Assamese: translationQuestions

Updated ? hours ago # views See on DCS

2 Peter

2 Peter 1

2 Peter 1:1-2

২য় পিতৰ পত্ৰখন কোনে লিখিছিল ?

A.যীচু খ্ৰীষ্টৰ এজন দাস আৰু পাঁচনি চিমোন পিতৰে এই পত্ৰ লিখিছিল (১:১)।

পিতৰে কালৈ লিখিছিল ?

যিবিলাকে সেই একে অমুল্য বিশ্বাস গ্ৰহণ কৰিছিল তেওঁলোকলৈ পিতৰে লিখিছিল (১:১)।

2 Peter 1:3-4

জীৱনৰ বাবে এই সৰগীয় পৰাক্ৰমৰ সকলো বস্তু আৰু ভক্তি পিতৰক আৰু বিশ্বাস গ্ৰহণ কৰোঁতাসকলক কেনেকৈ দিয়া হ'ল ?

সেই সকলোবোৰ ঈশ্বৰৰ জ্ঞানৰ যোগেদি তেওঁলোকক দিয়া হ'ল (১:৩)।

ঈশ্বৰে পিতৰক আৰু এই বিশ্বাসৰ সকলো গ্ৰহীতাক জীৱনৰ বাবে মহান আৰু অমুল্য প্ৰতিজ্ঞাবোৰৰ সৈতে সৰগীয় পৰাক্ৰম আৰু ভক্তি কিয় দিছিল ?

A.তেওঁ সেইটো কৰিছিল যাতে তেওঁলোকে ঐশ্বৰিক স্বভাৱৰ সহভাগী হয় (১:৩-৪)।

2 Peter 1:5-9

বিশ্বাসৰ এই গ্ৰহীতাসকলক তেওঁলোকৰ বিশ্বাসৰ যোগেদি বিকল্প হিচাপে কি পাবলগীয়া আছিল ?

A.তেওঁলোকে তেওঁলোকৰ বিশ্বাসৰ যোগেদি বিকল্প হিচাপে প্ৰেম পাবলগীয়া আছিল (১:৫-৭)।

যি জন ব্যক্তিৰ বিশ্বাসৰ, বীৰত্ত্বৰ, জ্ঞানৰ, আত্ম-সংযমৰ, ধৈৰ্য্যৰ, ভক্তিৰ, ভাতৃ-প্ৰেমৰ আৰু প্ৰেমৰ অভাৱ হয় তেওঁ কি দেখে ?

A.তেওঁ ওচৰতহে দেখে; তেওঁ অন্ধ (১:৫-৯)।

2 Peter 1:10-11

যদি ভাইবিলাকে তেওঁলোকৰ নিমন্ত্ৰণ আৰু মনোনীত হোৱাক নিশ্চিত হোৱাটোত তেওঁলোকৰ প্ৰাণপণ কৰে, কি ঘটিব ?

A.তেওঁলোক উজুটি নাখাব, আৰু তেওঁলোকৰ প্ৰভু আৰু পৰিত্ৰাতা যীচু খ্ৰীষ্টৰ ৰাজ্যত সোমাবলৈ এক প্ৰবেশ পথ নিশ্চিত হ'ব (১:১০-১১)।

2 Peter 1:12-15

এই বিষয়বোৰ ভাইবিলাকক সোঁৱৰাই দিবলৈ পিতৰে কিয় উচিত বুলি ভাবিছিল ?

A.কাৰণ তেওঁলোকৰ প্ৰভু যীচু খ্ৰীষ্টই তেওঁক দেখুৱাইছিল যে তেওঁ অতি সোনকালে এই তম্বুৰ পৰা তেওঁক আঁতৰাই লৈ যাব (১:১২-১৪)।

2 Peter 1:16-18

যিবিলাকে যীচুৰ মহিমাৰ দেখা সাক্ষী আছিল তেওঁলোকে কি দেখিছিল ?

A.তেওঁ যে পিতৃৰ পৰা আদৰ আৰু মহিমা পাইছিল তাক তেওঁলোকে দেখা পাইছিল (১:১৬-১৭)।

2 Peter 1:19-21

সেই ভাববাণীৰ বাক্য যে নিশ্চয়তা যুক্ত তাক আমি কেনেকৈ নিশ্চিত হ'ম ?

