Colossians
Colossians 1
Colossians 1:1-3
(এইখন পৌল আৰু তীমথিয়ই কলচীয়া বিশ্বাসীবোৰলৈ লিখা চিঠি)
ঈশ্বৰৰ ইচ্ছাৰে খ্ৰীষ্ট যীচুৰ এজন পাঁচনি – “খ্ৰীষ্ট যীচুৰ পাচনি হ’বলৈ ঈশ্বৰৰ দ্বাৰা নির্বাচিত৷”
আমাৰ ভাই – পৌলে তেওঁৰ শ্ৰোতা দর্শকসকলকো ‘আমাৰ’ শব্দটোত অন্তর্ভুক্ত কৰিছে৷ (চাওকঃ অন্তর্ভুক্তি)
ঈশ্বৰৰ নিমিত্তে পৃথক কৰা হ’ল – ইয়াৰ অর্থ নৈতিকভাৱে নির্দোষী বা উৎসর্গিত বা পবিত্ৰ জনা৷ ‘সাধু’ বুলি অননুবাদ কৰিব পাৰি৷
তোমালোকলৈ অনুগ্ৰহ হওক – আন এজনক আশীর্বাদ দিয়া, শুভেচ্ছা দিয়া৷
তোমালোকলৈ অনুগ্ৰহ হওক – ‘তোমালোক’ শব্দটোৱে কলচীয়াৰ সাধুসকল আৰু বিশ্বাসী ভাইসকলক বুজাইছে৷(চাওকঃ ইংৰাজী বহুবচন সর্বনামবোৰ)
আমি সদায়েই তোমালোকৰ বাবে প্ৰার্থনা কৰোঁ – ইয়াক এনেদৰে প্ৰকাশ কৰিছেঃ "আমি তোমালোকৰ কাৰণে বৰ আন্তৰিকতাৰে প্ৰার্থনা কৰিছিলোঁ৷(চাওকঃ Hyperbole)
Colossians 1:4-6
আমি শুনিলো – পৌলে ‘আমি’ শব্দটোত তেওঁৰ শ্ৰোতাসকলক অন্তর্ভুক্ত কৰা নাই৷(চাওকঃ একচেতীয়া)
খ্ৰীষ্ট যীচুত তোমালোকৰ বিশ্বাস – “তোমালোকৰ বিশ্বাস খ্ৰীষ্টযীচুত”
তোমালোকৰ বিশ্বাস… তোমালোকৰ আছে…তোমালোকৰ কাৰণে – ‘তোমালোকৰ’ শব্দটোৱে কলচীয়াৰ বিশ্বাসীসকলক বুজাইছে৷ (চাওকঃ ইংৰাজী বহুবচন সর্বনাম)
তোমালোকৰ সেই সকলোৰে বাবে থকা ভালপোৱাৰ কথা – “যে তোমালোকে সেই সকলক ভালপোৱা”
ঈশ্বৰৰ উদ্দেশ্যে পৃথক কৰা হ’ল – ইয়াৰ অর্থ শুচি হোৱা বা পাপৰ পৰা মুক্ত আৰু ঈশ্বৰৰ অর্থে ব্যৱহাৰৰ উপযোগী৷ ‘সাধু’ বুলি অনুবাদ কৰিব পাৰি৷
স্বর্গত সংৰিক্ষত হৈ থকা দৃঢ় আশাৰ বাবে
ঈশ্বৰে স্বর্গত ৰাখি থোৱা যিটো তোমালোকৰ নিশ্চিত আশাৰ ফল৷
নিশ্চিত আশা – “যিটো আশা তোমালোকে দৃঢ়ভাৱে ধৰি ৰাখিছা”
ফল ধৰিছে আৰু বৃদ্ধি হৈছে
এই উপমাটোৱে এজোপা আহাৰ দিয়া আৰু বৃদ্ধি পাই যোৱা গছক, মানুহৰ জীৱন সলনি কৰা আৰু পৃথিৱীজুৰি বিশ্বাসীৰ সংখ্যা বৃদ্ধি কৰিব পৰা শুভবার্তাৰ লগত তুলনা কৰিছে৷
গোটেই পৃথিৱীত – এইটো এটা অতিৰঞ্জিত কথা৷ শুভবার্তাখন প্ৰচাৰিত হৈছে আৰু মানুহৰ অৱগত পৃথিৱীখনৰ চাৰিওকাষে বৃদ্ধি পাইছে৷ (চাওকঃ অতিৰঞ্জিত কথা)
সত্যতাত ঈশ্বৰৰ অনুগ্ৰহ – ‘ঈশ্বৰৰ সত্য অনুগ্ৰহ’ বা ‘ঈশ্বৰৰ সত্য দয়া’৷
Colossians 1:7-8
এইটো ঠিক তোমালোকে ইয়াক ইপাফ্ৰাৰ পৰা শিকাৰ দৰেই – “এইটো ঠিক তোমালোকে ইপাফ্ৰাৰ পৰা শিকাৰ দৰেই” বা “ইপাফ্ৰাই যি শিকালে তোমালোকে সম্পূর্ণৰূপে বুজি পালা”৷
এইটো ঠিক – ‘এইটো’ শব্দটোৱে তেওেঁলাকৰ (কলচীয়াৰ বিশ্বাসীসকলক) জীৱনত শুভবার্তাৰ পৰিণাম বা ফলৰ কথা বুজাইছে৷
তোমালোকে শিকিলা – কলচীয়াৰ বিশ্বাসীসকলে৷
ইপাফ্ৰা – ইপাফ্ৰাই সেইজন ব্যক্তি যি কলচীয়াত থকা মানুহবিলাকৰ আগত শুভবার্তা ঘোষণা কৰিছিল৷ (চাওকঃ কিদৰে নামবোৰ অনুবাদ কৰিব)
আমাৰ চেনেহৰ… আমালৈ – ‘আমাৰ’ আৰু ‘আমাক’ শব্দকেইটাই পৌল আৰু তেওঁৰ সহকর্মীসকলক বুজাইছে, কিন্তু কলচীয়াৰ বিশ্বাসীসকলক বুজোৱা নাই৷
তেওঁ আমালৈ প্ৰকাশ কৰিলে – “ইপাফ্ৰাই আমাক জানিবলৈ দিলে”
আত্মাত তোমালোক ভালপোৱা – “পবিত্ৰ আত্মাই বিশ্বাসীসকলক ভাল পাবলৈ তোমালোকক সমর্থন কৰিলে৷”
Colossians 1:9-10
এই ভালপোৱাৰ বাবেই – “কিয়নো পবিত্ৰ আত্মাই তো্মালোকক আন বিশ্বাসীসকলক ভাল পাবলৈ সমর্থন কৰিলো৷”
আমি তোমালোকৰ বিষয়ে শুনা দিনাৰপৰাই – “ইপাফ্ৰাই তোমালোকৰ বিষয়ে আমাক কোৱাৰ দিনৰপৰাই৷”
আমি শুনিলো – ইয়াৰদ্বাৰা পৌল আৰু তীমথিয়ক বুজাইছে কন্তিু কলচীয়াৰ বিশ্বাসীসকলক বুজোৱা নাই৷ (চাওকঃ একচেতীয়া)
আমি প্ৰার্থনা কৰিবলৈ এৰা নাই – “আমি সঘনাই আৰু আন্তৰিকতাৰে ঈশ্বৰলৈ প্ৰার্থনা কৰি আছোঁ৷” (চাওকঃ Letotes)
প্ৰার্থনা কৰিছোঁ যেন তোমালোকে তেওঁৰ ইচ্ছাৰ দৰে জ্ঞানেৰে পৰিপূর্ণ হোৱা – “আমি ঈশ্বৰৰ ওচৰত প্ৰার্থনা কৰিছো যেন তেওঁ তোমালোকক জ্ঞানেৰে পৰিপূর্ণ কৰিব৷
সকলো জ্ঞানত আৰু আত্মিক বুদ্ধিত
“পবিত্ৰ আত্মাৰদ্বাৰা দিয়া আৰু জ্ঞান আৰু বুদ্ধি৷”
