Assamese: translationNotes

Updated ? hours ago # views See on DCS

1 Thessalonians

1 Thessalonians 1

1 Thessalonians 1:1

পৌল,চীল, আৰু তীমথিয় মণ্ডলীৰ সমীপলৈ

UDB ত স্পষ্ট হৈছে যে এই পত্ৰ খনি পৌলে লিখিছে।(চাওঁকঃ Explicit and Implicit Information)

তোমালোকলৈ শান্তি হওক

“তোমালোকলৈ” এই শব্দটিৰ দ্বাৰাই থিচলনীকীয়াৰ বিশ্বাসী সকলক বুজোৱা হৈছে।(চাওঁকঃ Forms of ‘You’)

1 Thessalonians 1:2-3

সদায় ঈস্বৰৰ ধন্যবাদ কৰিছোঁ

এইটো এটা বঢ়াই কোৱা কথা। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “আমি প্ৰায়ে ঈশ্বৰক ধন্যবাদ দি থাকোঁ”(চাওঁকঃ Hyperbole)

আমি সদায়ে

“আমি” ইয়াৰ দ্বাৰাই পৌল,চীল আৰু তীমথিয়ৰ কথা কোৱা হৈছে থিচলনীকীয়াৰ বিশ্বাসী সকলৰ কথা কোৱা হোৱা নাই।(চাওঁকঃ Exclusive)

আমাৰ প্ৰাৰ্থনাত তোমালোকৰ নাম উল্লেখ কৰি

“আমি তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ”

নিৰন্তৰে সুঁৱৰো

“আমি প্ৰায়ে সোঁৱৰণ কৰো”

বিশ্বাসৰ কাৰ্য্য

“বিশ্বাসৰ কৰ্ম” বা “তোমালোকৰ বিশ্বাসৰ বাবে ঈশ্বৰৰ প্ৰতি কৰা তোমালোকৰ কাৰ্য্য”(UDB)

প্ৰত্যাশাৰ ধৈৰ্য্য

“আহাৰ বাবে সহন”

1 Thessalonians 1:4-5

ভাইবিলাক

“সহকাৰী বিশ্বাসী সকল”

তোমালোক যে মনোনীত লোক তাক আমি জানো

“আমি জানো যে ঈশ্বৰে তোমালোকক তেওঁৰ লোক হবৰ বাবে মনোনীত কৰিছে”(UDB) বা “আমি জানো যে বিশেষ ভাৱে তেওঁৰ পৰিচৰ্যা কৰিবৰ অৰ্থে ঈশ্বৰে তোমালোকক মনোনীত কৰিছে।”

আমি জানো

“আমি” শব্দটিৰ দ্বাৰাই পৌল,চীল আৰু তীমথিয়ক বুজোৱা হৈছে, থিচলনীকীয়াৰ বিশ্বাসী সকলক বুজোৱা হোৱা নাই।(চাওঁক Exclusive)

শক্তি আৰু পবিত্ৰ আত্মা

আনুমানিক অৰ্থ সমূহ ১) “পৌল আৰু তেওঁৰ লগৰীয়া বিলাকে পবিত্ৰ আত্মাৰ শক্তিৰ দ্বাৰাই শক্তিশালী ভাবে ঘোষণা কৰিবলৈ সক্ষম হল” বা ২)“পবিত্ৰ আত্মাৰ দ্বাৰাই বিশ্বাসী সকলৰ ওপৰত শুভবাৰ্তাৰ এক শক্তিশালী প্ৰভাৱ পেলাইছে।”

সম্পূৰ্ণ নিশ্চয়তাৰে

“থিক একে দৰে”( UDB)

কেনে লোক আছিলোঁ

“আমি কেনে ব্যৱহাৰ কৰিছিলো”(UDB)

1 Thessalonians 1:6-7

আৰ্হি হলা

একে কাৰ্য্যকৰা বা অনুকাৰী। আন এক অনুবাদঃ “তোমালোকে আমাক অনুকৰণ কৰিলা”

বাক্য গ্ৰাহ্য কৰিলা

“শিক্ষাক আদৰণি জনালা” বা “শিক্ষাক গ্ৰহণ কৰিলা”

ক্লেশৰ মাজতো

“বহু বিপদৰ সময়তো” বা “গভীৰ তাড়ণাৰ মাজতো।”

আখায়া

এইখন এখন পুৰণি জিলা আৰু আজিৰ গ্ৰীচ।

1 Thessalonians 1:8-10

প্ৰতিধ্বনি হল

“বাহিৰ ওলাল”

আখায়া

এইখন এখন পুৰণি জিলা আৰু আজিৰ গ্ৰীচ।

সকলো ঠাইতে

“সেই অঞ্চলৰ বহুতো ঠাইত”

