Philemon
Philemon 1
Philemon 1:1-3
এই কিতাপখন পৌলে ফিলীমন নামেৰে এজন মানুহলৈ লিখা এখন চিঠি৷
পৌল, খ্ৰীষ্ট যীচুৰ এজন কাৰাবন্দী, আমাৰ ভাই তীমথীয়, ফিলীমনলৈ
আপোনাৰ ভাষাত এজন চিঠৰি লেখকক পৰিচয় দিয়াৰ বিশেষ ধৰণ থাকিব পাৰে৷ এইটো আমি এনেদৰে অনুবাদ কৰিব পাৰোঁঃ ‘আমি পৌল, খ্ৰীষ্ট যীচুৰ এজন কাৰাবন্দী, আৰু তিমথীয়, আমাৰ ভাই, এই চিঠিখন ফিলীমনলৈ লিখিছোঁ৷
খ্ৰীষ্ট যীচুৰ এজন কাৰাবন্দী
‘যিজন যীচুখ্ৰীষ্টৰ বিষয়ে উপদেশ দিয়াৰ বাবে বন্দীশালত আছে৷’ যীচুক ভাল নোপোৱা লোকবিলাকে পৌলক বন্দীশালত ৰখাৰ দ্বাৰাই শাস্তি দিলে৷
আমাৰ প্ৰিয় ভাই
‘আমাৰ প্ৰিয় লগৰীয়া বিশ্বাসী’ বা আমাৰ আত্মিক ভাই যাক আমি ভাল পাওঁ৷’
আমাৰ লগৰীয়া কর্মী
যিজনে আমাৰ নিচিনাকৈ শুভবার্তা প্ৰচাৰৰ বাবে কার্য কৰে৷
আপ্লিয়া আমাৰ ভনী
ইয়াৰ অর্থঃ আপ্লিয়া আমাৰ লগৰীয়া বিশ্বাসী’ বা ‘আপ্লিয়া আমাৰ আত্মিক ভনী’ (চাওকঃ Translate Names)
আর্খিপ্প’
এজন পুৰুষ মানুহৰ নাম
আমাৰ লগৰীয়া সৈনিক
ইয়াত সৈনিক শব্দটো এক উপমা, এজন ব্যক্তি্য়ে শুভবার্তা প্ৰচাৰৰ কাৰণে কেনে যুঁজ দিবলগীয়া হৈছে, তাৰ লগত তুলনা কৰিছে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি ‘আমাৰ লগৰীয়া আত্মিক সৈনিক’ বা ‘যিজনে আমাৰ সৈতে আত্মিক যুদ্ধত যুঁজ কৰে৷’ (চাওকঃ Metphor)
তোমাৰ ঘৰত গোট খোৱা মণ্ডলীটো
‘যি বিশ্বাসীৰ দল তোমাৰ ঘৰত একেলগ হয়৷’ (UDB)
তোমাৰ ঘৰঃ ‘তোমাৰ শব্দটো একবচন আৰু ই ফিলীমনক বুজাইছে৷
তোমালৈ অনুগ্ৰহ হওক আৰু আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচুখ্ৰীষ্টৰ পৰা শান্ত হওক
‘আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচুখ্ৰীষ্টই তোমালোকক অনুগ্ৰহ আৰু শান্তি দিয়ক’ এইটো এটা আর্শীবাদ৷ ‘তোমালোক’ শব্দটো বহুবচন আৰু পৌলে ১ আৰু ২ পদত সম্ভাষণ জনোৱা সকলো মানুহকেই বুজাইছে৷
Philemon 1:4-7
মোৰ প্ৰার্থনাত তোমালোকৰ নাম উল্লেখ কৰি মই সদায় মোৰ ঈশ্বৰক ধন্যবা দিওঁ
‘যেতিয়া মই তোমালোকৰ কাৰণে প্ৰার্থনা কৰোঁ, মই সদায় ঈশ্বৰক ধন্যবাদ দিওঁ (UDB)
মই
পৌলে এই চিঠি লিখিলোঁ৷ ‘মই’ আৰু ‘মোক” শব্দ দুটাই, এই চিঠিত পৌলক বুজাইছে৷