যেন তোমালোকৰ ইচ্ছাৰে প্ৰভুৰ যোগ্যৰূপে আচৰণ কৰিব পাৰা – “তোমালোকে এনেদৰে জীৱন নির্বাহ কৰা যেন প্ৰভুৰ গ্ৰহণীয় হয়৷”
ফলৱন্ত হোৱা – এই উপমাটোৱে এজোপা ফল দিয়া গছক এজন বিশ্বাসীৰ সৎকর্মৰ লগত তুলনা কৰিছে৷ যিদৰেগছজোপা বাঢে় আৰু ফল ধৰে, সেইদৰে বিশ্বাসীজনো ঐশ্বৰিক জ্ঞানত বৃদ্ধি পাব লাগিব আৰু সৎকর্মৰদ্বাৰাই ফলৱন্ত অর্থাৎ সফল জীৱনৰ অধিকাৰী হ’ব লাগিব৷(চাওকঃ উপমা আলংকাৰিক)
Colossians 1:11-12
আমি তোমালোকৰ কাৰণে প্ৰার্থনা কৰিছো
‘আমি’ মানে পৌল আৰু তীমথিয়ক বুজাইছে, কলচীয়াৰ বিশ্বাসীসকলক বুজোৱা নাই৷ (চাওকঃ একচেতীয়া) “প্ৰার্থনা কৰিছো তোমালোকক”
কলচীয়াৰ বিশ্বাসীসকল৷ (চাওকঃ ‘তুমি’ শব্দৰ ৰূপ)
তেওঁৰ প্ৰতাপৰ শক্তৰে যেন সকলো শক্তিকে তোমালোক শক্তিমন্ত হোৱা – তেওঁৰ গৌৰৱময় শক্তিৰ দ্বাৰা সকলো শক্তিৰদ্বাৰা সকলো শক্তিৰে যেন শক্তিমন্ত হয়৷
সকলো অধ্যৱসায়ত আৰু সহনশীলতাত – কেতিয়াও যেন বিশ্বাস পৰিহাৰ নকৰিবলৈ আৰু সহনশীল হ’বলৈ৷
তোমালোকে আনন্দেৰে পিতৃলৈ ধন্যবাদ জ্ঞাপন কৰোঁতে – “যিদৰে তোমালোকে আনন্দিত মনেৰে পিতৃলৈ ধন্যবাদ দিয়া৷
অংশীদাৰ কৰিবলৈ আমাক যোগ্য কৰিলে – পিতৃয়ে আমাক অংশীদাৰ হ’বলৈ গ্ৰহণ কৰিলে৷
আমাক যোগ্য কৰিলে
ইয়াত পৌলে কলচীয়াৰ বিশ্বাসীসকলকো অন্তর্ভুক্ত কৰিছে৷ (চাওকঃ অন্তর্ভুক্তি)
উত্তৰাধিকাৰত অংশীদাৰ হ”বলৈ(ভাগ পাবলৈ) – ‘উত্তৰাধিকাৰৰ এটা অংশ পাবলৈ’
পোহৰত – ‘তেওঁৰ উপস্থিতিৰ প্ৰতাপত’
যিবিলাক পৃথক কৰা হ’ল – ‘যিবিলাকৰ নৈতিকতাৰ স্খলুন হোৱা নাই’ বা ‘বিশেষভাৱে ব্যৱহাৰ কৰিবৰ বাবে বাছি লোৱা হ’ল’ ‘সাধুবিলাক’ বুলি অনুবাদ কৰিব পাৰি৷
তেওঁৰ নিমিত্তে – ‘পিতৃৰ নিমিত্তে’
Colossians 1:13-14
তেওঁ উদ্ধাৰ কৰিলে
‘পিতৃ ঈশ্বৰে উদ্ধাৰ কৰিলে’
আমাক স্থানান্তৰ কৰিলে – “আমাৰ আস্থা পৰিৱর্তন কৰিলে”
‘আমাৰ’ শব্দটোৱে পৌল আৰু কলচীয়াৰ বিশ্বাসীসকলকো অন্তর্ভুক্ত কৰিছে৷(চাওকঃ অন্তর্ভুক্তি)
তেওঁ মৰমৰ পুত্ৰ – ‘পিতৃ ঈশ্বৰৰ মৰমৰ পুত্ৰ যীশুখ্ৰীষ্ট’
তেওঁৰ পুত্ৰত আমাৰ মুক্তি আছে – “তেওঁৰ পুত্ৰই আমাক মুক্ত কৰে”৷
পাপসমূহৰ ক্ষমা
“তেওঁৰ পুত্ৰই আমাৰ পাপবোৰ ক্ষমা কৰে” বা “পিতৃয়ে তেওঁৰ পুত্ৰৰ দ্বাৰাই আমাক ক্ষমা কৰে৷”
Colossians 1:15-17
পুত্ৰ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূর্ত্তি – পুত্ৰ যীশু কেনে তাক জনাৰ দ্বাৰাই আমি পিতৃ ঈশ্বৰ কেনে তাক জানিব পাৰোঁ৷
তেওঁৰেই প্ৰথমজাত – ‘পুত্ৰই প্ৰথমজাত’৷ পুত্ৰৰ আগতে একো অস্তিত্ব নাছিল৷
কিয়নো তেওঁৰ দ্বাৰাই – ‘কিয়নো পুত্ৰৰ দ্বাৰাই’৷
কিয়নো তেওঁৰ দ্বাৰাই সকলো সৃষ্টি কৰা হ’ল – ‘কিয়নো পুত্ৰই সকলোকে সৃষ্টি কৰিলে৷’
আধিপত্যই হওক বা সিংহাসনেই হওক বা ক্ষমতাই হওক বা প্ৰভুত্বই হওক সকলো তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই সৃষ্টি কৰিলে৷ সিংহাসন, আধিপ্ত্য, প্ৰভুত্ব আৰু ক্ষমতা সকলোকে তেৱেঁই সৃষ্টি কৰিলে৷
প্ৰভুত্ব – ক্ষুদ্ৰ স্বাধীন ৰাজ্যসমূহ, ৰাজকুমাৰৰ দ্বাৰা শাসিত ৰাজ্য তেওঁ সকলো বিষয়বোৰৰ পূর্বতে – ‘সকলোৰে পূর্বতে তেওঁ আছিল৷’
তেওেঁতই সকলোবোৰ একেলগ কৰি স্থিতি আছে – ‘তেওঁ সকলোবোৰ একেলগ কৰি ধৰি ৰাখিছে’
Colossians 1:18-20
তেৱেঁই মূৰ – ‘ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টই মূৰ’
তেৱেঁই মণ্ডলীৰ মূৰ, (মণ্ডলী) তেওঁৰ শৰীৰ – এই উপমাটোৱে মণ্ডলীত যীশুৰ স্থান, মানুহৰ শৰীৰৰ ওপৰত মূৰটো থকাৰ লগত তুলনা কৰিছে৷ যিদৰে মূৰটোৱে শৰীৰটোক নিয়ন্ত্ৰণ কৰে. তেনেকৈ যীশুৱে মণ্ডলীক নিয়ন্ত্ৰণ কৰে৷ (চাওকঃ উপমা আলংকাৰিক)
ক্ষমতাৰ আৰম্ভণী – প্ৰথম মুখ্যজন বা প্ৰতিষ্ঠাপক৷ যীচুৱে মণ্ডলী আৰম্ভ কৰিলে৷
মৃতবিলাকৰ মাজৰপৰা প্ৰথমজাত – যীচুৱেই প্ৰথমজন ব্যক্তি যিজনে মৰিল আৰু পুনৰ জী উঠিল, তেওঁ আৰু কেতিয়াও নমৰিব৷
