Assamese: translationNotes

Updated ? hours ago # views See on DCS Draft Material

2 Peter

2 Peter 1

2 Peter 1:1-2

চিমোন পিতৰ

"চিমোন পিতৰৰ পৰা" চিঠিৰ লেখকক চিনাকি দিবলৈ তোমালোকৰ ভাষাত বিশেষ ব্যৱস্থা থাকিব পাৰে৷ এই বাক্যটো এনেদৰে প্ৰকাশ কৰিব পাৰি "মই, চিমোন পিতৰে, এই চিঠি লিখিলো৷"

যীচু খ্ৰীষ্টৰ দাস আৰু পাচনি

পিতৰে যীচু খ্ৰীষ্টৰ দাসৰ মনোভাৱৰ কথা কৈছে৷ খ্ৰীষ্টৰ পাচনি হিচাবে তেওঁকো মর্যাদা আৰু ক্ষমতা দিয়া হৈছিল৷

সেই বিলাকলৈ

এই চিঠি পঢ়াৰ সম্ভাৱনা থকা সকলো বিশ্বাসীলৈ পিতৰে সন্বোধন কৰা যেন লাগে৷সলনি অনুবাদ : “সকলো বিশ্বাসীলৈ”

আমি পালো

“আমি পাচনি বিলাকে পালো”(চাওক:অর্ন্তভুক্তি)

তোমালোকলৈ অনুগ্ৰহ হওক

“তোমালোক” শব্দটোৱে সাধাৰণতে সকলো বিশ্বাসীকেই বুজাইছে৷(চাওক: “তুমি” শব্দৰ ৰূপ দ্বৈত/একাধিক)

আমাৰ প্ৰভু যীচু

সকলো বিশ্বাসী আৰু পাচনিবিলাকৰো প্ৰভু যীচু৷

তোমালোকলৈ যেন অনুগ্ৰহ হয়

ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচুৰ জ্ঞানৰ জড়িয়তে তোমালোকলৈ শান্তি বৃদ্ধি পাওক৷ সলনি অনুবাদ : “তোমালোকৰ দয়া আৰু শান্তি বৃদ্ধি পাওক যিহেতু তোমালোকে ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচুক প্ৰকৃততে জানিছা৷”

2 Peter 1:3-4

যিজনে আমাক মাতিলে

প্ৰথমে ঈশ্বৰে আমাক মাতিলে৷ “আমাক” শব্দটোৱে পিতৰ আৰু তেওঁৰ শ্ৰোতা দর্শক সকলক বুজাইছে৷(চাওক : অন্তর্ভূক্তি)

তেওঁৰ নিজৰ গৌৰৱ আৰু পবিত্ৰতাৰ জড়িয়তে

“তেওঁৰ সন্মান আৰু নৈতিক উৎকর্ষ জড়িয়তে”

এইবিলাকৰ দ্বাৰা, তেওঁ আমাক বহুমূলীয়া আৰু মহৎ অঙ্গীকাৰ সমূহ দিলে

“ঈশ্বৰৰ বহুমূলীয়া আৰু মহৎ অঙ্গীকাৰ সমূহ তেওঁৰ সন্মান আৰু নৈতিক উৎকর্ষ দ্বাৰা আহিল”

ঐশ্বৰিক স্বভাৱ

“ঈশ্বৰৰ নিখুঁত স্বভাৱ”

জগতত থকা কু

অভিলাষ মূলক ক্ষয়ৰ পৰা হাত সাৰি “তোমালোকে জগতৰ অনৈতিক আকাংক্ষাৰ পৰা পলাই আহি”

2 Peter 1:5-7

পিতৰে বিশ্বাসীসকললৈ পুনৰ কবলৈ আৰম্ভ কৰিছে৷

এই একেটা কাৰণতেই

“ঈশ্বৰে যি সিদ্ধ কৰিলে তাৰ কাৰণে”

গুণ

“নৈতিক উৎকর্ষ বা সদাচাৰ”

তোমালোকৰ নৈতিক উৎকর্ষৰ জড়িয়তে জ্ঞান লাভ কৰা

নৈতিক উৎকর্ষ বা সদাচাৰ প্ৰয়োগ কৰি তোমালোকৰ জ্ঞান বিকাশ কৰা৷

ভাইৰ নিচিনা মৰম উপার্জন কৰা

“ইজনে সিজনৰ প্ৰতি দয়ালু হোৱা”

2 Peter 1:8-9

পিতৰে বিশ্বাসীসকললৈ কথা পুনৰ কবলৈ আৰম্ভ কৰিছে৷

এই বিষয়বোৰ

যেনে বিশ্বাস, নৈতিক উৎকর্ষ, জ্ঞান, আত্ম সংযম, সহিঞ্চুতা, ভক্তিভাৱ, ভাইৰ নিচিনা মৰম আৰু ভালপোৱা৷

তোমালোক ফলহীন বা অনুর্বৰ নহবা

“তোমালোকে ফল উৎপন্ন কৰিবা আৰু ফলবান হবা” (চাওক: Litotes)

যিজনৰ এই বিষয়বোৰ অভাৱ

যিজন ব্যক্তিৰ এই বিষয়বোৰ নাই ৷

তেওঁ ওচৰতহে দেখে ; তেওঁ অন্ধ

এই খণ্ডবাক্যটোৱে এজন ব্যক্তিক তুলনা কৰি কৈছে যিজনে তেওঁৰ সন্মূখত থকা পার্থিৱ বিষয়বোৰৰ কথাকেহে ভাৱে, দৃষ্টি শক্তি নথকা এজন ব্যক্তিৰ নিচিনাকৈ তেওঁ দেখা নাপায়৷ (চাওক : উপমা অলংকাৰ)

