Assamese: translationNotes

Updated ? hours ago # views See on DCS

Titus

Titus 1

Titus 1:1-3

পৌল

“পৌলৰ পৰা।” এই পত্ৰ খনৰ লিখক জনক চিনাকী কৰি দিবৰ বাবে আপুনি হয়তো এক বিশেষ ভাৱ প্ৰকাশ কৰা ভাষা ব্যৱহাৰ কৰিব পাৰে। এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “মই, পৌল, এই পত্ৰ খনি লিখিছো।”

ঈশ্বৰৰ দাস আৰু যীচু খ্ৰীষ্টৰ নিযুক্ত পাঁচনি

“মই” বুলা শব্দটি প্ৰকাশ কৰা হোৱা নাই (চাওঁকঃExplicit and Implicit)। আপুনি ইয়াক নতুন ধৰণে লিখাৰ দ্বাৰাই প্ৰকাশ কৰিব পাৰেঃ “মই এজন ঈশ্বৰৰ দাস আৰু যীচু খ্ৰীষ্টৰ পাঁচনি হওঁ।”

বিশ্বাস স্থাপন কৰিবৰ অৰ্থে

এই বাক্যষাৰ এনে ধৰণে লিখিব পৰা যায়ঃ “মই বিশ্বাস স্থাপন কৰিবৰ অৰ্থে কাৰ্য কৰো” বা “মই বিশ্বাস গঢ়ি তুলিবৰ বাবে কাৰ্য্য কৰোঁ”

ঈশ্বৰৰ মনোনীত লোক

“ঈশ্বৰৰ দ্বাৰাই মনোনীত ব্যক্তিসকল” বা “যি সকল ব্যক্তিক ঈশ্বৰে মনোনীত কৰিছে”

স্থাপন কৰিবৰ বাবে

“দৃঢ় ভাবে স্থাপন কৰিবৰ অৰ্থে”

যিয়ে ধাৰ্মিকতাৰ সৈতে সহমত হয়

“যি ঈশ্বৰৰ ব্যৱস্থাত সন্মত হয়” বা “যিটো পবিত্ৰ লোক সকলৰ বাবে উত্তম”

মিছা নোকোৱা ঈশ্বৰ

“ঈশ্বৰ, যিয়ে কেতিয়াও মিছা নকয়”

অনাদি কালৰ পূৰ্বে্ব – “সৃষ্টিৰ পাতনিতে”

ঠিক সময়ত

“উচিত সময়ত”

সেই ঘোষণা

কাৰ্য্য কৰিবলৈ মোত ভাৰসা কৰিলে

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “ঘোষণা কৰিবৰ অৰ্থে মোক দায়িত্ব দিয়া হল” বা “ঘোষণা কৰাৰ দায়িত্ব তেওঁ মোক প্ৰদান কৰিলে।”

ত্ৰাণকৰ্তা ঈশ্বৰ

“ঈশ্বৰ, যিয়ে আমাক উদ্ধাৰ কৰিলে”(চাওঁকঃ UDB)

Titus 1:4-5

যথাৰ্থ পুত্ৰ

যিহেতু তীত পৌলৰ নিজৰ পুত্ৰ নহয়, সেয়েহে এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “তুমি মোৰ পুত্ৰৰ দৰে”(UDB)

আমাৰ সাধাৰণ বিশ্বাস

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “খ্ৰীষ্টত আমি যি দৰে বিশ্বাস কৰোঁ” বা “যি একে শিক্ষা আমি দুয়ো বিশ্বাস কৰোঁ।”

অনুগ্ৰহ, দয়া আৰু শান্তি

এই ধৰণৰ শুভেচ্ছা বাণী প্ৰায়ে দিয়া দেখা যায়। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “অনুগ্ৰহ, দয়া আৰু শান্তি যেন তোমালৈ হয়” বা “যেন তুমি মৰম, দয়া আৰু শান্তি উপলব্ধি কৰা।”

আমাৰ ত্ৰাণকৰ্তা খ্ৰীষ্ট যীচু – “খ্ৰীষ্ট যীচু যি আমাৰ উদ্ধাৰকৰ্তা”

এই উদ্দেশ্যে

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “এই কাৰণে”

ক্ৰীতি দ্বীপত মই তোমাক থৈ আহিলো

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “মই তোমাক ক্ৰীতি দ্বীপত থাকিবৰ বাবে কলো।”

