Assamese: translationQuestions

Updated ? hours ago # views See on DCS

Galatians

Galatians 1

Galatians 1:1-2

পৌলে কেনেকৈ এজন পাঁচনি হ'ল?

যীচু খ্ৰীষ্টৰ আৰু পিতৃ ঈশ্বৰৰ যোগেদি পৌল এজন পাঁচনি হ'ল (১:১)।

Galatians 1:3-5

যীচু খ্ৰীষ্টত বিশ্বাসীসকলক কিহৰ পৰা মুক্ত কৰা হ'ল?

বৰ্ত্তমানৰ এই দুষ্ট/মন্দ সংসাৰৰ পৰা বিশ্বাসী সকলক যীচু খ্ৰীষ্টত মুক্ত কৰা হ'ল (১:৪)।

Galatians 1:6-7

গালাতীয়া মণ্ডলীৰ কোনটো বিষয়ৰ বাবে পৌলে অতি আচৰিত হৈছে?

পৌলে আচৰিত হৈছে যে তেওঁলোকে অতি সোনকালে অন্যবিধ শুভবাৰ্ত্তালৈ ঘুৰি গুচি গ'ল (১:৬)।

প্ৰকৃত শুভবাৰ্ত্তা কেইটা আছে?

মাত্ৰ এটাহে প্ৰকৃত শুভবাৰ্ত্তা আছে, সেইটো হৈছে খ্ৰীষ্টৰ শুভবাৰ্ত্তা (১:৭)।

Galatians 1:8-10

যিকোনোৱে খ্ৰীষ্টৰ শুভবাৰ্ত্তা বাহিৰে অন্যবিধ শুভবাৰ্ত্তা ঘোষণা কৰে তেওঁৰ কি হ'ব বুলি পৌলে কৈছে?

পৌলে কৈছে যিকোনোৱে অন্যবিধ শুভবাৰ্ত্তা ঘোষণা কৰা তেওঁ শাপগ্ৰস্ত হওক (১:৮-৯)।

খ্ৰীষ্টৰ সেৱকসকলে প্ৰথমে কাৰ অনুমোদন বিচাৰিব লাগে?

খ্ৰীষ্টৰ সেৱকসকলে প্ৰথমে খ্ৰীষ্টৰ অনুমোদন বিচাৰিব লাগে (১:১০)।

Galatians 1:11-12

পৌলে খ্ৰীষ্টৰ শুভবাৰ্ত্তাৰ জ্ঞান কেনেকৈ পালে?

পৌলে খ্ৰীষ্টৰ শুভবাৰ্ত্তা খ্ৰীষ্টৰ পৰা পোনপতীয়াকৈ তেওঁলৈ প্ৰকাশ হোৱাৰ দ্বাৰা পালে (১:১২)।

Galatians 1:13-14

পৌলে তেওঁলৈ খ্ৰীষ্টৰ শুভবাৰ্ত্তা প্ৰকাশ হোৱাৰ আগতে তেওঁৰ জীৱনত তেওঁ কি কৰিছিল?

পৌলে যিহুদী ধৰ্ম অতি উৎসাহেৰে পালন কৰিছিল, ঈশ্বৰৰ মণ্ডলীৰ তাড়নাকাৰী আছিল (১:১৩-১৪)।

Galatians 1:15-17

পৌলক ঈশ্বৰৰ পাঁচনি হ'বলৈ কেতিয়া বাচনি কৰা হ'ল?

ঈশ্বৰে পৌলক তেওঁৰ মাতৃ গৰ্ভৰে পৰা তেওঁৰ পাঁচনি হ'বলৈ বাচি লৈছিল (১:১৫)।

ঈশ্বৰে পৌলক কি উদ্দেশ্যত তেওঁৰ পাঁচনি হ'বলৈ মনোনীত কৰিছিল?