2 Peter 1:10-11

পিতৰে বিশ্বাসীসকললৈ পুনৰ কবলৈ আৰম্ভ কৰিছে৷

এই নিমিত্তে,

“এই নিমিত্তে” শদ্বটোৱে আগতে যি বর্ণনা কৰা হল, বিশ্বাসীজনৰ সহাঁৰি আৰম্ভ কৰিছে৷

তোমালোকৰ আমন্ত্ৰণক আৰু নির্বাচিত হোৱাক নিজৰ বাবে নিশ্চিত কৰা

“আমন্ত্ৰণ” শব্দটোৱে ঈশ্বৰৰ দ্বাৰা পৰিত্ৰাণৰ নিমিত্তে মুকলিকৈ আহ্বান কৰা সকলো মানুহকেই বুজাইছে৷ “নির্বাচিত” শব্দটোৱে ঈশ্বৰে বাচি লোৱা নিদিষ্ট লোকবিলাকৰ কথাকে বুজাইছে৷ এই দুয়োটা শব্দৰ একে অর্থ আছে৷ (চাওক: বিকল্প)

তোমালোকে উজুটি নাখাবা

তোমালোকে নৈতিক ভাৱে বা আত্মিক ভাৱে বিফল নহবা৷

2 Peter 1:12-15

এই নিমিত্তে

লেখকে আগতে যি লিখিল, তাৰ ওপৰত ভিত্তি কৰি এটা বিবৃতি দিবলৈ উদ্যত হৈছে৷(চাওক: বক্তৃতা বার্তা সংযুক্ত)

এই বিষয়বিলাক তোমালোকক সোৱঁৰাই দিবলৈ মই সদায় প্ৰস্তুত হৈ থাকিম

পিতৰে ইয়াত ব্যক্ত কৰিছে যে তেওঁ বিশ্বাসী সকলক কেনেকৈ খ্ৰীষ্টক অনুসৰণ কৰিব লাগে তাক সোৱঁৰাই থাকিব৷

এই সকলো বিষয়ৰ

বিশ্বাসীসকল কেনেকৈ খ্ৰীষ্টত বৃদ্ধি পাব লাগে ৷

তোমালোকক জগাই ৰাখিবলৈ

ইয়াৰ অর্থ “তোমালোকৰ মনোযোগ আকর্ষণ কৰিবলৈ” (চাওক:উপভাষা)

মই এই তম্বুত আছো

ইয়াৰ অর্থ “যিমান দিন মই জীয়াই আছো ৷” (চাওক: উপভাষা)

মই মোৰ তম্বু সলনি কৰিম

অর্থাৎ “মই মৰিম” (চাওক: উপভাষা)

এই সকলো বিষয় মনত ৰাখিবলৈ মই তোমালোকৰ কাৰণে যথা সাধ্য চেষ্টা কৰিম৷

“এই বিষয়বিলাক তোমালোকক শিকাবলৈ মই যথা সাধ্য চেষ্টা কৰিম যাতে তোমালোকে সেই সকলো কথা সদায় মনত ৰাখিবা” (চাওক: স্পষ্ট আৰু ইংগিত বহন কৰে)

মোৰ প্ৰস্থানৰ পাছত

অর্থাৎ “মোৰ মৃত্যুৰ পাছত৷” (চাওক: উপভাষা)

2 Peter 1:16-18

কাৰণ আমি বুদ্ধিৰে উদ্ভাৱন কৰা পৌৰাণিক কথাৰ অনুগামী নাছিলো

কাৰণ আমি পাচনি বিলাকে বুদ্ধিৰে সজা গল্প কথা সমূহৰ অনুগামী নাছিলো৷ (চাওক: একচেটিয়া)

আমাৰ

আমি পাচনি সকলকো ধৰি সকলো বিশ্বাসীবিলাক ৷ (চাওক: অন্তর্ভূক্তি)

আমি স্বর্গৰ পৰা ওলাই অহা এই বাণী শুনিলো

পিতৰে ইয়াত নিজকে আৰু আন পাচনি সকলক, যাকুব আৰু যোহনক, যিসকলে ঈশ্বৰৰ বাণী শুনিছিল সেই সকলকো বুজাইছে৷

যেতিয়া আমি তেওঁৰে সৈতে পবিত্ৰ পর্ব্বতত আছিলো

পিতৰে সেই সময়টোৰ কথা বুজাইছে যিটো সময়ত পিতৰ, যাকুব আৰু যোহনৰ সন্মুখতেই যীচু উজ্বল দীপ্তিৰে দীপ্তিময় হৈছিল৷ (চাওক: মথি ১৭:১ ৮)

2 Peter 1:19-21

আমাৰ ভাৱবাদীসকলৰ বাক্য নিশ্চিত হৈ আছে

পিতৰে পাচনি বিলাকৰ কথা বুজাইছে৷ পাচনি সকলে এই বার্তা ভাৱবাদীসকলৰ পৰা পাইছে আৰু তেওঁলোকে জানে যে সত্যটো ঈশ্বৰৰ পৰা অহা ৷ (চাওক: একচেটিয়া)

