Assamese: translationNotes

Updated ? hours ago # views See on DCS

2 Corinthians

2 Corinthians 1

2 Corinthians 1:1-2

কৰিন্থ মণ্ডলীৰ লোক সকলক পৌলে তেওঁৰ প্ৰত্ৰত আৰু লিখিছে

সেয়ে মো নিজ ভাগ মই নিজেই থিৰ কৰিলো

“মই থিৰ কৰিলো”

তোমালোক এটা বেদনাদায়ক পৰিস্থিতিত আছা

যেতিয়া তোমালোকে কাৰ্য্য কৰি আছিলা তেতিয়া মই বৰকৈ তাৰ প্ৰতিবাদ কৰিছিলো৷

যদি মই তোমালোকক আঘাত দিলো, যি সকলে মোক আনন্দ দিলে হেতেন তেওঁলোক মোৰ দ্বাৰা আঘাত প্ৰাপ্ত হলনে? পৌলে কৰিন্থত থকা লোক সকলক কৈছে যে তেওঁলোকে পৌলক আনন্দিত কৰিব পাৰে আৰু তেওঁলোকক আঘাত কৰা কাৰ্য্যই তেওঁলোক দুয়োকে অসুখী কৰিছে৷ আন এক অনুবাদ “যদি মই আঘাত দিছো, তেন্তে মই দুখী হম কিয়নো তোমালোক অসুখী হৈছা৷”(চাওঁকঃRhetorical Question)

2 Corinthians 1:3-4

পৌল আৰু তীমথিয়ই তেওঁবিলাকৰ পত্ৰ খনি চিনাকী কৰি যাবলৈ ধৰিলে৷

ঈশ্বৰ আৰু পিতৃ

“ঈশ্বৰ, যি জন পিতৃ হয়”

কৰুণাময় পিতৃ আৰু শান্ত্বনাৰ ঈশ্বৰ

একেটা অৰ্থ প্ৰকাশ কৰিবৰ বাবে এই দুটি উক্তিৰ ব্যৱহাৰ কৰা হৈছে৷ “পিতৃ” আৰু “ঈশ্বৰ” এই শব্দ দুটিৰ দ্বাৰাই “যোগাওঁতা” বা “উৎস” ৰ ঈশ্বৰ সূচায়, কিয়নো ঈশ্বৰ সকলো বিষয়ৰ উৎস হয়৷ আন এক অনুবাদঃ “কৰুণা আৰু শান্তিৰ উৎস”(চাওঁকঃ Parallelism)

ক্লেশৰ মাজত আমাক শান্ত্বনা দিয়ে

“আমাক” আৰু “আমাৰ” এই শব্দ দুটিৰ দ্বাৰাই কৰিন্থীয়া মণ্ডলীৰ লোকসকলকো বুজোৱা হৈছে৷(চাওঁকঃ Inclusive)

2 Corinthians 1:5-7

পৌল আৰু তীমথিয়ই কৰিন্থীয়া মণ্ডলীৰ লোক সকলক উৎসাহিত কৰিছে৷

কিয়নো যেনেকৈ খ্ৰীষ্টৰ দুখ আমালৈ উপচি পৰে

“যেনেকৈ খ্ৰীষ্টে আমাৰ বাবে অনেক কষ্ট ভুগ কৰিলে”

আমি যদি ক্লেশ ভোগ কৰোঁ

পৌলে ইয়াত কৰিন্থীয়া সকলক বাদ দি যি কষ্ট তেওঁবিলাকে ভুগ কৰিছে সেই কথা উল্লেখ কৰিছে৷(চাওঁকঃ Exclusive)

যি কাৰ্য্যসমূহ

“যি তোমালোকে অভিজ্ঞতা লাভ কৰিলা”

2 Corinthians 1:8-10

পৌল আৰু তীমথিয়ই তেওঁবিলাকৰ পত্ৰ লিখি গৈ থাকিল

তোমালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই

“আমি তোমালোকে জনাতো বিচাৰো”(চাওঁকঃ Litotes)

সম্পূৰ্ণভাৱে ভাৰগ্ৰস্থ হলো

“ভাৰগ্ৰস্থ” এই শব্দটিৰ দ্বাৰাই মন গধুৰ হোৱা বুজায়ছে৷ আন এক অনুবাদঃ “সম্পূৰ্ণৰূপে ভাৰগ্ৰস্থ”

আমাৰ শক্তিৰ অতিৰিক্ত

পৌল আৰু তীমথিয়ই তেওঁবিলাকৰ মানসিক ভাৱে যি বেজাৰ লাভ কৰিছে তাক এটা গধুৰ বোজা কঢিওৱা যেন অনুভৱ কৰিছে৷(চাওঁকঃ Metaphor)

মৃত্যুদণ্ডাজ্ঞ

পৌল আৰু তীমথিয়ই তেওঁবিলাকৰ মনৰ বেজাৰক কোনোবাই মৃত্যুদণ্ডৰ আদেশ দিলে যেনে অনুভৱ হয় তেনে যেন পাইছিল৷আন এক অনুবাদঃ “আমি এনে বেজাৰত আছিলো যেন মৃত্যুদণ্ডহে লাভ কৰিছো”(চাওঁক Metaphor)

কিন্তু ঈশ্বৰৰ সলনি

“আমাৰ ভাৰসা” এই উক্তিটো বাদ দিয়া হৈছে৷ আন এক অনুবাদঃ “কিন্তু তাৰ সলনি, আমি ঈশ্বৰত ভাৰসা কৰিলো”(চাওঁকঃ)

মৃতবিলাকক তোলোতা যি

“যি জনে মৃতবিলাকক পুনৰায় জীৱন দিয়ে”

ভয়ঙ্কৰ মৃত্যু

পৌল আৰু তীমথিয়ই তেওঁবিলাকৰ মনৰ বেজাৰক ভয়ঙ্কৰ মৃত্যুৰ লগত তুলনা কৰিছে বা ভয়ঙ্কৰ বিপদৰ লগত তুলনা কৰিছে (UDB)৷ আন এক অনুবাদঃ “আশাহীনতা”(চাওঁকঃMetaphor)

2 Corinthians 1:11

তোমালোকে আমাক সহায় কৰাত ঈশ্বৰ এয়ে আমালৈ কৰিব

“কৰিন্থীয়া মণ্ডলীৰ যি লোক তোমালোক, তোমালোকে আমাৰ বাবে প্ৰাৰ্থনা কৰাত ঈশ্বৰে আমাক বিপদৰ পৰা ৰক্ষা কৰিব৷”

2 Corinthians 1:12-14

আমাৰ বিবেকে সাক্ষ্য দিছে

পৌল আৰু তীমথিয়ই তেওঁবিলাকৰ কাৰ্য্যৰ যি চিন্তা তাৰ সাক্ষ্য দিছে৷

জাগতিক জ্ঞান

“মানুহৰ জ্ঞান”

তোমালোকে পঢিব বা বুজি নোপোৱা এনে কোনো কথা আমি নিলিখো

“আমি যি যি লিখিম, সেই সকলো তোমালোকে পঢিব পাৰিবা আৰু বুজি পাবা”(চাওঁকঃ Litotes)

তোমালোক যেনেকৈ আমাৰ

আন এক অনুবাদঃ “তোমালোক যেনেকৈ আমাৰ বাবে গৌৰৱৰ বিষয় হোৱা” (চাওঁকEllipsis)

2 Corinthians 1:15-16

কিয়নো এই বিষয়ে মই দৃঢ প্ৰত্যয় আছিলো

এই বাক্যষাৰে পৌলে আগৰ পদটিত কৰিন্থীয়াৰ প্ৰতি কৰা মন্তব্যৰ ওপৰত মত প্ৰকাশক কৰিছে৷

মোক যিহূদিয়ালৈ যাবলৈ আগবঢাই থোৱা

“যিহূদীয়ালৈ যোৱাত মোক সহায় কৰা”

2 Corinthians 1:17-18

এনে মন কৰি, মই জানো অস্থিৰতা দেখুৱাইছিলো?

পৌল আৰু তীমথিয়ই এনে প্ৰশ্নৰ অৱতাৰণ কৰাৰ দ্বাৰাই তেওঁবিলাকৰ সিদ্ধান্ত যে শুদ্ধ তাৰ প্ৰমাণ দেখুৱাইছে৷ আন এক অনুবাদঃ “মই যেতিয়াই এনে দৰে চিন্তা কৰি আছিলো, মই মোৰ সিদ্ধান্তত নিশ্চিত আছিলো”(চাওঁকঃ Rhetorical Question)

মই অস্থিৰ হৈছিলো নে

“মই অনিশ্চিত হৈছিলো নে”

নাইবা, মই যি মন কৰোঁ, সেয়ে মই মাংস অনুসাৰে কৰোঁ, যাতে মই একে সময়তে “হয়, হয়” আৰু “নহয়, নহয়” কব পাৰো?

পৌলে নিজৰ ব্যক্তিত্বক ৰক্ষা কৰিছে৷ আন এক অনুবাদঃ“মই ঈশ্বৰে বিচৰা ধৰণে পৰিকল্পনা সমূহ কৰোঁ, মই হয় বা নহয় কম, তেতিয়াহে যেতিয়া মই জানিম যে মোৰ উত্তৰ সমূহ শুদ্ধ৷”(চাওঁকঃ Rhetorical Question)

2 Corinthians 1:19-20

নহয় নে

পৌল আৰু তীমথিয়ই যীচুৱে কেনেকৈ এটা অনুৰোধৰ উত্তৰ দিয়ে সেই কথা বুজাইছে৷ আন এক অনুবাদঃ “উত্তৰ নিদিয়ে”(চাওঁকঃ Explicit and Implicit)

তেওঁত “হয়”

ইয়াত “হয়” শব্দটিৰ দ্বাৰাই এনে এজন ব্যক্তিৰ কথা বুজোৱা হৈছে যি জনক ঈশ্বৰে উদ্ধাৰ কৰিম বুলি প্ৰতিজ্ঞা কৰিছে৷ আন এক অনুবাদঃ“যীচু খ্ৰীষ্টিই যি কৰিলে তাৰ কাৰণে তাক নিশ্চয় কৈ দিব”(চাওঁকঃ Explicit and Implicit)

তেওঁত “হয়”… তেওঁত আমি কওঁ

“তেওঁত” ইয়াৰ দ্বাৰাই যীচু খ্ৰীষ্টক বুজোৱা হৈছে৷

2 Corinthians 1:21-22

কৰিন্থীয়া মণ্ডলীৰ উদ্দেশ্যে পৌল আৰু তীমথিয়ই পত্ৰ লিখি গৈ থাকিল

আমাত তেওঁৰ মোহৰ মাৰিলে

“তেওঁৰ মোহৰ” ইয়াৰ দ্বাৰাই ঈশ্বৰৰ দ্বাৰা মনোনীত হোৱা বুজাইছে৷ আন এক অনুবাদঃ “আমাক মনোনীত কৰিলে”(চাওঁকঃ Metaphor)

2 Corinthians 1:23-24

মোৰ সাক্ষ্য দিবৰ বাবে মই ঈশ্বৰক আহ্বান জনালো

“সাক্ষ্য দিবৰ” ইয়াৰ দ্বাৰাই এনে এজন ব্যক্তিৰ কথা কোৱা হৈছে যি জনে কোনো এটা বিষয় নিস্পষ্তি কৰিবৰ বাবে যি শুনিলে বা দেখিলে৷ “মই যি কৈছো সেয়ে যে সত্য তাক ঈশ্বৰক দেখুৱাই দিবৰ বাবে কৈছো”

তোমালোকৰ বিশ্বাসত থিৰে থাকিবলৈ

“থিয়” এই শব্দটিৰ দ্বাৰাই এনে এটা বিষয় বা বস্তুক বুজোৱা হৈছে যি সলনি নহয়৷ আন এক অনুবাদঃ “নিজ বিশ্বাসত থিৰে থাকা”(চাওঁকঃ Idiom)

2 Corinthians 2

2 Corinthians 2:1-2

কৰিন্থীয়া মণ্ডলীৰ উদ্দেশ্যে পৌলে পত্ৰ লিখি গৈ থাকিল

সেয়েহে মই নিজৰ বাবে সিদ্ধান্ত ললো

“মই সিদ্ধান্ত গ্ৰহণ কৰিলো”

তোমালোক দূখত আছা

আন এক অনুবাদঃ “তোমালোকে যেতিয়া কোনো কাৰ্য্য কৰিছিলা মই তাক কঠোৰ ভাৱে বাধা দিছিলো”

যদিহে মই তোমালোকক দূখ দিওঁ, তেন্তে মোক আনন্দিত কৰোঁতা কোন কিন্তু যি সকলক মই দূখিত কৰিছিলো তেওঁলোকেই নহয় নে?

পৌলে কৰিন্থীয়া লোকসকলক কৈছে যে তেওঁবিলাকে তেওঁক আনন্দ দিয়ে আৰু তেওঁবিলাকক দূখ দিলে দুয়ো পক্ষই দূখিত হব৷ আন এক অনুবাদঃ “যদিহে মই তোমালোকক দূখ দিছো, তেনে হলে মই বেজাৰ পাম কিয়নো তোমালোক বেজাৰত থাকিবা,”(চাওঁকঃ Rhetorical Question)

2 Corinthians 2:3-4

মই সেই সকলৰ দ্বাৰা আঘাটিত নহম

পৌলে কিছুমান কৰিন্থয়া মণ্ডলীৰ বিশ্বাসী সকলৰ ব্যৱহাৰৰ বিষয়ে কৈছে, যি কাৰ্য্যই তেওঁক আবেগিক কৰি তুলিছিল৷ আন এক অনুবাদঃ “মই তেওঁলোকৰ কাৰ্য্যৰ দ্বাৰাই আঘাতিত নহওঁ৷”

মহা ক্লেশৰ পৰা মনৰ বেদনা আৰু চকুলোৰে

এই বাক্যই পৌলৰ গভীৰ বেজাৰৰ কথা প্ৰকাশ কৰিছে আৰু অতি কষ্টেৰে পত্ৰ লিখিছে কিয়নো কৰিন্থৰ লোকবিলাকৰ প্ৰতি তেওঁৰ প্ৰেম আছিল৷(চাওঁকParallelism)

2 Corinthians 2:5-7

কিছুদূৰলৈকে

“কিছু ক্ষেত্ৰত”

অতিবৰ্বৰতাৰে

“নিৰ্দয়ভাবে”

বেজাৰত মৰ্মাহত হল

চিন্তাত মৰ্মাহত হোৱাৰ বিপৰীতে এক শক্তিশালী আবেগিক সহাঁৰি লাভ কৰা

2 Corinthians 2:8-9

পৌলে কৰিন্থ মণ্ডলীক উদগণি দিব বিচাৰিছে যে যি জন ব্যক্তিক তেওঁলোকে শাস্তি দিছিল তাক যাতে ক্ষমা কৰে৷

তেওঁৰ প্ৰতি থকা প্ৰেম প্ৰকাশ্যে প্ৰকাশ কৰা৷ এই কাৰ্য্যই ব্যক্তিজনক পুনৰায় বিশ্বাসী সকলৰ সহভাগিতালৈ আনিব৷ আন এক অনুবাদঃ “দলীয়া সভাত কৰা যে তোমালোকে নিজৰ পৰিয়ালক প্ৰেম কৰাৰ দৰে এতিয়াও তেওঁক প্ৰেম কৰা”

