Philippians
Philippians 1
Philippians 1:1-2
এই পত্ৰখন পৌলে কালৈ সম্বোধন কৰিছে?
ফিলিপীত থকা অধ্যক্ষ আৰু পৰিচাৰক বিলাকৰ লগতে সকলো লোকলৈ যিসকলক খ্ৰীষ্ট যীচুত পৃথক কৰা হ'ল তেওঁলোকলৈ এই পত্ৰখন সম্বোধন কৰা হৈছে (১:১)।
Philippians 1:3-6
ফিলিপীয়াসকলৰ বাবে পৌলে কি ধন্যবাদ কৰিছে?
A.প্ৰথম দিনাৰে পৰা এতিয়ালৈকে শুভবাৰ্ত্তাত ফিলিপীয়া সকলৰ সহভাগিতাৰ বাবে পৌলে ধন্যবাদ দিছে (১:৫)।
ফিলিপীয়াসকলৰ বিষয়ে পৌলে কি দৃঢ় প্ৰত্যয় কৰিছে?
A.পৌলে এইটো দৃঢ় প্ৰত্যয় কৰিছে যে যি জনাই তেওঁলোকত এই সকৰ্ম্ম আৰম্ভ কৰিলে তেৱেঁই তাক সম্পুৰ্ণ কৰিব (১:৬)।
Philippians 1:7-8
ফিলিপীয়াসকল কিহত পৌলৰ সহভাগী আছিল?
A.পৌলৰ বন্দী অৱস্থাত, আৰু তেওঁৰ সুৰক্ষাৰ প্ৰত্যুত্তৰত আৰু শুভবাৰ্ত্তাৰ নিশ্চয়তাত ফিলিপীয়াসকল তেওঁৰ সহভাগী আছিল (১:৭)।
Philippians 1:9-11
পিলিপীয়াসকলৰ মাজত কি অধিক অধিককৈ বাঢ়ি যাবলৈ পৌলে প্ৰাৰ্থনা কৰিছে?
A.ফিলিপীয়া সকলৰ মাজত প্ৰেম অধিককৈ বাঢ়ি যাবলৈ পৌলে প্ৰাৰ্থনা কৰিছে (১:৯)।
ফিলিপীয়াসকলে কিহেৰে পৰিপুৰ্ণ হ'বলৈ পৌলে আকাংক্ষা কৰিছে ?
A.ফিলিপীয়াসকলে ধাৰ্ম্মিকতাৰ ফলেৰে পৰিপুৰ্ণ হ'বলৈ পৌলে আকাংক্ষা কৰিছিল (১:১১)।
Philippians 1:12-14
পৌলৰ বন্দী অৱস্থাই কেনেকৈ শুভবাৰ্ত্তাৰ বৃদ্ধি হ'ল?
A.খ্ৰীষ্টৰ বাবে পৌলৰ বন্দী অৱস্থা সকলোৱে পৰিচিত হ'ল আৰু ভাইসকলৰ সকলোৱেই এতিয়া সাহেৰে ক'বলৈ ধৰিলে (১:১২-১৪)।
Philippians 1:15-17
কোনো কোনোৱে কিয় স্বাৰ্থপৰ ভাবে আৰু অসুয়াৰে খ্ৰীষ্টক প্ৰচাৰ কৰে?
A.কোনো কোনোৱে স্বাৰ্থপৰ ভাবে আৰু অসুয়াৰে খ্ৰীষ্টক প্ৰচাৰ কৰে আৰু ভাবে যে তেওঁলোকে পৌলৰ বন্দী অৱস্থাত অশান্তি যোগ কৰি আছে (১:১৭)।
Philippians 1:18-19
সৰল ভাবেৰে আৰু অসুয়াৰে খ্ৰীষ্টক প্ৰচাৰ কৰাৰ প্ৰতি পৌলৰ প্ৰতিক্ৰিয়া কেনে আছিল ?
