Assamese: translationNotes

Updated ? hours ago # views See on DCS

1 John

1 John 1

1 John 1:1-2

পাঁচনি যোহনে এই কথা খিনি খ্ৰীষ্টিয়ান সকললৈ লিখিছিল।

আদিৰে পৰা যি আছিল – “আদিৰে পৰা যি আছিল” এই কথাষাৰে যীচুক বুজাই, যি সকলো বিলাক বস্তুৰ সৃষ্টিৰ আগৰে পৰা আছিল।আপুনি ইয়াক এনে দৰে ভাঙনি কৰিব পাৰে “আমি আপোনালোকৰ আগত এনে এজনৰ বিষয়ে লিখিছো যি সকলো বিলাক বস্তুৰ সৃষ্টিৰ আগৰে পৰা আছিল।”

সৃষ্টিৰ পাতনিতে – “সকলো বিলাক বস্তুৰ সৃষ্টিৰ আৰম্ভনিতে” বা “পৃথিৱী সৃষ্টি হোৱাৰ আগতে”

আমি যি শুনিলো – “আমি যি শুনিলো” এই বাক্যষাৰে যীচু খ্ৰীষ্টই তেওঁবিলাকক দিয়া শিক্ষা সমূহৰ বিষয়ে বুজাইছে। এই বাক্যষাৰ এই দৰে অনুবাদ কৰিব পাৰি “আমি তেওঁৰ শিক্ষা শুনিছিলো।”

আমি – ১ আৰু ২ পদত উল্লেখ কৰা “আমি” বাক্যষাৰ যোহন আৰু সেই সকলক বুজাইছে যি সকলে যীচু পৃথিৱীত থকা অৱস্থাত তেওঁক জানিছিল, কিন্তু এই বাক্যষাৰে তেওঁ যি সকলক উদ্দেশ্য কৰি লিখিছে তেওঁবিলাকৰ বিষয়ে কোৱা নাই। (চোৱাঃ একচেতীয়া)

যি নিজ চকুৰে দেখিলো, যিহৰ সাক্ষ্য দিছো – “আমি নিজে দেখিলো।”

আৰু নিজ হাতেৰেও চুলোঁ – “আমি তেওঁক নিজ হাতেদি চুলোঁ”

জীৱনৰ বাক্য

এই বাক্যষাৰে যীচুৰ কথা কৈছে। “তেওঁৱেই সেই জনা যি জনে সকলোকে অনন্ত জীৱন দিব পাৰে।”

সেই জীৱন প্ৰকাশিত হল

এই বাক্যষাৰে যীচু পৃথিৱীত জন্ম হোৱাৰ কথা বুজাইছে। এই বাক্যষাৰ এই ধৰণেও অনুবাদ কৰিব পাৰি “ঈশ্বৰে তেওঁক পৃথিৱীলৈ পঠিয়ালে” (চোৱাঃ প্ৰতক্ষ্য Active or পৰোক্ষ্য Passive)

আৰু যি আমি দেখিছিলো

“আৰু আমি তেওঁক দেখিলো”

আৰু সাক্ষ্য দিছো

“আৰু তোমাৰ আগত তেওঁৰ সম্বাদ দিছো”

সেই অনন্ত জীৱন

সেই বাক্যষাৰে যীচুৰ কথা বুজাই, যি জনে আমাক অনন্ত জীৱন দান কৰে। এই বাক্যষাৰ এই দৰে অনুবাদ কৰিব পাৰি “ তেওঁ আমাক অনন্ত জীৱন প্ৰদান কৰে।”# যি জন পিতৃৰ লগত আছিল – “তেওঁ পিতৃ ঈশ্বৰৰ লগত আছিল”

আৰু আমাৰ আগত প্ৰকাশিত হল – “কিন্তু তেওঁ আমাৰ মাজত বাস কৰিবলৈ আহিল” (UBD)

1 John 1:3-4

আৰু যি আমি দেখিলোঁ আৰু শুনিলো তাৰেই সম্বাদ, তোমালোককো দিছোঁ– “আমি যি দেখিলোঁ আৰু শুনিলো তাৰেই সম্বাদ, তোমালোককো দিছোঁ”

আমি…আমাৰ…আমি বিলাকৰ – এই বাক্যষাৰে যোহন আৰু সেই সকল লোক যি সকলে যীচুক দেখিছিল তেওঁবিলাকক বুজাইছে আৰু এতিয়া তেওঁবিলাকে মানুহ বিলাকক এই সমন্ধে শিক্ষা দিছে। (See Exclusive)

তোমালোকক – “তোমালোকক” বোলা বাক্যষাৰ বহুবচন আৰু যোহনে যি সকলৰ উদ্দেশ্যে লিখিছে তেওঁবিলাকক বুজাইছে। (চোৱাঃ “তোমালোক” বোলা বাক্যষাৰ চোৱা)

আমাৰে সৈতে সহভাগিতা হবলৈ। আৰু আমাৰ যি সহভাগিতা সেয়ে পিতৃ — সহভাগিতা বোলা শব্দটিয়ে ঘনিষ্ঠ বন্ধুত্বৰ কথা বুজাইছে।এই বাক্যষাৰ এই দৰে অনুবাদ কৰিব পাৰি “আমাৰে সৈতে ঘনিষ্ঠ বন্ধু হোৱা আৰু আমি পিতৃ ঈশ্বৰৰ বন্ধু”

আমাৰ সহভাগিতা — যোহনে তেওঁৰ পঢ়ুৱৈ সকলক লৈ কথাষাৰ কৈছে নে নাই কোৱা এইয়া স্পষ্ট নহয়। আপুনি তাক দুই ধৰণে অনুবাদ কৰিব পাৰে।

খ্ৰীষ্ট — খ্ৰীষ্ট শব্দটি এটা উপাধি, এইয়া কোনো নাম নহয় আৰু ইয়াৰ অৰ্থ হৈছে “অভিষিক্ত জনা”। ইয়াৰ দ্বাৰাই ঈশ্বৰে যীচুক উদ্ধাৰকৰ্তা হিচাপে মনোনীত কৰা কথাষাৰ বুজাইছে।

যাতে তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয় — “তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়” বা “তোমালোকক সম্পূৰ্ণ ৰূপে আনন্দিত কৰিবৰ বাবে” (চোৱাঃ See: Active or Passive)

1 John 1:5-7

আমি যি শুনিলো — ইয়াত “আমি” বোলা শব্দটিয়ে যোহন আৰু যীচু পৃথিৱীত থকা কালত তেওঁক জনা লোক সকলক বুজাইছে। (চোৱা Exclusive)

তোমালোক — “তোমালোক” শব্দটি বহুবচনত আছে আৰু যোহনে যি সকলৰ উদ্দেশ্যে লিখিছে তেওঁবিলাকক বুজাইছে।

ঈশ্বৰ পোহৰ — ইয়াৰ অৰ্থ হৈছে ঈশ্বৰ সম্পূৰ্ণ ৰূপে শুদ্ধ আৰু পবিত্ৰ। ইয়াক এনে দৰেও অনুবাদ কৰিব পাৰি “ঈশ্বৰ পোহৰৰ দৰে সম্পূৰ্ণ ধাৰ্মিক।” যি বিলাক সমাজত পোহৰৰ উপযোগিতাক গুৰুত্ব দিয়ে তেনে সমাজ ব্যৱস্থাত এনে ধৰণৰ বাখ্যা আগনবঢ়ালেও হয়। (চোৱাঃ উপমা বা Metaphor)

আন্ধাৰ তেওঁত এফেৰিও নাই — ইয়াৰ অৰ্থ হৈছে ঈশ্বৰে কেতিয়াও পাপ নকৰে আৰু তেওঁত কোনো ধৰণৰ পাপ নাই। এই বাক্যষাৰ এনে দৰে ভাঙনি কৰিব পাৰি “তেওঁত আন্ধাৰ সম্বন্ধীয় কোনো পাপ নাই।” যি বিলাক সমাজ ব্যৱস্থাই পাপক আন্ধাৰৰ লগত তুলনা কৰে তেওঁবিলাকক এনে ধৰণৰ ভাঙনিৰ প্ৰয়োজন নাই। metaphor.

আমি… আমাৰ — ৬

৭ পদত উল্লেখ কৰা “আমি” আৰু “আমাৰ” এই বাক্যষাৰে যোহনে যি সকলৰ উদ্দেশ্যে লিখিছে আৰু লগতে সকলো বিশ্বাসীকে বুজাইছে। (চোৱাঃ Inclusive)

তেন্তে মিছা কওঁ আৰু সত্য পালন নকৰোঁ – “আমি নিশ্চিত ভাবে মিছা মতিছো” (চোঁৱাঃ Doublet)

আন্ধাৰত ফুৰোঁ – এই বাক্যষাৰৰ অৰ্থ “পাপ কাৰ্য কৰা” বা “সদায়ে পাপ কৰা।”

পোহৰত ফুৰোঁ – ইয়াৰ অৰ্থ “ভাল কাৰ্য্য কৰা” বা “সদায়ে যি ভাল সেই কাৰ্য্য কৰা”

যীচুৰ তেজে – এই বাক্যষাৰে যীচুৰ মৃত্যুৰ কথা বুজাইছে। (চোৱাঃMetonymy)

1 John 1:8-10

যদি আমি

৮,৯ আৰু ১০ পদত কোৱাৰ দৰে “যদি আমি” এই বাক্যষাৰ হব পৰা এটা বিশেষ পৰিস্থিতিৰ বিষয়ে ধাৰণা কৰি কোৱা হৈছে। (চোৱাঃHypothetical Situations )

আমি…আমাৰ – ৮

১০ পদত উল্লেখ কৰা “আমি” আৰু “আমাৰ” এই শব্দ কেইটিয়ে গোটেই বিশ্বাসী সকলক বুজাইছে। (চোৱাঃInclusive )

পাপ নাই – “কেতিয়াও পাপ কৰা নাই” বা “কোনো দিনে পাপ কৰা নাই” (UDB)

ভুলাওঁ – “ঠগা” বা “মিছলীয়া পাতোঁ”

আমাত সত্যতা নাই – “আমাৰ অন্তৰত তেওঁৰ বাক্য নাই”

