Assamese: translationQuestions

Updated ? hours ago # views See on DCS

Ephesians

Ephesians 1

Ephesians 1:1-2

পৌলে লিখা পত্ৰখনত তেওঁ সেই লোকসকলক কেনেকৈ বৰ্ণানা কৰিছে?

পৌলে এই লোকসকলক এই বুলি বৰ্ণনা কৰিছে তেওঁলোকক ঈশ্বৰৰ বাবে পৃথক কৰা হ'ল, আৰু বিশ্বাসেৰে খ্ৰীষ্টত ভাৰসা কৰা লোক (১:১)।

Ephesians 1:3-4

পিতৃ ঈশ্বৰে বিশ্বাসীসকলক কিহেৰে আশীৰ্ব্বাদ কৰিছে?

পিতৃ ঈশ্বৰে বিশ্বাসীসকলক প্ৰতিটো আত্মিক আশীৰ্বাদেৰে স্বৰ্গীয় ঠাইবোৰত খ্ৰীষ্টত আশীৰ্বাদ কৰিছে (১:৩)।

যিসকলে খ্ৰীষ্টত বিশ্বাস কৰিলে তেওঁলোকক কেতিয়া পিতৃ ঈশ্বৰে মনোনীত কৰিলে?

যিসকলে খ্ৰীষ্টত বিশ্বাস কৰিলে তেওঁলোকক পিতৃ ঈশ্বৰে সৃষ্টিৰ পুৰ্বতেই মনোনীত কৰিলে (১:৪)।

পিতৃ ঈশ্বৰে কি উদ্দেশ্যেৰে বিশ্বাসীসকলক মনোনীত কৰিলে?

উত্তৰ : তেওঁলোক/বিশ্বাসীসকল যাতে তেওঁৰ দৃষ্টিত পবিত্ৰ আৰু নিষ্কলঙ্ক হয় সেই উদ্দেশ্যে পিতৃ ঈশ্বৰে মনোনীত কৰিলে (১:৪)।

Ephesians 1:5-6

ঈশ্বৰে বিশ্বাসীসকলক পুৰ্বতে কিয় তোলনীয়া পুত্ৰ বাবৰ বাবে ঠিক কৰি থলে?

ঈশ্বৰে বিশ্বাসীসকলক পুৰ্বতেই তোলনীয়া পুত্ৰ বাবৰ বাবে ঠিক কৰি থলে কাৰণ তেওঁ এইটোত সন্তোষ পায়, আৰু তেওঁ যাতে তেওঁৰ গৌৰৱময় অনুগ্ৰহৰ বাবে প্ৰশংসিত হয় (১:৫-৬)।

Ephesians 1:7-8

ঈশ্বৰৰ প্ৰিয়জনা, যীচু খ্ৰীষ্টৰ তেজৰ যোগেদি বিশ্বাসীসকলে কি পালে?

বিশ্বাসীসকলে খ্ৰীষ্টৰ তেজৰ যোগেদি মুক্তি, পাপসমুহৰ ক্ষমা পালে (১:৭)।

Ephesians 1:9-12

ঈশ্বৰে তেওঁৰ পৰিকল্পনা পূৰ্ণ কৰাৰ সময় যেতিয়া হ'ব তেওঁ কি কৰিব?

ঈশ্বৰে স্বৰ্গত আৰু পৃথিবীত থকা সকলোবোৰ খ্ৰীষ্টৰ অধীনলৈ আনিব (১:১০)।

Ephesians 1:13-16

বিশ্বাসীসকলে যেতিয়া সত্যৰ বাক্য শুনিলে তেওঁলোকক কি মোহৰ মৰা হ'ল?

বিশ্বাসীসকলে প্ৰতিজ্ঞাৰ পবিত্ৰ আত্মাৰ মোহৰ পালে (১:১৩)।

আত্মা কিহৰ নিশ্চয়তা হৈছে?

এই আত্মা বিশ্বাসীসকলৰ উত্তৰাধিকাৰৰ বয়না/নিশ্চয়তা স্বৰূপ হৈছে (১:১৪)।

Ephesians 1:17-18

পৌলে কি প্ৰাৰ্থনা কৰিছে যে ইফিচীয়াসকলে বোধগম্যতাত দিপ্তীযুক্ত হয়?

