Galatians
Galatians 1
Galatians 1:1-2
যি জনে তেওঁক উঠালে
“যি জনে যীচু খ্ৰীষ্টক উঠালে”
পৌল, এগৰাকী পাঁচনি
এইটো এনেদৰে অনুবাদ কৰিব পাৰি “পাঁচনি পৌলৰ পৰা” বা এই চিঠিখন পাঁচনি পৌলৰ পৰা”
Galatians 1:3-5
আমাৰ পাপৰ কাৰণে
‘“আমাৰ পাপৰ বাবে পাবলগীয়া দণ্ড লবলৈ”
যাতে তেওঁ আমাক বৰ্ত্তমান এই অশুভ যুগৰ পৰা উদ্ধাৰ কৰিব পাৰে
“বৰ্ত্তমান জগতত যি অশুভ শক্তিয়ে কাৰ্য্য কৰি আছে যাতে তাৰ পৰা আমাক মুক্ত কৰিব পাৰে”
আমাৰ ঈশ্বৰ আৰু পিতৃ
এইটোৱে আমাৰ পিতৃ ঈশ্বৰক বুজাইছে৷” তেৱেই আমাৰ ঈশ্বৰ আৰু আমাৰ পিতৃ
Galatians 1:6-7
মই বিশ্বায় মানিছো যে তোমালোক ইমান সোনকালে ঘূৰিলা
আন এটা সম্ভাৱ্য অৰ্থ হৈছে “তোমালোক কেনেকৈ ইমান সোনকালে সলনি হৈছা, তাকে দেখি মই আচৰিত হৈছো৷”
বিস্ময় মানিলো যে
“সেইটো দেখি বিস্ময় মানিলো”
তোমালোক ঘূৰিছা
সম্ভাব্য অৰdথ সমূহঃ ১. “তোমালোকে মন সলনি কৰিছা”বা ২. “তোমালোকে আনুগত্য সলনি কৰিছা”
তেওঁলৈ যি জনে তোমালোকক আহ্বান কৰিলে
“যি ঈস্বৰে তোমালোকক আহ্বান কৰিলে”
খ্ৰীষ্টৰ অনুগ্ৰহৰ দ্বাৰা
এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “খ্ৰীষ্টৰ অনুগ্ৰহৰ বাবে” বা “খ্ৰীষ্টৰ ক্ষমাশীল ত্যাগৰ বাবে”
পুৰুষ
লোকবিলাক
Galatians 1:8-10
ঘোষণা কৰিব লাগে
“ঘোষণা কৰিব” বা “ঘোষণা কৰিবলগীয়া আছে৷” ইয়াৰ যোগেদি কিবা এটা বাখ্যা কৰিব বিচৰা হৈছে
যি ঘটা নাই আৰু যি ঘটিব নেলাগে৷(চাওঁকঃ Hypothetical Situations)
এইটো নহয় আনএটা
“শুভবাৰ্তাত কৈ বেলেগ” বা “বাৰ্ত্তাটোতকৈ বেলেগ”
তেওঁ অভিশপ্ত হওক
“ঈশ্বৰে, প্ৰৱঞ্চনামূলক শুভবাৰ্তা ঘোষণা কৰাজনক চিৰকাল শাস্তি দিব”(চাওঁকঃUDB)৷ আপোনাৰ ভাষাত যদি কাৰোবাৰ ওপৰত অভিশাপ দিয়াৰ এক সাধাৰণ নিয়ম আছে, আপুনি সেইটো ব্যৱহাৰ কৰা উচিত৷
কিয়নো মই এতিয়া মানুহৰ নে নাইবা ঈস্বৰৰ সন্তুতিলৈ চাইছো? মই এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চাইছো নে? উত্তৰ আশা নকৰা এই প্ৰশ্ন বিলাকৰ উত্তৰটো হল “নহয়”৷ এইটো এনেদৰেও অনুবাদ কৰিব পাৰি
“মই মানুহৰ অনুমোদন বিচৰা নাই কিন্তু ইয়াৰ পৰিবৰ্তে মই ঈশ্বৰৰ অনুমোদনহে বিচাৰো, মই মানুহক সন্তোষ দিবলৈ বিচৰা নাই৷ (চাওঁকঃRhetorical Question)”
অনুবাদৰ টোকা
মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ বিচাৰিছো তেন্তে মই খ্ৰীষ্টৰ সেৱক নহয়
‘যদি’ খণ্ডবাক্যটো আৰু ‘তেন্তে’ খণ্ডবাক্যটো
এই দুয়োটা বাস্তব ঘটনাৰ বিপৰীত৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “মই যদি মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিলো হেতেন মই খ্ৰীষ্টৰ সেৱক নহলোহেতেন!”
Galatians 1:11-12
মই ইয়াক পোৱা নাছিলো…নাইবা মোক শিকোৱাও নাছিল
“মই শুভবাৰ্তা খন শুনা নাছিলো…নাইবা শুভবাৰ্তাখন শিকোৱাও নাছিল”
এইটো মোলৈ যীচু খ্ৰীষ্টৰ প্ৰকাশিত বাক্যৰ দ্বাৰাহে পালো
ইয়াৰ অৰ্থ হব পাৰে, “যীচু খ্ৰীষ্টে নিজেই শুভাৰ্তাখন মোলৈ প্ৰকাশ কৰিলে” বা “ঈশ্বৰে শুভবাৰ্তাখন মোক জানিবলৈ দিলে যেতিয়া তেওঁ যীচু খ্ৰীষ্ট কোন আছিল তাক মোক প্ৰদৰ্শন কৰিছিল৷”
সাধাৰণ মানুহ
“মানুহৰ পৰা উৎপত্তি হোৱা”
Galatians 1:13-14
আগুৱাই নিয়া
“উন্নতি কৰা” বা “আগবাঢি যোৱা৷” এই উপমাটোৱে নিৰীক্ষণ কৰে পৌল সম্পূৰ্ণ যিহুদীহৈও তেওঁৰ যুগৰ আন যিহুদীবিলাকতকৈ বহু আগুৱাই গৈছিল৷(চাওঁকঃ)
আগৰ জীৱন
“এটা সময়ত আচৰণ” বা “আগৰ জীৱন” বা “জীৱনৰ আগছোৱাত”
মাত্ৰাধিক
“অতিমাত্ৰা” বা “অত্যন্ত” বা “মই যিমান পাৰো সিমান” বা “প্ৰয়োজনতকৈও অধিক”
উচ্ছন্ন কৰা
বিনাশ কৰা
সঙ্গী
একে বয়সৰ যিহুদী লোক
পিতৃসকল
বা “পূৰ্ব পুৰষ”
Galatians 1:15-17
তেওঁৰ অনুগ্ৰহৰ দ্বাৰাই তেওঁ মোক আহ্বান কৰিলে
সাম্ভাব্য অৰ্থ সমূহঃ ১.“ঈশ্বৰে মোকো তেওঁৰ পৰিচৰ্যা কৰিবলৈ আহ্বান কৰিলে, কিয়নো তেওঁ অনুগ্ৰশীল” ২. “তেওঁৰ অনুগ্ৰহৰ দ্বাৰাই তেওঁ মোক আহ্বান কৰিলে”
মোত যেন তেওঁৰ পুত্ৰ প্ৰকাশিত হয়
সাম্ভাব্য অৰ্থসমূহ ১. তেওঁৰ (ঈশ্বৰৰ) পুত্ৰক জানিবলৈ তেওঁ মোকো অনুমতি দিলে” (চাওকঃ)বা ২. “যীচু যে ঈশ্বৰৰ পুত্ৰ মোৰ দ্বাৰাই জগতক জনাবলৈ”
তেওঁক ঘোষণা কৰা
“ঈশ্বৰৰ পুত্ৰক ঘোষনা কৰা” বা “ঈশ্বৰৰ পুত্ৰ বিষয়ক শুভবাৰ্তা প্ৰচাৰ কৰা”
তেজ আৰু মাংসৰ সৈতে পৰামৰ্শ কৰা
“বাৰ্তাটো বুজি পোৱাত সহায় কৰিবলৈ মানুহক অনুৰোধ কৰা”
উঠি যোৱা
“ভ্ৰমন কৰা”
Galatians 1:18-20
চোৱা, ঈশ্বৰৰ আগত
পৌলে গালাতীয়া মণ্ডলীক বুজি পোৱাতো বিচাৰে যে পৌলে সম্পূৰ্ণৰূপে গুৰুত্ব সহকাৰে কথাটো লৈছে আৰু, তেওঁ যি কয় ঈশ্বৰে শুনে আৰু সত্যটো যদি নকয়, তেন্তে ঈশ্বৰে তেওঁৰ বিচাৰ লব৷
মই তোমালোকলৈ লিখা কথাবোৰত মই মিছা কোৱা নাই
“মই তোমালোকলৈ লিখা বাৰ্তাটোত মই মিছা কোৱা নাই৷”
Galatians 1:21-24
অঞ্চলৰ
পৃথিবীৰ এটা অংশ…
এতিয়াও
“সেই সময়ত”
তেওঁলোকে কেৱল শুনিবলৈহে পাইছিল
এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “আনলোকে মোৰ বিষয়ে যি কৈছিল তেওঁলোকে কেৱল সেইটোহে জানিছিল৷”
মোক তেতিয়ালৈকে কোনেও দেখানাছিল
“এই মণ্ডলীবিলাকৰ কোনো মানুহে মোক আগতে দেখা নাছিল৷”
Galatians 2
Galatians 2:1-2
মই ওপৰলৈ উঠি গলো
বা “ভ্ৰমণ কৰিলো৷” যিৰূচালেম এখন পাহাৰীয়া দেশত অৱস্থিত৷ যিহুদী বিলাকেও যিৰুচালেমক স্বৰ্গৰ তেনেই ওচৰত থকা পৃথিবীৰ এখন ঠাই হিচাপে ধাৰণা কৰিছিল৷
মই যোৱা উচিত
“যিৰূচালেমলৈ যোৱা” বা “তালৈ যোৱা”
খ্যাতিমন্ত সকলে আনলোকক পৰিচালনা কৰিছিল
“বিশ্বাসী বিলাকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নেতা সকলে”