তুমি
ইয়াত আৰু চিঠিখনৰ অনেক ঠাইত ‘তুমি’ শব্দটোৱে ফিলীমনক বুজাইছে৷ (চাওকঃ তুমি শব্দৰ ৰূপ)
যেন বিশ্বাসত তোমালোকৰ অংশগ্ৰহণ কৰাটো জ্ঞানৰ নিমিত্তে ফলপ্ৰসূ হয়
এইটো এনেদৰেও অনুবাদ কৰিব পাৰি ‘যেনেকৈ আমি কৰোঁ সেইদৰে তোমালোকৰ খ্ৰীষ্টত ৰখা ভৰষাই তোমালোকক জানিবলৈ সক্ষম কৰিব’ বা ‘যিহেতু তোমালোকে খ্ৰীষ্টত ভাৰসা ৰখাত আমাৰ লগ ল’লা, সেইকাৰণে তোমালোকে জানিবলৈ সক্ষম হ’বা৷’
বিশ্বাসত তোমালোকৰ অংশগ্ৰহাণে
‘আমি যিদৰে কৰোঁ, সেইদৰে তোমালোকেও খ্ৰীষ্টত ভাৰসা ৰখাৰ নিমিত্তে’ (UDB)
যিটো খ্ৰীষ্টত আমাৰ আছে
সাম্ভাব্য অর্থ ‘যিটো খ্ৰীষ্টৰ নিমিত্তে আমাৰ আছে৷’
পবিত্ৰ লোকৰ হৃদয় বিলাক তোমালোকৰ দ্বাৰাই পুনৰ সজীৱ কৰা হ’ল৷
ইয়াত ‘হৃদয়’ শব্দটোৱে বিশ্বাসীসকলৰ সাহসটোক বুজাইছে৷ আৰু ‘পুনৰ সজীৱ কৰা হ”ল’ কর্মবা্চ্যমূলক খণ্ডবাক্য৷ এইটো কর্তৃবাচ্যমূলক খণ্ডবাক্যৰূপেও অনুবাদ কৰিব পাৰিঃ “তোমালোকে বিশ্বাসীসকলক উৎসাহিত কৰিলা৷” (চাওকঃ Metonymy and Active/Passive)
ভাই
পৌলে ফিলীমনক ‘ভাই’ বুলি কৈছে কিয়নো তেওেঁলাক দুয়োজনেই বিশ্বাসী আছিল৷ লগতে তেওঁ তেওেঁলাকৰ বন্ধুত্বৰ সম্পর্কটোত গুৰুত্ব আৰোপ কৰিছে৷ এইটো এনেদৰেও অনুবাদ কৰিব পাৰি ‘মৰমৰ ভাই’ বা ‘মৰমৰ বন্ধু’৷
Philemon 1:8-9
খ্ৰীষ্টত সকলো সাহ
সম্ভাব্য অর্থসমূহঃ ‘খ্ৰীষ্টৰ নিমিত্তে ক্ষমতা’ বা ‘খ্ৰীষ্টৰ নিমিত্তে সাহ’৷ এইটো এনেদৰেও অনুবাদ কৰিব পাৰিঃ “ক্ষমতা, কিয়নো মই খ্ৰীষ্টৰ পাঁচনি হওঁ৷”
তথাপিও, ভালপোৱাৰ কাৰণে মই তোমাক অনুৰোধ জনাইছো
“কিয়নো ভালপোৱাৰ কাৰণে মই তোমাক বৰঞ্চ অনুৰোধহে কৰিম৷”
ভালপোৱাৰ খাতিৰত
সম্ভাব্য অর্থসমূহঃ (১) “কিয়নো মই জানো যে তুমি ঈশ্বৰৰ লোকক ভালপোৱা” (UDB) (২)”কিয়নো তুমি মোক ভালপোৱা (৩) “কিয়নো মই তোমাক ভালপাওঁ৷”
বৃদ্ধ মানুহ মই পৌল, আৰু এতিয়া খ্ৰীষ্টৰ নিমিত্তে এজন কয়েদী
এইবিলাকেই কাৰণ যাৰ নিমিত্তে ফিলীমনে, পৌলে যি কৰিবলৈ ক’ব, তাক কৰা উচিত৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি, “যিহেতু মই পৌল, মই এজন বৃদ্ধ মানুহ আৰু মই এতিয়া খ্ৰীষ্টযীচুৰ নিমিত্তে এজন কয়েদী”৷
