Assamese: translationNotes

Updated ? hours ago # views See on DCS

Romans

Romans 1

Romans 1:1-3

পৌল

“পৌলৰ পৰা।” আপুনি পত্ৰ খনিৰ লিখকক সহয়তো নিজা ভঙ্গীৰে চিনাকি কৰি দিব পাৰে। ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি, “মই, পৌলে, এই পুস্তক খনি লিখিছো।” এই পত্ৰ খনি কাৰ বাবে লিখা হৈছে আপুনি তাকো জনোৱাৰ প্ৰয়োজন হব পাৰে(১:৭, চাওঁক UDB)

আমন্ত্ৰিত পাঁচনি, ঈশ্বৰৰ শুভবাৰ্তাৰ নিমিত্তে পৃথক

এই বাক্যশাৰীত নতুন শব্দ আৰু ক্ৰিয়া লগায়ো অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে মোক পাঁচনিবাবৰ বাবে আমন্ত্ৰণ কৰিলে আৰু মানুহ বিলাকৰ আগত শুভবাৰ্তা ঘোষনা কৰিবৰ বাবে মনোনীত কৰিলে।” (চাওঁকঃActive or Passive)

তেওঁ পবিত্ৰ শাস্ত্ৰত ভাৱবাদী সকলৰ দ্বাৰাই আগতে প্ৰতিজ্ঞা কৰি ৰাখিছিল

ঈশ্বৰে তেওঁৰ লোকবিলাকৰ বাবে তেওঁৰ ৰাজ্য স্থাপন কৰিব বুলি প্ৰতিজ্ঞা কৰিছিল। শাস্ত্ৰত এই প্ৰতিজ্ঞাক লিখি ৰাখিবৰ বাবে তেওঁ ভাৱবাদী সকলক কৈছিল।

তেওঁৰ পুত্ৰৰ বিষয়ে

ইয়াৰ দ্বাৰাই “শুভবাৰ্তাক” বুজোৱা হৈছে, শুভবাৰ্তাটো হৈছে ঈশ্বৰে তেওঁৰ পুত্ৰক পৃথিবীলৈ পঠিয়াব।

যি জন মাংসৰ সম্বন্ধে দায়ূদৰ বংশত জন্ম গ্ৰহণ কৰিব

ইয়াত “মাংস” শব্দটিয়ে শাৰীৰৰ কথা কৈছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “যি শৰীৰৰ সম্বন্ধে দায়ূদৰ বংশত জন্ম লাভ কৰিব” বা “যি দায়ূদৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিব।”

Romans 1:4-6

তেওঁক ঘোষণা কৰা হল

“তেওঁ” ইয়াৰ দ্বাৰাই যীচু খ্ৰীষ্টক বুজোৱা হৈছে। “ঘোষনা কৰা হল” এই বাক্যশাৰীক অন্য এক ধৰণেও অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে তেওঁক ঘোষণা কৰিলে।”(চাওঁকঃ Active or Passive)

পবিত্ৰতাৰ আত্মাৰ

ইয়াৰ দ্বাৰাই পবিত্ৰ আত্মাক বুজোৱা হৈছে।

মৃতবিলাকৰ পুনৰুত্থানৰ দ্বাৰাই

“তেওঁ মৃত্যুৰ পিছত পুনৰ জী উঠাৰ দ্বাৰাই”

আমি অনুগ্ৰহ আৰু পাঁচনিবাব পালো

“ঈশ্বৰে অনুগ্ৰহেৰে মোক এটি বৰ দিলে। তেওঁ মোক পাঁচনি হবৰ বাবে মনোনীত কৰিলে।” আন এক অনুবাদঃ “ঈশ্বৰে তেওঁৰ অনুগ্ৰহৰ দ্বাৰাই মোলৈ পাঁচনিবাব দান কৰিলে।” ইয়াত “আমি” শব্দটিয়ে পৌল আৰু যীচুক অনুকৰণ কৰা আন ১২ জন পাঁচনিক বুজাইছে, পাছে ৰোমৰ বিশ্বাসী সকলৰ কথা বুজোৱা হোৱা নাই।(চাওঁকঃ Exclusive, Hendiadys)

জাতিবিলাকৰ মাজত বিশ্বাসৰূপ আজ্ঞাধীনতাৰ অৰ্থে, তেওঁৰ নামৰ কাৰণে

পৌলে “নামৰ” এই শব্দটিৰ দ্বাৰাই যীচুক বুজাইছে। আন এক অনুবাদঃ “সকলো জাতিকে আজ্ঞাধীন হবৰ বাবে শিক্ষা দিবৰ অৰ্থে, তেওঁবিলাকৰ তেওঁৰ প্ৰতি থকা বিশ্বাস কাৰণে”(চাওঁকঃ Metonymy)

Romans 1:7

ৰোমত থকা আটাই ঈশ্বৰৰ প্ৰিয়, আৰু আমন্ত্ৰিত পবিত্ৰ লোকবিলাকৰ সমীপলৈ

এই বাক্যশাৰী নতুনকৈ ক্ৰিয়া যোগ কৰি অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে প্ৰেম কৰা আৰু মনোনীত কৰাৰ দ্বাৰাই ৰোমৰ যি সকল লোক তেওঁৰ লোক হল সেই সকলোৰে উদ্দেশ্যে মই এই পত্ৰ লিখিছো।”(চাওঁকঃ Active or Passive)

তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক

এই বাক্যশাৰীক নতুন কৈ অনুবাদ কৰিব পাৰিঃ “আনুগ্ৰহ আৰু শান্তি তোমালোকলৈ হওঁক”

Romans 1:8-10

গোটেই জগততে

এইয়া এক অতিৰঞ্জিত ভাষ্য, ইয়াৰ দ্বাৰাই তেওঁবিলাকে কেৱল তেওঁবিলাকৰ জ্ঞানৰ পৰিসৰৰ ভিতৰৰ থকা ঠাই খিনি অৰ্থাৎ ৰোম সাম্ৰাজ্যৰ কথাহে কব বিচাৰিছে।

কিয়নো ঈশ্বৰ মোৰ সাক্ষী

তেওঁ এই কথাৰ দ্বাৰাই জোৰদি কব বিচাৰিছে যে তেওঁ তেওঁবিলাকৰ বাবে প্ৰাৰ্থনা কৰি আছে আৰু তেওঁ প্ৰাৰ্থনা কৰাতো ঈশ্বৰে দেখি আছে। “কিয়নো” এই শব্দটি প্ৰায়ে অনুবাদ কৰা নহয়।

মই তোমাৰ কথা কৈছো

“মই তোমাৰ বিষয়ে ঈশ্বৰৰ আগত কৈছো”

সদায়ে মোৰ প্ৰাৰ্থনা কালত নিবেদন কৰিছো যাতে...মই সফল হব পাৰোঁ...তোমালোকৰ ওচৰলৈ যাবৰ বাবে

“যেতিয়াই মই প্ৰাৰ্থনা কৰো, মই ঈশ্বৰৰ ওচৰত নিবেদন কৰোঁ যাতে...মই সফল হব পাৰো... তোমালোকক দেখা কৰিবৰ অৰ্থে।”

যি কোন প্ৰকাৰে

“ঈশ্বৰে যি ধৰণে অনুমতি দিয়ে”

শেষত

“অৱশেষত” বা “সৰ্বশেষত”

ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই

“কিয়নো ঈশ্বৰে ইয়াক ইচ্ছা কৰে”

Romans 1:11-12

কিয়নো মই তোমাক চাবৰ বাবে ইচ্ছা কৰিছো

“কিয়নো মই তোমাক চাব বিচাৰো”

কিয়নো

“কিয়নো” উপৰোক্ত বাক্যষাৰ ক্ষেত্ৰত “পাছে” বুলি অনুবাদ কৰিলেহে ফলপ্ৰসূ হব।

তোমালোকক সুস্থিৰ কৰিবৰ অৰ্থে কোনো আত্মিক বৰৰ ভাগী কৰিব অৰ্থে

আন এক অনুবাদঃ “পবিত্ৰ আত্মাৰ কোনো বৰ যিয়ে তোমালোকক সহায় আৰু শক্তিশালী কৰিব।”

সেয়ে হৈছে, আমি ইজনে সিজনৰ আৰু আমাৰ বিশ্বাসৰ দ্বাৰাই সকলোৱে যেন উৎসাহী হওঁ।– “মই কব বিচাৰিছো যে যীচুত আমাৰ যি অভিজ্ঞতা আৰু বিশ্বাস তাৰ দ্বাৰাই আমি ইজনে সিজনক উৎসাহী কৰোহঁক।”

Romans 1:13-15

ইয়াক তোমালোকে নাজানি থকা মোৰ ইচ্ছা নাই

তেওঁবিলাকে যাতে এই কথা গম পায়, সেই বিষয়ত পৌলে জোৰ দিছে। আন এক অনুবাদঃ “মই তলৰ কথা খিনি তোমালোকে জনাতো বিচাৰোঃ”(চাওঁকঃ Litotes)

আৰু ই এতিয়ালৈকে বাধাস্বৰূপ হৈ থাকিল

“কোনো এটা বিষয়ে মোক সদায়ে বাধা দি ৰাখিলে”

কিছু বৰ পাবৰ বাবে

“বৰ” এই বাক্যষাৰে ৰোমৰ সেই সকল ব্যক্তিৰ কথা কৈছে যি সকলক পৌলে শুভবাৰ্তাত বিশ্বাস কৰাবৰ বাবে চেষ্টা কৰিছে।(চাওঁকঃ Metaphor)

আন আন পৰজাতিবিলাকৰ মাজত যেনে

“যেনে দৰে আন আন জাতিৰ লোক সমূহে শুভবাৰ্তাত বিশ্বাস কৰিলে।”

দুয়োলৈ মই ধাৰুৱা হৈ আছো

“মই শুভবাৰ্তাত তালৈ নিব লাগিব”(চাওঁকঃ Metaphor)

Romans 1:16-17

কিয়নো মই লাজ নাপাওঁ

পৌলে শুভবাৰ্তা কিয় ৰোমত প্ৰচাৰ কৰিব বিচাৰিছে তাৰ বাখ্যা দাঙি ধৰিছে।

শুভবাৰ্ত্তাত মই লাজ নাপাওঁ

আন এক অনুবাদঃ “মই যেতিয়া শুভবাৰ্তা ঘোষণা কৰো তেতিয়া সম্পূৰ্ণ নিশ্চয়তাৰে কৰোঁ, যদিও বহু লোকে তাক প্ৰত্যাখান কৰিলে।”(চাওঁকঃ Litotes)

কিয়নো ইয়াত

পৌলে কিয় ইমান নিশ্চয়তাৰে এই শুভবাৰ্তা ঘোষণা কৰে তাৰ বাখ্যা আগবঢ়াইছে।

সেয়ে বিশ্বাস কৰা প্ৰতিজনলৈ পৰিত্ৰাণৰ অৰ্থে শক্তি

“শুভবাৰ্তাৰ যোগেদি ঈশ্বৰে শক্তিশালী ৰূপে খ্ৰীষ্টত বিশ্বাস কৰা সকলক পৰিত্ৰাণ কৰে।”

প্ৰথমে যিহূদী আৰু তাৰ পিছত গ্ৰীক

“যিহূদী লোক সকললৈ” আৰু “গ্ৰীক লোক সকললৈ।”

প্ৰথমে

গ্ৰীক সকলৰ পূৰ্বে যিহূদী সকলৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা হৈছিল, সেয়ে ইয়াৰ অৰ্থ এনে ধৰণৰ হব পাৰে ১) সময়ৰ হিচাপে প্ৰথম বা ২) “অতি জৰুৰী ভাবে।”

ঈশ্বৰৰ ধাৰ্মিকতাৰ বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈছে

“আৰম্ভণীৰে পৰা বিশ্বাসৰ দ্বাৰাইহে মানুহ ধাৰ্মিক বুলি গণিত হৈছে বুলি ঈশ্বৰে প্ৰকাশ কৰিলে।” আন এক অনুবাদঃ “ঈশ্বৰে তেওঁৰ ধাৰ্মিকতা সেই সকলক লোকৰ আগত প্ৰকাশ কৰিলে যি সকলৰ বিশ্বাস আছে, আৰু তাৰ ফলস্বৰূপে তেওঁবিলাকৰ বিশ্বাস অধিক হল” বা “যিহেতু ঈশ্বৰ বিশ্বাসী, সেয়েহে তেওঁ তেওঁৰ ধাৰ্মিকতা প্ৰকাশ কৰিলে, আৰু ইয়াৰ ফলস্বৰূপে মানুহ বিলাকৰ বিশ্বাস বৃদ্ধি পালে।”(চাওঁকঃ Active or Passive)

ধাৰ্মিক সকল বিশ্বাসৰ দ্বাৰাই জীৱ

“এয়া সেই সকল লোক যি সকলে ঈশ্বৰত ভাৰসা কৰে আৰু তেওঁ তেওঁবিলাকক শুদ্ধ বুলি গণ্য কৰে, আৰু তেওঁবিলাক অনন্ত কালৰ বাবে জীৱ।”

Romans 1:18-19

ক্ৰোধ

শুভবাৰ্তা কি শুনাৰ প্ৰয়োজন আছে সেই কথা পৌলে বাখ্যা কৰিছে।

ঈশ্বৰৰ ক্ৰোধ প্ৰকাশিত হল

আন এক অনুবাদঃ “ঈশ্বৰে তেওঁৰ ক্ৰোধ প্ৰকাশ কৰিছে।”(চাওঁকঃ Active or Passive)

বিৰুদ্ধে

“প্ৰতি”

ভক্তি

লঙ্ঘন আৰু অধাৰ্ম্মিকতাৰ বিৰুদ্ধে

আন এক অনুবাদঃ “মানুহ বিলাকে কৰা আটাই ভক্তি

লঙ্ঘন আৰু অধাৰ্মিক কাৰ্য্যৰ বিৰুদ্ধে।”

সত্যক নিবাৰণ কৰে

আন এক অনুবাদঃ “তেওঁবিলাকে ঈশ্বৰ সম্বন্ধীয় প্ৰকৃত বিষয় সমূহ লুকুৱাই ৰাখে।”

ঈশ্বৰৰ বিষয়ে যি জানিব পৰা যায়, সেয়ে সিহঁতত প্ৰকাশিত আছে

আন এক অনুবাদঃ “তেওঁবিলাকে যি দেখা পাইছে তাৰ দ্বাৰাই তেওঁবিলাকে ঈশ্বৰক জানিব পাৰে।”

কাৰণ ঈশ্বৰে

এই বাক্যষাৰৰ দ্বাৰাই মানুহ বিলাকে কিয় ঈশ্বৰক জানিব পাৰে তাৰ বাখ্যা আগবঢ়াইছে।

ঈশ্বৰে তেওঁবিলাকলৈ প্ৰকাশ কৰিলে

আন এক অনুবাদঃ “ঈশ্বৰে তেওঁবিলাকক তাক দেখুৱালে।”

Romans 1:20-21

কাৰণ

মানুহ জাতিৰ আগত ঈশ্বৰে কেনে দৰে নিজকে প্ৰকাশ কৰিলে তাৰ বাখ্যা পৌলে আগবঢ়াইছে।

তেওঁৰ সম্বন্ধীয় অদৃশ্য গুণবোৰ স্পষ্টকৈ বোধগম্য হৈছে

“অদৃশ্য গুণবোৰ” ইয়াৰ দ্বাৰাই চকুৰে দেখি পাব নোৱাৰা বিষয় সমূহৰ কথা কোৱা হৈছে। “স্পষ্টকৈ বোধগম্য” কিয়নো মানুহবিলাকে জানে যে তেওঁবিলাকে চকুৰে দেখি নাপালেও সেই সমূহ প্ৰকৃততে আছে। (চাওঁকঃ Metaphor, Active or Passive)

জগত

ইয়াৰ দ্বাৰাই স্বৰ্গ আৰু পৃথিবী আৰু ইয়াত থকা সকলো বস্তুৰ কথা কোৱা হৈছে।

ঐশ্বৰিক স্বভাৱ

আন এক অনুবাদঃ “ঈশ্বৰৰ সকলো স্বভাৱ আৰু চৰিত্ৰ” বা “ঈশ্বৰক ঈশ্বৰ হিচাপে স্বীকৃতি দিয়া বিষয় সমূহ”

তেওঁৰ দ্বাৰাই সৃ্ষ্ট বস্তু সমূহৰ দ্বাৰা বুজা যায়

আন এক অনুবাদঃ “মানুহবিলাকে তেওঁ নিৰ্মাণ কৰা বস্তু সমূহক নিৰীক্ষণ কৰাৰ দ্বাৰাই ঈশ্বৰক জানিব পাৰে।”(চাওঁকঃ Active or Passive)

সিহঁতৰ উত্তৰ দিবলৈ ঠাই নাই

আন এক অনুবাদঃ“তেওঁবিলাকে নাজানো বুলি কেতিয়াও কব নোৱাৰে”

সিঁহতেঃ “মানুহজাতি” ১:১৮

নিজ চিন্তাধাৰাত মূৰ্খ হল

“সিহঁতে মূৰ্খ কথা বিলাক চিন্তা কৰিবলৈ আৰম্ভ কৰিলে”(UDB)

সিঁহতৰ অবোধ হৃদয় আন্ধাৰময় হল

আন্ধাৰময় হল, ইয়াৰ দ্বাৰাই তেওঁবিলাকৰ বুজা শক্তি নোহোৱা কথাষাৰ কব বিচৰা হৈছে। আন এক অনুবাদঃ “তেওঁবিলাকৰ হৃদয়ে নুবুজা হ’ল”(UDB)। (চাওঁকঃIdiom)।

Romans 1:22-23

নিজক জ্ঞানী দেখুৱাই সিহঁত মূৰ্খ হল

“যেতিয়া তেওঁবিলাকে নিজকে জ্ঞানী বুলি দেখুবাৱ বিচাৰিছিল, তেওঁবিলাক মূৰ্খ হল”

সিঁহতৰ...সিঁহত

১:১৮ পদত উল্লেখ কৰা “মানবজাতি”

অক্ষয় ঈশ্বৰৰ মহিমা সলনি কৰিলে

আন এক অনুবাদঃ “ঈশ্বৰ যে মহিমাময় আৰু তেওঁৰ অন্ত নাই এই সত্যটো বিক্ৰী কৰিলে” বা “ঈশ্বৰ যে মহিমাময় আৰু তেওঁ অনন্ত এই কথাষাৰত বিশ্বাস কৰিবলৈ এৰিলে”

আকাৰযুক্ত প্ৰতিমূৰ্তিৰে

আন এক অনুবাদঃ “পাছে তেওঁবিলাকে আকাৰযুক্ত প্ৰতিমাক আৰাধনা কৰিবলৈ সিদ্ধান্ত ললে”

ক্ষয়শীল মানুহ

“কিছুমান মানুহ যাৰ মৃত্যু হব”

Romans 1:24-25

এইহেতুকে

“এই বাবে”

ঈশ্বৰে সিহঁতক শোধাই দিলে

“ঈশ্বৰে তেওঁবিলাকক অভিলাষ পুৰণৰ অৰ্থে শোধাই দিলে”(চাওক “ঈশ্বৰে শোধাই দিলে” ১:২৮)।

সিহঁতক...সিঁহতৰ...সিঁহতক...সিহঁত

১:১৮ পদত উল্লেখিত “মানুহজাতি”

অশুচিতাৰ বাবে হৃদয়ৰ কামাভিলাষে

“স্বাভাৱিক সঙ্গ এৰি বিপৰিত সঙ্গ বিচাৰিলে।”

তেওঁবিলাকৰ শৰীৰক তেওঁবিলাকৰ মাজত অমৰ্য্যদা পাবৰ বাবে

তেওঁবিলাকে কামাভিলাষ আৰু লাজৰ কৰ্ম সাধন কৰিলে।(চাওঁকঃ Euphemism)

তাৰ সলনি

অনুমানিক অৰ্থ ১) “তাৰ সলনি” বা “ইয়াৰ সলনি” বা ২) “ইয়াৰ লগতে।”

Romans 1:26-27

এইটো

“ব্যভিচাৰ আৰু যৌন সম্বন্ধীয় পাপ”

ঈশ্বৰে তেওঁবিলাকক শোধাই দিলে

“সেই কাৰ্য্য কৰিবৰ বাবে ঈশ্বৰে শোধাই দিলে”

লাজৰ কৰ্ম

“অনাদাৰযুক্ত কামাভিলাষলৈ”

তেওঁবিলাকৰ তিৰোতালৈ

“কিয়নো তেওঁবিলাকৰ তিৰোতাসকল”

তেওঁবিলাকৰ তিৰোতা সমূহলৈ

১:২৮ উল্লেখত “মানুহ জাতিৰ” তিৰোতা সকললৈ

স্বাভাবিক সঙ্গ ত্যাগ কৰি স্বভাৱৰ বিপৰীত সঙ্গ কৰিলে

“ঈশ্বৰৰ পৰিকল্পনা নকৰা ধৰণৰ যৌন কাৰ্য্যত লিপ্ত হল”

কামাগ্নিৰে দগ্ধ হৈ

“অতি বেছি কামাগ্নিৰ বশীভূত হোৱা”

অনুচিত

“লাজৰ বিষয়” বা “অশ্নীল” বা “পাপময়”

নিজতে নিজৰ ভ্ৰান্তিৰ উচিত প্ৰতিফল পালে

এই বাক্যষাৰ নতুনকৈ সজাব পাৰিঃ “তেওঁবিলাকে নিজৰ ভ্ৰান্তিৰ বাবে ঈশ্বৰৰ পৰা উপযুক্ত শাস্তি লাভ কৰিলে।”

ভ্ৰান্তিজনক

অপবিত্ৰ আৰু লজ্জাজনক ব্যৱহাৰ

Romans 1:28

সিহঁত আপোন তত্বজ্ঞানত ঈশ্বৰক ধাৰণ কৰিবলৈ সন্মত নহল

“তেওঁবিলাকে ঈশ্বৰক জনাতো উচিত বুলি নামানিলে”

সিহঁত...সিহঁতৰ...সিঁহতক

১:২৮ ত উল্লেখিত “মানবজাতি”

তেওঁ সিঁহতক ভ্ৰষ্ট মতিক শোধাই দিলে

“তেওঁবিলাকৰ মন ব্যভিচাৰ দ্বাৰাই নিয়ন্ত্ৰীত হবৰ বাবে ঈশ্বৰে তেওঁবিলাকক শোধাই দিলে”

উচিত নহয়

“লাজৰ বিষয়” বা “অশ্নীল” বা “পাপময়”

Romans 1:29-31

তেওঁবিলাক পৰিপূৰ্ণ হল

“তেওঁবিলাকত এক প্ৰচুৰ অভিলাষে” বা “তেওঁবিলাকে সেই কাৰ্য্য কৰিবৰ বাবে বৰকৈ ইচ্ছা কৰিল”(চাওঁক UDB)

সিহঁত

১:১৮ ত উল্লেখিত “মানবজাতি”

Romans 1:32

ঈশ্বৰৰ ইচ্ছাক তেওঁবিলাকে জানে

তেওঁবিলাকে জানে যে ঈশ্বৰে তেওঁবিলাকক তেওঁৰ ধাৰ্মিকতাৰ পথত পৰিচালিত হোৱাতো বিচাৰে।

এনে ধৰণৰ আচৰণ কৰিব ধৰিলে

“বেয়া কাৰ্য্যসমূহ কৰিল”

মৃত্যুৰ যোগ্য

“তেওঁবিলাকে মৃত্যু লাভ কৰিবৰ যোগ্য”

কিন্তু তেওঁবিলাকে কেৱল কাৰ্য্য কৰে এনে নহয়

এই বাক্যশাৰী এক নতুন ধৰণে অনুবাদ কৰিব পাৰিঃ “যি কি নহওক, তেওঁবিলাকে কেৱল এনে সমূহ কাৰ্য্যকে নকৰে”

Romans 2

Romans 2:1-2

পৌলে মনতে এজন যিহূদী ব্যক্তিৰ কথা ভাবি বিতৰ্ক আৰম্ভ কৰিছে

এইবাবে তোমালোক সাৰিব নোৱাৰা

“এইবাবে” এই শব্দটিৰ দ্বাৰাই শাস্ত্ৰাংশটিৰ এটা নতুন অধ্যায়ৰ আৰম্ভ হোৱা বুজাইছে। ইয়ে ১:১

৩২ পদৰ সামৰণিও বাক্য হিচাপেও কাৰ্য্য কৰিছে। আন এক অনুবাদঃ “যিহেতু পাপ কৰি থকা সকলক ঈশ্বৰে শাস্তি বিহিব, তেওঁ তোমাৰ পাপও ক্ষমা নকৰিব।”

তুমি

ইয়াত “তুমি” শব্দটিয়ে একবচন বুজাইছে। পৌলে কোনো এজন সঁচা ব্যক্তিৰ লগত কথা হৈ থকা নাই। তেওঁ তাত এজন যিহূদী লোক উপস্থিত আছে বুলি ধাৰণা কৰি তেওঁৰে সৈতে তৰ্ক কৰি আছে। এনে কৰাৰ দ্বাৰাই পৌলে তেওঁৰ দৰ্শক সকলক শিকাব বিচাৰিছে যে পাপ কৰি থকা সকলোকে ঈশ্বৰে শাস্তি বিহিব, সেয়া যিহূদীয়ে হওঁক বা পৰজাতিয়ে হওঁক।(চাওঁকঃ Apostrophe)

হে লোকৰ সোধ

বিচাৰ কৰা মানুহ

ইয়াত “মানুহ” বোলা শব্দটি ব্যৱহাৰ কৰাৰ দ্বাৰাই সেই ব্যক্তিজনক গালি বা সাৱধান কৰিব বিচৰা হৈছে যি জনে নিজকে ঈশ্বৰৰ দৰে আনৰ বিচাৰ কৰিব পাৰে বুলি গণ্য কৰে। এই বাক্যশাৰী এটি নতুন বাক্য হিচাপে অনুবাদ কৰিব পাৰিঃ “তুমি কেৱল এটি সাধাৰণ মানুহ, তথাপি তুমি আনৰ বিচাৰ লোৱা আৰু কোৱা যে তেওঁবিলাক ঈশ্বৰৰ পৰা শাস্তি পোৱাৰ যোগ্য।”

কিয়নো যি কথাত তুমি লোকৰ সোধ

বিচাৰ কৰিছা, সেই কথাত নিজকেহে দোষী কৰিছা

এই বাক্যশাৰী নতুন কৈ অনুবাদ কৰিব পাৰিঃ “কিন্তু তুমি নিজৰহে সোধ

বিচাৰ কৰিছা, কিয়নো তুমি নিজেও সেই সকলৰ দৰে বেয়া কাৰ্য্যসমূহ কৰা।”

কিন্তু আমি জানো

ইয়াৰ দ্বাৰাই খ্ৰীষ্টীয়ান আৰু অখ্ৰীষ্টীয় যিহূদী সকলক বুজোৱা হৈছে যেন অনুমান হয়।(চাওঁকঃ Inclusive)

এনেকুৱা আচৰণ কৰাবিলাকৰ বিৰুদ্ধে ঈশ্বৰৰ দণ্ডাজ্ঞা যে সত্যৰ দৰে হয়

“ঈশ্বৰে সেই সকল লোকক সত্যতাৰে আৰু উচিত ভাৱে দণ্ড দিব”(চাওঁকঃ Personification)

এনেকুৱা আচৰণ কৰা বিলাকক

“যি সকলে লোকে বেয়া কৰ্ম কৰে”

Romans 2:3-4

পৌলে মনতে ভাবি লোৱা যিহূদী ব্যক্তি জনৰ সৈতে হোৱা বিতৰ্কক আগবঢ়াই লৈ যায়, যাক তেওঁ শাস্ত্ৰীয় বক্তৃতাৰে বাদ

বিবাদ কৰি যায়।

কিন্তু

“তেনেহলে”(UDB)

ইয়াক বিবেচনা কৰা

“মই তোমাক কি কবলৈ গৈ আছো সেই বিষয়ে চিন্তা কৰি চোৱা”

ব্যক্তি

মানুহক বুজাবৰ বাবে সাধাৰণ ভাবে এই শব্দটি ব্যৱহাৰ কৰা হৈছে। আন এক অনুবাদঃ“তুমি যেয়েই নোহোৱা কিয়।”

এনেকুৱা আচৰণ কৰাবিলাকৰ সোধ

বিচাৰ কৰোঁতা, তুমি নিজে একে কৰ্ম্ম কৰা

“যি জনে কয় সেই জন ঈশ্বৰৰ পৰা শাস্তি পোৱাৰ যোগ্য, কিন্তু তুমি সেই একে বেয়া কৰ্মকে কৰা”

ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পৰা সাৰিম বুলি তুমি ভাবিছা নে?

আন এক অনুবাদঃ “তুমি ঈশ্বৰৰ শাস্তিৰ পৰা কেতিয়াও সাৰি যাব নোৱাৰিবা!”(চাওঁকঃ Rhetorical Question)

নাইবা, তুমি তেওঁৰ অনুগ্ৰহ,ধৈৰ্য্য, আৰু চিৰসহিঞ্চুতাৰূপ ধন হেয়জ্ঞান কৰিছা নে

আন এক অনুবাদঃ “মহান ঈশ্বৰে কোনো লোকক শাস্তি দিয়াৰ আগেয়ে ধৈৰ্য্য সহকাৰে বহু পৰ অপেক্ষা কৰা বিষয়টো তোমালোকৰ বাবে যেন মূল্যহীন এনে ভাৱ দেখুৱাইছা।”

তেওঁৰ মহিমা... আৰু ধৈৰ্য্যৰ বিষয়ক হেয়জ্ঞান কৰিছা

“তেওঁৰ মহিমা...ধৈৰ্য্য গুৰুত্বহীন” বা “উত্তম বুলি গণ্য নকৰা”

তেওঁৰ সেই উত্তমতাই যে তোমালোকক মনপালটাবলৈ উদগাব তাক তোমালোকে নাজানা

এই বাক্যশাৰী এক নতুন ধৰণে অনুবাদ কৰিব পাৰিঃ “তোমালোকে জনা উচিত যে ঈশ্বৰে তোমালোকক তেওঁৰ উত্তমতা দেখুৱাইছে যাতে তোমালোকে মনপালটন কৰা।”

Romans 2:5-7

পৌলে মনতে ভাবি লোৱা সেই যিহূদী ব্যক্তি জনৰ সৈতে বাদ

বিবাদ কৰি যায়।

কিন্তু তোমালোকৰ কঠিনতা আৰু খেদহীন হৃদয়ৰ দৰে

পৌলে শিলৰ দৰে কঠিনতাৰ দ্বাৰাই কোনো এজন ব্যক্তিয়ে ঈশ্বৰক নুশুনা আৰু নমনা অৱস্থাৰ কথা কৈছে। হৃদয়, ইয়াৰ দ্বাৰাই গোটেই মানুহ জনকে বুজোৱা হৈছে। আন এক অনুবাদঃ “এইয়া কিয়নো তোমালোকে শুনিবলৈ আৰু মনপালটন কৰিবলৈ নিবিচাৰা।”(চাওঁকঃ Metaphor, Metonymy)

নিজলৈ ক্ৰোধ সাঁচিছা

“সাঁচিছা”এই বাক্যষাৰ সাধাৰণতে কোনো এজন ব্যক্তিয়ে নিজলৈ ধন গোটাই কোনো নিৰাপদ ঠাইত সাঁচি ৰখা কথাটো বুজাই। পৌলে বুজাব বিচাৰিছে যে সেই ব্যক্তিজনে ধন সঁচাতকৈ নিজলৈ ঈশ্বৰৰ ক্ৰোধহে সাঁচিছে। তেওঁবিলাকে মনপালটাবলৈ যিমান পলম কৰিব সিমানেই তেওঁবিলাকৰ শাস্তি বৃদ্ধি পাব। আন এক অনুবাদঃ “তোমালোকে তোমালোকৰ শাস্তিক আৰু অধিক কঠোৰ কৰি তুলিছা।”

ঈশ্বৰৰ ন্যায়বিচাৰ প্ৰকাশ আৰু ক্ৰোধৰ দিনলৈকে

এই দুয়োটাই একেটা দিনৰ কথাকে কৈছে। আন এক অনুবাদঃ “যেতিয়া ঈশ্বৰে সকলোকে তেওঁ যে ক্ৰোধিত আৰু তেওঁ পক্ষপাত নকৰাকৈ সকলোৰে বিচাৰ কৰিব তাক দেখুৱাব”(চাওঁক UDB)

প্ৰতিফল

“উচিত উপহাৰ বা শাস্তি”

প্ৰতিজনক নিজ নিজ কৰ্মৰ দৰে

“প্ৰতি জনে যেনে ধৰণৰ কৰ্ম কৰিছে”

যি বিলাকে সৎকৰ্ম্মত ধৈৰ্য্য ধৰি, মহিমা, মৰ্য্যাদা, আৰু অক্ষয়তা বিচাৰে, তেওঁবিলাকক অনন্ত জীৱন দিব

“তেওঁ সেই সকলক অনন্ত জীৱন দিব যি সকলে মহিমা, মৰ্য্যাদা আৰু অক্ষয়তাক বিচাৰি অহৰহ ভাল কাৰ্য্য কৰি আছে।”

বিচাৰে

ইয়াৰ অৰ্থ বিচাৰৰ দিনা তেওঁবিলাকে ঈশ্বৰৰ পৰা এক যোগাত্মক সঁহাৰি লাভ কৰিব।

মহিমা, মৰ্য্যাদা আৰু অক্ষয়তা

তেওঁবিলাকক ঈশ্বৰে মহিমা, মৰ্য্যাদা আৰু অনন্ত জীৱন দিয়াটো বিচাৰে।

অক্ষয়তা

এইয়া শাৰীৰক বুজোৱা হৈছে, মানসিক ক্ষয়ক বুজোৱা হোৱা নাই।

Romans 2:8-9

পৌলে মনতে ভাবি লোৱা সেই যিহূদী ব্যক্তি জনৰ সৈতে বাদ

বিবাদ কৰি যায়।

নিজলৈ

“স্বাৰ্থপৰতা” বা “তেওঁবিলাকক যি বিলাক বিষয়ে আনন্দ বা সন্তোষ্টি দিয়ে তেনে বিষয় বিলাক বিচৰা”

ক্ৰোধ আৰু কোপ আহিব

ঈশ্বৰৰ অসন্তোষ্টি প্ৰকাশ কৰিবৰ বাবে একেটা অৰ্থতে দুটা বেলেগ বেলেগ শব্দৰ ব্যৱহাৰ কৰাৰ দ্বাৰাই বিষয়টিৰ গুৰুত্বতা প্ৰকাশ কৰিব বিচৰা হৈছে। আন এক অনুবাদ “ঈশ্বৰে তেওঁৰ অদ্ভূত খং দেখুৱাব।”(চাওঁকঃ Doublet)

ক্লেশ আৰু সঙ্কট ঘটিব

ঈশ্বৰৰ শাস্তিৰ গভীৰতাক বুজাবৰ বাবে এই অৰ্থত দুটা বেলেগ বেলেগ শব্দৰ ব্যৱহাৰ কৰা হৈছ। ইয়াক নতুনকৈ অনুবাদ কৰিব পাৰিঃ “পাছে অতি যাতনা দায়ক শাস্তি পৰিব।”

সকলো মানুহৰ প্ৰাণলৈ

ইয়াত পৌলে ব্যৱহাৰ কৰা “প্ৰাণ” শব্দটিৰ দ্বাৰাই সম্পূৰ্ণ ব্যক্তি জনক বুজাইছে। আন এক অনুবাদ “প্ৰতি জন ব্যক্তিৰ ওপৰত।”(চাওঁকঃ Synecdoche)

অধাৰ্ম্মিকতা মনাবিলাকলৈ

“একেৰাহে বেয়া কাৰ্য্য কৰি যোৱা”

প্ৰথমে যিহূদী, পাছে গ্ৰীক লোকলৈ

নতুন কৈ আন এক অনুবাদ হৈছেঃ “ঈশ্বৰে প্ৰথমে যিহূদী সকলৰ বিচাৰ কৰিব, আৰু তাৰ পিছত সেই সকল লোকক যি সকল যিহূদী নহয়।”

প্ৰথমে

শুভবাৰ্তা গ্ৰীক সকলৰ পূৰ্ব্বে যিহূদী সকলৰ আগত ঘোষণা কৰা হৈছিল, সেয়ে অনুমানিক অৰ্থ এনে হব পাৰে ১)সময়ৰ হিচাপে প্ৰথম, কিন্তু ইয়াৰ অৰ্থ এনেও হব পাৰে ২) “অতি নিশ্চিত ভাৱে”(চাওঁকঃ UDB)বা “অতি গুৰুত্বপূৰ্ণ ভাবে।”

Romans 2:10-12

পৌলে মনতে ভাবি লোৱা সেই যিহূদী ব্যক্তি জনৰ সৈতে বাদ

বিবাদ কৰি যায়।

পাছে গৌৰৱ মৰ্য্যাদা আৰু শান্তি

“পাছে ঈশ্বৰে গৌৰৱ, মৰ্য্যাদা আৰু শান্তি প্ৰদান কৰিব”

