Assamese: translationQuestions

Updated ? hours ago # views See on DCS

2 Corinthians

2 Corinthians 1

2 Corinthians 1:1-2

এই পত্ৰখন কোনে লিখিছিল?

পৌল আৰু তীমথিয়ই এই পত্ৰখন লিখিছিল (১:১)।

এই পত্ৰখন কালৈ লিখিছিল?

কৰিন্থত থকা ঈশ্বৰৰ মণ্ডলীলৈ আৰু গোটেই আখায়া অঞ্চলত থকা সকলো সাধু-সন্তবিলাকলৈ এই পত্ৰখন লিখা হৈছিল (১:১)।

2 Corinthians 1:3-7

পৌলে ঈশ্বৰক কেনেদৰে বৰ্ণনা কৰিছে?

পৌলে ঈশ্বৰক আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ, সকলো অনুগ্ৰহৰ পিতৃ, আৰু সকলো সান্তানাৰ পিতৃ বুলি বৰ্ণনা কৰিছে (১:৩)।

আমাৰ দুখ-ক্লেশত ঈশ্বৰে আমাক কিয় সান্তনা দিয়ে ?

A.তেওঁ আমাক সান্তনা দিয়ে যাতে যিসকল দুখ-ক্লেশত আছে ঈশ্বৰৰ দ্বাৰা আমি আমাক সান্তনা কৰাৰ দৰে আমি তেওঁলোকক সান্তনা দিব পাৰো (১:৪)।

2 Corinthians 1:8-10

এছিয়াত পৌল আৰু তেওঁ সঙ্গীসকলে কি অসুবিধা পাইছিল?

তেওঁলোকে সহ্য কৰিব পৰাতকৈ তেওঁলোকক সম্পুৰ্ণ ৰূপে গুড়ি কৰা হৈছিল। তেওঁলোকৰ ওপৰত মৃত্যুদণ্ডৰ আজ্ঞা আছিল (১:৮-৯)।

পৌল আৰু তেওঁৰ সঙ্গীসকলৰ ওপৰত কিয় মৃত্য দণ্ডাজ্ঞা দিয়া হৈছিল?

তেওঁলোকৰ ওপৰত কৰা মৃত্যু দণ্ডাজ্ঞাৰ বাবে তেওঁলোকৰ ওপৰত ভাৰসা নকৰি, কিন্তু ঈশ্বৰৰ ওপৰতহে ভাৰসা কৰিব লাগিছিল (১:৯)।

2 Corinthians 1:11

কৰিন্থীয়া মণ্ডলীয়ে তেওঁলোকক সহায় কৰিব পাৰে বুলি পৌলে কেনেকৈ কৈছিল?

কৰিন্থীয়া মণ্ডলীয়ে তেওঁলোকক প্ৰাৰ্থনাৰে সহায় কৰিব পাৰে বুলি পৌলে কৈছিল (১:১১)।

2 Corinthians 1:12-14

পৌল আৰু তেওঁৰ সঙ্গীসকলে কিহৰ বিষয়ে গৰ্ব্ব কৰিব পাৰে বুলি কৈছিল?

তেওঁলোকৰ বিবেকৰ সাক্ষ্যৰ বাবে তেওঁলোক গৰ্ব্বিত হৈছিল, যিটো এই জগতত তেওঁলোকৰ আচৰণৰ বাবে আছিল- আৰু বিশেষকৈ কৰিন্থীয়া মণ্ডলীত তেওঁলোকৰ লেন-দেনৰ ক্ষেত্ৰত, ঈশ্বৰৰ পৰা অহা পবিত্ৰতা আৰু সৰলতাৰ সৈতে, পাৰ্থিব জ্ঞানৰ দ্বাৰা নহয় কিন্তু ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰাহে (১:১২)।

প্ৰভু যীচুৰ দিনা পৌলৰ কি আত্ম-বিশ্বাস হ'ব পাৰে বুলি কৈছিল?

কৰিন্থীয়াৰ সাধু-সন্তসকলৰ বাবে পৌল আৰু তেওঁৰ সঙ্গীসকলে সেই দিনা অতি আত্ম- প্ৰত্যয়ী হ'ব বুলি পৌল দৃঢ় প্ৰত্যয় আছিল (১:১৪)।

2 Corinthians 1:15-20

কৰিন্থীয়াৰ সাধু-সন্তসকলক পৰিদৰ্শন কৰিবলৈ পৌলে কেইবাৰ পৰিকল্পনা কৰিছিল ?

তেওঁলোকক পৰিদৰ্শন কৰিবলৈ দুবাৰ পৰিকল্পনা কৰিছিল ( ১:১৫)।

2 Corinthians 1:21-22

খ্ৰীষ্টই যে আমাৰ হৃদয়ত আত্মা দিছে তাৰ এটা কাৰণ কি?

তেওঁ পাছত আমাক কি দিব তাৰ নিশ্চয়তাৰ বাবেই তেওঁ আত্মাক এক বইনাস্বৰূপে দিছে (১:২২)।

2 Corinthians 1:23-24

পৌলে কৰিন্থলৈ কিয় অহা নাছিল?

তেওঁ যাতে তেওঁলোকক বচাই ৰাখিব পাৰে তাৰ বাবেই তেওঁ কৰিন্থলৈ অহা নাছিল (১:২৩)।

পৌলে কি কৈছে যে তেওঁ আৰু তীমথিয়ই কৰিন্থীয়া মণ্ডলীৰ লগত কৰা নাছিল আৰু কৰিছিল?

পৌলে কৈছিল যে তেওঁলোকৰ বিশ্বাসক তেওঁ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰা নাছিল, কিন্তু তেওঁলোকৰ আনন্দৰ বাবেই তেওঁলোকে কৰিন্থীয়া মণ্ডলীৰ লগত কাৰ্য্য কৰিছিল (১:২৪)।

2 Corinthians 2

2 Corinthians 2:1-2

পৌলে কৰিন্থীয়া মণ্ডলীলৈ নাহি কি পৰিস্থিতিৰৰ পৰা এৰাবলৈ চেষ্টা কৰি আছিল?

বেদনাদায়ক পৰিস্থিতিৰ পৰা এৰাই চলিবলৈ পৌলে কৰিন্থীয়া মণ্ডলীলৈ নহাকৈ আছিল (২:১)।

2 Corinthians 2:3-4

পৌলে কিয় তেওঁৰ আগৰ পত্ৰখনত লিখাৰ দৰে কৰিন্থীয়া মণ্ডলীলৈ লিখিছিল?

পৌলে সেইদৰে লিখিছিল যাতে তেওঁ যেতিয়া তালৈ আহিব যিসকলে তেওঁক আনন্দিত কৰিছিল তেওঁলোকে যাতে আঘাত নাপায় (২:৩)।

পৌলে যেতিয়া কৰিন্থীয়া মণ্ডলীলৈ লিখিছিল তাৰ আগতে তেওঁৰ মনৰ অৱস্থা কেনে আছিল?

তেওঁ অতিশয় মানসিক অশান্তি আৰু অন্তৰৰ বেজাৰেৰে পূৰ হৈ আছিল (২:৪)।

পৌলে এই পত্ৰখন কৰিন্থীয়া মণ্ডলীলৈ কিয় লিখিছিল?

তেওঁৰ যে তেওঁলোকৰ প্ৰতি গভীৰ মৰম ভাব আছে তাকে দেখুৱাবলৈ তেওঁ এই পত্ৰখন তেওঁলোকৰ বাবে লিখিছিল (২:৪)।

2 Corinthians 2:5-7

কৰিন্থীয়া সাধু-সন্তসকলে যিজনক শাস্তি দিছিল এতিয়া তেওঁলোকে কি কৰিব লাগে বুলি পৌলে কৈছিল?

সেই ব্যক্তিজনক তেওঁলোকে ক্ষমা কৰিব লাগে আৰু শান্তনা কৰিব লাগে বুলি পৌলে কৈছিল (২:৬-৭)।

কৰিন্থীয়া সাধু-সন্তসকলে যিজনক শাস্তি দিছিল তেওঁক তেওঁলোকে কিয় ক্ষমা আৰু শান্তনা কৰিব লাগে বুলি পৌলে কৈছিল?

এইটো কৰিব লাগে যাতে যিজনক তেওঁলোকে শাস্তি দিছিল তেওঁ দুখত যেন ভাগি নপৰে (২:৭)।

2 Corinthians 2:8-9

কৰিন্থীয়া মণ্ডলীলৈ পৌলে লিখা এই আন কাৰণটো কি?

তেওঁলোক সকলো বিষয়তে বাধ্য হয় নে নহয় তাকে পৰীক্ষা কৰি চাবলৈ পৌলে তেওঁলোকলৈ লিখিছিল (২:৯)।

2 Corinthians 2:10-11

কৰিন্থীয়া মণ্ডলীৰ এইটো জনা কিয় অতি দৰকাৰী আছিল যে যাক তেওঁলোকে ক্ষমা কৰি দিলে খ্ৰীষ্টৰ উপস্থিতিত পৌলেও তেওঁলোকক ক্ষমা কৰি দিলে?

