Assamese: translationNotes

Updated ? hours ago # views See on DCS Draft Material

1 Timothy

1 Timothy 1

1 Timothy 1:1-2

পৌল

“পৌলৰ পৰা” বা “মই, পৌলে এই চিঠি লিখিছো৷”

আজ্ঞাৰ অনুসৰি

“আজ্ঞা মতে” বা “ক্ষমতাৰে” বা “যিহেতু ঈশ্বৰে মোক পাঁচনি হবলৈ আজ্ঞা দিলে”

আমাৰ…আমাৰ…আমাৰ

পৌলে নিজৰ বিষয়ে তীমথিয় আৰু সম্ভবত : অইন লোকৰ বিষয়েও কৈছে (চাওক: অন্তর্ভূক্তি)

আমাৰ ত্ৰানকর্ত্তা ঈশ্বৰ

“যিজন ঈশ্বৰে আমাক ত্ৰান কৰিলে৷”

আমাৰ আশা যীচু খ্ৰীষ্ট

“যীচু খ্ৰীষ্টই হৈছে আমাৰ আশা” বা “যীচুখ্ৰীষ্টৰ ওপৰত আমি ভৱিষ্যতৰ সম্পর্কে ভাৰসা ৰাখো”

তীমথিয়লৈ

“এই চিঠিখন তীমথিয়ৰ বাবে৷”

প্ৰকৃত পুত্ৰ

এই খণ্ডবাক্যটোৱে তীমথিয় আৰু পৌলৰ সম্বন্ধটো এক পিতৃ আৰু এক পুত্ৰৰ মাজত থকা নিবিড় সম্বন্ধৰ লগত তুলনা কৰিছে৷ তীমথিয়, পৌলৰ আচল পুত্ৰ নাছিল, কিন্ত তেওঁ পৌলক, এজন পুত্ৰই পিতৃক দিব পৰা, সেই একে সন্মান, বাধ্যতা আৰু পৰিচর্যা দিছিল৷ সলনি অনুবাদ: “তুমি মোৰ বাবে নিজৰ পুত্ৰৰ দৰে” (চাওক: উপমা অলংকাৰ)

অনুগ্ৰহ, দয়া আৰু শান্তি

“অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক” বা “তুমি যেন তোমাৰ অন্তৰত দয়া, মৰম আৰু শান্তি অনুভৱ কৰিব পাৰা”

আমাৰ পিতৃ ঈশ্বৰ

“ঈশ্বৰ, যিজন আমাৰ পিতৃ”

আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচু

“আৰু খ্ৰীষ্ট যীচু, যিজন আমাৰ প্ৰভু”

1 Timothy 1:3-4

মই তোমাক আহ্বান জনাইছিলো

“যিদৰে মই তোমাক কাতৰ অনুৰোধ কৰিছিলো” বা “যিদৰে মই তোমাক আদেশ দিছিলো” বা “মই কৈছিলো৷”

তুমি

একবচন (“তুমি” শব্দৰ ৰূপ চাওক)

ইফিচত থাকা

“ইফিচ নগৰত মোৰ বাবে অপেক্ষা কৰিবা৷”

তেওঁবিলাকে যেন মনোযোগ নিদিয়ে

“নাইবা তেওঁবিলাকে যেন নিবিড় ভাৱে মনোযোগ নিদিয়ে” বা “তেওঁবিলাকক মনোযোগ নিদিবলৈ আদেশ দিয়া”

বংশাৱলীসমূহ

বংশাৱলী হৈছে কোনো ব্যক্তিৰ পিতৃ মাতৃৰ আৰু বংশ বৃত্তান্তৰ লিখিত বা মৌখিক অধ্যয়ন ৷ এইবিলাক ইহুদী কৃষ্টি সংস্কৃতিত বৰ গুৰুত্বপূর্ণ বিষয় আছিল৷ কিয়নো তেওঁলোকে কোনো ব্যক্তিক ইস্ৰায়েলি লোকসকলৰ কোন ফৈদৰ আছিল সেইমতে প্ৰতিষ্ঠিত কৰিছিল৷ মথি ১ আৰু লোক ৩ অধ্যায় বাইবেলৰ উৎকৃষ্ট উদাহৰণ৷

যিবিলাকে বাদ

বিবাদ জন্মায় “যিবিলাকে মানুহক খঙেৰে ভিন্ন মত পোষণ কৰায়৷” লোক বিলাকে কাহিনী বিলাকৰ আৰু বংশাৱলী সমূহৰ বিষয়ে বাদানুবাদ কৰে যিবিলাকৰ বিষয়ে কোনো এজনেই নিশ্চিত ভাৱে নাজানে৷

ঈশ্বৰৰ পৰিকল্পনাত সহায়ক হোৱা অধিকতৰ

“ঈশ্বৰৰ পৰিকল্পনাক আগুৱাই নিয়াতকৈ অধিকতৰ” বা ঈশ্বৰৰ পৰা যি আহিল তাক সফল কৰাতকৈ অধিকতৰ”

যিটো বিশ্বাসৰ দ্বাৰাহে

“যিটো বিশ্বাসৰ দ্বাৰাহে পোৱা যায়” বা “যিটো বিশ্বাসৰ দ্বাৰাহে সিদ্ধি হয়৷”

1 Timothy 1:5-8

আজ্ঞাৰ লক্ষ্যটো

“নির্দ্দেশনাৰ লক্ষ্যটো” বা “আমি পাঁচনিসকলে তোমালোকক যি কৰিবলৈ কৈছো”

আজ্ঞা

বা “আদেশ”

মৰম

সম্ভাব্য অর্থসমূহ (১) ঈশ্বৰলৈ মৰম (UDB) বা (২) চুবুৰীয়ালৈ মৰম

শুচি হৃদয়ৰ পৰা

“আপুনি কৰা যিকোনো কার্যত পাপ ৰাখিবলৈ বাঞ্ছা নকৰা”

উত্তম বিবেক

“যি বিবেকে ভুলটো বাদদি শুদ্ধটো বাছি লয়” বা ““যি বিবেকে ভুলটোক বাদ দি শুদ্ধটো বাছি লব পাৰে”

নিভাজ

“সৎ” বা “সত্য” বা “কপটতা নোহোৱাকৈ” এইটো মঞ্চত উপবিষ্ট অভিনেতা শব্দটোৰ নেতিবাচক শব্দ:

বিধান

ইয়াত মোচিৰ বিধানৰ কথা বুজাইছে৷

কিন্ত তেওঁবিলাকে নুবুজে

“যদিও তেওঁবিলাকে নুবুজে” বা “আৰু তথাপিও তেওঁ লোকে নুবুজিও”

তেওঁলোকে যিটোত লাগি থাকে

“যিটো তেওঁলোকে জোৰ দি কয়” বা যিটো তেওঁলোকে দৃঢ় বিশ্বাসেৰে বিবৃতি দিয়ে”

কিন্ত

“এতিয়া”

আমি জানো যে বিধান উত্তম

“আমি বুজো যে বিধান উপকাৰী” বা “আমি বুজো যে বিধান হিতকৰ”

যদি কোনোৱে ইয়াক আইন সঙ্গতভাৱে ব্যৱহাৰ কৰে

“যদি কোনোৱে ইয়াক শুদ্ধভাৱে ব্যৱহাৰ কৰে” বা “যদি কোনোৱে ইয়াক যি অভিপ্ৰায়ে দিয়া হৈছিল সেইদৰে ব্যৱহাৰ কৰে”

1 Timothy 1:9-11

আৰু আমি এইটো জানো

“তাৰমানে আমি এইটো বুজো” বা “যিহেতু আমি এইটো উপলব্ধি কৰো” বা “আমিও এইটো জানো”

নাইবা ধার্মিক মানুহৰ বাবে প্ৰস্তুত কৰা নাছিল

নাইবা ধার্মিক ব্যক্তিৰ বাবে দিয়া নাছিল” বা “নাইবা ইয়াক মানিচলা ব্যক্তিৰ বাবে দিয়া নাছিল” বা “ঈশ্বৰৰ দৃষ্টিত যি ধার্মিক সেই ব্যক্তিৰ বাবে দিয়া হোৱা নাছিল”

সেইবিলাকৰ বাবে যি বিলাকে নিজৰ পিতৃ আৰু মাতৃসকলক বধ কৰে

“সিহঁতৰ পিতৃবিলাকৰ হত্যাকাৰী মাতৃবিলাকৰ হত্যাকাৰীৰ” বা “যিসকলে শাৰীৰিকভাৱে তেওঁবিলাকৰ পিতৃ আৰু মাতৃসকলক আঘাট কৰে”

যৌন সম্বন্ধীয় ব্যাভিচাৰী লোক

এইটো আক্ষৰিকভাৱে মহিলা যৌনকর্মী (বেশ্যা)শব্দটোৰ বিপৰীত পুৰুষক বুজোৱা শব্দ৷ আন আন ঠাইত, ঈশ্বৰলৈ অবিশ্বাসীলোকক বুজাবলৈ উপমা অলংকাৰ হিচাবে ই ব্যৱহৃত হৈছে৷ কিন্ত এইক্ষেযত্ৰত এই অর্থটো বৈবাহিক সম্বন্ধৰ বাহিৰত যৌন সম্বন্ধ ৰখা যিকোনো ব্যক্তিকেই অন্তর্ভূক্তি কৰা যেন বোধহয়৷

সমকামীসকল

“পুৰুষে পুৰুষৰ সৈতে যৌন সংগম কৰোতাসকল৷” গ্ৰীক ভাষাত এই শব্দটো স্পষ্টভাৱে এজন পুৰুষে আন এজন পুৰুষৰ লগতযৌন সংগম কৰাতো বুজায়৷

যিবিলাকে মানুহক দাস্য কর্মৰ বাবে অপহৰণ কৰে

“যিসকলে ক্ৰীতদাস হিচাৱে বিক্ৰী কৰিবলৈ অপহৰণ কৰে” বা “যিসকলে মানুহবিলাকক দাস ৰূপে বিক্ৰী কৰিবলৈ অপহৰণ কৰে৷”

নির্ভৰযোগ্য শিক্ষা

“শুদ্ধ শিক্ষা” বা “সত্য নির্দেশনাসমূহ”

পৰমধন্য ঈশ্বৰৰ গৌৰৱময় শুভবার্তা

“যি শুভবার্তা পৰম ধন্য ঈশ্বৰৰ প্ৰশংসাৰ সম্বন্ধে” বা “গৌৰৱময় আৰু পৰমধন্য ঈশ্বৰৰ শুভবার্তা”

যিটো মোলৈ ন্যস্ত কৰা হল

“ঈশ্বৰে যিটো মোক দিলে আৰু যাৰবাবে মোক দায়বদ্ধ কৰিলে”

1 Timothy 1:12-14

আৰু মই ধন্যবাদ দিওঁ

“মই কৃতজ্ঞ” বা “মই ধন্যবাদেৰে উপচি পৰিছো”

তেওঁ মোলৈ বিশ্বাসীজ্ঞান কৰিলে

“তেওঁ মোক বিশ্বাসযোগ্য বিবেচনা কৰিলে৷” বা “তেওঁ ভাৱিলে যে মই নির্ভৰযোগ্য৷”

আৰু মোক পৰিচর্যা পদ দিলে

“তেওঁ মোক পৰিচর্যা পদত নিযুক্তি দিলে” বা “তেওঁ মোক পৰিচর্যা কৰিবলৈ এটা স্থান দিলে”

