Philippians
Philippians 1
Philippians 1:1-2
পৌল আৰু তীমথিয়,
এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “পৌল আৰু তীমথিয়ৰ পৰা৷” ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “আমি, পৌল আৰু তীমথিয় এই পত্ৰ লিখিছো৷” আপোনাৰ ভাষাত এই পত্ৰ খনৰ লিখক জনক চিনাকী কৰি দিয়াৰ যদি কি বিশেষ ভাষা আছে তেনে হলে তাক আপুনি ব্যৱহাৰ কৰিব পাৰে৷
খ্ৰীষ্ট যীচুৰ দাস
“আমি খ্ৰীষ্ট যীচুৰ দাস৷” “আমি” এই বাক্যটো প্ৰৰোক্ষ ভাবে ব্যৱহাৰ কৰা হৈছে৷(চাওঁকঃ Explicit and Implicit Information)
অনুবাদৰ টোকা
খ্ৰীষ্ট যীচুত থকা সকলোলৈ
খ্ৰীষ্টত বিশ্বাস কৰা সকলো বিশ্বাসীৰ সমীপলৈ
অধ্যক্ষ আৰু পৰিচাৰক
মণ্ডলীৰ চলাওতা সকল
তোমালোকলৈ অনুগ্ৰহ হওক
আন মানুহক আশীৰ্ব্বাদ কৰাৰ এক প্ৰক্ৰিয়া
তোমালোকলৈ
এই সৰ্ব্বনামটো ‘তোমালোক’ ফিলিপীয়া মণ্ডলীত থকা বিশ্বাসী সকলক বুজাইছে৷ (চাওক: Forms of You)
ঈশ্বৰ আমাৰ পিতৃ
‘আমাৰ’ এই সৰ্ব্বনামটো পৌল, তীমথিয়, আৰু ফিলিপীত থকা বিশ্বাসী সকলক আদি কৰি খ্ৰীষ্ট বিশ্বাসী সকলোকে বুজাইছে৷ (চাওক: Inclusive)
Philippians 1:3-6
মই ধন্যবাদ দিওঁ…মই প্ৰাৰ্থনা কৰো…মই ধন্যবাদ দিওঁ
‘মই’ এই শব্দটোৱে পৌলক বুজাইছে
তোমালোক
‘তোমালোক’ এই শব্দটোৱে ফিলিপীত থকা বিশ্বাসী সকলক বুজাইছে৷
শুভবাৰ্ত্তা প্ৰচাৰৰ ক্ষেত্ৰত তোমাৰ সহভাগিতা পোৱাৰ বাবে ধন্যবাদ জনাইছো
ফিলিপীৰ বিশ্বাসী সকলেও পৌল আৰু তীমথিয়ৰ নিচিনা শুভবাৰ্তা প্ৰচাৰ কৰা কাৰণে পৌলে ঈশ্বৰক ধন্যবাদ জনাইছে৷ “তোমালোকে শুভবাৰ্তা ঘোষণা কৰা কাৰণে মই ঈশ্বৰক ধন্যবাদ দিওঁ”
মই দৃঢ প্ৰত্যয় কৰিছো
“মই নিশ্চত”
যি জনাই আৰম্ভ কৰিলে, “ঈশ্বৰেই আৰম্ভ কৰিলে” “ঈশ্বৰ যি জনে আৰম্ভ কৰিলে”
সিদ্ধ কৰিব
“সিদ্ধ কৰি থাকিব”
Philippians 1:7-8
তোমালোক সকলোৰে বিষয়ে সেই ভাব ৰখা মোৰ উচিত
তোমালোক মোৰ হৃদয়ত আছা, মই তোমালোকক বহুত প্ৰেম কৰো৷
অনুগ্ৰহ আৰু সহভাগী
“অনুগ্ৰহত মো সহভাগী হৈছা” মোৰে সৈতে অনুগ্ৰহত ভাগি হোৱা৷
ঈশ্বৰ মোৰ সাক্ষী
“ঈশ্বৰে জানে” বা “ঈশ্বৰে বুজে”
খ্ৰীষ্ট যীচুৰ প্ৰেমৰ গভীৰতাত
এই বাক্যষাৰ “প্ৰেমৰ গভীৰতাত” ইয়াৰ দ্বাৰাই আমাৰ হৃদয়ৰ গভীৰতাৰ ভিতৰত থকা সেই অংশটোক বুজাইছে যত মানুহৰ আবেগ সমূহ আৱদ্ধ হৈ থাকে৷ এই বাক্যষাৰ এনেদৰে অনুবাদ কৰিব পাৰি “যীচু খ্ৰীষ্টই তেওঁৰ যি সকলো প্ৰেমেৰে মোক প্ৰেম কৰিলে”(চাওঁকঃ Idiom)
Philippians 1:9-11
অধিক হওক
“অধিককৈ উপচি পৰক”
জ্ঞানত আৰু সকলো বিবেচনাত
তোমালোকে এই কথা জানিবলৈ আৰু বুজি পোৱাটো মই ইচ্ছা কৰো৷ “যেতিয়া তোমালোকে শিকা আৰু বুজি পোৱা যে কিহে ঈশ্বৰক সন্তোষ্ট কৰে”(চাওঁকঃ Explicit and Implicit)
মই ইয়াক কৰিম
“মই এই প্ৰাৰ্থনা কৰো”
উত্তম কৰ্ম্ম সমূহ
“কিহে ঈশ্বৰক আটাইতকৈ বেছি আনন্দিত কৰে৷”
খ্ৰীষ্টৰ আগমনৰ দিনা তোমালোক সৰল আৰু নিৰ্দোষী হিচাপে থাকিব পাৰা
“সৰল আৰু নিৰ্দোষী” এই উক্তিটোৰ দ্বাৰাই মানুহ এজনৰ নৈতিক পবিত্ৰতাৰ কথাক সুচায়৷ এই বাকষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “যীচু অহাৰ সময়ত তোমালোক সম্পূৰ্ণৰূপে নিৰ্দোষী হৈ থাকা”
খ্ৰীষ্টৰ দিন
“প্ৰভুৰ দিন” বা “বিচাৰৰ দিন”
লগতে
“ময়ো প্ৰাৰ্থনা কৰো”
তোমালোক পৰিপূৰ্ণ হবা
অতি অধিককৈ ঈশ্বৰৰ বাধ্য হৈ চলিবলৈ যীচু খ্ৰীষ্টই তোমালোকক সহায় কৰিব৷
ধাৰ্ম্মিকতাৰ ফলেৰে ফলবান হোৱা
এই কথা ফাকি ঈশ্বৰক মানি চলাৰ দ্বাৰাই ফল উৎপন্ন কৰা বিশ্বাসীৰ লগত তুলনা কৰিব পাৰি৷
ঈশ্বৰৰ গৌৰৱ আৰু মহিমা
তোমালোকৰ ভালকৰ্ম্ম দেখি লোকবিলাকে ঈশ্বৰৰ গৌৰৱ কৰিব আৰু শ্ৰদ্ধা কৰিব৷
Philippians 1:12-14
এতিয়া মই বিচাৰো
“এতিয়া” পত্ৰ খনৰ নতুন এটা অংশক বুজাইছে৷
যি বিলাক ঘটনা মোলৈ ঘটিল
পৌলে বন্দীশালত থকা সময়ৰ কথা কৈছে৷ মোলৈ যি যি ঘটিল মোক বন্দীশালত থোৱা হল কিয়নো মই যীচুৰ বিষয়ে প্ৰচাৰ কৰিলো৷
শুভবাৰ্তা বাধা হওক ছাৰি, তৰা বৃদ্ধি হে হল
“আৰু ভাইবিলাকৰ অধিক ভাগে খ্ৰীষ্টত বিশ্বাস কৰিলে৷”
খ্ৰীষ্টত মো দাসত্ব
“যীচু খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰা বাবেই মোক বন্দীশালত ৰখা হল৷”
খ্ৰীষ্টত মোৰ দাসত্বৰ কথা ৰাজগৃহৰ সকলোৱ চন্তৰীৰ মাজত বিয়পি পৰিল
“এইটো এইকাৰণেই কিয়নো মই ইয়াতে আছো আৰু লোক বিলাকক খ্ৰীষ্টৰ বিষয়ে কৈছো৷
ৰাজগৃহৰ চন্তৰী
এই চন্তৰী সেই সৈন্য সকলৰ দল যি সকলে ৰোমান সম্ৰাটক সহায় আৰু সুৰক্ষা প্ৰদান কৰে৷
আৰু আন সকলোলৈ
“ৰোমত থকা আন বহুতো লোকে জানে মই কিয় বন্দীশালত আছো৷”
আৰু অধিকাংশ ভাইবিলাক….এই কথা কয়
“লগতে, অধিক সংখ্যক ভাইবালিকে মই বন্দীশালত থকাৰ বাবে ঈশ্বৰৰ বাক্য দৃঢতাৰে, সাহেৰে আৰু নিৰ্ভয়ে কয়৷”
সাহেৰে আৰু নিৰ্ভয়ে
“পূৰ্ণ বিশ্বাসেৰে”(চাওঁকঃDoublet)
Philippians 1:15-17
কিছুমানে আনকি খ্ৰীষ্টক ঘোষণাও কৰিলে
“কিছুমান মানুহে খ্ৰীষ্টৰ শুভবাৰ্তাও প্ৰচাৰ কৰিলে৷”
হিংসা আৰু বিৰোধ
