Assamese: translationNotes

Updated ? hours ago # views See on DCS

Luke

Luke 1

Luke 1:1-4

বিৱৰণ

"প্ৰতিবেদন" বা "বৰ্ণনাসমুহ" বা "সত্য কাহিনী"

আমাক

এই “আমাক” শব্দই এই শাখাত হয়তু থিয়ফিলক বাদ দিছে, কিন্তু পাঠটোৱে বিশেষভাবে সেইটো কোৱা নাই (বৰ্হিভুক্ততা চাওক)

আৰম্ভণীৰে পৰা দেখা সাক্ষীসকল

এইটোক এইদৰে অনুবাদ কৰিব পাৰি “সেইবোৰ প্ৰথমে হোৱা সময়ৰে পৰা এইবোৰ ঘটনা দেখিছিল।”

বাক্যৰ পৰিচাৰক হৈছিল

সাম্ভাব্য আন অৰ্থবোৰ হৈছে “মানুহবিলাকক তেওঁৰ বাৰ্ত্তা কৈ কৈ ঈশ্বৰৰ পৰিচৰ্য্যা কৰিছিল” নাইবা “যীচুৰ বিষয়ৰ শুভবাৰ্ত্তা মানুহবিলাকক শিকাইছিল”

সেইবোৰ আমাক জনাইছিল

এই বাক্যাংশটোত “আমাক” শব্দটো একচেতীয়া। এইটোৱে থিয়ফিলক ভুক্ত কৰা নাই। (একচেতীয়া চাওক)

সকলোবোৰ সঠিককৈ অনুসন্ধান কৰিছিল

এইটোৰ অৰ্থটো হৈছে কি কি ঘটিছিল সেইবোৰ সাৱধানেৰে সঠিককৈ অনুসন্ধান কৰিছিল। কি কি ঘটনা ঘটিছিল সেইটো নিশ্চিত হবলৈ সেই ঘটনাবোৰ দেখা লোকসকলৰ বেলেগ বেলেগ মানুহক সম্ভবতঃ তেওঁ সুধিছিল। এইটো অনুবাদ কৰিবলৈ আন এটা উপায় হৈছে “যি সকলোবোৰ ঘটনা ঘটিছিল সেইবোৰ অতি সাৱধানেৰে গৱেষণা কৰিছিল।”

অতি মান্যবৰ

থিয়ফিলৰ বাবে আদৰ আৰু সন্মান দেখুৱাবলৈ লুকে এইষাৰ কথা কৈছিল। এই দৰে সম্বোধন কৰা আন এটা গুৰুত্বপুৰ্ণ অৰ্থ হৈছে থিয়ফিল এজন অতি গুৰুত্বপুৰ্ণ চৰকাৰী বিষয়া আছিল। এইটোক আন উপায়েৰে অনুবাদ কৰাটো হব “সন্মানীয়” বা “আদৰণীয়।” কোনো কোনো মানুহে এই শুভেচ্ছাবাণীটো সৰ্ব্ব প্ৰথমে দিয়াটো বিচাৰে আৰু কয় “পুজনীয়...থিয়ফিল” বা “ প্ৰিয়...থিয়ফিল।”

থিয়ফিল

এই নামটোৰ অৰ্থ হৈছে “ঈশ্বৰৰ মিত্ৰ।” এইটোৱে মানুহজনৰ বৈশিষ্ট্য বৰ্ণনা কৰে নাইবা এইটো তেওঁ প্ৰকৃত নাম হব পাৰে। প্ৰায়বোৰ অনুবাদতে এইটোক নাম হিচাপে ৰখা হৈছে। (কেনেকৈ নামবোৰৰ অনুবাদ কৰা হয় চাওক)

Luke 1:5-7

যিহুদীয়াৰ ৰজা, হেৰোডৰ সেই দিনবিলাকত

“হেৰোড ৰজাই যিহুদীয়াৰ ওপৰত শাসন কৰা সময়ত”

যিহুদীয়া

এইটোক এইদৰে অনুবাদ কৰিব পাৰি, “সেই যিহুদীয়াৰ অঞ্চলত” বা “যিহুদীয়াৰ অঞ্চলত”। কিছুমান ভাষাত এইটোক এইদৰে কবলৈ অগ্ৰাধিকাৰ দিয়ে “ যিহুদীয়াত বসবাস কৰা মানুহবিলাক।”

এজন নিৰ্দিষ্ট মানুহ

“এক বিশেষ এজন আছিল” বা “এজন আছিল।” এটা কাহিনীত এটা গুৰুত্বপুৰ্ণ চৰিত্ৰ পৰিচয় কৰাৰ এইটো উপায়। আপোনাৰ ভাষাত এইটো কেনেকৈ কৰে তাক বিবেচনা কৰক।

ভাগ

এইটোক “পুৰোহিতসকলৰ বিভাগ” বা “পুৰোহিতসকলৰ দল” বুলি অনুবাদ কৰিব পাৰি।

অবিয়ৰ

“যিজন অবিয়ৰ বংশধৰ আছিল।” অবিয় আছিল এই পুৰোহিত দলৰ বংশধৰ আৰু তেওঁলোক সকলোৱেই হাৰোণৰ বংশধৰ আছিল, যিজন ইস্ৰায়েলীয়াবিলাকৰ প্ৰথম পুৰোহিত আছিল।

তেওঁৰ ভাৰ্য্যা

এইটোক “জখৰিয়াৰ ভাৰ্য্যা” বুলি অনুবাদ কৰিব পাৰি।

কন্যাবিলাকৰ পৰা আছিল

“সেই বংশধৰবিলাকৰ মাজৰ এগৰাকী আছিল” বা “হাৰোণৰ বংশধৰবিলাকৰ পৰা আছিল।” এইটোক এইদৰেও অনুবাদ কৰিব পাৰি “জখৰিয়া আৰু তেওঁৰ ভাৰ্য্যা দুয়ো হাৰোণৰ বংশধৰৰ পৰা আছিল।”

ঈশ্বৰৰ আগত

“ঈশ্বৰৰ দৃষ্টিত” বা “ঈশ্বৰৰ মতত”

চলিছিল

“মানি চলিছিল”

প্ৰভুৰ আজ্ঞাত আৰু বিধিমতে

এইটোক এইদৰে অনুবাদ কৰিব পাৰি “প্ৰভুৱে কৰা সকলো আজ্ঞা আৰু বিধিমতে।”

কিন্তু

এই বিপৰীত শব্দটোৱে আশা কৰা মতে যিটো ইয়াত ঘটিব লাগে তাৰ বিপৰীতটো দেখুৱাইছে। মানুহ বিলাকে আশা কৰিছিল যে যদি সিহঁতে সঠিকটো কৰিলেহেঁতেন, ঈশ্বৰে সিহঁতক সন্তান পাবলৈ দিলেহেঁতেন। যদিও এই দম্পত্তিহালে সঠিকটো কৰিছিল, তেওঁলোকৰ কোনো সন্তান নাছিল।

Luke 1:8-10

ঈশ্বৰৰ আগত

“ঈশ্বৰৰ উপস্থিতিত।” স্পষ্টতাৰ বাবে, কোনো কোনো অনুবাদকে জড়িত হোৱা তথ্য যোগ কৰিব বিচাৰে “যিৰূচালেমত মন্দিৰত।” (স্পষ্টতা আৰু সৰলতা চাওক)

তেওঁলোকৰ বিধি

“তেওঁলোকৰ পৰম্পৰা” বা “ তেওঁলোকৰ গুৰুত্বপুৰ্ণ সিদ্ধান্তবোৰ লোৱাৰ সাধাৰণ উপায়।”

চিঠিখেলৰ দ্বাৰা তেওঁক মনোনীত কৰা

তেওঁলোকক কিবা সিদ্ধান্ত লবলৈ চিন দিয়া এটা শিল চিঠিখেলৰ বাবে দলিয়াই দিয়া হয় বা মাটিত বগৰাই দিয়া হয়। পুৰোহিতবিলাকে বিশ্বাস কৰে যে কোনজন পুৰোহিতক ঈশ্বৰে মনোনীত কৰিছে তাক মনোনীত কৰিবলৈ ঈশ্বৰে তেওঁলোকক চিঠিখেলৰ দ্বাৰা চলাই নিছে। (চিঠিখেলৰ দ্বাৰা চাওক)

মানুহবিলাকৰ গোটেই সমাজে

“মানুহবিলাকৰ এক বিশাল সংখ্যক” বা “বহুতো মানুহ”

বাহিৰত

এইটোক এইদৰে অনুবাদ কৰিব পাৰি ”মন্দিৰৰ ঘৰটোৰ বাহিৰৰফালে” বা “মন্দিৰৰ ঘৰটোৰ বাহিৰ চোতালত।” এই চোতালখন হৈছে মন্দিৰৰ গাতে লাগি থকা চাৰিওফালৰ মুকলি ঠাই।

Luke 1:11-13

প্ৰভুৰ

“প্ৰভুৰ পৰা” বা “যি জনে প্ৰভুৰ সেৱা কৰে” বা “প্ৰভুৰ দ্বাৰা যিজনক পঠাই দিয়া হ’ল”

তেওঁক দৰ্শন দিলে

“হঠাতে তেওঁৰ ওচৰলৈ আহিল” বা “হঠাতে জখৰিয়াৰ লগত আছিল”

তোমাৰ প্ৰাৰ্থনা শুনা গ‘ল

“তুমি তেওঁৰ পৰা যি খুজিছিলা ঈশ্বৰে তাক শুনিলে।” তলৰ বোৰ সংযুক্ত কৰি যোগ কৰা হ’ল: “আৰু এইটো মঞ্জৰ কৰা হ’ল।” জখৰিয়াই যি প্ৰাৰ্থনা কৰিছিল ঈশ্বৰে কেৱল তাকেই কৰা নাছিল; তেওঁ এইটো কৰি পেলাইছিল। (স্পষ্টতা আৰু সৰলতা চাওক)

তেওঁৰ নাম যোহন বলি মতা হব

“তেওঁৰ নামটো যোহন দিয়া হব” বা “তেওঁক যোহন বুলি মতা হব”

Luke 1:14-15

(স্বৰ্গদূতে একেৰাহে জখৰিয়াক কথা কৈ আছে:)

কিয়নো

“কাৰণ” বা “এইটোৰ লগত যোগ কৰা।” কিছুমান অনুবাদত এই কথাবোৰ নাথাকিব পাৰে।

তেওঁৰ প্ৰভুৰ দৃষ্টিত মহান হব

এইটোক এইদৰে অনুবাদ কৰিব পাৰি “তেওঁ প্ৰভুৰ বাবে অতি গুৰুত্বপুৰ্ণ কাৰ্য কৰিব।”

সুৰা পান

“ৰাগীয়াল পানাৰ্থক দ্ৰব্য” বা “নিচাযুক্ত পান দ্ৰব্য।” এইটোৱে নিচাযুক্ত দ্ৰব্যবিলাক বুজাইছে যিটোৱে মানুহক মতলীয়া কৰাব পাৰে।

তেওঁ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হব

“পবিত্ৰ আত্মাই তেওঁক শক্তি যোগাব” বা “পবিত্ৰ আত্মাই তেওঁক চলাই নিব।” যদি আপুনি এইটোক “পবিত্ৰ আত্মাই নিয়ন্ত্ৰণ কৰিব” বুলি অনুবাদ কৰে তেন্তে নিশ্চিত হওক যে দুষ্ট আত্মা এটাই এজন ব্যক্তিক কি কৰিব পাৰে সেই নুবুজায়।

আনকি যেতিয়া তেওঁ তেওঁৰ মাতৃ গৰ্ভত থাকোঁতে

এই “আনকি” শব্দই এইটো বিশেষকৈ এক আচৰিত বতৰা বুলি বজাইছে। মানুহবিলাকে আগতে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈছিল, কিন্তু জন্ম নোহোৱা এটি শিশু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱাটো কোনেও শুনা নাছিল।

Luke 1:16-17

(স্বৰ্গদূতে একেৰাহে জখৰিয়াক কথা কৈ আছে:)

ইস্ৰায়েলৰ বহুতো সন্তানে

যদি ইয়াত জখৰিয়া অন্তৰ্ভুক্ত কৰা যেন দেখা যায়, এই বাক্যাংশটো এইদৰে অনুবাদ কৰিব পাৰি, “তোমাৰ ইস্ৰায়েলৰ বংশধৰৰ অনেকে” বা “যি বিলাক ঈশ্বৰৰ লোক, ইস্ৰায়েলৰ অনেকে।” যদি এইটো সলনি কৰা হৈছে এইটো নিশ্চিত হওক যে “তেওঁলোকৰ ঈশ্বৰ” শব্দটোও “তোমালোকৰ (বহুবচন) ঈশ্বৰ” লৈ সলনি কৰা উচিত।

আগতীয়াকৈ তেওঁক

তেওঁ যাব আৰু মানুহবিলাকক ঘোষণা কৰিব যে প্ৰভু তেওঁলোকৰ ওচৰলৈ আহিব।

আত্মাত আৰু এলিয়া পৰাক্ৰমত

“এলিয়াত থকা সেই একেই পৰাক্ৰম আৰু আত্মাত।” এই “আত্মা” শব্দই হয়তু পবিত্ৰ আত্মাক নাইবা এলিয়াৰ দৃষ্টিভঙ্গীক নাইবা চিন্তা কৰাৰ উপায় বুজাইছে। এইটো নিশ্চিত হওক যে আত্মা শব্দই “ভুত” নাইবা “দুষ্ট আত্মাক” বুজোৱা নাই।

পিতৃবিলাকৰ অন্তৰ তেওঁলোকৰ সন্তানবিলাকলৈ ঘুৰাব

এইটোক এইদৰে অনুবাদ কৰিব পাৰি “পিতৃবিলাকক তেওঁলোকৰ সন্তানবিলাকক চোৱাচিতা কৰিবলৈ আকৌ এবাৰ পতিয়ণ নিয়াব” নাইবা “পিতৃবিলাকক তেওঁলোকৰ সন্তানবিলাকৰ লগত সম্বন্ধ পুনৰ স্থাপন কৰাৰ কাৰণ হব।” এইটো মাতৃসকলৰ লগতো প্ৰযোজ্য, কিন্তু পিতৃসকলৰ নামহে কোৱা হৈছে।

প্ৰভুৰ বাবে প্ৰস্তুত কৰিব

এইটো এইদৰে অনুবাদ কৰিব পাৰি “প্ৰভুৰ বাৰ্ত্তা বিশ্বাস কৰিবলৈ যুগুত কৰিব” নাইবা “ প্ৰভুক মানি চলিবলৈ সাজু কৰিব।”

(স্বৰ্গদূতৰ বাৰ্ত্তাৰ এইটোৱেই সামৰণী)

Luke 1:18-20

এইটো যে ঘটিব তাক মই কেনেকৈ জানিম

এইটোক এনেজৰে অনুবাদ কৰিব পাৰি “আপুনি যি কৈছে সেইটো যে নিশ্চয়ে ঘটিব তাক মই কেনেকৈ জানিম ?”

মোৰ বাক্যত বিশ্বাস কৰা

“মই যি কৈছো বিশ্বাস কৰা”

সেই সঠিক সময়ত

“সেই উচিত সময়ত” নাইবা “সেই নিৰূপিত সময়ত”

Luke 1:21-23

তেতিয়া

এইটোক “আৰু” নাইবা “জখৰিয়া আৰু স্বৰ্গদূতে যেতিয়া কথা পাতি আছিল।”

তেওঁ মন্দিৰত কিয় ইমান সময় আছিল আচৰিত হৈছিল

এইটোক পোনপতীয়া উদ্ধৃতিৰে অনুবাদ কৰিব পাৰি: “তেওঁলোক আচৰিত হৈছিল, ‘তেওঁ মন্দিৰত কিয় ইমান সময় আছিল?’ ” (বাক্যৰ উদ্ধৃতিবোৰ চাওক)

ওলাই আহিছিল

এইটোক এইদৰে অুবাদ কৰিব পাৰি “মন্দিৰৰ ঘৰৰ পৰা ওলাই আহিছিল।”

Luke 1:24-25

তেওঁৰ ভাৰ্য্যা

“জখৰিয়াৰ ভাৰ্য্যা”

গৰ্ভধাৰণ কৰিব

“গৰ্ভৱতী হ’ল” (UDB)। গ্ৰহণযোগ্য এক প্ৰকাশভঙ্গী ব্যৱহাৰ কৰক আৰু মানুহবিলাকক বেজাৰ নিদিব।

প্ৰভুজনাই এইটোকে মোৰ বাবে কৰিলে

এই বাক্যাংশটোৱে ইয়াকে বুজায় যে প্ৰভুৱে তাইক গৰ্ভৱতী হবলৈ দিলে।

মোলৈ দৃষ্টি কৰিলে

এই বাক্যাংশটোৰ অৰ্থ হৈছে “মোক দয়া ব্যৱহাৰ কৰিলে” বা “মোৰ প্ৰতি পুতৌ কৰিলে” বা “মোৰ প্ৰতি দয়া

মৰম আছিল।” (বাক্যাংশ চাওক)

Luke 1:26-29

গাব্ৰিয়েল স্বৰ্গদূতক ঈশ্বৰৰ দ্বাৰা পঠোৱা হৈছিল

এইটোক এক সক্ৰিয় বাচ্য ৰূপত অনুবাদ কৰিব পাৰি “ঈশ্বৰে গাব্ৰিয়েল দূতক যাবলৈ কৈছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

অঙ্গীকাৰবদ্ধ হোৱা

“প্ৰতিজ্ঞাবদ্ধ হোৱা” বা “বিয়া হবলৈ প্ৰতিজ্ঞা কৰা।” ইয়াৰ অৰ্থটো হৈছে মৰিয়মৰ দেউতাকে তাইক যোচেফলৈ বিয়া দিবলৈ কথা দিছিল।

তাইৰ ওচৰলৈ আহিছিল

“মৰিয়ম য’ত আছিল তালৈ আহিছিল” বা “মৰিয়ম য’ত আছিল তালৈ গৈছিল”

সম্ভাষণ জনোৱা

“আনন্দিত হোৱা” বা “উল্লাসিত হোৱা।” এইটো হৈছে এক সাধাৰণ সম্ভাষণ।

অতিশয় অনুগ্ৰহ পোৱা জনা

এইটোক এইদৰে অনুবাদ কৰিব পাৰি “ অতিশয় অনুগ্ৰহ পোৱা যি তুমি” বা “তুমি যি গৰাকী অতিশয় অনুগ্ৰহ পালা” বা “যি গৰাৰী তুমি অতিশয় দয়া পালা।”

অতি বেছি ব্যাকুল হ’ল

“আমনি পাইছিল” বা “ভয় পাইছিল আৰু বিমোৰত পৰিছিল”

এইটো কেনে মঙ্গলবাদ হব পাৰে

মৰিয়মে প্ৰতিটো শব্দ বুজি পাইছিল, কিন্তু এই স্বৰ্গদূতজনে কিয় এইবোৰ কথা তাইক কৈছিল বুজিপোৱা নাছিল।

Luke 1:30-33

ঈশ্বৰৰ পৰা অনুগ্ৰহ পালা

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰে তেওঁৰ অনুগ্ৰহ দিবলৈ থিৰাং কৰিলে” নাইবা “ঈশ্বৰে তোমাক তেওঁৰ দয়া দেখুৱালে।”

তেওঁক সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হব

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “মানুহবিলাকে তেওঁক সৰ্ব্বোপৰিজনাৰ পুত্ৰ বুলি কব” নাইবা “মানুহবিলাকে তেওঁক সৰ্ব্বোপৰি জনাৰ পুত্ৰ বুলি মানি লব।”

তেওঁৰ পিতৃ দায়ুদৰ সিংহাসন তেওঁক দিব

এইটোক এইদৰে অনুবাদ কৰিব পাৰি “তেওঁৰ পুৰ্ব্ব

পিতৃ দায়ুদে ৰজাই শাসন কৰা দৰে তেওঁ ক্ষমতা দিব।” সিংহাসনে ৰজাই ক্ষমতাৰে শাসন কৰাৰ প্ৰতিনিধিত্ব কৰিছে। (বৈশিষ্ট্যতা প্ৰতিষঅটাপন চাওক)

তেওঁৰ পিতৃ

বাইবেলে পুৰ্ব্ব পুৰুষবিলাকক বুজাবলৈ প্ৰায়ে “পিতৃ” শব্দটো আৰু বংশধৰসকলক বুজাবলৈ “পুত্ৰবিলাক” শব্দটো ব্যবহাৰ কৰিছে। “তেওঁৰ” শব্দই মৰিয়মৰ পুতেকক বুজাইছে।

Luke 1:34-35

এইটো কেনেক হব

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “এইটো কেনেকৈ সম্ভব?” যদিও মৰিয়মে এইটো বুজি পোৱা নাছিল, এইটো যে ঘটিব তাক তাই সন্দেহ কৰা নাছিল।

তোমাৰ ওপৰলৈ আহিব

এই বাক্যাংশ আৰু তাৰ পিছৰটো কোৱাৰ উপায় হৈছে পবিত্ৰ আত্মাৰে অলৌকিক ভাবে মৰিয়ম গৰ্ভৱতী হব আনকি তথাপিও তাই এগৰাকী কুমাৰী হৈয়ে থাকিব। এইটো নিশ্চিত হওক যে ইয়াত কোনো শাৰীৰিক সংযোগ জড়িত নহয়, এইটো এটা আচৰিত কাৰ্য্য আছিল।

পৰাক্ৰমৰে

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁৰ ক্ষমতাৰে।”

তোমাক ছাঁ দি ধৰিব

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “তোমাক ছাঁ দিয়াৰ দৰে আগুৰি ধৰিব” নাইবা “তোমাৰ লগত থাকিব” বা “এইটো ঘটাৰ কাৰণ হব।” আকৈ এইটো নিশ্চিত হওক যে ইয়াত কোনো শাৰীৰিক সংযোগ জড়িত নহয়।

পবিত্ৰ জনা

“পবিত্ৰ শিশু” বা “ পবিত্ৰ কেঁচুৱা”

কোৱা হব

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “মানুহবিলাকে তেওঁক কব” নাইবা “মানুহবিলাকে তেওঁক সেইবুলি স্বীকাৰ কৰিব।”

Luke 1:36-38

(স্বৰ্গদূতে একেৰাহে মৰিয়মৰ লগত কথা কৈ আছে)

তোমাৰ জ্ঞাতি

আপুনি যদি বিশেষ এক সম্বন্ধ উল্লেখ কৰিব লাগে, এলিজাবেথ সম্ভব মৰিয়মৰ খুৰীয়েক বা জেঠায়েক।

তাইৰ ভাটি বয়সতো এটি পুত্ৰ সন্তান গৰ্ভধাৰণ কৰিছে

“যদিও তাই অতি বয়সীয়া হৈছে তথাপিও তাই এটি পুত্ৰ গৰ্ভধাৰণ কৰিছে” নাইবা “যদিও তাই অতি বয়সীয়া, তাই গৰ্ভৱতী হ’ল আৰু এটি পুত্ৰ ধাৰণ কৰিছে।” এইটো নিশ্চিত হওক যে মৰিয়ম আৰু এলিজাবেথ দুয়ো যেতিয়া গৰ্ভধাৰণ কৰিছিল তেওঁলোক যে বয়সীয়া আছিল সেইটো বুজোৱা নাই।

ঈশ্বৰৰ বাবে একো অসম্ভৱ নহয়!

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “কাৰণ ঈশ্বৰে সকলোকে কৰিব পাৰে।” ঈশ্বৰে এলিজাবেথলৈ যি কৰিছিল সেইটোৱে প্ৰমাণ কৰে যে ঈশ্বৰে যিকোনো কৰিব পাৰে, আৰু মৰিয়মে তাইৰ দৈহিক সম্বন্ধ নোহোৱাকৈ ঈশ্বৰে তাইক গৰ্ভৱতী কৰোৱাব পাৰে।

ময়েই প্ৰভুৰ সেৱক

“মই প্ৰভুৰ এজন সেৱক।” এনে এক প্ৰকাশভঙ্গী বাচি লওক যিয়ে তাইৰ নম্ৰতা আৰু প্ৰভুৰ প্ৰতি বাধ্যতা প্ৰকাশ কৰে। প্ৰভুৰ সেৱক হবলৈ তাই নিজকে গৰ্ব্ব কৰা নাই।

এইটো মোলৈ হবলৈ দিয়ক

“এই বিষয়বোৰ মোলৈ ঘটিবলৈ দিয়ক।” স্বৰ্গদূতে তাইৰ প্ৰতি কোৱা কথাবোৰ মৰিয়মে নিজৰ ক্ষেত্ৰত ঘটিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

Luke 1:39-41

এতিয়া

এই শব্দটোৱে কাহিনীটোৰ এটা নতুন অংশ পৰিচয় কৰায় দিছে। আপোনাৰ ভাষাই কি কয় তাক বিবেচনা কৰক। কোনো কোনো অনুবাদত এই পৰিচয়কৰণ শব্দটো ইয়াত ব্যৱহাৰ নকৰিব পাৰে।

উঠিল

এইটো এইদৰে অনুবাদ কৰিব পাৰি “ওলাই গ’ল” নাইবা “ প্ৰস্তুত হ’ল”

সেই পাহাৰীয়া দেশলৈ

“ পাহাৰীয়া অঞ্চল” নাইবা “সেই উচ্চভুমি অঞ্চল” নাইবা “ইস্ৰায়মলৰ পাহাৰীয়া অংশলৈ”

তাই য’লৈ গৈছিল

এইটোক এইদৰে অনুবাদ কৰিব পাৰি “আৰু তাই গৈছিল” নাইবা “তাই যেতিয়া আহি পালে, তাই গৈছিল।”

জপিয়াইছিল

“হঠাতে লৰচৰ কৰিছিল”

Luke 1:42-45

তাই

আগৰ পদটোৰ ওপৰত নিৰ্ভৰ কৰি, ইয়াত “এলিজাবেথ” বুলি ক’লে বেছি স্বাভাৱিক যেন লাগিব।

তোমাৰ গৰ্ভফল

এইটোক এইদৰে অনুবাদ কৰিব পাৰি “তোমাৰ গৰ্ভৰ শিশুটি” নাইবা “তুমি ধাৰণ কৰা শিশুটি (UDB)” (প্ৰকাশভঙ্গী চাওক)

এইটো কেনে কথা যে মোৰ প্ৰভুৰ মাতৃ মোৰ ওচৰলৈ আহিছে ?

এইটোক এইদৰে অনুবাদ কৰিব পাৰি “মোৰ প্ৰভুৰ মাতৃয়ে মোক লগ পাবলৈ আহিছে ই কেনে আচৰিত কথা!” এলিজাবেথে কোনো তথ্য পাবলৈ বিচৰা নাই। বৰং তাই কিমান আচৰিত আৰু আনন্দিত হৈছে পৰিছে যে তাইৰ প্ৰভুৰ মাতৃ গৰাকীয়ে তাইক লগ পাবলৈ আহিছে। (আওপকীয়া প্ৰশ্ন চাওক)

মোৰ প্ৰভুৰ মাতৃ গৰাকী

যিহেতু এইটোৱে মৰিয়মক বুজাইছে এইটোক এইদৰে অনুবাদ কৰিব পাৰি “তুমি, মোৰ প্ৰভুৰ মাতৃ।”

জপিয়াই উঠিল

“হঠাতে লৰচৰ কৰিছিল” বা “বলেৰে ঘুৰিছিল”

যি গৰাকীয়ে বিশ্বাস কৰে তাই ধন্যা

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “তোমালোক যিবিলাকে বিশ্বাস কৰিলা ধন্য হ’লা” বা “তোমালোকে বিশ্বাস কৰাৰ কাৰণে আনন্দিত হ’লা”

প্ৰভুৰ পৰা তাইক যি যি কথা কোৱা হ’ল

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “প্ৰভুৰ পৰা তাইলৈ যি যি বাক্য কোৱা হৈছিল” নাইবা “প্ভুৱে তোমাক যি যি বাক্য কৈছিল”

Luke 1:46-47

মোৰ প্ৰাণ... মোৰ আত্মা

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “অহ, কেনেকৈ মই” বা “মই কেনেকৈ” যিটোৱে গভীৰ আবেগিক প্ৰকাশ কৰে। (পৰস্পৰ বৈপৰীত্য চাওক)। মৰিয়মে এনে এক পদ্যৰ ৰূপ ব্যৱহাৰ কৰিছে যে যিটোৱে একেটা বিষয় দুটা ভিন্ন ধৰণে উল্লেখ কৰিছে। “প্ৰাণ” আৰু “আত্মা” এই দুয়োটাই এজন ব্যক্তিৰ আত্মিক অংশটো বুজাইছে। তাই এইটো কৈছে যে তাইৰ উপাসনা তাইৰ অন্তৰৰ গভীৰতাৰ পৰা আহিছে। যদি সম্ভৱ হয় , সামান্য ভাবে বেলেগে বুজোৱা এই দুটা শব্দ বা বাক্যাংশ একে অৰ্থ থকা হিচাবত অনুবাদ কৰক। (দ্বৈত অৰ্থ চাওক)

উত্তোলিত কৰা

“অতিশয় সন্মানিত কৰা” বা “মহান হিচাপে প্ৰশংসা কৰা”

আনন্দিত হোৱা

“অতিশয় আনন্দিত হোৱা” নাইবা “অতি বেছি পৰিমাণে আনন্দিত হোৱা”

মোৰ পৰিত্ৰাতা ঈশ্বৰ

“ঈশ্বৰ, যিজনে মোক উদ্ধাৰ কৰে” নাইবা “মোক উদ্ধাৰ কৰা ঈশ্বৰ”

Luke 1:48-49

(মৰিয়মে একেৰাহে ঈশ্বৰৰ প্ৰশংসা কৰি আছেঃ)

নীহ অৱস্থা

“গুৰুত্বহীন” বা “ একেবাৰে সাধাৰণ” বা “সৰল” বা “দুখীয়া।” সমাজত মৰিয়মৰ উচ্চস্থান নাছিল।

মনোযোগ দিছিল

“চিন্তা

ভাৱনা কৰিছিল” বা “মন কৰিছিল” এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “পাহৰি যোৱা নাছিল।” ঈশ্বৰে মনত ৰাখাৰ সামৰ্থতাৰ বিষয়ৰ কথা নহয়, কিন্তু তেওঁ মনত কৰিবলৈ মনোনীত কৰিছিল।

এতিয়াৰ পৰা

“এতিয়া আৰু ভবিষ্যতলৈকো”

সেই সৰ্ব্বশক্তিমানজনা

এইটোৱে ঈশ্বৰক বুজাইছে। এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে, “ঈশ্বৰ, সৰ্ব্বশক্তিমানজনা”

তেওঁৰ নাম

“তেওঁ”

Luke 1:50-51

(মৰিয়মে একেৰাহে ঈশ্বৰৰ প্ৰশংসা কৰি আছেঃ)

আৰু

আগৰ পদটোৰ অনুবাদৰ ওপৰত নিৰ্ভৰ কৰি কোনো কোনো ভাষাত ইয়াত এই সংযোগী শব্দটো ব্যৱহাৰ নকৰে।

তেওঁৰ অনুগ্ৰহৰ বাবে – এইটো এইদৰে অনুবাদ কৰিব পাৰি “ঈশ্বৰৰ কৃপাটো হৈছে” বা ”তেওঁলোকলৈ তেওঁ অনুগ্ৰহশীল।”

মানুহৰ পুৰুষে পুৰুষে

এইটোক এইদৰে অনুবাদ কৰিব পাৰি, “মানুহৰ প্ৰতিটো প্ৰজন্ম” বা “সকলো প্ৰজন্মৰ মানুহবোৰ” বা “সকলো সময়ৰ মানুহবোৰ”

তেওঁলৈ ভয় কৰিব

এইটো মাত্ৰ ভয় কৰাৰ পৰিৱৰ্ত্তে এইটোৰ এক বাহুল্য অৰ্থ আছে। এইটোৱে সন্মান, আদৰ আৰু ঈশ্বৰৰ প্ৰতি বাধ্যতাও বুজাই।

তেওঁ বাহুৰ লগত

“তেওঁৰ বাহুৰ যোগেদি।” ঈশ্বৰৰ সামৰ্থ বুজাবলৈ এইটো এটা কথা কোৱাৰ অলঙ্কাৰীক ভাষা (অলঙ্কাৰীক ভাব চাওক)

সিচঁৰিত হৈ পৰিব

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “(সিহঁতক) বেলেগ বেলেগ দিশত পলাই যোৱাৰ কাৰণ হব” বা “খেদি পঠিয়াব”

Luke 1:52-53

(মৰিয়মে একেৰাহে ঈশ্বৰৰ প্ৰশংসা কৰি আছেঃ)

তেওঁ অধিপতিবিলাকক তেওঁলোকৰ সিংহাসনৰ পৰা নমায়

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁ ৰজাবিলাকৰ ক্ষমতা কাঢ়ি লয়” নাইবা “তেওঁ ৰজাবিলাকক শাসন কৰিবলৈ নিষেধ কৰে।” সিংহাসন হৈছে এনে এখন চকী য’ত ৰজাই বহে, আৰু এইখন হৈছে তেওঁৰ ক্ষমতাৰ সংকেট স্বৰূপ। যদি ৰজা এজনক তেওঁ সিংহাসনৰ পৰা নমায় অনা হয়, ইয়াৰ অৰ্থটো হৈছে ৰজা স্বৰূপে শাসন কৰিবলৈ তেওঁৰ কোনো ক্ষমতা নাই।

তেওঁ নীহ লোকক তোলে

এই প্ৰকাশভঙ্গীত, যিবোৰ মানুহ উচ্চস্থান যুক্ত তেওঁলোক গুৰুত্বহীন লোকতকৈ অধিক গুৰিত্বপুৰ্ণ। যদি আপোনাৰ ভাষাত এইধৰণৰ প্ৰকাশভঙ্গী নাই, আপুনি এইটো এনেদৰে অনুবাদ কৰিব পাৰে যেনে “তেওঁ নম্ৰ মানুহক গুৰুত্বপুৰ্ণ কৰি পেলায়” বা “অন্যসকলে যাক আদৰ নকৰে তেওঁ সেইসকলক সন্মানিত কৰি পেলায়।” (প্ৰকাশভঙ্গী চাওক)

প্ৰচুৰকৈ উত্তম বস্তু

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “প্ৰচুৰকৈ উত্তম খাদ্যৰে।”

Luke 1:54-55

(মৰিয়মে একেৰাহে ঈশ্বৰৰ প্ৰশংসা কৰি আছেঃ)

তেওঁ সহায় কৰিলে

“প্ৰভুজনাই সহায় কৰিলে”

তেওঁ সেৱক ইস্ৰায়েল

ইয়াত “ইস্ৰায়েল” শব্দই ইস্ৰায়েল জাতিটোক, মানুহবিলাকক বুজাইছে। যদি পঢ়ুৱৈ বিলাকে ইস্ৰায়েল নামটোত কোনো উৱাদিহ নাপায়, এইটোক এনেদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁৰ সেৱক, ইস্ৰায়েল জাতি” নাইবা ”ইস্ৰায়েল, তেওঁৰ সেৱক।”

তেওঁ যিদৰে অঙ্গীকাৰ কৰিলে

“কাৰণ তেওঁ অঙ্গীকাৰ কৰিছিল”

তেওঁৰ সন্তানসকললৈ

“অব্ৰাহামৰ বংশধৰবিলাক”

(মৰিয়মৰ কথা এইটোৰে সামৰণী পৰিছে)

Luke 1:56-58

তাইৰ নিজৰ ঘৰলৈ উভটি আহিছিল

“মৰিয়মে তাইৰ (মৰিয়মৰ) ঘৰলৈ ঘুৰি আহিছিল।”

তাইৰ শিশুটি জন্ম দিলে

“(তাইৰ শিশু) জন্ম দিলে” নাইবা “তাইৰ শিশু ধাৰণ কৰিলে”

তাইৰ চুবুৰীয়া আৰু তাইৰ আত্মীয়

কুটুম্ব

“এলিজাবেথৰ চুবুৰীয়া আৰু আত্মীয়

কুটুম্ববিলাক”

Luke 1:59-61

আঠ দিনৰ দিনা

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “কেঁচুৱাটো জন্মহোৱাৰ আঠদিনৰ পাছত” নাইবা “কেঁচুৱাটি আঠদিনীয়া হোৱাৰ পাছত।”

তেওঁলোকে

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “জখৰিয়া আৰু এলিজাবেথৰ বন্ধুবৰ্গ আৰু আত্মীয়

কুটুম্বসকলে” বা “সাধাৰণ হিচাপে “মানুহবোৰে।”

কেঁচুৱাটি চুন্নত কৰিবলৈ

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “কেঁচুৱাটি চুন্নত কৰিবৰ বাবে” বা “কেঁচুৱাটিৰ চুন্নত কৰাৰ বিধি উদযাপন।” এজন মানুহে কেচুৱাটিক চুন্নত কৰিব, আৰু আনবিলাকে পৰিয়ালৰ লগত আনন্দ উপভোগ কৰিব।

তেওঁলোকে তেওঁক নাম দি মাতিব

“তেওঁলোকে তেওঁক নামকৰণ কৰিব।”

তেওঁৰ দেউতাকৰ নাম অনুসৰিয়েই

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁৰ দেউতাকৰ নাম অনুসৰিয়েই” বা “তেওঁৰ দেউতাকৰ নামেৰে।”

তেওঁৰ নামেৰে

যিহেতু এলিজাবেথে এই নামটো কৈছিল আৰু তেওঁলোকে তাইক কৈছিল যে এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “সেই নামেৰে।“

Luke 1:62-63

তেওঁলোকে চিন দিলে

ইয়াত এই “তেওঁলোক” শব্দই চুন্নতৰ সেই বিধি পালন অনুস্থানত উপস্থিত থকা লোকসকলক বুজাইছে।

তেওঁৰ দেউতাকক

“কেঁচুৱাটিৰ দেউতাকক”

তেওঁ কি নামেৰে তেওঁক মাতিবলৈ বিচাৰে

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “জখৰিয়াই কেঁচুৱাটিৰ কি নাম থকাটো বিচাৰে” বা “তেওঁ নিজৰ পুতেকৰ কি নাম থকাটো বিচাৰে।”

তেওঁ সুধিছিল

“ জখৰিয়াই সুধিছিল।” ফলিখনত কি লিখিব সেইটো তেওঁ আকাৰে ইঙ্গিত ব্যৱহাৰ কৰি সুধিছিল।

লিখা ফলি

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “কিবা এটা লিখিব লাগে।” কোনো কোনো অনুবাদকে ইয়াতে যোগ কৰিবলৈ বিচাৰে “আৰু যেতিয়া তেওঁলোকে তেওঁক এখন দিলে।”

অতিশয় আচৰিত হ’ল

“বিচুৰ্ত্তি হ’ল”

Luke 1:64-66

তেওঁৰ মুখ মুকলি হ’ল… তেওঁৰ জিবা মুকলি হ’ল

এই বাক্যাংশবোৰৰ অৰ্থ হৈছে এতিয়া তেওঁ কথা কবলৈ পাৰে। (বাক্যাংশ চাওক)

তেওঁলোকৰ চাৰিওফালে যিসকল আছিল সকলোৰে ওপৰত ভয়

ত্ৰাস হ’ল

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “যিবিলাকে জখৰিয়া আৰু এলিজাবেথৰ চাৰিওফালে বসবাস কৰি আছিল ভয় পালে” বা “তেওঁলোকৰ চাৰিওফালে থকা লোকসকলৰ ওপৰত ঈশ্বৰৰ প্ৰতি ভয় উপস্থিত” কাৰণ ঈশ্বৰে যে পৰাক্ৰমী তাক তেওঁলোকে দেখিছিল। “যিবিলাকে তেওঁলোকৰ চাৰিওফালে বসবাস কৰি আছিল” এইটোৱে কেৱল তেওঁলোকৰ একেবাৰে নিকটতম চুবুৰীয়া সকলক বুজোৱা নাই, কিন্তু সেই অঞ্চলত থকা সকলোকে বুজাইছে। (বাক্যাংশ চাওক)

সেই বিষয়ে কোৱা সকলোবোৰ কথা যেতিয়া ঘটিল

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “যি যি ঘটনা ঘটিছিল সেই বিষয়ে মানুহবিলাকে কথা বাৰ্ত্তা কৰি আছিল।”

সেইবোৰৰ বিষয়ে যি সকলে শুনিছিল

“সেইবোৰ” এই শব্দটোৱে ঘটি যোৱা এই ঘটনাবোৰক বুজাইছে।

ভাবা

গুণা কৰা থকা

“চিন্তা

ভাৱনা কৰা থকা”

আৰু কৈছিল

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “চিন্তা

ভাৱনা কৰি থকা” বা “সুধি থকা”

এই শিশুটি কি হবগৈ?

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “ এই শিশুটি ডাঙৰ হোৱাৰ পাছত কেনে এক মহান ব্যক্তি হবগৈ ? ” বা “এই শিশুটি ডাঙৰ হলে কেনে এক মহান ব্যক্তি হবগৈ ? ” এইটো এটা অলঙ্কাৰীক প্ৰশ্ন যিটোৱে মানুহৰ আশ্চৰ্য্যতা প্ৰকাশ কৰিছে। সেই শিশুটিৰ বিষয়ে তেওঁলোকে যি যি শুনিছিল, তেওঁলোকে এইটো বুজি উঠিছিল যে তেওঁ এজন অতি গুৰুত্বপুৰ্ণ ব্যক্তি হৈ পৰিব।

তেওঁৰ লগত প্ৰভুৰ হাত আছিল

“প্ৰভুৰ সামৰ্থ তেওঁৰ লগত আছিল” বা “প্ৰভুৱে তেওঁৰ লগত শক্তিমান হিচাপে কাৰ্য্য কৰি আছিল।” এইটো এটা অলঙ্কাৰীক উদাহৰণ যি বাক্যাংশটোৱে বুজাইছে যে “তেওঁৰ লগত প্ৰভুৰ হাত আছিল” মানে “ প্ৰভুৰ পৰাক্ৰম।” (অলঙ্কাৰ চাওক)

Luke 1:67-68

এই ভাববাণী কৈছিল

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “আৰু ভাববাণী কৈছিল, আৰু তেওঁ যি কৈছিল সেয়ে এই।” আপোনাৰ ভাষাত পোনপতীয়াকৈ উল্লেখ কৰা স্বাভাৱিক ভাব বিবেচনা কৰক। (বাক্যৰ উল্লেখ চাওক)

ইস্ৰায়েলৰ ঈশ্বৰ

“ যি জন ঈশ্বৰে ইস্ৰায়েলৰ ওপৰত প্ৰভুত্ব কৰে” বা “ইস্ৰায়েলীয়াসকলে যি জন ঈশ্বৰক উপাসনা কৰে।” ইস্ৰায়েল বুলি কওঁতে ইস্ৰায়েল জাতিটোক বুজাইছে। জখৰিয়া আৰু তেওঁ কথা

বতৰা হৈ থকা সকলোৱেই ইস্ৰায়েল জাতিৰ মানুহ।

আমালৈ আহিল

এইটো এটা বাক্যাংশ তাৰ অৰ্থ হৈছে “তেওঁ আমাক সহায় কৰিবলৈ আহিছে।”

তেওঁৰ লোকসকল

“ঈশ্বৰৰ লোকসকল”

Luke 1:69-71

(জখৰিয়াই একেৰাহে ভাববাণী কৈ আছে।)

তেওঁৰ দাস দায়ুদ

“ দায়ুদ ৰজা, যিজনে তেওঁৰ পৰিচৰ্য্যা কৰিছিল”

যি দৰে ঈশ্বৰে কৈছিল

এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যে ঈশ্বৰে যি অঙ্গীকাৰ কৰিছিল তেওঁ সেইটো তেওঁ কৰিব।”

তেওঁৰ ভাববাদীবিলাকৰ যোগেদি কৈছিল

এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁৰ ভাববাদীবিলাকক কোৱাইছিল” (UDB)। যেতিয়া ঈশ্বৰে ভাববাদীবিলাকৰ যোগেদি কয়, তেওঁলোকে তেওঁলোকৰ নিজৰ কণ্ঠ ব্যৱহাৰ কৰে, কিন্তু ঈশ্বৰে নিজে কবলৈ বিচৰা কথাহে সিহঁতক কোৱাবলৈ সামৰ্থিত কৰে।

আমাৰ বৈৰীবোৰ... যিসকলে আমাক ঘিণ কৰে

যিবিলাক লোক ঈশ্বৰৰ বিৰুদ্ধ তাক এই দুয়োটা বাক্যাংশই বুজাইছে। এইটোক এইদৰে অনুবাদ কৰি পাৰি “যিবোৰা মানুহেআমাৰ বিপক্ষে যুদ্ধ কৰিবলৈ আৰু আমাক অনিষ্ট কৰিবলৈ বিচাৰিছে।” (দ্বৈত অৰ্থ চাওক)

হাত

“পৰাক্ৰম” বা “নিয়ন্ত্ৰণ কৰা।” এই “হাত” শব্দটো পৰাক্ৰম বা নিয়ন্ত্ৰণ কৰা ক্ষেত্ৰত জড়িত ঈশ্বৰৰ লোকবিলাকক অনিষ্ট কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছে। (বাক্যালঙ্কাৰ চাওক)

Luke 1:72-75

(জখৰিয়াই একেৰাহে ভাববাণী কৈ আছে।)

দয়া দেখুৱাবলৈ

“দয়া কৰিবলৈ” বা “তেওঁ দয়া অনুসাৰে কাৰ্য্য কৰিবলৈ”

মনত ৰাখক

এই ক্ষেত্ৰত “মনত ৰখা” কথাটোৱে কিবা এটা পাহৰি যাবলৈ নহয় বুলি বুজোৱা নাই। ইয়াৰ অৰ্থটো হৈছে কথা দিয়া এক অৱস্থা বা কিবা এটা পৰিপুৰ্ণ কৰা।

আমাৰ বৈৰীবোৰৰ হাতৰ পৰা

“আমাৰ বৈৰীবোৰৰ নিয়ন্ত্ৰণৰ পৰা” বা “আমাৰ বৈৰীবোৰৰ দ্বাৰা অনিষ্টকাৰী নিয়ন্ত্ৰণৰ আৰু সিহঁতৰ বন্দীত্বৰ পৰা।” “ হাত” শব্দই আন এজন ব্যক্তিৰ ওপৰত এজন ব্যক্তিৰ অনিষ্টকাৰী নিয়ন্ত্ৰণ বা ক্ষমতা বুজাইছে। (বাক্যালঙ্কাৰ চাওক)

ভয়হীনকৈ

এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “আমাৰ শত্ৰূবিলাকৰ পৰা অকনো ভয় নোপোৱাকৈ।”

পবিত্ৰতাত আৰু ধাৰ্ম্মিকতাত

“ পবিত্ৰ আৰু ধাৰ্ম্মিক উপায়েৰে” বা “আমি যেতিয়া পবিত্ৰ জীৱন যাপন কৰোঁ আৰু যি সঠিক তাক কৰোঁ”

তেওঁ আগত

“তেওঁৰ উপস্থিতিত” বা “তেওঁ ইচ্ছা অনুসৰি”

আমাৰ সকলো দিনত

“আমাৰ গোটেই জীৱনত”

Luke 1:76-77

(জখৰিয়াই একেৰাহে ভাববাণী কৈ আছে। কিন্তু এতিয়া তেওঁ তেওঁৰ নৱজাতক পুত্ৰক কৈ আছেঃ)

তেওঁ সেই ভাববাদী বুলি কোৱা হব

ইয়াৰ অৰ্থটো হৈছে প্ৰকৃততে তেওঁ এজন ভাববাদী আৰু মানুহে তেওঁক সেই নামেৰে পৰিচিত হব। সেইটো স্পষ্ট হবলৈ এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “সেই ভাববাদী বোলা যাব।”

সৰ্ব্বোপৰি ঈশ্বৰ জনা

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “যি জনে সৰ্ব্বোপৰি ঈশ্বৰৰ পৰিচৰ্য্যা কৰে” বা “যি জনে সৰ্ব্বোপৰি ঈশ্বৰৰ হৈ কথা কয়।”

তেওঁলোকে তেওঁলোকৰ পাপৰ ক্ষমাৰ যোগেদি কেনেকৈ উদ্ধাৰ পাব

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁলোকৰ পাপৰ ক্ষমা কৰাৰ দ্বাৰা ঈশ্বৰে তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিব।“

Luke 1:78-79

(জখৰিয়াই একেৰাহে তেওঁৰ নৱজাতক পুত্ৰলৈ ভাববাণী কৈ আছে।)

তেওঁৰ মৰমীয়াল কৃপাৰ কাৰণে

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “কাৰণ তেওঁ অতি মৰমীয়াল আৰু আমাৰ প্ৰতি অতি দয়ালু।”

আমাৰ ঈশ্বৰ

এইটো মনত ৰাখক যে গোটেই পদটোত “আমাৰ” আৰু “আমাক” এইবোৰ অন্তৰ্ভুক্ত (অন্তৰ্ভুক্ততা চাওক)

সুৰ্য্যোদয়ৰ দৰে

“বেলি উদয় হোৱাৰ দৰে” বা “ধলফাঁট দিয়াৰ দৰে” (সাদৃশ্যতা চাওক)

তেওঁ পোৰ বিলাব

এইটো এটা প্ৰকাশভঙ্গী যিটোৰ অৰ্থ হৈছে “তেওঁ জ্ঞান দিব।” এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “ তেওঁ আত্মিক জ্ঞানৰ পোহৰ দিব” (প্ৰকাশভঙ্গী চাওক)

যিসকলে অন্ধকাৰত বহি আছিল

এইটো এটা প্ৰকাশভঙ্গী অৰ্থ হৈছে “যি সকল লোকে সত্যত নাজানে।”

আৰু (যিসকলে বহি আছে) মৃত্যুৰ ছাঁয়াত

এইটো এটা প্ৰকাশভঙ্গী অৰ্থ হৈছে “যিবিলাকে প্ৰায় মৰিবলৈ গৈছে” বা “ যি সকলো ভয় কৰিছে যে তেওঁলোকে সোনকালে মৰিব।”

পৰিচালনা কৰা

“ শিকাবৰ” বাবে ব্যৱহাৰ কৰা এইটো এটা প্ৰকাশভঙ্গী।

আমাৰ ভৰি

এইটো এটা উপলক্ষণ আৰু গোটেই ব্যক্তিজনক বুজাইছে, কেৱল ভৰিখন নহয় এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “আমাক” (উপলক্ষণ চাওক)

শান্তিৰ পথত গমণ কৰিবলৈ

এইটো এটা প্ৰকাশভঙ্গী অৰ্থটো হৈছে “এক শান্তিময় জীৱনলৈ” বা “ঈশ্বৰৰ সৈতে থকা এক শান্তিময় জীৱনলৈ।” এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “এনে এক পথত গমণ কৰা যিয়ে শান্তিলৈ বাট দেখুৱাই নিয়ে” বা “এনে এক পথত গমণ কৰা যিয়ে ঈশ্বৰৰ সৈতে শান্তি আনে।” এইটো নিশ্চিত হওক যে আপোনাৰ এইটো অনুবাদ “আমাৰ ভৰি” কেনেকৈ অনুবা কৰিছে তাৰ লগত উপযোগী হয়।

Luke 1:80

বাঢ়ি আছিল

“ ডাঙৰ হৈছিল(আৰু এজন পুৰ্ণ বয়স্ক ব্যক্তি হৈ পৰিছিল)।” এইটো অনুবাদে এইটো স্পষ্ট কৰি দিয়ে যে যেতিয়া তেওঁ মৰুভুমি অঞ্চলত আছিল তেওঁ এটি শিশুৰ দৰে নাছিল।

আত্মাত অতি শক্তিমান হৈ পৰিছিল

“আত্মাত পৰিপক্ক হৈ উঠিছিল” বা “বলৱান এক নৈতিক চৰিত্ৰৱান হৈ পৰিছিল” বা “ঈশ্বৰৰ লগত তেওঁ এক মজবুট সম্বন্ধ স্থাপন কৰিছিল।”

তেতিয়ালৈকে

এইটো স্থবিৰ হোৱাৰ চিন হিচাপে এক আৱশ্যকীয় কথা নহয়। যোহনে সামুহীয়াভাবে প্ৰচাৰ আৰম্ভ কৰাৰ পাছতো তেওঁ একেৰাহে মৰুভুমিত বাস কৰি আছিল। সেয়ে এইটো এনেকৈ কোৱা অতি বেছি স্পষ্ট হব “যেতিয়া সেই সময়লৈকে।”

সমুহীয়াভাবে দেখা দিছিল

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “আগতীয়াকৈ যোৱা” বা “ ৰাজহুৱাকৈ প্ৰচাৰ কৰা।”

Luke 2

Luke 2:1-3

এতিয়া

এইটোৱে দেখুৱাই যে লেখকে আন এটা বিষয় পৰিচয় কৰাই দিছে।

এইটো এনে হৈছিল যে

এই বাক্যটোৱে আন এটা বিৱৰণীৰ আৰম্ভণী দেখুৱাই। যদি আপোনাৰ ভাষাত বিৱৰণৰ আৰম্ভণী দেখুওৱাৰ উপায় আছে, আপুনি সেইটো ব্যৱহাৰ কৰিব পাৰে। কিছুমান সংস্কৰণত এই বাক্যাংশটো অন্তৰ্ভুক্ত নকৰে।

আগষ্ট কৈচৰ

“আগষ্ট ৰজা” বা “আগষ্ট সম্ৰাট।” আগষ্ট ৰোমান সম্ৰাজ্যৰ প্ৰথম সম্ৰাট আছিল। (অনুবাদ কৰা নামবোৰ চাওক)

এক ঘোষণা পত্ৰ পঠিয়াই দিলে

এক ঘোষণা হৈছে এক আদেশ বা আজ্ঞা। এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “ঘোষণা কৰিলে” বা “আদেশ দিলে” বা “আজ্ঞা দিছিল।”

লোকপিয়ল

এক লোকপিয়ল হৈছে চৰকাৰী গণনা আৰু সেই অঞ্চলত থকা সকলো মানুহৰ তথ্য নথিভুক্ত কৰা। কৰ সংগ্ৰহ কৰিবলৈ এইটোক ব্য়ৱহাৰ কৰি হৈছিল।

ৰোমান সম্ৰাজ্যত বসবাস কৰা সকলোৰে গণনা কৰা কৰা হব

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “যে ৰোমান সম্ৰাজ্য বাস কৰা সকলো মানুহকে তেওঁলোকে পঞ্জীয়ণভুক্ত কৰা” বা “যে ৰোমীয়া সম্ৰাজ্যত বাস কৰা সকলোকে তেওঁলোকে গণনা কৰিছে আৰু তেওঁলোকৰ নামবোৰ লিপিবদ্ধ কৰিছে।”

ৰোমীয়া সম্ৰাজ্য

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “এই বিশ্বখনৰ এটা অংশ ৰোমীয়া চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হৈছিল” বা “ৰোমীয়া সম্ৰাটৰ দ্বাৰা শাসন কৰা দেশবোৰ” বা “ৰোমীয়া সম্ৰাজ্য।”

কুৰিনীয়া

কুৰিনীয়ক চিৰিয়া দেশৰ ৰাজ্যপাল হিচাপে নিযুক্ত কৰা হৈছিল। (অনুবাদিত নামবোৰ চাওক)

প্ৰতিজনেই গৈছিল

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “প্ৰতিজনেই যাত্ৰা আৰম্ভ কৰিছিল” বা “প্ৰতিজনেই গৈ আছিল।”

তেওঁৰ নিজৰ নগৰলৈ

“যি নগৰত তেওঁৰ নিজৰ পুৰ্ব্ব পুৰুষবিলাক বাস কৰিছিল”

লোকপিয়লত পঞ্জীয়ণ কৰিবৰ বাবে

“পঞ্জীয়ণত তেওঁলোকৰ নিজৰ নাম পঞ্জীয়ণ কৰিবৰ বাবে” বা ”চৰকাৰী গণনাত তেওঁলোকৰ নাম ভুক্ত কৰিবৰ বাবে।”

Luke 2:4-5

বৈঠলেহেমৰ যিহুদীয়াৰ নগৰলৈ যাত্ৰা কৰিছিল

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “যিহুদীয়াত থকা বৈঠলেহেমৰ নগৰলৈ উঠি গুছি গ’ল।” নাচৰততকৈ বৈঠলেহেম ওখ ঠাইত অৱস্থিত আছিল।

দায়ুদৰ নগৰ

বৈঠলেহেমখনৰ আকাৰ আকৃতি ওপৰত নহয় ইয়াৰ গুৰুত্ত্বতাৰ কাৰণে নগৰ বুলি কোৱা হয়। দায়ুদ ৰজা তাত জন্ম হৈছিল আৰু তাতে এক ভাববাণী আছিল যে মছীহ জনা তাতেই জন্ম হব। “দায়ুদৰ নগৰ”খনক এইদৰে অনুবাদ কৰিব পাৰি যেনে “দায়ুদ ৰজাৰ নগৰ।”

পঞ্জীয়ণ কৰিবলৈ

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁৰ নামটো পঞ্জীয়ণ বহীত লিপিবদ্ধ কৰিবলৈ” বা “সেই গণনাত অন্তৰ্ভুক্ত কৰিবলৈ।”

মৰিয়মৰ সৈতে

মৰিয়মে যোচেফৰ সৈতে নাচৰতৰ পৰা যাত্ৰা কৰিছিল। এইটো দেখা যায় যে মহিলাইয়ো কৰ দিবলগীয়া হৈছিল, সেয়ে মৰিয়মেও পঞ্জীয়ণ কৰিবলৈ যাত্ৰা কৰিব লগা হৈছিল।

যি গৰাকীয়ে তেওঁলৈ বিয়াৰ বন্দোৱস্ত হৈছিল

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁ হবলগীয়া ভাৰ্য্যা” বা “তেওঁলৈ অঙ্গীকাৰবদ্ধ হৈছিল।” বন্দোৱস্ত হোৱা দম্পত্তি বিধিগত ভাবে বিবাহিত বুলি বিবেচনা কৰা হয়, কিন্তু তেওঁলোকৰ মাজত দৈহিক ঘনিষ্ঠতা নাথাকে।

Luke 2:6-7

তেওঁলোক যেতিয়া তাত আছিল

“মৰিয়ম আৰু যোচেফ যেতিয়া বেঠলেহেমত আছিল”

সেই সময় হ’ল

“সময় হৈছিল”

তাইৰ কেঁচুৱা জন্ম দিবলৈ

“ তাইৰ কেঁচুৱা জন্ম দিয়াৰ সময় হৈছিল।” এটা সাধাৰণ প্ৰকাশভঙ্গী ব্যৱহাৰ কৰক যাতে মানুহক বেজাৰ দিয়া নহয়।

তেওঁক কাপোৰেৰে মেৰিয়াই আবুৰ কৰি ৰাখিলে

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁ কম্বলেৰে মেৰিয়াই আৰামেৰে ৰাখিলে” বা “তেওঁক কম্বলেৰে মেৰিয়াই থিৰকৈ ৰাখিলে।” এই কৰা কাৰ্য্যটো নবজাতক শিশুটোৰ প্ৰতি মৰম আৰু প্ৰেমৰ এক বাহ্যিক প্ৰকাশ।

জন্তুৱে খোৱা এক দানা পাত্ৰত

এইটো হৈছে এক ধৰণৰ এটা বাকচ বা পাত্ৰ য’ত মানুহে জন্তুক খোৱাবলৈ খেৰ বা আন তেনে জাতিয় খাদ্য দিয়ে। এইটো নিশ্চয়কৈ পৰিস্কাৰ আছিল আৰু বোধহয় কেচুৱাটোৰ বাবে কোমল শুকান কোচন দিয়া আছিল। সাধাৰণতে জন্তুবিলাকক সহজে খোৱাবলৈ বা নিৰাপত্তাৰ বাবে ঘৰৰ কাষত ৰখা হৈছিল। দেখদেখকৈ মৰিয়ম আৰু যোচেফ এনে জন্তু ৰখা তেনে কোঠা এটাত থাকিছিল।

আলহী ঘৰ

আলহীবিলাকৰ বা বাটৰুৱাবিলাকৰ বাবে এইখন এখন বেলেগ ঠাই।

সেই আলহীঘৰত তেওঁলোৰ বাবে কোনো ঠাই নাছিল

“আলহী ঘৰত তেওঁলোক থাকিবৰ বাবে কোনো ঠাই নাছিল।” এইটো ঘটিছিল কাৰণ বহুতো মানুহে পঞ্জীয়ণ কৰিবলৈ বৈঠলেহেমলৈ গৈছিল।

কাৰণ তাত কোনো কোঠা নাছিল

মৰিয়মে তাইৰ পুত্ৰক জন্তুৰ দানা পাত্ৰত কিয় শুৱাইছিল সেইটো যদি স্পষ্ট নহয়, আপুনি তাত প্ৰয়োগ হোৱা তথ্যখিনি স্পষ্টকৈ উল্লেখ কৰিব পাৰে যে তেওঁলোকে জন্তু ৰখা কোঠালিতহে থাকিছিল, আৰু আপুনি এই তথ্যৰ ধাৰবাহিকতা ৭নং পদলৈ সলনি কৰিব পাৰে। “ আলিহী ঘৰত তেওঁলোকৰ বাবে ঠাই নাছিল, সেয়ে তেওঁলোকে জন্তুৰ বাবে থকা কোঠাত আছিল।” যেতিয়া তাইৰ প্ৰথম সন্তান, ল’ৰা কেঁচুৱা জন্ম দিছিল, তাই তাক ভালদৰে কাপোৰেৰে মেৰিয়াই ৰাখিছিল। তাৰ পাছত তাই তাক জন্তুৱে ঘাঁহ খোৱা এটা দানা পাত্ৰত শুৱাই থৈছিল। (স্পষ্টতা আৰু সৰলতা চাওক)

Luke 2:8-9

সেই একে অঞ্চলত

“সেই অঞ্চলত” বা “বৈঠলেহেমৰ ওচৰত”

পৰ দি আছিল

“চোৱাচিতা কৰি আছিল” বা “সেইবোৰক নিৰাপদে ৰাখিবলৈ পৰ দি আছিল”

মেৰৰ জাকক

“মেৰৰ জাকবোৰ”

নিশাত

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “বেলি ডুবাৰ পাছত আৰু যেতিয়া আন্ধাৰ আছিল।”

প্ৰভুৰ এজন দুতে

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “প্ৰভুৰ পৰা অহা এজন দূত” বা “এজন স্বৰ্গদূত যিজনক প্ৰভুৰ দ্বাৰা পঠোৱা হৈছিল।”

তেওঁলোকক দেখা দিলে

“তেওঁলোকৰ ওচৰলৈ আহিছিল।”

Luke 2:10-12

ভয় নকৰিবা

“ভয় কৰিবলৈ এৰা”

কাৰণ মই তোমালোকলৈ শুভবাতৰি ঘোষণা কৰিম এতিয়া

“কিয়নো মই তোমালোকলৈ শুভবাতৰি আনি আছোঁ” বা “মই তোমালোকক শুভবাতৰি কওঁ”

সেইটোৱে সকলো মানুহলৈ মহা আনন্দ আনিব

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “ সেইটোৱে সকলো মানুহক অতিশয় সুখী কৰিব।”

সকলো মানুহক

কোনো কোনোৱে এইটোক কেৱল যিহুদী মানুহক বুজাইছে বুলি বুজি লয়। আন কিছুমানে সকলো মানুহক বুজাইছে বুলি বুজি লয়।

সেই দায়ুদৰ নগৰত

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “বৈঠলেহেমত, সেই দায়ুদৰ নগৰত।”

তোমালোকক দিয়া চিনটো এইয়ে হব

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰে তোমালোকক এই চিনটো দিব” বা “তোমালোকে ঈশ্বৰৰ পৰা চিনটো দেখিবা।”

চিন

এইটো এনে এটা চিন হব যে হয়তু স্বৰ্গদূতে কোৱা কথা সত্য, নাইবা এইটো এনে চিন হব যে মেৰ ৰখীয়াবিলাকে শিশুটি চিনি পাব পাৰিব। এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “প্ৰমাণ হিচাপে” প্ৰথম বোধগম্যতা বা “নিৰ্দিষ্ট কৰাৰ চিন” হয়তু দ্বিতীয়বাৰৰ বাবে।

কাপোৰেৰে মেৰিয়াই থোৱা দেখা পাবা

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “যিজনক এখন কম্বলত আৰামেৰে মেৰিয়াই থোৱা হব।”

Luke 2:13-14

এক বিশাল সংখ্যক স্বৰ্গবাহিনী

ইয়াত এই “বাহিনী” শব্দই আক্ষৰিক ভাবে সৈন্যবাহিনীক বুজাইছে, নাইবা এইটোৱে এক শৃঙ্খলিত এক দলৰ বাবে এটি প্ৰকাশভঙ্গী বুজাইছে। (প্ৰকাশভঙ্গী চাওক)

ঈশ্বৰৰ প্ৰশংসা কৰি আছে

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰি আছে।”

উৰ্দ্ধলোক থকা ঈশ্বৰৰ মহিমা হওক

সাম্ভাব্য অৰ্থবোৰ হৈছে

১) “ সেই উৰ্দ্ধলোকত থকা ঈশ্বৰক মহিমা দিয়ক” বা ২) “ঈশ্বৰক অতি উচ্চ মহিমা দিয়ক।” এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে ”ঈশ্বৰৰ মহিমা উৰ্দ্ধলোকত কোৱা হওক” বা “সেই উৰ্দ্ধলোকত ঈশ্বৰক মহিমা দিয়ক।”

তেওঁ যাৰ ওপৰত তুষ্ট সেই মানুহবোৰৰ ওপৰত তেওঁৰ শান্তি হওক

“পৃথিবীত থকা মানুহবোৰৰ যাৰ ওপৰত তেওঁ সন্তোষ্ট তেওঁলোকৰ শান্তি হওক।”

Luke 2:15-16

তেওঁলোকৰ পৰা

“মেৰ ৰখীবিলাকৰ পৰা”

পৰস্পৰে

“ইজনে সিজনে”

আহাঁহঁক... আমালৈ

যিহেতু মেৰ ৰখীয়াবিলাকে পৰস্পৰে কোৱাকুই কৰি আছিল, ভাষাত দিয়া “আমি” আৰু “ আমাক শব্দকেইটাৰ ৰূপটোৱে অন্তৰ্ভুক্ততা বুজাইছে, ইয়াত অন্তৰ্ভুক্ততা ৰূপ ব্যৱহাৰ কৰিব লাগে। (অন্তৰ্ভুক্ততা চাওক)

Luke 2:17-20

তেওঁলোকে মানুহবিলাকক জনাজাত কৰিছিল

“ সেই মেৰ ৰখীয়া বিলাকে মানুহবিলাকক সেই কথাবোৰ কৈছিল।”

তেওঁলোকক যি যি কোৱা হৈছিল

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “স্বৰ্গদূতবিলাকে মেৰৰখীয়াবিলাকক যি যি কৈছিল।”

এই শিশুটো

“এই কেঁচুৱাটো”

মেৰ ৰখীয়াবিলাকৰ দ্বাৰা তেওঁলোকক যি যি কোৱা হৈছিল

“মেৰ ৰখীয়াবিলাকে তেওঁলোকক যি কৈছিল।”

সেইবোৰক তাইৰ অন্তৰত ৰাখিলে

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “তাই সেইবোৰ সাৱধানেৰে মনত ৰাখিলে” নাইবা ”আনন্দেৰে সেইবোৰ তাই মনত ৰাখিলে।” এক ৰত্ন হৈছে কিবা এটা অতি মুল্যৱান বা অতি অমুল্য বস্তু। মৰিয়মে তাইৰ সন্তানৰ বিষয়ে যিবোৰ কোৱা হৈছিল সেইবোৰ অতি মুল্যৱান। (প্ৰকাশভঙ্গী চাওক)

উভতি আহিল

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “মেৰ ৰখীয়া পথাৰলৈ ঘুৰি গৈছিল।”

মহিমান্বিত কৰা... ঈশ্বৰক

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰৰ মহানতাৰ বিষয়ে কৈ থকা।”

Luke 2:21

তেওঁৰ নামটো যীচু বুলি কোৱা হব

“তেওঁলোকে তেওঁক যীচু নাম ৰাখিলে” বা “তেওঁলোকে তেওঁক যীচু নাম যীচু দিলে”

যিটোক স্বৰ্গদূতৰ দ্বাৰা কোৱা হৈছিল

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “স্বৰ্গদূতে যি নামটো ৰাখিবলৈ কৈছিল” বা “এই নামটোকেই স্বৰ্গদূতে ৰাখিবলৈ কৈছিল”

Luke 2:22-24

দৰকাৰী দিনৰ সংখ্যা পুৰ নহয় মানে

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰে বিচৰা দিনৰ সংখ্যা।”

তেওঁলোকৰ শুচিকৰণৰ বাবে

“তেওঁলোকৰ বাবে বিধিগত ভাবে শুচিকৰণ” বা “তেওঁলোকক পুনৰ ঈশ্বৰৰ বাবে শুচি বুলি বিবেচনা কৰিবলৈ।”

প্ৰভুৰ ওচৰত তেওঁক উপস্থাপন কৰিবলৈ

“তেওঁক প্ৰভুৰ ওচৰলৈ আনিবলৈ” বা “তেওঁক প্ৰভুৰ উপস্থিতিলৈ আনিবলৈ।” যিবোৰ ল’ৰাসন্তান আছিল তাৰ বাবে এইটো আছিল ঈশ্বৰে বিচৰা বিধিগত ভাবে স্বীকাৰ কৰা বিধি।

যিদৰে এইটো লিখা আছিল

এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “এইটো লিখা আছিল সেয়ে তেওঁলোকে এই কাৰ্য্যটো কৰিছিল।”

গৰ্ভভেদী ওলোৱা ল’ৰা সন্তান

“প্ৰথমে জন্মা যিটো ল’ৰা সন্তান” তাৰ বাবে এইটো এটা বাক্যাংশ। সেই বিধানটো আছিল ঘৰচীয়া জন্তু আৰু মানুহৰ বাবেও প্ৰথমে জন্মা মতা শিশু বা মতা জন্তু দুয়োটাৰ বাবে, কিন্তু এই বিষয়ত অনুবাদটো হব “প্ৰথমে জন্মা পুত্ৰ।” (বাক্যাংশ চাওক)

কপৌচৰাই

এইবোৰ হৈছে সাধাৰণ চৰাই যিয়ে গুটি খায় আৰু প্ৰায়ে মুকলি ঠাইত থাকে। সেইবোৰ হৈছে যথেষ্ট সৰু দুখন হাতেৰেই ধৰিব পাৰে, আৰু মানুহে সেইবোৰক খাদ্য হিচাপে খায়।

পাৰ পোৱালি

এই চৰাইবোৰে গছৰ গুটি খায় আৰু প্ৰায়ে পাহাৰীয়া বা পৰ্ব্বতীয়া অঞ্চলত থাকে। সেইবোৰ হৈছে যথেষ্ট সৰু দুখন হাতেৰেই ধৰিব পাৰে, আৰু মানুহে সেইবোৰক খাদ্য হিচাপে খায়।

Luke 2:25-26

ভক্তিপৰায়ণ

“ঈশ্বৰৰ প্ৰতি ভক্তপ্ৰাণ” বা “ঈশ্বৰৰ প্ৰতি বিশ্বাসী”

ইস্ৰায়েলৰ শান্তনা

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “সেইজন যিয়ে ইস্ৰায়েলক শান্তনা দিব পাৰে।” এইটো আন এটা নাম হৈছে “ মছীহ” বা “ খ্ৰীষ্ট।”

পবিত্ত আত্মা তেওঁৰ ওপৰত আছিল

“আত্মা তেওঁৰ লগত আছিল।” ঈশ্বৰে তেওঁ লগত বিশেষ ধৰণে আছিল, আৰু তেওঁক জ্ঞান আৰু জীৱনৰ দিকদৰ্শন কৰিছিল।

পবিত্ৰআত্মাৰ দ্বাৰাই তেওঁলৈ এইটো প্ৰকাশ কৰা হৈছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “পবিত্ৰ আত্মাই তেওঁক দেখুৱাইছিল” বা “পবিত্ৰ আত্মাই তেওঁক কৈছিল।”

প্ৰভু খ্ৰীষ্টক নেদেখাৰ আগতেই তেওঁ মৃত্যু নেদেখিব

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁৰ মৃত্যুৰ হোৱাৰ আগেয়েই তেওঁ খ্ৰীষ্টক দেখিব” বা “তেওঁ প্ৰভু খ্ৰীষ্টক দেখিব আৰু তাৰ পাছতহে তেওঁ মৰিব।” এই “প্ৰভু” শব্দই ইয়াত ঈশ্বৰক বুজাইছে।

Luke 2:27-29

আহিছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি “গৈছিল।”

পবিত্ৰ আত্মাৰ দ্বাৰা পৰিচালিত হোৱা

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰৰ দ্বাৰা নিৰ্দেশিত হোৱা” বা “পবিত্ৰ আত্মাই তেওঁ নিৰ্দেশ কৰিছিল।”

সেই মাক

দেউতাক

“যীচুৰ মাক

দেউতাক”

বিধানে বিচৰামতে ৰীতি

“ঈশ্বৰৰ বিধানে বিচৰা মতে”

তেওঁক গ্ৰহণ কৰিছিল

“তেওঁক লৈছিল”

এতিয়া আপোনাৰ দাস শান্তিৰে যাবলৈ দিয়ক

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মই আপোনাৰ সেৱক। মোক শন্তিৰে যাবলৈ দিয়ক।” চিমিয়োনে নিজকে বুজাইছে।

প্ৰস্থান কৰা

এইটো এটা শুৱলা বৰ্ণনা অৰ্থ “মৃত্যু হোৱা।” (শুৱলা বৰ্ণনা চাওক)

আপোনাৰ বাক্য অনুসৰি

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “আপুনি যিদৰে কৈছিল” বা “কাৰণ আপুনি কৈছিল তুমি হবা।”

Luke 2:30-32

তোমাৰ পৰিত্ৰাণ

এইটোৱে যীচুক বুজাইছে, সেইজন যাৰ যোগেদি ঈশ্বৰে মানুহৰ উদ্ধাৰ কৰিব। (আওপকীয়া প্ৰকাশভঙ্গী চাওক)

প্ৰস্তুত কৰা

“আঁচনি কৰা” বা “হোৱাৰ কাৰণ হ’ল”

সকলো মানুহৰ দৃষ্টিত

“সকলো মানুহৰ দলে দেখা পাবলৈ”

তেওঁ হবগৈ

যিজনে পৰিত্ৰাণ দিব এইটোৱে সেইজনক বুজাইছে।

সত্য প্ৰকাশ কৰিবলৈ পোহৰ

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “এই শিশুটিয়ে মানুহক ঈশ্বৰৰ সত্য়তা সঠিককৈ নিৰীক্ষণ কৰিবলৈ সমৰ্থ যোগাব যিদৰে পোহৰে মানুহক সঠিককৈ দেখা পাবলৈ সহায় কৰে।” (প্ৰকাশভঙ্গী চাওক)

তোমাৰ ইস্ৰায়েলীয়া মানুহৰ বাবে মহিমা স্বৰূপ হব

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেৱেঁই তাৰ কাৰণ হব যে আপোনাৰ মানুহবিলাকলৈ মহিমা আহিব।”

Luke 2:33-35

ইস্ৰায়েলত অনেকক পেলাবলৈ আৰু তুলিবলৈ এওঁ নিৰূপিত হৈছে

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ইস্ৰায়েলত অনেক মানুহক ঈশ্বৰৰ পৰা পেলাবলৈ আৰু ঈশ্বৰৰ ওচৰলৈ চপোৱাৰ কাৰক হিচাপে নিৰূপিত হব।” এই প্ৰকাশভঙ্গীত ঈশ্বৰৰ পৰা অনেকক আতৰাই নিয়া আৰু অনেকক ঈশ্বৰৰ ওচৰলৈ চপোৱাৰ কথা প্ৰকাশ কৰিবলৈ এই “উঠোৱা” আৰু “পেলোৱা” ব্যৱহাৰ কৰা হৈছে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁৰ বাবে ঈশ্বৰৰ পৰিকল্পনাটো হৈছে ইস্ৰায়েলত কিছুমানক তেওঁ ঈশ্বৰৰ পৰা আতৰাব আৰু ইস্ৰায়েলত আন কিছুমানক তেওঁ ঈশ্বৰৰ ওচৰলৈ চপাব।” (প্ৰকাশভঙ্গী চাওক)

এখন তৰোৱালে তোমাৰ নিজৰ আত্মা বিন্ধিব

এইটো এটা প্ৰকাশভঙ্গী মৰিয়মে এক গভীৰ দুখ অনুভৱ কৰাৰ এক বৰ্ণনা। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তুমি অতিশয় বেজাৰ পাবা” বা “তোমাৰ অন্তৰত এখন তৰোৱালে বিন্ধাৰ দৰে তোমাৰ বেজাৰ অতিশয় বেছি হব” বা “তোমাৰ অন্তৰ ভাগি পৰিব।” (প্ৰকাশভঙ্গী চাওক)

অনেকৰ অন্তৰৰ ভাব

চিন্তা প্ৰকাশিত হব

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “অনেক মানুহৰ মনৰ ভাব প্ৰকাশইত হব” বা “অনেক মানুহে আচলতে ঈশ্বৰৰ বিষয়ে কি ভাবে সেইটো প্ৰকাশিত হব।”

Luke 2:36-38

তাইৰ বিয়াৰ পাছত

“তাই তেওঁক বিয়া কৰোঁওৱাৰ পাছত”

চৌৰাশী বছৰলৈকে এগৰাকী বিধৱা হিচাপে থাকি

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) তাই চৌৰাশী বছৰলৈকে এগৰাকী বিধৱা হৈ আছিল নাইবা ২) তাই এগৰাকী বিধৱা আৰু এতিয়া তাই চৌৰাশী বছৰ বয়স।

কেতিয়াও মন্দিৰ এৰি যোৱা নাছিল

এইটো সম্ভৱ এক অতিৰঞ্জিত কৰা অৰ্থটো হৈছে যে তাই মন্দিৰত অতিপাত বেছি সময় কটাইছিল দেখা যায় যে তাই কেতিয়াও মন্দিৰৰ পৰা আতৰি যোৱা নাছিল। এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “সকলো সময়তে মন্দিৰতে আছিল” বা এইটোৰ অৰ্থটো এনে যে সংযোগবিহীন হোৱা নাছিল: “প্ৰায়ে মন্দিৰতেই আছিল।” (সংযোগ চাওক)

উপবাস আৰু প্ৰাৰ্থনাৰে আছিল

“খোৱা –বোৱা নকৰাকৈ আৰু প্ৰাৰ্থনাৰে”

তেওঁলোকৰ ওচৰলৈ আহিছিল

“তেওঁলোকৰ ওচৰ চাপি আহিছিল ” বা “মৰিয়ম আৰু যোচেফৰ ওচৰলৈ আহিছিল।”

যিৰূচালেমৰ মুক্তিলৈ

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে – “সেইজনে যিয়ে যিৰূচালেমক মুক্ত কৰিব” বা “সেই ব্যক্তিজন যিয়ে যিৰূচালেমলৈ ঈশ্বৰৰ আশীৰ্ব্বাদ আৰু অনুগ্ৰহ আনিব।” ইয়াত এই “মুক্তি” শব্দটো যিজন ব্যক্তিয়ে কৰিব তেওঁক বুজাইছে। (প্ৰকাশভঙ্গী চাওক)

Luke 2:39-40

যে তেওঁলোকে বিধানৰ মতে কৰিব লগা আছিল

সাম্ভাব্য অৰ্থবোৰ হৈছে

১) “যে প্ৰভুৰ বিধানৰ মতে তেওঁলোকে এইবোৰ কৰিবলগীয়া আছিল” বা ২)”বিধানৰ মতে প্ৰভুৱে তেওঁলোকক যি কৰিবলৈ কৈছিল।”

জ্ঞানত বাঢ়ি আছিল

“আৰু অধিক জ্ঞানী হৈ পৰিছিল” বা “যি জ্ঞানী তাক শিকিছিল”

ঈশ্বৰৰ অনুগ্ৰহলতেওঁৰ ওপৰত আছিল

এই কথাটো এইদৰে অনুবাদ কৰি পাৰি “ঈশ্বৰে তেওঁক আশীৰ্ব্বাদ কৰিছিল” বা “ঈশ্বৰে তেওঁৰ লগত এক বিশেষ ধৰণে আছিল।”

Luke 2:41-44

তেওঁৰ মাক

দেউতাক

“যীচুৰ” মাক

দেউতাক

তেওঁলোক উঠি গৈছিল

যিৰূচালেম পৰ্ব্বত এটা ওপৰত অৱস্থিত, সেয়ে মানুহে ইয়াৰ ওপৰলৈ উঠি যাব লগীয়া হৈছিল।

তেওঁলোকে সেই পৰ্ব্বলৈকে পুৰ হোৱাৰ দিনলে থকাৰ পাছত

“যেতিয়া পৰ্ব্ব পালন কৰাৰ সম্পুৰ্ণ দিন পুৰ্ণ হ’ল” বা “পৰ্ব্ব পালন কৰাৰ প্ৰয়োজনীয় দিনৰ সংখ্যা পুৰ হোৱাৰ পাছত”

তেওঁলোকে অনুমান কৰিছিল

“তেওঁলোকে ভাবিছিল”

তেওঁলোকে এদিনৰ বাট যাত্ৰা কৰিছিল

“তেওঁলোকে এটা দিনৰ যাত্ৰাৰ বাট গ’ল” বা “তেওঁলোকে, মানুহে খোজেৰে যাব পৰা এদিনৰ বাট গৈছিল ”

Luke 2:45-47

যেতিয়া তেওঁলোকে তেওঁক নাপালে

“যেতিয়া মৰিয়ম আৰু যোচেফে যীচুক বিচাৰি নাপালে”

এইটো এনে হৈছিল যে

এটা গুৰুত্বপুৰ্ণ কাহিনী চিন হিচাপে এই বাক্যাংশটো ইয়াত ব্যৱহাৰ হৈছে। এইটো কৰিবলৈ যদি আপোনাৰ ভাষাত কিবা এক উপায় আছে, আপুনি ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

মন্দিৰত

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মন্দিৰৰ ভিতৰ চোতালত” বা “মন্দিৰত।”

সেই সকলৰ মাজত

একেবাৰে মুল কেন্দ্ৰত বুলি নহয়। বৰং, ইয়াৰ অৰ্থটো হৈছে “মাজতে” বা “তেওঁলোকৰ লগত” বা “মাজতে” (UDB)

পণ্ডিত শিক্ষকবিলাক

“ধৰ্ম্মীয় শিক্ষকবিলাক” বা “যিবিলাকে মানুহক ঈশ্বৰৰ বিষয়ে শিকায়”

তেওঁ বোধগম্যতাত

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁ যিমান পৰিমাণে বুজি পায়” বা “যে তেওঁ ঈশ্বৰৰ বিষয়ে অতি বেছিকৈ বুজি পায়।”

তেওঁৰ উত্তৰবোৰ

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁ কিমান ভালদৰে তেওঁলোকক উত্তৰ দিছিল” বা ”যে তেওঁ তেওঁলোকক অতি উত্তমতাৰে উত্তৰ দিছিল।”

Luke 2:48-50

যেতিয়া তেওঁলোকে তেওঁক দেখিলে

“যেতিয়া মৰিয়ম আৰু যোচেফে যীচুক বিচাৰি পালে”

তুমি আমালৈ কিয় এইদৰে কৰিলা ?

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তুমি আমালৈ এইটো কেনেকৈ কৰিব পাৰিলা?” এইটো এটা আওঁপকীয়াকৈ গালি দিয়া কথা কাৰণ তেওঁলোকে ঘৰলৈ উভটি যোৱাৰ সময়ত তেওঁ তেওঁলোকৰ লগত যোৱা নাছিল। (আওঁপকীয়া প্ৰশ্ন চাওক)

তোমালোকে মোক কিয় বিচাৰি ফুৰিছা?

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তোমালোক দুয়োজনে মোক আন ঠাইত কিয় বিচাৰি ফুৰিছিলা?”

চোৱা

এই বাক্যাংশটো প্ৰায়ে নতুন বা গুৰুত্বপুৰ্ণ এটা ঘটনাৰ আৰম্ভণী দেখুৱাবলৈ ব্যৱহাৰ কৰা হয়। ক’ত কোনো কাৰ্য্য কৰা হৈছে ই এইটোও দেখুৱাই। যদি আপোনাৰ ভাষাত এই কথাটো দেখুৱাবলৈ এক বাক্যাংশ আছে, স্বাভাৱিকভাবে ব্যৱহাৰ হবলৈ ইয়াত বিবেচনা কৰিব পাৰে।

তোমালোকে নাজানা নেকি ...? – এইটো এটা আওঁপকীয়া প্ৰশ্নৰে আৰম্ভ হৈছে। তেওঁলোকে জানক বা নাজানক যীচুৱে নিজকে বিচাৰি পাবলৈ চেষ্টা কৰা নাছিল। বৰং তেওঁ তেওঁলোকক আন কিবা কথাহে কৈছিল। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তোমালোকে জনা উচিত আছিল।” (আওঁপকীয়া প্ৰশ্ন চাওক)

মোৰ পিতৃৰ ঘৰত

সাম্ভাব্য অৰ্থবোৰ হৈছে

১) “মোৰ পিতৃৰ ঘৰত” বা ২) “মোৰ পিতৃৰ কাৰ্য্যত।” আন কথাত যেতিয়া তেওঁ “ মোৰ পিতৃ” বুলি কয় তেওঁ ঈশ্বৰক বুজাই। যেতিয়া তেওঁ “ঘৰ ” বুলি কয়, তেতিয়া তেওঁ মন্দিৰটোক বুজাই। যদি তেওঁ কাম

কাজৰ কথা কয়, তেওঁক ঈশ্বৰে কৰিবলৈ দিয়া কাৰ্য্যৰ কথা কয়। কিন্তু যিহেতু পাছৰ পদত তেওঁ কি কৈছিল তেওঁৰ মাক

দেউতাকে বুজি পোৱা নাছিল, এইটোক আৰু বেছিকৈ বুজাই কব নালাগে।

Luke 2:51-52

তেওঁ তেওঁলোকৰ লগত ঘৰলৈ ঘুৰি আহিছিল

“যীচু মৰিয়ম আৰু যোচেফৰ সৈতে ঘৰলৈ ঘুৰি আহিছিল”

তেওঁলোকৰ বাধ্য হৈ থাকিল

“তেওঁলোকক মানি চলিছিল” বা “সদায়েই তেওঁলোকক মানি চলিছিল।”

জমাই ৰাখিছিল

“সাৱধানেৰে মনত ৰাখিছিল” বা “আনন্দেৰে এই বিষয়ে ভাবিছিল।” এক ৰত্ন হৈছে কিবা এটা অতি মুল্যৱান বা অমুল্য। মৰিয়মে তাইৰ পুত্ৰৰ বিষয়ে যি কৈছিল সেইবোৰ অতি মুল্যৱান বুলি বিবেচনা কৰিছিল। (প্ৰকাশভঙ্গী চাওক)

জ্ঞানত আৰু আকাৰত বাঢ়ি গৈছিল

“অধিক জ্ঞানী আৰু বলৱান হৈ উঠিছিল”

ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত অনুগ্ৰহেৰে বাঢ়ি আছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মানুহে তেওঁক অধিক অধিককৈ ভাল পাবলৈ ধৰিছিল আৰু ঈশ্বৰে তেওঁক অধিক অধিককৈ আশীৰ্ব্বাদ কৰি আছিল।”

Luke 3

Luke 3:1-2

হান্না আৰু কায়াফাৰ মহাপুৰোহিত হৈ থকা কালত

তেওঁলোকে একেলগে মহা পুৰোহিত হিচাপে কাৰ্য্য কৰিছিল।

Luke 3:3

তেওঁ যাত্ৰা কৰিছিল

“যোহনে যাত্ৰা কৰিছিল”

মন পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰিছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মানুহবিলাকে যে তেওঁলোকৰ পাপৰ পৰা মন পালটন কৰিছে তাক দেখুৱাবলৈ তেওঁলোকে বাপ্তাইজিত হৈছে।”

পাপ ক্ষমাৰ বাবে

“যাতে তেওঁলোকৰ পাপ যেন ক্ষমা হয়” বা “যাতে ঈশঅবৰে তেওংলোকৰ পাপবোৰ ক্ষমা কৰে।“ পাপবোৰ ক্ষমাৰ বাবে এই মনপালটন।

Luke 3:4

যিদৰে এইটো লিখা আছে ... ভাববাদী

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যিদৰে যিচয়া ভাববাদীয়ে তেওঁৰ পুস্তকত লিখি থোৱাৰ দৰে” বা “যিচয়া ভাববাদীয়ে তেওঁৰ পুস্তকত লিখা কথাবোৰ যোহনে পৰিপুৰ্ণ কৰিলে।” ৪

৬ নং পদলৈ থকা কথাটো যিচয়া ৪০:৩

৫ ৰ পৰা উল্লেখ কৰা হৈছে।

সেই বাট

“সেই পথ” বা “সেই ৰাষ্টা”

প্ৰস্তুত কৰা... তেওঁৰ পথ পোন কৰা

এই অংশটো ইব্ৰী পদ্যৰ সাজ

সজ্জা, যিটো প্ৰায়ে একে ধৰণৰ শব্দবোৰৰ লগত পুনৰাবৃতি হয়। সেইকাৰণে এই কথাটো “প্ৰভুৰ পথ প্ৰস্তুত কৰা” আন ধৰণে কব পাৰি “তেওঁৰ পথ পোন কৰা।” ইয়াৰ মুল পাৰ্থক্য হৈছে প্ৰথমটোৱে দেখুৱাই যে এইটো এবাৰ ঘটিছিল, য’ত দ্বিতীয়টোৱে একেৰাহে কৰি থকা উচিত বুলি কৈছে।

প্ৰভুৰ পথ যুগুত কৰা

এটা ৰাস্তাৰ এই প্ৰকাশভঙ্গীটোৰ অৰ্থ হৈছে “মন পালটন কৰা াৰু প্ৰভু কেতিয়া আহিব তাৰ বাবে যুগুত হৈ থকা।” (প্ৰকাশভঙ্গী চাওক)

তেওঁৰ পথ পোন কৰা

পথটোৰ এই প্ৰকাশভঙ্গীও এটি প্ৰতিচ্ছবি অৰ্থ হৈছে “প্ৰভুৰ আগমণৰ বাবে একেৰাহে প্ৰস্তুত হৈ থকা।”

Luke 3:5-6

(যিচয়া ভাববাদীৰ পৰা কৰা উল্লেখ কৰি থকা হৈছেঃ)

সকলো উপত্যকা পুৰ কৰা হব

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁলোকে ৰাস্তাৰ সকলোবোৰ দ ঠাই পুৰ কৰিব।” যেতিয়া কোনো এজন গুৰুত্বপুৰ্ণ ব্যক্তি আহিব লগীয়া হয় মানুহবিলাকে ৰাস্তাৰ দ ঠাইবোৰ মাটিৰে পুৰ কৰে যাতে ৰাস্তাটো সমান হৈ পৰে। এইটো হৈছে আগৰ পদত উল্লেখ কৰা এক প্ৰকাশভঙ্গী। (প্ৰকাশভঙ্গী চাওক)

প্ৰতিটো পৰ্ব্বত আৰু প্ৰতিটো পাহাৰ সমান কৰা হব

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ তেওঁলোকে প্ৰতিটো পৰ্ব্বত আৰু পাহাৰ সমান কৰি পেলাব” বা “তেওঁলোকে ৰাস্তাত থকা প্ৰতিখন ওখ ঠাই গুচাই পেলাব।”

ঈশ্বৰৰ পৰিত্ৰাণ দেখিব

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰে মানুহবিলাকক কেনেকৈ পাপৰ পৰা উদ্ধাৰ কৰে সেই বিষয়ে শিকা।”

Luke 3:7

তেওঁৰ দ্বাৰা বাপ্তাইজিত হবলৈ

“ কিয়নো যোহনে তেওঁলোকক বাপ্তাইজ কৰিলে”

তোমালোক বিষাক্ত সাপৰ বংশ

এইটো এটা প্ৰকাশভঙ্গী। বিষাক্ত সাপবোৰ বিপদজ্জনক আৰু দুষ্টতাৰ প্ৰতিনিধিত্ত্ব কৰে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তোমালোক বিষাক্ত দুষ্ট সাপৰ বংশ !” বা “তোমালোক বিষাক্ত সাপৰ দৰে অতি দুষ্ট। ” (প্ৰকাশভঙ্গী চাওক)

কোনে সাৱধান কৰি দিলে

এইটো এক আওঁপকীয়া প্ৰশ্নৰে আৰম্ভ হৈছে। যোহনে সিহঁতক গালি দিছে কাৰণ ঈশ্বৰে যাতে সিহঁতক শাস্তি নিদিয়ে তাৰ বাবে তেওঁলোকক বাপ্তাইজ কৰিবলৈ কৈছিল, কিন্তু সিহঁতে পাপ কৰিবলৈ এৰা নাছিল। এই গোটেই আওঁপকীয়া প্ৰশ্নটো এইদৰে অনুবাদ কৰিব পাৰি “তোমালোকে এইদৰে ঈশ্বৰৰ ক্ৰোধৰ দণ্ডৰ পৰা সাৰিব নোৱাৰা” বা “তোমালোকে ভাবা নেকি যে মাত্ৰ বাপ্তাইজিত হলেই ঈশ্বৰৰ ক্ৰোধৰ পৰা সাৰিব পাৰিবা?” আওঁপকীয়া প্ৰশ্ন চাওক)

আহিব লগীয়া ক্ৰোধৰ পৰা

এই কথা এইদৰে অনুবাদ কৰিব পাৰি যেনে “আহি থকা সেই শাস্তিৰ পৰা” বা “ঈশ্বৰৰ ক্ৰোধ যিটো কাৰ্য্যকৰী হৈ তোমালোকৰ শাস্তি হব লগা আছে।” এই “ক্ৰোধ” শব্দটো ঈশ্বৰৰ শাস্তি বুজাইছে কাৰণ তেওঁ ক্ৰোধে এইটো কৰোৱাই। (অলঙ্কাৰীতা চাওক)

Luke 3:8

(যোহনে একেৰাহে মানুহৰ সেই ভীৰটোক কথা কৈ আছে।)

মন পালটনৰ পৰা অহা ফল উৎপন্ন কৰা

এইটো এইদৰেও অনুবাদ কৰিব পাৰি “তোমালোকে যে মন পালটন কৰিছা তাৰ চিন স্বৰূপে সেই ধৰণৰ ফল উৎপন্ন কৰা” বা “উত্তম কৰ্ম্ম কৰা যিটোৱে দেখুৱাই যে তোমালোকে তোমালোকৰ পাপৰ পৰা আঁতৰিছা।” এই প্ৰকাশভঙ্গীত এজন মানুহৰ আচৰণক ফলৰ লগত তুলনা কৰা হৈছে। যিদৰে কোনো এজোপা গছৰ সেই ধৰণৰ ফল উৎপন্ন কৰাৰ উপযুক্ত, এজন ব্যক্তি যিজনে কয় পাপৰ পৰা তেওঁ মন পালটন কৰিছে তেওঁক ধাৰ্ম্মিকভাবে জীৱন যাপন কৰাৰ আশা কৰা হয়। (প্ৰকাশভঙ্গী চাওক)

নিজৰ মাজতে কৈ আছে

“তোমালোকে নিজকে কোৱা” বা “তোমালোকৰ অন্তৰত কোৱা” বা “ভাবি থাকে”

আমাৰ বাবে অব্ৰাহাম আমাৰ পিতৃ আছে

“অব্ৰাহাম আমাৰ পুৰ্ব্ব পুৰুষ” বা “আমি অব্ৰাহামৰ বংশধৰ।” তেওঁলোকে কিয় এইটো কৈছে যদি সেই কথাটো অস্পষ্ট, আপুনি ইয়াত দিয়া প্ৰায়োগিক তথ্য যোগ কৰিব পাৰে “সেয়ে ঈশ্বৰে আমাক শাস্তি নিদিয়ে”

Luke 3:9

(যোহনে একেৰাহে ভীৰৰ মানুহবিলাকক কথা কৈ আছে।)

গছৰ গুৰিত এতিয়াই কুঠাৰ লাগি আছে

এই প্ৰকাশভঙ্গীটোৰ অৰ্থ হৈছে যে শাস্তি আৰম্ভণী হবলৈ হৈছে। এই কথাটো এইদৰে অনুবাদ পাৰি যেনে “গছৰ গুৰিত এতিয়াই কুঠাৰ লাগি থকাৰ দৰে আছে” বা “ঈশ্বৰে মানুহৰ নিচিনাকৈ গছৰ গুৰিত কুঠাৰ লগাই ৰাখিছে” (প্ৰকাশভঙ্গী চাওক)

প্ৰতি যিজোপা গছে উত্তম ফল ধাৰণ নকৰে তাক কাটি পেলোৱা হব

এইটো নিস্ক্ৰিয় বাক্যাংশ। এই কথাটো সক্ৰিয় বাক্যাংশ ৰূপত অনুবাদ কৰিব পাৰি যেনে “যি বোৰ গছে উত্তম ফল ধাৰণ নকৰে তেওঁ সেইবোৰক কাটি পেলাব।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

জুইত পেলোৱা হব

এই কথাটো সক্ৰিয় বাক্যাংশ ৰূপত অনুবাদ কৰিব পাৰি যেনে “এইটোক জুইত পেলাই দিয়া হব।”

Luke 3:10-11

তেওঁক সুধিছিল, কৈছিল

“তেওঁক সুধিছিল আৰু কৈছিল” বা “যোহনক সুধিছিল”

উত্তৰ দিছিল আৰু তেওঁলোকক কৈছিল

“তেওঁলোকক উত্তৰ দিছিল” বা “কৈছিল”

সেইদৰে কৰা

“সেই একেদৰে কৰা।” এই কথাটো ইয়াত এইদৰে অনুবাদ কৰিব পাৰি যেনে “যিজনৰ একো নাই তেওঁলোকক আহাৰ যোগন ধৰা।”

Luke 3:12-13

বাপ্তিইজিত হবলৈ

“কিয়নো যোহনে তেওঁলোকক বাপ্তাইজিত কৰাইছিল”

অধিককৈ ধন সংগ্ৰহ নকৰিবা

“অধিককৈ লবৰ বাবে ধন নুখুজিবা” বা “বেছিকৈ ধন সংগ্ৰহ নকৰিবা।” কৰ লওঁতাবিলাকে যিমান লব লাগে তাতকৈ অধিককৈ ধন লৈছিল। তেওঁলেোকৰ মন পালটন প্ৰমাণ স্বৰূপে তেওঁলোকে সেইটো কৰা বন্ধ কৰিব লাগে।

তোমালোকে নিৰূপণ কৰাতকৈ

“তোমালোকক লবলৈ ক্ষমতা দিয়াতকৈ “

Luke 3:14

সৈন্যবিলাক

“সৈন্যবাহিনীত পৰিচৰ্য্যা কৰি পুৰুষ”

আমাৰ বিষয়ে কি? আমি কি কৰা উচিত ? – এইকথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “আপুনি ভীৰৰ মানুহবিলাক আৰু কৰ তোঁলোতা সকলক কি কৰিব লাগে সেইটো কৈছে। আমি সৈন্য বিলাকৰ বিষয়ে কি, আমি কি কৰা উচিত ?” যোহনে “আমি” আৰু “আমাক” এই শব্দবোৰ অন্তৰ্ভুক্ত কৰা নাছিল। (অন্তৰ্ভুক্ততা চাওক)

মিছাকৈয়ে কাকো একো দোষ নিদিবা

এইকথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “সেই একেদৰেই, কাৰোবাৰ পৰা ধন লবলৈ মিছাকৈয়ে তেওঁলোকক দোষী নকৰিবা” বা “কোনো নিৰ্দোষী মানুহক কিবা এটা ভুল কৰিছে বুলি নকবা।” এই সৈন্যবিলাকে ধন পাবলৈ কোনো মানুহৰ বিপক্ষে দোষ ধৰিছিল।

তোমালোকৰ পাৰিশ্ৰমিকতে সন্তোষ্ট হে থাকিবা

“তোমালোকৰ বেতনতে সন্তোষ্ট হৈ থাকিবা” বা “তোমালোকক যি বেতন দিয়া হয় তাতেই সন্তোষ্ট হবা”

Luke 3:15-16

মানুহবিলাকে

এই কথাটোৱে যোহনৰ ওচৰলৈ অহা একেই মানুহবিলাকক বুজাইছে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “কাৰণ এই মানুহবিলাক”

মই তোমালোকক পানীৰে বাপ্তাইজ কৰিছোঁ

“পানী ব্যৱহাৰ কৰি বাপ্তাইজ কৰিছোঁ” বা “মই তোমালোকক পানীৰ দ্বাৰা বাপ্তাইজ কৰিছোঁ”

আনকি তেওঁ পাদুকাৰ বান্ধ খুলিবলৈকো যোগ্য নহওঁ

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে ”তেওঁৰ পাদুকাৰ বান্ধ খুলি দিবলৈকো সিমান গুৰুত্বপুৰ্ণ নহওঁ।” পাদুকাৰ বান্ধ খলি দিয়া কামটো এজন চাকৰৰহে। যোহনে এইটো কৈ আছে যে তেওঁৰ পাছত অহাজনা ইমানেই মহান যে যোহনে তেওঁৰ এজন চাকৰৰ নিচিনা হোৱাটোও যোগ্য নহয়।

পাদুকাবোৰ

পাদুকাবোৰ হৈছে ফিটা লগোৱা ভৰিখনৰ লগত ইয়াৰ তলভাগ ধৰি ৰাখে। এইকথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “জোতা” বা “লেজু লগোৱা” বা “ফিটা লগোৱা।”

তেওঁ তোমালোকক পবিত্ৰ আত্মাৰে আৰু জুইৰে বাপ্তাইজ কৰিব

এই প্ৰকাশভঙ্গীটোৱে আক্ষৰিক বাপ্তিস্ম তুলনা কৰিছে যিটোৱে ব্যক্তিজনক পানীৰ সংষ্পৰ্শলৈ আনে, আত্মিক বাপ্তিস্মই ব্যক্তিজনক পবিত্ৰ আত্মাৰ আৰু জুইৰ সংষ্পৰ্শ আনে। (প্ৰকাশভঙ্গী চাওক)

Luke 3:17

(যোহনে একেৰাহে খ্ৰীষ্টৰ বিষয়ে শিকাই আছে)

তেওঁৰ কুলা... – খ্ৰীষ্টই কেনেকৈ ধাৰ্ম্মিক লোকসকলৰ পৰা অধাৰ্ম্মিক লোকসকলক পৃথক কৰিব যিদৰে এজন মানুহে ঘেঁহুধানৰ পৰা তুঁহ পৃথক কৰে এই প্ৰকাশভঙ্গীটোৱে তাকেই তুলনা কৰিছে। এই কথাটো এটা সাদৃশ্যতাৰ হিচাপে অনুবাদ কৰি বেছি স্পষ্ট কৰিব পাৰি যেনে: “খ্ৰীষ্ট হৈছে এনে এজন মানুহৰ নিচিনা যাৰ হাতত জাৰিবলৈ কুলা লৈ আছে।” (প্ৰকাশভঙ্গী, সাদৃশ্যতা চাওক)

তেওঁৰ হাতত জাৰিবলৈ কুলা লৈ আছে

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁ হাতত কুলা লৈ আছে কাৰণ তেওঁ যুগুত হৈ আছে।”

ধান জাৰা কুলা

ঘেঁহুধানৰ পৰা তুঁহৰ পৃথক কৰিবলৈ ঘেঁহু ওপৰলৈ দলিয়াই দিয়া এইবিধ হৈছে এক সঁজুলি। ঘেঁহুধান গধুৰ তললৈ পৰি যায় আৰু পতান বা তুঁহ বতাহৰ দ্বাৰা উড়ুৱাই লৈ যায়। এইডাল মৰণাৰ উখুন বাৰীৰ নিচিনা একে।

তেওঁৰ মৰণা মৰা খলা

এইখন এখন এনে ঠাই য’ত মানুহে শস্য তাৰ পতানৰ পৰা পৃথক কৰে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁৰ ভুমিভাগ” বা “সেই ভুমিভাগ য’ত তেওঁ পতানৰ পৰা শস্য পৃথক কৰে।”

ঘেঁহু গোটাই থয়

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তাৰ পাছত তেওঁ ঘেঁহু গোটাই থব।”

ভৰাঁল –ভৰাঁল বা জমা কৰা ঘৰ। এইটো হৈছে এটি ঘৰ য’ত শস্য পাছত ব্যৱহাৰ কৰিবলৈ নিৰাপদে ৰাখা হয়।

পতান/তুঁহ জ্বলাই পেলাব

পতান বা তুঁহ কোনো কামৰ উপযোগী নহয়, সেয়ে মানুহে ইয়াক জ্বলাই পেলায়।

Luke 3:18-20

আন অনেক উদগণিৰে সৈতে

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “আন বহুতো উদগণিমুলক কথাৰে” বা “যোহনে মানুহবিলাকক মন পালটনলৈ এনেকৈ আৰু বহুতবাৰ উদগণি দিছিল...”

