Assamese: translationQuestions

Updated ? hours ago # views See on DCS

1 Timothy

1 Timothy 1

1 Timothy 1:1-2

পৌলক খ্ৰীষ্ট যীচুৰ পাঁচনি কেনেকৈ কৰা হ'ল?

পৌলক খ্ৰীষ্ট যীচুৰ পাঁচনি ঈশ্বৰৰ আজ্ঞাৰে কৰা হ'ল (১:১)।

পৌল আৰু তীমথিয়ৰ মাজত সম্বন্ধ কি আছিল?

তীমথিয় পৌলৰ বিশ্বাসত প্ৰকৃত পুত্ৰ আছিল (১:২)।

1 Timothy 1:3-4

তীমথিয় ক'ত থাকিব লাগিছিল?

তীমথিয় ইফিচত থাকিব লাগিছিল (১:৩)।

কোনো কোনো মানুহক তীমথিয়ই কি কৰিব নালাগে বুলি আজ্ঞা দিব লাগিছিল?

তেওঁ তেওঁলোকক আন আন তত্ত্বশিক্ষা দিব নালাগে বুলি আজ্ঞা দিব লাগিছিল (১:৩)।

1 Timothy 1:5-8

পৌলে তেওঁৰ আজ্ঞা আৰু শিক্ষাৰ লক্ষ্য-উদ্দেশ্য সম্বন্ধে কি কৈছে?

তেওঁৰ লক্ষ্য হৈছে সৰল বিশ্বাসৰ পৰা উৎপন্ন হোৱা, শুচি হৃদয়, আৰু উত্তম বিবেকৰ প্ৰেম (১:৫)।

1 Timothy 1:9-11

বিধান কাৰ বাবে কৰা হ'ল?

বিধান হৈছে বিধানহীনৰ, অবাধ্যৰ, ভক্তিহীন লোকৰ আৰু পাপীবিলাকৰ বাবে (১:৯)।

এনে মানুহবিলাকে কৰা চাৰিধৰণৰ পাপৰ উদাহৰণ কি কি?

তেওঁলোকে নৰবধ কৰে, ব্যভিচাৰ কৰে, অপহৰণ কৰে আৰু মিছলীয়া (১:৯-১০)।

1 Timothy 1:12-14

পৌলে আগতে কি পাপ কৰিছিল?

পৌল এজন নিন্দক, তাড়নাকাৰী আৰু এজন ভয়ানক গৰ্ব্বী লোক আছিল (১:১৩)।

পৌলৰ প্ৰতি কি উপচি পৰিল তাৰ ফলস্বৰূপে পৌল যীচু খ্ৰীষ্টৰ এজন পাঁচনি হৈ পৰিল?

আমাৰ প্ৰভুৰ অনুগ্ৰহ পৌলৰ প্ৰতি উপচি পৰিল (১:১৪)।

1 Timothy 1:15-17

খ্ৰীষ্ট যীচু এই জগতত কাক বচাবলৈ আহিছিল?

খ্ৰীষ্ট যীচু এই জগতত পাপীবিলাকক বচাবলৈ আহিছিল (১:১৫)।

পৌলে কিয় কৈছে যে তেওঁ ঈশ্বৰৰ অনুগ্ৰহৰ এক উদাহৰণস্বৰূপ?

পৌলে নিজকে এক উদাহৰণস্বৰূপ বুলি কৈছে কাৰণ তেওঁ অতি বেয়া পাপী আছিল, তথাপিও তেওঁ ঈশ্বৰৰ অনুগ্ৰহ প্ৰথমে পালে (১:১৫-১৬)।

1 Timothy 1:18-20

তীমথিয়ৰ বিষয়ে কি কি বিষয় কোৱা হ'ল যিটোত পৌল সহমত?