“যিহেতুকে মানুহবিলাকে মোৰ কথা শুনাটো তেওঁলোকে বিচাৰা নাছিল, সেয়ে তেওঁবিলাকে অশান্তি সৃষ্টি কৰিব বিচাৰিছিল৷”
আৰু আন লোকবিলাকেও সদিচ্ছা থকাৰ বাবে
“কিন্তু আন মানুহবিলাকে ইয়াক কৰিব কিয়নো তেওঁলোক দয়ালু আৰু সহায় কৰিব বিচাৰে৷”
কোন বিলাক
“কোনবিলাক মানুহ”
কৰ্ম্মৰ ভাৰ মোৰ ওপৰত দিয়া হৈছে
এই বাক্যষাৰ এটি প্ৰতক্ষ্য উক্তিৰ দ্বাৰাই অনুবাদ কৰিব পাৰি “ঈশ্বৰে মোক মনোনীত কৰিছে”(চাওঁকঃActive or Passive)
শুভবাৰ্তা ৰক্ষা কৰিবলৈ
“যীচুৰ যি বাণী সেয়া সত্য বুলি সকলোকে শিকোৱা”
কিন্তু আনবিলাকে খ্ৰীষ্টক ঘোষণা কৰিলে
“কিন্তু আন মানুহ বিলাকে খ্ৰীষ্টৰ বিষয়ে শিকায়৷”
নিজ স্বাৰ্থ আৰু কপট অভিপ্ৰায়৷ তেওঁলোকে ভাবে যে বন্দীশালত মোৰ কষ্ট বৃদ্ধি পোৱাত ইন্ধন যোগাইছে৷
“যীচুক প্ৰেম কৰা কাৰণে নহয়, কিন্তু তেওঁলোকে ভাবে যে বন্দীশালত মোৰ কষ্ট যেন অধিক হয় তাৰ বাবেই এই সকলো কৰিছে”
Philippians 1:18-19
তেন্তে কি হল
পৌলে ইয়াত কৈছে যে তেওঁলোকৰ কিছুমানে যীচুৰ বিষয়ে শিকোৱাটো প্ৰয়োজনীয় নহয়৷ ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি “মই ভয় নকৰো”
ছলনাৰেই হওক নাইবা সত্যেৰেই হওক দুয়ো প্ৰকাৰে খ্ৰীষ্টক ঘোষনা কৰা হৈছে
“যেতিয়ালৈকে মানুহে খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰিব, সদিচ্ছাৰেই হওক কিম্বা বেয়া মনোভাবেৰেই হওক, সেইটো চিন্তাৰ বিষয় নহয়৷”
আৰু মই তাত আনন্দ কৰো
“মই সুখী কিয়নো মানুহে যীচুৰ প্ৰচাৰ কৰিছে৷”
আচলতে হয়
“খাটাংকৈ বা নিশ্চয়কৈ”
মই আনন্দ কৰিম
“মই মহিমা কীৰ্ত্তন কৰিম” বা “মই আনন্দিত হম”
এই কাৰ্য্যই মোক মুক্তিলৈ লৈ যাব
“ঈশ্বৰে মোক বন্দীশালৰ পৰা মুক্ত কৰিব”
তোমালোকৰ প্ৰাৰ্থনা আৰু যীচু খ্ৰীষ্টৰ আত্মাৰ সহায়ৰ কাৰণে
“কিয়নো তোমালোকে প্ৰাৰ্থনা কৰি আছা আৰু যীচু খ্ৰীষ্টৰ আত্মাই মোক সহায় কৰি আছে৷”
যীচু খ্ৰীষ্টৰ আত্মা
এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “পবিত্ৰ আত্মা”
Philippians 1:20-21
মোৰ দৃঢ বিশ্বাস আৰু আশা
ইয়াত একেটা কথাকে দুই ধৰণে কোৱা এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোৱা হৈছে যে পৌলে নিশ্চয়কৈ কব পাৰিছে যে তেওঁৰ জীৱন শৈলীয়ে ঈশ্বৰলৈ সন্মান কঢিয়াই আনিছে “মই দৃঢতাৰে বিশ্বাস কৰো”(চাওঁকঃDoublet)
কিন্তু সকলো সাহেৰে সদায় থকাৰ দৰে আৰু এতিয়াও আছে
“এতিয়াও মোৰ যথেষ্ট সাহ আছে যেনেকৈ মোৰ সদায় আছিল৷”
মই মোৰ শৰীৰৰ যোগেদি খ্ৰীষ্টলৈ গৌৰৱ কঢিয়াই আনিম
পৌলে তেওঁৰ শাৰীৰিক ‘শৰীৰ’ টোক কথা নিজৰ জীৱন আৰু কেনেকৈ তেওঁ জীৱন যাপন কৰিছে তাক বুজাবলৈ ব্যৱহাৰ কৰিছে৷এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “যাতে মই কৰা কাৰ্য্যৰ দ্বাৰাই খ্ৰীষ্টক সন্মান কৰো৷”(চাওঁকঃMetonymy)
জীৱনৰ দ্বাৰাই হওক বা মৰণৰ দ্বাৰাই হওক
“জীয়াই থাকো বা মৰো৷”
কিয়নো মোৰ পক্ষে জীয়াই থকাই হৈছে খ্ৰীষ্ট, মৰাই হৈছে লাভ
“কিয়নো মই যদি জীয়াই থাকো মই খ্ৰীষ্টৰ বাবেই জীয়াই থাকিম আৰু যদি মৰো তেন্তে সেয়া মোৰ বাবে অতি অধিক গুনে উত্তম৷”
Philippians 1:22-24
কিন্তু মাংসত জীয়াই থকাই যদি মোৰ পক্ষে কৰ্ম্মৰ ফল উৎপন্ন কৰোতা হয়
‘ফল’ শব্দটো পৌলৰ কৰ্ম্মৰ ভাল ফলাফলৰ কাথাক বুজাইছে৷ এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “খ্ৰীষ্টত বিশ্বাস কৰিবলৈ মানুহবিলাকক উদগণি বা উৎসাহ দিবলৈ মই মাংসত জীয়াই থাকিলে যদি আৰু সুযোগ পাম৷”(চাওঁকঃMetaphor)
কিন্তু মই দুইটাৰ চেপত সোমাই আছো
“চিন্তাত পৰিছো, জীয়াই থকাটো নে মৰাটো মনোনীত কৰিম৷”
ইয়াৰ পৰা গৈ খ্ৰীষ্টৰ লগত থাকিবলৈ মোৰ ইচ্ছা
“প্ৰস্থান কৰা” এই শব্দটৱে ‘মৰা’ এই কথা কোৱাৰ অন্য এটা উপায় হে৷ এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “মই মৰি যাব বিচাৰিছো কিয়নো মই যাম আৰু খ্ৰীষ্টৰ লগত থাকিম৷”(চাওঁকঃEuphemism)
কিন্তু তোমালোকৰ কাৰণে মাংসত থকাই অধিক প্ৰয়োজন
“তথাপি মাংসত জীয়াই থকাটো তোমালোকৰ বাব বেছি সহায়ক হব৷”
Philippians 1:25-27
যিহেতু মই দৃঢ প্ৰত্যয় কৰিছো
“যিহেতু মই এইবিষয়ে নিশ্চিত”
মই জানো যে মই থাকিম
“মই জানো যে, মই জীয়াই থাকিম, বা মই জানো যে মই জীৱিত অৱস্থাতেই থাকিম৷”
সেয়েহে মই তোমালোক সকলোৰে লগত, থাকিম
“আৰু তোমালোক সকলোৰে বাবে সেৱা আগবঢবোৱা কাৰ্য্য অব্যাহত ৰাখিম৷”
ফলস্বৰূপে মই যেতিয়া তোমালোকৰ তাত পুনৰ উপস্থিত হম তেতিয়া তোমালোকে মোৰ খ্ৰীষ্ট যীচুত গৌৰৱ কৰিবা
“গতিকে, যেতিয়া মই তোমালোকৰ তালৈ আকৌ আহিম তেতিয়া খ্ৰীষ্ট যীচুৰ বাবে মই যি কৰিলো তাক লৈ গৌৰৱ কৰিবা৷”
মাত্ৰ তোমালোকে যোগ্য আচৰণ কৰা
“তোমালোকৰ জীৱনটো এনে ধৰণে যাপন কৰা যিটো যোগ্য বুলি বিবেচিত হব৷”
এক আত্মা আৰু হৃদয়েৰে থিৰে থকা
এই দুয়োটা উক্তিয়ে দুই ধৰণে কোৱাৰ দ্বাৰাই একে অৰ্থকে প্ৰকাশ কৰিছে আৰু ইয়াৰ দ্বাৰাই সকলোৱে একমত আৰু এক হৈ থকাৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ এই বাক্যষাৰ এনেদৰে অনুবাদ কৰিব পাৰি “তোমালোক সকলো এক হৈ জীয়াই থাকা” বা “এনে ধৰণে থাকা যেনিবা তোমালোক এজন ব্যক্তিহে৷”(চাওঁকঃDoublet)
