Assamese: translationQuestions

Updated ? hours ago # views See on DCS

Hebrews

Hebrews 1

Hebrews 1:1-3

ঈশ্বৰে পুৰ্ব্বকালত কেনেকৈ কথা কৈছিল?

পুৰ্ব্বকালত ঈশ্বৰে ভাববাদীসকলৰ যোগেদি বিভিন্ন সময়ত ভাগে ভাগে কথা কৈছিল (১:১)।

এই শেষকালত ঈশ্বৰে কেনেকৈ কথা কৈছে?

এই শেষকালত ঈশ্বৰে এক পুত্ৰৰ যোগেদি কথা কৈছে (১:২)।

কাৰ যোগেদি এই বিশ্ব-ব্ৰহ্মাণ্ড নিৰ্মিত হ'ল?

এই পুত্ৰৰ যোগেদি এই বিশ্ব-ব্ৰহ্মাণ্ড নিৰ্মিত হ'ল (১:২)

এই সকলোবোৰ কেনেকৈ ধাৰণ হৈ আছে?

ঈশ্বৰৰ পুত্ৰৰ বাক্যৰ পৰাক্ৰমেৰে এই সকোলবোৰ ধাৰণ হৈ আছে (১:৩)।

ঈশ্বৰৰ গৌৰৱ আৰু তত্ত্বৰ চাব পুত্ৰই কেনেকৈ পৰিবেশন কৰিছে?

সেই পুত্ৰ ঈশ্বৰৰ প্ৰতাপৰ প্ৰতিবিম্ব, আৰু ঈশ্বৰৰ চৰিত্ৰৰ বৈশিষ্ট্যৰ প্ৰতিফলন (১:৩)।

Hebrews 1:4-5

ঈশ্বৰৰ পুত্ৰক স্বৰ্গদূতৰ লগত কেনেকৈ তুলনা কৰিব পৰা যায়?

ঈশ্বৰৰ পুত্ৰৰ মহত্ত্ব স্বৰ্গদূতবিলাকতকৈও উৰ্দ্ধত (১:৪)।

Hebrews 1:6-7

সেই পুত্ৰক যেতিয়া জগতলৈ আনিব স্বৰ্গদূতবিলাকক কি কৰিবলৈ ঈশ্বৰে আজ্ঞা দিছিল?

সেই পুত্ৰক যেতিয়া জগতলৈ আনিব স্বৰ্গদূতবিলাকক তেওঁৰ উপাসনা কৰিবলৈ ঈশ্বৰে আজ্ঞা দিছিল (১:৬)।

Hebrews 1:8-9

সেই পুত্ৰই ৰজাস্বৰূপে কিমানদিন শাসন কৰিব?

সেই পুত্ৰই ৰজাস্বৰূপে চিৰকাল শাসন কৰিব (১:৮)।

সেই পুত্ৰই কি প্ৰেম কৰে আৰু সেই পুত্ৰই কি ঘিণ কৰে?

সেই পুত্ৰই ধাৰ্মিকতাক প্ৰেম কৰে আৰু সেই পুত্ৰই অধাৰ্মিকতা/বিধানহীনতা ঘিণ কৰে (১:৯)।

Hebrews 1:10-12

সময় পাৰ হোৱাৰ লগে লগে এই পৃথিবীখন আৰু এই আকাশ-মণ্ডলৰ কি হ'ব?

এই জগতখন আৰু এই আকাশ-মণ্ডলৰ পুৰণি হোৱা চোলাৰ দৰে হ'ব আৰু বিনষ্ট হ'ব (১:১১-১২)।

Hebrews 1:13-14

ঈশ্বৰে সেই পুত্ৰক ক'ত আৰু কেতিয়ালৈকে বহি থাকিবলৈ কৈছে?

ঈশ্বৰে সেই পুত্ৰক তেওঁৰ সোঁহাতে আৰু তেই পুত্ৰৰ শত্ৰূবোৰক তেওঁৰ ভৰি পীড়া নকৰে মানলৈকে বহি থাকিবলৈ কৈছে (১:১৩)।

স্বৰ্গদূতবিলাকৰ ভৌতিক শৰীৰ আছেনে?

নাই, স্বৰ্গদূতবিলাক আত্মা (১:৭, ১৪)।

স্বৰ্গদূতবিলাকে কাৰ শুশ্ৰূষা কৰে?

যিবিলাকে পৰিত্ৰাণৰ অধিকাৰী হ'বলৈ উদ্যত হৈছে স্বৰ্গদূতবিলাকে তেওঁলোকৰ শুশ্ৰূষা কৰে (১:১৪)।

Hebrews 2

Hebrews 2:1

বিশ্বাসীসকলে যি শুনে তাত কিয় মনোযোগ দিব লগা হয়?

বিশ্বাসীসকলে যি শুনে তাত মনোযোগ দিব লগা হয় যাতে তেওঁলোক ঘাটৰ পৰা ভটিয়াই নাযায় (২:১)।

Hebrews 2:2-4

প্ৰতিটো অপৰাধ আৰু অবাধ্যতাই কি পাব?

প্ৰতিটো অপৰাধ আৰু অবাধ্যতাই ন্যাৰ্য্য শাস্তি পাব (২:২)।

প্ৰভুৰ দ্বাৰা ঘোষণা কৰা পৰিত্ৰাণৰ শুভবাৰ্তা ঈশ্বৰে কেনেকৈ সাক্ষ্য দিছিল?

ঈশ্বৰে এই বাৰ্ত্তাবিলাক চিন, পৰাক্ৰম, পৰাক্ৰম কাৰ্য্যৰ দ্বাৰা আৰু পবিত্ৰ আত্মাৰ বৰদানৰ দ্বাৰা সাক্ষ্য দিছিল(২:৪)।

Hebrews 2:5-6

আহিব লগীয়া জগতখন কোনে শাসন নকৰিব?

আহিব লগীয়া জগতখন স্বৰ্গদূতে শাসন নকৰিব (২:৫)।

Hebrews 2:7-8

আহিব লগীয়া জগতখন কোনে শাসন কৰিব?

আহিব লগীয়া জগতখন মানুহে শাসন কৰিব (২:৬-৮)।

Hebrews 2:9-10

কাৰ বাবে যীচুৱে মৃত্যুৰ আস্বাদ ল'লে?

প্ৰতিজন মানুহৰ বাবে যীচুৱে মৃত্যুৰ আস্বাদ ল'লে (২:৯)।

ঈশ্বৰে কাক প্ৰতাপলৈ আনিবৰ পৰিকল্পনা কৰে?

ঈশ্বৰে অনেক পুত্ৰক প্ৰতাপলৈ আনিবৰ পৰিকল্পনা কৰে (২:১০)।

Hebrews 2:11-12

কোন দুজন একেটা উৎসৰপৰা আহিছে, ঈশ্বৰ?

দুয়োজন যিয়ে পবিত্ৰ কৰে আৰু যাৰ দ্বাৰা পবিত্ৰ কৰা হয় একেটা উৎসৰ পৰা আহিছে, ঈশ্বৰ (২:১১)

Hebrews 2:13-15

যীচুৰ মৃত্যুৰ যোগেদি কোন অকৰ্মণ্য হ'ল?

যীচুৰ মৃত্যুৰ যোগেদি পাপআত্মা/চয়তান অকৰ্মণ্য হ'ল (২:১৪)।

যীচুৰ মৃত্যুৰ যোগেদি মানুহবিলাকে কাৰ দাসত্ত্বৰ পৰা মুক্ত হ'ল?

যীচুৰ মৃত্যুৰ যোগেদি মানুহবিলাকে মৃত্যুৰ ভয়ৰ দাসত্ত্বৰ পৰা মুক্ত হ'ল (২:১৫)।

Hebrews 2:16-18

যীচুৰ বাবে সকলোফালে তেওঁৰ ভাইবিলাকৰ নিচিনা হোৱাটো কিয় দৰকাৰী আছিল?

এইটো দৰকাৰী আছিল যাতে তেওঁ ঈশ্বৰীয় বিষয় বোৰত দয়ালু আৰু বিশ্বাসী মহাপুৰোহিত হয় আৰু তেওঁ সকলো মানুহৰ বাবে পাপ ক্ষমা উপাৰ্জন কৰিব পাৰে (২:১৭)।

যিবিলাক পৰীক্ষিত হয় তেওঁলোকক যীচুৱে কিয় সহায় কৰিব পাৰে?

যিবিলাক পৰীক্ষিত হয় তেওঁলোকক যীচুৱে সহায় কৰিব পাৰে কাৰণ তেৱো পৰীক্ষিত হৈছিল (২:১৮)।

Hebrews 3

Hebrews 3:1-4

ইব্ৰী পুস্তক লেখকে যীচুক কি দুটা উপাধি দিছে?

লেখকে যীচুক দিয়া উপাধি দুটা হৈছে পাঁচনি আৰু মহা পুৰোহিত (৩:১)।

যীচুক মোচিতকৈ মহান মহিমাৰ যোগ্যপাত্ৰ বুলি কিয় বিবেচনা কৰা হ'ল?

যীচুক মোচিতকৈ মহান মহিমাৰ যোগ্যপাত্ৰ বুলি বিবেচনা কৰা হ'ল কাৰণ মোচি ঈশ্বৰৰ গৃহত সকলো বিষয়তে বিশ্বাসী আছিল, যীচুৱেহে সেই গৃহটো সাজিছিল (৩:২-৩)।

Hebrews 3:5-6

ঈশ্বৰৰ গৃহত মোচিৰ দায়িত্ত্ব কি আছিল?

মোচি ঈশ্বৰৰ গৃহত এজন সেৱক আছিল (৩:৫)।

মোচিয়ে কিহৰ বিষয়ে সাক্ষ্য দিছিল?

ভবিষ্যতে কি ঘটিব সেই বিষয়ে মোচিয়ে সাক্ষ্য দিছিল(৩:৫)।

ঈশ্বৰৰ গৃহত যীচুৰ দায়িত্ত্ব কি?