এইটো এনে কৰা হৈছিল যাতে চয়তানে তেওঁলোকক ফান্দত নেপেলায় (২:১১)।

2 Corinthians 2:12-13

পৌল যেতিয়া ট্ৰোৱা নগৰলৈ গৈছিল পৌলৰ মনত কিয় অকনো শান্তি নাছিল?

তেওঁৰ মনত অকনো শান্তি নাছিল কাৰণ ট্ৰোৱাত তেওঁ তেওঁৰ ভায়েক তীত পোৱা নাছিল (২:১৩)।

2 Corinthians 2:14-15

পৌল আৰু তেওঁৰ সঙ্গীসকলৰ যোগেদি ঈশ্বৰে কি কৰিছিল?

পৌল আৰু তেওঁৰ সঙ্গীসকলৰ যোগেদি ঈশ্বৰে খ্ৰীষ্টৰ জ্ঞানৰ মধুৰ সুবাস সকলোতে বিয়পাইছিল (২:১৪-১৫)।

2 Corinthians 2:16-17

যিসকলে ঈশ্বৰৰ বাক্য বিক্ৰী কৰে তেনে বহুতৰ পৰা পৌল আৰু তেওঁৰ সঙ্গীসকল কেনেকৈ বেলেগ বুলি পৌলে কৈছে?

পৌল আৰু তেওঁৰ সঙ্গীসকল বেলেগ, কাৰণ তেওঁলোকে ঈশ্বৰৰ দ্বাৰা পঠোৱা হৈ, ঈশ্বৰৰ দৃষ্টিত মনৰ নিৰ্ম্মলতাৰে, খ্ৰীষ্টত কথা কয় (২:১৭)।

2 Corinthians 3

2 Corinthians 3:1-3

পৌল আৰু তেওঁৰ সঙ্গীসকলৰ অনুমোদন পত্ৰ কি আছিল?

কৰিন্থীয়া মণ্ডলীত থকা সাধু-সন্ত সকলেই, সকলোৱে জনা আৰু সকলো লোকে পঢ়িব পৰা তেওঁলোকৰ অনুমোদন পত্ৰ আছিল (৩:২)।

2 Corinthians 3:4-6

খ্ৰীষ্টৰ যোগেদি ঈশ্বৰত পৌল আৰু তেওঁৰ সঙ্গীসকলৰ দৃঢ়-প্ৰত্যয় কি আছিল?

তেওঁলোকৰ দৃঢ় প্ৰত্যয় তেওঁলোকৰ নিজৰ যোগ্যতা নাছিল কিন্তু ঈশ্বৰেহে তেওঁলোকক সেই সঠিক যোগ্যতা দান কৰিছে (৩:৪-৫)।

পৌল আৰু তেওঁৰ সঙ্গীসকলক পৰিচাৰক হ'বলৈ ঈশ্বৰে নতুন নিয়মৰ ভিত্তিত কি যোগ্যতা দিছিল?

এই নতুন নিয়ম আত্মাৰ ওপৰত ভিত্তি কৰে যিয়ে জীৱন দিয়ে, আখৰৰ নহয় যিয়ে বধ কৰে (৩:৬)।

2 Corinthians 3:7-8

ইস্ৰায়েলীয়া লোকসকলে পোনপটীয়াকৈ মোচিৰ মুখলৈ কিয় চোৱা নাছিল?

তেওঁলোকে মোচিৰ মুখলৈ পোনে পোনে চাব পৰা নাছিল কাৰণ তেওঁৰ মুখ-মণ্ডলত ঈশ্বৰৰ মহিমা আছিল, এক মহিমা যি লাহে লাহে কমি গৈছিল (৩:৭)।

2 Corinthians 3:9-13

কোনটোৰ অধিক মহিমা আছে, সেই মৃত্যু আৰু দণ্ডাজ্ঞাৰ পৰিচৰ্য্যা যিটো গুচি যায় নাইবা আত্মা আৰু ধাৰ্ম্মিকতাৰ পৰিচৰ্য্যা যিটো চিৰস্থায়ী?

আত্মা আৰু ধাৰ্ম্মিকতাৰ পৰিচৰ্য্যা বেছি কান্তিযুক্ত। ধাৰ্ম্মিকতাৰ পৰিচৰ্য্যা অতি অধিক কান্তিযুক্ত। যিটো চিৰস্থায়ী সেইটোৰ অতি অধিক কান্তি আছে (৩:৮-১১)।

2 Corinthians 3:14-16

মোচিৰ পুৰণি নিয়ম যেতিয়া পাঠ কৰা হয় ইস্ৰায়েল লোকসকলৰ বৰ্তমান কি আছে ?

তেওঁলোকৰ সমস্যটো হৈছে তেওঁলোকৰ মনবোৰ বন্ধ হৈ আছে আৰু তেওঁলোকৰ অন্তৰত সদায় ওৰণি আছে (৩:১৫)

ইস্ৰায়েলীয়াসকলৰ মন কেনেকৈ মুকলি হ'ব আৰু তেওঁলোকৰ অন্তৰৰ সেই ওৰণি কেনেকৈ আতৰি যাব?

ইস্ৰায়েলীয়াসকলে যেতিয়া প্ৰভু যীচু খ্ৰীষ্টলৈ পালটিব তেতিয়ায়াহে তেওঁলোকৰ মন মুকলি হ'ব আৰু অন্তৰৰ ওৰণি আঁতৰি যাব (৩:১৪, ১৬)।

2 Corinthians 3:17-18

প্ৰভুৰ আত্মাৰ লগত কি উপস্থিত আছে ?

য'তে প্ৰভুৰ আত্মা, ত'তে স্বাধীনতাও আছে (৩:১৭)।

যিসকলে প্ৰভুৰ কান্তি দেখা পাইছে তেওঁলোক সকলো কিহলৈ ৰূপান্তৰ হ'ব ?

তেওঁলোক সকলোৱে পৰস্পৰে একে মহিমাৰ সাদৃশ্যলৈ ৰূপান্তৰ হৈ সমৰূপ মুৰ্ত্তিলৈ পৰিণত হ'ব (৩:১৮)।

2 Corinthians 4

2 Corinthians 4:1-2

পৌল আৰু তেওঁৰ সঙ্গীসকল কিয় নিৰাশ হোৱা নাছিল?

তেওঁলোক নিৰাশ হোৱা নাছিল কাৰণ তেওঁলোকে পৰিচৰ্য্যা পদ পাইছিল আৰু দয়া পাইছিল (৪:১)।

পৌল আৰু তেওঁৰ সঙ্গীসকলে কি ত্যাগ কৰিছিল?

তেওঁলোকে লাজৰ আৰু গুপুত উপায়বোৰ ত্যাগ কৰিছিল। তেওঁলোকে ধুৰ্ত্ততাৰে জীৱন নিৰ্বাহ কৰা নাছিল আৰু ঈশ্বৰৰ বাক্যক ভাঁজ দিয়া নাছিল (৪:২)।

পৌল আৰু তেওঁক ভাল পোৱা সকলে ঈশ্বৰৰ দৃষ্টিত সকলো মানুহৰ আগত কেনেকৈ নিজকে যোগ্যপাত্ৰ দেখুৱাইছে?

সত্যতাটো উপস্থাপন কৰাৰ দ্বাৰা তেওঁলোকে এইটো কৰিছিল (৪:২)।

2 Corinthians 4:3-4

কালৈ শুভবাৰ্ত্তা আঁৰ স্বৰূপ হৈ পৰিল?

যি সকল বিনাশৰ পাত্ৰ তেওঁলোকৰ ওচৰত শুভবাৰ্ত্তা আঁৰ স্বৰূপ হৈ পৰিল (৪:৩)।

যি সকল বিনাশৰ পাত্ৰ তেওঁলোকৰ ওচৰত শুভবাৰ্ত্তা কিয় আঁৰ স্বৰূপ হ'ল ?

এইটো আঁৰ হ'ল কাৰণ এই যুগৰ দেৱতাই সেই বিশ্বাস নকৰা লোকসকলক অন্ধ কৰিলে যাতে তেওঁলোকে শুভবাৰ্ত্তাৰ জ্যোতি যেন দেখা নাপায় (৪:৪)।

2 Corinthians 4:5-6

পৌল আৰু তেওঁৰ সঙ্গীসকলে যীচুৰ বিষয়ে আৰু তেওঁলোকৰ নিজৰ বিষয়ে কি ঘোষণা কৰিছিল?