একোনোলোৱাকৈ
“লাভৰ বাবে নহয়” বা “অনাৱশ্যক ভাৱে কৰ্ম্মকৰা”
Galatians 2:3-5
প্ৰৱঞ্চিত ভাইবিলাকক গোপনে পঠিওৱা হল
“খ্ৰীষ্টীয়ান বুলি ভাওজোৰা লোক বিলাক, কোনেও এই বিষয়ে নজনাকৈ, অনিষ্ট কৰিবলৈ আহিল৷”
চোৰাংচোৱা
গোপনে মানুবিলাকক লক্ষ্য কৰে আৰু তেওঁলোকেনো কি কৰিছে তাক চায় যাতে তেওঁলোকক অনিষ্ট কৰিবলৈ পাৰে
মুক্তি
স্বাধীনতা (চাওঁকঃ)
আমাক বিধানৰ দাস কৰিবলৈ
“আমাক বলপূৰ্বক বিধান মানি চলিবলৈ” ইয়াত বিধান মানে যিহুদীয়া ধৰ্মীয় আচাৰ অনুষ্ঠানৰ কথা বুজাইছে, বিশেষকৈ চুন্নতৰ কথা৷(চাওঁকঃ উপমা)
বশ্যতা স্বীকাৰ কৰা
বশহোৱা বা মনোযোগ দিয়া
তোমালোকৰ বাবে অপৰিবৰ্তিত হৈ ৰব
“তোমালোকত চলিয়েই থাকিব” বা “তোমালোকৰ বাবে সলনি নোহোৱাকৈ থাকিব” বা “তোমালোকৰ বাবে একেই হৈ থাকিব৷”
তুমি –বহুবচন
তেওঁলোকে ইচ্ছা কৰিছিল
“এই চোৰাংচোৱা বিলাকে ইচ্ছা কৰিছিল” বা “এই প্ৰবঞ্চক ভাই সকলে ইচ্ছা কৰিছিল৷”
Galatians 2:6-8
পৰিবৰ্তে, সিহঁতে
“পৰিবৰ্তে, নেতা সকলে”
মোত ন্যস্ত কৰা হল
এইটো প্ৰত্য& উক্তিত লিখিব পাৰিঃ“ঈশ্বৰে ন্যস্ত কৰিলে”(চাওঁকঃ প্ৰত্যক্ষ বা প্ৰৰোক্ষ)
ঘোষণা কৰিবলৈ
“প্ৰচাৰ কৰিবলৈ”
Galatians 2:9-10
দিলে… সহভাগিতাৰ সোঁহাতে
“সাদৰ
সম্ভাষণ জনালে…সহকৰ্ম্মী হিচাবে” বা সাদৰ
সম্ভাষণ জনালে..সন্মানেৰে
সোঁহাত খন
এইটো হয়তো বহুবচনত অনুবাদ কৰিব লাগিব আৰু এইটোৱে বুজাব সোঁহাত বfnাকৰ গৰাকী কোনঃ “সিহঁতৰ সোঁহাত বিলাক”
দৰিদ্ৰবিলাকক সোঁৱৰণ কৰিবা
“দৰিদ্ৰ বিলাকৰ অভাৱ পূৰ কৰিবলৈ যত্নবান হবা৷
Galatians 2:11-12
তেওঁৰ সন্মোখতে মই প্ৰতিৰোধ কৰিলো
“মই নিজে উপস্থিত হৈ তেওঁক বিৰোধিতা কৰিলো৷” বা মই নিজে উপস্থিতহৈ তেওঁর কাৰ্যৰ প্ৰত্যাহবান জনালো৷
আগতে
সময়ৰ লগত সম্বন্ধ
তেওঁ বন্ধ কৰিলে
“তেওঁ তেওঁলোকৰ সৈতে খোৱাবোৱা কৰিবলৈ বন্ধ কৰিলে”
এই মানুহবিলাকৰ ভয়ত
“কিয়নো তেওঁ ভয় কৰিছিল যে এই মানুহবিলাকে, তেওঁ কিবা এটা ভুল কৰ্ম কৰিছে বুলি, তেওঁক বিচাৰ লব৷” বা “কিয়নো তেওঁ ভয় কৰিছিল যে এই মানুহ বিলাকে তেওঁক কিবা ভুল কৰ্ম কৰিছে বুলি দোষাৰোপ কৰিব৷”
যিবিলাক মানুহৰ চুন্নত কৰা হল
“যিহুদী বিলাক”
আঁতৰাই ৰাখিলে
“দূৰৈত থাকিল” বা “পৰিহাৰ কৰা”
Galatians 2:13-14
মই কেনেকৈ পৰজাতি বিলাকক যিহূদীৰ দৰে জীৱন ধাৰণ কৰিবলৈ জোৰ জুলুম কৰিব পাৰো?
“পৰজাতি বিলাকক যিহূদীৰ দৰে জীৱন ধাৰণ কৰিবলৈ জোৰজুলুম কৰাতো ভুল”(চাওঁকঃ উত্তৰ আশা নকৰা প্ৰশ্ন)
জোৰজুলুম
বাক্য প্ৰয়োগ কৰি
Galatians 2:15-16
কিছুমান অনুবাদ ভাৱে যে এই পদবিলাকো পৌলে সেই সংক্ৰান্তত পিতৰক কৈছিল
আমি খ্ৰীষ্ট যীচুৰ বিশ্বাসত আহিলো
“আমি খ্ৰীষ্ট যীচুত বিশ্বাস কৰিলো”
কোনো মাংস নহয়
“কোনো ব্যক্তি নহয়”
Galatians 2:17-19
সম্পূৰ্ণৰূপে নহয়!
“অৱশ্যে সেইটো সত্য নহয়!” এই উক্তিটোৱে আগৰ উত্তৰ আশা নকৰা প্ৰশ্নটোৰ শক্তিশালী সম্ভাব্য নেতিবাচক উত্তৰ দিয়ে৷ ইয়াত ব্যৱহাৰ কৰিব পৰা আপুনf হয়তো একেধৰণৰ উক্তি আপোনাৰ ভাষাত বিচাৰিব পাৰে৷(চাওঁকঃ উত্তৰ আশা নকৰা প্ৰশ্ন)
Galatians 2:20-21
মই নুই নকৰো
“মই প্ৰত্যাখান কৰা নাই”(UBD)বা “মূল্যহীন নকৰো”
যদি বিধানৰ যোগেদি ধাৰ্মিকতা পোৱা যায়, তেন্তে খ্ৰীষ্ট এনেয়ে মাৰিল
যিহেতু বিধানৰ জড়িয়তে ধাৰ্ম্মিকতা নাহিল, সেই কাৰণে খ্ৰীষ্টৰ মৃত্যুও অনৰ্থক নহয়৷
অকাৰণে মৰিল
“মৃত্যুৰ দ্বাৰা একো সিদ্ধ নহল”
Galatians 3
Galatians 3:1-3
কাৰ কু দৃষ্টিয়ে তোমালোক অনিষ্ট কৰিলে? পৌলে ব্যঙ্গাত্মক ভাবে আৰু এটা উত্তৰ আশা নকৰা প্ৰশ্ন ব্যৱহাৰ কৰিছে৷ ইয়াৰ দ্বাৰা তেওঁ কৈছে যে গালাতীয়া মণ্ডলীয়ে এনে কাৰ্য কৰিছে যেন তেওঁলোকক কোনোবাই ভেলেকীবান মৰিলে৷তেওঁ অৱশ্যে প্ৰকৃততে বিশ্বাস নকৰে যে তেওঁলোকক কোনোবাই মন্ত্ৰমূগ্ধ কৰিলে৷(চাওঁকঃ ব্যঙ্গ, উত্তৰ আশা নকৰা প্ৰশ্ন)
কু
দৃষ্টি
এই সংজ্ঞাটো মায়াকৰ্ম্ম আৰু যাদুমন্ত্ৰ কৰা লগত সম্বন্ধ আছে৷ এইটো ইয়াত আলংকাৰিক অৰ্থত ব্যৱহৃত হৈছে৷ আপোনাৰ ভাষাত যদি কাৰোবাৰ ওপৰত মন্ত্ৰমুগ্ধ কৰাতো বেলেগ ধৰণেও প্ৰকাশ কৰিব পাৰি, আপুনি ব্যৱহাৰ কৰিব পাৰে৷
তোমালোকৰ চকুৰ আগেতই যীচু খ্ৰীষ্টৰ ক্ৰুচত হাত হোৱা বণৰ্না কৰা হোৱা নাছিলনে? এইটো আন এটা উত্তৰ আশা নকৰা প্ৰশ্নঃ “তেওঁলোকে যীচু খ্ৰীষ্টক কেনেকৈ ক্ৰুচবিদ্ধ কৰিলে মই তোমালোকক হুবহু বণৰ্না দিছিলো৷”(চাওঁকঃUDB)
মই কেৱল এই কথাটো তোমালোকৰ পৰা জানিব বিচাৰো
এইটো পুনৰ একপদৰ পৰা আৰম্ভহোৱা ব্যঙ্গাত্মক ভাৱে কথাটো কৈয়ে আছে৷ এই উত্তৰ আশা নকৰা প্ৰশ্নবিলাকৰ উত্তৰ সমূহ পৌলে জানে, যিবিলাক প্ৰশ্ন তেওঁ সুধিবলৈ যুগুত হৈছে৷ আপুনি অনুবাদ কৰোতে কেৱল এইটোৰ ওপৰতেই গুৰুত্বদিব, কাৰণ এই বাক্যটোত এইবিলাকেই অতি গুৰুত্বপূৰ্ণ পদ৷
এইটো
এইটোৱে তলত উল্লেখ কৰা তিনিটা প্ৰশ্নক বুজাইছে৷
তোমালোকে বিধানৰ কৰ্ম্মকৰি আত্মা পালানে বা যি শুনিলা তাত বিশ্বাস কৰি পালা? –“তোমালোকে বিধানৰ কৰ্ম্ম কৰি আত্মা পোৱা নাছিলা,কিন্তু যি শুনিলা তাক বিশ্বাস কৰিহে পালা৷ যদি পাৰে, এই উত্তৰ আশানকৰা প্ৰশ্নটো এটা প্ৰশ্ন হিচাবে পাঠকে জানক এই প্ৰশ্নৰ উত্তৰটো হব, “তোমালোকে শুনি যি বিশ্বাস কৰিলা,”তাৰ দ্বাৰাহে পালা, “বিধানৰ কৰ্ম্মৰ দ্বাৰাই নহয়৷”
তোমালোক ইমানেই মূৰ্খনে
এই উত্তৰ আশা নকৰা প্ৰশ্নটোৱে হৈছে, “তোমালোক (বহুবচন) বৰ মূৰ্খ!(UDB)এইটোৱে, এইটোত প্ৰদৰ্শণ কৰিছে যে পৌল বৰ আচৰিত হৈছে আৰু আনকি খঙো কৰিছে, এইভাৱি যে গালাতীয়া লোক সকলক ইমান মূৰ্খ হল!”