ঈশ্বৰৰ গৃহত যীচুৰ দায়িত্ত্ব হৈছে পুত্ৰৰ দায়িত্ত্ব (৩:৬)

ঈশ্বৰৰ গৃহটো কোন?

A.বিশ্বাসীসকলে যদি তেওঁলোকৰ বিশ্বাস ধৰি ৰাখে এই বিশ্বাসীসকলেই হৈছে ঈশ্বৰৰ গৃহ (৩:৬)।

Hebrews 3:7-8

অৰণ্যত ইস্ৰায়েলীয়াবিলাকে যেতিয়া ঈশ্বৰৰ বাণী শুনিছিল তেওঁলোকে কি কৰিছিল?

ইস্ৰায়েলীবিলাকে তেওঁলোকৰ অন্তৰ কঠিন কৰিছিল (৩:৭-৮)।

Hebrews 3:9-11

ইস্ৰায়েলীয়াবিলাকৰ বিষয়ে ঈশ্বৰে কি শপত কৰিলে যিবিলাকে অন্তৰত তেওঁলোকৰ নিজ পথক বিপথে গৈছিল?

তেওঁলোকে তেওঁৰ বিশ্ৰামত সোমাবলৈ নাপাব বুলি ঈশ্বৰে শপত কৰিলে (৩:১০-১১)।

Hebrews 3:12-13

ভাইসকলক কিহৰ বিষয়ে সাৱধান হ'বলৈ চেতনা দিয়া হৈছে?

ভাইসকলক জীৱিত ঈশ্বৰৰ পৰা অবিশ্বাসৰ দ্বাৰা আঁতৰি নাযাবলৈ সাবধান কৰি চেতনা দিয়া হৈছে (৩:১২)।

পাপৰ প্ৰবঞ্চনাৰে কোনো কঠিন হৈ গ'লে ভাইসকলে কি কৰিব লাগে?

ভাইসকলে পৰস্পৰে দিনে দিনে পৰস্পৰক উদগাব লাগে (৩:১৩)।

Hebrews 3:14-15

খ্ৰীষ্টৰ ভাগীদাৰ হিচাপে, বিশ্বাসীসকলে কি কৰিব লাগে?

খ্ৰীষ্টৰ ভাগীদাৰ হিচাপে, বিশ্বাসীসকলে তেওঁত তেওঁলোকৰ দৃঢ় প্ৰত্যয় আৰম্ভণীৰ পৰা শেষলৈকে দঢ়কৈ ধৰি ৰাখিব লাগে (৩:১৪)।

Hebrews 3:16-19

চল্লিশ বছৰ ধৰি ঈশ্বৰে কাৰ ওপৰত ক্ৰোধিত হৈ আছিল?

অৰণ্যত যিসকলে পাপ কৰিছিল ঈশ্বৰে তেওঁলোকৰ ওপৰত ক্ৰোধিত হৈ আছিল (৩:১৭)।

ঈশ্বৰে যিসকলৰ ওপৰত ক্ৰোদ্ধ হৈ আছিল তেওঁলোকৰ কি হ'ল?

তেওঁলোকৰ শৰীৰ সেই অৰণ্যতে পতিত হ'ল (৩:১৭)।

এই অবাধ্য ইস্ৰায়েলীয়াবিলাকে কিয় ঈশ্বৰৰ বিশ্ৰামত সোমাবলৈ নাপালে?

তেওঁলোকে ঈশ্বৰৰ বিশ্ৰামত সোমাবলৈ নাপালে কাৰণ হৈছে অবিশ্বাস (৩:১৯)।

Hebrews 4

Hebrews 4:1-2

বিশ্বাসীসকল আৰু ইস্ৰায়েলীয়া দুয়োয়ে কি শুভ বাতৰি শুনিলে?

বিশ্বাসীসকল আৰু ইস্ৰায়েলীয়া দুয়োয়ে শুনা শুভ বাতৰিটো হৈছে ঈশ্বৰৰ বিশ্ৰাম (৪:২)।

এই শুভ বাৰ্ত্তাটো ইস্ৰায়েলীয়াসকলৰ বাবে উপকাৰী কিয় নহ'ল?

এই শুভ বাৰ্ত্তাটো ইস্ৰায়েলীয়াসকলৰ বাবে উপকাৰী নহ'ল কাৰণ তেওঁলোকে বিশ্বাসক তাৰ লগত সংযুক্ত নকৰিলে (৪:২)।

Hebrews 4:3-5

ঈশ্বৰৰ বিশ্ৰামত সোমোৱাসকল কোন?

যিসকলে ঈশ্বৰৰ শুভবাৰ্ত্তা শুনিলে আৰু বিশ্বাস কৰিলে তেওঁলোকে ঈশ্বৰৰ বিশ্ৰামত সোমাবলৈ পালে (৪:২-৩)।

ঈশ্বৰে কেতিয়া তেওঁৰ সৃষ্টিকাৰ্য সমাপন কৰিলে আৰু জিৰণি ল'লে?

ঈশ্বৰে তেওঁৰ সৃষ্টি কাৰ্য্য এই জগতৰ আৰম্ভণীতেই সমাপন কৰিলে আৰু সপ্তম দিনা তেওঁ জিৰণি ল'লে (৪:৩-৪)।

ঈশ্বৰে ইস্ৰায়েলীয়াবিলাকৰ বিষয়ে আৰু তেওঁৰ বিশ্ৰামৰ বিষয়ে কি কৈছিল?

ঈশ্বৰে কৈছিল যে ইস্ৰায়েলীয়াবিলাকে তেওঁৰ বিশ্ৰামত সোমাবলৈ নাপাব (৪:৫)।

Hebrews 4:6-7

ঈশ্বৰে তেওঁৰ বিশ্ৰামত সোমাবলৈ আৰু কোনটো দিন ঠিক কৰি থলে?

ঈশ্বৰে তেওঁৰ বিশ্ৰামত সোমাবলৈ ঠিক কৰা দিনটো হৈছে " আজি" (৪:৭)।

ঈশ্বৰৰ বিশ্ৰামত সোমাবলৈ এজন ব্যক্তিয়ে কি কৰিব লাগে?

ঈশ্বৰৰ বিশ্ৰামত সোমাবলৈ এজন ব্যক্তিয়ে ঈশ্বৰৰ মাত শুনিব লাগে আৰু তেওঁৰ অন্তৰ কঠিন কৰিব নালাগে (৪:৭)।

Hebrews 4:8-11

ঈশ্বৰৰ লোকবিলাকৰ কাৰণে এতিয়াও কি সংৰক্ষণ হৈ আছে ?

ঈশ্বৰৰ লোকবিলাকৰ কাৰণে এতিয়াও এক বিশ্ৰাম সংৰক্ষণ হৈ আছে (৪:৯)।

এজন ব্যক্তিয়ে ঈশ্বৰৰ বিশ্ৰামত সোমালে কিহৰ পৰা বিশ্ৰাম পায়?

এজন ব্যক্তিয়ে ঈশ্বৰৰ বিশ্ৰামত সোমালে তেওঁৰ কৰ্মৰ পৰাও বিশ্ৰাম পায় (৪:১০)।

বিশ্বাসীসকলে ঈশ্বৰৰ বিশ্ৰামত সোমাবলৈ কিয় ইচ্ছুক হ'ব লাগে?

বিশ্বাসীসকলে ঈশ্বৰৰ বিশ্ৰামত সোমাবলৈ ইচ্ছুক হ'ব লাগে যাতে তেওঁলোকে ইস্ৰায়েলীয়াবিলাকৰ দৰে পৰি নাযায় (৪:১১)।

Hebrews 4:12-13

ঈশ্বৰৰ বাক্য কিহতকৈ তীক্ষ্ণ?

ঈশ্বৰৰ বাক্য যিকোনো দুধৰীয়া তৰোৱালতকৈও চোকা (৪:১২)।

ঈশ্বৰৰ বাক্যই কি বিভক্ত কৰিব পাৰে?

ঈশ্বৰৰ বাক্যই আত্মাৰ পৰা প্ৰাণ, আৰু গাঁথিৰ পৰা মজ্জা বিভক্ত কৰিব পাৰে (৪:১২)।

ঈশ্বৰৰ বাক্যই কি বুজিব পাৰে?

ঈশ্বৰৰ বাক্যই মনৰ ভাবনা আৰু অভিপ্ৰায় বুজিব পাৰে (৪:১২)।

ঈশ্বৰৰ দৃষ্টিৰ পৰা কোনে গুপ্ত হৈ থাকিব পাৰে ?

সৃষ্ট হোৱা কোনো বস্তুৱেই ঈশ্বৰৰ দৃষ্টিৰ পৰা গুপ্ত হৈ থাকিব নোৱাৰে (৪:১৩)।

Hebrews 4:14-16

বিশ্বাসীসকলৰ বাবে মহা পুৰোহিত হিচাপে কোনে কাম কৰে?

ঈশ্বৰৰ পুত্ৰ যীচুৱে বিশ্বাসীসকলৰ বাবে মহা পুৰোহিত হিচাপে কাম কৰে (৪:১৪)।

বিশ্বাসীসকলৰ দুৰ্বলতাত যীচুৰ কিয় সহানুভুতি অনুভৱ হয়?

বিশ্বাসীসকলৰ দুৰ্বলতাত যীচুৰ সহানুভুতি অনুভৱ হয় কাৰণ তেওঁ সকলোফালে পৰীক্ষিত হৈছিল (৪:১৫)।

যীচুৱে কেইবাৰ পাপ কৰিছিল?

যীচু নিষ্পাপ আছিল (তেওঁ এবাৰো পাপ কৰা নাছিল) (৪:১৫)।

প্ৰয়োজনৰ সময়ত, বিশ্বাসীসকলে দয়া লাভ কৰিবলৈ আৰু অনুগ্ৰহ পাবলৈ কি কৰিব লাগে?