তীমথিয়ৰ বিষয়ে যি ভাববাণী কৰা হৈ গ'ল, বিষয়টো হৈছে বিশ্বাসৰ বিষয়ে তীমথিয়ই কৰা উত্তম যুদ্ধ আৰু এক উত্তম বিবেক (১:১৮-১৯)।

যিসকলে বিশ্বাস কৰিলে আৰু উত্তম বিবেক অগ্ৰাহ্য কৰিলে আৰু তেওঁলোকৰ বিশ্বাস ভগ্ন হ'ল তেওঁলোকৰ প্ৰতি পৌলে কি কৈছে?

পৌলে তেওঁলোকক চয়তানৰ হাতত এৰি দিছে যাতে তেওঁলোকে নিন্দা নকৰিবলৈ শিকে (১:২০)।

1 Timothy 2

1 Timothy 2:1-4

কাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ পৌলে অনুৰোধ কৰিছে?

পৌলে সকলো মানুহৰ প্ৰতি, ৰজাসকলৰ প্ৰতি, ওখ পদত থকাসকলৰ প্ৰতি প্ৰাৰ্থনা কৰিবলৈ কৈছে (২:১-২)।

খ্ৰীষ্টিয়ান সকলক পৌলে কেনে ধৰণৰ জীৱন ধাৰণ কৰিবলৈ কৈছে?

পৌলে খ্ৰীষ্টিয়ান সকলক ভক্তি আৰু ধীৰুতাত শান্ত আৰু নিৰ্বিঘ্ন জীৱন যাপন কৰোৱাবলৈ আকাংক্ষা কৰিছে (২:২)।

সকলো মানুহৰ প্ৰতি ঈশ্বৰে কি ইচ্ছা কৰে?

সকলো মানুহে যেন পৰিত্ৰাণ পায় আৰু সত্যৰ জ্ঞান পায় ঈশ্বৰে সেইটো ইচ্ছা কৰে (২:৪)।

1 Timothy 2:5-7

ঈশ্বৰ আৰু মানুহৰ মাজত খ্ৰীষ্ট যীচুৰ অৱস্থান কি?

ঈশ্বৰ আৰু মানুহৰ মাজত খ্ৰীষ্ট যীচুৰ অৱস্থান হৈছে মধ্যস্থতাকাৰী (২:৫)।

সকলোৰে বাবে খ্ৰীষ্টই কি কৰিলে?

খ্ৰীষ্ট যীচুৱে মুক্তিৰ মুল্য স্বৰূপে সকলোৰে বাবে নিজকে দান কৰিলে (২:৬)।

পাঁচনি পৌলে কি শিকাইছিল?

পৌল পৰজাতিবিলাকৰ শিক্ষক আছিল (২:৭)।

1 Timothy 2:8-10

পুৰুষসকলক/মানুহক পৌলে কি কৰাটো বিচাৰে?

পুৰুষসকলক/মানুহক পৌলে হাত দাঙি প্ৰাৰ্থনা কৰাটো বিচাৰে (২:৮)।

মহিলাসকলক পৌলে কি কৰাটো বিচাৰে?

মহিলাসকলক পৌলে আত্ম-সংযমেৰে সৈতে আৰু পৰিপাটি পোছাকেৰে ভুষিত কৰাটো বিচাৰে (২:৯)।

1 Timothy 2:11-12

মহিলাসকলক পৌলে কি কৰিবলৈ দিয়া নাই?

পৌলে মহিলাসকলক শিক্ষা দিবলৈ নাইবা পুৰুষৰ ওপৰত অধিকাৰ চলাবলৈ অনুমতি দিয়া নাই (২:১২)।

1 Timothy 2:13-15

এইটোৰ বাবে পৌলে কি কাৰণ দিছে?

পৌলে তেওঁৰ কাৰণবোৰ কৈছে যে আদমক প্ৰথমে নিৰ্ম্মাণ কৰা হ'ল, আৰু সেইটো হৈছে যে আদমক প্ৰলোভিত কৰা নহ'ল।

মহিলাসকলক পৌলে একেৰাহে কি কৰাটো বিচাৰিছে?