কিয়নো তেওঁবিলাকে নিজে

পৌলে ইয়াত সেই অঞ্চলত ইতিমধ্যেই স্থাপন হোৱা মণ্ডলী সমূহৰ কথা কৈছে যি সকলে থিচলনীকীয়াৰ বিশ্বাসী সকলৰ বিষয়ে শুনিছে।

তেওঁবিলাকে নিজে “নিজ” জোৰ দিবৰ বাবে যোগ দিয়া হৈছে।

তোমালোকৰ ওচৰলৈ আমাৰ যোৱা কেনে হৈছিল

“কেনে উষ্ম আদৰণি তোমালোকে আমাক জনাইছিলা”(UDB)

তেওঁৰ পুত্ৰ স্বৰ্গৰ পৰা

“স্বৰ্গৰ পৰা তেওঁৰ পুত্ৰ”

যি জনক তেওঁ মৃতবিলাকৰ মাজৰ পৰা তুলিলে

“যি জনক তেওঁ মৃতবিলাকৰ মাজৰ পৰা তুলিলে”

যিয়ে আমাক উদ্ধাৰ কৰিলে

“আমাক” শব্দটিৰ দ্বাৰাই পৌলে বিশ্বাসী সকলকো বুজাইছে।(চাওঁকঃ Inclusive)

1 Thessalonians 2

1 Thessalonians 2:1-2

তোমালোকে নিজে

“তোমালোকে” এই শব্দটিৰ দ্বাৰাই থিচলনীকীয়াৰ বিশ্বাসী সকলৰ কথা কোৱা হৈছে।(চাওঁকঃ Forms of You)

আমাৰ যোৱা

“আমাৰ” এই শব্দটিৰ দ্বাৰাই পৌল, চীল আৰু তীমথিয়ক বুজোৱা হৈছে, বিশ্বাসী সকলৰ কথা কোৱা হোৱা নাই।(চাওঁকঃ Exclusive)

ব্যৰ্থ নহল

“অতি ফলপ্ৰসু আছিল”(চাওঁকঃ Litotes)

অনেক দুখভোগ আৰু অপমান পালো

পৌলক কোবোৱা হৈছিল আৰু ফিলিপিয়াৰ কাৰাগাৰত ৰখা হৈছিল। আন এক অনুবাদঃ “আমাক বেয়া ব্যৱহাৰ আৰু অপমান কৰা হৈছিল।”

অনেক যুজেৰে

“বহুতো প্ৰতিৰোধ লাভ কৰাত”

1 Thessalonians 2:3-4

আমাৰ উপদেশত

“আমাৰ” এই শব্দটিৰ দ্বাৰাই পৌল, চীল আৰু তীমথিয়ক বুজোৱা হৈছে।

এইয়া ভ্ৰান্তি বা অশুচিতা

মূলক বা ছলযু্ক্ত নহয়

“সেয়ে সত্য, শুদ্ধ আৰু প্ৰকৃত”(চাওঁকঃ Litotes)

কিন্তু যি ঈশ্বৰে আমাৰ হৃদয় পৰীক্ষাৰ কৰোঁতা

“ঈশ্বৰ, যি জনে আমাৰ মন আৰু কাৰ্য্যক পৰীক্ষাৰ কৰে”(চাওঁকঃ Synecdoche)

কিয়নো আমি

“আমি” এই শব্দটিৰ দ্বাৰাই পৌল, চীল আৰু তীমথিয়ক বুজোৱা হৈছে।(চাওঁকঃ Exclusive)

1 Thessalonians 2:5-6

খোচামোদ কৰা

“ভুৱা প্ৰশংসাৰে কথা কোৱা”

লোভ ঢাকিবলৈ ছদ্মবেশ

“তোমালোকৰ পৰা কিবা পাবৰ আশাৰে লোভ কৰা”

ক্ষমতাসম্পন্ন হব পাৰিলো হয়

“আমাক কিবা দিবৰ বাবে কব পাৰিলো”

1 Thessalonians 2:7-9

এগৰাকী মাতৃয়ে নিজ সন্তানক লালন

পালন কৰে

যি দৰে এগৰাকী মাতৃয়ে নিজ সন্তানক লালন পালন কৰে, সেয়েহে পৌল, চীল আৰু তীমথিয়ে থিচলনীকীয়া বিশ্বাসী সকলৰ প্ৰতি মৃদুভাৱেৰে কথা কৈছে।(চাওঁকঃ Simile)

তোমালোকক অতি স্নেহ কৰাত

“আমি তোমালোকক প্ৰেম কৰোঁ”

তোমালোক আমাৰ প্ৰিয়

পাত্ৰ হোৱাত

“আমি তোমালোকৰ বিষয়ে গভীৰ ভাবে চিন্তা কৰোঁ”

আমাৰ পৰিশ্ৰমৰ আৰু মেহনত

“পৰিশ্ৰম” আৰু “মেহনত” একে অৰ্থ প্ৰকাশ কৰে, যাৰ অৰ্থ বিবেচনাৰে আৰু যত্নৰে কাৰ্য্য কৰা বুজায়।(চাওঁকঃ Doublet)