হেৰোড আৰু টেট্ৰেৰ্কক গালি দিছিল

“হেৰোড টেট্ৰাৰ্কে যে পাপ কৰিছে সেই কথা তেওঁ কৈছিল।” হেৰোড এজন টেট্ৰাৰ্ক আছিল, এজন ৰজা নাছিল। তেওঁ কেৱল গালীল প্ৰদেশৰ ওপৰতহে শাসন কৰিব পাৰিছিল।

কিয়নো তেওঁ তেওঁৰ ভায়েকৰ তিৰোতাক বিয়া কৰিছিল

“কাৰণ তেওঁ তেওঁৰ নিজৰ ভায়েকৰ তিৰোতাক বিয়া কৰিছিল।”

তেওঁ যোহনক বন্দীশালত বন্দী কৰি ৰাখিছিল

“তেওঁ যোহনক কাৰাগাৰত বন্দী কৰি ৰাখিবলৈ তেওঁৰ সৈন্যবোৰক আজ্ঞা দিছিল।”

Luke 3:21-22

এইটো প্ৰায় এনে হৈছিল যে এই বাক্যাংশটো এটা নতুন কাহিনীত চিন দিবৰ বাবে ইয়াত ব্যৱহাৰ কৰা হৈছে। আপোনাৰ ভাষাত এইটো কৰাৰ কিবা উপায় থাকিলে, আপুনি এইটো ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

যেতিয়া সকলো মানুহকে যোহনৰ দ্বাৰা বাপ্তাইজ কৰা হ’ল

“সকলো লোককে” এই বাক্যাংশটোৱে যোহনৰ লগত উপস্থিত থকা মানুহবিলাকক বুজাইছে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যোহনে যেতিয়া সকলোলোকে বাপ্তাইজিত কৰি আছিল।” সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

যীচুকো যোহনৰ দ্বাৰাই বাপ্তাইজিত কৰা হ’ল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যোহনে যীচুকো বাপ্তাইজ কৰিলে।”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

স্বৰ্গ মুকলি হ’ল

“আকাশখন মুকলি হ’ল” বা “আকাশখন মুকলি হৈ পৰিল।” এইটো হৈছে আকাশৰ ডাৱৰ সাধাৰণভাবে মুকলি হোৱাতকৈ অধিক, কিন্তু ই কি বুজাইছে সেইটো স্পষ্ট নহয়। ইয়াৰ সাম্ভাব্য অৰ্থটো হৈছে যে আকাশত এটা গাঁত দেখা গ’ল।

পবিত্ৰ আত্মা তেওঁৰ ওপৰলৈ নামি আহিল

“পবিত্ৰ আত্মাই যীচুৰ ওপৰলৈ নামি আহিছিল।”

কপৌ

এটি কপৌ হৈছে এটি সৰু চৰাই, অমায়িক চৰাই সাধাৰণতে মন্দিৰৰ বলি উচৰ্গা কৰা আৰু খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ই পাৰ চৰাই নিচিনা একে।

কপৌৰি নিচিনাকৈ শাৰীৰিক ৰূপত

“কপৌৰ নিচিনাকৈ দৃশ্যমান শাৰীৰিক ৰূপত”

Luke 3:23-24

এতিয়া

যীচুৰ বয়স আৰু পুৰ্ব্বপুৰুষসকলৰ বিষয়ে নেপথ্যৰ তথ্যৰ চিন দি কাহিনী সলনি কৰিবলৈ এই শব্দটো ইয়াত ব্যৱহাৰ কৰা হৈছে। এইটো লুক ৩:৩৭ত শেষ হৈছে। আপোনাৰ ভাষাত যদি এই নেপথ্যৰ কথাটো কি হৈছে তাক দেখুৱাবলৈ কিবা উপায় আছে, আপুনি ইয়াত ব্যৱহাৰ কৰা উচিত। (লিখনশৈলী

নেপথ্যৰ তথ্য চাওক)

যীচুৱে নিজে

“এই যীচুৱে” বা “এই যীচু ব্যক্তিজন।”

তেওঁ যোচেফৰ পুতেক (মানিলোৱা) আছিল

“তেওঁ যোচেফৰ পুতেক বুলি পৰিচিত হ’ল” বা “ তেওঁক যোচেফৰ পুতেক বুলি ভাবা হৈছিল” বা “মানুহে অনুমান কৰিছিল যে তেওঁ যোচেফৰ পুতেক।”

হেলীৰ পুত্ৰ

কিছুমান অনুবাদকে “যোচেফ হেলীৰ পুতেক” বা “যোচেফৰ পিতৃ হেলী আছিল বুলি“ এটি নতুন বাক্যৰে আৰম্ভ কৰে।

হেলীৰ পুত্ৰ, মত্ততৰ পুত্ৰ, লেবীৰ পুত্ৰ...

“পুত্ৰজন” এই বাক্যাংশটো প্ৰায়োগিক তথ্য। এই পাঠটোৱে সাধাৰণভাবে কৈছে যে “হেলীৰ, মত্ততৰ, লেবীৰ...”, এই তালিকাখন এইদৰে অনুবাদ কৰিব পাৰি যেনে “যিজন হেলীৰ পুত্ৰ আছিল, যিজন মত্ততৰ পুত্ৰ আছিল, যিজন লবীৰ পুত্ৰ আছিল...” বা “যোচেফ হেলীৰ পুত্ৰ আছিল, হেলী মত্তৰ পুত্ৰ আছিল, মত্তত লেবীৰ পুত্ৰ আছিল” বা “হেলীৰ পিতৃ মত্তত আছিল মত্ততৰ পিতৃ লেবী আছিল...।” আপোনালোকৰ ভাষাত মানুহবিলাকে পুৰ্ব্ব পুৰুষ নামৰ তালিকা কেনেকৈ লিখে তাক বিবেচনা কৰক। গোটেই তালিকাখনত সেই একে শব্দ ব্যৱহাৰ কৰিব পাৰে। (কেনেকৈ নাম অনুবাদ কৰা হয় চাওক)

Luke 3:25-26

(যীচুৰ পুৰ্ব্বপুৰুষসকলৰ তালিকা ইয়াত চলি আছে)

মত্তথিয়ৰ পুত্ৰ, আমোচৰ পুত্ৰ

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে

“যিজন মত্তথিয়ৰ পুত্ৰ, যিজন আমোচৰ পুত্ৰ...” বা “মত্তথিয়ৰ পুত্ৰ যোচেফ আছিল, মত্তথিয় আমোচৰ পুত্ৰ আছিল” বা “যোচেফৰ পিতৃ মত্তথিয় আছিল, মত্তথিয়ৰ পিতৃ আমোচ আছিল...” আগৰ পদটো ব্যৱহাৰ কৰা একে শব্দবোৰ ব্যৱহাৰ কৰক।

Luke 3:27-29

(যীচুৰ পুৰ্ব্বপুৰুষসকলৰ তালিকা ইয়াত একেৰাহে চলি আছে।)

যোহানন পুত্ৰ, ৰীছাৰ পুত্ৰ

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে

“যিজন যোহাননৰ পুত্ৰ, যিজন ৰীছাৰ পুত্ৰ...” বা “যোদা যোহাননৰ পুত্ৰ আছিল, যোহানন ৰীচাৰ পুত্ৰ আছিল” বা “যোদাৰ পিতৃ যোহানন আছিল, যোহানন পিতৃ ৰীছা আছিল...” আগৰ পদটো ব্যৱহাৰ কৰা একে শব্দবোৰ ব্যৱহাৰ কৰক।

Luke 3:30-32

(যীচুৰ পুৰ্ব্বপুৰুষসকলৰ তালিকা ইয়াত একেৰাহে চলি আছে।)

চিমিয়োনৰ পুত্ৰ, যিহুদাৰ পুত্ৰ

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে

“যিজন চিমিয়োনৰ পুত্ৰ, যিজন যিহুদাৰ পুত্ৰ...” বা “লেবী চিমিয়োনৰ পুত্ৰ আছিল, চিমিয়োন যিহুদাৰ পুত্ৰ আছিল” বা “লেবীৰ পিতৃ চিমিয়োন আছিল, চিমিয়োনৰ পিতৃ যিহুদা আছিল...” আগৰ পদটো ব্যৱহাৰ কৰা একে শব্দবোৰ ব্যৱহাৰ কৰক।

Luke 3:33-35

(যীচুৰ পুৰ্ব্বপুৰুষসকলৰ তালিকা ইয়াত একেৰাহে চলি আছে।)

অম্মীনাদৰ পুত্ৰ, অদমিনৰ পুত্ৰ....

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে

“যিজন অম্মীনাদৰ পুত্ৰ, যিজন অদমিনৰ পুত্ৰ...” বা “লেবী অম্মীনাদবৰ পুত্ৰ আছিল, চিমিয়োন অদমীনৰ পুত্ৰ আছিল” বা “নহচোনৰ পিতৃ অম্মীনাদব আছিল, অম্মীনাদবৰ পিতৃ অদমীন আছিল...” আগৰ পদটো ব্যৱহাৰ কৰা একে শব্দবোৰ ব্যৱহাৰ কৰক।

Luke 3:36-38

(যীচুৰ পুৰ্ব্বপুৰুষসকলৰ তালিকা ইয়াত একেৰাহে চলি আছে।)

কৈননৰ পুত্ৰ, অৰ্ফক্সদৰ পুত্ৰ...

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে

“যিজন কৈননৰ পুত্ৰ, যিজন অৰ্ফক্সদৰ পুত্ৰ...” বা “লেবী কৈননৰ পুত্ৰ আছিল, কৈনন অৰ্ফক্সদৰ পুত্ৰ আছিল” বা “শীলাৰ পিতৃ কৈনন আছিল, কৈননৰ পিতৃ অৰ্ফক্সদ আছিল...” আগৰ পদটো ব্যৱহাৰ কৰা একে শব্দবোৰ ব্যৱহাৰ কৰক।

আদম ঈশ্বৰৰ পুত্ৰ

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “আদমক, ঈশ্বৰৰ দ্বাৰা সৃষ্টি কৰা হৈছিল” বা “আদম, যিজন ঈশ্বৰৰ পৰা আছিল” বা “আমি আদমক, ঈশ্বৰৰ পৰা বুলি কব পাৰো।”

Luke 4

Luke 4:1-2

তেতিয়া

এইটোৱে যোহন বাপ্তাইজকক আৰু যীচুক বুজাইছে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যীচুক বাপ্তাইজিত কৰাৰ পাছত তেতিয়া”

আত্মাৰ দ্বাৰাই লৈ যোৱা হ’ল

এই কথাটো এক সক্ৰিয় বাণীৰূপত অনুবাদ কৰিব পাৰি যেনে “সেই আত্মাই তেওঁক লৈ গ’ল।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

চয়তানৰ দ্বাৰা তেওঁক পৰীক্ষা কৰা হ’ল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰক অমান্য কৰিবলৈ চয়তানৰ দ্বাৰা পৰীক্ষিত হ’ল।” তেওঁ সেই গোটেই সময়খিনিত পৰীক্ষিত হৈছিল, নাইবা সেই সময়ৰ শেষত পৰীক্ষিত হৈছিল সেইটো স্পষ্ট নহয়। এই কথাটোকো এক সক্ৰিয়ৰূপত অনুবাদ কৰিব পাৰি যেনে “চয়তানে তেওঁক তাত পৰীক্ষা কৰিছিল।”

তেওঁ খোৱা

বোৱা কৰা নাছিল

“তেওঁ” শব্দই যীচুক বুজাইছে।

Luke 4:3-4

যদি তুমি ঈশ্বৰৰ পুত্ৰ হোৱা

যীচু যে ঈশ্বৰৰ পুত্ৰ হয় তাক প্ৰমাণ কৰিবলৈ চয়তানে সম্ভৱত তেওঁক প্ৰত্যাহ্বান জনাইছিল।

এই শিলটো

চয়তানে হয়তু হাতত শিল এটা লৈ আছিল নাইবা কোনোবা এটা শিললৈ আঙুলিয়াই দেখুৱাইছিল।

এইটো লিখা আছে

“শাস্ত্ৰসমুহত এইটো লিখা আছে” বা “শাস্ত্ৰই কয়” বা “ঈশ্বৰে এই শাস্ত্ৰসমুহত কৈছে” দ্বিতীয় বিৱৰণৰ ৮:৩ পৰা এই উল্লেখটো কৰা হৈছে।

মানুহে কেৱল পিঠাৰে নিজীয়ে

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মানুহবিলাকে কেৱল পিঠাৰে জীব নোৱাৰে” বা “আহাৰ খালেই এজন ব্যক্তি জী থাকিব নোৱাৰে।” এই “পিঠা” শব্দটোৱে সাধাৰণ আহাৰক বুজাইছে। (সাদৃশ্যতা চাওক)। মুল কথাটো হৈছে এজন ব্যক্তিয়ে ধাৰণ কৰিবলৈ আহাৰেই যথেষ্ট নহয়। মানুহে ঈশ্বৰক মানি চলিব লাগে। যীচুৱে কিয় শিলটো পিঠালৈ ৰূপান্তৰ নকৰিলে সেইটো কবলৈ শাস্ত্ৰ বাক্য উল্লেখ কৰিছিল।

Luke 4:5-7

এখন ওখ ঠাই

“এটি ওখ পৰ্ব্বত”

সময়ৰ এক মুহুৰ্ত্ততে

“চকুৰ পচাৰতে” বা “সাউৎকৈ”

সেই কাৰণে

“সেয়ে”

যদি তুমি মোৰ আগত মুৰ দোঁওৱা আৰু মোক উপাসনা কৰা

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যদি তুমি মোৰ আগত আঁঠু লোৱা” বা “যদি তুমি মোক উপাসনা কৰিবলৈ মুৰ দোঁওৱা” বা “তুমি মোৰ আগত মুৰ দোঁওৱাৰ দ্বাৰা মোক উপাসনা কৰা।”

এই সকলোবোৰ তোমাৰ হব

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “এই সকলোবোৰ ৰাজ্য মই তোমাক দিম।”

Luke 4:8

উত্তৰ দিছিল আৰু কৈছিল

“তেওঁৰ প্ৰতি প্ৰত্যুত্তৰ দিছিল” বা “তেওঁক উত্তৰ দিছিল”

এইটো লিখা আছে

এই কথাটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “শাস্ত্ৰসমুহত এইটো লিখা আছে” বা “শাস্ত্ৰই কয়” বা “ঈশ্বৰে এই শাস্ত্ৰসমুহত কৈছে” দ্বিতীয় বিৱৰণৰ ৬:১৩ পৰা এই উল্লেখটো কৰা হৈছে।

তুমি কেৱল তোমাৰ প্ৰভু পৰমেশ্বৰক উপাসনা কৰা

যীচুৱে চয়তানক কিয় উপাসনা নকৰিব তাক কবলৈ শাস্ত্ৰৰ পৰা এটি বিধান উল্লেখ কৰিছে।

তুমি

এইটোৱে পুৰণি নিয়মৰ মানুহবিলাকক বুজাইছে যিবিলাকে ঈশ্বৰীয় বিধান মানি চলিছিল। আপুনি এই “তুমি” শব্দৰ একবচন ৰূপ ব্যৱহাৰ কৰিব পাৰে কাৰণ প্ৰতিজন ব্যক্তিয়েই এইটো মানি চলিব লাগিছিল, বা আপুনি এই ”তুমি” শব্দৰ বহুবচন ৰূপ ব্যৱহাৰ কৰিব পাৰে কাৰণ সকলো মানুহেই এই মানি চলিব লাগিছিল। (তুমি শব্দৰ ৰূপ চাওক)

তেওঁক – এইটোৱে প্ৰভু ঈশ্বৰক বুজাইছে।

Luke 4:9-11

একেবাৰে ওখ টিঙত

এইটো আছিল মন্দিৰৰ ছালৰ এটি চুক। যদি কোনোবাই তাৰ পৰা পিছলি পৰে বা তাৰ পৰা জাপ মাৰে, তেওঁলোকে খুউব আঘাত পাব বা মৰিব।

যদি তুমি ঈশ্বৰৰ পুত্ৰ হোৱা

যীচু যে ঈশ্বৰৰ পুত্ৰ হয় তাক প্ৰমাণ কৰিবলৈ চয়তানে সম্ভৱত তেওঁক প্ৰত্যাহ্বান জনাইছিল।

তুমি নিজকে পেলাই দিয়া

“মাটিলৈ জাপ মাৰি নিজকে পেলাই দিয়া”

এইটো লিখা আছে

এই কথাটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “শাস্ত্ৰসমুহত এইটো লিখা আছে” বা “শাস্ত্ৰই কয়” বা “ঈশ্বৰে এই শাস্ত্ৰসমুহত কৈছে।” যীচুক অট্টালিকাৰ পৰা জপিওৱাৰ পতিয়ন নিয়াবলৈ চয়তানে আংশিকভাবে গীতমালা ৯১:১১

১২ পদৰ পৰা উল্লেখ কৰিছে।

তেওঁ আদেশ দিব

“তেওঁ” শব্দই ঈশ্বৰক বুজাইছে।

Luke 4:12-13

এইটো কোৱা আছে

এই কথাটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “শাস্ত্ৰসমুহত এইটো লিখা আছে।” যীচুৱে দ্বিতীয় বিৱৰণৰ ৬:১৬ পৰা এই উল্লেখটো কৰা হৈছে।

তুমি তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা

এই কথাটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা” যীচুৱে মন্দিৰৰ পৰা জপিওই দি ঈশ্বৰক পৰীক্ষা নকৰে এই শাস্ত্ৰভাগটো এই কাৰণেই উল্লেখ কৰিছে। এই আদেশটো ঈশ্বৰৰ লোকসকলৰ বাবেহে।

আন এক সময়লৈকে

“আন এক পৰিস্থিতিলৈকে”

Luke 4:14-15

আত্মাৰ পৰাক্ৰমেৰে

এই কথাটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “আৰু আত্মাই তেওঁক সামৰ্থ দান কৰিলে।” ঈশ্বৰে যীচুৰ লগত বিশেষ ধৰণে আছিল, যিটোৱে সাধাৰণ মানুহে কৰিব নোৱাৰা কামবোৰ কৰিবলৈ সামৰ্থ যোগাইছিল।

তেওঁৰ বিষয়ে চাৰিওফালে সেই বাৰ্ত্তা ব্যপ্ত হৈ গৈছিল

এই কথাটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “মানুহে তেওঁৰ বিষয়ে সেই বাৰ্ত্তা বিয়পাই দিছিল” বা “মানুহবিলাকে যীচুৰ বিষয়ে আন মানুহক কৈছিল” বা “তেওঁৰ বিষয়ে হোৱা জ্ঞান এজন ব্যক্তিৰ পৰা আন ব্যক্তিলৈ বিয়পি গৈছিল।” যিবিলাকে যীচুৰ বিষয়ে শুনিছিল তেওঁলোকে আন মানুহক কৈছিল আৰু সেই মানুহবিলাকে আৰু বেছই মানুহক কৈছিল।

সেই গোটেই অঞ্চলৰ সম্পুৰ্ণ চাৰিওফালে

এই কথাটোৱে গালীল অঞ্চলৰ চাৰিওফালে ঠাইবিলাক বুজাইছে।

প্ৰতিজনেই তেওঁক প্ৰশংসা কৰিছিল

“প্ৰতিজনেই তেওঁৰ বিষয়ে অতি মহৎৰূপে প্ৰশংসা কৰিছিল” বা “সকলো মানুহেই তেওঁৰ বিষয়ে এক উত্তমৰূপে কথা কৈছিল।”

Luke 4:16-17

তেওঁ য’ত ডাঙৰ দীঘল হৈছিল

এই কথাটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁৰ মাক দেউতাকে য’ত তেওঁক তুলি

তালি ডাঙৰ কৰিছিল” বা “তেওঁ য’ত ডাঙৰ হৈছিল” বা “তেওঁৰ শিশুকালত তেওঁ য’ত বাস কৰিছিল।”

তেওঁৰ নীতি থকাৰ দৰে

“তেওঁ সাধাৰণতে কৰিছিল।” বিশ্ৰামবাৰৰ দিনত ধৰ্ম্মধামলৈ যোৱাটো তেওঁ নৈমিত্তিক কাৰ্য্য আছিল।

যিচয়া ভাববাদীৰ নুৰিওৱা পুস্তক তেওঁক দিয়া হ’ল

এই কথাটোকো এক সক্ৰিয় বাক্যাংশ ৰূপত অনুবাদ কৰিব পাৰি যেনে “কোনোবা এজনে যিচয়া ভাববাদীৰ নুৰিওৱা পুথি তেওঁৰ হাতত দিছিল।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

যিচয়া ভাববাদীৰ নুৰিওৱা পুথি

এইটোৱে যিচয়াই লিখা নুৰিওৱা পুস্তক বুজাইছে। যিচয়াই বহুবছৰৰ আগতে বাক্যবোৰ লিখিছিল, আৰু আৰু কোনোবাই সেইবোৰ নুৰিওৱা পুথিলৈ নকল কৰি লিখিছিল।

যি ঠাইত এইটো লিখা আছিল

“সেই নুৰিওৱা পুথিখনৰ যি ঠাইত এই কথাবোৰ লিখা আছিল” বা “সেই নুৰিওৱা পুথিখনত যি ঠাইত এই কথাবোৰ লিখা আছিল।”

Luke 4:18-19

(যীচুৱে সেই যিচয়া নুৰিওৱা পুথিৰ ৬১:১

২ পৰা পাঠ কৰিছিল।)

প্ৰভুৰ আত্মা মোৰ ওপৰত আছে

“ঈশ্বৰ মোৰ ওপৰত বিশেষ ৰূপে আছে।” কোনোবা এজনে কৈ আছিল এইটো ঈশ্বৰৰ বাক্য কৈছে বুলি দাবী কৰিছে।

বন্দীয়াৰবিলাকক মুক্ত হোৱাৰ কথা ঘোষণা কৰিবলৈ

এই কথাটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “যি বিলাক মানুহ বন্দী হৈ আছিল তেওঁলোকক মুকলি হৈ যাব পৰা কথা ঘোষণা কৰিবলৈ” বা ”যুদ্ধ বন্দীবিলাকক মুকলি কৰিবলৈ।”

অন্ধক দৃষ্টি দান দিবলৈ

“অন্ধবিলাকে যেন দেখিবলৈ পায় সেই কথা ঘোষণা কৰিবলৈ” বা “অন্ধবিলাকক দৃষ্টি দিবলৈ” বা “অন্ধবিলাকে যেন পুনৰ দেখিবলৈ পায়।”

যিবিলাক শোষিত হৈ আছিল তেওঁলোকক মুক্ত কৰিবলৈ

“যিবিলাকক অতি বেয়াকৈ ব্যৱহাৰ কৰি হৈছিল তেওঁলোকক মুকলি কৰিবলৈ।”

প্ৰভুৰ গ্ৰাহ্য বছৰ ঘোষণা কৰিবলৈ

এই কথাটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “এই বছৰ প্ৰভুৱে তেওঁৰ দয়া দেখুওৱাৰ কথা ঘোষণা কৰিবলৈ” বা “প্ৰভুৱে যে তেওঁৰ মানুহবিলাকক আশীৰ্ব্বাদ কৰিবলৈ যুগুত হৈ আছে সেই কথা ঘোষণা কৰিবলৈ।”

Luke 4:20-22

তাৰ পাছত তেওঁ সেই নুৰিওৱা পুথিখন জপাই থৈছিল

“তাৰ পাছত যীচুৱে তেওঁ পুথিখন পুনৰ নুৰিয়াই থলে।”

ধৰ্ম্মধামত উপস্থিত থকাসকল

এইটোৱে ধৰ্ম্মধামৰ কৰ্ম্মচাৰীসকলক বুজাইছে য’ত ঈশ্বৰৰ বাক্য থকাটো নিশ্চিত হৈ সেইবোৰ উলিয়াই আনিছিল আৰু পুনৰ অতি সাৱধানেৰে আৰু ভয়

ভক্তিৰে সোমোৱাই থৈছিল।

তেওঁলোকৰ দৃষ্টি তেওঁৰ ওপৰত আছিল

“তেওঁলৈ একেথৰে চাই আছিল” বা “তেওঁলৈ চাই আছিল।”

তোমালোকে শুনা এই শাস্ত্ৰবাক্য পৰিপুৰ্ণ হ’ল

এই কথাটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “এই শাস্ত্ৰবাক্যই যি ঘটিব বুলি কৈছিল সেইটো এতিয়া তোমালোকে শুনোতেই পৰিপুৰ্ণ হ’ল।” যীচুৱে তেওঁ কাৰ্য্যৰ যোগেদি এইটো কৈছিল যে এই যি ভাববাণীটো যিটো সেই সময়ত পাঠ কৰা হৈছিল পৰিপুৰ্ণ হ’ল।

তেওঁৰ মুখৰ পৰা ওলোৱা সেই অনুগ্ৰহশীল বাক্যত আচৰিত হ’ল

“তেওঁ কৈ থকা সেই অনুগ্ৰহশীল বাক্যত আটায়ে অতি আচৰিত হ’ল।”

এইটো যোচিফৰ পুতেক নহয় নে? এই কথাটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “এইটো সেই যোচেফৰ পুতেক নহয় জানো ?” বা “এইটো যোচেফৰ পুতেকহে!” বা “তাৰ দেউতাক যোচেফহে।” মানুহবিলাকে ভাবিছিল যে যোচেফ যীচুৰ দেউতাক। যোচেফ এজন ধৰ্ম্মীয় নেতা নাছিল, সেয়ে তেওঁ যি কৰিছিল তাত তেওঁলোকে আচৰিত মানিছিল। (আওঁপকীয়া প্ৰশ্ন চাওক)

Luke 4:23-24

তোমাৰ নিজৰ জন্মঠাইত

এইখন নাছৰতত, যিখন ঠাইত যীচু ডাঙৰ হৈছিল।

নিজৰ দেশত কোনো ভাববাদীকেই গ্ৰহ কৰা নহয়

কাৰণ তেওঁলোকে তেওঁক জানো বুলি ভবাত তেওঁ যি কৈছিল সেই কথাত বিশ্বাস কৰিবলৈ টান পাইছিল সেয়ে যীচুৱে সেই মানুহবিলাকক গালি দিছিল।

নিজৰ দেশ

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “নিজৰ নগৰ” বা “জন্মঠাই”

Luke 4:25-27

(যীচুৱে ধৰ্ম্মধামত একেৰাহে মানুহবিলাকক কথা কৈ আছে।)

মই সত্যকৈ তোমালোকক কওঁ

“মই তোমালোকক স্বৰূপকৈ কওঁ।” এই বাক্যাংশটোৱে সত্যতা, আৰু ইয়াৰ পাছত আহিব লগা নিৰ্ভুলতাৰ গুৰুত্ত্ব দিবলৈ ব্যৱহাৰ কৰা হৈছে।

বিধৱাবিলাক

এগৰাকী বিধৱা হৈছে এগৰাকী মহিলা যাৰ স্বামী ঢুকাইছে।

এলিয়াৰ সময়ত

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যেতিয়া এলিয়াই ইস্ৰায়েলত ভাববাণী প্ৰচাৰ কৰিছিল।” সেই যি মানুহবিলাকক যীচুৱে কথা কৈ আছিল তেওঁলোকে নিশ্চয়কৈ এলিয়াক ঈশ্বৰৰ এজন ভাববাদী বুলি জানিছিল। যদি আপোনাৰ পঢ়ুৱৈসকলে সেইটো নাজানে, আপুনি এই সৰল তথ্যটো স্পষ্টতা ৰূপত UDBত প্ৰকাশ কৰিব পাৰে। (স্পষ্টতা আৰু সৰলতা চাওক)

যেতিয়া বৰষুণ নিদিবলৈ আকাশ বন্ধ আছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে – “যেতিয়া আকাশৰ পৰা বৰষুণ অহা নাছিল” বা “যেতিয়া একেবাৰে বৰষুণ পৰা নাছিল।” এইটো এটা প্ৰকাশভঙ্গী। আকাশখনক এখন চিলিঙৰ দৰে নক্সা কৰা হৈছে যিয়ে পানী ধৰি ৰাখিছিল আৰু বৰষুণ আকাৰে পানী নামি অহাক বাধা স্বৰূপ হৈ আছিল। (প্ৰকাশভঙ্গী চাওক)

যেতিয়া এক মহা আকাল হৈছিল

“যেতিয়া গম্ভীৰভাবে খাদ্যৰ অভাব হৈছিল” বা “যেতিয়া মানুহবিলাকৰ বাবে খাদ্য যথেষ্ট নাছিল।” এক দুৰ্ভিক্ষ হৈছে এক দীঘলীয়া সময় যেতিয়া মানুহবিলাকৰ বাবে খাদ্য শস্য যথেষ্ট উৎপন্ন হোৱা নাছিল।

জেৰেফাৎত নিবাস কৰা এগৰাকী বিধৱা মহিলা

জেৰেফাতত নিবাস কৰা মানুহবিলাক পৰজাতি, যিহুদী নহয়। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ জেৰেফাতত নিবাস কৰা এগৰাকী পৰজাতীয় মহিলা।” যি মানুহবিলাকে যীচুৰ কথা শুনি আছিল নিশিচকৈ বুজি পাইছিল যে জেৰেফাতত নিবাস কৰা লোকবিলাক পৰাজতি লোক আছিল। (স্পষ্টতা আৰু সৰলতা চাওক)

চিৰিয়াৰ দেশৰ নামান

চিৰিয়া দেশৰ পৰা অহা এজন চিৰিয়া ব্যক্তি। চিৰিয়া দেশৰ লোকবিলাক পৰজাতীয় আছিল, যিহুদী নাছিল। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “চিৰিয়াৰ পৰা অহা পৰজাতীয় নামান।”

Luke 4:28-30

তেওঁক নগৰৰ পৰা উলিয়াই পঠাইছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁক নগৰ খনৰ পৰা আতৰি যাবলৈ জোৰ কৰি পঠাইছিল।”

পৰ্ব্বতৰ কাষ

“পৰ্ব্বতৰ কাষৰ থিয় গড়া”

তেওঁলোকৰ মাজেদিয়েই

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁলোকৰ মাজেদি” বা “যিবিলোক মানুহে তেওঁক বধ কৰিবলৈ বিচাৰিছিল তেওঁলোকৰ মাজেদি।” ইয়াত দিয়া “ঠিক” শব্দটোৱে “সাধাৰণভাবে” এই শব্দৰ লগত একেই বুজাইছে। এইটো ইয়াকে বুজাই যে তেওঁ সিবিলাকৰ মাজেদি খোজ কাঢ়ি পাৰ হৈ যাওঁতে কোনোৱে তেওঁক বাধা দিয়া নাছিল।

তেওঁ নিজ বাটে গুচি গ’ল

“আতৰি গ’ল।” মানুহবিলাক তেওঁক য’লৈ লৈ যাবলৈ জোৰ কৰিছিল তাৰ পৰিৱৰ্ত্তে যীচুৱে য’লৈ যাবলৈ পৰিকল্পনা কৰিছিল তালৈ গুচি গ’ল।

Luke 4:31-32

তেওঁ তললৈ নামি গৈছিল

“যীচুৱে পৰ্ব্বতৰ নামনিলৈ নামি গৈছিল।” কফৰনাহুম নাচৰতকৈ উচ্চতাত তলত অৱস্থিত।

গালীলৰ এখন নগৰ, কফৰনাহুম

যিহেতু যীচু ইতিমধ্যে গালীলত আছিল, এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “গালীলৰ আন এখন নগৰ, কফৰনাহুম।”

আচৰিত হৈছিল

“অতিশয় বিচুৰ্ত্তি হ’ল” বা “খুউব মনোগ্ৰাহী হৈছিল।”

তেওঁ ক্ষমতাৰে কথা কৈছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁ বাক্যত ক্ষমতা আছিল” বা “তেওঁ ক্ষমতা থকা এদনৰ দৰে কথা কৈছিল।”

Luke 4:33-34

যিজনক অশুচি আত্মাই ধৰা এটা বেয়া আত্মা আছিল

“যিজনক এটা অশুচি আত্মাই লম্ভী আছিল।” (ভুতে লম্ভা চাওক)

সি অতি ডাঙৰকৈ চিঞঁৰিছিল

“সি বৰ ডাঙৰকৈ চিঞঁৰিছিল।” কিছুমান ভাষাত ইংৰাজীৰ দৰে এনে বাক্যাংশ আছে যেনে “সি কাণ ফালি যোৱাকৈ চিঞঁৰিছিল।” (বাক্যাংশ চওক)

আপোনাৰ লগত আমাৰ কি কাম?

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “আপোনাৰ লগত আমাৰ কি মিল আছে” বা “আপোনাৰ লগত আমাৰ একো কাম নাই!” এইটো এটা বিৰোধী প্ৰত্যুত্তৰ অৰ্থ হৈছে “আমাক আমনি কৰিবলৈ আপোনাৰ কোনো অধিকাৰ নাই।”

Luke 4:35-37

যীচুৱে সেই ভুতটোক ধমক দিছিল, কৈছিল

“যীচুৱে সেই ভুতটোক গালি দিছিল” বা “যীচুৱে সেই ভুতটোক কাঢ়াকৈ কৈছিল।”

তাৰ পৰা বাহিৰ ওলা

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ তাক অকলে এৰি দে” বা “তাক আমনি নকৰিবি।”

এইবোৰ কেনে শব্দ

এইটো এটা আওঁপকীয়া প্ৰশ্ন। মানুহবিলাকে আচৰিতহৈ পৰিছিল তেওঁলোকে এইটো প্ৰকাশ কৰিছিল যে এজন মানুহক মুকলি কৰি এৰি দিবলৈ যীচুৱে ভুতক ক্ষমতাৰে আদেশ দিব পাৰে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “এইবোৰ অতি আচৰিত কথা” বা “তেওঁৰ কথাবোৰ অতি আচৰিত!”

তেওঁ অশুচি আত্মাবোৰক শক্তি আৰু ক্ষমতাৰে আদেশ দিছিল

“অশুচি আত্মাবোৰক আদেশ দিবলৈ তেওঁৰ শক্তি আৰু ক্ষমতা আছিল।“

তেওঁৰ বিষয়ে এইবোৰ বাতৰি বিয়পি গৈছিল

“যীচুৰ বিষয়ে এইবোৰ কথা বিয়পি পৰিবলৈ আৰম্ভ কৰিছিল” বা “ মানুহবিলাকে যীচুৰ বিষয়ে বাৰ্ত্তাবোৰ বিয়পাই দিছিল।”

Luke 4:38-39

তাই অতিপাত জ্বৰত ভোগী আছিল

কিছুমান ভাষাত মানুহবিলাকে কয় “তাই ৰোগীয়া আছিল আৰু তাইৰ গাৰ ছালখন অতিশয় উত্তপ্ত আছিল।”

চিমোনৰ শাহুৰেক

“চিমোনৰ ভাৰ্য্যাৰ মাতৃ”

সেই জ্বৰক ডবিয়ালে

“সেই জ্বৰক অতি কাঢ়াকৈ কৈছিল” বা “তাইক এৰি যাবলৈ সেই জ্বৰক আদেশ দিছিল” (UDB) এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তাই গাৰ ছাল যেন ঠাণ্ডা হয় সেই আদেশ দিছিল” বা “সেই ৰোগে যেন তাইক এৰি যায় তেনে আদেশ দিছিল।”

Luke 4:40-41

চিঞঁৰি উঠিছিল

“আটাহ পাৰিছিল” বা “টেটুঁ ফালিছিল”

সেই ভুতবোৰক ডবিয়াইছিল

“সেই ভুতবোৰক অতি কাঢ়াকৈ কৈছিল”

সিহঁতক কৰিব নিদিলে

“সিহঁতক অনুমতি দিয়া নাছিল”

Luke 4:42-44

যেতিয়া দিনৰ ওচৰ চাপিছিল

“বেলি ওলোৱাত” বা “দোকমোকালিত”

এখ নিৰ্জ্জন ঠাই

“এখন নিৰিবিলি ঠাইত” বা “ য’ত কোনো মানুহ নাথাকে এনে ঠাইত” বা ”কোনো মানুহ নথকা এনে এখন ঠাইত”

আন অনেক নগৰলৈ

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “আন আন অনেক নগৰৰ মানুহবিলাকক।”

এই নিমিত্তেই মোক ইয়ালৈ পঠোৱা হ’ল

ই কথাটো এক সক্ৰিয় বাক্যাংশ ৰূপত অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰে এইটোৰ কাৰণেই মোক ইয়ালৈ পঠিয়াই দিছিল।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

Luke 5

Luke 5:1-3

এতিয়া এইটো ঘটিছিল

এই বাক্যাংশটো নতুন কাহিনীৰ এটা অংশ আৰম্ভ হোৱাৰ চিন। যদি আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় আছে আপুনি ইয়াক ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

তেওঁলোকৰ জালবোৰ ধুই আছিল

তেওঁলোকে তেওঁলোকৰ জালবোৰ আকৌ মাছ ধৰাত ব্যৱহাৰ কৰিবলৈ ছাফা কৰি আছিল।

তেওঁক পানীত পেলাবলৈ কৈছিল

“পিতৰক নাওঁ খন পাৰৰ পৰা অলপ আতৰলৈ নিবলৈ কৈছিল।”

যীচুৱে বহিছিল আৰু মানুহবিলাকক শিকাবলৈ ধৰিছিল

এজন শিক্ষকৰ বাবে বহাটো এটা অৱস্থান আছিল।

নাওঁখনৰ পৰা মানুহবিলাকক শিকাইছিল

“তেওঁ যেতিয়া নাওঁখনত বহি আছিল মানুহিবলাকক শিকাইছিল।” যীচুৱে পাৰৰ পৰা অলপ আতৰতে নাওঁ খনত বহি আছিল আৰু যইবিলাক মানুহ পাৰত আছিল তেওঁলোকক কথা কৈ আছিল।

Luke 5:4-7

যেতিয়া তেওঁ কথা কোৱা শেষ হৈছিল

“যেতিয়া যীচুৱে মানুহবিলাকক শিকোৱা শেষ কৰিছিল।”

হে গুৰু

গ্ৰীক ভাষাত সেই “হে গুৰু” অনুবাদটো সাধাৰণ ভাবে “গুৰু” বুলি কোৱা নহয়। এই শব্দটো এনে এজনক কোৱা হয় যাৰ ক্ষমতা আছে, কোনোবা এজনৰ মালিক বুলি সেই জনক কোৱা নহয়। আপুনি এইটোক “বচ বা মালিক” বা “অগ্ৰজ” বা কোনোবা এজনৰ ক্ষেত্ৰত সাধাৰণভাবে ক্ষমতা থকা জনক ব্যৱহাৰ কৰা যেনে “মহাশয়” বুলি সম্বোধন কৰিব পাৰে।

আপোনাৰ কথাত – “ আপোনাৰ কথাৰ কাৰণে” বা “কাৰণ আপুনি মোক কৰিবলৈ কৈছে সেয়ে কৰিছো।“

হাত টাৰ

বাৰ কৰা

তেওঁলোকে পাৰৰ পৰা ভালেমান দুৰত আছিল সেয়ে মাতিবলৈ অঙ্গী

ভঙ্গী দেখুৱাইছিল, সম্ভৱত তেওঁলোকৰ হাত বাউলি মাতিছিল।

তেওঁলোক ডুবিবলৈ আৰম্ভ কৰিছিল

“নাওঁখন ডুবিবলৈ ধৰিছিল।” যদি ইয়াত দিয়া তথ্যখিনি যেনেদৰে দিয়া আছে স্পষ্ট কৰিব পাৰে, “মাছবোৰ ইমানেই গধুৰ আছিল যে নাওঁখন ডুবিবলৈ ধৰিছিল।” (সৰলতা আৰু স্পষ্টতা চাওক)

Luke 5:8-11

যীচুৰ ভৰিত পৰিছিল

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “যীচুৰ ভৰিত পৰি নমস্কাৰ কৰিছিল” বা ২) “মাটিলৈ মুকৈ যীচুৰ ভৰিত পৰি নমস্কাৰ কৰিছিল” বা ৩) “যীচুৰ আগত আঁঠু পাৰিছিল।” পিতৰে দুৰ্ঘটনাক্ৰমে পৰি নাছিল। তেওঁ এইটো তেওঁৰ নম্ৰতাৰ চিন আৰু যীচুৰ প্ৰতি সন্মানৰ চিন স্বৰূপে এইটো কৰিছিল।

পাপী মানুহ

ইয়াত এই “মানুহ” শব্দটোৱে “পুৰ্ণ বয়স্ক” মানুহক বুজাইছে সাধাৰণভাবে ” সকলো মানুহক” বুজোৱা নাই।

তুমি মানুষ্য ধাৰী হবা

এই ”ধৰা” শব্দই অলঙ্কাৰীক বাবে মানুহক গোটাই খ্ৰীষ্টক অনুগামী হোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। এইটো এইদৰেও অলঙ্কাৰীক বাবে অনুবাদ কৰিব পাৰি যেনে “তুমি মানুহৰ বাবে মাছ ধৰিবা।” এইটোক অলঙ্কাৰ নিদিয়াকৈও অনুবাদ কৰিব পাৰি যেনে “তুমি মানুহ গোটাবা” বা “তুমি মানুহক ভিতৰলৈ আনিবা।” (অলঙ্কাৰ চাওক)

Luke 5:12-13

চোৱা তাতে কুষ্ঠৰোগেৰে ভৰা এজন মানুহ তাত আছিল

এই “চোৱা” শব্দই কাহিনীটোত আমাক এক সজাগতা আনি দিয়ে। এইটো কৰিবলৈ আপোনাৰ ভাষাত কিবা উপায় থআকিব পাৰে। ইংৰাজী ব্যৱহাৰ হৈছে “সেই ঠাইত কুষ্ঠৰোগেৰে ভৰা এজন মানুহ আছিল।”

তেওঁ তললৈ মুখ কৰি পৰিল

“তেওঁ মাটিলৈ মুখ কৰি প্ৰণিপাত কৰিলে (UDB)” বা “তেওঁ আঁঠু কাঢ়িছিল আৰু মাটিত মুখ লগাই পৰি নমস্কাৰ কৰিছিল।”

তেওঁক নিবেদন কৰিছিল

“তেওঁক প্ৰাৰ্থনা কৰিছিল” বা “ তেওঁৰ লগত অনুৰোধ কৰিছিল” (UDB চাওক)

যদি আপুনি ইচ্ছা কৰে

“যদি আপুনি বিচাৰে”

Luke 5:14

কাকোৱেই নক’বা

এইটো এটা আওঁপকীয়া উল্লেখ। এইটোক পোনপতীয়াকৈ উল্লেখ কৰিব পাৰি “কোনো এজনকেই নক’বা।” ইয়াত প্ৰয়োগ হোৱা তথ্যটো হৈছে “তুমি সুস্থ হ’লা।“ (বাক্যৰ উদ্ধতি, সৰলতা আৰু স্পষ্টতা চাওক)

শুচি কৰাৰ বাবে বলিদান উচৰ্গা কৰা

বিধানৰ মতে মানুহবোৰ শুচি হোৱাৰ পাছত এক বিশেষ বলিদান উচৰ্গা কৰিব লাগে। এইটোৱে মানুহজনক বিধিগতভাবে শুচি হোৱাৰ অনুমতি দিয়ে, আৰু ধৰ্ম্মীয় বিধি বিধানত তেওঁ আকৌ অংশ লব পাৰে।

তেওঁলোকৰ বাবে সাক্ষ্য হবলৈ

“পুৰোহিতসকলৰ বাবে সাক্ষ্য হবলৈ” বা “যাতে পুৰোহিতসকলে জ্ঞাত হয় যে তুমি আচলতে সুস্থ হ’লা।” মন্দিৰত থকা পুৰোহিত সকল সেই আচল কথাটোৰ দ্বাৰা এই মুখামুখী হয় যে এই মানুহজনৰ কুষ্ঠ ৰোগ যীচুৱে সুস্থ কৰিলে।

Luke 5:15-16

তেওঁৰ বিষয়ে কথাবাৰ্ত্তা

“যীচুৰ বিষয়ে বাতৰি।” এইটোৱে হয়তু এইকথা বুজাব পাৰে “যীচুৱে মানুহজনক সুস্থ কৰাৰ বিষয়ে” নাইবা “মানুহবিলাকক সুস্থ কৰাৰ বিষয়ে বাতৰি।” এইটো বুজাব পাৰে।

তেওঁৰ বিষয়ে সেই কথাবাৰ্ত্তাবোৰ আৰু দুৰলৈকে বিয়পি গৈছিল

“তেওঁৰ বিষয়ে হোৱা ঘটনাবোৰৰ কথা আৰু বেছিকৈ বিয়পি গৈছিল” বা “মানুহবিলাকে যীচুৰ বিষয়ে কথা বতৰাবোৰ আন আন ঠাইটো কৈ ফুৰিছিল”

নিৰিবিলি ঠাইবিলাকত

“নিৰ্জ্জন ঠাইবিলাকত” বা “নিৰৱ ঠাইবিলাকত” বা “যিবোৰি ঠাইত কোনো অন্য মানুহ নাছিল”

Luke 5:17

এইটো ঘটিছিল... যে

এই বাক্যাংশটো নতুন কাহিনীৰ এটা অংশ আৰম্ভ হোৱাৰ চিন। যদি আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় আছে আপুনি ইয়াক ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

Luke 5:18-19

এতিয়া কিছুমান মানুহে কঢ়িয়াই আনিছিল

কাহিনীটোত এইবোৰ নতুন মানুহ। এইবোৰ যে নতুন মানুহ তাক দেখুৱাবলৈ আপোনাৰ ভাষাত কিবা উপায় থাকিব পাৰে। ইংৰাজীটো এইটো এইদৰে কৰিব পাৰি “কিছুমান মানুহে কিবা এটা কঢ়িয়াই আনিছিল” বা “এনে কিছুমান মানুহ যিয়ে কঢ়িয়াই আনিছিল।”

ঢাৰী

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “টোপনি যোৱা কুচন” বা “বিচনা” বা “কঢ়িয়াই নিয়া ত্ৰলী” বা “সাঙী।”

একাঙ্গী বা জঠৰ ৰোগী আছিল

“ নিজে অকনো লৰচৰ কৰিব পৰা নাছিল”

সেই মানুহবোৰৰ ভীৰৰ কাৰণে সেই মানুহজনক কেনেকৈ ভিতৰলৈ আনিব তাৰ উপায় পোৱা নাছিল

কিছুমান ভাষাত এইটো পুনৰ সজাই তুলিলে একেবাৰে স্বাভাবিক যেন লাগিব। “কিন্তু , মানুহবিলাকৰ ভীৰ হোৱাৰ কাৰণে, তেওঁলোকে মানুহজনক ভিতৰলৈ আনিবলৈ কোনো উপায় পোৱা নাছিল। সেয়ে ...”

তেওঁলোকে ঘৰটোৰ ওপৰলৈ উঠি গৈছিল

ঘৰ বিলাক সাধাৰণতে সমান ছাল আছিল, আৰু কিছুমান ঘৰত ঘৰৰ ওপৰলৈ সহজে উঠি যাবলৈ বাহিৰত জখলা বা খটখটী আছিল।

যীচুৰ ঠিক সন্মূখতে

“পোনে পোনে যীচুৰ সন্মূখত” বা “তৎক্ষণাতে যীচুৰ সন্মূখত“

Luke 5:20-21

হেৰি মানুহজন

যেতিয়া কোনো এজন মানুহৰ নাম নাজানে সেই জনক মাতিবলৈ ব্যৱহাৰ কৰা এইটো এটা সাধাৰণ শব্দ। এই এক গৰ্ব্বী আচৰণ নহয়, ই বিশেষ সন্মানো নেদেখুৱাই। কিছুমান ভাষাত “হে মিত্ৰ” বা “ভাই” বা “মহাশয়” আদি শব্দ ব্যৱহাৰ কৰা হয়।

তোমাৰ পাপবোৰ ক্ষমা কৰা হ’ল

“তোমাক ক্ষমা কৰা হ’ল” বা “মই তোমাৰ পাপবোৰ ক্ষমা কৰিলোঁ।” (UDB)

এইটো প্ৰশ্ন কৰিছে

“এইটো আলোচনা কৰা” বা “এই বিষয়ে যুক্তি দিয়া।” এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “পাপ ক্ষমা কৰিবলৈ যীচুৰ ক্ষমতা আছেনে নাই সেইটো আলোচনা কৰা।”

ঈশ্বৰ নিন্দা কৰা এইটো কোন ? এইটো এটা আওঁপকীয়া প্ৰশ্ন যিটোৱে দেখুৱাই যে তেওঁলোকে যীচুৰ ওপৰত কিমান খং উঠিছিল। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “এই মানুহজনে ঈশ্বৰ নিন্দা কৰিছে” বা “এই দৰে ঈশ্বৰ নিন্দা কৰিবলৈ এইটোৱে নিজকে কোন বুলি ভাবিছে?” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

কেৱল ঈশ্বৰৰ বাহিৰে, কোনো পাপ ক্ষমা কৰিব পাৰে?

এই অলঙ্কাৰীক প্ৰশ্নটোও এনেদৰে অুবাদ কৰিব পাৰি যেনে “ঈশ্বৰৰ বাহিৰে কোনেও পাপ ক্ষমা কৰিব নোৱাৰে” বা “ঈশ্বৰেই একমাত্ৰ জনা যিয়ে পাপ ক্ষমা কৰিব পাৰে।” এই প্ৰায়োগিক তথ্যটো হৈছে যদি এজন মানুহে পাপ ক্ষমা কৰিব পাৰে, তেওঁ নিজকে ঈশ্বৰ বুলি কৈছে। (স্পষ্টতা আৰু সৰলতা চাওক)

Luke 5:22-24

তোমালোকে তোমালোকৰ মনত কিয় প্ৰশ্ন কৰিছা? – এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “এই বিষয়ে তোমালোকৰ অন্তৰত তৰ্ক

বিতৰ্ক কৰা উচিত নহয়” বা “মই পাপ ক্ষমা কৰিবলৈ থকা ক্ষমতাত তোমালোকে সন্দেহ নকৰিবা।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

তোমালোকৰ অন্তৰত – এইটো এটা বাক্যাংশ মানুহ এজনে কৰা ভাব

চিন্তা বা বিশ্বাস কৰা অংশটো বুজাইছে। কিছুমান ভাষাত এই বাক্যাংশটো যোগ নকৰাটোৱেই বেছি স্বাভাৱিক যেন লাগে। (ফকৰা যোজনা চাওক)

কোনটো কবলৈ সহজ

যীচুৱে সুস্থতা দিয়া লগতে পাপ ক্ষমা কৰিবলৈ যে তেওঁৰ শক্তি আছে তাক সেই মানুহবিলাকৰ সংযোগ কৰিবলৈ যীচুৱে এই অলঙ্কাৰীক প্ৰশ্নটো ব্যৱহাৰ কৰিছে। এই গোটেই প্ৰশ্নটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “’তোমাৰ পাপ ক্ষমা কৰা হ’ল’ এইদৰে কবলৈ সহজ, কিন্তু কেৱল ঈশ্বৰেহে এই মানুহজনক উঠা আৰু খোজ কাঢ়ি ফুৰা বুলি কব পাৰে।‘”

তোমালোকে জানিব পাৰা

যীচুৱে অধ্যাপক আৰু ফৰীচীবিলাকক কৈ আছিল। এই “তুমি” শব্দটো বহুবচন। (তুমি শব্দৰ ৰূপ চাওক)

মানুহৰ পুত্ৰ

যীচুৱে নিজকে বুজাইছে।

মই তোমাক কওঁ

যীচুৱে সেই জঠৰ ৰোগীজনক কৈ আছিল। ইয়াত "তুমি" শব্দটো এক বচন।

Luke 5:25-26

তৎক্ষণাতে

“লগে লগেই” বা “ঠিক তেতিয়াই”

প্ৰতিজনৰে আচৰিত লাগিল

“প্ৰতিজন যিসকলে এইটো দেখিছিল অতি আচৰিত হ’ল।”

অতিপাত ভয় লাগিল

“অতিশয় ভয় পালে” বা “ভয়েৰে পৰিপুৰ্ণ হ’ল”

অসাধাৰণ বিষয়

“আচৰিত বিষয়” বা “আশ্চৰ্য্যকৰ বিষয়”

Luke 5:27-28

এই ঘটনাবোৰ ঘটাৰ পাছত

আগৰ পদটোত কি ঘটিছিল তাক এই কথাটোৱে বুজাইছে। সেইটো হৈছে, “ মনোযোগেৰে কৰ তোলোতা এজনলৈ চাইছিল” বা “অতি মনোযোগেৰে কৰ সংগ্ৰাহক এজনলৈ চাইছিল।”

কৰ তোলোঁতা এজন দেখিছিল

সেইটো হৈছে, “ মনোযোগেৰে কৰ তোলোতা এজনলৈ চাইছিল” বা “অতি মনোযোগেৰে কৰ সংগ্ৰাহক এজনলৈ চাইছিল।”

কৰ লোৱা চ’ৰা

“কৰৰ চ’ৰা” বা “কৰ লোৱা ঠাই।” এইখন হৈছে ৰাস্তাৰ কাষৰ এনে ঠাই বা মেজ য’ত মানুহবিলাকে চৰকাৰক কৰ দিব লগীয়া হৈছিল।

মোৰ পিছে পিছে আহাঁ

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মোৰ শিষ্য হোৱা” বা “ আহাঁ, তোমাৰ গুৰু হিচাপে মোৰ পিছে পিছে আহাঁ।”

সকলো এৰিছিল

“তেওঁৰ কৰ তোলা কাৰ্য্য এৰিছিল”

Luke 5:29-32

বৰ ভোজ

অনেক খাদ্য সম্ভাৰেৰে, পানীয়ৰে আৰু আলহীৰে সৈতে আয়োজন কৰা ই এটা ভোজ খোৱা বা উদযাপন কৰা।

তেওঁৰ ঘৰত

“লেবীৰ ঘৰত”

মেজলৈ হলি গৈ বহি আছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মেজত” বা “মেজত বহি আছিল।” গ্ৰীকৰ জীৱনশৈলীত ভোজত আহাৰ খোৱাটো হৈছে কুচনত বাগৰি থাকি আৰু গাৰুবিলাকত এখন হাত দি নিজকে আউজী থকা।

মুখেৰে ভোৰভোৰাইছিল

“আপত্তি কৰিছিল” বা “মনৰ বিৰক্ততা প্ৰকাশ কৰিছিল”

তেওঁৰ শিষ্যবিলাকলৈ

“যীচুৰ শিষ্যবিলাকলৈ”

তোমালোকে কিয় ভোজন কৰা

ফৰীচী আৰু অধ্যাপকসকলে এই আওঁপকীয়া প্ৰশ্নটো ব্যৱহাৰ কৰি তেওঁলোকৰ অসন্মতি প্ৰকাশ কৰিছে যে যীচুৰ শিষ্যবিলাকে পাপীবিলাকৰ লগত ভোজন কৰিছে। ইয়াত এই “তুমি” শব্দটো বহুবচন। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তোমালোকে পাপীবিলাকৰ লগত ভোজন কৰাটো উচিত নহয়।” (তুমি শব্দৰ ৰূপ চাওক)

বৈদ্য

”চিকিৎসালয়ৰ চিকিৎসক” বা “বেজ বা চিকিৎসক”

Luke 5:33-35

তেওঁলোকে তেওঁক কৈছিল

“সেই ধৰ্ম্মীয় নেতাবিলাকে যীচুক কৈছিল।”

কোনোবাই কৰিব পাৰেনে –যীচুৱে এই অলঙ্কাৰীক প্ৰশ্নটো ব্যৱহাৰ কৰিছে যিটোৱে মানুহবিলাকক তেওঁলোকৰ পৰিচিত এটা পৰিস্থিতি ভবাই তোলাৰ কাৰণ হব। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যেতিয়া বিয়াঘৰৰ দৰা বিয়াঘৰৰ আলহীবোৰৰ লগত থাকে কোনো এজনেও উপবাস কৰিবলৈ নকয়।” (ভাষাৰ প্ৰকাশভঙ্গী প্ৰশ্ন চাওক)

বিয়াঘৰৰ আলহীসকল

“অতিথিসকল” বা “বন্ধুবৰ্গ।” এই বন্ধুসকল হৈছে যিজনে বিয়া কৰে তেওঁৰ লগত উদযাপন কৰে।

কিন্তু এনে দিন আহিব যেতিয়া “কিন্তু কোনোবা দিনা (UDB)” বা “কিন্তু অতি সোনকালেই”

তেওঁলোকৰ লগৰ পৰা দৰাক আতৰাই নিয়া হব

এইটো এটা বাক্যৰ প্ৰকাশ। যীচুৱে নিজৰ বিষয়ে কৈ আছে। ইয়াক এইটো যোগ কৰাৰ দ্বাৰাই স্পষ্ট কৰিব পৰা যায় “সেই একেদৰেই, মই যেতিয়া মোৰ শিষ্যবিলাকে সৈতে থাকোঁ, সিহঁতে উপবাস কৰিব নালাগে”( বাক্যৰ প্ৰকাশভঙ্গী চাওক)

Luke 5:36

কোনো মানুহে নাফালে

"কোনেও নাফালে" বা "মানুহে কেতিয়াও ফালি নেপেলায়" (UDB)

চিলাই কৰা

"মেৰামতি কৰা"

সেইটোৰ লগত উপযোগী নহয়

"তাৰ লগত নিমিলিব" বা "সেইটোৰ লগত একে নহব।"

Luke 5:37-39

(যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক আন এটা উপমা কৈছে।)

কোনো মানুহে নথয়

“কোনেও নথয়” (UDB) বা “ মানুহে কেতিয়াও নথয়”

নতুন দ্ৰাক্ষাৰস

“আঙুৰৰ ৰস।” এইটোৱে সেই দ্ৰাক্ষাৰসক বুজাইছে যি এতিয়াও প্ৰক্ৰিয়া কৰা নাই।

দ্ৰাক্ষাৰসৰ ছাল মোট

এই মোনাবিলাক জন্তুৰ ছালৰ পৰা প্ৰস্তুত কৰা। এইবোৰক “দ্ৰাক্ষাৰস মোনা” বা “ছালৰ মোট” বুলি কোৱা হয়। (UDB)

নতুন দ্ৰাক্ষাৰসে সেই ছালৰ মোট ফালি পেলাব

“যেতিয়া নতুন দ্ৰাক্ষাৰসৰ প্ৰক্ৰিয়া আৰম্ব হয় আৰু বহলী যায়, ই পুৰণি দ্ৰাক্ষাৰসৰ মোট ফালি পেলায় কাৰণ সেইবোৰ আৰু বহলীবলৈ টানা নাখায়।” দ্ৰাক্ষাৰসৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা আৰু ছালখন বহলি যোৱা এই যি কথা যীচুৱে কৈছিল দৰ্শকসকলে এই স্পষ্ট তথ্যটো বুজি পাইছিল। (স্পষ্টতা আৰু সৰলতা চাওক)

সেই দ্ৰাক্ষাৰস নষ্ট হব

“সেই দ্ৰাক্ষাৰস সেই মোনৰ পৰা ওলাই পৰিব।”

সজীৱ দ্ৰাক্ষা মোট

“নতুন দ্ৰাক্ষা মোট” বা “নতুন দ্ৰাক্ষা মোনা।” এইটোৱে কেতিয়াও ব্যৱহাৰ নকৰা দ্ৰাক্ষামোনা বুজাইছে।

পুৰণি দ্ৰাক্ষাৰস

“ এনে দ্ৰাক্ষাৰস যিটোৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল”

তেওঁ কৈছে, ‘পুৰণিহে ভাল’

এইটোত এটা যোগ কৰিলে সহায়ক হব “আৰু সেইকাৰণে নতুন দ্ৰাক্ষাৰস চেষ্টা কৰি চাবলৈ ইচ্ছা নাই।” এইটো ভাষাৰ এটা প্ৰকাশভঙ্গী যিটো ধৰ্ম্মীয় নেতাবিলাকৰ পুৰণি শিক্ষা আৰু যীচুৰ নতুন শিক্ষাবিলাকৰ পৰস্পৰ বিৰুদ্ধা

বিৰুদ্ধী। ইয়াত কোৱা মুল কথাটো হৈছে যিবিলাক লোক পুৰণি শিক্ষাত অভ্যস্ত যীচুৰ নতুন শিক্ষা লবলৈ বা শুনিবলৈ ইচ্ছুক নহয়। (ভাষাবৰ প্ৰকাশভঙ্গী চাওক)

Luke 6

Luke 6:1-2

এইটো ঘটিছিল

এই বাক্যাংশটো নতুন কাহিনী এটাৰ অংশ আৰম্ভ হোৱাৰ চিন হিচাপে ইয়াত ব্য়ৱহাৰ কৰা হৈছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় থাকিলে, ইয়াত ব্য়ৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

শস্য পথাৰবোৰ

এই ক্ষেত্ৰত, এইবোৰ হৈছে এখন বিশাল পথাৰ য’ত ঘেঁহু বেছিকৈ উৎপন্ন হবলৈ সিচিঁ দিয়া হয়।

শস্যৰ থোক

এইটো ঘেঁহু ধানৰ একেবাৰে ওপৰৰ অংশ, যিটো ঘাঁহ জাতীয় বনৰ এক প্ৰকাৰ। ই শস্যৰ পৰিপক্ক থোক বা গছৰ বীজ ধৰি ৰাখে।

বিশ্ৰাম দিনত যিটো কৰা বিধিগত নহয় তাক তোমালোকে কিয় কৰিছা – এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “বিশ্ৰামবাৰৰ দিনত তোমালোকে শস্যৰ থোক কিয় চিঙিছা?” এইটো এটা আওঁপকীয়া প্ৰশ্ন, অৰ্থ হৈছে “বিশ্ৰামবাৰৰ দিনত শস্যৰ থোক চিঙাটো ঈশ্বৰৰ বিধিৰ বিৰুদ্ধ।” ইয়াত এই “তুমি” শব্দটো বহুবচন, আৰু শিষ্যবিলাকক বুজাইছে। (তুমি শব্দৰ ৰূপ চাওক)

Luke 6:3-5

তোমালোকে পঢ়া নাই নে ?

এইটো হৈছে অলঙ্কাৰীক প্ৰশ্নৰ আৰম্ভণী। এইটোৰ পৰা নিশিকাৰ বাবে যীচুৱে নৰম স্বৰেৰে তেওঁলোকক গালি দিছে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তোমালোকে নিশ্চয়ে পঢ়িছিলা” (UDB) বা “তোমালোকে যি পঢ়িছিলা তাৰ পৰা শিকা উচিত” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

শুচি কৰা পিঠা

“পবিত্ৰ পিঠা” বা “ যি পিঠা ঈশ্বৰৰ প্ৰতি উচৰ্গা কৰা হয়”

মানুহৰ পুত্ৰ

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মই, মানুহৰ পুত্ৰ।” যীচুৱে নিজকে বুজাইছে।

বিশ্ৰামবাৰৰো প্ৰভু

“বিশ্ৰামবাৰ অধিপতি।”এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “বিশ্ৰামবাৰে মানুহে উচিত মতে কি কৰিব লাগে সেইটো ঠিক কৰিবলৈ ক্ষমতা থকাজন!” (UDB)

Luke 6:6-8

আৰু এইটো ঘটিছিল

এই বাক্যাংশটো নতুন কাহিনী এটাৰ অংশ আৰম্ভ হোৱাৰ চিন হিচাপে ইয়াত ব্য়ৱহাৰ কৰা হৈছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় থাকিলে, ইয়াত ব্য়ৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

হাতখন সৰু হৈ গৈছিল

সেই মানুহজনৰ হাতখন এনেধৰণে ইমানেই নষ্ট হৈ গৈছিল যে তেওঁ তাক মেলিব পৰা নাছিল। সম্ভৱত এইখন বেকা হৈ হাতৰ মুঠিটোৰ সমান হৈ গৈছিল, দেখাত আটাইতকৈ সৰু আৰু সোতোৰা পৰা নিচিনা আছিল।

তেওঁক একেথৰে চাই আছিল

“যীচুক সাৱধানেৰে চাই আছিল”

যাতে তেওঁলোকে তেওঁক ধৰিব পাৰে

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “কাৰণ তেওঁলোকে ধৰিবলৈ বিচাৰি আছিল।”

সকলোৰে মাজত

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “প্ৰতিজনৰ সন্মূখত” (UDB)। যীচুৱে সেই মানুহজনক সকলোৱে যেন দেখা পায় তাৰ বাবে সন্মূখত থিয় কৰালে।

Luke 6:9-11

তেওঁলোকলৈ

“ ফৰীচীবিলাকলৈ”

এইটো বিধিগত হয়নে

এইটো অলঙ্কাৰীক প্ৰশ্নৰ আৰম্ভণী। যীচুৱে ফৰীচীবিলাকক এইটো কথা চিন্তা কৰাটো বিচাৰিছিল আৰু বিশ্ৰামবাৰে সেইজনক সুস্থ কৰাটো বিধিগত আছিল বুলি মানি লয়। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “কোনটো বিধিগত ? উত্তম কৰ্ম্ম কৰাটো “ বা ”মোচিয়ে আমাক কি কৰাটো অনুমতি দিছিল?” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

তোমাৰ হাতখন মেলা –“তোমাৰ হাতখন মেলি ধৰা” বা “তোমাৰ হাতখন দীঘল কৰি দিয়া”

আগৰ নিচিনা হ’ল

“সুস্থ হ’ল”

Luke 6:12-13

আৰু এইটো ঘটিছিল

এই বাক্যাংশটো নতুন কাহিনী এটাৰ অংশ আৰম্ভ হোৱাৰ চিন হিচাপে ইয়াত ব্য়ৱহাৰ কৰা হৈছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় থাকিলে, ইয়াত ব্য়ৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

সেই দিনবিলাকত

“সেই সময়ৰ ভিতৰত” বা “সেই সময়ৰ বৰ পাছত নহয়” বা “তাৰ পাছত এদিনাখন”

তেওঁ ওলাই গৈছিল

“যীচুৱে ওলাই গৈছিল”

তেওঁলোকৰ মাজৰ পৰা বাৰজনক মনোনীত কৰিলে

“তেওঁ তেওঁলোকৰ মাজৰ পৰা বাৰজনক মনোনীত কৰিছিল” বা “তেওঁ শিষ্যবিলাকৰ মাজৰ পৰা বাৰজনক মনোনীত কৰিছিল”

যি কেইজনক তেওঁ পাঁচনি নাম দিছিল

“আৰু তেওঁ তেওঁলোকক পাঁচনি বুলি মাতিছিল” বা “যি কেইজনক তেওঁ পাঁচনি হিাপে নিযুক্ত কৰিছিল” বা “যি কেইজনক তেওঁ পাঁচনি বাব দিছিল”

Luke 6:14-16

(এই খন হৈছে যীচুৱে বাৰজন পাঁচনিক তেওঁৰ শিষ্য হিচাপে মনোনীত কৰা মানুহকেইজনৰ তালিকা।)

এইবোৰ হৈছে তেওঁলোকৰ নামবোৰ

এই বাক্যাংশটোৱে তালিকাখন কি তাক স্পষ্ট কৰিবলৈ সেই নামবোৰ ULBত যোগ কৰা হৈছে। কিছুমান অনুবাদকে এইটো লিখিবলৈ নিবিচাৰে।

তেওঁৰ ভায়েক এন্দ্ৰিও

“চিমোনৰ ভায়েক এন্দ্ৰিও”

বিপ্লবী

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) সেই বিপ্লবীজন বা ২) সেই বিপ্লবী এজন। প্ৰথম অৰ্থটোৱে দেখুৱাই যে তেওঁ এনে এটা দলৰ মানুহ যিয়ে যিহুদী মানুহবিলাকক ৰোমীয়া শাসনৰ পৰা মুক্ত কৰিবলৈ বিচাৰিছিল। এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “দেশভক্ত” বা “জাতীয়তাবাদী” দ্বিতীয় অৰ্থটোৱে দেখুৱাই যে তেওঁ ঈশ্বৰৰ সন্মানৰ বাবে অতি উৎসাহী। এই কথাটোক “অত্যুৎসাহী” বুলি অনুবাদ কৰিব পাৰি।

এজন টুটুকীয়া

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁৰ বন্ধুৰ প্ৰবঞ্চক” বা “ তেওঁৰ বন্ধুক শত্ৰূৰ হাতত শোধাই দিয়া” বা “তেওঁৰ বন্ধুৰ বিষয়ে শত্ৰূক কৈ বন্ধুজনক বিপদলৈ প্ৰকাশ কৰি দিয়া।”

Luke 6:17-19

তেওঁলোকৰ লগত

“তেওঁ মনোনীত কৰা সেই বাৰজনৰ লগত” বা “তেওঁ বাৰজন পাঁচনিৰ লগত।”

আৰু সুস্থ হবলৈ

এই কথাটো এক সক্ৰিয় বাচ্যৰূপত অনুবাদ কৰিব পাৰি যেনে “আৰু যীচুৰ বাবে সেইসকলক সুস্থ কৰিবলৈ।” আচলতে যীচুৱে তেওঁলোকক সুস্থ কৰা কথাটো যদি আপোনাৰ পঢ়ুৱৈ সকলৰ এইটো স্পষ্ট নহয়, আপুনি এইদৰে “যীচুৱে তেওঁলোকক সুস্থ কৰিলে” বুলি কোৱাৰ দ্বাৰা কথাটো স্পষ্ট কৰিব পাৰে। (সক্ৰিয়তা বা নিস্ক্ৰিয়তা, স্পষ্টতা আৰু সৰলতা চাওক)

অশুচি আত্মাই দিগদাৰী দি আছিল

“অশুচি আত্মাই আমনি কৰি আছিল।” এই কথাটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “অশুচি আত্মাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰি থকা হৈছিল” বা “অশুচি আত্মাই বন্দী কৰি ৰাখিছিল।” সক্ৰিয় বাচ্য ব্যৱহাৰ কৰি অনুবাদ কৰিবলৈ UDB চাওক।

তেওঁলোকো সুস্থ হ’ল

এইষাৰ কথাকো সক্ৰিয় বাচ্য ব্যৱহাৰ কৰি অনুবাদ কৰিব পাৰি যেনে “যীচুৱেও সুস্থ কৰিছিল।” যদি অশুচি আত্মাৰ পৰা মানুহ সুস্থ হোৱাটো স্বাভাৱিক কথা যেন নালাগে এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “যীচুৱে তেওঁলোকক মুকলি কৰিলে” বা “যীচুৱে সেই দুষ্ট আত্মাবোৰক এৰি যাবলৈ বাধ্য কৰিছিল।”

তেওঁৰ পৰা সুস্থ কৰিব পৰা শক্তি ওলাই আহিছিল

এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মানুহক সুস্থ কৰিবলৈ তেওঁৰ শক্তি আছিল।” যেতিয়া যীচুৰ পৰা শক্তি ওলাই গৈছিল তেওঁ কোনো শক্তি হেৰুওৱা নাছিল।

Luke 6:20-21

তোমালোক ধন্য

এই বাক্যাংশটো তিনিবাৰ পুনৰাবৃত্তি হৈছে। প্ৰতিবাৰতেই ঈশ্বৰে কোনোবা এজনক অনুগ্ৰহ দিছে বা তেওঁলোকৰ পৰিস্থিতি যোগাত্মাক বা উত্তম।

যিবিলাক দৰিদ্ৰ, তেওঁলোক ধন্য

“তোমালোক যি বিলাক দৰিদ্ৰ তোমালোকে ঈশ্বৰৰ অনুগ্ৰহ পাবা” বা “তোমালোক যিবিলাক দৰিদ্ৰ উপকাৰ পাবা” বা “যিবিলাক দৰিদ্ৰ তেওঁলোকলৈ ই কিমান উত্তম” বা “যিবিলাক দৰিদ্ৰ তোমালোকলৈ ই অতি উত্তম।”

স্বৰ্গৰাজ্য তোমালোকৰ

“স্বৰ্গৰাজ্য তোমালোকৰেই হব।” এইটোৱে এনে অৰ্থ কৰিব পাৰে ক্ৰমে ১) “তোমালোক স্বৰ্গ ৰাজ্যৰ” বা ২) “ঈশ্বৰৰ ৰাজ্যত তোমালোকৰ ক্ষমতা থাকিব।” যিবোৰ ভাষাত ৰাজ্যৰ বাবে কোনো শব্দ নাই এইদৰে কব পাৰে “ঈশ্বৰ তোমালোকৰ ৰজা” বা “ঈশ্বৰ তোমালোকৰ অধিপতি।”

তোমালোকে হাঁহিবা –“তোমালোকে আনন্দতে হাঁহিবা” বা “তোমালোক আনন্দিত হবা।”

Luke 6:22-23

(যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে)

তোমালোক ধন্য

তোমালোকে ঈশ্বৰৰ অনুগ্ৰহ পাবা” বা “তোমালোকে উপকাৰ পাবা” বা “তোমালোকলৈ ই কিমান উত্তম”

তোমালোকক তেওঁলোকৰ সঙ্গৰ পৰা পৃথক কৰিব

“বাহিৰ কৰিব” বা “অগ্ৰাহ্য কৰিব”

অপমান কৰিব

“তোমালোকক ইতিকিং কৰাৰ উপায়েৰে সমালোচনা কৰিব”

মানুহৰ পুত্ৰ বাবে

“মানুহৰ পুত্ৰৰ কাৰণে” বা “কাৰণ তোমালোক মানুহৰ পুত্ৰৰ লগত সঙ্গী হৈছিলা” বা “কাৰণ তেওঁলোকে মানুহৰৰ পুত্ৰক অগ্ৰাহ্য কৰি কৰে”

সেই একেদৰেই –“যেতিয়া তেওঁলোকে সেইবোৰ কাৰ্য্য কৰিব” বা “যেতিয়া সেইটো ঘটিব”

এক মহান পুৰস্কাৰ –“ এক উত্তম মাননি পাবা” বা “এইটোৰ কাৰণে উত্তম উপহাৰ পাবা”

Luke 6:24-25

(যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে)

তোমালোকৰ সন্তাপ হব

এই বাক্যাংশটো তিনিবাৰ পুনৰাবৃত্তি হৈছে। ই তোমালোক ধন্য হোৱাৰ বিপৰীত কথা। প্ৰতিবাৰতেই, ই দেখুৱাই যে মানুহবিলাকৰ প্ৰতি ঈশ্বৰৰ ক্ৰোধ বৰ্ষিত হোৱা বা কিবা বিয়োগাত্মাক কথা বা বেয়া কিবা এটাই অপেক্ষা কৰি আছে।

যিবিলাক ধনী তোমালোক সন্তাপৰ পাত্ৰ

“যিবিলাক ধনী তোমালোকৰ বাবে কেনে এক ভয়ানক কথা” বা “যিবিলাক ধনী তোমালোকলৈ অতি ভয়ানক কথা ঘটিব।” এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তোমালোক যিবিলাক ধনী, তোমালোক অতি দুখিত হবা” বা ”যিবিলাক ধনী, তোমালোক কিমান যে দুখী হবা।

তোমালোকে ইতিমধ্যে পালাই

“তোমালোকে ইতিমধ্যে পুৰাকৈ পালাই” বা “তোমালোকে যি পাবলগীয়া আছিলা সেই সকলো ইতিমধ্যে পালাই।“

তোমালোকৰ শান্তনা

“তোমালোকক কিহে শান্তনা দিব” বা “তোমালোকক কিহে সুখী কৰিব” #যিবিলাক এতিয়া তৃপ্ত হৈছে

“যিবিলাকৰ পেট এতিয়া পুৰ্ণ হৈ আছে।” বা “যিবিলাকে এতিয়া অধিককৈ খায়।”

যিবিলাকে এতিয়া হাঁহিছে

“ যিবিলাক এতিয়া সুখী”

Luke 6:26

(যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিকাই আছে)

তোমালোকৰ সন্তাপ হব

কেনে এক ভয়ানক কথা” বা “তোমালোকলৈ অতি ভয়ানক কথা ঘটিব।” বা “তোমালোক অতি দুখিত হবা” বা ”যিবিলাক ধনী, তোমালোক কিমান যে দুখী হবা।

যেতিয়া সকলো মানুহে

সেইটো হৈছে “যেতিয়া সকলো মানুহে” বা “যেতিয়া প্ৰতিজনেই।”

সেই একেদৰেই সকলো ভুৱা ভাববাদীসকলক তেনে আচৰণ কৰিছিল

“ভুৱা ভাববাদীসকলক এনে উত্তম কথা কৈছিল”

Luke 6:27-28

(যিবিলাক তাত আছিল সেই গোটেই ভীৰৰ মানুহবিলাকক যিবিলাক তেওঁৰ শিষ্য নহয় সেইবিলাককো দেখাদেখিকৈ যীচুৱে কথা কবলৈ আৰম্ভ কৰিছিল।)

প্ৰেম কৰা ... উত্তম কৰ্ম্ম কৰা... আশীৰ্ব্বাদ কৰা... প্ৰাৰ্থনা কৰা

এইবোৰ আজ্ঞাৰ প্ৰতিটোৱেই অবিৰতভাবে কৰি থাকিব লাগে, মাত্ৰ এবাৰ কৰিলেই নহয়।

তোমাৰ শত্ৰূক প্ৰেম কৰা

“তোমাৰ শত্ৰূক চোৱাচিতা কৰা” বা “তোমাৰ শত্ৰূৰ বাবে যি উত্তম তাক কৰা”

যিবিলাকে তোমাক শাও দিয়ে

“যিবিলাকে স্বভাৱতে তোমাক শাও দিয়ে”

যিবিলাকে তোমাক বেয়া আচৰণ কৰে

“যিবিলাকে স্বভাৱতে তোমাক বেয়া আচৰণ কৰে”

Luke 6:29-30

(যীচুৱে শত্ৰূক প্ৰেম কৰিবলৈ ভীৰৰ মানুহবিলাকক একেৰাহে শিকাই আছে।)

যি জনে তোমাক মাৰে তেওঁলৈ

“যদি কোনোৱে তোমাক আঘাত দিয়ে”

তোমাৰ এখন গালত

“ তোমাৰ মুখৰ এফালে”

তেওঁ আনখনো পাতি দিবা

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি “ তোমাৰ মুখখন ঘুৰাই দিবা যাতে তেওঁ তোমাৰ আনফালেও মাৰিব পাৰে।”

তেওঁক ধৰি নাৰাখিবা

“সেইটো লবালৈ বাধা নিদিবা”

যিজনে তোমাক খোজে প্ৰতিজনক দিবা

এই কথাটো এইদৰে অুবাদ কৰিব পাৰি যেনে “যদি কোনোৱে তোমাক কিবা খোজে তেওঁক দিবা”

তেওঁক নুখুজিবা

“তেওঁৰ পৰা নলবা” বা “দাবী নকৰিবা”

Luke 6:31-34

(যীচুৱে শত্ৰূক প্ৰেম কৰিবলৈ ভীৰৰ মানুহবিলাকক একেৰাহে শিকাই আছে।)

যিদৰে মানুহবিলাকে তোমালোকক কৰাটো বিচাৰা, সেই একেদৰেই তেওঁলোকৰ প্ৰতিও একে আচৰণ কৰা

কিছুমান ভাষাত এই কথাটো ওলোটাকৈ হলে বেছি স্বাভাৱিক যেন লাগিব। “আন মানুহে তোমাক যেনে ব্যৱহাৰ কৰিলে তুমি ভাল পোৱা তুমিও সেই একে ব্যৱহাৰ কৰা” বা “আনে তোমাক যেনে আচৰণ কৰিলে তুমি ভাল পোৱা তুমিও তেওঁলোকক তেনে আচৰণ কৰা।”

তুমি কি প্ৰশংসা পাবা ?

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। এই কথাটো এইদৰে এক বাক্যৰে অনুবাদ কৰিব পাৰি যেনে “সেইটোৰ বাবে তুমি কোনো পুৰস্কাৰ নাপাবা” (অলঙ্কাৰীক প্ৰশ্ন চাওক) এইটোক এইদৰেও অনুবাদ কৰিব পাৰি যেনে “ সেইটো কৰাৰ বাবে তুমি কি প্ৰশংসা পাবা?” বা “তুমি কিবা বিশেষ কাৰ্য্য এটা কৰিছা তাক কোনোবাই ভাবিব নেকি?” আন এটা সাম্ভাব্য অৰ্থ হৈছে “তুমি কি পুৰস্কাৰ পাবা?”

Luke 6:35-36

(যীচুৱে শত্ৰূক প্ৰেম কৰিবলৈ ভীৰৰ মানুহবিলাকক একেৰাহে শিকাই আছে।)

তোমালোক পুৰস্কাৰ অধিক হব

“তোমালোকে এক মহান পুৰস্কাৰ পাবা” বা “তোমালোকে এক উত্তম মজুৰি পাবা” বা “এইটোৰ বাবে তোমালোকে উত্তম উপহাৰ পাবা”

তোমালোক সৰ্ব্বোপৰিজনাৰ সন্তান হবা

এই “সন্তানৰ” শব্দটোৰ বাক্যাংশৰ অৰ্থ হৈছে “দৰে বা নিচিনা।” এইটোৱে দেখুৱাই যে যিবিলাকে শত্ৰূক প্ৰেম কৰে তেওঁলোকে ঈশ্বৰে কাৰ্য্য কৰাৰ দৰে কৰে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তোমালোকে সৰ্ব্বোপৰিজনাৰ সন্তানৰ দৰে কাৰ্য্য কৰিবা” বা ”তোমালোক সৰ্ব্বোপৰিজনাৰ সন্তানৰ দৰে হবা।” এইটো নিশ্চিত হওক যে “সন্তানবিলাক” শব্দটো বহুবচন সেয়ে যীচুৰ যি উপাধি “ঈশ্বৰৰ পুত্ৰ” এইটোৰ লগত খেলিমেলি হব নালাগে।

অকৃতজ্ঞ আৰু দুষ্ট মানুহ

“যিবোৰ মানুহে তেওঁক ধন্যবাদ নকৰিলে আৰু যিবিলাক দুষ্ট লোক”

তোমালোকৰ পিতৃ

এইটোৱে ঈশ্বৰক বুজাইছে। “স্বৰ্গত থকা তোমালোকৰ পিতৃ” বুলি ক’লে বেছি স্পষ্ট হব।

Luke 6:37

(যীচুৱে আন মানুহবিলাকক বিচাৰ নকৰিবলৈ শিকাই আছে।)

বিচাৰ নকৰিবা

“আন মানুহৰ বিচাৰ নকৰিবা” বা “আন মানুহক সমালোচনা নকৰিবা”

আৰু – এই কথাটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “তাৰ ফলস্বৰূপে”

তোমালোকৰো বিচাৰ কৰা নহব

কাক বিচাৰ কৰা নহব সেই কথাটো যীচুৱে কোৱা নাছিল। সাম্ভাব্য অৰ্থবোৰ হৈছে

১) “ঈশ্বৰে তোমাৰ বিচাৰ নকৰিব” বা ২) “ কোনোৱে তোমাৰ বিচাৰ নকৰিব।” এই দুয়োটা অনুবাদত কোনে বিচাৰ নকৰিব তাক স্পষ্টকৈ দেখুৱাই। (স্পষ্টতা বা সৰলতা আৰু সক্ৰিয়তা আৰু নিস্ক্ৰিয়তা চাওক)

দোষী নকৰিবা

“মানুহক বিচাৰ নকৰিবা”

তোমাক দোষী কৰা নহব

কাক দোষী কৰা নহব সেই কথাটো যীচুৱে কোৱা নাছিল। সাম্ভাব্য অৰ্থবোৰ হৈছে

১) “ঈশ্বৰে তোমাক দোষী নকৰিব” বা ২) “ কোনেও তোমাক দোষী নকৰিব।” এই দুয়োটা অনুবাদত কোনে দোষী নকৰিব তাক স্পষ্টকৈ দেখুৱাই।

তোমাক ক্ষমা কৰা হব

কাক ক্ষমা কৰা হব সেই কথাটো যীচুৱে কোৱা নাছিল। সাম্ভাব্য অৰ্থবোৰ হৈছে

১) “ঈশ্বৰে তোমাক ক্ষমা কৰিব” বা ২) “ তেওঁলোকে তোমাক ক্ষমা কৰিব।” এই প্ৰথম অনুবাদত কোনে ক্ষমা কৰিব তাক স্পষ্টকৈ দেখুৱাই।

Luke 6:38

(যীচুৱে আন মানুহবিলাকক বিচাৰ নকৰিবলৈ একেৰাহে শিকায়েই আছে।)

আৰু এইটো তোমাক দিয়া হব

কোনে দিব সেইটো যীচুৱে স্পষ্টকৈ কোৱা নাছিল।সাম্ভাব্য অৰ্থবোৰ হৈছে

১) “কোনোবা এজনে তোমাক দিব” বা ২) “ ঈশ্বৰে তোমাক এইটো দিব।” এই দুয়োটা অনুবাদত দিওঁতাজনক স্পষ্টকৈ দেখুৱাই। (স্পষ্টতা বা সৰলতা আৰু সক্ৰিয়তা আৰু নিস্ক্ৰিয়তা চাওক)

এক আৱশ্যকীয় পৰিমাণ

“এক বিশাল পৰিমাণৰ”

এক আৱশ্যকীয় পৰিমাণ...তোমাৰ কোচত

এই বাক্যটোৰ ধাৰাক্ৰমটো ওলোটাকৈ আৰু সক্ৰিয় ক্ৰিয়া ৰূপত ব্যৱহাৰ কৰিব পাৰি। তেওঁলোকে তোমাৰ কোচত এক আৱশ্যকীয় পৰিমাণ একেলগে জুখি জোকাৰি হেঁচি দিব আৰু সেইটো উপচি পৰাকৈ দিব।“ এজন শস্য বেপাৰীয়ে আৱশ্যকীয় পৰিমাণ দিয়াটো যীচুৱে এক প্ৰকাশভঙ্গী হিচাপে ব্যৱহাৰ কৰিছে। এইটোক এক সাদৃশ্যতা ৰূপে অনুবাদ কৰিব পাৰি যেনে “এজন শস্যৰ বেপাৰীয়ে যিজনে শস্য হেঁচি দিয়ে আৰু একেলগে জোকাৰি দিয়ে আৰু ইমানেই ভৰাই দিয়ে যে সেইবোৰ উপচি পৰে, তেওঁলোকে তোমালোকক এইদৰে আৱশ্যকীয় পৰিমাণে দিব।” (প্ৰকাশভঙ্গী, সাদৃশ্যতা চাওক)

সেই একে মানদণ্ডৰে তোমাৰ প্ৰতিও জোখ

মাখ কৰা হব

এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁলোকে একে আকাৰেৰে বস্তুবোৰ তোমাৰ বাবেও জুখিব” বা “তেওঁলোকে সেই একে মানদণ্ডৰেই তোমাৰ বাবেও জুখিব।”

Luke 6:39-40

(যীচুৱে আন মানুহবিলাকক বিচাৰ নকৰিবলৈ একেৰাহে শিকায়েই আছে।)

এজন অন্ধ ব্যক্তিয়ে আন এজন অন্ধ ব্যক্তিক বাট দেখুৱাই নিব পাৰে নে ? – মানুহবিলাকে ইতিমধ্যে পৰিচিত থকা কিবা এটাৰ বিষয়ে চিন্তা কৰিবলৈ যীচুৱে এই অলঙ্কাৰীক প্ৰশ্নটো ব্যৱহাৰ কৰিছিল। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “এজন অন্ধ ব্যক্তিয়ে আন এজন অন্ধ ব্যক্তিক বাট দেখুৱাই নিব পাৰে নে, তেওঁ পাৰে জানো ?” বা “আমি সকলোৱে জানো যে এজন অন্ধ ব্যক্তিয়ে আন এজন অন্ধ ব্যক্তিক বাট দেখুৱাই নিব নোৱাৰে।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

যদি তেওঁ কৰিছিল

কিছুমান ভাষাত এনেদৰে আগস্থান দিয়ে যেনে “যদি কোনো এজনে কৰিছিল।”

তেওঁলোক দুয়োজনে খাৱৈত পৰিব, তেওঁলোকে নপৰিব নে ?

