2 Peter
2 Peter 1
2 Peter 1:1-2
চিমোন পিতৰ
"চিমোন পিতৰৰ পৰা" চিঠিৰ লেখকক চিনাকি দিবলৈ তোমালোকৰ ভাষাত বিশেষ ব্যৱস্থা থাকিব পাৰে৷ এই বাক্যটো এনেদৰে প্ৰকাশ কৰিব পাৰি "মই, চিমোন পিতৰে, এই চিঠি লিখিলো৷"
যীচু খ্ৰীষ্টৰ দাস আৰু পাচনি
পিতৰে যীচু খ্ৰীষ্টৰ দাসৰ মনোভাৱৰ কথা কৈছে৷ খ্ৰীষ্টৰ পাচনি হিচাবে তেওঁকো মর্যাদা আৰু ক্ষমতা দিয়া হৈছিল৷
সেই বিলাকলৈ – এই চিঠি পঢ়াৰ সম্ভাৱনা থকা সকলো বিশ্বাসীলৈ পিতৰে সন্বোধন কৰা যেন লাগে৷সলনি অনুবাদ : “সকলো বিশ্বাসীলৈ”
আমি পালো – “আমি পাচনি বিলাকে পালো”(চাওক:অর্ন্তভুক্তি)
তোমালোকলৈ অনুগ্ৰহ হওক – “তোমালোক” শব্দটোৱে সাধাৰণতে সকলো বিশ্বাসীকেই বুজাইছে৷(চাওক: “তুমি” শব্দৰ ৰূপ – দ্বৈত/একাধিক)
আমাৰ প্ৰভু যীচু – সকলো বিশ্বাসী আৰু পাচনিবিলাকৰো প্ৰভু যীচু৷
তোমালোকলৈ যেন অনুগ্ৰহ হয় – ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচুৰ জ্ঞানৰ জড়িয়তে তোমালোকলৈ শান্তি বৃদ্ধি পাওক৷ – সলনি অনুবাদ : “তোমালোকৰ দয়া আৰু শান্তি বৃদ্ধি পাওক যিহেতু তোমালোকে ঈশ্বৰ আৰু আমাৰ প্ৰভু যীচুক প্ৰকৃততে জানিছা৷”
2 Peter 1:3-4
যিজনে আমাক মাতিলে – প্ৰথমে ঈশ্বৰে আমাক মাতিলে৷ “আমাক” শব্দটোৱে পিতৰ আৰু তেওঁৰ শ্ৰোতা দর্শক সকলক বুজাইছে৷(চাওক : অন্তর্ভূক্তি)
তেওঁৰ নিজৰ গৌৰৱ আৰু পবিত্ৰতাৰ জড়িয়তে – “তেওঁৰ সন্মান আৰু নৈতিক উৎকর্ষ জড়িয়তে”
এইবিলাকৰ দ্বাৰা, তেওঁ আমাক বহুমূলীয়া আৰু মহৎ অঙ্গীকাৰ সমূহ দিলে – “ঈশ্বৰৰ বহুমূলীয়া আৰু মহৎ অঙ্গীকাৰ সমূহ তেওঁৰ সন্মান আৰু নৈতিক উৎকর্ষ দ্বাৰা আহিল”
ঐশ্বৰিক স্বভাৱ – “ঈশ্বৰৰ নিখুঁত স্বভাৱ”
জগতত থকা কু
অভিলাষ মূলক ক্ষয়ৰ পৰা হাত সাৰি – “তোমালোকে জগতৰ অনৈতিক আকাংক্ষাৰ পৰা পলাই আহি”
2 Peter 1:5-7
পিতৰে বিশ্বাসীসকললৈ পুনৰ কবলৈ আৰম্ভ কৰিছে৷
এই একেটা কাৰণতেই – “ঈশ্বৰে যি সিদ্ধ কৰিলে তাৰ কাৰণে”
গুণ – “নৈতিক উৎকর্ষ বা সদাচাৰ”
তোমালোকৰ নৈতিক উৎকর্ষৰ জড়িয়তে জ্ঞান লাভ কৰা – নৈতিক উৎকর্ষ বা সদাচাৰ প্ৰয়োগ কৰি তোমালোকৰ জ্ঞান বিকাশ কৰা৷
ভাইৰ নিচিনা মৰম উপার্জন কৰা – “ইজনে সিজনৰ প্ৰতি দয়ালু হোৱা”
2 Peter 1:8-9
পিতৰে বিশ্বাসীসকললৈ কথা পুনৰ কবলৈ আৰম্ভ কৰিছে৷
এই বিষয়বোৰ
যেনে
বিশ্বাস, নৈতিক উৎকর্ষ, জ্ঞান, আত্ম
সংযম, সহিঞ্চুতা, ভক্তিভাৱ, ভাইৰ নিচিনা মৰম আৰু ভালপোৱা৷