A.পৌলে আনন্দ কৰিছে যে, যিকোনো উপায়েৰে খ্ৰীষ্টক ঘোষণা কৰা হৈছেই (১:১৮)।
Philippians 1:20-21
পৌলে এই জীৱনৰ যোগেদি বা মৃত্যুৰ দ্বাৰা কি কৰিবলৈ আকাংক্ষা কৰিছে ?
A.পৌলে এই জীৱনৰ যোগেদি বা মৃত্যুৰ দ্বাৰা ঈশ্বৰৰ গৌৰৱ আনিবলৈ আকাংক্ষা কৰিছে (১:২০)।
জীয়াই থকা মানে আৰু মৰা মানে কি বুলি পৌলে কৈছিল?
A.জীয়াই থকা মানে হৈছে খ্ৰীষ্ট আৰু মৰা মানে তেওঁৰ লাভ বুলি পৌলে কৈছিল (১:২১)।
Philippians 1:22-24
পৌলক কোনটো কথাই অন্য দিশলৈ টানি লৈ গৈছে?
A.পৌলে তেওঁৰ মৃত্যুত খ্ৰীষ্টৰ লগত থকাৰ দিশলৈ টানি লৈ গৈছে, নাইবা তেওঁৰ পৰিশ্ৰম একেৰাহে চলাই নিবলৈ মাংসত থকাই উচিত বুলি লৈছে (১:২২-২৪)।
Philippians 1:25-27
পৌলে কি উদ্দেশ্যত ফিলিপীয়াসকলৰ লগত থাকিম বুলি দৃঢ় প্ৰত্যয় কৰিছে?
A.পৌলে তেওঁলোকৰ বিশ্বাসৰ উন্নতি আৰু আনন্দৰ উদ্দেশ্যত ফিলিপীয়াসকলৰ লগত থাকিম বুলি দৃঢ় প্ৰত্যয় কৰিছে( ১:২৫)।
পৌলে ফিলিপীয়াসকলৰ লগত থাকক বা আতৰি থাকক পৌলে তেওঁলোকৰ পৰা কি শুনিব বিচাৰিছিল?
A.পৌলে ফিলিপীয়াসকলৰ লগত থাকক বা আতৰি থাকক পৌলে তেওঁলোকক এক আত্মাত থিৰ হৈ শুভবাৰ্ত্তাৰ বিশ্বাসৰ বাবে এক আত্মাৰে পৰিশ্ৰম কৰাৰ কথা শুনিব বিচাৰিছিল (১:২৭)।
Philippians 1:28-30
ফিলিপীয়াসকলে তেওঁলোকৰ বিৰোধীসকলক ভয় কৰা নাছিল, তাৰ চিন কি আছিল?
A.ফিলিপীয়াসকলে তেওঁলোকৰ বিৰোধীসকলক ভয় কৰা নাছিল, তাৰ চিন হৈছে তেওঁলোকৰ বিৰোধীৰ সংহাৰ হোৱাৰ চিন, কিন্তু তেওঁলোকৰ পৰিত্ৰাণৰ চিন আছিল (১:২৮)।
ফিলিপীয়া সকলৰ প্ৰতি ঈশ্বৰৰ দ্বাৰা মঞ্জৰ কৰা দুটা চিন কি কি আছিল?
A.ফিলিপীয়া সকলৰ প্ৰতি ঈশ্বৰৰ দ্বাৰা মঞ্জৰ কৰা দুটা চিন আছিল তেওঁলোকে খ্ৰীষ্টত বিশ্বাস কৰিছল তাৰ লগে লগে তেওঁলোকে তেওঁৰ হৈ দুখ-ভোগ কৰিছিল (১:২৯)।
Philippians 2
Philippians 2:1-2
ফিলিপীয়াসকলে তেওঁৰ আনন্দ সম্পুৰ্ণ কৰিবলৈ কি কৰিব লাগে বুলি পৌলে কৈছে?
