Assamese: translationQuestions

Updated ? hours ago # views See on DCS

2 John

2 John 1

2 John 1:1-3

লিখক যোহনে এই পত্ৰখনত নিজকে কি উপাধিৰে পৰিচয় কৰিছে?

যোহনে নিজকে বৃদ্ধ লোক বুলি পৰিচয় দিছে (১:১)।

এই পত্ৰখন কালৈ লিখা হৈছিল?

এই পত্ৰখন সেই মনোনীত কৰা মহিলা গৰাকী আৰু তাইৰ সন্তানবিলাকলৈ লিখা হৈছিল (১:১)।

অনুগ্ৰহ, দয়া আৰু শান্তি কাৰ পৰা আহে বুলি যোহনে কৈছে?

যোহনে কৈছে অনুগ্ৰহ, দয়া, আৰু শান্তি পিতৃ ঈশ্বৰ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ পৰা আহে (১:৩)।

2 John 1:4-6

যোহনে কিয় আনন্দ কৰিছে ?

যোহনে আনন্দ কৰিছে কাৰণ তেওঁ সেই মহিলাগৰাকীৰ কোনো কোনো সন্তানে সত্যতাত চলি থকাটো তেওঁ দেখা পাইছে (১:৪)।

আৰম্ভণীৰে পৰা তেওঁলোকৰ কি আজ্ঞা আছিল বুলি যোহনে কৈছিল?

যোহনে কৈছে যে তেওঁলোকৰ পৰস্পৰে পৰস্পৰক প্ৰেম কৰাৰ আজ্ঞা আৰম্ভণীৰে পৰা আছিল (১:৫)।

সেই প্ৰেম কি আছিল বুলি যোহনে কৈছে?

যোহনে কৈছে সেই প্ৰেম হৈছে ঈশ্বৰৰ আজ্ঞা অনুসৰি চলা (১:৬)।

2 John 1:7-8

যিবিলাকে যীচু খ্ৰীষ্টক মাংসত (শাৰীৰিক ৰূপত) অহাটো স্বীকাৰ নকৰে সেইবিলাকক যোহনে কি বুলি কৈছে?

যিবিলাকে যীচু খ্ৰীষ্টক মাংসত (শাৰীৰিক ৰূপত) অহাটো স্বীকাৰ নকৰে সেইবিলাকক যোহনে প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰি বুলি কৈছে (১:৭)।

বিশ্বাসীবিলাকক কি নকৰিবলৈ সাৱধান হ'বলৈ যোহনে কৈছে?

যোহনে বিশ্বাসীবিলাকক কৈছে যে তেওঁলোকে যিটোৰ বাবে কাৰ্য্য কৰিছে সেইবোৰ নেহেৰুৱাবলৈ সাৱধান হ'বলৈ কৈছে (১:৮)।

2 John 1:9-13

যিবিলাকে খ্ৰীষ্টৰ বিষয়ে সত্য শিক্ষা নানে তেনে কোনো জনৰ লগত যোহনে বিশ্বাসীবিলাকক কি কৰিবলৈ কৈছে ?

যিবিলাকে খ্ৰীষ্টৰ বিষয়ে সত্য শিক্ষা নানে তেনে কোনো জনক গ্ৰহণ নকৰিবলৈ যোহনে বিশ্বাসীবিলাকক কৈছে (১:১০)।

যিবিলাকে খ্ৰীষ্টৰ বিষয়ে সত্য শিক্ষা নানে তেনে কোনো জনক যদি গ্ৰহণ কৰে সেই বিশ্বাসীজন কিহৰ ভুল হয়?

যিজনে খ্ৰীষ্টৰ বিষয়ে সত্য শিক্ষা নানে বিশ্বাসীজন তেনেজনৰ কু-কৰ্ম্মবোৰৰ অংশীদাৰী হৈ পৰে (১:১১)।