ঈশ্বৰে পৌলক তেওঁৰ পাঁচনি হ'বলৈ মনোনীত কৰিছিল যাতে তেওঁ পৰজাতিসকলৰ মাজত খ্ৰীষ্টক ঘোষণা কৰে (১:১৬)।

Galatians 1:18-20

অৱশেষত পৌলে আন পাঁচনিসকলক ক'ত লগ পালে?

অৱশেষত পৌল যিৰূচালেমলৈ গৈছিল আৰু কৈফা আৰু যাকোব আন পাঁচনিসকলক লগ পালে (১:১৯)।

Galatians 1:21-24

যিহুদীয়াৰ মণ্ডলীবিলাকে পৌলৰ বিষয়ে কি কি শুনিছিল?

যিহুদীয়া মণ্ডলীবিলাকে পৌলৰ বিষয়ে এই কথা শুনিছিল যে, যিজনে আগতে মণ্ডলী তাড়না কৰিছিল, এতিয়া তেওঁ বিশ্বাসৰ কথা ঘোষণা কৰি আছে (১:২২-২৩)।

Galatians 2

Galatians 2:1-2

চৈধ্য বছৰৰ মূৰত পৌল যেতিয়া যিৰূচালেমলৈ গৈছিল তেতিয়া তেওঁ কি কৰিছিল?

পৌলে ব্যক্তিগতভাবে মণ্ডলীৰ নেতাসকলক লগ ধৰিছিল, তেওঁ ঘোষণা কৰা শুভবাৰ্ত্তাৰ বিষয়ে তেওঁলোকক বুজাই দিছিল (২:১)।

Galatians 2:3-5

তীত এজন পৰাজাতি হিচাপে, তেওঁ কি কৰিব নালাগে?

তীতক চুন্নত কৰোৱাবৰ প্ৰয়োজন নাছিল (২:৩)।

এই ভুৱা ভাইসকলে কি কৰিব বিচাৰিছিল?

এই ভুৱা ভাইসকলে পৌল আৰু তেওঁৰ সঙ্গীসকলক বিধানৰ অধীন কৰোৱাব বিচাৰিছিল (২:৪)।

Galatians 2:6-8

যিৰূচালেম মণ্ডলীৰ নেতাসকলে পৌলৰ বাৰ্ত্তাৰ কিবা সলনি কৰিছিল নে?

নাই, তেওঁলোকোলে পৌলৰ বাৰ্ত্তাত কোনো অৰিহণা দিয়া নাছিল (২:৬)।

প্ৰাথমিকভাবে পৌলক শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ কাৰ ওচৰলৈ পঠিওৱা হৈছিল?

প্ৰাথমিকভাবে পৌলক শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ অচুন্নত বিলাকৰ ওচৰলৈ পঠিওৱা হৈছিল (২:৭-৮)।

প্ৰাথমিকভাবে পিতৰক শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ কাৰ ওচৰলৈ পঠিওৱা হৈছিল?

প্ৰাথমিকভাবে পিতৰক শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ চুন্নত হোৱা সকলৰ ওচৰলৈ পঠিওৱা হৈছিল (২:৭-৮)।

Galatians 2:9-10

যিৰূচালেমৰ নেতাসকলে পৌলৰ পৰিচৰ্য্যাক কেনেকৈ তেওঁলোকৰ অনুমোদন দেখুৱালে?

যিৰূচালেমৰ নেতাসকলে পৌল আৰু বাৰ্নাবাক তেওঁলোকৰ সহভাগিতাৰ সোঁহাত দি তেওঁলোকৰ অনুমোদন দেখুৱালে (২:৯)।

Galatians 2:11-12

পিতৰে যেতিয়া আন্টিয়খলৈ আহিছিল তেওঁ কি ভুল কৰিছিল ?

পিতৰে পৰজাতিসকলৰ লগত খাবলৈ বন্ধ কৰিছিল কাৰণ তেওঁ চুন্নত হোৱা লোকসকলক ভয় কৰিছিল (২:১১-১২)।

Galatians 2:13-14

সকলোৰে সন্মুখত পৌলে কৈফাক কি সুধিছিল?