পৌলে এই প্ৰাৰ্থনা কৰিছে যে ইফিচীয়াসকলে তেওঁলোকৰ আমন্ত্ৰণৰ, তেওঁলোকৰ উত্তৰাধিকাৰৰ মহিমান্বিত ধনৰ, আৰু তেওঁলোকত ঈশ্বৰৰ পৰাক্ৰমৰ মহানতা বুজাত তেওঁলোক যেন দিপ্তীযুক্ত হয় (১:১৮-১৯)।

Ephesians 1:19-21

কি সেই একে পৰাক্ৰমে এতিয়া বিশ্বাসীসকলত খ্ৰীষ্টত কাম কৰিছে?

সেই একে পৰাক্ৰমে খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা ঈশ্বৰে তুলিলে আৰু স্বৰ্গীয় ঠাইবোৰত তেওঁক ঈশ্বৰৰ সোঁহাতে বহুৱালে (১:২০)।

Ephesians 1:22-23

ঈশ্বৰে খ্ৰীষ্টৰ চৰণত কি স্থাপন কৰিলে?

ঈশ্বৰে খ্ৰীষ্টৰ চৰণত সকলোবোৰকে স্থাপন কৰিলে (১:২২)।

মণ্ডলীত খ্ৰীষ্টৰ অধিকাৰৰ অৱস্থান কি?

খ্ৰীষ্ট হৈছে মণ্ডলীৰ সকলোবোৰৰ মূৰব্বীস্বৰূপ (১:২২)।

মণ্ডলী কি?

মণ্ডলী হৈছে খ্ৰীষ্টৰ শৰীৰ (১:২৩)।

Ephesians 2

Ephesians 2:1-3

সকলোবোৰ অবিশ্বাসীৰ আত্মিক অৱস্থা কেনে?

সকলোবোৰ অবিশ্বাসীৰ আত্মিক অৱস্থা হৈছে সিহঁতৰ অপৰাধ আৰু পাপবোৰত সিহঁত মৰি আছে (২:১)।

এই অবাধ্যতাৰ সন্তানবিলাকৰ ওপৰত কোনে কাৰ্য্য কৰি আছে?

এই আকাশৰ ক্ষমতা যুক্ত অধিপতিয়ে এই অবাধ্যতাৰ সন্তান বিলাকৰ ওপৰত কাৰ্য্য কৰি আছে (২:২)।

স্বভাৱগত ভাবে এই অবাধ্যতাৰ সন্তানবিলাক কেনেকুৱা?

স্বভাৱগত ভাবে এই অবাধ্যতাৰ সকলো সন্তান হৈছে ক্ৰোধৰ সন্তান (২:৩)।

Ephesians 2:4-7

ঈশ্বৰে কিছুমান অবিশ্বাসীক নতুন জীৱনলৈ কিয় আনিলে?

ঈশ্বৰে কিছুমান অবিশ্বাসীক নতুন জীৱনলৈ আনিলে কাৰণ তেওঁৰ প্ৰচুৰ অনুগ্ৰহ আৰু মহান প্ৰেমৰ বাবে (২:৪-৫)।

বিশ্বাসীসকল কিহৰ দ্বাৰা উদ্ধাৰ পালে ?

ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰা উদ্ধাৰ পালে (২:৫)।

বিশ্বাসীসকল ক'ত বহি আছে ?

বিশ্বাসীসকল খ্ৰীষ্টৰ সৈতে স্বৰ্গীয় ঠাইবোৰত বহি আছে (২:৬)।

প্ৰভুৱে বিশ্বাসীসকলক কি উদ্দেশ্যৰে উদ্ধাৰ কৰিলে আৰু তুলিলে?

ঈশ্বৰে বিশ্বাসীসকলক উদ্ধাৰ কৰিলে আৰু তুলিলে যাতে তেওঁ সিহঁতক তেওঁৰ প্ৰচুৰ অনুগ্ৰহ দেখুৱাব পাৰে (২:৭)।

Ephesians 2:8-10

কোনো বিশ্বাসীয়ে কিয় গৰ্ব কৰিব নোৱাৰে?

কোনো বিশ্বাসীয়েই গৰ্ব কৰিব নোৱাৰে কাৰণ তেওঁ ঈশ্বৰৰ অনুগ্ৰহক এক উপহাৰ হিচাপেহে পাইছে (২:৮-৯)।

ঈশ্বৰে বিশ্বাসীসকলক কি উদ্দেশ্যৰে খ্ৰীষ্ট যীচুত সৃষ্টি কৰিলে?

বিশ্বাসীসকলৰ বাবে খ্ৰীষ্ট যীচুত ঈশ্বৰৰ উদ্দেশ্য হৈছে সৎ কৰ্মৰে চলা (২:১০)।

Ephesians 2:11-12

অবিশ্বাসী পৰজাতিসকলৰ আত্মিক অৱস্থা কেনেকুৱা?

