Titus
Titus 1
Titus 1:1-3
পৌলে কি উদ্দেশ্যেৰে ঈশ্বৰৰ পৰিচৰ্যা কৰিছিল?
ঈশ্বৰৰ মনোনীত লোকৰ যি বিশ্বাস আৰু ভক্তিৰ সত্য তত্ব-জ্ঞান প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে পৌলে পৰিচর্যা কৰিছিল।(১:১)
ঈশ্বৰে কেতিয়া তেওঁৰ মনোনীত লোক সকলক অনন্ত জীৱন দিবৰ বাবে প্ৰতিজ্ঞা কৰিছিল?
ঈশ্বৰে মনোীত লোকসকলক অনন্ত জীৱন দিবৰ বাবে অনাদি কালৰ পূর্বে প্ৰতিজ্ঞা কৰিছিল (১:২)।
ঈশ্বৰে মিছা মাতিব পাৰেনে?
ঈশ্বৰে মিছা মাতিব নোৱাৰে(১:২)।
উচিত সময়ত ঈশ্বৰে নিজ বাক্য প্ৰকাশ কৰিবলৈ কাক ব্যৱহাৰ কৰিলে?
ঈশ্বৰে পাঁচনি পৌলক ব্যৱহাৰ কৰিলে(১:৩)।
Titus 1:4-5
পৌল আৰু তীত মাজত কেনে ধৰণৰ সম্বন্ধ আছিল?
তীত পৌলৰ সাধাৰণ বিশ্বাসৰ যথাৰ্থ আছিল পুত্ৰ(১:৪)।
Titus 1:6-7
বৃদ্ধ লোকৰ পাৰিবাৰিক জীৱন কেনে হোৱা উচিত?
তেওঁ এজনী তিৰোতাৰ স্বামী আৰু সন্তান বিলাক বিশ্বাসকাৰী হব লাগে(১:৬)।
জন ব্যক্তি বৃদ্ধবাব পাবৰ বাবে কেনে ধৰণৰ যোগ্যতাৰ প্ৰয়োজন?
অলপতে ক্ৰোধী, মদপী, প্ৰহাৰক বা কুচ্ছিত লাভ বিচৰা নহৈ, অথিতি-সেৱক, সাধুক প্ৰেম কৰোঁতা, বিবেচক আৰু ধাৰ্মিক হব লগে(১:৮)।
Titus 1:8-9
বিধান (উপদেশ)অনুসাৰে বৃদ্ধসকলৰ মনোভাব কেনে হোৱা উচিত?
উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হব লাগে আৰু আপত্তিকাৰীসকলক বাধা দিয়া আৰু নিৰাময় শিক্ষাত উৎসাহ দিয়া মনোভাবৰ হব লাগে। (1:9)
Titus 1:10-11
ভুৱা শিক্ষকসকলে তেওঁলোকৰ বাক্যৰ দ্বাৰা কি কৰে?
ভুৱা শিক্ষকসকলে তেওঁলোকৰ বাক্যৰ দ্বাৰাই ছলনা কৰে আৰু পৰিয়ালবোৰ ভাঙে। (1:10-11)
ভুৱা শিক্ষকসকলে কিহলৈ প্রৰোচিত কৰে?
ভুৱা শিক্ষকসকলে কুচ্ছিত লাভলৈ প্রৰোচিত কৰে।
Titus 1:12-13
এজন বৃদ্ধ লোকে এই ভুৱা শিক্ষক সকলৰ প্ৰতি কেনে ব্যৱহাৰ কৰাত সক্ষম হব লাগে?
তেওঁ এই সকলক কঠোৰ অনুযোগ কৰাৰ দ্বাৰাই মূখ বন্ধ কৰিবলৈ সক্ষম হব লাগে(১:৯,১১,১৩)।
Titus 1:14
কি বিষয়ত পৌলে তেওঁবিলাকক অবাবত সময় নষ্ট নকৰিবৰ বাবে কৈছিল?
যিহূদীৰ আখ্যানলৈ আৰু মানুহবিলাকৰ আদেশলৈ মন নিদিবলৈ কৈছিল(১:১৩,১৪)
Titus 1:15-16
অবিশ্বাসী এজনৰ কি কলুষিত হৈ থাকে?
মন আৰু বিবেক(১:১৫)।
কলুষিত এজন ব্যক্তিয়ে যদিও ঈশ্বৰক জানো বুলি স্বীকাৰ কৰে, তথাপি তেওঁ কি দৰে তেওঁক অস্বীকাৰ কৰে?
তেওঁ নিজৰ কাৰ্য্যৰ যোগেদি ঈশ্বৰক অস্বীকাৰ কৰে(১:১৬)।
Titus 2
Titus 2:1-2
এজন বৃদ্ধ লোকে মণ্ডলীত প্ৰদৰ্শণ কৰিবলগীয়া বিশেষ চৰিত্ৰ সমূহ কি কি?
তেওঁবিলাকে প্ৰদৰ্শন কৰিবলগীয়া চৰিত্ৰ সমূহ হৈছে, ধীৰ, বিবেচক আৰু বিশ্বাসত, প্ৰেমত, ধৈৰ্য্যত নিৰাময় হয়(২:২)
Titus 2:3-5
বৃদ্ধা মহিলা সকলে মণ্ডলীত প্ৰদৰ্শন কৰিবলগীয়া বিশেষ চৰিত্ৰ সমূহ কি কি?
তেওঁবিলাকে পবিত্ৰ লোকবিলাকক যোগ্য আচাৰ-ব্যৱহাৰ দেখুৱাক, অপবাদিকা নহৈ, যেন উত্তম শিক্ষা-দায়িকা হয়(২:৩)।
বৃদ্ধা মহিলা সকলে যুৱতী সকলক কি শিক্ষা দিব লাগে?