সকলোতে তোমালোকে বাধা হলা

এইটোৱে যিজন দায়ী তেওঁক শাস্তিদিয়া আৰু পিছত তেওঁলোকক ক্ষমা কৰি দিয়া৷ আন এক অনুবাদঃ মই শিকোৱা সকলো কাৰ্য্যই তোমালোকে পালন কৰিলা৷(চাওঁক Explicit and Implicit)

2 Corinthians 2:10-11

তোমালোকৰ বাবে ক্ষমা কৰা হল

অনুমানিক অৰ্থ ১. তোমালোকৰ প্ৰতি মোৰ প্ৰেম থকাৰ বাবেই ক্ষমা কৰা হল, বা ২. “তোমালোকৰ ভালৰ বাবে ক্ষমা কৰা হলা”

কাৰণ আমি তেওঁৰ এই পৰিকল্পনা নজনা নহয়

কিয়নো আমি তেওঁৰ পৰিকল্পনা জানো৷

(চাওঁকঃLitotes)

2 Corinthians 2:12-13

যদিও মোলৈ দুৱাৰ মুকলি কৰা হল

যেনেকৈ এখন খুলা দুৱাৰে ভিতৰলৈ সোমাই আহিবলৈ সুবিধা দিয়ে তেনেকৈ ত্ৰোৱাত শুভবাৰ্তা দিবলৈ পৌলক সুবিধা দিয়া হল৷ আন এক অনুবাদঃ“মোক এটা সুযোগ দিয়া হল”(চাওঁকঃ উপমা)

মোৰ ভাই তীত

যি সকললোকে পৰিচৰ্যাৰ ক্ষেত্ৰত বাক্য প্ৰচাৰ কৰাৰ ক্ষেত্ৰত ভাগ লৈছিল তেনে লোক সকলক পৌলে খ্ৰীষ্টত তেওঁৰ ভাই বুলি অভিহিত কৰিছিল৷

গতিকে মই এৰি আহিলো

“গতিকে মই ত্ৰোৱাৰ লোক সকলকৰ পৰা বিদায় ললো৷”

2 Corinthians 2:14-15

জয় যাত্ৰা কৰা

পৌলে খ্ৰীষ্টৰ কথা কৈছে এজন সামৰিক সেনাৰ দৰে সৈন্য সকলক জয়যুক্ত দান কৰে৷ আন এক অনুবাদঃ‘আমাক জয়যুক্ত দান কৰে’(চাওঁকঃ)

জ্ঞানৰূপ সুগন্ধ

“জ্ঞানৰ সুঘ্ৰাণ” পৌলে এই উক্তিটো ব্যৱহাৰ কৰে৷ “সুঘ্ৰাণ”সন্তুষজনক জ্ঞানৰ কথাক বুজাব বিচাৰিছে৷ আন এক অনুবাদঃ “সন্তুষজনক জ্ঞান”

খ্ৰীষ্টৰ সুগন্ধ

“খ্ৰীষ্টৰ সুঘ্ৰাণ” পৌলে এই উক্তিটো ব্যৱহাৰ কৰে ‘সুগন্ধ’ ইয়াৰ দ্বাৰাই জ্ঞানৰূপ সুগন্ধক বুজাইছে যি সন্তুষজনক৷ আন এক অনুবাদঃ“খ্ৰীষ্টৰ সন্তুষজনক জ্ঞান৷”(চাওঁকঃউপমা)

2 Corinthians 2:16-17

মৃত্যুৰ পৰা উৎপন্ন মৃত্যুজনক গন্ধ

‘গন্ধ’ খ্ৰীষ্টিয় সম্বন্ধীয় জ্ঞানক বুজাইছে৷ কাৰণ যি সকল আত্মিকভাৱে মৃত, খ্ৰীষ্টিয় সম্বন্ধীয় জ্ঞান মৃত গেলি যোৱা শীৰৰ পৰা ওলোৱা গন্ধৰ নিচিনা৷ আন এক অনুবাদঃ “মৃত্যুৰ জ্ঞান তেওঁলোকৰ বাবে যি সকল মৃত৷”(চাওঁকঃউপমা)

জীৱনৰ পৰা উৎপন্ন জীৱনদায়ক গন্ধ

“গন্ধ” খ্ৰীষ্টৰ বিষয়ৰ জ্ঞানৰ কথাকে বুজাইছে৷ কিয়নো যি সকল আত্মিকভাৱে জীৱিত, খ্ৰীষ্টয় সম্বন্ধীয় জ্ঞান খ্ৰীষ্টৰ সুঘ্ৰাণ স্বৰূপ৷ আন এক অনুবাদঃ “জীৱনৰ জ্ঞান সেই সকলৰ বাবে যি সকলে আত্মিকভাৱে জীৱিত”

এই সকলোবিলাক পোৱাৰ যোগ্য কোন? – পৌলে এই প্ৰশ্নটো এই কথা প্ৰকাশ কৰিবলৈ কৰিলে যে, খ্ৰীষ্টৰ জ্ঞানটো হৈছে ঈশ্বৰৰ এটা উপহাৰ, যি উপহাৰ পোৱাৰ যোগ্য কোনো নহয়৷ আন এক অনুবাদঃ“এই উপহাৰ পোৱাৰ যোগ্য কোনো নহয়৷”

ইচ্ছাৰ পবিত্ৰতা

“ভাল অভিপ্ৰায়”

আমি খ্ৰীষ্টত কথা কওঁ

“আমাৰ বিশ্বাস খ্ৰীষ্টত থকা হেতুকে আমি কথা কওঁ৷”

2 Corinthians 3

2 Corinthians 3:1-3

আমি নিজৰ প্ৰশংসা কৰিবলৈ আকৌ আৰম্ভ কৰিছোঁ নে?

পৌলে এই বাক্যষাৰৰ দ্বাৰাই তেওঁবিলাকে নিজকে অধিক ভাল বুলি কোৱা নাই তাক কব বিচাৰিছে৷(চাওঁকঃ Rhetorical Question)

তোমালোকলৈ বা তোমালোকৰ পৰা সুখ্যাতিপ্তৰ পাবলৈ, কোনো কোনো

লোকৰ নিচিনাকৈ আমাৰো প্ৰয়োজন আছে নে?

ইয়াৰ দ্বাৰাই পৌলে কব বিচাৰিছে যে কৰিন্থীয়াৰ লোক বিলাকে ইতিমধ্যেই পৌল আৰু তীমথিয়ৰ ভাল লোক বুলি চিনি পায়৷(চাওঁক Rhetorical Question)

সুখ্যাতিৰ পত্ৰ

পৌল আৰু তীমথিয়ৰ কৰিন্থীয়া মণ্ডলীৰ প্ৰতি থকা যি প্ৰেম তাক সুখ্যাতিৰ পত্ৰৰ লগত তুলনা কৰিব বিচৰা হৈছে যাৰ দ্বাৰাই পৌল আৰু তীমথিয় যে বিশ্বাসযোগ্য তাৰ প্ৰমাণ দিব পৰা যাব৷(চাওঁকঃ Metaphor)

আমাৰ হৃদয়ত লিখা, আৰু সকলো মানুহে জনা পঢা আমাৰ পত্ৰ তোমালোকেই হৈছা, তোমালোক, আমাৰ দ্বাৰাই সম্পাদিত হোৱা খ্ৰীষ্টৰ পত্ৰস্বৰূপে প্ৰকাশিত হৈছা..জীৱনময় ঈস্বৰৰ আত্মাৰ দ্বাৰাইহে লিখা পৌলে কব বিচাৰিছে যে কৰিন্থীয়া মণ্ডলীটো এখন পত্ৰৰ দৰে যিয়ে তেওঁবিলাকৰ উদাহৰণ আৰু পৌল আৰু তীমথিয়ই কেনেকৈ তেওঁবিলাকৰ আগত খ্ৰীষ্টৰ বিষয়ে ঘোষণা কৰিলে, আৰু যাৰ দ্বাৰাই পবিত্ৰ আত্মাৰ শক্তিৰ দ্বাৰাই সেই লোক সকলৰ জীৱন সলনি হয়৷(চাওঁক Metaphor)

শিলৰ ফলিত নহয়, কিন্তু মানুহৰ হৃদয় ফলিত লিখা হল

“শিল” ইয়াৰ দ্বাৰাই সলনি হব নোৱাৰা বিষয় এটাৰ কথা কোৱা হৈছে৷ “মানুহৰ হৃদয়” ইয়াক উল্লেখ কৰা হৈছে কিয়নো ই কোমল আৰু এজন মানুহৰ সলনি হব পৰা ক্ষমতাক বুজোৱা হৈছে৷(চাওঁকঃ Idiom)

ফলি

এইয়া এটা সমান শিলা বা মাটিৰ দ্বাৰাই নিৰ্মিত বস্ত হয় যাৰ ওপৰত লিখা হয়৷

2 Corinthians 3:4-6

পৌল আৰু তীমথিয়ই কৰিন্থীয়া মণ্ডলীৰ প্ৰতি পত্ৰ লিখি গৈ থাকিল

এনে দৃঢ প্ৰত্যয়

“এনে” ইয়াৰ দ্বাৰাই খ্ৰীষ্ট সম্বন্ধীয় জ্ঞানে কৰিন্থীয়া মণ্ডলীৰ লোক সকলৰ জীৱন কেনে ধৰণে সলনি কৰিলে তাৰ সম্বন্ধে পৌল আৰু তীমথিয় যে অৱগত সেই কথা কব বিচৰা হৈছে৷

নিজ গুণেৰেই যে যোগ্য হওঁ

“নিজেই যোগ্যহোৱা”

আমাৰ গুণ

“আমাৰ যোগ্যতা”

আখৰে নহয় কিন্তু আত্মাৰহে

পৌলে “আখৰ” শব্দটিৰ দ্বাৰাই পুৰণি নিয়মৰ বিধানক বুজাইছে কিয়নো আখৰৰ দ্বাৰাই পত্ৰ লিখা হয়৷ “বিধান পত্ৰ” এই শব্দটিৰ দ্বাৰাই গোটেই পুৰণি নিয়ম খনিক বুজোৱা হৈছে৷ আন এক অনুবাদঃ “বিধান পালন কৰাৰ দ্বাৰাই নহয় কিন্তু পবিত্ৰ আত্মাৰ বৰৰ দ্বাৰাই হে”(চাওঁকঃ Synecdoche)

আখৰে বধ কৰে

ইয়াৰ শুদ্ধ ভাৱে পুৰণি নিয়মৰ বিধান সমূহ পালন কৰিবলৈ চেষ্টা কৰা আৰু তাক কৰিবলৈ ব্যৰ্থ হোৱাৰ দ্বাৰাই আত্মিক মৃত্যু হোৱা৷(চাওঁকঃ Personification)

2 Corinthians 3:7-8

এতিয়া যদি… আত্মাৰ পৰিচৰ্যা আৰু অধিক গৌৰৱময় নহব নে?

উত্তৰটো বুজিবলৈ কেনে সহজ তাক বুজাবৰ বাবে পৌলে এই প্ৰশ্নটি সুধিছে৷ আন এক অনুবাদঃ “আৰু এতিয়া…আত্মাৰ পৰিচৰ্যা আৰু অধিক গৌৰৱময় হব৷”(চাওঁকঃ Rhetorical Question)

পত্ৰত ছপা কৰা হল

“পত্ৰত লিপিবদ্ধ কৰা”

মৃত্যুৰ পৰিচৰ্যা…আত্মাৰ পৰিচৰ্যা

“পৰিচৰ্যা” এই শব্দটিৰ দ্বাৰাই পৌলে ঈশ্বৰে আমাৰ বাবে ব্যৱস্থা কৰা বিধানৰ দ্বাৰাই আত্মিক মৃত্যু বা আত্মাৰ দ্বাৰাই অনন্ত জীৱন তাক বুজাইছে৷ আন এক অনুবাদঃ “মৃত্যু লাভ কৰাৰ উপায়..আত্মা লাভ কৰাৰ উপায়”(চাওঁকঃ Metaphor)

2 Corinthians 3:9-11

পৌলে মোচিৰ বিধানৰ লগত খ্ৰীষ্টৰ পৰিচৰ্যাৰ তুলনা কৰি গৈ থাকিল৷

দণ্ডাজ্ঞাৰ পৰিচৰ্যা

ইয়াৰ দ্বাৰাই ঈশ্বৰে মোচিক দিয়া বিধানৰ কথা কোৱা হৈছে৷ ইয়াৰ দ্বাৰাই ঈশ্বৰৰ প্ৰতি মানুহৰ অবাধ্যতাৰ কথাকে বুজোৱা হৈছে, আৰু তাৰ দ্বাৰাই মানুহক মৃত্যুৰ দণ্ডাজ্ঞা দিয়া হল৷

ধাৰ্মিকতৰা পৰিচৰ্যা

ইয়াৰ দ্বাৰাই যীচু খ্ৰীষ্টৰ দ্বাৰাই দান কৰা ক্ষমাৰ বাৰ্তাক বুজোৱা হৈছে৷ ইয়াৰ দ্বাৰাই বিধানৰ দ্বাৰাই দণ্ডাজ্ঞা লাভ কৰাৰ বিষয়ে নহয় কিন্তু ক্ষমা আৰু নতুন জীৱন দিয়াৰ কথা কোৱা হৈছে ৷

গৌৰৱেৰে উপচি পৰা

বিধানৰ পৰিচৰ্যাত গৌৱৰ আছিল যদিও ধৰ্মিকতাৰ সম্বন্ধীয় খ্ৰীষ্টৰ যি পৰিচৰ্যা সেয়ে অধিক গৌৰৱময়৷

এসময়ত সেই যি প্ৰস্তুত কৰা হৈছিল…যদি সেই

“সেই” এই শব্দটিৰ দ্বাৰাই মোচিৰ বিধানৰ কথা বুজোৱা হৈছে৷

এই সম্বন্ধে

“এই ধৰণে”

সেয়ে বৃদ্ধি পালে

“সেইয়া ইয়াত কৈ উত্তম”

লুপ্ত হৈ যোৱা

“উদ্দেশ্য সম্পূৰ্ণ কৰিলে”

2 Corinthians 3:12-13

লুপ্ত হৈ যোৱা যি গৌৰৱ

ঈশ্বৰৰ গৌৰৱময় পোহৰ মোচিৰ মূথত আছিল আৰু তেওঁ মূখত এখন ওৰণি লৈছিল যাতে ইস্ৰায়েলি সকলে তাক আঁতৰি যোৱা নেদেখে৷আন এক অনুবাদঃ “মোচিৰ মূকৰ পৰা আতৰ হৈ যাব ধৰা যি ঈশ্বৰৰ গৌৰৱময় পোহৰ”(চাওঁকঃ Explicit and Implicit)

2 Corinthians 3:14-16

তেওঁবিলাকৰ

“ইস্ৰায়েলি সকল”

সেই একে ওৰণি

যি দৰে এখন ওৰণি কোনো এজনৰ মূখ ধাকি ৰাখে, পৌলে একে দৰে এখন আত্মিক ওৰণিৰ কথা কৈছে যিয়ে যিহূদী সকলক ঈশ্বৰৰ বাৰ্তা বুজি পোৱাৰ পৰা আতঁৰাই ৰাখিছে৷(চাওঁকঃ Metaphor)

