Assamese: translationQuestions

Updated ? hours ago # views See on DCS

Romans

Romans 1

Romans 1:1-3

পৌলৰ পূৰ্বে ঈশ্বৰে শুভবাৰ্তা দিম বুলি কাৰ দ্বাৰাই প্ৰতিজ্ঞা কৰিছিল?

ঈশ্বৰে পূৰ্বে তেওঁৰ ভাৱবাদী সকলৰ যোগেদি শুভবাৰ্তা দিম বুলি পবিত্ৰ শাস্ত্ৰত প্ৰতিজ্ঞা কৰিছিল।(১:১-২)।

ঈশ্বৰৰ পুত্ৰ শৰীৰৰ সম্বন্ধে কোন বংশত জন্মিলে?

দায়ূদৰ বংশত জন্মিল।(১:৩)

Romans 1:4-7

কিহৰ দ্বাৰাই যীচু খ্ৰীষ্টে যে ঈশ্বৰৰ পুত্ৰ হয় তাৰ ঘোষণা কৰিলে?

মৃতবিলাকৰ পুনৰুত্থানৰ দ্বাৰাই ঈশ্বৰৰ পুত্ৰ বুলি নিৰূপিত হয়।(১:৪)

কিহৰ উদ্দেশ্যে পৌলে অনুগ্ৰহ আৰু পাঁচনিবাব খ্ৰীষ্টৰ পৰা লাভ কৰিলে?

সকলো জাতি বিলাকৰ মাজত আজ্ঞাধীনতাৰ অৰ্থে অনুগ্ৰহ আৰু পাঁচনিবাব পালে।(১:৫)

Romans 1:8-10

পৌলে কিহৰ বাবে ঈশ্বৰৰ দ্বাৰাই ৰোমীয়া বিশ্বাসী সকলৰ ধন্যবাদ জ্ঞাপন কৰিছে?

গোটেই জগতত তেওঁবিলাকৰ বিশ্বাস প্ৰচাৰিত হোৱাৰ বাবে পৌলে ঈশ্বৰক ধন্যবাদ জ্ঞাপন কৰিছে।(১:৮)

Romans 1:11-12

ৰোমত থকা বিশ্বাসী সকলক পৌলে কিয় দেখা কৰিব বিচাৰিছিল?

তেওঁবিলাক যেন সুস্থিৰ হয় এই কাৰণে কোনো আত্মিক বৰৰ ভাগী কৰিবৰ অৰ্থে পৌলে তেওঁবিলাকক লগ পাব বিচাৰিছিল।(১:১১)

Romans 1:13-15

সেই সময়লৈকে পৌলে কিয় ৰোমৰ বিশ্বাসী সকলৰ ওচৰলৈ আহিব পৰা নাছিল?

কিয়নো পৌলে বিভিন্ন ধৰণৰ বাধা সমূহ পাই থকাৰ বাবে আহিব পৰা নাছিল।(১:১৩)

Romans 1:16-17

পৌলে শুভবাৰ্তাৰ সম্বন্ধে কি কৈছে?

পৌলে শুভবাৰ্তাক পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি বুলি কৈছে।(১:১৬)।

ধাৰ্মিক সকল কি দৰে জীয়াই থাকিব এই সম্বন্ধে শাস্ত্ৰৰ উক্তি পৌলে কি দৰে দিছে?

পৌলে শাস্ত্ৰৰ উক্তি এই দৰে দি কৈছে বোলে, “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীৱ”(১:১৭)।

Romans 1:18-19

অধাৰ্মিক আৰু ভক্তি-লঙ্ঘনকাৰী সকলে ঈশ্বৰৰ বিষয়ে তেওঁবিলাকৰ আগত প্ৰকাশিত হোৱাতো তেওঁবিলাকে কি কৰে?

তেওঁবিলাকে ঈশ্বৰৰ বিষয়ে যি জানিব পৰা যায় সেই সত্যক নিবাৰণ কৰে।(১:১৮-১৯)।

Romans 1:20-21

ঈশ্বৰৰ সম্বন্ধীয় অদৃশ্য গুণবোৰ কেনে দৰে স্পষ্ট ভাবে বোধগম্য হৈছে?

তেনে গুণ সমূহ জগতৰ সৃষ্টিকালৰে পৰা তেওঁৰ নানা কাৰ্য্যত স্পষ্টকৈ দেখা গৈছে।(১:২০)

ঈশ্বৰৰ কোনকেইটা স্বভাৱ স্পষ্টকৈ বোধগম্য হৈছে?

তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱ স্পষ্টকৈ দেখা গৈছে।(১:২০)

যি সকলে ঈশ্বৰৰ গৌৰৱ কি ধন্যবাদো নকৰে তেওঁবিলাকৰ মন আৰু হৃদয় কি হয়?

তেনে লোকৰ মন আৰু হৃদয় আন্ধাৰময় হয়।(১:২১)

Romans 1:22-25

ক্ষয়শীল মানুহ আৰু জীৱ-জন্তু আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্ত্তিৰে সৈতে ঈশ্বৰৰ মহিমা সলনি কৰা সকলৈ ঈশ্বৰে কি কৰে।

সিহঁতৰ শৰীৰক অমৰ্য্যাদা কৰিবলৈ, ঈশ্বৰে সিহঁতৰ হৃদয়ৰ অভিলাষেৰেই সিহঁতক অশুচিতালৈ শোধাই দিলে(১:২৩-২৪)।

Romans 1:26-27

কেনে অনাদৰযুক্ত কামাভিলাষে এই পুৰুষ আৰু মহিলা সকলক দগ্ধ কৰিছে?

সিহঁতে স্বাভাৱিক সঙ্গ এৰি, স্বাভাৱৰ বিপৰীত সঙ্গ কৰাৰ দ্বাৰাই লাজৰ কৰ্ম সাধন কৰাৰ দ্বাৰাই কামাগ্নিৰে দগ্ধ হল।(১:২৬-২৭)।

Romans 1:28

যি সকলে নিজ নিজ তত্বজ্ঞানত ঈশ্বৰক ধাৰণ কৰিবলৈ সন্মত নহল ঈশ্বৰে তেওঁবিলাকলৈ কি কৰিলে?

ঈশ্বৰে সিহঁতক অনুচিত কৰ্ম্ম কৰিবলৈ, ভ্ৰষ্ট মতিলৈ শোধাই দিলে।(১:২৮)।

Romans 1:29-31

ভ্ৰষ্ট মনৰ মানুহৰ কিছু স্বভাৱ সমূহ কেনে ধৰণৰ?

ভ্ৰষ্ট মনৰ মানুহ সকলো অধাৰ্মিকতা, দুষ্টতা, লোভ, হিংসা অসূয়া আদিৰ দ্বাৰাই পৰিচালিত হয়।(১:২৯)।

Romans 1:32

ভ্ৰষ্ট মনৰ মানুহে তেওঁবিলাকৰ আচৰণৰ বাবে ঈশ্বৰৰ বিচাৰ কৰিব বুলি জানে?

সেই ভ্ৰষ্ট মনৰ মানুহে তেওঁবিলাকৰ আচৰণ মৃত্যুযোগ্য বুলি জানে।(১:৩২)

যদিও সেই ভ্ৰষ্ট মনৰ মানুহবিলাকে ঈশ্বৰৰ বিচাৰ জানে, তথাপি সিহঁতে কি কৰে?

তথাপি সিহঁতে তেনেকুৱা আচৰণ কৰাবিলাকক সন্মতি দিয়ে।(১:৩২)

Romans 2

Romans 2:1-2

লোকৰ সোধ-বিচাৰ কৰা মানুহ কিছুমানৰ উত্তৰ দিবৰ ঠাই কিয় নাই?

কিয়নো যি কথাত তেওঁবিলাকে লোকৰ সোধ-বিচাৰ কৰে সেই একে আচৰণকে তেওঁবিলাকে কৰে(২:১)।

এনে লোকৰ প্ৰতি ঈশ্বৰৰ দণ্ডাজ্ঞা কেনে হয়?

এনেকুৱা আচৰণ কৰাবিলাকৰ বিৰুদ্ধে ঈশ্বৰৰ দণ্ডাজ্ঞা সত্যৰ দৰে হয়(২:২)।

Romans 2:3-4

ঈশ্বৰৰ ধৈৰ্য্য আৰু চিৰসহিষ্ণুতাৰূপ ধনে কি কৰে?

ঈশ্বৰৰ ধৈৰ্য্য আৰু চিৰসহিষ্ণুতাৰূপ ধনে মন পালটাবলৈ উদগাই (২:৪)।

Romans 2:5-7

কঠিন আৰু খেদহীন হৃদয়ৰ লোক সকলে নিজলৈ ঈশ্বৰৰ উদ্দেশ্যে কি সাঁচিছে?

তেনে লোকসকলে ঈশ্বৰৰ ন্যায়বিচাৰ প্ৰকাশ আৰু ক্ৰোধৰ দিনলৈকে নিজলৈ ক্ৰোধ সাঁচিছে(২:৫)।

যি সকলে সৎকৰ্ম্মত ধৈৰ্য্য ধৰি, মহিমা, মৰ্য্যদা আৰু অক্ষয়তা বিচাৰে, তেওঁবিলাকে কি পাব?

তেওঁবিলাকে অনন্ত জীৱন লাভ কৰিব(২:৭)।

Romans 2:8-9

পাছে বিৰুদ্ধী আৰু অধাৰ্মিকতাক মনাবিলাকলৈ কি হব?

তেওঁবিলাকলৈ ক্ৰোধ, কোপ, প্ৰাণৰ ক্লেশ আৰু সঙ্কট ঘটিব (২:৮-৯)।

Romans 2:10-12

ঈশ্বৰে কেনে দৰে যিহূদী আৰু গ্ৰীক লোকলৈ পক্ষপাত নকৰিব?

