Assamese: translationQuestions

Updated ? hours ago # views See on DCS

Mark

Mark 1

Mark 1:1-3

প্ৰভু অহাৰ আগে আগে কি হ'ব বুলি যিচয়া ভাববাদীয়ে ভবিষ্যত বাণী কৰিছিল?

যিচয়াই এই ভবিষ্যতবাণী কৰিছিল যে ঈশ্বৰে প্ৰভুৰ পথ প্ৰস্তুত কৰিবলৈ, অৰণ্যত ৰিঙিওৱা এজনৰ মাত, এজন বাৰ্ত্তাবাহক পঠিয়াব (১:২-৩০

Mark 1:4-6

যোহনে কি প্ৰচাৰ কৰিবলৈ আহিছিল?

যোহনে পাপ ক্ষমাৰ বাবে মন পালটনৰ বাপ্তিস্মৰ কথা প্ৰচাৰ কৰিবলৈ আহিছিল (১:৪)।

যোহনৰ দ্বাৰা বাপ্তাইজিত হৈ মানুহবিলাকে কি কৰিছিল?

যোহনৰ দ্বাৰা বাপ্তাইজিত হৈ মানুহবিলাকে তেওঁলোকৰ পাপবোৰ স্বীকাৰ কৰিছিল (১:৫)।

যোহনে কি খাইছিল?

যোহনে কচুৱা ফৰিং আৰু হাবিৰ মৌ খাইছিল (১:৬)।

Mark 1:7-8

যোহনে কি কৈছিল তেওঁৰ পাছত অহা জনাই কিহেৰে বাপ্তাইজ কৰিব?

যোহনে কৈছিল তেওঁৰ পাছত অহা জনাই পবিত্ৰ আত্মাৰে বাপ্তাইজ কৰিব (১:৮)।

Mark 1:9-11

যোহনৰ দ্বাৰা বাপ্তাইজিত হৈপানীৰ পৰা উঠি অহাৰ পাছত যীচুৱে কি দেখিছিল?

বাপ্তাইজিত হোৱাৰ পাছত, স্বৰ্গ মুকলি হোৱা আৰু আত্মাক কপৌ ৰূপে তেওঁৰ ওপৰত নামি অহা যীচু দেখিছিল (১:১০)।

যীচুৰ বাপ্তিস্ম হোৱাৰ পাছত স্বৰ্গৰ পৰা হোৱা বাণীয়ে কি কৈছিল?

স্বৰ্গৰ পৰা হোৱা বাণীয়ে কৈছিল, " তুমি মোৰ প্ৰিয় পুত্ৰ; তোমাত মই পৰম সন্তোষ্ট" (১:১১)।

Mark 1:12-13

যীচুক অৰণ্যলৈ কোনে লৈ গৈছিল?

আত্মাই যীচুক অৰণ্যলৈ লৈ গৈছিল (১:১২)।

যীচুৱে অৰণ্যত কিমান দিন আছিল, আৰু তাত তেওঁৰ কি ঘটিছিল?

যীচুৱে অৰণ্যত চল্লিশ দিন আছিল, আৰু তাত তেওঁ চয়তানৰ দ্বাৰা পৰীক্ষিত হৈছিল (১:১৩)।

Mark 1:14-15

যীচুৱে কি বাৰ্ত্তা প্ৰচাৰ কৰিছিল?

যীচুৱে প্ৰচাৰ কৰিছিল যে স্বৰ্গৰাজ্য ওচৰ হ'ল, আৰু মানুহবিলাকে মন পালটন কৰক আৰু শুভবাৰ্ত্তাত বিশ্বাস কৰক (১:১৫)।

Mark 1:16-18

চিমোন আৰু আন্দ্ৰিয়ক যীচুৱে কি কৰিব বুলি কৈছিল?

চিমোন আৰু আন্দ্ৰিয়ক যীচুৱে মানুহ ধৰা জালোৱাই কৰিম বুলি কৈছিল (১:১৭)।

Mark 1:19-20

চিমোন, আন্দ্ৰিয়, যাকোব আৰু যোহনৰ জীৱিকা কি আছিল?

চিমোন, আন্দ্ৰিয়, যাকোব আৰু যোহন সকলোৱে মাছ ধৰা মাছুৱৈ আছিল (১:১৬, ১৯)।

Mark 1:21-22

যীচুৰ শিক্ষাই ধৰ্ম্মধামত মানুহবিলাকক কিয় আচৰিত কৰি তুলিছিল?

যীচুৰ শিক্ষাই ধৰ্ম্মধামত মানুহবিলাকক আচৰিত কৰি তুলিছিল কাৰণ তেওঁ ক্ষমতাপন্ন জনৰ দৰে শিকাইছিল (১:২২)।

Mark 1:23-26

ধৰ্ম্মধামত যীচুক অশুচি আত্মাই কি পদবী দিছিল?

ধৰ্ম্মধামত যীচুক অশুচি আত্মাই ঈশ্বৰৰ পবিত্ৰ জনা বুলি পদবী দিছিল (১:২৪)।

Mark 1:27-28

যীচুৰ বিষয়ে বাতৰিটো কি ঘটিছিল?

যীচুৰ বিষয়ে বাতৰি সকলোতে বিয়পি পৰিছিল (১:২৮)।

Mark 1:29-31

তেওঁলোকে যেতিয়া চিমোনৰ ঘৰলৈ গৈছিল, যীচুৱে কাক সুস্থ কৰিছিল?

তেওঁলোকে যেতিয়া চিমোনৰ ঘৰলৈ গৈছিল, যীচুৱে চিমোনৰ শাহুৱেকক সুস্থ কৰিছিল (১:৩০)।

Mark 1:32-34

যেতিয়া সন্ধ্যা হৈছিল তেতিয়া কি হৈছিল?

যেতিয়া সন্ধ্যা হৈছিল মানুহবিলাকে বেমাৰীবিলাকক নাইবা ভুতে ধৰাবিলাকক লৈ আনিছিল, আৰু যীচুৱে সেইবিলাকক সুস্থ কৰিছিল (১:৩২-৩৪)।

Mark 1:35-37

সুৰ্য্য উদয় হোৱাৰ আগতে যীচুৱে কি কৰিছিল?

সুৰ্য্য উদয় হোৱাৰ আগতে, যীচুৱে নিৰ্জন ঠাইলৈ ওলাই গৈছিল আৰু তাত প্ৰাৰ্থনা কৰিছিল (১:৩৫)।

Mark 1:38-39

যীচুৱে কি কৰিবলৈ আহিছে বুলি চিমোনক কৈছিল?

যীচুৱে কৈছিল যে তেওঁ ওচৰ -পাজৰৰ চহৰবিলাকতো প্ৰচাৰ কৰিবলৈ আহিছে (১:৩৮-৩৯)।

Mark 1:40-42

যি জন কুষ্ঠ ৰোগীয়া সুস্থ হ'বলৈ যীচুক মিনতি কৰিছিল তেওঁৰ প্ৰতি যীচুৰ দৃষ্টিভঙ্গী কেনে আছিল?

যীচুৰ তেওঁৰ প্ৰতি পুতৌ জন্মিছিল আৰু তেওঁক সুস্থ কৰিছিল (১:৪০-৪২)।

Mark 1:43-45

যীচুৱে কুষ্ঠ ৰোগীজনক কি কৰিবলৈ কৈছিল আৰু কিয়?

যীচুৱে কুষ্ঠ ৰোগীজনক মোচিৰ বিধানৰ মতে এক সাক্ষ্য স্বৰূপে বলিদান উচৰ্গা কৰিবলৈ কৈছিল (১:৪৪)।

Mark 2

Mark 2:5-9

যীচুৱে সেই জঠৰ ৰোগীজনক কি কৈছিল?

যীচুৱে কৈছিল, "বোপা, তোমাৰ পাপ ক্ষমা কৰা হ'ল " (২:৫)।

যীচুৱে যি কৈছিল তাক কোনো কোনো অধ্যাপকে কিয় অপত্তি কৰিছিল?

কোনো কোনো অধ্যাপকে যুক্তি দিছিল যে যীচুৱে ঈশ্বৰনিন্দা কৰিছে কাৰণ কেৱল ঈশ্বৰেহে পাপ ক্ষমা কৰিব পাৰে (২:৬-৭)।

Mark 2:10-12

যীচুৰ যে পৃথিবীত পাপ ক্ষমা কৰিবলৈ ক্ষমতা আছে তাক তেওঁ কেনেকৈ দেখুৱাইছিল?

যীচুৱে সেই জঠৰ ৰোগীজনক তেওঁৰ বিচনা তুলি লোৱা আৰু ঘৰলৈ যোৱা বুলি কৈছিল আৰু সেই মানুহজনে তাক কৰিছিল (২:৮-১২)।

Mark 2:13-14

যীচুৱে লেবীক তেওঁৰ পাছে পাছে আহাঁ বুলি কওঁতে লেবীয়ে কি কৰি আছিল?

যীচুৱে লেবীক মাতোতে তেওঁ কৰলোৱা চ'ৰাত বহি আছিল (২:১৩-১৪)।

Mark 2:15-16

লেবীৰ ঘৰত, যীচুৱে কি কৰি আছিল যে ফৰীচীবিলাকে তেওঁৰ বিৰোধ কৰিছিল?

যীচুৱে পাপী মানুহৰ লগত আৰু কৰলোৱা সকলৰ লগত ভোজন কৰি আছিল (২:১৫-১৬)।

Mark 2:17

যীচুৱে কাক নিমন্ত্ৰণ কৰিবলৈ আহিছে বুলি কৈছিল?

যীচুৱে পাপী মানুহক নিমন্ত্ৰণ কৰিবলৈ আহিছে বুলি কৈছিল (২:১৭)।

Mark 2:18-19

উপবাসৰ বিষয়ে কোনো কোনো মানুহে যীচুক কি

সুধিছিল?

তেওঁলোকে যীচুক সুধিছিল যেতিয়া যোহনৰ শিষ্য বিলাকে উপবাস কৰে আৰু ফৰীচীবিলাকৰ শিষ্যবিলাকেও উপবাস দিয়ে তোমাৰ শিষ্য বিলাকে উপবাস কিয় নাৰাখে (২:১৮)।

Mark 2:20-22

যীচুৱে উপবাসৰ বিষয়ে কেনেকৈ উত্তৰ দিছিল?

দৰা যেতিয়া সখীবিলাকৰ লগত থাকে তেওঁলোকে উপবাস দিব নোৱাৰে, কিন্তু যেতিয়া দৰা আতৰাই নিয়া হ'ব, তেওঁলোকে উপবাস দিব (২:১৯-২০)।

Mark 2:23-24

যীচুৰ শিষ্যবিলাকে কোনো কোনো শস্যক্ষেত্ৰত বিশ্ৰামবাৰে কি কৰিছিল যে ফৰীচীবিলাকে বিৰোধ কৰিছিল?

যীচুৰ শিষ্যবিলাকে বিশ্ৰামবাৰত শস্যৰ থোক চিঙি চিঙি খাইছিল (২:২৩-২৪)।

Mark 2:25-26

সাধাৰণতে তেওঁলোকলৈ নিষেধ কৰা পিঠা কাৰোবাৰ প্ৰয়োজনত লওঁতে আৰু খাওঁতে যীচুৱে কি উদাহৰণ দিছিল?

যীচুৱে দায়ুদৰ উদাহৰণ দিছিল যিজনে প্ৰয়োজনৰ সময়ত সাধাৰণতে পুৰোহিতবিলাকৰ বাবে সংৰক্ষণ কৰা পিঠা লৈছিল আৰু খাইছিল (২:২৫-২৬)।

Mark 2:27-28

বিশ্ৰামবাৰ কাৰ নিমিত্তে কৰা হ'ল বুলি যীচুৱে কৈছিল?

বিশ্ৰামবাৰ মানুহৰ নিমিত্তে কৰা হ'ল বুলি যীচুৱে কৈছিল (২:২৭)।

যীচুৱে নিজকে কি ক্ষমতাৰ অধিকাৰী বুলি তেওঁ দাবী কৰিছিল?

যীচুৱে কৈছিল যে তেওঁ বিশ্ৰামবাৰৰো প্ৰভু/অধিপতি আছিল (২:২৮)।

Mark 3

Mark 3:1-2

ধৰ্ম্মধামত বিশ্ৰামবাৰত তেওঁলোকে যীচুলৈ কিয় চাই আছিল?

যীচুৱে সেই মানুহজনক বিশ্ৰামবাৰে সুস্থ কৰে নে নকৰে তাৰ বাবে তেওঁলোকে যীচুলৈ চাই আছিল যাতে তেওঁলোকে যীচুক দোষ ধৰিব পাৰে (৩:১-২)।

Mark 3:3-4

বিশ্ৰামবাৰৰ বিষয়ে মানুহবিলাকক যীচুৱে কি সুধিছিল?

যীচুৱে মানুহবিলাকক সুধিছিল যে বিধানৰ মতে বিশ্ৰামবাৰে ভাল কৰিব পায় নে হানি কৰিব পায় (৩:৪)।

Mark 3:5-6

যীচুৰ

োৰ প্ৰত্যুত্তৰ মানুহবিলাকে কেনেকৈ দিছিল,আৰু তেওঁলোকৰ প্ৰতি যীচুৰ দৃষ্টিভঙ্গী কি আছিল?

মানুহবিলাকে নিৰৱ-নিতাল হৈ আছিল আৰু যীচুৱে তেওঁলোকলৈ খং কৰিছিল (৩:৪-৫)।

যীচুৱে যেতিয়া সেই মানুহজনক সুস্থ কৰিছিল ফৰীচীবিলাকে কি কৰিছিল?

ফৰীচীবিলাকে বাহিৰলৈ ওলাই গৈছিল আৰু যীচুক বধ কৰিবলৈ মন্ত্ৰণা কৰিছিল (৩:৬)।

Mark 3:7-10

যীচুৱে সাগৰলৈ যাওঁতে কিমান মানুহে তেওঁ পাছে পাছে গৈছিল?