প্ৰয়োজনৰ সময়ত, বিশ্বাসীসকলে দয়া লাভ কৰিবলৈ আৰু অনুগ্ৰহ পাবলৈ দৃঢ়-প্ৰত্যয়েৰে অনুগ্ৰহৰ সিংহাসনৰ ওচৰলৈ চাপি যাব লাগে (৪:১৬)।

Hebrews 5

Hebrews 5:1-3

প্ৰতিজন মহা পুৰোহিতে মানুহবিলাকৰ বাবে কি কৰে?

প্ৰতিজন মহা পুৰোহিতে মানুহবিলাকৰ বাবে নৈবেদ্য আৰু বলিদান উচৰ্গা কৰে (৫:১)।

মানুহবিলাকৰ লগতে, মহা পুৰোহিতে আৰু কাৰ বাবে বলিদান উচৰ্গা কৰে?

মহা পুৰোহিতে তেওঁৰ নিজৰ বাবেও বলিদান উচৰ্গা কৰে (৫:৩)।

Hebrews 5:4-5

এজন মানুহে ঈশ্বৰৰ মহা পুৰোহিত হোৱাৰ সন্মান কেনেকৈ পায়?

A.ঈশ্বৰৰ মহা পুৰোহিত হ'বলৈ এজন মানুহক ঈশ্বৰৰ দ্বাৰা নিমন্ত্ৰণ কৰা হ'ব লাগে (৫:৪)।

খ্ৰীষ্টক মহা পুৰোহিত বুলি কোনে ঘোষণা কৰিলে?

খ্ৰীষ্টক মহা পুৰোহিত বুলি ঈশ্বৰে ঘোষণা কৰিলে (৫:৫, ১০)।

Hebrews 5:6

খ্ৰীষ্ট ঈশ্বৰৰ মহা পুৰোহিত হিচাপে কিমান দিন আছে?

খ্ৰীষ্ট সদাকালৰ বাবে ঈশ্বৰৰ মহা পুৰোহিত (৫:৬)।

কি ৰীতি অনুসৰি খ্ৰীষ্ট মহা পুৰোহিত হৈছে?

মল্কিছেদকৰ ৰীতি অনুসৰি খ্ৰীষ্ট মহা পুৰোহিত হৈছে (৫:৬, ১০)

Hebrews 5:7-8

খ্ৰীষ্টই কৰা প্ৰাৰ্থনা ঈশ্বৰৰ দ্বাৰা কিয় শুনা গ'ল?

খ্ৰীষ্টই কৰা প্ৰাৰ্থনা ঈশ্বৰৰ দ্বাৰা শুনা গ'ল কাৰণ তেওঁ ঈশ্বৰক ভয়-ভক্তি কৰিছিল (৫:৭)।

খ্ৰীষ্টই বাধ্যতা কেনেকৈ শিকিছিল?

খ্ৰীষ্টই বাধ্যতা, তেওঁ দুখ-ভোগ কৰা বিষয়বোৰৰ পৰা শিকিছিল (৫:৮)।

Hebrews 5:9-11

কাৰবাবে খ্ৰীষ্ট অনন্ত পৰিত্ৰাণৰ কাৰণ হ'ল?

সকলোৰে বাবে যিসকলে তেওঁৰ বাধ্য হয় তেওঁলোকৰ বাবে খ্ৰীষ্ট অনন্ত পৰিত্ৰাণৰ কাৰণ হ'ল (৫:৯)।

এই পত্ৰখনৰ আচল পঢ়ুৱৈসকলৰ আত্মিক অৱস্থা কেনেকুৱা আছিল?

আচল পঢ়ুৱৈ সকলৰ অৱস্থা হৈছে তেওঁলোকৰ কাণ গধুৰ, ঈশ্বৰৰ বাক্যৰ আদি কথাৰূপ শিকাৰ প্ৰয়োজনীয় (৫:১১-১২)।

Hebrews 5:12-14

বিশ্বাসীসকলে আত্মিক শিশুৰ পৰা এজন পুৰ্ণ বয়স্কতালৈ বৃদ্ধ পোৱা বিষয়ে এই পত্ৰখনৰ লেখকে কেনেকৈ কৈছে?

ভুলৰ পৰা শুদ্ধ নিৰ্ণয় কৰাৰ অনুশীলন, ভাল আৰু বেয়া দুয়োটা বুজিব পৰা অনুশীলনৰ দ্বাৰা বিশ্বাসীসকল আত্মিক ভাবে বৃদ্ধি পায় (৫:১৪)।

Hebrews 6

Hebrews 6:1-3

ইব্ৰী পত্ৰৰ লেখকে বিশ্বাসীসকলক কিহলৈ আগুৱাই গৈ থকাতো বিচাৰিছে?

ইব্ৰী পত্ৰৰ লেখকে বিশ্বাসীসকলক পৰিপক্কতালৈ আগুৱাই গৈ থকাতো বিচাৰিছে (৬:১)।

খ্ৰীষ্টৰ বাৰ্ত্তাৰ ভিত্তিমুল হিচাপে লেখকে কি শিক্ষাবিলাক তালিকাভুক্ত কৰিছে?

এই ভিত্তিমূলীয় শিক্ষাবিলাক হৈছে মৃতকৰ্মৰপৰা মন পালটন, বাপ্তিস্ম, হাত দি প্ৰাৰ্থনা কৰা, মৃতবিলাকৰ পুনৰুত্থান আৰু অনন্তকলীয়া সোধ-বিচাৰ (৬:১-২)।

Hebrews 6:4-6

যিসকলে পবিত্ৰ আত্মাৰ অংশীদাৰ হৈছিল তেওঁলোক পতিত হোৱাত তেওঁলোকৰ বাবে কি অসম্ভৱ?

যিসকলে পবিত্ৰ আত্মাৰ অংশীদাৰ হৈছিল তেওঁলোক পতিত হোৱাত তেওঁলোকৰ বাবে মন পালটন কৰি পুনৰ সংস্থাপন হোৱাটো অসম্ভৱ (৬:৪-৬)।

এই উজ্জীৱিত হোৱা লোকবিলাকে কিহৰ সোৱাদ পাইছিল?

এই উজ্জীৱিত হোৱা লোকবিলাকে স্বৰ্গীয় বৰদানৰ, ঈশ্বৰৰ বাক্যৰ, আৰু আহিবলগীয়া যুগৰ পৰাক্ৰমৰ সোৱাদ পাইছিল(৬:৪-৫)।

এই লোকবিলাকে মন পালটন কৰি কিয় পুনৰ সংস্থাপন হ'ব নোৱাৰে?

তেওঁলোকে মন পালটন কৰি পুনৰ সংস্থাপন হ'ব নোৱাৰে কাৰণ তেওঁললোকে নিজৰ বাবে ঈশ্বৰৰ পুত্ৰক পুনৰ ক্ৰচত দিলে (৬:৬)।

Hebrews 6:7-8

লেখকৰ যুক্তিত, যি ভুমিয়ে বৰষুণ পাই কিন্তু কাঁইট আৰু কাঁইটিয়া বন উৎপন্ন কৰে তাৰ কি হয়?

যি ভুমিয়ে বৰষুণ পায় কিন্তু কাঁইট আৰু কাঁইটিয়া বন উৎপন্ন কৰে তাৰ শেষ অৱস্থা জ্বলন (৬:৭-৮)।

Hebrews 6:9-10

লেখকে যিসকললৈ এই পত্ৰখন লিখিছে সেই বিশ্বাসীসকলৰ পৰা তেওঁৰ প্ৰত্যাশা কি ?

এই বিশ্বাসীসকলৰ পৰা লেখকৰ প্ৰত্যাশা হৈছে উত্তম বিষয়, পৰিত্ৰাণৰ বিষয়ক কথাবোৰ (৬:৯)।

এই বিশ্বাসীসকলৰ বিষয়ে ঈশ্বৰে কি পাহৰি নাযায়?

ঈশ্বৰে তেওঁলোকৰ কৰ্ম, প্ৰেম, আৰু সাধু-সন্তসকলৰ প্ৰতি তেওঁলোকৰ পৰিচৰ্যা পাহৰি নাযায় (৬:১০)।

Hebrews 6:11-12

যিসকলে ঈশ্বৰৰ অঙ্গীকাৰৰ অধিকাৰী হ'ল তেওঁলোকৰ বিষয়ে বিশ্বাসীসকলে কি অনুকৰণ কৰিব লাগে?

যিসকলে ঈশ্বৰৰ অঙ্গীকাৰৰ অধিকাৰী হ'ল তেওঁলোকৰ বিষয়ে বিশ্বাসীসকলে তেওঁলোকৰ বিশ্বাস আৰু ধৈৰ্য অনুকৰণ কৰিব লাগে (৬:১২)।

Hebrews 6:13-15

ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল তাক পাবলৈ অব্ৰাহামে কি কৰিব লাগিছিল?

ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিলে তাক পাবলৈ অব্ৰাহামে ধৈৰ্য্যৰে অপেক্ষা কৰিব লাগিছিল(৬:১৩-১৫)।

Hebrews 6:16-18

ঈশ্বৰে তেওঁ কৰা প্ৰতিজ্ঞা এক শপতেৰে সৈতে কিয় নিশ্চয়তা দিব লাগিছিল?

ঈশ্বৰে তেওঁ কৰা প্ৰতিজ্ঞা এক শপতেৰে সৈতে তেওঁৰ উদ্দেশ্যৰ অপৰিৱৰ্ত্তনীয় গুণাগুণ স্পষ্টকৈ দেখুৱাবলৈ নিশ্চয়তা দিছিল (৬:১৭)।

ঈশ্বৰৰ বাবে কি অসম্ভৱ?

ঈশ্বৰৰ বাবে মিছা কোৱাটো অসম্ভৱ (৬:১৮)।

Hebrews 6:19-20

বিশ্বাসীসকলৰ তেওঁৰ আত্মাৰ বাবে কৰিবলগীয়া দৃঢ় প্ৰত্যয় কি?

