James
James 1
James 1:1-3
যাকোব…যাকোব যীচুৰ সতীয়া ভাই৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে – “মই, যাকোবে…”
ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন সেৱক – খণ্ডবাক্য “মই হওঁ” টো
আভাস পোৱা যায়৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি: “মই ঈশ্বৰৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন সেৱক হওঁ” (চাওক: স্পষ্ট আৰু ইংগিত বহন কৰে)
চাৰিওফালে সিঁচৰিত হৈ থকা বাৰ ফৈদলৈ – যাকোবে, ষ্টিফেনক শিল দলিয়াই মৰাৰ পাছত হোৱা উৎপীড়ণৰ পৰা আঁতৰত, যিহুদীয়াৰ বাহিৰত ৰোমান নগৰবোৰলৈ পলাই যোৱা সকলো যিহুদী বিশ্বাসীলৈ লিখিছিল৷
বাৰ ফৈদ – (চাওক: গণনা
অনুবাদ অজ্ঞাত)
সম্ভাষন জনালো
এটা মৌলিক সম্ভাষন, যেনেকৈ “হেল্লো” বা “শুভদিন”
মোৰ ভাইসকল, যেতিয়া তোমালোকে নানা প্ৰকাৰৰ দুখ কষ্ট ভোগ
কৰা, এইটো আনন্দৰ কথা বুলি বিবেচনা কৰিবা – “মোৰ লগৰীয়া বিশ্বাসীসকল, তোমালোকৰ বিভিন্ন ধৰণৰ দুখ
কষ্ট বিলাকক উৎসৱ পালনৰ বিষয় বুলি ভাৱিবা”
তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহনক্ষমতা বঢ়ায় ইয়াকে জানি – “কিয়নো তোমালোকে জানা যে ঈশ্বৰে এই দুখ
কষ্ট বিলাকক তোমালোকৰ বিশ্বাসক অধিক দৃঢ় কৰিবলৈ ব্যৱহাৰ কৰে”
James 1:4-5
সহনশীলতাই তাৰ কাম সম্পূর্ণ কৰক – কষ্টকৰ পৰিস্থিতিৰ মাজতো অলৰ হৈ থিৰে থকা ৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি: “দুখকষ্টৰ মাজতো দৃঢ় হৈ থাকা”
যাতে তোমালোকে হব পাৰা – “যাতে ঈশ্বৰে তোমালোকৰ বিশ্বাসক কৰিব পাৰে”
যাতে তোমালোক – “তোমালোক” শব্দটোৱে যিহুদীবিশ্বাসী সকলক বুজাইছে৷ (চাওক: ‘তুমি’ শব্দৰ ৰূপ)
সম্পূর্ণৰূপে পৰিপক্ক –“সম্পূর্ণৰূপে ত্ৰুটি নথকা”
একোতে অভাৱ নথকা – এইটো এটা নেতিবাচক খণ্ডবাক্য ইয়াক ইতিবাচক ৰূপে এনেদৰে বর্ণনা কৰিব পাৰি: প্ৰচুৰকৈ থকা (চাওক: Litotes)
যিজনে এইটো দিব পাৰে সেই ঈশ্বৰক ইয়াক খোজা – “এইটোৰ কাৰণে ঈশ্বৰক খোজা ৷ জ্ঞান দিওঁতাজন তেঁৱেই৷”
উদাৰভাৱে আৰু ভৎসনা নকৰাকৈ – “ভৎসনা নকৰা” শব্দটো নেতিবাচক খণ্ডবাক্য ইয়াক ইতিবাচক হিচাপে এনেদৰে বর্ণনা কৰিব পাৰি: “উদাৰভাৱে আৰু আনন্দেৰে” (চাওক: Litotes)
এইটো ঈশ্বৰে মঞ্জুৰ কৰিব – “ঈশ্বৰে এইটো কৰিব” বা “ঈশ্বৰে তোমাৰ প্ৰার্থনাৰ উত্তৰ দিব”
James 1:6-8
বিশ্বাসত, সন্দেহ নোহোৱাকৈ – “সন্দেহ নোহোৱাকৈ” এইটো নেতিবাচক খণ্ডবাক্য, ইয়াক ইতিবাচক হিচাবে বর্ণনা কৰিব পাৰি: “সম্পূর্ণ নিশ্চয়তাৰে যে ঈশ্বৰে উত্তৰ দিব৷”(চাওক:Litotes)
যিজনে সন্দেহ কৰে, তেওঁ সাগৰৰ ঢৌৰ দৰে, বতাহে চলাই নিয়া আৰু তীব্ৰভাৱে আলোড়িত হয় – সন্দেহ কৰা ব্যক্তিজন, পাণী যেনেকৈ লৰচৰ কৰি থাকে আৰু দিশ সলনি কৰে, তাৰ লগত তুলনা কৰিছে৷ সলনি অনুবাদ: “সদায়েই বিশ্বাস আৰু অবিশ্বাসৰ মাজত ইফাল
সিফাল হৈ থাকে” বা “সদায়েই তেওঁৰ বিশ্বাস সলনি কৰি থাকে” (চাওক:সাদৃশ্য)
তেওঁৰ অনুৰোধ – “তেওঁ যি খোজে”
প্ৰভুৰ – “প্ৰভুৰ পৰা”
দুই মনৰ মানুহ – “দুই মনৰ” শব্দটোৱে ব্যক্তিজনৰ চিন্তাধাৰাক বুজায়
তেওঁ এক সিদ্ধান্তত উপনীত হবলৈ অসমর্থ হয়৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি: “যীচুক অনুসৰণ কৰিব নে নকৰে সেই সিদ্ধান্তটো লব নোৱাৰে” (চাওক: সলোৱা কার্য্য)
তেওঁৰ সকলো পথত অস্থিৰ – “তেওঁ কোনো এটা বিষয়তেই নিশ্চিত নহয়”
James 1:9-11
দুখীয়া ভাই – “যিজন বিশ্বাসীৰ বেছি টকা নাই”
তেওঁৰ নিজ উচ্চ স্থানৰ বাবে গৌৰৱ কৰা উচিত – “ঈশ্বৰে তেওঁক যি সন্মান দিলে তাৰ বাবে তেওঁ সুখী হোৱা উচিত”
আৰু ধনী ভাই জনে – “আৰু যিজন ভাইৰ বহুত টকা আছে”
তেওঁৰ নম্ৰতাক – শব্দৰ লোপ খণ্ডবাক্য “গৌৰৱ কৰা উচিত” টো এৰি গল৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি: ঈশ্বৰে যে তেওঁক নম্ৰ হবলৈ শিকালে তাৰ বাবে তেওঁ সুখী হোৱা উচিত৷ (চাওক:শব্দৰ লোপ)
পথাৰত গজা বনৰীয়া ফুল শেষ হৈ যোৱাৰ দৰে – এই পটন্তৰ দ্বাৰা দেখুৱাইছে যে আনকি ধনী মানুহো মৰিব, যেনেকৈ সকলো জীৱিত প্ৰাণীয়েই মৰে৷ ধনী মানুহ কিয় নম্ৰ হব লাগে – এই বিষয়টোত গুৰুত্ব আৰোপ কৰা হৈছে৷ (চাওক: পটন্তৰ)
জ্বলি যোৱা তাপ – “আৰু ইয়াৰ তাপ” বা “পোৰনি উঠা গৰম বতাহ” – (UDB)
তেওঁলোকৰ কর্ম ব্যস্ততাৰ মাজতে ধনী মানুহ জঁই পৰি যাব – “ধনী মানুহজন আৰু অধিক ধন গোটাবলৈ পৰিশ্ৰম কৰি থাকোতেই মৰিব”
James 1:12-13
মানুহজন ধন্য – “ব্যক্তিজন সুখী”
পৰীক্ষা সহন কৰে – “দুখ
কষ্ট আহিলে অলৰ হৈ থাকে”
পৰীক্ষাত উত্তীর্ণ হল – “সেই দুখ
কষ্টৰ মাজটো অলৰ হৈ থিৰে থাকে”
তেওঁ পাব – “ঈশ্বৰে তেওঁক দিব”
জীৱনৰ মুকুট পাব – “জীৱনৰ মুকুট” এটা আলংকাৰিক প্ৰকাশ ভংগী
ঈশ্বৰে পুৰস্কাৰ ৰূপে ব্যক্তিজনক অনন্ত জীৱন দিব, এইটো এনেদৰেও অনুবাদ কৰিব পাৰি : “অনন্ত জীৱনৰ পুৰস্কাৰ তেওঁ পাব৷”
ঈশ্বৰক ভাল পোৱা সকলোলৈকে এই প্ৰতিজ্ঞা কৰা হৈছে – “যিসকলে তেওঁক ভাল পায় ঈশ্বৰে তেওঁলোকক জীৱনৰ মুকুট দিবলৈ প্ৰতিজ্ঞা কৰিছে৷” (চাওক:প্ৰত্যক্ষ বা পৰোক্ষ)
তেওঁ যেতিয়া প্ৰলোভনত পৰে – “যেতিয়া কিবা এটা কু
কর্ম্ম কৰিবলৈ তেওঁৰ ইচ্ছা হয়”
এই প্ৰলোভন ঈশ্বৰৰ পৰা – “ঈশ্বৰে মোক কিবা এটা কু
কর্ম্ম কৰাবলৈ চেষ্টা কৰিছে”
ঈশ্বৰক কু
কর্ম্মৰ দ্বাৰা প্ৰলোভিত কৰা নাযায় – “ঈশ্বৰে কু
কর্ম্ম কৰিবলৈ ইচ্ছা নকৰে”
ঈশ্বৰে…কাকো প্ৰলোভিত নকৰে – “ঈশ্বৰে কোনো ব্যক্তিক কিবা কু
কর্ম্ম কৰাবলৈ চেষ্টা নকৰে”
James 1:14-16
প্ৰতিজন ব্যক্তিয়েই তেওঁৰ নিজৰ কু
অভিলাষৰ দ্বাৰাই প্ৰলোভিত হয় – বেয়া কর্ম্ম কৰিবলৈ অভিলাষ প্ৰতিজন ব্যক্তিৰ হৃদয়ত থাকে৷
যিটোৱে তেওঁক প্ৰলোভিত কৰে আৰু টানি লৈ যায় – “যিটো কু
অভিলাষে তেওঁক ফাণ্ডত পেলায় আৰু পৰিচালিত কৰে”
কু
অভিলাষে গর্ভধাৰণ কৰে আৰু পাছত তাৰ পৰা পাপ জন্ম হয়, আৰু পাপ সম্পূর্ণ বৃদ্ধি পালে, মৃত্যু আহে – “কু
অভিলাষ”, “পাপ” আৰু “মৃত্যু” এইবিলাক মানুহবিষয়ক গুণ৷ ইয়াত কু
অভিলাষবোৰক এজনী মহিলা প্ৰেমিকা হিচাবে বর্ণনা কৰিছে যিজনীয়ে এজন পুৰুষক যৌন সংগম কৰিবলৈ ফুচুলাই নিয়ে৷ তেওঁলোকৰ সন্তানটো হল – “পাপ”৷ “মৃত্যু” হল যেতিয়া শিশু সন্তানটো সম্পূর্ণ বয়স প্ৰাপ্ত মানুহ হৈ উঠে৷ এইটোৱে তুলনা কৰিছে কেনেকৈ কু
অভিলাষে প্ৰথম অৱস্থাত সুখ সম্ভোগ দিয়ে কিন্ত সেই সুখ সম্ভোগেই ব্যক্তিজনও পাপলৈ পৰিৱর্তন হয় আৰু অৱশেষত শাৰীৰিক আৰু আত্মিক দুয়োভাৱে মৃত্যুলৈ চলাই নিয়ে৷ (চাওক: ব্যক্তিত্ব কৰণ/উপমা)
প্ৰতাৰিত নহবা – “তোমালোকক প্ৰৱঞ্চনা কৰিবলৈ কাকো নিদিবা” বা “নিজকে নিজে প্ৰৱঞ্চনা কৰিবলৈ এৰি নিদিয়া৷” (UDB)
James 1:17-18
ওপৰৰ পৰা – “স্বর্গৰ পৰা”