অসম্পূৰ্ণ কাৰ্য্যবোৰ সম্পূৰ্ণ কৰিবলৈ

“যাতে তুমি সম্পূৰ্ণ কৰিবলগীয়া কাৰ্য্য সমূহৰ বাবে কৰণীয় খিনি সাজু কৰি তুলা”

বৃদ্ধ লোকক মনোনীত কৰা

ইয়াৰ অৰ্থ, “বৃদ্ধ লোক সকলক নিযুক্তি দিয়া”(চাওঁকঃ UDB) বা “বৃদ্ধলোক সকলক দায়িত্বভাৰ অৰ্পণ কৰা”

Titus 1:6-7

বৃদ্ধ জন নিৰ্দ্দোষী হব লগিব

(চাওঁক UDB)। ইয়াক আৰু অধিক স্পষ্ট ভাৱে অনুবাদ কৰিব পাৰিঃ “কোনো সৰল ব্যক্তিক” বা “সু

নাম অৰ্জিত ব্যক্তি”

এজনী তিৰোতাৰ স্বামী

এই বাক্যষাৰৰ অৰ্থ “তিৰোতা এজনী থকা স্বামী।” ইয়াক সাধাৰণতে এনে ধৰণে অনুবাদ কৰা যায় “যাৰ কেৱল মাত্ৰ এগৰাকীহে তিৰোতা আছে” UDB। এই অংশটিক লৈ বহুতো আলোচনা কৰা হৈছে যে সেই সকল পুৰুষক বাদ দিয়া হৈছে নেকি যি সকলৰ তিৰোতাৰ মৃত্যু ঘটিছে বা এৰি থৈ গৈছে বা বিবাহ নকৰা কোনো লোক।

বিশ্বাসকাৰী সন্তানক

এই বাক্যষাৰৰ অৰ্থ এনে ধৰণৰ হব পাৰে ১) “যি সকল সন্তানে বিশ্বাস কৰে” (যীচুক)বা “যি সকল সন্তান বিশ্বাসযোগ্য।”

কোনো মানুহ যদি

“যদি জনা নাজায়” বা “যাৰ বিৰুদ্ধে এনে কোনো ধৰণৰ অপবাদ নাই”

অবাধ্য

“বিদ্ৰোহী” বা “নিময় মানি নচলা”

কিয়নো অধক্ষ্যৰ বাবে ই প্ৰয়োজনীয়

ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “এজন অধক্ষ্য নিশ্চিত ভাবে।”

ঈশ্বৰৰ ঘৰগিৰী

“ঈশ্বৰৰ এজন ঘৰগিৰী” বা “ঈশ্বৰৰ গৃহৰ বাবে যি জন দায়বদ্ধ।”

দ্ৰাক্ষাৰসত মতলীয়া নোহোৱা

“ৰাগীয়াল দ্ৰব্য সেৱন নকৰা” বা “মদপী নোহোৱা” বা “অত্যাধিক দ্ৰাক্ষাৰস সেৱন নকৰা”

খঙাল

“ক্ৰোধী” বা “যি জনে ক্ৰন্দল কৰি ভাল পায়”(UDB)

Titus 1:8-9

(তীতে কেনে ধৰণৰ ব্যক্তিক মণ্ডলীৰ বৃদ্ধ হিচাপে নিযুক্তি দিব লাগে তাৰ বিষয়ে পৌলে পৰামৰ্শ আগবঢ়াই কৈ যায়)

অতিথি সেৱক

এই বাক্যষাৰ “আতিথ্যশীল” বুলিও অনুবাদ কৰিব পাৰি।

সাধুক স্নেহ কৰোঁতা

“ভাল বিষয় বিলাকক প্ৰেম কৰোঁতা”(UDB)

আসক্ত

“সমৰ্পিত” বা “ভাল দৰে জ্ঞাত” বা “সেই সমন্ধে সম্পূৰ্ণ জ্ঞান থকা”

উপদেশ অনুৰূপ বিশ্বাসযোগ্য বাক্যত

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “বাক্যৰ সত্যতা” বা “বিশ্বাসযোগ্যতা থকা বাক্যৰ শিক্ষা।”

নিৰাময় মানে কি

“স্বাস্থ্যকৰ কি” বা “শুদ্ধ কোনটো”

