Jude
Jude 1
Jude 1:1-2
যিহুদা কাৰ দাস আছিল?
যিহুদা যীচু খ্ৰীষ্টৰ দাস আছিল। (১:১)
যিহুদা কাৰ ভায়েক আছিল?
যিহুদা যাকোবৰ ভায়েক আছিল। (১:১)
যিহুদাই কাৰ বাবে এই পত্ৰ লিখিছিল?
যিসকল আমন্ত্ৰিত, পিতৃ ঈশ্বৰৰ প্ৰেমৰ পাত্ৰ আৰু যীচু খ্ৰীষ্টৰ বাবে ৰখা হৈছে (১:১)।
যি সকললৈ তেওঁ লিখিছিল তেওঁলোকে কিহত বাহুল্যৰূপে হ'বলৈ যিহুদাই বিচাৰিছিল?
দয়া শান্তি আৰু প্ৰেমত তেওঁলোকে বাহুল্যৰূপে হোৱাতো যিহুদাই বিচাৰিছিল (১:২)।
Jude 1:3-4
যিহুদাই প্ৰথমতে কি লিখিবলৈ বিচাৰিছিল?
তেওঁলোকৰ সাধাৰণ পৰিত্ৰাণৰ বিষয়ে যিহুদাই প্ৰথমতে লিখিবলৈ বিচাৰিছিল (১:৩)।
আচলতে যিহুদাই কি লিখিছিল?
আচলতে সাধুসন্তসকলৰ বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰাৰ বিষয়েহে যিহুদাই লিখিছিল (১:৩)।
দণ্ডিত হোৱা আৰু ভক্তিহীন কিছুমান লোক কেনেকৈ আহিল?
দণ্ডিত হোৱা আৰু ভক্তিহীন কিছুমান লোক গুপুতে আহি সোমাল (১:৪)।
দণ্ডিত হোৱা আৰু ভক্তিহীন লোকসকলে কি কৰে?
তেওঁলোকে ঈশ্বৰৰ অনুগ্ৰহক লম্পট-আচৰণত পৰিৱৰ্ত্তন কৰে আৰু যীচু খ্ৰীষ্টক অস্বীকাৰ কৰে (১:৪)।
Jude 1:5-6
প্ৰভুৱে এবাৰ লোকসকলক ক'ৰপৰা উদ্ধাৰ কৰিছিল?
প্ৰভুৱে তেওঁলোকক মিছৰ দেশৰ পৰা উদ্ধাৰ কৰিছিল (১:৫)।
যিসকলে বিশ্বাস কৰা নাছিল সেই মানুহবিলাকক প্ৰভুৱে কি কৰিছিল?
যিসকলে বিশ্বাস কৰা নাছিল সেই মানুহবিলাকক প্ৰভুৱে বিনষ্ট কৰিছিল (১:৫)।
যি স্বৰ্গদূতসকলে নিজৰ আধিপত্য ৰখা নাছিল তেওঁলোকক প্ৰভুৱে কি কৰিছিল?
প্ৰভুৱে তেওঁলোকক তেওঁৰ মহা-দিনৰ বিচাৰৰ অৰ্থে, অন্ধকাৰত বন্ধ কৰি থলে (১:৬)।
Jude 1:7-8
চদোম আৰু ঘমোৰা আৰু তেওঁলোকৰ চাৰিওফালৰ নগৰবোৰে কি কৰিছিল?
তেওঁলোকে বেশ্যাগমণ আৰু অস্বাভাৱিক লম্পট আচৰণত নিমগ্ন হৈছিল (১:৭)।
চদোম, ঘমোৰা আৰু তেওঁলোকৰ চাৰিওফালৰ নগৰবোৰে কৰাৰ দৰে, এই দণ্ডিত হোৱা আৰু ভক্তিহীন লোকসকলে কি কৰে?
তেওঁলোকে সপোন দেখা হৈ তেওঁলোকৰ নিজৰ শৰীৰক অশুচি কৰে, প্ৰভুত্ত্বক অগ্ৰাহ্য কৰে, আৰু নিন্দাৰ কথা কয় (১:৮)।
Jude 1:9-11
প্ৰধান স্বৰ্গদূত মীখায়েলে চয়তানক কি কৈছিল?
