Revelation
Revelation 1
Revelation 1:1-3
প্ৰথমে এই দৰ্শন সমূহ কৰ পৰা আহিছে, আৰু কাৰ আগত এই দৰ্শন সমূহ দেখুওৱা হল?
যীচু খ্ৰীষ্ট সম্বন্ধীয় দৰ্শন ঈশ্বৰৰ পৰা আহিল, আৰু ইয়াক তেওঁৰ দাস সকলৰ আগত দেখুওৱা হল।(১:১)
দৰ্শনত দেখা দিয়া এই ঘটনা সমূহ কেতিয়া ঘটিব?
অতি শীঘ্ৰে এই ঘটনা সমূহ ঘটিব(১:১)।
এই পুস্তক খনিৰ দ্বাৰাই কোন ধন্য হব?
যি জনে এই পুস্তক খনিৰ বাক্য সমূহ পঢ়ে তেওঁ ধন্য হব (১:৩)।
Revelation 1:4-6
এই পুস্তক খনি কোনে আৰু কাৰ উদ্দেশ্যে লিখা হল?
যোহনে এচিয়াত থকা সাত মণ্ডলীলৈ এই পুস্তক খনি লিখিলে(১:৪)।
যোহনে যীচুক কি তিনিটা উপাধিৰে সম্মোধন কৰিলে?
বিশ্বাসী সাক্ষী, মৃতবিলাকৰ মাজৰ প্ৰথম জাত আৰু ৰজাসকলৰ অধিপতি, এই তিনি উপাধিৰে যীচু খ্ৰীষ্টক সম্মোধন কৰিলে(১:৫)।
যীচুৱে বিশ্বাসী সকলক কি কৰিলে?
যীচুৱে তেওঁৰ বিশ্বাসী সকলক ৰাজ্যস্বৰূপ আৰু নিজ পিতৃৰ উদ্দেশে পুৰোহিত কৰিলে(১:৬)
Revelation 1:7-8
যীচু অহা সময়ত তেওঁক কোনে দেখিব?
আটাই চকুৱে তেওঁক দেখিব, আৰু যিবিলাকে তেওঁক বিন্ধিলে তেওঁবিলাকেও দেখিব(১:৭)
ঈশ্বৰে নিজকে কি বুলি প্ৰকাশ কৰিছে?
ঈশ্বৰে নিজকে আলফা আৰু ওমেগা, বৰ্তমান, ভূত, ভবিষ্যত আৰু সৰ্ব্বশক্তিমান বুলি কৈছে(১:৮)
Revelation 1:9-13
যোহন কিয় পাত্ম দ্বীপত আছিল?
ঈশ্বৰৰ বাক্য আৰু যীচুৰ সাক্ষ্যৰ কাৰণে(১:৯)।
যোহনৰ পাছফালেদি বৰ মাতেৰে তেওঁক কি কৰিবলৈ কলে?
সেই বৰ মাতে যোহনে দেখা দৰ্শণ পুথিৰ নুৰা লিখি সাত মণ্ডলীলৈ পঠাই দিবলৈ কলে(১:১১)।
Revelation 1:14-16
যোহনে দেখা মানুহ জনৰ চকু আৰু চুলি কেনে আছিল?
A.যোহনে দেখা মানুহ জনৰ চুলি বগা মেৰ-নোমৰ আৰু হিমৰ নিচিনা আৰু চকু অগ্নি-শিখাৰ নিচিনা আছিল(১:১৪)।
মানুহ জনৰ সোঁহাতত কি আছিল আৰু তেওঁৰ মূখৰ পৰা কি ওলাই আহিছিল?
মানুহ জনৰ হাতত সাতোটা তৰা আছিল আৰু মূখৰ পৰা দুধৰীয়া চোকা তৰোৱাল এখন ওলায় আহিছিল(১:১৬)।
Revelation 1:17-18
যোহনে সেই মানুহ জনক দেখাৰ পিছত কি কৰিলে?
যোহনে মৰাৰ নিচিনা হৈ তেওঁৰ চৰণত পৰিলে(১:১৭)।
সেই মানুহ জনে তেওঁৰ হাতত কি চাবি আছে বুলি কৈছিল?
মৃত্যুৰো পৰলোকৰো চাবিবোৰ তেওঁৰ হাতত আছে বুলি কৈছিল(১:১৮)।
Revelation 1:19-20
সাতটা তৰা আৰু সাতটা দীপাধাৰৰ অৰ্থ কি?
সাতটা তৰাই সাত মণ্ডলীৰ দূত আৰু সতোটা দীপাধাৰই সাত মণ্ডলীক বুজাইছে(১:২০)।
Revelation 2
Revelation 2:1-2
পুস্তকৰ পিছৰ অংশটি দূতে কাৰ উদ্দেশ্যে লিখিছিল?
পুস্তকৰ পিছৰ অংশটি দূতে ইফিচত থকা মণ্ডলীলৈ লিখিছিল(২:১)।
দুষ্ট আৰু ভাৰিকোৱা ভাৱবাদী সকলৰ বিৰুদ্ধে ইফিচত থকা মণ্ডলীয়ে কি কৰিলে?
তেওঁবিলাকে দুষ্ট বিলাকক সহন নকৰিলে আৰু ভাৱবাদী সকলক পৰীক্ষা কৰি মিছা পালে(২:২)
Revelation 2:3-5
ইফিচৰ মণ্ডলীৰ বিৰুদ্ধে খ্ৰীষ্টৰ কি অভিযোগ আছে?
ইফিচৰ মণ্ডলীৰ বিৰুদ্ধে খ্ৰীষ্টৰ অভিযোগ এয়ে যে তেওঁবিলাকে প্ৰথম প্ৰেম এৰিলে(২:৪)।
তেওঁবিলাকে যদি মনপালটন নকৰে তেনে হলে খ্ৰীষ্টে কি কৰিব বুলি কলে?
তেওঁবিলাকে মনপালটন নকৰিলে তেওঁ তেওঁবিলাকৰ তাত উপস্থিত হৈ তেওঁবিলাকৰ দীপাধাৰ নিজ ঠাইৰ পৰা দূৰ কৰিব(২:৫)।
Revelation 2:6-7
যি জনে জয় কৰিব তেওঁবিলাকলৈ খ্ৰীষ্টে কি প্ৰতিজ্ঞা কৰিছে?
যি জনে জয় কৰিব তেওঁবিলাকক খ্ৰীষ্টে ঈশ্বৰৰ পৰম-দেশত থকা জীৱন-বৃক্ষৰ ফল ভোজন কৰিবলৈ দিব(২:৭)।
Revelation 2:8-9
দূতে ইয়াৰ পিছৰ অংশ কাৰ উদ্দেশ্যে লিখিলে?
দূতে ইয়াৰ পিছৰ অংশটি স্মুৰ্ণাত থকা মণ্ডলীলৈ লিখিলে(২:৮)।
স্মুৰ্ণাত থকা মণ্ডলীয়ে কি অভিজ্ঞতা লাভ কৰিছিল?
স্মুৰ্ণাত থকা মণ্ডলীয়ে ক্লেশ, দৰিদ্ৰতা আৰু ধৰ্ম-নিন্দাক বুলি দুখভোগ কৰিছিল(২:৯)।
Revelation 2:10-11
মৃত্যুৰ পৰ্য্যন্ত বিশ্বাসী হৈ থাকা আৰু জয় কৰা জনক খ্ৰীষ্টই কি প্ৰতিজ্ঞা কৰিছে?
মৃত্যুৰ পৰ্য্যন্ত বিশ্বাসী হৈ থাকা আৰু জয় কৰা জনক খ্ৰীষ্টে জীৱনৰূপ কিৰীটি দিব আৰু তেওঁৰ দ্বিতীয় মৃত্যুৰ নহব বুলি প্ৰতিজ্ঞা কৰিছে(২:১০-১১)।
Revelation 2:12-13
দূতে ইয়াৰ পিছৰ অংশ কাৰ উদ্দেশ্যে লিখিলে?
দূতে ইয়াৰ পিছৰ অংশটি পৰ্গামত থকা মণ্ডলীলৈ লিখিছে।
পৰ্গামা মণ্ডলী কত নিবাস কৰে?
পৰ্গামা মণ্ডলী চয়তানৰ সিংহাসনত নিবাস কৰে(২:১৩)।
পৰ্গামা মণ্ডলীয়ে অন্তিপাক বধ কৰা সময়ত কি কৰিছিল?
অন্তিপাক বধ কৰা সময়ত পৰ্গামা মণ্ডলীয়ে খ্ৰীষ্টৰ নাম ধাৰণ কৰি তেওঁৰ বিশ্বাস অস্বীকাৰ নকৰিলে(২:১৩)।
Revelation 2:14-15
পাৰ্গামা মণ্ডলীত কি দুটা শিক্ষা প্ৰচলিত হৈ আছিল?
পাৰ্গামা মণ্ডলীত প্ৰচলিত হৈ থকা দুটা শিক্ষা হল বিলিয়মৰ শিক্ষা আৰু নীকলাইতীয়াবিলাকৰ শিক্ষা(২:১৪-১৫)।
Revelation 2:16-17
সেই ভুল শিক্ষাক যি সকলে ত্যাগ নকৰে তেওঁবিলাকলৈ খ্ৰীষ্টই কি কৰিব বুলি সাৱধান কৰি দিছিল?
সেই ভুল শিক্ষাৰ পৰা মনপালটন নকৰা সকলৰ তাত উপস্থিত হৈ মুখৰ তৰোৱালেৰে তেওঁবিলাকৰ লগত যুদ্ধ কৰিব বুলি সাৱধান কৰি দিছিল(২:১৬)।
জয় কৰা সকলৰ বাবে খ্ৰীষ্টই কি প্ৰতিজ্ঞা কৰিছে?
যি জনে জয় কৰিব তেওঁক খ্ৰীষ্টই গুপুত মান্না আৰু এটি নতুন নাম লিখা বগা শিল দিব বুলি প্ৰতিজ্ঞা কৰিছে(২:১৭)।
Revelation 2:18-19
দূতে ইয়াৰ পিছৰ অংশ কাৰ উদ্দেশ্যে লিখিলে?
দূতে ইয়াৰ পিছৰ অংশটি থুয়াতীৰাত থকা মণ্ডলীলৈ লিখিলে(২:১৮)।
থুয়াতীৰৰ মণ্ডলীয়ে কি উত্তম কাৰ্য্য সমূহ কৰিছে যি খ্ৰীষ্টই জানে?
খ্ৰীষ্টই জানে যে থুয়াতীৰা মণ্ডলীয়ে কৰা উত্তম কাৰ্য্য সমূহ হৈছে প্ৰেম, বিশ্বাস, পৰিচৰ্যা আৰু ধৈৰ্য্য(২:১৯)।
Revelation 2:20-21
থুয়াতীৰা মণ্ডলীৰ বিৰুদ্ধে খ্ৰীষ্টৰ কি অভিযোগ আছে?
থুয়াতীৰা মণ্ডলীৰ বিৰুদ্ধে খ্ৰীষ্টৰ অভিযোগ এই যে ইজেবল নামৰ ভুৱা ভাববাদিনী শিক্ষা তেওঁবিলাকে সহন কৰি আছে(২:২০)
Revelation 2:22-23
ইজেবনে মনপালটন নকৰিলে খ্ৰীষ্টই কি কৰিব বুলি সাৱধান বাণী শুনাইছে?
