Assamese: translationQuestions

Updated ? hours ago # views See on DCS

James

James 1

James 1:1-3

যাকোবে এই পত্ৰখন কালৈ লিখিছিল ?

যাকোবে এই পত্ৰখন গোট গোট হৈ থকা বাৰ ফৈদলৈ এই পত্ৰখন লিখিছিল (১:১)।

যেতিয়া কোনো অসুবিধাৰ অভিজ্ঞতা পালে, এই পত্ৰৰ পঢ়ুৱৈবিলাকক কি মনোভাব হোৱা উচিত বুলি যাকোবে কৈছে ?

যেতিয়া কোনো অসুবিধাৰ অভিজ্ঞতা পাই, এই সকলোবোৰ আনন্দেৰে বিবেচনা কৰিব লাগে (১:২)।

আমাৰ বিশ্বাসৰ পৰীক্ষাই আমাত কি উৎপন্ন কৰে ?

আমাৰ বিশ্বাসৰ পৰীক্ষাই আমাত সহনশীলতা আৰু পৰিপক্কতা উৎপন্ন কৰে (১:৩-৪)।

James 1:4-5

আমি বিশ্বাসত কি খোজা উচিত ?

আমি ঈশ্বৰৰ পৰা জ্ঞানৰ বাবে বিশ্বাসেৰে খোজা উচিত (১:৫-৬)।

James 1:6-8

কোনোবা এজনে সন্দেহেৰে কিবা খুজিলে কি পোৱাটো আশা কৰিব পাৰে ?

কোনোবা এজনে সন্দেহেৰে কিবা খুজিলে একো পোৱাটো আশা কৰিব নোৱাৰে (১:৬-৮)।

James 1:9-11

ধনৱন্ত ভাইবিলাকে কিয় নম্ৰ হোৱা উচিত ?

ধনৱন্ত ভাইবিলাকে নম্ৰ হোৱা উচিত কাৰণ তেওঁ ফুল মৰহি যোৱাৰ দৰে তেওঁ মৰহি যাব (১:১০-১১)।

James 1:12-13

যি বিলাকে বিশ্বাসৰ পৰীক্ষা সহন কৰে তেওঁলোকে কি পাব ?

যি বিলাকে বিশ্বাসৰ পৰীক্ষা সহন কৰে তেওঁলোকে জীৱনৰূপ কিৰীটি পাব (১:১২)।

James 1:14-16

এজন ব্যক্তিক চয়তানৰ দ্বাৰা পৰীক্ষিত হোৱাৰ কাৰণ কি ?

এজন মানুহৰ নিজৰ কু-অভিলাষৰ কাৰণে চয়তানৰ দ্বাৰা পৰীক্ষিত হোৱাৰ কাৰণ হয় (১:১৪)।

পাপ পূৰ্ণ হ'লে কি ফলাফল হয় ?

পাপ পূৰ্ণ হ'লে কাৰ ফলাফল হয়গৈ মৃত্যু (১:১৫)।

James 1:17-18

জ্যোতিবিলাকৰ পিতৃ জনাৰ পৰা কি নামি আহে ?

সকলো উত্তম বৰ আৰু সকলো সিদ্ধ বৰদান জ্যোতিবিলাকৰ পিতৃৰ পৰা নামি আহে (১:১৭)।

ঈশ্বৰে কিহৰ দ্বাৰা আমাক জীৱন দিবলৈ মনোনীত কৰিছিল ?

ঈশ্বৰে সত্য বাক্যৰ দ্বাৰা আমাক জীৱন দিবলৈ মনোনীত কৰিছিল (১:১৮)।

James 1:19-21

যাকোবে আমাক আমাৰ শুনাৰ, কথা কোৱাৰ আৰু আবেগ অনুভুতিৰ বিষয়ে কি কৰিবলৈ কৈছে ?

যাকোবে আমাক শুনাত খৰ হোৱা, কথা কোৱাত ধীৰ হোৱা আৰু ক্ৰোধলৈকো ধাৰ হ'বলৈ কৈছে (১:১৯)।

James 1:22-25

আমি নিজকে কেনেকৈ প্ৰবঞ্চিত কৰিব পাৰো বুলি কৈছে ?