শুভবাৰ্তাৰ বিশ্বাসৰ বাবে তোমালোকে একেলগে কাৰ্য্য কৰা
“শুভবাৰ্তা শিকাবলৈ একেnগলে কাৰ্য্য কৰা যাতে আন লোক বিলাকে খ্ৰীষ্টত বিশ্বাস কৰিব৷”
Philippians 1:28-30
আৰু একোলৈ ভয় নকৰিবা
ফিলিপীত থকা বিশ্বাসীবিলাকৰ প্ৰতি এইটো এটা আদেশ(চাওঁকঃ)
বিৰোধ কৰা সকলৰ পৰা
“তোমালোক যি কৰা তাৰ বিৰোধিতা কৰা সকলৰ পৰা”
সেয়ে তেওঁবিলাকৰ অৰ্থে বিনাশৰ কিন্তু তোমালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্ৰাণৰ প্ৰমাণ হয়
“তোমালোকৰ সাহসেই ইয়াকে প্ৰমাণ কৰিব যে ঈশ্বৰে তেওঁবিলাকক বিনাশ কৰিব কিন্তু তোমালোকক ৰক্ষা কৰিব”(চাওঁকঃ Active or Passive)
খ্ৰীষ্টত কেৱল বিশ্বাস কৰিবলৈ নহয়, কিন্তু খ্ৰীষ্টৰ কাৰণে দুখভোগ কৰিবলৈকো তোমালোকক তেওঁৰ নিমিত্তে অনুগ্ৰহ দান কৰা হল৷
যিহেতু তোমালোকেও একেই দুখভোগ কৰিব লাগিব, যিটো তোমালোকে মোত দেখিলা, আৰু এথিয়া মোৰ লগত আছা
“সেই কাৰণে তোমালোকো একেই সংগ্ৰাম কৰিব লগীয়া হৈছে যিটো তোমালোকে মোত দেখিছিলা শুনিছিলা সেইটো এতিয়াত মোৰ আছে৷”
Philippians 2
Philippians 2:1-2
এতেকে যদি….যদি … যদি
পৌলে ‘যদি’ শব্দটোৰ ব্যৱহাৰ কৰাৰ দ্বাৰাই এই কথাষাৰ প্ৰমাণ কৰিব বিচাৰিছে যে সেই সকলোবোৰ নিশ্চিত ভাৱে সত্য৷ আন এক অনুবাদ “তেতিয়া…”
আত্মাৰ সহভাগিতা
“আমাৰ সৈতে সহভাগিতা”
Philippians 2:3-4
তোমালোকে অনৰ্থক দৰ্পেৰে একো নকৰিবা
“এনে কাৰ্য্য নকৰিবা যি কাৰ্য্যই কেৱল তোমালোকক হে সুখী কৰিব আৰু নিজকে আনতকৈ উত্তম বুলি ভাবিব৷”
মনৰ নম্ৰতা
ইয়াত “মন”শব্দটোৱে আমাৰ মনৰ ভাবক বুজাইছে আৰু আন মানুহৰ প্ৰতি আমাৰ ভাব ধাৰা বা চিন্তাধাৰা কেনেকুৱা তাক বুজাইছে৷ এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “নম্ৰ আৰু বিবেচক হোৱা”(চাওঁকঃMetonymy)
প্ৰতিজনে নিজৰ প্ৰয়োজনীয়তাৰ বিষয়ে চিন্তা কৰিব নালাগে
“চাওক” এই খণ্ডবাক্যই যত্নলোৱা বা অন্যৰ বিষয়ে চিন্তা কৰাটো বজাইছে৷ এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “কেৱল নিজৰ প্ৰয়োজন বা অভাৱৰ কথা চিন্তা নকৰিবা৷”(চাওঁকঃIdiom)
Philippians 2:5-8
খ্ৰীষ্ট যীচুত যি ভাৱ সেয়ে, তোমালোকতো আছেনে
“ভাব” এইটোৱে এজন মানুহৰ মনৰ ভাবক বুজাইছে যে তেওঁলোকে কেনেকৈ ভাবে৷ “খ্ৰীষ্ট যীচুৰ যি ভাব সেইটো তোমালোকত আছেনে, খ্ৰীষ্ট যীচুৰ যি ভাব সেয়ে তোমালোকতো হওক৷”(চাওকঃMetonymy)
Philippians 2:9-11
যীচু খ্ৰীষ্টৰ যি ভাব আছিল তাৰ বৰ্ণনা দিয়া কাৰ্য্য পৌলে অব্যাহত ৰাখিছে
ঈশ্বৰে তেওঁক প্ৰশংসা কৰিলে
“ঈশ্বৰে যীচুক ওখ পদ দিলে”
সকলো নামতকৈ
ইয়াত ‘নাম’ টোৱে পদ বা সন্মান বুজাইছে, “সকলো পদতকৈ ওখ পদ” বা “সকলো সন্মানতকৈ অধিক সন্মান”(চাওঁকঃMetonymy)
প্ৰত্যেক আঠু
ইয়াত “আঠু” গোটেই মানুহটোক বুজাইছে৷ এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰে “প্ৰতিজন ব্যক্তি” বা “প্ৰতিজন প্ৰাণী”(চাওঁকঃSynecdoche)
পৃথিবীৰ তলত
এইটো মানুহ মাৰৰ পিছত যোৱা ঠাইক বুজাইছে, যিটোক “নৰক” বুলি কোৱা হয়৷
প্ৰত্যেক জীবা
ইয়াত ‘জীবা’ গোটেই ব্যক্তিজনক বুজাইছে, এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰে “প্ৰত্যেককজন ব্যক্তি” বা “প্ৰতি জন প্ৰাণী” (চাওঁকঃSynecdoche)
Philippians 2:12-13
মোৰ প্ৰিয় বিলাক
“মোৰ প্ৰিয় সহবিশ্বাসী সকল”
মোৰ সাক্ষাতে
“মই যেতিয়া তোমালোকৰ লগত আছো”
মোৰ অনুপস্থিতিত
“মই যেতিয়া তোমালোকৰ লগত নাথাকো”
নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা
“ঈশ্বৰৰ আজ্ঞাধীন হৈয়েই থাকা”
ভয় আৰু কম্পনেৰে
এইটো মূলতে একেটা কথাকে বুজাব বিচাৰিছে আৰু ভয়েৰে ঈশ্বৰৰ আগত উপস্থিত হোৱাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ আন এক অনুবাদ “অধিক কৈ ভয়” বা “সম্পূৰ্ণ সন্মানসূচক ভয়”(চাওকঃDoublet)
সঙ্কলপ আৰু কাৰ্য্যসাধন কৰা
ঈশ্বৰেই আমাক ইচ্ছা আৰু কাৰ্য্য সাধন কৰায়৷
Philippians 2:14-16
বিবাদ আৰু তৰ্কবিতৰ্ক নোহোৱাকৈ – “কোনো মন্দ কথা নকবা”
নিৰ্দ্দোষী আৰু নিস্কলঙ্ক সন্তান
এনে ধৰণে কৰ্ম্ম কৰি যোৱা যাতে তোমালোকে বেয়া কৰ্ম্ম কৰিছা বুলি মানুহে নকয়
নিৰ্দ্দোষী – “নিৰ্দ্দোষী” ইয়াক নৈতিকভাবে সিদ্ধ বিশ্বাসী এজনক শাৰীৰিকভাবে নিঘূণী জন্তু এটাৰ লগত তোলনা কৰা হৈছে, আৰু পূৰণি নিয়মত ঈশ্বৰৰ বলি স্বৰূপে ব্যৱহাৰ কৰা হৈছিল৷ “সম্পূৰ্ণৰূপে ঈশ্বৰৰ নিস্কলঙ্ক সন্তান৷”
দীপ্তিস্বৰূপে প্ৰকাশ পোৱা
এই কথাই সেই সকল বিশ্বাসীৰ জীৱনৰ লগত তুলনা কৰিছে যি সকলে ঈশ্বৰক সন্মান নকৰা, লোকৰ মাজত থাকিও এনে ধৰণে জীৱন যাপন কৰিছে যেনিবা আন্ধাৰত পোহৰ হৈ জিলিকি আছে আৰু এনে জীৱনে ঈশ্বৰক গৌৰৱাম্বিত কৰিছে৷ আন এক অনুবাদ “এনে ধৰণে জীৱন যাপন কৰা যাতে ঈশ্বৰৰ গৌৰৱ হব৷”
জগতত
“জগত” এইটো সকলো মূল্য আৰু ব্যৱহাৰ যিটো ঈশ্বৰৰ গৌৰৱ নকৰে