এতিয়ালৈকে মোচিৰ পুস্তক পঢোতে

ইয়াৰ দ্বাৰাই মোচিয়ে লিখা পুস্তক সমূহৰ কথা কোৱা হৈছে৷ আন এক অনুবাদঃ “যেতিয়াই মোচিৰ লিখনি সমূহ পঢা হব”(চাওঁকঃ Explicit and Implicit)

প্ৰভুলৈ মন পালটে

“পালটে” ইয়াৰ দ্বাৰাই মনোভাৱ সলনি হোৱাৰ কথা কোৱা হৈছে৷ আন এক অনুবাদঃ “নিজকে ভাৰষা কৰাৰ পৰা প্ৰভুত ভাৰসা কৰালৈ সলনি হোৱা”

ওৰণি গুচুৱা হল

“ওৰণি” এই শব্দটিৰ দ্বাৰাই তেওঁবিলাকে ঈশ্বৰৰ বাক্যক বুজি নোপোৱা বিষয় কোৱা হৈছে৷(চাওঁকঃ Metaphor)

2 Corinthians 3:17-18

ওৰণি নোলোৱা মূখেৰে, প্ৰভুৰ গৌৰৱ চাওঁতে

এই দুটা উক্তিৰ দ্বাৰাই ঈশ্বৰৰ বাক্য বুজি পোৱাৰ সামৰ্থ্যতাৰ কথা কোৱা হৈছে৷(চাওঁকঃ Parallelism)

ওৰণি গুচোৱা মূখ, প্ৰভুৰ গৌৰৱ চাওঁতে

এজন ব্যক্তিৰ মূখৰ পৰা ওৰণি গুচোৱাৰ ফলত তেওঁবিলাকে পৰিস্কাৰ কৈ চাবৰ বাবে সুযোগ দিয়ে আৰু ইয়াৰ দ্বাৰা বুজি পোৱা কথাটোও কোৱা হৈছে৷ “চাওঁতে” ইয়াৰ দ্বাৰাই কোনো এটা বিষয় বুজি পোৱা কথাটো কোৱা হৈছে৷(চাওঁকঃ Metaphor)

সেই একে গৌৰৱময় সাদৃশ্য

প্ৰভুৰ দৰে একে গৌৰৱ থকা কোনো বিষয় বা যিয়ে ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰে৷

গৌৰৱৰ পৰা গৌৰৱ

“গৌৰৱৰ এটা মাত্ৰাৰ পৰা আন এক মাত্ৰালৈ”

2 Corinthians 4

2 Corinthians 4:1-2

আমি

অনুমানিক অৰ্থ সমূহ ১. পৌল আৰু তেওঁৰ লগৰ পৰিচৰ্যাকাৰী সকল বা ২. পৌল আৰু আন পাঁচনি সকল বা ৩. পৌল আৰু কৰিন্থীয়াৰ বিশ্বাসী সকল৷

আমাৰ এই পৰিচৰ্যা আছে…আমি দয়া লাভ কৰিছো

এই দুটা উক্তিৰ দ্বাৰাই বুজাব বিচৰা হৈছে যে ঈশ্বৰে কি দৰে আমাত কাৰ্য্য কৰে আৰু তেওঁৰ দৰে হবৰ বাবে দয়া কৰে৷ (চাওঁকঃParallelism)

আমি ত্যাগ কৰি

“আমি এৰিলো”

লাজৰ আৰু গুপুত – এই দুটি শব্দৰ দ্বাৰাই একে অৰ্থ প্ৰকাশ কৰিব বিচৰা হৈছে৷ আন এক অনুবাদঃ “লাজত গুপুত হৈ থকা”(চাওঁকঃ Hendiadys)

ধূৰ্ত্তাচাৰী

“ঠগি জীৱন নিবাস কৰোঁতা”

আমি ঈশ্বৰৰ বাক্যত ভাঁজ নিদি

ইয়াৰ দ্বাৰাই দুটা ৰূনাত্মক ধাৰণা প্ৰকাশ কৰাৰ দ্বাৰাই এটি যোগাত্মক ভাৱ প্ৰকাশ কৰিব বিচৰা হৈছে৷ আন এক অনুবাদঃ “ঈশ্বৰৰ বাক্য প্ৰকৃত ভাবে ব্যৱহাৰ কৰা”(চাওঁকঃ Litotes)

ঈশ্বৰৰ দৃষ্টিত

লিখৰ সত্যতাৰ সম্বন্ধে ঈশ্বৰৰ যি ধৰণা তাক বুজাবৰ বাবে ঈশ্বৰে তেওঁবিলাকক দেখি পোৱা কথাটো কোৱা হৈছে৷(চাওঁকঃ Idiom)

2 Corinthians 4:3-4

আমাৰ শুভবাৰ্তা যদি ঢাকা হয়, তেন্তে সেই সকললৈহে ঢকা হব

“ঢকা” এই শব্দটিৰ দ্বাৰাই বুজি নোপোৱাৰ কথাটো কোৱা হৈছে৷যদি কিবা বস্তু ঢকা থাকে তেনে হলে তাক দেখি পোৱা নাযায়৷ দেখি নোপোৱা বিষয়টোক বুজি নোপোৱাৰ লগত তুলনা কৰা হৈছে৷(চাওঁকঃ Idiom)

এই যুগৰ দেৱতাই

ইয়াৰ দ্বাৰাই চয়তানক বুজোৱা হৈছে৷ ইংৰাজী শব্দত সৰু আখৰৰ ‘জি’ ব্যৱহাৰ কৰাৰ দ্বাৰাই মিছা ঈশ্বৰক বুজোৱা হৈছে আৰু যেতিয়া ইংৰাজীৰ ‘জি’ ডাঙৰ আখৰেৰে লিখা হয় তেতিয়া ইয়াৰ দ্বাৰাই সত্য ঈশ্বৰক বুজোৱা হয়৷ আন ভাষা সমূহেও তেনে কোনো উপায় অৱলম্বন কৰিব পাৰে৷ ইয়াৰ প্ৰাৰ্থক্য চোৱাৰ আন এক উপায় হৈছে, মিছা আৰু সত্য ঈশ্বৰৰ ক্ষেত্ৰত দুটা বেলেগ বেলেগ শব্দৰ ব্যৱহাৰ কৰা৷

অন্ধ কৰিলে

আন এক অনুবাদঃ “বুজি পোৱাৰ পৰা বঞ্চিত কৰি ৰখা”(চাওঁকঃ Idiom)

পোহৰ

“পোহৰ” শব্দটিয়ে সত্যক বুজাইছে৷(চাওঁক Idiom)

2 Corinthians 4:5-6

কিন্তু প্ৰভু খ্ৰীষ্ট যীচুৱে, আৰু আমি তোমালোকৰ দাস হিচাপে

এই বাক্যশাৰীৰ দ্বাৰাই ইব্ৰী লিখকে যি ঘোষণা কৰিব বিচাৰিছে তাৰ কথা কোৱা হৈছে৷ আন এক অনুবাদঃ “কিন্তু আমি খ্ৰীষ্ট যীচুক প্ৰভু বুলি ঘোষণা কৰোঁ, আৰু আমি তোমালোকৰ মঙ্গলৰ অৰ্থে কাৰ্য্য কৰিম বুলি ঘোষণা কৰিছো”(চাওঁকঃ Ellipsis)

যীচুৰ কাৰণে

আন এক অনুবাদঃ “যীচুৱে যেন সন্মান লাভ কৰে তাৰ অৰ্থে”

আন্ধাৰত পোহৰ প্ৰকাশিত হব

ইয়াত পোহৰ শব্দটিৰ দ্বাৰাই বুজি পোৱা কথাতো কোৱা হৈছে৷ আন এক অনুবাদঃ “মানুহবিলাকে বুজি পাব কোন বিলাকে বুজি পোৱা নাই”(চাওঁকঃ Idiom)

তেওঁ প্ৰকাশ কৰিলে

“প্ৰকাশ” ইয়াৰ দ্বাৰাই পোহৰ সৃষ্টি আৰু ঈশ্বৰে বুজি পোৱা সক্ষমতা দান কৰা বুজাইছে৷ “হৃদয়” শব্দটিৰ দ্বাৰাই এজন ব্যক্তিৰ সেই স্থানৰ কথা কোৱা হৈছে যি স্থানত তেওঁ বুজি পোৱা কথা সমূহ সত্য বুলি বিশ্বাস কৰে৷ আন এক অনুবাদঃ “তেওঁ বুজি পোৱাৰ সক্ষমতা দান কৰিলে”(চাওঁকঃ Idiom)

আমাৰ হৃদয়ত

হৃদয় এই শব্দটিৰ দ্বাৰাই এজন ব্যক্তিৰ সেই স্থানৰ কথা কোৱা হৈছে যত তেওঁ বুজি পায় যে তেওঁ বিশ্বাস কৰা বিষয়টো সত্য৷ আন এক অনুবাদঃ “আমালৈ”(চাওঁকঃSynecdoche)

2 Corinthians 4:7-10

এই ধন

লিখকে ইয়াৰ দ্বাৰাই “যীচু খ্ৰীষ্টত ঈশ্বৰৰ মহিমা সম্বন্ধীয় যি জ্ঞান” তাৰ কথা বুজাব বিচাৰিছে৷(চাওঁকঃ Metaphor)

মাটিৰ পাত্ৰ

লিখকে এই উক্তি ব্যৱহাৰ কৰাৰ দ্বাৰাই মানুহৰ শৰীৰটোক বুজাইছে৷ (চাওঁকঃIdiom)

আমি সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ৷ আমি উদ্বিগ্ন হৈয়ো, নিৰাশ নহওঁ, তাড়ণা পায়ো, অনাথ নহওঁ, পেলোৱা হৈয়ো, বিনষ্ট নহওঁ

এই সকলোবিলাক উক্তিৰ দ্বাৰাই এনে এজন ব্যক্তিৰ কথা কৈ থকা হৈছে যি জনে নিৰন্তৰ কষ্টৰ সন্মূখিন হৈ আহিছে কিন্তু এই সকলোবোৰৰ দ্বাৰাই হাৰ মনা নাই৷(চাওঁকঃ Parallelism)

আমি সদায় যীচুৰ মৃত্যু শৰীৰত লৈ ফুৰিছোঁ

“যীচুৰ মৃত্যু” ইয়াৰ দ্বাৰাই এই কথা বুজাব বিচৰা হৈছে যে যীচু খ্ৰীষ্টই মৃত্যু হোৱাৰ যোগেদি লোক সকলক তেওঁবিলাকৰ পাপৰ ক্ষমা দান কৰিলে সেই জ্ঞানৰ কথা কোৱা হৈছে৷ আন এক অনুবাদঃ “যীচুৰ মৃত্যু সম্বন্ধীয় বিষয়ৰ যি জ্ঞান সেইয়া আমি সদায়ে আমাৰ শৰীৰত লৈ ফুৰো”(চাওঁকঃ Explicit and Implicit)

আমাৰ মৰ্ত্ত্য মাংসত যীচুৰ জীৱন প্ৰকাশিত হবলৈ – “আমাৰ মৰ্ত্ত্য মাংসত” ইয়াৰ দ্বাৰাই যীচুত বিশ্বাস কৰা এজন বিশ্বাসীয়ে কেনে ধৰণৰ জীৱন অতিবাহিত কৰিব লাগে সেই কথা বুজোৱা হৈছে৷ আন এক অনুবাদঃ “যীচুৰ যি জীৱন সেইয়া যে আমাৰ জীৱনৰ যোগেদিও প্ৰকাশিত হয়”(চাওঁকঃ Synecdoche)

2 Corinthians 4:11-12

জীয়াই থকা যি আমি

পৌলে সেই সকলো বিশ্বাসী আৰু যি সকলৰ আগত যীচুৰ বিষয়ে ঘোষণা কৰা হল আৰু মৃত্যু হোৱা নাই তেওঁবিলাকৰ কথা কৈছে৷

সমৰ্পিত হৈছো

“বিপদত আছো”

যীচুৰ জীৱন প্ৰকাশিত হবলৈ

ইয়াৰ দ্বাৰাই যীচুৱে অতিবাহিত কৰা জীৱন আৰু ইব্ৰী লিখক সকলৰ বাবে ই কি অৰ্থ প্ৰকাশ কৰিছে আৰু সেই সকলো বিলাক বিশ্বাসী যি সকলে যীচুক নিজৰ জীৱনৰ প্ৰভু বুলি বিশ্বাস কৰাৰ দ্বাৰাই নিজৰ জীৱনলৈ বিপদ চপাই আনিছ৷ আন এক অনুবাদঃ “আমাৰ যি বিশ্বাস যে যীচুৱে নিজকে মৰাৰ পৰা তুলিলে আৰু আমাক যি অনন্ত জীৱন দিম বুলি প্ৰতিজ্ঞা কৰিছে তাকো হয়তো প্ৰমাণ কৰিব”(চাওঁকঃ Explicit and Implicit)

আমাৰ মাংসিক শৰীৰত

Synecdoche থকাৰ দৰে

মৃত্যুৱে আমাক কাৰ্য্য কৰিছে

পৌলে ইয়াৰ দ্বাৰাই মৃত্যুৱে যেন কাৰ্য্য কৰিব পাৰে সেই কথা বুজাইছে৷ ইয়াৰ দ্বাৰাই কোৱা হৈছে যে মানুহ বিলাকক মৃত্যুৰ ভয়ে বিচলিত কৰা কাৰ্য্যটি আনৰ বাবে যোগাত্মক দিশত ব্যৱহাৰ কৰিব পৰা যাব৷(চাওঁকঃ Personification)

জীৱনে তোমালোকত নিজ কাৰ্য্য সাধন কৰিছে

পৌলে জীৱনটোক এনে ধৰণে বুজাইছে যেন ই কাৰ্য্য কৰিব পাৰে৷ ইয়াৰ দ্বাৰাই আনন্ত জীৱনৰ সম্বন্ধীয় যি জ্ঞান সেই জ্ঞানে যিহূদী বিশ্বাসী সকলৰ জীৱনত যোগাত্মক প্ৰভাৱ পেলাব পাৰে৷(চাওঁকঃ Personification)

2 Corinthians 4:13-15

পৌল আৰু তীমথিয়ই কৰিন্থীয়া মণ্ডলীৰ লোক সকললৈ পত্ৰ লিখি গৈ থাকিল৷

আমাৰ সকলোৰে একে

“আমাৰ” ইয়াৰ দ্বাৰাই পৌল, তীমথিয় আৰু কৰিন্থীয়া মণ্ডলীক বুজোৱা হৈছে৷

বিশ্বাসৰ সেই একে আত্মাই

“বিশ্বাসৰ সেই একে স্বাভাৱে৷” “আত্মা” ইয়াৰ দ্বাৰাই এজন ব্যক্তিয়ে কেনেকৈ চিন্তা আৰু সিদ্ধান্ত গ্ৰহণ কৰে তাক বুজাইছে৷ পৌল আৰু তীমথিয়ই কব বিচাৰিছে যে তেওঁবিলাকে যেনেকৈ ঈশ্বৰত বিশ্বাস আৰু ভাৰসা কৰে একে দৰে কৰিন্থীয়াৰ লোক সকলেও কৰে৷