এক বিশাল লোকসমুহ তেওঁ পাছে পাছে গৈছিল (৩:৭-৯)।

Mark 3:11-12

ভুত বিলাকে যীচুক দেখা পালে কি বুলি চিঞঁৰিছিল?

যীচু যে ঈশ্বৰৰ পুত্ৰ আছিল সেই বুলি ভুত বিলাকে চিঞঁৰিছিল (৩:১১)।

Mark 3:13-16

যীচুৱে পাঁচনি হিচাপে কেইজন মানুহক নিয়োগ কৰিছিল, আৰু তেওঁলোকে কি কি কৰিছিল?

যীচুৱে বাৰজন পাঁচনিক নিয়োগ কৰিছিল যিসকলে তেওঁৰ লগত থাকিব লাগিছিল, তেওঁলোকে প্ৰচাৰ কৰিছিল আৰু ভুত বাহিৰ কৰাৰ অধিকাৰ তেওঁলোকৰ আছিল (৩:১৪-১৫)।

Mark 3:17-19

কোনজন শিষ্যই যীচুক প্ৰবঞ্চনা কৰিছিল?

যিজন শিষ্যই যীচুক প্ৰবঞ্চনা কৰিছিল তেওঁ হৈছে ঈস্কৰিয়োতীয়া যিহুদা (৩:১৯)।

Mark 3:20-22

যীচুৰ পৰিয়ালে যীচুৰ চাৰিওফালে থকা মানুহৰ জুমটোৰ বিষয়ে আৰু ঘটনাবোৰৰ বিষয়ে কি ভাবিছিল?

যীচুৰ পৰিয়ালে যীচুক বলিয়া হ'ল বুলি ভাবিছিল (৩:২১)।

যীচুৰ বিৰুদ্ধে অধ্যাপক সকলে যীচুক কি বুলি দায় ধৰিছিল?

অধ্যাপকসকলে ভুতৰ অধিপতি ৰজাৰ দ্বাৰাই ভুতক খেদায় বুলি যীচুক দোষ ধৰিছিল (৩:২২)।

Mark 3:23-27

অধ্যাপকসকলৰ প্ৰতি যীচুৰ প্ৰত্যুত্তৰ কি আছিল?

যীচুৰ প্ৰত্যুত্তৰ আছিল কোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভাগ ভাগ হ'ল থিৰ হৈ থাকিব নোৱাৰে (৩:২৩-২৬)।

Mark 3:28-32

কোনটো পাপ ক্ষমা কৰা নহ'ব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল পবিত্ৰ আত্মাৰ বিৰুদ্ধে কৰা নিন্দা কৰা পাপ ক্ষমা কৰা নহ'ব (৩:২৩-২৬)।

Mark 3:33-35

যীচুৱে তেওঁৰ মাক আৰু ভায়েক বুলি কাক কৈছিল?

যীচুৱে কৈছিল যিসকলে ঈশ্বৰৰ ইচ্ছা পালন কৰে তেওঁলোকেই তেওঁৰ মাক আৰু ভায়েকবিলাক (৩:৩৩-৩৫)।

Mark 4

Mark 4:1-2

যীচুৱে শিক্ষা দিবৰ বাবে কিয় নাৱত উঠিছিল?

যীচুৱে শিক্ষা দিবৰ বাবে নাৱত উঠিছিল কাৰণ তেওঁৰ চাৰিওফালে এক বিশাল জনতা গোট খাইছিল (৪:১)।

Mark 4:3-5

বাটত পৰা কঠিয়াবোৰ কি হৈছিল?

চৰাইবোৰ আহিছিল আৰু সেইবোৰক খাই পেলাইছিল (৪:৪)।

Mark 4:6-7

শিলাময় ঠাইত পৰা কঠিয়াবোৰ কি হ'ল?

সেই গজি উঠিল, কিন্তু শুকাই গ'ল কাৰণ সেইবোৰৰ কোনো শিপা নাছিল (৪:৫-৬)।

কাঁইটীয়া ববনিত পৰা কঠিয়াবোৰৰ কি হ'ল?

কাঁইটীয়া বন বাঢ়ি উঠি সেই বোৰ হেচি ধৰি মাৰিলে (৪:৭)।

Mark 4:8-9

ভাল মাটিত পৰা কঠিয়াবোৰৰ কি হৈছিল?

এই কঠিয়াবোৰে শস্য উৎপন্ন কৰিলে, যি সিচাঁ হ'ল, তাৰ পৰা কেতবোৰে ত্ৰিশগুণ, যাঠি গুণ আৰু কেতবোৰে এশ গুণ উৎপন্ন কৰিলে (৪:৮)।

Mark 4:10-12

সেই বাৰজনক কি কৰিবলৈ যীচুৱে কৈছিল, কিন্তু সেই বাহিৰে থকাসকলক নহয় ?

যীচুৱে কৈছিল ঈশ্বৰৰ ৰাজ্যৰ ৰহস্যবোৰ সেই বাৰজনক দিয়া হৈছে, কিন্তু বাহিৰ থকাসকলক দিয়া হোৱা নাই (৪:১১)।

Mark 4:13-15

যীচুৰ উদাহৰণত, এই কঠিয়া কি আছিল?

এই কঠিয়াই হৈছে ঈশ্বৰৰ বাক্য (৪:১৪)।

বাটত পৰা কঠিয়াই কি বুজাই?

যিসকলে বাক্য শুনে ই তাৰ প্ৰতিনিধিত্ত্ব কৰে, কিন্তু চয়তানে তৎক্ষণাৎ তাক কাঢ়ি লৈ যায় (৪:১৫)।

Mark 4:16-17

শিলাময় ঠাইত পৰা কঠিয়াবোৰে কি বুজাই?

এইটোৱে ইয়াকে বুজায় যে যিসকলে আনন্দেৰে বাক্য শুনে, কিন্তু যেতিয়া তাড়না আহে তেওঁলোকে উজুতি খায় (৪:১৬-১৭)।

Mark 4:18-20

কাঁইটীয়া বননিত পৰা কঠিয়াই কি বুজায়?

এইটোৱে ইয়াকে বুজায় যে যিসকলে বাক্য শুনে, কিন্তু এই জগতৰ চিন্তাই সেই বাক্য হেঁচি ধৰে (৪:১৮-১৯)।

ভাল মাটিত পৰা কঠিয়াই কি বুজায়?

এইটোৱে ইয়াকে বুজায় যে যিসকলে বাক্য শুনে, তাক গ্ৰহণ কৰে আৰু ফল উৎপন্ন কৰে (৪:২০)।

Mark 4:21-25

লুকুউৱা বস্তু আৰু গুপুত থকা বস্তুবোৰ কি হ'ব বুলি যীচুৱে কৈছিল?

লুকুউৱা বস্তু আৰু গুপুত থকা বস্তুবোৰ পোহৰত প্ৰকাশিত কৰা হ'ব বুলি যীচুৱে কৈছিল (৪:২২)।

Mark 4:26-29

কি হিচাপে ঈশ্বৰৰ ৰাজ্য কঠিয়া সিচাঁ এজন খেতিয়কৰ দৰে হয়?

এজন মানুহে কঠিয়া সিচেঁ, আৰু এইটো বাঢ়ে, কিন্তু কেনেকৈ বাঢ়ে তাক নাজানে, তাৰ পাছত যেতিয়া শস্য পকে তেওঁ তাক গোটাই জমা কৰে (৪:২৬-২৯)।

Mark 4:30-34

ঈশ্বৰৰ ৰাজ্য এটি সৰিয়হ গুটি নিচিনা কেনেকৈ হয়?

সৰিয়হ গুটি বীজৰ ভিতৰত আটাইতকৈ সৰু, তথাপিও এক বিশাল ডাঙৰ গছ হয় য'ত বহুতে তেওঁলোকৰ বাঁহ তাত সাজিব পাৰে (৪:৩০-৩২)।

Mark 4:35-37

যীচু আৰু শিষ্যসকলে সৰোবৰ পাৰ হওঁতে কি ঘটিছিল ?

এক ভয়ানক ধুনুহা আৰম্ভ হৈছিল, নাওঁখন ভয় লগাকৈ পানীৰে পুৰ হ'বলৈ ধৰিছিল (৪:৩৫-৩৭)।

Mark 4:38-39

যীচুৱে সেই সময়ত নাঁৱত কি কৰি আছিল?

যীচুৱে শুই আছিল (৪:৩৮)।

শিষ্যসকলে যীচুক কি

কৰিছিল?

শিষ্যসকলে যীচুক সুধিছিল তেওঁলোকে যে মৰিব এতিয়া তেওঁ তালৈ চিন্তা নকৰে নেকি?

তাৰ পাছত যীচুৱে কি কৰিছিল?

যীচুৱে বতাহক ডবিয়াইছিল আৰু সাগৰ শান্ত হৈছিল (৪:৩৯)।

Mark 4:40-41

যীচুৱে এইটো কৰা পাছত, শিষ্য বিলাকৰ প্ৰত্যুত্তৰ কি আছিল?

শিষ্যসকল ভয়েৰে পৰিপুৰ্ণ হৈছিল আৰু যীচুনো কোন তাকে তেওঁলোকে আচৰিত হৈছিল আনকি বতাহ আৰু সাগৰেও এওঁৰ কথা মানে (৪:৪১)।

Mark 5

Mark 5:1-2

গেৰাচেনিয়া বিলাকৰ অঞ্চললৈ আহোঁতে যীচুক কোনে লগ পাইছিল ?

অশুচি আত্মাই ধৰা এটা মানুহে যীচুক লগ পাইছিল (৫:১-২)।

Mark 5:3-6

এই মানুহ জনে কি কি কৰিছিল?

এই মানুহজনে কবৰস্থানত থাকিছিল, শিকলি চিঙিছিল আৰু বেৰীও ডোখৰ ডোখৰ কৰিছিল আৰু নিজকে কাটিছিল আৰু ৰাতিয়ে দিনে চিঞঁৰি আছিল (৫:৩-৫)।

Mark 5:7-8

সেই মানুহজনক যীচুৱে কি কৈছিল?

যীচুৱে সেই মানুহজনক কৈছিল, "অই অশুচি আত্মা, এই মানুহৰ পৰা বাহিৰ ওলা" (৫:৮)।

এই অশুচি আত্মাই যীচুক কি পদবী দিছিল?

এই অশুচি আত্মাই যীচুক সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ বুলি মাতিছিল (৫:৭)।

Mark 5:9-10

এই অশুচি আত্মাৰটোৰ নাম কি আছিল?

এই অশুচি আত্মাৰটোৰ নাম বাহিনী আছিল, কাৰণ তাত বহুতো ভুত আছিল (৫:৯)।

Mark 5:11-13

এই মানুহজনৰ পৰা যীচুৱে অশুচি আত্মাক বাহিৰ কৰাৰ পাছত কি ঘটিছিল?

এই আত্মাবোৰ বাহিৰ ওলাই গাহৰি জাকত সোমালগৈ, যিবিলাকে পাহাৰৰ গৰাৰ পৰা দৌৰি গৈছিল আৰু হ্ৰদৰ পানীত পৰি ডুবি মৰিছিল (৫:১৩)।

Mark 5:14-15

এই অশুচি আত্মাক বাহিৰ কৰা পাছত, মানুহজনৰ কি অৱস্থা হৈছিল?

সেই মানুহ জন যীচুৰ লগত বহি আছিল, কাপোৰ পিন্ধিছিল আৰু সুস্থ মনেৰে আছিল (৫:১৫)।

Mark 5:16-17

এই ঘটনা বোৰৰ প্ৰতি সেই অঞ্চলৰ মানুহবিলাকে কি প্ৰতিক্ৰিয়া কৰিছিল আৰু তেওঁলোকে যীচুক কি কৈছিল?

মানুহবিলাকে ভয় কৰিছিল আৰু যীচুক সেই ঠাইৰ পৰা আতৰি যাবলৈ কৈছিল (৫:১৫, ১৭)ষ

Mark 5:18-20

যিজন কবৰস্থানত থাকিছিল যীচুৱে তাক এতিয়া কি কৰিবলৈ কৈছিল?

যীচুৱে সেই মানুহজনক এই কথা কৈছিল প্ৰভুৱে তেওঁৰ জীৱনত কি কৰিলে তাকে তেওঁৰ লোক বিলাকক ক'বলৈ কৈছিল (৫:১৯)।

Mark 5:21-24

ধৰ্ম্মধামৰ নেতা যায়ীৰে যীচুক কি আনুৰোধটো কৰিছিল?

যায়ীৰে যীচুক তেওঁৰ লগত আহি মৰোঁ মৰোঁ হোৱা তেওঁৰ জীয়েকৰ গাত দিবলৈ যীচুক অনুৰোধ কৰিছিল (৫:২২-২৩)।

যীচুৰ কাপোৰ স্পৰ্শ কৰা মহিলা গৰাকীৰ কি সমস্যা আছিল?

ই মহিলাগৰাকীৰ বাৰ বছৰ ধৰি তেজ বোৱা ৰোগত ভোগী আছিল (৫:২৫)।

Mark 5:25-27

যি তিৰোতা গৰাকীয়ে যীচুৰ কাপোৰ চুইছিল, তাইৰ কি সমস্যা আছিল?

সেই মহিলাগৰাকীৰ বাৰ বছৰ ধৰি তেজ বোৱা ৰোগত ভোগী আছিল (৫:২৫)।

Mark 5:28-29

যীচুৰ পিন্ধা কাপোৰ সেই মহিলা গৰাকীয়ে কিয় চুইছিল?

সেই মহিলা গৰাকীয়ে ভাবিছিল যে যদি তাই যীচুৰ পিন্ধা কাপোৰ মাত্ৰ স্পৰ্শ কৰে তাই সুস্থ হ'ব (৫:২৮)।

Mark 5:30-32

সেই মহিলা গৰাকীয়ে যেতিয়া যীচুৰ কাপোৰ চুইছিল যীচুৱে কি কৰিছিল?