কুটিল আৰু বিপথগামী লোক
দুষ্ট লোকসকলক বুজাবলৈ এই কথা অন্য ধৰণে কোৱা হৈছে৷ এই বাক্যশাৰী এনে দৰেও অনুবাদ কৰিব পাৰি“দুষ্ট লোক সকলৰ মাজত যি সকলে ঈশ্বৰৰ গৌৰৱ নকৰে”(চাওঁকঃ Doublet)
মহিমালৈ
“আনন্দ কৰিবলৈ” বা “হৰ্ষ কৰা”
খ্ৰীষ্টৰ আগমনত
এইষাৰ কথাই যীচু পুনৰ আহি তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰি জগত শাসন কৰাক বুজাইছে৷ এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “যেতিয়া খ্ৰীষ্টৰ পুনৰআগমন হব৷”
মই বৃথা দৌৰ মৰা নাই আৰু বৃথা পৰিশ্ৰমো কৰা নাই
ইয়াত দৌৰ মৰা…পৰিশ্ৰম কৰা” একেটা কথাকে কব বিচাৰে যে পৌলে মানুহবিলাকৰ সহায়ৰ বাবে কিমান পৰিশ্ৰম কৰিলে যাতে তেওঁলোকে খ্ৰীষ্টত বিশ্বাস কৰিব৷ এই বাক্যশাৰী এনে দৰে অনুবাদ কৰিব পাৰি “মই বৃথাই পৰিশ্ৰম কৰা নাই” ইয়াক যোগাত্মক ভাৱেও অনুবাদ কৰিব পাৰি, “মোৰ পৰিশ্ৰমৰ বিশেষ উদ্দেশ্য আছিল৷”(চাওঁকঃLitotes)
Philippians 2:17-18
কিন্তু তোমালোকৰ বিশ্বাসৰূপ ঘৰত আৰু সেৱাৰ কাৰ্য্যত যদিও মই নৈবেদ্য স্বৰূপে ঢলা যাওঁ তথাপি মই আনন্দ কৰোঁ, তোমালোক সকলোৰে সৈতেও আনন্দ কৰো
পৌলে নিজৰ মৃত্যুটোক পূৰণি নিয়মৰ বিধি অনুযায়ী দ্ৰাক্ষাৰস বা বলিদিব লগীয়া জন্তুটোৰ ওপৰত নাইবা কাষত ঢালি দিছিল যাতে পুৰোহিতে সেই বলি ঈশ্বৰৰ ওচjৰত উৎসৰ্গ কৰিব৷ পৌলে ইয়াকে বুজাব বিচাৰিছে যে ফিলিপীত থকা লোক সকলৰ বাবে পৌলে মৃত্যুবৰণ কৰা কাৰ্য্যই যদি ঈশ্বৰক অধিক সুখী কৰে তেন্তে মই আনন্দেৰে মৃত্যুবৰণ কৰা কাৰ্য্যই যদি ঈশ্বৰক অধিক সুখী কৰে তেন্তে মই আনন্দেৰে মৃত্যুবৰণ কৰিম৷ আকৌ সুধাই দিয়া ই পৰোক্ষ উক্তি৷ এই বাক্যষাৰ প্ৰত্যক্ষ উক্তি হিচাবে অনুবাদ কৰিব পাৰি, “কিন্তু, ৰোমীয়া সকলে যদি মোক শাস্তি দিয়াৰ সিদ্ধান্ত লয়, যদি মোৰ মৃত্যুৱে তোমালোকৰ বিশ্বাস আৰু আজ্ঞাধীন হোৱা কাৰ্য্যই ঈশ্বৰক সুখী কৰে তেন্তে মই অতিশয় আনন্দিত হম৷”
একে ধৰণে
“একে দৰে”
তোমালোকে মোৰে সৈতে আনন্দ কৰা
“অধিক আনন্দ কৰা” বিষয়টো গুৰুত্ব দিবৰ বাবে কোৱা হৈছে৷ ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি“তোমালোক মোৰ লগত অধিকৈ আনন্দ কৰাটো মই বিচাৰো৷”
Philippians 2:19-21
কিন্তু মই প্ৰভু যীচুত আশা কৰো
এই বাক্যশাৰী এনে দৰেও অনুবাদ কৰিব পাৰি “কিন্তু, যদি প্ৰভু যীচৱে ইচ্ছা কৰে, মই আশা কৰিছো৷”
কাৰণ তেওঁলোক সকলো
“তেওঁলোক” সেই মানুহৰ দলটোক বুজাইছে যি সকলক পৌলে বিশ্বাস কৰিব আৰু ফিলিপীলৈ পঠাব৷লগতে, পৌলে তেওঁৰ অসন্তুষ্টি প্ৰকাশ কৰিছেসেই সকলৰ প্ৰতি যি সকলে যাব পাৰিলেহেতেন কিন্তু তেওঁলোকে তেওঁলোকৰ কাৰ্য্য সাম্ফল কৰিব বুলি পৌলে বিশ্বাস নকৰিলে৷(চাওঁকঃHyperbole)
Philippians 2:22-24
তীমথিয়ে নিজকে প্ৰমাণ কৰিলে
তীমথিয় নিজকে কি বুলি প্ৰমাণ কৰিলে তাক খুলি কবলৈ হলেঃ“তীমথিয়ে যে খ্ৰীষ্টৰ কাৰ্য্যসমূহৰ বিষয়ে অধিক যত্নকৰে তাকে দেখুৱাইছে৷”(চাওঁকঃExplicit and Implicit Information)
সন্তানে পিতৃৰ সেৱা কৰাৰ দৰে, তেওঁ মোৰে সৈতে পৰিচৰ্যা কৰিছে
পৌলে তীমথিয়ৰ এই পৰিচৰ্যা সন্তানে তেওঁৰ পিতৃৰ বাবে কৰা পৰিচৰ্যাৰ লগত তুলনা কৰিছে৷ খ্ৰীষ্টৰ পৰিচৰ্যাত পৌলে পিতৃ
পুত্ৰ নিবিড় সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷
শুভবাৰ্তা প্ৰচাৰৰ কৰাৰ ক্ষেত্ৰত
“মানুহক শুভবাৰ্তা দিয়াৰ ক্ষেত্ৰত”
প্ৰভুত মই দৃঢ বিশ্বাস কৰো যে মই অতি শীঘ্ৰে আহিম
“যদি এইটো ঈশ্বৰৰ ইচ্ছা হয় তেন্তে মই অতি শীঘ্ৰে আহিম৷”
Philippians 2:25-27
ইপাফ্ৰদীত
এই নামটো সেইজন মানুহৰ হয় যি জনক ফিলিপী মণ্ডলীয়ে বন্দীশালত পৌলৰ সেৱা
শুশ্ৰূষা কৰিবলৈ পঠিয়াইছিল৷(চাওঁকঃTranslate Names)
মোৰ ভাইবিলাক আৰু সহকৰ্মী সকল আৰু সহ সৈনিক সকল
ইয়াত ‘সৈনিক’ সেইজন ব্যক্তিৰ লগত তুলনা কৰিছে যি জনে আত্মিক যুদ্ধ কৰা এজন ব্যক্তিৰ লগত মাংসিক যুদ্ধ কৰে৷ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ এজন বিশ্বাসীয়ে মন্দতাৰ বিৰোধে যুদ্ধ কৰাৰ কাৰ্যৰ ওফৰত পৌলে গুৰুত্ব দিছে৷ “আমাৰ লগত একেলগে কাৰ্য্য কৰা আৰু সংগ্ৰাম কৰা লগৰ ভাই সকল৷”(Metaphor)
আৰু তোমালোকৰ বাৰ্তাবাহক আৰু প্ৰয়োজনত সহায় কৰা
“যি জনে তোমালোকৰ বাৰ্তা মোলৈ আনং আৰু প্ৰয়োজনত মোৰ সহায় কৰে”
তেওঁ ঘোৰ বিপদত পৰিছিল আৰু তোমালোক সকলোৰে লগত থাকিব বিচাৰিছে
“তেওঁ অতি চিন্তিত আৰু তোমালোকৰ লগত থাকিব বিচাৰিছিল৷”
দুখৰ ওপৰত দুখ
এই শব্দ কেইটাৰ সম্পূৰ্ণ অৰ্থ এনে দৰে প্ৰকাশ কৰিব পাৰিঃ“এটা দুখৰ ওপৰত আৰু দুখ জাপি দিয়া এই দুখ মই বন্দীশালত থকাৰ পৰাই পাইছো৷”(চাওঁকঃExplicit and Implicit)
Philippians 2:28-30
ইপাফ্ৰীদত তোমাক আদৰণি জনাইছো
“ইপাফ্ৰদীতক গ্ৰহণ কৰা”
প্ৰভুত সকলোৱে আনন্দৰে
ইয়াৰ অনুমানিক অৰ্থ ১. প্ৰভুত এজন সহবিশ্বাসী হিচাপে সকলো আনন্দেৰে সৈতে বা ২. অতিশয় আনন্দ হৈছে কিয়নো প্ৰভু যীচুৱে আমাক প্ৰেম কৰে৷
খ্ৰীষ্টৰ কাৰ্য্য কৰি
“খ্ৰীষ্টৰ বাবে কৰ্ম্ম কৰি”
প্ৰয়োজন পূৰ্ণ কৰা