সৎকৰ্ম্ম সাধন

“যি উত্তম তাক কৰি যোৱা”

প্ৰথমে যিহূদী, আৰু গ্ৰীক সকললৈয়ো

ইয়াক নতুন কৈ অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে প্ৰথমে যিহূদী লোক সকলক পুৰষ্কৃত কৰিব, আৰু তাৰ পিছত সেই সকলক যি সকল যিহূদী নহয়।”

প্ৰথমে

২:৯ পদত অনুবাদ কৰাৰ দৰে ইয়াক অনুবাদ কৰক।

ঈশ্বৰত পক্ষপাতিতা নাই

“ঈশ্বৰে কোনো এটা গোটক বাদ দি নিদিষ্ট এটা গোটলৈ দয়া দৃষ্টি নেদেখায়।” আন এক অনুবাদঃ “কিয়নো ঈশ্বৰে সকলো লোককে সমদৃষ্টিৰে চাই।”(চাওঁকঃ Litotes)

কাৰণ যিমান লোকে পাপ কৰিলে

এই বাক্যশাৰী এক নতুন ধৰণে অনুবাদ কৰিব পাৰিঃ “পাছে যি সকলে পাপ কৰিলে”

যি বিলাকে বিনাবিধানে পাপ কৰিলে, বিনাবিধানে তেওঁবিলাকৰ বিনাশ হব

পৌলে পুনৰায় কয় “বিনাবিধানে” ইয়াৰ দ্বাৰাই এই কথা কব বিচাৰা হৈছে যে তেওঁবিলাকে মোচিৰ বিধান নাজানিলেও কোনো কথা নাই। তেওঁবিলাকে যদি পাপ কৰে, ঈশ্বৰে তেওঁবিলাকৰ বিচাৰ কৰিব। আন এক অনুবাদঃ “মোচিৰ বিধান নজনাকৈও নিশ্চিত ভাবে আত্মিক মৃত্যু হব।”

যিমান লোকে পাপ কৰিলে

এই বাক্যষাৰ নতুনকৈ অনুবাদ কৰিব পাৰিঃ “আৰু যি সকলে পাপ কৰিলে”

বিধান থাকিও পাপ কৰিলে, বিধানৰ দৰেই তেওঁবিলাকৰ সোধ

বিচাৰ হব

“আৰু মোচিৰ বিধান জনা, সকলক ঈশ্বৰে মোচিৰ বিধান অনুসৰি বিচাৰ কৰিব।”

Romans 2:13-14

পৌলে মনতে ভাবি লোৱা সেই যিহূদী ব্যক্তি জনৰ সৈতে বাদ

বিবাদ কৰি যায়।

কিয়নো

“কাৰণ।”যদি আপোনাৰ ভাষাত ১৪ আৰু ১৫ পদটি চিহ্নিত কৰাৰ কি উপায় আছে যে এই পদ দুটিয়ে পৌলৰ যি মূল চিন্তাধাৰা তাক তেওঁক শুনোতা সকলক অতিৰিক্ত সংবাদ দিয়াৰ ক্ষেত্ৰত ব্যঘাট জন্মাইছে, তেনেহলে তাক ইয়াত ব্যৱহাৰ কৰক। আপুনি হয়তো ২:১৪

১৫ পদকেইটি ২:১৩ আগত বা ২:১৬ পিছত লিখিব লাগীয়া হব।

বিধান শুনা বিলাকক নহয়

“কেৱল মোচিৰ বিধান শুনা সকলে নহয়”

ঈশ্বৰৰ আগত ধাৰ্ম্মিক বুলি গণিত হোৱা

“যি ঈশ্বৰৰ দৃষ্টিত সন্তোষ জনক”

কিন্তু বিধান পালন কৰা বিলাকৰ

“পাছে যি সকলে মোচিৰ বিধান পালন কৰে”

বুলি গণিত হব

ইয়াক প্ৰত্যক্ষ উক্তি হিচাপে অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে তাক গ্ৰহণ কৰিব”(চাওঁকঃ Active or Passive)

বিধান তেওঁবিলাকেই হয়

“ঈশ্বৰৰ বিধান ইতিমধ্যেই তেওঁলোকৰ ভিতৰত আছে”

Romans 2:15-16

পৌলে মনতে ভাবি লোৱা সেই যিহূদী ব্যক্তি জনৰ সৈতে বাদ

বিবাদ কৰি যায়।

ইয়াৰ দ্বাৰাই তেওঁবিলাকে দেখুৱাই – “তেওঁবিলাকে সেই বিধান স্বতস্ফূত ভাবে পালন কৰাৰ দ্বাৰাই তাক দেখুৱাই”

বিধানৰ কৰ্ম্ম তেওঁবিলাকৰ নিজ নিজ হৃদয়ত লিখা আছে

আন এক অনুবাদঃ “বিধানে তেওঁবিলাকৰ পৰা কি বিচাৰে তাক ঈশ্বৰে তেওঁবিলাকৰ হৃদয়ত লিখি ৰাখিছে” বা “বিধানৰ আজ্ঞা সমূহ তেওঁবিলাকে নিশ্চিত ভাবে জানে।”(চাওঁকঃ Idiom)

বিধানে যি বিচাৰে

এই বাক্যশাৰীত প্ৰত্যক্ষ ক্ৰিয়া যোগ দি অনুবাদ কৰিব পাৰিঃ “বিধানে বিচাৰে” বা “ঈশ্বৰে বিধানৰ দ্বাৰাই যি দাবী কৰে।”

তেওঁবিলাকত সাক্ষ্য বহন কৰে, আৰু তেওঁবিলাকৰ চিন্তাত অৰ্থাৎ অপবাদ বা দোষ এৰাবলৈ বিচৰা কাৰ্য্যৰ দ্বাৰাই

“তেওঁবিলাকে ঈশ্বৰৰ বিধান পালন কৰিছে নে অৱজ্ঞা কৰিছে তাক তেওঁবিলাকক কব”

যি দিনা ঈশ্বৰে তেওঁবিলাকৰ বিচাৰ লব

ইয়াৰ লগে লগে পৌলে ২:১৩ পদৰ পৰা আৰম্ভ কৰা তেওঁৰ চিন্তাৰ সমাপ্তি ঘটে। এই বাক্যশাৰী নতুন কৈ অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে যেতিয়া বিচাৰ লব তেতিয়া এইয়া ঘটিব।”

Romans 2:17-20

পৌলে মনতে ভাবি লোৱা সেই যিহূদী ব্যক্তি জনৰ সৈতে বাদ

বিবাদ কৰি যায়।

তুমি যদি নিজকে যিহূদী বুলি কৈছা

ইয়াৰে পৰা পত্ৰ খনিৰ এক নতুন অধ্যায়ৰ আৰম্ভ হয়। ইয়াত উল্লেখিত “যদি” শব্দটিৰ দ্বাৰাই পৌলৰ কিবা সন্দেহ বা নিশ্চিত নোহোৱা কথাতো বুজোৱা হোৱা নাই। তেওঁৰ ইয়াৰ দ্বাৰাই এই উক্তিটো সত্য বুলিহে প্ৰমাণ দিব বিচাৰিছে। আন এক অনুবাদঃ “এতিয়া তুমি নিজকে এজন যিহূদী জাতিৰ লোক হিচাপে গণ্য কৰা”

বিধানত নিৰ্ভৰ কৰি, ঈশ্বৰত গৌৰৱৰে আনন্দ কৰা

“আৰু তুমি মোচিৰ বিধানত ভাৰসা কৰা আৰু ঈশ্বৰৰ কাৰণে গৌৰৱেৰে আনন্দ কৰা।”

তেওঁৰ ইচ্ছা জানা

এই বাক্যষাৰ নতুন বাক্য হিচাপে অনুবাদ কৰিব পাৰিঃ “আৰু তুমি ঈশ্বৰৰ ইচ্ছা জানা”

বিধানৰ পৰা শিক্ষা পোৱাত

এই বাক্যশাৰীত প্ৰত্যক্ষ ক্ৰিয়া ব্যৱহাৰ কৰাৰ দ্বাৰাই নতুনকৈ অনুবাদ কৰিব পাৰিঃ “কিয়নো মোচিৰ বিধানে কি কয় তাক তোমালোকে বুজি পোৱা।”

যদি তুমি আত্মবিশ্বাসী...আৰু সত্যত

যদি আপোনাৰ ভাষাত ২:১৯

2০ পদটোৱে পৌলৰ ২১ পদৰ মূল চিন্তাধাৰাক ব্যঘাত জন্মাইছে বুলি চিহ্নিত কৰাৰ কিবা উপায় আছে, তেনে হলে তাক ইয়াত ব্যৱহাৰ কৰক। আপুনি হয়তো ২:১৯

২০ পদটো ২:১৭ পদৰ আগতে লিখিব লগা হব।

তুমি নিজকে গুৰু মানিছা

“তুমি নিশ্চিত হয়”

নিজকে অন্ধবিলাকৰ পথদৰ্শক, আন্ধাৰত থকাবিলাকলৈ পোহৰ

এই দুয়োটাই বাক্যই একে অৰ্থকে প্ৰকাশ কৰিছে। পৌলে যিহূদী ব্যক্তি এজনে কোনো এজন লোকক বিধান শিকোৱা কাৰ্য্যক অন্ধক সহায় কৰাৰ লগত তুলনা কৰিছে। আন এক অনুবাদঃ “তুমি এজন আন্ধৰ পথ পদৰ্শকৰ দৰে, আৰু আন্ধাৰত হেৰাই থকা এজনৰ পোহৰ স্বৰূপ।”(চাওঁকঃ Doublet, Metaphor)

অজ্ঞানক জ্ঞান দিওঁতা

এই বাক্যষাৰ এক নতুন ধৰণে অনুবাদ কৰিব পাৰিঃ “ভুল কৰা বিলাক তুমি শুধৰোৱা।”

শিশুবিলাকৰ গুৰু

ইয়াত পৌলে বিধানৰ বিষয়ে একো নজনা সকলক শিশুৰ লগত তুলনা কৰিছে। আন এক অনুবাদঃ “আৰু যি সকলে বিধান নাজানে তুমি তেওঁবিলাকক শিকোৱা।”

আৰু বিধানত জ্ঞানৰ আৰু সত্যৰ আকাৰ পোৱাত

“কিয়নো তোমালোক নিশ্চিত যে বিধানত লিখা সত্যক তোমালোকে বুজি পোৱা”

Romans 2:21-22

পৌলে মনতে ভাবি লোৱা যিহূদী ব্যক্তি জনৰ সৈতে হোৱা বিতৰ্কক আগবঢ়াই লৈ যায়, যাক তেওঁ শাস্ত্ৰীয় বক্তৃতাৰে বাদ

বিবাদ কৰি যায়।

তেন্তে হে লোকবিলাকক শিকাওঁতা, তুমি নিজকে শিক্ষা নিদিয়া নে?

পৌলে তেওঁৰ শুনোতা জনাক প্ৰশ্নৰ দ্বাৰাই সমালোচনা কৰিছে। এই বাক্যশাৰী নতুনকৈ অনুবাদ কৰিব পাৰিঃ “আনক শিকাওঁতা যি তুমি, তুমি নিজে নিশিকা!”(চাওঁকঃ Rhetorical Question)

হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, তুমি চুৰ কৰা নে?

পৌলে প্ৰশ্ন সোধাৰ দ্বাৰাই তেওঁক শুনোতা জনাক সমালোচনা কৰিছে। এই বাক্যশাৰী নতুন কৈ অনুবাদ কৰিব পাৰিঃ “তোমালোকে মানুহক চুৰ নকৰিবলৈ কোৱা, পাছে তোমালোকে নিজে চুৰ কৰা!”

হে ব্যভিচাৰ নকৰিবলৈ কোৱা জন, তুমি ব্যভিচাৰ কৰা নে?

পৌলে এটা প্ৰশ্ন সোধাৰ দ্বাৰাই তেওঁক শুনোতা জনক সমালোচনা কৰিছে। এই বাক্যশাৰী নতুন কৈ অনুবাদ কৰিব পাৰিঃ “তোমালোকে লোকবিলাকক ব্যভিচাৰ নকৰিবলৈ কোৱা, পাছে তোমালোকে নিজে ব্যভিচাৰ কৰা!”

হে দেৱমূৰ্ত্তিবোৰক ঘিণ কৰা জন, তুমি দেৱালয় লুট কৰা নে?

পৌলে এটা প্ৰশ্ন সোধাৰ দ্বাৰাই তেওঁক শুনোতা জনক সমালোচনা কৰিছে। এই বাক্যশাৰী নতুন কৈ অনুবাদ কৰিব পাৰিঃ “তুমি কোৱা তুমি দেৱমূৰ্ত্তি ঘিণ কৰা, পাছে তুমি দেৱালয় লুট কৰা!”

দেৱালয় লুট কৰা

অনুমানিক অৰ্থ এনে ধৰণৰ হব পাৰেঃ ১)“তেওঁবিলাকৰ স্থানীয় মন্দিৰ সমূহৰ পৰা বস্তু চুৰ কৰি বিক্ৰী কৰাৰ দ্বাৰাই নিজলৈ লাভ উপাৰ্জন কৰে” বা ২) “ঈশ্বৰক দিবৰ উদ্দেশ্যে যিৰূচালেম মন্দিৰলৈ যি পৰিমানৰ ধন পঠিয়াব লাগে তাক নপঠিয়াই” বা ৩) “স্থানীয় দেৱতাসমূহক ঠাট্টা কৰা।”

Romans 2:23-24

পৌলে মনতে ভাবি লোৱা যিহূদী ব্যক্তি জনৰ সৈতে হোৱা বিতৰ্কক আগবঢ়াই লৈ যায়, যাৰ লগত তেওঁ শাস্ত্ৰীয় বক্তৃতাৰে বাদ

বিবাদ কৰি যায়।

হে বিধানত গৌৰৱ কৰা জন, তুমি বিধান উল্ঘঙ্ঘন কৰি ঈশ্বৰৰ অমৰ্য্যাদা কৰা নে?

পৌলে তেওঁক শুনোতা জনক সমালোচনা কৰিবৰ বাবে এটা প্ৰশ্ন কৰিছে। “এইটো দুষ্টামি যে তুমি বিধানত গৌৰৱ কৰোঁ বুলি দাবী কৰা, অথচ সেই বিধানকে অমান্য কৰি ঈশ্বৰক অপমানিত কৰিছা।”(চাওঁকঃ Rhetorical Question)

পৰজাতি লোকসমূহৰ মাজত ঈশ্বৰৰ নাম অপমানিত কৰিছা

“নাম” এই শব্দটোৱে সম্পূৰ্ণ ৰূপে ঈশ্বৰক বুজাইছে। এই বাক্যশাৰীত এটা প্ৰত্যক্ষ ক্ৰিয়া যোগ দি অনুবাদ কৰিব পাৰিঃ“তোমালোকৰ বেয়া ব্যৱহাৰে পৰজাতি লোকসকলৰ মনত ঈশ্বৰৰ প্ৰতি বেয়া ভাৱ জন্মাইছে।”(চাওঁকঃ Metonymy, Active or Passive)

Romans 2:25-27

পৌলে মনতে ভাবি লোৱা যিহূদী ব্যক্তি জনৰ সৈতে হোৱা বিতৰ্কক আগবঢ়াই লৈ যায়, যাৰ লগত তেওঁ শাস্ত্ৰীয় বক্তৃতাৰে বাদ

বিবাদ কৰি যায়।

চুন্নৎ তোমালোকৰ লাভ হয়

“মই তোমালোকক এই বিলাক কৈছো কিয়নো চুন্নৎ হোৱাৰ দ্বাৰাই তোমালোক লাভাম্বিত হৈছা”

তুমি যদি বিধান উল্ঘঙ্ঘনকাৰী হোৱা

“বিধানত উল্লেখিত আজ্ঞা সমূহক তুমি যদি পালন নকৰা”

তোমাৰ চুন্নৎ অচুন্নৎ হল

এই বাক্যশাৰীৰ দ্বাৰাই বিধান পালন নকৰা এজন যিহূদী ব্যক্তিৰ কথা কোৱা হৈছে যি জনে শাৰীৰিক ভাবে চুন্নৎ হৈয়ো চুন্নৎ নোহোৱা যেন হে হৈছেঃ তেওঁ যিহূদী হব পাৰে পাছে তেওঁ দেখাত পৰজাতিৰ দৰে হৈছে। আন এক অনুবাদঃ “এতিয়া তুমি যেন এজন চুন্নৎ নোহোৱা ব্যক্তিৰ দৰে হৈছা।”(চাওঁকঃ Metaphor)

অচুন্নৎ ব্যক্তি

“সেই জন ব্যক্তি যি জনে চুন্নৎ কৰা নাই”

বিধানৰ বিধিবোৰ পালন কৰে

“বিধানে কোৱা বিধি সমূহ মানি চলে”

তাৰ অচুন্নৎ চুন্নৎ বুলি গণিত নহবনে? আৰু স্বাভাৱিক অচুন্নৎ জনে … তোমাৰ সোধ

বিচাৰ নকৰিব নে?

পৌলে এই প্ৰশ্ন সোধাৰ দ্বাৰাই এই কথা প্ৰমান কৰিব বিচাৰিছে যে চুন্নৎ এজন ব্যক্তিক ঈশ্বৰৰ ওচৰত ধাৰ্ম্মিক বুলি প্ৰতিপন্ন কৰাব নোৱাৰে। এই বাক্যশাৰীত এটি প্ৰত্যক্ষ ক্ৰিয়া যোগ দিয়াৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে তেওঁক চুন্নৎ বুলি গণিত কৰিব। যি জন শাৰীৰিক ভাবে চুন্নৎ হোৱা নাই… তোমাৰ বিচাৰ কৰিব”(চাওঁকঃ Rhetorical Question, Active or Passive)

আখৰ আৰু চুন্নৎ পায়ো বিধান উল্ঘঙ্ঘন কৰা যি তুমি

“যিয়ে লিখিত শাস্ত্ৰ পাইছে আৰু চুন্নৎ হৈছে পাছে বিধান পালন নকৰে”

Romans 2:28-29

বাহিৰে

ইয়াৰ দ্বাৰাই মানুহে দেখি পোৱা যিহূদী সকলৰ ৰীতি

নীতি সমূহৰ বিষয়ে কোৱা হৈছে।

বাহিৰা

এজন পৰজাতিৰ শাৰীৰিক প্ৰমান যে সেই ব্যক্তি জন চুন্নৎ হৈছে।

যি জন ভিতৰে যিহূদী তেওঁহে যিহূদী হয়, আৰু হৃদয়েৰে যি চুন্নৎ

ইয়াৰ দ্বাৰাই “ভিতৰৰ পৰা যি যিহূদী” আৰু এই উপমাটো বুজাবৰ বাবে বাখ্যা কৰা হৈছে “হৃদয়েৰে চুন্নৎ হোৱা।”

ভিতৰৰ পৰা

ইয়াৰ দ্বাৰাই এনে এজন ব্যক্তিৰ কথা কোৱা হৈছে যাক ঈশ্বৰৰ পৰিবৰ্তন কৰাৰ দ্বাৰাই তেওঁৰ মূল্যবোধ আৰু চিন্তাধাৰা সলনি হৈছে।

আত্মাত

ইয়াৰ দ্বাৰাই হয়তো ভিতৰৰ, এজন ব্যক্তিৰ আত্মিক দিশটোৰ কথা কোৱা হৈছে, যাৰ বিপৰীত চিনটো হল বিধানৰ “আখৰ”। আৰু হয়তো ইয়াৰ দ্বাৰাই পবিত্ৰ আত্মাক বুজোৱা হৈছে(চাওঁক UDB)

আখৰে নহয়

“আখৰ” হৈছে লিখা বাক্যশীৰ এটা সৰু অংশ। ইয়াত লিখিত শাস্ত্ৰৰ কথা কোৱা হৈছে। আন এক অনুবাদঃ “তুমি শাস্ত্ৰ জানা ইয়াৰ বাবে নহয়, কিন্তু পবিত্ৰ আত্মাৰ কাৰ্য্যৰ বাবেহে।”(চাওঁকঃ Synecdoche)

Romans 3

Romans 3:1-2

পৌলে পুনৰ মনতে ভাবি লোৱা যিহূদী ব্যক্তি জনৰ সৈতে হোৱা বিতৰ্কক আগবঢ়াই লৈ যায়, মানুহৰ মনত উদয় হব পৰা প্ৰশ্ন সমূহৰ উত্তৰ দি যায়।

তেনেহলে যিহূদীৰ কি লাভ? আৰু চুন্নৎৰ বা কি উপকাৰ?

আন এক অনুবাদঃ “তাতে ঈশ্বৰৰ নিয়মত যিহূদী লোকৰ কোনো লাভ নাই, যদিও ঈশ্বৰে তেওঁবিলাকৈ কৰিম বুলি প্ৰতিজ্ঞা কৰিছিলে!” (চাওঁকঃ Rhetorical Question)

এইয়া মহান

“তাত অধিক সুবিধা আছে।”

প্ৰথমে

আন এক অনুবাদঃ “সময় বা তালিকা অনুসৰি প্ৰথম,” বা “অতি নিশ্চিত ভাবে”(চাওঁক UDB) বা “অতি গুৰুত্বপূৰ্ণ ভাবে।”

Romans 3:3-4

পৌলে পুনৰ মনতে ভাবি লোৱা যিহূদী ব্যক্তি জনৰ সৈতে হোৱা বিতৰ্কক আগবঢ়াই লৈ যায়, মানুহৰ মনত উদয় হব পৰা প্ৰশ্ন সমূহৰ উত্তৰ দি যায়।

পাছে কোনো যিহূদীয়ে অবিশ্বাস কৰিলে কি হব? তেওঁবিলাকৰ অবিশ্বাসে ঈশ্বৰৰ বিশ্বাসত বিফল কৰিব নে?

পৌলে এনে ধৰণৰ প্ৰশ্ন অৱতাৰণ কৰাৰ দ্বাৰাই মানুহবিলাকক চিন্তা কৰিবলৈ বাধ্য কৰায়। কিছুমান যিহূদী ঈশ্বৰৰ উদ্দেশ্যে অবিশ্বাসী আছিল, আৰু কিছুমানে ধৰি লৈছিল যে ঈশ্বৰে তেওঁ কৰা প্ৰতিজ্ঞা সম্পূৰ্ণ নকৰে।(চাওঁকঃ Rhetorical Question)

কোনো কাৰণতে

“এইয়া সম্ভৱ নহয়!” বা “কেতিয়াও নহয়!” এনে ভাৱ প্ৰকাশ কৰাৰ দ্বাৰাই এইয়া কেতিয়াও ঘটা নাই তাক কঠোৰ ভাবে অস্বীকাৰ কৰিছে। আপুনি একে ভাৱ প্ৰকাশ কৰিবৰ বাবে আপোনাৰ ভাষাত কোনো উপযুক্ত শব্দ থাকিব পাৰে।

ইয়াৰ সলনি

“ইয়াৰ সলনি আমি এই কথা কব লাগেঃ”

এই দৰে যিহেতু লিখা হল

“মই যি কথা কৈছো সেই একে কথাকে যিহূদী বিলাকৰ শাস্ত্ৰ সন্মত হয়”

Romans 3:5-6

পৌলে পুনৰ মনতে ভাবি লোৱা যিহূদী ব্যক্তি জনৰ সৈতে হোৱা বিতৰ্কক আগবঢ়াই লৈ যায়, মানুহৰ মনত উদয় হব পৰা প্ৰশ্ন সমূহৰ উত্তৰ দি যায়।

কিন্তু আমাৰ অধাৰ্ম্মিকতাই যদি ঈশ্বৰৰ ধাৰ্ম্মিকতাৰ সপ্ৰমাণ কৰে, তেন্তে আমি কি কম?

পৌলে এই বাক্যকেইশাৰী তেওঁ মনতে ভাবি লোৱা সেই যিহূদী ব্যক্তিজনৰ মূখত দিছে। আন এক অনুবাদঃ “যিহেতু আমাৰ অধাৰ্ম্মিকতাই ঈশ্বৰ যে ধাৰ্ম্মিক তাক প্ৰকাশ কৰে, সেয়ে মোৰ এটা প্ৰশ্ন আছেঃ”

ক্ৰোধ

সফলকাৰী ঈশ্বৰ অধাৰ্ম্মিক নে?

আপুনি যদি এই অন্যধৰণৰ অনুবাদটি ব্যৱহাৰ কৰে, তেনে হলে পঢ়ুৱৈ জনে উত্তৰটো “নহয়” পায় এই কথাষাৰ নিশ্চিত কৰিবঃ “মানুহৰ ওপৰত ক্ৰোধ

সফলকাৰী ঈশ্বৰ অধাৰ্ম্মিক নে?”(চাওঁকঃ Rhetorical Question)

মই মানুহৰ দৰে কৈছো

“মই এজন অধাৰ্ম্মিক মানুহে কোৱাৰ দৰে কৈছো।”

ঈশ্বৰে কেনেকৈ জগতৰ সোধ

বিচাৰ কৰিব?

পৌলে এনে ধৰণৰ প্ৰশ্ন উত্থাপন কৰাৰ দ্বাৰাই তেওঁ খ্ৰীষ্টীয় শুভবাৰ্তাক সমালোচনা কৰা সকল যে ভুল তাক দেখুৱাব বিচাৰিছে, যিহেতু সকলো যিহূদীলোকে বিশ্বাস কৰে যে ঈশ্বৰে সকলো লোকৰ বিচাৰ কৰিব পাৰে আৰু কৰিব। “আমি সকলোৱে জানো যে ঈশ্বৰে নিশ্চিত ভাৱে জগতৰ সোধ

বিচাৰ কৰিব!”(চাওঁকঃ Rhetorical Question)

Romans 3:7-8

পৌলে পুনৰ মনতে ভাবি লোৱা যিহূদী ব্যক্তি জনৰ সৈতে হোৱা বিতৰ্কক আগবঢ়াই লৈ যায়, মানুহৰ মনত উদয় হব পৰা প্ৰশ্ন সমূহৰ উত্তৰ দি যায়।

কিন্তু মোৰ মিছাৰ দ্বাৰাই যদি ঈশ্বৰৰ সত্যতা তেওঁৰ গৌৰৱৰ অৰ্থে উপচি পৰে, তেন্তে এতিয়া পাপী বুলি আকৌ মোৰ কিয় সোধ

বিচাৰ কৰা হয়? মই মনতে এনে এজন ব্যক্তিৰ কথা চিন্তা কৰিছো যিয়ে খ্ৰীষ্টৰ শুভবাৰ্তা অস্বীকাৰ কৰি আহিছে, সেই বিপক্ষত থকা জনে কব বিচাৰে যে বিচাৰৰ দিনাখন ঈশ্বৰে তেওঁক পাপী বুলি দোষী নকৰক, উদাহৰণ স্বৰূপে, তেওঁ মিছা মাতিছে।(চাওঁকঃ Rhetorical Question, Synecdoche)

কিয় নকওঁ...? ইয়াত পৌলে নিজৰ বিষয়ে এটা প্ৰশ্ন উত্থাপন কৰিছে, আৰু ইয়াৰ দ্বাৰাই তেওঁ মনতে ভাবি লোৱা সেই বিপক্ষ জনৰ সমালোচনা কেনে অযুক্তিকৰ তাক দেখুৱাইছে। আন এক অনুবাদঃ “মই এই বুলি কব লাগিব যেন পাইছো যে আমি বেয়া কাৰ্য্য কৰোহঁক যাতে তাৰ ফলস্বৰূপে ভাল বিষয় সমূহ ঘটে!”(চাওঁকঃ Hyperbole)

আমি এই কথা কবলৈ ভুলকৈ বাখ্যা কৰিছো

আন এক অনুবাদঃ “কোনো মিছলীয়াই আন লোকবিলাকক কয় যে আমি এই দৰে কৈছো।”

তেওঁবিলাকৰ ওপৰত অহা দণ্ডাজ্ঞা ন্যায়

এইয়া তেতিয়াহে ন্যায়যুক্ত হয় যেতিয়া ঈশ্বৰে পৌলৰ শত্ৰু সমূহক দণ্ডাজ্ঞা দিব, কিয়নো তেওঁবিলাকে পৌলৰ শিক্ষাক মিছা বুলি কৈ আহিছে।

Romans 3:9-10

পৌলে পুনৰ মনতে ভাবি লোৱা যিহূদী ব্যক্তি জনৰ সৈতে হোৱা বিতৰ্কক আগবঢ়াই লৈ যায়, মানুহৰ মনত উদয় হব পৰা প্ৰশ্ন সমূহৰ উত্তৰ দি যায়।

তেন্তে কি? আমি আনতকৈ উত্তম নে?

অনুমানিক অৰ্থ কেইটাঃ ১) “খ্ৰীষ্টিয় বিশ্বাসী হিচাপে আমি কৰা বেয়া কাৰ্য্য সমূহ গুপুত কৰি ৰাখিব বিচৰা নাই!” বা ২) যিহূদী হিচাপে আমি এই কথা ধৰি লব নালাগে যে আমি ঈশ্বৰৰ দণ্ডাজ্ঞাৰ পৰা ৰক্ষা পাম, কিয়নো আমি যিহূদী! (UDB)(চাওঁকঃ Rhetorical Question)

কোনোৰকমেই নহওঁ

এই বাক্যষাৰে “নহয়” তকৈ অধিক শক্তিশালীকৈ ভাৱ প্ৰকাশ কৰিছে তথাপি “কেতিয়াও হব নোৱাৰে” এই বাক্যশাৰীতকৈ অধিক শক্তিশালীকৈ ভাৱ প্ৰকাশ কৰা নাই।

Romans 3:11-12

যি কোনোৱে তাক বুজি নাপায়

“কোনোৱে প্ৰকৃততে ঈশ্বৰৰ সত্যক বুজি নাপায়”

ঈশ্বৰক বিচৰা কোনো নাই

“এনে কোনো নাই যিয়ে প্ৰকৃততে ঈশ্বৰৰ সৈতে শুদ্ধ সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰে”

অপথে গল

“ঈশ্বৰক আৰু তেওঁবিলাকৰ বাবে তেওঁৰ সেই পবিত্ৰ ইচ্ছাক অস্বীকাৰ কৰিলে”(চাওঁকঃ Explicit and Implicit)

একেবাৰে অকৰ্ম্মণ্য হল

“ঈশ্বৰৰ দৃষ্টিত তেওঁবিলাক অকৰ্ম্মণ্য হল”

Romans 3:13-14

সিহঁতৰ...সিহঁত

“যিহূদী” আৰু “গ্ৰীক” ৩:৯

সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা

পৌলে এটা উপমা ব্যৱহাৰ কৰাৰ দ্বাৰাই এই কথা কব বিচাৰিছে যে মানুহবিলাকে কোৱা প্ৰতিটো কথাই অধাৰ্ম্মিক আৰু বিৰক্তিজনক(চাওঁকঃ Synecdoche, Metaphor)

সিহঁতৰ জিবাৰে সিহঁতে প্ৰবঞ্চনা কৰে

“মানুহবিলাকে মিছা মাতে” (চাওঁকঃ Synecdoche)

সিহঁতৰ মূখো শাও আৰু কটুবাক্যেৰে পৰিপূৰ্ণ

“তেওঁবিলাকে যি যি কথা কয় সেয়ে অনিষ্টকৰ আৰু ইয়াক মানুহক দূখ দিবৰ বাবেই কোৱা হয়”(চাওঁকঃ Hyperbole, Synecdoche)

Romans 3:15-18

সিহঁতৰ...সিহঁতৰ...সিহঁতে...সিহঁতৰ

“যিহূদী” আৰু “গ্ৰীক” ৩:৯ ত উল্লেখিত

সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী

“তেওঁবিলাকে আনৰ আঘাত কৰিবলৈ আৰু বধ কৰিবলৈ সদায়ে উদ্যত”(চাওঁকঃ Synecdoche)

সিহঁতৰ সকলো পথত বিনাশ আৰু দূৰ্দ্দশা হয়

“যি সকলে এনে ধৰণৰ জীৱন যাপন কৰে তেওঁবিলাকে জানি শুনি আনৰ অপকাৰ আৰু দূৰ্দ্দশা কৰিবলৈ চেষ্টা কৰে”(চাওঁকঃ Metonymy)

শান্তিৰ পথ

“পথ” হৈছে “বাট” বা “ৰাস্তা।” আন এক অনুবাদঃ “আনৰ সৈতে কেনেকৈ শান্তিৰে বসবাস কৰিব লাগে”(চাওঁকঃ Metaphor)

সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই

“ঈশ্বৰে যেনে ধৰণৰ স্থান পাব লাগে তাক দিবৰ বাবে কোনোৱে ইচ্ছূক নহয়”(চাওঁকঃ Synecdoche)

Romans 3:19-20

বিধানে যি যি কয়, সেয়ে

“বিধানে যি কয় মানুহ বিলাকে তাক কৰিব লাগে কিয়নো” বা “মোচিৰ বিধানত লিখা আটাই আজ্ঞা সমূহ”(চাওঁকঃ Personification)

সকলোৰে মুখ বন্ধ হবলৈ

“যাতে নিজকে বচাবলৈ কোনো ধৰণৰ সুৰুঙা কোনো লোকে নাপাব”(চাওঁকঃ Synecdoche) আন এক অনুবাদ প্ৰত্যক্ষ উক্তি সংযোগ কৰাৰ দ্বাৰাইঃ “আৰু এই দৰে মানুহ বিলাকে নিজকে নিজে নিস্পাপী বুলি কবলৈ ঈশ্বৰে বাট নিদিয়ে।”

কাৰণ

ইয়াৰ অনুমানিক অৰ্থ ১) “গতিকে” বা ২)“ইয়াৰ কাৰণ হৈছে” বা ৩) “তাৰ সলনি”

বিধাণৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে

“যেতিয়া কোনো এজনে ঈশ্বৰৰ বিধান জানে, তেতিয়া তেওঁ উপলব্ধি কৰে যে তেওঁ ধাৰ্ম্মিক নহয় কিন্তু ঈশ্বৰৰ আগত পাপীহে”

Romans 3:21-22

কিন্তু – পৌলে তেওঁৰ আৰম্ভণিতে কব লগা কথা শেষ কৰিলে আৰু এতিয়া তেওঁ নিজৰ মূল বিষয়টিলৈ আহিছে।

এতিয়া

“এতিয়া” শব্দটিয়ে যীচু খ্ৰীষ্ট পৃথিবীলৈ অহাৰ সময় খিনিৰ কথা কৈছে।

ঈশ্বৰৰ এনে ধাৰ্ম্মিকতা বিনাবিধানে প্ৰকাশিত হৈছে

এই বাক্যশাৰীত এটা প্ৰত্যক্ষ ক্ৰিয়া যোগ কৰাৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “বিধান পালন নকৰাকৈ ধাৰ্ম্মিক বুলি গণিত হব পৰা এটা পথ ঈশ্বৰে জানিবলৈ দিছে।”(চাওঁকঃ Active or Passive)

বিনাবিধানে

ইয়াৰ দ্বাৰাই “ধাৰ্ম্মিকতাক” বুজোৱা হৈছে, “প্ৰকাশিত হৈছে” এই কথাটো বুজোৱা হোৱা নাই।বিধান আৰু ভাৱবাদীসকলে সাক্ষ্য দিলে

“বিধান আৰু ভাববাদী” এই শব্দটিয়ে মোচি আৰু ভাববাদী সকলৰ দ্বাৰাই লিখা যিহূদী সকলৰ শাস্ত্ৰ হিচাপে প্ৰখ্যাত হয়, যাক ইয়াত মানুহবিলাকে সভাত সাক্ষ্য দিছে বুলি কোৱা হৈছে। প্ৰত্যক্ষ ক্ৰিয়া যোগ দিয়াৰ দ্বাৰাই এই দৰে অনুবাদ কৰিব পাৰিঃ “তাতে মোচি আৰু ভাববাদী সকলে যি লিখিলে তাক ইয়ে নিশ্চিত কৰিছে।”(চাওঁকঃ Metonymy and Personification)

ঈশ্বৰৰ সেই ধাৰ্ম্মিকতা যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই

এই বাক্যশাৰী নতুনকৈ অনুবাদ কৰিব পাৰিঃ “মই সেই ধাৰ্ম্মিকতাৰ কথা কৈ আছো যাক আমি যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ঈশ্বৰে আমালৈ দান কৰে।”

কিয়নো একো প্ৰভেদ নাই

“কাৰণ ঈশ্বৰে যিহূদী সকলক যি দৃষ্টিৰে চাই পৰজাতি সকলকো সেই একে দৃষ্টিৰে চাই”(চাওঁকঃ Explicit and Implicit Information)

Romans 3:23-24

কিন্তু খ্ৰীষ্ট যীচুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্ম্মিক বুলি গণিত হয়

এই বাক্যশাৰীত এটা প্ৰত্যক্ষ ক্ৰিয়া যোগ দিয়াৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে তেওঁবিলাকক অনুগ্ৰহৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত কৰিলে কিয়নো খ্ৰীষ্ট যীচুৱে তেওঁবিলাকক মুক্ত কৰিলে”(চাওঁকঃ Active or Passive)

Romans 3:25-26

পাৰ হৈ যোৱা

ইয়াৰ অনুমানিক অৰ্থ ১) গুৰুত্বনিদিয়া বা ২) ক্ষমাকৰা।

এই আশয়েৰে, এই বৰ্ত্তমান কালত নিজ ধাৰ্ম্মিকতা দেখুৱাৰ কাৰণে, নিজ ধাৰ্ম্মিকতাৰ প্ৰমাণৰ অৰ্থে, আৰু যিহেতু যীচুত বিশ্বাস কৰা জনক ধাৰ্ম্মিক বুলি গণিত কৰিব পাৰে

“বৰ্ত্তমান সময়ত তেওঁৰ ধাৰ্ম্মিকতা প্ৰকাশ কৰিবৰ অৰ্থে, তেওঁ ধাৰ্ম্মিক আৰু তেওঁত যি জনে বিশ্বাস কৰে তেওঁক ধাৰ্ম্মিক বুলি গণিত কৰিব পাৰে তাক প্ৰকাশ কৰিবৰ বাবে তেওঁ তেনে কৰিলে।”

Romans 3:27-28

পৌলে শাস্ত্ৰীয় সম্বন্ধীয় প্ৰশ্ন সমূহৰ উত্তৰ দিয়াৰ দ্বাৰাই তেওঁ কোৱা প্ৰতিটো কথা যে সত্য তাক প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে(চাওঁকঃ Rhetorical Question)

কিহৰ ভিত্তিত?