মই বিশ্বাস কৰো, সেয়েহে মই কলো

এইয়া দায়ূদ ৰজাৰ উক্তি হয়৷

তোমালোকে সৈতে আমাকো

“আমাকো” ইয়াত কৰিন্থীয়ান সকলৰ কথা কোৱা হোৱা নাই৷(চাওঁকঃ Exclusive)

ধন্যবাদ

ঈশ্বৰে ভালৰ বাবে যি কৰিলে তাক বুজি পোৱা আৰু তাৰ বাবে তেওঁক সোঁৱৰাণ কৰা৷

পৌল আৰু তীমথিয়ই তেওঁবিলাকৰ কষ্টৰ কথা লিখি যাব ধৰিলে

2 Corinthians 4:16-18

আমি নিৰুৎসাহ নহওঁঃ আন এক অনুবাদঃ “আমি তাৰ বাবে উৎসাহীত হৈছো”(চাওঁকঃ Litotes)

আমাৰ বাহ্যিক পুৰুষ যদিও নষ্ট হৈ গৈছে

ইয়াৰ দ্বাৰাই পৌল আৰু তীমথিয়ই তেওঁবিলাকৰ শৰীৰৰ বাহিৰা ভাগৰ কথা কৈছে৷ “নষ্ট হৈ গৈছে” ইয়াৰ দ্বাৰাই এজন ব্যক্তিৰ সু

স্বাস্থ্য নোহোৱা হোৱাটো বুজাইছে৷

আন্তিৰক পুৰুষ দিনে দিনে নতুন হৈ গৈছে

“আন্তিৰক” ইয়াৰ দ্বাৰাই মানুহৰ ভিতৰখন যত চিন্তা কৰা হয় তাক বুজোৱা হৈছে৷ আন্তৰিক, এই শব্দটিৰ দ্বাৰাই তেওঁবিলাকৰ চিন্তা সমূহ যে পুনৰ উচিত দিশত হৈছে সেই কথা উল্লেখ কৰিছে৷

অনন্তকলীয়া গুৰুত্বৰ গৌৰৱ সাধন কৰিছে

পৌল আৰু তীমথিয়ৰ গৌৰৱক এনে গুৰুতৰ বুলি উল্লেখ কৰা হৈছে যাৰ তুলনা কৰিব নোৱাৰি৷ ইয়াৰ দ্বাৰাই কব বিচৰা হৈছে যে তেওঁবিলাকে কৰা কাৰ্য্যৰ বাবে তেওঁবিলাকে অধিকৈ গৌৰাৱম্বিত হব৷আন এক অনুবাদঃ “স্বৰ্গত অনন্তকালৰ বাবে অধিকৈ সন্মানিত হব”(চাওঁকঃ Idiom)

চাই থাকোঁতে

এই বাক্যষাৰৰ দ্বাৰাই এজন ব্যক্তিয়ে কিবা এটা হোৱাতো বিচৰা আৰু আশা কৰি থকা কথাটো বুজাইছে৷ আন এক অনুবাদঃ “বিচাৰি থাকোঁতে”(চাওঁকঃ Idiom)

দৃশ্য বস্তু

ইয়াৰ দ্বাৰাই জীৱন কালত লাভ কৰা বস্তু বা সম্পতি সমূহৰ কথা কোৱা হৈছে৷ আন এক অনুবাদঃ “সম্পতি”(চাওঁকঃIdiom)

অদৃশ্য বস্তু

ইয়াৰ দ্বাৰাই স্বৰ্গত পাব লগা পুৰস্কাৰ কথা বুজোৱা হৈছে৷ আন এক অনুবাদঃ “স্বৰ্গত পাব লগা মহান পুৰস্কাৰ”(চাওঁক Idiom)আগৰ পদ কেইটাৰ পৰা বুজিব পাৰি যে পৌল আৰু তীমথিয়ই কি চাই আছে তাক বুজিব পাৰি৷(চাওঁক Ellipsis)

2 Corinthians 5

2 Corinthians 5:1-3

পাৰ্থিৱ ঘৰ

আমাৰ মাংসিক শৰীৰ৷(চাওঁক Idiom)

ভগ্ন হয়

যেতিয়া আমাৰ মাংসিক শৰীৰ ধংস হব৷

ঈশ্বৰে সজা এটা আমাৰ এটা ঘৰ, যি মানুহৰ হাতে নিৰ্মাণ কৰা হোৱা নাই, কিন্তু অনন্তকলীয়া ঘৰ, স্বৰ্গত

আমি জীয়াই থাকিবৰ বাবে ঈশ্বৰে এটি নতুন শৰীৰ আমাক দান কৰিব৷(চাওঁক Idiom)

কাৰণ আমি ইয়াৰ ভিতৰত কেঁকাই থাকি

আন এক অনুবাদঃ “কিয়নো এই পাৰ্থিৱ শৰীৰত আমি কষ্ট পাই থাকো”

কিয়নো ইয়াক পৰিধান কৰাৰ দ্বাৰাই আমি উলঙ্গ হৈ নপৰিম

অনুমানিক অৰ্থ ১. আমাক ঈশ্বৰৰ ধাৰ্মিকতা পৰিধান কৰোৱা হব বা ২. ঈশ্বৰে নতুন শৰীৰ আৰু পোচাক আমাৰ বাবে যোগান ধৰিব৷

2 Corinthians 5:4-5

আমি এই তম্বুত আছো

“আমি যেতিয়ালৈকে এই পাৰ্থিব শৰীৰত থাকিম”(চাওঁক Idiom)

ভাৰগ্ৰস্থ হৈ কেঁকাই আছোঁ

আন এক অনুবাদঃ “আমি পাপৰে সৈতে যুজি আছো”

বিবস্ত্ৰ হবলৈ

আন এক অনুবাদঃ “মৰিবলৈ”

বস্ত্ৰেৰে ঢকা হবলৈ

আন এক অনুবাদ “অনন্তকলীয়া শৰীৰত জীয়াই থাকিবলৈ”

জীৱনৰ দ্বাৰাই মৰ্ত্ত্যক গিলি পেলোৱা হয়

আন এক অনুবাদ “আমাৰ এই পাৰ্থিৱ শৰীৰতো স্বৰ্গীয় শৰীৰলৈ ৰূপান্তৰিত হবলৈ”

2 Corinthians 5:6-8

এই শৰীৰত নিবাস কৰো মানে

আন এক অনুবাদঃ “আমি যেতিয়ালৈকে এই পাৰ্থিৱ শৰীৰত নিবাস নকৰোমানে”

প্ৰভুৰ পৰা দূৰত প্ৰবাস কৰিছো

আন এক অনুবাদঃ “আমি প্ৰভুৰ গৃহত বাস কৰিব পৰা নাই” বা “আমি প্ৰভুৰ লগত স্বৰ্গত নাই”

প্ৰভুৰ লগত গৃহত

আন এক অনুবাদঃ “প্ৰভুৰ লগত স্বৰ্গত নিবাস কৰা”

2 Corinthians 5:9-10

নিবাস কৰোঁ বা প্ৰবাস কৰোঁ

আন এক অনুবাদঃ “আমি পৃথিৱীৰ পাৰ্থিৱ শৰীৰত বা স্বৰ্গত”

খ্ৰীষ্টৰ সোধৰ আসনৰ আগত

“খ্ৰীষ্টই বিচাৰ কৰাৰ আগেয়ে”

কৰ্ম্মৰ ফল পাবলৈ

আন এক অনুবাদঃ “পুৰস্কাৰ বা শাস্তি পাবলৈ”

শৰীৰৰ দ্বাৰাই কৰা কৰ্ম

আন এক অনুবাদঃ “পাৰ্থিৱ শৰীৰত থকা সময়ত কৰা কাৰ্য্য”

ভাল হওক বা বেয়া হওক

“সেই সমূহ ভাল হওক বা বেয়া হওঁক”

2 Corinthians 5:11-12

প্ৰভুৰ ভয় জানি

আন এক অনুবাদঃ “ঈশ্বৰে যে পাপ ঘিণ কৰে আৰু তেনে কাৰ্য্যৰ বাবে আমাৰ বিচাৰ কৰিব তাক জানি”

আমাৰ বিবেকতো ই প্ৰকাশিত হৈ আছে

আন এক অনুবাদঃ “যে তুমি সেইয়াও জানা”

আমি নহয়…

পৌলে ইয়াৰ দ্বাৰাই তেওঁৰ পৰিচৰ্যাকাৰী দলটোৰ কথা কৈছে, যত কৰিন্থীয়াৰ বিশ্বাসী সকলক অন্তৰ্ভূক্ত কৰা হোৱা নাই৷(চাওঁকঃ Exclusive)

2 Corinthians 5:13-15

খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে

“খ্ৰীষ্টৰ প্ৰতি থকা প্ৰেমে আমাক উৎসাহীত কৰে”

এতেকে সকলো মৰিল

আমি সকলোৱে মৰা যেন গণ্য কৰিছো৷

খ্ৰীষ্ট সকলোৰে অৰ্থে মৰিল

খ্ৰীষ্ট প্ৰতিজনৰ অৰ্থে মৰিল

নিজৰ বাবে

তেওঁবিলাকে নিজ নিজ পাপ অভিলাষৰ বাবে৷

তেওঁবিলাকৰ অৰ্থে মৃত্যুভোগ কৰা আৰু পুনৰুত্থিত হোৱা

“কিন্তু যি জনা মৰিল আৰু পুনৰুত্থিত হল আমি তেওঁৰ উদ্দেশ্যে জীয়াই থাকো ”

2 Corinthians 5:16-17

কোনো যদি খ্ৰীষ্ট আছে

আন এক অনুবাদঃ “যি জনে খ্ৰীষ্টত বিশ্বাস কৰে”

তেওঁ নতুন সৃষ্টি

আন এক অনুবাদঃ “তেওঁৰ নতুন স্বাভাৱৰ হয়”

পুৰণি বোৰ লুপ্ত হল

আন এক অনুবাদঃ“পুৰণি জীৱন ধাৰণ আৰু চিন্তা সমূহ নাইকীয়া হল”

নতুন হল

আন এক অনুবাদঃ “খ্ৰীষ্টত জনাৰ আগেয়ে আমাৰ চিন্তাধাৰা সমূহ যেনে আছিল এতিয়া আৰু তেনে নহয়৷”

2 Corinthians 5:18-19

যি জনে মিল কৰালে

“যি জনে আমাক পুনৰায় ঘুৰাই আনিলে”

মিলন কৰাৰ পৰিচৰ্যা

যি পৰিচৰ্যাৰ যোগেদি খ্ৰীষ্টৰ সৈতে পুনঃমিলন কৰাবৰ বাবে আগভাগ লোৱা হয়৷

খ্ৰীষ্টৰ যোগেদি ঈশ্বৰে নিজলৈ জগতক মিলন কৰি আছিল

খ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যুৰ দ্বাৰাই ঈশ্বৰে লোক সমূহক তেওঁৰ কাষলৈ আনি আছে৷

সেই মিলনৰ কথা আমালৈ গতাই দিলে

ঈশ্বৰে লোকসমূহ তেওঁৰ কাষলৈ পুনৰায় ঘুৰাই আনিবৰ বাবে ইচ্ছা কৰাৰ যি বাৰ্তা সেই বাৰ্তা ঘোষণা কৰিবৰ বাবে তেওঁক পৌলক দায়িত্ব দিছে৷

2 Corinthians 5:20-21

কিছু দূৰলৈ

“কিছু ক্ষেত্ৰত”

অতি কঠোৰ ভাৱে

“কোনো ধৰণৰ দয়া নেদেখুৱাকৈ”

অধিক ক্ৰন্দনৰ দ্বাৰাই মিনতি কৰিছো

ইয়াৰ দ্বাৰাই দূখত থকা কালত গভীৰ বেজাৰে সৈতে প্ৰত্যুত্তৰ দিয়াৰ কথা কব বিচাৰিছে৷

2 Corinthians 6

2 Corinthians 6:1-3

একে লগে কাৰ্য্য কৰিছো

“ঈশ্বৰে সৈতে একে লগে কাৰ্য্য কৰা”৷ পৌলে কব বিচাৰিছে যে তেওঁ আৰু তীমথিয়ই ঈশ্বৰৰ সৈতে একে লগে কাৰ্য্য কৰি আহিছে৷

আমি ঈশ্বৰৰ অনুগ্ৰহ ব্যৰ্থ নোহোৱাকৈ গ্ৰহণ কৰিবৰ বাবে তোমালোকক বিনয় কৰিছো

পৌলে কৰিন্থীয়াৰ বিশ্বাসী সকলক তেওঁবিলাকৰ জীৱনত ঈশ্বৰৰ অনুগ্ৰহ যাতে প্ৰকাশিত হয় তাৰ বাবে উৎসাহীত কৰি আহিছিল৷(চাওঁকঃ Litotes)

“গ্ৰাহ্য কালত মই তোমাৰ প্ৰাৰ্থনা শুনিলো

আন এক অনুবাদঃ “উচিত সময়ত মই তোমাক শুনিলো”

চোৱা, এতিয়াই পৰম গ্ৰাহ্য

কাল, চোৱা এতিয়া পৰিত্ৰাণৰ দিন

আন এক অনুবাদঃ “হয়, এতিয়াই পৰম

গ্ৰাহ্য কাল, এইয়ে পৰিত্ৰাণ দিন৷”

আমি কোনো কথাত বিঘিনি নজন্মাওঁ, কিয়নো আমি পৰিচৰ্যা পদ কলঙ্কিত হোৱাতো নিবিচাৰো

আন এক অনুবাদঃ “আমি এনে জীৱন ধাৰণ কৰো যাতে কোনোৱে আমাক লৈ ভুৱা সুযোগ উলিয়াব নোৱাৰে, বা আমাৰ পৰিচৰ্যাত ভুল দেখুৱাব নোৱাৰে৷”

2 Corinthians 6:4-7

আমি – পৌলে ইয়াৰ দ্বাৰাই নিজকে আৰু তীমথিয়ৰ কথা কৈছে৷(চাওঁকঃ Exclusive)

সকলো কাৰ্য্যৰ দ্বাৰাই আমি আমাৰ যোগ্যতা দেখুৱাইছো, যে আমি প্ৰকৃততে ঈশ্বৰৰ দাস হওঁ

আন এক অনুবাদঃ “আমি আমাৰ কৰ্ম আৰু কথাৰ দ্বাৰাই প্ৰমাণ কৰিছো যে আমি প্ৰকৃততে ঈশ্বৰৰ দাস হওঁ৷”

সত্যৰ বাক্যৰ দ্বাৰাই – “বিশ্বাসেৰে সত্যক ঘোষণা কৰাৰ দ্বাৰাই”

সোঁ আৰু বাওঁফালে ধাৰ্ম্মিকতাৰ অশ্ত্ৰ

শস্ত্ৰৰে

পৌলে ইয়াৰ দ্বাৰাই কি কোনো পৰিস্থিতিৰ বাবে ঈশ্বৰৰ আত্মাৰ দ্বাৰাই সম্পূৰ্ণ ৰূপে সু

সজ্জিত হৈ থকা কথাতো বুজাইছে৷(চাওঁকঃ Metaphor)

2 Corinthians 6:8-10

আমি কাৰ্য্যকৰো

“আমি” ইয়াৰ দ্বাৰাই পৌল আৰু তীমথিয়ৰ কথা বুজোৱা হৈছে৷

মৰ্য্যদা আৰু অমৰ্য্যদা

পৌলৰ পৰিচৰ্যাক মানুহবিলাকে কেনে ধৰণে গ্ৰহণ কৰিছে তাৰ চূড়ান্ত দৃষ্টকোণৰ কথা বুজোৱা হৈছে৷(চাওঁকঃ Merism)

কুশল আৰু সুষশ

পৌলৰ পৰিচৰ্যাৰ সম্বন্ধে মানুহবিলাকে কি দৰে অতি চূড়ান্ত ভাৱে কয় তাক বুজোৱা হৈছে৷(চাওঁক Merism)

মৰো মৰো হোৱা নিচিনা

চোৱা!

