Assamese: translationNotes

Updated ? hours ago # views See on DCS Draft Material

Jude

Jude 1

Jude 1:1-2

যিহূদা, এজন দাস

যিহূদা যাকোবৰ ভাই৷ সলনি অনুবাদ: “মই যিহূদা, এজন দাস” (চাওক : অনুবাদ নামবোৰ)

আৰু যাকোবৰ ভাই

যাকুব আৰু যিহূদা যীচুৰ সতীয়া ভাই ৷

পিতৃ ঈশ্বৰত প্ৰিয় সকল

“পিতৃ ঈশ্বৰে তোমালোকক ভাল পায়”

আৰু যীচু খ্ৰীষ্টৰ কাৰণে ৰাখিলে

“আৰু এতিয়া ৰক্ষা কৰিলে যাতে তেওঁলোকে যীচু খ্ৰীষ্টত বিশ্বাস কৰে”

তোমালোকলৈ দয়া হওক আৰু শান্তি আৰু ভালপোৱা বৃদ্ধি পাওক

“তোমালোক” শব্দটোৱে এই চিঠিখন পাবলগীয়া সকলো খ্ৰীষ্টীয়ানলৈকে বুজাইছে৷ সলনি অনুবাদ: “দয়া, শান্তি আৰু ভাল পোৱা বহুগুণে তোমালোকলৈ বৃদ্ধি পাওক” (চাওক: “তুমি” ৰ ৰূপ)

Jude 1:3-4

মই তোমালোকলৈ লিখিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰি আছিলো৷

“মই তোমালোকলৈ লিখিবলৈ বৰ আগ্ৰহাম্বিত হৈ আছিলো” (চাওক : “তুমি” শব্দৰ ৰূপ)

আমাৰ উমৈহতীয়া পৰিত্ৰাণ

“আমি একে পৰিত্ৰাণৰভাগী” (চাওক: অন্তর্ভূক্তি)

মই লিখিব লগীয়া হল

“মই লিখিবলৈ ডাঙৰ বৰ প্ৰয়োজন অনুভৱ কৰিলো” বা “মই লিখিবলৈ জৰুৰী অনুভৱ কৰিলো”

বিশ্বাসৰ নিমিত্তে আগ্ৰহেৰে যুজঁ দিবলৈ তোমালোকক উদগণি দিবৰ বাবে

“প্ৰকৃত শিক্ষাটো ৰক্ষাৰ অর্থে তোমালোকক উৎসাহিত কৰিবলৈ”

হস্তান্তৰ কৰিলে

“ঈশ্বৰে এই প্ৰকৃত শিক্ষাটো দিলে”

কিয়নো কিছুমান মানুহ গোপনে আহিল

“কিয়নো কিছুমান মানুহ বিশ্বাসীসকলৰ মাজলৈ নিজকে আনৰ চকুত ধৰা নিদিয়াকৈ আহিল৷”

যাৰ দণ্ড বহুত দিনৰ আগতেই লিখা হল

“বহুত দিনৰ আগতেই এই মানুহবিলাকক দণ্ড দিয়া হব বুলি লিখা হল৷”

যিবিলাকে আমাৰ ঈশ্বৰৰ অনুগ্ৰহক লম্পটতালৈ সলনি কৰে

“যিবিলাকে শিকায় যে ঈশ্বৰৰ অনুগ্ৰহে যৌন সম্বন্ধীয় পাপত লিপ্ত থাকি জীৱন নিবাস কৰিবলৈ অনুমতি দিয়ে৷”

যিবিলাকে আমাৰ একমাত্ৰ প্ৰভু আৰু গৰাকী, যীচু খ্ৰীষ্টক অস্বীকাৰ কৰে

এই মানুহবিলাকে শিকায় যে যীচু খ্ৰীষ্ট সত্য নহয় বা ঈশ্বৰলৈ তেঁৱেই এক মাত্ৰ পথ নহয়৷

অস্বীকাৰ কৰা

কিবা বস্তু বা বিষয়ক সত্য নহয় বুলি কোৱা৷

Jude 1:5-6

মই তোমালোকক মনত পেলাই দিবলৈ ইচ্ছা কৰো

“মই তোমালোকক মনত পেলাই দিবলৈ বিচাৰো”