বিশ্বাসীসকলৰ আত্মাৰ বাবে ঈশ্বৰত দৃঢ় প্ৰত্যয় হৈছে এক নিৰাপদ আৰু ভাৰসা কৰিব পৰা লঙ্গৰস্বৰূপ(৬:১৯)।

বিশ্বাসীসকলৰ বাবে যীচুৱে আগৰণুৱা হিচাপে ক'ত প্ৰবেশ কৰিলে?

বিশ্বাসীসকলৰ বাবে যীচুৱে আগৰণুৱা হিচাপে আঁৰ কাপোৰৰ পিছফালে ভিতৰৰ স্থানত প্ৰবেশ কৰিলে(৬:২০)।

Hebrews 7

Hebrews 7:1-3

মল্কিছেদকক কি কি দুটা উপাধি দিয়া হৈছে?

মল্কিছেদক চলেমৰ ৰজা আৰু সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত (৭:১)।

অব্ৰাহামে মল্কিছেদকক কি দিছিল?

অব্ৰাহামে তেওঁক দখল কৰা বস্তুৰ দশমভাগ মল্কিছেদকক দিছিল (৭:২)।

মল্কিছেদক নামটোৰ অৰ্থ কি?

মল্কিছেদক নামটোৰ অৰ্থ হৈছে " ধৰ্ম্মিকতাৰ ৰজা" আৰু " শান্তিৰ ৰজা" (৭:২)।

মল্কিছেদকৰ বংশধৰসকল কোন, আৰু কেতিয়া তেওঁ মৰিছিল?

মল্কিছেদকৰ কোনো বংশধৰ নাই আৰু তেওঁৰ জীৱনৰ কোনো অন্ত নাই (৭:৩)।

Hebrews 7:4-6

পুৰোহিতসকল কাৰ বংশধৰ, বিধানৰ মতে পুৰোহিত সকল কোন আৰু লোকসমূহৰ পৰা কোনে দশম ভাগ সংগ্ৰহ কৰে?

বিধানৰ মতে পুৰোহিত সকল অব্ৰাহামৰ আৰু লেবীৰ বংশধৰ (৭:৫)।

Hebrews 7:7-10

মহান ব্যক্তিজন কোন, অব্ৰাহাম নে মল্কিছেদক?

মল্কিছেদক অব্ৰাহামতকৈ মহান কাৰণ তেওঁ অব্ৰাহামক আশীৰ্বাদ কৰিছিল (৭:৭)।

কি উপায়েৰে লেবীয়েও নিজে মল্কিছেদকক দশম ভাগ দিছিল?

লেবীয়েও মল্কিছেদকক দশমভাগ দিছিল কাৰণ যেতিয়া অব্ৰাহামে মল্কিছেদকক দশমভাগ দিছিল তেতিয়া লেবী অব্ৰাহামৰ কটিৰ ভিতৰতেই আছিল (৭:৯-১০)।

Hebrews 7:11-12

মল্কিছেদকৰ পৌৰোহিত্যৰ নীতিৰ পাছত আন এজন পুৰোহিতৰ প্ৰয়োজন কিয় হ'ল?

মল্কিছেদকৰ পৌৰোহিত্যৰ নীতিৰ পাছত আন এজন পুৰোহিতৰ প্ৰয়োজন হ'ল কাৰণ লেবীয়া ব্যৱস্থাৰ পৌৰোহিত্যৰ যোগেদি সিদ্ধতা সম্ভৱ হোৱা নাছিল (৭:১১)।

পৌৰোহিত্য সাল-সলনিৰ পাছত আৰু কি সলনি হোৱা দৰকাৰ?

পৌৰোহিত্যৰ সলনিৰ পাছত সেই বিধি ব্যৱস্থাও সলনি হোৱা আৱশ্যক (৭:১২)।

Hebrews 7:13-14

যীচু কোন গোষ্ঠীৰ বংশধৰ, আৰু এই গোষ্ঠীয়ে পুৰোহিত হিচাপে বেদীৰ সন্মুখত পৰিচৰ্যা কৰিছিল নে?

যীচু যিহুদা গোষ্ঠীৰ বংশধৰ, যি বংশই বেদীৰ সন্মুখত কেতিয়াও পৰিচৰ্যা কৰা নাছিল (৭:১৪)।

Hebrews 7:15-17

মল্কিছেদকৰ ৰীতি অনুসাৰে কিহৰ ভিত্তিত যীচু পুৰোহিত হৈছিল?

মল্কিছেদকৰ ৰীতি অনুসাৰে অবিনাশী জীৱনৰ পৰাক্ৰমৰ ভিত্তিত যীচু পুৰোহিত হৈছিল (৭:১৬)।

Hebrews 7:18-19

দুৰ্বল আৰু অব্যৱহৃত হোৱাৰ কাৰণে কি আঁতৰাই ৰখা হ'ল ?

দুৰ্বল আৰু অব্যৱহৃত হোৱাৰ কাৰণে পুৰ্বৰ আজ্ঞাসমুহ সেই বিধি-বিধান আঁতৰাই ৰখা হ'ল (৭:১৮-১৯)।

Hebrews 7:20-21

বিশ্বাসীসকলৰ খ্ৰীষ্টত থকা উত্তম দৃঢ়-প্ৰত্যয় ঈশ্বৰে কেনেকৈ নিশ্চিক কৰিলে?

খ্ৰীষ্টত থকা বিশ্বাসীসকলৰ উত্তম দৃঢ়-প্ৰত্যয় ঈশ্বৰে যীচু খ্ৰীষ্টক চিৰকালৰ বাবে পুৰোহিত হোৱাৰ শপতৰ দ্বাৰা কৰিছিল (৭:১৯-২১)।

Hebrews 7:22-24

যীচু কিহৰ বইনাস্বৰূপ হৈছে?

যীচু এক নতুন নিয়মৰ বইনাস্বৰূপ হৈছে (৭:২২)।

Hebrews 7:25-26

যিসকলে যীচুৰ যোগেদি ঈশ্বৰৰ ওচৰ চাপে তেওঁ সেইসকলক সম্পূৰ্ণৰূপে কিয় উদ্ধাৰ কৰিবলৈ সমৰ্থ?

যিসকলে যীচুৰ যোগেদি ঈশ্বৰৰ ওচৰ চাপে তেওঁ সেইসকলক সম্পুৰ্ণৰূপে উদ্ধাৰ কৰিবলৈ সমৰ্থ কাৰণ তেওঁ সদায় জীয়াই থাকি তেওঁলোকৰ বাবে নিবেদন কৰি আছে (৭:২৫)।

যীচুৰ কি চাৰিটা বৈশিষ্ট্য আছে যে তেওঁ বিশ্বাসীসকলৰ বাবে পুৰোহিত কৰা গ'ল?

যীচু নিষ্পাপ, নিৰ্দোষী, নিৰ্ম্মল, আৰু পাপীবিলাকৰ পৰা পৃথকীকৃত (৭:২৬)।

Hebrews 7:27-28

লোকবিলাকৰ কাৰণে যীচুৱে কি উচৰ্গা কৰিছিল?

লোকবিলাকৰ কাৰণে যীচুৱে নিজকে এবাৰ বলি উচৰ্গা কৰিছিল (৭:২৭)।

যীচুৱে তেওঁৰ নিজৰ পাপৰ বাবে কি উচৰ্গা কৰাৰ প্ৰয়োজন আছিল?

যীচুৱে তেওঁৰ নিজৰ পাপৰ বাবে উচৰ্গা কৰাৰ প্ৰয়োজন নাছিল, কাৰণ তেওঁ নিষ্পাপ (৭:২৬-২৭)।

যিসকলক বিধি-বিধানৰ দ্বাৰা পুৰোহিত হিচাপে নিযুক্ত কৰা হৈছিল তাৰ পৰা যীচু কেনেকৈ বেলেগ?

যিসকলক বিধি-বিধানৰ দ্বাৰা পুৰোহিত হিচাপে নিযুক্ত কৰা হৈছিল সেইবোৰ দুৰ্বল, কিন্তু যীচুক সদাকালৰ বাবে সিদ্ধ কৰা হ'ল (৭:২৮)।

Hebrews 8

Hebrews 8:1-2

বিশ্বাসীসকলৰ মহা পুৰোহিত ক'ত বহি আছে?

বিশ্বাসীসকলৰ মহা পুৰোহিত স্বৰ্গত মহা-মহিমৰ সিংহাসনৰ সোঁ-হাতে বহি আছে(৮:১)।

প্ৰকৃত নিয়ম চন্দুক ক'ত আছে?

প্ৰকৃত নিয়ম চন্দুক স্বৰ্গত আছে(৮:২)।

Hebrews 8:3-5

প্ৰতিজন পুৰোহিতৰ কি থকাৰ আৱশ্যক?

প্ৰতিজন পুৰোহিতৰ কিবা এটা উচৰ্গা কৰাৰ আৱশ্যক(৮:৩)।

বিধানৰ মতে পুৰোহিতে ক'ত উপহাৰ উচৰ্গা কৰিছিল?

বিধানৰ মতে পুৰোহিতে পৃথিবীত উপহাৰ উচৰ্গা কৰিছিল(৮:৪)।

এই পৃথিবীত পুৰোহিতে কি পৰিচৰ্য্যা কৰিছিল?

এই পৃথিবীত পুৰোহিতে এক নকল/প্ৰতিলিপি আৰু স্বৰ্গীয় বিষয়ৰ ছাঁৰ পৰিচৰ্য্যা কৰিছিল (৮:৫)।

পাৰ্থিব নিয়ম চন্দুক কিহৰ নমুনা অনুসৰি সজা হৈছিল?

পাৰ্থিব নিয়ম চন্দুক ঈশ্বৰে মোচিক পৰ্বতত দেখুওৱা নমুনা অনুসৰি সজা হৈছিল (৮:৫)।

Hebrews 8:6-7

কিয় খ্ৰীষ্টৰ এক সৰ্বোচ্চ পৌৰোহিত্যৰ পৰিচৰ্যা আছে?

