Colossians
Colossians 1
Colossians 1:1-3
পৌল খ্ৰীষ্ট যীচুৰ এজন পাঁচনি কেনেকৈ হ'ল?
ঈশ্বৰৰ ইচ্ছাৰে পৌল খ্ৰীষ্ট যীচুৰ এজন পাঁচনি হ'ল (১:১)।
এই পত্ৰখন পৌলে কালৈ লিখিছিল?
যিসকলক পৃথক কৰা হ'ল আৰু কলচীত থকা বিশ্বাসী ভাইসকললৈ পৌলে এই পত্ৰখন সেইসকললৈ লিখিছিল (১:২)।
Colossians 1:4-6
কলচীয়াসকলৰ বৰ্ত্তমানে থকা তেওঁলোকৰ আশা ধন ক'ৰ পৰা শুনিছিল?
কলচীয়াসকল তেওঁলোকৰ বৰ্ত্তমানে থকা তেওঁলোকৰ আশা-ধন সত্যবাক্য শুভবাৰ্ত্তাৰ পৰাই শুনিছিল (১:৫)
শুভবাৰ্ত্তাই বৰ্ত্তমান জগতখনত কি কৰি আছে বুলি পৌলে কৈছে?
পৌলে কৈছে যে শুভবাৰ্ত্তাই গোটেই জগতখনত ফল ধৰি বাঢ়ি আছে (১:৬)।
Colossians 1:7-8
কলচীয়াসকলক শুভবাৰ্ত্তা কোনে উপস্থাপন কৰিছিল?
ইপাফ্ৰা, খ্ৰীষ্টৰ বিশ্বাসী সেৱকজনাই কলচীয়া সকলক শুভবাৰ্ত্তা উপস্থাপন কৰিছিল (১:৭)।
Colossians 1:9-10
কলচীয়াসকলে কিহেৰে পূৰ হ'বলৈ পৌলে প্ৰাৰ্থনা কৰিছে?
কলচীয়াসকলে ঈশ্বৰৰ ইচ্ছাৰে সকলো আত্মিক জ্ঞান আৰু আত্মিক বোধগম্যতাৰে হ'বলৈ পৌলে প্ৰাৰ্থনা কৰিছে (১:৯)।
কলচীয়াসকল তেওঁলোকৰ জীৱন কেনেদৰে চলিবলৈ পৌলে প্ৰাৰ্থনা কৰিছে?
পৌলে প্ৰাৰ্থনা কৰিছে যে কলচীয়াসকলে প্ৰভুৰ যোগ্য হিচাপে, সৎকৰ্মৰ ফল ধাৰণ কৰি, ঈশ্বৰৰ জ্ঞানত বৃদ্ধি পাই জীৱনটো চলাওক (১:১০)।
Colossians 1:11-12
যিসকলক পৃথক কৰা হ'ল তেওঁলোকক কিহৰ বাবে ঈশ্বৰৰ দ্বাৰা যোগ্যতা দান কৰা হ'ল?
যিসকলক পৃথক কৰা হ'ল তেওঁলোকক পোহৰৰ অংশীদাৰ হ'বৰ বাবে ঈশ্বৰৰ দ্বাৰা যোগ্যতা দান কৰা হ'ল ( ১:১২)।
Colossians 1:13-14
যিসকলক তেওঁৰ বাবে পৃথক কৰা হ'ল তেওঁলোকক পিতৃয়ে ক'ৰ পৰা উদ্ধাৰ কৰিলে?
তেওঁ তেওঁলোকক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰিলে আৰু তেওঁৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থলে (১:১৩)।
খ্ৰীষ্টত আমাৰ মুক্তি আছে, কোনটো কি?
খ্ৰীষ্টত আমাৰ মুক্তি আছে, সেইটো হৈছে পাপবোৰৰ ক্ষমা (১:১৪)।
Colossians 1:15-17
পুত্ৰ কাৰ প্ৰতিমুৰ্ত্তি হয়?