কাৰণ সেই লিখিত ভাববাণী ভাববাদীৰ নিজৰ যুক্তিৰে অহা নাছিল, নাইবা কোনো ভাববাণী মানুহৰ ইচ্ছাৰেও নাছিল, কিন্তু ঈশ্বৰৰ পৰা পবিত্ৰ আত্মাৰ দ্বাৰাই কোৱা বাক্যহে এই মানুহবিলাকে কৈ গৈছিল (১:১৯-২১)।

2 Peter 2

2 Peter 2:1-3

ভুৱা শিক্ষকবিলাকে গুপুতে বিশ্বাসীবিলাকলৈ কি আনিব ?

A.ভুৱা শিক্ষকবিলাকে বিনাশৰূপ বিধৰ্ম্ম আনিব আৰু তেওঁলোকক যি জনে আনিছিল সেই প্ৰভু গৰাকীক অস্বীকাৰ কৰিব (২:১)।

এই ভুৱা শিক্ষকবিলাকৰ ওপৰত কি আহি পৰিব ?

A.এই ভুৱা শিক্ষকবিলাকলৈ আকস্মিক বিনাশ আৰু দণ্ডাজ্ঞা আহি পৰিব (২:১)

এই ভুৱা শিক্ষকবিলাকে প্ৰলোভিত বাক্যেৰে কি কৰিব ?

A.ভুৱা শিক্ষকবিলাকে ভাইবিলাকক লোভৰ বশত লাভৰ উপায় কৰিব (২:১-৩)।

2 Peter 2:4-6

ঈশ্বৰে কাক বাদ দিয়া নাছিল ?

A.ঈশ্বৰে পাপ কৰা সেই স্বৰ্গদূতবিলাকক, পুৰাতন জগতক, আৰু চদোম আৰু ঘমোৰা নগৰক এৰি দিয়া নাছিল (২:৪-৬)।

ঈশ্বৰে কাক সংৰক্ষণ কৰিছিল ?

A.ঈশ্বৰে লোট আৰু নোহৰ সৈতে আন সাতজনক ৰক্ষা কৰিছিল (২:৫-৭)।

2 Peter 2:7-9

কিছুমানক এৰি নিদি আৰু আনবিলাকক ৰক্ষা কৰাৰ দ্বাৰাই ঈশ্বৰে কি দেখুৱাইছিল?

A.ঈশ্বৰৰ কাৰ্য্যই দেখুৱাই যে ভক্তিপৰায়ণ মানুহক কেনেকৈ উদ্ধাৰ কৰিব লাগে তাক আৰু ধাৰ্ম্মিক মানুহবিলাকক কেনেকৈ জিম্মাত ৰাখিব লাগে সেইটো প্ৰভুৱে জানে (২:৯)।

2 Peter 2:10-11

ভক্তিহীন মানুহবিলাকে যে নিন্দা কৰিবলৈ ভয় নকৰে, এই প্ৰতাপান্বিত বিলাক কোন কোন ?

A.এই প্ৰতাপান্বিত বিলাক হৈছে স্বৰ্গদূত, যিবিলাকে মানুহবিলাকৰ বিৰুদ্ধে প্ৰভুৰ আগত তাচ্ছিল্যৰ বিচাৰ নানে (২:১০-১১)।

2 Peter 2:12-14

ভুৱা শিক্ষক বিলাকে কাক কাক ফুচুলাই নিয়ে ?

A.এই ভুৱা শিক্ষক বিলাকে চঞ্চল মনা বিলাকক ফুচুলাই নিয়ে (২:১৪)।

2 Peter 2:15-16

ভাববাদী বিলিয়মৰ বলিয়ালি কোনে বন্ধ কৰিছিল ?

A.এক অমাত গাধই মানুহৰ মাতেৰে কৰা বাণীয়ে বিলিয়মৰ বলিয়ালি বন্ধ কৰিছিল (২:১৫-১৬)।

2 Peter 2:17-19

মানুহ কাৰ এজন বন্দী দাস হৈ পৰে ?