যিহূদী হওঁক বা গ্ৰীক, পাপ কাৰ্য্য কৰা সকলোৰে সোধবিচাৰ কৰাৰ দ্বাৰাই ঈশ্বৰত যে পক্ষপাত নাই তাক প্ৰমাণ কৰিব(২:১২)।

Romans 2:13-16

ঈশ্বৰৰ আগত ধাৰ্মিক বুলি কোন গণিত হব?

বিধান পালন কৰা বিলাক ধাৰ্মিক বুলি গণিত হব(২:১৩)।

পৰজাতি এজনে বিধানে যি কৰ্ম তেওঁবিলাকৰ দ্বাৰাই কৰাটো বিচাৰে সেই সমূহ তেওঁবিলাকৰ হৃদয় লিখা আছে বুলি কেনে দৰে দেখুৱাব?

পৰজাতি এজনে বিধানে যি কৰ্ম কৰাটো বিচাৰে সেই সমূহ তেওঁবিলাকৰ হৃদয় লিখা আছে তাক বিধানৰ কৰ্ম কৰাৰ দ্বাৰাই দেখুৱাই(২:১৪-১৫)।

Romans 2:17-20

বিধানত প্ৰখ্যাত হোৱা যিহূদী সকলক পৌলে কি দৰে প্ৰত্যাহ্বান প্ৰদান কৰিছে?

তেওঁবিলাকে যি দৰে আনক শিকাই তেনে দৰে নিজেও বিধানৰ শিক্ষা লবলৈ প্ৰত্যাহ্বান জনাইছে(২:১৭-২১)।

Romans 2:21-22

যিহূদী বিধান পণ্ডিত সকলক তেওঁবিলাকৰ কোনটো পাপ পৌলে বন্ধ কৰিবৰ বাবে কৈছে?

চুৰ, ব্যভিচাৰ আৰু দেৱালয় লুট কৰা, এই পাপ সমূহ বন্ধ কৰিবৰ বাবে পৌলে কৈছে(২:২১-২২)।

Romans 2:23-24

যিহূদী বিধান পণ্ডিত সকলৰ কি কাৰ্য্যৰ বাবে পৰজাতিৰ আগত ঈশ্বৰৰ নাম নিন্দিত হৈছে?

বিধান উল্লঙ্ঘন কৰাৰ দ্বাৰাই (২:২৩-২৪)।

Romans 2:25-27

যিহূদী ব্যক্তি এজনৰ চুন্নৎ কি দৰে অচুন্নৎ হব পাৰে বুলি পৌলে কৈছে?

বিধান ভঙ্গ কৰাৰ দ্বাৰাই এজন যিহূদী ব্যক্তিৰ চুন্নৎ অচুন্নৎ হব পাৰে বুলি পৌলে কৈছে(২:২৫)।

পৌলে কি দৰে এজন পৰজাতিৰ লোক অচুন্নৎ হোৱাৰ স্বত্তেও চুন্নৎ বুলি গণিত হব পাৰে বুলি কৈছে?

বিধান পালনকাৰী হোৱাৰ দ্বাৰাই এজন পৰজাতিৰ লোক অচুন্নৎ হোৱাৰ স্বত্তেও চুন্নৎ বুলি গণিত হব পাৰে(২:২৬)।

Romans 2:28-29

পৌলে প্ৰকৃত যিহূদী কোন বুলি কৈছে?

যি জন ভিতৰে যিহূদী, অৰ্থাৎ হৃদয়ৰ যি চুন্নৎ তেওঁহে প্ৰকৃত যিহূদী(২:২৮-২৯)।

এজন প্ৰকৃত যিহূদীয়ে কাৰ পৰা প্ৰশংসা লাভ কৰে?

এজন প্ৰকৃত যিহূদীয়ে ঈশ্বৰৰ পৰা প্ৰশংসাৰ লাভ কৰে(২:২৯)।

Romans 3

Romans 3:1-2

যিহূদী সকলৰ লাভ কত?

যিহূদী সকলৰ লাভ এয়ে যে প্ৰথমে ঈশ্বৰৰ বচন সমূহ তেওঁবিলাকত গতাই দিয়া হৈছিল(৩:১-২)।

Romans 3:3-4

সকলো মানুহ মিছলীয়া হলেও, ঈশ্বৰৰ কি মনা হওঁক?

সকলো মানুহ মিছলীয়া হলেও, ঈশ্বৰক সত্য মনা হওঁক(৩:৪)

Romans 3:5-6

যিহেতু ঈশ্বৰ ধাৰ্মিক, তেওঁ কি কৰিবৰ সমৰ্থ্য?

তেওঁ জগতৰ সোধ-বিচাৰ কৰিবৰ যোগ্য (৩:৫-৬)।

Romans 3:7-8

সেই সকলৰ কি হব যি সকলে কয়, “ভালৰ অৰ্থে কু-কৰ্ম কৰোহঁক”?

তেনে লোকৰ দণ্ডাজ্ঞা হব(৩:৮)।

Romans 3:9-10

যিহূদী আৰু গ্ৰীক সকলৰ ধাৰ্মিকতা সম্বন্ধে শাস্ত্ৰত কি লিখা আছে?

ধাৰ্মিক কোনো নাই এজনো নাই, এই বুলি লিখা আছে(৩:৯-১০)।

Romans 3:11-18

শাস্ত্ৰত লিখা অনুসাৰে, বিবেচক আৰু ঈশ্বৰক বিচৰা কোন আছে?

শাস্ত্ৰত লিখা অনুসাৰে, বিবেচক আৰু ঈশ্বৰক বিচৰা কোনো নাই(৩:১১)।

Romans 3:19-20

বিধানৰ কৰ্মৰ দ্বাৰাই কোন ধাৰ্মিক বুলি গণিত হব?

বিধানৰ কৰ্ম কৰাৰ দ্বাৰাই মৰ্ত্ত্যত কোনো ধাৰ্মিক বুলি গণিত নহব(৩:২০)

বিধানৰ দ্বাৰাই কি আহে?

বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে(৩:২০)

Romans 3:21-22

ঈশ্বৰৰ ধাৰ্মিকতা বিনাবিধানে কি দৰে প্ৰকাশিত হৈছে?

বিধান আৰু ভাৱবাদীসকলৰ সাক্ষ্যৰ দ্বাৰাই প্ৰকাশিত হৈছে(৩:২১)।

বিনাবিধানে ঈশ্বৰৰ ধাৰ্মিকতা কিহৰ দ্বাৰাই দিয়া হল?

যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ ঈশ্বৰৰ সেই ধাৰ্মিকতা দিয়া হল(৩:২২)।

Romans 3:23-24

প্রশ্নঃ এজন ব্যক্তি ঈশ্বৰৰ আগত ধাৰ্মিক বুলি কি দৰে গণিত হয়?

খ্ৰীষ্ট যীচুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি গণিত হয়(৩:২৪)।

Romans 3:25-26

ঈশ্বৰে যীচুক কিহৰ বাবে দান কৰিলে?

যীচু খ্ৰীষ্টৰ তেজত হোৱা বিশ্বাসৰ দ্বাৰাই যি প্ৰায়শ্চিত্ত, সেই প্ৰায়শ্চিত্তস্বৰূপে তেওঁক প্ৰকাশ কৰিবলৈ ঈশ্বৰে যীচুক দান কৰিলে(৩:২৬)।

Romans 3:27-28

ধাৰ্মিকতাত বিধানৰ কৰ্ম্মৰ কাৰ্য্য কি?

এজন ব্যক্তি বিশ্বাসেৰে ধাৰ্মিক বুলি গণিত হব, বিধানৰ কৰ্মৰ দ্বাৰাই নহয়(৩:২৮)।

Romans 3:29-30

চুন্নৎ হোৱা যিহূদী আৰু অচুন্নৎ পৰজাতি এজনক ঈশ্বৰে কি দৰে ধাৰ্মিক বুলি গণিত কৰে?

ঈশ্বৰে দুয়োকো বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত কৰে(৩:৩০)।

Romans 3:31

বিশ্বাসৰ দ্বাৰাই আমি বিধান কি কৰিছো?

বিধান থিৰ কৰিছোঁ(৩:৩১)।

Romans 4

Romans 4:1-3

আব্ৰাহামক গৌৰৱ কৰাৰ কি কাৰণ দিয়া হৈছে?

আব্ৰাহাম যদি কৰ্ম্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হল তেন্তে গৌৰৱৰ কাৰণ আছে(৪:২)।

শাস্ত্ৰই আব্ৰাহামক কি দৰে ধাৰ্মিক বুলি গণিত হল বুলি কৈছে?

শাস্ত্ৰই আব্ৰাহামক ঈশ্বৰত কৰা বিশ্বাসৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত হল বুলি কৈছে(৪:৩)।

Romans 4:4-5

ঈশ্বৰে কেনে ধৰণৰ লোকক ধাৰ্ম্মিক বুলি গণিত কৰে?

ঈশ্বৰে ভক্তিহীনক জনক ধাৰ্মিক বুলি গণিত কৰে(৪:৫)।

Romans 4:6-8

দায়ূদৰ মতে এজন মানুহে ঈশ্বৰৰ পৰা কি দৰে আশীৰ্বাদ লাভ কৰে?

যাৰ পাপ ক্ষমা কৰা হল আৰু যি সকলৰ পাপ প্ৰভুৱে গণনা নকৰিব তেওঁবিলাক ধন্য(৪:৬-৮)।

Romans 4:9-10

চুন্নৎ হোৱাৰ আগত নে চুন্নৎ হোৱাৰ পিছত আব্ৰাহামৰ বিশ্বাস ধাৰ্মিক বুলি গণিত হৈছে?

আব্ৰাহামৰ বিশ্বাস চুন্নৎ হোৱাৰ আগেয়ে ধাৰ্মিক বুলি গণিত হৈছে(৪:৯-১০)।

Romans 4:11-12

আব্ৰাহাম কোনটো গোষ্ঠীৰ পিতৃ আছিল?