মাংসত
“তোমালোকৰ নিজৰ কৰ্ম্মৰ দ্বাৰা”
Galatians 3:4-5
তোমালোকে ক্লেশ ভোগ কৰিলানে..অৰ্থহীন ভাৱে?
পৌলে উত্তৰ আশা নকৰা এটা প্ৰশ্ন কৰিছে ইয়াৰ দ্বাৰা তেওঁ, তেওঁলোকক তেওঁলোকে ভোগ কৰা কষ্টৰ কথা মনত পেলাই দিছে(চাওঁক উত্তৰ আশা নকৰা প্ৰশ্ন)
ইমান দুখভোগ কৰিলা
এইটো এনেদৰে অনুবাদ কৰিব পাৰি ১. ইমান বিলাক ভাল আৰু বেয়া কথাৰ অভিজ্ঞতা পালা(চাওঁকUDB)বা ২. “ইমান কষ্ট ভুগিছা” তাড়না তেওঁলোকে প্ৰথমে খ্ৰীষ্টলৈ কৰা অঙ্গীকাৰৰ নিমিত্তে বা ৩. “ইমান পৰিশ্ৰম কৰিলা”
বিধান পালনৰ বাবে৷
যদি প্ৰকৃততে সিবিলাকে কোনো কামৰ নাছিল
এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ১. সেইবিলাক কোনো কামৰ নহলহেতেন যদিহে তোমালোকে তেওঁত ভাৰষা নকৰিলাহেতেন(চাওঁকUDB)বা ২. ধৰিলোৱাহওঁক গালাতীয়া লোকবিলাকে বিধান পালন কৰিবলৈ পৰিশ্ৰম কৰিছিল, “যদিহে তোমালোকে কৰা কামটো কোনো কামৰ নাছিল,” অৰ্থাৎ তেওঁলোকে কৰ্মৰ ওপৰত নিৰ্ভৰশীল আছিল, খ্ৰীষ্টৰ ওপৰত নহয়, ঈশ্বৰে তেওঁলোকক বিশ্বাসীৰূপে গণ্য নকৰিলেহেতেন৷
তেওঁ ইয়াক বিধানৰ কৰ্ম্মৰ দ্বাৰা কৰেণে বা বিশ্বাসেৰে শুনাৰ দ্বাৰাই কৰে?
পৌলে গালাতীয়া লোকবিলাকক মনত পেলাই দিবলৈ অন্য এটা উত্তৰ আশানকৰা প্ৰশ্ন সুধিছে যে লোকবিলাকে কি দৰে আত্মা পালে৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ “তেওঁ ইয়াক বিধানত কৰ্ম্মৰ দ্বাৰাই নকৰি, তেওঁ ইয়াক বিশ্বাসেৰে শুনাৰ দ্বাৰাইহে কৰে৷”
বিধানৰ কৰ্ম্মৰ দ্বাৰা
“বিধানে যি কৰিবলৈ কয় তাকে সিদ্ধ কৰা”
বিশ্বাসেৰে শুনাব দ্বাৰাই
“আমি যেতিয়া বাৰ্ত্তাটো শুনো আৰু যীচুত ভাৰষা ৰাখো”
Galatians 3:6-9
এইটো তেওঁৰ বাবে ধাৰ্ম্মিকতা বুলি গণ্যকৰা হল
ঈশ্বৰে তেওঁৰ ৰখা আব্ৰাহামৰ বিশ্বাসটো দেখিলে৷
যি সকলো বিশ্বাস কৰে
“যিলোক বিলাকে বিশ্বাস কৰে৷”
আব্ৰাহামৰ সন্তানবিলাক
“আব্ৰাহামৰ বংশধৰ,” তেওঁৰ শাৰীৰিক সম্বন্ধ থকা বংশধৰ সকল নহয়, কিন্তু আব্ৰাহামে যিদৰে ধাৰ্ম্মিকতা লাভ কৰিছিল, সেইদৰে ধাৰ্ম্মিক হোৱা সকলেহে৷(চাওঁকঃউপমা)
আগতে জানিছিল
“ভৱিষ্যতবাণী কৰিছিল” বা “ঘটনাটো ঘটাৰ আগতেই জানিছিল৷” কিয়নো ঈশ্বৰে অব্ৰাহামলৈ প্ৰতিজ্ঞা কৰিলে আৰু সিহঁতে খ্ৰীষ্টৰ জড়িয়তে প্ৰতিজ্ঞাটো সিদ্ধ হোৱাৰ আগতেই, ইয়াক লিখি ৰাখিলে৷ শাস্ত্ৰখন কোনো এজন ব্যক্তিৰ দৰে যি ঘটনাটো ঘটাৰ আগতেই, ভবিষ্যতটো জানে৷
তোমাতে
“তুমি যি কৰিলা”(চাওঁকঃUDB)বা “কিয়নো মই তোমাক আৰ্শীবাদ কৰিলো”
সকলো জাতি
“পৃথিবীৰ সকলো জনগোষ্ঠী” (UDB)৷ ঈশ্বৰে স্পষ্টকৈ কৈছে যে তেওঁ কেৱল তেওঁৰ মনোনীত বংশ বিহুদী লোক সকলকেই অনুগ্ৰহ কৰা নাছিল৷ তেওঁর পৰিকল্পনাৰ আচঁনি খন যিহুদী আৰু অযিহুদী দুটোলৈকে৷
বিশ্বাস ৰাখা
ঈশ্বৰত বিশ্বাস কৰা
Galatians 3:10-12
যিবিলাকে নিৰ্ভৰ কৰে
বিধানl তেওঁলোক শাপগ্ৰস্ত
“ঈশ্বৰে চিৰকালৰ নিমিত্তে দণ্ড দিব যিবিলাকে বিধানত নিৰ্ভৰ কৰে৷”
এতিয়া এইটো স্পষ্ট যে ঈশ্বৰে ন্যায়্য বুলি প্ৰমান কৰে
“ঈশ্বৰে স্পষ্ট ভাৱে কৈছে যে তেওঁ ন্যায্য বুলি বিচাৰ কৰে”
সৌবিলাক
“লোকবিলাক” বা “জাতিবিলাক”
বিধানৰ কৰ্ম্ম
“ঈশ্বৰৰ বিধান পালন কৰা”
লাগি থকা
“অনুসাৰে জীৱন নিবাস কৰা” বা “বিশ্বাসীহৈ থাকা” বা “আজ্ঞা পালন কৰা” বা “মানি চলা”
এই সকলো কৰিবলৈ – “বিধানৰ সকলো বিলাক পালন কৰিবলৈ”
ধাৰ্মিক জন
“যি লোকক ঈশ্বৰে ধাৰ্মিক বুলি গণ্য কৰে” বা “ধাৰ্মিক লোক”
বিধানৰ কথাবিলাক
“বিধানত লিখা কথাবিলাক”
বিধানৰ দ্বাৰাই জীৱ
ইয়াৰ অৰ্থ হব পাৰে,১. সেই সকলো বিলাক নিশ্চয়কৈ মানিব লাগিব(UDB)বা ২.“তেওঁ জীৱ কিয়নো বিধানে যিহকে কৈছে তেওঁ তাকেই কৰে”
Galatians 3:13-14
তেওঁ আমাৰ কাৰণে শাপগ্ৰস্ত হল
“ঈশ্বৰে আমাৰ দণ্ডনিদি তেওঁকেই দণ্ড দিলে”
গছত ওলোমাই থলে
এইটোৱে ইতিমধ্যে মৃত এজন ব্যক্তিক এজোপা প্ৰতিনিধিত্বমূলক গছত ওলোমাই থোৱা প্ৰথাটোৰ কথা বুজাইছে৷ পৌলে আশাকৰিছিল যে তেওঁৰ শ্ৰুোতা দৰ্শক সকলে বুজি পাব যে তেওঁ যীচুৱে ক্ৰুচত ওলমি থকা কথাটো বুজাইছে৷
সম্ভৱ
“হবই”
আমি
অন্তভুক্ত৷ পৌলে অনাযিহুদী সকলৰ লগত নিজকে অন্তভুক্ত কৰিছিল৷
Galatians 3:15-16
মানুহৰ ভাষাৰে
“মানুহৰ নিচিনকৈ” বা “এজন ব্যক্তিৰ নিচিনাকে” বা “মানুহৰ নিচিনাকৈ”
অনেকক বুজাইছে
“অনেক বংশধৰ বিলাকক বুজাইছে”
এতিয়া
পৌলে এটা সাধাৰণ সুত্ৰ বৰ্ণনা কৰিছে আৰু এটা ঘটনা আৰম্ভ কৰিছে৷
Galatians 3:17-18
পূৰ্বে ঈশ্বৰৰ দ্বাৰা প্ৰতিষ্ঠিত “চুক্তি নামাত” ৪৩০ বছৰৰ পিছত অহা বিধানৰ দ্বাৰা ইয়াৰ প্ৰতিজ্ঞা বিফল কৰা নহয়
“ঈশ্বৰে ‘চুক্তিনামা’ খন প্ৰতিস্থা কৰাৰ ৪৩০ বছৰৰ পাছত যি বিধান দিলে সেই বিধানে এই চুক্তিনামা খন বিপুপ্ত নকৰে আৰু সেই বাবে প্ৰতিজ্ঞাটোত ৰদ নহয়৷”
দ্বাৰা
“উপায়ে” বা “জড়িয়তে”
Galatians 3:19-20
তেন্তে বিধান কিয় আছিল?