পৌলে কৈফাক সুধিছিল যে তেওঁ পৰজাতিসকলক কেনেকৈ যিহুদীৰ নিচিনাকৈ থাকিব দিছে য'ত তেওঁ নিজে পৰজাতিৰ নিচিনাকৈ বাস কৰিছে (২:১৪)।

Galatians 2:15-16

পৌলে কৈছিল কোনো এজনো কিহেৰে ধাৰ্মিক বুলি গণ্য নহয়?

পৌলে কৈছিল যে কোনো এজনো বিধানৰ কৰ্মৰে ধাৰ্মিক বুলি গণিত নহয় (২:১৬)।

ঈশ্বৰৰ আগত এজন ব্যক্তি কেনেকৈ ধাৰ্মিক বুলি গণ্য হয়?

খ্ৰীষ্ট যীচুত বিশ্বাস কৰাৰ দ্বাৰাই এজন ব্যক্তি ধাৰ্মিক বুলি গণ্য হয় (২:১৬)।

Galatians 2:17-19

খ্ৰীষ্টত বিশ্বাস কৰাৰ পাছত কোনোৱে যদি বিধানৰ কৰ্মলৈ যায়, তেওঁ আচলতে কি হ'ব বুলি পৌলে কৈছে?

পৌলে কৈছে আচলতে তেওঁ নিজকে এজন বিধান উলঙ্ঘনকাৰী বুলি দেখুৱায় (২:১৮)।

Galatians 2:20-21

পৌলে তেওঁত এতিয়া কোনে নিবাস কৰে বুলি কৈছে?

পৌলে কৈছিল খ্ৰীষ্টই এতিয়া তেওঁত নিবাস কৰে (২:২০)।

ঈশ্বৰৰ পুত্ৰই তেওঁৰ বাবে কি কৰিলে বুলি পৌলে কৈছে?

পৌলে কৈছে ঈশ্বৰৰ পুত্ৰই তেওঁক প্ৰেম কৰিছিল আৰু নিজকে তেওঁ পৌলৰ বাবে দান দিছিল (২:২০)।

Galatians 3

Galatians 3:6-9

ঈশ্বৰৰ আগত অব্ৰাহামক কেনেকৈ ধাৰ্মিক বুলি বিবেচনা কৰা হ'ল?

অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰিছিল আৰু সেইটোৱেই তেওঁক ধাৰ্মিক বুলি গণ্য কৰা হ'ল (৩:৬)।

অব্ৰাহাম সন্তান কোনবোৰ?

যিবিলাকে ঈশ্বৰত বিশ্বাস কৰে সেইবিলাকেই অব্ৰাহামৰ সন্তান (৩:৭)

পৰজাতিসকলক ধাৰ্মিক বুলি গণ্য হ'বলৈ শাস্ত্ৰই কি উপায়েৰে আগেয়ে দেখিছিল?

বিশ্বাসৰ দ্বাৰা পৰজাতিসকল ধাৰ্মিক বুলি গণ্য হ'বলৈ শাস্ত্ৰই আগেয়ে দেখিছিল (৩:৮)।

Galatians 3:10-12

যি সকলে বিধান কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি ধাৰ্মিক বুলি গণ্য হ'বলৈ তেওঁলোক কিহৰ অধীন?

যি সকলে বিধান কৰ্মৰ ওপৰত ভাৰসা কৰি ধাৰ্মিক বুলি গণ্য হ'বলৈ তেওঁলোক শাওৰ অধীন (৩:১০)।

বিধানৰ কৰ্ম্মৰ দ্বাৰা কেইজন মানুহক ঈশ্বৰে ধাৰ্মিক বুলি গণ্য কৰিলে?

বিধানৰ কৰ্মৰ দ্বাৰা কোনো এজন মানুহকো ঈশ্বৰে ধাৰ্মিক বুলি গণ্য কৰা নাই (৩:১১)।

Galatians 3:13-14

খ্ৰীষ্টে আমাৰ বাবে শাপগ্ৰস্ত হৈ কিয় আমাক মুক্ত কৰিলে?