Titus 1:10-11

চুন্নত হোৱা বিলাকৰ

“যি সকলক চুন্নত কৰা হল” বা “যি সকলে চুন্নত ব্যৱস্থা পালন কৰে।” এই বাক্যষাৰ দ্বাৰাই যিহুদী সকলক বুজাইছে, যি সকলক চুন্নত কৰা হৈছে।

তেওঁবিলাক অনৰ্থক বাক্য কওঁতা

“তেওঁবিলাকৰ কথাই কাৰোঁ উপকাৰ নকৰে”

মূখ বন্ধ কৰা আৱশ্যক

“তেওঁবিলাকে যি শিক্ষা প্ৰচাৰ কৰিছে তাক বন্ধ কৰিব লাগে” বা “তেওঁবিলাকে নিজ বাক্যৰ দ্বাৰাই আনক আকৰ্ষিত কৰা কাৰ্য্যক বন্ধ কৰিব লাগে”

যি তেওঁবিলাকে শিকাব নালাগে

“যি বিলাক বিষয় শিকোৱা অনুচিত”

কুচ্ছিত লাভৰ কাৰণে

“যাতে মানুহ বিলাকে তেওঁবিলাকক ধন দিয়ে। এইটো অতি লাজৰ কথা!” (UDB)। এই বাক্যষাৰৰ দ্বাৰাই অনুচিত কাৰ্য্য কৰাৰ দ্বাৰাই লাভ অৰ্জন কৰা কথাটো কব বিচাৰা হৈছে।

ঘৰৰ আটাইবিলাকক বিনষ্ট কৰে

“গোটেই ঘৰখনক নষ্ট কৰে।” এই বাক্যষাৰ এনেদৰেও অনুবাদ কৰিব পাৰি “গোটেই পৰিয়ালৰ বিশ্বাসত আঘাট হনা।”

Titus 1:12-13

(মণ্ডলীৰ ভিতৰত প্ৰৱেশ কৰিব ধৰা সেই ভাৰিকোৱা শিক্ষক সকলৰ বাবে পৌলে সাৱধান কৰি কৈ গল)

তেওঁবিলাকৰ এজন

“ক্ৰীতীৰে এজন” বা “ক্ৰীতীৰ কোনো এজন”

তেওঁ বিলাকৰ মাজৰ এজন জ্ঞানী লোকে

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “তেওঁবিলাকৰ মানুহ বিলাকে কোনো এজনক ভাববাদী বুলি ভাবিলে” (UDB)

ক্ৰীতীৰ মানুহ বিলাক সদায় মিছলীয়া

“ক্ৰীতীৰ মানুহ বিলাকে সকলো সময়তে মিছা কথা কৈ থাকে” বা “ক্ৰীতীৰ মানুহ বিলাকে মিছা কোৱাৰ পৰা বিৰত থাকিব নোৱাৰে।” এয়া বঢ়াই কোৱা কথা। (চাওঁকঃHyperbole)

বেয়া আৰু হিংসুক জন্তু

এই উপমাটোৰ দ্বাৰাই ক্ৰীতীৰ লোক সকলক ভয়ানক জন্তুৰ লগত তুলনা কৰা হৈছে। (চাওঁকঃ Metaphor)

এলেহুৱা ভাতভাৰী

“অতি এলেহুৱা” বা “যি বিলাক মানুহে কোনো ধৰণৰ কৰ্ম নকৰে কিন্তু কেৱল আহাৰ ভোজন হে কৰে।” এইয়া এক উপমাহে যাৰ দ্বাৰাই এজন ব্যক্তিৰ ব্যক্তিত্বৰ কথা কোৱা হৈছে।(চাওঁকঃ Synecdoche)

তেওঁবিলাকক কঠোৰ অনুযোগ কৰা

“এই হেতুকে তেওঁবিলাক যে অশুদ্ধ তাক দৃঢ়তাৰে কোৱা”

যাতে তেওঁবিলাক বিশ্বাসত দৃঢ় হৈ থাকে

“যাতে তেওঁবিলাকৰো শুস্থ বিশ্বাস থাকে” বা “যাতে তেওঁবিলাকে সত্যত বিশ্বাস কৰে” বা “যাতে তেওঁবিলাক বিশ্বাস সত্য হয়”

Titus 1:14

(এই ভাৰিকোৱা শিক্ষক সকলৰ প্ৰতি কেনে ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে পৌলে তীত কয়।)

অবাবত সময় নষ্ট নকৰিবা

“এই হেতুকে শুনি সময় পাৰ নকৰিবা”