জ্যো্তি বিলাকৰ পিতৃ – আকাশমণ্ডলত থকা(চন্দ্ৰ, সূর্য্য, তাৰকামণ্ডলী) সকলোবিলাক জ্যোেতিৰ সৃষ্টিকর্ত্তা হল ঈশ্বৰ৷
স্থান সলনি কৰা ছাঁৰ দৰে, তেওঁ সলনি নহয় – এইটো এটা উপমা৷ ঈশ্বৰ অপৰিৱর্ত্তনীয় জ্যোেতি ৷ আকাশত সলনি হৈ থকা আৰু লৰচৰ কৰি থকা জ্যো তি যেনে
চন্দ্ৰ, সূর্য্য, তাৰকামণ্ডলী বিলাকলৈ জ্যো্তি তেৱেঁই দিয়ে৷ সলনি অনুবাদ: ঈশ্বৰ ছাঁৰ দৰে সলনি নহয়, যি ছাঁ এই আহে এই যায়৷(চাওক:উপমা)
আমাক দিবলৈ – “আমাক” শব্দটোৱে যাকোব আৰু তেওঁৰ শ্ৰোতাদর্শক সকলক বুজাইছে (চাওক:অন্তর্ভূক্তি)
আমাক জীৱন দিয়ে – “আমাক আত্মিক জীৱন দিয়ে” (UDB)
সত্যৰ বাক্য – “শুভবার্তাখন” বা “যীচুৰ উপদেশবিলাক”
প্ৰথম ফলৰ দৰে – যাকোবে ইয়াত গুৰুত্ব সহকাৰে কৈছে যে খেতিৰ প্ৰথম ফলৰ দৰে, তেওঁৰ শ্ৰোতাদর্শকসকলক, ভৱিষ্যত হব লগীয়া অনেক বিশ্বাসীৰ মাজত, প্ৰথম বিশ্বাসীবিলাক তেওঁলোকেই৷
তেওঁৰ সৃষ্ট প্ৰাণীৰ মাজত – “তেওঁৰ লোকবিলাকৰ মাজত”
James 1:19-21
তোমালোকে এইটো জানা – সম্ভাব্য অর্থসমূহ: (১) “জানিলোৱা” আজ্ঞা হিচাবে – মই যি লিখিবলৈ লৈছো তাত মনোযোগ দিবলৈ, বা (২) “তোমালোকে এইটো জানা” এটা বিবৃতিৰূপে,যে মই তোমালোকক কিবা এটা সুঁৱৰাই দিব বিচাৰিছো, যিটো তোমালোকে ইতিমধ্যে, জানা৷
প্ৰত্যোক মানুহেই শুনিবলৈ খৰ আৰু , কবলৈ ধীৰ হব লাগিব – মানুহে প্ৰথমে মনোযোগ দি শুনা উচিত আৰু তাৰ পাছতহে তেওঁলোকে কি কৈছে যত্নেৰে বিবেচনা কৰিব লাগে৷
ক্ৰোধত ধীৰ –“সহজে খং নুঠা”
মানুহৰ ক্ৰোধে ঐশ্বৰীয় ধার্ম্মিকতা সাধন নকৰে – যেতিয়া কোনো মানুহে ক্ৰোধ কৰে, তেওঁ ঈশ্বৰৰ ইচ্ছাৰ দৰে আচৰণ নকৰে
সকলো পাপময় ময়লা আৰু সকলোতে থকা দুষ্টতা দূৰ কৰা – এই বিকল্পটো দুষ্টতাৰ ওপৰত গুৰুত্ব দিবৰ বাবে ব্যৱহৃত হৈছে৷ সলনি অনুবাদ: “সকলো প্ৰকাৰৰ মন্দৰ পৰা বিৰত ৰাখা” (চাওক: বিকল্প)
নম্ৰতাত –“অহংকাৰ নোহোৱাকৈ” বা “মই বৰ ভাৱ নোহোৱাকৈ”
ৰোৱা বাক্য গ্ৰহন কৰা – “ৰোপন কৰা” শব্দটোৰ অর্থ হল এটা বস্তু আন এটাৰ ভিতৰত সুমুৱাই দিয়া৷ এইটো এটা উপমা
ঈশ্বৰৰ বাক্যটো, এটা বস্তুৰ দৰে আন এজনৰ মনৰ ভিতৰত সুমুৱাই দিয়া কথাটো বর্ণনা কৰিছে৷ সলনি অনুবাদ: “ঈশ্বৰে তোমালোকলৈ কোৱা বার্তাটো পালন কৰা” (চাওক: উপমা)
তোমালোকৰ প্ৰাণ বিলাক ৰক্ষা কৰা – ইয়াত “প্ৰাণ” শব্দটো প্ৰতিনিধিত্বমূলক শব্দ আৰু ইয়াৰ দ্বাৰা সম্পূর্ণ মানুহজনক বুজোৱা হৈছে৷ আৰু লগতে, কিহৰ পৰা মানুহ জনে উদ্ধাৰ পালে সেইটোও স্পষ্ট কৰিব পাৰি৷ সলনি অনুবাদ: “ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পৰা উদ্ধাৰ কৰা হল৷” (চাওক: প্ৰতিনিধিত্ব আৰু স্পষ্ট আৰু ইংগিত)
James 1:22-25
বাক্য পালন কৰা – “ঈশ্বৰৰ বাক্য পালন কৰা” বা “তোমালৈ দিয়া ঈশ্বৰৰ বার্তা পালন কৰা”
তোমালোকে আত্ম প্ৰৱঞ্চনা কৰি – “নিজকে নিজে প্ৰৱঞ্চনা কৰি” বা “নিজকে মূর্খ সজাই”
কিয়নো যিকোনোৱে বাক্য শুনে আৰু ইয়াক পালন নকৰে, তেওঁ তেওঁৰ স্বাভাৱিক মুখ খন আয়নাত নিৰীক্ষণ কৰা মানুহজনৰ দৰে হয়৷ যাকোবে ঈশ্বৰৰ বাক্য শুনি বাক্য পালন নকৰা ব্যক্তিজনক, আয়নাত নিজকে চাই, পাছত তেওঁক নো কেনে দেখায় তাক পাহৰি যোৱা ব্যক্তিজনৰ লগত তুলনা কৰিছে৷(চাওক: উপমা)
নিজৰ স্বাভাৱিক মুখ নিৰীক্ষণ কৰি আৰু সোনকালে পাহৰি যায় – যিজনে নিজৰ মুখ খনলৈ চায় আৰু তেওঁ কি দেখিছিল তাক পাহৰি যায়
ঠিক সেইদৰে যিজনে ঈশ্বৰৰ বাক্য শুনে আৰু তেওঁ কি শুনিছিল তাক পাহৰি যায়৷
সিদ্ধ বিধান, মুক্তিৰ বিধান – “সিদ্ধ বিধানে মুক্তি দিয়ে”
কেৱল শুনোতা হৈ পাহৰি যোৱাজনৰ দৰে নহয় – “কেৱল শুনি, তাৰ পাছত ইয়াক পাহৰি যোৱা দৰে নহয়৷”
যিজনে বাক্য পালন কৰে সেইজন ধন্য হব – এইটো এনেদৰেও অনুবাদ কৰিব পাৰি প্ৰত্যক্ষ উক্তি দি “ঈশ্বৰে এইজন মানুহক আর্শীবাদ কৰিব কিয়নো তেওঁ বিধান পালন কৰে” (চাওক: প্ৰত্যক্ষ/পৰোক্ষ)
James 1:26-27
নিজকে ধার্মিক বুলি ভাৱে –“ভাৱে যে তেওঁ ঈশ্বৰক শুদ্ধভাৱে আৰাধনা কৰে”
নিজৰ জিভা নিয়ন্ত্ৰণ কৰে – “জিভা” এটা সলোৱা শব্দ এইটো এনেদৰে অনুবাদ কৰিব পাৰি: “তেওঁ যি কয়” (চাওক: সলোৱা কার্য)
তেওঁ চলনা কৰে – “মূর্খামি কৰে” বা “ফাকি মাৰে” বা “বিপথে নিয়ে”
তেওঁৰ হৃদয়খন – ইয়াত “হৃদয়” শব্দটো প্ৰতিনিধিত্ব মূলক শব্দ ই সম্পূর্ণ মানুহজনক বুজায়৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি – “তেওঁ নিজে” (চাওক: প্ৰতিনিধিত্ব)
তেওঁৰ ধর্ম্ম অসাৰ – “তেওঁৰ আৰাধনা মূল্যহীন”
আমাৰ ঈশ্বৰ আৰু পিতৃৰ আগত শুচি আৰু নির্মল ধর্ম্ম এইটো – “শুচি আৰু নির্মল” এটা বিকল্প শব্দ ই ঈশ্বৰৰ দৃষ্টিত গ্ৰহনীয় কি, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ এইটো এনেদৰেও অনুবাদ কৰিব পাৰি – “এনে আৰাধনা ঈশ্বৰে গ্ৰহন কৰিব৷” (চাওক: বিকল্প)
পিতৃহীন বিলাক – “যিবিলাকৰ পিতৃ নাই” বা “মাউৰা সকল”
বিধবাবিলাকক তেওঁলোকৰ ক্লেশত – যিবিলাক তিৰোতাই তাড়না ভুগিছে কিয়নো তেওঁলোকৰ স্বামীবিলাক মৰিল৷
জগতৰ ভ্ৰষ্টাচাৰৰ পৰা নিজকে ৰক্ষা কৰা – জগতত থকা অশুচি কার্য্যক, তোমাক পাপত পেলাবলৈ অনুমতি নিদিবা৷
James 2
James 2:1-4
মোৰ ভাইবিলাক – যাকোবে তেওঁৰ শ্ৰোতাদর্শকসকলক যিহুদী বিশ্বাসী বুলি গণ্য কৰিছে৷ এইটো এনেদৰেও অনুবাদ কৰিব পাৰি – “মোৰ লগৰীয়া বিশ্বাসীসকল” বা “খ্ৰীষ্টত মোৰ ভাই আৰু ভণীসকল”
তোমালোকে আমাৰ প্ৰভুত ভাৰসা ৰাখা – “আমাৰ” শব্দটোৱে যাকোব আৰু তেওঁৰ লগৰীয়া বিশ্বাসীসকলকো অন্তর্ভুক্ত কৰিছে৷ (চাওক: অন্তর্ভূক্তি)
কোনো কোনো মানুহক পক্ষপাতিত্ব কৰি – “বিশেষ ব্যৱহাৰ দি” বা “সৌহাদ্যপূর্ণ হৈ” বা “অধিক সন্মান দি”
যদি কোনো…
যাকোবে এটা কল্পনাপ্ৰসুত অৱস্থান আৰম্ভ কৰি ৪ পদৰ শেষলৈকে কৈ আছে৷ তেওঁ এনে এটা অৱস্থা বা পৰিৱেশৰ কথা কৈছে বর্ণনা য’ত বিশ্বাসীসকলে দুখীয়া মানুহজনতকৈ ধনী মানুহজনক অধিক সমাদৰ কৰে৷ (চাওক: কল্পনা প্ৰসুত অৱস্থান)
সোনৰ আঙঠি আৰু সুন্দৰ সাজ
পাৰ পিন্ধি – “এজন ধনী মানুহৰ দৰে সাজ
পাৰ পিন্ধা”
এই সুন্দৰ ঠাইত বহক – “এই সন্মানৰ আসনত বহক”
সৌখিনিতে থিয় হৈ থাকা বা মোৰ ভৰিৰ কাষতে বহা – “অসন্মানজনক ঠাইলৈ নমিত কৰা”
তোমালোকৰ নিজৰ ভিতৰতে বিচাৰৰ ৰায় দিয়া নাইনে আৰু তাৰ দ্বাৰাই কু
ভাৱনা কৰা বিচাৰ কর্ত্তা নহলানে? – যাকোবে উত্তৰ আশা নকৰা প্ৰশ্ন এটা কৰি তেওঁ পঢ়ুৱৈ সকলক শিকাবলৈ আৰু সম্ভৱ অনুযোগ কৰিবলৈ বিচাৰিছে ৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি: “তোমালোকে নিজৰ ভিতৰতে বিচাৰৰ ৰায় দিছা আৰু কু
ভাৱনা কৰোতা বিচাৰ কর্ত্তা হৈছা৷” (চাওক: উত্তৰ আশা নকৰা প্ৰশ্ন)
James 2:5-7
মনোযোগ দি শুনা মোৰ ভাইসকল – যাকোবে তেওঁৰ পঢ়োৱৈ সকলক পৰিয়ালৰ দৰে উদগণি দিছে – “শুনা, মোৰ মৰমৰ লগৰীয়া বিশ্বাসীসকল”
