2 Timothy
2 Timothy 1
2 Timothy 1:1-2
পৌল
“পৌলৰ পৰা” বা “মই পৌলে এই চিঠি লিখিছো”
ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই
“ঈশ্বৰৰ ইচ্ছাৰ কাৰণে” বা “কিয়নো ঈশ্বৰে এইটো এনেদৰে হোৱাটো বিচাৰিছিল৷” পৌল পাচঁনি হল কিয়নো ঈশ্বৰে পৌলক পাচঁনি হোৱাতো বিচাৰিছিল, তেওঁক যে মানুহে নির্বাচিত কৰিলে এনে নহয়৷
অনুসাৰে
সম্ভাৱ্য অর্থ সমূহ: (১) “পালন কৰি” অর্থাৎ ঠিক যিদৰে ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে যীচুৱে জীৱন দিয়ে সেইদৰে তেওঁ পৌলক পাচঁনি কৰিলে (২) “উদ্দেশ্যে” অর্থাৎ যীচুত জীৱন দিবলৈ ঈশ্বৰৰ যি প্ৰতিজ্ঞা সেই সম্বন্ধে আন লোকক কবলৈ ঈশ্বৰে পৌলক নিযুক্ত কৰিলে৷
খ্ৰীষ্ট যীচুত থকা জীৱনৰ যি প্ৰতিজ্ঞা
“ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে, যিবিলাকে খ্ৰীষ্ট যীচুত থাকে, তেওঁবিলাকক তেওঁ জীৱিত কৰিব”
অতি মৰমৰ সন্তান
“মৰমৰ সন্তান” বা “যিজন সন্তানক ভাল পোৱা হয়” বা “যিজন সন্তানক মই ভাল পাওঁ”৷ তীমথিয় পৌলৰ দ্বাৰা খ্ৰীষ্টলৈ সলনি হ’ল, এই নিমিত্তে পৌলে তেওঁক নিজৰ সন্তানৰ দৰে বিবেচনা কৰিছিল ৷
ঈশ্বৰৰ অনুগ্ৰহ, দয়া আৰু শান্তি
“ঈশ্বৰৰ অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক” বা “তোমাৰ অন্তৰত যেন দয়া, অনুগ্ৰহ আৰু শান্তিৰ অভিজ্ঞতা লাভ কৰা”
পিতৃ ঈশ্বৰ
“ঈশ্বৰ যিজন আমাৰ পিতৃ”
আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচু
“আৰু খ্ৰীষ্ট যীচু যিজন আমাৰ প্ৰভু”
2 Timothy 1:3-5
মই পূর্বপুৰুষৰ পৰা সেৱা কৰি আছো
পৌলে তেওঁৰ উপৰিপুৰুষ সকলে কৰাৰ দৰে একেজন ঈশ্বৰকেই আৰাধনা কৰে৷ এইটো এনেদৰেও বুজা যায়: “যিজনৰ কাৰণে মই খ্ৰীষ্টীয়ান হিচাবে মোৰ কতর্ব্য পালন কৰো… ঠিক যিদৰে মোৰ আগতে অহা উপৰিপুৰুষ সকলে কৰিছিল”
নিভাঁজ বিবেক
“শুচি বিবেকে সৈতে” কিবা ভুল কাম কৰিছো বুলি তেওঁ চিন্তিত নহয়, কাৰণ যি শুদ্ধ তাকেই কৰিবলৈ তেওঁ সদায় চেষ্টা কৰি আহিছে
যিদৰে মই তোমাক সঘনাই সোৱঁৰণ কৰো
“যেতিয়া মই তোমাক অবিৰাম ভাৱে সোঁৱৰণ কৰি থাকো” বা “যেতিয়া মই তোমাক সকলো সময়তে সোঁৱৰণ কৰি থাকো” বা “যে মই তোমাক সঘনাই সোৱঁৰণ কৰো”
দিনে
নিশাই এইটোৱে তলত দিয়া বিলাক সামান্য সালসলনি কৰিব পাৰে: (১) প্ৰার্থনাসমূহ “মোৰ প্ৰার্থনা দিনে নিশাই” (২) “মই সঘনাই দিনে নিশাই তোমাক সোঁৱৰণ কৰো” (৩) হাবিয়াহ “দিনে নিশাই তোমাক হাবিয়াহ কৰিছো”
তোমাক চাবলৈ হাবিয়াহ কৰিছো
“বৰকৈ তোমাক চাবলৈ বিচাৰিছো”
তোমাৰ চকুলো সোঁৱৰণ কৰি
“তুমি ক্লেশ ভোগ কৰা সকলো কথা মোৰ মনত ৰাখি”
আনন্দেকৰে যেন পৰিপূর্ণ হব পাৰা
“বহুত আনন্দ হওক” বা “বহুত আনন্দিত হোৱা”
সোৱঁৰাই দিয়া হল
“যিহেতু মোক সোঁৱৰাই দিয়া হল” বা “যেতিয়া মোক সোঁৱৰাই দিয়া হল” বা “ কিয়নো মোক সোঁৱৰাই দিয়া হল”
তোমাৰ অকৃত্ৰিম বিশ্বাস
“তোমাৰ যিটো আচল বিশ্বাস” বা “তোমাৰ বিশ্বাস ভাওজোৰা বিশ্বাস নহয়” ‘অকৃত্ৰিম’ বুলি অনুবাদ কৰা শব্দটো যিজনে থিয়েটাৰত অভিনয় কৰে, সেই পৰিৱেশনকাৰী শব্দটোৰ ই নেতিবাচক শব্দ ৷ ইয়াৰ অর্থ “সৎ” বা “সত্য”
বিশ্বাস
যিটো তোমাৰ আইতাৰ অন্তৰত বাস কৰিছিল…এতিয়া তোমাত বাস কৰে তীমথিয়ৰ আইতা এগৰাকী ভক্তি পৰায়ণা তিৰোতা আছিল৷ আৰু পৌলে তীমথিয়ৰ বিশ্বাসটো তেওঁৰ আইতাৰ বিশ্বাসৰ লগত তুলনা কৰিছে৷
2 Timothy 1:6-7
কাৰণটো এইটোৱে
“এই কাৰণতেই” বা “যীচুত তোমাৰ অকপট বিশ্বাসৰ কাৰণে” বা “যিহেতু যীচুত তোমাৰ অকপট বিশ্বাস আছে”
মই তোমাক সোৱঁৰাই দিওঁ
“মই তোমাক সোৱঁৰাই দিছো” বা “মই তোমাক আকৌ কৈছো”
তোমাৰ ওপৰত মোৰ হাত দিয়াৰ দ্বাৰাই তোমাত থকা ঈশ্বৰৰ বৰটো আকৌ প্ৰজ্বলিত কৰা