কিয়নো তেওঁৰ গোটেই সম্পূর্ণতা তেওঁত যেন বাস কৰে এনে সিদ্ধান্তই ঈশ্বৰক আনন্দ দিছিল – “পিতৃ ঈশ্বৰে তেওঁৰ যি আছিল সেই সকলো খ্ৰীষ্টত নিবাস কৰাত সন্তুষ্ট আছিল৷ (UDB)(চাওকঃ প্ৰত্যক্ষ/পৰোক্ষ)
জডি়য়তে – ‘জডি়য়তে’ শব্দটোৱে দিয়া ধাৰণাটো হ’ল – এটা পানীৰ সুিঁত বা এটা গতিপথ৷ ইয়াত দেখুওৱা হৈছে যে কালবাৰী ক্ৰুচত হত হৈ যীচুৱে যিট তেজৰ সুিঁত বোৱালে বা যি পথ সৃষ্টি কৰিলে, ঈশ্বৰে যীচুৰ সেই তেজৰ জডি়য়তে শান্তি আৰু মিলন আনে৷ বিশ পদত এই অব্যয় পদটো দুবাৰ ব্যৱহাৰ কৰিছে৷
Colossians 1:21-23
আৰু তোমালোকো – “আৰু তোমালোক কলচীয়াৰ বিশ্বাসীবিলাকো”
ঈশ্বৰৰ অসম্পর্কীয় লোক আছিলা – গ্ৰীক শব্দটোত ইয়াত মনোনীত কৰা উপাদান সোমাই আছে, সেই কাৰণে ইয়াক এনেদৰে অনুবাদ কৰিব পাৰি – ‘ঈশ্বৰৰ পৰা বিচ্ছিন্ন হৈ আছিল” বা “ঈশ্বৰক ঠেলা মাৰি আঁতৰাই দিছিল” বা ঈশ্বৰ বিৰোধী আছিল”৷
তোমালোকৰ মনত আৰু তোমালোকৰ কু
কর্মৰ দ্বাৰা তেওঁৰ শত্ৰু আছিলা – তেওঁৰ শত্ৰু আছিলা কিয়নো তোমালোকে বেয়া কর্ম কৰিছিলা৷ (UDB)
ঈশ্বৰে, তেথওঁৰ মাংসময় শৰীৰত তেওঁৰ মৃত্যুৰ দ্বাৰাই তোমালোকক মিলন কৰিলে – ঈশ্বৰে যেতিয়া তোমালোকক খ্ৰীষ্টৰ লগত মিলন কৰিলে, তেওঁ খ্ৰীষ্টক দেখা নাছিল, কিন্তু তোমাকহে ক্ৰচত দেখিলে যে তেতিয়া খ্ৰীষ্ট মৰিল, তেওঁ তোমাক মৰা নেদেখিলে৷
নিস্কলঙ্ক – ‘দোষ নোহোৱা’
অনিন্দনীয় – ‘অপবাদ নোহোৱা’৷ কোনো পাপৰ বাবে অপবাদ দিব নোৱাৰা তেওঁৰ সন্মুখত – ‘ঈশ্বৰৰ সন্মুখত’
মূল কথাত লাগি থাকা – “দৃঢ়ভাৱে প্ৰতিষ্ঠিত হ’বলৈ অব্যাহত ৰাখা” বা ‘সুস্থিৰ’৷
যিটো, স্বর্গৰ তলত সকলো সৃষ্টিৰ আগত ঘোষণা কৰা হ’ল, যি শুভ বার্তাৰ বাবে, মই পৌলে সেৱক হ’লো . “যে স্বর্গৰ তলত সকলো সৃষ্টিৰ আগত মানুহবিলাকে শুভবার্তাখন ঘোষণা কৰিলে৷ এইখনেই সেই শুভবার্তা যিটোৰ বাবে মই পৌলে ঈশ্বৰৰ পৰিচর্যা কৰি ঘোষণা কৰোঁ৷ (চাওকঃ প্ৰত্যক্ষ/পৰোক্ষ)
Colossians 1:24-27
এতিয়া মই আনন্দ কৰিছোঁ – “এতিয়া মই, পৌলে, আনন্দ কৰিছোঁ”
তোমালোকৰ কাৰণে – “তোমালোক কলচীয়াৰ বিশ্বাসীসকলৰ কাৰণে”
তোমালোকৰ কাৰণে মোৰ ক্লশেত – “তোমালোকৰ লাভৰ নিমিত্তে মই ক্লেশ ভোগ কৰিছো” (UDB)
তেওঁৰ শৰীৰৰ নিমিত্তে, খ্ৰীষ্টৰ যাতনা যি অভাৱ, তাক মই মোৰ মাংসত পূৰ কৰিছোঁ – মণ্ডলীৰ নিমিত্তে তেওঁ যি বাধা আৰু তাড়ণা সহন কৰি থাকিবলগীয়া হৈছে, পৌলে সেই বিষয়ে কৈ আছে৷ তেওঁ যেতিয়া প্ৰথম বিশ্বাস কৰিলে, তেতয়িাই খ্ৰীষ্টে পৌলক এই দুখ কষ্ট বা পৰিশ্ৰম প্ৰকাশ কৰি দেখুৱালে৷
মই মণ্ডলীক পৰিচর্যা কৰোঁ – “মই, পৌলে, মণ্ডলীৰ অভাৱ পূৰণ কৰিবলৈ বিচাৰোঁ৷
গোপনীয় সত্যটোঃ ‘নিগূঢ় তত্বটো’৷
যুগে যুগে দুপ্ত আছিল – এইটোৱে সৃষ্টিৰ সময়ৰ পৰা পিতৰে অনা যিহুদী লোকৰ আগত শুভবার্তা ঘোষণা কৰা আগমূহুর্তলৈকে – সময়ছোৱাৰ কথা বুজাইছে৷
তেওঁৰ পবিত্ৰসকলৰ আগত প্ৰকাশ কৰিলে
“তেওঁৰ শিষ্যসকললৈ স্পষ্টকৈ প্ৰকাশ কৰিলে”৷ এইটোৱে যিহুদী আৰু অনাযিহুদী দুয়োকে বুজাইছে৷
অনাযিহুদীসকলৰ মাজত এই নিগূঢ় তত্ত্বৰ প্ৰতাপৰ ধন কি তাক বুজাবলৈ যাক ঈশ্বৰে বিচাৰিছিল ঈশ্বৰে তেওঁৰ লোকবিলাকক অনাযিহুদী বিলাকলৈ তেওঁৰ প্ৰকৃততে কি আচৰিত পৰিকল্পনা আছে, তাক জনাবলৈ বিচাৰিছিল৷
প্ৰতাপৰ ভাৰসা
‘ঈশ্বৰৰ প্ৰতাপত অংশীদাৰ হ’বলৈ বিশ্বাসেৰে আশা কৰি থকা’ (UDB)
Colossians 1:28-29
এইজনেই তেওঁ, যাক আমি ঘোষণা কৰোঁ – “এইজনেই খ্ৰীষ্ট যাক আমি, পৌল আৰু তীমথিয়ই ঘোষণা কৰোঁ”৷
আমি প্ৰত্যেঁককেই সতর্ক কৰোঁঃ “আমি মৃদুভাৱে প্ৰত্যে্ককেই মৃদুভাৱে ভৎসর্না কৰোঁ”
যাতে আমি প্ৰতিজন ব্যক্তিকেই উপস্থিত কৰাব পাৰোঁ” (চাওকঃ স্পষ্ট ইংগিত বার্তা)
সম্পূর্ণ কৰা – ‘আত্মিকভাৱে পৰিপক্ক হোৱা’
এইটোত মই পৰিশ্ৰম কৰোঁ – “এইটোত মই, পৌলে পৰিশ্ৰম কৰোঁ”৷
তেওঁৰ ভূমকিা লৈ যি মোত কার্য কৰি আছে – “খ্ৰীষ্টৰ উদ্দেশ্যেংৰে যি মোত কার্য কৰি আছে”৷
Colossians 2
Colossians 2:1-3