এইটো আন এটা অলঙ্কাৰীক প্ৰশ্ন। এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁলোক দুয়োজনে খাৱৈত নপৰিবনে ?” বা “তেওঁলোক দুয়োজনে খাৱৈত পৰিব (UDB)”

এজন শিষ্যই তেওঁৰ শিক্ষকতকৈ মহান নহয়

এইটো হয়তু এনে অৰ্থ কৰিব পাৰে ১) “এজন শিষ্যৰ তেওঁৰ শিক্ষকতকৈ অধিক জ্ঞান নাই” নাইবা ২) “এজন শিষ্যৰ তেওঁৰ শিক্ষকতকৈ অধিক ক্ষমতা নাই।” এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “এজন শিষ্যই তেওঁৰ শিক্ষকক অতিক্ৰমী নাযায়।”

প্ৰতিজনেই যেতিয়া সম্পুৰ্ণকৈ প্ৰশিক্ষিত হয়

“প্ৰতিজন শিষ্য যিজনক ভালদৰে প্ৰশিক্ষণ দিয়া হ’ল।” এই কথাটো এক সক্ৰিয় ক্ৰিয়াৰ ৰূপত অনুবাদ কৰিব পাৰি যেনে “প্ৰতিজন শিষ্য যাৰ প্ৰশিক্ষণ ইয়াৰ লক্ষ্যলৈকে গৈ পালে” বা “প্ৰতিজন শিষ্য যাক তেওঁ শিক্ষকে সম্পুৰ্ণৰূপে শিকাইছিল।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

Luke 6:41-42

(যীচুৱে আন মানুহবিলাকক বিচাৰ নকৰিবলৈ একেৰাহে শিকায়েই আছে।)

তুমিনো কিয় চোৱা

আনক লক্ষ্য কৰা বা বিচাৰ কৰাৰ বিষয়ে এইটো এটা প্ৰকাশভঙ্গী। এইটোক UDBত এক সাদৃশ্যতা হিচাপে অনুবাদ কৰিব পাৰি যেনে “তুমি কিয় চাইছা... সেইটো এনেদৰে হয়...” (প্ৰকাশভঙ্গী চাওক)

খেৰৰ একেবাৰে সৰু কুটাডালি

এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “কাঠৰ সৰু টুকুৰা” বা “কুটাডালি” (UDB)।

ভাই

ইয়াত এইটোৱে এজন সহ যিহুদী বা যীচু খ্ৰীষ্টত এজন সহ বিশ্বাসীক বুজাইছে।

কাঠৰ কুণ্ডা

এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “কাঠৰ দীঘল টুকুৰা” বা “কাঠ বা বাঁহৰ টুকুৰা”

Luke 6:43-44

(যীচুৱে আন মানুহবিলাকক বিচাৰ নকৰিবলৈ একেৰাহে ভীৰৰ মানুহবিলাকক শিকায়েই আছে।)

কিয়নো

“কাৰণ।” এই সংযোগটো হৈছে আচল কথা যে আমি আমাৰ চৰিত্ৰ প্ৰকাশিত হৈ পৰিব সেইটোৱেই কাৰণ যে আমি আমাৰ আন এজন ভাইক বিচাৰ কৰিব নালাগে।

ভাল গছ

“স্বাস্থ্যৱান গছ”

গেলা

“গেলি যোৱা।” এইটোক “বেয়া” বুলি অনুবাদ কৰিব পাৰি।

প্ৰতিজোপা গছ পৰিচিত হব

“চিনাক্ত হোৱা।” এই কথাটো এক সক্ৰিয় ক্ৰিয়া ৰূপত অুবাদ কৰিব পাৰি যেনে “মানুহে এজোপা গছক জনে” বা “মানুহে এজোপা গছক চিনি পাব।”

ডিমৰু – ডিমৰু গছৰ মিঠা

সোৱাদ লগা ফল। ডিমৰু গছত কাঁইট নাথাকে।

কাইটৰ জোপোহা

কাঁইট থকা এজোপা গছ বা গুল্ম।

আঙুৰ

দ্ৰাক্ষালতাৰ মিঠা

সোৱাদ লগা ফল। দ্ৰাক্ষালতাত কাঁইট নাথাকে।

লতা জাতিয় কাঁইটীয়া জোপোহা

কাঁইটীয়া এজোপা লতা বা গুল্ম

মানুহবোৰে আচলতে কেনে কাৰ্য্য কৰে বা কেনেকুৱা তাকে দেখুৱাবলৈ এই পদবোৰ হৈছে প্ৰকাশভঙ্গী। যদি প্ৰয়োজন হয়, “সেই একেদৰেই....” এনেকৈ একেবাৰে শেষৰ UDB বাক্যত এইটো ব্যাখ্যা কৰিব পাৰি। (প্ৰকাশভঙ্গী, সাদৃশ্যতা চাওক)

Luke 6:45

(যীচুৱে আন মানুহবিলাকক বিচাৰ নকৰিবলৈ ভীৰৰ মানুহবিলাকক একেৰাহে শিকায়েই আছে।)

এই পদবিলাক হৈছে এক প্ৰকাশভঙ্গী যিয়ে এজন ব্যক্তিৰ মনৰ ভাৱনা তুলনা কৰিছে য’ত মানুহে তেওঁলোকৰ ৰত্ন নিৰাপদ ঠাইত জমা কৰি ৰাখে। এইটোক UDBত কথাৰ আওভাও নোহোৱাকৈ অনুবাদ কৰিব পাৰি। (প্ৰকাশভঙ্গী চাওক)

ভাল মানুহ

“সৎ ব্যক্তিজন।” এই “সৎ” শব্দটোৱে ইয়াত ধাৰ্ম্মিকতা বা নৈতিক উত্তমতা বুজাইছে। এই “মানুহ” শব্দটোৱে পুৰুষেই হওক বা মহিলাই হওক ইয়াত এজন ব্যক্তিৰ কথা বুজাইছে। এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “এজন সৎ ব্যক্তি” বা “সৎ মানুহ” (UDB)

তেওঁৰ অন্তৰৰ উত্তম ৰত্ন

“তেওঁৰ অন্তৰৰ উত্তম ৰত্ন” বা “তেওঁ যিটো মুল্য দিয়ে।”

উলিআই আনে

এইটো কোনো প্ৰকাশভঙ্গী নোহোৱাকৈ অনুবাদ কৰিব পাৰি যেনে “তেওঁৰ জীৱনৰ জীৱনশৈলী” বা “নিৰ্দেশনা দিয়ে” বা “দেখুৱাই” (UDB)

যিটো উত্তম

“উত্তম বস্তুবোৰ”

তেওঁৰ অন্তৰৰ অধিক কথাৰ পৰা তেওঁৰ মুখে কথা কয়

“তেওঁৰ অন্তৰত যি ভাবে সেইটোৱে মুখৰ কথাত প্ৰভাৱ পেলায়” বা “তেওঁৰ অন্তৰত যাক মুল্য দিয়ে সেইটোৱেই তেওঁৰ মুখৰ কথা নিৰূপণ কৰে।”এইটোক মুখৰ আৰু অন্তৰৰ সংযোগ নকৰাকৈ অনুবাদ কৰিব পাৰি যেনে “এজন মানুহে একেৰাহে যি ভাবি থাকে সেইটোৱেই সেই ব্যক্তিজনে দেখুৱাই” বা “তেওঁৰ অন্তৰত যি ভাবে থাকে সেইটোৱে তেওঁ কোৱা কথাটো প্ৰভাব পেলায়।”

Luke 6:46-48

(যীচুৱে তেওঁক মানি চলাৰ গুৰুত্ত্বতাৰ বিষয়ে ভীৰৰ মানুহবিলাকক শিকাই আছে)

এজন মানুহে এটা ঘৰ সাজিছে...

এই প্ৰকাশভঙ্গীটো এজন মানুহে এটা শিলৰ ওপৰত ঘৰ সজাৰ বিষয়ে তুলনা কৰিছে যাৰ জীৱনশৈলী যীচুৰ শিক্ষাৰ ওপৰত প্ৰতিষ্ঠিত। (প্ৰকাশভঙ্গী চাওক)

ভিত্তিমুল

“ভেটি” বা “সমৰ্থন/ভিত্তিমুল”

গোটা শিল

এইটো এটা অতি ডাঙৰ, কঠিন শিল যিটো মাটিত দকৈ স্থাপিত।

সেই ঘৰটোৰ ভিত্তিমুল সেই গোটা শিলৰ ওপৰত সাজিছে

“দলৈকে খানি সেই ঘৰটোৰ ভিত্তিমুল স্থাপন কৰিলে” বা “এই গোটা শিলৰ ওপৰত ঘৰটো সাজিলে।” কিছুমান সংস্কৃতিত মাটিৰ তলৰ শিলত ভিত্তিমুল হিচাপে লৈ ঘৰ সজা কথাটো পৰিচিত নহব পাৰে। সেই ক্ষেত্ৰত, এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ঘৰটোৰ ভিত্তিমুলটো টান মাটিত মজবুতকৈ স্থাপন কৰিলে।”

পানীৰ ঢৌ

“বেগাই বৈ যোৱা পানী” বা “নদী”

বিপৰীতে বৈ আহিল

“বিপৰীতে লাগিলহি”

কাৰণ এইটো ভালদৰে সজা হৈছিল

“কাৰণ মানুহজনে এইটো ভালদৰে সাজিছিল।”

Luke 6:49

(যীচুৱে তেওঁক মানি চলাৰ গুৰুত্ত্বতাৰ বিষয়ে ভীৰৰ মানুহবিলাকক শিকাই আছে)

এজন মানুহে এটা ঘৰ সাজিছে...

এই প্ৰকাশভঙ্গীটো এতিয়া এজন মানুহে ভিত্তিমুল বিহীন ঘৰ সজাৰ বিষয়ে তুলনা কৰিছে যিয়ে যীচুৰ শিক্ষা মানি নচলে। (প্ৰকাশভঙ্গী চাওক)

ভিত্তিমুল

“ভেটি” বা “সমৰ্থন/ভিত্তিমুল”

ভেটি নোহোৱাকৈ

এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “কাৰণ তেওঁ প্ৰথমে দলৈকে খানি তাৰ ভেটি স্থাপন কৰা নাছিল।”

পানীৰ ঢৌ

“বেগাই বৈ যোৱা পানী” বা “নদী”

বিপৰীতে বৈ আহিল

“বিপৰীতে লাগিলহি”

কাৰণ এইটো ভালদৰে সজা হৈছিল

“কাৰণ মানুহজনে এইটো ভালদৰে সাজিছিল।”

ঘোৰতৰ পতন হ’ল

“পৰি থাকিল” বা “ভাগি চিগি গ’ল”

Luke 7

Luke 7:1

মানুহবিলাকে শুনাৰ পাছত

এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যিবিলাক মানুহে শুনি আছিল” বা ”মানুহ বিলাকলৈ” বা “মানুহবিলাকে শুনিবলৈ।”

Luke 7:2-5

যিজন তেওঁৰ বাবে অতি মুল্যৱান আছিল

“যাক সেই সেনাপতিয়ে অতি মুল্য দিছিল” বা “যাক তেওঁ আদৰ কৰিছিল”

যীচুৰ বিষয়ে শুনি আছিল

“কাৰণ তেওঁ যীচুৰ বিষয়ে শুনিছিল”

তেওঁৰ সেই চাকৰ জনক মৰাৰ পৰা বচোৱা

“তেওঁৰ চাকৰজনক বচাওক যাতে সি নমৰে” বা “তেওঁৰ চাকৰজনক মৃত্যুৰ পৰা ৰাখক”

তেওঁ যোগ্য

“সেই সেনাপতিজন যোগ্য”

আমাৰ জাতি

“আমাৰ লোকবিলাকতকৈ।” এই কথাটোৱে যিহুদী লোকবিলাকক বুজাইছে।

Luke 7:6-8

নিজকে দুখ নিদিব

“মোৰ ঘৰলৈ আহি নিজকে দুখ নিদিব।” এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মই আপোনাক আমনি কৰিবলৈ ইচ্ছা নকৰো।” সেনাপতি জনে ভদ্ৰতাৰে যীচুক কৈ আছিল।

মোৰ ঘৰৰ ভিতৰত প্ৰবেশ কৰিব

“মোৰ ঘৰলৈ আহিব।” “মোৰ ঘৰলৈ আহিব” এইটো এটা বাক্যাংশ। যদি আপোনাৰ ভাষাত “মোৰ ঘৰলৈ আহিব” এইটোৰ বাবে কিবা বাক্যাংশৰ অৰ্থ আছে, এইটো ইয়াত ব্যৱহাৰ কৰাটো ভাল হবনে চিন্তা কৰক। (বাক্যাংশ চাওক)

মাত্ৰ এষাৰ বাক্য কওক

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মাত্ৰ আদেশ দিয়ক।” সেই চাকৰজনে বুজিছিল যে যীচুৱে মাত্ৰ বাক্য কোৱাৰ দ্বাৰা সুস্থ কৰিব পাৰে।

মোৰ চাকৰজন যাতে সুস্থ হয়

এইটো শব্দ যিটো অনুবাদ কৰা হৈছে “চাকৰ” সাধাৰণতে “ল’ৰা“ বুলি অনুবাদ কৰিব পাৰি। ই দেখুৱাই যে সেই চাকৰজন অতি ডেকা বয়সীয়া আছিল, বা সেনাপতিজনৰ তেওঁৰ প্ৰতি প্ৰেম আছিল।

মোৰ চাকৰলৈ

ইয়াত অনুবাদ কৰি এই “চাকৰ” শব্দটো পৰিচাৰকৰ বাবে এটা বিশিষ্ট শব্দ।

Luke 7:9-10

মই তোমালোকক কওঁ

তেওঁলোকক কিবা এটা আচৰিত বিষয় কবলৈ যীচুৱে এইটো কথাটোত জোৰ দিছে।

আনকি ইস্ৰায়েলৰ মাজতো কোনো এজনৰ ইমান বিশ্বাস মই পোৱা নাই

এই কথাটো মুল প্ৰয়োগিক বিষয়টো হৈছে যিহুদী মানুহবিলাকত যীচুৱে এনে বিশ্বাস পোৱাটো আশা কৰিছিল, কিন্তু তেওঁলোকৰ এনে বিশ্বাস নাছিল। পৰজাতীয়বিলাকৰ মাজত তেওঁ এনে বিশ্বাস পোৱাটো আশা কৰা নাছিল, তথাপিও এই মানুহজনত পোৱা গ’ল। UDBত কৰাৰ দৰে আপুনি ইয়াৰ প্ৰায়োগিক তথ্যটো যোগ কৰাৰ অতি প্ৰয়োজন। (স্পষ্টতা আৰু সৰলতা চাওক)

যিবিলাকক পঠিওৱা হৈছিল

সেই ৰোমীয়া বিষয়াজনে যিবিলাক মানুহক যীচুৰ ওচৰলৈ পঠিয়াইছিল।

Luke 7:11-15

এইটো ঘটিছিল যে

এই কথাটো কাহিনীটোৰ নতুন অংশ এটাৰ আৰম্ভণীৰ চিন হিচাপে এই বাক্যাংশটো ব্যৱহাৰ কৰা হৈছে। যদি আপোনাৰ ভাষাত এইটোৰ বাবে কিবা উপায় আছে, ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

চোৱা, এজন মৰা মানুহ

এই “চোৱা” শব্দই কাহিনীটোত সেই মৰা মানুহজনৰ পৰিচয় কৰাই দিয়াত আমাক সজাগ কৰি দিছে। এইটো কৰিবলৈ আপোনাৰ ভাষাত কিবা উপায় থাকিব পাৰে। ইংৰাজীৰ ব্যৱহাৰ হৈছে “এজন মৰা মানুহ আছিল, যি জন আছিল...”

নগৰৰ দুৱাৰ

এইটোকো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “নগৰৰ প্ৰবেশ দ্বাৰ।”

তেওঁৰ মাতৃৰ একমাত্ৰ পুত্ৰ আছিল

“এগৰাকী মহিলাৰ একমাত্ৰ পুত্ৰ”

বিধৱা

এই গৰাকী মহিলা যাৰ স্বামী ইতিমধ্যে ঢুকাইছে।

তাইৰ প্ৰতি অতি গভীৰকৈ পুতৌ উপজিল

“তাইৰ প্ৰতি অতি বেছি দুখী অনুভৱ হৈছিল”

আৰু আগবাঢ়ি আহিছিল

কিছুমান ভাষাত কব “আগুৱাই গৈছিল” বা “আৰু সেই লোকসমুহৰ ওচৰ চাপি আহিছিল।”

অন্তেষ্টিক্ৰিয়াৰ সাঙী

কবৰ দিয়া ঠাইলৈ মৃত শৰীৰটো লৈ যাবলৈ ব্যৱহাৰ কৰা এই খন আছিল কঢ়িয়াই নিয়া সাঙী বা বিচনা। শৰীৰটো কবৰ দিয়াৰ ক্ষেত্ৰত এইখনৰ কিবা কৰাৰ কোনো দৰকাৰ নাই।

মই তোমালোকক কওঁ

যীচুৱে তেওঁৰ ক্ষমতাক গুৰুত্ব দিয়াৰ ক্ষেত্ৰত এইটো কৈছে। ইয়াৰ অৰ্থটো হৈছে “মোৰ কথা শুনা!”

সেই মৃত মানুহজন

“সেই মানুহজন যিজন মৰি আছিল।” সেই মানুহজন তেতিয়াও মৰা নাছিল; তেওঁ জী আছিল।

Luke 7:16-17

তেওঁলোক সকলোৰে বৰ ভয় লাগিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁলোক প্ৰতিজনৰেই ভয় লাগিল” বা “তেওঁলোক সকলো ভয়ত বিতত হ’ল।”

এজন মহান ভাববাদী

কোনোবা অপৰিচিত ভাববাদী নহয়, তেওঁলোকে যীচুক বুজাইছিল। এইটোক এনেদৰে অনুবাদ কৰিব পাৰি যেনে “এইজন মহান ভাববাদী।”

আমাৰ মাজত তোলা হ’ল

“আমাৰ লগত থাকিবলৈ আহিল” বা “আমাৰ আগত প্ৰকাশিত হ’ল” বা “আমি দেখিলোঁ”

চোৱা

চিতা কৰা

“চোৱা

চিতা কৰিছিল”

এই প্ৰতিবেদন

“এই কথা” বা “এই বাৰ্ত্তা” বা “এই বাতৰি”

ওলাই গৈছিল

“বাহিৰ ওলাই গ’ল” বা “বিয়পি গৈছিল”

তেওঁৰ বিষয়ে এই বাৰ্ত্তা ওলাই গ’ল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যীচুৰ বিষয়ে মানুহবিলাকে এই বাৰ্ত্তা বিয়পাই দিছিল” বা “যীচুৰ বিষয়ৰ এই বাৰ্ত্তাটো মানুহবিলাকে আন মানুহক কৈছিল।” ১৬ নং পদত মানুহবিলাকে কৈ থকা কথাবোৰ “এই বাৰ্ত্তাটো”ৱে বুজাইছে।

Luke 7:18-20

তেওঁক কৈছিল

“যোহনক কৈছিল”

এই সকলোবোৰ কথা

“যীচুৱে কৰি থকা সকলোবোৰ কথা”

তেওঁলোকক প্ৰভুৰ ওচৰলৈ পঠিয়াইছিল, তেওঁলোকে কৈছিল

“(যোহনে) তেওঁলোকক প্ৰভুৰল ওচৰলৈ পঠিয়াইছিল, তেওঁলোকক (যীচুক) সুধিবলৈ কৈছিল”

আপোনাৰ ওচৰলৈ পঠিয়াইছে, কৈছিল যে, ‘আহিবলগাজনা আপুনিয়েই নে’

“(যোহনে) আমাক আপোনাৰ ওচৰলৈ পঠিয়াইছে তেওঁ আপোনাক সুধিছে ‘আহিবলগাজনা আপুনিয়েই নে’ “ বা “ (যোহনে) আমাক আপোনাৰ ওচৰলৈ সুধিবলৈ পঠিয়াইছে ‘‘আহিবলগাজনা আপুনিয়েই নে’” (UDB)

আমি বাট চাই থাকিম

“আমি অপেক্ষা কৰি থাকিম” বা “আমি আহিব বুলি আশা কৰি থাকিম”

Luke 7:21-23

আৰু দুষ্ট আত্মাৰ পৰা

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “আৰু তেওঁ মানুহবিলাকক দুষ্ট আত্মাৰ পৰা মুকলি কৰে।”

মঞ্জৰ কৰিছিল

”দিয়া”

অভাবী মানুহ

“দুখীয়া মানুহ”

যোহনক খবৰ দিলে

“যোহনক ক’লে”

যিজন ব্যক্তিয়ে মোৰ কাৰ্য্যৰ কাৰণে বিশ্বাস কৰিবলৈ বন্ধ নকৰে তেওঁ ধন্য

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যি ব্যক্তিয়ে মই কৰা কাৰ্য্যবোৰৰ কাৰণে বিশ্বাস নকৰাকৈ নাথাকে তেওঁ কিমান ধন্য”

সেই ব্যক্তিজন

যিহেতু এইজন কোনো বিশেষ ব্যক্তি নহয়, এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মানুহেবিলাকে” বা “যিকোনোৱে” বা “ যি জনে”

Luke 7:24-26

(যীচুৱে মানুহবিলাকক যোহন বাপ্তাইজকৰ বিষয়ে কৈ আছে।)

তোমালোকে কি চাবলৈ ওলাই গৈছিলা

যোহন বাপ্তাইজক কেনেধৰণৰ ব্যক্তি আছিল সেই বিষয়ে চিন্তা কৰিবলৈ যীচুৱে এই তিনিটা অলঙ্কাৰীক প্ৰশ্ন ব্যৱহাৰ কৰিছে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তোমালোকে চাবলৈ ওলাই গৈছিলা নে ? অৱশ্যে নিশ্চয়ে নহয়!” বা “আপোনালোকে চাবলৈ নিশ্চয়ে ওলাই যোৱা নাছিল!” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

বতাহে লৰোৱা এজোপা নলনে

এই প্ৰকাশভঙ্গীটোকো সাদৃশ্যতাৰে অনুবাদ কৰিব পাৰি যেনে “বতাহৰ দ্বাৰা লৰোৱা নিচিনা এজন মানুহ।” ইয়াৰ দুটা সাম্ভাব্য অৰ্থভাঙনি আছে ১) নলবিলাক সহজতে বতাহ দ্বাৰা লৰোৱা যায়, সেয়ে এইটোৱে সহজতে পতিয়ন গৈ তেওঁৰ মন সলনি কৰা এজন মানুহক বুজাইছে। ২) নলবিলাকক বতাহে লৰালে শব্দ হয়, সেয়ে ই বৰ কথকী মানুহ এজনক বুজাইছে কিন্তু তেওঁৰ কথাৰ কোনো গুৰুত্বপুৰ্ণ ফল নোলায়। (প্ৰকাশভঙ্গী চাওক)

কোমল কাপোৰৰ পোছাক পৰিহিত লোক

“অতি দামী কাপোৰ পৰিধান কৰা।” ধনী মানুহে এনে ধৰণৰ কাপোৰ পিন্ধে।

ৰজা ৰাজ

প্ৰাসাদত

এটি ৰাজ

প্ৰাসাদ হৈছে ডাঙৰ, দামী ঘৰ য’ত ৰজাই বাস কৰে।

কিন্তু – “যদি তোমালোকে সেইটো চাবলৈ ওলাই যোৱা নাছিলা, তেন্তে”

মই তোমালোকক কওঁ

যীচুৱে ইয়াৰ পাছত কি কব তাক গুৰুত্ব দিবলৈ তেওঁ এইটো কথা জোৰ দি কৈছে।

ভাববাদীতকৈয়ো অতি মহান এজনক

“সাধাৰণ এজন ভাববাদীক নহয়” বা “এজন সাধাৰণ ভাববাদীতকৈয়ো অতি গুৰুত্ব পুৰ্ণ এজনক”

Luke 7:27-28

(যীচুৱে মানুহবিলাকক যোহন বাপ্তাইজকৰ বিষয়ে একেৰাহে কৈ আছে।)

এইজন তেৱেঁই যাৰ বিষয়ে এই কথাটো লিখা হৈছিল

“সেইজনেই ভাববাদী যাৰ বিষয়ে আন এজন ভাববাদীয়ে লিখিছিল” বা “সেই ভাববাদীজন যোহন আছিল যাৰ বিষয়ে বহুবছৰৰ আগতে লিখা হৈছিল”

চোৱা... – এই পদটোত, যীচুৱে মলাখী ভাববাদী পুস্তকৰ পৰা উল্লেখ কৰিছে আৰু কৈছে যে মলাখী ৩:১ পদত কোৱা কথাখিনি বাৰ্ত্তা বাহক হৈছে যোহন।

তোমাৰ মুখৰ আগত

“তোমাৰ সন্মূখত” বা “তোমাৰ আগেয়ে যাব।” এই “তুমি” শব্দটো একবচন। তুমি শব্দৰ ৰূপ চাওক)

মই তোমালোকক কওঁ

যীচুৱে ভীৰৰ মানুহবিলাকক কৈ আছিল, সেয়ে “তোমালোক” শব্দটো বহুবচন। যীচুৱে ইয়াৰ পাছত কি আচৰিত কথা হব সেই সত্যতাক গুৰুত্ব দিবলৈ তেওঁ এইটো কথা জোৰ দি কৈছে।

তেওঁলোকৰ মাজত মহিলাৰ পৰা জন্মাজন

“সেই সকলৰ মাজত যাক এগৰাকী মহিলাই জন্ম দিছিল”। সকলো মানুহক বুজোৱা এইটো কথা কোৱাৰ এক ভাবভঙ্গী। এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যিসকল জীয়াই আছিল সেই সকলো মানুহ”

যোহনতকৈ মহান কোনো নাই – এই কথাটো এনেদৰে যোগাত্মকভাবে অনুবাদ কৰিব পাৰি যেনে “যোহনেই আটাইতকৈ মহান।”

ঈশ্বৰৰ ৰাজ্যত একেবাৰে গুৰুত্বহীন মানুহজন

এইটোৱে এজন ব্যক্তিক বুজাইছে যিজন ঈশ্বৰৰ ৰাজ্যৰ অংশীদাৰ হব য’ত ঈশ্বৰে স্থাপন কৰিব। এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে ”যিজনে ঈশ্বৰৰ ৰাজ্যত প্ৰবেশ কৰিছে।”

তেওঁৱেই মহান

“যোহনতকৈ উচ্চ আত্মিক মানদণ্ডৰ”

Luke 7:29-30

(এই পুস্তকখনৰ লেখক, লুকে যোহন আৰু যীচুৰ প্ৰতি কেনেকৈ প্ৰত্যুত্তৰ দিছে তাৰ ওপৰত মন্তব্য দিছে)

ঈশ্বৰ যে ধাৰ্ম্মিক সেই কথা তেওঁলোকে ঘোষণা কৰিছিল

“তেওঁলোকে কৈছিল যে ঈশ্বৰে নিজকে ধাৰ্ম্মিক হিচাপে দেখুৱাইছিল” বা “ঈশ্বৰে যে ধাৰ্ম্মিক হিচাপে কাৰ্য্য কৰে সেই কথা তেওঁলোকে কৈছিল।”

যিজনক যোহনৰ বাপ্তিস্মৰে বাপ্তাইজিত কৰা হৈছিল

“যিজনক যোহনৰ দ্বাৰা বাপ্তাইজ কৰা হৈছিল” বা “যিজনক যোহনে বাপ্তাইজ কৰিছিল”

যিসকলক তেওঁৰ দ্বাৰা বাপ্তাইজ কৰা নাছিল

“যিজনক যোহনে বাপ্তাইজ কৰা নাছিল” বা “যিসকলে যোহনৰ দ্বাৰা বাপ্তাইজ হবলৈ অস্বীকাৰ কৰিছিল” বা “যিসকলে যোহনৰ বাপ্তিস্ম অগ্ৰাহ্য কৰিছিল”

তেওঁলোকৰ বাবে ঈশ্বৰৰ পৰামৰ্শ

“তেওঁলোকৰ বাবে ঈশ্বৰৰ উদ্দেশ্য” বা “ তেওঁলোকৰ বাবে ঈশ্বৰৰ পৰিকল্পনা” বা “ঈশ্বৰে তেওঁলোকক কি কৰাটো বিচাৰিছিল”

তেওঁলোকে নিজৰ বাবে ঈশ্বৰৰ পৰামৰ্শ অগ্ৰাহ্য কৰিছিল

“ঈশ্বৰে তেওঁলোকক যি কৈছিল তাক অমান্য কৰিবলৈ তেওঁলোকে থিৰাং কৰিছিল” বা “ঈশ্বৰৰ ইচ্ছা বিশ্বাস নকৰিবলৈ থিৰাং কৰিছিল”

যিবিলাকে তেওঁৰ দ্বাৰা বাপ্তাইজিত নহ’ল, তেওঁলোকে নিজৰ বাবে ঈশ্বৰৰ অভিপ্ৰায়/পৰামৰ্শ অগ্ৰাহ্য কৰিছিল

এইটোৱে দেখুৱাই যে কাৰণ সিহঁতে যোহনৰ বাপ্তিস্ম অগ্ৰাহ্য কৰিছে, তেওঁলোকৰ বাবে ঈশ্বৰৰ ইচ্ছা গ্ৰহণ কৰিবলৈ আত্মিক ভাবে তেওঁলোক যুগুত নহয়।

Luke 7:31-32

( যীচুক আৰু যোহন বাপ্তাইজকক অগ্ৰাহ্য কৰা মানুহবিলাকৰ বিষয়ে যীচুৱে কৈ আছে)

মই কাৰ লগত তুলনা কৰিম

এইটো হৈছে অলঙ্কাৰীক প্ৰশ্নৰ আৰম্ভণী। যীচুৱে কৰিবলৈ লোৱা তুলনাৰ বিষয়ে এটা পৰিচয় দিবলৈ এইটো ব্যৱহাৰ কৰিছে। এইগোটেই প্ৰশ্নটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “এই প্ৰজন্মক মই কাৰ লগত তুলনা কৰিম। তেওঁলোক এনেকুৱা।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

এই প্ৰজন্মৰ লোকবিলাক

“যিসকল লোক এতিয়া জীয়াই আছে” বা “এই লোকবিলাক” বা “এই প্ৰজন্মৰ তোমালোক”

তেওঁলোক এনেকুৱা

এইটো হৈছে যীচুৰ তুলনাৰ আৰম্ভণী। এইটো এটা সাদৃশ্যতা। (সাদৃশ্যতা চাওক)

যীচুৱে কৈছে যে এই প্ৰজন্মৰ লোকসকল এনেকুৱা শিশুৰ নিচিনা যিয়ে আন শিশুবিলাকে কৰাৰ দৰে সন্তোষ্ট নহয়।

বিপনীসমুহত/বজাৰত

এইখন এক বিশাল, মুকলি ঠাই য’ত মানুহবিলাকে আহি তেওঁলোকৰ বস্তুবোৰ বিক্ৰী কৰে।

বাঁহী

ই এডাল দীঘল, ফোপোলা বাদ্য যিটোক মুখেৰে ফুৱাই বা এমুৰত ফুৱাই দি বজোৱা হয়।

আৰু তোমালোকে নানাচিলা

“কিন্তু তোমালোকে সেই বাদ্যত নানাচিলা”

আৰু তোমালোক নাকান্দিলা

“কিন্তু তোমালোকে আমাৰ লগত নাকান্দিলা”

Luke 7:33-35

(যীচুৱে একেৰাহে মানুহবিলাক কথা কৈ আছে। তেওঁ তেওঁলোকক কিয় শিশুবিলাকৰ লগত তুলনা কৰিছে তাক বুজাই আছে।)

তোমালোকে কোৱা, ‘তাৰ এটা ভুত আছে’

মানুহবিলাকে যোহনৰ বিষয়ে কি কৈ আছিল সেই কথা যীচুৱে উল্লেখ কৰিছে। এই কথাটো আওপকীয়াকৈ পোনপতীয়া উদ্ধতিৰে অনুবাদ কৰিব পাৰি যেনে : “তাৰ এটা ভুত আছে বুলি তোমালোকে কোৱা” বা “তাৰ এটা ভুত আছে বুলি তোমালোকে তাক দোষ দিয়া।” (আওপকীয়া উদ্ধতি চাওক)

পিঠা নাখাই –“আহাৰ খোৱা নাই।” এই কথাটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “ঘনে ঘনে লঘোন দিছে।” যোহনে যে কেতিয়াও আহাৰ খোৱা নাছিল সেইটো বুজোৱা নাই।

মানুহৰ পুত্ৰ

যিহেতু তাত থকা মানুহবিলাকে যীচুক মানুহৰ পুত্ৰ হিচাপে বুজি পাব বুলি আশা কৰিছিল, এইটোকো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মই, ঈশ্বৰৰ পুত্ৰই”

তোমালোকে কোৱা, ‘চোৱা, সি এটা খকুৱা মানুহ’

মানুহবিলাকে মানুহৰ পুত্ৰ যীচুৰ বিষয়ে কি বুলি কৈ আছিল সেই কথা যীচুৱে উল্লেখ কৰিছে। এই কথাটো আওপকীয়া উদ্ধতিত অনুবাদ কৰিব পাৰি যেনে “সি এটা খকুৱা মানুহ বুলি তোমালোকে কোৱা” বা ”সি অতি বেছিকৈ খায় বুলি তোমালোকে তাক দোষ দিয়া।”

সি এটা খকুৱা মানুহ

“সি এটা লুভীয়া মানুহ” বা “সি স্বাভাৱিকতেই অতি বেছিকৈ খায়।

এটা মদাহী

“এটা মতলীয়া” বা “স্বাভাৱিক মদাহী”

তাইৰ সকলো সন্তানৰ দ্বাৰা জ্ঞান অনিন্দনীয় হৈছে

সম্ভৱত এইটো এটা নীতি বাক্য এই পৰিস্থিতিত যীচুৱে প্ৰয়োগ কৰিছে, কাৰণ যিবিলাক মানুহে যোহন আৰু তেওঁ দুয়োজনকে অগ্ৰাহ্য কৰিছে তেওঁলোক জ্ঞানী নহয়। (নীতিবচন চাওক)

Luke 7:36-38

এতিয়া কোনো এজন ফৰীচী

এইটো হৈছে এটা নতুন বৰ্ণনাৰ আৰম্ভণী।

ভোজন কৰিবলৈ মেজলৈ হালি বহিল

“আহাৰ ভোজন কৰিবলৈ মেজৰ কাষত বহিল।” এইদৰে জিৰাই সতাই নিশাৰ আহাৰ খোৱা তেওঁলোকৰ নীতি আছিল, পুৰুষসকলে মেজৰ চাৰিওফালে অতি আৰামেৰে শুই বা বহি আহাৰ ভোজন কৰিছিল।

যি এগৰাকী পাপী আছিল

“যি গৰাকীয়ে এনে পাপময় জীৱন যাপন কৰিছিল” বা “যি গৰাকীৰ এনে পাপময় জীৱন যাপন কৰাৰ দুৰ্নাম আছিল।” হয়তু তাই এগৰাকী বেশ্যা আছিল।

আৰু তাত বিচাৰি পালে

এইটো এটা দীঘলীয়া বাক্যৰে আৰম্ভ হৈছে। UDBত এইটো সৰু বাক্যত ভাঙি পেলাই লিখিলে কিছুমান ভাষাত বেছই স্বাভাৱিক যেন হব।

এটি স্ফটিক শিলৰ পাত্ৰ

“কোমল শিলৰ এটি ঝাৰ।” আলাবাষ্টাৰ বা স্ফটিক হৈছে এবিধ কোমল, বগা শিল। মানুহে মুল্যৱান বস্তুবোৰ এনে শিলৰ পাত্ৰত জমা কৰি ৰাখে।

সুগন্ধিৰ

“ইয়াত সুগন্ধি তেল আছিল।” এই সুগন্ধিখিনি হৈছে এবিধ তেল যাৰ সুন্দৰ সুগন্ধ আছিল। সুন্দৰ সুগন্ধ আহিবৰ বাবে মানুহে ইয়াক নিজৰ গাত ঘঁহি দিয়ে বা কাপোৰৰ ওপৰত ছটিয়াই দিয়ে।

তাইৰ মুৰৰ চুলি খিনিৰে

“তাইৰ চুলিৰে”

Luke 7:39-40

তেওঁ নিজ মনতে ভাবিছিল

“তেওঁ নিজকে নিজে কৈছিল”

যীচু যদি এজন ভাববাদী হয়, তেন্তে তেওঁ জানিলে হেঁতেন

ফৰীচীজনে মনতে ভাবিছিল যে যীচু এজন ভাববাদী নহয়, কাৰণ তেওঁ এই পাপী মহিলাগৰাকীক নিজকে চুবলৈ দিছিল। এই কথাটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “দেখদেখকৈ যীচু এজন ভাববাদী নহয়। হোৱাহলৈ তেওঁ জানিলে হেঁতেন।”

চিমোন

এইটো হৈছে ফৰীচীজনৰ নাম যিজনে তেওঁৰ ঘৰলৈ যীচুক নিমন্ত্ৰণ কৰিছিল। এইজন চিমোন পিতৰ নাছিল।

Luke 7:41-43

(যিবিলাক মানুহক ক্ষমা কৰা হ’ল সেই বিষয়ে যীচুৱে চিমোনক এটা কাহিনী কৈছিল)

কোনো এজন ঋণদিয়া মহাজনৰ দুজন ধৰুৱা আছিল

“কোনো এজন ঋণদিয়া মহাজনৰ দুজন ধৰুৱা লোক আছিল।”

পাঁচশ আধলি (ডিনাৰী)

“পাঁচশ দিনৰ হাজিৰা।” “আধলিবোৰ (ডিনাৰী) হৈছে আধলি (ডিনাৰীয়াচ) ৰ বহু বচন।”(বাইবেলৰ সময়ত টকা

পইচা চাওক)

পঞ্চাশ ডিনাৰী

“ পঞ্চাশ দিনৰ হাজিৰা”

যিহেতু পৰিশোদ কৰিবলৈ তেওঁলকৰ কোনো ধন নাছিল

“এইখিনি পৰিশোধ কৰিবলৈ যেতিয়া তেওঁলোকৰ কোনো টকা

পইচা নাছিল”

তেওঁ দুয়াজনকে ক্ষমা কৰিছিল

“তেওঁলোকৰ ঋণবোৰ ক্ষমা(এৰি) কৰি দিছিল” বা “ তেওঁ তেওঁলোকৰ ঋণবোৰ নাকচ কৰি দিছিল”

মোৰ বিবেচনাত

চিমোনে তেওঁৰ উত্তৰৰ বিষয়ে অতি উদগ্ৰীৱ হৈ আছিল। এই কথাটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “সম্ভৱতঃ”

তুমি সঠিকৰূপে বিচাৰ কৰিলা

“তুমি শুদ্ধ”

Luke 7:44-45

আৰু সেই মহিলা গৰাকীৰ ফালে ঘুৰিলে

“মহিলা গৰাকীলৈ মুখ কৰি।” যীচুৱে মহিলাগৰাকীৰ ফালে মুখ কৰি চিমোনৰ মনোযোগ তাইৰ ফাললৈ নিছিল।

মোৰ ভৰিৰ বাবে পানী... এটি চুমা

এইবিলাক হৈছে ঘৰলৈ নিমন্ত্ৰণ কৰা আলহী এজনৰ প্ৰতি কৰা কৰ্তব্য। এই মহিলা গৰাকীৰ কৃতজ্ঞতাৰ চিন স্বৰূপে কৰা সৰ্ব্বোচ্চ কাৰ্য্য়ত চিমোনৰ কৰ্ত্তব্যৰ অভাৱৰ বৈপৰীত্যতা আঙুলিয়াই দিছে।

মোৰ চৰণত চুমা খাবলৈ নেৰিলে

এই কথাটো এক যোগাত্মক হিচাপে প্ৰকাশ কৰিব পাৰি যেনে “মোৰ চৰণত একেৰাহে চুমা খাই আছে।”

Luke 7:46-47

(যীচুৱে একেৰাহে চিমোনক কথা কৈ আছে)

মোৰ মুৰ তেলেৰে অভিষেক কৰিলে

“মোৰ মুৰৰ ওপৰত তেল ঢালিলে।” এজন সন্মানীয় আলহীক এইদৰেই সম্ভাষণ জনোৱা হয়। এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “মোৰ মুৰৰ ওপৰত তেল ঢালি অভিষেক কৰি মোৰ সম্ভাষণ জনালে।”

মোৰ ভৰি অভিষেক কৰিলে

যদিও এইটো এটা সাধাৰণ অভ্যাস নাছিল, এই মহিলা গৰাকীয়ে এই কামটো কৰাৰ দ্বাৰা যীচুক অতিশয় আদৰ কৰিছিল।

বেছিকৈ ক্ষমা কৰা হ’ল

এই কথাটো এক সক্ৰিয় বাচ্য ৰূপত অনুবাদ কৰিব পাৰি “যিজনে অতি বেছিকৈ ক্ষমা পালে” বা “যিজনক ঈশ্বৰে বেছিকৈ ক্ষমা কৰি দিলে।”

বেছিকৈ প্ৰেম কৰিলে

“যিজনে তাইক বেছিকৈ ক্ষমা কৰিলে বেছিকৈ প্ৰেম কৰিব” বা “ঈশ্বৰক বেছিকৈ প্ৰেম কৰিব।” কিছুমান ভাষাত এই বিধেয় “প্ৰেম ” শব্দটো উল্লেখ কৰিব লাগে।

যিজনক অলপহে ক্ষমা কৰা হ’ল তেওঁ অলপহে প্ৰেম কৰিব

“যিজনক অলপ ক্ষমা কৰা হয়” বা “ যি কোনোক অলপ ক্ষমা কৰা হয়।” এই উল্লেখিত বাক্যটোত যীচুৱে এটি নীতি উল্লেখ কৰিছে। যিয়েই নহওক, চিমোনে যে অলপহে প্ৰেম কৰিছিল, সেই কথা চিমোনে বুজি পোৱাটো যীচুৱে আশা কৰিছিল।

Luke 7:48-50

তোমাৰ পাপবোৰ ক্ষমা কৰা হ’ল

“তোমাক ক্ষমা কৰা হ’ল।” এইটোক এক সক্ৰিয় ক্ৰিয়াৰ ৰূপত প্ৰকাশ কৰিব পাৰি যেনে “মই তোমাৰ পাপবোৰ ক্ষমা কৰিলোঁ।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক

তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে

“তোমাৰ বিশ্বাসৰ কাৰণে, তুমি ৰক্ষা পালা।” এই “বিশ্বাসৰ” ধাৰণাটোক এটি ক্ৰিয়া পদৰ ৰূপত অনুবাদ কৰিব পাৰি যেনে “তুমি বিশ্বাস কৰাৰ বাবে তুমি ৰক্ষা পালা।”

শান্তিৰে যোৱা

“শুভ বিদায়” বুলি কোৱা আৰু একে সময়তে আশীৰ্ব্বাদ দিয়াৰ এইটো এটা উপায়। এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “ তুমি যাওঁতে, আন একো বিষয়ে চিন্তা নকৰিবা” বা “তুমি যাওঁতে,ঈশ্বৰে তোমাক শান্তি দিয়ক” (UDB)

Luke 8

Luke 8:1-3

এইটো ঘটিছিল যে

এই কথাটো কাহিনীটোৰ নতুন অংশ এটাৰ আৰম্ভণীৰ চিন হিচাপে এই বাক্যাংশটো ব্যৱহাৰ কৰা হৈছে। যদি আপোনাৰ ভাষাত এইটোৰ বাবে কিবা উপায় আছে, ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

যি জন দুষ্ট আত্মাৰ পৰা আৰু ৰোগৰ পৰা সুস্থ হৈছিল

এই কথাটো এইদৰে সক্ৰিয় ক্ৰিয়া পদেৰে অনুবাদ কৰিব পাৰি যেনে “যাক যীচুৱে দুষ্ট আত্মাৰ পৰা আৰু ৰোগৰ পৰা মুক্ত কৰিছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

মৰিয়ম ... আৰু অনেক মহিলা

তিনিগৰাকী মহিলাৰ নাম উল্লেখ কৰা হৈছেঃ মৰিয়ম, যোৱান্না আৰু চোচন্না।

কুচৰ ঘৈণীয়েক যোৱান্না, হেৰোডৰ ঘৰগিৰী

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ হেৰোডৰ ঘৰগিৰী কুচৰ ঘৈণীয়েক যোৱান্না।“ যোৱান্না কুচৰ ঘৈণীয়েক আছিল আৰু কুচ হেৰোডৰ ঘৰগিৰী আছিল।”

Luke 8:4-6

এজন খেতিয়কে কিছুমান কঠিয়া সিচিবলৈ গৈছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি “এজন খেতিয়কে এখন পথাৰত কিছুমান কঠিয়া সিচিবলৈ ওলাই গৈছিল।”

বাটৰ কাষত

“ৰাস্তাত” বা “ বাটত।” মানুহবিলাকে খোজ কাঢ়ি আহা

যোৱা কৰাত মাটিভাগ টান হৈ পৰিল।

তেওঁলোকে ভৰিৰে গচকিলে

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “সেইবিলাক গজি বাঢ়িবলৈ তেওঁলোকে প্ৰায়ে গচকি থাকিছিল” বা “UDBত কোৱাৰ দৰে এক সক্ৰিয় ক্ৰিয়া পদেৰে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

সেইবোৰক খাই পেলালে

“সেই সকলোবোৰকে খাই পেলালে”

সেই বোৰ শুকাই গ’ল

“সেই গছবোৰ শুকাই গ’ল আৰু সৰু হৈ থাকিল”

সেইবোৰত সেমেকা একো নাছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “সেই মাটিভাগ অতিশয় শুকান আছিল।”

Luke 8:7-8

(যীচুৱে তেওঁৰ উপমাবোৰ একেৰাহে কৈ আছে।)

সেইবোৰক হেঁচি ধৰিলে

সেই কাঁইটীয়া গছবোৰে সকলোবোৰ পুষ্টি, পানী, আৰু বেলিৰ তাপ ল’লে, সেয়ে খেতিয়কৰ গছবোৰ ভালদৰে বাঢ়িবলৈ নোৱাৰিলে।

শস্য উৎপন্ন কৰিলে

“এক শস্য বাঢ়িল” বা “অধিককৈ বীজ বাঢ়িল”

যাৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক

কিছুমান ভাষাত দ্বিতীয় পুৰুষত এই কথাষাৰ ক’লে বেছি স্বাভাৱিক যেন লাগিবঃ “ তোমালোকৰ যাৰ যাৰ শুনিবলৈ কাণ আছে,,শুনা।” (প্ৰথম, দ্বিতীয়, আৰু তৃতীয় পুৰুষ চাওক)

যাৰ শুনিবলৈ কাণ আছে তেওঁ শুনক

“যেয়ে শুনিব পাৰে” বা “যিজনে মোৰ কথা শুনে”

তেওঁক শুনিব দিয়ক

“ তেওঁক ভালদৰে শুনিব দিয়ক” বা “মই যি কৈছোঁ, তাত তেওঁক মনোযোগ দিবলৈ দিয়ক”

Luke 8:9-10

তোমালোকক বুজি পাবলৈ বিশেষ অধিকাৰ দিয়া হৈছে

এই কথাটো এক সক্ৰিয় ক্ৰিয়াৰ ৰূপত অনুবাদ কৰিব পাৰি আৰু সংযুক্ত তথ্যটো হৈছে যে ঈশ্বৰ দিওঁতাজনা। “ঈশ্বৰে তোমালোকক বোধগম্যতাৰ উপহাৰ দিছে” বা “ঈশ্বৰে তোমালোকক বুজিবলৈ সমৰ্থ দিছে।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা আৰু স্পষ্টতা আৰু সৰলতা তথ্য চাওক)

ঈশ্বৰৰ ৰাজ্যৰ নিগুঢ় বিষয়বোৰ এইবোৰ সত্যতা গুপ্ত হৈ আছিল কিন্তু যীচুৱে সেইবোৰ প্ৰকাশ কৰি দিছে।

দেখোতে তেওঁলোকে প্ৰকৃততে নেদেখিব

“যদিও তেওঁলোকে দেখিব, তেওঁলোকে নিৰীক্ষণ কৰিব নোৱাৰিব।” যদি এই ক্ৰিয়া পদটোৱে কিবা এটা বিধেয় বিচাৰে এইটোক এনেদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁলোকে যদিও কিবা বস্তুবোৰ দেখে, তেওঁলোকে সেইবোৰ বুজি পাব নোৱাৰে” বা “যদিও তেওঁলোকে ঘটনাবোৰ ঘটি থকা দেখে, সেইবোৰৰ অৰ্থ কি তাক তেওঁলোকে বুজি নাপায়।” (ক্ৰিয়াৰ পদৰ বিষয়ে আৰু ক্ৰিয়া পদত বিধেয়ৰ বিষয়ে শাখাটোত চাওক)

শুনোতে তেওঁলোকে প্ৰকৃততে বুজি নাপাব

“যদিও তেওঁলোকে শুনে, তেওঁলোকে বুজা নাপাব।” যদি এই ক্ৰিয়া পদটোত এটা বিধেয়ৰ দৰকাৰ হয় ইয়াক এনেদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁলোকে যদিও নিৰ্দেশনাবোৰ শুনে, তেওঁলোকে সত্যতাটো বুজি নাপায়”

Luke 8:11-13

(যীচুৱে তেওঁৰ শিষ্যসকল একেৰাহে কৈ আছে। তেওঁ সেই উপমাটোৰ অৰ্থ বুজাই দিছে)

চয়তান আহে আৰু তেওঁলোকৰ অন্তৰৰ পৰা সেই বাক্য কাঢ়ি নিয়ে

এইটোৰ অৰ্থ হৈছে যে তেওঁলোকে শুনা ঈশ্বৰৰ বাক্য সি পাহৰাই দিয়ে।

কাঢ়ি নিয়ে

উপমাটোত চৰায়ে বীজবোৰ কাঢ়ি নিয়াটো হৈছে এক প্ৰকাশভঙ্গী। সেই প্ৰতিচ্ছবিটো ৰাখিবলৈ আপোনাৰ নিজৰ ভাষা ব্যৱহাৰ কৰক। (প্ৰকাশভঙ্গী চাওক)

যাতে তেওঁলোকে বিশ্বাস নকৰে আৰু উদ্ধাৰ নাপায়

এই কথাটো সক্ৰিয় ক্ৰিয়াৰ ৰূপত অনুবাদ কৰিব পাৰিঃ “যাতে তেওঁলোকে বিশ্বাস নকৰক ফলস্বৰূপে ঈশ্বৰে তেওঁলোকক উদ্ধাৰ নকৰক।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

যিহেতু এইটো হৈছে চয়তানৰ উদ্দেশ্য, এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে, “কাৰণ চয়তানে ভাবে যে, তেওঁলোকে বিশ্বাস নকৰক আৰু তেওঁলোকে উদ্ধাৰ নাপায়।“

পৰীক্ষাৰ সময়ত তেওঁলোকে পৰি যায়

“যেতিয়া তেওঁলোক দুখ

কষ্টৰ সন্মূখীন হয়, তেওঁলোকে বিশ্বাসৰ পৰা আতৰি যায়” বা “ যেতিয়া তেওঁলোকে দুখ

কষ্টৰ অভিজ্ঞতা পায় তেওঁলোকে বিশ্বাস নকৰে আৰু।”

Luke 8:14-15

(যীচুৱে একেৰাহে সেই উপমাটোৰ অৰ্থ বুজাই আছে।)

তেওঁলোকক জগতৰ চিন্তাই হেঁচি ধৰে...

“এই জীৱনৰ চিন্তা আৰু ধন

টকা

পইচা আৰু জীৱনৰ অভিলাষে তেওঁলোকক হেঁচি ধৰে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক) বা “যিদৰে সেই ঘাঁহ

বনবোৰে ভাল গছক বাঢ়িবলৈ বাধা দিয়ে, এই জগতৰ চিন্তা, আৰু ধন

টকা

পইচা আৰু জীৱনৰ অভিলাষে এই মানুহবিলাকক পৰিপক্ক হোৱাৰ পৰা ৰাখি থয়।” (প্ৰকাশভঙ্গী চাওক)

চিন্তা

“মানুহবিলাকে চিন্তিত হৈ থকা বিষয়বিলাক বা বস্তুবিলাক”

জীৱনৰ সুখাভিলাষ

“এই জীৱনত মানুহবিলাক উপভোগ কৰা বস্তুবোৰ”

সেয়ে তেওঁলোকে পৰিপক্কতালৈ কোনো ফল ধাৰণ নকৰে

“তেওঁলোকে পকা ফল ধাৰণ নকৰে।” এই প্ৰকাশভঙ্গীটো এটা সাদৃশ্যতাত অনুবাদ কৰিব পাৰি যেনেঃ “সেয়ে গছ

গথনিৰ নিচিনা পুৰঠ নহয় আৰু ফল ধাৰণ নকৰে, তেওঁলোকে পৰিপক্ক নহয় আৰু ভাল কৰ্ম্ম উৎপন্ন নকৰে।”

ধৈৰ্য্যেৰে ফল উৎপন্ন কৰে

“চিৰসহিষ্ণুতাত ফল উৎপন্ন কৰে।” এই প্ৰকাসভঙ্গীটোক এক সাদৃশ্যতাৰ ৰূপত অনুবাদ কৰিব পাৰিঃ “যিদৰে স্বাস্থ্যৱান গছে ভাল ফল উৎপন্ন কৰে, তেওঁলোকেও চিৰসহিষ্ণুতাত ভাল কৰ্ম্ম কৰিব পাৰে।”

Luke 8:16-18

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

এটা চাকি

ইন্ধনৰ বাবে জিতগছৰ তেল আৰু শলিতাৰে সৈতে এইটো আছিল এটি সৰু বাতি।

এডাল গছা

“এখন মেজ” বা “এখন পথালি তক্তা”

যিটো জনাজাত কৰা নহব, এনে কোনো গুপুত বস্তু নাই

এই কথাটো যোগাত্মক হিচাপে অনুবাদ কৰিব পাৰি যেনে “গুপুতে থকা প্ৰতিটোৱেই জনাজাত কৰা হব।”

যিটো জনাজাত কৰা নহব আৰু পোহৰত প্ৰকাশ কৰা নহব, এনে কোনো গুপুত বস্তু নাই

এইটোক এনেদৰে অনুবাদ কৰিব পাৰি যেনে “যিকোনো গুপুত বস্তু জনাজাত কৰা হব আৰু পোহৰত প্ৰকাশিত কৰা হব।”

তুমি কেনেকৈ শুনা

এইটোকো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “মই তোমালোকক যি কওঁ তাক তোমালোকে কেনেদৰে শুনা” বা “ঈশ্বৰৰ বাক্য তোমালোকে কেনেদৰে শুনা।” স্পষ্টতা আৰু সৰলতা চাওক)

যিজনৰ আছে

এইটোকো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “যিজনৰ বোধগম্যতা আছে” বা “ মই যি শিকাওঁ যিজনে তাক গ্ৰহণ কৰে।”

তেওঁক আৰু অধিক দিয়া হব

“তেওঁক অধিক অধিককৈ আৰু দিয়া হব।” এইটোক এক সক্ৰিয় ক্ৰিয়াৰ ৰূপত এনেদৰে অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰে তেওঁ আৰু অধিক দিব।” সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

যিজনৰ নাই

এইটোক এনেদৰে অনুবাদ কৰিব পাৰি যেনে “যিজনৰ বোধগম্যতা নাই” বা “মই যি শিকাওঁ যিজনে তাক গ্ৰহণ নকৰে।”

Luke 8:19-21

ভাইসকল

এইবিলাক হৈছে যীচুৰ সৰু ভায়েকসকল।

তেওঁক এইটো কোৱা হ’ল

“মানুহবিলাকে তেওঁক কৈছিল” বা “কোনোবাই তেওঁক কৈছিল।”

আপোনাক লগা পাবলৈ ৰৈ আছে

“আপোনালৈ অপেক্ষা কৰি আছে” বা “আৰু তেওঁলোকে আপোনাক লগ পাবলৈ বিচাৰে”

যিবিলাকে ঈশ্বৰৰ বাক্য শুনে আৰু তাক পালন কৰে তেওঁলোকেই মোৰ আই আৰু মোৰ ভাইসকল

এই প্ৰকাশভঙ্গীটো সাদৃশ্যতা ৰূপত অনুবাদ কৰিব পাৰি “যিবিলাকে ঈশ্বৰৰ বাক্য শুনে আৰু তাক মানি চলে তেওঁলোকেই মোৰ আই আৰু ভাইবিলাক” বা “যিসকলে ঈশ্বৰৰ বাক্য শুনে আৰু সেইবোৰ মানি চলে তেওঁলোক মোৰ আই আৰু ভাই সকলৰ দৰেই অতি গুৰুত্বপুৰ্ণ।” (প্ৰকাশভঙ্গী চাওক)

Luke 8:22-23

এইটো ঘটিছিল যে

এই কথাটো কাহিনীটোৰ নতুন অংশ এটাৰ আৰম্ভণীৰ চিন হিচাপে এই বাক্যাংশটো ব্যৱহাৰ কৰা হৈছে। যদি আপোনাৰ ভাষাত এইটোৰ বাবে কিবা উপায় আছে, ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

তেওঁলোকে নাওঁ বাই যাওঁতে

“তেওঁলোকে গৈ থাকোঁতে”

টোপনি গ’ল

“শুই পৰিল”

বৰ জোৰেৰে বতাহ বলি এক ধুমুহা আহিছিল

“হঠাতে জোৰেৰে বতাহ বলিব ধৰিলে”

Luke 8:24-25

হে গুৰু

গ্ৰীক ভাষাত সেই “হে গুৰু” অনুবাদটো সাধাৰণ ভাবে “গুৰু” বুলি কোৱা নহয়। এই শব্দটো এনে এজনক কোৱা হয় যাৰ ক্ষমতা আছে, কোনোবা এজনৰ মালিক বুলি সেই জনক কোৱা নহয়। আপুনি এইটোক “বচ বা মালিক” বা “অগ্ৰজ” বা কোনোবা এজনৰ ক্ষেত্ৰত সাধাৰণভাবে ক্ষমতা থকা জনক ব্যৱহাৰ কৰা যেনে “মহাশয়” বুলি সম্বোধন কৰিব পাৰে।

দাবী দিছিল

“অতি কাঢ়াকৈ কৈছিল”

সেইবোৰে স্থিৰ হৈছিল

“সেই বতাহ আৰু ঢৌবোৰ স্থবিৰ হৈ পৰিছিল”

তোমালোকৰ বিশ্বাস ক’তা?

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। যীচুৱে তেওঁলোকক অলপ নৰমভাবে তেওঁলোকক গালি দিছিল কাৰণ তেওঁলোকৰ চোৱাচিতা কৰাৰ বাবে তেওঁৰ ওপৰত সম্পুৰ্ণ ভাৰসা কৰা নাছিল। এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “তোমালোকৰ বিশ্বাস থকা উচিত আছিল” বা “তোমালোকে মোক ভৰসা কৰিব লাগে।”

এইজন কোন

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি “এইজন কেনে ধৰণৰ মানুহ।”

যে তেওঁ আদেশ দিছে

এইটো নতুন এটা বাক্যৰ আৰম্ভণী “তেওঁ আদেশ দিছে।”

Luke 8:26-27

গেৰাচেনীয়াসকলৰ অঞ্চল

গেৰেচা নামৰ নগৰৰ মানুহবিলাকক গেৰেচেনীয়া বুলি কয়।

গালীলৰ বিপৰীতফালে

“গালীল সাগৰৰ সিটো পাৰত”

নগৰখনৰ পৰা এজন মানুহ

“গেৰেচা নগৰৰ পৰা এজন মানুহ”

ভুতে লম্ভিছিল

“তেওঁক ভুতৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হৈছিল”

তাৰ কাপোৰ

কানি নাছিল

“তেওঁ কাপোৰ

কানি পিন্ধা নাছিল”

কবৰস্থানবিলাকত

এইবিলাক ঠাইত মানুহে মৰা দেহাবিলাক ৰাখিছিল, সম্ভৱ গুহাবিলাকত। ইয়াৰ আচল কথাটো হৈছে যে এই মানুহজনে সেইবিলাকত আছিল ই দেখুৱাই যে এইবোৰ মাটিত খনা গাঁত নাছিল।

Luke 8:28-29

যেতিয়া সি যীচুক দেখা পাইছিল

“যি জন মানুহক ভুতে লম্ভিছিল তেওঁ যীচুক দেখিছিল”

সি চিঞঁৰিছিল

“সি টেটুঁ ফালিছিল” বা “আটাহ পাৰিছিল”

তেওঁৰ আগত দীঘল দি পৰিছিল

“যীচুৰ আগত মাটিত দীঘল দি পৰিছিল।” সি দুৰ্ঘটনাক্ৰমে পৰা নাছিল। সি এইটো কৰিছিল কাৰণ সি যীচুলৈ ভয় কৰিছিল।

এক বৰ মাতেৰে সি কৈছিল

“সি বৰ ডাঙৰকৈ কৈছিল” বা “সি চিঞঁৰি উঠিছিল”

আপোনাৰ লগত মোৰ কি কাম আছে

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “আপুনি মোক কিয় আমনি কৰিছে।”

এইটোৱে অনেক বাৰ মানুহজনক কাবু কৰি পেলাইছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “এইটোৱে মানুহজনক বহুতবাৰ ধৰি ৰাখিছিল।” এই মানুহজনৰ ওচৰলৈ যীচু যোৱাৰ আগতে এই ভুতটোৱে মানুহজনক কি কৰিছিল এই বাক্যটোৱে আৰু ইয়াৰ পাছৰ বাক্যটোৱে সেই বিষয়ে কৈছিল।

যদিও তাক শিকলি আৰু বেৰীৰে বান্ধি ৰাখিছিল, আৰু পহৰা দি ৰাখিছিল

এই কথাটো এইদৰে সক্ৰিয় ক্ৰিয়া পদৰে অনুবাদ কৰিব পাৰি যেনে “যদিও মানুহবিলাকে তাক শিকলিৰে আৰু বেৰীৰে বান্ধি ৰাখিছিল আৰু পহৰা দি ৰাখিছিল।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

Luke 8:30-31

বাহিনী

এই শব্দটো এনে এটা শব্দৰে অনুবাদ কৰক যি বহুত সংখ্যক সৈন্য বা মানুহক বুজায়। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ যুদ্ধাৰু” বা “যুঁজাৰু”

সেই বিনাশলৈ যাবলৈ

“সেই মানুহজনক এৰি দিবলৈ আৰু বিনাশৰ গাঁতলৈ যাবলৈ”

Luke 8:32-33

তাতে পৰ্ব্বতৰ ওপৰত এজাক গাহৰি চৰাই আছিল

“সেই পাহাৰৰ ওপৰত এজাক গাহৰিয়ে ঘাঁহ খাই চৰি আছিল”

জোৰেৰে

“বৰ বেগাই দৌৰিছিল”

Luke 8:34-35

সিহঁত পলাই গ’ল

“সিহঁতে খৰকৈ দৌৰি পলাই গ’ল”

যি মানুহৰ পৰা সেই ভুতবোৰ ওলাই গুচি গ’ল সেই মানুহজনক পালে

“যিজন মানুহৰ পৰা ভুতবোৰ ওলাই গৈছিল তেওঁক দেখিছিল”

তাক কপোৰ পিন্ধাইছিল

“ সি কাপোৰ

কানি পিন্ধি আছিল”

তাৰ সুস্থ মনেৰে

“সি সুস্থ আছিল” বা “সি সাধাৰণভাবে আচৰণ কৰিছিল”

যীচুৰ চৰণৰ কাষত বহি আছিল

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “মাটিত বহি আছিল, যীচুৰ কথা শুনি আছিল”

তেওঁলোকৰ ভয় লাগিছিল

“ যীচুলৈ তেওঁলোকৰ ভয় লাগিছিল”

Luke 8:36-37

যি যি ঘটিছিল তাক দেখাসকলে কৈছিল

যেতিয়া যীচুৱে সেই মানুহজনৰ পৰা ভুতবোৰ খেদিছিল এইবিলাক মানুহ সেই মানুহজনৰ লগত আছিল

ৰক্ষা কৰা হ’ল

“উদ্ধাৰ কৰা হ’ল” বা “মুকলি কৰা হ’ল” বা “সুস্থ কৰা হ’ল”

গেচেনীয়াবিলাকৰ অঞ্চল

“সেই অঞ্চলটো” বা “যি অঞ্চলত সেই গেৰাচেনীয়াবিলাক বাস কৰে”

অতিশয় ভয় লাগিল

“অত্যধিক ত্ৰাসযুক্ত হ’ল”

Luke 8:38-39

কিন্তু এই মানুহজন

কিছুমানে এইদৰে আৰম্ভ কৰিব বিচাৰে যেনে “কিন্তু যীচু আৰু তেওঁৰ শিষ্যবিলাকে সেই ঠাই এৰি যোৱাৰ আগতে, এই মানুহজনে” বা “যীচু আৰু তেওঁৰ শিষ্যবিলাকে নাওঁ বাই সেই ঠাই এৰি যোৱাৰ আগতে।”

তেওঁ তেওঁক পঠিয়াই দিলে

“যীচুৱে সেই মানুহজনক পঠিয়াই দিছিল”

তোমাৰ ঘৰলৈ

“তোমাৰ ঘৰৰ পৰিয়াল” বা “তোমাৰ পৰিয়াল”

Luke 8:40-42

ভীৰৰ মানুহবিলাকে তেওঁক আদৰি ল’লে

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ভীৰৰ মানুহবিলাকে তেওঁক আনন্দেৰে সম্ভাষণ জনালে।”

আৰু চোৱা, যায়ীৰ নামে এজন মানুহ আহিছিল

এই “চোৱা” শব্দটোৱে কাহিনীটোত যায়ীৰ নামে এজন নতুন ব্যক্তি অহা কথাটোত আমাক সজাগ কৰি দিয়ে। এইটো কৰিবলৈ আপোনাৰ ভাষাত কিবা উপায় থাকিব পাৰে। ইংৰাজীৰ ব্যৱহাৰ হৈছে “যায়ীৰ নামেৰে এজন মানুহ আছিল।”

ধৰ্ম্মধামৰ এজন নেতা আছিল

“স্থানীয় ধৰ্ম্মধামৰ এজন নেতা আছিল” বা “মানুহবিলাকৰ মাজৰ এজন নেতা আছিল যিজনক সেই অঞ্চলৰ মানুহবিলাকে ধৰ্ম্মধামত লগ কৰিছিল।”

তেওঁ যীচুৰ ভৰিত দীঘল দি পৰিল

১) “যীচুৰ ভৰিত মুৰ দোঁৱাই নমস্কাৰ কৰিলে” বা ২) “মাটিত পৰি যীচুৰ ভৰিত পৰিল।“ দুৰ্ঘটনাক্ৰমে যায়ীৰ যীচুৰ ভৰিত পৰা নাছিল। যীচুৰ প্ৰতি নম্ৰতাৰে আৰু সন্মানৰ চিন স্বৰূপে তেওঁ এইটো কৰিছিল।

তাই মৰি আছিল

“তাই প্ৰায় মৰো মৰো হৈছিল” বা “তাই মৃত্যুৰ দুৱাৰ দলিত আছিল”

কিন্তু তেওঁ গৈ থাকোঁতে

কিছুমান অনুবাদকে প্ৰথমে এইদৰে কোৱাটো দৰকাৰ বুলি কয় “সেয়ে যীচুৱে সেই মানুহজনৰ লগত যাবলৈ সন্মত হৈছিল” (স্পষ্টতা আৰু সৰলতা চাওক)

ভীৰৰ মানুহবিলাকে তেওঁক হেঁচি

ঠেলি আছিল

“মানুহবিলাকে যীচুৰ চাৰিওফালে অতিপাত ভীৰ কৰিছিল।”

Luke 8:43-44

(যায়ীৰৰ জীয়েকক সুস্থ কৰিবলৈ যাওঁতে এই ঘটনাটো ঘটিছিল।)

তেজ বৈ আছিল

“তেজ বৈ থকা ৰোগ আছিল।” সম্ভৱত তাইৰ নিয়মীয়া সময় নোহোৱাটো তাইৰ গৰ্ভৰ পৰা তেজ বৈ থাকিছিল। কিছুমান সংস্কৃতিত এই অৱস্থাটো বুজাবলৈ এক ভদ্ৰতাৰ উপায় থাকিব পাৰে। (আওপকীয়া প্ৰকাশ চাওক)

কিন্তু সেইবোৰ একোৰেই সুস্থতা পোৱা নাছিল

“সেইবোৰৰ একোহেই তাইক আৰোগ্য কৰিব পৰা নাছিল”

তেওঁ পিন্ধাথকা চোলাটোৰ আগভাগ চুইছিল

“তেওঁৰ পোছাকৰ দহিভাগ চুইছিল।” যিহুদী মানুহবিলাকে ঈশ্বৰৰ বিধানত আজ্ঞা দিয়া অংশৰ দৰে তেওঁলোকে দহি ওলমি থকা চোলা পিন্ধিছিল। তাই ঠিক এইখিনিকে চুইচিল।

Luke 8:45-46

(যীচুৱে যায়ীৰৰ জীয়েকক সুস্থ কৰিবলৈ এতিয়াও ৰাস্তাত গৈয়েই আছে।)

হে গুৰু

সেই “হে গুৰু” অনুবাদটো সাধাৰণ ভাবে “গুৰু” বুলি কোৱা নহয়। এই শব্দটো এনে এজনক কোৱা হয় যাৰ ক্ষমতা আছে, কোনোবা এজনৰ মালিক বুলি সেই জনক কোৱা নহয়। আপুনি এইটোক “বচ বা মালিক” বা “অগ্ৰজ” বা কোনোবা এজনৰ ক্ষেত্ৰত সাধাৰণভাবে ক্ষমতা থকা জনক ব্যৱহাৰ কৰা যেনে “মহাশয়” বুলি সম্বোধন কৰিব পাৰে।

ভীৰৰ মানুহবিলাকে আপোনাক হেঁচি ধৰিছে আৰু চাৰিওফালে ভীৰ কৰি আছে

এই কথাটো কোৱাৰ দ্বাৰা, পিতৰে এইটো কৈছে যে যিকোনোৱে আপোনাক চুব পাৰে। এই অস্পষ্ট তথ্যটো UDBত আৱশ্যক অনুসৰি সৰলভাবে কৰিব পাৰি। (স্পষ্টতা আৰু সৰলতা চাওক)

মোৰ পৰা শক্তি ওলায় যোৱা মই গম পালো

“মোৰ পৰা সুস্থকাৰী শক্তি ওলায় যোৱা মই গম পালো।” যীচুৱে শক্তি হেৰুওৱা নাছিল বা দুৰ্ব্বল হোৱা নাছিল, কিন্তু তেওঁৰ শক্তিয়ে সেই মহিলা গৰাকীক সুস্থ কৰিছিল।

Luke 8:47-48

(যীচুৱে যায়ীৰৰ ঘৰলৈ গৈ থাকোঁতে ৰাস্তাত একেৰাহে সেই মহিলা গৰাকীক কথা কৈয়েই আছিল)

তাই যি কৰিছিল তাক তাই লুকুৱাই ৰাখিব পৰা নাছিল

“তায়েই যে যীচুক চুইছিল সেই কথা তাই গুপুতে ৰাখিব পৰা নাছিল”

সেই সকলৰ উপস্থিতিত

“সেই সকলৰ দৃষ্টিত” বা “তেওঁলোকৰ শুনাত” বা “আগত”

যীচুৰ আগত পৰিল

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “তাই যীচুৰ সন্মূখত মুৰ দোৱাইছিল” বা ২) “তাই মাটিত যীচুৰ চৰণত পৰিছিল।” তাই দুৰ্ঘটনা ক্ৰমে পৰা নাছিল। যীচুৰ প্ৰতি তাইৰ নম্ৰতা আৰু সন্মানৰ চিন স্বৰূপে এইটো কৰিছিল।

আইটি

এগৰাকী মহিলাক মৰমেৰে কোৱাৰ এইটো এটা উপায়। আপোনাৰ ভাষাত এই দয়া দেখুওৱাৰ আন কিবা উপায় থাকিব পাৰে।

তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে

“তোমাৰ বিশ্বাসৰ কাৰণে তুমি সুস্থ হ’লা।” এই “বিশ্বাস ” কথাটো এটা ক্ৰিয়া পদ হিচাপে অনুবাদ কৰিব পাৰি যেনে “তুমি বিশ্বাস কৰাৰ কাৰণে, তুমি সুস্থ হ’লা।”

শান্তিৰে যোৱা

“শুভ বিদায়” বুলি কোৱা আৰু একে সময়তে আশীৰ্ব্বাদ দিয়াৰ এইটো এটা উপায়। এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “ তুমি যাওঁতে, আন একো বিষয়ে চিন্তা নকৰিবা” বা “তুমি যাওঁতে,ঈশ্বৰে তোমাক শান্তি দিয়ক” (UDB)

Luke 8:49-50

(যীচুৱে সুস্থ কৰা মহিলা গৰাকীক কথা কৈ শেষ কৰোঁতেই যায়ীৰৰ ঘৰৰ পৰা এজন বাৰ্ত্তাবাহক আহি পালে।)

তেওঁ যেতিয়া কথা কৈ আছিল

“যীচুৱে সেই মহিলা গৰাকীক যেতিয়া কথা কৈ আছিল”

ধৰ্ম্মধানৰ নেতা

এইটোৱে যায়ীৰক বুজাইছে। তেওঁ স্থানীয় ধৰ্ম্মধামৰ এজন নেতা আছিল।

তেওঁ তেওঁ উত্তৰ দিছিল

“যীচুৱে যায়ীৰক উত্তৰ দিছিল।” যীচুৱে সেই বাৰ্ত্তা বাহকক নহয়, কিন্তু ধৰ্ম্মধামৰ নেতাজনক কথা কৈ আছিল।

তাই ৰক্ষা পাব

“তাই সুস্থ হব” বা “তাই আকৌ জীয়াই উঠিব“ (UDB)

Luke 8:51-53

(যীচুৱে যায়ীৰৰ জীয়েক মৰা কথা শুনিও তেওঁৰ ঘৰলৈ গৈ আছিল।)

তাৰ পাছত যেতিয়া তেওঁ ঘৰলৈ আহিছিল, তেওঁ

কাৰণ যীচুৱে অকলশৰে তেওঁৰ ঘৰলৈ যোৱা নাছিল, এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তাৰ পাছত যেতিয়া তেওঁলোক সেই ঘৰলৈ আহিছিল, যীচুৱে”

পিতৰৰ, যোহন, আৰু যাকোবৰ বাহিৰে, আৰু ছোৱালীজনীৰ মাক আৰু দেউতাকৰ বাহিৰে

“তেওঁ কেৱল পিতৰ, যোহন আৰু যাকোব, আৰু ছোৱালীজনীৰ মাক আৰু দেউতাকহে ভিতৰলৈ সোমাবলৈ অনুমতি দিছিল”

তাইৰ কাৰণে তাত সকলোমানুহেই শোক আৰু ক্ৰন্দন কৰি আছিল

“সকলোবোৰ মানুহেই কিমান দুখী সেইটো দেখুৱাইছিল আৰু ছোৱালীজনী মৰাৰ কাৰণে বৰকৈ কান্দি

কাটি আছিল”

Luke 8:54-56

শিশুটি, উঠা

“হে কণমানি ছোৱালী, উঠা”

তাইৰ প্ৰাণ ঘুৰি আহিছিল

এই “প্ৰাণ” শব্দটো “উশাহ” বা “জীৱন” বুলি অনুবাদ কৰিব পাৰি। এই বাক্যাংশটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তাই জীৱনলৈ ঘুৰি আহিছিল” বা “তাই আকৌ জীৱিত হ’ল।”

Luke 9

Luke 9:1-2

সেই বাৰজন

যীচুৱে তেওঁৰ পাঁচনি হবলৈ মনোনীত কৰা এইয়া হৈছে শিষ্যসকলৰ দলটি।

শক্তি আৰু ক্ষমতা

সেই বাৰজনৰ মানুহক সুস্থ কৰিব পৰা সামৰ্থ আৰু অধিকাৰ দেখুৱাবলৈ এই দুয়োটা শব্দ একেলগে ব্যৱহাৰ কৰি হৈছে। এই দুয়োটা ধাৰণা অন্তৰ্ভুক্ত কৰা এটা শব্দেৰে এই বাক্যাংশটো অনুবাদ কৰক।

ৰোগ

ব্যাধি

“ৰোগ

নৰিয়া।” এজন মানুহক কিহে বেমাৰী কৰে তাক এইটোৱে বুজাইছে।

তেওঁলোকক পঠিয়াই দিলে

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁলোকক বেলেগ বেলেগ ঠাইলৈ পঠিয়াই দিছিল” বা “তেওঁলোকক যাবলৈ কৈছিল।”

Luke 9:3-4

তেওঁ তেওঁলোকক কৈছিল

“ যীচুৱে সেই বাৰজনক কৈছিল”

একো নলবা

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তোমালোকৰ লগত একো নলবা” বা “তোমালোকৰ লগত একো নানিবা।”

তোমালোকৰ যাত্ৰাৰ কাৰণে

“তোমালোকৰ যাত্ৰাত” বা “তোমালোকে যেতিয়া যাত্ৰা কৰা।” তেওঁলোকৰ গোটেই যাত্ৰাটোত, তেওঁলোকে গাঁৱে

গাঁৱে যাওঁতে, আৰুতেওঁলোকে যীচুৰ ওচৰলৈ ঘুৰি নহালৈকে যাত্ৰাৰ বাবে একো লব নালাগে।

লাখুটি

“লাথি” বা “খোজকাঢ়োতে লোৱা লাখুটি।” লাখুটি হৈছে যেতিয়া ওপৰলৈ উঠে আৰু অসমান মাটিত যাওঁতে সমতা ৰক্ষাৰ বাবে ব্যৱহাৰ কৰা এডাল ডাঙৰ শকত লাথি। আক্ৰমণ কাৰীবিলাকৰ বিপক্ষে ব্যৱহাৰ কৰিবলৈও এইডাল ব্যৱহাৰ কৰা হয়।

তোমালোকে যি যি ঘৰত সোমোৱা

“তোমালোকে যি কোনো ঘৰত সোমোৱা”

তাতে থাকিবা

“তাতে থাকিবা” বা “আলহী হিচাপে অস্থায়ীৰূপে তাতে থাকিবা”

সেই ঠাইৰ পৰা

“সেই নগৰৰ পৰা” বা “সেই অঞ্চলৰ পৰা”

Luke 9:5-6

(যীচুৱে একেৰাহে তেওঁৰ বাৰজন পাঁচনিক নিৰ্দেশনা দি আছে।)

যিবিলাকে তোমালোকক গ্ৰহণ নকৰে

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “যিবিলাক মানুহে তোমালোকক গ্ৰহণ নকৰে তালৈ তোমালোকে কি কৰিব সেই কথাটো এইটো।”

তেওঁলোক ওলাই গ’ল

“য’ত যীচু আছিল তাৰ পৰা তেওঁলোক ওলাই গ’ল”

য’তে

ত‘তে –“তেওঁলোক য‘লৈ

ত’লৈ ওলাই গ’ল”

Luke 9:7-9

টেট্ৰাৰ্ক, হেৰোড

এই কথাটোৱে হেৰোড অন্টিপাক বুজাইছে যিজন ইস্ৰায়েলৰ চাৰিভাগৰ এক অংশৰ শাসনকৰ্ত্তা আছিল।

অতিশয় আমনি পাইছিল

“একেবাৰে বেয়া পাইছিল” বা “ এই বাতৰিটোৰ দ্বাৰা আমনি পাইছিল” বা “অতিশয় বিমোৰ হৈছিল” (UDB)

মই যোহনৰ মুৰ ছেদন কৰিলো

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “যোহনৰ মুৰ কাটিবলৈ মই মোৰ সৈন্যবিলাকক আদেশ দিছিলো।”

Luke 9:10-11

যি সকলক পঠিয়াই দিয়া হৈছিল

“যীচুৱে পঠিয়াই দিয়া সেই বাৰজন পাঁচনি”

ঘুৰি আহিছিল

“যীচু য’ত আছিল তালৈ ঘুৰি আহিছিল”

তেওঁলোকে তেওঁক কৈছিল

“সেই বাৰজন পাঁচনিয়ে যীচুক কৈছিল”

তেওঁলোকে যি যি কৰিছিল সেই সকলোবোৰ

যেতিয়া তেওঁলোকে আন আন নগৰলৈ ওলাই গৈছিল তাত তেওঁলোকে কোৱা শিক্ষা আৰু সুস্থতাবোৰক বুজাইছে।

আৰু তেওঁলোকক তেওঁৰ লগত লৈ, তেওঁ নিজে আতৰি ওলাই গৈছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে ”তেওঁ তেওঁলোকক লগত ল’লে আৰু তেওঁলোক নিজে আতৰি গৈছিল।” যীচু আৰু তেওঁৰ শিষ্যসকলে নিজে আতৰি গৈছিল।

Luke 9:12-14

যেতিয়া দিনৰ শেষ হবৰ হৈছিল

“যেতিয়া বলি ডুবিছিল” বা “যেতিয়া দিন শেষ হ’ল” বা “যেতিয়া গধুলি হৈছিল”

ভীৰৰ মানুহবিলাকক বিদায় দিছিল

“ভীৰৰ মানুহবিলাকক যাবলৈ কৈছিল”

আমি নগ’লে আৰু আহাৰ নানিলে

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ আমি নগ’লে আৰু আহাৰ কিনি নানিলে” বা “আমি গৈ আৰু খাদ্য কিনি নানিলে।” নাইবা আপুনি এটা নতুন বাক্য় আৰম্ভ কৰিব পাৰে “আমি সিহঁতক খুউৱাটো যদি আপুনি বিচাৰে, আমি যাব লাগিব আৰু আহাৰ কিনি আনিব লাগিব।”

প্ৰায় পাঁচহাজাৰ মানুহ আছিল

এই সংখ্যাটোত তাত উপস্থিত থকা মহিলা আৰু ল’ৰা

ছোৱালীক অন্তৰ্ভুক্ত কৰা নাছিল।

তেওঁলোকক বহিব দিয়া

“তেওঁলোকক বহিবলৈ কোৱা”

Luke 9:15-17

সেয়ে তেওঁলোকে কৰিছিল

শিষ্যসকলে মানুহবিলাকক পঞ্চাশ জনীয়া দলত ভাগ কৰি বহুৱাইছিল।

আৰু তেওঁ

এই কথাটোৱে যীচুক বুজাইছে

পিঠাবোৰ

এইবোৰ হৈছে বিশেষ পৰিমাণৰ প্ৰস্তুত কৰা পিঠা। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “গোটেই পিঠাখিনি”

আৰু চাইছিল

“চাই থাকোঁতে” বা “চোৱাৰ পাছত”

স্বৰ্গলৈ

এই কথাটোৱে ওপৰলৈ চোৱাটো, আকাশৰ ফালে চোৱাটো বুজাইছে। স্বৰ্গখন আকাশৰ ওপৰ ফালে আছে বুলি যিহুদীবিলাকে বিশ্বাস কৰিছিল।

আগত দিবলৈ

“হাতত তুলি দিবলৈ” বা “পাৰ কৰি দিবলৈ” বা “দিবলৈ”

তৃপ্ত হৈছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁলোকে যিমান পৰিমাণে খাবলৈ বিচাৰিছিল তেওঁলোকে খাইছিল।”

Luke 9:18-19

এইটো ঘটিছিল যে

এই কথাটো কাহিনীটোৰ নতুন অংশ এটাৰ আৰম্ভণীৰ চিন হিচাপে এই বাক্যাংশটো ব্যৱহাৰ কৰা হৈছে। যদি আপোনাৰ ভাষাত এইটোৰ বাবে কিবা উপায় আছে, ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

তেওঁ প্ৰাৰ্থনা কৰি থাকোঁতে

এই কথাটোৱে যীচুক বুজাইছে।

অকলশৰে প্ৰাৰ্থনা কৰি আছিল

শিষ্যসকল যীচুৰ লগত আছিল, কিন্তু তেওঁ ব্যক্তিগতভাবে আৰু গোপনে নিজেই প্ৰাৰ্থনা কৰি আছিল।

আৰু উত্তৰ দিছিল, তেওঁলোকে কৈছিল

“আৰু তেওঁলোকে এই কথা কৈ তেওঁক উত্তৰ দিছিল”

যোহন বাপ্তাইজক

কিছুমান ভাষাত এইটো যোগ কৰাটো বিচাৰে “কিছুমানে কয় আপুনি যোহন বাপ্তাইজক।”

আগৰ কালৰ পৰা

“ যিজন বহু বছৰৰ আগতে আছিল ”

পুনৰ জী উঠিল

“পুনৰ জীয়াই উঠিলে”

Luke 9:20-22

আৰু তেওঁ তেওঁলোকক কৈছিল

“আৰু যীচুৱে শিষ্যবিলাকক কৈছিল”

আৰু উত্তৰত, পিতৰে কৈছিল

“আৰু পিতৰে উত্তৰ দিছিল আৰু কৈছিল” বা “পিতৰে এই কথা কোৱাৰ দ্বাৰা উত্তৰ দিছিল”

কিন্তু তেওঁলোকক সাৱধান কৰি দিছিল, যীচুৱে তেওঁলোকক নিৰ্দ্দেশ দিছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “কিন্তু যীচুৱে তেওঁলোকক সাৱধান কৰি দিছিল আৰু তেওঁলোকক নিৰ্দ্দেশ দিছিল” বা “তেতিয়া যীচুৱে তেওঁলোকক বৰ কাঢ়াকৈ সাৱধান কৰি দিছিল” (UDB)

এই কথাটো কাকো নক’বলৈ

“কাকো নক’বলৈ” বা “যাতে তেওঁলোকে এই কথাটো কাকো নক’ব।” এইটো এটা আওঁপকীয়া উল্লেখ। বিকল্প অনুবাদ হৈছেঃ “কিন্তু সিহঁতক সাৱধান কৰি দিছিল, যীচুৱে তেওঁলোকক কৈছিল, ‘কাকো নক’বা।’” (বাক্যৰ উদ্ধতি চাওক)

যে মানুহৰ পুত্ৰই অনেক দুখভোগ কৰিব লাগিব

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মানুহবিলাকে মানুহৰ পুত্ৰক অতি বেছিকৈ দুখভোগ কৰোৱাব।” ২২ নং পদটোও এইদৰে UDB ত পোনপতীয়া উদ্ধতিত অনুবাদ কৰিব পাৰি। (বাক্যৰ উদ্ধতি চাওক)

পুনৰায় জীৱনলৈ ঘুৰি আহিব

“আকৌ জীয়াই তোলা হব”

তৃতীয় দিনা

“ মৃত্যুৰ পাছত তিনিদিন” বা “তেওঁৰ মৃত্যুৰ পাছত তৃতীয় দিনা”

Luke 9:23-25

আৰু তেওঁ

এই কথাটোৱে যীচুক বুজাইছে।

তেওঁলোক সকলোকে

যিবিলাক যীচুৰ লগত আছিল তেওঁলোক সকলোকে এই কথাটোৱে বুজাইছে।

মোৰ পাছত আহিবলৈ

“মোৰ অনুসৰণ কৰিবলৈ” বা “মোৰ অনুগামী হবলৈ” বা “এজন শিষ্য হিচাপে মোৰ পাছত আহিবলৈ।”

নিজকে অস্বীকাৰ কৰক

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “নিজৰ অভিলাষৰ মতে চলিবলৈ নহয়” বা “নিজৰ আশা

আকাংক্ষা ত্যাগ কৰিবলৈ।”

দৈনিক তেওঁৰ ক্ৰূচ তুলি লওক

“তেওঁৰ নজৰ ক্ৰূচ তুলি লওক আৰু দৈনিক তাক কঢ়িয়াই ফুৰক।” “দৈনিক দুখ

কষ্ট ভোগ কৰিবলৈ যুগুত হৈ থকা” এইয়েই হৈছে ইয়াৰ অৰ্থ।

মোক অনুসৰণ কৰা

“মোৰ লগত যোৱা” বা “মোক অনুসৰণ কৰিবলৈ আৰম্ভ কৰা আৰু মোক অনুসৰন কৰি আহি থাকা।”

মানুহৰ প্ৰতি এইটোৱে কি উপকাৰ কৰিব

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “এজন ব্যক্তিয়ে কেনেকৈ লাভালাভ হব।” এইটো এটা অলঙ্কাৰীক প্ৰশ্নৰ অংশ। এই কথাটো এইদৰেও অনুবাদ কৰিব পাৰি যেনে “ এইটোৱে মানুহক উপকাৰ নকৰিব” বা “এজন ব্যক্তিয়ে এইটোৰ পৰা একো ভাল উপকাৰ নাপাব।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

যদি তেওঁ গোটেই জগতখন পায়

“যদি তেওঁ এই জগতৰ সকলোবোৰ পায়”

নিজকে হেৰুৱাই বা পৰিত্যক্ত হয়

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁ নিজকে হেৰুৱাই পেলাই বা বিনষ্ট হয়।”

Luke 9:26-27

(যীচুৱে একেৰাহে শিষ্যসকলক কথা কৈ আছে।)

আৰু মোৰ কথাবোৰ

“আৰু মই যি কওঁ” বা “আৰু মই যি শিকাওঁ”

তেওঁৰ ক্ষেত্ৰত মানুহৰ পুত্ৰই লাজ পাব

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মানুহৰ পুত্ৰইয়ো সেই মানুহ জনত লাজ পাব।”

মানুহৰ পুত্ৰ

যীচুৱে তেওঁৰ বিষয়ে কৈ আছে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মই, মানুহৰ পুত্ৰই।”

যেতিয়া তেওঁ নিজৰ মহিমাৰে আহিব

যীচুৱে তৃতীয় পুৰুষত নিজৰ বিষয়ে কৈ আছে। এই কথাটো প্ৰথম পুৰুষত এইদৰে অনুবাদ কৰিব পাৰি যেনে “যেতিয়া মই মোৰ নিজ মহিমাৰে আহিম।” (প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰুষ চাওক)

ইয়াত থিয় হৈ থকা কোনো কোনোৱে

ইয়াত যীচুৱে কৈ থকা মানুহবিলাকৰ কোনো কোনো মানুহক বুজাইছে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ইয়াত থিয় হৈ থকা তোমালোকৰ কোনো কোনো লোক।” (UDB)

ঈশ্বৰৰ ৰাজ্য নেদেখে মানে তেওঁলোকে মৃত্যু ভোগ নকৰিব

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁলোক মৃত্যু হোৱাৰ আগেয়ে ঈশ্বৰৰ ৰাজ্য দেখিব।”

মৃত্যুৰ আস্বাদ নাপাব

“মৃত্যুৰ অভিজ্ঞতা নাপাব” বা “নমৰিব”

তেওঁলোকে ঈশ্বৰৰ ৰাজ্য নেদেখেমানে –আপুনি কেনেকৈ অনুবাদ কৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি “তেওঁলোকৰ কোনো কোনোৱে, ” এই কথাটো আপুনি এইদৰেও অনুবাদ কৰিব পাৰি যেনে “তোমালোকে ঈশ্বৰৰ নেদেখালৈকে।”

Luke 9:28-29

এইটো ঘটিছিল যে

এই কথাটো কাহিনীটোত এটা চিন হিচাপে এই বাক্যাংশটো ব্যৱহাৰ কৰা হৈছে। যদি আপোনাৰ ভাষাত এইটোৰ বাবে কিবা উপায় আছে, ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

এই কথাবোৰ

ইয়াৰ আগৰ পদটোত যীচুৱে শিষ্যসকলক যি কৈছিল এই কথাটোৱে সেইটো বুজাইছে।

পৰ্ব্বতত উঠিছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “এটা পাহাৰৰ এফালে ওপৰত।” পাহাৰটোৰ কিমান ওপৰলৈ তেওঁলোক উঠি গৈছিল সেই কথাটো ইয়াত স্পষ্ট নহয়।

তেওঁৰ মুখৰ চেহেৰা দেখিবলৈ একেবাৰে বেলেগ হৈছিল। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁৰ মুখৰ চেহেৰা ৰূপান্তৰ হৈ গৈছিল।”

শুক্ল বা উজ্জ্বল

“বগাকৈ জিলিকিছিল আৰু উজ্জ্বলকৈ জিলিকিছিল” বা “উজ্জ্বল বগা আৰু অতিশয় উজ্জ্বল” বা “বগাকৈ উজ্জ্বল আৰু বিজুলীৰ দৰে জিলিকিছিল”(UDB)

Luke 9:30-31

আৰু চোৱা, দুজন মানুহে কথা পাতি আছিল

এই “চোৱা” শব্দটোৱে ইয়াৰ পাছত কি ঘটিব সেই আচৰিত তথ্যলৈ মনোযোগ দিবলৈ ইয়াত আমাক সজাগ কৰি দিয়ে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “হঠাতে তাত দুজন মানুহে কথা পাতি আছিল” বা “হঠাতে দুজন মানুহে কথা কৈ আছিল।”

যিজনক অতি মহিমান্বিত হোৱা দেখা গৈছিল

এই সম্বন্ধ সুচক বাক্যাংশটোৱে মোচি আৰু এলিয়াৰ বিষয়ে তথ্য যোগ কৰি আছে। এইটোক এইদৰে অনুবাদ কৰিব পাৰি যেনে “আৰু তেওঁলোকক অতিশয় মহিমান্বিত হোৱা দেখা গৈছিল।” (সম্বন্ধ সুচক বাক্যত এই সম্বন্ধীয় বাক্যাংশটো চাওক)

তেওঁৰ প্ৰস্থান

“তেওঁৰ গুচি যোৱা” বা “এই জগতখনৰ পৰা তেওঁ কেনেকৈ গুচি যাব।” এই কথাো এইদৰেঅনুবাদ কৰিব পাৰি যেনে “তেওঁৰ মৃত্যু।” (আওপকীয়া প্ৰকাশ চাওক)

Luke 9:32-33

তেওঁলোকে তেওঁৰ মহিমা দেখিছিল

তেওঁলোকক আগুৰি থকা সেই অতিশয় উজ্জ্বল পোহৰটো বুজাইছে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যীচুৰ পৰ ওলোৱা সেই উজ্জ্বল পোহৰ তেওঁলোকে দেখিছিল” বা “তেওঁলোকে যীচুৰ পৰা বাহিৰ ওলোৱা সেই অতিশয় উজ্জ্বল পোহৰ তেওঁলোকে দেখিছিল।”

তেওঁৰ লগত থিয় হৈ থকা সেই যি দুজন মানুহ

এই কথাটোৱে মোচি আৰু এলিয়াক বুজাইছে।

এইটো ঘটিছিল যে

যি খিনিত কাৰ্য্য কৰা আৰম্ভ হৈছে তাত চিন হিচাপে এই বাক্যাংশটো ব্যৱহাৰ কৰা হৈছে। যদি আপোনাৰ ভাষাত এইটোৰ বাবে কিবা উপায় আছে, ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

হে গুৰু

সেই “হে গুৰু” অনুবাদটো সাধাৰণ ভাবে “গুৰু” বুলি কোৱা নহয়। এই শব্দটো এনে এজনক কোৱা হয় যাৰ ক্ষমতা আছে, কোনোবা এজনৰ মালিক বুলি সেই জনক কোৱা নহয়। আপুনি এইটোক “বচ বা মালিক” বা “অগ্ৰজ” বা কোনোবা এজনৰ ক্ষেত্ৰত সাধাৰণভাবে ক্ষমতা থকা জনক ব্যৱহাৰ কৰা যেনে “মহাশয়” বুলি সম্বোধন কৰিব পাৰে।

আশ্ৰয়

“তম্বু” বা “জুপুৰি ঘৰ”

Luke 9:34-36

তেওঁ যেতিয়া এই কথাবোৰ কৈ আছিল

“যেতিয়া পিতৰে এই কথাবোৰ কৈ আছিল”

তেওঁলোকৰ ভয় লাগিছিল

এই বয়সীয়া শিষ্যসকলে ডাৱৰলৈ ভয় কৰা নাছিল। বাক্যাংশৰ এই কথাটোৱে এইটো দেখুৱাই যে ডাৱৰৰ লগত কিবা এটা অস্বাভাৱিকতা আহি আছিল। এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁলোকে ভয় খাইছিল।”

সেই ডাৱৰৰ পৰা এটি বাণী আহিছিল

এটি বাণীয়ে ডাৱৰৰ পৰা কথা কোৱাটো যদি অস্বাভাৱিক হয়, এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰে সেই ডাৱৰৰ পৰা তেওঁলোকক কথা কৈছিল, কোৱা হৈছিল।”

মোৰ মনোনীত পুত্ৰ

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মোৰ পুত্ৰ, যিজনক মই মনোনীত কৰিলো” (UDB) বা “মোৰ পুত্ৰ মনোনীত জনা।” এই “মনোনীত” শব্দই ঈশ্বৰৰ পুত্ৰৰ বিষয়ে তথ্য যোগান ধৰে। (ইংৰাজীত পদৰ বাক্যাংশত বিশেষণৰ বিষয়ে চাওক)

সেই দিনবিলাকত

যীচুৰ পুনৰূত্থানৰ পাছত তেওঁক স্বৰ্গলৈ তুলি নিয়ালৈকে সেই দিনবোৰ বুজাইছে বা সম্ভৱ যীচুৱে এই বাক্য কোৱাৰ লগে লগে পোনপতীয়াকৈ সেই দিনবোৰৰ কথা বুজাইছে।

Luke 9:37-40

এইটো ঘটিছিল যে

কাহিনীটো এটা নতুন অংশৰ আৰম্ভণীৰ চিন হিচাপে এই বাক্যাংশটো ব্যৱহাৰ কৰা হৈছে। যদি আপোনাৰ ভাষাত এইটোৰ বাবে কিবা উপায় আছে, ইয়াত ব্যৱহাৰ #আৰু কৰিবলৈ বিবেচনা কৰিব পাৰে।

চোৱা, ভীৰৰ মাজৰ পৰা এজন মানুহ

এই “চোৱা” শব্দটোৱে কাহিনীটোত এজন নতুন মানুহৰ প্ৰতি আমাক সজাগ কৰি দিয়ে। আপোনাৰ ভাষাত এইটো কৰিবলৈ যদি কিবা উপায় থাকিব পাৰে। ইংৰাজীৰ ব্যৱহাৰ “ভীৰৰ মানুহবিলাকৰ মাজত এজন মানুহ আছিল, যি জনে কৈছিল...”

