Jude
Jude 1
Jude 1:1-2
যিহূদা, এজন দাস – যিহূদা যাকোবৰ ভাই৷ সলনি অনুবাদ: “মই যিহূদা, এজন দাস” (চাওক : অনুবাদ নামবোৰ)
আৰু যাকোবৰ ভাই – যাকুব আৰু যিহূদা যীচুৰ সতীয়া ভাই ৷
পিতৃ ঈশ্বৰত প্ৰিয় সকল – “পিতৃ ঈশ্বৰে তোমালোকক ভাল পায়”
আৰু যীচু খ্ৰীষ্টৰ কাৰণে ৰাখিলে – “আৰু এতিয়া ৰক্ষা কৰিলে যাতে তেওঁলোকে যীচু খ্ৰীষ্টত বিশ্বাস কৰে”
তোমালোকলৈ দয়া হওক আৰু শান্তি আৰু ভালপোৱা বৃদ্ধি পাওক – “তোমালোক” শব্দটোৱে এই চিঠিখন পাবলগীয়া সকলো খ্ৰীষ্টীয়ানলৈকে বুজাইছে৷ সলনি অনুবাদ: “দয়া, শান্তি আৰু ভাল পোৱা বহুগুণে তোমালোকলৈ বৃদ্ধি পাওক” (চাওক: “তুমি” ৰ ৰূপ)
Jude 1:3-4
মই তোমালোকলৈ লিখিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰি আছিলো৷
“মই তোমালোকলৈ লিখিবলৈ বৰ আগ্ৰহাম্বিত হৈ আছিলো” (চাওক : “তুমি” শব্দৰ ৰূপ)
আমাৰ উমৈহতীয়া পৰিত্ৰাণ – “আমি একে পৰিত্ৰাণৰভাগী” (চাওক: অন্তর্ভূক্তি)
মই লিখিব লগীয়া হল – “মই লিখিবলৈ ডাঙৰ বৰ প্ৰয়োজন অনুভৱ কৰিলো” বা “মই লিখিবলৈ জৰুৰী অনুভৱ কৰিলো”
বিশ্বাসৰ নিমিত্তে আগ্ৰহেৰে যুজঁ দিবলৈ তোমালোকক উদগণি দিবৰ বাবে – “প্ৰকৃত শিক্ষাটো ৰক্ষাৰ অর্থে তোমালোকক উৎসাহিত কৰিবলৈ”
হস্তান্তৰ কৰিলে – “ঈশ্বৰে এই প্ৰকৃত শিক্ষাটো দিলে”
কিয়নো কিছুমান মানুহ গোপনে আহিল – “কিয়নো কিছুমান মানুহ বিশ্বাসীসকলৰ মাজলৈ নিজকে আনৰ চকুত ধৰা নিদিয়াকৈ আহিল৷”
যাৰ দণ্ড বহুত দিনৰ আগতেই লিখা হল – “বহুত দিনৰ আগতেই এই মানুহবিলাকক দণ্ড দিয়া হব বুলি লিখা হল৷”
যিবিলাকে আমাৰ ঈশ্বৰৰ অনুগ্ৰহক লম্পটতালৈ সলনি কৰে – “যিবিলাকে শিকায় যে ঈশ্বৰৰ অনুগ্ৰহে যৌন সম্বন্ধীয় পাপত লিপ্ত থাকি জীৱন নিবাস কৰিবলৈ অনুমতি দিয়ে৷”
যিবিলাকে আমাৰ একমাত্ৰ প্ৰভু আৰু গৰাকী, যীচু খ্ৰীষ্টক অস্বীকাৰ কৰে – এই মানুহবিলাকে শিকায় যে যীচু খ্ৰীষ্ট সত্য নহয় বা ঈশ্বৰলৈ তেঁৱেই এক মাত্ৰ পথ নহয়৷