যাকোবে কৈছে যে আমি নিজকে প্ৰবঞ্চিত কৰিব পাৰো সেইটো হৈছে বাক্য শুনি আৰু তাক পালন নকৰাৰ দ্বাৰা (১:২২)।

James 1:26-27

প্ৰকৃত ধাৰ্মিক হ'বলৈ আমি কি নিয়ন্ত্ৰণ কৰা উচিত ?

প্ৰকৃত ধাৰ্মিক হ'বলৈ আমি জিভাক নিয়ন্ত্ৰণ কৰা উচিত (১:২৬)।

ঈশ্বৰৰ আগত নিৰ্মল আৰু নিষ্কলঙ্ক প্ৰকৃত ধৰ্ম কি ?

ঈশ্বৰৰ আগত নিৰ্মল আৰু নিষ্কলঙ্ক প্ৰকৃত ধৰ্ম হৈছে পিতৃহীন বিলাকক আৰু বিধৱাবিলাকক চাবলৈ যোৱা, আৰু এই সংসাৰৰ পৰা আমি নিজকে সুৰক্ষিত কৰি ৰখা (১:২৭)।

James 2

James 2:1-4

কোনোবা এজনে কোনো সভাত উপস্থিত হ'লে ভাইবিলাকক কি নকৰিবলৈ যাকোবে কৈছে ?

যাকোবে কৈছে যে তেওঁলোকৰ বাহ্যিক আভূষণ দেখি কোনো বিশেষ মানুহক মনোযোগ দিব নালাগে (২:১-৪)।

James 2:5-7

ঈশ্বৰে দুখীয়াবিলাকক মনোনীত কৰাৰ বিষয়ে যাকোবে কি কৈছে ?

যাকোবে কৈছে যে ঈশ্বৰে দুখীয়াবিলাকক বিশ্বাসত ধনৱন্ত আৰু ঈশ্বৰৰ ৰাজ্য অধিকাৰ কৰিবলৈ মনোনীত কৰিছে (২:৫)।

ধনৱন্তবিলাকে কি কৰি আছে বুলি যাকোবে কৈছে ?

যাকোবে কৈছে ধনৱন্তবিলাকে ভাইবিলাকক অত্যাচাৰ কৰি আছে আৰু ঈশ্বৰৰ নামৰ নিন্দা কৰি আছে (২:৬-৭)।

James 2:8-9

শাস্ত্ৰৰ ৰাজকীয় ব্যৱস্থাটো কি ?

সেই ৰাজকীয় ব্যৱস্থা হৈছে, " তুমি তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা" (২:৮)।

James 2:10-11

যিকোনোৱে ঈশ্বৰীয় ব্যৱস্থাৰ এটা ভঙ্গ কৰে তেওঁ কিহৰ দোষত দোষী ?

যিকোনোৱে ঈশ্বৰীয় ব্যৱস্থাৰ এটা ভঙ্গ কৰে তেওঁ গোটেই ব্যৱস্থা ভঙ্গ কৰাৰ দোষত দোষী (২:১০)।

James 2:12-13

যিবিলাকে কোনো দয়া নকৰে তেওঁলোকলৈ কি আহিব ?

কোনো দয়া যিবিলাকে নকৰে তেওঁলোকৰ ওপৰত সোধবিচাৰ নিৰ্দয় হয় (২:১৩)।

James 2:14-17

যিবিলাকে তেওঁলোকৰ বিশ্বাস আছে বুলি কয়, কিন্তু অভাৱত থকাবিলাকক সহায় নকৰে তেওঁবিলাকৰ বিষয়ে যাকোবে কি কৈছে ?

যাকোবে কৈছে যে যিবিলাকে তেওঁলোকৰ বিশ্বাস আছে বুলি কয়, কিন্তু অভাৱত থকাবিলাকক সহায় নকৰে তেওঁবিলাকে নিজকে ৰক্ষা কৰিব নোৱাৰে (২:১৪-১৬)।

যদি কৰ্ম নাথাকে, সেই বিশ্বাস নিজে কি হয়?

যদি কৰ্ম নাথাকে, সেই বিশ্বাস নিজে মৃত হয়(২:১৭)।

James 2:18-20

আমাৰ বিশ্বাস কেনেকৈ দেখুৱাব লাগে বুলি যাকোবে কৈছে ?