পুত্ৰ হৈছে অদৃশ্য ঈশ্বৰৰ প্ৰতিমুৰ্ত্তি (১:১৫)।
যীচু খ্ৰীষ্টৰ দ্বাৰা আৰু তেওঁৰ বাবে কি সৃষ্টি কৰা হ'ল?
যীচু খ্ৰীষ্টৰ দ্বাৰা আৰু তেওঁৰ বাবে সকলোবোৰ সৃষ্টি কৰা হ'ল (১:১৬)।
Colossians 1:18-20
ঈশ্বৰে সকলোবোৰ তেওঁলৈ কেনেকৈ মিলন কৰিলে?
ঈশ্বৰে সকলোবোৰ তেওঁলৈ মিলন কৰিলে যেতিয়া তেওঁৰ পুত্ৰৰ তেজৰ যোগেদি শান্তি স্থাপন কৰিলে (১:২০)।
Colossians 1:21-23
কলচীয়াসকলে শুভবাৰ্ত্তা বিশ্বাস কৰাৰ আগত ঈশ্বৰৰে সৈতে তেওঁলোকৰ সম্বন্ধ কেনেকুৱা আছিল?
শুভবাৰ্ত্তা বিশ্বাস কৰাৰ আগতে, কলচীয়া সকল ঈশ্বৰৰ পৰা বিদেশী আৰু বৈৰী হৈ আছিল (১:২১)।
কলচীয়াসকলে একেৰাহে কি কৰি থাকিব লাগে?
কলচীয়াসকলে একেৰাহে বিশ্বাসত থিৰ হৈ থাকি শুভবাৰ্ত্তাৰ পৰা উৎপন্ন হোৱা আশাত প্ৰত্যয় হৈ থাকিব লাগে (১:২৩)।
Colossians 1:24-27
কাৰ বাবে পৌলে দুখ-ভোগ কৰি আছে আৰু তেওঁৰ দৃষ্টিভঙ্গী কি?
পৌলে মণ্ডলীৰ বাবে দুখ-ভোগ কৰিছে আৰু তেওঁৰ এইটোত আনন্দ কৰিছে (১:২৪)।
কি ৰহস্য যুগে যুগে গুপ্ত হৈ আছিল কিন্তু এতিয়া প্ৰকাশিত হ'ল?
যি ৰহস্য যুগে যুগে গুপ্ত হৈ আছিল কিন্তু এতিয়া প্ৰকাশিত হ'ল সেইটো হৈছে খ্ৰীষ্টত থকা তোমালোকৰ মহিমা/প্ৰতাপ (১:২৭)।
Colossians 1:28-29
পৌলৰ শিক্ষা আৰু চেতনা দিয়াৰ লক্ষ্য কি?
পৌলৰ লক্ষ্যটো হৈছে প্ৰতিজন ব্যক্তিক সম্পুৰ্ণকৈ খ্ৰীষ্টত উপস্থাপন কৰা (১:২৮)।
Colossians 2
Colossians 2:1-3
ঈশ্বৰৰ ৰহস্য কি?
ঈশ্বৰৰ ৰহস্য হৈছে খ্ৰীষ্ট (২:২)।
খ্ৰীষ্টত কি গুপ্ত আছে ?
জ্ঞান আৰু বিদ্যাৰ সকলো ধন খ্ৰীষ্টতেই গুপ্ত আছে (২:৩)।
Colossians 2:4-5
কলচীয়াসকললৈ কি ঘটিব বুলি পৌলে শঙ্কা কৰি আছে ?
কলচীয়াসকলক প্ৰলোভন বাক্যৰে ফুচুলাই লৈ যাব বুলি পৌলে শঙ্কা কৰি আছে (২:৪)।
Colossians 2:6-7
খ্ৰীষ্ট যীচুক গ্ৰহণ কৰাৰ পাছত কলচীয়াসকলক পৌলে এতিয়া কি কৰিবলৈ কৈছে?