তোমালোক ফলহীন বা অনুর্বৰ নহবা – “তোমালোকে ফল উৎপন্ন কৰিবা আৰু ফলবান হবা” (চাওক: Litotes)
যিজনৰ এই বিষয়বোৰ অভাৱ – যিজন ব্যক্তিৰ এই বিষয়বোৰ নাই ৷
তেওঁ ওচৰতহে দেখে ; তেওঁ অন্ধ – এই খণ্ডবাক্যটোৱে এজন ব্যক্তিক তুলনা কৰি কৈছে যিজনে তেওঁৰ সন্মূখত থকা পার্থিৱ বিষয়বোৰৰ কথাকেহে ভাৱে, দৃষ্টি শক্তি নথকা এজন ব্যক্তিৰ নিচিনাকৈ তেওঁ দেখা নাপায়৷ (চাওক : উপমা অলংকাৰ)
2 Peter 1:10-11
পিতৰে বিশ্বাসীসকললৈ পুনৰ কবলৈ আৰম্ভ কৰিছে৷
এই নিমিত্তে,
“এই নিমিত্তে” শদ্বটোৱে আগতে যি বর্ণনা কৰা হল, বিশ্বাসীজনৰ সহাঁৰি আৰম্ভ কৰিছে৷
তোমালোকৰ আমন্ত্ৰণক আৰু নির্বাচিত হোৱাক নিজৰ বাবে নিশ্চিত কৰা – “আমন্ত্ৰণ” শব্দটোৱে ঈশ্বৰৰ দ্বাৰা পৰিত্ৰাণৰ নিমিত্তে মুকলিকৈ আহ্বান কৰা সকলো মানুহকেই বুজাইছে৷ “নির্বাচিত” শব্দটোৱে ঈশ্বৰে বাচি লোৱা নিদিষ্ট লোকবিলাকৰ কথাকে বুজাইছে৷ এই দুয়োটা শব্দৰ একে অর্থ আছে৷ (চাওক: বিকল্প)
তোমালোকে উজুটি নাখাবা – তোমালোকে নৈতিক ভাৱে বা আত্মিক ভাৱে বিফল নহবা৷
2 Peter 1:12-15
এই নিমিত্তে – লেখকে আগতে যি লিখিল, তাৰ ওপৰত ভিত্তি কৰি এটা বিবৃতি দিবলৈ উদ্যত হৈছে৷(চাওক: বক্তৃতা বার্তা সংযুক্ত)
এই বিষয়বিলাক তোমালোকক সোৱঁৰাই দিবলৈ মই সদায় প্ৰস্তুত হৈ থাকিম – পিতৰে ইয়াত ব্যক্ত কৰিছে যে তেওঁ বিশ্বাসী সকলক কেনেকৈ খ্ৰীষ্টক অনুসৰণ কৰিব লাগে তাক সোৱঁৰাই থাকিব৷
এই সকলো বিষয়ৰ – বিশ্বাসীসকল কেনেকৈ খ্ৰীষ্টত বৃদ্ধি পাব লাগে ৷
তোমালোকক জগাই ৰাখিবলৈ – ইয়াৰ অর্থ
“তোমালোকৰ মনোযোগ আকর্ষণ কৰিবলৈ” (চাওক:উপভাষা)
মই এই তম্বুত আছো – ইয়াৰ অর্থ “যিমান দিন মই জীয়াই আছো ৷” (চাওক: উপভাষা)
মই মোৰ তম্বু সলনি কৰিম – অর্থাৎ “মই মৰিম” (চাওক: উপভাষা)
এই সকলো বিষয় মনত ৰাখিবলৈ মই তোমালোকৰ কাৰণে যথা সাধ্য চেষ্টা কৰিম৷
“এই বিষয়বিলাক তোমালোকক শিকাবলৈ মই যথা সাধ্য চেষ্টা কৰিম যাতে তোমালোকে সেই সকলো কথা সদায় মনত ৰাখিবা” (চাওক: স্পষ্ট আৰু ইংগিত বহন কৰে)
মোৰ প্ৰস্থানৰ পাছত – অর্থাৎ “মোৰ মৃত্যুৰ পাছত৷” (চাওক: উপভাষা)
2 Peter 1:16-18
কাৰণ আমি বুদ্ধিৰে উদ্ভাৱন কৰা পৌৰাণিক কথাৰ অনুগামী নাছিলো – কাৰণ আমি পাচনি বিলাকে বুদ্ধিৰে সজা গল্প কথা সমূহৰ অনুগামী নাছিলো৷ (চাওক: একচেটিয়া)
আমাৰ – আমি পাচনি সকলকো ধৰি সকলো বিশ্বাসীবিলাক ৷ (চাওক: অন্তর্ভূক্তি)