তোমালোকে প্ৰতিটো বিষয়ে জানা

যিহূদাই প্ৰধানকৈ মোচিৰ লিখনি বিলাকক বুজাইছে যিবিলাক তেওঁলোকক শিকোৱা হল৷ সলনি অনুবাদ: “তোমালোকে মোচিৰ লিখনি বিলাক জানা৷” (চাওক : স্পষ্ট আৰু ইংগিত বহন কৰে)

প্ৰভুৱে এবাৰ মিচৰ দেশৰ পৰা এটা জাতিক উদ্ধাৰ কৰিলে

“প্ৰভুৱে ইস্ৰায়েলিসকলক বহুত দিনৰ আগতে মিচৰ দেশৰ পৰা উদ্ধাৰ কৰিলে৷”

কিন্ত পিছত

“পৰৱর্তী সময়ত” বা “কিছুমান ঘটনা ঘটি যোৱাৰ পিছত”

….সিহঁতৰ নিজৰ আধিপত্য

যিবিলাক স্বর্গদূতে তেওঁলোকৰ ওপৰত ন্যস্ত কৰা কর্তৃত্ব বা দায়িত্ব সমূহ ৰক্ষা নকৰিলে৷

সিহঁতে নিজৰ সঠিক বাসস্থান এৰিলে

“সিহঁতে সিহঁতলৈ নিদিষ্ট কৰি দিয়া স্থান সমূহ ত্যাগ কৰিলে৷”

ঈশ্বৰে সিহঁতক অনন্ত কলীয়া বন্ধনত আন্ধাৰত ৰাখিলে

“ঈশ্বৰে এই স্বর্গদূত বোৰক এন্ধাৰত কাৰাদণ্ড দিলে”

…মহৎ দিন

অন্তিম দিনটো যিদিনা ঈশ্বৰে সকলো মানুহকে বিচাৰ কৰিব৷

Jude 1:7-8

ঠিক এইদৰে

স্বর্গদূত বিলাকে, চদোম আৰু গোমোৰাৰ মানুহবিলাকলৈ, সিহঁতক নির্দিষ্ট কৰি দিয়া কাম কেনেকৈ পৰিত্যাগ কৰিলে তাৰ লগত এইটো তুলনা কৰিছে৷

আৰু সিহঁতৰ চাৰিওফালে থকা নগৰ বিলাক

“আৰু সিহঁতৰ ওচৰৰ আন নগৰ বিলাক”

একেদৰে সিহঁতে নিজকে অর্পন কৰিলে

চদোম আৰু গোমোৰাই যৌন সম্বন্ধীয় ব্যাভিচাৰমূলক কার্যত নিজকে সমর্পণ কৰিলে, যিদৰে স্বর্গদূত বিলাকে বেয়া অনুসৰণ কৰিবলৈ নিজকে সমর্পণ কৰিলে৷

অবিবাহিত স্ত্ৰী

পুৰুষ অথবা বিবাহিত অবিবাহিতৰ মাজত যৌন সম্পর্ক কৰিবলৈ আৰু অস্বাভাৱিক কামনাৰ পিছ ললে মানুহবিলাকে বিয়া নোহোৱাকৈয়ে যৌন সঙ্গম কৰিছিল৷ তদুপৰি পুৰুষে সৈতে পুৰুষে আৰু তিৰোতাই সৈতে তিৰোতাই যৌন সঙ্গমত লিপ্ত আছিল৷

সিহঁতক দিয়া হল

“চদোম আৰু গোমোৰাৰ মানুহবিলাকক দিয়া হল”

অনন্ত জুইৰ শাস্তি ভোগ কৰা সকলক আর্হি স্বৰূপে

চদোম আৰু গোমোৰাৰ মানুহবিলাকৰ বিনাশ, ঈশ্বৰক প্ৰত্যাখান কৰোতা সকলোৰে বাবে আর্হি হল৷

এইবিলাকে কলুষিত ও কৰে

“এইবিলাক” শব্দটোৱে ঈশ্বৰক প্ৰত্যাখান কৰা মানুহবিলাকক বুজাইছে যিবিলাকে তেওঁলোকৰ শৰীৰক যৌন সম্বন্ধীয় ব্যাভিচাৰেৰে কলুষিত কৰে, ঠিক যিদৰে এটা নিজৰাত পেলনীয়া আৱর্জনাই খোৱা পানী দূষিত কৰে৷