মোক, পূর্ব্বৰ এজন ঈশ্বৰ নিন্দক

“যদিও মই খ্ৰীষ্টৰ বিৰুদ্ধে কু কথা কৈছিলো” বা “যিজন অতীতত ঈশ্বৰৰ নিন্দক আছিল”

হিংস্ৰ প্ৰকৃতিৰ মানুহ

“এজন ব্যক্তি যি আনক আঘাট কৰে” এনে এজন ব্যক্তি যিজনে আনলোকক আঘাত কৰিবলৈ অধিকাৰ আছে বুলি বিশ্বাস কৰে৷

কিন্ত মই দয়া পালো

“তথাপিও মই ঈশ্বৰৰ পৰা দয়া পালো” বা “তথাপিও ঈশ্বৰে তেওঁৰ দয়া মোলৈ প্ৰদর্শন কৰিলে”

কিয়নো মই অজ্ঞতাৰে অবিশ্বাসত কর্ম কৰিছিলো

ব্যাখা

কিন্ত

“আৰু”

বিশ্বাস আৰু মৰমত উপচি পৰিলো

“অতিকৈ প্ৰাচুর্যময় আছিলো” বা “প্ৰয়োজনতকৈ অধিক আছিল”

1 Timothy 1:15-17

এই বার্তাটো নির্ভৰযোগ্য

“এই বিবৃতিটো সত্য”

সকলো প্ৰকাৰে গ্ৰহনযোগ্য

“কোনো সন্দেহ নোহোৱাকৈ গ্ৰহন কৰিব পাৰে” বা “সম্পূর্ণ ভাৰসাৰে গ্ৰহনৰ যোগ্য”

মোলৈ প্ৰথমে দয়া প্ৰদান কৰিলে

“ঈশ্বৰে প্ৰথম মোলৈ দয়া প্ৰদর্শন কৰিলে” বা “প্ৰথমে ঈশ্বৰৰ পৰা দয়া লাভ কৰিলো”

যুগবোৰৰ ৰজা

“চিৰন্তন ৰজা” বা “চিৰস্থায়ী প্ৰধান শাসনকর্ত্তা”

সমাদৰ আৰু গৌৰৱ হওক

“তেওঁৰ সমাদৰ গৌৰৱ হওক, আৰু গৌৰাম্বাণিত হওক”, “লোকবিলাকে তেওঁক সমাদৰ কৰক আৰু তেওঁৰ নামৰ প্ৰশংসা কৰক৷”

1 Timothy 1:18-20

এই আজ্ঞা মই তোমাৰ আগত ৰাখিলো

“এই আজ্ঞা মই তোমাক দিলো” বা “এই আজ্ঞা মই তোমাক গতালো”

শিশু

এইটো পুতেক বা জীয়েকতকৈ অধিক সাধাৰণ শব্দ, তথাপি ই পিতৃৰ সৈতে সম্বন্ধ থকা সূচায়৷ পৌলে এইটো তীমথীয়ৰ প্ৰতি থকা মৰমৰ বাবে উপমা ৰূপে ব্যৱহাৰ কৰিছে৷ (চাওক: উপমা অলংকাৰ)

উত্তম যুদ্ধত ব্যস্ত থাকা

“এই যোগ্য যুজঁত অংশ গ্ৰহন কৰা” বা “শত্ৰুক পৰাভুত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰা” এইটো এটা উপমা ইয়াৰ অর্থ “প্ৰভুৰ নিমিত্তে কঠোৰ পৰিশ্ৰম কৰা”(UDB) (চাওক: উপমা অলংকাৰ)

বিশ্বাসৰ সম্বন্ধে বিপর্যয় হল

পৌলে তেওঁলোকৰ বিশ্বাসৰ অৱস্থাটো বুজাবলৈ শিলত খুন্দা খাই ধ্বংস হোৱা এখন জাহাজৰ লগত তুলনা কৰি এটা উপমা দিছে৷ এই উপমাটোৰ অর্থ হল তেওঁলোকৰ বিশ্বাসৰ সম্বন্ধে যি ঘটিল, ই সর্বনাশী (UDB) আপুনি এই উপমাটো বা সাদৃশ্য থকা আন উপমা ব্যৱহাৰ কৰা উচিত যদিহে আপোনাৰ ভাষাত ইয়াক বুজিব পৰা হব৷

তেওঁলোকক শিকাব পৰা হব

“ঈশ্বৰে যেন তেওঁলোকক শিকায়”

1 Timothy 2

1 Timothy 2:1-4

প্ৰথমে

আটাইতকৈ গুৰুত্বপূর্ণ” বা “কোনো কাম কৰাৰ আগতে” প্ৰার্থনাৰ অভ্যাসটোহে(অনুৰোধ, প্ৰার্থনা, নিবেদন, আৰু ধন্যবাদ জনোৱা) আটাইতকৈ গুৰুত্বপূর্ণ৷ পৌলে এইটো কোৱা নাই যে বিশ্বাসীসকলে তেওঁলোকৰ কাৰণে প্ৰথমে প্ৰার্থনা কৰিব লাগে৷

মই তোমাক প্ৰার্থনা জনাইছো

“মই তোমাক কাতৰ অনুৰোধ কৰো” বা “মই অনুৰোধ কৰো”

মর্যাদা

“যি ধৰণেৰে কৰিলে লোকবিলাকে আমাক সন্মান কৰিব৷” ধার্মিকতাৰে সৈতে সংযুক্ত হলে, অথাৎ “যি ধৰণেৰে কৰিলে লোকবিলাকে ঈশ্বৰক সমাদৰ কৰিব আৰু আমাকো সন্মান কৰিব৷”

1 Timothy 2:5-7

ঈশ্বৰ আৰু মানুহৰ মাজত এজন মধ্যস্থতাকাৰী

মধ্যস্থতাকাৰী এজন ব্যক্তি, যিজনে পৰস্পৰৰ সন্মতি নহলে, দুয়ো পক্ষৰ মাজত বন্দবস্ত কৰি এক শান্তিপূর্ণ মীমাংসা কৰাত সহায় কৰে৷ ইয়াত যীচুৰ কাৰণে ব্যৱহাৰ কৰিছে যিজনে পাপী বিলাকক ঈশ্বৰে সৈতে এক শান্তিপূর্ণ সম্বন্ধ ৰখাত সহায় কৰে৷

নিজকে অর্পণ কৰিলে

“ইচ্ছাকৃতভাৱে মৰিলে”

মুক্তিপণ হিচাবে

“মুক্তিৰ মূল্যৰূপে” বা “মুক্তি লাভ কৰিবলৈ পৰিশোধ কৰিলে”

সাক্ষ্যটো ঠিক সময়ত

“এইটো ঠিক সময়ত দিবলগীয়া তেওঁৰ সাক্ষ্য” বা “এইবোৰ সময়ত দিব লগীয়া সাক্ষ্য”

এই অভিপ্ৰায়ে

“এইটো কাৰণে” বা “এইটো উদ্দেশ্যেল” বা “এই সাক্ষ্যৰ অর্থে”

এক ঘোষক কৰা হল

“এক ধর্ম প্ৰচাৰক নিযুক্তি দিয়া হল” বা “ধর্ম প্ৰচাৰক হবলৈ “খ্ৰীষ্টৰ দ্বাৰা নিযুক্তি দিয়া হল”

মই সত্য কওঁ

“মই সত্যটো কৈছো” বা “মই সত্যটো জনাইছো”

মই মিছা নকওঁ

“মই মিছা কোৱা নাই”

বিশ্বাসত আৰু সত্যত

“বিশ্বাস আৰু সত্যৰ সম্বন্ধে” বা “বিশ্বাস আৰু সত্যৰ সহিত”

1 Timothy 2:8-10

প্ৰত্যকে ঠাইতে মানুহবিলাকে

“পুৰুষ বিলাকে সকলো স্থানতে” বা “পুৰুষ বিলাকে সকলো ঠাইতে”

আৰু ওপৰলৈ উঠাবলৈ

“ওপৰলৈ উঠোৱাৰ দ্বাৰাই” বা “উঠোৱাৰ দ্বাৰাই”

পবিত্ৰ হাত বিলাক

“যিবিলাক হাত ঈশ্বৰৰ বাবে পৃথক কৰা হল৷” এইটো পাপ পৰিহাৰ কৰা ব্যক্তিৰ কাৰণে এটা সলনি কৰা কার্য৷ (চাওক: সলোৱা কার্য)

ক্ৰোধ আৰু সন্দেহ নোহোৱাকৈ

“আনৰ প্ৰতি খং নেদেখুৱাকৈ বা পৰস্পৰে তর্ক বিতর্ক নকৰাকৈ” বা “আনৰ প্ৰতি খং নেদেখুৱাকৈ আৰু ঈশ্বৰত সন্দেহ নকৰাকৈ”

বিনয়ী ভাৱে

“যি ধৰণে কৰিলে সিহঁতে ভুল নুবুজিব” বা “যিধৰণে কৰিলে লোকবিলাকৰ আৰু ঈশ্বৰৰ সন্মান প্ৰদর্শিত হব”

বেণী গোঁঠা চুলীৰে

“সিহঁতৰ চুলিকোছা সুন্দৰ দেখাবৰ বাবে কষ্ট কৰা”

সৎ কর্মৰ যোগেদি নিজৰ ধার্মিকতা সাব্যস্ত কৰা

“তেওঁলোক যে ঈশ্বৰৰ হয়, তাক সৎ কর্ম্মৰ দ্বাৰাই প্ৰদর্শন কৰক”

1 Timothy 2:11-12

তিৰোতাই শিক্ষা লোৱা উচিত

“তিৰোতাক শিক্ষা লবলৈ দিয়া” বা “তিৰোতাই নিশ্চিতভাৱে শিক্ষা লোৱা উচিত”

নীৰৱে

“শান্তভাৱে” বা “নম্ৰ আচৰণে”

সকলো আজ্ঞা পালনেৰে

“ঈশ্বৰৰ প্ৰতিটো আজ্ঞা পালন কৰিবলৈ প্ৰস্তুত থকা”

মই তিৰোতাক অনুমতি নিদিওঁ

“মই তিৰোতাক অনুমোদন নকৰো”

1 Timothy 2:13-15

আদমক প্ৰথমে সৃষ্টি কৰা হল

“ঈশ্বৰে সৃষ্টি কৰা প্ৰথমজন মানুহ হল, আদম” বা “আদমক প্ৰথমে ঈশ্বৰৰ দ্বাৰা সৃষ্টি কৰা হল”

তাৰ পাছত হৱাক

“তাৰ পাছত হৱাক সৃষ্টি কৰা হল” বা “তাৰ পাছত হল হৱা”

আৰু আদমক প্ৰৱঞ্চনা কৰা নহল

“সর্পৰ দ্বাৰা প্ৰতাৰিত হোৱাজন আদম নহয়”

বিধান লঙ্ঘন কৰি সম্পূর্ণ ৰূপে প্ৰৱঞ্চিত হল

“সম্পূর্ণ ৰূপে প্ৰৱঞ্চিত হৈ ঈশ্বৰৰ আজ্ঞা উলংঘা কৰিলে” এই উপ বাক্যটোৰ কথাটো হল যে প্ৰথমে, ঈশ্বৰৰ বিধান উলংঘা কৰা গৰাকী, হৱা হে, আদম নহয়৷ তেওঁ পাপ কৰিলে, কিয়নো তেওঁক সম্পূর্ণ ৰূপে প্ৰৱঞ্চনা কৰা হল৷