জীয়াই আছো

আন এক অনুবাদঃ “মৰাৰ নিচিনা কিন্তু জীয়াই আছো, তোমালোক দেখাৰ দৰে”

কিন্তু সদায়ে আনন্দিত

আন এক অনুবাদঃ “কিন্তু যীচু খ্ৰীষ্ট সম্বন্ধীয় শুভবাৰ্তাৰ নিমিত্তে আনন্দিত৷”

একো নথকাৰ নিচিনা, কিন্তু সকলো থাকোতাৰ নিচিনা

আন এক অনুবাদঃ “যেন একো নাই কিন্তু আমি ঈশ্বৰৰ সকলো ঐশ্বৰ্য্যৰে ধনৱন্ত৷”

2 Corinthians 6:11-13

আমাৰ মূক মুকলি

“সত্যতাৰে সকলোবোৰ তোমালোকক জনালো”

আমাৰ হৃদয়ো বহল

আন এক অনুবাদঃ “আমি বিনামূলীয়া কৈ তোমালোকক প্ৰেম কৰোঁ”(চাওঁকঃ Idiom)

তোমালোক আমাত সঙ্কুচিত নোহোৱা

আন এক অনুবাদঃ “আমাত প্ৰেমৰ কোনো ধৰণৰ নগন্যতা নাই”

নিজ নিজ অন্তৰত সঙ্কুচিত হৈছা

আন এক অনুবাদঃ “তোমালোকে কোনো কাৰণত তোমালোকৰ প্ৰেম আমাৰ পৰা আঁতৰ কৰিছা”

কিন্তু একে প্ৰকাৰৰ প্ৰতিদান কৰিবলৈ

সন্তানোবাৰক কোৱাৰ দৰে কৈচো

তোমালোকৰ হৃদয় বহল হওক

আন এক অনুবাদঃ “সন্তানৰ দৰে সহজ ভাষাত কথা কৈছো, এই হেতুকে তোমালোকেও আমালৈ প্ৰেম দেখুৱাতো উচিত৷”

2 Corinthians 6:14-16

যোঁতা হোৱা

“এক লগ হোৱা” বা “ওচৰৰ সম্বন্ধীয় হোৱা”(চাওঁকঃ Idiom)

কিয়নো ধাৰ্মিকতা আৰু অধৰ্ম্ম পৰস্পৰৰ কি সম্পৰ্ক?

বিশ্বাসী কৰা জনৰ মূল্য বিশ্বাস নকৰা জনৰ লগত সমান নহয়৷ আন এক অনুবাদঃ “এজন বিশ্বাসীয়ে এজন অবিশ্বাসীৰ সৈতে কি মূল্য ভাগবাতি লব?”

আন্ধাৰে সৈতে পোহৰৰ বা কি সম্বন্ধ?

পোহৰ আন্ধাৰে সৈতে মিল হব নোৱাৰে৷ য’ত পোহৰ উপস্থিত হয়, তাৰ পৰা আন্ধাৰ পলায়৷

বেলীয়ালে সহিত

“বেলীয়াল” চয়তানৰ আন এক নাম৷

বিশ্বাস নকৰা জনৰ লগত বিশ্বাস কৰা জনৰ বা কি ভাগ

বিশ্বাসী আৰু অবিশ্বাসী এজনৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ বেলেগ আৰু তেওঁবিলাকৰ মূল্যও সম্পূৰ্ণ বিপৰীত৷

কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ

পৌলে ইয়াৰ দ্বাৰাই সকলো খ্ৰীষ্টিয় বিশ্বাসীয়ে মিলি এক মন্দিৰ গঠন কৰা বুলি বিবেচনা কৰিছে যাতে ঈশ্বৰ তাত নিবাস কৰিব পাৰে৷ আন এক অনুবাদঃ “আমাত ঈশ্বৰৰ পবিত্ৰ আত্মা নিবাস কৰে৷”(চাওঁক Metaphor)৷

2 Corinthians 6:17-18

কোনো অশুচিকে নুচুবা

মোচিৰ বিধানে কি বস্তু স্পৰ্শকৰিলে এজন লোক অশুচি হয় তাৰ উল্লেখ কৰিছে৷

মই তোমালোকৰ পিতৃ হম

আন এক অনুবাদঃ “এজন মৰমীয়াল পিতৃয়ে যেনেকৈ নিজৰ সন্তানক প্ৰেম কৰে মইয়ো তোমালোকক তেনে ধৰণে প্ৰেম কৰিম”(চাওঁক Metaphor)

আৰু তোমালোক মোৰ পো

জী হবা

“আৰু তোমালোক মোৰ সন্তান হবা”

2 Corinthians 7

2 Corinthians 7:1

প্ৰিয়বিলাক

পৌলে ইয়াৰ দ্বাৰাই কৰিন্থীয়াৰ লোকসকলক বুজাইছে৷

নিজকে শুচি কৰোহক…

পৌলে ইয়াৰ দ্বাৰাই সেই সকলোবিলাক পাপৰ পৰা আঁতৰি থাকিবলৈ কৈছে যিয়ে আমাক ঈশ্বৰৰ পৰা আঁতৰ কৰে৷

পবিত্ৰতা সিদ্ধ কৰিবলৈ

পবিত্ৰ জীৱন যাপন কৰিবলৈ হেঁপাহ কৰা

ঈশ্বৰলৈ ভয় ৰাখি

প্ৰভুৰ সন্মূখত নম্ৰ হৈ৷

2 Corinthians 7:2-4

আমালৈ ঠাই নিৰ্মাণ কৰোহক

“অনুগ্ৰহ কৰি তোমালোক জীৱনত আমালৈ ঠাই দিয়া”(চাওঁকঃ Metaphor)

মই এই কথা কৈছো এনে নহয়

আন এক অনুবাদঃ “মই তোমালোকক সাৱধাণবাণী শুনোৱা নাই”

যে তোমালোক আমাৰ হৃদয়ত আছা, একে লগে মৰিবলৈ আৰু জীৱলৈও

আন এক অনুবাদঃ “তোমালোকক ইমান প্ৰেম কৰো যে তোমালোক সহিত জীম আৰু মৰিমো৷”(চাওঁকঃ Idiom)

সকলো ক্লেশতো

আন এক অনুবাদঃ “আমাৰ সকলো বিলাক কষ্টৰ স্বত্তেও”

2 Corinthians 7:5-7

আমাৰ শৰীৰে জিৰণী নপাই

আন এক অনুবাদঃ “আমি অতি ভাগৰুৱা” বা “আমাক ভাগেৰে হেচি ধৰিছে”

তোমালোকৰ পৰা তেওঁ যি সান্তনা লাভ কৰিলে,

আন এক অনুবাদঃ “তোমালোক কৰিন্থীয়াবাসীৰ পৰা তেওঁ যি উৎসাহমূলক বাৰ্তা লাভ কৰিলে৷”

তেওঁ যেতিয়া তোমালোকৰ সেই মহা তাড়ণা, ক্লেশ, আৰু মোৰ প্ৰতি থকা মৰমৰ বিষয়ে জনালে,

আন এক অনুবাদঃ “তেওঁ মোৰ প্ৰতি থকা তোমালোকৰ প্ৰেমৰ কথা, যি ঘটিল তাক লৈ তোমালোৰ মাজত হোৱা দূখ, আৰু মোৰ বাবে তোমালোৰ সেই দয়া ভাৱৰ কথা জনালে৷”

সেয়ে হে মই অধিক আনন্দ কৰিছো

আন এক অনুবাদঃ “মই আনন্দত উপচি পৰিছো৷”

2 Corinthians 7:8-10

মই যেতিয়া মোৰ পত্ৰ দেখিলো

আন এক অনুবাদঃ “মই যেতিয়া মোৰ পত্ৰৰ বিষয়ে জানিলো”

কিন্তু অলপ সময়ৰ বাবে দূখিত হৈছিলো

আন এক অনুবাদঃ “কিন্তু তোমালোক অলপ সময়ৰ বাবেহে দূখিত হৈছিলা”

এক ঐশ্বৰিক শোকৰ অভিজ্ঞতা লাভ কৰিছিলা

ঐশ্বৰিক শোক এনে এক শোক যিয়ে মন

পালটনৰ দিশলৈ লৈ যায়৷

ঐশ্বৰিক শোকে মনপালটন কৰায়

ঐশ্বৰিক শোকে পাপৰ পৰা আঁতৰাই আনে৷

পৰিত্ৰাণ সাধন কৰায়

আন এক অনুবাদঃ “পৰিত্ৰাণৰ বাটলৈ লৈ যায়”

জাগতিক শোক, ইয়ে মৃত্যু আনে

আন এক অনুবাদঃ “পাছে জাগতিক শোকে মন

পালটনলৈ লৈ নাযায় কিন্তু আত্মিক মৃত্যু আনে৷”

2 Corinthians 7:11-12

চোৱা কেনে যত্ন

“মহান যত্ন কি তাক বুজি পায়”

তোমাত উৎপন্ন কৰে

সেই যি যত্ন ইয়ে তোমাৰ নিৰ্দোষীতাৰ প্ৰমাণ কৰিছে

আন এক অনুবাদঃ “তোমাত উৎপন্ন কৰে যাতে তুমি নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিব পাৰা৷”

কেনে বিৰক্তি

“কেনে ক্ৰোধ”

কেনে ভয়

আন এক অনুবাদঃ “কেনে চিন্তা” বা “কেনে শংকা”

কেনে হাবিয়াহ

“মোক চাবৰ বাবে কেনে হাবিয়াহ”

কেনে উৎসাহ

“উদ্দেশ্য সিদ্ধিৰ বাবে কেনে উৎসাহ”

কিন্তু যাতে তোমালোকৰ যি যত্ন, সেয়ে যেন ঈশ্বৰে দেখাতে তোমালোকলৈ প্ৰকাশিত হয়৷ আন এক অনুবাদঃ “কিন্তু যাতে তোমালোকে জানা, আৰু ঈশ্বৰে জানা, তোমালোক মোৰ প্ৰতি কেনে বিশ্বস্ত্ব৷”

2 Corinthians 7:13-14

ইয়াৰ দ্বাৰাই আমি উৎসাহীত হৈছো

আন এক অনুবাদঃ “আমাৰ প্ৰতি আৰু ঈশ্বৰৰ প্ৰতি থকা এই যোগাত্মক দৃষ্টিভঙ্গীৰ বাবে আমি উৎসাহীত হৈছো”

কিয়নো যদি মই তেওঁৰ আগত তোমালোকৰ অৰ্থে কোনে গৌৰৱ কৰিলোঁ

“তোমাৰ অৰ্থে মই তেওঁৰ আগত গৌৰৱ কৰিলো”

তেন্তে মই লাজত পৰা নাই

আন এক অনুবাদঃ “আৰু তুমি মোক নিৰুৎসাহ নকৰিলা৷”

সত্য বুলি প্ৰমাণি হলো

“সত্য বুলি গণিত হলো”

2 Corinthians 7:15-16

আৰু তোমাৰ প্ৰতি তেওঁৰ যি স্নেহ সেয়ে অতি অধিক,

আন এক অনুবাদঃ “এতিয়া তীতে আগতকৈ অধিক তোমাক স্নেহ কৰে৷”

তেওঁৰ তোমালোকৰ আজ্ঞাধীনতা সোঁৱৰণ কৰোতে,

আন এক অনুবাদঃ “তোমালোক কেনে আজ্ঞাধীন তাক তেওঁ সোঁৱৰণ কৰিছে”

কেনে ভয় আৰু কম্পনেৰে তেওঁক গ্ৰাহ্য কৰিছিলা

আন এক অনুবাদঃ “তোমালোকে যে তেওঁক গ্ৰাহ্য কৰিছিলা আৰু নম্ৰতা আৰু ভয়েৰে আজ্ঞাধীন হৈছিলা৷”

2 Corinthians 8

2 Corinthians 8:1-2

ঈশ্বৰৰ অনুগ্ৰহ

আমি লাভকৰিব নলগীয়া ঈশ্বৰৰ যি প্ৰেম

তেওঁবিলাক অতি দৰিদ্ৰতা…দানশীলতাৰূপ ধনত উপচি পৰিল

যদিও মাকিদনিয়া মণ্ডলীয়ে অনেক দূখ আৰু তাড়ণা সহ্য কৰিব লগীয়া হৈছিল, কিন্তু ঈশ্বৰৰ অনুগ্ৰহত, তেওঁবিলাকে যিৰূচালেমত থকা বিশ্বাসী সকলৰ বাবে ধন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল৷

2 Corinthians 8:3-5

কিয়নো তেওঁবিলাকে দিলে

ইয়াত মাকিদনিয়া মণ্ডলীৰ কথা কোৱা হৈছে৷

নিজ ইচ্ছাৰে

“বিনমূলীয়াকৈ”

পবিত্ৰ লোকবিলাৰ

ইয়াত পৌলে যিৰূচালেমৰ বিশ্বাসী সকলৰ কথা বুজাইছে৷

আৰু তাৰ পিছত…আমালৈ

“আৰু পিছত, তেওঁবিলাকে আমালৈ দিলে”(চাওঁকঃ Explicit and Implicit)

2 Corinthians 8:6-7

ইতিমধ্যেই এই কাৰ্য্য তোমাৰে সৈতে আৰম্ভ কৰিলে

পৌলে ইয়াত যিৰূচালেমৰ বিশ্বাসী সকলৰ বাবে কৰিন্থীয়া বিশ্বাসী সকলৰ পৰা ধন সংগ্ৰহ কৰা কথাটো বুজাইছে৷আন এক অনুবাদঃ “তোমালোকৰ দান দিয়াক প্ৰাথমিকতা দিবৰ বাবে উৎসাহিত কৰিছো৷”

অনুগ্ৰহৰ এই কাৰ্য্যৰ তোমাৰ অংশ সম্পূৰ্ণ কৰিবৰ বাবে

আন এক অনুবাদঃ “তোমালৈ উলটি আহা আৰু দান দিয়াৰ এই পৰিচৰ্যাক সম্পূৰ্ণ কৰা৷”

পাছে তোমালোক সকলো ক্ষেত্ৰতে আগবাঢি যোৱাত

আন এক অনুবাদঃ “যিহেতু তোমালোকে বহু ক্ষেত্ৰত আশা কৰাতকৈ অধিক কৰিছা”

