Acts
Acts 1
Acts 1:1-3
নতুন নিয়মৰ কোন দুখন পুস্তক লুকে লিখিছিল?
লুকে, লুক লিখিত শুভবাৰ্ত্তা আৰু পাঁচনিৰ কৰ্ম্ম লিখিছিল (১:১)
যীচুৰ দুখভোগৰ পাছত চল্লিশ দিন তেওঁ কি কৰিছিল?
যীচুৱে জীৱিত হৈ তেওঁৰ শিষ্যসকলক দেখা দিছিল, ঈশ্বৰৰ ৰাজ্য বিষয়ক কথাবোৰ কৈছিল (১:৩)।
Acts 1:4-5
যীচুৱে তেওঁৰ পাঁচনিসকলক কিহৰ বাবে অপেক্ষা কৰিবলৈ আজ্ঞা দিছিল?
যীচুৱে তেওঁৰ পাঁচনিসকলক পিতৃৰ অঙ্গীকাৰৰ বাবে অপেক্ষা কৰি থাকিবলৈ কৈছিল (১:৪)।
কিছুদিনৰ পাছত পাঁচনিসকলক কিহেৰে বাপ্তাইজিত কৰা হ'ব?
পাঁচনিসকলক পবিত্ৰ আত্মাৰে বাপ্তাইজিত কৰা হ'ব (১:৫)।
Acts 1:6-8
পাঁচনিসকলে ৰাজ্য পুনৰসংস্থাপন কৰা সময় কেতিয়া জানিব বিচাৰিছিল, যীচুৱে তেওঁলোকক কেনেকৈ উত্তৰ দিছিল?
যীচুৱে তেওঁলোকক সেই সময় জানিবলৈ প্ৰয়োজন নাই বুলি কৈছিল (১:৭)।
যীচুৱে পাঁচনিসকলক কি কৈছিল যে তেওঁলোকে পবিত্ৰ আত্মাৰ পৰা কি পাব?
যীচুৱে পাঁচনিসকলক শক্তি পাব বুলি কৈছিল (১:৮)।
Acts 1:9-11
যীচুৱে তেওঁৰ পাঁচনিসকলৰ পৰা কেনেকৈ প্ৰস্থান কৰিছিল?
যীচুক তুলি নিয়া হৈছিল আৰু তেওঁলোকৰ চকুৰ আগৰ পৰা তেওঁক মেঘে আঁৰ কৰি পেলাইছিল (১:৯)।
যীচুৱে কেনেকৈ পৃথিবীলৈ পুনৰ আহিব বুলি স্বৰ্গদূত সকলে কেনেকৈ কৈছিল?
স্বৰ্গদূতসকলে কৈছিল যে যীচু যেনেকৈ স্বৰ্গ লৈ গ'ল সেই একেদৰেই তেওঁ আকৌ ঘুৰি আহিব (১:১১)।
Acts 1:12-14
পাঁচনিসকলে, মহিলাসকলে, মৰিয়ম আৰু যীচুৰ ভায়েকহঁতে ওপৰ কোঠালিত কি কৰি আছিল?
A.তেওঁলোকে একে মনেৰে প্ৰাৰ্থনা কৰি আছিল (১:১৪)।
Acts 1:15-16
যিহুদাৰ জীৱনত কি পৰিপুৰ্ণ হৈছিল যিজনে যীচুক প্ৰবঞ্চনা কৰিছিল?
যিহুদাৰ যোগেদি শাস্ত্ৰ বাক্য পৰিপুৰ্ণ হৈছিল (১:১৬)।
Acts 1:17-19
যীচুক প্ৰবঞ্চনা কৰিবৰ বাবে যিহুদাই ধন লোৱাৰ পাছত তেওঁৰ কি হৈছিল?
যিহুদাই মাটি এডোখৰ কিনিছিল, তলমূৰকৈ পৰিল, তেওঁৰ পেট ফাটিল, আৰু তেওঁৰ সকলো নাড়ী-ভুড়ু বাহিৰ ওলাল (১:১৮)।
Acts 1:20
গীতমালা পুস্তকত, যিহুদাৰ পদবীৰ নেতৃত্ত্বত কি ঘটিব বুলি কোৱা হৈছিল ?
গীতমালা পুস্তকত, যিহুদাৰ পদবীৰ নেতৃত্ত্বত কোনোবা এজনে সেইটো পৰিপুৰ্ণ কৰিব (১:২০)।
Acts 1:21-23
যি মানুহজনে যিহুদাৰ পদবীৰ নেতৃত্ত্ব পাব তেওঁৰ কি থকা দৰকাৰ আছিল?
যিজন মানুহে সেই পদবী লব তেওঁ যোহনৰ বাপ্তিস্মৰ সময়ৰ পৰা পাঁচনিসকলৰ সঙ্গী হ'ব লাগিব আৰু যীচুৰ পুনৰূত্থানৰ দেখা সাক্ষী হ'ব লাগিব (১:২১-২২)।
Acts 1:24-26
যিহুদাৰ পদবী লবলৈ অহা প্ৰাৰ্থী দুজনক পাঁচনিসকলে কেনেকৈ থিৰাং কৰিছিল?
পাঁচনিসকলে প্ৰাৰ্থনা কৰিছিল যাতে ঈশ্বৰে তেওঁৰ বাচনি প্ৰকাশ কৰে, আৰু তাৰ পাছত তেওঁলোকে চিঠি খেলাইছিল (১:২৪-২৬)।
তাৰ পাছত সেই এঘাৰ জনৰ লগত কোন গণিত হৈছিল?
তাৰ পাছত মত্তথিয় সেই এঘাৰ জনৰ লগত গণিত হৈছিল (১:২৬)।
Acts 2
Acts 2:1-4
যিহুদী সকলৰ কি পৰ্ব্বত শিষ্যসকল একগোট হৈছিল?
শিষ্যসকলে পঞ্চাশ দিনীয়া পৰ্ব্বৰ দিনা শিষ্যসকলে এক গোট হৈছিল (২:১)।
পবিত্ৰ আত্মা যেতিয়া ঘৰটোলৈ আহিছিল, শিষ্যসকলে কি কৰিবলৈ আৰম্ভ কৰিছিল?
শিষ্যসকলে অন্য ভাষাৰে কথা কবলৈ আৰম্ভ কৰিছিল (২:৪)।
Acts 2:5-7
যেৰূচালেমত সেই সময়ত, ভক্ত প্ৰাণ যিহুদীসকল ক'ৰ আছিল?
ভক্ত প্ৰাণ যিহুদীসকল আকাশৰ তলত সকলো জাতিৰপৰা আছিল (২:৫)।
তাত গোট খোৱা লোকসকলে যেতিয়া শিষ্যসকলে কোৱা কথা শুনিলে তেওঁলোক কিয় বিচুৰ্ত্তি হৈছিল?
সেই গোট খোৱা লোকসকলে বিচুৰ্ত্তি হৈছিল কাৰণ তেওঁলোকে নিজৰ নিজৰ ভাষাৰে কথা কোৱা শুনিছিল (২:৬)।
Acts 2:8-11
শিষ্যসকলে কিহৰ বিষয়ে কথা কৈছিল?
শিষ্যসকলে ঈশ্বৰৰ পৰাক্ৰম কাৰ্য্যৰ বিষয়ে কথা কৈছিল (২:১১)।
Acts 2:12-15
যিবিলাকে শিষ্যসকলক ইতিকিং কৰিছিল তাৰ কোনো কোনোৱে কি বুলি ভাবিছিল?
কোনো কোনোৱে ইতিকিং কৰিছিল আৰু ভাবিছিল যে তেওঁলোক নতুন দ্ৰাক্ষাৰসেৰে মতলীয়া হৈছে (২:১৩)।
Acts 2:16-19
সেই সময়ত কি পৰিপুৰ্ণ হৈছে বুলি পিতৰে কৈছিল?
পিতৰে কৈছিল যোৱেল ভাববাদীৰ ভাববাণী পৰিপুৰ্ণ হৈছিল যে ঈশ্বৰে তেওঁৰ আত্মা সকলো জাতিৰ ওপৰত বাকী দিব (২:১৬-১৭)।
Acts 2:20-21
যোৱেলৰ ভাববাণীত, পৰিত্ৰাণ পোৱা লোকসকল কোন আছিল?
প্ৰতিজনেই, যিয়ে প্ৰভুৰ নাম লয় তেওঁলোকেই হৈছে পৰিত্ৰাণ পোৱা লোক (২:২১)।
Acts 2:22-26
যীচুৰ পৰিচৰ্যা কাৰ্য্য ঈশ্বৰৰ দ্বাৰা কেনেকৈ প্ৰমাণিত কৰা হৈছিল ?
পৰাক্ৰম কাৰ্য, আচৰিত লক্ষণ আৰু চিনবোৰ যিবোৰ ঈশ্বৰে তেওঁৰ যোগেদি কৰিছিল সেইবোৰৰ দ্বাৰাই যীচুৰ পৰিচৰ্য্যা প্ৰমাণিত হৈছিল (২:২২)।
যীচু ক্ৰুচবিদ্ধ হোৱাৰ পৰিকল্পনাটো কাৰ আছিল?
ঈশ্বৰৰ পুৰ্ব্ব পৰিকল্পনাৰ দ্বাৰা যীচু ক্ৰুচবিদ্ধ হৈছিল (২:২৩)।
Acts 2:27-28
পুৰণি নিয়মত, ঈশ্বৰৰ পবিত্ৰ জনাৰ বিষয়ে দায়ুদ ৰজাই কি ভাববণী কৰিছিল?
দায়ুদ ৰজাই কৈছিল যে ঈশ্বৰে তেওঁলৰ পবিত্ৰ জনাক ক্ষয়স্থান দেখিবলৈ নিদিব (২:২৫, ২৭, ৩১)।
Acts 2:29-31
দায়ুদ ৰজাৰ বংশধৰসকলৰ বিষয়ে ঈশ্বৰে তেওঁক কি অঙ্গীকাৰ কৰিছিল?
ঈশ্বৰে দায়ুদ ৰজালৈ এই অঙ্গীকাৰ কৰিছিল যে তেওঁৰ বংশধৰৰ পৰা এজনক সিংহাসনত বহুৱাব (২:৩০)।
Acts 2:32-33
ঈশ্বৰৰ এই পবিত্ৰজনা কোন যিজনাই ক্ষয়স্থান নেদেখিলে আৰু সিংহাসনত বহিব ?
ভাববাণীৰ এই পবিত্ৰ জনা আৰু ৰজা জনা হৈছে যীচু (২:৩২)।
Acts 2:34-36
পিতৰে প্ৰচাৰ কৰা যীচুক ঈশ্বৰে দিয়া দুটা পদবী কি কি ?
ঈশ্বৰে যীচুক প্ৰভু আৰু খ্ৰীষ্ট এই দুয়োটা পদবী পাতিলে (২:৩৬)।
Acts 2:37-39
গোট খোৱা লোকসকলে যেতিয়া পিতৰৰ ভাষণ শুনিলে তেওঁলোকৰ প্ৰত্যেকে কেনে আছিল ?
গোট খোৱা লোকসকলে সুধিছিল তেওঁলোকে এতিয়া কি কৰিব (২:৩৭)।
পিতৰে গোট খোৱা লোকসকল কি কৰিবলৈ কৈছিল?
তেওঁলোকৰ পাপ ক্ষমাৰ কাৰণে মন পালটন কৰিবলৈ আৰু যীচু খ্ৰীষ্টৰ নামেৰে বাপ্তাইজিত হ'বলৈ কৈছিল (২:৩৮)।
ঈশ্বৰৰ অঙ্গীকাৰ কালৈ বুলি পিতৰে কৈছিল?
পিতৰে কৈছিল ঈশ্বৰৰ অঙ্গীকাৰ সেই গোটখোৱা লোকসকলৰ বাবে, তেওঁলোকৰ সন্তানসকলৰ বাবে আৰু দূৰৈত থকা সকলোলৈকে (২:৩৯)।
Acts 2:40-42
সেই দিনাখন কিমান মানুহ বাপ্তাইজিত হ'ল?
প্ৰায় তিনিহাজাৰ মান মানুহ বাপ্তাইজিত হ'ল (২:৪১)।
বাপ্তাইজিত হোৱা মানুহবিলাকে একেৰাহে কিহত লাগি থাকিছিল ?
তেওঁলোকে পাঁচনিবিলাকৰ শিক্ষাত, আৰু সহভাগিতাত, পিঠাভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিছিল (২:৪২)।
Acts 2:43-45
যিসকলে বিশ্বাস কৰিছিল অভাৱত থকাসকলক সহায় কৰিবলৈ তেওঁলোকে কি কৰিছিল?
তেওঁলোকে তেওঁলোকৰ সম্পত্তি আৰু বয়-বস্তু বিক্ৰি কৰিছিল আৰু সকলোৰে অভাৱ অনুসাৰে সকলোকে বিতৰণ কৰি দিছিল (২:৪৪-৪৫)।
Acts 2:46-47
সেই সময়ত বিশ্বাসীসকলে ক'ত গোট খাইছিল?
বিশ্বাসীসকলে মন্দিৰত গোট খাইছিল (২:৪৬)।
দিনে দিনে বিশ্বাসীসকলৰ দলত কাক যোগ কৰা হৈছিল?
যিসকলে পৰিত্ৰাণ পাইছিল প্ৰভুৱে দিনে দিনে তেওঁলোকক যোগ কৰি আছিল (২:৪৭)।
Acts 3
Acts 3:1-3
পিতৰ আৰু যোহনে মন্দিৰলৈ যোৱা বাটত কাক দেখা পাইছিল?
পিতৰ আৰু যোহনে মন্দিৰলৈ যোৱা বাটত জন্মৰে পৰা খোৰা মগনীয়া মানুহ এজনক দেখিছিল (৩:২)।
Acts 3:4-6
পিতৰে মানুহ জনক কি দিছিল?
পিতৰে মানুহজনক ৰূপ বা সোণ দিয়া নাছিল (৩:৬)।
Acts 3:7-8
পিতৰে মানুহ জনক কি দিছিল?
A.পিতৰে মানুহজনক খোজ কাঢ়িবলৈ সামৰ্থ দিছিল (৩:৬, ৭)।
পিতৰে যি দিছিল তাত মানুহদনে কেনে প্ৰতিক্ৰয়া কৰিছিল?
মানুহজনে মন্দিৰত খোজ কাঢ়ি সোমাইছিল, জপিয়াইছিল আৰু ঈশ্বৰৰ প্ৰশংসা কৰিছিল (৩:৮)।
Acts 3:9-12
যি সকলে সেই মানুহজনক মন্দিৰত দেখিছিল তেওঁলোকে কেনে প্ৰতিক্ৰিয়া কৰিছিল?
মানুহবিলাকে বৰ আচৰিত আৰু বিস্ময় মানিলে (৩:১০)।
Acts 3:13-14
তেওঁলোকে যীচুক কি কৰিলে তাক পিতৰে মানুহ বিলাকক কি সোঁৱৰাই দিছিল ?
পিতৰে মানুহ বিলাকক এইটো সোঁৱৰাই দিছিল যে তেওঁলোকে যীচুক পীলাতৰ হাতত শোধাই দিছিল, তেওঁক অগ্ৰাহ্য কৰিছিল আৰু তেওঁক হত্যা কৰিছিল (৩:১৩-১৫)।
Acts 3:15-18
মানুহজনক কিহেৰে সুস্থ কৰা হ'ল বুলি পিতৰে কৈছিল?
পিতৰে কৈছিল যীচুত কৰা বিশ্বাসেৰে এই মানুহজনক সুস্থা কৰা হ'ল (৩:১৬)।
Acts 3:19-20
পিতৰে মানুহবিলাকক কি কৰিবলৈ কৈছিল?
পিতৰে মানুহবিলাকক মন পালটন কৰিবলৈ কৈছিল (৩:১৯)।
Acts 3:21-23
স্বৰ্গই যীচুক কোন সময়ত গ্ৰাহ্য কৰিব বুলি পিতৰে কৈছিল?
পিতৰে কৈছিল সকলো বস্তুৰ পুনৰ সংস্থাপন নোহোৱালৈকে, যীচুক স্বৰ্গই গ্ৰাহ্য কৰি থাকিব (৩:২১)।
যীচুৰ বিষয়ে মোচিয়ে কি কৈছিল?
মোচিয়ে কৈছিল যে ঈশ্বৰে তেওঁৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব যাৰ কথা লোক বিলাকে শুনিব (৩:২২)
যি ব্যক্তিয়ে যীচুৰ কথা নুশুনে তেওঁলোক প্ৰতিজনৰ কি হ'ব ?
যি ব্যক্তিয়ে যীচুৰ কথা নুশুনে তেওঁলোক প্ৰতিজনৰ সম্পুৰ্ণৰূপে বিনাশ হ'ব (৩:২৩)।
Acts 3:24-26
পুৰণি নিয়মৰ কোনটো অঙ্গীকাৰবদ্ধ প্ৰতিজ্ঞা পিতৰে লোকসমুহক মনত পেলাই দিছিল?
ঈশ্বৰে যেতিয়া অব্ৰাহামৰে সৈতে চুক্তি কৰিছিল যেতিয়া ঈশ্বৰে কৈছিল, "তোমাৰ বংশতেই পৃথিবীৰ সমুদায় পৰিয়ালে আশীৰ্ব্বাদ পাব" সেই কথাটো পিতৰে মানুহবিলাকক সোঁৱৰাই দিছিল যে তেওঁলোক সেই প্ৰতিজ্ঞাৰ সন্তান (৩:২৫)।
ঈশ্বৰে যিহুদীবিলাকক কেনেকৈ আশীৰ্ব্বাদ কৰিব বুলি ইচ্ছা কৰিছিল ?
যীচুক তেওঁলোকলৈ পঠিয়াই প্ৰথমতে তেওঁলোকৰ দুষ্টতাৰ পৰা ঘুৰাই অনাৰ দ্বাৰা ঈশ্বৰে যিহুদীবিলাকক আশীৰ্ব্বাদ দিবলৈ ইচ্ছা কৰিছিল (৩:২৬)।
Acts 4
Acts 4:1-7
পিতৰ আৰু যোহনে মন্দিৰত কি শিক্ষা দি আছিল?
পিতৰ আৰু যোহনে মন্দিৰত যীচু আৰু মৃতবিলাকৰ পৰা তেওঁৰ পুনৰূত্থানৰ বিষয়ে শিক্ষা দি আছিল (৪:২)।
পিতৰ আৰু যোহনৰ শিক্ষাক লোকসমুহে কেনেকৈ প্ৰতিক্ৰিয়া কৰিছিল?
অনেক লোকে বিশ্বাস কৰিছিল, প্ৰায় পাঁচ হাজাৰমান (৪:৪)।
মন্দিৰৰ অধিপতি, পুৰোহিতসকল, আৰু চদ্দুকীসকলে পিতৰ আৰু যোহনৰ শিক্ষাক কেনেকৈ প্ৰতিক্ৰিয়া কৰিছিল?
তেওঁলোকে পিতৰ আৰু যোহনক গ্ৰেপ্তাৰ কৰিছিল আৰু কাৰাগাৰত ভৰাই ৰাখিছিল (৪:৩)।
Acts 4:8-10
কি শক্তিৰে নাইবা কি নামেৰে পিতৰে মন্দিৰত সেই মানুহজনক সুস্থ কৰিছিল বুলি পিতৰে কৈছে?
পিতৰে কৈছিল যীচু খ্ৰীষ্টৰ নামেৰে মন্দিৰত সেই মানুহ জনক সুস্থ কৰিছিল বুলি পিতৰে কৈছে (৪:১০)।
Acts 4:11-12
পিতৰে কি কৈছিল আমি পৰিত্ৰাণ পাবলৈ একমাত্ৰ উপায়টো কি?
পিতৰে কৈছিল যে যীচুৰ নামৰ বাহিৰে আন কোনো নাম নাই যি নামটোৰ বাহিৰে আমি পৰিত্ৰাণ পাব পাৰো (৪:১২)।
Acts 4:13-14
পিতৰ আৰু যোহনৰ বিপক্ষে যিহুদী নেতাসকলে কিয় একো কথা ক'ব পৰা নাছিল?
সেই নেতাসকলে একো ক'ব পৰা নাছিল কাৰণ যি জন মানুহক সুস্থ কৰা হ'ল তেওঁ পিতৰ আৰু যোহনৰ লগত থিয় দি আছিল (৪:১৪)।
Acts 4:15-18
যিহুদী নেতাসকলে পিতৰ আৰু যোহনক কি নকৰিবলৈ আদেশ দিছিল ?
যিহুদী নেতাসকলে পিতৰ আৰু যোহনক যীচুৰ বিষয়ে নক'বলৈ বা শিক্ষা নিদিবলৈ আদেশ দিছিল (৪:১৮)।
Acts 4:19-28
যিহুদী নেতাসকলক পিতৰ আৰু যোহনে কি উত্তৰ দিছিল?
পিতৰ আৰু যোহনে কৈছিল তেওঁলোকে একো সহায় কৰিব নোৱাৰে কিন্তু তেওঁলোকে যি শুনিলে আৰু দেখিলে তাকেহে কয় (৪:২০)।
Acts 4:29-31
যিহুদী নেতাসকলৰ সাৱধানবাণীৰ প্ৰত্যুত্তৰ স্বৰূপে বিশ্বাসীসকলে ঈশ্বৰৰ পৰা কি বিচাৰিছিল?