কিয়নো মই তোমালোকে জনাটো বিচাৰোঁ – “কিয়নো মই পৌলে, তোমালোকৰ কলচীয়াৰ বিশ্বাসীসকলে জনাটো বিচাৰোঁ”৷
তোমালোকৰ কাৰণে কেনে যুঁজ দিবলগীয়া হৈছে – পৌলে তেওেঁলাকৰ শুভবার্তাখন শুদ্ধভাৱে দিবলৈ বোধগম্য কৰিবৰ বাবে বহুত চেষ্টা কৰিলে৷
সেই লায়দিকিয়াত – এইখন কলচীয়াৰ নিচেই কাষতে থকা এখন চহৰ, তাতো এটা মণ্ডলী আছিল আৰু এই মণ্ডলীৰ বাবেও পৌলে প্ৰার্থনা কৰি আছিল৷
যিমান বিলাকে মোৰ মাংসময় মুখ দেখা নাই – “বহুতক মই ব্যক্তিগতভাৱে কেতিয়াও দেখা নাই” বা “বহুতক মই মুখামুখিকৈলগ পোৱা নাই”৷
যে তেওঁলোকৰ হৃদয়বিলাক – “যে সকলো বিশ্বাসীৰ হৃদয়বিলাক যিসকলে পৌলক ব্যক্তিগতভাৱে দেখা নাই৷”
একেলগে কৰিলে – নিচেই ওচৰ সম্বন্ধলৈ একেলগ কৰিলে৷ এইটো এনেদৰেও অনুবাদ কৰিব পাৰি – ‘সংলগ্ন কৰি গোঁঠা’ বা ‘একেলগে ওচৰ চপাই আনিলে’৷
দৃঢ়ভাৱে বুজাবুজিৰপৰা – এই বিষয়বোৰ জানি নিশ্চয়তা লাভ কৰি৷
ঈশ্বৰৰ নিগূঢ়তত্ব – এই জ্ঞানটো কেৱল ঈশ্বৰৰ দ্বাৰাহে প্ৰকাশ কৰিব পাৰি৷
সেইটো, খ্ৰীষ্ট – যীচুখ্ৰীষ্টই হৈছে সেই নিগূঢ় তত্ব
ঈশ্বৰৰ দ্বাৰা প্ৰকাশ কৰা হ’ল৷
জ্ঞান আৰু সততাৰ গুপ্তধনঃ অনেক ধন সম্পত্তি বা প্ৰজ্ঞাৰ আৰু জ্ঞানৰ সম্পদ৷
প্ৰজ্ঞা আৰু জ্ঞান – জ্ঞান হৈছে কোনো বিষয়ৰ ঘটনাতো বা বার্তাটো জনা, বোধশক্তি হৈছে সেই বার্তাটো ব্যৱহাৰ কৰিব লাগে বা প্ৰয়োগ কৰিব লাগে তাক জনা৷
তেওঁতেই আছে – ‘তেওঁ’ শব্দটোৱে খ্ৰীষ্টক বুজাইছে৷
Colossians 2:4-5
মই এইটো কৈছো . “মই, পৌলে, এইটো কৈছো”
তোমালোকক বিপথে পৰিচালিত কৰিব – “তোমালোকক পৰিচালিত কৰিবলৈ কলচীয়াৰ বিশ্বাসীবিলাক, এটা ভুল ঠাইলৈ বা ভুল সিদ্ধান্তলৈ”
প্ৰত্যয়জনক বক্তৃতা – এনে বক্তৃতা যিয়ে তোমালোকক কিবা কথাত পতিয়ন নিয়াৰ বা কিবা এটা ধাৰণাক বিশ্বাসযোগ্য কৰিব৷
মাংসত তোমালোকৰ লগত নাই – “তোমালোকৰ লগত শাৰিৰীকভাৱে উপস্থিত নাই”৷
আত্মাত মই তোমালোকৰ লগত আছোঁ – “মই একৰোহে তোমালোকৰ বিষয়ে ভাবোঁ৷
ভাল শৃংখলা – পৌলে তেওেঁলাকৰ ঐক্য আৰু বিশ্বাসৰ দৃঢ়তা বা খ্ৰীষ্টত ভৰসাৰ বাবে তেওঁলোকক প্ৰশংসা কৰিছে৷
Colossians 2:6-7
প্ৰভু খ্ৰীষ্ট যীচুৰ জীৱন ধাৰণা – এইটোৱে বিশেষ ধৰণে বা সংগতিপূর্ণভাৱে জীৱন নির্বাহ কৰাৰ কথা প্ৰকাশ কৰিছে৷ (চাওকঃ Idiom)
যিদৰে তোমালোকে তেওঁক গ্ৰহণ কৰিলা – “যিদৰে তোমালোক কলচীয়াৰ বিশ্বাসীবিলাক খ্ৰীষ্টক গ্ৰহণ কৰিলা৷”
তেওেঁতই দৃঢ়ভাৱে শিপাধৰি থাকা – এই উপমাটোৱে তুলনা কৰিছে যে যেনেকৈ ভালদৰে বৃদ্ধি পাবলৈ হ’লে শিপাবোৰ মাটিৰ গভীৰভাগলৈ, দ কৈ সোমাই যাব লাগে, তেনেকৈ বিশ্বাসীবিলাকো আত্মিকভাৱে পৰিপক্ক হ’বলৈ দৃঢ় বিশ্বাসৰ প্ৰয়োজন আছে৷ (চাওকঃ উপমা আলংকাৰিক)
বিশ্বাসত প্ৰতিষ্ঠিত হোৱাঃ তোমালোকৰ বিশ্বাস যীচুখ্ৰীষ্টত ৰাখি জীৱন পৰিচালিত কৰা৷
ধন্যবাদেৰে উপচি পৰাঃ ঈশ্বৰলৈ কৃতজ্ঞ হোৱা৷
Colossians 2:8-9
চাবা যাতে –সতর্ক হোৱা৷ এইটো ‘সাৱধান হোৱা’ বা ‘সজাগ হৈ থাকা’ বুলিও অনুবাদ কৰিব পাৰি৷
তোমালোকক বন্দী কৰে – এইটো এটা উপমা৷ এজন ব্যক্তিক যিদৰে শাৰিৰীকভাৱে ধৰি বান্ধি বলপূর্বকভাৱে আটক কৰি ৰাখিব পৰা হয়, ঠিক সেইদৰে এজন ব্যক্তিক আৱেগ আনুভূতিৰে আৰু আত্মিকতাৰে ধৰি প্ৰৱঞ্চনামূলক শিক্ষাৰ দ্বাৰা বন্দী কৰি ৰাখিব পাৰি তাৰ লগত ইয়াক তুলনা কৰা হৈছে৷ (চাওকঃ Metafor)
তোমালোকক বন্দী কৰে – “তোমালোকক কলচীয়াৰ বিশ্বাসীবিলাকক বন্দী কৰে”৷
দর্শন শাস্ত্ৰ – ধর্ম সম্বন্ধীয় তত্ববিলাক আৰু বিশ্বাসবিলাক, যিবিলাক ঈশ্বৰৰ বাক্যৰ পৰা নহয়, কিন্তু ঈশ্বৰৰ সম্বন্ধে থকা মানুহৰ চিন্তা
ধাৰণাসমূহৰ ওপৰত স্থাপিত৷
শূন্য ছলনাময়ী – বিপথে চলাই নিয়া ধাৰণাসমূহ, যিবিলাকে খ্ৰীষ্টত জীৱন নিবাস কৰাত সহায় নকৰে৷ সিবিলাকে কোনো ফল উৎপন্ন নকৰে, সিবিলাক অন্তঃসাৰশূন্য আৰু মূল্যহীন, কামত নহা৷
শ্ৰীষ্টৰ পাছত – ‘খ্ৰীষ্টৰ অনুসাৰে’৷ কেৱল খ্ৰীষ্টৰ শিক্ষাৰ ওপৰত ভিত্তি কৰা বিশ্বাস পদ্ধতিৰহে মূল্য আছে৷