মহিলাসকলক পৌলে একেৰাহে বিশ্বাস আৰু প্ৰেমত আৰু পবিত্ৰতাৰে সৈতে মনৰ সুবোধতাৰে থকাটো বিচাৰে (২:১৫)।

1 Timothy 3

1 Timothy 3:1-3

এজন অধ্যক্ষৰ কাম কেনেধৰণৰ হ'ব পাৰে?

এজন অধ্যক্ষৰ কাম-কাজবোৰ হৈছে সৎকৰ্ম্ম (৩:১)।

এজন অধ্যক্ষই কি কৰিব পাৰিব লাগে?

এজন অধ্যক্ষই শিকাব পাৰিব লাগে (৩:২)।

এজন অধ্যক্ষই ৰাগীয়াল বস্তু বা টকা-পইচা কেনেকৈ পৰিচালনা কৰিব লাগে?

এজন অধ্যক্ষৰ ৰাগীয়াল বস্তুৰ প্ৰতি আসক্তি থাকিব নালাগে আৰু টকা পইচাৰ প্ৰতি লোভ কৰিব কৰিব নালাগে (৩:৩)।

1 Timothy 3:4-5

এজন অধ্যক্ষৰ সন্তানসকলে তেওঁক কেনে আচৰণ কৰিব লাগে?

এজন অধ্যক্ষৰ সন্তানসকলে তেওঁৰ বাধ্য আৰু তেওঁক মানি চলিব লাগে (৩:৪)।

এজন অধ্যক্ষই তেওঁৰ নিজৰ পৰিয়ালক ভালদৰে পৰিচালনা কৰাটো কিয় দৰকাৰী?

এইটো অতি গুৰুত্ত্বপুৰ্ণ যে যদি এজন অধ্যক্ষই নিজৰ পৰিয়ালকে ভালদৰে শাসন কৰিব নোৱাৰে, তেওঁ এটি মণ্ডলী ভালদৰে পৰিচালনা কৰিব নোৱাৰিব (৩:৫)।

1 Timothy 3:6-7

যদি এজন অধ্যক্ষ নতুন বিশ্বাসী হয় তেওঁৰ বাবে বিপদটো কি?

তেওঁৰ বিপদটো হৈছে তেওঁ গৰ্ব্বীত হৈ পৰিব আৰু দণ্ডাজ্ঞাত পৰিব পাৰে (৩:৬)।

মণ্ডলীৰ বাহিৰে থকা লোকৰ আগত এজন অধ্যক্ষৰ সন্মান কেনে হোৱা উচিত?

মণ্ডলীৰ বাহিৰে থকা লোকৰ আগত এজন অধ্যক্ষৰ সন্মান উত্তম হোৱা উচিত (৩:৭)।

1 Timothy 3:8-10

কোনো প্ৰাচীনে পৰিচৰ্য্যা কৰাৰ আগতে তেওঁক কি কৰিব লাগে?

তেওঁলোকে পৰিচৰ্য্যা কৰাৰ আগতে তেওঁলোক অনুমোদিত হ'ব লাগে (৩:১০)।

1 Timothy 3:11-13

কোনো কোনো ভক্তিপ্ৰাণা মহিলাৰ বৈশিষ্ট্য কি কি?

ভক্তিপ্ৰাণা মহিলাৰ বৈশিষ্ট্যবোৰ হৈছে ধীৰ, নিৰপবাদক, পৰিমিত-ভোগী আৰু সকলো বিষয়ত বিশ্বাসীনী (৩:১১)।

1 Timothy 3:14-15

ঈশ্বৰৰ গৃহটো কি?

ঈশ্বৰৰ গৃহটো হৈছে মণ্ডলী (৩:১৫)।

1 Timothy 3:16

যীচুৱে শাৰীৰিক ৰূপে প্ৰকাশ হোৱা পাছত, আত্মাত ধাৰ্ম্মিক বুলি গণ্য কৰা হ'ল, স্বৰ্গীদূত বিলাকৰ দ্বাৰাই দেখা পোৱা গ'ল, তেওঁ কি কৰিছিল?