যীচুৱে জানিছিল যে তেওঁৰ পৰা শক্তি ওলাই গ'ল আৰু কোনে তেওঁক চুলে তাকে চাবলৈ তেওঁ চাৰিওফালে চাইছিল (৫:৩০, ৩২)।

Mark 5:33-34

সেই মহিলা গৰাকীয়ে যেতিয়া সকলো সত্য কথা যীচুক কৈছিল, যীচুৱে তাইক কি কৈছিল?

যীচুৱে তাইক কৈছিল যে তাইৰ বিশ্বাসেই তাইক সুস্থ কৰিলে, আৰু শান্তিৰে ঘৰলৈ যোৱা (৫:৩৪)।

Mark 5:35

যীচুৱে যেতিয়া যায়ীৰৰ ঘৰ আহি পাইছিল, যায়ীৰৰ জীয়েকৰ অৱস্থা কেনে আছিল?

যায়ীৰৰ জীয়েকৰ মৃত্যু হৈছিল (৫:৩৫)।

Mark 5:36-38

সেই সময়ত যীচুৱে যায়ীৰক কি কৈছিল?

যীচুৱে কৈছিল ভয় নকৰিবা, কিন্তু বিশ্বাস মাথোন কৰা (৫:৩৬)।

Mark 5:39-40

যায়ীৰৰ জীয়েক মাত্ৰ টোপনিত আছে বুলি যীচুৱে কোৱাত ঘৰত থকা মানুহবোৰে কি কৰিছিল?

যায়ীৰৰ জীয়েক মাত্ৰ টোপনিত আছে বুলি যীচুৱে কোৱাত ঘৰত থকা মানুহবোৰে যীচুক ঠাট্টাৰে হাঁহিছিল (৫:৪০)।

সেই শিশুটো য'ত আছিল সেই ওপৰৰ কোঠালিলৈ যীচুৰ লগত কোন কোন গৈছিল?

যীচুৱে সেই শিশুটিৰ মাক আৰু দেউতাক, আৰু পিতৰ যাকোব আৰু যোহনক লগত নিছিল (৫:৩৭, ৪০)।

Mark 5:41-43

যেতিয়া শিশুটি উঠিছিল আৰু খোজ কাঢ়িছিল, মানুহবিলাকে কেনেদৰে প্ৰতিক্ৰিয়া কৰিছিল?

সেই মানুহবিলাকে অতিশয় আনন্দিত হ'ল আৰু বিস্মিত হৈছিল (৫:৪২)।

Mark 6

Mark 6:1-3

যীচুৰ নিজ জন্মস্থানৰ মানুহবিলাকে তেওঁৰ বিষয়ে কিয় আচৰিত হৈছিল?

তেওঁ এই শিক্ষাবিলাক, তেওঁৰ জ্ঞান, আৰু তেওঁৰ আচৰিত কাৰ্য্যবোৰ ক'ৰ পৰা পাইছিল সেই মানুহবিলাকে জনা নাছিল (৬:২)।

Mark 6:4-6

এজন ভাববাদী আদৰহীন ক'ত হয় বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল এজন ভাববাদী নিজৰ জন্মস্থানত অনাদৰ হয় (৬:৪)।

যীচুৱে তেওঁৰ নিজৰ জন্মস্থানৰ মানুহবিলাকৰ বিষয়ে কিয় বিস্ময় হৈছিল ?

তেওঁৰ নিজৰ জন্মস্থানৰ মানুহবিলাকৰ অবিশ্বাস দেখি যীচু বিস্ময় হৈছিল (৬:৬)।

Mark 6:7-9

যীচুৱে সেই বাৰজনক পঠিয়াই দিওঁতে কি ক্ষমতা দিছিল?

যীচুৱে সেই বাৰজনক অশুচি আত্মাৰ ওপৰত ক্ষমতা দি পঠাইছিল (৬:৭)।

সেই বাৰজনে তেওঁলোকৰ যাত্ৰাত কি কি লৈ গৈছিল?

সেই বাৰজনে তেওঁলোকৰ যাত্ৰাত এডাল লাখুটি, পাদুকা আৰু এটা মাত্ৰ কামিজ লৈ গৈছিল (৬:৮-৯)।

Mark 6:10-13

যদি কোনো এখন ঠাইয়ে তেওঁলোকক গ্ৰহণ নকৰে সেই বাৰজনক যীচুৱে কি কৰিবলৈ কৈছিল?

যীচুৱে সেই বাৰজনক এই কথা কৈছিল যে তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য হ'বলৈ তেওঁলোকৰ ভৰিৰ পৰা ধুলি জোকাৰি পেলাব (৬:১১)।

Mark 6:14-17

মানুহবিলাকে যীচুক কোন বুলি ভাবিছিল?

মানুহবিলাকে যীচুক যোহন বাপ্তাইজক, বা এলিয়া নাইবা এজন ভাববাদী বুলি ভাবিছিল (৬:১৪-১৫)।

Mark 6:18-22

হেৰোডে বিধিৰ বাহিৰত কৰি থকাৰ বাবে যোহন বাপ্তাইজকে তেওঁক কি কৈছিল?

হেৰোডে তেওঁৰ ভায়েকৰ তিৰোতাক বিয়া কৰোওৱাটো বিধিৰ বাহিৰ বুলি যোহন বাপ্তাইজকে হেৰোডক কৈছিল (৬:১৮)।

যোহনৰ প্ৰচাৰ শুনি হেৰোডে কেনে প্ৰতিক্ৰিয়া কৰিছিল?

যোহনৰ প্ৰচাৰ শুনি হেৰোড নিৰাশ হৈছিল, কিন্তু তেওঁৰ কথা শুনি আনন্দ পাইছিল (৬:২০)।

Mark 6:23-25

হেৰোডে হেৰোডিয়াক কি শপত দিছিল?

হেৰোডে তাইক শপত দিছিল যে তেওঁৰ পৰা তাই যি বিচাৰে তাকে দিব, তেওঁৰ ৰাজ্যৰ আদখিনিলৈকে দিব (৬:২৩)।

হেৰোডিয়াই কি বিচাৰিছিল?

হেৰোডিয়াই যোহন বাপ্তাইজকৰ মূৰটো এখন কাঁহীত খুজিছিল (৬:২৫)।

Mark 6:26-29

হেৰোডিয়াৰ অনুৰোধটো হেৰোডে কেনে প্ৰতিক্ৰয়া কৰিছিল?

হেৰোড অতিশয় দুখিত হ'ল, কিন্তু তেওঁৰ আলহীবিলাকৰ সন্মুখত তেওঁ কৰা শপতৰ কাৰণে তাইৰ অনুৰোধটো অস্বীকাৰ নকৰিলে (৬:২৬)।

Mark 6:30-32

যীচু আৰু শিষ্যসকলে যেতিয়া জিৰণী ল'বলৈ আতৰি যাবলৈ বিচাৰিছিল কি ঘটিছিল?

অনেক মানুহে তেওঁলোকক চিনি পাইছিল আৰু যীচু আৰু শিষ্যসকলে সেই ঠাই আহি পোৱাৰ আগতেই তেওঁলোকে তাত উপস্থিত হৈছিল (৬:৩১-৩৩)।

Mark 6:33-36

তেওঁলোকৰ বাবে অপেক্ষা কৰি থকা মানুহবিলাকৰ প্ৰতি যীচুৰ দৃষ্টিভঙ্গী কি আছিল?

তেওঁলোকৰ প্ৰতি যীচুৰ মৰম লাগিছিল কাৰণ তেওঁলোক ৰখীয়া নোহোৱা মেৰৰ দৰে আছিল (৬:৩৪)।

Mark 6:37-38

শিষ্য বিলাকে মানুহবিলাকক খোৱাবলৈ যেতিয়া যীচুৱে সুধিছিল শিষ্যবিলাকে কি চিন্তা কৰিছিল ?

শিষ্য বিলাকে ভাবিছিল যে তেওঁলোকে চহৰলৈ যাব লাগিব আৰু দুশ আধলিৰ মুল্যৰ পিঠা কিনি আনিব লাগিব (৬:৩৭)।

শিষ্য বিলাকৰ লগত ইতিমধ্যে কি খোৱা বস্তু আছিল?

শিষ্য বিলাকৰ লগত ইতিমধ্যে পাঁচটা পিঠা আৰু দুটা মাছ আছিল (৬:৩৮)।

Mark 6:39-41

যীচুৱে পিঠা আৰু মাছ লৈ কি কৰিছিল?

তেওঁ পিঠা আৰু মাছ ল'লে, যীচুৱে স্বৰ্গলৈ চাইছিল, আশীৰ্ব্বাদ কৰিছিল আৰু পিঠা ভাঙিছিল, আৰু তেওঁৰ শিষ্যবিলাকক সেইবোৰ দিছিল (৬:৪১)।

Mark 6:42-47

সকলোৱে খোৱাৰ পাছত কিমান পৰিমাণে খাদ্য বাকী থাকি গ'ল?

সকলোৱে খোৱাৰ পাছত পিঠা আৰু মাছৰ বাৰটো পাঁচি থাকি গ'ল (৬:৪৩)।

কিমান জন মানুহক খুউৱা হৈছিল?

তাত খোৱা পুৰুষ মানুহৰ সংখ্যা প্ৰায় পাঁচ হাজাৰ মান আছিল (৬:৪৪)।

Mark 6:48-50

যীচুৱে হ্ৰদ/সাগৰত শিষ্যবিলাকৰ ওচৰলৈ কেনেকৈ আহিছিল?

যীচুৱে হ্ৰদ/সাগৰত শিষ্যবিলাকৰ ওচৰলৈ খোজ কাঢ়ি আহিছিল (৬:৪৮)।

যেতিয়া তেওঁলোকে তেওঁক দেখিছিল যীচুৱে তেওঁলোকক কি কৈছিল?

যীচুৱে তেওঁলোকক কৈছিল সাহ কৰা আৰু ভয় নকৰিবা (৬:৫০)।

Mark 6:51-52

শিষ্যবিলাকে পিঠাৰ অলৌকিক কাৰ্য্যৰ বিষয়ে কিয় বুজি পোৱা নাছিল?

শিষ্যবিলাকে পিঠাৰ অলৌকিক কাৰ্য্যৰ বিষয়ে বুজি পোৱা নাছিল কাৰণ তেওঁলোকৰ মনবোৰ বুজি পোৱা গধুৰ আছিল (৬:৫২)।

Mark 6:53-55

সেই অঞ্চলৰ মানুহবিলাকে যীচুক চিনি পাইছিল তেওঁলোকে কি কৰিছিল?

তেওঁলোকে বেমাৰীবিলাকক সাঙী কৰি যীচু যিফালে আহিব বুলি শুনিছিল সেই তালৈকে লৈ আনিছিল (৬:৫৫)।

Mark 6:56

যিসকলে যীচুৰ কামিজৰ দহি চুইছিল তেওঁলোকৰ কি ঘটিছিল?

যিসকলে যীচুৰ কামিজৰ দহি চুইছিল তেওঁলোক সুস্থ হৈছিল (৬:৫৬)।

Mark 7

Mark 7:2-5

যীচুৰ কোনো কোনো শিষ্যই কি কৰিছিল যে তাৰ বাবে ফৰীচী আৰু অধ্যাপকসকলে বিৰোধ কৰিছিল?

কোনো কোনো শিষ্যই নুধোৱা হাতেৰে ভোজন কৰিছিল (৭:২,৫)।

ভোজনৰ আগে আগে হাত ধোৱা, পিয়লা, পাত্ৰ, তামৰ পাত্ৰ আৰু ৰাতিৰ ভোজনৰ পাত্ৰ ধোৱাটো কাৰ পৰম্পৰা আছিল?

ভোজনৰ আগে আগে হাত ধোৱা, পিয়লা, পাত্ৰ, তামৰ পাত্ৰ আৰু ৰাতিৰ ভোজনৰ পাত্ৰ ধোৱাটো বৃদ্ধসকলৰ চলি অহা পৰম্পৰা আছিল (৭:৩-৪)।

Mark 7:6-10

ধোৱা-পখলাৰ শিক্ষাৰ বিষয়ত যীচুৱে ফৰীচী আৰু অধ্যাপক সকলক কি কৈছিল?

যীচুৱে কৈছিল যে ফৰীচী আৰু অধ্যাপকসকল কপটীয়া, মানুহৰ নীতিবোৰ শিকাই আৰু ঈশ্বৰৰ আজ্ঞাবোৰ পৰিত্যাগ কৰে (৭:৬-৯)।

Mark 7:11-13

ফৰীচী আৰু অধ্যাপকসকলে ঈশ্বৰৰ আজ্ঞাবোৰ কেনেকৈ ভঙ্গ কৰিছিল যিটোৱে কৈছে তোমাৰ পিতৃ আৰু মাতৃক আদৰ কৰা?

তেওঁলোকৰ পিতৃ আৰু মাতৃৰ সহায়ৰ বাবে তেওঁলোকে ধন তেওঁলোকক দি কৰ্ব্বান কৰে বুলি মানুহবিলাকক কৈ ঈশ্বৰৰ আজ্ঞা ভঙ্গ কৰিছে (৭:১০-১৩)।

Mark 7:14-16

এজন ব্যক্তিক কিহে লেতেৰা নকৰে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল বাহিৰৰ পৰা মানুহ ভিতৰলৈ যি সোমায় সেয়ে সেই মানুহজনক লেতেৰা নকৰে (৭:১৫, ১৮-১৯)।

এজন ব্যক্তিক কিহে লেতেৰা কৰে বুলি যীচুৱে কৈছিল?

এজন ব্যক্তি ভিতৰৰ পৰা যি ওলাই সেয়ে তেওঁক লেতেৰা কৰে বুলি যীচুৱে কৈছিল (৭:১৫, ২০-২৩)।

Mark 7:17-19

যীচুৱে কি ধৰণৰ খাদ্যক শুচি বুলি ঘোষণা কৰিছিল?