তোমালোকৰ কাৰো ওপৰত ভাৰ নিদিবলৈ, আমি ৰাতিয়ে

দিনে কাম কৰিছো

“আমাৰ আমাৰ দৈনিক প্ৰয়োজনৰ বাবে পৰিশম কৰিছো, যাতে তোমালোকে আমাক আৰ্থিক ভাবে সহায় কৰিব লগা নহয়”

1 Thessalonians 2:10-12

পবিত্ৰ, ধাৰ্ম্মিক আৰু নিৰ্দ্দোষ

আচৰণকাৰী

“ধাৰ্ম্মিকতাৰে”(চাওঁকঃDoublet)

পিতৃয়ে নিজ সন্তানবিলাকক

পৌলে এজন পিতৃয়ে নিজৰ সন্তান সকলক কেনে ব্যৱহাৰ কৰিব লাগে তাক শিকোৱাৰ লগত তুলনা কৰিছে, তেওঁবিলাকে বিশ্বাসী সকলক ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হিচাপে পৰিচালিত হবৰ বাবে উৎসাহীত আৰু উপদেশ দিছে।

তোমালোকক যি জনে আমন্ত্ৰণ কৰিছে

“যি জনে তোমালোকক মনোনীত কৰিলে”

1 Thessalonians 2:13

এই কাৰণে...যে

“আমি নিৰন্তৰে ঈশ্বৰক ধন্যবাদ দি আছো যে”

তোমালোকে যেতিয়া গ্ৰহণ কৰিলা...

থিচলনীকীয়া সকলে পৌলৰ শিক্ষা ঈশ্বৰৰ পৰা অহা বুলি বিশ্বাস কৰিলে, পৌলে নিজৰ ক্ষমতাৰে নহয়।

1 Thessalonians 2:14-16

তোমালোক সেই সেই মণ্ডলীৰ অনুকাৰী হলা...

প্ৰথম বিশ্বাসী সকলে যিহূদী পৰিচালক সকলৰ পৰা যেনে তাড়ণা লাভ কৰিছিল তেনে অভিজ্ঞতা তেওঁবিলাকেও আন আন থিচলনীকীয়া সকলৰ পৰা বাধা লাভ কৰিলে। আন এক অনুবাদঃ “মণ্ডলী সমুহৰ দৰে হল...”

নিজৰ স্বজাতীয় লোকৰ পৰা

“আন আন থিচলনীকীয়াৰ লোক সকলৰ পৰা”

কথা কবলৈ নিষেধ কৰিলে

“তেওঁবিলাকে আমাক কথা কোৱাৰ পৰা বঞ্চিত কৰিব বিচাৰিলে”

সদায় তেওঁবিলাকৰ পাপৰ পৰিমাণ পুৰ কৰিবলৈ

“পাপ কৰি যাবলৈ”

অন্তকাৰী ক্ৰোধ তsওঁবিলাকৰ ওচৰ পালেহি

“ঈশ্বৰৰ শাস্তি তেওঁবিলাকৰ ওপৰলৈ আহিল” বা ঈশ্বৰৰ ক্ৰোধ তেওঁবিলাকৰ ওপৰলৈ আহিল

1 Thessalonians 2:17-20

মন নহয়, শৰীৰৰ সম্বন্ধে

“শাৰীৰিক ভাবে কিন্তু তোমালোকৰ কাৰণে প্ৰাৰ্থনা কৰি যাম”(চাওঁকঃ Idiom)

তোমালোকৰ মুখ দেখিবলৈ

“তোমালোকক দেখিবলৈ” বা “তোমালোকৰ লগ হবলৈ”(চাওঁকঃ Synecdoche)

মই পৌলে দুই এবাৰ

“মই পৌলে দুবাৰ চেষ্টা কৰিছিলো”(চাওঁকঃ Idiom)

কিয়নো আমাৰ আশা...তেওঁৰ আগমনত? সেইয়াঃ “প্ৰভু যীচু আহাৰ যি ভাবিষ্যতৰ আশা,আনন্দ আৰু গৌৰৱৰ কিৰীটি সেয়ে তোমালোকেই।”(চাওঁকঃ Rhetorical Question)

1 Thessalonians 3

1 Thessalonians 3:1-3

আমি আৰু সহিব নোৱাৰি

“আমি তোমালোকৰ বিষয়ে চিন্তা কৰি সহিব নোৱাৰা হৈছো।” “আমি” এই শব্দটিৰ দ্বাৰাই পৌল,চীল আৰু তীমথিয়ক বুজোৱা হৈছে পাছে থিচলনীকীয়াৰ বিশ্বাসী সকলৰ কথা কোৱা হোৱা নাই।(চাওঁকঃ Exclusive)

আথীনী নগৰত অকলেই থাকিবলৈ ভাল দেখিলো

“চীল আৰু মই আথীনীত থাকি যোৱাতো ভাল”