খ্ৰীষ্টে আমাৰ বাবে শাপগ্ৰস্ত হৈ আমাক মুক্ত কৰিলে যাতে অব্ৰাহামক দিয়া আশীৰ্ব্বাদ পৰজাতিসকলৰ ওপৰত পৰে (৩:১৪)।

Galatians 3:15-16

অব্ৰাহামক কোৱা প্ৰতিজ্ঞাৰ "বংশধৰ" কোন আছিল ?

অব্ৰাহামক কোৱা প্ৰতিজ্ঞাৰ "বংশধৰ" আছিল খ্ৰীষ্ট (৩:১৬)।

Galatians 3:17-18

অব্ৰাহামৰ পৰা ৪৩০ বছৰৰ পাছত অহা বিধানে অব্ৰাহামলৈ ঈশ্বৰে কৰা প্ৰতিজ্ঞা বিফল কৰিছিল নেকি?

নহয়, বিধানে অব্ৰাহামলৈ ঈশ্বৰে কৰা প্ৰতিজ্ঞা বিফল কৰা নাছিল (৩:১৭)।

Galatians 3:19-20

তেন্তে বিধান কিয় দিয়া হ'ল?

অব্ৰাহামৰ বংশধৰসকল অহালৈকে আজ্ঞা উলঙ্ঘনৰ কাৰণেহে বিধান দিয়া হ'ল (৩:১৯)।

Galatians 3:21-22

শাস্ত্ৰত দিয়া বিধানে সকলোকে কিহৰ অধীন কৰি পেলাই?

শাস্ত্ৰত দিয়া বিধানে সকলোকে পাপৰ অধীন কৰি পেলাই (৩:২২)।

Galatians 3:23-26

পাপৰ অধীনৰ পৰা আমি কেনেকৈ মুকলি হ'লো ?

পাপৰ অধীনৰ পৰা আমি খ্ৰীষ্ট যীচুত বিশ্বাস কৰাৰ দ্বাৰাই মুকলি হ'লো (৩:২৩-২৬)।

Galatians 3:27-29

কোনে কোনে খ্ৰীষ্টক পিন্ধিলে?

যিসকলে খ্ৰীষ্টলৈ বাপ্তাইজিত হ'ল তেওঁলোক সকলোৱেই খ্ৰীষ্টক পিন্ধিলে (৩:২৭)।

কোনবোৰ বেলেগ বেলেগ ব্যক্তিক খ্ৰীষ্ট যীচুত এক কৰা হ'ল?

যিহুদী, গ্ৰীক, দাস, স্বাধীন, পুৰুষ আৰু মহিলা সকলোকে খ্ৰীষ্ট যীচুত এক কৰা হ'ল (৩:২৮)।

Galatians 4

Galatians 4:1-2

উত্তৰাধিকাৰী শিশু হৈ থাকে মানে তেওঁৰ উত্তৰাধিকাৰ কেনে হৈ থাকে?

সেই উত্তৰাধিকাৰ পিতৃয়ে ঠিক নকৰা সময়লৈকে ঘৰগিৰী আৰু ৰখীয়া শিক্ষক বিলাকৰ অধীনত থাকে (৪:১-২)।

Galatians 4:3-5

ইতিহাসৰ সঠিক সময় হোৱাত ঈশ্বৰে কি কৰিছিল?

সঠিক সময় হোৱাত, ঈশ্বৰে বিধানৰ অধীনে থকা বিলাকক মুক্ত কৰিবলৈ তেওঁৰ পুত্ৰক পঠাই দিলে (৪:৪-৫)।

বিধানৰ অধীনে থকা সন্তানসকলক কেনেকৈ ঈশ্বৰে তেওঁৰ পৰিয়াললৈ আনিলে ?

যিসকলে বিধানৰ অধীনে আছিল সেইসকলক ঈশ্বৰে তোলনীয়া পুত্ৰ কৰিলে (৪:৫)।

Galatians 4:6-7

ঈশ্বৰে তেওঁৰ সন্তানবিলাকৰ অন্তৰলৈ কি পঠিয়াই দিয়ে?