যিহূদীয়ী আখ্যানলৈ

এই বাক্যষাৰৰ দ্বাৰাই যিহূদী সকলৰ ভুল শিক্ষাৰ কথা কৈছে।

ঘুৰাই আনা

“লোকসকলক বিশ্বাস কৰাৰ পৰা বাধা দিয়া”

Titus 1:15-16

(ভূৱা শিক্ষক সকল কেনেকোৱা তাৰ বিষয়ে পৌলে তীত বাখ্যা কৈ গ’ল।)

শুচি বিলাকলৈ সকলোৱে শুচি

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “যি জন শুচি তেওঁলৈ সকলো বিলাকেই শুচি” বা “যদি কোনো ব্যক্তি ভিতৰৰ পৰা শুচি হয়, তেওঁ বিলাকে যি সকলো কৰে সেয়ে শুচি।”

শুচি

“শুদ্ধ” বা “ঈশ্বৰৰ বাবে গ্ৰহণীয়”

কলুষিতবিলাক আৰু অবিশ্বাসী সকললৈ একোৱে শুচি নহয়

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “যি জনৰ চৰিত্ৰ বেয়া আৰু যি জনে বিশ্বাস নকৰে, তেওঁ শুচি হব নোৱাৰে।”

কলুষিত

“বেয়া চৰিত্ৰ” বা “দূৰ্ণীতি” বা “অশুচি”

তেওঁবিলাকে যি কৰে তাৰ দ্বাৰাই তেওঁক অস্বীকাৰ কৰে

“তেওঁবিলাকৰ কাৰ্য্যই দ্বাৰাই প্ৰমাণ কৰে যে সিহঁতবিলাকে তেওঁক নাজানে”

অকামিলা

“অসহ্য”

সকলো সৎকৰ্মত অকামিলা

“সকলো প্ৰকাৰৰ উত্তম কাৰ্য্যৰ বাবে যে তেওঁবিলাক যোগ্য নহয় তাৰ প্ৰমাণ দিয়ে” বা “তেওঁবিলাকে যে কোনো উত্তম কৰ্ম কৰিব নোৱাৰে তাৰে প্ৰমাণ দিয়ে”

Titus 2

Titus 2:1-2

পৌলে তেওঁৰ মনযোগ ভুৱাশিক্ষক সকলৰ পৰা আঁতৰাই তীত আৰু বিশ্বাসী সকল ফালে কৰে)

কিন্তু তুমি

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “পাছে তুমি,তীত, ভুৱা শিক্ষক সকলৰ তুলনাত।”

নিৰাময় শিক্ষাৰ

“উপযুক্ত শিক্ষাত” বা “শুদ্ধ শিক্ষাত”

ধীৰ

“কোমল মনৰ” বা “নিজৰ ওপৰত নিয়ন্ত্ৰণ থকা।” এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “তেওঁবিলাকক পৰিচালনা কৰে।”

বিবেচক

ইয়াৰ দ্বাৰাই পিছৰ তিনিটা বিষয়ৰ কথা বুজাইছেঃ বিশ্বাস, প্ৰেম আৰু ধৈৰ্য্য। “বিবেচক” ৰ অৰ্থ হৈছে “উপযোগী।”

(বিবেচক) বিশ্বাসত

“উপযুক্ত বিশ্বাসৰ দ্বাৰাই” বা “তেওঁবিলাকে শুদ্ধ বিষয়ত বিশ্বাস কৰাৰ দ্বাৰাই”

(বিবেচক) প্ৰেমত

“উপযুক্ত প্ৰেমৰ দ্বাৰাই”

(বিবেচক)ধৰ্য্যত

“নিৰন্তৰ”বা“একেৰাহে” বা “ভাগৰি নোযোৱা”

Titus 2:3-5

একেদৰে

“ঠিক একে দেৰ।” এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “তোমালোকে যে বৃদ্ধ সকলক শিকাবা, তেতিয়া বৃদ্ধা মহিলা সকলকো শিকাবা কৰিবা”

তেওঁবিলাকে সদায়ে নিজকে যেন উপস্থাপন কৰে

“নিশ্চয়ে যেন” বা “এই দৰে জীৱন নিৰ্বাস কৰে যেন”