“কি কাৰণে?” বা “আত্ম

শ্লাঘা কিয় দূৰ কৰা হল?” বা “আমি কিয় আত্ম

শ্লাঘা নকৰিম?”

কৰ্ম্মৰে নে? “আমি বিধান পালন কৰাৰ হেতুকে আত্ম

শ্লাঘা দূৰ কৰা হলনে?”

বিশ্বাসৰ ভিত্তিত

“কিয়নো আমি যীচুত বিশ্বাস কৰোঁ”

বিনে

“ইয়াৰ বাহিৰে”

Romans 3:29-30

পৌলে শাস্ত্ৰীয় সম্বন্ধীয় প্ৰশ্ন সমূহৰ উত্তৰ দিয়াৰ দ্বাৰাই তেওঁ কোৱা প্ৰতিটো কথা যে সত্য তাক প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে(চাওঁকঃ Rhetorical Question)

ঈশ্বৰ অকল যিহূদী বিলাকৰ ঈশ্বৰ নে?

“ঈশ্বৰে কেৱল যদি বিধান পালন কৰা সকলহে ধাৰ্ম্মিক বুলি গণিত কৰে, তেনে হলে তেওঁক কেৱল যিহূদী সকলৰ ঈশ্বৰৰ বুলি অভিষিত নকৰিব নে?”

Romans 3:31

পৌলে শাস্ত্ৰীয় সম্বন্ধীয় প্ৰশ্ন সমূহৰ উত্তৰ দিয়াৰ দ্বাৰাই তেওঁ কোৱা প্ৰতিটো কথা যে সত্য তাক প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে(চাওঁকঃ Rhetorical Question)

তেন্তে আমি বিশ্বাসৰ দ্বাৰাই বিধান লুপ্ত কৰিছোঁ নে? – আন এক অনুবাদঃ “আমাৰ বিশ্বাসৰ বাবে আমি বিধানক অৱজ্ঞা কৰিম নে?”

এনে নহওঁক

“নিশ্চিত ভাবে সেয়ে সত্য নহয়!” বা “কেতিয়াও নহয়!”(UDB)। এই উক্তিটিয়ে সম্ভৱত আটাইতকৈ সজোৰে আগলৈ আহিবলগীয়া প্ৰশ্নটিৰ উত্তৰ নহয় বুলি প্ৰকাশ কৰিছে। আপুনি সেই একে ভাৱ প্ৰকাশ কৰিবৰ বাবে আপোনাৰ ভাষাৰ সম

সাময়িক কোনো শব্দ ব্যৱহাৰ কৰিব পাৰে।(চাওঁকঃ Rhetorical Question)

আমি বিধান থিৰহে কৰিছোঁ

আন এক অনুবাদঃ “আমি বিধান পালন কৰো”

আমি

ইয়াৰ দ্বাৰাই পৌল, আন বিশ্বাসী আৰু পঢ়ুৱৈ সকলক বুজোৱা হৈছে।(চাওঁকঃ Inclusive)

Romans 4

Romans 4:1-3

পৌলে উত্তৰ আশা নকৰা প্ৰশ্ন সমূহৰ উত্তৰ দি যায় আৰু তাৰ দ্বাৰাই তেওঁ কোৱা বিষয় সমূহ সত্য বুলি দাবী কৰিব বিচাৰে।(চাওঁকঃ Rhetorical Question)

তেন্তে শৰীৰৰ সম্বন্ধে হোৱা আমাৰ ওপৰ

পুৰুষ যি আব্ৰাহাম, তেওঁৰ বিষয়ে আমি কি কম?

“শৰীৰৰ সম্বন্ধে হোৱা আমাৰ ওপৰ

পুৰুষ আব্ৰাহামে ইয়াক বিচাৰি পালে।” পৌলে প্ৰশ্ন সোধাৰ দ্বাৰাই তেওঁৰ পঢ়ুৱৈ সকলক আকৰ্ষিত কৰিব বিচাৰিছে আৰু কিবা নতুন বিষয় এটাৰ সম্বন্ধে আলোচনা আৰম্ভ কৰিব বিচাৰিছে।(চাওঁকঃ Rhetorical Question)।

কাৰণ শাস্ত্ৰই কি কৈছে

“কিয়নো আমি শাস্ত্ৰ পঢ়িব পাৰো”(চাওঁকঃ Rhetorical Question আৰু Personification)

তেওঁলৈ ধাৰ্ম্মিকতাৰ অৰ্থে গণিত হ’ল

“আৰু ঈশ্বৰে আব্ৰাহামক এজন ধাৰ্ম্মিক ব্যক্তি বুলি গণিত কৰিলে”(চাওঁকঃ Active or Passive)

Romans 4:4-5

কৰ্ম্মকাৰীৰ বেচ, অনুগ্ৰহ বুলি গণিত নহয়, পাওঁনা বুলিহে গণিত হয়

ইয়াত এনে এটি পৰিবেশ দেখুওৱা হৈছে যত এজন কৰ্ম্মকাৰীয়ে ধন পোৱাৰ আশাত কৰ্ম্ম কৰে। সেই ব্যক্তি জনে তেওঁ পোৱা বেজক বিনামূলীয়া বা “অনুগ্ৰহ” বুলি গণ্য নকৰে।

তেওঁৰ বাবে যি জনে কৰ্ম কৰে… তেওঁৰ বাবে যি জনে কৰ্ম্ম নকৰে

“যি কোনোৰ বাবে যি কৰ্ম্ম কৰে… যি কোনোৰ বাবে যি জনে কৰ্ম্ম নকৰে”

পুনঃক্ষতিপূৰণ দিয়ে

“বেজ” বা “বেতন” বা “কৰ্ম্ম কৰাৰ দ্বাৰাই যি উপাৰ্জন কৰিলে”

যি নিজৰ কৰিলে

“তেওঁৰ কৰ্ম্মকাৰী সকল তেওঁৰ ওচৰত ধৰুৱা”

যি জনে ধাৰ্ম্মিক বুলি গণিত কৰায়

“ঈশ্বৰত, যি জনে ধাৰ্ম্মিক বুলি গণিত কৰায়”

তেওঁৰ বিশ্বাস ধাৰ্ম্মিকতাৰ অৰ্থে গণিত হব

“ঈশ্বৰে সেই ব্যক্তি জনৰ বিশ্বাসক ধাৰ্ম্মিক বুলি গণিত কৰিব” বা “তেওঁৰ বিশ্বাসৰ বাবে ঈশ্বৰে তেওঁক ধাৰ্ম্মিক বুলি গণিত কৰিব”(চাওঁকঃ Active or Passive)

Romans 4:6-8

ঈশ্বৰে কৰ্ম্মৰ বিনে, ধাৰ্ম্মিকতা গণনা কৰা ব্যক্তিজনৰ ওপৰত দায়ূদে আশীৰ্বাদ কৰিছে

আন এক অনুবাদঃ “একে ধৰণে, কৰ্ম্মৰ বিনে ধাৰ্ম্মিক বুলি গণিত হোৱা ব্যক্তি জনক ঈশ্বৰে কি দৰে আশীৰ্বাদ কৰে, সেই বিষয়ে দায়ূদে লিখিছে।”

যিবিলাকৰ অধৰ্ম্মক ক্ষমা কৰা হ’ল…যিবিলাকৰ পাপ ঢকা হ’ল…যি মানুহৰ অৰ্থে প্ৰভুৱে পাপ গণনা নকৰে

আন এক অনুবাদঃ “যাৰ পাপ প্ৰভুৱে ক্ষমা কৰিলে…যাৰ পাপ প্ৰভুৱে ঢাকিলে.. যাৰ পাপ প্ৰভুৱে গণনা নকৰিব” এই একেটা বিষয়কে তিনি ধৰণে উপস্থাপন কৰা হৈছে, দুবাৰক “তিনিবাৰলৈ” বৃদ্ধি কৰা হৈছে।(চাওঁকঃ Doublet, Active or Passive)

Romans 4:9-10

তেন্তে সেই ধন্যবাদ চুন্নৎ হোৱাবিলাকলৈ নে, নতুবা চুন্নৎ নোহোৱাবিলাকলৈকো হয়?

আন এক অনুবাদঃ“ঈশ্বৰে কেৱল চুন্নৎ হোৱাবিলাককহে আশীৰ্বাদ কৰে নেকি, নে চুন্নৎ নোহোৱাসকলকো কৰে?”

আমি কওঁ

পৌলে যিহূদী আৰু পৰজাতি দুয়োৰে উদ্দেশ্যে কৈছে।(চাওঁকঃ Forms of You)

অব্ৰাহামলৈ বিশ্বাস ধাৰ্ম্মিকতাৰ অৰ্থে গণিত হ’ল

আন এক অনুবাদঃ “ঈশ্বৰে অব্ৰাহামৰ বিশ্বাসক ধাৰ্ম্মিক বুলি গণিত হবৰ বাবে উচিত দেখিলে”

Romans 4:11-12

তেওঁ অচুন্নৎ থকা অৱস্থাতে বিশ্বাসৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত হোৱাৰ মোহৰ মৰা হ’ল

“চকুৰে দেখা এটা চিন যাৰ দ্বাৰাই ঈশ্বৰে যে তেওঁক ধাৰ্ম্মিক বুলি বিবেচনা কৰিছে কিয়নো তেওঁ চুন্নৎ হোৱাৰ আগেয়ে ঈশ্বৰত বিশ্বাস কৰিছিল”

আৰু তেওঁবিলাক চুন্নৎ নোহোৱা অৱস্থাত

আন এক অনুবাদঃ “যদিও তেওঁবিলাকে চুন্নৎ নকৰে”

ধাৰ্ম্মিকতা যেন তেওঁবিলাকলৈ গণিত হয়

আন এক অনুবাদঃ“যাতে ঈশ্বৰে তেওঁবিলাকক ধাৰ্ম্মিক বুলি গণিত কৰিব পাৰে”

Romans 4:13-15

কিয়নো যি প্ৰতিজ্ঞা অব্ৰাহাম আৰু তেওঁৰ বংশলৈ কৰা হৈছিল যে, তেওঁ জগতৰ উত্তৰাধিকাৰী হব

এই বাক্যশাৰী এটা প্ৰ্ত্যক্ষ উক্তি যোগ দিয়াৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “পাছে ঈশ্বৰে অব্ৰাহাম আৰু তেওঁৰ বংশলৈ প্ৰতিজ্ঞা কৰি কলে যে তেওঁবিলাকে জগতখন অধিকাৰ কৰিব”(চাওঁকঃ Active or Passive)

কিন্তু বিশ্বাসৰ ধাৰ্ম্মিকতাৰ দ্বাৰাই। “ঈশ্বৰে প্ৰতিজ্ঞা কৰিলে” এই শব্দকেইটা বাদ দিয়া হৈছে তথাপি ইয়াক বুজিব পৰা যায়। আন এক অনুবাদঃ “পাছে ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা বিশ্বাসৰ দ্বাৰাই দিলে যাক তেওঁ ধাৰ্ম্মিক বুলি গণিত কৰে।”(চাওঁকঃ Ellipsis)

যদি বিধানৰ দ্বাৰাই উত্তৰাধিকাৰী হয়

আন এক অনুবাদঃ “আৰু যদি বিধান পালন কৰা সকল জগতৰ অধিকাৰী হয়”

তেন্তে বিশ্বাস ব্যৰ্থ আৰু সেই প্ৰতিজ্ঞাও বিফল হয়

“বিশ্বাস মূল্যহীন হব আৰু প্ৰতিজ্ঞাৰ কোনো অৰ্থ নাথাকিব।”

কিন্তু য’ত বিধান নাই, তাত উল্লঙ্ঘনো নাই

“কিন্তু যেতিয়া বিধান নাথাকিব, তাত উল্লঙ্ঘন কৰিবলৈকো একো নাথাকিব।” এই বাক্যশাৰী এটা প্ৰত্যক্ষ উক্তি হিচাপে অনুবাদ কৰিব পাৰিঃ “কিয়নো যত বিধান আছে মানুহবিলাকে তাক অমান্য কৰিব।”(চাওঁকঃ Litotes)

Romans 4:16-17

এই কাৰণে এই বিশ্বাসৰ দ্বাৰাই, যাতে এইয়া অনুগ্ৰহৰ দ্বাৰাই হয়

“আমি যেতিয়া ঈশ্বৰত বিশ্বাস কৰো তেতিয়া আমি তেওঁৰ প্ৰতিজ্ঞা লাভ কৰো তাৰ কাৰণটো হৈছেঃ যাতে ই এক বিনামূলীয়া দান হয়”

যাতে সেই প্ৰতিজ্ঞা সকলো বংশলৈ নিশ্চিত হয়

“যাতে অব্ৰাহামৰ বংশৰ সকলোৱে সেই প্ৰতিজ্ঞা নিশ্চিত ভাৱে লাভ কৰিব”

যি সকলে বিধান জানে

ইয়াৰ দ্বাৰাই যিহূদী লোক সকলৰ কথা কোৱা হৈছে যিয়ে মোচিৰ বিধান পালন কৰে।

অব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই

ইয়াৰ দ্বাৰাই অব্ৰাহামৰ চুন্নৎ হোৱাৰ আগতে যেনে ধৰণৰ বিশ্বাস আছিল তেনে বিশ্বাস থকা লোক সকলৰ কথা কৈছে।

অনুবাদ টোকা

আমাৰ সকলোৰে পিতৃ

ইয়াত “আমাৰ” দ্বাৰাই পৌল আৰু খ্ৰীষ্টত বিশ্বাসী সকলো যিহূদী আৰু পৰজাতিৰ লোক সকলক বুজোৱা হৈছে। শাৰীৰিক ভাবে অব্ৰাহাম যিহূদী সকলৰ আদি পিতৃ, পাছে তেওঁ সকলো বিশ্বাসীৰে আত্মিক পিতৃ।(চাওঁকঃ Inclusive)

সেই দৰে লিখাও আছে

ইয়াক ক’ত লিখা আছে তাক নিৰ্দিষ্টকে দেখুৱাই দিব পাৰিঃ “সেই দৰে শাস্ত্ৰত লিখাও আছে।”(চাওঁকঃ Explicit and Implicit Information)

মই তোমাক পাতিলোঁ

“তোমাক” এই শব্দটি এক বচন আৰু ইয়াৰ দ্বাৰাই অব্ৰাহামক বুজোৱা হৈছে।(চাওঁকঃ Forms of You)

অব্ৰাহাম সেই জনৰ উপস্থিতিত আছিল যি জনক তেওঁ ভাৰসা কৰিছিল, আৰু সেয়া হৈছে, ঈশ্বৰ, যি জনে মৰা মানুহকো জীৱন দান কৰে

এই বাক্যশাৰী এনে দৰে অনুবাদ কৰিব পাৰি “অব্ৰাহাম ঈশ্বৰৰ সানিধ্যত আছিল যাক তেওঁ ভাৰসা কৰে, যি জনে মৃত্যু হোৱা লোকসকলক জীৱন দিয়ে।”

Romans 4:18-19

সকলোবোৰ ঘটনাৰ পিছতো

ইয়াৰ সম্পূৰ্ণ অৰ্থটো “সকলোবোৰ ঘটনা” নিৰ্দিষ্টকৈ বুজাব পাৰিঃ “তেওঁৰ পৰা বংশ উৎপন্ন হোৱা বিষয়টো দেখাত অসম্ভৱ যেন লাগিলেও।”(চাওঁকঃ Explicit and Implicit)

অনেক জাতিৰ পিতৃ হবলৈ

এই বাক্যশাৰী নতুনকৈ অনুবাদ কৰিব পাৰিঃ “আৰু অব্ৰাহামৰ বিশ্বাসেই তেওঁক অনেক জাতিৰ পিতৃ পাতিলে।”

আগতে যেনে দৰে কোৱা হৈছিল

“ঈশ্বৰে অব্ৰাহামক যি দৰে কৈছিল”

“… আৰু তোমাৰ বংশ এইদৰে হব”

ঈশ্বৰৰ সেই সম্পূৰ্ণ প্ৰতিজ্ঞাক পৰিষ্কাৰ ভাবে উৎত্থাপন কৰিব পাৰিঃ “তুমি গণিব পৰাতকৈ অধিক জাতি তোমাৰ পৰা উৎপন্ন হব।”

বিশ্বাসত দূৰ্ব্বল নহৈ

আন এক অনুবাদঃ “পাছে এতিয়াও বিশ্বাসত শক্তিশালী হৈ থকাত”(চাওঁকঃ Litotes)

অব্ৰাহামে ইতিমধ্যেই তেওঁৰ শৰীৰতো মৃত বুলি ধৰি লৈছিল

তেওঁৰ এশমান বছৰ হৈছিল

চাৰাৰ গৰ্ভ মৰাৰ নিচিনা

ইয়াত অব্ৰাহামৰ বয়সীয়া আৰু চাৰাৰ গৰ্ভধাৰণ কৰিব নোৱাৰা অৱস্থাক তেওঁক মৃত্যুৰ লগত তুলনা কৰিছে। ইয়াৰ দ্বাৰাই তেওঁবিলাকে যে সন্তান জন্ম দিব নোৱাৰিব তাক দৃঢ়তাৰে বুজাব বিচৰা হৈছে। আন এক অনুবাদঃ “অব্ৰাহামে অনুভৱ কৰিলে যে তেওঁৰ যথেষ্ট বয়স হৈছে আৰু তেওঁৰ ভাৰ্য্যা চাৰাই সন্তান প্ৰসৱ কৰিব নোৱাৰিব।”(চাওঁকঃ Metaphor)

Romans 4:20-22

সংশয় কৰি অবিশ্বাস কৰিলে এনে নহয়

“সন্দেহ নকৰিলে”

কিন্তু বিশ্বাসত বলবান হ’ল

এই বাক্যশাৰীত এটা প্ৰত্যক্ষ উক্তি ব্যৱহাৰ কৰি অনুবাদ কৰিব পাৰিঃ “পাছে তেওঁ বিশ্বাসত শক্তিশালী হৈ উঠিল”(চাওঁকঃ Active or Passive)

ঈশ্বৰক ধন্যবাদ দি

“আৰু ঈশ্বৰক জনালে”

তেওঁ নিশ্চয়কৈ জানি

“অব্ৰাহাম সম্পূৰ্ণ ভাবে নিশ্চিত আছিল”

তেওঁ তাক সিদ্ধ কৰিব পাৰিব

“ঈশ্বৰে তাক কৰিব পাৰিব”

সেই বিশ্বাস তেওঁলৈ ধাৰ্ম্মিকতাৰ অৰ্থে গণিত হ’ল

এই বাক্যশাৰী এটা প্ৰত্যক্ষ উক্তি হিচাপে অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে অব্ৰাহামৰ বিশ্বাসক ধাৰ্ম্মিকতাৰ অৰ্থে গণিত কৰিলে” বা “ঈশ্বৰে অব্ৰাহামক ধাৰ্ম্মিক বুলি গণিত কৰিলে কিয়নো অব্ৰাহামে তেওঁত বিশ্বাস কৰিলে।”

Romans 4:23-25

এতিয়া

এই শব্দটিয়ে পত্ৰ খনিৰ এটা নতুন অধ্যায়ৰ সূচনা হোৱা বুজাইছে। পৌলে অব্ৰাহামৰ বিষয়ে আলোচনা কৰাৰ সলনি এতিয়া খ্ৰীষ্ট বিশ্বাসী সকলৰ বিষয়ে আলোচনা কৰিবলৈ আৰম্ভ কৰিলে।

কেৱল তেওঁৰ লাভৰ উদ্দেশ্যে

“কেৱল অব্ৰাহামৰ বাবে”

তেওঁলৈ এইয়া গণিত হ’ল

এই বাক্যশাৰী এটি প্ৰত্যক্ষ উক্তি ব্যৱহাৰ কৰাৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “পাছে ঈশ্বৰে তেওঁক ধাৰ্ম্মিক বুলি গণিত কৰিলে” বা “ঈশ্বৰে তেওঁক ধাৰ্ম্মিক বুলি গণিত কৰিলে।”(চাওঁকঃ Active or Passive)

আমাৰ

“আমাৰ” এই শব্দটিয়ে পৌল আৰু সকলো খ্ৰীষ্ট বিশ্বাসীক বুজাইছে।(চাওঁকঃ Inclusive)

কিন্তু আমাৰ বাবেও, ই গণিত হব, আমি যিয়ে বিশ্বাস কৰিলো

এই বাক্যশাৰীক প্ৰত্যক্ষ ক্ৰিয়া যোগা দিয়াৰ দ্বাৰাই নতুনকৈ অনুবাদ কৰিব পাৰিঃ “এইয়া আমাৰ সুবিধাৰ বাবেও হয়, কিয়নো ঈশ্বৰে আমাক ধাৰ্ম্মিক বুলি গণিত কৰিব যদিহে আমি বিশ্বাস কৰোঁ।”

তেওঁক যি জনে তুলিলে

“ঈশ্বৰ, যিয়ে তেওঁক তুলিলে”

যীচু, যি আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ’ল

এই বাক্যশাৰীত এটা প্ৰত্যক্ষ ক্ৰিয়া যোগ দিয়াৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “যীচু, যাক ঈশ্বৰে তেওঁক হত্যা কৰাবিলাকৰ হাতত সোধাই দিছিল।”

আৰু আমাৰ ধাৰ্ম্মিকতাৰ অৰ্থে তেওঁক তোলা হ’ল

এই বাক্যশাৰী প্ৰত্যক্ষ উক্তিৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “আৰু যাক ঈশ্বৰে পুনৰ জীয়াই তুলিছিল যাতে আমি ঈশ্বৰৰ আগত ধাৰ্ম্মিক বুলি গণিত হব পাৰো।”

Romans 5

Romans 5:1-2

এইবাবে

“যাতে”

আমি…আমাৰ

“আমি” আৰু “আমাৰ” এই শব্দকেইটিয়ে প্ৰতিবাৰে সকলো বিশ্বাসীক বুজায় আৰু সকলোকে সূচায়।(চাওঁকঃ inclusive)

প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই

“আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ বাবে”

আৰু আমি যি অনুগ্ৰহত থিৰে আছোঁ, বিশ্বাসেৰে তেওঁৰ দ্বাৰাই সেই অনুগ্ৰহৰ ভিতৰলৈ সোমাবলৈ পাই

পৌলে অনুগ্ৰহ পোৱা বিশ্বাসী এজনক ৰজাৰ আগত থিয় হবলৈ সুযোগ পোৱা এজন ব্যক্তিৰ লগত তুলনা কৰিছে। “কিয়নো যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই হে আমি ঈশ্বৰে আমাক তেওঁৰ সন্মূখত থিয় হবৰ বাবে অনুগ্ৰহ দান কৰে।”

আমি ঈশ্বৰৰ মহিমাৰ ভাগী হবৰ আশাৰে উল্লাস কৰোঁহঁক

“আমি উল্লাস কৰোঁ কিয়নো আমি আমাৰ ঈশ্বৰৰ মহিমাৰ ভাগী হম আশা আছে।”

Romans 5:3-5

অকল সেয়ে নহয়

“সেয়ে” এই শব্দটিয়ে ৫:১

২ পদৰ উল্লেখিত বিষয়টিক বুজাইছে।

আমি…আমাৰ…আমাক

“আমি”“আমাৰ” আৰু “আমাক” এই শব্দকেইটিয়ে সকলো বিশ্বাসীকে বুজাইছে। (চাওঁকঃInclusive)

অনুমতি

“অনুমতি” এই শব্দটিৰ দ্বাৰাই ঈশ্বৰে ইয়াক ভাল বুলি কোৱা বুজাইছে।

সাহ

আন এক অনুবাদঃ “আশা।”

Romans 5:6-7

আমি

“আমি” এই শব্দটিৰ দ্বাৰাই সকলো বিশ্বাসীকে বুজাইছে সেয়েহে সকলোকে অন্তৰ্ভূক্ত কৰিব লাগে।(চাওঁকঃ Inclusive)

Romans 5:8-9

প্ৰমাণ

আন এক অনুবাদঃ “দেখুৱায়” বা “দেখায়”

আমাক…আমি

“আমাক” আৰু “আমি” এই শব্দকেইটিয়ে সকলো বিশ্বাসীকে বুজাইছে আৰু সেয়ে সকলোকে অন্তৰ্ভূক্ত কৰিব লাগে।(চাওঁকঃ Inclusive)

এতিয়া আৰু অধিক, কিয়নো আমি তেজৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত হলোঁ

আন এক অনুবাদঃ“যিহেতু আমি এতিয়া তেওঁৰ তেজৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত হলোঁ তেনে হলে এতিয়া তেওঁ আমাৰ বাবে এতিয়া আৰু কিমান অধিক কৰিব”

Romans 5:10-11

আমাক…আমি

“আমাক” আৰু “আমি” এই শব্দকেইটিয়ে সকলো বিশ্বাসীকে বুজাইছে আৰু সেয়ে সকলোকে অন্তৰ্ভূক্ত কৰিব লাগে।(চাওঁকঃ Inclusive)

তেওঁৰ পুত্ৰ…তেওঁৰ জীৱন

“ঈশ্বৰৰ পুত্ৰ…ঈশ্বৰৰ পুত্ৰৰ জীৱন”

মিল হোৱাত

“এতিয়া যিহেতু আমি পুনৰ তেওঁৰ বন্ধু হলো।” আন এক অনুবাদঃ “এতিয়া যিহেতু ঈশ্বৰে আমাক পুনৰ তেওঁৰ বন্ধু বুলি গণিত কৰিলে।”(চাওঁকঃ Active or Passive)

Romans 5:12-13

এই হেতুকে

ইয়াৰ পিছৰ অংশটি পৌলে আগতে কৰা বিতৰ্কৰ ওপৰত ভিত্তিকৰি কোৱা হৈছে যে সকলো বিশ্বাসীকে বিশ্বাসৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত কৰা হ’ল(চাওঁক UDB)।

এজন মানুহৰ দ্বাৰাই পাপ সোমাল…মৃত্যু পাপৰ দ্বাৰাই সোমাল

পৌলে “পাপ” ক এটা ভয়াবহ বিষয় বুলি কৈছে আৰু ইয়াৰ বাট “এজন মানুহ” আদমৰ কাৰ্য্যৰ দ্বাৰাই মুকলি হ’ল বুলি কৈছে। এই “পাপে” আন এক বাট মুকলি কৰিলে সেয়ে হৈছে “মৃত্যু” ইয়ো আন এক ভয়াবহ বিষয়, আৰু ই পৃথিবীলৈ সোমাল।(চাওঁকঃ Metaphor, Personification)

Romans 5:14-15

অকল সেয়ে নহয়

“তথাপি” বা “আদমৰ সময়ৰ পৰা মোচিৰ সময়লৈকে কোনো ধৰণৰ লিখিত বিধান নাছিল, কিন্তু”(চাওঁক ৫:১৩)

মৃত্যুৱে আদমৰ পৰা মোচি লৈকে ৰাজত্ব কৰিলে

পৌলে মৃত্যুক ৰজাৰ লগত তুলনা কৰিছে।(চাওঁকঃ Metaphor)। আন এক অনুবাদঃ “মানুহ বিলাক তেওঁৰ বিলাকৰ পাপৰ বাবে আদমৰ সময়ৰ পৰা আৰম্ভ কৰি মোচিৰ সময়লৈকে মৰিব ধৰিলে।”

আৰু আদমৰ দৰে অবাধ্য নোহোৱা সকলৰ ওপৰতো

“আৰু সেই সকল ব্যক্তিও মৰিব ধৰিলে যি সকলৰ পাপ আদামৰ পাপতকৈ বেলেগ আছিল”

সেই জন আহিব লগা জনৰ প্ৰতিৰূপ আছিল

আদম খ্ৰীষ্টৰ প্ৰতিৰূপ আছিল, যি বহু পিছত দেখা দিছে। তেওঁ তেওঁৰ লগত বহুতো মিল আছে।

যদিহে…অনেকৰ মৃত্যু হ’ল…তেন্তে কিমান অধিক গুণে ঈশ্বৰৰ অনুগ্ৰহ আৰু অনু্গ্ৰহৰ দান…উপচি পৰিল

এইটো প্ৰয়োজনীয় যে “অনেকৰ মৃত্যু হ’ল,” কিন্তু তাতোতকৈ প্ৰয়োজনীয় এই যে “ঈশ্বৰৰ অনুগ্ৰহ আৰু অনুগ্ৰহৰ দান” উপচি পৰিল।

অনুগ্ৰহে আৰু অধিক কৰিলে…আৰু অনুগ্ৰহৰ দান…উপচিল

“অনুগ্ৰহ…আৰু অনুগ্ৰহৰ দান” “অপৰাধ” তকৈ অধিক মহান আৰু শক্তিশালী।

Romans 5:16-17

অনুগ্ৰহৰ দান পাপ কৰা জনৰ বাবে আহিছে এনে নহয়

“অনুগ্ৰহৰ দান আদমে কৰা পাপৰ ফলৰ দৰে নহয়”

কিয়নো এহাতে

“কাৰণ এখন হাতত”

এতেকে যেনেকৈ এজন মানুহৰ অপৰাধৰ বাবে দণ্ডলৈ ৰায় দিয়া হ’ল, ঠিক একে দৰে

“এতেকে যেনেকৈ” আৰু “আৰু আন হাতে” এই বাক্যকেইশাৰীয়ে কোনো এটা বিষয়ক দুটা বেলেগ বেলেগ চিন্তাধাৰাৰে চিন্তা কৰিবৰ বাবে মুকলি কৰি দিছে। আন এক অনুবাদঃ “এজন মানুহৰ অপৰাধৰ বাবে দণ্ডলৈ ৰায় দিয়া হ’ল, কিন্তু”

অনেকৰ অপৰাধৰ পিছত

“অনেকে বহুতো পাপ কৰাৰ পিছত”

এজনৰ অপৰাধ

আদমৰ অপৰাধ

মৃত্যুৱে ৰাজত্ব কৰিলে

“সকলোৰে মৃত্যু হ’ল”

এজনৰ জীৱনৰ যোগেদি

যীচু খ্ৰীষ্টৰ জীৱনৰ যোগেদি

Romans 5:18-19

এটা অপৰাধৰ দ্বাৰাই

আদমে কৰা এটা পাপৰ দ্বাৰাই। আন এক অনুবাদঃ “আদমৰ পাপৰ বাবে।”

এটি কাৰ্য্য

যীচু খ্ৰীষ্টৰ বলি দানে

এজন মানুহৰ অবাধ্যতাই

আদমৰ অবাধ্যতাই

এজন মানুহৰ বাধ্যতাই

যীচুৰ বাধ্যতাই

Romans 5:20-21

বিধান সোমালহি

“বিধান সোমাই আহিল”(চাওঁকঃ Personification)

অপৰাধ অধিক হব পাৰে

ইয়ে দুটা অৰ্থ বুজাব পাৰে যে “মানুহবিলাকে কিমান অধিকৈ পাপ কৰিলে তাৰ অনুসূচনা কৰিব পাৰে” (UDB) আৰু “মানুহবিলাকে আৰু অধিক পাপ কৰিব পাৰে”

অধিক

“বাঢ়ি যোৱা”

পাপে যেনেকৈ মৃত্যুত ৰাজত্ব কৰে

“যেনেকৈ পাপৰ পৰিণাম মৃত্যূ”

এই হেতুকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই অনন্ত জীৱন লাভ কৰিবৰ অৰ্থে ধাৰ্ম্মিকতাৰ অনুগ্ৰহে ৰাজত্ব কৰক

“অনুগ্ৰহে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ধাৰ্ম্মিকতাৰ বাবে মানুহ বিলাকক অনন্ত জীৱন দান কৰিলে”

আমাৰ প্ৰভু

পৌলে তেওঁৰ পঢ়ুৱৈ আৰু সকলো বিশ্বাসীকে অন্তৰ্ভূক্ত কৰিছে।(চাওঁকঃ Inclusive)

Romans 6

Romans 6:1-3

তেন্তে আমি কি কম? অনুগ্ৰহ অধিক হবলৈ পাপ কৰি থাকিম নে?