যিটোত তোমালোকে মন দি ভাল কৰিছা

পিতৰে বিশ্বাসীসকলক ভাৱবাদীৰ বার্তাটোলৈ নিবিড়ভাৱে মনোযোগ দিবলৈ কৈছে৷

এইটো, ৰাতি নোপোৱাই মানে, আন্ধাৰত উজ্বল হৈ জ্বলি থকা এটা চাকিৰ দৰে

ভাৱবাদীৰ বাক্যটো এটা চাকিৰ লগত তুলনা কৰিছে যিয়ে পুৱাৰ পোহৰ নহালৈকে, আন্ধাৰত পোহৰ বিলায়৷ (চাওক : উপমা)

এই প্ৰভাতীয় তৰা তোমালোকৰ অন্তৰত উদয় হয়

এই প্ৰভাতীয় তৰাটো হৈছে খ্ৰীষ্ট যিজনে বিশ্বাসী বিলাকৰ হৃদয়ত নিবাস কৰে৷ (চাওক: উপমা অলংকাৰ)

কিন্ত পবিত্ৰ আত্মাৰ দ্বাৰাই চালিত হৈ মানুহ বিলাকে ঈশ্বৰৰ পৰা বাক্য পাই কলে

যি মানুহ বিলাক পবিত্ৰ আত্মাৰ দ্বাৰাই নিয়ন্ত্ৰিত হৈছিল আৰু ঈশ্বৰে তেওঁলোকক যি কবলৈ আজ্ঞা কৰিলে তাকেই কলে৷

2 Peter 2

2 Peter 2:1-3

ইস্ৰায়েলি সকলৰ মাজলৈ আনুগত্যহীন ভাৱবাদীবিলাক আহিল আৰু আনুগত্যহীন উপদেশক বিলাক তোমালোকৰ মাজলৈ আহিব

ঠিক যেনেকৈ আনুগত্যহীন ভাৱবাদী বিলাক আহিল আৰু ইজৰাইলক তেওঁলোকৰ বাক্যেৰে প্ৰৱঞ্চণা কৰিলে, ঠিক সেইদৰে আনুগত্যহীন উপদেশক বিলাক আহিব আৰু খ্ৰীষ্টৰ সম্পর্কে ভুল শিক্ষা দিব৷ (চাওক : সাদৃশ্য)

ধর্ম্মমতৰ বিৰোধী বিশ্বাস

যীচু খ্ৰীষ্টৰ আৰু পাচনি বিলাকৰ উপদেশৰ বিপৰীত অভিমত/উপদেশ

যি প্ৰভুৱে তেওঁলোকক কিনিলে

যীচুৱেই সেই প্ৰভু যিজনে তেওঁৰ মৃত্যু, সমাধিস্থকৰণ আৰু পুনৰুত্থানৰ দ্বাৰা সলকো মানুহৰ পাপৰ পৰিশোধ কৰিলে৷

তেওঁলোকৰ কামাসক্তি

“তেওঁলোকৰ” শব্দটোৱে আনুগত্যহীন ভাৱবাদী আৰু উপদেশক সকলৰ কথা বুজাইছে৷ সলনি অনুবাদ : “তেওঁলোকে অতিশয় অনৈতিকতাৰে আচৰণ কৰে৷”

তেওঁলোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা পলম নহব; তেওঁলোকৰ বিনাশ নিস্কর্মা নহয়

আনুগত্যহীন ভাৱবাদী বিলাকৰ শোধবিচাৰ আসন্ন আৰু অধিক পলম নহব৷ (চাওক : Litotes)

2 Peter 2:4-6

পাপ কৰা স্বর্গদূত বিলাকক যদি ঈশ্বৰে ৰক্ষা নকৰিলে

এইটো “যদি” বিবৃতিৰে এক শৃংখলা আৰম্ভ হৈছে আৰু ই ২:৯ পদত সামৰণি পৰিছে৷

তলত থকা নৰকলৈ

“নৰক” গ্ৰীক শব্দ Tartarus ৰ পৰা লোৱা হৈছে “hell” বা নৰক শব্দটো গ্ৰীক আৰু ৰোমীয় ধর্মৰ পৰা লোৱা হৈছে৷ (চাওক : অনুবাদ নামবিলাক)

শোধ বিচাৰ নহয় মানে অন্ধকাৰত আটক কৰি ৰাখিবলৈ

ঈশ্বৰৰ চূড়ান্ত শোধ বিচাৰলৈ অপেক্ষাত থাকি কাৰাগাৰত নিশ্চিত ভাৱে আৱদ্ধ ৰাখিবলৈ৷

আৰু তেওঁ যদি প্ৰাচীন জগতক ৰক্ষা নকৰিলে……কিন্ত ভক্তিহীন বিলাকৰ জগতলৈ মহাপ্লাৱন আনিলে

ঈশ্বৰে প্ৰাচীন জগতক আৰু ভক্তিহীন লোকবিলাকক মহাপ্লাৱনৰ দ্বাৰা ধ্বংস কৰিলে৷

কিন্ত নোহক নিৰাপদে ৰাখিলে

ধার্মিক নোহক ঈশ্বৰে মহাপ্লাৱনৰ পৰা উদ্ধাৰ কৰিলে৷

চদোম আৰু গোমোৰা নগৰক ভস্ম কৰিলে

ঈশ্বৰে চদোম আৰু গোমোৰা নগৰত বাস কৰা ভক্তিহীন লোক বিলাকক বিনাশ কৰিবলৈ অগ্নি ব্যৱহাৰ কৰিলে৷