পৰচৰ্চাকাৰী

এই শব্দটি “পৰচৰ্চাকাৰী” হিচাপে অনুবাদ কৰা হৈছে যাৰ অৰ্থ “চয়তান” বা “অপবাদিক” বা “শত্ৰু।” ইয়াত তেনে লোক সকলৰ কথা কোৱা হৈছে যি সকলে সত্য হওঁক বা অসত্য হওঁক আন লোকসকলৰ বিষয়ে বেয়া কয়।”

মাতা

“শিক্ষা দিয়া” বা “অনুযোগ” বা “উৎসাহযোগোৱা”

বিবেচক

“উচিত ভাবে চিন্তা কৰিব পৰা”

শুচি

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “ভাল কথা চিন্তা কৰা আৰু ভাল কাৰ্য্য কৰা” বা “শুদ্ধ কথা চিন্তা কৰা আৰু উচিত কাৰ্য্য কৰা।”

যাতে ঈশ্বৰৰ বাক্য নিন্দিত নহয়

“যাতে ঈশ্বৰৰ বাক্য কোনোৱে অগ্ৰাহ্য নকৰিব।” এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “আৰু যাতে মহিলা সকলৰ কাৰ্য্যৰ দ্বাৰাই ঈশ্বৰৰ বাক্য সমালোচনা বা অগ্ৰাহ্য নহয়।”

Titus 2:6-8

সেইদৰে

এই বাক্যষাৰে মহিলা সকলক দিয়া প্ৰশিক্ষণৰ কথাক বুজাইছে। ঠিক একে দৰে তীতে ডেকা সকলক প্ৰশিক্ষণ দিব লাগিব।

মাতা

“শিকোৱা”বা “কোৱা” বা “উদগোৱা”

নিজকে দেখুউৱা

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “তোমালোকে নিশ্চয়ে” বা “নিজকে দেখুউৱাবলৈ”

সৎকৰ্মৰ আৰ্হি

“শুদ্ধ আৰু উচিত কাৰ্য্য কৰোঁতা বুলি আৰ্হি হোৱা”

অনিন্দনীয় নিৰাময় বাক্য

“এনে শিক্ষা যত কোনো ভুল নাথাকিব”

যাতে বিৰোধী মানুহে আমাৰ বিষয়ে কোনো কুকথা কবলৈ নোপোৱাত লাজ পাব

ইয়ে এনে এক পৰিস্থিতিৰ কথা কৈছে যত কোনো এজনে তীতৰ বিৰুদ্ধীতা কৰিব পাছে নিজে লাজ পাব। এই বাক্যষাৰে এতিয়াই হৈ থকা কোনো বিশেষ ঘটনাৰ কথা হোৱা নাই। আপোনাৰ ভাষাত এই ভাবটি প্ৰকাশ কৰাৰ কোনো উপায় থাকিব পাৰে।(চাওঁকঃ Hypothetical Situations)

Titus 2:9-10

তেওঁবিলাকৰ প্ৰভুসকলৰ

“তেওঁবিলাকৰ নিজ নিজ প্ৰভুসকলৰ”

সকলো বিষয়তে

“সকলো পৰিস্থিতিতে” বা “সদায়ে”

তেওঁবিলাকক সন্তুষ্ট কৰা

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি“নিজ নিজ প্ৰভু সকলক সন্তুষ্ট কৰা” বা “তেওঁবিলাকৰ প্ৰভুসকলক সন্তুষ্ট কৰা।”

উত্তম বিশ্বাস দেখুউৱা

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “তেওঁবিলাকৰ প্ৰভু সকলৰ বিশ্বস্ততা হোৱা” বা “তেওঁবিলাক প্ৰভু সকলৰ প্ৰতি যে বিশ্বস্তত তাক দেখুউৱা।”

আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰ

“আমাৰ ঈশ্বৰ যি জনে আমাক ৰক্ষা কৰে”

আকৰ্ষণীয়

“আকৰ্ষণীয়” এই শব্দটিয়ে এটি উপহাৰ সুন্দৰকৈ বান্ধিলে যেনে হয় সেই অৰ্থত বুজাইছে।

সকলো বিষয়তে

“তেওঁবিলাকে কৰা সকলো কাৰ্য্যতে”

Titus 2:11-13

তুমি চোৱা

“তীত, তুমি বুজিব পাৰিছা”

সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হল

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “ঈশ্বৰৰ পৰিত্ৰাণৰ সেই অনুগ্ৰহৰ পোহৰ সকলোৰে বাবে আহিল।”

প্ৰকাশিত হল

“পোহৰলৈ আহিল” বা “দেখা পোৱা হল”