আমি স্বর্গৰ পৰা ওলাই অহা এই বাণী শুনিলো – পিতৰে ইয়াত নিজকে আৰু আন পাচনি সকলক, যাকুব আৰু যোহনক, যিসকলে ঈশ্বৰৰ বাণী শুনিছিল সেই সকলকো বুজাইছে৷
যেতিয়া আমি তেওঁৰে সৈতে পবিত্ৰ পর্ব্বতত আছিলো – পিতৰে সেই সময়টোৰ কথা বুজাইছে
যিটো সময়ত পিতৰ, যাকুব আৰু যোহনৰ সন্মুখতেই যীচু উজ্বল দীপ্তিৰে দীপ্তিময় হৈছিল৷ (চাওক: মথি ১৭:১
৮)
2 Peter 1:19-21
আমাৰ ভাৱবাদীসকলৰ বাক্য নিশ্চিত হৈ আছে – পিতৰে পাচনি বিলাকৰ কথা বুজাইছে৷ পাচনি সকলে এই বার্তা ভাৱবাদীসকলৰ পৰা পাইছে আৰু তেওঁলোকে জানে যে সত্যটো ঈশ্বৰৰ পৰা অহা ৷ (চাওক: একচেটিয়া)
যিটোত তোমালোকে মন দি ভাল কৰিছা – পিতৰে বিশ্বাসীসকলক ভাৱবাদীৰ বার্তাটোলৈ নিবিড়ভাৱে মনোযোগ দিবলৈ কৈছে৷
এইটো, ৰাতি নোপোৱাই মানে, আন্ধাৰত উজ্বল হৈ জ্বলি থকা এটা চাকিৰ দৰে – ভাৱবাদীৰ বাক্যটো এটা চাকিৰ লগত তুলনা কৰিছে যিয়ে পুৱাৰ পোহৰ নহালৈকে, আন্ধাৰত পোহৰ বিলায়৷ (চাওক : উপমা)
এই প্ৰভাতীয় তৰা তোমালোকৰ অন্তৰত উদয় হয় – এই প্ৰভাতীয় তৰাটো হৈছে খ্ৰীষ্ট যিজনে বিশ্বাসী বিলাকৰ হৃদয়ত নিবাস কৰে৷ (চাওক: উপমা অলংকাৰ)
কিন্ত পবিত্ৰ আত্মাৰ দ্বাৰাই চালিত হৈ মানুহ বিলাকে ঈশ্বৰৰ পৰা বাক্য পাই কলে – যি মানুহ বিলাক পবিত্ৰ আত্মাৰ দ্বাৰাই নিয়ন্ত্ৰিত হৈছিল আৰু ঈশ্বৰে তেওঁলোকক যি কবলৈ আজ্ঞা কৰিলে তাকেই কলে৷
2 Peter 2
2 Peter 2:1-3
ইস্ৰায়েলি সকলৰ মাজলৈ আনুগত্যহীন ভাৱবাদীবিলাক আহিল আৰু আনুগত্যহীন উপদেশক বিলাক তোমালোকৰ মাজলৈ আহিব – ঠিক যেনেকৈ আনুগত্যহীন ভাৱবাদী বিলাক আহিল আৰু ইজৰাইলক তেওঁলোকৰ বাক্যেৰে প্ৰৱঞ্চণা কৰিলে, ঠিক সেইদৰে আনুগত্যহীন উপদেশক বিলাক আহিব আৰু খ্ৰীষ্টৰ সম্পর্কে ভুল শিক্ষা দিব৷ (চাওক : সাদৃশ্য)
ধর্ম্মমতৰ বিৰোধী বিশ্বাস
যীচু খ্ৰীষ্টৰ আৰু পাচনি বিলাকৰ উপদেশৰ বিপৰীত অভিমত/উপদেশ
যি প্ৰভুৱে তেওঁলোকক কিনিলে – যীচুৱেই সেই প্ৰভু যিজনে তেওঁৰ মৃত্যু, সমাধিস্থকৰণ আৰু পুনৰুত্থানৰ দ্বাৰা সলকো মানুহৰ পাপৰ পৰিশোধ কৰিলে৷
তেওঁলোকৰ কামাসক্তি – “তেওঁলোকৰ” শব্দটোৱে আনুগত্যহীন ভাৱবাদী আৰু উপদেশক সকলৰ কথা বুজাইছে৷ সলনি অনুবাদ : “তেওঁলোকে অতিশয় অনৈতিকতাৰে আচৰণ কৰে৷”
তেওঁলোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা পলম নহব; তেওঁলোকৰ বিনাশ নিস্কর্মা নহয়
আনুগত্যহীন ভাৱবাদী বিলাকৰ শোধবিচাৰ আসন্ন আৰু অধিক পলম নহব৷ (চাওক : Litotes)
2 Peter 2:4-6