ইজেবনে মনপালটন নকৰিলে খ্ৰীষ্টই তেওঁক শৰ্য্যাত পেলাব আৰু তেওঁৰ সন্তানবিলাকক বধ কৰিব(২:২২-২৩)।
Revelation 2:24-25
ইজেবলৰ শিক্ষা গ্ৰহণ নকৰা বিলাকৰ উদ্দেশ্যে খ্ৰীষ্টই কি কৰিবলৈ কলে?
ইজেবলৰ শিক্ষা গ্ৰহণ নকৰা বিলাকক তেওঁ নাহে মানে তেওঁবিলাকৰ যি আছে তাকে ধৰি ৰাখিবলৈ কলে(২:২৫)।
Revelation 2:26-29
জয় কৰা সকলৰ বাবে খ্ৰীষ্টই কি প্ৰতিজ্ঞা কৰিছে?
জয় কৰা সকলক খ্ৰীষ্টই পৰজাতিবিলাকৰ ওপৰত শাসন কৰিবলৈ ক্ষমতা আৰু প্ৰভাতীয় তৰা দিব বুলি প্ৰতিজ্ঞা কৰিছে(২:২৬,২৮)।
এই পুস্তক পঢ়া লোকসকলক খ্ৰীষ্টই কি শুনিবৰ বাবে কৈছে?
মণ্ডলী বিলাকলৈ আত্মাই যি কথা কৈছে তাক শুনিবলৈ খ্ৰীষ্টই এই পুস্তক পঢ়া লোকসকলক কৈছে(২:২৯)।
Revelation 3
Revelation 3:1-4
দূতে ইয়াৰ পিছৰ অংশ কাৰ উদ্দেশ্যে লিখিলে?
দূতে ইয়াৰ পিছৰ অংশটি চাৰ্দ্দিত থকা মণ্ডলীলৈ লিখিলে(৩:১)।
চাৰ্দ্দিয়া মণ্ডলীৰ অৱস্থা কেনে, আৰু তেওঁবিলাকৰ সম্বন্ধে আচল সত্যটো কি?
চাৰ্দ্দিয়া মণ্ডলীত দেখাত জীৱিত, পাছে আচল সত্যটো হৈছে তেওঁবিলাক মৰা(৩:১)
খ্ৰীষ্টই চাৰ্দ্দিয়া মণ্ডলীক কি কৰিবৰ বাবে সাৱধান কৰি দিছে?
জাগ্ৰত হবলৈ আৰু অৱশিষ্ট যি যি মৃতপ্ৰায় হল, তাক সুস্থিৰ কৰিবলৈ সাৱধান কৰি দিছে(৩:১-২)।
Revelation 3:5-6
যি সকল জয় হব তেওবিলাকৈ খ্ৰীষ্টই কি প্ৰতিজ্ঞা কৰিছে?
যি সকল জয়ী হব তেওঁক বগা বস্ত্ৰৰে বিভুষিত কৰিব, জীৱন পুস্তকৰ পৰা তেওঁৰ নাম নুগুচাব আৰু পিতৃৰ সাক্ষাতে তেওঁৰ নাম স্বীকাৰ কৰিব(৩:৫)।
Revelation 3:7-8
দূতে ইয়াৰ পিছৰ অংশ কাৰ উদ্দেশ্যে লিখিলে?
দূতে ইয়াৰ পিছৰ অংশটি ফিলাদেলফিয়াত থকা মণ্ডলীলৈ লিখিলে(৩:৭)।
ফিলাদেলফিয়া মণ্ডলীয়ে তেওঁবিলাকৰ সীমিত শক্তিৰে কি কৰিলে?
খ্ৰীষ্টৰ বাক্য পালন কৰিলে আৰু তেওঁক অস্বীকাৰ নকৰিলে(৩:৮)।
Revelation 3:9-11
চয়তানৰ সমাজৰ মানুহবিলাকক খ্ৰীষ্টই কি কৰিব?
তেওঁবিলাকক ধাৰ্মিক জনাৰ চৰণ প্ৰণিপাত কৰাব(৩:৯)
যিহেতু খ্ৰীষ্ট বেগাই আহি আছে সেয়েহে তেওঁ ফিলাদেলফিয়া মণ্ডলীক কি কৰিবলৈ কৈছে?
তেওঁবিলাকৰ যি আছে তাকে ধৰি ৰাখিবলৈ কৈছে(৩:১১)।
Revelation 3:12-13
জয় কৰা সকলৰ বাবে খ্ৰীষ্টই কি প্ৰতিজ্ঞা কৰিছে?
জয় কৰা সকলক তেওঁ ঈশ্বৰৰ মন্দিৰত থকা স্তম্ভস্বৰূপ কৰিব, তেওঁৰ ওপৰত ঈশ্বৰৰ নাম, নতুন যিৰূচালেম আৰু খ্ৰীষ্টৰ নতুন নাম তেওঁৰ ওপৰত লিখিব(৩:১২)।
Revelation 3:14-16
দূতে ইয়াৰ পিছৰ অংশ কাৰ উদ্দেশ্যে লিখিলে?
দূতে ইয়াৰ পিছৰ অংশটি লায়দিকেয়াত থকা মণ্ডলীলৈ লিখিলে(৩:১৪)।
লায়দিকেয়া মণ্ডলীটি কেনে হোৱাতো খ্ৰীষ্টই বিছাৰিছিল?
খ্ৰীষ্টই লায়দিকেয়া মণ্ডলীটো হয় চেচাঁ নহয় তপত হোৱাতো বিচাৰিছিল(৩:১৫)।
লায়দিকেয়া মণ্ডলীৰ বিৰুদ্ধে খ্ৰীষ্টই কি আৰু কিয় কৰিবলৈ গৈ আছে?
খ্ৰীষ্টই লায়দিকেয়া মণ্ডলীক মুখৰ পৰা বঁতিয়াই পেলাবলৈ উদ্যত হৈছে, কিয়নো তেওঁবিলাক কুহুমীয়া আছিল(৩:১৬)।
Revelation 3:17-18
লায়দিকেয়া মণ্ডলীয়ে নিজৰ বিষয়ে কি বুলি কয়?
লায়দিকেয়া মণ্ডলীয়ে নিজকে ধনী আৰু একোৰে অভাৱ নাই বুলি কয়?(৩:১৭)
লায়দিকেয়া মণ্ডলীৰ সম্বন্ধে খ্ৰীষ্টই কি কয়?
খ্ৰীষ্টই লায়দিকেয়া মণ্ডলীটিক দুৰ্ভগীয়া, দীনহীন, দৰিদ্ৰ, অন্ধ, আৰু উলঙ্গ বুলি কৈছে(৩:১৭)।
Revelation 3:19-20
খ্ৰীষ্টই তেওঁ প্ৰেম কৰাবিলাকলৈ কি কৰিব?
যি যি বিলাকক তেওঁ প্ৰেম কৰে তেওঁবিলাকক অনুযোগ আৰু শাস্তি দিয়ে(৩:১৯)
Revelation 3:21-22
জয় কৰা সকলৰ বাবে খ্ৰীষ্টই কি প্ৰতিজ্ঞা কৰিছে?
যি সকলে জয় কৰিব তেওঁবিলাকে তেওঁৰে সৈতে সিংহাসনত বহিবলৈ পাব(৩:২১)।
খ্ৰীষ্টই এই পুস্তক খনি পঢ়া লোকসকলক কাৰ কথা শুনিবলৈ কলে?
খ্ৰীষ্টই এই পুস্তক খনি পঢ়া লোকসকলক মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে তাক শুনিবলৈ কৈছে(৩:২২)।
Revelation 4
Revelation 4:1-3
যোহনে কি মেলা দেখিলে?
যোহনে স্বৰ্গত এখন দুৱাৰ মেলা দেখিলে(৪:১)
সেই মাতে যোহনক কি দেখুৱাব বুলি যোহনক কলে?
সেই মাতে যোহনক যি যি ঘটিব তাক দেখুৱাম বুলি কলে(৪:১)।
স্বৰ্গৰ সিংহাসনত কোন বহি আছিল?
কোনো এজনা লোক সেই সিংহাসনত বহি আছিল(৪:২)।
Revelation 4:4-5
স্বৰ্গৰ সেই সিংহাসনৰ চাৰিও ফালে কি আছিল?
স্বৰ্গৰ সেই সিংহাসনৰ চাৰিও ফালে চৌবিশখন সিংহাসন আছিল আৰু সেইবোৰ সিংহাসনৰ ওপৰত বগা বস্ত্ৰ আৰু মুৰত সোণৰ কিৰীটি পিন্ধা চৌবিশ জন বৃদ্ধলোক বহি আছিল(৪:৪)।
সিংহাসনৰ সন্মূখত জ্বলি থকা সাতোটা প্ৰদীপ কি?
সেই সাতোটা প্ৰদীপ ঈশ্বৰৰ সাতটা আত্মা(৪:৫)।
Revelation 4:6
সিংহাসনৰ চাৰিও ফালে কি চাৰিটা বস্তু আছিল?
সিংহাসনৰ চাৰিওঁ ফালে চাৰি প্ৰাণী আছে(৪:৬)।
Revelation 4:7-8
সেই চাৰিটা প্ৰাণীয়ে দিনে ৰাতিয়ে কি কৰে?
সেই চাৰিটা প্ৰাণীয়ে দিনে ৰাতিয়ে অবিৰাম ভাবে পবিত্ৰ পবিত্ৰ প্ৰভু পৰমেশ্বৰ তেওঁ শক্তিমান এই বুলি কৈ থাকে(৪:৮-৯)।
Revelation 4:9-11
যেতিয়া সেই প্ৰাণী কেইটাই ঈশ্বৰৰ প্ৰশংসা কৰে তেতিয়া চৌবিশ জন বৃদ্ধই কি কৰে?
তেতিয়া সেই চৌবিশ জন বৃদ্ধই সিংহাসনৰ আগত প্ৰণিপাত কৰে আৰু নিজ নিজ কিৰীটি পেলাই দিয়ে(৪:১০)
সৃষ্টিত ঈশ্বৰৰ ভুমিকা কি বুলি বৃদ্ধ সকলে কয়?
বৃদ্ধ সকলে কয় যে ঈশ্বৰে সকলো স্ৰজিলে আৰু তেওঁৰ ইচ্ছাৰ কাৰণেই সকলো হল(৪:১১)।
Revelation 5
Revelation 5:1-2
সিংহাসনত বহি থকা জনাৰ সোঁহাতে যোহনে কি দেখিবলৈ পালে?
সিংহাসনত বহি থকা জনাৰ সোঁ হাতত, ভিতৰে-বাহিৰে লিখা আৰু সাতোটা ছাবেৰে ছাব মৰা এটা পুথিৰ নুৰা দেখিলে(৫:৩)
সেই নুৰা খুলিবলৈ বা পঢ়িবলৈ পৃথিবীত যোগ্য কোন আছে?
সেই নুৰা খুলিবলৈ বা পঢ়িবলৈ পৃথিবীত যোগ্য কোনো নাই(৫:২-৪)।
Revelation 5:3-5
সেই নুৰা আৰু তাৰ সাতটা ছাব কোনে খুলিব পাৰিব?
যিহূদা ফৈদৰ সিংহ, আৰু দায়ূদৰ মূলস্বৰূপ যি জনা তেওঁ পাৰিব(৫:৫)।
Revelation 5:6-7
সিংহাসনৰ আগত থকা বৃদ্ধা সকলৰ মাজত কোন থিয় হৈ আছে?
হত হোৱাৰ নিচিনা এটা মেৰ পোৱালি থিয় হৈ আছে(৫:৬)
মেৰ পোৱালিৰ সাতোটা শিং আৰু চকু কি আছিল?