যীচুৱে সকলো খাদ্যক শুচি বুলি ঘোষণা কৰিছিল (৭:১৯)।

Mark 7:20-23

এজন ব্যক্তিৰ ভিতৰৰ পৰা ওলাই অহা কি কি তিনিটা বস্তুৱে তেওঁক লেতেৰা কৰে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে বেয়া চিন্তা, ব্যভিচাৰ, চুৰ, নৰবধ, পৰস্ত্ৰীগমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, হংসা, অপবাদ, গৰ্ব্ব, আৰু মুৰ্খতা আদি এজন ব্যক্তিৰ ভিতৰৰ পৰা ওলাই তেওঁ লেতেৰা কৰে (৭:২১-২২)।

Mark 7:24-26

সেই মহিলা গৰাকী যাৰ জীয়েকক এটা ভুতে ধৰিছিল তাই যিহুদী আছিল নে গ্ৰীক আছিল?

সেই মহিলা গৰাকী যাৰ জীয়েকক এটা ভুতে ধৰিছিল তাই জাতিত গ্ৰীক আছিল (৭:২৫-২৬)।

Mark 7:27-28

যেতিয়া যীচুৱে তাই কৈছিল যে সন্তানবিলাকৰ খোৱা বস্তু লৈ কুকুৰৰ আগত পেলাই দিয়া উচিত নহয় সেই মহিলা গৰাকীয়ে কেনে প্ৰত্যুত্তৰ দিছিল?

মহিলা গৰাকীয়ে কৈছিল যে আনকি কুকুৰবোৰেও সন্তাবিলাকৰ মেজৰ পৰা ওফৰি পৰাবোৰহে খাবলৈ পায় (৭:২৮)।

Mark 7:29-32

সেই মহিলা গৰাকীৰ বাবে যীচুৱে কি কৰিছিল?

যীচুৱে সেই মহিলা গৰাকীৰ জীয়েকৰ পৰা সেই ভুতটো বাহিৰ কৰি দিছিল (৭:২৯-৩০)।

Mark 7:33-35

যেতিয়া সেই কলা আৰু বোবা মানুহজনক যীচুৰ ওচৰলৈ অনা হৈছিল, তেওঁ তেওঁক সুস্থ কৰিবলৈ কি কৰিছিল?

যীচুৱে সেই মানুহ জনৰ কাণত আঙুলিবোৰ দিছিল, থুই দিলে আৰু তাৰ জিবা চুলে, তাৰ পাছত তেওঁ স্বৰ্গলৈ চাইছিল আৰু কৈছিল "মুকলি হওক" (৭:৩৩-৩৪)।

Mark 7:36-37

এই জনৰ সুস্থতাৰ বিষয়ে কাকো নক'বলৈ যীচুৱে তেওঁলোকক কৈছিল সেই মানুহবিলাকে কি কৰিছিল?

যীচুৱে যিমানে তেওঁলোকক মনে মনে থাকিবলৈ কৈছিল, সিমান বেছিকৈ তেওঁলোকে এই বিষয়ে কথা বতৰা হৈছিল (৭:৩৬)।

Mark 8

Mark 8:1-4

তেওঁৰ পাছে পাছে অহা সেই বৰ বিশাল লোক সমুহৰ বিষয়ে যীচুৱে কি চিন্তা কৰিছিল?

যীচুৱে এইটো উল্লেখ কৰিছে যে সেই বিশাল লোকসমুহৰ খাবলৈ একোৱেই নাছিল (৮:১-২)।

Mark 8:5-6

শিষ্যবিলাকৰ তেওঁলোকৰ লগত কেইটা পিঠা আছিল?

শিষ্যবিলাকৰ লগত সাতোটা পিঠা আছিল (৮:৫)।

যীচুৱে শিষ্যবিলাকৰ পিঠাকেইটা কি কৰিছিল?

যীচুৱে ধন্যবাদ দিছিল, পিঠা ভাঙিছিল, আৰু সেইবোৰ বিলাই দিবলৈ শিষ্য বিলাকক দিছিল (৮:৬)।

Mark 8:7-10

কিমান মানুহে খাইছিল আৰু তৃপ্ত হৈছিল?

প্ৰায় চাৰিহাজাৰ মান মানুহে খাইছিল আৰু তৃপ্ত হৈছিল (৮:৯)।

প্ৰতিজনে খোৱাৰ পাছত কিমান পৰিমাণৰ খাদ্য বাকী থাকিল?

প্ৰতিজনে খোৱাৰ পাছত সাতটো পাচি বাকী থাকি গৈছিল (৮:৮)।

Mark 8:11-13

তেওঁক পৰীক্ষা কৰিবলৈ, ফৰীচীবিলাকে যীচুক কি কৰিবলৈ বিচাৰিছিল?

ফৰীচীবিলাকে যীচুক স্বৰ্গৰ পৰা এটা চিন দিবলৈ কৈছিল (৮:১১)।

Mark 8:14-15

ফৰীচীবিলাকৰ বিষয়ে যীচুৱে শিষ্যসকলক কি সাৱধান কৰি দিছিল?

যীচুৱে শিষ্যসকলক ফৰীচীবিলাকৰ খমিৰৰ পৰা সাৱধান হৈ থাকিবলৈ কৈছিল (৮:১৫)।

Mark 8:16-17

যীচুৱে কৈ থকা কথাত শিষ্যবিলাকে কিহৰ বিষয়ে ভাবিছিল?

শিষ্যবিলাকে তেওঁলোকৰ লগত পিঠা অনা নাছিল সেই বিষয়ে যীচুৱে কৈ আছিল বুলি শিষ্যবিলাকে ভাবিছিল (৮:১৬)।

Mark 8:18-21

এইটোৰ অৰ্থ বুজি পাবলৈ যীচুৱে শিষ্যসকলক কি আচৰিত কামৰ কথা মনত পেলাই দিছিল ?

যীচুৱে তেওঁলোকক সেই পাঁচহাজাৰক খুউৱাৰ কথা আৰু চাৰি হাজাৰক খুউৱাৰ কথা মনত পেলাই দিছিল (৮:১৯-২১)।

Mark 8:22-26

সেই অন্ধ মানুহজনক তেওঁৰ দৃষ্টি সম্পুৰ্ণৰূপে ঘুৰাই পাবলৈ যীচুৱে কি তিনিটা কাম কৰিছিল?

যীচুৱে প্ৰথমতে তেওঁৰ চকুত থুই দিলে, আৰু তেওঁৰ হাত তাৰ ওপৰত দিলে আৰু তাৰ পাছত তাৰ চকুৰ ওপৰত তেওঁৰ হাত দিছিল (৮:২৩, ২৪)।

Mark 8:27-28

যীচুক কোন বুলি মানুহবিলাকে কৈছিল?

মানুহবিলাকে যীচুক যোহন বাপ্তাইজক, এলিয়া নাইবা ভাববাদীবিলাকৰ এজন বুলি কৈছিল (৮:২৮)।

Mark 8:29-30

পিতৰে যীচুক কোন বুলি কৈছিল ?

পিতৰে যীচুক খ্ৰীষ্ট বুলি কৈছিল (৮:২৯)।

Mark 8:31-32

ভবিষ্যতৰ কি ঘটনাবোৰৰ বিষয়ে যীচুৱে শিষ্য সকলক স্পষ্টকৈ ক'বলৈ আৰম্ভ কৰিছিল?

যীচুৱে শিকাইছিল যে মানুহৰ পুত্ৰই দুখ-ভাগ কৰিব, মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ'ব লাগিব, বধ কৰা হ'ব আৰু তেওঁ তিনি দিনৰ পাছত তেওঁ পুনৰ জী উঠিব (৮:৩১)।

Mark 8:33-34

পিতৰে তেওঁক অনুযোগ কৰিব ধৰোঁতে যীচুৱে তেওঁক কি কৈছিল?

যীচুৱে পিতৰক কৈছিল, "মোৰ পাছলৈ গুচি যা চয়তান! তই ঈশ্বৰৰ বিষয় ভাবা নাই, কিন্তু মানুহৰ কথাহে ভাবিছ"(৮:৩৩)।

যিকোনোৱে তেওঁক অনুগমণ কৰিব বিচাৰে তেওঁ কি কৰিব লাগে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে যিকোনোৱে তেওঁৰ অনুগমণ কৰিব বিচাৰে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ ক্ৰচ তুলি লওক (৮:৩৪)।

Mark 8:35-37

কোনো এজন ব্যক্তিয়ে এই জগতৰ বস্তুবোৰ পাবলৈ আকাঙ্ক্ষা কৰিলে তাক কি বুলি যীচুৱে কৈছে?

যীচুৱে কৈছিল, "কোনো এজন ব্যক্তিৰ কি লাভ হয় যদি তেওঁ গোটেইখন জগত পায়, আৰু তেওঁৰ নিজৰ প্ৰাণৰ হানি কৰি পেলাই?" (৮:৩৬)।

Mark 8:38

যিসকলে যীচুত আৰু তেওঁৰ বাক্যত লাজ পায় তেওঁলোকক যীচুৱে কি বুলি কৈছে ?

যীচুৱে কৈছিল যিসকলে তেওঁত আৰু তেওঁৰ বাক্যত লাজ পাইছিল তেওঁৰ আগমণৰ কালত তেওঁ ও সেইসকল লোকত লাজ পাব (৮:৩৮)।

Mark 9

Mark 9:1-3

ঈশ্বৰৰ ৰাজ্য পৰাক্ৰমেৰে অহা দেখা পাব বুলি যীচুৱে কাক কৈছিল?

যীচুৱে কৈছিল তাত তেওঁৰে সৈতে থিয় হৈ থকা কোনো কোনো বিলাকক কৈছিল ঈশ্বৰৰ ৰাজ্য পৰাক্ৰেমেৰে অহা নেদেখে মানে তেওঁলোকৰ মৃত্যু নহ'ব (৯:১)।

পিতৰ, যাকোব আৰু যোহনে যীচুৰ সৈতে পৰ্ব্বতৰ ওপৰলৈ যেতিয়া গৈতে তেতিয়া যীচুj কি হৈছিল?

যীচুৰ ৰূপ সলনি হৈছিল আৰু তেওঁৰ পিন্ধা কাপোৰ ধকধকীয়া অতিশয় বগা হৈ পৰিছিল (৯:২-৩)।

Mark 9:4-6

পৰ্ব্বতত যীচুৰ লগত কোনে কথা পাতিছিল?

এলিয়া আৰু মোচিয়ে যীচুৰ সৈতে কথা পাতিছিল (৯:৪)।

Mark 9:7-8

সেই পৰ্ব্বতত, ডাৱৰৰ পৰা হোৱা বাণীয়ে কি কৈছিল?

সেই বাণীয়ে কৈছিল, " এওঁ মোৰ প্ৰিয় পুত্ৰ। তেওঁৰ কথা শুনা" (৯:৭)।

Mark 9:9-10

পৰ্ব্বতত যি তেওঁলোকে যি দেখিছিল শিষ্যসকলক যীচুৱে সেই বিষয়ে কি আদেশ দিছিল?

মানুহৰ পুত্ৰ মৃতবিলাকৰ মাজৰ পৰা পুনৰাই জীয়াই নুঠালৈকে, তেওঁলোকে যি দেখিছিল সেই বিষয়ে কাকো নক'বলৈ যীচুৱে শিষ্যসকলক আদেশ দিছিল (৯:৯)।

Mark 9:11-16

এলিয়া অহাৰ বিষয়ে যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল এলিয়াই প্ৰথমে আহি সকলোকে স্থাপন কৰিব সেইটো হয়, আৰু এলিয়া ইতিমধ্যে আহিলেই (৯:১১-১৩)।

Mark 9:17-19

শিষ্যবিলাকে সেই পিতাকৰ বাবে আৰু তেওঁৰ পুতেকৰ বাবে কি কৰিব পাৰ নাছিল?

শিষ্যবিলাকে সেই পিতাকৰ পুতেকৰ পৰা দুষ্ট আত্মাক বাহিৰ কৰিব পৰা নাছিল (৯:১৭-১৮)।

Mark 9:20-22

সেই দুষ্ট আত্মাই সেই ল'ৰাটোক কিহত দলিয়াই পেলাই আৰু তাক বিনাশ কৰিবলৈ চেষ্টা কৰিছিল?

সেই দুষ্ট আত্মাই সেই ল'ৰাটোক জুইত আৰু পানীত দলিয়াই পেলাই আৰু তাক বিনাশ কৰিবলৈ চেষ্টা কৰিছিল (৯:২২)।

Mark 9:23-27

বিশ্বাস কৰা জনৰ সকলোবোৰ সম্ভৱ বুলি যেতিয়া যীচুৱে কৈছিল সেই পিতাকজনে কেনেকৈ প্ৰত্যুত্তৰ দিছিল?

সেই পিতাকে প্ৰত্যুত্তৰ দিছিল," মই বিশ্বাস কৰিছো, মোৰ অবিশঅবাসৰ প্ৰতিকাৰ কৰক" (৯:২৩-২৪)।

Mark 9:28-29

শিষ্যবিলাকে সেই ল'ৰাটিৰ পৰা সেই বোবা আৰু কলা আত্মাক কিয় বাহিৰ কৰিব পৰা নাছিল?

শিষ্যবিলাকে সেই আত্মাটোক বাহিৰ কৰিব পৰা নাছিল কাৰণ প্ৰাৰ্থনাৰ বিনে এইটো কৰিব পৰা নাযায় (৯:২৮-২৯)।

Mark 9:30-32

যীচুৱে তেওঁ নিজলৈ কি ঘটিব বুলি তেওঁৰ শিষ্যবিলাকক কৈছিল?

যীচুৱে তেওঁলোকক কৈছিল তেওঁক বধ কৰা হ'ব, তাৰ তিনি দিনৰ পাছত তেওঁ পুনৰ জী উঠিব (৯:৩১)।

Mark 9:33-35

বাটত আহি থাকোঁতে শিষ্যবিলাকে নিজৰ মাজত কি কোৱা-মেলা কৰি আহিছিল?

শিষ্যবিলাকে তেওঁলোকৰ মাজত আটাইতকৈ শ্ৰেষ্ঠ কোন সেই বিষয়ে কোৱা মেলা কৰি আহিছিল (৯:৩৩-৩৪)।

যীচুৱে কাক প্ৰথম বুলি কৈছিল?