চুন্নৎ বা অচুন্নৎ, বিশ্বাস কৰা সকলোৰে তেওঁ পিতৃ আছিল(৪:১১-১২)।

Romans 4:13-15

বিশ্বাসৰ দ্বাৰাই আব্ৰাহাম আৰু তেওঁৰ বংশলৈ কি প্ৰতিজ্ঞা দিয়া হল?

আব্ৰাহাম আৰু তেওঁৰ বংশ জগতৰ উত্তৰাধিকাৰী হব বুলি প্ৰতিজ্ঞা কৰা হল(৪:১৩)।

বিধানৰ দ্বাৰাই আব্ৰাহামলৈ প্ৰতিজ্ঞা অহা হলে কি সঁচা হল হয়?

তেনে হলে বিশ্বাস ব্যৰ্থ আৰু সেই প্ৰতিজ্ঞাৰ ফল ব্যৰ্থ হল হয়(৪:১৪)।

Romans 4:16-17

কিহৰ বাব প্ৰতিজ্ঞা বিশ্বাসৰ দ্বাৰাই দিয়া হল?

প্ৰতিজ্ঞা বিশ্বাসৰ দ্বাৰাই দিয়া হল, যাতে ই অনুগ্ৰহৰ দ্বাৰাই হয়, আৰু সেয়ে যেন স্থিৰ হয়(৪:১৬)।

পৌলে ঈশ্বৰে কি দুটা কাৰ্য্য কৰে বুলি কৈছে?

মৃত বিলাকক জীৱন দিয়ে আৰু নথকাবোৰক সম্বোধন কৰে(৪:১৭)।

Romans 4:18-19

কিহৰ বাবে আব্ৰাহামে জাতি বিলাকৰ পিতৃ হব বুলি কৰা ঈশ্বৰৰ প্ৰতিজ্ঞাক বিশ্বাস কৰিব পৰা নাছিলে?

আব্ৰাহামে নিজৰ শৰীৰৰ মৰা অৱস্থালৈ আৰু চাৰাৰ গৰ্ভ মৰাৰ নিচিনা অৱস্থালৈ মন কৰি ঈশ্বৰৰ সেই প্ৰতিজ্ঞাক বিশ্বাস কৰিব পৰা নাছিলে(৪:১৮-১৯)।

Romans 4:20-22

সেই বিষয় বিলাকৰ প্ৰতি চিন্তিত হোৱাটো আব্ৰাহামে ঈশ্বৰৰ প্ৰতিজ্ঞাক কি দৰে গ্ৰহণ কৰিলে?

আব্ৰাহামে তাক ঈশ্বৰে সিদ্ধ কৰিব পাৰে বুলি জানি বিশ্বাসত বলৱান হৈ তাক গ্ৰ্হণ কৰিলে(৪:১৮,২০)।

Romans 4:23-25

আব্ৰাহামৰ বিষয় সমূহ কাৰ বাবে লিখা হল?

সেই বিষয় সমূহ আব্ৰাহামৰ আৰু আমাৰ লাভৰ বাবে লিখা হল(৪:২৩-২৪)।

ঈশ্বৰে আমাৰ বাবে কি কৰিলে বুলি আমি বিশ্বাস কৰোঁ?

যীচুক আমাৰ আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত কৰা হল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হল, বুলি আমি বিশ্বাস কৰোঁ(৪:২৫)।

Romans 5

Romans 5:1-2

বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত বিশ্বাসী সকলে কি লাভ কৰিলে?

বিশ্বাসী সকল বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে সৈতে আমাৰ শান্তি লাভ কৰিব(৫:১)।

Romans 5:3-7

ক্লেশৰ কালত কি তিনিটা বিষয়ৰ উৎপত্তি হয়?

ক্লেশে ধৈৰ্য্য, প্ৰমাণ আৰু আশা সাধন কৰে(৫:৩-৪)

Romans 5:8-9

ঈশ্বৰে আমাৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ প্ৰমাণ কি দৰে দিলে?

কাৰণ ইতিপূৰ্বে্বই যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিয়াৰ দ্বাৰাই ঈশ্বৰে আমাৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ প্ৰমাণ দিয়ে(৫:৮)।

যীচুৰ তেজৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত হোৱাত বিশ্বাসী সকল কিহৰ পৰা ৰক্ষা পালে?

যীচুৰ তেজৰ দ্বাৰাই ধাৰ্ম্মিক বুলি গণিত হোৱাত বিশ্বাসী সকল ঈশ্বৰৰ ক্ৰোধৰ পৰা ৰক্ষা পালে(৫:৯)।

Romans 5:10-11

বিশ্বাসী সকল যীচুৰ দ্বাৰাই ঈশ্বৰৰ কাষলৈ অহাৰ আগেয়ে তেওঁবিলাকৰ সম্বন্ধ ঈশ্বৰৰ লগত কেনে আছিল?

তেওঁবিলাক ঈশ্বৰৰ শত্ৰু আছিল(৫:১০)।

Romans 5:12-13

এজন মানুহ পাপৰ বাবে কি হল?

এজন মানুহৰ পাপৰ দ্বাৰাই পাপ, আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল(৫:১২)।

Romans 5:14-15

কোন জন ব্যক্তিৰ যোগেদি পাপ এই জগতত সোমাল?

আদমৰ যোগেদি পাপ এই জগতত সোমাল(৫:১৪)।

ঈশ্বৰৰ বিনামূলীয়া উপহাৰ আদমৰ পাপৰ পৰা কি দৰে পৃথক হল?

আদমৰ পাপৰ দ্বাৰাই অনেকৰ মৃত্যু হল, কিন্তু ঈশ্বৰৰ বিনামূলীয়া দানে অনেকক জীৱন দান কৰিলে(৫:১৫)।

Romans 5:16-17

আদমৰ পাপৰ পৰা কি আহিল, আৰু ঈশ্বৰৰ বিনামূলীয়া উপহাৰৰ পৰা কি আহিল?

আদমৰ পাপৰ দ্বাৰাই দণ্ডলৈ ৰায় দিয়া হল আৰু ঈশ্বৰৰ বিনামূলীয়া দানৰ দ্বাৰাই ধাৰ্ম্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হল(৫:১৬)।

আদমৰ পাপৰ দ্বাৰাই অহা পাপে কি ৰাজত্ব কৰিলে, আৰু ঈশ্বৰৰ ধাৰ্মিকতাৰ দ্বাৰাই কিহে ৰাজত্ব কৰিছে?

আদমৰ পাপৰ দ্বাৰাই মৃত্যুৱে ৰাজত্ব কৰিলে, আৰু যি সকলে ঈশ্বৰৰ ধাৰ্ম্মিকতা বিচাৰিলে তেওঁবিলাকে যীচু খ্ৰীষ্টৰ দ্বাৰাই জীৱনত ৰাজত্ব পাব(৫:১৭)।

Romans 5:18-19

আদমৰ আজ্ঞা-লঙ্ঘনৰ দ্বাৰাই কি কৰা হল আৰু খ্ৰীষ্টৰ আজ্ঞা পালনৰ দ্বাৰাই কি কৰা হল?

A.আদমৰ আজ্ঞা-লঙ্ঘনৰ দ্বাৰাই অনেকক পাপী কৰা হল আৰু খ্ৰীষ্টৰ আজ্ঞা পালনৰ দ্বাৰাই অনেকক ধাৰ্মিক কৰা হল(৫:১৯)।

Romans 5:20-21

বিধান কিয় সোমাল?

অপৰাধ অধিক হবলৈ বিধান সোমালহি(৫:২০)।

পাপতকৈ কি অধিক হল?

অনুগ্ৰহ অধিক হল(৫:২০)।

Romans 6

Romans 6:1-3

ঈশ্বৰৰ অনুগ্ৰহ অধিক হবৰ বাবে পাপ কৰি যাব লাগে নেকি?

এনে কেতিয়াও নহওক(৬:১,২)

খ্ৰীষ্টৰ নামত বাপ্তিস্ম লোৱা সকল কিহলৈ বাপ্তিইজিত হল?

খ্ৰীষ্টৰ নামত বাপ্তিষ্ট হোৱা লোক সকল যীচুৰ মৃত্যুৰ উদ্দেশেহে বাপ্তিইজিত হল(৬:৩)।

Romans 6:4-5

খ্ৰীষ্টক যিহেতু মৃত্যুৰ পৰা তোলা হল সেয়ে বিশ্বাসী সকলে কি কৰিব লাগে?

বিশ্বাসী সকল জীৱনৰ নতুনতাত চলিব লাগে(৬:৪)

বাপ্তিস্মৰ সময়ত বিশ্বাসী সকলক কি দুটা উপায়েৰে খ্ৰীষ্টৰ লগত সংযুক্ত হয়?

বাপ্তিস্মৰ সময়ত বিশ্বাসী সকল খ্ৰীষ্টৰ মৃত্যুৰ সাদৃশ্যেৰে আৰু উত্থানৰ সাদৃশ্যেৰে সংযুক্ত হয়(৬:৫)।

Romans 6:6-7

আমি যেন আৰু পাপৰ দাস নহওঁ তাৰ বাবে আমালৈ কি কৰা হল?

আমি যেন আৰু পাপৰ দাস নহওঁ, এই কাৰণে পাপৰ দেহ বিনষ্ট হবলৈ, আমাৰ পুৰণি পুৰুষক তেৱেঁ সৈতে ক্ৰুচত দিয়া হল(৬:৬)।

Romans 6:8-9

খ্ৰীষ্টৰ ওপৰত মৃত্যুৱে আৰু প্ৰভুত্ব নকৰে, ইয়াক আমি কেনেকৈ জানিলো?

মৃতবিলাকৰ মাজৰ পৰা খ্ৰীষ্টক তোলাৰ দ্বাৰাই খ্ৰীষ্টৰ ওপৰত মৃত্যুৱে আৰু প্ৰভুত্ব নকৰে, ইয়াক আমি জানিলো (৬:৯)।

Romans 6:10-11

পাপৰ অৰ্থে খ্ৰীষ্ট কিমান বাৰ মৰিল, আৰু কিমান সংখ্যক লোকৰ বাবে তেওঁ মৰিল?