সেই সাতোটা শিং আৰু চকু গোটেই পৃথিবীলৈ পঠোৱা ঈশ্বৰৰ সাত আত্মা হয়(৫:৬)।
Revelation 5:8
বৃদ্ধ সকলৰ হাতত থকা সুগন্ধি ধূপেৰে পৰিপূৰ্ণ সোণৰ বাট কেইটা কি হয়?
সেইয়া পবিত্ৰ লোকবিলাকৰ প্ৰাৰ্থনা হয়(৫:৮)।
Revelation 5:9-10
সেই নুৰা খুলিবৰ বাবে মেৰ পোৱালি কি যোগ্য?
সেই নুৰা খুলিবলৈ মেৰ পোৱালিহে যোগ্য কিয়নো তেওঁ সকলো ফৈদ, ভাষা, ৰাজ্য আৰু জাতিবিলাকৰ মাজৰ পৰা ঈশ্বৰৰ উদ্দেশে প্ৰজাসমূহক নিজৰ তেজেৰে কিনিলে(৫:৯)।
ঈশ্বৰৰ পুৰোহিত সকলে কত ৰাজত্ব কৰিব?
ঈশ্বৰৰ পুৰোহিত সকলে পৃথিবীত ৰাজত্ব কৰিব(৫:১০)।
Revelation 5:11-12
দূতে সেই মেৰ পোৱালিয়ে কি পাবৰ যোগ্য বুলি কলে?
দূতে সেই মেৰ পোৱালিয়ে পৰাক্ৰম, ধন,জ্ঞান, শক্তি, সমাদৰ, মহিমা আৰু ধন্যবাদ পোৱাৰ যোগ্য বুলি কলে(৫:১২)।
Revelation 5:13-14
মেৰ পোৱালি আৰু সিংহাসনত বহি থকা জনাৰ প্ৰশংসাৰ সদাসৰ্ব্বদায় হব বুলি কোনে কৈছিল?
সকলো সৃষ্ট বস্তুৱে কলে(৫:১৩)।
চাৰিটা প্ৰণীয়ে আমেন কোৱা শুনি বৃদ্ধ কেইজনে কি কৰিলে?
তাতে সেই বৃদ্ধলোকসকলে পৰি প্ৰণিপাত কৰিলে(৫:১৪)।
Revelation 6
Revelation 6:1-2
মেৰ পোৱালিয়ে সেই নুৰা লৈ কি কৰিলে?
মেৰ পোৱালিয়ে সাতটা ছাবৰ এটা মেলিলে(৬:১)।
প্ৰথম ছাবটো মেলাৰ পিছত যোহনে কি দেখিবলৈ পালে?
যোহনে এটা বগা ঘোঁৰা আৰু তাৰ ওপৰত ধনু লৈ এজনক অহা দেখিলে(৬:২)।
Revelation 6:3-4
দ্বিতীয় ছাবটো মেলাৰ পিছত যোহনে কি দেখিবলৈ পালে?
যোহনে এটা ৰঙা ঘোঁৰা আৰু তাত উঠি অহা জনক পৃথিৱীৰ শান্তি দূৰ কৰিবলৈ দিয়া দেখিবলৈ পালে(৬:৪)।
Revelation 6:5-6
তৃতীয় ছাবটো মেলাৰ পিছত যোহনে কি দেখিবলৈ পালে?
তৃতীয় ছাবটো মেলাৰ পিছত যোহনে এটা কলা ঘোঁৰা আৰু তাৰ ওপৰত উঠি অহা জনাৰ হাতত এখন পাল্লা দেখিবলৈ পালে(৬:৫)।
Revelation 6:7-8
চতুৰ্থ ছাবটো মেলাৰ পিছত যোহনে কি দেখিবলৈ পালে?
A.চতুৰ্থ ছাবটো মেলাৰ পিছত যোহনে পাণ্ডু বৰণীয়া এটা ঘোঁৰা দেখিলে আৰু তাৰ ওপৰত উঠা জনাৰ নাম মৃত্যু আছিল(৬:৮)।
Revelation 6:9-11
পঞ্চম ছাবটো মেলাৰ পিছত যোহনে কি দেখিলে?
A.পঞ্চম ছাবটো মেলাৰ পিছত যোহনে যি বিলাক ঈশ্বৰৰ বাক্যৰ আৰু নিজে পোৱা সাক্ষ্যৰ কাৰণে হত হৈছিল, তেওঁবিলাকক দেখিলে(৬:৯)।
বেদিৰ তলত থকা জীৱাত্মাই ঈশ্বৰৰ পৰা কি জানিব বিচাৰিলে?
তেওঁবিলাকৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ কিমান কাল পলম কৰিব সেই কথা জানিব বিচাৰিলে(৬:১০)।
আৰু কিমান কাল অপেক্ষা কৰিব লাগিব বুলি জীৱাত্মাক কলে?
তেওঁবিলাকৰ সহদাস আৰু ভাইবিলাকক তেওঁবিলাকৰ দৰে বধ কৰা হব, তেওঁবিলাকৰ সংখ্যা পূৰ নোহোৱালৈকে অলপ কাল অপেক্ষা কৰিব লাগিব(৬:১১)।
Revelation 6:12-14
ষষ্ঠ ছাব মেলাৰ পিছত যোহনে কি দেখিবলৈ পালে?
ষষ্ঠ ছাব মেলাৰ পিছত যোহনে মহা-ভূমিকম্প, সূৰ্য্য কৰা, চন্দ্ৰ তেজৰ নিচিনা আৰু তৰা বোৰ পৃথিবীত পৰা দেখিবলৈ পালে(৬:১২-১৩)।
Revelation 6:15-17
পাছে যোহনে প্ৰধান লোক, সেনাপতি, ধনবন্ত আৰু বলৱন্ত সকলক কি কৰি থকা দেখিলে?
গুহা আৰু পৰ্ব্বতৰ মাজত নিজক লুকুৱাই ৰাখি সেই পৰ্ব্বত আৰু শিলবোৰক তেওঁবিলাকৰ ওপৰত পৰি তেওঁবিলাকক লুকুৱাবলৈ কোৱা দেখিলে(৬:১৫-১৬)।
প্ৰধান লোক, সেনাপতি, ধনবন্ত আৰু বলৱন্ত সকলক কাৰ আগৰ পৰা লুকাবলৈ বিচাৰিছিল?
সিংহাসনত বহি থকা জনাৰ পৰা আৰু মেৰ পোৱালিৰ ক্ৰোধৰ পৰা(৬:১৬)।
কি দিন আহিল?
সিংহাসনত বহি থকা আৰু মেৰ পোৱালিৰ ক্ৰোধৰ তহা-দিন আহিল(৬:১৭)।
Revelation 7
Revelation 7:1-3
পৃথিবীৰ চাৰি কোণত থকা চাৰিটা প্ৰাণীক যোহনে কি কৰি থকা দেখিবলৈ পালে?
পৃথিবীৰ চাৰি কোণৰ বতাহ যেন নবলে তাক ধৰি থকা দেখিলে(৭:১)।
পূব ফালৰ দূতে পৃথিবীক হিংসা কৰাৰ আগে কৰিব লাগে বুলি কলে?
ঈশ্বৰৰ দাসবিলাকৰ কপালত ছাব মাৰিবলৈ কলে(৭:২-৩)।
Revelation 7:4-8
কিমান মানুহ কিমান ফৈদৰ পৰা মোহৰ মৰা হল?
ইস্ৰায়েলৰ প্ৰতিটো ফৈদৰ পৰা মুঠ ১৪৪,০০০ জন লোকক ছাব মৰা হল(৭:৪)।
Revelation 7:9-10
যোহনে ঈশ্বৰৰ সিংহাসনৰ আগত আৰু মেৰ পোৱালিৰ সন্মূখত কি দেখিলে?
সকলো জাতি, ফৈদ, লোক, আৰু ভাষাৰ বগা বস্ত্ৰ পিন্ধা এক বৰ লোকসমূহ থিয় হৈ থকা দেখিলে(৭:৯)।
সিংহাসনৰ আগত থিয় হৈ থকা সকলৰ মতে পৰিত্ৰাণ কাৰ বুলি কয়?
সিংহাসনৰ আগত থিয় হৈ থকা সকলৰ মতে পৰিত্ৰাণ সিংহাসনত বহি থকা আমাৰ ঈশ্বৰৰ, আৰু মেৰ পোৱালিৰহে(৭:১০)।
Revelation 7:11-12
স্বৰ্গদূত, বৃদ্ধ আৰু প্ৰাণী কেইটাই কি অৱস্থাত থাকি ঈশ্বৰৰ প্ৰণিপাত কৰিছিল?
তেওঁবিলাকে উবুৰি হৈ পৰি ঈশ্বৰৰ প্ৰণিপাত কৰিছিল(৭:১১)।
Revelation 7:13-14
বৃদ্ধ সকলে বগাবস্ত্ৰ পৰিধান কৰি সিংহাসনৰ আগলৈ অহা লোক সমূহক কোন বুলি কলে?
তেওঁবিলাক মহা-ক্লেশৰ পৰা অহা লোক বুলি কলে(৭:১৪)।
সিংহাসনৰ সন্মূখলৈ অহা লোক সকলে কেনেকৈ নিজৰ বস্ত্ৰ বগা কৰিলে?
মেৰ পোৱালিৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে(৭:১৪)।
Revelation 7:15-17
বগা বস্ত্ৰ পৰিধান কৰা সকলক ঈশ্বৰে কি কৰিব বুলি বৃদ্ধ সকলে কলে?
তেওঁবিলাকৰ ওপৰত ঈশ্বৰে নিজ তম্বু তৰিব যাতে তেওঁবিলাকে আৰু ক্লেশ-ভোগ কৰিব নালাগে(৭:১৫-১৬)।
মেৰ পোৱালিয়ে সেই বগা বস্ত্ৰ পৰিধান কৰা সকলক কি কৰিব বুলি বৃদ্ধ সকলে কলে?
মেৰ পোৱালিয়ে সেই বগা বস্ত্ৰ পৰিধান কৰা সকলক জীৱন-জলৰ ভুমুকৰ ওচৰলৈ নিব বুলি কলে(৭:১৭)।
Revelation 8
Revelation 8:1-2
স্বৰ্গত কিহৰ বাবে শব্দ নোহোৱা হল?
মেৰ পোৱালিয়ে সপ্তম ছাব মেলাৰ বাবে(৮:১)।
ঈশ্বৰৰ আগত থিয় হৈ থকা সাতটা দূতক কি দিয়া হল?
সাতটা তূৰী দিয়া হল(৮:২)।
Revelation 8:3-5
ঈশ্বৰৰ সন্মূখত কি উঠিল?
পবিত্ৰবিলাকৰ প্ৰাৰ্থনাৰে সৈতে দূতৰ হাতৰ পৰা ধূপৰ ধুৱা ঈশ্বৰৰ সন্মূখলৈ উঠিল(৮:৪)।
দূতে বেদিৰ জুই পৃথিবীলৈ পেলাই দিলত কি হল?
দূতে বেদিৰ জুই পৃথিবীলৈ পেলাই দিলত মেঘগৰ্জ্জন মাত, বিজুলী আৰু ভূমিকম্প হল(৮:৫)।
Revelation 8:6-7
প্ৰথম তূৰী বজালত কি হল?
তাতে পৃথিবীৰ তিনি ভাগৰ এভাগ পুৰা হল, গছৰো তিনি ভাগৰ এভাগ পুৰা হল আৰু সকলো কেঁচা তৃণো পোৰা হল(8:৭)।
Revelation 8:8-9
দ্বিতীয়া তূৰী বজালত কি হল?