ঈশ্বৰে তেওঁৰ সন্তানবিলাকৰ অন্তৰলৈ তেওঁৰ পুত্ৰৰ আত্মা পঠিয়াই দিয়ে ( ৪:৬)।

Galatians 4:8-9

ঈশ্বৰক আমি জনাৰ আগতে, আমি কাৰ দাস আছিলোঁ ?

ঈশ্বৰক আমি জনাৰ আগতে, আমি এই জগতক শাসন কৰা আত্মা বিলাক, যিবিলাক মুঠেই ঈশ্বৰ নহয় সেইবোৰৰ দাস আছিলোঁ (৪:৩, ৮)।

গালাতীয়াসকলে কিহলৈ ঘুৰি যোৱাত পৌল বিমোৰত পৰিছিল?

গালাতীয়াসকলে আকৌ এই জগতৰ অধিপতি আত্মাবিলাকলৈ ঘুৰি যোৱাত পৌল বিমোৰত পৰিছিল (৪:৯)।

Galatians 4:10-11

গালাতীয়াসকলে ঘুৰি যোৱাটো দেখাৰ পাছত পৌলে কি ভয় কৰিছিল?

পৌলে ভয় কৰিছিল যে গালাতীয়াসকলে আকৌ দাস হৈ পৰিব, আৰু তেওঁলোকৰ বাবে তেওঁ কৰা পৰিশ্ৰম অথলে যাব (৪:৯, ১১)।

Galatians 4:12-16

পৌলে যেতিয়া গালাতীয়ালৈ আহিছিল, তেওঁৰ কি সমস্যা আছিল?

পৌলে যেতিয়া গালাতীয়ালৈ আহিছিল, তেওঁৰ শৰীৰৰ দুৰ্বলতাৰ সমস্যা আছিল (৪:১৩)।

পৌলৰ সমস্যা থকাৰ বিপৰীতে, গালাতীয়াসকলে তেওঁক কেনেকৈ গ্ৰহণ কৰিছিল?

পৌলৰ সমস্যা থকাৰ বিপৰীতে, গালাতীয়াসকলে তেওঁক এজন স্বৰ্গদূতৰ দৰে, খ্ৰীষ্ট যীচুৰ দৰে তেওঁক গ্ৰহণ কৰিছিল (৪:১৪)।

Galatians 4:17-20

গালাতীয়াত থকা ভুৱা শিক্ষকবিলাক কোন যিয়ে বিচ্ছেদ কৰাবলৈ চেষ্টা কৰিছিল?

গালাতীয়া সকলক পৌলৰ পৰা বিচ্ছেদ কৰাবলৈ ভুৱা শিক্ষক বিলাকে চেষ্টা কৰিছিল (৪:১৭)।

Galatians 4:21-25

ভুৱা শিক্ষকবিলাকে গালাতীয়াসকলক কিহলৈ লৈ যাবলৈ চেষ্টা কৰিছিল?

ভুৱা শিক্ষকবিলাকে গালাতীয়াসকলক বিধানৰ অধীনলৈ লৈ যাবলৈ চেষ্টা কৰিছিল (৪:২১)।

কোন দুই ধৰণৰ স্ত্ৰীৰ পৰা অব্ৰাহামে দুই পুত্ৰ পাইছিল?

অব্ৰাহামৰ দুই পুত্ৰ আছিল, এটা বান্দী স্ত্ৰীৰ পৰা আৰু আনটো মুক্ত স্ত্ৰী গৰাকীৰ পৰা (৪:২২)।

Galatians 4:26-27

পৌলৰ আৰু বিশ্বাস কৰা গালাতীয়াসকলৰ সাংকেতিক মাতৃ গৰাকী কোন?