যীচুৱে কৈছিল যিজন সকলোৰে পৰিচাৰক তেৱেঁই সকলোতকৈ শ্ৰেষ্ঠ (৯:৩৫)।

Mark 9:36-41

যেতিয়া কোনোৱে সৰু শিশু এটাক যীচুৰ নামেৰে গ্ৰহণ কৰে, তেতিয়া তেওঁলোকে কাক গ্ৰহণ কৰে?

যেতিয়া কোনোৱে সৰু শিশু এটাক যীচুৰ নামেৰে গ্ৰহণ কৰে, তেতিয়া তেওঁলোকে যীচুকেই গ্ৰহণ কৰে আৰু যীচুক যিজনে পঠাই তেওঁকেই গ্ৰহণ কৰে (৯:৩৬-৩৭)।

Mark 9:42-46

যি জনে যীচুত বিশ্বাস কৰে তেওঁক উজুতি খোৱাৰ কাৰণ হ'লে তেওঁলৈ কি হোৱাটো ভাল বুলি কৈছে?

সেই জনৰ বাবে তেওঁৰ ডিঙিত জাঁত আৰি সমুদ্ৰত পেলাই দিয়াই তেওঁলৈ ভাল বুলি কৈছে (৯:৪২)।

কোনোৱে যদি উজুতি খোৱাৰ কাৰণ হয় তেওঁলৈ যীচুৱে কি কৈছিল?

কোনোৱে যদি উজুতি খোৱাৰ কাৰণ হয় তাৰ পৰা আতৰি অহা দৰকাৰ বুলি যীচুৱে কৈছিল (৯:৪৩-৪৭)।

Mark 9:47-50

নৰকত কি কি হ'ব বুলি যীচুৱে কৈছে?

যীচুৱে কৈছিল যে নৰকত পোক নমৰে, আৰু তাত জুই কেতিয়াও নুনুমাই (৪:৪৮)।

Mark 10

Mark 10:1-4

ফৰীচীবিলাকে যীচুক পৰীক্ষা কৰিবৰ কাৰণে তেওঁক কি

কৰিছিল?

ফৰীচীবিলাকে যীচুক সুধিছিল বিধানৰ মতে স্বামীয়ে তেওঁৰ ভাৰ্য্যাক ত্যাগ কৰা উচিত নে?

বিবাহ বিচ্ছেদৰ বিষয়ে মোচিয়ে যিহুদীসকলক কি আজ্ঞা দিছিল?

মোচিয়ে এজন মানুহক বিবাহ বিচ্ছেদৰ এখন ত্যাগপত্ৰ লিখিবলৈ অনুমতি দিছিল আৰু তাৰ পাছত তেওঁৰ ভাৰ্য্যালৈ পঠিয়াই দিবলৈ দিছিল (১০:৪)।

Mark 10:5-6

বিবাহ বিচ্ছেদৰ বিষয়ত মোচিয়ে যিহুদীবিলাকক কিয়া এই আজ্ঞাটো দিছিল?

মোচিয়ে যিহুদীবিলাকক এই আজ্ঞাটো দিছিল কাৰণ তেওঁলোকৰ অন্তৰ কঠিন সেয়ে (১০:৫)।

যীচুৱে ফৰীচীবিলাকক বিবাহৰ বিষয়ে ঈশ্বৰৰ আৰম্ভণী নক্সা কওঁতে ইতিহাসৰ কোনটো ঘটনা নিৰ্দেশ কৰিছিল?

বিবাহৰ বিষয়ে ঈশ্বৰৰ আৰম্ভণী নক্সা কওঁতে যীচুৱে সৃষ্টিত পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰা কথাটো নিৰ্দেশ কৰিছিল (১০:৬)।

Mark 10:7-12

যীচুৱে কি কৈছিল যে যেতিয়া দুজন মানুহ বিবাহ হয় মানুহজন আৰু তেওঁৰ ভাৰ্য্যা কি হয় ?

যীচুৱে কৈছিল যে তেওঁলোক দুয়ো এক দেহ হয় (১০:৭-৮)।

ঈশ্বৰে বিবাহত যি যোগ কৰিলে সেই বিষয়ে যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল ঈশ্বৰে যি একেলগে যোগ কৰিলে, কোনো মানুহে তাক কেতিয়াও পৃথক নকৰক (১০:৯)।

Mark 10:13-14

যিসকলে শিশুসকলক যীচুৰ ওচৰলৈ আনোতে শিষ্যবিলাকে যেতিয়া গালি দিছিল যীচুৰ প্ৰতিক্ৰিয়া কি আছিল?

যীচুৱে শিষ্যবিলাকক খং কৰিছিল আকু কৈছিল যে শিশু বিলাকক তেওঁৰ ওচৰলৈ আহিব দিয়া (১০:১৩-১৪)।

Mark 10:15-16

ঈশ্বৰৰ ৰাজ্যত সোমাবলৈ তাক কেনেকৈ গ্ৰহণ কৰিব লাগে যীচুৱে কৈছিল?

ঈশ্বৰৰ ৰাজ্যত সোমাবলৈ হ'ল তাক শিশুৰ নিচিনাকৈ গ্ৰহণ কৰিব লাগে যীচুৱে কৈছিল (১০:১৫)।

Mark 10:17-19

অনন্ত জীৱন অধিকাৰ কৰিবলৈ হ'লে সেই মানুহজনক কি কৰিব লাগে বুলি যীচুৱে কৈছিল?

যীচুৱে সেই মানুহজনক কৈছিল, তেওঁ নৰ বধ নকৰিব, পৰস্ত্ৰীগমণ নকৰিব, মিছা সাক্ষী নিদিব, আৰু তেওঁৰ নিজ পিতৃ-মাতৃক আদৰ কৰিব (১০:১৯)।

Mark 10:20-22

সেই মানুহ জনক তেতিয়া যীচুৱে কি অতিৰিক্ত আদেশ দিছিল?

তেতিয়া যীচুৱে সেই মানুহ জনক তেওঁৰ যি আছে সেই সকলো বেচিবলৈ কৈছিল আৰু তেওঁক অনুগমণ কৰিবলৈ কৈছিল (১০:২১)।

যীচুৱে এই আদেশটো দিয়াৰ পাছত সেই মানুহজনে কেনে প্ৰতিক্ৰিয়া কৰিছিল?

সেই মানুহজন অতিশয় দুখিত হৈছিল আৰু আতৰি গৈছিল কাৰণ তেওঁ বহু ধন সম্পত্তি থকা লোক আছিল (১০:২২)।

Mark 10:23-25

ঈশ্বৰৰ ৰাজ্যত সোমোৱা অতি কঠিন বুলি যীচুৱে কাক কৈছে?

ধনীবিলাকৰ ঈশ্বৰৰ ৰাজ্যত সোমোৱা অতি কঠিন বুলি যীচুৱে কৈছে (১০:২৩-২৫)।

Mark 10:26-28

এজন ধনী ব্যক্তি উদ্ধাৰ পাব পাৰে বুলি যীচুৱে কেনেকৈ কৈছে?

যীচুৱে কৈছিল যে মানুহৰ এইটো অসাধ্য, কিন্তু ঈশ্বৰৰ সকলো সাধ্য (১০:২৬-২৭)।

Mark 10:29-31

যীচুৱে কি কৈছিল কোনোৱে যদি যীচুৰ কাৰণে ঘৰ, পৰিয়াল, আৰু মাটি-বাৰী ত্যাগ কৰে তেওঁ কি পাব?

যীচুৱে কৈছিল তেওঁলোকে তাড়নাৰে সৈতে এই জগতৰ এশ গুণ পাব আৰু আহিবলগীয়া জগতত অনন্তজীৱন পাব (১০:২৯-৩০)।

Mark 10:32-34

যীচু আৰু তেওঁৰ শিষ্যবিলাকে কোনটো ৰাস্তাত গৈ আছিল?

যীচু আৰু তেওঁৰ শিষ্যবিলাকে যিৰূচালেমলৈ যোৱা ৰাস্তাত গৈ আছিল (১০:৩২)।

যীচুৱে শিষ্যবিলাকক তেওঁলৈ কি হ'ব বুলি কৈছিল?

যীচুৱে তেওঁৰ শিষ্যবিলাকক কৈছিল যে তেওঁক দোষী কৰি মৃত্যুদণ্ড দিয়া হ'ব আৰু তিনিদিনৰ পাছত তেওঁ পুনৰ জীয়াই উঠিব (১০:৩৩-৩৪)।

Mark 10:35-37

যাকোব আৰু যোহনে যীচুক কি অনুৰোধ কৰিছিল?

যাকোব আৰু যোহনে যীচুৰ সৈতে প্ৰতাপেৰে তেওঁৰ সোঁ হাতে আৰু বাওঁ হাতে বহিবলৈ পাবলৈ অনুৰোধ কৰিছিল (১০:৩৫-৩৭)।

Mark 10:38-40

যাকোব আৰু যোহনে কি কমন কৰিব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যাকোব আৰু যোহনে যীচুৱে পান কৰা পিয়লা পান কৰিব আৰু যীচুৱে বাপ্তাইজিত হোৱা বাপ্তিস্মেৰে বাপ্তাইজিত হ'ব (১০:৩৯)।

যাকোব আৰু যোহনৰ অনুৰোধটো যীচুৱে মঞ্জৰ কৰিছিল নে?

নাই, যীচুৱে কৈছিল তেওঁৰ সোঁ হাত আৰু বাওঁ হাতে থকা আসন দুখন তেওঁলোকক দিবলৈ নহয় (১০:৪০)।

Mark 10:41-42

পৰজাতিবিলাকৰ শাসনকৰ্ত্তাসকলে তেওঁলোকৰ প্ৰজাসকলক কেনে আচৰণ কৰে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল পৰজাতিসকলৰ শশনকৰ্ত্তাসকলে তেওঁলোকৰ প্ৰজাসকলক দমন কৰে (১০:৪২)।

Mark 10:43-45

যিসকলে শিষ্যসকলৰ মহান হ'বলৈ ইচ্ছা কৰে তেওঁ কেনেকৈ থাকিব লাগে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যিসকলে শিষ্যসকলৰ মহান হ'বলৈ ইচ্ছা কৰে তেওঁ সকলোৰে পৰিচাৰক হৈ থাকিব লাগে (১০:৪৩-৪৪)

Mark 10:46-50

সেই অন্ধ মানুহ বাৰতীময়ে কি কৰিছিল যেতিয়া অনেকে তেওঁক গালি দিছিল, তেওঁ মনে মনে থাকিবলৈ কৈছিল?

বাৰতীময়ে আৰু বেছিকৈ চিঞঁৰিছিল, "হে দায়ুদৰ সন্তান, মোলৈ দয়া কৰক!" (১০:৪৮)।

Mark 10:51-52

বাৰতীময়ৰ অন্ধতা সুস্থ কৰাৰ পাছত যীচুৱে তেওঁক কি কৈছিল?

যীচুৱে বাৰতীময়ক কৈছিল যে তেওঁৰ বিশ্বাসেই তেওঁক সুস্থ কৰিলে (১০:৫২)।

Mark 11

Mark 11:1-3

যীচুৱে তেওঁলোকৰ সন্মুখৰ গাওঁ খনলৈ তেওঁৰ দুজন শিষ্যক কি কৰিবলৈ পঠাই দিছিল?

যীচুৱে তেওঁলোকক কোনেও কেতিয়াও নুঠা এটা গাধ পোৱালি আনিবলৈ পঠাইছিল (১১:২)।

Mark 11:4-6

যেতিয়া শিষ্যকেইজনে গাধ পোৱালিটো খুলিছিল কি ঘটিছিল?

কোনো কোনো মানুহে শিষ্যকেইজনক কি কৰিছে বুলি সুধিছিল, সেয়ে তেওঁলোকে যীচুৱে যেনেকৈ ক'বলৈ দিছিল সেইদৰে মানুহবিলাকক ক'লে, আৰু মানুহবিলাকে তেওঁলোকক যাবলৈ এৰি দিলে (১১:৫-৬)।

Mark 11:7-10

যীচুৱে গাধ পোৱালিৰ পিঠিত উঠি আহোঁতে মানুহবিলাকে ৰাস্তাত কি কি পাৰি দিছিল?

মানুহবিলাকে তেওঁলোকৰ কামিজবোৰ পাৰি দিছিল আৰু পথাৰৰ পৰা কাটি অনা গছৰ ডালবোৰ পাৰি দিছিল (১১:৮)।

যীচুৱে যিৰূচালেমৰ ফালে আহি থাকোঁতে মানুহবিলাকে কাৰ ৰাজ্য আহিছে বুলি চিঞঁৰিছিল?

মানুহবিলাকে তেওঁলোকৰ পিতৃ দায়ুদৰ ৰাজ্য আহিছে বুলি চিঞঁৰিছিল (১১:১০)।

Mark 11:11-12

যীচুৱে যেতিয়া মন্দিৰৰ অঞ্চলত প্ৰবেশ কৰোঁতে তেওঁ কি কৰিছিল?

যীচুৱে চাৰিওফালে চাইছিল আৰু তাৰ পাছত তেওঁ বৈথনিয়ালৈ গুচি গৈছিল (১১:১১)।

Mark 11:13-14

যীচুৱে যেতিয়া ফলহীন ডিমৰু গছজোপা দিখিছিল তেওঁ কি কৰিছিল?

যীচুৱে সেই ডিমৰু গছজোপাক কৈছিল, "কোনেও আৰু কেতিয়াও তোৰ পৰা ফল নাখাওক"(১১:১৪)।

Mark 11:15-16

এইবাৰ যীচুৱে যেতিয়া মন্দিৰৰ অঞ্চলত সোমাইছিল তেওঁ কি কৰিছিল?