পাপ কৰা স্বর্গদূত বিলাকক যদি ঈশ্বৰে ৰক্ষা নকৰিলে – এইটো “যদি” বিবৃতিৰে এক শৃংখলা আৰম্ভ হৈছে আৰু ই ২:৯ পদত সামৰণি পৰিছে৷
তলত থকা নৰকলৈ – “নৰক” গ্ৰীক শব্দ Tartarus ৰ পৰা লোৱা হৈছে – “hell” বা নৰক শব্দটো গ্ৰীক আৰু ৰোমীয় ধর্মৰ পৰা লোৱা হৈছে৷ (চাওক : অনুবাদ নামবিলাক)
শোধ বিচাৰ নহয় মানে অন্ধকাৰত আটক কৰি ৰাখিবলৈ – ঈশ্বৰৰ চূড়ান্ত শোধ বিচাৰলৈ অপেক্ষাত থাকি কাৰাগাৰত নিশ্চিত ভাৱে আৱদ্ধ ৰাখিবলৈ৷
আৰু তেওঁ যদি প্ৰাচীন জগতক ৰক্ষা নকৰিলে……কিন্ত ভক্তিহীন বিলাকৰ জগতলৈ মহাপ্লাৱন আনিলে – ঈশ্বৰে প্ৰাচীন জগতক আৰু ভক্তিহীন লোকবিলাকক মহাপ্লাৱনৰ দ্বাৰা ধ্বংস কৰিলে৷
কিন্ত নোহক নিৰাপদে ৰাখিলে – ধার্মিক নোহক ঈশ্বৰে মহাপ্লাৱনৰ পৰা উদ্ধাৰ কৰিলে৷
চদোম আৰু গোমোৰা নগৰক ভস্ম কৰিলে – ঈশ্বৰে চদোম আৰু গোমোৰা নগৰত বাস কৰা ভক্তিহীন লোক বিলাকক বিনাশ কৰিবলৈ অগ্নি ব্যৱহাৰ কৰিলে৷
যি ঘটিবলগীয়া আছে তাৰ আর্হি স্বৰূপে – ঠিক যেনেকৈ চদোম আৰু গোমোৰা নগৰক অগ্নিৰ দ্বাৰাই বিনাশ কৰা হল, এই যুগৰ শেষত ঈশ্বৰে সকলো ভক্তিহীন লোকক অগ্নিৰ সৰোবৰত পেলাই বিনাশ কৰিব৷
2 Peter 2:7-9
আৰু তেওঁ ধার্মিক লোটক উদ্ধাৰ কৰিলে,
নৈতিকতাৰে(নীতিগতভাৱে) জীৱন নিবাস কৰা লোটক ঈশ্বৰে ৰক্ষা কৰিলে ৷
যিজন অবিৰামভাৱে (তেওঁলোকৰ)আচৰণৰ দ্বাৰা বিৰক্তি পাইছিল – চদোম আৰু গোমোৰাৰ নাগৰিকৰ অনৈতিক আচৰণৰ দ্বাৰা, লোটক অবিচলভাৱে কষ্ট দিয়া হৈছিল বা অত্যাচাৰ কৰা হৈছিল
যৌন বাসনাৰে পূর্ণ মানুহবিলাক – “অন্যায্য যৌন সম্বন্ধীয় কামনা থকা মানুহবিলাক৷”
সেই ধার্মিক লোকজন – এইটোৱে লোটক এজন ধার্মিক ব্যক্তি বুলি বুজাইছে৷
পবিত্ৰ লোক – “ঈশ্বৰৰ বাধ্য লোক”
তেওঁৰ ধার্মিক প্ৰাণে যন্ত্ৰনা পাইছিল – তেওঁৰ আত্মাই কষ্ট পাইছিল৷
অধার্মিক লোক বিলাকক জিন্মাত ৰখা
অধার্মিক লোক বিলাক ঈশ্বৰৰ শোধবিচাৰৰ পৰা পলাই সাৰিব নোৱাৰিব৷তেওঁলোক মৰিলে শোধবিচাৰৰ দিনলৈকে তেওঁলোকক আটক কৰি ৰাখিব৷
2 Peter 2:10-11
এইটো বিশেষকৈ সত্য – “এইটো” শব্দটোৱে ঈশ্বৰে অধার্মিক লোক সকলক শোধ বিচাৰৰ দিন লৈকে কয়েদতত আটক কৰি ৰখা কথাটো বুজাইছে – (২:০৯ পদ)
যিবিলাকে মাংসৰ অনৈতিক কামনা বাসনাত ৰত থাকে আৰু প্ৰভুত্বক হেয়জ্ঞান কৰে – যি ভক্তিহীন বিলাকে পাপময় স্বভাৱৰ অনুগামী হয় আৰু শাসনকর্তা বা দায়িত্বত থকা সকলৰ বিৰক্তি জন্মায়৷
মাংস – “মাংস” শব্দটোৱে শাৰীৰিক বা মানৱ প্ৰাণীৰ পাপময় স্বভাৱৰ কথাকে বুজাইছে ৷