তেওঁলোকে যীচুক প্ৰভু বুলি ঘোষণা কৰিছিল আৰু তেওঁলোক নিজকে যীচুৰ কাৰণে কৰিন্থীয়া মণ্ডলীৰ পৰিচৰ্য্যাকাৰী বুলি ঘোষণা কৰিছিল (৪:৫)।

2 Corinthians 4:7-12

পৌল আৰু তেওঁৰ সঙ্গীসকলৰ মাটিৰ পাত্ৰত এই ৰত্ন কিয় আছে ?

তেওঁলোকৰ মাটিৰ পাত্ৰত এই ৰত্ন আছে, যাতে এইটো স্পষ্ট হওক যে তাতে যি পৰাক্ৰম আছে সেইটো ঈশ্বৰৰহে তেওঁলোকৰ নহয় (৪:৭)।

পৌল আৰু তেওঁৰ সঙ্গীসকলে যীচুৰ মৃত্যু তেওঁলোকৰ শৰীৰত কিয় বহন কৰি ফুৰিছে ?

তেওঁলোকে যীচুৰ মৃত্যু তেওঁলোকৰ শৰীৰত বহন কৰি লৈ ফুৰিছে যাতে যীচুৰ জীৱন তেওঁলোকৰ শৰীৰত দেখুৱাব পাৰে (৪:১০)।

2 Corinthians 4:13-15

যিজনে যীচুক মৃতবিলাকৰ মাজৰ পৰা তুলিলে তেওঁৰ সন্মুখত কাক তুলিব আৰু উপস্থিত কৰাব?

পৌল আৰু তেওঁৰ সঙ্গীসকলৰ লগতে কৰিন্থীয়াৰ সাধু-সন্তসকলক যিজনে যীচুক মৃতবিলাকৰ মাজৰ পৰা তুলিলে তেওঁৰ সন্মুখত তুলিব আৰু উপস্থিত কৰাব (৪:১৪)।

অনেক লোকলৈ অনুগ্ৰহ বিয়পি যোৱাৰ ফলাফল কি হ'ব ?

অনেক লোকলৈ অনুগ্ৰহ বিয়পি যোৱাৰ ফলাফল হৈছে ঈশ্বৰৰ মহিমালৈ ধন্যবাদাৰ্থক কৃতজ্ঞতা বাঢ়ি যাব (৪:১৫)।

2 Corinthians 4:16-18

পৌল আৰু তেওঁৰ সঙ্গীসকল নিৰাশ হোৱাৰ কাৰণ কি আছিল?

তেওঁলোক নিৰাশ হোৱাৰ কাৰণটো হৈছে বাহ্যিক হিচাপে তেওঁলোকক নষ্ট কৰা হৈছিল (৪:১৬)।

পৌল আৰু তেওঁৰ সঙ্গীসকল কিয় নিৰাশ হোৱা নাছিল ?

তেওঁলোক আন্তৰিকভাবে নিৰাশ হোৱা নাছিল তেওঁলোক আন্তৰিকভাবে দিনে দিনে নবীকৰণ হৈ গৈ আছিল। আৰু তেওঁলোকৰ এই ক্ষন্তেকীয়া, লঘু দুখ-ক্লেশে সকলো অতিৰিক্ত পৰিমাণতকৈ অনন্তকলীয়া গুৰুতৰ গৌৰৱৰ কাৰণে প্ৰস্তুত কৰিছে। শেষত তেওঁলোকে অদৃশ্য অনন্তকলীয়া বিষয়বোৰ দেখি আছিল (৪:১৬-১৮)।

2 Corinthians 5

2 Corinthians 5:1-3

যদি আমাৰ এই পাৰ্থিব ঘৰ ভগ্ন হয় আমাৰ কি আছে বুলি পৌলে কৈছে?

পৌলে কৈছিল ঈশ্বৰৰ পৰা সজা আমাৰ এক ঘৰ আছে, এই ঘৰ মানুহৰ হাতেৰে সজা নহয়, কিন্তু স্বৰ্গত এক অনন্তকলীয়া ঘৰ (৫:১)।

2 Corinthians 5:4-5

পৌলে কিয় কৈছে যেতিয়া আমি আমাৰ তম্বুত থাকোঁ আমি কেকাই থাকোঁ?

পৌলে এইটো কৈছে কাৰণ আমি যেতিয়া এই তম্বুত থাকোঁ, আমি বোজাস্বৰূপ হওঁ আৰু বস্ত্ৰান্বিত হ'বলৈ বিচাৰো, যাতে যি মৰণশীল তাক জীৱনৰ দ্বাৰা অৱশোষিত হয় (৫:৪)।

যি আহিবলগীয়া আছে ঈশ্বৰে অঙ্গীকাৰ স্বৰূপে আমাক কি দিম বুলি কৈছিল ?

যি আহিব লগীয়া আছে ঈশ্বৰে অঙ্গীকাৰ স্বৰূপে আমাক আত্মা দিলে (৫:৫)।

2 Corinthians 5:6-8

পৌলে শৰীৰত থকাটো নাইবা প্ৰভুৰ লগত গৃহত থকাটো বিচাৰিছে?

পৌলে কৈছিল, " আমি শৰীৰৰ পৰা প্ৰবাসী হৈ থকাটো নাইবা প্ৰভুৰ লগত গৃহত থকাটো বিচাৰিছো" (৫:৮)।

2 Corinthians 5:9-10

পৌলৰ মুল লক্ষ্য কি আছিল?

প্ৰভুক সন্তুষ্ট কৰাটোৱেই পৌলৰ লক্ষ্য কৰি পেলাইছিল৷

প্ৰভুক সন্তুষ্ট কৰাটোৱেই কিয় পৌলৰ লক্ষ্য আছিল?

পৌলে এইটো তেওঁৰ লক্ষ্য কৰি পেলাইছিল কাৰণ, আমি শৰীৰত থাকি ভালেই কৰোঁ বা বেয়াই কৰোঁ সকলোৱেই আমাৰ পাওঁনা পুৰস্কাৰৰ বাবে খ্ৰীষ্টৰ সোধৰ আসনৰ আগত থিয় হ'ব লাগিব (৫:১০)।

2 Corinthians 5:11-12

পৌল আৰু তেওঁৰ সঙ্গীসকলে লোকসমুহক কিয় প্ৰত্যয়ণ নিয়াইছিল?

তেওঁলোকে লোকসমুহক প্ৰত্যয়ণ নিয়াইছিল কাৰণ তেওঁলোকে প্ৰভুৰ ভয় জানিছিল (৫:১১)।

পৌলে কৈছিল তেওঁলোকে কৰিন্থীয়া সাধু-সন্তসকলক নিজকে আকৌ এবাৰ অনুমোদন কৰা নাছিল। তেওঁলোকে কি কৰিছিল?

কৰিন্থীয়া সাধু-সন্তসকলক গৰ্ব্ব কৰিবলৈ এক কাৰণ দিছিল যাতে অন্তৰত কি আছে সেইটোৰ দ্বাৰা নহয় যিসকলে দেখাৰ দ্বাৰা গৰ্ব্ব কৰে তেওলোকৰ বাবে কৰিন্থীয়া সাধু-সন্তসকলে এক উত্তৰ দিব পাৰে (৫:১২)।

2 Corinthians 5:13-15

যিহেতু খ্ৰীষ্ট সকলোৰে বাবে মৰিল, যিসকলে জীয়াই আছে তেওঁলোক কিহৰ বাবে জীব লাগে?

তেওঁলোক নিজৰ বাবে জীয়াই থাকিবলৈ নহয়, কিন্তু যিজন মৰিল আৰু পুনৰূত্থিত হ'ল তেওঁৰ বাবে জীয়াই থাকিব লাগে (৫:১৫)।

2 Corinthians 5:16-17

আমি মানুহৰ মানদণ্ডৰে কাকো বিচাৰ কৰিব নালাগে বুলি পৌলে কিয় কৈছে?

ইয়াৰ কাৰণটো হৈছে খ্ৰীষ্ট সকলোৰে বাবে মৰিল, আৰু আমি আৰু নিজৰ বাবে জীয়াই থকা নাই, কিন্তু খ্ৰীষ্টৰ বাবে জীয়াই আছোঁ (৫:১৫-১৬)।

যি জন খ্ৰীষ্টত আছে, তেওঁৰ কি হয়?

তেওঁ এক নতুন সৃষ্টি। পুৰণিবোৰ লুপ্ত হ'ল, এইবোৰ নতুন হ'ল (৫:১৭)।

2 Corinthians 5:18-19

ঈশ্বৰে তেওঁৰে সৈতে মানুহবিলাকক খ্ৰীষ্টৰ যোগেদি কেতিয়া মিলন কৰিলে, ঈশ্বৰে তেওঁলোকৰ বাবে কি কৰিলে?

ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে পাপসমুহ গণনা নকৰে আৰু তেওঁলোকৰ প্ৰতি তেওঁ মিলনকাৰী বাৰ্ত্তাৰহে দায়িত্ত্ব দিলে (৫:১৯)।

2 Corinthians 5:20-21

খ্ৰীষ্টৰ প্ৰতিনিধি স্বৰূপে নিযুক্ত হৈ, কৰিন্থীয়া সকলৰ প্ৰতি পৌল আৰু তেওঁৰ সঙ্গীসকলৰ মিনতি কি আছিল?

কৰিন্থীয়াসকলৰ প্ৰতি তেওঁলোকৰ মিনতি আছিল খ্ৰীষ্টৰ বাবে তেওঁলোকে ঈশ্বৰৰ সৈতে মিল হওক (৫:২০)।

ঈশ্বৰে খ্ৰীষ্ট আমাৰ পাপৰ বাবে বলিদান স্বৰূপ কিয় কৰিলে?

ঈশ্বৰে এইটো কৰিলে যাতে আমি খ্ৰীষ্টত ঈশ্বৰৰ ধাৰ্ম্মিকতা স্বৰূপ হ'ব পাৰোঁ (৫:২১)।

2 Corinthians 6

2 Corinthians 6:1-3

কৰিন্থীয়া সকলক পৌল আৰু তেওঁৰ সঙ্গীসকলে কি নকৰিবলৈ মিনতি কৰিছিল?

ঈশ্বৰৰ অনুগ্ৰহত ব্যৰ্থৰূপে গ্ৰহণ নকৰিবলৈ তেওঁলোকে কৰিন্থীয়াসকলক মিনতি কৰিছিল (৬:১)।

গ্ৰাহ্য কৰা সময় কেতিয়া? পৰিত্ৰাণৰ দিন কেতিয়া?

এতিয়া গ্ৰাহ্য কৰা সময়। এতিয়া আজিয়েই পৰিত্ৰাণৰ দিন (৬:২)।

পৌল আৰু তেওঁৰ সঙ্গীসকলে সকলোৰে সন্মুখত কিয় উজুটি খোৱা মুঢ়া থোৱা নাই?

তেওঁলোকে সকলোৰে সন্মুখত উজুটি খোৱা মুঢ়া থোৱা নাই, কাৰণ তেওঁলোকে তেওঁলোকৰ পৰিচর্যাক কলঙ্কিত কৰিব বিচৰা নাছিল (৬:৩)।

2 Corinthians 6:4-7

পৌল আৰু তেওঁৰ সঙ্গীসকলে কৰ্ম্মৰ দ্বাৰা কি প্ৰমাণ কৰিছিল?

তেওঁলোক যে ঈশ্বৰৰ পৰিচৰ্য্যাকাৰী তেওঁলোকৰ কৰ্ম্মৰ দ্বাৰা তাক প্ৰমাণ কৰিছিল (৬:৪)।

পৌল আৰু তেওঁৰ সঙ্গীসকলে সহন কৰা কিছুমান বিষয় কি আছিল?

তেওঁলোকে ক্লেশ, দুখ, সঙ্কট, কোব খোৱা, বন্দীশালত থকা, হুৰা-মুৰা, কঠিন পৰিশ্ৰম নিদ্ৰাহীন আদি সহন কৰিছিল (৬:৪-৫)।

2 Corinthians 6:8-10

পৌল আৰু তেওঁৰ সঙ্গীসকল যদিও বিশ্বাসযোগ্য আছিল, তেওঁলোকক কি কি দোষ দিয়া হৈছিল?

তেওঁলোকক প্ৰবঞ্চক বুলি দোষ দিয়া হৈছিল (৬:৮)।

2 Corinthians 6:11-13

পৌলে কৰিন্থীয়াসকলৰ লগত কি বিনিময় কৰিব ইচ্ছা কৰিছিল?

পৌলে কৈছিল কৰিন্থীয়াসকলৰ প্ৰতি তেওঁলোকৰ অন্তৰ বহল আৰু তাৰ বিনিময়ত পৌলে কৰিন্থীয়া সাধু-সন্তসকলক তেওঁলোকৰ অন্তৰ মুকলি কৰি পৌল আৰু তেওঁৰ সঙ্গীসকলক গ্ৰহণ কৰিবলৈ পৌলে ইচ্ছা কৰিছে (৬:১১, ১৩)।

2 Corinthians 6:14-16

কৰিন্থীয়া সাধু-সন্তসকলক অবিশ্বাসীসকলৰ লগত কিয় একেলগে যুক্ত নহ'বৰ বাবে পৌলে কি কাৰণ দৰ্শাইছে?

পৌলে তলত দিয়া কাৰণবোৰ দৰ্শাইছে- ধাৰ্ম্মিক আৰু অধাৰ্ম্মিক/বিধানহীনৰ লগত পৰস্পৰ কি সম্বন্ধ? পোহৰে সৈতে আন্ধাৰৰ কি মিলন? খ্ৰীষ্টে সৈতে বেলিয়ালৰ কি সন্মতি আছে? বিশ্বাস কৰা জনৰ লগত বিশ্বাসী নকৰা জনৰ কি অংশ আছে? ঈশ্বৰৰ মন্দিৰ আৰু দেৱতাৰ লগত কি ঐক্যতা আছে? (৬:১৪-১৬)

2 Corinthians 6:17-18

"যি সকলে তেওঁলোকৰ মাজৰ পৰা ওলাই আহিব, আৰু পৃথক হ'ব আৰু একো অশুচিকে নুচুব..." তেওঁলোকক প্ৰভুৱে কি কৈছে ?

প্ৰভুৱে কৈছে তেওঁ তেওঁলোকক আদৰি ল'ব। তেওঁ তেওঁলোকৰ পিতৃ হ'ব আৰু তেওঁলোক তেওঁৰ সন্তান পো আৰু জী হ'ব (৬:১৭-১৮)।

2 Corinthians 7

2 Corinthians 7:1

আমি কিহৰ পৰা নিজক শুচি কৰিব লাগে বুলি পৌলে কৈছে?

আমি শৰীৰ আৰু আত্মাৰ সকলো অশুচিতাৰ পৰা নিজকে শুচি কৰিব লাগে (৭:১)।

2 Corinthians 7:2-4

কৰিন্থীয়াৰ সাধু-সন্তসকলে পৌলে আৰু তেওঁৰ সঙ্গীসকলৰ বাবে কি কৰাটো পৌলে বিচাৰিছিল?

পৌলে তেওঁলোকক "আমাৰ বাবে ঠাই দিয়াটো" বিচাৰিছিল (৭:২)।

কৰিন্থীয়াৰ সাধুসন্তসকলৰ বাবে পৌলৰ পৰা কি উদগণিৰ বাক্য আছিল?

পৌলে কৰিন্থীয়াৰ সাধুসন্তসকলক কৈছিল যে তেওঁলোকে সৈতে একেলগে মৰিবলৈ আৰু একেলগে জীবলৈ পৌল আৰু তেওঁৰ সঙ্গীসকলৰ হৃদয়ত আছে। পৌলে এইটোও কৈছিল যে তেওঁলোকৰ প্ৰতি তেওঁৰ অধিক ভাৰসা আছে আৰু তেওঁলোকৰ বাবে তেওঁ গৰ্ব্ব কৰে (৭:৩-৪)।

2 Corinthians 7:5-7

পৌল আৰু তেওঁৰ সঙ্গীসকল যেতিয়া মাকিদনীয়া দেশলৈ আহিছিল আৰু সকলো ফালে ক্লেশ পাইছিল- বাহিৰে বিৰোধ আৰু অন্তৰত ভয় আছিল ঈশ্বৰে তেওঁলোকক কি শান্তনা দিছিল?

তীত আগমণৰ দ্বাৰা, কৰিন্থীয়াৰ সাধু-সন্তসকলৰ পৰা পোৱা বাৰ্ত্তাৰ দ্বাৰা, আৰু কৰিন্থীয়াসকলৰ পৰা পোৱা অতি উৎসাহৰ দ্বাৰা, পৌলৰ বাবে তেওঁলোকৰ দুখ আৰু গভীৰ ভাবনাৰ দ্বাৰা ঈশ্বৰে তেওঁলোকক শান্তনা দিছিল (৭:৬-৭)।

2 Corinthians 7:8-10

পৌলৰ আগৰ পত্ৰখনে কৰিন্থীয়া সাধু-সন্তসকলৰ কি উৎপন্ন কৰিছিল?

পৌলৰ আগৰ পত্ৰখনে প্ৰত্যেত্তৰস্বৰূপে কৰিন্থীয়া সাধু-সন্তসকলক বিষাদ, ঈশ্বৰীয় মনোদুখ উৎপন্ন কৰিছিল (৭:৮-৯)।

2 Corinthians 7:11-12

ঈশ্বৰীয় মনোদুখে কৰিন্থীয়া সাধু-সন্তসকলক কি উৎপন্ন কৰিছিল?