বিশ্বাসীসকলে বাক্য ক'বলৈ সাহস বিচাৰিছিল আৰু যীচুৰ নামত চিন আৰু আচৰিত লক্ষণ দেখুৱাবলৈ কৈছিল (৪:২৯, ৩০)।
বিশ্বাসীসকলে তেওঁলোকৰ প্ৰাৰ্থনা শেষ কৰাৰ পাছত কি ঘটিছিল?
বিশ্বাসীসকলে তেওঁলোকৰ প্ৰাৰ্থনা শেষ কৰাৰ পাছত, যি ঠাইত তেওঁলোক থিয় হৈ আছিল সেই ঠাই কঁপিবলৈ ধৰিছিল, তেওঁলোকে পবিত্ৰ আত্মাৰে পৰিপুৰ্ণ হৈছিল, আৰু তেওঁলোকে সাহসেৰে বাক্য ক'বলৈ পাইছিল (৪:৩১)।
Acts 4:32-35
বিশ্বাসীসকলৰ অভাৱবোৰ কেনেকৈ পূৰ কৰা হৈছিল?
বিশ্বাসীসকলৰ সকলো বস্তু একেলগে আছিল, আৰু যিসকলৰ নিজা সা-সম্পত্তি আছিল তাক বিক্ৰী কৰিছিল আৰু প্ৰয়োজন অনুসাৰে সেই ধন বিতৰণ কৰিবলৈ দি দিছিল (৪:৩২, ৩৪, ৩৫)।
Acts 4:36-37
নতুন নামটো কি আছিল, শান্তনাৰ পুতেক নামটোৰ অৰ্থ কি, যি জন মানুহে মাটি বিক্ৰি কৰিছিল আৰু সেই ধন পাঁচনিবিলাকক দিছিল?
"শান্তনাৰ পুতেক" নামৰ মানুহজন আছিল বাৰ্নাবা (৪:৩৬-৩৭)।
Acts 5
Acts 5:1-2
অননিয় আৰু চফীৰাই কি পাপ কৰিছিল?
অননিয় আৰু চফীৰাই মিছা কথা কৈছিল, তেওঁলোকে কৈছিল যে তেওঁলোকৰ সম্পত্তিৰ বিক্ৰি কৰা সকলো ধন দিছিল, কিন্তু প্ৰকৃততে বিক্ৰি কৰা ধনৰ এটা অংশহে দিছিল (৫:১-৩)।
Acts 5:3-8
অননিয় আৰু চফীৰাই কাৰ আগত মিছা মাতিছিল বুলি পিতৰে কৈছিল?
পিতৰে কৈছিল যে অননিয় আৰু চফীৰাই পবিত্ৰ আত্মাৰ আগত মিছা মাতিছিল (৫:৩)।
Acts 5:9-13
অননিয় আৰু চফীৰাৰ ওপৰত ঈশ্বৰৰ সোধবিচাৰ কি আছিল?
ঈশ্বৰে অননিয় আৰু চফীৰাক মাৰি পেলাইছিল (৫:৫, ১০)।
মণ্ডলীৰ আৰু যিসকলে অননিয় আৰু চফীৰাৰ বিষয়ে শুনিলে তাৰ প্ৰতিক্ৰিয়া কি হৈছিল?
মণ্ডলীৰ ওপৰত আৰু যিসকলে অননিয় আৰু চফীৰাৰ শুনিলে তেওঁলোকৰ ওপৰত এক মহা ভয় উপস্থিত হৈছিল (৫:১১)।
Acts 5:14-16
নৰীয়াৰ পৰা সুস্থতা পাবলৈ কোনো কোনো মানুহে কি কৰিছিল ?
A.নৰীয়াবিলাকক কোনো কোনোৱে ৰাস্তালৈ উলিয়াই আনিছিল যাতে পিতৰ ছাঁ তেওঁলোকৰ ওপৰত পৰে, আনসকলে ৰোগীয়া সকলক আন আন চহৰৰ পৰা যিৰূচালেমলৈ লৈ আনিছিল (৫:১৫-১৬)।
Acts 5:17-18
যিৰূচালেমত সকলোবোৰ ৰোগীয় মানুহ সুস্থ হোৱাত চদ্দুকীসকলে কেনে প্ৰতিক্ৰিয়া কৰিছিল?
চদ্দুকীসকলে ঈৰ্ষাৰে পৰিপুৰ্ণ হৈছিল আৰু পাঁচনিসকলক কাৰাগাৰত ভৰাই থৈছিল (৫:১৭-১৮)।
Acts 5:19-21
কাৰাগাৰ পৰা পাঁচনিসকলে কেনেকৈ বাহিৰ ওলাল?
স্বৰ্গদূত এজন আহিছিল আৰু কাৰাগাৰৰ দুৱাৰ মুকলি কৰি দিছিল আৰু তেওঁলোকক বাহিৰ উলিয়াই দিছিল (৫:১৯)।
Acts 5:22-25
মহা পুৰোহিতৰ বিষয়া সকলে যেতিয়া কাৰাগাৰলৈ গৈছিল তেওঁলোকে কি পাইছিল?
বিষয়াসকলে কাৰাগাৰ টানকৈ বন্ধা পাইছিল, কিন্তু ভিতৰত কাকো পোৱা নাছিল (৫:২৩)।
Acts 5:26-28
সেই বিষয়াসকলে পাঁচনিসকলক কিয় একো নকৰাকৈ মহা পুৰোহিত আৰু পৰিষদৰ ওচৰলৈ আনিছিল?
মানুহবিলাকে তেওঁলোকক শিল দলিয়াই মাৰে বুলি বিষয়াসকলে ভয় কৰিছিল (৫:২৬)।
Acts 5:29-32
যেতিয়া তেওঁলোকক এনে নকৰিবলৈ কৈছিল যেতিয়া
কৰা হৈছিল তেতিয়া পাঁচনিসকলে কি কৈছিল?
পাঁচনিসকলে কৈছিল, "আমি মানুহতকৈ ঈশ্বৰৰ কথা মানিব লাগে।" (৫:২৯)।
যীচুক বধ কৰাৰ বাবে পাঁচনিসকলে কোন দায়ী বুলি কৈছিল?
পাঁচনিসকলে কৈছিল মহা পুৰোহিত আৰু পৰিষদৰ সদস্যসকলেই যীচুক বধ কৰাত দায়ী আছিল (৫:৩০)।
Acts 5:33-37
যীচুক বধ কৰাৰৰ কথাত পৰিষদৰ সদস্যসকলেই দায়ী বোলাত তেওঁলোকে কেনেকৈ প্ৰতিক্ৰিয়া কৰিছিল?
পৰিষদৰ সদস্যসকল ক্ৰোধেৰে পৰিপুৰ্ণ হৈ পাঁচনিসকলক বধ কৰিবলৈ বিচাৰিছিল (৫:৩৩)।
Acts 5:38-39
পৰিষদৰ প্ৰতি গমলীয়েলৰ পৰামৰ্শ কি আছিল?
পাঁচনিসকলক অকলে এৰি দিবলৈ গমলীয়েলে পৰিষদক পৰামৰ্শ দিছিল (৫:৩৮)।
পৰিষদক গমলীয়েলে কি সাৱধান কৰি দিছিল যে তেওঁলোকে নিজেই শেষ হ'ব যদি তেওঁলোকে পাঁচনিসকলক বাহিৰ কৰি পঠিয়াই?
গমলীয়েলে পৰিষদক সাৱধান কৰি দিছিল যে তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে যুদ্ধকাৰী হৈ শেষ হ'ব (৫:৩৯)।
Acts 5:40-42
অৱশেষত পৰিষদে পাঁচনিসকলক কি কৰিলে?
পৰিষদে তেওঁলোকক কোবালে আৰু যীচুৰ নামেৰে কথা নক'বলৈ আদেশ দিলে, আৰু তেওঁলোকক যাবলৈ এৰি দিলে (৫:৪০)।
পৰিষদৰ পৰা পোৱা ব্যৱহাৰৰ প্ৰতিক্ৰিয়া পাঁচনিসকলে কেনেকৈ কৰিছিল?
পাঁচনিসকলে আনন্দিত হৈছিল যে তেওঁলোকে যীচুৰ নামৰ কাৰণে অপমান পোৱাৰ যোগ্য হৈছে (৫:৪১)।
পৰিষদত তেওঁলোক মিলিত হোৱাৰ পাছত পাঁচনিসকলে দৈনিক কি কৰিছিল?
পাঁচনিসকলে প্ৰচাৰ কৰিছিল আৰু যীচুৱেই যে খ্ৰীষ্ট হয় সেইটো শিকাই ফুৰিছিল (৫:৪২)।
Acts 6
Acts 6:1
ইব্ৰীয়া যিহুদীবিলাকৰ প্ৰতি গ্ৰীক যিহুদীবিলাকৰ কি অভিযোগ উত্থাপন হৈছিল?
গ্ৰীক যিহুদীবিলাকে অভিযোগ কৰিছিল যে দৈনিক উপাসনাৰ খাদ্য বিতৰণৰ সময়ত তেওঁলোকৰ বিধৱাসকলক অবহেলা কৰা হৈছে (৬:১)।
Acts 6:2-4
সাতজন মানুহক কোনে বাচনি কৰিছিল যিয়ে খাদ্য বিতৰণৰ দায়িত্ত্ব চোৱাচিতা কৰিছিল?
শিষ্যসকলে (বিশ্বাসীসকলে) সাতজন মানুহক বাচনি কৰিছিল (৬:৩, ৬)।
এই সাতজনৰ মাজৰ এজন হ'বলৈ কি যোগ্যতাৰ দৰকাৰ হৈছিল?
এই সাতজনৰ উত্তম মান-সন্মান থাকিব লাগিছিল, আত্মাৰে আৰু জ্ঞানেৰে পৰপুৰ্ণ থাকিব লাগিছিল (৬:৩)।
পাঁচনিসকলে কি অবিৰতভাবে চলাই গৈছিল?
পাঁচনিসকলে প্ৰাৰ্থনাত আৰু বাক্য পৰিচৰ্যাত লাগি আছিল (৬:৪)।
Acts 6:5-6
বিশ্বাসীসকলে যেতিয়া সাতজন মানুহক আনিলে পাঁচনিসকলে কি কৰিছিল?
পাঁচনিসকলে প্ৰাৰ্থনা কৰিছিল আৰু তেওঁলোকৰ ওপৰত হাত দিছিল (৬:৬)।
Acts 6:7-9
যিৰূচালেমত শিষ্যবিলাকৰ কি ঘটিছিল?
পুৰোহিতসকলৰো এক ডাঙৰ সমাজৰ লগতে এক বিশাল ৰূপত শিষ্যবিলাকৰ সংখ্যা বাঢ়ি গৈছিল (৬:৭)।
Acts 6:10-11
অবিশ্বাসী যিহুদী আৰু ষ্টিফেনৰ মাজত হোৱা তৰ্ক-বিতৰ্কত কোন জয়ী হৈছিল?
ষ্টিফেনে জ্ঞান আৰু আত্মাৰে কোৱা কথাৰ বিপক্ষে অবিশ্বাসী যিহুদীসকলে থিয় হব পৰা নাছিল (৬:১০)।
Acts 6:12-15
ষ্টিফেনৰ বিপক্ষে ভুৱা সাক্ষীসকলে পৰিষদৰ সন্মুখত কি দোষ জাপি দিছিল?
ভুৱা সাক্ষী সকলে অভিযোগ কৰিছিল যে মোচিয়ে যি য়ি ৰীতি দিলে যীচুৱে সেইবোৰ সলনি কৰিব আৰু এই ঠাই ধ্বংস কৰিব বুলি ষ্টিফেনে কৈছে (৬:১৪)।
পৰিষদে যেতিয়া ষ্টিফেনলৈ চাইছিল, তেওঁলোকে কি দেখিছিল?
A.তেওঁৰ মুখমণ্ডল স্বৰ্গদূতৰ মুখমণ্ডলৰ নিচিনা তেওঁলোকে দেখা পাইছিল (৬:১৫)।
Acts 7
Acts 7:1-3
ষ্টিফেনে যিহুদী জাতিৰ ইতিহাস পুনৰলোকন কৰি ঈশ্বৰে কৰা প্ৰতিজ্ঞা কাৰ পৰা আৰম্ভ কৰিছিল?
অব্ৰাহামক ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ কথা কোৱাৰ দ্বাৰা ষ্টিফেনে তেওঁৰ ইতিহাস আৰম্ভ কৰিছিল (৭:২)।
Acts 7:4-5
অব্ৰাহামলৈ কৰা ঈশ্বৰৰ প্ৰতিজ্ঞা কি আছিল?
অব্ৰাহাম আৰু তেওঁৰ বংশলৈ ঈশ্বৰে এখন দেশ দিয়া প্ৰতিজ্ঞা কৰিছিল (৭:৫)।
ঈশ্বৰে অব্ৰাহামলৈ কৰা প্ৰতিজ্ঞা পৰিপুৰ্ণ হোৱা অসম্ভৱ যেন কিয় দেখা যায়?
ঈশ্বৰে অব্ৰাহামলৈ কৰা প্ৰতিজ্ঞা পৰিপুৰ্ণ হোৱা অসম্ভৱ যেন দেখা যায় কাৰণ অব্ৰাহামৰ কোনো সন্তান নাছিল (৭:৫)।
Acts 7:6-8
অব্ৰাহামৰ বংশধৰসকললৈ চাৰিশ বছৰ ধৰি প্ৰথমতে কি ঘটিব বুলি ঈশ্বৰে কৈছিল?
ঈশ্বৰে কৈছিল অব্ৰাহাম বংশধৰসকল পৰৰ দেশত চাৰিশ বছৰ ধৰি দাসত্ত্বত থাকিব (৭:৬)।
ঈশ্বৰে অব্ৰাহামক কি ৰীতি/চুক্তি দিছিল?
ঈশ্বৰে অব্ৰাহামক চুন্নত কৰাৰ ৰীতি/চুক্তি দিছিল (৭:৮)
Acts 7:9-10
যোচেফ মিছৰ দেশত কেনেকৈ ক্ৰীত দাস হৈ পৰিল?
তেওঁৰ ভাই-ককায়েকহঁতে তেওঁৰ প্ৰতি ঈৰ্ষান্বিত হৈ তেওঁক মিছৰ দেশলৈ বিক্ৰি কৰি পঠিয়ালে (৭:৯)।
মিছৰ দেশত যোচেফ কেনেকৈ ৰাজ্যপাল/অধিপতি হ'ল?
ঈশ্বৰে যোচেফলৈ দয়া কৰিছিল আৰু ফৰৌণৰ উপস্থিতিত জ্ঞান দিছিল (৭:১০)।
Acts 7:11-13
কনান দেশত যেতিয়া আকাল হৈছিল যাকোবে কি কৰিছিল?
যাকোবে তেওঁৰ পুতেকহঁতক মিছৰ দেশলৈ পঠিয়াই দিছিল কাৰণ তেওঁ শুনিছিল যে তাত খাদ্য-শস্য আছে (৭:১২-১৩)।
Acts 7:14-16
যাকোব আৰু তেওঁৰ সম্বন্ধীয়া সকলে মিছৰ দেশলৈ কিয় গুচি গৈছিল?
যাকোবক আহিবলৈ ক'বৰ বাবে যোচেফে তেওঁৰ ককাই-ভাইসকলক পঠিয়াইছিল (৭:১৪)।
Acts 7:17-19
অব্ৰাহমলৈ কৰা প্ৰতিজ্ঞা পূৰ্ণতাৰ ওচৰ হোৱাত মিছৰ দেশত থকা ইস্ৰায়েলীয়া বিলাকৰ সংখ্যা কি হৈছিল?
মিছৰ দেশত ইস্ৰায়েলীয়া বিলাকৰ সংখ্যা বাঢ়ি গৈছিল আৰু বহু গুণ হৈছিল (৭:১৭)।
মিছৰ দেশৰ নতুন ৰজাই ইস্ৰায়েলীয়া বিলাকৰ সংখ্যা কেনেকৈ কমাইছিল?
মিছৰ দেশৰ নতুন ৰজাই ইস্ৰায়েলীয়া বিলাকক তেওঁলোকৰ নবজাতকক দলিয়াই পেলাবলৈ দিছিল যাতে সিহঁত বাচি নাথাকে (৭:১৯)।
Acts 7:20-21
মোচিক দলিয়াই পেলোৱাত কেনেকৈ জীয়াই থাকিল?
ফৰৌণৰ জীয়েকে মোচিক তুলি লৈছিল আৰু তাইৰ নিজৰ সন্তান স্বৰূপে পালন কৰিছিল (৭:২১)
Acts 7:22-28
মোচিয়ে কেনেকৈ শিক্ষিত হৈছিল?
মিছৰীয়াসকলৰ সকলো শিক্ষাৰ যোগেদি মোচি শিক্ষিত হৈছিল (৭:২২)।
যেতিয়া তেওঁ চল্লিশ বছৰীয়া হ'ল, যেতিয়া এজন ইস্ৰায়েলীয়াক বেয়া ব্যৱহাৰ কৰা তেওঁ দেখিছিল মোচিয়ে কি কৰিছিল?
মোচিয়ে ইস্ৰায়েলীয়া জনৰ ফলীয়া হৈছিল আৰু মিছৰীয়া জনক আঘাত কৰিছিল (৭:২৪)
Acts 7:29-32
মোচিয়ে ক'লৈ পলাই গৈছিল?
মোচিয়ে মিদিয়নলৈ পলাই গৈছিল (৭:২৯)।
মোচি যেতিয়া আশী বছৰীয়া হ'ল, মোচিয়ে কি দেখিছিল?
মোচিয়ে এটা জোপোহাত জ্বলি থকা অগ্নিত এজন স্বৰ্গদূতক দেখিছিল (৭:৩০)।
Acts 7:33-34
প্ৰভুৱে মোচিক ক'লৈ যাবলৈ আদেশ দিছিল, আৰু ঈশ্বৰে তাত কি কৰিবগৈ?
প্ৰভুৱে মোচিক মিছৰ দেশলৈ যাবলৈ আজ্ঞা দিছিল, কাৰণ ঈশ্বৰে তাত ঈশ্বৰে ইস্ৰায়েলীয়া বিলাকক উদ্ধাৰ কৰিবগৈ (৭:৩৪)।
Acts 7:35-40
মোচিয়ে ইস্ৰায়েলীয়াসকলক অৰণ্যত কিমান সময় চলাইছিল?
মোচিয়ে ইস্ৰায়েলীয়াসকলক অৰণ্যত চল্লিশ বছৰ চলাইছিল (৭:৩৬)।
মোচিয়ে ইস্ৰায়েলীয়াসকলক কি ভাববাণী কৰিছিল?
মোচিয়ে ইস্ৰায়েলীয়াসকলক এই ভাববাণী কৰিছিল যে ঈশ্বৰে তেওঁলোকৰ ভাইবিলাকৰ মাজৰ পৰা তেওঁৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব (৭:৩৭)।
Acts 7:41-42
ইস্ৰায়েলীয়াসকলে তেওঁলোকৰ অন্তৰ কেনেকৈ মিছৰ দেশলৈ ঘুৰাইছিল?
ইস্ৰায়েলীয়াসকলে এটা দামুৰী সাজিছিল আৰু মূৰ্ত্তিলৈ বলিদান উচৰ্গা কৰিছিল (৭:৪১)।
ইস্ৰায়েলীয়াসকলে তেওঁৰ পৰা বিমুখ হোৱাত ঈশ্বৰে কেনেকৈ প্ৰত্যুত্তৰ দিছিল?
ঈশ্বৰে তেওঁলোকৰ পৰা বিমুখ হৈছিল আৰু আকাশৰ বাহিনীক পূজা কৰিবলৈ এৰি দিছিল (৭:৪২)।
Acts 7:43
ইস্ৰায়েলীয়াসকলক ঈশ্বৰে ক'লৈ লৈ যাব বুলি কৈছিল?
ঈশ্বৰে কৈছিল তেওঁ ইস্ৰায়েলীয়া সকলক বাবিলৰ সিফাললৈ লৈ যাব (৭:৪৩)।
Acts 7:44-46
অৰণ্যত, ঈশ্বৰে ইস্ৰায়েলীয়াসকলক কি সাজিবলৈ আদেশ দিছিল, যিটো তেওঁলোকে পাছত সেই দেশলৈ কঢ়িয়াই আনিছিল?
অৰণ্যত, ইস্ৰায়েলীয়াসকলে সাক্ষ্য-তম্বু সাজিছিল (৭:৪৪-৪৫)।
ইস্ৰায়েলীয়াসকলৰ আগৰ পৰা কোনে সেই জাতি বিলাকক খেদি পঠিয়াইছিল?
A.ঈশ্বৰে ইস্ৰায়েলীয়াসকলৰ আগৰ পৰা সেই জাতিবিলাকক খেদি পঠিয়াইছিল (৭:৪৫)।
Acts 7:47-50
ঈশ্বৰৰ বাবে এক নিবাস স্থান কোনে সাজিবলৈ খুজিছিল,আৰু কোনে প্ৰকৃততে ঈশ্বৰৰ এক গৃহ নিৰ্ম্মাণ কৰিছিল?