প্ৰধান স্বৰ্গদূত মীখায়েলে কৈছিল, "প্ৰভুৱে তোমাক ভৎসৰ্না কৰক।" (১:৯)
Jude 1:12-13
ভক্তিহীন লোকসকলে কাৰ বাবে নিলাজ ও নিৰ্ভয়েৰে এই প্ৰতিপালন কৰে?
তেওঁলোকে নিলাজ ও নিৰ্ভয়েৰে তেওঁলোক নিজৰহে প্ৰতিপালন কৰে। (১:১২)
Jude 1:14-16
প্ৰভুৱে কাৰ ওপৰত দণ্ডাজ্ঞা কাৰ্যকৰী কৰিব?
প্ৰভুৱে সকলো মানুহৰ ওপৰত তেওঁৰ দণ্ডাজ্ঞা কাৰ্যকৰী কৰিব (১:১৫)।
আদমৰ পৰা হনোকৰ অৱস্থান কোন ঠাইত?
আদমৰ পৰা হনোক সপ্তম অৱস্থানত (১:১৪)।
যিসকলক দোষী কৰা হ'ব সেই ভক্তিহীন লোকসকল কোন?
তেওঁলোক স্বভাগ্য নিন্দক, বিবাদকাৰী, সেইসকল নিজৰ নিজৰ কু-অভিলাষৰ অনুগামী, -গৰ্বী-দৰ্পী, আৰু যিসকলে নিজৰ লাভৰ অৰ্থে মানুহৰ মুখৰ প্ৰশংসা কথা কয় তেওঁলোক ভক্তিহীন লোক, তেওঁলোকক দণ্ডিত কৰা হ'ব (১:১৬)।
Jude 1:17-19
অতীত কালত এই বিদ্ৰূপকাৰী বিলাকৰ কু-কথাৰ বিষয়ে কোনে কৈছিল?
প্ৰভু যীচুৰ পাঁচনিসকলে অতীত কালত এই বিদ্ৰূপকাৰীবিলাকৰ কুকথাৰ বিষয়ে কৈছিল (১:১৭)।
এই বিদ্ৰূপকাৰীবিলাক, যিবিলাক নিজৰ ভক্তিহীন লম্পট আচৰণৰ অনুগামী, যিসকল বিভেদকাৰী আৰু ইন্দ্ৰিয়াসক্ত তেওঁলোকৰ সত্যতাটো কি?
তেওঁলোকৰ পবিত্ৰ আত্মা নাই (১:১৯)।
Jude 1:20-21
এই প্ৰিয়বিলাকে কেনেকৈ নিজকে গঢ়ি তুলিছে আৰু প্ৰাৰ্থনা কৰিছে?
এই প্ৰিয়বিলাকে নিজকে তেওঁলোকৰ অতি পবিত্ৰ বিশ্বাসত গঢ়ি তুলিছে আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰিছে (১:২০)।
এই প্ৰিয়বিলাকে নিজকে কিহৰ বাবে ৰাখিছে আৰু কি বিচাৰি আছে?
এই প্ৰিয়বিলাকে নিজকে ঈশ্বৰৰ প্ৰেমত আৰু ঈশ্বৰৰ প্ৰেম বিচাৰি থাকিবৰ বাবে, আৰু প্ৰভু যীচুৰ দয়ালৈ অপেক্ষা কৰি থাকিবলৈ কৈছে (১:২১)।
Jude 1:22-25
এই প্ৰিয়বিলাক কোন যিয়ে দয়া পোৱাব আৰু ৰক্ষা কৰোৱাব লাগে?
এই প্ৰিয়বিলাক, যিবিলাক দয়া পোৱা আৰু ৰক্ষা কৰোৱাৰ প্ৰয়োজন সেইবোৰ হৈছে সংশয় কৰাবিলাক নাইবা মাংসৰ দ্বাৰাই কলঙ্কিত বস্ত্ৰ থকা বিলাক, আৰু যিবিলাক জুইলৈ নিৰূপিত হৈছে (১:২২-২৩)।