তেওঁলোক দুঃসাহসী আৰু স্বেচ্ছাচাৰী – “তেওঁলোক” শব্দটোৱে পাপময় স্বভাৱৰ অনুগামী সকলক আৰু যি সকলে স্বর্গদূত আৰু ক্ষমতা প্ৰাপ্ত সকলক সমাদৰ নকৰে সেই বিলাকক বুজাইছে৷
তেওঁলোকে গৌৰৱৰ অধিকাৰী সকলক নিন্দা কৰিবলৈ ভয় নকৰে – ভক্তিহীন বিলাকে স্বর্গদূত বিলাকক অৱমাননা কৰিবলৈ আৰু তেওঁলোকৰ বিৰুদ্ধে কু
কথা কবলৈ ভয় নকৰে৷
সকলো মানুহতকৈ স্বর্গদূত বিলাকৰ শক্তি আৰু কর্ম দক্ষতা অধিক গুণে বেছি – মানুহতকৈ স্বর্গদূতবিলাক শাৰীৰিক ভাৱে বেছি বলবান আৰু তেওঁলোকৰ অধিক ক্ষমতা আৰু মহিমা আছে ৷
কিন্ত তেওঁলোকে সেই সকলৰ বিৰুদ্ধে অপমান সূচক বিচাৰৰ ৰায় প্ৰভু ওচৰলৈ নানে
“কিন্ত স্বর্গদূত বিলাকে এই মানুহবিলাকৰ বিৰু্দ্ধে অপমান সূচক বিচাৰৰ ৰায় প্ৰভুৰ ওচৰলৈ নানে”
2 Peter 2:12-14
এই নির্বোধ জন্তবোৰ – ঠিক যেনেকৈ জন্ত বিলাকে বিচাৰ
বিবেচনা কৰিব নোৱাৰে, সেই দৰে এই মানুহবিলাকক যুক্তি দর্শাব নোৱাৰি৷ সলনি অনুবাদ : “এই আনুগত্যহীন উপদেশক বিলাক নির্বোধ জন্ত বিলাকৰ দৰে৷” ( চাওক : উপমা অলংকাৰ)
তেওঁলোকে যিহক নুবুজে তাকেই অপমান কৰে – তেওঁলোকে যিহক নাজানে বা নুবুজে তাৰেই বেয়া কথা কয়৷
তেওঁলোকক বিনাশ কৰা হব – সলনি অনুবাদ: “ঈশ্বৰে এই মানুহবিলাকক বিনাশ কৰিব” (চাওক : প্ৰত্যক্ষ আৰু পৰোক্ষ)তেওঁলোকৰ অপৰাধৰ প্ৰতিফলৰ দ্বাৰাই তেওঁলোক বিনষ্ট হব৷তেওঁলোকে মঙ্গলজনক বুলি যি পৰিকল্পনা কৰে, প্ৰকৃততে সেয়া বেয়াহে হয়৷ (চাওক : ব্যঙ্গ)
তেওঁলোক দাগ আৰু কলংক – আনুগত্যহীন উপদেশক বিলাকে অপযশ আৰু লাজ আনে আৰু তেওঁলোক দাগ আৰু কলংক স্বৰূপ সেইবোৰ সহজে আতৰাই দিব পৰা নাযায় আৰু অবাঞ্ছনীয় চিন এৰি যায়৷ ( চাওক : উপমা অলংকাৰ)
তোমালোকৰ লগত ভোজন কৰোতে তেওঁলোকে ছলনাময় সুখ উপভোগ কৰে – তেওঁলোকে তেওঁলোকৰ চকুলৈ দৃষ্টি কৰি নিৰীহ লোকক ছলনা কৰি সুখ উপভোগ কৰি থাকে আৰু তেওঁলোকে দোষ অনুভৱ নকৰে৷
চকু ব্যভিচাৰী তিৰোতাৰে পৰিপূর্ণ; তেওঁলোকে পাপ কৰি কেতিয়াও সন্তষ্ট থাকিব নোৱাৰে – “তেওঁলোকে দেখা প্ৰতি গৰাকী তিৰোতাকে লালস কৰে আৰু যৌন সম্ভোগ কৰিবলৈ কামনা কৰে আৰু কেতিয়াও যথেষ্ট নহয়৷”
তেওঁলোকৰ অন্তঃকৰণ লোভত নিপুণ
“অন্তঃকৰণ”, সম্পূর্ণ ব্যক্তিজনকেই প্ৰতিনিধিত্ব কৰে, মনৰ চিন্তা আৰু অতিশয় লোভীয়া কার্যত প্ৰশিক্ষণ প্ৰাপ্ত, তেওঁলোকে অন্যায় কৰি ধন সম্পত্তি বা ভোগ দখল কৰিবলৈ বাঞ্ছা কৰে৷(চাওক : প্ৰতিকাত্মক)?