ঈশ্বৰে বাচি লোৱা নাইনে – ইয়াত যাকোবে তেওঁৰ পঢ়ুৱৈ সকলক অনুযোগ কৰিবৰ বাবে উত্তৰ আশা নকৰা এটা প্ৰশ্ন কৰিছে৷ আপুনি এইটো এনেদৰে অনুবাদ কৰিব : “ঈশ্বৰে বাচি লৈছে…” (চাওক: উত্তৰ আশা নকৰা প্ৰশ্ন)
বিশ্বাসত ধনবান হোৱা – “বহুত বিশ্বাস ৰাখা”৷ “ধনবান” শব্দটোৱে বহুত বিশ্বাস থকা বুজায়৷ বিশ্বাসৰ লক্ষ্য নির্দিষ্ট কৰি দিব লাগিব ৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি : “খ্ৰীষ্টত দৃঢ় বিশ্বাস ৰাখা”
ৰাজ্যৰ অধিকাৰী হোৱা – “স্বর্গৰাজ্যত (যিটো) প্ৰৱেশ কৰিবলৈ”
কিন্ত তোমালোকে…
যাকোবে তেওঁৰ গোটেই শ্ৰোতা
দর্শক সকলক কৈছে ৷ (“তুমি” শব্দৰ ৰূপ চাওক)
দৰিদ্ৰবিলাকক অনাদৰ কৰিলা – “দৰিদ্ৰবিলাকক গুৰুত্ব নিদিয়া” বা “ দৰিদ্ৰবিলাকক বেয়া ব্যৱহাৰ কৰিলা”
এইটো ধনী লোকবিলাকেই নহয়নে
ইয়াত যাকোবে তেওঁৰ পঢ়োৱৈ সকলক অনুযোগ কৰি এটা উত্তৰ আশা নকৰা প্ৰশ্ন কৰিছে ৷ আপুনি এইটো এনেদৰে অনুবাদ কৰিব পাৰে – “এইটো ধনী লোকবিলাকেই” (চাওক : উত্তৰ আশা নকৰা প্ৰশ্ন)
ধনীক শ্ৰেণী – “ধনী লোকবিলাক” (UDB)
যিবিলাকে তোমালোকক অত্যাচাৰ কৰে – “যিবিলাকে তোমালোকৰ ওপৰত প্ৰভুত্ব কৰে” বা “যিবিলাকে তোমালোকক বেয়াকৈ ব্যৱহাৰ কৰে”
তেওঁ লোকেই নহয় নে – ইয়াত যাকোবে তেওঁৰ পঢ়োৱৈ সকলক অনুযোগ কৰিবলৈ এটা উত্তৰ আশা নকৰা প্ৰশ্ন কৰিছে৷ আপুনি এনেদৰে অনুবাদ কৰিব পাৰে : “তেওঁলোকেই হয়”
তোমালোকক আদালতলৈ টানি নিয়ে – “তোমালোকক বিচাৰ কর্ত্তা সকলৰ আগত দোষী সাব্যস্ত কৰিবলৈ বলপুর্বক ভাৱে আদালতলৈ নিয়ে” (UDB) (চাওক: স্পষ্ট আৰু ইংগিত বার্তা)
ধনীলোক বিলাকেই নহয়নে – ইয়াত যাকোবে তেওঁৰ পঢ়োৱৈ সকলক অনুযোগ কৰিবৰ বাবে এটা উত্তৰ আশা নকৰা প্ৰশ্ন কৰিছে৷ আপুনি ইয়াক এনেদৰে অনুবাদ কৰিব পাৰে : “ধনীক শ্ৰেণী” বা “ধনীলোক বিলাক”
শ্ৰেষ্ঠ নাম – “খ্ৰীষ্টৰ নাম” (চাওক: সলোৱা কার্য্য)
James 2:8-9
তোমালোকে যদি সিদ্ধি কৰা: “তোমালোকে” শব্দটোৱে যিহুদী বিশ্বাসীসকলক বুজাইছে ৷ (চাওক: “তুমি” শব্দৰ ৰূপ)
ৰাজকীয় বিধান সিদ্ধি কৰা – ঈশ্বৰে পোন প্ৰথমে মোচিক বিধান দিছিল, পুৰণি নিয়মৰ কিতাপ বিলাকত ইয়াক লিপিবদ্ধ কৰা আছে ৷ ইয়াক এনেদৰে অনুবাদ কৰিব পাৰি – “ঈশ্বৰৰ বিধান পালন কৰা” বা “আমাৰ মহান ৰজাৰ বিধান পালন কৰা”
তুমি তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ ভাল পাবা – (চাওক : লেবীয়া ১৯:১৮)
তোমাৰ চুবুৰীয়া – “সকলো মানুহ” বা “প্ৰত্যেথকে”
তুমি ভাল কৰা – “তুমি ভাল কৰিছা” বা “যি ভাল তাক তুমি কৰিছা”
যদি পক্ষপাতিত্ব কৰা – “বিশেষ ব্যৱহাৰ দিয়া” বা “সন্মান দিয়া”
পাপ সংঘটিত কৰি
অর্থাৎ বিধান লংঘন কৰি ৷ এইটো “পাপ কৰি” বুলিও অনুবাদ কৰিব পাৰি৷
বিধানৰ দ্বাৰা বিধান লংঘনকাৰী বুলি দোষী সাৱ্যস্ত কৰা হল – ইয়াত বিধানক, এজন মানুহ ৰূপী বিচাৰকর্ত্তা ৰূপে আৰোপ কৰিছে ৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি – “আৰু ঈশ্বৰৰ বিধান লংঘন কৰি দোষী হোৱা” (চাওক: ব্যক্তিত্ব প্ৰদান)
James 2:10-11
কিয়নো যিকোনোৱে পালন কৰে
“কিয়নো পালন কৰোঁতা যিকোনোৱে”
তথাপি উজুটি খায়…
তেওঁ হল – খোজ কাঢ়িবলৈ চেষ্টা কৰোতে উজুটি খোৱা মানে পৰি যোৱা, সেইদৰে বিধানৰ এটা দফা/বিন্দু লংঘন কৰা মানে গোটেই বিধানকেই লংঘন কৰি দোষী হয়৷ (চাওক: উপমা)
সংঘটিত নকৰিবা – “সংঘটিত” কৰা মানে কামটো কৰা ৷
যদি তোমালোকে…কিন্ত তোমালোকে…তোমালোকৰ – যদিও যাকোবে অনেক বিশ্বাসীলৈ লিখিছিল, এই ক্ষে…ত্ৰত তেওঁ যেন প্ৰতি গৰাকী ব্যক্তিলৈ ব্যক্তিগতভাৱে লিখাৰ দৰে লিখিছিল৷ এই্টো এনেদৰে অনুবাদ কৰিব পাৰি – “তোমালোক প্ৰতিজনেই” (চাওক: “তুমি” শব্দৰ ৰূপ)
James 2:12-13
সেই কাৰণে কোৱা আৰু পালন কৰা…
যাকোৱে এইটো কৰিবলৈ মানুহ বিলাকক আজ্ঞা দিছিল৷ “সেইকাৰণে তোমালোকে নিশ্চয়কৈ কব লাগিব আৰু পালন কৰিব লাগিব…”
মুক্তিৰ বিধানৰ দ্বাৰা যিবিলাকক বিচাৰ কৰিবলৈ সময় হৈছে – “কোনে জানে যে, মুক্তিৰ বিধানে সোনকালেই তেওঁলোকক বিচাৰ কৰিব৷” (চাওক: প্ৰত্যক্ষ/পৰোক্ষ)
বিধানৰ দ্বাৰা – ইয়াত, বিধানক এজন মানুহ ৰূপী বিচাৰকর্ত্তা হিচাবে আৰোপ কৰা হৈছে৷ (চাওক: ব্যক্তিত্ব প্ৰদান)
মুক্তিৰ বিধান – “যি বিধানে প্ৰকৃত স্বাধীনতা দিয়ে”
দয়াই বিজয়ী হয় – “দয়া বেছি ভাল” বা “দয়াই পৰাজয় কৰে”
James 2:14-17
এইটো কি মঙ্গল হব, মোৰ ভাইসকল, যদি কোনোৱে কয় যে তেওঁৰ বিশ্বাস আছে, কিন্ত কর্ম্ম নাই? তেওঁৰ শ্ৰোতাদর্শক সকলক শিকাবৰ বাবে যাকোবে উত্তৰ আশা নকৰা এটা প্ৰশ্ন ব্যৱহাৰ কৰিছে ৷ আপুনি এইটো এনেদৰে অনুবাদ কৰিব পাৰে – “যদি কোনোৱে কয় তেওঁৰ বিশ্বাস আছে, কিন্ত কর্ম্ম নাই, মোৰ লগৰীয়া বিশ্বাসীসকল, এইটোত অকণো মঙ্গল নাই৷” (চাওক: উত্তৰ আশা নকৰা প্ৰশ্ন)
কোনো এজনে কৈছে তেওঁ – যাকোবে পৰোক্ষভাৱে সেই কথা কোৱা ব্যক্তিজনকেই উল্লেখ কৰিছে৷ “তেওঁ” শব্দটোৱে কথা কৈ থকা জনকেই বুজাইছে৷ (বাক্য উদ্ধৃতি)
সেই বিশ্বাসে তেওঁক পৰিত্ৰান দিব পাৰেনে? – এইটো এটা উত্তৰ আশা নকৰা প্ৰশ্ন, যাকোবে তেওঁৰ শ্ৰোতাদর্শক সকলক শিকাবৰ কাৰণে ব্যৱহাৰ কৰিছে ৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি – “সেই ধৰণৰ বিশ্বাসে তেওঁক পৰিত্ৰান নিদিব৷”
তেওঁক পৰিত্ৰান দিব – “ঈশ্বৰৰ দণ্ডৰ পৰা তেওঁক ৰক্ষা কৰিব”
যদি কোনো ভাই… সেইটো কি লাভ? – ১৫
১৬ পদ কেইটা উত্তৰ আশা নকৰা প্ৰশ্ন যাকোবে তেওঁৰ শ্ৰোতাদর্শক সকলক শিকাবৰ বাবে ব্যৱহাৰ কৰিছে৷ আপুনি এনেদৰে অনুবাদ কৰিব পাৰে – “এইটো একেবাৰে লাভজনক নহয় যদিহে কোনো ভাই…”
ভাই বা ভনী – “খ্ৰীষ্টত ভাই বা ভনী”
তোমালোকৰ এজনে কৈছা – “তোমালোকে কোৱা”
মৰা – “অযোগ্য”
James 2:18-20
তথাপি কোনোবাই কব – যাকোবে এটা উত্তৰ আশা নকৰা প্ৰশ্ন কৰিছে য’ত তেওঁৰ শিক্ষা কোনোবাই আপত্তি কৰিছে ২:১৪
১৭ পদত যাকোবে এই মানুহজনৰ নাম দিছে “নির্ব্বোধ মানুহ”, ২০ পদত৷ এই উত্তৰ আশা নকৰা প্ৰশ্নটোৰ উদ্দেশ্য হৈছে তেওঁৰ শ্ৰোতাদর্শক সকলৰ বিশ্বাস আৰু কর্ম্মৰ সম্পর্কে থকা ভুল ধাৰণাটো শুধৰাই দিয়া ৷ (চাওক: কল্পনা প্ৰসুত অৱস্থান)
তোমাৰ বিশ্বাস আছে, আৰু মোৰ কর্ম্ম আছে – তেওঁৰ শিক্ষাৰ সম্পর্কে কাৰোবাৰ আপত্তি থাকিব পাৰে, যাকোবে তেনে এটা সম্ভাব্য আপত্তি বর্ণনা কৰিছে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি – “যদি কোনোজনৰ বিশ্বাস আছে আৰু আন এজনে ভাল কর্ম্ম কৰে এইটো গ্ৰহনীয়”
মোক তোমাৰ বিশ্বাস দেখুওৱা – “মোক” শব্দটোৱে যাকোবক বুজাইছে ৷
ভূতবোৰেও…কঁপে – “ভয়ত কঁপে”