আৰু চোৱা, এটি আত্মা

এই “চোৱা” শব্দই মানুহজনৰ কাহিনীটোত এটি দুষ্ট আত্মাৰ লগত আমাক পৰিচয় কৰাই দিয়ে। আপোনাৰ ভাষাত এইটো কৰিবলৈ যদি কিবা উপায় থাকিব পাৰে। ইংৰাজীৰ ব্যৱহাৰ “এটি দুষ্ট আত্মা আছিল...”

এইটোৱে বৰ কঠিনতাৰে তাৰ পৰা আতৰি গৈছিল

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “ই মোৰ সন্তানটোৰ পৰা যোৱাই নাছিল” বা ২) “সি যেতিয়া এৰি যায়, মোৰ সন্তানটোক অতি কষ্ট দিয়ে...”

মুখেদি ফেন উলিয়াই

যেতিয়া এজন ব্যক্তিৰ এই ব্যাধিটো হয়, সিহঁতৰ উশাহ লোৱা বা সেপ গিলা অতি কষ্ট হয়। এইটোৱে মুখৰ চাৰিওফালে ওলোৱা ফেনৰ কাৰণ হয়। আপোনাৰ ভাষাত এইটো বৰ্ণনা কৰিবলৈ কিবা উপায় থাকিলে, আপুনি ব্যৱহাৰ কৰিব পাৰে।

Luke 9:41-42

আৰু যীচুৱে উত্তৰ দিছিল আৰু কৈছিল

“আৰু উত্তৰত যীচুৱে কৈছিল”

তোমালোক অবিশ্বাসী আৰু অপথে যোৱা বংশ – এই কথাটো হৈছে তাত ভীৰ হোৱা মানুহবিলাকক সম্বোধন কৰা হৈছে, শিষ্যবিলাকক নহয়।

মই তোমালোকৰ লগত কিমান কাল থাকিম আৰু তোমালোকক কিমান কাল সহিম?

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। যীচুৱে উত্তৰ আশা কৰা নাছিল। ইয়াৰ অৰ্থটো হৈছে “মই তোমালোকৰ বাবে ইমান কৰিলো আৰু তোমালোকে এতিয়াও বিশ্বাস কৰা নাই!” অলঙ্কাৰীক প্ৰশ্ন চাওক)

তোমাৰ পুত্ৰক ইয়ালৈ আনা

ইয়াত যীচুৱে পোনে পোনে সেই পিতাক জনক কৈছিল যিজনে তেওঁক সম্বোধন কৰিছিল।

আহি আছে

“সি বাটত আছে” বা “বাটত আহি আছে”

ডাবি দিছিল

“বৰ কাঢ়াকৈ কৈছিল”

Luke 9:43-45

ঈশ্বৰৰ মহানতাত তেওঁলোকে সকলোৱেই অতিশয় আচৰিত হৈছিল

যীচুৱে সেই অলৌকিক কাৰ্য্যটো কৰিছিল, কিন্তু এই সুস্থতাৰ আঁৰত ঈশ্বৰৰ শক্তি আছে বুলিহে এই ভীৰৰ মানুহবিলাকে চিনি লৈছিল।

যিটো মই কৰিছিলো

“যে যীচুৱে কৰিছিল”

এই কথাবোৰ তোমালোকৰ কাণত গভীৰকৈ সোমাওক

এইটো এটা বাক্যাংশ অৰ্থটো হৈছে

“সাৱধানেৰে শুনা আৰু মনত ৰাখাক” বা “এই কথাটো পাহৰি নাযাবা” (বাক্যাংশ চাওক)

মানুহৰ পুত্ৰ

তৃতীয় পুৰুষত যীচুৱে নিজৰ বিষয়ে কৈছে। এই কথাটো এই দৰে অনুবাদ কৰি পাৰি যেনে “মই, মানুহৰ পুত্ৰই।” (প্ৰথম, দ্বিতীয় বা তৃতীয় পুৰুষ চাওক)

হাতত শোধাই দিয়া হব

“সেই হাতত শোধাই দিয়া হব” (UDB)। এই গোটেই বাক্যটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “মানুহবিলাকে মানুহৰ পুত্ৰক অধিপতিবিলাকৰ হাতত শোধাই দিব।”

তেওঁলোকে বুজি পোৱা নাছিল

এই বাক্যটো এই দৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁ যে তেওঁৰ মৃত্যুৰ বিষয়ে এই কথা কৈ আছিল তেওঁলোকে সেইটো বুজি পোৱা নাছিল।”

Luke 9:46-48

তেওঁলোকৰ মাজত

“শিষ্যসকলৰ মাজত”

তেওঁলোকৰ অন্তৰত কাৰণ দৰ্শাই আছিল

“ব্যক্তিগতবাবে ভাবি আছিল” বা “তেওঁলোকৰ ব্যক্তিগত ভাব

চিন্তা বিবেচনা কৰি আছিল”

যিজনে মোক পঠিয়াইছিল

“ঈশ্বৰ, যিজনাই মোক পঠাইছিল” (UDB)

Luke 9:49-50

যোহন উত্তৰ দিছিল আৰু কৈছিল

“উত্তৰত, যোহনে কৈছিল” বা “যোহনে যীচুক উত্তৰ দিছিল।” মহান হোৱাৰ ক্ষেত্ৰত যীচুৱে যি কৈছিল যোহনে সেই বিষয়ে প্ৰত্যুত্তৰ দিছিল। তেওঁ এটা প্ৰশ্নৰ উত্তৰ দিয়া নাই। যি জনে এই ভুতটোক ওলাই যাবলৈ জোৰ কৰিছিল শিষ্যসকলৰ মাজত এই মানুহজনৰ পদবীটো কি হব জানিব বিচাৰিছিল।

হে গুৰু

সেই “হে গুৰু” অনুবাদটো সাধাৰণ ভাবে “গুৰু” বুলি কোৱা নহয়। এই শব্দটো এনে এজনক কোৱা হয় যাৰ ক্ষমতা আছে, কোনোবা এজনৰ মালিক বুলি সেই জনক কোৱা নহয়। আপুনি এইটোক “বচ বা মালিক” বা “অগ্ৰজ” বা কোনোবা এজনৰ ক্ষেত্ৰত সাধাৰণভাবে ক্ষমতা থকা জনক ব্যৱহাৰ কৰা যেনে “মহাশয়” বুলি সম্বোধন কৰিব পাৰে।

যিজন তোমাৰ বিপক্ষে নহয় সেইজন তোমাৰ সপক্ষ

এইকথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যদি এজন মানুহে তোমাক বাধা নকৰে, ই এনে কথা যে তেওঁলোকে তোমাক সহায় কৰি আছে” বা “যদি কোনোৱে আপোনাৰ বিপক্ষে কাম নকৰে, তেওঁ আপোনাৰ সপক্ষে কাম কৰিছে।” কিছুমান আধুনিক ভাষাত সেই একে কথাটোকে একে অৰ্থকে বুজায়।

Luke 9:51-53

এইটো ঘটিছিল যে

কাহিনীটো এটা নতুন অংশৰ আৰম্ভণীৰ চিন হিচাপে এই বাক্যাংশটো ব্যৱহাৰ কৰা হৈছে। যদি আপোনাৰ ভাষাত এইটোৰ বাবে কিবা উপায় আছে, ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

তেওঁৰ বাবে উঠি যাবলৈ দিনবোৰ চমু চাপি আহিছিল

“তেওঁৰ বাবে উঠি যাবলৈ সময় হৈ আহিছিল” বা “তেওঁৰ বাবে উঠি যাবলৈ প্ৰায় সময় হৈ আহিছিল”

থিৰ মনেৰে

“থিৰাং কৰে মনেৰে” বা “বাৰে বাৰে থিৰাং কৰা”

তেওঁৰ মুখ ঠিক কৰিছিল

এইটো এটা বাক্যাংশ “তেওঁৰ মন থিৰ কৰিছিল” বা “সিদ্ধান্ত” বা “ নিশ্চয়কৈ স্থিৰ কৰিছিল” (UDB)। (বাক্যাংশ চাওক)

তেওঁৰ বাবে প্ৰস্তুত হবলৈ

এই কথাটোৰ অৰ্থ হৈছে সেই ঠাইত উপস্থিত হবলৈ কৰা আয়োজন, সম্ভৱত কথা কবলৈ ঠাই, থাকিবলৈ ঠাই আৰু আহাৰ।

তেওঁক গ্ৰহণ কৰা নাছিল

“তেওঁক সম্ভাষণ জনোৱা নাছিল” বা “তেওঁ থকাটো বিচৰা নাছিল”

Luke 9:54-56

এইটো দেখিছিল

“চমৰীয়া সকলে যে যীচুক গ্ৰহণ কৰা নাছিল”

তেওঁলোকক ধ্বংস কৰিবলৈ আকাশৰ পৰা জুই নমাই আনিবলৈ আদেশ দিয়ক

যাকোব আৰু যোহনে এই বিচাৰ কৰা পদ্ধতিটোৰ পৰামৰ্শ দিছিল কাৰণ যিবিলাকে ঈশ্বৰক অমান্য কৰিছিল তাৰ ওপৰলৈ এলিয়া ভাববাদীয়ে জুই নমাই অনা কথাটো তেওঁলোকে জানিছিল। (স্পষ্টতা আৰু সৰলতা চাওক)

তেওঁ তেওঁলোকলৈ ঘুৰিছিল আৰু ডাবি দিছিল

“যীচুৱে যাকোব আৰু যোহনলৈ ঘুৰিছিল আৰু সিহঁতক ডাবি দিছিল।” শিষ্যবিলাকে আশা কৰা মতে, যীচুৱে চমৰীয়া সকলক দোষী কৰা নাছিল।

Luke 9:57-58

কোনোবা এজন

এইজন শিষ্যবিলাকৰ মাজৰ নাছিল।

শিয়ালৰ গাঁত আছে... ক’তো তেওঁৰ মুৰ থবলৈ ঠাই নাই

যীচুৱে এই কথাটো প্ৰয়াগ কৰিছে যে যদি মানুহ কেইজনে তেওঁৰ অনুগমণ কৰে, সেইটোৰ বাবেও এটা ঘৰ নাথাকিব পাৰে। এই প্ৰায়োগিক তথ্যটো এইদৰে স্পষ্টৰূপত কৰিব পাৰি: “তোমালোকৰ যে একোটাকৈ ঘৰ হব সেইটো আশা নকৰিবা।” (স্পষ্টতা আৰু সৰলতাৰ তথ্য চাওক)

শিয়ালবোৰ

এইবোৰ হৈছে কুকুৰৰ নিচিনা সৰু মাটিত ফুৰা জন্তু। সেইবোৰে গুহাত বা মাটিত থকা গাঁতত থাকে।

আকাশৰ চৰাই

“আকাশত উৰি ফুৰা চৰাই”

মানুহৰ পুত্ৰ

তৃতীয় পুৰুষত যীচুৱে নিজৰ বিষয়ে কৈছে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মই মানুহৰ পুত্ৰই।” (প্ৰথম, দ্বিতীয়, বা তৃতীয় পুৰুষ চাওক)

ক’তো তেওঁৰ মুৰ থবলৈ ঠাই নাই

“ক’তো মোৰ মুৰ থবলৈ ঠাই নাই” বা “শুবলৈ ঠাই নাই।” এইটো এটা অক্ত্যোক্তি। এই বিষয়টোত পাৰ হৈ যাবলৈ যীচুৱে এই কথাটো অক্ত্যোক্তি কৰিছে যে তেওঁক থাকিবলৈ কোনেও আদৰি নিয়া নাই। (অক্ত্যোক্তি চাওক)

Luke 9:59-60

মোৰ পাছত আহা

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মোৰ অনুগামী হোৱা” বা “মোৰ শিষ্য হোৱা আৰু মোৰ লগে লগে আহা।”

মোক যাবলৈ অনুমতি দিয়ক

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “সেইটো কৰাৰ আগতে, মোক যাবলৈ দিয়ক।” এই মানুহজনৰ পৰা যীচুলৈ কৰা অনুৰোধ।

মৃত লোকবিলাকে তেওঁলোকৰ নিজৰ মৃতবিলাকক কবৰ দিয়ক

“মৃতলোক সকলে তেওঁলোকৰ নিজৰ মৃতলোক সকলক কবৰ দিয়ক।” যিহেতু যিসকল মৃত তেওঁলোকে আন কোনো মৃত লোকক কবৰ দিব নোৱাৰে, ইয়াত ইয়াৰ প্ৰায়োগিত তথ্যটো হৈছে “আত্মিক ভাবে মৃত লোকসকলে এই মৃতলোক বিলাকক কবৰ দিয়ক।” (স্পষ্টতা আৰু সৰলতা চাওক)

Luke 9:61-62

মই আপোনাৰ পাছে পাছে যাম

“মই শিষ্য হিচাপে আপোনাৰ লগত যুক্ত হম।” বা “মই আপোনাৰ লগত যাবলৈ অঙ্গীকাৰ কৰিছোঁ”

প্ৰথমতে মোক বিদায় লবলৈ অনুমতি দিয়ক

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মই সেইটো কৰাৰ আগতে, মোক বিদায় বুলি কবলৈ অনুমতি দিয়ক” বা “মই যে গৈ আছো তেওঁলোকক প্ৰথমে মোক এইটো কবলৈ দিয়ক।”

মোৰ ঘৰত থকা তেওঁলোকক

“মোৰ পৰিয়ালক” বা “মোৰ ঘৰৰ পৰিয়ালৰ মানুহবিলাকক”

কোনো এজনো... ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়

এইটো এটা সাধাৰণ উদ্ধতি প্ৰতিজন মানুহৰ বাবে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত যীচুৱে উল্লেখ কৰিছে। যিয়েই নহওক মানুহজনৰ প্ৰতি ইয়াৰ প্ৰায়োগিক অৰ্থটো হৈছে “মোক অনুগমণ কৰাৰ পৰিৱৰ্ত্তে তুমি যদি তোমাৰ এৰি অহা মানুহবিলাকৰ প্ৰতি মনোযোগ দিয়া তুমি মোৰ ৰাজ্যৰ বাবে উপযুক্ত নহবা” (স্পষ্টতা আৰু সৰলতা চাওক)

নাঙলত তেওঁৰ হাত দি

“তেওঁ নিজৰ পথাৰত হাল বাবলৈ আৰম্ভ কৰি।” খেতিয়ক বিলাকে তেওঁলোকৰ পথাৰত বীজ দিবলৈ নাঙলেৰে যুগুত কৰি লয়। সেই সমাজে যদি নাঙলৰ বিষয়ে বুজি নাপায় এই কথাটো সাধাৰণ বাবে অনুবাদ কৰিব যেনে: “তেওঁৰ নিজৰ পথাৰখন যুগুত কৰিবলৈ আৰম্ভ কৰি।” (অপৰিচিত অনুবাদবোৰ চাওক)

পাছলৈ ঘুৰি চাই

এজন ব্যক্তি যিয়ে হাল বাওঁতে পাছলৈ ঘুৰি চালে নাঙলটো কোন ফালে গৈছে তাক চলাই নিব নোৱাৰে। ভালদৰে হাল বাবলৈ হলে আগলৈ চাই লক্ষ্যৰে আগুৱাই যাব লাগে।

বাবে উপযুক্ত

“ বাবে উপকাৰী” বা “বাবে ঠিক উপযোগী”

Luke 10

Luke 10:1-2

সত্তৰজন

কিছুমান সংস্কৰণত কৈছে “বাসত্তৰজন। আপুনি পদটীকা অন্তৰ্ভুক্ত কৰিব পাৰে যিটোৱে কয় যে।

তেওঁলোকক যোৰ যোৰকৈ পঠিয়াই দিছিল

“তেওঁলোকক দুজন দুজনকৈ দলত পঠাই দিছিল” বা “প্ৰতিটো দলত দুজনকৈ দুজনকৈ পঠিয়াই দিছিল”

তেওঁ তেওঁলোকক কৈছিল

এই কথাটো আচলতে তেওঁলোকে ওলাই যোৱাৰ আগতে ঘটিছিল। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে ”এই কথাটোকেই তেওঁ সিহঁতক কৈছিল” বা “তেওঁলোক ওলাই যোৱাৰ আগতে তেওঁ তেওঁলোকক কৈছিল।”

শস্য যথেষ্ট সৰহ কিন্তু বনুৱা একেবাৰে তাকৰ

“শস্য অনেক সৰহ, কিন্তু সেইবোৰ চপাবলৈ বনুৱা অতি তাকৰ।” এই প্ৰকাশভঙ্গীটোৰ অৰ্থ হৈছে ঈশ্বৰৰ ৰাজ্যলৈ, স্বৰ্গ ৰাজ্যলৈ আনিবলৈ বহুত মানুহ আছে।

Luke 10:3-4

(যীচুৱে পঠিয়াই দিয়া ৭০ জন মানুহক একেৰাহে নিৰ্দেশনা দি আছে।)

তোমালোকৰ পথত যোৱা

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “নগৰবিলাকলৈ যোৱা” বা “মানুহবিলাকৰ ওচৰলৈ যোৱা” বা “যোৱা আৰু মানুহবিলাকক লৈ আনা।”

মই তোমালোকক ৰাং কুকুৰৰ মাজলৈ মেৰ স্বৰূপে তোমালোকক পঠাইছোঁ

এইটো এটা সাদৃশ্যতা যিটোৰ অৰ্থ হৈছে যিবিলাক মানুহৰ ওচৰলৈ যীচুৱে পঠোৱা মানুহবিলাক গৈছে তেওঁলোকক সেই বিলাকে আক্ৰমণ কৰিব পাৰে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যেতিয়া মই তোমালোকক পঠিয়াই দিছিলো, মানুহবিলাকে তোমালোকক ৰাং কুকুৰে আক্ৰমণ কৰাৰ দৰে কৰিবলৈ বিচাৰিব পাৰে।” অন্য জন্তুৰ নাম দি এই কথাটো কৰিব পাৰি। ( সাদৃশ্যতা চাওক)

মেৰবিলাক

মেৰবিলাক হৈছে ভেড়াৰ পোৱালি। আক্ৰমণ কৰা জন্তুৰ বিৰুদ্ধে সিহঁতে নিজে প্ৰতিৰক্ষা দিব নোৱাৰে।

ৰাং কুকুৰ

ৰংকুকুৰ বিলাক বনৰীয়া ডাঙৰ কুকুৰৰ দৰে একেই। সেইবোৰে আন আন জন্তু আক্ৰমণ কৰি খায়, যেনে মেৰবিলাক। এই “ৰাং কুকুৰবিলাক” একোটা মৌলিক শব্দ “বনৰীয়া কুকুৰ” বা “ভয়ানক কুকুৰ” বা মানুহৰ পৰিচিত বিশেষ নাম সৰু সৰু কুকুৰৰ দৰে যেনে “থুপুকা কুকুৰৰ” বা “শিয়ালৰ” দৰে জন্তুৰ নামেৰে অনুবাদ কৰিব পাৰি। (অপৰিচিত নাম কেনেকৈ অনুবাদ কৰা হয় চাওক)

ধনৰ জোলোঙা নলবা

“তোমালোকৰ লগত ধনৰ জোলোঙা এটাও নলবা”

বাটত কাকো সম্ভাষণ নজনাবা

যীচুৱে এইটো জোৰ দি কৈছে যে তেওঁলোকে বেগাই নগৰবিলাকলৈ যাওক আৰু এই কামটো কৰক। তেওঁলোকক গোমোঠা হবলৈ কোৱা নাই।

Luke 10:5-7

(যীচুৱে পঠিয়াই দিয়া ৭০ জন মানুহক একেৰাহে নিৰ্দেশনা দি আছে।)

এই ঘৰৰ কুশল হওক

“এই ঘৰৰ পৰিয়ালৰ লোকসকলে শান্তি পাওক।” এই কথাটো সম্ভাষণ আৰু আশীৰ্ব্বাদ এই দুয়োটাই আছিল।

এজন কুশলৰ পাত্ৰ

“এজন শান্তিৰ পাত্ৰ বা ব্যক্তি।” এই মানুহজনে ঈশ্বৰৰ লগত আৰু মানুহৰ শান্তি বিচাৰে।

তোমালোকৰ শান্তি তেওঁৰ ওপৰত বৰ্ত্তি থাকিব

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তুমি তেওঁক আশীৰ্ব্বাদ দিয়াৰ লগতে তেওঁৰ লগত শান্তি বৰ্ত্তি থাকিব।”

যদি নাই

“যদি তাত কুশলৰ পাত্ৰ কোনো ব্যক্তি নাই” বা “ঘৰৰ মালিকজন যদি শান্ত ব্য়ক্তি নহয়”

এই শান্তি তোমালোকলৈ ঘুৰি আহিব

“তোমালোকে সেই শান্তি গ্ৰহণ কৰিবা”

সেই ঘৰতে থাকিবা

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “সেই ঘৰতে শুই থাকিবা।” সেই ঘৰটোতে গোটেই দিনটো থাকিবলৈ যীচুৱে কোৱা নাই, কিন্তু যেতিয়া তেওঁলোকে সেই ঠাইত থাকে, সেই একেটা ঘৰতে প্ৰতি ৰাতি শুবলৈ কৈছে।

কিয়নো বনুৱা তাৰ বেচৰ যোগ্য

তেওঁ পঠিয়াই দিয়া গোটেই মানুহকেইজনৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা এইটো এটা সাধাৰণ নীতি যীচুৱে কৈ আছিল, মানুহবিলাকে তেওঁলোকক থাকিবলৈ আৰু খাবলৈ যোগান ধৰা উচিত।

এঘৰৰ পৰা আন এঘৰলৈ নাযাবা

ইয়াৰ অৰ্থটো হৈছে “প্ৰতিটো ৰাতি বেলেগ বেলেগ ঘৰত শুবলৈ নাযাবা।”

Luke 10:8-9

(যীচুৱে পঠিয়াই দিয়া ৭০ জন মানুহক একেৰাহে নিৰ্দেশনা দি আছে।)

আৰু তেওঁলোকে তোমালোকক গ্ৰহণ কৰে

“যদি তেওঁলোকে তোমালোকে আদৰি লয়”

তোমালোকৰ সন্মূথত যি দিয়ে তাকে খাবা

“তোমালোকক আগত যি আহাৰ দিয়ে তাকে গ্ৰহণ কৰিবা”

ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ পালেহি

এই কথাটোৱে এইটোকে বুজাই যে তেওঁলোকৰ চাৰিওফালে ঈশ্বৰৰ ৰাজ্যৰ কাৰুকাৰ্য্যবোৰ ঘটিব ধৰিছে যেনে শিষ্যবিলাকৰ সুস্থতাৰ কাৰ্য্যত আৰু যীচুৰ শিকলিবিলাকত। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তোমালোকৰ চাৰিওফালে ঈশ্বৰৰ ৰাজ্য আছে তোমালোকে দেখিছা।”

Luke 10:10-12

(যীচুৱে পঠিয়াই দিয়া ৭০ জন মানুহক একেৰাহে নিৰ্দেশনা দি আছে।)

আৰু যদি তেওঁলোকে তোমালোকক গ্ৰহণ নকৰে

“যদি তেওঁলোকে তোমালোকক অগ্ৰাহ্য কৰে”

আনকি আমাৰ ভৰিত লাগি থকা তোমালোকৰ নগৰৰ ধুলিও, তোমালোকৰ বিপক্ষে জোকাৰি পেলাওঁ! – এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যিহেতু তোমালোকে আমাক অগ্ৰাহ্য কৰিছা, আমিও তোমালোকক সম্পুৰ্ণৰূপে অগ্ৰাহ্য কৰিলো” বা “আনকি আমি আমাৰ ভৰিত লাগি থকা তোমালোকৰ নগৰৰ ধুলিও অগ্ৰাহ্য কৰিছো।” যিহেতু যীচুৱে তেওঁলোকক দুজনীয়া দলত পঠিয়াইছিল, দুজন মানুহে এই কথাটো কব লাগিব। সেয়ে ভাষাৰ দ্বৈত ৰূপ “আমি” ইয়াত ব্যৱহাৰ কৰিব লাগে। (ইংৰাজীৰ বহুবচনৰ সৰ্ব্বনামবোৰ পদ চাওক)

কিন্তু এইটো জানিবা যে, ঈশ্বৰৰ ৰাজ্য চমু চাপি আহিল

এই বাক্যাংশটোৱে এটা সাৱধান বাণীৰ পৰিচয়া কৰাই দিয়ে। ইয়াৰ অৰ্থটো হৈছে “যদিও তোমালোকে আমাক অগ্ৰাহ্য কৰিছা, ঈশ্বৰৰ ৰাজ্য যে ইয়াত আহি পালে সেই বাস্তৱ কথাটো সলনি নহয়!”

ঈশ্বৰৰ ৰাজ্য চমু চাপিছে

“ঈশ্বৰৰ ৰাজ্য তোমালোকৰ মাজতে আছে।”

মই তোমালোকক কওঁ

যীচুৱে পঠিয়াই দিয়া সেই ৭০ জন লোকক কৈ আছিল। তেওঁ এইটো কৈ ইয়াকে দেখুৱাইছে যে তেওঁ কিবা এটা অতি গুৰুত্বপুৰ্ণ কথা কবলৈ ওলাইছে।

সেই সোধবিচাৰৰ দিন

এই বাক্যাংশটোৱে অতি সাধাৰণভাবে কৈছে “ সেই দিনটো।” কিন্তু শিষ্যবিলাকে এইটো কথাটোক পাপীবিলাকৰ অন্তিম বিচাৰৰ দিন বুলি বুজিছিল (স্পষ্টতা আৰু সৰলতা চাওক)

সেই দিনা সেই নগৰৰ দশাতকৈ, চদোমৰ দশা সহিবলৈ লঘু হব

“সেই নগৰ যিমান কঠিনকৈ বিচাৰ কৰা হব আনকি চদোম নগৰখনকো সিমান কঠিনকৈ বিচাৰ কৰা নহব।” ইয়াৰ অৰ্থটো ”সেই নগৰখনক চদোম নগৰতকৈ বেছি কঠিনকৈ বিচাৰ কৰা হব।”

Luke 10:13-15

(যীচুৱে কথা কৈ সেই ৭০ জনৰ পৰা ঘুৰিছে আৰু তিনিখন নগৰৰ মানুহবিলাকক কথা কৈছে।)

হায় হায়, কোৰাচীন! হায় হায়, বৈৎচৈদা

কোৰাচীন আৰু বৈৎচৈদাৰ মানুহবিলাকে যেন শুনিহে আছে যীচুৱে এইদৰে কৈছিল, কিন্তু সিহঁতে শুনি থকা নাছিল। (উৰ্ধকমা চাওক)

তোমালোকত যি যি পৰাক্ৰম কাৰ্য্যবোৰ কৰা হৈছিল

এই কথাটো UDBত সক্ৰিয় ক্ৰিয়া পদত এইদৰে অনুবাদ কৰিব পাৰি যেনে “মই যি পৰাক্ৰম কাৰ্য্যবোৰ তোমালোকৰ বাবে কৰিলো।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তুৰ আৰু চীদোনত কৰা হলে

এই কথাটো সক্ৰিয় ক্ৰিয়া পদত এইদৰে অনুবাদ কৰিব পাৰি যেনে ”যদি কোনোবাই সেইবোৰ কাৰ্য্য তুৰ আৰু চীদোনত কৰিলেহেঁতেন।”

তেওঁলোকে বহুদিনৰ আগেয়েই মন পালটন কৰিলেহেঁতেন

“সেই দুষ্ট মানুহবোৰ যিবিলাকে তাত বাস কৰিছিল তেওঁলোকে তেওঁলোকৰ পাপবোৰৰ বাবে যে দুখিত হৈছে সেইটো দেখুৱালে হেঁতেন।“ (UDB চাওক)

চটকাপোৰত আৰু ছাঁইত বহি

“চট কাপোৰ পিন্ধি আৰু ছাঁইত বহি।” যেতিয়া মানুহবিলাক অতি দুখিত হয়, তেওঁলোকে খজুৱতি হোৱা কাপোৰ পিন্ধে, আৰু তেওঁলোকৰ মুৰত ছাঁই সানে, আনকি ছাঁইত বহি থাকে। যেতিয়া তেওঁলোকে ঈশ্বৰৰ বিপক্ষে পাপ কৰি অতিপাত দুখিত হলেও এইদৰে কৰে।

তোমালোকতকৈ... তুৰ আৰু চীদোনৰ দশা সহিবলৈ লঘু হব

“তুৰ আৰু চীদোনৰ মানুহবিলাকক শাস্তি দিয়াতকৈ ঈশ্বৰে তোমালোকক অতি কঠিন শাস্তি দিব।” এইটোৰ বাবে UDBত স্পষ্ট কৰাৰ কাৰণঃ “তোমালোকে মোক অলৌকিক কাৰ্য্য কৰা দেখিও মন পালটন নকৰিলা আৰু বিশ্বাস নকৰিলা!” (স্পষ্টতা আৰু সৰলতাৰ তথ্য চাওক)

সোধবিচাৰত

“ সেই দিনাখন যেতিয়া ঈশ্বৰে প্ৰতিজনক বিচাৰ কৰিব।” (UDB)

আৰু তুমি, কফৰনাহুম

যীচুৱে এতিয়া কফৰনাহুম নগৰৰ মানুহবিলাকক কৈ আছে তেওঁলোকে যেন শুনিহে আছে, কিন্তু তেওঁলোকে শুনি থকা নাছিল।

তোমাক স্বৰ্গলৈ তোলা হব বুলি ভাবা নে

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন যিটোত যীচুৱে কোৰাচীনৰ মানুহবিলাকক তেওঁলোকৰ গৰ্ব্বৰ কাৰণে গালি দিছে। (অলঙ্কাৰীক প্ৰশ্ন চাওক)। এই কথাটো এনেদৰে সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি যেনে “তুমি স্বৰ্গলৈ উঠি যাবা নে” বা “ঈশ্বৰে তোমাক আগৰ কৰিব বুলি তুমি ভাবা নেকি?” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

উত্তোলিত হব

উত্তোলিত হব এই কথাটো এটা বাক্যাংশ অৰ্থটো “আদৰ কৰা হব।” (বাক্যাংশ চাওক)

Luke 10:16

(যীচুৱে পঠিয়াই দিয়া ৭০ জনক শিকনি দি শেষ কৰিছে।)

যিজনে তোমালোকৰ কথা শুনে তেওঁ মোৰ কথাও শুনে

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যেতিয়া কোনোৱে তোমালোকৰ কথা শুনে, তাৰ মানে সিহঁতে মোৰ কথা শুনা যেন হয়।”

যিজনে তোমালোকক অগ্ৰাহ্য কৰে তেওঁ মোকো অগ্ৰাহ্য কৰে

“যেতিয়া কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তাৰ মানে সিহঁতে মোকো অগ্ৰাহ্য কৰা যেন হয়।”

যিজনে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱাজনকো অগ্ৰাহ্য কৰে

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ যেতিয়া কোনো জনে মোক অগ্ৰাহ্য কৰে, তেওঁলোকে মোক পঠোৱাজনকো অগ্ৰাহ্য কৰা যেন হয়।”

যিজনে মোক পঠালে

এই কথাটোৱে পিতৃ ঈশ্বৰক বুজাইছে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰ, যিজনে মোক পঠালে” (UDB)

Luke 10:17-20

(কিছু সময় পাৰ হোৱাৰ পাছত, যীচু য’ত আছিল তালৈ সেই সত্তৰজন শিষ্য ঘুৰি আহিল।)

সত্তৰজন –আপুনি পদটীকা যোগ কৰিবলৈ বিচাৰিব পাৰেঃ “কোনো কোনো সংস্কৰণত ‘৭০’ জনৰ পৰিৱৰ্তে ‘৭২’ জন আছে।”

সত্তৰজন ঘুৰি আহিছিল

UDBৰ টোকাৰ মতে কিছুমান ভাষাত এইটো কোৱাৰ দৰকাৰ যে আচলতে এই সত্তৰজন ওলাই গৈছিল। এই অস্পষ্ট তথ্যটো সৰল হিচাপে প্ৰয়োগ কৰিব পাৰি। (স্পষ্টতা আৰু সৰলতা চোৱা)

আকাশৰ পৰা চয়তানক বিজুলীৰ নিচিনাকৈ মই পৰি যোৱা দেখিলোঁ

ঈশ্বৰে যেতিয়া তেওঁৰ ৭০ জন শিষ্যক নগৰবিলাকত প্ৰচাৰ কৰি থাকোঁতে ঈশ্বৰে কেনেকৈ চয়তানক পৰাভুত কৰিছিল তাক যীচুৱে এই সাদৃশ্যতাত বাযৱহাৰ কৰিছে।

সাপ আৰু কেকোঁৰা

বিছা গচকিবলৈ ক্ষমতা দি

“সাপৰ ওপৰত গছকিবলৈ আৰু কেকোঁৰা

বিছা মুচৰিবলৈ ক্ষমতা দিয়া।” সাম্ভাব্য অৰ্থবোৰ হৈছে

১) এইটোৱে আচল সাপ আৰু কেকোঁৰা

বিছা বুজাই বা ২) সাপ আৰু কেকোঁৰা

বিছা দুষ্ট আত্মা বুজোৱা একোটা প্ৰকাশভঙ্গী। UDBত এই অনুবাদটো দুষ্ট আত্মাক বুজাইছেঃ “মই তোমালোকক দুষ্ট আত্মাক আক্ৰমণ কৰিবলৈ ক্ষমতা দিলোঁ।” (প্ৰকাশভঙ্গী চাওক)

সাপ আৰু কেকোঁৰা

বিছা গচকিবলৈ

এইটোৱে ইয়াকে বুজায় যে তেওঁলোকে এইটো কৰিব আৰু তেওঁলোকক আঘাতিত নহব। আপুনি এইটো সৰলভাবে প্ৰকাশ কৰিব পাৰেঃ “সাপ আৰু কেকোঁৰা

বিছাক গছকিবলৈ আৰু কোনো আঘাত নহব।

শত্ৰূৰ ওপৰত সকলো ক্ষমতা

“শত্ৰূৰ সকলো ক্ষমতাক মুচৰিবলৈ মই তোমালোকক ক্ষমতা দিলোঁ” বা “শত্ৰূক পৰাভুত কৰিবলৈ মই তোমালোকক ক্ষমতা দিলোঁ।” সেই শত্ৰূ হৈছে চয়তান।

এইটোত আনন্দ কৰা

এই “এইটোত” শব্দই ইয়াৰ পাছৰ বাক্যাংশটো বুজাইছে “যে সেই আত্মাবোৰ তোমালোকৰ বশীভুত হয়।”

তোমালোকৰ নামবোৰ যে স্বৰ্গত লিপিবদ্ধ কৰা হ’ল

এই কথাটো এইদৰে এক সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰে তোমালোকৰ নামবোৰ স্বৰ্গত লিপিবদ্ধ কৰিলে” বা “যি বিলাক স্বৰ্গৰাজ্যৰ নাগৰিক তেওঁ নামৰ তালিকাত তোমালোকৰ নামবোৰ লিখা হ’ল।”

Luke 10:21

(যীচুৱে শিষ্যবিলাকৰ উপস্থিতিত পোনে পোনে তেওঁ পিতৃক কবলৈ আৰম্ভ কৰিছে।)

স্বৰ্গ আৰু পৃথিবীৰ প্ৰভু

“প্ৰতিজনৰ আৰু স্বৰ্গ আৰু পৃথিবীত থকা সকলোৰে মালিক।”

এই বিষয়বোৰ

এই কথাটোৱে শিষ্যবিলাকক দিয়া ক্ষমতাৰ বিষয়ে যীচুৰ আগৰ শিক্ষাবিলাকক বুজাইছে। ইয়াক সাধাৰণভাবে এনেদৰে কোৱাটো ভাল হব “এইবোৰ বিষয়” আৰু পঢ়ৱৈৱে নিজে ইয়াৰ অৰ্থ ঠিক কৰি লওক।

জ্ঞানী আৰু সুবুদ্ধি

“যিবোৰ মানুহ জ্ঞানী আৰু সুবুদ্ধি তেওঁলোকৰ পৰা।” এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যিবোৰ মানুহে নিজকে সুবুদ্ধি আৰু জ্ঞানী বুলি ভাবে।” (বিপৰীতাৰ্থ চাওক)

সৰু সৰু শিশুবিলাকৰ দৰে নিশিকা

এই শব্দটোৱে গ্ৰীক ভাষাত অতি সৰু শিশুবিলাকক বুজাইছে। সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “অশিক্ষিত” (ULB) ২) “যিবিলাকে আপোনাৰ সত্যতা পোনে পোনে গ্ৰহাণ কৰে” (UDB)।

সৰু সৰু শিশুবিলাকৰ দৰে

যিবিলাক লোক জ্ঞানী আৰু সুবুদ্ধি নহয়, বা যিবিলাক মানুহে জানে যে তেওঁলোক জ্ঞানী সুবুদ্ধিযুক্ত নহয় তাৰ বাবে ই এক সাদৃশ্যতা। (সাদৃশ্যতা চাওক)

কিয়নো সেয়ে তোমাৰ দৃষ্টিত সন্তোষজনক হ’ল

“কিয়নো তুমি দেখিলা যে এইটো কৰিবলৈ উত্তম আছিল।”

Luke 10:22

(যীচুৱে এতিয়া তেওঁৰ শিষ্যবিলাকক কথা কৈ আছে।)

ইয়াত আপুনি এটা পাতনি দি মন্তব্য দিয়া প্ৰয়োজন যেনে “যীচুৱে তেওঁৰ শিষ্যবিলাককো কৈ আছিল” (UDB)।

মোৰ পিতৃৰ দ্বাৰা সকলোবোৰ বিষয় মোৰ হাতত অৰ্পণ কৰা হৈছে

এই কথাটো এটা সক্ৰিয় ক্ৰিয়া পদত এইদৰে অনুবাদ কৰিব পাৰি যেনে “মোৰ পিতৃয়ে সকলোবোৰ মোৰ হাতত অৰ্পণ কৰি দিছে।”(সক্ৰিয়তা বা নিস্ক্ৰিতা চাওক)

সেই পুত্ৰ

যীচুৱে নিজকে তৃতীয় পুৰুষত বুজাইছে। (প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰুষ চাওক)

সেই পুত্ৰনো কোন জানে

এই শব্দটো অনুবাদ হৈছে যেনে “পৰিচিত” অৰ্থ হৈছে ব্যক্তিগত অভিজ্ঞতাৰ পৰা জ্ঞাত হোৱা। পিতৃ ঈশ্বৰে যীচুক এই পৰ্যন্তলৈকে জানে।

পিতৃৰ বাহিৰে

ইয়াৰ অৰ্থটো হৈছে “পুত্ৰনো কোন কেৱল পিতৃয়েহে জানে।”

পিতৃনো কোন তাক জানে – এই শব্দটো অনুবাদ হৈছে যেনে “পৰিচিত” অৰ্থ হৈছে ব্যক্তিগত অভিজ্ঞতাৰ পৰা জ্ঞাত হোৱা। যীচুৱে তেওঁৰ পিতৃ ঈশ্বৰক এইদৰেই জানে।

পুত্ৰৰ বাহিৰে

ইয়াৰ অৰ্থটো হৈছে “পিতৃনো কোন তাক কেৱল পুত্ৰইহে জানে।”

আৰু যিকোনো যাৰ আগত সেই পুত্ৰই তেওঁক প্ৰকাশ কৰিব বিচাৰে

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “পুত্ৰই যদি সেই পিতৃক তেওঁলোকৰ আগত প্ৰকাশ কৰিব বিচাৰে তেতিয়াহে মানুহবিলাকে পিতৃনো কোন তাক জানিব পাৰে।”

Luke 10:23-24

তেওঁ গোপনে কৈছিল

“তেওঁলোকক অকলশৰে।” সম্ভৱ এইটো পাছত কোনোবা সময়ত। UDB য়ে এইটো স্পষ্ট কৰিছেঃ “তাৰ পাছত যেতিয়া তেওঁৰ শিষ্যবিলাক তেওঁ লগত অকলশৰে আছিল।” (স্পষ্টতা আৰু সৰলতা চাওক)

তোমালোকে দেখা বিষয়বোৰ যিবিলোকে দেখিছে তেওঁলোক ধন্য

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তোমালোকে দেখা এই বিষয়বোৰ যিবিলাকে দেখিলে তেওঁবিলাক কিমান যে ধন্য।” যিবিলাক মানুহে যীচুৰ ওচৰলৈ আহি শুনা সকলোবিলাকক সম্ভৱ ই বুজাইছে।

যিবিলাক তোমালোকে দেখিলা

“ মই কৰা এই যিবোৰ তোমালোকে দেখিলা”

যিবিলাক তোমালোকে শুনিলা

“ মই কৰা এই যিবোৰ তোমালোকে শুনিলা”

Luke 10:25-28

চোৱা

এই ঘটনাটো কিছু সময়ৰ পাছত ঘটিছিল। UDB ত থকাৰ দৰে আপুনি এই কথাটো পঢ়ুৱৈবিলাকলৈ স্পষ্ট কৰিব পাৰেঃ “এদিনাখন যেতিয়া যীচুৱে মানুহবিলাকক শিকাই আছিল।”

আৰু চোৱা, এজন শিক্ষক/অধ্যাপক – এই “চোৱা” শব্দই কাহিনীটোত এজন নতুন মানুহলৈ আমাক সজাগ কৰি দিয়ে। আপোনাৰ ভাষাত এইটো কৰিবলৈ এক উপায় থাকিব পাৰে। ইংৰাজীৰ ব্যৱহাৰ হৈছে “তাতে কোনোবা শিক্ষক এজন আছিল...।”

তেওঁক পৰীক্ষা কৰিছিল

“যীচুক পৰীক্ষা কৰিছিল”

বিধানক কি লিখা আছে

এই কথাটো এক সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি যেনে “মোচিয়ে বিধানত কি লিখিছিল” বা “শাস্ত্ৰই কি বুলি কয় ?” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

আপুনি কেনেকৈ পঢ়িছে ?

“আপুনি তাত কেনেকৈ পঢ়িছে?” বা “কবৰ বাবে আপুনি কি বুলি বুজিছে ?”

তুমি প্ৰম কৰিবা...

এই মানুহজনে দ্বিতীয় বিৱৰণৰ ১৯:১৮ পদ উল্লেখ কৰি উত্তৰ দিছিল।

তোমাৰ চুবুৰীয়াক

এই কথাটোৱে আপোনাৰ সমাজৰ সদস্যসকলক বুজাইছে। এই কথাটো “আপোনাৰ সহ

নাগৰিক” বা “আপোনাৰ সমাজৰ মানুহবিলাকক” বুলি অনুবাদ কৰিব পাৰি।

Luke 10:29-30

কিন্তু সেই অধ্যাপকজনে, নিজকে নিৰ্দোষী কৰিবলৈ ইচ্ছা কৰি, কৈছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “কিন্তু তেওঁ নিজকে নিৰ্দোষী কৰিবলৈ উপায় বিচাৰিছিল আৰু সেয়ে তেওঁ কৈছিল” বা “কিন্তু তেওঁ নিজকে ধাৰ্ম্মিক বুলি দেখুৱাই, তেওঁ কৈছিল।”

উত্তৰ দি, যীচুক কৈছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “প্ৰত্যুত্তৰত, যীচুৱে তেওঁখ এই কাহিনীটো কৈছিল।”

তেওঁ ডকাইতবিলাকৰ হাতত পৰিল

“ডকাইতবিলাকৰ দ্বাৰা আগুৰি ধৰা হৈছিল।” এই কথাটো এইদৰে এক সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি যেনে “কিছুমান ডকাইতে তেওঁক আক্ৰমণ কৰিছিল।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তেওঁৰ বস্তুবোৰ তেওঁ পৰা কাঢ়ি লৈছিল

“তেওঁৰ যি যি আছিল সকলোবোৰ লৈছিল” বা “ তেওঁৰ সকলোবোৰ চুৰ কৰি লৈছিল”

Luke 10:31-32

(যীচুৱে একেৰাহে তেওঁৰ কাহিনীটো কৈ আছিল যিজনে সুধিছিল “মোৰ চুবুৰীয়ানো কোন?”)

হঠাতে

এইটো কোনো ব্যক্তিয়ে ইতিমধ্যে পৰিকল্পনা কৰা মতে নাছিল।

কোনো এজন পুৰোহিত

এই প্ৰকাশটোৱে কাহিনীটোত মোক এজন মানুহৰ লগত পৰিচয় কৰাই দিয়ে, কিন্তু মানুহজনৰ নামেৰে চিনাকি নিদিয়ে।

আৰু যেতিয়া তেওঁ তেওঁক দেখিছিল

“আৰু যেতিয়া সেই পুৰোহিত জনে সেই আঘাত পোৱা মানুহ জনক দেখিছিল।” এজন পুৰোহিত হৈছে অতি ধাৰ্ম্মিক ব্যক্তি, সেয়ে সেই দৰ্শকসকলে অনুমান কৰিব যে তেওঁ সেই আঘাত পোৱা মানুহজনক সহায় কৰিব। যিহেতু তেওঁ নকৰিলে, এই বাক্যাংশটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “কিন্তু যেতিয়া তেওঁ তেওঁক দেখি পালে” এক আশা নকৰা ফলাফললৈ মনোযোগ কৰোৱাইছিল।

তেওঁ আনফালেদি পাৰ হৈ গুচি গ’ল

“তেওঁ মানুহজনক পাৰ হৈ ৰাস্তাৰ আনফালেদি আতৰি গুচি গ’ল।”

তেওঁ পাৰ হৈ গ’ল

এইটোৱে বুজাই যে সেই মানুহজনক তেওঁ সহায় নকৰিলে। এইটোক স্পষ্ট কৰিব পাৰিঃ “তেওঁ আঘাত পোৱা মানুহজনক অলপো সহায় নকৰি পাৰ হৈ গুচি গ’ল।” (স্পষ্টতা আৰু সৰলতা চাওক)

Luke 10:33-35

(যীচুৱে একেৰাহে তেওঁৰ কাহিনীটো কৈ আছিল যিজনে সুধিছিল “মোৰ চুবুৰীয়ানো কোন?”)

কিন্তু এজন চমৰীয়া

এই প্ৰকাশটোৱে কাহিনীটোত মোক এজন মানুহৰ লগত পৰিচয় কৰাই দিয়ে, কিন্তু মানুহজনৰ নামেৰে চিনাকি নিদিয়ে। আমি জানো যে তেওঁ এজন চমৰীয়া মানুহ। যিহুদীবিলাকে চমৰীয়াবিলাকক ঘিণ কৰিছিল আৰু আমি এইটো অনুমান কৰি পাৰো যে তেওঁ আঘাত সেই যিহুদী মানুহজনক সহায় নকৰিব।

যেতিয়া তেওঁ তেওঁক দেখিছিল

“যেতিয়া সেই চমৰীয়া লোকজনে সেই আঘাত পোৱা মানুহজনক দেখিছিল”

তেওঁ তেওঁৰ প্ৰতি পুতৌ উপজিল

“তেওঁ তেওঁৰ বাবে অতি দুখিত হ’ল”

তেওঁৰ আঘাতবোৰ বান্ধি দিছিল, তেল আৰু দ্ৰাক্ষাৰস তাত বাকি দিছিল

যিহেতু তেওঁ প্ৰথমতে তেল আৰু দ্ৰাক্ষাৰস বাকি দিছিল, এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ তেওঁ আঘাত পোৱা ঠাইত দ্ৰাক্ষাৰস আৰু তেল বাকি দিছিল আৰু সেইবোৰ কাপোৰেৰে বান্ধি দিছিল।“ দ্ৰাক্ষাৰস আঘাতবোৰ চাফা কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু তেল সম্ভৱ কোনো সংক্ৰমণ নহবলৈ ব্যৱহাৰ কৰা হয়।

তেওঁৰ নিজৰ জন্তুটোত

“ তেওঁৰ নিজৰ বস্তু কঢ়িওৱা জন্তুত।” এইটো গধুৰ বোজা কঢ়িওৱা এনে এটা জন্তু। সম্ভৱ এইটো এটা গাধ আছিল।

দুটা আধলি

“দুদিনৰ পাৰিশ্ৰমিক।” “ডিনাৰী(আধলিবোৰ)” হৈছে “ডিনৰীয়াচ(আধলি)”ৰ বহু বচনৰ ৰূপ। (বাইবেলৰ সময়ৰ টকা

পইচা চাওক)

সেই ঘৰৰ গৰাকী

“ অতিথিশালাৰ মালিক” বা “যিজন ব্যক্তিয়ে সেই অতিথিশালাৰ চোৱাচিতা কৰে”

Luke 10:36-37

(যীচুৱে একেৰাহে তেওঁৰ কাহিনীটো কৈ আছিল যিজনে সুধিছিল “মোৰ চুবুৰীয়ানো কোন?”)

তোমাৰ বিবেচনাত, এই তিনিজনৰ

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তুমি কি বুলি ভাবা? এই তিনিজনৰ কোন জন।”

এজন চুবুৰীয়া

“তেওঁ নিজকে এজন প্ৰকৃত চুবুৰীয়া বুলি দেখুৱাইছিল” (UDB)

তেওঁলৈ যিজনে সেই ডকাইতবোৰৰ হাতত পৰিছিল

“সেই মানুহজনৰ বাবে যিজনক ডকাইতবোৰে আক্ৰমণ কৰিছিল”

Luke 10:38-39

এতিয়া তেওঁলোকে একেলগে যাত্ৰা কৰি গৈ আছিল

“এতিয়া যীচু আৰু তেওঁ শিষ্যবিলাকে একেলগে যাত্ৰা কৰা গৈ আছিল।” যিহেতু এইটো কাহিনীটোৰ এটা নতুন অংশ, কিছুমান ভাষাত “তেওঁলোক” কোন আছিল সেইটো কোৱাটো স্বাভাৱিক যেন লাগিব। এই কথাটো যে কাহিনীটোত নতুন কথা সেইটো আপোনাৰ ভাষাত দেখুৱাবলৈ কিবা উপায় থাকিব পাৰে।

এখন গাঁৱত

এইটোৱে নতুন স্থান এটাৰ গাঁও এখন পৰিচয় কৰাই দিয়ে কিন্তু তাৰ নাম নিদিয়ে।

মাৰ্থা নামৰ এগৰাকী মহিলা

মাৰ্থাক এটা নতুন চৰিত্ৰ হিচাপে ই পৰিচয় কৰাই দিয়ে। নতুন মানুহক পৰিচয় কৰাই দিবলৈ আপোনাৰ ভাষাত কিবা উপায় থাকিব পাৰে।

প্ৰভুৰ চৰণত বহিছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে ”মজিয়াত বহিছিল আৰু প্ৰভুৱে শিকোৱা কথা শুনিছিল।” সেই দিনবিলাকত এজন শিকাৰুৰ বাবে এই অৱস্থানটো আছিল এটা সন্মানীয় অৱস্থান।

Luke 10:40-42

আপুনি নাচায় নে – এনে বহুত কাম কৰিবলৈ বাকি থকাটো মৰিয়মক বহি কথা শুনিবলৈ দিয়াত মাৰ্থাই প্ৰভুক আপত্তি কৰি আছে। তাই প্ৰভুক অতি আদৰ কৰে, সেয়ে তাই এক অলঙ্কাৰীক প্ৰশ্ন ব্যৱহাৰ কৰি তাইৰ আপত্তিটো শুৱলা কৰিছে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “এনে দেখা গৈছে যে আপুনি অকনো নাচায়েই।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

যিটো তাইৰ পৰা আতৰাই নিয়া নহব

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “মই তাইৰ পৰা এই সুযোগটো আতৰাই নিনিওঁ” বা ২) “তাই যিদৰে মোৰ কথা শুনি যি পাইছে তাই সেইটো নেহেৰুৱাব।”

Luke 11

Luke 11:1

এইটো ঘটিছিল

এই বাক্যাংশটো কাহিনীটোত এটা নতুন কাহিনীৰ আৰম্ভণীৰ চিন হিচাপে ব্যৱহাৰ কৰা হৈছে। যদি আপোনাৰ ভাষাত এইটো কৰাৰ কিবা উপায় থাকিলে, ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

যেতিয়া তেওঁ প্ৰাৰ্থনা কৰাৰ শেষ কৰিছিল

কিছুমান ভাষাত “তেওঁ” শব্দটো সৰ্ব্বনাম হিচাপে ব্যৱহাৰ কৰাৰ পৰিৱৰ্ত্তে যীচুৰ নাম ব্যৱহাৰ কৰিলে বেছি স্বাভাৱিক যেন লাগিব। এইটো আৰু বেছি স্বাভাৱিক যেন লাগিব “যেতিয়া তেওঁ প্ৰাৰ্থনা কৰা শেষ কৰিছিল” বুলি কোৱাৰ আগতে যীচুৱে প্ৰাৰ্থনা কৰি আছিল বুলি কব। (UDB চাওক)

Luke 11:2

যীচুৱে তেওঁলোকক কৈছিল

“ যীচুৱে তেওঁৰ শিষ্যবিলাকক কৈছিল”

তোমালোকৰ নাম পবিত্ৰ কৰা

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “সকলো মানুহে তোমালোকক আদৰ কৰক” বা “তোমাৰ নামটো সকলোৱে আদৰ কৰাৰ কাৰণ হওক।” ইয়াৰ অৰ্থ হৈছে “তোমালোক সকলোৱে আদৰ কৰাটো আমি বিচাৰোঁ।”

তোমাৰ ৰাজ্য আহক

“তোমাৰ ৰাজ্য প্ৰতিষ্ঠা হওক” বা “তোমাৰ লোকবিলাকক তুমি শাসন কৰাটো আমি বিচাৰোঁ।”

Luke 11:3-4

(কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে যীচুৱে তেওঁৰ শিষ্যবিলাকক শিকাই আছে।)

আমাৰ দৈনিক আহাৰ

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “প্ৰতি দিনে আমাৰ প্ৰয়োজন হোৱা আমাৰ খাদ্য।” মানুহবিলাকে প্ৰতিদিনে খোৱা খাদ্যৰ ভিতৰত পিঠা আছিল অতি নিম্ন মুল্যৰ। সাধাৰণভাবে এইটোক খাদ্য হিচাপে ইয়াত ব্যৱহাৰ কৰি হৈছে।

আমাৰ পাপবোৰৰ পৰা আমাক ক্ষমা কৰা

“তোমাৰ বিপক্ষে কৰা আমাৰ পাপবোৰ ক্ষমা কৰা” বা “আমাৰ পাপবোৰ ক্ষমা কৰা”

কিয়নো আমি যেনেকৈ ক্ষমা কৰিলোঁ

“যিহেতু আমিও ক্ষমা কৰিলোঁ”

যিসকল আমাৰ ধৰুৱা

“যি বিলাকে আমাৰ বিৰুদ্ধে পাপ কৰিলে” বা “আমাৰ প্ৰতি যিবিলাকে ভুল কৰিলে”

আমাক পৰীক্ষালৈ নিনিবা

এইটো কথা কোৱাৰ লক্ষণ সেইটোৰ অৰ্থ হৈছে “আমাক পৰীক্ষাৰ পৰা আতৰাই ৰাখা।” (অলঙ্কাৰীক প্ৰভাব চাওক)

Luke 11:5-8

( প্ৰাৰ্থনা কৰাৰ বিষয়ে যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে শিকাই আছে।)

তোমালোকৰ কাৰ থাকিব

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ধৰা হ’ল তোমালোকৰ এজনৰ আছে” বা “ধৰা হ’ল তোমাৰ আছে।” যদি এনে এক পৰিস্থিতি হয় তেতিয়া কি ঘটিব সেইটোৰ ক্ষেত্ৰত মানুহবিলাকে কেনে বিবেচনা কৰিব সেই বিষয়ে যীচুৱে এই আওপকীয়া প্ৰশ্ন ব্য়ৱহাৰ কৰিছে। (আওপকীয়া প্ৰশ্ন চাওক)

মোক তিনিটা পিঠা ধাৰে দিয়া

“মোক তিনিটা পিঠা ধাৰ কৰিবলৈ দিয়া” বা “মোক তিনিটা পিঠা ধাৰে দিয়া আৰু মই তোমাক পাছত পৰিশোধ কৰিম।” এই গৃহস্থজনৰ আলহীক অপ্যায়ণ কৰিবলৈ একো আহাৰ নাছিল।

তিনিটা পিঠা – যদি আপোনাৰ মানুহবিলাকে পিঠা কিয় খুজিছে বুলি আচৰিত হয়, আপুনি এক মৌলিক কথা ব্যৱহাৰ কৰিব পাৰে যেনে “ৰান্ধা খাদ্য” বা “যুগুত কৰা খাদ্য।”

বাটৰ পৰা এই মাত্ৰ ঘৰৰ ভিতৰ সোমাল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যাত্ৰা কৰি আছিল আৰু এইমাত্ৰ মোৰ ঘৰত সোমাল।”

তেওঁৰ আগত খাবলৈ দিবৰ বাবে

“তেওঁক দিবৰ বাবে একো যুগুত কৰা খাদ্য নাই।”

মই উঠিব নোৱাৰো

“মই উঠি যাবৰ বাবে এইটো মোৰ সুবিধাজনক নহয়।”

মই তোমালোকক কওঁ

যীচুৱে শিষ্যবিলাকক কৈ আছিল, সেয়ে এই “তোমালোক” শব্দটো বহুবচন। (তুমি শব্দৰ ৰূপ চাওক)

তুমি তেওঁৰ বন্ধু হোৱা হেতুকে তোমাক পিঠা দিব

যীচুৱে তেওঁৰ শিষ্যবিলাকক সম্বোধন কৰিছে যেন তেওঁলোকৰ মাজৰ এজনেহে পিঠা খুজিছে। যদি এই শব্দটোৱে আপোনাৰ দৰ্শকসকলক কিবা খেলিমেলি কৰিলে, এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁ তেওঁৰ বন্ধু হোৱা কাৰণে তেওঁক পিঠা দিব।”

নিৰ্লজ্জতাৰে কুটৰি থকা

এই কথাটোৱে এইটো বুজাইছে যে ব্যক্তিজনে তেওঁৰ বন্ধুজনৰ অসুবিধা হোৱা স্বত্তেও তেওঁৰ বন্ধুক মাজনিশা উঠি তেওঁক পিঠা দিবৰ বাবে খাতনি ধৰিছিল।

Luke 11:9-10

( প্ৰাৰ্থনা কৰাৰ বিষয়ে যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে শিকাই আছে।)

খোজা... বিচাৰা...টুকুৰিওৱা

যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে প্ৰাৰ্থনা কৰি থাকিবলৈ উদগণি দি আছে। এই সন্দৰ্ভত “তুমি” শব্দৰ ৰূপৰ আটাইতকৈ উপযোগী ৰূপটো ব্যৱহাৰ কৰক। (তুমি শব্দৰ ৰূপ চাওক) এই আদেশবোৰ এনেকৈ অনুবাদ কৰিব পাৰি যেনে “খুজি থাকক... বিচাৰি থাকক... টুকুৰিয়াই থাকক।”

খোজা

কিছুমান ভাষাত এই ক্ৰিয়া পদটোৰ লগত আৰু অধিক তথ্যৰ প্ৰয়োজন হয়। এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “আপোনাৰ কি প্ৰয়োজন আছে ঈশ্বৰক খোজক।” “ঈশ্বৰৰ পৰা কি প্ৰয়োজন বিচাৰি থাকক” আৰু “দুৱাৰত টুকুৰিয়াই থাকক।”

আপোনাক এইটো দিয়া হব

এই কথাটো এক সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে এইটো আপোনাক দিব” বা “এইটো আপুনি পাব।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

টুকুৰিয়াওক

দুৱাৰত টুকুৰিওৱা কথাটো হৈছে কেইবাৰ মান দুৱাৰত আঘাত কৰি দিয়া যাতে ভিতৰত থকা মানুহজনে জ্ঞাত হওক যে আপুনি বাহিৰত থিয় হৈ আছে। এই কথাটো আপোনাৰ সংস্কৃতিত কিদৰে দেখুৱাই যেতিয়া কোনো মানুহ আহি উপস্থিত হয়, যেনে “মাত দিয়া” বা “কাঁহ মাৰা” বা “হাত চাপৰি বজাই দিয়া” আদিৰে অনুবাদ কৰিব পাৰি।

এইখন আপোনাৰ বাবে খুলি দিয়া হব

এই কথাটো এক সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰে আপোনাৰ বাবে দুৱাৰখন খুলি দিব” বা “ঈশ্বৰে আপোনাক ভিতৰলৈ আদৰি লব।”

Luke 11:11-13

( প্ৰাৰ্থনা কৰাৰ বিষয়ে যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে শিকাই আছে।)

যীচুৱে একেটা অৰ্থ বুজোৱা তিনিটা অলঙ্কাৰীক প্ৰশ্ন সুধিছেঃ পিতৃয়ে যিদৰে তেওঁৰ সন্তানসকলক যিবিলাকে খোজে সিহঁতক উপহাৰ দিয়ে, যেতিয়া আমি তেওঁক খোজো ঈশ্বৰে তেওঁ উত্তম উপহাৰ দিয়ে। (অলঙ্কাৰীক প্ৰশ্ন চাওক)

আৰু তোমালোকৰ কোনে... তাৰ পৰিৱৰ্তে তেওঁক এটি শিল দিব

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যদি তোমাৰ সন্তানে পিঠা খোজে, তুমি তাক তাৰ পৰিৱৰ্তে শিল দিবানে? ” বা “যদি তোমাৰ সন্তানে খাবৰ বাবে পিঠা খোজে, তুমি নিশ্চয়ে তাক শিল এটা নিদিয়া!”

পিঠা

“পিঠাৰ ৰুটি” বা “নুৰিওৱা পিঠা।” যদি আপোনাৰ মানুহে সাধাৰণতে পিঠা নাখায়, আপুনি এই কথাটো এইদৰে অনুবাদ কৰিব পাৰে যেনে “ৰান্ধা আহাৰৰ অংশ” বা “শাকপাচলি।” যীচুৱে এক সাম্ভাব্য পৰিস্থিতিৰ পৰামৰ্শ দিছে; তেওঁ বিশেষকৈ পিঠাৰ বিষয়ে কোৱা নাই (সঠিক প্ৰমাণৰ পৰিস্থিতিবোৰ চাওক)

বা মাছৰ পৰিৱৰ্তে এটা সাপ ?

“নাইবা যদি সি এটা মাছ খোজে, তাৰ পৰিৱৰ্তে তুমি তাক এটা সাপ দিবানে?”

কেকোঁৰা

বিছা

এটা কেকোঁৰা

বিছা হৈছে মকৰাৰ নিচিনা, কিন্তু ইয়াৰ বিষাক্ত নেজ এডাল আছে। যদি আপুনি থকা অঞ্চলত কেকোঁৰা

বিছা পৰিচিত নহয়, আপুনি এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “বিষাক্ত মকৰা” বা “হুলে বিন্ধা মকৰা।”

যদি তুমি দুষ্ট হৈয়ো

“যিহেতু তোমালোক দুষ্ট তথাপিও জানা” বা “যদিও তোমালোক পাপী, তোমালোকে জানা।”

তোমালোকৰ স্বৰ্গীয় পিতৃয়ে কিমান পৰিমাণে পবিত্ৰ আত্মা তোমালোকক দিব

“এইটো নিশ্চিত যে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে পবিত্ৰ আত্মা কিমান বেছিকৈ দিব।” এইটো এটা অলঙ্কাৰীক প্ৰশ্ন এনেদৰে অনুবাদ কৰিব পাৰি যেনে “তোমালোকৰ স্বৰ্গীয় পিতৃয়ে পবিত্ৰ আত্মা দিয়াটো কিমান নিশ্চিত।”

Luke 11:14-15

আৰু সি এটা ভুতৰ দ্বাৰা পৰিচালিত হয়

“আৰু যীচুক এটা ভুতে পৰিচালনা কৰি থাকে” বা “ সি এটা ভুতৰ দ্বাৰা এজন ব্যক্তিক এৰি যাবলৈ কয়।”

এইটো বোবা আছিল

এইটো এনেকুৱা আছিল যে সেই ভুতটোৱে কথা কব নোৱাৰে। পঢ়ুৱৈ সকলে সম্ভব এইটো বুজি পাব যে এই ভুতটোৰ এনে শক্তি আছিল যে ই মানুহক কথা কবলৈ বাৰণ কৰে। আপুনি এই প্ৰায়োগিক তথ্যটো স্পষ্ট কৰিব পাৰেঃ “এই ভুতটোৱে মানুহজনক কথা কবলৈ নোৱাৰা কৰি পেলায়।” (স্পষ্টতা আৰু সৰলতা চাওক)

এইটো ঘটিছিল

য’ত কাৰ্য্য কৰাৰ আৰম্ভ হৈছে এই বাক্যাংশটো ইয়াত চিন দিয়া হিচাপে ব্যৱহাৰ কৰা হৈছে। যদি আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় আছে আপুনি ইয়াত ব্যৱহাৰ কৰিবলে বিবেচনা কৰিব পাৰে। যেতিয়া সেই ভুতটো সেই মানুহ জনৰ পৰা ওলাই আহে, কিছুমান মানুহে যীচুক সমালোচনা কৰিছিল, আৰু সেইটোৱে যীচুক দুষ্ট আত্মাৰ শিক্ষা দিয়াৰ বিষয়ৰ কথালৈ লৈ যায়।

যেতিয়া সেই ভুতটো ওলাই আহে

“যেতিয়া সেই মানুহজনৰ পৰা ভুতটো ওলাই আহে” বা “যেতিয়া মানুহজনৰ পৰা সেই ভুতটো এৰি যায়”

সেই বোবা মানুহজনে কথা কৈছিল

“যিজন মানুহ কথা কবলৈ নোৱাৰিছিল”

বেলচবুবৰ দ্বাৰা... সি ভুতবোৰক খেদায়

“ ভুতবোৰৰ অধিপতি, বেলচবুবৰ শক্তিৰ দ্বাৰাই সি ভুতবোৰক খেদায়।”

Luke 11:16-17

আনবিলাকে তেওঁক পৰীক্ষা কৰিছিল

“আন মানুহবিলাকে যীচুক পৰীক্ষা কৰিছিল।” তেওঁৰ ক্ষমতা যে ঈশ্বৰৰ পৰা সেই কথা তেওঁলোকে প্ৰমাণ কৰিব বিচাৰিছিল।

আৰু স্বৰ্গৰ পৰা এটি চিন দেখুৱাবলৈ তেওঁক বিচাৰিছিল

“আৰু স্বৰ্গৰ পৰা এটি চিন দিবলৈ তেওঁক কৈছিল।” বা “স্বৰ্গৰ পৰা এটি চিন দেখুৱাবলৈ তেওঁক দাবী কৰিছিল।” তেওঁৰ ক্ষমতা যে স্বৰ্গ পৰা হৈছে এইদৰেই তেওঁলোকে তেওঁলোকে তেওঁক ক্ষমতা প্ৰমাণ কৰিবলৈ বিচাৰিছিল।

প্ৰত্যেক ৰাজ্য যদি নিজৰ বিপক্ষে বিভক্ত হয়

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যেতিয়া কোনো ৰাজ্যৰ মানুহবিলাক নিজৰ মাজতে নিজে নিজে যুঁজ

বাগৰ লাগে।”

উচ্ছন্ন হয়

“এইখন ধ্বংস হয়”

এটি পৰিয়াল নিজৰ মাজতে বিভক্ত হলে পতন হয়

“যি পৰিয়ালৰ সদস্য়সকলে পৰস্পৰে কাজিয়া লাগে ধ্বংস হৈ যায়” বা “এটি পৰিয়ালত যাৰ সদস্যসকলে পৰস্পৰে কাজিয়া

পেচাল হয় সেইটো আৰু পৰিয়াল হৈ নাথাকে।” (বাক্যালঙ্কাৰ চাওক)

পতন হয়

“গুড়ি কৰা হয় আৰু ধ্বংস হয়।” ঘৰটোৰ পতন হোৱা এই প্ৰতিচ্ছবিটোৱে এটি পৰিয়াল ধ্বংস হোৱাটো বুজাইছে যেতিয়া ইয়াৰ সদস্য সকলে পৰস্পৰে যুঁজ

বাগৰ লাগি থাকে। (উপমা চাওক)

Luke 11:18-20

(যীচুৱে ভীৰৰ মানুহবিলাকক ভুতৰ বিষয়ে একেৰাহে কৈ আছে।)

যদি চয়তান তাৰ নিজৰ বিপক্ষে বিভক্ত হয়

“যদি চয়তান আৰু তাৰ ৰাজ্যৰ সদস্যবিলাকে নিজৰ মাজতে যুদ্ধ লাগি থাকে।”

তাৰ ৰাজ্য কেনেকৈ থাকিব

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। এইটো এইদৰে এটা উদ্ধিত বাক্যত অনুবাদ কৰিব পাৰি “চয়তানৰ ৰাজ্য থিৰ হৈ থাকিব নোৱাৰে” বা “চয়তানৰ ৰাজ্য খণ্ড খণ্ড হব।” (অলঙ্কাৰ চাওক)

কিয়নো তোমালোকে কোৱা মই বেলচবুবৰ দ্বাৰা ভুতক বাহিৰ কৰোঁ

“কিয়নো তোমালোকে কোৱা যে বেলচবুবৰ পৰাক্ৰমৰ দ্বাৰা মই ভুতক বাহিৰ হৈ যাবলৈ কওঁ।” তেওঁৰ যুক্তিৰ পাছৰ অংশ খোলোচাকৈ উল্লেখ কৰিব পাৰিঃ “সেইটোৱে ইয়াকে বুজায় যে চয়তানে নিজৰ মাজতে বিভক্ত হৈছে।” (স্পষ্টতা আৰু সৰলতা চাওক)

তোমালোকৰ অনুগামীবিলাকে কাৰ দ্বাৰাই সিহঁত খেদায়

“কাৰ ক্ষমতাৰ দ্বাৰা তোমালোকৰ অনুগামীবিলাকে মানুহবিলাকৰ পৰা ভুতক বাহিৰ কৰে।” এইটো এটা উপমা বিষয়ক প্ৰশ্ন। এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেন্তে আমি এই কথাটোত সহমত যে তোমালোকৰ অনুগামীবিলাকেও বেলচবুৰৰ ক্ষমতাৰ দ্বাৰাই ভুতক বাহিৰ কৰে।” সেই উল্লেখিত বাক্যৰ প্ৰায়োগিক বিশ্লেষণটো কোলোচা কৰিব পাৰি যেনেঃ “কিন্তু আমি জানো যে সেই কথাটো সত্য নহয়।”

সিহঁত তোমালোকৰ বিচাৰক হব

“তোমালোকৰ অনুগামীবিলাক যিবিলাকে ঈশ্বৰৰ ক্ষমতাৰে ভুতক বাহিৰ কৰে, তোমালোকে বেলচবুবৰ ক্ষমতাৰে ভুতক বাহিৰ কৰা বুলি কোৱাত তোমালোকৰ বিচৰক হব।”

ঈশ্বৰৰ আঙুলিৰ দ্বাৰা “ঈশ্বৰৰ আঙুলি” বুলি কওঁতে ঈশ্বৰৰ ক্ষমতা বুজাইছে। (বাক্যালঙ্কাৰ চাওক)

তেন্তে ঈশ্বৰৰ ৰাজ্য তোমালোকৰ মাজলৈ আহিল

“এইটোৱে দেখুৱাই যে ঈশ্বৰৰ ৰাজ্য তোমালোকৰ মাজলৈ আহি পালে”

Luke 11:21-23

(যীচুৱে ভীৰৰ মানুহবিলাকক ভুতৰ বিষয়ে একেৰাহে কৈ আছে।)

যেতিয়া এজন বলৱান মানুহ...

এইটো এটা উপমা। এই বলৱান মানুহজনক বাহিৰৰ পৰা আক্ৰমণ কৰা আৰু ভুতক বাহিৰ কৰাৰ দ্বাৰা যীচুৱে চয়তানৰ ৰাজ্য বাহিৰৰ পৰা আক্ৰমণ কৰা কথাটো এই প্ৰতিচ্ছবিটো একে হয়। (উপমা চাওক)

তেওঁৰ বয়বস্তুৰ নিৰাপদে থাকে

“কোনেও তেওঁৰ বস্তুবোৰ চুৰ কৰিব নোৱাৰে”

মানুহ জনৰ সা

সম্পত্তিবোৰ হৰণ কৰে

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁৰ সা

সম্পত্তিবোৰ চুৰ কৰা” বা “তেওঁ যি যি বিচাৰে যিকোনো বস্তু লৈ যায়।”

যি জন মোৰ পক্ষত নহয়

“যিজনে মোক সমৰ্থন নকৰে” বা “ যিজনে মোৰ লগত কাম নকৰে”

তেওঁৰ মোৰ বিপক্ষ

“মোক বিপক্ষে কাৰ্য্য কৰে।” যিবিলাকে যীচুক চয়তানৰ লগত একেলগে কাম কৰা বুলি কৈছিল এই কথাটোৱে তাক বুজাইছে।

Luke 11:24-26

(যীচুৱে ভীৰৰ মানুহবিলাকক ভুতৰ বিষয়ে একেৰাহে কৈ আছে।)

জলবিহীন শুকান ঠাইবোৰ

এই কথাটোৱে “পৰিত্যক্ত ঠাইবোৰ”(UDB) বুজাইছে য’ত দুষ্ট আত্মাবোৰ বিচৰণ কৰি ফুৰে।

আৰু কাকো নাপায়

“যদি সেই আত্মাটোৱে তাত কোনো জিৰণী নাপায়”

য’ৰ পৰা মই ওলাই আহিছিলো

সেই মানুহজনক বুজোৱা ই এটা উপমা য’ত সি নিবাস কৰি আছিল। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “সেই ব্যক্তিজন যিজনত মই নিবাস কৰিছিলো!” (UDB) এই UDB য়ে এই কথাটো ২৬ নং পদত এটা সাদৃশ্যতা ৰূপত অনুবাদ কৰিছে। (উপমা চাওক)

সেই ঘৰটো পৰিস্কাৰ আৰু সজাই থোৱা পাই

এই কথাটো এটা সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰিঃ “এনে পাই যে কোনোবাই সেই ঘৰটো মচি থোৱা আৰু সকলোবোৰ ইয়াৰ নিজৰ ঠাইত সজাই থোৱা পায়।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

খালী হৈ থকা

“একো নথকা।” এই উপমাটোৱে ব্যক্তিজনৰ অৱস্থাটো বুজাইছে যিজনত সেই ভুতটো ওলাই যোৱাৰ পাছত সিহঁতৰ জীৱন পবিত্ৰ আত্মাৰে পুৰ্ণ হৈ নাথাকে।

Luke 11:27-28

এইটো ঘটিছিল

এই বাক্যাংশটো কাহিনীটোত এটা নতুন কাহিনীৰ আৰম্ভণীৰ চিন হিচাপে ব্যৱহাৰ কৰা হৈছে। যদি আপোনাৰ ভাষাত এইটো কৰাৰ কিবা উপায় থাকিলে, ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

ভীৰৰ মাজৰ পৰা তাই চিঞঁৰি মাতিছিল

“ভীৰৰ হুলস্থুলৰ মাজত তাই বৰ ডাঙৰকৈ কৈছিল”

যি গৰ্ভই আপোনাক ধাৰণ কৰিছিল আৰু যি স্তনে আপোনাক পোহ

পাল দিছিল সেই জন ধন্য

“সেই মহিলা গৰাকী যিয়ে আপোনাক ধাৰণ কৰিছিল আৰু তাইৰ যি স্তনে আপোনাক পোহ

পাল দিছিল তেওঁ কিমান উত্তম” বা “যি গৰাকীয়ে আপোনাক গৰ্ভধাৰণ কৰিছিল আৰু যি স্তনৰ দ্বাৰাই আপোনাক পোহ

পাল দিছিল সেই মহিলাগৰাকী কিমান সুখী হব!” ইয়াত ব্যৱহাৰ কৰা মহিলা গৰাকীৰ শৰীৰৰ অঙ্গবোৰে গোটেই মানুহগৰাকীক বুজাইছে। (ব্যাকৰণৰ উপমা চাওক)

ধন্য

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “কিমান সুখী” বা “ঈশ্বৰৰ দ্বাৰা আশীৰ্ব্বাদিত” (UDB)।

Luke 11:29-30

এই প্ৰজন্ম

“এই সময়ত জীয়াই থকা মানুহবিলাক” (UDB)

ইহঁতে চিন বিচাৰে

“মই সিহঁতলৈ এটি চিন দিয়াটো সিহঁতে বিচাৰে” বা “তোমালোকৰ বহুতে মই এটি চিন দিয়াটো বিচাৰা।” এই তথ্যত কেনেধৰণৰ চিন তেওঁলোকে বিচাৰে সেইটো UDBত স্পষ্ট কৰিব পাৰি। (স্পষ্টতা আৰু সৰলতা চাওক)

ইহঁতক কোনো চিন দিয়া নহব

“ঈশ্বৰে সিহঁতক কোনো চিন নিদিব।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

যোনাৰ চিন

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যোনালৈ কি ঘটিছিল” বা “যোনাৰ বাবে ঈশ্বৰে যি অলৌকিকতা কৰিছিল” (UDB)।

কিয়নো যোনা যেনেদৰে এটি চিনস্বৰূপ হৈছিল... সেইদৰে ইও

ইয়াৰ অৰ্থটো হৈছে যীচুৱে সেইদিনা নীনবি নগৰৰ মানুহবিলাকৰ বাবে যোনা ঈশ্বৰৰ পৰা এজন সেৱক স্বৰূপে চিন হৈছিল সেই একেদৰে যিহুদীবিলাকৰ কাৰণে ঈশ্বৰৰ পৰা এজন সেৱক স্বৰূপ হব।

মানুহৰ পুত্ৰ

যীচুৱে নিজকে বুজাইছে।

Luke 11:31

দক্ষিণ দেশৰ ৰাণীয়ে

এই কথাটোৱে চীবা দেশৰ ৰাণীক বুজাইছে। চীবা ৰাজ্যখন ইস্ৰায়েলৰ দক্ষিণফালে আছিল।

সোধবিচাৰৰ সৈতে উঠিব

“উঠিবও আৰু বিচাৰ কৰিব”

তাই পৃথিবীৰ শেষ সীমাৰ পৰা আহিছিল

“তাই বহুত দুৰৰ পৰা আহিছিল।” “পৃথিবীৰ শেষ সীমাৰ পৰা” বুলি কোৱা কথাটো এটি বাক্যাংশ অৰ্থ হৈছে “বহুত দুৰৰ এখন ঠাইৰ পৰা” (বাক্যাংশ চওক)

চলোমনতকৈ মহান এজনা ইয়াত আছে

তেওঁলোকে বুজি পাবলৈ যীচুৱে দিয়া এই গালি দিয়াটো হৈছে , “কিন্তু তোমালোক মোৰ কথা নুশুনিলা।“

Luke 11:32

কিয়নো তেওঁলোকে মন পালটন কৰিছিল

নীনবি নগৰৰ মানুহবিলাকে মন পালটন কৰিছিল।

কোনোবা এজন মহান

যেতিয়া যীচুৱে এই কথাটো কৈছিল, তেওঁ নিজৰ বিষয়েই এই কথাটো কৈছিল।

যোনাতকৈ মহান এজনা ইয়াত আছে

তেওঁলোকে বুজি পাবলৈ যীচুৱে দিয়া এই গালি দিয়াটো হৈছে , “কিন্তু তোমালোক মন পালটন নকৰিলা।“

Luke 11:33-36

(যীচু ৱে একেৰাহে ভীৰৰ মানুহবিলাকক শিকাই আছে।)

যীচুৱে তেওঁৰ শিক্ষাবোৰ ভীৰৰ মানুহবিলাকৰ প্ৰতিজনে বুজি পাওক বুলি ইচ্ছা কৰা নাছিল। সেইকাৰণে এইটোৰ প্ৰতিচ্ছবিটো তেওঁলোকক বুজাই দিয়াৰ পৰিৱৰ্তে অনুবাদ কৰাটোহে সাধৰণ ভাবে উত্তম হব।

এটা চাকি

এইটো হৈছে শলিতা আৰু ইন্ধনেৰে সৈতে এটি অতি সৰু চৰিয়া। গুৰুত্বপুৰ্ণ কথাটো হৈছে ই পোহৰ দিয়ে।

ইয়াক এটা আন্ধাৰ কোঠালিত থয়

“এটি সৰু কোঠৰিত লুকুৱাই থয়”

এটি গছাৰ ওপৰত

“এখন মেজৰ ওপৰত” বা “তেওঁলোকে আলমিৰাৰ এটি কোঠাৰিত”

চকু হৈছে তোমাৰ শৰীৰৰ প্ৰদীপ – এইটোৰ বাক্যৰ উপমা বহুত আছে। চকু হৈছে দৰ্শনৰ বাবে অলঙ্কাৰ, যিটো বুজিবৰ বাবে এটি উপমা। এজন ব্যক্তিৰ জীৱনৰ বাবে শৰীৰটো অলঙ্কাৰ স্বৰূপ। এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “তোমাৰ চকুযোৰ জীৱনৰ বাবে এক প্ৰদীপ স্বৰূপ” বা “তোমাৰ দৰ্শনটো হৈছে জীৱনৰ বাবে প্ৰদীপ স্বৰূপ।”(বাক্যালঙ্কাৰ, দৃষ্টান্ত আৰু ব্যাকৰণৰ অলঙ্কাৰ চাওক) যিহেতু যীচুৱে কিবা এটা কৈ থকাটো প্ৰতিজনৰ বাবে সত্য, এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “চকু হৈছে এজন ব্যক্তিৰ প্ৰদীপ স্বৰূপ।”

যেতিয়া তোমাৰ চকু ভালে থাকে

“যেতিয়া তোমাৰ দৃষ্টি বালে থাকে” বা “যেতিয়া তুমি বালদৰে দেখা পোৱা”

গোটই শৰীৰ জ্যোতিৰে আলোকিক হব

পোহৰ হৈছে সত্যতাৰ উপমা স্বৰূপ। এই উপমাটোৰ অৰ্থ হৈছে “তোমাৰ গোটেই জীৱন সত্যতাৰ জ্যোতিৰে আলোকিত হব” বা “গোটেই জীৱন সত্যতাৰে পুৰ্ণ হব।”

যেতিয়া তোমাৰ চকু বেয়া হয়, তোমাৰ শৰীৰ অন্ধকাৰেৰে পুৰ্ণ হব

অন্ধকাৰ হৈছে অসত্যতাৰ উপমাস্বৰূপ। এই উপমাটোৰ অৰ্থ হৈছে “যেতিয়া তোমাৰ দৰ্শন বেয়া হয় তোমাৰ গোটেই জীৱন অসত্যতাৰে পুৰ হব।

Luke 11:37-38

আঁউজী বহা

“মেজৰ কাষত আঁউজী বহিছিল।” এইটো আছিল নিশাৰ আহাৰৰ সময়ত জিৰাই সতাই আৰামেৰে মেজৰ চাৰিওফালে বহি আহাৰ ভোজন কৰা।

ধোৱা

“তেওঁৰ হাত ধোৱা” বা “বিধিগতভাবে পৰিস্কাৰ হবলৈ তেওঁৰ হাতকেইখন ধুই পেলোৱা।” ফৰীচীবিলাকৰ এটি বিধান আছিল যে ঈশ্বৰৰ আগত বিধিগতভাবে পৰিস্কাৰ হবলৈ হাত ধোৱা।

Luke 11:39-41

পিয়লাৰ আৰু চৰিয়াৰ বাহিৰফাল

কোনো পাত্ৰৰ বাহিৰ ফাল পৰিস্কাৰ কৰাটো ফৰীচীবিলাকৰ বিধিগত অভ্যাসবিলাকৰ এটা অংশ আছিল।

কিন্তু তোমালোকৰ ভিতৰ ভাগ লোভ আৰু দুৰ্জ্জনালীৰে পৰিপুৰ্ণ

এইটো এটা উপমা যিদৰে কোনো পাত্ৰৰ ভিতৰফাল অৱহেলা কৰে তাক তেওঁলোকৰ নিজৰ আভ্যন্তৰীণ অৱস্থাটো অৱহেলা কৰাটো তুলনা কৰিছে। (উপমা চাওক)

যিজনে বাহিৰ ফাল সৃষ্টি কৰিছে সেই একেজনেই ভিতৰফালো সৃষ্টি কৰা নাছিল নে ? – এইটো এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। ঈশ্বৰৰ আগত তেওঁলোকৰ অন্তৰৰ বিষয়টো কি সেইটো বুজিবলৈ যীচুৱে ফৰীচীবিলাকক গালি দি আছে। এই কথাটো UDB ত এটা উদ্ধৃত বাক্যত অনুবাদ কৰিব পাৰি। (অলঙ্কাৰীক প্ৰশ্ন চাওক)

ভিতৰফালে কি আছে তাক দুখীয়াবিলাকক দান দিয়া

“ভিতৰত যি আছে তাক দুখীয়া মানুহবিলাকক দিয়া।” ইয়াৰ অৰ্থটো হৈছে “বাহিৰফাল পৰিস্কাৰ কৰাৰ পৰিৱৰ্তে ভিতৰত যি আছে তাক লৈ ঈশ্বৰৰ বাবে মনোয়োগ কৰা।”

Luke 11:42

( যীচুৱে একেৰাহে ফৰীচীবিলাকক কথা কৈ আছে।)

তোমালোকে পদিনা আৰু গুৱামুৰি আৰু বাগিছাৰ অন্য গছ

বনবিলাকৰ দশমভাগ দান কৰা

“তোমালোকে তোমালোকৰ পদিনা আৰু গুৱামুৰি আৰু তোমালোকৰ বাগিছাৰ অন্য গছ

বনবিলাকৰ দহ ভাগৰ এভাগ দান দিয়া।” যীচুৱে এটা উদাহৰণ দিছে যে ফৰীচীবিলাকে তেওঁলোকৰ উপাৰ্জনৰ দশম ভাগ দিয়াত কিমান চৰমপন্থী।

পদিনা আৰু গুৱামুৰি

এইবোৰ হৈছে ওষধি জাতীয় বন। মানুহে এইবোৰৰ অলপমান পাত আন আহাৰত দি ইয়াৰ সুগন্ধি দিয়াৰ বাবে ব্যৱহাৰ কৰে। যদি মানুহবিলাকে এই পদিনা আৰু গুৱামুৰি চিনি নাপায়, আপুনি তাৰ ঠাইত সাধাৰণভাবে পৰিচিত “ওষধি গছ” বুলি ব্যৱহাৰ কৰিব পাৰে।

বাগিছাৰ আন গছবোৰৰ প্ৰতিজোপা

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “আন আন শাক

পাচলিবোৰ” ২) “বাগিছাৰ আন আন গছ

বনবোৰ” ৩) “বাগিছাৰ আন গছবোৰ”

আন বিষয়বোৰো ত্ৰূতি নকৰাকৈ কৰিব নালাগিছিল নে

এই দ্বৈত নঞাৰ্থক কথাটো এক যোগাত্মক বাক্য হিচাপে অনুবাদ কৰিব পাৰি যেনেঃ “সেই দৰেই আন আন ভাল কৰ্ম্মবোৰো সদায় কৰা উচিত।” (দ্বৈত নঞাৰ্থকবোৰ চাওক)

Luke 11:43-44

( যীচুৱে একেৰাহে ফৰীচীবিলাকক কথা কৈ আছে।)

সন্মূখৰ আসনত

“উত্তম আসনবিলাকত”

তোমালোক চিন নিদিয়া মৈদামস্থানবোৰ যাক মানুহে নজানাকৈয়ে গচকি পাৰ হৈ যায়

এইটো এটা সাদৃশ্যত। এই ফৰীচীবিলাক চিন নথকা মৈদাম কাৰণ ইহঁত বিধিগতভাবে পৰিস্কাৰ, কিন্তু সিহঁতৰ চাৰিওফালে থকা মানুহবিলাকক অশুচি যোন জ্ঞান কৰে। এই সাদৃশ্যতাৰ মুল বিষয়বিলাক UDBত অতি বেছি স্পষ্ট যেন হয়। (সাদৃশ্যতা চাওক)

চিনবিহীন মৈদামবোৰ

এই মৈদামবোৰ হৈছে মাটিত খনা গাঁত য’ত মৃতদেহবোৰ কবৰ দিয়া হৈছিল। মানুহে সাধাৰণতে থোৱা বগা শিল সেইবোৰৰ ওপৰত নাথাকে যাতে আন মানুহে তাক সাধাৰণতে দেখা পায়। যেতিয়া মানুহে একোটা কবৰৰ ওপৰেদি খোজেৰে পাৰ হৈ যায়, সিহঁতে বিধিগতভাবে অশুচি হৈ পৰে।

Luke 11:45-46

তোমালোকে মানুহবিলাকৰ ওপৰত বহন কৰিবলৈ নোৱাৰা অতি ভাৰী বোজা জাপি দিয়া

“তোমালোকে মানুহবিলাকৰ ওপৰত এনে বোজা জাপি দিয়া যিবিলাক তেওঁলোকে বহন কৰিবলৈ অতি গধুৰ হয়।” এইটো এটা উপমা য’ত মানুহবিলাকে অনেক নীতি নিয়ম বান্দি দিয়ে যিটো কঢ়িয়াবলৈ গধুৰ বোজাৰ লগত তুলনা কৰিছে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তোমালাকে মানুহবিলাকৰ ওপৰত এনে বহুত নীতি নিয়ম বান্ধি দিয়া যিবোৰ পালন কৰিবলৈ অতি কঠিন।” (উপমা চাওক)

কিন্তু তোমালোকে এই বোজাবোৰক তোমালোকৰ নিজৰ এটি আঙুলিৰেও স্পৰ্শ নকৰা

“কিন্তু তোমালোকে সেই বোজাবোৰক কঢ়িয়াওৱাৰ ক্ষেত্ৰত আনকি এটি আঙুলিৰেও সহায় নকৰা।” ইয়াৰ অৰ্থটো হৈছে “কিন্তু তোমালোকে সেইবোৰ নীতি নিয়ম পালনত সহায় কৰিবলৈ একোৱেই নকৰা।”

Luke 11:47-48

(যীচুৱে বিধানৰ শিক্ষকবিলাকক একেৰাহে শিকাই আছে।)

আৰু তথাপিও

এইটো মনোযোগ দিয়াৰ বাবে কোৱা হৈছে পৰস্পৰ বিপৰীতাৰ্থক তেওঁলোকৰ ভাববাদীসকলক আগৰ কৰা আৰু তেওঁলোকৰ পুৰ্ব্ো পুৰুষবিলাকে তেওঁলোকক হত্যা কৰা আচল বিষয়টো অৱহেলা কৰাটো।

সেয়ে তোমালোকে তোমালোকৰ পুৰ্ব্বপুৰুষবিলাকৰ কামৰ সাক্ষী হৈছে আৰু অনুমতি দিছা

এইটো এটা প্ৰায়োগ কৰা গালিঃ “কিন্তু তোমালোকে সেইবোৰ অস্বীকাৰ কৰা নাছিলা।” তেওঁলোকে সেই ভাববাদীবিলাকৰ হত্যা কৰা কথা জানিছিল, কিন্তু তেওঁলোকক বধ কৰাৰ বাবে তেওঁলোকক দোষী কৰা নাছিল। (স্পষ্টতা আৰু সৰলতা চাওক)

Luke 11:49-51

(যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক একেৰাহে শিকাই আছে।)

কিয়নো এইটোৰ কাৰণে

ইয়াৰ পাছত যি বাক্যটো আহিব তাক ই বুজাইছে। যিদৰে সিহঁতৰ পিতৃবিলাকে কৰিছিল, সেইবোৰ এই বৰ্তমান কালৰ প্ৰজন্মক দেখুৱাবলৈ ঈশ্বৰে আৰু অধিক ভাববাদী পঠাই দিব।

ঈশ্বৰৰ জ্ঞানে কৈছিল

“ঈশ্বৰে তেওঁৰ জ্ঞানত কৈছিল” বা “ঈশ্বৰে জ্ঞানীভাবে কৈছিল”

মই তেওঁলোকলৈ ভাববাদী আৰু পাঁচলিবিলাকক পঠাই দিম

“মই মোৰ লোকবিলাকৰ ওচৰলৈ ভাববাদীবিলাকক আৰু পাঁচনিবিলাকক পঠাই দিম”

সিহঁতে তেওঁলোকৰ কিছুমানক তাড়না কৰিব আৰু কোনো কোনোক বধ কৰিব

“মোৰ লোকবিলাকে কিছুমান ভাববাদীক তাড়না কৰিব আৰু কিছুমান পাঁচনিক বধ কৰিব”

এই ভাববাদীবিলাকৰ বোওৱা ৰক্তপাতৰ বাবে দোষী সাব্যস্ত কৰা হব

এই ৰক্তপাত কৰাটোৱে ভাববাদীসকলক বধ কৰা কথা বুজাইছে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁলোকে বধ কৰা সকলো ভাববাদীৰ মৃত্যুৰ বাৰে জগৰীয়া হব।”

জখৰিয়া

এইটো সম্ভব ২য় বংশাৱলি ২৪:২০

২২ ত থকা পুৰোহিতজনক বুজাইছিল। এই জন যোহন বাপ্তাইজকৰ পিতৃ নাছিল।

Luke 11:52

(বিধানৰ শিক্ষক বিলাকে কেনেকৈ ঈশ্বৰৰ বিপক্ষে পাপ কৰি আছে যীচুৱে একেৰাহে তেওঁলোকক কৈ আছে)

তোমালোকে জ্ঞানৰ চাবি কাঢ়ি নিলা

এইটো এটা উপমা। ইয়াৰ অৰ্থটো “য’ত ঈশ্বৰৰ সত্য়তা পুনৰস্থাপিত হৈ আছে সেই ঠাইত সোমাবলৈ মানুহবিলাকক তোমালোকে নিষেধ কৰি আছা।” এই কথাটো UDBত এটি সাদৃশ্যতা ৰূপত অনুবাদ কৰিব পাৰি। (উপমা চাওক)

সেই চাবি

কাঠি

এইটোৱে কোনো এটা ঘৰত বা জমা ঘৰত সোমোৱাৰ কথাটো প্ৰতিনিধিত্ব কৰিছে।

তোমালোকে নিজেও ভিতৰ নোসোমোৱা – “সেই জ্ঞান পাবলৈ তোমালোকে নিজেও ভিতৰ নোসোমোৱা।” এই উপমাটোৰ অৰ্থ “তোমালোকে নিজেও সেই জ্ঞান ব্যৱহাৰ নকৰা।”

Luke 11:53-54

যীচুৱে তাৰ পৰা যোৱাৰ পাছত

“যীচুৱে সেই ফৰীচীজনৰ ঘৰৰ পৰা যোৱাৰ পাছত”

তেওঁৰ নিজৰ কথাতে ফান্দত পেলাবলৈ যত্ন কৰি আছিল

এইটো এটা উপমা। যীচুৱে যাতে কিবা এটা ভুলকৈ কয়, যাতে তেওঁলোকে তেওঁক দোষ ধৰিব পাৰে। এই কথাটো UDBত উপমাবিহীন ভাবে অনুবাদ কৰিব পাৰি।

Luke 12

Luke 12:1

সেই সময়তে

“যেতিয়া তেওঁলোকে সেইটো কৰি আছিল”

লোকবিলাকৰ হাজাৰ হাজাৰ লোকে

“হাজাৰ হাজাৰ লোকে” বা “এক বৰ বিশাললোকসমুহ”

তেওঁলোকে গচকা

গচকি হ’ল

তাত কিমান মানুহ আছিল সেইটো বুজাবলৈ ই এটা অত্যুক্তি। ইয়াৰ অৰ্থটো হৈছে “তেওঁলোকে পৰস্পৰে গচকাগচকি হৈছিল।” (অত্যুক্তি চাওক)

তেওঁৰ শিষ্যবিলাকক প্ৰথমে কবলৈ আৰম্ভ কৰিছিল, সৰ্ব্ব প্ৰথমে

“যীচুৱে প্ৰথমতে তেওঁৰ শিষ্যবিলাকক কবলৈ আৰম্ভ কৰিছিল, আৰু তেওঁলোকক কৈছিল”

সাৱধান

“বিপদৰ প্ৰতি সজাগ হৈ থাকক” বা “তোমালোকে নিজকে পহৰা দি ৰাখা”

ফৰীচীবিলাকৰ খমিৰ, যিটো হৈছে কপটীয়া

এইটো এটা উপমা। এইটোক এটা সাদৃশ্যতাৰ ৰূপত অনুবাদ কৰিব পাৰি “ফৰীচীবিলাকৰ কপটতা, যিটো হৈছে খমিৰৰ দৰে।” যিদৰে খমিৰ গোটেই লডা পিঠাগুৰিলৈ বিয়পি যায়, সিহঁতৰ কপটতাও গোটেই সমাজলৈ বিয়পি যায়। এই গোটেই সাৱধান বাণীটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “সাৱধান হোৱা যে তোমালোক ফৰীচীবিলাকৰ নিচিনা কপটীয়া নহবা।” সিহঁতৰ এই দুষ্ট ব্যৱহাৰ সকলো লোকলৈকে প্ৰভাৱ পেলাই যিদৰে খমিৰে গোটেই লডা ফুলাই পেলায়।” (উপমা চাওক)

Luke 12:2-3

(যীচুৱে তেওঁৰ শিষ্যবিলাকক কপটতাৰ বিষয়ে একেৰাহে সাৱধান কৰি আছে।)

প্ৰকাশিত নোহোৱা এনে কোনো লুকুৱাই থোৱা বস্তু নাই

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “গুপুত হৈ থকা প্ৰতিটো বস্তুৱেই প্ৰকাশিত হব” বা “মানুহবিলাকে গুপুতে যি যি কৰে সেই সকলোবোৰৰ বিষয়ে মানুহবিলাকে বিচাৰি পাব।”

আৰু একো গুপুতে নাথাকিব, যিটো জনোৱা নহব

বাক্যটোৰ এই অংশটো একেটা বিষয়কে বুজাবলৈ দুটা বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰিছে যিটো প্ৰথম অংশটো সত্যতা জোৰ দিছে।(সমান্তৰাল কথা চাওক)

কাণত যিবোৰ কোৱা হ’ল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “আন এজন ব্যক্তিক ফুচফুচাই কোৱা।”

ভিতৰ কোঠালিত

“এটা বন্ধ কোঠাত।” এই কথাটো এইদৰেও অনুবাদ কৰিব পাৰি যেনে “বন্ধ দুৱাৰৰ পিছফালে” বা “ব্যক্তিগত ভাবে” বা “গোপনে ভাবে”

ঘোষণা কৰা হব

“ডাঙৰকৈ চিঞঁৰি কোৱা হব” বা “ মানুহে ঘোষণা কৰিব”

ঘৰৰ মুধচৰ পৰা

ইস্ৰায়েলত ঘৰবোৰৰ ওপৰৰ ছালখন সমতল বা সমান, সেয়ে মানুহবিলাকে সহজে ঘৰৰ ওপৰলৈ উঠি যাব পাৰে আৰু সেইবোৰৰ ওপৰত থিয় হব পাৰে। যদি পঢ়ুৱৈ সকলে মুল কথাৰ পৰা আতৰি যায়, সেইবোৰৰ ওপৰত কেনেকৈ উঠি যায় তাক কল্পনা কৰিবলৈ যত্ন কৰক, এই কথাটো আৰু সাধাৰণভাবে প্ৰকাশ কৰিব পাৰি, যেনে “ওখ ঠাইৰ পৰা য‘ত মানুহবিলাকে শুনিবলৈ পাব।”

Luke 12:4-5

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

সিহঁতে আৰু একো নাই যে সিহঁতে কিবা কৰিব পাৰে

“সিহঁতে আৰু একো কৰিব নোৱাৰে” বা “ সিহঁতে আৰু একো হানি কৰিব নোৱাৰে” বা “সিহঁতে আৰু তোমালোকক একো কৰিব নোৱাৰে”

সেইজনালৈ ভয় কৰা যিজনে

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰক ভয় কৰা যিজনে” বা “ঈশ্বৰক ভয় কৰা, কাৰণ।”

তেওঁ বধ কৰাৰ পাছত

“তেওঁ তোমাক বধ কৰাৰ পাছত” বা “কোনোবা এজনক তেওঁ বধ কৰাৰ পাছত”

তোমাক নৰকত দলিয়াই পেলাবৰো ক্ষমতা আছে

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মানুহবিলাকক নৰকত দলিয়াই পেলাবৰো ক্ষমতা আছে।”

Luke 12:6-7

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

দুটা ঘৰচিৰিকা চৰাই দুটা সৰু মুদ্ৰালৈ বিক্ৰি নকৰেনে ?