2 Peter 2:15-16
তেওঁলোকে পৰিত্যাগ কৰিলে…বিপথে গল…অনুসৰণ কৰিলে – “আনুগত্যহীন উপদেশক বিলাকে পৰিত্যাগ কৰিলে… বিপথে গল…অনুসৰণ কৰিলে” – আনুগত্যহীন উপদেশক বিলাকে যি সত্য তাক প্ৰত্যাখান কৰাৰ দ্বাৰাই ঈশ্বৰৰ বাধ্য হবলৈ অস্বীকাৰ কৰিলে৷
যিজনে অধার্মিকতাৰ ধন লবলৈ ভাল পাইছিল – অনৈতিক আৰু পাপময় কাম কৰি ধন গ্ৰহন কৰিছিল৷ # কিন্ত তেওঁ আদেশ লংঘন কৰাৰ কাৰণে, তিৰস্কাৰ পালে – তেওঁৰ অবাধ্যতাৰ কাৰণে তেওঁক কঠোৰভাৱে সংশোধন কৰা হল৷
ভাৱবাদীৰ উন্মত্ত অৱস্থাক বাধা দিলে – ঈশ্বৰে ভাৱবাদীৰ নির্বোধ কার্যক বাধা দিবলৈ এটা গাধক ব্যৱহাৰ কৰিলে৷ (চাওক: গণনা ২২:২১
৩০)
2 Peter 2:17-19
এই মানুহবিলাক পানী নথকা জুৰিৰ দৰে – ঠিক যেনেকৈ শুকাই যোৱা জুৰিয়ে শাৰীৰিক জীৱনত পানী যোগান ধৰিব নোৱাৰে, সেইদৰে তেওঁ লোকৰ উপদেশ বিলাকেও আত্মিক জীৱনলৈ চলাই নিব নোৱাৰে৷ “তেওঁলোক প্ৰৱঞ্চণামূলক আনন্দৰ স্থল৷ এক খালী মৰুদ্যান৷” (চাওক: উপমা)
তেওঁলোক ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ – ধুমুহা মেঘে বৰষুণ কঢ়িয়াই নিয়ে৷ এই বৰষুণে পুষ্টিকৰ পানী নাইবা বিধ্বংসী বানপানী আনিব পাৰে৷ এই মানুহবিলাক সেই বিনাশ কঢ়িয়াই অনা মেঘৰ দৰে৷ (চাওক:উপমা)
তেওঁলোক নিস্ফল দাম্ভিকতাৰে কথা কয় – তেওঁবিলাকৰ মাতকথা অর্থহীন দাম্ভিকতাপূর্ণ৷
তেওঁলোকে মাংসিক যৌন বাসনাৰে মানুহক প্ৰলোভিত কৰে – তেওঁলোকে পাপময় স্বভাৱটোক আকর্ষণ কৰি মানুহ বিলাকক অনৈতিক আৰু পাপময় কার্যত লিপ্ত কৰায়৷
তেওঁলোকে ভুলত জীৱন অতিবাহিত কৰা সকলৰ মাজৰ পৰা পলাই হাত সাৰি আহিবলৈ চেষ্টা কৰা মানুহবিলাকক প্ৰলোভিত কৰে
তেওঁলোকে নতুন বিশ্বাসীসকলক নিৰীক্ষণ কৰে৷
তেওঁলোকে সেই সকলক স্বাধীনতা দিবলৈ অঙ্গীকাৰ কৰে, কিন্ত তেওঁলোক নিজেই পাপৰ দাস – তেওঁলোকে প্ৰৱঞ্চনামূলক স্বাধীনতা দিবলৈ অঙ্গীকাৰ কৰে, অর্থাৎ বিশ্বাসীসকলৰ কাৰণে পাপ কৰিবলৈ স্বাধীনতা৷ কিন্ত এইটো হল পাপৰ দাসত্ব লৈহে অহা৷
যিহে তেওঁক পৰাজিত কৰে, সেই মানুহ তাৰেই দাস হয় – যি যি অভিলাষৰ ওপৰত তেওঁৰ আত্ম নিয়ন্ত্ৰণ নাই, সেই মানুহে সেই বিলাকৰ পিছে পিছে খেদি যাব৷ (চাওক: উপভাষা)
2 Peter 2:20-22
প্ৰভু আৰু উদ্ধাৰ কর্ত্তা যীচু খ্ৰীষ্টৰ জ্ঞানৰ জড়িয়তে এই জগতৰ কলংক সমূহৰ পৰা যিকোনোৱে পলাই হাত সাৰি আহে – যি ব্যক্তিয়ে যীচু খ্ৰীষ্টক প্ৰভু আৰু উদ্ধাৰ কর্ত্তা ৰূপে গ্ৰহন কৰিছে আৰু অশুচিতা আৰু অপবিত্ৰ জীৱন ধাৰণৰ পৰা ঘূৰিলে৷
এইটো তেওঁলোকৰ কাৰণে প্ৰথমটোতকৈ অধিকতৰ বেয়া হল – তেওঁলোক অধিকতৰ বেয়া হল কিয়নো তেওঁলোকৰ পবিত্ৰ জীৱন যাপন কৰিবলৈ জ্ঞান থকা স্বত্বেও তেওঁলোক পাপৰ জীৱনলৈ ঘূৰি গল৷