খ্ৰীষ্ট এবাৰ আৰু সকলোৰে বাবে মৰিল(৬:১০)।

পাপৰ সম্বন্ধে এজন বিশ্বাসীয়ে কি দৰে ভাবিব লাগে?

এজন বিশ্বাসীয়ে নিজকে পাপৰ সম্বন্ধে মৰা বুলি গণ্য কৰিব লাগে(৬:১০-১১)।

এজন বিশ্বাসীয়ে কিহৰ উদ্দেশ্যে জীয়ে?

এজন বিশ্বাসীয়ে ঈশ্বৰৰ উদ্দেশ্যে জীয়ে(৬:১০-১১)।

Romans 6:12-14

এজন বিশ্বাসীয়ে কাৰ বাবে আৰু কি উদ্দেশ্যে নিজৰ অঙ্গ-প্ৰত্যঙ্গবোৰক সমৰ্পণ কৰিব লগে?

এজন বিশ্বাসীয়ে ঈশ্বৰলৈ ধাৰ্ম্মিকতাৰ সজুলি স্বৰূপে নিজৰ অঙ্গ প্ৰতঙ্গবোৰক সমৰ্পণ কৰিব লাগে(৬:১৩)।

পাপে ৰাজত্ব নকৰিব বাবে এজন বিশ্বাসীয়ে কাৰ অধীন হব লাগে?

অনুগ্ৰহৰ অধীনত থকাৰ দ্বাৰাই এজন বিশ্বাসীয়ে পাপৰ অধীন নোহোৱাকৈ থাকিব পাৰে(৬:১৪)।

Romans 6:15-21

পাপৰ অধীনত থকা এজন ব্যক্তিৰ শেষ অৱস্থাত কি হয়?

পাপৰ অধীনত থকা সকলৰ শেষ মৃত্যু(৬:১৬,২১)।

ঈশ্বৰৰ অধীনত থকা এজন ব্যক্তিৰ শেষ অৱস্থাত কি হয়?

তেনে ব্যক্তিৰ শেষ ধাৰ্ম্মিক হিচাপে হয়(৬:১৬,১৮-১৯)।

Romans 6:22-23

ঈশ্বৰৰ দাস সকলে কিহৰ উদ্দেশ্যে ফল লাভ কৰে?

পবিত্ৰতা লাভলৈ ফল লাভ কৰে(৬:২২)।

পাপৰ বেজ কি?

পাপৰ বেজ মৃত্যু(৬:২৩)।

ঈশ্বৰে দিয়া বিনামূলীয়া বৰ কি?

অনন্ত জীৱন(৬:২৩)।

Romans 7

Romans 7:1

এজন ব্যক্তিক বিধানে কিমান সময়ৰ লৈকে নিয়ন্ত্ৰণত ৰাখে?

ব্যক্তিজন জীয়াই থকা কাললৈকে বিধানৰ নিয়ন্ত্ৰণত থাকে(৭:১)।

Romans 7:2-3

বিবাহিত তিৰোতা এগৰাকী কিমান কাল বিধানেৰে বন্ধা হৈ থাকে?

তেওঁৰ স্বামীৰ মৃত্যু নোহোৱা পৰ্য্যন্ত(৭:২)।

বিধানৰ পৰা মুক্ত হোৱাৰ পিছত এগৰাকী তিৰোতাই কি কৰিব পাৰে?

বিধানৰ পৰা মুক্ত হোৱাৰ পিছত এগৰাকী তিৰোতাই আন এজন পুৰুষৰ লগত বিবাহপাশত আৱদ্ধ হব পাৰে(৭:৩)।

Romans 7:4-6

আমি বিধানৰ সম্বন্ধে কি দৰে মৰা হলোঁ?

খ্ৰীষ্টৰ শৰীৰ দ্বাৰাই আমি বিধানৰ সম্বন্ধে মৰা হলোঁ(৭:৪)।

বিধানৰ সম্বন্ধে মৰা হোৱাত, বিশ্বাসী জন কি কৰিবৰ সক্ষম?

বিধানৰ সম্বন্ধে মৰা হোৱাত, বিশ্বাসী জন খ্ৰীষ্টৰ সৈতে সংযুক্ত হবলৈ সক্ষম(৭:৪)।

Romans 7:7-10

বিধানে কি জানিবলৈ দিয়ে?

বিধানে পাপ নো কি তাক জানিবলৈ দিয়ে(৭:৭)।

পাপে বিধানৰ আজ্ঞা সমূহৰ দ্বাৰাই কি কৰিব বিচাৰে?

পাপে বিধানৰ আজ্ঞা সমূহৰ দ্বাৰাই প্ৰতিজন ব্যক্তিৰ মনত লোভ সোমোৱাই দিয়ে(৭:৮)।

Romans 7:11-12

বিধান পবিত্ৰ নে অপবিত্ৰ?

বিধান পবিত্ৰ, আৰু আজ্ঞাও পবিত্ৰ, ন্যায় আৰু উত্তম(৭:৭,১২)।

Romans 7:13-14

পাপে পৌলক কি কৰিছে বুলি তেওঁ কৈছে?

পাপে, বিধানৰ দ্বাৰাই তেওঁলৈ মৃত্যু আনিছে বুলি পৌলে কৈছে(৭:১৩)।

Romans 7:15-16

কিহৰ বাবে পৌলে বিধান উত্তম বুলি স্বীকাৰ কৰিছে?

যেতিয়া পৌলে যিহকে ইচ্ছা নকৰে তাকে কৰে, তেতিয়া তেওঁ বিধান যে উত্তম তাক স্বীকাৰ কৰে(৭:১৬)।

Romans 7:17-18

পৌলৰ জীৱনত কিহে তেওঁ যিহকে ঘিণাই তাক কৰাইছে?

তেওঁৰ জীৱনত থকা পাপেহে তাক সাধন কৰিছে(৭:১৭,২০)।

পৌলৰ মাংসত কিহে নিবাস কৰিছে?

কোনো উত্তমতা তেওঁৰ মাংসত নিবাস কৰা নাই(৭:১৮)।

Romans 7:19-21

পৌলে তেওঁৰ জীৱনত কি নিয়মে কাৰ্য্য কৰি থকা পাইছে?

পৌলে যেতিয়া কোনো উত্তম কৰ্ম্ম কৰিবলৈ ইচ্ছা কৰে, তেতিয়া মন্দ তেওঁৰ ওপৰত থাকে এনে এটি নিয়ম তেওঁ পাইছে(৭:২১-২৩)।

Romans 7:22-23

পৌলে তেওঁৰ জীৱনত কি নিয়মে কাৰ্য্য কৰি থকা পাইছে?

পৌলে যেতিয়া কোনো উত্তম কৰ্ম্ম কৰিবলৈ ইচ্ছা কৰে, তেতিয়া মন্দ তেওঁৰ ওপৰত থাকে এনে এটি নিয়ম তেওঁ পাইছে(৭:২১-২৩)।

Romans 7:24-25

পৌলে তেওঁৰ আন্তৰিক পুৰুষত আৰু অঙ্গ-প্ৰত্যঙ্গত কি নিয়মে কাৰ্য্য কৰি থকা পাইছে?

পৌলৰ আন্তৰিক পুৰুষ বিধানত সন্তুষ্ট হয়, কিন্তু তেওঁৰ অঙ্গ-প্ৰত্যঙ্গবোৰ পাপৰ বিধানৰ অধীনত ৰখা নিয়মটি পাইছে(৭:২৩,২৫)।

সেই মৃত্যুৰ দেহৰ পৰা পৌলক কোনে ৰক্ষা কৰিব?

পৌলে ঈশ্বৰক ধন্যবাদ কৰিছে কিয়নো যীচু খ্ৰীষ্টৰ দ্বাৰাই তেওঁ ৰক্ষা পায়(৭:২৫)।

Romans 8

Romans 8:3-5

বিধানে কিয় মানুহক পাপ আৰু মৃত্যুৰ পৰা মুক্ত কৰিব নোৱাৰে?

কিয়নো বিধান মাংসৰ কাৰণে দূৰ্বল হোৱাত সি কৰিব নোৱাৰে(৮:৩)।

যি সকলে আত্মাত খোজ কাঢ়ে তেওঁবিলাকে কিহত মনোযোগ দিব লাগে?

যি সকলে আত্মাত খোজ কাঢ়ে তেওঁবিলাকে আত্মিক বিষয় বিলাকত মনযোগ দিব লাগে(৮:৪-৫)।

Romans 8:6-8

ঈশ্বৰ আৰু বিধানৰ লগত মাংসৰ সম্বন্ধ কি?

মাংস ঈশ্বৰৰ উদ্দেশ্যে শত্ৰু হোৱাৰ কাৰণে বিধানৰ বশীভূত হব নোৱাৰে(৮:৭)।

Romans 8:9-10

যি সকল লোক ঈশ্বৰৰ নহয় তেওঁবিলাকত কি নাই?

যি সকল লোক ঈশ্বৰৰ নহয় তেওঁবিলাকত খ্ৰীষ্টৰ আত্মা নাই(৮:৯)।

Romans 8:11

ঈশ্বৰে এজন বিশ্বাসীৰ মৰ্ত্ত্য দেহক কি দৰে জীৱন দান কৰে?

বিশ্বাসী সকলত নিবাস কৰা তেওঁৰ আত্মাৰ দ্বাৰাই(৮:১১)।

Romans 8:12-13

ঈশ্বৰৰ সন্তান সকলৰ জীৱন কেনে ধৰণে পৰিচালিত হয়?

ঈশ্বৰৰ আত্মাৰ দ্বাৰাই পৰিচালিত হয়(৮:১৩-১৪)।

Romans 8:14-15

এজন বিশ্বাসীক ঈশ্বৰৰ পৰিয়ালত কেনে দৰে অন্তভূক্ত কৰা হয়?