“তেন্তে কিয় বিধান দিয়া হল?” বা “ঈশ্বৰে কিয় বিধান দিলে?”
এইটো যোগদিয়া হল
“ঈশ্বৰে এইটো যোগদিলে” বা “ঈশ্বৰে বিধান খন যোগ দিলে”
সেইবোৰ
(মানুহবোৰ)লোকসমূহ
বিধানখন স্বৰ্গদূতৰ জডিয়তে এজন মধ্যস্থাকাৰীৰ দ্বাৰা বলবত কৰা হল
“স্বৰ্গদূত বিলাকে বিধন বিতৰণ কৰিলে আৰু এজন মধ্যস্থতাকাৰীয়ে বলবৎ কৰিলে”
কাৰ্য্যকাৰী কৰিলে
প্ৰৱৰ্তন কৰা পথ বিকাশ কৰিলে
মধস্থতাকাৰী – মোচি
মধ্যস্থতাকাৰী বুলি কলে
এজনতকৈ অধিক ব্যক্তিক বুজায়
“মধ্যস্থতাকাৰীৰ উপস্থিতিয়ে বুজায় যে এজনতকৈ অধিক ব্যক্তিয়ে কাৰ্য কৰি আছে”
Galatians 3:21-22
বিৰুদ্ধে
বা “বিৰোধিতা কৰা” বা “সংঘাত হোৱা”
জীৱন দিব পৰা বিধান যদি দিয়া হৈছিল, তেন্তে ধাৰ্মিকতা সেই বিধানৰ দ্বাৰাই আহিলহেতেন
এইটোৱে বুজায় “যদি ঈশ্বৰে বিধান দিলে যি বিধানে মানিচনা সকলক জীৱন দিব পাৰে,তেন্তে আমি বিধান পালনৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত হলোহেতেন৷”
শাস্ত্ৰই সকলো বিষয়কে পাপৰ অধীনে বন্দী কৰিলে৷ সেই কাৰণে খ্ৰীষ্ট যীচুত বিশ্বাসৰ দ্বাৰাই আমাক ৰক্ষা কৰিবলৈ দিয়া ঈশ্বৰৰ প্ৰতিজ্ঞা বিশ্বাসকাৰী সকলকহে দিয়া হৈছিল৷ এইটোৰ অৰথ এনেদৰেও হব পাৰেঃ“যিহেতু আমি পাপ কৰিলো, বন্দীশালত ৰখা নিচিনাকৈ ঈশ্বৰে সকলোবিষয়কে বিধানৰ নিয়ন্ত্ৰণথ ৰাখিলে৷ যাতে তেওঁ যি অংগিকাৰ কৰিলে, খ্ৰীষ্ট যীচুত বিশ্বাস ৰখা সকলৰ বাবে, তেওঁ বিশ্বাসকাৰী সকলকহে দিব বিচাৰে বা যিহেতু আমি পাপ কৰো, বন্দীশালত থোৱা নিচিনাকৈ ঈশ্বৰে সকলোকে বিধানৰ অধীনে ৰাখিলে৷ তেওঁ এইটো কৰিলে কাৰণ খ্ৰীষ্ট যীচুত বিশ্বাসী সকলক দিবলৈ যি অংগীকাৰ কৰিলে তাক যেন তেওঁ বিশ্বাসকাৰী সকলক দিব পাৰে৷”
শাস্ত্ৰ
“ঈশ্বৰ,” শাস্ত্ৰৰ গ্ৰন্থকাৰ৷(চাওঁকঃPersonification)
Galatians 3:23-26
বিধানৰ দ্বাৰা আমাক বন্দীকৰা হৈছিল আৰু আমি আৱদ্ধ হৈ আছিলো
“বিধানে আমাক, বন্দীশালৰ ৰখীয়াই ৰখা দৰে, নিয়ন্ত্ৰণ কৰিছিল৷”
বিশ্বাস প্ৰকাশ নোহোৱালৈকে
“যি বিলাকে খ্ৰীষ্টত ভাৰসা ৰাখে, তেওঁলোকক ঈশ্বৰে দোষমুক্ত কৰে, এই কথা ঈশ্বৰে প্ৰকাশ নকৰালৈকে” বা “যিবিলাকৰ খ্ৰীষ্টত বিশ্বাস আছে, তেওঁ তেওঁলোকক দোষমুক্ত কৰে
এইকথা ঈশ্বৰে প্ৰকাশ নকৰালৈকে৷”
খ্ৰীষ্টৰ সময়লৈ আমাক আনিবলৈ
“খ্ৰীষ্ট নাহিল মানে”
যে আমাক দোষমুক্ত কৰিব পাৰে
“যে আমাক ধাৰ্ম্মিক বুলি ঘোষণা কৰা হব”“খ্ৰীষ্টৰ সময়ৰ” পূৰ্ব্বেই ঈশ্বৰে আমাক দোষমুক্ত কৰিবলৈ পৰিকল্পনা কৰিছিল৷ যেতিয়া সেই সম উপস্থিত হল, তেওঁ আমাক দোষমুক্ত কৰিবলৈ, তেওঁৰ পৰিকল্পনা সম্পন্ন কৰিলে৷
ৰখীয়া
শিক্ষক
এইটো কেতিয়াবা “শিক্ষক” বুলি অনুবাদ কৰা হয়৷ কিন্তু ইয়াৰ অৰ্থ ‘শিক্ষক’ত কৈ অধিক বুজায়৷ ৰখীয়া শিক্ষক জন সাধাৰণতে এজন দাস আছিল, যি জনে উত্তৰাধিকাৰী জনক কেনেকৈ সৎভাৱে আৰু ফলপ্ৰসু জীৱনধাৰণ কৰিব লাগে,তাক প্ৰশিক্ষণ দিছিল৷
Galatians 3:27-29
এই বাক্যাংশত‘তুমি’ শব্দটো বহুবচন ব্যৱহাৰ কৰা হৈছে
তোমালোকে…খ্ৰীষ্টক পিন্ধা
এইটোৱে বুজাব পাৰেঃ ১. তোমালোকেও..খ্ৰীষ্টৰ দৰেই একেধৰণৰ ব্যক্তি হলা (UDB)বা ২. তোমালোকৰো ঈশ্বৰৰ লগত খ্ৰীষ্টৰ দৰেই সম্বন্ধ আছে৷
কোনোটো নহয়
“দুটাৰ মাজত প্ৰাৰ্থক্য নাই” বা “দুটাৰ মাজত ঈশ্বৰে কোনো প্ৰভেদ দেখা নাই”
যদি তোমালোক খ্ৰীষ্টৰ তেন্তে তোমালোকো
“যদি তোমালোক খ্ৰীষ্টৰ, তেন্তে তোমালোক হয়”
Galatians 4
Galatians 4:3-5
আমি
সকলো খ্ৰীষ্টীয়নাৰ বুজাইছে
পৌলৰ পত্ৰ পঢোতা সকল(চাওঁকঃInclusive)
বিশ্বব্ৰক্ষাণ্ডৰ প্ৰাথমিক শক্তিসমূহৰ বিধিবোৰ
এইটোৱে সূৰ্য্য,চন্দ্ৰ আৰু তাৰকামণ্ডলীকো বুজাব পাৰে, যেনেকৈ কিছুমান মানুহে ভাৱে যে পৃথিবীত ঘটা ঘটনাবিলাক এইবিলাকেই নিয়ন্ত্ৰণ কৰে, বা ই অনুভুতি বৰ্জিত বিষয় যেনে বিধান বা নৈতিকতা সম্বন্ধীয় বিধিসমূহকো বুজাব পাৰে৷
সম্ভৱপৰ – বা ‘হবই’
আগলৈ পঠিয়ালে
বা “পঠিয়ালে” বা “বিদায় সম্ভাষন”
নতুন কামৰ আৰম্ভন
Galatians 4:6-7
পিতৃ
পৌলৰ ঘৰুৱা ভাষাত এনেদৰে কময়সীয়া সন্তান বিলাকে নিজৰ পিতৃক সম্বোধন কৰিছিল, কিন্তু গালাতীয়া মণ্ডলীৰ পঢুৱৈ সকলৰ ভাষাত নহয়৷ এটা বিদেশী ভাষাৰ অৰ্থটো ৰাখিবৰ বাবে, এনেদৰে অনুবাদ কৰক, যিটো শুনাত ‘আব্ব
পিতৃ’নিচিনা হব
আপোনাৰ ভাষাই যিটো অনুমতি দিয়ে৷
আমাৰ হৃদয়লৈ তেওঁৰ পুত্ৰৰ আত্মা পঠিয়াই দিলে
তেওঁৰ পুত্ৰৰ আত্মা পঠিয়ালে যাতে আমি কেনেকৈ চিন্তা কৰিব লাগে আৰু কি দৰে কাৰ্য্য কৰিব লাগে, তাক প্ৰদৰ্শন কৰিবলৈ৷
যিজনে আমাক মাতিলে
আত্মাইহে আমাক মাতিলে
সন্তানবিলাক,…সন্তান…সন্তান
পৌলে ইয়াত বুজাবলৈ ব্যৱহাৰ কৰিছে যিহেতু বিষয়টো উত্তৰাধিকাৰী সম্বন্ধে৷ পুৰুষ
সন্তানক তেওঁৰ সংস্কৃতিত আৰু তেওঁৰ পঢুৱৈ সকলৰ সংস্কৃতিত, উত্তৰাধিকাৰ সাধাৰণতে, কিন্তু সদায় নহয়, পুৰষ সন্তান বিলাকলৈ হস্তান্তৰ কৰা হৈছিল৷ তেওঁ ইয়াত মহিলা সন্তানক বিশেষভাৱে উল্লেখ কৰা নাই নাইবা বাদ দিয়াও নাই৷
Galatians 4:8-9
‘তুমি’ উদাহৰণ বিলাক ইয়াত বহুবচন হিচাবে ব্যৱহ্যত হৈছে৷
উল্লেখ কৰাবিলাক
সেই বিষয়বোৰ বা সেই আত্মাবোৰ
তোমালোক ঈশ্বৰৰ দ্বাৰা পৰিচিত
“ঈশ্বৰে তোমালোকক জানে”(চাওঁকঃপ্ৰত্যক্ষ্য বা পৰোক্ষ)
তোমালোক আকৌ ঘুৰি গৈছা কিয়…?
