1 Thessalonians
1 Thessalonians 1
1 Thessalonians 1:2-3
ঈশ্বৰৰ আগত থিছলনীকিয়াসকলৰ বিষয়ে পৌলে সদায়ে কি সোঁৱৰণ কৰিছিল?
পৌলে তেওঁলোকৰ বিশ্বাসৰ কাৰ্য্য, প্ৰেমৰ পৰিশ্ৰম আৰু তেওঁলোকৰ প্ৰত্যাশাৰ ধৈৰ্য্য সোঁৱৰণ কৰিছিল। (১:৩)।
1 Thessalonians 1:4-5
থিছলনীকিয়াসকলৰ ওচৰলৈ শুভবাৰ্ত্তা কি কি চাৰিটা উপায়েৰে আহিছিল?
থিছলনীকিয়াসকলৰ ওচৰলৈ শুভবাৰ্ত্তা বাক্যৰে, পৰাক্ৰমেৰে, পবিত্ৰ আত্মাৰে আৰু সম্পুৰ্ণ নিশ্চয়তাৰে আহিছিল (১:৫)।
1 Thessalonians 1:6-7
শুভবাৰ্ত্তাৰ বাক্য থিছলনীকিয়াসকলে গ্ৰহণ কৰা সময়ত তেওঁলোকৰ কি ঘটি আছিল?
থিছলনীকিয়াসকলে বহু ক্লেশ ঘটাৰ সময়ত শুভবাৰ্ত্তা গ্ৰহণ কৰিছিল (১:৬)।
থিছলনীকিয়াসকলে শুভবাৰ্ত্তা গ্ৰহণ কৰা সময়ত তেওঁলোকৰ মনোভাব কেনে আছিল?
শুভবাৰ্ত্তা গ্ৰহণ কৰাৰ সময়ত থিছলনীকিয়াসকলৰ মনোভাব পবিত্ৰ আত্মাত আনন্দিত হৈ পৰিছিল (১:৬)।
1 Thessalonians 1:8-10
থিছলনীকিয়াসকলে বাক্য গ্ৰহণ কৰাত প্ৰভুৰ বাক্যৰ কি ঘটিল?
তেওঁলোকৰ বিশ্বাস বাঢ়ি যোৱাৰ লগে লগে ঈশ্বৰৰ বাক্য সকলো ঠাইতে প্ৰতিধ্বনি/ব্যপ্ত হ'ল (১:৮)।
থিছলনীকিয়াসকলে সত্য ঈশ্বৰৰ বিশ্বাসী হোৱাৰ আগতে কি উপাসনা কৰি আছিল?
থিছলনীকিয়াসকলে সত্য ঈশ্বৰৰ বিশ্বাসী হোৱাৰ আগতে মুৰ্ত্তি পুজা কৰিছিল (১:৯)।
পৌল আৰু থিছলনীকিয়াসকলে কিহৰ বাবে অপেক্ষা কৰি আছিল?
পৌল আৰু থিছলনীকিয়াসকলে স্বৰ্গৰ পৰা যীচু অহালৈকে অপেক্ষা কৰি আছিল (১:১০)।
যীচুৱে কিহৰ পৰা আমাক উদ্ধাৰ কৰিলে?
আগলৈ হ'ব লগা ক্ৰোধৰ পৰা যীচুৱে আমাক উদ্ধাৰ কৰিলে (১:১০)।
1 Thessalonians 2
1 Thessalonians 2:1-2
থিছলনীকিয়াসকলৰ ওচৰলৈ অহাৰ আগতে পৌল আৰু তেওঁৰ সঙ্গীসকলক কেনে ব্ৱহাৰ কৰা হৈছিল?
পৌল আৰু তেওঁৰ সঙ্গীসকলে দুখ-ভোগ কৰিব লগা হৈছিল আৰু তেওঁলোকক লাজ লগাকৈ ব্যৱহাৰ কৰিছিল (২:২)।
1 Thessalonians 2:3-4
পৌলে শুভবাৰ্ত্তা প্ৰচাৰ কৰোতে কাক সন্তুষ্ট কৰিবলৈ ইচ্ছা কৰিছে?