তেওঁবিলাকে যুৱতী বিলাকক, পতি-প্ৰিয়া, সন্তানক প্ৰিয়া, বিবেচক, সতী আৰু ঘৰ ধৰোঁতা হবৰ বাবে শিক্ষা দিব লাগে(২:৪-৫)
Titus 2:6-8
বিশ্বাসী সকলৰ বাবে সাক্ষ্য স্বৰূপ হবলৈ তীতে কি কৰিব লাগিব?
তেওঁ সকলো বিষয়তে সৎকৰ্ম্মৰ আৰ্হি হৈ, শিক্ষাত শুদ্ধতা, ধীৰতা, আৰু অনিন্দনীয়া নিৰাময় বাক্য দেখুউৱা দ্বাৰাই(২:৭-৮)
Titus 2:9-10
বিশ্বাসী দাস সকলৰ স্বাভাৱ কেনে হব লগে?
তেওঁবিলাক নিজ নিজ প্ৰভুৰ বশীভূত আৰু সন্তোষ-দায়ক, হাত-লৰ নকৰি সকলোতে উত্তম বিশ্বাস্ততা দেখুৱাব লাগে(২:৯-১০)।
যেতিয়া দাস বিলাকে পৌলে কোৱাৰ দৰে ব্যৱহাৰ কৰিব তেতিয়া ইয়ে আনৰ ওপৰত কেনে প্ৰভাৱ পেলাব?
ইয়াৰ দ্বাৰা ত্ৰাণকৰ্তা ঈশ্বৰৰ শিক্ষাক ভূষিত কৰিব(২:৯)।
Titus 2:11-13
অনুগ্ৰহে কাক ৰক্ষা কৰিব পাৰে?
ঈশ্বৰৰ অনুগ্ৰহে সকলো মানুহকে পৰিত্ৰাণ কৰিব পাৰে(২:১১)
ঈশ্বৰৰ অনুগ্ৰহে আমাক কি অস্বীকাৰ কৰিব বাবে শিকাই?
ঈশ্বৰৰ অনুগ্ৰহে ভক্তি-লঙ্ঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰিবলৈ শিকাই(২:১২)।
বিশ্বাসী সকলে কি লাভ কৰাৰ অপেক্ষাত আছে?
বিশ্বাসী সকল মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্ত্তা যীচু খ্ৰীষ্টৰ প্ৰতাপৰ আবিৰ্ভাৱলৈ অপেক্ষা কৰি আছে(২:১৩)।
Titus 2:14-15
যীচুৱে আমাৰ বাবে নিজকে কিয় দান কৰিব লগা হল?
আমাক সকলো অধৰ্ম্মৰ পৰা মুক্ত আৰু শুচি কৰাৰ দ্বাৰাই সকলো সৎকৰ্ম্মত উদ্যোগী হবৰ বাবে নিজকে দান কৰিলে(২:১৪)।
Titus 3
Titus 3:1-2
আধিপত্য আৰু ক্ষমতা পোৱা বিলাকৰ প্ৰতি বিশ্বাসী সকলৰ মনোভাৱ কেনে হব লাগে?
বিশ্বাসী সকল বশীভুত হবলৈ, আজ্ঞা মানিবলৈ আৰু সকলো সৎ কৰ্ম্মত যুগুত হব লাগে(৩:১)
Titus 3:3
অবিশ্বাসী সকলক কিহে ভুল পথত পৰিচালিত আৰু দাস্য কৰ্ম কৰাই?
তেওঁবিলাকৰ অভিলাষ আৰু সুখভোগে(৩:৩)
Titus 3:4-5
ঈশ্বৰে আমাক কিহৰ দ্বাৰাই পৰিত্ৰাণ দিলে?
স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাক পৰিত্ৰাণ কৰিলে(৩:৫)
আমি কৰা ভাল কৰ্মৰ বাবে নে ঈশ্বৰৰ দয়াৰ দ্বাৰাই আমি পৰিত্ৰাণ লাভ কৰিলো?
আমি কেৱল ঈশ্বৰৰ দয়াৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিলো(৩:৫)
Titus 3:6-7
আমি ধাৰ্মিক বুলি গণিত হোৱাৰ পিছত, ঈশ্বৰে আমাক কি কৰে?
ঈশ্বৰে আমাক তেওঁৰ উত্তৰাধিকাৰী পাৰে(৩:৭)।
Titus 3:8
বিশ্বাসী সকলে কি বিষয়ত মনোযোগ দিব লাগে?
বিশ্বাসী সকলে ঈশ্বৰে তেওঁবিলাকৰ বাবে আজ্ঞা কৰা সৎকৰ্ম্মত মনোনিবেশ কৰিব লাগে(৩:৮)।
Titus 3:9-13
বিশ্বাসী বিলাকে কি বিষয় সমূহ এৰাই চলিব লাগে?
বিশ্বাসী বিলাকে অনৰ্থক বাদ-বিবাদ এৰাই চলিব লাগে(৩:৯)।
এবাৰ বা দুবাৰ চেতনা দিয়াৰ পিছত কাক অগ্ৰাহ্য কৰিব লাগে?
দলভেদী মানুহ বিলাকক(৩:১০)
Titus 3:14-15
ফলবান হবৰ বাবে বিশ্বাসী সকল কেনে ধৰণৰ কাৰ্য্যত মনোনিবেশ কৰিব লাগে?
প্ৰয়োনীয় অভাৱ দূৰ কৰিবৰ কাৰণে তেওঁবিলাকে সৎকৰ্ম্মত লাগি থকাৰ দ্বাৰাই ফলৱান হব পাৰিব(৩:৪)।