অস্বীকাৰ কৰা – কিবা বস্তু বা বিষয়ক সত্য নহয় বুলি কোৱা৷
Jude 1:5-6
মই তোমালোকক মনত পেলাই দিবলৈ ইচ্ছা কৰো – “মই তোমালোকক মনত পেলাই দিবলৈ বিচাৰো”
তোমালোকে প্ৰতিটো বিষয়ে জানা – যিহূদাই প্ৰধানকৈ মোচিৰ লিখনি বিলাকক বুজাইছে যিবিলাক তেওঁলোকক শিকোৱা হল৷ সলনি অনুবাদ: “তোমালোকে মোচিৰ লিখনি বিলাক জানা৷” (চাওক : স্পষ্ট আৰু ইংগিত বহন কৰে)
প্ৰভুৱে এবাৰ মিচৰ দেশৰ পৰা এটা জাতিক উদ্ধাৰ কৰিলে – “প্ৰভুৱে ইস্ৰায়েলিসকলক বহুত দিনৰ আগতে মিচৰ দেশৰ পৰা উদ্ধাৰ কৰিলে৷”
কিন্ত পিছত – “পৰৱর্তী সময়ত” বা “কিছুমান ঘটনা ঘটি যোৱাৰ পিছত”
….সিহঁতৰ নিজৰ আধিপত্য
যিবিলাক স্বর্গদূতে তেওঁলোকৰ ওপৰত ন্যস্ত কৰা কর্তৃত্ব বা দায়িত্ব সমূহ ৰক্ষা নকৰিলে৷
সিহঁতে নিজৰ সঠিক বাসস্থান এৰিলে – “সিহঁতে সিহঁতলৈ নিদিষ্ট কৰি দিয়া স্থান সমূহ ত্যাগ কৰিলে৷”
ঈশ্বৰে সিহঁতক অনন্ত কলীয়া বন্ধনত আন্ধাৰত ৰাখিলে – “ঈশ্বৰে এই স্বর্গদূত বোৰক এন্ধাৰত কাৰাদণ্ড দিলে”
…মহৎ দিন – অন্তিম দিনটো যিদিনা ঈশ্বৰে সকলো মানুহকে বিচাৰ কৰিব৷
Jude 1:7-8
ঠিক এইদৰে
স্বর্গদূত বিলাকে, চদোম আৰু গোমোৰাৰ মানুহবিলাকলৈ, সিহঁতক নির্দিষ্ট কৰি দিয়া কাম কেনেকৈ পৰিত্যাগ কৰিলে তাৰ লগত এইটো তুলনা কৰিছে৷
আৰু সিহঁতৰ চাৰিওফালে থকা নগৰ বিলাক – “আৰু সিহঁতৰ ওচৰৰ আন নগৰ বিলাক”
একেদৰে সিহঁতে নিজকে অর্পন কৰিলে – চদোম আৰু গোমোৰাই যৌন সম্বন্ধীয় ব্যাভিচাৰমূলক কার্যত নিজকে সমর্পণ কৰিলে, যিদৰে স্বর্গদূত বিলাকে বেয়া অনুসৰণ কৰিবলৈ নিজকে সমর্পণ কৰিলে৷
অবিবাহিত স্ত্ৰী
পুৰুষ অথবা বিবাহিত
অবিবাহিতৰ মাজত যৌন সম্পর্ক কৰিবলৈ আৰু অস্বাভাৱিক কামনাৰ পিছ ললে – মানুহবিলাকে বিয়া নোহোৱাকৈয়ে যৌন সঙ্গম কৰিছিল৷ তদুপৰি পুৰুষে সৈতে পুৰুষে আৰু তিৰোতাই সৈতে তিৰোতাই যৌন সঙ্গমত লিপ্ত আছিল৷
সিহঁতক দিয়া হল – “চদোম আৰু গোমোৰাৰ মানুহবিলাকক দিয়া হল”
