Assamese: translationQuestions

Updated ? hours ago # views See on DCS

2 Timothy

2 Timothy 1

2 Timothy 1:1-2

পৌলে খ্ৰীষ্টৰ পাঁচনি কেনেকৈ হ'ল?

ঈশ্বৰৰ ইচ্ছাৰে পৌল ঈশ্বৰৰ পাঁচনি হ'ল (১:১)।

2 Timothy 1:3-5

তীমথিয়ে বিশ্বাস কৰাৰ আগেয়ে তীমথিয়ৰ পৰিয়ালত প্ৰকৃত বিশ্বাস কাৰ কাৰ আছিল?

তীমথিয়ৰ আইতাক আৰু তীমথিয়ৰ মাতৃৰ প্ৰকৃত বিশ্বাস আছিল (১:৫)।

2 Timothy 1:6-7

তীমথিয়ক ঈশ্বৰে কেনেধৰণৰ আত্মা দিছিল?

ঈশ্বৰে তীমথিয়ক শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ/অনুশাসনৰ আত্মা দিলে (১:৭)।

2 Timothy 1:8-11

পৌলে তীমথিয়ক কি কৰিব নালাগে বুলি কৈছে?

পৌলে তীমথিয়ক প্ৰভুৰ সাক্ষ্যৰ বিষয়ত লাজ কৰিব নালাগে বুলি কৈছে (১:৮)।

তাৰ পৰিৱৰ্তে পৌলে তীমথিয়ক কি কৰিবলৈ কৈছে?

তাৰ পৰিৱৰ্তে পৌলে তীমথিয়ক শুভবাৰ্ত্তাৰ বাবে দুখ-ক্লেশৰ ভাগী হ'বলৈ কৈছে (১:৮)।

ঈশ্বৰে তেওঁৰ পৰিকল্পনা আৰু অনুগ্ৰহ কেতিয়া আমাক দিলে?

ঈশ্বৰে তেওঁৰ পৰিকল্পনা আৰু অনুগ্ৰহ অনাদি কালৰ পুৰ্ব্বেই আমাক দিলে (১:৯)।

ঈশ্বৰে পৰিত্ৰাণৰ বাবে তেওঁৰ পৰিকল্পনা কেনেকৈ প্ৰকাশ কৰিছিল?

ঈশ্বৰে পৰিত্ৰাণৰ বাবে তেওঁৰ পৰিকল্পনা আমাৰ পৰিত্ৰাতা যীচু খ্ৰীষ্টক প্ৰকাশ কৰাৰ দ্বাৰাই প্ৰকাশ কৰিছিল (১:১০)।

যেতিয়া যীচু প্ৰকাশিত হ'ল, মৃত্যু আৰু জীৱনৰ বিষয়ে তেওঁ কি কৰিলে?

যীচুৱে মৃত্যুক বিনাশ কৰিলে, আৰু শুভবাৰ্ত্তাৰ যোগেদি কেতিয়াও শেষ নোহোৱা জীৱন আনিলে (১:১০)।

2 Timothy 1:12-14

পৌলে শুভবাৰ্ত্তাত লাজ নাপায়, কাৰণ ঈশ্বৰে তেওঁক কি কৰিব পাৰে যে তেওঁ আত্ম-বিশ্বাসী?

পৌলে আত্ম-বিশ্বাসী যে সেই দিনৰ নিমিত্তে তেওঁ ঈশ্বৰৰ ওপৰত দৃঢ়-প্ৰত্যয় কৰিছে আৰু ঈশ্বৰে তেওঁক সেই দিনৰ নিমিত্তে ৰাখিবলৈ সমৰ্থ (১:১২)

তীমথিয়ক ঈশ্বৰে কি উত্তম দান গতাই দিলে যে তেওঁ তাক কি কৰিব লাগে?

তীমথিয়ক যি উত্তম দান ঈশ্বৰে গতাই দিলে তাক আমাত বাস কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পহৰা দি ৰাখিবলৈ কৈছে (১:১৪)।

2 Timothy 1:15-18

পৌলৰ এছিয়াত থকা সঙ্গীসকলে তেওঁৰ প্ৰতি কি কৰিছিল?

এছিয়াত থকা পৌলৰ সঙ্গীসকল তেওঁৰ পৰা বিমুখ হৈ আঁতৰি গ'ল (১:১৫)।

অনিচিফৰৰ পৰিয়ালক প্ৰভুৰ পৰা অনুগ্ৰহ দান কৰা হওক বুলি পৌলে কিয় কৈছে?