আথীনী

আখয়াৰ অঞ্চলৰ এখন নগৰ যাক আজি গ্ৰীচ বুলি জনা যায়(চাওঁকঃ How to Translate Names)

আমাৰ ভাই

“আমাৰ খ্ৰীষ্টীয়ান লগৰীয়া”

কোনোৱে যেন আমনি নাপায়

“কাৰো যেন অসুবিধা নহয়” বা “কোনো যে আঁতৰি যাব লগা নহয়”

নিযুক্ত হৈছো

“আমি নিৰূপিত হলো”

1 Thessalonians 3:4-5

আমি তোমালোকৰ লগত থাকোঁতে

ইয়াত “আমি” শব্দটিৰ দ্বাৰাই পৌল, চীল আৰু তীমথিয় বুজোৱা হৈছে তেওঁৰ দৰ্শক সকলক বুজোৱা হোৱা নাই।(চাওঁকঃ Exclusive)

ক্লেশৰ নিমিত্তে

“আনৰ দ্বাৰাই বেয়া ব্যৱহাৰ পাবলৈ”

ময়ো আৰু সহিব নোৱাৰি

মই, ইয়াৰ দ্বাৰাই পৌলৰ কথা কোৱা হৈছে। “মই অতিশয়কৈ জানিব বিচাৰিছো।”( UDB)

ময়ো আৰু সহিব নোৱাৰো হৈছো

“সহিব নোৱাৰা হৈছো” এইটো এক idiom হয় যাৰ অৰ্থ “অতি আগ্ৰহেৰে জানিব বিচৰা”(চাওঁকঃ idiom)

মই পঠিয়াইছিলো

“মই তীমথিয়ক পঠালো”

ব্যৰ্থ

“অপ্ৰয়োজনীয়”

1 Thessalonians 3:6-7

আমাৰ ইয়ালৈ আহি

“আমাৰ” শব্দটিৰ দ্বাৰাই পৌল আৰু চীলক বুজোৱা হৈছে পাছে থিচলনীকীয়াৰ বিশ্বাসীৰ সকলক কথা কোৱা হোৱা নাই।(চাওঁক Exclusive)

তোমালোকৰ বিশ্বাসৰ ভাল বাতৰি – “তোমালোকৰ বিশ্বাসৰ ভাল সংবাদ”

তোমালোকে সদায় ভাল মতে সুঁৱৰি আছা

“তোমালোকে প্ৰায়ে ভাল মতে সুঁৱৰি আছা”

তোমালোকে আমাক দেখিবলৈ বৰ ইচ্ছা কৰা

“তোমালোকে আমাক চাবলৈ আশা কৰা”

তোমালোকৰ বিশ্বাসৰ দ্বাৰাই

“খ্ৰীষ্টত থকা তোমালোকৰ বিশ্বাসৰ দ্বাৰাই” বা খ্ৰীষ্টৰ প্ৰতি থকা তোমালোকৰ নিৰন্তৰ বিশ্বাসৰ দ্বাৰাই”।(চাওঁক Explicit and Implicit)

1 Thessalonians 3:8-10

কিয়নো এতিয়া আমি জীলোঁ

“আমি বৰ উৎসাহীত হৈছো”(চাওঁক Idiom)

আমি এতিয়া জীলোঁ

আমি শব্দটিৰ দ্বাৰাই পৌল, চীল আৰু তীমথিয়ক কোৱা হৈছে, পাছে থিচলনীকীয়া সকলক বাদ দিয়া হৈছে।(চাওঁক Exclusive)

থিৰে আছা এইয়া এটি উপমা। আন এক অনুবাদঃ “তোমালোকে অতিশয় ভাৰসা কৰিছা”( UDB)(চাওঁক Idiom)

আমি নিজ ঈশ্বৰৰ সাক্ষাতে তোমালোকৰ কাৰণে যি সকলো আনন্দেৰে আনন্দিত হৈছোঁ সেই সকলো আনন্দৰ প্ৰতিদন স্বৰূপে, তোমালোকৰ কাৰণে ঈশ্বৰক কি ৰূপ ধন্যবাদ দিব পাৰো

ধন্যবাদৰ ভাব প্ৰকাশ কৰিব বাবে এনে ধৰণৰ প্ৰশ্ন সোধা হৈছে।(চাওঁকঃ Rhetorical Question) আন এক অনুবাদঃ “তোমালোকৰ বাবে ঈশ্বৰে যি কৰিলে তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দি শেষ কৰিব নোৱাৰো! আমি যেতিয়া ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেতিয়া আমি তোমালোকৰ বাবে অতিশয় আনন্দ কৰোঁ!”