অধাৰ্মিকতাক অস্বীকাৰ কৰিবলৈ আমাক প্ৰশিক্ষণ দিয়া

“উত্তম কৰ্ম কৰিবলৈ আমাক শিকোৱা।” এই বাক্যষাৰ এনেদৰেও অনুবাদ কৰিব পাৰি “অধাৰ্মিকতাযুক্ত কৰ্ম কৰাৰ পৰীক্ষা সহন কৰিবলৈ আমাক শিকোৱা। ”

এনে শিক্ষা আমাক দিয়া

এই বাক্যষাৰৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহৰ কথা এনে এজন ব্যক্তিৰ লগত তুলনা কৰিছে যি জনে লোকসমূহক ভক্ত আৰু পবিত্ৰ জীৱন যাপন কৰিবলৈ শিকাই।(চাওঁকঃ Personification)

সাংসাৰিক অভিলাষ

“জগতিক বিষয় সমূহৰ প্ৰতি প্ৰচণ্ড আসক্তি থকা” বা “পৃথিৱীৰ সুখ

অভিলাষৰ প্ৰতি অধিককৈ আসক্ত হোৱা”

এই বৰ্ত্তমান সংসাৰত

“আমি এই পৃথিৱীত জীয়াই থকা কালচোৱা” বা “এই সময় চোৱাত”

অপেক্ষা কৰি থাকোঁ

“আমি আদৰিবৰ বাবে অপেক্ষাত আছো”

প্ৰতাপৰ আবিৰ্ভাৱলৈ

“আবিৰ্ভাৱলৈ” আৰু “প্ৰতাপৰ” এই শব্দ দুটি এক কৰি এনে দৰে কব পাৰি “সেই প্ৰতাপৰ আবিৰ্ভাৱলৈ।”

Titus 2:14

আমাৰ কাৰণে নিজকে দান কৰিলে

“আমাৰ আৰ্থে মৰিবলৈ নিজকে দান কৰিলে”

অধৰ্মৰ পৰা মুক্ত কৰিবলৈ

“আমাক আমাৰ পাপময় অৱস্থাৰ পৰা মুক্ত কৰিব বাবে।” এয়া এক উপমা হয় যাৰ দ্বাৰাই কব বিচাৰা হৈছে যে পাপৰ দাসত্বৰ পৰা মুক্ত কৰিবৰ বাবে এজনে আমাক কিনিলে।(চাওঁকঃ Metaphor)

শুচি কৰিবলৈ

“ধুলে”

অধিকাৰস্বৰূপ লোক

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “এনে এদল লোক যাক তেওঁ প্ৰেম কৰে।”

আগ্ৰহেৰে

“অধীৰ হেঁপাহ থকা”

Titus 2:15

এইবোৰ কথা কৈ উদগোৱা

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পৰি “এই কথাবোৰ শিকোৱা আৰু ইয়াক শুনা সকলক পালন কৰিবৰ বাবে উদগোৱা।”

অনুযোগ কৰা

“যি সকলে এনে দৰে কাৰ্য্য নকৰে তেওঁবিলাকক অনুযোগ কৰা”

কাকো

“কাকো নিদিবা”

তোমাক হেয়জ্ঞান কৰিবলৈ

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “তোমাৰ বাক্য শুনিবলৈ অস্বীকাৰ কৰা” বা “তোমাক সন্মান কৰিবলৈ অস্বীকাৰ কৰা।”

Titus 3

Titus 3:1-2

তেওঁবিলাকক সোঁৱৰোৱা

“মণ্ডলীৰ লোক সকলক তেওঁবিলাকে ইতিমধ্যেই জনা কথা পুনৰবাৰ কোৱা” বা “তেওঁবিলাকক সোঁৱৰাই থাকা।”

আধিপত্য আৰু ক্ষমতা পোৱা বিলাকৰ বশীভূত হবলৈ

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “শাসন কৰা সকলে আৰু ক্ষমতাত থকা সকলে কোৱাৰ দৰে কৰাৰ দ্বাৰাই তেওঁবিলাকক মানি চলা।”

আধিপত্য আৰু ক্ষমতা পোৱাবিলাকৰ

এই শব্দ দুটি প্ৰায় একে, আৰু ইয়াক একে লগে ব্যৱহাৰ কৰাৰ দ্বাৰাই আধিপত্য আৰু ক্ষমতাত থকা সেই সকলো ব্যক্তিকে সাঙুৰি লব বিচৰা হৈছে।