হে নির্ব্বোধ মানুহ, তুমি জানিবলৈ বিচাৰিছানে যে বিনা কর্ম্মে বিশ্বাস মৰা? এইটো এটা উত্তৰ আশা নকৰা প্ৰশ্ন যিটো যাকোবৰ শিক্ষালৈ মন নিদিয়া ব্যক্তিজনক অনুযোগ কৰাত ব্যৱহাৰ কৰিছে৷ আপুনি এইটো এনেদৰে অনুবাদ কৰিব পাৰে – “তুমি নির্ব্বোধ ! তুমি আনকি মোৰ শিক্ষা শুনিবলৈ ইচ্ছা নকৰা এইটোৱে প্ৰমান কৰে যে কর্ম্ম বিহীন বিশ্বাস মৰা” (চাওক: উত্তৰ আশা নকৰা প্ৰশ্ন)
James 2:21-24
আমাৰ কুলপতি আব্ৰাহাম দোষমুক্ত হোৱা নাছিলনে – এই উত্তৰ আশা নকৰা প্ৰশ্নটো নির্ব্বোধ মানুহজনৰ যুক্তি তর্ক মিথ্যা প্ৰমাণিত কৰিবলৈ ব্যৱহাৰ কৰিছে৷
তুমি দেখিছা যে বিশ্বাস – “তুমি” শব্দটো একবচন, ইয়াৰ দ্বাৰা কল্পনা প্ৰসূত ব্যক্তিজনক বুজোৱা হৈছে৷ তথাপি এই ব্যক্তিজনৰ জড়িয়তে যাকোবে গোটেই শ্ৰোতাদর্শক সকললৈ সম্বোধন কৰিছে৷
তুমি দেখিছা যে বিশ্বাস – “দেখিছা” শব্দটো সলোৱা শব্দ৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰে “বুজিছা”৷ (চাওক: সলোৱা কার্য)
কর্ম্মৰ দ্বাৰা তেওঁৰ বিশ্বাসৰ উদ্দেশ্যে ই সফলতা লাভ কৰিলে – “তেওঁৰ কর্ম্মই তেওঁৰ বিশ্বাস সম্পূর্ণ কৰি্লে”
শাস্ত্ৰৰ বাক্য সিদ্ধ কৰা হল – এইটো পৰোক্ষ উক্তি যিটো অনুবাদ কৰিব পাৰি এইদৰে – “এইটোৱে শাস্ত্ৰৰ বাক্য সিদ্ধ কৰিলে৷” (চাওক: প্ৰত্যক্ষ/পৰোক্ষ)
এইটো তেওঁলৈ ধার্মিকতা হিচাবে গণ্য হল – “ঈশ্বৰে তেওঁৰ বিশ্বাসটো ধার্মিকতা ৰূপে গণ্য কৰিলে৷”
আপুনি দেখা পাইছে যে কর্ম্মৰ দ্বাৰা যাকোবে ঘূৰি তেওঁৰ শ্ৰোতাদর্শকসকলক পোনে পোনে “তুমি” শব্দৰ বহুবচনৰ ৰূপত “তোমালোক” শব্দটো ব্যৱহাৰ কৰি সম্বোধন কৰিছে৷
কর্ম্মৰ দ্বাৰাই মানুহক দোষমুক্ত কৰা হল – “কর্ম্ম আৰু বিশ্বাসে মানুহক দোষমুক্ত কৰে৷”
James 2:25-26
পুনৰাবৃত্তি – ১:১
৩
যাকোব…যাকোব যীচুৰ সতীয়া ভাই৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি যেনে – “মই, যাকোবে…”
ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন সেৱক – খণ্ডবাক্য “মই হওঁ” টো
আভাস পোৱা যায়৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি: “মই ঈশ্বৰৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ এজন সেৱক হওঁ” (চাওক: স্পষ্ট আৰু ইংগিত বহন কৰে)
চাৰিওফালে সিঁচৰিত হৈ থকা বাৰ ফৈদলৈ – যাকোবে, ষ্টিফৈনক শিল দলিয়াই মৰাৰ পাছত হোৱা উৎপীড়ণৰ পৰা আঁতৰত, যিতুদীয়াৰ বহিৰত ৰোমান নগৰবোৰলৈ পলাই যোৱা সকলো যিহুদী বিশ্বাসীলৈ লিখিছিল৷
বাৰ ফৈদ – (চাওক: গণনা
অনুবাদ অজ্ঞাত)
সম্ভাষন জনালো
এটা মৌলিক সম্ভাষন, যেনেকৈ “হেল্লো” বা “শুভদিন”
মোৰ ভাইসকল, যেতিয়া তোমালোকে নানা প্ৰকাৰৰ দুখ কষ্ট ভোগ
কৰা, এইটো আনন্দৰ কথা বুলি বিবেচনা কৰিবা – “মোৰ লগৰীয়া বিশ্বাসীসকল, তোমালোকৰ বিভিন্ন ধৰণৰ দুখ
কষ্ট বিলাকক সৱ পালনৰ বিষয় বুলি ভাৱিবা”
তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে সহনক্ষমতা বঢ়ায় ইয়াকে জানি – “কিয়নো তোমালোকে জানা যে ঈশ্বৰে এই দুখ
কষ্ট বিলাকক তোমালোকৰ বিশ্বাসক অধিক দৃঢ় কৰিবলৈ বিশ্বাস কৰে”
James 3
James 3:1-2
তোমালোকৰ অনেকেই – “তোমালোক” শব্দটোৱে যাকোবৰ শ্ৰোতাদর্শক সকলক বুজাইছে৷ (চাওক: “তুমি” শব্দৰ ৰূপ)
মোৰ ভাইসকল – “মোৰ লগৰীয়া বিশ্বাসীসকল”
জানিলা যে – “কিয়নো”
আমাৰ ভাৰী বিচাৰ হব – ঈশ্বৰে শিক্ষকসকলক বিচাৰ কৰাৰ কাৰণটো বেছি স্পষ্টভাৱে অনুবাদ কৰিব পাৰি যেনেকৈ – “ঈশ্বৰে আমাক অধিক গুৰুত্ব সহকাৰে বিচাৰ কৰিব কিয়নো আমি তেওঁৰ বাক্য অন্য লোকতকৈ অধিক ভালদৰে জানো আৰু বুজো, সেইকাৰণে আমি পাপ কৰিলে ওজৰ নাখাটিব৷” (চাওক: স্পষ্ট/ ইংগিত বহন)
আমি পাম – যাকোবে তেওঁৰে সৈতে শাস্ত্ৰ শিক্ষা দান কৰোতাসকলক এক শ্ৰেণীত ৰাখিছে৷ যদিও এই চিঠি পাওঁতা বিশ্বাসীবিলাকৰ কিছু সংখ্যক শাস্ত্ৰ
শিক্ষা দিওঁতা শিক্ষক হব, তথাপি সৰহসংখ্যক বিশ্বাসীয়েই শিক্ষক নহয়৷ (চাওক: একচেতিয়া)
কিয়নো আমি সকলোৱেই উজুটি খাওঁ – যাকোবে তেওঁৰ সকলো শ্ৰোতাদর্শক সকলকে সাঙুৰি লৈছে৷
বিভিন্ন প্ৰকাৰৰ উজুটি খাওঁ – এইটো এটা উপমা – ই এজন মানুহৰ নৈতিক বিফলতাক, আলিবাটত খোজ কাঢ়ি যাওঁতে উজুটি খাই পৰি যোৱা ব্যক্তিৰ লগত তুলনা কৰিছে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি, যেনে –“ব্যর্থতা” বা “পাপ” (চাওক: উপমা)
তেওঁৰ বাক্যত উজুটি নাখায় – “তেওঁ কোৱা বাক্যত পাপ নকৰে”
তেওঁ এজন নিখুঁত মানুহ – “তেওঁ আত্মিকভাৱে পৰিপক্ক”
নিজৰ সমগ্ৰ শৰীৰটো নিয়ন্ত্ৰন কৰে – ইয়াৰ দ্বাৰা যাকোবে মানুহজনৰ হৃদয়, আবেগ
অনুভুতি, তেওঁৰ কর্ম্ম এই সকলোকে বুজাইছে ৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি – “তেওঁ আচৰণ নিয়ন্ত্ৰন কৰে” বা “তেওঁৰ কর্ম্ম নিয়ন্ত্ৰন কৰে” (চাওক: প্ৰতিনিধিত্ব)
James 3:3-4
এতিয়া যদি আমি ঘোঁৰাৰ লেকাম লগাঁও – যাকোবে মানুহৰ জিভাখনক ঘোঁৰাৰ লেকামৰ লগত তুলনা কৰিছে ৷ এডাল লেকাম হল ধাতুৰ এটা সৰু অংশ যি অংশ ঘোঁৰাৰ মুখত বান্ধি দিয়া হয় যাতে ইয়াক নিয়ন্ত্ৰন কৰিব পৰা হয়৷ এইটোৱে বর্ণনা কৰিছে যে কেনেকৈ সৰু সৰু বস্তুৱে, ডাঙৰ ডাঙৰ বস্তুৰ ওপৰতো ক্ষমতা চলাব পাৰে ৷ যাকোবে দেখুৱাব খুজিছে যে মানুহে কোৱা কথাই তেওঁলোকৰ আৰু তেওঁলোকৰ পৰিচিত সকলোৰে জীৱনত প্ৰভাৱান্বিত কৰে৷
এতিয়া যদি – “যদি”, বা “যেতিয়া”
এতিয়া যদি আমি ঘোঁৰাৰ লেকাম সিবিলাকৰ মুখত লগাওঁ – ঘোঁৰা এবিধ ডাঙৰ জন্ত ৷ ইয়াক বস্তু কঢ়িওৱাত ব্যৱহাৰ কৰা হয় ৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি – “যদি আমি লেকাম ঘোঁৰাৰ মুখত লগাওঁ”
আৰু চোৱা যে জাহাজবিলাক…এডাল সৰু গুৰিৰ বঠাৰে দিশ নিয়ন্ত্ৰন কৰি আগ বঢ়াই নিয়ে – যাকোবে দ্বিতীয়তে, মানুহৰ জিভাখন জাহাজৰ গুৰিৰ বঠাডালৰ লগত তুলনা কৰিছে৷ এখন “জাহাজ” ভাৰবাহী শক্তিশালী গাড়ীৰ দৰে, যিখন পানীত উপঙি থাকে ৷ এডাল “গুৰিৰ বঠা” হৈছে এডোখৰ কাঠ বা ধাতু জাহাজৰ পিছফালে লগোৱা থাকে আৰু ইয়াক দিশ নির্ণায়ক হিচাবে ব্যৱহাৰ কৰা হয় ৷ “গুৰিৰ বঠা” শব্দটো “সঁজুলি” হিচাবেও অনুবাদ কৰিব পাৰি ৷ ঘোঁৰাৰ লেকামৰ দৰে এই সঁজুলিটোৰ দ্বাৰাও একেটা কথাকেই বুজাব খুজিছে৷ এটা সৰু বস্তুৰো এটা অতি ডাঙৰ বস্তুৰ ওপৰত ক্ষমতা চলাব পৰা শক্তি থাকে৷
সিবিলাক ইমান ডাঙৰ – “সিবিলাক” শব্দটোৱে জাহাজবিলাকক বুজাইছে৷
শক্তিশালী বতাহৰ দ্বাৰাই চালিত হয় – এইটো পৰোক্ষ উক্তিত অনুবাদ কৰিব পাৰি : “শক্তিশালী বতাহে সিহঁতক আগলৈ ঠেলি নিয়ে” (চাওক: প্ৰত্যক্ষ / পৰোক্ষ)
এডাল অতি সৰু গুৰিৰ ব’ঠাৰে, গুৰিয়ালে যিফালে ইচ্ছা কৰে, সেইফালেই দিশ নিয়ন্ত্ৰন কৰি আগবঢ়াই নিয়ে – এইটো এনেদৰে অনুবাদ কৰিব পাৰি; প্ৰত্যক্ষ উক্তিত: “এটা সৰু সঁজুলি আছে যিটো মানুহে ব্যৱহাৰ কৰি জাহাজখন নিয়ন্ত্ৰন কৰি চলাই নিব পাৰে”
James 3:5-6