অনন্ত জুইৰ শাস্তি ভোগ কৰা সকলক আর্হি স্বৰূপে – চদোম আৰু গোমোৰাৰ মানুহবিলাকৰ বিনাশ, ঈশ্বৰক প্ৰত্যাখান কৰোতা সকলোৰে বাবে আর্হি হল৷
এইবিলাকে কলুষিত ও কৰে – “এইবিলাক” শব্দটোৱে ঈশ্বৰক প্ৰত্যাখান কৰা মানুহবিলাকক বুজাইছে যিবিলাকে তেওঁলোকৰ শৰীৰক যৌন সম্বন্ধীয় ব্যাভিচাৰেৰে কলুষিত কৰে, ঠিক যিদৰে এটা নিজৰাত পেলনীয়া আৱর্জনাই খোৱা পানী দূষিত কৰে৷
গৌৰৱৰ অধিকাৰীসকল –“ঈশ্বৰৰ বিস্ময়কৰ স্বর্গদূত বিলাকৰ বিষয়ে”৷
Jude 1:9-11
শৰীৰটোৰ বিষয়ে বাদানুবাদ কৰিলে – শৰীৰটোৰ অধিকাৰ কোনে লব এই লৈ সিহঁতে বাদানুবাদ কৰিছিল৷ সলনি অনুবাদ: “শৰীৰটোৰ অধিকাৰ কোনে লব এই বিষয়ে বাদানুবাদ কৰিলে৷” (চাওক:স্পষ্ট আৰু ইংগিত বহন কৰে)
(মীখায়েলে) তেওঁৰ বিৰুদ্ধে আনিবলৈ সাহস নকৰিলে
মীখায়েলে চয়তানক ভৎসনা কৰাৰ পৰা বিৰত থাকিল৷ সলনি অনুবাদ : “তেওঁ ৰাখিলে”
নিন্দাযুক্ত বা অবমাননাসূচক বাক্য – “উগ্ৰ সমালোচনা বা অসন্মানজনক বাক্য”
কিন্ত এই লোকবিলাকে – “এই লোকবিলাকে” অর্থাৎ আগতে উল্লেখ কৰা অধার্মিক লোকবিলাক৷
তেওঁলোকে নুবুজা সকলো কথাকে অবমাননা কৰে – “তেওঁলোকে ভাৱার্থ বুজি নোপোৱা প্ৰতিটো বিষয়ৰ বিৰুদ্ধে অ
সন্মান জনক কথা কয়”
কয়িনৰ পথটো
কয়িনে তেওঁৰ ভায়েক হেবলক হত্যা কৰিলে৷
মজুৰিৰ বাবে বিলিয়মৰ ভুল – বিলিয়মে ধনৰ বাবে ভৱিষ্যদ্বাণী কৰিব বিচাৰিছিল৷
কোৰহৰ বিদ্ৰোহ – কোৰহে মোচিৰ নেতৃত্বৰ আৰু হাৰোণৰ পৌৰাহিত্যৰ বিৰুদ্ধে মাত মাতিছিল৷
Jude 1:12-13
যিহূদাই এলানি উপমা অলংকাৰে পুনৰ আৰম্ভ কৰিছে
এই বিলাকেই সেইসকল – “এইবিলাক” শব্দটোৱে অধার্মিক মানুহবিলাকৰ কথা বুজাইছে৷
যিবিলাক লুকাই থকা পানীৰ তলৰ শিল – পানীৰ তলত থকা শিলে জাহাজ ডুবাই দিব পাৰে, সেইদৰে এই লোকবিলাকো বিশ্বাসীসকলৰ বাবে এক বিপদ৷ সলনি অনুবাদ: “যিসকল পানীৰ তলত লুকাই থকা বিপদজনক শিলৰ নিচিনা৷” (চাওক: উপমা অলংকাৰ)
তোমালোকৰ প্ৰীতি