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন।(অলঙ্কাৰীক প্ৰশ্ন চাওক)। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ঘৰচিৰিকা চৰাইবোৰলৈ চিন্তা কৰা, সেইবোৰৰ ইমানেই নগন্য মুল্য যে সেইবোৰক কেৱল দুটা সৰু মুদ্ৰাৰে কিনিব পাৰি।” (UDB)

ঘৰচিৰিকা চৰাই

এই ঘৰচিৰিকা চৰাইবোৰ অতি সৰু, গুটি খোৱা চৰাই।

ঈশ্বৰৰ দৃষ্টিত সেইবোৰৰ এটাও পাহৰা নাযায়

“ঈশ্বৰে সেইবোৰৰ এটাকো নাপাহৰে” (UDB)বা “ঈশ্বৰে এই ঘৰ চিৰিকা চৰাইবোৰৰ এটাকো অৱহেলা নকৰে!”

আনকি তোমালোক মুৰৰ চুলিবোৰো গণনা কৰা হৈছে

“তোমাৰ মুৰত কিমান চুলি আছে ঈশ্বৰে সেইটোও জানে”

ভয় নকৰিবা

“মানুহবিলাকলৈ ভয় নকৰিবা” বা “যিবিলাকে তোমাক আঘাত কৰিব পাৰে সিহঁতলৈ ভয় নকৰিবা।”

তোমালোক এই অনেক ঘৰচিৰিকাতকৈ অধিক মুল্যৱান

“অনেক ঘৰচিৰিকাতকৈ তোমালোকক ঈশ্বৰে অধিক মুল্য দিয়ে”

Luke 12:8-10

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

মোক মানুহৰ আগত যিকোনোৱে স্বীকাৰ কৰে

“যিকোনোৱে নিজকে মোৰ শিষ্য বুলি আনৰ আগত কয়” বা “যিকোনোৱে আনৰ আগত নিজকে মোৰ প্ৰতি আনুগত্যতাৰে স্বীকাৰ কৰে”

মানুহৰ পুত্ৰই

যীচুৱে নিজকে বুজাইছে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মই, মানুহৰ পুত্ৰই।”

তেওঁ যিজনে মোক মানুহৰ আগত অস্বীকাৰ কৰে

“যিজনে মোক মানুহৰ আগত মানি নলয়।” এই কথাটো এনেকৈও অনুবাদ কৰিব পাৰি যেনে “তেওঁ যে মোৰ শিষ্য হয় সেই কথা যিজনে আনৰ আগত স্বীকাৰ নকৰে” বা “যদি কোনোবাই মোৰ প্ৰতি আনুগত্য হোৱাটো মানি নলয়।”

অস্বীকাৰ কৰা হব

“মানি লোৱা নহব।”এই কথাটো এনেকৈও অনুবাদ কৰিব পাৰি যেনে “মানুহৰ পুত্ৰই তেওঁক অস্বীকাৰ কৰিব” বা “তেওঁ মোৰ শিষ্য হয় বুলি মই মানি নলম।”

মানুহৰ পুত্ৰৰ বিপক্ষে এটি কথা কোৱা প্ৰতিজনে

“মানুহৰ পুত্ৰৰ বিষয়ে যিকোনোৱে বেয়া কথা কয়”

তেওঁক ক্ষমা কৰা হব

“তেওঁ ক্ষমা কৰা যাব” বা “সেইটোৰ বাবে ঈশ্বৰে তেওঁক ক্ষমা কৰিব”

পবিত্ৰ আত্মাৰ বিৰুদ্ধে ঈশ্বৰ নিন্দা কৰা

এই কথাটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “পবিত্ৰ আত্মাৰ বিৰুদ্ধে বেয়া কথা কোৱা” বা “পবিত্ৰ আত্মা বেয়া বুলি কোৱা”

Luke 12:11-12

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

ধৰ্ম্মধামৰ আগত

“ধৰ্ম্মধামত ধৰ্ম্মীয় নেতবিলাকৰ আগত তোমাক প্ৰশ্ন কৰিব” (UDB)

অধিপতিবিলাকৰ

“আন মানুহবিলাকৰ যিবিলাকৰ হাতত দেশৰ ক্ষমতা আছে” (UDB)

সেই সময়ত

“সেই মুহুৰ্ত্তত” বা “তেতিয়া”

Luke 12:13-15

মানুহ

কিছুমানে এই কথাটো সাধাৰণভাবে এজন অচিনাকী মানুহক সম্বোধন কৰাটো বুজায়। যীচুৱে সেই মানুহজনক গালি দিছে বুলি আনবিলাকে বুজে। আপোনাৰ ভাষাত এইবোৰ উপায়ৰ কোনোবা এটা হব পাৰে। কিছুমানে এই শব্দবোৰৰ এটাও মুঠেই অনুবাদ নকৰে।

তোমালোকৰ ওপৰত মোক বিচাৰক বা মধ্যস্থকাৰী কোনে পাতিলে?

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “মই তোমালোকৰ বিচাৰক বা মধ্যস্থকাৰী নহয়।“ কিছুমান ভাষাত ”তুমি” বা “তোমাৰ” শব্দৰ বহুবচনৰ ৰূপ ব্যৱহাৰ কৰে। (অলঙ্কাৰীক প্ৰশ্ন, তুমি শব্দৰ ৰূপ চাওক)

মধ্যস্থকাৰী

এজন মধ্যস্থকাৰী হৈছে এনে এজন ব্যক্তি যিয়ে মানুহবিলাকৰ মাজত বিভেদ সমাধান কৰে।

আৰু তেওঁলোকক কৈছিল

এই “তেওঁলোকক” শব্দটোৱে সম্ভব ভীৰৰ গোটেই মানুহবিলাকক বুজাইছে। এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “আৰু যীচুৱে ভীৰৰ মানুহবিলাকক কৈছিল।”

এই লোভীয়া অভিলাষৰ পৰা তোমালোকে নিজকে ৰাখা

“যিকোনো ধৰণৰ লোভৰ পৰা তোমালোকে নিজকে পহৰা দি ৰাখা।” এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “বস্তুবোৰ তোমাৰ নিজৰ কৰি লবলৈ নিজকে অনুমতি নিদিবা” বা “অধিককৈ হওক বুলি নিজেই নিয়ন্ত্ৰিত নহবা।”

কোনোবা এজনৰ জীৱনত

এইটো এটা বাস্তৱ কথাৰ সাধাৰণ প্ৰকাশ। এইটোৱে কোনো বিশেষ ব্যক্তিক নুবুজায়। কিছুমান ভাষাত এইটোৰ বাবে প্ৰকাশ কৰাৰ উপায় থাকে।

তেওঁৰ সা

সম্পত্তিৰ প্ৰাচুৰ্য্যতাৰ

“তেওঁ কিমানবোৰ বস্তুৰ মালিক (UDB)” বা “তেওঁৰ কিমান সা

সম্পত্তি আছে”

Luke 12:16-19

তেতিয়া যীচুৱে তেওঁলোকক কৈছিল

যীচুৱে সম্ভব ভীৰৰ গোটেই মানুহবিলাকক কৈ আছিল।

প্ৰচুৰকৈ উৎপন্ন হৈছিল

“এক অতি উত্তম শস্য উৎপন্ন হৈছিল।”

ভঁৰালবোৰ

ভঁৰালবোৰ এনে ঠাইত সজা হৈছিল য’ত খেতিয়কবিলাকে শস্য আৰু খাদ্য উৎপন্ন কৰা আৰু চপোৱাৰ পাছত জমাই থয়।

বস্তুবোৰ

“বয়

বস্তুবোৰ”

মই মোৰ প্ৰাণক ক’ম

“মই নিজকে ক’ম” (UDB)

Luke 12:20-21

(যীচুৱে সেই ধনী মানুহজনৰ উপমাটো একেৰাহে কৈ আছে।)

আজি ৰাতি তোমাৰ পৰা তোমাৰ প্ৰাণ লৈ যোৱা হব

এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “আজি ৰাতি তুমি মৰিবা” বা “আজি ৰাতি তোমাৰ পৰা তোমাৰ প্ৰাণ লৈ যোৱা হব”

সেইবোৰ কাৰ হব

“তুমি যিবোৰ জমা কৰি থলা সেইবোৰ কোনে লব ?” বা “ তুমি যিবোৰ যুগুত কৰি থলা সেইবোৰ কাৰ হব ?” এইটো এটা অলঙ্কাৰীক প্ৰশ্ন মানুহক উপলব্ধি কৰিবলৈ ব্যৱহাৰ কৰা হৈছে যে সেই বস্তুবোৰ আৰু তেওঁৰ দখলত ৰাখিব নোৱাৰে। (অলঙ্কাৰীক প্ৰশ্ন চাওক)

ধন

ৰত্ন জমা কৰি ৰাখা

“মুল্যৱান বস্তুবোৰ নিৰাপদে ৰাখা”

ধনী নহয়

“দুখীয়া” বা “কৃপণ” বা “ খোলোচা নহয়”

ঈশ্বৰৰ প্ৰতি

এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰৰ দৃষ্টিত” বা “ঈশ্বৰৰ সম্বন্ধত।” ইয়াৰ অৰ্থটো হৈছে যে ঈশ্বৰৰ প্ৰতি গুৰুত্বতাৰ ক্ষেত্ৰত এই মানুহজনে কোনো বিনিয়োগ নকৰিলে বা ঈশ্বৰে তেওঁক পুৰস্কাৰক দিবলৈ।

Luke 12:22-23

সেই কাৰণে মই তোমালোকক কওঁ

“সেয়ে” বা “ সেইটোৰ কাৰণে” বা “এই কাহিনীটোৱে যি শিকাইছে তাৰ কাৰণে”

মই তোমালোকক কওঁ

“মই তোমালোক কিবা এটা গুৰুত্বপুৰ্ণ বিষয় কব বিচাৰো” বা “ এই কথাটোৰ প্ৰতি তোমালোকে সাৱধানেৰে শুনা”

তোমালোকৰ জীৱনৰ বিষয়ে

তোমালোকে কি খাবা

এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “তোমাৰ জীৱনৰ বিষয়ে আৰু তোমালোকে কি খাবা” বা “জীয়াই থাকিবৰ বাবে যথেষ্ট খাদ্যৰ বিষয়ে।”

তোমাৰ শৰীৰৰ বিষয়ে

কি পিন্ধিম

এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “তোমাৰ শৰীৰৰ বিষয়ে আৰু কি পিন্ধিবা” বা “তোমাৰ শৰীৰত পিন্ধিবৰ বাবে যথেষ্ট কাপোৰ

কানি।”

Luke 12:24-26

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

কাউৰীবোৰ

এই কথাটো হয়তু ১) কাউৰীবোৰ, প্ৰায়ে গুটি খোৱা চৰাই, বা ২) কাউৰী, এক ধৰণৰ চৰাই যিয়ে মৰা জন্তুৰ মাংস খায়। যীচুৰ দৰ্শক সকলে এইটো বিবেচনা কৰিছিল যে কাউৰীবোৰ মুল্যহীন কাৰণ সেইবোৰক খাব নোৱাৰি।

এই চৰাইবোৰতকৈ তোমালোক কিমান বহুমুলীয়া! – এইটো এটা আবেগিক কথা, বাস্তৱ কথাটো জোৰ দি কৈছে যে মানুহবিলাক ঈশ্বৰৰ দৃষ্টিত অতি মুল্যৱান।

তেওঁৰ জীৱনত এহাত যোগ যোগ কৰা

এইটো এটা উপমা কাৰণ এহাত হৈছে সময়ৰ বিপৰীতে দৈৰ্ঘ্যৰ জোখ। এজন ব্যক্তিৰ প্ৰতিচ্ছবি দীঘল কৰা হয় যদি তাত এখন বৰ্ড, এডাল ৰছী, বা আন কিছুমান ভৌতিক বস্তু থাকে। (উপমা চাওক)

Luke 12:27-28

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

কনাৰী ফুল

এই কনাৰীফুলবোৰ ধুনীয়া ফুল পথাৰত বনৰীয়াকৈ গজে। যদি আপোনাৰ ভাষাত কনাৰীফুলৰ বাবে তেনে শব্দ নাই, সেই ধৰণৰ ফুলৰ নাম দিব পাৰে বা এইটোক “ফুলৰ” দৰে অনুবাদ কৰিব।

সেই সুতাও নাকাটে

“কাপোৰ তৈয়াৰ কৰিবলৈ সেইবোৰে সুতাও নাকাটে” বা “আৰু সেইবোৰে মহুৰাও নুঘুৰে”

চলোমন তেওঁৰ সকলো মহিমাত

“চলোমন যিজনৰ অতি অধিককৈ সা

সম্পত্তি আছিল” বা “চলোমন যি জনে অতি ধুনীয়া কাপোৰ পিন্ধিছিল”

যদি ঈশ্বৰে পথাৰৰ এই ঘাঁহ

বনবোৰক ইমান ধুনীয়াকৈ সজাই

“যদি পথাৰৰ এই ঘাঁহ

বনবোৰক সেই দৰে কাপোৰ পিন্ধাই” বা “ যদি ঈশ্বৰে পথাৰৰ এই ঘাহঁ

বনবোৰক এনে ধুনীয়াকৈ কাপোৰ পিন্ধাই।” (উপমা চাওক)

তোমালোকক তেওঁ কিমান অধিককৈ কাপোৰ পিন্ধাব

এইটো এটা আবেগিক প্ৰকাশ যে তেওঁ এই ঘাঁহ

বনবোৰতকৈ মানুহক নিশ্চয়কৈ অধিক ভালকৈ চোৱা

চিতা কৰিব। (বাক্যত থকা বাক্যৰ ধৰণৰ অংশবোৰ চাওক)

Luke 12:29-30

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

তোমালোকে কি খাবা আৰু কি পান কৰিবা সেইটো চিন্তা নকৰিবা

“তোমালোকে কি খাবা আৰু কি পান কৰিবা সেইটো মুল লক্ষ্য হব নালাগে” বা “অধিককৈ খাবলৈ আৰু অধিককৈ পান কৰিবলৈ অতিপাত আকাংক্ষা নকৰিবা”

এই জগতৰ সকলোবোৰ জাতি

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “আন জাতিবিলাকৰ সকলোবোৰ মানুহে” বা “এই জগত অবিশ্বাসী বিলাকে।” ইয়াত “জাতিবোৰ” বুলি কওঁতে “অবিশ্বাসী” বিলাকৰ উপমাৰে বুজাইছে। (উপমা চাওক)

Luke 12:31-32

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

তেওঁৰ ৰাজ্য বিচাৰা

“ঈশ্বৰৰ ৰাজ্যলৈ লক্ষ্য কৰা” বা “ঈশ্বৰৰ ৰাজ্যলৈ অতিশয় আকাংক্ষা কৰা”

এই সকলোবোৰ তোমাত যোগ দিয়া হব

“এই সকলোবোৰ বস্তুও তোমাক দিয়া হব।” “এইবোৰ বস্তু ” বুলি কওঁতে অন্ন আৰু বস্ত্ৰ বুজাইছে।

তাকৰ জাকটি

যীচুৱে তেওঁৰ শিষ্যবিলাকক এটা জাক বুলি কৈছে। এটা জাক হৈছে ভেড়া বা ছাগলী এটি দল যাক ৰখীয়াবিলাকে চোৱাচিতা কৰে। যিদৰে ৰখীয়াবিলাকে তেওঁৰ ভেড়াবিলাকক চোৱাচিতা কৰে, একেদৰে ঈশ্বৰেও যীচুৰ শিষ্যবিলাকক চোৱাচিতা কৰে। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “সৰু গোট” বা “মৰমৰ দল।” (দৃষ্টান্ত চাওক)

Luke 12:33-34

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

আৰু দুখীয়া দিয়া

“তুমি কৰা সেই বিক্ৰীৰ পৰা কৰা উপাৰ্জন দুখীয়া মানুহক দিয়া”

তোমাৰ নিজৰ বাবে ধনৰ মোনা বনোৱা... স্বৰ্গত জমা কৰা

এই কথাটো এনেদেৰ অুবাদ কৰিব পাৰি যেনে “এইদৰেই তুমি নিজৰ বাবে ধনৰ মোনা বনোৱা...।” স্বৰ্গত ধনৰ মোনা আৰু ৰত্ন একেটা কথাকো বুজাইছে। সেই দুয়োটাই স্বৰ্গত ঈশ্বৰৰ আশীৰ্ব্বাদ প্ৰতিনিধিত্ব কৰিছে। (উপমা চাওক)

ধনৰ মোনা যিটো ফাটি নাযায়

“ ধনৰ মোনা যিটোত কেতিয়াও ফুটা নহব।”

শেষ হৈ নাযায়

“কম হৈ হৈ নাযায়” বা “কমি নাযায়”

Luke 12:35-36

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

তোমালোকৰ দীঘল কাপোৰ তোমাৰ টঙালিত বন্ধা হৈ থাওক

মানুহে বৈ থকা দীঘল কামিজ পিন্ধে। তেওঁলোক সেই কাপোৰবোৰ তেওঁলোকৰ টঙালিত বান্ধি লয় যাতে কাম কৰোঁতে আমনি দায়ক নহয়। এই স্পষ্ট তথ্যটো দেখুৱাবলৈ, এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “পৰিচৰ্য্যা কৰাত যুগুত হৈ থাকিবলৈ তোমাৰ দীঘল কামিজ তোমাৰ টঙালিত বন্ধা হৈ থাকক” বা “পোছাক পৰিধান কৰি পৰিচৰ্য্যা কৰিবলৈ যুগুত হৈ থাকক।” স্পষ্টতা আৰু সৰলতা চাওক)

তোমাৰ চাকি জ্বলা হৈ থাকক

“তোমাৰ চাকি জ্বলি থাকক”

চাকিবোৰ

ইন্ধনৰ বাবে তেল আৰু শলিতাৰে সৈতে এইবোৰ হৈছে সৰু চৰিয়া।

মানুহবিলাকে তেওঁলোকৰ গৰাকীক বিচাৰি থকাৰ নিচিনা হোৱা

ই এটা সাদৃশ্যতা। এইটোৱে শিষ্যবিলাকক যীচুৰ উভতি অহাৰ বাবে যুগুত হৈ থকাৰ লগত তুলনা যিদৰে যি চাকৰবিলাকে সিহঁতৰ গৰাকীৰ উভতি অহালৈ বাট চাই থকা। এইটো এই উপমাটোৰ আৰম্ভণীও হয়। (সাদৃশ্যতা আৰু উপমা চাওক)

ভোজৰ ঘৰৰ পৰা উভতি অহা

“বিয়াৰ ভোজৰ পৰা ঘৰলৈ উভতি অহা”

Luke 12:37-38

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে উপমাটো কৈ আছে।)

ধন্য হয়

“কিয়নো এইটো কিমান ভাল”

যাক সেই পৰ দি থকা পায় যেতিয়া সেই গৰাকীয়ে উভতি আহে

“সেই গৰাকীয়ে উভতি আহোঁতে তেওঁলৈ অপেক্ষা কৰি থাকা এনে কাৰোবাক পায়” বা “যেতিয়া সেই গৰাকী উভতি আহে কাক পৰ দি থকা পায়”

তেওঁ টঙালি বান্ধিব... সিহঁতক বহোৱাব

এইটো হৈছে আগৰ পদকেইটাৰ ওলোটা কথা। কাৰণ সেই গৰাকীৰ প্ৰতি তেওঁৰ চাকৰবিলাক অতি বিশ্বাসী, এতিয়া সেই গৰাকীয়ে সিহঁতক পৰিচৰ্য্য কৰি সিহঁতক পুৰস্কাৰ দিব।

তেওঁ তেওঁৰ দীঘল কামিজ টঙালিত বান্ধি লব

এই অস্পষ্ট তথ্যটো সৰল হিচাপে অনুবাদ কৰিব পাৰি যেনেঃ “তেওঁ তেওঁৰ দীঘল কামিজ তেওঁৰ কঁকালত বান্ধি পৰিচৰ্য্যা কৰিবলৈ যুগুত হব” বা “তেওঁ পৰিচৰ্য্যা কৰিবলৈ পোছাক পিন্ধিব।” (অস্পষ্ট আৰু সৰল তথ্য চাওক)

ৰাতিৰ দ্বিতীয় প্ৰহৰত

এইটোক “ পিছ নিশা” বা “মাজ নিশাৰ আগে আগে” বুলি অনুবাদ কৰিব পাৰি। দ্বিতীয় প্ৰহৰ সন্ধ্যা ৯ বজাৰ পৰা মাজ নিশালৈ। (বাইবেলৰ সময় চাওক)

বা যদি আনকি তৃতীয় প্ৰহৰ

এই কথাটো “বা যদি তেওঁক ৰাতি অতি পলমকৈ আহে।” তৃতীয় প্ৰহৰ মাজনিশাৰ পৰা পুৱা ৩ বজালৈকে।(বাইবেলৰ সময় চাওক)

Luke 12:39-40

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে উপমাটো কৈ আছে।)

কাৰণ মানুহৰ পুত্ৰ কেতিয়া আহিব তাক তোমালোকে নাজানা

এটা চুৰ আৰু মানুহৰ পুত্ৰ এই দুয়োটা কেতিয়া আহিব তাক মানুহবিলাকে নাজানে সেয়ে তেওঁলোকে যুগুত হৈ থকা প্ৰয়োজন তাৰ বাবে এইটো এটা সাদৃশ্যতাহে।

মানুহৰ পুত্ৰ কেতিয়া আহিব

যীচুৱে নিজৰ বিষয়ে কৈ আছে। সেয়ে এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “যেতিয়া মই, মানুহৰ পুত্ৰই, আহিম।”

Luke 12:41-44

তেন্তে কোন হব – এইটো এটা অলঙ্কাৰীক প্ৰশ্নৰ আৰম্ভণী। যীচুৱে পিতৰৰ প্ৰশ্নৰ উত্তৰটো পোনে পোনে দিয়া নাছিল, কিন্তু যিবিলাক বিশ্বাসী পৰিচালক হব বিচাৰে তেওঁলোকৰ বিষয়ে এই উপমাটো বুজি পোৱাটো আশা কৰিছিল। এই কথাটো এটা উল্লেখিত বাক্যত পৰিচয় কৰাব পাৰিঃ “মই এইটো প্ৰতিজনৰ বাবে কৈছিলো, যি জনে।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

বিশ্বাসী আৰু জ্ঞানী ঘৰগিৰি

এজন সেৱক কেনেকৈ বিশ্বাসী হৈ থাকিব লাগে সেই বিষয়ে যীচুৱে আন এটা উপমা কৈছে যেতিয়া সিহঁতৰ গৰাকী ঘৰলৈ ঘুৰি অহাৰ অপেক্ষাত থাকে। (উপমাবোৰ চাওক)

যিজনক তেওঁৰ প্ৰভুৱে আন চাকৰবিলাকৰ ওপৰত গৰাকী পাতিব

“যিজনক তেওঁৰ প্ৰভুৱে আন চাকৰবিলাকৰ ওপৰত প্ৰভু পাতিব।”

সেই চাকৰজন ধন্য

“সেই চাকৰ জনৰ বাবে এইটো কিমান উত্তম কথা হব”

যিজনক তেওঁৰ প্ৰভুৱে কৰি থকা পায় যেতিয়া তেওঁ উভতি আহে

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যেতিয়া তেওঁ ঘুৰি আহে, যদি তেওঁৰ প্ৰভুৱে সেই কামটো কৰি থকা পায়।”

Luke 12:45-46

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে উপমা এটা কৈ আছে।)

সেই চাকৰজন

এই কথাটোৱে সেই চাকৰজনক বুজাইছে যিজনৰ ওপৰত তেওঁৰ প্ৰভুৱে আন চাকৰবিলাকৰ দায়িত্ব দিছিল।

মোৰ প্ৰভুৱে ঘুৰি অহা পলম কৰিছে

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “মোৰ প্ৰভুৱে সোনকালে ঘুৰি নাহিব।”

পুৰুষ আৰু মহিলা চাকৰবিলাক

এই শব্দবিলাক ইয়াত এনেদৰে অনুবাদ কৰিব পাৰি যেনে “পুৰুষ আৰু মহিলা চাকৰবিলাক“ সাধাৰণতে “ল’ৰাবিলাক” আৰু “ছোৱালীবিলাক।” এইটোৱে ইয়াকে দেখুৱাই যে সিহঁতবোৰ চেঙেলীয়া বা সিহঁতৰ গৰাকীৰ বাবে চেনেহৰ হয়নে নহয়।

অবিশ্বাসীবিলাকৰ লগত তাৰ অংশ থিৰাং কৰিব

“তাক অবিশ্বাসী মানুহৰ লগত থৈ দিব” বা “অবিশ্বাসীবিলাকক য়’লৈ পঠিয়াই দিয়ে তালৈ তাক পঠিয়াই দিব।”

Luke 12:47-48

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে উপমা এটা কৈ আছে।)

অনেক কোবেৰে মাৰ খাব

“বহুতবাৰ কোব দিয়া হব” বা “বহুতবাৰ কোবোৱা হব।“ এই কথাটো এটা সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি যেনেঃ “তেওঁৰ প্ৰভুৱে তেওঁক বহুতবাৰ কোবাব” বা “তেওঁৰ গৰাকীয়ে তাক অতি কঠিনকৈ শাস্তি দিব।”

প্ৰতিজনক যাক যাক অধিক দিয়া হব, তাৰ পৰা অধিককৈ বিচৰা হব

এই কথাটো এটা সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি যেনেঃ “যিজনে বেছিকৈ পাইছিল তেওঁৰ পৰা অধিককৈ বিচৰা হব” বা “যাক অধিক দিয়া হৈছিল তাৰ পৰা অধিককৈ গৰাকীয়ে বিচাৰিব।

সিহঁতে ভাৰসা কৰে...সিহঁতে বিচাৰিব

ইয়াত এই “সিহঁত” শব্দটোৱে কোনো বিশেষ মানুহৰ গোটতোক নুবুজায়। এই কথাটোকো এইদৰে অনুবাদ কৰিব পাৰি যেনে “গৰাকীয়ে ভাৰসা কৰিছে... সেই গৰাকীয়ে খুজিব।” যদি আপুনি আগৰ বাক্যবোৰ নিস্ক্ৰিয় হিচাপে অনুবাদ কৰিছিল, UDBত পাছৰ খিনিও বিবেচনা কৰক। (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

যিজনক সিহঁতে অধিককৈ দিয়া হৈছিল

“যিজনক চোৱাচিতা কৰিবলৈ অধিক সম্পত্তি দিয়া হৈছিল” বা “যিজনক তেওঁলোকে অধিক দায়িত্ত্ব দিছিল।”

Luke 12:49-50

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে শিকাই আছে।)

মই পৃথিবীত জুই পেলাবলৈ আহিলো

“মই পৃথিবীত জুই দলিয়াই পেলাবলৈ আহিলোঁ” বা “মই পৃথিবীত জুই লগাবলৈ আহিলোঁ।” এই উপমাটোৰ বাবে সাম্ভাব্য অৰ্থবোৰ হৈছে ১) সোধবিচাৰ বা ২) শুচিকৰণ বা ৩) বিভেদ

এতিয়াই যদি প্ৰজ্বলিত হ’লহেতেন কিমান ভাল হ’লহেতেন

এইটো এটা আবেগিক প্ৰকাশ এইটো ঘটিবলৈ তেওঁ কিমান জোৰ দি বিচাৰিছে। এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “এইটো যেন এতিয়াই জ্বলি উঠে মই এনে বৰ ইচ্ছা কৰোঁ” বা অধিক সাধাৰণ ভাবে “এইটো ইতিমধ্যে আৰম্ভ হবলৈ মই বৰ ইচ্ছা কৰোঁ।”(বাক্যত থকা বাক্যৰ ধৰণৰ অংশবোৰ চাওক)

কিন্তু মই এটা বাপ্তিস্মেৰে বাপ্তাইজিত হব লাগে

ইয়াত বাপ্তিস্মটো দুখভোগ কৰাৰ এটা উপমা হিচাপে ব্যৱহাৰ কৰা হৈছে। যিদৰে বাপ্তিস্মৰ সময়ত পানীৰে ব্যক্তিজনক আগুৰি ধৰে, দুখকষ্টই যীচুক জুমুৰি দি ধৰিব। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মই দুখ

কষ্টৰে বাপ্তাইজিত হম” বা সাদৃশ্যতা হিচাপেঃ “ এজন ব্যক্তিক বাপ্তিস্মত পানীৰ দ্বাৰা আগুৰি ধৰাৰ দৰে মোকো দুখ

কষ্টৰে জুমুৰি দি ধৰিব।” (উপমা চাওক)

কিন্তু

তেওঁ বাপ্তিস্ম নোহোৱালৈক এই জুই জ্বলাবলৈ নোৱাৰে তাকে দেখুৱাবলৈ এই “কিন্তু ” শব্দটো ব্যৱহাৰ কৰা হৈছে।

এইটো সম্পুৰ্ণ নোহোৱালৈকে মই কিমান দুখত পৰিছোঁ! – তেওঁ কিমান দুখিত হৈছিল তাকে জোৰ দিবলৈ এইটো আবেগিক প্ৰকাশ। এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মই অতি বেছিকৈ দুখত পৰিছো আৰু এই দুখভোগ সম্পুৰ্ণ নোহোৱালৈকে এনেদৰেই হব!”

Luke 12:51-53

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে শিকাই আছে।)

মই পৃথিবীত শান্তি আনিবলৈ আহিছোঁ বুলি নাভাবিবা? এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। মানুহবিলাকে ভাবিছিল যে মছীহই শত্ৰূৰ পৰা তেওঁলোকলৈ শান্তি আনিব। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মই পৃথিবীত শান্তি আনিবলৈ আহিছোঁ বুলি তোমালোকে ভবা উচিত নহয়।”(অলঙ্কাৰীক প্ৰশ্ন)

কিন্তু বৰং বিভেদ

“কিন্তু মই বিভেদ আনিবলৈহে আহিছোঁ”

বিভেদ

“বিৰোধীতা” বা “অনৈক্যতা”

এটা ঘৰত পাঁচজন ভাগ ভাগ হৈ যাব

বিভেদ হোৱাৰ এইটো এটা উদাহৰণ আনকি পৰিয়াল বিলাকতো বিভেদ হব।

Luke 12:54-56

এক বৃষ্টি আহি আছে

“বৰষুণ আহিছে” বা “বৰষুণ দিবলৈ হৈছে” (UDB)

এই পৃথিবী আৰু আকাশ

মণ্ডল

“এই পৃথিবী আৰু এই আকাশ

মণ্ডল” বা “এই বতৰটো”

এইটো কেনে কথা যে তোমালোকে এই বৰ্ত্তমান সময়ৰ অৰ্থ ভাঙনি কৰিব নাজানা ? – এই অলঙ্কাৰীক প্ৰশ্নটো এটা গালি দিয়া হিচাপে ব্যৱহাৰ কৰা হৈছে। এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “এই বৰ্ত্তমান কালৰ অৰ্থভাঙনি কৰিবলৈ তোমালোক জনা উচিত।” (অলঙ্কাৰীক প্ৰশ্ন)

Luke 12:57-59

(যীচুৱে ভীৰৰ মানুহবিলাকক একেৰাহে কথা কৈ আছে।)

তোমালোকৰ নিজৰ বাবে সঠিকটো কি তাক কিয় বিচাৰ নকৰা

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন গালি দিয়াৰ বাবে ব্যৱহাৰ কৰা হৈছে। এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “শুদ্ধটো কি তাক তোমালোকে নিজেই বুজিলোৱা উচিত।”( অলঙ্কাৰীক প্ৰশ্ন চাওক) যীচুৰ শিক্ষাটোৰ শুদ্ধটো কি তাক পৰিচয় কৰাই দিয়ে।

তোমালোকৰ বাবে

“তোমালোকৰ নিজৰ আগৰণুৱা অৱস্থা” বা “সেইটো কৰিবলৈ তোমালোকৰ সময় যেতিয়া আছেই।” (UDB) এইটোৱে ইয়াকে বুজায় যে কোনেও তেওঁলোকক জোৰ নকৰাকৈয়ে শ্ৰোতাই নিজৰ মনোযোগ আৰু জ্ঞান এই বিষয়ে কাৰ্য্য কৰিব লাগে।

কিয়নো যেতিয়া তুমি তোমাৰ বৈৰীৰ লগত যোৱা

এইটো আন এটা দৃষ্টান্তৰ আৰম্ভণী। অচিৰেই আহিব লগীয়া ঈশ্বৰৰ সোধবিচাৰৰ বাবে উপমা স্বৰূপে যীচুৱে এক অস্পষ্ট প্ৰমাণযুক্ত পৰিস্থিতি ব্যৱহাৰ কৰিছে।

কিয়নো যেতিয়া তুমি যোৱা

যীচুৱে যদিও ভীৰৰ মানুহবিলাকক কথা কৈ আছে, তেওঁ উপস্থাপন কৰা পৰিস্থিতিটো কিবা যেন এজন ব্যক্তিয়ে অকলশৰে যেন গৈ আছে। সেয়ে কিছুমান ভাষাত এই “তুমি” শব্দটো একবচন হব। (তুমি শব্দৰ ৰূপ চাওক)

তেওঁৰ লগত বিষয়টো মীমাংসা কৰা

“তোমাৰ বৈৰীৰ লগত বিষয়টো মীমাংসা কৰা”

বিচাৰকৰ্ত্তা

এই কথাটোৱে ন্যায়াধীশক বুজাইছে, কিন্তু এই শব্দটো অতি বেছি বিশেষত্বপুৰ্ণ আৰু ভাবুকি দিয়াৰ দৰে।

Luke 13

Luke 13:1-3

সেই সময়ত

যেতিয়া যীচুৱে ভীৰৰ মানুহবিলাককক শিক্ষা দি আছিল এই বাক্যাংশটোৱে ১২ নং অধ্যায়ৰ শেষৰ ঘটনাটো সংযোগ কৰিছে।

পীলাতে যিবিলাকৰ তেজ সিহঁতৰ নিজৰ বলিদানৰ লগত মিহলি কৰিছিল

এইটো এটা বাক্যৰ উপমা যিটোত তেওঁলোকৰ মৃত্যুৰ কথাটো তেজৰ শব্দত কোৱা হৈছে। এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ যেতিয়া তেওঁলোকে বলিদান উচৰ্গা কৰি আছিল সেই সকলক পীলাতৰ দ্বাৰা বধ কৰা হৈছিল।” এইটো সম্ভৱতঃ পীলাতে নিজে গৈ সেইবিলাকক বধ কৰাৰ বিপৰীতে তেওঁৰ সৈন্যবিলাকক আদেশ দিছিল। (বাক্যালঙ্কাৰ আৰু অস্পষ্টতা আৰু সৰলতা তথ্য চাওক)

এই গালীলীয়াবিলাক অতি বেছি পাপী আছিল বুলি তোমালোকে ভাবানে

“এই গালীলীয়া বিলাক বেছি পাপী আছিল নেকি” বা “এই গালীলীয়া বিলাক বেছি পাপী আছিল বুলি এইটোৱে প্ৰমাণ কৰে নেকি?” বা এক আদেশ হিচাপে “এই গালীলীয়াবিলাক অতি বেছই পাপী আছিল বুলি তোমালোকে ভাবা নে” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

নহয়, মই তোমালোকক কওঁ

যীচুৱে কৈছিল,”মই তোমালোকক কওঁ” ইয়াত জোৰ দিয়া কথাটো হৈছে “নহয়।” এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “নিশ্চয়ে নহয়!” সাম্ভাব্য অৰ্থবোৰ হৈছে “তেওঁলোক নিশ্চয়কৈ অধিক পাপী নাছিল” বা “তেওঁলোকৰ দুখকষ্টই নিশ্চয়কৈ সেইটো প্ৰমাণ নকৰে।” এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “সেইদৰে সেইটো ভাবাটো তোমালোকৰ ভুল হৈছে।”

তোমালোক সকলোৱেই সেইদৰে বিনষ্ট হবা

“তোমালোক সকলোও মৰিবা” “সেই একেদৰেই” এই বাক্যাংশটো অৰ্থটো হৈছে “সেই একে ফলাফলেৰে”, বা “সেই একে পদ্ধতিৰ দ্বাৰা”

বিনষ্ট হবা

“তোমালোকৰ জীৱন হেৰুৱাবা” বা “মৰিবা”

Luke 13:4-5

(যীচুৱে একেৰাহে ভীৰৰ মানুহবিলাকক কৈ আছে।)

বা সেইবিলাক

দুখ কষ্ট পোৱা মানুহবিলাকৰ এইটো আছিল যীচুৰ দ্বিতীয় উদাহৰণ। এইটো এনেকৈ আৰম্ভ হৈছে “বা সেইসকলক বিবেচনা কৰা” বা “সেইসকলৰ বিষয়ে চিন্তা কৰা।” ইয়াৰ পাছত থকা অলঙ্কাৰীক প্ৰশ্নৰ লগত এইটো সংযোগ কৰিবলৈ এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “সেইসকলৰ বিষয়ে কি”

তেওঁলোক অত্যধিক পাপী আছিল বুলি তোমলোকে ভাবা নে – “তেওঁলোক অতি বেছি পাপী আছিল নে” বা “এই কথাটো এইটো প্ৰমাণ কৰে নেকি যে তেওঁলোক অতি বেছি পাপী আছিল ?” এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। এইটো এটা উদ্ধৃত বাক্যত অনুবাদ কৰিব পাৰি যেনে “তেওঁলোক অধিক পাপী আছিল বুলি তোমালোকে ভাবা” বা এক আদেশ স্বৰূপে “তেওঁলোক অধিক পাপী আছিল বুলি নাভাবিবা” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

আন মানুহবিলাক

“অন্য লোকসকল”

নহয়, মই কওঁ

যীচুৱে কৈছিল,”মই কওঁ” ইয়াত জোৰ দিয়া কথাটো হৈছে “নহয়।” এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “নিশ্চয়ে নহয়!” সাম্ভাব্য অৰ্থবোৰ হৈছে “তেওঁলোক নিশ্চয়কৈ অধিক পাপী নাছিল” বা “তেওঁলোকৰ দুখকষ্টই নিশ্চয়কৈ সেইটো প্ৰমাণ নকৰে।” এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “সেইদৰে সেইটো ভাবাটো তোমালোকৰ ভুল হৈছে।” যদি এইটো

বিনষ্ট হবা

“তোমালোকৰ জীৱন হেৰুৱাবা” বা “মৰিবা”

Luke 13:6-7

(যীচুৱে একেৰাহে ভীৰৰ মানুহবিলাকক কৈ আছে।)

যীচুৱে এই দৃষ্টান্তটো কৈছিল

যীচুৱে তেওঁৰ আগৰ পদটোত কোৱা বাক্যটো যিটোত কোৱা হৈছেল যে তেওঁলোকে মন পালটন কৰিব লাগে নহলে বিনষ্ট হব ইয়াক বুজাবলৈ যীচুৱে এই দৃষ্টান্তটো কৈছিল।

এই ভুমিভাগ কিয় নষ্ট কৰি আছা

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। এই কথাটো UDB ত এটা বাক্যত অনুবাদ কৰিব পাৰি যেনে বা এক আদেশ হিচাপেঃ “ইয়াক এই ভুমিভাগক নষ্ট কৰিব নিদিবা।” অলঙ্কাৰীক প্ৰশ্ন চাওক)

Luke 13:8-9

(যীচুৱে তেওঁৰ কাহিনীটো একেৰাহে কৈ আছে।)

অকলে থাকিবলৈ দিয়া

এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “এই গছজোপাক একো নকৰিবা” বা “ ইয়াক কাটি নেপেলাবা”

আৰু ইয়াত সাৰ দিয়া

“আৰু মাটিত সাৰ দিয়া।” সাৰ হৈছে জন্তুৰ গোবৰ। গছ

গছনি আৰু গছৰ ভালৰ কাৰণে মানুহে এইবোৰ মাটিত দিয়ে।

ইয়াক কাটি পেলোৱা

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “মোক এইজোপা কাটিব দিয়া” বা “এইজোপাক কাটি পেলাবলৈ মোক কওক।” এই চাকৰজনে এটা পৰামৰ্শ দিছে; সি মালিকক আদেশ দিয়া নাই।

Luke 13:10-11

বিশ্ৰামবাৰৰ সময়ত

“বিশ্ৰাম বাৰৰ দিনা।” কিছুমান ভাষাত কয় “এটা বিশ্ৰামবাৰে” কাৰণ এইটো কোন বিশেষ বিশ্ৰাম বাৰ আছিল তাক আমি নাজানো।

চোৱা

এই “চোৱা” শব্দই ইয়াত আমাক কাহিনীটোত এজন নতুন মানুহ অহাটো সজাগ কৰি দিয়ে। এইটো কৰিবলৈ আপোনাৰ ভাষাত কিবা উপায় থাকিব পাৰে। ইংৰাজীৰ ব্যৱহাৰ

“এগৰাকী মহিলা আছিল যাক...”

দুৰ্ব্বলতাৰ এক দুষ্ট আত্মা

“তাইক দুৰ্ব্বল কৰা এটা দুষ্ট আত্মা”

Luke 13:12-14

তোমাৰ দুৰ্ব্বলতাৰ পৰা মুক্ত হোৱা

“তুমি তোমাৰ ৰোগৰ পৰা সুস্থ হ’লা।” এইদৰে কোৱাৰ দ্বাৰা, যীচুৱে এইটো ঘটিবলৈ দিলে। এইটো এইদৰে এক আদেশ (UDB) বা এক উল্লেখিত বাক্য (UDB) হিচাপে অনুবাদ কৰিব পাৰি। (বাক্যবোৰ চাওক)

তেওঁ তেওঁৰ হাত তাইৰ গাত দিলে

“তেওঁ তাইক স্পৰ্শ কৰিলে”

ক্ৰোদ্ধ হৈছিল কাৰণ যীচুৱে সুস্থ কৰিছিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যীচুৱে সুস্থ কৰাৰ কাৰণে খং উঠিছিল।”

উত্তৰ দিছিল আৰু কৈছিল

“কৈছিল বা “প্ৰত্যুত্তৰ দিছিল”

আহিবা আৰু তেতিয়া সুস্থ হবা

“সেই ছয়টা দিনৰ ভিতৰত আহি সুস্থ হবা”

Luke 13:15-16

এইবোৰ কথা তেওঁ কৈ থাকোঁতে

“যেতিয়া যীচুৱে এইবোৰ কথা কৈছিল”

তেওঁ সেই গৌৰৱময় বিষয় কৰিছিল

“যীচুৱে সেই গৌৰৱময় কাম তেওঁ কৰি আছিল”

প্ৰভুৱে তেওঁক উত্তৰ দিছিল

“প্ৰভুৱে ধৰ্ম্মধামৰ সেই অধিপতি জনক প্ৰত্যুত্তৰ দিছিল

তোমালোকৰ প্ৰতিজনে তোমালোকৰ গাধ মুকলি নকৰা নে

এইটো অলঙ্কাৰীক প্ৰশ্নৰে আৰম্ভ হৈছে। তেওঁলোকে ইতিমধ্যে পৰিচিত কিবা এটা বিষয়ত চিন্তা কৰিবলৈ যীচুৱে এইটো ব্যৱহাৰ কৰিছে। এই কথাটো এইদৰে এটা বাক্যত অনুবাদ কৰিব পাৰি যেনেঃ “তুমি তোমাৰ গাধ মুকলি কৰা” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

গাধ বা গাইগৰু

এইবিলাক জন্তুক পানী যোগান দিয়াৰ দ্বাৰা মানুহবিলাকে চোৱাচিতা কৰে।

অব্ৰাহামৰ জীয়াৰী

“অব্ৰাহামৰ বংশধৰ”

যাক চয়তানে বান্ধি ৰাখিছিল

এইটো এটা উপমা। ইয়াৰ অৰ্থটো “যাক চয়তানে পঙ্গু কৰি ৰাখিছিল।” এই উপমাটো ৰাখিব পাৰি আৰু ইয়াৰ অৰ্থটো স্পষ্ট কৰিব পাৰিঃ “এই ৰোগটোৰ সৈতে যাক চয়তানে বন্দী কৰি ৰাখিছিল।” (উপমা চাওক)

দীৰ্ঘ ওঠৰ বছৰ

এই “দীৰ্ঘ” শব্দই ইয়াত জোৰ দিছে যে এই মহিলা গৰাকীয়ে দুখভোগ কৰিবলৈ ওঠৰ বছৰ অতি দীঘলীয়া সময় আছিল। আন কিছুমান ভাষাত এইটো জোৰ দি কবলৈ আন উপায় থাকিব পাৰে।

এইটো আৱশ্যক নহয়

এইটো এটা অলঙ্কাৰীক প্ৰশ্নৰে আৰম্ভ হৈছে। যীচুৱে মানুহবিলাকক এইটো স্বীকাৰ কৰাটো বিচাৰিছে যে মহিলা গৰাকীক বিশ্ৰাম বাৰত সুস্থ কৰাটো ঠিকেই হৈছে তাৰ বাবে যীচুৱে এই কথাটো ব্যৱহাৰ কৰিছে। (UDB)

তাইক বন্ধনৰ পৰা মুকলি কৰিবলৈ

এইটো এটা উপমা। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “চয়তানৰ পৰা তাইক মুকলি কৰিবলৈ” বা “এই ৰোগৰ পৰা তাইক মুকলি কৰিবলৈ”

Luke 13:17

এইবোৰ কথা তেওঁ কৈ থাকোঁতে

“যেতিয়া যীচুৱে এইবোৰ কথা কৈছিল”

তেওঁ সেই গৌৰৱময় বিষয় কৰিছিল

“যীচুৱে সেই গৌৰৱময় কাম তেওঁ কৰি আছিল”

Luke 13:18-19

(যীচুৱে ধৰ্ম্মধামত একেৰাহে মানুহবিলাকক শিক্ষা দি আছিল।)

ঈশ্বৰৰ ৰাজ্য কেনেকুৱা

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন যিটোৰ বিষয়ে যীচুৱে কথা কবলৈ ওলাইছে তাক পৰিচয় কৰাই দিয়ে। এইটো এটা উদ্ধৃত বাক্যত অনুবাদ কৰিব পাৰি যেনেঃ ”ঈশ্বৰৰ ৰাজ্য কেনেকুৱা মই তোমালোকক কম।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

ইয়াক মই কাৰ লগত তুলনা কৰিম

মৌলিকভাবে এইটো আগৰ অলঙ্কাৰীক প্ৰশ্নৰ লগত একেই। যীচুৱে যি কথা কবলৈ ওলাইছে তাক পৰিচয় কৰাই দিবলৈ এইটো ব্যৱহাৰ কৰিছে। কিছুমান ভাষাত এই দুয়োটা ব্যৱহাৰ কৰে, আৰু কিছুমানত মাত্ৰ এটাহে ব্যৱহাৰ হয়। (সমান্তৰালতা চাওক)

এটা সৰিয়হৰ গুটি

সৰিয়হৰ গুটিবিলাক অতি সৰু বীজ যিটোৱে বৰ ডাঙৰ গছ হে পৰে। যদি এইবোৰ পৰিচিত নহয়, এইটোক এইটোৰ দৰে আন এটা একে ধৰণৰ বীজৰ নামত অনুবাদ কৰিব পাৰি বা সাধাৰণভাবে “এটি সৰু বীজ।”

আৰু তেওঁৰ বাগানত দলিয়াই দিছিল

“তেওঁৰ বাগানত ৰুইছিল।” মানুহে কিছুমান বীজ বাগানত দলিয়াই ছটিয়াই দিয়ে যাতে সেইবোৰ বাগানত সিচঁৰিত হৈ পৰে।

এজোপা ডাঙৰ গছ

এটা বিষয় মনোযোগ কৰোৱাবলৈ এইটো এটা অত্যুক্তি। এইটোক এনেদৰে অনুবাদ কৰিব পাৰি যেনে “এজোপা ডাঙৰ গুল্ম।” (অসম্ভৱ কথা চাওক)

আকাশৰ চৰাইবোৰ

“আকাশত উৰা চৰাইবোৰ।” এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “আকাশত উৰি ফুৰা চৰাইবোৰ” বা সাধাৰণভাবে “চৰাইবোৰ”

Luke 13:20-21

(যীচুৱে ধৰ্ম্মধামত একেৰাহে মানুহবিলাকক কৈ আছে।)

ঈশ্বৰৰ ৰাজ্যক মই কাৰ লগত তুলনা কৰিম ? – এইটো এটা অলঙ্কাৰীক প্ৰশ্ন যিটোৰ বিষয়ে যীচুৱে কথা কবলৈ ওলাইছে তাক পৰিচয় কৰাই দিয়ে। (অলঙ্কাৰীক প্ৰশ্ন চাওক)। এইটোক UDB ত এটা উদ্ধৃত বাক্যত অনুবাদ কৰিব পাৰি।

এইটো হৈছে খমিৰৰ নিচিনা

পিঠাগুৰিৰ গোটেই লডা ফুলাই তুলিবলৈ অলপমান খমিৰৰহে প্ৰয়োজন। এই কথাটো UDBত স্পষ্ট কৰিব পাৰি।

তিনি দোন পিঠাগুৰিৰ – এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “এক বিশাল পৰিমাণৰ পিঠাগুৰি” বা আপোনাৰ সমাজত বিশাল পৰিমাণৰ পিঠাগুৰি জোখমাখ কৰিবলৈ ব্যৱহাৰ কৰা শব্দ।

Luke 13:22-24

ঠেক দুৱাৰেদি সোমাবলৈ যত্ন কৰা

“ঠেক দুৱাৰেদি সোমাবলৈ কষ্ট কৰা।”

ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে উপমাটোৰ এই এটা অংশ। (ঈশ্বৰৰ ৰাজ্য, স্বৰ্গ ৰাজ্য চাওক) এই উপমাটোত ঈশ্বৰৰ ৰাজ্যক এটা ঘৰৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হৈছে। যীচুৱে মানুহৰ দল এটাক কথা কৈ আছে। সেয়ে “তুমি” শব্দটো এই আদেশত বহুবচনত প্ৰয়োগ কৰা হৈছে। (তুমি শব্দৰ ৰূপ চাওক)

সেই ঠেক দুৱাৰ

এই ৰাজ্যৰ অংশীদাৰ হোৱাটোক ঠেক দুৱাৰেৰে সোমোৱাৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হৈছে। এই বাস্তৱ কথাটো প্ৰয়োগিক বিষয়টো হৈছে যে কেইজন মান মানুহহে এই ফালেদি সোমাব পাৰে। এইটো এনেদৰে অনুবাদ কৰক যে ইয়াৰ সংকুচিত ৰাখি যায়। (অস্পষ্টতা আৰু সৰলতা চাওক)

Luke 13:25-27

(যীচুৱে ঈশ্বৰৰ ৰাজ্যত সোমোৱা বিষয়ে একেৰাহে কৈ আছে।)

ঘৰৰ মালিক

এইটোৱে ঈশ্বৰক বুজাইছে আৰু এনেদৰে অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰজনা”

তোমালোকে বাহিৰত থিয় হৈ থাকিবা

যীচুৱে ভীৰৰ মানুহবিলাকক কথা কৈ আছে। ইয়াত “তুমি” শব্দৰ ৰূপ বহুবচন। (তুমি শব্দৰ ৰূপ চাওক)। তেওঁলোকে সেই ৰাজ্যত দুৱাৰেদি যেন সোমোৱা নাই এইদৰে তেওঁ তেওঁলোকক সম্বোধন কৰি আছে।

মোৰ পৰা দুৰ হ

“মোৰ পৰা আতৰি যা”

কু

কৰ্ম্মীহঁত

“যি মানুহবিলাকে কু

কৰ্ম্ম কৰে”

Luke 13:28-30

(যীচুৱে ঈশ্বৰৰ ৰাজ্যত সোমোৱা বিষয়ে একেৰাহে কৈ আছে।)

দাঁত কৰচনি

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) তুমি তোমাৰ দাঁত কৰচিবা কাৰণ তোমাৰ খং উঠিছে বা ২) তুমি তোমাৰ দাঁত কৰচিবা কাৰণ তোমাৰ অতিপাত বিষ হব। যদি আপোনাৰ সংস্কৃতিত দাঁত কৰচা কথাটো খঙৰ লগত জড়িত নহয়, এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “খঙত দাঁত কৰচিব।” বা আপোনাৰ সংস্কৃতিত মানুহ খং উঠিলে কেনেকৈ প্ৰকাশ কৰে তাৰ উপায় ব্যৱহাৰ কৰক, যেনে “তোমাৰ ভৰি মাটিত থেকেচিবা” বা “তোমাৰ দাঁত কামুৰি ধৰিবা” বা “খঙালৰূপ প্ৰকাশ কৰিবা।”

কিন্তু তুমি

তোমাক বাহিৰত পেলোৱা হব

“কিন্তু তোমালোকক বাহিৰ দসিয়াই পেলোৱা হব।”

তেওঁলোক আহি পাব

“মানুহবিলাক আহিব”

একেবাৰে শেষৰজন প্ৰথম হব

এইটো হৈছে সন্মান আৰু গুৰুত্বতাৰ বিষয়ে।এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “কিছুমান যিবিলাক অতি কম গুৰুত্বপুৰ্ণ সেইবিলাক অতিশয় গুৰুত্বপুৰ্ণ হব” বা “কিছুমান যিবিলাকক অসন্মান কৰা হৈছিল তেওঁলোকক অতিশয় আদৰ কৰা হব।”

Luke 13:31-33

তাৰ অলপ পাছতেই

“যীচুৱে কথা কৈ শেষ কৰাৰ পাছত”

ইয়াৰ পৰা আতৰা আৰু যোৱা কাৰণ হেৰোডে তোমাক বধ কৰিবলৈ বিচাৰিছে

যীচুলৈ সাৱধান বাণীস্বৰূপে এইটো অনুবাদ কৰক। তেওঁলোকে তেওঁক ক’ৰাবলৈ আতৰি যাবলৈ আৰু নিৰাপদে থাকিবলৈ পৰামৰ্শ দিছে।

হেৰোডে তোমাক বধ কৰিবলৈ বিচাৰিছে

“হেৰোডে তুমি মৰাটো বিচাৰিছে।” যীচুক বধ কৰিবলৈ হেৰোডে মানুহবিলাক আদেশ দিছে।

সেই শিয়াল

যীচুৱে হেৰোডক শিয়াল বুলি কৈছে। এটা শিয়াল হৈছে সৰু এটা বনৰীয়া কুকুৰ। এইটো এটা উপমা। সাম্ভাব্য অৰ্থবোৰ হৈছে ১) হেৰোড একেবাৰেই এটা ভাবুকি নহয়। ২) হেৰোড প্ৰলুভিত হৈছে। (উপমা চাওক)

যিৰূচালেমৰ বাহিৰত এজন ভাববাদীক বধ কৰাটো গ্ৰহণযোগ্য নহয়

যিহুদী নেতাবিলাকে ঈশ্বৰৰ অনেক ভাববাদীক যিৰূচালেমত বধ কৰিছিল আৰু যীচুৱে জানিছিল যে তেওঁকো সিহঁতে ইয়াতেই বধ কৰিব। বিকল্প অনুবাদ হৈছেঃ এই যিৰূচালেমতেই যীহুদী নেতাবিলাকে ঈশ্বৰৰ বাৰ্ত্তাবাহক সকলক বধ কৰিছিল। (ব্যঙ্গোক্তি চাওক)

Luke 13:34-35

(যীচুৱে যিৰূচালেমলৈ যোৱাৰ আগতে ফৰীচীবিলাকৰ লগত একেৰাহে কথা কৈ আছে।)

যিৰূচলেম, যিৰূচালেম

যীচুৱে এনেকৈ কৈ আছে যে যিৰূচালেমৰ মানুহবিলাকে যেন তেওঁ কথা শুনিহে আছে। যীচুৱে এই কথাটো দুবাৰ কৈছিল ই দেখুৱাই যে তেওঁলোকৰ বাবে তেওঁ কিমান দুখিত। (উৰ্দ্ধকমা চাওক)

ভাববাদীসকলক যিয়ে বধ কৰিছিল আৰু তোমালোকলৈ পঠিওৱা সকলক শিল দলিয়াইছিল

যদি নগৰখনক সম্বোধন কৰাটো আচৰিত যেন হয় আপুনি এইটো স্পষ্ট কৰক যে যীচুৱে আচলতে নগৰখনৰ মানুহবিলাককহে সম্বোধন কৰিছেঃ “তোমালোক মানুহবিলাক যিয়ে ভাববাদীবিলাকক বধ কৰিছিলা আৰু ঈশ্বৰে পঠিওৱা সকলক শিল দলিয়াওঁতা”

তোমাৰ সন্তানবিলাকক গোটাবলৈ

“তোমাৰ মানুহবিলাকক গোটাবলৈ” বা “তোমাক গোটাবলৈ”

কুকুৰাই যেনেকৈ তাইৰ ডেউকাৰ তলত পোৱালিবিলাকক গোটোৱাৰ দৰে

এই উপমাটোৱে এইটোকে বৰ্ণনা কৰিছে যে কুকুৰাই যেনেকৈ তাইৰ পোৱালিবিলাকক ডেউকাৰ তলত ঢাকি ৰখাৰ দ্বাৰা সিহঁতক সুৰক্ষা দিয়ে সেইদৰে। (উপমা চাওক)

তোমাৰ বাসস্থান পৰিত্যক্ত হৈছে

এইটো এটা উপমা। সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “ঈশ্বৰে তোমাক ত্যাগ কৰিলে” বা ২) “তোমাৰ নগৰখন শূণ্য হৈছে।” ইয়াৰ অৰ্থটো হৈছে ঈশ্বৰে যিৰূচালেমৰ মানুহবিলাকক সুৰক্ষা দিবলৈ বন্ধ কৰিলে, সেয়ে শত্ৰূৱে সিহঁতক আক্ৰমণ কৰিছে আৰু সিহঁতক খেদি পঠিয়াইছে। কিবা এটা যে সোনকালে ঘটিব এইটো তাৰ বিষয়ে এটা ভাববাণী। এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ তোমাৰ বাসস্থান পৰিত্যক্ত হব” বা “ঈস্বৰে তোমাক ত্যাগ কৰিব।” (ভাববাদী, ভাববাণী, ভাববাণী কোৱা, সাধুপুৰুষ চাওক)

তুমি নোকোৱালৈকে তুমি মোক দেখিবলৈ নাপাবা

“সেই সময় নহালৈকে তুমি মোক দেখিবলৈ নাপাবা যেতিয়ালৈকে তুমি নোকোৱা” বা “পাছৰ বাৰ তুমি মোক দেখিলে, মোক ক’বা”

Luke 14

Luke 14:1-3

আহাৰ খাবলৈ

“খাবলৈ” বা “এটি ভোজন কৰিবলৈ।” পিঠা হৈছে আহাৰৰ এটি গুৰুত্ব পুৰ্ণ অংশ আছিল আৰু এই বাক্যটোত এটি ভোজনৰ বাবে ব্যৱহাৰ কৰা হৈছে।

ব্যাকৰণৰ ভাষা চাওক)

অতি সুক্ষ্মকৈ লক্ষ্য কৰি আছিল

তেওঁ কিবা ভুলকৈ কৰিলেই ধৰি দোষ দিবলৈ তেওঁলোকে অতি সুক্ষ্মকৈ লক্ষ্য কৰি আছিল।

চোৱা, তেওঁৰ সন্মূখত এজন মানুহ আছিল

এই “চোৱা” শব্দই কাহিনীটোত আমাক এজন নতুন মানুহ অহটো সজাগ কৰি দিয়ে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় থাকিব পাৰে। ইংৰাজীৰ ব্যৱহাৰ হৈছে “তেওঁৰ সন্মূখত এজন মানুহ আছিল যিজন আছিল...”

পানী জমা হোৱা ফুলা বেমাৰত ভোগী আছিল

এই ফুলা বেমাৰটো শৰীৰৰ অংগ বোৰৰ ভিতৰত পানী জমা হোৱাৰ কাৰণে হয়। এই অৱস্থাটোৰ বাবে কিছুমান ভাষাত ইয়াৰ নাম থাকিব পাৰে। এই বাক্যাংশটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁৰ শৰীৰৰ অঙ্গবোৰৰ ভিতৰত পানী জমা হোৱাৰ কাৰণে ফুলি গৈছিল আৰু বেমাৰত ভোগী আছিল।”

সুস্থ কৰাটো বিধিগত হয়নে

“বিধানে আমাক সুস্থকৰিবলৈ অনুমতি দিয়েনে”

Luke 14:4-6

কিন্তু তেওঁলোক মনে মনে থাকিল

ধৰ্ম্মীয় নেতাবিলাকে যীচুৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰিছিল।

যীচুৱে সেই মানুহজনৰ গাত তেওঁৰ হাত দিছিল

“যীচুৱে সেই মানুহজনক স্পৰ্শ কৰিছিল”

তোমালোকৰ কাৰোবাৰ যদি নিজা এজন পুত্ৰ বা এটি ষাঁড় গৰু আছে... তাক তৎক্ষণাতে নুতুলিবনে

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন আছিল। তেওঁ তেওঁলোকক এইটো স্বীকাৰ কৰাব বিচাৰিছিল যে আনকি বিশ্ৰাম বাৰৰ দিনটো তেওঁলোকে তেওঁলোকৰ পুত্ৰক বা ষাঁড় গৰুক সহায় কৰে, সেই কাৰণে বিশ্ৰাম বাৰৰ দিনত মানুহক সুস্থ কৰাটো তেওঁৰ বাবে যুক্তিগত। এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “যদি তোমালোকৰ কাৰোবাৰ এজন পুত্ৰ বা এটি ষাঁড় গৰু থাকে যিয়ে বিশ্ৰামবাৰৰ দিনত পৰি যায় তোমালোকে নিশ্চয়কৈ তাক তৎক্ষণাতে তুলিবাই।” অলঙ্কাৰীক প্ৰশ্ন চাওক)

তেওঁলোকে উত্তৰ দিব নোৱাৰিছিল

এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “তেওঁলোকৰ একো কবলগীয়া নাছিল।” যীচুৰ প্ৰশ্নটোৰ উত্তৰ তেওঁলোকে জনা নাছিল এনে নহয়। বৰং তেওঁ যে শুদ্ধ তাক তেওঁলোকে জানিছিল আৰু এইটোৰ বিষয়ে একো কবলৈ বিচৰা নাছিল।

Luke 14:7-9

(যীচুৱে ফৰীচীজনৰ ঘৰত মানুহবিলাকক একেৰাহে কথা কৈ আছে।)

সন্মানীয় আসনবিলাকত

যিবিলাকক সন্মান দিয়া হয় মানুহ দিয়া এনে আসনবোৰত

আৰু তাৰ পাছত লাজত

“তেতিয়া তোমালোকে লজ্জিত হবা আৰু”

Luke 14:10-11

(যীচুৱে ফৰীচীজনৰ ঘৰত মানুহবিলাকক একেৰাহে কথা কৈ আছে।)

তলৰ ঠাইবোৰত

“গুৰুত্বহীন ব্যক্তিৰ বাবে থকা আসনবোৰত”

ওপৰলৈ উঠি আহাঁ

“সন্মানীয় উচ্চ আসনলৈ উঠি আহাঁ”

যিজনে নিজকে যোগ্য জ্ঞান কৰে

“নিজকে গুৰুত্বপুৰ্ণ বুলি দেখাবলৈ যত্ন কৰা” বা “যিজনে এটা গুৰুত্বপুৰ্ণ পদবী লয় ”

নম্ৰ কৰা হব

“গুৰুত্বহীন বুলি দেখুওৱা হব” বা “গুৰুত্বহীন পদবী এটি দিয়া হব”

নিজকে নম্ৰ কৰে

“যিজনে নিজকে গুৰুত্বহীন বুলি বিবেচনা কৰে” বা “যিজনে এক গুৰুত্বহীন পদবী লয়”

তেওঁক সন্মানীয় কৰা হব

“গুৰুত্বপুৰ্ণ বুলি দেখুউৱা হব” বা “গুৰুত্ব পুৰ্ণ পদবী এটি দিয়া হব”

Luke 14:12

সিহঁতে কৰিব পাৰে

“কাৰণ তেওঁলোকে হয়তু”

Luke 14:13-14

(যীচুৱে ফৰীচীজনক একেৰাহে কথা কৈ আছে যিজনে তেওঁক তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিল।)

সিহঁতে তোমাক পৰিশোদ কৰিব নোৱাৰে

এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “তাক পৰিশোধ কৰিবলৈ তেওঁলোকে তোমাক এটা ভোজলৈ নিমন্ত্ৰণ কৰিব নোৱাৰে”

ধাৰ্ম্মিকবিলাকৰ পুনৰূত্থানত

“যেতিয়া ধাৰ্ম্মিক মানুহবিলাক মৃতবিলাকৰ মাজৰ পৰা পুনৰূত্থান হব”

Luke 14:15-17

তেওঁ ধন্য

এই মানুহজন এজন বিশেষ ব্যক্তিৰ বিষয়ে নাছিল। এইটোকো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “প্ৰতিজনেই ধন্য যিয়ে” বা “প্ৰতিজনৰ বাবে এইটো কিমান উত্তম।”

যিজনে পিঠা খাব

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “ভোজনত যিজনে খাব।” এই “পিঠা” শব্দটোৱে গোটেই আহাৰৰ কথা বুজাইছে। (ব্যাকৰণৰ ভাষা চাওক)

যেতিয়া নিশাৰ আহাৰ যুগুত কৰা হয়

এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “নিশাৰ আহাৰ খোৱা সময়ত” বা “নিশাৰ আহাৰ আৰম্ভ হোৱাৰ সময়ত।”

যিবিলাকক নিমন্ৰ্নণ কৰা হৈছিল

“যিসকলক তেওঁ নিমন্ত্ৰণ কৰিছিল”

Luke 14:18-20

(যীচুৱে তেওঁৰ দৃষ্টান্তটো একেৰাহে কৈ আছে।)

অজুহাত দেখুৱাবলৈ

ইয়াত এইটোৰ অৰ্থ হৈছে “নিশাৰ ভোজনলৈ কিয় আহিব নোৱাৰিলে তাক কবলৈ।”

দয়াকৰি মোৰ এৰি দিয়ক

“দয়াকৰি মোক ক্ষমা কৰক” বা “দয়াকৰি মোৰ ক্ষমা প্ৰাৰ্থনা গ্ৰহণ কৰক”

পাঁচ হাল বলধ – ষাঁড়বিলাক গৰু বা বলধ গৰু যাক মানুহবিলাকে গধুৰ বোজা কঢ়িয়াবলৈ বা আন টান কাম কৰোৱাবলৈ ব্যৱহাৰ কৰে। ষাঁড় গৰুবিলাক সাধাৰণতে যোৰ পাতি কাম কৰা হয়।

এগৰাকী ভাৰ্য্যা বিয়া কৰিলো

আপোনাৰ ভাষাত স্বাভাৱিক লগা প্ৰকাশ এটা ব্যৱহাৰ কৰক। কিছুমন ভাষাত কয় “বিবাহিত হলোঁ” বা “এগৰাকী ভাৰ্য্যা ল’লো।”

Luke 14:21-22

(যীচুৱে তেওঁৰ দৃষ্টান্তটো একেৰাহে কৈ আছে।)

ক্ৰোধিত হ’ল

“তেওঁ নিমন্ত্ৰণ কৰা মানুহবিলাকৰ ওপৰত ক্ৰোধিত হ’ল”

চাকৰজনে ক’লে

UDBত এই তথ্যৰ এই বুজা কথাটো স্পষ্ট কৰাটো অতি দৰকাৰী হব পাৰে যে সেই গৰাকীয়ে যি আদেশ দিছিল তাক সেই চাকৰজনে কৰিছিলঃ ” সেই চাকৰজন ওলাই যোৱা আৰু সেইটো কাম কৰাৰ পাছত, সি ঘুৰি আহিছিল আৰু কৈছিল।” (অস্পষ্টতা আৰু সৰকলতা চাওক)।

Luke 14:23-24

(যীচুৱে তেওঁৰ দৃষ্টান্তটো একেৰাহে কৈ আছে।)

ৰাজপথবিলাক আৰু সৰু সৰু আলিবোৰ

এই কথাটোৱে নগৰৰ বাহিৰৰ মুল ৰাস্তা আৰু পথবোৰ বুজাইছে। এইটোক এনেদৰে অনুবাদ কৰিব পাৰি “নগৰৰ বাহিৰৰ মুল ৰাস্তাবোৰ আৰু বাট

পথবোৰ বুজাইছে।”

সেই মানুহবিলাক

ইয়াত এই “মানুহবিলাক” শব্দই সাধাৰণভাবে মানুহবিলাকক বুজোৱা নাই, “বয়সীয়া পুৰুষবিলাকক” বুজাইছে।

যিবিলাকক প্ৰথমে নিমন্ত্ৰণ কৰা হৈছিল

“যিবিলাকক মই প্ৰথমে নিমন্ত্ৰণ কৰিছিলোঁ।”

মোৰ নিশাৰ আহাৰৰ সোৱাদ লব

“মই যুগুত কৰা নিশাৰ আহাৰ উপভোগ কৰিব।”

Luke 14:25-27

যদি কোনোৱে মোৰ ওচৰলৈ আহে আৰু তেওঁৰ নিজৰ পিতৃক ঘিণা নকৰে... তেওঁ মোৰ শিষ্য হব নোৱাৰে

এইটোকে যোগাত্মক ভাবে প্ৰকাশ কৰিব পাৰি যেনেঃ “যদি কোনোৱে মোৰ ওচৰলৈ আহে, তেওঁ মোৰ শিষ্য হব পাৰিব যদিহে তেওঁ নিজৰ পিতৃক ঘিণা কৰে।”

ঘিণা কৰা

আন যিকোনোতকৈ যীচুক প্ৰেম কৰাটো কিমান যে গুৰুত্বপুৰ্ণ এই অত্যুক্তিটোৱে দেখুৱাইছে। (অত্যুক্তি চাওক)। যদি এই অত্যুক্তিটো যদি ভুলকৈ বুজি পায়, এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনেঃ ”যদি কোনোৱে মোৰ ওচৰলৈ আহে আৰু তেওঁ পিতৃতকৈ মোক বেছি প্ৰেম নকৰে... তেওঁ মোৰ শিষ্য হব নোৱাৰে” বা যোগাত্মক ভাবে যেনেঃ “যদি কোনোৱে মোৰ ওচৰলৈ আহে, তেওঁ মোৰ শিষ্য হব পাৰে যদিহে তেওঁৰ নিজৰ পিতৃতকৈ মোক বেছি প্ৰেম কৰে।”

হয়, আৰু তেওঁৰ নিজৰ জীৱনটোও

“আনকি তেওঁৰ নিজৰ জীৱনটোও”

যিজনে তেওঁৰ নিজৰ ক্ৰূচ তুলি লয় আৰু মোৰ পাছত নাহে তেওঁ মোৰ শিষ্য হব নোৱাৰে

এইটো যোগাত্মকভাবে প্ৰকাশ কৰিব পাৰিঃ “যদি কোনোৱে মোৰ শিষ্য হব বিচাৰে, তেওঁ নিজক ক্ৰূচ তুলি লওক আৰু মোৰ পাছত আহক।”

তেওঁৰ নিজৰ ক্ৰূচ তুলি লওক

এই অৰ্থটো হৈছে “মৰিবলৈ ইচ্ছা কৰা।” মানুহবিলাকে মৰিবলৈ দোষী কৰিব এই কথাটো প্ৰায়ে জোৰকৈ ক্ৰূচ তুলি লোৱা বুজায় য’ত তেওঁলোকে ওলোমাব আৰু বধ কৰিব। যিবিলাকে খ্ৰীষ্টক অনুগমণ কৰিব বিচাৰে সিহঁতে আহিবলগীয়া তাড়নাত দুখ কষ্ট সহন কৰিবলৈ ইচ্ছা কৰিব লাগিব।

Luke 14:28-30

(যীচুৱে একেৰাহে ভীৰৰ মানুহবিলাকক কৈ আছে।)

কিয়নো তোমালোকৰ কোনে

এইটো হৈছে অলঙ্কাৰীক প্ৰশ্নৰ আৰম্ভণী। মানুহবিলাকে কোনো এক বিশেষ পৰিস্থিতিত তেওঁলোকে কি কৰিব সেই বিষয়ে ভাবিবলৈ যীচুৱে এই কথাটো ব্যৱহাৰ কৰিছিল। এই কথাটো এনেদৰে এক উদ্ধৃত বাক্যত অুবাদ কৰিব পাৰিঃ “তোমালোকৰ কোনো এজনে যদি কোনো এটা ওখ ঘৰ সাজিব বিচাৰে, তোমালোকে নিশ্চয়ে বহিবা আৰু প্ৰথমে খৰচ গণনা কৰিবা।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

ওখ ঘৰ

এইটো দ্ৰাক্ষাবাৰীৰ টঙিঘৰ/পহৰাচকি হব পাৰে। কিছুমান ভাষাত এইটো “এটা ওখ অট্টালিকা” বা “এটি অতি ওখ পহৰাদিয়া সমানঠাই।”

আন হাতেদি

“যদি তেওঁ প্ৰথমে তাৰ হিচাপ গণনা নকৰে”

যেতিয়া তেওঁ তাৰ ভেটি প্ৰতিষ্ঠা কৰিছিল

“যেতিয়া তেওঁ সেই ভেটি সাদিবলৈ আৰম্ভ কৰিছিল।” এইটো এনেকৈও অনুবাদ কৰিব পাৰি যেনেঃ ”যেতিয়া তেওঁ সাজিবলৈ আৰম্ভ কৰিছিল।”

Luke 14:31-33

(যীচুৱে একেৰাহে ভীৰৰ মানুহবিলাকক কৈ আছে।)

নাইবা

যীচুৱে এই শব্দটো ব্যৱহাৰ কৰি আন পৰিস্থিতিৰ পৰিচয় কৰাই দিছে য’ত মানুহবিলাকে কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে ইয়াৰ মুল্য গণনা কৰক।

কোন ৰজা... প্ৰথমে বহি আৰু পৰামৰ্শ নলব

এইটোৱে আন এটা অলঙ্কাৰীক প্ৰশ্নৰ আৰম্ভণী। এইটোক এটা উদ্ধৃত বাক্যত অনুবাদ কৰিব পাৰি যেনেঃ “তোমালোকে জানে যে এজন ৰজা... প্ৰথমে বহিব আৰু পৰামৰ্শ নলব।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

পৰামৰ্শ লোৱা

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “সেইবিষয়ে সাৱধানেৰে চিন্তা কৰিব” ২) “তেওঁৰ পৰামৰ্শদাতাবিলাকৰ কথা শুনিব”

আৰু যদি নহয়

“আৰু যদি তেওঁ আনজন ৰজাক হৰুৱাব নোৱাৰে বুলি উপলদ্ধি কৰে” বা “তেওঁৰ সৈন্যবোৰে আন সৈন্যবোৰক যদি হৰুৱাব নোৱাৰে বুলি সিদ্ধান্ত কৰে” (UDB)

ৰাজদূত

“বাৰ্ত্তাবাহক” বা “প্ৰতিনিধি”

যিকোনোৱে তেওঁৰ যি আছে সেই সকলো ত্যাগ কৰিব নোৱাৰে তেওঁ মোৰ শিষ্য হব নোৱাৰে

এইটো যোগাত্মকবাবে প্ৰকাশ কৰিব পাৰিঃ ”তোমালোকৰ যিবিলাকে নিজক থকা সকলো ত্যাগ কৰিব পাৰে তেওঁহে মোৰ শিষ্য হব পাৰিব।”

তেওঁৰ যি আছে সেই সকলো ত্যাগ কৰা

“তেওঁৰ যি যি আছে সেইবোৰ পিছত এৰি দিয়া”

Luke 14:34-35

(যীচুৱে একেৰাহে ভীৰৰ মানুহবিলাকক তেওঁৰ অনুগমণ কৰিবলৈ কৈ আছে।)

লোণ উত্তম

“লোণ উপকাৰী”

এইটোক আকৈ লুণীয়া কেনেকৈ কৰা হব

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। এইটোক এনেকৈও অনুবাদ কৰিব পাৰি যেনে “এইটোক আকৌ লুণীয়া কৰিব পৰা নাযায়” বা “কোনেও ইয়াক লুণীয়া কৰিব নোৱাৰিব।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

ভুমিৰ বা সাৰৰ দ’মৰ বাবে – “ সাৰৰ দ’ম”ক “গেলিপচি যোৱা দ’ম” বা “সাৰ” বুলি অনুবাদ কৰিব পাৰি। সাৰবোৰ বাগিছাত বা পথাৰত উৰ্ব্বৰা কৰিবলৈ ব্যৱহাৰ কৰা হয়। যিবোৰ খাদ্য বেয়া হৈ যায় সেইবোৰ সাৰৰ লগত মিহলি কৰা হয়। কিন্তু নিমখে যদি ইয়াৰ সোৱাদ হেৰুৱাই তাক সেইটোৰ বাবেও ব্যৱহাৰ কৰিব নোৱাৰি। এইটো সম্পুৰ্ণৰূপে ব্যৱহাৰ হীন হৈ পৰে।

যিজনৰ শুনিবলৈ কাণ আছে, তেওঁক শুনিব দিয়ক

এই কথাটো এটা আদেশৰূপে অনুবাদ কৰিব পাৰি যেনেঃ “যদি তোমাৰ শুনা কাণ আছে, ভালদৰে শুনা” বা “মই যি কৈছো যদি তুমি শুনিছা, মনোযোগ দিয়া।”

যিজনৰ শুনিবলৈ কাণ আছে

“যিজনে শুনিব পাৰে” বা “যদি কোনোৱে মোৰ কথা শুনে”

তেওঁক শুনিব দিয়ক

“তেওঁক ভালদৰে শুনিবলৈ দিয়ক” বা “ মই যি কৈছোঁ তাত তেওঁক মনোযোগ দিয়ক।”

Luke 15

Luke 15:1-2

এই মানুহজনে পাপীবিলাকক আদৰি লয়

“এই মানুহ জনে পাপীবিলাকক তেওঁৰ উপস্থিতিলৈ আহিব দিয়ে” বা “এই মানুহজনে পাপীবিলাকৰ লগত সংযুক্ত”

এই মানুহজন

তেওঁলোকে যীচুৰ বিষয়ে কৈ আছে।

আনকি তেওঁলোকৰ লগত ভোজন কৰে – এই “ আনকি” শব্দই দেখুৱাই যে ই যথেষ্ট বেয়া যিটোত যীচুৱে পাপীবিলাকক তেওঁৰ ওচৰলৈ আহিব দিয়ে, কিন্তু এইটো অতি বেছি বেয়া যে তেওঁ সিহঁতৰ লগত ভোজন কৰে।

Luke 15:3-5

যীচুৱে এই দৃষ্টান্তটো তেওঁলোকক কৈছিল

“তেওঁলোকক” বুলি কওঁতে ধৰ্ম্মীয় নেতাবিলাকক বুজাইছে।

তোমালোকৰ মাজৰ কোনে... নিৰানব্বৈটা এৰি থৈ... আৰু তাৰ পাছত যাব... এইটো নাপায় মানে?