Philemon 1:10-13
ওনীচিম
এইটো এজন মানুহৰ নাম৷ (চাওকঃ অনুবাদ নামবোৰ)
মোৰ সন্তান ওনীচিম
‘মোৰ পুত্ৰ ওনীচিম’৷ পৌলে তেওঁৰ ওনীচিমৰ লগত থকা সম্বন্ধৰ লগত তুলনা কৰিছে৷ ওনীচিম পৌলৰ প্ৰকৃত সন্তান নহয়, কিন্তু পৌলে যীচুৰ বিষয়ে শিক্ষা দিওঁতে তেওঁ আত্মিক জ্ঞান পালে৷ আৰু পৌলে তেওঁক ভাল পাইছিল৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ ‘মোৰ প্ৰিয় পুত্ৰ ওনীচিম’ বা ‘মোৰ আত্মিক পুত্ৰ ওনীচিম’ (চাওকঃ Metaphor)
যাক মই পিতৃৰ দৰে প্ৰতিপালন কৰিলো
এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ ‘যিজন মোলৈ পুত্ৰ হ’ল’ বা ‘যিজন মোলৈ পুত্ৰস্বৰূপ হ’ল৷’ ওনীচিম কেনেকৈ পৌলৰ বাবে পুত্ৰস্বৰূপ হ’ল এই কথা স্পষ্ট কৰিব পাৰিঃ ‘যিজন মোৰ বাবে আত্মিক পুত্ৰ হ’ল যেতিয়া তেওঁক খ্ৰীষ্টৰ বিষয়ে শিকালো আৰু তেওঁ নতুন জীৱন পালে৷ (চাওকঃ স্পষ্ট আৰু ইংগতি বার্তা)
মোৰ বন্ধনত
‘মোৰ শিকলিত’ এইটো এনেদৰে অনুবাদ কৰিব পাৰি, ‘বন্দীশালত থকা সময়ত’ বন্দীবিলাকক প্ৰায়ে শিকলিৰে বন্ধা হৈছিল৷ ওনীচিমক শিক্ষা দিয়াৰ সময়ত পৌল বন্দীশালতেই আছিল৷ এই চিঠিখন লিখাৰ সময়তো তেওঁ বন্দীশালতেই আছিল৷ (চাওকঃ Metonymy)
যিজন এসময়ত লাভজনক নাছিল
এইটো নতুন বাক্যৰূপে এইদৰে অনুবাদ কৰিব পাৰিঃ ‘আগতে তেওঁ অযোগ্য আছিল৷’
কিন্তু এতিয়া লাভজনক
‘কিন্তু এতিয়া তেওঁ উপকাৰী’৷ অনুবাদক সকলে এটি পাদটীকা যোগ কৰিব পাৰে, এনেদৰে ওনীচিমৰ নামৰ অর্থ হ’ল ‘লাভজনক’ বা ‘উপকাৰী’৷
মই তেওঁক তোমালৈ ঘূৰাই পঠালো
‘মই ওনীচিমক তোমালৈ ঘূৰাই পঠালো৷’ যিহেতু পৌলে, খুউব সম্ভৱ এই চিঠিখন ঠিক ওনীচিমক পঠোৱাৰ আগতে লিখিছিল, সেই কাৰণে ইয়াক এনেদৰে অনুবাদ কৰিব পাৰি, ‘মই তেওঁক তোমালৈ ঘূৰাই পঠাইছোঁ৷ (UDB)
তেওঁক, যি মোৰ অতি আপোন
ইয়াত ‘হৃদয়’ শব্দটো অতিকৈ ভালপোৱাজনৰ কাৰণে ব্যৱহাৰ কৰিছে৷ এই খণ্ডবাক্যটো এনেদৰে অনুবাদ কৰিব পাৰি, ‘যাক মই অতিকৈ ভাল পাওঁ’৷ এই কথা পৌলে ওনীচিমৰ বিষয়ে কৈছে৷ (চাওকঃ Metonymy)
যাক মই লগত ৰাখিলোহেঁতেন
এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “যাক মোৰ লগত ৰাখিলোহেঁতেন!”