তাতে সাগৰৰ তিনি ভাগৰ এভাগ তেজ হল, সাগৰত থকা সৃষ্ট বস্তুৰ ভিতৰৰ জীৱ-জন্তুৰ তিনি ভাগৰ এভাগ মৰিল আৰু জাহাজবোৰৰো তিনি ভাগৰ এভাগ নষ্ট হল(৮:৮-৯)।
Revelation 8:10-11
তৃতীয় তূৰী বজালত কি হল?
তাতে জলৰ তিনি ভাগৰ এভাগ নাগদানা হল আৰু পানী তিতা হোৱাত সেই পানীৰ কাৰণে অনেক মানুহ মৰিল(৮:১০-১১)।
Revelation 8:12
চতূৰ্থ তূৰী বজালত কি হল?
দিনৰ তিনি ভাগৰ এভাগ পোহৰ নাইকীয়া হল আৰু ৰাতিৰো সেই ৰূপ হয়(৮:১২)।
Revelation 8:13
কুৰৰ পক্ষীয়ে কিয়, পৃথিবী নিবসীবিলাকৰ “সন্তাপ, সন্তাপ, সন্তাপ” হব বুলি কলে?
কিয়নো বাকী থকা তিনি দূতে তূৰী বজাবলৈ উদ্যত থকাৰ বাবে(৮:১৩)।
Revelation 9
Revelation 9:1-2
পঞ্চম তূৰী বজালত যোহনে কেনে ধৰণৰ তৰা দেখিবলৈ পালে?
যোহনে আকাশৰ পৰা পৃথিবীলৈ পৰা এটা তৰা দেখিবলৈ পালে(৯:১)।
সেই তৰাই কি কৰিলে?
সেই তৰাই অগাধ ঠাইৰ কুণ্ড মেলিলে(৯:২)।
Revelation 9:3-4
সেই কুণ্ডৰ কচুৱা ফৰিংবোৰে কি কৰিবলৈ কলে?
সেই বিলাকে পৃথিবীক হিংসা নকৰিবলৈ কলে, পাছে সেই সকল লোকক হিংসা কৰিবলৈ কলে যি সকলৰ মূৰত ঈশ্বৰৰ ছাব নাই(৯:৩-৪)
Revelation 9:5-6
কচুৱা ফৰিংবোৰে তাড়ণা কৰা লোক বিলাকে কি বিচাৰিব কিন্তু নাপাব?
মৃত্যুৰ বিচাৰিব কিন্তু তেওঁবিলাকে তাক নাপাব(৯:৬)।
Revelation 9:7-9
কচুৱা ফৰিংবোৰৰ ডেউকাৰ শব্দ কেনে হব?
ৰণলৈ লৰি যোবা ঘোঁৰা লগোৱা ৰথৰ শব্দৰ নিচিনা হব(৯:৯)।
Revelation 9:10-12
কচুৱা ফৰিং বোৰৰ ৰজা কোন?
সেই ৰজাৰ ইব্ৰী ভাষাত আবদ্দোন, গ্ৰীক ভাষাত আপল্লুয়োন আছিল(৯:১১)।
পঞ্চম তূৰী বজোৱাৰ পিছত কি গল?
প্ৰথম সন্তাপ গল(৯:১২)।
Revelation 9:13-15
ষষ্ঠ তূৰী বজালত যোহনে কিহৰ মাত শুনা পালে?
A.ষষ্ঠ তূৰী বজালত যোহনে ঈশ্বৰৰ আগত থকা সোণৰ বেদিৰ শিং কেইটাৰ পৰা এটা মাত শুনিবলৈ পালে(৯:১৩)।
সেই মাত শুনাৰ পিছত চাৰি দূতে কি কৰিলে?
তেতিয়া চাৰি দূতে মানুহবিলাকৰ তিনি ভাগৰ এভাগক বধ কৰিবলৈ মেলি দিলে(৯:১৫)।
Revelation 9:16-17
যোহনে ঘোঁৰাত উঠি অহা কেইজন সৈন্য দেখিলে?
২০০,০০০,০০০ জন সৈন্যক দেখিলে(৯:১৬)।
Revelation 9:18-19
কি উৎপাতে তিনি ভাগৰ এভাগ মানুহক বধ কৰিলে?
জুই, ধুৱা, আৰু গন্ধক এই তিনি উৎপাতে(৯:১৮)
Revelation 9:20-21
এই উৎপাতবোৰৰ অৱশিষ্ট ৰৈ যোৱা বিলাকে কি কৰিব?
তেওঁবিলাকে মনপালটন নকৰিব আৰু মুত্তি পুজা কৰিবলৈ নেৰিব(৯:২০)।
Revelation 10
Revelation 10:1-2
যোহনে দেখা সেই বলৱান দূতৰ মূখ আৰু ভৰি কেনে আছিল?
তেওঁৰ মূখ সূৰ্য্যৰ নিচিনা আৰু ভৰি অগ্নি-স্তম্ভৰ নিচিনা আছিল(১০:১)।
সেই দূত কত থিয় হৈ আছিল?
সেই দূতৰ সোঁ ভৰি সমূদ্ৰত আৰু বাওঁ ভৰি থলত আছিল(১০:২)।
Revelation 10:3-4
যোহনক কি নিলিখিবৰ বাবে কলে?
সেই সাতোটা মেঘ-গৰ্জ্জনে কি কলে তাক নিলিখিবলৈ কলে।
Revelation 10:5-7
সেই বলবান দূতে কাৰ নামেৰে শপত খালে?
সৃষ্টিকৰ্তা সদা-সৰ্ব্বদায় জীয়াই থকা জনাৰ নামেৰে(১০:৬)।
সেই বলবান দূতে আৰু কি পলম নহব বুলি কৈছিল?
সেই বলবান দূতে কলে যেতিয়া সেই সপ্তম তূৰী বাজিব, তেতিয়া আৰু পলম নহব, পাছে ঈশ্বৰৰ নিগূঢ়-তত্ব অনুসাৰে সিদ্ধ হব(১০:৭)।
Revelation 10:8-9
সেই বলবান দূতৰ পৰা যোহনক কি লবৰ বাবে কৈছিল?
মেলা পুথিৰ নুৰা লবৰ বাবে কৈছিল(১০:৮)।
যোহনে সেই নুৰা খোৱাৰ পিছত কি হব বুলি দূতে কৈছিল?
ই যোহনৰ মূখৰ বাবে মৌৰ দৰে মিঠা হব পাছে পেটৰ বাবে তিতা হব(১০:৯)
Revelation 10:10-11
সেই নূৰাটো খোৱাৰ পিছত যোহনে কি ভাবোক্তি প্ৰচাৰ কৰিলে?
নূৰাটো খোৱাৰ পিছত যোহনে অনেক জাতিৰ, অনেক ভাষাৰ লোকৰ আৰু অনেক ৰজাৰ বিষয়ে ভাবোক্তি প্ৰচাৰ কৰিলে(১০:১১)।
Revelation 11
Revelation 11:1-2
মাপদণ্ডটো লৈ যোহনক কি কৰিব কোৱা হল?
A.মাপদণ্ডটো লৈ যোহনক ঈশ্বৰৰ মন্দিৰ, যজ্ঞবেদী, আৰু তাত প্ৰণিপাত কৰা লোকসকলক জুখিব কোৱা হল৷(১১:১)
কিমান দিনলৈ পৰজাতিবিলাকে পবিত্ৰ নগৰ গচকিব?
A.পৰজাতিবিলাকে দুই কুৰি দুমাহলৈ (বিয়াল্লিশ মাহ) পবিত্ৰ নগৰ গচকিব৷
Revelation 11:3-7
তাতে দুজন সাক্ষীক কি ক্ষমতা দিয়া হৈছিল?
A.সেই সাক্ষী দুজনক এক হাজাৰ দুই শ ষাঠী দিন ভাবোক্তি প্ৰচাৰ কৰিবলৈ ক্ষমতা দিয়া হব, তেওঁলোকে শত্ৰুবোৰক বধ কৰিব, আকাশ বন্ধ কৰিব, অৰ্থাৎ বৰষুণ বন্ধ কৰিব আৰু সকলো উৎপাতেৰে পৃথিৱীক আঘাত কৰিবলৈ ক্ষমতা থাকিব৷
Revelation 11:8-9
সেই সাক্ষী দুজনৰ শৰীৰ কত পৰি থাকিব?
সেই সাক্ষী দুজনৰ শৰীৰ নগৰৰ আলিবাটত পৰি থাকিব, প্ৰতীক অৰ্থত চদোম আৰু ঘমোৰা(ইজিপ্ত)ৰ বাটত; য'ত প্ৰভুক ক্ৰুচবিদ্ধ কৰা হৈছিল৷
Revelation 11:10-12
সেই সাক্ষী দুজন যেতিয়া মৰিল, তেতিয়া পৃথিৱীনিবাসী সকলে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?
সেই সাক্ষী দুজন যেতিয়া মৰিল, তেতিয়া পৃথিৱীনিবাসী সকলে আনন্দ আৰু উৎসৱ কৰিছিল৷
সেই সাক্ষী দুজনৰ চাৰে তিন দিনৰ পাছত কি হ'ল?
চাৰে তিন দিন পাছত সেই সাক্ষী দুজনে নিজৰ ভৰিত থিয় দিলে আৰু স্বৰ্গলৈ গ'ল৷
Revelation 11:13-14
সাক্ষী দুজন আৰু ভুমিকম্প শেষ হৈ যোৱাৰ পাছত, কি শেষ হ'ল?
সাক্ষী দুজন আৰু ভুমিকম্প শেষ হৈ যোৱাৰ পাছত, দ্বিতীয় সন্তাপ শেষ হ'ল৷
Revelation 11:15
যেতিয়া সপ্তম তুৰীধ্বনি হ'ল, তেতিয়া স্বৰ্গত কি বাণী হৈছিল?
যেতিয়া সপ্তম তুৰীধ্বনি হ'ল, তেতিয়া কোৱা হ'ল যে 'এই জগতৰ ৰাজ্য আমাৰ প্ৰভু আৰু খ্ৰীষ্টৰ হ'ল'৷
Revelation 11:16-17
প্ৰভু পৰমেশ্বৰে কি আৰম্ভ কৰিলে বুলি বৃদ্ধসকলে ক'লে?
এতিয়া প্ৰভু পৰমেশ্বৰৰ ৰাজত্ব আৰম্ভ হ'ল বুলি বৃদ্ধসকলে ক'লে৷
Revelation 11:18
বৃদ্ধসকলৰ মতে কেনেকুৱা সময় উপস্থিত হ'ল?
মৃতবিলাকৰ সোধবিচাৰ, ঈশ্বৰৰ সেৱকসকলক পুৰষ্কৃত কৰা আৰু পৃথিৱী বিনাশকাৰী সকলক ঈশ্বৰে বিনাশ কৰাৰ সময় উপস্থিত হ'ল৷
Revelation 11:19
স্বৰ্গত তেতিয়া কি মুকলি হ'ল?
স্বৰ্গত তেতিয়া ঈশ্বৰৰ মন্দিৰ মুকলি হ'ল৷
Revelation 12
Revelation 12:1-2
স্বৰ্গত কি মহৎ চিন দেখা গ'ল?
স্বৰ্গত সূৰ্যক পিন্ধা আৰু ভৰিৰ তলত চন্দ্ৰ থকা আৰু মুৰত বাৰটা তৰাৰ কিৰীটি পিন্ধা গৰ্ভবেদনাত পিড়ীত এগৰাকী মিলাক দেখা গ'ল৷
Revelation 12:3-4
অন এটা কি চিন স্বৰ্গত দেখা গ'ল?