সন্তান জন্মৰ দ্বাৰাই তেওঁ পৰিত্ৰান পাব

“সাধাৰণ জীৱন ধাৰণৰ যোগেদিয়েই ঈশ্বৰে তেওঁক নিৰাপদে ৰাখিব৷” (চাওক: সলোৱা কার্য)

যদি তেওঁলোকে চলিয়েই থাকে

“যদি তেওঁলোকে লাগি থাকে” বা “যদি তেওঁলোকে জীৱন ধাৰণ কৰিয়েই থাকে”

বিশ্বাসত, ভালপোৱত আৰু পবিত্ৰতাত

“যীচুত বিশ্বাস ৰাখি আৰু আন লোকক ভাল পোৱাৰ দ্বাৰাই আৰু এক পবিত্ৰ জীৱন ধাৰণ কৰি”

সুস্থ মনেৰে

“আত্মনিয়ন্ত্ৰণৰ দ্বাৰা” বা “যি উত্তম, তালৈ সচেতন হৈ”

1 Timothy 3

1 Timothy 3:1-3

এজনী তিৰোতাৰ স্বামী

এই খণ্ড বাক্যটোৰ অর্থ “এজন এক তিৰোতাৰ পুৰুষ” এইটো সাধাৰণতে এনেদৰে অনুবাদ কৰা হয় “নিশ্চয়কৈ কেৱল এজনী ভার্যাহে থাকিব লাগিব৷” (UDB)এইটোৱে, পূর্বতে বিপত্নীক হোৱা বা ত্যাগ কৰা বা অকলশৰীয়া পুৰুষৰ কথা বাদ দিছে নে নাই, ই বিতর্কৰ বিষয়৷

সংযমী

“মাত্ৰাধিক নকৰে”

বিবেচক

“যিজনে বিজ্ঞৰ দৰে চিন্তা কৰে” বা “যিজনে সুস্থ বিচাৰ কৰে” বা “ন্যায় সংগত” বা “যুক্তি সংগত” বা “বুদ্ধিয়ক”

পৰিপাতি

“ভালভাৱে আচৰণ কৰে”

অতিথি পৰায়ণ

“অচিনাকি লোকক সাদৰে অভ্যর্থনা কৰে”

নিচাত আসক্ত নহয়

“মদাহী নহয়” বা “অতি মাত্ৰা মদ্যপান নকৰে”

হাই

কাজিয়া কৰোতা নহয় “কাজিয়া কৰি বা বাদানুবাদ কৰি ভাল পোৱা জন নহয়”

ধন লুভীয়া

যিজন ব্যক্তিয়ে জানি শুনি বা প্ৰৱঞ্চণা কৰি টকা আত্মসাৎ কৰে৷ এনে এজন ব্যক্তিও হব পাৰে যি ন্যায় ভাৱেই টকা উপার্জন কৰে কিন্ত আন লোকৰ প্ৰতি চিন্তা নকৰে৷

এক সৎ কর্ম

“এক সন্মানীয় বৃত্তি”

1 Timothy 3:4-5

নিজৰ পৰিয়ালটোক ভালদৰে পৰিচালনা কৰে আৰু সন্মানজনক ভাৱে তেওঁৰ সন্তানবিলাকে তেওঁক মানি চলে

সম্ভাৱ্য অর্থসমূহ (১) তত্বাৱধায়কৰ সন্তান বিলাকে তেওঁৰ ওচৰত সমর্পিত হলে, তেওঁলোকে অইন লোককো সন্মান কৰিব৷ (UDB) বা (২)তত্বাৱধায়কে পৰিয়ালটো পৰিচালনা কৰোঁতে তেওঁলোকক সন্মান কৰিব লাগিব৷

নিজৰ পৰিয়ালক পৰিচালনা কৰে

“নিজৰ পৰিয়ালৰ যত্ন লয়” বা “তেওঁৰ ঘৰখনত নিবাস কৰা সকলক পথ দেখুৱায়”

সকলো সন্মানেৰে

“সকলো” শব্দটোৱে “সকলো লোকক” বা “সকলো সময়তে” বা “সকলো পৰিস্থিতেই” বুজাইছে৷

কিয়নো কোনোৱে যদি নাজানে

“কিন্ত কোনো মানুহে যদি নাজানে” বা “কাৰণ কোনো মানুহে যেতিয়া নোৱাৰে” বা “ধৰি লোৱা হওক কোনো মানুহে নোৱাৰে”

তেওঁ কেনেকৈ ঈশ্বৰৰ মণ্ডলীক তদাৰক কৰিব

এইটো এটা উত্তৰ আশা নকৰা প্ৰশ্ন, ইয়াক এনেদৰে অনুবাদ কৰিব পাৰি “তেওঁ ঈশ্বৰৰ মণ্ডলীক তদাৰক কৰিব নোৱাৰে” বা “তেওঁ ঈশ্বৰৰ মণ্ডলীক পৰিচালনা কৰিবলৈ সমর্থ নহব” (চাওক: উত্তৰ আশা নকৰা প্ৰশ্ন)

1 Timothy 3:6-7

তেওঁ নতুন ধর্মান্তৰিত লোক হব নালাগে

“তেওঁ নতুন বিশ্বাসী হব নালাগে” বা “তেওঁ কিছু দিনৰ আগতে বিশ্বাসলৈ অহা ব্যক্তি হব নালাগে” বা “তেওঁ নিশ্চিত ভাৱে এজন পৰিপক্ক বিশ্বাসী হব লাগে”

চয়তানৰ নিচিনাকৈ দণ্ডনীয় নহয়

চয়তানে গর্ব্বিত হৈ দণ্ড ভোগ কৰাৰ দৰে, গর্ব্বিত হৈ দণ্ডনীয় যেন নহয়”

তেওঁ বাহিৰা লোকৰ মাজতো নিশ্চিত ভাৱে ভাল খ্যাতি থকা দৰকাৰ

“এইটো আৱশ্যকীয় যে যিসকলে যীচুত বিশ্বাস নকৰে তেওঁলোকেও যেন তেওঁৰ প্ৰতি ভাল ভাৱ ৰাখে৷” বা “মণ্ডলীৰ বাহিৰৰ লোকৰো তেওঁৰ সম্বন্ধে নিশ্চয়কৈ ভাল ভাৱ থাকিব লাগিব”(UDB)

অপযশত পৰা

“নিজৰ ওপৰত অপমান অনা” বা “আন লোকৰ দৃষ্টিত নিন্দাৰ পাত্ৰ হোৱা” (চাওক : নিন্দা কৰা)

পৰি যোৱা…চয়তানৰ ফান্দত

“চয়তানক ফান্দত পেলাবলৈ সুবিধা দিয়া” চয়তানে ফান্দ পাতি থকা এটা উপমা কিয়নো চয়তানে বিশ্বাসীক ছলনা কৰি অজ্ঞাতে পাপ কৰায়৷ (চাওক: উপমা)

1 Timothy 3:8-10

সেইদৰে দিকন বিলাকো

“তত্বাবধায়ক বিলাকৰ কাৰণে অর্হতা সমূহ প্ৰয়োজন আছে, পৰিচাৰক দিকনবিলাকৰ কাৰণেও অর্হতাসমূহ থাকিব লাগিব৷”

মর্যাদাসম্পন্ন হোৱা উচিত

“সমাদৰৰ যোগ্য পাত্ৰ হোৱা উচিত”

দুতলীয়া কথা কওঁতা নহয়

“এটা কথা কোৱা নাই কিন্ত অর্থটো বেলেগ” বা “এজন ব্যক্তিক এটা কথা কোৱা নাই আৰু আনক কিবা বেলেগ কথা কয়”

অতিমাত্ৰা সুৰাপাণ কৰোতা নহয়

“প্ৰচুৰ সুৰাপাণত আসক্ত নহয়” বা “প্ৰচুৰ সুৰাপাণত সমর্পিত নহয়”

লুভীয়া নহয়

অসৎ উপার্জনৰ কাৰণে চিন্তা নকৰে

তেওঁলোকে প্ৰকাশিত বিশ্বাসৰ সত্যতাটো ৰক্ষা কৰা উচিত

“ঈশ্বৰে আমালৈ প্ৰকাশ কৰা সত্য বার্তাটো, আৰু যিটো আমি বিশ্বাস কৰো, তেওঁলোকেও নিশ্চয় বিশ্বাস কৰি থাকিব লাগিব৷” এইটো, এটা সত্যৰ বিষয়ে কোৱা হৈছে যিটো এটা সময়ৰ বাবে স্থিতি আছিল, আৰু যিটো ঈশ্বৰে সেই মূহুর্তত তেওঁলোকলৈ প্ৰদর্শন কৰিছিল৷

শুচি বিবেকে সৈতে

“যি বিবেকৰ দ্বাৰা জানিব পাৰে যে তেওঁলোকে কোনো ভুল কৰা নাই৷”

তেওঁলোক…প্ৰথম অনুমোদিত হোৱা উচিত

“পৰিচর্যাৰ বাবে তেওঁলোক যোগ্য হয়নে নহয়, তেওঁলোকক পৰীক্ষা কৰি স্থিৰ কৰা উচিত” বা “তেওঁলোকে প্ৰথমে নিজকে প্ৰমাণিত কৰা উচিত৷”

যিহেতু তেওঁলোক নিন্দাৰ ওপৰত

“যদি কোনেও তেওঁলোকত একো ভুল পোৱা নাই” বা “যিহেতু তেওঁলোক নির্দোষী” বা “যিহেতু তেওঁলোকে একো ভুল কৰা নাই”

1 Timothy 3:11-13

সেই একেদৰে তিৰোতাবিলাকো

“ভার্যাবিলাকৰো একেধৰণেই অর্হতাসমূহ প্ৰয়োজন আছে” বা “পৰিচাৰিকাবিলাকৰো, পৰিচাৰক বিলাকৰ দৰেই অর্হতাসমূহ প্ৰয়োজন আছে৷” সাধাৰণ সংজ্ঞামতে তিৰোতা শব্দটোৱে সার্বজনীন অর্থত সকলো তিৰোতাকে বুজায়৷ কিন্ত ইয়াত পৰিচাৰকৰ ভার্যাবিলাকক বা তিৰোতা পৰিচাৰিকাবিলাকক বুজোৱা যেন অনুভৱ হয়৷ কাৰণ ইয়াৰ আগৰ আৰু পাছৰ পদকেইটাই স্পষ্টভাৱে পৰিচাৰকৰ কথাকে কৈছে৷

মর্যাদা সম্পন্ন হোৱা

শুদ্ধভাৱে কার্য কৰা

কুৎসা ৰটনাকাৰী নহয়

“তেওঁলোকে আনৰ বিষয়ে, বেয়া কথা কব নালাগিব৷”

সংযত

তেওঁলোকে কোনো কাম মাত্ৰাধিক নকৰিব”

এজনী ভার্যাৰ স্বামীবিলাক

এই খণ্ডবাক্যটোৰ অর্থ এজনী তিৰোতাৰ পুৰুষসকল৷ ইয়াক এনেদৰে অনুবাদ কৰিব পাৰি “প্ৰতিজন পুৰুষৰ মাত্ৰ এজনী ভার্যা থকা৷” যিসকল বিপত্নীক ও ত্যাগ কৰিলে বা অকলশৰীয়া পুৰুষসকলক বাদ দিছে নে নাই এইটো বিতর্কমূলক৷