অনিচিফৰৰ পৰিয়ালক প্ৰভুৰ পৰা অনুগ্ৰহ দান কৰা হওক বুলি পৌলে কৈছে কাৰণ অনিচিফৰে পৌলক বিভিন্ন উপায়েৰে সহায় কৰিছিল (১:১৬-১৮)।

2 Timothy 2

2 Timothy 2:1-2

পৌল আৰু তিমথিয়ৰ মাজত সম্বন্ধ কি?

তীমথিয় পৌলৰ আত্মিক পুত্ৰ (১:২; ২:১)

পৌলে তীমথিয়ক শিকোৱা বাৰ্ত্তাটো কাৰ ওপৰত ভাৰসা কৰিবলৈ কৈছিল?

তীমথিয়ই সেই বাৰ্ত্তাটো আনক শিকাব পৰা এনে কোনো বিশ্বাসী মানুহৰ ওপৰত দায়িত্ত্ব ন্যস্ত কৰিবলৈ কৈছিল (২:২)।

2 Timothy 2:3-7

তীমথিয়ৰ বাবে এক উদাহৰণস্বৰূপে, এজন উত্তম সৈন্যই নিজকে কিহৰ লগত সাঙুৰি নলয় বুলি পৌলে কৈছে?

এজন উত্তম সৈন্যই নিজকে এই জীৱনৰ বিষয়ৰ লগত সাঙুৰি নলয় (২:৪)।

2 Timothy 2:8-10

তেওঁ যিদৰে তীমথিয়লৈ লিখিছে, পৌলে তেওঁৰ ঈশ্বৰৰ বাৰ্ত্তা প্ৰচাৰ কৰাত কি অৱস্থাত পৌলে দুখ-ভোগ কৰিছে?

পৌলে এজন অপৰাধীৰ দৰে শিকলিৰে বন্ধা হৈ দুখ-ভোগ কৰিছে (২:৯)।

পৌলে শিকলিৰে বন্ধা হোৱা নাই বুলি কি কৈছে?

ঈশ্বৰৰ বাক্য শিকলিৰে বন্ধা হোৱা নাই বুলি কৈছে (২:৯)।

পৌলে এই সকলোবোৰ কিয় সহন কৰিছে?

পৌলে এই সকলোবোৰ এই কাৰণেই সহন কৰিছে, যি সকলক ঈশ্বৰৰ দ্বাৰা মনোনীত কৰা হ'ল, তেওঁলোকে যেন খ্ৰীষ্ট যীচুত থকা পৰিত্ৰাণ পাব পাৰে (২:১০)।

2 Timothy 2:11-13

যিসকলে সহন কৰে তেওঁলোকৰ প্ৰতি খ্ৰীষ্টৰ অঙ্গীকাৰ কি?

যিসকলে সহন কৰে তেওঁলোকে খ্ৰীষ্টৰ সৈতে ৰাজত্ত্ব কৰিব (২:১২)।

যিসকলে খ্ৰীষ্টক অস্বীকাৰ কৰে তেওঁলোকৰ প্ৰতি তেওঁৰ সাৱধান বাণীটো কি?

যিসকলে খ্ৰীষ্টক অস্বীকাৰ কৰে, খ্ৰীষ্টইয়ো তেওঁলোকক অস্বীকাৰ কৰিব (২:১৪)।

2 Timothy 2:14-15

কিহৰ বিষয়ে কাজিয়া নকৰিবলৈ তীমথিয়ে সাৱধান কৰিছে?

বাক্যৰ বিষয়ে কাজিয়া নকৰিবলৈ তীমথিয়ে মানুহবিলাকক সাৱধান কৰা উচিত, যিটো কোনো লাভ নাই (২:১৪)।

2 Timothy 2:16-18

দুজন মানুহ সত্যৰ পৰা বিচলিত হৈ গ'ল, কি ভুৱা তত্ত্বশিক্ষা আছিল?

পুনৰূত্থান ইতিমধ্যে হৈ গ'ল বুলি তেওঁলোকক শিকোৱা হ'ল (২:১৮)।

2 Timothy 2:19-21

বিশ্বাসীসকলে নিজকে কেনেদৰে সৎকৰ্ম্মৰ বাবে প্ৰস্তুত কৰিব লাগে?

বিশ্বাসীসকলে অনাদৰণীয় ব্যৱহাৰৰ পৰা নিজকে শুচি কৰিব লাগে, নিজকে সকলো সকৰ্ম্মৰ বাবে পবিত্ৰ কৰিব লাগে (২:২১)।

2 Timothy 2:22-23

তীমথিয়ক ক'ৰপৰা পলাবলৈ কৈছে?

তীমথিয়ক যৌৱনকালৰ অভিলাষৰ পলাবলৈ কৈছে (২:২২)

2 Timothy 2:24-26

ঈশ্বৰৰ সেৱকৰ চৰিত্ৰ কেনে ধৰণৰ হ'ব লাগে?