“পৌলে পবিত্ৰ আত্মা আৰু খ্ৰীষ্টৰ কাৰণে তেওঁৰ কার্যত এক আত্মিক প্ৰতিভা বা বৰ প্ৰদান কৰি তীমথিয়ৰ গাত হাত দিছিল৷ পৌলে তীমথিয়ক সেই আত্মিক বৰটো খ্ৰীষ্টৰ নিমিত্তে “পুনৰ পোহৰাবলৈ” বা “পুনৰ জ্বলাবলৈ” কৈছে৷ ফু মাৰি বা বিছনী মাৰি আঙঠা খিনি জ্বলাই ৰখা ছবিখন এটা উপমা হয়, তীমথিয়ই এনেদৰে আত্মিক বৰ আৰু প্ৰতিভাসমূহ উজ্বল কৰি ৰাখিবলৈ অৱহেলা কৰিছিল বা ব্যৱহাৰ কৰা নাছিল৷
কাৰণ ঈশ্বৰ
“কাৰণ ঈশ্বৰে” বা “যিহেতু ঈশ্বৰে”
ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই
পৌলে আত্মাটো ঈশ্বৰৰ পৰা পাইছিল৷ যেতিয়া তেওঁ তীমথিয়ৰ ওপৰত হাত দিলে, সেই একেটা আত্মাই তীমথিয়ৰ ওপৰলৈও আহিল৷ এই আত্মাই তেওঁলোকক ঈশ্বৰলৈ ভয় বা আন মানুহলৈকো ভয় কৰিবলৈ দিয়া নাছিল৷
…আত্মা… সংযত
সম্ভাৱ্য অর্থসমূহ (১) “ঈশ্বৰৰ আত্মাই আমাক আত্ম নিয়ন্ত্ৰন কৰিবলৈ সমর্থবান কৰে” চাওক: UDB) বা (২) ঈশ্বৰৰ আত্মাই আন লোকক, যিবিলাকে ভুল কৰে, শুধৰাবলৈ আমাক সমর্থবান কৰে৷
2 Timothy 1:8-11
এতেকে লজ্জিত নহবা
“সেইকাৰণে ভয় নকৰিবা” বা “সেইকাৰণে ভয়াতুৰ নহবা”
শুভবার্তাৰ নিমিত্তে ক্লেশত অংশীদাৰ হোৱা
পৌলে শুভবার্তাৰ নিমিত্তে ভুলকৈ ক্লেশ ভোগ কৰিছিল৷ তেওঁ তীমথিয়ক সেইদৰে শুভবার্তাৰ নিমিত্তে ক্লেশভোগ কৰিবলৈ ভয় নকৰিবলৈ কৈছে৷
ঈশ্বৰৰ শক্তিৰ অনুসাৰে
“তোমাক শক্তিশালী কৰিবলৈ ঈশ্বৰক সুবিধা দিয়া”
আমাৰ কর্ম্মৰ দৰে নহয়
“আমি কিমান সৎকর্ম্ম কৰিলো, তাৰ ওপৰত আমাৰ পৰিত্ৰাণ নির্ভৰ নকৰে” বা “ঈশ্বৰে আমি কৰা সৎ কর্ম্মৰ ওপৰত ভিত্তি কৰি আমাক পৰিত্ৰাণ নিদিয়ে” বা “যদিও আমি বেয়া কাম কৰিলো, ঈশ্বৰে আমাক পৰিত্ৰাণ দিয়ে”
যিজনে আমাক পৰিত্ৰাণ দিলে…তেওঁ নিজৰ পৰিকল্পনা অনুসাৰে
“ঈশ্বৰে আমাক পৰিত্ৰাণ দিবলৈ পৰিকল্পনা কৰিছিল আৰু এতিয়া আমাক পৰিত্ৰাণ দিলে” বা “ঈশ্বৰে সিদ্ধান্ত কৰিছিল যে তেওঁ আমাক পৰিত্ৰাণ দিব, আৰু কেনেকৈ পৰিত্ৰাণ দিব, আৰু এতিয়া আমাক পৰিত্ৰাণ দিলে” বা “যিজনে আমাক পৰিত্ৰাণ দিলে….তেওঁ যিদৰে আমাক পৰিত্ৰাণ দিবলৈ পৰিকল্পনা কৰিছিল”
কাল আৰম্ভ হোৱাৰ পূর্ব্বেই
“বিশ্বব্ৰক্ষ্মণ্ড আৰম্ভণ হোৱাৰ পূর্ব্বেই” বা “সময়ৰ আৰম্ভণীৰ আগেয়ে”
কালবোৰ
এইটো বিশ্বব্ৰক্ষ্মণ্ডৰ সলনি ব্যৱহাৰ হোৱা শব্দ, যি যি স্থিতি আছে সকলো (চাওক: সলনি/সলোৱা)
আমাৰ ত্ৰাণকর্ত্তা খ্ৰীষ্ট যীচুৰ আর্ৱিভাবৰ দ্বাৰাই ঈশ্বৰৰ পৰিত্ৰাণ প্ৰকাশিত হল
তেওঁ কেনেকৈ আমাক পৰিত্ৰাণ কৰিব, তাক ঈশ্বৰে, আমাৰ ত্ৰাণকর্ত্তা মচীহ যীচুৰ আর্ৱিভাবৰ দ্বাৰাই প্ৰদর্শন কৰিলে (চাওক: প্ৰত্যক্ষ বা পৰোক্ষ)
যিজনে মৃত্যুক বিনাশ কৰিলে
“যিজনে আমাৰ ওপৰত থকা মৃত্যুৰ শক্তিক বিনাশ কৰিলে”
শুভবার্তাৰ জড়িয়তে পোহৰ দিবলৈ অমৰ জীৱন আনিলে
“শুভবার্তা প্ৰচাৰৰ দ্বাৰা মৃত্যুহীন জীৱন কি তাক শিকালে”
মোক ঘোষনাকাৰী নিযুক্তি দিয়া হল
“ঈশ্বৰে মোক বার্তাটো প্ৰচাৰ কৰিবলৈ নির্বাচিত কৰিলে”
2 Timothy 1:12-14
এই কাৰণটোৰ নিমিত্তেই
“যিহেতু মই এজন পাচনি”
মই ক্লেশ ভোগ কৰো…এই বিষয়বোৰ
“মই এজন কাৰাবন্দী”
মোক পতিয়ন নিয়াইছে
“মোৰ দৃঢ় বিশ্বাস”
সেইদিনা
সম্ভাৱ্য অর্থসমূহ: (১) যিদিনা প্ৰভু যীচু আকৌ আহিব (২) যিদিনা ঈশ্বৰে মানুহবিলাকৰ বিচাৰ কৰিব ৷
তুমি মোৰ পৰা যি শুনিলা, সুস্থ বাক্যৰ আর্হি স্বৰূপে, ধৰি ৰাখা
“মই তোমাক শিকোৱা শুদ্ধ ধাৰণাসমূহ” “শিকাই থাকা” বা “তুমি কি আৰু কেনেকৈ শিকোৱা উচিত তাৰ আর্হি স্বৰূপে মোৰ বাক্যবোৰ আৰু মোৰ শিক্ষা দিয়া প্ৰণালী সমূহ ব্যৱহাৰ কৰা”
সুস্থ বাক্যসমূহ
“শুদ্ধ ধাৰণাসমূহ” বা “সত্য বাক্যবোৰ”
সেই সৎ কর্ম্মটো
এইটোৱে শুদ্ধভাৱে শুভবার্তা ঘোষণা কৰা কার্যটোৰ বিষয়ে বুজাইছে৷
পহৰা দিয়া
তীমথিয় সতর্ক হব লাগিব কিয়নো মানুহবিলাকে তেওঁৰ কর্ম্মৰ বিৰোধ কৰিব, বন্ধ কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁ যি কয় তাক বিকৃত কৰিব৷
পবিত্ৰ আত্মাৰ দ্বাৰাই
“পবিত্ৰ আত্মাই যি কৰিবলৈ কয় কেৱল তাকেহে কৰিবা”