নিজৰ সন্তানবিলাকক আৰু ঘৰখনক ভালদৰে পৰিচালনা কৰে

“উচিতভাৱে তেওঁলোকৰ সন্তানসকলক আৰু তেওঁলোকৰ ঘৰ বিলাকত থকা আন লোকসকলক যত্ন লয়৷”

সেইসকলৰ বাবে

“সেই পৰিচাৰক সকলৰ বাবে” বা “সেই অধ্যক্ষসকল, পৰিচাৰকসকল আৰু পৰিচাৰিকা সকলৰ” বা “এই মণ্ডলীৰ নেতা সকলৰ বাবে৷”

সিহঁতে নিজৰ বাবে আর্জন কৰে

“সিহঁতে নিজৰ বাবে গ্ৰহন কৰে” বা “সিহঁতে নিজৰ বাবে উপার্জন কৰে”

এক নির্ভৰযোগ্য ভিত্তি

সম্ভাৱ্য অর্থসমূহ (১) মণ্ডলীৰ ভিতৰতে খ্যাতি পোৱা” বা (২) ঈশ্বৰৰ সাক্ষাতে থকা বা (৩) মণ্ডলীত উচ্চপদলৈ উন্নীত হোৱা, যেনে: অধ্যক্ষৰ পদলৈ৷

আয়ত্ব কৰা …বিশ্বাসত অধিক দৃঢ়তা

“লাভ আর্জন কৰে…তেওঁলোকৰ বিশ্বাসৰ সম্বন্ধে কবলৈ বৰ সাহস পায়” বা “তেওঁলোকে যি বিশ্বাস কৰে সেইটো সত্য বুলি আত্মবিশ্বাসী হয়” বা “মানুহবিলাকৰ আৰু ঈশ্বৰৰ আগতো আত্মবিশ্বাসী হয়, কিয়নো তেওঁলোকে জানে যে তেওঁলোকে যি বিশ্বাস কৰে সেইটো সত্য” বা “আয়ত্ব কৰে…তেওঁলোকে যিটোত বিশ্বাস কৰে তাৰ বিষয়ে কবলৈ বৰ সাহস”

1 Timothy 3:14-15

মই তোমালৈ এই কথাবোৰ লিখিছো

“মই এই নির্দেশনাসমূহ তোমালৈ লিখিছো”

আৰু মই সোনকালেই তোমাৰ ওচৰলৈ আহিবলৈ আশা কৰো

“যদিও মই তোমাৰ ওচৰলৈ অনতি বিলম্বে আহিবলৈ আশা কৰো”

কিন্ত মই যদি পলম কৰো

“কিন্ত যদিহে মই সোনকালে তালৈ যাব নোৱাৰো” বা “যদিহে কিবা প্ৰকাৰে তাত উপস্থিত হোৱাত বাধা পাওঁ,” “যদিহে কিহবাই তাত সোনকালে উপস্থিত হোৱাত বাধা দিয়ে”

মই লিখিছো যাতে

“মই এই উদ্দেশ্যে লিখিছো যে”

ঈশ্বৰৰ গৃহ…নিশ্চয়কৈ পৰিচালিত হব লাগিব

“তুমি কেনেকৈ ঈশ্বৰৰ পৰিয়ালটোক নিশ্চিতভাৱে পথ দেখুৱাই নিব লাগিব”

সত্যতাৰ স্তম্ভ আৰু সমর্থক

এই উপমাটো এখন ডাঙৰ, দৃঢ় মঞ্চৰ লগত তুলনা কৰিছে, য’ত ঈশ্বৰে সত্যতাটো প্ৰদর্শন কৰিছে (চাওক: উপমা)এই মঞ্চখনে ঘূৰাই লক্ষণা হিচাবে ইয়াৰ অংশসমূহ, ভেটি আৰু চিধা অংশ প্ৰকাশ কৰিছে৷ (চাওক: লক্ষণা)

1 Timothy 3:16

আৰু আমি সকলোৱে সন্মত

“সকলো সন্দেহৰ বাহিৰ” বা “আৰু একো সন্দেহ নথকাকে৷” ইয়াৰ পাছত যিটো লিখিছে, খুউৱ সম্ভৱ, ই এটা গীত, কবিতা, বা ধর্ম্মৰ মূল কথা, যিটো আদি মণ্ডলীয়ে, গুৰুত্বপূর্ণ ধর্মৰ মতবিলাক, তালিকাত লিখিছিল আৰু সকলো বিশ্বাসীয়ে ভাগ লৈছিল৷

মাংসত

“সঁচা মানুহ ৰূপে”

ধার্মিকতাৰ প্ৰকাশিত সত্যটো মহান

“কেনেকৈ ধার্মিক জীৱন ধাৰণ কৰি জীয়াই থাকিব লাগে, ঈশ্বৰে আমালৈ প্ৰকাশ কৰা সেই, সত্যটো মহান”

আত্মাৰ দ্বাৰাই দোষমুক্ত বুলি প্ৰমাণ কৰিলে

“পবিত্ৰ আত্মাই নিশ্চিত কৰিলে যে যীচুৱে, তেওঁ কোন, সেই সম্পর্কে তেওঁ যি কৈছিল সেইজনেই যীচু আছিল”

জাতিবিলাকৰ মাজত ঘোষণা কৰা হল

“বহূতো দেশত লোক বিলাকে যীচুৰ বিষয়ে আনলোকক কলে”

জগতত বিশ্বাস কৰা হল

“পৃথিৱীৰ বিভিন্ন ঠাইত মানুহবিলাকে যীচুত বিশ্বাস কৰিলে৷”

1 Timothy 4

1 Timothy 4:1-2

বিশ্বাসটো এৰিব

“যীচুত বিশ্বাস কৰিবলৈ এৰিব” বা “তেওঁলোকে যি বিশ্বাস কৰে. তাক পৰিত্যাগ কৰিব”

পৰবর্তী সময়ত

সম্ভাৱ্য অর্থসমূহ : (১) পৌলৰ দিনতকৈ তাৰ পাছৰ সময়ছোৱাত. “আহিব লগীয়া সময়ছোৱাত” বা “ভৱিষ্যত কালত” বা (২) পৌলৰ জীৱিত কালত “শেষ কালৰ আগতে এই সময়ছোৱাৰ ভিতৰতেই”

আৰু মনোযোগ দিয়া

“মনোযোগ দিয়াৰ দ্বাৰাই” বা “কিয়নো তেওঁলোকে মনোযোগ দিছে” বা “মন দি শুনোতে” বা “এইবিলাকেই মনোযোগ দিয়োতা সকল”

প্ৰৱঞ্চক আত্মাবিলাকে আৰু ভূতবোৰৰ উপদেশবোৰে

“যিবিলাক আত্মাই মানুহক ছলনা কৰে আৰু যিবোৰ কথা ভূতবোৰে শিকায়”

মিছা কোৱা কপটতাৰ জড়িয়তে

“মিছা কওঁতা ভণ্ড সকলৰ দ্বাৰা শিকোৱা হল”

তেওঁ লোকৰ নিজ বিবেকত দাগ দিয়া হল

“উপমাটো হল গৰাকী বিলাকে নিজৰ ভৃত্য বিলাকৰ বা জন্তবিলাকৰ ছালত তপত ধাতুৰে স্বত্ব দেখুৱাবৰ বাবে হেঁচি চিন দিয়া” সম্ভাব্য অর্থসমূহ: (১) দাগ দিয়াটো এটা পৰিচয়ৰ চিন, “যদিও তেওঁলোকে জানে যে তেওঁলোক ভণ্ড, তথাপিও তেওঁলোকে এইটো কৰে” (২) তেওঁলোকৰ বিবেক জঠৰ হল, “যেন তেওঁলোকে, তেওঁলোকৰ বিবেকৰ ওপৰত তপত ধাতুৰে জঠৰ কৰিবলৈ, হেঁচা দিলে” (চাওক: উপমা)

1 Timothy 4:3-5

তেওঁলোকে “কৰিব”

“এই লোকবিলাকে কৰিব”

বিয়া কৰিবলৈ নিষেধ কৰে

“বিশ্বাসীসকলক বিয়া কৰিবলৈ নিষেধ কৰে” বা “বিশ্বাসীসকলক বিয়া কৰিবলৈ বাধা দিয়ে”

নিষেধ কৰে…আহাৰ গ্ৰহন কৰিবলৈ

“লোকবিলাকৰ আৱশ্যক…আহাৰৰ পৰা বিৰত থাকিবলৈ” বা “লোকবিলাকক বাধা দিয়ে…খোৱাৰ পৰা বিৰত থাকিবলৈ” বা “লোকবিলাকক সন্মতি নিদিয়ে…নির্দিষ্ট আহাৰ খাবলৈ” ইয়াত “লোকবিলাক” শব্দটোৱে খুউৱ সম্ভৱ বিশ্বাসীসকলক বুজাইছে (UDB)

যিবিলাক বিশ্বাসীয়ে সত্যটো জানিবলৈ পালে

“যিবিলাক বিশ্বাসীয়ে সত্যটো জানে” বা “যিবিলাক বিশ্বাসীয়ে সত্যটো আহৰণ কৰিলে”

ধন্যবাদেৰে গ্ৰহন কৰিলে কোনো বস্তুৱেই অগ্ৰাহ্য নহয়

“আমি ঈশ্বৰক ধন্যবাদ দিয়া কোনো বস্তুৱেই দলিয়াই নেপেলাওঁ” বা “আমি ঈশ্বৰক ধন্যবাদ দিয়া কোনো বস্তুৱেই নাকচ নকৰো” বা “ধন্যবাদেৰে খোৱা প্ৰতিটো বস্তুৱেই গ্ৰহণীয়”

এইটো ঈশ্বৰৰ বাক্য আৰু প্ৰার্থনাৰ জড়িয়তে উছর্গা কৰা হল

“ঈশ্বৰৰ বাক্য অনুযায়ী আৰু তেওঁলৈ প্ৰার্থনা কৰাৰ দ্বাৰাই আমি ইয়াক ঈশ্বৰে ব্যৱহাৰ কৰিবৰ অর্থে পৃথক কৰিলো৷” বা “ঈশ্বৰে প্ৰকাশ কৰা সত্যটোৰ দৰে প্ৰার্থনা কৰি ঈশ্বৰে ব্যৱহাৰ কৰিবৰ অর্থে আমি এইটো পৃথক কৰিলো৷” (চাওক:Hendiadys)

1 Timothy 4:6-8

এই বিষয়বোৰ আগত ৰাখা

“এই চিন্তাধাৰা বিশ্বাসীসকলৰ মনত সুমুৱাই দিয়া” বা “এই কথাবিলাক বিশ্বাসীসকলক মনত ৰাখিবলৈ সহায় কৰা৷” “চিন্তা” বা “কথাবোৰ” এই শব্দকেইটাই ৪:৫ পদৰ সকলো শিক্ষা বা উপদেশ বিলাকক বুজাইছে৷

প্ৰতিপালিত

“প্ৰশিক্ষিত”(UDB)৷ ঈশ্বৰে তীমথিয়ক অধিক শক্তিশালী কৰি আছিল আৰু ঈশ্বৰক সন্তষ্ট দিয়া কর্ম কৰিবলৈ শিক্ষা দি আছিল৷