পৌলৰ আৰু বিশ্বাস কৰা গালাতীয়াসকলৰ সাংকেতিক মাতৃ গৰাকী হৈছে ওপৰত থকা যিৰূচালেম, সেই স্বাধীন মহিলা গৰাকী (৪:২৬)।

Galatians 4:28-29

খ্ৰীষ্টৰ বিশ্বাসীসকল মাংসিক সন্তান নে নাইবা প্ৰতিজ্ঞাৰ সন্তান?

খ্ৰীষ্টৰ বিশ্বাসীসকল প্ৰতিজ্ঞাৰ সন্তান (৪:২৮)।

এই প্ৰতিজ্ঞাৰ সন্তানসকলক কোনে তাড়না কৰে?

মাংসৰ সন্তানবিলাকে সন্তান প্ৰতিজ্ঞাৰ সন্তানসকলক তাড়না কৰে (৪:২৯)।

Galatians 4:30-31

বান্দী মহিলাৰ সন্তানসকলে কি অধিকাৰ কৰিব?

বান্দী মহিলাৰ সন্তানসকলে স্বাধীনা মহিলা গৰাকীৰ সন্তানসকলৰ সৈতে অধিকাৰ নাপাব (৪:৩০)।

খ্ৰীষ্টৰ বিশ্বাসীসকল বান্দী গৰাকীৰ সন্তান নে স্বাধীনা মহিলা গৰাকীৰ সন্তান ?

খ্ৰীষ্টৰ বিশ্বাসীসকল স্বাধীনা মহিলা গৰাকীৰ সন্তান (৪:৩১)।

Galatians 5

Galatians 5:1-2

কি উদ্দেশ্যৰ বাবে খ্ৰীষ্টে আমাক মুক্ত কৰিলে?

স্বাধীনতাৰ বাবেই খ্ৰীষ্টে আমাক স্বাধীন কৰিলে (৫:১)।

যদি গালাতীয়াসকলে চুন্নত হয়, তেওঁলোকৰ প্ৰতি কি হ'ব বুলি পৌলে সাৱধান কৰি দিছে ?

পৌলে কৈছে যে যদি তেওঁলোকে চুন্নত হয়, খ্ৰীষ্ট তেওঁলোকৰ বাবে কোনো প্ৰকাৰে উপকাৰী নহ'ব (৫:২)।

Galatians 5:3-4

পৌলে সকলো গালাতীয়াক কি সাৱধান কৰি দিছে যে যিসকলে বিধানৰ দ্বাৰাই ধাৰ্মিক হ'বলৈ তেওঁলোকলৈ কি ঘটিব?

পৌলে সকলো গালাতীয়াক এইটো সাৱধান কৰি দিছে যে যিসকলে বিধানৰ দ্বাৰাই ধাৰ্মিক হ'বলৈ তেওঁলোক খ্ৰীষ্টৰ পৰা আঁতৰি গ'ল, আৰু অনুগ্ৰহৰ পৰা খহি পৰিল (৫:৪)।

Galatians 5:5-8

চুন্নতেই হওক বা অচুন্নতেই হওক, খ্ৰীষ্ট যীচুত একমাত্ৰ সাৰ কথা কি?

খ্ৰীষ্ট যীচুত, একমাত্ৰ প্ৰেমৰ দ্বাৰা সকলো সম্পন্ন হয় (৫:৬)।

Galatians 5:9-10

গালাতীয়া সকলক শুভবাৰ্ত্তাৰ বিষয়ে খেলি-মেলি কৰাত পৌলে কোনটো বিষয়ত নিশ্চিত আছিল?

যিজনে গালাতীয়া সকলক শুভবাৰ্ত্তাৰ বিষয়ে খেলে-মেলি কৰিছে তেওঁ যে ঈশ্বৰৰ সোধ-বিচাৰ বহন কৰিব এইটোত পৌল নিশ্চিত আছিল (৫:১০)।

Galatians 5:11-12

চুন্নতে কি বিঘিনি জন্মায় বুলি পৌলে কৈছে?