যীচুক জাতিবিলাকৰ মাজত ঘোষণা কৰা হ'ল, জগতত বিশ্বাস কৰা হ'ল আৰু প্ৰতাপত তুলি নিয়া হ'ল (৩:১৬)।

1 Timothy 4

1 Timothy 4:1-2

পবিত্ৰ আত্মাৰ মতে উত্তৰকালত কোনো কোনো মানুহৰ কি কৰিব?

কোনো কোনো লোকে বিশ্বাসৰ পৰা আঁতৰি যাব আৰু ভ্ৰান্তিজনক আত্মাত মনোযোগ কৰিব (৪:১)

1 Timothy 4:3-5

এই লোকবিলাকে কি মিছা শিক্ষা শিকাব?

তেওঁবিলাকে বিয়া কৰিবলৈ নিষেধ কৰে আৰু কিছুমান খাদ্য খাবলৈ নিষেধ কৰে (৪:৪)।

আমাৰ যিকোনো খোৱাবস্তু কেনেকৈ পবিত্ৰ আৰু আমাৰ গ্ৰহণযোগ্য হয়?

আমাৰ যিকোনো খোৱাবস্তু ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাৰ যোগেদি পবিত্ৰ আৰু আমাৰ গ্ৰহণযোগ্য হয় (৪:৫)।

1 Timothy 4:6-10

পৌলে তিমথিয়ক কিহত প্ৰশিক্ষিত হ'বলৈ কৈছে?

পৌলে তিমথিয়ক ভক্তিত নিপুণ/প্ৰশিক্ষিত হ'বলৈ কৈছে (৪:৭)।

ভক্তিৰ নিপুণতা শাৰীৰিক নিপুণতাতকৈ কিয় বেছি লাভজনক?

ভক্তিৰ নিপুণতা বেছি লাভজনক কাৰণ এইটোৱে এই জীৱনৰ আৰু আহিবলগীয়া জীৱনৰো অঙ্গীকাৰ ধাৰণ কৰে (৪:৮)।

পৌলে তীমথিয়ক তেওঁ পোৱা সকলো উত্তম কি শিক্ষা দিবলৈ উদগণি দিছে?

পৌলে তীমথিয়ক ঘোষণা কৰিবলৈ আৰু এইবোৰ শিকাবলৈ কৈছে (৪:৬, ১১)।

1 Timothy 4:11-13

পৌলে তীমথিয়ক তেওঁ পোৱা সকলো উত্তম কি শিক্ষা দিবলৈ উদগণি দিছে?

পৌলে তীমথিয়ক ঘোষণা কৰিবলৈ আৰু এইবোৰ শিকাবলৈ কৈছে (৪:৬, ১১)।

তীমথিয়ই কেনেকৈ আনসকলৰ আগত এক উদাহৰণ স্বৰূপ হ'ব?

তীমথিয়ই বাক্যত, আচৰণত, প্ৰেমত, বিশ্বাসত আৰু পবিত্ৰতাত এক উদাহৰণ স্বৰূপ হ'ব পাৰে (৪:১২)।

1 Timothy 4:14-16

তীমথিয়ৰ থকা আত্মিক বৰদান তেওঁ কেনেকৈ পালে?

তীমথিয়ক এই বৰদান বিলাক ভাববাণীৰ দ্বাৰা দিয়া হৈছিল যিটো বয়োবৃদ্ধ চলাওঁতা বিলাকৰ হাতত দিয়া হৈছিল (৪:১৪)।

যদি তীমথিয়ই তেওঁৰ জীৱনত বিশ্বাসেৰে এই শিক্ষাবোৰ চলাই যায়, কোনে পৰিত্ৰাণ পাব?

তীমথিয়ই নিজকে আৰু যিসকলে তেওঁৰ কথা শুনে তেওঁলোকেও উদ্ধাৰ পাব (৪:১৬)।

1 Timothy 5

1 Timothy 5:1-2

মণ্ডলীত বয়োবৃদ্ধলোকক কেনে আচৰণ কৰিবলৈ পৌলে তীমথিয়ক আজ্ঞা দিছে?