বিশ্বাসৰ বাক্যসমূহ

“যি বাক্যই মানুহক বিশ্বাস কৰিবলৈ উদগায়”

বুঢ়ী তিৰোতাৰ দ্বাৰা ভালপোৱা অশুচি গল্পসমূহ

“অশুচি আৰু পুৰণি নাৰীসুলভ আখ্যান”, গল্পৰ বাবে ব্যৱহাৰ হোৱা শব্দটো “আখ্যান” শব্দৰ লগত একেই (উপমা)৷ “বুঢ়ী তিৰোতা” বুলি কৈ পৌলে উদ্দেশ্য প্ৰণোদিত ভাৱে তিৰোতাক অপমান কৰা নাই৷ ইয়াৰ পৰিবর্তে, তেওঁ আৰু তেওঁৰ শ্ৰোতা দর্শক সকলে জানিছিল যে তিৰোতাতকৈ পুৰুষ কম বয়সত মৃত্যু হয়, সেই কাৰণে পুৰুষতকৈ তিৰোতা অধিক আছে আৰু বৃদ্ধা অৱস্থা হোৱা বাবে তেওঁলোকৰ মন অধিক দুর্ব্বল হল৷

নিজকে ধার্মিকতাত প্ৰশিক্ষিত কৰা

“অধিক ধার্মিক হবলৈ নিজকে প্ৰশিক্ষণ দিয়া” বা “যিদৰে কর্ম কৰিলে ঈশ্বৰ সন্তষ্ট হয়, নিজকে তেনেদৰে প্ৰশিক্ষণ দিয়া” বা “অধিক ধার্মিক হবৰ বাবে কঠোৰ পৰিশ্ৰম কৰা”

শৰীৰ প্ৰশিক্ষণ

“শাৰীৰিক ব্যায়াম”

এই জীৱনৰ বাবে প্ৰতিজ্ঞা আছে

“এই জীৱনটোৰ বাবে উপকাৰি” বা “এই জীৱনটো অধিক মধুৰ কৰাত সহায় কৰে৷”

1 Timothy 4:9-10

সম্পূর্ণ গ্ৰহনযোগ্য

“তোমাৰ সম্পূর্ণ বিশ্বাসৰ যোগ্য” বা “তোমাৰ সম্পূর্ণ ভাৰসাৰ যোগ্য”

কাৰণ এই উদ্দেশ্যোই

“এইটোৱে উদ্দেশ্যটো”

আমি সংগ্ৰাম কৰো আৰু কঠোৰ পৰিশ্ৰম কৰো

আমি যুঁজ কৰো আৰু কঠোৰ কর্ম কৰো বা “আমি আমাৰ শত্ৰুবোৰৰ সৈতে কঠোৰ পৰিশ্ৰম কৰো”

জীৱিত ঈশ্বৰত আমাৰ দৃঢ় বিশ্বাস আছে

“আমি আমাৰ আশা জীৱিত ঈশ্বৰত ৰাখিছো”৷

কিন্ত বিশেষকৈ বিশ্বাসীবিলাকৰ

“বিশেষকৈ তেওঁ তেওঁত বিশ্বাস কৰোঁতাসকলৰ বাবে ত্ৰাণ কর্ত্তা”

1 Timothy 4:11-13

এই কথাবোৰ ঘোষণা কৰা আৰু শিকোৱা

“এই কথাবোৰ শিকোৱা আৰু আজ্ঞা দিয়া” বা “মই অলপতে উল্লেখ কৰা দৰে, এই কথাবোৰ শিকোৱা আৰু আজ্ঞা দিয়া”

তোমাৰ ডেকা বয়সক কাকো হেয়জ্ঞান কৰিবলৈ নিদিবা

“তুমি ডেকা হোৱাৰ কাৰণে তোমাক গুৰুত্বহীন বুলি ভাৱিবলৈ কাকো নিদিবা”

পঢ়াত মনোযোগ দিয়া

“শাস্ত্ৰ পঢ়া” বা “ঈশ্বৰৰ বাক্য সমাজৰ আগত ডাঙৰকৈ পঢ়ি থাকিবা”

মনোযোগ দিয়া…উদগণি

অন্যক উদগণি দিয়া বা “তেওঁলোকৰ জীৱনত ঈশ্বৰৰ বাক্য প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰা”

1 Timothy 4:14-16

জেষ্ঠ্য লোকসকলে হাত দিয়া

এইটো এটা উৎসৱ আছিল য’ত মণ্ডলীৰ নেতাবিলাকে আক্ষৰিকভাৱে তেওঁলোকৰ হাতবিলাক তীমথিয়ৰ ওপৰত ৰাখিছিল আৰু প্ৰার্থনা কৰিছিল যেন ঈশ্বৰে তেওঁলৈ আজ্ঞা কৰা কামটো কৰিবলৈ তেওঁক সমর্থবান কৰিব৷

তুমি নিজকে আৰু যিবিলাকে তোমাৰ কথা শুনে, সেই সকলোকে পৰিত্ৰাণ কৰাবা

“তুমি নিজকে আৰু তোমাৰ বাক্য শুনোতা বিলাকক, প্ৰৱঞ্চনামূলক বার্তা আৰু অপ কর্ম বিলাকৰ পৰা ৰক্ষা কৰিবা” যিসকল মানু্হে প্ৰৱঞ্চনামূলক বার্তাসমূহ শু্নে আৰু অপকর্ম বিলাক কৰে, ইয়াৰ ফলস্বৰূপে তেওঁলোকে নিশ্চয়কৈ ক্লেশ ভোগ কৰিব৷ প্ৰৱঞ্চনামূলক বার্তাত বিশ্বাস কৰি আৰু অপকর্ম কৰি তীমথিয়ে ক্লেশ ভোগ কৰাটো পৌলে বিচৰা নাই৷

তোমাত থকা বৰটো হেয় জ্ঞান নকৰিবা

“ঈশ্বৰে দিয়া বৰটো ব্যৱহাৰ কৰা”

ভাৱবাণীৰ জড়িয়তে

“যেতিয়া মণ্ডলীৰ নেতাবিলাকে ঈশ্বৰৰ বাক্য কৈছিল”

এই কথাবোৰৰ প্ৰতি মনোযোগী হোৱা, সেইবোৰতে থাকা

“এই সকলোবোৰ কথা পালন কৰা আৰু সেই মতে জীৱন নিবাস কৰা”

যাতে তোমাৰ উন্নতি সকলো লোকৰ আগত প্ৰকাশ পায়

“যাতে আন লোকে তোমাৰ বৃদ্ধি দেখিবলৈ পায়” বা “যাতে আন লোকে, এনেবোৰ কথা পালন কৰাৰ কাৰণে হোৱা তোমাৰ শ্ৰীবৃদ্ধি দেখিবলৈ পায়”

নিজৰ প্ৰতি সাৱধান হবা

“নিজকে সাৱধানেৰে পৰিচালিত কৰিবা” বা “নিজৰ আচৰণ নিয়ন্ত্ৰণত ৰাখিবা, সংযত হবা”

এই কথাবোৰত লাগি থাকিবা

“এইবোৰ কার্যত ব্যস্ত থাকা”

1 Timothy 5

1 Timothy 5:1-2

পৌলে এই আজ্ঞাবিলাক এজন ব্যক্তিক দিছিল আৰু তেওঁৱেই হল তীমথিয়৷ যিবিলাক ভাষাত “তুমি” শব্দৰ ৰূপ বেলেগ বেলেগ, বা বেলেগ বেলেগ ৰূপত আজ্ঞা বিলাক আছে, তেনে ক্ষে”ত্ৰত “তুমি” শব্দটো, একবচনত ব্যৱহাৰ কৰিব৷(চাওক: “তুমি” শব্দৰ ৰূপ)

বৃদ্ধ লোকক গালি

শপনি নাপাৰিবা “বৃদ্ধ লোকক নির্দয় ভাৱে কথা নকবা”

কিন্ত তোমাৰ নিজৰ পিতৃৰ দৰে তেওঁক উৎসাহিত কৰিবা

“তোমাৰ নিজৰ পিতৃক কথা কোৱাৰ দৰে তেওঁক উদগণি দিবা”

ডেকা বিলাকক এনেদৰে উদগণি দিয়া যেন তেওঁলোক তোমাৰ ভাইহে

“ডেকা বিলাকক এনেদৰে উৎসাহিত কৰা যেন তেওঁলোক তোমাৰ ভাই হয়” বা “ডেকাবিলাকক ভাইৰ দৰে ব্যৱহাৰ কৰা”

বৃদ্ধা সকলক মাতৃৰ দৰে উদগণি দিয়া

“বৃদ্ধা সকলক এনেদৰে আচৰণ কৰা যেন তেওঁলোক তোমাৰ মাতৃ” বা “তুমি যিদৰে নিজৰ মাতৃক অনুৰোধ কৰা, ঠিক সেইদৰে বৃদ্ধা সকলক উৎসাহিত কৰা”

যুৱতী বিলাকক ভণীৰ দৰে

“যুৱতী বিলাকক এনেদৰে অনুৰোধ কৰা, যিদৰে তুমি তোমাৰ ভণীয়েৰা হতঁক অনুৰোধ কৰা” বা “তুমি যিদৰে তোমাৰ ভণীয়েৰাক আচৰণ কৰা, সেইদৰে যুৱতী বিলাকক আচৰণ কৰা”

সম্পূর্ণ শুদ্ধতাৰে

“শুদ্ধ চিন্তা আৰু কার্যেৰে” বা “পবিত্ৰ ভাৱেৰে”

1 Timothy 5:3-4

সন্মান

“শ্ৰদ্ধা আৰু যোগান ধৰা”

বিধৱা বিলাক, প্ৰকৃত বিধৱা বিলাক

“বিধৱা বিলাক, যিবিলাক বিধৱাৰ অভাৱ আছে” বা “বিধৱা বিলাক, যিবিলাক বিধৱাৰ প্ৰয়োজনীয় বস্তু যোগান ধৰিবলৈ কোনো নাই”

কিন্ত যদি কোনো বিধৱা

“কিন্ত যেতিয়া কোনো বিধৱা”

সন্তান

“যাক তেওঁ তেওঁৰ সন্তান বুলি গণ্য কৰে” বা “যিকোনো হওক, যিয়ে তেওঁক মা বুলি মাতে”

নাতি

নাতিনী বিলাক “যাক তেওঁ সতি সন্তান বুলি গণ্য কৰে” বা “যি গৰাকীয়ে তেওঁক তেওঁৰ মা বা আইতা বুলি মাতে”

সিহঁতক প্ৰথমে

“সর্ব্বপ্ৰথমে সিহঁতে” বা “তেওঁলোকে এইটোত আগ স্থান দিয়ক”

সন্মান প্ৰদর্শন কৰিবলৈ শিকক

“তেওঁলোকৰ ভক্তিভাৱ প্ৰদর্শন কৰক” বা “তেওঁলোকৰ ধার্মিকতা প্ৰদর্শন কৰক” বা “তেওঁ লোকৰ ধর্মৰ প্ৰমাণ দিয়ক” বা “তেওঁলোকৰ কর্তব্য সমূহ অনুশীলন কৰিবলৈ শিকক৷”

তেওঁ লোকৰ নিজৰ পৰিয়ালত

“তেওঁ লোকৰ নিজৰ পৰিয়াললৈ” বা “তেওঁ লোকৰ ঘৰত নিবাস কৰা সকলোলৈ”