তেওঁ…তেওঁত…তেওঁৰ – এই শব্দকেইটিয়ে নিশ্চয় যীচুক বুজাইছে, কিন্তু ইয়াৰ দ্বাৰাই পিতৃ ঈশ্বৰকো বুজাব পাৰে। যদি আপোনাৰ ভাষাই অনুমতি দিয়ে তেনেহলে দুই ধৰণে ভাব প্ৰকাশ কৰাকৈ অনুবাদ কৰাই ভাল।(চোৱাঃ Ambiguity)

বিশ্বাসী আৰু পবিত্ৰ – “অনুগত আৰু ভাল”

আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্ম্মৰ পৰা আমাক শুচি কৰে –“আমি কৰা ভুলৰ বাবে আমাক সম্পূৰ্ণভাৱে ক্ষমা কৰিব।” (চোৱাঃDoublet)

আমি তেওঁক মিছলীয়া পাতো – “তেওঁক মিছলীয়া পতাৰ দৰে কথা, কিয়নো তেওঁৱে কৈছে বোলে আমি সকলোৱে পাপ কৰিলো।” এই বাক্যষাৰে “কিয়নো তেওঁকৈছে আমি সকলোৱে পাপ কৰিলো” is implicit. (See: Explicit and Implicit Information)

তেওঁৰ বাক্য আমাত নাই – এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “তেওঁ যি কৈছে তাক আমি বুজা নাই বা পালন নকৰো।”

1 John 2

1 John 2:1-3

মোৰ প্ৰিয় সন্তানসকল – যোহন এজন বৃদ্ধ লোক আৰু তেওঁ বিলাকৰ নেতা আছিল। তেওঁ এনে ধৰণৰ বাক্যৰ দ্বাৰাই তেওঁৰ তেওঁবিলাকৰ প্ৰতি থকা প্ৰেমক প্ৰকাশ কৰে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “খ্ৰীষ্টত মোৰ প্ৰিয় সন্তানক বিলাক” বা “তোমালোক মোৰ আপোন সন্তানৰ দৰেই প্ৰিয়” (চোৱাঃMetaphor )

এইবোৰ কথা লিখিছোঁ – “মই এই পত্ৰ লিখিছো”

আৰু কোনোৱে যদি পাপ কৰে – এইটো এনে এটা বিষয় যিটো যথাসম্ভৱ ঘটিব পাৰে। “কিন্তু যেতিয়া কোনোৱে পাপ কৰে” (চোৱাঃ Hypothetical Situations)

আমি…আমাৰঃ ১

৩ পদত এই শব্দকেইটিয়ে যোহক আৰু তেওঁ যি সকলক উদ্দেশ্য কৰি লিখিছে তেওঁলোকক বুজাইছে। (চোৱাঃInclusive)

পিতৃৰ আগত আমাৰ সহায়কৰ্তা – “যি জনে পিতৃ ঈশ্বৰৰ আগত আমাৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰে নিবেদন কৰে”

ধাৰ্মিক যীচু খ্ৰীষ্টই – “ আৰু সেই ব্যক্তি জন যীচু খ্ৰীষ্টই, য’ত এফেৰিও পাপ নাই”

তেওঁৱেই আমাৰ পাপৰ প্ৰায়চিত্ত – “যীচু খ্ৰীষ্টে বিনামূল্যে আমাৰ বাবে নিজ জীৱন বলি স্বৰূপে উৎসৰ্গ কৰিলে, যাতে ঈশ্বৰে আমাৰ পাপ সমূহ ক্ষমা কৰে”(UDB)

আৰু আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰোঁ, তেন্তে তাৰ দ্বাৰাই আমি জানো যে, তেওঁক জানিলো – এই বাক্যষাৰে “তেওঁক জানিলো” ইয়াৰ অৰ্থ হৈছে “তেওঁৰ লগত আমাৰ এক সম্বন্ধ আছে।” এই বাক্যষাৰ এনে দৰেও ভাঙনি কৰিব পাৰি “তেওঁ আমাক আজ্ঞা কৰাৰ দৰে যদি আমি কৰোঁ, তেনে হলে আমি নিশ্চিত যে তেওঁৰ লগত আমাৰ মধুৰ সম্বন্ধ আছে।”

তেওঁত…তেওঁৰ – এই শব্দটি যীচু বা ঈশ্বৰ এই দুয়োজনৰ এজনক বুজাইছে। (চোৱাঃ Ambiguity বা দ্বী

অৰ্থমূলক)

1 John 2:4-6

যি কোনোৱে কয় – “যি কোনোৱে কয়” বা “যি জন ব্যক্তিয়ে কয়”

মই ঈশ্বৰক জানো – এই বাক্যষাৰ এই দৰে অনুবাদ কৰিব পাৰি “মোৰ ঈশ্বৰৰ লগত সু

সম্পৰ্ক আছে।”

পালন নকৰে – “তেনে দৰে নকৰে” বা “অবাধ্য হয়”

তেওঁৰ আজ্ঞাবোৰ – “ঈশ্বৰে তেওঁক যি কৰিবলৈ কৈছে”

তেওঁৰ অন্তৰত সত্য নাই – “ঈশ্বৰে যাক সত্য বুলি কৈছে তাক তেওঁ বিশ্বাস নকৰে”

পালন –“কৰে” বা “বাধ্য”

তেওঁৰ বাক্য – “ঈশ্বৰে তেওঁক যি কৰিবলৈ কৈছে”

ঈশ্বৰৰ প্ৰেম – সম্ভৱত অৰ্থ ১) “ঈশ্বৰৰ প্ৰতি আমাৰ প্ৰেম” বা ২) “আমাৰ প্ৰতি ঈশ্বৰৰ প্ৰেম।”

তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেম স্বৰুপেই সিদ্ধ হল – ইয়াক active বাক্য হিচাপে অনুবাদ কৰিব পাৰিঃ “আৰু ঈশ্বৰৰ আজ্ঞা সমূহ যি সকলে পালন কৰে সেই সকলেহে প্ৰকৃততে ঈশ্বৰক প্ৰেম কৰে” (UDB) বা “ঈশ্বৰৰ প্ৰেম লোকসকলে তেতিয়াহে লাভ কৰিব যেতিয়া তেওঁবিলাকে তেওঁৰ আজ্ঞা সমূহ পালন কৰিব”(চোৱাঃ Active or Passive)

তাৰ দ্বাৰাই আমি জানো যে, তেওঁত আমি আছোঁ – “আমি তেওঁত আছো” ইয়াৰ দ্বাৰাই বুজাব বিচৰা হৈছে যে বিশ্বাসী জন সদায়ে ঈশ্বৰে সৈতে গঠাঁ হৈ থাকে বা তেওঁ ঈশ্বৰৰ সহভাগিতাত থাকে।১ যোহনত উল্লেখিত “তেওঁতে থাকা” বাক্যষাৰেও একে অৰ্থ প্ৰকাশ কৰে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “যেতিয়া আমি ঈশ্বৰে কোৱাৰ দৰে তেওঁৰ আজ্ঞা সমূহ পালন কৰোঁ, তেতিয়া আমি নিশ্চিত যে তেওঁৰ লগত আমাৰ সহভাগিতা আছে।”

তেওঁ আমাত থাকে – “আমাৰ লগত তেওঁৰ সম্বন্ধ আছে”

যীচু খ্ৰীষ্টই যেনেকৈ খোজ কাঢ়িছিল তেনেকৈ আমিও যদি খোজ কাঢ়ো – “খ্ৰীষ্টই যি ধৰণে জীয়াই আছিল” বা “খ্ৰীষ্টই যি দৰে ঈশ্বৰৰ বাধ্য হৈ চলিছিল।”

1 John 2:7-8

হে প্ৰিয়বিলাক – এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “বন্ধুসকল” বা “খ্ৰীষ্টত প্ৰিয় বিশ্বাসী সকল”

মই তোমালোকলৈ কোনো নতুন আজ্ঞা লিখা নাই, কিন্তু আদিৰে পৰা যি আছিল – ইয়াৰ দ্বাৰাই যোহনে যীচুৰ সেই এজনে আনজনক প্ৰেম কৰা আজ্ঞাটিৰ কথা কৈছে। ইয়াক এনে ধৰণে অনুবাদ কৰিব পাৰি “তোমালোকে যেন ইজনে সিজনক প্ৰেম কৰা এনে আজ্ঞা মই লিখিছো। এইটো কোনো নতুন কথা নহয় কিন্তু আগতে কৈ যোৱা এটা আজ্ঞা।”

আৰম্ভণিৰে পৰা – “যেতিয়াৰে পৰা তোমালোকে প্ৰথমে খ্ৰীষ্টক বিশ্বাস কৰিলা” (চোৱাঃExplicit and Implicit )

আকৌ মই তোমালোকলৈ নতুন আজ্ঞা লিখিছো – ইয়াক এনে ধৰণে অনুবাদ কৰিব পাৰি “এক প্ৰকাৰে মই তোমালোকলৈ যি আজ্ঞা লিখিছো সেইয়া এক নতুন আজ্ঞা।”

যিটো খ্ৰীষ্টত আৰু তোমালোকত, উভয়তে সত্য – ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “এইটো নতুন কিয়নো খ্ৰীষ্টই যি কৰিলে সেয়ে নতুন, আৰু এতিয়া তোমালোকে যি কৰি আছা সেইয়াও নতুন।”

আন্ধাৰ গুচি যাব লাগিছে, আৰু সম্প্ৰতি প্ৰকৃত পোহৰ হৈ আহিছে – ইয়াত “আন্ধাৰ” শব্দটোৱে পাপক বুজাইছে আৰু “পোহৰ” শব্দটিয়ে ধাৰ্মিকতাক বুজাইছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “যিহেতু তোমালোকে পাপ স্বাভাৱ এৰিছা আৰু অধিক ধাৰ্মিকতা সম্পন্ন কাৰ্য্য কৰিছা।” (চোৱাঃMetaphor)

1 John 2:9-11

যি জনে কয় –“যি কোনোৱে কয়” বা “যি সকলে দাবী কৰে”(UDB)। ইয়াত কোনো এজন বিশেষ ব্যক্তিক বুজোৱা হোৱা নাই।