উত্তৰ আশা নকৰা প্ৰশ্ন দুটাৰ ভিতৰত এইটোৱেই প্ৰথম৷ ইয়াক এনেদৰে অনুবাদ কৰিব পাৰি
“তোমালোকে আকৌ ঘুৰিযোৱা উচিত নহয়”(চাওঁকঃউত্তৰ আশা নকৰা প্ৰশ্ন)
প্ৰাথমিক শক্তি সমূহৰ বিধিবোৰ
৪:৩ পদত অনুবাদ কৰা দৰে এই বাক্যটোও অনুবাদ কৰক৷
তোমালোকে দাস হব বিচাৰিছানে…?
এই দ্বিতীয় উত্তৰ আশা নকৰা প্ৰশ্নটো এনেদৰে অনুবাদ কৰিব পাৰি“তোমালোকে দাস হবলৈ বিচৰাতো উচিত নহয়” বা “এইটো এনেবোধ হয় যেন তোমালোকে দাস হবলৈ বিচৰা নাই…”
Galatians 4:10-11
যত্নেৰে পালন কৰা
“ৰাখা” বা “উৎসৱ পালন কৰা” পৌলে উৎসৱ পালন আৰু উপবাসৰ বিষয়ে কৈছে৷
তোমালোকৰ কাৰণে পৰিশ্ৰম কৰিলো
‘‘তোমালোকক যীচুৰ বিষয়ে শিকাবলৈ কঠোৰ পৰিশ্ৰম কৰিলো” এই শব্দটো সন্তান জন্মৰ ক্ষেত্ৰত কেতিয়াও নতুন নিয়মত ব্যৱহাৰ কৰা নাই৷
মিছাতে
“ফলহীন” বা “উদ্দেশ্যহীন”
তোমালোক
বহুবচন
Galatians 4:12-14
মিনতি কৰা
অনুৰোধ কৰা বা প্ৰৱল ইচ্ছা থকা(চাওঁক UDB)এইটো টকা বা আহাৰ বা প্ৰাৰ্থিব বস্তু বিচৰা শব্দ নহয়৷
তোমালোকে মো কোনো হানি কৰা নাছিলা
এইটো এনেদৰেও অনুবাদ কৰিব পাৰিঃ“তোমালোকে মোলৈ বৰ ভাল ব্যৱহাৰ দিছিলা” বা “তোমালকে মোক যি দৰে আচৰঁ কৰিব লাগিছিল ঠিক সেইদৰেই কৰিলা৷”(চাওঁকঃLitotes)
মোৰ মাংসত তোমালোকৰ যি পৰীক্ষা হৈছিল
এইটো এনেদৰেও অনুবাদ কৰিব পাৰি
“মোৰ মাংসত তোমালোকৰ বাবে চাবলৈ যি কষ্ট হৈছিল”
তোমালোক – বহুবচন
ঘৃণা কৰা
“বহুত ঘিণ কৰা”
Galatians 4:15-16
তোমালোকৰ সেই সুখ এতিয়া কত?...মই তোমালোকৰ শত্ৰু হলোনে? এই উত্তৰ আশা নকৰা প্ৰশ্ন সমূহ এইদৰে অনুবাদ কৰিব পাৰিঃ কিন্তু এতিয়া তোমালোক আৰু সুখী নহয়!...তোমালোকে ভৱা যেন লাগে যে ময়েই তোমালোকৰ শত্ৰু হলো(চাওঁক UDB)(চাওঁকঃ উত্তৰ আশা নকৰা প্ৰশ্ন)
Galatians 4:17-18
অতি আগ্ৰহেৰে তোমালোকক বিচাৰো …অনুসৰণ কৰো…সৎ উদ্দেশ্যৰ অনুগামী হম
এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ“তোমালোকৰ পাছে পাছে যাম…তেওঁলোকৰ পাছে পাছে যাম…সৎ কৰ্মৰ অনুগামী হম৷
পৃথক কৰা
বিশ্বস্ততাত, শাৰীৰিক দূৰত্বত নহয়
তেওঁলোকক অনুকৰণ কৰা
“তেওঁলোকে যি কয় তাকে কৰা”
বিচৰাতো ভাল
“এইটো ভাল কথা যে তেওঁলোকে বিচাৰিছে”
Galatians 4:19-20
খ্ৰীষ্টৰ আকাৰ তোমালোকত উৎপন্ন নোহোৱালৈকে মই তোমালোকৰ কাৰণে প্ৰসৱ বেদনা ভোগ কৰি আছো
ঠিক যেনেকৈ গৰ্ভাৱতী মহিলাই সন্তান জন্মৰ সময়ত বেদনা ভোগ কৰে, পৌলে গালাতীয়া খ্ৰীষ্টীয়ান সকলৰ কাৰণে, তেওঁলোক খ্ৰীষ্টৰ নিচিনা নোহোৱালৈকে চিন্তা কৰি থাকিব৷(চাওঁকঃউপমা)
Galatians 4:21-23
মোক কোৱা
“মই এটা প্ৰশ্ন সুধিব বিচাৰো৷” যিটো প্ৰশ্ন তেওঁ সুধিব, সেইটোৰ উত্তৰ আশানকৰা প্ৰশ্ন৷ আপুনি যদি এই প্ৰশ্নটো এটা বিবৃতি ৰূপে অনুবাদ কৰিব বিচাৰে তেন্তে এইদৰে অনুবাদ কৰিবঃ“মই তোমাক কিবা এটা কব বিচাৰো”(চাওঁকঃ উত্তৰ আশা নকৰা প্ৰশ্ন)
বিধানে কি কৈছে তাক তোমালোকে নুশুনানে নে?