দায়ুদে ঈশ্বৰৰ বাবে এক নিবাস স্থান সাজিবলৈ খুজিছিল, কিন্তু চলোমনেহে ঈশ্বৰৰ এক গৃহ নিৰ্ম্মাণ কৰিছিল (৭:৪৬-৪৭)।
সৰ্ব্বোপৰি ঈশ্বৰৰ সিংহাসন ক'ত আছে?
স্বৰ্গ হৈছে সৰ্ব্বোপৰি ঈশ্বৰৰ সিংহাসন (৭:৪৯)।
Acts 7:51-53
তেওঁলোকৰ পুৰ্ব্ব পুৰুষসকলে কৰাৰ দৰে, এই মানুহবিলাকে সদায়ে কি কৰিছিল বুলি ষ্টিফেনে লোকসকলক দোষ ধৰিছিল?
মানুহবিলাকে পবিত্ৰ আত্মাৰ প্ৰতিৰোধ কৰিছিল বুলি ষ্টিফেনে লোকবিলাকক দোষ ধৰিছিল (৭:৫১)।
সেই ধাৰ্ম্মিকজনৰ বিষয়লৈ এই লোকবিলাকে দোষী বুলি ষ্টিফেনে কি কৈছিল?
এই লোকবিলাকে সেই ধাৰ্ম্মিকজনক প্ৰবঞ্চনা কৰিছিল আৰু হত্যা কৰিছিল বুলি ষ্টিফেনে কৈছিল (৭:৫২)।
Acts 7:54-56
ষ্টিফেনৰ দোষৰোপৰ প্ৰত্যুত্তৰ পৰিষদৰ সদস্যসকলে কেনেকৈ দিছিল?
পৰিষদৰ সদস্যসকলৰ হৃদয় ক্ৰোধেৰে প্ৰজ্বলিত হৈছিল আৰু ষ্টিফেনলৈ চাই তেওঁলোকে দাঁত কৰিচিছিল (৭:৫৪)।
তেওঁ স্বৰ্গৰফালে চাই তেওঁ যি দেখিছিল তেতিয়া ষ্টিফেনে কি কৈছিল?
ষ্টিফেনে কৈছিল ঈশ্বৰৰ সোঁ ফালে যীচুক থিয় হৈ থকা দেখা পাইছোঁ (৭:৫৫-৫৬)।
Acts 7:57-58
তেতিয়া পৰিষদৰ সদস্যসকলে ষ্টিফেনক কি কৰিছিল?
পৰিষদৰ সদস্যসকলে তেওঁলৈ চোঁচা লৈছিল, তেওঁক নগৰৰ পৰা দলিয়াই পেলালে, আৰু তেওঁলৈ শিল দলিয়ালে (৭:৫৭-৫৮)।
ষ্টিফেনক শিল দলিয়াই মৰা সময়ত সাক্ষীবিলাকে কাৰ ওচৰত তেওঁলোকৰ কামিজবোৰ থৈছিল?
সাক্ষীবিলাকে চৌল নামৰ এজন ডেকা মানুহৰ ভৰিৰ কাষত তেওঁলোকৰ কামিজবোৰ থৈছিল (৭:৫৮)।
Acts 7:59-60
ষ্টিফেনে মৰা আগে আগে তেওঁ কি শেষ বিষয় খুজিছিল?
ষ্টিফেনে ঈশ্বৰক এইটো খুজিছিল যে এই পাপ তেওঁলোকৰ নামত নিলিখিব (৭:৬০)।
Acts 8
Acts 8:1-5
ষ্টিফেনক শিল দলিয়াই মাৰা বিষয়ত চৌলে কি ভাবিছিল?
ষ্টিফেনৰ মৃত্যুত চৌল সহমত আছিল (৮:১)।
ষ্টিফেনৰ মৃত্যুৰ দিনৰ লগে লগে কি আৰম্ভ হৈছিল?
ষ্টিফেনৰ মৃত্যুৰ দিনৰ লগে লগে যিৰূচালেমৰ মণ্ডলীবিলাকৰ বিৰুদ্ধে এক বৰ তাড়না আৰম্ভ হৈছিল (৮:১)।
যিৰূচালেমৰ বিশ্বাসীসকলে কি কৰিছিল?
যিৰূচালেমৰ বিশ্বাসীসকলে যিহুদীয়া চমৰীয়া আদি গোটেই অঞ্চললৈ বিয়পি গৈছিল আৰু শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ ওলাই গৈছিল (৮:১,৪)।
Acts 8:6-8
ফিলিপে যি কৈছিল চমৰীয়া লোকসকলে তাত কিয় মনোযোগ দিছিল?
ফিলিপে যি আচৰিত কাৰ্য্য কৰিছিল তাক দেখি চমৰীয়া লোক সকলে মনোযোগ দিছিল (৮:৬)।
Acts 8:9-11
চমৰীয়া সকলে চিমোনক কিয় মনোযোগ দিছিল?
চমৰীয়া লোকসকলে তেওঁৰ মায়াবী কাৰ্য্য দেখি তাত মনোযোগ দিছিল (৮:৯-১১)।
Acts 8:12-13
যেতিয়া চমোনে ফিলিপৰ বাৰ্ত্তা শুনিলে, তেওঁ কি কৰিছিল?
চিমোনেও বিশ্বাস কৰিছিল আৰু বাপ্তাইজিত হৈছিল (৮:১৩)।
Acts 8:14-17
চমৰীয়া বিশ্বাসীসকলৰ ওপৰত পিতৰ আৰু যোহনে হাত দিয়াত কি হৈছিল?
চমৰীয়াৰ বিশ্বাসীসকলে পবিত্ৰ আত্মা পাইছিল (৮:১৭)।
Acts 8:18-19
পাঁচনিসকলক চিমোনে কি দিবলৈ ওলাইছিল?
হাত দিয়াৰ দ্বাৰাই পবিত্ৰ আত্মা দান দিয়াৰ ক্ষমতা কিনিবলৈ চিমোনে পাঁচনিসকলক ধন দিবলৈ ওলাইছিল (৮:১৮-১৯)।
Acts 8:20-25
পাঁচনিসকলক চিমোনে ধন দিয়াৰ কথাৰ পাছত, পিতৰে তেওঁৰ আত্মিক অৱস্থাৰ বিষয়ে কি কৈছিল?
পিতৰে কৈছিল যে চিমোনে তিতা পিত্ত আৰু অধৰ্ম্মৰূপ বন্ধনত আছিল (৮:২৩)।
Acts 8:26-28
স্বৰ্গদূতজনে ফিলিপক কি কৰিবলৈ কৈছিল?
স্বৰ্গদূত এজনে ফিলিপক দক্ষিণফালে মৰুভুমি থকা গাজালৈ যোৱা ৰাস্তালৈ যাবলৈ কৈছিল (৮:২৬)।
ফিলিপে কাক লগ পাইছিল আৰু সেই ব্যক্তিজনে কি কৰি আছিল?
ফিলিপে ইথিওপিয়াৰ অতি ক্ষমতাশালী এজন নপুংসকক লগ পাইছিল যি জনে তেওঁৰ ৰথত বহি যিচয়া পুস্তক পঢ়ি আছিল (৮:২৭-২৮)।
Acts 8:29-31
সেই মানুহজনক ফিলিপে কি
কৰিছিল?
ফিলিপে সেই মানুহজনক সুধিছিল, " আপুনি যি পঢ়িছে তাক বুজি পাইছেনে ?" (৮:৩০)।
সেই মানুহজনে ফিলিপক কি সুধিছিল?
সেই মানুহজন ফিলিপক তেওঁৰ ৰথত বহিবলৈ নিমন্ত্ৰণ কৰিছিল আৰু তেওঁ যি পঢ়ি আছিল তাক বুজাই দিবলৈ কৈছিল (৮:৩১)।
Acts 8:32-33
যিচয়া পুস্তকৰ পৰা পঢ়া যি জন ব্যক্তিৰ বিষয়ে শাস্ত্ৰত বৰ্ণনা কৰা আছিল তেওঁৰ কি হৈছিল?
এই ব্যক্তিজনক মেৰৰ নিচিনাকৈ বলি দিবলৈ নিছিল, কিন্তু তেওঁ নিজ মুখকে নেমেলিলে (৮:৩২)।
Acts 8:34-35
সেই মানুহজনে পঢ়ি থকা শাস্ত্ৰাংশৰ বিষয়ে ফিলিপক কি সুধিছিল?
সেই মানুহজনে ফিলিপক সুধিছিল যে ভাববাদীয়ে এই কথাষাৰ নিজৰ বিষয়ে কৈছিল নে বা আন কোনোবা ব্যক্তিৰ বিষয়ে কৈছিল (৮:৩৪)।
শাস্ত্ৰত যিচয়াৰ পৰা বৰ্ণনা কৰা ব্যক্তিজন কোন আছিল বুলি ফিলিপে কৈছিল?
শাস্ত্ৰত যিচয়াৰ পৰা বৰ্ণনা কৰা ব্যক্তিজন যীচু আছিল বুলি ফিলিপে বুজাই দিছিল (৮:৩৫)।
Acts 8:36-38
মানুহ জনক ফিলিপে তেতিয়া কি কৰিছিল?
ফিলিপ আৰু সেই নপুংসক দুয়োজন পানীত নামিল আৰু ফিলিপে তেওঁ বাপ্তাইজ কৰিছিল (৮:৩৮)।
Acts 8:39-40
যেতিয়া তেওঁ পানীৰ পৰা উঠি আহিল ফিলিপৰ কি হ'ল?
যেতিয়া ফিলিপ পানীৰ পৰা উঠি আহিছিল, প্ৰভুৰ আত্মাই ফিলিপক উঠাই লৈ গৈছিল (৮:৩৯)।
নপুংসকে কি কৰিছিল যেতিয়া তেওঁ পানীৰ পৰা উঠি আহিছিল?
যেতিয়া সেই নপুংসকে পানীৰ পৰা উঠি আহিল, তেওঁ আনন্দ কৰি কৰি নিজ বাটে গুচি গৈছিল (৮:৩৯)।
Acts 9
Acts 9:1-2
চৌলে যিৰূচালেমৰ মহা পুৰোহিতৰ পৰা কি অনুমতি বিচাৰিছিল?
চৌলে অনুমতি পত্ৰ বিচাৰিছিল যাতে তেওঁ দম্মেচকলৈ যাব পাৰে আৰু যিসকল এই পন্থৰ তেওঁলোকক বান্ধি লৈ আহিব পাৰে (৯:১-২)।
Acts 9:3-4
চৌলে দম্মেচকৰ ওচৰ পোৱাত, তেওঁ কি দেখিছিল?
চৌলে দম্মেচকৰ ওচৰ পোৱাত, স্বৰ্গৰ পৰা এক পোহৰ দেখিবলৈ পাইছিল (৯:৩)।
চৌলক সেই বাণীয়ে কি কৈছিল?
সেই বাণীয়ে কৈছিল, "চৌল, চৌল, তুমি কিয়া মোক তাড়না কৰিছা" (৯:৪)।
Acts 9:5-7
যেতিয়া চৌলে সুধিছিল তেওঁক কোনে কথা কৈছে, উত্তৰটো কি আছিল?
উত্তৰটো আছিল, "যাক তুমি তাড়না কৰিছা মই সেই যীচু" (৯ :৫)।
Acts 9:8-9
যেতিয়া চৌলে মাটিৰ পৰা উঠিছিল, তেওঁৰ কি হৈছিল?
যেতিয়া তেওঁ মাটিৰ পৰা উঠিছিল, তেওঁ একো দেখা পোৱা নাছিল (৯:৮)।
তাৰ পাছত চৌল ক'লৈ গৈছিল আৰু তেওঁ কি কৰিছিল?
চৌলে দম্মেচকলৈ গৈছিল আৰু তিনি দিন তেওঁ একো খোৱা-বোৱা কৰা নাছিল (৯:৯)।
Acts 9:10-12
প্ৰভুৱে অননিয়ক কি কৰিবলৈ কৈছিল?
প্ৰভুৱে অননিয়ক যাবলৈ কৈছিল আৰু চৌলৰ ওপৰত হাত দিবলৈ কৈছিল, যাতে চৌলে তেওঁৰ দৃষ্টি পায় (৯:১১-১২)।
Acts 9:13-16
অননিয়ই প্ৰভুৰ আগত কি বিষয় প্ৰকাশ কৰিছিল?
অননিয় চিন্তিত হৈছিল কাৰণ তেওঁ জানিছিল যে যিসকলে প্ৰভু নাম লয় তেওঁলোকক চৌলে বন্দী কৰি লৈ যাবলৈ দম্মেচকলৈ আহিছে (৯:১৩-১৪)।
প্ৰভুৱে তেওঁৰ মনোনীত পাত্ৰ চৌলৰ বাবে কি কার্য কৰিবলৈ আছে বুলি কৈছিল?
প্ৰভুৱে কৈছিল যে চৌলে প্ৰভুৰ নামটো পৰজাতি লোকলৈ, ৰজাবিলাকলৈ, আৰু ইস্ৰায়েলৰ সন্তানবিলাকলৈ লৈ যাব (৯:১৫)।
চৌলৰ সেই কৰিবলগীয়া কাৰ্য্য সহজ হ'ব নে কঠিন হব তাক প্ৰভুৱে কৈছিল নেকি?
প্ৰভুৱে কৈছিল প্ৰভুৰ নামৰ কাৰণে চৌলে অতিশয় পৰিমাণে দুখ-ভোগ কৰিব লাগিব (৯:১৬)।
Acts 9:17-19
অননিয়ই চৌলৰ মুৰত হাত দিয়ৰ পাছত, কি হৈছিল?
অননিয়ই চৌলৰ মুৰত হাত দিয়াৰ পাছত, চৌলে তেওঁ দৃষ্টি পাইছিল, বাপ্তাইজিত হৈছিল আৰু খোৱা-বোৱা কৰিছিল (৯:১৯)।
Acts 9:20-25
চৌলে তৎক্ষণাৎ কি কৰিবলৈ আৰম্ভ কৰিছিল?
চৌলে তৎক্ষণাৎ ধৰ্ম্মধামত যীচুক প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল, কৈছিল যে তেৱেঁই ঈশ্বৰৰ পুত্ৰ (৯:২০)।
Acts 9:26-27
যেতিয়া চৌল যিৰূচালেমলৈ আহিছিল, শিষ্যসকলে তেওঁক কেনেকৈ গ্ৰহণ কৰিছিল ?
যিৰূচালেমত, শিষ্যসকলে চৌললৈ ভয় কৰিছিল (৯:২৬)।
চৌলক পাঁচনিসকলৰ লগলৈ কোনে আনিছিল আৰু দম্মেচকত চৌলৰ কি ঘটিছিল সেইটো বুজাই দিছিল ?
বাৰ্নাবাই চৌলক পাঁচনিসকলৰ লগলৈ আনিছিল আৰু দম্মেচকত চৌলৰ যি যি ঘটিছিল সেইটো বুজাই দিছিল (৯:২৭)।
Acts 9:28-30
যিৰূচালেমত চৌলে কি কৰিছিল?
চৌলে প্ৰভু যীচুৰ নামত অতি সাহেৰে কথা কৈছিল (৯:২৯)।
Acts 9:31-32
চৌলে তৰ্চীচলৈ যোৱাৰ পাছত যিহুদীয়া, গালীলী আৰু চমৰীয়া মণ্ডলীৰ অৱস্থা কি হৈছিল ?
যিহুদীয়া, গালীলী আৰু চমৰীয়া মণ্ডলীৰ অৱস্থা শান্তিজনক আছিল আৰু গঢ়ি উঠিছিল, সংখ্যাত বৃদ্ধি পাইছিল (৯:৩১)।
Acts 9:33-35
লুদ্দাত কি ঘটিছিল যে সকলোকে প্ৰভুলৈ পালটিবলৈ কাৰক স্বৰূপ হ'ল ?
লুদ্দাত, পিতৰে এজন জঠৰ ৰোগীক যীচুৰ নামৰ দ্বাৰা সুস্থ কৰিছিল (৯:৩৩-৩৫)।
Acts 9:36-43
জপ্পাত কি ঘটিছিল যে অনেক মানুহ প্ৰভুত বিশ্বাস কৰাৰ কাৰণ হ'ল ?
পিতৰে টবিথা নামৰ এগৰাকী মৃত মহিলাৰ বাবে প্ৰাৰ্থনা কৰিছিল, যিগৰাকী পুনৰ জীয়াই উঠিছিল (৯:৩৬-৪২)।
Acts 10
Acts 10:1-2
কৰ্ণেলিয়া কেনে ধৰণৰ মানুহ আছিল?
কৰ্ণেলিয় এজন ভক্তি পৰায়ণ মানুহ আছিল যিয়ে ঈশ্বৰক ভয় কৰিছিল, দানশীল আছিল আৰু সদায়ে ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল (১০:২)।
Acts 10:3-8
কৰ্ণেলিয়ৰ বিষয়ে ঈশ্বৰে সোঁৱৰণ কৰাৰ কাৰণ কি বুলি স্বৰ্গদূতে কৈছিল?
স্বৰ্গদূতে কৈছিল যে কৰ্ণেলিয়ৰ প্ৰাৰ্থনা আৰু দুখীয়াসকলক দিয়া দানে কৰ্ণেলিয়ৰ বিষয়ে ঈশ্বৰে সোঁৱৰণ কৰিলে (১০:৪)।
কৰ্ণেলিয়ক স্বৰ্গদূতে কি কৰিবলৈ কৈছিল?
স্বৰ্গদূতে কৰ্ণেলিয়ক যাফোলৈ মানুহ পঠাই পিতৰক আনিবলৈ কৈছিল (১০:৫)।
Acts 10:9-12
পিছ দিনাখন, পিতৰে ঘৰৰ ওপৰত প্ৰাৰ্থনা কৰি থাকোঁতে আৰু মুৰ্চ্ছা যাওঁতে কি দেখিছিল?
এখন ডাঙৰ কাপোৰত সকলো ধৰণৰ জীৱ-জন্তু, বগাই ফুৰা বস্তুবোৰ আৰু চৰাইবোৰ পিতৰে দেখিছিল (১০:১১-১২)।
Acts 10:13-18
পিতৰে যেতিয়া দৰ্শনটো দেখিছিল, এক দৈব বাণীয়ে কি কৈছিল?
এক দৈব বাণীয়ে পিতৰক কৈছিল, "পিতৰ, উঠা, মাৰি খোৱা" (১০:১৩)।
সেই বাণীৰ প্ৰতি পিতৰৰ প্ৰত্যুত্তৰ কেনে আছিল?
পিতৰে অস্বীকাৰ কৰিছিল, কৈছিল যে তেওঁ লেতেৰা আৰু অশুচি কেতিয়াও খোৱা নাই (১০:১৪)।
ইয়াৰ পাছত সেই দৈব বাণীয়ে কি কৈছিল?
সেই দৈব বাণীয়ে কৈছিল, "ঈশ্বৰে যাক শুচি কৰিলে, তাক লেতেৰা বুলি নক'বা" (১০:১৫)।
Acts 10:19-21
যেতিয়া কৰ্ণেলিয়ৰ ঘৰৰ পৰা মানুহকেইজন ঘৰত উপস্থিত হ'ল তেতিয়া আত্মাই পিতৰক কি কৈছিল?
আত্মাই পিতৰক তললৈ নামি যাবলৈ আৰু তেওঁলোকৰ লগত যাবলৈ কৈছিল (১০:২০)।
Acts 10:22-24
কৰ্ণেলিয়ৰ ঘৰৰ পৰা অহা মানুহকেইজনে পিতৰক আহি আৰু কৰ্ণেলিয়ৰ ঘৰত কি কৰাটো আশা কৰিছিল?
কৰ্ণেলিয়ৰ ঘৰৰ পৰা অহা মানুহকেইজনে পিতৰক অহাটো আৰু কৰ্ণেলিয়ৰ ঘৰত এক বাৰ্ত্তা দিয়াটো আশা কৰিছিল (১০:২২)।
Acts 10:25-26
কৰ্ণেলিয়ই পিতৰৰ ভৰিত পৰি নসস্কাৰ কৰাৰ সময়ত পিতৰে কি কৈছিল?
পিতৰে কৰ্ণেলিয়ক উঠিবলৈ কৈছিল, কাৰণ তেওঁ ও এজন মানুহহে (১০:২৬)।
Acts 10:27-33
পুৰ্ব্বতে যিহুদীবিলাকৰ বাবে নিষেধ কৰাত পিতৰে কি কৰিছিল, আৰু এতিয়া তেওঁ কিয় কৰি আছে?
পিতৰে অন্য জাতিৰ মানুহৰ লগত যুক্ত হৈ আছিল, কাৰণ ঈশ্বৰে তেওঁক দেখুৱাইছিল যে যিকোনো মানুহক তেওঁ লেতেৰা আৰু অশুচি বুলি নক'বা (১০:২৮)।
Acts 10:34-35
ঈশ্বৰৰ গ্ৰহণীয় বুলি পিতৰে কাক কৈছে?
পিতৰে কৈছিল যিকোনোৱে ঈশ্বৰক ভয় কৰে আৰু ধাৰ্ম্মিকতা কাৰ্য্য কৰে তেৱেঁই গ্ৰহণীয় (১০:৩৫)।
Acts 10:36-38
কৰ্ণেলিয়ৰ ঘৰৰ মানুহে ইতিমধ্যে যীচুৰ বিষয়ে কি বাৰ্ত্তা শুনিবলৈ পাইছিল?