তেওঁ পোহৰত আছে – এইটো জীৱনদায়ক পোহৰৰ কথা বুজাইছে। মানুহ বিলাকে যেতিয়া যিটো উচিত তাক কৰে, তেতিয়া তেওঁবিলাকে তাক পোহৰত কৰিব পাৰে, আন্ধাৰৰ সুযোগ তেওঁবিলাকক নালাগে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “যি উচিত তাকে তেওঁ কৰে” বা “তেওঁ উচিত কাৰ্য্য কৰাৰ দ্বাৰাই পোহৰত ফুৰিছে।” (চোৱাঃ Metaphor)

আন্ধাৰতে আছে – ইয়াৰ দ্বাৰাই পাপময় জীৱন অতিবাহিত কৰাৰ কথা কৈছে। মানুহ বিলাকে যেতিয়া ভুল কাৰ্য্য কৰে, তেতিয়া তেওঁবিলাকে তাক আন্ধাৰত ঢাকিব বিচাৰে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “আন্ধাৰত আছে, কিয়নো তেওঁ পাপ কৰি আছে।”

তেওঁত বিঘ্ন জনক একো নাই – “তেওঁক একোৱে বিঘিনি জন্মাব নোৱাৰে।” “বিঘ্ন” শব্দটিয়ে এটা অৱস্থাৰ কথা বুজাইছে যাৰ অৰ্থ আত্মিক বা মানসিক ভাবে পৰাজয় হোৱা। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “কোনো বিষয়ে তেওঁক পাপ কৰাব নোৱাৰে” বা “তেওঁ কেতিয়াও ঈশ্বৰক অসন্তোষ নিদিব।”

আন্ধাৰতে আছে আৰু আন্ধাৰতে ফুৰে – এই ধাৰণাটো দুবাৰ কোৱাৰ দ্বাৰাই ভাইক ঘিণ কৰাটো যে কিমান গভীৰ পাপ তাক বুজাব বিচাৰিছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “আন্ধাৰতে জীয়াই আছে” বা “পাপময় আন্ধাৰত জীয়াই আছে।” (চোৱাঃ Doublet)

তেওঁ কলৈ গৈ আছে তাক তেওঁ নাজানে – এই ধাৰণাটোক এনে ধৰণে অনুবাদ কৰিব পাৰি “তেওঁ যে পাপ কৰি আছে তাক তেওঁ নিজেই নাজানে।”

আন্ধাৰে তেওঁৰ চকু অন্ধ কৰিলে – “আন্ধাৰে তেওঁক চাব নোৱাৰা কৰিলে।” ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “পাপৰ বাবে তেওঁ সত্যক চিনি পোৱাতো অসম্ভৱ হল।”

1 John 2:12-14

প্ৰিয় সন্তানবিলাক – ২:১ পদত ইয়াক কেনেকৈ ভাঙনি কৰিছা তাক চোৱা।

তোমালোকৰ পাপ সমূহ ক্ষমা কৰা হল – ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰিঃ এই বাক্যষাৰ পৰোক্ষ্ ভাবে অনুবাদ কৰিব পাৰি “ঈশ্বৰে তোমাৰ পাপ সমূহ ক্ষমা কৰিলে”(UDB). (See: Active or Passive)

খ্ৰীষ্টৰ নামৰ গুণে – “খ্ৰীষ্টৰ নামত” বাক্যালঙ্কাৰ বিশেষ, ইয়াৰ দ্বাৰাই খ্ৰীষ্ট আৰু তেওঁ যি যি কৰিলে তাক বুজাইছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “পাছে খ্ৰীষ্টই তোমাৰ বাবে যি কৰিলে” (UDB). (চোৱাঃবাক্যালঙ্কাৰ বিশেষ বা Metonymy)

হে পিতৃবিলাক, তোমালোকলৈ লিখিছোঁ – “পিতৃ” এই শব্দটিৰ দ্বাৰাই প্ৰকৃত বিশ্বাসী সকলৰ কথা বুজাইছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “হে প্ৰকৃত বিশ্বাসী সকল, মই তোমালোকলৈ লিখিলো।”

তোমালোকে জানা – “তোমালোকৰ এক সম্বন্ধ আছে”

যি জনা আদিৰে পৰা আছে – “যি জনা সদায়ে জীয়াই থাকে” বা “যি জনা সদায়ে আছে।” ইয়ে “যীচু” বা “পিতৃ ঈশ্বৰক” বুজাইছে।(চোৱাঃ Ambiguity)

হে ডেকাবিলাক

এই বাক্যষাৰৰ দ্বাৰাই সেই সকলক বুজাইছে যি নতুন বিশ্বাসী নহয় কিন্তু এতিয়া আত্মিক ভাবে সিদ্ধ হৈ উঠিছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “ডেকা বিশ্বাসী সকল।”

ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত থাকে – ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “তোমালোকে ঈশ্বৰৰ বাক্যক জানা”

জয় কৰা – “জয়কৰিলা” বা “ওপৰত বিজয়ী” বা “পৰাস্ত কৰিলা”(UDB)

1 John 2:15-17

জগতক প্ৰেম নকৰিবা – ২:১৫

১৭ পদত উল্লেখিত “জগত” ইয়াৰ দ্বাৰাই মানুহে কৰা সেই সমূহ বিষয়ক বুজাইছে যাৰ দ্বাৰাই ঈশ্বৰ গৌৰাম্বিত্ নহয়। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “ঈশ্বৰক নজনা জগতৰ মানুহ বিলাকৰ দৰে ব্যৱহাৰ নকৰিবা” (UDB). (চোৱাঃ Metonymy)

বা জগতত থকা বিষয়বোৰক – “সেই সমূহ বিষয় নিবিচাৰিবা যি বিলাকে ঈশ্বৰক গৌৰাম্বিত নকৰে।” dishonor God want”

পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই – ইয়াৰ অৰ্থ “তেওঁ পিতৃক প্ৰেম নকৰে।”

কোনোৱে যদি জগতক প্ৰেম কৰে, তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই – ইয়াক এনে ধৰণে অনুবাদ কৰিব পাৰি “এজন ব্যক্তিয়ে একে সময়তে এই জগত আৰু এই জগতৰ সেই সমূহ বিষয় যিয়ে ঈশ্বৰক গৌৰাম্বিত নকৰে তেনে বিষয়ক আৰু ঈশ্বৰক প্ৰেম কৰিব নোৱাৰে।”

অনুবাদৰ টোকা

মাংসৰ অভিলাষ, চকুৰ অভিলাষ আৰু জীৱন কালৰ গৰ্ব – জগতৰ অনেক বিষয় সমূহৰ মাজৰ এইয়া কিছু সংখ্যক বিষয়। “জগতৰ বিষয় সমূহ” বোলা কথাষাৰ উপৰোক্ত বিষয় কেইটাৰ মাজতে লুকাই আছে।

মাংসৰ অভিলাষ – “মাংসিক ভাবে সন্তুষ্টি লাভ কৰাৰ শক্তিশালী অভিলাষ”

চকুৰ অভিলাষ – “চকুৰে দেখা বস্তু সমূহৰ প্ৰতি অতিকৈ আসক্ত হোৱা”

জীৱন কালৰ গৰ্ব – “এজন ব্যক্তিয়ে নিজে কৰিব পৰা বিষয়টিক লৈ কৰা গৰ্ব” বা “কোনো সফলতা অৰ্জন কৰাৰ দ্বাৰাই যিয়ে গৰ্ব অনুভৱ কৰে।”

জীৱন – ইয়াৰ দ্বাৰাই সেই সমূহ বস্তুৰ কথা কোৱা হৈছে যাৰ দ্বাৰাই এজন ব্যক্তিয়ে জীৱন ধাৰণ কৰিব বাবে আয়ত্ব কৰে যেনে সম্পতি আৰু ধন।

পিতৃৰ পৰা উৎপন্ন নহয় – ইয়াক এনে ধৰণে অনুবাদ কৰিব পাৰি “পিতৃৰ পৰা নাহে” বা “পিতৃয়ে আমি এনে দৰে জীয়াই থাকিবলৈ নিশিকাই।”

গুচি যাব লাগিছে – “এদিনাখন ইয়াত নাথাকিব”

1 John 2:18-19

প্ৰিয় সন্তানবিলাক – ২:১ পদটো কেনেকৈ অনুবাদ কৰা হৈছে চাওঁক।

শেষ

কাল উপস্থিত হৈছে

“শেষ

কাল” এই বাক্যষাৰে যীচু মানুহ বিলাকৰ বিচাৰৰ বাবে পৃথিবীলৈ অহাৰ কেইটামান মূহুৰ্তৰ আগৰ সময়ৰ কথা কৈছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “যীচু অতি শীঘ্ৰে ঘুৰি আহিব।”(চোৱাঃ Metonymy)

ইয়াৰ দ্বাৰাই আমি জানো যে – ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “আৰু এই হেতুকে আমি জানো যে” বা “যিহেতু বহুতো খ্ৰীষ্টাৰি আহিব, সেই গতিকে আমি জানো যে।”

আৰু খ্ৰীষ্টাৰি আহিব লাগিছে – “এনে বহুতো লোক আছে যি খ্ৰীষ্টৰ বিৰুদ্ধী।”

তেওঁবিলাক আমাৰ মাজৰ পৰা ওলাই গল – “তেওঁবিলাকে আমাক এৰিলে”

কিন্তু তেওঁবিলাক আমাৰ সম্বন্ধীয় নাছিল – “যিহেতু তেওঁবিলাক প্ৰকৃতাৰ্থত আমাৰ সম্বন্ধীয় নাছিল” বা “তেওঁবিলাক সঁচা অৰ্থৎ আমাৰ দলৰ অংশ নাছিল।” তেওঁবিলাক সেই দলৰ অংশ নাছিল কিয়নো তেওঁবিলাকে যীচু খ্ৰীষ্টত বিশ্বাস নাছিল।

