Assamese: translationNotes

Updated ? hours ago # views See on DCS Draft Material

3 John

3 John 1

3 John 1:1-4

জ্যেষ্ঠজন

এইটোৱে যীচুৰ পাচনি আৰু শিষ্য যোহনক বুজাইছে৷ তেওঁ নিজকে “জ্যেষ্ঠ” বুলি উল্লেখ কৰিছে হয়তো তেওঁ বুঢ়া বয়সৰ নাইবা তেওঁ এগৰাকী মণ্ডলীৰ নেতা৷ লেখকৰ নামটো স্পষ্ট কৰিব পাৰি : “মই, জ্যেষ্ঠ যোহনে, লিখিছো” (চাওক : স্পষ্ট আৰু ইংগিত বহন কৰে)

গায়

এওঁ এগৰাকী লগৰীয়া বিশ্বাসী যি জনলৈ যোহনে চিঠিখন লিখিছে৷ (চাওক:অনুবাদ নামবোৰ)

যাক মই সত্যত ভাল পাওঁ

সলনি অনুবাদ: “যাক মই প্ৰকৃততে ভাল পাওঁ৷ (UDB)

তুমি যেন সকলো বিষয়তে উন্নতি কৰা আৰু স্বাস্থ্যত থাকা

“তুমি যেন সকলো বিষয়তে ভাল কৰিব পাৰা আৰু স্বাস্থ্যবান হোৱা”

ঠিক যেনেকৈ তোমাৰ প্ৰাণে উন্নতি কৰে

“ঠিক যেনেকৈ তুমি আত্মিক ভাৱে ভাল কৰিছা”

ভাইসকল

“লগৰীয়া বিশ্বাসীসকল”

তোমাৰ সত্যৰ সাক্ষ্য দিলে, ঠিক যেনেকৈ তুমি সত্যত চলিছা

“মোক কলে যে তুমি ঈশ্বৰৰ সত্য অনুসাৰে জীৱন ধাৰণ কৰিছা” বা

মোৰ শিশুসকল

যোহনে যীচুত বিশ্বাস কৰিবলৈ উপদেশ দিয়া সকলক, শিশুবিলাকৰ লগত তুলনা কৰিছে৷ এইটোৱে তেওঁলোকৰ বাবে থকা তেওঁৰ মৰম আৰু চিন্তাত গুৰুত্ব দিছে৷ সলনি অনুবাদ : “মোৰ আত্মা সম্বন্ধীয় শিশুবিলাক” (চাওক: উপমা অলংকাৰ)

3 John 1:5-8

তুমি বিশ্বস্ততা অনুশীলন কৰিছা

“তুমি, ঈশ্বৰলৈ যি বিশ্বাস তাকে কৰিছা” বা “তুমি ঈশ্বৰলৈ বিশ্বস্ত হৈ আছা”

ভাইবিলাকৰ আৰু অচিনাকি লোক বিলাকৰ বাবে কার্য কৰিছা

“লগৰীয়া বিশ্বাসীসকলক আৰু যি সকলক তুমি নাজানা, তেওঁলোকক সহায় কৰিছা”

যি সকলে, মণ্ডলীৰ আগত তোমাৰ মৰমৰ সাক্ষ্য দান কৰিলে

এইটো এটা নতুন বাক্যৰূপে অনুবাদ কৰিব পাৰি: “তুমি কেনেকৈ তেওঁলোকক মৰম কৰিলা এই বিষয়ে তেওঁলোকে মণ্ডলীত বিশ্বাসীসকলক কলে৷”

ঈশ্বৰৰ যোগ্যস্বৰূপে, তেওঁলোকৰ ভ্ৰমণত তেওঁলোকক আগবঢ়াই পঠিয়ালে তুমি ভাল কৰিবা

“অনুগ্ৰহ কৰি তেওঁলোকৰ ভ্ৰমনত এনেদৰে তেওঁলোকক পঠিয়াই দিয়া যিদৰে ঈশ্বৰৰ সুনাম হয়”