যি ঘটিবলগীয়া আছে তাৰ আর্হি স্বৰূপে

ঠিক যেনেকৈ চদোম আৰু গোমোৰা নগৰক অগ্নিৰ দ্বাৰাই বিনাশ কৰা হল, এই যুগৰ শেষত ঈশ্বৰে সকলো ভক্তিহীন লোকক অগ্নিৰ সৰোবৰত পেলাই বিনাশ কৰিব৷

2 Peter 2:7-9

আৰু তেওঁ ধার্মিক লোটক উদ্ধাৰ কৰিলে,

নৈতিকতাৰে(নীতিগতভাৱে) জীৱন নিবাস কৰা লোটক ঈশ্বৰে ৰক্ষা কৰিলে ৷

যিজন অবিৰামভাৱে (তেওঁলোকৰ)আচৰণৰ দ্বাৰা বিৰক্তি পাইছিল

চদোম আৰু গোমোৰাৰ নাগৰিকৰ অনৈতিক আচৰণৰ দ্বাৰা, লোটক অবিচলভাৱে কষ্ট দিয়া হৈছিল বা অত্যাচাৰ কৰা হৈছিল

যৌন বাসনাৰে পূর্ণ মানুহবিলাক

“অন্যায্য যৌন সম্বন্ধীয় কামনা থকা মানুহবিলাক৷”

সেই ধার্মিক লোকজন

এইটোৱে লোটক এজন ধার্মিক ব্যক্তি বুলি বুজাইছে৷

পবিত্ৰ লোক

“ঈশ্বৰৰ বাধ্য লোক”

তেওঁৰ ধার্মিক প্ৰাণে যন্ত্ৰনা পাইছিল

তেওঁৰ আত্মাই কষ্ট পাইছিল৷

অধার্মিক লোক বিলাকক জিন্মাত ৰখা

অধার্মিক লোক বিলাক ঈশ্বৰৰ শোধবিচাৰৰ পৰা পলাই সাৰিব নোৱাৰিব৷তেওঁলোক মৰিলে শোধবিচাৰৰ দিনলৈকে তেওঁলোকক আটক কৰি ৰাখিব৷

2 Peter 2:10-11

এইটো বিশেষকৈ সত্য

“এইটো” শব্দটোৱে ঈশ্বৰে অধার্মিক লোক সকলক শোধ বিচাৰৰ দিন লৈকে কয়েদতত আটক কৰি ৰখা কথাটো বুজাইছে (২:০৯ পদ)

যিবিলাকে মাংসৰ অনৈতিক কামনা বাসনাত ৰত থাকে আৰু প্ৰভুত্বক হেয়জ্ঞান কৰে

যি ভক্তিহীন বিলাকে পাপময় স্বভাৱৰ অনুগামী হয় আৰু শাসনকর্তা বা দায়িত্বত থকা সকলৰ বিৰক্তি জন্মায়৷

মাংস

“মাংস” শব্দটোৱে শাৰীৰিক বা মানৱ প্ৰাণীৰ পাপময় স্বভাৱৰ কথাকে বুজাইছে ৷

তেওঁলোক দুঃসাহসী আৰু স্বেচ্ছাচাৰী

“তেওঁলোক” শব্দটোৱে পাপময় স্বভাৱৰ অনুগামী সকলক আৰু যি সকলে স্বর্গদূত আৰু ক্ষমতা প্ৰাপ্ত সকলক সমাদৰ নকৰে সেই বিলাকক বুজাইছে৷

তেওঁলোকে গৌৰৱৰ অধিকাৰী সকলক নিন্দা কৰিবলৈ ভয় নকৰে

ভক্তিহীন বিলাকে স্বর্গদূত বিলাকক অৱমাননা কৰিবলৈ আৰু তেওঁলোকৰ বিৰুদ্ধে কু কথা কবলৈ ভয় নকৰে৷

সকলো মানুহতকৈ স্বর্গদূত বিলাকৰ শক্তি আৰু কর্ম দক্ষতা অধিক গুণে বেছি

মানুহতকৈ স্বর্গদূতবিলাক শাৰীৰিক ভাৱে বেছি বলবান আৰু তেওঁলোকৰ অধিক ক্ষমতা আৰু মহিমা আছে ৷

কিন্ত তেওঁলোকে সেই সকলৰ বিৰুদ্ধে অপমান সূচক বিচাৰৰ ৰায় প্ৰভু ওচৰলৈ নানে

“কিন্ত স্বর্গদূত বিলাকে এই মানুহবিলাকৰ বিৰু্দ্ধে অপমান সূচক বিচাৰৰ ৰায় প্ৰভুৰ ওচৰলৈ নানে”

2 Peter 2:12-14

এই নির্বোধ জন্তবোৰ

ঠিক যেনেকৈ জন্ত বিলাকে বিচাৰ বিবেচনা কৰিব নোৱাৰে, সেই দৰে এই মানুহবিলাকক যুক্তি দর্শাব নোৱাৰি৷ সলনি অনুবাদ : “এই আনুগত্যহীন উপদেশক বিলাক নির্বোধ জন্ত বিলাকৰ দৰে৷” ( চাওক : উপমা অলংকাৰ)