আৰু তেওঁলোকৰ পিতৃ

মাতৃৰ ধাৰ পৰিশোধ কৰক “আৰু তেওঁলোকৰ পিতৃ মাতৃৰ ধাৰ পৰিশোধ কৰক” বা “আৰু তেওঁ লোকৰ পিতৃ মাতৃয়ে তেওঁলোকলৈ দিয়া ভাল বস্তুবোৰৰ কাৰণে, ঘূৰাই তেওঁলোকে পিতৃ মাতৃলৈ দিয়ক, প্ৰত্যুপকাৰ কৰক”

কিয়নো এইটো ঈশ্বৰলৈ সন্তোষজনক

“তেওঁ লোকে এইবোৰ কাম কৰিলে, ঈশ্বৰ সন্তষ্ট হব” বা “এই সন্মান জনক কর্ম প্ৰদর্শন, ঈশ্বৰৰ দৃষ্টিত সন্তোষজনক”

1 Timothy 5:5-6

কিন্ত প্ৰকৃত বিধবাজনী অকলশৰীয়া

“কিন্ত যিজনী প্ৰকৃততে বিধবা, তেওঁৰ কোনো পৰিয়াল নাই”

তেওঁ সদায়, তেওঁৰ ওচৰত কাকুতি

মিনতি আৰু প্ৰার্থনাৰে বাট চাই থাকে “তেওঁ ধৈর্যেৰে ঈশ্বৰলৈ, কাকুতি মিনতি আৰু প্ৰার্থনাৰে অপেক্ষা কৰি থাকে”

সি যি নহওক

“কিন্ত”

বিলাসিতা ভাল পোৱা তিৰোতা

“যি গৰাকী তিৰোতাই নিজৰ সুখ সম্ভোগৰ বাবেহে জীয়াই থাকে”

মৃত

এই উপমাটোৰ অর্থ এয়ে যে তেওঁ ঈশ্বৰলৈ সহাঁৰি জনাবলৈ অসমর্থ৷ ইয়াক এইদৰে অনুবাদ কৰিব পাৰি: “মৃত ব্যক্তিৰ দৰে, তেওঁ ঈশ্বৰলৈ সহাঁৰি নজনায়” (চাওক: উপমা)

জীৱিত

এইটোৱে এই জীৱনৰ কথা বুজাইছে৷

1 Timothy 5:7-8

আৰু এই কথাবিলাক প্ৰচাৰ কৰা

“লগতে এই কথা বিলাক আজ্ঞা কৰা” বা “এই কথাবিলাক ক্ষমতাসম্পন্নজনৰ দৰে শিকোৱা৷” তীমথিয়ে, পৌলৰ বাক্যবিলাক নিজে পালন কৰিব লাগিব, আৰু লগতে আনলোককো পৌলৰ বাক্য বিলাক মানি চলিবলৈ আজ্ঞা দিব লাগিব৷

যাতে তেওঁলোক নিন্দিত হব নালাগে

“যাতে কোনেও তেওঁলোকত একো দোষ ধৰিব ধৰিব নোৱাৰে” সম্ভাৱ্য অর্থসমূহ: (১) এই বিধবা বিলাক আৰু তেওঁলোকৰ পৰিয়ালবিলাক (UDB)বা (২)“মণ্ডলীটো”৷ এই বিষয়টো “তেওঁলোকে” বুলি কৈ এৰিলেই অতি উত্তম হব৷

নিজৰ সম্বন্ধীয় বিলাকক যোগান নধৰে

“পৰিয়ালৰ মানুহবিলাকৰ কাৰণে প্ৰয়োজনীয় বস্তু যোগান নধৰে” বা “তেওঁৰ সম্বন্ধীয় বিলাকৰ প্ৰয়োজনত সহায় নকৰে”

তেওঁৰ সম্বন্ধীয় বিলাকৰ কাৰণে

“তেওঁৰ পৰিয়ালৰ সকলো মানুহৰ বাবে” বা “তেওঁৰ ঘৰত নিবাস কৰা সকলোৰে বাবে”

তেওঁ নিজৰ পৰিয়ালৰ লোকবিলাকৰ বাবে

“তেওঁৰ পৰিয়ালৰ বাবে” বা “তেওঁৰ ঘৰত নিবাস কৰা লোকবিলাকৰ বাবে”

তেওঁ বিশ্বাসটো অস্বীকাৰ কৰিলে

“তেওঁ বিশ্বাস অশ্বীকাৰ কৰাজনৰ দৰে কর্ম কৰিলে” বা “আমি বিশ্বাস কৰা সত্যটোৰ বিপৰীতে তেওঁ কর্ম কৰিলে” বা “তেওঁ তেওঁৰ বিশ্বাসক পিঠি দিলে”

(তেওঁ)…বিশ্বাস নকৰা জনতকৈ অধম

“তেওঁ যীচুত বিশ্বাস নকৰা সকলতকৈও অধম” বা “যিবিলাকে যীচুত বিশ্বাস নকৰে তেওঁবিলাতকৈও ভাল…” যীচুত বিশ্বাস নকৰা সকলেও তেওঁলোকৰ পৰিয়াল বিলাকক প্ৰতিপালন কৰে; তেন্তে, তাতোকৈ কিমান অধিকৰূপে বিশ্বাসীসকলে যত্ন লোৱা উচিত৷

1 Timothy 5:9-10

বিধবা বুলি তালিকাভুক্ত কৰা হওক

এনে বোধ হয়, বিধবাবিলাকৰ এখন তালিকা আছিল, লিখিত বা অলিখিত৷ মণ্ডলীয়ে এই তিৰোতা বিলাকৰ থকা মেলা, পিন্ধা উৰা আৰু খোৱা বোৱা আদি প্ৰয়োজনীয় খিনি যোগান ধৰিছিল আৰু এই তিৰোতাবিলাকে তেওঁলোকৰ জীৱন মণ্ডলীৰ পৰিচর্যাত উচ্ছর্গা কৰাতো আশা কৰা হৈছিল৷

যিসকল ৬০ বছৰতকৈ কম বয়সৰ নহয়

যিসকল বিধবাৰ বয়স ৬০ বছৰতকৈ কম, তেওঁলোকে পুনৰ বিবাহ হব পাৰে, কিন্ত মণ্ডলীয়ে ৬০ বছৰতকৈ অধিক বয়সৰ বিধবা সকলকহে প্ৰতিপালন কৰা উচিত৷

এক স্বামীৰ ভার্যা

“যিগৰাকী তিৰোতা স্বামীৰ প্ৰতি বিশ্বাসী আছিল”

তেওঁ নিশ্চিত ভাৱে উত্তম কর্ম কৰোঁতা বুলি জনাজাত হব লাগিব

এইটোৰ পাছত দিয়া খণ্ড বাক্য বিলাক উত্তম কর্মৰ আর্হি হিচাবে দিয়া হৈছে, যিবিলাক কর্ম তিৰোতা গৰাকীয়ে কৰিছে বুলি জানিব লাগিব:

ভৰি ধুৱাইছিল

“সহায় কৰিবলৈ সাধাৰণ কর্ম কৰা৷” বোকা পানীৰ ওপৰেদি খোজ কাঢ়ি অহা মানুহবিলাকৰ মলিয়ণ ভৰি বিলাক ধুউৱা কার্যটো এটা উপমা বা সলোৱা কার্য আৰু এইদৰে মানুহৰ প্ৰয়োজনীয়খিনি পুৰাইছিল আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ জীৱন অধিক উপভোগ্য কৰি তোলা হৈছিল৷ (চাওক: সলোৱা কার্য, উপমা)

সন্ত সকল

“ঈশ্বৰৰ পবিত্ৰ লোকসকল”

সকলো সৎ কর্মৰ অনুশীলন কৰিছে

“সৎ কর্ম কৰোঁতা বুলি জনাজাত”

1 Timothy 5:11-13

কিন্ত যুৱতী বিধবা সকলৰ বিষয়ে হলে, তেওঁলোকক তালিকাত অর্ন্তভুক্তি কৰিবলৈ অমান্তি হবা

“কিন্ত যুৱতী বিধবা বিলাকক তালিকাত অন্তর্ভুক্ত নকৰিবা৷” এই তালিকাখন ৬০ বছৰ বা ওপৰ বয়সৰ বিধবা সকলৰ, যি সকলক মণ্ডলীয়ে সহায় কৰিব৷

খ্ৰীষ্ট বিৰোধী মাংসিক কামনাৰ দ্বাৰা পৰাভুত হোৱা

“তেওঁলোক যৌন সম্বন্ধীয় কামনাৰ বাবে খ্ৰীষ্টৰ পৰা বিভ্ৰান্ত হল” বা “কামাতুৰ ইচ্ছাৰ বাবে আত্মিক অংগীকাৰ ত্যাগ কৰিলে”

তেওঁলোকৰ আগৰ অংগীকাৰ ৰদ কৰিলে

“আগৰ অঙ্গীকাৰ সিহঁতে নাৰাখে” বা “আগতে কৰিম বুলি যি অঙ্গীকাৰ কৰিছিল তাক নকৰে”

অঙ্গীকাৰ

বিধবা বিলাকৰ অঙ্গীকাৰ আছিল তেওঁলোকৰ চর্তটো মানি চলা ৷ এই চর্তৰ মতে যদি মণ্ডলীয়ে তেওঁলোকৰ প্ৰয়োজনীয় সকলো বস্তু যোগান ধৰে, তেন্তে তেওঁলোকে জীৱনৰ বাকীছোৱা সময় মণ্ডলীৰ পৰিচর্যা কৰিব৷

পৰচর্চা কৰা

এওঁলোক সেইবিলাক মানুহ যিবিলাকে আন লোকৰ ব্যক্তিগত জীৱনৰ কথা আন কিছুমানক কয়৷

পৰৰ কামত হস্তক্ষে প কৰা লোক

“আনৰ কথাত মূৰ সুমুওৱা লোক৷” এইবিলাক মানুহে আন লোকৰ জীৱনত হস্তক্ষেহপ কৰে৷

তেওঁলোকে নকব লগীয়া কথা কয়

“এনেবোৰ কথা যিবিলাক উচ্ছাৰণ কৰাও সমীচিন নহয়৷”

1 Timothy 5:14-16

আমাক দোষাৰোপ কৰিবলৈ

“আমাৰ” এই শব্দটো অনুবাদকৰ দ্বাৰা যোগান দিয়া হৈছে৷ এই প্ৰসংগটো, তিৰোতা বিলাকলৈ “সিহঁতক” বুলি ধৰি লব পাৰি৷

চয়তানৰ পাছত গৈ একাষৰীয়া হল

“চয়তানক অনুকৰণ কৰিবলৈ খ্ৰীষ্টৰ পথ এৰিলে”

যিকোনো বিশ্বাসী তিৰোতা

“যিকোনো খ্ৰীষ্টীয়ান তিৰোতা” বা “খ্ৰীষ্টত বিশ্বাস কৰা যিকোনো তিৰোতা”

বিধবাবিলাক আছে

“তেওঁৰ সম্বন্ধীয় বিলাকৰ মাজত বিধবা বিলাক আছে”

প্ৰকৃত বিধবাবিলাক

“সেইবিলাক তিৰোতা, যিসকলৰ প্ৰয়োজনীয় বস্তুসমূহ যোগান দিওঁতা কোনো নাই৷”

