1 John
1 John 1
1 John 1:1-2
আদিৰে পৰা কি আছিল বুলি যোহনে কৈছিল?
যোহনে জীৱনৰ বাক্য আদিৰে পৰা আছিল বুলি কৈছিল(১:১)।
যোহনে কেনেকৈ জীৱনৰ বাক্যৰ বিষয়ে জানিছিল? »»
যোহনে শুনি, দেখি, ধ্যান কৰি আৰু সেই বাক্যক ব্যৱহাৰ কৰাৰ দ্বাৰাই জানিছিল(১:১)।
যোহনৰ আগত প্ৰকাশিত হোৱাৰ আগেয়ে সেই জীৱনৰ বাক্য ক'ত আছিল?
যোহনৰ আগত প্ৰকাশিত হোৱাৰ আগেয়ে জীৱনৰ বাক্য পিতৃৰ লগত আছিল।(১:২)
1 John 1:3-4
যোহনে যি দেখিলে আৰু শুনিলে তাৰ বিষয়ে কিয় ঘোষণা কৰিলে?
যাতে আন লোক সমূহও তেওঁবিলাকৰে সৈতে সহভাগিতা হয়, সেই কাৰণে যোহনে যি দেখিলে আৰু শুনিলে তাক ঘোষণা কৰিলে । (১:৩)
যোহনৰ ইতিমধ্যেই কাৰ লগত সহভাগিতা আছিল?
যোহনৰ সহভাগিতা পিতৃ আৰু তেওঁৰ পুত্ৰ, যীচু খ্ৰীষ্টে সৈতি আছিল(১:৩)
1 John 1:5-7
যোহনে ঈশ্বৰৰ পৰা পোৱা কি বাৰ্তা তেওঁৰ পঢ়ুৱৈ সকলৰ আগত ঘোষণা কৰিছিল?
যোহনৰ বাৰ্তাটি আছিল যে ঈশ্বৰ পোহৰ হয় আৰু তেওঁত আন্ধাৰ এফেৰিও নাই(১:৫)
ঈশ্বৰৰ লগত সহভাগিতা আছে বুলি কয়, কিন্তু তথাপি আন্ধাৰত চলে, তেনে ব্যক্তিৰ বিষয়ে যোহনে কি বুলি কৈছে?
যোহনে তেনে ব্যক্তিক মিছলীয়া বুলি আখ্যা দিছে আৰু সত্য তেওঁত নাই বুলি কৈছে(১:৬)।
যি সকলে পোহৰত চলি আছে, কিহে তেওঁবিলাকৰ পাপ সমূহ ধুলে?
যীচুৰ তেজে তেওঁলোকৰ সকলো পাপ ধুলে(১:৭)।
1 John 1:8-10
আমাৰ পাপ নাই বুলি কোৱা ব্যক্তি জনৰ বিষয়ে যোহনে কি কৈছে?
তেনে ব্যক্তিয়ে নিজকে ভুলাই আৰু তেওঁৰ অন্তৰত সত্যতা নাই বুলি কৈছে(১:৮)।
যি সকলে নিজ নিজ পাপ সমূহ স্বীকাৰ কৰিব ঈশ্বৰে তেওঁবিলাকলৈ কি কৰিব বুলি কৈছে?
ঈশ্বৰে তেনে ব্যক্তিৰ সকলো পাপ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা তেওঁক শুচি কৰিব(১:৯)।
1 John 2
1 John 2:1-3
যীচুৱে কাৰ পাপৰ ভাৰ নিজৰ ওপৰত ল'লে?
যীচুৱে গোটেই জগতৰ পাপৰ ভাৰ নিজৰ ওপৰত ল’লে(২:২)
আমি যীচুক জানিছো বুলি কি দৰে জানিম?
যদিহে আমি তেওঁৰ আজ্ঞা সমূহ পালন কৰিছো তেনে হ'লে আমি জানিম যে আমি যীচুক জানিছো(২:৩)
1 John 2:4-8
যি জন ব্যক্তিয়ে ঈশ্বৰক জানো বুলি কয় কিন্তু তেওঁৰ আজ্ঞা সমূহহে পালন নকৰে, তেওঁ কেনে ধৰণৰ ব্যক্তি?
যি জন ব্যক্তিয়ে ঈশ্বৰক জানো বুলি কয়, কিন্তু তেওঁৰ আজ্ঞা সমূহ পালন নকৰে তেওঁক মিছলীয়া বুলি আখ্যা দিছে (২:৪)।
বিশ্বাসী জন কি দৰে খোজ কাঢ়িব লাগে?