A.ফিলিপীয়াসকলে একে মনৰ, একে প্ৰেমৰ, একে আত্মাৰ একে মনৰ লোক হোৱা উচিত (২:২)।
Philippians 2:3-4
ফিলিপীয়াসকলে পৰস্পৰে কি বিষয় কেনেকৈ গণনা কৰিবলৈ পৌলে কৈছে?
A.ফিলিপীয়াসকলে পৰস্পৰে ইজনে সিজনক উত্তম বুলি মানিবলৈ পৌলে কৈছে (২:৩)।
Philippians 2:5-8
আমাত কাৰ মন থকাৰ প্ৰয়োজন বুলি পৌলে কৈছে?
A.পৌলে কৈছে আমাত খ্ৰীষ্টৰ মন থকাৰ প্ৰয়োজন বুলি পৌলে কৈছে (২:৫-৬)।
খ্ৰীষ্ট যীচু কি ৰূপত আছে?
খ্ৰীষ্ট যীচু ঈশ্বৰৰ ৰূপত আছে (২:৬)।
খ্ৰীষ্ট যীচু তেতিয়া কি ৰূপ লৈছিল?
A.খ্ৰীষ্ট যীচু তেতিয়া মানুহৰ ৰূপত আহোঁতে দাসৰ নিচিনা হ'ল (২:৭)।
যীচুৱে নিজকে কেনেকৈ নম্ৰ কৰিছিল?
A.যীচুৱে নিজকে সৰু কৰি ক্ৰচীয় মৃত্যুলৈকে বাধ্য হৈ নম্ৰ হ'ল। (২:৮)।
Philippians 2:9-11
তেতিয়া ঈশ্বৰে যীচুৰ প্ৰতি কি কৰিছিল ?
A.ঈশ্বৰে তেওঁক অতিশয় ওখপদ দিলে সকলো নামতকৈ শ্ৰেষ্ঠ নাম তেওঁক দিলে (২:৯)।
সকলো জিভাই কি স্বীকাৰ কৰিব?
A.যীচু যে ঈশ্বৰ হয় তাক সকলো জিভাই স্বীকাৰ কৰিব (২:১১)।
Philippians 2:12-13
ফিলিপীয়াসকলে তেওঁলোকৰ পৰিত্ৰাণ সম্পন্ন কৰিবলৈ কি কৰিবলৈ কৈছে ?
A.ভয় আৰু কম্পনেৰে সৈতে ফিলিপীয়াসকলে পৰিত্ৰাণ সম্পন্ন কৰিবলৈ কৈছে (২:১২)।
ঈশ্বৰে বিশ্বাসীসকলত কি কাৰ্য্য কৰে?
A.ঈশ্বৰে বিশ্বাসীসকলত তেওঁ উত্তম সন্তোষৰ বাবে ইচ্ছা আৰু কৰ্ম্ম এই দুয়োটা সাধন কৰে (২:১৩)।
Philippians 2:14-16
সকলোবোৰ কোনো একো নোহোৱাকৈ কি কৰিব লাগে?
A.সকলোবোৰ কোনো কথা আপত্তি আৰু তৰ্ক-বিতৰ্ক নোহোৱাকৈ কৰিব লাগে (২:১৪)।
Philippians 2:17-18
পৌলে তেওঁৰ জীৱনটো কি উদ্দেশ্যত ঢালি দিছে?
A.পৌলে তেওঁৰ জীৱনটো ফিলিপীয়াসকলৰ বিশ্বাসৰ বলিদান আৰু পৰিচৰ্য্যাৰ বাবে ঢালি দিছে (২:১৭)।
পৌলৰ কি দৃষ্টিভঙ্গী আছে যিটো ফিলিপীয়াসকলৰো থকাটো তেওঁ বিচাৰিছে?