ঈশ্বৰীয় মনোদুখে তেওঁলোকলৈ মন পালটন আনিছিল আৰু তেওঁলোক যে নিৰ্দোষী তাক প্ৰমাণ কৰিবলৈ এক প্ৰবল সিদ্ধান্ত লৈছিল (৭:৯, ১১ )।

পৌলে তেওঁৰ আগৰ পত্ৰখন কৰিন্থীয়া সাধু-সন্তসকললৈ লিখিছিল বুলি কিয় কৈছে?

পৌলে কৈছে যে পৌলৰ প্ৰতি কৰিন্থীয়া সাধু-সন্তসকলৰ আন্তৰিকতা ঈশ্বৰৰ দৃষ্টিত কৰিন্থীয়া সাধু-সন্তসকলৰ আগত যেন প্ৰকাশিত হয় তাৰ বাবে লিখিছিল (৭:১২)।

2 Corinthians 7:13-14

তীত কিয় আনন্দিত হৈছিল?

তেওঁ আনন্দিত হৈছিল কাৰণ সকলো কৰিন্থীয়া সাধু-সন্তসকলৰ দ্বাৰা তেওঁৰ আত্মাক সজীৱ কৰা হৈছিল (৭:১৩)।

2 Corinthians 7:15-16

কৰিন্থীয়া সাধু-সন্তসকলৰ প্ৰতি তীতৰ মৰম ভাব কিয় বাঢ়ি গ'ল?

কৰিন্থীয়া সাধু-সন্তসকলৰ প্ৰতি তীতৰ মৰম ভাব অধিককৈ বাঢ়ি গ'ল কাৰণ তেওঁ তেওঁলোকৰ বাধ্যতা সোঁৱৰণ কৰিছিল তেওঁলোকে তেওঁক ভয় আৰু কম্পনেৰে আদৰি লৈছিল (৭:১৫)।

2 Corinthians 8

2 Corinthians 8:1-2

কৰিন্থীয়াৰ ভাই আৰু ভনীসকলে কি জনাটো পৌলে বিচাৰিছিল?

মাকিদনীয়া মণ্ডলীবিলাকত ঈশ্বৰৰ অনুগ্ৰহ যে দিয়া হৈছে সেইটো তেওঁলোকে জনাটো পৌলে বিচাৰিছিল (৮:১)।

2 Corinthians 8:3-5

মাকিদনীয়াৰ মণ্ডলীবিলাকে তেওঁলোকৰ মহা পৰীক্ষাটো, আৰু যদিও তেওঁলোকৰ অত্যধিক দৰিদ্ৰতা আছিল তেওঁলোকে কি কৰিছিল?

তেওঁলোকৰ নিজৰ মুকলি মনেৰে পাৰে মানে সাধু-সন্তসকলৰ পৰিচৰ্য্যা কাৰ্য্যত দান দিলে আৰু আনকি তেওঁলোকৰ সামৰ্থৰ অতি অতিৰিক্ত ৰূপে দিলে (৮:২-৪)।

2 Corinthians 8:6-7

পৌলে তীমথিয়ক কি কৰিবলৈ উদগণি দিছিল?

কৰিন্থীয়া সাধু-সন্তসকলৰ অংশত এই অনুগ্ৰহক পৰিপূৰ্ণতালৈ আনিবলৈ পৌলে তীমথিয়ক উদগণি দিছিল (৮:৬)।

2 Corinthians 8:8-9

পৌলে কৰিন্থীয়া সাধু-সন্তসকলক "এই অনুগ্ৰহশীল কাৰ্য্যত তোমালোকেও পৰিশ্ৰমী হোৱাটো নিশ্চিত হোৱা" বুলি কিয় কৈছে?

আন লোকবিলাকৰ লগত পৰিশ্ৰম তুলনা কৰাৰ দ্বাৰা তেওঁলোকৰ প্ৰেমৰ সৰলতা প্ৰমাণ কৰিবলৈ পৌলে এইটো কৈছিল (৮:৭-৮)।

2 Corinthians 8:10-12

কোনটো বস্তু এক উত্তম আৰু গ্ৰহণীয় বুলি পৌলে কৈছে?

কৰিন্থীয়া সাধু-সন্তসকলৰ বাবে সেই কাৰ্য্যটো কৰিবলৈ উৎসুক হোৱাটোক পৌলে এক উত্তম আৰু গ্ৰহণীয় বুলি পৌলে কৈছে (৮:১২)।

2 Corinthians 8:13-15

এই কামটো কৰা হওক বুলি পৌলে বিচাৰিছে নেকি যে আনসকলে উপশম পায় আৰু কৰিন্থীয়া সাধুসন্তসকলে ভাৰ স্বৰূপ হয়?

নহয়, পৌলে কৈছিল যে সেই সময়ত কৰিন্থীয় সকলৰ প্ৰাচুৰ্য্যতাৰে তেওঁলোকৰ অভাৱ (আন সাধুসন্তসকলৰ) সমুহ পূৰ হয়। তদুপৰি তেওঁলোকৰ প্ৰাচুৰ্য্যতাৰে কৰিন্থীয়াসকলৰ অভাবো যেন পূৰ হয়, আৰু তাত যে উত্তমতা থাকিব পাৰে (৮:১৩-১৪)।

2 Corinthians 8:16-17

কৰিন্থীয়া সাধু-সন্তসকলৰ প্ৰতি থকা পৌলৰ দৰে একে আগ্ৰহ ঈশ্বৰে তীতৰ অন্তৰতো দিয়াত ঈশ্বৰৰ বাবে তেওঁ কি কৰিলে?

তীতে পৌলৰ নিমন্ত্ৰণ গ্ৰহণ কৰিছিল, আৰু সেইটোৰ বিষয়ে অতি আগ্ৰহী হৈ, তেওঁ নিজ ইচ্ছাৰে কৰিন্থীয়া সাধু-সন্তসকলৰ ওচৰলৈ আহিছিল (৮:১৬-১৭)।

2 Corinthians 8:18-21

পৌল আৰু আন সাধু-সন্তসকলে সংগ্ৰহ কৰা মুকলি মনৰ দানৰ বিষয়ত কোনোবাই আপত্তি কৰিব বুলি সম্ভাৱনা থকা তেওঁলোকে কি কৰিছিল?

পৌলে অকল তীতকেই পঠিওৱা নাছিল, কিন্তু শুভবাৰ্ত্তা প্ৰচাৰ কৰাত মণ্ডলীবিলাকৰ মাজত সু-খ্যাতি পোৱা আন ভাই সকলকো পঠিয়াইছিল। এই ভাইজন আৰু পৰীক্ষা কৰা আন ভাইজনে উপহাৰ বিলোৱাত সহায় কৰিছিল (এই অনুগ্ৰহৰ কাৰ্য্য) (৮:১৮-২২)।

2 Corinthians 8:22-24

অন্য মণ্ডলীবিলাকৰ দ্বাৰা কৰিন্থীয়ালৈ পঠিওৱা ভাই সকলৰ বিষয়লৈ কৰিন্থীয়াৰ সাধু-সন্তসকলক পৌলে কি কৈছিল?

তেওঁলোকৰ প্ৰেম তেওঁলোকক দেখুৱাবলৈ পৌলে কৰিন্থীয়া মণ্ডলীক কৈছিল, আৰু অন্যান্য মণ্ডলী বিলাকৰ মাজত কৰিন্থীয়া মণ্ডলীৰ প্ৰতি পৌলে কিয় গৰ্ব্ব কৰে তাক দেখুৱাবলৈ কৈছিল (৮:২৪)।

2 Corinthians 9

2 Corinthians 9:1-2

কৰিন্থীয়া সাধু-সন্তসকলৰ প্ৰতি কিহৰ বিষয়ে লিখা নিষ্প্ৰয়োজন বুলি পৌলে কৈছে?

সাধু-সন্তসকলৰ পৰিচৰ্য্যাৰ বিষয়ে তেওঁলোকলৈ লিখা অপ্ৰয়োজন বুলি পৌলে কৈছে (৯:১)।

2 Corinthians 9:3-5

পৌলে ভাইসকলক কৰিন্থলৈ কিয় পঠিয়াইছিল?

তেওঁ ভাইসকলক পঠিয়াইছিল যাতে কৰিন্থীয়া সাধু-সন্তসকলৰ প্ৰতি পৌলে কৰা গৰ্ব্ব যেন নিৰৰ্থক নহয়, আৰু পৌলে কোৱাৰ দৰে, কৰিন্থীয়া সাধু-সন্তসকল প্ৰস্তুত হৈ থাকে (৯:৩)।

ভাইসকলক কৰিন্থীয়া সাধু-সন্তসকলৰ ওচৰলৈ যাবলৈ উদগোৱা আৰু কৰিন্থীয়াসকলে অঙ্গীকাৰ কৰা উপহাৰ আগতীয়াকৈ আয়োজন কৰিবলৈ দৰকাৰী বুলি পৌলে কিয় ভাবিছিল?