আমাৰ বিশ্বাস আমাৰ কৰ্মৰ দ্বাৰা দেখুৱাব লাগে বুলি যাকোবে কৈছে (২:১৮)।

যিবিলাকে বিশ্বাস আছে বুলি কয় আৰু চয়তান এই দুয়ো কি বিশ্বাস কৰে ?

যিবিলাকে বিশ্বাস আছে বুলি কয় আৰু চয়তান এই দুয়ো ঈশ্বৰ এজন বুলি বিশ্বাস কৰে (২:১৯)।

James 2:21-24

অব্ৰাহামে তেওঁৰ কৰ্মৰ দ্বাৰা তেওঁৰ বিশ্বাস কেনেকৈ দেখুৱাইছিল ?

অব্ৰাহামে তেওঁ পুত্ৰক বেদিত উচৰ্গা কৰা কৰ্মৰ দ্বাৰাই তেওঁৰ বিশ্বাস দেখুৱাইছিল (২:২১-২২)।

অব্ৰাহামৰ বিশ্বাস আৰু কৰ্মবিলাকেৰে শাস্ত্ৰৰ কোনটো পৰিপুৰ্ণ হৈছিল?

শাস্ত্ৰৰ এইটো কথা পৰিপূৰ্ণ হৈছিল যিটো কোৱা হৈছিল, "অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰিছিল, আৰু তেওঁক সেইটোৰ দ্বাৰা ধাৰ্মিক বুলি গণ্য কৰা হৈছিল" (২:২৩)।

James 2:25-26

আত্মা বিহীন শৰীৰ কি হয় ?

আত্মা বিহীন এটা শৰীৰ মৰা (২:২৬)।

James 3

James 3:1-2

যাকোবে কিয় কৈছিল যে অনেক শিক্ষক নহ'বা ?

অনেক শিক্ষক নহ'বা কাৰণ তেওঁলোকে ভাৰী সোধ-বিচাৰ পাব (৩:১)।

কোনে উজুতি খায়, আৰু কেনে প্ৰকাৰে খায় ?

আমি সকলোৱে অনেক প্ৰকাৰে উজুতি খাওঁ (৩:২)।

কেনে ধৰণৰ ব্যক্তিয়ে গোটেই শৰীৰ দমন কৰিবলৈ সামৰ্থৱান?

এজন ব্যক্তিয়ে যি তেওঁৰ বাক্যত উজুতি নাখায় তেওঁ নিজৰ গোটেই শৰীৰ দমন কৰিবলৈ সামৰ্থৱান (৩:২)।

James 3:3-4

সৰু বস্তুৱে কেনেকৈ এক বিশাল বস্তু এটা নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ বিষয়ে যাকোবে কি দুটা উদাহৰণ দিছে ?

যাকোবে ঘোঁৰাৰ লাগাম আৰু জাহাজ হালি (গুৰি ব'ঠা)ৰ উদাহৰণ ব্যৱহাৰ কৰিছে (৩:৩-৪)।

James 3:5-6

পাপময় জিবাই গোটেই শৰীৰক কি কৰিবলৈ সমৰ্থ ?

পাপময় জিবাই গোটেই শৰীৰক কলঙ্কিত কৰিবলৈ সমৰ্থ (৩:৬)।

James 3:7-8

মানুহৰ মাজত কোনো মানুহে কি দমন কৰিবলৈ সমৰ্থ নহয়?

মানুহৰ মাজত কোনো মানুহে জিবাক দমন কৰিবলৈ সমৰ্থ নহয় (৩:৮)।

James 3:9-12

একে মুখৰ পৰা কি দুটা বস্তু ওলাই আহে ?

একে মুখৰ পৰা আশীৰ্ব্বাদ আৰু শাও এই দুটা বস্তু ওলাই আহে (৩:৯-১০)।

James 3:13-14

কোনো এজন ব্যক্তিয়ে জ্ঞান আৰু বোধগম্যতা কেনেকৈ পৰিবেশন কৰে ?

কোনো এজন ব্যক্তিয়ে নম্ৰতাৰে কৰা তেওঁৰ কৰ্ম্মৰ দ্বাৰা তেওঁ জ্ঞান আৰু বোধগম্যতা পৰিবেশন কৰে (৩:১৩)।

কেনেধৰণৰ দৃষ্টিভঙ্গীয়ে পাৰ্থিব, ইন্দ্ৰিয়াসক্ত, আৰু পৈশাচিক জ্ঞান প্ৰতিফলন কৰে ?