“মোৰ যি প্ৰয়োজন তাক দিয়া”
Philippians 3
Philippians 3:1-3
শেষত মোৰ ভাইবিলাক
“অন্য কথালৈ আহো” বা “অন্য বিষয়লৈ আহোঁ মোৰ ভাই সকল”
প্ৰভুত আনন্দ কৰা
“সুখী হোৱা কিয়নো প্ৰভুৱে সকলো কৰিলে”
এই একেটা বিষয়লৈ তোমালোকলৈ বুলি লিখাটো মোৰ বাবে টান কথা নহয়
“মই আনন্দেৰে এই একেই বিলাক তোমালোকক লিখি জনাব পাৰো৷”
আৰু সেইবিলাকে তোমালোকক সুৰক্ষা প্ৰদান কৰিব
“সেইবিলাকে” এই সৰ্ব্বনামটোৱে পৌলৰ শিক্ষাক বুজাইছে৷ সেই বিলাকে কেনেকৈ বিশ্বাসী বিলাকক সুৰক্ষা প্ৰদান কৰিব তাক আৰু স্পষ্টকৈ অনুবাদ কৰি কব পাৰি
“কাৰণ এই শিক্ষাবিলাক তোমালোকক সেই লোক সকলৰ পৰা ৰক্ষা কৰিব যি সকলে যি সত্য নহয় তাক শিকায়৷”
পৰদি থাকা
“সাবধান হোৱা” বা “যত্নেৰে তদাৰক কৰা”
কুকুৰ বিলাক…দস্কৰ্ম্মীকাৰী…অংগছেদ কৰোতা বিলাক
এই তিনিটা শব্দৰ দ্বাৰাই সেই একে ভাৰিকোৱা শিক্ষক সকলক বুজাইছে৷
কুকুৰবিলাকৰ কাৰণে
“কুকুৰবিলাক” এই শব্দটো যিহূদীবিলাকে সেইলোকসকলক বুজাই যি সকল যিহূদী নহয়৷ তেওঁলোকক অশুচি বুলি গণ্য কৰা হৈছিল৷পৌলে ভাৰি কোৱা শিক্ষক সকলক সেই কুকুৰ বিলাকৰ লগত তোলনা কৰি নিন্দা কৰিছিল৷ যদি তোমালোকৰ সামাজিক প্ৰথা অনুসৰি এনে কিবা জন্তু আছে যাক সমাজত অশুচি বুলি গণ্য কৰা হয় কিম্বা নিন্দা বা অপমান সুচক বিষয়ত ব্যৱহাৰ কৰা হয় সেই জন্তু আপোনালোকে ব্যৱহাৰ কৰিব পাৰা৷ (চাওঁকঃ)
অংগ চ্ছেদ কৰোতা সকল
“অংগছেদ কৰা” এই শব্দটোৱে হিংসাৰে বধ কৰা বা কাটি পেলোৱা বুজায়৷ পৌলে চুন্নৎ হোৱা বিষয়টো ভাৰি কোৱা শিক্ষক সকলক অপমান কৰাৰ মানসেৰে অতিৰঞ্জিত কৰি কৈছে৷ ভাৰি কোৱা শিক্ষক সকলে কৈছে “কেৱল ঈশ্বৰহে চুন্নত হোৱা বা পুৰুষাঙ্গ কটা ব্যক্তিক উদ্ধাৰ কৰিব পাৰে৷”(চাওঁকঃHyperbole)
কিয়নো আমি – “আমি” ইয়াক পৌলে ফিলিপীত থকা বিশ্বাসী সকলকে আদি কৰি নিজকে আৰু খ্ৰীষ্টত থকা সকলো বিশ্বাসীক বুজাইছে৷
প্ৰকৃত চুন্নত
এই খণ্ডবাক্যক পৌলে খ্ৰীষ্টত থকা সেই বিশ্বাসী বিলাকক বুজাব বিচাৰিছে যি সকলে শাৰীৰিক চুন্নত নহয় কিন্তু আত্মিক ভাৱে চুন্নত হয় যাৰ অৰ্থ হৈছে তেওঁবিলাকে বিশ্বাসৰ দ্বাৰাই পবিত্ৰ আত্মা পাইছে৷ ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি “প্ৰকৃতাৰ্থত ঈশ্বৰৰ লোক৷”
মাংসত একো ভাৰষা নকৰো
“মাংস ছেদন কৰা কাৰ্য্যটো ঈশ্বৰক সন্তুষ্ট কৰে বুলি বিশ্বাস নকৰিবা৷”
Philippians 3:4-5
আনকি
“তথাপি” বা “সেই যি নহওক”
মই মাংসত ভাৰষা কৰিব পাৰো৷ অন্যে যদি মাংসত ভাৰষা কৰিব পাৰো বুলি ভাবে, তেন্তে তাতকৈ মই অধিক কৰিব পাৰো৷ এইটো এটা আনুমানিক পৰিস্থিত যিটো পৌলে সম্ভব বুলি বিশ্বাস নকৰে৷ পৌলে কয় এইটো সম্ভৱ হোৱা হলে, মানুহে যি কৰ্ম কৰিলে তাৰ ওপৰত ভিত্তী কৰি ঈশ্বৰে উদ্ধাৰ কৰিলেহেতেন আৰু ঈশ্বৰে নিশ্চয় তেওঁক উদ্ধাৰ কৰিলেহেতেন৷ ঈশ্বৰক সন্তুষ্ট কৰিবলৈ যদি কোনোবাই যথেষ্ট কৰ্ম্ম কৰিব পাৰিলেহেতেন তেন্তে সেইজন ময়েই হলোহেতেন৷
মই নিজেই – “নিজেই” পৌলে গুৰুত্ব আৰোপ কৰিবলৈ ব্যৱহাৰ কৰিছে৷ইয়াক এনে দৰেওঁ অনুবাদ কৰিব পাৰি “নিশ্চয়কৈ মই৷”
মোক চিন্নত কৰা হৈছিল
এই বাক্যষাৰ এটা প্ৰত্যক্ষ উক্তিৰ ব্যৱহাৰ কৰিব অনুবাদ কৰিব পাৰিঃ“এজন পুৰোহিতে মো চুন্নত কৰিছিল”
অষ্টম দিনা
“জন্মৰ সাত দিনৰ পাছত”()
ইব্ৰী বিলাকৰ মাজৰ ইব্ৰী
“ইব্ৰী পিতৃ মাতৃৰ ইব্ৰী সন্তান”
বিধানৰ সম্বন্ধে ফৰীচী
“ফৰীচী হিচাপে মই সম্পূৰ্ণৰূপে এজন বিধানৰ প্ৰতি আসক্ত লোক”
Philippians 3:6-7
উৎসাহৰ সম্বন্ধে মণ্ডলীৰ তাডনাকাৰী – “খ্ৰীষ্টিয়ান বিশ্বাসী সকলক তাডনা কৰিবলৈ মই বদ্ধ পৰিকল্প আছিলো”
আৰু বিধানৰ ধৰ্ম্মিকতাৰ সম্বন্ধে নিৰ্দোষী
বিধান সম্পূৰ্ণকৈ পালন কৰিছিলো৷
সেই সকলোকে মই হানি যেন মানিলো
পৌলে মই কথাৰ অন্ত এনেদৰে পেলাব বিচাৰিছে যে বিধানৰ পৰা পোৱা ধাৰ্ম্মিকতা খ্ৰীষ্টৰ বাবে হানি যেন মানিছো৷
Philippians 3:8-11
আচলতে
“প্ৰকৃততে” বা “সঁচা অৰ্থত”
এতিয়া মই গণ্য কৰো
“এতিয়া” এইটোৱে পৌল কেনেকৈ ফৰীচীৰ পৰা খ্ৰীষ্টৰ এগৰাকী বিশ্বাসী হল সেই বিষয়ৰ ওপৰত গুৰুত্ব দিছে৷ ইয়াক আৰু স্পষ্ট ভাৱে কব পাৰিঃ“এতিয়া মই খ্ৰীষ্টত বিশ্বাস কৰিলো৷”(চাওঁকঃ)
সকলোকে মই হানি যেন মানিছো
পৌলে, কৈছে যে খ্ৰীষ্টৰ বাহিৰে আন বাস্তুৰ ওপৰত বিশ্বাস কৰাটো নিৰৰ্থক৷ এইটো এনেধৰণে অনুবাদ কৰিব পাৰি“মই সকলোকে হানি যেন হে মানিছো”
মোৰ প্ৰভু খ্ৰীষ্ট যীচুৰ জ্ঞানৰ গৌৰৱৰ বাবে
“কিয়নো মোৰ প্ৰভু খ্ৰীষ্ট যীচুক জনাটো অতি অধিক লাভজনক৷”
এই কাৰণে তেওঁৰ অৰ্থে সকলোৰে হানি সহন কৰিছো
এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “তেওঁৰ অৰ্থে মই সকলো স্বইচ্ছাৰে অগ্ৰাহ্য কৰিছো৷”
মই সকলোকে বিষ্ঠা যেন মানিছো
এজন ব্যক্তিয়ে বিশ্বাস কৰা যি কোনো বস্তু যিটো পেলাই দিয়া হয় তাৰ লগত তোলনা কৰিছে৷ সেই বস্তু সমূহ যে কিমান অসাৰ তাকেই তেওঁ বুজাব বিচাৰিছে৷ এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব “মই সেই বিলাকক জাবৰ পেলনীয়া বস্তু” বা “সম্পূৰ্ণৰূপে অসাৰ বুলি গণ্য কৰিছো৷”