তেওঁলোকক পিতৃৰ নিচিনাকৈ ব্যৱহাৰ কৰিবলৈ পৌলে তীমথিয়ক আজ্ঞা দিছে (৫:১)।

1 Timothy 5:3-6

যদি এগৰাকী বিধৱাৰ সন্তান বা নাতি-নাতিনী থাকে তাইৰ প্ৰতি কি কৰিব লাগে?

সন্তান বা নাতি-নাতিনী থাকিলে তেওঁলোকে পিতৃ-মাতৃৰ প্ৰত্যুপকাৰ কৰিব লাগে আৰু তাইক চোৱা-চিতা কৰিব লাগে (৫:৪)

1 Timothy 5:7-8

যদি কোনো এজনে নিজৰ ঘৰ-পৰিয়ালকে চোৱা-চিতা নকৰে তেওঁ কি কৰি পেলায়?

তেওঁ সেই বিশ্বাস অস্বীকাৰ কৰে আৰু তেওঁ অবিশ্বাসী এজনতকৈও অধম হৈ পৰে (৫:৮)।

1 Timothy 5:9-10

এগৰাকী বিধৱাক কি বুলি জনা উচিত?

এগৰাকী বিধৱাক তাইৰ সৎকৰ্ম্মৰে জনা উচিত (৫:১০)।

1 Timothy 5:11-13

কোনো এগৰাকী যুৱতী বিধৱাই তাইৰ বাকী জীৱন বিধৱা হিচাপে থাকিবলৈ থিৰাং কৰিলে কি বিপৰ্য্যয় হ'ব পাৰে?

এই বিপৰ্য্যয়টো হৈছে, পাছত তাই বিয়া কৰাবলৈ বিচাৰিব, তাইৰ আগৰ স্থিতিৰ প্ৰতি বিশ্বাসঘাতকীনি হয় (৫:১১-১২)।

1 Timothy 5:14-16

যুৱতী তিৰোতাসকলক পৌলে কি কৰাটো বিচাৰে?

যুৱতী তিৰোতাসকলক পৌলে বিয়া হোৱাটো বিচাৰে, সন্তান উৎপন্ন কৰক আৰু গৃহীনিৰ/পৰিয়াল কৰ্ম্ম পৰিচালনা কৰক (৫:১৪)।

1 Timothy 5:17-18

বয়োবৃদ্ধ চলাওঁতা যিসকলে উত্তমৰূপে শাসন কৰে তেওঁলোকলৈ কি কৰা উচিত?

বয়োবৃদ্ধ চলাওঁতা যিসকলে উত্তমৰূপে শাসন কৰে তেওঁলোকক দুগুণ সমাদৰৰ পাত্ৰ বুলি বিবেচনা কৰা উচিত (৫:১৭)।

1 Timothy 5:19-20

এজন বয়োবৃদ্ধ চলাওঁতাৰ বিপক্ষে কোনো গোচৰ পালে আগতে কি কৰিব লাগে?

এজন বয়োবৃদ্ধ চলাওঁতাৰ বিপক্ষে কোনো গোচৰ পালে দুই বা তিনি সাক্ষীৰ আগতহে গ্ৰহণ কৰিব লাগে (৫:১৯)।

1 Timothy 5:21-22

পৌলে তীমথিয়ক এই নীতিবোৰ সাৱধানেৰে কেনেকৈ ৰাখিবলৈ আজ্ঞা দিছে?

পৌলে তীমথিয়ক এই নীতিবোৰ সাৱধানেৰে কোনো পক্ষপাত নকৰাকৈ ৰাখিবলৈ আজ্ঞা দিছে (৫:২১)।

1 Timothy 5:23-25

কোনো কোনো মানুহৰ পাপবোৰ তেতিয়ালৈকে জনা নাযায়, কেতিয়ালৈকে?