পৌলে কৈছে যে চুন্নতে ক্ৰচলৈ উজুতি খোৱা মূঢ়া হয় (৫:১১)।

Galatians 5:13-15

বিশ্বাসীসকলে খ্ৰীষ্টত তেওঁলোকৰ স্বাধীনতা কেনেদৰে ব্যৱহাৰ কৰিব লাগে ?

বিশ্বাসীসকলে খ্ৰীষ্টত তেওঁলোকৰ স্বাধীনতা পৰস্পৰক প্ৰেমেৰে পৰিচৰ্যা কৰাত ব্যৱহাৰ কৰিব লাগে (৫:১৩)।

এই গোটেই বিধান কোনটো আজ্ঞাত পৰিপুৰ্ণ হৈছে?

এই গোটেই বিধান এইটো আজ্ঞাত পৰিপুৰ্ণ হৈছে, " তুমি তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা" (৫:১৪)।

Galatians 5:16-18

বিশ্বাসীসকলে মাংসৰ অভিলাষ কেনেকৈ পুৰ্ণ নকৰাকৈ থাকিব পাৰিব ?

বিশ্বাসীসকলে আত্মাৰে পৰিচালিত হ'ব লাগে আৰু মাংসৰ অভিলাষ পুৰ্ণ কৰিব নালাগে (৫:১৬)।

বিশ্বাসীসকলৰ মাজত কি দুটা বিষয় পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী ?

আত্মা আৰু মাংস এই দুটা বিশ্বাসীসকলৰ মাজত পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী (৫:১৭)।

Galatians 5:19-21

মাংসিক কাৰ্য্যৰ তিনিটা উদাহৰণ কি কি?

মাংসিক কাৰ্য্যৰ তিনিটা উদাহৰণ তলত দিয়া বিলাকৰ যিকোনো তিনিটা: ব্যভিচাৰ, অশুচি কাৰ্য্য, লম্পট আচৰণ, দেৱপূজা, মায়াকৰ্ম, শত্ৰূতা, বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, বিভেদ, নানা মত, অসুয়া, মত্ততা, আৰু ৰঙ্গৰস (৫:১৯-২১)।

মাংসৰ কাৰ্য্যবোৰত যিয়ে মগ্ন হয় তেওঁ কি নাপাব?

যিসকলে এই মাংসৰ কাৰ্য্যবোৰত মগ্ন হয় তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব (৫:২১)।

Galatians 5:22-26

আত্মাৰ ফলবোৰ কি কি?

আত্মাৰ ফলবোৰ হৈছে প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদুভাব, আৰু ইন্দ্ৰিয়-দমন (৫: ২২-২৩)।

যিসকল খ্ৰীষ্টৰ তেওঁলোকে মাংস আৰু ইয়াৰ অভিলাষক কি কৰিলে?

যিসকল খ্ৰীষ্টৰ তেওঁলোকে মাংস আৰু ইয়াৰ অভিলাষক ক্ৰচ-বিদ্ধ কৰিলে (৫:২৪)।

Galatians 6

Galatians 6:1-2

যদি কোনো মানুহ কোনো অপৰাধত ধৰা পৰে যিসকল আত্মিক তেওঁলোকে কি কৰিব লাগে?

যদি কোনো মানুহ কোনো অপৰাধত ধৰা পৰে যিসকল আত্মিক তেওঁলোকে তেওঁক মৃদুশীল আত্মাৰে পুনৰ সুস্থ কৰিব লাগে (৬:১)।

যিসকল আত্মিক তেওঁলোকে নিজকে কি কৰিব লাগে?

যিসকল আত্মিক তেওঁলোকে নিজে যেন পৰীক্ষাত নপৰে তাৰ বাবে সাৱধান হ'ব লাগে (৬:১)।

বিশ্বাসীসকলে খ্ৰীষ্টৰ বিধান কেনেকৈ পূৰ্ণ কৰিব লাগে?