তেওঁক তোলনীয় হিচাপে গ্ৰহণ কৰাৰ দ্বাৰাই(৮:১৫)।

Romans 8:16-17

ঈশ্বৰৰ সন্তান হিচাপে, বিশ্বাসী সকলে ঈশ্বৰৰ পৰিয়ালৰ আৰু কি সুবিধা সমূহ লাভ কৰে?

তেওঁবিলাক ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টে সৈতে উত্তৰাধীকাৰী হয়(৮:১৭)।

Romans 8:18-19

বৰ্ত্তমান সময়ৰ দুখ বিশ্বাসী সকলে কিয় সহন কৰিব লাগে?

বৰ্ত্তমান সময়ৰ দুখ বিশ্বাসী সকলে সহন কৰিব লাগে কিয়নো ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশিত হোৱালৈ, সৃষ্টিৰ অত্যন্ত আশাই বাট চাই আছে(৮:১৭-১৯)।

Romans 8:20-22

বৰ্ত্তমান সময়ত সৃষ্টি খন কেনে ধৰণৰ দাসত্বৰ অধীনত আছে?

ক্ষয়মূলক দাসত্বৰ অধীনত আছে(৮:২১)।

সৃষ্টি খনি কেনে ধৰণে মুক্তি পাব?

ঈশ্বৰৰ সন্তান বিলাকৰ প্ৰতাপমূলক মক্তি পাব(৮:২১)।

Romans 8:23-25

শৰীৰৰ পৰিত্ৰাণৰ অৰ্থে বিশ্বাসী সকলে কেনে দৰে অপেক্ষা কৰিব লাগে?

আশা আৰু ধৈৰ্য্যৰে অপেক্ষা কৰিব লাগে(৮:২৩-২৫)।

Romans 8:26-27

পবিত্ৰ লোক সকলৰ দূৰ্বলতাত আত্মাই কি দৰে সহায় কৰে?

আত্মাই পবিত্ৰ লোকৰ কাৰণে নিবেদন কৰাৰ দ্বাৰাই সহায় কৰে(৮:২৬-২৭)।

Romans 8:28-30

যি বিলাকে ঈশ্বৰক প্ৰেম কৰে, যিবিলাকে তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁবিলাকৰ পক্ষে একে-লগে ঈশ্বৰে কি উদ্দেশ্যে কাৰ্য্য কৰিছে?

যি বিলাকে ঈশ্বৰক প্ৰেম কৰে, যিবিলাকে তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁবিলাকৰ মঙ্গলৰ অৰ্থে একে-লগে ঈশ্বৰে কাৰ্য্য কৰে(৮:২৮)।

ঈশ্বৰে যিবিলাকক আগেয়ে জানিলে তেওঁবিলাকলৈ কি নিৰূপণ কৰিলে?

তেওঁবিলাকক তেওঁৰ পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হবলৈ আগেয়ে নিৰূপণ কৰিলে(৮:২৯)।

সেই দৰে আগেয়ে নিৰূপণ কৰা সকলৰ বাবে ঈশ্বৰে আৰু কি কৰিলে?

তেওঁবিলাকক ধাৰ্মিক বুলি গণিত কৰালে আৰু গৌৰাম্বিতো কৰিলে(৮:৩০)।

Romans 8:31-32

ঈশ্বৰে তেওঁবিলাকক সকলো বিলাক বিনামূলীয়াকৈ দিয়া বিষয়টি বিশ্বাসী সকলে কেনেকৈ জানিব?

কিয়নো তেওঁ নিজৰ পুত্ৰকো মৰম নকৰি আমাৰ আটাইৰে কাৰণে শোধাই দিয়াৰ দ্বাৰাই বিশ্বাসী সকলে জানিব পাৰিলে(৮:৩২)।

Romans 8:33-34

যীচু খ্ৰীষ্টই ঈশ্বৰৰ সোঁহাতে বহি কি কৰি আছে?

তেওঁ ঈশ্বৰৰ সোঁফালে বহি আমাৰ কাৰণে নিবেদন কৰি আছে(৮:৩৪)।

Romans 8:35-36

ক্লেশ, সঙ্কট বা প্ৰাণ সংশয় এই সকলো বিলাকত বিশ্বাসী সকল কেনেকৈ জয়তকৈয়ো জয়যুক্ত?

তেওঁবিলাকক প্ৰেম কৰা জনাৰ দ্বাৰাই তেওঁবিলাক জয়তকৈয়ো জয়যুক্ত(৮:৩৫-৩৭)।

Romans 8:37-39

কোনো সৃষ্ট বস্তুৱেই বিশ্বাসী সকলক কিহৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে বুলি পৌলে বিশ্বাস কৰিছিল?

ঈশ্বৰৰ প্ৰেমৰ পৰা (৮:৩৮-৩৯)।

Romans 9

Romans 9:1-2

কিহৰ বাবে পৌলৰ হৃদয়ত অতি দূখ আৰু নিৰন্তৰ যাতনা হৈছে?

শৰীৰ সম্বন্ধে তেওঁৰ স্বজাতীয় ভাই বিলাকৰ আৰু ইস্ৰায়েলী সকলৰ নিমিত্তে(৯:১-৪)।

Romans 9:3-5

ইস্ৰায়েলী সকলৰ বুৰঞ্জীত কি আছে?

ইস্ৰায়েলী বিলাকৰ বুৰঞ্জীত তোলনীয়া পুত্ৰৰ বাব, ঐশ্বৰ্য্য, নানা ধৰ্ম্ম-নিয়ম, ব্যৱস্থাদান, আৰাধনা, প্ৰতিজ্ঞা এই সমূহ আছে(৯:৪)।

Romans 9:6-7

ইস্ৰায়েল আৰু আব্ৰাহামৰ বংশৰ লোকসকলৰ কোনটো বিষয় সত্য নহয় বুলি পৌলে কৈছে?

পৌলৰ মতে ইস্ৰায়েলৰ পৰা হোৱা সকলোৱেই ইস্ৰায়েল নহয় আৰু আব্ৰাহামৰ বংশত হোৱা সকলোৱেই তেওঁৰ সন্তান নহয়(৯:৬-৭)।

Romans 9:8-9

কোন বিলাক ঈশ্বৰৰ সন্তান নহয়?

শৰীৰৰ যি সন্তান তেওঁবিলাক ঈশ্বৰৰ সন্তান নহয়(৯:৮)।

কোন সকলক ঈশ্বৰৰ সন্তান বুলি গণ্য কৰা হয়?

প্ৰতিজ্ঞাৰ সন্তান সকলকহে ঈশ্বৰৰ সন্তান বুলি গণ্য কৰা হয়(৯:৮)।

Romans 9:10-13

ৰিবেকা গৰ্ভৱতী নৌহওঁতে কিহৰ বাবে “জেষ্ঠ্য জনে কনিষ্ঠ জনৰ সেৱা কৰিব” বুলি কোৱা হল?

আমন্ত্ৰণকাৰী ইচ্ছাৰ কাৰণে, ঈশ্বৰৰ মনোনীতৰ দৰে হোৱা অভিপ্ৰায় থিৰ কৰিবলৈ(৯:১০-১২)।

Romans 9:14-18

ঈশ্বৰে কিহৰ বাবে দয়া আৰু কৃপা দান কৰিলে?

এইয়া ঈশ্বৰৰ ইচ্ছাৰ ইচ্ছা হয়(৯:১৪-১৬)।

ঈশ্বৰৰ দয়া আৰু কৃপা কিহৰ পৰা নহয়?

এইয়া ইচ্ছা কৰা কাৰ্য্য কৰা জনৰ পৰা নহয়(৯:১৬)।

Romans 9:19-21

ঈশ্বৰে দোষ ধৰা বুলি প্ৰশ্ন কৰা সকলক পৌলে কি বুলি প্ৰত্যুত্তৰ দিছে?

পৌলে কৈছে, “ঈশ্বৰক প্ৰত্যত্তৰ কৰা তুমি নো কোন?” (৯:২০)।

Romans 9:22-26

বিনাশৰ কাৰণে যুগুত হোৱা বিলাকলৈ ঈশ্বৰে কি কৰিব?

ঈশ্বৰে অধিক চিৰসহিঞ্চুতাৰে সহন কৰিব(৯:২২)।

প্ৰতাপৰ কাৰণে যুগুত হোৱাবিলাকলৈ ঈশ্বৰে কি কৰিব?

উতত্তঃ সেই সকলক নিজ প্ৰতাপৰূপ ধন জনাব(৯:২৩)।

কোন বিলাক লোকক ঈশ্বৰে দয়াৰ পাত্ৰ কৰিবৰ বাবে আমন্ত্ৰণ কৰিলে?

যিহূদী আৰু পৰজাতি এই দুয়োকো আমন্ত্ৰণ কৰিলে(৯:২৪)।

Romans 9:27-29

গোটেই ইস্ৰায়েলৰ মাজৰ কিমান বিলাক সন্তানে পৰিত্ৰাণ লাভ কৰিব?

গোটেই ইস্ৰায়েলৰ অৱশিষ্ট ভাগেহে পৰিত্ৰাণ লাভ কৰিব(৯:২৭)।

Romans 9:30-31

ধাৰ্মিকতালৈ কাৰবাৰ নকৰা পৰজাতি সকলে কি দৰে ধাৰ্মিকতাৰ লাভ কৰিলে?

তেওঁবিলাকে বিশ্বাসৰ দ্বাৰাই ধাৰ্ম্মিকতা লাভ কৰিলে(৯:৩০)।

বিধানৰ ধাৰ্ম্মিকতাৰ কাৰবাৰ কৰিও তাক কিয় লাভ নকৰিলে?

কিয়নো তেওঁবিলাকে তাক কৰ্মৰ দ্বাৰাইহে পোৱা যাব বুলি কাৰবাৰ কৰিলে(৯:৩১-৩২)।

Romans 9:32-33

ইস্ৰায়েলী সকল কিহত উজুতি খালে?

তেওঁবিলাক উজুটি খুউৱা শিলত আৰু বিঘ্নজনক শিলত উজুটি খালে(৯:৩২-৩৩)।

যিসকলে উজুটি নাখালে, কিন্তু বিশ্বাস কৰিলে তেওঁবিলাকলৈ কি হব?