ধার্মিকতাৰ পথটো জানিলে – ঈশ্বৰলৈ সন্তোষজনক জীৱন যাপন কৰি৷
তেওঁলোকলৈ পবিত্ৰ আজ্ঞা প্ৰদান কৰিলে – ঈশ্বৰৰ ব্যৱস্থাসমূহ আৰু আজ্ঞাসমূহ তেওঁলোকলৈ দিয়া হল, যাতে তেওঁলোকে ঈশ্বৰৰ নিমিত্তে কেনেকৈ জীৱন যাপন কৰিব লাগে তাক জানিব৷
এই প্ৰবাদটো…কুকুৰে নিজ বমিলৈ উভতি আহে ৷ ধুউৱা গাহৰিয়ে বোকালৈ উভতি যায় – এই জ্ঞানী পটন্তৰ দৰে যিসকলে সত্যটো জানিও অধার্মিক জীৱনলৈ উভতি যায়, তাৰ লগত তুলনা কৰিছে ৷ “কুকুৰে নিজ বমিলৈ উভতি আহে”, হিতোপদেশ ২৬:১১ পদটো উদ্ধতি দি কৈছে৷ দুয়োক্ষেত্ৰতেই অর্থটো হল – “এটা জন্তক নিজকে লেতেৰা নকৰিবলৈ প্ৰশিক্ষণ দিবৰ বাবে অসমর্থ৷”
2 Peter 3
2 Peter 3:1-2
প্ৰিয়বিলাক, তোমালোকৰ সৰল মনক জগাই তুলিবৰ বাবে তোমালোকলৈ মই এতিয়া এই দ্বিতীয় পত্ৰখন লিখিছো৷ – পিতৰে তেওঁৰ আলোচনাটো সলনি কৰিছে আৰু তেওঁৰ শ্ৰোইতা
দর্শক সকলক সোৱঁৰাই দিছে যে তেওঁলোকলৈ “তেওঁলোকৰ বিশ্বাসযোগ্য চিন্তা আৰু কর্মৰাজিক জাগ্ৰত কৰিবলৈ” লিখা এইখন দ্বিতীয় পত্ৰ৷
যাতে তোমালোকক আগতে কোৱা কথাবিলাক মনত পেলাব পাৰা – উদ্দেশ্যটো হল “পাচনি বিলাকৰ দ্বাৰা দিয়া উপদেশ সমূহ, পবিত্ৰ ভাৱবাদীবিলাকৰ কথাবোৰ আৰু যীচুৰ আজ্ঞাসমূহ” তেওঁলোকৰ স্মৃতি শক্তিক পুনৰ সজীৱ কৰি তুলিবলৈ৷
2 Peter 3:3-4
প্ৰথমে ইয়াকে জানা – “এইটো বুজি লোৱাটো আটাইতকৈ গুৰুত্বপূর্ণ৷”
তেওঁৰ পুণৰাগমনৰ প্ৰতিজ্ঞা কত ? – বিদ্ৰোপকাৰীসকলে পেংলাই কৰি এইটো সুধি থাকে আৰু উত্তৰ আশা কৰি নাথাকে৷ সলনি অনুবাদ : “যীচু ঘুৰি আহিব বুলি দিয়া প্ৰতিজ্ঞা সচাঁ নহয়৷” (চাওক: অলংকাৰ পূর্ণ প্ৰশ্ন)
সৃষ্টিৰ আৰম্ভনিৰ পৰাই সকলোবোৰ একেই হৈ আছে – এইটো মনুষ্যৰ পতন হোৱা দিনৰ পৰা চলি অহা মৌলিক জীৱন পদ্ধতিৰ প্ৰসংগত কোৱা হৈছে৷ মানুহ জন্ম হৈছে আৰু মানুহ মৰিছে৷ সিহঁতে বিয়া কৰিছে আৰু বিয়া দিয়া হৈছে৷ অৱিচ্ছিন্নভাৱে যুঁজ চলিয়েই আছে আৰু পাপ কৰিয়েই আছে৷ সলনি অনুবাদ : “আৰম্ভনিৰ পৰাই জীৱনৰ দুখ
কষ্ট সমূহ একেই হৈ আছে, আমাৰ জীৱন সহজ কৰিবলৈ ত্ৰাণকর্ত্তাৰ শাসন অহা নাই৷” (চাওক : স্পষ্ট আৰু ইংগিত বহন কৰে)
2 Peter 3:5-7
তেওঁলোকে ইচ্ছাকৃত ভাৱে এইটো পাহৰি যায় – বিদ্ৰোপকাৰী সকলে কয় যে সৃষ্টিৰ দিনৰ পৰাই একোৱেই সলনি হোৱা নাই আৰু তেওঁলোকে জানি
শুনি পাহৰি যোৱাটো পছন্দ কৰে৷
বহুদিনৰ আগতেই, ঈশ্বৰৰ বাক্যৰ দ্বাৰাই, আকাশ মণ্ডল আৰু পৃথিৱীখন জলৰ পৰা আৰু জলৰ জড়িয়তে স্থাপিত হৈছিল৷
“ঈশ্বৰে কথা কলে আৰু আকাশ মণ্ডল স্থিতি হল আৰু পৃথিৱীখন জলৰ পৰা ওলাই আহিল আৰু জলৰ দ্বাৰা পৃথক কৰা হল৷”