ঈশ্বৰৰ সেৱকজন ভদ্ৰ, আনক শিকাব পৰা, যিসকলে তেওঁৰ বিৰোধ কৰে তেওঁলোকক নম্ৰতাৰে শিক্ষা দিব পাৰিব লাগে (২:২৪-২৫)।

অবিশ্বাসীসকলৰ লগত দুষ্ট-আত্মাই কি কৰে?

অবিশ্বাসীসকলৰ লগত দুষ্ট-আত্মাই তাৰ নিজৰ ইচ্ছাৰ বাবে ফান্দত পেলাই আৰু বন্দী কৰে (২:২৬)।

2 Timothy 3

2 Timothy 3:1-4

শেষকালত কি উপস্থিত হ'ব বুলি পৌলে কৈছে?

শেষকালত ভয়ঙ্কৰ সময় উপস্থিত হ'ব বুলি পৌলে কৈছে (৩:১)।

শেষকালত, ঈশ্বৰক প্ৰেম কৰাৰ পৰিৱৰ্তে কি কি তিনিটা বিষয়ক মানুহে প্ৰেম কৰিব বুলি পৌলে কৈছে?

শেষকালত, ঈশ্বৰক প্ৰেম কৰাৰ পৰিৱৰ্তে মানুহবিলাকে নিজকে প্ৰীতি কৰোঁতা, ধন লোভীয়া, সুখ-প্ৰিয়তা এই তিনিটা বিষয়ক মানুহে প্ৰেম কৰিব বুলি পৌলে কৈছে (৩:২-৪)।

2 Timothy 3:5-7

যিসকলে কেৱল ভক্তিৰ আকাৰ-ধাৰী তেওঁলোকৰ পৰা তীমথিয়ত কি কৰিব লাগে বুলি পৌলে কৈছে?

যিসকলে কেৱল ভক্তিৰ আকাৰ-ধাৰী তেওঁলোকৰ পৰা তীমথিয়ত আঁতৰি বিমুখ হৈ থাকিব লাগে বুলি পৌলে কৈছে (৩:৫)।

এই ভক্তিহীন মানুহবিলাকৰ কোনো কোনোৱে কি কৰে?

এই ভক্তিহীন মানুহবিলাকৰ কোনো কোনোৱে আনৰ পৰিয়ালত সোমাই আৰু যিসকল মহিলা অভিলাষেৰে চালিত তেওঁলোকক বন্দী কৰে (৩:৬)।

2 Timothy 3:8-9

এই ভক্তিহীন মানুহবিলাক পুৰণি নিয়মত কোৱা যান্নি আৰু যাম্ব্ৰীৰ দৰে কেনেকুৱা?

এই ভক্তিহীন মানুহবিলাক পুৰণি নিয়মত কোৱা যান্নি আৰু যাম্ব্ৰীৰ দৰে ভুৱা শিক্ষক যিসকলে সত্যতাৰ বিৰোধীতা কৰে (৩:৮)।

2 Timothy 3:10-13

এই ভুৱা শিক্ষক বিলাকৰ পৰিৱৰ্ত্তে তীমথিয়ই কাৰ অনুগমণ কৰিছিল?

তীমথিয়ই পৌলৰ অনুগমণ কৰিছিল (৩:১০-১১)।

ঈশ্বৰে পৌলক ক'ৰ পৰা উদ্ধাৰ কৰিছিল?

ঈশ্বৰে পৌলক সকলো তাড়নাৰ পৰা উদ্ধাৰ কৰিছিল (৩:১১)।

যিসকলে ভক্তিভাবে জীৱন ধাৰণ কৰিব বিচাৰে তেওঁলোকৰ প্ৰতি কি হ'ব বুলি পৌলে কৈছে?

যিসকলে ভক্তিভাবে জীৱন ধাৰণ কৰিব বিচাৰে তেওঁলোকৰ প্ৰতি তাড়না হ'ব বুলি পৌলে কৈছে (৩:১২)।

শেষকালত কি অধিক হ'ব বুলি কৈছে?

শেষকালত দুষ্ট আৰু প্ৰবঞ্চক অধিক হ'ব বুলি কৈছে (৩:১৩)।

2 Timothy 3:14-15

কোন সময়ৰ পৰা তীমথিয়ৰ জীৱনত এই পবিত্ৰ লিখনিবিলাক জ্ঞাত হ'ল?

তীমথিয়ৰ জীৱনত এই পবিত্ৰ লিখনিবিলাক সৰু কালৰে পৰা জানিছিল (৩:১৫)।

2 Timothy 3:16-17

সকলো শাস্ত্ৰ কেনেকৈ মানুহক দিয়া হ'ল?