তেওঁবিলাক লাজত নপৰিব(৯:৩৩)।

Romans 10

Romans 10:1-3

ইস্ৰায়েলী ভাই সকলৰ প্ৰতি পৌলৰ কি ইচ্ছা আছে?

তেওঁবিলাকে পৰিত্ৰাণ লাভ কৰাতো পৌলে বাঞ্ছা কৰে(১০:১)।

ইস্ৰায়েলী সকলে কি স্থাপন কৰিবলৈ বিচাৰিছে?

ইস্ৰায়েলীবিলাকে নিজৰ ধাৰ্ম্মিকতা স্থাপন কৰিবলৈ বিচাৰিছে(১০:৩)।

ঈস্ৰায়েলী সকলে কি নাজানে?

ঈস্ৰায়েলী বিলাকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানে(১০:৩)।

Romans 10:4-7

বিধানৰ সম্বন্ধে খ্ৰীষ্ট কি?

ধাৰ্ম্মিকতাৰ নিমিত্তে বিশ্বাস কৰা প্ৰত্যেক জনলৈ খ্ৰীষ্টই বিধানৰ শেষ(১০:৪)।

Romans 10:8-10

পৌলে ঘোষণা কৰি থকা বিশ্বাসৰ বাক্য ক’ত আছে বুলি কৈছে?

সেই বিশ্বাসৰ বাক্য ওচৰত, মুখত আৰু চিত্ততে আছে(১০:৮)।

এজন ব্যক্তিয়ে পৰিত্ৰাণ পাবৰ বাবে কি কৰিব লাগিব বুলি পৌলে কৈছে?

যদি তেওঁ নিজ মুখেৰে যীচুক প্ৰভু বুলি স্বীকাৰ কৰে আৰু ঈশ্বৰে যে তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰে, তেন্তে পৰিত্ৰাণ পাব(১০:৯)।

Romans 10:11-13

কি কৰাৰ দ্বাৰাই প্ৰতিজন ব্যক্তিয়ে পৰিত্ৰাণ লাভ কৰিব?

প্ৰভুৰ নামত প্ৰাৰ্থনা কৰাৰ দ্বাৰাই তেওঁবিলাকে পৰিত্ৰাণ লাভ কৰিব(১০:১৩)।

Romans 10:14-15

এজন ব্যক্তিৰ কাষলৈ শুভবাৰ্তা নিবৰ বাবে পৌলে কি কেইটা পদক্ষেপৰ কথা কৈছে, যাৰ যোগেদি সেই ব্যক্তি জনে প্ৰভুত বিশ্বাস কৰিব?

প্ৰথমে ঘোষণাকাৰী পঠাৱ লাগিব, আৰু শুভবাৰ্তা শুনিব আৰু বিশ্বাস কৰিব লাগিব, তেতিয়াহে এজন ব্যক্তি প্ৰভুৰ বুলি গণ্য কৰা হব(১০:১৪-১৫)।

Romans 10:16-17

বিশ্বাস কৰিবৰ বাবে কি শুনিব লাগিব?

খ্ৰীষ্টৰ বাক্য(১০:১৭)।

Romans 10:18

ইস্ৰায়েলী সকলে শুভবাৰ্তা শুনিবলৈ পাইছে নে আৰু তাৰ বিষয়ে জানে নে?

হয়, ইস্ৰায়েলে শুভবাৰ্তা শুনিছে আৰু তাৰ বিষয়ে জানে(১০:১৮-১৯)।

Romans 10:19

ঈশ্বৰে কি দৰে ইস্ৰায়েল জাতিৰ মাজত ঈৰ্ষা জন্মাব?

যি বিলাকে তেওঁক নিবিচাৰিলে এনে জাতিৰ আগত নিজকে প্ৰকাশ কৰাৰ দ্বাৰাই(১০:১৯-২০)।

Romans 10:20-21

ঈশ্বৰে ইস্ৰায়েল জাতিলৈ হাত মেলিলত কি দেখিলে?

আজ্ঞা নমনা আৰু আপত্তি কৰা লোক সমূহক দেখিলে(১০:২১)।

Romans 11

Romans 11:1-3

ঈশ্বৰে ইস্ৰায়েলক ত্যাগ কৰিলে নেকি?

এনে নহওক(১১:১)।

Romans 11:4-5

পৌলে ইস্ৰায়েলী সকলৰ মাজত ধাৰ্মিক লোক আছে বুলি কৈছে নে, যদি আছে তেনে হলে তেওঁবিলাকক কিয় ৰখা হৈছে

অনুগ্ৰহৰ দ্বাৰাই তেওঁবিলাকক ৰখা হৈছে(১১:৫)।

Romans 11:6-10

ইস্ৰায়েলী সকলৰ মাজৰ কোন বিলাকে পৰিত্ৰাণ লাভ কৰিছে, আৰু অৱশিষ্ট বিলাকৰ কি হব?

ইস্ৰায়েলী সকলৰ মাজৰ মনোনীত সকলে পৰিত্ৰাণ লাভ কৰিছে, আৰু অৱশিষ্টবিলাকক কঠিন কৰা হল(১১:৭)।

ঈশ্বৰে মূৰ্চ্ছা জনক আত্মা দিয়া সকলৰ কি হল?

মূৰ্চ্ছা জনক আত্মা দিয়া সকলে চকুৰে নেদেখা হল আৰু কাণেৰেও নুশুনা হল(১১:৮,১০)।

Romans 11:11-16

ইস্ৰায়েলী সকলে শুভবাৰ্তা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাত কি ভাল হল?

পৰজাতি বিলাকে শুভবাৰ্তা লাভ কৰিবলৈ সক্ষম হল(১১:১১-১২)।

Romans 11:17-18

পৌলে কোৱা জলফাই গছৰ শিপা আৰু ইয়াৰ বনৰীয়া ডাল সমূহে কাক সূচায়?

শিপাই ইস্ৰায়েলী সকলক সূচায় আৰু বনৰীয়া ডাল সমূহে পৰজাতিক সূচায়(১১:১৩-১৪,১৭)।

Romans 11:19-22

বনৰীয়া ডাল সমূহক কেনে ধৰণৰ আচৰণ কৰাৰ পৰা বিৰত থাকিবৰ বাবে পৌলে কৈছে?

বনৰীয়া ডাল সমূহক স্বাভাৱিক ডাল সমূহৰ ওপৰত দৰ্প কৰাৰ পৰা বিৰত থাকিবৰ বাবে পৌলে কৈছে(১১:১৮-২০)।

বনৰীয়া ডাল সমূহৰ প্ৰতি পৌলে কি সাৱধান বাণী শুনাইছে?

পৌলে এই কথা কৈ তেওঁবিলাকক সাৱধান কৰিছে যে, ঈশ্বৰে যদি স্বাভাৱিক ডাল সমূহক মৰম নকৰিলে অবিশ্বাসী সকলে তেওঁবিলাককো মৰম নকৰিব(১১:২০-২২)।

Romans 11:23-24

স্বাভাৱিক ডাল সমূহে যদি তেওঁবিলাকৰ অবিশ্বাসত নাথাকে তেনে হলে তেওঁবিলাকলৈ কি কৰিব?

সেই বিলাকক আকৌ জলফাই গছত লগোৱা হব(১১:২৩-২৪)।

Romans 11:25-27

কিমান পৰলৈকে ইস্ৰায়েলী সকললৈ এই কঠিন সময় থাকিব?

যেতিয়ালৈকে পৰজাতি লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে থাকিব(১১:২৫)।

Romans 11:28-29

তেওঁবিলাক অবাধ্য হোৱাৰ স্বত্বেও, কিহৰ বাবে ঈশ্বৰে তেওঁবিলাকক প্ৰেম কৰি আহিছে?

তেওঁবিলাকে লাভ কৰা আমন্ত্ৰণ আৰু ওপৰপুৰুষ সকলৰ কাৰণে, ঈশ্বৰে এতিয়াও তেওঁবিলাকক প্ৰেম কৰি আহিছে(১১:২৮-২৯)।

Romans 11:30-32

যিহূদী আৰু পৰজাতি সকললৈ ঈশ্বৰে কি কৰিলে?

ঈশ্বৰে দুয়োকো অবাধ্যতাত বন্ধ কৰিলে(১১:৩০-৩২)।

ঈশ্বৰে অবাধ্যতাৰ বাবে কি দেখুৱালে?

ঈশ্বৰে যিহূদী আৰু পৰজাতি দুয়োকো দয়া দেখুৱালে(১১:৩০-৩২)।

Romans 11:33-34

কোনে ঈশ্বৰৰ মন জানিলে আৰু তেওঁৰ পথ অনুসন্ধান কৰিলে?

ঈশ্বৰৰ মন জনা আৰু তেওঁৰ পথ অনুসন্ধান কৰা সকলোৰে বাবে অসাধ্য(১১:৩৩-৩৪)।

Romans 11:35-36

ঈশ্বৰৰ লগত জড়িত থকা তিনিটা পথ কি কি?

ঈশ্বৰৰ পৰা, ঈশ্বৰৰ দ্বাৰাই আৰু ঈশ্বৰৰ নিমিত্তে(১১:৩৬)।

Romans 12

Romans 12:1-2

ঈশ্বৰৰ উদ্দেশ্যে বিশ্বাসী সকলে কেনে ধৰণৰ আত্মিক সেৱা আগবঢ়াব লাগে?

নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা(১২:১)।

নতুন মনে এজন বিশ্বাসীক কি কৰিবৰ বাবে সক্ষম কৰি তোলে?

নতুন মনে এজন বিশ্বাসীক ঈশ্বৰৰ ইচ্ছা, অৰ্থাৎ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবলৈ সক্ষম কৰি তোলে(১২:২)।

Romans 12:3

এজন বিশ্বাসীয়ে নিজকে কি বুলি চিন্তা কৰিব নালাগে?