বিশ্বাসত

আন এক অনুবাদঃ “ঈশ্বৰ আৰু আমাৰ প্ৰতি থকা তোমাৰ বিশ্বস্বতা”

বাক্য

আন এক অনুবাদঃ “তোমালোকৰ বাৰ্তালাপত”

জ্ঞান

আন এক অনুবাদঃ “বুজিপোৱাত” বা “উপলব্ধি কৰাত”

সকলো বিধ যত্ন,

আন এক অনুবাদঃ “যত্নত” বা “নিৰন্তৰ প্ৰচেষ্টাত”

আৰু আমালৈ তোমালোকৰ প্ৰেম

আন এক অনুবাদঃ “আৰু যি ধৰণে তোমালোকে আমালৈ প্ৰেম দেখুৱালা”

তেনেকৈ সেই অনুগ্ৰহতো উপচি পৰিবলৈ চেষ্টা কৰা

আন এক অনুবাদঃ “যিৰুচালেমত ক্লেশত থকা পবিত্ৰলোকসকলৰ বাবে তোমালোকে যেন ত্যাগযুক্ত দান দিবলৈ ক্ৰুটি নকৰা তালৈ মন কৰিবা৷”

2 Corinthians 8:8-9

আমাৰ প্ৰভুৰ অনুগ্ৰহ

আন এক অনুবাদঃ “প্ৰভুৰ সেই প্ৰেম আৰু দয়া”

তেওঁ ধনী হৈয়ো

আন এক অনুবাদঃ “সকলো তেওঁ কিনিলে আৰু সকলো তেওঁৰ অধীনত”

তোমালোকৰ নিমিত্তে দৰিদ্ৰ হল

আন এক অনুবাদঃ “তোমালোকৰ নিমিত্তে তেওঁ স্বৰ্গীয় গৃহ ত্যাগ কৰিলে আৰু মানুহ হিচাপে পৃথিবীলৈ আহিলে”

তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই তোমালোক যেন ধনী হোৱা৷

আন এক অনুবাদঃ “তেওঁৰ সেই নম্ৰ আৰু ভগ্ন জীৱনৰ দ্বাৰাই তোমালোক যেন ধনী আৰু আশীৰ্বাদিত হোৱা৷”

2 Corinthians 8:10-12

এই বিষয়টো

“এই বিষয়টো” ইয়াৰ দ্বাৰাই যিৰূচালেমৰ বিশ্বাসী সকলৰ বাবে ধন সংগ্ৰহ কৰা কথাতো বুজাইছে৷

2 Corinthians 8:13-15

এই কাৰ্য্যৰ বাবে

আন এক অনুবাদঃ “তোমালোকক দিবৰ বাবে কৈছো”

সমতাৰ নিয়ম অনুসৰি

আন এক অনুবাদঃ “সমতাৰ নিময় অনুসৰি ভাগ হয় যেন৷”

আৰু যাতে তেওঁবিলাকৰ উপচয়ত, তোমালোকৰ অভাৱ পূৰ হয়,

আন এক অনুবাদঃ “পাছলৈ তোমালোকৰ প্ৰয়োজনৰ সময়ত দিবলৈ তেওঁবিলাকৰ অনেক হব”

এই দৰে লিখা আছে,

“এই দৰে শাস্ত্ৰত লিখা আছে”(চাওঁকঃ Explicit and Implicit)

2 Corinthians 8:16-17

একে উৎসহ জন্মাই

“একে ধৰণৰ উৎসাহেৰে” বা “একে ধৰণৰ গভীৰ চিন্তাৰে”

কিয়নো তেওঁকেৱল আমাৰ অনুৰোধ গ্ৰহণ নকৰে, আন এক অনুবাদঃ “তেওঁ আমাৰ অনুৰোধক আদৰণি জনাইছে যে তেওঁ পুনৰ আমাৰ ওচৰলৈ আহিব৷”

পাছে এই ক্ষেত্ৰত অধিক উৎসাহীত হোৱাত, আন এক অনুবাদঃ “তোমালোক দেখা কৰিবলৈ অধিক উৎসাহীত”

2 Corinthians 8:18-19

তেওঁৰ লগত

“তীতৰ লগত”

কেৱল এইয়ে নহয়, কিন্তু তেওঁ মনোনীতো হল

আন এক অনুবাদঃ “খ্ৰীষ্টৰ এই ভাই জন মনোনীত হল”

অনুগ্ৰহৰ এই কাৰ্য্য কৰি যাবৰ বাবে

এই দান যিৰূচালেমলৈ লৈ যাবৰ বাবে, আন এক অনুবাদঃ “এই দয়া কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ”

গৌৰৱৰ অৰ্থে

আন এক অনুবাদঃ “এই কাৰ্য্য আমি গৌৰৱৰ অৰ্থে কৰিছো”

2 Corinthians 8:20-21

বদনাম নকৰে

আন এক অনুবাদঃ “সমালোচনা কৰিবৰ কাৰণ নাপায়”

অনুগ্ৰহৰ যি দান আমি সংগ্ৰহ কৰিছো

আন এক অনুবাদঃ “আমি যি ধৰণে এই দান পৰিচালনা কৰিছো৷”

যি উপযুক্ত তেনে কৰিবলৈ আমি যত্ন কৰিছো,

আন এক অনুবাদঃ “আমি এই দান পৰিচালনা কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিছো,”

কেৱল প্ৰভুৰ সন্মূখতে নহয়

যাতে পৌলৰ কাৰ্য্য প্ৰভুৰ দৃষ্টিত গ্ৰহণীয় হয়

কিন্তু মানুহবিলাকৰ দৃষ্টিতো

যাতে মানুহ বিলাকে পৌলক বিশ্বাসত লব পাৰে৷

2 Corinthians 8:22-24

আৰু তেওঁবিলাকৰ লগত

“তেওঁবিলাকৰ” ইয়াৰ দ্বাৰাই তীত আৰু আগতে উল্লেখ কৰা ভাইৰ কথা কোৱা হৈছে৷

তোমাৰ সঙ্গী আৰু লগৰ কৰ্মচাৰী

আন এক অনুবাদঃ “সঙ্গী যিয়ে তোমাক সহায় কৰিবৰ বাবে মোৰ লগত কাম কৰিছিল”

আমাৰ ভাইবিলাকৰ সম্বন্ধে

“আমাৰ আন ভাইবিলাকৰ সম্বন্ধে”

2 Corinthians 9

2 Corinthians 9:1-2

আখায়া

পৌলে দক্ষিণ গ্ৰীচৰ এটা অঞ্চলৰ কথা বুজাইছে, যিয়ে কৰিন্থ আৰু ইয়াৰ আশে পাশে থকা অঞ্চনল সমূহক আৱৰি আছে৷

2 Corinthians 9:3-5

ভাই বিলাক

ইয়াৰ দ্বাৰাই তীত আৰু নাম উল্লেখ নকৰা আন দুজন ভাইৰ কথা কোৱা হৈছে৷

যি ভাই তোমালোকৰ ওচৰলৈ আহিব লগা আছে

“যি ভাই তোমাৰ ওচৰলৈ যাব লগা আছে”

2 Corinthians 9:6-7

যি জনে অলপ কৈ বয়, তেওঁ অলপকৈ দাব, আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ দাব

পৌলে ইয়াত এজন খেতিয়কৰ ছবি ব্যৱহাৰ কৰিছে কৰিন্থীয়া সকলক দান দিয়াৰ তুলনা দিবলৈ৷ যি দৰে এজন খেতিয়কৰ খেতি নিৰ্ভৰ কৰে তেওঁ কিমান বয়, সেই একে দৰে ঈশ্বৰৰ আশীৰ্বাদ অলপ হব নে অধিক হব তাক নিৰ্ভৰ কৰিব কৰিন্থীয়া মণ্ডলীয়ে দিয়া দানৰ ওপৰত৷(চাওঁকঃ Metaphor)

কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে

ঈশ্বৰে তেওঁৰ লোক সকলক বিশ্বাসী সকলৰ প্ৰয়োজন পূৰ কৰিবৰ অৰ্থে ইচ্ছাকৃত ভাৱে আৰু আনন্দৰে দিয়াতো বিচাৰে৷

2 Corinthians 9:8-9

ঈশ্বৰে তোমালোকক সকলো অনুগ্ৰহত উপচাব পাৰে

পৌল কব বিচাৰিছে যে যেতিয়া কোনো এজনে আন এজনক আৰ্থিক ভাৱে সহায় কৰে তেতিয়া ঈশ্বৰেও সেই দান দিয়া জনক অধিক আনুগ্ৰহ দান কৰে যাতে তেওঁ অভাৱত নপৰে৷

2 Corinthians 9:10-11

যি জনে সিচিবলৈ কঠীয়া আৰু ভোজনৰ নিমিত্তে আহাৰ যোগায়, তেৱেঁই তোমালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু তোমালোকৰ ধাৰ্ম্মিকতাৰ ফল বৃদ্ধি কৰিব

পৌলে এই উপমা ব্যৱহাৰ কৰাৰ দ্বাৰাই মানুহবিলাকৰ উদ্ধাৰৰ বাবে ঈশ্বৰৰ যি পৰিকল্পনা তাক বুজাব বিচাৰিছে৷(চাওঁক Metaphor)

তোমালোকৰ কঠিয়া ববৰ অৰ্থে

আন এক অনুবাদঃ “তোমাৰ সম্পতি”

ধাৰ্মিকতাৰ ফল

“ধাৰ্মিকতাযুক্ত ফল”

আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰায়

আন এক অনুবাদঃ “আৰু যেতিয়া তোমালোকে তোমালোকৰ দান সমূহ প্ৰয়োজনত থকা লোক সকলক দিয়া, তেওঁবিলাকে ঈশ্বৰক অনেক ধন্যবাদ কৰিব৷”

2 Corinthians 9:12-15

পৰিচৰ্যাৰ এই কাৰ্য্যৰ বাবে

আন এক অনুবাদঃ “তোমাৰ দানশীলতাৰ পৰিচৰ্যাৰ”

পবিত্ৰলোৰ অভাৱ পুৰণৰ অৰ্থে

“যিৰূচালেমৰ পবিত্ৰ লোকসকলৰ প্ৰয়োজনৰ অৰ্থে”

কিন্তু অনেক ধন্যবাদত উপচিও পৰিছে

আন এক অনুবাদঃ “কিন্তু ইয়াৰ দ্বাৰাই অনেকে ঈশ্বৰৰ ধন্যবাদ দিব পাৰিছে”

এই কাৰ্য্যৰ দ্বাৰাই তোমালোক মনোনীত হৈছা,

আন এক অনুবাদঃ “তোমালোকৰ দানশীলতাই তোমালোকৰ বাধ্যতা আৰু প্ৰেমৰ প্ৰমান দিছে৷”

তোমালোকে খ্ৰীষ্টৰ শুভবাৰ্ত্তাৰ বিষয়ে স্বীকাৰ কৰা কথাত আৰু আন সকলোবিলাকলৈকো তোমালোকে দিয়া ভালেমান দানৰ কাৰণে, তেওঁবিলাকে ঈশ্বৰক গৌৰৱাম্বিত কৰিছে৷ আন এক অনুবাদঃ “তোমালোকে ঈশ্বৰকো গৌৰাৱম্বিত কৰিছা, কেৱল দানশীলতা আৰু বাধ্যতাৰ দ্বাৰাই নহয়, কিন্তু খ্ৰীষ্ট সম্বন্ধীয় শুভবাৰ্তা ঘোষণা কৰাৰ দ্বাৰাইও”

তেওঁৰ অতুলনীয় উপহাৰৰ বাবে!

আন এক অনুবাদঃ “এনে উপহাৰ যাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰে, যীচু খ্ৰীষ্ট!”

2 Corinthians 10

2 Corinthians 10:1-2

তোমালোকৰ, নম্ৰতাৰ দ্বাৰাই

“তোমালোক, নম্ৰ”

যি সকলে সেই দৰে ভাবে

“যি সকলে চিন্তা কৰে”

আমি মাংস অনুসাৰে চলিছো

আন এক অনুবাদঃ “আমি মানুহৰ স্বভাৱৰ দ্বাৰাই পৰিচালিত হৈছো”

2 Corinthians 10:3-4

মাংসিক অস্ত্ৰ

শস্ত্ৰৰে

আন এক অনুবাদঃ “মানুহে ব্যৱহাৰ কৰা যুদ্ধ সামগ্ৰীৰে”

কিয়নো আমাৰ যুদ্ধৰ অস্ত্ৰ

শস্ত্ৰ মাংসিক নহয়

আন এক অনুবাদঃ “কিয়নো আমি ঈশ্বৰ শক্তিৰে যুদ্ধ কৰোঁ, জাগতিক অস্ত্ৰ

শস্ত্ৰৰে নহয়৷”

কিন্তু দূৰ্গ ভাঙিবলৈ ঐশ্বৰিক শক্তি তেওঁবিলাকৰ আছে

“দূৰ্গ নষ্ট কৰিবৰ অৰ্থে তেওঁবিলাকৰ ঐশ্বৰিক শক্তি আছে”

2 Corinthians 10:5-6

সকলো বিলাক ওখ বিষয়

আন এক অনুবাদঃ “মনুহৰ মনৰ সকলোবিলাক শক্তিশালী অহংকাৰৰ বিষয়” বা “মিছা তৰ্ক বিতৰ্ক৷”

ঐশ্বৰিক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা

“ঈশ্বৰৰ বিৰুদ্ধে কোৱা”

আমি আমাৰ সকলো কল্পনাক বন্দী কৰি, খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছো৷

আন এক অনুবাদঃ “আমি আমাৰ সকলো কল্পনাক খ্ৰীষ্টৰ বশলৈ আনিছো” বা “আমি আমাৰ সকলোবিলাক বিৰুদ্ধামূলক চিন্তাক বন্দী কৰিছো আৰু খ্ৰীষ্টৰ আজ্ঞাধীনতা শিকাইছো৷”

2 Corinthians 10:7-8

সন্মূখত যি আছে তাক তোমালোকে পৰিষ্কাৰ কৈ চোৱা

আন এক অনুবাদঃ “তোমালোকৰ সন্মূখত যি পৰিষ্কাৰ তালৈ ধ্যান কৰা”

তেওঁ নিজকে পুনৰায় বিবেচনা কৰি জানক

“তেওঁ নিজে সোঁৱৰণকৰক”

তেওঁ যেনেকৈ খ্ৰীষ্টৰ, আমিও তেনেকৈ

আন এক অনুবাদঃ “তেওঁ কৰাৰ দৰে আমিও খ্ৰীষ্টৰ হয়”

তোমালোকক বৃদ্ধি কৰাবলৈ

“খ্ৰীষ্টৰ অনুকাৰী হিচাপে তোমালোকক বৃদ্ধি কৰাবলৈ” বা “খ্ৰীষ্টৰ অনুকাৰী হিচাবে বৃদ্ধি হবলৈ সহায় কৰা”

2 Corinthians 10:9-10

তোমালোকক ভয় দেখুৱাইছো

“মই তোমালোকক ভয় খুৱাবলৈ চেষ্টা কৰিছো”

ভাৰী আৰু শক্তিযুক্ত,

“দাবীকৰিছো আৰু শক্তিশালী,”