অবিশ্বাসী পৰজাতিসকল হৈছে খ্র্ৰীষ্টৰ পৰা বিচ্ছেদ, ইস্ৰায়েলৰ পৰা বিদেশী, ঈশ্বৰৰ নীতিৰ পৰা আঁতৰত, ঈশ্বৰ বিহীন আৰু আশাহীন লোক (২:১২)।

Ephesians 2:13-16

কিছুমান অবিশ্বাসীক ঈশ্বৰৰ ওচৰলৈ কিহে চপাই আনিলে?

কিছুমান অবিশ্বাসীক ঈশ্বৰৰ ওচৰলৈ খ্ৰীষ্টৰ তেজে চপাই আনিলে (২:১৩)।

পৰজাতি আৰু যিহুদীসকলৰ মাজৰ সম্বন্ধ খ্ৰীষ্টই কেনেকৈ সলনি কৰিলে?

তেওঁৰ শৰীৰৰ দ্বাৰা, খ্ৰীষ্টে পৰজাতি আৰু যিহুদীসকলৰ মাজত বিভেদ হৈ থকা বিৰোধী ভাব নাশ কৰিলে (২:১৪)।

যিহুদী আৰু পৰজাতিসকলৰ মাজত শান্তি স্থাপন খ্ৰীষ্টে কেনেকৈ কৰিলে?

যিহুদী আৰু পৰজাতিসকলৰ মাজত শান্তি স্থাপন কৰিবলৈ খ্ৰীষ্টে বিধানৰ নীতিবোৰ আৰু নীতি-নিয়মবোৰ নাশ কৰিলে (২:১৫-১৬)।

Ephesians 2:17-18

বিশ্বাসীসকলক পিতৃ ঈশ্বৰৰ ওচৰলৈ কেনেকৈ সোমাবৰ ক্ষমতা পালে?

সকলো বিশ্বাসীয়েই পবিত্ৰ আত্মাৰ দ্বাৰা পিতৃ ঈশ্বৰৰ ওচৰলৈ সোমাবৰ ক্ষমতা পালে (২:১৮)।

Ephesians 2:19-22

ঈশ্বৰৰ পৰিয়াল কি ভিত্তিমূলৰ ওপৰত প্ৰতিষ্ঠিত?

ঈশ্বৰৰ পৰিয়াল পাঁচনিসকল আৰু ভাববাদীসকল ভিত্তিমূলৰ ওপৰত প্ৰতিষ্ঠিত, খ্ৰীষ্ট যীচু হৈছে ইয়াৰ চুকৰ প্ৰধান শিল ( ২:২০)।

যীচুৰ এই পৰাক্ৰম তেওঁৰ গোটেই পৰিয়ালৰ লগত কেনেকৈ কাৰ্য কৰে?

যীচুৰ এই পৰাক্ৰম তেওঁৰ গোটেই পৰিয়ালৰ লগত একেলগে যুক্ত হৈ গাথি বৃদ্ধি সাধনৰ কাৰ্য কৰে (২:২১)।

ঈশ্বৰৰ পৰিয়ালটোৰ অট্টালিকাটো কেনে ধৰণৰ এক অট্টালিকা?

ঈশ্বৰৰ পৰিয়ালৰ অট্টালিকাটো হৈছে এক মন্দিৰ প্ৰভুৰ বাবে পৃথক কৰা হৈছে (২:২১)।

ঈশ্বৰে আত্মিক ৰূপে ক'ত নিবাস কৰে?

ঈশ্বৰে আত্মিক ৰূপে বিশ্বাসীসকলৰ মাজত নিবাস কৰে (২:২২)।

Ephesians 3

Ephesians 3:1-2

কাৰ উপকাৰৰ কাৰণে ঈশ্বৰে পৌলক তেওঁৰ প্ৰতিভাবোৰ দিছিল?

পৰজাতিবিলাকৰ উপকাৰৰ কাৰণে ঈশ্বৰে পৌলক তেওঁৰ প্ৰতিভাবোৰ দিছিল (৩:১-২)।

Ephesians 3:3-5

মানৱ জাতিৰ এই আগৰ প্ৰজন্মৰ লোকসকলক কি বিষয়টো জনোৱা নাছিল?

খ্ৰীষ্টৰ বিষয়ে থকা গুপ্ত ৰহস্যক মানৱ জাতিৰ এই আগৰ প্ৰজন্মৰ লোকসকলক এই বিষয়টো জনোৱা নাছিল (৩:৩-৫)।

মানৱ জাতিৰ এই আগৰ প্ৰজন্মক নজনোৱা বিষয়টো কাৰ আগত প্ৰকাশিত হ'ল?