2 Timothy 1:15-18
মোক এৰি গল
সিহঁতে তেওঁক পৰিত্যাগ কৰিলে কিয়নো তেওঁক গ্ৰেপ্তাৰ কৰিলে আৰু বন্দীশালত থলে৷
মোৰ শিকলিত লজ্জিত হোৱা নাছিল
অনীচিফৰে পৌল কাৰাগাৰত থকা বাবে লজ্জিত হোৱা নাছিল কিন্ত তেওঁক সঘনাই দেখা দিবলৈ আহিছিল৷ ‘শিকলি’ শব্দটো ‘বন্দীশালত থকা’ সলনি ব্যৱহাৰ কৰা হৈছে৷ (চাওক:সলনি)
দয়া পাবলৈ তেওঁলৈ অনুগ্ৰহ কৰক
সেইদিনা “পৌলে ইচ্ছা কৰিছে যে অনীচিফৰে দণ্ড নহয়, দয়াহে পাওক সেইদিনা (১) যিদিনা প্ৰভু পুনৰ আহিব বা (২) যিদিনা ঈশ্বৰে লোকবিলাকক বিচাৰ কৰিব৷
2 Timothy 2
2 Timothy 2:1-2
খ্ৰীষ্ট যীচুত থকা অনুগ্ৰহত শক্তিমন্ত হোৱা
সম্ভাৱ্য অর্থসমূহ (১)খ্ৰীষ্ট যীচুত তোমাক দিয়া অনুগ্ৰহটো তোমাক শক্তিশালী কৰিবলৈ ঈশ্বৰে ব্যৱহাৰ কৰক৷ (২) যে ঈশ্বৰে তোমাক যি অনুগ্ৰহ দিছে সেইটো কেৱল খ্ৰীষ্ট যীচুৰ জড়িয়তেহে আহে এইটো জানি তুমি নিজকে উৎসাহিত কৰা৷
অনেক সাক্ষীৰ মাজত
“মোৰ বাক্যবিলাক যে সত্য এই কথাত একমত হবলৈ অনেক সাক্ষী আছে”
বিশ্বাসী
“বিশ্বাসভাজন”
2 Timothy 2:3-5
৪, ৫ আৰু ৬ পদত খ্ৰীষ্টৰ সেৱকে কেনেকৈ জীৱন যাপন কৰা উচিত, তাক কবলৈ পৌলে তিনিটা উপমা ব্যৱহাৰ কৰিছে৷ (চাওক: উপমা)
মোৰে সৈতে দুখ সহণ কৰা
সম্ভাৱ্য অর্থসমূহ: (১) “মোৰ নিচিনাকৈ তুমিও ক্লেশ সহণ কৰা” (চাওক : UDB) বা (২) “মোৰ ক্লেশৰ ভাগী হোৱা”
এই জীৱনৰ ব্যৱসায়ত নিজকে জড়িত কৰিলে কোনো চিপাহীয়ে সেৱা কৰিব নোৱাৰে
“কোনো চিপাহীয়ে সেৱা কৰিব নোৱাৰে, যদিহে তেওঁ এই জীৱনৰ দৈনন্দিন ব্যৱসায়ত জড়িত থাকে” বা “যেতিয়া চিপাহীবিলাকে কর্ম্মৰত অৱস্থাত থাকে, তেওঁলোকে মানুহবিলাকে কৰিব লগীয়া হোৱাৰ দৰে সাধাৰণ কামৰ দ্বাৰাই অন্য মনস্ক হৈ নাথাকে৷ তিনিটা উপমাৰ এইটোৱে প্ৰথমটো৷ পঢ়ুৱৈ জনে বুজা উচিত যে খ্ৰীষ্টৰ সেৱক সকলে দৈনন্দিন জীৱনটো খ্ৰীষ্টৰ বাবে কাম কৰাৰ পৰা আতঁৰাই ৰাখিব নালাগে৷
জড়িত হৈ
আন আন কর্ম্ম কৰি সেৱা কার্যত বাধা প্ৰাপ্ত হোৱা জনক জালত পৰিল বুলি কোৱা হৈছে৷
ঊর্দ্ধতন বিষয়া
“যিজনে তেওঁক চিপাহী হিচাবে নাম ভর্তি কৰিলে”
খেলাধুলাত প্ৰতিদ্বন্দ্বিতা কৰা ব্যক্তি (দৌৰা, জপিওঁৱা, মল্লযুঁজ ইত্যাদি)…বিধি মতে প্ৰতিদ্বন্দ্বিতা নকৰিলে মুকুট দিয়া নাযায়
তীমথিয়লৈ দিয়া পৌলৰ এইটো দ্বিতীয়টো উপমা ৷ পঢ়ুৱৈ জনে বুজা উচিত যে খ্ৰীষ্টৰ সেৱকসকলে, খ্ৰীষ্টই যি কৰিবলৈ কৈছে, সেইটোহে কৰা প্ৰয়োজন৷
তেওঁক মুকুটেৰে বিভূষিত কৰা নহয়
“তেওঁ পুৰস্কাৰ লাভ নকৰে”
বিধি মতে প্ৰতিযোগিতা কৰা
“নিখুঁত ভাৱে বিধি মানি চলা” বা “বিধি মতে নিখুঁত ভাৱে প্ৰতিযোগিতা কৰা”
2 Timothy 2:6-7
পৰিশ্ৰমী খেতিয়ক জনেই প্ৰথমতে শষ্যৰ ফলভোগ কৰিব৷
তীমথিয়লৈ দিয়া পৌলৰ এইটো তৃতীয়টো উপমা৷ পঢ়ুৱৈ জনে বুজা উচিত যে খ্ৰীষ্টৰ সেৱকসকল পৰিশ্ৰমী হব লাগে৷ (চাওক: উপমা)
মই কি কৈছো তাক ভাৱি চোৱা
পৌলে তীমথিয়ক তিনিটা উপমা দিলে, কিন্ত তেওঁ সেইবিলাকৰ অর্থ ব্যাখা কৰা নাছিল৷ তেওঁ আশা কৰিছিল যে তীমথিয়ে নিজেই খ্ৰীষ্টৰ সেৱকসকলৰ বিষয়ে পৌলে কি কৈছে তাক বিচাৰি উলিয়াব৷
কাৰণ প্ৰভুৱে
“কিয়নো প্ৰভুৱে”
2 Timothy 2:8-10
মোৰ শুভবার্তাৰ অনুসাৰে
“অর্থাৎ মোৰ শুভবার্তা”
যাৰ কাৰণে মই ক্লেশ ভোগ কৰিছো
“যি শুভবার্তাৰ নিমিত্তে মই ক্লেশ ভোগ কৰিছো”
শিকলিৰে বন্ধা হৈছো
“কাৰাবাস খাটিছো” (চাওক: উপমা)
ঈশ্বৰৰ বাক্য বন্ধ হোৱা নাই
“সীমাবদ্ধ হোৱা নাই” বা “বন্ধা হোৱা নাই” বা “সম্পূর্ণ স্বাধীনতা আছে৷”
নির্বাচিত সকলৰ নিমিত্তে
ঈশ্বৰে নির্বাচিত কৰা লোকসকলৰ নিমিত্তে
পৰিত্ৰাণ যেন পাব পাৰে
“পৰিত্ৰাণ পাব” বা “ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিব”
চিৰস্থায়ী গৌৰৱেৰে
“চিৰকাল ঈশ্বৰক গৌৰৱাম্বিত কৰি” বা “লোকবিলাকক ঈশ্বৰলৈ চিৰকাল আঙুলিয়াই দি”
2 Timothy 2:11-13