কিয়নো আমাৰ সম্বন্ধীয়া হোৱা হলে আমাৰ লগত থাকিলহেঁতেন – ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “যদিহে প্ৰকৃতাৰ্থত তেওঁবিলাক বিশ্বাসী হল হয় তেওঁবিলাকে আমাক এৰি নগলহেতেঁন।”

তেওঁবিলাক যে আমাৰ সম্বন্ধীয় নহয়, এয়ে প্ৰকাশিত হবলৈ তেওঁবিলাক ওলাই গল – ইয়াক প্ৰত্যক্ষ ভাবে কব পৰা যায়ঃ “তেওঁবিলাক ওলাই গল যাতে ঈশ্বৰে আমাক দেখুৱাব পাৰে যে তেওঁ বিলাক প্ৰকৃতাৰ্থত বিশ্বাসী নাছিল।” (চোৱাঃ পৰোক্ষ বা প্ৰত্যক্ষ, Active or Passive)

1 John 2:20-21

তোমালোকে হলে, পবিত্ৰ জনাৰ পৰা অভিষেক পালা – “পাছে পবিত্ৰ জনাই তোমালোকক অভিষেক কৰিলে।” পুৰণি নিয়মত অভিষেক বুলি কলে কোনো এজন ব্যক্তিৰ মুৰ তেওঁ বাকি দিয়াৰ দ্বাৰাই ঈশ্বৰৰ কাৰ্য্যৰ বাবে পৃথক কৰা বুজায়। ইয়াত “অভিষেক” শব্দটিৰ দ্বাৰাই যীচুৱে এজন ব্যক্তিক পবিত্ৰ আত্মা বাকী দিয়াৰ দ্বাৰাই ঈশ্বৰৰ কাৰ্য্যৰ বাবে পৃথক কৰা বুজাইছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “পাছে যীচু খ্ৰীষ্ট, সেই পবিত্ৰ জনাই, তোমালোকক তেওঁৰ আত্মা দান কৰিছে।”(চোৱাঃ উপমা বা Metaphor)

কোনো মিছা সত্যৰ পৰা উৎপন্ন নহয় – “কোনো মিছা সত্যৰ পৰা নাহে।” “সত্যৰ পৰা” বাক্যষাৰীয়ে ঈশ্বৰক বুজাব পাৰে, যি জন সম্পূৰ্ণ সত্য। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “সেই সত্য জনাৰ পৰা কোনো মিছা নাহে।”

1 John 2:22-23

যীচু যে সেই অভিষিক্ত জনা, ইয়াক যি জনে অস্বীকাৰ কৰে, তেওঁৰ বাহিৰে আৰু আচল মিছলীয়া কোন আছে? – কোন মিছলীয়া তাক প্ৰকাশ কৰিবৰ বাবে যোহনে এক উপমাৰ দ্বাৰাই এই প্ৰশ্নটি সুধিছে। এই অংশটি প্ৰশ্ন সুধাৰ দ্বাৰাই আৰু তাৰ উত্তৰ দিয়াৰ দ্বাৰাই অনুবাদ কৰিব পৰা যায়ঃ “মিছলীয়া কোন? যি জনে যীচু খ্ৰীষ্টক অস্বীকাৰ কৰে।” (চোৱাঃ Rhetorical Question)।

যীচু যে অভিষিক্ত তাক অস্বীকাৰ কৰে – “যীচু সেই অভিষিক্ত জনা বুলি কবলৈ অস্বীকাৰ কৰে” বা “যীচু খ্ৰীষ্ট নহয় বুলি কয়”

পিতৃ আৰু পুত্ৰকো অস্বীকাৰ কৰে – ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “পিতৃ আৰু পুত্ৰৰ সম্বন্ধে যি সত্যতা তাক অস্বীকাৰ কৰে” বা “পিতৃ আৰু পুত্ৰক অস্বীকাৰ কৰিলে।”

পিতৃকো পোৱা নাই – “পিতৃৰ নহয়”

পুত্ৰক স্বীকাৰ কৰে – “পুত্ৰৰ সম্বন্ধে সত্য কয়”

পিতৃকো পালে – “পিতৃৰ হয়”

1 John 2:24-26

আৰু তোমালোকৰ বাবে – ২:২৪

২৬ পদত উল্লেখ কৰা “তোমালোক” শব্দটি বহুবচনত আছে আৰু ইয়াৰ দ্বাৰাই যোহনে তেওঁ যি সকলৰ উদ্দেশ্যে লিখিছে তেওঁবিলাকক বুজাইছে। (চোৱাঃ Forms of You)

তোমালোকে আদিৰে পৰা যি শুনিলা, সেয়ে তোমালোকৰ অন্তৰত থাকক – “সোঁৱৰণ কৰা আৰু আদিৰে পৰা যি শুনিলা তাত বিশ্বাস কৰা।” তেওঁবিলাকে তাক কেনেকৈ শুনিলে, তেওঁবিলাকে কি শুনিলে, আৰু “আদিৰে পৰা” ইয়াক বহল অৰ্থত ব্যৱহাৰ কৰিব পাৰিঃ “তোমালোকক আমি যি যীচুৰ সম্বন্ধে যি শিকালো তাক তোমালোকে প্ৰথমে বিশ্বাসী হোৱাৰ সময়ত ভাৰসা কৰিছিলা তেনেকৈ বিশ্বাস কৰি যোৱা।” (চোৱাঃExplicit and Implicit Information)

আদিৰে পৰা তোমালোকে যি শুনিলা – ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “তোমালোক বিশ্বাসী হোৱাৰ প্ৰথম অৱস্থাত আমি যি যি শিকাইছিলো।”

আদিৰে পৰা শুনা কথা যদি তোমালোকৰ অন্তৰত থাকে – “তোমালোকক যি যি শিকালো তাত যদি তোমালোকে অন্তৰত ৰাখা”

তেন্তে তোমালোকেও পুত্ৰত আৰু পিতৃতো থাকিবা – ২:৫

৬ অংশটি কি দৰে অনুবাদ কৰা হৈছে তাক চাওঁক

তেওঁ আমাৰ আগত প্ৰতিজ্ঞা কৰা প্ৰতিজ্ঞা, অৰ্থাৎ অনন্ত জীৱন – “আৰু তেওঁ আমালৈ কৰা যি প্ৰতিজ্ঞা, সেয়ে অনন্ত জীৱন” বা “আৰু তেওঁ আমাক অনন্তকাল জীয়াই ৰখাৰ ব্যৱস্থা কৰিলে।”

তেওঁ আমাক প্ৰতিজ্ঞা কৰিলে – ইয়াত “তেওঁ” শব্দটিয়ে খ্ৰীষ্টক বুজাইছে। “আমাক” শব্দটিয়ে যোহন আৰু সকলো বিশ্বাসীৰ লগতে যি সকলৰ উদ্দেশ্যে লিখা হৈছে তেওঁলোককো বুজোৱা হৈছে। (চোৱাঃ Inclusive)

যি বিলাকে তোমালোকক ভুলায় – “তোমালোকক মিছাত বিশ্বাস কৰিবলৈ চেষ্টা কৰে” বা “ঈশ্বৰ আৰু তেওঁৰ সত্যতাৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰে”

1 John 2:27-29

হে বোপাহঁত – ২:২৭

২৯ “বোপাহঁত” শব্দটি বহুবচনত আছে আৰু ইয়াৰ দ্বাৰাই যোহনে যি সকল বিশ্বাসীৰ উদ্দেশ্যে লিখিছে তেওঁবিলাকক বুজাইছে। (চাওঁকঃ Forms of You)

অভিষেক – ইয়াৰ দ্বাৰাই “ঈশ্বৰৰ আত্মাক” বুজাইছে। ২:২০ অভিষেক সম্বন্ধীয় টোকা

চাওঁক।

সেই অভিষেকে যেনেকৈ তোমালোকক শিক্ষা দিছে – “কিয়নো তেওঁৰ অভিষেকৰ দ্বাৰাই তোমালোকে শিক্ষা পাইছা”

সকলো বিষয়তে – এই বাক্যষাৰ অতিৰজ্ঞিত ভাবে কোৱা হৈছে। ইয়াক এনে ধৰণে অনুবাদ কৰিব পাৰি “তোমালোকৰ জানিবৰ বাবে যি প্ৰয়োজন” (UDB) (চাওঁক: Hyperbole)

তেওঁতে থাকা – এই বাক্যষাৰ Explicit and Implicit দুই ভাবে কি দৰে অনুবাদ কৰা হৈছে তাক চাওঁক।

এতিয়া

এই শব্দটি ব্যৱহাৰ কাৰৰ দ্বাৰাই পত্ৰ খনিৰ এটা নতুন অধ্যায়ৰ আৰম্ভণি হোৱা বুজায়।

প্ৰিয় সন্তানবিলাক

২:১ পদত ইয়াক কেনেকৈ অনুবাদ কৰা হৈছে তাক চাওঁক।

তেওঁ প্ৰকাশিত হলে – “আমি তেওঁক দেখিম”

সাহ – “দৃঢ় বিশ্বাস”

তেওঁৰ আগমনৰ কালত – “তেওঁৰ আগমনৰ কালত” এই বাক্যষাৰে যীচু পৃথিৱীৰ ৰজা আৰু বিচাৰক হিচাপে পুনৰ আগমনৰ কথা কৈছে। ইয়াক এনে ধৰণে অনুবাদ কৰিব পাৰি “তেওঁ যেতিয়া মানব জাতিৰ বিচাৰৰ বাবে আহিব,”

তেওঁৰ পৰা জন্ম পোৱা – “ঈশ্বৰৰ পোৱা জন্ম পোৱা” বা “ঈশ্বৰৰ সন্তান”

1 John 3

1 John 3:1-3

চোৱা পিতৃয়ে আমাক কেনে প্ৰকাৰৰ প্ৰেম দান কৰিলে – “আমাৰ পিতৃয়ে আমাক কেনে প্ৰেম কৰে তাক চিন্তা কৰি চোৱা” (UDB)

আমাৰ ওপৰত দিলে – “আমালৈ দান কৰিলে” বা “আমালৈ কৰিলে”

আমালৈ...আমি – ৩:১

৩ পদত এই শব্দকেইটিয়ে যোহন, তেওঁ যি সকলৰ উদ্দেশ্যে লিখিছে, আৰু সকলো বিশ্বাসী বুজাইছে। (চাওঁকঃ Inclusive)