সকলো সৎকৰ্মত যুগুত হবলৈ

“যতে সুযোগ পোৱা তাতে সৎকৰ্ম কৰিবৰ নিমিত্তে যুগুত থাকা”

নিন্দা

“বেয়া কোৱা”

আনক তেওঁবিলাকৰ মতে চলিবৰ বাবে বাট এৰি দিয়া

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “মৃদুভাৱৰ হোৱা”

Titus 3:3

(মৃদুভাৱেৰে আমি কি শিকাব লাগে তাক পৌলে বাখ্যা কৰিছে)

কিয়নো

“কাৰণ”

পুৰ্ব্বে

“পুৰ্ব্বতে” বা “কোনো এক সময়ত” বা “আগতে”

নিৰ্ব্বোধ

“মূৰ্খ” বা “অজ্ঞানী”

নানাবিধ অভিলাষ আৰু সুখভোগৰ দাস্যকৰ্ম কৰা

পাপে যে আমাক তাৰ দাস কৰি ৰাখে, এই বাক্যষাৰৰ দ্বাৰাই তাকে কব বিচৰা হৈছে।(চাওঁকঃ Metaphor) এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “আমাৰ পাপ স্বাভাবে আমাক প্ৰচণ্ড সুখ

অভিলাষৰ বন্দী কৰি ৰাখে।”

ভুল পথে পৰিচালনা কৰা

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “ভ্ৰান্ত কৰে”

অভিলাষ

“বেয়াদৃষ্টিৰে” বা “হেঁপাহ”

হিংসা আৰু অসূয়াত কাল নিওৱা

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “আমি সদায়ে বেয়া কাৰ্য্য কৰি গৈছিলো আৰু আনৰ বস্তুলৈ লোভ কৰিছিলো।”

ঘৃণাকাৰী আছিলো

“আমি ঘৃণাৰ যোগ্য আছিলো।” এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “আমাক আনে ঘৃণা কৰাৰ কৰ্ম কৰো।”

Titus 3:4-5

(মৃদুভাৱে কি শিক্ষা দিব লাগে সেই বিষয়ে পৌলে তীতক কৈ যাব ধৰিলে)

কিন্তু যেতিয়া আমাৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰৰ মধুৰ স্বাভাৱ মানুহজাতিলৈ প্ৰেম প্ৰকাশিত হল

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “যেতিয়া আমাৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰে মানব জাতিক তেওঁৰ প্ৰেম দেখুৱালে।”

মানুহজাতিলৈ

“মানুহ জাতিৰ বাবে”

দ্বাৰাই পৰিত্ৰাণ –“ব্যৱস্থাৰ দ্বাৰাই আমাক পৰিত্ৰাণ” বা “দ্বাৰাই আমাক পৰিত্ৰাণ”

স্নান কৰাৰ দ্বাৰাই নতুন জন্ম

এই বাক্যষা এনে দৰেও অনুবাদ কৰিব পাৰি “আত্মিক নতুন জন্মৰ দ্বাৰাই আমাৰ ভিতৰ খনিক গঢ় দিছে।”

নতুন কৰা

“নতুন কৰা হৈছে।” এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “পবিত্ৰ আত্মাই আমাক নতুন কৰিলে” বা “পবিত্ৰ আত্মাই আমাক নতুন লোক কৰিলে।”

আমি কৰা ধৰ্ম

কৰ্মৰ কাৰণে

“কিয়নো আমি উত্তম কৰ্ম কৰোঁ” (DUB)

অনুসৰি

“সেই একে ধৰণে”

Titus 3:6-7

(পৌলে তীতক সোঁৱৰাই যে আমি লাভ কৰা অনগ্ৰহৰ বাবে আমি মৃদুভাৱে শিক্ষা দিব লাগে।)

পবিত্ৰ আত্মা আমাৰ ওপৰত বহুল্যৰূপে বাকি দিলে

এয়া এক উপমা হয় যাৰ দ্বাৰা পুৰোহিত সকলক কৰা অভিষেকৰ দৰে কব বিচাৰিছে।(চাওঁকঃ অভিষেক) এই বাক্যষাৰ এনেদৰেও অনুবাদ কৰিব পাৰি “মুকলি মনেৰে পবিত্ৰ আত্মা দান কৰিলে।”

সদা

সৰ্বদায়ঃ “অনন্ত”