পৌলে শুভবাৰ্ত্তা প্ৰচাৰ কৰোতে ঈশ্বৰকহে সন্তুষ্ট কৰিবলৈ ইচ্ছা কৰিছে (২:৪)।
1 Thessalonians 2:5-6
পৌলে তেওঁৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাত কি নকৰিব বুলি কৈছিল?
পৌলে খোচ-মোদ ব্যৱহাৰ আৰু লোভ ব্যৱহাৰ নকৰিছিল (২:৪-৬)।
1 Thessalonians 2:7-9
পৌলে যেতিয়া থিছলনীকিয়াসকলৰ মাজত আছিল তেওঁ তেওঁলোকক কেনে ব্যৱহাৰ কৰিছিল?
পৌলে থিছলনীকিয়সকলৰ প্ৰতি মৃদুশীল আছিল, পিতৃ-মাতৃয়ে নিজৰ সন্তানক লালন-পালন কৰাৰ দৰে আছিল (২:৭-৮, ১১)।
পৌল আৰু তেওঁৰ সঙ্গীসকলে থিছলনীকিয়াসকলৰ ওপৰত বোজা স্বৰূপ নহ'বলৈ কি কৰিছিল?
পৌল আৰু তেওঁৰ সঙ্গীসকলে দিনে-ৰাতিয়ে পৰিশ্ৰম কৰিছিল যাতে তেওঁলোক থিছলনীকিয়াসকলৰ ওপৰত বোজা স্বৰূপ নহয় (২:৯)।
1 Thessalonians 2:10-12
থিছলনীকিয়াসকলে কেনেদৰে চলিব লাগে বুলি পৌলে কৈছিল?
যি ঈশ্বৰে তেওঁৰ ৰাজ্য আৰু মহিমালৈ আমন্ত্ৰণ কৰিছে তেওঁলোকে তাৰ যোগ্য আচৰণ কৰি চলিবলৈ পৌলে থিছলনীকিয়াসকলক কৈছিল (২:১২)।
1 Thessalonians 2:13
পৌলে প্ৰচাৰ কৰা বাক্য থিছলনীকিয়াসকলে কেনেধৰণে গ্ৰহণ কৰিছিল?
থিছলনীকিয়াসকলে পৌলে প্ৰচাৰ কৰা বাক্য মানুহৰ বাক্য বুলি নহয়, ঈশ্বৰৰ বাক্য বুলি গ্ৰহণ কৰিছিল (২:১৩)।
1 Thessalonians 2:14-16
অবিশ্বাসী যিহুদীবিলাকে কি কৰিছিল যিটোত ঈশ্বৰ সন্তুষ্ট হোৱা নাছিল?
অবিশ্বাসী যিহুদীসকলে মণ্ডলীক তাড়না কৰিছিল, যীচুক আৰু ভাববাদীসকলক বধ কৰিছিল, পৌলক খেদি পঠিয়াইছিল, আৰু পৰজাতিসকলক প্ৰচাৰ কৰিবলৈ পৌলক নিষেধ কৰিছিল (২:১৪-১৬)।
1 Thessalonians 2:17-20
পৌলে যদিও থিছলনীকিয়াসকলৰ ওচৰলৈ আহিবলৈ ইচ্ছা কৰিছিল তেওঁ কিয় আহিব পৰা নাছিল?
চয়তানে তেওঁৰ বাধা জন্মোৱাৰ কাৰণে পৌলে তেওঁলোকৰ ওচৰলৈ আহিব পৰা নাছিল (২:১৭-১৮)।
প্ৰভুৰ আগমণত থিছলনীকিয়াসকল পৌলৰ বাবে কি হ'ব?
প্ৰভুৰ আগমণত পৌলৰ বাবে থিছলনীকিয়াসকল আশা, আনন্দ, আৰু গৌৰৱৰ কিৰীটিস্বৰূপ হ'ব (২:১৯-২০)।
1 Thessalonians 3
1 Thessalonians 3:1-3
যদিও তেওঁক আথীনী নগৰত এৰি থৈ অহাত পৌলে কি কৰিছিল?
থিছলনীকাত থকা বিশ্বাসীসকলক বলৱান কৰিবলৈ আৰু সান্তনা দিবলৈ পৌলে তীমথিয়ক পঠাইছিল (৩:১-২)।
পৌলে নিজকে কিহৰ বাবে নিযুক্ত হৈছো বুলি কৈছে?