স্বৰ্গত সাতোটা মুৰ, মুৰত সাতোটা কিৰীটি আৰু দহোটা শিং থকা এটা ডাঙৰ ৰঙা ড্ৰেগন দেখা গ'ল৷
ড্ৰেগনটোৱে তাৰ নেজেৰে কি কৰিছিল?
ড্ৰেগনটোৱে তাৰ নেজেৰে আকাশৰ তিনি ভাগৰ এভাগ তৰে টানি আনিছিল আৰু পৃথিৱীত পেলাই দিছিল৷
ড্ৰেগনটোৰ কি কৰিবলৈ আকাঙ্ক্ষা আছিল?
তিৰোতাৰ সন্তানটো গ্ৰাস কৰাৰ আকাঙ্ক্ষা ড্ৰেগনটোৰ আছিল৷
Revelation 12:5-6
পুত্ৰ সন্তানটোৱে কি কৰিছিল?
পুত্ৰ সন্তানটোৱে লোহাৰ দণ্ডৰে সকলো জাতিক শাসন কৰিছিল (১২:৫)
পুত্ৰ সন্তানটো কলৈ গ'ল?
পুত্ৰ সন্তানটোক ঈশ্বৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ তুলি নিয়া হ'ল (১২:৫)৷
তিৰোতা জনী কলৈ গ'ল?
তিৰোতা জনী মৰুপ্ৰান্তলৈ গুছি গ'ল৷(১২:৬)
Revelation 12:7-10
স্বৰ্গত কোনো যুদ্ধ কৰিলে?
মীখাইল আৰু তেওঁৰ দূতসকলে স্বৰ্গত ড্ৰেগন আৰু তাৰ দূতসকলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷(১২:৭)
যুদ্ধৰ পাছত ড্ৰেগন আৰু তাৰ দূতসকলৰ কি হ'ল?
ড্ৰেগন আৰু তাৰ দূতসকলক পৃথিৱীলৈ পেলোৱা হ'ল৷(১২:৯)
সেই ড্ৰেগন কোন?
সেই ড্ৰেগনেই হ'ল পুৰণি সাপ, দিয়াবল বা চয়তান৷ (১২:৯)
Revelation 12:11-12
ভাইসকলে কেনেকৈ ড্ৰেগনক জয় কৰিলে?
ভাইসকলে মেৰ-ছাগৰ পোৱালীটোৰ তেজেৰে আৰু নিজ নিজ সাক্ষ্যৰ দ্বাৰাই ড্ৰেগনটোক জয় কৰিলে৷(১২:১১)
ড্ৰেগনটোৱে তাৰ সময় কিমান বুলি জানিছিল?
ড্ৰেগনটোৱে তাৰ সময় অলপ বুলি জানিছিল৷ (১২:১২)
Revelation 12:13-14
যেতিয়া ড্ৰেগনে তিৰোতা জনীক তাড়না কৰিলে, তেতিয়া তাই কি কৰিছিল?
তাইক ডেউকা দিয়া হ'ল, তাতে তাইৰ সুৰক্ষাৰ বাবে তৈয়াৰ কৰি থোৱা ঠাইলৈ তাই উৰি গ'ল৷
Revelation 12:15-17
যেতিয়া ড্ৰেগনে সেই তিৰোতাক একো কৰিব নোৱাৰিলে, তেতিয়া সি কি কৰিলে?
তেতিয়া ড্ৰেগনে ঈশ্বৰৰ আজ্ঞা পালন কৰা আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰাসকলৰ সৈতে যুদ্ধ কৰিবলৈ সাগৰৰ বালিত গৈ থিয় হ'ল৷ (১২:১৫-১৭)
Revelation 13
Revelation 13:1-2
যোহনে পশুটোক ক'ৰ পৰা উঠি অহা দেখিছিল?
যোহনে পশুটোক সাগৰৰ পৰা উঠি অহা দেখিছিল৷(১৩:১)
ড্ৰেগনটোৱে সেই পশুটোক কি দিলে?
ড্ৰেগনটোৱে সেই পশুটোক তাৰ শক্তি, সিংহাসন আৰু শাসন কৰিবলৈ ক্ষমতা দিলে৷(১৩:২)
Revelation 13:3-4
পশুটোক কিয় গোটেই জগত খনে আচৰিত মানিলে আৰু অনুসৰণ কৰিলে?
পশুটোৰ মাৰাত্মক আঘাত সুস্থ হোৱা কাৰণে গোটেই জগতে আচৰিত মানিলে আৰু অনুসৰণ কৰিলে৷(১৩:৩)
Revelation 13:5-6
পশুটোৱে তাৰ মুখেৰে কি ক'বলৈ ধৰিলে?
পশুটোৱে গৰ্ব কথাবোৰ ক'ব ধৰিলে আৰু ঈশ্বৰ, তেওঁৰ নাম, তেওঁ থকা ঠাই, আৰু স্বৰ্গনিবাসীসকলৰ বিৰুদ্ধে নিন্দাসুচক বাক্য ক'বলৈ ধৰিলে৷(১৩:৫-৬)
Revelation 13:7-8
পবিত্ৰ লোকসকলৰ সৈতে কি কৰিবলৈ সেই পশুক অনুমতি দিয়া হ'ল?
পবিত্ৰ লোকসকলৰ সৈতে যুদ্ধ কৰিবলৈ আৰু তেওঁলোকক জয় কৰিবলৈ সেই পশুক অনুমতি দিয়া হ'ল৷(১৩:৭)
কোনে সেই পশুক প্ৰণিপাত নকৰিব?
যিসকলৰ নাম জীৱন পুস্তকত লিখা আছে, সেই লোকসকলে পশুক প্ৰণিপাত নকৰিব৷(১৩:৮)
Revelation 13:9-10
যিসকল পবিত্ৰ লোক, তেওঁলোক কেনেকুৱা?
পবিত্ৰ লোকসকলৰ ধৈৰ্য আৰু বিশ্বাস আছে৷ (১৩:১০)
Revelation 13:11-12
যোহনে আন এটা পশু ক'ৰ পৰা উঠি অহা দেখিলে?
যোহনে আন এটা পশু পৃথিৱীৰ পৰা উঠি অহা দেখিলে৷(১৩:১১)
পশুটোৰ শিং আৰু কথা কেনে কোৱা আছিল?
পশুটোৰ শিং মেৰ-ছাগৰ দৰে আৰু তাৰ কথাবোৰ ড্ৰেগনৰ দৰে আছিল৷(১৩:১১)
পৃথইৱীত নিবাস কৰাসকলক এই পশুটোৱে কি কৰাইছিল?
A.পৃথিৱী নিবাসীসকলক এই পশুটোৱে প্ৰথম পশুটোক প্ৰণিপাত কৰাব দিছিল৷ (১৩:১২)
Revelation 13:13-17
যিসকল লোকে সেই পশুক প্ৰণিপাত কৰিবলৈ অস্বীকাৰ কৰিছিল, সেই লোকসকলক কি কৰিছিল?
যিসকল লোকে সেই পশুক প্ৰণিপাত কৰিবলৈ অস্বীকাৰ কৰিছিল, সেই লোকসকলক বধ কৰিছিল৷(১৩:১৫)
আনটো পশুৰ পৰা সকলোৱে কি গ্ৰহন কৰিলে?
সকলোৱে সোঁ হাতত বা কপালত এটা চিন গ্ৰহন কৰিলে৷
Revelation 13:18
পশুৰ সংখ্যাটো কি?
A.পশুৰ সংখ্যাটো আছিল ৬৬৬৷(১৩:১৮)
Revelation 14
Revelation 14:1-2
যোহনে তাতে আগত কাক থিয় হৈ থকা দেখিছিল?
যোহনে মেৰ-ছাগ পোৱালীক চিয়োন পৰ্বতৰ ওপৰত থিয় হৈ থকা দেখিছিল৷(১৪:১)
Revelation 14:3-5
কোনে সিংহাসনৰ সন্মুখত নতুন গীত গাবলৈ শিকিবৰ বাবে যোগ্য হ'ল?
পৃথিৱীৰ পৰা মুক্ত কৰা মাত্ৰ এক লাখ চৌৱাল্লিশ হাজাৰ লোকে সেই নতুন গান গাবৰ বাবে শিকিব পাৰিলে৷(১৪:৩)
ঈশ্বৰ আৰু মেৰ-ছাগ পোৱালিৰ বাবে মুক্ত কৰা প্ৰথম ফল কোন?
ঈশ্বৰ আৰু মেৰ-ছাগ পোৱালিৰ বাবে মুক্ত ওৱা নিষ্কলংক প্ৰথম ফল হ'ল সেই এক লাখ চৌৱাল্লিশ হাজাৰ৷(১৪:৪-৫)
Revelation 14:6-7
স্বৰ্গদূতে কাৰ ওচৰত অনন্ত শুভবাৰ্তা দিলে?
স্বৰ্গদূতে সকলো জাতি, ফৈদ, ভাষা, আৰু পৃথিৱীৰ সকলো লোকৰ আগত অনন্ত শুভবাৰ্তা দিলে৷(১৪:৬)
যিসকল পৃথিৱীত বসতি কৰি আছিল, সেই লোকসকলৰ আগত স্বৰ্গদূতে কি কৈছিল?
স্বৰ্গদূতে তেওঁলোকক কৈছিল, ঈশ্বৰক ভয় কৰা আৰু তেওঁৰ গৌৰৱ স্বীকাৰ কৰা৷(১৪:৭)
স্বৰ্গদূতে কি সময় আহিল বুলি কৈছিল?
স্বৰ্গদূতে কৈছিল ঈশ্বৰৰ সোধবিচাৰৰ সময় আহিল৷ (১৪:৭)
Revelation 14:8-10
দ্বিতীয় স্বৰ্গদূতে কি ঘোষণা কৰিলে?
দ্বিতীয় স্বৰ্গদূতে ঘোষণা কৰিলে যে, মহা বেবিলন পৰিল৷(১৪:৮)
Revelation 14:11-13
যিসকলে পশুৰ চিন গ্ৰহন কৰিছিল, সেই লোকসকলৰ কি 'ব বুলি তৃতীয় স্বৰ্গদূতে ক'লে?
যিসকল লোকে পশুৰ চিন গ্ৰহন কৰিলে, তেওঁলোকে জুই আৰু গন্ধকত সদা-সৰ্বদায় যাতনা পাই থাকিব৷ (১৪:৯-১১)
ইয়াত পবিত্ৰসকলৰ কি দেখা যায়?
ইয়াত পবিত্ৰসকলৰ ধৈৰ্য দেখা যায়৷(১৪:১২)
Revelation 14:14-16
যোহনে মেঘৰ ওপৰত কাক বহি থকা দেখিলে?
যোহনে মেঘৰ ওপৰত মানুহৰ পুত্ৰৰ নিচিনা এজনক বহি থকা দেখিলে৷ (১৪:১৪)
মেঘৰ ওপৰত বহি থকা এজনক কি কৰা দেখিলে?
মেঘৰ ওপৰত বহি থকা জনাই পৃথিৱীৰ শস্যৰ ওপৰত কাঁচি লগালে৷ (১৪:১৬)
Revelation 14:17-18
চোকা কাঁচিৰে স্বৰ্গদূত জনে কি কৰিলে?