যাতে মই খ্ৰীষ্টক লাভ কৰিব পাৰো
“যাতে মই কেৱল খ্ৰীষ্টক লাভ কৰিব পাৰো”
আৰু মই এতিয়া তেওঁত আবিস্কৃত হৈছো
“আবিস্কৃত” ইয়াৰ অৰ্থ হৈছে নিবীড় সম্পৰ্ক বা তেওঁত গথা হৈ থাকা৷ এই বাক্যশাৰী প্ৰত্যক্ষ উক্তিৰ দ্বাৰা অনুবাদ কৰিব পাৰিঃ “আৰু এতিয়া খ্ৰীষ্টৰ লগত মো সম্পৰ্ক আছে” বা “আৰু এতিয়া মই খ্ৰীষ্টত গঁথা হৈ আছো৷”
বিধানৰ কোনো ধাৰ্ম্মিকতা মোত নাই
“বিধান পালন কৰি মই ঈশ্বৰক সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰা নাই৷”
তাৰ পৰিবৰ্ত্তে, মোৰ আছে
“বৰঞ্চ, মোৰ আছে” বা “একেবাৰে বিপৰীতটোহে মোৰ আছে”
ঈশ্বৰৰ পৰা পোৱা বিশ্বাসমূলক ধাৰ্ম্মিকতা মোৰ আছে
“ঈশ্বৰে মোক গ্ৰহণ কৰিলে কিয়নো মই খ্ৰীষ্টত মোৰ বিশ্বাস স্থাপন কৰিলো৷”
এইটো তেওঁক জনাৰ ধাৰ্ম্মিকতা
ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি “মোক কেৱল খ্ৰীষ্টক লাগে যাতে মই তেওঁক জানিবলৈ পাওঁ”
তেওঁৰ পুনৰুত্থানৰ শক্তি
“তেওঁৰ শক্তিক জানা যি শক্তিয়ে আমাক জীৱন দিয়ে৷”
তেওঁৰ দুখভোগৰ সহভাগিতা
“আৰু দুখভোগৰ ভাগী হোৱা”
আৰু মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ আনৰূপ ললো
“আনৰূপ” ইয়াৰ অৰ্থ এটা বস্তু আন এটা বস্তুলৈ ৰূপান্তৰ হোৱা৷ যেনে ধৰনে যীচুৱে মৃত্যু বৰণ কৰিলে তেওঁৰ সেই মৃত্যু ৰ ফলস্বৰূপে অনন্ত জীৱনৰ পথ প্ৰশস্ত হল৷ সেই কাৰণে পৌলে তেওঁৰ মৃত্যুটো যীচুৰ মৃত্যুৰ নিচিনা হোৱাটো বিচাৰে যাতে তেওঁ নিজেও অনন্ত জীৱন পায়৷ এই বাকশাৰী এটি প্ৰত্যক্ষ উক্তিৰ দ্বাৰা অনুবাদ কৰিব পাৰিঃ“আৰু খ্ৰীষ্টই মোক তেওঁৰ মৃত্যুৰ সমৰূপ হোৱাকৈ মোক সলনি কৰিলে৷”
গতিকে মই কোনোমতে মৃত বিলাক পুনৰউত্থানৰ অভিজ্ঞতা লাভ কৰিছো
“কোনোমতে” ইয়াৰ অৰ্থ হৈছে পৌলে নাজানে যে তেওঁৰ এই জীৱনত কি ঘটনা ঘটিব, কিন্তু যি ঘটনাই নঘটক কিয় ই অনন্ত জীৱনৰ বাবেই হব৷ এনে দৰে অনুবাদ কৰিব পাৰি “গতিকে এতিয়া মোৰ জীৱনত যি ঘটনাই নঘটক কিয় মই মৃত্যুৰ পিছত মই পূণৰ জীৱন লাভ কৰিম৷”
Philippians 3:12-14
এই সকলোবিলাক গ্ৰহণ কৰিলা,
সকলোবিলাকত খ্ৰীষ্টক চিনাটো তেওঁৰ পুনৰুত্থানৰ শক্তিক জনাটো খ্ৰীষ্টৰ দুখ ভোগৰ সহভাগী হোৱা আৰু খ্ৰীষ্টৰ মৃত্যু আৰু পুনৰুত্থানন ভাগী হোৱাটো নিহীত হৈ আছে৷
গতিকে মই এতিয়া সম্পূৰ্ণ নহওঁ
“মই এতিয়া সিদ্ধ নহওঁ” বা “মই এতিয়াও পৰিপক্ক নহও”
কিন্তু মই লৰি গৈ আছো
“কিন্তু মই চেষ্টা অব্যাহত ৰাখিছো”()
মই যত্নেৰে বিচাৰিছো
“মই এই সকলোবিলাক পাম”
কিন্তু যিহৰ নিমিত্তে খ্ৰীষ্ট যীচুৰ দ্বাৰাই মোক ধৰা হল
এই বাক্যশাৰী প্ৰত্যক্ষ উক্তি হিচাবে অনুবাদ কৰিব পাৰি
“কাৰণ সেই বাবেই যীচুৱে মোক তেওঁৰ নিজৰ হিচাপে মানি ললে৷”
ভাইবিলাক…..
পৌলে ফিলিপীত থকা বিশ্বাসী সকলক কৈছে৷আন এক অনুবাদঃ “মোৰ লগৰ বিশ্বাসী সকল৷”
মই নিজেই সকলোবিলাক ললো
“এই সকলোবিলাক মোৰ”
পাছত থকাবিলাক পাহৰি, আঘত থকা বোৰলৈ যত্ন কৰিছো
যেনেকৈ এজন দৌৰবিদে আনবিষয়ৰ কাৰণে চিন্তা নকৰি কেৱল আগত থকা বঁটাৰ ওপৰত নিজ লক্ষ্য থিৰ কৰে, পৌলে ইয়াত ধাৰ্ম্মিকতাৰ সকলো কৰ্ম্ম পেলাই থৈ খ্ৰীষ্টই কৰা জীৱনৰ দৌৰ সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব দিছে৷ আন এক অনুবাদ “অতীতত মই কি কৰিলো তালৈ মই চিন্তা কৰা নাই৷”
মই আগত থকাবোৰলৈ যত্ন কৰি খ্ৰীষ্ট যীচুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বঁটাৰ অৰ্থে ঘাইকৈ লৰি গৈ আছো
পৌলে তোলনা কৰিছে যে যেনেকৈ এজন দৌৰবিদে বাঁটা লাভৰ অৰ্থে আগলৈ লৰি গৈ থাকে, পৌলে ঈশ্বৰৰ সেৱা আৰু খ্ৰীষ্টত চলি গৈ আছে৷ “মই খ্ৰীষ্টক বিশ্বাস কৰিছো যাতে মই তেওঁৰ হৈ থাকিম আৰু মই মৰি যোৱাৰ পিছত ঈশ্বৰে মকো তেওঁৰ কাষলৈ মাতিব৷”
Philippians 3:15-16
এতেকে আহা আমি যিমানেই সিদ্ধ লোক আছো তেনেধৰণে ভাবো
মই আমাৰ সকলো বিশ্বাসী সকলক উগদণি দিব বিচাৰিছো যি সকল বিশ্বাসত বলবান আৰু চিন্তাধাৰত একেই৷ পৌলে তেওঁৰ লগৰ বিশ্বাসী সকলক ৩:৮
১১ উল্লেখ থকা ইচ্ছা সমূহ থকাটো বিচাৰে৷
যদি তোমালোকে ভাবা
‘তোমালোকে’ এই শব্দটিৰ দ্বাৰাই ইয়াত সেই সকল বিশ্বাসীক বুজাইছে যি সকলৰ আন ৰূপ ভাব আছে বা পৌলৰ সৈতে এখ মনৰ নহয়৷(চাওঁকঃ)
ঈশ্বৰে তাকো তোমালোকলৈ প্ৰকাশ কৰিব
“ঈশ্বৰে তাকো স্পষ্টকৈ তোমালোকক বুজাই দিব৷”
যি বিষয়েই নহওক কিয়
পৌলে তেওঁৰ এই পত্ৰ বিষয়টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অন্ত পেলাব বিচাৰিছে৷ ইয়াক এনে দৰে অনুবাদ কৰিব পাৰিঃ“যি অৱস্থাই নহওক কিয়৷”
যদি আমি এই বিষয়টোলৈ আহিছো, তেতিয়াহলে আমি তেনেধৰেণই চলিব লাগিব৷ ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি“আমি ইতিমধ্যে যি সত্যক লাভ কৰিছো, তাতেই চালি থাকোহক৷”
Philippians 3:17-19
ভাইসকল, মোৰ লগ লোৱা
পৌলে ফিলিপীত থকা বিশ্বাসী বিলাকক খ্ৰীষ্টত নিজৰ ভাই বুলি কব বিচাৰিছে৷
মোৰ অনুকাৰী হোৱা
“মই যি কৰো তাকে কৰা” বা “মই জীয়াই থকাৰ নিচিনা তোমালোকো জীয়াই থাকা”