তেওঁলোকে যিহক নুবুজে তাকেই অপমান কৰে

তেওঁলোকে যিহক নাজানে বা নুবুজে তাৰেই বেয়া কথা কয়৷

তেওঁলোকক বিনাশ কৰা হব

সলনি অনুবাদ: “ঈশ্বৰে এই মানুহবিলাকক বিনাশ কৰিব” (চাওক : প্ৰত্যক্ষ আৰু পৰোক্ষ)তেওঁলোকৰ অপৰাধৰ প্ৰতিফলৰ দ্বাৰাই তেওঁলোক বিনষ্ট হব৷তেওঁলোকে মঙ্গলজনক বুলি যি পৰিকল্পনা কৰে, প্ৰকৃততে সেয়া বেয়াহে হয়৷ (চাওক : ব্যঙ্গ)

তেওঁলোক দাগ আৰু কলংক

আনুগত্যহীন উপদেশক বিলাকে অপযশ আৰু লাজ আনে আৰু তেওঁলোক দাগ আৰু কলংক স্বৰূপ সেইবোৰ সহজে আতৰাই দিব পৰা নাযায় আৰু অবাঞ্ছনীয় চিন এৰি যায়৷ ( চাওক : উপমা অলংকাৰ)

তোমালোকৰ লগত ভোজন কৰোতে তেওঁলোকে ছলনাময় সুখ উপভোগ কৰে

তেওঁলোকে তেওঁলোকৰ চকুলৈ দৃষ্টি কৰি নিৰীহ লোকক ছলনা কৰি সুখ উপভোগ কৰি থাকে আৰু তেওঁলোকে দোষ অনুভৱ নকৰে৷

চকু ব্যভিচাৰী তিৰোতাৰে পৰিপূর্ণ; তেওঁলোকে পাপ কৰি কেতিয়াও সন্তষ্ট থাকিব নোৱাৰে

“তেওঁলোকে দেখা প্ৰতি গৰাকী তিৰোতাকে লালস কৰে আৰু যৌন সম্ভোগ কৰিবলৈ কামনা কৰে আৰু কেতিয়াও যথেষ্ট নহয়৷”

তেওঁলোকৰ অন্তঃকৰণ লোভত নিপুণ

“অন্তঃকৰণ”, সম্পূর্ণ ব্যক্তিজনকেই প্ৰতিনিধিত্ব কৰে, মনৰ চিন্তা আৰু অতিশয় লোভীয়া কার্যত প্ৰশিক্ষণ প্ৰাপ্ত, তেওঁলোকে অন্যায় কৰি ধন সম্পত্তি বা ভোগ দখল কৰিবলৈ বাঞ্ছা কৰে৷(চাওক : প্ৰতিকাত্মক)?

2 Peter 2:15-16

তেওঁলোকে পৰিত্যাগ কৰিলে…বিপথে গল…অনুসৰণ কৰিলে

“আনুগত্যহীন উপদেশক বিলাকে পৰিত্যাগ কৰিলে… বিপথে গল…অনুসৰণ কৰিলে” আনুগত্যহীন উপদেশক বিলাকে যি সত্য তাক প্ৰত্যাখান কৰাৰ দ্বাৰাই ঈশ্বৰৰ বাধ্য হবলৈ অস্বীকাৰ কৰিলে৷

যিজনে অধার্মিকতাৰ ধন লবলৈ ভাল পাইছিল

অনৈতিক আৰু পাপময় কাম কৰি ধন গ্ৰহন কৰিছিল৷ # কিন্ত তেওঁ আদেশ লংঘন কৰাৰ কাৰণে, তিৰস্কাৰ পালে তেওঁৰ অবাধ্যতাৰ কাৰণে তেওঁক কঠোৰভাৱে সংশোধন কৰা হল৷

ভাৱবাদীৰ উন্মত্ত অৱস্থাক বাধা দিলে

ঈশ্বৰে ভাৱবাদীৰ নির্বোধ কার্যক বাধা দিবলৈ এটা গাধক ব্যৱহাৰ কৰিলে৷ (চাওক: গণনা ২২:২১ ৩০)

2 Peter 2:17-19

এই মানুহবিলাক পানী নথকা জুৰিৰ দৰে

ঠিক যেনেকৈ শুকাই যোৱা জুৰিয়ে শাৰীৰিক জীৱনত পানী যোগান ধৰিব নোৱাৰে, সেইদৰে তেওঁ লোকৰ উপদেশ বিলাকেও আত্মিক জীৱনলৈ চলাই নিব নোৱাৰে৷ “তেওঁলোক প্ৰৱঞ্চণামূলক আনন্দৰ স্থল৷ এক খালী মৰুদ্যান৷” (চাওক: উপমা)

তেওঁলোক ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ

ধুমুহা মেঘে বৰষুণ কঢ়িয়াই নিয়ে৷ এই বৰষুণে পুষ্টিকৰ পানী নাইবা বিধ্বংসী বানপানী আনিব পাৰে৷ এই মানুহবিলাক সেই বিনাশ কঢ়িয়াই অনা মেঘৰ দৰে৷ (চাওক:উপমা)

তেওঁলোক নিস্ফল দাম্ভিকতাৰে কথা কয়

তেওঁবিলাকৰ মাতকথা অর্থহীন দাম্ভিকতাপূর্ণ৷

তেওঁলোকে মাংসিক যৌন বাসনাৰে মানুহক প্ৰলোভিত কৰে

তেওঁলোকে পাপময় স্বভাৱটোক আকর্ষণ কৰি মানুহ বিলাকক অনৈতিক আৰু পাপময় কার্যত লিপ্ত কৰায়৷

তেওঁলোকে ভুলত জীৱন অতিবাহিত কৰা সকলৰ মাজৰ পৰা পলাই হাত সাৰি আহিবলৈ চেষ্টা কৰা মানুহবিলাকক প্ৰলোভিত কৰে