দিনে

ৰাতিয়ে

“সঘনাই”(চাওঁকঃ Hyperbole)

অধিক পৰিমানে

“অধিক যত্নৰে”

তোমালোকৰ মূখ দেখিবলৈ

“তোমালোকৰ তালৈ যাবলৈ”(চাওঁৰঃ Synecdoche)

1 Thessalonians 3:11-13

যাতে আমাৰ ঈশ্বৰে

“আমি প্ৰাৰ্থনা কৰো যাতে আমাৰ ঈশ্বৰে”

আমাৰ পিতৃ ঈশ্বৰে...আমাৰ প্ৰভু যীচু

“আমাৰ” এই শব্দটিৰ দ্বাৰাই থিচলনীকীয়াৰ বিশ্বাসী সকলৰ লগতে পৌলকো বুজোৱা হৈছে।(চাওঁক Inclusive)

পিতৃ ঈশ্বৰে স্বয়ং

“স্বয়ং” ইয়াৰ দ্বাৰাই “পিতৃ” ৰ কথাকে আৰু অধিক গুৰুত্বসহকাৰে কবৰ বাবে যোগ দিয়া হৈছে।

আমাৰ পথ সুগম কৰক

“আমাৰ” ইয়াত পৌলে থিচলনীকীয়া সকলক বাদ দিছে।(চাওঁকঃ Exclusive)

আমিও কৰোঁ

“আমি” শব্দটিৰ দ্বাৰাই পৌল, চীল আৰু তীমথিয়ক বুজোৱা হৈছে, থিচলনীকীয়া সকলক বুজোৱা হোৱা নাই

তেওঁ যেন কৰে

“ঈশ্বৰে যেন কৰে তাৰ বাবে আমি প্ৰাৰ্থনা কৰো”

প্ৰভু যীচু আহাৰ সময়ত

“যীচু যেতিয়া পৃথিবীলৈ উলটি আহিব”

তেওঁৰ সকলো পবিত্ৰ লোকে সৈতে

“যি সকল তেওঁৰ হয় সেই সকলৰ লগত”( UDB)

1 Thessalonians 4

1 Thessalonians 4:1-2

আমি উৎসাহিত কৰোঁ

ইয়াত “আমি” বুলা শব্দটিৰ দ্বাৰাই পৌল, তীমথিয় আৰু চীলৰ কথা কোৱা হৈছে, থিচলনীকীয়া সকলক অন্তৰ্ভুক্ত কৰা হোৱা নাই।(চাওঁকঃ Exclusive)

তোমালোকে যি যি আদেশ পাইছিলা

“তোমালোকক শিকোৱা হৈছিল”

তোমালোকে তেনে ধৰণে খোজ কাঢ়িবা

“খোজ” ইয়াৰ দ্বাৰাই এজন ব্যক্তিৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াক বুজোৱা হৈছে। আন এক অনুবাদঃ “তুমি তেনে ধৰণে জীয়াই থাকিব লাগে।”(চাওঁকঃ Idiom)

1 Thessalonians 4:3-6

তোমালোক ব্যভিচাৰ পৰা পৃথকে থাকা

“তোমালোক ব্যভিচাৰ কাৰ্য্যৰ পৰা আঁতৰি থাকা”

ৰাখিবলৈ জানা

“কি দৰে সহবাস কৰিব লাগে তাক জানা”

কামাভিলাষ

“অনুচিত যৌন অভিলাষ”

কোনো পুৰুষ

“কোনো এজন” বা “কোনো ব্যক্তি”(চাওঁকঃ Gender Notations)

পাপ আৰু ভুল

কোনো বিষয়ৰ গুৰুত্বতা বুজাবৰ বাবে একে অৰ্থ প্ৰকাশ কৰিবৰ বাবে দুটা শব্দৰ ব্যৱহাৰ কৰা হৈছে। আন এক অনুবাদঃ “ভুল”(চাওঁকঃ Doublet)

প্ৰভু এই সকলোৰে প্ৰতিফল দিওঁতা

“পাপ কৰা সকলক প্ৰভুৱে শাস্তি বিহিব আৰু যি সকলক ভুল কাৰ্য্য কৰাবৰ বাবে পৰিচালনা কৰে তেওঁক সুৰক্ষা প্ৰদান কৰিব।”

আগেয়ে তোমালোকক কৈছিলো আৰু সাক্ষ্য দিছিলোঁ

“তোমাক কৈছিলো আৰু ইয়াৰ বিষয়ে কঠোৰ ভাবে সকিয়নী দিছিলো”

1 Thessalonians 4:7-8

ঈশ্বৰে আমাক আমন্ত্ৰণ কৰা নাই

“আমাক” ইয়াৰ দ্বাৰাই আটাই বিশ্বাসী সকলক বুজোৱা হৈছে।(চাওঁকঃ Inclusive)

যি জনে অগ্ৰাহ্য কৰে

“যি জনে এই শিক্ষা হেয়জ্ঞান কৰে” বা “যি জনে এই শিক্ষা অবজ্ঞা কৰে”