ভোজবোৰত, তেওঁলোকে তোমালোকৰ লগত যেতিয়া আনন্দ উৎসৱ কৰে – “তোমালোকৰ প্ৰীতি ভোজত যেতিয়া তেওঁলোকে তোমালোকৰ সৈতে খায়”
পানী নথকা মেঘ – বাগিচাত পানী যোগান নধৰা মেঘৰ নিচিনাকৈ, এই লোকবিলাকে বিশ্বাসী সকলৰ কাৰণে যত্ন নলয়৷ (চাওক: উপমা অলংকাৰ)
ফলহীন শৰৎকালৰ গছবোৰ – যেনেকৈ গ্ৰীস্ম কালৰ শেষত কিছুমান গছে ফল উৎপন্ন নকৰে, সেইদৰে এই অধার্মিক লোকবিলাকৰ বিশ্বাস আৰু ধার্মিকতাৰ কর্ম নাই৷ (চাওক: উপমা অলংকাৰ)
ফলহীন, দুবাৰ মৰা – বৰফৰ দ্বাৰা আবৃত দুবাৰকৈ মৰা গছবোৰে যেনেকৈ ফল নিদিয়ে, সেইদৰে অধার্মিক মানুহবিলাকৰ মূল্য নাই আৰু তেওঁলোকৰ আত্মিক জীৱন নাই৷(চাওক: উপমা অলংকাৰ)
শিপাই সৈতে বিচ্ছিন্ন হোৱা – মাটিৰ পৰা সম্পূর্ণ ৰূপে শিপাই সৈতে উভালি পোলোৱা গছবোৰৰ দৰে, অধার্মিক লোক বিলাকক, জীৱনৰ উৎস, ঈশ্বৰৰ পৰা বিচ্ছিন্ন কৰা হল৷ (চাওক: উপমা অলংকাৰ)
সাগৰৰ প্ৰচণ্ড ঢৌ – যেনেকৈ সাগৰৰ ঢৌবোৰ শক্তিশালি বতাহৰ দ্বাৰা উৰাই নিয়ে, তেনেকৈ অধার্মিক লোক বিলাকৰ বিশ্বাসৰ ভেঁটি নাছিল আৰু সহজে অনেক দিশত গতি কৰিছিল৷ (চাওক: উপমা অলংকাৰ)
সিহঁতৰ নিজৰ লাজৰ ফেন – যেনেকৈ বতাহে প্ৰচণ্ড ঢৌবোৰেৰে লেতেৰা ফেন আলোড়িত কৰে সেইদৰে এই মানুহবিলাকে সিহঁতৰ প্ৰৱঞ্চণামূলক উপদেশ আৰু কার্যবোৰৰ জড়িয়তে নিজকে লজ্জিত কৰে৷ সলনি অনুবাদ: ঠিক যিদৰে ঢৌবোৰে ফেন আৰু ময়লা কঢ়িয়াই আনে, এই মানুহবিলাকেও সিহঁতৰ লাজ লগা কর্মই আন লোকক কলুষিত কৰে৷ (চাওক: উপমা অলংকাৰ)
উদ্দেশ্যহীন ভ্ৰমণকাৰী তৰাবোৰ যাৰ কাৰণে ঘোৰ অন্ধকাৰ চিৰ কাললৈ ৰাখি থোৱা হৈছে – ঠিক যেনেকৈ কিছুমান তৰাই এঠাইৰ পৰা আন ঠাইলৈ লক্ষ্যহীন ভাৱে গতি কৰাত, এই তৰাবোৰ জাহাজৰ গতিপথ নিয়ন্ত্ৰণৰ কার্যত নির্ভৰযোগ্য নহয়, সেইকাৰণে তোমালোকেও এই লোক বিলাকক অনুসৰণ কৰা উচিত নহয়৷ (চাওক: উপমা অলংকাৰ)
Jude 1:14-16
যিহূদাই অধার্মিক লোকবিলাকৰ বিৰুদ্ধে পুনৰ কবলৈ আৰম্ভ কৰিছে