পৌলে এইটো দৰকাৰী বুলি ভাবিছিল যাতে পৌল আৰু তেওঁৰ সঙ্গীসকল লজ্জিত হ'ব পাৰে যদি মাকিদনীয়াৰ লোক যদি পৌলৰ লগত আহে আৰু কৰিন্থীয়াসকলক অপ্ৰস্তুত হৈ থকা পায়। কোনোবাই মুকলি মনেৰে দিয়া দান লৈ কৰিন্থীয়াসকল যুগুত হৈ থাকে কৰিন্থীয়াসকলে বলপুৰ্ব্বক ভাবে দিবলৈ কোৱা নাই (৯:৪-৫)।

2 Corinthians 9:6-9

তেওঁলোকৰ দান দিয়া মুল কথা কি বুলি পৌলে কৈছে?

পৌলে কোৱা মুল কথাটো হৈছে এইটো: " যিজনে অলপকৈ বয়, তেওঁ অলপকৈ দাব, আৰু যিজনে অধিককৈ বয়, তেওঁ অধিককৈ দাব" (৯:৬)।

প্ৰতিজনে কেনেদৰে দিব লাগে?

প্ৰতিজনে নিজ হৃদয়ত যেনেদৰে ঠাৱৰ কৰিলে- আৱশ্যকতাৰে বাধ্যতাৰে নহয় নাইবা তেওঁ দিওঁতে মনোদুখেৰে দিবলৈ নহয় (৯:৭)।

2 Corinthians 9:10-11

যি জনাই সিচিঁবলৈ কঠিয়া যোগাই দিয়ে আৰু ভোজনৰ বাবে আহাৰ দিয়ে কৰিন্থীয়া সাধু-সন্তসকলৰ বাবে তেওঁ কি কৰিব?

সেইজনাই যোগান ধৰিব আৰু তেওঁলোকক সিচিবলৈ কঠিয়া বহুগুণ কৰিব আৰু তেওঁলোকৰ ধাৰ্ম্মিকতাৰ শস্য চপোৱা বৃদ্ধি কৰিব। তেওঁলোক সকলোফালে উপচি পৰিব সেয়ে তেওঁলোক মুকলি মনৰ হ'ব পাৰে (৯:১০-১১)।

2 Corinthians 9:12-15

কৰিন্থীয়া সাধুসন্তসকলে কেনেকৈ ঈশ্বৰক গৌৰৱান্বিত কৰিছিল?

খ্ৰীষ্টৰ শুভবাৰ্ত্তা বিষয়ে স্বীকাৰ কৰা কথাত বাধ্যতাৰ যোগেদি আৰু তেওঁলোকৰ মুকলি মনেৰে দিয়া উপহাৰৰ দ্বাৰা তেওঁলোকে ঈশ্বৰক গৌৰৱান্বিত কৰিছিল (৯:১৩)।

সাধু-সন্তসকলে কৰিন্থীয়া সাধুসন্তসকলৰ বাবে প্ৰাৰ্থনা কৰোঁতে তেওঁলোকৰ বাবে কিয় হাবিয়াহ কৰিছিল?

ঈশ্বৰৰ বৰ্ণনাতীত মহৎ দানৰ নিমিত্তে কৰিন্থীয়সকলৰ ওপৰত আছিল সেয়ে তেওঁলোকে তেওঁলোকৰ বাবে হাবিয়াহ কৰিছিল (৯:১৪)।

2 Corinthians 10

2 Corinthians 10:1-2

কৰিন্থীয়া সাধুসন্তসকলৰ পৰা পৌলে কি মিনতি কৰিছিল?

তেওঁ তেওঁলোকৰ পৰা এইটো মিনতি কৰিছিল যে যেতিয়া তেওঁলোকৰ লগত উপস্থিত আছিল তেওঁ আত্ম বিশ্বাসেৰে যেন সাহিয়াল হম (১০:২)।

কি পৰিস্থিতিত তেওঁ আত্ম-বিশ্বাসেৰে পৌলে সাহিয়াল হ'ব বুলি ভাবিছিল ?

যেতিয়া তেওঁ সেই সকলৰ বিৰোধীতা কৰিব যি সকলে ধৰি লৈছিল যে পৌল আৰু তেওঁৰ সঙ্গীসকলে মাংসিক অনুসাৰে জীৱন ধাৰণ কৰিছে পৌলে ভাবিছিল যে তেওঁ আত্ম-বিশ্বাসেৰে সাহিয়াল হ'ব (১০:২)।

2 Corinthians 10:3-4

পৌল আৰু তেওঁৰ সঙ্গীসকলে কেতিয়া যুদ্ধত লিপ্ত হৈছিল, তেওঁলোকে কি অস্ত্ৰ ব্যৱহাৰ কৰা নাছিল?

যেতিয়া পৌল আৰু তেওঁৰ সঙ্গীসকলে যুদ্ধত লিপ্ত হৈছিল তেওঁলোকে মাংসিক অস্ত্ৰ ব্যৱহাৰ কৰা নাছিল (১০:৪)।

2 Corinthians 10:5-6

পৌলে ব্যৱহাৰ কৰা অস্ত্ৰত কি পৰাক্ৰম কাৰ্য্য কৰিব পৰা সামৰ্থ আছিল?

পৌলে ব্যৱহাৰ কৰা অস্ত্ৰত মজবুত দূৰ্গ ভাঙিবলৈ স্বৰ্গীয় শক্তি আছিল- বিপথে পৰিচলিত তৰ্ক-বিতৰ্ক অসাৰ কৰে, আৰু ঈশ্বৰৰ জ্ঞানৰ বিপক্ষে উঠা যিকোনো ওখ বিষয় বিনাশ কৰে (১০:৪-৫)।

2 Corinthians 10:7-8

ঈশ্বৰে পৌল আৰু তেওঁৰ সঙ্গীসকল কি কাৰণৰ বাবে এই অধিকাৰ দিছিল ?

প্ৰভুৱে পৌল আৰু তেওঁৰ সঙ্গীসকলক অধিকাৰ দিছিল যাতে তেওঁলোকে কৰিন্থীয়া সাধু-সন্তসকলক গঢ়ি তুলিব পাৰে আৰু তেওঁলোকক বিনাশ কৰিবলৈ নহয় (১০:৮)।

2 Corinthians 10:9-10

পৌল আৰু তেওঁৰ পত্ৰবোৰৰ বিষয়ে কিছুমান মানুহে কি কি কৈছিল?

কোনো কোনো মানুহে কৈছিল পৌলৰ পত্ৰবোৰ গম্ভীৰ আৰু পৰাক্ৰমী, কিন্তু শাৰীৰিক ভাবে তেওঁ দুৰ্ব্বল আৰু তেওঁৰ ভাষণবোৰ শুনিবৰ বাবে যোগ্য নহয় (১০:১০)।

2 Corinthians 10:11-12

যিসকলে ভাবিছিল যে তেওঁৰ পত্ৰবিলাকত দেখুওৱাতকৈ বৈক্তিক হিচাপে তেওঁ বহুত বেলেগ তেওঁলোকক পৌলে কি কৈছিল?

পৌলে তেওঁৰ পত্ৰবিলাকৰ দ্বাৰা যি কৈছে, যেতিয়া তেওঁ অনুপস্থিত তেতিয়াও তেওঁ সেই একে, যিদৰে তেওঁ কৰিন্থীয়া সাধু-সন্তসকলৰ লগত আছিল তেওঁ একেই বুলি কৈছিল (১০:১১)।

যি সকলে নিজকে নিজে প্ৰশংসা কৰে তেওঁলোকৰ কি অন্তৰ্দৃষ্টি নাই বুলি দেখুৱাই?

তেওঁলোকৰ নিজৰ কোনো অন্তৰ্দৃষ্টি নাই কাৰণ তেওঁলোকে নিজকে ইজনে সিজনে জোখে আৰু নিজেই পৰস্পৰে তেওঁলোকে তুলনা কৰে (১০:১২)।

2 Corinthians 10:13-16

পৌলৰ গৰ্ব্ব কৰাৰ পৰিসীমা কি আছিল?

পৌলে কৈছে যে তেওঁলোকৰ গৰ্ব্ব কৰাৰ পৰিসীমা তেওঁলোকলৈ, আনকি কৰিন্থীয়া সকলকো পোৱালৈকে ঈশ্বৰে নিৰূপণ কৰিছে (১০:১৩, ১৫, ১৬)।

2 Corinthians 10:17-18

যিজনে যোগ্যপাত্ৰ দেখুৱাই সেইজন কোন?