যীচুৱে বেচা আৰু কিনা সকলক বাহিৰ কৰিছিল, আৰু মন্দিৰৰ মাজেদি কাকো বেপাৰৰ বস্তু আনিব নিদিলে (১১:১৫-১৬)।

Mark 11:17-19

শাস্ত্ৰ অনুসৰি, মন্দিৰটো কি হ'ব লাগে বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে মন্দিৰটো সকলো জাতিৰ প্ৰাৰ্থনা গৃহ হ'ব লাগিছিল (১১:১৭)।

যীচুৱে প্ৰধান পুৰোহিত আৰু অধ্যাপক সকলক মন্দিৰটো কি বনাই পেলালে বুলি কৈছিল?

যীচুৱে কৈছিল যে তেওঁলোকে মন্দিৰটো ডকাইতৰ গুহা কৰি পেলালে বুলি কৈছিল (১১:১৭)।

প্ৰধান পুৰোহিত আৰু অধ্যাপক সকলে যীচুক কি কৰিবলৈ চেষ্টা কৰিছিল?

প্ৰধান পুৰোহিত আৰু অধ্যাপক সকলে যীচুক বধ কৰিবলৈ চেষ্টা কৰিছিল (১১:১৮)।

Mark 11:20-23

যীচুৱে যি জোপা ডিমৰু গছক কৈছিল তাৰ কি হৈছিল?

যীচুৱে যি জোপা ডিমৰু গছক কথা কৈছিল তাৰ শিপাই সৈতে শুকাই গৈছিল (১১:২০)।

Mark 11:24-26

প্ৰাৰ্থনাত আমি যি যি খোজো সেই সকলোবোৰৰ বিষয়ে যীচুৱে কি কৈছিল ?

যীচুৱে কৈছিল যে প্ৰাৰ্থনাত আমি যি যি খোজো, আমি সেইবোৰ পালো বুলি বিশ্বাস কৰিব লাগে আৰু সেইবোৰ আমাৰ হ'ব (১১:২৪)।

যীচুৱে কি কৈছিল আমি কৰা উচিত যাতে স্বৰ্গত থকা পিতৃয়ে তোমাক ক্ষমা কৰিব?

A.যীচুৱে কৈছিল কাৰোবাৰ বিৰুদ্ধে আমাৰ কিবা থাকিলে আমি ক্ষমা কৰিব লাগে, যাতে স্বৰ্গীয় পিতৃয়েও আমাক ক্ষমা কৰিব (১১:২৫)।

Mark 11:27-28

মন্দিৰত, প্ৰধান পুৰোহিত, অধ্যাপকসকল আৰু চলাওঁতা বৃদ্ধসকলে যীচুৰ পৰা কি জানিবলৈ বিচাৰিছিল?

তেওঁলোকে এইটা জানিবলৈ বিচাৰিছিল যে তেওঁ কি ক্ষমতাৰে এইবোৰ কৰ্ম্ম কৰি আছে (১১:২৭-২৮)।

Mark 11:29-30

যীচুৱে প্ৰধান পুৰোহিত, অধ্যাপকসকল আৰু চলাওঁতা বৃদ্ধসকলক কি

কৰিছিল?

যীচুৱে যোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা নে মানুহ পৰা হৈছিল সেইটো সুধিছিল (১১:৩০)।

Mark 11:31-33

প্ৰধান পুৰোহিত, অধ্যাপকসকল আৰু চলাওঁতা বৃদ্ধসকলে যোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা হৈছে বুলি কিয় ক'ব বিচৰা নাছিল?

তেওঁলোকে উত্তৰ দিব বিচৰা নাছিল কাৰণ যীচুৱে হয়তু তেওঁলোকক সুধিব তেন্তে যোহনক কিয় বিশ্বাস নকৰিলা (১১:৩১)।

মানুহৰ পৰা যোহনৰ বাপ্তিস্ম হৈছিল বুলি প্ৰধান পুৰোহিত, অধ্যাপকসকল আৰু চলাওঁতা বৃদ্ধসকলে কিয় ক'ব বিচৰা নাছিল?

তেওঁলোকে উত্তৰ দিব বিচৰা নাছিল কাৰণ তেওঁলোকে মানুহবিলাকলৈ ভয় কৰিছিল যিসকলে বিশ্বাস কৰিছিল সকলোৱে যোহনক এজন ভাববাদী বুলি মানিছিল (১১:৩২)।

Mark 12

Mark 12:1-3

দ্ৰাক্ষাবাৰী সাজি আৰু খেতিয়কক দিয়া পাছত, মালিকজনে কি কৰিছিল?

দ্ৰাক্ষাবাৰী সাজি আৰু খেতিয়কক দিয়া পাছত, মালিকজনে আন দেশলৈ গৈছিল (১২:১)।

Mark 12:4-5

মালিকে দ্ৰাক্ষাবাৰীৰ ফল আনিবলৈ চাকৰ সকলক পঠোৱাত সেই খেতিয়কসকলে কি কৰিছিল?

সেই খেতিয়কসকলে চাকৰসকলক কোবাইছিল, আঘাত কৰিছিল আৰু বধ কৰিছল (১২:৩-৫)।

Mark 12:6-7

মালিকে একেবাৰে শেষত কাক পঠিয়াইছিল ?

মালিকে একেবাৰে শেষত তেওঁ মৰমৰ পুত্ৰক পঠিয়াইছিল (১২:৬)।

Mark 12:8-9

মালিকৰ দ্বাৰা পঠোৱা শেষৰ জনক খেতিয়কবিলাকে কি কৰিছিল?

সেই খেতিয়কবিলাকে তেওঁক ধৰিছিল, বধ কৰিছিল আৰু দ্ৰাক্ষাবাৰীৰ পৰা বাহিৰ কৰি পেলাই দিছিল (১২:৮)।

সেই খেতিয়কবিলাকক মালিকে কি কৰিব?

সেই মালিক আহিব আৰু খেতিয়কবিলাকক সংহাৰ কৰিব আৰু সেই দ্ৰাক্ষাবাৰী আনক দি দিব (১২:৯)।

Mark 12:10-12

শাস্ত্ৰত, ঘৰ সজীয়া বিলাকে যি শিল অগ্ৰাহ্য কৰিছিল সেই শিলৰ কি হৈছিল ?

ঘৰ সজীয়া বিলাকে যি শিল অগ্ৰাহ্য কৰিছিল সেয়েই চুকৰ প্ৰধান শিল হৈছিল (১২:১০)।

Mark 12:13-15

ফৰীচী আৰু কোনো কোনো হেৰোডীয়া সকলে কি

যীচুক সুধিছিল ?

কৈচৰক কৰ দিয়াটো বিধি গত হয়নে নহয় তেওঁলোকে সেই

তেওঁক সুধিছিল (১২:১৪)।

Mark 12:16-17

যীচুৱে তেওঁলোকৰ

উত্তৰ কেনেদৰে দিছিল?

যীচুৱে কৈছিল তেওঁলোকে যিটো কৈচৰৰ তাক কৈচৰক দিয়ক, আৰু যিটো ঈশ্বৰৰ তাক ঈশ্বৰক দিয়ক (১২:১৭)।

Mark 12:18-19

চদ্দুকী বিলাকে কি বিশ্বাস নকৰিছিল?

চদ্দুকী বিলাকে পুনৰূত্থান বিশ্বাস নকৰিছিল (১২:১৮)।

Mark 12:20-23

চদ্দুকীবিলাকৰ দ্বাৰা কোৱা কাহিনীটোত, সেই মহিলা গৰাকীৰ কেইজন স্বামী আছিল?

সেই মহিলা গৰাকীৰ সাতজন স্বামী আছিল (১২:২২)।

সেই মহিলা গৰাকীৰ বিষয়ে চদ্দুকীবিলাকে যীচুক কি

কৰিছিল?

তেওঁলোকে এইটো সুধিছিল পুনৰূত্থানত সেই মহিলাগৰাকীৰ স্বামী কোন জন হ'ব (১২:২৩)।

Mark 12:24-25

চদ্দুকীবিলাকৰ ভুলৰ বাবে যীচুৱে কি কাৰণ দিছিল?

যীচুৱে কৈছিল, চদ্দুকীবিলাকে শাস্ত্ৰ নাজানে আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানিছিল (১২:২৪)।

মহিলা গৰাকীৰ বিষয়ে চদ্দুকীবিলাকৰ

যীচুৱে কি উত্তৰ দিছিল?

যীচুৱে কৈছিল যে পুনৰূত্থানত, পুৰুষ আৰু মহিলা বিয়া নহয়, কিন্তু তেওঁলোক স্বৰ্গদূতৰ নিচিনা হয় (১২:২৫)।

Mark 12:26-27

পুনৰূত্থান যে আছে শাস্ত্ৰৰ পৰা যীচুৱে কেনেকৈ দেখুৱাইছিল?

যীচুৱে মোচিৰ পুস্তকৰ পৰা দেখুৱাইছিল, য'ত ঈশ্বৰে কৈছে তেওঁ অব্ৰাহামৰ, ইচহাকৰ আৰু যাকোবৰ ঈশ্বৰ - সেই সকল এতিয়াও জীয়াই আছে (১২:২৬-২৭)।

Mark 12:28-29

আটাইতকৈ দৰকাৰী আজ্ঞা কোনটো বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল তুমি তোমাৰ ঈশ্বৰক সকলো অন্তৰেৰে, প্ৰাণেৰে, চিত্তৰে, আৰু শক্তিৰে প্ৰেম কৰা, এইটোৱেই আটাইতকৈ দৰকাৰী আজ্ঞা (১২:২৯-৩০)।

যীচুৱে কোৱা দ্বিতীয় আজ্ঞা কোনটো আছিল?

যীচুৱে কৈছিল তুমি তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা এইটোৱেই হৈছে দ্বিতীয়টো (১২:৩১)।

Mark 12:30-34

এই সকলো নঘটে মানে কি লুপ্ত নহ'ব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল এই সকলো নঘটে মানে এই কালৰ প্ৰজন্ম লুপ্ত নহ'ব (১৩:৩০)।

কি লুপ্ত নহ'ব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল তেওঁৰ বাক্য কেতিয়াও লুপ্ত নহ'ব (১৩:৩১)।

এই সকলোবোৰ কেতিয়া ঘটিব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল কেৱল পিতৃৰ বাহিৰে কোনেও সেই দিন বা সময় নাজানে (১৩:৩২)।

Mark 12:35-37

দায়ুদৰ বিষয়ে অধ্যাপকসকলক যীচুৱে কি

কৰিছিল?

যীচুৱে সুধিছিল খ্ৰীষ্ট যিহেতু দায়ুদৰ সন্তান তেন্তে দায়ুদে খ্ৰীষ্টক কেনেকৈ প্ৰভু বুলিছিল (১২:৩৫-৩৭)।

Mark 12:38-42

অধ্যাপক সকলৰ পৰা মানুহবিলাকক কি সাৱধান হ'বলৈ কৈছিল?

যীচুৱে কৈছিল যে অধ্য়াপকসকলে মানুহৰ পৰা আদৰ পাবলৈ ইচ্ছা কৰে, কিন্তু তেওঁলোক বিধৱাবিলাকৰ ঘৰবাৰী গ্ৰাস কৰে আৰু মানুহে দেখা পাবলৈ দীঘলীয়া প্ৰাৰ্থনা কৰে (১২:৩৮-৪০)।

Mark 12:43-44

দান পাত্ৰত যিসকলে দান দিছিল সেই সকলোতকৈ সেই দৰিদ্ৰ বিধৱাই আটাইতকৈ বেছি দান দিছিল বুলি যীচুৱে কিয় কৈছিল?

যীচুৱে কৈছিল তাই আটাইতকৈ বেছি দান দিছিল কাৰণ তাই নিজৰ নাটনি হোৱাটো দান দিছিল য'ত আনবিলাকে তেওঁলোকৰ অতিৰিক্ত ধনৰ পৰা দিছিল (১২:৪৪)।

Mark 13

Mark 13:1-2

শিলৰ সুন্দৰ গাঁথনি আৰু মন্দিৰৰ সজ্জা কি হ'ব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল এটা শিলৰ ওপৰত থকাকৈ আন এটা শিল এৰা নহ'ব যিটো ভাঙি পেলোৱা নহ'ব (১৩:২)।

Mark 13:3-4

তেতিয়া শিষ্য বিলাকে যীচুক কি

কৰিছিল?

শিষ্যবিলাকে যীচুক সুধিছিল এইবোৰ হোৱাৰ কেতিয়া হ'ব আৰু তাৰ চিন কি হ'ব (১৩:৪)।

Mark 13:5-6

যীচুৱে শিষ্যসকলক কিহৰ বিষয়ে সাৱধান হ'বলৈ কৈছিল?

কোনেও যেন তেওঁলোকক বিপথে লৈ নাযায় তাৰ বাবে যীচুৱে শিষ্যসকলক সাৱধান হৈ থাকিবলৈ কৈছিল (১৩:৫-৬)।

Mark 13:7-8

প্ৰসৱ বেদনাৰ আৰম্ভণী বুলি যীচুৱে কি কৈছিল ?

যীচুৱে প্ৰসৱ বেদনাৰ আৰম্ভণী বুলি যুদ্ধ, যুদ্ধৰ বাতৰি, ভুমিকম্প, আৰু আকাল ইত্যাদিক কৈছিল (১৩:৭-৮)।

Mark 13:9-10

শিষ্যবিলাকৰ কি হ'ব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল শিষ্যবিলাকক সাক্ষ্য স্বৰূপ হ'বলৈ পৰিষদত দি দিব, ধৰ্ম্মধামত কোবাব, ৰাজ্যপাল/অধিপতি আৰু ৰজাৰ আগত হাজিৰ কৰাব (১৩:৯)।

প্ৰথমতে কি ঘটিব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল প্ৰথমতে শুভবাৰ্ত্তা জগতৰ সকলোতে প্ৰচাৰ হ'ব লাগিব (১৩:১০)।

Mark 13:11-13

পৰিয়াল আৰু পৰিয়ালৰ সদস্যবিলাকৰ মাজত কি ঘটিব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যে পৰিয়ালৰ এজন সদস্যই আন সদস্যক মৃত্যুলৈ শোধাই দিব (১৩:১২)।

কোনে পৰিত্ৰাণ পাব বুলি যীচুৱে কৈছিল ?