পুংখানুপুংখভাবে চাবা
“সাবধানে চাবা”
যি সকলে আমাৰ আৰ্হিমতে চলিছে
“যি সকলে ইতিমধ্যেই মই জীৱন যাপন কৰাৰ দৰেই জীৱন যাপন কৰিছে” বা “যি সকলে ইতিমধ্যেই মই কাৰ্য কৰাৰ দৰেই কৰি আছে৷”
মই প্ৰায়েই তোমালোকক কৈছিলো
“বহুবাৰ মই তোমালোকক কৈছো”
এতিয়াও কান্দিহে কৈছোঁ
“আৰু এতিয়া অতি বেজাৰ মনেৰে কৈছো৷”
বহুতেই খ্ৰীষ্টৰ ক্ৰুচৰ শত্ৰু হিচাপে চলি আছে
ইয়াত “খ্ৰীষ্টৰ ক্ৰুচ” এইটোৱে খ্ৰীষ্টৰ দুখভোগ আৰু মৃত্যুৰ কথা কোৱা হৈছে৷ সেই লোক সকল শত্ৰু হয়, যি সকলে যীচুত বিশ্বাস কৰিছো বুলি কয় কিন্তু যীচু নিচিনা দুখভোগ কৰিবলৈ বা মৃত্যু হবলৈ ইচ্ছা নকৰে৷ ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি “যিমান মানুহে যীচুত বিশ্বাস কৰিছো বুলি কয় কিন্তু তেওঁলোকৰ কৰ্ম্মৰাজী যীচুৰ বিৰোদ্ধেহে যি জনে দুখভোগ কৰিবলৈ আৰু ক্ৰুচত মৃত্যু হবলৈ ইচ্ছা কৰিছিল৷”
তেওঁবিলাকৰ শেষগতি বিনাশ
“এদিন ঈশ্বৰে তেওঁলোকক বিনষ্ট কৰিব”
তেওঁবিলাকৰ পেটেই তেওঁবিলকৰ ঈশ্বৰ
ইয়াত “পেট” এই শব্দটোৱে এজন ব্যক্তিৰ শাৰীৰিক অভিলাষৰ কথা বুজাইছে৷ ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি “তেওঁলোকে ঈশ্বৰৰ মতে চলাতকৈ আহাৰ আৰু শাৰীৰিক অভিলাষৰ বাবেহে অধিক আগ্ৰনী৷”
তেওঁলোকৰ সন্মান তেওঁলোকৰ লাজ
“যাৰ বাবে তেওঁলোকে গৰ্ব কৰে সেই বিষয় সমূহৰ বাবে তেওঁলোকে লাজ পোৱা উচিত”
তেওঁলোকে পাৰ্থিব বিষয়ৰ কথা ভাবে
ইয়াত “পাৰ্থিব” এই শব্দটোৱে শাৰীৰিক আনন্দ দিয়াৰ কথা আৰু ঈশ্বৰক সন্মান নকৰা কথাটো বুজাইছে৷ ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি “তেওঁবিলাকে ঈশ্বৰক সন্তষ্ট কৰাতকৈ নিজকে সন্তষ্ট কৰাটোহে চিন্তা কৰে৷”
Philippians 3:20-21
কাৰণ আমাৰ বাবে যিহেতু
পৌলে “আমাৰ” ইয়াত আনলো বিলাকক অন্তৰ্ভুক্ত কৰিছে৷(চাওঁকঃInclusive)
কিয়নো আমি যি ৰাজ্যৰ মানুহ সেই ৰাজ্য স্বৰ্গত আছে
“আমাৰ গৃহৰাজ্য স্বৰ্গত আছে” বা “আমাৰ আচল ঘৰ স্বৰ্গত আছে”
তাৰে পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা অৰ্থাৎ প্ৰভু যীচু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছোঁ
“আৰু আমি প্ৰভু যীচু খ্ৰীষ্ট স্বৰ্গৰ পৰা পৃথিবীলৈ পুনৰ আহিব বুলি অপেক্ষা কৰি আছো৷”
তেওঁ আমাৰ এই নীহ অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰিব
“তেওঁ আমাৰ দূৰ্বল ও পাৰ্থিব শৰীৰক ৰূপান্তৰ কৰিব৷”
তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব
“তেওঁর প্ৰতাপৰ শৰীৰ দৰে কৰিব”
তেওঁৰ শক্তিৰে ৰূপান্তৰ হৈ সকলো নিয়ন্ত্ৰণ কৰা
এই বাক্যশাৰী প্ৰত্যক্ষ উক্তিৰ দ্বাৰাই নতুনকৈ অনুবাদ কৰিব পাৰিঃ“তেওঁ সেই একেই শক্তিৰে আমাৰ শৰীৰ ৰূপান্তৰ কৰিব যি শক্তিৰে তেওঁ সকলো নিয়ন্ত্ৰণ কৰে৷”(চাওঁকঃActive or Passive)
Philippians 4
Philippians 4:1-3
এতেকে হে মোৰ প্ৰিয় ভাইবিলাক
“মোৰ সহবিশ্বাসী সকল মই তোমালোকক প্ৰেম কৰো আৰু তোমালোকক চাবলৈ মই প্ৰবল ইচ্ছা পুহি ৰাখিছো৷”
মোৰ আনন্দ আৰু কিৰীটি
পৌলে “আনন্দ” এইটো বুজাব বিচাৰিছে যে, ফিলিপীয়া মণ্ডলীয়েই তেওঁৰ সুখৰ কাৰণ৷ এটা “কিৰীটি” পাটেৰে বনোৱা হয় এজন ব্যক্তিয়ে সন্মানৰ প্ৰতীত হিচাপে তেওঁলোকৰ মূৰত পিন্ধাইদিয়ে যেতিয়া তেওঁলোকে বিশেষ খেলত বিজয়ী হয়৷ ইয়াত “কিৰীটি” এইটোৱে ফিলিপী মণ্ডলীয়ে ঈশ্বৰৰ আগত পৌলৰ বাবে সন্মান কঢিয়াই অনাৰ কথা কৈছে৷ এই বাক্যশাৰী এনে দৰে নতুনকৈ অনুবাদ কৰিব পাৰি“তোমালোকে মো আনন্দ দিলা কাৰণ তোমালোকে যীচুত বিশ্বাস কৰিলা তোমালকে মো কৰ্ম্মৰ পুৰস্কাৰ আৰু সন্মান৷”
প্ৰিয় বন্ধু সকল এইদৰে প্ৰভুত দৃঢ হৈ লাগি থাকা
এই বাক্যশাৰী নতুনকৈ অনুবাদ কৰিব পাৰিঃ “গতিকে প্ৰিয় বন্ধু সকল মই তোমালোকক শিকোবাৰ দৰে প্ৰভুৰ নিমিত্তে জীয়াই থাকা”
মই ইবদীয়াক বিনয় কৰিছো আৰু চুন্তুখীক বিনয় কৰিছো
এই দুগৰাকী ভনী ঈশ্বৰৰ বিশ্বাসী আছিল আৰু ফিলিপীত থকা মণ্ডলীত পৌলক সহায় কৰিছিল৷ ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি “মই ইবদীয়াক বিনয় কৰিছো আৰু চন্তুখীক বিনয় কৰিছো৷”(চাওঁকঃHow to Translate Names)
প্ৰভুত একে মনৰ হোৱা
“একে মনৰ হোৱা” ইয়াৰ অৰ্থ একেই মনোভাৱে বা একমত৷ ইয়াক এনেদৰে অনুাদ কৰিব পাৰি“তোমালোকৰ মত এক হওক কিয়নো তোমালোক দুয়ো একেজনা ঈশ্বৰক বিশ্বাস কৰা”
সঁচাই, মই তোমাকো নিবেদন কৰিছো মোৰ সত্য লগৰীয়া – ইয়াত “তোমাক” একবচন হিচাপে ব্যৱহৃত হৈছে, পৌলে ব্যক্তিজনৰ নাম উল্লেখ কৰা নাই৷ তেওঁ মাত্ৰ “মোৰ সত্য লগৰীয়া” বুলিহে কৈছে, যিটোৱে সেইজনক বুজাইছে যিজনে শুভবাৰ্তা প্ৰচাৰ কৰাৰ ক্ষেত্ৰত পৌলৰ লগত প্ৰচাৰ কৰিছিল “হয় মোৰ সত্য লগৰীয়া মই তোমাকো কৈছো৷”(চাওঁকঃForms of You)
ক্লীমেন্তৰ সৈতে
এজন মানুহ যি জন ফিলিপীত থকা মণ্ডলী এগৰাকী বিশ্বাসী আৰু কৰ্ম্মী আছিল৷
যি সকলৰ নাম জীৱন পুস্তক আছে
“যি সকলৰ নাম জীৱন পুস্তকত লিখা আছে৷”
Philippians 4:4-7