এই বচন
“এই বাক্যবোৰ”
যদিও আমি অবিশ্বাসী হওঁ
“আনকি যদিও আমি ঈশ্বৰলৈ বিফল হওঁ” বা “আনকি যদিও আমি, ঈশ্বৰে বিচৰা দৰে নকৰো”
তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে
“তেওঁৰ নিজৰ আচৰণৰ দৰেই সদায় কার্য কৰিব লাগিব” বা “তেওঁ নিজৰ প্ৰকৃত চৰিত্ৰৰ বিপৰীতে কেতিয়াও কার্য কৰিব নোৱাৰে”
2 Timothy 2:14-15
সিহঁতক
সম্ভাৱ্য অর্থসমূহ : (১) “উপদেশক সকল” (UDB); (২) “মণ্ডলীৰ লোকবিলাক”
ঈশ্বৰৰ সাক্ষাতে
“ঈশ্বৰৰ উপস্থিতিত” বা “ঈশ্বৰে তোমাক আৰু তেওঁলোকক সতর্ক দৃষ্টি ৰাখি আছে বুলি জানি”
বাক্
যুদ্ধ নকৰা “বাক্যসমূহে কি অর্থ বুজাইছে বুলি যুক্তি তর্ক নকৰা” বা “কাজিয়া সৃষ্টি কৰা কোনো বাক্য নোকোৱা” বা “অন্য লোকক আঘাট দিবলৈ কথা নোকোৱা”
একো লাভ নোহোৱা
“কাৰো মঙ্গল নকৰে” বা “ফলপ্ৰদ নোহোৱা”
ধ্বংস কৰা
প্ৰতিমূর্তিটো এটা ঘৰৰ ধ্বংসৰ ৷ যিসকলে কাজিয়া কৰা শুনে তেওঁলোকে খ্ৰীষ্টীয়ান বার্তাটো সন্মান কৰিবলৈ এৰিব৷(চাওক:উপমা)
যিসকলে মন দি শুনে
যিসকলে শুনে “শুনোতা সকলে”
ঈশ্বৰৰ গ্ৰহনীয় ৰূপে নিজকে উপস্থিত কৰোৱা
“তুমি নিজকে যোগ্য প্ৰমাণিত ব্যক্তি ৰূপে ঈশ্বৰৰ আগত উপস্থিত কৰোৱা”
কাৰিকৰ ৰূপে
“এজন কাৰিকৰৰ নিচিনাকৈ” বা “এজন শ্ৰমিকৰ দৰে”
শুদ্ধভাৱে পৰিচালনা কৰা
“নির্ভুল ভাৱে ব্যাখা কৰি”
2 Timothy 2:16-18
তেওঁলোকৰ কথা সোঁচৰা ৰোগৰ দৰে বিয়পি যাব
“তেওঁলোকে কোৱা কথা সংক্ৰামক ৰোগৰ দৰে বিয়পিব৷” যিদৰে সোচঁৰা ৰোগ খৰকৈ ব্যক্তি জনৰ শৰীৰত বিয়পি পৰে আৰু ইয়াক ধ্বংস কৰে, সেইদৰে সেই লোকবিলাকে কোৱা কথাবোৰ এজন ব্যক্তিৰ পৰা অন্য এজনলৈ বিয়পিব আৰু শুনোতা বিলাকৰ বিশ্বাস নষ্ট কৰিব৷ সলনি অনুবাদ: “তেওঁলোকৰ কথাবোৰ শীঘ্ৰে বিয়পিব আৰু সোঁচৰা ৰোগৰ দৰে নষ্ট কৰিব” বা “তেওঁলোকে কি কয় লোকবিলাকে তাক শুনিব আৰু ইয়াৰ দ্বাৰা বিনষ্ট হব৷” (চাওক: উপমা)
গেলা ঘা
মৃত, পচা মাংস (ই এবিধ ৰক্ত সঞ্চালনৰ অভাৱত দেহ কোষৰ ক্ষয় ঘটা ৰোগ, এক সোঁচৰা ৰোগ”৷ এই গেলা ঘা ডোখৰ বিয়পি নাজাবলৈ আৰু ৰোগী ব্যক্তিজনক মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ এটাই উপায় আছে, সেয়াই হৈছে আক্ৰান্ত হোৱা মাংস ডোখৰ কাটি উলিয়াই পেলোৱা৷
সত্যটোৰ পৰা ফালৰি কাটি গল
এইটোৰ অর্থ হব পাৰে: (১) “সত্যটোৰ সম্বন্ধে ভুল কৰিলে” বা “সত্যটোৰ সম্বন্ধে ভুল বুজিছে”, লক্ষ্য ভেদ কৰিব নোৱাৰা এপাত কাড়ৰ দৰে, বা (২) “সত্যটোত বিশ্বাস কৰিবলৈ এৰিলে”
পুনৰুত্থান ইতিমধ্যেে হৈ গল
“ঈশ্বৰে ইতিমধ্যে মৃত বিশ্বাসী সকলক চিৰস্থায়ী জীৱনলৈ তুলিলে”
কিছুমানৰ বিশ্বাস বিনষ্ট কৰিলে
“কিছুমান বিশ্বাসীৰ মনত সংশয় জন্মালে” বা “কিছুমান বিশ্বাসীক বিশ্বাস নকৰিবলৈ পতিয়ন নিয়ালে”
2 Timothy 2:19-21
যিজনে প্ৰভুৰ নাম লয়
“যিজনে কয় যে তেওঁ যীচুত বিশ্বাসী
ঈশ্বৰৰ ভেঁটি
সম্ভাৱ্য অর্থসমূহ: (১) “আদিৰে পৰা ঈশ্বৰে সজা মণ্ডলীটো” (২) “ঈশ্বৰৰ সম্বন্ধে সত্যটো” (UDB) (৩) “ঈশ্বৰৰ বিশ্বস্ততা”
অধার্মিকতাৰ পৰা আতঁৰি থাকা
সম্ভাৱ্য অর্থসমূহ : (১) “বেয়া নহবা” ; (২) “ভুল কাম নকৰিবা”
পাত্ৰ বিলাক
এইটো এটা উমৈহতীয়া শব্দ, যিটো বাটি কাঁহি আৰু বস্তু থোৱা পাত্ৰ বিলাকৰ ক্ষেসত্ৰত ব্যৱহাৰ হয়৷ আপোনাৰ ভাষাত যদি এনে শব্দ নাই, তেন্তে বাটি বা পাত্ৰ শব্দটো ব্যৱহাৰ কৰক৷ এইটো মানুহক বুজাবলৈ এটা উপমা৷ (চাওক: উপমা)
সমাদৰজনক…অসন্মানজনক
সম্ভাৱ্য অর্থসমূহ: (১) “বিশেষ উপলক্ষ্য সমূহত…গতানুগতিক সময়ত” (UDB); (২) সমজোৱা ভাৱে সৎ লোকে কৰা কাম বিলাক…ব্যক্তিগত ভাৱে মানুহে কৰা কাম বিলাক
মর্যাদা হানিজনক কামৰ পৰা নিজকে শুচি ৰাখে
সম্ভাৱ্য অর্থসমূহ: (১) “মর্যাদাহীন লোকৰ পৰা নিজকে পৃথকে ৰখা” (২) “নিজকে শুচি কৰে”
সমাদৰৰ পাত্ৰ
“বিশেষ উপলক্ষেহ ব্যৱহাৰৰ উপযোগী” বা “সৎ লোকে সমজোৱা ভাৱে কৰা কামৰ বাবে উপযোগী”