“তোমালোকে শুনা নাইনে বিধানে কি কৈছে” বা “বিধানে প্ৰকৃততে কি কৈছে, তোমালোকে তাক জনাৰ প্ৰয়োজন” বা “বিধানে কি কৈছে, মোক কবলৈ দিয়া” ২২
২৩ পদত যি কব পৌলে ইয়াত পাতনি মেলিছে৷
Galatians 4:24-25
এই কথাবিলাক ৰূপক হিচাবে ব্যাখ্যা কৰিব পাৰি
“এই দুই পুত্ৰৰ কাহিনীটো, মই তোমালোকক এতিয়া যি কবলৈ গৈছো, সেয়া এখন ছবিৰ দৰে”
চীনয় পৰ্ব্বত
“চীনয় পৰ্ব্বত, যত মোচিয়ে ইস্ৰায়েলক বিধান দিছিল”(চাওঁকঃ Synecdoche)
যি বন্দীত্বলৈ জন্ম দিলে
“এই নিয়মৰ লোকবিলাক দাসৰ দৰে যিবিলাকে বিধান মানিবলৈ বাধ্য হৈছিল”(চাওকঃ Metaphor, Personification)
প্ৰতীক স্বৰূপ হোৱা – “এখন ছবি”
তেওঁ তেওঁৰ সন্তানবিলাকৰ সৈতে দাসত্বত আছে
হাগাৰ এগৰাকী দাসী আৰু তেওঁৰ সন্তান বিলাকো তেওঁৰে সৈতে দাসত্বত আছে৷ এই বাক্যষাৰ এনেদৰেও অনুবাদ কৰিব“যিৰূচালেম, হাগাৰৰ দৰে, বন্দীত্ব আছে, আৰু তাইৰ সন্তানবিলাকো তাইৰ সতে বন্দীত্ব আছে”(চাওঁক UDB)
Galatians 4:26-27
মুক্ত
বান্ধোনত নাই, দাস নহয়
আনন্দ কৰা
সুখী হোৱা
হঠাত ওলাই আহা আৰু চিঞৰা
নীৰৱে থকাৰ পাছত হঠাত চিঞৰা
Galatians 4:28-31
মাংস অনুসাৰে
“মানুহৰ কৰ্ম্মেৰে” বা “মানুহে যি কৰিলে তাৰ বাবে” এই কথাটোৱে অব্ৰাহামক বুজাইছে তেওঁ হাগাৰক পত্নী হিচাবে গ্ৰহণ কৰি ইচমাইলৰ পিতৃহোৱা বিষয়টো৷
আত্মাৰ অনুসৰে
“আত্মাই যি কৰিলে তাৰ বাবে”
Galatians 5
Galatians 5:1-2
এইটো মুক্তিৰ বাবে
এই অনুবাদত “মুক্তি” শব্দটোত গুৰুত্ব দিবৰ প্ৰয়োজন
ইয়াৰ বিপৰীতে আগৰ পদবিলাকত “দাসত্বৰ বিষয়ে কোৱা হৈছিল”
কাৰণ
“আমাক যোগান দিবৰ বাবে…”
অলৰহৈ থিৰে থাকা
“তোমালোক যত আছা তাতেই থাকা,” যদিও মানুহ বিলাক তোমালোকক আঁতৰাই পঠাবলৈ চেষ্টা কৰিছে৷
তোমালোক যদি চুন্নত হোৱা
“যদি তোমালোকে যিহুদী ধৰ্ম্মলৈ ঘুৰিযোৱা৷” পৌলে চুন্নত হোৱাটোক যিহুদী ধৰ্ম্মৰ প্ৰতীক হিচাবে ব্যৱহাৰ কৰিছে৷(চাওঁকঃMetonymy)
Galatians 5:3-4
সাক্ষ্যদিয়া
“ঘোষণা কৰা” বা “শপত লৈ কোৱা”
চুন্নতহোৱা প্ৰতিজন মানুহলৈ
“যিহুদীহোৱা প্ৰতিজন মানুহলৈ৷” পৌলে চুন্নত হোৱাটোক যিহুদী হোৱাৰ প্ৰতীক হিচাবে ব্যৱহাৰ কৰিছে৷(চাওঁকঃ Metonymy)
বাধ্যহোৱা
“বান্ধোনত থকা” বা “বাধ্যবাধকতাত থকা”
কৰিবলৈ
“পালন কৰিবলৈ”
তোমালোক খ্ৰীষ্টৰ পৰা বিছিন্নহৈ গলা
“তোমালোকে খ্ৰীষ্টৰ সৈতে সম্বন্ধ ছেদ কৰিলা”
বিধানৰ দ্বাৰা দায়মুক্ত হবলৈ বিচাৰিছা
“বিধান পালন কৰি ঈশ্বৰে তোমালোকক ধাৰ্মিক বুলি ঘোষণা কৰাৰ উপায় বিচাৰিছে৷” বিধানে যিহুদী ধৰ্ম্মক প্ৰতিনিধত্ব কৰিছে৷
তোমালোক অনুগ্ৰহৰ পৰা খঁহি পৰিলা
পৌলে এনে এজন মানুহক তুলনা কৰিছে যি জনে ঈশ্বৰৰ অনুগ্ৰহ নেলাগে বুলি সিদ্ধান্ত কৰিলে, তেওঁক এক সুন্দৰ উচ্চ স্থানৰ পৰা, তলত থকা কুৎছিত ঠাইত পৰিযোৱা মানুহজনৰ লগত তুলনা কৰিছে৷ (চাওঁকঃ উপমা)
Galatians 5:5-8
কাৰণে
“এইটো কাৰণ”এই পদোৱে যুক্তি দিছে যে “তোমালোক খ্ৰীষ্টৰ পৰা বিছিন্ন হলা… তোমালোক অনুগ্ৰহৰ পৰা খহি পৰিলা” ৪পদত
বিশ্বাসৰ দ্বাৰাই আমি ধৰ্ম্মিকতালৈ দৃঢ বিশ্বাসেৰে বাট চাই আছো
এইটোৰ অৰ্থ হব পাৰে ১. “আমি বিশ্বাসৰ দ্বাৰাই দৃঢ বিশ্বাসেৰে ধাৰ্ম্মিকতালৈ বাট চাই আছো” ২. “আমি দৃঢ বিশ্বাসেৰে ধাৰ্ম্মিকতালৈ বাট চাই আছো যিটো বিশ্বাসৰ দ্বাৰাহে পোৱা যায়”
আমি
এইটোৱে পৌলে আৰু যিবিলাকে খ্ৰীষ্টীয়ানে চুন্নত হোৱাটোক বিৰোধ কৰে সেইবিলাকক বুজাইছে৷ তেওঁ খুউব সম্ভব গালাতীয়া মানুহিলাককো অৰ্ন্তভুক্ত কৰিছে৷(চাওঁকঃঅৰ্ন্তভুক্তি)
বাট চাইছো
আশাৰে, উদিগ্নহৈ, ধৈৰ্য্যৰে
ধাৰ্মিকতাত বিশ্বাস
“আমাৰ দৃঢ বিশ্বাস যে ঈশ্বৰে আমাক ধাৰ্ম্মিক বুলি ঘোষণা কৰিব”
চুন্নত নহয় অচুন্নতো নহয়
যিহুদী বা অযিহুদীৰ বাবে সলনি শব্দ (চাওঁকঃ Metonymy)
কিন্তু তাৰ পৰিবৰ্তে কেৱল বিশ্বাসেহে প্ৰেমৰ জড়িয়তে কাৰ্য্য কৰি আছে৷
“কিন্তু সেইটোৰ পৰিবৰ্তে, ঈশ্বৰে আমাৰ বিশ্বাস তেওঁত আছেনে নাই সেইলৈহে চিন্তিত৷ আৰু এই বিশ্বাস আনলোকক প্ৰেম কৰা দ্বাৰাই প্ৰদৰ্শিত হয়৷”
তোমালোকে দৌৰিছিলা
তোমালোকে যীচুৱে যি শিকাইছিল তাক অনুশীলন কৰিছিলা৷
সেইটো কৰিবলৈ প্ৰৰোচিত হোৱাতো, তোমালোকক আমন্ত্ৰন কৰোতা জনাৰ পৰা নহয়
“যি জনাই সেইটো কৰিবলৈ পতিয়ন নিয়ালে, তেওঁ ঈশ্বৰ নহয়, যি জন ঈশ্বৰে তেওঁৰ লোক হবলৈ তোমালোকক আমন্ত্ৰণ কৰিলে, সেইজন ঈশ্বৰৰ পৰা নহয়
পতিয়ন নিওৱা
কাৰোবাক পতিয়ন নিওৱা মানে সেই ব্যক্তিজনে যি সত্যবুলি বিশ্বাস কৰে তাক পৰিবৰ্তন কৰোৱা আৰু ভিন্ন প্ৰকাৰে কৰ্ম্ম কৰা বুজায়৷
Galatians 5:9-10
প্ৰভুত তোমালোকত মো বিশ্বাস আছে
“মোৰ তোমালোকত বিশ্বাস আছে কিয়নো প্ৰভুৱে তোমালোকক সহায় কৰিব”
তোমালেক আন কোনো প্ৰকাৰে নাভাবিবা
“অন্যে এইদৰে অনুবাদ কৰিছে “তোমালোকে মই যি কৈছো তাতকৈ অন্য একো নাভাবিবা”
চিন্তা কৰা
বিশ্বাস কৰা
যিজন্ তোমালোকক বিভ্ৰান্ত কৰিছে তেওঁ নিজৰ দণ্ড ভোগ কৰিব, তেওঁ যিয়েই নহওক
“মই নাজানো কোনে তোমালোকক বিভ্ৰান্তিত পেলাইছে, কিন্তু ঈশ্বৰে সেই ব্যক্তি জনক দণ্ড দিব৷”
তোমালোকক বিভ্ৰান্তিত পেলাইছে
“যি সত্য সেই বিষয়ে অনিশ্চিয়তাত পেলাইছে”(চাওঁক UDB)বা তোমালোকৰ মাজত অশান্তি জগাই তুলিছে৷
তেওঁ নিজৰ দণ্ড ভুগিব
“ঈশ্বৰৰ দ্বাৰা শাস্তি দিয়া হব”
তেওঁ যিকোনো নহওক