এই লোকবিলাক …সিহঁতৰ কর্ম…সিহঁতৰ আছে – এই শব্দ বিলাকে অধার্মিক লোকবিলাকক বুজাইছে
আদমৰ পৰা সপ্তম
আদমৰ পৰা সপ্তম পুৰুষ৷ কিছুমান অনুবাদত কব বিচাৰে যদিহে আদমক “এক পুৰুষ” হিচাবে ধৰিলোৱা হয়, তেন্তে, ষষ্ঠ পুৰুষ হব৷
চোৱা, প্ৰভু… “মনোযোগ দিয়া, প্ৰভু…”, বা “মন কৰা, প্ৰভু…”
সকলো টান কথাবোৰ – “সকলো কটু কথাবোৰ”
ভোৰভোৰাওঁতা, অভিযোগকাৰী – যি লোকবিলাকৰ অবাধ্য হৃদয় আছে, আৰু শুদ্ধ কামটো কৰিবলৈ সদায় বিৰোধ কৰে৷ ভোৰভোৰাওঁতা সকলে ইয়াক নীৰৱে কৰাৰ প্ৰৱনতা থাকে, অভিযোগকাৰীসকলে ইয়াক অধিক মুকলিকৈ কৰে৷
ওফাই দাংমৰা অহংকাৰীসকলে – যিসকলে, অইন লোকৰ আগত নিজকে নিজে প্ৰশংসা কৰে৷
Jude 1:17-19
তেওঁলোকে তোমালোকক কৈছিল – “পাচনিবিলাকে তোমালোকক কৈছিল”
সিহঁতৰ…পাবলৈ আশা কৰে…এইবিলাকে তেওঁলোক – যিহূদাই ভেঙুচালী কৰোতা সকলৰ কথা কৈছে৷
এওঁলোকেই বিভাজন আনোতা সকল – ভেঙুচালি কৰোতা সকলে বিশ্বাসীবিলাকৰ মাজত বিবাদ জন্মায়
সিহঁত ইন্দ্ৰিয়াসক্ত – “ভেঙুচালী কৰোতাসকলে যৌন সম্বন্ধীয় পাপৰ পিছে পিছে খেদি যায়”
Jude 1:20-21
তোমালোকে নিজকে ধীৰে ধীৰে গঢ়ি তোলোতে – তোমালোকে শাৰীৰিক ভাৱে বৃদ্ধি আৰু স্বাস্থ্যবন্ত হোৱাৰ লগে লগে, তোমালোকৰ মনোভাৱ আৰু আত্মা ঐশ্বৰিক জ্ঞানত শক্তিমন্ত আৰু বৃদ্ধি পাওক৷
প্ৰত্যাশা কৰা…
“আগ্ৰহেৰে আশা পালি থাকা…”
Jude 1:22-25
সন্দেহযুক্ত কিছুমান মানুহ – “কিছুমান মানুহ যিসকলে এতিয়াও ঈশ্বৰ যে ঈশ্বৰ হয় তাক বিশ্বাস নকৰে”
জুইৰ পৰা থাপ মাৰি উলিয়াই আনা – “যাতে তেওঁলোক অগ্নিৰ সৰোবৰত নাযাব”
আৰু কিছুমানক ভয়েৰে দয়া কৰা – “অইনৰ প্ৰতি দয়ালু হোৱা কিন্ত তেওেঁলাকে পাপ কৰা নিচিনাকৈ, পাপ নকৰিবা – পাপ কৰিবলৈ ভয় কৰিবা”
যেনেকৈ তোমালোকে, আনকি মাংসৰ দ্বাৰা কলংকিত পোচাকো ঘিন কৰা – “আনকি সিহঁতৰ সাজ
পোচাক ঘিন কৰা, কিয়নো সেইবিলাক পাপৰ দ্বাৰা অশুচি কৰা হল৷” সিহঁত পাপেৰে ইমানেই পৰিপূর্ণ যে সিহঁতৰ সাজ পোচাকো অশুচি গণ্য কৰা হল৷