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। যীচুৱে এইটো মনত পেলাই দিছে যে তেওঁলোকৰ কোনোৱে যদি এটা ভেড়া হেৰুৱাই, তেওঁলোকে নিশ্চয়কৈ গৈ তাক বিচাৰিব। এই কথাটো UDBত এটা উদ্ধৃত বাক্য হিচাপে অনুবাদ কৰিব পাৰি। (অলঙ্কাৰীক প্ৰশ্ন চাওক) কিছুমান ভাষাত এইটো দেখুৱাবলৈ উপায় আছে যে এইটো এটা সঠিক প্ৰমাণবিহীন পৰিস্থিতি আৰু এজন বিশেষ ব্যক্তিৰ কাহিনী নহয়, যিজনে তেওঁৰ এটা ভেড়া হেৰুৱালে। ( সঠিক প্ৰমাণবিহীন পৰিস্থিতি চাওক)

তোমালোকৰ কোনজনে, যদি তেওঁৰ এশ ভেড়া আছে

যিহেতু দৃষ্টান্তটো “তোমালোকৰ কোনজনে” ৰ পৰা আৰম্ভ হৈছে, কিছুমান ভাষাত এই দৃষ্টান্তটো দ্বিতীয় পুৰুষত কোৱা হৈছে “যদি তোমাৰ এশটো ভেড়া আছে।” (প্ৰথম, দ্বিতীয় বা তৃতীয় পুৰুষ চাওক)

Luke 15:6-7

(যীচুৱে তেওঁৰ দৃষ্টান্ত একেৰাহে কৈ আছে)

আৰু যেতিয়া তেওঁ ঘৰলৈ আহে

“যেতিয়া সেই মেৰৰ মালিক ঘৰলৈ আহে” বা “আৰু য়েতিয়া তুমি ঘৰলৈ আহাঁ” (UDB)। এইটো আপুনি আগৰ পদটোত কৰা দৰে মেৰৰ মালিকক বুজাইছে।

মই তোমালোকক কওঁ

এই “মই” শব্দই যীচুক বুজাইছে। তেওঁ মানুহৰ দল এটাক কৈ আছে, সেয়ে ইয়াৰ “তুমি” শব্দটো বহুবচন। (তুমি শব্দৰ ৰূপ চাওক)

সেই দৰেই

“সেই একেদৰেই” বা “সেই ৰখীয়া আৰু তেওঁৰ বন্ধুবৰ্গ আৰু ওচৰ চুবুৰীয়াই আনন্দ কৰিব”

স্বৰ্গত আনন্দ হব

“স্বৰ্গত প্ৰতিজনেই আনন্দ কৰিব”

নিৰানব্বৈজন ধাৰ্ম্মিক ব্যক্তি যিয়ে মন পালটন কৰিবলৈ দৰকাৰ নাই

“নিৰানব্বৈজন ব্যক্তি যিয়ে ভাবে যে তেওঁলোক ধাৰ্ম্মিক আৰু মন পালটন কৰিবলৈ প্ৰয়োজন নাই।” যীচুৱে আচলতে কোৱাই নাই যে প্ৰকৃততে কোনো ধাৰ্ম্মিক মানুহ নাই। বৰং তেওঁ বাক্যৰ উপমা ব্যৱহাৰ কৰিছে যিটো ব্যঙ্গোক্তি বুলি কোৱা হয়, কাৰণ তেওঁ এনে মানুহবিলাকক কথা কৈ আছে যিয়ে নিজকে ধৰি লয় যে তেওঁলোক ধাৰ্ম্মিক, কিন্তু আচলতে তেওঁলোক নহয়। (ব্যঙ্গোক্তি চাওক)

Luke 15:8-10

(যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক একেৰাহে কথা কৈ আছে।)

কোন মহিলাই... চাকি এটা নজ্বলাই.... তাই বিচাৰি নোপোৱালৈকে আৰু পৰিশ্ৰমেৰে নিবিচাৰে? – এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। যীচুৱে এইটো মনত পেলাই দিছে যে যদি কোনোবাই এটি ৰূপৰ মুদ্ৰা হেৰুৱালে, তেওঁলোকে অতি যত্নেৰে তাক বিচাৰিব। এই বাক্যটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তোমালোকে জানা যে যদি এগৰাকী মহিলাই তাইৰ থকা দহটা ৰূপৰ মুদ্ৰাৰ এটা হেৰুৱালে, তাই চাকি এটা জ্বলাই, মজিয়াখন সাৰিব আৰু তাই সেইটো বিচাৰি নোপোৱালৈকে সাৱধানেৰে নিবিচাৰিব নে?” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

কোন মহিলাই

এইটো সঠিক প্ৰমাণ বিহীন পৰিস্থিতি আৰু এগৰাকী প্ৰকৃত মহিলাৰ বিষয়ে কাহিনী নহয়। কিছুমান ভাষাত এইটো দেখুৱাবলৈ কিবা উপায় আছে। (সঠিক প্ৰমাণবিহীন পৰিস্থিতি চাওক)

সেই দৰেই

“সেই একেদৰেই” বা “সেই মহিলা গৰাকীৰ লগত মানুহবিলাকে আনন্দ কৰিব”

এজন পাপীৰ লগত যিজনে মনপালটন কৰে

এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “যেতিয়া এজন পাপীয়ে মন পালটন কৰে”

Luke 15:11-12

কোনো এজন মানুহ

এইটো এটা উপমাৰ আৰম্ভণী। আপোনাৰ ভাষাত স্বাভাৱিক যেন লগা উপায়েৰে এইটো স্বাভাৱিক ৰূপত পৰিচয় কৰক। কিছুমান ভাষাত হয়তু কব পাৰে “এজন মানুহ আছিল যি জনে”

এতিয়া মোক দিয়ক

সেই পুতেকে বিচাৰে যে তাৰ দেউতাকে তাক তৎক্ষণাতে দিয়ক। ভাষাবিলাকত থকা আদেশ ৰূপক অৰ্থ বুজোৱা ৰূপ যে তেওঁলোকে এতিয়াই এই কামটো কৰাটো বিচাৰে এনে ৰূপ থাকিলে সেই ৰূপ ব্যৱহাৰ কৰক।

মই পাবলগীয়া অধিকাৰৰ সেই সা

সম্পত্তি

“ আপুনি যেতিয়া মৰিব আপোনাৰ সা

সম্পত্তিৰ যি অংশটো আপুনি মোক দিবলৈ পৰিকল্পনা কৰি ৰাখিছে।”

Luke 15:13-14

(যীচুৱে তেওঁৰ উপমাটো একেৰাহে কৈ আছে।)

টালি

টুপুলা বান্ধিলে

“তাৰ বয়

বস্তুবোৰ টালি

টুপুলা বান্ধিলে” বা “তাৰ বয়বস্তুবোৰ মোনাত ভৰালে”

অবিবেচনাৰ উশৃঙ্খল জীৱন কটোৱা

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তাৰ প্ৰয়োজন নোহোৱা বয়

বস্তুবোৰত সকলবোৰ টকা

পইচা খৰচ কৰিছিল”

তাত এক ভয়ানক আকাল ঘটিল

“তাত এক অতি টান আকাল ঘটিছিল” (UDB) বা “তাত যথেষ্ট খাদ্য নাছিল”

আকাল

এক আকাল হৈছে যেতিয়া অতি কম পৰিমাণৰ খাদ্য থাকে। প্ৰায়ে অতি কম পৰিমাণৰ বৰষুণ আৰু শস্যবোৰ ভালদৰে উৎপন্ন নোহোৱাৰ ফলত এনে হয়।

প্ৰয়োজনৰ সময়ত

“তাৰ প্ৰয়োজনত যিটো অভাৱ আছিল ” বা “ যথেষ্ট পৰিমাণে পোৱা নাছিল”

Luke 15:15-16

(যীচুৱে তেওঁৰ উপমাটো একেৰাহে কৈ আছে।)

সি গৈছিল

এই “সি” শব্দই সেই ডেকা মানুহজনক বুজাইছে।

সি নিজকে ভাৰাতীয়া কামত লগাইছিল

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “এটা চাকৰি ললে” বা “কাম কৰিবলৈ আৰম্ভ কৰিছিল”

সেই দেশৰ এজনৰ নাগৰিকৰ ঘৰত

“সেই দেশৰ এজন মানুহৰ ঘৰত”

গাহৰি পালন কৰিবলৈ

“গাহৰিবিলাকক খোৱা খাদ্য দিবলৈ”

আনন্দেৰে খালেহেঁতেন

“সেইবোৰ খাবলৈ অতি বেছিকৈ ইচ্ছা কৰিছিল”

উৰহীৰ ছেঁই

এইবোৰ হৈছে উৰহী গছত উৎপন্ন হোৱা উৰহীৰ থোপা। এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “উৰহীৰ ছেঁই” বা “ছেঁই” বা “উৰহীৰ থোকবোৰ।”

Luke 15:17-19

(যীচুৱে তওঁৰ কাহিনীটো কৈ আছে।)

নিজৰ মনলৈ আহিল

“তাৰ মনলৈ জ্ঞান আহিল” বা “তাৰ পৰিস্থিতি বুজি পাইছিল” বা “স্পষ্টকৈ ভাবিবলৈ আৰম্ভ কৰিছিল”

মোৰ পিতৃৰ কিমান জন চাকৰৰ হাতে জোৰাওকৈ যথেষ্ট পৰিমাণে আহাৰ খাবলৈ পাইছে

এইটো আবেগিক প্ৰকাশৰ অংশ। এইটোক এনেদৰে অনুবাদ কৰিব পাৰি যেনে ”মোৰ পিতৃৰ সকলোবোৰ চাকৰে জোৰাওকৈ যথেষ্ট পৰিমাণে আহাৰ খাবলৈ পাইছে” (UDB)।

ভোকতে মৰিছো

এইটো সম্ভৱ এটা অত্যুক্তি। সেই ডেকা মানুহজনে আচলতে ভোকতে মৰিছে।

মই স্বৰ্গৰ অহিতে পাপ কৰিলোঁ

“মই ঈশ্বৰৰ অহিতে পাপ কৰিলোঁ।” যিহুদী মানুহবিলাকে “ঈশ্বৰ” শব্দটো কবলৈ এৰাই চলে আৰু তাৰ পৰিৱৰ্তে “স্বৰ্গ” ব্য়ৱহাৰ কৰে।

মোক তোমাৰ পুত্ৰ বুলি কোৱাৰ মই আৰু যোগ্য নহওঁ

“তোমাৰ পুত্ৰ বুলি মই নিজকে কোৱাৰ যোগ্য নহওঁ।” এজন পুত্ৰৰ তেওঁৰ পিতাকৰ সা

সম্পত্তিৰ অংশ আইনগত ভাবে অধিকাৰ পায়।

আৰু যোগ্য নহওঁ

“আৰু যোগ্য নহয়” (UDB)। অতীততে সি যোগ্য আছিল, কিন্তু এতিয়া সি যোগ্য নহয়।

মোক আপোনাৰ এজন চাকৰৰ নিচিনা কৰক

“আপোনাৰ কৰ্ম্মচাৰী এজনৰ নিচিনা কৰক” বা “মোক কৰ্ম্মচাৰী হিচাপে ৰাখক আৰু মই আপোনাৰ এজন চাকৰৰ নিচিনা হম।”

Luke 15:20-21

(যীচুৱে তেওঁৰ দৃষ্টান্তটো কৈ আছে।)

সেই ডেকা পুতেকজন এইবোৰ এৰিছিল আৰু তাৰ দেউতাকৰ ওচৰলৈ আহিছিল

“সি সেই দেশ এৰিছিল আৰু তাৰ দেউতাকৰ ওচৰলৈ ঘুৰি আহিবলৈ আৰম্ভ কৰিছিল।”

মৰমেৰে উপচি পৰিছিল

“তাৰ ওপৰত পুতৌ উপজিছিল” বা “ তেওঁৰ অন্তৰৰ পৰা তাক প্ৰেম কৰিছিল”

সাৱটি ধৰিছিল আৰু চুমা খাইছিল

তেওঁৰ পুতেকক তেওঁ কিমান যে প্ৰেম কৰে সেইটো দেখুৱাবলৈ দেউতাকে তেওঁৰ পুতেকৰ প্ৰতি এইটো কৰিছিল। এজন পুৰুষ হিচাপে তেওঁৰ পুতেকক সাৱটি ধৰা আৰু চুমা খোৱাটো যদি মানুহবিলাকে আচৰিত বা ভুল বুলি ভাবে, আপুনি এনে এক উপায় দিয়ক যিটো আপোনাৰ সংস্কৃতিত এজন পুৰুষে আন এজন পুৰুষৰ প্ৰতি প্ৰেম দেখুৱাই। নাইবা আপুনি এইটো অতি সাধাৰণ ভাবে অনুবাদ কৰিব পাৰে যেনে “তেওঁক অতি আদৰেৰে সম্ভাষণ জনালে।”

স্বৰ্গৰ অহিতে পাপী কৰিলোঁ

“ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিলোঁ”

আপোনাৰ দৃষ্টিত

“আপোনাৰ উপস্থিতিত।” এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “ আৰু এই বিষয়ে আপুনি জানে।”

Luke 15:22-24

(যীচুৱে তেওঁৰ দৃষ্টান্তটো কৈ আছে।)

উত্তম কামিজ

“ঘৰত থকা আটাইতকৈ উত্তম কামিজ।” এটি দীঘল কামিজ হৈছে আন কাপোৰৰ ওপৰত পিন্ধা দীঘল কাপোৰ। যি ঠাইত এনে দীঘল কামিজ অপৰিচিত, এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “উত্তম কোট” বা “উত্তম কামিজ।”

তাৰ হাতত আঙুঠি পিন্ধালে

এটা আঙুঠি হৈছে ক্ষমতাৰ চিহ্ন মানুহে/পুৰুষে তেওঁলোকৰ হাতৰ এটা আঙুলিত পিন্ধে।

পাদুকাযোৰ

পাদুকাবোৰ জোতাৰ নিচিনা। য’ত পাদুকাযোৰ অপৰিচিত, এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “জোতাযোৰ”

পোহনীয়া দামুৰি

এটা দামুৰি হৈছে চেঁউৰী গৰু। মানুহবিলাকে তেওঁলোকৰ দামুৰিবিলাকৰ কোনো এটাক বিশেষ খাদ্য দিয়ে যাতে এইটো ভালদৰে ডাঙৰ হয়, আৰু তাৰ পাছত যেতিয়া তেওঁলোকে বিশেষ ভোজন কৰিব বিচাৰে, তেওঁলোকে তাক খায়। এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “উত্তম দামুৰী” বা “আমি বহুত খাবলৈ দি থকা পোৱালি গৰু” বা “আমি শকত কৰি থকা জন্তুৰ পোৱালি।”

আৰু এইটো বধ কৰা

ইয়াৰ প্ৰায়োগিক তথ্যটো হৈছে তেওঁলোকে এই মাংসটো ৰান্ধিব লাগিছিল, এইটো স্পষ্ট কৰিব পাৰি যেনে “আৰু এইটো বধ কৰা আৰু ৰান্ধা।” (অস্পষ্টতা আৰু সৰলতা চাওক)

মোৰ ল’ৰা মৃত হৈছিল আৰু এতিয়া সি জী উঠিল

এইটো এটা উপমা। এইটোক এক সাদৃশ্যতা ৰূপত অনুবাদ কৰিব পাৰি যেনে “এইটো এনে যেন মোৰ ল’ৰা মৰি আছিল আৰু আকৌ জীয়াই উঠিল” বা “মই এনে অনুভৱ কৰিছোঁ যে মোৰ পুত্ৰ মৰি আছিল কিন্তু এতিয়া জী উঠিল।” (উপমা চাওক)

সি হেৰাই আছিল আৰু এতিয়া পোৱা গ’ল

এইটো এটা উপমা। এইটোক এক সাদৃশ্যতা ৰূপত অনুবাদ কৰিব পাৰি যেনে “এইটো এনে যেন মোৰ ল’ৰা হেৰাই আছিল আৰু তাক পোৱা গ’ল” বা “মই এনে অনুভৱ কৰিছোঁ যে মোৰ পুত্ৰ হেৰাই আছিল আৰু পোৱা গ’ল” বা “মোৰ পুত্ৰ হেৰাই আছিল আৰু ঘৰলৈ ঘুৰি আহিল।” (উপমা চাওক)

Luke 15:25-27

(যীচুৱে তেওঁৰ দৃষ্টান্তটো কৈ আছে।)

চাকৰ

ইয়াত অনুবাদ কৰা “চাকৰ” শব্দটো সাধাৰণতে “ল’ৰা” হিচাপে অনুবাদ কৰিব পাৰি। এইটোৱে দেখুৱাই যে এই চাকৰজন এজন চেঙেলীয়া ল’ৰা আছিল।

এইবোৰ কি ঘটনা হব পাৰে

“কি ঘটি আছে” (UDB)

পোহনীয়া দামুৰীটো –এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “উত্তম দামুৰী” বা “আমি বহুত খাবলৈ দি থকা পোৱালি গৰু” বা “আমি শকত কৰি থকা জন্তুৰ পোৱালি।”

Luke 15:28-30

(যীচুৱে তেওঁৰ দৃষ্টান্তটো কৈ আছে।)

আপোনাৰ এটাও নিয়ম উলঙ্ঘা কৰা নাই

“আপোনাৰ আদেশ এটাও কেতিয়াও উলংঘা কৰা নাই” বা “আপুনি মোক কৰিবলৈ দিয়া সকলোখিনি পালন কৰি আহিছোঁ” (UDB)।

এটি ভোজ পাতিলে

এই কথাটো এনেদৰেও অনুবাদ কৰিব পাৰি “উদযাপন কৰা”

আপোনাৰ পুত্ৰ

“আপোনাৰ সেই পুত্ৰ।” ডাঙৰ পুতেকে কিমান খঙাল হৈ আছে তাকে দেখুৱাবলৈ তেওঁ ভায়েকক এনেদৰে বুজাইছে।

আপোনাৰ সম্পত্তি বেশ্যাবিলাকৰ লগত গ্ৰাস কৰিলে

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “আপোনাৰ সকলো সম্পত্তি বেশ্যাবিলাকৰ লগত নষ্ট কৰিলে” বা “আপোনাৰ সকলো টকা

পইচা বেশ্যাবিলাকক দি দিলে।”

পোহনীয়া দামুৰীটো –এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “উত্তম দামুৰী” বা “আমি বহুত খাবলৈ দি থকা পোৱালি গৰু” বা “আমি শকত কৰি ৰাখি থকা জন্তুৰ পোৱালি।”

Luke 15:31-32

(যীচুৱে তেওঁৰ দৃষ্টান্তটো কৈ আছে।)

এইজন তোমাৰ ভাই

দেউতাক জনে ডাঙৰ পুতেকক এইটো মনত পেলাই দিছে যে যিজন এইমাত্ৰ ঘৰলৈ আহিল সি তাৰ ভায়েক।

মৃত হৈ আছিল আৰু এতিয়া জী উঠিছে

এইটো এটা উপমা। পুতেকৰ পৰিয়ালৰ পৰা ভালেমান বছৰ পৰিয়ালৰ পৰা আতৰি আছিল এইটো মৰি থকাৰ লগত তুলনা কৰা হৈছে, আৰু সি ঘৰলৈ ঘুৰি অহাটো পুনৰ জীয়াই উঠাৰ লগত তুলনা কৰা হৈছে। UDB ত এইটো এটা সাদৃশ্যতা হিচাপে তুলনা কৰি অনুবাদ কৰিব পাৰি। (উপমা চাওক)

সি হেৰাই আছিল আৰু এতিয়া পোৱা গ’ল

এইটো এটা উপমা। সৰু ভায়েক পৰিয়ালৰ পৰা ভালেমান বছৰ পৰিয়ালৰ পৰা আতৰি আছিল এইটো হেৰাই থকাৰ লগত তুলনা কৰা হৈছে, আৰু সি ঘৰলৈ ঘুৰি অহাটো তাক পোৱা গ’ল এনেদৰে তাৰ লগত তুলনা কৰা হৈছে। এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “এইটো এনে যেন সি হেৰাই আছিল আৰু এতিয়া তাক পোৱা গ’ল” (UDB) বা “সি হেৰাই আছিল আৰু ঘৰলৈ ঘুৰি আহিল।”

Luke 16

Luke 16:1-2

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

আৰু যীচুৱে তেওঁৰ শিষ্যবিলাককো কৈছিল

যদিও যীচুৰ শিষ্যবিলাক ভীৰৰ শুনি থকা লোকবিলাকৰ অংশ হব পাৰে, শেষৰ শাখাটো ফৰীচীবিলাকক আৰু অধ্যাপকবিলাকক নিৰ্দেশ দিয়া হৈছিল।

এইটো তেওঁক কোৱা হ’ল

“মানুহবিলাকে সেই ধনী মানুহজনক কৈছিল”

তেওঁ সম্পত্তি অপব্যয় কৰিছে

“তেওঁৰ সম্পত্তি সিচঁৰিত কৰিছে” বা “ধনী মানুহজনৰ সম্পত্তি অজ্ঞানী হিচাপে খৰচ কৰিছে”

তোমাৰ বিষয়ে মই এইটো কি শুনিবলৈ পাওঁ ?

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। এই ধনী মানুহজনে কৈ আছে, “তুমি কি কৰি আছা তাক মই শুনিছো।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

তোমাৰ ঘৰগিৰীবাবৰ হিচাপ দিয়া

এইটো এনেকৈয়ো অনুবাদ কৰিব পাৰি যেনে “কোনোবা এজনক এই দায়িত্ত্বটো দিবলৈ বিষয়বোৰ সজাই দিয়া” বা “হস্তান্তৰ কৰিবলৈ বিষয়বোৰ পোনপতীয়া কৰি দিয়া” বা “মোৰ টকা

পইচা লিখা প্ৰতিবেদন যুগুত কৰি দিয়া।”

Luke 16:3-4

(যীচুৱে তেওঁৰ কাহিনীটো শিষ্যবিলাকক একেৰাহে কৈ আছে।)

মই কি কৰা উচিত ?

ঘৰগিৰীজনে তাৰ ইচ্ছা কৰ্ম্মবিলাক পুনৰলোকন কৰি যেন, এইটো নিজকে সুধিছিল।

মোৰ মালিকে

এই কথাটোৱে আঢ্যৱন্ত মানুহজনক বুজাইছে। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “মোক নিযুক্ত কৰোঁতাজন।” এই ঘৰগিৰীজন চাকৰ নাছিল।

মাটি খানিবলৈ মোৰ বল নাই

“মাটি খানিবলৈ মই যথেষ্ট বলৱান নহওঁ” বা “মই মাটি খানিব নোৱাৰোঁ”

যেতিয়া মোক মোৰ ঘৰগিৰীবাবৰ পৰা আতৰাই দিব

এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যেতিয়া মই মোৰ ঘৰগিৰী বাব হেৰুৱাম।”

Luke 16:5-7

(যীচুৱে তেওঁৰ কাহিনীটো শিষ্যবিলাকক একেৰাহে কৈ আছে।)

তেওঁ মালিকৰ ধৰুৱাবিলাকক

“যিবিলাক মানুহ তাৰ মালিকৰ ধৰুৱা আছিল” বা “যিবিলাক মানুহে তাৰ মালিকক কিবা দিবলগীয়া আছিল।” কাহিনীটোত সেই ধৰুৱাবিলাকে তেল আৰু ঘেহুঁ দিবলগীয়া আছিল।

সি মাতিছিল... সি সুধিছিল(পদ ৫)

“ঘৰগিৰীয়ে মাতিছিল... ঘৰগিৰীয়ে সুধিছিল”

এশ মোন জিত গছৰ তেল

“প্ৰায় ৩৪০০ লিটাৰ জৈতুন তেল”

সি কৈছিল... সি তেওঁক কৈছিল(পদ ৬)

“ধৰুৱা জনে কৈছিল... ঘৰগিৰীয়ে সেই ধৰুৱাজনক কৈছিল”

এশ কৰ ঘেহুঁ

“প্ৰায় ২২০০০ লিটাৰ শুকান ঘেহুঁ শস্য”

সি কৈছিল... সি কৈছিল... সি তেওঁক কৈছিল (পদ ৭)

“ঘৰগিৰীয়ে কৈছিল... ধৰুৱা জনে কৈছিল... ঘৰগিৰীয়ে ধৰুৱা জনক কৈছিল”

Luke 16:8-9

(যীচুৱে তেওঁৰ কাহিনীটো শিষ্যবিলাকক একেৰাহে কৈ আছে।)

সেই মালিকে... মন্তব্য দিছিল

সেই ধৰুৱাবিলাকে যাৰ ধাৰ সেই ঘৰগিৰীয়ে কমাই দিছিল সম্ভব ভাবিছিল যে মালিকেই ঘৰগিৰীক সিহঁতৰ ধাৰ কমাই দিবলৈ আদেশ দিছিল, সেয়ে তেওঁলোকে সেই মালিকক তেওঁৰ মুকলি মনৰ হোৱাৰ বুলি প্ৰশংসা কৰিছিল।

মন্তব্য দিছিল

“প্ৰশংসা কৰিছিল” বা “ভাল বুলি শলাগিছিল” বা “অনুমোদন কৰিছিল”

সি বুদ্ধিৰে কাৰ্য্য কৰিছিল

“সি ধুৰ্ত্ততাৰে কাৰ্য্য কৰিছিল” বা “সি এটা বিবেচনাযুক্ত কাৰ্য্য কৰিলে”

এই জগতৰ সন্তানবিলাক

এই কথাটোৱে অধাৰ্ম্মিক ঘৰগিৰীক বুজাইছে যিয়ে নাজানে বা ঈশ্বৰৰ বিষয়ে কোনো চিন্তা নকৰে। এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “এই জগত খনৰ মানুহবিলাক” বা “জাগতিক মানুহ”

পোহৰৰ সন্তানবিলাক

এই কথাটোৱে ধাৰ্ম্মিক মানুহবিলাকক বুজাইছে যাৰ লুকুৱাবলৈ একো নাই। এইটোকো এইদৰে অনুবাদ কৰিব পাৰি যেনে “পোহৰৰ সন্তানবিলাক” বা “যিবিলাক পোহৰত বাস কৰে।”

আৰু মই তোমালোকক কওঁ

“মই” শব্দই যীচুক বুজাইছে। যীচুৱে তেওঁৰ কাহিনীটো কৈ শেষ কৰিছিল। এই বাক্যাংশটো “মই তোমালোকক কওঁ” তেওঁ কোৱা কথাটো সলনি কৰি মানুহবিলাকক কৈছে কেনেকৈ তেওঁলোকে নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰে।

জাগতিক সা

সম্পত্তি

এই কথাটোৱে ভৌতিক সম্পত্তি বুজাইছে। এইটোত কাপোৰ

কানি, ঠকা

পইচা, মুল্যৱান বস্তুবোৰ অন্তৰ্ভুক্ত।

অনন্ত নিবাস

এই কথাটোৱে স্বৰ্গখন বুজাইছে, য’ত ঈশ্বৰে নিবাস কৰে।

Luke 16:10-12

(যীচুৱে মানুহবিলাকক একেৰাহে কৈ আছে।)

সেই কাৰণে

এইটোকো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “সেইটোৰ কাৰণে” বা “সেয়ে এই নীতিটোৰ ক্ষেত্ৰত”

আচল সা

সম্পত্তি কোনে তোমালোকক দি ভৰসা কৰিব

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “আচল সা

সম্পত্তি দি কোনেও তোমালোকক ভৰসা নকৰিব” বা “কোনেও তোমালোকক আচল সা

সম্পত্তি দি চোৱাচিতা কৰিবলৈ ভাৰসা নকৰিব।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

যিটো তোমাৰ নিজৰ সেইটো কোনে তোমালোকক দিব

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “তোমালোকৰ নিজৰ বাবে কোনেও সা

সম্পত্তি নিদিব।”

Luke 16:13

(যীচুৱে মানুহবিলাকক একেৰাহে শিকাই আছে।)

কোনো চাকৰেই

এইটোকো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “চাকৰ এজনে নোৱাৰে”

ভক্তপ্ৰাণ

“উচৰ্গিত” বা “বিশ্বাসযোগ্য”

আনজনক ঘিণা কৰিব

“আনজনক অৱহেলা কৰিব” বা “আনজনক ভেঙুচালি কৰিব” বা “আনজনক ঘিণ কৰিব”

তুমি সেৱা কৰিব নোৱাৰা

যীচুৱে এটা দলত কথা কৈ আছে, সেয়ে ভাষাৰ ‘তুমি’ শব্দৰ বহুবচনৰ ৰূপ সেইটোত ব্যৱহাৰ কৰক। (তুমি শব্দৰ ৰূপ চাওক)

সেৱা কৰা

“ এজন চাকৰ হোৱা”

তেওঁ ঘিণ কৰিব

“সেই চাকৰে ঘিণ কৰিব”

Luke 16:14-15

যিবিলাক ধন লুভীয়া

“যিবিলাকে ধন ভাল পায়” বা “যিবিলাকে ধন থকাটো বিচাৰে” বা “যিবিলাকে ধনৰ প্ৰতি অতি লুভীয়া”

সিহঁতে তেওঁক উপহাস কৰিলে

এইটো এনেদৰেও অনুবাদ কৰিব পাৰি যেনে “ফৰীচীবিলাকে তেওঁক উপহাস কৰিলে”

আৰু তেওঁক সিহঁতক ক’লে

“আৰু যীচুৱে ফৰীচীবিলাকক ক’লে”

তোমালোকে মানুহৰ আগত নিজকে ধাৰ্ম্মিক বুলি দেখুউৱা

“তোমালোকে মানুহৰ আগত নিজকে উত্তম বুলি দেখুউৱা”

ঈশ্বৰে তোমালোকৰ অন্তৰ জানে

“ঈশ্বৰে তোমালোকৰ আচল আকাংক্ষা জানে” বা “ঈশ্বৰে তোমালোকৰ অন্তৰৰ ভাব

ধাৰা জানে।”

যে যিটো মানুহ ৰ মাজত প্ৰশংসিত হব

এইটো এইদৰেও অনুবাদ কৰিব পাৰি যেনে “মানুহে ভাবা সেইবোৰ বিষয় অতি গুৰুত্বপুৰ্ণ।”

ঈশ্বৰৰ দৃষ্টিত অতি ঘিণ লগা

এইটো এইদৰেও অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰে ঘিণ কৰে” বা “এইবোৰ বস্তু ঈশ্বৰে ঘিণ কৰে।”

Luke 16:16-17

(যীচুৱে একেৰাহে ফৰীচীবিলাকক শিক্ষা দি আছে।)

বিধান আৰু ভাববাদীসকল

এইটোৱে সেই সময়লৈকে লিখা ঈশ্বৰৰ সকলো বাক্যক বুজাইছে।

যোহন আহিছিল

এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যোহন বাপ্তাইজক আহিছিল আৰু প্ৰচাৰ কৰিছিল। ”

ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰৈ হৈছিল

এইটোকো এইদৰে অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ বিষয়ে মানুহবিলাকক আমি শিক্ষা দি আছোঁ।”

প্ৰতিজনে অতি যত্নেৰে ইয়ালৈ সোমাব বিচাৰে

এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “বহুতো মানুহে সকলো প্ৰকাৰে যত্ন কৰি ইয়াৰ ভিতৰ সোমাব বিচাৰে।” যিবিলাকে যীচুৰ শিক্ষা শুনিছে আৰু গ্ৰহণ কৰিছে এইটোৱে সেইটো বুজাইছে।

কিয়নো ই হৈছে আকাশ আৰু পৃথিবী গুচি যোৱাই সহজ

“যিদৰে তোমালোকে জানা যে আকাশ আৰু পৃথিবী গুচি নাযায়, সেইটোৰ বিষয়ে তোমালোকে নিশ্চিত হব পাৰা।”

এটি আখৰৰ এক বিন্দু

“এটি আখৰৰ এটি একেবাৰে সৰু অংশ।” এইটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “বিধানৰ এটি ক্ষুদ্ৰ বৰ্ণনা।”

অকামিলা হোৱাতকৈ

“বিধানৰ পৰা আতৰাই দিয়া”

Luke 16:18

(যীচুৱে একেৰাহে লোকবিলাকক শিক্ষা দি আছে।)

যিহেতু এইটো বিধানৰ এটি উদাহৰণ যে বিধান সলনি কৰিব নোৱাৰি, এই পদটোও “উদাহৰণৰ বাবে” বুলি আৰম্ভ কৰিব পাৰি।

প্ৰতিজন যিয়ে তেওঁৰ ভাৰ্য্যাক পৰিত্যাগ কৰে

“যিকোনোৱে তেওঁৰ ভাৰ্য্যাক ত্যাগ কৰে” বা “যদি এজন মানুহে তেওঁৰ ভাৰ্য্যাক ত্যাগ কৰে”

ব্যভিচাৰ কৰে

“ব্যভিচাৰৰ দোষত দোষী”

তেওঁ যিজনে এগৰাকী বিয়া কৰে

“যিকোনো মানুহে এগৰাকী মহিলা বিয়া কৰে” বা “যদি এজন মানুহে এগৰাকী মহিলা বিয়া কৰে”

Luke 16:19-21

(যীচুৱে একেৰাহে কথা কৈ আছে।)

এজন ধনী মানুহ

এইজন এজন প্ৰকৃত ব্যক্তি হয়নে নহয় বা এটি বিষয় উলিয়াবলৈ সাধাৰণভাবে যীচুৱে এইটো কাহিনীটো কৈছিল সেই কথাটো স্পষ্ট নহয়।

যিজন বেঙেনা বৰণীয়া আৰু শণ সুতাৰ কাপোৰ পিন্ধিছিল

“যিজনে বেঙেনা বৰণীয়া আৰু সুন্দৰ শণ সুতাৰ কাপোৰ পিন্ধিছিল” বা “যিজনে অতি দামী কাপোৰ পিন্ধিছিল।” বেঙেনা বৰণীয়া আৰু শণ সুতাৰ কাপোৰ অতি বেছি দামী।

প্ৰতিদিনেই তেওঁ অতি অধিক সা

সম্পত্তিৰে সৈতে উপভোগ কৰি আছিল

এইটো এনদৰে অনুবাদ কৰিব পাৰি যেনে “প্ৰতিদিনেই ভোজন পান কৰি আছিল” বা “প্ৰতিদিনেই অতি দামী খাদ্য ভোজন কৰি আছিল” বা “অধিক ধন খৰচ কৰি তেওঁ যি বিচাৰে তাকেই আনিছিল।”

লাজাৰ নামৰ এজন ভিক্ষাৰী তেওঁৰ দুৱাৰত পৰি আছিল

“মানুহবিলাকে লাজাৰ নামৰ এজন ভিক্ষাৰীক তেওঁৰ দুৱাৰত পেলাই থৈছিল”

ভিক্ষাৰী

“এজন দুখীয়া মানুহ যিজনে তেওঁৰ খাদ্যৰ বাবে ভিক্ষা কৰিব লগীয়া হৈছিল”

তেওঁৰ দুৱাৰত

“সেই ধনী মানুহজনৰ পদুলি মুখত” বা “ধনী মানুহ জনৰ সম্পত্তিৰ পদুলি মুখত”

ঘাৰে ভৰি আছিল

“তাৰ গোটেই শৰীৰটোত ঘাৰে ভৰি আছিল।”

খাবলৈ আশা কৰি আছিল

“খাবলৈ আশা কৰি আছিল” বা “তেওঁক যেন খাবলৈ দিয়ে সেই আশা কৰি আছিল”

ধনী মানুহজনৰ মেজৰ পৰা যি পৰি যায়

এই কথাটো এনেদৰেও অনুবাদ কৰিব পাৰি যেনে “ধনী মানুহজনে খাই থাকোঁতে কেনেবাকৈ পৰি যোৱা একামোৰ খাদ্য” বা “ধনী মানুহজনৰ মেজৰ পৰা দলিয়াই পেলোৱা ৰৈ যোৱা খাদ্য।”

আৰু তদুপৰি

এই কথাটো এনেদৰেও অনুবাদ কৰিব পাৰি যেনে “তাৰ লগতে” বা “আনকি।” এইটোৱে দেখুৱাই যে লাজাৰৰ বিষয়ে ইতিমধ্যে যি কোৱা হৈছিল তাৰ পাছৰ খিনি আনকি আৰু বেছি বেয়া।

কুকুৰবোৰ

কুকুৰবোৰ এবিধ অশুচি জন্তু। লাজাৰে তেওঁৰ ঘা চেলেকা কুকুৰবোৰ খেদিবলৈ অতিশয় বেমাৰী আৰু দুৰ্ব্বল আছিল।

Luke 16:22-23

(যীচুৱে একেৰাহে তেওঁৰ কাহিনীটো কৈ আছে।)

এতিয়া এনে হৈছিল যে

এই বাক্যাংশটো কাহিনীটোত নতুন অংশ এটাত চিন দিবৰ বাবে ব্যৱহাৰ কৰা হৈছে। যদি আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় আছে, আপুনি এইটো ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

আৰু স্বৰ্গদূতবিলাকৰ দ্বাৰা অব্ৰাহামৰ কোলালৈ লৈ গ‘ল

“আৰু স্বৰ্গদূবিলাকে লাজাৰক অব্ৰাহমৰ কোলালৈ লৈ গ’ল”

অব্ৰাহামৰ কোলা

দেখদেখকৈ অব্ৰাহাম আৰু লাজাৰ ইজনে সিজনৈ হালি গৈ ভোজনত বহি আছিল আৰু লাজাৰৰ মুৰটো অব্ৰাহামৰ কোলাৰ ফালে হলি আছে। এইটো আছিল ভোজনলৈ নিমন্ত্ৰিত আলহীবিলাকৰ গ্ৰীক দস্তুৰ। এই বাক্যাংশ এনেকৈয়ো অনুবাদ কৰিব পাৰি যেনে “অব্ৰাহামৰ ফালে” বা “অব্ৰাহামৰ কাষত” বা “অব্ৰাহামৰ কাষত হলি আছিল” বা “অব্ৰাহামৰ কাষত বহি আছিল।”

যন্ত্ৰনাত ভোগী আছোঁ

“য’ত সি একেৰাহে দুখ কষ্ট পাই আছিল” বা “সি অতিপাত দুখ কষ্ট পাই আছিল”

সি চকু তুলি চাইছিল

এইটো এটা উপমা যিটোৰ অৰ্থ “সি ওপৰলৈ চাইছিল।” (উপমা চাওক)

আৰু লাজাৰক তেওঁৰ কোলাত

এইটো এইদৰেও অনুবাদ কৰিব পাৰি যেনে “আৰু লাজাৰ অব্ৰাহামৰ কোলালৈ হলি আছিল” বা “আৰু লাজাৰ তেওঁৰ একেবাৰে কাষত বহি আছিল” আৰু ”আৰু লাজাৰ তেওঁৰ লগত আছিল।”

Luke 16:24

(যীচুৱে একেৰাহে তেওঁৰ কাহিনীটো কৈ আছে।)

আৰু সি চিঞঁৰি উঠিছিল আৰু কৈছিল –“আৰু ধনী মানুহজনে চিঞঁৰি উঠি কৈছিল” বা “সি অব্ৰাহামলৈ চিঞঁৰি কৈছিল”

মোলৈ দয়া কৰক – এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “দয়া কৰি মোলৈ পুতৌ কৰক” বা “মোৰ প্ৰতি কৃপা কৰক।”

আৰু লাজাৰক পঠাই দিয়ক

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “লাজৰক পঠাই দিয়াৰ দ্বাৰা” বা “লাজাৰক মোৰ ওচৰলৈ পঠাই দিয়ক” বা “লাজৰক মোৰ ওচৰলৈ আহিবলৈ কওক।”

সি যেন তাৰ আঙুলিৰ আগটো ডুবাই

একেবাৰে ক্ষুদ্ৰ পৰিমাণৰ অনুৰোধ কৰাটো ই দেখুৱাই। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “সি যেন তাৰ আঙুলিৰ আগটো তিয়াই।”

এই অগ্নিশিখাত মই কষ্ট পাই আছো

“মই এই অগ্নি শিখাত ভয়ানক কষ্ট পাই আছোঁ” বা “এই অগ্নিত মই অতিশয় দুখ

কষ্ট পাই আছোঁ ”

Luke 16:25-26

(যীচুৱে একেৰাহে তেওঁৰ কাহিনীটো কৈ আছে।)

সন্তান

এই ধনী মানুহ জনো অব্ৰাহামৰ বংশধৰ আছিল।

ভাল বস্তুবোৰ

“ধুনীয়া বস্তুবোৰ” বা “সুখ দিব পাৰ বস্তুবোৰ”

সেই একেদৰে বেয়া বস্তুবোৰ

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “বেয়া বস্তুবোৰ পাইছিল” বা “তেওঁক দুখ দিয়া বস্তুবোৰহে পাইছিল”

কষ্ট পোৱা

“অতি কষ্টকৰ”

আৰু এইবোৰৰ ওপৰিও

“এই কাৰণটোৰ লগতে”

এক বিশাল শূণ্য ঠাই স্থাপিত হৈ আছে

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰে তোমাৰ আৰু আমাৰ মাজত বিশাল দ ঠাই স্থাপিত কৰি থৈছে।” (UDB)

এক বিশাল শূণ্য ঠাই

“এক থিয়, গভীৰ আৰু বহল উপত্যকা” বা “এক বিশাল বিচ্ছেদ” বা “বিশাল দ ঠাই” (UDB)

যিবিলাকে এইখন পাৰ হৈ যাব বিচাৰে

“এই শূণ্য ঠাই যিবিলাকে পাৰ হৈ যাব বিচাৰে” বা “যদি কোনোৱে এই ঠাই পাৰ হৈ যাব বিচাৰে”

Luke 16:27-28

(যীচুৱে একেৰাহে তেওঁৰ কাহিনীটো কৈ আছে।)

যে আপুনি তেওঁক মোৰ পিতৃৰ ঘৰলৈ পঠিয়াই দিয়ক

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যে আপুনি লাজাৰক মোৰ পিতৃৰ ঘৰলৈ যাবলৈ কওক” বা “দয়া কৰি, তেওঁক মোৰ পিতৃৰ ঘৰলৈ পঠিয়াই দিয়ক।”

মোৰ পিতৃৰ ঘৰ

“মোৰ পৰিয়াল।” এইটো সম্ভৱ কোনো ভৌতিক ঘৰৰ কথা বুজোৱা নাই। ধনী মানুহজনে লাজাৰক তেওঁৰ পৰিয়ালৰ সদস্যসকলক সাৱধান কৰাটো বিচাৰিছে, যদিও সিহঁতে তেওঁৰ একে পিতৃৰ দৰে একেটো ঘৰতে নাথাকে।

তেওঁ যেন সিহঁতক সাৱধান কৰিব পাৰে

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “ লাজৰক এইটো কওক যেন তেওঁ সিহঁতক সাৱধান কৰে।”

সিহঁতেও যাতে এই ঠাইলৈ নাহে এই ভয়ত

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যাতে সিহঁতেও এই ঠাইলৈ নাহে”(UDB) বা “যদি সিহঁতক সাৱধান কৰা নহয়, হয়তু সিহঁতেও আহিব।” যিহেতু এইটো এই উপায়েৰে প্ৰয়োগ কৰা হৈছে সিহঁতে মন পালটন কৰাৰ দ্বাৰাহে তালৈ যোৱাৰ পাৰ বাচিব পাৰিব, এই প্ৰয়োগিক তথ্যটো তাত থকাৰ দৰে স্পষ্ট কৰিব পাৰি “যাতে সিহঁতে মন পালটন কৰে আৰু ইয়ালৈ নাহে।“ (অস্পষ্টতা আৰু সৰলতা চাওক)

এই শাস্তিৰ ঠাইলৈ

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “এই ঠাই য’ত আমি দুখকষ্ট ভোগ কৰোঁ” বা এই ঠাই য’ত আমি অতি বেছি কষ্ট পাই আছোঁ“ বা ” এই ঠাই য’ত আমাক কষ্ট দিয়া হয়।”

Luke 16:29-31

সিহঁতৰ মোচি আৰু ভাববাদীবিলাক আছে

“মোচি আৰু ভাববাদীবিলাকে যি লিখিছিল সেইবোৰ তোমাৰ ভায়েৰাহঁতৰ আছে।” এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “মোচি আৰু ভাববাদীসকলে যি যি লিখিছিল সেইবোৰ সিহঁতে শুনিছে”

সিহঁতে সেইবোৰ শুনিবলৈ দিয়া

“তোমাৰ ভায়েৰাহঁতে মোচি আৰু ভাববাদীবিলাকৰ লিখা কথা মনোযোগ দিয়ক”

যদি কোনোৱে মৃতবিলাকৰ মাজৰ পৰা যায়

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যদি এজন ব্যক্তি যিজন মৃত, তেওঁ যায়” বা “যদি কোনোৱে যিয়ে ইতিমধ্যে মৃত যায় আৰু সিহঁতক সাৱধান কৰে।”

যদি সিহঁতে মোচি আৰু ভাববাদীসকলৰ কথা নুশুনে

“মোচি আৰু ভাববাদীসকলে লিখা কথা যদি সিহঁতে মনোযোগ নিদিয়ে”

সিহঁতে কেতিয়াও পতিয়ণ নহব

“সিহঁতে প্ৰত্য়য়ণ নকৰিব” বা “সিহঁতে বিশ্বাস নকৰিব”

Luke 17

Luke 17:1-2

এইটো নিশ্চিত যে পাপত পতিত হোৱাৰ কাৰণবোৰ আহিব

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “মানুহক পৰীক্ষাত পেলাই পাপত পতিত নিশ্চয়কৈ ঘটিব” (UDB) বা “পৰীক্ষা অহাৰ পৰা প্ৰতিৰোধ কৰাটো অসম্ভৱ” বা “মানুহক পাপত পতিত কৰাৰ পৰীক্ষাবিলাক বন্ধ কৰা অসম্ভৱ।”

যাৰ যোগেদি সেইবোৰ আহে তালৈ

“যিজনে পৰীক্ষাবোৰ লৈ অনাৰ কাৰণ হয় তেনে প্ৰতিজনলৈ” বা “যিকোনো ব্যক্তিলৈ যিয়ে পৰীক্ষাবোৰ অনাৰ কাৰণ হয়”

যদি তাৰ ডিঙিত জাঁত শিল আৰি দিয়া আৰু দলিয়াই দিয়া হয়

এইটো এনেকৈ সক্ৰিয়া বাক্যাংশত অনুবাদ কৰিব পাৰি যেনে “যদি তেওঁলোকে তাৰ ডিঙিত জাঁত শিল আৰি দিয়া আৰু পেলাই দিয়া হয়” বা “যদি কোনোবাই তাৰ ডিঙিত গধুৰ শিল আৰি দিয়া আৰু ঠেলি দিয়া হয়” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

এটা জাঁত শিল

এইটো হৈছে বৰ ডাঙৰ, গধুৰ, ঘুৰণীয়া শিল ঘেহুঁ শস্য গুড়া কৰি আটা কৰিবলৈ ব্যৱহাৰ কৰা হয়। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “এটা গধুৰ শিল।”

এই সৰুবিলাকৰ এজন

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “সৰু সৰু শিশুবিলাক” বা “যাৰ বিশ্বাস অতি কম।”

উজুতি খোৱাবলৈ

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “পাপ কৰোৱাবলৈ।”

Luke 17:3-4

তোমাৰ ভাই

এইটো সাধাৰণতে এনেদৰে ভুক্ত হয় “তোমাৰ সহ

বিশ্বাসী” তাৰ লগে লগে “প্ৰকৃত ভাইবিলাক” বুজায় যিবিলাক একে মাক আৰু দেউতাকৰ পৰা জন্ম হৈছে।

তাক গালি দিবা

“কাঢ়াকৈ সাৱধান কৰিবা” বা “তাক কাঢ়াকৈ সাৱধান কৰি দিবা যে সি যি কৰি আছে সেইটো ভুল” বা “তাক শুধৰাই দিবা”

যদি সি পাপ কৰে

এইটো এটা চৰ্ত সাপেক্ষ বাক্য ই এইটো কথা কয় যে সম্ভৱতঃ ভবিষ্যতে এই ঘটনাটো ঘটিবলৈ।

যদি সি সাতবাৰ পাপ কৰে

এইটো এটা ভবিষ্যতে ঘটিবলগীয়া সঠিক প্ৰমাণবিহীন পৰিস্থিতি। এইটো কেতিয়াও নঘটিব পাৰে, কিন্তু যদি এইটো ঘটেও, যীচুৱে মানুহবিলাকক কৈছে যে ক্ষমা কৰা।

এদিনৰ ভিতৰত সাতবাৰ

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “এদিনৰ ভিতৰত বহুতবাৰ।” বাইবেলত সাত নম্বৰ সংখ্যাটো সম্পুৰ্ণতাৰ প্ৰতীক।

Luke 17:5-6

আমাৰ বিশ্বাস বঢ়াই দিয়ক

“দয়া কৰি আমাৰ অধিক বিশ্বাস দিয়ক” বা “দয়াকৰি আমাৰ বিশ্বাসত আৰু বিশ্বাস যোগ কৰি দিয়ক”

যদি তোমাৰ সৰিয়হ গুটিৰ সমানো বিশ্বাস থাকে

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যদি তোমাৰ বিশ্বাস সৰিয়হ গুটিৰ সমানো ক্ষুদ্ৰকৈ থাকে” বা “যদি তোমাৰ বিশ্বাস সৰ্হয় গুচিৰ সমানো ডাঙৰকৈ থাকে, কিন্তু এইটো নাই।” এই বাক্যাংশৰ গাঠনিটো দেখুৱাই যে সিহঁতৰ নাছিল, আচলতে যি বিশ্বাস আছিল সেইটো আনকি সৰিয়হ গুটিৰ সমান আকাৰৰহে।

উভালা হৈ আৰু সাগৰত পৰগৈ

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তুমি নিজেই উভালা হোৱা আৰু তুমি নিজেই সাগৰত পৰাগৈ” বা “মাটিৰ পৰা তোমাৰ শিপাবোৰ উভালা হোৱা আৰু তোমাৰ শিপাবোৰ মহাসাগৰত ৰোৱাকৈ পৰাগৈ।”

ই তোমাৰ কথা মানিব

“এই গছজোপাই তোমাৰ কথা মানিব।” এই ফলাফলটো চৰ্ত সাপেক্ষ। এইটো ঘটিব যদিহে সিহঁতৰ বিশ্বাস থাকে।

Luke 17:7-8

(যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিক্ষা দি আছে।)

কিন্তু তোমালোকৰ কোনে

“কিন্তু তোমালোকৰ মাজৰ কোনে” বা “কিন্তু তোমালোকৰ মাজৰ কোন জনে” , এইটো হৈছে অলঙ্কাৰীক প্ৰশ্নৰ আৰম্ভণী। এইটো এনেকৈ এটা বাক্যৰ আৰম্ভণীৰে অনুবাদ কৰিব পাৰি যেনে “যদি তোমালোকৰ এজনে” বা “ধৰা হ’ল তোমালোকৰ মাজৰ এজনে।” এইটো কেনেকৈ কৰে UDBৰ উদাহৰণ এটা চাওক। (অলঙ্কাৰীক প্ৰশ্ন চাওক)

তোমালোকৰ কোন জনে যাৰ এজন চাকৰ আছে

যদি এনে এটা পৰিস্থিতি আহি পৰে তেওঁলোকৰ মাজৰ কোনো এজনে কি কৰিব, যীচুৱে মানুহৰ দল এটাক এইটো সুধি আছে। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “কিন্তু তোমালোকৰ কোন জনে, যদি তোমাৰ এজন চাকৰ আছে।”

এজন চাকৰে হালবাই আছিল বা মেৰ ৰখি আছিল

“এজন চাকৰে পথাৰত হালবাই আছে বা আপোনাৰ মেৰবোৰ চোৱাচিতা কৰি আছে”

হালবোৱা

“হাল বাবলৈ” অৰ্থটো হৈছে মাটিভাগ লুটিয়াই পেলোৱা, বা ইয়াত গুটি দিবলৈ মাটিত ঠেক ঠেক সিৰলু কৰি পেলোৱা।

কিন্তু তেওঁ তাক নকবনে

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “কিন্তু তাৰ পৰিৱৰ্তে আপুনি তাক কব” বা “তাৰ পৰিৱৰ্তে, আপুনি তাক এইটো কব”(অলঙ্কাৰীক প্ৰশ্ন চাওক)

তোমাৰ কাপোৰ কঁকালত বান্ধা আৰু মোৰ পৰিচৰ্য্য কৰা

“তোমাৰ কাপোৰ তোমাৰ কঁকালত বান্ধা আৰু মোৰ পৰিচৰ্য্যা কৰা” বা “ভালকৈ কাপোৰ পিন্ধি লোৱা আৰু মোক চোৱাচিতা কৰা।” মানুহবিলাকে তেওঁলোকৰ কাপোৰ কঁকালত ভালদৰে বান্ধি লব যাতে তেওঁলোকে কাম কৰি থাকোঁতে সেইবোৰে হেঙাৰ স্বৰূপ হব নোৱাৰে।

তেতিয়া তাৰ পাছত

“তেতিয়া তুমি মোক পৰিচৰ্য্যা কৰাৰ পাছত”

Luke 17:9-10

(যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক শিক্ষা দি আছে।)

তেওঁ ধন্যবাদ নকৰে

আগৰ দুটা পদ আপুনি কেনেকৈ অনুবাদ কৰিছিল তাৰ ওপৰত নিৰ্ভৰ কৰি, এইটোক এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তেওঁ ধন্যবাদ নজনাই” বা “তুমি ধন্যবাদ নকৰিবা।”

যিবোৰ কথা আদেশ কৰা হ’ল

“তেওঁক কৰিবলৈ যি যি কথাবোৰ আদেশ কৰা হ’ল”

সি কৰিব নে?

এইটোক এনেকৈ অনুবাদ কৰিব পাৰি যেনে “সঠিক নে?” বা “এইটো সত্য নহয় নে?” এই অলঙ্কাৰীক প্ৰশ্নটোৰ সৈতে যীচুৱে তেওঁৰ শিষ্যবিলাকক এইটো উদগণি দি স্বীকাৰ কৰিছে যে তেওঁ যি কৈছে দেখদেখকৈ সত্য। (অলঙ্কাৰীক প্ৰশ্নবোৰ চাওক)

তুমি ও

যীচুৱে তেওঁ শিষ্যবিলাকক কৈ আছে, সেয়ে ভাষাত থকা “তুমি” শব্দৰ বহুবচন ৰূপ ইয়াত ব্যৱহাৰ কৰিব। (তুমি শব্দৰ ৰূপ চাওক)

কোৱা উচিত

“ ঈশ্বৰক কোৱা উচিত”

আমি অযোগ্য সেৱক

এইটোক এনেকৈ অনুবাদ কৰিব পাৰি যেনে “আমি সাধাৰণ সেৱক” বা “আমি চাকৰবিলাকে আপোনাৰ প্ৰশংসা পোৱাৰ যোগ্য নহওঁ।”

Luke 17:11-13

এতিয়া এনে হৈছিল যে

এই বাক্যাংশটো কাহিনীটোত নতুন অংশ এটাত চিন দিবৰ বাবে ব্যৱহাৰ কৰা হৈছে। যদি আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় আছে, আপুনি এইটো ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

তেওঁলোকে যেতিয়া যিৰূচালেমলৈ গৈ আছিল

“তেওঁলোকে যেতিয়া যিৰূচালেমলৈ যাত্ৰা কৰি আছিল”

তাতে তেওঁ দহজন মানুহক লগ পাইছিল যিকেইজন কুষ্ঠৰোগী আছিল

এইটোক এনেকৈ এক সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি যেনে “দহজন মানুহ যিকেইজন কুষ্ঠ ৰোগী আছিল তেওঁক লগ পাইছিল।” সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

সিহঁতে চিঞঁৰি নিজৰ মাত দিছিল

ইয়াৰ অৰ্থটো হৈছে “সিহঁতে ডাঙৰকৈ মাত দিছিল” বা “ সিহঁতে ডাঙৰকৈ মাতিছিল।”

হে গুৰু

সেই “হে গুৰু” অনুবাদটো সাধাৰণ ভাবে “গুৰু” বুলি কোৱা নহয়। এই শব্দটো এনে এজনক কোৱা হয় যাৰ ক্ষমতা আছে, কোনোবা এজনৰ মালিক বুলি সেই জনক কোৱা নহয়। আপুনি এইটোক “বচ বা মালিক” বা “অগ্ৰজ” বা কোনোবা এজনৰ ক্ষেত্ৰত সাধাৰণভাবে ক্ষমতা থকা জনক ব্যৱহাৰ কৰা যেনে “মহাশয়” বুলি সম্বোধন কৰিব পাৰে।

আমাক দয়া কৰক

এই কথাটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “আমাক সুস্থ কৰাৰ দ্বাৰা আমাক দয়া কৰক।” (স্পষ্টতা আৰু সৰলতা চাওক)

Luke 17:14-16

যোৱা আৰু নিজকে পুৰোহিতবিলাকক দেখুওৱাগৈ

এই সৰল তথ্যটো হৈছে “সেয়ে তেওঁলোকে যেন পৰীক্ষা কৰিব পাৰে” স্পষ্টকৈ উল্লেখ কৰিব পাৰি। (স্পষ্টতা আৰু সৰলতা চাওক)

আৰু এতিয়া এনে হৈছিল যে

এই বাক্যাংশটো কাহিনীটোত নতুন অংশ এটাত চিন দিবৰ বাবে ব্যৱহাৰ কৰা হৈছে। যদি আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় আছে, আপুনি এইটো ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

তেওঁলোক শুচি হৈছিল

এইটো হৈছে “এতিয়া এনে হৈছিল যে”ৰ দ্বাৰা চিন দিয়া এক গুৰুত্বপুৰ্ণ ঘটনা। এই কথাটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যেতিয়া তেওঁলোক তেওঁলোকৰ কুষ্ঠৰোগৰ পৰা সুস্থ হৈছিল তেওঁলোক শুচি হৈছিল” বা “তেওঁলোক তেওঁলোকৰ কুষ্ঠৰোগৰ পৰা আৰোগ্য হৈছিল।”

দেখিছিল যে তেওঁ সুস্থ হ’ল

“উপলব্ধি কৰিছিল যে সি সুস্থ হ’ল” বা “উপলব্ধি কৰিছিল যে যীচুৱে তাক সুস্থ কৰিছিল”

সি ঘুৰি আহিছিল

“সি যীচুৰ ওচৰলৈ ঘুৰি আহিছিল”

এক বৰ মাতেৰে ঈশ্বৰৰ গৌৰৱ কৰিছিল

“আৰু ডাঙৰকৈ ঈশ্বৰৰ গৌৰৱ কৰিছিল”

সি তেওঁৰ ভৰিত পৰি মুৰ দোঁৱাইছিল

“সি আঠু কাঢ়ি পৰিছিল আৰু যীচুৰ ভৰিৰ একেবাৰে ওচৰত তাৰ মুখখন ৰাখিছিল।” যীচুক সন্মান কৰিবলৈ সি এইটো কৰিছিল।

Luke 17:17-19

যীচুৱে, উত্তৰ দিছিল, কৈছিল

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “সেয়ে যীচুৱে সেই ভীৰৰ মানুহবিলাকক কৈছিল।” এই মানুহজনে কি কৰিছিল যীচুৱে তাৰ প্ৰত্যুত্তৰ দিছিল, কিন্তু তেওঁৰ চাৰিওফালে থকা মানুহৰ দলটোক তেওঁ কৈ আছিল।

দহজনক শুচি কৰা নাছিল নে? –তিনিটা অলঙ্কাৰীক প্ৰশ্নৰ এইটো হৈছে প্ৰথমটো। যীচুৱে সিহঁতক ব্যৱহাৰ কৰি তেওঁৰ চাৰিওফালে থকা মানুহবিলাকক দেখুৱাইছে যে তেওঁ কিমান আচৰিত আৰু নিৰাশ হৈছে যে দহজনৰ মাজৰ মাত্ৰ এজন মানুহহে ঈশ্বৰৰ গৌৰৱ কৰিবলৈ ঘুৰি আহিছিল। এই কথাটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “দহ জন মানুহক সুস্থ কৰা হ’ল” বা “ঈশ্বৰে দহজন মানুহক সুস্থ কৰিছিল।” (অলঙ্কাৰীক প্ৰশ্ন আৰু সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

বাকী নজন ক’ত ?

এই অলঙ্কাৰীক প্ৰশ্নটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “সেই বাকী থকা নজন মানুহ ও ঘুৰি আহিব লাগিছিল” বা “বাকী থকা আন নজন মানুহ কিয় ঘুৰি নাহিল?”

এই প্ৰবাসীজনৰ বাহিৰে, আৰু বাকী নাছিল নেকি যিয়ে ঈশ্বৰৰ গৌৰৱ কৰিবলৈ ঘুৰি অহা নাছিল। এই অলঙ্কাৰীক প্ৰশ্নটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে ”কোনো নাছিল কিন্তু এই প্ৰবাসীজনেহে ঈশ্বৰৰ গৌৰৱ কৰিবলৈ ঘুৰি আহিছিল” বা “দহজন লোকক সুস্থ কৰি হৈছিল, তথাপিও এই প্ৰবাসীজনেহে ঈশ্বৰৰ গৌৰৱ কৰিবলৈ ঘুৰি আহিছিল” বা “এইটো কি সত্য় হব পাৰে নে যে কোনো নাছিল কিন্তু এই প্ৰবাসীজনেহে ঈশ্বৰৰ গৌৰৱ কৰিবলৈ ঘুৰি আহিছিল?”

এই প্ৰবাসীজন

চমৰীয়াবিলাক হৈছে অনাযিহুদী বংশধৰ আৰু তেওঁলোকে যিহুদীবিলাকে কৰা নিচিনাকৈ ঈশ্বৰৰ উপাসনা নকৰে। (চমৰীয়া, চমৰীয়াবাসী চাওক)

তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে

“তোমাৰ বিশ্বাসৰ কাৰণে তুমি সুস্থ হ’লা।” “বিশ্বাসৰ” এই ধাৰণাটো এটা সক্ৰিয় ক্ৰিয়া ৰূপত অনুবাদ কৰিব পাৰি যেনেঃ “ কাৰণ তুমি বিশ্বাস কৰিলা, তুমি সুস্থ হ’লা।”

Luke 17:20-21

ফৰীচীবিলাকৰ দ্বাৰা সোধাত

এই কথাটো এটা সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি যেনে “ফৰীচীবিলাকে যীচুক সুধিছিল।” সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)। এইটো হৈছে নতুন কাহিনী এটাৰ আৰম্ভণী অংশ। কিছুমান অনুবাদত এনেকৈ আৰম্ভ কৰে “এদিনাখন” (UDB), বা “এসময়ত”

ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব

এই কথাটো পোনপতীয়াকৈ উল্লেখিত বাক্যৰে আৰম্ভ কৰিব পাৰি যেনে “ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব?” (বাক্যৰ উদ্ধৃতি চাওক)

ঈশ্বৰৰ ৰাজ্য এনেকৈ দৃশ্যমানৰূপত নাহে

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে ”যদিও তোমালোক ঈশ্বৰৰ ৰাজ্য বিচাৰি ফুৰিবা, ইয়াক তোমালোকে দেখা নাপাবা।” যীচুৱে ৰজা স্বৰূপে ইতিমধ্যে তেওঁলোকৰ মাজত আছেই তেওঁলোকে সেইটো দেখা নাপায়, কাৰণ তেওঁলোকে এক ভৌতিক ৰাজ্য বিচাৰি ফুৰিছিল।

ঈশ্বৰৰ ৰাজ্য তোমালোকৰ মাজতে আছে

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰৰ ৰাজ্য ইয়াতে আছে” বা “ঈশ্বৰে তোমালোকৰ মাজত ইতিমধ্যে শাসন কৰিবলৈ আৰম্ভ কৰিলে।”

Luke 17:22-24

সেই দিনবোৰ আহিব

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “এনে এক সময় আহিব” বা “কোনোবাদিনা”

তোমালোক চাবলৈ ইচ্ছা কৰিবা

“তোমালোক অতি আগ্ৰহেৰে চাবলৈ ইচ্ছা কৰিবা” বা “তোমালোকে অভিজ্ঞতা পাবলৈ ইচ্ছা কৰিবা।” তেওঁৰ শিষ্যবিলাকে ইতিমধ্যে তেওঁৰ শাসন কৰাটো চাবলৈ বিচাৰিছিল। কিন্তু তাড়নাৰ সময়বিলাক আহিব আৰু তেওঁলোকে ইচ্ছা কৰে যে তেওঁ ইতিমধ্যে শাসন কৰি আছে।

মানুহৰ পুত্ৰ এটা দিন – এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “যেতিয়া মানুহৰ পুত্ৰই ৰজা হিচাপে শাসন কৰিব তাৰ এটা দিন।”

তেওঁলোকৰ পাছত নাযাবাও

“আৰু তেওঁলোকক অনুগমণ নকৰিবা।”

কিয়নো যিদৰে বিজুলীয়ে দেখা দিয়ে

এইটো এটা সাদৃশ্যতা। এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “কিয়নো যিদৰে বিজুলী মাৰিলে সকলোৰে দৃশ্যমান হয়” বা “কিয়নো বিজুলীয়ে হঠাতে দেখা দিয়াৰ দৰে।” (সাদৃশ্যতা চাওক)

সেই দৰে মানুহৰ পুত্ৰৰো তেওঁৰ দিনত তেনে হব

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “যেতিয়া মানুহৰ পুত্ৰ শাসন কৰিবলৈ আহিব সেই দিনটো তেনেধৰণৰ হব।”

Luke 17:25-27

(যীচুৱে একেৰাহে কথা কৈ আছে।)

কিন্তু প্ৰথমতে তেওঁ দুখভোগ কৰিব লাগিব

“কিন্তু প্ৰথমতে মানুহৰ পুত্ৰই দুখভোগ কৰিব লাগিব।” যীচুৱে তৃতীয় পুৰুষত নিজৰ বিষয়ে কৈ আছে। (প্ৰথম, দ্বিতীয় বা তৃতীয় পুৰুষ চাওক)

নোহৰ দিনত এইটো যেনেদৰে হৈছিল

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “নোহৰ দিনত মানুহবিলাকে যেনেদৰে কৰিছিল” বা “নোহ জীয়াই থকা কালত মানুহবিলাকে যেনে কৰিছিল।” এই “নোহৰ দিনৰ” কথাটো জগতৰ মানুহবিলাকক ঈশ্বৰে শাস্তি দিয়াৰ ঠিক আগৰ সময়ৰ কথা বুজাইছে।

আনকি সেই একেদৰেই মানুহৰ পুত্ৰ অহা কালতো ঘটিব

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “মানুহৰ পুত্ৰৰ আগমণৰ কালতো মানুহবিলাকে একেদৰেই কৰি থাকিব” বা “মানুহৰ পুত্ৰ আহিবৰ সময়তো মানুহবিলাকে একেবোৰ বিষয়কে কৰি থাকিব।” এই “মানুহৰ পুত্ৰৰ সময়” বুলি কওঁতে মানুহৰ পুত্ৰ অহাৰ ঠিক আগৰ সময়খিনি বুজাইছে।

তেওঁলোকে ভোজন কৰিছিল, তেওঁলোকে পান কৰিছিল, তেওঁলোকে বিয়া কৰিছিল, তেওঁলোকে বিয়া দিছিল

মানুহবিলাকে সাধাৰণ জীৱন যাপন কৰিছিল। ঈশ্বৰে যে সিহঁতক শাস্তি দিব সেইটো ভবাই নাছিল।

সেই জাহাজখন

“সেই জাহাজ” বা “ওপঙা জাহাজ”

Luke 17:28-29

(যীচুৱে একেৰাহে কথা কৈ আছে।)

সেই একেদৰেই আনকি লুটৰ দিনত ঘটাৰ দৰে

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “আন এটা উদাহৰণ হৈছে লুটৰ দিনত এইটো কেনেকৈ ঘটিছিল” বা “লুট জীয়াই থকা কালত মানুহবিলাকে কৰি থকাৰ দৰে।” এই “লুটৰ দিন” বুলি কওঁতে চদোম আৰু ঘমোৰা নগৰ দুখনক ঈশ্বৰে শাস্তি দিয়াৰ ঠিক আগৰ সময়ৰ কথা বুজাইছে।

তেওঁলোক খাইছিল

“চদোমৰ মানুহবিলাকে খাইছিল”

ইয়াত আকাশৰ পৰা জুই আৰু গন্ধক বৰষিছিল

“বৰষুণ পৰাৰ দৰে আকাশৰ পৰা গন্ধক আৰু জুই বৰষিছিল”

Luke 17:30-31

(যীচুৱে একেৰাহে কথা কৈ আছে।)

সেই একেদৰেই এইটো হব

এইটোৰ অৰ্থটো হৈছে “এইটো এনেকুৱাই হব।” লুটৰ সময়ত কেনে হৈছিল সেই কথাটো UDBত স্পষ্ট উল্লেখ কৰিব পাৰিঃ “মানুহবিলাক যুগুতে থকা নাছিল। ” (স্পষ্টতা আৰু সৰলতা চাওক)

মানুহৰ পুত্ৰ প্ৰকাশ হোৱা দিনা

“যেতিয়া মানুহ পুত্ৰ দেখা দিব” বা “ যেতিয়া মানুহৰ পুত্ৰ আহিব।”

যিজন ঘৰৰ মুধচত আছে তেওঁক নামি যাবলৈ নিদিব

“যিজন ঘৰৰ ওপৰত আছে তেওঁ নামি নাযাওক” বা “ যদি কোনোৱে ঘৰৰ ওপৰত আছে, তেওঁ নামি নাযাওক”

ঘৰৰ ওপৰত

তেওঁলোকৰ ঘৰৰ ওপৰভাগ চেপেটা সমান আছিল মানুহে সহজে তাত বহিব পাৰিছিল।

তেওঁ বয়

বস্তুবোৰ

“তেওঁৰ সা

সম্পত্তিবোৰ” বা “ তেওঁ বস্তুবোৰ”

ঘুৰি আহক

এই প্ৰয়োগ কৰা তথ্যটো হৈছে যে তেওঁলোকে কিবা লবলৈ ঘৰলৈ ঘুৰি নাহক আৰু তেওঁলোকে বেগাই পলাব পাৰে এইটো UDBত স্পষ্টকৈ উল্লেখ কৰিব লাগে।

Luke 17:32-33

লুটৰ ভাৰ্য্যাক সোঁৱৰা

এইটো এটা সাৱধান বাণী। এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে ”লুটৰ ভাৰ্য্যাই যি কৰিছিল তেনেকুৱা নকৰিবা।” তাই চদোমলৈ ঘুৰি চাইছিল আৰু চদোমৰ মানুহবিলাকৰ লগত তাইয়ো শাস্তি পাইছিল।

যিকোনোৱে নিজৰ জীৱন পাব বিচাৰে তেওঁ এইটো হেৰুৱাব

“যিবোৰ মানুহে নিজৰ জীৱন বচাব বিচাৰে তেওঁবোৰ হেৰুৱাব” বা “যিকোনোৱে পুৰণি ধৰণে নিজৰ জীৱন বচাবলৈ চেষ্টা কৰে, তেওঁৰ জীৱন হেৰুৱাব।”

কিন্তু যিকোনোৱে নিজৰ জীৱন হেৰুৱাই এইটো বচাব

“কিন্তু যিবিলাক মানুহে তেওঁলোকৰ জীৱন হেৰুৱাই তেওঁলোকৰ জীৱন ৰক্ষা পৰিব“ বা ”কিন্তু যিকোনোৱে তেওঁ আগৰ দীৱন পৰিত্য়াগ কৰে তেওঁ জীৱন পাব”

Luke 17:34-37

(যীচুৱে একেৰাহে কথা কৈ আছে।)

সেই দিনা ৰাতি

যদি মানুহৰ পুত্ৰ ৰাতি আহে কি ঘটিব তাকে এইটোৱে বুজাইছে।

এখন বিচনা দুজন মানুহ থাকিব

সেই সময়ত দুজন মানুহে কি কৰি থাকিব সেই বিষয়ে এইটো এটা সঠিক প্ৰমাণবিহীন পৰিস্থিতি। এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “হয়তু দুজন মানুহে এটা কোঠাত বিচনাত থাকিব।” (সঠিক প্ৰমাণবিহীন পৰিস্থিতি )

বিচনা

“শয্যা” বা “খাট”

এজনক তুলি লোৱা হব আৰু আনজনক এৰি যোৱা হব

“এজনক লৈ যোৱা হব আৰু আনজনক এৰি থৈ যোৱা হব।” এই কথাটো এনেদৰে এক সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰে এজন মানুহক তুলি লৈ যাব আৰু আনজনক এৰি থৈ যাব” বা “স্বৰ্গদূতবিলাকে এজনক তুলি লৈ যাব আৰু আনজনক এৰি থৈ যাব।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

দুগৰাকী মহিলাই একেলগে জাঁতেৰে ডলি থাকিব

সেই সময়ত দুগৰাকী মহিলাই কি কৰি থাকিব সেই বিষয়ে এইটো এটা সঠিক প্ৰমাণবিহীন পৰিস্থিতি। এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “হয়তু দুগৰাকী মহিলাই একেলগে জাঁতেৰে ডলি থাকিব।”

কিছুমান সংসস্কৰণত এইটো ভুক্ত কৰা হৈছে “দুজন ব্যক্তিয়ে পথাৰত কাম কৰি থাকিব; এজনক লৈ যোৱা হব, আনজনক এৰি যোৱা হব।” এই বাক্যটো লুকৰ উত্তম পাণ্ডোলিপিত যোগ কৰা নাই।

ক’ত, প্ৰভু ?

“প্ৰভু, এইটো ক’ত ঘটিব?” (UDB)

য’তে মৰাশ থাকে, তাতেহে একেলগে শগুণো গোট খোৱা হব – দেখদেখকৈ এইটো এটা নীতিবাক্য অৰ্থটো হৈছে “এইটো স্পষ্ট হৈ পৰিব” বা “এই কেতিয়া ঘটিব তোমালোকে জানিবা।” এই কথাটো এনেদৰে এক সাদৃশ্যতা ৰূপত অনুবাদ কৰিব পাৰি যেনে “শগুণবোৰ গোট খোৱাটোৱে দেখুৱাই যে তাত এটা মৰাশ আছে, সেয়ে এইবোৰ কথাই দেখুৱাই যে মানুহৰ পুত্ৰ প্ৰকাশিত হৈছে।” (নীতিবাক্য চাওক)

শগুণবোৰ

শগুণবোৰ হৈছে ডাঙৰ চৰাই একেলগে উৰে আৰু সিহঁতে পোৱা মৰা জন্তুৰ মাংস খায়। আপুনি এই চৰাইবোৰ এইদৰে বৰ্ণনা কৰিব বা এই কামটো কৰা স্থানীয় চৰাইৰ বাবে এনে শব্দ ব্যৱহাৰ কৰক।

Luke 18

Luke 18:1-2

(যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক কথা কৈ আছে।)

তেতিয়া তেওঁ

“তেতিয়া যীচু”

কৈছিল

এইটো এটা নতুন বাক্য আৰম্ভ কৰিব পাৰিঃ “তেওঁ কৈছিল” (UDB)।

নিৰাশ নহৈ

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “প্ৰাৰ্থনা কৰাত ভাগৰুৱা হৈ নপৰিব” বা “বিশ্বাস নেহেৰুৱাব”

কোনো এখন নগৰত কোনো এজন বিচাৰক আছিল

এই “কোনো নিৰ্দিষ্ট” শব্দটোৱে এইদৰে কৈছে যে এইটো ঘটিছিল, কিন্তু বিচাৰকজনক বা নগৰখনক পৰিচয় কৰাই দিয়া নাই।

ভয়

“ভয়ভক্তি” (UDB)

মানুহক সন্মান নকৰিছিল

“ কোনো এজন ব্যক্তিক কোনো আদৰ কৰা নাছিল”

Luke 18:3-5

(যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক দৃষ্টান্তটো কৈ আছে।)

বিধৱা তিৰোতা

এগৰাকী বিধৱা হৈছে এগৰাকী মহিলা যাৰ স্বামী মৰিছে। যীচুৰ শ্ৰোতাসকল তাইৰ বিষয়ে এই চিন্তা কৰক যে কুকৰ্ম্মীবিলাকৰ বিৰুদ্ধে তাইৰ কোনো সুৰক্ষা নাই।

সেইবিলাকৰ বিৰুদ্ধে মোক ন্যায়বিচাৰ কৰি সহায় কৰক

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “শাস্তি দিয়ক” বা “সেইবিলাকৰ বিৰুদ্ধে মোৰ পৰিশোধ মঞ্জৰ কৰক।”

মোৰ বিৰুদ্ধী

“মোৰ শত্ৰূ” বা “সেই ব্যক্তিজন যিয়ে মোক অনিষ্ট কৰিব চেষ্টা কৰিছে।” এইটো আইনীভাবে বিৰুদ্ধী ব্যক্তি। মহিলা গৰাকীয়ে মানুহজনৰ বিৰুদ্ধে কৰিছেনে নাইবা মানুহজনে মহিলা গৰাকীৰ বিৰুদ্ধে কৰিছে এই কথাটো স্পষ্ট নহয়।

ঈশ্বৰক ভয় কৰা

“ঈশ্বৰক ভয়

ভক্তি কৰা”

মানুহ

এইটোৱে সাধাৰণতে ইয়াত “মানুহবিলাকক” বুজাইছে।

মোৰ সমস্যাৰ কাৰণ হৈছে

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “আমনি কৰি আছে।”

মোক অতিষ্ঠ কৰি তুলিছে

“মোক দুৰ্ব্বল কৰি পেলাইছে”

তাই অবিৰাম আহি থকাৰ দ্বাৰা

“একেৰাহে আহি থকাৰ দ্বাৰা”

Luke 18:6-8

(যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক প্ৰাৰ্থনাৰ বিষয়ে কৈ আছে।)

সেই অধাৰ্ম্মিক বিচাৰকে কি কয় শুনা

“সেই অধাৰ্ম্মিক বিচাৰকে এই মাত্ৰ কি কৈছিল সেই বিষয়ে চিন্তা কৰা।” এইটো এনেদৰে অনুবাদ কৰা যাতে সেই অধাৰ্ম্মিক বিচাৰকে কি কৈছিল যীচুৱে ইতিমধ্যে কৈছিল যাতে মানুহবিলাকে বুজি পায়।

ঈশ্বৰেও নানিবনে

যীচুৱে এই অলঙ্কাৰীক প্ৰশ্নটো ব্যৱহাৰ কৰি এইটো বুজাইছে যে তেওঁ যি শিক্ষা দি আছে তেওঁৰ দৰ্শকসকলে ইতিমধ্যে বুজি পাবলৈ সমৰ্থ। এইটোক এনেদৰেও অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰে নিশ্চয়কৈ আনিব” বা “সেয়ে তোমালোকে এইটো নিশ্চিত হোৱা যে ঈশ্বৰেও নিশ্চয়কৈ আনিব।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

তেওঁৰ মনোনীত সকলক

“যিবিলাক মানুহক তেওঁ মনোনীত কৰিছে।”

তেওঁলোকৰ লগত তেওঁ ধৈৰ্য্যশীল নহবনে ?

যীচুৱে এই অলঙ্কাৰীক প্ৰশ্নটো ব্যৱহাৰ কৰি মানুহবিলাকক কিবা এটা মনত পেলাই দিব বিচাৰিছে যিটো তেওঁলোকে ঈশ্বৰৰ বিষয়ে ইতিমধ্যে পৰিচিত। এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “আৰু তোমালোকে জানা যে তেওঁ তেওঁলোকৰ প্ৰতি ধৈৰ্য্যশীল।”

মানুহৰ পুত্ৰ

যীচুৱে নিজকে বুজাইছে।

তেওঁ বিশ্বাস পাবনে

এই দৃষ্টান্তটোৰ উদ্দেশ্য হৈছে যে শিষ্যসকলক বিশ্বাস কৰি থকা আৰু প্ৰাৰ্থনা কৰি থাকিবলৈ উদগণি দিয়া। নঞাঁৰ্থক উত্তৰ আশা কৰি যীচুৱে ইয়াত আন এটা অলঙ্কাৰীক প্ৰশ্ন কৰিছে। প্ৰশ্নটোৰ অৰ্থ হৈছে “কিন্তু মই জানো যে যেতিয়া মই, মানুহৰ পুত্ৰ, ঘুৰি আহিম, মই এনে মানুহ পাম যিয়ে মোত বিশ্বাস নকৰিব।”

Luke 18:9-10

তেতিয়া তেওঁ –“তেতিয়া যীচু”

কিছুমানে

“কিছুমান মানুহ”

যিবিলাকে নিজকে ধাৰ্ম্মিক বুলি মান্য কৰিছিল

“যিবিলাক স্ব

ধাৰ্ম্মিক আছিল” বা “যিবিলাকে নিজকে ভাবিছিল যে তেওঁলোক ধাৰ্ম্মিক” (UDB)

অৱজ্ঞা কৰিছিল

“মুল্যহীন কৰিছিল” বা “ভাবিছিল যে তেওঁলোক ভালতকৈ ভাল”

মন্দিৰৰ ভিতৰত

“মন্দিৰৰ ভিতৰ চোতালত”

Luke 18:11-12

(যীচুৱে একেৰাহে শিষ্যবিলাকক তেওঁৰ দৃষ্টান্তটো কৈ আছে।)

সেই ফৰীচীয়ে থিয় হৈছিল আৰু নিজৰ বিষয়ে এইবোৰ প্ৰাৰ্থনা কৰিছিল – গ্ৰীক ভাষাত বাক্যাংশটোত এই পাঠটোৰ অৰ্থ স্পষ্ট নহয়। সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “সেই ফৰীচীয়ে থিয় হৈছিল আৰু নিজৰ বিষয়ে এইদৰে প্ৰাৰ্থনা কৰিছিল” বা ২) “সেই ফৰীচীজনে নিজে থিয় হৈছিল আৰু প্ৰাৰ্থনা কৰিছিল।”

অপহাৰকবিলাক

এজন ডকাইত হৈছে কোনোবা এজন যিয়ে আন মানুহৰ পৰা জোৰ কৰি তেওঁলোকৰ বস্তু চুৰ কৰে বা কাঢ়ি লয়, বা সিহঁতক জোৰ কৰি ভাবুকি দিয়ে।

লঘোন দিয়া

“লঘোন দিবলৈ” অৰ্থটো একো আহাৰ নোখোৱা। ফৰীচীজনে এই কামটো সপ্তাহত দুবাৰ কৰিছিল।

পোৱা

“অৰ্জন কৰা”

Luke 18:13-14

(এই মানুহবিলাকক যীচুৱে একেৰাহে কথা কৈ আছে।)

তেওঁৰ চকু স্বৰ্গৰ ফালে তুলিলে

এইটো এটা উপমা যিটোৰ অৰ্থ “স্বৰ্গৰ ফালে চাইছিল” বা “ওপৰৰ ফালে চাইছিল।” (উপমা চাওক)

তেওঁৰ বুকু ভুকুৱাইছে

অতিশয় দুখিত হোৱাৰ এইটো হৈছে শাৰীৰিক প্ৰকাশ, এই মানুহজনৰ মন পালটন আৰু নম্ৰতা দেখুৱাইছে।

হে ঈশ্বৰ মি এজন পাপীলৈ দয়া কৰা

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “হে ঈশ্বৰ, যদিও মই এজন জঘন্য পাপী দয়া কৰি মোক কৃপা কৰা,” বা “হে ঈশ্বৰ দয়া কৰি মোক কৃপা কৰা। মই এজন অতিশয় পাপীলোক।”

এই মানুহজন

“এই কৰতোলোতা জন”

বৰং সেই আন জনতকৈ

“বৰং আন মানুহজনতকৈ” বা “সেই আন মানুহজনৰ পৰিৱৰ্তে” বা ”আৰু সেই আন মানুহজন নহয়।” এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “কিন্তু আন মানুহজন ধাৰ্ম্মিক বুলি গণিত নহ’ল।”

কাৰণ প্ৰতিজনে যিয়ে নিজকে উত্তোলিত কৰে...

এই বাক্যাংশটোৰ লগত, যীচুৱে কাহিনীটোৰ পৰা কাহিনীটোৱে উদাহৰণ দিয়া সাধাৰণ মুলনীতিলৈ বাগৰি আহিছে।

উত্তোলিত কৰা

“ অতিশয় পৰিমাণে সন্মানিত হোৱা”

Luke 18:15-17

সিহঁতক চুলে, কিন্তু

এইটো এক বেলেগ বাক্য স্বৰূপে অনুবাদ কৰিব নোৱাৰিঃ “সিহঁতক চুলে, কিন্তু।”

গালি দিছিল

শিষ্যবিলাকে পিতৃ

মাতৃবিলাকক যিবিলাকে তেওঁলোকক শিশুবিলাকক যীচুৰ ওচৰলৈ আনিছিল অতি কাঢ়াকৈ নিষেধ কৰিছিল।

অনুমতি

“ অনুমতি দিয়া”

সৰু সৰু শিশুবিলাক

এইটো হৈছে এটা “নবজাতকতকৈ”বেলেগ শব্দ যিটো মানুহবিলাকে অনা কেঁচুৱাবিলাকৰ বাবে ব্যৱহাৰ কৰি হৈছে। “সৰু সৰু শিশুবিলাক” “নবজাতকতকৈ” অলপ ডাঙৰ।

সিহঁতক নিষেধ নকৰিবা

“সিহঁতক বাধা নিদিবা” বা “সৰু সৰু শিশুবিলাকক বাধা নিদিবা”

এনেকুৱা বিলাকৰহে

এইটোকো এইদৰে অনুবাদ কৰিব পাৰি যেনে “যিবিলাক মানুহ এই শিশুবিলাকৰ নিচিনা তেওঁলোকৰহে।”

সচাঁকৈ মই তোমালোকক কওঁ

“নিশ্চয়কে মই তোমালোকক কওঁ।” যীচুৱে যি কবলৈ ওলাইছে সেইটোৰ গুৰুত্বতা দিবলৈ যীচুৱে এই প্ৰকাশটো ব্যৱহাৰ কৰিছে।

এটি শিশুৰ হিচাপে

এইটো এটা সাদৃশ্যতা যিটোৱে মানুহবিলাকৰ দৃষ্টিভঙ্গী শিশুবিলাকৰ লগত তুলনা কৰিছে যিয়ে স্বৰ্গ ৰাজ্যত সোমাব বিচাৰে। এইটো বিষয়বস্তুটো হৈছে নম্ৰতা আৰু ভাৰসা। এই সাদৃশ্যতাটোৰ অৰ্থ হৈছে যিদৰে এটি শিশু নম্ৰ আৰু ভাৰসা কৰিব পৰা সেইদৰে তেওঁলোকে নম্ৰতাৰে ঈশ্বৰৰ ৰাজ্য গ্ৰহণ কৰিব। (সাদৃশ্যতা চাওক)

এইটো প্ৰবেশ কৰা

এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰৰ ৰাজ্যত প্ৰবেশ কৰা” (UDB)।

Luke 18:18-21

উত্তম

“শুনিবলৈ যোগ্য আৰু মানি চলিছিল”

মই কি কৰা উচিত

“মই কি কৰা প্ৰয়োজন” বা “মোৰ কি কৰা উচিত”

উত্তৰাধিকাৰ –“উচিত অধিকাৰযুক্ত মালিক হোৱা।” এইটো সাধাৰণতে কোনোবা এজন মৰিলে তেওঁৰ সম্পত্তিৰ ক্ষেত্ৰত বুজাই। লুকে এই উপমাটো ইয়াকে দেখুৱাবলৈ ব্যৱহাৰ কৰিছে সেই অধিপতি জনে বুজক যে অনন্ত জীৱন আৰ্জ্জন কৰিব নোৱাৰি, আৰু প্ৰতিজনে অনন্তকাল জীয়াই নাথাকে। (উপমা চাওক)

এজনা ঈশ্বৰৰ বাহিৰে, কোনেও উত্তম নহয়

এই কথাটো এনেকৈ দুটা বাক্যত অনুবাদ কৰিব পাৰি যেনে “কোনো এজন ব্যক্তিয়েই উত্তম নহয়, ঈশ্বৰ জনাহে উত্তম।”

বধ নকৰিবা

“নৰহত্যা নকৰিবা”

এই সকলোবোৰ বিষয়

“এই সকলো আদেশবোৰ”

Luke 18:22-23

আৰু যেতিয়া যীচুৱে সেইটো শুনিছিল

“আৰু যেতিয়া যীচুৱে সেই মানুহজনে সেইটো কোৱা শুনিছিল”

তেওঁ তেওঁক কৈছিল

“তেওঁ তেওঁক উত্তৰ দিছিল”

তোমাৰ এটা বিষয় এতিয়াও বাকী আছে

“তুমি এতিয়াও আৰু এটা বিষয় কৰিবলৈ বাকী আছে” বা “আৰু এটা বিষয় তুমি এতিয়াও কৰা নাই”

তোমাৰ যি সকলো আছে বিক্ৰি কৰি দিয়া

“তোমাৰ সকলো সম্পত্তি বিক্ৰি কৰা” বা “তুমি যি সকলোৰ মালিক সেইবোৰ বিক্ৰি কৰা।”

বিলাই দিয়া

“দি দিয়া”

দুখীয়াবিলাকক বিলাই দিয়া

“দুখীয়া মানুহবিলাকক দি দিয়া।”

Luke 18:24-25

তেওঁ অতিশয় দুখিত হ’ল

এই বাক্যাংশটো গ্ৰীক পাণ্ডূলিপিৰ বহুতত নাই আৰু সেয়ে ইংৰাজীৰ অনুবাদত এইটো উহ্য কৰি ৰখা হৈছে।

এটা উঁট বেজীৰ বিন্ধাইদি সৰকি যাবলৈ

বেজীৰ বিন্ধাইদি সোমাই সৰকি যাবলৈ এটি উঁটৰ বাবে অসম্ভৱ। সেই কাৰণে, এই দেখা গৈছে যে যীচুৱে হয়তু এই অত্যুক্তিটো ব্যৱহাৰ কৰি কৈছে “ধনী মানুহৰ উদ্ধাৰ পোৱাটো একেবাৰে অতিশয় কঠিন।” (অত্যুক্তি চাওক)

উঁট

এইটো এটা বৰ ডাঙৰ জন্তু, এজনী গায় গৰু বা এটা ঘোঁৰাতকৈ ডাঙৰ।

বেজীৰ বিন্ধা

বেজীৰ বিন্ধা হৈছে কাপোৰ চিলোৱা বেজীত থকা এটা ফুটা যি ফালেদি সুতা পাৰ কৰি দিয়ে।

Luke 18:26-27

যিবিলাকে এইটো শুনি আছিল

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যীচুৱে যি কৈ আছিল যিবিলাকে শুনিছিল।”

তেন্তে কোনে পৰিত্ৰাণ পাব পাৰে?

এইটো সম্ভৱ যে তেওঁলোকে এটা উত্তৰৰ বাবে সুধিছিল। কিন্তু এইটো এনেকুৱা যে এইটো এটা অলঙ্কাৰীক প্ৰশ্ন যিটোৰ অৰ্থ “তেন্তে কোনেও পৰিত্ৰাণ পাব নোৱাৰে!” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

পৰিত্ৰাণ পোৱা

“পাপৰ পৰা পৰিত্ৰাণ পোৱা”

ঈশ্বৰৰ লগত সম্ভৱ

“ঈশ্বৰৰ বাবে এইটো কৰা সম্ভৱ”

Luke 18:28-30

যিটো আমাৰ নিজৰ সেই সকলো

“আমাৰ সকলো সম্পত্তি” বা “আমাৰ সকলো সা

সম্পত্তি”

স্বৰূপকৈ, মই তোমালোকক কওঁ

যীচুৱে যি বিষয়ে কবলৈ ওলাইছে তাত বেছি গুৰুত্ব দিবলৈ এই প্ৰকাশনটো ব্যৱহাৰ কৰিছে।

যিজনক এৰা নহব এনে কোনো নাই... যিজনে নাপাব

এইটো যোগাত্মক ভাবে উল্লেখ কৰিব পাৰি যেনে “ প্ৰতিজনৰ যিবিলাকক এৰি দিয়া হব...পাব ”(UDB)।

আৰু আহিবলগীয়া জগতখনত

এই কথাটো এনেদৰেও অনুবাদ কৰিব পাৰি “আহিবলগীয়া জগতখনত অনন্ত জীৱন।”

Luke 18:31-33

চোৱা

যীচুৱে শেষবাৰৰ কাৰণে যিৰূচালেমলৈ গৈ আছে তেওঁৰ পৰিচৰ্য্যাত এইটোৱে এক গুৰুত্বপুৰ্ণ তাৎপৰ্য্য দেখুৱাই।

সেই ভাববাদীসকল

এইটোৱে পুৰণি নিয়মৰ ভাববাদীসকলক বুজাইছে।

সম্পন্ন হব

“ঘটিব” বা “ঘটিবগৈ”

মানুহৰ পুত্ৰ

যীচুৱে নিজকে “মানুহৰ পুত্ৰ” বুলি কৈছে আৰু “তেওঁ” ব্যৱহাৰে তেওঁ নিজকে বুজাইছে।

তৃতীয় দিনৰ দিনা

এইটোৱে তেওঁৰ মৃত্যুৰ পাছত তৃতীয় দিনা বুজাইছে। যিকি নহওক, শিষ্যবিলাকে এইটো এতিয়াও বুজি পোৱা নাছিল, সেয়ে যেতিয়া এই পদটো অনুবাদ কৰা হয়, এইটোৰ ব্যাখ্যা যোগ নকৰাই উত্তম হব।

Luke 18:34

আৰু তেওঁলোকে এইবোৰ কথাৰ এটাও বুজি পোৱা নাছিল

“আৰু তেওঁলোকে এইবোৰ কথা এটাও বুজি পোৱা নাছিল”

এইবোৰ কথা

যীচুৱে কেনেকৈ দুখভোগ কৰিব আৰু যিৰূচালেমত মৃত্যু হব, আৰু তেওঁ মৃতবিলাকৰ মাজৰ পৰা পুনৰ জী উঠিব এইটোৱে যীচুৰ এই বৰ্ণনাটো বুজাইছে।

এই বাক্যটো তেওঁলোকৰ পৰা গুপ্ত আছিল

এই কথাটো সক্ৰিয় বাচ্য ৰূপত উল্লেখ কৰিব পাৰি যেনেঃ “তেওঁ সিহঁতক যি কৈ আছিল তাৰ অৰ্থ বুজিবলৈ ঈশ্বৰে সিহঁতক বাৰণ কৰিছিল” (UDB)। (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

যিবোৰ কথা কোৱা হৈছিল

এই কথাটোকো সক্ৰিয় ৰূপত অনুবাদ কৰিব পাৰি যেনে “যীচুৱে যি কথাবোৰ কৈছিল।”

Luke 18:35-37

ওচৰ চাপি আহিছিল

“ওচৰ হৈছিল”

কোনো এজন অন্ধ মানুহ বহি আছিল

“এজন অন্ধ মানুহ বহি আছিল।” ইয়াত “কোনো এজন” বুলি কওঁতে কাহিনীটোত মানুহজনহে দৰকাৰী কিন্তু তেওঁ নামটো দিয়া নহয়।

ভিক্ষা কৰি আছিল; আৰু শুনি আছিল

এই কথাটো দুটা বাক্যত অনুবাদ কৰিব পাৰিঃ “ভিক্ষা কৰি আছিল। যেতিয়া সি শুনিছিল।”

সিহঁতে তাক কৈছিল

ভীৰৰ মানুহবিলাকে সেই অন্ধ মানুহজনক কৈছিল।

নাচৰতীয়া যীচু

যীচুৱে নাচৰত নগৰৰ পৰা আহিছিল, সেইখন গালীলত অৱস্থিত আছিল।

পাৰ হৈ গৈছে

“খোজ কাঢ়ি তেওঁক পাৰ হৈ গৈছে।”

Luke 18:38-41

চিঞঁৰি উঠিছিল

“চিঞঁৰি মাতিছিল” বা “ চিঞঁৰিছিল”

দায়ুদৰ সন্তান

যীচু দায়ুদৰ বংশধৰ আছিল, ইস্ৰায়েলৰ আটাইতকৈ গুৰুত্বপুৰ্ণ ৰজা।

মোলৈ দয়া কৰক

“মোক পুতৌ দেখুৱাওক” বা “ মোক মৰমভাব দেখুৱাওক”

সেই লোকসমুহ

“সেই মানুহবিলাক”

শান্ত হৈ থাক

“নিৰবে থাক” বা “নিচিঞঁৰিবি”

আৰু বেছিকৈহে চিঞঁৰি উঠিছিল

এইটো এনে অৰ্থ কৰিব পাৰে যেনে সি আৰু ডাঙৰকৈ চিঞঁৰিছিল বা যে সি একেৰাহে আৰু অধিককৈ চিঞঁৰি উঠিছিল।

Luke 18:42-43

তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “মই তোমাক সুস্থ কৰিলো, কাৰণ তুমি মোত বিশ্বাস কৰিছিলা।”

আৰু তেওঁৰ পাছে পাছে গ’ল

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “ আৰু তেওঁৰ অনুগমণ কৰিব ধৰিলে।”

ঈশ্বৰৰ মহিমা কৰিলে

“ঈশ্বৰক গৌৰৱ দিছিল” বা “ঈশ্বৰৰ প্ৰসংশা কৰি আছিল” (UDB)

Luke 19

Luke 19:1-2

চোৱা, তাতে এজন মানুহ আছিল

এই “চোৱা” শব্দই কাহিনীটোত এজন নতুন ব্যক্তিলৈ আমাক সজাগ কৰি দিয়ে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা এক উপায় থাকিব পাৰে। ইংৰাজীৰ ব্যৱহাৰ হৈছে “তাতে এজন মানুহ আছিল যিয়ে...”

Luke 19:3-4

যীচুনো কোন আছিল তেওঁ তাক চাব বিচাৰিছিল

“চক্কেয়ই যীচুনো কোন আছিল তাক চাব বিচাৰিছিল”

এজোপা ডিমৰু গছ

“এজোপা ডিমৰু গছ।” ই সৰু সৰু প্ৰায় ২.৫ চেন্টিমিটাৰ জোখৰ ঘুৰণীয়া ফল উৎপন্ন কৰে। এইজোপাক সাধাৰণতে “এজোপা ডিমৰু গছ” বা “এজোপা গছ” বুলি অনুবাদ কৰিব পাৰি।

কাৰণ তেওঁ উচ্চতাত সৰু আছিল

“কাৰণ তেওঁ চাপৰ আছিল”

Luke 19:5-7

সেই ঠাই

“সেই গছজোপা” বা “য’ত চক্কেয় আছিল”

তেওঁ এনে এজন মানুহ পৰিদৰ্শন কৰিবলৈ গৈছে যিজন পাপী আছিল

“যীচুৱে এজন পাপীৰ ঘৰলৈ তেওঁক পৰিদৰ্শন কৰিবলৈ গৈছে।”

এজন পাপী

“এজন দেখদেখ পাপী” বা “এজন প্ৰকৃত পাপী” (UDB) বা “স্পষ্টকৈ এজন পাপী”

Luke 19:8-10

প্ৰভুজনাই

এইটোৱে যীচুক বুজাইছে।

এই ঘৰলৈ পৰিত্ৰাণ আহিল

“পৰিত্ৰাণ” এই গুণবাচক বিশেষ্য পদটোক এটা ক্ৰিয়া পদ “উদ্ধাৰ পোৱা” হিচাপে অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে এই ঘৰটো উদ্ধাৰ কৰিলে”(UDB)। (গুণবাচক বিশেষ্য চাওক)

এই ঘৰটো

ইয়াত “ঘৰ” শব্দটোৱে এই ঘৰটো নিবাস কৰা মানুহবিলাকক বা পৰিয়ালটোক বুজাইছে। (বাক্যালঙ্কাৰ চাওক)

তেওঁ ও

“এই মানুহ জনো” বা “চক্কেয়ই ও”

অব্ৰাহামৰ সন্তান

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “অব্ৰাহামৰ বংশধৰ” বা ২) “ব্যক্তি যিজনৰ অব্ৰাহামৰ নিচিনা বিশ্বাস আছিল।”

যিবিলাক মানুহ হেৰাই আছিল

“যিবিলাক মানুহ ঈশ্বৰৰ আতৰি অনাই

বনাই ফুৰিছিল” বা “যিবিলাকে পাপ কৰাৰ দ্বাৰা ঈশ্বৰৰ আতৰি অনাই

বনাই ফুৰিছিল।”

Luke 19:11-12

যে ঈশ্বৰৰ ৰাজ্য সাউৎকৈ দেখা দিব

“যীচুৱে অতি সোনকালেই ঈশ্বৰৰ ৰাজ্যৰ ওপৰত শাসন কৰিবলৈ আৰম্ভ কৰিব”

এজন ভদ্ৰ বংশীয় মানুহ

“কোনো এজন মানুহ যিজন শাসক গোষ্ঠীৰ এজন সদস্য আছিল” বা “গুৰুত্ব পুৰ্ণ পৰিয়ালৰ কোনো এজন মানুহ।” এইটোক এনদৰে অনুবাদ কৰিব পাৰি যেনে “এজন গুৰুত্ব পুৰ্ণ মানুহ” বা “ এজন উচ্চ পদস্থ মানুহ।”

তেওঁ নিজৰ বাবে ৰাজ্যত গ্ৰহণ কৰিবলৈ

“ৰজা পাতিবলৈ” বা “তেওঁ বাস কৰা দেশত ৰজা হবলৈ।”

Luke 19:13-15

(যীচুৱে তেওঁৰ দৃষ্টান্তটো একেৰাহে কৈ আছে।)

তেওঁ মাতিছিল

এই “তেওঁ” শব্দটো সেই ভদ্ৰবংশীয় মানুহজনক বুজাইছে।

সিহঁতক দহ মিনা দিছিল

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “সিহঁতৰ প্ৰতিজনক এক মিনাকৈ দিছিল।”

দহ মিনা

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “দহটা মুল্যৱান মুদ্ৰা” বা ”এক বিশাল পৰিমাণৰ ধন।“ প্ৰতিটো মিনাৰ এনে মুল্য আছিল যে কোনোবা এজনৰ চাৰিমাহৰ পৰিশ্ৰমৰ মুল্য। (বাইবেলৰ টকা

পইচা চাওক)

ব্যৱসায় কৰিবলৈ

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “এই ধনেৰে ব্যৱসায় কৰা” বা “আৰু অধিক অৰ্জ্জন কৰিবলৈ এই ধন ব্যৱহাৰ কৰা।”

তেওঁৰ নাগৰিকসকল

“তেওঁৰ দেশৰ মানুহবিলাক”

ৰাষ্ট্ৰদূত বিলাকৰ এজন বাৰ্ত্তাবাহক

“প্ৰতিনিধিসকল” বা “কটকী/বাৰ্ত্তাবাহকসকল”

আৰু এইটো ঘটিছিল

এই বাক্যাংশটো কাহিনীটোত এটা গুৰুত্বপুৰ্ণ ঘটনাৰ চিন দিবলৈ ইয়াত ব্যৱহাৰ কৰা হৈছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় থাকিলে ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

সেই ৰাজ্য গ্ৰহণ কৰাত

“তেওঁ ৰজা হোৱাৰ পাছত”

সিহঁতে কি লাভ কৰিছিল

“ সিহঁতে কিমান টকা উপাৰ্জ্জন কৰিছিল”

Luke 19:16-17

(যীচুৱে তেওঁৰ দৃষ্টান্তটো একেৰাহে কৈ আছে।)

প্ৰথমটোৱে

“প্ৰথম চাকৰটোৱে”

তেওঁৰ আগলৈ আহিছিল

এই “তেওঁ” শব্দটোৱে সেই ভদ্ৰবংশীয় মানুহজনক বুজাইছে।

মিনা

১৯:১৩ পদত আপুনি কেনেকৈ অনুবাদ কৰিছিল চাওক)

ভাল কৰিলা

“তুমি বৰ ভাল কৰিলা।” আপোনাৰ ভাষাত এজন কৰ্ম্মচাৰীক অনুমোদন জনোৱাটো দেখুৱাবলৈ বাক্যাংশ থাকিব পাৰে, যেনে “চাব্বাইচ।”

Luke 19:18-19

(যীচুৱে তেওঁৰ দৃষ্টান্তটো একেৰাহে কৈ আছে।)

আপোনাৰ মিনা, প্ৰভু, আৰু পাঁচ মিনা পোৱা গ’ল

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “হে প্ৰভু, আপুনি মোক দিয়া সেই টকাৰে, মই পাঁচ গুণ পৰিমাণ উপাৰ্জ্জন কৰিলোঁ।”

মিনা

১৯:১৩ পদত আপুনি কেনেকৈ অনুবাদ কৰিছিল চাওক)

তুমি পাঁচখন নগৰৰ ওপৰত অধিকাৰ লোৱা

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “পাঁচখন নগৰৰ ওপৰত তোমাৰ ক্ষমতা থাকিব”

Luke 19:20-21

(যীচুৱে তেওঁৰ দৃষ্টান্তটো একেৰাহে কৈ আছে।)

মিনা

১৯:১৩ পদত আপুনি কেনেকৈ অনুবাদ কৰিছিল চাওক)

এজন কঠিন মানুহ

“এজন কাঢ়া মানুহ” বা “এজন মানুহ যিয়ে তেওঁৰ চাকৰৰ পৰা বহুত বেছি আশা কৰে” বা “এজন টান মানুহ” (UDB)

আপুনি যিহকে বোৱা নাই তাকে উঠাই লয়

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “আপুনি যি ৰোৱা নাই তাকে আপুনি উলিয়াই লয়” বা “যিটো আপোনাৰ নহয় তাকে লয়।” এজন লোভীয়া মানুহক বৰ্ণনা কৰিবলৈ এইটো এটা নীতি বাক্য। (নীতিবাক্য চাওক)

চপোৱা

“শস্য চপোৱা” বা “সংগ্ৰহ কৰা” বা “জমা কৰা”

যিটো আপুনি সিচাঁ নাছিল তাকে চপায়

“আপুনি যি ৰোৱা নাছিল তাকে চপায়।” এইটো এটা উপমা। সেই চাকৰজনে তাৰ মালিকক এজন খেতিয়কৰ লগত তুলনা কৰিছে যিজনে কোনোবা এজনে ৰোৱা আহাৰ লয়। (উপমা চাওক)

Luke 19:22-23

(যীচুৱে তেওঁৰ দৃষ্টান্তটো একেৰাহে কৈ আছে।)

এজন কঠিন মানুহ

“এজন কাঢ়া মানুহ”

যে মই এজন কঠিন মানুহ, লৈ লওঁ...