বাহুল্যৰূপে

“প্ৰচুৰ পৰিমানে” বা “হৰ্ষিত মনেৰে”

আমাৰ উদ্ধাৰকৰ্তা যীচু খ্ৰীষ্টৰ দ্বাৰাই

“যেতিয়া যীচুৱে আমাক পৰিত্ৰাণ কৰিলে”

ধাৰ্মিক বুলি গণিত

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “আমি ইতিমধ্যেই ঈশ্বৰৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হলো”

উত্তৰাধিকাৰী হলো

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “ঈশ্বৰে আমাক উত্তৰাধিকাৰী সূত্ৰে সন্তানক পাতিলে।”

অনন্ত জীৱনৰ আশা অনুসাৰে

“আমি নিশ্চিত যে আমি অনন্ত জীৱন লাভ কৰিছোঁ”

Titus 3:8

নিশ্চয়ৰ কথা

এই বাক্যষাৰৰ দ্বাৰাই ঈশ্বৰে যে যীচু খ্ৰীষ্ট দ্বাৰাই পবিত্ৰ আত্মা দান কৰিব বুলি আগৰ পদটি কোৱা থকাটি বুজাইছে।

চিন্তা কৰি থাকিবলৈ

“লক্ষ্য স্থিৰ কৰা” বা “নিৰন্তৰ ভাবে চিন্তা কৰি থকা”

যি তেওঁবিলাকৰ সন্মূখত তেওঁ দিলে

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “ ঈশ্বৰে যি তেওঁবিলাকক কৰিব বাবে আজ্ঞা কৰিছিল।”

Titus 3:9-11

কিন্তু

“কিন্তু তুমি, তীত”

অনৰ্থক বাগযুদ্ধ

“অনাৱশ্যকীয় বিষয় সমূহক লৈ আলোচনা কৰা”

বাদ

বিচাৰ

“তৰ্কা

তৰ্কি”

বিধানৰ

“ঈশ্বৰৰ বিধান”

পৃথক

এই বাক্যষাৰ এই দৰেও অনুবাদ কৰিব পাৰি “আলোচনা নকৰিবা” বা “তাত সময় খৰচ নকৰিবা” বা “পৰিহৰ কৰা”

দুই এবাৰ চেতনা দিয়াৰ পাছত

“তুমি সেই ব্যক্তিজনক এবাৰ বা দুবাৰ সাৱধান কৰাৰ পিছত”

তেনে মানুহ

“তেনে এজন লোকক”

নিজ প্ৰমাণত দোষী

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “নিজৰ ওপৰলে বিচাৰ আনে।”

Titus 3:12-13

(ক্ৰীতত বৃদ্ধ সকলক নিযুক্তি দিয়াৰ পিছত তীতে কি কৰিব লাগে সেই কথা কৈ পৌলে এই পত্ৰ খনি সামৰে।)

মই যেতিয়া পঠাম

“মই পঠোৱাৰ পিছত”

আৰ্ত্তিমা, নীকপলি, চীনা

(চাওঁকঃ নাম সমূহ চাওঁক)

জাৰৰ কাল কটাবলৈ

“জাৰৰ কালটো কটাব”

শুনকালে কৰা আৰু আহা

“তুমি খৰকৰা আৰু আহা” বা “শুনকালে আহা”

শুনাকাল কৰা আৰু পঠোৱা

“তুমি শুনকাল কৰা” বা “পঠাবৰ বাবে পলম নকৰিবা”

আৰু আপ্পলো

“আৰু আপ্পলোকো পঠাবা”

Titus 3:14-15

(চীনা আৰু আপ্পলোক পঠোৱাতো কিয় প্ৰয়োজন তাৰ বাখ্যা পৌলে দিয়ে)

তেওঁবিলাকৰ সন্মূখত দিয়া

“কাৰ্য্য কৰি ব্যস্ত হৈ থাকা”

তেওঁবিলাক যেন নিস্ফল নহয়

এই বাক্যষাৰ যোগাত্মক ভাৱেও প্ৰকাশ কৰিব পাৰিঃ “যাতে তেওঁবিলাক সফল হয়” বা “যাতে তেওঁবিলাকে ঈশ্বৰৰ উদ্দেশ্যে ফল উৎপন্ন কৰিব পাৰে” বা “যাতে তেওঁবিলাকৰ জীৱন ব্যৱহাৰ যোগ্য হয়।”(চাওঁকঃ Double Negatives)