যীচুৱে যেনে আচৰণ কৰিছিল তেনে আচৰণ কৰিব লাগে(২:৬)
1 John 2:9-11
যি জনে পোহৰত ফুৰোঁ বুলি কয়, কিন্তু নিজৰ ভাইক ঘিণ কৰে, সেই ব্যক্তিজনৰ আত্মিক অৱস্থা কেনে বুলি কৈছে?
যি জনে পোহৰত ফুৰিছোঁ বুলি কয়, কিন্তু নিজৰ ভাইক ঘিণ কৰে, তেওঁৰ আত্মিক জীৱন আন্ধাৰতে আছে বুলি কৈছে (২:৯,১১)।
1 John 2:12-14
ঈশ্বৰে বিশ্বাসী সকলৰ পাপ কিয় ক্ষমা কৰে?
খ্ৰীষ্টৰ নামৰ অৰ্থে ঈশ্বৰে বিশ্বাসী সকলৰ পাপ ক্ষমা কৰিব(২:১২)।
1 John 2:15-17
যোহনে বিশ্বাসী সকলৰ জাগতিক বস্তু সমূহৰ প্ৰতি কেনে মনোভাৱ হ'ব লাগে বুলি কৈছে?
যোহনে জগত আৰু জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবৰ বাবে কৈছে(২:১৫)
জগতৰ এনে কি তিনিটা বিষয় আছে যি পিতৃৰ পৰা অহা নাই বুলি যোহনে কৈছে?
মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱনৰ গৰ্ব্ব, এইবোৰ পিতৃৰ পৰা অহা নাই বুলি যোহনে কৈছে(২:১৬)।
1 John 2:18-21
যোহনে কি দৰে শেষ-কালৰ কথা জানো বুলি কৈছে?
কিয়নো বহুতো খ্ৰীষ্টাৰি (খ্ৰীষ্টৰ বিৰোধী)ৰ আৱিৰ্ভাৱ হৈছে, শেষ-কাল উপস্থিত হৈছে বুলি কৈছে৷ (২:১৮)।
যোহনে কোন আহি আছে বুলি কৈছে?
তেওঁ খ্ৰীষ্টাৰি আহি আছে বুলি কৈছিল (২:১৮)।
1 John 2:22-23
খ্ৰীষ্টাৰিয়ে কেনে কাৰ্য্য কৰিব যে আমি তাক চিনি পাম?
তেওঁ পিতৃ আৰু পুত্ৰক অস্বীকাৰ কৰিব (২:২২)
পুত্ৰক অস্বীকাৰ কৰা কোনোৱে পিতৃক পাব নে?
পুত্ৰক অস্বীকাৰ কৰা জনে পিতৃক নাপায়(২:২৩)
1 John 2:24-26
পিতৃ আৰু পুত্ৰত গথা হৈ থাকিবৰ অৰ্থে বিশ্বাসী সকলক যোহনে কি কৰিবৰ বাবে কৈছে?
আদিৰে পৰা তেওঁবিলাকে যি শুনিলে তাক যদি তেওঁবিলাকৰ অন্তৰত থাকে তেনে হ'লে তেওঁবিলাক পুত্ৰ আৰু পিতৃৰ সৈতে গথা হৈ থাকিব পাৰিব(২:২৪)।
ঈশ্বৰে বিশ্বাসী সকলৰ উদ্দেশ্যে কি প্ৰতিজ্ঞা কৰিছে?
ঈশ্বৰে বিশ্বাসী সকলৰ কাৰণে অনন্ত জীৱন দিম বুলি প্ৰতিজ্ঞা কৰিছে(২:২৫)।
1 John 2:27-29
খ্ৰীষ্ট অহাৰ সময়ত খ্ৰীষ্টত থকা সকলৰ স্বভাৱ কেনে হ'ব?
যি সকল খ্ৰীষ্টত থাকে তেওঁবিলাক খ্ৰীষ্টৰ আগমনৰ কালত সাহিয়াল আৰু তেওঁৰ আবিৰ্ভাৱত লজ্জিত নহ'ব(২:২৮)।
1 John 3
1 John 3:1-3
বিশ্বাসী সকলৰ ওপৰত পিতৃ ঈশ্বৰে কেনে ধৰণৰ প্ৰেম দান কৰিলে?