তেওঁলোকে নতুন বিশ্বাসীসকলক নিৰীক্ষণ কৰে৷

তেওঁলোকে সেই সকলক স্বাধীনতা দিবলৈ অঙ্গীকাৰ কৰে, কিন্ত তেওঁলোক নিজেই পাপৰ দাস

তেওঁলোকে প্ৰৱঞ্চনামূলক স্বাধীনতা দিবলৈ অঙ্গীকাৰ কৰে, অর্থাৎ বিশ্বাসীসকলৰ কাৰণে পাপ কৰিবলৈ স্বাধীনতা৷ কিন্ত এইটো হল পাপৰ দাসত্ব লৈহে অহা৷

যিহে তেওঁক পৰাজিত কৰে, সেই মানুহ তাৰেই দাস হয়

যি যি অভিলাষৰ ওপৰত তেওঁৰ আত্ম নিয়ন্ত্ৰণ নাই, সেই মানুহে সেই বিলাকৰ পিছে পিছে খেদি যাব৷ (চাওক: উপভাষা)

2 Peter 2:20-22

প্ৰভু আৰু উদ্ধাৰ কর্ত্তা যীচু খ্ৰীষ্টৰ জ্ঞানৰ জড়িয়তে এই জগতৰ কলংক সমূহৰ পৰা যিকোনোৱে পলাই হাত সাৰি আহে

যি ব্যক্তিয়ে যীচু খ্ৰীষ্টক প্ৰভু আৰু উদ্ধাৰ কর্ত্তা ৰূপে গ্ৰহন কৰিছে আৰু অশুচিতা আৰু অপবিত্ৰ জীৱন ধাৰণৰ পৰা ঘূৰিলে৷

এইটো তেওঁলোকৰ কাৰণে প্ৰথমটোতকৈ অধিকতৰ বেয়া হল

তেওঁলোক অধিকতৰ বেয়া হল কিয়নো তেওঁলোকৰ পবিত্ৰ জীৱন যাপন কৰিবলৈ জ্ঞান থকা স্বত্বেও তেওঁলোক পাপৰ জীৱনলৈ ঘূৰি গল৷

ধার্মিকতাৰ পথটো জানিলে

ঈশ্বৰলৈ সন্তোষজনক জীৱন যাপন কৰি৷

তেওঁলোকলৈ পবিত্ৰ আজ্ঞা প্ৰদান কৰিলে

ঈশ্বৰৰ ব্যৱস্থাসমূহ আৰু আজ্ঞাসমূহ তেওঁলোকলৈ দিয়া হল, যাতে তেওঁলোকে ঈশ্বৰৰ নিমিত্তে কেনেকৈ জীৱন যাপন কৰিব লাগে তাক জানিব৷

এই প্ৰবাদটো…কুকুৰে নিজ বমিলৈ উভতি আহে ৷ ধুউৱা গাহৰিয়ে বোকালৈ উভতি যায়

এই জ্ঞানী পটন্তৰ দৰে যিসকলে সত্যটো জানিও অধার্মিক জীৱনলৈ উভতি যায়, তাৰ লগত তুলনা কৰিছে ৷ “কুকুৰে নিজ বমিলৈ উভতি আহে”, হিতোপদেশ ২৬:১১ পদটো উদ্ধতি দি কৈছে৷ দুয়োক্ষেত্ৰতেই অর্থটো হল “এটা জন্তক নিজকে লেতেৰা নকৰিবলৈ প্ৰশিক্ষণ দিবৰ বাবে অসমর্থ৷”

2 Peter 3

2 Peter 3:1-2

প্ৰিয়বিলাক, তোমালোকৰ সৰল মনক জগাই তুলিবৰ বাবে তোমালোকলৈ মই এতিয়া এই দ্বিতীয় পত্ৰখন লিখিছো৷

পিতৰে তেওঁৰ আলোচনাটো সলনি কৰিছে আৰু তেওঁৰ শ্ৰোইতা দর্শক সকলক সোৱঁৰাই দিছে যে তেওঁলোকলৈ “তেওঁলোকৰ বিশ্বাসযোগ্য চিন্তা আৰু কর্মৰাজিক জাগ্ৰত কৰিবলৈ” লিখা এইখন দ্বিতীয় পত্ৰ৷

যাতে তোমালোকক আগতে কোৱা কথাবিলাক মনত পেলাব পাৰা

উদ্দেশ্যটো হল “পাচনি বিলাকৰ দ্বাৰা দিয়া উপদেশ সমূহ, পবিত্ৰ ভাৱবাদীবিলাকৰ কথাবোৰ আৰু যীচুৰ আজ্ঞাসমূহ” তেওঁলোকৰ স্মৃতি শক্তিক পুনৰ সজীৱ কৰি তুলিবলৈ৷

2 Peter 3:3-4

প্ৰথমে ইয়াকে জানা

“এইটো বুজি লোৱাটো আটাইতকৈ গুৰুত্বপূর্ণ৷”

তেওঁৰ পুণৰাগমনৰ প্ৰতিজ্ঞা কত ?