একেই ধৰণে – “সেইদৰে”৷ এইটোৱে আগৰ পদবিলাকত জিভাখনক ঘোঁৰাৰ লেকামৰ আৰু জাহাজৰ গুৰিৰ বঠাৰ লগত তুলনা কৰিছে৷
ডাঙৰ ডাঙৰ কথাকৈ দম্ভ কৰে – “মানুহে ইয়াক অতি বেয়া কথা কোৱাত ব্যৱহাৰ কৰিব পাৰে”
চোৱা কিমান ডাঙৰ –“ভাৱি চোৱা কিমান ডাঙৰ”
কিমান ডাঙৰ এখন হাবি জুইৰ ফিৰিঙ্গঁতিৰ দ্বাৰাই জ্বলি যায়! – এইটো প্ৰত্যক্ষ উক্তিত অনুবাদ কৰিব পাৰি: “এটা সৰু জুইৰ শিখাই একুৰা জুইলৈ ৰূপান্তৰিত হৈ অনেক গছ দাহন কৰে!”(চাওক: প্ৰত্যক্ষ/পৰোক্ষ)
জিভাও একুৰা জুই – ঠিক যিদৰে জুইয়ে পুৰি সকলোকে দাহ আৰু বিনাশ কৰে, জিভাইও, মানুহে যি কথা কয়, তাক বুজাইছে (সলোৱা কার্য্য) গভীৰভাৱে মানুহক আঘাট দিব পাৰে৷ (উপমা)
সলনি অনুবাদ: “জিভাখন একুৰা জুইৰ দৰে৷”(চাওক: উপমা/সলোৱা কার্য্য)
আমাৰ শৰীৰৰ অঙ্গবোৰৰ মাজত থকা পাপৰ জগত – সলনি অনুবাদ: “ই শৰীৰৰ এটা সৰু অংগ, কিন্ত ই সকলো প্ৰকাৰৰ পাপ কৰিবলৈ সমর্থ”
যিটোৱে গোটেই শৰীৰটোৰ অংগ বিলাক কলুষিত কৰে – এইটো এটা নতুন বাক্য ৰূপে অনুবাদ কৰিব পাৰি: “ই আমাক ঈশ্বৰলৈ সম্পূর্ণ ৰূপে বিৰক্তিজনক কৰে” বা “ই আমাক ঈশ্বৰলৈ অগ্ৰাহ্য কৰে৷”
আৰু জীৱন পথ জুইয়ে প্ৰজ্বলিত কৰে – “জীৱন পথ” খণ্ডবাক্যটো এটা উপমা আৰু ই মানুহৰ গোটেই জীৱনটোৰ কথা বুজাইছে৷ এইটো এনেদৰেও অনুবাদ কৰিব পাৰি : “আৰু ই মানুহক গোটেই জীৱন ধ্বংস কৰিব পাৰে৷”
আৰু ই নিজেও নৰকৰ দ্বাৰা প্ৰজ্বলিত হয় – “ই নিজেও” শব্দটোৱে জিভাখনক বুজাইছে৷ তদুপৰি, ইয়াত “নৰক” শব্দটো সলোৱা শব্দ ই অপশক্তিৰ ক্ষমতাক বুজাইছে বা চয়তানক বুজাইছে৷ এইটো প্ৰত্যক্ষ উক্তিত অনুবাদ কৰিব পাৰি : “কিয়নো চয়তানে ইয়াক বেয়া কার্যত বাৱহাৰ কৰে৷”
James 3:7-8
সকলো প্ৰকাৰৰ বনৰীয়া জন্ত, চৰাই, সৰীসৃপ আৰু জলমণ্ডলত থকা প্ৰাণীকেই পোহ মনোৱা হৈছে আৰু মানুহৰ দ্বাৰা দমন কৰিছে – খণ্ডবাক্য “সকলো প্ৰকাৰৰ” শব্দটো অতিৰঞ্জিত কথা, ইয়াৰ অর্থ হল “অনেক প্ৰকাৰৰ”৷ এইটো প্ৰত্যক্ষ উক্তিত অনুবাদ কৰিব পাৰি: “মানুহে অনেক প্ৰকাৰৰ বনৰীয়া জন্ত, চৰাই, সৰীসৃপ আৰু জলমণ্ডলত থকা প্ৰাণীক দমন কৰিবলৈ শিকিলে” (চাওক:অতিৰঞ্জিত/প্ৰত্যক্ষ/পৰোক্ষ)
সৰীসৃপ – ই এবিধ মাটিত বগুৱা বাই যোৱা জন্ত (চাওক: কেনেকৈ অনুবাদ কৰে, অজ্ঞাত)
জলমণ্ডলত থকা প্ৰাণী – পানীত বাস কৰা জন্ত
কোনো মানুহে জিভাক দমন কৰিবলৈ সমর্থ হোৱা নাই – ইয়াত “জিভা” শব্দটো সলোৱা শব্দ৷ ই মানুহে কোৱা কথাবোৰক বুজাইছে৷ সম্পূর্ণ অর্থটো স্পষ্টকৈ প্ৰকাশ কৰিব পাৰি এইদৰে: ঈশ্বৰৰ সহায়ৰ বিণে কোনো মানুহেই জিভাক দমন কৰিব নোৱাৰে” (চাওক: সলোৱা শব্দ/স্পষ্টঁ/ইংগিত বার্তা)
চঞ্চল পাপ, মৃত্যুজনক বিষেৰে পৰিপূর্ণ – এইটো এটা উপমা৷ মানুহে কেনেকৈ তেওঁলোকৰ কোৱা কথাৰে কোনোজনক আঘাট দিব পাৰে সেইটো বর্ণনা কৰিছে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি: “কেতিয়াও টোপনি নোযোৱা ক্ষতিকাৰক প্ৰাণীৰ দৰে, আৰু আক্ৰমন কৰিবলৈ উদ্যত হৈ থকা” (চাওক: উপমা)
James 3:9-10
জিভাৰ দ্বাৰাই আমি – “আমি কথা কবলৈ জিভাখন ব্যৱহাৰ কৰো যি কথাই—”
ইয়াৰ দ্বাৰাই আমি
“আমি ইয়াক কথা কবলৈ ব্যৱহাৰ কৰো যিয়ে”
আমি মানুহক শাও দিওঁ – তেওঁলোকক অনিষ্ট কৰিবলৈ ঈশ্বৰৰ ওচৰত প্ৰার্থনা কৰো৷ (UDB)
যাক ঈশ্বৰৰ প্ৰতিমূর্ত্তিৰে সৃষ্টি কৰা হল – “যাক ঈশ্বৰে নিজৰ প্ৰতিমূর্ত্তিৰে সৃষ্টি কৰিলে” (চাওক: প্ৰত্যক্ষঁ পৰোক্ষ)
একেখন মুখৰ পৰাই কোৱা হয় – “একেখন মুখেই দুয়োটা কয়”
মোৰ ভাইসকল – “লগৰীয়া খ্ৰীষ্টীয়ান বিলাক”
এইবোৰ হোৱা উচিত নহয় – “এইটো ভুল”
James 3:11-12
শাও আৰু আর্শীবাদ দুয়োবিধ আমাৰ মুখেদি ওলাব নালাগে, এই কথাটোত যাকোবে গুৰুত্ব সহকাৰে কোৱাৰ পাছত, তেওঁ প্ৰকৃতিৰ পৰা উদাহৰণ দিছে যে প্ৰকৃতিয়েও এনে কার্য্য নকৰে৷
একেটা ভুমুকে নির্ম্মল আৰু তিতা দুয়োবিধ পানী প্ৰৱাহিত কৰেনে? – যাকোবে উত্তৰ আশা নকৰা প্ৰশ্ন এটা কৰি পঢ়ুৱৈসকলক প্ৰকৃতিৰ স্বাভাৱিক নিয়মৰ বিষয়ে শিকাব খুজিছে, যে প্ৰকৃতিয়েও যুক্তি যুক্ততা মানি চলে৷ সলনি অনুবাদ : “একেটা ভুমুকে নির্ম্মল আৰু তিতা দুয়োবিধ পানী প্ৰৱাহিত নকৰে৷” (চাওক: উত্তৰ আশা নকৰা প্ৰশ্ন)
ভাইবিলাক – “লগৰীয়া বিশ্বাসীবিলাক”
ডিমৰু গছত জলফাই বা দ্ৰাক্ষালতাত ডিমৰু ফল ধৰিব পাৰেনে? – যাকোবে আন এটা উত্তৰ আশা নকৰা প্ৰশ্ন পঢ়ুৱৈসকলক সুধি প্ৰকৃতিৰ স্বাভাৱিক নিয়মৰ বিষয়ে শিকাব খুজিছে যে, প্ৰকৃতিয়েও যুক্তি যুক্ততা মানি চলে ৷ সলনি অনুবাদ: ডিমৰু গছত জলফাই নাইবা দ্ৰাক্ষালতাত ডিমৰু ফল ধৰিব নোৱাৰে৷
James 3:13-14
তোমালোকৰ মাজৰ কোন জ্ঞানী আৰু বুদ্ধিমান? সেই মানুহজনে – যাকোবে এই উত্তৰ আশা নকৰা প্ৰশ্নটো ব্যৱহাৰ কৰি তেওঁৰ শ্ৰোতা দর্শকসকলক উপযুক্ত আচৰণৰ বিষয়ে শিকাব খুজিছে৷ তদুপৰি, “জ্ঞানী আৰু বুদ্ধিমান” এটা বিকল্প৷ এইটো এনেদৰেও অনুবাদ কৰিব পাৰি: “যি মানুহে নিজকে জ্ঞানী বুলি ভাৱে উচিত” (চাওক: উত্তৰ আশা নকৰা প্ৰশ্ন আৰু বিকল্প)
ভাল জীৱন প্ৰদর্শন কৰক – “সৎ আচৰণ দেখুৱাওক” বা “ইয়াক দেখুৱাওক”
জ্ঞানৰ পৰা হোৱা নম্ৰতাৰে তেওঁৰ কর্ম্মৰ দ্বাৰাই – “তেওঁৰ সৎ কর্ম্ম আৰু নম্ৰতাৰে যিটো প্ৰকৃত জ্ঞানৰ পৰা হয়৷
তোমালোকৰ হৃদয়ত তিক্ত ঈর্ষা আৰু স্বার্থপৰ আকাংশাৰে পূৰ হৈ আছে – “হৃদয়” শব্দটোৱে অনুভূতি বা মনৰ চিন্তা ভাৱনাক বুজাইছে ৷ সলনি অনুবাদ : “অন্য লোকৰ সৈতে সহভাগিতা নোলোৱা আৰু সদায়েই প্ৰথমে নিজৰ বিষয়ে চিন্তা কৰা” (চাওক: Metonymy)
আত্মশ্লাযা নকৰিবা আৰু সত্যৰ বিৰুদ্ধে মিছা নকবা – “এই বিষয়ে মিছা নকবা আৰু নিজকে জ্ঞানী বুলি নেদেখুৱাবা”
James 3:15-18
এইটো নহয় – এইটোৱে আগৰ পদবিলাকত বর্ণনা কৰা অজ্ঞতা, ঈর্ষা আৰু স্বার্থপৰ আকাংশাৰ কথা বুজাইছে৷
ওপৰৰ পৰা নামি আহে
“ঈশ্বৰৰ পৰা নামি আহে” বা “স্বর্গৰ পৰা নামি আহে”
জাগতিক – “জাগতিক” শব্দটোৱে ঈশ্বৰক সমাদৰ নকৰা মানুহবিলাকৰ মূল্যবোধ আৰু আচৰণৰ কথা বুজাইছে৷ সলনি অনুবাদ : “ঈশ্বৰলৈ সন্মান নিদিয়া ৷”(চাওক: Metonymy)
মাংসিক – “পবিত্ৰ আত্মাৰ পৰা নহয়” বা “আত্মিক নহয়”
ভৌতিক – “কিন্ত ভুত বিলাকৰ পৰা”
কিয়নো যতে ঈর্ষা আৰু স্বার্থপৰ আকাংশা থাকে – “কিয়নো যতেই কেৱল নিজলৈ চিন্তা কৰোঁতা আৰু অন্যৰ কথা নভবা মানুহবিলাক থাকে”
তাতেই বিশৃংখলা থাকে – “তাতেই বেমেজালি থাকে” বা “ভীষণ বিশৃংখলা থাকে”
সকলো ঘৃণনীয় প্ৰথা – “সকলো পাপময় আচৰণ” বা “সকলো প্ৰকাৰৰ কু
কর্ম্ম”
প্ৰথমে শুচি – “প্ৰথমে পবিত্ৰ”
তাৰ পাছত শান্তি প্ৰিয় – “তাৰ পাছত শান্তিপূর্ণ”
উষ্ম হৃদয়ৰ – “মৰমিয়াল” বা “বিবেচনা পূর্ণ”
আৰু উত্তম ফল – এইটো এটা তুলনা উত্তম ফলক যিজনে ভাল কর্ম্ম কৰে তাৰ লগত তুলনা কৰিছে ৷ সলনি অনুবাদ: “উত্তম কর্ম্ম” (চাওক: উপমা)