যাতে তোমাৰ হৈ তেওঁ মোক সহায় কৰিব পাৰে
“যে যিহেতু তুমি ইয়াত থাকিব নোৱাৰা, তেওঁ মোক সহায় কৰিব পাৰে৷” এইটো এনেদৰে ও অনুবাদ কৰিব পাৰিঃ “তোমাৰ ঠাইত তেওঁৱেই মোক সহায় কৰি থাকিব”৷
যি মই শিকলিত আছোঁ
এইটো এনেদৰে ও অনুবাদ কৰিব পাৰিঃ “যেতিয়া মই বন্দীশালত আছোঁ” বা “যিহেতু মই বন্দীশালত আছোঁ”৷
শুভবার্তাৰ নিমিত্তে
ইয়াত এইটো এনেদৰেও অনুবাদ কৰিব পাৰিঃ “যিহেতু মই শুভবার্তা ঘোষণা কৰোঁ৷
Philemon 1:14-16
কিন্তু তোমাৰ বিনা অনুমতিত কোনো কাম কৰিবলৈ মই নিবিচাৰিলোঁ
“কিন্তু তোমাৰ অনুমতি নোহোৱাকৈ মই তেওঁক ইয়াত ৰাখিবলৈ নিবিচাৰিলোঁ” বা “কিন্তু তেওঁক মোৰ লগত ৰাখিবলৈ বিচাৰিছিলোঁ যদিহে তুমি অনুমতি দিলাহেতেন৷
তোমাৰ…তুমি
১৪ ১৬ পদলৈ থকা সর্বনামবিলাক একবচন আৰু ফিলীমনক বুজাইছে৷ (চাওকঃতুমি শব্দৰ ৰূপ)
যাতে তোমাৰ সততা বলপূর্বকভাৱে নহয়
এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “যাতে যি উচিত তাক তুমি নিজে কৰিবা, মই তোমাক জোৰ জুলুম কৰা কাৰণে নহয়৷”
কিন্তু মুক্ত মনেৰে
“কিন্তু কিয়নো তুমি বিচাৰিছা” বা “কিন্তু কিয়নো তুমি মুক্তমনেৰে উচিত কামটো কৰিবলৈ বাছি ল’লা৷”
সম্ভৱ তেওঁক তোমাৰ পৰা বেলেগ কৰা হৈছিল
এই কর্মবাচ্য খণ্ডবাক্য কর্ত্তৃবাচ্যতো অনুবাদ কৰিব পাৰিঃ “সম্ভৱ ঈশ্বৰে ওনীচিমক তোমাৰপৰা আতৰাই নিছিল৷” (চাওকঃ Active/Passive)
সম্ভৱতঃ
হ’ব পাৰে৷
কিছুকালৰ বাবে
‘এই সময়ছোৱাৰ ভিতৰতে’৷
এজন ভৃত্যতকৈও অধিক বেছি
‘এজন ভৃত্যতকৈও অধিক ভাল’ বা ‘এজন ভৃত্যতকৈও অধিক মূল্যৱান’৷
এজন মৰমৰ ভাই
‘এজন প্ৰিয় ভাই’ বা ‘এজন অতি মৰমৰ ভাই’৷
এজন ভাই
খ্ৰীষ্টত এজন ভাই৷
কিন্তু তাতোকৈ তোমালৈ কিমান অধিক প্ৰিয়
‘আৰু নিশ্চয়কৈ তোমালৈ অধিক৷
মাংসত
এইটো এনেদৰে অনুবাদ কৰিব পাৰি ‘মানুহ হিচাবে বা তোমাৰ মানৱীয় সম্বন্ধত৷’ এই মানৱীয় সম্বন্ধটো বেচি স্পষ্টকৈ অনুবাদ কৰিব পাৰিঃ “আৰু কিয়নো তেওঁ তোমাৰ ভৃত্য হয়৷ (চাওকঃ স্পষ্ট আৰু ইংগিত বাৰ্তা)
আৰু প্ৰভুত