আমি যেন ঈশ্বৰৰ সন্তান বুলি বিখ্যাত হওঁ – ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰিঃ “পিতৃয়ে আমাক তেওঁৰ সন্তান বুলি মাতিব লাগে।” (চাওঁকঃ Active or Passive)

জগতে আমাক নাজানে, কাৰণ তেওঁক নাজানে – ইয়াত “জগত” শব্দটিয়ে ঈশ্বৰক সন্মান নকৰা লোক সকলক বুজাইছে। জগতে যি নাজানে সেই বিষয়ে ইয়াত কোৱা হৈছেঃ “যি সকলে ঈশ্বৰক সন্মান নকৰে তেওঁবিলাকে আমি যে ঈশ্বৰৰ হয় তাক নাজানে, কিয়নো তেওঁবিলাকে ঈশ্বৰক নাজানে (চাওঁকঃ Metonymy and Explicit and Implicit Information)”

এতিয়ালৈকে প্ৰকাশিত হোৱা নাই – এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰ প্ৰকাশিত হোৱা নাই”

আৰু তেওঁৰ ওপৰত যি কোনোৰ আশা আছে, তেওঁ যেনেকৈ শুচি, তেৱোঁ তেনেকৈ নিজকে শুচি কৰে – এই বাক্যষাৰে এনে ধৰণে অনুবাদ কৰিব পাৰি “যি সকলে অধিৰ আশাৰে খ্ৰীষ্টক চাবৰ বাবে অপেক্ষাত আছে তেওঁবিলাকে নিজকে পবিত্ৰ কৰি ৰাখে কিয়নো খ্ৰীষ্ট পবিত্ৰ।”

1 John 3:4-6

পাপ

আচৰণ কৰে –“পাপতে থাকে”(UDB)

বিধান লভ্ঘন কৰে – “ঈশ্বৰৰ বিধান পালন কৰিবলৈ অস্বীকাৰ কৰে”(চাওঁকঃ Forms of You)

খ্ৰীষ্ট প্ৰকাশিত হৈছিল – ইয়াক এনে ধৰণে অনুবাদ কৰিব পাৰিঃ “খ্ৰীষ্ট প্ৰকাশিত হল” বা “পিতৃয়ে খ্ৰীষ্টক প্ৰকাশ কৰিলে।” (চাওঁকঃActive or Passive)

তেওঁত থাকে – ২:৫

৬ পদ কেইটি কি দৰে অনুবাদ কৰা হল তাক চাওঁক

তেওঁক দেখা নাই আৰু জনাও নাই – ইয়াত একেটা বিষয়ে দুই ধৰণে কবৰ বাবে চেষ্টা কৰা হৈছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “তেওঁক কেতিয়াও প্ৰকৃত অৰ্থত বিশ্বাস কৰা নাছিল।” (চাওঁকঃ Doublet)

1 John 3:7-8

হে বোপাহঁত – ২:১ পদটি কেনেকৈ অনুবাদ কৰা হৈছে তাক চাওঁক

তোমালোকক ভুলাবলৈ কাকো নিদিবা – ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “তোমালোককে আন কাকো নিজকে ভুলাবলৈ নিদিবা” বা “তোমালোকক যেন কোনেও নভুলাই”(UDB)

যি কোনোৱে ধৰ্ম্ম

আচৰণ কৰে খ্ৰীষ্ট যেনে ধাৰ্ম্মিক হয়, তেৱো তেনে ধাৰ্ম্মিক হয় – ইয়াক এনে ধৰণেও অনুবাদ কৰিব “খ্ৰীষ্ট যেনেকৈ ঈশ্বৰৰ প্ৰিয় তেনে দৰে যি জনে সত্য পালন কৰে ঈশ্বৰ তেওঁত সন্তোষ্ট হয়।”

পাপ আচৰণ

কৰে –“অহৰহ পাপ কৰি যোৱা”(UDB)

তেওঁ চয়তানৰ – “চয়তানৰ হয়” বা “চয়তানৰ দৰে”(UDB)

আদিৰে পৰা – এই কথাষাৰে সৃষ্টিৰ সেই সয়ৰ কথা বুজাইছে যি সময়ৰলৈকে মানুহে পাপ কৰা নাছিল। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “সৃষ্টিৰ আৰম্ভণিৰ সময়ৰ পৰাই” (চাওঁকঃ Metonymy)

ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হল – ইয়াক প্ৰত্যক্ষ ভাবে অৰ্থাত এনে ধৰণেও অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে তেওঁৰ পুত্ৰক প্ৰকাশ কৰিলে” (চাওঁকঃ Active or Passive)

1 John 3:9-10

যি কোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয় – ইয়াক প্ৰত্যক্ষ ভাবেও অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে যি সকলক নিজ সন্তানক কৰিলে।”(চাওঁকঃ Active or Passive)

তেওঁ পাপ

আচৰণ নকৰেঃ “তেওঁবিলাকে অহৰহ পাপ নকৰে”(UDB)

ঈশ্বৰৰ বীজ – ইয়াৰ দ্বাৰাই বুজাব বিচৰা হৈছে যে যি দৰে মাটিত এটি বীজ ৰোপন কৰাৰ দ্বাৰাই বৃদ্ধি পায় থিক একে দৰে ঈশ্বৰে এজন বিশ্বাসীৰ জীৱনত পবিত্ৰ আত্মাৰ বীজ ৰোপন কৰাৰ দ্বাৰাই তেওঁবিলাকক পাপ নকৰিব বা আৰু কিন্তু ঈশ্বৰৰ গ্ৰহণীয় কাৰ্য্য কৰিবৰ বাবে শক্তি প্ৰদান কৰে। ইয়াক এই ধৰণেও অনুবাদ কৰিব পাৰি “পবিত্ৰ আত্মা।” (চাওঁকঃMetaphor)

কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হল – ইয়াক প্ৰত্যক্ষ ভাবে অৰ্থাত এনে ধৰণেও অনুবাদ কৰিব পাৰিঃ“ঈশ্বৰে তেওঁক এক নতুন আত্মিক জীৱন দান প্ৰদান কৰিছে” বা “তেওঁ ঈশ্বৰৰ সন্তান।”

ইয়াতে ঈশ্বৰৰ সন্তানবিলাক আৰু চয়তানৰ সন্তানবিলাক প্ৰকাশিত হয়ঃ ইয়াক প্ৰত্যক্ষ বাক্য ব্যৱহাৰ কৰি অনুবাদ কৰিব পাৰিঃ “আৰু এই দৰে আমি ঈশ্বৰৰ সন্তান আৰু চয়তানৰ সন্তাক চিনি পাওঁ।”

1 John 3:11-12

আমি যেন পৰস্পৰে প্ৰেম কৰোঁ – ইয়াত “আমি” শব্দটিয়ে সকলো বিশ্বাসীকে বুজাইছে।

(চাওঁকঃ Inclusive)

পাছে তেওঁ কি কাৰণে তেওঁক বধ কৰিলে? কিয়নো – যোহনে এই দৰে প্ৰশ্ন সোধাৰ দ্বাৰা তেওঁৰ বিশ্বাসী সকলক এটা শিক্ষা দিব বিচাৰিছিল। ইয়াক মত প্ৰকাশ কৰাৰ ধৰণে অনুবাদ কৰিব পাৰিঃ “তেওঁক তেওঁক হত্যা কৰিলে কিয়নো” (চাওঁকঃ Rhetorical Question)

তেওঁৰ নিজৰ কৰ্ম্ম মন্দ, কিন্তু ভায়েকৰ কৰ্ম্ম ধৰ্ম্মময় আছিল – ইয়াক এনে ধৰণে অনুবাদ কৰিব পাৰি “কিয়নো তেওঁ সদায়ে পাপ

আচৰণ কৰিছিল আৰু তেওঁৰ ভায়েকে ধাৰ্ম্মিকৰ দৰে আচৰণ কৰিছিল।”

1 John 3:13-15

বিস্ময় নামানিবা – “আচৰিত নহবা।”

ভাইবিলাক – “লগৰ বিশ্বাসী সকল”

জগতে যদি তোমালোকক ঘিণ কৰে – “জগত” বুলা শব্দটি ঈশ্বৰক সন্মান নকৰা লোক সকলক বুজাইছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “যদিহে সেই সকলে ঈশ্বৰক সন্মান নকৰে তেনে হলে ঈশ্বৰক সন্মান কৰা সকলে তোমালোকক ঘিণ ঘিণ কৰিব”(চাওঁকঃ Metonymy)

আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হলো – “আত্মিক ভাবে আমি আৰু মৰি থকা নাই কিন্তু আত্মিক ভাৱে জীৱিত হৈ আছো”

মৃত্যুত থাকে – “তেওঁ আত্মিক ভাবে এতিয়াও মৃত হৈ আছে”

যি কোনোৱে নিজ ভাইক ঘিণ কৰে তেওঁ নৰ

বধী – এই বাক্যষাৰৰ দ্বাৰাই এজন বিশ্বাসীয়ে আন এজন বিশ্বাসীক ঘিণ কৰা কাৰ্য্যক নৰ

বধীৰ লগত তুলনা কৰিছে। যিহেতু বধ কৰাৰ মানসিকতাৰ উৎপত্তি ঘিণ কৰাৰ পৰা হয়, সেয়েহে ঈশ্বৰে কোনো এজন ব্যক্তিৰ ঘিণ কৰা কাৰ্য্যক নৰ

বধ কৰা অপৰাধীৰ লগত তুলনা কৰিছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি“যি কোনোৱে আন এজন বিশ্বাসীক ঘিণ কৰে তেওঁ সেই নৰ

বধী জনৰ সমানেই অপৰাধী হয়।”(চাওঁকঃ Metaphor)

অন্তৰত অনন্ত জীৱন – “অনন্ত জীৱন” এনে এক বিষয় যিটো ঈশ্বৰে এজন বিশ্বাসীক তেওঁৰ মৃত্যুৰ পাছত প্ৰদান কৰে, তাৰ লগতে ই এক শক্তিও হয় যাৰ দ্বাৰাই এজন বিশ্বাসীয়ে পাপ