A.স্বৰ্গদূত জনে চোকা কাঁচি লগাই পৃথিৱীৰ দ্ৰাক্ষালতাৰ থোপাবোৰ কাটি গোটালে আৰু ঈশ্বৰৰ ক্ৰোধৰূপ পেৰাশালত পেলাই দিলে৷ (১৪:১৮-১৯)
Revelation 14:19-20
ঈশ্বৰৰ দ্ৰাক্ষাগুটি পেৰা শালত কি হ'ল?
পেৰা শাল গচকা হ'ল আৰু তাৰ পৰা তেজ ওলাই বিয়পি গ'ল৷(১৪:২০)
Revelation 15
Revelation 15:1
সাত জন দূতৰ সীতে যোহনে কি দেখা পালে?
সাত জন দূতৰ লগত সাতটা উৎপাত, এইবোৰেই শেষ উৎপাত৷(১৫:১)
Revelation 15:2
সমুদ্ৰৰ পাৰত কোন থিয় হৈ আছিল?
যিসকলে সেই পশু আৰু তাৰ নামৰ ওপৰত জয়যুক্ত হ'ল, তেওঁলোকেই সেই সমুদ্ৰৰ পাৰত থিয় হৈ আছিল৷(১৫:২)
Revelation 15:3-4
যইসকল সমুদ্ৰৰ পাৰত আছিল, তেওঁলোকে কাৰ গান গাইছিল?
যিসকলে সমুদ্ৰৰ পাৰত থিয় হৈ আছিল, তেওঁলোকে মোচী আৰু মেৰ-ছাগ পোৱালিৰ গীত গাইছিল৷(১৫:৩)
সেই গীতত ঈশ্বৰৰ পথ কি বুলি বৰ্ণিত আছিল?
ঈশ্বৰৰ পথ ন্যায় আৰু সত্য বুলিবৰ্ণিত আছিল৷
A.
Revelation 15:5-6
পবিত্ৰ মন্দিৰৰ পৰা তেতিয়া কি ওলাল?
পবিএ মন্দিৰৰ পৰা সাতোটা উৎপাতৰ লগত সাতোটা দূত ওলাল৷
Revelation 15:7-8
সেই সাতোটা দূতক কি দিয়া হৈছিল?
A.সেই সাতোটা দূতক ঈশ্বৰৰ ক্ৰোধেৰে পূৰ হোৱা সাতোটা সোণৰ বাটি দিয়া হৈছিল৷
কেতিয়ালৈকে ঈশ্বৰৰ মন্দিৰলৈ কোনোৱেও সোমাব পৰা নাচিল?
A.সেই সাত জন দূতৰ সাতোটা উৎপাত সমাপ্ত নহোৱালৈকে,কোনেও সেই মন্দিৰত সোমাব পৰা নাচিল?
Revelation 16
Revelation 16:1
সাত জন দূতক কি কৰিব কোৱা হৈছিল?
সাত জন দূতক কোৱা হৈছিল, তোমালোক যোৱা আৰু ঈশ্বৰৰ ক্ৰোধৰ সেই সাতোটা বাটি পৃথিৱীত বাকী দিয়া৷(১৬:১)
Revelation 16:2
ঈশ্বৰৰ ক্ৰোধৰ প্ৰথম বাতিটো যেতিয়া বাকি দিয়া হ'ল, তেতিয়া কিহ'ল?
ঈশ্বৰৰ ক্ৰোধৰ প্ৰথম বাতিটো বাকি দিয়াৰ পাছত পশুৰ চাব থকা মানুহবিলাকৰ শৰীৰত কুৎচিত আৰু ক্লেশদায়ক ঘা হ'ল৷(১৬:২)
Revelation 16:3
ঈশ্বৰৰ ক্ৰোধৰ দ্বিতীয় বাতিটো বাকি দিয়াৰ পাছত কি হ'ল?
ঈশ্বৰৰ ক্ৰোধৰ দ্বিতীয় বাতিটো বাকি দিয়াৰ পাছত সাগৰ মৃত লোকৰ তেজৰ নিচিনা হ'ল৷(১৬:৩)
Revelation 16:4-7
ঈশ্বৰৰ ক্ৰোধৰ তৃতীয়টো বাতি বাকি দিয়াৰ পাছত কি হ'ল?
ঈশ্বৰৰ ক্ৰোধৰ তৃতীয়টো বাতি বাকি দিয়াৰ পাছত নদী আৰু ভুমুকবোৰৰ পানী তেজ হৈ গ'ল৷(১৬:৪)
কিয় ন্যায় আৰু সত্য ঈশ্বৰে সেই লোকসকলক তেজ পান কৰিবলৈ দিলে?
এইটো সত্য আৰু ন্যায় কিয়নো তেওঁলোকে ঈশ্বৰৰ পবিত্ৰ লোক আৰু ভাববাদীসকলৰ ৰক্তপাত কৰিছিল৷(১৬:৬)
Revelation 16:8-9
ঈশ্বৰৰ ঈশ্বৰৰ ক্ৰোধৰ চতুৰ্থ বাতিটো বাকি দিয়াৰ পাছত কি হ'ল?
সেই বাতি সূৰ্যৰ ওপৰত বাকি দিয়াৰ পাছত সূৰ্যই জুইৰে মানুহক তাপিত কৰিলে৷(১৬:৮)
মানুহবিলাকে এই উৎপাতবিলাকত কি প্ৰতিক্ৰিয়া কৰিছিল?
A.মানুহবিলাকে মন পালতন নকৰিলে আৰু ঈশ্বৰৰ গৈৰৱ স্বীকাৰ নকৰিলে৷(১৬:৯)
Revelation 16:10-11
যেতিয়া পঞ্চম ঈশ্বৰৰ ক্ৰোধৰ বাতিটো বাকি দিয়া হল তেতিয়া কি হৈছিল?
পশুৰ ৰাজ্যখন অন্ধকাৰে ধাকি দিছিল৷(১৬:১০)
Revelation 16:12-14
যেতিয়া ষষ্ঠ ঈশ্বৰৰ ক্ৰোধৰ বাতিটো বাকি দিয়া হল তেতিয়া কি হৈছিল?
A.ফৰাৰ মহা-নদীৰ পানী শুকাই গৈছিল তাতে সুর্য্যোদয়ৰ পৰা অহা ৰজা সকলৰ পথ প্ৰস্তুত কৰিবলৈ৷(১৬:১২)
সেই তিনটা অশুচি আত্মাই কি কৰিবলৈ গৈ আছিল?
সেই তিনটা অশুচি আত্মাই গোটেই জগতৰ ৰজা সকলক সেই মহা-দিনৰ যুদ্ধলৈ গোট খুৱাবৰ কাৰণে ওলাই গৈছিল৷(১৬:১৩-১৪)
Revelation 16:15-16
জগতৰ ৰজা সকলক গোট খুৱাৰ ঠাইখনৰ নাম কি আছিল?
A.ঠাইখনৰ নাম আছিল হৰমাগিদোন৷(১৬:১৬)
Revelation 16:17-19
যেতিয়া সপ্তম জনে ঈশ্বৰৰ ক্ৰোধৰ বাতিটো বাকি দিয়া হল তেতিয়া কি হৈছিল?
A.এটা মহা-বাণী ওলাল, "হল!" আৰু তেতিয়া বিজুলী, মেঘ-গর্জ্জন আৰু মহা-ভুমিকম্প হল৷(১৬:১৭-১৮)
এই সময়ত,ঈশ্বৰে কি কৰিবলৈ মাতিলে?
এই সময়ত ঈশ্বৰে মহা-বাবিলক মাতিলে আৰু প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসেৰে পৰিপূ্র্ণ কৰিবলৈ তেওঁ বাবিলক মাতিলে৷(১৬:১৯)
Revelation 16:20-21
মানুহবিলাকৰ এই উৎপাতৰ প্ৰতিক্ৰিয়া কি আছিল?
A.মানুহবিলাকে ঈশ্বৰক নিন্দা কৰিলে৷(১৬:২১)
Revelation 17
Revelation 17:1-2
দূতে যোহনক কি দেখুৱাম বুলি কলে?
দূতে জনে কলে তেও যোহনক মহা-বেশ্যাৰ দণ্ড দেখুৱাব৷(১৭:১)
Revelation 17:3-5
তিৰোতা জনি কিহৰ ওপৰত বহি আছিলে?
তিৰোতা জনিয়ে সাতোটা মূৰ আৰু সাতোটা শিং থকা পশুৰ ওপৰত বহি আছিল৷(১৭:৩)
তিৰোতা জনিয়ে ধৰি থকা পান-পাএটোত কি আছিল?
সেই পান-পাএটোত ঘিণলগীয়া বস্তুৰে আৰু ব্যভিচাৰৰূপমলি পৰিপূর্ণ আছিল৷(১৭:৪)
তিৰোতা জনিৰ নাম কি আছিল?
তিৰোতা জনিৰ নাম আছিল মহা-বাবিল, পৃথিবীৰ বেশ্যাবিলাকৰ আৰু ঘিণলগীয়া বস্তুৰ মাতৃ৷(১৭:৫)
Revelation 17:6-7
তিৰোতা জনী কিহত মতলীয়া হৈ আছিল?
A.তিৰোতা জনি পবিত্ৰসকলৰ আৰু যীচুৰ সাক্ষীবিলাকৰ তেজত মতলীয়া হৈ আছিল৷(১৭:৬)
Revelation 17:8
তিৰোতা জনীয়ে বহি থকা পশুতো কৰ পৰা আহিছে?
A.সেই পশুতো গভিৰ আৰু অগাধ ঠাইৰ পৰা আহিছে৷(১৭:৮)
Revelation 17:9-10
পশুটোৰ সাতোটা মূৰ কি আছিল?
যত তিৰোতা জনি বহি আছিল, তাতে পশুটোৰ সাতোটা মূৰ সাতোটা পর্ব্বত আছিল আৰু সেয়াই সাত জন ৰজা আছিল৷(১৭:৯-১০)
Revelation 17:11
পশুটো কলৈ গৈ আছিল?
A.পশুটো বিনাশৰ ঠাইলৈ গৈ আছিল৷(১৭:৮,১১)
Revelation 17:12-14
সেই দহটা শিং কি আছিল?
সেই দহটা শিং দহ জন ৰজা আছিল৷(১৭:১২)
সেই ৰজা কেইজন আৰু পশুটোৱে এক পৰামৰ্শ হৈ কি কৰিব?
তেওঁলোকে এক পৰামৰ্শ হৈ মেৰ-ছাগ পোৱালিৰ বিৰুদ্ধে যুদ্ধ কৰিব৷(১৭:১৪)
Revelation 17:15
বেশ্যাজনী বহি থকা সেই জল সমুহ কি আছিল?
য'ত সেই বাশ্যা জনী বহি আছিল, সেই পানীবোৰেই অনেক প্ৰজা, সকলো লোক, জাতিবোৰ, আৰু ভাষাৰ লোকসমুহ৷(১৭:১৫)
Revelation 17:16-17
সেই পশু আৰু ৰজাবোৰে সেই তিৰোতাজনীক কি কৰিব?
পশু আৰু ৰজাবোৰে সেই বেশ্যা তিৰোতাজনীক ঘিণ কৰিব, আৰু তাইক অনাথ অৰু উলংগ কৰি তাইৰ মঙহ খাব৷ তাইক জুইত পুৰিব৷(১৭:১৬)
Revelation 17:18
যোহনে দেখা পোৱা সেই তিৰোতা জনী কোন আছিল?