সেই মানুহবিলাকে ইতিমধ্যে শুনিছিল যে যীচুক পবিত্ৰ আত্মাৰ আৰু ক্ষমতাৰ দ্বাৰা অভিষেক কৰা হৈছিল, আৰু তেওঁ শোষিত হৈ থকা সকলক সুস্থ কৰিছিল, কাৰণ ঈশ্বৰ তেওঁৰ সঙ্গত আছিল (১০:৩৮)।
Acts 10:39-41
যীচুৰ মৃত্যুৰ পাছত কি হৈছিল বুলি পিতৰে ঘোষণা কৰিছিল, আৰু পিতৰে এইটো কেনেকৈ জানিছিল?
পিতৰে ঘোষণা কৰিছিল যে ঈশ্বৰে যীচুক তৃতীয় দিনা জীয়াই তুলিলে, আৰু তেওঁৰ পুনৰূত্থানৰ পাছত তেওঁৰে সৈতে পিতৰে ভোজন কৰিছিল (১০:৪০-৪১)।
Acts 10:42-43
পিতৰে কি কৈছিল যে যীচুৱে মানুহবিলাকক কি প্ৰচাৰ কৰিবলৈ তেওঁলোকক আদেশ দিছিল?
যীচুৱে তেওঁলোকক প্ৰচাৰ কৰিবলৈ এই আদেশ দিছিল যে মৰা আৰু জীয়া লোকৰ বিচাৰ কৰিবলৈ যীচুক ঈশ্বৰৰ দ্বাৰা মনোনীত কৰা হৈছে (১০:৪২)।
যীচুক বিশ্বাস কৰা প্ৰতিজনে কি পাব বুলি পিতৰে কৈছিল?
পিতৰে কৈছিল যীচুক বিশ্বাস কৰা প্ৰতিজনে তেওঁলোকৰ পাপবোৰৰ ক্ষমা পাব (১০:৪৩)।
Acts 10:44-45
পিতৰে যেতিয়া কথা কৈ আছিল যি সকলে শুনি আছিল তেওঁলোকৰ কি হৈছিল?
যি সকলে পিতৰৰ কথা শুনি আছিল তেওঁৱলোকৰ ওপৰত পবিত্ৰ আত্মা পৰিল (১০:৪৪)।
যি সকল বিশ্বাসী চুন্নত হোৱা দলৰ তেওঁলোকে কিয় আচৰিত হ'ল?
যি সকল বিশ্বাসী চুন্নত হোৱা দলৰ তেওঁলোকেও আচৰিত হ'ল কাৰণ পৰজাতিসকলৰ ওপৰতো পবিত্ৰ আত্মাৰ বৰ দান বাকি দিয়া হৈছে (১০:৪৫)।
Acts 10:46-48
পবিত্ৰ আত্মা যে তেওঁলোকৰ ওপৰত পৰিছে তাৰ পৰিবেশনত মানুহবিলাকে কি কৰি আছিল?
মানুহবিলাকে আন আন ভাষাৰে কথা কৈছিল আৰু ঈশ্বৰৰ প্ৰশংসা কৰিছিল যিটো দেখুৱাইছিল যে তেওঁলোকৰ ওপৰত পবিত্ৰ আত্মা পৰিছে (১০:৪৬)।
পবিত্ৰ আত্মা মানুহবিলাকৰ ওপৰত পৰাটো দেখা পোৱাৰ পাছত, তেওঁলোকক কি কৰিবলৈ পিতৰে আদেশ দিছিল?
যীচুৰ নামত মানুহবিলাকক বাপ্তাইজিত হ'বলৈ পিতৰে আদেশ দিছিল (১০:৪৮)।
Acts 11
Acts 11:1-14
যিহুদীয়াক থকা পাঁচনিসকল আৰু ভাইসকলে কি বাতৰি শুনিবলৈ পাইছিল?
যিহুদীয়াক থকা পাঁচনিসকল আৰু ভাইসকলে শুনিবলৈ পাইছিল যে পৰজাতিসকলেও ঈশ্বৰৰ বাক্য গ্ৰহণ কৰাটো শুনিবলৈ পাইছিল (১১:১)।
যিৰূচালেমত থকা চুন্নত হোৱা বিশ্বাসী দলে পিতৰৰ বিৰুদ্ধে কি সমালোচনা কৰিছিল ?
যি সকল বিশ্বাসী চুন্নত হোৱা দলৰ তেওঁলোকে পৰজাতিৰে সৈতে খোৱা-বোৱা কৰাত পিতৰক সমালোচনা কৰিছিল (১১:২-৩)।
Acts 11:15-16
পিতৰে তেওঁৰ বিপক্ষে কৰা কাঢ়া সমালোচনাৰ উত্তৰ কেনেকৈ দিছিল?
এখন ডাঙৰ কাপোৰৰ দৰ্শনৰ ব্যাখ্যা আৰু পৰজাতি সকলৰ ওপৰত পবিত্ৰ আত্মাৰ বাপ্তিস্মৰ ব্যাখ্যা কৰাৰ দ্বাৰা পিতৰে তেওঁৰ প্ৰতি কৰা সমালোচনাৰ উত্তৰ দিছিল (১১:৪-৬)
Acts 11:17-18
পিতৰৰ বুজনি শুনাৰ পাছত সেই চুন্নত হোৱা বিশ্বাসীদলৰ সামৰণি কি আছিল?
তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিছিল আৰু এই সামৰণিত আছিল যে ঈশ্বৰে পৰজাতিসকলকো মন পালটন দান কৰিলে (১১:১৮)।
Acts 11:19-21
ষ্টিফেনৰ মৃত্যুৰ পাছত যিসকলে গোট গোট হৈ পৰিছিল সৰহ সংখ্যক বিশ্বাসীয়ে কি কৰিছিল?
সৰহ সংখ্যক বিশ্বাসীয়ে যীচুৰ শুভবাৰ্ত্তা কেৱল যিহুদী বিলাককহে কৈছিল (১১:১৯)।
কোনো কোনো এনেকৈ বিয়পি পৰা বিশ্বাসীয়ে গ্ৰীক বিলাকক প্ৰভু যীচুৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাত কি হৈছিল?
যেতিয়া তেওঁলোকে গ্ৰীকবিলাকক প্ৰভু যীচুৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল এক বৃহৎ সংখ্যক লোকে বিশ্বাস কৰিছিল (১১:২০-২১)
Acts 11:22-24
যিৰূচালেমৰ পৰা বাৰ্নাবাই আন্টিয়খত থকা গ্ৰীক বিশ্বাসীসকলক কি কৰিবলৈ কৈছিল?
গ্ৰীক সকলক প্ৰভুৰ লগত তেওঁলোকৰ সম্পুৰ্ণ অন্তৰেৰে সৈতে থাকিবলৈ বাৰ্নাবাই উদগণি দিছিল (১১:২২-২৩)।
Acts 11:25-26
আন্টিয়খত থকা মণ্ডলীত কোনে সম্পুৰ্ণ এবছৰ কটাইছিল?
বাৰ্নাবা আৰু চৌলে আন্টিয়খত থকা মণ্ডলীত সম্পুৰ্ণ এবছৰ কটাইছিল (১১:২৬)।
আন্টিয়খত প্ৰথমে কি নামেৰে শিষ্যসকলক মতা হৈছিল?
শিষ্যসকলক আন্টিয়খতেই প্ৰথমে খ্ৰীষ্টিয়ান বুলি মতা হ'ল (১১:২৬)।
Acts 11:27-28
আগাবে কি ঘটিব বুলি ভাববাণীৰ দ্বাৰাই জনাইছিল?
গোটেই পৃথিবীতে এক মহা আকাল হ'ব বুলি আগাবে ভাববাণীৰে ঘোষণা কৰিছিল (১১:২৮)।
Acts 11:29-30
আগাবৰ ভাববাণীৰ প্ৰতি শিষ্যসকলৰ প্ৰত্যুত্তৰ কেনে আছিল?
শিষ্যসকলে বাৰ্নাবা আৰু চৌলৰ হাতত যিহুদীয়াৰ ভাইসকললৈ সহায় পঠিয়াই দিছিল (১১:২৯-৩০)।
Acts 12
Acts 12:1-2
যোহনৰ ভায়েক যাকোবক হেৰোড ৰজাই কি কৰিছিল?
যোহনৰ ভায়েক যাকোবক হেৰোড ৰজাই তৰোৱালেৰে বধ কৰিছিল (১২:২)।
Acts 12:3-4
হেৰোড ৰজাই পিতৰক কি কৰিছিল?
হেৰোড ৰজাই পিতৰক বন্দী কৰিছিল আৰু কাৰাগাৰত ৰাখিছিল, উদ্দেশ্য আছিল নিস্তাৰ পৰ্বৰ পাছত তেওঁক মানুহবিলাকৰ আগলৈ আনিব (১২:৩-৪)।
Acts 12:5-6
গোট খোৱা সমাজে পিতৰৰ বাবে কি কৰিছিল?
গোট খোৱা সমাজে পিতৰৰ বাবে আগ্ৰহেৰে প্ৰাৰ্থনা কৰি আছিল (১২:৫)।
Acts 12:7-12
পিতৰে কাৰাগাৰৰ পৰা কেনেকৈ বাহিৰ ওলাল?
এজন স্বৰ্গদূতে তেওঁক দেখা দিছিল, তেওঁৰ হাতৰ শিকলি খহি পৰিল, আৰু তেওঁ স্বৰ্গদূতৰ পাছে পাছে ওলাই আহি কাৰাগাৰৰ বাহিৰ ওলাইছিল (১২:৭-১০)।
Acts 12:13-15
য'ত বিশ্বাসীসকলে প্ৰাৰ্থনা কৰি আছিল সেই ঘৰত যেতিয়া পিতৰ উপস্থিত হৈছিল, দুৱাৰত কোনে উত্তৰ দিছিল আৰু তাই কি কৰিছিল?
ৰোডা নামৰ এগৰাকী চাকৰণীয়ে দুৱাৰত উত্তৰ দিছিল আৰু পিতৰ দুৱাৰত থিয় হৈ আছিল বুলি কৈছিল কিন্তু তাই দুৱাৰ মেলা নাছিল (১২:১৩-১৪)।
বিশ্বাসীসকলে তাই কোৱা কথাৰ প্ৰতিক্ৰিয়া কেনেকৈ কৰিছিল?
প্ৰথমতে তেওঁলোকে ভাবিছিল যে তাই বলীয়া হৈছে কিন্তু যেতিয়া তেওঁলোকে দুৱাৰ মেলিছিল আৰু তাত পিতৰক দেখিছিল (১২:১৫-১৬)।
Acts 12:16-17
তেওঁলৈ যি যি ঘটিল সেই সকলো বিশ্বাসীসকলক কোৱাৰ পাছত, পিতৰে তেওঁলোকক কি কৰিবলৈ কৈছিল?
এই সকলো কথা যাকোব আৰু ভাইসকলক ক'বলৈ পিতৰে তেওঁলোকক কৈছিল (১২:১৭)।
Acts 12:18-19
যি কেইজন মানুহে পিতৰৰ ৰখীয়া হৈ আছিল সিহঁতৰ কি হ'ল?
হেৰোডে সেই চন্তৰী কেইজনক
কৰিছিল আৰু সিহঁতক মৃত্যু দণ্ড দিছিল (১২:১৯)।
Acts 12:20-21
উপলব্ধ নহয়।
Acts 12:22-23
হেৰোডে তেওঁ ভাষণ দিওঁতে লোকবিলাকে কি বুলি চিঞঁৰিছিল?
লোকবিলাকে চিঞঁৰিছিল, "এইয়া ঈশ্বৰৰ বাণী, মানুহৰ বাণী নহয়" (১২:২২)।
হেৰোডৰ ভাষণৰ পাছত তেওঁৰ কি হৈছিল আৰু কিয়?
কাৰণ হেৰোডে সেই গৌৰৱ ঈশ্বৰক দিয়া নাছিল, এজন স্বৰ্গদূতে তেওঁক আঘাত কৰিলে আৰু তেওঁক পোকে খালে আৰু তেওঁ মৰিল (১২:২৩)।
Acts 12:24-25
এই সময়ত ঈশ্বৰৰ বাক্য কি হৈছিল?
এই সময়ত ঈশ্বৰৰ বাক্য বৃদ্ধি হৈছিল আৰু বিয়পি পৰিছিল (১২:২৪)।
বাৰ্নাবা আৰু চৌলে তেওঁলোকৰ লগত কাক লৈছিল?
বাৰ্নাবা আৰু চৌলে তেওঁলোকৰ লগত যোহন মাৰ্কক লৈ গৈছিল (১২:২৫)।
Acts 13
Acts 13:1-3
আন্টিয়খত থকা বিশ্বাসী মণ্ডলী সমাজক যেতিয়া পবিত্ৰ আত্মাই ক'লে তেওঁলোকে কি কৰিছিল?
আন্টিয়খত থকা বিশ্বাসী মণ্ডলী সমাজক যেতিয়া পবিত্ৰ আত্মাই ক'লে তেওঁলোকে প্ৰভুক উপাসনা কৰিছিল আৰু উপবাস কৰিছিল (১৩:২)।
পবিত্ৰ আত্মাই তেওঁলোকক কি কৰিবলৈ কৈছিল?
পবিত্ৰ আত্মাই বাৰ্নাবা আৰু চৌলক বেলেগ কৰি থবলৈ কৈছিল যিটোৰ কাৰণে পবিত্ৰ আত্মাই পৰিচৰ্য্যা কৰিবলৈ নিমন্ত্ৰণ কৰিছিল (১৩:২)।
পবিত্ৰ আত্মাৰ পৰা শুনাৰ পাছত সমাজে কি কৰিছিল?
সমাজে উপবাস কৰিছিল, প্ৰাৰ্থনা কৰিছিল, বাৰ্নাবা আৰু চৌলৰ ওপৰত হাত দিছিল, আৰু তেওঁলোকক পঠিয়াই দিছিল (১৩:৩)।
Acts 13:4-5
বাৰ্নাবা আৰু চৌল যেতিয়া কুপ্ৰ দ্বীপলৈ গৈছিল, তেওঁলোকৰ লগত কোন আছিল?
কুপ্ৰ দ্বীপত, যোহন মাৰ্ক তেওঁলোকৰ সহায়কাৰী হিচাপে আছিল (১৩:৫)।
Acts 13:6-8
বাৰ-যীচু কোন আছিল?
বাৰ-যীচু এজন যিহুদী ভাঁৰি-কোৱা ভাববাদী যাছিল যি জনে তাৰ অধিপতিৰ লগত সংযুক্ত আছিল।
সেই অধিপতিয়ে বাৰ্নাবা আৰু চৌল কিয় মতাই আনিছিল?
সেই অধিপতিয়ে বাৰ্নাবা আৰু চৌল মতাই আনিছিল কাৰণ তেওঁ ঈশ্বৰৰ বাক্য শুনিবলৈ বিচাৰিছিল (১৩:৭)।
Acts 13:9-10
চৌল আন কি নামেৰেও পৰিচিত আছিল ?
চৌলক পৌল নামেৰেও জনা গৈছিল (১৩:৯)।
Acts 13:11-12
যেতিয়া সেই বাৰ-যীচুৱে অধিপতিক বিশ্বাসৰ পৰা ঘুৰাবলৈ চেষ্টা কৰিছিল পৌলে কি কৰিছিল?
পৌলে বাৰ যীচুক কৈছিল সি চয়তানৰ এটা পুতেক আৰু কিছু সময়ৰ বাবে সি অন্ধ হৈ থাকিব (১৩:১০-১১)।
বাৰ যীচুলৈ যি ঘটিছিল তাক দেখি সেই অধিপতিয়ে কি প্ৰতিক্ৰিয়া কৰিছিল?
সেই অধিপতিয়ে বিশ্বাস কৰিছিল (১৩:১২)।
Acts 13:13-20
পৌল আৰু তেওঁৰ বন্ধুসকলে পৰ্গামলৈ জাহাজ মেলিছিল যোহন মাৰ্কে কি কৰিছিল?
যোহন মাৰ্কে পৌল আৰু তেওঁৰ বন্ধুসকলক এৰি যিৰূচালেমলৈ ঘুৰি আহিছিল (১৩:১৩)।
পিছিদিয়া আন্টিয়খত পৌলক ক'ত কথা কবলৈ দিয়া হৈছিল?
পিছিদিয়া আন্টিয়খত পৌলক যিহুদীৰ ধৰ্ম্মধামত কথা ক'বলৈ দিয়া হৈছিল (১৩:১৫)।
Acts 13:21-22
পৌলৰ ভাষণত, তেওঁ কি ইতিহাস দোহাৰিছিল?
পৌলৰ ভাষণত, তেওঁ ইস্ৰায়েলীয়া মানুহবিলাকৰ ইতিহাস দোহাৰিছিল (১৩:১৭-২২)।
Acts 13:23-25
ঈশ্বৰে ইস্ৰায়েলৰ কাৰ মাজৰ পৰা এজন পৰিত্ৰাতা আনিছিল?
ঈশ্বৰে ইস্ৰায়েলৰ দায়ুদ ৰজাৰ পৰা এজন পৰিত্ৰাতা আনিছিল (১৩:২৩)।
পৰিত্ৰাতা জন আহিবলৈ কোনে পথ প্ৰস্তুত কৰিছিল বুলি পৌলে কৈছিল?
পৰিত্ৰাতা জন আহিবলৈ যোহন বাপ্তাইজ পথ প্ৰস্তুত কৰিছিল বুলি পৌলে কৈছিল (১৩:২৪-২৫)।
Acts 13:26-29
যিৰূচালেমত মানুহবিলাকে আৰু অধিপতিবিলাকে কেনেকৈ ভাববাদীৰ বাৰ্ত্তা পৰিপুৰ্ণ কৰিছিল?
যিৰূচালেমত মানুহবিলাকে আৰু অধিপতিবিলাকে যীচুক দোষী কৰি মৃত্যুদণ্ড দি ভাববাদীৰ বাৰ্ত্তা পৰিপুৰ্ণ কৰিছিল (১৩:২৭)।
Acts 13:30-31
এতিয়া মানুহবিলাকলৈ যীচুৰ সাক্ষী কোন কোন?
যিসকল লোকে যীচুক পুনৰুত্থানৰ পাছত দেখিছিল তেওঁলোকেই এতিয়া তেওঁৰ সাক্ষী (১৩:৩১)।
Acts 13:32-34
ঈশ্বৰে যিহুদীবিলাকলৈ কৰা প্ৰতিজ্ঞা যে ৰাখে তাক কেনেকৈ দেখুৱাইছে?
ঈশ্বৰে যিহুদীবিলাকলৈ কৰা প্ৰতিজ্ঞা যে ৰাখে তাক যীচুক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলাৰ দ্বাৰা দেখুৱাইছে (১৩:৩৩)।
Acts 13:35-37
গীতমালাৰ এটা গীতত পবিত্ৰজনাৰ বিষয়লৈ ঈশ্বৰে কি প্ৰতিজ্ঞা কৰিছিল?
ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল যে পবিত্ৰজনাই ক্ষয়স্থান নেদেখিব (১৩:৩৫)।
Acts 13:38-39
যিসকলে যীচুক বিশ্বাস কৰে তেওঁলোক প্ৰতিজনলৈ পৌলে কি ঘোষণা কৰিছিল?
যিসকলে যীচুক বিশ্বাস কৰে তেওঁলোক প্ৰতিজনলৈ পৌলে পাপবোৰৰ ক্ষমাৰ কথা ঘোষণা কৰিছিল (১৩:৩৮)।
Acts 13:40-43
পৌলে তেওঁৰ শ্ৰোতাসকলক কি সকীয়নি দিছিল ?
পৌলে তেওঁৰ শ্ৰোতাসকলক এই সকীয়নি দিছিল যে ভাববাদীসকলৰ দ্বাৰা কোৱা কথা যি সকলে শুনিছিল, ঈশ্বৰৰ কাৰ্য্যৰ ঘোষণা শুনিছিল, কিন্তু বিশ্বাস কৰা নাছিল তেনেকুৱা হ'ব নালাগে (১৩:৪০-৪১)।
Acts 13:44-45
আন্টিয়খত, পিছৰ বিশ্ৰামবাৰত প্ৰভুৰ বাক্য কোনে শুনিবলৈ আহিছিল?
পিছৰ বিশ্ৰামবাৰত প্ৰভুৰ বাক্য শুনিবলৈ প্ৰায় গোটেই নগৰখনেই আহিছিল (১৩:৪৪)।
যেতিয়া মানুহৰ ভিৰ যিহুদীবিলাকে দেখিছিল তেওঁলোকৰ প্ৰতিক্ৰিযা কেনে আছিল?
যিহুদীবিলাক ঈৰ্ষাৰে পুৰ্ণ হৈছিল আৰু পৌলৰ বাৰ্ত্তাৰ বিৰুদ্ধে কথা কৈছিল, তেওঁক ইতিকিং কৰিছিল (১৩:৪৫)।
Acts 13:46-47
ঈশ্বৰে বাক্যক যিহুদীবিলাকে যি কৰিছিল তাক পৌলে কি বুলি কৈছিল?
পৌলে কৈছিল যে যিহুদীবিলাকে তেওঁলোকক কোৱা ঈশ্বৰৰ বাক্য দলিয়াই পেলাইছে (১৩:৪৬)।
Acts 13:48-49
পৌলে তেওঁলোকলৈ ঘুৰাত পৰজাতিসকলৰ প্ৰতিক্ৰিয়া কেনে আছিল?