1 Timothy 5:17-18

যোগ্য বুলি বিবেচনা কৰা হওক

“তোমালোক সকলো বিশ্বাসীয়েই ভবা উচিত…যোগ্য বুলি”

দুগুণ সমাদৰ

সম্ভাব্য অর্থসমূহ : (১) “দুয়োবিধৰ সন্মান : শ্ৰদ্ধা আৰু মাননি” বা (২) আন লোকে পোৱাতকৈ অধিক সন্মান

যিবিলাকে বাক্যৰ পৰিচর্যা কৰে আৰু শিক্ষা দিয়ে

“যিবিলাকে ঈশ্বৰৰ বাক্য কয় আৰু শিক্ষা দিয়ে”

মুখ বন্ধ কৰা

জন্তৰ নাক মুখ বন্ধ কৰা এডোখৰ কাপোৰ৷ এই “মুখ বন্ধনী” লগালে জন্তটোৱে মুখ মেলিব নোৱাৰে৷

ষাঁড় গৰু

এটা ডাঙৰ, শক্তিশালী জন্ত গৰুৰ দৰে

শস্য গছকে

চপোৱা শস্যৰ ওপৰত খোজ কঢ়া বা এটা গধুৰ বস্তু জোৰেৰে টানি দিয়া ইয়াৰ দ্বাৰা থোৰৰ পৰা বীজখিনি খাবৰ বাবে পৃথক কৰা হয়৷ শস্য মাৰোতে গৰুক কিছু শস্য খবলৈ দিয়া হয়৷

যোগ্য হয়

“পুৰস্কাৰ পোৱা যোগ্য”

1 Timothy 5:19-20

গ্ৰহন কৰা

“মনোযোগ দিয়া” বা “গ্ৰহন কৰা”

দুই বা তিনি

“কমেও দুজন” বা “দুজন বা দুজনতকৈ অধিক”

ভৎসনা কৰা

“গালি পাৰা” বা “সংশোধন কৰা”

সকলোৰে দৃষ্টিত

“সকলোৱে দেখাকৈ”

যাতে অন্য লোকে ভয় কৰিব

“যাতে অন্য লোকে পাপ কৰিবলৈ ভয় কৰিব”

1 Timothy 5:21-22

তুমি

পৌলে এজন ব্যক্তিক সম্বোধন কৰিছে, তেওঁ তীমথিয়, সেইকাৰণে “তুমি” শব্দৰ সকলো ৰূপ আৰু আজ্ঞাবিলাক একবচন হোৱা উচিত৷(চাওক: “তুমি” শব্দৰ ৰূপ”)

পক্ষপাতিত্ব

“আগতীয়াকৈ ৰায় দিয়া” বা “তেওঁলোক প্ৰত্যেতকেই কাহিনীটোৰ নিজৰ নিজৰ কব লগীয়া খিনি মন দি শুনাৰ আগতেই সিদ্ধান্ত লোৱা” তীমথিয়ে প্ৰকৃত ঘটনাটো শুনিব লাগিব আৰু তাৰ পাছতহে বিচাৰৰ ৰায় দিব৷

স্বজনতোষণ

“তুমি ভালপোৱা মানুহবিলাকৰ সপক্ষেি মন ঢাল খোৱা” বা “তোমাৰ বন্ধু বিলাক কোন হয় তাৰ ওপৰত ভিত্তি কৰা” তীমথিয়ই প্ৰকৃত ঘটনাটোৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰিব লাগিব, মানুহৰ মুখলৈ চাই নহয় বা কোন মানুহ ইয়াত জড়িত আছে তালৈ চাই নহয়৷

হাত দিয়া/থোৱা

এইটো এটা উৎসৱ আছিল যত এজন বা তাতোকৈ অধিক মণ্ডলীৰ নেতাই আক্ষৰিক ভাৱে তেওঁলোকৰ হাত বিলাক মানুহৰ ওপৰত থৈছিল আৰু প্ৰার্থনা কৰিছিল যেন সেই মানুহবিলাকে মণ্ডলীক, ঈশ্বৰে সন্তষ্ট পোৱাৰ দৰেই পৰিচর্যা কৰিবলৈ ঈশ্বৰে সমর্থবান কৰিব৷ ব্যক্তি জনে সৎ চৰিত্ৰ প্ৰদর্শন নকৰে মানে বিভাগীয় ভাবে সেই ব্যক্তিজনক এই উৎসৱত পৰিচর্যাৰ বাবে পৃথক কৰাৰ আগতে তীমথিয়ই দীঘলীয়া সময় বাট চাব লগীয়া হৈছিল৷

অন্য লোকৰ পাপৰ অংশীদাৰ নহবা

“আন এজন ব্যক্তিৰ পাপত সংযুক্ত নহবা” সম্ভাব্য অর্থসমূহ : (১) তীমথিয়ই যদি পাপ কৰি অপৰাধী হোৱা কোনোজনক মণ্ডলীৰ কর্মচাৰী হিচাবে নির্বাচন কৰে, ঈশ্বৰে তীমথিয়ক সেই ব্যক্তিজনৰ পাপৰ বাবে দায়বদ্ধ কৰিব, বা (২) তীমথিয়ই, অন্য লোকে কৰাৰ দৰে, পাপ কৰা উচিত নহয়৷

1 Timothy 5:23-25

(এইটো স্পষ্ট নহয় কেনেকৈ ২৩ পদটো, ২২ আৰু ২৪

২৫ পদৰ লগত খাপ খায়৷ এইটোও হব পাৰে পৌলে পাহৰি যোৱাৰ আগতে এইটো কব বিচাৰিছিল যিটো ইয়াৰ লগত সম্বন্ধ নাই৷ যদি কিবা সম্বন্ধ আছে, এইটো হয়টো কথা কোৱাৰ ধৰণ হব পাৰে যে “শুচি” ৰ দ্বাৰা, আগৰ পদত, পৌলে আচৰণৰ বিষয়ে কৈছে, খাদ্যৰ বিষয়ে কোৱা নাই৷

তুমি এতিয়াৰ পৰা আৰু পানী নাখাবা

বা “তুমি পানী পিওঁতা হবলৈ বন্ধ কৰা,” যিজনে কেৱল পানীহে খায় (UDB)৷ পৌলে পানী খাবলৈ নিষেধ কৰা নাই৷ তেওঁ পৰামর্শ দিছে যে তীমথিয়ে সুৰা, দৰৱৰ দৰে ব্যৱহাৰ কৰা উচিত৷

(২৪ পদত পৌলে পুনৰ আৰম্ভ কৰি কৈছে, যিটো তেওঁ ২২ পদত কৈছিল৷ বিবেচনা নকৰাকৈ যাৰ ওপৰত হাত দিয়া হয়, তেওঁলোকে কৰা পাপৰ দ্বাৰাই কিছুমান মানুহে পাপ কৰাৰ সম্ভাৱনা থাকে৷(২২ পদ)

সিবিলাক তেওঁলোকৰ আগে আগে ঈশ্বৰৰ বিচাৰলৈ যায়

“সেই লোক বিলাকৰ আগে আগে, তেওঁলোকৰ পাপবোৰ ঈশ্বৰৰ বিচাৰলৈ যায়” সম্ভাব্য অর্থসমূহ : (১) আনকি সেই ব্যক্তিজন নেতা হোৱা উচিত নে অনুচিত মণ্ডলীয়ে তাক বিচাৰ কৰাৰ আগতেই তেওঁলোকৰ পাপবোৰেই ব্যক্তিজন কেনেকুৱা তাক দেখুৱাই দিয়ে বা (২) সেই ব্যক্তিজন দোষী হয় নে নহয় মণ্ডলীয়ে তাক বিচাৰ কৰাৰ আগতেই তেওঁলোকৰ পাপবোৰেই ব্যক্তিজন কেনেকুৱা তাক দেখুৱাই দিয়ে, বা (৩) সিহঁতৰ পাপবোৰ স্পষ্ট আৰু ঈশ্বৰে সিহঁতক এতিয়া বিচাৰ কৰিব৷

কিছুমান পাছত অনুসৰণ কৰে

“কিন্ত কিছুমান পাপে পাছত সেই মানুহবিলাকক অনুসৰণ কৰে৷ সম্ভাব্য অর্থসমূহ : (১) তীমথিয়ে কিছুমান পাপৰ বিষয়ে, সেই সময় নহা লৈকে জানিব নোৱাৰিব, বা (২) মণ্ডলীয়ে কিছুমান পাপৰ বিষয়ে সেই সময় নহা লৈকে নাজানিব, বা (৩) ঈশ্বৰে কিছুমান পাপ অন্তিম বিচাৰৰ দিন নাহে মানে বিচাৰ নকৰিব৷

আনকি আন বিলাকো লুকুৱাই ৰাখিব নোৱাৰিব

“আন আন সৎ কর্ম সমূহো ভৱিষ্যতত জানিব পৰা হব৷”

1 Timothy 6

1 Timothy 6:1-2

যুঁৱলীৰ অধীনত

এইটো উপমা হিচাবে অনুবাদ কৰিব পাৰি যিটোৱে এটা ভৃত্যাক বলদ গৰুৰ বা আন শক্তিশালী জন্তৰ কান্ধত এডাল কাঠৰ দণ্ড নাঙল টানিবৰ বাবে বান্ধি দিয়া এটা দৃশ্য৷ এইটোও ভৃত্য বিলাকৰ বাবে এটা বিকল্প, যদি উপমাটো অন্তর্ভূক্তি কৰাটো অতি কষ্টকৰ, ইয়াক বাদ দিব পাৰিব৷ (চাওক: উপমা, বিকল্প) UDB ত দিয়া দৰে এইটোও খ্ৰীষ্টীয়ান হোৱাৰ কাৰণে উপমা হিচাবে অনুবাদ কৰিব পাৰি৷

নিন্দিত হব

“মণ্ডলীৰ বাহিৰত থকা লোকৰ, ঈশ্বৰৰ বিষয়ে আৰু ঈশ্বৰৰ বার্তাটোৰ বিষয়ে কব লগীয়া বেয়া কথা আছে”

যিবিলাক ভৃত্যৰ বিশ্বাস কৰা মালিক আছে, তেওঁলোকে (মালিক বিলাকক) অসন্মান কৰা উচিত নহয়, কাৰণ তেওঁলোক ভাই ভাই

“যিহেতু তেওঁলোকৰ বিশ্বাস কৰা মালিক বিলাক ভাই ভাই, সেইকাৰণে, ভৃত্য বিলাকে, বিশ্বাস কৰা মালিক বিলাকক অসন্মান কৰা উচিত নহয়৷”

সিহঁতে তেওঁলোকৰ পৰিচর্যা কৰক

“বিশ্বাস কৰা মালিক থকা ভৃত্য সকলে, মালিক বিলাকৰ পৰিচর্যা কৰা উচিত”

1 Timothy 6:3-5

কোনোৱে যদি শিক্ষা দিয়ে

“যিকোনো এজনে যিজনে শিক্ষা দিয়ে” বা “যিসকলে শিক্ষা দিয়ে৷” পৌলে ধৰি লৈছে যে লোকবিলাকে প্ৰকৃততে বেলেগ বেলেগ শিক্ষা দিছে; এইটো কল্পনা প্ৰসুত ঘটনা নহয়৷(চাওক: কল্পনা প্ৰসুত পৰিস্থিতি)