খ্ৰীষ্টৰ এক সৰ্বোচ্চ পৌৰোহিত্যৰ পৰিচৰ্যা আছে কাৰণ তেওঁৰ উত্তম অঙ্গীকাৰৰ ভিত্তিত, তেওঁৱেই হৈছে উত্তম নিয়মৰ মধ্যস্থকাৰী(৮:৬)।

Hebrews 8:8-9

প্ৰথম নিয়মৰ অধীনত থকা লোকসমুহত যেতিয়া তেওঁ ত্ত্ৰুটি পালে ঈশ্বৰে তেতিয়া কি অঙ্গীকাৰ কৰিছিল?

ঈশ্বৰে ইস্ৰায়েলৰ গৃহৰ লগত আৰু যিহুদা বংশৰ লগত এক নতুন নিয়ম কৰিব বুলি অঙ্গীকাৰ কৰিছিল(৮:৮)।

Hebrews 8:10

ঈশ্বৰে নতুন নিয়মত কি কৰিব বুলি কৈছিল?

ঈশ্বৰে কৈছিল যে তেওঁ লোকবিলাকৰ চিত্তত তেওঁৰ বিধান দিব, আৰু তেওঁলোকৰ অন্তৰত সেই তেওঁ লিখিব (৮:১০)।

Hebrews 8:11-12

নতুন নিয়মত, প্ৰভুক কোনে কোনে জানিব?

নতুন নিয়মত, সৰুৰ পৰা বৰলৈকে সকলোৱে প্ৰভুক জানিব (৮:১১)।

নতুন নিয়মত প্ৰভুৱে লোকবিলাকৰ পাপবোৰ কি কৰিব বুলি কৈছে?

ঈশ্বৰে কৈছিল তেওঁ লোকবিলাকৰ পাপবোৰ আৰু সোঁৱৰণ নকৰিব (৮:১২)।

Hebrews 8:13

নতুন নিয়ম ঘোষণা কৰাত, প্ৰথম নিয়মটোক ঈশ্বৰে কি কৰিব বুলি কৈছিল?

নতুন নিয়ম ঘোষণা কৰাত, প্ৰথম নিয়মটোক ঈশ্বৰে পুৰণি আৰু দৃষ্টিৰ অগোচৰ কৰিব বুলি কৈছিল(৮:১৩)।

Hebrews 9

Hebrews 9:1-2

প্ৰথম নিয়মৰ উপাসনাৰ ঠাই ক'ত আছিল?

প্ৰথম নিয়মৰ উপাসনাৰ ঠাই এই পৃথিবীৰ নিয়ম চন্দুকত আছিল(৯:১-২)।

এই পাৰ্থিব নিয়ম চন্দুকৰ পবিত্ৰ স্থানত কি কি আছিল?

এই পাৰ্থিব নিয়ম চন্দুকৰ পবিত্ৰ স্থানত বন্তি জলোৱা গছা, মেজখন, আৰু সেই উপস্থিতিৰ পিঠা আছিল(৯:২)।

Hebrews 9:3-5

এই পাৰ্থিব নিয়ম চন্দুকৰ মহা-পবিত্ৰ স্থানত কি কি আছিল?

এই পাৰ্থিব নিয়ম চন্দুকৰ মহা-পবিত্ৰ স্থানত ধূপ জলোৱা বেদী আৰু নিয়মৰ পাপাবৰণ বেদী আছিল(৯:৪)।

Hebrews 9:6-7

মহা পবিত্ৰ স্থানত মহা পুৰোহিতে কেতিয়া সোমায়, আৰু তেওঁ সোমাৱাৰ আগতে তেওঁ কি কৰিছিল?

মহা পুৰোহিতে নিজৰ বাবে আৰু লোকসমুহৰ বাবে তেজৰ বলিদান কৰি মহা পবিত্ৰ স্থানত বছৰত মাত্ৰ এবাৰ সোমায়(৯:৭)।

Hebrews 9:8-10

বৰ্ত্তমান সময়ত এই পত্ৰখনৰ পঢ়ুৱৈ সকলৰ বাবে কি এটা উদাহৰণ স্বৰূপে পৰিচৰ্যা হৈছিল?

পাৰ্থিব নিয়ম চন্দুক আৰু উপহাৰবোৰ, আৰু বলিদানবোৰ উচৰ্গা কৰাৰ দ্বাৰাই বৰ্ত্তমান সময়ত এই পত্ৰখনৰ পঢ়ুৱৈ সকলৰ বাবে এক উদাহৰণ স্বৰূপ পৰিচৰ্যা হৈছিল(৯:৯)।

নিয়ম চন্দুকৰ পাৰ্থিব উপহাৰে কি সমৰ্থ কৰিব নোৱাৰে?

নিয়ম চন্দুকক পাৰ্থিব উপহাৰে উপাসকৰ বিবেকক সিদ্ধ কৰিব নোৱাৰে(৯:৯)।

পাৰ্থিব নিয়ম চন্দুকৰ নীতি নিৰ্দেশনাবোৰ কেতিয়ালৈকে দিয়া হৈছিল?

পাৰ্থিব নিয়ম চন্দুকৰ নীতি নিৰ্দেশনাবোৰ নতুন নিয়ম সঠিককৈ প্ৰতিষ্ঠা নকৰালৈকে দিয়া হৈছিল (৯:১০)।

Hebrews 9:11-12

খ্ৰীষ্টই পৰিচৰ্যা কৰা পবিত্ৰ তম্বু পাৰ্থক্য কি?

খ্ৰীষ্টই পৰিচৰ্যা কৰা পবিত্ৰ তম্বু অতি পবিত্ৰ, মানুহৰ হাতেৰে প্ৰস্তুত কৰা নহয়, আৰু এই সৃষ্ট জগতখনৰ ভুক্ত নহয় (৯:১১)।

খ্ৰীষ্টই কি বলিদান স্বৰূপে উচৰ্গা কৰিলে, যাৰ যোগেদি তেওঁ অতি পবিত্ৰ তম্বুত মহা পবিত্ৰ স্থানত সোমাব পাৰিলে?

খ্ৰীষ্টই তেওঁৰ নিজৰ তেজ বলিদান স্বৰূপে উচৰ্গা কৰিলে, যাৰ যোগেদি তেওঁ অতি পবিত্ৰ তম্বুত মহা পবিত্ৰ স্থানত সোমাব পাৰিলে (৯:১২, ১৪)।

খ্ৰীষ্টৰ বলিদানে কি সিদ্ধ কৰিলে?

খ্ৰীষ্টৰ বলিদানে সকলোৰে বাবে অনন্তকলীয়া মুক্তি সিদ্ধ কৰিলে (৯:১২)।

Hebrews 9:13-15

বিশ্বাসীসকলৰ বাবে খ্ৰীষ্টৰ তেজে কি কৰে?

জীৱিত ঈশ্বৰৰ পৰিচৰ্যা কৰিবৰ বাবে খ্ৰীষ্টৰ তেজে বিশ্বাসীসকলৰ মৃত কৰ্মৰ বিবেক ধুই পেলায় (৯:১৪)।

খ্ৰীষ্ট কাৰ মধ্যস্থ হৈছে?

খ্ৰীষ্ট এক নতুন নিয়মৰ মধ্যস্থ হৈছে (৯:১৫)।

Hebrews 9:16-17

এক ইচ্ছা পত্ৰ কাৰ্য্যকৰী হ'বলৈ কি প্ৰয়োজন?

এক ইচ্ছা পত্ৰ কাৰ্য্যকৰী হ'বলৈ এক মৃত্যু হোৱা প্ৰয়োজন(৯:১৭)।

Hebrews 9:18-20

প্ৰথম নিয়মৰ বাবে কিহৰ মৃত্যুৰ প্ৰয়োজন?

প্ৰথম নিয়মৰ বাবে দামুৰী আৰু ছাগৰ মৃত্যুৰ প্ৰয়োজন(৯:১৮-১৯)।

Hebrews 9:21-22

তেজ উলিওৱা নহ'লে কি হ'ব নোৱাৰে?

তেজ উলিওৱা নহ'লে পাপবোৰৰ ক্ষমা হ'ব নোৱাৰে(৯:২২)।

Hebrews 9:23-24

আমাৰ বাবে খ্ৰীষ্টই এতিয়া ক'ত দেখা দি আছে?

আমাৰ বাবে খ্ৰীষ্টই এতিয়া স্বৰ্গতেই, ঈশ্বৰৰ উপস্থিতিত দেখা দি আছে(৯:২৪)।

Hebrews 9:25-26

খ্ৰীষ্টই নিজৰ বলিদানৰ দ্বাৰা আমাৰ পাপ আঁতৰাই পেলাবলৈ কেইবাৰ উচৰ্গা কৰিলে?

খ্ৰীষ্টই নিজৰ বলিদানৰ দ্বাৰা আমাৰ পাপ আঁতৰাই পেলাবলৈ যুগবোৰৰ শেষত এবাৰ নিজকে উচৰ্গা কৰিলে(৯:২৬)।

Hebrews 9:27-28

প্ৰতিজন ব্যক্তিৰ, তেওঁলোকৰ মৃত্যুৰ পাছত কি হ'ব?

প্ৰতিজন ব্যক্তিৰ, তেওঁলোকৰ মৃত্যুৰ পাছত সোধ-বিচাৰৰ মুখামুখী হ'ব(৯:২৭)।

কি উদ্দেশ্যত খ্ৰীষ্টই দ্বিতীয়বাৰ দৰ্শন দিব?

যিসকলে ধৈৰ্যৰে তেওঁলৈ অপেক্ষা কৰি আছে তেওঁলোকৰ পৰিত্ৰাণৰ বাবে খ্ৰীষ্টই দ্বিতীয়বাৰ দৰ্শন দিব(৯:২৮)।

Hebrews 10

Hebrews 10:1-4

বিধানে খ্ৰীষ্টৰ বাস্তৱতাৰ লগত কি তুলনা কৰে?