তোমালোকে প্ৰভুত সদায় আনন্দ কৰা, পুনৰায় কওঁ, আনন্দ কৰা
পৌলে ফিলিলীত থকা সকলো বিশ্বাসী কৈছে৷ আনন্দ কৰাটো কিমান যে প্ৰয়োজন তাৰ ওপৰত গুৰুত্ব দি আনন্দ কৰাৰ নিৰ্দেশ পুনৰায় দুহাৰিছে৷ ইয়াক এনে দৰে অনুবাদ কৰিব পাৰিঃ“প্ৰভুৱে যি কৰিলে তাৰ বাবে আনন্দিত হোৱা পুনৰায় কও আনন্দিত হোৱা৷”
তোমালোকৰ নম্ৰতা সকল তোলোকৰ আগত জনোৱা হওঁক
“তোমালোক যে কিমান দয়ালু সেই কথা সকলোৱেই জানক”
প্ৰভু ওচৰ
অনুমানিক অৰ্থ ১. প্ৰভু যীচু আত্মাত বিশ্বাসী সকলৰ ওচৰ বা ২. প্ৰভু যীচু পৃথিবীলা পুনৰায় ঘুৰি অহাৰ দিন ওচৰ৷
কিন্তু সকলো বিষয়তে তোমালোকৰ যাচনা ধন্যবাযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক
“তোমালোকৰ যি যি প্ৰয়োজন তাক ধন্যবাদ আৰু প্ৰাৰ্থনাৰে ঈশ্বৰৰ পৰা বিচাৰা”
সকলো বুদ্ধিত কৈ উত্তম
“তাতে আমাৰ সকলো বুধিতকৈ উত্তম”
যি ঈশ্বৰৰ শান্তু সেয়ে তোমালোকৰ হৃদয় আৰু মতি ক পহৰা দিব
ইয়াত সৈন্যৰ দৰে ঈশ্বৰৰ শান্তিয়ে আমাৰ আবেগ আৰু অনুভূতিক সকলো চিন্তাৰ পৰা ৰক্ষা কৰে৷ ইয়াৰ সম্পূৰ্ণ অৰ্থ আৰু স্পষ্টকৈ প্ৰকাশ কৰিব পাৰিঃ “সৈন্যৰ দৰে ই তোমাৰ আবেগ আৰু অনুভূতক সকলো ধৰণৰ চিন্তা আৰু সমস্যাৰ পৰা ৰক্ষা কৰিব৷”(চাওঁকঃPersonification and Explicit and Implicit)
Philippians 4:8-9
শেষত
এইটোৱে পত্ৰৰ এই অংশটিৰ অন্ত পেলাইছে৷ এতিয়া পৌলে বিশ্বাসী সকলে ঈশ্বৰৰ শান্তি লাভ কৰিবলৈ কেনেকৈ জীবন যাপন কৰা উচিত সেই সম্পৰ্কে সংক্ষিপ্ত বিবৰণ আগবঢাইছে৷
যি যি প্ৰিয়
“যি যি সন্তোসজনক”
যি যি সুখ্যাতি যু্ক্ত
“যি যি প্ৰশংসনীয়” বা যি যি আদৰণীয়
যি কোনো সদগুণ
যি যি ভাল
যি যি প্ৰশংসনীয়
“যদি তেওঁলোক প্ৰশংসনীয়”
সেই সকলোৰে আলোচনা কৰা
“এই সকলোবিষয়ে আলোচনা কৰা৷”
তোমালোকে যি যি শিকিলা, গ্ৰহণ কৰিলা, শুনিলা আৰু মোত দেখিলা
মই যি যি তোমালোকক শিকালো আৰু দেখুৱালো৷
Philippians 4:10-13
যদিও তোমালোকে মো উপকাৰৰ অৰ্থে চিন্তা কৰিছিলা, কিন্তু তেতিয়া শুভ সময় হোৱা নাছিল
“মই জানো যে তোমালোকে, ইয়াৰ আগতে মোৰ কথা চিন্তা কৰিছিলা, কিন্তু তেতিয়া মোলৈ সহায় পঠিয়াবলৈ কোনো সুবিধা পোৱা নাছিলা৷”
সন্তুষ্ট হবলৈ
তৃপ্ত হবলৈ বা সখী হবলৈ
কি কোনো অৱস্থাত
“মো পৰিস্থিতি যিয়েই নহওক কিয়”
মই তাতে সন্তষ্ট হৈ থাকিবলৈ শিকিলো
আন এক অনুবাদঃ“উপচয় ভোগ কৰিবলৈকো জানো”
প্ৰয়োজনৰ সময়ত
“মো যি যি প্ৰয়োজন সেই সকলোবিলাক নথকা সময়ত”
অধিক পৰিমানে থকা সময়ত
“প্ৰয়োজনত কৈ অধিক থকা সময়ত”
অধিকৈ পোৱাৰ আৰু নাটনি হোৱা, অধিক থকাটো আৰু নাটনি হোৱাৰ কৌশল বা কিটিপ
“অধিককৈ পোৱাৰ আৰু নাটনি হোৱা” আৰু “অধিক পাবলৈ আৰু নাটনি হোৱাৰ” অৰ্থ মূলতে একেই৷ পৌলে এই খণ্ডবাক্যৰ দ্বাৰাই যি কোনো পৰিস্থিতিৰ কথা কৈছে৷ আন এক অনুবাদঃ“সকলো পৰিস্থিতিত সন্তষ্ট হোৱাৰ” কৌশলহে প্ৰয়োগ কৰিছে৷
যি জনে মোক শক্তি দিয়ে তেওঁৰ যোগেদি মই সকলো কৰিব পাৰো
“মই সকলো কৰিব পাৰো কিয়নো খ্ৰীষ্টই মোক শক্তি দিয়ে৷”
Philippians 4:14-17
মোৰ জটিল সময়ত
“যেতিয়া পৰিস্থিতি জটিল হয়”
শুভবাৰ্তা প্ৰচাৰে
এইটোৱে পৌলে যীচুৰ বিষয়ে মানুহ বিলাকক কবলৈ বিভিন্ন চহৰ পৰিভ্ৰমণ কৰাটোক বুজাইছে৷
তোমালোকৰ মণ্ডলীৰ বাহিৰে কোনো মণ্ডলীয়ে মোক দিয়া আৰু গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় আগবঢোৱা নাছিল
“তোমালোকৰ মণ্ডলীটোৱেই এখমাত্ৰ মণ্ডলী যি মণ্ডলীয়ে মোক টকা পঠিয়াইছিল বা সহায় আগবঢাইছিল৷”
মই তোমালোকৰ হিচাবত বহু লাভজনক ফল দেখিবলৈ বিচাৰিছো
পৌলে মণ্ডলীৰ উপহাৰ এজন মানুহৰ সম্পতিৰ লগত তুলনা কৰিছে যি সম্পত্তি বাঢি যায়৷ পৌলে ফিলিপীত থকা লোকবিলাকে উপহাৰ দিয়াটো চাব বিচাৰিছে আৰু তেওঁবিলাকে আত্মিক আশীৰ্বাদ লাভ কৰিব পাৰে৷ আন এক অনুবাঃ “ঈশ্বৰে তোমালোকক প্ৰচুৰ পৰিমাণে আত্মিক আশীৰ্বাদ দিয়াটো চাব বিচাৰিছো৷”(চাওঁকঃMetaphor)
Philippians 4:18-23
মোৰ সকলো আছে৷ এনেকি মই উপচি পৰিছে৷
“মোক যি লাগে সেই সকলো আছে আৰু আধিককৈ আছে৷”
সেইবিলাক সুগন্ধ আঘ্ৰাণ স্বৰূপ, এটা গ্ৰহণীট বলিদান যি বলিদানে ঈশ্বৰক সন্তষ্ট কৰে
পৌলে ফিলিপী মণ্ডলীৰ পৰা পোৱা উপহাৰটোক পুৰণি নিয়মত উৎসৰ্গ কৰা বলিৰ লগত তুলনা কৰিছে৷ পুৰোহিতবিলাকে উৎসৰ্গ কৰা হোম
বলিৰ সুগন্ধই ঈশ্বৰক সন্তুষ্ট কৰে৷ পৌলে গুৰুত্ব আৰোপ কৰিবৰ বিচাৰে যে, মণ্ডলীৰ উপহাৰ ঈশ্বৰৰ দৃষ্টিত অতি মূল্যবান৷ ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি“মই নিশ্চয়কে কব বিচাৰো যে এই উপহাৰ সমূহ ঈশ্বৰলৈ সন্তুষজনক৷”
তোমালোকৰ সকলো অভাৱ, প্ৰতাপেৰে পূৰ্ণ কৰিব
“তোমালোকৰ যি প্ৰয়োজন তাকে যোগাব৷”
নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব
ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি “প্ৰতাপেৰে নিজ ধন অনুসাৰে খ্ৰীষ্ট যীচুত পূৰ্ণ কৰিব৷”
এতিয়া ঈশ্বৰৰ ওচৰত
“এতিয়া” এইটোৱে শেষ প্ৰাৰ্থনা আৰু এই পত্ৰখনৰ যে অন্ত পৰিছে তাৰ ইংগিত বহন কৰিছে৷