যোহনে দেখা পোৱা সেই তিৰোতা জনী আছিল, পৃথিৱীৰ ৰজাসকলৰ ওপৰত ৰাজত্ব পোৱা সেই মহা-নগৰ৷(১৭:১৮)
Revelation 18
Revelation 18:1-3
মহা ক্ষমতা পোৱা দূত জনে কি ঘোষণা কৰিলে?
মহা ক্ষমতা পোৱা দূত জনে ঘোষণা কৰিলে যে মহা-বেবিলন পৰিল৷(১৮:১-২)
Revelation 18:4-6
ঈশ্বৰৰ লোকসকলৈ স্বৰ্গৰ পৰা কি বাণী হ'ল?
ঈশ্বৰৰ লোকসকলৈ স্বৰ্গৰ পৰা বাণী হ'ল যে, তোমালোকে বেবিলন(বাবিল)ৰ পৰা ওলাই আহা আৰু তাইৰ পাপৰ ভাগী নহবা৷(১৮:৪)
বেবিলনে কৰা কৰ্ম অনুসৰি, ঈশ্বৰে কিমান পৰিমাণৰ প্ৰতিফল তাইক উভতাই দিছিল?
বেবিলনে কৰা কৰ্ম অনুসৰি ঈশ্বৰে দুগুণত দুগুণ প্ৰতিফল দিছিল৷(১৮:৬)
Revelation 18:7-8
কি উৎপাতবোৰ একেদিনাই বেবিলনত উপস্থিত হ'ব?
মৃত্যু, শোক, আৰু আকাল, তাইৰ এই উৎপাতবোৰ একেদিনাই বেবিলনত উপস্থিত 'ব, আৰু তাইক জুইত পুৰি পেলোৱা যাব৷(১৮:৮)
Revelation 18:9-13
যেতিয়া বেবিলনৰ মহা-বিচাৰ হ'ব, তেতিয়া পৃথিৱীৰ ৰজা আৰু সদাগৰ সকলৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব?
যেতিয়া বেবিলনৰ মহা-বিচাৰ হ'ব, তেতিয়া পৃথিৱীৰ ৰজা আৰু সদাগৰ সকলে তাইৰ কাৰণে ক্ৰন্দন আৰু শোক কৰিব৷(১৮:৯-১১)
Revelation 18:14
মুহুৰ্ততে বেবিলনৰ কি প্ৰত্যাশিত বিষয়ৰ বিলুপ্তি ঘটিব?
A.মুহুৰ্ততে বেবিলনৰ প্ৰত্যাশিত শোভাজনক আৰু উজ্জল বস্তুবোৰৰ বিলুপ্তি ঘটিব৷(১৮:১৪)
Revelation 18:15-17
মহা বিচাৰৰ সময়ত ৰজাবোৰে, সদাগৰবিলাকে আৰু জাহাজৰ কেপ্তেইনবোৰে কিয় বেবিলনৰ পৰা দূৰৈত থিয় হ'ব?
কিয়নো বেবিলনৰ যন্ত্ৰণা চাই তেওঁলোকে ভয়তে দূৰৈত থিয় হ'ব৷(১৮:৯-১০, ১৫, ১৭)
Revelation 18:18-20
জাহাজৰ কেপ্তেইনবোৰে বেবিলনৰ বিষয়ে কি প্ৰশ্ন কৰিব?
জাহাজৰ কেপ্তেইনবোৰে সুধিব, "এয়া কি সেই মহান নগৰৰ দৰে হয়?" (১৮:১৮)
যেতিয়া ঈশ্বৰৰ দ্বাৰা বেবিলনৰ বিচাৰ হৈছিল, তেতিয়া পবিত্ৰলোক, পাচনি, আৰু ভাববাদীসকলক কি কৰিবলৈ কোৱা হৈছিল?
যেতিয়া ঈশ্বৰৰ দ্বাৰা বেবিলনৰ বিচাৰ হৈছিল, তেতিয়া পবিত্ৰলোক, পাচনি, আৰু ভাববাদীসকলক কোৱা হৈছিল যে, তোমালোকে আনন্দ কৰা৷(১৮:২০)
Revelation 18:21-22
মহা-বিচাৰৰ পাছত বেবিলনক কি দেখা পোৱা যাব?
মহা-বিচাৰৰ পাছত বেবিলনক পুনৰ দেখা পোৱা নাযাব৷(১৮:২১)
Revelation 18:23-24
মহাবিচাৰত সেই মহান নগৰ বেবিলত কি বিচাৰি পোৱা গ'ল?
ভাববাদী, পবিত্ৰ লোক আৰু পৃথিৱীত যিমান লোকক বধ কৰা হ'ল, সেই সকলোৰে তেজ এই নগৰৰ ভিতৰত পোৱা গ'ল৷(১৮:২৪)
Revelation 19
Revelation 19:1-2
মহাধ্বনিয়ে স্বৰ্গত ঈশ্বৰৰ মহাবিচাৰৰ বিষয়ে কি কলে?
মহাধ্বনিয়ে স্বৰ্গত ঈশ্বৰৰ মহাবিচাৰৰ বিষয়ে কলে যে, ঈশ্বৰৰ বিচাৰ ন্যায় আৰু সত্য৷(১৯:১-২)
সেই মহা বেশ্যাক ঈশ্বৰে কিয় বিচাৰ কৰিলে?
সেই মহা বেশ্যাক ঈশ্বৰে বিচাৰ কৰিলে, কাৰণ তাই নিজৰ বেশ্যাকৰ্মৰ দ্বাৰাই পৃথিৱী খন ভ্ৰষ্ট কৰিছিল আৰু ঈশ্বৰৰ দাস সকলৰ ৰক্তপাত কৰিছিল৷(১৯:২)
Revelation 19:3-4
সেই মহা বেশ্যাৰ সদা-সৰ্বদায় কি হ'ব?
সেই মহা বেশ্যাৰ ধুঁৱা সদা-সৰ্বদায় উঠি থাকিব৷(১৯:৩)
Revelation 19:5-6
ঈশ্বৰৰ ভয়কাৰী লোকসকলক কি কৰিবলৈ কৈছিল?
ঈশ্বৰৰ ভয়কাৰী লোকসকলক, ঈশ্বৰৰ স্তুতি কৰিবলৈ কোৱা হৈছিল৷(১৯:৫)
Revelation 19:7-8
সেই বাণীয়ে ঈশ্বৰৰ দাস সকলক কিয় আনন্দ আৰু সুখী হ'বলৈ কোৱা হৈছিল?
ঈশ্বৰৰ দাস সকলক আনন্দ আৰু সুখী হ'বলৈ কোৱা হৈছিল, কাৰণ মেৰ-ছাগ পোৱালিৰ বিবাহৰ উৎসৱ উপস্থিত হৈছে৷(১৯:৭)
মেৰ-ছাগ পোৱালিৰ ভাৰ্যা কি পোচাক দিয়া হ'ব?
শণ সূতাৰ মিহি আৰু উজ্জল বস্ত্ৰ ভাৰ্যাক দিয়া হ'ল, কিয়নো সেই মিহি বস্ত্ৰ পবিত্ৰ সকলৰ ধাৰ্মিকতাস্বৰূপ৷(১৯:৮)
Revelation 19:9-10
যীচুৰ সাক্ষ্যৰ বিষয়ে স্বৰ্গদূতে কি কৈছিল?
স্বৰ্গদূতে কৈছিল যে, যীচুৰ বিষয়ে সাক্ষ্যই ভাববাদীৰ আত্মা(১৯:৮)
Revelation 19:11-13
যোহনে দেখা পোৱা বগা ঘোঁৰাত উঠি যোৱা জনৰ নাম কি আছিল?
যোহনে দেখা বগা ঘোঁৰাত উঠি যোৱা জনৰ নাম ঈশ্বৰৰ বাক্য৷(১৯:১১-১৩)
Revelation 19:14-16
ঈশ্বৰৰ বাক্যই কেনেকৈ জাতিবিলাকক আঘাত হানিছিল?
ঈশ্বৰৰ বাক্যৰ মুখৰ পৰা এখন চোকা তৰোৱাল ওলাই, তাৰে তেওঁ জাতিবিলাকক শাসন কৰে৷(১৯:১৫)
ঈশ্বৰৰ বাক্যৰ বস্ত্ৰ আৰু কৰঙণত কি লিখা আছিল?
তেওঁৰ বস্ত্ৰ আৰু কৰঙণত "ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু" এই বুলি লিখা আছিল৷(১৯:১৬)
Revelation 19:17-18
আকাশৰ মাজত উৰি ফুৰা চৰাইবোৰক মহাভোজত কি খাবৰ বাবে মাতিছিল?
উৰি ফুৰা চৰাইবোৰক মহাভোজত ৰজাবোৰৰ মঙহ, সেনাপতিবিলাকৰ মঙহ, শক্তিমন্তবিলাকৰ মঙহ, ঘোঁৰা আৰু তাতে উঠি থকাবিলাকৰ মঙহ খাবৰ বাবে মাতিছিল৷(১৯:১৮)
Revelation 19:19-20
সেই পশু আৰু পৃথিৱীৰ ৰজাবিলাকে একগোট হৈ কি কৰিলে?
ঈশ্বৰৰ বাক্য আৰু তেওঁৰ সৈন্যসকলৰ সৈতে যুদ্ধ কৰিবলৈ তেওঁলোক একত্ৰিত হ'ল৷(১৯:১৯)
সেই পশু আৰু ভাৰীখোৱা ভাববাদী সকলৰ কি হ'ল?
সেই পশু অৰু ভাৰীকোৱা ভাববাদী সকলক গন্ধকেৰে জ্বলি থকা জুইৰ সৰোবৰত জীয়াই জীয়াই পেলোৱা হ'ল৷(১৯:২০)
Revelation 19:21
ঈশ্বৰৰ বাক্যৰ বিৰুদ্ধে যুদ্ধ কৰা অৱশিষ্ট সকলৰ কি হ'ল?
ঈশ্বৰৰ বাক্যৰ মুখৰ পৰা ওলোৱা তৰোৱালৰ দ্বাৰা অৱশিষ্ট সকলক বধ কৰা হ'ল৷(১৯:২১)
Revelation 20
Revelation 20:1-3
স্বৰ্গৰ পৰা নামি অহা দূত জনে লগত কি লৈ আহিছিল?
স্বৰ্গৰ পৰা নামি অহা দূত জনে অগাধ ঠাইৰ চাবি আৰু এগছ বৰ শিকলি লগত লৈ আহিছিল৷(২০:১)
স্বৰ্গদূতে চয়তানৰ সৈতে কি কৰিলে?
A.স্বৰ্গদূতে চয়তানক বান্ধি অগাধ ঠাইত পেলাই দিলে৷(২০:৩)
কিমান সময়লৈকে চয়তানক তাত বান্ধিলে?
এহেজাৰ বছৰলৈকে চয়তানক তাত বান্ধিলে৷(২০:৩)
চয়তানে কি কৰিবলৈ যোগ্য নহবৰ বাবে তাক তেওঁ বান্ধিলে?
জাতিবোৰক যাতে চয়তানে ভুলাব নোৱাৰে, তাৰ বাবে তাক বান্ধিলে৷(২০:৩)
Revelation 20:4
যিসকলে পশুৰ চিন গ্ৰহন কৰিবৰ বাবে অস্বীকাৰ কৰিব, তেওঁলোকৰ কি হ'ব?
যিসকলে পশুৰ চিন গ্ৰহন কৰিবৰ বাবে অস্বীকাৰ কৰিব, তেওঁলোক জীলে আৰু এহেজাৰ বছৰ খ্ৰীষ্টে সৈতে ৰাজত্ব কৰিলে৷(২০:৪)
Revelation 20:5-6
মৃতসকলে কেতিয়া জীৱন পালে?