পৌলে নিজকে ক্লেশৰ বাবে নিযুক্ত হৈছো বুলি কৈছে (৩:৩)।
1 Thessalonians 3:4-5
থিছলনীকিয়াসকলৰ কিহৰ বিষয়ে পৌলে চিন্তিত হৈ আছিল?
পৰীক্ষকে তেওঁলোকক কেনেবাকৈ যেন পৰীক্ষাত নেপেলায় আৰু তেওঁৰ পৰিশ্ৰম যেন অথলে নাযায় তাৰ বাবে পৌল চিন্তিত আছিল( ১:৫)।
1 Thessalonians 3:6-7
তীমথিয়ই থিছলনীকাৰ পৰা উভতি অহাত পৌলে কেনেকৈ সান্তনা পালে?
থিছলনীকিয়াবিলাকৰ শুভবাৰ্ত্তা বিশ্বাস আৰু প্ৰেম, আৰু তেওঁলোকে তেওঁক চাবলৈ বৰ ইচ্ছা কৰাৰ কথা শুনিবলৈ পাই পৌল সান্তানাপ্ৰাপ্ত হৈছিল (৩:৬-৭)।
1 Thessalonians 3:8-10
থিছলনীকিয়াসকলে কি কৰিলে পৌলে জীয়াই থাকিব বুলি কৈছে?
যদি থিছলনীকিয়াসকলে বিশ্বাসত বলৱান হৈ থাকে তেওঁ জীয়াই থাকিব বুলি পৌলে কৈছে (৩:৮)।
কিহৰ বাবে পৌলে ৰাতিয়ে-দিনে প্ৰাৰ্থনা কৰি আছিল?
থিছলনীকিয়াসকলৰ বিশ্বাস দেখা পাবলৈ আৰু বিশ্বাসত তেওঁলোকৰ কি অভাব তাক পুৰাবলৈ পৌলে ৰাতিয়ে-দিনে প্ৰাৰ্থনা কৰি আছিল (৩:১০)।
1 Thessalonians 3:11-13
থিছলনীকিয়াসকলে কিহত বৃদ্ধি পাবলৈ আৰু উপচি পৰিবলৈ পৌলে আশা কৰে?
থিছলনীকিয়াসকলে যাতে পৰস্পৰৰ প্ৰতি আৰু সকলো মানুহৰ প্ৰতি প্ৰেমত বৃদ্ধি পাবলৈ আৰু উপচি পৰে পৌলে সেইটো আশা কৰে (৩:১২)।
কি কাৰণে থিছলনীকিয়াসকলে তেওঁলোকৰ অন্তৰ পবিত্ৰতা, নিৰ্দোষী আৰু যুগুত হৈ থাকিবলৈ পৌলে বিচাৰিছিল?
প্ৰভুৱে তেওঁৰ পবিত্ৰবিলাকেৰে সৈতে আগমণৰ কালত থিছলনীকিয়াসকলে যুগুত হৈ থাকিবলৈ পৌলে বিচাৰিছিল (৩:১৩)।
1 Thessalonians 4
1 Thessalonians 4:1-2
পৌলে থিছলনীকিয়াসকলক দিয়া নিৰ্দেশনাৰ বিষয়ে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ কেনেদৰে চলাটো তেওঁ বিচাৰিছিল?
পৌলে থিছলনীকিয়াসকলক একেৰাহে চলা আৰু ঈশ্বৰক সন্তুষ্ট কৰা আৰু অধিককৈ উপচি পৰাতো বিচাৰিছিল (৪:১-২)।
1 Thessalonians 4:3-6
থিছলনীকিয়াসকলৰ বাবে পৌলে ঈশ্বৰৰ ইচ্ছা কি বুলি কৈছিল?
থিছলনীকিয়াসকলৰ বাবে পৌলে কোৱা ঈশ্বৰৰ ইচ্ছাটো হৈছে তেওঁলোকৰ পবিত্ৰতা লাভ কৰা (৪:৩)।
স্বামীসকলে তেওঁলোকৰ ভাৰ্য্যাবিলাকলৈ কেনে আচৰণ কৰা উচিত?