1 Thessalonians 4:9-12

ভাতৃ

প্ৰেম

“এজন বিশ্বাসীৰ আন জন বিশ্বাসীৰ প্ৰতি থকা প্ৰেম”

তোমালোকে মকিদনিয়া নিবাসী সকলো ভাইবিলাকলৈ তাক কৰিছা

“মকিদনিয়াত নিবাসী সকলো ভাইলৈ তোমালোকে প্ৰেম দেখুৱাইছা”

উপচি পৰা

“খেদি যোৱা” বা “অতিকৈ হাবিয়াহ কৰা”

নিজ নিজ ব্যৱসায় চলাবলৈ, আৰু মনোযোগ কৰা

আন লোকৰ বিষয় সমূহৰ পৰা আঁতৰি থাকা। আন এক অনুবাদঃ “নিজৰ প্ৰয়োজনীয়তাত মনোযোগ দিয়া।”

নিজ হাতে প্ৰৰিশ্ৰম কৰিবলৈ

“নিজৰ প্ৰয়োজনীয়তাক সম্পূৰ্ণ কৰিবৰ বাবে নিজে কৰ্ম কৰা”

শিষ্টাচাৰী হোৱা

“সন্মানপূৰ্ব্বক আৰু শিষ্টাচাৰীৰ দৰে ব্যৱহাৰ কৰা”(চাওঁকঃ Idiom)

আৰু বাহিৰা লোকবিলাকলৈ

“খ্ৰীষ্টক বিশ্বাস নকৰা বিলাকলৈ”

তোমালোকৰ যেন একো অভাৱ নহয়

“তোমালোকৰ হয়তো একোৰে প্ৰয়োজন নহব”

1 Thessalonians 4:13-15

আমি নকৰো

ইয়াত “আমি” শব্দটিৰ দ্বাৰাই পৌল, চীল আৰু তীমথিয়ক বুজোৱা হৈছে, থিচলনীকীয়া সকলক বুজোৱা হোৱা নাই।(চাওঁকঃ Exclusive)

তোমালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই

“তোমালোকে বুজি পোৱাতো আমি বিচাৰো।”(চাওঁকঃ Litotes)

তোমালোক যেন শোকাতুল নোহোৱা

“তোমালোকে শোক নকৰিবা”

প্ৰত্যাশাহীন অন্য লোকৰ নিচিনা

“অবিশ্বাসী লোক সকলৰ দৰে”

যদি আমি বিশ্বাস কৰোঁ

ইয়াত “আমি” এই শব্দটিৰ দ্বাৰাই পৌল আৰু তেওঁৰ দৰ্শক সকলৰ কথা কোৱা হৈছে।(চাওঁকঃ Inclusive)

পুনৰায় উঠিল

“পুনৰায় জী উঠিলে”

যীচুৰ আশ্ৰয়ত নিদ্ৰিত হোৱা বিলাককো সেই দৰে তেওঁৰ লগত লৈ যাব

“যীচুৰ পুনঃআগমনৰ সময়ত সেই বিশ্বাসী সকলো পুনৰায় জী উঠিব যি সকলৰ যীচুৰ লগত মৃত্যু হৈছিল”

আমি তোমালোকক এই কথা কৈছো

ইয়াত “আমি” শব্দটিৰ দ্বাৰাই পৌল, চীল আৰু তীমথিয়ক বুজোৱা হৈছে কিন্তু থিচলনীকীয়া সকলৰ কথা কোৱা হোৱা নাই।(চাওঁকঃ Exclusive)

প্ৰভুৰ আগমনলৈকে

“খ্ৰীষ্টৰ পুনৰ আগমনৰ দিনা”

কোনোমতে আগ নহম

“নিশ্চিত ভাবে আমি কেতিয়াও আগ নহম”

1 Thessalonians 4:16-18

প্ৰভু নিজে নামি আহিব

“প্ৰভু নিজে নামি আহিব”

প্ৰধান স্বৰ্গদূত

“মূখ্য দূত”

খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকবিলাকেই প্ৰথমে উঠিব

“যি সকলে যীচু খ্ৰীষ্টক বিশ্বাস কৰে, পাছে মৃত্যু হৈছে, প্ৰথমে উঠিব”

আমি জীৱিত থকা

“আমি” এই শব্দটিৰ দ্বাৰাই সকলো বিশ্বাসীক বুজোৱা হৈছে।(চাওঁক Inclusive)

তেওঁবিলাকে সৈতে

“তেওঁবিলাকে” এই শব্দটিৰ দ্বাৰাই ইতিমধ্যেই মৃত্যু হোৱা পাছে খ্ৰীষ্টৰ সৈতে পুনৰায় জী উঠিছে তেওঁবিলাকক বুজোৱা হৈছে।

আকাশত প্ৰভুৰ লগ লবলৈ

“প্ৰভু যীচুক আকাশত লগ পাম”