পৰজাতিসকলে আনন্দিত হৈছিল আৰু প্ৰভুৰ বাক্যৰ প্ৰশংসা কৰিছিল (১৩:৪৮)।
পৰজাতিসকলৰ কিমানে বিশ্বাস কৰিছিল?
যিমানক অনন্তজীৱনৰ কাৰণে থিৰাং কৰা আছিল সেই সকলোৱে বিশ্বাস কৰিছিল (১৩:৪৮)।
Acts 13:50-52
তাৰ পাছত পৌল আৰু বাৰ্নাবাক যিহুদীবিলাকে কি কৰিছিল?
যিহুদীবিলাকে পৌল আৰু বাৰ্নাবাৰ বিৰুদ্ধে এক তাড়না উচটালে আৰু তেওঁলোকক নগৰৰ পৰা বাহিৰ কৰি দিলে (১৩:৫০)।
ইকনিয় নগৰলৈ যোৱাৰ তেওঁলোক আগতে পৌল আৰু বাৰ্নাবাই কি কৰিছিল?
আন্টিয়খ নগৰৰ বিৰুদ্ধে যিসকলে তেওঁলোকক নগৰৰ পৰা বাহিৰ কৰি দিছিল পৌল আৰু বাৰ্নাবাই তেওঁলোকৰ ভৰিৰ পৰা ধূলি জোকাৰি পেলাইছিল (১৩:৫১)।
Acts 14
Acts 14:1-2
পৌল আৰু বাৰ্নাবাৰ প্ৰচাৰত মানুহৰ দলটোৱে বিশ্বাস কৰাত ইকনিয় নগৰত থকা অবিশ্বাসী যিহুদীসকলে কি কৰিছিল?
এই অবিশ্বাসী যিহুদীবিলাকে পৰজাতি সকলক উচটালে আৰু তেওঁলোকক ভাইবিলাকৰ বিৰুদ্ধে হিংসুক কৰালে (১৪:১-২)।
Acts 14:3-4
ঈশ্বৰে তেওঁৰ অনুগ্ৰহৰ বাৰ্ত্তাৰ বিষয়ে প্ৰমাণ কেনেকৈ দিছিল?
পৌল আৰু বাৰ্নাবাৰ হতুৱাই চিন আৰু পৰাক্ৰম কাৰ্য্য কৰোৱাই ঈশ্বৰে তেওঁৰ অনুগ্ৰহৰ বাৰ্ত্তাৰ বিষয়ে প্ৰমাণ দিছিল (১৪:৩)
Acts 14:5-7
পৌল আৰু বাৰ্নাবাই কিয় ইকনিয় নগৰ এৰি গুচি গৈছিল ?
A.পৌল আৰু বাৰ্নাবাক বেয়া আচৰণ কৰি শিল দলিয়াই মাৰিবলৈ পৰজাতিৰ কোনো কোনোৱে তেওঁলোকৰ নেতাসকলক মান্তি কৰাবলৈ থিৰাং কৰিছিল (১৪:৫-৭)।
Acts 14:8-10
লুস্ত্ৰা নগৰত পৌলে কি কৰাৰ কাৰণে এক হুলস্থুলীয়া অৱস্থা হৈছিল?
জন্মৰে পৰা কোঙা এজন মানুহক পৌলে সুস্থ কৰিছিল (১৪:৮-১০)।
Acts 14:11-13
পৌল আৰু বাৰ্নাবাৰ কাৰণে লুস্ত্ৰা নগৰৰ মানুহবিলাকে কি কৰিবলৈ বিচাৰিছিল?
পৌল আৰু বাৰ্নাবাৰ কাৰণে লুস্ত্ৰা নগৰৰ মানুহবিলাকে জিউচ দেৱতাৰ পুৰোহিতৰ যোগেদি বলিদান কৰিব বিচাৰিছিল (১৪:১১-১৩, ১৮)।
Acts 14:14-16
মানুহবিলাকে পৌল আৰু বাৰ্নাবাৰ বাবে যি কৰিবলৈ বিচাৰিছিল তাৰ প্ৰত্যুত্তৰ হিচাপে তেওঁলোকে কি কৰিছিল?
পৌল আৰু বাৰ্নাবাই নিজ কাপোৰ ফালিছিল, ভিৰৰ মাজলৈ গৈছিল, আৰু চিঞৰি চিঞৰি কৈছিল যে হে মানুহবিলাকে এইবোৰ অসাৰ্থক বিষয়বোৰৰ পৰা জীৱিত ঈশ্বৰলৈ ঘূৰক (১৪:১৪-১৫)।
Acts 14:17-18
পুৰ্ব্ব কালত এই জাতিবিলাকক তেওঁলোকৰ নিজৰ নিজৰ পথত চলিবলৈ ঈশ্বৰে এৰি দিছিল সেইটোত পৌল আৰু বাৰ্নাবাই কি কৈছিল ?
ঈশ্বৰে এই জাতিবিলাকৰ ওপৰত বৰষুণ বৰষাই আৰু ফলৱান বতৰ দিয়ে তেওঁলোকৰ অন্তৰ আহাৰ আৰু আনন্দেৰে পৰপূৰ্ণ কৰে (১৪:১৬-১৭)।
Acts 14:19-20
লুস্ত্ৰা নগৰৰ মানুহবিলাকে পাছত পৌললৈ কি কৰিছিল?
লুস্ত্ৰা নগৰৰ মানুহবিলাকে পৌললৈ শিল দলিয়ালে আৰু তেওঁক চোঁচৰাই নগৰৰ পৰা বাহিৰ কৰি দিছিল (১৪:১৯)।
শিষ্য বিলাকে পৌলৰ চাৰিওফালে থিয় হৈ থাকোতে তেওঁ কি কৰিছিল?
পৌল উঠিল আৰু নগৰত সোমাইছিল (১৪:২০)।
Acts 14:21-22
কিহৰ যোগেদি শিষ্যসকলে স্বৰ্গৰাজ্যত সোমাব লাগে বুলি পৌলে কৈছিল?
বহুতো দুখ-ক্লেশৰ যোগেদি শিষ্যসকলে স্বৰ্গৰাজ্যত সোমাব লাগে বুলি পৌলে কৈছিল (১৪:২২)।
Acts 14:23-26
পৌল আৰু বাৰ্নাবাই বিশ্বাসীসকল গোট খোৱা প্ৰতিটো সমাজত তেওঁলোকে প্ৰস্থান কৰাৰ আগে আগে কি কৰিছিল ?
গোট খোৱা প্ৰতিটো সমাজত, পৌল আৰু বাৰ্নাবাই চলাওঁতা বৃদ্ধলোক নিয়োগ কৰি দিছিল, উপবাসেৰে প্ৰাৰ্থনা কৰিছিল আৰু প্ৰভুত বিশ্বাসীসকলৰ ওপৰত দায়িত্ত্বভাৰ অৰ্পণ কৰিছিল (১৪:২৩)।
Acts 14:27-28
পৌল আৰু বাৰ্নাবাই আন্টিয়খলৈ যেতিয়া ঘুৰি আহিল তেওঁলোকে কি কৰিছিল?
যেতিয়া তেওঁলোকে ঘুৰি আহিছিল, ঈশ্বৰে তেওঁলোকৰ লগত কি কি কৰিছিল, আৰু পৰজাতিসলৰ বাবে বিশ্বাসৰ দুৱাৰ কেনেকৈ মুকলি কৰিছিল সেই সকলো কথা তেওঁলোকে জনাইছিল (১৪:২৭)।
Acts 15
Acts 15:1-2
যিহুদীয়াৰ পৰা কোনো এজন মানুহ আহি ভাইসকলক কি শিকাইছিল?
যিহুদীয়াৰ পৰা কোনো এজন মানুহ আহি ভাইসকলক শিকাইছিল যে ভাইসকল চুন্নত নহ'লে, তেওঁলোকে পৰিত্ৰাণ পাব নোৱাৰে (১৫:১)।
এই
সমাধান কেনেকৈ কৰিব বুলি ভাইসকলে থিৰাং কৰিছিল?
এই ভাইসকলে এইটো থিৰাং কৰিছিল যে পৌল, বাৰ্নাবা আন কোনোবা ভায়ে যিৰূচালেমলৈ পাঁচনিসকল আৰু বৃদ্ধ চলাওঁতা সকলৰ ওচৰলৈ যাব (১৫:২)।
Acts 15:3-4
ফৈনিকীয়া আৰু চমৰীয়া অঞ্চলৰ মাজেদি পৌল আৰু তেওঁৰ সঙ্গীসকলে কি বাৰ্ত্তা ঘোষণা কৰিছিল?
পৌল আৰু তেওঁৰ সঙ্গীসকলে পৰজাতিসকলৰ মন পালটোৱাৰ বাৰ্ত্তা ঘোষণা কৰিছিল (১৫:৩)।
Acts 15:5-6
বিশ্বাসীসকলৰ মাজৰ কোনটো দলে ভাবিছিল যে পৰজাতিসকল চুন্নত হ'ব লাগে আৰু মোচিৰ বিধান পালন কৰিব লাগে?
ফৰাচী দলটোৱে ভাবিছিল যে পৰজাতিসকল চুন্নত হ'ব লাগে আৰু মোচিৰ বিধান পালন কৰিব লাগে (১৫:৫)।
Acts 15:7-9
পিতৰে কি কৈছিল যে ঈশ্বৰে দিছিল আৰু পৰিজাতিবিলাকৰ বাবে কৰিলে?
পিতৰে কৈছিল যে ঈশ্বৰে পৰজাতিসকলক পবিত্ৰ আত্মা দিলে আৰু তেওঁলোকৰ হৃদয় বিশ্বাসৰ দ্বাৰা পৰিষ্কাৰ কৰিলে (১৫:৮-৯)।
Acts 15:10-11
যিহুদী আৰু পৰজাতিসকল দুয়ো পৰিত্ৰাণ পালে বুলি পিতৰে কেনেকৈ কৈছিল ?
পিতৰে কৈছিল ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰা যিহুদী আৰু পৰজাতিসকল দুয়ো পৰিত্ৰাণ পালে (১৫:১১)।
Acts 15:12-14
পৌল আৰু বাৰ্নাবাই সমাজগোটত কি প্ৰতিবেদন দিছিল?
ঈশ্বৰে পৰজাতিসকলৰ মাজত চিন আৰু পৰাক্ৰম কাৰ্য্যৰে কাম কৰিছিল বুলি পৌল আৰু বাৰ্নাবাই প্ৰতিবেদন দিছিল (১৫:১২)।
Acts 15:15-18
যাকোবে উল্লেখ কৰা কোনটো ভাববাণী কৈছে যে ঈশ্বৰে সাজিব, আৰু ইয়াত কোন ভুক্ত হৈছে?
এই ভাববাণীত কৈছিল যে ঈশ্বৰে দায়ুদৰ ভগা পঁজা পুনৰাই সাজিব, আৰু ইয়াত পৰজাতিসকল অন্তৰ্ভুক্ত হৈছে (১৫:১৩-১৭)।
Acts 15:19-26
যাকোবে মন পালটোৱা পৰজাতি সকলক কি পৰামৰ্শ দিছিল?
যাকোবে এই পৰামৰ্শ দিছিল যে পৰজাতি বিশ্বাসী সকলক এই আজ্ঞা দিয়া দেৱ পূজাৰ পৰা, ব্যভিচাৰৰ পৰা, টেটু-চেপা দি মৰা জন্তুৰ পৰা আৰু তেজ খোৱাৰ পৰা পৃথকে থাকক (১৫:২০)।
Acts 15:27-29
পৰজাতিসকললৈ লিখা পত্ৰত, পৰজাতিসকলক কেইটামান দৰকাৰী আজ্ঞাহে দিয়া হওক, সামৰণিত এই সহমত হ'ব লাগে বুলি কোনে কৈছিল?
এই পত্ৰখনৰ লেখক আৰু পবিত্ৰ আত্মাই কৈছিল যে সামৰণিত এই সহমত হ'ব লাগে (১৫:২৮)।
Acts 15:30-32
পৰজাতি সকলে যেতিয়া যিৰূচালেমৰ পৰা পোৱাৰ শুনাৰ পাছত তেওঁলোকৰ প্ৰত্যুত্তৰ কি আছিল?
পত্ৰখনৰ দ্বাৰা তেওঁলোকে উদগণি পোৱাৰ পাছত পৰজাতিসকলে আনন্দ কৰিছিল (১৫:৩১)।
Acts 15:33-35
পৌল আৰু বাৰ্নাবাই আন্টিয়খত থাকোতে কি কৰিছিল?
পৌল আৰু বাৰ্নাবাই ঈশ্বৰৰ বাক্য শিকাইছিল আৰু প্ৰচাৰ কৰিছিল (১৫:৩৫)।
Acts 15:36-38
পৌলে যি কৰিবলৈ বিচাৰিছিল তাক তেওঁ বাৰ্নাবাক কি কৈছিল ?
পৌলে বাৰ্নাবাক এইটো কৈছিল যে তেওঁলোকে প্ৰভুৰ বাক্য প্ৰচাৰ প্ৰতিখন নগৰলৈ পুনৰ ঘুৰি গৈ সেই বিশ্বাস কৰা ভাইসকলক পৰিদৰ্শন কৰোঁগৈ (১৫:৩৬)।
Acts 15:39-41
পৌল আৰু বাৰ্নাবা কিয় পৃথক হৈ বেলেগ বেলেগ দিশলৈ যাত্ৰা কৰিছিল?
বাৰ্নাবাই মাৰ্কক লগত নিব বিচাৰিছিল, কিন্তু পৌলে তেওঁক লগত নিয়াটো উচিত বুলি নাভাবিলে (১৫:৩৭-৩৯)।
Acts 16
Acts 16:1-3
তীমথিয়ৰ লগত তেওঁলোকে যাত্ৰা কৰাৰ আগে আগে পৌলে তীমথিয়ক কি কৰিছিল আৰু কিয় কৰিছিল?
পৌলে তীমথিয়ক চুন্নত কৰিছিল কাৰণ সেই অংশত থকা যিহুদীবিলাকে তীমথিয়ৰ দেউতাক এজন গ্ৰীক মানুহ বুলি জানিছিল (১৬:৩)।
Acts 16:4-8
পৌলে তেওঁলোকৰ যাত্ৰাত মণ্ডলীবিলাকক কি কি নিৰ্দেশনা দি আহিছিল?
যিৰূচালেমত পাঁচনিসকল আৰু বৃদ্ধ চলাওঁতাসকলৰ দ্বাৰা লিখিত নিৰ্দেশনাবোৰ পৌলে কৈ কৈ আহিছিল (১৬:৪)।
Acts 16:9-10
ঈশ্বৰে তেওঁক মাকিদনীয়াৰ ফালে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ দিছে বুলি পৌলে কেনেকৈ জানিছিল?
মাকিদনীয়াৰ পৰা এজন মানুহে তেওঁক তালৈ আহি তেওঁলোকক সহায় কৰিবলৈ নিমন্ত্ৰণ দিয়া এক দৰ্শন পৌলে দেখা পাইছিল (১৬:৯)।
Acts 16:11-13
বিশ্ৰাম বাৰৰ দিনাখন, পৌলে ফিলিপীৰ তোৰণ দ্বাৰৰ বাহিৰে নদীৰ ফালে কিয় গৈছিল?
তাত প্ৰাৰ্থনা কৰাৰ এখন ঠাই পাব বুলি পৌলে ভাবিছিল (১৬:১৩)।
Acts 16:14-15
পৌলে কোৱাত প্ৰভুৱে লুডিয়াৰ প্ৰতি কি কৰিছিল?
পৌলৰ দ্বাৰা কোৱা কথা বোৰত তাই মনোযোগ দিবলৈ প্ৰভুৱে লুডিয়াৰ মন মুকলি কৰিছিল (১৬:১৪)
নদীৰ পাৰত পৌলে কোৱাৰ পাছত কোন বাপ্তাইজিত হৈছিল?
পৌলে কথা কোৱাৰ পাছত লুডিয়া আৰু তাইৰ ঘৰৰ পৰিয়ালে বাপ্তাইজিত হৈছিল (১৬:১৫)।
Acts 16:16-18
অশুচি আত্মাৰে সৈতে থকা সেই যুৱতী তিৰোতা গৰাকীয়ে তাইৰ মালিকৰ বাবে কেনেকৈ ধন ঘটিছিল?
তাই আনৰ ভবিষ্যত কৈ দিয়াৰ দ্বাৰা তাইৰ মালিকৰ বাবে ধন ঘটিছিল (১৬:১৬)।
সেই যুৱতী তিৰোতাই অনেক দিনলৈ পৌলৰ পাছে পাছে ফুৰাত পৌলে কি কৰিছিল ?
পৌলে তাইলৈ ঘুৰিছিল আৰু সেই আত্মাক আদেশ দিছিল, যীচু খ্ৰীষ্টৰ নামত, তাইৰ পৰা বাহিৰ ওলাওক (১৬:১৭-১৮)।
Acts 16:19-21
সেই যুৱতী মহিলা গৰাকীৰ মালিকে পৌল আৰু চীলৰ বিৰুদ্ধে কি দোষ ধৰিছিল?
ৰোমীয়া সকলে গ্ৰহণ কৰিব পৰা বা পালন কৰিব কোনা বিধিগত নোহোৱা বিষয় পৌল আৰু চীলে শিকোৱাত তেওঁলোকে দোষ ধৰিছিল (১৬:২১)।
Acts 16:22-24
সেই বিচাৰপতিৰ পৰা পৌল আৰু চীলে কি শাস্তি পাইছিল?
তেওঁলোকক বেতেৰে কোবোৱা হৈছিল, কাৰাগাৰত ভৰাই থৈছিল, আৰু বেৰী লগাই ৰাখিছিল (১৬:২২-২৪)।
Acts 16:25-28
পৌল আৰু চীলে বন্দীশালৰ ভিতৰত সেই ৰাতি কি কৰি আছিল?
তেওঁলোকে প্ৰাৰ্থনা কৰিছিল আৰু ঈশ্বৰৰ স্তুতি গীত গাইছিল (১৬:২৫)।
কাৰাগাৰৰ ৰখীয়াই নিজকে বধ কৰিবলৈ লোৱাৰ কাৰণ কি আছিল?
এক ভুমিকম্প হৈছিল, কাৰাগাৰৰ সকলো দুৱাৰ মুকলি হৈ পৰিছিল, আৰু শিকলিৰে বান্ধি থোৱা সকলোৰে শিকলি খুলি পৰিছিল (১৬:২৬)।
Acts 16:29-31
কাৰাগাৰৰ ৰখীয়াজনে পৌল আৰু চীলক কি
সুধিছিল?
কাৰাগাৰৰ ৰখীয়াজনে পৌল আৰু চীলক সুধিছিল, "হে আতাসকল, মই পৰিত্ৰাণ পাবৰ কাৰণে কি কৰিব লাগে" (১৬:৩০)।
কাৰাগাৰৰ সেই ৰখীয়াজনক পৌল আৰু চীলে কি উত্তৰ দিছিল?
পৌল আৰু চীলে উত্তৰ দিছিল, " প্ৰভু যীচুত বিশ্বাস কৰা, আৰু তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ পাবা"(১৬:৩১)।
Acts 16:32-34
সেই ৰাতি কোন বাপ্তাইজিত হৈছিল?
সেই কাৰাগাৰৰ ৰখীয়া আৰু তেওঁৰ ঘৰৰ সকলোৱে সেই ৰাতি বাপ্তাইজিত হৈছিল (১৬:৩৩)।
Acts 16:35-39
পৌল আৰু চীলক তাৰপৰা যাবলৈ কোৱাৰ পাছত বিচাৰপতিয়ে ভয় খোৱাৰ কাৰণ কি আছিল?
বিচাৰপতিয়ে ভয় খাইছিল কাৰণ দুজন নিৰ্দোষী ৰোমীয়া নাগৰিকক তেওঁলোকে ৰাজহুৱা ভাবে কোবোৱাটো তেওঁলোকে উপলব্ধি কৰিছিল (১৬:৩৫-৩৮)।
Acts 16:40
বিচাৰপতিয়ে তেওঁলোকক নগৰখনৰ পৰা গুচি যাবলৈ কোৱাৰ পাছত, পৌল আৰু চীলে কি কৰিছিল ?
পৌল আৰু চীলে লুডিয়া ঘৰলৈ গৈছিল, ভাইসকলক উদগণি দিছিল, আৰু তাৰ পাছত ফিলিপীৰ পৰা প্ৰস্থান কৰিছিল (১৬:৪০)।
Acts 17
Acts 17:1-2
থিছলনীকা আহি পোৱাৰ পাছত, পৌলে শাস্ত্ৰ পৰা যীচুৰ বিষয়ে ক'বলৈ প্ৰথমতে ক'লৈ গৈছিল?
পৌলে শাস্ত্ৰ পৰা যীচুৰ বিষয়ে ক'বলৈ প্ৰথমতে যিহুদীবিলাকৰ ধৰ্ম্মধামলৈ গৈছিল (১৭:১-২)।
Acts 17:3-4
পৌলে শাস্ত্ৰৰপৰা কি দৰকাৰী কথা দেখুৱাইছিল?