সেই ভদ্ৰবংশীয় মানুহজনে তেওঁৰ বিষয়ে চাকৰজন কি কৈছিল তাকে পুনৰাই কৈ আছে। এইটো যে সত্য তাক তেওঁ কোৱা নাই।

মোৰ ধন কি নথলি

অলঙ্কাৰীক প্ৰশ্নৰে এইটো আৰম্ভ হৈছে। এই হৈছে এটা গালি দিয়া। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তই মোৰ ধন থব লাগিছিল।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

বেঙ্কত মোৰ ধন থৈ দে

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “বেঙ্কত মোৰ ধন ধাৰে দিব লাগিছিল।” যিবোৰ সংস্কৃতিত বেঙ্ক বুজি নাপালে এনেকৈ অনুবাদ কৰিব পাৰি যেনে “কোনোবা এজনে মোৰ ধন ধাৰে নিলে।”

বেঙ্ক

এটা বেঙ্ক হৈছে এটা ব্যৱসায় মানুহবিলাকৰ বাবে ধন নিৰাপদে ৰাখে। বেঙ্কে এক লাভৰ বাবে আনক ধন ধাৰে দিয়ে। সেই কাৰণে যিবিলাকে তেওঁলোকৰ ধন বেঙ্কত ৰাখে তেওঁলোকক ই এক অতিৰিক্ত পৰিমাণ, বা সুদ দিয়ে।

মই ইয়াৰ সুদে সৈতে এইখিনি সংগ্ৰহ কৰিলোঁহেতেন

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “এইটোৱে উপাৰ্জ্জন কৰা ধন মই তাৰ পৰিমাণৰ লগতে ইয়াৰ সুদ সংগ্ৰহ কৰিব পাৰিলোঁহেতেন”(UDB) বা “এইটোৰ পৰা মই এক লাভ পালোঁহেতেন।”

সুদ/সুত

সুদ হৈছে ধন যিবিলাকে তেওঁলোকৰ ধন বেঙ্কত ৰাখে, তেওঁলোকক এই ধন দিয়ে।

Luke 19:24-25

(যীচুৱে তেওঁৰ দৃষ্টান্তটো একেৰাহে কৈ আছে।)

সেই ভদ্ৰবংশীয় মানুহজন

সেই ভদ্ৰবংশীয় মানুহজন ৰজা হ’ল। এইটো এনে এটা বাক্যৰে অনুবাদ কৰক যেন আপোনাৰ পঢ়ুৱৈয়ে স্পষ্ট হয়।

তাত থিয় হৈ থকাবিলাক

“যিবিলাক মানুহ তেওঁলোকৰ ওচৰত থিয় হৈ আছিল”

মিনা

১৯:১৩ পদত আপুনি কেনেকৈ অনুবাদ কৰিছিল চাওক)

Luke 19:26-27

(যীচুৱে তেওঁৰ দৃষ্টান্তটো একেৰাহে কৈ আছে।)

মই তোমালোকক কওঁ

এইটো আছিল ৰজাজনে কৈ থকা কথা। কিছুমান অনুবাদকে এই পদটো এনেকৈ আৰম্ভ কৰিব বিচাৰে “আৰু ৰজাই উত্তৰ দিছিল, মই তোমালোকক কওঁ,” বা “কিন্তু ৰজাই কৈছিল, ‘মই তোমালোকক এইটো কওঁ’” (UDB)।.

প্ৰতিজনৰ যাৰ আছে

এই কথাটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “ তেওঁলোকক যি যি দিয়া হ’ল, যি কোনোৱে তাক ভালদৰে ব্যৱহাৰ কৰে” বা “মই যি যি তেওঁক দিলো প্ৰতিজনে ভালদৰে ব্যৱহাৰ কৰে।”

আৰু অধিককৈ দিয়া হব

এই কথাটো এক সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি যেনে “মই তেওঁক আৰু অধিককৈ দিম।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

যিজনৰ নাই তেওঁৰ পৰা

এই কথাটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যি যি দিয়া হ’ল যি জন ব্যক্তিয়ে ভালদৰে ব্যৱহাৰ নকৰে।”

মোৰ এই শত্ৰূবোৰ

যিহেতু শত্ৰূবোৰ তাত নাছিল, কিছুমান ভাষাত এইদৰে কয় “মোৰ সৌ শত্ৰূবোৰ।”

(এইটো হৈছে দৃষ্টান্তটোৰ সমাপ্তি আৰু চক্কেয়ৰ ঘৰত আলোচনাৰ সামৰণী।)

Luke 19:28

যেতিয়া তেওঁ এই কথাবোৰ কৈছিল

এই “তেওঁ” শব্দটোৱে যীচুক বুজাইছে, আগৰ দৃষ্টান্তটোৰ ৰজাজনক বুজোৱা নাই। কিছুমান সংস্কৰণত এনেকৈ অনুবাদ কৰাৰ দ্বাৰা স্পষ্ট কৰি দিয়ে যেনে “যেতিয়া যীচুৱে এই কথাবোৰ কৈছিল।”

যিৰূচালেমলৈ উঠি গৈ থকা

যিৰিহোত কৈ যিৰূচালেম প্ৰায় ৯৭৫ মিটাৰ উচ্চতা অৱস্থিত।

Luke 19:29-31

এইটো এনে ঘটিছিল যে

এই বাক্যাংশটো কাহিনীটোত এটা গুৰুত্বপুৰ্ণ ঘটনাৰ চিন দিবলৈ ইয়াত ব্যৱহাৰ কৰা হৈছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় থাকিলে ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

যেতিয়া তেওঁ ওচৰ পাইছিল

এই “তেওঁ” শব্দটোৱে যীচুক বুজাইছে। শিষ্যবিলাক তেওঁৰ লগত যাত্ৰা কৰি আছিল।

বৈৎফগী

বৈৎফগী জৈতুন পৰ্ব্বত ওপৰত অৱস্থিত এখন গাঁও, যিখন যিৰূচালেমৰ পৰা কিদ্ৰোণ উপত্যকাৰ সিপাৰে আছিল

সেই পৰ্ব্বত যিটোক জৈতুন বুলি কোৱা হয়

“সেই পাহাৰটোক জৈতুন পৰ্ব্বত বুলি কোৱা হয়” বা “সেই পাহাৰটোক জিত গছৰ পৰ্ব্বত বুলি কোৱা হয়।”

Luke 19:32-36

যিবিলাকক পঠোৱা হৈছিল

এইটোক এনেদৰে এটা সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি যেনে “যিবিলাকক যীচুৱে পঠাইছিল” বা “ যীচুৱে পঠোৱা সেই দুজন শিষ্য।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

সেই গাধ পোৱালিটোৰ ওপৰত তেওঁলোকৰ পিন্ধা কামিজ দলিয়াইছিল

“সেই গাধ পোৱালিটোৰ ওপৰত তেওঁলোকৰ পিন্ধা কামিজ।” পিন্ধা কামিজবোৰ হৈ কাপোৰ। এই ক্ষেত্ৰত তেওঁলোকৰ পিন্ধা আৱৰণ কাপোৰ বা বাহিৰৰ কামিজবোৰ।

তেওঁলোকে তেওঁলোকৰ পিন্ধা কামিজবোৰ মেলি দিছিল

এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “মানুহবিলাকে তেওঁলোকৰ পিন্ধা কামিজবোৰ মেলি দিছিল” বা “আনবিলাকে তেওঁলোকৰ পিন্ধা কামিজৰ বাহিৰ কামিজবোৰ” (UDB)।

Luke 19:37-38

এতিয়া তেওঁ ওচৰ চাপি আহি থাকোঁতে

“যিদৰে যীচুৱে ওচৰ চাপি গৈ থাকোঁতে” বা “যীচুৱে চাপি আহি থাকোঁতে।” যীচুৰ শিষ্যবিলাকে তেওঁৰ লগত যাত্ৰ কৰি আছিল।

পৰাক্ৰম কাৰ্য্য যিবোৰ তেওঁলোকে দেখিছিল

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যীচুৱে কৰা মহান কাৰ্য্যবোৰ তেওঁলোকে দেখিছিল।”

ৰজাজন ধন্য হওক

তেওঁলোকে যীচুৰ বিষয়ে কৈ আছিল।

প্ৰভুজনাই

এইটোৱে ঈশ্বৰক বুজাইছে।

উৰ্দ্ধলোকত মহিমা হওক

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “উৰ্দ্ধলোকত সেইজনক মহিমান্বিত হবলৈ দিয়ক” বা “সৰ্ব্বোপৰিজনাক মহিমান্বিত হবলৈ দিয়ক।” এইটো এনেকৈ এক সক্ৰিয় ক্ৰিয়া পদত আৰু এক বিশেষ্য পদত অনুবাদ কৰি UDBত কোৱাৰ দৰে ক’ব পাৰি যি জনে ঈশ্বৰক প্ৰশংসা দিব। (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

Luke 19:39-40

আপোনাৰ শিষ্যবিলাকক ডবিয়াওক

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “এইবোৰ কৰিবলৈ আপোনাৰ শিষ্যবিলাকক কওক।”

মই তোমালোকক কওঁ

যীচুৱে ইয়াৰ পাছত কি কব তাক গুৰুত্ব দিবলৈ যীচুৱে এইটো কৈছিল।

যদি এইবোৰে নিৰবে থাকে

এইটো এটা সঠিক প্ৰমাণবিহীন পৰিস্থিতি।(সঠিক প্ৰমাণবিহীন পৰিস্থিতি)। কিছু্মান অনুবাদকে এইটো স্পষ্টতাক দৰকাৰ বুলি এইটো খোলোচা কৰে যীচুৱে যেতিয়া এইটো কৈছিল তেওঁ প্ৰয়োগ কৰি আছিলঃ “নহয়, মই তেওঁলোকক নডবিয়াওঁ, কিয়নো যদি এইবোৰে নিৰবে থাকে...”(স্পষ্টতা আৰু সৰলতাৰ তথ্য চাওক)

এই শিলবোৰে আটাহ পাৰিব

“এই শিলবোৰে চিঞঁৰি প্ৰশংসা কৰিব।”

Luke 19:41-42

ওচৰলৈ আহিছিল

“চাপি আহিছিল” বা “ওচৰলৈ গৈছিল”

নগৰখন

এইটোৱে যিৰূচালেমক বুজাইছে।

তেওঁ এই খনৰ বাবে কান্দিছিল

“এইখন” শব্দটোৱে যিৰূচালেমক বুজাইছে, কিন্তু মানুহবিলাকক বুজাইছে যিবিলাক সেই নগৰখনত বাস কৰিছিল।(বাক্যালঙ্কাৰ চাওক)

যদিহে তুমি জানিলাহেঁতেন

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তুমি যাতে জ্ঞাত হোৱা মই সেইটো বৰ ইচ্ছা কৰোঁ” বা “মই বৰ দুখিত কাৰণে তুমি নাজানা।”এইটো এটা আবেগিক প্ৰকাশ। যীচুৱে তেওঁৰ দুখ প্ৰকাশ কৰিছে যে যিৰূচালেমৰ মানুহবিলাকে এইবোৰ কথা নাজানে। (বাক্যবোৰ চাওক)। এই প্ৰয়োগ কৰা তথ্যবোৰ বাক্যৰ শেষত যোগ কৰিব পাৰিঃ “তেতিয়া তোমাৰ শান্তি হব পাৰিলাহেতেঁন।”

তুমি

এই “ তুমি” শব্দটো একবচন কাৰণ যীচুৱে নগৰখনক কৈ আছে। যদি আপোনাৰ ভাষাত এইটো অস্বাভাৱিক হয়, আপুনি এই “তুমি” শব্দটো নগৰকনৰ মানুহবিলাকক বুজাবলৈ বহুবচন ৰূপত ব্যৱহাৰ কৰিব পাৰে। (তুমি শব্দৰ ৰূপ চাওক)

সেইবোৰ তোমাৰ দৃষ্টিৰ পৰা গুপুতে ৰখা হৈছে

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তুমি সেইবোৰ আৰু দখা নাপাবা” বা “ তুমি এইটো জানিবলৈ নোপোৱা”(UDB)।

Luke 19:43-44

(যিৰূচালেমৰ নগৰৰ বাহিৰত যীচুৱে একেৰাহে কৈ আছে।)

কিয়নো

ইয়াৰ পাছত যীচুৰ দুখৰ কাৰণ কি পাই থাকিব।

সেই দিনবোৰ তোমাৰ ওপৰলৈ আহি থাকিব

এইটোৱে দেখুৱাই যে তেওঁলোকে অতি কঠিন সময়ৰ অভিজ্ঞতা পাব। কিছুমান ভাষাত আহি থকা সময়ৰ বিষয়ে নকয়। সেয়ে এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “ভবিষ্যতে এই কথাবোৰ তোমাত ঘটিব” বা “অতি সোনকালে তুমি দুখদায়ক সময় সহন কৰিবা।”

তুমি

এই “তুমি” শব্দটো একবচন কাৰণ যীচুৱে নগৰখনক কথা কৈ আছে। কিন্তু যদি এইটো আপোনাৰ ভাষাত অস্বাভাৱিক যেন লাগে, আপুনি নগৰখনৰ মানুহবিলাকক বুজাবলৈ “তুমি” শব্দৰ বহুবচন ব্যৱহাৰ কৰিব পাৰে। (তুমি শব্দৰ ৰূপ চাওক)

বাধা/হেঙাৰ

এটা বাধা হৈছে এখন দেৱাল যিটো মানুহবিলাকক নগৰত সোমোৱাৰ পৰা বাধা দি ৰাখে।

সিহঁতে তোমাক আঘাত কৰি মাটিৰ সমান কৰি পেলাব

যিহেতু যীচুৱে নগৰখনক কথা কৈ আছে, এইটোৱে নগৰখনৰ দেৱাল আৰু অট্টালিকাবোৰ বুজাইছে। এইটো এইদৰেও অনুবাদ কৰিব পাৰি যেনে “সিহঁতে তোমাৰ দেৱালবোৰ নষ্ট কৰিব” বা “সিহঁতে তোমাৰ নগৰখন ধ্বংস কৰিব।”

আৰু তোমাৰ ভিতৰত তোমাৰ সন্তানবিলাকক

এইটোৱে নগৰখনত বাস কৰা মানুহ বিলাকক বুজাইছে। যদি আপুনি এই শাস্ত্ৰাংশত “তুমি” শব্দৰ বহুবচন ব্যৱহাৰ কৰিছে, এইটো এইদৰেও অনুবাদ কৰিব পাৰি যেনে “আৰু সিহঁতে নগৰত তোমাৰ লোকবিলাকক বধ কৰিব।”

সিহঁতে এটা শিলৰ ওপৰত আন এটা নেৰিব

এইটো এক প্ৰকাশ কৰিবলৈ এটা বাক্যালঙ্কাৰ কেনেকৈ শত্ৰূৱে সম্পুৰ্ণৰূপে নগৰখন ধ্বংস কৰিব যিখন শিলেৰে সজা হৈছিল। এইটো এনদৰে অনুবাদ কৰিব পাৰি যেনে “সিহঁতে কোনো এটা শিল ও ইয়াৰ ঠাইত নেৰিব।” (বাক্যালঙ্কাৰ চাওক)

তুমি তাক জানা নিছিলা

“তুমি চিনি নাপালা” বা “ তুমি স্বীকাৰ কৰা নাছিলা।”

Luke 19:45-46

বাহিৰ কৰি দিয়া

“বাহিৰলৈ দলিয়াই দিয়া” বা “খেদি দিয়া” বা “সিহঁতকে এৰি যাবলৈ জোৰ কৰা”

এইটো লিখা আছে

এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “শাস্ত্ৰই কৈছে” বা “এজন ভাববাদীয়ে এই বাক্যবোৰ শাস্ত্ৰত লিখিছিল।“ যিচয়া ৫৬:৭ ৰ পৰা এইটো উল্লেখ কৰা হৈছে।

মোৰ ঘৰ

এই “মোৰ” শব্দই ঈশ্বৰক বুজাইছে।

প্ৰাৰ্থনাৰ ঘৰ

“এখন ঠাই য’ত মানুহবিলাকে মোক প্ৰাৰ্থনা কৰে”

ডকাইতৰ এটা গুহা কৰিলা

“এখন ঠাই য’ত ডকাইতবিলাক লুকাই থাকে।” এইটো এটা উপমা। এইটোক এনেদৰে এটা সাদৃশ্যতাৰূপত অনুবাদ কৰিব পাৰি যেনে “ডকাইতৰ গুহাৰ নিচিনা কৰিলাহঁক।” (উপমা চাওক)

Luke 19:47-48

মন্দিৰত

“মন্দিৰৰ ভিতৰ চোতালত” বা “মন্দিৰত”

প্ৰধান পুৰোহিত

“অতি উচ্চ

পদস্থ পুৰোহিতসকল” বা “আটাইতকৈ গুৰুত্বপুৰ্ণ পুৰোহিতসকল”

তেওঁৰ কথা মনোযোগেৰে শুনি আছিল

“যীচুৱে কি কৈ আছিল সেইটো অতি মনোযোগেৰে শুনি আছিল”

Luke 20

Luke 20:1-2

এইটো এনে ঘটিছিল যে

এই বাক্যাংশটো কাহিনীটোত এটা গুৰুত্বপুৰ্ণ ঘটনাৰ চিন দিবলৈ ইয়াত ব্যৱহাৰ কৰা হৈছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় থাকিলে ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

Luke 20:3-4

তেওঁ উত্তৰ দিছিল আৰু তেওঁলোকক কৈছিল

“যীচুৱে উত্তৰ দিছিল”

যোহন বাপ্তাইজক, স্বৰ্গৰ পৰা আছিল, নাইবা মানুহৰ পৰা আছিল

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যোহনৰ বাপ্তিস্ম দিয়াৰ অধিকাৰ স্বৰ্গৰ পৰা নে নাইবা মানুহৰ পৰা আছিল ?” বা “ মানুহক বাপ্তিস্ম দিবলৈ ঈশ্বৰে যোহনক কৈছিল নে, নাইবা মানুহে যোহনক এইটো কৰিবলৈ কৈছিল?”

স্বৰ্গৰ পৰা

“ঈশ্বৰৰ পৰা।” যিহুদী মানুহবিলাকে ঈশ্বৰক “যিহোৱাৰ” নামেৰে বুজাবলৈ এৰাই চলিছিল। তেওঁলোকে প্ৰায়ে তেওঁক বুজাবলৈ “স্বৰ্গ” শব্দটো ব্যৱহাৰ কৰিছিল। (বাক্যালঙ্কাৰ চাওক)

Luke 20:5-6

সিহঁতে কাৰণ দৰ্শাইছিল

এইটো হয়তু এনেকৈ অনুবাদ হব পাৰে যেনে “সিহঁতে আলোচনা কৰিছিল” বা “সিহঁতে সিহঁতৰ উত্তৰ বিবেচনা কৰিছিল।”

স্বৰ্গৰ পৰা

“ঈশ্বৰৰ পৰা।” আগৰ পদটোৰ প্ৰশ্নটো কেনেকৈ অনুবাদ কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰে কৰিছিল” বা “ঈশ্বৰে তেওঁক অধিকাৰ দিছিল।” কিছুমান ভাষাত হয়তু আওপকীয়া উল্লেখ দিব পাৰে। এই বাক্যটোৰ আৰম্ভণীটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যদি আমি কওঁ ঈশ্বৰে তেওঁক অধিকাৰ দিছিল।” (বাক্যৰ উল্লেখ চাওক)

তেওঁ ক’ব

“যীচুৱে ক’ব”

আমাক শিল দলিয়াব

“আমাৰ ওপৰত শিল দলিওৱাৰ দ্বাৰা আমাক বধ কৰিব।” ঈশ্বৰৰ বিধানে এই আদেশ দিয়ে যে তেওঁৰ লোকবিলাকে শিল দলিয়াব যিবিলাকে তেওঁক বা তেওঁৰ ভাববাদীবিলাকক ইতিকিং কৰে।

Luke 20:7-8

আৰু সিহঁতে উত্তৰ দিছিল

“প্ৰধান পুৰোহিতসকল, অধ্যাপকসকল আৰু বৃদ্ধসকলে উত্তৰ দিছিল”

সিহঁতে উত্তৰ দিছিল যে সিহঁতে নাজানে

কিছুমান ভাষাত পোনপতীয়া উল্লেখ দিব বিচাৰে। “সিহঁতে কৈছিল, ‘আমি নাজানো’” (বাক্যৰ উল্লেখ চাওক)

এইটো ক’ৰপৰা আহিল

“যোহনৰ বাপ্তিস্ম ক’ৰ পৰা হৈছিল।” এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “যোহনৰ বাপ্তিস্ম দিয়াৰ অধিকাৰ ক’ৰ পৰা আহিছিল” বা “মানুহক বাপ্তিস্ম দিবলৈ কোনে অধিকাৰ দিছিল।”

মইয়ো তোমালোকক নকওঁ

এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “আৰু মই তোমালোকক নকওঁ” বা “যিদৰে তোমালোকে মোক নক’বা, মই তোমালোকক নকওঁ।”

Luke 20:9-10

দ্ৰাক্ষালতাৰ খেতিয়কবিলাকক খেতি কৰিবলৈ দিছিল

“টকাৰ বিনিময়ত কিছুমান দ্ৰাক্ষাবাৰীৰ খেতিয়কক খেতি কৰিবলৈ দিছিল” বা “কিছুমান দ্ৰাক্ষাবাৰীৰ খেতিয়কক খেতি কৰাত ব্যৱহাৰ কৰিবলৈ দিছিল আৰু তেওঁক পাছত টকা দিব”

দ্ৰাক্ষাবাৰী খেতিয়ক

এই মানুহবিলাক যিয়ে আঙুৰৰ লতা চোৱাচিতা কৰে আৰু আঙুৰ উৎপন্ন কৰে। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “আঙুৰৰ খেতিয়কসকল”

দ্ৰাক্ষাবাৰীৰ ফলৰ

“আঙুৰৰ কিছুমান” বা “দ্ৰাক্ষাবাৰীত সিহঁতে উৎপন্ন কৰা কিছুমান আঙুৰ।” এইটো আঙুৰৰ পৰা বনোৱা কিবা বস্তু বা আঙুৰ বিক্ৰি কৰি সিহঁতে উপাৰ্জ্জন কৰা ধনো হব পাৰে।

তাক খালী

হাতে পঠিয়াই দিছিল

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তাক একো নিদিয়াকৈ পঠিয়াই দিছিল” বা “আঙুৰ নিদিয়াকৈ তাক পঠিয়াই দিছিল।”

Luke 20:11-12

(যীচুৱে তেওঁৰ দৃষ্টান্তটো একেৰাহে কৈ আছে।)

তেওঁক লাজলগাকৈ আচৰণ কৰিছিল

“তেওঁক অৱনমিত/অপমান কৰিছিল”

তেওঁক আঘাত কৰিছিল

“তেওঁক জখম কৰিছিল”

তথাপিও তৃতীয় এজন

“আনকি তৃতীয় চাকৰ এজনকো।” এই “তথাপিও” শব্দটোৱে এইটো ঈঙ্গিত দিয়ে যে মাটিৰ মালিকে দ্বিতীয় চাকৰ এজনক পঠিয়াই দিয়াই নহয়, কিন্তু তেওঁ তাৰ বাহিৰেও আৰু এজন তৃতীয় চাকৰক পঠিয়াইছিল।

Luke 20:13-14

(যীচুৱে তেওঁ দৃষ্টান্তটো একেৰাহে কৈ আছে)

যেতিয়া সেই দ্ৰাক্ষাবাৰীৰ খেতিয়কবিলাকে তেওঁক দেখিলে

“যেতিয়া খেতিয়কবিলাকে মালিকৰ পুতেকক দেখিলে”

Luke 20:15-16

(যীচুৱে তেওঁৰ দৃষ্টান্তটো একেৰাহে কৈ আছে।)

সিহঁতে তেওঁক দ্ৰাক্ষাবাৰীৰ পৰা বাহিৰ কৰিছিল

“সেই দ্ৰাক্ষাবাৰীৰ খেতিয়কবিলাকে সেই পুতেকক জোৰ কৰি দ্ৰাক্ষাবাৰীৰ পৰা বাহিৰ কৰিছিল”

তেন্তে সেই দ্ৰাক্ষাবাৰীৰ মালিকে সিহঁতক কি কৰিব?

সেই দ্ৰাক্ষাবাৰীৰ মালিকে সিহঁতক কি কৰিব শ্ৰোতসকলক মনোযোগ দিয়াবলৈ যীচুৱে এই অলঙ্কাৰীক প্ৰশ্নটো ব্যৱহাৰ কৰিছিল। এইটোক এটা আদেশ হিচাপে অনুবাদ কৰিব পাৰি যেনেঃ “সেয়ে এতিয়া, সেই দ্ৰাক্ষাবাৰীৰ মালিকে সিহঁতক কি কৰিব তাক শুনা।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

ঈশ্বৰে নকৰক!

“এইটো ঘটাৰ পৰা ঈশ্বৰে বন্ধ কৰক” বা “এইটো কেতিয়াও নঘটক!” মানুহবিলাকে এই দৃষ্টান্তটো অৰ্থটো বুজিছিল যে ঈশ্বৰে সিহঁতক যিৰূচালেমৰ পৰা বাহিৰ কৰিব কাৰণ সিহঁতে মছীহজনাক অগ্ৰাহ্য কৰিব। সিহঁতে কাঢ়াকৈ এইটো ইচ্ছা প্ৰকাশ কৰিছে যে এই ভয়ঙ্কৰ ঘটনা নঘটক।

Luke 20:17-18

(যীচুৱে একেৰাহে ভীৰৰ মানুহবিলাকক কৈ আছে।)

কিন্তু তেওঁ সিহঁতলৈ চাইছিল

“কিন্তু যীচুৱে সিহঁতলৈ একেৰাহে চাই আছিল” বা “কিন্তু তেওঁ পোনে পোনে সিহঁতলৈ চাইছিল।” তেওঁ যি কৈছিল সেইটো বুজি পাই সিহঁতক জগৰীয়া কৰিবলৈ তেওঁ এইটো কৰিছিল।

এই শাস্ত্ৰাংশটোৰ অৰ্থ কি বুজায়

এই অলঙ্কাৰীক প্ৰশ্নটো এনেকৈও অনুবাদ কৰিব পাৰি যেনে “তেন্তে, এই শাস্ত্ৰাংশই কিহৰ বিষয়ে কৈছে?” বা “এই শাস্ত্ৰাংশটো তোমালোকে বুজি পোৱা উচিত।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

ঘৰ নিৰ্ম্মাণ কৰোঁতাবিলাকে যিটো শিল অগ্ৰাহ্য কৰিছিল সেইটোৱেই চুকৰ প্ৰধান শিল হ’ল

এই উপমাটো গীতমালাৰ উপমাৰ এটা ভাববাণী।

যিটো শিল নিৰ্ম্মাণ কৰোঁতাবিলাকে অগ্ৰাহ্য কৰিছিল

“যিটো শিলক নিৰ্ম্মাণ কৰোঁতাবিলাকে নিৰ্ম্মাণৰ কামত উত্তমা নহয় বুলি অগ্ৰাহ্য কৰিছিল।” সেই দিনবিলাকত মানুহবিলাকে ঘৰৰ দেৱাল নাইবা আন আন পকীঘৰবিলাক শিলেৰে সাজিছিল।

চুকৰ শিল

ঘৰটো সুস্থিৰ কৰি ৰাখিবলৈ এইটো আছিল অত্ গুৰুত্বপুৰ্ণ শিল। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে ”প্ৰধান শিল” বা “আটাইতকৈ গুৰুত্বপুৰ্ণ শিল”

সেই শিলৰ ওপৰত যিকোনোৱে পৰে

“সেই শিলটোৰ ওপৰত যিকোনোৱে পৰিব।” এইটো হৈছে এটা উপমা যিকোনোৱে মছীহজনাক অগ্ৰাহ্য কৰে তেওঁলৈ কি ঘটিব সেই বিষয়ে এটা ভাববাণী।

ভাঙি ডোখৰ

ডোখৰ হব

“টুকুৰা

টুকুৰ হৈ ভাঙি যাব।” এইটো হৈছে শিলটোৰ ওপৰত পৰি যোৱাৰ ফলাফল।

কিন্তু যাৰ ওপৰত এইটো পৰে

“কিন্তু যাৰ ওপৰত এই শিলটো পৰে।” যিবিলাকে তেওঁক অগ্ৰাহ্য কৰে সিহঁতক মছীহজনাই বিচাৰ কৰাৰ বিষয়ে এইটো এটা ভাববাণী।

Luke 20:19-20

তেওঁৰ ওপৰত হাত দিব বিচাৰিছিল

“যীচুক বন্দী কৰিবলৈ উপায় বিচাৰিছিল।” কাৰোবাৰ গাত “হাত দিয়াটো” এটা উপমা ইয়াত “ বন্দীকৰা” বুজাইছে। (উপমা চাওক)

ঠিক সেই সময়তে

“তৎক্ষণাতে”

সিহঁতে মানুহবিলাকলৈ ভয় কৰিছিল

এইটোৱেই কাৰণ যে সিহঁতে যীচুক তেতিয়াই বন্দী কৰা নাছিল। মানুহবিলাকে যীচুক সন্মান কৰিছিল, আৰু যদি ধৰ্ম্মীয় নেতাবিলাকে যীচুক বন্দী কৰে মানুহবিলাকে সিহঁতক হয়তু কি কৰিব সেই বিষয়ে ভয় কৰিছিল। কিছুমান অনুবাদত এইটো স্পষ্ট কৰি দিয়াটো প্ৰয়োজনঃ “কিন্তু সিহঁতে তেওঁক বন্দী কৰা নাছিল কাৰণ সিহঁতে মানুহবিলাকলৈ ভয় কৰিছিল।” (স্পষ্টতা আৰু সৰলতা চাওক)

সিহঁতে চোৰাংচোৱা পঠিয়াই দিছিল

“অধ্যাপক আৰু ফৰীচীবিলাকে যীচুক নজৰ কৰিবলৈ চোৰাংচোৱা পঠিয়ই দিছিল।”

যাতে সিহঁতে তেওঁৰ কথাত ভুলি ধৰিব পাৰে

“সিহঁতে যীচুক দোষী কৰিবলৈ তেওঁৰ কথাত কিবা ভুল পায় নেকি বিচাৰিছিল।”

সেয়ে তেওঁক যেন সোধাই দিব পাৰে

“তেওঁক আনিবৰ বাবে আদেশ পাবলৈ” বা “যাতে সিহঁতে তেওঁক শোধাই দিবলৈ”

শাসনকৰ্ত্তালৈ আৰু অধিপতিৰ ক্ষমতালৈ – “শাসন” আৰু “ক্ষমতা” হৈছে একেটা বিষয়কে কোৱাৰ দুটা উপায়। এইটো এনেকৈ এটা বা দুয়োটা প্ৰকাশেৰে অনুবাদ কৰিব পাৰি। যীচুক অধিপতিৰ হাতত শোধাই দিয়া কাৰণটো স্পষ্ট কৰিব পাৰিঃ “যাতে অধিপতিয়ে যীচুক শাস্তি দিয়ে।”

Luke 20:21-22

কিন্তু আপুনি ঈশ্বৰৰ পথৰ বিষয়ে সত্যতাৰ শিক্ষা দিয়ে

এই চোৰাংচোৱা বিলাকে যীচুৰ বিষয়ে যে জানিছিল সেয়ে এই অংশটো সিহঁতে কৈছিল।

কোনো এজনৰ দ্বাৰাই প্ৰভৱিত নহয়

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “গুৰুত্ব পুৰ্ণ মানুহবিলাকে ভাল নাপালেও আপুনি সত্যতোবোৰ কয়” বা ২) “আপুনি এজন বা আন এজনৰ পক্ষপাত নকৰে।”

কৈচৰক কৰ দিয়াটো আমাৰ বাবে বিধান সন্মত হয় নে

সিহঁতে এইটো আশা কৰিছিল যে যীচুৱে “হয়” বুলি বা “নহয়” বুলি কব। যদি তেওঁ “হয়” বুলি কয়, যিহুদী মানুহবিলাকে বিদেশী শাসনকৰ্ত্তা চৰকাৰখনক কৰ দিয়া বিষয়ে তেওঁক খং কৰিব। যদি তেওঁ “নহয়” বুলি কয়, তেতিয়া ধৰ্ম্মীয় নেতাবিলাকে ৰোমীয়া বিলাকক ক’ব যে ৰোমীয়া আইন ভঙ্গ কৰিবলৈ যীচুৱে মানুহবিলাকক শিক্ষা দি আছে।

এইটো বিধিগত হয়নে

সিহঁতে ঈশ্বৰৰ বিধানৰ বিষয়ে সুধি আছে, কৈচৰৰ বিধানৰ বিষয়ে সোধা নাই। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “আমাৰ বিধানে আমাক অনুমতি দিয়েনে। ”

কৈচৰ

কাৰণ কৈচৰ আছিল ৰোমীয়া শাসন কালৰ ৰোমীয় চৰকাৰ, সিহঁতে ৰোমীয়া চৰকাৰক কৈচৰৰ নামেৰে বুজাইছিল। (বাক্যালঙ্কাৰ চাওক)

Luke 20:23-24

কিন্তু যীচুৱে সিহঁতৰ ধুৰ্ত্ততা বুজি পাইছিল

“কিন্তু যীচুৱে সিহঁতে যে কিমান ধুৰ্ত্ত বুজিছিল” বা “কিন্তু যীচুৱে দেখিছিল যে সিহঁতে তেওঁ ফান্দত পেলাবলৈ চেষ্টা কৰিছে।”

এক ডিনাৰিয়াচ(আধলি)

এদিনৰ হাজিৰাৰ মুল্যৰ এটা মুদ্ৰা। (বাইবেলৰ ধন চাওক)

প্ৰতিচ্ছবি আৰু নাম

“ছবি আৰু নাম”

Luke 20:25-26

তেওঁ সিহঁতক কৈছিল

“তাৰ পাছত যীচুৱে সিহঁতক কৈছিল”

কৈচৰ

“কৈচৰ” য়ে ৰোমীয়া চৰকাৰক বুজাইছে। (বাক্য়ালঙ্কাৰ চাওক)

তেওঁ যি কৈছিল সমালোচনা কৰিবলৈ নোৱাৰিলে

“তেওঁ যি কৈছিল তাত একো ত্ৰূতি বিচাৰি নাপালে।”

সিহঁত বিচুৰ্ত্তি হ’ল

“সিহঁত আচৰিত হ’ল” বা “ সিহঁত আশ্চৰ্য্য হৈছে” (UDB)

Luke 20:27-28

যিবিলাকে পুনৰূত্থান নাই বুলি কয় এনে কোনোবিলাক

এই বাক্যাংশটোৱে এই পৰিচয় দিয়ে যে যিহুদীবিলাকৰ মাজৰ এটি দল চদ্দুকীবিলাক যিয়ে কয় মৃতবিলাকৰ মাজৰ পৰা কোনো জীয়াই নুঠিব। এইটো ইয়াক নুবুজায় যে কিছুমান চদ্দুকীয়ে পুনৰূত্থান বিশ্বাস কৰে আৰু কিছুমানে পুনৰূত্থান বিশ্বাস নকৰে।

যদি এজন মানুহৰ ভায়েক মৰে, এগৰাকী ভাৰ্য্যা আছিল, আৰু নিঃসন্তান আছিল

“যদি এজন মানুহৰ ভায়েক মৰে যেতিয়া ভাৰ্য্যা আছিল কিন্তু কোনো সন্তান নাছিল”

আৰু নিঃসন্তান হৈ থাকোঁতে

“কিন্তু কোনো সন্তান নাছিল”

সেই মানুহজনে সেই ভায়েকৰ ভাৰ্য্যা বিয়া কৰিব

“সেই মানুহজনে তেওঁৰ মৃতভায়েকৰ বিধৱাগৰাকীক বিয়া কৰিব”

Luke 20:29-33

(চদ্দুকীবিলাকে একেৰাহে কৈ আছে আৰু যীচুক এটা কাহিনী কৈছে।)

সাতজন ককাই

ভাই আছিল

হয়তু এইটো ঘটিছিল, কিন্তু সম্ভব এইটো যীচুক পৰীক্ষা কৰিবলৈ সিহঁতে সজা কাহিনী।

নিঃসন্তান হৈ মৰিল

“এটাও সন্তান নোহোৱাকৈ মৰিল” বা “মৰিল, কিন্তু এটাও সন্তান নাথাকিল”

সেই দৰে দ্বিতীয়টোও

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “দ্বিতীয়টোৱেই তাইক বিয়া কৰিছিল আৰু একেটা ঘটনাই ঘটিল” বা “দ্বিতীয়টো ভায়েকে তাইক বিয়া কৰিছিল আৰু এটাও সন্তান নোহোৱাকৈ মৰিল।”

তৃতীয়টোৱে তাইক লৈছিল

“তৃতীয়টোৱে তাইক বিয়া কৰিছিল”

সেইদৰে সাত নম্বৰটোও কোনো সন্তান নহ’ল, আৰু মৰি থাকিল

এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “সেই একেদৰেই সাতোজন ভায়েকে তাইক বিয়া কৰিছিল আৰু কোনো সন্তান নাছিল আৰু মৰি থাকিল।”

পুনৰূত্থানত

“ যেতিয়া মানুহবিলাক মৃতবিলাকৰ মাজৰ পৰা জীয়াই উঠে” বা “যেতিয়া মৃতলোকবিলাক আকৌ জীয়াই উঠিব” (UDB)। কিছুমান ভাষাত এইটো দেখুউৱাৰ উপায় আছে যে চদ্দুকীবিলাকে পুনৰূত্থান যে হব, সেইটো বিশ্বাস নকৰিছিল, যেনে “হবলগীয়া পুনৰূত্থানত” বা “যেতিয়া মৃত মানুহবিলাক মৃত্যুৰ পৰা জীয়াই উঠিব।”

Luke 20:34-36

এই জগতৰ সন্তানবিলাক

“এই জগতৰ মানুহবিলাক” বা “এই সময়ৰ মানুহবিলাক।” এইটো হৈছে যিবিলাক স্বৰ্গত থাকে আৰু পূনৰূত্থানৰ পাছত জীয়াই থকা মানুহবিলাকৰ মাজত ই এটা বৈপৰীত্য।

বিয়া কৰোৱা আৰু বিয়া দিয়া

সেই সংস্কৃতিত তেওঁলোকে কৈছিল পুৰুষে মহিলা বিয়া কৰে আৰু মহিলাক সিহঁতৰ স্বামীলৈ বিয়া দিয়া হয়। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “বিয়া হোৱা।”

তেওঁলোক যিবিলাকক যোগ্য বুলি বিবেচনা কৰা হয় – “ সেইবিলাক মানুহ যিবিলাকক ঈশ্বৰে যোগ্য বুলি বিবেচনা কৰে”

পুনৰূত্থান গ্ৰহণ কৰিবলৈ

“মৃতবিলাকৰ মাজৰ পৰা পুনৰূত্থিত হবলৈ” বা “মৃতবিলাকৰ মাজৰ পৰা উত্থিত হবলৈ”

বিয়া নকৰেও নাইবা বিয়া দিয়াও নহয়

“বিয়া কৰোৱা নহয়।” এইটো হৈছে পুনৰূত্থানৰ পাছত।

সিহঁত আৰু নমৰেও

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “সিহঁত আৰু মৰিব নোৱাৰে।” এইটো হৈছে পুনৰূত্থানৰ পাছত।

ঈশ্বৰৰ সন্তানবিলাক

“ঈশ্বৰৰ সন্তানবিলাক”

পুনৰূত্থানৰ সন্তানবিলাক

“যিবিলাক মানুহক পুনৰূত্থান কৰোৱা হয়”

আৰু ঈশ্বৰৰ সন্তান হয়, পুনৰূত্থানৰ সন্তানবিলাক হয়

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যেতিয়া সিহঁত মৃতবিলাকৰ মাজৰ পৰা পুনৰূত্থান হয়, ঈশ্বৰৰ সন্তান বুলি দেখুউৱা হব। ”

Luke 20:37-38

(যীচুৱে একেৰাহে কথা কৈছে ।)

কিন্তু মৃতবিলাকৰ পুনৰূত্থান হৈছে, আনকি মোচিয়েও দেখুৱাইছিল

“কিন্তু মোচিয়েও দেখুৱাইছিল যে মৃতবিলাক মৃত্যুৰ পৰা পুনৰূত্থান হয়।” এই “আনকি” শব্দটো ইয়াত আছে কাৰণ চদ্দুকীবিলাকে হয়তু আচৰিত নহব যে শাস্ত্ৰৰ কোনো কোনো অংশই কয় মৃতবিলাকৰ পুনৰূত্থান হয়, কিন্তু সিহঁতে এইটো আশা কৰা নাছিল যে মোচিয়েও এনেধৰণৰ কিবা এটা লিখি থব পাৰে।

জোপোহাৰ বিষয়ে সেই ঠাইত

“শাস্ত্ৰৰ অংশটোত য’ত তেওঁ জ্বলি থকা জোপোহাৰ বিষয়ে লিখিছিল” বা “জ্বলি থকা জোপোহাৰ বিষয়ে শাস্ত্ৰত”

যেতিয়া তেওঁ প্ৰভুক মাতিছিল

“যেতিয়া প্ৰভুজনাক মাতিছিল”

অব্ৰাহামৰ ঈশ্বৰ, আৰু ইচহাকৰ ঈশ্বৰ আৰু যাকোবৰ ঈশ্বৰ

“অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ঈশ্বৰ।” তেওঁলোকে সকলোৱেই একেজনা ঈশ্বৰকেই উপাসনা কৰিছিল।

এতিয়া তেওঁ মৃতবিলাকৰ ঈশ্বৰ নহয়

“সেই প্ৰভুজনা মৃতবিলাকৰ ঈশ্বৰ নহয়” বা “সেই প্ৰভুজনা সেই মানুহবিলাকৰ ঈশ্বৰ নহয় যিবিলাক মৰিল আৰু যিবোৰৰ আত্মাও মৰিল”

কিন্তু জীৱিতবিলাকৰ

“কিন্তু জীৱিত মানুহবিলাকৰ ঈশ্বৰ” বা “যিবিলাকৰ আত্মা জীয়াই আছে সেই মানুহবিলাকৰ ঈশ্বৰ।” যদি এইটো অস্পষ্ট, আপুনি ইয়াৰ প্ৰায়োগিক তথ্যটো যোগ কৰা প্ৰয়োজনঃ “যদিও তেওঁলোকৰ শৰীৰ ক্ষয় পাইছে।” (স্পষ্টতা আৰু সৰলতা চাওক)

কাৰণ সকলো তেওঁলৈ জীয়াই থাকে

“কাৰণ ঈশ্বৰৰ দৃষ্টিত তেওঁলোকে সকলো এতিয়াও জীয়াই আছে।” এইটো এনেকৈও অনুবাদ কৰিব পাৰি যেনে “ কাৰণ ঈশ্বৰে জানে যে তেওঁলোকৰ আত্মাবোৰ জীয়াই আছে।”

Luke 20:39-40

কিছুমান অধ্যাপকে উত্তৰ দিছিল

“কিছুমান অধ্যাপকে যীচুক কৈছিল”

সিহঁতে তেওঁ সুধিবলৈ সাহ নকৰিলে

“সিহঁতে তেওঁক সুধিবলৈ ভয় কৰিছিল” বা “তেওঁক সোধাৰ দ্বাৰা দায়িত্ব লব নিবিচাৰিলে।” “তথ্যটোৰ এই প্ৰায়োগিক প্ৰশ্নটোৰ উদ্দেশ্য আৰু তেওঁলোকে নুসোধাৰ কাৰণটোৰ বিষয়ে এইটো স্পষ্ট কৰিব পাৰি। সিহঁতে আৰু একো ধুৰ্ততাৰ প্ৰশ্ন নকৰিলে কাৰণ তেওঁৰ জ্ঞানী উত্তৰে সিহঁতক আকৌ মুৰ্খ সজাই দেখুৱাব বুলি সিহঁতে ভয় কৰিছিল।“ (স্পষ্টতা আৰু সৰলতা চাওক)

Luke 20:41-44

তেওঁলোকে কেনেকৈ কয়

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তেওঁলোকে কিয় কয়” বা “তেওঁলোকৰ কোৱাৰ বিষয়ে চিন্তা কৰা” বা “মই তেওঁলোকৰ কোৱা বিষয়ে মই ক’ম।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

দায়ুদৰ সন্তান

“দায়ুদ ৰজাৰ বংশধৰ।” এই “পুত্ৰ” শব্দটো ইয়াত বংশধৰ বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। (প্ৰতিষ্ঠাপন কথা চাওক) এই ক্ষেত্ৰত এইটোৱে সেইজনক বুজাইছে যিয়ে ঈশ্বৰৰ ৰাজ্যত শাসন কৰিব।

প্ৰভুজনাই মোৰ প্ৰভুক কৈছিল

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “প্ৰভু ঈশ্বৰে মোৰ প্ৰভুক কৈছিল” বা “ঈশ্বৰে মোৰ প্ৰভুক কৈছিল।” এইটো গীতমালা ১০১:১ৰ পৰা উল্লেখ কৰা হৈছে যিটোৱে কৈছে “যিহোৱাই মোৰ প্ৰভুক কৈছিল।” কিন্তু যিহুদীবিলাকে যিহোৱা বুলি কবলৈ বন্ধ কৰিছিল, আৰু প্ৰায়ে তাৰ পৰিৱৰ্তে কৈছিল “প্ৰভু।”

মোৰ প্ৰভু

দায়ুদে খ্ৰীষ্টক “মোৰ প্ৰভু” বুলি বুজাইছে।

মোৰ সোঁ হাতে

সোঁ ফাল হৈছে সন্মানৰ ঠাই। ঈশ্বৰে মছীহজনাক “মোৰ সোঁহাতে বহি থাকা” এইটো কোৱাৰ দ্বাৰা সন্মান দিছে।

তোমাৰ শত্ৰূবোৰক তোমাৰ ভৰি পিৰা নকৰোমানে

এইটো এটা উপমা। এইটোক এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তোমাৰ বাবে তোমাৰ শত্ৰূবোৰক তোমাৰ বৰিপিৰা নকৰো মানে” বা “তোমাৰ বাবে তোমাৰ শত্ৰূবোৰক জয় নকৰো মানে।” (উপমা চাওক)

ভৰি পিৰা

এখন ভৰি পিৰা হৈছে কিবা এটা য’ত মানুহে তেওঁলোকৰ ভৰি উঠাই থয়।

সেয়ে তেওঁ কেনেকৈ দায়ুদৰ সন্তান হব পাৰে ?

“সেয়ে খ্ৰীষ্ট কেনেকৈ দায়ুদৰ পুত্ৰ হব পাৰে?” এইটো এটা অলঙ্কাৰীক প্ৰশ্ন।‘’ এইটোক এনেকৈ অনুবাদ কৰিব পাৰি যেনে “এইটোৱে দেখুৱাই যে খ্ৰীষ্ট কেৱল দায়ুদৰ বংশধৰ নহয়।”

Luke 20:45-47

সাৱধান হোৱা

“বিপক্ষে পহৰা দি থাকা”

যিবিলাকে দীঘল বস্ত্ৰ পিন্ধি খোজকাঢ়িবলৈ আকাংক্ষা কৰে –দীঘল বস্ত্ৰই দেখুৱাই যে তেওঁলোক অতি গুৰুত্বপুৰ্ণ। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যিবিলাকে তেওঁলোকৰ গুৰুত্বপুৰ্ণ দীঘল বস্ত্ৰ পিন্ধি খোজ কাঢ়িবলৈ ভাল পায়।”

সিহঁতে বিধৱাৰ ঘৰ

বাৰীও গ্ৰাস কৰে

“সিহঁতে বিধৱাৰ ঘৰ

বাৰীবোৰ খাই পেলাই।” এইটো এটা উপমা সেইটোৰ অৰ্থ হৈছে “সিহঁতে বিধৱাবিলাকৰ সকলো সা

সম্পত্তিও হস্তগত কৰে।” (উপমা চাওক)

ঘৰ

বাৰীবোৰ

ইয়াত “ঘৰবাৰীবোৰ” শব্দই সেওঁলোকৰ সকলো সা

সম্পত্তি বুজাইছে। (প্ৰতিষ্ঠাপন কথা চাওক)

দাম্ভিকতা ভাবে দীঘল প্ৰাৰ্থনা কৰে

“ সিহঁতে নিজকে ধাৰ্ম্মিক বুলি দেখুৱাই আৰু দাঘল প্ৰাৰ্থনা কৰে।” বা “সিহঁতে দীঘল প্ৰাৰ্থনা কৰে যাতে মানুহে সিহঁতক দেখা পায়”

দাম্ভিকতা ভাবে

“যাতে মানুহে ভাবক যে সিহঁত কিবা এটা, সিহঁত কিবা নহয়” বা “যাতে আনবিলাকে ভাবক যে তেওঁলোকতকৈ সিহঁত ভাল।”

এইসকলে অধিক দণ্ড পাব

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তেওঁবিলাকে আনবিলাকতকৈ অধিক দণ্ড পাব” বা “ঈশ্বৰে সিহঁতক আনবিলাকতকৈ অধিক কঠিনতাৰে দণ্ড দিব।”

Luke 21

Luke 21:1-4

উপহাৰবিলাক

“টকাৰ উপহাৰবিলাক”

কোষাগাৰ

“সংগ্ৰহ কৰা বাকচ” বা “ধনৰ বাকচ” বা “মন্দিৰৰ দানপাত্ৰ” (UDB)। এইটো আছিল মন্দিৰত বাকচবিলাকৰ মাজৰ এটা বাকচ য’ত মানুহবিলাকে ঈশ্বৰৰ প্ৰতি উপহাৰ দান ভৰাই দিয়ে।

দুই পাই

“দুটা সৰু মুদ্ৰা” বা “ দুটা তামৰ সৰু মুদ্ৰা।” সেই সময়ত মানুহবিলাকে ব্যৱহাৰ কৰা এইবোৰ আছিল আটাইতকৈ কম মুল্যৰ মুদ্ৰা। আপোনাৰ স্থানীয় মুদ্ৰা পদ্ধতিত অতি কম মুল্যৰ মুদ্ৰাত এইটো অনুবাদ কৰিব পাৰি যেনে “দুই পাই।” (বাইবেলৰ ধন মুদ্ৰা চাওক)

মই তোমালোকক কওঁ

যীচুৱে তেওঁৰ শিষ্যবিলাকক কথা কৈ আছিল। এই “তুমি” শব্দটো বহুবচন। (তুমি শব্দৰ ৰূপ চাওক)

তেওঁলোকৰ প্ৰাচুৰ্য্যতাৰ পৰা উপহাৰ দিছিল

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “বহুত ধন আছে আৰু তাৰ পৰা কিছু দিছিল।”

তাইৰ দাৰিদ্ৰতাৰ পৰা, সকলো ভৰাই দিছিল

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তাইৰ অতি তাকৰ আছিল তথাপিও তাই সকলোখিনি ভৰাই দিছিল।”

তাইৰ দাৰিদ্ৰতাৰ পৰা

“তাইৰ যি অভাৱ আছিল” বা “তাইৰ যি অলপমান আছিল”

Luke 21:5-6

উপহাৰবিলাক

“মানুহবিলাকৰ যি আছিল তাৰ পৰা ঈশ্বৰক দিয়া”

সেই দিনবিলাক আহিব

“এনে সময় আহিব” বা “কোনোবা দিনা”

এটা শিলো আন এটাৰ ওপৰত এৰা নহব

এইটো এনেকৈ যোগাত্মকভাবে অনুবাদ কৰিব পাৰি যেনেঃ “ ইয়াৰ এই ঠাইৰ পৰা প্ৰতিটো শিল আতৰাই পেলোৱা হব।” এইটো এনেকৈ সক্ৰিয় বাক্যাংশত অনুবাদ কৰিব পাৰি যেনেঃ “শত্ৰূবিলাকে এটা শিলো আন এটাৰ ওপৰত নেৰিব।”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

যিটো ভাঙি পেলোৱা নহ’ব

এইটো এনেকৈ যোগাত্মক ভাবে অনুবাদ কৰিব পাৰি যেনেঃ “সেই সকলোবোৰ ভাঙি পেলোৱা হব।” এইটো এনেকৈ সক্ৰিয় বাক্যাংশত অনুবাদ কৰিব পাৰি যেনেঃ ”শত্ৰূবিলাকে প্ৰতিটো শিল ভাঙি নমাই পেলাব।”

Luke 21:7-9

তেওঁলোকে তেওঁক সুধিছিল

“শিষ্যবিলাকে যীচুক সুধিছিল” বা “যীচুৰ শিষ্যবিলাকে তেওঁক সুধিছিল”

এইবোৰ কথা

এইবোৰ কথা যীচুৱে কৈ থকা কথাবোৰৰ বিষয়ে। মন্দিৰটো ধ্বংস হোৱাৰ বিষয়ে যীচুৱে এইমাত্ৰ কৈ আছিল।

যাতে তোমালোকে প্ৰলোভিত নোহোৱা

“যাতে তোমালোকে মিছাক বিশ্বাস নকৰিবা।” যীচুৱে তেওঁৰ শিষ্যবিলাকক কৈ আছে। এই “তুমি” শব্দটো বহুবচন। (তুমি শব্দৰ ৰূপ চাওক)

মোৰ নামেৰে

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “মই বুলি নিজকে ক’ব” বা “মোৰ ক্ষমতা সিহঁতৰ আছে বুলি দাবী কৰিব।”

অন্তিম

“জগতৰ অন্তিম অৱস্থা” বা “সকলোৰ অন্তিম হোৱা”

সেই শেষ অৱস্থা সোনকালে নহব

“যুদ্ধ

বিগ্ৰহ আৰু হাঙ্গামাৰ পাছত জগতৰ শেষ অৱস্থা তৎক্ষণাতে নহব।” এই বিশেষ্য পদ “সেই শেষ” এইটো এনেকৈ ক্ৰিয়া পদেৰে অনুবাদ কৰিব পাৰি যেনে “ সেই ঘটনাবোৰ ঘটাৰ পাছত তৎক্ষণাতে এই জগতৰ শেষ নহ’ব।”

Luke 21:10-11

তাৰ পাছত তেওঁ তেওঁলোকক কৈছিল

“তাৰ পাছত যীচুৱে তেওঁ শিষ্যবিলাকক কৈছিল।” যিহেতু এইটো হৈছে আগৰ পদটোৰ পৰা যীচুৱে কোৱা কথা চলি আছে, কিছুমান ভাষাত “তাৰ পাছত তেওঁ তেওঁলোকক কৈছিল” এই বুলি হয়তু কবলৈ নালাগে।

জাতিৰ বিৰুদ্ধে জাতি উঠিব

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “এটা জাতিয়ে আন এটা জাতিক আক্ৰমণ কৰিব।”

জাতি

এইটো দেশবিলাক বুজোৱাৰ পৰিৱৰ্ত্তে জাতি গোষ্ঠীবিলাক বুজাইছে।

ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য

“ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব” বা “এখন ৰাজ্যই আন এখন ৰাজ্যক আক্ৰমণ কৰিব।” (গুপ্ততা চাওক)

আকাল আৰু মহামাৰীবোৰ

“আকাল আৰু মহামাৰীবোৰ হব” বা “ভোকাতুৰৰ সময়বোৰ আৰু ৰোগ

ব্যাধিৰে অনেক মানুহ মাৰিব।”

ভয়ানক ঘটনাবোৰ

“এনে ঘটনাবোৰ যিয়ে মানুহক ভয় লগাব” বা “এনে ঘটনাবোৰে মানুহৰ ভয়ৰ কাৰণ হব।”

Luke 21:12-13

(যীচুৱে ভবিষ্যতৰ বিষয়ে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

এইবোৰ বিষয়

যীচুৱে ৮

১১ পদলৈ ঘটিব বুলি কোৱা ভয়ঙ্কৰ ঘটনাবোৰ এইটোৱে বুজাইছে।

সিহঁতে তোমালোকৰ ওপৰত হাত দিব

“সিহঁতে তোমালোকক বন্দী কৰিব” বা “সিহঁতে তোমালোকক ধৰি ৰাখিব।” কিছুমান ভাষাত এইটো কোৱা প্ৰয়োজন যে কোনে এইবোৰ কাৰ্য্য কৰিবঃ “মানুহবিলাকে তোমালোকৰ ওপৰত হাত দিব” বা “শত্ৰূবিলাকে তোমালোকৰ ওপৰত হাত দিব।”

তোমালোক

যীচুৱে তেওঁৰ শিষ্যবিলাকক কথা কৈ আছে। এই “তুমি ” শব্দটো বহুবচন। (তুমি শব্দৰ ৰূপ চাওক)

তোমালোকক ধৰ্ম্মধামবিলাকত শোধাই দিব

“ধৰ্ম্মধামবিলাকৰ নেতাবিলাক হাতত তোমালোকক শোধাই দিব।“ ধৰ্ম্মধামৰ নেতাবিলাকে আন যিহুদীবিলাকক শিষ্যবিলাকৰ লগত আলাপ

আলোচনা কৰিবলৈ নিষেধ কৰিব কাৰণ তেওঁলোকে যীচুৰ অনুগমণ কৰে।

আৰু বন্দীশালবোৰত

“আৰু তোমালোকক বন্দীশাল বিলাকত শোধাই দিব” বা “আৰু তোমালোকক বন্দীশালত বন্দী কৰি ৰাখিব।”

তোমালোকৰ সাক্ষ্যৰ বাবে

“মোৰ বিষয়ে তোমালোকৰ সাক্ষ্য সিহঁতক কোৱাৰ বাবে”

Luke 21:14-15

(যীচুৱে ভবিষ্যতৰ বিষয়ে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

তোমালোকৰ অন্তৰত থিৰ কৰা

“তোমালোকৰ মন থিৰ কৰা” বা “নিশ্চিত সিদ্ধান্ত লোৱা”

তোমালোকৰ প্ৰতিৰক্ষাৰ বাবে যুগুত হবলৈ নহয়

“সিহঁতৰ দোষ দিয়াৰ বিৰুদ্ধে তোমালোকৰ নিজৰ পক্ষে কি উত্তৰ দিবা সেইটো থিৰাং কৰিব নালাগে।”

বাক্যবোৰ আৰু জ্ঞান

“জ্ঞানৰ বাক্যবোৰ” বা “জ্ঞানী বাক্যবোৰ।”( সন্মিলিত বিশেষ্যপদ চাওক)

মই তোমালোকক বাক্যবোৰ আৰু জ্ঞানবোৰ দিম

“কি জ্ঞানী বাক্য কব লাগে মই তোমালোকক ক’ম”

যিটো তোমালোকৰ শত্ৰূবিলাকে প্ৰতিৰোধ কৰিব নোৱাৰিব বা বিপৰীত কৰিব নোৱাৰিব

এইটোৰ অৰ্থ হৈছে “তোমালোকৰ শত্ৰূবিলাকে এইবোৰ বাক্যৰ বিৰুদ্ধে যুক্তি দিব নোৱাৰিব বা এইবোৰ বাক্য ভুল বুলি কব নোৱাৰিব।”

Luke 21:16-19

(যীচুৱে ভবিষ্যতৰ বিষয়ে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

তোমালোকক শোধাই দিয়া হব

“তোমালোকক অধিপতিবিলাকৰ হাতত শোধাই দিয়া হব” বা “তোমালোকক প্ৰবঞ্চনা কৰা হব”

সিহঁতে তোমালোকক কিছুমানক বধ কৰিব

“সিহঁতে তোমালোকৰ কিছুমানক বধ কৰিব।” সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “সেই অধিপতিবিলাকে তোমালোকৰ কিছুমানক বধ কৰিব” বা ২) “যিবিলাকে তোমালোকক শোধাই দিব তাৰে তোমালোকৰ কিছুমানক বধ কৰিব”। প্ৰথমৰ অৰ্থটোৱে বেছিকৈ হব।

মোৰ নামৰ কাৰণে

“মোৰ কাৰণে” বা “তোমালোকে মোক অনুগমণ কৰা কাৰণে”

কিন্তু তোমালোকৰ মুৰৰ চুলি এডালিও নষ্ট নহব

এই কথাটো যোগাত্মকভাবে অনুবাদ কৰিব পাৰি যেনে “আনকি তোমালোকৰ মুৰৰ প্ৰতিডাল চুলি ৰক্ষা পৰিব।” এইটো হৈছে বাক্যৰ উপমা অৰ্থটো হৈছে “তোমালোকক একোহে অনিষ্ট নকৰিব।” গোটেই ব্যক্তিজনেই নষ্ট নহব তাক গুৰুত্ব দি বুজাবলৈ ব্যক্তিজনৰ আটাইতকৈ সৰু অংশটোকেই বুজাইছে। যীচুৱে ইতিমধ্যে কৈছিল যে তেওঁলোকৰ কিছুমানক বধ কৰা হব। সেয়ে কিছুমানে এইটোৰ অৰ্থটো ইয়াত থকাৰ দৰে এনেকৈ বুজে যে সিহঁতক আত্মিকভাবে অনিষ্ট কৰা নহব, “কিন্তু এই কথাবোৰে প্ৰকৃততে তোমালোকক অনিষ্ট কৰিব নোৱাৰে।”

তোমালোকৰ ধৈৰ্য্যৰ দ্বাৰা

“নিশ্চিতকৈ ধৰি ৰখাৰ দ্বাৰা।” এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যদি তুমি ত্যাগ নকৰা।”

তোমালোকে তোমালোকৰ প্ৰাণ ৰক্ষা কৰিবা

“তোমালোকে জীৱন পাবা” বা “তোমালোকে চিৰকাল জীয়াই থাকিবা”

Luke 21:20-22

(যীচুৱে ভবিষ্যতৰ বিষয়ে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

যিৰূচালেমখনক শত্ৰূৰ দ্বাৰা আগুৰি ধৰা হব

এই কথাটো এক সক্ৰিয় ক্ৰিয়া পদত অুবাদ কৰিব পাৰি যেনে “শত্ৰূবিলাকে যিৰূচালেমখনক আগুৰি ধৰিছে।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

যে ইয়াৰ বিনাশ অতি ওচৰ

“যে এইখনক অতি সোনকালে ধ্বংস কৰা হব” বা “যে সিহঁতে অতি সোনকালে এইখন ধ্বংস কৰিব”

পলাই যোৱা

“বিপদৰ পৰা পলাই যোৱা”

প্ৰতিফলৰ এই দিনবিলাকত

“এইবোৰ শাস্তিৰ পোৱাৰ দিন” বা “এই দিনবিলাকত মানুহবিলাকক শাস্তি দিয়া হব”(UDB)

যিবিলাক কথা লিখা হৈছিল

“শাস্ত্ৰত যিবিলাক কথা লিখা হৈছিল”

Luke 21:23-24

(যীচুৱে ভবিষ্যতৰ বিষয়ে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

দেশখনত অতিশয় দুখ হব

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) দেশখনৰ মানুহবিলাকৰ অতিশয় দুখ হব, বা ২) দেশখনত ভৌতিক ভাবে প্ৰাকৃতিক দুৰ্য্যোগ হব।

এই মানুহবিলাকলৈ অতিশয় ক্ৰোধ হব

এই কথাটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “এই মানুহবিলাকে ঈশ্বৰৰ ক্ৰোধৰ অভিজ্ঞতা পাব” বা “ঈশ্বৰে এই মানুহবিলাকৰ ওপৰত অতিশয় ক্ৰোধ কৰিব।” শাস্তিৰ বিষয়ে ইয়াৰ প্ৰায়োগিক তথ্যটো স্পষ্ট কৰিব লাগেঃ “এই মানুহবিলাকক শাস্তি দিয়া হব” বা “ঈশ্বৰে এই মানুহবিলাকক শাস্তি দিব।” (স্পষ্টতা আৰু সৰলতা চাওক)

সিহঁত তৰোৱালত আগত পতিত হব

“সিহঁতক তৰোৱালৰ দ্বাৰা বধ কৰা হব।” এইটোৱে শত্ৰূৰ সৈন্যবিলাকৰ দ্বাৰা বধ কৰাটো বুজাইছে। (বাক্যালঙ্কাৰ চাওক)

সিহঁতক সকলো দেশলৈ বন্দী কৰি নিয়া হব

এই কথাটো এক সক্ৰিয় বাক্যাংশৰে অনুবাদ কৰিব পাৰি যেনে “ সিহঁতৰ শত্ৰূবিলাকে সিহঁতক বন্দী কৰিব আৰু আন দেশবোৰলৈ সিহঁতক লৈ যাব।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

যিৰূচালেমখনক পৰজাতিবিলাকৰ দ্বাৰা গচকা হব

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) পৰজাতিবিলাকে যিৰূচালেম জয় কৰিব আৰু ইয়াক দখল কৰিব বা ২) পৰজাতিবিলাকে যিৰূচালেম নগৰখন ধ্বংস কৰিব বা ৩) পৰজাতিবিলাকে যিৰূচালেমৰ মানুহবিলাকক ধ্বংস কৰিব।

Luke 21:25-26

(যীচুৱে ভবিষ্যতৰ বিষয়ে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

জাতিবিলাকৰ অতিশয় দুখ হব

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “জাতিবিলাকৰ মানুহবিলাক অতিশয় দুখিত হব” বা “জাতিবিলাকৰ মানুহবিলাক অতিশয় উদ্দীগ্ন হব।”

সাগৰ আৰু ঢৌৰ তৰ্জ্জন

গৰ্জ্জনেৰে ব্যাকুল হব

“কাৰণ সাগৰ আৰু ইয়াৰ ঢৌৰ তৰ্জ্জন

গৰ্জ্জনৰ বাবে সিহঁতে অতিশয় বিমোৰত পৰিব” বা “আৰু সিহঁতে সাগৰৰ অতিশয় ডাঙৰ শব্দৰ আৰু ইয়াৰ ঢৌৰ গঢ়গতিৰ দ্বাৰা ত্ৰাসিত হব।” দেখা যায় যে অস্বাভাৱিক ধুমুহা বা সাগৰ যুক্ত হৈ প্ৰাকৃতিক দুৰ্য্যোগ এইটোৱে বুজাইছে।

এই জগতৰ ওপৰলৈ যি বস্তুবোৰ আহিব লাগিছে

“যিবিলাক বস্তু এই জগতখনত ঘটিব” বা ”জগতখনলৈ যিবিলাক ঘটনা ঘটিব”

আকাশ

মণ্ডলৰ পৰাক্ৰমবোৰ লৰোৱা হব

“আকাশ

মণ্ডলৰ পৰাক্ৰমী বস্তুবোৰ লৰচৰ কৰা হব।” সাম্ভাব্য অৰ্থবোৰ হৈছে ১) আকাশ

মণ্ডলৰ বস্তুবোৰ যেনে সুৰ্য্য, চন্দ্ৰ, আৰু তৰাবোৰ সাধৰণতে সিহঁতৰ পথৰ পৰা লৰচৰ নকৰে. ২) আকাশ

মণ্ডলৰ পৰাক্ৰমী আত্মাবিলাক অতিশয় দুখত পৰিব। প্ৰথমটো অনমোদিত।

Luke 21:27-28

(যীচুৱে ভবিষ্যতৰ বিষয়ে তেওঁৰ শিষ্যবিলাকক একেৰাহে কৈ আছে।)

মানুহৰ পুত্ৰ

যীচুৱে নিজকে বুজাইছে।

মেঘত আহিব

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “মেঘত নামি আহিব।”

মহা পৰাক্ৰম আৰু মহান মহিমাৰে

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “পৰাক্ৰমেৰে আৰু অতি মহিমাৰে” বা “আৰু তেওঁ পৰাক্ৰমী আৰু অতিশয় মহিমান্বিত হব।” ইয়াত “পৰাক্ৰম” বুলি কওঁতে সম্ভব জগতখনক বিচাৰ কৰা ক্ষমতা বুজাইছে। ইয়াত “মহিমান্বিত” হোৱা বুলি কওঁতে এক অতিশয় উজ্জ্বল পোহৰ বুজাইছে। ঈশ্বৰে কেতিয়াবা তেওঁৰ মহানতাটো এত অতিশয় উজ্জ্বল পোহৰৰ দৰে দেখুৱাই।

উঠা

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “আত্মবিশ্বাসেৰে উঠা।” কেতিয়াবা মানুহবিলাক যেতিয়া অতিশয় ভয় পাই, সিহঁতে দেখা পোৱাৰ পৰা বাচিবলৈ বা আঘাত পোৱাৰ বাচিবলৈ হলি লুকাই থাকে। যেতিয়া আৰু কোনো ভয় নাথাকে সিহঁত উঠি থিয় হয়।

মুৰ তুলি চোৱা

এইটো বাক্যাংশ অৰ্থ হৈছে “ওপৰলৈ চোৱা।” (বাক্যাংশ চাওক) ওপৰলৈ চোৱাৰ দ্বাৰা তেওঁলোকৰ উদ্ধাৰক আহি থকাটো তেওঁলোকে দেখিবলৈ পাব।

কাৰণ তোমাৰ মুক্তি ওচৰ চাপিছে

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “কাৰণ তোমাৰ উদ্ধাৰক তোমাৰ ওচৰলৈ আহি আছে” বা “কাৰণ তোমাক ওতি সোনকালে মুক্ত কৰা হব।”

Luke 21:29-31

যেতিয়া সেইবোৰে কুঁহি পাত মেলে

“যেতিয়া নতুন পাত মেলিবলৈ আৰম্ভ কৰে”

তুমি নিজেই দেখিবা আৰু জ্ঞাত হব

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “মানুহবিলাকে নিজেই দেখিব আৰু জানিব।”

জহকাল ওচৰ হৈছে

“জহকাল আৰম্ভ হবৰ হৈছে।” ইস্ৰায়েলত জহকালটো অতিশয় খৰাং, সেয়ে শস্যবিলাক জহকালৰ আৰম্ভণত চপোৱা হয়। ইয়াৰ অৰ্থটো হৈছে “শস্য চপোৱাৰ সময় আৰম্ভ হবৰ হ’ল।” এইটো হৈছে প্ৰায়োগিত তথ্য যে সিহঁতে দেখিব আৰু জানিব। (স্পষ্টতা আৰু সৰলতা চাওক)

ঈশ্বৰৰ একেবাৰে ওচৰ

“ঈশ্বৰৰ ৰাজ্য অতি সোনকালে প্ৰতিষ্ঠিত হব” বা “ঈশ্বৰে তেওঁক ৰাজ্যত শাসন কৰিব।”

Luke 21:32-33

এই প্ৰজন্মটো

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) যীচুৱে কোৱা এই প্ৰথম চিনবোৰ দেখা প্ৰজন্মটো, বা ২) যীচুৱে কোৱা এই প্ৰজন্মটো। প্ৰথমটোৱে বেছিকৈ বুজাই।

আকাশ আৰু পৃথিবী লুপ্ত হব

“আকাশ আৰু পৃথিবীখনৰ অস্তিত্ব নাথাকিব।” এই “আকাশ” শব্দটোৱে আকাশ

মণ্ডল আৰু গগণ

মণ্ডল তাৰ বহিৰৰটো বুজাইছে।

মোৰ বাক্য কেতিয়াও লুপ্ত নহব

“মোৰ বাক্যৰ অস্তিত্ব কেতিয়াও নাইকীয়া নহব” বা “মোৰ বাক্য কেতিয়াও বিফল নহব।” এইটো এনেকৈও অনুবাদ কৰিব পাৰি যেনে “ মোৰ বাক্য নিশ্চয়কৈ পৰিপুৰিণ হব” বা “মই যি কওঁ সেইটো নিশ্চয়কৈ ঘটিব।”

Luke 21:34-35

যাতে তোমালোকৰ অন্তৰ ভাৰগ্ৰস্ত যেন নহয়

“যাতে তোমালোক দখলীকৃত নোহোৱা”

অপৰিমিত ভোজন

“অপৰিমিত আত্ম

ভোগবিলাস” বা “তোমালোকক সুখ অনুভৱ কৰোৱাওৱা অতিমাত্ৰা বস্তুবোৰ।” এইটো বিশেষ উদাহৰণেৰে অনুবাদ কৰিব পাৰি যেনে “অত্যধিক ভোজন

পান কৰা।”

জীৱনৰ চিন্তাবোৰ – “এইজীৱনৰ বিষয়ে অতিশয় চিন্তিত হোৱা”

কিয়নো সেই দিনটো হঠাতে তোমালোকলৈ আহিব

কিছুমানে সৰল তথ্য যোগ কৰাটো প্ৰয়োজন বুলি কয়ঃ “কিয়নো যদি তুমি সাৱধান নোহোৱা, সেই দিনটো তোমালৈ হঠাতে আহিব। ” আৰু যিবিলাকে এইটোৰ বাবে যুগুত নাছিল আৰু পৰ দি থকা নাছিল তেওঁলোকলৈ সৈ দিনটো সেই আহিব লগীয়া দিনটো হঠাতে আৰু আশা নকৰাকৈয়ে দেখা দিব। (স্পষ্টতা আৰু সৰলতা চাওক)

সেই দিনটো

এইটো বিশেষ ধৰণেৰে অনুবাদ কৰিব পাৰি যেনে “সেই দিনা যিদিনা মানুহৰ পুত্ৰ আহিব।”

ফান্দৰ নিচিনাকৈ হঠাতে

এইটো এটা সাদৃশ্যতা অৰ্থ হৈছে “যেতিয়া তুমি এইটোৰ বাবে আশা কৰা নাছিলা. এটি জন্তুৰ ওপৰত হঠাতে বন্ধ হোৱাৰ দৰে থকা ফান্দ।” (সাদৃশ্যতা চাওক)

এইটো সকলোৰে ওপৰলৈ আহিব

“এইটোৱে সকলোকে প্ৰভাৱীত কৰিব” বা “সেই দিনটোৰ ঘটনাবিলাকে সকলোকে প্ৰভাৱীত কৰিব”

গোটেই পৃথিবীৰ সমুদায় ঠাইত

“পৃথিবীৰ সকলো ঠাইতে” বা “গোটেই পৃথিবীত”

Luke 21:36

এই সকলো ঘটনাৰ পৰা সাৰিবলৈ যেন সমৰ্থৱান হোৱা

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “এইবোৰ ঘটনা সহিবলৈ যেন সমৰ্থৱান হোৱা” বা ২) “এইবোৰ এৰিবলৈ পৰাকৈ যেন সমৰ্থ হোৱা।”

এই ঘটনাবোৰ যে ঘটিব

“ঘটিব লগা এই ঘটনাবোৰ।” ঘটিব লগা ভয়ানক ঘটনাবোৰ যেনে তাড়না, যুদ্ধ

বিগ্ৰহ, আৰু বন্দীত্ব আদি যীচুৱে এই মাত্ৰ কৈছিল।

মানুহৰ পুত্ৰ আগত যেন থিৰ হব পাৰা

“আত্ম

প্ৰত্যয়েৰে মানুহৰ পুত্ৰৰ আগত যেন থিয় হব পাৰা।” এইটো সম্ভৱ যেতিয়া মানুহৰ পুত্ৰই সকলোকে বিচাৰ কৰিব সেইটো বুজাইছে। এজন ব্যক্তি যিয়ে যুগুতে থকা নাছিল তেওঁ ভয় কৰিব আৰু আত্ম

প্ৰত্যয়েৰে থিয় হব নোৱাৰিব।

Luke 21:37-38

তেওঁ শিক্ষা দি থকা সেই দিনবিলাকত

“তেওঁ শিকাই থকা সেই দিনবোৰত।” যীচু আৰু সেই মানুহবিলাকে তেওঁৰ মৃত্যুৰ আগে আগে সপ্তাহটোত প্ৰতিদিনে কি কি কৰি আছিল সেই বিষয়ে তলৰ পদকেইটাই কয়।

মন্দিৰত

এইটোৰ অৰ্থ হৈছে “মন্দিৰত” বা “মন্দিৰৰ ভিতৰ চোতালত”

ৰাতি হলে তেওঁ ওলাই গৈছিল

“ৰাতি হলেই তেওঁ নগৰৰ বাহিৰলৈ ওলাই গৈছিল” বা “তেওঁ প্ৰতি ৰাতিয়েই ওলাই গৈছিল”

মানুহবিলাকৰ সকলোৱেই

এইটো এটা অত্যুক্তি অৰ্থটো হৈছে “এক বৃহৎ সংখ্যক লোক“ বা “প্ৰায়ে প্ৰতিজনেই।” (অত্যুক্তি চাওক)

ৰাতিপুৱা অতি সোনকালেই আহিছিল

“পুৱাতেই অতি সোনকালেই আহিছিল” বা “প্ৰতি ৰাতিপুৱা অতি সোনকালে আহিছিল”

তেওঁৰ কথা শুনিবলৈ

“তেওঁৰ শিক্ষা শুনিবলৈ”

Luke 22

Luke 22:1-2

খমিৰবিহীন পিঠাৰ পৰ্ব্ব

এই পৰ্ব্বটো এই নামেৰে কোৱা হয় কাৰণ এই পৰ্ব্বৰ সময়ত, যিহুদীবিলাকে খমিৰ দি বনোৱা পিঠা খোৱা নাছিল। এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “সেই পৰ্ব্বত যেতিয়া সিহঁতে খমিৰবিহীন পিঠা খাইছিল।”

খমিৰ বিহীন পিঠা

এই পিঠাটোত ফুলি উঠিবলৈ কোনো খমিৰ নাছিল। এইটোত এনেকৈও কব পাৰি যেনে “খমিৰবিহীন পিঠা।”

ওচৰ চাপিছিল

“প্ৰায় আৰম্ভ হবৰ হৈছিল”

সিহঁতে যীচুক কেনেকৈ বধ কৰিব পাৰে

“সিহঁতে যীচুক কেনেকৈ বধ কৰিব পাৰে তাৰ কাৰণ বিচাৰি ফুৰিছিল।” যীচুক বধ কৰিবলৈ পুৰোহিতবিলাক আৰু অধ্যাপকবিলাকৰ ক্ষমতা নাছিল, কিন্তু আনবিলাকে যীচুক বধ কৰাৰ আশা কৰিছিল।

মানুহবিলাকলৈ ভয় কৰিছিল

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “মানুহবিলাকে কি কৰিব পাৰে বুলি ভয় কৰিছিল” বা ২) “মানুহবিলাকে যীচুক ৰজা পাতিব বুলি ভয় কৰিছিল।”

Luke 22:3-4

ঈস্কৰিয়োতীয়া যিহুদাৰ ভিতৰত চয়তান সোমাইছিল

এইটো হয়তু ভুতে লম্ভাৰ লগত প্ৰায় একেই। (ভুতে লম্ভা চাওক)

প্ৰধান পুৰোহিতসকল

“পুৰোহিতবিলাকৰ নেতা”

কেপ্তেইন/নায়ক

“মন্দিৰৰ প্ৰহৰীবিলাকৰ নেতা”

সি কেনেকৈ যীচুক সিহঁতৰ হাতত শোধাই দিব সেই বিষয়ে

এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “যীচুক কেনেকৈ বন্দী কৰাত সহায় কৰিব পাৰে সেই বিষয়ে।”

Luke 22:5-6

সিহঁতে

“সেই প্ৰধান পুৰোহিত আৰু নায়কবিলাকে”

তাক ধন দিবলৈ

এই “তাক” শব্দই যিহুদাক বুজাইছে।

অনুমতি দিছিল

আনকি যদিও এইটো পুনৰ পুনৰ “সন্মত হৈছিল।”

তেওঁক শোধাই দিবলৈ

“যীচুক বন্দী কৰাত সিহঁতক সহায় কৰিবলৈ”

ভীৰৰ মানুহবিলাকৰ পৰা আতৰ

“গোপনে” বা “ যেতিয়া তেওঁৰ চাৰিওফালে কোনো মানুহৰ ভীৰ নাথাকিব” (UDB)

Luke 22:7-9

খমিৰবিহীন পিঠাৰ দিন

“খমিৰবিহীন পিঠাৰ পৰ্ব্বৰ দিনা” বা “চেপেটা পিঠাৰ পৰ্ব্বৰ দিনা।” এই দিনাখন যিহুদীবিলাকে ঘৰৰ বাহিৰত সকলোবোৰ পিঠা খমিৰ দি প্ৰস্তুত কৰে। তাৰ পাছত তেওঁলোকে এই খমিৰ বিহীন পিঠাৰ পৰ্ব্ব সাতদিন ধৰি পালন কৰে।

নিস্তাৰ পৰ্ব্বৰ মেৰ বলিদান দিব লাগে

“নিস্তাৰ পৰ্ব্বৰ ভোজনৰ বাবে মানুহবিলাকে নিস্তাৰপৰ্ব্বৰ মেৰ বলিদান কৰিব লাগিছিল।” প্ৰতিটো পৰিয়ালে বা মানুহৰ দল এটাই এটা মেৰ বলি দিব আৰু একেলগে ভোজন কৰিব, বহুত মেৰ বলি দিয়া হৈছিল।

যাতে আমি ভোজন কৰিব পাৰো

পিতৰ আৰু যোহনৰ সৈতে যীচু আছিল যেতিয়া তেওঁ কৈছিল “আমি”। পিতৰ আৰু যোহন এই দলটোৰ অংশ হব যিয়ে সেই আহাৰ ভোজন কৰিব। (অন্তৰ্ভুক্ততা চাওক)

যুগুত কৰা

এইটো এটা সাধাৰণ শব্দ অৰ্থ হৈছে “সাজু কৰা।” যীচুৱে পিতৰ আৰু যোহনক সকলোবোৰ ৰান্ধা

বাঢ়া কৰিবলৈ আৱশ্যকমতে কোৱা নাই।

আমাক সেইবোৰ প্ৰস্তুত কৰাটো আপুনি বিচাৰে

এই “আমাক” শব্দই যীচুক ভুক্ত কৰা নাই। সেই ভোজন প্ৰস্তুত কৰিবলৈ যীচু সেই দলৰ অংশ হব নোৱাৰে। (অন্তৰ্ভুক্ততা চাওক)

প্ৰস্তুত কৰা

“ভোজনৰ বাবে আহাৰ যুগুত কৰা” বা “আহাৰ প্ৰস্তুত কৰা”

Luke 22:10-11

তেওঁ উত্তৰ দিছিল

এই “তেওঁ” শব্দটোৱে যীচুক বুজাইছে।

পানী একলহ লৈ অহা এজন মানুহে তোমালোকক লগ পাব

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “একলহ পানী লৈ অহা এজন মানুহক তোমালোকে দেখা পাবা।”

পানী একলহ লৈ অহা

“এটা ঝাৰত পানী লৈ আহি থকা।” সম্ভৱতঃ তেওঁ সেই ঝাৰটো তেওঁৰ কান্ধত লৈ আহিছিল।

তেওঁৰ পিছে পিছে সেই ঘৰলৈকে যাবা

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তেওঁৰ পাছে পাছে যাবা, আৰু ঘৰৰ ভিতৰলৈকে যাবা।”

গুৰুৱে তোমাক কৈছে

এইটো হৈছে পোনপতীয়া উল্লেখ য’ত যীচুৱে তেওঁলোকক কি কব লাগে সেইটো কৈছিল। এই UDBয়ে এইটো এক পোনপতীয়া উল্লেখ হিচাপে ৰাখিছেঃ “আমাৰ গুৰুৱে আমাক দেখুৱাবলৈ কৈছে।” (বাক্যৰ উল্লেখ চাওক)

গুৰুজনা

এইটোৱে যীচুক বুজাইছে।

নিস্তাৰ পৰ্ব্বৰ ভোজন কৰিব

“নিস্তাৰ পৰ্ব্বৰ আহাৰ ভোজন কৰিবলৈ”

Luke 22:12-13

(যীচুৱে একেৰাহে পিতৰ আৰু যোহনক নিৰ্দ্দেশনা দি আছে।)

তেওঁ তোমালোকক দেখুৱাই দিব

“ঘৰৰ মালিকে তোমালোকক দেখুৱাই দিব”

ওপৰৰ কোঠোলি

“ওপৰৰ মহলা।” যদি আপোনাৰ সমাজত কোঠালিবোৰৰ ওপৰত আন কোঠালি নাথাকে, নগৰত থকা ঘৰবোৰ কেনেকৈ বৰ্ণনা কৰে সেইটো বিবেচনা কৰাৰ প্ৰয়োজন।

সেয়ে তেওঁলোক গৈছিল

“সেয়ে পিতৰ আৰু যোহন গৈছিল”

Luke 22:14-16

মই বৰকৈ ইচ্ছা কৰিছোঁ

“মই বৰকৈ বিচাৰিছোঁ” (UDB)

কিয়নো মই তোমালোকক কওঁ

যীচুৱে পিছত কি কবগৈ সেইটোৰ গুৰুত্বতাক জোৰ দিবলৈ এই বাক্যাংশটো ব্যৱহাৰ কৰা হৈছে।

এইটো পৰিপুৰ্ণ নোহোৱালৈকে

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “নিস্তাৰ পৰ্ব্বৰ উদ্দেশ্য সম্পন্ন নোহোৱালৈকে” ২) “অন্তিম নিস্তাৰ পৰ্ব্বৰ আহাৰ ভোজন আমি নকৰালৈকে।” এইটো এটা সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰে এইটো পৰিপুৰ্ণ নকৰালৈকে” বা “নিস্তাৰ পৰ্ব্বৰ উদ্দেশ্য ঈশ্বৰে সম্পুৰ্ণ নকৰালৈকে।”

Luke 22:17-18

যেতিয়া তেওঁ ধন্যবাদ দিছিল

“যেতিয়া তেওঁ ঈশ্বৰক ধন্যবাদ দিছিল”

তেওঁ কৈছিল

“তেওঁ তেওঁৰ পাঁচনিবিলাকক কৈছিল”

এইটো তোমালোকৰ মাজত ভগাই লোৱা

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “এই দ্ৰাক্ষাৰস তোমালোকৰ মাজত ভগাই লোৱা” বা “এইটোৰ পৰা তোমালোক সকলোৱে অলপ অলপ পান কৰা।”

কিয়নো মই তোমালোকক কওঁ

যীচুৱে পিছত কি কবগৈ সেইটোৰ গুৰুত্বতাক জোৰ দিবলৈ এই বাক্যাংশটো ব্যৱহাৰ কৰা হৈছে।

দ্ৰাক্ষা গুটিৰ ফল

দ্ৰাক্ষালতাত ডাঙৰ হোৱা আঙুৰৰ পৰা চেপি উলিওৱা ৰসক এইটোৱে বুজাইছে।

ঈশ্বৰৰ ৰাজ্য নহামানলৈকে

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰৰ ৰাজ্য প্ৰতিষ্ঠিত নোহোৱালৈকে” বা “ঈশ্বৰে তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা নকৰেমানলৈকে” বা “ঈশ্বৰে তেওঁৰ ৰাজ্যত শাসন নকৰা মানলৈকে।”

Luke 22:19-20

পিঠা

এই পিঠাটোত খমিৰ নাছিল, সেয়ে এইটো চেপেটা আছিল।

তেওঁ এইটো ভাঙিছিল

“তেওঁ এইটো ডোখৰ ডোখৰ কৰিছিল” বা “তেওঁ এইটো চিঙিছিল।” তেওঁ হয়তু এইটো বহুতো টুকুৰাত বিভক্ত কৰিছিল বা হয়তু তেওঁ এইটো দুডোখৰ কৰিছিল আৰু সেইবোৰ পাঁচনিবিলাকৰ মাজত ভাগ বিতৰণ কৰি দিছিল। যদি সম্ভৱ হয়, এনে এক প্ৰকাশন ব্যৱহাৰ কৰক যেন দুয়োটা পৰিস্থিতিত ব্য়ৱহাৰ হয়।

এইয়ে মোৰ শৰীৰ

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “এই পিঠাটো মোৰ শৰীৰ” বা ২) “এই পিঠাটোৱে মোৰ শৰীৰৰ প্ৰতিনিধিত্ব কৰে।”

মোৰ শৰীৰ যিটো তোমালোকৰ বাবে দিয়া হৈছে

“মোৰ শৰীৰ, যিটো মই তোমালোকৰ বাবে দিম” বা “মোৰ শৰীৰ, যিটো মই তোমালোকৰ বাবে বলিদান কৰিম।” কিয়নো ভাষাবিলাকত গ্ৰহীতা যদি উল্লেখ থাকে, এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “মোৰ শৰীৰ, যিটো তোমালোকৰ বাবে বধ কৰিবলৈ শাসনকৰ্ত্তাসকলক দিওঁ।”

এইটো কৰা

“এইটো খোৱা”

মোক সোঁৱৰিবৰ অৰ্থে

“মোক সোঁৱৰিবৰ কাৰণে”

এই পিয়লা – এই “পিয়লা” শব্দটোৱে পিয়লাটোত থকা দ্ৰাক্ষাৰসখিনি বুজাইছে। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “এই পিয়লাটোত থকা দ্ৰাক্ষাৰস” বা “এই দ্ৰাক্ষাৰস।” (বাক্যালঙ্কাৰ চাওক)

মোৰ তেজত হোৱা নতুন নিয়ম

“হৈছে নতুন নিয়ম, যিটো মোৰ তেজৰ দ্বাৰা কাৰ্য্যকৰী হব” বা “হৈছে নতুন নিয়ম, যিটো মোৰ তেজৰ দ্বাৰা বিধিগত হব” বা “নতুন নিয়মৰ প্ৰতিনিধি, যিটো মোৰ তেজ বোৱাৰ পাছত ঈশ্বৰে প্ৰতিষ্ঠিত কৰিব”

মোৰ তেজ, যিটো তোমালোকৰ বাবে বোৱাই দিয়া হৈছে

“মোৰ তেজ, যিটো তোমালোকৰ বাবে মোৰ মৃত্যুৰ যোগেদি বৈ যাব” বা “মোৰ তেজ, মই যেতিয়া মৰিম মোৰ আঘাতৰ পৰা যিটো বৈ যাব।” যীচুৱে তেওঁৰ মৃত্যুৰ বিষয়ে কৈ আছে তেওঁৰ যি শৰীৰটো ভগ্ন হোৱা আৰু তেজ বোৱাৰ দ্বাৰা বুজাইছে। এইটো এটা বাক্যালঙ্কাৰ।

Luke 22:21-23

(যীচুৱে একেৰাহে তেওঁৰ শিষ্যবিলাকক কৈ আছে।)

যিজনে মোক প্ৰবঞ্চনা কৰে

“সেইজন যিজনে মোক প্ৰবঞ্চনা কৰে ”

কিয়নো মানুহৰ পুত্ৰ দৰাচলতে যায়

“কিয়নো, আচলতে, মানুহৰ পুত্ৰ যাব” বা “কিয়নো মানুহৰ পুত্ৰ মৰিব”

কিন্তু সেই মানুহজন সন্তাপৰ পাত্ৰ যাৰ দ্বাৰা তেওঁ প্ৰবঞ্চিত হয়! – “কিন্তু যিজনে মানুহৰ পুত্ৰক প্ৰবঞ্চনা কৰে সেই মানুহজন সন্তাপৰ পাত্ৰ!” বা “কিন্তু সেই মানুহজনৰ প্ৰতি কিমান ভয়ানক হব যিজনে মানুহৰ পুত্ৰক প্ৰবঞ্চনা কৰে!”