পৰস্পৰৰ বোজা বহন কৰি বিশ্বাসীসকলে খ্ৰীষ্টৰ বিধান পূৰ্ণ কৰিব লাগে (৬:২)।

Galatians 6:3-5

এজন ব্যক্তিয়ে তেওঁৰ কৰ্মৰ বাবে কেনেকৈ নিজকে গৰ্ব কৰিব পাৰে?

আন কোনোৰ লগত তুলনা নকৰাকৈয়ে, নিজৰ কৰ্মৰ পৰীক্ষা কৰি এজন ব্যক্তিয়ে তেওঁৰ কৰ্মৰ বাবে নিজকে গৰ্ব কৰিব পাৰে (৬:৪)।

Galatians 6:6-8

যিজনে বাক্য শিকে তেওঁ তেওঁৰ শিক্ষকৰ প্ৰতি কি কৰা উচিত?

যিজনে বাক্য শিকে তেওঁ তেওঁৰ শিক্ষকক সকলো উত্তম বস্তুৰ ভাগ দিয়া উচিত (৬:৬)।

কোনো এজন মানুহে আত্মিকভাবে ৰুলে তেওঁৰ কি হয় ?

এজন মানুহে আত্মিকভাবে যি ৰুৱে তেওঁ তাকে চপাব (৬:৭)।

কোনো এজন মানুহে যদি মাংসিক শস্য বয় তেওঁৰ কি হয়?

কোনো এজন মানুহে যদি মাংসিক শস্য বয় তেওঁ তেওঁৰ মাংসৰ পৰা ক্ষয়নীয় শস্য দাব (৬:৮)।

কোনো এজন মানুহে আত্মিকভাবে ৰুৱে তেওঁ কি চপাব?

কোনো এজন মানুহে আত্মিকভাবে ৰুৱে তেওঁ আত্মাৰ অনন্তজীৱন ৰূপ শস্য চপাব (৬:৮))

Galatians 6:9-10

যদি এজন বিশ্বাসীয়ে পৰিত্যাগ নকৰি একেৰাহে সুকৰ্ম কৰি থাকে তেওঁ কি পাব?

এজন বিশ্বাসী যিয়ে একেৰাহে সুকৰ্ম কৰি থাকে তেওঁ শস্য দাবলৈ পাব (৬:৯)।

বিশ্বাসীসকলে কাৰ প্ৰতি সুকৰ্ম কৰিব লাগে ?

বিশ্বাসীসকলে বিশেষকৈ যিসকল বিশ্বাসৰ পৰিয়াল তেওঁলোকৰ প্ৰতি সুকৰ্ম কৰিব লাগে (৬:১০)।

Galatians 6:11-13

যিসকলে বিশ্বাসীসকলক চুন্নত হ'বলৈ বাধ্য কৰিছে তেওঁলোকৰ মনোভাব কি?

যিসকলে বিশ্বাসীসকলক চুন্নত হ'বলৈ বাধ্য কৰিছে তেওঁলোকৰ মনোভাব হৈছে খ্ৰীষ্টৰ ক্ৰচৰ বাবে যেন তাড়না নাপায় (৬:১২)।

Galatians 6:14-18

পৌলে তেওঁ নিজকে গৰ্বিত কি বিষয়ত কৈছে?

পৌলে কৈছিল যে তেওঁ প্ৰভু যীচুৰ ক্ৰচত গৰ্বিত (৬:১৪)।

চুন্নতেই হওক বা অচুন্নতেই হওক, কোনটো বেছি গুৰুত্ত্বপুৰ্ণ?

গুৰুত্ত্বপুৰ্ণটো হৈছে এক নতুন সৃষ্টি (৬:১৫)।

পৌলে কাৰ ওপৰত শান্তি আৰু অনুগ্ৰহ হওক বুলি ইচ্ছা কৰিছে?

এই নতুন সৃষ্টি নিয়ম অনুসাৰে চলে আৰু ঈশ্বৰৰ ইস্ৰায়েলৰ ওপৰত শান্তি আৰু অনুগ্ৰহ হওক বুলি পৌলে ইচ্ছা কৰিছে (৬:১৬)।