পৌলে এইটো দেখুৱাইছিল যে খ্ৰীষ্টে দুখ-ভোগ কৰি আৰু মৃতবিলাকৰ মাজৰ পৰা পুনৰ উঠিব লাগিছিল (১৭:৩)।
Acts 17:5-9
পৌল আৰু চীলৰ বিৰুদ্ধে নগৰৰ বিষয়াসকলৰ ওচৰত কি দোষ জাপি দিছিল?
পৌল আৰু চীল কৈচৰৰ ঘোষণাৰ বিৰুদ্ধে কাৰ্য্য কৰাৰ দোষত দোষী কৰি হৈছিল, কৈছিল যে যীচু নামৰ আন এজন ৰজা আছে (১৭:৭)।
Acts 17:10-12
পৌল আৰু চীলে বিৰয়া আহি পোৱাৰ পাছত ক'লৈ গৈছিল?
পৌল আৰু চীলে বিৰয়া আহি পোৱাৰ পাছত যিহুদীৰ ধৰ্ম্মধামলৈ গৈছিল (১৭:১০)।
পৌলৰ বাৰ্ত্তা শুনাৰ পাছত বিৰয়াৰ লোকসকলে কি কৰিছিল?
বিৰয়াৰ লোকসকলে বাক্য গ্ৰহণ কৰিছিল আৰু পৌলে কোৱা কথা হয়নে নহয় তাক চাবলৈ শাস্ত্ৰ পৰীক্ষা কৰিছিল (১৭:১১)।
Acts 17:13-15
পৌলে বিৰয়া নগৰ কিয় এৰি যাবলগীয়া হৈছিল, আৰু তেওঁ ক'লৈ গৈছিল?
পৌলে বিৰয়া নগৰ এৰি যাবলগীয়া হৈছিল কাৰণ থিছলনীকা যিহুদীবিলাকে বিৰয়ালৈ আহি বিৰয়াৰ লোকবিলাকক অস্থিৰ আৰু ব্যাকুল কৰিছিল, সেয়ে পৌলে অথিনী নগৰলৈ গৈছিল (১৭:১৩-১৫)।
Acts 17:16-18
পৌলে অথিনী নগৰ আহি পোৱাৰ পাছত তেওঁ ক'লৈ গৈছিল?
পৌলে শাস্ত্ৰ পৰা যুক্তি দেখুৱাবলৈ তেওঁ যিহুদীৰ ধৰ্ম্মধামলৈ আৰু বজাৰৰ ঠাইবিলাকলৈ গৈছিল (১৭:১৭) ।
Acts 17:19-21
পৌলক তেওঁৰ শিক্ষাবোৰ আৰু অধিককৈ বুজাবলৈ তেওঁক ক'লৈ লৈ যোৱা হৈছিল?
পৌলক তেওঁৰ শিক্ষাবোৰ আৰু অধিককৈ বুজাই দিবলৈ তেওঁক আৰেয়পাগলৈ লৈ যোৱা হৈছিল (১৭:১৯-২০)।
Acts 17:22-23
অথিনী নগৰত পৌলে কি বেদী দেখা পাইছিল যিটো তেওঁ মানুহবিলাকক বুজাবলৈ বিচাৰিছিল ?
অথিনী নগৰত পৌলে এটা কুণ্ডত কটা বেদী দেখা পাইছিল তাত লিখা আছিল এক অবিদিত ঈশ্বৰলৈ যিটো তেওঁ মানুহবিলাকক বুজাবলৈ বিচাৰিছিল (১৭:২৩)।
Acts 17:24-25
যি জন ঈশ্বৰে নিৰ্ম্মাণ কৰি মানুহবিলাকক সকলে দিয়ে পৌলে সেইটো কি কৈছিল?
পৌলে কৈছিল সকলো নিৰ্ম্মাণ কৰি যি জন ঈশ্বৰ তেওঁ মানুহক জীৱন আৰু নিশ্বাস আৰু আটাই বস্তু দিয়ে (১৭:২৫)।
Acts 17:26-27
আটাই জাতিৰ মানুহক ঈশ্বৰে ক'ৰ পৰা নিৰ্ম্মাণ কৰিলে?
আটাই জাতিৰ মানুহক ঈশ্বৰে এজন মানুহৰ পৰা নিৰ্ম্মাণ কৰিলে (১৭:২৬)।
ঈশ্বৰ সকলোৰ পৰা কিমান দূৰ বুলি পৌলে কৈছিল?
ঈশ্বৰ সকলোৰ পৰা দূৰ নহয় বুলি পৌলে কৈছিল (১৭:২৭)।
Acts 17:28-29
ঈশ্বৰক আমি কেনেদৰে ভবা উচিত বুলি পৌলে কৈছিল?
ঈশ্বৰক আমি মানুহৰ হাতেৰে কটা সোণ, ৰূপ বা শিলেৰে কটা মূৰ্ত্তি বুলি ভবা উচিত নহয় বুলি পৌলে কৈছিল (১৭:২৯)।
Acts 17:30-31
ঈশ্বৰে এতিয়া আটাই ঠাইৰ পৰা সকলো মানুহক কি কৰিবলৈ নিমন্ত্ৰণ কৰিছে ?
ঈশ্বৰে এতিয়া আটাই ঠাইৰ পৰা সকলো মানুহক মন পালটন কৰিবলৈ নিমন্ত্ৰণ কৰিছে (১৭:৩০)।
ঈশ্বৰে এটা দিন কিয় নিশ্চয় কৰি থলে?
যেতিয়া যীচুৱে ধাৰ্ম্মিকতাৰে এই জগতখন বিচাৰ কৰিব তাৰ বাবে ঈশ্বৰে এটা দিন নিশ্চয় কৰি থলে (১৭:৩১)।
এই জগতৰ বিচাৰকৰ্ত্তা হিচাপে যীচুক যে নিৰূপণ কৰিলে ঈশ্বৰে তাৰ প্ৰমাণ কি দিছে?
এই জগতৰ বিচাৰকৰ্ত্তা হিচাপে যীচুক যে নিৰূপণ কৰিলে ঈশ্বৰে তাৰ প্ৰমাণ হিচাপে তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলিলে (১৭:৩১)।
Acts 17:32-34
পৌলে মৃতবিলাকৰ পুনৰূত্থানৰ বিষয়ে কোৱাটো শুনাৰ পাছত কোনো কোনোৱে কি কৰিছিল?
পৌলে মৃতবিলাকৰ পুনৰূত্থানৰ বিষয়ে কোৱাটো শুনাৰ পাছত কোনো কোনোৱে পৌলক ঠাট্টা কৰিছিল (১৭:৩২)।
পৌলে যি কৈছিল তাক কোনোবাই বিশ্বাস কৰিছিল নে?
হয়, কোনো কোনো মানুহে পৌলক বিশ্বাস কৰিছিল আৰু তেওঁলোকৰ লগত আন আন মানুহেও বিশ্বাস কৰিছিল (১৭:৩৪)।
Acts 18
Acts 18:1-3
পৌলে নিজৰ সহায়ৰ বাবে কি কাম কৰিছিল?
পৌলে নিজক সহায়ৰ বাবে এজন তম্বু সজা কাম কৰিছিল (১৮:৩)।
Acts 18:4-8
পৌলে কৰিন্থত যিহুদীসকলক কি সাক্ষ্য দিছিল?
যীচুৱেই যে খ্ৰীষ্ট হয় সেইটো পৌলে যিহুদীবিলাকক সাক্ষ্য দিছিল (১৮:৫)
যেতিয়া যিহুদীবিলাকে পৌলক অগ্ৰাহ্য কৰিছিল, তেওঁ কি কৰিছিল?
পৌলে কৈছিল তেওঁলোকৰ তেজ তেওঁলোকৰ মূৰতে থাকক আৰু তেওঁ পৰজাতিবিলাকলৈ গৈছিল (১৮:৬)
Acts 18:9-11
কৰিন্থত পৌলে প্ৰভুৰ পৰা কি উদগণি পাইছিল?
প্ৰভুৱে পৌলক একেৰাহে প্ৰচাৰ কৰি থাকিবলৈ কৈছিল, কাৰণ কোনেও তেওঁক তাত হানি নকৰিব (১৮:৯-১০)।
Acts 18:12-13
যিহুদীবিলাকে পৌলৰ বিৰুদ্ধে ৰাজ্যপাল/অধিপতিৰ ওচৰলৈ কি অভিযোগ আনিছিল?
যিহুদী বিধিৰ বিপৰীত শিক্ষা মানুহবিলাকক শিকোৱাৰ অভিযোগ যিহুদীবিলাকে পৌলৰ বিৰুদ্ধে আনিছিল (১৮:১২-১৩)।
Acts 18:14-17
যিহুদীবিলাকে পৌলৰ বিৰুদ্ধে কৰা অভিযোগৰ প্ৰত্যুত্তৰ ৰাজ্যপাল/অধিপতিয়ে কেনেকৈ দিছিল?
ৰাজ্যপাল/অধিপতিয়ে কৈছিল যে তেওঁ যিহুদী বিধি বিধানৰ বিষয়ত জড়িত হবলৈ ইচ্ছা নাই (১৮:১৫)।
Acts 18:18-21
কোন স্বামী আৰু স্ত্ৰীয়ে পৌলৰ লগত ইফিছলৈ যাত্ৰা কৰিছিল?
আকুইলা আৰু প্ৰিস্কিলাই পৌলৰ লগত ইফিছলৈ যাত্ৰা কৰিছিল (১৮:১৮-১৯)।
Acts 18:22-23
পৌলে ইফিচৰ পৰা যোৱাৰ পাছত আৰু আন কোন দুখন ঠাইলৈ গৈছিল?
পৌলে ইফিচৰ পৰা যোৱাৰ পাছত, পৌলে যিৰূচালেম আৰু আন্টিয়খলৈ যাত্ৰা কৰিছিল (১৮:২২)।
Acts 18:24-26
আপ'ল্লো কি শিক্ষা ভালকৈ বুজিছিল, আৰু কোনটো শিক্ষাত তেওঁক বেছি নিৰ্দেশনাৰ দৰকাৰ আছিল?
যীচুৰ বিষয়ৰ শিক্ষা তেওঁ অতি ভালকৈ বুজিছিল, কিন্তু যোহনৰ বাপ্তিস্মহে মাত্ৰ জানিছিল (১৮:২৫)।
আপ'ল্লোৰ বাবে প্ৰিস্কিল্লা আৰু আকুইলাই কি কৰিছিল?
প্ৰিস্কিল্লা আৰু আকুইলাই আপ'ল্লোৰ লগত বন্ধু হৈছিল আৰু তেওঁক ঈশ্বৰৰ পথ তেওঁক ভালকৈ বুজাই দিছিল (১৮:২৬)।
Acts 18:27-28
আপ'ল্লোৱে তেওঁৰ বাগ্মিতা আৰু শাস্ত্ৰজ্ঞানৰ দ্বাৰা কি কৰিব পাৰিছিল?
আপ'ল্লোৱে ৰাজহুৱাভাবে যিহুদীবিলাকৰ আপত্তি খণ্ডন কৰিছিল, যীচুৱেই যে খ্ৰীষ্ট হয় তাক দেখুৱাই দিছিল (১৮:২৮)।
Acts 19
Acts 19:1-2
পৌলে ইফিচত লগ পোৱা শিষ্য কেইজনে কি শুনিবলৈ পোৱা নাছিল?
সেই শিষ্য কেইজনে পবিত্ৰ আত্মাৰ বিষয়ে শুনিবলৈ পোৱা নাছিল (১৯:২)
Acts 19:3-4
যোহনৰ বাপ্তিস্ম কিহৰ বাপ্তিস্ম আছিল ?
যোহনৰ বাপ্তিস্ম মন পালটনৰ বাপ্তিস্ম আছিল (১৯:৪)।
যোহনে মানুহবিলাকক কাক বিশ্বাস কৰিবলৈ কৈছিল?
যিজনা তেওঁৰ পাছত আহিব যোহনে তেওঁক বিশ্বাস কৰিবলৈ কৈছিল (১৯:৪)।
Acts 19:5-7
তাৰ পাছত পৌলে ইফিচৰ পৰা শিষ্যসকলক কাৰ নামত বাপ্তাইজ কৰিছিল?
পৌলে তেওঁলোকক প্ৰভু যীচুৰ নামত বাপ্তাইজ কৰিছিল (১৯:৫)।
সেই মানুহ কেইজনক বাপ্তাইজ কৰাৰ পাছত আৰু পৌলে তেওঁলোকৰ ওপৰত হাত দিয়াৰ পাছত কি ঘটিছিল?
পবিত্ৰ আত্মা তেওঁলোকৰ ওপৰলৈ আহিছিল আৰু তেওঁলোকে আন ভাষাৰে ক'বলৈ আৰু ভাববাণী প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল (১৯:৬)।
Acts 19:8-10
ইফিচৰ কিছুমান যিহুদীয়ে খ্ৰীষ্টৰ পথক নিন্দা কৰিবলৈ আৰম্ভ কৰাত পৌলে কি কৰিছিল?
পৌলে শিষ্য বিলাকক তাৰ পৰা আঁতৰাই আনিছিল আৰু তুৰাণ্ণ নামেৰে ভাষণ দিয়া পঢ়াশালিত বাদ-বিচাৰ কৰিছিল (১৯:৯)।
Acts 19:11-14
পৌলৰ দ্বাৰা ঈশ্বৰে কি বিশেষ অলৌকিক কাৰ্য্য কৰিছিল ?
পৌলৰ পৰা ৰুমাল আৰু গাত লোৱা কাপোৰ লৈ গৈছিল সেইবোৰে ৰোগীয়া বোৰক সুস্থ কৰিছিল আৰু দুষ্ট আত্মাবোৰ ওলাই গৈছিল (১৯:১২)।
Acts 19:15-17
যিহুদীবিলাকৰ সাতজন মায়াবীয়ে যীচুৰ নামত দুষ্ট আত্মা বাহিৰ কৰিবলৈ চেষ্টা কৰোঁতে কি ঘটিছিল ?
সেই দুষ্ট আত্মাই সেই মায়াবী কেইজনক কোবাইছিল আৰু সিহঁত উলঙ্গ আৰু আঘাটিত হৈ পলাই গৈছিল (১৯:১৬)।
Acts 19:18-20
ইফিচত, যিসকলে মায়া কৰ্ম্ম কৰি আছিল তাৰ অনেকে কি কৰিছিল?
ইফিচত, যিসকলে মায়া কৰ্ম্ম কৰি আছিল তাৰ অনেকেই তেওঁলোকৰ পুস্তকবোৰ সকলোৰে সাক্ষাতে জ্বলাই পেলাইছিল (১৯:১৯)।
Acts 19:21-25
পৌলে যিৰূচালেমলৈ যোৱাৰ পাছত তেওঁ ক'লৈ যাম বুলি কৈছিল?
পৌলে যিৰূচালেমলৈ যোৱাৰ পাছত তেওঁ ৰোমলৈ যাম বুলি কৈছিল (১৯:২১)।
Acts 19:26-27
সোণাৰী দিমিত্ৰীয়ই আন আন কর্মীসকলক কি বিষয়ৰ কথা প্ৰকাশ কৰিছিল?
দিমিত্ৰীয়ৰ চিন্তিত বিষয়টো আছিল যে মানুহৰ হাতেৰে সজাবোৰ ঈশ্বৰ নহয় বুলি পৌলে মানুহবিলাকক শিকাইছে, আৰু ডায়না দেবী হয়তু মূল্যহীন হৈ পৰিব (১৯:২৬)।
Acts 19:28-29
দিমিত্ৰীয়ৰ চিন্তাৰ বিষয়টো মানুহবিলাকে কেনেকৈ প্ৰতিক্ৰিয়া কৰিছিল?
মানুহবিলাকৰ খং উঠিল আৰু চিঞৰি চিঞৰি ক'বলৈ ধৰিলে যে ডায়না (আৰ্তেমী) দেবী মহান, গোটেই নগৰ খনেই বৰ গোলমাল লাগিল (১৯:২৮-২৯)।
Acts 19:30-37
পৌলে যদিও বিচাৰিছিল মানুহৰ সেই ভীৰক কিয় সম্বোধন কৰা নাছিল?
শিষ্যসকলে আৰু স্থানীয় কিছুমান বিষয়াই পৌলক সেই মানুহৰ ভীৰক সম্বোধন কৰিবলৈ দিয়া নাছিল (১৯:৩০-৩১)।
Acts 19:38-41
নগৰৰ কেৰাণীয়ে মানুহবিলাকক হাই-উৰুমি কৰাৰ পৰিৱৰ্ত্তে কি কৰিবলৈ কৈছিল?
নগৰৰ কেৰাণীয়ে মানুহবিলাকক হাই-হুৰুমি কৰাৰ পৰিৱৰ্ত্তে তেওঁলোকৰ গোচৰ সমুহ আদালতলৈ নিবলৈ কৈছিল (১৯:৩৮)।
নগৰৰ কেৰাণীয়ে মানুহবিলাকক কি বিপদৰ কথা কৈছিল?
নগৰৰ কেৰাণীয়ে মানুহবিলাকক হুৰা-মুৰা কৰাত দোষী হোৱাৰ বিপদৰ কথা কৈছিল, আৰু এই কথা কোনো কৈফিয়ৎ দিব নোৱাৰাৰ কথা কৈছিল (১৯:৪০)
Acts 20
Acts 20:7-8
পৌল আৰু সেই বিশ্বাসীসকলে সপ্তাহৰ কোন দিনা পিঠা ভাঙিবলৈ গোট খাইছিল?
পৌল আৰু সেই বিশ্বাসীসকলে সপ্তাহৰ প্ৰথম দিনা পিঠা ভাঙিবলৈ গোট খাইছিল (২০:৭)।
Acts 20:9-14
পৌলে যেতিয়া কথা কৈ আছিল খিৰিকিত বহি থকা ডেকা মানুহ জনৰ কি ঘটিছিল?
সেই ডেকা মানুহজন তৃতীয় মহলাৰ পৰা পৰিছিল আৰু তেওঁ মৃত অৱস্থাত তোলা হৈছিল, কিন্তু পৌলে তেওঁক আঁকোৱালি ধৰিছিল আৰু তেওঁ পুনৰ জীয়াই উঠিছিল (২০:৯-১০)।
Acts 20:15-16
পৌলে যিৰূচালেমলৈ যাবলৈ কিয় খৰধৰ কৰিছিল?
পৌলে যিৰূচালেমলৈ যাবলৈ খৰধৰ কৰিছিল যাতে তেওঁ পঞ্চাশদিনীয়া পৰ্ব্বত তাত থাকিবলৈ পায় (২০:১৬)।
Acts 20:17-21
পৌলে এছিয়ালৈ খোজ লোৱাত যিহুদী আৰু গ্ৰীক এই দুয়ো লোকক কিহৰ বিষয়ে সাৱধান কৰি দিছিল?
পৌলে কৈছিল তেওঁ যিহুদী আৰু গ্ৰীক এই দুয়ো লোকক ঈশ্বৰৰ প্ৰতি মন পালটন আৰু যীচু খ্ৰীষ্টত কৰা বিশ্বাসৰ বিষয়ে সাৱধান কৰি দিছিল (২০:১৮, ২০)
Acts 20:22-24
পৌলে যিৰূচালেমলৈ যাত্ৰা কৰি থাকোঁতে পবিত্ৰ আত্মাই নগৰে নগৰে কিহৰ বিষয়ে সাক্ষ্য দি আছিল?
পবিত্ৰ আত্মাই পৌলৰ বিষয়ে এই সাক্ষ্য দিছিল যে বন্ধন আৰু ক্লেশে তেওঁৰ বাবে বাট চাই আছে (২০:২৩)।
প্ৰভু যীচুৰ পৰা পৌলে কি পৰিচৰ্য্যা পাইছিল ?
পৌলৰ পৰিচৰ্য্যাটো আছিল ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্ত্তাৰ সাক্ষ্য বহন কৰা (২০:২৪)।
Acts 20:25-27
যিকোনো মানুহৰ তেজৰ দোষী নহয় বুলি পৌলে কিয় কৈছিল?
তেওঁলোকৰ তেজৰ বাবে পৌলে নিজকে নিৰ্দোষী বুলি কৈছিল কাৰণ তেওঁ ঈশ্বৰৰ গোটেই ইচ্ছা তেওঁলোকলৈ ঘোষণা কৰি দিছিল (২০:২৭)
Acts 20:28-30
পৌলে তেওঁৰ প্ৰস্থানৰ পাছত ইফিচীয়াৰ বৃদ্ধ চলাওঁতা সকলক সাৱধানেৰে কি কৰিবলৈ কৈছিল ?
পৌলে ইফিচীয়াৰ বৃদ্ধ চলাওঁতা সকলক সাৱধানেৰে মেৰ বিলাকক ৰক্ষা কৰিবলৈ কৈছিল (২০:২৮)।
পৌলে তেওঁৰ প্ৰস্থানৰ পাছত ইফিচীয়াৰ বৃদ্ধ চলাওঁতা সকলৰ মাজত কি ঘটিব বুলি কৈছিল?
পৌলে কৈছিল কোনো কোনো বৃদ্ধ চলাওতাই কু-কথা ক'ব আৰু শিষ্য বিলাকক তেওঁলোকৰ নিজৰ ফাললৈ টানি লৈ যাব (২০:৩০)।
Acts 20:31-32
ইফিচীয়া বৃদ্ধ চলাওঁতা সকলক কাৰ হাতত পৌলে অৰ্পণ কৰি দিছিল ?