বিদ্ৰোপকাৰীসকলে পেংলাই কৰি এইটো সুধি থাকে আৰু উত্তৰ আশা কৰি নাথাকে৷ সলনি অনুবাদ : “যীচু ঘুৰি আহিব বুলি দিয়া প্ৰতিজ্ঞা সচাঁ নহয়৷” (চাওক: অলংকাৰ পূর্ণ প্ৰশ্ন)

সৃষ্টিৰ আৰম্ভনিৰ পৰাই সকলোবোৰ একেই হৈ আছে

এইটো মনুষ্যৰ পতন হোৱা দিনৰ পৰা চলি অহা মৌলিক জীৱন পদ্ধতিৰ প্ৰসংগত কোৱা হৈছে৷ মানুহ জন্ম হৈছে আৰু মানুহ মৰিছে৷ সিহঁতে বিয়া কৰিছে আৰু বিয়া দিয়া হৈছে৷ অৱিচ্ছিন্নভাৱে যুঁজ চলিয়েই আছে আৰু পাপ কৰিয়েই আছে৷ সলনি অনুবাদ : “আৰম্ভনিৰ পৰাই জীৱনৰ দুখ কষ্ট সমূহ একেই হৈ আছে, আমাৰ জীৱন সহজ কৰিবলৈ ত্ৰাণকর্ত্তাৰ শাসন অহা নাই৷” (চাওক : স্পষ্ট আৰু ইংগিত বহন কৰে)

2 Peter 3:5-7

তেওঁলোকে ইচ্ছাকৃত ভাৱে এইটো পাহৰি যায়

বিদ্ৰোপকাৰী সকলে কয় যে সৃষ্টিৰ দিনৰ পৰাই একোৱেই সলনি হোৱা নাই আৰু তেওঁলোকে জানি শুনি পাহৰি যোৱাটো পছন্দ কৰে৷

বহুদিনৰ আগতেই, ঈশ্বৰৰ বাক্যৰ দ্বাৰাই, আকাশ মণ্ডল আৰু পৃথিৱীখন জলৰ পৰা আৰু জলৰ জড়িয়তে স্থাপিত হৈছিল৷

“ঈশ্বৰে কথা কলে আৰু আকাশ মণ্ডল স্থিতি হল আৰু পৃথিৱীখন জলৰ পৰা ওলাই আহিল আৰু জলৰ দ্বাৰা পৃথক কৰা হল৷”

আৰু যে তেওঁৰ বাক্য আৰু পানীৰ দ্বাৰা সেই সময়ৰ জগতখন জলপ্লাৱন হোৱাত ধ্বংস কৰা হল

“যি বাক্য জগতখন সৃষ্টি কৰিবলৈ ঈশ্বৰে ব্যৱহাৰ কৰিছিল সেই একে বাক্যই তেওঁ, বর্তি থকা জগতখন জলপ্লাৱনৰ দ্বাৰা ধ্বংস কৰিবলৈ তেওঁ ব্যৱহাৰ কৰিলে৷”

সেই একেই বাক্য

“ঈশ্বৰৰ বাক্য”

আৰু আকাশ মণ্ডল আৰু পৃথিৱীখন সেই একে বাক্যৰ দ্বাৰাই জুইৰ বাবে ৰক্ষিতত হৈ আছে৷

ঈশ্বৰৰ বাক্যই আকাশ মণ্ডল আৰু পৃথিৱীক জুইৰ বাবে সংৰক্ষণ কৰি ৰাখিছে৷

শেষ বিচাৰৰ দিনৰ বাবে আৰু অধার্মিক লোকৰ ধ্বংসৰ বাবে সংৰক্ষি ত কৰি ৰখা হৈছে৷

যেতিয়ালৈকে ঈশ্বৰে অধার্মিক লোকক বিচাৰ নকৰে, তেতিয়ালৈকে আকাশ মণ্ডল আৰু পৃথিৱীক ৰাখি থোৱা হৈছে৷

2 Peter 3:8-9

প্ৰিয়সকল, এইটো তোমালোকৰ দৃষ্টিতৰ পৰা হাত সাৰি যোৱা উচিত নহয়

আঁতৰ হোৱা উচিত নহয়৷ “প্ৰিয়সকল, পাহৰি নাযাবা”

যে প্ৰভু লগত এদিনেই এহাজাৰ বছৰৰ দৰে আৰু এহাজাৰ বছৰ এদিনৰ দৰে

ঈশ্বৰ কোনো এটা নির্দিষ্ট সময়ৰ বাবে নহয়৷

যেনেকৈ কিছুমানে পলম বুলি গণ্য কৰে, কিন্ত তেওঁ তোমালোকৰ প্ৰতি ধৈর্যশীল

কোনো কোনো মানু্হে ভাৱিব পাৰে যে ঈশ্বৰে তেওঁৰ অঙ্গিকাৰ সম্পাদন কৰাত লেহেম, কিন্ত তেওঁ তোমালোকৰ প্ৰতি সহনশীলতাহে দেখুৱাইছে৷

কিন্ত তেওঁ সকলোকে অনুশোচনা কৰিবলৈ সময় দিবৰ বাবে ইচ্ছা কৰে

তেওঁৰ শেষ বিচাৰৰ দিনৰ আগতে, ঈশ্বৰে প্ৰত্যেবককেই অনুতপ্ত হবলৈ সময় দি আছে৷

2 Peter 3:10

সি যি নহওক,

যদিও প্ৰভুৱে, মানুহবিলাকে অনুশোচনা কৰালৈ ধৈর্য্য ধৰি আছে, তেওঁ ঘূৰি আহিব আৰু ৰায় (বিচাৰ) আনিব৷

প্ৰভুৰ দিন চোৰৰ দৰে আহিব

চোৰে যেনেকৈ কাৰোবাৰ ঘৰত চুৰ কৰিবলৈ অহাৰ আগতে কোনো জাননী নিদিয়ে, সেইদৰে যীচুৱে জাননী নিদিয়াকৈ দেখা দিব৷ (চাওক : উপমা)