ঈশ্বৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ সকলো শাস্ত্ৰ মানুহক দিয়া হ'ল (৩:১৬)।

এই সকলো শাস্ত্ৰ কিহৰ বাবে লাভজনক?

এই সকলো শাস্ত্ৰ তত্ত্ব-শিক্ষাৰ, প্ৰত্যয়ণৰ, শুধৰণীৰ, আৰু ধাৰ্ম্মিকতাৰ প্ৰশিক্ষণৰ বাবে লাভজনক (৩:১৬)।

এজন ব্যক্তিক শাস্ত্ৰ শিক্ষাত প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্য কি?

এজন ব্যক্তিক শাস্ত্ৰশিক্ষাত প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্য হৈছে তেওঁ সকলো সকৰ্ম্মৰ বাবে সঠিককৈ আৰু সুসজ্জিত হ'ব পাৰে (৩:১৭)।

2 Timothy 4

2 Timothy 4:1-2

যীচু খ্ৰীষ্ট কাৰ বিচাৰকৰ্ত্তা?

যীচু খ্ৰীষ্ট জীয়া আৰু মৰা লোকৰ বিচাৰকৰ্ত্তা (৪:১)।

পৌলে তীমথিয়ক একান্তভাবে কি কৰিবলৈ আদেশ দিছে?

পৌলে তীমথিয়ক একান্তভাবে বাক্য প্ৰচাৰ কৰিবলৈ আদেশ দিছে (৪:২)।

2 Timothy 4:3-5

পৌলে শেষ কাল উপস্থিত হোৱাত মানুহবিলাকে কি কৰিব বুলি কৈছে?

মানুহবিলাকে নিৰাময় শিক্ষা সহন নকৰিব, কিন্তু এনে শিক্ষা শুনিব যিটো তেওঁলোকৰ নিজা অভিলাষৰ লগত সহমত (৪:৩)।

তীমথিয়ক কি কাৰ্য্য আৰু পৰিচৰ্য্যা কৰিবলৈ দিয়া হৈছে?

তীমথিয়ক প্ৰচাৰকৰ কাৰ্য্য আৰু পৰিচৰ্য্যা কৰিবলৈ দিয়া হৈছে (৪:৫)।

2 Timothy 4:6-8

পৌলে তেওঁৰ জীৱনত কি সময় এতিয়া আহি পৰিছে বুলি কৈছে?

পৌলে তেওঁৰ জীৱনৰ প্ৰস্থান কৰাৰ সময় এতিয়া আহি পৰিছে বুলি কৈছে (৩:৬)।

যিসকলে প্ৰভুক প্ৰেম কৰে খ্ৰীষ্টৰ আগমণত তেওঁলোকক কি পুৰস্কাৰ পাব বুলি পৌলে কৈছে?

যিসকলে প্ৰভুক প্ৰেম কৰে খ্ৰীষ্টৰ আগমণত তেওঁলোকক ধাৰ্ম্মিকতাৰ কিৰীটি পুৰস্কাৰ পাব বুলি পৌলে কৈছে (৩:৮)।

2 Timothy 4:9-10

পৌলৰ সঙ্গী ডেমাই তেওঁক কিয় এৰি গ'ল?

ডেমাই এই বৰ্ত্তমানৰ সংসাৰক/জগতক প্ৰেম কৰাৰ কাৰণে পৌলক এৰি গ'ল (৪:১০)।

2 Timothy 4:11-13

পৌলৰ লগত এতিয়াও সঙ্গী হৈ থকা একমাত্ৰ জন কোন আছিল?

মাত্ৰ লুকহে তেওঁৰ সঙ্গী হৈ আছিল (৪:১১)।

2 Timothy 4:14-22

পৌলে কৈছে যি মানুহজনে তেওঁৰ বিৰোধীতা কৰে তেওঁক কি অনুসাৰে পুৰস্কাৰ দিব?

পৌলে কৈছে যি মানুহজনে তেওঁৰ বিৰোধীতা কৰে তেওঁক তেওঁৰ কৰ্ম্ম অনুসাৰে পুৰস্কাৰ দিব (৪:১৪)।

পৌলে প্ৰথমবাৰ নিজৰ পক্ষে উত্তৰ দিয়াত কোন তেওঁৰ ফলীয়া হৈ থিয় দিছিল?

পৌলে প্ৰথমবাৰ নিজৰ পক্ষে উত্তৰ দিয়াত প্ৰভুৱে তেওঁৰ ফলীয়া হৈ থিয় দিছিল (৪:১৬-১৭)।