কিয়নো ঈশ্বৰত্বৰ সকলো সম্পূর্ণতা তেওঁৰ শৰীৰত নিবাস কৰে – “ঈশ্বৰৰ সম্পূর্ণ প্ৰকৃতি খ্ৰীষ্টত বাস কৰে – এইটো সত্য নহয়, এইটো বিবুধিত নপৰিব৷
Colossians 2:10-12
তেওঁত – ‘যীচুখ্ৰীষ্টত’
তোমালোক হয় – “তোমালোক, কলচীয়াৰ বিশ্বাসীবিলাক হয়”
সম্পূর্ণৰূপে পৰিপূর্ণ – ‘সম্পূর্ণ কৰা হ’ল’
ঈশ্বৰে তোমালোকক চুন্নত কৰিলে…এই উপমাটোৱে দেখুৱাইছে যে ঈশ্বৰে বিশ্বাসীৰ পাপ গুচালে বা দূৰ কৰিলে, ঠিক যিদৰে চুন্নতত কটাৰীৰে মাংসডোখৰ কাটি পেলাই দিয়ে বা গুচাই দিয়ে৷ (চাওকঃ Metaphor)
তেওঁৰ সৈতে কবৰ দিয়া হ’ল – এই উপমাটোৱে বর্ণনা কৰিছে কিদৰে পৰিত্ৰাণৰ সময়ত চিৰকালৰ বাবে পুৰণি স্বভাৱটো মাৰি পেলোৱা হয়, ঠিক সিদৰে মানুহৰ শৰীৰটো মৃত্যুৰ পাছত মাটিৰ তলত ৰখা হয় আৰু মাটিৰে ঢাকি থোৱা হয়৷ (চাওকঃ Metaphor)
তেওঁৰ সৈতে উঠালে – এই উপমাটোৱে বর্ণনা কৰিছে কেনেকৈ বিশ্বাসীসকলক এটা নতুন স্বভাৱ দিয়া হয়, যিদৰে এজন ব্যক্তিক মৃত বিলাকৰ মাজৰপৰা উঠাই পুনৰ জীৱন দান কৰা হয়৷ (চাওকঃ Metaphor)
Colossians 2:13-15
তোমালোক যেতিয়া মৰি আছিলা – “যেতিয়া কলচীয়াৰ বিশ্বাসী বিলাক আত্মিকভাৱে মৰি আছিল”
তোমালোকৰ পাপ আৰু অপৰাধবোধত আৰু তোমালোকৰ মাংসৰ চুন্নতত মৰি আছিলা – তোমালোক দুইধৰণে মৰি আছিলা
(১) তোমালোক আত্মিকভাৱে মৰি আছিলা আৰু খ্ৰীষ্টৰ বিৰুদ্ধে পাপৰ জীৱন যাপন কৰিছিলা, আৰু (২) তোমালোকে মোচিৰ বিধানমতে চুন্নত কৰা হোৱা নাছিলা৷
তেওঁ তোমালোকক নির্মাণ কৰিলে
যীচুখ্ৰীষ্টে তোমালোকক কলচীয়াৰ বিশ্বাসীবিলাকক নির্মাণ কৰিলে৷
আমাৰ অপৰাধবোৰ ক্ষমা কৰিলে – ‘যীচুখ্ৰীষ্টে আমাক ক্ষমা কৰিলে, আমাক যিহুদী আৰু অনা
যিহুদী, দুয়োকো, আমাক সকলো অপৰাধবোৰৰ ক্ষমা কৰিলে৷”
তেওঁ আমাৰ বিৰুদ্ধে থকা ঋণৰ লিখিত বাণীবদ্ধ অভিযোগবোৰ আৰু সপেক্ষ থকা বিধি বিধানবোৰ মচি পেলালে – এই উপমাটোৱে তুলনা কৰি দেখুৱাইছে কেনেকৈ ঈশ্বৰে আমাৰ পাপবোৰ (ঋণবোৰ) দূৰ কৰিব পাৰে আৰু ঈশ্বৰৰ বিধান ভঙ্গৰ বাবে আমাক ক্ষমা কৰিব পাৰে, ঠিক যেনেকৈ মানুহে কাগজত লিখি থোৱা তালিকাখনৰ পৰা দফা বা নাম কাটি নোহোৱা কৰিব পাৰে ৷ (চাওকঃ Metaphor)
তেওেঁলাকক বিজয়ী সমদলত নেতৃত্ব দি চলাই নিলে – ৰোমীয় শাসনৰ সময়ত ৰোমীয় সৈন্যবাহিনীয়ে জয়যুক্ত হৈ ঘৰলৈ ঘূৰি অহাৰ সময়ত ‘বিজয়ী সমদল’ উলিয়াই আহিছিল – সেই সমদলত ধৃত বন্দীবিলাকক আৰু লাভ কৰা লুট দ্ৰব্যবিলাকক প্ৰদর্শন কৰি ৰাখিছিল৷
Colossians 2:16-17
কোনেও তোমালোকৰ বিচাৰ নকৰক – পৌলে বিশ্বাসীসকলক সাৱধান কৰি দিছে, বিশেষকৈ যিবিলাক যিহুদী বিশ্বাসীয়ে অনা
যিহুদীসকলক মোচিৰ বিধান মানি চলাটো বিচাৰিছিল৷
খোৱাত আৰু পান কৰাত – মোচিৰ বিধানত কি খাব লাগে আৰু কি পান কৰিব লাগে এই কথা অন্তুর্ভুক্ত কৰা হৈছিল৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি – “তোমালোকে যি যি খোৱা আৰু যি যি পান কৰা”
কোনো এটা ধর্মীয় উৎসৱত বা ন
জোনৰ দিনা বা বিশ্ৰাম বাৰবোৰত মোচিৰ বিধানে স্পষ্ট কৰি দিছিল – কি কি দিন পালন কৰিব আৰু কি কি দিনত বলিদান উৎসর্গা কৰিব৷
আহবিলগীয়া বিষয়বোৰৰ ছাঁ – এই উপমাটোৱে বুজাইছে এটা ছাঁএ যিদৰে কোনো এটা বস্তুৰ আকাৰ আৰু প্ৰকৃতিৰ এটা অস্পষ্ট ধাৰণা দিয়ে সেইদৰে ধর্মীয় পৰম্পা, যেনে মোচিৰ বিধানেও যীচুখ্ৰীষ্টৰ প্ৰকৃত অৱস্থাৰ কেৱল আংশিক ৰূপ এটাহে প্ৰদর্শন কৰে৷ (চাওকঃ Metaphor)
Colossians 2:18-19
তোমালোকক কোনেও বঁটাৰ পৰা বঞ্চিত নকৰক – “তেওেঁলাকৰ বঁটাৰ পৰা কোনো এজনেও বঞ্চিত নহওক৷” এইটো এটা উপমা৷ ইয়াৰ জডি়য়তে নকল নম্ৰতা আৰু স্বর্গদূতক আৰাধনা কৰা কার্যক কলচীয়াৰ বিশ্বাসীসকলৰ লগত তুলনা কৰিছে৷ এই পৰোক্ষ উক্তিৰে খণ্ডবাক্যটো প্ৰত্যক্ষ উক্তিত এনেদৰে অনুবাদ কৰিব পাৰিঃ “কোনো এজনৰ পুৰস্কাৰ চুৰ কৰিবলৈ কাকো নিদিবা”