পৌলে ৫:২০

২১ পদত লিখা অনুগ্ৰহৰ সম্বন্ধে কোনোবাই তেওঁক প্ৰশ্ন সুধিব পাৰে বুলি আশা কৰি আছে। ভাল ধৰণে এই বাক্যশাৰী পুনৰ সজাবৰ বাবে, চাওঁক UDB।

আমি…আমাক

“আমি” আৰু “আমাক” এই দুয়োটাই পৌল, তেওঁৰ পঢ়ুৱৈ আৰু আন লোক সকলক বুজাইছে।(চাওঁকঃ Inclusive)

অধিক

এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “অধিকৈ বাঢ়ি যোৱা”।

Romans 6:4-5

বাপ্তিস্মৰ দ্বাৰাই তেৱেঁ সৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত থোৱা হলোঁ

ইয়াত বিশ্বাসী এজন পানীত লোৱা বাপ্তিস্মক যীচুৰ মৃত্যু আৰু মৈদামত থোৱাৰ লগত তুলনা কৰা হৈছে। ইয়াৰ দ্বাৰাই এই কথাষাৰ কব বিচৰা হৈছে যে এজন বিশ্বাসীয়ে খ্ৰীষ্টৰ মৃত্যুৰ সহভাগিতাৰ ভাগ লাভ কৰে, যাৰ অৰ্থ সেই বিশ্বাসী জনৰ ওপৰত পাপে আৰু ৰাজত্ব কৰিব নোৱাৰে।(চাওঁকঃ Metaphor)

পিতৃৰ মহিমাৰে যেনেকৈ খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা তুলা হ’ল, তেনেকৈ আমিও যেন জীৱনৰ নতুনতাত চলোঁ

ইয়াৰ দ্বাৰাই এজন বিশ্বাসী আত্মিক ভাৱে জীৱন পোৱা বিষয়টোৰ তুলনা যীচুৰ পুনৰউত্থানৰ লগত কৰা হৈছে। এজন বিশ্বাসীৰ নতুন আত্মিক জীৱনে তেওঁক ঈশ্বৰৰ বাধ্য হবলৈ শক্তি দিয়ে। আন এক অনুবাদ, প্ৰত্যক্ষ ক্ৰিয়া যোগ দিয়াৰ দ্বাৰাইঃ “যীচুৰ মৃত্যুৰ পিছত যি দৰে পিতৃয়ে তেওঁক পুনৰায় জীয়াই তুলিলে, আমিও হয়তো নতুন আত্মিক জীৱন লাভ কৰিব পাৰিম আৰু ঈশ্বৰৰ বাধ্য হম।”(চাওঁকঃ Simile and Active or Passive)

তেওঁৰ মৃত্যুৰ সাদৃশ্যৰে আমি যদি সংযুক্ত হলোঁ…তেন্তে উত্থানৰ সাদৃশ্যৰেও হম

“তেওঁৰ মৃত্যুৰ সংযুক্ত হলো…তেওঁৰ মৃত্যুৰ পিছৰ জীৱনৰো সংযুক্ত হম” বা “তেওঁৰে সৈতে মৰিম…তেওঁৰে সৈতে পুনৰায় জী উঠিম”(চাওঁকঃ Metaphor)

Romans 6:6-7

আমাৰ পুৰণি পুৰুষক তেৱেঁ সৈতে ক্ৰুচত দিয়া হ’ল

ইয়াত, পৌলে এজন বিশ্বাসীক যীচু বিশ্বাস কৰাৰ পূৰ্ব্বে এজন বেলেগ ব্যক্তি আৰু যীচুক বিশ্বাস কৰাৰ পিছত এজন বেলেগ ব্যক্তি হোৱা বুলি অভিহিত কৰিছে। “পুৰণি পুৰুষ” ইয়াৰ দ্বাৰাই যীচুক বিশ্বাস কৰাৰ পূৰ্ব্বৰ কথা কোৱা হৈছে। সেই ব্যক্তি জন আত্মিক ভাৱে মৰি আছিলে আৰু পাপে তেওঁৰ ওপৰত প্ৰভুত্ব কৰিছিল।পৌলে আমাৰ এই পুৰণি পুৰুষক যীচুত বিশ্বাস কৰাৰ লগে লগে ক্ৰুচত মৃত্যু হোৱা বুলি কব বিচাৰিছে। আন এক অনুবাদঃ “আমাৰ পুৰণি পুৰুষক যীচুৰ লগত ক্ৰুচত অৰাঁ হ’ল।”

পুৰণি পুৰুষ

“আগৰ পুৰুষক” যি জন ব্যক্তি আগতে আছিল কিন্তু এতিয়া নাই

পাপৰ দেহ

পাপেৰে পৰিপূৰ্ণ গোটেই ব্যক্তি জন(চাওঁকঃ Metonymy)

বিনষ্ট হবলৈ

“মৃত্যু হয়”

আমি যেন আৰু পাপৰ দাস নহওঁ

পৌলে পাপৰ শক্তিয়ে এজন ব্যক্তিক পাপৰ দাস কৰি ৰাখে বুলি কব বিচাৰিছেঃ পবিত্ৰ আত্মা নথকা এজন ব্যক্তিয়ে সদায়ে যি পাপ তাকেহে কৰিবলৈ ইচ্ছা কৰে। ঈশ্বৰৰ দৃষ্টিত যি গ্ৰহণীয় তাক কৰিবলৈ তেওঁ সক্ষম নহব। আন এক অনুবাদঃ “আমি আৰু পাপৰ দাস হৈ থাকিব নালাগে” বা “যি পাপ তাক কৰিবলৈ আমি আগ্ৰহী হব নালাগে।”(চাওঁকঃ Metaphor)

যি জন মৰিল, তেওঁ পাপৰ পৰা মুক্ত হৈ, ধাৰ্ম্মিক বুলি গণিত হ’ল

আন এক অনুবাদ, এটা প্ৰত্যক্ষ উক্তি যোগ দিয়াৰ দ্বাৰাইঃ “ঈশ্বৰে সেই লোক সকলক ধাৰ্ম্মিক বুলি গণিত কৰিব যি সকল পাপ বন্ধনত মৃত্যু হৈছে।”(চাওঁকঃ Active or Passive)

Romans 6:8-9

আমি খ্ৰীষ্টে সৈতে মৰিলোঁ

যদিও খ্ৰীষ্টৰ শাৰীৰিক ভাবে মৃত্যু হৈছিল, ইয়াত “মৰিল” শব্দটিৰ দ্বাৰাই বিশ্বাসী সকলৰ পাপৰ বাবে হোৱা আত্মিক মৃত্যুৰ কথা কোৱা হৈছে। আন এক অনুবাদঃ “আমি খ্ৰীষ্টৰ সৈতে আত্মিক ভাৱে মৰিলো”

আমি জানো যে খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা তুলা হ’ল

এই বাক্যশাৰী এটা প্ৰত্যক্ষ ক্ৰিয়া যোগ দিয়াৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “খ্ৰীষ্টৰ মৃত্যু হোৱাৰ পিছত ঈশ্বৰে তেওঁক পুনৰায় জীয়াই তুলিলে।”(চাওঁকঃ Active or Passive)

মৃত্যুৱে তেওঁৰ ওপৰত আৰু প্ৰভুত্ব নকৰে

ইয়াত “মৃত্যু” ক এজন ৰজা বা শাসকৰ দৰে দেখুওৱা হৈছে যিয়ে মানুহবিলাকৰ ওপৰত ৰাজত্ব কৰে। এই বাক্যশাৰী এনে দৰে অনুবাদ কৰিব পাৰিঃ “তেওঁ আৰু কেতিয়াও নমৰিব।”(চাওঁকঃ Personification)

Romans 6:10-11

তেওঁ যি মৃত্যু ভোগ কৰিলে, তাক পাপৰ উদ্দেশ্যে এবাৰতেই ভোগ কৰিলে

“এবাৰতেই” এইবাক্যষাৰীৰ অৰ্থ কিবা এটা সম্পূৰ্ণ ভাবে শেষ কৰা। ইয়াৰ সম্পূৰ্ণ অৰ্থ এনেদৰে প্ৰকাশ কৰিব পাৰিঃ “পাছে তেওঁ যেতিয়া মৰিলে তেতিয়া তেওঁ সম্পূৰ্ণ ৰূপে পাপৰ শক্তিক নাশ কৰিলে”(চাওঁকঃ Idiom and Explicit and Implicit Information)

সেই দৰে তোমালোকেও

“থিক একে দৰে, গণ্য কৰা” বা “এই হেতুকে গণ্য কৰা”

তোমালোকে গণ্য কৰা

“তোমালোকে চিন্তা কৰা” বা “তোমালোকে এইদৰে চোৱা”

পাপৰ উদ্দেশ্যে মৰা

ইয়াত “পাপ” বোলা শব্দটিৰ দ্বাৰাই আমাৰ ভিতৰত থকা সেই শক্তি যিয়ে আমাক পাপ কৰোৱাই তাৰ কথা কোৱা হৈছে। ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি “পাপৰ শক্তিৰ উদ্দেশ্যে মৰা।”(চাওঁকঃ Metonymy)

এহাতে পাপৰ উদ্দেশ্যে মৰা আনহাতে ঈশ্বৰৰ উদ্দেশ্যে জীয়া

“এহাতে” আৰু “আনহাতে” এই দুটি বাক্যৰ দ্বাৰাই কোনো এটা বিষয়ৰ সম্বন্ধে দুই ধৰণে চিন্তা কৰাৰ পথ প্ৰশস্ত কৰিছে। আন এক অনুবাদঃ “পাপৰ সম্বন্ধে মৰা কিন্তু ঈশ্বৰৰ উদ্দেশ্যে জীয়া।”

খ্ৰীষ্ট যীচুত ঈশ্বৰৰ উদ্দেশ্যে জীয়া

আন এক অনুবাদঃ “খ্ৰীষ্ট যীচুৱে তোমাক দিয়া শক্তি অনুসাৰে ঈশ্বৰৰ বাধ্য হৈ জীয়াই থকা”

Romans 6:12-14

পাপক ৰাজত্ব কৰিবলৈ নিদিবা…পাপক ৰাজত্ব কৰিবলৈ অনুমতি নিদিবা

“পাপ” ক এজন ব্যক্তিৰ ৰজা বা প্ৰভু হিচাপে উপস্থাপন কৰা হৈছে।(চাওঁকঃ Personification)

তোমালোকৰ মৰ্ত্ত্য শৰীৰত

এই বাক্যশাৰীয়ে এজন ব্যক্তিৰ শৰীৰক বুজাইছে, যাৰ মৃত্যু হব। আন এক অনুবাদঃ “তুমি”(চাওঁকঃ Synecdoche)

যাতে তুমি ইয়াৰ অভিলাষ পালন কৰা

প্ৰভু, “পাপে,” পাপীক বেয়া কাৰ্য্য কৰিবৰ বাবে তাৰ আজ্ঞা পালন কৰাতো বিচাৰে।

নিজ নিজ অঙ্গ

প্ৰত্যঙ্গবোৰক অধাৰ্ম্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পন নকৰিবা

ইয়াত এনে এখন ছবি প্ৰকাশ কৰা হৈছে যত এজন পাপীয়ে নিজৰ “অঙ্গ

প্ৰত্যঙ্গ” সমূহক তাৰ ৰজা বা প্ৰভুলৈ উৎসৰ্গা কৰিছে। আন এক অনুবাদঃ “তুমি নিজকে পাপলৈ সমৰ্পণ নকৰিবা তাৰ দ্বাৰাই তুমি যি শুদ্ধ তাক কৰিব পাৰিবা।”(চাওঁকঃ Synecdoche)

কিন্তু নিজকে মৃতবিলাকৰ মাজৰ পৰা জীৱিত বুলি ঈশ্বৰলৈ সমৰ্পণ কৰা

“পাছে নিজকে ঈশ্বৰলৈ উৎসৰ্গ কৰা, কিয়নো তেওঁ তোমাক নতুন আত্মিক জীৱন দান কৰিলে”

নিজ নিজ অঙ্গ

প্ৰত্যঙ্গবোৰক ধাৰ্ম্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰা

“ঈশ্বৰে যিহতে সন্তুষ্ট হয় তাৰ উদ্দেশ্যে তোমাক ব্যৱহাৰ কৰক”

তোমালোকৰ ওপৰত পাপক প্ৰভুত্ব কৰিবলৈ নিদিবা

“তুমি যি কৰা তাক নিয়ন্ত্ৰণ কৰিবলৈ পাপক নিদিবা” বা “তুমি বিচৰা পাপ কাৰ্য্যসমূহ কৰিবলৈ তুমি নিজকে অনুমতি নিদিবা”

কাৰণ তোমালোক বিধানৰ অধীন নোহোৱা

সম্পূৰ্ণ অৰ্থটো পৰিষ্কাৰ কৈ প্ৰকাশ কৰিব পাৰিঃ“পাছে এতিয়া তুমি আৰু মোচিৰ বিধানৰ বন্ধনত নাই, যিয়ে তোমাক পাপ কাৰ্য্য বন্ধ কৰিবলৈ শক্তি দিব নোৱাৰে।”(চাওঁকঃ Explicit and Implicit)

পাছে অনুগ্ৰহৰহে অধীন হৈছা

সম্পূৰ্ণ অৰ্থটি স্পষ্টকৈ প্ৰকাশ কৰিব পাৰিঃ “পাছে তুমি ঈশ্বৰৰ অনুগ্ৰহৰ অধীনত আছা, যিয়ে তোমাক পাপ কাৰ্য্য নকৰিবৰ বাবে শক্তি দিয়ে।”

Romans 6:15-16

পৌলে ঈশ্বৰলৈ বাধ্যতা আৰু অবাধ্যতা বিষয়টোত দাসত্বক এক উপমা হিচাপে ব্যৱহাৰ কৰিছে।(চাওঁকঃ Metaphor)

তেন্তে কি? আমি বিধানৰ অধীন নহৈ, অনুগ্ৰহৰ অধীন হোৱাৰ কাৰণে পাপ কৰিব পাওঁ নে? এনে নহওক।

পৌলে এটা প্ৰশ্ন সোধাৰ দ্বাৰাই এই বিষয়টিত জোৰ দিব বিচাৰিছে যে অনুগ্ৰহৰ অধীন হোৱাৰ হেতুকে পাপ কৰি থাকিব নোৱাৰি। আন এক অনুবাদঃ “পাছে, যিহেতু আমি মোচিৰ বিধানৰ নহয় কিন্তু অনুগ্ৰহৰ অধীন হলো ইয়ে নিশ্চিত ভাবে ইয়াক নুবুজায় যে আমি পাপ কৰি যাব পাৰিম।”(চাওঁকঃ Rhetorical Question)

এনে কেতিয়াও নহওঁক

“আমি এনে হোৱাতো কেতিয়াও নিবিচাৰো!” বা “মই যেন তেনে নকৰো তাৰ বাবে ঈশ্বৰে মোক সহায় কৰক!” এই কাৰ্য্যটিৰ দ্বাৰাই এক শক্তিশালী বাৰ্তা দিব বিচৰা হৈছে যে এনে কেতিয়াও নহওঁক। আপুনি এনে ধৰণৰ ভাব আপোনাৰ ভাষাৰ দ্বাৰাই প্ৰকাশ কৰিবলৈ আপুনিও ইচ্ছা কৰিব পাৰে। ৩:৩১ পদটি কেনে ধৰণে অনুবাদ কৰিছে তাক চাওঁক।

তোমালোকে নিজক আজ্ঞা পালনৰ অৰ্থে দাসস্বৰূপে সমৰ্পণ কৰা, সেইটোৰ আজ্ঞা পালন কৰি যে তাৰ দাস হোৱা ইয়াক তোমালোকে নাজানা নে?

পৌলে এটা প্ৰশ্ন সোধাৰ দ্বাৰাই সেই সকলোকে গালি পাৰিছে যি সকলে ঈশ্বৰৰ অনুগ্ৰহক পাপ কৰি যোৱাৰ এটা সুযোগ হিচাপে বাছি লৈছে। আন এক অনুবাদঃ“তুমি জানিব লাগে যে তুমি যি জন প্ৰভুৰ বাধ্য হম বুলি বাছি লৈছা তোমালোক সেই জনাৰ দাস হোৱা।”

মৃত্যুৰ কাৰণে পাপৰ, নাইবা ধাৰ্ম্মিকতাৰ নিমিত্তে আজ্ঞাপালনৰ

ইয়াত, “পাপ” আৰু “বাধ্যতা” দুয়োকো এজন প্ৰভুৰ লগত তুলনা কৰা হৈছে যি জনক দাসে সেৱা কৰিব। এই বাক্যশাৰী নতুনকৈ অনুবাদ কৰিব পাৰিঃ “হয় তুমি পাপৰ দাস হব লাগিব, যাৰ পৰিণাম আত্মিক মৃত্যু, বা তুমি বাধ্যতাৰ দাস হব লাগিব, যাৰ দ্বাৰাই ঈশ্বৰে তোমাক ধাৰ্ম্মিক বুলি গণিত কৰিব।”(চাওঁকঃ Personification)

Romans 6:17-18

পৌলে ঈশ্বৰলৈ বাধ্যতা আৰু অবাধ্যতাৰ বিষয়টো দাসত্বৰ উপমাৰে কৈ যাব ধৰিলে(চাওঁকঃ Metaphor)

ঈশ্বৰৰ ধন্যবাদ হওক!

“পাছে মই ঈশ্বৰক ধন্যবাদ দিওঁ!”

পাছে তোমালোক পাপৰ দাস আছিলা

ইয়াত “পাপ” ক এজন প্ৰভুৰ লগত তুলনা কৰা হৈছে যাক এজন দাসে সেৱা কৰে। আন এক অনুবাদঃ “পাছে তুমি পাপৰ শক্তিৰ দাস আছিলা।”(চাওঁকঃ Personification and Metonymy)

পাছে তোমালোকে হৃদয়েৰে বিশ্বাস কৰিলা

ইয়াত “হৃদয়” এই শব্দটিৰ দ্বাৰাই বিষয়টি গুৰুত্ব সহকাৰে লোৱাটো বুজাইছে। আন এক অনুবাদঃ “পাছে তুমি প্ৰকৃততে বাধ্য হলা”

তোমালোকে যেনে ধৰণৰ শিক্ষা দি আছা

ইয়াত “যেনে ধৰণৰ শিক্ষা” ইয়াৰ দ্বাৰাই কোনো এক বিশেষ ব্যৱস্থা বা পথৰ কথা কোৱা হৈছে, যিয়ে ধাৰ্ম্মিকতালৈ লৈ যায়। বিশ্বাসী সকলে খ্ৰীষ্টীয়ান পৰিচালক সকলে শিকোৱা নতুন পথত চলিবৰ বাবে পুৰণি জীৱন ধাৰণৰ পথ সলনি কৰিলে। প্ৰত্যক্ষ ক্ৰিয়া যোগ দিয়াৰ দ্বাৰাই এনে দৰে অনুবাদ কৰিব পাৰিঃ “যি শিক্ষা তোমালোকক খ্ৰীষ্টীয়ান পৰিচালক সকলে শিকাইছে।”(চাওঁকঃ Active or Passive)

তোমালোকক পাপৰ পৰা মুক্ত কৰা হ’ল

প্ৰত্যক্ষ ক্ৰিয়া যোগ দিয়াৰ দ্বাৰাই এনে দৰে অনুবাদ কৰিব পাৰিঃ “খ্ৰীষ্টই তোমালোকক পাপৰ শক্তিৰ বন্ধনৰ পৰা মুক্ত কৰিলে।”

ধাৰ্ম্মিকতাৰ দাসত্বলৈ

“তোমালোক এতিয়া যি শুদ্ধ তাক কৰাৰ দাস হলা”

Romans 6:19-21

পৌলে ঈশ্বৰলৈ বাধ্যতা আৰু অবাধ্যতাৰ বিষয়টো দাসত্বৰ উপমাৰে কৈ যাব ধৰিলে।

মই মানুহৰ দৰে কৈছো

পৌলে “পাপ” আৰু “বাধ্যতা” ক “দাসত্বৰ” লগত তুলনা কৰিছে। আন এক অনুবাদঃ “মই পাপ আৰু বাধ্যতাৰ বিষয়ে বুজাবৰ বাবে দাসত্বৰ কথা কৈছো।”

তোমাৰ মাংসিক দূৰ্বলতাৰ বাবে

পৌলে প্ৰায়ে “মাংসত” শব্দটো “আত্মাৰ” বিপৰীতে ব্যৱহাৰ কৰা দেখা যায়। আন এক অনুবাদঃ “তোমালোকে আত্মাৰ বিষয় সমূহ সম্পূৰ্ণ ৰূপে বুজি নোপোৱাৰ বাবে।”

নিজ নিজ অঙ্গ

প্ৰত্যঙ্গবোৰক অশুচিতা আৰু অধৰ্ম্মলৈ দাসস্বৰূপে সমৰ্পণ কৰিছিলা

ইয়াত “অঙ্গ

প্ৰত্যঙ্গবোৰক” দ্বাৰাই সম্পূৰ্ণ ব্যক্তি জনক বুজোৱা হৈছে। আন এক অনুবাদঃ “যি সকলো অধৰ্ম্মই আৰু ঈশ্বৰৰ দৃষ্টিত সন্তোষজনক নহয় তালৈ তোমালোকে নিজকে দাস স্বৰূপে উৎসৰ্গা কৰিলা।”(চাওঁকঃ Synecdoche)

নিজ নিজ অঙ্গ

প্ৰত্যঙ্গবোৰক দাসস্বৰূপে ধাৰ্ম্মিকতালৈ সমৰ্পণ কৰা

“ঈশ্বৰৰ দৃষ্টিত যি গ্ৰহণীয় সেই বিষয় সমূহলৈ নিজকে দাসস্বৰূপ কৰা যাতে তেওঁ তোমাক পৃথক কৰে আৰু তেওঁৰ কাৰ্য্যৰ অৰ্থে ব্যৱহাৰ হবৰ বাবে শক্তি প্ৰদান কৰে।”

তেন্তে যি যি বিষয়ত এতিয়া তোমালোকে লাজ পাইছা, তেতিয়া সেই বোৰত তোমালোকৰ কি ফল আছিল? পৌলে এই প্ৰশ্নটো সোধাৰ দ্বাৰাই পাপৰ পৰিণাম যে বেয়া তাক প্ৰকাশ কৰিব বিচাৰিছে। আন এক অনুবাদঃ “ যি কাৰ্য্যয় তোমাক লাজত পেলাই সেই কাৰ্য্য সমূহ কৰাৰ দ্বাৰাই তোমাৰ একো লাভ নহব।”(চাওঁকঃ Rhetorical Question)

Romans 6:22-23

কিন্তু এতিয়া তোমালোক পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হোৱাত

সম্পূৰ্ণ বাক্য হিচাপে এটা প্ৰত্যক্ষ ক্ৰিয়া যোগ দিয়াৰ দ্বাৰাই আন এক অনুবাদঃ “পাছে এতিয়া খ্ৰীষ্টই তোমালোকক পাপৰ পৰা মুক্ত কৰিলে আৰু ঈশ্বৰৰ লগত সংযুক্ত কৰিলে।”(চাওঁকঃ Active or Passive)

আৰু তাৰ শেষ অনন্ত জীৱন

“আৰু ইয়াৰ বাবদ তুমি যি লাভ কৰিবা সেই হৈছে ঈশ্বৰৰ লগত অনন্ত জীৱন।”

কিয়নো পাপৰ বেজ মৃত্যু

“বেজ” ইয়াৰ দ্বাৰাই এজন ব্যক্তিয়ে কামৰ বিনিময়ত পাব লগা ধনৰ কথা কোৱা হৈছে। আন এক অনুবাদঃ “তুমি যদি পাপৰ সেৱা কৰা, তেনে হলে তাৰ বেজ হিচাপে তুমি আত্মিক মৃত্যু লাভ কৰিবা” বা “যদি তুমি পাপ কৰি যোৱা, ঈশ্বৰে তোমাক আত্মিক মৃত্যুৰে দণ্ডিত কৰিব।”

কিন্তু ঈশ্বৰে দিয়া বৰ, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই অনন্ত জীৱন

“পাছে যি সকল আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ হ’ল সেই সকলোলৈ ঈশ্বৰে বিনামূলীয়াকৈ অনন্ত জীৱন দান কৰিলে”

Romans 7

Romans 7:1

মানুহ যিমান কাল জীয়াই থাকে, সিমান কাললৈকেহে বিধানে তেওঁৰ ওপৰত প্ৰভুত্ব কৰে

পৌলে ইয়াৰ উদাহৰণ ৭:২

৩ পদ দিছে। পৌলে এই সম্বন্ধীয় এক উদাহৰণ ৭:১ পদত উল্লেখ কৰিছে।

Romans 7:2-3

পৌলে ৭:১ পদত কোৱা বিষয়টোৰ এটা উদাহৰণ আগবঢ়াইছে

তেতিয়া তেওঁক ব্যভিচাৰণী বোলা যাব

কোনে তাই কব সেই বিষয়টো পৰিষ্কাৰ নহয়, হয়তো ইয়াক সকলোকে সাঙুৰি কোৱা হৈছেঃ “তেওঁবিলাকে তাইক ব্যভিচাৰণী বুলি মাতিব।” আন এক অনুবাদঃ “মানুহ বিলাকে তাই ব্যভিচাৰণী বুলি মাতিব” বা “ঈশ্বৰে তাইক ব্যভিচাৰণী বুলি গণ্য কৰিব।”(চাওঁকঃ Active or Passive)

Romans 7:4-5

সেই দৰে

ইয়াৰ দ্বাৰাই ৭:১ পদৰ কথা কোৱা হৈছে। “কিয়নো বিধানে এই দৰে কাৰ্য্য কৰে।”

আমি যেন ঈশ্বৰলৈ ফল উৎপন্ন কৰোঁ

“আমি যে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় কাৰ্য্য কৰিব পাৰোঁ”(চাওঁকঃ Metaphor)

Romans 7:6

আমি – ইয়াৰ দ্বাৰাই পৌল আৰু সকলো বিশ্বাসীকে বুজোৱা হৈছে।(চাওঁকঃ Inclusive)

পত্ৰ

মোচিৰ বিধান

Romans 7:7-8

আমি তেওঁবিলাকক কি কম? – পৌলে এটা নতুন বিষয় আৰম্ভ কৰিছে।(চাওঁকঃ Rhetorical Question)

এনে নহওক

“নিশ্চিত ভাবে সেইয়া সত্য নহয়!” ইয়াৰ পিছত আহিব লগা প্ৰশ্নটোৰ উত্তৰ নহয় বুলি কবৰ বাবে অতি দৃঢ় ভাবে এনে ভাৱ প্ৰকাশ কৰা হৈছে। আপোনাৰ ভাষাতো হয়তো তেনে ভাৱ প্ৰকাশ কৰাৰ শব্দ থাকিব পাৰে। ৯:১৪ পদটো আপুনি কেনে ধৰণে অনুবাদ কৰিছে তাক চাওঁক।

মই পাপ নাজানিলো হয়...পাপ, ছল পাই...মোৰ অন্তৰত সকলো অভিলাষৰ সাধন কৰিলে

পৌলে পাপক এজন কাৰ্য্য কৰিব পৰা ব্যক্তিৰ লগত তুলনা কৰিছে।(চাওঁকঃ Personification)

পাপে ছল পাই, সেই আজ্ঞাৰ দ্বাৰাই মোৰ অন্তৰত লোভ আদি সকলো অভিলাষ সাধন কৰিলে

ঈশ্বৰৰ বিধানে যেতিয়া আমাক কি এটা নকৰিবলৈ কয়, আৰু আমাক তাক নকৰিবলৈ এই কাৰণে কয় কিয়নো আমি তাক অধিককৈ কৰিবলৈ ইচ্ছা কৰো।“পাপে মোৰ সেই আজ্ঞালৈ মনত পেলায় দিয়ে যি মোক ভুল কাৰ্য্য কৰিবলৈ মানা কৰে, আৰু এই হেতুকে মই আগতকৈ অধিক সেই বিষয়বোৰলৈ হাবিয়াহ কৰোঁ” বা “যিহেতু মই পাপ কৰিবলৈ বিচাৰো, আৰু তাক নকৰিবলৈ কোৱা আজ্ঞাক যেতিয়া মই শুনা পাওঁ, মই হাবিয়াহ কৰোঁ...”

পাপ

“পাপ কৰাৰ মোৰ হাবিয়াহ”

অভিলাষৰ

এই শব্দটিয়ে আনৰ বস্তুলৈ কৰা লোভ আৰু ব্যভিচাৰ এই দুয়োকো বুজায়(চাওঁক UDB)

বিধানৰ বিনে, পাপ মৰা

“যদি বিধান নাথাকিলে হয়, তেনে হলে বিধান ভঙ্গ কৰা নহ’ল হয়, আৰু সেয়েহে পাপ নহ’ল হয়”

Romans 7:9-10

পাপ পুনৰায় জীলে

ইয়াৰ অৰ্থ এনে হব পাৰে ১) “মই উপলব্ধি কৰিব পাৰিলো যে মই পাপ কৰি আছো( UDB) বা ২) “মই পাপ কৰিবলৈ অতিশয় হাবিয়াহ কৰিলো।”(চাওঁকঃ Personification)

জীৱনৰ নিমিত্তে দিয়া যি আজ্ঞা, সেয়ে মোলৈ মৃত্যুজনক হ’ল

পৌলে আখৰিক অৰ্থ মৰা নাছিলে। আন এক অনুবাদঃ “মই যাতে জীয়াই থাকিব পাৰো সেই বাবে ঈশ্বৰে মোক আজ্ঞা দিছিল, কিন্তু তাৰ সলনি ইয়ে মোক হত্যাহে কৰিলে।”(চাওঁকঃ Metaphor)

Romans 7:11-12

কিয়নো পাপে ছল পাই, সেই আজ্ঞাৰ দ্বাৰাই মোক ভুলাই , তাৰেই মোক বধ কৰিলে

ব্যক্তিগতকৰণ (Personification)কৰা বিষয়টি চাওঁক।

পাপ

“পাপ কৰাৰ মোৰ যি হাবিয়াহ”(চাওঁকঃ Metonymy)

বিধানৰ দ্বাৰাই ছল পাই

৭:৮ পদটি কেনে দৰে অনুবাদ কৰিছে তাক চাওঁক।

ইয়ে মোক বধ কৰিলে

“ইয়ে মোক ঈশ্বৰৰ পৰা পৃথক কৰিলে”(চাওঁক UDB, Metaphor)

এই হেতুকে

যিহেতু বিধানে পাপ ভুলাওঁতা আৰু বধ কৰোঁতা বুলি চিনি পাবলৈ সুযোগ দিয়ে।

Romans 7:13-14

তেন্তে

পৌলে এটা নতুন বিষয় আৰম্ভ কৰিছে।

যি উত্তম

ঈশ্বৰৰ বিধান

মোলৈ মৃত্যুজনক হ’লনে

“মোৰ মৃত্যুৰ কাৰণ হ’লনে”

এনে নহওক

“এইয়া কেতিয়াও সত্য নহয়!” এই বাক্যষাৰৰ দ্বাৰাই সম্পূৰ্ণ নিশ্চয়তাৰে তাৰ পিছত প্ৰশ্নটোৰ উত্তৰ নহয় বুলি প্ৰকাশ কৰিছে। আপুনি এনে ধৰণৰ ভাৱ প্ৰকাশ কৰিবৰ বাবে আপোনাৰ ভাষাৰ কোনো বিশেষ শব্দ ব্যৱহাৰ কৰিব পাৰে।(চাওঁকঃ Rhetorical Question)

পাপে...মোত মৃত্যু সাধন কৰিলে

পৌলে পাপক এজন ব্যক্তি যেন অনুমান কৰিছে যি কাৰ্য্য কৰিব পাৰে।(চাওঁকঃ Personification)

মোত মৃত্যু সাধন কৰিলে

“মোৰ ঈশ্বৰৰ পৰা পৃথক কৰিলে”

আজ্ঞা সমূহৰ দ্বাৰাই

“কিয়নো মই আজ্ঞা পালন নকৰিলো”

Romans 7:15-16

কাৰণ মই যি সাধন কৰোঁ, তাক নাজানো

“মই যি কৰো তাক মই কিয় কৰো সেই কথা মই নিশ্চিত ভাবে নাজানো”(চাওঁকঃ Hyperbole)

কিয়নো

“কাৰণ মই যি সাধন কৰোঁ, তাক নাজানো”

কিন্তু যিহকে ঘিণাওঁ, তাকে কৰোঁ

আন এক অনুবাদঃ “যি বিষয় বিলাক ভাল নহয় বুলি মই জানো তাকে মই কৰোঁ।”

কিন্তু

“পাছে”

মই বিধান স্বীকাৰ কৰোঁ

আন এক অনুবাদঃ “মই জানো ঈশ্বৰৰ বিধান উত্তম।”

Romans 7:17-18

মোত নিবাস কৰা পাপেহে

পৌলে পাপক এজন জীৱনময় বিষয়ৰ লগত তুলনা কৰিছে আৰু ইয়াৰ তেওঁক আকৰ্ষিত কৰাৰ শক্তি আছে। (চাওঁকঃPersonification)

মোৰ মাংস

“মানুহ হিচাপে মোৰ যি স্বভাৱ”

Romans 7:19-21

ভাল

“ভাল কাৰ্য্য” বা “ভাল কৰ্ম”

বেয়া – “বেয়া কাৰ্য্য” বা “বেয়া কৰ্ম”

Romans 7:22-23

মোৰ আন্তৰিক পুৰুষ

এজন ব্যক্তিৰ সেইটো অংশ যি তেওঁৰ মৃত্যুৰ পিছত থাকি যায়(চাওঁকঃ Metaphor)

মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা, আৰু মোৰ অঙ্গ

প্ৰত্যঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনে মোক বন্দী কৰা

“মোৰ পুৰণি স্বভাবে যি কয় তাকে কৰিবলৈ মই সক্ষম, আত্মাই দেখাই দিয়া নতুন পথ অনুসাৰে নহয়।”

আন এটা নিয়ম মোৰ অঙ্গ

প্ৰত্যঙ্গবোৰত দেখোঁ – পুৰণি স্বভাৱ, মানুহ বিলাক জন্মৰ সময়ত যেনে আছ্লি

নতুন নিয়ম

নতুন আত্মিক স্বভাৱ

মোৰ অঙ্গ

প্ৰত্যঙ্গবোৰত থকা পাপৰ নিয়ম

“মোৰ পাপ স্বভাৱ,” “মই যি পাপ স্বভাৱত জন্ম গ্ৰহণ কৰিছিলো”

Romans 7:24-25

মই কেনে দুৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব? – “মোক কোনোবাই মই শৰীৰে হাবিয়াহ কৰাৰ দৰে পৰিচালনা হোৱাৰ পৰা উদ্ধাৰ কৰাতো বিচাৰো”( UDB)। আপোনাৰ ভাষাত এই দুয়োটা বাক্যৰ ভাব প্ৰকাশ কৰিবৰ বাবে যদি কোনা উপযুক্ত শব্দ আছে তেনে হলে তাক ব্যৱহাৰ কৰক।(চাওঁকঃ Rhetorical Question)

আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ

এই বাক্যশাৰী ৭:২৪ সোধা প্ৰশ্নটিৰ উত্তৰ হয় (চাওঁক UDB)।

এতেকে মই আপোন মনেৰে ঈশ্বৰৰ বিধানৰ, কিন্তু মাংসেৰে পাপৰ বিধানৰ দাস্যকৰ্ম্ম কৰোঁ

আন এক অনুবাদঃ “মোৰ মনে ঈশ্বৰক সন্তোষ্ট কৰাটো বিচাৰে, কিন্তু মোৰ মাংসে পাপ কৰিব বিচাৰে।” মন আৰু মাংসক তুলনা কৰাৰ দ্বাৰাই ঈশ্বৰৰ বিধান বা পাপ এইদুয়োটাৰ মাজৰ এটাক কি দৰে বাছি লব পাৰি তাক দেখুৱা হৈছে। মন বা জ্ঞানৰ দ্বাৰাই, কোনোৱে ঈশ্বৰৰ সন্তোষ্ট বা বাধ্য হবৰ বাবে বাছি লব পাৰে আৰু মাংস বা শৰীৰৰ দ্বাৰাই পাপৰ দাস্যকৰ্ম কৰিব পাৰে।(চাওঁকঃ Metaphor)

Romans 8

Romans 8:1-2

এই কাৰণে

“এই হেতুকে” বা “কাৰণ মই এতিয়া তোমালোকক যি কলো সেইয়ে সত্য।”

বিধি...বিধি

“বিধি” এই শব্দটোৱে ইয়াত প্ৰকৃতিয়ে কেনে দৰে কাৰ্য্য কৰে তাৰ কথা কোৱা হৈছে। মানুহে বনোৱা নিয়মৰ লগত ইয়াৰ একো সম্বন্ধ নাই।

Romans 8:3-5

এই নিমিত্তে বিধানে মাংসৰ কাৰণে দুৰ্ব্বল হোৱাত যি কৰিব নোৱাৰিলে, ঈশ্বৰে তাক কৰিলে

ইয়াত বিধানক এজন মানুহৰ লগত তুলনা কৰা হৈছে যি জনে পাপৰ শক্তিক নাশ কৰিব নোৱাৰিলে। আন এক অনুবাদঃ “কিয়নো আমাৰ পাপ কাৰ্য্য বন্ধ কৰিবৰ বিধানৰ শক্তি নাই, কিয়নো আমাৰ ভিতৰত থকা পাপ শক্তি অধিক। পাছে ঈশ্বৰে আমাক পাপ কৰাৰ পৰা ৰখালে।”(চাওঁকঃ Personification)

মাংসৰ দ্বাৰাই

“মানুহৰ পাপ স্বাভাবৰ কাৰণে”

পাপময় মাংসৰ সাদৃশ্যৰে

আন এক অনুবাদ, নতুন বাক্যৰ আৰম্ভণীতঃ “তেওঁ দেখাত আন পাপী লোকবিলাকৰ দৰে হ’ল।”

পাপৰ অৰ্থে

“যাতে তেওঁ আমাৰ পাপ সমূহৰ বাবে নিজকে বলি স্বৰূপে উৎসৰ্গা কৰিব পাৰে”

মাংসত পাপৰ দণ্ডাজ্ঞা দি

আন এক অনুবাদঃ “আৰু ঈশ্বৰে তেওঁৰ পুত্ৰৰ দ্বাৰাই পাপৰ শক্তিক নাশ কৰিলে।”

যাতে আমাত বিধান সিদ্ধি কৰা হয়

প্ৰত্যক্ষ উক্তি যোগ দিয়াৰ দ্বাৰাই আন এক অনুবাদঃ “বিধান যি বিচাৰে তাক যেন আমি সিদ্ধ কৰিব পাৰো।”(চাওঁকঃ Active or Passive)

মাংসৰ দৰে নচলা যি আমি

“মাংসৰ অভিলাষত নচলা যি আমি”

আত্মাৰ দৰে চলা

“কিন্তু যিয়ে পবিত্ৰ আত্মাৰ বাধ্যতাত চলে”

Romans 8:6-8

মাংসৰ ভাব...আত্মাৰ ভাব

“এজন পাপী মানুহে যি দৰে ভাবে...যি সকলে পবিত্ৰ আত্মাৰ ইচ্ছাক শুনে”(চাওঁকঃ Personification)

Romans 8:9-10

মাংসত কিন্তু আত্মাত

৮:৫ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

আত্মা...ঈশ্বৰৰ আত্মা...খ্ৰীষ্টৰ আত্মা

এই সকলোবিলাকে পবিত্ৰ আত্মাৰ কথা কৈ আছে।

এইয়ে যদি সত্য হয় যে

এই বাক্যশাৰীৰ দ্বাৰাই পৌলে এইটো সন্দেহ কৰা নাই যে তেওঁবিলাকৰ কিছুমানৰ ঈশ্বৰৰ আত্মা আছে। পৌলে তেওঁবিলাকৰ সকলোৰে যে ঈশ্বৰৰ আত্মা আছে তাক উপলব্ধি কৰাতো বিচাৰিছে। আন এক অনুবাদঃ “যিহেতু” বা “এই হেতুকে”

যদি খ্ৰীষ্ট তোমালোক’ত থাকে – খ্ৰীষ্ট এজন ব্যক্তিৰ জীৱনত কেনেকৈ থাকিব পাৰে তাক বুজাই কোৱাৰ প্ৰয়োজন হব পাৰেঃ “পবিত্ৰ আত্মাৰ যোগেদি খ্ৰীষ্ট যদি তোমালোক’ত নিবাস কৰে।”(চাওঁকঃ Explicit and Implicit)