A.পৌলে মহা আনন্দেৰে আনন্দ কৰিছে (২:১৭-১৮)।
Philippians 2:19-21
তীমথিয় পৌলৰ বাবে এক অদ্বিতীয় সহায়ক কিয়?
A.তীমথিয় পৌলৰ বাবে এক অদ্বিতীয় কাৰণ তেওঁ প্ৰকৃততে ফিলিপীয়াসকলৰ চোৱাচিতা কৰিছিল আৰু তেওঁৰ নিজৰ স্বাৰ্থপৰ ভাবৰ বাবে নহয় (২:২০-২১)।
Philippians 2:22-27
পৌলে ফিলিপীয়া সকলক লগ পাব বিচাৰিছিল নে?
A.হয়, পৌলে ফিলিপীয়া সকলক সোমকালেই লগ পাব বিচাৰিছিল (২:২৪)।
Philippians 2:28-30
ইপাফ্ৰদিত কি কাৰণে প্ৰায় মৰো মৰো হৈছিল?
A.খ্ৰীষ্টৰ কাম কৰি কৰি, পৌলৰ পৰিচৰ্য্যা কৰি কৰি আৰু পৌলৰ প্ৰয়োজনবোৰ যোগান ধৰি ধৰি ইপাফ্ৰদিত প্ৰায় মৰো মৰো হৈছিল (২:৩০)।
Philippians 3
Philippians 3:1-5
পৌলে বিশ্বাসীসকলক কাৰ বাবে সাৱধানেৰে চাই থাকিব দিছে?
A.পৌলে বিশ্বাসীসকলক সেই কুকুৰবিলাকক, কু-কৰ্ম্মী বিলাকক আৰু সেই ছিন্নহোৱা বিলাকলৈসাৱধানেৰে চাবলৈ সাৱধান কৰি দিছে (৩:২)।
পৌলে কাক প্ৰকৃততে চুন্নত হোৱা বুলি কৈছে?
পৌলে কৈছে প্ৰকৃত চুন্নত হোৱা লোকসকল হৈছে যিসকলে খ্ৰীষ্টক আত্মাৰে আৰু সত্যেৰে ভজনা কৰে, খ্ৰীষ্টত গৌৰৱ কৰে মাংসত একো ভাৰসা নকৰে (৩:৩)।
Philippians 3:6-7
পৌলে তেওঁৰ বিধানৰ ধাৰ্ম্মিকতা সম্বন্ধে আগৰ আচৰণ কেনেকৈ বৰ্ণনা কৰিছে?
A.পৌলে তেওঁৰ বিধানৰ ধাৰ্ম্মিকতা সম্বন্ধে আগৰ আচৰণ হৈছে তেওঁ বিধানৰ ধাৰ্ম্মিকতা সম্বন্ধে নিৰ্দোষী বুলি বৰ্ণনা কৰিছে (৩:৬) ।
এতিয়া পৌলে তেওঁৰ আগৰ মাংসৰ নিৰ্দোষ অৱস্থা কি বুলি বিবেচনা কৰিছে?
A.এতিয়া পৌলে তেওঁৰ আগৰ মাংসৰ নিৰ্দোষ অৱস্থা খ্ৰীষ্টৰ কাৰণে মুল্যহীন বুলি বিবেচনা কৰিছে(৩:৭)।
Philippians 3:8-11
কি উদ্দেশ্যত পৌলে আগৰ সকলোবোৰ বিষয় এতিয়া বিষ্ঠা যেন জ্ঞান কৰিছে?
পৌলে আগৰ সকলোবোৰ বিষয় এতিয়া বিষ্ঠা যেন জ্ঞান কৰিছে কাৰণ তেওঁ যেন খ্ৰীষ্ট পায় (৩:৮)।
এতিয়া পৌলৰ কি ধাৰ্ম্মিকতা আছে?