খ্ৰীষ্ট যীচুক গ্ৰহণ কৰাৰ পাছত কলচীয়াসকলক পৌলে এতিয়া যেনেকৈ গ্ৰহণ কৰিলে সেইদৰে খ্ৰীষ্ট যীচুত চলিবলৈ কৈছে (২:৬)।
Colossians 2:8-9
পৌলে চিন্তা কৰা শূণ্যতা প্ৰলোভন কিহৰ ওপৰত নিৰ্ভৰ কৰে?
এই শূণ্যতা প্ৰলোভন মানুহৰ পৰম্পৰা আৰু জগতৰ পাপময় বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে (২:৮)।
খ্ৰীষ্টত কি নিবাস কৰে?
ঈশ্বৰত্বৰ সকলো সম্পূৰ্ণতা খ্ৰীষ্টত নিবাস কৰে (২:৯)।
Colossians 2:10-12
এই সকলো শাসন আৰু ক্ষমতাৰ মূৰব্বী কোন?
এই সকলো শাসন আৰু ক্ষমতাৰ মূৰব্বী হৈছে খ্ৰীষ্ট (২:১০)।
খ্ৰীষ্টৰ চুন্নত যোগেদি কি আঁতৰাই পেলোৱা হ'ল?
খ্ৰীষ্টৰ চুন্নত যোগেদি মাংসৰ পাপময় শৰীৰ আঁতৰাই পেলোৱা হ'ল (২:১১)।
বাপ্তিস্মত কি হয়?
বাপ্তিস্মত এজন ব্যক্তিয়ে খ্ৰীষ্টৰ সৈতে মৈদামত থোৱা হয় (২:১২)।
Colossians 2:13-15
খ্ৰীষ্টই জীয়াই তোলাৰ আগতে এজন ব্যক্তিৰ অৱস্থা কেনে থাকে?
খ্ৰীষ্টই জীয়াই তোলাৰ আগতে এজন ব্যক্তিৰ অৱস্থা তেওঁৰ অপৰাধত মৃত হৈ থাকে (২:১৩)
আমাৰ বিৰুদ্ধে আজ্ঞাসমুহ থকা লিখাখনক খ্ৰীষ্টই কি কৰিলে?
আমাৰ বিৰুদ্ধে আজ্ঞাসমুহ থকা লিখাখনক খ্ৰীষ্টই ক্ৰচত গজাল মাৰি আঁতৰাই পেলালে (২:১৪)।
আধিপত্য আৰু পৰাক্ৰমবোৰক খ্ৰীষ্টই কি কৰিলে?
আধিপত্য আৰু পৰাক্ৰমবোৰক খ্ৰীষ্টই আঁতৰাই পেলালে, মুকলিকৈ প্ৰকাশ কৰিলে, আৰু সেইবোৰৰ ওপৰত জয়যুক্ত হৈ প্ৰকাশকৈ দেখুৱালে (২:১৫)।
Colossians 2:16-17
আহিবলগীয়া বিষয়ৰ ছাঁস্বৰূপ বুলি পৌলে কি কৈছে?
ভোজন, পান, বা উৎসৱ, আৰু বিশ্ৰামবাৰ এইবোৰ হৈছে আহিবলগীয়া বিষয়ৰ ছাঁ স্বৰূপ (২:১৭)।
কিহলৈকে এই ছাঁবোৰে আঙুলিয়াই ?
এই ছাঁবোৰে খ্ৰীষ্টলৈকে আঙুলিয়াই (২:১৭)।
Colossians 2:18-19
গোটেই শৰীৰ কেনেকৈ যোগান ধৰিছে আৰু একেলগে গঠা হৈছে?