এইটো এনেদৰে অনুবাদ কৰিব পাৰি “আৰু প্ৰভুত এজন ভাই হিচাবে” বা “আৰু কিয়নো তেওঁ প্ৰভুৰ হয়৷”
Philemon 1:17-20
যদি তুমি মোক সহকর্মী বুলি গণ্য কৰা
“যদি তুমি মোক খ্ৰীষ্টৰ এজন লগৰীয়া কর্মী বুলি ভাবা”
সেইটো মোৰ হিচাবত ধৰিবা
এইটো এনেদৰে অনুবাদ কৰিব পাৰি “এইটো মোলৈ দায়িত্ব দিবা” বা “কোৱা যে মইহেসেইজন যি তোমাৰ ওচৰত ধৰুৱা৷”
মই পৌলে মোৰ নিজহাতে লিখিছোঁ
এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “মই, পৌলে এইখন নিজে লিখিছোঁ৷” পৌলে এইখন লিখিছিল যাতে ফিলীমনে জানিব যে বাক্যবিলাক সত্য, পৌলে প্ৰকৃততে তেওঁক পৰিশোধ কৰিব৷
মই এইখিনি পৰিশোধ কৰিম
“তেওঁ তোমাক যি দিবলগীয়া আছে সেইখিনি মই পৰিশোধ কৰিম৷”
মই তোমালৈ উল্লেখ নকৰোঁ
এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “মই তোমাক সোঁৱৰাই দিয়াৰ প্ৰয়োজন নাই” বা “তুমি জানা”৷
তোমাৰ জীৱনটোৱেই মোৰ ওচৰত ধৰুৱা
“তোমাৰ নিজৰ জীৱনটোৱেই মোৰ ওচৰত ধৰুৱা” ফিলীমনে পৌলৰ ওচৰত ধৰুৱা হোৱাৰ কাৰণটো স্পষ্ট কৰিব পাৰিঃ “তুমি মোৰ ওচৰত ধৰুৱা, কিয়নো মই তোমাৰ জীৱন ৰক্ষা কৰিলোঁ” বা “তোমাৰ জীৱনটো মোৰ ওচৰত ধৰুৱা, কাৰণ মই যি কলোঁ তাৰে তোমাৰ জীৱন ৰক্ষা পৰিল৷” পৌলে বুজাইছিল যে ফিলীমনে কোৱা উচিত নহয় যে ওনীচিমে বা পৌলে তেওঁৰ ওচৰত কিবা ধৰুৱা হৈ আছে, কাৰণ ওনীচিমে পৌলক আনকি অধিক দিবলগীয়া আছে৷ (চাকঃ স্পষ্ট আৰু ইংগিত বার্তা)
মোৰ হৃদয় আনন্দিত কৰা
এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “মোৰ হৃদয়খন আনন্দিত কৰা” বা “মোক প্ৰফুল্লিত কৰা” বা “মোক সন্তুষ্ট কৰা” ৷ পৌলে কিদৰে ফিলীমনে কৰাটো বিচাৰিছিল তাক স্পষ্ট কৰিব পাৰিঃ “ওনীচিমক মৰমেৰে গ্ৰহণ কৰি মোৰ হৃদয়ক আনন্দিত কৰা৷”
Philemon 1:21-22
তোমাৰ বাধ্যতাত মোৰ বিশ্বাস আছে
“কাৰণ মই নিশ্চিত যে মই যি কওঁ তাক তুমি কৰিবা”
তোমাৰ বাধ্যতা
তোমালৈ লিখিছোঁ তুমি কৰিবা পৌলে এইখিনি ফিলীমনলৈ লিখিছিল৷ (চাওকঃ তুমি শব্দৰ ৰূপ)
জানি
“আৰু মই জানো”
মই যি কওঁ
“মই যি অনুৰোধ কৰোঁ৷”
প্ৰসংগক্ৰমে
আৰু