2 Timothy 2:22-23
পলোৱা… খেদি যোৱা
এই উপমা কেইটাই যিমান পাৰা সিমান খৰকৈ দৌৰ দিয়াৰ ধাৰণা দিয়ে৷ পলোৱা মানে যিটোৱে আপোনাক হানি কৰিব পাৰে তাৰ পৰা নিজকে বচাবলৈ দৌৰি পলাই যোৱা; খেদি যোৱা মানে যিটোৱে আপোনাৰ মঙ্গল কৰিব সেই অভিমুখে পাবলৈ দৌৰি যোৱা ৷ (চাওক : উপমা)
ডেকা কালৰ যৌন বাসনাৰ পৰা পলোৱা
“কম বয়সীয়া লোকক প্ৰলোভিত কৰা যৌন বাসনাৰ পৰা দৌৰি পলোৱা” যিদৰে এজন ব্যক্তিয়ে আক্ৰমণ কৰিবলৈ উদ্যত হোৱা জন্ত বা হত্যাকাৰীৰ পৰা পলাই যায়৷ আপোনাৰ ভাষাত যদি “যৌন বাসনা” শব্দটো বিশেষ্য পদত নাই, তেন্তে এইটো এনেদৰে অনুবাদ কৰিব “ডেকা বিলাকে প্ৰৱল ভাৱে কৰিবলৈ ইচ্ছা কৰা কাম কৰিবলৈ সম্পূর্ণৰূপে অস্বীকাৰ কৰা” বা “…এনে কার্য কৰাৰ পৰা বিৰত থাকিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰা ৷”
ধার্মিকতা, বিশ্বাস, মৰম, শান্তিৰ পিছ লোৱা
“ধার্মিকতা, বিশ্বাস, মৰম, শান্তিৰ পাছে পাছে খেদি যোৱা” যদি আপোনাৰ ভাষাত “ধার্মিকতা, বিশ্বাস, মৰম, শান্তি” শব্দ কেইটাৰ বিশেষ্য পদ নাই, তেন্তে এনেদৰে অনুবাদ কৰক… “তোমাৰ শক্তিয়ে পাৰে মানে যি শুদ্ধ, তাক কৰা…”
বিশ্বাস
সম্ভাৱ্য অর্থসমূহ : (১) চাওক : বিশ্বাস ; (২) চাওক : বিশ্বস্ত, বিশ্বস্ততা
সৈতে
সম্ভাৱ্য অর্থসমূহ : (১) “সংগী বৃন্দৰ, অর্থাৎ ধার্মিকতা বিচাৰি অন্য খ্ৰীষ্টীয়ানৰ লগ লোৱা…” (২) “অন্যৰ লগত সম্বন্ধ স্থাপন কৰোঁতে” অর্থাৎ অন্য খ্ৰীষ্টীয়ানৰ লগত শান্তিত থাকিবলৈ আপুনি যি যি কৰিব পাৰে সাধ্য অনুসাৰে সকলো কৰক” অনুবাদৰ টোকা
সিহঁতক যিসকলে প্ৰভুৰ নাম লয়
“খ্ৰীষ্টীয়ান বিলাক” বা “সেইসকল যিসকলে নিজকে নিজে প্ৰভুৰ লোক বুলি কয়”
শুচি হৃদয়ৰ পৰা
“সৎ অভিপ্ৰায়ে” বা “মংগলৰ কাৰণে”
নির্বোধ আৰু অজ্ঞ প্ৰশ্নসমূহ প্ৰত্যাখান কৰা
“নির্বোধ আৰু অজ্ঞ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ অমান্তি হবা”
নির্বোধ…প্ৰশ্নসমূহ
“ঈশ্বৰলৈ শ্ৰদ্ধা ভক্তি নাৰাখি লোক বিলাকৰ দ্বাৰা সোধা প্ৰশ্নসমূহ”
অজ্ঞ প্ৰশ্নসমূহ
“সত্যটো জানিবলৈ নিবিচৰা লোক বিলাকৰ দ্বাৰা সোধা প্ৰশ্নসমূহ”
2 Timothy 2:24-26
বিনম্ৰতাৰে
“নম্ৰভাৱে” বা “বিনীতভাৱে”
শিক্ষা দি
“নির্দেশ দি” বা “উপদেশ দি” বা “সুধৰাই দি”
তেওঁলোকক মন পালটন দান কৰা
“তেওঁলোকক পাপৰ পৰা মন ঘূৰাবলৈ সহায় কৰা”
সত্যৰ জ্ঞান পাবৰ বাবে
“যাতে তেওঁলোকে সত্যক জানিব”
তেওঁলোকে যেন বিচাৰ শক্তি পুনৰাই লাভ কৰে
“তেওঁলোকে যেন আৰু ভুল চিন্তা ধাৰা নলব” বা “তেওঁলোকে যেন পুনৰ ঈশ্বৰলৈ মন দিবলৈ আৰম্ভ কৰিব৷”
যিবিলাক লোক চয়তানৰ ফান্দত পৰিল এইটো এটা উপমা
সেইবিলাক মানুহৰ কাৰণে যিবিলাকে ভাৱে যে তেওঁলোকে ঈশ্বৰক অনুকৰণ কৰিছে কিন্ত প্ৰকৃততে তেওঁলোকে চয়তানকহে অনুকৰণ কৰিছে৷ (চাওক : উপমা) তেওঁৰ ইচ্ছা সাধনৰ বাবে তেওঁৰ দ্বাৰা বন্দী হোৱাত “চয়তানে তেওঁলোকক বন্দী কৰিলে আৰু এতিয়া তেওঁলোকক তাৰ যি ইচ্ছা তাকে সিদ্ধ কৰায়৷”
2 Timothy 3
2 Timothy 3:1-4
ভয়ানক কাল
এইবিলাক এনেকুৱা দিন, মাহ, বা আনকি বছৰ হব যে খ্ৰীষ্টীয়ান বিলাকে অন্যলোকৰ পৰা বিপদত পৰিব যিটো পৌলে ২ ৪ পদত বর্ণনা দিছে৷
প্ৰকৃত মৰম চেনেহ নোহোৱা
“নিজৰ পৰিয়ালক মৰম নকৰা”
মীমাংসা কৰিব নোৱাৰা
“কোনোজনৰ কথাত সন্মত নোহোৱা” বা “কোনোজনৰ লগত শান্তিত বাস নকৰা”
মিছা অপবাদ দিওঁতা সকল
“মিছাকৈ দোষাৰোপ কৰোতাসকল”
হিংস্ৰ
“ভয়ংকৰ” বা “নৃশংস” বা “তেওঁলোকে সঘনাই অন্যলোকক আঘাত কৰিবলৈ কথা কব”
উপকাৰ নমনা
“উপকাৰীক ঘৃণাওতা”
অমনোযোগী
অসাৱধান
মদগর্বী
“তেওঁলোকে ভাৱিব যে তেওঁলোক অন্যলোকতকৈ অধিক ভাল”
2 Timothy 3:5-7
ধার্ম্মিকতাৰ আকাৰধাৰী
“দেখাত ধর্মপৰায়ন” বা “দেখাত ধার্মিক বোধ হয়” বা “দেখাত ভাল”
সিহঁতে ইয়াৰ শক্তি অস্বীকাৰ কৰিব