স্বামীসকলে তেওঁলোকৰ ভাৰ্য্যাবিলাকক পবিত্ৰতা আৰু সমাদৰ আচৰণ কৰা উচিত (৪:৪)।
কামাভিলাষৰ বশৱৰ্ত্তী হৈ কোনো এজন ভায়ে যদি অপৰাধ কৰে তেওঁৰ প্ৰতি কি হ'ব?
কোনোৱে যদি কামাভিলাষৰ বশৱৰ্ত্তী হৈ অপৰাধ কৰে সেই ভাইৰ প্ৰতি প্ৰভুৱেহে প্ৰতিফল দিওঁতা (৪:৬)।
1 Thessalonians 4:7-8
কোনো এজন ব্যক্তিয়ে যদি পবিত্ৰতালৈ কৰা নিমন্ত্ৰণক অগ্ৰাহ্য কৰে তেওঁ কাক অগ্ৰাহ্য কৰে?
কোনো এজন ব্যক্তিয়ে যদি পবিত্ৰতালৈ কৰা নিমন্ত্ৰণক অগ্ৰাহ্য কৰে তেওঁ ঈশ্বৰকহে অগ্ৰাহ্য কৰে (৪:৮)।
1 Thessalonians 4:9-12
থিছলনীকিয়াসকলে কি কৰি আছিল যে পৌলে তেওঁলোকক আৰু বেছিকৈ কৰি থকাতো বিচাৰিছিল?
থিছলনীকিয়াসকলে যাতে আৰু বেছিকৈ পৰস্পৰে প্ৰেম কৰে পৌলে সেইটো বিচাৰিছিল( ৪:৯-১০)।
থিছলনীকিয়াসকলে কি কৰি থাকিব লাগিছিল যাতে অবিশ্বাসী বিলাকৰ আগত সঠিককৈ চলি থাকক আৰু তেওঁলোকৰ একোৰো অভাৱ নহওঁক?
থিছলনীকিয়াসকলে শান্ত হৈ থাকি, নিজৰ ব্যৱসায়ত মনোযোগ কৰি আৰু নিজ হাতেৰে পৰিশ্ৰম কৰক (৪:১১-১২)।
1 Thessalonians 4:13-15
কোনটো বিষয়ত সম্ভৱতঃ থিছলনীকিয়াসকলে ভুল বুজা বুজি আছিল?
থিছলনীকিয়াসকলৰ সম্ভৱতঃ এক ভুল বুজা-বুজি আছিল সেইটো হৈছে যিসকল নিদ্ৰিত হ'ল তেওঁলোকৰ কি হ'ব (৪:১৩)।
যীচুত যিসকল নিদ্ৰিত হ'ল তেওঁলোকক প্ৰভুৱে কি কৰিব?
ঈশ্বৰে খ্ৰীষ্টত নিদ্ৰিত সেইসকলক যীচুৰে সৈতে পুনৰায় তুলিব (৪:১৪)।
1 Thessalonians 4:16-18
প্ৰভুৱে স্বৰ্গৰ পৰা কেনেদৰে নামিব?
প্ৰভুৱে স্বৰ্গৰ পৰা মহা-শব্দেৰে আৰু ঈশ্বৰৰ তুৰী বাদ্যৰে নামি আহিব (৪:১৬)।
প্ৰথমতে কোন উঠিব আৰু তাৰ পাছত তেওঁলোকৰ সৈতে কোন একেলগে উঠিব?
খ্ৰীষ্টত মৃত সকলে প্ৰথমে উঠিব, তাৰ পাছত যিসকল জীৱিত হৈ আছে তেওঁলোক তেওঁলোকৰ লগত উত্থিত হ'ব (৪:১৬-১৭)।
উত্থিত সকল কাক লগ পাব আৰু কিমান সময়ৰ বাবে লগ পাব?
উত্থিত সকলে আকাশত প্ৰভুক লগ পাব আৰু তাৰ পাছত সদায়ে তেওঁৰ লগত থাকিব (৪:১৭)।
পৌলে থিছলনীকিয়াসকলক নিদ্ৰিত হোৱা সকলৰ বিষয়ে কি শিক্ষা দিছিল?
পৌলে থিছলনীকিয়াসকলক তেওঁৰ বাক্যৰ দ্বাৰাই পৰস্পৰক শান্তনা দিবলৈ কৈছিল (৪:১৮)।
1 Thessalonians 5
1 Thessalonians 5:1-3
প্ৰভুৰ দিন কেনেদৰে আহিব বুলি পৌলে কৈছে?
