2 John
2 John 1
2 John 1:1-3
জ্যেষ্ঠজন
এই শব্দটোৱে পাঁচনি আৰু যীচুৰ শিষ্য যোহনক বুজাইছে। তেওঁ নিজকে "জ্যেষ্ঠ" বুলি কৈছে, ইয়াৰ কাৰণ হয়তো তেওঁ এগৰাকী বৰ্ষীয়ান ব্যক্তি, নাইবা তেওঁ মণ্ডলীৰ এগৰাকী নেতা। গ্ৰন্থকাৰৰ নামটো স্পষ্ট কৰিব পাৰিঃ "মই, জ্যেষ্ঠ যোহনে লিখিছো"।
(চাওকঃ স্পষ্ট আৰু ইংগিত বহন কৰা)
আমাত থকা সেই সত্যটোৰ কাৰণে আৰু চিৰকাল আমাৰ লগত থাকিব
এইটো এনেদৰেও অনুবাদ কৰিব পৰা হয় "যিহেতু সত্যটো আমি বিশ্বাস কৰিয়েই আছো আৰু চিৰকাল বিশ্বাস কৰিয়েই থাকিম"।
জ্যেষ্ঠজন
নিৰ্বাচিত ভদ্ৰমহিলা আৰু তেওঁৰ সন্তান বিলাকলৈ
এনেধৰণে গ্ৰীক ভাষাত চিঠি বিলাক আৰম্ভ কৰা হয়। এইটো অনুবাদ কৰিব পৰা হয় "মই জ্যেষ্ঠজনে, তোমালোক বিশ্বাসী সকললৈ এই চিঠি লিখিছো"।
সৌ সকলো
এইটো সৰ্বনাম পদ। ইয়াৰ দ্বাৰা সতীৰ্থ বিশ্বাসী সকলক বুজোৱা হৈছে।
যাক মই সত্যেৰে ভাল পাওঁ
এইটো অনুবাদ কৰিব পৰা হয়,"যাক মই সচাঁকৈয়ে ভালপাওঁ"।
আমাত থকা, সেই সত্যটোৰ কাৰণে
সম্পূৰ্ণ অৰ্থটো স্পষ্ট কৰিব পাৰি, "যিহেতু যীচুৰ বাণীৰ সত্যটো, আমি বিশ্বাস কৰাৰে পৰাই আমাত বাস কৰি আছে আৰু এইটো আমাত চিৰকাল বাস কৰিব।"
সত্যত আৰু ভালপোৱাত
এইটো অনুবাদ কৰিব পাৰি
"কাৰণ তেওঁলোক সত্য আৰু তেওঁলোকে আমাক ভাল পায়"
সলনি
অনুবাদঃ "কাৰণ তেওঁলোকে সচাঁকৈয়ে আমাক ভাল পায়"। (চাওকঃ Hendiadys)
2 John 1:4-6
যোহনে মণ্ডলীটোক এগৰাকী "ভদ্ৰমহিলা" ৰূপে সম্বোধন কৰি কৈছে। বিশ্বাসীসকলেই তেওঁৰ "সন্তানবিলাক"।
তোমাৰ কিছুমান সন্তানে
" তোমাৰ" এই শব্দটো একবচন।
ঠিক যিদৰে আমি এই আজ্ঞাটো পিতৃৰ পৰা পালো
"ঠিক যিদৰে পিতৃ ঈশ্বৰে আমাক আজ্ঞা দিলে"
মইযে তোমালোকক এটা নতুন আজ্ঞা লিখিলো ঠিক এনে নহয়
"মই তোমালোকক কিবা এটা নতুন কাম কৰিবলৈ আজ্ঞা দিছো, ঠিক এনে নহয়"
কিন্তু যিটো আমাৰ লগত আৰম্ভনিৰে পৰাই আছিল " কিন্তু আমি প্ৰথমে বিশ্বাস কৰিলত, খ্ৰীষ্টে আমাক যি কৰিবলৈ আজ্ঞা দিলে, মই তাকেই লিখিছো"। (চাওকঃ স্পষ্ট আৰু ইংগিত বহন কৰা)