গৌৰৱৰ অধিকাৰীসকল

“ঈশ্বৰৰ বিস্ময়কৰ স্বর্গদূত বিলাকৰ বিষয়ে”৷

Jude 1:9-11

শৰীৰটোৰ বিষয়ে বাদানুবাদ কৰিলে

শৰীৰটোৰ অধিকাৰ কোনে লব এই লৈ সিহঁতে বাদানুবাদ কৰিছিল৷ সলনি অনুবাদ: “শৰীৰটোৰ অধিকাৰ কোনে লব এই বিষয়ে বাদানুবাদ কৰিলে৷” (চাওক:স্পষ্ট আৰু ইংগিত বহন কৰে)

(মীখায়েলে) তেওঁৰ বিৰুদ্ধে আনিবলৈ সাহস নকৰিলে

মীখায়েলে চয়তানক ভৎসনা কৰাৰ পৰা বিৰত থাকিল৷ সলনি অনুবাদ : “তেওঁ ৰাখিলে”

নিন্দাযুক্ত বা অবমাননাসূচক বাক্য

“উগ্ৰ সমালোচনা বা অসন্মানজনক বাক্য”

কিন্ত এই লোকবিলাকে

“এই লোকবিলাকে” অর্থাৎ আগতে উল্লেখ কৰা অধার্মিক লোকবিলাক৷

তেওঁলোকে নুবুজা সকলো কথাকে অবমাননা কৰে

“তেওঁলোকে ভাৱার্থ বুজি নোপোৱা প্ৰতিটো বিষয়ৰ বিৰুদ্ধে অ সন্মান জনক কথা কয়”

কয়িনৰ পথটো

কয়িনে তেওঁৰ ভায়েক হেবলক হত্যা কৰিলে৷

মজুৰিৰ বাবে বিলিয়মৰ ভুল

বিলিয়মে ধনৰ বাবে ভৱিষ্যদ্বাণী কৰিব বিচাৰিছিল৷

কোৰহৰ বিদ্ৰোহ

কোৰহে মোচিৰ নেতৃত্বৰ আৰু হাৰোণৰ পৌৰাহিত্যৰ বিৰুদ্ধে মাত মাতিছিল৷

Jude 1:12-13

যিহূদাই এলানি উপমা অলংকাৰে পুনৰ আৰম্ভ কৰিছে

এই বিলাকেই সেইসকল

“এইবিলাক” শব্দটোৱে অধার্মিক মানুহবিলাকৰ কথা বুজাইছে৷

যিবিলাক লুকাই থকা পানীৰ তলৰ শিল

পানীৰ তলত থকা শিলে জাহাজ ডুবাই দিব পাৰে, সেইদৰে এই লোকবিলাকো বিশ্বাসীসকলৰ বাবে এক বিপদ৷ সলনি অনুবাদ: “যিসকল পানীৰ তলত লুকাই থকা বিপদজনক শিলৰ নিচিনা৷” (চাওক: উপমা অলংকাৰ)

তোমালোকৰ প্ৰীতি

ভোজবোৰত, তেওঁলোকে তোমালোকৰ লগত যেতিয়া আনন্দ উৎসৱ কৰে “তোমালোকৰ প্ৰীতি ভোজত যেতিয়া তেওঁলোকে তোমালোকৰ সৈতে খায়”

পানী নথকা মেঘ

বাগিচাত পানী যোগান নধৰা মেঘৰ নিচিনাকৈ, এই লোকবিলাকে বিশ্বাসী সকলৰ কাৰণে যত্ন নলয়৷ (চাওক: উপমা অলংকাৰ)

ফলহীন শৰৎকালৰ গছবোৰ

যেনেকৈ গ্ৰীস্ম কালৰ শেষত কিছুমান গছে ফল উৎপন্ন নকৰে, সেইদৰে এই অধার্মিক লোকবিলাকৰ বিশ্বাস আৰু ধার্মিকতাৰ কর্ম নাই৷ (চাওক: উপমা অলংকাৰ)

ফলহীন, দুবাৰ মৰা

বৰফৰ দ্বাৰা আবৃত দুবাৰকৈ মৰা গছবোৰে যেনেকৈ ফল নিদিয়ে, সেইদৰে অধার্মিক মানুহবিলাকৰ মূল্য নাই আৰু তেওঁলোকৰ আত্মিক জীৱন নাই৷(চাওক: উপমা অলংকাৰ)