কোনোবাই…তেওঁ …তেওঁ

UDB এ বহুবচন ব্যৱহাৰ কৰিছে “কিছুমান লোক”…এনেবোৰ লোক…সিহঁতে” ইয়াৰ দ্বাৰা কব বিচাৰিছে যে “কোনোবাই” যিজনে “শিক্ষা দিয়ে” তেওঁ পুৰুষ হব পাৰে নাইবা মহিলাও হব পাৰে, এজন ব্যক্তি বা অনেক লোকো হব পাৰে৷ এই সকলো অর্থ প্ৰকাশ কৰিবলৈ, আপোনাৰ ভাষাত ৰূপটো ব্যৱহাৰ কৰক৷

তেওঁ যুক্তি তর্কত ৰুগ্ম

“তেওঁ কেবল যুক্তি তর্কহে বিচাৰে” বা “সিহঁতে যুক্তি তর্ক হাবিয়াহ কৰে” এনে লোকে যুক্তিৰ খাতিৰত যুক্তি তর্ক কৰিবলৈ বৰ ইচ্ছা কৰে, আৰু প্ৰকৃততে কোনো এক সিদ্ধান্তত আহিবলৈ নিবিচাৰে৷

বাক্য যুদ্ধ

“বাক্য সমূহে কি বুজাইছে তাৰ ওপৰত যুক্তি তর্ক” বা “যি বাক্য সমূহে কাজিয়া কৰায়” বা “যিবিলাক বাক্যই আন লোকক আঘাট কৰে”

হিংসা

“আন লোকৰ যি আছে, তাক পাবলৈ হাবিয়াহ কৰা”

দ্বন্দ্ব

“বিশ্বাসীসকলৰ মাজত যুক্তি তর্ক”

অপমান

“লোকবিলাকে মিছাকৈয়ে ইজনে সিজনক বেয়া কথা কোৱা”

অশুভ সন্দেহ

এইটোৱে কয় যে যিকোনোৱে তেওঁলোকৰ লগত সন্মত নহয়, তেওঁলোকে অশুভ কর্ম কৰিবলৈ চেষ্টা কৰিছে৷

বিবাদ সমূহ

“দ্বন্দ্ব কাজিয়া যিবিলাক বহুত দিনলৈকে টিকি থাকে”

ক্ষয় প্ৰাপ্ত মন

“যিবিলাক মন বেয়া চিন্তা ভাৱনাৰ দ্বাৰা নষ্ট হল”

1 Timothy 6:6-8

বৰ লাভজনক

“বহুত উপকাৰ যোগান ধৰে” বা “আমাৰ বাবে অনেক ভাল কাম কৰে”

এই জগতলৈ একোকে অনা নাছিলো

“আমি যেতিয়া জন্ম হলো, লগত একোকেই অনা নাছিলো”

নাইবা একো বস্তুৱেই লগত লৈ যাবলৈ সমর্থবান নহও

“আৰু আমি যেতিয়া মৰিম, এই জগতৰ পৰা একোৱেই লগত লৈ যাব নোৱাৰো”

আহা আমি

“আমি উচিত”

1 Timothy 6:9-10

তললৈ পৰে

এইটো এটা উপমা জীৱনৰ বা মানসিক প্ৰক্ৰিয়াৰ নিয়ন্ত্ৰণ হেৰোৱাই পেলোৱা৷ (চাওক: উপমা)

প্ৰলোভনত পৰে

“সিহঁতে প্ৰতিৰোধ কৰিব পৰাতকৈও অধিক প্ৰলোভনৰ সন্মূখীন হোৱা”

পৰে…ফান্দত

“ফান্দত ধৰা হয়৷” এইটো এটা উপমা নিজৰ উপকাৰৰ নিমিত্তে কার্য কৰিবলৈ অসমর্থ আৰু যিবিলাকে অনিষ্ট কৰিবলৈ বিচাৰে তেওঁলোকৰ বিৰুদ্ধে অসহায় হোৱা অর্থত ইয়াক ব্যৱহাৰ কৰা হয়৷ (চাওক: উপমা)

পৰে…অনেক নির্ব্বোইধ আৰু অনিষ্টকাৰী আসক্তিত

“নির্বোধ আৰু অনিষ্টকাৰী কর্ম কৰিবলৈ থকা ইচ্ছাৰ দ্বাৰা নিয়ন্ত্ৰিত”

লোকবিলাকক ডুবাই দিয়া

“লোকবিলাকক তললৈ টানি নিয়া”

ধন লোভেই সকলো মন্দৰ মূল

কিয়নো ধনত আসক্ত হোৱাটোৱেই সকলো মন্দৰ কাৰণ

সিহঁতে নিজকে শালিলে…যাতনাৰে

এই উপমাটোৱে যাতনাক এখন জোঙা কটাৰীৰ লগত তুলনা কৰিছে৷ বা এখন ডেগাৰ বা যাঠিৰে যেনেকৈ নিজৰ শৰীৰটোত আঘাট কৰিবলৈ ব্যৱহাৰ কৰে৷

যিজনে এইটো ইচ্ছা কৰে

“যিজনে ধনত আসক্ত হয়”

(তেওঁলোক) বিশ্বাসটোৰ পৰা আতঁৰি গল

“সত্যৰ পথটো এৰিলে” বা “সত্যটোক বিশ্বাস কৰিবলৈ বন্ধ কৰিলে”

1 Timothy 6:11-12

ঈশ্বৰৰ মানুহ

“ঈশ্বৰৰ সেৱক” বা “যিজন ব্যক্তিৰ গৰাকী ঈশ্বৰ”

এইবোৰৰ পৰা পলোৱা

“এইবোৰক, তোমাক অনিষ্ট কৰিব বিচৰা প্ৰাণী বুলি গণ্য কৰা৷” (চাওক:উপমা) সম্ভাব্য অর্থসমূহ: (১) “টকাৰ প্ৰতি আসক্তি” (UDB); (২) বেলেগ বেলেগ শিক্ষাবোৰ, অহংকাৰ আৰু যুক্তি তর্ক ৬:৩ ৪ পদত, আৰু ধনত আসক্তি”

খেদি যোৱা

“পিছে পিছে দৌৰা” বা “চিকাৰ কৰা” বা “তোমাৰ সাধ্য মানে কর্ম কৰা”

উত্তম যুদ্ধখন যুঁজা

…ধৰি ৰাখা…জীৱন কিছুমানে এই বাক্যাংশ খেল ধেমালি প্ৰতিযোগিতাৰ উপমা হিচাবে বুজে, যত বিজয়ী জনে পুৰস্কাৰটো পাবলৈ সক্ষম হয় (চাওক: উপমা)৷

ধৰি ৰাখা… জীৱন

কিছুমানে এই উপমাটো “উত্তম যুদ্ধ খন যুঁজা” এই কথাটোকে আন প্ৰকাৰে কোৱা বুলি বুজে: “আর্জন কৰিবলৈ তুমি সকলো কৰা…জীৱন” (চাওক: উপমা)

সাক্ষী দিলে

“সাক্ষ্য দিলে” বা “দৃঢ়ভাৱে সমর্থন কৰিলে”

আগত…

“উপস্থিতিত”

যি ভাল

“আপুনি যি বিশ্বাস কৰে সেই বিষয়ে”

1 Timothy 6:13-14

নিন্দাৰ ওপৰত

সম্ভাব্য অর্থসমূহ :(১) ঈশ্বৰে তীমথিয়ক দোষী সাব্যস্ত নকৰিব৷ (চাওক: UDB) বা (২) আন লোকে তীমথিয়ৰ গাত কোনো দোষ নেদেখিব৷

আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আর্বিভাৱ

“আমাৰ প্ৰভু যীচু খ্ৰীষ্ট আকৌ নাহে মানে”

ঈশ্বৰৰ আগত

“ঈশ্বৰৰ উপস্থিতিত” বা “ঈশ্বৰ সাক্ষী”

খ্ৰীষ্টৰ আগত

“খ্ৰীষ্টৰ উপস্থিতিত” বা “খ্ৰীষ্ট সাক্ষী”

পণ্টিয়াচ পীলাতৰ আগত

“পণ্টিয়াচ পীলাতৰ উপস্থিতিত থিয়হৈ থাকোতে”

1 Timothy 6:15-16

সঠিক সময়ত

“উপযুক্ত সময়ত” (UDB)

নির্দ্ধাৰণ কৰিলে

“ধার্য্য কৰিলে” বা “নির্বাচিত কৰিলে”

ধন্যজন

“যিজনৰ নিজতেই সকলো আর্শীবাদসমূহ আছে” বা “যিজন ঈশ্বৰে সকলো আর্শীবাদ দিয়ে” এইটোৱে পিতৃ ঈশ্বৰক বুজায় যিজনে যীচুক প্ৰকাশিত হবলৈ দিয়ে৷

1 Timothy 6:17-19

ধন সম্পত্তিত নিশ্চয়তা নাই

“অনেক বস্তুৰ গৰাকী হলেও সেই সকলো হেৰাই যাব পাৰে” প্ৰসংগটো হৈছে পার্থিব বস্তুৰ সম্পর্কে৷

প্ৰকৃত ধন

সম্পত্তি “যিবিলাক বস্তুৱে আমাক প্ৰকৃততে সুখী কৰিব” এই প্ৰসংগটো পার্থিব বস্তুও অন্তর্ভূক্তি হব পাৰে, কিন্ত অধিক সম্ভাৱণা থকা মতে ই ভালপোৱা, আনন্দ আৰু শান্তিৰ কথাকেহে বুজাইছে যিবিলাকক, মানুহে পার্থিব বস্তুৰ জড়িয়তে, আহৰণ কৰিবলৈ চেষ্টা কৰে৷

সৎ কর্ম্মত ধনী হোৱা

“পার্থিব ধন সম্পত্তি বিচৰা দৰে সৎ কর্ম্ম কৰিবলৈ সুযোগ বিচাৰি থাকা” বা “পার্থিব ধন সম্পত্তিত যিদৰে আনন্দ উপভোগ কৰা, সেইদৰে সৎকর্ম্ম কৰি আনন্দ উপভোগ কৰা৷”

ভেঁটি

সাজিবলৈ লোৱা ঘৰটোৰ প্ৰথম অংশ৷ এইটো এটা উপমা “প্ৰকৃত ধন সম্পত্তি” বিলাকৰ প্ৰথমটো, আৰু “প্ৰকৃত জীৱন”ৰ আৰম্ভণ ঈশ্বৰে তেওঁৰ লোকবিলাকক অনন্তকালত দিব৷ (চাওক: উপমা)

প্ৰকৃত জীৱনটো ধৰি ৰাখা

এইটোৱে খেলধেমালিৰ উপমাটো সোঁৱৰণ কৰাই দিছে (উপমা: অলংকাৰ)

1 Timothy 6:20-21

পৰিহাৰ কৰা…প্ৰতিবাদমূলক যুক্তি তর্ক

“যিবিলাক মানুহে, তুমি যি কোৱা তাৰ বিৰুদ্ধে তর্ক কৰে, তেনে মানুহৰ পৰা আতঁৰি থাকা৷”

তোমালোক সকলোৰে ওপৰত অনুগ্ৰহ থাকক

“মই প্ৰার্থনা কৰিছো তাত থকা তোমালোক সকলোকে তেওঁ দয়া প্ৰদর্শন কৰক৷”