সম্ভাৱ্য অর্থসমূহ: (১) ঈশ্বৰে তেওঁলোকক দিব খোজা শক্তিটো গ্ৰহন কৰিবলৈ অস্বীকাৰ কৰিব (UDB) বা (২) তেওঁলোকে দাবী কৰা দৰে তেওঁ লোকৰ জীৱনত কোনো ধার্মিকতাৰ সাক্ষ্য দেখা নাযাব৷
ঘূৰি আতঁৰি আহা
“পৰিহাৰ কৰা”
যিসকলে ভিতৰত প্ৰৱেশ কৰে
“যি সকলে লুকাই চুৰকৈ সোমায়”
পৰিয়ালসমূহ
সম্ভাৱ্য অর্থসমূহ: (১) “পৰিয়ালবিলাক” বা “ঘৰখনত বাস কৰা পৰিয়ালটো” (২) ঘৰবিলাক/বাসন্থান বিলাক
মোহিত কৰে
“মুগ্ধ কৰিবলৈ শক্তি থকা”
নির্বোধী তিৰোতাবিলাক
“আত্মিকভাৱে দুর্ব্বল তিৰোতাবিলাক”৷ এইটো হব পাৰে কাৰণ : তেওঁলোকে ধার্মিকতাপৰায়ন হোৱাত বিফল হয় বা তেওঁলোক এলেহুৱা বা “তেওঁলোক পাপত ভাৰাক্ৰান্ত”
তেওঁলোক পাপত ভাৰাক্ৰান্ত
সম্ভাৱ্য অর্থসমূহ : (১) “যিবিলাক পাপত ডুবগৈ আছে” বা (২) যিসকলে বাৰম্বাৰ পাপ কৰে” আচল কথাটো এই যে তেওঁলোকে পাপ নকৰাকৈ থাকিব নোৱাৰে৷
যিবিলাক…বিভিন্ন ইচ্ছাৰ দ্বাৰা বিপথে পৰিচালিত
এইটো বেলেগ ধৰণেও অনুবাদ কৰিব পাৰি: “এই তিৰোতাবিলাকে আন অনেক বস্তু পাবলৈ ইমানেই আকাঙ্খা কৰে যে তেওঁলোকে খ্ৰীষ্টক নমনা হয় ৷ বা “এই তিৰোতাবিলাকে খ্ৰীষ্টৰ অবাধ্য হৈ, তেওঁলোকৰ আকাঙ্খিত বস্তুৰ পিছে পিছে যায়৷
জ্ঞান
এই শব্দৰ অর্থ হল তেওঁলোকক বহুত দিন ধৰি যত্নেৰে লক্ষ্য কৰি, আপুনি ব্যক্তিজনৰ বিষয়ে যি জানে৷
2 Timothy 3:8-9
যান্নি আৰু যাম্বি
এই দুটা নাম বাইবেলত ইয়াতহে পোৱা যায়৷ এক পৰম্পৰা মতে, তেওঁলোক, মোচিক বিৰোধ কৰা (যাত্ৰাপুস্তক ৭ ৮ অধ্যায়ত পোৱা যায়) মিচৰীয়া বাজীকৰ কেইজন বুলি কোৱা হয়৷ (চাওক: অনুবাদ নামবোৰ)
বিৰুদ্ধে থিয় হল
“প্ৰতিৰোধ কৰিলে”
সেইদৰে
“সেই একে দৰেই”
সত্যটো
“যীচুৰ শুভবার্তা”
তেওঁলোকৰ নৈতিক অধঃপতন হল
“তেওঁলোকে শুদ্ধ চিন্তা কৰিব নোৱাৰা হল”
বিশ্বাসৰ সম্বন্ধে অপ্ৰামাণিক
কোনোবাই দেখুৱাই দিলে যে প্ৰৱঞ্চনাকাৰী উপদেশক সকলে যীচুত বিশ্বাস কৰা সম্বন্ধে যি শিকায়, সেই শিক্ষা মিছা, সেই নিমিত্তে উপদেশক সকলৰ “কোনো মূল্য নাই” বা “যোগ্যতাহীন” বা “অনুপযুক্ত”
আগবাঢ়
“আগলৈ যোৱা”
নির্বোধিতা
“অন্তদৃষ্টিৰ অভাৱ” বা “মূর্খতা”
স্পষ্ট
“সহজে দেখাপোৱা” বা “সহজে চিনিপোৱা”
2 Timothy 3:10-13
কিন্ত তোমালোকে অনুকৰণ কৰিছা
“কিন্ত তোমালোকে যত্নেৰে পহৰা দিছা”
উপদেশ
“নির্দেশনা”
আচৰণ
“জীৱনৰ পথ”
মনস্থ কৰা
“সিদ্ধান্ত কৰা” বা “দৃঢ় প্ৰতিজ্ঞ”
চিৰসহিঞ্চুতা
“লোকবিলাকৰ প্ৰতি ধৈর্য্যশীল”
সহনশীলতা
“মই ঈশ্বৰৰ পৰিচর্যা কৰিয়েই আছো যদিও এনে কার্য্য কৰি থকাতো মোৰ বাবে অতি কঠিন” (UDB) বা “অতি কষ্টকৰ পৰিস্থিতিটো মই সঠিক আচৰণ কৰিয়েই আছো”
ৰক্ষা কৰিলে
“উদ্ধাৰ কৰিলে”
আৱশ্যক
“বাঞ্চা কৰা”
চদ্মবেশী প্ৰৱঞ্চক
“যিবিলাকে নিজৰ বিষয়ে অন্য লোকক প্ৰতাৰণা কৰে” বা “যিবিলাকে প্ৰকৃততে যি নহয়, নিজকে তেনে বুলি অন্যৰ আগত ভাও ধৰে৷”
2 Timothy 3:14-15
তুমি যি শিকিলা সেইমতে কার্য কৰিয়েই থাকা
সম্ভাৱ্য অর্থসমূহ: (১) যি যি কর্ম্ম তুমি কৰিবলৈ শিকিলা সেইবিলাক কৰিয়েই থাকা” (UDB) বা (২) “তুমি যি শিকিলা তাক পাহৰি নাযাবা৷” দুয়োটা ক্ষেলত্ৰতে মূল কথাটো হ’ল অলৰ হৈ থাকা৷
যিবিলাকে তোমাক জ্ঞানবান কৰিবলৈ সমর্থ
“সেইবিলাকে তোমাৰ প্ৰয়োজনীয় জ্ঞানটো দিয়ে”
খ্ৰীষ্ট যীচুত থকা পৰিত্ৰানলৈ বিশ্বাসৰ জৰিয়তে
“যাতে যীচু খ্ৰীষ্টত থকা তোমাৰ বিশ্বাসটোক ঈশ্বৰে তোমাক পৰিত্ৰান দিবলৈ ব্যৱহাৰ কৰিব৷
পৰিত্ৰান
সম্ভাৱ্য অর্থসমূহ : (১) “ঈশ্বৰে তোমাক অনন্তজীৱন দিব” বা “ঈশ্বৰে তোমাক এই জগতত মূর্খতাৰ পৰা পৰিত্ৰান দিব”
2 Timothy 3:16-17
গোটেই শাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা অনুপ্ৰাণিত
ঈশ্বৰে তেওঁৰ আত্মাৰ দ্বাৰাই গোটেই শাস্ত্ৰৰ কথা কলে, আৰু ই লাভজনক ৷(চাওক: UDB) বা “গোটেই শাস্ত্ৰ ঈশ্বৰ নিশ্বাসিত”, ঈশ্বৰৰ আত্মাৰ দ্বাৰাই সৃষ্ট, ঈশ্বৰেই মানুহক কি লিখিব লাগে তাক কলে৷