আচৰণ কৰাৰ পৰা বিৰত থাকিবলৈ শক্তি লাভ কৰে আৰু তেওঁৰ সন্তোষ জনক কাৰ্য্য কৰি যায়।ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “তেওঁৰ অন্তৰত আত্মিক জীৱনৰ কাৰ্য্য কৰি যাবৰ শক্তি আছে।”

1 John 3:16-18

খ্ৰীষ্টই আমাৰ কাৰণে নিজৰ প্ৰাণ দিলে – ইয়াৰ অৰ্থ হল “খ্ৰীষ্টই আপোন ইচ্ছাই নিজৰ জীৱন আমাৰ বাবে দান কৰিলে” বা “খ্ৰীষ্টই নিজ ইচ্ছাৰে আমাৰ অৰ্থে মৰিলে”(চাওঁকঃ Idiom)

সাংসাৰিক জীৱিকাৰ উপায়

ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “জাগতিক সম্পতি যেনে টকা

পইচা, আহাৰ, বা বস্ত্ৰ।”

নিজ ভাইৰ অভাৱ দেখি – “লগৰ বিশ্বাসী এজনৰ প্ৰয়োজন উপলব্ধি কৰা”

তেওঁৰ পৰা নিজ স্নেহ আটক কৰে – ইয়াৰ দ্বাৰাই বুজাব বিচৰা হৈছে যে “পাছে তেওঁলৈ স্নেহ নকৰা” বা “পাছে তেওঁক সহায় কৰিবলৈ ইচ্ছা নকৰা।”

তেন্তে ঈশ্বৰৰ প্ৰেম কেনেকৈ তেওঁৰ অন্তৰত থাকে? – যোহনে এই দৰে প্ৰশ্ন সোধাৰ দ্বাৰাই বিশ্বাসী সকলক শিকাব বিচাৰিছে। ইয়াক মতামত প্ৰকাশ কৰাৰ ধৰণেও অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰৰ প্ৰেম তেওঁৰ অন্তৰত নাই”(চাওঁকঃ Rhetorical Question)

হে বোপাহঁত – ২:১ পদত আপুনি কি দৰে অনুবাদ কৰিছে তাক চাওঁক।

আমি কেৱল বাক্যেৰে বা জিবাৰে প্ৰেম নকৰি – “বাক্যেৰে” আৰু “জিবাৰে”এই বাক্যষাৰৰ দ্বাৰাই একেটা কথাকে বুজাব বিচৰা হৈছে। ইয়াৰ দ্বাৰাই এজন মানুহে যি কয় তাক বুজাইছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “তুমি কেৱল মূখেৰে মই মানুহ বিলাকক প্ৰেম কৰোঁ বুলি নকবা।”(চাওঁকঃ Doublet and Metonymy)

কিন্তু কৰ্ম আৰু সত্যতাৰে – ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “পাছে তুমি যে প্ৰকৃততে মানুহক প্ৰেম কৰা তাক তেওঁক সহায় কৰাৰ দ্বাৰাই প্ৰকাশ কৰা।”

1 John 3:19-22

আমি সত্যৰ পৰা হওঁ – এই বাক্যষাৰে এনে ধৰণেও অনুবাদ কৰিব পাৰি “যীচুৱে কোৱা ধৰণে আমি আমাৰ জীৱন পৰিচালিত কৰিছো।”

নিজ নিজ হৃদয়ত আশ্বাসযুক্ত হওঁ – ৩:১৯

২২ পদ কেইটিত উল্লেখিত “হৃদয়” শব্দটিয়ে এজন ব্যক্তিৰ চেতনা বা সেই মানুহ জনৰ চিন্তা কৰিব পৰা অংশ যাৰ দ্বাৰাই ঈশ্বৰে তেওঁক অনুভৱ কৰাই যে তেওঁ পাপ কৰিছে। এই বাক্যষাৰে এনে ধৰণেও অনুবাদ কৰিব পাৰি “ঈশ্বৰৰ উপস্থিতিত থাকিলে আমি দোষী অনুভৱ নকৰিম” (UDB)(চাওঁকঃ Metonymy)

ঈশ্বৰ আমাৰ হৃদয়তকৈও মহান – এই বাক্যষাৰে এনে দৰেও অনুবাদ কৰিব পাৰি “আমি জানো যে ঈশ্বৰৰ আমাৰ হৃদয়তকৈ উত্তম বিচাৰক।”

তেওঁৰ দৃষ্টিত যি যি সন্তোষজনক তাকে কৰোঁ – এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “তেওঁক যিহে সন্তোষ দিয়ে আমি তেনে কাৰ্য্য কৰোঁ”

1 John 3:23-24

এয়ে তেওঁৰ আজ্ঞা – এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “ঈশ্বৰে আমাক এনে ধৰণে কৰাতো বিচাৰে।”

তেওঁ তেওঁত থাকে আৰু তেৱোঁ তেওঁত থাকে – ২:৫

৬ এই পদকেইটি কি দৰে অনুবাদ কৰিলে তাক চাওঁক।

কিয়নো ঈশ্বৰ প্ৰেম – এই বাক্যষাৰে এনে ধৰণেও অনুবাদ কৰিব পাৰি “কিয়নো ঈশ্বৰে আমাক ইজনে সিজনক প্ৰেম কৰিবলৈ শিকাই”

ঈশ্বৰৰ পৰা জন্ম পোৱা – এয়া এক উপমা যাৰ দ্বাৰাই এজন ব্যক্তিৰ ঈশ্বৰৰ লগত পিতৃ আৰু সন্তানৰ যি দৰে সম্বন্ধ তেনে সম্বন্ধৰ কথা বুজাইছে(চাওঁকঃ Metaphor)

আৰু যি কোনোৱে প্ৰেম কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে – এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “আৰু যি সকলে নিজৰ ভাইক প্ৰেম কৰে তেওঁ ঈশ্বৰৰ সন্তান হয় আৰু ঈশ্বৰক জানে।”(UDB)

যি জনে প্ৰেম নকৰে, তেওঁ ঈশ্বৰক নাজানে, কিয়নো ঈশ্বৰ প্ৰেম হয়

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “ঈশ্বৰৰ চৰিত্ৰ হৈছে সকলো লোককে প্ৰেম কৰা। যি সকলে নিজ ভাইক প্ৰেম নকৰে তেওঁবিলাকে ঈশ্বৰক নাজানে কিয়নো ঈশ্বৰৰ চৰিত্ৰ হৈছে মানুহক প্ৰেম কৰা।”

1 John 4

1 John 4:1-3

সকলো আত্মাত বিশ্বাস নকৰিবা – ৪:১

৩ “আত্মা” শব্দটিয়ে আত্মিক শক্তিৰ কথা কৈছে বা যি শক্তিৰ দ্বাৰাই এজন লোকে বাৰ্তা বা ভাৱবাণী কয়। এই বাক্যষাৰে এনে ধৰণেও অনুবাদ কৰিব পাৰি “আত্মাৰ দ্বাৰাই পোৱা বাৰ্তা বুলি ঘোষণা কৰা আটাই ভাৱবাদীক বিশ্বাস নকৰিবা।”

কিন্তু সেই আত্মাবিলাকৰ পৰীক্ষা কৰা – এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “পাছেসেই ভাৱবাদীয়ে কি কৈছে তাক ভাল দৰে বিচাৰ কৰাৰ দ্বাৰাই শুনা।”

মাংসত আহিল – “মানুহৰ আকাৰ ললে” বা “মানুহৰ ৰূপত আহিল”(UDB)

এইয়া খ্ৰীষ্টাৰি আত্মা – এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “তেওঁবিলাক খ্ৰীষ্টৰ বিৰুদ্ধে শিক্ষা দিয়া লোক”

সেয়ে যে আহিছে, তাক তোমালোকে শুনিলা – এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “তেনে ধৰণৰ লোক যে আমাৰ মাজলৈ আহিছে তাক তোমালোকে শুনিছা।”

সেয়ে এতিয়া জগতত উপস্থিত আছে – এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “আৰু এতিয়া তেওঁবিলাক আমাৰ মাজত আছে!”(UDB)

1 John 4:4-6

তোমালোক হলে ঈশ্বৰৰ – “তোমালোক ঈশ্বৰৰ হয়।”

হে বোপাহঁত

২:১ পদত কি দৰে ভাঙনি কৰিছে তাক চাওঁক

তোমালোকে সেই আত্মা বিলাক জয় কৰিলা – এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “তোমালোকে ভুৱা শিক্ষক সকলক বিশ্বাস নকৰিলা।”

তোমালোকত থকা জনা – “জনা” ঈশ্বৰক বুজাইছে।

যি জন জগতৰ – “জন” চয়তানক বুজাইছে।

জগত – জগত এই শব্দটিৰ দ্বাৰাই ঈশ্বৰৰ আজ্ঞা পালন নকৰা সকলক বুজাইছে।

সেই আত্মা সমূহ জগতৰ – এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “সেই ভুৱা শিক্ষক সকল হৈছে সেই বিলাক লোক যি সকলে ঈশ্বৰৰ আজ্ঞা পালন নকৰে।”

এই কাৰণে তেওঁবিলাকে জগতৰ কথাহে কয় – এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “সেই গতিকে তেওঁবিলাকে এনে ধাৰণা সমূহ শিকাই যি ঈশ্বৰ বিৰুদ্ধী”

জগতেও সেই বিলাকৰ কথা শুনে – এই বাক্যষাৰ এনে ধৰণে অনুবাদ কৰিব পাৰি “আৰু যি সকল লোক ঈশ্বৰৰ বাধ্য নহয় তেওঁলোকে তেওঁবিলাকৰ কথা শুনে”

1 John 4:7-8

হে প্ৰিয় বিলাক – “মৰমৰ বন্ধু সকল”(UDB)

আহাঁ আমি পৰস্পৰে প্ৰেম কৰোঁহঁক – “এজন বিশ্বাসীয়ে আন জন বিশ্বাসীক প্ৰেম কৰিব লাগে।”