যিজনক যোগ্যপাত্ৰ দেখুউৱা হয় সেইজনক প্ৰভুৱে যোগ্যপাত্ৰ জ্ঞান কৰে (১০:১৮)।

2 Corinthians 11

2 Corinthians 11:1-2

কৰিন্থীয়া সাধু-সন্তসকলৰ বাবে পৌলৰ কিয় ঐশ্বৰিক অন্তৰ্জ্বালা হৈছে?

তেওঁলোকৰ বাবে তেওঁৰ অন্তৰ্জ্বালা হৈছে কাৰণ তেওঁলোকক তেওঁ এজন স্বামীলৈ বাগদান কৰাৰ প্ৰতিজ্ঞা কৰিছিল, সেইটো হৈছে তেওঁলোকক সতী কণ্যাৰূপে খ্ৰীষ্টৰ হাতত উপস্থাপন কৰিব (১১:২)।

2 Corinthians 11:3-6

কৰিন্থীয়া সাধু-সন্তসকলৰ বিষয়ে পৌলে কি কথা ভয় পাইছিল?

তেওঁলোকৰ মনৰ ভাব-ধাৰাই খ্ৰীষ্টৰ প্ৰতি এক সৰল আৰু নিৰ্ম্মল উপাসনাক বিপথে লৈ যাব বুলি পৌলে ভয় পাইছিল (১১:৩)।

কৰিন্থীয়া সাধু-সন্তসকলে কি সহন কৰিছিল?

পৌল আৰু তেওঁৰ সঙ্গীসকলে যিজনক প্ৰচাৰ কৰিছিল তাৰ পৰিৱৰ্ত্তে, কোনোবা এজন আহিছিল আৰু অন্য এজন যীচুক প্ৰচাৰ কৰিছিল, এক অন্য শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল তেওঁলোকে সেইটো সহন কৰিছিল (১১:৪)।

2 Corinthians 11:7-13

কৰিন্থীয়া সকলক পৌলে কেনেকৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল?

পৌলে কৰিন্থীয়া সকলক বিনামূল্যে শুভবাৰ্ত্তা প্ৰচাৰ কৰিছিল (১১:৭)।

পৌলে আন আন মণ্ডলীবিলাকক কেনেকৈ "অপহৰণ" কৰিছিল?

তেওঁলোকৰ পৰা সহায় গ্ৰহণ কৰাৰ দ্বাৰা যাতে তেওঁ কৰিন্থীয়া সকলক পৰিচৰ্য্যা কৰিব পাৰে, সেইদৰে তেওঁ "অপহৰণ" কৰিছিল (১১:৮)।

2 Corinthians 11:14-15

যিসকলে গৰ্ব্ব কৰাৰ বিষয়বোৰত পৌল আৰু তেওঁৰ সঙ্গীসকলৰ সমান হ'বলৈ ইচ্ছা কৰিছিল তেওঁলোক পৌলে কেনেকৈ বৰ্ণনা কৰিছে?

এনে মানুহ বোৰক পৌলে চয়তানৰ পৰিচাৰক, ভাঁৰিকোৱা পাঁচনি, প্ৰবঞ্চক কাৰ্য্যকাৰী, তেওঁলোকে নিজকে খ্ৰীষ্টৰ পাঁচনিৰ বেশ ধৰে বুলি পৌলে বৰ্ণনা কৰিছে (১১:১৩-১৫)।

চয়তানে কেনেকৈ নিজকে ছদ্মবেশ ধৰে?

সি নিজকে এক দিপ্তীময় দূতৰ বেশ ধৰে (১১:১৪)।

2 Corinthians 11:16-18

পৌলে কৰিন্থীয়া সাধুসকলক নিজকে কিয় অজ্ঞান বুলি গ্ৰহণ কৰিবলৈ কৈছে ?

পৌলে নিজক অজ্ঞান বুলি তেওঁলোকক গ্ৰহণ কৰিবলৈ কৈছে যাতে তেওঁ যৎকিঞ্চিৎ গৰ্ব্ব কৰিব পাৰে (১১:১৬)।

2 Corinthians 11:19-21

পৌলে কাৰ লগত কৰিন্থীয়া সাধু-সন্তসকলে আনন্দেৰে সহন কৰিছা বুলি কৈছে?

পৌলে কৈছিল তেওঁলোকে অজ্ঞানীৰ লগত, তেওঁলোকক কোনোবাই দাস কৰে, তেওঁলোকৰ মাজত কোনোবাই বিভেদ আনে, তেওঁলোকৰ লগত কোনোবাই সুবিধা আদায় কৰে, কোনোৱে তেওঁলোকক গ্ৰাস কৰে, নাইবা কোনোৱে তেওঁলোকক মুখত মাৰে সেইসকলো তেওঁলোকে আনন্দেৰে সহন কৰিছিল (১১:১৯-২০)।

2 Corinthians 11:22-23

যিসকলে গৰ্ব্ব কৰি পৌলৰ সমান হ'বলৈ ইচ্ছা কৰিছিল পৌলে নিজকে কি বুলি গৰ্ব্ব কৰি তুলনা কৰিছে?

তেওঁ নিজে এজন ইব্ৰীয়া, এজন ইস্ৰায়েলীয়া আৰু যিসকলে পৌলৰ সমান হ'বলৈ বুলি দাবী কৰিছিল তেওঁ এজন অব্ৰাহামৰ বংশধৰ আছিল বুলি গৰ্ব্ব কৰিছিল। পৌলে কৈছিল তেওঁলোকৰ দৰে তেওঁৱো খ্ৰীষ্টৰ এজন সেৱক- কঠিন পৰিশ্ৰমত, বন্দীশালত, অতিৰিক্ত কোব খোৱাত, মৃত্যুৰ বিভিন্ন বিপদৰ মুখামুখী হোৱাত তেওঁ এজন সেৱক বুলি কৈছে (১১:২২-২৩)।

2 Corinthians 11:24-26

পৌলে সহন কৰা বিশেষ বিশেষ বিপদবোৰ কি আছিল?

পৌলে যিহুদীবিলাকৰ হাতত পাঁচবাৰ "এক কম চল্লিশবাৰ কোব" খাইছিল। তিনিবাৰ তেওঁ বেতৰ কোব খাইছিল। এবাৰ তেওঁ শিলৰ দলি খাইছিল। তিনিবাৰ তেওঁ জাহাজ ভগাৰ দুখ পাইছিল। এদিন আৰু এৰাতি তেওঁ মুকলি সমুদ্ৰৰ মাজত কটাইছিল। তেওঁ নদীৰ সঙ্কটত আছিল, ডকাইতৰ সঙ্কটত, স্ব-জাতীয় লাকৰ পৰা, পৰজাতিয় লোকৰ পৰা সঙ্কট পাইছিল। তেওঁ নগৰত, অৰণ্যত, সমুদ্ৰত, ভাঁৰি-কোৱা ভাইবিলাকৰ পৰা সঙ্কট পাইছিল। পৌলে দম্মেচকৰ অধিপতি /ৰাজ্যপালৰ পৰাও সঙ্কট পাইছিল (১১:২৪-২৬, ৩২)।

2 Corinthians 11:27-29

পৌলৰ মতে তেওঁ কিহৰ কাৰণে অন্তৰত তাপিত হৈছিল?

আন এজনক পাপ পতিত কৰাটোৱেই পৌলক আন্তৰিক ভাবে তাপিত কৰিছিল (১১:২৯)।

2 Corinthians 11:30-33

যদি তেওঁ গৰ্ব্ব কৰিব লাগে, পৌলে কিহৰ বিষয়ে গৰ্ব্ব কৰিব বুলি কৈছে?

পৌলে কৈছিল তেওঁ গৰ্ব্ব কৰিলে তেওঁ নান দুৰ্ব্বলতাতহে গৰ্ব্ব কৰিব (১১:৩০)।

2 Corinthians 12

2 Corinthians 12:1-2

পৌলে এতিয়া কিহৰ বিষয়ে গৰ্ব্ব কৰিব বুলি কৈছে?

পৌলে কৈছিল তেওঁ প্ৰভুৰ পৰা পোৱা দৰ্শন আৰু প্ৰকাশিত হোৱা বিষয়ে গৰ্ব্ব কৰি থকিব (১২:১)

2 Corinthians 12:3-5

চৈধ্য বছৰৰ আগতে এজন মানুহৰ কি হৈছিল?

তেওঁক তৃতীয় স্বৰ্গলৈ তুলি নিয়া হৈছিল, তেওঁক পৰম দেশলৈ তুলি নিয়া হৈছিল আৰু কোনোৱে শুনিব নোপোৱা আৰু ক'ব নোপোৱা অতি ভয়ঙ্কৰ কথা শুনিবলৈ পাইছিল (১২:২-৪)।

2 Corinthians 12:6-7

পৌলে কিয় কৈছে যদি তেওঁ গৰ্ব্ব কৰে এইটো তেওঁৰ বাবে অজ্ঞান নহয়?