ঈশ্বৰে খ্ৰীষ্টৰ বিষয়ে লুকাই থকা গুপুত ৰহস্যটো তেওঁৰ পাঁচনিবিলাকৰ আৰু ভাববাদীসকলৰ আগত প্ৰকাশ কৰিলে (৩:৫)।

Ephesians 3:6-7

লুকাই থকা কি গুপুত ৰহস্য প্ৰকাশিত হ'ল?

প্ৰকাশিত হোৱা গুপুত ৰহস্যটো হৈছে খ্ৰীষ্ট যীচুত অঙ্গীকাৰৰ সহ অংশীদাৰী আৰু পৰজাতিসকল সহ অধিকাৰী আৰু শৰীৰৰ সহভাগী (৩:৬)।

পৌলক কি বৰ দান কৰা হ'ল?

পৌলক ঈশ্বৰৰ অনুগ্ৰহৰ বৰ দান কৰা হ'ল (৩:৭)।

Ephesians 3:8-9

পৰজাতিসকলক কিহৰ বিষয়ে উজ্জীৱিত কৰিবলৈ পৌলক পঠোৱা হ'ল?

পৰজাতিসকলক ঈশ্বৰৰ পৰিকল্পনাৰ বিষয়ে উজ্জীৱিত কৰিবলৈ পৌলক পঠোৱা হ'ল (৩:৯)।

Ephesians 3:10-11

ঈশ্বৰৰ সেই নিগুঢ় তত্ত্ব কিহৰ যোগেদি জনোৱা হ'ল ?

ঈশ্বৰৰ সেই নিগুঢ় তত্ত্ব মণ্ডলীৰ যোগেদি জনোৱা হ'ল (৩:১০)।

Ephesians 3:12-13

খ্ৰীষ্টত বিশ্বাস কৰাৰ কাৰণে বিশ্বাসীসকলৰ কি আছে বুলি পৌলে কৈছে?

খ্ৰীষ্টত বিশ্বাস কৰাৰ কাৰণে বিশ্বাসীসকলৰ সাহস আৰু আত্ম-বিশ্বাসেৰে প্ৰবেশ কৰিব পাৰে বুলি পৌলে কৈছে (৩:১২)।

Ephesians 3:14-16

পিতৃৰ দ্বাৰা কি নাম দিয়া হ'ল আৰু কি সৃষ্টি কৰা হ'ল?

স্বৰ্গত আৰু পৃথিবীত প্ৰতিটো পৰিয়াল নাম দিয়া হ'ল আৰু সৃষ্টি কৰা হ'ল (৩:১৪-১৫)।

বিশ্বাসীসকল বলৱান হ'বলৈ পৌলে কেনেদৰে প্ৰাৰ্থনা কৰিছে?

ঈশ্বৰৰ আত্মা, যি জনাই তেওঁলোকত নিবাস কৰে তেওঁৰ দ্বাৰা বলৱান হ'বলৈ পৌলে বিশ্বাসীসকলৰ বাবে প্ৰাৰ্থনা কৰিছে (৩:১৬-১৭)।

Ephesians 3:17-19

বিশ্বাসীসকলে বুজিবৰ কাৰণে সমৰ্থিত হ'বলৈ পৌলে কি প্ৰাৰ্থনা কৰিছে ?

বিশ্বাসীসকলে খ্ৰীষ্টৰ প্ৰেমৰ ব্যাপকতা, দীৰ্ঘতা, উচ্চতা আৰু গভীৰতা বুজিবৰ কাৰণে সমৰ্থিত হ'বলৈ পৌলে প্ৰাৰ্থনা কৰিছে (৩:১৮)।

Ephesians 3:20-21

পৌলে যি প্ৰাৰ্থনা কৰিছে তাক পিতৃ দিয়াৰ দ্বাৰাই সকলো প্ৰজন্মলৈ কি দিয়া হ'ব?

পৌলে প্ৰাৰ্থনা কৰিছে যে মণ্ডলীত গৌৰৱ আৰু খ্ৰীষ্ট যীচুক পিতৃ দিয়াৰ দ্বাৰাই সকলো প্ৰজন্মলৈ দিয়া হ'ব (৩:২১)।

Ephesians 4

Ephesians 4:1-3

বিশ্বাসীসকলক কেনেদৰে জীৱন যাপন কৰিবলৈ পৌলে খাটনি ধৰিছে?