নকল নম্ৰতা – ‘নিজ ইচ্ছাৰ নম্ৰতা’৷ যি কার্য কৰিলে আনৰ দৃষ্টতি তোমালোকক নম্ৰ যেন দেখা যাব৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ ‘ধার্মিক আত্মত্যাগ’ বা ধর্মৰ নামত নিজকে বঞ্চিত কৰা কার্য৷
বিষয়বোৰক লৈ মন আৱিষ্ট কৰি ৰখা – যি চিন্তাধাৰাই সততে মনটোক নিয়ন্ত্ৰণ কৰি ৰাখে বা কোনো এটা বিষয়ে মাত্ৰাধিক মনটো ঘেৰি ৰখা৷
মাংসিক চিন্তাধাৰা – আত্মিক ব্যক্তিৰূপে চিন্তা নকৰি স্বাভাৱিক বা পাপময় ব্যক্তিৰ দৰে চিন্তা কৰা৷
ধৰি ৰখা – ‘দৃঢ়ভাৱে খামোচ মাৰি ধৰা’ বা ‘লাগি ধৰা’ যিদৰে সন্তানে খামোচ মাৰি নিজ পতিৃ বা মাতৃক ধৰি থাকে৷
খ্ৰীষ্টই মূৰ, যাৰ পৰা গোটেই শৰীৰটোকেই যোগান ধৰা হয় আৰু গািঁঠ আৰু অস্থিবন্ধনীবোৰৰ জডি়য়তে ধৰি থকা হয় – এই উপমাটোৱে মণ্ডলীৰ মূৰ, খ্ৰীষ্টৰ ক্ষমতাৰ লগত মানুহৰ মূৰটো যিয়ে গোটেই শৰীৰটো নিয়ন্ত্ৰণ কৰে তাৰ লগত তুলনা কৰিছে৷
Colossians 2:20-23
যদি তোমালোকে খ্ৰীষ্টে লগত জগতৰ পাপময় নিয়মবোৰৰ সৈতে মৰিলা – এই উপমাটোৱে দেখুৱাইছে যে যিদৰে মানুহজন শাৰিৰীকভাৱে মৰিলে উশাহ
নিশাহ, খোৱাবোৱা, শোৱা আদি শৰীৰৰ নিমিত্তে কামবিলাক কৰিবলৈ প্ৰয়োজন নহয়, সেইদৰে আত্মিকভাৱে খ্ৰীষ্টে সৈতে মৃত ব্যক্তিজনেও এই জগতৰ আত্ম সম্বন্ধীয় নীতি
নিয়মবোৰ পালন কৰিবৰ প্ৰয়োজন নাই৷ (চাওকঃ Metaphor)
তোমালোকে কয়ি এই জগতৰ বিশ্বাসবোৰৰ বশৱর্তী হৈ জীৱন ধাৰণ কৰা – পৌলে এই প্ৰশ্নটো কলচীয়াৰ বাসিন্দাসকলক জগতৰ প্ৰৱঞ্চনামূলক বিশ্বাসবোৰৰ অনুগামী হোৱাৰ কাৰণে তিৰস্কাৰ কৰিবলৈ ব্যৱহাৰ কৰিছে৷ এইটো বিবৃতিৰূপেও অনুবাদ কৰিব পাৰিঃ “তোমালোকে জগতৰ বিশ্বাসবোৰৰ বশৱর্তী হ’বলৈ বন্ধ কৰা৷ (চাওকঃ উত্তৰ আশা নকৰা প্ৰশ্ন)
বশ হৈ জীৱন নিবাস কৰা – ‘বশ হোৱা’ বা ‘সেও মনা’ বা ‘বাধ্য হোৱা’৷
ধ্বংস হোৱা – ক্ষয় যায়
এই বিধিবিলাকৰ, মানুহে স্থাপন কৰা ধর্মৰ আৰু প্ৰৱঞ্চনামূলক নম্ৰতাৰ আৰু শাৰিৰীক কষ্ট দিয়াৰ জ্ঞান আছে – “দেখাত নম্ৰতা আৰু শাৰিৰীক দুখ দিয়াৰদ্বাৰাই এই বিধিবোৰ মানুহৰ দৃষ্টিত জ্ঞানৰ কথা যেন দেখা যায়৷
কঠোৰভাৱে সংযম মানি চলা (সন্যাসীৰ দৰে) – ‘কঠোৰ’ বা ‘ৰূঢ়’ বা ‘শোচনীয়’৷
মাংসৰ অভিলাষৰ বিৰুদ্ধে কোনো মূল্য নাই – “সেইবিলাক তোমালোকৰ মাংসৰ কামনা দমন কৰিবলৈ সহায় নকৰে”৷
Colossians 3
Colossians 3:1-4
ঈশ্বৰে তোমালোকক খ্ৰীষ্টে সৈতে জীয়ালে – এই উপমাটোৱে কলচীয়াৰ বিশ্বাসীসকলক খ্ৰীষ্টৰ সৈতে তুলনা কৰিছে৷ ঈশ্বৰে যিদৰে খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা তুলিলে, সিদৰে ঈশ্বৰে তেওেঁলাককো মৃতবিলাকৰ মাজৰপৰা জীওৱা হ’ল বুলি গণ্য কৰে৷ (চাওকঃ উপমা)
তোমালোকক উঠালে – ‘তোমালোকক’ শব্দটোৱে কলচীয়াৰ বিশ্বাসীসকলক বুজাইছে৷
ওপৰত থকা বিষয়বোৰ – ‘স্বর্গীয় বিষয়বোৰ’ বা ‘পবিত্ৰ বিষয়বোৰ’
পৃথিৱীত যি আছে – ‘পার্থিৱ বষিয়বোৰ’ বা ‘পৃথিৱীৰ বিষয়বোৰ’
কয়িনো তোমালোক মৰিলা – এই উপমাটোৱে কলচীয়াৰ বিশ্বাসীবিলাকক খ্ৰীষ্টৰ সৈতে তুলনা কৰিছে৷ খ্ৰীষ্ট যেনেকৈ প্ৰকৃততে মৰিল,সেইদৰে ঈশ্বৰেও তেওেঁলাকক খ্ৰীষ্ট সৈতে মৰিল বুলি গণ্য কৰে৷ (চাওকঃ Metaphor)
ঈশ্বৰে লুকুৱাই ৰাখিছে – ‘ঈশ্বৰে গোপন কৰি ৰাখিছে’৷
প্ৰতাপত তেওঁৰ সৈতে – ‘তেওঁ’ শব্দটোৱে খ্ৰীষ্টক বুজাইছে৷
Colossians 3:5-8
সেইকাৰণে তোমালোকৰ পাপময় বাসনাবোৰ মাৰি পেলোৱা – এইটো উপমাই দেখুৱাইছে যে পাপময় বাসনাবোৰ সম্পূর্ণৰূপে মাৰি পলোব লাগে যিদৰে এজন বেয়া মানুহক মাৰি পেলোৱা হয়৷ (চাওকঃ Metaphor)
অশুচিতা – অপবিত্ৰ আচৰণ
আসক্তি – প্ৰৱল যৌন বাসনা
আৰু লোভ অর্থাৎ দেৱপূজা “আৰু যিটো দেৱপূজাৰ দৰে” বা “লোভ নকৰিবা, কিয়নো সেইটো দেৱতাক আৰাধনা কৰা দৰে হয়৷” (UDB)
এই বিষয়বোৰৰ বাবেই ঈশ্বৰৰ ক্ৰোধ অবাধ্যতাৰ সন্তানবিলাকৰ ওপৰলৈ আহে – “ঈশ্বৰৰ ক্ৰোধ, যিবিলাকে এনে কামবোৰ কৰে তেনে অবিশ্বাসীবিলাকৰ ওপৰলৈ আহে৷” (চাওকঃ প্ৰত্যক্ষ/পৰোক্ষ)