এহাতে পাপৰ কাৰণে শৰীৰ মৰা, পাছে আন হাতে

“এহাতে” আৰু “আন হাতে” এই বাক্যকেইশাৰী কোনো এটা বিষয়ৰ ওপৰত দুটা ভিন্ন চিন্তা ধাৰাৰ বাট মুকলি কৰিছে। আন এক অনুবাদঃ “পাপৰ সম্বন্ধে শৰীৰ মৰা, পাছে”(চাওঁকঃ Idiom)

পাপৰ সম্বন্ধে শৰীৰ মৰা

ইয়াৰ আনুমানিক অৰ্থ সমূহ ১) এজন ব্যক্তি আত্মিক ভাৱে পাপৰ উদ্দেশ্যে মৰা বা ২) পাপৰ বাবে শাৰীৰটোৰ মৃত্যু ঘটিবই।

ধাৰ্ম্মিকতাৰ কাৰণে আত্মাই জীৱন

আনুমানিক অৰ্থ সমূহ ১) ব্যক্তি জন আত্মিক ভাবে জীৱিত আৰু যি শুদ্ধ তাক কৰিবৰ বাবে ঈশ্বৰে তেওঁক শক্তি প্ৰদান কৰিছে বা ২) যিহেতু ঈশ্বৰ ধাৰ্ম্মিক সেয়ে মৃত্যু হোৱাৰ পিছতো ঈশ্বৰে তেওঁক পুনৰায় জীৱন দান কৰিব আৰু অনন্ত জীৱন তেওঁক দান কৰিব।

Romans 8:11

যদি আত্মা...তোমাত নিবাস কৰে

পৌলে তেওঁৰ পঢ়ুৱৈ সকলৰ জীৱনত পবিত্ৰ আত্মা নিবাস কৰে বুলি ধৰি লৈছে। আন এক অনুবাদঃ “এতিয়া যিহেতু আত্মা...তোমাত নিবাস কৰে।”

যি জনে তেওঁক তুলিলে

“ঈশ্বৰে, যিয়ে তুলিলে”

মৰ্ত্ত্য দেহকো্

“মাংসিক শৰীৰ” বা “শৰীৰ, যাৰ এদিন মৃত্যু হব”

Romans 8:12-13

এতেকে

“কিয়নো অলপতে মই যি তোমালোকক কলো সেয়ে সত্য”

ভাইবিলাক

“বিশ্বাসী ভাইসকল”

আমি ধৰুৱা

পৌলে বাধ্যতাক ধাৰ পৰিশোধ কৰাৰ লগত তুলনা কৰিছে। আন এক অনুবাদঃ “আমি বাধ্য হব লাগে।”(চাওঁকঃ Metaphor)

কিন্তু মাংসৰ বশত জীৱন যাপন নকৰি

“আমি আমাৰ পাপময় অভিলাষ অনুযায়ী জীৱন যাপন কৰিব নালাগে”

যদি তোমালোকে মাংস অনুসাৰে জীৱন যাপন কৰা

“পাছে তুমি যদি কেৱল পাপময় অভিলাষ সমূহক সন্তোষ্ট কৰিবৰ বাবে জীয়াই থাকা”

তেন্তে তুমি মৰা

“তুমি নিশ্চত ভাবে ঈশ্বৰৰ পৰা পৃথক হবা”

পাছে যদি আত্মাৰ দ্বাৰাই তেনে হলে শৰীৰ সম্বন্ধীয় কাৰ্য্য সমূহক মাৰিলা

আন এক অনুবাদ, এক নতুন বাক্য হিচাপেঃ “কিন্তু যদি পবিত্ৰ আত্মাৰ শক্তিৰে হয় তেনে হলে তুমি পাপময় অভিলাষ সমূহক ত্যাগ কৰিবা”

Romans 8:14-15

কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ দ্বাৰাই চালিত হয়

প্ৰত্যক্ষ উক্তিৰ সহায়ত আন এক অনুবাদঃ “পাছে সেই সকলো লোকক ঈশ্বৰৰ আত্মাই চলায়।”(চাওঁকঃ Active or Passive)

কাৰণ তোমালোকে যে পুনৰায় ভয় কৰিবলৈ দাসত্বৰ আত্মা পালা

“পাছে ঈশ্বৰে তোমালোকক এনে এক আত্মা দিয়া নাই যিয়ে তোমালোকক পুনৰায় পাপৰ দাসত্ব আৰু ঈশ্বৰৰ বিচাৰ ভয় জন্মাব”

এই বুলি মাতোঁ

“যি আমাক মাতিবলৈ বাধ্য কৰায়”

আব্বা, পিতৃ

“আব্বা” আৰামাইক শব্দ যাৰ অৰ্থ “পিতৃ”(চাওঁকঃ Translate Unknowns, Translate Names)

Romans 8:16-17

যদি সন্তান, তেনেহলে উত্তৰাধীকাৰ

ইয়াৰ পৰা ক্ৰিয়া সমূহ আঁতৰাই দিয়া হৈছে তথাপি ইয়াক বুজিব পাৰি। আন এক অনুবাদঃ “আমি যদি ঈশ্বৰৰ সন্তান হয়, তেনে হলে আমি উত্তৰাধিকাৰীও হওঁ।”(চাওঁকঃ Ellipsis)

এহাতে ঈশ্বৰৰ উত্তৰাধিকাৰী, আৰু আন হাতে খ্ৰীষ্টে সৈতে উত্তৰাধিকাৰী হওঁ

“এহাতে” আৰু “আনহাতে” এই উক্তি দুটাই কোনো এটা বিষয়ৰ ওপৰত চিন্তা কৰিবৰ বাবে দুটা পথ মুকলি কৰি দিছে। আন এক অনুবাদঃ “ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু লগতে খ্ৰীষ্টে সৈতে উত্তৰাধিকাৰী।”(চাওঁকঃ Idiom)

আমিও যেন তেওঁৰে সৈতে গৌৰৱাম্বিত হবলৈ

এই বাক্যশাৰী এটি প্ৰত্যক্ষ ক্ৰিয়া যোগ দি অনুবাদ কৰিব পাৰিঃ “যাতে আমাৰে সৈতে ঈশ্বৰো গৌৰৱাম্বিত হয়।”(চাওঁকঃ Active or Passive)

Romans 8:18-19

কিয়নো

ইয়াৰ দ্বাৰাই কব বিচৰা হৈছে “মই গণ্য কৰো।” ইয়াৰ দ্বাৰাই “কিন্তু” বুজোৱা নাই।

মই গণ্য কৰোঁ...তুলনা কৰিবলৈ একো যোগ্য নহয়

“মই নাভাবো যে...তুলনা কৰিব পাৰি।”(চাওঁকঃ Active or Passive)

প্ৰকাশিত হোৱালৈ

আন এক অনুবাদ প্ৰত্যক্ষ উক্তি যোগ দিয়াৰ দ্বাৰাইঃ “ঈশ্বৰে প্ৰকাশ কৰিব” বা “ঈশ্বৰে জানিবলৈ দিব।”

সৃষ্টিৰ অত্যন্ত আশাই বাট চাই আছে

ঈশ্বৰে যি সকলো সৃষ্টি কৰিলে তাক এজন ব্যক্তিৰ লগত তুলনা কৰিছে যিয়ে কিহবালৈ বাট চাই আছে।(চাওঁকঃ Personification)

ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশিত হোৱালৈ

“সেই সময় যি সময়ত ঈশ্বৰে তেওঁৰ সন্তানবিলাকক প্ৰকাশ কৰিব”

Romans 8:20-22

কাৰণ সৃষ্টিখন আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হ’ল

আন এক অনুবাদ এটি প্ৰত্যক্ষ উক্তি যোগ দিয়াৰ দ্বাৰাইঃ “ঈশ্বৰে যি উদ্দেশ্যেৰে সৃষ্টিখন সাজিছিল তাক সেই লক্ষ্যত উপনীত হবলৈ নিদিলে।”(চাওঁকঃ Active or Passive)

এনে নহয়, কিন্তু বশকৰ্ত্তাৰ কাৰণেহে হ’ল

ইয়াত “সৃষ্টি” খনক এজন ব্যক্তিৰ লগত তুলনা কৰা হৈছে যিয়ে আশা কৰিব পাৰে। আন এক অনুবাদঃ “সৃষ্ট বস্তু সমূহে বিচৰাৰ বাবে নহয়, কিন্তু যিহেতু ঈশ্বৰে এই দৰে বিচাৰিছিল।”(চাওঁকঃ Personification)

এই আশাৰে হ’ল যে, সৃষ্টিখনে নিজেও ক্ষয়মূলক দাসত্বৰ পৰা মুক্ত হব

নতুনকৈ প্ৰত্যক্ষ উক্তি যোগ দিয়াৰ দ্বাৰাই আন এক অনুবাদঃ “যি সৃষ্টি কৰা হ’ল সেয়ে সম্পূৰ্ণ নিশ্চিত যে ঈশ্বৰে সিহঁত বিলাকক ৰক্ষা কৰিব”(চাওঁক UDB)।

অনুবাদৰ টোকা সমূহ

দাসত্বৰ পৰা ক্ষয়লৈ

পৌলে সৃষ্টিৰ সকলো বিলাক বস্তুকে তেওঁবিলাকৰ গৰাকীলৈ দাস আৰু “ক্ষয়মূলক” ৰ লগত তুলনা কৰিছে। আন এক অনুবাদঃ “নষ্ট আৰু ক্ষয় হোৱাৰ পাৰ”(চাওঁকঃ Metaphor)

ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব

“আৰু তেওঁ তেওঁবিলাকক মুকলি কৰিব যেতিয়া তেওঁ তেওঁৰ সন্তানবিলাকক সন্মান দিব”

কিয়নো এতিয়ালৈকে গোটেই সৃষ্টিয়ে প্ৰসৱ

বেদনাৰ দৰে দুখ পাই

সৃষ্টি খনক প্ৰসৱ দিবলৈ সাজু হোৱা এগৰাকী তিৰোতাৰ লগত তুলনা কৰা হৈছে। “কিয়নো আমি জানো যে ঈশ্বৰে যি যি সৃষ্টি কৰিলে সেই সকলোৱে মুক্তি পাবলৈ বিচাৰিছে আৰু তেওঁবিলাকে প্ৰসৱ বেদনা পোৱা এগৰাকী তিৰোতাৰ দৰে দুখ পাই আছে।”

Romans 8:23-25

আত্মাৰ প্ৰথম ফল পোৱা যি আমি

পৌলে বিশ্বাসী সকলক পবিত্ৰ আত্মা লাভ কৰা কাৰ্য্যক বতৰৰ প্ৰথম ফলৰ লগত তুলনা কৰিছে। ইয়াৰ দ্বাৰাই এই কথাটো কব বিচৰা হৈছে যে পবিত্ৰ আত্মা ঈশ্বৰে বিশ্বাসী সকলক দিবলৈ বিচৰা বিষয় সমূহৰ এক আৰম্ভণীহে।(চাওঁকঃ Metaphor)

আমিও তুলনীয় পুত্ৰৰ বাব, অৰ্থাৎ আমাৰ শৰীৰৰ মক্তিলৈ বাট চাই

ঈশ্বৰে আমাক কিহৰ পৰা মুক্ত কৰিব সেই কথাষাৰ স্পষ্ট ভাবে প্ৰকাশ কৰিব পাৰিঃ “আমি ঈশ্বৰৰ পৰিয়ালৰ সম্পূৰ্ণ সদস্য হবৰ বাবে অপেক্ষা কৰি আছো আৰু তেওঁ আমাৰ শৰীৰ ক্ষয় আৰু মৃত্যু হোৱাৰ পৰা ৰক্ষা কৰিব।”(চাওঁকঃ Explicit and Implicit)

কিয়নো আমি আশাৰেহে পৰিত্ৰাণ পালোঁ

এই বাক্যষাৰ এটা প্ৰত্যক্ষ উক্তিৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “কিয়নো ঈশ্বৰে যে আমাক উদ্ধাৰ কৰিলে এই কথাত আমি নিশ্চিত।”(চাওঁকঃ Active or Passive)

কিন্তু যি আশা, সেয়ে আশাই নহয়, কাৰণ যিহক দেখা যায়, তালৈ কোনে আশা কৰে?

পৌলে তেওঁৰ লোক সকলে “আশা” কি তাক বুজাবৰ বাবে এটা প্ৰশ্নৰ সহায় লৈছে। আন এক অনুবাদঃ “কিন্তু আমি যদি আশাৰে অপেক্ষা কৰি থাকো তেন্তে ইয়ে বুজায় যে আমি যি পাবলৈ ইচ্ছা কৰিছো তাক এতিয়াও পোৱা নাই। কোনো এজন ব্যক্তিয়ে তেওঁ বিচৰা বস্তুটো পালে কেতিয়াও আশাৰে অপেক্ষা কৰিব নোৱাৰে।”(চাওঁকঃ Rhetorical Question)

Romans 8:26-27

অন্তৰত কেঁকাই আছোঁ

“কেকনি যি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি”

Romans 8:28-30

যি সকলক আমন্ত্ৰণ কৰিলে

আন এক অনুবাদ প্ৰত্যক্ষ উক্তি যোগ দিয়াৰ দ্বাৰাইঃ “যি সকলক ঈশ্বৰে আহ্বান কৰিলে।”(চাওঁকঃ Active or Passive)

যি সকলক তেওঁ আগেয়ে জানিছিল

“সেই সকল লোক যি সকলক সৃষ্টি কৰাৰ আগেয়ে তেওঁ জানিছিল”

আগেয়ে নিৰূপণো কৰিলে

“তেওঁ তেওঁবিলাকৰ গন্তব্যস্থান নিৰূপিত কৰি ৰাখিছিল” বা “তেওঁ আগতীয়াকৈ পৰিকল্পনা কৰি ৰাখিছিল”

তেওঁৰ পুত্ৰৰ প্ৰতিমূৰ্ত্তিৰ অনুৰূপ হবলৈ

এই বাক্যষাৰ এটি প্ৰত্যক্ষ উক্তি যোগ দিয়াৰ দ্বাৰাই অনুবাদ কৰিব পাৰি “যাতে তেওঁ তেওঁবিলাকক তেওঁৰ পুত্ৰৰ সাদৃশ্যলৈ ৰূপান্তৰিত কৰিব”

প্ৰথমে জন্মা হয়

“যাতে তেওঁৰ পুত্ৰ প্ৰথমে জন্মা হয়”

অনেক ভাইবিলাকৰ মাজত

ইয়াৰ সম্পূৰ্ণ অৰ্থটি স্পষ্টকৈ প্ৰকাশ কৰিব পাৰিঃ “ঈশ্বৰৰ পৰিয়ালৰ সেই সকলো ভাই আৰু ভনীৰ মাজত”( Explicit and Implicit)

যিবিলাকক তেওঁ আগেয়ে জানিছিল

“যি সকলৰ বাবে ঈশ্বৰে আগতীয়াকৈ পৰিকল্পনা কৰি থৈছিল”

তেওঁবিলাকক গৌৰৱাম্বিতো কৰিলো

“গৌৰৱাম্বিত” বাক্যষাৰ অতীত কালত আছে আৰু ইয়াৰ দ্বাৰাই এইয়ে যে ঘটিব তাক নিশ্চিত ভাবে কব বিচাৰিছে। আন এক অনুবাদঃ “তেঁওবিলাকক গৌৰৱাম্বিতো কৰিব।”

Romans 8:31-32

তেন্তে এইবোৰ কথাত আমি কি কম? যদি ঈশ্বৰ আমাৰ সপক্ষে হয়, তেন্তে আমাৰ বিপক্ষ কোন হব পাৰে? – পৌলে আগতে কোৱা কথাষাৰৰ মূল বিষয়টোত জোৰ দিবৰ বাবে এটা প্ৰশ্নৰ সহায় লৈছে। আন এক অনুবাদঃ “এই সকলোৰ পৰা আমি ইয়াকে জনা উচিতঃ যিহেতু ঈশ্বৰে আমাক সহায় কৰি আহিছে, এই হেতুকে কোনোৱে আমাক পৰাস্ত কৰিব নোৱাৰিব।”(চাওঁকঃ Rhetorical Question)

শোধাই দিলে

“পাছে তেওঁক তেওঁৰ শত্ৰুৰ হাতত শোধাই দিলে”

সেই জনাই আমাক অনুগ্ৰহ কৰি তেৱেঁ সৈতে সকলো নিদিব নে?

পৌলে কিবা এটা বিষয়ক গুৰুত্ব দিবৰ বাবে প্ৰশ্নৰ ব্যৱহাৰ কৰিছে। আন এক অনুবাদঃ “তেওঁ নিশ্চয়কৈ আৰু বিনামূলীয়াকৈ সকলো বিলাক আমাক দিব।”

Romans 8:33-34

ঈশ্বৰৰ মনোনীতবিলাকৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰেহে ধাৰ্ম্মিক বুলি গণিত কৰোঁতা। আন এক অনুবাদঃ “ঈশ্বৰৰ সন্মূখত কোনোৱে আমাক দোষী কৰিব নোৱাৰিব কিয়নো তেওঁৱে আমাক ধাৰ্ম্মিক বুলি গণিত কৰিলে।”(চাওঁকঃ Rhetorical Question)

দণ্ডাজ্ঞা দিওঁতা নো কোন? খ্ৰীষ্ট যীচু... আমাৰ কাৰণে নিবেদনো কৰি আছে? – পৌলে কোনো এটা বিষয়ক গুৰুত্ব দিবৰ বাবে প্ৰশ্নৰ অৱতাৰণ কৰিছে। আন এক অনুবাদঃ “কোনোৱে আমাক দণ্ডাজ্ঞা দিব নোৱাৰে কিয়নো যীচু খ্ৰীষ্ট... আৰু যি জনে আমাৰ হৈ নিবেদনো কৰি আছে।”

এনে কি, মৃতবিলাকৰ মাজৰ পৰা তুলাও হ’ল

এই বাক্যষাৰ এটা প্ৰত্যক্ষ উক্তি যোগ দিয়াৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “আৰু আটাইতকৈ জৰুৰী ঈশ্বৰে তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলিলেও” বা “আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে তেওঁ মৃত্যুৰ পৰা জী উঠিলে।”(চাওঁকঃ Active or Passive)

Romans 8:35-36

ক্লেশ বা সঙ্কট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণসংশয়, বা তৰোৱাল, এইবোৰে পাৰে নে?

আন এক অনুবাদঃ “যদিও কোনোৱে আমাক তাড়না, সঙ্কটত পেলায়, আমাৰ বস্ত্ৰ আৰু আহাৰ কাঢ়ি নিয়ে, বা হত্যা কৰে তথাপি ই অসম্ভৱ।”(চাওঁকঃ Metonymy)

ক্লেশ বা সঙ্কট

এই দুয়োটা শব্দই একে অৰ্থ প্ৰকাশ কৰিছে।(চাওঁক Doublet)

তোমাৰ লাভৰ বাবে

ইয়াত “তোমাৰ” শব্দটো এক বচনত কোৱা হৈছে আৰু ঈশ্বৰক উদ্দেশ্য কৰি কোৱা হৈছে। আন এক অনুবাদঃ “তোমাৰ বাবে”(চাওঁকঃ Forms of You)

আমি ওৰে দিনটো হত হবই লাগিছোঁ

ইয়াত “আমি” বোলা শব্দটোৱে শাস্ত্ৰৰ সেই অংশটো লিখা লিখক জনক কোৱা হৈছে আৰু সেই সকলোকে যি সকল ঈশ্বৰৰ বাধ্য হৈ আছে। “ওৰে দিনটো” উক্তিটোৰ দ্বাৰাই তেওঁবিলাক কেনে বিপদৰ মাজত আছে তাক জোৰ দিবলৈ কোৱা হৈছে। পৌলে শাস্ত্ৰৰ এই অংশটোৰ দ্বাৰাই ঈশ্বৰৰ সকলো বিশ্বাসীকে কঠিন সময়ৰ সন্মূখীন হবৰ বাবে প্ৰস্তুত হবলৈ কৈছে। এই বাক্যশাৰী এটা প্ৰত্যক্ষ উক্তি যোগদিয়াৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “আমাৰ শত্ৰু বিলাকে প্ৰতিমূহুৰ্ততে আমাক হত্যা কৰিবলৈ বিচাৰি আছে।”(চাওঁকঃ Inclusive and Hyperbole and Active or Passive )

কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হলোঁ

ইয়াৰ দ্বাৰাই সেই সকল লোকৰ হত্যাৰ কথা কোৱা হৈছে যি সকলে ঈশ্বৰৰ বাধ্য হৈ চলিল। আন এক অনুবাদ এটা প্ৰত্যক্ষ উক্তি যোগ দিয়াৰ দ্বাৰাইঃ “তেওঁবিলাকৰ বাবে আমাৰ জীৱনৰ মূল্য কাটিবলৈ নিয়া মেৰতকৈ অধিক নহয়।”(চাওঁকঃ Simile)

Romans 8:37-39

আমি জয়তকৈয়ো জয়যুক্ত

“আমি সম্পূৰ্ণ জয় লাভ কৰিলো”

আমাক প্ৰেম কৰা জনাৰ দ্বাৰাই

যীচুৱে যেনে ধৰণৰ প্ৰেম আমাৰ প্ৰতি দেখুৱালে তাক স্পষ্টকৈ প্ৰকাশ কৰিব পাৰিঃ “যীচুৰ বাবে, তেওঁ আমাৰ এনে প্ৰেম কৰিলে যে তেওঁ আমাৰ বাবে মৰিবলৈ সাজু হ’ল।”(চাওঁকঃ Explicit and Implicit)

মোৰ এনে দৃঢ় বিশ্বাস আছে

“মই আস্বস্ত হলো” বা “মই নিশ্চিত হলো”

আধিপত্য

আনুমানিক অৰ্থ সমূহ এনে ধৰণৰ ১) ভুত (UDB)বা ২) ৰজা বা শাসনকৰ্তা

বা পৰাক্ৰম

আনুমানিক অৰ্থ সমূহ এনে ধৰণৰ ১) শক্তি থকা কোনো আত্মিক বিষয় বা ২) শক্তি থকা কোনো ব্যক্তি।

Romans 9

Romans 9:1-2

মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধীনে মোৰ পক্ষে সাক্ষ্য দিছে,

এই উক্তিটো এটা বেলেগ বাক্য হিচাপে উপস্থাপন কৰিব পাৰিঃ “পবিত্ৰ আত্মাই মোৰ বিবেক নিয়ন্ত্ৰণ কৰে আৰু মই যি কওঁ তাক নিশ্চিত কৰে”

মোৰ হৃদয়ত অতি দুখ আৰু নিৰন্তৰ যাতনা হৈছে।

এই বাক্যষাৰ এটা বেলেগ বাক্য হিচাপে গণ্য কৰিব পাৰি। “মই তোমাক কওঁ মই অতি গভীৰ ভাবে দুখ কৰিছো।” আৰু পৌলে কোন জন ব্যক্তিৰ কাৰণে দুখ কৰিছে তাক যদি কোৱাৰ প্ৰয়োজন আছে তেনে হলে, UDB অনুকৰণ কৰা।

Romans 9:3-5

কিয়নো যিবিলাক শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাইবিলাকৰ নিমিত্তে মই নিজেই খ্ৰীষ্টৰ পৰা শাপগ্ৰস্ত হবলৈ ইচ্ছা কৰিব পাৰিলোঁহেঁতেন।

অন্য এক অনুবাদঃ “মই ব্যক্তিগত ভাবে বিচাৰিলো হয় যে ঈশ্বৰে মোক শাপগ্ৰস্ত কৰক, খ্ৰীষ্টক সদায়ৰ বাবে মোৰ পৰা পৃথক কৰি ৰাখক যদিহে ইয়াৰ দ্বাৰাই মোৰ স্বজাতীয় ইস্ৰায়েলী, মোৰ ভাইবিলাকে খ্ৰীষ্টত বিশ্বাস কৰে।”

তেওঁবিলাক ইস্ৰায়েলী

“তেওঁবিলাক, মোৰ দৰে, ইস্ৰায়েলী। ঈশ্বৰে তেওঁবিলাকক যাকোবৰ বংশ হবৰ বাবে মনোনীত কৰিলে।”( UDB)

ওপৰ

পুৰুষসকলো তেওঁবিলাকৰেই আৰু শৰীৰৰ সম্বন্ধে খ্ৰীষ্টও তেওঁবিলাকৰ পৰাই হ’ল

“শাৰীৰিক ভাবে খ্ৰীষ্ট তেওঁবিলাকৰ ওপৰ

পুৰুষসকলৰ ফালৰ পৰা আহিল।”

তেওঁ সৰ্ব্বোপৰি ঈশ্বৰ যুগে যুগে ধন্য

এই বাক্যষাৰ পৃথকৈ অনুবাদ কৰিব পাৰিঃ “খ্ৰীষ্টই সৰ্ব্বেসৰ্ব্বা আৰু ঈশ্বৰে তেওঁক সদাকালৰ বাবে আৰ্শীবাদ কৰিলে।”

Romans 9:6-7

কিন্তু ঈশ্বৰৰ প্ৰতিজ্ঞা যে বিফল হৈ পৰিল, এনে নহয়

“পাছে ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা পুৰণত বিফল হোৱা নাই।”

কিয়নো ইস্ৰায়েলৰ পৰা হোৱা সকলোৱেই যে ইস্ৰায়েল, এনে নহয়

ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা শাৰীৰিক ভাবে অহা ইস্ৰায়েলৰ(বা যাকোব) সকলো বংশলৈ কৰা নাই, কিন্তু তেওঁৰ আত্মিক ওপৰ

পুৰুষসকলহে, সেয়ে হৈছে, যি সকলে যীচু খ্ৰীষ্টত বিশ্বাস কৰিছে।

অব্ৰাহামৰ বংশ হোৱাত, সকলো যে সন্তান, সিও নহয়

“অব্ৰাহামৰ বংশৰ হোৱাৰ বাবে যে সকলোৱে ঈশ্বৰৰ সন্তান এনে নহয়।”

Romans 9:8-9

শৰীৰৰ যি সন্তান

ইয়াৰ দ্বাৰাই শাৰীৰিক ভাবে অব্ৰাহামৰ বংশত জন্ম হোৱা বিলাকৰ কথা কোৱা হৈছে।

ঈশ্বৰৰ সন্তান

ইয়াৰ দ্বাৰাই সেই সকল লোকৰ কথা কোৱা হৈছে যি সকল আত্মিক বংশৰ যাৰ যীচুত বিশ্বাস আছে।

প্ৰতিজ্ঞাৰ সন্তান

ইয়াৰ দ্বাৰাই যি সকল প্ৰতিজ্ঞাৰ অধিকাৰী হব তেওঁবিলাকক কথা কোৱা হৈছে।

“তেতিয়া চাৰাৰ এটি পুত্ৰ হব”

“মই চাৰাক এটি পুত্ৰ সন্তান দিম।”

Romans 9:10-13

আমাৰ পিতৃ ইচহাকৰ...এয়া মাথোন

৯:১১ পদটো ৯:১২ পদৰ পিছত লিখিব লগা হব পাৰেঃ “আমাৰ পিতৃ ইচহাক, তেওঁলৈ এই দৰে কৈছিল, ‘বৰটোৱে সৰুটোৰ দাস্য কৰ্ম কৰিব।’ পাছে তেতিয়া সন্তান কেইটিৰ জন্ম হোৱা নাছিল...যি জনে এই কথা কৈছিল। এইয়া সত্য।”

আমাৰ পিতৃ

ইচহাক পৌল আৰু ৰোমত থকা যিহূদী বিলাকৰ ওপৰ

পুৰুষ আছিল।(চাওঁকঃ Inclusive)

গৰ্ভধাৰণ কৰিলে

“গৰ্ভৱতী হ’ল”

সন্তান নৌ ওপজোঁতেই, আৰু ভাল বা বেয়া একো নৌ কৰোঁতেই

“সন্তান কেইটিৰ জন্ম হোৱাৰ পূৰ্ব্বেই আৰু একো ভাল বা বেয়া কৰাৰ পূৰ্ব্বেই”

ঈশ্বৰৰ মনোনীতৰ দৰে হোৱা অভিপ্ৰায় থিৰ থাকিবলৈ

“যাতে ঈশ্বৰে যেনে ধৰণে হোৱাতো ইচ্ছা কৰে তেনে ধৰণে হয়”

কিয়নো সন্তান কেইটিৰ জন্ম হোৱা নাছিল

“সন্তান কেইটিৰ জন্ম হোৱাৰ আগেয়ে”

আৰু ভাল বা বেয়া একো নৌ কৰোঁতেই

“তেওঁবিলাকে যে কিবা কৰিলে তাৰ কাৰণে নহয়”

তেওঁৰ ইচ্ছাৰ কাৰণে

ঈশ্বৰৰ বাবেহে

তেওঁক কোৱা হৈছিল, “বোলে, বৰটোৱে সৰুটোৰ দাস্যকৰ্ম কৰিব।”

ঈশ্বৰে ৰিবেকাক কৈছিল, “বৰ সন্তানটোৱে সৰু সন্তানটোৰ সেৱা কৰিব।”

“মই যাকোবক প্ৰেম কৰিলো, কিন্তু এচৌক ঘিণ কৰিলো”

ঈশ্বৰে এচৌক ঘিণ কৰা কথাটো যাকোবৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ লগতহে তুলনা কৰি কোৱা হৈছে।(চাওঁকঃ Hyperbole)

Romans 9:14-16

তেন্তে আমি কি কম? – পৌলে এই প্ৰশ্নটো সোধাৰ যোগেদি কোনো উত্তৰ আশা কৰা নাই। ঈশ্বৰ ধাৰ্ম্মিক নহয় বুলি থকা ভুল ধাৰণাটো আঁতৰ কৰিবৰ বাবেহে পৌলে এই প্ৰশ্নটিৰ সহায় লৈছে।(চাওঁকঃ Rhetorical Question)

এনে নহওক

“এইয়া সম্ভৱ নহয়!” বা “কেতিয়াও নহয়!” ইয়াত প্ৰকাশ কৰা ভাবটোৰ দ্বাৰাই ই যে অসম্ভৱ তাক কব বিচৰা হৈছে। আপোনাৰ ভাষাত এই ভাৱ প্ৰকাশ কৰিবৰ বাবে কোনো বিশেষ শব্দ থাকিলে ব্যৱহাৰ কৰক।

কিয়নো তেওঁ মোচিক কৈছিল,

“পাছে ঈশ্বৰে মোচিক কৈছিল,”

এতেকে এয়ে, ইচ্ছা কৰা বা দৌৰ মৰা জনৰ পৰা নহয়,

“এতেকে এয়ে, মানুহে যিহকে ইচ্ছা কৰে বা যাক পাবৰ বাবে চেষ্টা কৰে তাৰ দ্বাৰাই নহয়,”

বা দৌৰ মৰা জনৰ পৰা নহয়

পৌলে এজন ব্যক্তিয়ে কোনো এটা লক্ষ্যত উপনীত হবলৈ কঠোৰ চেষ্টা কৰা ব্যক্তি এজনক দৌৰ মৰাৰ লগত তুলনা কৰিছে।(চাওঁকঃ Metaphor)

Romans 9:17-18

কিয়নো শাস্ত্ৰে কৈছে

ইয়াত শাস্ত্ৰক এজন ব্যক্তিৰ ৰূপত ধৰা হৈছে যেন ঈশ্বৰে ফৰৌণৰ লগত কথা পাতি আছে। আন এক অনুবাদঃ “ঈশ্বৰে কোৱা বিষয়টো শাস্ত্ৰই লিপিবদ্ধ কৰি ৰাখিছে”(চাওঁকঃ Personification)

মই...মোৰ

ঈশ্বৰে নিজৰ কথা কৈছে।

তুমি

এক বচন

গোটেই জগতত মোৰ নাম প্ৰচাৰিত হবৰ কাৰণে

“আৰু যাতে মানুহ বিলাকে মোৰ নাম গোটেই জগততে প্ৰচাৰ কৰে”(চাওঁকঃ Active or Passive)

এতেকে যি জনলৈ তেওঁ ইচ্ছা কৰে, তেওঁকেই তেওঁ কঠিন কৰে

ঈশ্বৰে যাক কঠিন কৰিবলৈ ইচ্ছা কৰে ঈশ্বৰে তেওঁক কঠিন কৰে।

Romans 9:19-21

তুমি

পৌলে এজন ব্যক্তিৰ লগত কথা পাতি থকাৰ দৰে দেখুৱাই তেওঁৰ শিক্ষাক সমালোচনা কৰা লোকসকলক কৈ আছে। আপুনি ইয়াত বহুবচন ব্যৱহাৰ কৰিব লগা হব পাৰে।(চাওঁকঃ formsofyou)

তেওঁ...তেওঁৰ

ইয়াৰ দ্বাৰাই ঈশ্বৰক বুজোৱা হৈছে।

নিৰ্ম্মিত বস্তুৱে, মোক এনেকুৱা কিয় কৰিলা...কব নে?