বিশ্বাসীসকলক নম্ৰতাৰে, ভদ্ৰতাৰে, আৰু ধৈৰ্য্যেৰে পৰস্পৰে পৰস্পৰক প্ৰেমেৰে গ্ৰহণ কৰাৰ দ্বাৰা জীৱন যাপন কৰিবলৈ পৌলে খাটনি ধৰিছে (৪:১-২)।

Ephesians 4:4-6

পৌলে তেওঁৰ তালিকাত একীভুক্ত কৰা বিষয়বোৰ কি কি?

পৌলে কৈছে, এক শৰীৰ, এক আত্মা, এক আত্ম-বিশ্বাস, এক প্ৰত্যাশা, এজন প্ৰভু, এক বিশ্বাস, এক বাপ্তিস্ম, আৰু এক পিতৃ ঈশ্বৰ (৪:৪-৬)।

Ephesians 4:7-10

প্ৰতিজন বিশ্বাসীকে খ্ৰীষ্টে স্বৰ্গাৰোহন হোৱাৰ পাছত কি দিছিল?

খ্ৰীষ্টে প্ৰতিজন বিশ্বাসীকে তেওঁৰ জোখ-মাখ অনুসৰি খ্ৰীষ্টৰ বৰ দান দিছে (৪:৭-৮)।

Ephesians 4:11-13

পৌলে নাম দিয়া খ্ৰীষ্টৰ শৰীৰত দিয়া বৰদান পাঁচটা কি কি?

খ্ৰীষ্টে তেওঁৰ শৰীৰত দিয়া বৰদান কেইটা হৈছে- পাঁচনি বাবসমুহ, ভাববাদীসকল, প্ৰচাৰকসকল, পালকসকল, আৰু শিক্ষক সকল (৪:১১)।

এই শৰীৰত থকা এই পাঁচটা বৰদান কি উদ্দেশ্যত কেনেকৈ কাম কৰা উচিত?

এই শৰীৰত থকা এই পাঁচটা বৰদান বিশ্বাসীসকলক কৰ্ম্মৰ বাবে সজ্জিত কৰি তুলিবলৈ, শৰীৰটো গঢ়ি তুলিবলৈ কাম কৰা উচিত (৪:১২)।

Ephesians 4:14-16

পৌলে বিশ্বাসীসকলক কেনেকৈ শিশুৰ নিচিনা বুলি কৈছে ?

বিশ্বাসীসকল শিশুৰ নিচিনা হ'ব পাৰে কাৰণ তেওঁলোক মানুহবিলাকৰ ধূৰ্ত্তামীৰে আৰু প্ৰলোভনেৰে ইফালে-সিফালে নিয়া হৈ আঁতৰাই লৈ যাব পাৰে (৪:১৪)।

বিশ্বাসীসকলৰ শৰীৰ কেনেকৈ গঠিত হৈছে বুলি পৌলে কৈছে?

বিশ্বাসীসকলৰ শৰীৰ একেলগে লগ হৈ, প্ৰতিটো গাথি যুক্ত হৈ, প্ৰতিটো অংশই কাৰ্য কৰি, প্ৰেমত ইজনে সিজনক গঢ়ি তুলি শৰীৰৰ বৃদ্ধি সাধন কৰিছে (৪:১৬)।

Ephesians 4:17-22

পৰজাতিসকলৰ ধৰণ-কৰণ কেনেকুৱা বুলি পৌলে কৈছে?

পৰজাতিসকল ভাব-ধাৰাত অন্ধকাৰ, ঈশ্বৰৰ পৰা আঁতৰত, কাৰ্য্য-কলাপ অশুচিতালৈ শোধাই দিয়া হ'ল (৪:১৭-১৯)।

Ephesians 4:23-24

বিশ্বাসীসকলে কি পিন্ধিব নালাগে আৰু কি পিন্ধিব লাগে বুলি পৌলে কৈছে?

বিশ্বাসীসকলে পুৰণি মনুষ্য, যিটো ক্ষয়নীয় তাক পিন্ধিব নালাগে আৰু যি নতুন মনুষ্য, যাক ধাৰ্মিকতাত সৃষ্টি কৰা হ'ল তাক পিন্ধিব লাগে বুলি পৌলে কৈছে (৪:২২-২৪)।

Ephesians 4:25-27

এজন বিশ্বাসীয়ে দুষ্ট আত্মাক কেনেকৈ সুযোগ দিয়ে?

এজন বিশ্বাসীয়ে তেওঁৰ ক্ৰোধত বেলি ডুব যাবলৈ দিয়াৰ দ্বাৰাই দুষ্ট আত্মাক সুযোগ দিয়ে (৪:২৬-২৭)।

Ephesians 4:28-30

এজন বিশ্বাসীয়ে কিয় পৰিশ্ৰম কৰা উচিত?