অকপট – “সৎ” বা “সত্য পৰায়ণ”
আৰু যিবিলাকে শান্তি বিচাৰে বা শান্তি উৎপন্ন কৰে, তেওঁবিলাকৰ কাৰণে ধার্মিকতাৰ ফল শান্তিত ৰোৱা হল – এই উপামাটোৱে আমাৰ জীৱনৰ শান্তি আৰু ধার্মিকতাক শস্য ৰোৱা আৰু শস্য চপোৱাৰ লগত তুলনা কৰিছে৷ সলনি অনুবাদ: “যিবিলাকে শান্তিত বাস কৰে তেওঁবিলাকে ঈশ্বৰে যি শুদ্ধ বুলি কয় তাকেই কৰে৷”
James 4
James 4:1-3
তোমালোকৰ মাজত হৈ থকা কন্দল আৰু তর্ক বিতর্ক কৰ পৰা আহে? – এইটো উত্তৰ আশা নকৰা এটা প্ৰশ্ন যাকোবে তেওঁৰ শ্ৰোতা দর্শকসকলক শিকাবলৈ আৰু অনুযোগ কৰিবলৈ ব্যৱহাৰ কৰিছে ৷ তদুপৰি, “কন্দল আৰু তর্ক বিতর্ক” এটা বিকল্প৷ গুৰুত্ব দিবৰ বাবে সিবিলাকে একেটা কথাকে বেলেগ প্ৰকাৰে কৈছে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি: “মই জানো কিয় তোমালোকে ইজনে সিজনে সঘনাই তর্ক বিতর্ক কৰি আছা৷” (চাওক: উত্তৰ আশা নকৰা প্ৰশ্ন/বিকল্প)
তোমালোকে নিজে…তোমালোকৰ…তোমালোক – ৪:১
৩ পদৰ এই সর্ব্বনাম বিলাক বহুবচন আৰু ইবিলাকে যাকোবৰ শ্ৰোতাদর্শকসকলক বুজাইছে৷ (চাওক: “তুমি” শব্দৰ ৰূপ)
ই তোমালোকৰ কু
অভিলাষৰ পৰাই উদয় হোৱা নাইনে? এইটো উত্তৰ আশা নকৰা প্ৰশ্ন যিটো যাকোবে তেওঁৰ শ্ৰোতা দর্শসকলক অনুযোগ কৰিবলৈ ব্যৱহাৰ কৰিছে৷ এইটো বিবৃতিৰ দৰে অনুবাদ কৰিব পাৰি : “ই তোমালোকৰ কু
অভিলাষৰ পৰাই উদয় হয়” বা “এইটো তোমালোকৰ কু
অভিলাষৰ কাৰণে”
কু
অভিলাষ যিবোৰে যুদ্ধ কৰে – ইয়াত যাকোবে কু
অভিলাষবিলাকক ব্যক্তি ৰূপে অংকণ কৰিছে যেনেকৈ এজন সৈনিকে যুদ্ধ কৰে তেনেকৈ কু
অভিলাষবিলাকে বিশ্বাসীবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি : “যিবিলাক বস্তু তোমালোকে বিচাৰা সেইবিলাক অপকাৰী আৰু তোমালোকে অন্য বিশ্বাসী সকলৰ প্ৰয়োজনীতালৈ চিন্তা নকৰা” (চাওক: ব্যক্তিত্ব আৰোপ”
তোমালোকৰ লগৰীয়া বিশ্বাসীসকলৰ মাজতে? – “তোমালোকৰ অংগ প্ৰতংগবোৰৰ মাজত” সম্ভাব্য অর্থ (১) স্থানীয় বিশ্বাসীসকলৰ নিজৰ ভিতৰতে কন্দল বা (২) কন্দলটো আভ্যন্তৰীণ, তোমালোকৰ কু
অভিলাষ আৰু উত্তমতাৰ মাজত৷
তোমালোকৰ যি নাই তাক পাবলৈ আকাংশা কৰা – “তোমালোকৰ যি নাই তাকে তোমালোকে সদায় পাবলৈ বিচাৰা”
তোমালোকে হত্যা কৰা আৰু তোমালোকে খেদি যোৱা – “তোমালোকে হত্যা কৰা” এইটো অতিৰঞ্জিত উক্তি, ই তেওঁলোকে নিজেই বিচৰা বস্তুটো পাবৰ কাৰণে কেনেদৰে অন্যৰ প্ৰতি দু
ব্যৱহাৰ কৰে, সেই কথাৰ ওপৰত জোৰ দিবলৈ ব্যৱহাৰ কৰা হৈছে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি: “তোমালোকে যি পাব নোৱাৰা তাৰ কাৰণে তোমালোকে সকলো প্ৰকাৰৰ কু
কর্ম্ম বিলাক কৰা” (চাওক: অতিৰঞ্জিত)
তোমালোকে কন্দল কৰা আৰু তর্ক বিতর্ক কৰা – ই এটা বিকল্প শব্দ, ই একেটা কথাকে বেলেগ ধৰণে কৈছে কথাটোৰ ওপৰত গুৰুত্ব দিবৰ বাবে ৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি: “তোমালোকে সঘনাই কন্দল কৰি থাকা”
তোমালোকে বেয়া বস্তু খোজা – “তোমালোকে ভুল ভাৱে খোজা” সম্ভাৱ্য অর্থসমূহ (১) “তোমালোকে কু
অভিপ্ৰায়ে খোজা, তোমালোকৰ দৃষ্টি
ভংগী বেয়া” বা (২) “তোমালোকে ভুল বা বেয়া বস্তু খুজিছা”
সেইবিলাক খৰচ কৰা – “সেইবিলাক অবাবত খৰচ কৰা”
James 4:4-5
তোমালোক ব্যভিচাৰিণীবিলাক – এইটো এটা উপমা ঈশ্বৰৰ বাক্য পালন নকৰা বিশ্বাসী বিলাকক এগৰাকী বিবাহিতা তিৰোতাৰ পৰপুৰুষৰ লগত যি তেওঁৰ স্বামী নহয়, যৌন সম্পর্ক থকাৰ লগত তুলনা কৰিছে৷ এইটো এনেদৰে তুলনা কৰিব পাৰি : “তোমালোক ঈশ্বৰৰ বিশ্বাসী নহয়” (চাওক: উপমা)
তোমালোকে নাজানানে – এইটো উত্তৰ আশা নকৰা প্ৰশ্ন, যাকোবে তেওঁৰ শ্ৰোতা দর্শকসকলক শিকাবৰ বাবে ব্যৱহাৰ কৰিছে৷ সলনি অনুবাদ : “তোমালোকে জানা” (চাওক: উত্তৰ আশা নকৰা প্ৰশ্ন)
জগতৰ লগত বন্ধুত্ব – “ঈশ্বৰক সমাদৰ নকৰা সকলৰ দৰে কর্ম্ম কৰা”
নাইবা তোমালোকে ভাৱা নে শাস্ত্ৰখন মূল্যহীন – এইটো উত্তৰ আশা নকৰা প্ৰশ্ন যাকোবে তেওঁৰ শ্ৰোতাদর্শকসকলক উদগণি দিবৰ বাবে ব্যৱহাৰ কৰিছে৷ এইটো এটা বিবৃতি হিচাবে অনুবাদ কৰিব পাৰি: “শাস্ত্ৰখন সত্য”
যি আত্মা ঈশ্বৰে আমাত বাস কৰালে এতিয়া গভীৰ হেঁপাহেৰে পৰিপূর্ণ – এই পদটোত কেইবাটাও বিষয় স্পষ্ট নহয়, এই “আত্মা” পবিত্ৰ আত্মানে মানুহৰ আত্মা? ঈশ্বৰৰ নে আত্মাটোৰ “গভীৰ হেপাহ” আছে? এই “গভীৰ হেঁপাহ” টো ভাল নে বেয়া? এই উত্তৰ আশা নকৰা প্ৰশ্নটোৰ উত্তৰ “হয়” নাইবা “নহয়” উত্তৰ হব ? এই অনিশ্চয়তাৰ বাবে কমেও পাঁচটা সম্ভাৱ্য অর্থ উৎপন্ন হৈছে: (১) হয়, “ঈশ্বৰে যিটো মানুহৰ আত্মা আমাত ৰাখিলে তাৰ কাৰণে ঈশ্বৰে গভীৰ হেঁপাহ” কৰে বা (২) হয়, ঈশ্বৰে যি পবিত্ৰ আত্মা আমাত ৰাখিলে তাৰ কাৰণে ঈশ্বৰে “গভীৰ হেঁপাহ” কৰে বা (৩) হয়, ঈশ্বৰে যি মানুহৰ আত্মা আমাত ৰাখিলে এই আত্মাৰ কু
অভিলাষ আছে বা (৪) হয়, আমাত ঈশ্বৰে যি পবিত্ৰ আত্মা ৰাখিলে সেই আত্মাই আমাৰ কাৰণে গভীৰ হেঁপাহ কৰে বা (৫) নহয়, আমাত ঈশ্বৰে বাস কৰোৱা পবিত্ৰ আত্মাই ঈর্ষা নকৰে৷ আমি পৰামর্শ দিব খোজো আমাৰ পঢ়ুৱৈ সকলে আন আন অনুবাদত যিটো অর্থ ব্যৱহাৰ কৰিছে আপুনিও ব্যৱহাৰ কৰক৷
James 4:6-7
কিন্ত ঈশ্বৰে অধিক অনুগ্ৰহ দান কৰে – এই খণ্ডবাক্যটো ৪:৫ পদৰ লগত কি সম্বন্ধ আছে তাক স্পষ্ট কৰিব পাৰি: “কিন্ত যদিও আমাৰ আত্মাই, যিটো আমি পাব নোৱাৰো, তাক পাবলৈ বাঞ্ছা কৰে, ঈশ্বৰে আমাক অধিক অনুগ্ৰহ দান কৰে, যদিহে আমি নিজকে নম্ৰ কৰো৷” (চাওক: স্পষ্ট আৰু ইংগিত বার্তা)
ঈশ্বৰে প্ৰতিহত কৰে – “ঈশ্বৰে বিৰোধ কৰে”
দাম্ভিক বিলাক – “অহংকাৰী লোকবিলাক”
নম্ৰবিলাক – “নম্ৰ মানুহ বিলাক”
সেই কাৰণে – “এইটো কাৰণতেই”
তুমি নিজকে ঈশ্বৰৰ আজ্ঞাধীন কৰা – “তুমি ঈশ্বৰৰ বশীভূত হোৱা” এইটো এনেদৰে অনুবাদ কৰিব পাৰি : “ঈশ্বৰৰ বাধ্য হোৱা”
তোমালোকে নিজকে… তোমালোকে – এই সর্ব্বনাম কেইটা বহুবচন হয় আৰু ইয়াৰ দ্বাৰা যাকোবৰ শ্ৰোতাদর্শকসকলক বুজাইছে৷ (চাওক: “তুমি শব্দৰ ৰূপ”)
চয়তানক প্ৰতিহত কৰা – “চয়তানক বিৰোধ কৰা”৷ এইটো এনেদৰেও অনুবাদ কৰিব পাৰি : “চয়তানে যি বিচাৰে, সেইদৰে নকৰিবা৷”
সি পলাই যাব – “চয়তান দৌৰি আঁতৰি যাব”
James 4:8-10
তোমালোকৰ ওচৰলৈ – “তোমালোক” শব্দটোৱে যাকোবৰ শ্ৰোতাদর্শকসকলক বুজাইছে৷ কিন্ত বিশেষভাৱে যিসকল দাম্ভিক লোক তেওঁলোকৰ মন পালটনৰ অর্থে এই আহবান৷(চাওক: ‘তুমি’ শব্দৰ ৰূপ)
তোমালোক পাপীবিলাক, তোমালোকৰ হাত শুচি কৰা আৰু হৃদয় পবিত্ৰ কৰা, তোমালোক দুই মনৰ – এই খণ্ডবাক্যটো “তোমালোকৰ হাত শুচি কৰা” আন প্ৰকা্ৰে প্ৰকাশ কৰা হৈছে: “তোমালোকৰ হৃদয় পবিত্ৰ কৰা” আৰু “তোমালোক পাপীবিলাক” খণ্ডবাক্যটো পুনৰ কৈছে: “দুইমনৰ তোমালোক” (চাওক: Parallelism)