এই বিষয়বোৰতেই এসময়ত যেতিয়া তোমালোকেও সিইবিলাকৰ দ্বাৰাই চলিছিলা – “তোমালোকে যেতিয়া সক্ৰিয়ভাৱে সেইবিলাকত অংশগ্ৰহণ কৰিছিলা,এই বিষয়বোৰৰ দ্বাৰাইই এসময়ত চলিছিলা” (চাওকঃ প্ৰত্যক্ষ/পৰোক্ষ)
ক্ৰোধ – ‘শক্তিৰ অপপ্ৰয়োগ
খং – প্ৰচণ্ড খং
কু
অভিপ্ৰায় – ‘বেয়া কর্ম কৰিবলৈ মনস্থ কৰা’৷ এইটো ‘হৃদয়ৰ দুষ্টতা, জীৱন আৰু চৰিত্ৰ’৷
অপমান – ‘নিন্দাপূর্ণ কথা’ বা ‘অৱমাননা কৰা’ বা ‘অপমান’৷ এইটো আনক আঘাট দিবৰ বাবে বা আনক বিচ্ছিন্ন কৰিবৰ বাবে কোৱা কথা৷
লজ্জাজনক – অশ্লীল কথা – ইয়াক ‘লেতেৰা কথা’ বুলিও অনুবাদ কৰিব পাৰি৷
Colossians 3:9-11
তোমালোকে বখলিয়াই পেলালা – ‘তোমালোকে’ শব্দটোৱে কলচীয়াৰ বিশ্বাসীবিলাকক বুজাইছে৷
তোমালোকে পুৰণি পুৰুষক ইয়াৰ অভ্যাসবিলাকৰ সৈতে বখলয়িাই পেলালা আৰু তোমালোকে নতুন পুৰুষক পিন্ধিলা
এই উপমাটোৱে পার্থক্য দেখুৱাই খ্ৰীষ্টিয়ানজনক তুলনা কৰিছে যিজনে অধার্মিক আচৰণ আঁতৰাই ভক্তিপূর্ণ জীৱন আৰম্ভ কৰে যেনেকৈ শৰীৰৰ পৰা মলিয়ন কাপোৰ কানি সোলোকাই নতুন পৰিস্কাৰ কাপোৰ কানি পিন্ধে (চাওকঃ Metaphor)
তেওঁৰ প্ৰতিমূর্ত্তি – এইটো এটা বিকল্প শব্দ যীচুখ্ৰীষ্টৰ সলনি ব্যৱহাৰ হৈছে৷ (চাওকঃ Metaphor)
তেওঁৰ প্ৰতিমূর্ত্তিৰ জ্ঞান – যীচুখ্ৰীষ্টক জনা আৰু বুজা৷
গ্ৰীক আৰু যিহুদী, চুন্নত আৰু অচুন্নত, অসভ্য বা স্কুথীয়া, দাস, স্বাধীন – ইয়াৰদ্বাৰা ইয়াকে কৈছে যে ঈশ্বৰে প্ৰতিজন ব্যক্তিকেই একে নিচিনাকৈ চায়, জাতি, ধর্ম, জাতীয় চৰিত্ৰ, বর্ণ (সামাজিক মর্যদা) নাচায়৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “ইয়াত জাতি
ধর্ম, কৃষ্টি
সংস্কৃতি আৰু সামাজিক মর্যদাৰ কথা নাই৷”
খ্ৰীষ্টই সকলো আৰু সকলোতে খ্ৰীষ্টই – খ্ৰীষ্টৰ স্থিতিৰ পৰা একোৱেই বাদ পৰা নাই বা এৰে যোৱা নাই৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ ‘খ্ৰীষ্টই অতি গুৰুত্বপূর্ণ’৷
Colossians 3:12-14
পিন্ধা…এখন মৰমভৰা হৃদয়…এজন মানুহে যেনেকৈ সাজ
কাপোৰ পিন্ধে, ঠিক সেইদৰে মৰমভৰা হৃদয়, নম্ৰতা ইত্যাদি পিন্ধিব লাগে, ইজনে সিজনৰ প্ৰতি আচৰণত (চাওকঃ Metaphor)
সেইকাৰণে পিন্ধা – ‘সেইকাৰণে’ শব্দটো আলোচনা আৰম্ভ কৰোঁতে, আগতে হৈ যোৱা আলোচনা বা উপদেশৰ ওপৰত ভিত্তি কৰি এটা কার্য বা আচৰণ সলনি বিশেষভাৱে নিদিষ্ট কৰি দিবৰ বাবে ব্যৱহৃত হয়৷ (চাওকঃ উপদেশ বার্তা)
ঈশ্বৰৰ দ্বাৰা নির্বাচিত লোক হিচাবে – পবিত্ৰ আৰু প্ৰিয় – ‘ঈশ্বৰৰ পবিত্ৰ আৰু অতি প্ৰয়ি নির্বাচিত লোকৰ দৰে’ (চাওকঃ প্ৰত্যক্ষ আৰু পৰোক্ষ)
মৰম, দয়া, নম্ৰতা, বিনয়ী আৰু সহনশীলতাৰে পৰিপূর্ণ এখন হৃদয় এটা আত্মা যি মৰমিয়াল, দয়ালু, নম্ৰ আৰু সহনশীল৷
মৰমিয়াল হৃদয় – ‘সহানুভূতিৰ হৃদয়’ বা ‘বিবেচনাৰ হৃদয়’৷
বিনয়ী – ‘সহৃদয়তা’৷ ঈশ্বৰলৈ শান্তভাৱ, প্ৰাণৰ শক্তি, বাহিৰত প্ৰকাশ কৰা অনুভূতি নহয়৷
সহনশীল – ‘সহিষ্ণুতা’ বা ‘দীর্ঘসহিষ্ণুতা’ বা ‘আত্মসংযমী’৷
পৰস্পৰৰ সহনীয় হোৱা – মিলেৰে আৰু ভালপোৱাৰে কার্য কৰা৷ এইটো এনদেৰে অনুবাদ কৰিব পাৰি – ‘পৰস্পৰে সহনীয় হোৱা’
বিৰুদ্ধে অভিযোগ থাকে – ‘বিৰুদ্ধে অভিযোগ আনে’ (চাওকঃ গুণবাচক বিশেষ্য)
ভালপোৱা ৰাখা – ‘ভালপোৱাক পিন্ধা’
যিটো উত্তম বান্ধনী – ‘যিটোৱে আমাক নিখুঁতকৈ একেলগে বান্ধি ৰাখে’ বা ‘যিটোৱে আমাক সঠিকভাৱে সমনন্বয় বান্ধি ৰাখে’৷
Colossians 3:15-17
তোমালোকৰ হৃদয়ত শাসন কৰক
“তোমালোকৰ হৃদয়ৰ ওপৰত প্ৰভুত্ব কৰক”
তোমালোকৰ হৃদয়ত – ‘তোমালোক’ শব্দটোৱে কলচীয়াৰ বিশ্বাসীসকলক বুজাইছে৷
তোমালোকত বাস কৰক
“তোমালোকক নিবাস কৰক” বা “তোমালোকত বসতি কৰক” (তোমালোকত থাকক)
পৰস্পৰে পৰস্পৰক সতর্ক কৰা – ‘ইজনে সিজনক সাৱধান কৰা’৷
ধর্মগীতেৰে আৰু স্তুতিগীতেৰে আৰু আত্মিক গানেৰে – ‘সকলো প্ৰকাৰৰ গানেৰে ঈশ্বৰৰ প্ৰশংসা কৰা’৷
তোমালোকৰ হৃদয়ত কৃতজ্ঞতা – ‘কৃতজ্ঞ হৃদয়’
তেওঁৰ জৰিয়তে – ‘প্ৰভু যীচুৰ জৰিয়তে’
Colossians 3:18-21
ভার্যাবিলাক বশীভুত হোৱা – “ভার্যাবিলাক বাধ্য হোৱা”