হাজাৰ বছৰ পুৰ্ণ হোৱাৰ পাছত মৃতসকলে জীৱন পালে৷(২০:৫)
যিসকল প্ৰথম পুনৰুত্থানৰ ভাগী হ'ল, তেওঁলোকে কি কৰিব?
যিসকল প্ৰথম পুনৰুত্থানৰ ভাগী হ'ল, তেওঁলোকে ঈশ্বৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ তেঁৱে সৈতে এহেজাৰ বছৰ ৰাজত্ব কৰিব৷(২০:৬)
Revelation 20:7-8
হাজাৰ বছৰৰ শেষ সময়ত চয়তানে কি কৰিব?
হাজাৰ বছৰৰ শেষ সময়ত চয়তানে নিজ বন্দীশালৰ পৰা ওলাই আহি জাতিবোৰক ভুলাব৷(২০:৮)
Revelation 20:9-10
পবিত্ৰ সকলৰ চাউনি যেতিয়া সিহতে আগুৰি ধৰে, তেতিয়া কি হ'ল?
পবিত্ৰ সকলৰ চাউনি যেতিয়া সিহতে আগুৰি ধৰিব, তেতিয়া স্বৰ্গৰ পৰা জুই নামি আহিল আৰু গোগ আৰু মাগোগক গ্ৰাস কৰা হ'ল৷(২০:৯)
সেই সময়ত চয়তানক কি কৰা হ'ল?
সেই সময়ত চয়তানক যাতনা পাবৰ বাবে অনন্তকাললৈ জুইৰ সৰোবৰত পেলোৱা হ'ল৷(২০:১০)
Revelation 20:11-12
ডাঙৰ বগা সিংহাসনৰ সন্মুখত কি দৰে মৃতবিলাকৰ সোধ-বিচাৰ কৰা হ'ল?
মৃতবিলাকৰ সোধ-বিচাৰ তেওঁলোকে কৰা কৰ্মৰ ফল জীৱন পুস্তকত লিখা অনুসাৰে কৰা হ'ল৷(২০:১২-১৩)
Revelation 20:13-15
দ্বিতীয় মৃত্যু কি?
অগ্নিৰ সৰোবৰ হ'ল দ্বিতীয় মৃত্যু৷(২০:১৪)
জীৱন পুস্তকত যিসকলৰ নাম লিখা নহল, তেওঁলোকৰ কি হ'ল?
যিসকলৰ নাম জীৱন পুস্তকত লিখা নহল, তেওঁলোকক জুইৰ সৰোবৰত পেলাই দিয়া হ'ল৷(২০:১৫)
Revelation 21
Revelation 21:1-2
যোহনে প্ৰথম স্বৰ্গ আৰু পৃথিৱী কি হোৱা দেখিলে?
যোহনে প্ৰথম স্বৰ্গ আৰু পৃথিৱী আতৰি যোৱা দেখিলে৷
প্ৰথম স্বৰ্গ আৰু পৃথিৱীৰ সলনি কি হ'ল?
প্ৰথম স্বৰ্গ আৰু পৃথিৱীৰ সলনি নতুন স্বৰ্গ আৰু পৃথিৱী হ'ল৷(২১:১)
স্বৰ্গৰ পৰা কি নামি আহিল?
স্বৰ্গৰ পৰা পবিত্ৰ নগৰ, নতুন যিৰুচালেম নামি আহিল৷(২১:২)
Revelation 21:3-4
সিংহাসনৰ পৰা অহা বাণীয়ে ঈশ্বৰ ক'ত সহিত বুলি ক'লে?
সিংহাসনৰ পৰা অহা বাণীয়ে এতিয়া মানুহবোৰৰ সহিত ঈশ্বৰৰ নিবাস বুলি ক'লে৷(২১:৩)
এতিয়া কি আতৰি যাব?
মৃত্যু, শোক, ক্ৰন্দন, দুখ এতিয়া আতৰি যাব৷(২১:৪)
Revelation 21:5-6
সিংহাসনত বহি থকা জনে নিজৰ নামৰ বিষয়ে কি ক'লে?
সিংহাসনত বহি থকা জনে নিজৰ নামৰ বিষয়ে ক'লে যে, তেওঁ আলফা আৰু ওমেগা, আদি আৰু অন্ত৷(২১:৬)
Revelation 21:7-8
অবিশ্বাসী, ব্যাভিচাৰী, মূৰ্তিপুজক, এইবোৰৰ কি হ'ব?
অবিশ্বাসী, ব্যাভিচাৰী, মূৰ্তিপুজক, মিছলীয়াবোৰে জুই আৰু গন্ধকেৰে জ্বলি থকা সৰোবৰত নিজ নিজ ভাগ পাব৷(২১:১০)
Revelation 21:9-10
মেৰ-ছাগ পোৱালিৰ ভাৰ্যা হোৱা সেই কন্যা কি আছিল?
ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নামি অহা যিৰুচালেম হ'ল মেৰ-ছাগ পোৱালিৰ ভাৰ্যা হোৱা সেই কন্যা৷(২১:১০)
Revelation 21:11-13
নতুন যিৰুচালেমৰ দুৱাৰবোৰত কি নাম লিখা আছিল?
নতুন যিৰুচালেমৰ দুৱাৰবোৰত ইস্ৰায়েলৰ সন্তানসকলৰ বাৰ ফৈদৰ নাম লিখা আছিল৷(২১:১২)
Revelation 21:14-15
নতুন যিৰুচালেমৰ ভিত্তিমুলত কি লিখা আছিল?
মেৰ-পোৱালিৰ বাৰ জন পাঁচনিৰ বাৰটা নাম নতুন যিৰুচালেমৰ ভিত্তিমুলত লিখা আছিল৷(২১:১৪)
Revelation 21:16-17
নতুন যিৰুচালেমৰ ভিত্তিমূলৰ গঠন কি আছিল?
নতুন যিৰুচালেমৰ ভিত্তিমূলৰ গঠন দীঘে-পঠালিয়ে সমান৷(২১:১৬)
Revelation 21:18-20
সেই নগৰ আৰু তাৰ আলিবাট সমুহ কিহেৰে নিৰ্মিত আছিল?
সেই নগৰ আৰু তাৰ আলিবাট সমুহ শুদ্ধ সোণ আৰু স্বচ্ছ আয়নাৰে নিৰ্মিত আছিল৷(২১:১৮,২১)
Revelation 21:21-22
নতুন যেৰুচালেমত মন্দিৰ কি?
ঈশ্বৰ আৰু মেৰ-ছাগ পোৱালিয়ে হ'ল নতুন যেৰুচালেমৰ মন্দিৰ৷(২১:২২)
Revelation 21:23-25
নতুন যেৰুচালেমত পোহৰৰ উৎস কি?
নতুন যেৰুচালেমত ঈশ্বৰ আৰু মেৰ-ছাগ পোৱালীৰ মহিমাই মুল পোহৰৰ উৎস৷(২১:২৩)
Revelation 21:26-27
নতুন যিৰুচালেমত কিহে প্ৰবেশ কৰিব নোৱাৰে?
নতুন যিৰুচালেমত অশুচিবোৰে প্ৰবেশ কৰিব নোৱাৰে৷(২১:২৭)
Revelation 22
Revelation 22:1-2
ঈশ্বৰৰ সিংহাসনৰ পৰা যোহনে কি বৈ অহা দেখিছিল?
ঈশ্বৰৰ সিংহাসনৰ পৰা যোহনে জীৱন জলৰ নদী বৈ অহা দেখিছিল৷(২২:১)
জীৱন-বৃক্ষৰ পাতৰ পৰা কি হয়?
জীৱন-বৃক্ষৰ পাতৰ পৰা জাতি সমূহ সুস্থ হয়৷(২২:২)
Revelation 22:3-5
এই নগৰত কি নাথাকিব?
এই নগৰত কোনো শাওঁ আৰু ৰাতি নহব৷(২২:৩-৫)
ঈশ্বৰ আৰু মেৰ-ছাগ পোৱালীৰ সিংহাসন কত থাকিব?
সেই নগৰত ঈশ্বৰ আৰু মেৰ-ছাগ পোৱালীৰ সিংহাসন থাকিব৷(২২:৩)
Revelation 22:6-7
কোন ব্যক্তি এই পুস্তকৰ যোগেদি ধন্য?
যি জনে এইপুস্তকৰ ভাববাণীৰ বাক্যবোৰ পালন কৰে, তেওঁ ধন্য৷(২২:৭)
Revelation 22:8-9
যোহনে যেতিয়া নিজে উবুৰি হৈ স্বৰ্গদূতক সেৱা জনাইছিল তেতিয়া স্বৰ্গদূতে তেওঁক কি কৈছিল?
যোহনে যেতিয়া নিজে উবুৰি হৈ স্বৰ্গদূতক সেৱা জনাইছিল তেতিয়া স্বৰ্গদূতে তেওঁক ঈশ্বৰক প্ৰণিপাত কৰিবলৈ ক'লে৷(২২:৮-৯)
Revelation 22:10-11
যোহনে কিয় এই পুস্তকৰ ভাববাণী বাক্যবোৰ মোহৰ মাৰি বন্ধ কৰিব নালাগে বুলি কৈছে?
যোহনে এই পুস্তকৰ ভাববাণী বাক্যবোৰ মোহৰ মাৰি বন্ধ কৰিব নালাগে বুলি কৈছে, কাৰণ সময় ওচৰ হৈছে৷(২২:১০)
Revelation 22:12-13
যেতিয়া প্ৰভু আহিব, তেতিয়া তেওঁ লগত কি লৈ আহিম বুলি কৈছে?
যেতিয়া প্ৰভু আহিব, তেতিয়া তেওঁ লগত পুৰষ্কাৰ লৈ আহিম বুলি কৈছে৷(২২:১২)
Revelation 22:14-15
যিসকল লোক জীৱন-বৃক্ষৰ পৰা ফল খোৱাৰ অধিকাৰী, তেওঁলোকে নিশ্চিত ভাবে কি কৰে?
যিসকল লোক জীৱন-বৃক্ষৰ পৰা ফল খোৱাৰ অধিকাৰী, তেওঁলোকে নিশ্চিত ভাবে নিজৰ বস্ত্ৰ ধোৱে৷(২২:১৪)
Revelation 22:16-17
যীচুৱে ৰজা দায়ুদৰ সৈতে তেওঁ কেনেকৈ সংযুক্ত বুলি কৈছে?
যীচুৱে ক'লে যে, তেওঁ দায়ুদৰ মূল আৰু বংশধৰ৷(২২:১৬)
Revelation 22:18-21
কোনোবাই যদি এই পুস্তকৰ ভাববাণীত কিবা যোগ কৰে তেনেহলে কি হ'ব?
কোনোৱে যদি এই পুস্তকৰ ভাববাণীত কিবা যোগ কৰে তেনেহলে এই পুস্তকত লিখা উৎপাতবোৰো ঈশ্বৰে সেই জনত যোগ কৰিব৷(২২:১৮)
কোনোবাই যদি এই পুস্তকৰ ভাববাণীৰ বাক্যৰ পৰা কিবা আতৰাই দিয়ে, তেতিয়া কি হ'ব?
কোনোবাই যদি এই পুস্তকৰ ভাববাণীৰ বাক্যৰ পৰা কিবা আতৰাই দিয়ে, তেতিয়া এই পুস্তকত লিখা জীৱন-বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁৰ ভাগ আতৰাব৷(২২:১৯)