গোটেই শৰীৰ মূৰ, খ্ৰীষ্টৰ দ্বাৰা যোগান ধৰিছে আৰু একেলগে গঠা হৈছে (২:১৯)।
Colossians 2:20-23
এই জগতৰ বিশ্বাসৰ অংশ বুলি পৌলে আজ্ঞাসমুহ কেই ধৰণৰ বুলি কৈছে?
এই জগতৰ বিশ্বাসৰ অংশ বুলি পৌলে আজ্ঞাসমুহ হৈছে পৰিচালনা কৰিব নোৱাৰা, সোৱাদ ল'ব নোৱাৰে আৰু স্পৰ্শ কৰিব নোৱাৰে (২:২০-২২)।
মানুহে স্থাপন কৰা ধৰ্মৰ নীতিৰ কিহৰ বিৰুদ্ধে কোনো মূল্য নাই?
মানুহে স্থাপন কৰা ধৰ্মৰ নীতিৰ মাংসৰ অভিলাষ দমন কৰাৰ বিৰুদ্ধে কোনো মূল্য নাই (২:২৩)।
Colossians 3
Colossians 3:1-4
খ্ৰীষ্টক ক'লৈ তোলা হ'ল?
খ্ৰীষ্টক ঈশ্বৰৰ সোঁহাতে বহিবলৈ তোলা হ'ল (৩:১)।
বিশ্বাসীসকলে কি বিচাৰিব লাগে আৰু কি বিচাৰিব নালাগে?
বিশ্বাসীসকলে ওপৰৰ কথা বিচাৰিব লাগে আৰু পৃথিবীৰ কথা বিচাৰিব নালাগে (৩:১-২)।
বিশ্বাসীসকলৰ জীৱনটো ঈশ্বৰে ক'ত থ'ব?
ঈশ্বৰে বিশ্বাসীসকলৰ জীৱনটো খ্ৰীষ্টত গুপ্ত কৰি থৈছে (৩:৩)।
যেতিয়া খ্ৰীষ্ট প্ৰকাশিত হ'ব বিশ্বাসীসকলৰ কি হ'ব?
যেতিয়া খ্ৰীষ্ট প্ৰকাশিত হ'ব, বিশ্বাসীসকলো তেওঁৰ সৈতে প্ৰতাপত প্ৰকাশিত হ'ব (৩:৪)।
Colossians 3:5-8
বিশ্বাসীসকলে কি বিষয়টো মাৰি পেলোৱা উচিত?
বিশ্বাসীসকলে এই জগতৰ পাপময় অভিলাষবিলাক মাৰি পেলাৱা উচিত (৩:৫)।
যিসকলে ঈশ্বৰৰ প্ৰতি অবাধ্য তেওঁলোকৰ কি হয়?
ঈশ্বৰৰ প্ৰতি অবাধ্য সকলৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ আহে (৩:৬)।
বিশ্বাসীসকলক পৌলে কোৱা কোনো বিষয় কি আছে যে এৰিব লাগে, যিটো হৈছে পুৰাতন পুৰুষৰ অংশ?
বিশ্বাসীসকলে ক্ৰোধ, খং, দুষ্টতা, কু-ভাৱনা, ইতিকিং অবচনীয়া বচন, আৰু মিছা এৰি পেলোৱা উচিত (৩:৮-৯)।
Colossians 3:9-11
বিশ্বাসীসকলক কি নতুন প্ৰতিমূৰ্ত্তিৰে নিৰ্মাণ কৰা হ'ল?
বিশ্বাসীসকলক খ্ৰীষ্টৰ নতুন প্ৰতিমূৰ্ত্তিৰে নিৰ্মাণ কৰা হ'ল (৩:১০)।
Colossians 3:12-14
বিশ্বাসীসকলক পৌলে কোৱা কোনো বিষয় কি আছে যে পিন্ধিব লাগে, যিটো হৈছে নতুন পুৰুষৰ অংশ?