এজন বিশ্বাসীয়ে পৰিশ্ৰম কৰা উচিত যাতে যিজন ব্যক্তিৰ অভাৱ তাৰে সৈতে তেওঁলোকে অভাৱ পূৰ কৰাত অংশীদাৰ হ'ব পাৰে (৪:২৮)।

বিশ্বাসীসকলৰ মুখৰ পৰা কেনেকুৱা বচন ওলাব লাগে বুলি পৌলে কৈছে ?

কোনো অবচনীয় বচন বিশ্বাসীৰ মুখৰ পৰা ওলাব নালাগে, কিন্তু তাৰ পৰিৱৰ্ত্তে যি বাক্যই আনক গঢ়ি তোলে তেনে বাক্যহে ওলাব লাগে (৪:২৯)।

এজন বিশ্বাসীয়ে কাক দুখ দিব নালাগে?

এজন বিশ্বাসীয়ে পবিত্ৰ আত্মাক দুখ দিব নালাগে (৪:৩০)।

Ephesians 4:31-32

ঈশ্বৰে খ্ৰীষ্টত তেওঁক ক্ষমা কৰাৰ কাৰণে এজন বিশ্বাসীয়ে কি কৰিব লাগে?

ঈশ্বৰে খ্ৰীষ্টত তেওঁক ক্ষমা কৰাৰ কাৰণে এজন বিশ্বাসীয়ে ক্ষমা কৰা উচিত (৪:৩২)।

Ephesians 5

Ephesians 5:1-2

বিশ্বাসীসকলে কাৰ অনুকাৰী হ'ব লাগে?

বিশ্বাসীসকলে পিতৃ ঈশ্বৰৰ সন্তান হিচাপে তেওঁৰ অনুকাৰী হ'ব লাগে (৫:১)।

খ্ৰীষ্টই কি কৰিলে যে তেওঁ ঈশ্বৰৰ প্ৰতি এক সুগন্ধৰ আঘ্ৰাণ স্বৰূপ?

খ্ৰীষ্টই বিশ্বাসীসকলৰ বাবে ঈশ্বৰৰ প্ৰতি বলিদান স্বৰূপে নিজকে উৎসৰ্গ কৰিলে (৫:২)।

Ephesians 5:3-4

বিশ্বাসীসকলৰ মাজত কি কৰিবলৈ দিয়া উচিত নহয়?

বিশ্বাসীসকলৰ মাজত অনৈতিক যৌনতা, অশুচিতা, আৰু লোভ-লম্পটতা আচৰণ কৰিবলৈ দিয়াটো উচিত নহয় (৫:৩)।

বিশ্বাসীকলৰ মাজত তাৰ পৰিৱৰ্ত্তে কেনে দৃষ্টিভঙ্গী হোৱা উচিত?

বিশ্বাসীসকলৰ মাজত তাৰ পৰিৱৰ্ত্তে কৃতজ্ঞতাৰ দৃষ্টিভঙ্গী হোৱা উচিত (৫:৪)

Ephesians 5:5-7

ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ ৰাজ্যত কাৰ কাৰ অধিকাৰ নাই?

ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ ৰাজ্যত ব্যভিচাৰীবিলাকৰ, অশুচিবিলাকৰ, আৰু লোভীয়াবিলাকৰ কোনো অধিকাৰ নাই (৫:৫)

অবাধ্যতাৰ সন্তানবিলাকৰ ওপৰলৈ কি কি আহে ?

অবাধ্যতাৰ সন্তানবিলাকৰ ওপৰলৈ ঈশ্বৰৰ ক্ৰোধ আহি আছে (৫:৬)।

Ephesians 5:8-12

পোহৰৰ কি কি ফলবিলাকে প্ৰভুক সন্তোষ দিয়ে?

উত্তমতাৰ ফলবিলাকে, ধাৰ্মিকতা, আৰু সত্যতাই প্ৰভুক সন্তোষ দিয়ে (৫:৯)।

অন্ধকাৰৰ কামবিলাকৰ লগত বিশ্বাসীসকলে কি কৰিব লাগে?

বিশ্বাসীসকলে তাত অংশীদাৰ হ'ব নালাগে, তাৰ পৰিৱৰ্ত্তে সেই কামবিলাকক প্ৰকাশ কৰিব লাগে (৫:১১)।

Ephesians 5:13-14

পোহৰৰ দ্বাৰা কি প্ৰকাশিত হয়?