বিধান হৈছে খ্ৰীষ্টৰ বাস্তৱতাৰ ছাঁ স্বৰূপ মাত্ৰ(১০:১)।

বিধানৰ বাৰে বাৰে দিয়া বলিদানৰ যোগেদি উপাসক সকলক কি সোঁৱৰাই থাকে?

বিধানৰ যোগেদি বাৰে বাৰে কৰা বলিদানৰ দ্বাৰা উপাসক সকলোকে কৰা পাপহে সোঁৱৰণ কৰি থকা হৈছে(১০:৩)।

ভতৰাঁ আৰু ছাগৰ তেজেৰে কি কৰাটো অসম্ভৱ?

ভতৰাঁ আৰু ছাগৰ তেজেৰে পাপ দূৰ কৰাটো অসম্ভৱ (১০:৪)।

Hebrews 10:5-7

খ্ৰীষ্টে যেতিয়া এই জগতলৈ আহিছিল ঈশ্বৰে খ্ৰীষ্টৰ বাবে কি প্ৰস্তুত কৰিছিল?

ঈশ্বৰে এটি শৰীৰ খ্ৰীষ্টৰ বাবে প্ৰস্তুত কৰিছিল(১০:৫)।

Hebrews 10:8-10

যেতিয়া খ্ৰীষ্ট এই জগতলৈ আহিছিল ঈশ্বৰে কি অভ্যাস একাষৰীয়া কৰি থলে?

বিধানৰ যোগেদি কৰা বলিদান উচৰ্গা কৰা প্ৰথম অভ্যাসটো ঈশ্বৰে একাষৰীয়া কৰি থলে(১০:৮)।

যেতিয়া খ্ৰীষ্ট এই জগতলৈ আহিছিল ঈশ্বৰে কি অভ্যাস প্ৰতিষ্ঠা কৰি থলে?

ঈশ্বৰে যীচু খ্ৰীষ্টৰ শৰীৰ বলিদান স্বৰূপে উচৰ্গা কৰা দ্বিতীয় অভ্যাসটো চিৰদিনৰ বাবে প্ৰতিষ্ঠা কৰিলে(১০:১০)।

Hebrews 10:11-16

ঈশ্বৰৰ সোঁ হাতে খ্ৰীষ্টই বহি থাকোঁতে তেওঁ কিহৰ বাবে অপেক্ষা কৰি আছে?

যেতিয়ালৈকে তেওঁৰ শত্ৰূবোৰক নম্ৰ নকৰে আৰু তেওঁৰ ভৰি পীৰা নকৰে তেতিয়ালৈকে খ্ৰীষ্টই অপেক্ষা কৰি আছে(১০:১২-১৩)।

যিসকলে খ্ৰীষ্টৰ এটা বলিদানৰ দ্বাৰা পবিত্ৰীকৃত হৈছিল তেওঁলোকৰ বাবে তেওঁ কি কৰিলে?

যিসকলে খ্ৰীষ্টৰ এটা বলিদানৰ দ্বাৰা পবিত্ৰীকৃত হৈছিল তেওঁলোকৰ বাবে তেওঁ সদাকালৰ বাবে সিদ্ধ কৰিলে(১০:১৪)।

Hebrews 10:17-18

য'ত পাপ ক্ষমা আছে তাত আৰু কি কৰা প্ৰয়োজন নাই?

য'ত পাপ ক্ষমা আছে তাত আৰু অতিৰিক্ত বলিদান কৰাৰ প্ৰয়োজন নাই(১০:১৮)।

Hebrews 10:19-22

যীচুৰ তেজৰ দ্বাৰা বিশ্বাসীসকলে কোন স্থানত প্ৰবেশ কৰিব পাৰে?

যীচুৰ তেজৰ দ্বাৰা বিশ্বাসীসকলে মহা পবিত্ৰ স্থানত প্ৰবেশ কৰিব পাৰে(১০:১৯)।

বিশ্বাসীসকলত কি ছটিয়াই দিয়া হ'ল আৰু কি ধুই পেলোৱা হ'ল?

বিশ্বাসীসকলৰ অন্তৰ এক কু-বিবেকৰ পৰা ছটিয়াই দিয়া হ'ল আৰু তেওঁৰ শৰীৰ বিশুদ্ধ পানীৰে ধুই পেলোৱা হ'ল(১০:২২)।

Hebrews 10:23-25

বিশ্বাসীসকলে কি টানকৈ ধৰি থাকা উচিত?

বিশ্বাসীসকলে তেওঁলোকৰ প্ৰত্যাশাৰ দৃঢ়-প্ৰত্যয়ৰ বিশ্বাস টানকৈ ধৰি ৰখা উচিত (১০:২৩)।

দিন যিমানে ওচৰ চপা দেখে বিশ্বাসীসকলে কি কৰা উচিত ?

দিন যিমানে ওচৰ চপা দেখে বিশ্বাসীসকলে পৰস্পৰে পৰস্পৰক অধিক অধিককৈ উদগণি দিয়া উচিত(১০:২৫)।

Hebrews 10:26-27

সত্যৰ জ্ঞান পোৱাৰ পাছত যিসকলে বাৰে বাৰে পাপ কৰি থাকে তেওঁলোকৰ প্ৰত্যাশা কি?

সত্যৰ জ্ঞান পোৱাৰ পাছত যিসকলে বাৰে বাৰে পাপ কৰি থাকে তেওঁলোকৰ প্ৰত্যাশা হৈছে সোধ-বিচাৰ আৰু ঈশ্বৰৰ শত্ৰূবিলাকক দহন কৰা অগ্নিৰ কোপ থাকে(১০:২৬-২৭)।

Hebrews 10:28-29

যি জন ব্যক্তিয়ে খ্ৰীষ্টৰ তেজক অপবিত্ৰ কৰে যাৰ যোগেদি তেওঁ পবিত্ৰীকৃত হৈছিল তেওঁৰ কিহৰ যোগ্য হয়?

যি জন ব্যক্তিয়ে খ্ৰীষ্টৰ তেজক অপবিত্ৰ কৰে যাৰ যোগেদি তেওঁ পবিত্ৰীকৃত হৈছিল তেওঁৰ মোচিৰ বিধানৰ অধীনত বিনা কৰুণাৰে শাস্তি পোৱাৰ যোগ্য বুলি বিবেচিত হয়(১০:২৮-২৯)।

Hebrews 10:30-31

প্ৰতিকাৰ কৰা কাৰ কর্ম?

প্ৰতিকাৰ কৰা প্ৰভুৰ কাম(১০:৩০)।

Hebrews 10:32-34

যি বিশ্বাসীসকলে এই পত্ৰখন পাইছিল তেওঁলোকৰ সম্পত্তিৰ বাজেয়াপ্ত কৰাক লৈ তেওঁলোকৰ প্ৰতিক্ৰিয়া কেনে আছিল?

বিশ্বাসীসকলে এই পত্ৰখন পাই তেওঁলোকৰ সম্পত্তিৰ বাজেয়াপ্ত কৰাক লৈ আনন্দ কৰিছিল, তেওঁলোকে এইটো জানিছিল যে তেওঁলোকৰ অনন্তকলীয়া উত্তম সম্পত্তি স্বৰ্গত আছে(১০:৩৪)।

Hebrews 10:35-37

ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছে তাক পাবলৈ বিশ্বাসীৰ কি প্ৰয়োজন?

ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছে তাক পাবলৈ বিশ্বাসীৰ দৃঢ়-প্ৰত্যয় আৰু ধৈৰ্য্যৰ প্ৰয়োজন(১০:৩৫- ৩৬)।

Hebrews 10:38-39

ধাৰ্মিকজন কেনেকৈ জীয়াই থাকিব?

ধাৰ্মিকজন বিশ্বাসেৰে জীয়াই থাকিব (১০:৩৮)।

যি সকলে ঘুৰি যায় তেওঁলোকৰ প্ৰতি ঈশ্বৰে কি ভাবে?

যি সকলে ঘুৰি যায় তেওঁলোকৰ প্ৰতি ঈশ্বৰে সন্তুষ্ট নহয় (১০:৩৮)।

যি সকলে এই পত্ৰখন পাইছে তেওঁলোকৰ প্ৰতি লিখকৰ প্ৰত্যাশা কি?

যি সকলে এই পত্ৰখন পাইছে তেওঁলোকৰ প্ৰতি লিখকৰ প্ৰত্যাশা হৈছে তেওঁলোকৰ আত্মা ৰাখিবৰ কাৰণে বিশ্বাস হ'ব (১০:৩৯)।

Hebrews 11

Hebrews 11:1-3

বিশ্বাসৰ এজন ব্যক্তিয়ে ঈশ্বৰৰ প্ৰতিজ্ঞা পৰিপুৰ্ণ নহ'লেও কেনে দৃষ্টিভঙ্গী থাকিব লাগে?

বিশ্বাসৰ এজন ব্যক্তিয়ে ঈশ্বৰৰ প্ৰতিজ্ঞা প্ৰতি দৃঢ় প্ৰত্যয়ৰ আশা থাকিব লাগে আৰু পৰিপূৰ্ণ নহ'লেও নিশ্চয়তাৰ দৃষ্টিভঙ্গী থাকিব লাগে(১১:১)।

এই ব্ৰহ্মাণ্ডখনৰ দৃশ্যমান বস্তুবোৰ কিহৰ পৰা সৃষ্টি হ'ল?

এই ব্ৰহ্মাণ্ডখনৰ দৃশ্যমান বস্তুবোৰ, দৃশ্যমান বস্তুবোৰৰ পৰা সৃষ্টি হোৱা নাই(১১:৩)।

Hebrews 11:4

ঈশ্বৰে হাবেলক ধাৰ্মিক বুলি কিয় প্ৰশংসা কৰিছিল?

ঈশ্বৰে হাবেলক ধাৰ্মিক বুলি প্ৰশংসা কৰিছিল কাৰণ বিশ্বাসৰ গুণে হাবেলে কয়িনতকৈ উত্তম বলিদান উচৰ্গা কৰিছিল(১১:৪)।

Hebrews 11:5-6

ঈশ্বৰৰ ওচৰ চপা মানুহে ঈশ্বৰৰ বিষয়ে কি বিশ্বাস কৰিব লাগে?