মোৰ বাবে এটা আলহীঘৰ যুগুত কৰিবা
“তোমাৰ ঘৰত মোৰ বাবে এটা কোঠা যুগুত কৰি ৰাখিবা” পৌলে ফিলীমনক এইটো কৰিবলৈ অনুৰোধ কৰিছে৷ তোমালোকৰ প্ৰার্থনাৰ জৰিয়তে…তোমালোকৰ ওচৰলৈ যাবলৈ ‘তোমালোকৰ’ আৰু ‘তোমালোক’ শব্দকেইটাই ইয়াত ফিলীমনক আৰু তেওঁৰ ঘৰত গোটখোৱা বিশ্বাসীসকলক বুজাইছে৷ (চাওকঃ তুমি শব্দৰ ৰূপ)
তোমালোকৰ প্ৰার্থনাৰ জৰিয়তে
এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “তোমালোকৰ প্ৰার্থনাৰফলস্বৰূপে” বা “যিহেতু তোমালোক সকলোৱে মোৰ কাৰণে প্ৰার্থনা কৰি আছা৷”
মোক তোমালোকৰ ওচৰলৈ আহিবলৈ অনুমতি দিব
এইটো এনেদৰে কর্ত্তৃবাচ্যৰ খণ্ডবাক্যত অনুবাদ কৰিব পাৰিঃ ঈশ্বৰে মোক তোমালোকৰ ওচৰলৈ যাবলৈ অনুমতি দিব” বা “যিসকলে মোক বন্দীশালত ৰাখিছে ঈশ্বৰে সেইসকলক মোক মুক্ত কৰি দিবলৈ মন দিব যাতে মই তোমালোকৰ ওচৰলৈ যাব পাৰোঁ৷
Philemon 1:23-25
ইপাফ্ৰা… মার্ক, আৰিষ্টার্থ, দীমা, লুক
এইবিলাক মানুহৰ নাম৷ (চাওকঃ কিদৰে নাম অনুবাদ কৰিব লাগে)
খ্ৰীষ্ট যীচুত মোৰ লগত বন্দীয়াৰ
“যিজনে মোৰ লগত বন্দীশালত আছে কিয়নো তেওঁ খ্ৰীষ্ট যীচুৰ পৰিচর্যা কৰে৷
তোমাক মঙ্গলবাদ জনাইছে
‘তুমি’ শব্দটোৱে ফিলীমনক বুজাইছে৷(চাওকঃ তুমি শব্দৰ ৰূপ)
আৰু সেইদৰে মার্ক, আৰিষ্টার্থ, দীমা, লুক, মোৰ সহযোগীসকল
এইটোৱে ইয়াকে বুজায় “আৰু মোৰ লগৰ কর্ম্মীসকল মার্ক, আৰিষ্টার্থ, দীমা আৰু লুকেও মঙ্গলবাদ জনাইছে৷
মোৰ লগৰীয়া কর্মীসকল
এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “যিবিলাক মানুহে মোৰ লগত কাম কৰে৷”
আমাৰ প্ৰভু যীচুখ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ আত্মাৰে সৈতে থাকক
এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “আমাৰ প্ৰভু যীচুখ্ৰীষ্ট তোমালোকৰ আত্মালৈদয়ালু হওক”৷
তোমালোকৰ আত্মা
‘তোমালোকৰ’ শব্দটোৱে ফিলীমন আৰু তেওঁৰ ঘৰত গোটখোৱা সকলোকে বুজাইছে৷ ‘আত্মা’ শব্দটোৱে ইয়াত গোটেই ব্যক্তিজনক বুজাইছে, এই খণ্ডবাক্যটো ‘তোমালোক’ বুলিও অনুবাদ কৰিব পাৰি৷ (চাওকঃ Synecdoche and forms of You)