তোমালোকৰ হাত শুচি কৰা – সম্ভাৱ্য অর্থসমূহ (১) মানুহে নিজৰ আচৰণ পৰিস্কাৰ কৰক বা কর্ম্ম পৰিস্কাৰ কৰক (২) মানুহে মন পালটন কৰক আৰু নিজৰ পাপ আচৰণ বা পাপ কর্ম্ম স্বীকাৰ কৰক৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি : “এনেদৰে আচৰণ কৰা যিয়ে ঈশ্বৰৰ সন্মান আনিব”৷ (চাওক: Metonymy)
তোমালোকৰ হৃদয় পবিত্ৰ কৰা – ইয়াত, “হৃদয়” শব্দটো সলোৱা শব্দ ই ব্যক্তিজনৰ মনৰ ভাৱ বা চিন্তা আৰু অনুভুতিক বুজাইছে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি : “তোমালোকৰ মনৰ ভাৱ বা চিন্তাই ঈশ্বৰৰ সন্মান কৰক”
দুইমনৰ (মানুহ) – “দুইমনৰ” শব্দটো সলোৱা শব্দ ই ব্যক্তিজনৰ সিদ্ধান্ত লব নোৱাৰা মনৰ ভাৱ বা চিন্তাক বুজাইছে৷ ইয়াক এনেদৰেও অনুবাদ কৰিব পাৰি: “দুইমনৰ লোক” বা “এনে মানুহ যিবিলাকে ঈশ্বৰৰ বাধ্য হবনে নে নহব তাক সিদ্ধান্ত কৰিব নোৱাৰে”
শোক কৰা আৰু ক্ৰন্দন কৰা – ইয়াৰ দ্বাৰা একেটা কথাকে গুৰুত্ব আৰোপ কৰিবৰ বাবে বেলেগ ধৰণে কৈছে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি : “গভীৰ ভাৱে শোক কৰা” (চাওক: বিকল্প)
তোমালোকৰ হাঁহি, বেজাৰলৈ আৰু আনন্দ, বিষন্নতালৈ সলনি কৰা – ইয়াত একেটা কথাকে গুৰুত্ব দিবৰ বাবে বেলেগ ধৰণে কৈছে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি : “তৎক্ষণাত, তোমালোকৰ সকলো হাঁহি বন্ধ কৰা আৰু তোমালোক যে দুখী সেই কথা ঈশ্বৰক কবলৈ আৰম্ভ কৰা”
প্ৰভুৰ আগত নিজকে নম্ৰ কৰা – “ঈশ্বৰলৈ নম্ৰ হোৱা”
তেওঁ তোমাক ওপৰলৈ উঠাব – এইটো এটা উপভাষা ৷ ইয়াক এনেদৰে অনুবাদ কৰিব পাৰি – “তেওঁ তোমাক সন্মান দিব” (চাওক: উপভাষা)
James 4:11-12
বিপক্ষে কোৱা – “বিষয়ে বেয়াকৈ কোৱা” বা “বিৰোধিতা কৰা”
ভাইবিলাক – “লগৰীয়া বিশ্বাসীবিলাক”
তোমালোক তোমালোকৰ – ৪:১১
১২ পদৰ এই সর্বনাম বিলাক বহুবচন আৰু যাকোবৰ শ্ৰোতাদর্শক সকলক বুজাইছে৷ (চাওক: “তুমি” শব্দৰ ৰূপ)
কিন্ত ইয়াৰ বিচাৰকর্ত্তা হৈছা – এইটো এনেদৰে অনুবাদ কৰিব পাৰি : “কিন্ত তোমালোকে বিধান দিওঁতা ব্যক্তিজনৰ দৰে, কর্ম্ম কৰিছা”
কিন্ত কেৱল এজনহে বিধান দিওঁতা আৰু বিচাৰকর্ত্তা আছে, তেৱেঁই ঈশ্বৰ একমাত্ৰ ঈশ্বৰ – “ঈশ্বৰেই একমাত্ৰ সেইজনা যিজনে বিধান দিয়ে আৰু মানুহৰ বিচাৰ লয়, কিয়নো তেঁৱেই একমাত্ৰ সেইজনা যি এইটো কৰিবৰ যোগ্য৷
তোমালোকৰ চুবুৰীয়াক বিচাৰ কৰিবলৈ তোমালোক কোন? – এইটো উত্তৰ আশা নকৰা প্ৰশ্ন, যাকোবে তেওঁৰ শ্ৰোতা দর্শক সকলক অনুযোগ কৰিবলৈ ব্যৱহাৰ কৰিছে৷ এইটো বিবৃতি ৰূপেও অনুবাদ কৰিব পাৰি: “তোমালোক মানুহ মাথোন, তোমালোকে আন মানুহক বিচাৰ কৰিব নোৱাৰা” (চাওক: উত্তৰ আশা নকৰা প্ৰশ্ন)
James 4:13-14
এবছৰ কটোৱা – এইটো এটা উপভাষা, ইয়াক এইদৰে অনুবাদ কৰিব পাৰি : “তাত এবছৰ থাকা”৷ (চাওক: উপভাষা)
মনোযোগ দি শুনা, তোমালোক যিবিলাকে কোৱা
“কোনোবাই হয়তো কব পাৰে”
কোনে জানে কালিলৈ কি হব – এইটো এটা উত্তৰ আশা নকৰা প্ৰশ্ন, যাকোবে তেওঁৰ শ্ৰোতাদর্শকসকলক অনুযোগ কৰিবৰ বাবে ব্যৱহাৰ কৰিছে ৷ এইটো বিবৃতি ৰূপে অনুবাদ কৰিব পাৰি: “কোনেও নাজানে কালিলৈ কি ঘটিব” (চাওক: উত্তৰ আশা নকৰা প্ৰশ্ন)
আৰু তোমালোকৰ জীৱননো কি? – এইটো উত্তৰ আশা নকৰা প্ৰশ্ন৷ যাকোবে তেওঁৰ শ্ৰোতা দর্শক সকলক শাৰীৰিক জীৱন সম্বন্ধে কবলৈ ব্যৱহাৰ কৰিছে৷ এইটো বিবৃতি ৰূপেও অনুবাদ কৰি এটা নতুন বাক্য সাজিব পাৰি : “তোমালোকৰ শাৰীৰিক জীৱনৰ বিষয়ে ভাৱিচোৱা”
কিয়নো তোমালোক কুঁৱলীৰ দৰে যি খন্তেক সময়ৰ বাবে দেখা দিয়ে আৰু অলপ পাছতে নোহোৱা হৈ যায় – এইটো এটা উপমা কিমান সোনকালে মানুহৰ শাৰীৰিক জীৱন, কুঁৱলী যেনেকৈ ক্ষন্তেক সময়ৰ বাবে দেখা দিয়ে আৰু অলপ পাচতে নাইকিয়া হৈ যায়, সেইদৰে – শেষ হৈ যায়৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি : “তোমালোক কম সময়ৰ বাবেহে জীয়াই থাকিবা আৰু তোমালোকে নাজানা তোমালোক কেতিয়া মৰিবা” (চাওক : উপমা)
James 4:15-17
আমি জীয়াই থাকিম – “আমি” শব্দটো পোনপটীয়াকৈ যাকোব বা তেওঁৰ শ্ৰোতাদর্শক সকলক বুজোৱা নাই, কিন্ত যাকোবৰ শ্ৰোতাদর্শক সকলে কেনেদৰে আচৰণ কৰিব লাগে, উদাহৰণ স্বৰূপেহে দিছে৷
আমি এইটো বা সেইটো কৰিম – এইটো এনেদৰে অনুবাদ কৰিব পাৰি : “আমি যি কৰিবলৈ পৰিকল্পনা কৰিছো তাক কৰা৷”
যিজনে জানে তেওঁলৈ – “তেওঁলৈ” বুলি যাকোবে পোনপটীয়াকৈ কোনো এজনক সম্বোধন কৰা নাই কিন্ত যিজনে ভাল কর্ম্ম কৰিব লাগে বুলি জানে, কিন্ত নকৰে তেওঁলৈহে ৷
James 5
James 5:1-3
তোমালোক ধনীবিলাক – ১:১০ পদত কোৱা দৰে এইটো বিশ্বাসীবিলাকৰ ধনী দলটো নহয়৷ ইয়াত যাকোবে ঈশ্বৰক সমাদৰ নকৰা ধনী বিলাকলৈ কৈছে৷ এইটো স্পষ্ট কৰিব পৰা যায় : “তোমালোক ধনীবিলাক তোমালোকে ঈশ্বৰক সন্মান নকৰা৷” (চাওক: স্পষ্ট আৰু ইংগিত বার্তা)
তোমালোকলৈ দুখ
দূর্গতি আহিছে – ‘এইটো যেতিয়া ধনী মানুহলৈ আহিব’ এইটো স্পষ্ট কৰিব পাৰি : “ঈশ্বৰে যেতিয়া প্ৰতিজনক বিচাৰ কৰিব, তোমালোকৰ ওপৰলৈ ভয়ানক দূর্গতি আহিব৷”
তোমালোকৰ ধন
সম্পত্তি পচি গৈছে আৰু তোমালোকৰ কাপোৰ কাণি পোকে খালে৷ তোমালোকৰ সোন আৰু তোমালোকৰ ৰূপ মূল্যহীন হল – যাকোবে এইটো বুজোৱা নাই যে এই ধন সম্পত্তি আৰু কাপোৰ কাণি বিলাক ইতিমধ্যে শাৰীৰিকভাৱে ধ্বংস হৈ গল৷ তেওঁ দেখুৱাইছে যে তেওঁলোকৰ বর্তমানত কোনো আত্মিক মূল্য নাই আৰু সিবিলাক নিশ্চয়কৈ কিছু সময়ৰ বাবেহে টিকিব৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি : “তোমালোকৰ যি বস্তুবিলাক মূল্যবান বুলি ভাৱিছিলা আৰু তোমালোকক গুৰুত্বপূর্ণ কৰিছিল, সেই সকলোবোৰ মূল্যহীন আৰু কিছু সময়ৰ বাবেহে টিকিব৷”
আৰু সিবিলাকৰ ক্ষয়ে তোমালোকৰ বিৰুদ্ধে সাক্ষ্য দিব – ইয়াত, “তোমালোকৰ বিৰুদ্ধে সাক্ষ্য দিব” এইটোৱে ধ্বংস প্ৰাপ্ত ধন সম্পত্তিক এজন ব্যক্তিৰ দৰে বর্ণনা কৰিছে যি বিচাৰকৰ আগলৈ যায় আৰু বিধান নমনা কাৰণে এজন ব্যক্তিক দোষাৰোপ কৰে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি : “আৰু ঈশ্বৰে যেতিয়া তোমালোকক বিচাৰ কৰিব, তোমালোকৰ ধ্বংস প্ৰাপ্ত সম্পত্তি বিলাকে এজন ব্যক্তিৰ দৰে তোমালোকক দোষাৰোপ কৰিব৷” (চাওক: ব্যক্তিত্ব প্ৰদান)
তোমালোকৰ মঙহ জুইৰ দৰে দগ্ধ হব – ইয়াত ধ্বংস প্ৰাপ্ত ধন সম্পত্তিক সর্ব্বগ্ৰাহী জুইৰ লগত তুলনা কৰিছে৷ তদুপৰি, “জুই” এটা উপমা, ই ঈশ্বৰৰ দণ্ডাজ্ঞাক বুজাইছে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি : আৰু সিবিলাকেই ঈশ্বৰৰ দণ্ডাজ্ঞাৰ কাৰণটো হব” (চাওক: উপমা আৰু উপমা আলংকাৰিক)
তোমালোকে ধন
সম্পত্তি গোটালা – “তোমালোকে এই সকলো ধন
সম্পত্তি নিজৰ কাৰণেহে ৰাখিলা আৰু অন্য লোকৰ সৈতে অংশীদাৰ নহলা”