ঈশ্বৰ যে আছে আৰু তেওঁ যে তেওঁক বিচৰা মানুহৰ পুৰস্কাৰ দিওঁতা হয় তাক ওচৰ চপা মানুহ জনে বিশ্বাস কৰিব লাগে(১১:৬)।

Hebrews 11:7-10

নোহই তেওঁৰ বিশ্বাস কেনেকৈ দেখুৱালে?

ঈশ্বৰৰ সাৱধান বাণী অনুসৰি নোহই তেওঁৰ পৰিয়াল ৰক্ষাৰ বাবে এখন জাহাজ সাজি বিশ্বাস দেখুৱালে(১১:৭)।

Hebrews 11:11-12

বিশ্বাসৰ দ্বাৰা অব্ৰাহাম আৰু চাৰাই কি প্ৰতিজ্ঞা পাইছিল?

বিশ্বাসৰ দ্বাৰা অব্ৰাহাম আৰু চাৰা তেওঁলোক অতি বয়সীয়া হ'লেও সন্তান ধাৰণ কৰাৰ ক্ষমতা পাইছিল(১১:১১)।

Hebrews 11:13-14

বিশ্বাসৰ আদি পিতৃ সকলে দূৰৈৰ পৰা কি দেখিছিল?

বিশ্বাসৰ আদি পিতৃ সকলে দূৰৈৰ পৰা ঈশ্বৰৰ প্ৰতিজ্ঞা দেখিছিল আৰু তাক স্বাগতম জনাইছিল(১১:১৩)।

বিশ্বাসৰ আদি পিতৃ সকলে এই জগতত নিজকে কি বুলি বিবেচনা কৰিছিল?

বিশ্বাসৰ আদি পিতৃ সকলে এই জগতত নিজকে বিদেশী আৰু প্ৰবাসী বুলি বিবেচনা কৰিছিল(১১:১৩)।

Hebrews 11:15-16

যি সকল বিশ্বাসৰ ঈশ্বৰে তেওঁলোকৰ বাবে কি যুগুত কৰিছিল?

বিশ্বাসৰ লোকসকলৰ বাবে ঈশ্বৰে এক স্বৰ্গীয় নগৰ যুগুত কৰি ৰাখিছে(১১:১৬)।

Hebrews 11:17

অব্ৰাহামে আনকি তেওঁৰ একেটি পুত্ৰ ইচহাকক উচৰ্গা কৰাত ঈশ্বৰে কি কৰিব পাৰে বুলি তেওঁ বিশ্বাস কৰিছিল?

ঈশ্বৰে যে ইচহাকক মৰা পৰা জীয়াই তুলিব পাৰে তাক অব্ৰাহামে বিশ্বাস কৰিছিল(১১:১৭-১৯)।

Hebrews 11:18-19

ঈশ্বৰে যেতিয়া পৰ্বতত কথা কৈছিল ইস্ৰায়েলীয়া সকলে কি মিনতি কৰিছিল?

ইস্ৰায়েলীয়াসকলে মিনতি কৰিছিল যে তেওঁলোকক আৰু আন কথা কোৱা নহওক (১২:১৯)।

Hebrews 11:20-22

যোচেফৰ আয়ুস চাপি অহাত বিশ্বাসেৰে তেওঁ কি ভাববাণী কৰিলে?

যোচেফৰ আয়ুস চাপি অহাত বিশ্বাসেৰে ইস্ৰায়েলৰ সন্তানবিলাক মিছৰ দেশৰ পৰা ওলাই যোৱাৰ বিষয়ে তেওঁ ভাববাণী কৰিছিল(১১:২২)।

Hebrews 11:23-26

মোচি ডাঙৰ হোৱাৰ পাছত বিশ্বাসৰ দ্বাৰা কি মনোনীত কৰিছিল?

মোচিয়ে বিশ্বাসৰ দ্বাৰা ঈশ্বৰৰ লোকসমুহৰ লগত দুখ-ভোগ কৰাটো মনোনীত কৰিলে, খ্ৰীষ্ট নিন্দা মহাধন জ্ঞান কৰিলে(১১:২৪-২৬)।

Hebrews 11:27-28

ইস্ৰায়েলীয়াসকলৰ প্ৰথম সন্তানক বচাবলৈ মোচিয়ে বিশ্বাসেৰে কি পালন কৰিছিল?

ইস্ৰায়েলীয়াসকলৰ প্ৰথম সন্তানক বচাবলৈ মোচিয়ে বিশ্বাসৰ দ্বাৰা নিস্তাৰ পৰ্ব পালন কৰিছিল আৰু তেজ ছটিয়াইছিল (১১:২৮)।

Hebrews 11:29-31

ৰাহাবে বিশ্বাসৰ দ্বাৰা কি কৰিছিল যিটোৱে তাইক বিনাশ হোৱাৰ পৰা বাধা দিছিল?

বিশ্বাসৰ দ্বাৰা ৰাহাবে চোৰাংচোৱাসকলক নিৰাপদে ৰাখিছিল যিটোৱে তাইক বিনাশ হোৱাৰ পৰা বাধা দিছিল (১১:৩১)।

Hebrews 11:32-34

বিশ্বাসৰ আদি পিতৃ সকলে যুদ্ধত কি সম্পন্ন কৰিলে?

বিশ্বাসৰ আদি পিতৃ সকলে ৰাজ্য জয় কৰিছিল, তৰোৱালৰ পৰা সাৰিছিল, যুদ্ধত পৰাক্ৰমী হৈছিল, আৰু বিদেশী সৈন্যসমুহক পলাবলৈ বাধ্য কৰাইছিল (১১:৩৩-৩৪)।

Hebrews 11:35-38

বিশ্বাসৰ পুৰ্বপুৰুষৰ কোনো কোনো সকলে কি কি দুখ-ভোগ কৰিছিল?

বিশ্বাসৰ পুৰ্বপুৰুষৰ কোনো কোনো সকলে যন্ত্ৰণা, ঠাট্টা-বিদ্ৰূপ, বন্ধন, বন্দীশালত, শিলৰ দলি খোৱা, কৰতেৰে ফলা, মৃত্যু, আৰু নিসঙ্গতা আদি দুখ-ভোগ কৰিছিল (১১:৩৫-৩৮)।

Hebrews 11:39-40

এই পুৰ্বপুৰুষসকলৰ বিশ্বাস থকা স্বত্তেও, তেওঁলোকে তেওঁলোকৰ পাৰ্থিব জীৱনত কি নাপালে?

এই পুৰ্বপুৰুষসকলৰ বিশ্বাস থকা স্বত্তেও, তেওঁলোকে তেওঁলোকৰ পাৰ্থিব জীৱনত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল তাক নাপালে (১১:৩৯)।

কাৰে সৈতে এই পুৰ্ব্বপুৰুষ সকলে ঈশ্বৰৰ প্ৰতিজ্ঞা পালে আৰু সিদ্ধ হ'ল?

খ্ৰীষ্টত নতুন নিয়মৰ বিশ্বাসীসকলৰ সৈতে এই পুৰ্বপুৰুষ সকলে ঈশ্বৰৰ প্ৰতিজ্ঞা পালে আৰু সিদ্ধ হ'ল (১১:৪০)।

Hebrews 12

Hebrews 12:1-3

বিশ্বাসীসকলে তেওঁলোকক সহজে আগুৰি থকা পাপ কিয় দলিয়াই পেলোব লাগে?

যিহেতু তেওঁক এক বিশাল সাক্ষীয়ে আগুৰি আছে সেয়ে বিশ্বাসীসকলে তেওঁলোকক সহজে আগুৰি থকা পাপ দলিয়াই পেলোব লাগে (১২:১)।

যীচুৱে কিয় ক্ৰুচ আৰু ইয়াৰ লাজ-অপমান হেয়জ্ঞান কৰিছিল?

তেওঁৰ আগত থকা আনন্দৰ বাবেই যীচুৱে ক্ৰুচ আৰু ইয়াৰ লাজ-অপমান হেয়জ্ঞান কৰিছিল (১২:২)।

এজন বিশ্বাসীয়ে কেনেকৈ তেওঁৰ দুখ-ভাগৰ নাইবা অন্তৰৰ নৈৰাশ্য এৰিব পাৰে?

যীচুক বিবেচনা কৰাৰ দ্বাৰা যিজনে পাপীবিলাকৰ পৰা ঘৃণনীয়া কথা সহন কৰিছিল সেইটোৰ দ্বাৰা এজন বিশ্বাসীয়ে কেনেকৈ তেওঁৰ দুখ-ভাগৰ নাইবা অন্তৰৰ নৈৰাশ্য এৰিব পাৰে (১২:৩)।

Hebrews 12:4-6

প্ৰভুৱে যাক প্ৰেম কৰে তাক তেওঁ কি কৰে?

প্ৰভুৱে যাক প্ৰেম কৰে তাক তেওঁ শাস্তিৰে অনুশাসন কৰে (১২:৬)।

Hebrews 12:7-8

প্ৰভুৰ শাসন নোহোৱা এজন ব্যক্তি কি হয়?

প্ৰভুৰ শাসন নোহোৱা এজন ব্যক্তি জাৰজ আৰু তেওঁ ঈশ্বৰৰ সন্তান নহয় (১২:৮)।

Hebrews 12:9-13

ঈশ্বৰে তেওঁৰ সন্তানক কিয় অনুশাসন কৰে?

ঈশ্বৰে তেওঁৰ সন্তানক সিহঁতৰ মঙ্গলৰ বাবে অনুশাসন কৰে যাতে সিহঁতে তেওঁৰ পবিত্ৰতাৰ ভাগী হয় (১২:১০)।

অনুশাসনৰ পৰা কি উৎপন্ন হয়?

অনুশাসনৰ পৰা ধাৰ্মিকতাৰ শান্তিযুক্ত ফল উৎপন্ন হয় (১২:১১)।

Hebrews 12:14-21

সকলো মানুহেৰে সৈতে বিশ্বাসীসকলে কি খেদি যাব লাগে?

