত নাই”
Ephesians 6:10-11
প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা
AT: “তুমি নিজকে আত্মিক শক্তি যোগাবলৈ সম্পুৰ্ণৰূপে প্ৰভুত ভাৰসা কৰা”(যোগাযোগ চাওক)
ঈশ্বৰৰ আটাই সাজ পিন্ধা, যাতে তোমালোকে চয়তানৰ নানাবিধ কু
কল্পনাৰ সন্মূখত থিৰে থাকিব পাৰা “দুষ্টআত্মাৰ সন্মূখত থিৰ হৈ থাকিবলৈ খ্ৰীষ্টিয়ান সকলে ঈশ্বৰে দিয়া আটাই উৎস ব্যৱহাৰ কৰা উচিত যিদৰে এজন সৈনিকে শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সকলো সাজ পিন্ধে সেইদৰে।”(প্ৰকাশভঙ্গী চাওক)
Ephesians 6:12-13
সেইকাৰণে ঈশ্বৰৰ আটাই সাজ পিন্ধা
খ্ৰীষ্টিয়ানসকলে চয়তানৰ লগত যুঁজ দিবলৈ তেওঁলোকক ঈশ্বৰে দিয়া সুৰক্ষাৰ সকলো উৎস ব্যৱহাৰ কৰা উচিত সেই যি একেদৰে এজন সৈনিকে তেওঁৰ শত্ৰুবোৰৰ পৰা নিজকে সুৰক্ষা কৰিবলৈ সাজ পিন্ধে। (প্ৰকাশভঙ্গী চাওক)
Ephesians 6:14-16
সত্যতাৰ টঙালি
যিদৰে এপাট পেটিয়ে এজন সৈনিকৰ সকলোবোৰ কাপোৰ একেলগে ধৰি ৰাখে সেইদৰে সত্যতাইয়ো এজন বিশ্বাসীৰ সকলোবোৰ একেলগে ধৰি ৰাখে। (প্ৰকাশভঙ্গী চাওক)
ধাৰ্ম্মিকতাৰ বুকুবৰি
যিদৰে এপাত বুকুবৰিয়ে এজন সৈনিকৰ বক্ষস্থল সুৰক্ষা দিয়ে সেইদৰে ধাৰ্ম্মিকতাৰ উপহাৰে এজন বিশ্বাসীৰ আৱৰি ধৰে। (প্ৰকাশভঙ্গী চাওক)
তোমাৰ ভৰিত জোতা পিন্ধা, যিয়ে শান্তিৰ শুভবাৰ্ত্তা ঘোষণাৰ বাবে প্ৰস্তুত
যিদৰে এজন সৈনিকে মজবুত খোজ দিবৰ বাবে ভৰিত জোতা পিন্ধে, সেইদৰে এজন বিশ্বাসীৰো শুভবাৰ্ত্তা ঘোষণাৰ বাবে যুগুত হবলৈ শান্তিৰ শুভবাৰ্ত্তাৰ মজবুত জ্ঞান লাগে। (প্ৰকাশভঙ্গী চাওক)
সদায়েই বিশ্বাসৰ ঢাল কঢ়িয়াই লৈ ফুৰিবা
যেতিয়া দুষ্টআত্মাই আক্ৰমণ কৰে সুৰক্ষা দিবলৈ এজন বিশ্বাসীক ঈশ্বৰে দিয়া বিশ্বাস ঢাল ব্যৱহাৰ কৰিব লাগে যিদৰে এজন সৈনিকে শত্ৰুৰ আক্ৰমণত নিজকে সুৰক্ষা কৰিবলৈ ঢাল ব্যৱহাৰ কৰে।(প্ৰকাশভঙ্গী চাওক)
দুষ্টআত্মাৰ অগ্নিশৰ
এজন সৈনিকক শত্ৰুৱে ধনু কাড়েৰে আক্ৰমণ কৰাৰ দৰে এজন বিশ্বাসীৰ প্ৰতি দুষ্টআত্মাৰ আক্ৰমণ হৈছে অগ্নিশৰ। (প্ৰকাশভঙ্গী চাওক)
Ephesians 6:17-18
আৰু পৰিত্ৰাণৰ টকয়া লোৱা
ঈশ্বৰৰ দ্বাৰা দিয়া পৰিত্ৰাণে বিশ্বাসীৰ মন সুৰক্ষা দিয়ে যিদৰে এটি টকয়াই এজন সৈনিকৰ মুৰ ৰক্ষা কৰে সেইদৰে। (প্ৰকাশভঙ্গী চাওক)
আত্মাৰ তৰোৱাল, যিটো হৈছে ঈশ্বৰৰ বাক্য
ঈশ্বৰৰ বাক্য, পবিত্ৰ আত্মাৰ দ্বাৰা অনুপ্ৰাণিত হোৱা, দুষ্ট আত্মাৰ পৰা এজন বিশ্বাসীক সুৰক্ষা দিবলৈ আৰু যুদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা প্ৰয়োজন যিদৰে এজন সৈনিকে যুদ্ধ কৰিবলৈ আৰু শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ তৰোৱাল ব্যৱহাৰ কৰে। (প্ৰকাশভঙ্গী চাওক)
সকলো সময়তে আত্মাত সকলো প্ৰাৰ্থনা আৰু নিবেদন কৰি থাকা
“তুমি প্ৰাৰ্থনা কৰিলে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰা আৰু বিশেষ অনুৰোধ কৰা।”
যি সকলক ঈশ্বৰৰ বাবে পৃথক কৰা হল সকলো ধৈৰ্য্যেৰে সেই সকলোৰ বাবে প্ৰাৰ্থনা কৰা
“অহৰ্নিশ সজাগতাৰে আৰু সকলো বিশ্বাসীৰ বাবে প্ৰাৰ্থনা কৰা”
Ephesians 6:19-20
যে সেই বাক্য মোকো দিয়া হয়
“যাতে ঈশ্বৰে মোকো বাক্য দিয়ে” নাইবা “ঈশ্বৰে মোকো সেই বাৰ্ত্তা দিয়ে”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)
যেতিয়া মই মুখ মেলো সাহেৰে সকলোকে যেন জনাবা পাৰো
“যেতিয়া মই কওঁ সাহসেৰে যেন জনাব পাৰো”
কিয়নো সেইটোৰ বাবেই মই শিকলিত এজন ৰাজদূত স্বৰূপ
“মই এতিয়া বন্দীশালত আছো কাৰণ মই সেই শুভবাৰ্ত্তাৰ এজন প্ৰতিনিধি।”
মই যিদৰে কোৱা উচিত মোৰ বন্দী অৱস্থাত সাহসেৰে যেন কব পাৰো
“মই এই বন্দীশালত থাকোতেও যেন ঈশ্বৰৰ বাৰ্ত্তা সাহেৰে কব পাৰো।”
Ephesians 6:21-24
মোৰ ঘটনাবোৰ
“মোৰ পৰিস্থিতি” নাইবা “মোৰ ঘটনাবৃত্তান্ত”
তুখিক
পৌলৰ সৈতে পৰিচৰ্য্যা কাৰীবিলাকৰ বহুতৰ মাজত তুখিকো এজন আছিল।(অনুবাদিত নামবোৰ চাওক)
তোমালোকক সকলো জনাব
“সকলোবোৰ তোমালোকক কব”(UDB)