কিয়নো নামটোৰ কাৰণেই তেওঁলোক ওলাই গল

ইয়াত “নামটো” ৱে যীচুক বুজাইছে৷ সলনি অনুবাদ: “কাৰণ তেওঁলোক যীচুৰ বিষয়ে মানুহবিলাকক কবলৈ ওলাই গল৷” (চাওক: নামৰ সলনি)

পৰজাতি বিলাকৰ পৰা একো নলৈ

ইয়াত “পৰজাতি” মানে অনা ইহুদীলোকক বুজোৱা নাই৷ এইটোৱে যীচুত বিশ্বাস নকৰা ব্যক্তি সকলক বুজাইছে৷ সলনি অনুবাদ : “যিসকলৰ আগত তেওঁলোকে যীচুৰ বিষয়ে কৈছে তেওঁলোকৰ পৰা একো নলয়৷”

এই কাৰণে আমি

ইয়াত “আমি” শব্দটোৱে যোহনক বুজাইছে আৰু সকলো বিশ্বাসীকেই অন্তর্ভূক্ত কৰা হৈছে৷ (চাওক : অন্তর্ভূক্তি)

আমি সত্যটোৰ কাৰণে ,সহকর্মী হব পাৰো

“তেওঁলোকে ঈশ্বৰৰ সত্য, মানুহ বিলাকক জনোৱা কার্যত আমি তেওঁলোকক সহায় কৰিব পাৰো৷”

3 John 1:9-10

সমাবেশ

এইটোৱে গায় আৰু বিশ্বাসীদলটোক বুজাইছে যিসকলে ঈশ্বৰৰ আৰাধনা কৰিবলৈ একেলগ হৈছিল৷

দিয়ত্ৰিফি

তেওঁ সমাবেশটোৰ এহৰাকী সভ্য আছিল৷ (চাওক: অনুবাদ নামবোৰ)

যিজনে সিহঁতৰ মাজত প্ৰথম হবলৈ ভালপায়

“যিজনে তেওঁলোকৰ নেতাৰ দৰে কাম কৰিবলৈ ভালপায়”

আমাক গ্ৰহন নকৰে

“আমাক” শব্দটোৱে যোহন আৰু তেওঁৰ লগত থকা বিলাকক বুজাইছে৷ ই গায়ক অন্তর্ভূক্ত কৰা নাই৷ ( চাওক : আছুতীয়া)

কেনেকৈ তেওঁ আমাৰ বিপক্ষে বেয়া শব্দেৰে বিদ্ৰুপাত্মক কথাবোৰ কয়

“আৰু কেনেকৈ তেওঁ আমাৰ বিষয়ে বেয়া কথাবোৰ কয় যিবিলাক নিঃসন্দেহে সত্য নহয়৷”

তেওঁ নিজেই

“নিজেই” শব্দটোৱে গুৰুত্ব দিছে যে এইজন দিয়ত্ৰিফি যিজনে এই কামবোৰ কৰে৷ (চাওক : আত্মবাচক সর্বনাম)

ভাইবিলাকক গ্ৰহন নকৰে

“লগৰীয়া বিশ্বাসীসকলক সাদৰ সম্ভাষন নজনায়”

আৰু যিবিলাকে ইচ্ছা কৰে তেওঁবিলাকক নিষেধ কৰে

এই খণ্ড বাক্যটোত কিছুমান শব্দ আছে যিবিলাক এৰি দিয়া হল, কিন্ত সেইবিলাক বুজিব পৰা হয় ৷ সলনি অনুবাদ : “যিবিলাকে বিশ্বাসীসকলক সাদৰ সম্ভাষণ জনাব বিচাৰে, তেওঁবিলাকক তেওঁ বাধা দিয়ে৷ (চাওক : শব্দৰ লোপ)