যে আমি পৰস্পৰে ভাল পোৱা উচিত
এইটো এটা নতুন বাক্যৰূপে এনেদৰে অনুবাদ কৰিব পাৰিঃ
" আৰু তেওঁ আজ্ঞা দিলেযে আমি পৰস্পৰে ভালপোৱা উচিত"।
আজ্ঞাটো এই, আনকি তোমালোকে আৰম্ভনিৰে পৰাই যেনেকৈকৈয়ে শুনিলা যে তোমালোকে এইটোত চলা উচিত "এইটো" শব্দটোৱে ভালপোৱাক বুজাইছে।
সলনি অনুবাদঃ " পৰস্পৰে ভাল পাবলৈ, প্ৰথম বিশ্বাস কৰাৰে পৰাই তেওঁ তোমালোকক আজ্ঞা কৰিলে।
যে তোমালোকে চলা উচিত
"তোমালোক" শব্দটো বহুবচন।
2 John 1:7-8
বহুতো প্ৰৱঞ্চক
এইটো এনেদৰে অনুবাদ কৰিব পাৰি " বহুতো আনুগত্যহীন শিক্ষক
শিক্ষয়িত্ৰী" নাইবা "বহুতো ছদ্মবেশী"
বহুতো প্ৰৱঞ্চক জগতলৈ ওলাল
এইটো এনেদৰে অনুবাদ কৰিব পাৰি
"বহুতো আনুগত্যহীন শিক্ষক
শিক্ষয়িত্ৰীয়েই খ্ৰীষ্টীয় সমাবেশটো এৰি গল"।
যীচুখ্ৰীষ্ট মাংসত আহিল
এইটো এটা সলোৱা কাৰ্য। ইয়াৰ অৰ্থ হল "যীচুখ্ৰীষ্ট প্ৰকৃত মানুহ ৰূপে আহিল"।
(চাওকঃ সলোৱা কাৰ্য)
এইটোৱেই প্ৰৱঞ্চক আৰু খ্ৰীষ্ট বিৰোধীজন
এইটো এনেদৰে অনুবাদ কৰিব পাৰি "সিহঁতেই হল আনলোকক প্ৰৱঞ্চনা কৰোতা, আৰু স্বয়ং খ্ৰীষ্টবিৰোধী"।
তোমালোকে নিজকে নিজে চোৱা
"পৰদি থাকা" বা "মনোযোগ দিয়া"।
বস্তুটো হেৰুৱাবা
এইটো এনেদৰে অনুবাদ কৰিব পাৰি
"তোমালোকে স্বৰ্গত ভৱিষ্যতে পাবলগীয়া পুৰস্কাৰসমূহ হেৰুৱাবা"।
সম্পূৰ্ণ পুৰস্কাৰ
এইটো অনুবাদ কৰিব পাৰি
"স্বৰ্গত সম্পূৰ্ণ পুৰস্কাৰ"
2 John 1:9-13
যি জনেই আগলৈ যায়
এইটোৱে এনে এগৰাকী ব্যক্তিৰ কথা বুজাইছে যি আনলোকতকৈও ঈশ্বৰ আৰু সত্যৰ বিষয়ে অধিক জানো বুলি দাবী কৰে। সলনি অনবাদঃ "যি জনেই ঈশ্বৰৰ বিষয়ে অধিক জানো বুলি দাবী কৰে"।
খ্ৰীষ্টৰ শিক্ষাত লাগি নাথাকে
"খ্ৰীষ্টে যি শিকালে সেই শিক্ষাত ভাৰষা অব্যাহত নাৰাখে"।
(সেইজনৰ) ঈশ্বৰ নাই
"ঈশ্বৰৰ নহয়"
তোমালোকৰ ওচৰলৈ আহে
"তোমালোকৰ" শব্দটো বহুবচন।
তোমালোকৰ ঘৰ
"তোমালোকৰ" শব্দটো বহুবচন।
তেওঁৰ বেয়া কাৰ্যসমূহত ভাগ লয়
"তেৱেঁ সৈতে তেওঁৰ বেয়া কাৰ্য সমূহৰ অংশীদাৰ হয়।
নাইবা
" তেওঁৰ বেয়া কাৰ্য্ সমূহত সহায় কৰে"।