এইটো উপযুক্ত – ‘এইটো উচিত’ বা ‘এইটো ঠিক’৷
বিৰুদ্ধে তিতা নহ’বা – “সৈতে কঠোৰ নহ’বা” বা “প্ৰতি খং নকৰিবা”
কিয়নো প্ৰবুত এয়া সন্তোষজনক
“কিয়নো তোমালোকে যেতিয়া পিতৃ
মাতৃৰ বাধ্য হোৱা প্ৰভু তোমালোকত সন্তুষ্ট হয়৷ (চাওকঃ Ellipsis)
তোমালোকৰ সন্তানবিলাকক উত্তেজিত নকৰিবা – “তোমালোকৰ সন্তানবিলাকক বেয়াৰ ফালে ঠেলি নিদিবা” বা “খং উঠিবলৈ উচতনি নিদিবা”৷
Colossians 3:22-25
তোমালোকৰ মালিক বিলাকৰ আজ্ঞা পালন কৰা – ‘তোমালোকৰ’ শব্দটোৱে কলচীয়াৰ ভৃত্যবিলাকক বুজাইছে, যিবিলাক ভৃত্য এতিয়া যীচুৰ বিশ্বাসী হ’ল৷
তোমালোকে যি যি কৰা – ‘তোমালোকে’ শব্দটোৱে ভৃত্যবিলাকক বুজাইছে, কিন্তু কলচীয়াৰ সকলো খ্ৰীষ্টীয়ানকেই অন্তর্ভুক্ত কৰিছে বুলি সম্ভাৱনা আছে৷
মাংস অনুসাৰে হোৱা মালিকবিলাকৰ আজ্ঞা পালন কৰা – “তোমালোকৰ এই পৃথিৱীত থকা মালিকবিলাকৰ আজ্ঞা পালন কৰা”
দেখি থাকোঁতে কৰা পৰিচর্যা নহয় – তোমালোকৰ মালিকে চাই থকা সময়তহে আজ্ঞা পালন কৰিবা এনে নহয়৷
মানুহক সন্তুষ্ট কৰোঁতাসকল – এইবিলাক এনেকুৱা মানুহ যে তেওেঁলাকে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয় হোৱাতকৈ, মানুহক ভালৰি লগাবলৈহে কার্য কৰে৷(চাওকঃ UDB)
প্ৰাণৰ পৰা – ‘সকলো হৃদয়েৰে’৷
যেন প্ৰভুৰ নিমিত্তে – ‘প্ৰভুৰ নিমিত্তে’ (চাওকঃ UDB)
উত্তৰাধিকাৰৰ পুৰস্কাৰ – “আমাৰ ভাগ যিটো প্ৰভুৱে আমাক দিবলৈ অংগীকাৰ কৰিছে”৷ (চাওকঃ UDB)
যিবিলাকে অধর্মিতাৰ কার্য কৰে – এইটোৱে যিবিলাকে সক্ৰিয়ভাৱে ভুল কার্য কৰি আছে, সেইসকলক বুজাইছে৷(নেতিক, সামাজিক বা শাৰিৰীক)৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰি ‘যিজনে ভুল কৰে’ বা ‘যিজনে কুকর্ম কৰে’৷
দণ্ড পাব – ‘শাস্তি দিয়া হ’ব’৷
পক্ষপাতিতা নাই – ‘স্বজনতোষণ নাই’ বা ‘প্ৰিয়পাত্ৰসকল নাই’
Colossians 4
Colossians 4:1
তোমালোকৰ ভৃত্যবিলাকক দিয়া – ‘তোমালোকৰ’ শব্দটোৱে কলচীয়াৰ বিশ্বাসী ভৃত্য ৰখা মালিকবিলাকক বুজাইছে৷
ঠিক আৰু ন্যায়সঙ্গত – এইটো ভৃত্যৰ মালিকবিলাকক কৈছে যে তেওঁলোকে যি ঠিক আৰু যি ন্যায়, ভূতবিলাকক তেনে ব্যৱহাৰ দিব লাগে৷ (চাওকঃ Handiadys)
স্বর্গত মালিক – ঈশ্বৰেই তেওঁলোকৰ মালিক, ইয়াৰ অর্থ (১) ঈশ্বৰে ভৃত্যৰ মালিকবিলাকক কৈছে তেওেঁলাকে এই জগতৰ ভৃত্যসকলক যেনে ব্যৱহাৰ দিছে, তেওঁলোককো ঈশ্বৰে তেনে ব্যৱহাৰেই দিব৷ (২) তোমালোকে যেনে ব্যৱহাৰ এই জগতৰ ভৃত্যসকলক দিয়া, তোমালোকৰ মালিক ঈশ্বৰে তোমালোককো সেই একে ব্যৱহাৰেই দিব৷
Colossians 4:2-4
প্ৰার্থনাত একাগ্ৰচিত্তে লাগি থাকা – “বিশ্বাসেৰে প্ৰার্থনা কৰি থাকা” বা “অচল
অটলভাৱে প্ৰার্থনা কৰি থাকা”
আমাৰ নিমিত্তেও – ‘আমাৰ’ শব্দটোৱে পৌল আৰু তীমথিয়ক বুজাইছে৷ কলচীয়াৰ বিশ্বাসীসকলক বুজোৱা নাই৷
ঈশ্বৰে এখন দুৱাৰ মুকলি কৰি দিব – এইটো এটা উপভাষা – ইয়াৰ মানে ‘ঈশ্বৰে সুযোগ যোগাই দিবলৈ৷’ (চাওকঃ Idiom)
খ্ৰীষ্টৰ নিগূঢ়তত্ব – যীচুখ্ৰীষ্টৰ বার্তা যীচুখ্ৰীষ্ট অহাৰ আগতে বোধগম্য হোৱা নাছিল৷
সেই বাক্যৰ বাবে মই বন্ধনত আছো – “যীচুখ্ৰীষ্টৰ বার্তা ঘোষণা কৰাৰ বাবেই মই বর্তমান বন্দীশালত আছো”৷
প্ৰার্থনা কৰিবা যাতে ইয়াক স্পষ্টভাৱে আৰু কিদৰে কোৱা উচিত তেনেদৰে যেন ক’ব পাৰোঁ – “প্ৰার্থনা কৰিবা যাতে যীচুখ্ৰীষ্টৰ বার্তাটো যিদৰে কোৱা উচিত সেইদৰে যেন স্পষ্টকৈ ক’বলৈ সমর্থ হ’ব পাৰিম”৷
Colossians 4:5-6
জ্ঞানেৰে জীৱন নিবাস কৰিবা – “লৈ জ্ঞানী হ’বা”৷
যিবিলাক বাহিৰৰ – “যিবিলাক বিশ্বাসী নহয়”
তোমালোকৰ সময় জ্ঞানেৰে ব্যৱহাৰ কৰিবা – ‘তোমালোকৰ’ শব্দটোৱে কলচীয়াৰ বিশ্বাসীসকলক বুজাইছে৷
তোমালোকৰ সময় জ্ঞানেৰে ব্যৱহাৰ কৰিবা – “তোমালোকে যি কৰা জ্ঞানেৰে কৰিবা”৷
তোমালোকৰ কথা বতৰা সদায় অনুগ্ৰহযুক্ত হওক৷ কথা
বতৰাবিলাক লোণৰ আস্বাদযুক্ত হওক – “তোমালোকৰ কথোপকথন সদায়েই অনুগ্ৰহশীল আৰু আকর্ষণীয় হওক”৷