পিতৃয়ে তেওঁবিলাকক ঈশ্বৰৰ সন্তান বুলি বিখ্যাত কৰিব(৩:১-২)।
খ্ৰীষ্টৰ আগমনৰ কালত বিশ্বাসী সকললৈ কি ঘটিব?
খ্ৰীষ্টৰ যেতিয়া আগমন ঘটিব, বিশ্বাসী সকল খ্ৰীষ্টৰ নিচিনা হ'ব, আৰু তেওঁক আগৰ দৰেই দেখিব (৩:২)।
আৰু খ্ৰীষ্টৰ ওপৰত বিশ্বাসী সকলৰ যি আশা তাৰ বাবে তেওঁবিলাকে নিজলৈ কি কৰিব?
সেই আটাইবোৰ বিশ্বাসীয়ে তেওঁ যেনে শুচি, তেনেকৈ নিজকে শুচি কৰিব(৩:৩)।
1 John 3:4-6
খ্ৰীষ্টত কি নাথাকিব?
খ্ৰীষ্টত কোনো পাপ নাথাকিব(৩:৫)।
যি সকলে পাপ কৰি যায় তেওঁবিলাকৰ লগত ঈশ্বৰৰ কেনে ধৰণৰ সম্বন্ধ থাকে?
যি সকলে পাপ কাৰ্য্য কৰি যায় তেওঁ খ্ৰীষ্টক কেতিয়াও জনা নাই আৰু দেখাও নাই(৩:৬,৮)।
1 John 3:7-8
ঈশ্বৰৰ পুত্ৰ কিয় প্ৰকাশিত হ'ব লগা হল?
চয়তানৰ কৰ্ম্ম লুপ্ত কৰিবৰ কাৰণেই ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ'ল(৩:৮)।
1 John 3:9-10
ঈশ্বৰৰ সন্তান বিলাক আৰু চয়তানৰ সন্তানবিলাক বুলি কি দৰে প্ৰকাশিত হ'ব?
ঈশ্বৰৰ সন্তানবিলাকে পাপ আচৰণ নকৰিব কিন্ত চয়তানৰ সন্তানসকলে পাপ আচৰণ কৰিব(৩:৭-১০)
1 John 3:11-12
কয়িন যে চয়তানৰ পুত্ৰ তাক কেনেকৈ চিনিব পাৰি?
নিজ ভায়েকক বধ কৰাৰ দ্বাৰাই কয়িনে নিজকে চয়তানৰ পুত্ৰ বুলি প্ৰকাশিত কৰিলে(৩:১২)
1 John 3:13-15
বিশ্বাসী সকলক কিহত বিস্ময় নামানিবৰ বাবে যোহনে কৈছিল?
জগতে তেওঁবিলাকক ঘিণ কৰিলে তাত বিস্ময় নামানিবলৈ যোহনে কৈছিল(৩:১৩)।
কেনে আচৰণ কৰাৰ দ্বাৰাই এজন বিশ্বাসী ঈশ্বৰৰ সন্তানক বুলি পৰিচিত হয়?
ভাই বিলাকক প্ৰেম কৰাৰ দ্বাৰাই বিশ্বাসী সকল যে ঈশ্বৰৰ সন্তান তাৰ পৰিচয় দিয়ে(৩:১০,১১,১৪)।
1 John 3:16-18
প্ৰেমৰ তত্ব আমি কেনেকৈ জানিবলৈ পালো?
খ্ৰীষ্টই আমাৰ কাৰণে নিজৰ প্ৰাণ দিয়াতেই আমি প্ৰেমৰ তত্ব বুজিবলৈ পালো(৩:১৬)।
নিজ ভাইৰ অভাৱ দেখি এজন বিশ্বাসীয়ে কি দৰে ঈশ্বৰৰ প্ৰেম প্ৰকাশ কৰিব লাগে?
নিজ ভাইৰ অভাৱ দেখি এজন বিশ্বাসীয়ে সেই ভাইৰ প্ৰয়োজনীয় খিনি যোগান ধৰাৰ দ্বাৰাই ঈশ্বৰৰ প্ৰেম প্ৰকাশ কৰিব লাগে(৩:১৭-১৮)।
1 John 3:19-22
যেতিয়া এজন বিশ্বাসীয়ে কৰ্ম আৰু সত্যতাৰ দ্বাৰাই ঈশ্বৰৰ প্ৰেম প্ৰকাশ কৰে, তেতিয়া তেওঁ কি লাভ কৰে?
