Assamese: translationNotes

Updated ? hours ago # views See on DCS

3 John

3 John 1

3 John 1:1-4

জ্যেষ্ঠজন – এইটোৱে যীচুৰ পাচনি আৰু শিষ্য যোহনক বুজাইছে৷ তেওঁ নিজকে “জ্যেষ্ঠ” বুলি উল্লেখ কৰিছে হয়তো তেওঁ বুঢ়া বয়সৰ নাইবা তেওঁ এগৰাকী মণ্ডলীৰ নেতা৷ লেখকৰ নামটো স্পষ্ট কৰিব পাৰি : “মই, জ্যেষ্ঠ যোহনে, লিখিছো” (চাওক : স্পষ্ট আৰু ইংগিত বহন কৰে)

গায় – এওঁ এগৰাকী লগৰীয়া বিশ্বাসী যি জনলৈ যোহনে চিঠিখন লিখিছে৷ (চাওক:অনুবাদ নামবোৰ)

যাক মই সত্যত ভাল পাওঁ – সলনি অনুবাদ: “যাক মই প্ৰকৃততে ভাল পাওঁ৷ (UDB)

তুমি যেন সকলো বিষয়তে উন্নতি কৰা আৰু স্বাস্থ্যত থাকা – “তুমি যেন সকলো বিষয়তে ভাল কৰিব পাৰা আৰু স্বাস্থ্যবান হোৱা”

ঠিক যেনেকৈ তোমাৰ প্ৰাণে উন্নতি কৰে – “ঠিক যেনেকৈ তুমি আত্মিক ভাৱে ভাল কৰিছা”

ভাইসকল – “লগৰীয়া বিশ্বাসীসকল”

তোমাৰ সত্যৰ সাক্ষ্য দিলে, ঠিক যেনেকৈ তুমি সত্যত চলিছা – “মোক কলে যে তুমি ঈশ্বৰৰ সত্য অনুসাৰে জীৱন ধাৰণ কৰিছা” বা

মোৰ শিশুসকল – যোহনে যীচুত বিশ্বাস কৰিবলৈ উপদেশ দিয়া সকলক, শিশুবিলাকৰ লগত তুলনা কৰিছে৷ এইটোৱে তেওঁলোকৰ বাবে থকা তেওঁৰ মৰম আৰু চিন্তাত গুৰুত্ব দিছে৷ সলনি অনুবাদ : “মোৰ আত্মা সম্বন্ধীয় শিশুবিলাক” (চাওক: উপমা অলংকাৰ)

3 John 1:5-8

তুমি বিশ্বস্ততা অনুশীলন কৰিছা – “তুমি, ঈশ্বৰলৈ যি বিশ্বাস তাকে কৰিছা” বা “তুমি ঈশ্বৰলৈ বিশ্বস্ত হৈ আছা”

ভাইবিলাকৰ আৰু অচিনাকি লোক বিলাকৰ বাবে কার্য কৰিছা – “লগৰীয়া বিশ্বাসীসকলক আৰু যি সকলক তুমি নাজানা, তেওঁলোকক সহায় কৰিছা”

যি সকলে, মণ্ডলীৰ আগত তোমাৰ মৰমৰ সাক্ষ্য দান কৰিলে – এইটো এটা নতুন বাক্যৰূপে অনুবাদ কৰিব পাৰি: “তুমি কেনেকৈ তেওঁলোকক মৰম কৰিলা এই বিষয়ে তেওঁলোকে মণ্ডলীত বিশ্বাসীসকলক কলে৷”

ঈশ্বৰৰ যোগ্যস্বৰূপে, তেওঁলোকৰ ভ্ৰমণত তেওঁলোকক আগবঢ়াই পঠিয়ালে তুমি ভাল কৰিবা – “অনুগ্ৰহ কৰি তেওঁলোকৰ ভ্ৰমনত এনেদৰে তেওঁলোকক পঠিয়াই দিয়া যিদৰে ঈশ্বৰৰ সুনাম হয়”

কিয়নো নামটোৰ কাৰণেই তেওঁলোক ওলাই গল – ইয়াত “নামটো” ৱে যীচুক বুজাইছে৷ সলনি অনুবাদ: “কাৰণ তেওঁলোক যীচুৰ বিষয়ে মানুহবিলাকক কবলৈ ওলাই গল৷” (চাওক: নামৰ সলনি)

পৰজাতি বিলাকৰ পৰা একো নলৈ – ইয়াত “পৰজাতি” মানে অনা

ইহুদীলোকক বুজোৱা নাই৷

এইটোৱে যীচুত বিশ্বাস নকৰা ব্যক্তি সকলক বুজাইছে৷ সলনি অনুবাদ : “যিসকলৰ আগত তেওঁলোকে যীচুৰ বিষয়ে কৈছে তেওঁলোকৰ পৰা একো নলয়৷”

এই কাৰণে আমি – ইয়াত “আমি” শব্দটোৱে যোহনক বুজাইছে আৰু সকলো বিশ্বাসীকেই অন্তর্ভূক্ত কৰা হৈছে৷ (চাওক : অন্তর্ভূক্তি)

আমি সত্যটোৰ কাৰণে ,সহকর্মী হব পাৰো – “তেওঁলোকে ঈশ্বৰৰ সত্য, মানুহ বিলাকক জনোৱা কার্যত আমি তেওঁলোকক সহায় কৰিব পাৰো৷”