1 Thessalonians 5

1 Thessalonians 5:1-3

সেই কাল বা সেই সময়

“প্ৰভু যীচু পুনৰায় অহা সময়ৰ কথা কোৱা হৈছে”( UDB)

নিশ্চয়কৈ

“অতি ভাল ধৰণে” বা “শুদ্ধ ভাবে”(UDB)

ৰাতি যেনেকৈ চোৰ আহে

চোৰ কি দৰে আৰু কোন ৰাতি আহি চুৰ কৰিব তাক নজনাৰ দৰে, প্ৰভুৰ পুনৰ আগমনৰ দিন আমি নাজানো।“আমি আশা নকৰকৈ”(চাওঁকঃ Simile)

যেতিয়া তেওঁবিলাকে কয়

“মানুহ বিলাকে যেতিয়া কয়”

আকস্মিক বিনাশ

“আশা নকৰা বিনাশ”

গৰ্ভৱতীৰ প্ৰসৱ

বেদনাৰ নিচনাকৈ

যেনেকৈ এগৰাকী গৰ্ভৱতী মহিলাৰ প্ৰসৱ বেদনা আহে আৰু প্ৰসৱ নোহোৱা পৰ্য্যন্ত বেদনা হৈ থাকে, সেই একে দৰে বিনাশ আহিব আৰু তেওঁবিলাক কোনো সাৰিব নোৱাৰিব।(চাওঁকঃ Simile)

1 Thessalonians 5:4-7

তোমালোক আন্ধাৰত থকা নাই

“এই পৃথিবীৰ দুষ্ট লোক সকলৰ দৰে নহয় যি আন্ধাৰত আছে”

চোৰৰ নিচিনাকৈ সেই দিন তোমালোকৰ ওচৰত উপস্থিত হবলৈ

চোৰে তেওঁৰ লক্ষ্যক আচৰিত কৰাৰ দৰে প্ৰভু অহাৰ দিনা তোমালোকক আচৰিত কৰিব। আন এক অনুবাদ

“তোমালোক সাজু নথকা অৱস্থাত আহি পাবহি”(চাওঁকঃ Simile)

তোমালোক সকলোৱেই পোহৰৰ…ৰাতিৰ সন্তান নহয়

“পোহৰৰ সন্তান” ইয়াৰ দ্বাৰাই খ্ৰীষ্টৰ অনুগামী সকলক বুজোৱা হৈছে আৰু “আন্ধাৰৰ সন্তান” জগতৰ অনুকাৰী সকলৰ কথা কোৱা হৈছে।

আনবিলাকৰ নিচিনাকৈ চোপনিয়াই নাথাকি

পৌলে যীচুৰ দ্বিতীয় আগমনৰ সম্বন্ধে নজনা জনক টোপনিট থকাৰ লগত তুলনা কৰিছে। আন এক অনুবাদঃ “যীচুৰ দ্বিতীয় আগনৰ বিষয়ে নজনা সকলৰ আমি নহওঁহক।”(চাওঁকঃ Metaphor)

“আহাঁ আমি” ইয়াৰ দ্বাৰাই পৌল আৰু থিচলনীকীয়া সকলৰ কথা বুজোৱা হৈছে।(চাওঁক Inclusive)

পৰ দি চেতনে থাকোঁহঁক

আমি খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ বাবে সমষ্ট আৰু সংযত হৈ থাকিব লাগে।

কিয়নো যিবিলাকে টোপনীয়ায়, তেওঁবিলাকে ৰাতিহে টোপনিয়ায়

যি দৰে ৰাতি হলে মানুহে টোপনীয়ায় আৰু কি হৈছে একো গম নাপায়, আৰু এইয়া পৃথিবীৰ ক্ষেত্ৰতো আৰু খ্ৰীষ্ট যে উলটি আহিব তাক তেওঁবিলাকে নাযানে।(চাওঁকঃ Metaphor)

আৰু যিবিলাক মতলীয়া হয়, তেওঁবিলাক ৰাতিহে মতলীয়া হয়

পৌলে এই কথাষাৰ দ্বাৰাই ৰাতি মতলীয়া হোৱা লোকৰ লগত তুলনা কৰিছে, আৰু সেয়েহে যেতিয়া খ্ৰীষ্টৰ দ্বিতীয় আগমন হব তেতিয়া তেওঁবিলাক সংযত অৱস্থাত নাথাকিব।(চাওঁক Metaphor)

1 Thessalonians 5:8-11

দিনৰ সন্তান

ইয়াৰ দ্বাৰাই খ্ৰীষ্টৰ বিশ্বাসী সকলৰ কথা কোৱা হৈছে। সেয়েঃ “খ্ৰীষ্টত বিশ্বাস কৰা” বা “পোহৰৰ লোক।”(চাওঁক Idiom)

চেতনে থাকোঁহঁক

“আমি নিজকে সংযত কৰিবলৈ অভ্যাস কৰোহঁক”