শুনিবৰ বাবে উপযুক্ত নহয়

“শুনিবলৈ কঠিন”

2 Corinthians 10:11-12

আমি যি কৈছো

“আমি” ইয়াৰ দ্বাৰাই পৌলৰ পৰিচৰ্যা দলটিক বুজাইছে৷(চাওঁকঃ Exclusive)

আমি পত্ৰৰ দ্বাৰাই কওঁ…উপস্থিত হলে কাৰ্য্যতো তেনেকুৱাই

পৌলে কব বিচাৰিছে যে তেওঁ লিখা আজ্ঞা সমূহৰ অনুসাৰে চলিবলৈ চেষ্টা কৰে৷

গণনা বা তুলনা

“স্থান বা তুলনা”

জ্ঞানীৰ কাৰ্য্য নকৰে

“তেওঁবিলাকে অজ্ঞানতা দেখুৱাই” বা “তেওঁবিলাকৰ অনভিজ্ঞতা দেখুৱাই”

2 Corinthians 10:13-14

সীমাৰ বাহিৰত

আন এক অনুবাদঃ “আমাৰ পৰিচৰ্যাৰ বা ক্ষমতাৰ বাহিৰত কৰা কাৰ্য্য”

সীমা যি ঈশ্বৰে

আন এক অনুবাদঃ “কাৰ্য্যৰ অৰ্থে ঈশ্বৰে দিয়া যি সীমা”

নিজৰ পৰিমাণ

জৰীৰ বাহিৰত যোৱা নাই

আন এক অনুবাদঃ “এই সীমা সমূহৰ বাহিৰত যোৱা নাই”

তোমালোকৰ সৈতে যিমান দূৰ পাব পাৰিম

আন এক অনুবাদঃ “কৰিন্থীৰ লৈকে তোমালোকৰ সৈতে যাত্ৰা কৰি”

2 Corinthians 10:15-16

শ্লাঘা

সীমাৰ বাহিৰত

অলপতে

কাৰ্য্যৰ কৃতিত্ব দাবী কৰিবলৈ৷

আমাৰ নিজৰ কৰ্মৰ সীমা

আন এক অনুবাদঃ “যাতে তোমালোকৰ সীমাৰ মাজত আমি কাৰ্য্য কৰোঁ”

আন এক অঞ্চল

আন এক অনুবাদঃ “আনৰ কাৰ্য্যৰ বাবে পৃথক কৰি ৰাখা অঞ্চল”

2 Corinthians 10:17-18

“কিন্তু যি জনে শ্লাঘা কৰে তেওঁ প্ৰভুতে শ্লাঘা কৰক”

কেৱল মাত্ৰ প্ৰভুতহে কোনো ধৰণৰ শ্লাঘা কৰিব পাৰি৷

2 Corinthians 11

2 Corinthians 11:1-2

সহন কৰা

“সহ্য”

মোৰ অজ্ঞানতা প্ৰতি

আন এক অনুবাদঃ “মোৰ অধিক অজ্ঞানতাত”

বাস্তৱিক তোমালোকে মোৰ প্ৰতি সহন কৰি আছা

আন এক অনুবাদঃ “বাস্তৱিকত, তোমালোক!”

খ্ৰীষ্টৰ হাতত সতী কন্যাৰূপে সমৰ্পণ কৰিবৰ অভিপ্ৰায়েৰে, তোমালোকক একমাত্ৰ স্বামীলৈ, অৰ্থাৎ খ্ৰীষ্টলৈ বাগদান কৰিলো ৷ আন এক অনুবাদঃ “মই তোমালোকক পবিত্ৰ সতী হিচাপে এজনা স্বামী, খ্ৰীষ্টলৈ বিবাহ হবলৈ উপস্থাপন কৰিবলৈ প্ৰতিজ্ঞা কৰিলো”(চাওঁকঃ Metaphor)

2 Corinthians 11:3-4

কিন্তু মোৰ ভয় যে কোনো প্ৰকাৰে…খ্ৰীষ্টলৈ তোমালোকৰ যি সৰলতা৷

আন এক অনুবাদঃ “কিন্তু মোৰ ভয় হৈছে যে কোনো প্ৰকাৰে তোমালোক চিন্তা….সৰ্পই হাৱাক ভুলুৱাৰ দৰে খ্ৰীষ্টলৈ তোমালোকৰ সৰলতা৷”

পাছে কোনো যদি আহে আৰু – “যেতিয়া কোনো”

বা তোমালোকে যি আত্মা পোৱা নাই, এনে অন্যবিধ আত্মাও যদি পোৱা, বা অন্যবিধ শুভবাৰ্ত্তাও গ্ৰহণ কৰা,

আন এক অনুবাদঃ “পবিত্ৰ আত্মাৰ সলনি আন এক আত্মা, বা আমাৰ পৰা লাভ কৰা শুভবাৰ্তাৰ সলনি আন এক শুভবাৰ্তা,”

তোমালোকে তাক যথেষ্ট সহন কৰিলাঃ আন এক অনুবাদঃ “ইয়াক সহন কৰিলা!”

2 Corinthians 11:5-6

“প্ৰধান পাঁচনিবিলাকতকৈ”

আন এক অনুবাদঃ “ভুৱা শিক্ষক যিয়ে ভাৱে যে তেওঁবিলাক আনতকৈ কিছু বেলেগ”(চাওঁকঃ Irony)

কিন্তু যদিও মই বক্তৃতাত সমান্য হওঁ, আন এক অনুবাদঃ “যদিও মই বক্তৃতা দিবৰ বাবে প্ৰশিক্ষণ প্ৰাপ্ত নহয়৷”

2 Corinthians 11:7-9

ঈশ্বৰত তোমালোকলৈ?

আন এক অনুবাদঃ “ঈশ্বৰত তোমালোকলৈ কোনো প্ৰতিদানৰ আশা কৰিলোনে?”(চাওঁকঃ Explicit and Implicit)

আন মণ্ডলীৰ ধন “অপহৰণ” কৰিলোঁ

আন এক অনুবাদঃ “মই আন মণ্ডলীসমূহৰ পৰা দান গ্ৰহণ কৰিলো”

তেওঁবিলাকৰ পৰা বেজ ললো যাতে

আন এক অনুবাদঃ “মণ্ডলীসমূহৰ পৰা যাতে”

তোমালোকৰ সেৱা কৰিবৰ অৰ্থে

আন এক অনুবাদ “বিনামূল্যে তোমালোকৰ সেৱা কৰিবৰ অৰ্থে”

মই যাতে তোমালোকৰ অৰ্থে ভাৰ স্বৰূপ নহওঁ তাৰ বাবে সদায়ে যত্ন কৰিছিলো,

আন এক অনুবাদঃ “মই তোমালোকৰ বাবে কেতিয়াও আৰ্থিক ক্ষেত্ৰত বোজা স্বৰূপ নহলো,”

আৰু এই শ্লাঘা হলে বন্ধ কৰা নাযাব

আন এক অনুবাদঃ “আৰু মই কেতিয়াও নকৰিম৷”

2 Corinthians 11:10-11

এই শ্লাঘা…নিৰৱ কৰা নাযাব…

পৌলে গোটেই আখায় অঞ্চল যি আজিৰ দক্ষিণ গ্ৰীচ তাত শ্লাঘা কৰি যাব৷(চাওঁকঃ Litotes)

আৰু কিয়? মই তোমালোকক প্ৰেম নকৰাৰ কাৰণে নে? আন এক অনুবাদঃ “মই মোৰ প্ৰয়োজনৰ বাবে তোমালোকৰ ওচৰত প্ৰাৰ্থনা কৰি যাম, আৰু ইয়ে আনক দেখুৱাব যে মই তোমালোকক প্ৰেম কৰোঁ৷”(চাওঁকঃ Rhetorical Question)

2 Corinthians 11:12-13

উপায় খণ্ডন কৰিবলৈ

বাধা দিবলৈ বা সেই দাবী দূৰ্বল কৰিবলৈ

তেওঁবিলাকে যিহতে শ্লাঘা কৰে তাৰ দ্বাৰাই আমাৰ সমান হবৰ বাবে ইচ্ছা কৰে

কিয়নো এই লোক সকলে শ্লাঘা কৰে যে তেওঁবিলাকৰ কৰ্ম্ম পৌলৰ কৰ্মৰ দৰে৷

এনে লোক সকলৰ বাবে

আন এক অনুবাদঃ “সেই লোকসকল”

ভাৰি কোৱা পাঁচনি

“বা ভুৱা কৰ্মচাৰী”

তেওঁবিলাক খ্ৰীষ্টৰ পাঁচনিৰ বেশ ধৰা মানুহ৷

এই লোক সকলে নিজতে খ্ৰীষ্টৰ পাঁচনি বুলি ভাওঁ ধৰে৷

2 Corinthians 11:14-15

আৰু ই আচৰিত নহয়

“ইয়ে মোক আচৰিত নকৰে”

চয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে

“চয়তানে দীপ্তিময় দূতৰ ভাওঁ ধৰে”

আৰু ই বৰ মহৎ বিষয় নহয়

“ইয়ে বুজাব বিচাৰে যে”

2 Corinthians 11:16-18

তোমালোকৰ কোনেও মোক অজ্ঞান বুলি নাভাবিবা

পৌল যি অলপ অজ্ঞানৰ দৰে শ্লাঘা কৰিছে আৰু প্ৰকৃতে সহজতে ভুলাব পৰা জনাৰ মাজত পাৰ্থক্য আছে৷

মোক অজ্ঞানৰ দৰে গ্ৰহণ কৰিবা

পৌলে অলপ সময়ৰ বাবে যি শ্লাঘা কৰাৰ ইচ্ছা আৰু কৰিন্থীয়া মণ্ডলী লৈ৷

যাতে মই কিছু শ্লাঘা কৰিব পাৰো

আন এক অনুবাদঃ “যেতিয়া মই কিছু শ্লাঘা কৰিছো”

মই এই শ্লাঘাৰ কথা কৈছো তাক প্ৰভুৰ দৰে নকৈ, আন এক অনুবাদঃ “এনে ধৰণৰ শ্লাঘাক প্ৰভুৱে উৎসাহীত নকৰে”

মাংস অনুসৰি, আন এক অনুবাদ “তেওঁবিলাকে মানুহে লাভ কৰা সফলতা সমূহৰ দৰে”

2 Corinthians 11:19-21

আনন্দেৰেহে অজ্ঞানবোৰক সহন কৰিছাহঁক

“পাছে তোমালোকে অজ্ঞানীবোৰৰ লগত থাকি ভাল পাইছা”

কিয়নো তোমালোক জ্ঞানৱন্ত হোৱা দেখি!

আন এক অনুবাদঃ “তোমালোক জ্ঞানী বুলি চিন্তা কৰি!”

কিন্তু যদি তেওঁ তোমালোকৰ মাজত বিভেদ সৃষ্টি কৰিছে

মানুহ বিলাক মাজত মতানৈক্যৰ সৃষ্টি কৰা৷

বা কোনোৱে যদি মাৰিছে

“আৰু তেওঁ মাৰিছে”

হয়, আমি এক প্ৰকাৰ দুৰ্ব্বলীয়েই আছিলোঁ, ইয়াক মই লাজ পাই স্বীকাৰ কৰিছোঁ

আন এক অনুবাদঃ “মই অতি লজ্জাজনক ভাৱে স্বীকাৰ কৰিছো যে তোমালোকক তেনে ব্যৱহাৰ কৰিবৰ বাবে আমি সাহসী নাছিলো”

তথাপি যি কোনো কথাত আন কোনোৱে যদি দৰ্প কৰে,

আন এক অনুবাদঃ ‘‘তথাপি যি কোনো কথাত আন কোনোৱে দৰ্প কৰে”

মইয়ো দৰ্প কৰো

আন এক অনুবাদঃ “মইয়ো দৰ্প কৰিবলৈ ভয় নকৰো”

2 Corinthians 11:22-23

তেওঁবিলাক ইব্ৰী লোক নে? ময়ো হওঁ৷ তেওঁবিলাক ইস্ৰায়েলীয়া নে? ময়ো হওঁ৷ তেওঁবিলাক অব্ৰাহামৰ বংশ নে? ময়ো হওঁ৷ তেওঁবিলাক খ্ৰীষ্টৰ পৰিচাৰক নে?

ইব্ৰী, ইস্ৰায়েলী, অব্ৰাহামৰ বংশৰ এই সকলো বিলাক ইস্ৰায়েলী সকলৰ বাবে ব্যৱহাৰ কৰা বেলেগ বেলেগ নাম৷(চাওঁক Parallelism)

হতবুদ্ধিৰ দৰে কৈছোঁ

“যেন মই বলিয়া মানুহ আছিলো”

মই অধিক

আন এক অনুবাদঃ “মই সিঁহতকৈ অধিক গুণে খ্ৰীষ্টৰ পৰিচাৰক হওঁ!”(চাওঁকঃ Ellipsis)

অধিক পৰিশ্ৰম

আন এক অনুবাদঃ “মই অধিক পৰিশম কৰিছো”

বন্দীশালত অধিক বন্ধনত

আন এক অনুবাদঃ “মই প্ৰায়ে বন্দীশালত আছিলো”

অতিৰিক্ত কোব খাইছিলো

আন এক অনুবাদঃ “হিচাব কৰিব নোৱাৰাকৈ কোব খাইছিলো”

অনেকবাৰ প্ৰাণৰ সংশয়

আন এক অনুবাদঃ “বহুবাৰ মৃত্যুৰ সন্মূখিন হৈছিলো৷”

2 Corinthians 11:24-26

এক কম দুকুৰিকৈ কোব খালো

৩৯ বাৰ কোব মৰাটো এটা সাধাৰণ নিয়ম আছিল৷ ৪০ টা কোবে এজন মানুহক বধ কৰিব পাৰে বুলি ধাৰণা আছিল৷

অগাধ জলত এদিন এৰাতি থাকিলোঁ

পৌলে জাহাজ ভগাৰ পিছত পনীত উপঙি থকাৰ কথাটো সোঁৱৰিছে৷

ভাৰি কোৱা ভাই বিলাকৰ মাজত থাকি পোৱা সঙ্কটত

আন এক অনুবাদঃ “নিজকে খ্ৰীষ্টৰ বুলি দাবী কৰা ভাই সকলৰ পৰা অহা সঙ্কটত, যি সকলে আমাক ঠগিলে৷”

2 Corinthians 11:27-29

অনুবাদৰ টোকা

উদঙে থকাত

আন এক অনুবাদঃ “নিজৰ শৰীৰটো উম লগাবৰ বাবে প্ৰয়োজনীয় কাপোৰৰ অভাৱত”

কাৰ দূৰ্ব্বলত মই দূৰ্ব্বল হোৱা নাই

আন এক অনুবাদঃ “যেতিয়া কোনো দূৰ্ব্বল হয়, মইয়ো সেই দূৰ্ব্বলতা অনুভৱ কৰো?”(চাওঁকঃ Rhetorical Question)

যিয়ে আন জনক পাপত পেলাইছে

আন এক অনুবাদঃ “যেতিয়া কোনো এজন আন এজন ভাইক পাপত পেলাই”(চাওঁক Rhetorical Question)

আৰু মই তাপিত হোৱা নাই?