সকলো মানুহেৰে সৈতে বিশ্বাসীসকলে শান্তি খেদি যাব লাগে (১২:১৪)।

বিঘিনী জন্মোৱা আৰু বহুতক অশুচি কৰা কি বৃ্দ্ধি কৰিব নালাগে?

বিঘিনী জন্মোৱা আৰু বহুতক অশুচি কৰা এক তিতাৰ মূল বৃ্দ্ধি কৰিব নালাগে (১২:১৫)।

এচৌয়ে তেওঁৰ নিজৰ জন্ম অধিকাৰ বেচাৰ পাছত চকুলোৰে আশীৰ্বাদৰ অধিকাৰী হ'বলৈ বিচৰাত তেওঁৰ কি হ'ল?

এচৌয়ে তেওঁৰ নিজৰ জন্ম অধিকাৰ বেচাৰ পাছত চকুলোৰে আশীৰ্বাদৰ অধিকাৰী হ'বলৈ বিচৰাত এচৌক অগ্ৰাহ্য কৰা হ'ল (১২:১৭)।

Hebrews 12:22-24

যি পৰ্বতত ইস্ৰায়েলীয়াসকলে ঈশ্বৰৰ মাত শুনিছিল তাৰ পৰিৱৰ্ত্তে খ্ৰীষ্টত বিশ্বাসীসকলে ক'লৈ আহিব লাগে?

খ্ৰীষ্টৰ বিশ্বাসীসকলে চিয়োন পৰ্বতলৈ আৰু জীৱিত ঈশ্বৰৰ নগৰলৈ আহিব লাগে (১২:২২)।

খ্ৰীষ্টৰ বিশ্বাসীসকলে কোন সমাজলৈ আহিব লাগে ?

খ্ৰীষ্টৰ বিশ্বাসীসকলে স্বৰ্গত পঞ্জীয়ন হোৱা সকলো প্ৰথমে জন্মাসকলৰ সমাজলৈ আহিব লাগে (১২:২৩)।

খ্ৰীষ্টৰ বিশ্বাসীসকলে কাৰ ওচৰলৈ আহিব লাগে ?

খ্ৰীষ্টৰ বিশ্বাসীসকলে সকলৰৰে বিচাৰকৰ্ত্তা ঈশ্বৰ, ধাৰ্মিকতাৰ আত্মাৰ, আৰু যীচুৰ ওচৰলৈ আহিব লাগে (১২:২৩-২৪)।

Hebrews 12:25-26

স্বৰ্গৰ পৰা যিজনাই সাৱধান কৰিলে তাৰ পৰা কোনোৱে যদি আঁতৰি যায় তেওঁৰ কি হ'ব?

যিসকলে আঁতৰি যায় ঈশ্বৰৰ পৰা তেওঁলোকৰ ৰক্ষা নহ'ব (১২:২৫)।

ঈশ্বৰে কি লৰাব আৰু আতৰাই পেলাব বুলি প্ৰতিজ্ঞা কৰিছে?

সৃষ্টি কৰা বস্তুবোৰ ঈশ্বৰে লৰাব আৰু আঁতৰাই পেলাব বুলি প্ৰতিজ্ঞা কৰিছে (১২:২৬-২৭)।

Hebrews 12:27-29

এই লৰাব পৰা বস্তুবোৰৰ পৰিৱৰ্ত্তে বিশ্বাসীসকলে কি পাব?

এই লৰাব পৰা বস্তুবোৰৰ পৰিৱৰ্ত্তে বিশ্বাসীসকলে লৰাব নোৱাৰা এক ঈশ্বৰৰ ৰাজ্য পাব (১২:২৮)।

বিশ্বাসীসকলে ঈশ্বৰক কেনেকৈ উপাসনা কৰিব লাগে?

বিশ্বাসীসকলে ঈশ্বৰক ভয় আৰু ভক্তিৰে উপাসনা কৰিব লাগে (১২:২৮)।

বিশ্বাসীসকলে ঈশ্বৰক এইদৰে কিয় উপাসনা কৰিব লাগে?

বিশ্বাসীসকলে ঈশ্বৰক এইদৰে উপাসনা কৰিব লাগে কাৰণ তেওঁ গ্ৰাসকাৰী অগ্নিস্বৰূপ (১২:২৯)।

Hebrews 13

Hebrews 13:1-2

অচিনাকীসকলক শুশ্ৰূষা কৰাৰ দ্বাৰাই কোনো কোনোৱে কি কৰিলে?

এইটোক নজনাকৈয়ে কোনো কোনোৱে স্বৰ্গদূতকেই শুশ্ৰূষা কৰিলে (১৩:২)।

Hebrews 13:3-4

যিসকল বন্দীশালত আছে তেওঁলোকক বিশ্বাসীসকলে কেনেকৈ সোঁৱৰণ কৰিব?

যদি তেওঁলোক বন্দীশালত আছে আৰু যদি তেওঁলোকৰ শৰীৰক অশিষ্ট আচৰণ কৰা হৈছে বিশ্বাসীসকলে তেওঁলোকক সোঁৱৰণ কৰা উচিত (১৩:৩)।

সকলোৰে দ্বাৰা কি আদৰ কৰা উচিত?

সকলোৰে দ্বাৰা বিবাহক আদৰ কৰা উচিত (১৩:৪)।

ব্যভিচাৰী আৰু পৰস্ত্ৰীগামীসকলক ঈশ্বৰে কি কৰিব?

ব্যভিচাৰী আৰু পৰস্ত্ৰীগামীসকলক ঈশ্বৰে বিচাৰ কৰিব (১৩:৪)।

Hebrews 13:5-6

এজন বিশ্বাসীয়ে ধন লোভৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰে?

এজন বিশ্বাসীয়ে ধন লোভৰ পৰা মুক্ত হ'ব পাৰে কাৰণ ঈশ্বৰে কৈছে তেওঁ কেতিয়াও তেওঁক নেৰিব আৰু কেতিয়াও পৰিত্যাগ নকৰিব (১৩:৫)।

Hebrews 13:7-8

বিশ্বাসীসকলে কাৰ বিশ্বাস অনুকৰণ কৰিব লাগে?

যিসকলে তেওঁলোকক চলাই আনে আৰু যিসকলে তেওঁলোকক ঈশ্বৰৰ বাক্য কয় বিশ্বাসীসকলে তেওঁলোকৰ বিশ্বাস অনুকৰণ কৰিব লাগে (১৩:৭)।

Hebrews 13:9-11

এই লেখকে বিশ্বাসীসকলক কেনে ধৰণৰ আচৰিত শিক্ষাৰ বিষয়ে সাৱধান কৰি দিছে?

এই লেখকে বিশ্বাসীসকলক খাদ্যৰ লগত জড়িত নীতি নিয়মৰ শিক্ষাৰ বিষয়ে সাৱধান কৰি দিছে (১৩:৯)।

পবিত্ৰ স্থানত উচৰ্গা কৰা জন্তু বিলাকৰ শৱ ক'ত জ্বলাই পেলোৱা হৈছিল?

এই জন্তুবোৰৰ শৰীৰ তম্বুৰ বাহিৰত জ্বলাই পেলোৱা হৈছিল (১৩:১১)।

Hebrews 13:12-14

যীচুৱে ক'ত দুখ-ভোগ কৰিছিল?

যীচুৱে নগৰৰ দুৱাৰৰ বাহিৰত দুখ-ভোগ কৰিছিল (১৩:১২)।

বিশ্বাসীসকল ক'লৈ যাব লাগে আৰু কিয় যাব লাগে?

বিশ্বাসীসকলে যীচুৰ অপমান বহন কৰি, নগৰৰ দুৱাৰৰ বাহিৰলৈ তেওঁৰ ওচৰলৈ যাব লাগে (১৩:১৩)।

বিশ্বাসীসকলৰ এই জগতত কি স্থায়ী নগৰ আছে?

বিশ্বাসীসকলৰ এই জগতত কোনো স্থায়ী নগৰ নাই (১৩:১৪)।

তাৰ পৰিৱৰ্ত্তে বিশ্বাসীসকলকে কি নগৰ বিচাৰিব লাগে?

তাৰ পৰিৱৰ্ত্তে বিশ্বাসীসকলকে আহিবলগীয়া নগৰ বিচাৰিব লাগে (১৩:১৪)।

Hebrews 13:15-19

বিশ্বাসীসকলে ঈশ্বৰৰ প্ৰতি একেৰাহে কি বলি উচৰ্গা কৰিব লাগে?

বিশ্বাসীসকলে ঈশ্বৰৰ প্ৰতি একেৰাহে প্ৰশংসাৰ বলিদান উচৰ্গা কৰিব লাগে (১৩:১৫)।

বিশ্বাসীসকলে তেওঁলোকৰ নেতাজনৰ প্ৰতি কেনে দৃষ্টিভঙ্গী থাকিব লাগে?

বিশ্বাসীসকলে তেওঁলোকৰ নেতাজনৰ প্ৰতি বাধ্য আৰু তেওঁলোকৰ বশীভুত হ'ব লাগে (১৩:১৭)।

Hebrews 13:20-21

বিশ্বাসীসকলত ঈশ্বৰে কি কাৰ্য্য কৰে?

ঈশ্বৰৰ দৃষ্টিত যি উত্তম আৰু সন্তোষজনক ঈশ্বৰে বিশ্বাসীবিলাকত সেই কাৰ্য্যই কৰে (১৩:২১)।

Hebrews 13:22-25

এই লেখকে যেতিয়া বিশ্বাসীসকলক পৰিদৰ্শন কৰিবলৈ আহিব তেওঁ কাৰ সৈতে আহিব?

এই লেখকে যেতিয়া বিশ্বাসীসকলক পৰিদৰ্শন কৰিবলৈ আহিব তেওঁ তীমথিয়ৰ সৈতে আহিব (১৩:২৩)।