পৌলে ইয়াত এজন পাত্ৰ নিৰ্মাণকাৰী আৰু পাত্ৰৰ উপমা ব্যৱহাৰ কৰি কৈছে, পাত্ৰ নিৰ্মাণ কৰা এজনে যেনে ধৰণৰ পাত্ৰ নিৰ্মাণ কৰিবলৈ ইচ্ছা কৰে তেনে ধৰণৰ পাত্ৰ নিৰ্মাণ কৰিব পাৰে, কিয়নো নিৰ্ম্মাণকৰ্তা জনে যেনে বিচাৰে তেনে কৰাৰ অধিকাৰ তেওঁৰ আছে।(চাওঁকঃ Metaphor)

Romans 9:22-24

তেওঁ...তেওঁৰ

“ঈশ্বৰ...ঈশ্বৰৰ”

ক্ৰোধৰ পাত্ৰবিলাকক...দয়াৰ পাত্ৰ

“যি বিলাকে ক্ৰোধ পাবৰ যোগ্য...যি বিলাকে দয়া পোৱাৰ যোগ্য”(চাওঁকঃ Metaphor))

প্ৰতাপৰ কাৰণে

“তেওঁৰ গৌৰবৰ, যি বহু মূল্যবান”

তেওঁ আগেয়ে প্ৰস্তুত কৰিলে

“যাক তেওঁ গৌৱৰাম্বিত কৰিবৰ বাবে সময়ৰ আগেয়ে প্ৰস্তুত কৰিলে যাতে”

আমাকো

পৌল আৰু তেওঁৰ বিশ্বাসী বন্ধু সকল

Romans 9:25-26

তেওঁ হোচেয়াৰ পুস্তকতো কৈছেঃ “ঈশ্বৰে কোৱাৰ দৰে হোচেয়াৰ পুস্তকতো লিখা আছে”

হোচেয়া

হোচেয়া এজন ভাৱবাদী আছিল।(চাওঁকঃ How to translate names)

“যি মোৰ লোক নহয়, তাক মোৰ লোক বুলি

“যি সকল মোৰ লোক নাছিলে তেওঁলোকক মই মোৰ লোক কৰিবলৈ মনোনীত কৰিলো।”

আৰু অপ্ৰিয় জনীক প্ৰিয়া বুলি মাতিম

“আজি মই যাক প্ৰেম কৰিছিলো তাৰ সলনি তাইক মনোনীত কৰিম যাক মই প্ৰেম কৰা নাছিলো”

জীৱনময় ঈশ্বৰৰ সন্তান

“জীৱনময়” এই শব্দটিৰ দ্বাৰাই ঈশ্বৰ যে একমাত্ৰ “সত্য” ঈশ্বৰ, আৰু সেই মিছা প্ৰতিমাবোৰৰ দৰে নহয় তাক বুজাব বিচাৰিছে। ইয়াক এনে দৰে অনুবাদ কৰিব পাৰি “সত্য ঈশ্বৰৰ সন্তান”( (UDB))।

Romans 9:27-29

যিচয়া

(চাওঁকঃTranslate Names)

চিঞৰি মাতিলে

“ঘোষণা কৰিলে”

সমুদ্ৰৰ বালিৰ নিচিনা

গণিব নোৱাৰা অগণন(চাওঁকঃ Simile)

পৰিত্ৰাণ পাব

পৰিত্ৰাণক আত্মিক অৰ্থত কোৱা হৈছে। যদি এজন ব্যক্তিয়ে “পৰিত্ৰাণ” লাভ কৰে, ইয়াৰ অৰ্থ যীচুৰ ক্ৰুচীয় মৃত্যুৰ দ্বাৰাই, ঈশ্বৰে তেওঁক ক্ষমা কৰিলে আৰু পাপৰ শাস্তিৰ পৰা উদ্ধাৰ কৰিলে।

বাক্য

“বাক্য” ইয়াৰ দ্বাৰাই ঈশ্বৰৰ সকলোবোৰ কথা বা আজ্ঞাৰ কথা কোৱা হৈছে।

আমাৰ...আমি – এই শব্দ দুটিৰ দ্বাৰাই যিচয়া আৰু ইস্ৰায়েলী সকলক বুজোৱা হৈছে।(চাওকঃ Inclusive)

আমি চদোমৰ নিচিনা হলোঁহেঁতেন, আৰু ঘমোৰাৰ তুল্য হলোঁহেঁতেন

আপুনি ইয়াক আৰু পৰিষ্কাৰকৈ প্ৰকাশ কৰিব পাৰে যে কেনেকৈ ইস্ৰায়েলী বিলাক চদোম আৰু ঘমোৰাৰ দৰে হ’ল হয়ঃ “আমি সকলোৱে ধংশ হলো হয়, চদোম আৰু ঘমোৰাৰ নগৰ সমূহৰ দৰে”( UDB)(চাওঁকঃ Explicit and Implicit)

Romans 9:30-31

তেন্তে আমি কি কম? “আমি ইয়াকে কব লাগে”(চাওঁকঃ Rhetorical Question)

পৰজাতিবিলাকে

“আমি পৰজাতি বিলাকে বুলি কম”

ধাৰ্ম্মিকতালৈ – “ঈশ্বৰক সন্তোষ্ট কৰিবলৈ চেষ্টা কৰা”

ধাৰ্ম্মিকতা পালে, অৰ্থাৎ বিশ্বাসমূলক ধাৰ্ম্মিকতা

“তেওঁৰ পুত্ৰত বিশ্বাস কৰাৰ দ্বাৰাই ঈশ্বৰক সন্তুোষ্ট কৰিলে”

নাপালেগৈ

“বিধান পালন কৰাৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত নহ’ল”(চাওঁকঃ Explicit and Implicit)

Romans 9:32-33

কি কাৰণে? – “তেওঁবিলাক কিয় ধাৰ্ম্মিক বুলি গণিত নহ’ল?”(চাওঁকঃ Rhetorical Question)

কৰ্ম্মৰ দ্বাৰাইহে

“কাৰ্য্যৰ দ্বাৰাই ঈশ্বৰক সন্তোষ্ট কৰিব চেষ্টা কৰিছিল”(চাওঁক UDB)বা “বিধান পালন কৰাৰ দ্বাৰাই”(চাওঁকঃ Explicit and Implicit)

উজুটি খুউৱা শিল

“এনে শিল য’ত মানুহ উজুটি খায়”

এই বিষয়ে লিখাও আছে

“যিচয়া ভাৱবাদীয়ে লিখাৰ দৰে”(চাওঁকঃ Explicit and Implicit)

চিয়োন

এটুকুৰা ঠাইৰ নাম।(চাওঁকঃ Translate Names)

বিশ্বাস কৰা জনা

যিহেতু সেই শিলটোৱে এজন ব্যক্তিক বুজাইছে(চাওঁক UDB), আপুনি হয়তো ইয়াক “তেওঁত বিশ্বাস কৰা জনা” বুলি অনুবাদ কৰিব লাগিব।(চাওঁকঃ Metaphor)

Romans 10

Romans 10:1-3

মোৰ হৃদয়ৰ বাঞ্ছা

“মোৰ অধীৰ হেপাহ”

তেওঁবিলাকৰ কাৰণে, তেওঁবিলাকৰ পৰিত্ৰাণৰ কাৰণে

“যাতে তেওঁ যিহূদী সকলক ৰক্ষা কৰে”

Romans 10:4-5

খ্ৰীষ্টই বিধানৰ শেষ

“কিয়নো খ্ৰীষ্টই সম্পূৰ্ণ ভাবে বিধান সিদ্ধ কৰিলে”

কিয়নো ধাৰ্ম্মিকতাৰ নিমিত্তে বিশ্বাস কৰা প্ৰত্যেক জনলৈ

“যাতে তেওঁ তেওঁক বিশ্বাস কৰা সকলোকে ঈশ্বৰৰ আগত ধাৰ্ম্মিক বুলি গণিত কৰাব পাৰে”

বিধানৰ পৰা অহা যি ধাৰ্ম্মিকতা

“বিধানে যি দৰে এজন ব্যক্তিক ঈশ্বৰৰ সন্মূখত ধাৰ্ম্মিক গণিত কৰায়”

যি মানুহে বৱস্থামূলক ধাৰ্ম্মিকতা পালন কৰে, তেওঁহে তাৰ দ্বাৰাই জীৱ

“যি জন মানুহে সম্পূৰ্ণ শুদ্ধ ভাৱে বিধান পালন কৰে তেওঁ জীৱ কিয়নো বিধানে তেওঁক ঈশ্বৰৰ সন্মূখত ধাৰ্ম্মিক গণিত কৰিব।”

তেওঁ জীৱ

ইয়ে এনে অৰ্থ প্ৰকাশ কৰিব পাৰে ১) অনন্ত জীৱন(চাওঁক UDB) বা ২) শাৰীৰিক ভাবে ঈশ্বৰৰ লগত সহভাগিতা।

Romans 10:6-7

কিন্তু বিশ্বাসমূলক ধাৰ্ম্মিকতাই এই দৰে কয়

ইয়াত “ধাৰ্ম্মিকতা” ক এজন মানুহৰ লগত তুলনা কৰা হৈছে যিয়ে কথা কব পাৰে। আন এক অনুবাদঃ “পাছে এজনৰ বিশ্বাসৰ দ্বাৰাই এজন ব্যক্তি কি দৰে ঈশ্বৰৰ আগত ধাৰ্ম্মিক বুলি গণিত হব পাৰে সেই বিষয়ে মোচিয়ে লিখিছে।”(চাওঁকঃ Personification)

তুমি নিজ হৃদয়ত নকবা

“তুমি নিজকে নিজে নকবা।” মোচিয়ে লোকসমূহৰ উদ্দেশ্যে কৈ আছিল যদিও এজন লোকক কোৱাৰ দৰে কৈ আছিল।(চাওঁকঃ Forms of ‘You’)

স্বৰ্গলৈ কোন উঠিব?

মোচিয়ে এটা প্ৰশ্ন সোধাৰ দ্বাৰাই তেওঁৰ দৰ্শক সকলক সুধিছে। তেওঁৰ আগৰ আদেশটো আছিল, “নকবা” যাৰ বাবে তেওঁক এটা বিয়োগাত্মক উত্তৰ লাগে। আন এক অনুবাদঃ “স্বৰ্গলৈ উঠিবলৈ কোনোৱে চেষ্টা কৰিব নালাগে।”(চাওঁকঃ Rhetorical Question)

অৰ্থাৎ খ্ৰীষ্টক নমাই আনিবলৈ

“যাতে তেওঁবিলাকে খ্ৰীষ্টক পৃথিবীলৈ নমাই আনিব পাৰে”

অগাধ ঠাইলৈ কোন নামিব? – মোচিয়ে তেওঁৰ দৰ্শক সকলক শিকাবৰ বাবে এটা প্ৰশ্নৰ সহায় লৈছে। তেওঁৰ আগৰ আদেশটো আছিল, “নকবা” যাৰ বাবে এটা .... উত্তৰ লাগে। আন এক অনুবাদঃ “কোনোৱে সেই ঠাইলৈ নামিব আৰু সোমাব নালাগে য’ত মৃত লোকবিলাকৰ আত্মা সমূহ থাকে।”(চাওঁকঃ Rhetorical Question)

মৃতবিলাকৰ মাজৰ পৰা খ্ৰীষ্টক তুলি আনিবলৈ

“যাতে তেওঁবিলাকে খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা তুলি আনিব পাৰে”

Romans 10:8-10

কিন্তু ইয়ে কি কয়? ইয়াত “ইয়ে” শব্দটিৰ দ্বাৰাই ১০:৬ পদৰ “ধাৰ্ম্মিকতাক” বুজোৱা হৈছে। ইয়াত পৌলে “ধাৰ্ম্মিকতা” ক এজন মানুহ যি জনে কথা কব পাৰে তাৰ লগত তুলনা কৰিছে। পৌলে এটা প্ৰশ্নৰ সহায় লৈছে যাৰ দ্বাৰাই আগলৈ দিব লগা উত্তৰটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব পৰা যায়। আন এক অনুবাদঃ “পাছে মোচিয়ে এই দৰে কৈছে”(চাওঁকঃ Personification and Rhetorical Question)

সেই বাক্য তোমাৰ ওচৰতে

“সেই বাৰ্তাৰ ইয়াতে আছে”

তোমাৰ মূখত

“মূখত” শব্দটোৱে এজন মানুহে কোৱা কথাক বুজাইছে। এই বাক্যশাৰী নতুনকৈ অনুবাদ কৰিব পাৰিঃ “এইয়ে যি তুমি কোৱা”(চাওঁকঃ Metonymy)

তোমাৰ চিত্ততে

“চিত্ত” শব্দটোৱে এজন মানুহৰ মন বা তেওঁৰ চিন্তাক বুজাইছে। আন এক অনুবাদঃ “আৰু এয়ে যি তুমি চিন্তা কৰা।”

তুমি যদি নিজ মূখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰা

“যীচু প্ৰভু হয় বুলি যদি তুমি স্বীকাৰ কৰা”

হৃদয়েৰে বিশ্বাস কৰা

“সত্যক গ্ৰহণ কৰা”

তুমি পৰিত্ৰাণ পাবা

এই বাক্যষাৰ এটা প্ৰত্যক্ষ উক্তি যোগদিয়াৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে তোমাক পৰিত্ৰাণ প্ৰদান কৰিব।”(চাওঁকঃ Active or Passive)

কাৰণ ধাৰ্ম্মিকতাৰ নিমিত্তে হৃদয়েৰে বিশ্বাস কৰা হয়, আৰু পৰিত্ৰাণৰ নিমিত্তে মূখেৰে স্বীকাৰ কৰা হয়

“কিয়নো এজন মানুহে চিত্তৰ দ্বাৰাই ভাৰসা কৰে আৰু ঈশ্বৰৰ আগত ধাৰ্ম্মিক বুলি গণিত হয়, আৰু এজন মানুহে মূখেৰে স্বীকাৰ কৰে তাতে ঈশ্বৰে তেওঁক ৰক্ষা কৰে”

Romans 10:11-13

যি কোনোৱে তেওঁত বিশ্বাস কৰ, তেওঁ লাজত নপৰিব

“তেওঁত বিশ্বাস কৰা কাকো লাজত নেপেলাব।” এই বাক্যশাৰী এটা প্ৰত্যক্ষ উক্তিৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “তেওঁত বিশ্বাস কৰা কাকো ঈশ্বৰে লাজত নেপেলাব।” আন এক অনুবাদঃ “তেওঁত যিমান লোকে বিশ্বাস কৰিব সকলোকে ঈশ্বৰে মৰ্য্যদা দিব।”(চাওঁকঃ Active or Passive and Litotes)

কাৰণ গ্ৰীক কি যিহূদী ইয়াৰ একো প্ৰভেদ নাই

“এই দৰে, ঈশ্বৰে যিহূদী আৰু অযিহূদী সকলোলৈ একে ব্যৱহাৰ কৰে”( UDB)

যিমান মানুহে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, সেই সকলোলৈ তেওঁ ধনৱান

“তেওঁত ভাৰসা কৰা সকলোলৈ তেওঁ অধিককৈ আৰ্শীবাদ দান কৰে”

কাৰণ যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব

“নামত” এই শব্দটিৰ দ্বাৰাই গোটেই ব্যক্তি জনক বুজোৱা হৈছে। এই বাক্যশাৰী এটা প্ৰত্যক্ষ উক্তিৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “প্ৰভুৱে তেওঁত ভাৰসা কৰা সকলোকে ৰক্ষা কৰিব।”(চাওঁকঃ Metonymy, Active or Passive)

Romans 10:14-15

পাছে যি জনাত তেওঁবিলাকে বিশ্বাস কৰা নাই, সেই জনাৰ আগত কেনেকৈ প্ৰাৰ্থনা কৰিব?

পৌলে এটা প্ৰশ্ন সোধাৰ দ্বাৰাই খ্ৰীষ্টৰ শুভবাৰ্তা নুশুনা সকলো লোকৰ আগত ঘোষণা কৰিব লাগে তাৰ গুৰুত্বতাক বুজাব বিচাৰিছে। “তেওঁবিলাকে” এই শব্দটিৰ দ্বাৰাই ঈশ্বৰৰ বিষয়ে নুশুনা লোক সকলৰ কথা কোৱা হৈছে। আন এক অনুবাদঃ “যি বিলাকে ঈশ্বৰ বিশ্বাস নকৰে তেওঁবিলাকে তেওঁক মাতিব নোৱাৰে।”(চাওঁকঃ Rhetorical Question)

আৰু যি জনাৰ বিষয়ে শুনা নাই, তেওঁত নো কেনেকৈ বিশ্বাস কৰিব? পৌলে সেই একে কাৰণতে পুনৰ এটা প্ৰশ্ন সুধিছে। আন এক অনুবাদঃ “আৰু তেওঁবিলাকে তেওঁত বিশ্বাস কৰিব নোৱাৰিব যদিহে তেওঁৰ বাৰ্তা শুনা নাই” বা “আৰু তেওঁবিলাকে তেওঁত বিশ্বাস কৰিব নোৱাৰিব যদিহে তেওঁবিলাকে তেওঁৰ বাৰ্তাৰ শুনা নাই।”

ঘোষণাকাৰী নহলে, কেনেকৈ শুনিব? – পুনৰ সেই একে কাৰণেত পৌলে এটা প্ৰশ্ন সুধিছে। আন এক অনুবাদঃ “আৰু যদিহে তেওঁবিলাকক কোনোৱে সেই বা্ৰ্তা নিদিয়ে তেনে হলে তেওঁবিলাকে সেই বাৰ্তা শুনিবলৈ নাপাব।”

আৰু তেওঁবিলাকক পঠোৱা নহলে, কেনেকৈ ঘোষণা কৰা হব?

পৌলে একেটা কাৰণতে পুনৰ এটা প্ৰশ্ন সুধিছে। “তেওঁবিলাকক” ইয়াৰ দ্বাৰাই ঈশ্বৰৰ বিশ্বাসী সকলৰ কথা কোৱা হৈছে। এই বাক্যশাৰী এটা প্ৰত্যক্ষ উক্তি যোগ দিয়াৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “আৰু তেওঁবিলাকক পঠোৱা নহলে তেওঁবিলাকে আন মানুহক সেই বাৰ্তা দিব নোৱাৰিব।”(চাওঁকঃ Active or Passive)

“মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰাবিলাকৰ ভৰি কেনে সুন্দৰ!”

পৌলে “ভৰি” কোৱাৰ দ্বাৰাই যাত্ৰা কৰি কৰি শুভবাৰ্তা নুশুনা ব্যক্তি সকলৰ আগত শুভবাৰ্তা ঘোষনা কৰি ঘুৰি ফুৰা লোক সকলৰ কথা বুজাইছে। আন এক অনুবাদঃ “যেতিয়া এজন প্ৰচাৰক আহে আৰু আমাক শুভবাৰ্তা কয় তেতিয়া ই কেনে সুন্দৰ হয়।”(চাওঁকঃ Metonymy)

Romans 10:16-17

কিন্তু সকলোৱে তাক গ্ৰহন নকৰিলে

“পাছে সকলো যিহূদীয়ে তাক নুশুনিলে”

হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে? – পৌলে এই প্ৰশ্নটি সোধাৰ দ্বাৰাই এটা কথাত জোৰ দিব বিচাৰিছে যে শাস্ত্ৰত যিচয়াই আগতেই ভাৱবাণী কৰি কৈছিল যে বহুতো যিহূদীয়ে যীচুক বিশ্বাস নকৰিব। ইয়াত,“আমি” শব্দটোৰ দ্বাৰাই ঈশ্বৰ আৰু যিচয়াক বুজোৱা হৈছে। আন এক অনুবাদঃ “প্ৰভু, তেওঁবিলাকৰ বহুতে আমাৰ বাৰ্ত্তাত বিশ্বাস নকৰিলে।”(চাওঁকঃ Rhetorical Question)

Romans 10:18

কিন্তু মই কওঁ, “তেওঁবিলাকে জানো শুনিবলৈ পোৱা নাই?” অৱশ্যে পালে। পৌলে বিষয়টোক গুৰত্ব দিবৰ বাবে এটা প্ৰশ্ন সুধিছে। আন এক অনুবাদঃ “কিন্তু, পাছে মই কওঁ যে যিহূদী সকলে নিশ্চিত ভাবে যীচু খ্ৰীষ্টৰ সম্বন্ধীয় বাৰ্তা শুনিছে।”(চাওঁকঃ Rhetorical Question, Speech Quotations)

তেওঁবিলাকৰ স্বৰ গোটেইখন পৃথিবীলৈ, আৰু তেওঁবিলাকৰ কথা জগতৰ সীমালৈকে ব্যাপি গল

দুয়োটা বাক্যই একেটা অৰ্থ প্ৰকাশ কৰাৰ দ্বাৰাই বিষয়টিৰ ওপৰত গুৰুত্ব দিব বিচাৰিছে। “তেওঁবিলাক” শব্দটোৱে সূৰ্য্য, চন্দ্ৰ আৰু তৰাক বুজাইছে। ইয়াত তেওঁবিলাকক মানৱ প্ৰচাৰক হিচাপে আখ্যা দিয়া হৈছে আৰু তেওঁবিলাকেই ঈশ্বৰৰ বিষয়ে মানুহক জনাইছে। ইয়াৰ দ্বাৰাই তেওঁবিলাকৰ উপস্থিতিয়ে কি দৰে ঈশ্বৰৰ মহিমা আৰু শক্তিক প্ৰকাশ কৰিছে তাৰ সাক্ষ্য বহন কৰি আহিছে। ইয়াত পৌলে যি শাস্ত্ৰৰ উদ্ধিতি দিছে তাক স্পষ্টকৈ প্ৰকাশ কৰিব পাৰি। আন এক অনুবাদঃ “শাস্ত্ৰত যি দৰে লিখা আছে, ‘সূৰ্য্য, চন্দ্ৰ আৰু তৰা এই সকলোৱেই ঈশ্বৰৰ মহিমা আৰু গৌৰৱ প্ৰকাশ কৰি আহিছে, আৰু জগতৰ সকলোৱে তাক দেখিছে আৰু ঈশ্বৰৰ সত্যৰ বিষয়ে জানিছে।’”(চাওঁকঃ Parallelism and Personification and Explicit and Implicit)

Romans 10:19

কিন্তু মই কওঁ, ইস্ৰায়েল লোকে জানো জানিবলৈ পোৱা নাই?

পৌলে গুৰুত্বআৰোপ কৰিবৰ বাবে প্ৰশ্নৰ সহায় লৈছে। “ইস্ৰায়েল” এই শব্দটোৱে ইস্ৰায়েল দেশত বাস কৰা লোক সকলৰ কথা বুজাইছে। আন এক অনুবাদঃ “পুনৰ মই তোমালোকক কওঁ ইস্ৰায়েলৰ লোকসকলে সেই বাৰ্তা জানে।”(চাওঁকঃ Rhetorical Question and Metonymy)

প্ৰথমতে মোচিয়ে কৈছে, “মইতোমালোকৰ ঈৰ্ষা জন্মাম...খং তুলাম”

ইয়াৰ অৰ্থ ঈশ্বৰে যি কৈছিল মোচিয়ে তাক লিখি গৈছিল। “মই” শব্দটোৰ দ্বাৰাই ঈশ্বৰক বুজোৱা হৈছে, আৰু “তোমালোকৰ” শব্দটিৰ দ্বাৰাই ইস্ৰায়েলী সকলক বুজোৱা হৈছে। আন এক অনুবাদঃ “প্ৰথমে মোচিয়ে কলে যে ঈশ্বৰে তোমালোকক ঈৰ্ষা জন্মাব...ঈশ্বৰে তোমালোকৰ খং তুলাব...”(চাওঁকঃ Forms of ‘You’, Speech Quotations)।

নগণ্য জাতিৰ দ্বাৰাই

“যি বিলাকক ইস্ৰায়েলী সকলে এটা জাতি বুলি গণ্য নকৰে” (চাওঁক UDB) বা “সেই সকল লোকৰ দ্বাৰাই যি সকল কোনো এটা বিশেষ জাতিৰ পৰা নহয়”

নিৰ্ব্বোধ জাতিৰ দ্বাৰাই – “এনে এক জাতিৰ দ্বাৰাই যিয়ে মোক বা মোৰ আজ্ঞা সমূহক নাজানে”

তোমালোকৰ খং তুলাম

“মই তোমালোকক খং তুলাম।”

Romans 10:20-21

আৰু যিচয়ায়ো অতি সাহ কৰি কৈছে

ইয়াৰ অৰ্থ ঈশ্বৰে যি ধৰণে কৈছে যিচয়াই তাকে লিখিছে।

যিবিলাকে মোক নিবিচাৰিলে, তেওঁবিলাকে মোক পালে

“মোক” এই শব্দটিৰ দ্বাৰাই ঈশ্বৰক বুজোৱা হৈছে। এই বাক্যশাৰী এটি প্ৰত্যক্ষ উক্তিৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “যদিও পৰজাতি লোক সকলে মোক বিচাৰি থকা নাই তথাপি তেওঁবিলাকে মোক পালে।” লগতে, ভাৱবাদী সকলে প্ৰায়ে আগতে হব লগা কথা খিনি এনে দৰে কয় যেন সেইয়া ইতিমধ্যেই ঘটিল। ইয়াৰ দ্বাৰাই এটা কথাই প্ৰমাণ হয় যে ভাৱবাণী সিদ্ধ হব। আন এক অনুবাদঃ “যদিও পৰজাতিৰ লোকবিলাকে মোক বিচৰা নাই, তেওঁবিলাকে মোক পাব।”(চাওঁকঃ Active or Passive)

মই প্ৰকাশিত হলো

“মই নিজকে প্ৰকাশ কৰিলো।” আন এক অনুবাদঃ “মই নিজকে প্ৰকাশ কৰিম।”

তেওঁ কৈছে

ঈশ্বৰে যিচয়াৰ দ্বাৰাই কথা কৈছে

ওৰে দিনটো হাত মেলিলোঁ

এই বাক্যশাৰীৰ দ্বাৰাই ঈশ্বৰে যে নিৰন্তৰে চেষ্টা কৰি আছে তাক বুজাইছে। আন এক অনুবাদঃ “নিৰন্তৰে”

আজ্ঞা নমনা আৰু আপত্তি কৰা লোকলৈ মই হাত মেলিলোঁ

আন এক অনুবাদঃ “মই তোমালোকক আমন্ত্ৰণ জনাবলৈ আৰু সহায় কৰিবলৈ চেষ্টা কৰিলো, কিন্তু তোমালোকে মোৰ পৰা সহায় নললা আৰু অবাধ্য হৈয়ে থাকিলা।” “মই”বোলা শব্দটোৱে ঈশ্বৰক বুজাইছে।

Romans 11

Romans 11:1-3

তেন্তে মই কওঁ

“তেন্তে, মই ,পৌলে কওঁ”

ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলে নে?

পৌলে এই প্ৰশ্নটো সুধিছে যাতে পৰজাতিৰ লোক বিলাকক ঈশ্বৰে মনোনীত কৰাৰ বাবে যিহূদী বিলাকৰ যি অসন্তোষ্টি তাৰ উত্তৰ দিব পাৰে, পাছে যিহূদী লোক সকলৰ হৃদয় কঠিন কৰা হ’ল।(চাওঁকঃ Rhetorical Question)

এনে নহওক

“এইয়া সম্ভৱ নহয়!” বা “কেতিয়াও নহয়!” এই ভাৱৰ দ্বাৰাই ইয়াকে কব বিচৰা হৈছে যে এইয়া কেতিয়াও নহয়। আপোনাৰ ভাষাত এনে ভাৱ প্ৰকাশ কৰাৰ কোনো শব্দ থাকিব পাৰে। ৯:১৪ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

বিন্যামীনৰ ফৈদৰ

এই বাক্যশাৰীৰ দ্বাৰাই ঈশ্বৰে ইস্ৰায়েল জাতিক ভাগ কৰা ১২টা ফৈদৰ মাজৰএটা ভাগ বিন্যামীনৰ বংশৰ পৰা অহাৰ কথা কৈছে।

তেওঁ আগেয়ে জনা

“যাক তেওঁ আগেয়ে জানিছিল”

এলিয়াৰ বিবৰণত শাস্ত্ৰে কি কৈছে, তাক তোমালোকে নাজানা নে, তেওঁ ইস্ৰায়েল লোকৰ অহিতে ঈশ্বৰৰ আগত এই দৰে নিবেদন কৰিছিল,

“শাস্ত্ৰত কি লিখা আছে তাক তোমালোকে নিশ্চয়কৈ জানা। তোমালোকৰ মনত আছে যে এলিয়াই ইস্ৰায়েলৰ বিৰুদ্ধে ঈশ্বৰৰ আগত নিবেদন কৰিছিল।”(চাওঁকঃ Rhetorical Question)

শাস্ত্ৰে কি কৈছে

শাস্ত্ৰত কি লিখা আছে তাকে পৌলে কব বিচাৰিছে।(চাওঁকঃ Personification)

তেওঁবিলাকে বধ কৰিলে

ইস্ৰায়েলৰ লোক সকলে বধ কৰিলে

কেৱল মইহে অৱশিষ্ট আছোঁ

“মই” ইয়াৰ দ্বাৰাই এলিয়াৰ কথা কোৱা হৈছে।

Romans 11:4-5

কিন্তু তেওঁলৈ ঐশ্বৰিক বাণীয়ে কি কয়

পৌল তেওঁৰ পঢ়ুৱৈ সকলক পিছৰ বিষয়টোলৈ লৈ যাবৰ বাবে এই প্ৰশ্নটো ব্যৱহাৰ কৰিছে।(চাওঁকঃ Rhetorical Question)

ঈশ্বৰে উত্তৰত কি কলে

“ঈশ্বৰে কি দৰে উত্তৰ দিলে”(চাওঁকঃ Metonymy)

তেওঁলৈ

ইয়াৰ দ্বাৰাই এলিয়াক বুজোৱা হৈছে।

সাত হাজাৰ মানুহ

“৭০০০ মানুহ”(চাওঁকঃ Translate Numbers)

Romans 11:6-8

কিন্তু সেয়ে যদি অনুগ্ৰহেৰে হয়

ঈশ্বৰৰ অনুগ্ৰহে কি দৰে কাৰ্য্য কৰিছে তাক পৌলে কৈ যাব ধৰিলে। “কিন্তু যিহেতু ঈশ্বৰৰ কাৰ্য্য অনুগ্ৰহৰ দ্বাৰাই হয়।”

তেন্তে কি?

“ইয়াৰ পৰা আমি কি বুজিম?” আন এক অনুবাদঃ “এই কথা আমি মনত ৰখা উচিত।”(চাওঁকঃ Rhetorical Question)

ঈশ্বৰে সিহঁতক মূৰ্চ্ছা জনক আত্মা, আৰু যাতে নেদেখিব, এনে চকু, আৰু যাতে নুশুনিব, এনে কাণ দিলে

এই উপমাৰ দ্বাৰাই এই কথা বুজাব বিচৰা হৈছে যে আত্মিক ভাবে তেওঁবিলাক খালি।

চকুৰে যাতে তেওঁবিলাকে দেখা নাপায়

এটা চকুৰে দেখা কাৰ্য্যক কোনো এটা বিষয় বুজি পোৱাৰ লগত তুলনা কৰা হয়।

দুখন কাণেৰে যাতে তেওঁবিলাকে শুনা নাপায়

কাণেৰে শুনা বিষয়টোক বাধ্যতাৰ লগত তুলনা কৰা হয়।

Romans 11:9-10

সিহঁতৰ ভোজনৰ মেজ, সিহঁতলৈ ফান্দ আৰু কুন্দা হওঁক

“মেজ” ভোজৰ কথা সূচায়, আৰু “ফান্দ” আৰু “কুন্দা” দ্বাৰাই শাস্তিৰ কথা কোৱা হৈছে। আন এক অনুবাদঃ “হে প্ৰভু অনুগ্ৰহ কৰি তেওঁবিলাকৰ ভোজৰ সময়ত তেওঁবিলাকক ধৰি শাস্তি দিয়ক।”(চাওঁকঃ Metonymy, Active or Passive)

বিঘিনি

“যি বিষয়ে তেওঁবিলাকক পাপত পেলায়”(চাওঁকঃ Idiom)

প্ৰতিফলস্বৰূপ

“যাৰ দ্বাৰাই তেওঁবিলাকৰ ওপৰত পোতক তুলিব পাৰি”

সিহঁতৰ পিঠি সদায় কুঁজা কৰক

দায়ূদে ঈশ্বৰক তেওঁৰ শত্ৰুবোৰক তেওঁৰ দাস কৰাতো বিচাৰিছে যিয়ে সদায় পিঠিত গধুৰ বোজা কঢ়িয়াই ফুৰিব।(চাওঁকঃ Metaphor)

Romans 11:11-12

তেওঁবিলাক পৰিবলৈ উজুটি খালে নেকি? “তেওঁবিলাকে পাপ কৰাৰ বাবে ঈশ্বৰে সদাকালৰ বাবে তেওঁবিলাকক ত্যাগ কৰিলে নেকি?”

এনে নহওঁক

“সেইয়া সম্ভৱ নহয়!” বা “কেতিয়াও হব নোৱাৰে!” এইয়া যে কেতিয়াও সম্ভৱ নহয় ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰা হৈছে। আপোনাৰ ভাষাত এনে ভাৱ প্ৰকাশ কৰাৰ কোনো শব্দ থাকিব পাৰে। ৯:১৪ পদটি কেনে দৰে অনুবাদ কৰিছে চাওঁক।

অন্তৰ্জ্বালা...জন্মাবলৈ – ১০:১৯ পদটি অনুবাদ কৰাৰ দৰে কৰক

Romans 11:13-14

অন্তৰ্জ্বালা জন্মাবলৈ

১০:১৯ পদটি অনুবাদ কৰাৰ দৰে কৰক

Romans 11:15-16

তেওঁবিলাকে

এই শব্দটিৰ দ্বাৰাই অবিশ্বাসী যিহূদী সকলক বুজোৱা হৈছে।

মৃতবিলাকৰ জীৱন লাভৰ বিনে আন কি হব

“তেনে হলে, তেওঁবিলাকক ঈশ্বৰে কি দৰে গ্ৰহণ কৰিব যেতিয়া তেওঁবিলাকে খ্ৰীষ্টক বিশ্বাস কৰিব? এইয়া তেওঁবিলাকৰ বাবে মৃত্যুৰ পৰা জীৱনলৈ উলটি অহাৰ দৰে হব!”(চাওঁকঃ Active or Passive)

যদি সনা পিঠাগুৰিৰ প্ৰথম ভাগ পবিত্ৰ, তেন্তে গোটেই লদাই পবিত্ৰ।– পৌলে অব্ৰাহাম, ইচাহাক আৰু যাকোব, ইস্ৰায়েলৰ ওপৰি পুৰুষ সকলক প্ৰথম ফলৰ লগত তুলনা কৰিছে, আৰু যি সকল ইস্ৰায়েলী সেই সকল লোকৰ বংশৰ তেওঁবিলাকক শেষ ভাগ পিঠাগুৰিৰ বুলি অভিহিত কৰা হৈছে।(চাওঁকঃ Metaphor)

শিপা যদি পবিত্ৰ, ডালবোৰো পবিত্ৰ

পৌলে অব্ৰাহাম, ইচাহাক আৰু যাকোব, ইস্ৰায়েলৰ ওপৰিপুৰুষ সকলক শিপাৰ লগত তুলনা কৰিছে আৰু তেওঁবিলাকৰ বংশৰ ইস্ৰায়েলী সকলক গছৰ ডালৰ লগত তুলনা কৰিছে।(চাওঁকঃ Metaphor)

পবিত্ৰ

যি বিলাক লোক পবিত্ৰ তেওঁবিলাকক ঈশ্বৰৰ আৰু ঈশ্বৰলৈ পৰিচৰ্যা আৰু গৌৰৱৰ অৰ্থে পৃথক কৰা হৈছে।

Romans 11:17-18

এজন লোকৰ আগত কোৱাৰ দৰে পৌলে পৰজাতিৰ লোক সকলৰ আগত এনে দৰে কথা কৈছে

আৰু তুমি বনৰীয়া জলফাই গছ হৈয়ো

“তোমালোক” আৰু “বনৰীয়া জলফাই গছ” ইয়াৰ দ্বাৰাই পৰজাতিৰ লোক সকলক বুজোৱা হৈছে যি সকলে যীচুৰ দ্বাৰাই পৰিত্ৰাণ গ্ৰহণ কৰিলে।(চাওঁকঃ Metaphor,Forms of You)

কমলস্বৰূপে লগোৱা হ’ল

“বাকী থকা ডাল সমূহত লগোৱা হ’ল”

শিপাৰ ৰসৰ সহভাগী হলা

ঈশ্বৰৰ প্ৰতিজ্ঞা (চাওঁকঃ Metaphor)

ডালবোৰৰ বিৰুদ্ধে দৰ্প নকৰিবা

“তোমালোকে ঈশ্বৰে পৰিত্যাগ কৰা যিহূদী বিলাকতকৈ ভাল বুলি দৰ্প নকৰিবা”

তুমি শিপাক ধাৰণ কৰিছা এনে নহয়, কিন্তু শিপাইহে তোমাক ধাৰণ কৰিছে

“ঈশ্বৰৰ দ্বাৰাইহে তোমালোকে আশীৰ্বাদ লাভ কৰিছা, ঈশ্বৰ তোমালোকৰ দ্বাৰাই আশীৰ্বাদিত হোৱা নাই”(চাওঁকঃ Metaphor)

Romans 11:19-21

এজন লোকৰ আগত কোৱাৰ দৰে পৌলে পৰজাতিৰ লোক সকলৰ আগত এনে দৰে কথা কৈছে

ডালবোৰ ভাঙি পেলোৱা হ’ল

এই বাক্যষাৰৰ দ্বাৰাই সেই সকল যিহূদী লোকৰ কথা কোৱা হৈছে যি সকলে ঈশ্বৰক ত্যাগ কৰিলে।(চাওঁকঃ Metaphor)ইয়াক প্ৰত্যক্ষ ক্ৰিয়াৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে ডালবোৰ ভাঙিলে।”(চাওঁকঃ Active or Passive)

মোক লগাবলৈহে

ইয়াৰ দ্বাৰাই পৰজাতি লোক সকলক বুজোৱা হৈছে যি সকলে ঈশ্বৰক গ্ৰহণ কৰিলে।(চাওঁকঃ Metaphor)ইয়াক প্ৰত্যক্ষ উক্তিৰ দৰে অনুবাদ কৰিব পাৰিঃ “তেওঁ যাতে মোত লাগে”(চাওঁকঃ Active or Passive)

সেইবোৰ ভাঙি পেলোৱা হ’ল

এই বাক্যশাৰী প্ৰত্যক্ষ উক্তি হিচাপে অনুবাদ কৰিব পাৰিঃ “তেওঁ সিহঁতক ভাঙিলে।”(চাওঁকঃ Active or Passive)

তেওঁবিলাকৰ...সিঁহত

“তেওঁবিলাক” আৰু “সিঁহত” ইয়াৰ দ্বাৰাই অবিশ্বাসী যিহূদী লোক সকলক বুজোৱা হৈছে।

তুমি হলে বিশ্বাসত থিৰে আছা

“পাছে তুমি তোমাৰ বিশ্বাসৰ বাবে থিৰে আছা।”

কিয়নো যদি ঈশ্বৰে স্বাভাবিক ডালবোৰক মৰম নকৰিলে, তেন্তে তোমাকো মৰম নকৰিব

“যিহেতু ঈশ্বৰে স্বাভাবিক ডাল সমূহক ৰক্ষা নকৰিলে, সেয়েহে তোমালোকক তেওঁ ক্ষমা নকৰিব।”

স্বাভাবিক ডাল

ইয়াৰ দ্বাৰাই যিহূদী লোক সকলক বুজোৱা হৈছে।

Romans 11:22

এজন লোকৰ আগত কোৱাৰ দৰে পৌলে পৰজাতিৰ লোক সকলৰ আগত এনে দৰে কথা কৈছে

ঈশ্বৰৰ মধুৰ আৰু তীক্ষ ভাব চোৱা

পৌলে পৰজাতিৰ লোক সকলক সোঁৱৰাই দি কৈছে যে যদিও ঈশ্বৰে তোমালোকৰ প্ৰতি মধুৰ ভাব দেখুৱালে, তথাপি প্ৰয়োজন সাপেক্ষে তেওঁ তোমালোকৰ বিচাৰ আৰু শাস্তি লবৰ বাবে পিছনুহুকিব।

নহলে, তুমিও কটা যাবা

“নহলে ঈশ্বৰে তোমাকো কাটিব”(চাওঁকঃ Active orPassive)

Romans 11:23-24

এজন লোকৰ আগত কোৱাৰ দৰে পৌলে পৰজাতিৰ লোক সকলৰ আগত এনে দৰে কথা কৈছে

সেইবোৰ যদি অবিশ্বাসত নাথাকে

“যদিহে যিহূদী সকলে খ্ৰীষ্টত বিশ্বাস কৰিবলৈ আৰম্ভ কৰে”

তেন্তে সেইবোৰকো লগোৱা হব

“ঈশ্বৰে তেওঁবিলাকক পুনৰ লগাব”(চাওঁকঃ Active or Passive)

লগোৱা

ই এটা সাধাৰণ প্ৰক্ৰিয়া য’ত এডাল জীৱন্ত ডাল আন এজোপা গছত সংযুক্ত কৰা হয় যাতে সেই ডালটো নতুন গছ জোপাত আগৰ দৰেই বাঢ়ি যাব পাৰে।

কাৰণ স্বাভাবিক বনৰীয়া জলফাই গছৰ পৰা কটা যোৱা যি তুমি, তুমি যদি স্বভাৱৰ বিপৰীতে উত্তম জলফাই গছত লগোৱা হলা,তেন্তে স্বভাবিক ডাল যি সেইবোৰ, সেইবোৰক কিমান অধিক নিঃসন্দেহে নিজৰ জলফাই পছত লগোৱা হব?