কোনেও নিজকে বৰ বুলি বিবেচনা কৰিব নালাগে(১২:৩)।

Romans 12:4-5

বিশ্বাসী সকল খ্ৰীষ্টত কি দৰে ইজনে সিজনৰ লগত সংযুক্ত?

বিশ্বাসী সকল অনেক হৈও খ্ৰীষ্টত এক দেহ হয়(১২:৪-৫)।

Romans 12:6-8

প্ৰতিজন বিশ্বাসীয়ে ঈশ্বৰে তেওঁবিলাকক দিয়া বৰ সমূহক কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে?

সেই বৰ নিজ নিজ বিশ্বাসৰ পৰিমাণেৰে ব্যৱহাৰ কৰিব লাগে(১২:৬)।

Romans 12:9-10

বিশ্বাসী সকলে ইজনে সিজনৰ প্ৰতি কেনে ব্যৱহাৰ কৰিব লাগে?

বিশ্বাসী সকল ভ্ৰাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হব লাগে(১২:১০)।

Romans 12:11-13

বিশ্বাসী সকলে পবিত্ৰবিলাকৰ প্ৰযোজনত কি কৰিব লাগে?

তেওঁবিলাকৰ সহভাগী হব লাগে(১২:১৩)।

Romans 12:14-16

তাড়ণা কৰা বিলাকৰ প্ৰতি বিশ্বাসী সকলৰ কেনে মনোভাৱ হোৱা উচিত?

তেওঁবিলাকক আশীৰ্ব্বাদ কৰিব লাগে, শাও দিব নালাগে(১২:১৪)।

সামান্য বিলাকৰ প্ৰতি বিশ্বাসী সকলৰ কেনে মনোভাৱ হোৱা উচিত?

তেওঁবিলাকক গ্ৰ্হণ কৰি তেওঁবিলাকৰ মতে চলিব লাগে(১২:১৬)।

Romans 12:17-18

সাধ্য অনুসাৰে বিশ্বাসী সকলে ইজনে সিজনৰ মাজত কি বিচাৰিব লাগে?

সাধ্য অনুসাৰে সকলো মানুহে সৈতে মিলেৰে থাকিব লাগে(১২:১৮)।

Romans 12:19-21

বিশ্বাসী সকলে কিয় অন্যায়ৰ প্ৰতিকাৰ কৰিব নালাগে?

কিয়নো প্ৰতিকাৰ কৰা কৰ্ম্ম ঈশ্বৰৰহে(১২:১৯)।

বিশ্বাসী সকলে কুকৰ্মক কেনে দৰে পৰাজিত কৰিব লাগে?

সুকৰ্ম্ম কৰাৰ দ্বাৰাই কুকৰ্ম্মক পৰাজয় কৰিব লাগে(১২:২১)।

Romans 13

Romans 13:1-2

পৃথিৱীৰ লোক সকলে কৰ পৰা ক্ষমতা লাভ কৰে?

সকলোৱে ঈশ্বৰৰ পৰা ক্ষমতা লাভ কৰে(১৩:১)।

জগতৰ ক্ষমতাৰ প্ৰতিৰোধ কৰা সকলে কি লাভ কৰিব?

তেওঁবিলাকে নিজেই নিজলৈ দণ্ডাজ্ঞা লাভ কৰিব(১৩:২)।

Romans 13:3-5

পৌলে বিশ্বাসী সকলক নিৰ্ভয়েৰে থাকিবৰ অৰ্থে ক্ষমতাত থকা সকলৰ প্ৰতি কেনে ব্যৱহাৰ কৰিব কৈছে?

বিশ্বাসী সকলক নিৰ্ভয়েৰে থাকিবৰ অৰ্থে যি ভাল তেনে কাৰ্য্য কৰিবৰ বাবে কৈছে(১৩:৩)।

কুকৰ্ম্মক প্ৰতিৰোধ কৰিবৰ বাবে শাসনত থকা সকলক ঈশ্বৰে কি ক্ষমতা দিছে?

তেওঁবিলাকক তৰোৱাল ধৰিবলৈ আৰু ক্ৰোধৰ অৰ্থে প্ৰতিফল দিওঁতা কৰিছে(১৩:৪)।

Romans 13:6-7

ধনৰ সম্পৰ্কত ঈশ্বৰে শাসনত থকা সকলক কি ক্ষমতা দিছে?

কৰ সংগ্ৰহ কৰাৰ ক্ষমতা দিছে(১৩:৬)

Romans 13:8-10

পৌলে বিশ্বাসী সকলক এজনে আনৰ প্ৰতি কি ক্ষেত্ৰত ধাৰুৱা হবলৈ কৈছে?

পৰস্পৰে প্ৰেম কৰাৰ ক্ষেত্ৰত ধাৰুৱা হবলৈ কৈছে(১৩:৮)।

বিশ্বাসী সকলে কি দৰে বিধান সম্পূৰ্ণ কৰিলে?

ওচৰচুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰাৰ দ্বাৰাই(১৩:৮,১০)

পৌলে কোনকেইটা আজ্ঞা বিধানৰ অংশ হয় বুলি কৈছে?

ব্যভিচাৰ নকৰা, নৰ-বধ নকৰা, চুৰ নকৰা, লোভ নকৰা এইকেইটা বিধানৰ অংশ হয় বুলি কৈছে(১৩:৯)।

Romans 13:11-12

পৌলে বিশ্বাসী সকলক কোনটো বিষয় ত্যাগ কৰিবৰ বাবে কৈছে আৰু কোনটো বিষয় পিন্ধিবলৈ কৈছে?

আন্ধাৰৰ কৰ্ম এৰি পোহৰৰ সাজ পিন্ধিবলৈ কৈছে(১৩:১২)।

Romans 13:13-14

কেনে ধৰণৰ কাৰ্য্য সমূহত বিশ্বাসী সকল সহভাগী হব নালাগে?

ৰঙ্গৰস আৰু মত্ততা, সস্পটতা আৰু কামাভিলাষে, বিবাদ আৰু ঈৰ্ষা এইবোৰৰ সহভাগী হব নালাগে(১৩:১৩)।

অভিলাষ আৰু মাংসৰ সম্বন্ধে বিশ্বাসী সকলৰ মনোভাৱ কেনে হব লাগে?

অভিলাষ আৰু মাংসৰ সম্বন্ধে বিশ্বাসী সকলে একো আয়োজন কৰিব নালাগে(১৩:১৪)।

Romans 14

Romans 14:1-2

বিশ্বাসত শক্তিশালী জনে কেনে ধৰণে আহাৰ খাব লাগে, আৰু বিশ্বাসত দূৰ্ব্বল জনে কেনে ধৰণৰ আহাৰ খাব লাগে?

বিশ্বাসত শক্তিশালী জনে সকলো ধৰণে আহাৰ খাব পাৰে, কিন্তু বিশ্বাসত দূৰ্ব্বল জনে শাকহে খাব লাগে(১৪:২)।

খোৱাৰ সম্বন্ধে বিশ্বাসী সকলে ইজনে সিজনৰ প্ৰতি কেনে মনোভাৱ ৰখা উচিত?

যি জন খায় তেওঁ নোখোৱা জনক হেয়জ্ঞান নকৰক, যি জনে নাখায় তেওঁ খোৱা জনৰ সোধবিচাৰ নকৰক(১৪:১,৩)

Romans 14:3-4

সকলো ধৰণৰ আহাৰ খোৱা আৰু অকল শাক খোৱা এই দুয়োকো কোনে গ্ৰহণ কৰিলে?

এই দুয়োকো ঈশ্বৰে গ্ৰহণ কৰিলে(১৪:৩-৪)।

Romans 14:5-6

পৌলে আৰু কোনটো বিষয়ক কাৰণ হিচাপে চিহ্নিত কৰিছে?

আৰু এটা বিষয় পৌলে চিহ্নিত কৰিছে আৰু সেইটো হৈছে, কোনো কোনোৱে এটা দিন আনদিনতকৈ অধিক মান্য কৰে(১৪:৫)।

Romans 14:7-9

বিশ্বাসী সকল কাৰ উদ্দেশ্যে মৰে বা জীয়ে?

প্ৰভুৰ উদ্দ্যশ্যে জীয়ে বা মৰে(১৪:৭-৮)।

Romans 14:10-11

সকলো বিশ্বাসীয়ে শেষত কত থিয় হব লাগিব আৰু তাত তেওঁবিলাকে কি কৰি থাকিব?

সকলো বিশ্বাসীয়ে খ্ৰীষ্টৰ সোধৰ আসনৰ আগত থিয় হব আৰু প্ৰতি জনে নিজ নিজ বিষয়ৰ হিচাপ দিব(১৪:১০-১২)।

Romans 14:12-13

এজন ভাই আন জনৰ ভাইৰ প্ৰতি বিশ্বাসীৰ সম্বন্ধে কেনে মনোভাৱ হব লাগে?

এজন ভাই আন ভাইৰ প্ৰতি বিশ্বাসৰ সম্বন্ধে উজটি খুউৱা মূঢ়া হব নালাগে(১৪:১৩)।

Romans 14:14-15

আহাৰ সম্বন্ধে প্ৰভু যীচুত পৌলৰ কি বিশ্বাস আছে?

পৌলৰ বিশ্বাস এইয়ে যে সকলো বস্তু শুচি(১৪:১৪)।

Romans 14:16-19

ঈশ্বৰৰ ৰাজ্যৰ সাৰ কি?

ঈশ্বৰৰ ৰাজ্য ধাৰ্ম্মিকতাৰ, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ এইবোৰে ঈশ্বৰৰ ৰাজ্যৰ সাৰ(১৪:১৭)।

Romans 14:20-21

মঙহ নোখোৱা আৰু দ্ৰাক্ষাৰস পান নকৰা এজন বিশ্বাসী ভাইৰ উপস্থিতিত আন জন বিশ্বাসী ভাইয়ে কি কৰিব লাগে বুলি পৌলে কৈছে?