আৰু সিহঁতক খেদি বাহিৰ কৰে

“আৰু তেওঁ সিহঁতক জোৰ জুলুম বাহিৰ কৰে৷ “সিহঁতক” শব্দটোৱে যি সকলে লগৰীয়া বিশ্বাসীসকলক সাদৰ সম্ভাষণ জনাব বিচাৰে, তেওঁলোকক বুজাইছে৷”

3 John 1:11-12

বেয়াক অনুকৰণ নকৰিবা

“মানুহে কৰা বেয়া কর্ম্মবোৰ নকল নকৰিবা”

কিন্ত ভাল

ইয়াত কিছুমান শব্দ এৰি দিয়া হৈছে কিন্ত সিবিলাকক বুজিব পৰা হয়৷ সলনি অনুবাদ: “কিন্ত মানুহে কৰা ভাল কর্মবোৰ অনুকৰণ কৰা৷” (চাওক: শব্দৰ লোপ)

ঈশ্বৰৰ হয়

“গৰাকী ঈশ্বৰ”

ঈশ্বৰক দেখা নাই

সলনি অনুবাদ : “ঈশ্বৰৰ নহয়” “ঈশ্বৰত বিশ্বাস নকৰে”

দিমীত্ৰিয়ৰ হৈ সকলোৰে দ্বাৰাই সাক্ষ্য দিয়া হৈছে

সলনি অনুবাদ: “দিমীত্ৰিয়ক চিনিপোৱা প্ৰতিগৰাকী বিশ্বাসীয়েই তেওঁৰ ভাল কথা কয়৷” (চাওক : প্ৰত্যক্ষ আৰু পৰোক্ষ)

দিমীত্ৰিয়

এইজন মানুহক গায় আৰু সমাৱেশটোৱে যোহনে দেখা কৰিবলৈ অহাৰ সময়ত, সাদৰ সম্ভাষণ জনোৱাটো তেওঁ (যোহনে) বিচাৰে৷ (চাওক: অনুবাদ নামবোৰ)

আৰু সত্যটোৰ দ্বাৰা নিজেই

“আৰু সত্যটোৱে নিজেই তেওঁৰ ভাল কথা কয়৷” ইয়াত “সত্য”ক এজন কথা কোৱা ব্যক্তি ৰূপে বর্ণনা কৰিছে৷ সলনি অনুবাদ: “আৰু সিহঁতে তেওঁৰ বিষয়ে যি কয় সেয়ে সত্য৷” (চাওক: ব্যক্তিত্ব আৰোপ কৰা)

আমিও সাক্ষ্যদান কৰো

ইয়াত “আমি” শব্দটোৱে যোহন আৰু তেওঁৰ লগত থকা সকলৰ কথা বুজাইছে৷ ই গায় ক অন্তর্ভূক্ত কৰা নাই৷ সলনি অনুবাদ : “আমিও দীমীত্ৰিয়ৰ ভাল কথা কওঁ৷” (চাওক: আচুতীয়া)

তুমি জানা

“তুমি” শব্দটো একবচন আৰু ই গায়ক বুজাইছে৷ (চাওক: “তুমি” শব্দৰ ৰূপ)

3 John 1:13-15

কলম আৰু চিয়াঁহীৰে

‘এখন চিঠিত’ (UDB)

মুখা

মুখিকৈ “একেলগে” বা “নিজে উপস্থিত হৈ”

তোমালৈ শান্তি হওক

“ঈশ্বৰে তোমাক শান্তি দিয়ক”

বন্ধু বিলাকক নামধৰি শুভেচ্ছা জনাবা

সলনি অনুবাদ : “তাত থকা সকলো বিশ্বাসীকেই ব্যক্তিগতভাৱে মোৰ হৈ শুভেচ্ছা জনাবা”

বন্ধুবিলাক

“তোমাৰ বন্ধুবিলাক৷” সলনি অনুবাদ : “ইয়াত থকা বিশ্বাসী বিলাক৷”