A.এতিয়া পৌলৰ ঈশ্বৰৰ ধাৰ্ম্মিকতা আছে সেইটো খ্ৰীষ্টত বিশ্বাস কৰাৰ যোগেদি আছে (৩:৯)।
পৌলৰ খ্ৰীষ্টৰ সৈতে কি সহভাগিতা আছে ?
A.খ্ৰীষ্টৰ দুখ-ভোগৰ সৈতে পৌলৰ সহভাগিতা আছে (৩:১০)।
Philippians 3:12-16
যদিও তেওঁ এতিয়াও সম্পুৰ্ণ কৰা নাই, পৌলে একেৰাহে কি কৰি যাব ?
A.পৌলে একেৰাহে লৰি গৈ থাকিব (৩:১২)।
পৌলে কি লক্ষ্যলৈ লৰি গৈ আছে ?
A.খ্ৰীষ্ট যীচুত তেওঁলৈ কৰা কৰা আমন্ত্ৰণলৈ পুৰস্কাৰৰ বাবে পৌলে লক্ষ্য কৰি লৰি গৈ আছে (৩:১৪)।
Philippians 3:17-19
পৌলে তেওঁৰ চলা জীৱনৰ উদাহৰণৰ ক্ষেত্ৰত ফিলিপীয়া সকলক কি কৈছে?
A.পৌলে ফিলিপীয়া সকলক তেওঁ যেনেদৰে চলিছে সেইদৰে অনুকাৰী হ'বলৈ কৈছে (৩:১৭)।
যিসকলৰ ঈশ্বৰ তেওঁলোকৰ পেট আৰু যিসকলে পাৰ্থিব বিষয়বোৰৰ বিষয়ে চিন্তা কৰে তেওঁলোকৰ অন্তিম অৱস্থা কি ?
A.যিসকলৰ ঈশ্বৰ তেওঁলোকৰ পেট আৰু যিসকলে পাৰ্থিব বিষয়বোৰৰ বিষয়ে চিন্তা কৰে তেওঁলোকৰ অন্তিম অৱস্থা হৈছে ধ্বংস (৩:১৯)।
Philippians 3:20-21
বিশ্বাসীসকলৰ নাগৰিকত্ত্ব ক'ত অৱস্থিত বুলি পৌলে কৈছে ?
A.বিশ্বাসীসকলৰ নাগৰিকত্ত্ব স্বৰ্গত অৱস্থিত বুলি পৌলে কৈছে (৩:২০)।
খ্ৰীষ্টে যেতিয়া স্বৰ্গৰ পৰা আহিব বিশ্বাসীসকলৰ শৰীৰ তেওঁ কি কৰিব?
A.খ্ৰীষ্টে বিশ্বাসীসকলৰ নীহ অৱস্থাৰ শৰীৰক তেওঁৰ দৰে গৌৰৱময় শৰীৰলৈ ৰূপান্তৰ কৰিব (৩:২১)।
Philippians 4
Philippians 4:1-3
পৌলে তেওঁৰ অতি চেনেহৰ বন্ধুসকলে ফিলিপীত কি কৰাটো বিচাৰে?
A.পৌলো ফিলিপীয়াসকলক প্ৰভুত থিৰ হৈ থকাটো বিচাৰে (৪:১)।
পৌলে ইউদীয়া আৰু চন্তুখীক কি হোৱাটো চাবলৈ ইচ্ছা কৰিছে ?
A.পৌলে ইউদীয়া আৰু চন্তুখীক প্ৰভুত একে মন হৈ থকাটো চাবলৈ ইচ্ছা কৰিছে (৪:২)।
Philippians 4:4-7
পৌলে ফিলিপীয়াসকলক পৌলে সদায়ে কি কৰিবলৈ কৈছে ?
A.পৌলে তেওঁলোকক সদায়ে প্ৰভুত আনন্দ কৰিবলৈ কৈছে (৪:৪)।
চিন্তিত হৈ থকাৰ পৰিৱৰ্ত্তে, পৌলে তেওঁলোকক কি কৰি থাকিবলৈ কৈছে?