আৰু যে তেওঁৰ বাক্য আৰু পানীৰ দ্বাৰা সেই সময়ৰ জগতখন জলপ্লাৱন হোৱাত ধ্বংস কৰা হল – “যি বাক্য জগতখন সৃষ্টি কৰিবলৈ ঈশ্বৰে ব্যৱহাৰ কৰিছিল সেই একে বাক্যই তেওঁ, বর্তি থকা জগতখন জলপ্লাৱনৰ দ্বাৰা ধ্বংস কৰিবলৈ তেওঁ ব্যৱহাৰ কৰিলে৷”
সেই একেই বাক্য – “ঈশ্বৰৰ বাক্য”
আৰু আকাশ মণ্ডল আৰু পৃথিৱীখন সেই একে বাক্যৰ দ্বাৰাই জুইৰ বাবে ৰক্ষিতত হৈ আছে৷ – ঈশ্বৰৰ বাক্যই আকাশ মণ্ডল আৰু পৃথিৱীক জুইৰ বাবে সংৰক্ষণ কৰি ৰাখিছে৷
শেষ বিচাৰৰ দিনৰ বাবে আৰু অধার্মিক লোকৰ ধ্বংসৰ বাবে সংৰক্ষি ত কৰি ৰখা হৈছে৷ – যেতিয়ালৈকে ঈশ্বৰে অধার্মিক লোকক বিচাৰ নকৰে, তেতিয়ালৈকে আকাশ মণ্ডল আৰু পৃথিৱীক ৰাখি থোৱা হৈছে৷
2 Peter 3:8-9
প্ৰিয়সকল, এইটো তোমালোকৰ দৃষ্টিতৰ পৰা হাত সাৰি যোৱা উচিত নহয় – আঁতৰ হোৱা উচিত নহয়৷ – “প্ৰিয়সকল, পাহৰি নাযাবা”
যে প্ৰভু লগত এদিনেই এহাজাৰ বছৰৰ দৰে আৰু এহাজাৰ বছৰ এদিনৰ দৰে – ঈশ্বৰ কোনো এটা নির্দিষ্ট সময়ৰ বাবে নহয়৷
যেনেকৈ কিছুমানে পলম বুলি গণ্য কৰে, কিন্ত তেওঁ তোমালোকৰ প্ৰতি ধৈর্যশীল
কোনো কোনো মানু্হে ভাৱিব পাৰে যে ঈশ্বৰে তেওঁৰ অঙ্গিকাৰ সম্পাদন কৰাত লেহেম, কিন্ত তেওঁ তোমালোকৰ প্ৰতি সহনশীলতাহে দেখুৱাইছে৷
কিন্ত তেওঁ সকলোকে অনুশোচনা কৰিবলৈ সময় দিবৰ বাবে ইচ্ছা কৰে – তেওঁৰ শেষ বিচাৰৰ দিনৰ আগতে, ঈশ্বৰে প্ৰত্যেবককেই অনুতপ্ত হবলৈ সময় দি আছে৷
2 Peter 3:10
সি যি নহওক,
যদিও প্ৰভুৱে, মানুহবিলাকে অনুশোচনা কৰালৈ ধৈর্য্য ধৰি আছে, তেওঁ ঘূৰি আহিব আৰু ৰায় (বিচাৰ) আনিব৷
প্ৰভুৰ দিন চোৰৰ দৰে আহিব – চোৰে যেনেকৈ কাৰোবাৰ ঘৰত চুৰ কৰিবলৈ অহাৰ আগতে কোনো জাননী নিদিয়ে, সেইদৰে যীচুৱে জাননী নিদিয়াকৈ দেখা দিব৷ (চাওক : উপমা)
এটা ডাঙৰ শব্দ কৰি আকাশ মণ্ডল আতঁৰি যাব৷ উপাদান সমূহ জুইৰ দ্বাৰা পোৰা যাব – ডাঙৰ শব্দ আৰু জুই, আকাশ মণ্ডল আৰু পৃথিৱীৰ ধ্বংসৰ জীৱন্ত বিৱৰণ৷ কোনোজনৰ মনোযোগ ই হাত সাৰি নাযাব৷
ইয়াত থকা সকলো কর্ম বিচাৰ কৰা হব – মানুহে কৰা সকলো ভাল আৰু বেয়া কর্ম, ঈশ্বৰে বিচাৰ কৰিব৷
2 Peter 3:11-13
এইদৰে, এই সকলোবোৰ বস্তু ধ্বংস কৰা হব – “সকলো বস্তু জুইৰ দ্বাৰা ধ্বংস কৰা হব৷”
পবিত্ৰ জীৱন যাপন কৰাত আৰু ধার্মিকতাত, তোমালোক কেনেধৰণৰ লোক হোৱা উচিত ?
পিতৰে বিশ্বাসীসকলক ভাৱিবলৈ প্ৰত্যাহ্বান জনাইছে যে তেওঁলোকে কেনেধৰণৰ পৱিত্ৰ আৰু ধার্মিক জীৱন যাপন কৰিব লাগে কাৰণ তেওঁলোকে জানে যে পৃথিৱীখন আৰু মানুহৰ কর্মবোৰ বিচাৰ কৰা হব৷ ( চাওক : উত্তৰ আশা নকৰা আলংকাৰিক প্ৰশ্ন)