পৌলে ঈশ্বৰৰ লোক বিলাকক গছৰ ডালৰ লগত তুলনা কৰিছে(চাওঁকঃ Metaphor) আন এক অনুবাদ এটা প্ৰত্যক্ষ উক্তি যোগ দিয়াৰ দ্বাৰাইঃ “পাছে যদি ঈশ্বৰে তোমাক বনৰীয়া জলফাই স্বাভাবৰ গছ হোৱাত কাটি বাহিৰ কৰিলে, আৰু তোমালোকৰ স্বভাবৰ বিপৰীতে এজোপা ভাল জলফাই গছত তোমালোকক সংযুক্ত কৰিলে, তেনে হলে তেওঁ যিহূদী সকলক কিমান অধিক লগাব, যি সকল সেই স্বাভাবিক গছৰে অংশ?”(চাওঁকঃ Active or Passive)

সিঁহত...সিঁহতৰ

এই শব্দকেইটাৰ দ্বাৰাই প্ৰতি বাৰে যিহূদী সকলক বুজোৱা হৈছে

Romans 11:25

মই

ইয়াৰ দ্বাৰাই পৌলক বুজোৱা হৈছে।

তুমি...তুমি...তোমাৰ

এই শব্দকেইটাৰ দ্বাৰাই পৰজাতি বিশ্বাসী সকলক বুজোৱা হৈছে।

তোমালোকে যেন নিজক জ্ঞানৱন্ত বুলি নামানা

“যাতে তুমি যিমান জ্ঞানী তাতকৈ অধিক নিজকে জ্ঞানী বুলি নামানাঃ” পৰজাতি বিশ্বাসী সকলে নিজকে যিহূদী অবিশ্বাসী সকলতকৈ অধিক জ্ঞানী বুলি ভাবিব পাৰে।(চাওঁকঃ Explicit and Implicit)

কিছু পৰিমানে ইস্ৰায়েল লোকৰ যে কঠিনতা জন্মিল

কিছু সংখ্যক যিহূদীয়ে যীচু খ্ৰীষ্টৰ দ্বাৰা পৰিত্ৰাণ গ্ৰহণ নকৰিলে।(চাওঁকঃ Metaphor)

যেতিয়ালৈকে পৰজাতি লোকৰ পৰিপূৰ্ণতা নহয়

“যেতিয়ালৈকে” ইয়াৰ দ্বাৰাই কব বিচৰা হৈছে যে পৰজাতিৰ লোক সমূহৰ মণ্ডলী ভুক্ত হোৱাৰ পিছত বহু যিহূদীয়ে ঈশ্বৰত বিশ্বাস কৰিব।

Romans 11:26-27

এইদৰে সকলো ইস্ৰায়েল লোকে পৰিত্ৰাণ পাব

এই বাক্যষাৰ এটি প্ৰত্যক্ষ উক্তিৰ দ্বাৰাই প্ৰকাশ কৰিব পাৰিঃ “পাছে ঈশ্বৰে সকলো ইস্ৰায়েলীকে উদ্ধাৰ কৰিব”(চাওঁকঃ Active or Passive)

সকলো ইস্ৰায়েলীয়ে পৰিত্ৰাণ লাভ কৰিব

ইয়াক অলপ বেছিকৈ বঢ়াই কোৱা হৈছেঃ বহুতো ইস্ৰায়েলীয়ে পৰিত্ৰাণ পাব।(চাওঁকঃ Hyperbole)

Romans 11:28-29

এফালে...আন ফালে

এই দুই বাক্যৰ দ্বাৰাই এটা বিষয়ৰ কোনো দুটা ঘটনাৰ তুলনা কৰা হয়। ইয়াৰ দ্বাৰাই পৌলে কব বিচাৰিছে যে ঈশ্বৰে যিহূদী সকলক পৰিত্যাগ কৰিলে, পাছে তেওঁ এতিয়াও তেওঁবিলাকক প্ৰেম কৰে।

তোমালোকৰ কাৰণে তেওঁবিলাকক ঘিণ কৰা হ’ল

“হে পৰজাতি বিশ্বাসী সকল তোমালোকৰ বাবেহে ঈশ্বৰে যিহূদী সকলক ঘিণ কৰিলে”(চাওঁকঃ Active or Passive)পৰজাতিৰ প্ৰতি ঈশ্বৰৰ যি প্ৰেম সেয়ে এনে গভীৰ যে তাৰ তুলনাত যিহূদী সকলৰ প্ৰতি থকা প্ৰেম ঘিণ যেন লগা হ’ল।(চাওঁকঃ Hyperbole)

কিয়নো ঈশ্বৰৰ যি অনুগ্ৰহৰ বৰ আৰু আমন্ত্ৰণ সেয়ে খেদহীন

“কিয়নো ঈশ্বৰৰ অনুগ্ৰহৰ আৰু আমন্ত্ৰণ কেতিয়াও সলনি হব নোৱাৰে”

Romans 11:30-32

তোমালোক আগেয়ে ঈশ্বৰৰ অবাধ্য আছিলা

“পূৰ্ব্বতে তোমালোক বাধ্য নাছিলা” “তোমালোক” ইয়াৰ দ্বাৰাই পৰজাতি বিশ্বাসী সকলক বুজোৱা হৈছে, আৰু ই বহু বচন।

ঈশ্বৰে সকলোকে অবাধ্যতাত বন্ধ কৰিলে

ইয়াৰ দ্বাৰাই এই অৰ্থ প্ৰকাশ কৰিব বিচৰা হৈছে যে ঈশ্বৰে সকলোকে অবাধ্য হবলৈ দিলে, যেনেকৈ এজন বন্দীয়ে কাৰাগাৰৰ পৰা পলাই যাব নোৱাৰেঃ “ঈশ্বৰে প্ৰতিজনকে তেওঁবিলাকৰ অবাধ্যতাত বন্দী কৰিলে।”(চাওঁকঃ Metaphor)

Romans 11:33-34

ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে দ

“ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰ লাভ কেনে মহান”

তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য, আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য

“আমাৰ বাবে তেওঁৰ সিদ্ধান্ত সমূহ আৰু তেওঁ কৰা কাৰ্য্য সমূহ সম্পূৰ্ণ ৰূপে বোধৰ অগম্য।”

Romans 11:35-36

তেওঁৰ

ইয়াৰ দ্বাৰাই ১১:৩৫ পদ উল্লেখ কৰা ব্যক্তিজন যি ঈশ্বৰক দিছে তেওঁৰ কথা কোৱা হৈছে।

এই নিমিত্তে তেওঁক প্ৰতিদান কৰিব লাগে

“সেয়েহে ঈশ্বৰে তেওঁলৈ প্ৰতিদান কৰিব”

তেওঁৰ

ইয়াৰ দ্বাৰাই ১১:৩৬ পদ উল্লেখিত সকলো বিলাক “তেওঁৰ” দ্বাৰাই ঈশ্বৰক বুজোৱা হৈছে।

Romans 12

Romans 12:1-2

এতেকে সেই ভাইবিলাক, ঈশ্বৰৰ কৰুণাৰ দ্বাৰাই মই তোমালোকক বিনয় কৰোঁ

“মোৰ সহবিশ্বাসী সকল, ঈশ্বৰে যি মহান দয়া তোমালোকলৈ দান কৰিলে মই তোমালোকক অতিকৈ বিচাৰো”

তোমালোকে নিজ নিজ শৰীৰক জীৱিত বলি স্বৰূপে উৎসৰ্গ কৰা

ইয়াত পৌলে “শৰীৰ” দ্বাৰাই গোটেই মানুহ জনক বুজাইছে। পৌলে খ্ৰীষ্ট বিশ্বাসী এজন ঈশ্বৰৰ সম্পূৰ্ণ ৰূপে বাধ্য হোৱা বিষয়টো যিহূদী সকলে ঈশ্বৰৰ উদ্দেশ্যে বলি স্বৰূপে আগবঢ়োৱা জন্তুৰ লগত তুলনা কৰিছে। আন এক অনুবাদঃ “তোমালোকে জীয়াই থকা কালতে মন্দিৰৰ বেদিত বলি দিবৰ বাবে অনা জন্তুৰ দৰে সম্পূৰ্ণ ৰূপে ঈশ্বৰলৈ উৎসৰ্গিত হোৱা”(চাওঁকঃ Synecdoche and Metaphor)

পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয়

ইয়াৰ আনুমানিক অৰ্থ ১) মানসিক ভাবে সিদ্ধ, “ঈশ্বৰৰ দৃষ্টিত সন্তোষজনক”(চাওঁকঃ Doublet)বা ২) “ঈশ্বৰক সন্তোষ্ট কৰাৰ অৰ্থে নিজকে সমৰ্পিত কৰা।”

এয়েই তোমালোকৰ যুক্তিসঙ্গত আৰাধনা

আনুমানিক অৰ্থ সমূহ ১) “এইটোৱে ঈশ্বৰলৈ আৰাধনা কৰা একমাত্ৰ শুদ্ধ পথ” বা ২) “আৰু এই দৰে তুমি ঈশ্বৰক আত্মাৰে ভজনা কৰিব পাৰিবা।”

তোমালোক জগতৰ অনুৰূপ নহবা

ইয়াৰ আনুমানিক অৰ্থ ১) “জগতে যেনে ধৰণৰ ব্যৱহাৰ কৰে তেনে ধৰণৰ ব্যৱহাৰ নকৰিবা”(চাওঁক UDB) বা ২) “জগতে যেনে ধৰণে চিন্তা কৰে তেনে ধৰণে চিন্তা নকৰিবা।”

জগতৰ অনুৰূপ নহবা

ইয়াৰ আনুমানিক অৰ্থ ১) “তুমি কি কৰিবা লাগে তাক জগতে তোমাক কবলৈ নিদিবা” বা “নকৰিবা...কি চিন্তা কৰিব লাগে”(চাওঁক) বা ২) “জগতে যি ধৰণে ব্যৱহাৰ কৰে তেনে ব্যৱহাৰ কৰিবলৈ নিজকে এৰি নিদিবা” বা “নকৰিবা...চিন্তা কৰিবলৈ...কৰে।”(চাওঁকঃ Active or Passive)

এই জগতৰ

এই পৃথিবীৱত বাস কৰা অবিশ্বাসী সকল(চাওঁকঃ Metonymy)

নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা

এই বাক্যশাৰী এটা প্ৰত্যক্ষ উক্তিৰ দ্বাৰাই নতুনকৈ অনুবাদ কৰিব পাৰিঃ “পাছে তুমি যি ধৰণে চিন্তা কৰা তাক ঈশ্বৰক সলনি কৰিবলৈ দিয়া” বা “পাছে প্ৰথমে, তুমি যেনে ধৰণে চিন্তা কৰা তাক সলনি কৰিবলৈ ঈশ্বৰক অনুমতি দিয়া যাতে তোমাৰ ব্যৱহাৰ সলনি হয়।”(চাওঁকঃ Active or Passive)

Romans 12:3

কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই

ইয়াত “অনুগ্ৰহ” ইয়াৰ দ্বাৰাই ঈশ্বৰে পৌলক পাঁচনি আৰু মণ্ডলীৰ নেতৃত্ব লবৰ বাবে মনোনীত কৰা কথাক বুজাইছে। আন এক অনুবাদঃ“যিহেতু ঈশ্বৰে মোক মুকলি ভাবে পাঁচনি হিচাপে মনোনীত কৰিলে।”

উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক

“কোনোৱে নিজকে আনতকৈ বৰ বুলি বিবেচনা নকৰক”

গম্ভীৰ মনেৰে বিবেচনা কৰক

এই বাক্যশাৰী নতুনকৈ অনুবাদ কৰিব পাৰিঃ“পাছে তুমি নিজৰ বিষয়ে কি চিন্তা কৰা সেই ক্ষেত্ৰত জ্ঞানী হোৱা”

কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে

“যিহেতু তুমি শুদ্ধকৈ চিন্তা কৰিবৰ বাবে ঈশ্বৰে তোমাক যি নিৰ্দিষ্ট পৰিমানৰ বিশ্বাস দান কৰিছে”

Romans 12:4-5

কিয়নো

খ্ৰীষ্টীয় বিশ্বাসী সকলে নিজকে আনতকৈ কিয় বৰ বুলি মানিব নালাগে তাৰ বাখ্যা আগবঢ়াইছে।

কাৰণ আমাৰ এক দেহত যেনেকৈ অনেক অঙ্গ

প্ৰত্যঙ্গ আছে

পৌলে খ্ৰীষ্টৰ বিশ্বাসী সকলক এটা শৰীৰৰ বিভিন্ন অংশ হিচাপে তুলনা কৰিছে। ইয়াৰ দ্বাৰাই এটা কথা বুজাব বিচৰা হৈছে যে, যদিও বিশ্বাসী সকলে বেলেগ বেলেগ ধৰণে পৰিচৰ্যা আগবঢ়াব পাৰে, প্ৰতিজনে খ্ৰীষ্টৰ হয় আৰু গুৰুত্বপূৰ্ণ ভাবে পৰিচৰ্যা আগবঢ়াই।(চাওঁকঃ Metaphor)

সদস্য

এই সকল যেনে চকু,পেট আৰু হাত ইত্যাদি

প্ৰতিজনে পৰস্পৰ অঙ্গ

প্ৰত্যঙ্গ হৈ আছোঁ

“প্ৰতিজন বিশ্বাসীয়ে আন জন বিশ্বাসীৰ শৰীৰৰ অঙ্গ স্বৰূপ।”(চাওঁকঃ Metaphor) আন এক অনুবাদঃ “আৰু প্ৰতিজন বিশ্বাসীয়ে আনজন বিশ্বাসীৰ লগত সংযুক্ত হৈ আছে।”

Romans 12:6-8

আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হোৱাত

“ঈশ্বৰে মুকলি ভাৱে প্ৰতিজনকে পৃথক পৃথক সামৰ্থ্যতা প্ৰদান কৰিছে যাতে আমি পৃথক পৃথক কাৰ্য্য কৰিব পাৰোঁ”

যাক যি পৰিমানৰ বিশ্বাস দিয়া হল

আনুমানিক অৰ্থ সমূহ ১)যি জনে ভাৱবাণী কয় তেওঁ ঈশ্বৰে আমাক দিয়া বিশ্বাসৰ অধিক নহওঁক” বা ২) “আমি লাভ কৰা বিশ্বাসৰ শিক্ষা অনুসৰি তেওঁ ভাৱবাণী কওঁক।”

কোনোৱে যদি দামশীলতাৰ বৰ পাইছে

ইয়াৰ অৰ্থ স্পষ্ট ভাবে প্ৰকাশ কৰিব পাৰিঃ “কাৰোবাৰ যদি দান দিয়াৰ বৰ বা আনক সহায় কৰাৰ বৰ।”(চাওঁকঃ Explicit and Implicit)

Romans 12:9-10

প্ৰেম অকল্পিত হওক

আন এক অনুবাদঃ “প্ৰেমপ্ৰকৃত হওঁক” বা “প্ৰেম সঁচা হওঁক।”(চাওঁকঃ Litotes)

ভাতৃ

প্ৰেমত পৰস্পৰ স্নেহশীল হোৱা

পৌলে ৯টা বিষয়ৰ তালিকা আৰম্ভ কৰিছে, প্ৰতিটো বিষয় “এইবিষয়ে...,যত্নত..,” বিশ্বাসী সকলক কেনে হব লাগে তাক কবৰ বাবে। আপুনি কিছু অনুবাদ এনে দৰে কৰিব লগা হব পাৰে “এইবিষয়ে...এইদৰে...” ইয়াৰ তালিকা ১২:১৩ পদলৈকে গৈছে।

ভাতৃ প্ৰেমৰ ক্ষেত্ৰত

“নিজৰ ভাতৃক কেনেকৈ প্ৰেম কৰিব লাগে”

স্নেহশীল হোৱা

আন এক অনুবাদঃ “বিশ্বাসী হোৱা,” পৰিয়ালৰ লোকৰ দৰে।

সমাদৰ কৰা কথাত

“ইজনে সিজনক সন্মান আৰু সমাদৰ কৰা” বা এক নতুন শব্দ ব্যৱহাৰ কৰাৰ দ্বাৰাই, “ইজনে সিজনৰ সমাদৰ কৰাৰ কথাত, তেওঁবিলাকক সন্মান কৰা”

Romans 12:11-13

বিশ্বাসী সকল কেনেলোক হোৱাৰ প্ৰয়োজন তাক পৌলে কৈ যাব ধৰিলে। এই তালিকা খনি ১২:৯ পদৰ পৰা আৰম্ভ হৈছে।

যত্নৰ কথাত, এলেহুৱা নহবা, আত্মাত উৎসাহী হোৱা, প্ৰভুৰ দাস্য কৰ্ম কৰা।– “নিজ কাৰ্য্যত এলেহুৱা নহবা, পাছে আত্মাত উৎসাহী হোৱা আৰু প্ৰভুৰ দাস্য কৰ্ম কৰা”

আশাত আনন্দ কৰা

“আনন্দ কৰা কিয়নো আমাৰ আশা ঈশ্বৰত”

ক্লেশত সহনীয় হোৱা

এই বাক্যশাৰী নতুনকৈ অনুবাদ কৰিব পাৰিঃ “যেতিয়া কঠিন পৰিস্থিতি আহিব তেতিয়া সহনশীল হোৱা।”

প্ৰাৰ্থনাত লাগি থকা

এই বাক্যশাৰী নতুনকৈ অনুবাদ কৰিব পাৰিঃ “নিৰন্তৰে প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিবা।”

পবিত্ৰবিলাকৰ অভাৱ দূৰ কৰা কথাত, তেওঁবিলাকৰ সহভাগী হোৱা

এই শেষৰ বিষয়টোৰ তালিকা ১২:৯ পদত আৰম্ভ হৈছে। “পবিত্ৰবিলাকৰ অভাৱ দূৰ কৰাৰ ক্ষেত্ৰত, তেওঁবিলাকৰ সহভাগী হোৱা” বা “এইক্ষেত্ৰত...” বা “যেতিয়া কোনো খ্ৰীষ্টীয় বিশ্বাসী ভাই সমস্যাত পৰে, তেওঁবিলাকৰ যি প্ৰয়োজন তাক দিয়াৰ দ্বাৰাই সহায় কৰা।”

অতিথি সেৱাত ৰত হোৱা

“তেওঁবিলাকৰ যেতিয়া থাকিবৰ প্ৰয়োজন হয় তেতিয়া তোমালোকৰ ঘৰলৈ তেওঁবিলাকক আদৰি লবা”

Romans 12:14-16

পৰস্পৰৰ একে ভাব হওক

আন এক অনুবাদঃ “ইজনে সিজনৰ কথাত সহমত হোৱা” বা “ইজনে সিজনৰ লগত শান্তিৰে বসবাস কৰা।”(চাওঁকঃ Idiom)

বৰ বিষয় নিচিন্তি

“নিজকে আনতকৈ অধিক গুৰুত্বপূৰ্ণ বুলি নাভাবিবা”

সামান্য বিলাকক গ্ৰহণ কৰা

“যি সকল লোক দেখাত গুৰুত্বপূৰ্ণ হয় তেওঁবিলাকক আদৰণি জনোৱা”

নিজৰ নিজৰ মনত জ্ঞানী নহবা

“তোমাৰ আন সকলোতকৈ অধিক জ্ঞান আছে বুলি নাভাবিবা”

Romans 12:17-18

বেয়া কাৰ্য্য কৰা সকলৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে পৌলে বিশ্বাসী সকলৰ আগত কৈছে ১২:১৭

১২:২১

অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিবা

“তোমালৈ কোনোবাই যদি কিবা বেয়া কৰিছে তেনে হলে তুমি তেওঁলৈ বেয়া নকৰিবা।”

সকলো মানুহে দেখাতে যি উত্তম, তালৈ চিন্তা কৰা

“এনে কাম কৰা যাক সকলোৱে ভাল বুলি গ্ৰহণ কৰে।”

সাধ্য অনুসাৰে সকলো মানুহে সৈতে মিলেৰে থাকিবা

“সকলো মানুহৰে সৈতে মিলেৰে থাকিবৰ বাবে যি প্ৰয়োজন তাক কৰিবলৈ চেষ্টা কৰা।”

সাধ্য অনুসাৰে

“তুমি যি খিনি নিয়ন্ত্ৰণ কৰিব পাৰা আৰু তোমাৰ যিমান দায়িত্ব আছে”

Romans 12:19-21

বেয়া কাৰ্য্য কৰা সকলৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে পৌলে বিশ্বাসী সকলৰ আগত কৈছে ১২:১৭

প্ৰতিকাৰ কৰা মোৰ কৰ্ম্ম, মইহে প্ৰতিফল দিম

এই দুযোটা বাক্যই একে কথাকে কৈছে, বিষয়টোক গুৰুত্ব দিবৰ বাবেহে দুবাৰ কোৱা ব্যৱহাৰ কৰা হৈছে। আন এক অনুবাদঃ “মই নিশ্চিত ভাবে প্ৰতিফল দিম।”(চাওঁকঃ Doublet)

যদি তোমাৰ শত্ৰুৰ ভোক লাগে ভোজন কৰোৱা...পান কৰোৱা...পৰাজিত নহৈ...কুকৰ্ম্মক পৰাজয় কৰা

সকলো বিলাক “তুমি” আৰু “তোমাৰ” এই শব্দ কেইটিৰ দ্বাৰাই এজন ব্যক্তিৰ কথা কোৱা হৈছে।(চাওঁকঃ Forms of You)

পাছে যদি তোমাৰ শত্ৰুৰ ভোক লাগে...তেওঁৰ মূৰ

১২:২০ পদত পৌলে আন এক শাস্ত্ৰাংশৰ উৰ্দ্ধিতি দিছে। আন এক অনুবাদঃ “পাছে এইদৰেও লিখা আছে, ‘যদি তোমাৰ শত্ৰুৰ ভোক’ত থাকে...তেওঁৰ মূৰ।’”

ভোজন কৰোৱা

“তেওঁক কিছু আহাৰ দিয়া”

তেওঁৰ মূৰত জ্বলি থকা আঙঠা দম কৰি থবা

পৌলে শত্ৰুৱে পাবলগীয়া শাস্তিক মূৰত জ্বলি থকা আঙঠাৰ লগত তুলনা কৰিছে। আনুমানিক অৰ্থ সমূহ ১) “যি জনে তোমাৰ অনিষ্ট কৰিলে তেওঁ তোমাক যেনে ব্যৱহাৰ কৰিলে তাৰ অনুভব হবলৈ দিয়া” বা ২) “তোমাৰ শত্ৰুক কঠোৰ ভাবে শাস্তি বিহিবলৈ কোনো এটা কাৰণ দিয়া।”(চাওঁকঃ Metaphor)

কুকৰ্ম্মৰ দ্বাৰাই পৰাজিত নহৈ, সুকৰ্ম্মৰ দ্বাৰাই কুকৰ্ম্মক পৰাজয় কৰা

পৌলে “কুকৰ্ম্মক” এক জীৱন্ত বিষয় হিচাপে আখ্যা দিছে। এই বাক্যষাৰ এটা প্ৰত্যক্ষ উক্তিৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “সেই কুকৰ্ম্ম কৰা সকলক তোমাক পৰাস্ত কৰিব নিদিবা, কিন্তু সেই কুকৰ্ম্ম কৰা সকলক সুকৰ্ম্ম কৰাৰ দ্বাৰাই পৰাস্ত কৰা।”(চাওঁকঃ Personificationand Active or Passive)

Romans 13

Romans 13:1-2

প্ৰত্যেক প্ৰাণী ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক

“প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে বশীভূত হব লাগে”(চাওঁক UDB)বা “প্ৰতিজনে বাধ্য হোৱা উচিত” (চাওঁকঃ Metonymy)

ক্ষমতা পোৱাবিলাকৰ

“চৰকাৰী বিষয়া”

কিয়নো

“পাছে”

যি যি আছে, সেইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত

‘‘যি সকল শাসনত আছে তেওঁবিলাক ঈশ্বৰৰ ইচ্ছাৰ বাবেহে আছে”(চাওঁকঃ Active or Passive)

সেই ক্ষমতা পোৱাবিলাক

“চৰকাৰী বিষয়া সকল”

যি সকলে প্ৰতিৰোধ কৰে

“যি সকলে চৰকাৰী ক্ষমতা পোৱাসকলৰ প্ৰতিৰোধ কৰে”

Romans 13:3-5

কিয়নো

পৌলে ১৩:২ পদৰ আৰু ক্ষমতা পোৱা সকলে কোনো ব্যক্তিক দোষী কৰে তেনে হলে তাৰ পৰিণাম কি হব তাৰ বাখ্যা কৰে।

ক্ষমতা পোৱাবিলাক দুৰাচাৰী নহয়

ক্ষমতা পোৱাবিলাকে ভাললোকক ভয় নুখুৱাই।

সুকৰ্ম্মলৈ...কুকৰ্ম্মলৈ

মানুহ “সুকৰ্ম্মৰ দ্বাৰাই” বা “কুকৰ্ম্মৰ দ্বাৰাই” পৰিচিত হয়।(চাওঁকঃ Metonymy)

তুমি ক্ষমতালৈ নিৰ্ভয়ে থাকিব খোজা নে? আন এক অনুবাদঃ “তুমি ক্ষমতালৈ কেনেকৈ নিৰ্ভয়ে থাকিব পাৰা তাৰ বিষয়ে মই তোমাক কওঁ।”(চাওঁকঃ Rhetorical Question)

তেহে তাৰ পৰা প্ৰশংসা পাবা

ক্ষমতাত থকা লোকসকলে ভাল কৰ্ম্ম কৰা বিলাকৰ প্ৰতি ভাল কথা কব।

তেওঁৰ তৰোৱালে বৃথা ধৰিছে এনে নহয়

“লোক সমূহক শাস্তি দিবৰ বাবে তেওঁৰ ক্ষমতা আছে, আৰু তেওঁ লোকসমূহক শাস্তি বিহিব”(চাওঁকঃ Litotes)

তৰোৱাল ধৰা

ৰোমান শাসক সকলে ক্ষমতাৰ চিনস্বৰূপে এখন সৰু তৰোৱাল নিজৰ ওচৰত ৰাখে।(চাওঁকঃ Metonymy)

দুৰাচাৰী লোকলৈ ক্ৰোধৰ অৰ্থে

“এজন মানুহক শাস্তি দিয়াৰ অৰ্থ হৈছে ক্ষমতা থকা জনে কুকৰ্ম্মৰ বিৰুদ্ধে ক্ৰোধ প্ৰকাশ কৰিছে”(চাওঁকঃ Ellipsis)

অকল ক্ৰোধৰ ভয়ত নহয়, বিবেকৰ নিমিত্তেও

“ক্ষমতাত থকা সকলে তোমাক শাস্তি বিহিব, যাতে তুমি ঈশ্বৰৰ সন্মূখত বিবেচক হোৱা”

Romans 13:6-7

আৰু এই কাৰণেই

“কিয়নো ক্ষমতাত থকা সকলে কুকৰ্ম্মী সকলক শাস্তি বিহে”

তোমালোকে...সকলোকে পৰিশোধ কৰিবা

পৌলে ইয়াত বিশ্বাসী সকলৰ কথা কৈ আছে।(চাওঁকঃ Forms of You)

কিয়নো

“এই কাৰণে তোমালোকে কৰ পৰিশোধ কৰিব লাগেঃ”

লাগি থাকে

“পৰিচাৰক” বা “কাৰ্য্য কৰে”

ৰাজকৰ

সেৱা কৰ

Romans 13:8-10

যাৰে যি পাওনা

“ৰজা আৰু সেই সকলো যিয়ে পাব লাগে সেই সকলোকে পৰিশোধ কৰা।” পৌলে বিশ্বাসী সকলৰ উদ্দেশ্যে লিখিছে।(চাওঁকঃ Forms of You)

গ্ৰহন

নতুন বাক্যঃ “আন খ্ৰীষ্টীয় বিশ্বাসী সকলক প্ৰেম কৰা কাৰ্য্যত তুমি ধৰুৱা আৰু সেই কাৰ্য্য তুমি কৰি যাব লগীয়া হব পাৰে।”(চাওঁকঃ Ellipsis)

কিয়নো,“তোমালোকে নাপাব...”

প্ৰেমে কি দৰে ঈশ্বৰৰ বিধান সম্পূৰ্ণ কৰে তাক পৌলে দেখুৱাব।

তোমালোকে

১৩:৯ পদৰ সকলোবিলাক “তোমালোক” একবচন, পাছে কওঁতা জনে এজন মানুহৰ আগত কোৱাৰ দৰে মানুহৰ এটা গোটৰ আগত কথা কৈ আছে, সেয়েহে আপুনি ইয়াত বহুবচন ব্যৱহাৰ কৰিব লগা হব পাৰে।(চাওঁকঃ Forms of You)

লোভ

কিবা এটা বস্তু নিজৰ কৰিবলৈ হেপাহঁ কৰা যিটো তেওঁৰ নাই আৰু তাক পোৱাৰ পৰা বঞ্চিত হৈ আছে।

প্ৰেমে অনিষ্টসাধন নকৰে

ইয়াত প্ৰেমক এজন ব্যক্তিৰ লগত তুলনা কৰা হৈছে যি জন আনৰ প্ৰতি মৰমীয়াল।(চাওঁকঃ Personification)আন এক অনুবাদঃ “যি মানুহে ওচৰ চুবুৰীয়াক প্ৰেম কৰে তেওঁ আনৰ অনিষ্ট নকৰে।”(চাওঁকঃ Metonymy)

এতেকে

“কিয়নো প্ৰেমে নিজৰ ওচৰচুবুৰীয়াক অনিষ্ট নকৰে”

Romans 13:11-12

ৰাতিৰ অধিক ভাগ গল

“বৰ্ত্তমানৰ পাপময় সময়ৰ প্ৰায় ওৰ পৰিবৰ হ’ল”(চাওঁকঃ Metaphor)

দিন ওচৰ চাপিল

“খ্ৰীষ্ট সোনকালে আহিব”(চাওঁকঃ Metaphor)

আন্ধাৰৰ কৰ্ম সমূহ

মানুহে ৰাতি কৰা বেয়া কাৰ্য্য সমূহ, যাতে কোনোৱে তেওঁবিলাকক দেখা নাপাব(চাওঁকঃ Metonymy)

পোহৰৰ সাজ পিন্ধোহঁক

“মানুহে চাব বিচৰা ভাল কৰ্ম সমূহ কৰাৰ দ্বাৰাই আমি ঈশ্বৰক আমাক সুৰক্ষা দিবৰ সুযোগ দিওঁহক”(চাওঁকঃ Metaphor)

Romans 13:13-14

আঁহা আমি – পৌলে তেওঁৰ পঢ়ুৱৈ আৰু আন আন বিশ্বাসী সকলকো অন্তৰ্ভূক্তি কৰিছে।(চাওঁকঃ Inclusive)

দিনৰ দৰে

“সকলোৱে দেখাকৈ” বা “আমি জানো যে সকলোৱে আমাক দেখি আছে”(চাওঁকঃ Metaphor)

বিবাদ

“আনৰ অনিষ্ট আৰু তৰ্ক কৰিব বিচৰা”

ঈৰ্ষা – “কোনো এজন ব্যক্তিৰ উন্নতি বা আনতকৈ আগবঢ়া দেখি মনত সেই ব্যক্তি জনৰ প্ৰতি উৎপন্ন হোৱা বিৰুদ্ধভাৱ।”

প্ৰভু যীচু খ্ৰীষ্টক পিন্ধা

আমি পিন্ধা কাপোৰ যি দৰে আন মানুহে দেখা পাই ঠিক তেনে দৰে যীচুৰ স্বভাৱক পিন্ধাৰ দ্বাৰাই তাক আন মানুহে দেখা পোৱাৰ কথা কোৱা হৈছে।(চাওঁকঃ Metaphor)

পিন্ধা

আপুনাৰ ভাষাত আজ্ঞাৰ বাবে যদি কোনো বহুবচন বুজোৱা শব্দ আছে তাক ইয়াত ব্যৱহাৰ কৰক।

মাংসৰ নিমিত্তে একো আয়োজন নকৰিবা

“তোমাৰ পুৰণি বেয়া হৃদয়, যিয়ে বেয়া কাৰ্য্য কৰি আছে তাক একো সুযোগ নিদিবা”

Romans 14

Romans 14:1-2

পৌলে বিশ্বাসী সকলক শুদ্ধ পথত চলিবৰ বাবে পৰামৰ্শ দি গ’ল।

বিশ্বাসত দূৰ্ব্বল

ইয়াত সেই সকল মানহৰ কথা কোৱা হৈছে, যি সকলে কোনো বিশেষ আহাৰ পান কৰা বা গ্ৰহণ কৰাৰ ফলত পাপী যেন অনুভৱ কৰে।

পাছে এনে প্ৰশ্নৰ সোধ

বিচাৰ নকৰিবা

“কিন্তু এই বিলাকৰ বাবে তুমি তেওঁবিলাকৰ সৈতে তৰ্ক

বিতৰ্ক নকৰিবা”

এহাতে, কোনো এজনৰ সকলো আহাৰ গ্ৰ্হণ কৰাৰ বিশ্বাস থাকিব পাৰে, পাছে আন হাতে

“এহাতে” আৰু “আন হাতে” এই বাক্যষাৰৰ দ্বাৰাই কোনো এটা বিষয়ক বেলেগ ধৰণে চিন্তা কৰিবৰ বাট মুকলি কৰি দিছে। আন এক অনুবাদঃ “কোনো জনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে,কিন্তু”(চাওঁকঃ Idiom)

Romans 14:3-4

পৌলে বিশ্বাসী সকলক শুদ্ধ পথত চলিবৰ বাবে পৰামৰ্শ দি গ’ল।

তুমি যে লোকৰ চাকৰৰ সোধ

বিচাৰ কৰা, তুমি নো কোন?

আন লোকৰ বিচাৰ কৰা লোক সমূহক গালি পাৰিবৰ বাবে পৌলে এটা প্ৰশ্ন সুধিছে। আন এক অনুবাদঃ “তুমি ঈশ্বৰ নোহোৱা, আৰু তুমি তেওঁৰ কোনো এজন দাসৰ বিচাৰ কৰাৰ অধিকাৰ নাই।”(চাওঁকঃ Rhetorical Question)

তুমি, তুমি

একবচন(চাওঁকঃ Forms of You)

সি নিজ প্ৰভুৰ আগত হয় থিৰে থাকে, নাইবা পৰে

আন এক অনুবাদঃ“চাকৰ জনক গ্ৰহণ কৰিব নে নকৰিব সেয়ে কেৱল প্ৰভু জনেহে সিদ্ধান্ত কৰিব পাৰিব”

কিন্তু তাক থিৰহে কৰা যাব, কিয়নো প্ৰভুৱে তাক থিৰ কৰিব পাৰে

এই বাক্যশাৰীক এটা প্ৰত্যক্ষ উক্তিৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “পাছে প্ৰভুৱে তেওঁক গ্ৰহণ কৰিব কিয়নো কোনো দাসক গ্ৰহণ কৰাৰ অধিকাৰ তেওঁৰ আছে”(চাওঁকঃ Active or Passive)

Romans 14:5-6

এহাতে, কোনো জনে বিশেষ দিনক মান্য কৰে, আন হাতে কোনো জনে সকলো দিনকে মান্য কৰে

“এহাতে” আৰু “আন হাতে” এই বাক্যষাৰৰ দ্বাৰাই কোনো এটা বিষয়ক বেলেগ ধৰণে চিন্তা কৰিবৰ বাট মুকলি কৰি দিছে। আন এক অনুবাদঃ “কোনো জনে এটা দিনক আন দিন সমূহতকৈ অধিক গুৰুত্বৰ বুলি মান্য কৰে, পাছে আন কোনোৱে সকলো দিনে সমান বুলি মান্য কৰে।”(চাওঁকঃ Idiom)

প্ৰতিজনে নিজ নিজ মন নিসংশয় কৰি ৰাখক

সম্পূৰ্ণ অৰ্থটো স্পষ্ট ভাবে প্ৰকাশ কৰিব পাৰিঃ “ঈশ্বৰৰ মহিমাৰ অৰ্থে কি কৰা হৈছে সেই বিষয়ে প্ৰতিজন মানুহে নিশ্চিত হব লাগে।”(চাওঁকঃ Explicit andImplicit)

যি জনে বিশেষ দিন মানে, তেওঁ প্ৰভুৰ উদ্দেশে তাক মানে

“যি জনে কোনো এটা বিশেষ দিনত আৰাধনা কৰে তেওঁৰ প্ৰভুৰ উদ্দেশে তাক কৰে”

যি জনে খায়, তেওঁ প্ৰভুৰ উদ্দেশে খায়

“যি জনে সকলো ধৰণৰ আহাৰ গ্ৰহণ কৰে তেওঁ প্ৰভুৰ উদ্দেশ্য তাক গ্ৰহণ কৰে”

আৰু যি জনে নাখায়, তেৱোঁ প্ৰভুৰ উদ্দেশ্যে নাখায়

“আৰু যি জনে কোনো বিশেষ বিশেষ আহাৰ নাখায় তেওঁ প্ৰভুৰ উদ্দেশে তাক নাখায়”

Romans 14:7-9

আমাৰ...আমি

পৌলে তেওঁৰ পাঠক সকলক অন্তৰ্ভুক্ত কৰিছে।(চাওঁকঃ Inclusive)

মৰা আৰু জীয়াবিলাকৰ

আন এক অনুবাদঃ “যি সকল মৰিল আৰু যি সকলক পৌলে এতিয়াও শুদ্ধ পথত চলিবৰ বাবে নিৰ্দেশ দি আহিছে।

Romans 14:10-11

কিন্তু তুমি, কিয়....সোধবিচাৰ কৰিছা?...নো কিয় হেয়জ্ঞান কৰা?