যীচুৱে কৈছিল যি জনে শএষলৈকে সহি থাকে তেওঁৱেই পৰিত্ৰাণ পাব (১৩:১৩)।

Mark 13:14-16

যিহুদীয়াত থকা সকলে যেতিয়া সেই ঘিণলগীয়া বস্তুক দেখিব তেওঁলোকে কি কৰিব লাগে বুলি যীচুৱে কৈছিল?

যেতিয়া তেওঁলোকে সেই ঘিণলগীয়া বস্তুক দেখিব যীচুৱে কৈছিল তেওঁলোকে পৰ্ব্বতলৈ পলাই যাওক (১৩:১৪)।

Mark 13:17-20

যীচুৱে কি কৈছিল প্ৰভুৱে বাচিলোৱা লোকৰ বাবে কি কৰিব, যাতে তেওঁলোকে পৰিত্ৰাণ পায় ?

যীচুৱে কৈছিল মনোনীত কৰি লোৱা লোকৰ বাবে প্ৰভুৱে সেই ক্লেশৰ দিনৰ সংখ্যা কম কৰা হ'ব (১৩:২০)।

Mark 13:21-23

যীচুৱে কি কৈছিল মানুহবিলাকক প্ৰলোভিত কৰিবলৈ কোন ওলাব?

যীচুৱে কৈছিল মানুহবিলাকক প্ৰলোভন কৰিবলৈ ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাববাদী ওলাব (১৩:২২)।

Mark 13:24-32

সেই ক্লেশৰ দিনৰ পাছত আকাশৰ পৰাক্ৰমবোৰ কি হ'ব?

সুৰ্য্য আৰু চন্দ্ৰ অন্ধকাৰ হ'ব, আকাশৰ পৰা তৰাবোৰ খহি খহি পৰিব, আৰু আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ'ব (১৩:২৪-২৫)।

মানুহবিলাকে আকাশত কি দেখা পাব?

তেওঁলোকে মানুহৰ পুত্ৰক আকাশত মেঘত মহা পৰাক্ৰম আৰু প্ৰতাপেৰে অহা দেখিব (১৩:২৬)।

মানুহৰ পুত্ৰ যেতিয়া আহিব তেওঁ কি কৰিব?

মানুহৰ পুত্ৰই মনোনীত কৰি লোৱা তেওঁৰ সকলোকে পৃথিবীৰ চাৰিসীমাৰ পৰা আৰু আকাশৰ পৰা আনি গোটাব (১৩:২৭)।

Mark 13:33-37

যীচুৱে তেওঁৰ আগমণৰ বিষয়ে শিষ্যবিলাকক কি আজ্ঞা দিছিল ?

যীচুৱে তেওঁৰ শিষ্যবিলাকক সজাগ হৈ থাকি পৰ দি থাকিবলৈ কৈছিল (১৩:৩৩, ৩৫, ৩৭)।

Mark 14

Mark 14:1-2

প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে কেনেকৈ কি কৰিব পাৰে তাক চিন্তা কৰি আছিল?

তেওঁলোকে এইটো বিবেচনা কৰি আছিল যে কেনেকৈ ষড়যন্ত্ৰ কৰি যীচু ধৰিব পাৰে আৰু তাৰ পাছত তেওঁখ বধ কৰিব পাৰে (১৪:১)।

প্ৰধান পুৰোহিত আৰু অধ্য়াপকসকলে খমিৰ বিহীন পৰ্ব্বৰ সময়ত কিয় সেই কাৰ্য্য কৰিব বিচৰা নাছিল?

মানুহবিলাকৰ মাজত হুৰা -মুৰা লাগিব বুলি চিন্তিত হৈ আছিল (১৪:২)।

Mark 14:3-5

চিমোন কুষ্ঠৰোগীৰ ঘৰত এগৰাকী মহিলাই যীচুলৈ কি কৰিছিল?

এগৰাকী মহিলাই এটা অতি মুল্যৱান সুগন্ধি তেলৰ বটল ভাঙিছিল আৰু যীচুৰ মুৰত বাকি দিছিল (১৪:৩)।

কোনো কোনোৱে সেই মহিলা গৰাকীক কিয় গালি দিছিল?

সেই সুগন্ধি তেল বিক্ৰি কৰি দুখীয়াসকলক বিলাই নিদিয়াৰ বাবে কোনো কোনোৱে সেই মহিলা গৰাকীক গালি দিছিল (১৪:৫)।

Mark 14:6-9

সেই মহিলা গৰাকীয়ে তেওঁলৈ কৰা কামটোক যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল সেই মহিলা গৰাকীয়ে তেওঁৰ দেহাটো কবৰত থোৱাৰ বাবে তেওঁক অভিষেক কৰিছিল (১৪:৮)।

সেই মহিলা গৰাকীয়ে যি কৰিলে সেই বিষয়ে যীচুৱে কি অঙ্গীকাৰ কৰিছিল?

যীচুৱে এই অঙ্গীকাৰ কৰিছিল যে এই জগতৰ য'তেই শুববাৰ্ত্তা প্ৰচাৰ হয়, এই মহিলা গৰাকীয়ে যি কৰিছিল তাৰ সোঁৱৰণী হিচাপে এই কাৰ্য্যটোকো কোৱা হ'ব (১৪:৯)।

Mark 14:10-11

ঈস্কৰিয়োতীয়া যিহুদাই প্ৰধান পুৰোহিতৰ ওচৰলৈ কিয় গৈছিল?

ঈস্কৰিয়োতীয়া যিহুদাই প্ৰধান পুৰোহিতৰ ওচৰলৈ গৈছিল যাতে তেওঁ যীচুক তেওঁলোকৰ হাতত শোধাই দিব পাৰে (১৪:১০)।

Mark 14:12-16

শিষ্যসকলে কেনেকৈ এখন ঠাই বিচাৰি পাইছিল য'ত তেওঁলোকে নিস্তাৰ পৰ্ব্ব পালন কৰিব পাৰে?

যীচুৱে তেওঁলোকক নগৰলৈ যাবলৈ কৈছিল আৰু কলহত পানী লৈ গৈ থকা এজন মানুহৰ পাছে পাছে যাবলৈ কৈছিল আৰু তাৰ পাছত তেওঁক সুধিবলৈ কৈছিল যে তেওঁলোকে নিস্তাৰ পৰ্ব্বৰ ভোজ খাবৰ বাবে আলহী কোঠালি ক'ত (১৪:১২-১৪)।

Mark 14:17-19

তেওঁলোকে মেজলৈ হলি গৈ তেওঁলোকৰ ভোজনত থাকোঁতে যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল তেওঁলোকৰ লগত ভোজন কৰি থকা শিষ্যবিলাকৰ মাজৰ এজনে তেওঁক প্ৰবঞ্চনা কৰিব (১৪:১৮)।

Mark 14:20-21

কোন জন শিষ্যই তেওঁক প্ৰবঞ্চনা কৰিব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যিজন শিষ্যই তেওঁৰে সৈতে চৰীয়াত পিঠা জুবুৰিয়াই তেওঁৱেই তেওঁক প্ৰবঞ্চনা কৰিব (১৪:২০)।

যিজনে তেওঁক প্ৰবঞ্চনা কৰিব তেওঁৰ অন্তিম অৱস্থাৰ বিষয়ে যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল যে তেওঁৰ জন্ম নোহোৱা হ'লেই তেওঁৰ বাবে ভাল আছিল (১৪:২১)।

Mark 14:22-25

যীচুৱে শিষ্যসকলক সেই ভঙা পিঠা দি থাকোঁতে তেওঁ কি কৈ আছিল?

যীচুৱে কৈছিল, "এইটো লোৱা। এইয়ে মোৰ শৰীৰ" (১৪:২২)।

যীচুৱে শিষ্যবিলাকক পিয়লা দি থাকোঁতে কি কৈ আছিল?

যীচুৱে কৈছিল, "এইয়ে মোৰ নিয়মৰ তেজ, এই যি তেজ অনেকৰ বাবে বোৱাই দিয়া হৈছে" (১৪:২৪)।

দ্ৰাক্ষাফলৰ ৰস আকৌ কেতিয়া পান কৰিম বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল তেওঁ ঈশ্বৰৰ ৰাজ্যত ন ৰস পান নকৰা দিনলৈকে এই দ্ৰাক্ষাফলৰ ৰস আকৌ পান নকৰে (১৪:২৫)।

Mark 14:26-29

জৈতুন পৰ্ব্বতত, যিচুৱে তেওঁৰ শিষ্যবিলাকৰ বিষয়ে কি ভবিষ্যত বাণী কৰিছিল?

যীচুৱে তেওঁৰ শিষ্যবিলাকৰ বিষয়ে কৈছিল যে তেওঁৰ কাৰণে তেওঁলোক সকলোৱে বিঘিনি পাব (১৪:২৭)।

Mark 14:30-31

পিতৰে তেওঁৰ পৰা কেতিয়াও আতিৰ নাযাব বুলি কোৱাত যীচুৱে পিতৰক কি কৈছিল?

যীচুৱে পিতৰক কৈছিল কুকুৰাই দুবাৰ ডাকৰ দিয়াৰৰ আগেয়ে, পিতৰে যীচুক তিনিবাৰ অস্বীকাৰ কৰিব (১৪:৩০)।

Mark 14:32-34

যীচুৱে যেতিয়া প্ৰাৰ্থনা কৰি আছিল তেওঁৰ শিষ্যকেইজনক কি কৰিবলৈ কৈছিল?

যীচুৱে তেওঁলোকক তাতে থাকি পৰ দি থাকিবলৈ কৈছিল (১৪:৩২-৩৪)।

Mark 14:35-36

যীচুৱে কি প্ৰাৰ্থনা কৰিছিল?

এই সময় তেওঁৰ পৰা যেন আতৰি যায় যীচুৱে এই প্ৰাৰ্থা কৰিছিল (১৪:৩৫)।

যীচুৱে তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ হিচাপে পিতৃৰ পৰা কি গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিছিল?

যীচুৱে তেওঁৰ বাবে পিতৃৰ পৰা যি ইচ্ছা আছিল তাকে গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিছিল (১৪:৩৬)।

Mark 14:37-39

যীচুৱে যেতিয়া ঘুৰি আহিছিল তিনিজন শিষ্যক কি পাইছিল ?

তিনিজন শিষ্যক টোপনিত থকা যীচুৱে দেখা পাইছিল (১৪:৩৭)

Mark 14:40-42

যীচুৱে প্ৰাৰ্থনাৰ পৰা উভতি আহোঁতে দ্বিতীয় বাৰ কি পাইছিল ?

তিনিজন শিষ্যক টোপনিত থকা যীচুৱে দেখা পাইছিল (১৪:৪০)।

যীচুৱে প্ৰাৰ্থনাৰ পৰা উভতি আহোঁতে তৃতীয় বাৰ কি পাইছিল ?

তিনিজন শিষ্যক টোপনিত থকা যীচুৱে দেখা পাইছিল (১৪:৪১)।

Mark 14:43-46

যীচু কোন জন তাতে দেখুৱাবলৈ যিহুদাই চিপহী বিলাকক কি চিন দিছিল?

যীচু কোন জন তাতে দেখুৱাবলৈ যিহুদাই চিপাহীবিলাকক যীচুক চুমা দিয়াৰ চিন দিছিল (১৪:৪৪-৪৫)।

Mark 14:47-50

শাস্ত্ৰ বাক্য পৰিপুৰ্ণ হ'বলৈ এই সকলো কৰা হ'ব লাগে বুলি যীচুৱে কি কৈছিল?

যীচুৱে কৈছিল যে শাস্ত্ৰ বাক্য পৰিপুৰ্ণ হ'ল কাৰণ তেওঁলোকে এজন ডকাইতক ধৰিবলৈ অহা নিচিনাকৈ তৰোৱাল আৰু টাঙোন ধৰাবোৰ লৈ তেওঁ গ্ৰেপ্তাৰ কৰিবলৈ আহিছে (১৪:৪৮-৫০)।

যীচুক যেতিয়া গ্ৰেপ্তাৰ কৰা হ'ল তেওঁৰ লগত থকা সকলে কি কৰিছিল?

তেওঁৰ লগত থকা সকলে তেওঁক এৰিছিল আৰু পলাই গৈছিল (১৪:৫০)।

Mark 14:51-52

যীচুক গ্ৰেপ্তাৰ কৰা সময়ত যিজন ডেকা মানুহে তেওঁৰ পিছে পিছে গৈ আছিল কি কৰিছিল?

সেই ডেকা মানুহ দনে তেওঁৰ শন সুতাৰ কামিজ তাতে এৰিছিল আৰু তাৰ পৰা পলাই গৈছিল (১৪:৫১-৫২)।

Mark 14:53-54

যীচুক মহা পুৰোহিতৰ ওচৰলৈ লৈ যাওঁতে পিতৰ ক'ত আছিল?

পিতৰে জুইৰ ওচৰত নিজকে উম লগাবলৈ ৰখীয়া বিলাকৰ লগত বহি আছিল (১৪:৫৩-৫৪)।

Mark 14:55-59

পৰিষদত যীচুৰ বিপক্ষে দিয়া সাক্ষ্যত কি ভুল আছিল?

যীদুৰ বিৰুদ্ধে দিয়া সাক্ষ্য ভুল আছিল আৰু মিলা নাছিল (১৪:৫৫-৫৯)।

Mark 14:60-62

যীচুনো কোনো সেই বিষয়ে মহা পুৰোহিতে যীচুক কি

কৰিছিল?

মহা পুৰোহিতে যীচুক সুধিছিল তেওঁ খ্ৰীষ্ট হয়নে সেই পৰম ধন্য জনাৰ পুত্ৰ নে(১৪:৬১)।

মহা পুৰোহিতৰ

যীচুৱে কি উত্তৰ দিছিল?

যীচুৱে উত্তৰ দিছিল যে তেওঁ খ্ৰীষ্ট হয়, সেই পৰম ধন্যজনাৰ পুত্ৰ হয় (১৪:৬২)।

Mark 14:63-65

যীচুৰ উত্তৰ শুনাৰ পাছত, যীচু কিহৰ দোষী বুলি মহা পুৰোহিতে কৈছিল?