পোহৰৰ দ্বাৰা সকলোবোৰ প্ৰকাশিত হয় (৫:১৩)।

Ephesians 5:15-17

যিহেতু এই কাল মন্দ, বিশ্বাসীসকলে কি কৰা উচিত ?

যিহেতু এই কাল মন্দ, বিশ্বাসীসকলে সু-সময়ক মুক্ত কৰা উচিত (৫:১৬)।

Ephesians 5:18-21

কিহে ধ্বংসলৈ ধ্বংসলৈ লৈ যায়?

দ্ৰাক্ষাৰসেৰে মতলীয়া হ'লে ই ধ্বংসলৈ লৈ যায় (৫:১৮)।

বিশ্বাসীসকলে পৰস্পৰে কি কথা-বতৰা হোৱা উচিত?

বিশ্বাসীসকলে পৰস্পৰে স্তুতিগীত, ভক্তিগীত আৰু আত্মিক গানেৰে পৰস্পৰে আলাপ কৰা উচিত (৫:১৯)।

Ephesians 5:22-24

ভাৰ্যাসকলে কি ধৰণে তেওঁলোকৰ স্বামীৰ বশীভূত হোৱা উচিত?

ভাৰ্যাসকলে প্ৰভুৰ প্ৰতি ভয়-ভক্তি কৰাৰ দৰে তেওঁলোকৰ স্বামীৰ প্ৰতি বশীভূত হোৱা উচিত (৫:২২)।

স্বামী কিহৰ মূৰস্বৰূপ আৰু খ্ৰীষ্ট কিহৰ মূৰস্বৰূপ?

স্বামী হৈছে ভাৰ্যাৰ মূৰস্বৰূপ, আৰু খ্ৰীষ্ট হৈছে মণ্ডলীৰ মূৰস্বৰূপ (৫:২৩)।

Ephesians 5:25-27

খ্ৰীষ্টই মণ্ডলীটো কেনেকৈ পবিত্ৰ কৰিলে?

খ্ৰীষ্টই মণ্ডলীটো বাক্যৰ দ্বাৰা পানীৰে ধুই পবিত্ৰ কৰিলে (৫:২৬-২৭)

Ephesians 5:28-30

স্বামীয়ে ভাৰ্যাক কেনেকৈ প্ৰেম কৰা উচিত ?

স্বামীয়ে ভাৰ্যাক নিজৰ শৰীৰৰ নিচিনাকৈ প্ৰেম কৰা উচিত (৫:২৮)।

এজন ব্যক্তিয়ে তেওঁৰ শৰীৰটো কেনেকৈ ব্যবহাৰ কৰা উচিত?

এজন ব্যক্তিয়ে নিজ শৰীৰটো পোহন পালন কৰা আৰু প্ৰেম কৰা উচিত (৫:২৯)।

Ephesians 5:31-33

এজন পুৰুষে যেতিয়া তেওঁৰ ভাৰ্যাৰ সৈতে সংযোগ হয় কি ঘটে?

এজন পুৰুষে যেতিয়া তেওঁৰ ভাৰ্যাৰ সৈতে সংযোগ হয় তেতিয়া তেওঁলোক দুয়ো এক দেহ হয় (৫:৩১)।

এজন পুৰুষে তেওঁৰ ভাৰ্যাৰ সৈতে সংযোগ হোৱাটো কি গুপুত ৰহস্য লকাই আছে?

এই গুপুত ৰহস্যটো হৈছে খ্ৰীষ্ট আৰু তেওঁৰ মণ্ডলীটোৰ কথা বুজাবলৈ এজন পুৰুষে তেওঁৰ ভাৰ্যাৰ সৈতে সংযোগ হোৱাটো দেখুওৱা হৈছে (৫:৩২)।

Ephesians 6

Ephesians 6:1-3

খ্ৰীষ্টিয়ানৰ সন্তানবিলাকে তেওঁলোকৰ পিতৃ-মাতৃক কেনে আচৰণ কৰা উচিত?

খ্ৰীষ্টিয়ানৰ সন্তানবিলাকে তেওঁলোকৰ পিতৃ-মাতৃৰ বাধ্য হোৱা আৰু তেওঁলোকৰ পিতৃ-মাতৃক আদৰ কৰা উচিত (৬:১-২)।

Ephesians 6:4

খ্ৰীষ্টিয়ান পিতৃসকলে তেওঁলোকৰ সন্তানসকলক কি কৰা উচিত?