বিশ্বাসীসকলে কৰুণাময় স্নেহভাব, দয়া, নম্ৰতা, মৃদুতা, আৰু ধৈৰ্য্য পিন্ধা উচিত(৩:১২)।
বিশ্বাসীসকল কি ধৰণে ক্ষমা কৰিব লাগে ?
প্ৰভুৱে তেওঁলোক ক্ষমা কৰাৰ দৰে বিশ্বাসীসকলে ক্ষমা কৰা উচিত (৩:১৩)।
বিশ্বাসীসকলৰ মাজত সৰ্ব্বসিদ্ধিৰ বান্ধনি কি ?
প্ৰেম হৈছে সৰ্বসিদ্ধিৰ বান্ধনি (৩:১৪)।
Colossians 3:15-17
বিশ্বাসীসকলৰ অন্তৰত কিহে শাসন কৰিব লাগে?
বিশ্বাসীসকলৰ অন্তৰত খ্ৰীষ্টৰ শান্তি শাসন কৰা উচিত (৩:১৫)
বিশ্বাসীসকলত কি বাহুল্যকৈ নিবাস কৰা উচিত?
বিশ্বাসীসকলত খ্ৰীষ্টৰ বাক্য বাহুল্যকৈ নিবাস কৰা উচিত (৩:১৬)।
বিশ্বাসীসকলৰ গীত, বাক্য, আৰু কাৰ্য্যত ঈশ্বৰৰ প্ৰতি তেওঁৰ দৃষ্টিভঙ্গী কেনে হ'ব লাগে?
বিশ্বাসীসকলৰ গীত, বাক্য, আৰু কাৰ্য্যত ঈশ্বৰৰ প্ৰতি তেওঁৰ দৃষ্টিভঙ্গী ধন্যবাদ আৰু কৃতজ্ঞপুৰ্ণ হ'ব লাগে (৩:১৫-১৬)।
Colossians 3:18-21
স্বামীৰ প্ৰতি এগৰাকী ভাৰ্যাৰ মনোভাব কেনে হ'ব লাগে ?
স্বামীৰ প্ৰতি এগৰাকী ভাৰ্যাৰ বশীভূত মনোভাব হ'ব লাগে (৩:১৮)।
এজন স্বামীয়ে তেওঁৰ ভাৰ্যাক কেনে আচৰণ কৰিব লাগে?
এজন স্বামীয়ে তেওঁৰ ভাৰ্যাক প্ৰেম কৰিব লাগে তাইৰ প্ৰতি তিতা আচৰণ কৰিব নালাগে (৩:১৯)।
এজন সন্তানে পিতৃ-মাতৃক কেনে আচৰণ কৰিব লাগে?
এজন সন্তানে সকলো বিষয়তে পিতৃ-মাতৃৰ বাধ্য হ'ব লাগে (৩:২০)।
এজন পিতৃয়ে তেওঁৰ সন্তানৰ প্ৰতি কি কৰা উচিত নহয়?
এজন পিতৃয়ে তেওঁৰ সন্তানৰ প্ৰতি খং তোলাই থকা উচিত নহয় (৩:২১)।
Colossians 3:22-25
বিশ্বাসীসকলে যি যি কৰে তেওঁলোক কাৰ বাবে কৰে?
বিশ্বাসীসকলে যি যি কৰে তেওঁলোকে সেইবোৰ প্ৰভুৰ উদ্দেশ্যৰ বাবে কৰে (৩:২৩-২৪)।
যিসকলে প্ৰভুৰ সেৱা কৰে তেওঁলোকে প্ৰভুৰ পৰা কি পাব?
যিসকলে প্ৰভুৰ সেৱা কৰে তেওঁলোকে প্ৰভুৰ পৰা উত্তৰাধিকাৰৰূপে পুৰস্কাৰ পাব (৩:২৪)।
যিসকলে অধাৰ্মিকতাৰূপে কাৰ্য কৰে তেওঁলোকে কি পাব?