মহা পুৰোহিতে কৈছিল যে যীচু ঈশঅবৰ নিন্দা কৰা দোষত দোষী (১৪:৬৪)।

যীচুক মৃত্যুদণ্ড পোৱা যোগ্য বুলি দোষী কৰাৰ পাছত তেওঁলোকে যীচুক কি কিৰছিল?

তেওঁলোকে মুখত থুই পেলাইছিল, ভুকুৱাইছিল, আৰু কোবাইছিল (১৪:৬৫)।

Mark 14:66-70

সেই চাকৰণী জনীয়ে পিতৰক যীচুৰ লগত আছিল বুলি কোৱাত পিতৰৰ উত্তৰ কি আছিল ?

পিতৰে উত্তৰ দিছিল যে তেওঁ নাজানে আৰু তাই কি বিষয়ে কৈছিল সেইটো বুজা পোৱা নাই (১৪:৬৬-৬৮)।

Mark 14:71-72

পিতৰক তৃতীয়বাৰ যীচুৰ শিষ্য বুলি সোধাত তেওঁৰ প্ৰত্যুত্তৰ কি আছিল?

পিতৰে শপত খাইছিল আৰু নিজকে শাও পোৱা বুলি কৈছিল যে তেওঁ যীচুক চিনি নাপায় (১৪:৭১)।

পিতৰে তৃতীয়বাৰ উত্তৰ দিয়া পাছত কি ঘটিছিল ?

পিতৰে তৃতীয়বাৰ উত্তৰ দিয়া পাছত, কুকুৰাই দ্বিতীয় বাৰ ডাক দিছিল (১৪:৭২)।

কুকুৰাই ডাক দিয়া শুনাৰ পাছত পিতৰে কি কৰিছিল?

তেওঁ কুকুৰাই ডাক দিয়া শুনাৰ পাছত, পিতৰ অতি দুখিত হৈছিল আৰু অতি বিষাদেৰে কান্দিব ধৰিছিল (১৪:৭২)।

Mark 15

Mark 15:1-3

ৰাতি পুৱা অতি সোনকালে, প্ৰধান পুৰোহিতে যীচুক কি কৰিছিল?

ৰাতি পুৱা অতি সোনকালে, প্ৰধান পুৰোহিতে যীচুক বান্ধিছিল আৰু পীলাতৰ হাতত শোধাই দিছিল (১৫:১)।

Mark 15:4-5

যেতিয়া প্ৰধান পুৰোহিতে যীচুৰ বিৰুদ্ধে বহুতো অভিযোগ উপস্থাপন কৰিছিল, যীচুৰ বিষয়ে পীলাতে কি আচৰিত হৈছিল?

পীলাত আচৰিত হৈছিল যে যীচুৱে তেওঁক একো উত্তৰ দিয়া নাছিল (১৫:৫)।

Mark 15:6-8

সেই পৰ্ব্বৰ সময়ত মানুহবিলাকৰ বাবে সাধাৰণতে পীলাতে কি কৰিছিল?

সেই পৰ্ব্বৰ সময়ত মানুহবিলাকে অনুৰোধ কৰা এজন বন্দীক পীলাতে সাধাৰণতে মানুহবিলাকলৈ মুকলি কৰি দিয়ে (১৫:৬)।

Mark 15:9-11

পীলাতে মানুহবিলাকলৈ যীচুক কিয় এৰি দিব বিচাৰিছিল?

পীলাতে জানিছিল যে হিংসাৰ বাবেহে প্ৰধান পুৰোহিতসকলে যীচুক তেওঁৰ হাতত শোধাই দিছিল (১৫:১০)।

মানুহবিলাকে কাক মুকলি কৰিব লাগে বুলি চিঞঁৰিছিল, আৰু বন্দীশালত কি কৰিব লাগে বুলি কৈছিল?

ভীৰৰ মানুহবিলাকে বাৰাব্বাক, যিজন এজন নৰবধী আছিল তাক মুকলি কৰিব লাগে বুলি চিঞঁৰিছিল (১৫:৭, ১১)।

Mark 15:12-15

ভীৰৰ মানুহবিলাকে যিহুদীবিলাকৰ ৰজাক কি কৰিব লাগে বুলি কৈছিল?

ভীৰৰ মানুহবিলাকে কৈছিল যিহুদীবিলাকৰ ৰজাক ক্ৰচত দিব লাগে (১৫:১২-১৪)।

Mark 15:16-18

সৈন্য দলটোৱে যীচুক কেনেকুৱা পোছাক পিন্ধাইছিল ?

সৈন্যবিলাকে যীচুক বেঙেনা বৰণীয়া কাপোৰ পিন্ধাইছিল আৰু তেওঁক পকাই দিয়া কাঁইটৰ কিৰীটি পিন্ধাইছিল (১৫:১৭)।

Mark 15:19-21

যীতুৰ ক্ৰচডাল কোনে কঢিয়াই লৈ গৈছিল ?

এজন বাটৰুৱা, কুৰিনীয় চিমোনক, বল পুৰ্ব্বক যীচুৰ ক্ৰচডাল কঢ়িয়াই নিবলৈ দিয়া হৈছিল (১৫:২১)।

Mark 15:22-24

সৈন্যবিলাকে যীচুক ক্ৰচবিদ্ধ কৰিবলৈ লৈ যোৱা ঠাইডোখৰৰ নাম কি আছিল?

সেই ঠাইডোখৰৰ নাম গলগথা আছিল, যিটোৰ অৰ্থ হৈছে মুৰৰ লাউখোলা (১৫:২২)।

যীচুৱে পিন্ধা কাপোৰ খিনি সৈন্যবিলাকে কি কৰিছিল?

যীচুৱে পিন্ধা কাপোৰ খনৰ বাবে সৈন্যবিলাকে চিঠি খেলাইছিল (১৫:২৪)।

Mark 15:25-28

সেই নাম ফলকৰ ওপৰত যীচুৰ বিৰুদ্ধে সৈন্যবিলাকে কি লিখিছিল?

সৈন্যবিলাকে নাম ফলকত লিখিছিল, " যিহুদীবিলাকৰ ৰজা" (১৫:২৬)।

Mark 15:29-30

যিসকলে সেই ফালেদি পাৰহৈ গৈছিল যীচুক কি কৰিবলৈ প্ৰত্যাহ্বান কৰিছিল?

যিসকলে সেই ফালেদি পাৰহৈ গৈছিল তেওঁলোকে যীচুক নিজকে বচাওক আৰু ক্ৰচৰ পৰা নামিবলৈ প্ৰত্যাহ্বান কৰিছিল (১৫:২৯-৩০)।

Mark 15:31-32

প্ৰধান পুৰোহিতে যীচুক কি কৰিবলৈ কৈছিল যাতে তেওঁলোকে বিশ্বাস কৰিব পাৰে?

প্ৰধান পুৰোহিতে কৈছিল যাতে যীচু ক্ৰচৰ পৰা নামি আহক যাতে তেওঁলোকে বিশ্বাস কৰিব পাৰে (১৫:৩১-৩২)।

প্ৰধান পুৰোহিত সকলে যীচুক ঠাট্টা কৰোঁতে তেওঁক কি পদবী দিছিল ?

প্ৰধান পুৰোহিত সকলে যীচুক যিহুদীবিলাকৰ ৰজা বুলি কৈছিল (১৫:৩২)।

Mark 15:33-35

ষষ্ঠ প্ৰহৰত কি হৈছিল?

ষষ্ট প্ৰহৰত , গোটেই দেশখনতে আন্ধাৰ হৈছিল (১৫:৩৩)।

নবম প্ৰহৰত যীচুৱে কি বুলি চিঞঁৰিছিল ?

যীচুৱে এই বুলি চিঞঁৰিছিল, "হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কিয় তুমি নোক পৰিত্যাগ কৰিলা?" (১৫:৩৪)।

Mark 15:36-38

যীচুৱে মৰাৰ আগে আগে কি কৰিছিল?

যীচুৱে মৰাৰ আগে আগে অতি ডাঙৰ মাতেৰে চিঞঁৰিছিল (১৫:৩৭)।

যেতিয়া যীচু মৰিছিল মন্দিৰত কি ঘটিছিল?

যেতিয়া যীচু মৰিছিল মন্দিৰত থকা আঁৰ কাপোৰখন ওপৰৰ পৰা তললৈকে ফাটি দুছিটা হৈছিল (১৫:৩৮)।

Mark 15:39-41

যীচুৱে যেনেকৈ মৰিছিল তাকে দেখি সেনাপতিয়ে কি সাক্ষ্য দিছিল?

সেনাপতিয়ে এই সাক্ষ্য দিছিল যে সচাঁকৈ এই মানুহজন ঈশ্বৰৰ পুত্ৰ আছিল (১৫:৩৯)।

Mark 15:42-44

যীচু কোন দিনাখন মৰিছিল?

বিশ্ৰাম বাৰৰ আগ দিনাখন যীচু মৰিছিল (১৫:৪২)।

Mark 15:45-47

যীচু মৰাৰ পাছত আৰিমথিয়া নগৰৰ যোচেফে কি কৰিছিল?

আৰিমথিয়া নগৰৰ যোচেফে পীলাতৰ ওচৰত যীচুৰ দেহাটো খুজিছিল, তেওঁ ক্ৰচৰ পৰা নমাইছিল, তেওঁক শম সুতাৰ কাপোৰেৰে মেৰিয়াইছিল, আৰু কবৰত শুৱাই থৈছিল, এটা শিল বগৰাই লৈ কবৰৰ দুৱাৰ মুখত থৈ বন্ধ কৰিছিল (১৫:৪৩, ৪৬)।

Mark 16

Mark 16:1-2

মহিলাসকলে যীচুৰ দেহাটো অভিষেক কৰিবলৈ কেতিয়া গৈছিল?

মহিলাসকলে সপ্তাহৰ প্ৰথম দিনা যেতিয়া বেলি উঠিছিল তেতিয়া কবৰলৈ গৈছিল (১৬:২)।

Mark 16:3-4

কবৰৰ প্ৰবেশস্থানত যদিও এটা প্ৰকাণ্ড শিল আছিল মহিলাসকলে কেনেকৈ কবৰত সোমাইছিল?

সেই প্ৰবেশস্থানৰ পৰা কোনোবাই সেই প্ৰকাণ্ড শিলটো বগৰাই আতৰাই দিছিল (১৬:৪)।

Mark 16:5-8

মহিলাসকলে কবৰত যেতিয়া সোমাইছিল তেওঁলোকে কি দেখিছিল?

মহিলাসকলে বগা কাপোৰ পিন্ধা এজন ডেকা মানুহক সোঁফালে বহি থকা দেখিছিল (১৬:৫)।

সেই ডেকা মানুহজনে যীচুৰ বিষয়ে মহিলাকেইজনীক কি কৈছিল?

সেই ডেকা মানুহজনে কৈছিল যীচু উঠিল আৰু তাত নাই (১৬:৬)।

শিষ্যবিলাকে যীচুক ক'ত দেখা পাব বুলি ডেকা মানুহজনে কৈছিল?

শিষ্যবিলাকে যীচুক গালীলত দেখা পাব বুলি ডেকা মানুহজনে কৈছিল (১৬:৭)।

Mark 16:9-11

যীচুৱে তেওঁ পুনৰূত্থানৰ পাছত কাক প্ৰথমে দেখা দিছিল?

যীচুৱে প্ৰথমে মগদলীনী মৰিয়মক দেখা দিছিল (১৬:৯)।

মৰিয়মে যীচুক জীৱিত দেখিছো বুলি শিষ্যবিলাকক কোৱাৰ পাছত তেওঁলোকৰ প্ৰত্যুত্তৰ কেনে আছিল?

শিষ্য বিলাকে বিশঅবাস কৰা নাছিল (১৬:১১)।

Mark 16:12-13

আন দুজন মানুহে যীচুক জীৱিত দেখিছো বুলি কোৱাৰ পাছত শিষ্যবিলাকৰ প্ৰত্যুত্তৰ কেনে আছিল ?

শিষ্য বিলাকে বিশঅবাস কৰা নাছিল (১৬:১৩)।

Mark 16:14-16

যেতিয়া তেওঁ শিষ্যবিলাকক দেখা দিছিল, তেওঁলোকৰ অবিশ্বাসৰ বিষয়ে যীচুৱে কি কৈছিল?

যীচুৱে শিষ্যবিলাকৰ অবিশ্বাসৰ বাবে তেওঁলোকক গৰিহণা দিছিল (১৬:১৪)।

শিষ্যবিলাকক যীচুৱে কি আজ্ঞা দিছিল?

যীচুৱে শিষ্যবিলাকক এই আজ্ঞা দিছিল যে সমুদায় জগতখনলৈ যোৱা আৰু শুভবাৰ্ত্তা প্ৰচাৰ কৰা (১৬:১৫)।

কোনে কোনে পৰিত্ৰাণ পাব বুলি যীচুৱে কৈছিল ?

যীচুৱে কৈছিল যিসকলে বিশ্বাস কৰে আৰু বাপ্তাইজিত হয় তেওঁলোকে পৰিত্ৰাণ পাব (১৬:১৬)।

যীচুৱে কাক দণ্ডাজ্ঞা কৰা হব বুলি কৈছিল ?

যীচুৱে কৈছিল যিসকলে বিশ্বাস নকৰে তেওঁলোকক দণ্ডাজ্ঞা কৰা হ'ব (১৬:১৬)।

Mark 16:17-20

যিসকলে বিশ্বাস কৰে তেওঁলোকৰ লগত কি কি চিন অনুগামী হ'ব বুলি যীচুৱে কৈছিল?

যীচুৱে কৈছিল যিসকলে বিশ্বাস কৰে, তেওঁলোকে ভুত খেদিব, নতুন নতুন ভাষাৰে কথা ক'ব, মৃত্যুজনক কিবা একোহৰ দ্বাৰা হানি নহ'ব, আৰু আনক সুস্থ কৰিব (১৬:১৭-১৮)।