এজন ব্যক্তিয়ে তিতা ঈৰ্ষা, আৰু স্বাৰ্ধপৰ আকাংক্ষাৰ দৃষ্টিভঙ্গীয়ে পাৰ্থিব, ইন্দ্ৰিয়াসক্ত, আৰু পৈশাচিক জ্ঞান প্ৰতিফলন কৰে (৩:১৪-১৬)।

James 3:15-18

এক জ্ঞান যে স্বৰ্গীয় তাক কি দৃষ্টিভঙ্গীয়ে প্ৰতিফলন কৰে ?

এজন ব্যক্তি যি শান্তিযুক্ত, কোমল-স্বভাবী, ক্ষান্ত-স্বাভাবী, দয়া আৰু উত্তম ফলেৰে পৰিপূৰ্ণ, নিৰপেক্ষ, আৰু অকপট এনে জ্ঞান স্বৰ্গীয় (৩:১৭)।

James 4

James 4:1-3

বিশ্বাসীবিলাকৰ মাজত হাঁই-কাজিয়া আৰু মতবিৰোধৰ উৎস কি বুলি যাকোবে কৈছে ?

তেওঁলোকৰ মাজত ইয়াৰ উৎস হৈছে কু-অভিলাষ (৪:১)।

বিশ্বাসীবিলাকে ঈশ্বৰলৈ কৰা তেওঁলোকৰ অনুৰোধ কিয় নাপায় ?

A.তেওঁলোকে তাক নাপায় কাৰণ তেওঁলোকে তেওঁলোকৰ কু-অভিলাষত ব্যৱহাৰ কৰিবলৈ বেয়া বস্তু বিচাৰে (৪:৩)।

James 4:4-5

যদি এজন মানুহে এই জগতৰ মিত্ৰ হ'বলৈ থিৰাং কৰে, ঈশ্বৰে সৈতে তেওঁৰ সম্বন্ধ কি হৈ পৰে ?

যদি এজন মানুহে এই জগতৰ মিত্ৰ হ'বলৈ থিৰাং কৰে, ঈশ্বৰে সৈতে তেওঁ নিজকে শতৰু কৰি লয় (৪:৪)।

James 4:6-7

ঈশ্বৰে কাক প্ৰতিৰোধ কৰে আৰু কাক তেওঁ অনুগ্ৰহ দিয়ে?

ঈশ্বৰে অহঙ্কাৰীবিলাকক প্ৰতিৰোধ কৰে আৰু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দিয়ে (৪:৬)।

এজন বিশ্বাসীয়ে যেতিয়া নিজকে ঈশ্বৰৰ হাতত সমৰ্পণ কৰে আৰু চয়তানক প্ৰতিৰোধ কৰে চয়তানে কি কৰে ?

চয়তান পলাই যায় (৪:৭)।

James 4:8-10

যিবিলাকে ঈশ্বৰৰ ওচৰলৈ চাপি যায় তেওঁলৈ কি কৰিব ?

যিবিলাকে ঈশ্বৰৰ ওচৰলৈ চাপি যায় তেওঁৰ ওচৰলৈ ঈশ্বৰেও চাপি যায় (৪:৮)।

James 4:11-12

যাকোবে বিশ্বাসীবিলাকক কি নকৰিবলৈ কৈছে ?

যাকোবে বিশ্বাসীবিলাকক পৰস্পৰে বিৰুদ্ধ কথা নক'বলৈ কৈছে (৪:১১)।

James 4:13-14

ভবিষ্যতে কি ঘটিব সেই বিষয়ে কি কৰিবলৈ যাকোবে বিশ্বাসীবিলাকক কৈছে?

যাকোবে বিশ্বাসীবিলাকক কৈছে যে যদি প্ৰভুৱে অনুমতি দিয়ে, আমি জীয়াই থাকিম আৰু এইটো বা সেইটোকে কৰিম (৪:১৩-১৫)।

James 4:15-17

যিবিলাকে তেওঁলোকৰ পৰিকল্পনালৈ গৰ্ব কৰে সেইবিষয়ে যাকোবে কি কৈছে ?