পৌলে কৈছিল যদি তেওঁ গৰ্ব্ব কৰে এইটো অজ্ঞানতা নহয় কাৰণ তেওঁ সত্যতাহে ক'ব (১২:৬)।

পৌলৰ কি হৈছিল যে তেওঁ ওফন্দি উঠাৰ পৰা ৰখাইছিল?

পৌলৰ শৰীৰত বিন্ধিবলৈ এটা কাঁইট দিয়া হৈছিল, চয়তানৰ পৰা অহা এটা বাৰ্ত্তাবাহকে তেওঁক কষ্ট দি আছিল (১২:৭)।

2 Corinthians 12:8-10

পৌলে তেওঁৰ শৰীৰৰ পৰা সেই কাঁইটটো আঁতৰাবলৈ প্ৰভুক কোৱা পাছত প্ৰভুৱে কি কৰিলে?

প্ৰভুৱে পৌলক ক'লে, "তোমাৰ বাবে মোৰ অনুগ্ৰহেই যথেষ্ট, দুৰ্ব্বলতাত পৰাক্ৰম সিদ্ধ হয়।" (১২:৯)।

পৌলে কিয় তেওঁৰ দুৰ্ব্বলতাত গৰ্ব্ব কৰাই ভাল বুলি কৈছে?

পৌলে এইটো ভাল বুলি কৈছিল খ্ৰীষ্টৰ পৰাক্ৰম যাতে তেওঁৰ ওপৰত থাকে সেয়ে(১২:৯)।

2 Corinthians 12:11-13

কৰিন্থীয়াসকলৰ মাজত সকলো ধৈর্য কাৰ্য্য কেনেকৈ সম্পাদন কৰা হ'ল?

চিন আচৰিত কাম আৰু পৰাক্ৰম কাৰ্য্য, এজন পাঁচনিৰ প্ৰকৃত চিন আদিবোৰ সকলো ধৈৰ্যৰে তেওঁলোকৰ মাজত সম্পাদন কৰা হ'ল (১২:১২)।

2 Corinthians 12:14-18

পৌলে কৰিন্থীয়াসকলক কিয় কৈছে যে তেওঁ তেওঁলোকৰ বাবে এক ভাৰ স্বৰূপ নহ'ব?

পৌলে তেওঁলোকক দেখুৱাবলৈ এইটো কৈছিল যে তেওঁলোকৰ যি আছে সেইবোৰ বিচৰা নাই। তেওঁ তেওঁলোককহে বিচাৰে।

কৰিন্থীয়া মণ্ডলীৰ বাবে তেওঁ অতি আনন্দেৰে কি কৰিব বুলি পৌলে কৈছে?

পৌলে কৈছিল তেওঁ অতি আনন্দেৰে তেওঁলোকৰ আত্মাৰ বাবে ব্যয় কৰিব আৰু ব্যয় কৰাও হ'ল (১২:১৫)।

2 Corinthians 12:19

এই সকলোবোৰ কি উদ্দেশ্যত কৰিন্থীয়াসকললৈ বুলি পৌলে কৈছে?

এই সকলোবোৰ কৰিন্থীয়া সকলক গঢ়ি তোলাৰ বাবে বুলি পৌলে কৈছিল (১২:১৯)।

2 Corinthians 12:20-21

কৰিন্থীয়া সাধু-সন্তসকলৰ ওচৰলৈ ঘুৰি যাবলগীয়া হ'লে পৌলে কি পাব বুলি ভয় কৰিছিল?

তেওঁলোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খং-ৰাগ, স্বাৰ্থপৰ আকাক্ষা, পৰচৰ্চ্চা, গৰ্ব্ব আৰু উশৃঙ্খলতা পাব বুলি পৌলে ভয় কৰিছিল (১২:২০)।

ঈশ্বৰে তেওঁলৈ কি কৰিব বুলি পৌলে ভয় কৰিছিল?

কৰিন্থীয়া সাধু-সন্তসকলৰ আগত পৌলক ঈশ্বৰে অতি নম্ৰ কৰিব বুলি পৌলে ভয় কৰিছিল (১২:২১)।

কৰিন্থীয়াৰ বহুতো সাধুসন্তসকলৰ বাবে যিয়ে আগতে পাপ কৰিছিল কি কাৰণে পৌলে বেজাৰ কৰিব বুলি ভাবিছিল?

তেওঁলোকৰ অশুচিতা আৰু ব্যভিচাৰ কাৰ্য্য আৰু লম্পটতা আচৰণ যিটো তেওঁলোকে আগতে কৰি আছিল তেওঁলোকে তাৰ পৰা মন পালটন কৰা নাই বুলি পৌলে ভয় কৰিছিল (১২:২১)।

2 Corinthians 13

2 Corinthians 13:1-2

২য় কৰিন্থীয়া লিখাৰ সময়ত পৌলে কৰিন্থীয়া সাধু-সন্তসকলৰ ওচৰলৈ কেইবাৰ গৈছিল?

২য় কৰিন্থীয়া লিখাৰ সময়ত পৌলে কৰিন্থীয়া সাধু-সন্তসকলৰ ওচৰলৈ ইতিমধ্যে দুইবাৰ গৈছিল (১৩:১-২)।

2 Corinthians 13:3-4

কৰিন্থীয়া সাধু-সন্তসকলক যিসকলে পাপ কৰিছিল আৰু বাকী সকলেও যদি তেওঁ আকৌ আহে তেওঁ তেওঁলোকক মৰম নকৰিম বুলি পৌলে কিয় কৈছে?

পৌলে তেওঁলোকক এইটো কৈছিল কাৰণ খ্ৰীষ্টই যে পৌলৰ যোগেদি কথা কয় কৰিন্থীয়া সাধু-সন্তসকলে তাৰ প্ৰমাণ বিচাৰিছিল (১৩:৩)।

2 Corinthians 13:5-6

পৌলে কৰিন্থীয়া সাধু-সন্তসকলক নিজকে পৰীক্ষা কৰিবলৈ আৰু নিজৰ প্ৰমাণ চাবলৈ কিয় কৈছে?

তেওঁলোক বিশ্বাসত আছে নে নাই তাকে পৌলে তেওঁলোকক পৰীক্ষা কৰিবলৈ আৰু প্ৰমাণ চাবলৈ কৈছে (১৩:৫)।

কৰিন্থীয়া সাধু-সন্তসকলে পৌল আৰু তেওঁৰ সঙ্গীসকলৰ বিষয়ে কি পাব বুলি পৌল দৃঢ় প্ৰত্যয় আছিল?

কৰিন্থীয়া সাধু-সন্তসকল তেওঁলোক যে অপ্ৰমাণিক লোক নহয় তাৰ বিষয়ে পৌল দৃঢ় প্ৰত্যয় আছিল (১৩:৬)।

2 Corinthians 13:7-8

পৌলে কি কৈছে যে তেওঁ আৰু তেওঁৰ সঙ্গীসকলে কি কৰিব নোৱাৰিব?

পৌলে কৈছিল সত্যৰ বিপক্ষে তেওঁলোকে একো কৰিবলৈ সমৰ্থ নহ'ব (১৩:৮)।

2 Corinthians 13:9-10

পৌলে আতৰি থকা সময়ত কৰিন্থীয়া সাধু-সন্তসকলৰ বাবে তেওঁ এইবোৰ কথা কিয় লিখিছিল?

পৌলে এইটো কৰিছিল যাতে যেতিয়া তেওঁলোকৰ লগত আছিল তেওঁ তেওঁলোকৰ প্ৰতি কঠোৰ কৰিব লগীয়া যেন নহয় (১৩:১০)।

ঈশ্বৰে পৌলক দিয়া অধিকাৰ কৰিন্থীয়া সাধু-সন্তসকলৰ ক্ষেত্ৰত কেনেকৈ ব্যৱহাৰ কৰিব বিচাৰিছিল?

কৰিন্থীয়া সাধু-সন্তসকলক বিনষ্ট কৰিবলৈ নহয় আৰু গঢ়ি তুলিবলৈ পৌলক ঈশ্বৰে দিয়া অধিকাৰ ব্যৱহাৰ কৰিব বিচাৰিছিল (১৩:১০)।

2 Corinthians 13:11-14

পৌলে কৰিন্থীয়াসকলক আৰু কি কৰাটো বিচাৰিছিল?

তেওঁলোকে আনন্দ কৰক, পুনৰ সংস্থাপনৰ বাবে কাৰ্য্য কৰক, পৰস্পৰে একেমত হওক, শান্তিৰে জীয়াই থাকক, আৰু পৰস্পৰে পবিত্ৰ চুমাৰে মঙ্গলবাদ কৰাটো পৌলে বিচাৰিছিল (১৩:১১-১২)।