শিপাই সৈতে বিচ্ছিন্ন হোৱা

মাটিৰ পৰা সম্পূর্ণ ৰূপে শিপাই সৈতে উভালি পোলোৱা গছবোৰৰ দৰে, অধার্মিক লোক বিলাকক, জীৱনৰ উৎস, ঈশ্বৰৰ পৰা বিচ্ছিন্ন কৰা হল৷ (চাওক: উপমা অলংকাৰ)

সাগৰৰ প্ৰচণ্ড ঢৌ

যেনেকৈ সাগৰৰ ঢৌবোৰ শক্তিশালি বতাহৰ দ্বাৰা উৰাই নিয়ে, তেনেকৈ অধার্মিক লোক বিলাকৰ বিশ্বাসৰ ভেঁটি নাছিল আৰু সহজে অনেক দিশত গতি কৰিছিল৷ (চাওক: উপমা অলংকাৰ)

সিহঁতৰ নিজৰ লাজৰ ফেন

যেনেকৈ বতাহে প্ৰচণ্ড ঢৌবোৰেৰে লেতেৰা ফেন আলোড়িত কৰে সেইদৰে এই মানুহবিলাকে সিহঁতৰ প্ৰৱঞ্চণামূলক উপদেশ আৰু কার্যবোৰৰ জড়িয়তে নিজকে লজ্জিত কৰে৷ সলনি অনুবাদ: ঠিক যিদৰে ঢৌবোৰে ফেন আৰু ময়লা কঢ়িয়াই আনে, এই মানুহবিলাকেও সিহঁতৰ লাজ লগা কর্মই আন লোকক কলুষিত কৰে৷ (চাওক: উপমা অলংকাৰ)

উদ্দেশ্যহীন ভ্ৰমণকাৰী তৰাবোৰ যাৰ কাৰণে ঘোৰ অন্ধকাৰ চিৰ কাললৈ ৰাখি থোৱা হৈছে

ঠিক যেনেকৈ কিছুমান তৰাই এঠাইৰ পৰা আন ঠাইলৈ লক্ষ্যহীন ভাৱে গতি কৰাত, এই তৰাবোৰ জাহাজৰ গতিপথ নিয়ন্ত্ৰণৰ কার্যত নির্ভৰযোগ্য নহয়, সেইকাৰণে তোমালোকেও এই লোক বিলাকক অনুসৰণ কৰা উচিত নহয়৷ (চাওক: উপমা অলংকাৰ)

Jude 1:14-16

যিহূদাই অধার্মিক লোকবিলাকৰ বিৰুদ্ধে পুনৰ কবলৈ আৰম্ভ কৰিছে

এই লোকবিলাক …সিহঁতৰ কর্ম…সিহঁতৰ আছে এই শব্দ বিলাকে অধার্মিক লোকবিলাকক বুজাইছে

আদমৰ পৰা সপ্তম

আদমৰ পৰা সপ্তম পুৰুষ৷ কিছুমান অনুবাদত কব বিচাৰে যদিহে আদমক “এক পুৰুষ” হিচাবে ধৰিলোৱা হয়, তেন্তে, ষষ্ঠ পুৰুষ হব৷

চোৱা, প্ৰভু… “মনোযোগ দিয়া, প্ৰভু…”, বা “মন কৰা, প্ৰভু…”

সকলো টান কথাবোৰ

“সকলো কটু কথাবোৰ”

ভোৰভোৰাওঁতা, অভিযোগকাৰী

যি লোকবিলাকৰ অবাধ্য হৃদয় আছে, আৰু শুদ্ধ কামটো কৰিবলৈ সদায় বিৰোধ কৰে৷ ভোৰভোৰাওঁতা সকলে ইয়াক নীৰৱে কৰাৰ প্ৰৱনতা থাকে, অভিযোগকাৰীসকলে ইয়াক অধিক মুকলিকৈ কৰে৷

ওফাই দাংমৰা অহংকাৰীসকলে

যিসকলে, অইন লোকৰ আগত নিজকে নিজে প্ৰশংসা কৰে৷

Jude 1:17-19

তেওঁলোকে তোমালোকক কৈছিল

“পাচনিবিলাকে তোমালোকক কৈছিল”

সিহঁতৰ…পাবলৈ আশা কৰে…এইবিলাকে তেওঁলোক

যিহূদাই ভেঙুচালী কৰোতা সকলৰ কথা কৈছে৷

এওঁলোকেই বিভাজন আনোতা সকল

ভেঙুচালি কৰোতা সকলে বিশ্বাসীবিলাকৰ মাজত বিবাদ জন্মায়

সিহঁত ইন্দ্ৰিয়াসক্ত

“ভেঙুচালী কৰোতাসকলে যৌন সম্বন্ধীয় পাপৰ পিছে পিছে খেদি যায়”