যাকোবে কৈছে যে যিবিলাকে তেওঁলোকৰ পৰিকল্পনালৈ গৰ্ব কৰে তেওঁলোকে বেয়া কৰে (৪:১৬)।

কোনোৱে যদি সৎকৰ্ম জানে কিন্তু তাক নকৰে কি হয় ?

কোনোৱে যদি সৎকৰ্ম জানে কিন্তু তাক নকৰে তেওঁৰ পাপ হয় (৪:১৭)।

James 5

James 5:1-3

এই এই ধনৱন্তসকল, যাৰ বিষয়ে যাকোবে কৈছে, শেষ কালত কি কৰিছিল যিটোৱে তেওঁলোকৰ বিপক্ষে সাক্ষ্য দিব ?

এই ধনৱন্তসকলে তেওঁলোকৰ ধন-সোণ গোপনে জমা কৰি ৰাখিছিল (৫:৩)।

James 5:4-6

এই ধনৱন্ত সকলে তেওঁলোকৰ কৰ্মচাৰীবিলাকক কেনে ব্যৱহাৰ কৰিছিল ?

এই ধনৱন্ত সকলে তেওঁলোকৰ কৰ্মচাৰীবিলাকক সিহঁতৰ পাৰিশ্ৰমিক দিয়া নাছিল (৫:৪) ।

এই ধনৱন্ত সকলে ধাৰ্মিকবিলাকক কেনে ব্যৱহাৰ কৰিছিল ?

এই ধনৱন্ত সকলে ধাৰ্মিকবিলাকক দোষী কৰিছিল আৰু বধ কৰিছিল (৫:৬)।

James 5:7-8

প্ৰভুৰ আগমণৰ বিষয়লৈ বিশ্বাসীবিলাকৰ দৃষ্টিভঙ্গী কেনে হোৱা উচিত বুলি যাকোবে কৈছে ?

বিশ্বাসীবিলাকে প্ৰভুৰ আগমণলৈ ধৈৰ্যৰে অপেক্ষা কৰি থকা উচিত(৫:৭-৮)।

James 5:9-11

পুৰণি নিয়মৰ ভাববাদীসকলৰ ব্যক্তিগত চৰিত্ৰৰ দ্বাৰা যাকোবে আমাক কি দেখুৱাইছে ?

পুৰণি নিয়মৰ ভাববাদীসকলে তেওঁলোকৰ দুখ-কষ্টত ধৈৰ্য্য আৰু সহনশীলতা দেখুৱাইছে (৫:১০-১১)।

James 5:12

এজন বিশ্বাসীৰ "হয়" আৰু "নহয়" ৰ ভাৰসাৰ বিষয়ে যাকোবে কি কৈছে ?

এজন বিশ্বাসীৰ "হয়" বুলি কোৱাটোৰ অৰ্থ "হয়" আৰু তেওঁৰ "নহয়" বুলি কোৱাটোৰ অৰ্থ "নহয়" হোৱা উচিত (৫:১২)।

James 5:13-15

যিবিলাক ৰোগীয়া তেওঁলোকে কি কৰা উচিত ?

ৰোগীয়াবিলাকে বৃদ্ধসকলক মাতা উচিত যাতে তেওঁলোকে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিব আৰু তেওঁৰ গাত তেল ঘঁহিব পাৰে (৫:১৪)।

James 5:16-20

সুস্থতা পাবলৈ হ'লে বিশ্বাসীবিলাকে পৰস্পৰক কি দুটা কাম কৰিবলৈ যাকোবে কৈছে ?

বিশ্বাসীবিলাকে পৰস্পৰে স্বীকাৰ কৰিব লাগে আৰু পৰস্পৰৰ বাবে প্ৰাৰ্থনা কৰিব লাগে (৫:১৬)।

প্ৰাৰ্থনাৰ বিষয়ে এলিয়াৰ উদাহৰণৰ পৰা যাকোবে আমাক কি দেখুৱাইছে ?

এলিয়াৰ উদাহৰণৰ পৰা আমাক দেখুৱাইছে যে এজন ধাৰ্মিক মানুহৰ প্ৰাৰ্থনাই মহান প্ৰভাব সাধন কৰে (৫:১৬-১৮)।