কৰ্ম আৰু সত্যতাৰে প্ৰেম কৰাৰ দ্বাৰাই এজন বিশ্বাসীৰ ঈশ্বৰৰ সাক্ষাতে নিজ হৃদয় আশ্বাসযুক্ত
হয় আৰু ঈশ্বৰৰ উদ্দেশ্যে সাহ হয় যে তেওঁবিলাকে যিহকে কামনা কৰে তাকেই তেওঁৰ পৰা পাব(৩:১৯,২১,২২)
1 John 3:23-24
ঈশ্বৰৰ পৰা পোৱা কোনটো আজ্ঞা যোহনে বিশ্বাসী সকলক সোঁৱৰাই দিছে?
তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ নামত আমি যেন বিশ্বাস কৰোঁ আৰু তেওঁ আমাক দিয়া আজ্ঞাৰ দৰে যেন আমি পৰস্পৰে প্ৰেম কৰোঁ এই আজ্ঞা যোহনে বিশ্বাসী সকলক সোঁৱৰাই দিছিল(৩:২৩)।
ঈশ্বৰ যে বিশ্বাসীবিলাকৰ অন্তৰত নিবাস কৰে তাক জানিবৰ বাবে ঈশ্বৰে বিশ্বাসী সকলক কি দিছে?
ঈশ্বৰে তেওঁৰ বিশ্বাসী সকলক তেওঁ যে তেওঁবিলাকত নিবাস কৰে তাক জানিবৰ বাবে তেওঁৰ আত্মা দান দিছে(৩:২৪)।
1 John 4
1 John 4:1-3
যোহনে বিশ্বাসী সকলক কিয় সকলো ধৰণৰ আত্মাক বিশ্বাস নকৰিবৰ বাবে সাৱধান কৰি দিছে?
কাৰণ অনেক ভাবি-কোৱা ভাববাদী এই জগতত ওলাল আৰু সেই বাবে যোহনে বিশ্বাসী সকলক সকলো ধৰণৰ আত্মাক বিশ্বাস নকৰিবৰ বাবে সাৱধান কৰি দিছিল(৪:১)।
ঈশ্বৰৰ আত্মাই যে আপোনাক কথা কৈছে তাক আপুনি কেনেকৈ জানিব?
যি আত্মাই যীচু খ্ৰীষ্ট যে মাংসত আহিল, ইয়াক স্বীকাৰ কৰিব সেই সকলো আত্মা ঈশ্বৰৰ(৪:২)।
যি আত্মাই যীচু খ্ৰীষ্ট মাংসত অহা বুলি স্বীকাৰ নকৰে সেয়া কি আত্মা?
যি আত্মাই যীচু খ্ৰীষ্ট মাংসত অহা বুলি স্বীকাৰ নকৰে সেয়া খ্ৰীষ্টাৰিৰ আত্মা(৪:৩)
1 John 4:4-6
যোহনে কোনটো আত্মাক মহান বুলি কৈছে?
জগতত থকা আত্মাতকৈ বিশ্বাসী জনাত থকা আত্মাই মহান(৪:৪-৫)।
1 John 4:7-8
তেওঁবিলাকে যে ঈশ্বৰক জানে, এই কথা বিশ্বাসী সকলৰ কেনে কৰ্মৰ দ্বাৰা প্ৰকাশিত হয়?
পৰস্পৰে পৰস্পৰক প্ৰেম কৰা কাৰ্য্যই তেওঁবিলাকে যে ঈশ্বৰক জানে তাক প্ৰকাশ কৰে(৪:৭-৮)।
1 John 4:9-14
ঈশ্বৰে তেওঁৰ প্ৰেম আমালৈ কি দৰে প্ৰকাশ কৰিলে?
ঈশ্বৰে তেওঁৰ একজাত পুত্ৰক জগতলৈ পঠোৱাৰ দ্বাৰাই তেওঁৰ প্ৰেম প্ৰকাশ কৰিলে(৪:৯)।
পিতৃয়ে তেওঁৰ পুত্ৰক কি উদ্দেশ্যে পঠালে?
আমাৰ পাপৰ প্ৰায়চিত্ত হবলৈ আৰু জগতৰ ত্ৰাণকৰ্তা হবলৈ পিতৃয়ে তেওঁৰ পুত্ৰক এই জগতলৈ পঠিয়ালে(৪:১০,১৪)।
1 John 4:15-16
প্ৰকৃত বিশ্বাসী এজনে যীচুক কি বুলি স্বীকাৰ কৰে?