কোনো কোনো মানুহৰ পাপবোৰ সোধ-বিচাৰৰ সময়লৈকে জনা নাযায় (৫:২৪)।

1 Timothy 6

1 Timothy 6:1-2

দাসসকলে কেনেকৈ তেওঁলোকৰ গৰাকীসকলক মান্য কৰিব লাগে বুলি পৌলে কৈছে?

দাসসকলে সন্মানৰ যোগ্যৱান হিচাপে তেওঁলোকৰ গৰাকীসকলক মান্য কৰিব লাগে বুলি পৌলে কৈছে (৬:১)।

1 Timothy 6:3-5

কেনে ধৰণৰ ব্যক্তিয়ে উত্তম বাক্য আৰু ঈশ্বৰীয় শিক্ষা অগ্ৰাহ্য কৰে?

যি ব্যক্তি গৰ্ব্বী আৰু একো নাজানে এই ধৰণৰ ব্যক্তিয়ে উত্তম বাক্য আৰু ঈশ্বৰীয় শিক্ষা অগ্ৰাহ্য কৰে (৬:৩-৪)।

1 Timothy 6:6-8

পৌলে মহা লাভৰ উপায়টো কি বুলি কৈছে?

সন্তোষৰ সহিত ভক্তিয়েই হৈছে মহা লাভৰ উপায় (৬:৬)।

আমি অন্ন আৰু বস্ত্ৰেৰে কিয় সন্তোষ হৈ থাকিব লাগে?

আমি তাৰেই সন্তুষ্ট হৈ থাকিব লাগে কাৰণ আমি এই জগতলৈ একো লৈ অনা নাই আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰো (৬:৭-৮)।

1 Timothy 6:9-10

যিসকল ধনৱন্ত হ'বলৈ আকাংক্ষা কৰে, কি হয় তেওঁলোকৰ?

যিসকল ধনৱন্ত হ'বলৈ আকাংক্ষা কৰে তেওঁলোক পৰীক্ষা আৰু ফান্দত পৰে ( ৬:৯)।

সকলো প্ৰকাৰৰ মন্দৰ মুল কি?

ধন লোভেই সকলো প্ৰকাৰৰ মন্দৰ মুল (৬:১০)।

যিসকলে ধনৰ লোভত পৰে তেওঁলোকৰ কি হয়?

কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ আঁতৰি যায় (৬:১০)।

1 Timothy 6:11-14

পৌলে তীমথিয়ক কি যুদ্ধ কৰিবলৈ কৈছে?

পৌলে তীমথিয়ক বিশ্বাসৰ উত্তম যুদ্ধত যুঁজ কৰিবলৈ কৈছে (৬:১২)।

1 Timothy 6:15-16

সেই পৰম ধন্য আৰু একমাত্ৰ পৰাক্ৰমী জনা ক'ত নিবাস কৰে?

সেই পৰম ধন্য আৰু একমাত্ৰ পৰাক্ৰমী জনা অগম্য দিপ্তীত নিবাস কৰে য'ত কোনো মানুহে তেওঁক দেখা পাব নোৱাৰে (৬:১৬)।

1 Timothy 6:17-21

ধনৱন্তসকলে তেওঁলোকৰ নিশ্চয়তা নোহোৱা ধনত নিৰ্ভৰ নকৰি কিয় ঈশ্বৰত নিৰ্ভৰ কৰিব লাগে?

ধনৱন্তসকলে ঈশ্বৰতহে আশা কৰিব লাগে কাৰণ তেওঁহে প্ৰকৃত ধন দিয়ে (৬:১৭)।

যিসকলে সৎকৰ্ম্মত ধনৱন্ত তেওঁলোকে নিজৰ বাবে কি কৰিব?

যিসকলে সৎকৰ্ম্মত ধনৱন্ত তেওঁলোকে নিজৰ বাবে এক উত্তম ভিত্তিমূল স্থাপিত কৰিব আৰু প্ৰকৃত জীৱনৰ অধিকাৰী হ'ব (৬:১৯)।