Luke 22:24-25

তেতিয়া তেওঁলোকৰ মাজত এক বাক

বিতণ্ডা এখন লাগিল

“পাঁচনিবিলাকে নিজৰ মাজতে বাদ

বিবাদ লাগিবলৈ আৰম্ভ কৰিছিল” (UDB)

আটাইতকৈ মহান

“আটাইতকৈ গুৰুত্বপুৰ্ণ”

তেওঁ সিহঁতক কৈছিল

“যীচুৱে পাঁচনিবিলাকক কৈছিল”

সিহঁতৰ ওপৰত প্ৰভুত্ব কৰে

“সিহঁতৰ ওপৰত কাঢ়াকৈ শাসন কৰে” বা “সিহঁতৰ ওপৰত ক্ষমতা চলায়”

মতা হব

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “মতাটো বিচাৰে” বা “নিজকে কয়।” মানুহবিলাকে সম্ভৱতঃ সেই অধিপতিবিলাকৰ বিষয়ে চিন্তা নকৰে যে তেওঁলোক আদৰণীয় শাসনকৰ্ত্তা।

আদৰণীয় শাসনকৰ্তাসকল – এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে “সহায়কাৰী” বা “নেতাসকল যিয়ে মানুহবিলাকক সহায় কৰে।”

Luke 22:26-27

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে শিক্ষা দি আছে।)

তোমালোকৰ এনেকৈ কৰা উচিত নহয়

“তোমালোকৰ এনে আচৰণ উচিত নহয়”

একেবাৰে সৰুজন

“একেবাৰে গুৰুত্বহীন জনা।” সাধাৰণতে নেতাবিলাক প্ৰায়ে বয়সীয়া লোকবিলাক হয় আৰু “বৃদ্ধসকল” বুলি কোৱা হয়, “একেবাৰে গুৰুত্বহীন জনা”ই সাধাৰণতে পৰিচালনা নকৰে। (উপমা চাওক)

কিয়নো

এইটোৱে যীচুৰ ২৬ পদৰ আদেশটো ২৭ নং পদৰ গোটেইটোত সংযোগ কৰে। ধাৰণাটো হৈছে “আটাইতকৈ গুৰুত্বপুৰ্ণজনাই পৰিচাৰকৰ কাৰ্য্য কৰক কাৰণ মই এজন চাকৰহে।” সিহঁতৰ মাজত যীচু আটাইতকৈ গুৰুত্বপুৰ্ণ, তেওঁ পৰিচাৰকৰ কাৰ্য্য কৰিছে, সেয়ে সিহঁতৰ মাজত আটাইতকৈ গুৰুত্বপুৰ্ণজনাই পৰিচাৰকৰ কাৰ্য্য কৰক।

যিজনা সেৱা কৰে

“এজন চাকৰ”

মহান কোনজন

“মহান কোনজন” বা “আটাইতকৈ গুৰুত্বপুৰ্ণ কোনজন।” ২৪ নং পদত কৰা মহান জনা কোন সেই বিষয়ে তাৰ উত্তৰ পাঁচনিবিলাকক পৰিচয় কৰাই দিবলৈ যীচুৱে এই অলঙ্কাৰীক প্ৰশ্নটো সুধিছিল। এই অলঙ্কাৰীক প্ৰশ্নটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তোমালোকে মহানজনা কোন সেই কথাটো চিন্তা কৰাটো মই বিচাৰো।”(অলঙ্কাৰীক প্ৰশ্ন চাওক)

যিজনাই মেজত বহে

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যিজনে মেজত ভোজন কৰি আছে”

যিজনে সেৱা কৰে

“যিজনে আহাৰ পৰিবেশন কৰে” বা “যিজনে বহি আছে তেওঁক যিজনাই পৰিবেশন কৰোৱাই।” এই কথাটো এজন চাকৰক বুজাইছে।

যিজনে মেজত বহে তেওঁ নহয়নে?

এইটোও এটা অলঙ্কাৰীক প্ৰশ্ন। ইয়াৰ প্ৰায়োগিক উত্তৰটো হৈছে “অৱশ্যে যিজনে মেজত বহে, তেওঁ চাকৰজনাতকৈ বেছি গুৰুত্বপুৰ্ণ!”

তথাপিও মই তোমালোকৰ মাজত এজন পৰিচাৰক হিচাপে আছোঁ

এই “তথাপিও” শব্দটো ইয়াত আছে কাৰণ মানুহবিলাকে যীচুক কেনে হোৱাটো আশা কৰে আৰু তেওঁ আচলতে কেনেকুৱা আছিল এই দুটাৰ মাজত এক বৈপৰীত্য আছে। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তথাপিও মই তোমালোকক সেৱা কৰি আছোঁ।”

Luke 22:28-30

(যীচুৱে তেওঁৰ শিষ্যবিলাকক একেৰাহে শিক্ষা দি আছে।)

মোৰ এই পৰীক্ষাৰ কালত একেৰাহে মোৰ লগত আছা

“মোৰ এই সংগ্ৰামৰ সময়ত মোৰ লগত আছা”

মোৰ পিতৃয়ে যেনেকৈ এখন ৰাজ্য মোক দিছে একেদৰে মইয়ো তোমালোকক এখন ৰাজ্য দিছো

কিছুমান ভাষাত এই ক্ৰমটো সলনি কৰা প্ৰয়োজন। “যিদৰে মোৰ পিতৃয়ে এখন ৰাজ্য নিয়োজন কৰি থলে, এইখন মই তোমালোকক দিছো।”

মই তোমালোকক এখন ৰাজ্য দিছো

“ঈশ্বৰৰ ৰাজ্যত মই তোমালোকক শাসনকৰ্ত্তা পাতিলো”(UDB) বা “ঈশ্বৰৰ ৰাজ্যত শাসন কৰিবলৈ মই তোমালোকক ক্ষমতা দিলো” বা “মই তোমালোকক ৰজা পাতিলো”

আনকি মোৰ পিতৃয়ে মোক এখন ৰাজ্য দিলে

“যিদৰে মোৰ পিতৃয়ে তেওঁৰ ৰাজ্যত ৰজা স্বৰূপে শাসন কৰিবলৈ মোক ক্ষমতা দিলে”

তোমালোকে সিংহাসনত বহিবা

“সিংহাসনত বহা” এইটো হৈছে “ৰজাৰ কাম

কাজ কৰিবলৈ” এটা অলঙ্কাৰ কথা। এইটোৰ অৰ্থ হৈছে “তোমালোকে ৰজাস্বৰূপে কাম কৰিবা” বা “তোমালোকে ৰজাৰ কাম

কাজবোৰ কৰিবা।” (বাক্যালঙ্কাৰ চাওক)

সিংহাসন

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “ৰজাৰ বহা চকী” বা “ৰজাসকলৰ বাবে বনোৱা চকী।”

Luke 22:31-32

(যীচুৱে পোন পতীয়াকৈ চিমোনক কৈছে।)

চিমোন, চিমোন

যীচুৱে তেওঁৰ নামটো দুবাৰ লৈছে যাতে তেওঁক কিবা এটা অতি গুৰুত্বপুৰ্ণ কথালৈ কবলৈ ওলাইছে।

তোমাক নিজৰ কৰি লয় যাতে সি তোমাক পৰীক্ষা কৰিব পাৰে

এই “তুমি” শব্দটোৱে পাঁচনিবিলাকক বুজাইছে। ভাষাবিলাকত থকা “তুমি” শব্দৰ ৰূপ বহুবচন হিচাপে ব্যৱহাৰ কৰক। (তুমি শব্দৰ ৰূপ চাওক)

ঘেঁহু ধান চলাৰ দৰে

এইটো এটা উপমা যিটোৰ অৰ্থ হৈছে “কিবা এটা ভুল পাবৰ বাবে পৰীক্ষা কৰবলৈ।” UDBত এইটোৰ অৰ্থটো স্পষ্ট কৰিব লাগেঃ “তোমাক পৰীক্ষা কৰিব।” আৰু এইটোক এক সাদৃশ্যতা ৰূপত অনুবাদ কৰিব পাৰি যেনেঃ UDBত থকাৰ দৰে “চালনীত কোনোবাই শস্য চালাৰ দৰে।” (উপমা চাওক)

কিন্তু মই তোমাৰ বাবে প্ৰাৰ্থনা কৰিলো

এই “তুমি” শব্দই বিশেষকৈ চিমোনক বুজাইছে। ভাষাবিলাকত থকা “তুমি” শব্দৰ বেলেগ বেলেগ ৰূপ একবচন হিচাপে ব্যৱহাৰ কৰক।

যাতে তোমাৰ বিশ্বাস লোপ নাপায়

এই কথোটো যোগাত্মক ভাবে প্ৰকাশ কৰিব পাৰি যেনে “যাতে তুমি বিশ্বাস একেৰাহে বজাই ৰাখা” বা “যাতে তুমি একেৰাহে মোক ভাৰসা কৰি থাকা।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তোমাৰ ভাইবিলাকে

এইটোৱে আন আন শিষ্যবিলাকক বুজাইছে। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তোমাৰ সহ

বিশ্বাসীবিলাক” বা “বিশ্বাসত তোমাৰ ভাইসকল” বা “আন শিষ্যবিলাক”

Luke 22:33-34

(চয়তানে যে পিতৰক পৰীক্ষা কৰিব যীচুৱে কোৱা এই বাক্যত চিমোনে প্ৰতিক্ৰিয়া কৰিছে।)

কুকুৰাই ডাক নিদিব

ইয়াত, কুকুৰাই ডাক দিয়াটো সেই কালত সময়ৰ বাবে ব্যৱহাৰ কৰা এটা বাক্যালঙ্কাৰ। ৰাতিপুৱা বেলি ওলোৱাৰ আগে আগে কুকুৰাই প্ৰায়ে ডাক দিয়ে। (বাক্যালঙ্কাৰ চাওক)

কুকুৰাই ডাক নিদিব... তুমি অস্বীকাৰ কৰাৰ আগেয়ে

এইটো যোগাত্মক ভাবে উল্লেখ কৰিব পাৰি যেনেঃ “কুকুৰাই ডাক দিব... তুমি অস্বীকাৰ কৰাৰ পাছতহে।” এই পদটোৰ ক্ৰমটো ওলোটা কৰিব পাৰিঃ “এই দিনাখন/আজি কুকুৰাই ডাক দিয়াৰ আগতেই তুমি মোক জানা বুলি তিনিবাৰ অস্বীকাৰ কৰিবা”

এইদিনাখন/আজি – যিহুদীবিলাকৰ দিনটো বেলি ডুবাৰ পাছত আৰম্ভ হয়। কুকুৰাই ৰাতিপুৱাৰ ঠিক আগে আগে ডাক দিব। ৰাতিপুৱা হৈছে “এইদিনাখন/আজি” ৰ অংশ। এইটো এনেকৈও অনুবাদ কৰিব পাৰি যেনে “আজি ৰাতি” বা “ৰাতিপুৱা।”

Luke 22:35-36

যেতিয়া মই তোমালোকক পঠিয়াই দিছিলোঁ

যীচুৱে তেওঁৰ শিষ্যবিলাকক কৈ আছে। সেয়ে ভাষাবিলাকত থকা “তুমি” শব্দৰ বেলেগ বেলেগ ৰূপ বহুবচন হিচাপে ব্যৱহাৰ কৰক। (তুমি শব্দৰ ৰূপ চাওক)

ধনৰ মোনা

এটা ধনৰ মোনা হৈছে ধন ৰাখিবৰ বাবে এটা মোনা। ইয়াত “টকা

পইচা” বুজাবৰ বাবে ব্যৱহাৰ কৰা হৈছে। (বাক্যালঙ্কাৰ চাওক)

যোগন ধৰিবৰ বাবে এটা মোনা

এইটো এনেকৈ অনুবাদ কৰিব পাৰি “যাত্ৰাৰ মোনা” বা “আহাৰ, ” যিটো মোনাত থাকিলহেঁতেন যদি সিহঁতে এটা ল’লেহেঁতেন।

কিবা অভাব হৈছিল নে?

“তোমালোকৰ নথকা কিবা বস্তুৰ অভাব হৈছিল নে?” যেতিয়া তেওঁলোক ওলাই গৈছিল মানুহবিলাকে তেওঁলোকক কিমান ভালদৰে য়োগন ধৰিছিল সেইটো শিষ্যসকলক মনত পেলাই দিবলৈ এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। (অলঙ্কাৰীক প্ৰশ্ন চাওক)

একোৰে নাছিল

“আমাৰ একোৰে অভাব হোৱা নাছিল”

কামিজ

“কোট” বা “বাহিৰে পিন্ধা চোলা”

যিজনৰ এখনো তৰোৱাল নাই তেওঁ নিজৰ কামিজ বিক্ৰি কৰক

যিজনৰ তৰোৱাল নাই যীচুৱে এনে কোনো বিশেষ ব্যক্তি এজনক বুজোৱা নাই। এইটো এনেকৈও অনুবাদ কৰিব পাৰি যেনে “যদি কাৰোবাৰ এখনো তৰোৱাল নাই, তেওঁ নিজৰ কামিজটো বিক্ৰী কৰক।”

Luke 22:37-38

মোৰ বিষয়ে যি যি লিখা আছে

“শাস্ত্ৰত মোৰ বিষয়ে ভাববাদীয়ে কি লিখিছিল” (UDB)

পৰিপুৰ্ণ হব লাগে

পাঁচনিবিলাকে এইটো বুজি উঠিছিল যে শাস্ত্ৰত যি যি লিখা আছিল সেই সকলোবোৰ ঈশ্বৰেই পৰিপুৰ্ণ কৰিব। এই গোটেই বাক্য়াংশটো পুনৰ সজাই এইটোক স্পষ্ট কৰিব পাৰেঃ “শাস্ত্ৰত যি যি লিখা আছিল সেই সকলোবোৰ ঈশ্বৰেই পৰিপুৰ্ণ কৰাৰ কাৰণ হব।” (স্পষ্টতা আৰু সৰলতা চাওক)

তেওঁ অধৰ্ম্মীবিলাকৰ লগত গণ্য হ’ল

“মানুহবিলাকে তেওঁক অধৰ্ম্মী মানুহবিলাকৰ লগত গণ্য কৰিছিল।” কিছুমান ভাষাত স্পষ্টকৈ উল্লেখ কৰা দৰকাৰঃ “শাস্ত্ৰত এইটো লিখা আছিল যে, ‘আৰু তেওঁক অধৰ্ম্মীবিলাকৰ লগত গণ্য কৰা হ’ল’।” (স্পষ্টতা আৰু সৰলতা চাওক)

অধৰ্ম্মী

“যিবিলাকে বিধান উলংঘন কৰে” বা “অপৰাধীবিলাক”

কিয়নো মোৰ বিষয়ে যি যি ঘোষণা কৰা হৈছিল – এই বাক্যাংশটো গ্ৰীকত স্পষ্ট নহয়। আন এটা সাম্ভাব্য অৰ্থ হৈছে “মোৰ জীৱন শেষ হবৰ হৈছেহি।”

তেওঁলোকে কৈছিল

এই কথাটো কমেও দুজন শিষ্যক বুজাইছে।

এইয়ে যথেষ্ট

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “সেই কেইখন তৰোৱালেই যথেষ্ট ” বা ২) “ এই বিষয়ে এইয়ে যথেষ্ট কথা

বতৰা।” যেতিয়া যীচুৱে কৈছিল সিহঁতে তৰোৱাল কিনিব লাগে, সিহঁত সকলোৱে যি বিপদৰ সন্মূখীন হব মুলতঃ সেই বিষয়ে তেওঁ সিহঁতক কৈছিল। তেওঁ সিহঁতক তৰোৱাল কিনা আৰু যুদ্ধ কৰা বিষয়ে আচলতে কোৱা নাছিল।

Luke 22:39-40

নৈশ ভোজনৰ পাছত – নিস্তাৰ পৰ্ব্বৰ ভোজ সম্পুৰ্ণ হোৱা কথাটো ই বুজাইছে।

যাতে তোমালোকে পৰীক্ষাত নপৰা

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যাতে তোমালোক পৰীক্ষিত নোহোৱা” বা “যেতিয়া তোমালোক পৰীক্ষাত পৰা যাতে পাপ নকৰা” বা “যাতে ইমান টান পৰীক্ষাত যেনে নপৰা যাতে তোমালোকে পাপ কৰিবা।”

Luke 22:41-42

এটা শিল দলিয়াই দিয়া দুৰত্ব

এইটো এটা বাক্যাংশ অৰ্থটো হৈছে “কোনোবা এজনে এটা শিল দলিয়াব পৰা দুৰত্ত্ব।” এইটো এনেকৈও অনুবাদ কৰিব পাৰি যেনে “অকণমান দুৰ” বা এক ধৰাবন্ধা দুৰত্ব যেনে “প্ৰায় ৩০ মিটাৰ” (UDB). (বাক্যাংশ চাওক)

এই পিয়লাটো মোৰ পৰা দুৰ কৰা

এইটো এটা উপমা। যীচুৱে তেওঁৰ দুখকষ্ট যিটো তেওঁ সহন কৰিবলৈ গৈ আছে যিদৰে এইটো যেন এটি পিয়লাহে আৰু এইটো তেওঁ পান কৰিবলৈ গৈ আছে এই কথাটো বুজাইছে। এইটো এনেদৰেও অনুবাদ কৰিব পাৰি যেনে “এই দুখভোগৰ পিয়লাটো মোৰ পৰা দুৰ কৰা” বা “ এই দুখকষ্ট মোৰ পৰা দুৰ কৰা।” (উপমা চাওক)

তথাপিও মোৰ ইচ্ছা নহয়, কিন্তু তোমাৰ ইচ্ছা পুৰ কৰা

এইটো এনেদৰেও অনুবাদ কৰিব পাৰি যেনে “যিয়েই নহওক, মোৰ ইচ্ছা পুৰ হোৱাতকৈ তোমাৰ ইচ্চা পুৰ হোৱাটোহে মই বিচাৰোঁ।”

Luke 22:43-44

তেওঁক দেখা দিছিল

“যীচুক দেখা দিছিল”

তেওঁ শক্তি দান কৰিলে

“তেওঁক উৎসাহ দিছিল”

অতিশয় যাতনাত, তেওঁ প্ৰাৰ্থনা কৰিছিল

“তেওঁ অতিশয় যাতনাত আছিল, আৰু তেওঁ প্ৰাৰ্থন কৰিছিল”

তেওঁৰ ঘাম গোট বন্ধা তেজৰ দৰে হৈ মাটিত টোপ টোপকৈ পৰিছিল

ঘামৰ টোপালবোৰ যিবোৰ তেজৰ দৰে হৈ তেওঁৰ ছালৰ পৰা মাটিত পৰিছিল। (সাদৃশ্যতা চাওক)

Luke 22:45-46

যেতিয়া তেওঁ তেওঁৰ প্ৰাৰ্থনাৰ পৰা উঠিছিল

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যেতিয়া যীচুৱে তেওঁৰ প্ৰাৰ্থনাৰ পৰা উঠিছিল” বা “প্ৰাৰ্থনাৰ পাছত, যীচু উঠিছিল আৰু”

তেওঁলোকৰ দুখৰ কাৰণে তেওঁলোকক টোপনিয়াই থকা পাইছিল

“তেওঁলোক অতিশয় দুখিত হোৱাৰ কাৰণে তেওঁলোকক শুই থকা পাইছিল”

তোমালোকে কিয় টোপনিয়াই আছো? – এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “ মই আচৰিত হৈছো যে তোমালোকে এতিয়া শুই আছা ” বা ২) ” তোমালোকে এতিয়া শুই থকা উচিত নহয়!” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

পৰীক্ষাত প্ৰবেশ কৰা

“পৰীক্ষিত হোৱা” বা “যেতিয়া তোমালোক পৰীক্ষিত হবা পাপ কৰিবা”

Luke 22:47-48

চোৱা, এদল মানুহ দেখা গ’ল

এই “চোৱা” শব্দই কাহিনীটোত আমাক এটা নতুন দলৰ বিষয়ে সজাগ কৰি দিয়ে। আপোনাৰ ভাষাত এইটো কৰিবলৈ হয়তু কিবা উপায় থাকিব পাৰে। ইংৰাজীৰ ব্যৱহাৰ হৈছে “তাতে এদল মানুহে দেখা দিছিল...”

সিহঁতক চলাই আনিছিল

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “সিহঁতক যীচুৰ ওচৰলৈ চলাই আনিছিল।” যীচু ক’ত আছিল যিহুদাই মানুহবিলাকক দেখুৱাই দিছিল। ভীৰৰ মানুহবিলাকক কি কৰিব লাগে সেইটো কোৱা নাছিল।

তেওঁক চুমা দিবলৈ

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তেওঁক এটি চুমাৰ দ্বাৰা তেওঁ সম্ভাষণ জনাইছিল” বা “তেওঁক চুমা খোৱাৰ দ্বাৰা তেওঁ সম্ভাষণ জনাইছিল।” যেতিয়া পুৰুষে আন আন এজন পুৰুষক সম্বাষণ জনাই যিবিলাক পৰিয়াল বা বন্ধু, তেওঁলোকে এখন গালত বা দুয়োখন গালতে চুমা খায়। যদি পঢ়ুৱৈসকলে পুৰুষে এই চুমা খোৱাটো এক অস্বাভাৱিক যেন পায়, আপুনি এইটো অধিক সাধাৰণভাবে অনুবাদ কৰিব পাৰেঃ “তেওঁক এক সৌহাৰ্দ্যপুৰ্ণ সম্ভাষণ জনাবলৈ।” (অপৰিচিত অনুবাদবোৰ চাওক)

মানুহৰ পুত্ৰ

যীচুৱে নিজকে বুজাবলৈ এইটো ব্যৱহাৰ কৰিছে।

তুমি মানুহৰ পুত্ৰক এটি চুমাৰে প্ৰবঞ্চনা কৰিছা নে?

যীচুৱে যিহুদাক গালি দিবলৈ এই অলঙ্কাৰীক প্ৰশ্নটো ব্যৱহাৰ কৰিছেঃ “এইটো চুমাৰে তুমি মানুহৰ পুত্ৰক প্ৰবঞ্চনা কৰিছা!” যিহুদাই হয়তু হাতৰ অঙ্গিভঙ্গীৰে বা কথা ব্যৱহাৰ কৰিব পাৰিলেহেতেন যেনে “এটা ডাহৰ শিলৰ দ্বাৰা সেইজনাই যীচু” এই বুলি যীচুক দেখুৱাব পাৰিলেহেঁতেন, কিন্তু তাৰ পৰিৱৰ্ত্তে সি প্ৰেমৰ চিন স্বৰূপ ব্যৱহাৰ কৰি চুমাৰে এই মিছলীয়াৰ কাৰ্য্য কৰিছিল। (অলঙ্কাৰীক প্ৰশ্ন চাওক)

Luke 22:49-51

যিবিলাকে যীচুৰ চাৰিওকাষে আছিল

এই কথাটোৱে যীচুৰ শিষ্যবিলাকক বুজাইছে।

কি ঘটি আছিল

এই কথাটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যে পুৰোহিতবিলাক আৰু চিপাহীবিলাকে যীচুক বন্দী কৰিবলৈ আহিল।”

মহা পুৰোহিতৰ চাকৰজনক আঘাত কৰিছিল

“মহা পুৰোহিতৰ চাকৰজনক এখন তৰোৱালেৰে আঘাত কৰিছিল”

তাৰ কাণখন চুইছিল

এই কথাটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তাক চুইছিল য’ত তাৰ কাণখন কটা হৈছিল।”

Luke 22:52-53

তুমি এজন ডকাইত ধৰাৰ নিচিনাকৈ তৰোৱাল আৰু টাঙোন লৈ মোৰ বিৰুদ্ধে ওলাই আহিলা নে ? – “ তুমি তৰোৱাল আৰু লাখুটি লৈ ওলাই আহিলা যে কাৰণ তুমি ভাবিছা মই এজন ডকাইত?” এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তুমি জানা যে মই এজন ডকাইত নহওঁ, তথাপিও তুমি এই তৰোৱাল আৰু টাঙোন লৈ ওলাই আহিলা। ” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

মই দৈনিক তোমালোকৰ লগত আছিলোঁ

“মই তোমালোকৰ লগত প্ৰতিদিনেই আছিলো”

মন্দিৰত

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “মন্দিৰৰ চোতালত” বা “মন্দিৰত।”

মোৰ ওপৰত তোমালোকৰ হাত দিয়া

এই বাক্যাংশটোৰ অৰ্থ হৈছে “মোক বন্দী কৰা।” (বাক্যাংশ চাওক)

অন্ধকাৰৰ পৰাক্ৰম

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “অন্ধকাৰৰ শাসন কৰ্তাৰ সময়” বা “এইয়ে সময়, চয়তানে কুকৰ্ম্ম কৰিবলৈ বিচৰাৰ দৰে যেতিয়া এই সময় হয়” (UDB). “অন্ধকাৰৰ ক্ষমতা” হৈছে দুষ্ট শাসন কৰ্ত্তা, চয়তানৰ বাবে এইটো এটা অলঙ্কাৰীক ভাষা। (বাক্যালঙ্কাৰ চাওক)

Luke 22:54-55

তেওঁক আতৰাই লৈ গ’ল

“যীচুক সেই বাগিছাৰ পৰা আতৰাই লৈ গ’ল য’ত সিহঁতে তেওঁ বন্দী কৰিছিল”

সিহঁতে একুৰা জুই জ্বলাইছিল

এইটো এনেকৈও অনুবাদ কৰিব পাৰি যেনে “সিহঁতৰ কিছুমান জুই একুৰা জ্বলাইছিল।” সিহঁতক উমাই ৰাখিবলৈ জুইকুৰা জ্বলাইছিল।

চোতালৰ মাজ ঠাইতে

এইখন আছিল মহা পুৰোহিতৰ ঘৰৰ চোতাল। ইয়াৰ চাৰিওফালে দেৱাল আছিল, কিন্তু ওপৰত কোনো ছাল নাছিল।

Luke 22:56-58

তেওঁলৈ পোনে পোনে চাইছিল আৰু কৈছিল

“পিতৰলৈ পোনে পোনে চাইছিল আৰু চোতালত থকা আন মানুহবিলাকক কৈছিল।”

এই মানুহজনো তেওঁৰ লগত আছিল

পিতৰে যীচুৰ লগত থকাৰ বিষয়ে এই মহিলা গৰাকীয়ে আন মানুহবিলাকক কৈছিল। সম্ভব তাই পিতৰৰ নাম নাজানিছিল।

কিন্তু পিতৰে এইটো অস্বীকাৰ কৰিছিল

“কিন্তু পিতৰে কৈছিল যে এইটো সত্য নহয়।”

হে নাৰী, মই তেওঁক নাজানো

“পিতৰে সেই মহিলা গৰাকীৰ নাম জনা নাছিল। তেওঁ তাইক হে নাৰী, বুলি মাতি অপমান কৰা নাছিল।” যদি মানুহবিলাকে ভাবে যে তেওঁ তাইক অপমান কৰিছে, আপুনি সংস্কৃতিগত ভাবে গ্ৰহণযোগ্য এটা উপায় ব্যৱহাৰ কৰক, য’ত এজন পুৰুষে অপৰিচিত এগৰাকী মহিলাক কেনেকৈ সম্বোধন কৰে বা আপুনি এটা শব্দ এৰি দিব পাৰে।

হেৰা মানুহ, মই নহয়

“মহিলা” গৰাকীৰ বিষয়ে দিয়া ওপৰৰ টোকটো চাওক।

Luke 22:59-60

নেৰানেপেৰাকৈ ধৰিছিল আৰু কৈছিল

“নেৰানেপেৰাকৈ ধৰি কৈ আছিল” বা “ডাঙৰকৈ কৈছিল” (UDB)

সচাঁয়ে এই মানুহজন

“এই মানুহজন” বুলি কওঁতে পিতৰক বুজাইছিল। সেই কওঁতাজনে সম্ভৱ পিতৰৰ নাম জনা নাছিল।

তেওঁ এজন গালীলীয়া

মথ্ ২৬:৭৩ পদত কৈছে যে মানুহবিলাকে পিতৰৰ কথা কোৱাৰ ধৰণৰ পৰা কব পাৰিছিল যে পিতৰ গালীলৰ পৰা আহিছে।

তুমি কি কৈছা মই জনাই নাই

এই বাক্যাংশটো সাধাৰণতে বৰ কাঢ়াকৈ কব লাগে “তুমি যি কৈছা সেইবোৰ একেবাৰে সচাঁ নহয়” বা “ তুমি যি কৈছা সেইবোৰ একেবাৰে মিছা।” (বাক্যাংশ চাওক)

যেতিয়া তেওঁ কথা কৈ আছিল

“যেতিয়া পিতৰে কথা কৈ আছিল”

Luke 22:61-62

প্ৰভুৰ বাক্য

“যীচুৰ কথাবোৰ” বা “যীচুৱে যি কৈছিল”

আজি – যীচুৱে আগদিনাৰ সন্ধিয়া দোকমুকালি আগে আগে কি কি ঘটিব বা ধলপুৱাতে কি কি ঘটিব সেইটো কৈছিল। সেয়ে এইটো “আজি ৰাতি” বুলিও অনুবাদ কৰিব পাৰি।

Luke 22:63-65

তেওঁক চকু বান্ধাৰ পাছত

“সিহঁতে তেওঁৰ চকু বান্ধাৰ পাছত যাতে তেওঁ দেখা পাব নোৱাৰে”

ভাববাণী কোৱা! কোনে তোমাক মাৰিলে ?

যীচু যে এজন ভাববাদী আছিল সেইটো সেই প্ৰহৰীবিলাকে বিশ্বাস কৰা নাছিল। বৰং সিহঁতে এইটো বিশ্বাস কৰিছিল যে এজন প্ৰকৃত ভাববাদীয়ে যদিও তেওঁ দেখা নাপায় কোনে তেওঁক মাৰিব সেইটো জানিব। সিহঁতে যীচুক এজন ভাববাদী বুলি মাতিছিল, কিন্তু সিহঁতে এইটো দেখুৱাব বিচাৰিছিল যে তেওঁ এজন ভাববাদী নহয়। বিকল্প আনুবাদঃ “তুমি যে এজন ভাববাদী প্ৰমাণ কৰা। কোনে তোমাক মাৰিব তাক আমাক কোৱা” বা “হেৰা ভাববাদী, কোনে তোমাক মাৰিলে ?” (ব্যঙ্গোক্তি চাওক)

ভাববাণী ! – “ঈশ্বৰৰ পৰা বাক্য কোৱা!” এই প্ৰায়োগিক তথ্যটো হৈছে যে যিহেতু যীচুক চকু বান্ধি থোৱা আছে আৰু তেওঁ দেখা পাব নোৱাৰে কোনে তেওঁ মাৰিব সেইটো ঈশ্বৰে যীচুক কৈ দিব। (স্পষ্টতা আৰু সৰলতা চাওক)

Luke 22:66-68

সিহঁতে তেওঁক মহাসভালৈ লৈ গ’ল

সাম্ভাব্য অৰ্থবোৰ হৈছে ১) “সেই বৃদ্ধসকলে যীচুক মহাসভালৈ লৈ গ’ল” ২) “প্ৰহৰী বিলাকে যীচুক বৃদ্ধসকলৰ মহা সভালৈ লৈ গ’ল।“ কিছুমান ভাষাত “সিহঁত” এই সৰ্ব্বনাম ব্যৱহাৰ কৰি কোনে লৈ গ’ল সেইটো কবলৈ এৰাই চলে (ULB) বা নিস্ক্ৰিয় ক্ৰিয়া ব্যৱহাৰ কৰিঃ “যীচুক মহাসভালৈ লৈ গ’ল।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

কৈছিল

“বৃদ্ধসকলে যীচুক কৈছিল”

আমাক কোৱা

“তুমিয়েই যে খ্ৰীষ্ট তাক আমাক কোৱা”

যদি মই তোমালোকক কওঁ, তোমালোকে বিশ্বাস নকৰিবা

এইটো হৈছে যীচুৱে দ্বাৰা কোৱা সঠিক প্ৰমাণবিহীন পৰিস্থিতিৰ উল্লেখিত বাক্য দুটাৰ প্ৰথমটো। সিহঁতক কোনো কাৰণ নিদিয়াকৈ তেওঁ যে ঈশ্বৰ নিন্দা কৰাৰ দোষত দোষী নহয় তাৰ প্ৰত্যুত্তৰ দিয়াৰ উপায়েৰে যীচুৱে এইদৰে কৈছিল। আচলতে এই কাৰ্য্যটো যে ঘটা নাই তাক দেখুৱাবলৈ আপোনাৰ ভাষাত হয়তু কিবা উপায় থাকিব পাৰে। (সঠিক প্ৰমাণবিহীন পৰিস্থিতিবোৰ চাওক)

যদি মই সোধো, তোমালোকে উত্তৰ নিদিবা

এইটো হৈছে দ্বিতীয়টো সঠিক প্ৰমাণবিহীন পৰিস্থিতিৰ উল্লেখ।

যদি মই কওঁ... যদি মই সোধো

যীচুৱে এইটো কৈছে যে তেওঁ তেওঁলোকক কওক বা সোধক, তেওঁলোকে শুদ্ধকৈ প্ৰত্যুত্তৰ নিদিব সেয়ে এইটোত কোনো কথা নাই। এই দুয়োটা বাক্যাংশই একেলগে যীচুৰ দৃষ্টিভঙ্গী প্ৰকাশ কৰে যে মহাসভাই আচলতে সত্য়তাটো বিচাৰি থকা নাই।

Luke 22:69-71

(যীচুৱে মহাসভাৰ বৃদ্ধসকলক একেৰাহে কথা কৈ আছে।)

এতিয়াৰ পৰা

“আজিৰ পৰা” বা “আজিৰ পৰা আৰম্ভ কৰি”

মানুহৰ পুত্ৰ

যীচুৱে এই বাক্যাংশটো ব্যৱহাৰ কৰি খ্ৰীষ্টক বুজাইছে। তেওঁ এইটোকেই কৈছে যে, তেওঁ নিজৰ বিষয়েই কৈছে, কিন্তু বৃদ্ধসকলে সুধিব লাগিছিল যদি সেইটো হয় তেওঁ আচলতে কি কৈছিল।

ঈশ্বৰৰ পৰাক্ৰমৰ সোঁহোতে বহি থাকিব

যিহুদীবিলাকে বুজিছিল যে সেই ঠাইত কোনেও বহিব নোৱাৰে। সিহঁতে এইটোক “ঈশ্বৰৰ সৈতে ঈশ্বৰ হোৱাটো” সমান বুলি বিবেচনা কৰে।

ঈশ্বৰৰ পৰাক্ৰম

“সৰ্ব্বশক্তিমান ঈশ্বৰজনা।” ইয়াত “পৰাক্ৰম” শব্দটোৱে তেওঁৰ সৰ্ব্বোচ্চ ক্ষমতা বুজাইছে।

তেন্তে তুমি ঈশ্বৰৰ পুত্ৰ হয় নে? – মহাসভাই এই প্ৰশ্নটো সুধিছিল কাৰণ সিহঁতৰ বোধগম্যতা স্পষ্টকৈ নিশ্চিত কৰিব বিচাৰিছিল যে তেওঁ কৈ আছিল যে তেওঁ ঈশ্বৰৰ পুত্ৰ। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “সেয়ে যেতিয়া তুমি সেইটো কৈছিলা, তুমি এইটো অৰ্থ বুজাইছা নেকি যে তুমি ঈশ্বৰৰ পুত্ৰ হয়?” (স্পষ্টতা আৰু সৰলতা চাওক)

তোমালোকে কোৱা যে মই হওঁ

“হয়, তোমালোকে কোৱাৰ দৰে” (UDB)

আমাক এতিয়াও সাক্ষী লাগেনে ?

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। ইয়াৰ অৰ্থ হৈছে “আমাক আৰু অধিক সাক্ষীৰ দৰকাৰ নাই!” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

তেওঁৰ নিজৰ মুখৰ পৰা

এই বাক্যাংশটোৱে ব্যক্তিজনক বুজাবলৈ শৰীৰ অংশটো (মুখখন) ব্যৱহাৰ কৰিছে। এইটোৰ অৰ্থটো হৈছে “পোনে পোনে তেওঁৰ পৰা।” এইটোৱে আচল কথাটো জোৰ দিয়ে যে তেওঁলোকে যি কথাবোৰত তেওঁক দোষ ধৰিছিল যীচুৱে নিজেই সেইবোৰ কৈছিল। (উপলক্ষণ চাওক)

Luke 23

Luke 23:1-2

তেওঁলোকৰ গোটেই লোকবিলাকে

“যিহুদীবিলাকৰ সকলো নেতাই ”

উঠিল

“থিয় হৈছিল” বা “ সিহঁতৰ ভৰিত বৰ দি থিয় হ’ল”

পীলাত আগত

“ পীলাতৰ সন্মূখত।” এই কথাটো এইদৰে অনুবাদ কৰিব পাৰি যেনে “পীলাতৰ ফাললৈ মুখ কৰি থিয় হ’ল”

আমাৰ জাতিক বিপথে নি আছে

“আমাৰ মানুহ বিলাকক মিছা কথা কৈ সমস্যাৰ সৃষ্টি কৰিছে” (UDB)

কৰ

কাটল দিবলৈ নিষেধ কৰি আছে

“সিহঁতক কৰ দিব নালাগে বুলি কৈছে” (UDB)

Luke 23:3-5

পীলাতে তেওঁক সুধিছিল

“পীলাতে যীচুক সুধিছিল”

তুমি সেইদৰেই কৈছা

এই বাক্যাংশটোৰ অৰ্থ হৈছে “তুমি যি কৈছা সেই শুদ্ধ।” (বাক্যাংশ চওক)। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তুমি মোক সোধাৰ দৰে এইটো ঠিক তেনেকুৱাই” (UDB).

লোকবিলাক

“ভীৰৰ মানুহবিলাক”

এই মানুহজনত মই একো দোষ নাপাওঁ

“এই মানুহজনত একো ভুল মই পোৱা নাই”

হুৰামুৰা লগা

“মাজত সমস্যাৰ কাৰণ হৈছিল”

গালীলৰ পৰা আৰম্ভ কৰি আনকি এই ঠাইলৈকে

“সি গালীলত সমস্যা আৰম্ভ কৰিছিল আৰু এতিয়া ইয়াতো সমস্যাৰ কাৰণ হৈছে।”

Luke 23:6-7

এইটো শুনক

“শুনিছিল যে যীচুৱে গালীলত শিক্ষা দিবলৈ আৰম্ভ কৰিছিল”

যদিহে

“যদি”

এই মানুহজন

এইটোৱে যীচুক বুজাইছে।

তেওঁ আবিষ্কাৰ কৰিলে/(জানিব পাৰিলে) – “পীলাতে জানিব পাৰিলে”

তেওঁ হেৰোডৰ এলেকাৰ আছিল – এই শাস্ত্ৰাংশই হেৰোড যে গালীলৰ শাসনকৰ্ত্তা আছিল সেইটো কথা প্ৰায়োগিকভাবে আচল সত্য নহয়। এই তথ্যটো আপুনি স্পষ্ট কৰিব পাৰেঃ “যীচু হেৰোডৰ অধিকাৰত আছিল কাৰণ হেৰোডে গালীলত শাসন কৰিছিল। (স্পষ্টতা আৰু সৰলতাৰ তথ্য চাওক)

তেওঁ পঠিয়াই দিছিল

“পীলাতে পঠিয়াই দিছিল”

যিজনে নিজেই

এইটোৱে হেৰোডক বুজাইছে।

সেই কালত – এইটো এনেকৈ অনুবাদ কৰিব পাৰি “নিস্তাৰ পৰ্ব্্ৰ সময়ত।”

Luke 23:8-10

তেওঁ অতি আনন্দিত হ’ল

“হেৰোড অতি আনন্দিত হৈছিল”

তেওঁ তেওঁক চাব বিচাৰিছিল

“হেৰোডে যীচুক চাব বিচাৰিছিল”

তেওঁ তেওঁৰ বিষয়ে শুনিছিল

“হেৰোডে যীচুৰ বিষয়ে শুনিছিল”

তেওঁ আশা কৰিছিল

“ হেৰোডে আশা কৰিছিল”

তেওঁৰ দ্বাৰা কৰা কিছুমান আচৰিত কাৰ্য্য চাব

এইটো এনেকৈ সক্ৰিয় বাচ্যত উল্লেখ কৰিব পাৰি যেনে “তেওঁৰ দ্বাৰা সম্পন্ন কৰা কেইটামান আচৰিত কাৰ্য্য তেওঁ চাব বিচাৰিছিল” (UDB)। (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তেওঁক একো উত্তৰ দিয়া নাছিল

“উত্তৰ দিয়া নাছিল”(UDB) বা “হেৰোডক এটাও উত্তৰ দিয়া নাছিল”

থিয় হৈছিল

“তাত থিয় হৈ আছিল”

অতি বেয়াকৈ তেওঁ দোষ দি আছিল

“অতি কঠিনকৈ যীচুক দোষ দি আছিল” বা “বেয়া উপাধিৰে তেওঁক দোষ দি আছিল”

Luke 23:11-12

তেওঁক সুন্দৰ বস্ত্ৰেৰে বস্ত্ৰান্বিত কৰিছিল

এই অনুবাদটোৱে এইটো নুবুজায় যে এইটো তেওঁৰ সন্মানৰ বাবে বা যীচুক আদৰ কৰাৰ বাবে কৰিছিল। যীচুক ঠাট্টা কৰিবলৈ আৰু তেওঁক ইতিকিং কৰিবলৈ সিহঁতে এইটো কৰিছিল।

আৰু হেৰোড আৰু পীলাত সেই দিনাই পৰস্পৰ দুয়ো বন্ধু হৈছিল

এই প্ৰায়োগিক তথ্যটো হৈছে তেওঁলোক দুয়ো বন্ধু হৈছিল কাৰণ যীচুক বিচাৰ কৰিবলৈ দিয়াৰ বাবে হেৰোডে পীলাতক প্ৰশংসা কৰিছিল। এইটো আপুনি স্পষ্ট কৰিব পাৰেঃ “আৰু হেৰোড আৰু পীলাত দুয়ো সেই দিনাই পৰস্পৰ বন্ধু হৈছিল কাৰণ পীলাতে যীচুক বিচাৰ কৰিবৰ বাবে হেৰোডৰ ওচৰলৈ পঠিয়াই দিছিল।” (স্পষ্টতা আৰু সৰলতা চাওক)

আগতে

“সেই দিনাখনৰ আগতে”

Luke 23:13-14

প্ৰধান পুৰোহিত আৰু শাসনকৰ্ত্তাসকল আৰু ভীৰৰ মানুহবিলাকক একেলগে মাতিছিল

“প্ৰধান পুৰোহিত আৰু শাসনকৰ্ত্তাসকলক আৰু ভীৰৰ মানুহবিলাকক একেলগে গোট খাবলৈ মাতিছিল”

মই, তোমালোকৰ আগতে তাক প্ৰশ্ন কৰিছিলো

“তোমালোকৰ উপস্থিতিতেই মই তাক প্ৰশ্ন কৰিছিলো।” এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “মই যীচুক ইয়াত তোমালোকৰ সৈতে সাক্ষাতেই প্ৰশ্ন কৰিছিলো”

মই কোনো দোষ নাপাওঁ

“সি যে দোষী মই সেইটো নাভাবো” (UDB)

Luke 23:15-17

নাই, হেৰোডেও নাপালে – “আনকি হেৰোডেও নাভাবে যে তেওঁ দোষী” (UDB)

কিয়নো

“কাৰণ” বা “আমি এইটো জানো কাৰণ”

তেওঁ তাক আমাৰ ইয়ালৈ ঘুৰাই পঠিয়ালে

“হেৰোডে যীচুক আমাৰ ওচৰলৈ ঘুৰাই পঠিয়াই দিলে।” ইয়াত এই “আমাক” শব্দটো বৰ্হিভুক্তঃ “এইটো পীলাত আৰু তেওঁৰ সৈন্য

সামন্তবিলাকক বুজাইছে, পুৰোহিতবিলাক আৰু অধ্যাপকবিলাক আৰু যিবিলাক যীচুৰ লগত হেৰোডৰ ওচৰলৈ গৈছিল সেইবোৰ নহয়, নাইবা ভীৰৰ মানুহবিলাকো নহয়।”

মৃত্যু দণ্ডৰ যোগ্য কোনো অপৰাধ তেওঁৰ দ্বাৰা কৰা হোৱা নাই

এইটো এক সক্ৰিয় বাচ্য ৰূপত অনুবাদ কৰিব পাৰি যেনেঃ “মৃত্যু দণ্ডৰ আদেশৰ যোগ্য একো সি কৰা নাই।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

মই সেই কাৰণে তাক শাস্তি দিম

কাৰণ পীলাতে যীচুত কোনো দোষ নাপালে তেওঁ তেওঁক একো শাস্তি নিদিয়াকৈ মুকলি কৰি দিব লাগিছিল। এই অনুবাদটোত এইটো যুক্তিগত ভাবে এই বাক্যটো যোগ কৰাৰ আৱশ্যকতা নাই। পীলাতে যীচুক শাস্তি দিছিল, যাক তেওঁ নিৰ্দোষী বুলি জানিছিল, কাৰণ তেওঁ ভীৰৰ মানুহবিলাকৈ ভয় কৰিছিল।

এতিয়া

এই কথাটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “পীলাতে এইটো কৈছিল কাৰণ” (UDB)।

এজন কাৰাবন্দীক মুকলি কৰি দিবলৈ তেওঁৰ দায়িত্ব আছিল

ৰাজনৈতিক দস্তুৰৰ দ্বাৰা পীলাতৰ এইটো কৰিবলৈ প্ৰয়োজন আছিল। এই প্ৰায়োগিক তথ্যটো স্পষ্টকৈ উল্লেখ কৰিব পাৰিঃ “ তেওঁলোকলৈ এজন কাৰাবন্দীক মুকলি কৰি দিবলৈ তেওঁলোকৰ দস্তুৰৰ দ্বাৰা তেওঁ বাধ্যতাত আছিল।” (স্পষ্টতা আৰু সৰলতা তথ্য চাওক)

Luke 23:18-19

সিহঁত সকলোৱে একেলগে আটাহ পাৰিছিল

“ভীৰৰ সকলো মানুহেই চিঞঁৰি উঠিছিল”

এই মানুহজনক দুৰ কৰক

“যাতে এই মানুহজন দুৰ কৰক!” এইটোৰ দ্বাৰা, ভীৰৰ মানুহবিলাকে এই অৰ্থ কৰিছিল যেঃ “এই মানুহজনক দুৰ কৰক আৰু তাক দণ্ড দিয়ক।” (স্পষ্টতা আৰু সৰলতা চাওক)

কিয়নো

“এইটোত তাৰ জড়িত হোৱাৰ কাৰণে ” বা “সি কৰা অপৰাধৰ কাৰণে”

এক নিশ্চিত বিদ্ৰোহ

“ৰোমীয়া চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ মানুহবিলাকক পতিয়ণ নিয়াবলৈ চেষ্টা কৰিছিল” (UDB)

Luke 23:20-22

সিহঁতে আকৌ সম্বোধন কৰিছিল

“সিহঁতক আকৌ কৈছিল” বা “ভীৰৰ মানুহবিলাকক আকৌ কৈছিল”

যীচুক মুকলি কৰি দিবলৈ ইচ্ছা কৰিছিল

“কাৰণ তেওঁ যীচুক মুকলি কৰি দিবলৈ বিচাৰিছিল”

তেওঁ সিহঁতক তৃতীয়বাৰৰ বাবে কৈছিল

“পীলাতে ভীৰৰ মানুহবিলাকক আকৌ কৈছিল, এইটো তৃতীয় বাৰৰ বাবে”

Luke 23:23-25

সিহঁতে নেৰানেপেৰাকৈ লাগি আছিল

“ভীৰৰ মানুহবিলাক অবিৰতভাবে লাগি আছিল”

অতি বৰ মাতেৰে

“চিঞঁৰি আছিল”

তেওঁৰ বাৰে ক্ৰূচবিদ্ধ কৰিবলৈ

“যে যীচু ক্ৰূচবিদ্ধ কৰিবলৈ”

সিহঁতৰ চিঞঁৰবোৰ

“ভীৰৰ মানুহবিলাকৰ দ্বাৰা চিঞঁৰা মাতবোৰ”

সিহঁতৰ দাবী মানি লবলৈ

“ভীৰৰ মানুহবিলাকে কৰা অনুৰোধ মানিবলৈ”(UDB)

সিহঁতে বিচৰা জনকেই তেওঁ মুকলি কৰি দিছিল

“ভীৰৰ মানুহবিলাকে যিজনক বিচাৰিছিল সেই বাৰাব্বাকেই পীলাতে মুকলি কৰি দিছিল”

তেওঁ যীচুক সিহঁতৰ ইচ্ছাত শোধাই দিছিল

“ভীৰৰ মানুহবিলাকে যীচুক যি কৰিবলৈ বিচাৰে পীলাতে তাকেই কৰিবলৈ এৰি দিছিল” বা “ পীলাতে যীচুক ভীৰৰ মানুহবিলাকৰ হাতত শোধাই দিছিল আৰু সিহঁতে যীচুক যি কৰিবলৈ বিচাৰিছিল তাকেই কৰিবলৈ এৰি দিছিল”

Luke 23:26

সিহঁতে তেওঁক আতৰাই নিওঁতে

“পীলাত য’ত আছিল তাৰ পৰা যেতিয়া সৈন্যবিলাকে যীচুক আতৰাই লৈ গেছিল”

কুৰিণীয়াৰ চিমোনক ধৰিছিল

মানুহবিলাকৰ নিজা বোজাটো বাধ্যতাৰে কঢ়িয়াই নিয়াবলৈ ৰোমীয়া সৈন্যবিলাকৰ ক্ষমতা আছিল। এইটো এনেকৈ অনুবাদ নকৰিব যিটোৱে দেখুৱাই যে চিমোনে কিবা ভুল কৰাৰ কাৰণে তাক বন্দী কৰা হৈছিল বা কিবা এটা ভুল কৰিছিল।

এজন

“এজন মানুহ নামটো ”

গাঁৱৰ ভিতৰৰ পৰা আহি আছিল

“তেওঁ গাঁৱৰ ফালৰ পৰা যিৰূচালেমলৈ আহি আছিল” (UDB)।

তেওঁৰ ওপৰত ক্ৰূচডাল দিছিল

“ক্ৰূচডাল তেওঁৰ কান্ধত দিছিল”

Luke 23:27-28

তেওঁৰ বাবে শোক কৰিছিল

“যীচুৰ বাবে শোক কৰিছিল”

তেওঁৰ পাছে পাছে আহি আছিল

“যীচুৰ পাছে পাছে আহি আছিল”

যিৰূচালেমৰ জীয়াৰীবিলাক

“তোমালোক মহিলাসকল যিসকল যিৰূচালেমৰ পৰা আহিছা”

মোৰ বাবে কান্দা

“মোৰ পৰিস্থিতিৰ বিষয়ে কান্দা”

কিন্তু তোমালোকৰ বাবে আৰু তোমালোকৰ সন্তানবিলাৰ বাবে কান্দা

“তাৰ পৰিৱৰ্ত্তে তোমালোকৰ আৰু তোমালোকৰ সন্তানবিলাকৰ যে কি ঘটিব তাৰ বাবে কান্দা ” (UDB)

Luke 23:29-31

যিটোত সিহঁতে কব

“যেতিয়া মানুহবিলাকে কব”

সেই বাঁজী

“মহিলাসকল যিয়ে সন্তান জন্ম দিয়া নাই”

তেতিয়া

“সেই সময়ত”

পৰ্ব্বতবোৰলৈ

“সিহঁতে পৰ্ব্বতবোৰক কব”

কিয়নো যদি সিহঁতে এইবোৰ কৰ্ম্ম যেতিয়া সেউজীয়া গছবোৰকে কৰে শুকান কাঠক কি কৰা হব?

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন।(অলঙ্কাৰীক প্ৰশ্ন চাওক)। এইটো এটা উল্লেখিত বাক্য ৰূপত অনুবাদ কৰিব পাৰিঃ “তুমি এইটো দেখিবা যে সিহঁতে এই বেয়া কৰ্ম্মবোৰ গছজোপা সেউজীয়া হৈ থাকোঁতেই কৰিছে, সেয়ে তুমি এইটো নিশ্চিত হোৱা যে যেতিয়া গছজোপা শুকান হব সিহঁতে অতি বেয়া কৰ্ম্ম কৰিব।” অৰ্থটো হৈছে “এতিয়া এই ভাল সময় হৈ থাকোঁতেই সিহঁতে এই বেয়া কৰ্ম্মবোৰ কৰিছে, সেয়ে তুমি এইটো নিশ্চিত হোৱা যে যেতিয়া বেয়া সময় হব ভবিষ্যতে অতি বেয়া কৰ্ম্মবোৰ কৰিব।”

গছজোপা সেউজীয়া

সেউজীয়া গছ হৈছে বৰ্ত্তমান কালত কিবা এটা ভালৰ বাবে এটা উপমা। যদি আপোনাৰ ভাষাত এইটোৰ বাবে একে উপমা আছে আপুনি ইয়াত ব্যৱহাৰ কৰিব পাৰে। (উপমা চাওক)

এইজোপা শুকান

শুকান কাঠ হৈছে ভবিষ্যতে কিবা এটা বেয়া হোৱাৰ বাবে এটি উপমা।

সিহঁতে

এইটো হয়তু ৰোমীয়া সৈন্যবিলাক বা যিহুদী নেতাবিলাক বা বিশেষকৈ কোনো এজনকো বুজোৱা নাই।

Luke 23:32

আন মানুহকেইজন, দুজন অপৰাধী

“আন দুজন মানুহ যিকেইজন অপৰাধী আছিল” (UDB)

তেওঁৰ সৈতে আতৰাই লৈ যোৱা হৈছিল

“যীচুৰ সৈতে আতৰাই লৈ যোৱা হৈছিল” বা “সৈন্যবিলাকে যীচুৰ সৈতে আন দুজন মানুহকো আতৰাই লৈ গৈছিল যিকেইজন অপৰাধী আছিল”

মৃত্যুদণ্ড দিবলৈ

“সিহঁতকো বধ কৰিবলৈ” বা “সিহঁতকো মৃত্যুদণ্ড দিবলৈ”

Luke 23:33-34

যেতিয়া সিহঁত আহিছিল

এই “সিহঁত” শব্দটোৱে সৈন্য

সামন্ত, অপৰাধীকেইজন আৰু যীচুক বুজাইছে।

সিহঁতে তেওঁক ক্ৰূচত দিছিল

“সৈন্যবিলাকে যীচুক ক্ৰূচত দিছিল”

এজনক সোঁফালে

“অপৰাধীবিলাকৰ এজনক ক্ৰূচত দিছিল যিটো যীচুৰ সোঁফালে অৱস্থিত আছিল”

আনজনক বাওঁফালে

আনজনক ক্ৰূচবিদ্ধ কৰিছিল যিটো যীচুৰ বাওঁফালে অৱস্থিত আছিল”

এওঁলোকক ক্ষমা কৰা

এই “এওঁলোক” শব্দই সেইসকলক বুজাইছে যিবিলাকে যীচুক ক্ৰূচত দিছিল।

কিয়নো সিহঁতে কি কৰিছে তাক নাজানে

“কাৰণ সিহঁতে কি কৰি আছে তাক বুজি পোৱা নাই।” এই সৈন্যবিলাকে বুজি পোৱা নাছিল যে সিহঁতে ঈশ্বৰৰ পুত্ৰক ক্ৰূচত দি আছে। এই কথাটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “কিয়নো সিহঁতে আচলতে জনা নাই কাক সিহঁতে এইটো কৰি আছে।”

সিহঁতে চিঠি খেলাইছিল

সৈন্যবিলাকে একপ্ৰকাৰৰ জুৱা খেলত অংশ লৈছিল। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “সিহঁতে জুৱা খেলিছিল।”

তেওঁৰ পিন্ধা কাপোৰ ভাগ

বাঁটি লৈছিল

“যীচুৱে পিন্ধা প্ৰতি টুকুৰা কাপোৰ কোনে ঘৰলৈ লৈ সিহঁতৰ মাজত থিৰাং কৰা হৈছিল”

Luke 23:35

থিয় হৈছিল

“তাত থিয় হৈ আছিল”

তেওঁক

এইটোৱে যীচুক বুজাইছে।

তেওঁ নিজকে ৰক্ষা কৰক

“যীচুৱে নিজকে ৰক্ষা কৰিবলৈ সমৰ্থ হওক” বা “তেওঁনো কোন যিজনে ক্ৰূচৰ পৰা নিজকে ৰক্ষা কৰাৰ দ্বাৰা তেওঁ নিজকে প্ৰমাণ কৰক”

মনোনীতজনা

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “যিজনাক ঈশ্বৰে মনোনীত কৰিছে”

Luke 23:36-38

তেওঁক

“যীচু”

তেওঁৰ ওচৰ চাপিৰ আহিছিল

“যীচুৰ একেবাৰে ওচৰলৈ আহিছিল”

তেওঁক চিৰকা যাচিছিল

“যীচুক পান কৰিবলৈ চিৰকা যাচিছিল।” বাইবেলৰ বহুতো ছাত্ৰই বিশ্বাস কৰে যে সৈন্যবিলাকে তেওঁক ঠাট্টা কৰিবলৈ এইটো কৰিছিলঃ সিহঁতে জানিছিল যে তেওঁৰ পিয়াহ লাগিছে, সেয়ে সিহঁতে তেওঁৰ ওঁঠৰ ওচৰলৈ চিৰকা নিছিল কিন্তু তেওঁক পান কৰিবলৈ দিয়া নাছিল।

তেওঁৰ ওপৰত এখন ফলক

“যীচুৰ মুৰৰ ওপৰত এখন নাম ফলক আৰি দিয়া হৈছিল যি খনত লিখা আছিল”

Luke 23:39-41

তেওঁক ঠাট্টা কৰিছিল

“যীচুকঠাট্টা কৰিছিল”

তুমি খ্ৰীষ্ট নোহোৱা নে?

এই প্ৰশ্নটো তথ্য জনাৰ উদ্দেশ্য নাছিল কিন্তু সন্দেহ প্ৰকাশ কৰিবলৈ যে যীচুৱেই প্ৰকৃততে খ্ৰীষ্ট হয়নে।“ (অলঙ্কাৰীক প্ৰশ্ন চাওক)

আনজনে উত্তৰ দিছিল

“আনজন অপৰাধীয়ে উত্তৰ দিছিল”

আৰু তাক গালি দি কৈছিল

“আৰু সেই অপৰাধীজনক কথা কৈ গালি দিছিল”

তুমিও একে বাক্যতে আছা

“সেই একেই যোগ্য শাস্তিতেই তোমাক বিচাৰ কৰা হৈছে” (ক্ৰূচত মৃত্যু)

আমি ইয়াত উচিত শাস্তি পাইছো

“স্বৰূপকৈ আমি এই শাস্তিৰ যোগ্য”

এই মানুহজন

এই অপৰাধীজনে যীচুক বুজাবলৈ এইবোৰ শব্দ ব্যৱহাৰ কৰিছে।

Luke 23:42-43

সি আৰু যোগ কৰিছিল

“সেই অপৰাধীজনে আৰু কৈছিল”

আপোনাৰ ৰাজ্যলৈ আহিলে

“ৰজা স্বৰূপে শাসন কৰিলে” (UDB)

স্বৰূপকৈ মই তোমাক কওঁ

যীচুৱে যি কৈ আছে তাক জোৰ দিবলৈ “স্বৰূপকৈ” শব্দটো যোগ কৰা হৈছে। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তুমি এইটো জ্ঞাত হোৱাটো মই বিচাৰো যে”

পৰমদেশ

ধাৰ্ম্মিক মানুহ যেতিয়া মৰে সিহঁতে এই ঠাইলৈকে যায়। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “এখন সুখৰ ঠাই”, “ধাৰ্ম্মিকবিলাকৰ ঠাই” বা “এনে এখন ঠাই য’ত মানুহবিলাকে ভালদৰে থাকে।” যীচুৱে এই মানুহজনক এইটো নিশ্চয়তা দিছে যে সি ঈশ্বৰৰ লগত থাকিব আৰু ঈশ্বৰে তেওঁক গ্ৰহণ কৰিব।

Luke 23:44-45

এইটো সেই সময়ত প্ৰায় ষষ্ঠ প্ৰহৰৰ সময় হৈছিল

“যেতিয়া এইটো প্ৰায় দুপৰীয়াৰ সময় হৈছিল।” ৰাতি পুৱা ৬ বজাৰ পৰা এই প্ৰহৰৰ সময় হিচাপ কৰাৰ নিয়ম প্ৰতিফলন হৈছিল। (বাইবেলৰ সময় চাওক)

গোটেই দেশৰ ওপৰত অন্ধকাৰ বিয়পি গৈছিল

“গোটেই দেশখনতে আন্ধাৰ হৈছিল”

নবম প্ৰহৰলৈকে

“ৰাতিপুৱা ৩ বজালৈকে।” ৰাতি পুৱা ৬ বজাৰ পৰা এই প্ৰহৰৰ সময় হিচাপ কৰাৰ নিয়ম প্ৰতিফলন হৈছিল। (বাইবেলৰ সময় চাওক)

মন্দিৰৰ আঁৰ কাপোৰখন

“মন্দিৰৰ ভিতৰত থকা আঁৰ কাপোৰ”

মাজতে ফাটি গ’ল

“দুচিতা (দুভাগ) হবলৈ ফাটি গ’ল।” এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “ঈশ্বৰে মন্দিৰৰ আঁৰ কাপোৰ দুচিতা কৰি ফালি পেলালে।”

Luke 23:46-47

কান্দিছিল

“চিঞঁৰিছিল”

তোমাৰ হাতত মই মোৰ আত্মা অৰ্পণ কৰিলো

“মই মোৰ আত্মা তোমাৰ হাতত দিলোঁ।” এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “মই মোৰ আত্মা তোমাৰ হাতত দিলো, জানো যে তুমি এইটোৰ চোৱাচিতা কৰিবা।”

এইটোকে কৈ

“যীচুৱে এইটো কোৱাৰ পাছত”

তেওঁ মৰিল

“যীচু মৰিল”

কি কৰা হ’ল

“কি কি ঘটিছিল”

Luke 23:48-49

লোকবিলাকে

“ভীৰৰ মানুহবিলাকে”

দৃশ্য

“ঘটনা” বা “কি কি ঘটি আছিল”

যিবিলাকে একেলগে আহিছিল

“যিবিলাকে একেলগে গোট খাইছিল”

যিবোৰ কাৰ্য্য কৰা হ’ল

“কি কি ঘটিছিল”

ঘুৰি গ’ল

“তেওঁলোকৰ নিজৰ ঘৰলৈ উলটি গ’ল” (UDB)

সিহঁতৰ হিয়া ভুকুৱাই

এইটো এটা উপমা যিটোৰ অৰ্থ হৈছে “তেওঁলোক যে অতিশয় দুখিত হৈছে তাক দেখুৱালৈ নিজৰ বুকু ভুকুউৱা” (UDB). (উপমা চাওক)

তেওঁৰ চিনাকিবিলাক

“যিবিলাকে যীচুক জানিছিল” বা “যিবিলাকে যীচুক লগ পাইছিল”

তেওঁৰ পাছে পাছে আহিছিল

“ যীচুৰ পাছে পাছে আহিছিল”

অলপ আতৰত

“যীচুৰ পৰা কিছু নিলগত”

এইবোৰ ঘটনা

“কি ঘটিছিল”

Luke 23:50-51

চোৱা

এই “চোৱা” শব্দই কাহিনীটোত আমাক এটা নতুন দলৰ বিষয়ে সজাগ কৰি দিয়ে। আপোনাৰ ভাষাত এইটো কৰিবলৈ হয়তু কিবা উপায় থাকিব পাৰে। ইংৰাজীৰ ব্যৱহাৰ হৈছে “এজন মানুহ আছিল, যিজন আছিল...”

মহাসভাৰ অন্তৰ্ভুক্তসকল

“আৰু তেওঁ যিহুদীবিলাকৰ মহাসভাৰ সদস্য আছিল”

এজন সৎ আৰু ধাৰ্ম্মিক মানুহ আছিল

“তেওঁ এজন সৎ আৰু ধাৰ্ম্মিক মানুহ আছিল”

তেওঁলোকৰ সিদ্ধান্ত আৰু কাম

কাজত সহমত নাছিল

“যীচুক বধ কৰাৰ সিদ্ধান্ত আৰু মহাসভাৰ কাম

কাজত যোচেফে সহমত নাছিল”

আৰিমথিয়াৰ পৰা, এখন যিহুদী নগৰ

“যোচেফ আৰিমথিয়া নামৰ যিহুদীবিলাকৰ এখন নগৰৰ পৰা আহিছিল”

যিজনে অপেক্ষা কৰি আছিল

“যোচেফেঅপেক্ষা কৰি আছিল”

Luke 23:52-53

এই মানুহজন

“যোচেফ”

পীলাতৰৰ ওচৰলৈ গৈ, সুধিছিল

“পীলাতৰ ওচৰলৈ গৈছিল আৰু অনুৰোধ কৰিছিল”

তেওঁ এইটো নমালে

“যোচেফে যীচুৰ শৰীৰটো ক্ৰূচৰ পৰা নমালে”

এইটোক সুন্দৰ শণ সুতাৰ কাপোৰেৰে মেৰিয়াইছিল

“শৰীৰটোক সুন্দৰ শণ সুতাৰ কাপোৰেৰে মেৰিয়াইছিল”

তেওঁক এটা কবৰত শুৱাই থলে

“যীচুৰ শৰীৰটো এটা কবৰত শুৱাই থলে” বা “যীচুৰ শৰীৰটো কবৰ দিয়া এটা কোঠাত শুৱাই থলে”

সেইটো শিলত কটা আছিল

“এটা কবৰ যিটোক কোনোবাই শিলৰ গড়াত কাটি থৈছিল”

য’ত কোনেও কেতিয়াও কাকো শুৱাই যোৱা নাছিল

“সেই কবৰটোত কেতিয়াও কোনেও শৰীৰ শুৱাই থোৱা নাছিল” (UDB)

Luke 23:54-56

আয়োজনৰ দিন

“সেইটো দিন যেতিয়া মানুহবিলাকে বিশ্ৰামবাৰ বুলি কোৱা যিহুদী জিৰণী দিনলৈ যুগুত হয়” (UDB)

বিশ্ৰামবাৰ পালেহিয়েই

“বেলি ডুবিবৰ হৈছিল, বিশ্ৰামবাৰৰ আৰম্ভণী”(UDB)। এই দোকমুকালিটো ইয়াত দিনটোৰ আৰম্ভণীৰ উপমা হিচাপে আছে। যিহুদীবিলাকৰ বাবে, দিনৰ আৰম্ভণী সন্ধিয়াৰ সময়ত হয়। (উপমা চাওক)

যিজনে তেওঁৰ লগত গালীলৰ পৰা আহিছিল

“যিজনে যীচুৰ লগত গালীলৰ অঞ্চলৰ পৰা যাত্ৰা কৰি আহি আছিল”

পাছে পাছে গৈ আছিল

“যোচেফ আৰু যিবিলাক মানুহ তেওঁৰ লগত আছিল তেওঁৰ পিছে পিছে আহিছিল”

কবৰটো দেখিছিল

“মহিলাসকলে সেই কবৰটো দেখিছিল”

তেওঁৰ শৰীৰটো কেনেকৈ শুৱাই থৈছিল

“মানুহজনে যীচুৰ শৰীৰটো কবৰটোৰ ভিতৰত কেনেকৈ শুৱাই থৈছিল মহিলাসকলে সেইটো দেখিছিল”

তেওঁলোক ঘুৰি আহিছিল

“ সেই মহিলাসকল যিটো ঘৰত থাকিছিল তালৈ সেই মহিলাসকল ঘুৰি গৈছিল” (UDB)

সুগন্ধি দ্ৰব্য আৰু তেল যুগুত কৰিছিল

“যীচুৰ শৰীৰটো কবৰ দিয়াৰ বাবে সুগন্ধি দ্ৰব্য আৰু তেল যুগুত কৰিছিল”

তেওঁলোকে জিৰণী লৈছিল

“মহিলাসকলে কোনো কাম কৰা নাছিল”

বিদানৰ আদেশৰ দৰে

“যিহুদীবিলাকৰ বিধানৰ মতে” বা “মোচিৰ দ্বাৰা দিয়া বিধানৰ আদেশৰ দৰে”

Luke 24

Luke 24:1-3

সপ্তাহৰ প্ৰথমদিনা অতি ৰাতিপুৱাতেই

“দেওবাৰে ৰাতিপুৱা দোকমুকালিৰ আগতেই” (UDB)

আহিছিল

“উপস্থিত হৈছিল।” যদিও বৰ্ণনাকাৰীজন ইতিমধ্যে কবৰত আছিল এই ULB লিখা হৈছিল আৰু মহিলাসকল তাত উপস্থিত হোৱা দেখা পাইছিল। এই বৰ্ণনাকাৰীয়ে যদিও দেখিছিল মহিলাসকলে এক নামবিহীন ঠাইলৈ গুচি গৈছিল আৰু কবৰলৈ গৈছিল এইটো লিখা হৈছিল।

কবৰটো

এই কবৰটো শিলৰ এটা থিয় গড়াত কটা হৈছিল।

সেই শিলটো বগৰাই দিয়া হৈছিল

এটা ডাঙৰ, কটা, ঘুৰণীয়া শিল কবৰৰ প্ৰবেশ পথ সম্পুৰ্ণৰূপে বন্ধ কৰিবলৈ যথেষ্ট আছিল। এইটো বগৰাই দিবলৈ বহুতো মানুহৰ দৰকাৰ হৈছিল।

Luke 24:4-5

এইটো ঘটিছিল

এই বাক্যাংশটো কাহিনীটোত এটা গুৰুত্বপুৰ্ণ ঘটনাৰ চিন দিবলৈ ইয়াত ব্যৱহাৰ কৰা হৈছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ কিবা উপায় থাকিলে ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

উজ্জ্বল বস্ত্ৰেৰে

“উজ্জ্বল, জিলিকি থকা কাপোৰ পিন্ধিছিল” (UDB)

ভয়েৰে পুৰ্ণ হ’ল

“ভয় খাইছিল”

মৃতবিলাকৰ মাজত তোমালোকে জীৱিত জনাক কি বিচাৰিছা ?

এইটো অলঙ্কাৰীক প্ৰশ্ন। (অলঙ্কাৰীক প্ৰশ্ন চাওক) এইটোক এনেকৈ অনুবাদ কৰিব পাৰি যেনে “মৃত মানুহবিলাকৰ তোমালোকে জীৱিত জনাক কিয় বিচাৰি আছা” বা “য’ত সিহঁতে মৰা মানুহবিলাকক কবৰ দিয়ে, তোমালোকে কোনোবা এজনক এই ঠাইত কিয় বিচাৰি আছা যিজন এঠাইত জীয়াই আছে!”(UDB).

তোমালোকে কিয় বিচাৰিছা

ইয়াত “তোমালোক” শব্দটো বহুবচন, যিসকল মহিলা আহিছিল তেওঁলোকক বুজাইছে। (তুমি শব্দৰ ৰূপ চাওক)

Luke 24:6-7

(সেই স্বৰ্গদূতজনে মহিলাসকলক একেৰাহেকথা কৈ আছে।)

মন পেলোৱা কেনেকৈ

“মনত পেলোৱা কি”

তেওঁ তোমালোকক কৈছিল

যীচুৱে এইটো কমেও এসপ্তাহৰ আগতে কৈছিল।

তোমালোকক

এই “তোমালোক” শব্দটো বহুবচন। এইটো সেই মহিলাসকলক আৰু আন আন শিষ্যবিলাকক বুজাইছে। (তুমি শব্দৰ ৰূপ চাওক)

যে মানুহৰ পুত্ৰ

এইটো হৈছে আওপকীয়া উল্লেখৰ আৰম্ভণী। এইটো এনেকৈ UDBত পোনে পোনে উল্লেখ কৰিব পাৰি। (বাক্যৰ উল্লেখ চাওক)

মানুহৰ পুত্ৰই নিশ্চয়ে

“মানুহৰ পুত্ৰ বাবে এইটো আৱশ্যকীয় আছিল।” এইটো কিবা এটা নিশ্চয়কৈ ঘটিছিল কাৰণ ঈশ্বৰে এইটো ঘটিব বুলি ইতিমধ্যে থিৰাং কৰি থৈছিল।

তেওঁলোকৰ হাতত শোধাই দিয়া হব

“হাতত শোধাই দিব” বা “দি দিয়া হব।” এই বাক্যটো এটা সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি যেনে “সিহঁতে, মোক, মানুহৰ পুত্ৰক, পাপী মানুহৰ হাতত শোধাই দিব ” (UDB) বা “কোনোবা এজনে নিশ্চয়কৈ মানুহৰ পুত্ৰক পাপী মানুহৰ হাতত ধৰাই দিয়াব। (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

Luke 24:8-10

তেওঁৰ বাক্যবোৰ মনত ৰাখিছিল

“যীচুৰ বাক্যবোৰ মনত ৰাখিছিল”

কবৰৰ পৰা ঘুৰি আহিছিল

বৰ্ণনাকাৰীজনৰ নিৰীক্ষণ কৰা মুল কথাটো হৈছে কবৰৰ আৰু পাঁচনিবিলাকৰ মাজৰ পথৰ পৰা (ULB)। এই UDBৰ নিৰীক্ষণ হৈছে কবৰত, মহিলাসকলে যে কবৰ এৰি আহিছিল সেইটো টোকা কৰা। এই দুয়োটা ক্ষেত্ৰতে মহিলাসকলে কবৰটো এৰি গৈছিল আৰু পাঁচনিবিলাক য‘ত আছিল তালৈ গৈছিল।

বাকী সকলোবিলাকেই

“বাকী সকলো শিষ্যই সেই এঘাৰজন পাঁচনিৰ লগত আছিল”

Luke 24:11-12

কিন্তু এই বাৰ্ত্তাটো পাঁচনিবিলাকৰ বাবে গল্প কথাৰ নিচিনা যেন লাগিছিল

“কিন্তু পাঁচনিবিলাকে ভাবিছিল যে মহিলাসকলে যি কৈ আছিল সেইবোৰ মুৰ্খতাৰ কথা”

উঠিছিল

এই ইব্ৰী বাক্যাংশটোৰ অৰ্থ হৈছে “কাৰ্য্য কৰিবলৈ আৰম্ভ কৰা।” পিতৰ বহি আছিল বা থিয় হৈ আছিল কেতিয়া তেওঁ কাৰ্য্য কৰিবলৈ থিৰাং কৰিছিল সেইটো গুৰুত্বপুৰ্ণ নহয়। এইটো এনেকৈয়ো অনুবাদ কৰিব পাৰি যেনে “কৰিবলৈ আৰম্ভ কৰিছিল।” (বাক্যাংশ চাওক)

জুমি চোৱা

কবৰৰ ভিতৰখন চাবৰ বাবে “হলি যোৱা”

শণ সুতাৰ কাপোৰবোৰ নিজেই

“কেৱল শণ সুতাৰ কাপোৰবোৰ”

Luke 24:13-14

চোৱা

সেই মহিলা গৰাকী আৰু পিতৰ জড়িত হোৱা ঘটনাটোৰ পৰা এইটো এটা বেলেগ ঘটনাৰ আৰম্ভণীৰ চিন।

সেই দিনাখনেই

“সেই একেদিনাই” (UDB)

ষাঠি ষ্টেডিয়া

“এঘাৰ কিলোমিটাৰ।” এক ষ্টেডিয়াম ১৮৫ মিটাৰ আছিল। (বাইবেলৰ দুৰত্ব চাওক)

Luke 24:15-16

এইটো ঘটিছিল যে

এইটো বাক্যাংশ য’ত কাৰ্য্য আৰম্ভ হৈছে তাৰ চিন দিবলৈ ইয়াত ব্যৱহাৰ কৰা হৈছে। যীচুৱে তেওঁলোকৰ ওচৰ চাপি অহাৰ পৰা এইটো আৰম্ভ হৈছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ যদি কিবা উপায় আছে, আপুনি ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

যীচুৱে নিজেই

এই “নিজেই” শব্দই যীচুক আৰু সিহঁতক যীচুৱে দৰ্শন দিয়াৰ আশ্চৰ্য্যতা লক্ষ্য কৰিছে। এতিয়ালৈকে মহিলাসকলে স্বৰ্গদূতক দেখিছিল, কিন্তু কোনেও যীচুক দেখা নাছিল।

সিহঁতৰ চকুৱে তেওঁক চিনি পোৱাৰ পৰা বন্ধ হৈছিল

“সিহঁতৰ চকুৱে যীচুক চিনি পোৱাৰ পৰা বন্ধ ৰখা হ’ল।” মানুহকেইজনৰ যীচুক চিনি পোৱাৰ সামৰ্থতাটো কোৱা হৈছে যিদৰে সিহঁতৰ চকুৱে তেওঁক চিনি পাব পৰা সামৰ্থতা। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তেওঁক চিনি পোৱাৰ পৰা তেওঁলোকক ৰখা হ’ল” বা “কিবা এটাই সিহঁতক বাধা দিলে সেয়ে সিহঁতে তেওঁক চিনি পাব নোৱাৰিলে।” (উপলক্ষণ চাওক)

Luke 24:17-18

তুমিহে একমাত্ৰ ব্যক্তি নেকি

“তুমি” শব্দটোৱে যীচুক বুজাইছে, তুমি ব্যৱহাৰ (একবচন)। এইটো হৈছে অলঙ্কাৰীক প্ৰশ্নৰ আৰম্ভণী। ক্লোপাই তেওঁৰ আশ্চৰ্য্যতা দেখুৱাইছে যে যীচুৱে যিৰূচালেমত ঘটি থকা ঘটনাবোৰৰ বিষয়ে একোৱেই যেন নাজানে। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তুমিহে একমাত্ৰ ব্যক্তি জনা হ’লা।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

Luke 24:19-20

“কি কি কথা?”

“কি কি ঘটনাবোৰ ঘটিছিল?” বা “ যি যি ঘটনাবোৰ ঘটিব ধৰিছিল?”

কৰ্ম্মত আৰু বাক্যত শক্তিমান

“মহান কামবোৰ কৰিব পাৰে আৰু মহান শিক্ষাবোৰ দিব পাৰে”

ঈশ্বৰৰ আগত আৰু সকলো লোকৰ সাক্ষাতে কৰ্ম্মত আৰু বাক্যত শক্তিমান

এইটো অৰ্থটো হৈছে যে ঈশ্বৰে যীচুক শক্তিমান কৰিছিল আৰু তেওঁৰ সামৰ্থ মানুহবিলাকে দেখিছিল। এইটো এনেকৈয়ো অনুবাদ কৰিব পাৰি যেনে ”ঈশ্বৰে তেওঁক মহান কামবোৰ কৰিবলৈ আৰু মহান শিক্ষাবোৰ দিব শক্তি দিছিল আৰু মানুহবিলাক আচৰিক হৈছিল।”

তেওঁক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিবলৈ শোধাই দিছিল

“অধিপতিয়ে যীচুক মৃত্যু দণ্ড দিবলৈ ৰোমীয়া ৰাজ্যপালৰ হাতত শোধাই দিছিল”

Luke 24:21

তেওঁৱেই ইস্ৰায়েলক মুক্ত কৰিব

যিহুদীবিলাকক ৰোমীয়াবিলাকৰ দ্বাৰা শাসন কৰা হৈছিল। এই শিষ্যকেইজনে এই অৰ্থ বুজাইছে যে “যি জনে ইস্ৰায়েলক সিহঁতৰ ৰোমীয়া শত্ৰূৰ পৰা মুক্ত কৰিব।” (স্পষ্টতা আৰু সৰলতা চাওক)

যিহেতু এইবোৰ ঘটনা ঘটি গ’ল

“যিহেতু তেওঁক বধ কৰা হ’ল” (UDB)

Luke 24:22-24

তাত বাজেও

এই মানুহকেইজনে মহিলাকেইগৰাকীৰ কথাবোৰ ভাল বুলি বিবেচনা কৰিছিল, যীচুৰ মৃত্যুৰ লগত আন এটা বেয়া কথা যোগ কৰা নাছিল।

কবৰ স্থানলৈ গৈছিল

সেই মহিলাকেইগৰাকীয়েই কবৰ স্থানলৈ গৈছিল।

স্বৰ্গদূতবিলাকৰ এক দৰ্শন

“এটা দৰ্শনত স্বৰ্গদূতবিলাকক”

Luke 24:25-27

যীচুৱে সিহঁতক কৈছিল

“সিহঁত” এই দ্বৈত ৰূপ ব্যৱহাৰ কৰিছে।

অন্তৰৰ ধীৰতা

“তোমালোকৰ অন্তৰবিলাক নিৰ্বোধ আৰু প্ৰত্যুত্তৰ দিবলৈ ধীৰ”

এইটো আৱশ্যক নাছিল নে

এইটো এটা অলঙ্কাৰীক প্ৰশ্ন যিটোৰ অৰ্থ “এইটো আৱশ্যক আছিল।” (অলঙ্কাৰীক প্ৰশ্ন চাওক) যীচুৱে দুখ কষ্টৰ দ্বাৰা সঠিকটো কৰিছিল আৰু তেওঁৰ দুখকষ্টত একো ভুল হোৱা নাছিল।

তেওঁৰ মহিমাত সোমাবলৈ

যীচুৱে তেওঁৰ সৌন্দৰ্য্যতা আৰু মহানতা আৰু আদৰ আৰু সন্মান আৰু উপাসনা প্ৰতিজনকে দেখুৱাবলৈ যি সময় এইটোৱে তাক বুজাইছে।

যীচুৱে সিহঁতক অৰ্থ ভাঙনি কৰি দিছিল

“সিহঁত” এই দ্বৈত ৰূপ ব্যৱহাৰ কৰিছে।

Luke 24:28-29

তেওঁলোকে ওচৰ চাপি আহি থাকোঁতে

“তেওঁলোক ওচৰলৈ আহি থাকোঁতে” (UDB)

তেওঁ আৰু গৈ থাকিব এনেদৰে তেওঁ কৰিছিল

সেই দুজন মানুহে তেওঁৰ লক্ষমৰ পৰা এইটো বুজি পাইছিল যে তেওঁ আন এখন ঠাইলৈ গৈ আছে। যেতিয়া সিহঁতে গাঁৱৰ তোৰণেদি গাঁৱত সোমাবলৈ ঘুৰোঁতে সম্ভৱ তেওঁ ৰাস্তাত খোজেৰে গৈ আছিল। যীচুৱে যে তেওঁৰ কথা সিহঁতক ঠগিছিল এই কথা ক’তো উল্লেখ নাই।

সিহঁতে তেওঁ বাধ্য কৰোৱাইছিল

“সিহঁতে তেওঁক কাঢ়াকৈ অনুৰোধ কৰিছিল।” এই গ্ৰীক শব্দটো অৰ্থ হৈছে সম্প্ৰসাৰিত সময়ৰ বাবে শাৰীৰিক ভাবে জোৰ দিয়া, কিন্তু দেখা যায় যে এইটো এটা অত্যুক্তি। এইটোৱে তেওঁলোকক তেওঁক পতিয়ণ নিয়াবলৈ কিছু সময় আৰু চেষ্টা লাগিছিল। (অত্যুক্তি চাওক)

যীচুৱে সোমাই আহিছিল

“যীচুৱে ঘৰত সোমাইছিল”

তেওঁলোকৰ লগত আছিল

“সিহঁত” এই দ্বৈত ৰূপ ব্যৱহাৰ কৰিছে।

Luke 24:30-32

এইটো ঘটিছিল

এইটো বাক্যাংশটো কাহিনীটোত এটা গুৰুত্বপুৰ্ণ ঘটনা আৰম্ভ হৈছে তাৰ চিন দিবলৈ ইয়াত ব্যৱহাৰ কৰা হৈছে। আপোনাৰ ভাষাত এইটো কৰিবলৈ যদি কিবা উপায় আছে, আপুনি ইয়াত ব্যৱহাৰ কৰিবলৈ বিবেচনা কৰিব পাৰে।

তেতিয়া সিহঁতৰ চকু মুকলি হৈছিল

“ তেতিয়া সিহঁতে বুজি পাইছিল” বা “সিহঁতে উপলব্ধি কৰিছিল”

পিঠা

এইটোৱে বিনা খমিৰেৰে প্ৰস্তুত কৰা পিঠা বুজাইছে। ই সাধাৰণভাবে খোৱা খাদ্য বুজোৱা নাই।

এইটো আশীৰ্ব্বাদ কৰিছিল

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “এইটোৰ বাবে ধন্যবাদ দিছিল” বা “এইটোৰ বাবে ঈশ্বৰক ধন্যবাদ দিছিল”

সিহঁতৰ দৃষ্টিৰ পৰা তেওঁ নোহোৱা হৈছিল

এইটোৰ অৰ্থ হৈছে হঠাতে তেওঁ তাৰ পৰা নাইকীয়া হৈছিল। এইটো ইয়াক নুবুজাই যে তেওঁ অদৃশ্য হৈ গৈছিল।

আমাৰ অন্তৰ প্ৰজ্বলিত নহৈছিল নে... – “আমাৰ ভিতৰতে অন্তৰত প্ৰজ্বলিত হৈ আছিল” (UDB)। এইটো এটা অলঙ্কাৰীক প্ৰশ্ন। (অলঙ্কাৰীক প্ৰশ্ন চাওক)

আমাৰ ভিতৰতে অন্তৰত প্ৰজ্বলিত হৈ আছিল – এইটো এটা উপমা যিটো ইয়াকে বৰ্ণনা কৰে যে যীচুৰ লগত কথা বতৰা হৈ থাকোঁতে প্ৰচণ্ড অনুভৱ হৈছিল। এই প্ৰশ্নটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তেওঁ যেতিয়া আমাক কথা কৈ আছিল আমাৰ অন্তৰ এনে প্ৰচণ্ড অনুভৱ হৈ আছিল...। ” (উপমা চাওক)

আমাৰ ভিতৰত

এই মানুহ দুজনে নিজৰ ভিতৰতে কথা

বতৰা হৈ আছিল। সেয়ে “আমাৰ ” শব্দটোৱে এইবোৰ স্পষ্টতা কৰিবলৈ ভাষাৰ দ্বৈত অন্তৰ্ভুক্ততা আছে। (ইংৰাজীৰ বহুবচনৰ সৰ্ব্বনাম আৰু অন্তৰ্ভুক্তি চাওক)

যেতিয়া তেওঁ আমালৈ শাস্ত্ৰ মুকলি কৰি দিছিল

“যেতিয়া তেওঁ আমাক শাস্ত্ৰ বুজাই দিছিল।” যীচুৱে এখন পুস্তক বা নুৰিওৱা পুথি মুকলি কৰি দিয়া নাছিল।

Luke 24:33-35

সিহঁত উঠি আহিছিল

“সিহঁত” বুলি কওঁতে সেই মানুহ দুজনক বুজাইছে। “সিহঁত” শব্দৰ ভাষাৰ দ্বৈত ৰূপ ইয়াত ব্যৱহাৰ কৰা উচিত। (ইংৰাজী সৰ্ব্বনাম বহুবচন চাওক)

উঠিছিল

“উঠি থিয় হৈছিল” বা “ থিয় হৈছিল”

সেই এঘাৰজন

এইটোৱে যীচুৰ শিষ্যবিলাকক বুজাইছে। যিহুদা সিহঁতৰ লগত নাছিল।

কৈছিল, “প্ৰভু আচলতে উঠিল”

সেই এঘাৰজন পাঁচনি আৰু যিবিলাক সিহঁতৰ লগত আছিল এইটো কৈ আছিল।

সেয়ে সিহঁতে কৈছিল

“সেয়ে এই দুজন মানুহে কৈছিল”

বাটত যি যি ঘটিছিল

এইটোৱে ইম্মায়ুৰ গাঁৱলৈ যোৱা পথত যীচুৱে তেওঁলোকক দেখা দিয়া কথাটো বুজাইছে।

যীচুক সিহঁতে কেনেকৈ জানিব পাৰিছিল

এইটো এনেকৈ সক্ৰিয় ক্ৰিয়া পদেৰে অনুবাদ কৰিব পাৰি যেনে “সিহঁতে যীচুক কেনেকৈ চিনি পাইছিল।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

পিঠা ভাঙি থাকোঁতে

“যেতিয়া যীচুৱে পিঠা ভাঙিছিল” বা “ যীচুৱে যেতিয়া পিঠাডোখৰ ছিঙিছিল”

Luke 24:36-37

যীচুৱে নিজেই

এই “নিজেই” শব্দই যীচুক আৰু সিহঁতক যীচুৱে দৰ্শন দিয়াৰ আশ্চৰ্য্যতা লক্ষ্য কৰিছে। সিহঁতৰ প্ৰায়বিলাকেই তেওঁৰ পুনৰূত্থানৰ পাছত তেওঁক দেখা নাছিল।

তেওঁলোকৰ মাজত

এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “য’ত সিহঁতে তেওঁক দখা পাব।”

তোমালোকলৈ শান্তি হওক – “তোমালাকৰ শান্তি হওক” বা “ঈশ্বৰে তোমালোকক শান্তি দিয়ক” (তুমি শব্দৰ ৰূপ চাওক)

সিহঁতে ত্ৰাসিত হ’ল আৰু অতিশয় ভয় খালে

“সিহঁত বিচলিত হৈছিল আৰু ভয় লাগিছিল” (UDB)

সিহঁতে এটা ভুত দেখিছোঁ বুলি ভাবিছিল

যীচু যে সচাঁকৈ জীয়াই আছিল সেইটো সিহঁতে আচলতে বিশ্বাস কৰা নাছিল।

এটি ভুত

ইয়াত এইটোৱে এজন মৰা মানুহৰ আত্মাক বুজাইছে।

Luke 24:38-40

তোমালোকে কিয় উগুল

থুগুল লাগিছা

এইটো সিহঁতক শান্তনা দিবলৈ ব্যৱহাৰ কৰা এটা অলঙ্কাৰীক প্ৰশ্ন। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “ভয়াতুৰ নহবা।” (অলঙ্কাৰীক প্ৰশ্ন চাওক)

আৰু তোমালোকৰ মনত কিয় প্ৰশ্নৰ উদয় হৈছে ?

“তোমালোকৰ অন্তৰত সন্দেহ কিয় কৰিছা ?” এই অলঙ্কাৰীক প্ৰশ্নটোৰ নৰমকৈ এটি গালি দিয়াৰ ভাষা আছে। এইটো এনেকৈ অনুবাদ কৰিব পাৰি যেনে “তোমালোকৰ অন্তৰত সন্দেহ কৰাটো বন্ধ কৰা।” যীচুৱে সিহঁতক কৈছে যে তোমালোকৰ অন্তৰত সন্দেহ কৰাটো বন্ধ কৰা কাৰণ তেওঁ জীয়াই আছে। এইটো UDBত থকাৰ দৰে স্পষ্ট কৰিব পাৰি (স্পষ্টতা আৰু সৰলতা চাওক)

মাংস আৰু হাড়

শৰীৰটোক বুজাবলৈ এইটোৱেই হৈছে উপায়।

Luke 24:41-43

অবিশ্বাস্যতাৰে আনন্দিত হৈ আছিল

“এইটো প্ৰকৃততে সত্য তাক এতিয়াও বিশ্বাস কৰিব পৰা নাছিল!” তেওঁলোক অতি উসাহিত হৈ আছিল, কিন্তু সেই একেসময়তে, তেওঁলোকৰ বাবে এইটো যে সচাঁয়ে ঘটিছিল তাক বিশ্বাস কৰিবলৈ কঠিন হৈছিল।

আৰু বিচ্যুৰ্তি হৈছিল

“আৰু অতিশয় আচৰিত হৈছিল” (UDB) বা “এইটো কেনেকৈ ঘটিব পাৰে আচৰিত হৈছিল”

তেওঁলোকৰ আগতে

“তেওঁলোকৰ আগতে” বা “ তেওঁলোকে চাই থাকোঁতেই” (UDB)

Luke 24:44

যেতিয়া মই তোমালোকৰ লগত আছিলো

“আগতে যেতিয়া মই তোমালোকৰ লগত আছিলো”

মোচিৰ বিধানত আৰু ভাববাদীবিলাকে আৰু গীতমালাত যি যি লিখা আছিল

এইটো এটা সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি যেনেঃ “মোচিয়ে, ভাববাদীসকলে আৰু গীতৰচক সকলে যি যি লিখিছিল।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

সকলোবোৰ... পৰিপুৰ্ণ হব লাগে

“ঈশ্বৰে এই সকলোবোৰ পৰিপুৰ্ণ কৰিব”

এই সকলোবোৰ যি যি লিখা হৈছিল

“মোৰ বিষয়ে যি যি লিখা হৈছিল”

Luke 24:45-47

তেওঁ সিহঁতৰ মনবোৰ মুকলি কৰি দিলে

“তেওঁ সিহঁতক বুজিবলৈ সমৰ্থৱান কৰি দিলে” (UBD)

এইটো এনেদৰে লিখা আছিল

“বহুবছৰৰ আগতে এইটোকেই মানুহবিলাকে লিখিছিল”

মন পালটন আৰু পাপ ক্ষমাৰ বাৰ্ত্তা ঘোষণা কৰিব লাগে

এইটো এক সক্ৰিয় ক্ৰিয়া পদত অনুবাদ কৰিব পাৰি যেনে “মছীহৰ অনুগামীসকলে মানুহবিলাকক মন পালটনৰ বাৰ্ত্তা প্ৰচাৰ কৰিব লাগে আৰু ঈশ্বৰৰ পৰা সিহঁতৰ পাপ ক্ষমা পাপ লাগে।” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তৃতীয় দিনা

“দুই ৰাতিৰ পাছত”

সকলো জাতিকে

“সকলো গোষ্ঠীৰ জাতিক” বা “ মানুহৰ সকলো সমাজগোটক”

Luke 24:48-49

তোমালোক সাক্ষী হৈছা

“তোমালোকে মোৰ বিষয়ে যি যি দেখিলা সেইবোৰ যে সচাঁ তোমালোকে আনক এইবোৰ কব লাগে।” শিষ্যবিলাকে যীচুৰ জীৱন, মৃত্যু আৰু পুনৰূত্থান দেখা পাইছিল আৰু তেওঁ আন মানুহক কি কি কৰিছিল সেইবোৰ বৰ্ণনা কৰিব পাৰে।

মই তোমালোকৰ ওপৰত মোৰ পিতৃৰ অঙ্গীকাৰ পঠিয়াই দিওঁ

“মোৰ পিতৃয়ে যই প্ৰতিজ্ঞা কৰিছিল মই তোমালোকক দিওঁ”

পৰাক্ৰমেৰে বস্ত্ৰান্বিত হোৱা

“শক্তিমান হোৱা” বা “শক্তি গ্ৰহণ কৰা।” কাপোৰেৰে যেনেকৈ এজন ব্যক্তিক আৱৰি ৰাখে তেনেকৈ ঈশ্বৰৰ শক্তিৰে তেওঁলোকক আৱৰি ৰাখিব। (উপমা চাওক)

উৰ্দ্ধৰ পৰা

“ওপৰৰ পৰা” বা “ঈশ্বৰৰ পৰা”

Luke 24:50-51

এইটো ঘটিছিল

“এইটো এনে ঘটিছিল”

যেতিয়া তেওঁ সিহঁতক আশীৰ্ব্বাদ কৰি আছিল

“যীচুৱে যেতিয়া ঈশ্বৰক তেওঁলোকৰ প্ৰতি ভাল কৰিবলৈ কৈ আছিল”

লৈ যোৱা হ’ল

যিহেতু যীচুক কোনে ওপৰলৈ উঠাই লৈ গৈছিল সেইটো লুকে বিশেষভাবে কোৱা নাই, ঈশ্বৰে নিজেই নাইবা এজন বা অধিক স্বৰ্গদূতে তেওঁক উঠাই লৈ গৈছিল তাক আমি নাজানো। যদি আপোনাৰ ভাষাত এই উঠাই লৈ যোৱাটো বিশেষকৈ কব লাগে, UDBৰ মতে কোৱাটোৱেই উত্তম হব যেনে “গৈছিল।”

Luke 24:52-53

তেওঁলোকে তেওঁক উপাসনা কৰিছিল

এইটোৰ অৰ্থটো হৈছে আন এজনৰ ভৰি পৰি ভয়

ভক্তিৰে, নম্ৰতাৰে, বা ভয়েৰে মুৰ দোঁওৱা, আঁঠু কাঢ়া বা তললৈ মুখ কৰি প্ৰণিপাত কৰা।

একেৰাহে মন্দিৰত

তেওঁলোকে প্ৰতিদিনেই মন্দিৰৰৰ চোতাললৈ গৈছিল।

ঈশ্বৰৰ প্ৰশংসা কৰি আছিল

“ঈশ্বৰৰ গৌৰৱ

প্ৰশংসা কৰি আছিল” (UDB)