পৌলে ইফিচীয়া বৃদ্ধ চলাওঁতা সকলক ঈশ্বৰৰ হাতত অৰ্পণ কৰি দিছিল (২০:৩২)।
Acts 20:33-35
কৰ্ম্মৰ বিষয়ে ইফিচীয়া সকলক পৌলে কি উদাহৰণ দিছিল?
পৌলে নিজৰ প্ৰয়োজন পুৰাবৰ বাবে আৰু তেওঁৰ লগত থকা সকলক সহায়ৰ বাবে আৰু দুৰ্ব্বলজনৰ সহায়ৰ বাবে তেওঁ নিজে কাম কৰিছিল (২০:৩৪-৩৫)।
Acts 20:36-38
ইফিচীয়াৰ বৃদ্ধ চলাওঁতা সকলক কিহে আটাইতকৈ দুখী কৰি পেলাইছিল?
ইফিচীয়াৰ বৃদ্ধ চলাওঁতাসকল আটাইতকৈ দুখী হৈ পৰিছিল কাৰণ পৌলে কৈছিল তেওঁ তেওঁলোকৰ মুখ আকৌ দেখিবলৈ নাপাব (২০:৩৮)।
Acts 21
Acts 21:3-6
তুৰ নগৰৰ শিষ্যবিলাকে আত্মাৰ যোগেদি পৌলক কি কৈছিল?
শিষ্যবিলাকে আত্মাৰ যোগেদি পৌলক যিৰূচালেমলৈ আকৌ নাযাবলৈ কৈছিল (২১:৪)।
Acts 21:7-9
সেই ফিলিপ প্ৰচাৰকজনৰ সন্তানসকলৰ বিষয়ে আমি কি জানো?
ফিলিপৰ চাৰি গৰাকী ভাববাণী প্ৰচাৰ কৰা কুমাৰী ছোৱালী আছিল (২১:৯)।
Acts 21:10-11
আগাব ভাববাদীয়ে পৌলক কি কৈছিল?
আগাবে পৌলক কৈছিল যে যিৰূচালেমত যিহুদীবিলাকে পৌলক বান্ধিব আৰু পৰজাতিবিলাকৰ হাতত শোধাই দিব (২১:১১)।
Acts 21:12-16
সকলোৱে যেতিয়া যিৰূচালেমলৈ নাযাবলৈ পৌলক মিনতি কৰিছিল তেতিয়া তেওঁ কি কৈছিল?
পৌলে কৈছিল যে তেওঁ প্ৰভু যীচুৰ নামৰ কাৰণে যিৰূচালেমত বন্দী হোৱা আৰু মৰিবলৈকো প্ৰস্তুত আছোঁ (২১:১৩)।
Acts 21:17-19
পৌলে যেতিয়া যিৰূচালেমত উপস্থিত হৈছিল তেওঁ কাক লগ পাইছিল?
পৌলে যাকোব আৰু সকলো চলাওঁতা বৃদ্ধসকলক লগ পাইছিল (২১:২১)।
Acts 21:20-21
পৌলৰ বিৰুদ্ধে যিহুদীবিলাকে কি অভিযোগ কৰিছিল?
যিসকল যিহুদীয়ে পৰজাতিবিলাকৰ মাজত বাস কৰিছিল তেওঁলোকে মোচিক পৰিত্যাগ কৰিব লাগে এই বুলি পৌলে শিকাইছে যিহুদীবিলাকে সেই অভিযোগ কৰিছিল (২১:২১)।
Acts 21:22-24
যাকোব আৰু চলাওঁতা বৃদ্ধসকলে আন চাৰিজন মানুহৰ সৈতে পৌলকো কিয় শুচি হোৱাটো বিচাৰিছিল ?
তেওঁলোকে এইটো সকলোৱে জনাটো বিচাৰিছিল যে পৌলেও যিহুদী হিচাপে বিধি-বিধান পালন কৰিছে (২১:২৪)।
Acts 21:25-26
পৰজাতিৰ যিসকলে বিশ্বাস কৰিছিল তেওঁলোকক যাকোবে কি কৈছিল?
যাকোবে কৈছিল যে পৰজাতি সকলে দেৱতাৰ প্ৰতি উচৰ্গিত বস্তু খোৱাৰ পৰা, তেজ খোৱাৰ পৰা, টেটু চেপা দি মৰা খোৱাৰ পৰা আৰু ব্যভিচাৰৰ পৰা নিজক আঁতৰাই ৰাখক (২১:২৫)।
Acts 21:27-29
এছিয়াৰ পৰা কিছুমান যিহুদীয়ে পৌলক যিৰূচালেমত কি অভিযোগ কৰিছিল ?
বিধানৰ বিৰুদ্ধে শিকোৱাৰ বাবে আৰু গ্ৰীকবিলাকক মন্দিৰলৈ লৈ আনি অশুচি কৰাৰ বাবে যিহুদীবিলাকে পৌলক দোষ ধৰিছিল (২১:২৮)।
Acts 21:30-31
এই অভিযোগবোৰ কৰাৰ পাছত, যিহুদীবিলাকে পৌলক কি কৰিছিল?
যিহুদীবিলাকে পৌলক মন্দিৰৰ পৰা চোচঁৰাই বাহিৰ কৰিছিল আৰু তেওঁক বধ কৰিবলৈ চেষ্টা কৰিছিল (২১:৩১)।
Acts 21:32-33
যিৰূচালেমত এক হুলস্থূল হোৱা শুনি ৰখীয়া বিলাকৰ প্ৰধান নেতাজনে কি কৰিছিল?
চিপাহীৰ প্ৰধান জনে পৌলক ধৰিছিল আৰু তেওঁক দুডাল শিকলিৰে বান্ধিছিল, তেওঁ কোন আৰু কি কৰিছিল সেইটো সুধিছিল (২১:৩৩)।
Acts 21:34-38
সৈন্যবিলাকে পৌলক দূৰ্গৰ ভিতৰলৈ লৈ আনোতে ভীৰৰ মানুহবিলাকে কি চিঞৰি আছিল?
"তাক দূৰ কৰক" বুলি ভীৰৰ মানুহবিলাকে চিঞৰিছিল (২১:৩৬)।
Acts 21:39-40
সেনা প্ৰধানৰ ওচৰত পৌলে কি অনুৰোধ কৰিছিল?
তেওঁক যেন মানুহবিলাকক কবলৈ অনুমতি দিয়ে পৌলে এইটো অনুৰোধ কৰিছিল (২১:৩৯)।
যিৰূচালেমৰ মানুহবিলাকক পৌলে কি ভাষাত কথা কৈছিল?
যিৰূচালেমৰ মানুহবিলাকক পৌলে ইব্ৰী ভাষাত কথা কৈছিল (২১:৪০)।
Acts 22
Acts 22:1-2
যেতিয়া ভীৰৰ মানুহবিলাকে পৌলক ইব্ৰী ভাষাৰে কথা কোৱা শুনিছিল, তেওঁলোকে কি কৰিছিল?
যেতিয়া ভীৰৰ মানুহবিলাকে পৌলক ইব্ৰী ভাষাৰে কথা কোৱা শুনিছিল, তেওঁলোকে শান্ত হৈ পৰিছিল (২২:২)।
Acts 22:3-5
পৌল ক'ত শিক্ষিত হৈছিল, আৰু তেওঁৰ শিক্ষক কোন আছিল?
পৌল যিৰূচালেমত শিক্ষিত হৈছিল, আৰু গমলীয়েল তেওঁলৰ শিক্ষক আছিল (২২:৩)।
এই পথক যিসকলে অনগমণ কৰিছিল পৌলে তেওঁলোকক কেনে ব্যবহাৰ কৰিছিল?
যিসকলে এই পথৰ অনুগামী আছিল পৌলে তেওঁলোকক মৃত্যুলৈকে তাড়না কৰিছিল, আৰু তেওঁলোকক কাৰাগাৰত সোমুৱাইছিল (২২:৪)।
Acts 22:6-8
পৌলে দম্মেচকৰ ওচৰ পাওঁতে আকাশৰ পৰা কি এক বাণীয়ে কথা কৈছিল?
স্বৰ্গৰ পৰা সেই বাণীয়ে কৈছিল, "চৌল, চৌল, তুমি মোক কিয় তাড়না কৰিছা ?" (২২:৭)।
পৌলে কাক তাড়না কৰিছিল ?
পৌলে নাচৰতীয় যীচুক তাড়না কৰিছিল (২২:৮)।
Acts 22:9-11
পৌলে কিয় দেখা পোৱা নাছিল?
পৌলে দেখা পোৱা নাছিল কাৰণ তেওঁ দম্মেচকৰ ওচৰ পাওঁতে তেওঁ সেই পোহৰৰ এক উজ্জ্বলতা দেখা পাইছিল (২২:১১)।
Acts 22:12-13
পৌলৰ কেনেকৈ পুনৰ দৃষ্টি পোৱা হ'ল?
অননিয় নামৰ এজন ভক্তপ্ৰাণ মানুহ আহিছিল আৰু পৌলৰ কাষত থিয় হৈছিল আৰু কৈছিল, "ভাই পৌল, তুমি দৃষ্টি পোৱা" (২২:১২-১৩)।
Acts 22:14-16
অননিয়ই পৌলক উঠিবলৈ আৰু কি কৰিবলৈ কৈছিল আৰু কিয়?
অননিয়ই পৌলক উঠিবলৈ কৈছিল আৰু বাপ্তাইজিত হৈ তেওঁৰ পাপ ধুই পেলাবলৈ কৈছিল (২২:১৬)।
Acts 22:17-18
যীচুৱে যেতিয়া পৌলক মন্দিৰত কৈছিল, তেওঁৰ বিষয়ে পৌলে দিয়া সাক্ষ্যক যিহুদীবিলাকে কেনেকৈ প্ৰতিক্ৰিয়া কৰিব বুলি তেওঁ কৈছিল?
যীচুৱে কৈছিল তেওঁৰ বিষয়ে পৌলে দিয়া সাক্ষ্য যিহুদীবিলাকে গ্ৰহণ নকৰিব (২২:১৮)।
Acts 22:19-21
তেন্তে যীচুৱে পৌলক কাৰ বাবে পঠিয়াইছিল?
যীচুৱে পৌলক পৰজাতিসকলৰ বাবে পঠিয়াইছিল (২২:২১)।
Acts 22:22-26
পৌলে পৰজাতিসকলৰ বিষয়ে যেতিয়া কৈছিল মানুহবিলাকে কেনেদৰে প্ৰতিক্ৰিয়া কৰিছিল ?
মানুহবিলাকে চিঞৰিছিল আৰু তেওঁলোকৰ কামিজবোৰ দলিয়াই পেলাইছিল, আকাশলৈ ধূলি-বালি দলিয়াইছিল (২২:২৩)।
Acts 22:27-29
পৌলে কেনেকৈ ৰোমীয়া নাগৰিক হ'ল?
পৌলে ৰোমীয়া নাগৰিক হিচাপেই জন্ম হৈছিল (২২:২৮)।
Acts 22:30
সেনা প্ৰধানে যেতিয়া পৌলক ৰোমীয়া নাগৰিক বুলি গম পাইছিল তেতিয়া তেওঁ কি কৰিছিল?
সেনা প্ৰধানে পৌলক বান্ধৰ পৰা খুলি দিছিল, আৰু প্ৰধান পুৰোহিতসকলক, আৰু পৰিষদৰ সকলোকে একেলগ কৰিবলৈ আদেশ দিছিল পৌলক তেওঁলোকৰ মাজত উপস্থাপন কৰিছিল (২২:৩০)।
Acts 23
Acts 23:1-5
মহা পুৰোহিতে পৌলৰ কাষত থিয় হৈ থকাবোৰক কি পৌলক মুখত মাৰিবলৈ আদেশ দিছিল?
মহা পুৰোহিতৰ খং উঠিছিল কাৰণ তেওঁ ঈশ্বৰৰ সাক্ষাতে সকলো উত্তম বিবেকেৰে আচৰণ কৰি আছো (২৩:১-২)।
Acts 23:6-8
পৰিষদৰ আগত কি কাৰণে পৌলক বিচাৰ কৰা হৈছে বুলি পৌলে কৈছিল?
পৌলে কৈছিল তেওঁক বিচাৰ কৰাৰ কাৰণটো হৈছে মৃতবিলাকৰ পুনৰুত্থানত তেওঁৰ পুৰা দৃঢ় প্ৰত্যয় আছে (২৩:৬)।
পৌলে তেওঁক বিচাৰ কৰাৰ কাৰণটৌ ক'বলৈ আৰম্ভ কৰোঁতে পৰিষদত কিয় বাদ-বিবাদ আৰম্ভ হৈছিল?
এক বাদ-বিবাদ আৰম্ভ হৈছিল কাৰণ ফৰীচীবিলাকে কয় পুনৰুত্থান আছে, কিন্তু চদ্দুকীবিলাকে কয় পুনৰুত্থান নাই (২৩:৭-৮)।
Acts 23:9-10
সেনা প্ৰধানে পৌলক পৰিষদৰ পৰা তেওঁক কিয় দূৰ্গৰ ভিতৰলৈ লৈ গৈছিল?
পৰিষদৰ সদস্যসকলে পৌলক ডোখৰ ডোখৰ কৰিব বুলি সেনা প্ৰধানে ভয় কৰিছিল (২৩:১০)।
Acts 23:11
তাৰ পিছ দিনা ৰাতি প্ৰভুৱে পৌলক কি প্ৰতিজ্ঞা কৰিছিল?
প্ৰভুৱে পৌলক কৈছিল ভয় নকৰিবা কাৰণ তেওঁ যিৰূচালেমত আৰু ৰোম নগৰতো তেওঁৰ সাক্ষ্য বহন কৰিব লাগিব (২৩:১১)।
Acts 23:12-13
কিছুমান যিহুদী মানুহে পৌলৰ বিষয়ে কি চক্ৰান্ত কৰিছিল?
প্ৰায় চল্লিশজন যিহুদী মানুহে পৌলক বধ নকৰালৈকে ভোজন বা পান নকৰো বুলি চক্ৰান্ত কৰিছিল (২৩:১২-১৩)।
Acts 23:14-19
সেই চল্লিশজন মানুহৰ প্ৰধান পুৰোহিত আৰু বৃদ্ধ চলাওঁতাসকলৰ ওচৰত উপস্থাপন কৰিবলৈ কি পৰিকল্পনা আছিল ?
তেওঁলোকে প্ৰধান পুৰোহিত আৰু বৃদ্ধ চলাওঁতাসকলৰ ক'ব যে পৰিষদৰ আগত পৌলত উপস্থিত কৰাওক যাতে সিহঁতে পৌল আহি পোৱাৰ আগতে বধ কৰিব পাৰে (২৩:১৪-১৫)।
Acts 23:20-21
সেনা প্ৰধানে সেই চল্লিশজন মানুহৰ আচঁনি তেনেকৈ জানিছিল?
পৌলৰ ভাগিনীয়েকে সেই পৰিকল্পনাৰ গম কথা পাই সেনা প্ৰধানক কৈছিল (২৩:১৬-২১)।
Acts 23:22-27
সেনা প্ৰধানে সেই চল্লিশজন মানুহৰ আঁচনি জ্ঞাত হোৱাত তেওঁ কেনে ব্যৱস্থা কৰিছিল?
সেনা প্ৰধানে পৌলক নিৰাপদে ফিলিক্স দেশাধিপতিৰ ওচৰলৈ ৰাতি ন বজাৰ সময়ত লৈ যাবলৈ এক বৃহৎ সংখ্যক ৰখীয়াক আদেশ দিছিল (২৩:২৩-২৪)।
Acts 23:28-33
ফিলিক্স দেশাধিপতিলৈ লিখা পত্ৰত, পৌলৰ বিৰুদ্ধে সেনা প্ৰধানে কি অভিযোগৰ কথা লিখিছিল ?
সেনা প্ৰধান কৈছিল পৌলে মৃত্যু দণ্ড বা বন্দীশালত ৰাখিব লগীয়া কোনো দোষ কৰা নাই, কিন্তু তেওঁক দিয়া অভিযোগবোৰ হৈছে যিহুদীৰ বিধি বিধান সম্বন্ধীয়
(২৩:২৯)।
Acts 23:34-35
ফিলিক্স দেশাধিপতিয়ে পৌলৰ গোচৰ কেতিয়া শুনিব বুলি কৈছিল?
ফিলিক্সে কৈছিল যে তেওঁ পৌলৰ গোচৰীয়া বিলাক আহিলেহে পৌলৰ গোচৰ শুনিব (২৩:৩৫)।
শুনানি হোৱালৈকে পৌলক ক'ত ৰখা হৈছিল?
শুনানি হোৱালৈকে পৌলক হেৰোডৰ ৰাজপ্ৰাসাদত ৰখা হৈছিল (২৩:৩৫)।
Acts 24
Acts 24:4-9
তাৰ্কিক তৰ্ত্তল্লই পৌলৰ বিৰুদ্ধে কি অভিযোগ আনিছিল?
তৰ্ত্তল্লই পৌলৰ বিৰুদ্ধে যিহুদীবিলাকক বিদ্ৰোহ আচৰণ কৰোওৱা আৰু মন্দিৰ অপবিত্ৰ কৰা দোষৰ অভিযোগ কৰিছিল (২৪:৫-৬)।
তৰ্ত্তল্লই পৌলক কোনটো পন্থাৰ এজন নেতা বুলি কৈছিল?
তৰ্ত্তল্লই পৌলক নাচৰতীয়া পন্থাৰ এজন নেতা বুলি কৈছিল (২৪:৫)।
Acts 24:10-13
পৌলে মন্দিৰত, ধৰ্ম্মধামত, আৰু নগৰত কি কি কৰিছিল বুলি কৈছিল?
পৌলে কৈছিল যে তেওঁ ভীৰৰ মানুহবিলাকক কোনো যুক্তি দিয়া বা উচটনি দিয়া কোনো কাম কৰা নাই (২৪:১২)।
Acts 24:14-16
পৌলে নিজকে কিহলৈ বিশ্বাসী হৈ থকা বুলি কৈছিল?
পৌলে কৈছিল যে বিধান আৰু ভাববাদীসকলৰ লিখা সকলো লিখনিৰ মতে সকলো প্ৰকাৰে তেওঁ বিশ্বাসী হৈ আছিল (২৪:১৪)।
যিহুদী বিলাকে তেওঁ অভিযোগ কৰা কি আশা তেওঁ তাত কৈছিল?
ধাৰ্ম্মিকসকলৰ পুনৰুত্থানৰ আৰু অধাৰ্ম্মিক বিলাকৰ পুনৰুত্থানৰ বিষয়ে ঈশ্বৰত কৰা সেই একে আত্ম-বিশ্বাস তেওঁলোকে কৈছিল (২৪:১৫)।
Acts 24:17-21
পৌলে যিৰূচালেমলৈ কিয় আহিছে বুলি কৈছিল?
পৌলে কৈছিল যে তেওঁ নিজৰ জাতিক সহায় দিবলৈ আৰু নৈবেদ্য উচৰ্গা কৰিবলৈ আহিছিল (২৪:১৭)।
পৌলে কি কৈছে এছিয়া পৰা কেইজনমান যিহুদীয়ে তেওঁক পোৱালৈকে তেওঁ মন্দিৰত কি কৰি আছিল?
পৌলে কৈছিল তেওঁক যেতিয়া পাইছিল তেওঁ নিজকে এক শুচিকৰণ কাৰ্য্যত লাগি আছিল (২৪:১৮)।
Acts 24:22-23
ফিলিক্স দেশাধিপতি কিহৰ বিষয়ে পৰিচিত আছিল?
সেই পথৰ বিষয়ে ফিলিক্সে ভালদৰে পৰিচিত আছিল (২৪:২২)।
ফিলিক্সে পৌলৰ গোচৰৰ ৰায়দান কেতিয়া কৰিবলৈ থিৰাং কৰিছিল?
হাজাৰৰ সেনাপতি লুচীয় যিৰূচালেমৰ পৰা আহাৰ পাছত ফিলিক্সে পৌলৰ গোচৰৰ ৰায়দান কৰিবলৈ থিৰাং কৰিছিল (২৪:২২)।
Acts 24:24-25
কিছুদিনৰ পাছত, পৌলে ফিলিক্সত কিহৰ বিষয়ে কৈছিল ?
পৌলে ফিলিক্সক খ্ৰীষ্ট যীচুত বিশ্বাসৰ, ধাৰ্ম্মিকতা, আত্ম-সংযম, আৰু আহিবলগীয় সোধবিচাৰৰ বিষয়ে কৈছিল (২৪:২৪-২৫)।
পৌলৰ কথা শুনাৰ পাছত তেওঁ কেনে প্ৰতিক্ৰিয়া কৰিছিল ?
ফিলিক্স ভয়াতুৰ হৈ পৰিছিল আৰু পৌলক তাৰ পৰা আঁতৰি যাবলৈ কৈছিল (২৪:২৫)।
Acts 24:26-27
দুবছৰৰ পাছত, নতুন দেশাধিপতি অহালৈকে ফিলিক্সে পৌলক কিয় বান্ধত থৈ গৈছিল?
ফিলিক্সে পৌলক বান্ধতে ৰাখি থৈ গৈছিল কাৰণ তেওঁ যিহুদীবিলাকৰ প্ৰিয়পাত্ৰ হ'বলৈ বিচাৰিছিল (২৪:২৭)
Acts 25
Acts 25:1-3
প্ৰধান পুৰোহিত আৰু যিহুদী মুখ্য নেতা সকলে ফীষ্টৰ ওচৰত কি প্ৰিয়পাত্ৰ হোৱা কথা জনাইছিল?