Jude 1:20-21

তোমালোকে নিজকে ধীৰে ধীৰে গঢ়ি তোলোতে

তোমালোকে শাৰীৰিক ভাৱে বৃদ্ধি আৰু স্বাস্থ্যবন্ত হোৱাৰ লগে লগে, তোমালোকৰ মনোভাৱ আৰু আত্মা ঐশ্বৰিক জ্ঞানত শক্তিমন্ত আৰু বৃদ্ধি পাওক৷

প্ৰত্যাশা কৰা…

“আগ্ৰহেৰে আশা পালি থাকা…”

Jude 1:22-23

সন্দেহযুক্ত কিছুমান মানুহ

“কিছুমান মানুহ যিসকলে এতিয়াও ঈশ্বৰ যে ঈশ্বৰ হয় তাক বিশ্বাস নকৰে”

জুইৰ পৰা থাপ মাৰি উলিয়াই আনা

“যাতে তেওঁলোক অগ্নিৰ সৰোবৰত নাযাব”

আৰু কিছুমানক ভয়েৰে দয়া কৰা

“অইনৰ প্ৰতি দয়ালু হোৱা কিন্ত তেওেঁলাকে পাপ কৰা নিচিনাকৈ, পাপ নকৰিবা পাপ কৰিবলৈ ভয় কৰিবা”

যেনেকৈ তোমালোকে, আনকি মাংসৰ দ্বাৰা কলংকিত পোচাকো ঘিন কৰা

“আনকি সিহঁতৰ সাজ পোচাক ঘিন কৰা, কিয়নো সেইবিলাক পাপৰ দ্বাৰা অশুচি কৰা হল৷” সিহঁত পাপেৰে ইমানেই পৰিপূর্ণ যে সিহঁতৰ সাজ পোচাকো অশুচি গণ্য কৰা হল৷

Jude 1:24-25

উজুটিৰ খোৱাৰ পৰা ৰক্ষা কৰিবলৈ

কোনো এজনে যেনেকৈ খোজ কাঢ়ি যাওঁতে শিলত উজুটি খায়, সেইদৰে কোনোৱে ঈশ্বৰৰ আগত পাপ কৰি উজুটি খাব পাৰে৷ সলনি অনুবাদ: “তেওঁত ভাৰসা ৰাখি চলি যাবলৈ সহায় কৰিবৰ কাৰণে” (চাওক: উপমা)

তোমালোকক তেওঁৰ প্ৰতাপৰ সাখ্যাতত ৰাখিবলৈ

তেওঁৰ প্ৰতাপ হৈছে উজ্বল পোহৰ যি তেওঁৰ মহানতাক প্ৰতিনিধিত্ব কৰে৷ সলনি অনুবাদ: “আৰু তোমালোকক তেওঁৰ প্ৰতাপক উপভোগ আৰু আৰাধনা কৰিবলৈ সমর্থবান কৰিবৰ বাবে”

কোনো চেকা নলগাকৈ অতিশয় আনন্দত

পাপ নোহোৱাকৈ আৰু হিয়াভৰা আনন্দত বা “আৰু তোমালোকৰ কোনো পাপ নাথাকিব আৰু তোমালোক আনন্দেৰে উপচি পৰিবা”

প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাৰ উদ্ধাৰকর্ত্তা একমাত্ৰ ঈশ্বৰলৈ

“একমাত্ৰ ঈশ্বৰলৈ যিজনে যীচু খ্ৰীষ্টে সিদ্ধ কৰা কার্যৰ দ্বাৰাই আমাক উদ্ধাৰ কৰিলে৷” তেওঁৰেই গৌৰৱ, মহিমা, পৰাক্ৰম আৰু ক্ষমতা সকলো কালৰ পূর্ব্বেই, আৰু এতিয়াও আৰু সদা সর্বদায় হওক৷আমেন ঈশ্বৰৰ গৌৰৱ সদায় আছিল, আছে, আৰু থাকিব, সকলো বিষয়ৰ একছত্ৰী নিয়ন্ত্ৰনকর্ত্তা আৰু সার্বভৌম ৰজা৷