যীচু ঈশ্বৰৰ পুত্ৰ বুলি স্বীকাৰ কৰে(৪:১৫)।
1 John 4:17-18
যি সকলৰ অন্তৰত প্ৰেম আৰু ঈশ্বৰ থাকে সোধ-বিচাৰৰ দিনা তেওঁবিলাকৰ আচৰণ কেনে হ'ব?
যি সকলৰ অন্তৰত প্ৰেম আৰু ঈশ্বৰ থাকে সোধ-বিচাৰৰ দিনা তেওঁবিলাকৰ আচৰণ সাহিয়াল হ'ব(৪:১৭)।
1 John 4:19-21
আমি কেনেকৈ প্ৰেম কৰিবলৈ সক্ষম হম?
আমি প্ৰেম কৰিবলৈ সক্ষম হম কিয়নো ঈশ্বৰে প্ৰথমে প্ৰেম কৰিলে(৪:১৯)।
যি জনে নিজ ভাইক ঘিণ কৰে তেওঁৰ সম্বন্ধ ঈশ্বৰৰ লগত কেনে হয়?
তেওঁ কেতিয়াও ঈশ্বৰক প্ৰেম কৰিব নোৱাৰে(৪:২০)।
যি সকলে ঈশ্বৰক প্ৰেম কৰে তেওঁবিলাকে কাক প্ৰেম কৰিব লাগে?
যি জনে ঈশ্বৰক প্ৰেম কৰে, তেওঁ আপোন ভাইকো প্ৰেম কৰিব লাগে(৪:২১)।
1 John 5
1 John 5:1-3
আমি যে ঈশ্বৰক প্ৰেম কৰো তাক কি দৰে প্ৰকাশ কৰিব পাৰো?
ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰাৰ দ্বাৰাই আমি যে ঈশ্বৰক প্ৰেম কৰো তাক প্ৰকাশ কৰো(৫:৩)
1 John 5:4-5
জগত কি দৰে জয় কৰিব পাৰি?
জগত জয় কৰা যি জয় সেয়ে আমাৰ বিশ্বাস(৫:৪)।
1 John 5:6-8
যীচু কি দুটা ধৰণে আহিল?
পানী আৰু তেজৰ যোগেদি আহিল(৫:৬)
কি তিনিটা বিষয়ে যীচুৰ সম্বন্ধে সাক্ষ্য বহন কৰে?
আত্মা, পানী আৰু তেজে সেই সাক্ষ্য বহন কৰে(৫:৭-৮)।
1 John 5:9-10
যি সকলে ঈশ্বৰে তেওঁৰ পুত্ৰৰ সম্বন্ধীয় সাক্ষ্যক বিশ্বাস নকৰে তেওঁবিলাকে ঈশ্বৰক কি পাতিলে?
যি সকলে ঈশ্বৰে তেওঁৰ পুত্ৰৰ সম্বন্ধীয় সাক্ষ্যক বিশ্বাস নকৰে তেওঁবিলাকে ঈশ্বৰক মিছলীয়া পাতিলে(৫:৯-১০)।
1 John 5:11-12
ঈশ্বৰে তেওঁৰ পুত্ৰৰ দ্বাৰাই আমালৈ কি দান কৰিলে?
ঈশ্বৰে তেওঁৰ পুত্ৰৰ দ্বাৰাই আমালৈ অনন্ত জীৱন দান কৰিলে(৫:১১)।
1 John 5:13-15
ঈশ্বৰৰ সন্মূখত বিশ্বাসী সকলৰ কেনে সাহ আছে?
বিশ্বাসী সকলৰ ঈশ্বৰৰ উদ্দেশ্যে সাহ এই যে আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচনা কৰোঁ, তেন্তে তেওঁ আমাৰ সেই যাচনা শুনিব(৫:১৪)
1 John 5:16-17
কোনো বিশ্বাসীয়ে যদি কোনো ভাইক মৃত্যু জনক নোহোৱা পাপ কৰা দেখে তেন্তে তেওঁলৈ কি কৰিব লাগে?
তেন্তে বিশ্বাসী জনে তেওঁলৈ যাচনা কৰিব আৰু তেওঁক, মৃত্যুজনক নোহোৱা পাপ কৰা লোক জনক জীৱন দিব(৫:১৬)।
সকলো অধৰ্ম্মই কি?
সকলো অধৰ্ম্মই পাপ(৫:১৭)।
1 John 5:18-21
গোটেই জগত কাৰ অধীনত আছে?
গোটেই জগত পাপ-আত্মাৰ অধীনত আছে(৫:১৯)