ইয়াৰ দ্বাৰাই পৌলে কব বিচাৰিছে যে তেওঁৰ পাঠকৰ মাজৰ কোনো জনক হয়তো গালি পাৰিব লগা হব পাৰে।(চাওঁকঃ Forms of You)আন এক অনুবাদঃ “সোধ

বিচাৰ কৰা...হেয়জ্ঞান কৰাতো শুদ্ধ নহয়”(চাওঁক UDB) বা “সোধ

বিচাৰ কৰা বন্ধ কৰা...হেয়জ্ঞান কৰিবলৈ বন্ধ কৰা।”(চাওঁকঃ Rhetorical Question)

কিয়নো আমি সকলোৱে ঈশ্বৰৰ সোধৰ আসনৰ আগত থিয় হম

“সোধৰ আসন” ইয়াৰ দ্বাৰাই ঈশ্বৰৰ বিচাৰ কৰাৰ ক্ষমতাৰ কথা কোৱা হৈছে। আন এক অনুবাদঃ “কিয়নো ঈশ্বৰে আমাৰ সকলোৰে বিচাৰ কৰিব।”(চাওঁকঃ Metonymy)

মোৰ জীৱনৰে

এটি শপত বা প্ৰতিজ্ঞাৰ আৰম্ভণ কৰিবৰ বাবে এই বাক্যষাৰ ব্যৱহাৰ কৰা হৈছে। আন এক অনুবাদঃ “এইয়া যে সত্য ইয়াক তুমি নিশ্চয় কৈ জানিবা।”

সকলোৱে মোৰ আগত আঁঠু লব, আৰু প্ৰত্যেক জিবাই ঈশ্বৰৰ গৌৰৱ স্বীকাৰ কৰিব

পৌলে “আঁঠু” আৰু “জিবা” এই শব্দ কেইটাৰ দ্বাৰাই সম্পূৰ্ণ মানুহ জনক বুজাইছে। লগতে, প্ৰভুৱে “ঈশ্বৰ” শব্দটিৰ দ্বাৰাই নিজকে বুজাইছে। আন এক অনুবাদঃ “প্ৰতিজন মানুহে মোৰ আগত আঁঠু লব আৰু মোৰ প্ৰশংসা কৰিব।”(চাওঁকঃ Synecdoche and First, Second or Third Person)

Romans 14:12-13

প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব

“আমি আমাৰ কাৰ্য্যৰ জবাব ঈশ্বৰৰ আগত দিব লাগিব”

বৰং তোমালোকে এই বিচাৰ কৰা যে, ভাইৰ আগত উজুটি খুউৱা বা বিঘিনি জন্মোৱা মুঢ়া থব নালাগে

“উজুটি খুউৱা মুঢ়া” বা “বিঘিনি জন্মোৱা মুঢ়া” এই দুটা শব্দৰ দ্বাৰাই একেটা কথাকে বুজোৱা হৈছে। আন এক অনুবাদঃ “বৰং তাৰ সলনি তোমালোকৰ লক্ষ্য এনে হওঁক যাতে তুমি এনে কোনো কাৰ্য্য বা কথা নকবা যাৰ দ্বাৰাই তোমাৰ ভায়েৰাই পাপ কৰিব।”(চাওঁকঃ Doublt)

Romans 14:14-15

মই জানো আৰু প্ৰভু যীচুত দৃঢ় বিশ্বাস কৰোঁ

“প্ৰভু যীচুৰ লগত থকা মোৰ সম্পৰ্কৰ বাবে মই নিশ্চিত”

কিন্তু যি জনে যি বস্তু অশুচি বুলি জ্ঞান কৰে, তেওঁলৈ সেই বস্তু অশুচি হয়

এই বাক্যষাৰ নতুনকৈ অনুবাদ কৰিব পাৰিঃ “পাছে কোনো ব্যক্তিয়ে কোনো বস্তু অশুচি বুলি জ্ঞান কৰে, তেনে হলে সেই বস্তু সেই ব্যক্তিজনৰ প্ৰতি অশুচি আৰু তেওঁ সেই বিষয়ৰ পৰা আঁতৰি থাকিব লাগে।”

তোমাৰ খোৱা বস্তুৰ দ্বাৰাই যদি তোমাৰ ভাই দুঃখিত হয়

“যদি আহাৰৰ দ্বাৰাই তুমি তোমাৰ ভায়েৰাক দুখ দিছা।” ইয়াত “তোমাৰ” শব্দটিৰ দ্বাৰাই দৃঢ় বিশ্বাসৰ কথা কোৱা হৈছে আৰু “ভাই” এই শব্দটিৰ দ্বাৰাই দুৰ্ব্বল বিশ্বাসক বুজোৱা হৈছে।

তেন্তে তুমি আৰু প্ৰেম আচৰণ কৰা নাই

“তেনে হলে তুমি প্ৰেম প্ৰকাশ কৰি যোৱা নাই”

Romans 14:16-17

এতেকে তোমাৰ উত্তমতা নিন্দিত নহওক

আন এক অনুবাদঃ “তুমি উত্তম বুলি বিবেচনা কৰা, কোনো কাৰ্য্য যদি আন লোকসকলে বেয়া বুলি আখ্যা দিয়ে, তেনে হলে তেনে কাৰ্য্য নকৰিবা।”

তোমাৰ ভাল কাৰ্য্য

ইয়াৰ দ্বাৰাই দৃঢ় বিশ্বাস থকা লোকসকলৰ কাৰ্য্যৰ কথা কোৱা হৈছে।

মানুহ

উক্ত পৰিস্থিতিত, ইয়াৰ আনুমানিক অৰ্থ আন বিশ্বাসী সকলৰ কথা কোৱা হৈছে(চাওঁক UDB)।

কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়, কিন্তু ধাৰ্ম্মিকতা, শান্তি, আৰু পবিত্ৰ আত্মাৰ আনন্দ

“কিয়নো আমি কি খাম বা পান কৰিম তাৰ বাবে ঈশ্বৰে নিজ ৰাজ্য স্থাপন কৰা নাই। তেওঁ তেওঁৰ ৰাজ্য স্থাপন কৰিছে যাতে তেওঁৰ লগত আমাৰ শুদ্ধ সম্বন্ধ হয় আৰু পবিত্ৰ আত্মাই আমাক শান্তি আৰু আনন্দ দিব পাৰে।”

Romans 14:18-19

খ্ৰীষ্টৰ দাস্যকৰ্ম কৰে

“এই দৰে খ্ৰীষ্টৰ পৰিচৰ্যা কৰে।”

মানুহবিলাকৰ আগত পৰীক্ষাসিদ্ধ

এই বাক্যশাৰী এটা প্ৰত্যক্ষ উক্তিৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ“মানুহবিলাকে তেওঁক পৰীক্ষাসিদ্ধ কৰিব” বা “মানুহবিলাকে তেওঁক সন্মান কৰিব।”(চাওঁকঃ Active or Passive)

এতেকে শান্তিজনক, আৰু পৰস্পৰৰ উন্নতিসাধক যি যি আছে, সেইবোৰলৈ যত্ন কৰোঁহঁক

“আঁহা আমি শান্তিৰে বসবাস কৰিবলৈ চেষ্টা কৰোঁহক আৰু ইজনে সিজনক আত্মিক ভাবে শক্তিশালী হবৰ বাবে সহায় কৰোঁহক।”

Romans 14:20-21

মঙহ খোৱা, বা দ্ৰাক্ষাৰস পান কৰা, বা আন যি কাৰ্য্যৰ দ্বাৰাই তোমাৰ ভায়েৰাই উজুটি খায়, তাক নকৰাই ভাল।– “মাংস খোৱা বা দ্ৰাক্ষাৰস পান কৰা বা এনে কোনো কাৰ্য্য নকৰাই ভাল যাৰ দ্বাৰাই তোমাৰ ভায়েৰা পাপত পৰে।” ইয়াত “তোমাৰ” শব্দটিৰ দ্বাৰাই দৃঢ় বিশ্বাস থকা জনৰ কথা কোৱা হৈছে আৰু “ভাই” ইয়াৰ দ্বাৰাই দুৰ্ব্বল বিশ্বাসী জনৰ কথা কোৱা হৈছে।

Romans 14:22-23

তোমাৰ যি বিশ্বাস আছে

ইয়াৰ দ্বাৰাই আগৰ পদত কোৱা আহাৰ আৰু দ্ৰাক্ষাৰসৰ প্ৰতি যি বিশ্বাস তাক কোৱা হৈছে।

তুমি...তুমি...তোমাৰ

একবচন। যিহেতু পৌলে বিশ্বাসী সকলৰ আগত এই কথা কৈ আছে, সেয়েহে আপুনি হয়তো ইয়াক বহুবচনত অনুবাদ কৰিব লগা হব পাৰে।(চাওঁকঃ Forms of You)

যি জনে যিহক যোগ্য জ্ঞান কৰি, সেই বিষয়ে নিজৰ বিচাৰ নকৰে, তেওঁ ধন্য

“সেই সকল ধন্য যি সকলে তেওঁবিলাকে কৰিবলৈ সিদ্ধান্ত লোৱা কোনো কাৰ্য্যৰ বাবে নিজকে দোষী অনুভৱ নকৰে”

কিন্তু সংশয় কৰা জনে যদি খায়, তেন্তে তেওঁক দোষী কৰা হ’ল

এইবাক্যশাৰী প্ৰত্যক্ষ উক্তিৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ“ঈশ্বৰে কৈছে সেই ব্যক্তি জন ভুল যি জনে ভুল কৰে যদিহে তেওঁ কোনো বস্তু খোৱা উচিত নে অনুচিত সেই বিষয়ে নিশ্চিত নহয়, কিন্তু তাক খায়(চাওঁক UDB)” বা “যি জন ব্যক্তি কোনো আহাৰ গ্ৰহণ কৰা উচিত নে অনুচিত সেই বিষয়ে যদি নিশ্চিত নহয়,কিন্তু তথাপি তাক গ্ৰহণ কৰে তেনে হলে তেওঁ মনত কষ্ট পাব।”(চাওঁকঃ Active or Passive)

কিয়নো সেয়ে বিশ্বাসমূলক নহয়

এই বাক্যশাৰী নতুনকৈ অনুবাদ কৰিব পাৰিঃ “তেওঁৰ ভুল বুলি ঈশ্বৰে কব কিয়নো তেওঁ এনে এক আহাৰ খাইছে যিটো ঈশ্বৰে তেওঁক খোৱাটো নিবিচাৰে বুলি তেওঁ বিশ্বাস কৰে।”

আৰু যি যি বিশ্বাসমূলক নহয়, সেই সকলোৱেই পাপ

“তোমাক ঈশ্বৰে কৰিবলৈ নিদিয়া বুলি বিশ্বাস কৰা কোনো কাৰ্য্য যদি তুমি কৰিছা তেনে হলে তুমি পাপ কৰি আছা।”

Romans 15

Romans 15:1-2

এতিয়া

ইয়াত আপোনাৰ ভাষাৰ এনে এটা শব্দ ব্যৱহাৰ কৰক যাত তৰ্ক

বিতৰ্ক বাবে কোনো এটা নতুন বিষয় বা চিন্তাৰ আৰম্ভণ কৰিব আগেয়ে ব্যৱহাৰ কৰে।

কিন্তু বলৱন্ত যি আমি

“আমি যি সকল বিশ্বাসত শক্তিশালী” ইয়াত “আমি” শব্দটিৰ দ্বাৰাই পৌল, তেওঁৰ পাঠক আৰু আন বিশ্বাসী সকলক বুজোৱা হৈছে।(চাওঁকঃ Inclusive)

দুৰ্ব্বলবিলাক

“যি সকল বিশ্বাসত দূৰ্ব্বল”

দুৰ্ব্বলতাৰূপ ভাৰ বোৱা উচিত

“তেওঁবিলাকক বিশ্বাসত সবল কৰা”

Romans 15:3-4

তোমাক নিন্দা কৰাবিলাকৰ নিন্দাও মোৰ ওপৰত পৰিল

সেই সকলৰ নিন্দা যি সকলে ঈশ্বৰক নিন্দা কৰিলে সেয়ে খ্ৰীষ্টৰ ওপৰত পৰিল।

আগেয়ে যি সকলো কথা লিখা হৈছিল, আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল

“আগেয়ে শাস্ত্ৰত যি যি লিখা হৈছিল সেই সকলো আমাক জনাবৰ বাবে লিখা হৈছিল।”(চাওঁকঃ Explicit and Implicit)

আমাৰ...আমি

পৌলে ইয়াত নিজৰ পাঠক আৰু আন বিশ্বাসী সকলক অন্তুৰ্ভুক্ত কৰি লৈছে।(চাওঁকঃ Inclusive)

Romans 15:5-7

এনে...ঈশ্বৰৰ...দান কৰক

আন এক অনুবাদঃ “মই প্ৰাৰ্থনা কৰিছো...ঈশ্বৰে...দান কৰক”

যাতে এক মনেৰে ইজনে সিজনৰ

“ইজনে সিজনৰ লগত সহমত হোৱা” বা “এক লগ হোৱা”(চাওঁকঃ Metonymy)

একে মূখে গৌৰৱাম্বিত কৰা

আন এক অনুবাদঃ “একে লগে এনে দৰে প্ৰশাসা কৰা যেন এখন মূখেৰে কোৱা যেন শুনাই”(চাওঁকঃ Metaphor)

Romans 15:8-9

মই কওঁ

“মই” পৌলৰ কথা কোৱা হৈছে

সত্যতাৰ পক্ষে খ্ৰীষ্ট চুন্নৎ হোৱাবিলাকৰ পৰিচাৰক হ’ল

“যীচু খ্ৰীষ্ট যিহূদী বিলাকক সহায় কৰিবৰ বাবে আহিল”(চাওঁকঃ Metonymy)

ওপৰ

পুৰুষসকলক দিয়া প্ৰতিজ্ঞাবোৰ থিৰ কৰিবলৈ

“যাতে ঈশ্বৰে যি প্ৰতিজ্ঞা যিহূদী সকলৰ ওপৰ

পুৰুষসকলৰ আগত কৰিছিল তাক নিশ্চিত কৰিব পাৰে”(চাওঁকঃ Explicit and Implicit)

এই বিষয়ে লিখাও আছে

“শাস্ত্ৰত এই বিষয়ে লিখাও আছে”(চাওঁকঃ Explicit and Implicit)

আৰু পৰজাতি সকলৰ বাবে

“খ্ৰীষ্টক পৰজাতি সকলৰ পৰিচাৰক কৰা হ’ল”(চাওঁকঃ Explicit and Implicit)

Romans 15:10-11

তেওঁ আকৌ কৈছে

“পুনৰায় মোচিয়ে কৈছে”

তেওঁলোক সকলৰ লগত

“ঈশ্বৰৰ লোক সকলৰ লগত”

প্ৰশংসা কৰা

“প্ৰভুৰ প্ৰশ্ংসা হওঁক”

Romans 15:12

যিচয়াৰ পৰা এনে এটি গজালি ওলাব

আন এক অনুবাদঃ“যিচয়াৰ বংশত।” শৰীৰ সম্বন্ধে যিচয়া দায়ূদৰ পিতৃ।(চাওঁকঃ Metonymy)

Romans 15:13

আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক

“তুমি অসীম আনন্দ আৰু শান্তি পৰিপূৰ্ণ হোৱা”(চাওঁকঃ Hyperbole)

যেন আশাত উপচি পৰা

“তুমি যেন আশাত উপচি পৰা”

Romans 15:14

সকলো জ্ঞানৰ কথাত

“ঈশ্বৰক অনুকৰণ কৰিবৰ বাবে প্ৰয়োজন হোৱা জ্ঞানেৰে যেন পৰিপুষ্ট হোৱা”(চাওঁকঃ Hyperbole)

পৰস্পৰক চেতনা দিবলৈ সমৰ্থ হৈ

“পৰস্পৰক শিকাবলৈ সমৰ্থ হোৱা”

Romans 15:15-16

ঈশ্বৰে মোক দিয়া এই অনুগ্ৰহৰ কাৰণে

“ঈশ্বৰে যি বৰ মোক দিলে” এই বৰ হৈছে তেওঁক পাঁচনি বাব দিয়া যদিও খ্ৰীষ্টক গ্ৰহণ কৰাৰ আগতে তেওঁ খ্ৰীষ্টীয় বিশ্বাসী সকলক তাড়ণা কৰিছিল।

পৰজাতি বিলাকৰ যি নৈবেদ্য সেয়ে গ্ৰহণীয় হয়

“পৰজাতিৰ লোকসমূহে যেতিয়া ঈশ্বৰৰ বাধ্য হব তেতিয়া যেন ঈশ্বৰ সন্তোষ্ট হয়”(চাওঁক UDB)(চাওঁকঃ Metaphor)

Romans 15:17-19

খ্ৰীষ্ট যীচুৰ সেৱক হৈ ঈশ্বৰৰ শুভবাৰ্ত্তাৰ পৰিচৰ্যা পোৱাত মোৰ সাহ আছে

“এই হেতুকে, ঈশ্বৰে যি পৰিচৰ্যা কৰিবলৈ মোক দিলে তাৰ বাবে খ্ৰীষ্ট যীচুত মোৰ সাহ আছে”

এতেকে, ঈশ্বৰ সম্বন্ধীয় কাৰ্য্যৰ বিষয়ে, যীচু খ্ৰীষ্টত মোৰ শ্লাঘা আছে। কিয়নো আচৰিত চিন আৰু অদ্ভুত লক্ষণৰ গুণে, পবিত্ৰ আত্মাৰ শক্তিৰে, পৰজাতিবিলাকৰ আজ্ঞাধীনতাৰ অৰ্থে, বাক্য আৰু কাৰ্য্যত মোৰ দ্বাৰাই খ্ৰীষ্টে যি যি সাধন কৰিলে, তাত বাজে আন একো কবলৈ মই সাহ নকৰিম।–“পৰজাতি সকলৰ বাধ্যতাৰ কাৰণে, খ্ৰীষ্টে পবিত্ৰ আত্মাৰ শক্তিৰ দ্বাৰাই বাক্য আৰু কাৰ্য্য আৰু অদ্ভূত লক্ষণৰ দ্বাৰাই মোৰ যোগেদি যি যি সাধন কৰিলে তাকহে কেৱল মই কম।”

তাতে যিৰূচালেম, আৰু তাৰ চাৰিওফালৰ পৰা ইল্লুৰিয়ালৈকে

যিৰূচালেম নগৰৰ পৰা ইল্লুৰিয়া প্ৰদেশলৈ, যি ইটালীৰ কাষৰীয়া অঞ্চল।

Romans 15:20-21

আৰু অন্য স্থাপন কৰা মুলৰ ওপৰত যেন নাসাঁজো, সেই আশাৰে খ্ৰীষ্টৰ শুভবাৰ্তা সম্পূৰ্ণৰূপে প্ৰচাৰ কৰিলো

আন এক অনুবাদঃ “এই হেতুকে, মই এনে স্থান সমূহত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছা কৰো য’ত খ্ৰীষ্টৰ বিষয়ে কাহানীও শুনা নাই।”

যি বিলাকৰ আগত তেওঁৰ বিষয়ে সম্বাদ দিয়া নাই

“যি সকলৰ আগত তেওঁৰ বিষয়ে একো কোৱা হোৱা নাই”

Romans 15:22-23

মই অনেকৰ বাধা পালো

কোনে পৌলক বাধা দিছে সেইয়া জনাৰ প্ৰয়োজন নাই। আন এক অনুবাদঃ“মই বাধা পালো” বা “মানুহ বিলাকে মোক বাধা দিলে”(চাওঁকঃ Active or Passive)

Romans 15:24-25

মই অনেকৰ বাধা পালো

কোনে পৌলক বাধা দিছে সেইয়া জনাৰ প্ৰয়োজন নাই। আন এক অনুবাদঃ“মই ৰোমৰ মাজেৰে যাত্ৰা কৰোঁতে” বা “মই যেতিয়া যাত্ৰা কৰি আছিলো”

তোমালোকৰ আলাপত কিছু তৃপ্ত হৈ

“তোমালোকৰ সৈতে কিছু সময় কটায় আনন্দ অনুভব কৰো” বা “তোমোলোকৰ তালৈ যাবলৈ আনন্দ অনুভৱ কৰো”

স্পেইন

চাওঁকঃ Translate Names and Translate Unknowns

Romans 15:26-27

হয়, এইয়া তেওঁবিলাক তৃপ্ত হবৰ বাবে

আন এক অনুবাদঃ“মাকিদনিয়া আৰু আখায়া বিশ্বাসী সকলক তৃপ্ত কৰিব বাবে” বা “...ইয়াক কৰি আনন্দ।”

আৰু তেওঁবিলাকৰ ধাৰুৱা হৈ আছে

“নিশ্চিত ভাবে মাকিদনিয়া আৰু আখায়াৰ লোক সকল যিৰূচালেমৰ বিশ্বাসী সকলৰ ধাৰুৱা হৈ আছে”

কিয়নো পৰজাতিবিলাক যদি আত্মিক বিষয়ত তেওঁবিলাকৰ সহভাগী হ’ল, তেন্তে মাংসিক বিষয়ত তেওঁবিলাকৰ শুশ্ৰূষা কৰিবলৈ ধৰুৱা হৈ আছে

“যিহেতু পৰজাতিৰ লোকসকলে তেওঁবিলাকৰ আত্মিক বিষয় বিলাক যিৰূচালেমৰ বিশ্বাসী সকলৰ লগত সহভাগী হ’ল, সেয়ে পৰজাতি সকল যিৰূচালেমৰ বিশ্বাসী সকলৰ সেৱা পাবৰ যোগ্য”

Romans 15:28-29

মোহৰ মাৰি

“নিৰাপদে মুকলি হোৱা”

ফল

ধন বা টকা পইচা(চাওঁকঃ Metaphor and Euphemism)

খ্ৰীষ্টৰ আশীৰ্ব্বাদৰ পৰিপূৰ্ণতাৰে যাম

আন এক অনুবাদঃ “মই খ্ৰীষ্টৰ সম্পূৰ্ণ আশীৰ্ব্বাদ লৈ যাম”

Romans 15:30-33

এতিয়াঃ পৌলে তেওঁ বিশ্বাস কৰা ভাল বিষয় সমূহৰ আলোচনা বন্ধ কৰিছে(১৫:২৯) আৰু এতিয়া তেওঁ সন্মূখীন হোৱা বিপদ সমূহৰ কথা কবলৈ আৰম্ভ কৰিছে, এই বিষয়টো প্ৰকাশ কৰাৰ কিবা উপায় যদি আপোনাৰ ভাষাত আছে তাক ইয়াত প্ৰয়োগ কৰক।

মই মিনতি কৰিছোঁ

“মই তোমালোকক উৎসাহীত কৰো”

যত্ন

“কঠোৰ পৰিশ্ৰমৰ কৰা” বা “কষ্ট”

ৰক্ষা

“উদ্ধাৰ” বা “নিৰাপত্তা”

Romans 16

Romans 16:1-2

ৰোমৰ বহুতো বিশ্বাসীক পৌলে নাম ধৰি ধৰি অভিনন্দ জ্ঞাপন কৰিছে।(চাওঁকঃ How to Translate Names and Translate Unknowns)

ফৈবী মই তোমালোকৰ অৰ্থে প্ৰশংসা কৰিছো

“ফৈবীক তোমালোকে সন্মান কৰাতো মই বিচাৰো”

ফৈবী

এগৰাকী মহিলাৰ নাম

আমাৰ ভনী

“খ্ৰীষ্টত আমাৰ ভনী” ইয়াত “আমাৰ” শব্দটিৰ দ্বাৰাই পৌল আৰু সকলো বিশ্বাসীক বুজোৱা হৈছে।(চাওঁকঃ Inclusive)

কিংক্ৰিয়া

গ্ৰীচ নগৰৰ সমুদ্ৰ ঘাট

প্ৰভুত যেন গ্ৰহণ কৰা

“তেওঁক গ্ৰহণ কৰিবা কিয়নো আমি সকলোৱে প্ৰভুৰ হয়”

পবিত্ৰ লোকবিলাকৰ যোগ্যমতে

“এজন বিশ্বাসীয়ে আন জন বিশ্বাসীক আদৰাৰ দৰে”

আৰু তেওঁৰ কাষত থাকিবা

এই বাক্যষাৰ নতুনকৈ অনুবাদ কৰিব পাৰিঃ “লগতে মই বিচাৰো তোমালোকে যেন তাইক সহায় কৰা।”

অনেক লোকৰ আৰু মোৰ নিজৰো উপকাৰ কৰোঁতা হ’ল

“তাই বহুতো লোকক সহায় কৰিলে, আৰু লগতে তাই মোকো সহায় কৰিলে”

Romans 16:3-5

মূখেৰে কোৱা যেন শুনাই”(চাওঁকঃ Metaphor)

ৰোমৰ বহুতো বিশ্বাসীক পৌলে নাম ধৰি ধৰি অভিনন্দন জ্ঞাপন কৰিছে।(চাওঁকঃ How to Translate Names and Translate Unknowns

প্ৰিস্কা আৰু আক্কিলা

প্ৰিস্কা, যাক প্ৰিচিলা নামেও জনা যায়, তেওঁ আক্কিলাৰ পত্নী আছিল।

খ্ৰীষ্টত মোৰ সহকাৰী – “খ্ৰীষ্টত আনৰ আগত কোৱা কাৰ্য্যত যি মোৰ লগত আছিল”

তেওঁলোকৰ ঘৰত গোট খোৱা মণ্ডলীকো মঙ্গলবাদ দিবা

“আৰাধনাৰ বাবে তেওঁবিলাকৰ গৃহত গোট খোৱা বিশ্বাসী সকলকো মঙ্গলবাদ দিবা।”

ইপেনিত

এইটো এজন মানুহৰ নাম।

এচিয়া দেশৰ প্ৰথম ফল

এই বাক্যষাৰৰ দ্বাৰাই কব বিচৰা হৈছে যে ইপেনিত যীচুক বিশ্বাস কৰা এচিয়া দেশৰ প্ৰথম জন বিশ্বাসী ।

Romans 16:6-8

ৰোমৰ বহুতো বিশ্বাসীক পৌলে নাম ধৰি ধৰি অভিনন্দন জ্ঞাপন কৰিছে।(চাওঁকঃ How to Translate Names and Translate Unknowns)

মৰিয়ম

এগৰাকী তিৰোতাৰ নাম

যুনিয়

এই আনুমানিক ১)যুনিয়, এগৰাকী মহিলা(চাওঁক UDB) বা ২) যুনিয়, এজন পুৰুষৰ নাম

আন্দ্ৰনীয়া...আমপ্লিয়াত

পুৰুষৰ নাম

প্ৰভুত মোৰ প্ৰিয়

“মোৰ প্ৰিয় বন্ধু আৰু সহকাৰী বিশ্বাসী”

Romans 16:9-11

উৰ্ব্বাণ, স্তাখুক, আপিল্লিক...আৰিষ্টবুল...হেৰোদিয়োন...নাৰ্কিচ

এই সকলোবিলাক পুৰুষৰ নাম।(চাওঁকঃ How to Translate Names)

খ্ৰীষ্টত পৰীক্ষাসিদ্ধ

“যাক খ্ৰীষ্টই মনোনীত কৰিলে।” “পৰীক্ষাসিদ্ধ” ইয়াৰ দ্বাৰাই কোনো এজন ব্যক্তিক পৰীক্ষা কৰাৰ অন্তত প্ৰকৃত বুলি প্ৰমাণ হোৱাক বুজায়।

Romans 16:12-14

ৰোমৰ বহুতো বিশ্বাসীক পৌলে নাম ধৰি ধৰি অভিনন্দন জ্ঞাপন কৰিছে।(চাওঁকঃ How to Translate Names and Translate Unknowns)

ক্ৰফেণা...ক্ৰফোচা...পৰ্চী

তিৰোতাৰ নাম

ৰূফ...অচুঙ্কৃত...ফ্লিগোন...হৰ্ম্মা...পাত্ৰোবা...হৰ্ম্মি

পুৰুষৰ নাম

প্ৰভুত মনোনীত

এটা প্ৰত্যক্ষ উত্তিৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ“প্ৰভুৱে যাক মনোনীত কৰিলে” কোনো বিশেষ গুণৰ বাবে(চাওঁক UDB)। (চাওঁকঃActive or Passive)

তেওঁৰ মাতৃ আৰু মোৰ

“তেওঁৰ মাক, যাক মই নিজৰ মাতৃৰ দৰে জ্ঞান কৰোঁ”

Romans 16:15-16

ৰোমৰ বহুতো বিশ্বাসীক পৌলে নাম ধৰি ধৰি অভিনন্দন জ্ঞাপন কৰিছে।(চাওঁকঃ How to Translate Names and Translate Unknowns)

ফিললগ...নীৰিয়...ওলুম্প

পুৰুষৰ নাম

যূলিয়া

এগৰাকী তিৰোতা যিয়ে হয়তো ফিললগৰ লগত বিবাহ পাশত আৱদ্ধ হয়

Romans 16:17-18

চিন্তা কৰিবা

“চিনি থবা”

যিবিলাকে বিচ্ছেদ আৰু বিঘিনি জন্মায়

“যি সকলে বিশ্বাসী সকলৰ মাজত তৰ্ক

বিতৰ্কৰ সূত্ৰপাত ঘটাইছে আৰু ঈশ্বৰক বিশ্বাস কৰাৰ পৰা আঁতৰাই ৰাখিছে”

তোমালোকে যি শিক্ষা পালা

এই বাক্যশাৰী নতুনকৈ অনুবাদ কৰিব পাৰিঃ“তেওঁবিলাকে যি শিক্ষা দিছে সেই শিক্ষা তোমালোকে ইতিমধ্যেই লাভ কৰা সত্যৰ লগত মিল নাখায়।”

তেওঁবিলাকৰ পৰা পৃথকে থাকিবা

“তেওঁবিলাকৰ পৰা আঁতৰত থাকিবা”

নিজ নিজ পেটৰ দাস্যকৰ্ম কৰে

ইয়াত “পেটৰ” দ্বাৰাই শৰীৰটো বুজোৱা হৈছে। আন এক অনুবাদঃ “পাছে তেওঁবিলাকে নিজ স্বাৰ্থ সিদ্ধিহে বিচাৰে”(চাওঁকঃ Metonymy)

মধুৰ বাক্য আৰু সুন্দৰ কথাৰে

“মধুৰ” আৰু “সুন্দৰ” ইয়াক একে অৰ্থতে কোৱা হৈছে। এই মানুহ বিলাকে কি দৰে বিশ্বাসী সকলক ভুলাইছে তাত পৌলে জোৰ দিব বিচাৰিছে। আন এক অনুবাদঃ “তেওঁবিলাকে কোৱা কথা ভাল আৰু সত্য যেন অনুমান হয়।”(চাওঁকঃ Doublet)

নিৰ্দোষী

সাধাৰণ, অনভিজ্ঞ আৰু অজ্ঞানী। আন এক অনুবাদঃ“যি সকলে একো নজনাকৈ তেওঁবিলাক’ত ভাৰসা কৰে” বা “এই শিক্ষক সকলে তেওঁলোকক নজনা লোক সকলক মূৰ্খ সাজি আছে।”

Romans 16:19-20

তোমালোকৰ আজ্ঞাধীনতাৰ কথা সকলোতে ব্যাপ্ত হ’ল

“পাছে তোমালোকে যেতিয়া যীচুক অনুকৰণ কৰিবা তেতিয়া সকলোৱে তোমালোকক চিনি পাব।”

শান্তিৰ আকৰ ঈশ্বৰে অলপতে চয়তানক তোমালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব

“তোমালোকৰ ভৰিৰ তলত মৰ্দ্দন কৰিব” ইয়াৰ দ্বাৰাই শত্ৰুৰ ওপৰত সম্পূৰ্ণ জয় হোৱা কথা বুজাইছে। আন এক অনুবাদঃ “অতি শীঘ্ৰে ঈশ্বৰে তোমালোকক শান্তি আৰু চয়তানৰ ওপৰত জয়যুক্ততা দিব।”((চাওঁকঃ Idiom)

মন্দ বিষয়ত যেন শুদ্ধ হোৱা

“বেয়াৰ লগত যেন সানমিহ’লি নোহোৱা”

Romans 16:21-22

লূকিয়, যাচোন, চোচিপাত্ৰ....তৰ্ত্তিয়

এইয়া পুৰুষৰ নাম(চাওঁকঃ How to Translate Names)

পত্ৰলিখক, মই তৰ্ত্তিয়

পৌলে কোৱা কথা সমূহ তৰ্ত্তিয়ই লিখিছিল।

প্ৰভুত তোমালোকক মঙ্গলবাদ কৰিছো

“প্ৰভুত সহবিশ্বাসী হিচাপে মঙ্গলবাদ কৰিছো”

Romans 16:23-24

গায়...ইৰাস্তে...ক্কাৰ্ত্ত

পুৰুষৰ নাম(চাওঁকঃ How to Translate Names)

আলহীসোধোঁতা

ইয়াৰ অৰ্থ বিশ্বাসী সকল তেওঁৰ ঘৰত উপাসনাৰ বাবে গোট খায়

ভৰলী

এনে এজন ব্যক্তি যি জনে এটা গোটৰ ধনৰ হিচাপ ৰাখে

১৬:২৪

এই পদটো যোগ কৰা হোৱা নাই কিয়নো কিছুমান পুৰণি ও বিশ্বাস যোগ্য অনুলিপিত ইয়াক পোৱা নাযায়। (চাওঁকঃTextual Variants)

Romans 16:25-27

এতিয়া

ইয়াত “এতিয়া” শব্দটিৰ দ্বাৰাই অংশটি শেষ কৰা বুজাইছে।

তোমালোকক থিৰ কৰিবলৈ

আন এক অনুবাদঃ“তোমালোকৰ বিশ্বাস দৃঢ় কৰিবৰ অৰ্থে”

মোৰ শুভবাৰ্তা আৰু যীচুখ্ৰীষ্টৰ ঘোষণাৰ দৰে

“যীচু খ্ৰীষ্ট সম্বন্ধীয় যি শুভবাৰ্তা মই ঘোষণা কৰিছো”

যি যি নিগূঢ়

তত্ব অনাদি কালৰে পৰা গুপুতে ৰখা হৈছিল

এই বাক্যষাৰ এটা প্ৰত্যক্ষ উক্তিৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “যিহেতু ঈশ্বৰে আমি বিশ্বাসী সকলৰ আগত আদিৰে পৰা গুপুতে ৰখা যি নিগূঢ়

তত্ব তাক প্ৰকাশ কৰিলে।”(চাওঁকঃ Active or Passive)

পাছে এতিয়া সেই নিগূঢ়

তত্ব প্ৰকাশিত হ’ল আৰু অনাদি ঈশ্বৰৰ আজ্ঞাৰ দৰে ভাববাদীসকলে লিখা শাস্ত্ৰৰ দ্বাৰাই প্ৰকাশিত হৈ

এই বাক্যশাৰী এটা প্ৰত্যক্ষ উক্তিৰ দ্বাৰাই অনুবাদ কৰিব পাৰিঃ “পাছে এতিয়া অনাদি ঈশ্বৰে শাস্ত্ৰৰ দ্বাৰাই ইয়াক প্ৰকাশ কৰিলে।”

বিশ্বাসৰ আজ্ঞাধীনতাৰ নিমিত্তে সকলো জাতিৰ আগত জনোৱা হৈছে

“যাতে সকলো জাতিয়ে ঈশ্বৰৰ বাধ্য হয় কিয়নো তেওঁবিলাকে তেওঁত বিশ্বাস কৰে।”