এইটোৱে বুজাব পাৰে ১. যিবিলাক মানুহে গালাতীয়া লোক সকলক কৈছে যে তেওঁলোকে মোচিৰ বিধান মানি চলিব লাগে, পৌলে তেওঁলোকৰ নামবোৰ নাজানে ২. পৌলে গালাতীয়া লোক সকলে তেওঁলোকৰ নিমিত্তে চিন্তা কৰাতো নিবিচাৰে যি সকলে তেওঁলোকক বিভ্ৰান্ত কৰে তেওঁলোক ধনী বা দুখীয়া বা মহান বা নগণ্য বা ধাৰ্ম্মিক বা অধাৰ্ম্মিক যি কোনো হব পাৰে৷
Galatians 5:11-12
ভাইবিলাক, মই যদি এতিয়াও চুন্নতৰ কথা ঘোষণা কৰো, তেন্তে মই এতিয়া তাড়না কিয় ভোগ কৰো
“কিন্তু মোৰ কথা হলে, ভাই সকল, পৰিত্ৰাণ পাবলৈ পুৰুষ সকলে চুন্নত কৰিবই লাগিব বুলি মই যদি শিক্ষা দিওঁ, তেন্তে তেওঁলোকে মোক আৰু তাড়াণা নকৰিল হেতেন” পৌলে সজোৰে দাবী কৰিছে যে তেওঁ (মোৰ কথা হলে), আগৰ পদবিলাকত উল্লেখ কৰা দৰে, গালাতীয়া সকলক চুন্নত হবলৈ কোৱা নাই৷
ভাই বিলাক
“ভাই আৰু ভনীসকল” যদি আপোনাৰ ভাষাত এনে এটা শব্দ আছে, যিটোৱে পুৰুষ আৰু তিৰোতাক বুজায়, তেন্তে ইয়াত ব্যৱহাৰ কৰক৷
তেনেহোৱা হলে ক্ৰুচৰ উজুটি খোৱা শিলটো লুপ্ত হলহেতেন
এইটো প্ৰত্যক্ষ উত্তিত কব পাৰি, তেতিয়া চুন্নতে ক্ৰুচৰ উজুটি খোৱা শিলটো লুপ্ত কৰিলেহেতেন(চাওঁকঃপ্ৰত্যক্ষ
প্ৰৰোক্ষ)
ক্ৰুচৰ উজুটি খোৱা শিলটো
এই উপমাটোৱে বুজাব খুজিছে যে ক্ৰুচৰ বাৰ্তাটোৱে কিছুমান মানুহক বিশ্বাস কৰাত বাধা জন্মায় যিদৰে উজুটিখোৱা শিলটোৱে মানুহক ভালদৰে পথত খোজ কাঢি যোৱাত বাধা জন্মায়৷
তোমালোক
বহুবচন
সিহঁতে নিজৰ পুংশক্তিহৰণ কৰে(পুৰুষৰ)
এইটো হয়তো বুজাইছে ১. শাৰীৰিক ভাৱে পুৰুষৰ লিঙ্গ ছেদন কৰি নপুংসক হয়, বা ২. আত্মিকভাৱে ঈশ্বৰৰ লোকৰ পৰা নিজৰ সম্বন্ধ ছেদ কৰে৷
Galatians 5:13-15
কাৰণ
পৌলে তেওঁকোৱা ৫:১২ পদত, বাক্যৰ কাৰণ দিছে৷
ঈশ্বৰে তোমালোকক আমন্ত্ৰণ কৰিলে…স্বাধীনতালৈ
এইটো বুজাব পাৰেঃ ১. “ঈশ্বৰে তোমালোকক তেওঁৰ লোক হবলৈ মনোনীত কৰিলে যাতে তোমালোক স্বাধীন হব পাৰা” বা 2. ঈশ্বৰে তোমালোকক স্বাধীন হবলৈ আজ্ঞা কৰিলে৷”
ভাই
“ভাই আৰু ভনী সকলক”
কেৱল
বা “কিন্তু”৷ পৌলে কৈছে যে স্বাধীন হোৱা মানে “মাংসিক কাৰ্য্য কৰাৰ সুযোগ নুবুজায়”
মাংসৰ বাবে সুযোগ
“তোমালোকৰ পাপময় স্বাভাৱক সন্তোষ দিয়াৰ সুবিধা” বিশেষকৈ যিবিলাক বিষয়ে নিজক বা চুবুৰীয়াক হানি কৰে৷
গোটেই বিধান এটা আজ্ঞাতেই পূৰ্ণ হৈছে, এইটোত
ইয়াৰ অৰ্থ হব পাৰে্
১. “তোমালোকে গোটেই বিধান খন কেৱল এটা আজ্ঞাতেই ৰাখিব পাৰা সেয়ে এই” বা ২. “এটা আজ্ঞা পালন কৰিয়েই তোমালোকে গোটেই কেইটা আজ্ঞা পালন কৰা হয়, আৰু সেই একমাত্ৰ আজ্ঞাটো এইটো”
Galatians 5:16-18
তোমালোক
বহুবচন
আত্মাৰ দ্বাৰাই চলা
‘চলি থকা’ এটা উপমা, ই জীৱন ধাৰণ কৰা বুজায় এইটো এনেদৰে অনুবাদ কৰিব পাৰি “পবিত্ৰ আত্মাৰ শক্তিৰ দ্বাৰাই তোমালোকৰ জীৱন পৰিচালিত কৰা” বা “পবিত্ৰ আত্মাৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে জীৱন নিবাস কৰা৷”
তোমালোকে মাংসৰ অভিলাষ পূৰ নকৰিবা
“তোমালোকে পাপ কৰিবলৈ মানুহৰ ইচ্ছা পূৰ নকৰিবা”
বিধানৰ অধীন নোহোৱা
মোচিৰ বিধান মানি চলিবলৈ তোমালোক বাধ্য নহয়
Galatians 5:19-21
মাংসৰ কাৰ্য্যবিলাক
মানুহৰ কুস্বাভৱাৰ ফল বিলাক(চাওঁকঃ উপমা)
যিবিলাকে এনে কাৰ্য্যত ৰত থাকে তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব
“ঈশ্বৰে এনে কৰ্ম্ম কৰা মানুহক পুৰস্কাৰ নিদিব৷” বা “অনবৰত এনে কাৰ্য্য কৰি থকা মানুহক ঈশ্বৰে পুৰস্কাৰ নিদিব৷”
Galatians 5:22-24
আত্মাৰ ফল
“আত্মাই যি উৎপন্ন কৰে”
বিধান এনে বিষয়বোৰৰ বিৰোধী নহয়
ইয়াৰ অৰ্থ হব পাৰে ১. মোচিৰ বিধানে এনেকাৰ্য্য কৰাত বাধা নিদিয়ে”বা ২. “এনে দৰে চিন্তা কৰাত আৰু কৰ্ম্মকৰাত বাধা দিয়াৰ কোনো বিধান নাই”
মাংসক ইয়াৰ মোহ আৰু অভিলাষে সৈতে ক্ৰুচত দিলে
পাৰ্থিব স্বাভাৱক লোভ আৰু অভিলাষে সৈতে হত্যা কৰিলে যেন ক্ৰুচতহে গজাল মাৰি দিয়া হল৷
Galatians 5:25-26
আমি যদি আত্মাৰ দ্বাৰাই জীওঁ
“আমি যদি আত্মাৰ দ্বাৰাই জীৱিত” বা কিয়নো ঈশ্বৰৰ আত্মাইহে আমাক জীয়াই ৰাখিছে৷
চলা
এই শব্দটোৱে সৈন্যবাহিনীয়ে সমানে সমানে খোজমিলাই আগবঢি যোৱাটো বুজাইছে আৰু ই এটা উপমা সমাজত যীচুৱে শিকোৱা মতে সমানে সমানে খোজমিলাই চলিবলৈ অনুশীলন কৰা(চাওঁক UDB)
আহা আমি
“আমি উচিত”
Galatians 6
Galatians 6:1-2
যদি এজন মানুহে
“যদি কোনোবাই” বা “তোমালোকৰ মাজৰ কোনো এজনে”(বহুবচন)
কোনো অপৰাধত যদি ধৰা হয়
এইটো হয়তো বজাইছেঃ ১. কোনো এজনে সেই মানুহজনক কৰ্ম কৰি থাকোতে পালে, “পাপ কৰ্ম্ম কৰি থাকোতেই ধৰা পেলালে,” বা ২. সেই মানুহজনে অনিচ্ছাকৃত ভাবে কুকৰ্ম্মটো কৰিলে, “আত্মসম্পৰ্ণ কৰিলে আৰু পাপ কৰিলে”
তোমালোক যিবিলাক আত্মিক
“তোমালোকৰ (বহুবচন) মাজৰ যিবিলাক আত্মাৰ দ্বাৰাই পৰিচালিত” বা তোমালোক(বহুবচন)যিবিলাকে আত্মাৰ চালনাশক্তিৰ দ্বাৰাই জীৱন নিবাস কৰিছা৷”
সেই মানুহ জনক উদ্ধাৰ কৰা
“যি জনে পাপ কৰিলে তেওঁক শুধৰাই লোৱা” বা “যি জনে পাপ কৰিলে তেওঁক সৎপথত চলিবলৈ উদগণি দিয়া” বা “ঈশ্বৰৰ লগত মধুৰ সম্বন্ধ ৰখা
মৃদুশীল আত্মাৰে
এইটো হয়তো বুজাইছে যে যিজনে শুধৰণি কৰিব(চাওঁক UDB)তেওঁক আত্মাৰে নিদেৰ্শ দিছে বা ২. নম্ৰতাৰ দৃষ্টিভঙ্গিৰে বা মৰমেৰে৷
নিজলৈ চাবা…তুমি যেন পৰীক্ষাত নপৰা – এই শব্দবিলাকে গালাতীয়া লোক সকলক তেওঁলোক যেন এজন ব্যক্তি এনে ভাৱ প্ৰকাশ কৰিছে, ইয়াৰ দ্বাৰা তেওঁ প্ৰতিজনকেই কথাটো কোৱাত গুৰুত্ব আৰোপ কৰিছে৷ আপুনি ইয়াক এনেদৰে অনুবাদ কৰিব পাৰে