ৰাতি যেনেকৈ চোৰ আহে সেইদৰে প্ৰভুৰ দিন আহিব বুলি পৌলে কৈছে (৫:২)।
যেতিয়া আকস্মিক ধ্বংস তেওঁলোকৰ ওপৰলৈ আহিব কোনো মানুহে কি কি বুলি কৈ থাকিব?
কোনো কোনো মানুহে কৈ থাকিব, " শান্তি আৰু নিৰাপত্তা" (৫:৩)।
1 Thessalonians 5:4-7
পৌলে কিয় কৈ আছে যে বিশ্বাসীসকলক প্ৰভুৱে চোৰৰ দৰে অতিক্ৰম নকৰক?
বিশ্বাসীসকল আন্ধাৰত থকা নাই, কিন্তু পোহৰৰ সন্তান, সেই প্ৰভুৰ দিনটো চোৰৰ নিচিনাকৈ বিশ্বাসীসকলক অতিক্ৰম নকৰে (৫:৪-৫)।
প্ৰভুৰ দিনটো অহাৰ ক্ষেত্ৰত পৌলে বিশ্বাসীসকলক কি কৈ আছে?
পৌলে বিশ্বাসীসকলক পৰ দি চেতনে থাকিবলৈ, আৰু বিশ্বাসত, প্ৰেমত আৰু আশাত থিৰ হৈ থাকিবলৈ কৈছে (৫:৬-৮)।
1 Thessalonians 5:8-11
বিশ্বাসীসকলক ঈশ্বৰৰ দ্বাৰা কিহৰ বাবে নিৰূপণ কৰা হৈছে?
বিশ্বাসীসকলক ঈশ্বৰৰ দ্বাৰা প্ৰভু যীচুৰ যোগেদি পৰিত্ৰাণ পাবলৈ নিৰূপণ কৰা হৈছে (৫:৯)।
1 Thessalonians 5:12-14
বিশ্বাসীসকলৰ ওপৰত প্ৰভুৰ দ্বাৰা নিযুক্ত সকলৰ প্ৰতি কেনে মনোভাব থাকিব লাগে বুলি পৌলে কৈছে?
পৌলে কৈছে যে তেওঁলোকক মান্য কৰি, প্ৰেমেৰে অতিশয় ৰূপে সমাদৰ কৰা (৫:১২-১৩)।
1 Thessalonians 5:15-18
যেতিয়া তেওঁলোকলৈ অপকাৰ কৰা হয় কোনেও একো নকৰক বুলি পৌলে কি কৈছে?
পৌলে কৈছে যে অপকাৰৰ সলনি কোনেও কাৰো অপকাৰ নকৰক (৫:১৫)।
বিশ্বাসীসকলে সকলোবোৰ কৰিব লাগে আৰু কিয় কৰিব লাগে বুলি পৌলে কৈছে?
পৌলে কৈছে যে বিশ্বাসীসকলে সকলো ক্ষেত্ৰতে ধন্যবাদ দিয়ক, কাৰণ তেওঁলোকৰ বাবে এইটোৱেই ঈশ্বৰৰ ইচ্ছা (৫:১৮)।
1 Thessalonians 5:19-22
ভাববাণী কৰাৰ বিষয়ে বিশ্বাসীসকলক পৌলে কি নিৰ্দেশনা দিছে?
বিশ্বাসীসকলৰ প্ৰতি পৌলৰ নিৰ্দেশনাটো হৈছে ভাববাণী হেয়জ্ঞান নকৰিবা আৰু সকলোকে পৰীক্ষা কৰা, যি উত্তম তাক ধৰি ৰাখা (৫:২০-২১)।
1 Thessalonians 5:23-28
বিশ্বাসীবিলাকৰ প্ৰতি ঈশ্বৰে কি কৰিবৰ বাবে পৌলে প্ৰাৰ্থনা কৰিছে?
ঈশ্বৰে যেন বিশ্বাসীসকলক আত্মা, প্ৰাণ আৰু শৰীৰ পবিত্ৰ কৰি ৰাখে পৌলে তাৰ বাবে প্ৰাৰ্থনা কৰিছে (৫:২৩)।