যিসকলে অধাৰ্মিকতাৰূপে কাৰ্য্য কৰে তেওঁলোকে নিজে কৰা কাৰ্যৰ শাস্তি পাব (৩:২৫)।
Colossians 4
Colossians 4:1
পাৰ্থিব মালিকসকলৰো যে কোনোবা মালিক আছে তাক পৌলে কি সোঁৱৰাই দিছে?
পাৰ্থিব মালিকসকলৰো যে স্বৰ্গত এজন প্ৰভু মালিক আছে তাক পৌলে সোঁৱৰাই দিছে (৪:১)।
Colossians 4:2-4
কলচীয়াসকলক একেৰাহে লাগি থাকিবলৈ পৌলে কি সোঁৱৰাই দিছে?
কলচীয়াসকলক একেৰাহে প্ৰাৰ্থনাত লাগি থাকিবলৈ পৌলে সোঁৱৰাই দিছে (৪:২)।
কলচীয়া সকলক কি বিষয়ে প্ৰাৰ্থনা কৰাটো পৌলে বিচাৰিছে?
কলচীয়া সকলক তেওঁ খ্ৰীষ্টৰ নিগুঢ় তত্ত্ব ক'বলৈ এখন মুকলি দুৱাৰ যে তাৰ কাৰণে প্ৰাৰ্থনা কৰাটো পৌলে বিচাৰিছে (৪:৩)।
Colossians 4:5-6
বাহিৰে থকা লোকসকলক কেনে আচৰণ কৰিবলৈ পৌলে কলচীয়াসকলক নিৰ্দেশ দিছে ?
বাহিৰে থকা লোকসকলৰ আগত জ্ঞানেৰে জীৱন-যাপন, আৰু দয়া-মমতাৰে কথা বতৰাৰ আচৰণ কৰিবলৈ পৌলে কলচীয়াসকলক নিৰ্দেশ দিছে (৪:৫-৬)।
Colossians 4:7-9
তুখিক আৰু ওনীচিফৰক পৌলে কি কৰিব লগা কাম দিছিল?
পৌলে তেওঁৰ বিষয়ে সকলোখিনি কথা যাতে কলচীয়াসকলে জ্ঞাত হয় তাক জনাবলৈ পৌলে তেওঁলোকক দায়িত্ত্ব দিছিল (৪:৭-৮)।
Colossians 4:10-11
বাৰ্নাব্বাৰ কুটুম্ব মাৰ্কৰ বিষয়ে পৌলে কি নিৰ্দেশনা দিছিল ?
মাৰ্ক যদি তেওঁলোকৰ তালৈ আহে তেওঁক গ্ৰহণ কৰিবলৈ পৌলে কলচীয়াসকলক কৈছিল (৪:১০)।
Colossians 4:12-14
ইপাফ্ৰাই কলচীয়াসকলৰ বিষয়ে কি প্ৰাৰ্থনা কৰিছিল?
ঈশ্বৰৰ ইচ্ছাত সম্পূৰ্ণ সিদ্ধ হৈ কলচীয়াসকল যাতে থিৰ হৈ থাকে তাৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিছে (৪:১২)।
পৌলৰ লগত থকা সেই বেজ/চিকিৎসকজনৰ নাম কি ?
সেই বেজ/চিকিৎসকজনৰ নাম লুক (৪:১৪)।
Colossians 4:15-18
লায়দিকেয়াত থকা মণ্ডলীয়ে কেনেধৰণৰ ঠাইত গোট খাইছিল ?
লায়দিকেয়া থকা মণ্ডলীয়ে এটা ঘৰত গোট খাইছিল (৪:১৫)।
পৌলে আন কোন মণ্ডলীলৈও পত্ৰ লিখিছিল ?
পৌলে লায়দিকেয়া থকা মণ্ডলীলৈয়ো পত্ৰ লিখিছিল (৪:১৬)।