আন এক অনুবাদঃ “মই বলীয়া আৰু খঙাল অনুভৱ কৰিছো”

2 Corinthians 11:30-31

কাৰ দুৰ্ব্বলত মই দুৰ্ব্বল হোৱা নাই?

আন এক অনুবাদঃ “মই কেনে দুৰ্ব্বল”

2 Corinthians 11:32-33

দম্মেচকীয়াবিলাকৰ নগৰ পহৰা দিয়াইছিল

নগৰৰ দুৱাৰ পহৰা দিয়াইছিল,

মোৰ ধৰিবৰ কাৰণে,

আন এক অনুবাদঃ “যাতে তেওঁবিলাকে মোক ধৰি বন্দী কৰিব পাৰে”

গড়েদি নমাই দিয়া হৈ, তেওঁৰ হাতৰ পৰা সাৰিলোঁ

“গড়েদি আৰু মই সাৰিলো”

2 Corinthians 12

2 Corinthians 12:1-2

মই আগুৱাই গৈ থাকিম

‘‘অনিশ্চাৰ স্বত্তেও মই গৈ থাকিম”

প্ৰভুৰ পৰা দৰ্শণ

প্ৰভুৰ পৰা প্ৰজ্ঞা, জ্ঞান বা বুজি পোৱা

চৌদ্ধ বছৰৰ আগেয়ে খ্ৰীষ্টত আশ্ৰয় লোৱা এনে এজন মানুহক মই জানো

ইয়াত প্ৰকৃততে পৌলে নিজৰে কথা কৈ আছে যাক আমি অলপতে জানিবলৈ পাম৷

সশৰীৰেৰে নে নীঃশৰীৰেৰে, তাক নাজানো৷ আন এক অনুবাদঃ “মই নাজানো সেই লোক জন সশৰীৰেৰে নে আত্মিক শৰীৰেৰে”

ঈশ্বৰে জানে

আন এক অনুবাদঃ “কেৱল ঈশ্বৰেহে জানে”

তৃতীয় স্বৰ্গ

এইয়া আকাশ বা বাৰ্হি জগতৰ (নক্ষত্ৰ,তৰা আৰু সৌৰজগত)কথা কোৱা হোৱা নাই কিন্তু যত ঈশ্বৰ বাস কৰে সেই ঠাইৰ কথা কোৱা হৈছে৷

2 Corinthians 12:3-5

আৰু মই সেই মানুহ জনক জানো

“আৰু মই জানো যে সেই মানুহজন”

যি জনক তুলা হৈছিল

“তুলা হৈছিল”

পৰম দেশলৈ

“পৰম দেশ” এইয়া স্বৰ্গৰ লগত একে (বা “তৃতিয় স্বৰ্গ”) বা স্বৰ্গৰ এক বিশেষ ঠাই৷

শুনিবলৈ পাইছিল

“আৰু শুনিবলৈ পাইছিল”

তেনেকুৱা জনৰ

“সেই মানুহজনৰ”

2 Corinthians 12:6-7

যি দেখা পোৱা গৈছে তাতকৈ হয়তো মোৰ বিষয়ে অধিক চিন্তা কৰে

“চকুৰে দেখাতকৈ মোত অধিক গুৰুত্ব দিয়ে”

এই হেতুকে, মই যেন অতিশয় দৰ্প নকৰো

“মই অতিশয় দৰ্প নকৰিবৰ অৰ্থে”

শৰীৰত এটা কাঁইট

“এটা ঘাঁ” বা “এক শাৰীৰিক সমস্যা”(চাওঁকঃ Metaphor)

চয়তানৰ এক দূত

“চয়তানৰ দাস”

মোক আমনি দিবৰ অৰ্থে

“মোক কষ্ট দিবৰ অৰ্থে”

2 Corinthians 12:8-10

এই বিষয়ে প্ৰভুৰ,

আন এক অনুবাদঃ “প্ৰভু মোৰ শৰীৰত থকা এই কাইঁট,” বা “প্ৰভু মোৰ এই কষ্ট”

“মোৰ যি অনুগ্ৰহ সেই তোমালৈ জুৰিব,”

“মোৰ অনুগ্ৰহৰ হে তোমাৰ প্ৰয়োজন আছে”

কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়

আন এক অনুবাদঃ “কিয়নো তুমি যেতিয়া দুৰ্ব্বল হোৱা তেতিয়াহে মোৰ শক্তিয়ে উত্তমৰূপে কাৰ্য্য কৰে৷”

সেয়েহে মই খ্ৰীষ্টৰ নমিত্তে সকলোতে সন্তষ্ট হওঁ,

আন এক অনুবাদঃ “এই কাৰণে মই মোৰ দূৰ্ব্বলাতাত আনন্দ অনুভৱ কৰো,”

অপমানত,

আন এক অনুবাদঃ “দুৰ্ব্বলতাত যে মই খ্ৰীষ্টৰ কাৰণে কষ্ট ভুগ কৰিলো”

কিয়নো যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান৷

আন এক অনুবাদঃ“পাছে যেতিয়াই মই দুৰ্ব্বল, তেতিয়া খ্ৰীষ্টৰ শক্তিয়ে মোক বল দিয়ে৷”

2 Corinthians 12:11-13

মই অজ্ঞান হলো!

“মই অজ্ঞানৰ দৰে কাৰ্য্য কৰিলো!!”

তোমালোকৰ দ্বাৰাইহে মই প্ৰশংশিত হব লাগিছিল, ,

আন এক অনুবাদঃ “তোমালোকে মোৰ কাৰ্য্য মুকলিকৈ প্ৰশংসা কৰিব লাগিছিল,”

কিয়নো মই একো নহলেও

আন এক অনুবাদঃ “কিয়নো মই কোনো গুণে কম নহয়”

“প্ৰধান পাঁচনি”

“অহংকাৰী ভুৱা শিক্ষক”

তোমালোক আন কি কথাত অন্য মণ্ডলীতকৈ নিকৃষ্ট হলা

আন এক অনুবাদঃ “মই কাৰ্য্য কৰা আন মণ্ডলী সমূহ আৰু তোমালোকৰ মাজৰ পাৰ্থক্য”

মই যে নিজে তোমালোকৰ ভাৰস্বৰূপ হোৱা নাই, ইয়াত বাজে

আন এক অনুবাদঃ “মোৰ খৰচ সমূহ বহন কৰিবৰ বাবে মই কি তোমালোকৰ পৰা কিবা বিচাৰিছিলো”

মোৰ এই অপৰাধটো ক্ষমা কৰা!

পৌলে কৰিন্থীয়া মণ্ডলীৰ আগত তেওঁৰ সহায়ৰ বাবে কোনো দাবী উত্থাপন নকৰাৰ বাবে ক্ষমা বিচাৰিছে৷(চাওঁকঃ Irony)

2 Corinthians 12:14-15

তোমালোককহে বিচাৰো

আন এক অনুবাদঃ “মই বিচাৰো তোমালোকৰ প্ৰেম আৰু খ্ৰীষ্টক গ্ৰহণ কৰাটো৷”(চাওঁক Explicit and Implicit)

তোমালোকৰ প্ৰাণৰ নিমিত্তে আনন্দেৰে ব্যয় কৰিম

পৌলে তেওঁবিলাকৰ প্ৰয়োজনৰ কথা কৈছে, সেয়ে শাৰীৰিক বা আত্মিক হব পাৰে৷আন এক অনুবাদঃ “মই আনন্দেৰে মোৰ সকলো আৰু যি কোনো বিষয় তোমালোকৰ অৰ্থে ব্যয় কৰিম৷”

যদি মই তোমালোকক অধিক প্ৰেম কৰোঁ, তেন্তে মোক কমকৈ প্ৰেম কৰা নে?

আন এক অনুবাদঃ “যদিও এনে দেখি যে মই তোমালোকক যি প্ৰেম কৰো, সিমান কমকৈ তোমালোকে মোক প্ৰেম কৰা৷”(চাওঁকঃ Rhetorical Question)

2 Corinthians 12:16-18

কিন্তু বুধিয়ক হৈ ছলেৰে তোমালোকক ধৰিলোঁ

আন এক অনুবাদঃ “কিন্তু আন সকলে ভাৱে যে মই ভুৱা আৰু ছলেৰে কাৰ্য্য কৰোঁ৷”(চাওঁকঃ Irony)

তোমালোকৰ ওছৰলৈ যিবিলাকক পঠালোঁ, তেওঁবিলাকৰ কোনোৰ দ্বাৰাই মই তোমালোকক ঠগাইছিলোঁ নে?

আন এক অনুবাদঃ “তোমালোকৰ ওচৰলৈ মই পঠোৱা কোনো এজনেও তোমালোকৰ পৰা কোনো ধৰণৰ সুযোগ লোৱা নাছিলে!”(চাওঁকঃ Rhetorical Question)

তীতে কিবা তোমালোকক ঠগাইছিল নে?

আন এক অনুবাদঃ “তীতে তোমালোকৰ পৰা কোনো ধৰণৰ সুযোগ লোৱা নাছিল”(চাওঁকঃ Rhetorical Question)

আমি দুয়ো একে আত্মাতে চলা নাই নে? আন এক অনুবাদঃ “আমাৰ সকলোৰে একে স্বাভাৱ আৰু একে ধৰণৰ জীৱন ধাৰণ আছে”(চাওঁক Rhetorical Question)

আমি দুয়ো একে খোজতে চলা নাই নে? আন এক অনুবাদঃ “আমি সকলোৱে একে ধৰণৰ কাৰ্য্যকে কৰোঁ”(চাওঁকঃ Rhetorical Question)

2 Corinthians 12:19

তোমালোকে ইমান পৰে, আমি নিজকে নিৰ্দ্দোষী দেখুৱাবলৈ যত্ন কৰিছোঁ বুলি ভাবিছা নে?

পৌলে এই কথাটো স্পষ্ট কৰি দিছে যে তেওঁ নিজৰ ব্যৱহাৰক নিৰ্দ্দোষী দেখুৱাবলৈ যত্ন কৰা নাই৷ আন এক অনুবাদঃ “এই সকলো সময়ত আমি নিজকে নিৰ্দ্দোষী বুলি দেখুৱাবলৈ চেষ্টা কৰি আহিছো বুলি নাভাবিবা”(চাওঁকঃ Rhetorical Question)

তোমালোক ধৰ্ম্মত বৃদ্ধি হবলৈহে এই সকলো কৈছোঁ৷

আন এক অনুবাদঃ “এই সকলোবিলাক তোমালোকৰ আত্মিক বৃদ্ধিৰ বাবেহে কৈছো৷”

2 Corinthians 12:20-21

যি ৰূপ দেখিবলৈ ইচ্ছা নকৰোঁ, কিজানি সেই ৰূপতে দেখিম,

আন এক অনুবাদঃ “মই যেতিয়া তোমাক পাম তেতিয়া হয়তো মই ভাল নাপাব পাৰো,”

তোমালোকে মোক যি ৰূপত দেখিবলৈ ইচ্ছা কৰা সেই ৰূপত বিচৰা

আন এক অনুবাদঃ “মোৰ উত্তৰ সমূহৰ দৰে৷”

হয়তো তাত – আন এক অনুবাদঃ “মই আশা কৰোঁ মই তাক বিচাৰি নাপাম”

আৰু যি বিলাকে আগেয়ে পাপ কৰিছিল তেওঁবিলাকৰ কাৰণে হয়তো শোক কৰিব লাগিব

আন এক অনুবাদঃ “তোমালোকৰ বহু বিলাকে পুৰণি স্বাভাৱ সমূহ ত্যাগ নকৰাৰ কাৰণে মই শোক কৰিব লগা হব পাৰে”

আৰু তেওঁবিলাকে কৰা অশুচি কাৰ্য্য, ব্যভিচাৰ, আৰু লম্পট আচৰণৰ বিষয়ে, একো খেদ কৰা নাই৷

আন এক অনুবাদঃ “আৰু তেওঁবিলাকৰ ব্যভিচাৰ সম্বন্ধীয় পাপ সমূহৰ বাবে অনুতাপ কৰা নাই৷”

2 Corinthians 13

2 Corinthians 13:1-2

বাকী সকলোৱে

ইয়াৰ দ্বাৰাই পুনৰ মনটপেলোৱা বা আন সকলোকে বুজাইছে৷ আন এক অনুবাদঃ “আন সকলোকে”(চাওঁকঃ Idiom)

মই ইয়াক পুনৰায় কওঁ

“মই আকৌ কওঁ”

2 Corinthians 13:3-4

কিন্তু ঈশ্বৰৰ শক্তিৰ কাৰণে, আমি তেৱেঁ সৈতে তোমালোক লৈ জীৱন যাপন কৰিম

ঈশ্বৰে আমাক জীয়াই থাকিবৰ বাবে শক্তি আৰু সামৰ্থ্যতা প্ৰদান কৰে৷

2 Corinthians 13:5-6

তোমালোক অপ্ৰমাণিত লোক

আন এক অনুবাদঃ “তোমালোক বিশ্বাস দ্বাৰাই ৰক্ষা পোৱা নাই”

আমি অপ্ৰমাণিত লোক নহয়

পৌলে ইয়াৰ দ্বাৰাই কব বিচাৰিছে যে তেওঁ আৰু তেওঁৰ পৰিচৰ্যাৰ দলটো যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ৰক্ষা পোৱা লোক হয়৷ আন এক অনুবাদঃ “আমি মনোনীত”(চাওঁকঃ Litotes)

2 Corinthians 13:7-8

কিন্তু তোমালোকে কোনো কুকৰ্ম্ম যেন নকৰা

“যাতে তোমালোকে পাপ নকৰা” বা “যাতে তোমালোকে ভাল কৰ্ম কৰা”

পৰীক্ষাত উৰ্ত্তীণ হবলৈ

আন এক অনুবাদঃ “মহান শিক্ষক হবলৈ আৰু সত্যৰে জীৱন যাপন কৰিবলৈ”

সত্যৰ বিপক্ষে যি কোনো কৰিবলৈ,

আন এক অনুবাদঃ “ঈশ্বৰৰ সত্যৰ বিৰুদ্ধীতা কৰিবলৈ”

কিন্তু কেৱল সত্যৰ পক্ষে

আন এক অনুবাদঃ “পাছে সত্যৰ পক্ষে সাহেৰে থিয় দিবলৈ”

2 Corinthians 13:9-10

সম্পূৰ্ণতাৰ নিমিত্তে

আন এক অনুবাদঃ “আত্মিক ভাৱে পৰিপক্ক হবৰ বাবে”

তোমালোকৰ পক্ষে, ব্যৱহাৰ কৰি

আন এক অনুবাদঃ “তোমালোকৰ ফালে৷ মই ইয়াক ব্যৱহাৰ কৰিবলৈ ইচ্ছা কৰোঁ”

2 Corinthians 13:11-14

সম্পূৰ্ণতাৰ কাৰ্য্য

আন এক অনুবাদঃ ‘‘পৰিপক্কতাৰ দিশে কাৰ্য্য কৰা”

একে মনৰ লোক হোৱা

আন এক অনুবাদঃ “ইজনে সিজনৰ লগত মিলেৰে থাকা”

পবিত্ৰ চুমাৰে৷

“খ্ৰীষ্টিয় প্ৰেমেৰে”