এটা ডাঙৰ শব্দ কৰি আকাশ মণ্ডল আতঁৰি যাব৷ উপাদান সমূহ জুইৰ দ্বাৰা পোৰা যাব

ডাঙৰ শব্দ আৰু জুই, আকাশ মণ্ডল আৰু পৃথিৱীৰ ধ্বংসৰ জীৱন্ত বিৱৰণ৷ কোনোজনৰ মনোযোগ ই হাত সাৰি নাযাব৷

ইয়াত থকা সকলো কর্ম বিচাৰ কৰা হব

মানুহে কৰা সকলো ভাল আৰু বেয়া কর্ম, ঈশ্বৰে বিচাৰ কৰিব৷

2 Peter 3:11-13

এইদৰে, এই সকলোবোৰ বস্তু ধ্বংস কৰা হব

“সকলো বস্তু জুইৰ দ্বাৰা ধ্বংস কৰা হব৷”

পবিত্ৰ জীৱন যাপন কৰাত আৰু ধার্মিকতাত, তোমালোক কেনেধৰণৰ লোক হোৱা উচিত ?

পিতৰে বিশ্বাসীসকলক ভাৱিবলৈ প্ৰত্যাহ্বান জনাইছে যে তেওঁলোকে কেনেধৰণৰ পৱিত্ৰ আৰু ধার্মিক জীৱন যাপন কৰিব লাগে কাৰণ তেওঁলোকে জানে যে পৃথিৱীখন আৰু মানুহৰ কর্মবোৰ বিচাৰ কৰা হব৷ ( চাওক : উত্তৰ আশা নকৰা আলংকাৰিক প্ৰশ্ন)

সি যি নহওক, তেওঁ যি অংগীকাৰ কৰিলে, সেই নতুন আকাশ মণ্ডল আৰু নতুন পৃথিৱীখন আমি আশা কৰি আছো

বিশ্বাসীসকলৰ আশা আছে আৰু তেওঁলোক নিশ্চিত হব পাৰে যে প্ৰভুৱে অংগীকাৰ কৰা সেই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী আহিব৷

2 Peter 3:14-16

আৰু তেওঁৰে সৈতে শান্তিত পোৱা হব

“আৰু ঈশ্বৰে সৈতে শান্তি হব”

আৰু পৰিত্ৰাণৰ কাৰণে, আমাৰ প্ৰভুৰ সহনশীলতা বিবেচনা কৰি চোৱা

যিবিলাকে যীচুত বিশ্বাস কৰিব প্ৰভুৱে তেওঁলোকক অনন্ত জীৱন দিবলৈ বাট চাইছে৷

আমাৰ প্ৰিয় ভাই পৌল

এজন সহকর্মী পাচনি যিজনেও পিতৰে উদ্দেশ্য কৰি লেখা বিশ্বাসীসকললৈ লিখিছিল৷

তেওঁলৈ দিয়া জ্ঞান অনুসাৰে

সলনি অনুবাদ : “ঈশ্বৰে পৌলক দিয়া জ্ঞান আৰু বোধশক্তি অনুসাৰে”

তেওঁৰ সকলো চিঠিত পৌলে এই বিষয়বোৰৰ কথা কৈছে

“পৌলে তেওঁৰ সকলো চিঠিত পৰিত্ৰাণলৈ আগবঢ়াই নিয়া ঈশ্বৰৰ সহনশীলতাৰ কথা কৈছে৷

যিবিলাকত এনে কথাবোৰ আছে, যিবিলাক কথা বুজিবলৈ টান

পৌলৰ চিঠিত এনে কথাবোৰ আছে যাৰ অর্থ জানিবলৈ সহজ নহয়৷

অনুশাসন নমনা আৰু অস্থিৰ মনৰ মানুহে এই কথাবোৰৰ বিকৃত ৰূপ দিয়ে

অধার্মিক মানুহবিলাকে শেষৰ দিনৰ কথাবোৰৰ ভুল বর্ণনা দিয়ে আৰু লগতে শাস্ত্ৰৰ আন অংশৰো বিকৃতকৰণ কৰে, আৰু এইটোৰ বাবে তেওঁলোকক বিচাৰ কৰা হব৷

2 Peter 3:17-18

সেইবাবে, প্ৰিয়সকল, যিহেতু এই সকলো কথা তোমালোকে জানা

ঈশ্বৰৰ সহনশীলতাৰ বিষয়ে সত্যটো আৰু এই আনুগত্যহীন উপদেশক বিলাকৰ শিক্ষা বিলাক৷

তোমালোকে নিজকে পহৰা দিয়া

“সতর্ক হোৱা আৰু নিজকে ৰক্ষা কৰা”

তোমালোকে নিজৰ বিশ্বস্ততা হেৰাইছা

যীচু খ্ৰীষ্টত তোমালোকৰ যি বিশ্বাস তাৰ ওপৰত তোমালোকে সন্দেহ কৰিবলৈ আৰম্ভ কৰিছা৷

কিন্ত

বৃদ্ধি পোৱা…. পিতৰে বর্ণনা কৰিছে কেনেকৈ বিশ্বাসী বিলাকে তেওঁলোকৰ বিশ্বস্ততাত বৃদ্ধি পাব লাগে আৰু আনুগত্যহীন উপদেশক বিলাকৰ বিৰুদ্ধে পহৰা দিব লাগে৷