মঙহ নোখোৱা আৰু দ্ৰাক্ষাৰস পান নকৰা এজন বিশ্বাসী ভাই যেন উজুতি নাখায়া তাৰ বাবে সেই বিশ্বাসী ভাইয়ে মঙহ বা দ্ৰাক্ষাৰস নোখোৱাই ভাল(১৪:২১)।

Romans 14:22-23

বিশ্বাসমূলক ভাৱে নকৰিলে এজন ব্যক্তিৰ পৰিণাম কি হব?

সেই সকলোৱেই পাপ(১৪:২৩)।

Romans 15

Romans 15:1-2

বিশ্বাসত বলৱন্ত সকলে বিশ্বাসত দূৰ্ব্বলবিলাকৰ প্ৰতি কেনে মনোভাৱ ৰখা উচিত?

দূৰ্ব্বলীবিলাকৰ হিতলৈ চাই তেওঁবিলাকৰ ভাৰ বোৱা উচিত(১৫:১-২)।

Romans 15:3-4

শাস্ত্ৰ আগেয়ে লিখাৰ আন এক উদ্দেশ্যে কি?

আমি ধৈৰ্য্যেৰে আৰু শাস্ত্ৰৰ শান্তনাৰে আশা পাবলৈ, আমাৰ শিক্ষাৰ নিমিত্তে শাস্ত্ৰ আগেয়ে লিখা হল(১৫:৪)।

Romans 15:5-7

ধৈৰ্য্যৰে বিশ্বাসী সকলে ইজনে সিজনক উৎসাহিত কৰাৰ দ্বাৰাই কি লাভ কৰাতো পৌলে আশা কৰে?

ধৈৰ্য্য আৰু শান্তনাৰে পৰস্পৰৰ ভাব খ্ৰীষ্ট যীচুৰ দৰে একে হোৱাতো পৌলে আশা কৰে(১৫:৬)।

Romans 15:8-9

নিজৰ বাবে নহয় কিন্তু আনৰ সেৱাৰ বাবে নিজৰ জীৱন দিয়া বিষয়টিৰ বাবে পৌলে কাৰ জীৱনটো উদাহৰণ স্বৰূপে ব্যৱহাৰ কৰিছে?

খ্ৰীষ্টৰ জীৱনটো উদাহৰণ স্বৰূপে পৌলে ব্যৱহাৰ কৰিছে(১৫:৩,৮-৯)।

Romans 15:10-12

ঈশ্বৰৰ দয়া পৰজাতি বিলাকৰ ওপৰত থকাৰ বাবে ঈশ্বৰে তেওঁবিলাকলৈ কি কৰিব বুলি শাস্ত্ৰে কৈছে?

পৰজাতিবিলাকে প্ৰভুত আনন্দ আৰু তেওঁৰ প্ৰশংসা কৰিব, আৰু তেওঁবিলাকে তেওঁত ভাৰসা কৰিব(১৫:১০-১২)।

Romans 15:13-14

পবিত্ৰ আত্মাৰ শক্তিৰ দ্বাৰাই বিশ্বাসী সকলে কি কৰিব পাৰিব বুলি পৌলে কৈছে?

তেওঁবিলাক সকলো আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ হব, আৰু তেওঁবিলাকৰ আশাত উপচি পৰিব(১৫:১৩)।

Romans 15:15-16

ঈশ্বৰে পৌলক কি বৰ দিছে, পৌলৰ আভিযান কি?

খ্ৰীষ্ট যীচুৰ সেৱক আৰু পৰজাতিবিলাকলৈ শুভবাৰ্তা পৰিচৰ্যা কৰিবলৈ দায়িত্ব লাভ কৰে(১৫:১৬)।

Romans 15:17-19

পৰজাতি বিলাকক বিশ্বাসলৈ অনাৰ ক্ষেত্ৰত খ্ৰীষ্টই পৌলক কেনে দৰে পৰিচালনা কৰিলে?

বাক্য আৰু কাৰ্য্যত, আচৰিত চিন আৰু অদ্ভুত লক্ষণৰ গুণে আৰু পবিত্ৰ আত্মাৰ শক্তিৰে, পৰজাতিবিলাকক আজ্ঞাধীনতালৈ আনে(১৫:১৮-১৯)।

Romans 15:20-23

পৌলে ক’ত শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছা কৰিছিল?

যি যি ঠাইত খ্ৰীষ্টৰ নাম প্ৰচাৰিত হোৱা নাই সেই ঠাই সমূহত প্ৰচাৰ কৰিবলৈ ইচ্ছা কৰিছিল(১৫:২০-২১)।

Romans 15:24-25

পৌলে কোন ঠাইলৈ যাত্ৰা কৰিবলৈ ইচ্ছা কৰিছিল যিয়ে তেওঁক ৰোমলৈ আহিবলৈ সুযোগ প্ৰদান কৰিব?

স্পেইন দেশলৈ যাবলৈ ইচ্ছা কৰিছিল(১৫:২৪,২৮)।

Romans 15:26-29

পৌলে এতিয়া কি যিৰূচালেমলৈ যাবলৈ ওলাইছে?

কিয়নো মাকিদনিয়া আৰু আখায়া দেশীয়বিলাকে যিৰূচালেমত থকা পবিত্ৰসকলৰ মাজৰ দৰিদ্ৰবিলাকৰ অৰ্থে কিছু দান দিবলৈ ভাল দেখিলে(১৫:২৫-২৬)।

পৌলে পৰজাতিৰ লোক বিলাক যিহূদী বিলাকৰ ওচৰত মাংসিক বিষয়ত অধিকাৰ আছে বুলি কিয় কৈছে?

কিয়নো পৰজাতিবিলাক আত্মিক বিষয়ত তেওঁবিলাকৰ সহভাগী হল(১৫:২৭)।

Romans 15:30-33

পৌলে কাৰ ওচৰৰ পৰা ৰক্ষা পাবলৈ ইচ্ছা কৰিছিল?

যিহূদিয়াত থকা আজ্ঞা নমনাবিলাকৰ পৰা ৰক্ষা পাবলৈ ইচ্ছা কৰিছিল(১৫:৩০)।

Romans 16

Romans 16:1-2

ফৈবী পৌলৰ অৰ্থে কি হল?

ফৈবী পৌল আৰু অনেকৰ অৰ্থে উপকাৰ কৰোঁতা হল(১৬:১-২)।

Romans 16:3-5

পৌলৰ বাবে প্ৰিষ্কা আৰু আক্কিলাই অতীতত কি কৰিছিল?

তেওঁবিলাকে নিজ প্ৰাণ বিপদত পেলাইছিল(১৬:৪)।

ৰোমৰ কোন ঠাইত বিশ্বাসী সকল লগ হৈছিল?

বিশ্বাসী সকল ৰোমত প্ৰিষ্কা আৰু আক্কিলাৰ ঘৰত লগ হৈছিল(১৬:৫)।

Romans 16:6-14

আন্দ্ৰনীক আৰু যূনিয়, অতীতত পৌলৰ সৈতে কেনে সহভাগিতাত আছিল?

তেওঁলোক দুয়ো পৌলৰ লগৰ বন্দীয়াৰ আছিল(১৬:৭)।

Romans 16:15-16

বিশ্বাসী সকলে পৰস্পৰে কি দৰে মঙ্গলবাদ জনাইছিল?

পবিত্ৰ চুমাৰে(১৬:১৬)।

Romans 16:17-18

বিচ্ছেদ আৰু বিঘিনি জন্মাবলৈ কোনো কোনোৱে কি কৰ্ম কৰিছে?

বিচ্ছেদ আৰু বিঘিনি জন্মাবলৈ কোনো কোনোৱে তেওঁবিলাকে যি শিক্ষা লাভ কৰিছিল তাৰ বিপৰীতে গৈ মধুৰ বাক্য আৰু সুন্দৰ কথাৰে অকুটিল লোকৰ মন ভুলাল(১৬:১৭-১৮)।

বিচ্ছেদ আৰু বিঘিনি জন্মোৱা সকলৰ প্ৰতি কেনে ব্যৱহাৰ কৰিবলৈ পৌলে কৈছে?

তেনে লোকক চিনি ৰাখি তেওঁবিলাকৰ পৰা পৃথকে থাকিবলৈ কৈছে(১৬:১৭)।

Romans 16:19-20

ভাল আৰু বেয়াৰ প্ৰতি বিশ্বাসী সকলৰ কেনে মনোভাৱ হোৱাতো পৌলে বিচাৰে?

পৌলে বিশ্বাসী সকল উত্তম বিষয়ত জ্ঞানী আৰু মন্দ বিষয়ত শুদ্ধ হোৱাতো বাঞ্ছা কৰে(১৬:১৯)।

শান্তিৰ ঈশ্বৰে অতি শীঘ্ৰে কি কৰিবলৈ গৈ আছে?

শান্তিৰ আকৰ ঈশ্বৰে অলপতে চয়তানক ভৰিৰ তলত মৰ্দ্দন কৰিবলৈ গৈ আছে(১৬:২০)।

Romans 16:21-22

এই পত্ৰ খনি কাৰ হাতে লিখালে?

এই পত্ৰলিখক জন হল তৰ্ত্তিয়(১৬:২২)।

Romans 16:23-24

ইৰাস্তে কি কাম কৰিছিল?

ভঁৰালী কাম কৰিছিল(১৬:২৩)।

Romans 16:25-27

কি নিগূঢ় তত্ব অনাদি কালৰে পৰা গুপুতে ৰখা হৈছিল যি এতিয়া পৌলৰ বাৰ্তাৰ দ্বাৰাই প্ৰকাশিত হৈছে?

পৌলে এতিয়া যীচু খ্ৰীষ্ট সম্বন্ধীয় শুভবাৰ্তা প্ৰকাশ কৰিছে(১৬:২৫-২৬)।

পৌলে কিহৰ উদ্দেশ্যে ঘোষণা কৰিছে?

পৰজাতিৰ লোক সকল বিশ্বাসত থিৰে থাকিবৰ বাবে ঘোষণা কৰিছে(১৬:২৬)।