ঈশ্বৰ প্ৰেম – এইটো এটা উপমা হয় যাৰ অৰ্থ “ঈশ্বৰৰ চৰিত্ৰ হৈছে প্ৰেম।” (চাওঁকঃMetaphor)

কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয় – এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “কিয়নো ঈশ্বৰে আমাৰ প্ৰেমৰ উৎহ”

ঈশ্বৰৰ পৰা জন্ম পোৱা

এয়া এক উপমা হয় যাৰ দ্বাৰাই বুজাবলৈ চেষ্টা কৰা হৈছে যে ঈশ্বৰৰ লগত হোৱা সম্বন্ধ পিতৃ আৰু পুত্ৰৰ মাজৰ সম্বন্ধৰ দৰে।

আৰু যি কোনোৱে প্ৰেম কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে – এই অংশটি এনে দৰেও অনুবাদ কৰিব পাৰি “যিহেতু বিশ্বাসী সকলে ইজনে সিজনক প্ৰেম কৰিলে এই হেতুকে তেওঁবিলাক ঈশ্বৰৰ সন্তান আৰু তেওঁক জানে।” (UDB)

যি জনে প্ৰেম নকৰে, তেওঁ ঈশ্বৰক নাজানে,

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি“ঈশ্বৰৰ চৰিত্ৰ হৈছে সকলো লোককে প্ৰেম কৰা। আৰু যি সকলে নিজ লগৰ বিশ্বাসী ভাইক প্ৰেম নকৰে তেওঁ ঈশ্বৰক নাজানে কিয়নো ঈশ্বৰে সকলোকে প্ৰেম কৰে।”

1 John 4:9-10

ইয়াতে আমালৈ ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হল – এই অংশটি এনে ধৰণেও অনুবাদ কৰিব পাৰি “ঈশ্বৰে যে আমাক প্ৰেম কৰে তাক তেওঁ দেখুৱালে”

আমি তেওঁৰ দ্বাৰাই জীৱন লাভ কৰিবলৈ – এই অংশটি এনে ধৰণেও অনুবাদ কৰিব পাৰি “যীচু যি কৰিলে তাৰ ফল স্বৰূপে আমি আনন্তকাল জীয়াই থাকিবলৈ সক্ষম হলো।”

ইয়াতেই প্ৰেম আছে

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “প্ৰকৃত প্ৰেমনো কি তাক ঈশ্বৰে আমাক দেখুৱালে”

ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ, এনে নহয় – এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “ঈশ্বৰক আমি প্ৰেম কৰিলো সেই কথা নহয়”

প্ৰায়চিত্তৰ অৰ্থ হল প্ৰায়চিত্তাৰ্থক বলি।

আমাৰ পাপৰ প্ৰায়শ্চিত্ত হবলৈ নিজ পুত্ৰক পঠাই দিলে – এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি“পাছে নিজ পুত্ৰক বলি হবৰ বাবে পঠালে যাতে ঈশ্বৰে আমাৰ পাপ সমূহ ক্ষমা কৰিব পাৰে।”

1 John 4:11-14

হে প্ৰিয় বিলাক –“প্ৰিয় বন্ধু সকল”(UDB)

ঈশ্বৰে যদি আমাক এনে প্ৰেম কৰিলে – এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি ‘‘যিহেতু ঈশ্বৰে আমাক ইমান প্ৰেম কৰিলে”

পৰস্পৰে প্ৰেম কৰা – “বিশ্বাসী সকলে ইজনে আন জনক প্ৰেম কৰিব লাগে।”

ঈশ্বৰ আমাত থাকে … আমি তেওঁত থাকো আৰু তেৱো আমাত থাকে

২:৫

৬ পদটি কি দৰে অনুবাদ কৰা হৈছে চাওঁক।

তেওঁৰ প্ৰেম আমাত সিদ্ধ হয় – এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি“ঈশ্বৰৰ প্ৰেম আমাত সম্পূৰ্ণ হৈছে।”

আৰু তেওঁ আমাক নিজ আত্মাৰ অংশ দান কৰিলে – এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “যিহেতু তেওঁ তেওঁৰ পবিত্ৰ আত্মা আমাৰ অন্তৰত দান কৰিলে”

আৰু জগতৰ ত্ৰাণকৰ্ত্তা হবলৈ, পিতৃয়ে যে পুত্ৰক পঠাই দিলে, ইয়াকে দেখি, আমি সাক্ষ্যক দিছোঁ।

এই অংশটি এনে ধৰণেও অনুবাদ কৰিব পাৰি “আৰু আমি পাচনি বিলাকে ঈশ্বৰৰ পুত্ৰক দেখিলো আৰু সকলোকে কলো যে পিতৃ ঈশ্বৰে মানব জাতিক ৰক্ষা কৰিবৰ অৰ্থে নিজ পুত্ৰক পঠালে।”

1 John 4:15-16

যীচু যে ঈশ্বৰৰ পুত্ৰ ইয়াক যি জনে স্বীকাৰ কৰে – “যি জনে যীচুৰ বিষয়ে সত্য কয়, সেয়ে হৈছে যীচু ঈশ্বৰৰ পুত্ৰ হয়”(UDB)

ঈশ্বৰ তেওঁত আৰু তেওঁ ঈশ্বৰত নিবাস কৰে – ২:৫

৬ পদকেইটি কি দৰে অনুবাদ কৰিছে তাক চাওঁক।

ঈশ্বৰৰ প্ৰেম – ই এক উপমা হয় যাৰ অৰ্থ “ঈশ্বৰৰ চৰিত্ৰ হৈছে প্ৰেম”(চাওঁকঃ Metaphor)

যি জন প্ৰেমত থাকে, তেওঁ ঈশ্বৰত থাকে, আৰু ঈশ্বৰ তেওঁত থাকে – এই অংশটি এনে ধৰণেও অনুবাদ কৰিব পাৰি “যি সকলে আনক প্ৰেম কৰি গৈ থাকে তেওঁবিলাকৰ ঈশ্বৰে সৈতে নিবিড় সম্বন্ধ আছে, আৰু ঈশ্বৰো তেওঁবিলাকৰে সৈতে নিবিড় সম্বন্ধ থাকে।”

1 John 4:17-18

ইয়াতে সোধ

বিচাৰৰ দিনা আমি সাহিয়াল হবলৈ এই প্ৰেম আমাৰে সৈতে সিদ্ধ হয়

সম্ভৱত ইয়াৰ ২ টা অৰ্থ থাকিব পাৰে ১) “এই” শব্দটিয়ে ৪:১৬ পদটিক বুজাইছে। আন এক অনুবাদঃ “আৰু এজন ব্যক্তিৰ জীৱনত যেতিয়া প্ৰেম থাকে, তেতিয়া তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰ তেওঁত থাকে, তাতে আমাৰ প্ৰেম সিদ্ধ হয়। তাতে সোধ

বিচাৰৰ দিনা আমাৰ সম্পূৰ্ণ সাহ থাকিব।” বা ২) “এই” সাহ থকা বুজাইছে। আন এক অনুবাদঃ “আৰু বিচাৰৰ দিনা আমি যদি সাহিয়াল হওঁ যে ঈশ্বৰে আমাক গ্ৰহণ কৰিব, তেতিয়া আমি বুজিম যে আমাৰ মাজৰ প্ৰেম সিদ্ধ হৈছে।”

কিয়নো তেওঁ যেনে কোৱা, আমিও এই জগতত তেনেকুৱাই আছোঁ – “আৰু যিহেতু যীচুৰ যেনে সম্বন্ধ ঈশ্বৰৰ লগত আছে থিক একে সম্বন্ধ পৃথিৱীত আমাৰ ঈশ্বৰৰ লগত আছে”

সিদ্ধ প্ৰেমে ভয় দূৰ কৰে – ইয়াত “প্ৰেম” শব্দটিয়ে এজন ব্যক্তিৰ জীৱনৰ পৰা ভয় আঁতৰাই দিব পৰা শক্তিৰ কথা কৈছে। আন এক অনুবাদ হৈছেঃ “পাছে আমাৰ প্ৰেম যেতিয়া সিদ্ধ হব তেতিয়া আমি আৰু ভয় নকৰিম।” (চাওঁকঃPersonification)

কিয়নো ভয় দণ্ডযুক্ত – “কিয়নো আমি ভয় কৰো যে ঈশ্বৰে যেতিয়া সকলোৰে বিচাৰৰ বাবে আহিব তেতিয়া আমি শাস্তিৰ সন্মূখিন হম”

আৰু যি জনে ভয় কৰে, তেওঁ প্ৰেমত সিদ্ধ নহয় – “যেতিয়া এজন মানুহে তেওঁক ঈশ্বৰে শাস্তি বিহব বুলি ভয় কৰে তাৰ অৰ্থ হল তেওঁৰ প্ৰেম সম্পূৰ্ণ নহয়”

1 John 4:19-21

আমি – এই শব্দটিয়ে যোহনক, তেওঁ যি সকল লোকৰ উদ্দেশ্যে লিখিছিল, আৰু সকলো বিশ্বাসীকে বুজাইছে। (চোৱাঃ Inclusive)

নিজ ভাইক ঘিণ কৰে – “কোনো এজন বিশ্বাসীক ঘিণ কৰে।”(UDB)

তেওঁৰ পৰা অহা আজ্ঞা – “তেওঁ” শব্দটিয়ে ঈশ্বৰক বুজাইছে।

1 John 5

1 John 5:1-3

ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হল– “ঈশ্বৰৰ সন্তান”

তেওঁ তাৰ পিতৃ হল – “পিতৃ।” আন এক অনুবাদঃ “তেওঁ আমাক তেওঁৰ সন্তান হবলৈ দিলে”

তেওঁৰ পৰা জন্ম পোৱা জনক প্ৰেম কৰে – “তেওঁৰ সন্তানক প্ৰেম কৰে।” আন এক অনুবাদ হৈছেঃ “তেওঁ নিজ সন্তানবিলাকক প্ৰেম কৰে।”

আমি ঈশ্বৰৰ সন্তান সমূহক প্ৰেম কৰাৰ দ্বাৰাই জানিম যে আমি ঈশ্বৰক প্ৰেম কৰিছো আৰু তেওঁৰ আজ্ঞা সমূহ পালন কৰিছো