লাভজনক
“উপকাৰী”, “হিতকৰ”
দোষী সাব্যস্তকৰণ
“ভুলবিলাক দেখুৱাই দিয়ে”
ভুল শুদ্ধৰণি
“ভুল স্থিৰীকৰণ কৰা”
প্ৰশিক্ষণ
“শিষ্য প্ৰস্তুত কৰা” বা “প্ৰতিপালন কৰা”
অর্হতাসম্পন্ন
“সম্পূর্ণ”
2 Timothy 4
2 Timothy 4:1-2
ঈশ্বৰৰ আৰু খ্ৰীষ্ট যীচুৰ দৃষ্টিত
“য’ত ঈশ্বৰ আৰু খ্ৰীষ্ট যীচুৱে আমাক চাব পাৰে” বা “ঈশ্বৰ আৰু খ্ৰীষ্ট যীচুৰ উপস্থিতিত” বা “য’ত ঈশ্বৰ আৰু খ্ৰীষ্ট যীচুৱে সাক্ষ্য হব পাৰে আৰু বিচাৰ কৰিব পাৰে”
যিজনাই বিচাৰ কৰিবলৈ যুগুত হৈ আছে
“যিজনা বিচাৰ কৰিবলৈ শীঘ্ৰে আহিব”
গাম্ভীর্যপূর্ণভাৱে
“ক্ষমতাৰে” বা “গুৰুত্ব সহকাৰে” বা “আখৰে আখৰে”
এইটো যেতিয়া নহয়
“সেই সময়ত যি সময়ত সুবিধাজনক নহয়”
অনুযোগ কৰা
“তেওঁলোক যে দোষী তাক দেখুৱাই দিয়া” বা “কি ভুল কৰিলে তাক জনাই দিয়া”
গৰিহনা দিয়া
“গুৰুত্ব সহকাৰে সতর্ক কৰা”
সহনশীলতা
“সহিঞ্চুতা”
সকলো সহনশীলতা আৰু উপদেশেৰে
সম্ভাৱ্য অর্থসমূহ: (১) এইদৰে তীমথিয়েও লোকবিলাকক উৎসাহিত কৰা উচিত বা (২) এইদৰে তীমথিয়ই ২ বা ৩ পদত কোৱা দৰে সকলো কৰা উচিত৷
সকলো সহিঞ্চুতাৰে
“সম্পূর্ণ সহনশীলতাৰে” বা “অধিক সহন কৰি”
2 Timothy 4:3-5
কিয়নো এটা সময় আহিব যেতিয়া
“কিয়নো ভৱিষ্যতে এটা সময়ত”
লোকবিলাকে
প্ৰসঙ্গটো চাই বুজিব পৰা হয় যে এইবিলাক মণ্ডলীৰ ভিতৰৰ লোক (UDB)
নির্ভৰযোগ্য শিক্ষা
যিটো শিক্ষা গোটেই মণ্ডলীটোৱে সত্য আৰু শুদ্ধ বুলি বিবেচনা কৰিলে
নিজৰ মাংসৰ অভিলাষ পূর্ণ কৰিবলৈ যি শিক্ষা সুবিধাজনক তেনে শিক্ষা দিয়া শিক্ষক সকলেৰে নিজকে আগুৰি ৰাখে৷ এনেদৰে তেওঁলোকে কাণত সুৰসুৰাই দি আনন্দ লাভ কৰা দৰে, আনন্দ লাভ কৰে
সম্ভাৱ্য অর্থসমূহ : (১) “তেওঁলোকৰ ব্যক্তিগত আকাংশাৰ বাবে, তেওঁলোকে শুনিবলৈ বিচৰা দৰে শিক্ষা দিয়া শিক্ষক সকলক গোটাই লব৷” (২) “তেওঁলোকে এনে শিক্ষকসকলক গোটাই লব, যিসকলে তেওঁলোকৰ ব্যক্তিগত মনোকামনা পূৰ কৰিব, যাতে সেই শিক্ষকসকলে, তেওঁলোকে যি শুনিবলৈ বিচাৰে তাক কব৷”
তেওঁলোকৰ নিজৰ লালসা
“তেওঁলোকৰ ব্যক্তিগত আকাংশা”
তেওঁলোকে কাণত সুৰসুৰণি দিব
“তেওঁলোকে তেওঁলোকৰ কাণত সুৰসুৰণি দিবলৈ শিক্ষক বিচাৰি লব৷” এনে সুৰসুৰণিয়ে তেওঁলোকক আনন্দিত কৰিব৷ (চাওক : উপমা)
প্ৰচাৰকৰ কার্য
মানুহক যীচুৰ বিষয়ে কোৱা, তেওঁনো কোন তাক কোৱা, তেওঁ তেওঁলোকৰ কাৰণে কি সিদ্ধ কৰিলে, আৰু তেওঁলোকে কেনেকৈ তেওঁৰ বাবে জীয়াই থাকিব লাগে এই সকলো বিষয়ে কোৱা৷
2 Timothy 4:6-8
কাৰণ
পাঁচ পদত পৌলে কিয় আজ্ঞাটো দিছে সেই কথা কৈছে ৷এইটো এনেদৰেও অনুবাদ কৰিব পাৰি : “কিয়নো” বা “যিহেতু”
মোৰ প্ৰস্থানৰ সময় আহিল
“মই সোনকালেই মৰিম আৰু এই পৃথিৱী এৰি যাম” (UDB)৷ পৌলে উপলব্ধি কৰিছে যে তেওঁ আৰু অধিক সময় জীয়াই নাথাকিব৷
এই উত্তম প্ৰতিযোগিতাত মই প্ৰতিদ্বন্দ্বিতা কৰিলো
এইটো ক্ৰীয়া প্ৰতিযোগিতাত হোৱা যুঁজৰ, মালযুদ্ধৰ বা বক্সিংৰ এটা উপমা ৷ পৌলে তেওঁৰ কৰিব লগীয়া সকলোখিনি কৰিলে৷ এইটো এনেদৰেও অনুবাদ কৰিব পাৰি: “মোৰ কৰিব লগীয়া খিনি মই কৰিলো৷” বা “মই মোৰ উত্তমখিনি দান কৰিলো৷”
মই মোৰ দৌৰ সম্পূর্ণ কৰিলো
এই উপমাটোৱে জীৱন সমাপ্তিক, এক দৌৰ প্ৰতিযোগীতাৰ শেষ চিনটোত উপনীত হোৱাৰ ছবিখন দাঙি ধৰিছে৷ এইটো এনদেৰেও অনুবাদ কৰিব পাৰি: “মই কৰিব লগীয়া সকলোখিনি সম্পূর্ণ কৰিলো৷”
মই বিশ্বাসটো ৰাখিলো
সম্ভাৱ্য অর্থসমূহ: (১) আমি বিশ্বাস কৰা শিক্ষাবিলাক মই অকনো ভুল নোহোৱাকৈ ৰাখিলো” বা (২) “মোৰ পৰিচর্যা কর্মত মই বিশ্বাসী আছিলো” (চাওক: UDB)
ধার্ম্মিকতাৰ মুকুট মোৰ বাবে সাঁচি থোৱা হৈছে
এইটো এনেদৰেও অনুবাদ কৰিব পাৰি: “ধার্ম্মিকতাৰ মুকুট মোলৈ দিয়া হব৷”
ধার্ম্মিকতাৰ মুকুট