3 John 1:9-10

সমাবেশ – এইটোৱে গায় আৰু বিশ্বাসীদলটোক বুজাইছে যিসকলে ঈশ্বৰৰ আৰাধনা কৰিবলৈ একেলগ হৈছিল৷

দিয়ত্ৰিফি – তেওঁ সমাবেশটোৰ এহৰাকী সভ্য আছিল৷ (চাওক: অনুবাদ নামবোৰ)

যিজনে সিহঁতৰ মাজত প্ৰথম হবলৈ ভালপায় – “যিজনে তেওঁলোকৰ নেতাৰ দৰে কাম কৰিবলৈ ভালপায়”

আমাক গ্ৰহন নকৰে – “আমাক” শব্দটোৱে যোহন আৰু তেওঁৰ লগত থকা বিলাকক বুজাইছে৷ ই গায়ক অন্তর্ভূক্ত কৰা নাই৷ ( চাওক : আছুতীয়া)

কেনেকৈ তেওঁ আমাৰ বিপক্ষে বেয়া শব্দেৰে বিদ্ৰুপাত্মক কথাবোৰ কয় – “আৰু কেনেকৈ তেওঁ আমাৰ বিষয়ে বেয়া কথাবোৰ কয় যিবিলাক নিঃসন্দেহে সত্য নহয়৷”

তেওঁ নিজেই –“নিজেই” শব্দটোৱে গুৰুত্ব দিছে যে এইজন দিয়ত্ৰিফি যিজনে এই কামবোৰ কৰে৷ (চাওক : আত্মবাচক সর্বনাম)

ভাইবিলাকক গ্ৰহন নকৰে – “লগৰীয়া বিশ্বাসীসকলক সাদৰ সম্ভাষন নজনায়”

আৰু যিবিলাকে ইচ্ছা কৰে তেওঁবিলাকক নিষেধ কৰে – এই খণ্ড বাক্যটোত কিছুমান শব্দ আছে যিবিলাক এৰি দিয়া হল, কিন্ত সেইবিলাক বুজিব পৰা হয় ৷ সলনি অনুবাদ : “যিবিলাকে বিশ্বাসীসকলক সাদৰ সম্ভাষণ জনাব বিচাৰে, তেওঁবিলাকক তেওঁ বাধা দিয়ে৷ (চাওক : শব্দৰ লোপ)

আৰু সিহঁতক খেদি বাহিৰ কৰে – “আৰু তেওঁ সিহঁতক জোৰ

জুলুম বাহিৰ কৰে৷ “সিহঁতক” শব্দটোৱে যি সকলে লগৰীয়া বিশ্বাসীসকলক সাদৰ

সম্ভাষণ জনাব বিচাৰে, তেওঁলোকক বুজাইছে৷”

3 John 1:11-15

বেয়াক অনুকৰণ নকৰিবা – “মানুহে কৰা বেয়া কর্ম্মবোৰ নকল নকৰিবা”

কিন্ত ভাল – ইয়াত কিছুমান শব্দ এৰি দিয়া হৈছে কিন্ত সিবিলাকক বুজিব পৰা হয়৷ সলনি অনুবাদ: “কিন্ত মানুহে কৰা ভাল কর্মবোৰ অনুকৰণ কৰা৷” (চাওক: শব্দৰ লোপ)

ঈশ্বৰৰ হয় – “গৰাকী ঈশ্বৰ”

ঈশ্বৰক দেখা নাই – সলনি অনুবাদ : “ঈশ্বৰৰ নহয়” “ঈশ্বৰত বিশ্বাস নকৰে”

দিমীত্ৰিয়ৰ হৈ সকলোৰে দ্বাৰাই সাক্ষ্য দিয়া হৈছে – সলনি অনুবাদ: “দিমীত্ৰিয়ক চিনিপোৱা প্ৰতিগৰাকী বিশ্বাসীয়েই তেওঁৰ ভাল কথা কয়৷” (চাওক : প্ৰত্যক্ষ আৰু পৰোক্ষ)

দিমীত্ৰিয় – এইজন মানুহক গায় আৰু সমাৱেশটোৱে যোহনে দেখা কৰিবলৈ অহাৰ সময়ত, সাদৰ

সম্ভাষণ জনোৱাটো তেওঁ (যোহনে) বিচাৰে৷ (চাওক: অনুবাদ নামবোৰ)

আৰু সত্যটোৰ দ্বাৰা নিজেই – “আৰু সত্যটোৱে নিজেই তেওঁৰ ভাল কথা কয়৷” ইয়াত “সত্য”ক এজন কথা কোৱা ব্যক্তি ৰূপে বর্ণনা কৰিছে৷ সলনি অনুবাদ: “আৰু সিহঁতে তেওঁৰ বিষয়ে যি কয় সেয়ে সত্য৷” (চাওক: ব্যক্তিত্ব আৰোপ কৰা)

আমিও সাক্ষ্যদান কৰো – ইয়াত “আমি” শব্দটোৱে যোহন আৰু তেওঁৰ লগত থকা সকলৰ কথা বুজাইছে৷ ই গায় ক অন্তর্ভূক্ত কৰা নাই৷ সলনি অনুবাদ : “আমিও দীমীত্ৰিয়ৰ ভাল কথা কওঁ৷” (চাওক: আচুতীয়া)

তুমি জানা – “তুমি” শব্দটো একবচন আৰু ই গায়ক বুজাইছে৷ (চাওক: “তুমি” শব্দৰ ৰূপ)