বুকুবৰি পিন্ধি

এজন সৈনিকে নিজৰ শৰীৰটোক ৰক্ষা কৰিবৰ বাবে বুকুবৰি পৰিধান কৰে, সেই দৰে এজন বিশ্বাসীয়ে বিশ্বাস আৰু প্ৰেমৰ দ্বাৰাই সুৰক্ষা লাভ কৰে। সেয়েঃ “আমি নিজকে ৰক্ষা কৰোঁহক”(চাওঁকঃ Metaphor)

টকয়া

টকয়াই যি দৰে এজন সৈনিকৰ মুৰটো সুৰক্ষিত ৰাখে সেই দৰে পৰিত্ৰাণ নিশ্চয়তাই এজন বিশ্বাসীক সুৰক্ষিত ৰাখে। সেয়েঃ “আৰু জানা”(চাওঁকঃ Metaphor)

পৰিত্ৰাণৰ আশাৰূপ

“পাছে পৰিত্ৰাণ লাভ কৰিবৰ অৰ্থে”

আমি জাগি থাকিলেওঁ বা নিদ্ৰিত হলেও

“আমি জীৱত বা মৃত অৱস্থাত থাকিলেও”(চাওঁকঃ Euphemism)

পৰস্পৰে প্ৰবোধ দি থাকা

“ইজনে সিজনক উৎসাহীত কৰি থাকা”

1 Thessalonians 5:12-14

যিবিলাকে তোমালোকৰ মাজত পৰিশ্ৰমৰ কৰে

স্থানীয় গীৰ্জা ঘৰ আগুৱাই নিয়াত যি সকল জড়িত তেওঁবিলাকক সন্মান আৰু প্ৰশংসা কৰা।

প্ৰভুত তোমালোকৰ ওপৰত নিযুক্ত আছে

স্থানীয় সহভাগীতা সমূহত বৃদ্ধ আৰু পালক হিচাপে পৰিচৰ্যা আগবঢ়াই যোৱা সকলৰ কথা কোৱা হৈছে।

প্ৰেমেৰে অতিশয়স্বৰূপে তেওঁবিলাকক সমাদৰ কৰা

“তেওঁবিলাকক সন্মান আৰু সমাদৰ কৰা কিয়নো তুমি তেওঁবিলাকক প্ৰেম কৰা”

1 Thessalonians 5:15-18

সদায় আনন্দ কৰা, নিৰন্তৰে প্ৰাৰ্থনা কৰা, সকলো বিষয়তে ধন্যবাদ কৰা

পৌলে বিশ্বাসী সকলক আত্মিক লক্ষণ দেখুৱাবৰ নিমিত্তে সকলো বিষয়তে আনন্দ, পৰ দি প্ৰাৰ্থনা আৰু ধন্যবাদ দি থাকিবৰ বাবে কৈছে।

1 Thessalonians 5:19-22

পবিত্ৰ আত্মাক নুনুমাবা

“পবিত্ৰ আত্মাক তোমালোকৰ মাজত কাৰ্য্য কৰিবলৈ বাধা নিদিবা”

ভাৱবাদী হেয়জ্ঞান নকৰিবা

“ভাৱবাণীৰ প্ৰতি অনিহা ভাৱ নেদেখুৱাবা” বা “পবিত্ৰ আত্মাই কোনো ব্যক্তিক কোৱা কথাক ঘিণ নকৰিবা।”

সকলো বিষয়ৰ পৰীক্ষাৰ কৰি

কাৰ্য্য আৰু বাক্য সমূহ যে ঈশ্বৰৰ পৰা আহিছে আৰু সেয়ে সত্য হয় তাৰ নিশ্চিত কৰাটো প্ৰয়োজনীয়।

1 Thessalonians 5:23-28

সম্পূৰ্ণৰূপে পবিত্ৰ কৰক

“তোমালোকক পৃথক কৰক” বা “তোমালোকক শুদ্ধ কৰক যাতে তোমালোকে পাপ নকৰা”(UDB)

তোমালোকৰ আত্মা, প্ৰাণ আৰু শৰীৰ

এই শব্দ কেইটা সমান্তৰাল ভাবে ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ দ্বাৰাই বিষয়টিৰ গুৰুত্বতা বুজাব বিচাৰা হৈছে।(চাওঁকঃ Parallelism)

নিৰ্দ্দোষীৰূপে সম্পূৰ্ণ কৈ ৰক্ষিত হওক

“পাপ নকৰাকৈ থাকিবলৈ”

যি জনাই তোমালোকক আমন্ত্ৰণ কৰিছে, তেওঁ বিশ্বাসী

সেয়েঃ “যি জনে তোমালোকক আমন্ত্ৰণ কৰিলে তেওঁ বিশ্বাসী”(চাওঁক Abstract Nouns)

তেৱেঁই তাক কৰিব

“যি জনাই তোমালোকক সহায় কৰিব”