খ্ৰীষ্টিয়ান পিতৃসকলে তেওঁলোকৰ সন্তানসকলক অনুশাসনেৰে আৰু প্ৰভুৰ প্ৰতি কৰা নিৰ্দেশনাৰে ডাঙৰ-দীঘল কৰা উচিত (৬:৪)।

Ephesians 6:5-8

কি দৃষ্টিভঙ্গীৰে খ্ৰীষ্টিয় দাস সকলে তেওঁলোকৰ মালিকসকলক মান্য কৰা উচিত?

খ্ৰীষ্টিয় দাস সকলে তেওঁলোকৰ অন্তৰৰ সৰলতাৰে, প্ৰভুত আনন্দ মনৰ দৃষ্টিভঙ্গীৰে তেওঁলোকৰ মালিকসকলক পৰিচৰ্যা কৰা উচিত (৬:৫-৭)।

এজন বিশ্বাসী সদস্যই তেওঁ নিজে কৰা কাৰ্য্যৰ কি কথাটো মনত ৰখা উচিত?

জন বিশ্বাসী সদস্যই তেওঁ নিজে কৰা কাৰ্য্যৰ কথাটো মনত ৰখা উচিত, তেওঁ প্ৰভুৰ পৰা এক পুৰস্কাৰ পাব (৬:৮)।

Ephesians 6:9

এজন খ্ৰীষ্টিয় মালিকে তেওঁৰ মালিকৰ বিষয়ে কি কথাটো মনত ৰখা উচিত ?

এজন খ্ৰীষ্টিয় মালিকে তেওঁৰ মালিকৰ বিষয়ে কথাটো মনত ৰখা উচিত যে তেওঁৰ মালিক এজন স্বৰ্গত আছে আৰু তেওঁৰ লগত কোনো পক্ষপাত নাই (৬:৯)।

Ephesians 6:10-11

এজন বিশ্বাসীয়ে ঈশ্বৰৰ সকলো অস্ত্ৰ-শস্ত্ৰ কিয় পিন্ধিব লাগে ?

দুষ্ট আত্মাৰ সকলো কু-পৰিকল্পনাৰ বিৰুদ্ধে থিয় হ'বলৈ এজন বিশ্বাসীয়ে ঈশ্বৰৰ সকলো অস্ত্ৰ-শস্ত্ৰ পিন্ধিব লাগে (৬:১১, ১৩, ১৪)।

Ephesians 6:12-13

এজন বিশ্বাসীয়ে কাৰ বিৰুদ্ধে যুঁজ কৰিব লগা হয়?

এজন বিশ্বাসীয়ে আধিপত্য আৰু আত্মিক জগতপতিৰবোৰৰ আৰু দুষ্টতাৰ অন্ধকাৰ জগতৰ শাসকৰ বিৰুদ্ধে যুঁজ কৰিব লগা হয় (৬:১২)।

Ephesians 6:14-16

ঈশ্বৰৰ অস্ত্ৰ-শস্ত্ৰৰ সকলোবোৰ অংশত কি কি ভুক্ত আছে ?

ঈশ্বৰৰ অস্ত্ৰ-শস্ত্ৰ অংশবোৰ হৈছে সত্যতাৰ টঁঙালি, ধাৰ্ম্মিকতাৰ বুকুবৰি, শুভবাৰ্ত্তা প্ৰস্তুতকর্তাৰ জোতা, বিশ্বাসৰ ঢাল, পৰিত্ৰাণৰ টকয়া, আৰু আত্মাৰ তৰোৱাল (৬:১৪-১৭)।

Ephesians 6:17-18

আত্মাৰ তৰোৱালখন কি?

আত্মাৰ তৰোৱালখন হৈছে ঈশ্বৰৰ বাক্য (৬:১৭)।

এজন বিশ্বাসীৰ প্ৰাৰ্থনাত কেনে দৃষ্টিভঙ্গী হোৱা উচিত?

A.বিশ্বাসী এজনে সকলো সময়তে, অবিৰতভাবে আৰু ঈশ্বৰৰ উত্তৰলৈ অপেক্ষা কৰি প্ৰাৰ্থনা কৰা উচিত (৬:১৮)।

Ephesians 6:19-24

পৌলে ইফিচীয়াসকলৰ প্ৰাৰ্থনাৰ যোগেদি কি হোৱাটো ইচ্ছা কৰিছে?

যেতিয়া শুভবাৰ্ত্তা কোৱা হয় তেওঁক যেন সাহসৰ বাৰ্ত্তা দিয়া হয় পৌলে সেইটো ইচ্ছা কৰিছে (৬:১৯-২০)।

এই পত্ৰখন লিখোঁতে পৌল ক'ত আছিল?

এই পত্ৰখন লিখোঁতে পৌল কাৰাগাৰত আছিল (৬:২০)।