A.যাৰ দ্বাৰাই তেওঁ পৰাজিত হয় এজন মানুহ তেওঁৰেই বন্দী দাস হৈ পৰে (২:১৯)।

2 Peter 2:20-22

যিবিলাকে যীচু খ্ৰীষ্টৰ জ্ঞানৰ দ্বাৰা সংসাৰৰ অশুচিতাৰ পৰা হাত সাৰি আহে আৰু সেইবোৰলৈ পুনৰ ঘুৰি যায়, তেওঁৰ পক্ষে কি ভাল হয় ?

A.তেওঁলোকৰ পক্ষে ধাৰ্ম্মিকতাৰ পথ জ্ঞাত নোহোৱাটোৱেই ভাল হয় (২:২০-২১)।

2 Peter 3

2 Peter 3:1-2

পিতৰে এই দ্বিতীয় পত্ৰখন কিয় লিখিছিল ?

A.তেওঁ লিখিছিল যাতে পুৰ্ব্বতে ভাববাদীসকলে কোৱা বাক্য আৰু তেওঁলোকৰ প্ৰভু আৰু পৰিত্ৰাতাজনে কৰা আজ্ঞাৰ বিষয়ে প্ৰিয়সকলে সোঁৱৰণ কৰিব পাৰে (৩:১-২)।

2 Peter 3:3-4

বিদ্ৰূপকাৰীবিলাকে শেষ কালত কি কি ক'ব ?

A.এই বিদ্ৰূপকাৰীবিলাকে যীচুৰ পুনৰাগমণৰ বিষয়ে

কৰিব আৰু ক'ব সৃষ্টিৰ আৰম্ভণীৰে পৰা সকলোবোৰ বস্তু একেই আছে (৩:৩-৪)।

2 Peter 3:5-7

এই স্বৰ্গ আৰু পৃথিবীখন কেনেকৈ স্থাপিত হ'ল, আৰু অগ্নিৰ বাবে আৰু সোধবিচাৰৰ দিনৰ বাবে আৰু ভক্তিহীন মানুহবিলাকৰ বিনাশৰ বাবে কেনেকৈ সংৰক্ষিত হৈ আছে ?

A.সেইবোৰ ঈশ্বৰৰ বাক্যৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু সংৰক্ষিত হৈ আছে (৩:৫-৭)।

2 Peter 3:8-9

প্ৰভুৱে প্ৰিয়বিলাকৰ বাবে কিয় দীৰ্ঘসহিষ্ণু হৈ আছে ?

A.কাৰণ তেওঁলোকে যাতে বিনষ্ট নহয়, কিন্তু সকলোৱে মন পালটনৰ বাবে সময় পায় (৩:৯)।

2 Peter 3:10

প্ৰভুৰ দিন কেনেকৈ আহিব?

A.প্ৰভুৰ দিন চোৰৰ নিচিনাকৈ আহিব (৩:১০)।

2 Peter 3:11-13

পবিত্ৰ জীৱন ধাৰণ আৰু ভক্তিপৰায়ণতাৰ ক্ষেত্ৰত প্ৰিয়বিলাকক কেনেধৰণৰ মানুহ হোৱা উচিত বুলি পিতৰে কিয় কৈছিল ?

A.কাৰণ স্বৰ্গ আৰু এই পৃথিবী ধ্বংসপ্ৰাপ্ত হ'ব, আৰু কাৰণ তেওঁলোকে নতুন স্বৰ্গ আৰু নতুন পৃথিবীত ধাৰ্ম্মিকতাৰে জীৱন ধাৰণ কৰিবলৈ আশা কৰি আছে (৩:১১-১৩)।

2 Peter 3:14-18

এই অজ্ঞান আৰু চঞ্চলমনা লোকবিলাক যিয়ে পৌলক দিয়া জ্ঞানৰ আৰু আন শাস্ত্ৰবিলাকৰো অৰ্থান্তৰ কৰে, সেইবিলাকৰ কি ঘটিব ?

A.তেওঁবিলাকৰ কাম-কাজৰ ফলাফলেই তেওঁলোকৰ নিজৰ বিনাশৰ কাৰণ হ'ব (৩:১৫-১৬)।