“তোমালোকে নিজে”… তোমালোক(বহুবচন)(চাওঁক UDB)বা মই তোমালোকৰ প্ৰতিজনকেই কৈছো, তোমালোকে নিজলৈ চাবা…”’
যাতে তোমালোকে পৰRক্ষিত নহবা
“ভয়ৰ কাণ যে তোমালোকেও পাপ কৰিবলৈ প্ৰলোভিত হব” বা “যাতে তোমালোলে যেন পাপ কৰিবলৈ প্ৰলোভিত নোহোৱা” ইয়াত “চয়তান” বা ভূতপ্ৰেতৰ নাম উল্লেখ নকৰাতো ভাল হব, কিয়নো সিহঁতৰ নাম এই চিঠি খনৰ কতো উল্লেখ নাই৷ এইটো এনেদৰে অনুবাদ কৰিব পাৰিঃ যাতে পৰীক্ষকে তোমালোকক যেন পৰীক্ষা নকৰে৷
Galatians 6:3-5
কাৰণে
“কিয়নো”এইটোৱে তলত দিয়া কথাবিলাকে কিয় গালাতীয়া বিলাকে ১. ইজনে সিজনৰ ভাৰবোৱা উচিত (৫:২৬) তাক কোৱা হৈছে৷
তেওঁ বিশেষ
“তেওঁ এজন উল্লেখযোগ্যব্যক্তি” বা “তেওঁ আনলোকতকৈ বেছি ভাল”
তেওঁ একোনহয়
“তেওঁ উল্লেখযোগ্য ব্যক্তি নহয়” বা “তেওঁ আনলোকতকৈ বেছি ভাল নহয়৷”
প্ৰতিজনেই উচিত
“প্ৰত্যেক ব্যক্তিয়েই নিশ্চয়কৈ”
প্ৰতিজনে নিজৰ ভাৰ নিজে বহন কৰিব
“প্ৰতিজন ব্যক্তিকেই নিজৰ কৰ্ম্ম অনুসিৰ বিচাৰ কৰা হব” বা “প্ৰতিজন ব্যক্তিয়েই নিজৰ কৰ্ম্মৰ বাবে নিজে দায়বদ্ধ হব৷”
প্ৰত্যেক ব্যক্তিয়েই – “প্ৰতিজন ব্যক্তিয়েই”
Galatians 6:6-8
সেইজন – “মানুহজন”
ৰোৱে
এই উপমাটোৱে মানুহজনে কৰা কৰ্ম্মৰ বিষয়ে বিষয়ে বুজাইছে(চাওঁকঃ উপমা)
শস্য চপোৱা
এই উপমাটোৱে কোনোজনৰ, তেওঁ কৰা কৰ্ম্মফল অনুযায়ী কি ঘটিব, তাক বুজাইছে
মানুহ…তেওঁৰ
“ব্যক্তি… সেই ব্যক্তিজন৷” পৌলে পৰুষ বুলি নিদিষ্ট কৰিদিয়া নাই৷
তেওঁৰ নিজৰ মাংসৰ উদ্দেশ্যে বয়
“তেওঁৰ পাপময় মাংসই যি কৰিলে, তাৰ দণ্ড পাব”
আত্মাৰ উদ্দেশ্যে বয়
“ঈশ্বৰৰ আত্মাই ভালপোৱা কৰ্ম্মবোৰ কৰে”
আত্মাৰ পৰা অনন্তজীৱন চপায়
“ঈশ্বৰৰ আত্মাৰ পৰা পুৰস্কাৰ হিচাবে অনন্তজীৱন পায়৷”
আমি নিৰুৎসাহ নহওঁ হক
এইটো এনেদৰে অনুবাদ কৰিব পাৰি “আমি কৰিয়েই থকা উচিত”
Galatians 6:9-10
ভাল কৰ্ম্ম কৰা
আন লোকৰ বাবে তেওঁলোকৰ মঙ্গলৰ বাবে ভাল কৰ্ম্ম কৰা
যিহেতু উচিত সময়ত
“যেতিয়া সময় হব” বা “কিয়নো ঈশ্বৰে মনোনীত কৰা সময়ত”
সেই কাৰণে
“ইয়াৰ ফলস্বৰূপে” বা “এইটোৰ নিমিত্তে”
আমাৰ সুযোগ থাকোতেই
এইটোৱে বুজাব পাৰে ১. প্ৰতিটো সময়তেই সুযোগ আছে (চাওঁক UDB)বা ২. “প্ৰতিটো সুযোগতেই”
বিশেষকৈ সেই বিলাকলৈ
“সৰ্বোপৰি সেইবিলাকলৈ” বা “বিশেষ ভাৱে সেইবিলাকলৈ”
বিশ্বাস কৰা পৰিয়ালবিলাক
“খ্ৰীষ্টত বিশ্বাস কৰাৰ জড়িয়তে ঈশ্বৰৰ পৰিয়ালৰ লোক সকল”
ডাঙৰ আখৰ
ইয়াৰ দ্বাৰা পৌলে গুৰুত্ব আৰোপ কৰিব বিচাৰিছে ১. তলত দিয়া বিবৃতিবিলাক বা ২. যে এই চিঠি খন তেওঁৰ পৰা আহিল৷
Galatians 6:11-13
মোৰ নিজৰ হাতৰ আখৰে
ইয়াৰ অৰ্থ ১. খুউব সম্ভৱ পৌলৰ এজন সহায়কাৰী আছিল যি জনে তেওঁৰ প্ৰায়ভাগ চিঠিয়েই লিখিছিল
যিবিলাক কথা পৌলে লিখিবলৈ কৈছিল
কিন্তু এই চিঠি খনৰ শেষ অংশ পৌলে নিজে লিখিছিল ২. পৌলে গোটেই চিঠিখন নিজেই লিখিছিল৷
মনত ভাল সাঁচ বহালে
“সিহঁতৰ সম্বন্ধে আনে ভালভাৱ পোষন কৰা” বা “তেওঁলোক ভাল মানুহ বুলি আনে ভাবিব”
মাংসত
“চকুৱে দেখা প্ৰমান” বা “তেওঁলোকৰ নিজৰ চেষ্টাৰে”
বাধ্যকৰোৱা
“জোৰ দিয়া” বা “শক্তিশালী ভাৱে প্ৰভাৱ পেলোৱা”
যাতে তেওঁলোক যেন খ্ৰীষ্টৰ ক্ৰুচৰ নিমিত্তে তাড়ণা নাপায়
“ ক্ৰুচতেই কেৱল পৰিত্ৰাণ আছে বুলি দাবী কৰা কাৰণে যাতে যিহুদী বিলাকে তেওঁলোকক তাড়ানা নকৰে”
ক্ৰুচ
“ক্ৰুচত যীচুৱে যি সিদ্ধ কৰিলে” বা “যীচুৰ মৃত্যু আৰু পুনৰুত্থান”
তেওঁলোকে বিচাৰে
“যিবিলাক মানুহে তোমালোকক চুন্নত হব লাগে বুলি অনুৰোধ কৰি আছে, তেওঁলোকে বিচাৰে”
যাতে তেওঁলোকে গৰ্ব্ব কৰিব পাৰে
“যাতে যিবিলাকে তোমালোকক চুন্নত হব লাগে বুলি অনুৰোধ কৰিছে, তেওঁলোকে যেন গৌৰৱ কৰিবলৈ কাৰণ পায়৷”
Galatians 6:14-18
ক্ৰুচৰ বাহিৰে আনকোনো কথাত মই গৌৰৱ নকৰো
“মই যেন কেৱল ক্ৰুচতহে গৌৰৱ কৰিম”
এইটো কেতিয়াও নহওক
“মই তেনে হোৱাতো কেতিয়াও নিবিচাৰিলো হয়!” বা “সেইটো নকৰিবলৈ ঈশ্বেৰ মোক সহায় কৰক!” এই প্ৰকাশ ভঙ্গীয়ে দেখুৱাইছে যে এনে নঘটাটো পৌলৰ একান্ত কামনা৷ আপুনিও আপোনাৰ ভাষাত একেধৰণৰ প্ৰকাশভঙ্গী থাকিলে ইয়াত ব্যৱহাৰ কৰিব পাৰিব৷
যাৰ জড়িয়তে
এইটো হয়তো বুজাইছে ১. খ্ৰীষ্ট ২. ক্ৰুচ, “যাৰ জড়িয়তে”
জগতখনেই মোলৈ ক্ৰুচবিদ্ধ হল
“জগতখন ইতিমধ্যে মৰিল বুলি মই ভাৱো” বা “মই জগতখনক এজন অপৰাধী বুলি গণ্য কৰো, যিজনক ঈশ্বৰে ক্ৰুচত বধ কৰিলে”
মই জগতখনলৈ – “জগতখনে মোক ইতিমধ্যে মৰিল বুলি ভাৱে” বা “জগতখনে মোক এজন অপৰাধী ৰূপে গণ্য কৰে যিজনক ঈশ্বৰে ক্ৰুচত বধ কৰিলে”
জগতখন
ইয়াৰ অৰ্থ হব পাৰে ১. এই পৃথিবীৰ মানুহবিলাক, যিবিলাকে ঈশ্বৰক নামানে বা ২. যি বিষয়বোৰ ঈশ্বৰে গুৰুত্বপূৰ্ণ বুলি ভাৱে, যিবিলাকে তেনে নাভাৱে৷
কোনো বিষয়ে – “গুৰুত্বপূৰ্ণ” ঈশ্বৰলৈ
নতুন সৃষ্টি
ইয়াৰ অৰ্থ হব পাৰে ১. যীচু খ্ৰীষ্টৰ নতুন বিশ্বাসী ২. বিশ্বাসী জনৰ নতুন জীৱন৷
যিমানেই – “সকলোৱেই যি বিলাকে”
তেওঁলোকৰ ওপৰত আৰু ঈশ্বৰৰ ইস্ৰায়েলৰ ওপৰতো শান্তি আৰু দয়া হওক,
ইয়াৰ অৰ্থ হব পাৰেঃ ১. সাধাৰণতে সকলো বিশ্বাসীয়েই ঈশ্বৰৰ ইস্ৰায়েল (চাওকঃUDB)বা ২. “শান্তি আৰু দয়া পৰজাতি বিশ্বাসী সকলৰ ওপৰত থাকক আৰু শান্তি আৰু দয়া ঈশ্বৰৰ ইস্ৰায়েলৰ ওপৰত থাকক” বা ৩. “শান্তি যি সকলে সূত্ৰটো মানে আৰু দয়া ঈশ্বৰৰ ইস্ৰায়েলৰ ওপৰত থাকক”