শেষ কালত – এইটো বিকল্প শব্দ, ই ঈশ্বৰে সকলো লোককে বিচাৰ কৰিবলৈ অহাৰ ঠিক আগমূহুর্ত্তৰ কথা বুজাইছে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি : “যেতিয়া ঈশ্বৰে তোমালোকক বিচাৰ কৰিবৰ সময় উপস্থিত হব”(চাওক: Metonymy)
James 5:4-6
যাকোবে ধনবন্ত যিহুদী বিলাকক যিসকলে ভাৱে যে তেওঁলোক বিশ্বাসী কিন্ত প্ৰকৃত বিশ্বাসীৰ দৰে কর্ম্ম কৰা নাই তেওঁলোকক অনুযোগ কৰি কৈ গৈছে৷
চোৱা – “চোৱা” শব্দটোৱে ইয়াৰ পাছৰ কথাখিনিত গুৰুত্ব আৰোপ কৰিছে এইটো এনেদৰে অনুবাদ কৰিব পাৰি: “এই বিষয়ে ভাবিচোৱা”
বনোৱাবিলাকৰ মজুৰি…চিঞৰিছে – ইয়াত “মজুৰিক” এজন ব্যক্তিৰ দৰে উল্লেখ কৰিছে যিজনে চিঞৰিছে ৷
এইটো এনেদৰে অনুবাদ কৰিব পাৰি
“বনোৱাবিলাকে চিঞৰিছে” (চাওক: ব্যক্তিত্ব প্ৰদান)
বনোৱা বিলাকৰ মজুৰি…চিঞৰিছে – সলনি অনুবাদ : “তোমালোকে পথাৰৰ শস্য চপোৱা বনোৱা বিলাকৰ মজুৰি দিয়া নাই আৰু তেওঁলোকে মজুৰি পাবৰ বাবে চিঞৰিছে” (চাওক: শব্দ শৃঙ্খলা) অনুবাদৰ টোকা
আৰু দাৱনীবিলাকৰ চিঞৰ সৈন্যবাহিনীৰ প্ৰভুৰ কাণ পালেগৈ
এইটো এনেদৰে অনুবাদ কৰিব পাৰি
“আৰু সৈন্যবাহিনীৰ প্ৰভুৱে দাৱনী বিলাকৰ চিঞৰ শুনিছে” (চাওক: প্ৰত্যক্ষ/পৰোক্ষ)
সৈন্যবাহিনীৰ প্ৰভুৰ কাণবিলাক – যাকোবে “প্ৰভুৰ কাণ” খণ্ডবাক্যটোৱে প্ৰভুক বুজাইছে ৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি: “সর্ব্বশক্তিমান প্ৰভুৱে দাৱনীবিলাকৰ চিঞৰ শুনিছে” (চাওক: Synecdoche)
পৃথিৱীত তোমালোকে ভোগবিলাসত জীৱন কটাইছা আৰু নিজৰ বাসনা চৰিত্ৰার্থ কৰিছা – “তোমালোকৰ অনেক ধন আৰু সম্পত্তি আন যিকোনো মানুহে বিচৰাতকৈ অধিক আছে”
তোমালোকে হত্যা দিনৰ বাবে নিজ হৃদয় শকত কৰিলা – এইটোৱে ধনী মানুহজনৰ লোভ আৰু অধিক পোৱাৰ ইচ্ছাক এজনী গাই গৰুৰ লগত তুলনা কৰিছে৷ যি জনীয়ে আহাৰ খাই খাই খাবৰ বাবে বধ কৰিবলৈ চর্ব্বীযুক্ত হয়? এইটো এনেদৰে অনুবাদ কৰিব পাৰি: “তোমালোকৰ লোভে তোমালোকক কঠোৰ অন্তকলীয়া দণ্ডৰ বাবেহে প্ৰস্তুত কৰিছে৷” (চাওক: উপমা)
ধার্মিক মানুহজন – “সেইজন যিজনে শুদ্ধ কর্ম্ম কৰে”
তোমালোকক প্ৰতিহত নকৰে – “তোমালোকক বিৰোধ নকৰে”
James 5:7-8
সেইকাৰণে সহনশীল হোৱা – “এই কাৰণে অপেক্ষা কৰা আৰু শান্ত হোৱা”
প্ৰভু যেতিয়ালৈকে নাহে – এই খণ্ডবাক্যটোৱে যীচুৰ পুণৰাগমনৰ কথা বুজাইছে যেতিয়া তেওঁ পৃথিৱীত তেওঁৰ ৰাজ্য স্থাপন কৰিব আৰু সকলো মানুহকে বিচাৰ কৰিব৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি : “যেতিয়ালৈকে খ্ৰীষ্ট ঘূৰি নাহে (চাওক: Metonymy)
খেতিয়কৰ দৰে – যাকোবে বিশ্বাসীসকলক খেতিয়কৰ লগত তুলনা কৰিছে৷ সহনশীল মানে কি তাক গুৰুত্ব আৰোপ কৰিবলৈ ৷ (চাওক: উপমা)
তোমালোকৰ হৃদয় থিৰে ৰাখা – এইটো এটা উপভাষা ৷ ইয়াক এনেদৰে অনুবাদ কৰিব পাৰি : “প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকা” বা “ তোমালোকৰ বিশ্বাস দৃঢ় কৰি ৰাখা” (চাওক: উপভাষা)
প্ৰভুৰ আগনণ ওচৰ – “খ্ৰীষ্ট সোনকালেই ঘূৰি আহিব”
James 5:9-11
যাকোবে ধনী শ্ৰোতা দর্শক সকলৰ পৰা আতঁৰি এতিয়া সকলো যিহুদী বিশ্বাসী সকললৈ সম্বোধন কৰিছে৷
অভিযোগ নকৰিবা – “অভিযোগ নকৰিবা, ভাইবিলাক…তোমালোকে – যাকোবে পুনৰ সকলো যিহুদী বিশ্বাসী বিলাকলৈ লিখিছে”
ইজনে সিজনৰ বিৰু্দ্ধে
“ইজনে সিজনৰ বিষয়ে”
তোমালোকক বিচাৰ কৰা নাযাব – এইটো প্ৰত্যক্ষ উক্তিত অনুবাদ কৰিব পাৰি: “খ্ৰীষ্টে তোমালোকক বিচাৰ নকৰিব”(চাওক: প্ৰত্যক্ষ/ পৰোক্ষ)
বিচাৰকর্ত্তা দুৱাৰ মুখত থিয়হৈ আছে – যাকোবে যীচুক এজন বিচাৰকর্ত্তাৰ লগত তুলনা কৰিছে এজন ব্যক্তি যিজনে ঘৰৰ ভিতৰত সোমাবলৈ প্ৰস্তুত হৈ আছে, ইয়াৰ দ্বাৰা যীচুৱে জগতক বিচাৰ কৰিবলৈ কিমান সোনকালে পুনৰ আহিব তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি : “শীঘ্ৰে আহি আছে” (চাওক: উপমা)
ভাৱবাদী বিলাকৰ ক্লেশ আৰু সহনশীলতা – “ভাৱবাদীসকলে ধৈর্য্যে”ৰে ক্লেশ সহন কৰিলে”
প্ৰভুৰ নামেৰে কথা কলে – “প্ৰভুৰ কথা মানুহবিলাকক কলে”
চোৱা – “চোৱা” শব্দটোৱে ইয়াৰ পাছৰ কথাখিনিত গুৰুত্ব আৰোপ কৰিছে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি: “মানোযোগেৰে শুণা” বা “মনত ৰাখিবা”৷
যিবিলাকে একাণপতীয়াকৈ লাগি থাকে – “যিবিলাকে অবিচলিত হৈ থাকে” বা “যিবিলাকে কষ্টৰ মাজেৰে চলি থাকে”
প্ৰভু মৰম আৰু দয়াৰে পৰিপূর্ণ – “প্ৰভুৱে সদায় মৰম আৰু দয়া দেখুৱায়”
James 5:12
সকলোৰে ওপৰত – এই উপভাষাটো এনেদৰে অনুবাদ কৰিব পাৰি
“এইটো গুৰুত্বপূর্ণ” বা “বিশেষকৈ”
মোৰ ভাইবিলাক –“মোৰ লগৰীয়া বিশ্বাসীসকল”
শপত নাখাবা – “শপত খোৱা” মানে তোমালোকে এইটো কৰিবাই আৰু উচ্চ ক্ষমতা প্ৰাপ্ত জনৰ দ্বাৰা হিচাব দিবলৈ দায়বদ্ধ হবা৷ সলনি অনুবাদ: “শপত নলবা” বা “প্ৰতিজ্ঞা নকৰিবা”
স্বর্গৰ বা পৃথিৱী – “স্বর্গ” আৰু “পৃথিৱী” সলনি শব্দ ইয়াৰ দ্বাৰা স্বর্গত আৰু পৃথিৱীত থকা ক্ষমতাৰ কথা বুজাইছে৷ (চাওক: UDB/Metonymy)
তোমালোকৰ “হয়” অর্থ “হয়” আৰু তোমালোকৰ “নহয়” অর্থ “নহয়” প্ৰকাশ কৰক – এইটো এনেদৰে অনুবাদ কৰিব পাৰি – “যি কোৱা তাকেই কৰা তোমালোকে কোনো শপত নোখোৱাকৈ কৰিবা”
এনে কৰিলে তোমালোক বিচাৰৰ অধীনলৈ নাহিবা – “তাকে কৰিলে ঈশ্বৰে তোমালোকক দণ্ড নিদিব৷”
James 5:13-15
তোমালোকৰ মাজত কোনোবাই ক্লেশ ভোগ কৰিছেনে? তেওঁ নিশ্চয়কৈ প্ৰার্থনা কৰক
“যদি কোনোবাই ক্লেশ ভোগ কৰিছে, তেওঁ প্ৰার্থনা কৰা উচিত৷”
কোনোবাই প্ৰফুল্লিত হৈছেনে? তেওঁ প্ৰশংসাৰ গীত গাওক – “যদি কোনোবাই সুখী, তেওঁ প্ৰশংসাৰ গীত গোৱা উচিত৷”
তোমালোকৰ কোনোবাই নৰীয়াত পৰিছেনে ? – তেওঁ প্ৰার্থনা কৰক “কোনোৱে যদি নৰীয়াত পৰিছে, তেওঁ প্ৰার্থনা কৰা উচিত”
বিশ্বাসমূলক প্ৰার্থনাই নৰীয়াত পৰি থকা জনক সুস্থ কৰিব আৰু প্ৰভুৱে তেওঁক তুলিব – যেতিয়া বিশ্বাসীবিলাকে ৰোগীৰ বাবে প্ৰার্থনা কৰিব, সিহঁতৰ প্ৰার্থনা শুনোতা ঈশ্বৰে সেইসকলক সুস্থ কৰিব৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি – “প্ৰভুৱে বিশ্বাসীসকলৰ বিশ্বাসেৰে কৰা প্ৰার্থনা শুনিব, তেওঁ ৰোগীক সুস্থ কৰিব৷”
James 5:16-20
ইজনে সিজনৰ – প্ৰত্যেগকে প্ৰত্যোকৰ কাৰণে
এজনে আনজনৰ কাৰণে – ইজনে সিজনৰ কাৰণে
যাতে তোমালোকে সুস্থ হব পাৰা – এইটো প্ৰত্যক্ষ উক্তিত অনুবাদ কৰিব পাৰি – “যাতে ঈশ্বৰে তোমালোকক সুস্থ কৰে” (চাওক:প্ৰত্যক্ষ/পৰোক্ষ)
ধার্ম্মিকজনৰ প্ৰার্থনাই প্ৰচুৰ ফল উৎপন্ন কৰে – এইটো এনেদৰে অনুবাদ কৰিব পাৰি – “যেতিয়া ঈশ্বৰৰ বাধ্য হৈ চলোতাজনে প্ৰার্থনা কৰে, ঈশ্বৰে মহান কর্ম্ম সিদ্ধ কৰিব৷”
আন্তৰকিতাৰে – “মহৎ প্ৰচেষ্টাৰে” বা “বহুত গভীৰতাৰে” বা “বহুত সৰলতাৰে”
তিনি…ছয় – “৩
৬” (চাওক: অনুবাদ গণনা)