তেওঁলোকে পৌলক যিৰূচালেমত উপস্থিত কৰাবলৈ ফীষ্টক কৈছিল যাতে তেওঁলোকে পৌলক বাটত থাকোতেই বধ কৰিব পাৰে (২৫:৩)।
Acts 25:4-8
ফীষ্টে প্ৰধান পুৰোহিত আৰু যিহুদীৰ মুখ্য নেতা সকলক কি কৰিবলৈ কৈছিল?
ফীষ্টে তেওঁলোকক কৈচৰীয়ালৈ যাবলৈ কৈছিল, য'লৈ ফীষ্টেও গৈ আছিল, আৰু তাতে তেওঁলোকে পৌলক দোষ ধৰিব পাৰিব (২৫:৫)।
Acts 25:9-10
কৈচৰীয়াত পৌলৰ গোচৰ বিচাৰ কৰি থাকোঁতে, ফীষ্টে পৌলক কি
সুধিছিল?
ফীষ্টে পৌলক যিৰূচালেমলৈ যাবলৈ বিচাৰে নেকি আৰু তাতে তেওঁক বিচাৰ কৰা হওক বুলি সুধিছিল (২৫:৯)।
ফীষ্টে পৌলক এই
কিয় সুধিছিল?
ফীষ্টে পৌলক এই
ো সুধিছিল কাৰণ তেওঁ যিহুদীবিলাকৰ প্ৰিয়পাত্ৰ হ'বলৈ বিচাৰিছিল (২৫:৯)।
Acts 25:11-12
ফীষ্টৰ
প্ৰত্যুত্তৰ পৌলৰ কি আছিল?
পৌলে কৈছিল তেওঁ যিহুদীবিলাকৰ কোনো অন্যায় কৰা নাই, আৰু তেওঁ কৈচৰৰ দ্বাৰা বিচাৰ কৰিব লাগে বুলি অনুৰোধ কৰিছিল (২৫:১০-১১)।
পৌলৰ গোচৰৰ বিষয়ত ফীষ্টে কি কৰিবলৈ থিৰাং কৰিছিল?
ফীষ্টে এইটো সিদ্ধান্ত কৰিছিল যে যিহেতু পৌলে কৈচৰত আপীল কৰিলে, গতিকে তেওঁ কৈচৰৰ ওচৰলৈ যাব (২৫:১২)।
Acts 25:13-16
অপৰাধৰ লগত কোনো মানুহ জড়িত হ'লে ৰোমীয়া সকলৰ আইনগত ভাবে কি নীতি আছিল বুলি ফীষ্টে কৈছিল?
ফীষ্টে কৈছিল ৰোমীয়াসকলৰ ৰীতিমতে দোষী ব্যক্তিজনক তেওঁৰ দোষীকৰাসকলৰ আগত মুখামুখী হৈ তেওঁৰ বিৰুদ্ধে কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ এক সুযোগ দিয়ে (২৫:১৬)।
Acts 25:17-24
যিহুদীবিলাকে পৌলৰ বিৰুদ্ধে অনা কি কি অভিযোগ আছিল বুলি ফীষ্টে কৈছিল?
ফীষ্টে কৈছিল সেই অভিযোগবোৰ হৈছে তেওঁলোকৰ ধৰ্ম্মমতৰ বিষয়ে কাজিয়া আৰু যীচু নামৰ এজন মৃত মানুহ, কিন্তু পৌলে কৈছিল যে তেওঁ জীয়াই আছে (২৫:১৯)।
Acts 25:25-27
ফীষ্টে পৌলক অগ্ৰিপ্প ৰজাৰ আগত কথা ক'বলৈ কিয় আনিছিল?
অগ্ৰিপ্প ৰজাই তেওঁক পৌলৰ গোচৰৰ বিষয়ে সম্ৰাটলৈ যুক্তিগত কিবা লিখি পঠাবলৈ সহায় কৰাটো বিচাৰিছিল (২৫:২৬)।
পৌলক সম্ৰাটৰ আগলৈ একো কাৰণ নোহোৱাকৈ পঠাবলৈ বুলি ফীষ্টে কি কৈছিল?
ফীষ্টে কৈছিল পৌলৰ বিৰুদ্ধে একো দোষ উল্লেখ নকৰাকৈ সম্ৰাটৰ আগলৈ পঠোৱাটো তেওঁৰ বাবে অসঙ্গত আছিল (২৫:২৭)।
Acts 26
Acts 26:1-3
অগ্ৰিপ্প ৰজাৰ আগত পৌলে নিজৰ পক্ষে উত্তৰ কৰিবলৈ পায় কিয় সুখী হৈছিল?
পৌলে অগ্ৰিপ্প ৰজাৰ আগত নিজৰ পক্ষে উত্তৰ কৰিব পাই সুখী হৈছিল কাৰণ অগ্ৰিপ্প যিহুদী ৰীতি নীতি আৰু
এজন পাৰ্গত লোক আছিল (২৬:৩)।
Acts 26:4-5
পৌলে তেওঁৰ ডেকা কালত যিৰূচালেমত কেনেকৈ জীৱন ধাৰণ কৰিছিল?
পৌলে এজন ফৰীচী হিচাপে জীৱন ধাৰণ কৰিছিল, যিহুদী ধৰ্ম্মৰ এক কাঢ়া পন্থা (২৬:৫)।
Acts 26:6-8
পৌল আৰু যিহুদী দুয়োসকলে ঈশ্বৰৰ কি প্ৰতিজ্ঞাৰ আশাত বাট চাই আছিল বুলি পৌলে কৈছে?
পৌলে কৈছে যে তেওঁ আৰু যিহুদীসকলে পুনৰুত্থানৰ প্ৰতিজ্ঞাৰ আশাত বাট চাই আছে (২৬:৬-৮)।
Acts 26:9-11
তেওঁৰ কথা- বতৰাৰ আগত, নাচৰতীয়া যীচুৰ নামত পৌলে কি কৰিছিল?
পৌলে অনেক সাধু-সন্তক বন্দীশালত থৈছিল, যেতিয়া বধ কৰিছিল তাত সন্মতি দিছিল, আৰু তেওঁলোকক বিদেশী আন নগৰলৈ খেদি পঠিয়াইছিল (২৬:৯-১১)।
Acts 26:12-14
পৌলে দম্মেচকৰ বাটত কি দেখিছিল?
পৌলে স্বৰ্গৰ পৰা এক পোহৰ দেখিছিল সেইটো সূৰ্যতকৈয়ো উজ্জল আছিল (২৬:১৩)।
পৌলে দম্মেচকলৈ যোৱাৰ বাটত কি শুনিছিল ?
পৌলে এক বাণী শুনিছিল, কৈছিল, "চৌল, চৌল, তুমি মোক কিয় তাড়না কৰিছা ?" (২৬:১৪)।
Acts 26:15-18
দম্মেচকৰ পথত পৌলক কোনে কথা কৈছিল?
দম্মেচকৰ পথত পৌলক যীচুৱে কথা কৈছিল (২৬:১৫)।
যীচুৱে পৌলক কি হ'বলৈ নিয়োগ কৰিছিল?
যীচুৱে পৌলক এজন সেৱক আৰু পৰজাতিলৈ সাক্ষ্য হ'বলৈ নিয়োগ কৰিছিল (২৬:১৬-১৭)।
পৰজাতিসকলে কি পোৱাটো বিচাৰিছিল বুলি যীচুৱে কৈছিল?
পৰজাতিসকলে পাপবোৰৰ ক্ষমা পোৱাটো আৰু ঈশ্বৰৰ পৰা অধিকাৰ পোৱাটো বিচাৰিছিল বুলি যীচুৱে কৈছিল (২৬:১৮)।
Acts 26:19-21
পৌলে য'লৈকে গৈছিল তাতেই তেওঁ কি কি দুটা কথা প্ৰচাৰ কৰিছিল?
পৌলে কৈছে যে মানুহবিলাকে মন পালটন কৰক আৰু ঈশ্বৰলৈ ঘুৰক, মন পালটনৰ উচিত কৰ্ম কৰক এই দুটা কথা তেওঁ প্ৰচাৰ কৰিছিল (২৬:২০)।
Acts 26:22-23
ভাববাদীসকল আৰু মোচিয়ে কোৱা কথাৰ কি ঘটিছিল?
ভাববাদীসকল আৰু মোচিয়ে কৈছিল যে খ্ৰীষ্টে দুখ-ভোগ কৰিব লাগিব, মৃতবিলাকৰ মাজৰ পৰা উঠিব লাগিব, আৰু যিহুদী মানুহবিলাক আৰু পৰজাতি লোকসকলৰ আগত পোহৰ ঘোষণা কৰিব লাগিব (২৬:২২-২৩)।
Acts 26:24-26
পৌলৰ উত্তৰ শুনাৰ পাছত ফীষ্টে কি ভাবিছিল?
পৌলক ফীষ্টে বলীয়া বুলি ভাবিছিল (২৬:২৪-২৫)।
Acts 26:27-29
অগ্ৰিপ্প ৰজা বাবে পৌলৰ ইচ্ছাটো কি আছিল?
অগ্ৰিপ্প ৰজা বাবে পৌলৰ ইচ্ছাটো আছিল তেওঁ যেন খ্ৰীষ্টিয়ান হয় (২৬:২৮-২৯)
Acts 26:30-32
পৌলৰ বিৰুদ্ধে থকা অভিযোগৰ বিষয়ে অগ্ৰিপ্প, ফীষ্ট আৰু বাৰ্ণিকীয়ে কি সামৰণি কৰিছিল?
তেওঁলোকে এই সিদ্ধান্তত উপনীত হৈছিল যে পৌলে মৃত্যু বা বন্ধনৰ যোগ্য কোনো কাম কৰা নাই, আৰু তেওঁ কৈচৰত আপীল নকৰা হ'লে মুকলি হ'ব পাৰিলেহেতেঁন (২৬:৩১-৩২)।
Acts 27
Acts 27:3-6
ৰোমলৈ যোৱা যাত্ৰাত সেনাপতি যুলিয়ই পৌলক কেনে ব্যৱহাৰ কৰিছিল?
সেনাপতি যুলিয়ই পৌলক দয়া ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ বন্ধুসকলৰ ওচৰলৈ যাবলৈ আৰু তেওঁলোকৰ শুশ্ৰূষা ল'বলৈ দিছিল (২৭:৩)।
Acts 27:7-8
পৌলে উঠি যোৱা জাহাজখন বিপদৰ সময়ত কোনটো দ্বীপৰ কাষে কাষে পাল তৰি গৈছিল?
বিপদৰ সময়ত জাহাজখন ক্ৰীতি দ্বীপৰ কাষে কাষে পাল তৰি গৈছিল (২৭:৭-৮)।
Acts 27:9-13
সেনাপতি যুলিয়ই পৌলে কোৱা বিপদৰ সাৱধানবাণী পালন নকৰি কিয় জাহাজ চলাই গৈছিল?
সেনাপতি যুলিয়ই পৌলে কোৱা বিপদৰ সাৱধানবাণী পালন কৰা নাছিল কাৰণ তেওঁ জাহাজৰ মালিকৰ কথাতহে বেছি মনোযোগ দিছিল (২৭:১০-১১)।
Acts 27:14-18
সমুদ্ৰ যাত্ৰাত লাহে লাহে যোৱাৰ পাছত, জাহাজত কি বতাহে ক্ষতি কৰিবলৈ আৰম্ভ কৰিছিল?
লাহেকৈ আৰম্ভ কৰাৰ পাছত, উত্তৰপূৱ (উৰাকুলো) নামৰ বতাহে জাহাজখন ক্ষতি কৰিবলৈ আৰম্ভ কৰিছিল (২৭:১৪)।
Acts 27:19-22
বহুদিন পাৰ হোৱাৰ পাছত, জাহাজৰ নাৱিকসকলে কি আশা ত্যাগ কৰিছিল?
বহুদিন পাৰ হোৱাৰ পাছত, জাহাজৰ নাৱিকসকলে উদ্ধাৰ পোৱাৰ আশা একেবাৰে ত্যাগ কৰিছিল (২৭:২০)।
Acts 27:23-26
সমুদ্ৰ যাত্ৰাৰ বিষয়ত ঈশ্বৰৰ এক দূতে পৌলক কি বাৰ্ত্তা দিছিল?
স্বৰ্গদূতজনে পৌলক কৈছিল যে তেওঁ আৰু সকলো নাৱিক বাচিব, কিন্তু জাহাজখন ডুবিব (২৭:২২-২৪)।
Acts 27:27-29
চতুৰ্দশ ৰাতিৰ মাজ নিশামান পৰত, নাৱিকসকলে জাহাজ খনৰ কি ঘটিছিল বুলি ভাবিছিল?
নাৱিক সকলে ভাবিছিল যে জাহাজখন সমুদ্ৰৰ কোনো পাৰ পাইছে (২৭:২৭)।
Acts 27:30-32
নাৱিকসকলে কি কৰিবলৈ উপায় বিচাৰি ফুৰিছিল?
নাৱিকসকলে জাহাজখন পৰিত্যাগ কৰিবলৈ উপায় বিচাৰি ফুৰিছিল (২৭:৩০)।
নাৱিক সকলৰ বিষয়ে সেনাপতি আৰু সৈন্যসকলক পৌলে কি কৈছিল?
নাৱিকসকলৰ বিষয়ে সেনাপতি আৰু সৈন্যসকলক পৌলে কৈছিল যে নাৱিকসকলে জাহাজত নাথাকিলে, সেনাপতি আৰু সৈন্যসকলে বাচিব নোৱাৰিব (২৭:৩১)।
Acts 27:33-38
যেতিয়া ৰাতি পুৱাবৰ সময় হ'ল, পৌলে সকলোকে কি কৰিবলৈ অনুৰোধ কৰিছিল?
পৌলে সকলোকে কিছু আহাৰ কৰিবলৈ অনুৰোধ কৰিছিল (২৭:৩৩)
Acts 27:39-41
জাহাজৰ কৰ্মচাৰীসকলে সমুদ্ৰৰ পাৰ পাবলৈ কি থিৰাং কৰিছিল আৰু কি ঘটিছিল?
জাহাজৰ কৰ্মচাৰীসকলে সমুদ্ৰৰ পাৰ পাবলৈ পোনে পোনে জাহাজখন চলাই যাবলৈ থিৰাং কৰিছিল, কিন্তু জাহাজৰ আগডোখৰ মাটিত খুন্দা মাৰি লাগি ধৰিছিল আৰু পিছডোখৰ ভাঙি যাবলৈ ধৰিছিল (২৭:৩৯-৪১)।
Acts 27:42-44
সেই সময়ত সৈন্যবোৰে বন্দীবিলাকক কি কৰিবলৈ লৈছিল?
সৈন্যসকলে বন্দীবিলাকক বধ কৰিবলৈ লৈছিল যাতে কোনেও পলাই সাৰিব নোৱাৰে (২৭:৪২)।
সেনাপতিয়ে সৈন্যবিলাকৰ পৰিকল্পনা কিয় বন্ধ কৰিছিল?
সেনাপতিয়ে সৈন্যবিলাকৰ পৰিকল্পনা বন্ধ কৰিছিল কাৰণ তেওঁ পৌলক বচাবলৈ বিচাৰিছিল (২৭:৪৩)।
জাহাজৰ সকলো মানুহ কেনেকৈ বাম/পাৰ পাইছিলহি?
যিসকলে সাতুৰিব পাৰে প্ৰথমে তেওঁলোক জাপমাৰি সাতুৰি পাৰলৈ যাওক, আৰু বাকীসকলে তক্তা বা জাহাজৰ যি পায় তাকে লৈ পাৰলৈ যাওক (২৭:৪৪)।
Acts 28
Acts 28:1-2
সেই মাল্টা দ্বীপত থকা স্থানীয় লোকসকলে পৌল আৰু জাহাজৰ কৰ্মচাৰীসকলক কেনেকৈ ব্যৱহাৰ কৰিছিল?
সেই মানুহবিলাকে তেওঁলোকক একেবাৰে সাধাৰণ হিচাপে ব্যৱহাৰ কৰা নাছিল (২৮:২)।
Acts 28:3-4
পৌলৰ হাতত যেতিয়া সেই সাপটো ওলমি থকা দেখিছিল সেই মানুহবিলাকে কি ভাবিছিল?
সেই মানুহবিলাকে ভাবিছিল যে পৌল এজন হত্যাকাৰী যিজনক বিচাৰকৰ্ত্তাই জীয়াই থাকিবলৈ অনুমতি দিয়া নাছিল (২৮:৪)।
Acts 28:5-6
সাপটোৰ দ্বাৰা যেতিয়া পৌল মৰা নপৰিল সেই মানুহবিলাকে কি ভাবিছিল?
সেই মানুহবিলাকে পৌলক এজন দেৱতা বুলি ভাবিছিল (২৮:৬)।
Acts 28:7-10
সেই দ্বীপৰ প্ৰধান জন পুব্লিয়ৰ দেউতাকক, পৌলে সুস্থ কৰাৰ পাছত কি ঘটিছিল?
সেই দ্বীপত থকা বাকী লোকসকল যিবিলাক ৰোগীয়া আছিল তেওঁলোকো আহিছিল আৰু সুস্থ কৰা হ'ল (২৮:৮-৯)।
Acts 28:11-12
পৌল আৰু জাহাজৰ কৰ্মচাৰীসকল মাল্টা দ্বীপত কিমান দিন থাকিছিল?
পৌল আৰু জাহাজৰ কৰ্মচাৰীসকল মাল্টা দ্বীপত তিনিমাহ আছিল (২৮:১১)।
Acts 28:13-15
ৰোমৰ পৰা ভাইসকলে পৌলক লগ পাবলৈ অহা দেখি পৌলে কি কৰিছিল?
যেতিয়া তেওঁ ভাইসকল দেখা পালে তেওঁ ঈশ্বৰক ধন্যবাদ দিছিল আৰু অন্তৰত সাহস পাইছিল (২৮:১৫)।
Acts 28:16-18
ৰোমত বন্দী হিচাপে পৌলৰ থকাৰ সা-সুবিধা কি কি আছিল?
পৌলক নিজে এজন সৈন্যৰ লগত থাকিবলৈ অনুমতি দিয়া হৈছিল যিজনে তেওঁক পহৰা দি ৰাখিছিল (২৮:১৬)।
Acts 28:19-20
পৌলে ৰোমত থকা যিহুদীনেতা সকলক তেওঁ কি কাৰণে বন্ধনত ৰাখিছে বুলি কৈছিল?
পৌলে ৰোমত থকা যিহুদীনেতা সকলক কৈছিল যে তেওঁ ইস্ৰায়েলৰ আশাৰ কাৰণেহে বন্ধনত ৰাখা হৈছে (২৮:২০)।
Acts 28:21-22
ৰোমত থকা যিহুদী নেতাসকলে খ্ৰীষ্টিয়ান পন্থাটোৰ বিষয়ে কি জানিছিল?
ৰোমত থকা যিহুদী নেতাসকলে জানিছিল যে এই যি পন্থাটোৰ বিষয়ে কোৱা হৈছে সকলোতে নিন্দিত হৈছে (২৮:২২)।
Acts 28:23-26
যেতিয়া যিহুদী নেতাসকলে পৌলৰ থকা ঠাইলৈ আকৌ আহিছিল, পৌলে পুৱাৰ পৰা সন্ধ্যালৈকে কি কৰিবলৈ চেষ্টা কৰিছিল?
তেওঁ মোচিৰ বিধানৰ পৰা ভাববাদীসকলৰ পৰা তেওঁলোকক যীচুৰ বিষয়ে পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল (২৮:২৩)।
পৌলৰ উপস্থাপনত যিহুদী নেতাসকলৰ প্ৰত্যুত্তৰ কি আছিল?
কোনো কোনো যিহুদী নেতাই বিশ্বাস কৰিছিল, আনহাতে কোনো কোনোৱে বিশ্বাস কৰা নাছিল (২৮:২৪)।
Acts 28:27
যি যিহুদী নেতাসকলে বিশ্বাস কৰা নাছিল তেওঁলোকৰ বিষয়ে পৌলে উল্লেখ কৰা অন্তিম শাস্ত্ৰ বাক্য কি আছিল?
পৌলে উল্লেখ কৰা অন্তিম শাস্ত্ৰ বাক্যই কৈছিল যিসকলে বিশ্বাস নকৰিলে তেওঁলোকৰ চকু বন্ধ হৈ আছে আৰু ঈশ্বৰৰ বাক্যৰ প্ৰতি তেওঁলোকৰ কাণ বন্ধ হৈ আছে (২৮:২৫-২৭)।
Acts 28:28-31
ঈশ্বৰৰ পৰিত্ৰাণৰ বাৰ্ত্তা ক'লৈ পঠিওৱা হ'ল, আৰু তাৰ প্ৰত্যুত্তৰ কি হ'ব বুলি পৌলে কৈছে?
ঈশ্বৰৰ পৰিত্ৰাণৰ বাৰ্ত্তা পৰজাতি বিলাকলৈ পঠিওৱা হ'ল, আৰু তেওঁলোকে শুনিবও বুলি পৌলে কৈছে (২৮:২৮)।