আমি তেওঁৰ আজ্ঞা সমূহ পালন কৰিছো কিয়নো আমি ঈশ্বৰক প্ৰেম কৰো – “কিয়নো আমি যেতিয়া তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য্যকৰোঁ সেইয়ে ঈশ্বৰৰ প্ৰতি প্ৰকৃত প্ৰেম।”

আৰু তেওঁৰ আজ্ঞা সমূহ ববলৈ গধুৰ নহয় – “আৰু তেওঁৰ যি আজ্ঞা সেইয়া বোজা নহয়” বা “তেওঁৰ যি সমূহ আজ্ঞা সেইয়া কঠিন নহয়।”

1 John 5:4-5

পানী আৰু তেজেদি অহা জনা তেৱেঁই, অৰ্থাৎ যীচু খ্ৰীষ্টই – “যীচু খ্ৰীষ্টই সেই জন যি পানী আৰু তেজৰ দ্বাৰাই আহিল।” ইয়াত “পানী” শব্দটিয়ে যীচুৰ বাপ্তিস্মৰ কথা বুজাইছে। লগতে “তেজ” শব্দটিয়ে যীচুৰ ক্ৰুচীয় মৃত্যুৰ কথা বুজাইছে। অন্য এক অনুবাদঃ “যীচু যে ঈশ্বৰৰ পুত্ৰ হয় তাক ঈশ্বৰে যীচুৰ বাপ্তিস্ম আৰু ক্ৰুচীয় মৃত্যুৰ দ্বাৰাই দেখুৱালে।” (চোৱাঃ Metonymy)

কেৱল পানীৰ দ্বাৰাই নহয়, কিন্তু পানী আৰু তেজৰ দ্বাৰাই – ইয়াক এক নতুন ধৰণে অনুবাদ কৰিব পাৰিঃ “তেওঁ কেৱল পানীৰ দ্বাৰাই আহিল এনে নহয়, কিন্তু পানী আৰু তেজৰ দ্বাৰাই আহিল।” অন্য এক অনুবাদঃ “বাপ্তিস্মৰ দ্বাৰাই যীচু যে ঈশ্বৰৰ পুত্ৰ হয় তাকে কেৱল প্ৰকাশ কৰা নাই, কিন্তু তেওঁৰ বাপ্তিস্ম আৰু ক্ৰুচীয় মৃত্যুৰ দ্বাৰাই ও প্ৰকাশ কৰিলে।”

কিয়নো তিনিটা বিষয়ে সাক্ষ্য বহন কৰিছে – “পাছে এনে তিনিটা বিষয় আছে যিয়ে যীচুৰ বিষয়ে সাক্ষ্য প্ৰদান কৰিছে”

আত্মা, পানী আৰু তেজ – ইয়াত “পানী” আৰু “তেজ” এই দুটি বিষয়ে এজন ব্যক্তিৰ কথা কৈছে যি জনে আদালতত থিয় হয় আৰু লোক সমূহক তেওঁ যি শুনিলে আৰু দেখিলে তাৰ বিষয়ে কয়। (চোৱাঃ Personification)

এই তিনিওৰো সাক্ষ্য এক – “আৰু এই তিনিও ইজনে সিজনৰ লগত একমত”

1 John 5:6-8

পানী আৰু তেজেদি অহা জনা তেৱেঁই, অৰ্থাৎ যীচু খ্ৰীষ্টই – “যীচু খ্ৰীষ্টই সেই জন যি পানী আৰু তেজৰ দ্বাৰাই আহিল।” ইয়াত “পানী” শব্দটিয়ে যীচুৰ বাপ্তিস্মৰ কথা বুজাইছে। লগতে “তেজ” শব্দটিয়ে যীচুৰ ক্ৰুচীয় মৃত্যুৰ কথা বুজাইছে। অন্য এক অনুবাদঃ “যীচু যে ঈশ্বৰৰ পুত্ৰ হয় তাক ঈশ্বৰে যীচুৰ বাপ্তিস্ম আৰু ক্ৰুচীয় মৃত্যুৰ দ্বাৰাই দেখুৱালে।” (চোৱাঃ Metonymy)

কেৱল পানীৰ দ্বাৰাই নহয়, কিন্তু পানী আৰু তেজৰ দ্বাৰাই – ইয়াক এক নতুন ধৰণে অনুবাদ কৰিব পাৰিঃ “তেওঁ কেৱল পানীৰ দ্বাৰাই আহিল এনে নহয়, কিন্তু পানী আৰু তেজৰ দ্বাৰাই আহিল।” অন্য এক অনুবাদঃ “বাপ্তিস্মৰ দ্বাৰাই যীচু যে ঈশ্বৰৰ পুত্ৰ হয় তাকে কেৱল প্ৰকাশ কৰা নাই, কিন্তু তেওঁৰ বাপ্তিস্ম আৰু ক্ৰুচীয় মৃত্যুৰ দ্বাৰাই ও প্ৰকাশ কৰিলে।”

কিয়নো তিনিটা বিষয়ে সাক্ষ্য বহন কৰিছে – “পাছে এনে তিনিটা বিষয় আছে যিয়ে যীচুৰ বিষয়ে সাক্ষ্য প্ৰদান কৰিছে”

আত্মা, পানী আৰু তেজ – ইয়াত “পানী” আৰু “তেজ” এই দুটি বিষয়ে এজন ব্যক্তিৰ কথা কৈছে যি জনে আদালতত থিয় হয় আৰু লোক সমূহক তেওঁ যি শুনিলে আৰু দেখিলে তাৰ বিষয়ে কয়। (চোৱাঃ Personification)

এই তিনিওৰো সাক্ষ্য এক – “আৰু এই তিনিও ইজনে সিজনৰ লগত একমত”

1 John 5:9-10

আমি যদি মানুহৰ সাক্ষ্য গ্ৰহণ কৰোঁ, তেনে হলে ঈশ্বৰৰ সাক্ষ্য তাতকৈয়ো শ্ৰেষ্ঠ

অন্য এক অনুবাদ হৈছেঃ “মানুহে কোৱা কথাত আমি যদি বিশ্বাস কৰো, তেনে হলে ঈশ্বৰে কোৱা কথাতো আমি বিশ্বাস কৰিব লাগে কিয়নো তেওঁ সদায়ে সত্য কথা কয়।”

যি জনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে, সেই সাক্ষ্য তেওঁৰ অন্তৰত আছে – অন্য এক অনুবাদঃ “যি জনে যীচুত বিশ্বাস কৰে তেওঁ নিশ্চিত ভাৱে জানে যে তেওঁ ঈশ্বৰৰ পুত্ৰ হয়।”

তেওঁক মিছলীয়া পাতিলে – “ঈশ্বৰক মিছলীয়া বুলিলে”

কিয়নো ঈশ্বৰে নিজৰ পুত্ৰৰ বিষয়ে যি সাক্ষ্য দিলে, তেওঁ তাত বিশ্বাস নকৰিলে – “কিয়নো তেওঁ ঈশ্বৰে তেওঁৰ সন্তানৰ বিষয়ে কোৱা সত্যতাক বিশ্বাস নকৰিলে।”

1 John 5:11-12

আৰু সেই সাক্ষ্য এই যে – “ঈশ্বৰে এই দৰে কৈছে”(UDB)

সেই জীৱন তেওঁৰ পুত্ৰত আছে – “আমি তেতিয়াহে অনন্ত জীৱনৰ অধিকাৰী হম যেতিয়া আমি তেওঁৰ পুত্ৰত গঠাঁ হম”(UDB), বা “যদিহে আমি তেওঁৰ সন্তানৰ লগত এক হওঁ তেতিয়া হলে অনন্ত জীৱনৰ ভাগী হম।”

যি জনে পুত্ৰক পালে তেওঁৰ জীৱন আছে – ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “যি জনে যীচুত বিশ্বাস কৰিব তেওঁ অনন্ত জীৱনৰ অধিকাৰী হব।”

1 John 5:13-15

এইবোৰ – “এই পত্ৰ”

ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি তোমালোক – “নাম” এই শব্দটিয়ে ঈশ্বৰৰ পুত্ৰক বুজাইছে। অন্য এক অনুবাদ হৈছেঃ “যি জনে ঈশ্বৰৰ পুত্ৰত ভাৰসা কৰিলে।”(চোৱাঃ Metonymy)

তেওঁৰ উদ্দেশ্যে আমি পোৱা সাহ এই যে – “যিহেতু আমি ঈশ্বৰৰ পুত্ৰত ভাৰসা কৰোঁ সেয়েহে আমি এই বিষয়ে নিশ্চিত”

তেওঁৰ ইচ্ছাৰ দৰে যাচনা কৰোঁ – “ঈশ্বৰৰ পুত্ৰই ইচ্ছা কৰাৰ দৰে আমি যদি যাচনা কৰোঁ”

আমি তেওঁক কৰিবলগীয়া যাচনা সমূহ জানো – “আমি জানো যে আমি যি বিচাৰিছো তাক আমি লাভ কৰিম।

1 John 5:16-17

ভাই – “লগৰ বিশ্বাসী।”

ঈশ্বৰে তেওঁক জীৱন দিব

“জীৱন” এই শব্দটিয়ে অনন্ত জীৱনৰ কথা বুজাইছে।

1 John 5:18-21

আমি জানো যে – “আমি” শব্দটিয়ে সকলো বিশ্বাসীকে বুজাইছে। (চোৱাঃ Inclusive)

পাপ নকৰে – “জানি বুজি পাপ নকৰে।”(UDB)

গোটেই জগতে মিছা মাতে – “জগত” শব্দটিয়ে জগতৰ সেই ব্যৱস্থাৰ কথা কৈছে যাক চয়তানে পৰিচালনা কৰে। (চোৱাঃ Metonymy)

পাপ আত্মা – “পাপ আত্মা” ইয়াৰ দ্বাৰাই চয়তানক বুজাইছে। (চোৱাঃ Metonymy)

গোটেই জগত পাপ আত্মাৰ অধীন – ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “চয়তানে সেই সকলো অবিশ্বাসীক নিয়ন্ত্ৰণ কৰে।”