সম্ভাৱ্য অর্থসমূহ (১) মুকুট হৈছে এটা পুৰস্কাৰ যিটো, ঈশ্বৰে সত্য পথে জীৱন নিবাস কৰা সকলক দিয়ে (চাওক : UDB) বা (২) মুকুটটো এটা উপমাহে (চাওক: উপমা)
ধার্ম্মিকতাৰ কাৰণে; ঠিক যিদৰে দৌৰ প্ৰতিযোগিতাৰ
বিচাৰকে বিজয়ীজনক এটা মুকুট দিয়ে, পৌলে যেতিয়া জীৱনৰ অন্ত পেলাব, ঈশ্বৰে ঘোষণা কৰিব যে পৌল ধার্মিক৷
মুকুট
বিজয়ৰ সন্মানৰ পাতেৰে গথাঁ এডাল মালা দৌৰ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰা বিজয়ী সকলক দিয়া হৈছিল৷
সেইদিনা
“যিদিনা প্ৰভু পুনৰ আহিব” বা “যিদিনা ঈশ্বৰে লোকবিলাকৰ বিচাৰ কৰিব”
2 Timothy 4:9-10
শীঘ্ৰে
এইটোৱে বুজাব পাৰে “যিমান সোনকালে পাৰে, সিমান সোনকালে”
কাৰণ
কিয়নো
তেওঁ ভাল পায়
কিয়নো দীমাই ভাল পায়
এই বর্তমান জগতক
সম্ভাৱ্য অর্থসমূহ (১) “এই জগতৰ অস্থায়ী বিষয়বোৰক, এই জগতৰ সুখভোগ আৰু আৰাম” বা (২) এই বর্তমান জীৱনক আৰু মৃত্যুৰ পৰা নিৰাপত্তা (দীমাই হয়তো ভয় কৰিছিল যে কোনোবাই তেওঁক মাৰি পেলাব যদিহে তেওঁ পৌলৰ লগত থাকে)৷
সেইকাৰণে গল
“সেইকাৰণেই দীমা গল”
ক্ৰীস্কেণ্ট গল…আৰকু তীত গল…এই দুজন ব্যক্তিয়ে পৌলক এৰি গল. কিন্ত পৌলে এইটো কোৱা নাই যে দীমাৰ নিচিনা তেওঁলোকেও “এই জগতক ভাল পায়৷”
2 Timothy 4:11-13
এই কার্য্যত তেওঁ মোৰ বাবে উপকাৰী
সম্ভাৱ্য অর্থসমূহ : (১) “এই পৰিচর্যাত তেওঁ মোক সহায় কৰিব পাৰে” বা (২) “মোক সেৱা কৰাৰ দ্বাৰাই তেওঁ মোক সহায় কৰিব পাৰে৷”
এইটো
ইয়াৰ দ্বাৰা, পৌলে ত্ৰোৱা নগৰত এৰি থৈ অহা হলৌ চোলাটোৰ কথা বুজাইছে৷
2 Timothy 4:14-16
মোৰ প্ৰতি বৰকৈ অসুয়া প্ৰদর্শন কৰিলে
“মোৰ বিৰুদ্ধে অপকাৰ কৰিলে” বা “মোলৈ অনিষ্টকাৰী কর্ম কৰিলে”
তুমিও তেওঁলৈ সতর্ক হৈ থাকিবা
“তুমিও তেওঁৰ পৰা সাৱধান হবা” বা “তুমিও নিজে তেওঁলৈ বৰ সাৱধান হবা” বা “তুমি তেওঁৰ পৰা নিজকে নিশ্চয়কৈ ৰক্ষা কৰিব লাগিব৷”
তেওঁক…তেওঁৰ…তেওঁক…তেওঁ
এই সকলোবিলাক শব্দই আলেকজেণ্ডাৰক বুজাইছে৷
তেওঁ বৰকৈ আমাৰ বাক্যৰ বিৰুদ্ধে উঠিল
“তেওঁ আমাৰ বার্তাটো বিৰোধ কৰিবলৈ উঠি পৰি লাগিল” বা “তেওঁ সজোৰে আমাৰ বাক্যৰ প্ৰতিবাদ কৰিলে”
মোৰহৈ কোণেও থিয় নিদিলে, কিন্ত প্ৰত্যেকে মোক এৰিলে
“মোৰে সৈতে কোনো নাথাকিল আৰু কোনেও সহায় নকৰিলে, তাৰ পৰিবর্তে প্ৰত্যে্কে মোক এৰিহে গল৷”
এইটো তেওঁলোকৰ বিৰুদ্ধে গণ্য নকৰক
“মোক এৰি যোৱা বাবে সেই বিশ্বাসীসকলক ঈশ্বৰে শাস্তি দিয়াটো মই নিবিচাৰো”
2 Timothy 4:17-18
মোক
“মোক সহায় কৰিবলৈ মোৰে সৈতে সাজু থাকিল৷”
ঘোষণা কার্য্য যেন সম্পূর্ণৰূপে সিদ্ধি হব পাৰে আৰু যাতে সকলো অযিহুদীলোকে শুনিবলৈ পায়৷ সম্ভাৱ্য অর্থসমূহ : (১) এইটো ইতিমধ্যেস ঘটি গল(চাওক: UDB)৷ বা (২) পৌলৰ বাবে তেতিয়াও ভৱিষ্যত হব লগীয়া, “যাতে মই তেওঁৰ বাক্য সম্পূর্ণৰূপে কবলৈ সমর্থ হম যাতে সকলো অযিহুদীলোকেই ইয়াক শুনিব”
মোক সিংহৰ মুখৰ পৰা ৰক্ষা কৰিলে
এইটো এটা উপমা যিটো এনেদৰেও অনুবাদ কৰিব পাৰি: “মোক ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিলে৷” এই বিপদটো শাৰীৰিক, আত্মিক বা দুয়োটাই হব পাৰে৷
2 Timothy 4:19-22
সম্ভাষণ জনাবা
“হেল্লো বুলি কবা মোৰ হৈ” বা “কবা যে মই তেওঁলোকৰ কাৰণে চিন্তা কৰি আছো”
ওনীচিফৰৰ ঘৰখন
“ওনীচিফৰৰ পৰিয়াল”
আহিবলৈ পার্য্যমানে চেষ্টা কৰা
এইটো এনেদৰেও অনুবাদ কৰিব পাৰি “আহিবলৈ সুযোগ গ্ৰহন কৰা”
আৰু পুদেন, লীন, ক্লৌদিয়া আৰু সকলো ভাইবিলাক
“পুদেন, লীন, ক্লৌদিয়া আৰু সকলো ভাইবিলাকেও তোমাক সম্ভাষণ জনাইছে”
সকলো ভাইবিলাকে
“ইয়াত থকা সকলো বিশ্বাসীয়েই”, পুৰুষ আৰু মহিলা
প্ৰভু তোমাৰ আত্মাৰ সৈতে থাকক
“মই তোমাৰ আত্মাক শক্তিশালী কৰিবলৈ ঈশ্বৰক অনুৰোধ কৰিছো”
তোমাৰ লগত অনুগ্ৰহ থাকক
“মই প্ৰভুক অনুৰোধ কৰিছো তাত থকা সকলোকে যেন তেওঁৰ দয়া দেখুৱাওক” বা “মই প্ৰভুক প্ৰার্থনা কৰিছো তাত থকা তোমালোক সকলোলৈ অনুগ্ৰহ দেখুৱাওক”