A.চিন্তিত হৈ থকাৰ পৰিৱৰ্ত্তে, পৌলে তেওঁলোকক কি প্ৰয়োজন তাক প্ৰাৰ্থনাৰে ঈশ্বৰক জনাব দিছে আৰু তেওঁক ধন্যবাদ দি থাকিবলৈ কৈছে (৪:৬)।
যদি আমি এইটো কৰোঁ, আমাৰ অন্তৰ আৰু ভাৱনাক কিহে সুৰক্ষা দিব?
A.যদি আমি এইটো কৰোঁ, আমাৰ অন্তৰ আৰু ভাৱনাক ঈশ্বৰৰ শান্তিয়ে সুৰক্ষা দিব (৪:৭)।
Philippians 4:8-9
কি কি ধৰণৰ বিষয়ৰ ওপৰত পৌলে ভবা-চিন্তা কৰিবলৈ কৈছে?
A.পৌলে কৈছে যি যি আদৰণীয়, যি যি ন্যায়, যি যি নিৰ্ম্মল, যি যি প্ৰিয়, যি যি সুখ্যাতি যুক্ত, যি যি উত্তম, আৰু যি যি প্ৰশংসনীয় সেই বোৰৰ ওপৰত ভবা-চিন্তা কৰিবলৈ কৈছে (৪:৮)।
Philippians 4:10-13
ফিলিপীয়াসকলে এতিয়া কি নবীকৰণ কৰিবলৈ সমৰ্থৱান হৈছে ?
A.ফিলিপীয়াসকলে পৌলৰ প্ৰতি তেওঁলোকৰ চিন্তা-ভাৱনা নবীকৰণ কৰিবলৈ সমৰ্থৱান হৈছে (৪:১০)।
বেলেগ বেলেগ পৰিস্থিতিত জীয়াই থাকিবলৈ হ'লে পৌলে কি গুপুত কথা শিকিলে?
A.পৌলে জীয়াই থকাৰ বাবে শিকা গুপুত কথাটো হৈছে উপচয়তে হওক আৰু প্ৰয়োজনতে হওক সন্তোষেৰে জীয়াই থাকিবলৈ শিকিলে (৪:১১-১২)।
কি শক্তিৰ দ্বাৰা পৌলে সন্তোষেৰে জীয়াই থাকিব পাৰে?
A.খ্ৰীষ্ট যি জনাই তেওঁক শক্তি যোগাই তেওঁৰ যোগেদি পৌলে সকলো পৰিস্থিতিতে সন্তোষেৰে জীয়াই থাকিব পাৰে (৪:১৩)।
Philippians 4:14-17
পৌলে ফিলিপীয়াসকলৰ বাবে তেওঁলোকে তেওঁক প্ৰয়োজন যোগান ধৰাৰ ক্ষেত্ৰত কি বিচাৰিছে?
ফিলিপীয়াসকলৰ নামত পৌলে ফল বৃদ্ধি হোৱাটো বিচাৰিছে (৪:১৪-১৭)।
Philippians 4:18-23
পৌলৰ বাবে ফিলিপীয়াসকলে দিয়া উপহাৰটো ঈশ্বৰে কি দৃষ্টিৰে চাইছে?
A.ফিলিপীয়াসকলে পৌললৈ দিয়া উপহাৰটো ঈশ্বৰৰ সন্তোষজনক পৰমগ্ৰাহ্য যজ্ঞ (৪:১৮)।
ফিলিপীয়াসকলৰ প্ৰতি ঈশ্বৰে কি কৰিব বুলি পৌলে কৈছে ?
A.পৌলে কৈছে যে ঈশ্বৰে ফিলিপীয়াসকলৰ সকলো অভাব তেওঁৰ ধন অনুসৰি গৌৰৱেৰে খ্ৰীষ্ট যীচুত পুৰ্ণ কৰিব (৪:১৯)।